Class-12 Assamese Solutions |Chapter-7| উভতি নহাৰ কবিতা

Class-12 Assamese Solutions |Chapter-7| উভতি নহাৰ কবিতা। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class-12 Assamese Solutions |Chapter-7| উভতি নহাৰ কবিতা AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS 2nd years Solutions

Class-12 Assamese Solutions |Chapter-7| উভতি নহাৰ কবিতা

Class-12 Assamese Solutions |Chapter-7| উভতি নহাৰ কবিতা অসমীয়া। উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অসমীয়া বিষয়ৰ শেহতীয়া পাঠ্যক্ৰমৰ (AHSEC) ওপৰত ভিত্তি কৰি পাঠ ভিত্তিক প্রশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আমাৰ ৱেবচাইটত উপলব্ধ।

গোট ২

নিৰ্বাচিত পদ্য

কবি পৰিচিতি—নৱকান্ত বৰুৱা (জন্ম: ১৯২৬, মৃত্যু : ২০০২)

অসমীয়া কাব্য সাহিত্যত নতুন কবিতাৰ প্ৰসাৰ আৰু জনপ্ৰিয়তাত বিশেষভাৱে বৰঙণি আগবঢ়োৱা অন্যতম শক্তিশালী কবি নৱকান্ত বৰুৱাৰ জন্ম হয় ১৯২৬ চনত। কটন মহাবিদ্যালয়ত ইংরাজী বিভাগত সুদীর্ঘ কাল অধ্যাপনা কৰাৰ পিছত উপাধ্যক্ষ পদৰ পৰা অৱসৰ গ্ৰহণ কৰা অধ্যাপক নৱকান্ত বৰুৱা আছিল একেবাৰে কবি, ঔপন্যাসিক, শিশু সাহিত্যিক, গীতিকাৰ আৰু আলোচনীৰ সম্পাদক। স্বৰাজোত্তৰ কালৰ অন্যতম শ্রেষ্ঠ কবি নৱকান্ত বৰুৱাৰ উল্লেখযোগ্য কাব্যগ্ৰন্থসমূহ হ’ল- “হে অৰণ্য হে মহানগৰ’ (১৯৫১), ‘এটি দুটি এধারটি তৰা’, ‘ৰাৱণ’, ‘সম্রাট’, যতি আৰু কেইটামান স্কেচ্ছ’, ‘মোৰ আৰু পৃথিৱীৰ’, ‘ৰাতি জিলমিল তৰা জিলমিল’, ‘ৰত্নাকৰ’ আৰু ‘দলণ্ডত তামীঘৰা’। অকল কবি হিচাপেই নহয় এগৰাকী ঔপন্যাসিক আৰু শিশু সাহিত্যিক হিচাপেও সমাদৃত নৱকান্ত বৰুৱাৰ উপন্যাসসমূহৰ ভিতৰত ‘কপিলীপৰীয়া সাধু’ (১৯৫৪), ‘ককাদেউতাৰ হাড়’ (১৯৭২), ‘গৰমা কুঁৱৰী’ (১৯৮০), ‘মানুহ আটাইবোৰ দ্বীপ’ উল্লেখযোগ্য। শিশু আৰু চেনীয়াৰ উপযোগীকৈ লিখা গ্রন্থসমূহ হ’ল- ‘আখৰৰ জখলা’, ‘শিয়ালী পালেগৈ ৰতনপুৰ”, “ভত উকাৰে ভু’আদি। ‘জোনবাই’ শিশু আলোচনীখনৰ তেওঁ আছিল প্রথম সম্পাদক। সাহিত্য-সমালোচক আৰু গীতিকাৰ হিচাপেও তেওঁ বিশিষ্ট আসন দখল কৰিছিল। এইজনা কবি-সাহিত্যিকৰ মৃত্যু হয় গুৱাহাটীত ২০০২ চনত।

পাঠভিত্তিক প্রশ্নোত্তৰ

(ক) অতি চমু প্ৰশ্নৰ উত্তৰ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১ ) 

প্রশ্ন ১। উভতি নহাৰ কবিতা’ পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে?

উত্তৰ : “উভতি নহাৰ কবিতা টি দলঙত তামীঘৰা’ নামৰ কাব্য সংকলনখনৰ পৰা লোৱা হৈছে।

প্রশ্ন ২। কোনখন পুথিৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল? 

উত্তৰ : ‘ককাদেউতাৰ হাড়’ উপন্যাসখনৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল।

প্রশ্ন ৩। ৰোমাণ্টিক কবিতা আৰু আধুনিক কবিতাৰ এটি পার্থক্য লিখা।

উত্তৰঃ ৰোমাণ্টিক কবিতা কল্পনাপ্রসূত, কিন্তু আধুনিক কবিতা বাস্তৱতাৰ ভেটিত প্রতিষ্ঠিত। 

প্রশ্ন ৪। উভতি নহাৰ কবিতা’ কোন শ্ৰেণীৰ কবিতা ?

