Class-12 Assamese Solutions |Chapter-2| কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা

Class-12 Assamese Solutions |Chapter-2| কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class-12 Assamese Solutions |Chapter-2| কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS 2nd years Solutions

Class-12 Assamese Solutions |Chapter-2| কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা

Class-12 Assamese Solutions |Chapter-2| কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা অসমীয়া। উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অসমীয়া বিষয়ৰ শেহতীয়া পাঠ্যক্ৰমৰ (AHSEC) ওপৰত ভিত্তি কৰি পাঠ ভিত্তিক প্রশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আমাৰ ৱেবচাইটত উপলব্ধ।

গোট ৩

কৈশোৰ কাল আৰু মূল্যবোধৰ শিক্ষা

লেখক পৰিচিতি—-ড° স্বর্ণলতা দাস

১৯৪৯ চনত জন্ম গ্ৰহণ কৰা ড° স্বর্ণলতা দাস বর্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপিকা। ইয়াৰ আগতে তেওঁ গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ে কাম কৰিছিল। তেওঁ উচ্চতৰ মাধ্যমিক স্তৰৰ শিক্ষা বিষয়ৰ পাঠ্যপুথি প্ৰণয়নৰ লগতো জড়িত হৈ আছে। তেওঁৰ ভালেমান গৱেষণাপত্ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পত্ৰিকাত ইতিমধ্যে প্রকাশ পাইছে।

পাঠভিত্তিক প্রশ্নোত্তৰ

(ক) অতি চমু প্ৰশ্নৰ উত্তৰ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক-১)

প্রশ্ন ১। কৈশোৰ কালৰ এটি বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ : ‘দিবাস্বপ্ন’ বা অলীক কল্পনা হ’ল কৈশোৰ কালৰ এক বিশেষ বৈশিষ্ট্য।

প্রশ্ন ২। কোনছোৱা সময়ক কৈশোৰ কাল বুলি জনা যায় ?

উত্তৰ : বাল্যকাল আৰু প্ৰাপ্তবয়স্কৰ মাজৰ সময়ছোৱাক কৈশোৰ কাল বুলি কোৱা হয়।।

প্রশ্ন ৩। মানৱ জীৱনৰ কোনছোৱা কালক ৰূপান্তৰৰ কাল বুলি অভিহিত কৰিব পাৰি।

উত্তৰ : মানৱ জীৱনৰ কৈশোৰ কালক এক ৰূপান্তৰৰ কাল বুলি কোৱা হয়। 

প্রশ্ন ৪। নৈতিকতার বিকাশে কিশোৰ-কিশোৰীৰ মনত কেনে ভাবৰ উন্মেষ হোৱাত সহায় কৰে ?

উত্তৰ : নৈতিকতাৰ বিকাশে কিশোৰ-কিশোৰীৰ মনত সামাজিক দায়বদ্ধতা, দেশপ্রেম বা

বিশ্বপ্রেম আদি ভাবৰ উন্মেষ হোৱাত সহায় কৰে।

প্রশ্ন ৫। কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষাক কি শিক্ষা বুলি কোৱা হয় ?

উত্তৰ : কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষাক মাধ্যমিক শিক্ষা বুলি কোৱা হয় ।

(খ) চমু প্ৰশ্নৰ উত্তৰ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক-২/৩) 