উত্তৰ : আধুনিক শ্ৰেণীৰ কবিতা

প্রশ্ন ৫। ‘তামীঘৰা’ শব্দটিৰ অৰ্থ লিখা।

উত্তৰ : তামিঘৰাৰ অৰ্থ তম্বু।

(খ) চমু প্ৰশ্নৰ উত্তৰ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক -২/৩)

প্রশ্ন ১। নৱকান্ত বৰুৱাৰ তিনিখন কবিতা পুথিৰ নাম লিখা 

উত্তৰ : নৱকান্ত বৰুৱাৰ তিনিখন কবিতা পুথিৰ নাম হৈছে – ‘হে অৰণ্য হে মহানগৰ,’এটি দুটি এঘাৰটি ভৰা আৰু ৰাৱণ।’

প্রশ্ন ২। নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম লিখা।

উত্তৰ : নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাস— ‘ককাদেউতাৰ হাড়’ আৰু ‘কপিলীপৰীয়া সাধু’।

প্রশ্ন ৩। নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ উপযোগীকৈ ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা।]

উত্তৰ : শিশু আৰু চেমনীয়াৰ উপযোগীকে লিখা দুখন গ্রন্থ—

‘আখৰৰ জখলা’ আৰু“শিয়ালী পালেগৈ ৰতনপুৰ ।

প্রশ্ন ৪। কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ কি ? ‘জীয়াই থকাৰ ধেমালিটো’ কবিয়ে কেইবাৰ খেলিছে?

উত্তৰ কবিয়ে জীৱনত পাই থকা বিভিন্ন যন্ত্রণাকেই জীয়াই থকাৰ মন্ত্ৰ বুলি কৈছে। কাৰণ অকল কবিয়েই নহয়, সকলো মানুহেই জীৱনত নানান যন্ত্রণা ভোগ কৰিবলগীয়া হয় আৰু

.সেই যন্ত্ৰণাৰ মাজতেই মানুহ জীয়াই থাকে। যন্ত্রণাক এৰাই মানুহ জীয়াই থাকিব নোৱাৰে।সেয়ে কবিৰ মতে জীয়াই থকাৰ মন্ত্ৰ হ’ল যন্ত্রণা।

জীয়াই থকা কথাটো কণিৰ মতে এটা ধেমালি। এই ধেমানি করিয়ে এবাৰেই মাথোঁ খেলি গ আলিৰ কাপৰ জাবৰৰ পৰা এলাহববুল এখানেই তুলি লৈ ধেমালি খেলিলে ইয়াৰ অৰ্থ হ’ল কবিৰ দৰে মানুহে এবাৰেই মাথো জীয়াই থাকে। এবাৰ পৃথিৱীৰ বুকুত মৃত্যুবৰণ কৰিলে দ্বিতীয়বাৰ জী নুঠে। সেয়ে জীয়াই থকাৰ ধেমালি কবিৰ দৰে প্ৰত্যেকৰে এবাৰেই মাথোন হয়।

প্রশ্ন ৫। কবিৰ মতে পৃথিবীলৈ ‘নতুন মানুহ আহিলে কি পৰিবৰ্তন হ’ব। 

উত্তৰ : এই পৃথিৱীলৈ চালে চামে মানুহ আহি আছে আৰু চামে চামে মানুহ পৃথিৱীৰ পৰা গৈ আছে অর্থাৎ জন্ম-মৃত্যু সোঁত এটা অহৰহ চলি আছে। কবিয়ে কৈছে যে কবিৰ নৰেই কণিৰ পিছতো এই পৃথিৱীলৈ কোনোবা আহিব। সেয়া হ’ব নতুন মানুহ। এই নতুন মানুহ আহিব এটা নতুন পৰিৱেশত । কবিয়ে পোৱা আগৰ সেই পৰিৱেশ নতুন চামে নাপায়। সেয়া হ’ব নতুন দিন। কবিৰ এই নতুন দিনত কোনো চিন-চাবেই নাথাকিল। অর্থাৎ এচাম যোৱাৰ পিছত নতুন এচাম আহিব এটা নতুন পৰিৱেশত, নতুন দিনত। ইয়াত মানৱ জীৱনৰ এটা দার্শনিক ভাৱ প্ৰকাশ পাইছে।

(গ) দীঘলীয়া প্ৰশ্নৰ উত্তৰ (প্ৰতিটোৰ মূল্যাংক -১)

প্রশ্ন ১। কবিয়ে কিয় পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে, বুজাই লিখা।

উত্তৰ : আধুনিক অসমীয়া কবিতাৰ এগৰাকী শক্তিশালী কবি নৱকান্ত বৰুৱাই উভতি নহাৰ কবিতা ত পৃথিৱীলৈ উভতি নাহোঁ বুলি ভাবিছে, অর্থাৎ তেওঁ এই পৃথিৱীৰ পৰা গুচি গ’লে পুনৰ পৃথিৱীলৈ উভতি নাহে। তেওঁ পৃথিৱীক প্ৰাণভৰি ভাল পায়। সেয়া হ’লেও কবিয়ে জানে এই ভাল লগা পৃথিৱীখনলৈ তেওঁ পুনৰ উভতি নাহে, আনকি তেৱেঁই নহয়, কোনো মানুহেই এই ভালপোৱা পৃথিৱীখনলৈ এবাৰ গুচি যোৱাৰ পিছত অর্থাৎ মৃত্যু হোৱাৰ পিছত কোনো পৃথিৱীলৈ আহিব নোৱাৰে। কোনো যদি পৃথিৱীত নতুনকৈ আহেও সি নতুন জনম লৈহে আহে, আগৰ অবস্থা লৈ কোনেও জনম নলয় । সেয়ে কৰিয়ে পৃথিৱীলৈ উভতি নাহোঁ বুলি ভাবিছে। 

প্রশ্ন ২। “উভতি নহাৰ কবিতা টিৰ মূলভাব লিখা।

উত্তৰ : পৃথিৱীলৈ কবি পুনৰ উভতি নাহে। অকল কবিয়ে নহয়, কোনো মানুহেই পৃথিৱীৰ পৰা গুচি যোৱাৰ পিছত উভতি নাহে। পৃথিৱীখনক ভাল পোৱাৰ কথা কবিয়ে বিভিন্ন ভাব আৰু ভাষাৰে প্ৰকাশ কৰিছে। যন্ত্রণা কবিৰ জীৱনৰ মন্ত্ৰ, জীয়াই থকাটো অৰ্থাৎ জীৱনটো এটা ধেমালিহে মাত্র। কবি উভতি যোৱাৰ পিছত যিসকল এই পৃথিৱীলৈ আহিব, তেওঁলোকৰ কাম-কাজত নতুন চিন্তা, নতুন ধ্যান-ধাৰণাৰ প্ৰকাশ ঘটিব। সেইবোৰৰ মাজত কবিৰ একো চিন-চাৰ নাথাকিব। জীৱনৰ বকুল পাহ কবিয়ে এবাৰেই বুটলিছে। এই ফুল পাহ বুটলিবলৈ পিছত আন কোনোবা আহিব, কিন্তু কবি আহিব নোৱাৰে। হেৰাই যোৱাৰ দুখত কবিয়ে যেন অকলেই হাঁহে। পৃথিৱীক ভালপোৱাৰ কথা শেষবাৰলৈ স্বীকাৰ কৰিও কবিয়ে পুনৰ পৃথিৱীলৈ উভতি নহাৰ কথাকে দোহাৰিছে।

প্রশ্ন ৩। কবিয়ে নতুন দিনত তেওঁৰ একো চিন নাথাকিব বুলি কিয় ভাবিছে, বুজাই লিখা।

উত্তৰ : কবিয়ে পৃথিৱীৰ বুকুৰ পৰা গুচি গ’লেও কোনোবা নতুনকৈ জনম ল’ব। তেতিয়া করিয়ে জনম লভাৰ সময়ত যিদৰে কবিৰ বাবে সেইদিনা নতুন দিন আছিল ঠিক সেইদৰে কোনোবা জনম লভাৰ সময়তো তাৰ বাবে সেই দিনটো নতুন দিন হ’ব আৰু নতুন বীণৰ সুৰ বাজি উঠিব। “নতুনকৈ জন্ম লভাসকল হ’ব নতুন দিনৰ নতুন মানুহ। তাৰ লগে লগে অর্থাৎ কবি পৃথিৱীৰ পৰা গুচি গ’লে আৰু নতুন দিনত মানুহ জন্ম লভাত তেওঁৰ চিন এই নতুন মানুহৰ মাজত হেৰাই যাব, তেওঁৰ চিন আৰু একো নাথাকিব। কাৰণ এসময়ত তেওঁ বুটলা বকুল ফুলো তেওঁ বুটলিবলৈ নাহে, কিন্তু বুটলিবলৈ নোৱাৰে, বুটলিব কোনোবা নতুনেহে ।

প্রশ্ন ৪। “উভতি নহাৰ কবিতাত পৃথিৱীৰ প্ৰতি কবিৰ ভালপোৱা কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা।

উত্তৰ : পৃথিৱীক কবিয়ে প্রাণভৰি ভাল পায়। পৃথিবীক ভালপোৱাৰ কথা তেওঁ বিভিন্ন ভাৱ আৰু ভাষাৰে প্ৰকাশ কৰিছে। যন্ত্রণা কবিৰ জীৱনৰ মন্ত্ৰ জীয়াই থকাটো অৰ্থাৎ জীৱনটো এটা ধেমালিহে মাত্ৰ। তেওঁ এই পৃথিৱীলৈ আহি এই পৃথিবীতে জীৱনটো কটালে অর্থাৎ জীয়াই থকা কেইদিন ধেমালি কৰিলে। জীৱনৰ বকুলপাহ কবিয়ে এই পৃথিবীতেই বুটলিছে। গতিকে কবিয়ে এই পৃথিৱীক প্রাণভৰি ভাল পায়; কিন্তু দুখৰ বিষয় পৃথিৱীক ইমান ভাল পালেও ইয়াৰ পৰা এবাৰ গুচি গলে তেওঁ পুনৰ এই পৃথিৱীলৈ নাহে, আহিব নোৱাৰে ।