প্রশ্ন ১। কৈশোৰ কালৰ শাৰীৰিক বিকাশৰ লক্ষণসমূহ চমুকৈ আলোচনা কৰা

উত্তৰ : কৈশোৰ কালৰ দ্ৰুত শাৰীৰিক বিকাশ সহজতে চকুত পৰে। যৌৱনপ্ৰাপ্তিৰ লগে লাগে হোৱা জৈৱিক পৰিবৰ্তনে ল’ৰা-ছোৱালীৰ দেহৰ বিভিন্ন অংগৰ আকাৰ, ওজন, দৈর্ঘ্য বৃদ্ধি কৰাৰ লগে লগে নাৰী-পুৰুষৰ দেহৰ গঠনৰ পাৰ্থক্য পৰিলক্ষিত হয়। প্রজনন ক্ষমতাপ্রাপ্তি কৈশোৰ কালৰ এক প্ৰধান বৈশিষ্ট্য আৰু তাৰ ফলত শৰীৰৰ বিভিন্ন পৰিবৰ্তন, কণ্ঠস্বৰ পৰিৱৰ্তন আনিয়ে দেখা নিয়ে। এই অভাবনীয় পৰিবৰ্তনসমূহে কিশোৰ-কিশোৰীৰ মনলৈ আত্ম-সচেতনতাৰ ভাব আনি দিয়ে, যিটোৱে অনাহক লাজ, ভয় আৰু উৎকণ্ঠাৰ সৃষ্টি কৰে। এই সময়ত দেহৰ অন্তঃস্রাবী গ্রন্থিসসমূহৰ নিঃসৰণৰ বাবে হোৱা জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াৰ ফলস্বৰূপে কিশোৰ- কিশোৰীয়ে বিপৰীত লিংগৰ প্ৰতি আসক্তিৰ ভাব অনুভৱ কৰে। এই সময়তে দেহৰ যৌন গ্ৰন্থিসমূহ সক্ৰিয় হৈ উঠি কিশোৰক যৌৱনৰ অফুৰন্ত শক্তিৰ অধিকাৰী কৰিও তোলে।

 প্রশ্ন ২। কৈশোৰ কালত কিশোৰ-কিশোৰীৰ মাজত পৰিলক্ষিত হোৱা নৈতিক পৰিৱৰ্তনসমূহ ফঁহিয়াই লিখা।

উত্তৰ : কৈশোৰ কালছোৱাত মানুহৰ নিজৰ মতাদৰ্শ গঢ়ি উঠে আৰু নৈতিক ক্ষেত্ৰত কিছু পৰিমাণে তাৰ প্ৰভাৱ পৰে। ধৰ্মৰ প্ৰতি, দৰ্শনৰ প্ৰতি বা জীৱনৰ লক্ষ্য-উদ্দেশ্যৰ প্ৰতি উৎকণ্ঠা জাগি উঠে আৰু তাৰেই ফলস্বৰূপে মানসিক দ্বন্দ্বৰো সৃষ্টি হ’ব পাৰে। কিছু ক্ষেত্ৰত পিতৃ-মাতৃ বা সমাজৰ বয়োজ্যেষ্ঠজনৰ মতাদৰ্শৰ পৰা ফালৰি কাটি নিজৰ যুক্তি বিবেচনাৰ এক নতুন নৈতিকতাসমৃদ্ধ সমাজ সৃষ্টি কৰিবলৈ বিচাৰে। যৌৱনৰ অফুৰন্ত শক্তিৰ জোৱাৰে কৈশোৰ মনত সৃষ্টি কৰে এক সাৰ্বজনীন বিশ্ব ভ্রাতৃত্বৰ মনোভাব। সমাজ সচেতনতাৰ লগতে গঢ়ি উঠে নিঃস্বার্থ মনোভাব। যাৰ ফলত কিশোৰে নতুন সমাজ গঢ়াৰ সপোনত ব্ৰতী হয়। ন্যায়ৰ হকে যুঁজিবলৈ লোৱা মানৱৰ বাবেই বিশ্বৰ বহুবোৰ সামাজিক বিপ্লৱত অংশ গ্ৰহণ কৰা লোকসকলৰ অধিকাংশই কিশোৰ-কিশোৰী। নৈতিকতাৰ এনে বিকাশে সামাজিক দায়ৱদ্ধতা, দেশপ্রেম বা বিশ্বপ্রেম আদি ভাবৰ উন্মেষ হোৱাত সহায় কৰে। 

প্রশ্ন ৩। কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ কেনেদৰে হয় ?