প্রশ্ন ৫। প্রসংগ সংগতি দশাই ব্যাখ্যা কৰা

(ক) যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ 

সেই মন্ত্রকে গালে 

জীয়াই থকাৰ ধেমালিটো মই 

এবাৰেই খেলি গলোঁ। 

উত্তৰ : উদ্ধৃত কবিতাফাঁকি কৰি নৱকান্ত বৰুৱাৰ ৰচিত উভতি নহাৰ কবিতা’ নামৰ পাঠটিৰ অন্তৰ্গত।

মানুহ মৰণশীল আৰু মৰমৰ বাবে এবাৰ এই পৃথিৱীলৈ যে কোনো ঘূৰি আহিব নোৱাৰে তাকেই এই কবিতাফাকিৰে প্ৰকাশ কৰিছে।

মানুহ জীৱনটো ক্ষন্তেকীয়া। জীয়াই থকা কেইদিনত মানুহে সুখৰ লগতে অনেক যন্ত্রণাও ভোগ কৰে। জীৱনত যন্ত্ৰণাৰ মাত্ৰাই বেছি। সেই কাৰণেই কবিয়েও যন্ত্ৰণাৰ মাজেৰে থাকিবলগীয়া হোৱাত যন্ত্ৰণাই তেওঁৰ জীৱনৰ মন্ত্ৰ বুলি জীয়াই থকা দিন কেইটাত সেই মন্ত্রকে গোৱা বুলি কৈছে। যন্ত্ৰণাৰ মাজেৰে জীয়াই থকাটোও এক মাত্র ধেমালি বুলিও কৈছে। ক্ষন্তেকীয়া জীৱনত এই সেমালিয়েই কৰিলে আৰু ইয়াকে খেলিয়েই তেওঁ পৃথিৱীৰ পৰা গুচি যাব। ইয়াত মানৱ জীৱনৰ দৰ্শন সুন্দৰভাৱে ফুটি উঠিছে।

(খ) কোনোবা আহিব মোৰ দৰে কোনো দিন ?

মোৰ সুৰতে বাজিব নতুন বীণা ? 

ওহোঁ সেয়া হ’ব নতুন মানুহ 

সেই দিনো হ’ব নতুন দিন

মোৰ তাত একো নাথাকিব চিন।

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি কবি নৱকান্ত বৰুৱা ৰচিত ‘উভতি নহাৰ কবিতা’ নামৰ পাঠটিৰ অন্তর্গত।

এই পৃথিৱীত মানুহ জন্ম-মৃত্যুৰ অহৰহ এটা যে সোঁত বৈ আছে তাৰেই ইংগিত দিবলৈ কবিয়ে এনেদৰে কবিতাফাকিৰ জৰিয়তে প্ৰকাশ কৰিছে।

এই পৃথিৱীলৈ চামে চামে মানুহ আহি আছে আৰু চামে চামে মানুহ পৃথিৱীৰ পৰা গৈ আছে অৰ্থাৎ জন্ম-মৃত্যুৰ সোঁত এটা অহৰহ চলি আছে। কবিয়ে কৈছে যে কবিৰ দৰেই কবিৰ পিছতো এই পৃথিবীলৈ কোনোবা আহিব। সেয়া হ’ব নতুন মানুহ। এই নতুন মানুহ আহিব এটা নতুন পৰিৱেশত। কবিয়ে পোৱা আগৰ সেই পৰিৱেশ নতুন চামে নাপায়। সেয়া হ’ব নতুন দিন। কবিৰ এই নতুন দিনত কোনো চিন-চারেই নাথাকিব। অর্থাৎ এচাম যোৱাৰ পিছত নতুন এচাম আহিব এটা নতুন পৰিৱেশত, নতুন দিনত। ইয়াত মানৱ জীৱনৰ এটা দার্শনিক ভাৱ প্ৰকাশ পাইছে।

(গ)মই নাহোঁ মই নাহোঁ

পৃথিৱী, তোমাক ভাল পাই গ’লোঁ 

তথাপিও মই নাহোঁ ।

উত্তৰ : উদ্ধৃত কবিতাফাঁকি কবি নৱকান্ত বৰুৱা ৰচিত ‘উভতি নহাৰ কবিতা’ নামৰ পাঠটিৰ অন্তর্গত।

পৃথিৱীক কবিয়ে প্ৰাণভৰি ভাল পায়। পৃথিৱীক ভালপোৱাৰ কথা তেওঁ বিভিন্ন ভাৱ আৰু ভাষাৰে প্ৰকাশ কৰিছে। যন্ত্রণা কবিৰ জীৱনৰ মন্ত্ৰ: জীয়াই থকাটো অৰ্থাৎ জীৱনটো এটা ধেমালিহে মাত্ৰ। তেওঁ এই পৃথিৱীলৈ আহি এই পৃথিৱীতে জীৱনটো কটালে অর্থাৎ জীয়াই থকা কেইদিন যেমালি কৰিলে। জীৱনৰ বকুলপাহ কবিয়ে এই পৃথিবীতেই বুটলিছে। গতিকে কবিয়ে এই পৃথিৱীক প্রাণভৰি ভাল পায়; কিন্তু দুখৰ বিষয় পৃথিৱীক ইমান ভাল পালেও ইয়াৰ পৰা এবাৰ গুচি গলে তেওঁ পুনৰ এই পৃথিৱীলৈ নাহে, আহিব নোৱাৰে।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। অতি চমু উত্তৰ দিয়া :

(ক) উভতি নহাৰ কবিতা’ নামৰ কবিতাটিৰ কৰি কোন ?

উত্তৰ: নৱকান্ত বৰুৱা ।

(খ) নৱকান্ত বৰুৱাৰ জন্ম কোন চনত হৈছিল ?

উত্তৰ : ১৯২৬ চনত।

(গ) নৱকান্ত বৰুৱাৰ মৃত্যু কোন চনত হৈছিল ?

উত্তৰ : ২০০২ চনত।

(ঘ) নৱকান্ত বৰুৱাৰ ৰচিত এখন কাব্যগ্ৰন্থৰ নাম লিখা।

উত্তৰ: হে অৰণ্য হে মহানগৰ।

(ঙ) নৱকান্ত বৰুৱাৰ দুখনি উপন্যাসৰ নাম লিখা।

উত্তৰ : ‘ককাদেউতাৰ হাড়’, ‘কপিলীপৰীয়া সাধু’।

(চ) ‘কপিলীপৰীয়া সাধু’ উপন্যাসখনিৰ লেখক কোন ?

উত্তৰ : নৱকান্ত বৰুৱা ।

(ছ) নৱকান্ত বৰুৱাৰ শিশুগ্ৰন্থ এখনিৰ নাম লিখা।

উত্তৰ : শিয়ালী পালেগৈ ৰতনপুৰ। 

(জ) কোনখন শিশু আলোচনীৰ নৱকান্ত বৰুৱা প্ৰথম সম্পাদক আছিল ?

উত্তৰ : ‘জোনবাই’ নামৰ শিশু আলোচনীখনৰ । 

(ঝ) ‘মই নাহোঁ মই নাহোঁ’ বুলি কবিয়ে ক’লৈ নহাৰ কথা কৈছে ?

উত্তৰ : ‘মই নাহোঁ মই নাহো’ বুলি কৰিয়ে পৃথিৱীলৈ উভতি নহাৰ কথা কৈছে। 

(ঞ) কবিৰ জীয়াই থকাৰ মন্ত্ৰ কি ?

উত্তৰ : যন্ত্রণা।

(ট) জীয়াই থকাৰ ধেমালিটো কৰিয়ে কেইবাৰ খেলি গ’ল ?

উত্তৰ এবাৰ।

(ঠ) আলিৰ কাষৰ জাবৰৰ পৰা কবিয়ে কি তুলি ল’লে ? 

উত্তৰ : বকুল

(ড) কবিৰ সুৰতে নতুন দিনত কি বাজিৰ বুলি কৈছে ?

উত্তৰ : নতুন বীণা।

(ঢ) নৱকান্ত বৰুৱাই ক’ৰ পৰা বি এ পাছ কৰিছিল ?

উত্তৰ : শান্তি নিকেতনৰ পৰা ।

(ণ) নৱকান্ত বৰুৱাই ক’ৰ পৰা আৰু কি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল? 

উত্তৰ : আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত।

HS দ্বিতীয় বৰ্ষৰ অসমীয়া প্ৰশ্নৰ উত্তৰ

Sl. No.Contents
Unit 1নিৰ্বাচিত গদ্য
Chapter 1মোৰ মাতৃমোখ দৰ্শন
Chapter 2মগনিয়াৰ
Chapter 3আনন্দৰাম বৰুৱা
Chapter 4হস্তিবিদ্যাৰ্ণৱ পুথি
Chapter 5ভাৰতীয় আদৰ্শত বৈৰাগ্য
Chapter 6চিঠি
Chapter 7অসমীয়া চলচ্চিত্রৰ গতিধাৰা
Chapter 8বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো
Unit 2নিৰ্বাচিত পদ্য
Chapter 1বৰগীত (উঠৰে উঠ বাপু)
Chapter 2বিশ্ব খনিকৰ
Chapter 3মিলন
Chapter 4জনতাৰ আহ্বান
Chapter 5কাঠমিস্ত্ৰীৰ ঘৰ
Chapter 6আঘোণৰ কুঁৱলী
Chapter 7উভতি নহাৰ কবিতা
Chapter 8কৰুণতম
Unit 3কৈশোৰ কাল আৰু মূল্যবোধৰ শিক্ষা
Chapter 1মূল্যবোধৰ শিক্ষা
Chapter 2কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা

(ত) “মই নাহো মই নাহো’ বুলি কোনে কৈছে ? 

উত্তৰ : কবিয়ে।

(থ) যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ’ — ইয়াত ‘জীয়াৰ’ অর্থ কি ? 