উত্তৰ : কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ পূর্ণগতিত হয়। মানসিক শক্তি মানে হ’ল— বুদ্ধি, বিমূর্ত চিন্তনৰ ক্ষমতা, যুক্তিশক্তি, বিভিন্ন দিশত আগ্ৰহ আদি। কৈশোৰৰ আৰম্ভণিতে যদিও বৌদ্ধিক বিকাশৰ গতি কিছু হ্ৰাস পায়, শেষৰ পিনে ই দ্রুতগতি লয় আৰু কৈশোৰৰ শেষত বৌদ্ধিক ক্ষমতাই চৰম উৎকর্ষ লাভ কৰে।

আনহাতে শৈশৱ কালৰ অনুকৰণ শিক্ষাৰ সলনি নিজৰ বিচাৰ-বুদ্ধিৰে যুক্তিসংগতভাৱে চিন্তা কৰিব পৰা শক্তিৰো বিকাশ হয় এই কালছোৱাতেই। মূৰ্ত চিন্তাৰ বিপৰীতে বিমূর্ত চিন্তনৰ ক্ষমতা কৈশোৰ কালৰ এক বৈশিষ্ট্য, যিটোৱে স্বাধীন আৰু মৌলিক চিন্তাধাৰাৰ বিকাশত যথেষ্ট অৰিহণা যোগায়। এক কথাত ক’বলৈ গ’লে, জীৱশ্ৰেষ্ঠ মানুহৰ ভিন্‌ ভিন্‌ মানসিক ক্ষমতাৰ পূৰ্ণ বিকাশ ঘটে এই কৈশোৰ কালতে।

প্রশ্ন ৪। কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটামৌলিক বিষয় কি কি ?

উত্তৰ কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা প্ৰাথমিক আৰু মৌলিক বিষয় হ’ল— (১) ভাষা শিক্ষণ (২) গণিত (৩) বিজ্ঞান আৰু (৪) সমাজবিজ্ঞান। তদুপৰি আৰু কিছুমান বিষয়ত গুৰুত্ব দিয়া হৈছে। কাৰিকৰী বিদ্যা, স্বাস্থ্য আৰু শাৰীৰিক শিক্ষা, পৰিৱেশ বিজ্ঞানৰ শিক্ষা, যৌন শিক্ষা আৰু জনশিক্ষা, মানৱ অধিকাৰ আৰু শান্তিৰ শিক্ষা, মূল্যবোধৰ শিক্ষা আদি কিছুমান ওপৰঞ্চি বিষয়ৰ অন্তৰ্ভুক্তিয়ে মাধ্যমিক স্তৰৰ শিক্ষা স্বয়ংসম্পূৰ্ণ কৰি তুলিছে। ইয়াৰ ফলত কিশোৰ-কিশোৰীৰ দৈহিক, মানসিক, সামাজিক সম্পর্কীয় চাহিদাসমূহ পূৰণ হ’ব বুলি ভবা হৈছে।

প্রশ্ন ৫। কিশোৰ সংস্কৃতি কি ?

উত্তৰ : কিশোৰ কালত সমনীয়াৰ সৈতে হোৱা প্ৰতিযোগিতা-সহযোগিতাৰ অন্তৰালত গঢ়ি উঠা মনোভাবকেই ‘উপ সংস্কৃতি’ বা কিশোৰ সংস্কৃতি’ বোলা হয়। ইয়াৰ ধনাত্মক দিশ হ’ল— এই সময়ত দলীয় মনোভাৱৰ লগতে সহমর্মিতাৰ উন্মেষ হয়। সমনীয়াৰ মাজত গভীৰ বন্ধুত্ব আৰু সহযোগিতাৰ ভাব গঢ়ি উঠে। আনহাতে ইয়াৰ ঋণাত্মক দিশ হ’ল সামাজিক ব্যাধিস্বৰূপ মাদকদ্ৰব্যৰ ব্যৱহাৰ, ড্ৰাগছৰ প্ৰতি আসক্তি নতুবা সমাজ স্বীকৃত আচৰণৰ প্রতি অনীহা আনকি বিপথগামী মনোভাবো এই সময়ত গঢ় ল’ব পাৰে।