উত্তৰ: জীৱন। 

(দ) ‘সেইদিনো হ’ব নতুন দিন’- কোন দিনা হ’ব নতুন দিন?

উত্তৰ : নতুন মানুহ পৃথিৱীলৈ অহাৰ দিনা। 

(ধ) ‘মোৰ তাত একো নাথাকে চিন— কেতিয়া ?

উত্তৰ : কবিৰ মৃত্যুৰ পিছত নতুন দিন অহাৰ সময়ত ।

(স) নৱকান্ত বৰুৱাই কৰ্মজীৱন কটোৱা শিক্ষানুষ্ঠানৰ নাম লিখা।

 উত্তৰ: কটন মহাবিদ্যালয়।

(প) বকুল তলৰ ফুল কোনে বুটলিব বুলি করিয়ে ভাবিছে? 

উত্তৰ: কোনোবাই ।

(ফ) নৱকান্ত বৰুৱাৰ ‘ৰত্নাকৰ’ এখন উপন্যাস— কথাষাৰ শুদ্ধনে?

উত্তৰ : নহয়।

(ব) ‘কৰুণতম’ কবিতাটিৰ আধাৰ লোকজীৱন — কথাষাৰ শুদ্ধনে ? 

উত্তৰ : শুদ্ধ।

প্রশ্ন ২। পৃথিৱীলৈ কবিৰ বাণী কি?

উত্তৰ : কবিয়ে পৃথিৱীক ভাল পায়। কিন্তু পৃথিৱীক ভাল পালেও কবি এই পৃথিবী এবাৰ এৰি গ’লে কবি পুনৰ আহিব নোৱাৰে, নাহে। অকল কবিয়েই নহয় কোনো মানুহেই এবাৰ পৃথিৱী এৰি গ’লে ঘুৰি আহিব নোৱাৰে। সেয়ে করিয়ো পৃথিৱীক এই বাণী শুনাই গৈছে যে তেওঁ পৃথিৱীক ভাল পাই গ’ল; কিন্তু ভাল পাই গলেও তেওঁ আৰু পৃথিৱীলৈ ঘূৰি নাহে ।

প্রশ্ন ৩। পৃথিৱীৰ প্ৰতি কবিৰ অন্তৰৰ ভালপোৱা কেনেদৰে প্ৰকাশ পাইছে বৰ্ণনা কৰা।

উত্তৰ : পৃথিৱীক কবিয়ে প্ৰাণভৰি ভাল পায়। পৃথিৱীক ভালপোৱাৰ কথা তেওঁ বিভিন্ন ভাৱ আৰু ভাষাৰে প্ৰকাশ কৰিছে। যন্ত্রণা কবিৰ জীৱনৰ মন্ত্ৰ জীয়াই থকাটো অৰ্থাৎ জীৱনটো এটা। ধেমালিহে মাত্ৰ। তেওঁ এই পৃথিৱীলৈ আহি এই পৃথিবীতে জীৱনটো কটালে অর্থাৎ জীয়াই থকা কেইদিন ধেমালি কৰিলে । জীৱনৰ বকুলপাহ কবিয়ে এই পৃথিৱীতেই বুটলিছে। গতিকে কবিয়ে এই পৃথিৱীক প্ৰাণভৰি ভাল পায়; কিন্তু দুখৰ বিষয় পৃথিৱীক ইমান ভাল পালেও ইয়াৰ পৰা এবাৰ গুটি গলে তেওঁ পুনৰ এই পৃথিৱীলৈ নাহে, আহিব নোৱাৰে।

৪। মই নাহো। মই নাহো।

এবাৰেই আহি গুচি গলোঁ মই কথাষাৰিৰ তাৎপর্য কি?

উত্তৰ: কবিতাফাকিৰ তাৎপৰ্য হ’ল পৃথিৱীত এজন মানুহে এবাৰেই জন্ম লাভ কৰে আৰু মৃত্যু হ’লে সেই মানুহজন পৃথিৱীলৈ পুনৰ নাহে। অর্থাৎ মৃত মানুহজন সেই মানুহজন হৈ পুনৰ পৃথিৱীত জন্ম লাভ কৰিব নোৱাৰে। নতুনকৈ জন্ম হোৱাজন আগৰ জনতকৈ বেলেগ মানুহ হৈ নতুন মানুহ হৈ নতুন পৰিৱেশ লৈ জন্মে। জন্ম-মৃত্যুৰ এই অহৰহ সোঁত পৃথিবীত চিৰহন চলি আছে।

প্রশ্ন ৫। মাথোন পৃথিৱীখনক ভাল পাই গ’লোঁ’— বুলি কবিয়ে কিয় কৈছে? 

উত্তৰ : কবিয়ে এই পৃথিবীতে জন্ম গ্ৰহণ কৰি ইয়াৰ বুকুতে ডাঙৰ-দীঘল হৈছে, জীৱনৰ, জীয়াই থকাৰ সকলো খেল খেলিছে, নানান যন্ত্ৰণাৰ মাজতো জীৱনৰ হাঁহি মাৰিছে আৰু শেষত এই পৃথিৱীতে জীৱনৰ সামৰণি মাৰি গুচি যাব। গতিকে এই পৃথিৱীক কবিয়ে পাহৰিব নোৱাৰে, পৃথিৱীক তেওঁ প্ৰাণভৰি ভাল পায়।

প্রশ্ন ৬। যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ’ বুলি কবিয়ে কি কাৰণে কৈছে? 

উত্তৰ : এই পৃথিবীত জন্ম গ্ৰহণ কৰি মানুহে জীৱনটো নানান ঘাত-প্রতিঘাতৰ মাজেৰে অতিবাহিত কৰিব লাগে। এই ঘাত-প্রতিঘাতত মানুহে অনেক যন্ত্রণাও ভোগ কৰিবলগীয়া হয়। গতিকে জীৱনটো সাধাৰণতেই যন্ত্রণাময়। এই যন্ত্রণাকে সাৰথি কৰি মানুহ জীয়াই থাকে। কবিয়েও তেনে যন্ত্ৰণাৰ মাজেৰেই জীৱন অতিবাহিত কৰিছে। সেই কাৰণেই তেওঁ যন্ত্ৰণা তেওঁৰ জীয়াৰ মন্ত্ৰ বুলি কৈছে।

প্রশ্ন ৭। ‘তোৰ সুৰতেই বাজিব নতুন বীণা ?’ কবিৰ এই প্রশ্ন কিয়? 

উত্তন ঃ কবিয়ে এই প্রশ্ন কৰিছে যদিও তাৰ উত্তৰ তেৱেঁই নিজে দিছে। কবিয়ে জন্মলাভ কৰি যি পৰিৱেশত যি জীৱন অতিবাহিত কৰিলে যিবোৰ কাম কৰিলে, যি আদৰ্শ আৰু নীতিৰে চলিছে, তেওঁৰ পিছত নতুনকৈ জন্মাসকলে তেওঁ সেই আদর্শকে লৈ সেইদৰে জীৱন কটাবনে, নকটায়। নতুন চামে নতুন পৰিবেশত জন্ম লাভ কৰি নতুন নতুন আদৰ্শৰে চলিব। কবিৰ আদর্শ বা জীৱনৰ চিন তেতিয়া একোৱেই নাথাকিব।

প্রশ্ন ৮। ‘হেৰাই যোৱাৰ ৰঙতেই চোন অকলে অকলে হাহো’- কবিৰ এই হাঁহিৰ কাৰণ কি ?

উত্তৰ : কবিয়ে জানে যে মানুহ এবাৰ পৃথিৱী এৰি গ’লে দুনাই আহিব নোৱাৰে। কবিও নাহে আৰু আহিব নোৱাৰে। কবি ইয়াৰ পৰা গুচি যোৱাৰ পিছত এই পৃথিৱীত তেওঁৰ কোনো চিন নাথাকিব। কাৰণ নতুনকৈ অহাসকলে ইয়াত নতুনৰ সৃষ্টি কৰিব, নতুনৰ পৰিৱেশ গঢ়ি তুলিব। সেইবোৰৰ মাজত কবিৰ সকলো চিন, সকলো স্মৃতি হেৰাই যাব। কবিয়ে এদিন নিজেই ইয়াত হেৰাই যোৱাৰ কথা ভাবি মনত ৰং লাগিছে। কাৰণ এই হেৰাই যোৱা কথাটো অকল তেওঁৰ কাৰণে নহয়, সকলোৰে কাৰণে। সেয়ে সেই হেৰাই যোৱাৰ ৰঙতেই কবিৰ হাঁহি উঠিছে।

প্রশ্ন ৯। কবি নৱকান্ত বৰুৱাৰ কবিতা ‘উভতি নহাৰ কবিতা’ৰ সাৰাংশ লিখা।

উত্তৰ : আধুনিক অসমীয়া কবিতা তথা নতুন কবিতাৰ এগৰাকী শক্তিশালী কৰি নৱকান্ত বৰুৱাৰ ‘উভতি নহাৰ কবিতা’ এটি দার্শনিক ভাবাপন্ন কবিতা। কবিয়ে কবিতাটিৰ জৰিয়তে মানুহৰ জন্ম-মৃত্যুৰ এটি চিরন্তন সত্য প্রকাশ কৰিছে।

কবিয়ে কৈছে যে তেওঁ এই পৃথিৱীৰ পৰা এবাৰ গুচি গ’লে তেওঁ আৰু পুনৰ ঘূৰি নাহে, আহিব নোৱাৰে, আনকি তেৱেঁই নহয়, তেওঁ ভালকৈ জানে পৃথিৱীৰ পৰা এবাৰ গুচি যোৱা কোনো লোকেই উভতি নাহে। কবিয়ে পৃথিৱীক প্রাণভৰি ভাল পায়। এই কথা জীৱনত তেওঁ বহুবাৰ কৈছে। কিন্তু সেয়ে হলেও কৰিয়ে জানে এই ভাললগা পৃথিৱীখনলৈ তেওঁ পুনৰ উভতি নাহে।

জীয়াই থকা দিনবোৰত তেওঁ অনেক যন্ত্রণা ভোগ কৰিছে। আন মানুহেও জীৱনত তেনে যন্ত্রণা ভোগ কৰে। এই যন্ত্ৰণাৰ পৰা কোনেও হাত সাৰিব নোৱাৰে। যিহেতু যন্ত্রণাক লৈয়ে জীয়াই থাকিবলগীয়া হয়, সেয়ে করিয়ে যন্ত্রণাকেই জীয়াই থকাৰ মন্ত্ৰ বুলি ভাবি লৈছে। জীয়াই থকাটো কবিৰ মতে এবাৰেই খেল-ধেমালি মাথোন। কিয়নো মানুহে এবাৰেই মাথোন জীয়াই থাকে। মৃত্যুৰ পিছত জীয়াই থকাৰ এই ধেমালি খেল খেলিবলৈ কোনো জী নুঠে।

কবিয়ে জনম লাভা দিনটো তেওঁৰ বাবে নতুন দিন। ঠিক সেইদৰে কৰি পৃথিৱীৰ পৰা গুচি গ’লেও মানুহে পৃথিৱীত চামে চামে জনম ল’ব। নতুনকৈ জনম লভাসকল পৃথিৱীত নতুন মানুহ আৰু দিনবোৰো সেইসকলৰ কাৰণে নতুন দিন। এই নতুন চাম মানুহৰ নতুন দিনত কবিৰ আৰু পৃথিৱীত কোনো চিন নাথাকিব। কাৰণ নতুন দিনত নতুন মানুহৰ মাজত পৃথিৱীৰ পৰা গুচি যোৱাসকলৰ চিন হেৰাই যায়। কবিয়ে জীৱিত কালত কৰা বকুল বুটলা কার্য নতুন সকলে কৰিব। তেওঁ আৰু বকুল বুটলিবলৈ উভতি নাহে, আহিব নোৱাৰে। পৃথিৱীক প্ৰাণভৰি ভাল পাই গ’লেও তেওঁ যে উভতি আহিব নোৱাৰে, কোনোৱেও উভতি আহিব নোৱাৰে— এই কথাকে ভাবি কবিয়ে অকলে অকলে হাঁহে।

প্রশ্ন ১০। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা :’

ম‍ই নাহোঁ মই নাহো

পৃথিৱী, তোমাক ভাল পাই গ’লো 

তথাপি মই নাহ্যে।”

অথবা,

“বকুল তলত ফুল পৰি ৰ’ব

মইতো নহয়, কোনোবাই বুটলিব

মই নাহোঁ, মই নোৱাৰো আহিব, নাহোঁ।’ 

অথবা,

মাথোন এই পৃথিবীত ভাল পাই গালো 

এই কথাটোকে কিমান বাৰ যে ক’লো

কিমান ভাবেৰে কলো।

উত্তৰ : উদ্ধৃত কবিতাফাঁকি আধুনিক অসমীয়া কবিতাৰ অন্যতম শক্তিশালী কৰি নৱকান্ত বৰুৱাৰ উভতি নহাৰ কবিতা ‘ৰ অন্তৰ্গত।

মানুহৰ মৃত্যু হোৱাৰ পিছত যে পুনৰ পৃথিৱীলৈ সেই একেই ৰূপ লৈ উভতি আহিব নোৱাৰে এই চিৰসত্য কথাকে কবিয়ে নিজকে লৈ কবিতাফাকিৰ জৰিয়তে বুজাব বিচাৰিছে।

কবিয়ে পৃথিৱীখনক প্ৰাণভৰি ভাল পায়। জীয়াই থকা সময়ছোৱাত এই ভালপোৱা কথাষাৰিকে তেওঁ বহুবাৰ ব্যক্ত কৰিছে। কিন্তু সেয়া হ’লেও করিয়ে জানে এই ভালপোৱা পৃথিৱীখনলৈ তেওঁ পুনৰ উভতি নাহে। অকল কবিয়েই নে, কবিৰ দৰে কোনোৱেই এবাৰ পৃথিৱীৰ পৰা গুচি গ’লে উভতি নাহে, উভতি আহিব নোৱাৰে। ই চিৰন্তন সত্য। নতুনকৈ জন্ম লাভ কৰাসকলেও এদিন তেওঁৰ দৰে গুচি যাব কোনো উভতি নহাকৈ। এই চিৰসত্য কথাকেই গোটেই কবিতাটিৰ জৰিয়তে প্ৰকাশ পাইছে।

শব্দার্থ-টোকা

তামীঘৰা : তম্বু: কাপোৰৰ অস্থায়ী ঘৰ; ‘যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ’ : কবিয়ে জীৱনত লাভ কৰা দুখ-যন্ত্ৰণাৰ পৰাই শিক্ষা লাভ কৰিছে জীৱন যুদ্ধ চলাবলৈ। যন্ত্রণাময় জীৱনত যন্ত্ৰণাই তেওঁৰ লগৰীয়া।

Leave a Reply