(ক) দীঘলীয়া প্ৰশ্নৰ উত্তৰ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক- ৪/৫)

প্রশ্ন ১। কৈশোৰ কালৰ আৱেগিক আৰু সামাজিক বিকাশৰ বিষয়ে বহলাই লিখা।

উত্তৰ : মানৱ জীৱনৰ কৈশোৰ কালক এক ৰূপান্তৰ কাল বুলি অভিহিত কৰিব পাৰি। এই কালছোৱাত এটি কিশোৰ সন্মুখীন হয় তেওঁৰ শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক আৰু নৈতিক ক্ষেত্ৰত নানা জটিল পৰিৱৰ্তনৰ ।

কৈশোৰ কালৰ আবেগিক আৰু সামাজিক বিকাশৰ বিষয়ে তলত আলোচনা কৰা হ’ল- আৱেগিক বিকাশ  কৈশোৰ কালত কিশোৰ-কিশোৰীৰ আৱেগিক দিশৰ বিকাশ পূর্ণতম বুলি ক’ব পাৰি। আৱেগ-অনুভূতির অত্যধিক প্ৰৱণতাৰ ফলত বহু ক্ষেত্ৰত তেওঁলোকৰ জীৱন সম্পূর্ণভাৱে আৱেগে পৰিচালিত কৰে। আৱেগৰ পূৰ্ণতম বিকাশে কিশোৰ-কিশোৰীৰ মনোজগতত আলোড়নৰ সৃষ্টি কৰে, যাৰ ফলত তেওঁলোকৰ মন হৈ পৰে কেতিয়াবা অতিশয় আশাবাদী আৰু কেতিয়াবা অতি নিৰাশাবাদী। আশা-নিৰাশাৰ দোমোজাত পৰি বহু সময়ত বহুতৰে অন্যৰ লগত মিলিব নোৱাৰা সমস্যাই দেখা দিয়ে। সুস্থভাৱে নিজৰ মনক পৰিচালিত কৰিব নোৱাৰি, বহু সময়ত কিশোৰ-কিশোৰী হৈ পৰে বিদ্ৰোহী মনোভাবাপন্ন। পৰিয়ালৰ প্ৰতি সমাজৰ প্ৰতি নেতিবাচক মনোভাব পোষণ কৰা এনে কিশোৰ-কিশোৰীক সময়মতে সুশিক্ষ দিব নোৱাৰিলে সৃষ্টি হয় অপৰাধপ্ৰৱণতা।

সামাজিক বিকাশ  : কৈশোৰ কালৰ সামাজিক বিকাশ এক লেখত ল’বলগীয় বিষয়। দলীয় মনোভাবৰ লগতে সহমর্মিতাৰ উন্মেষ হয় এই কালছোৱাত। সমনীয়াৰ মাজ গভীৰ বন্ধুত্ব আৰু সহযোগিতাৰ ভাব গঢ়ি উঠে। সমনীয়াৰ সৈতে হোৱা প্রতিযোগিতা- সহযোগিতাৰ অন্তৰালত গঢ়ি উঠে এক উপ-সংস্কৃতি, যাক কিশোৰ-সংস্কৃতি বুলি অভিহিত কৰা হয়। কিশোৰ অৱস্থাৰ চাল-চলন, সাজ-পাৰ, বাক-ভংগী, ধ্যান-ধাৰণা আনকি ৰাজনৈতি মতাদর্শ আদিতো এই সংস্কৃতিয়ে যথেষ্ট প্রভাব পেলোৱা দেখা যায়। মন কৰিবলগীয়া কথা যে বেছিভাগ ক্ষেত্ৰত কিশোৰ-সংস্কৃতি ধনাত্মক দিশতকৈ ঋণাত্মক দিশটোৰ প্ৰতিহে ধাৱম । হয়। আমাৰ সমাজত দেখা দিয়া সামাজিক ব্যাধিস্বৰূপ মাদক দ্ৰব্যৰ ব্যৱহাৰ ড্ৰাগছৰ প্ৰতি আসক্তি নতুবা সমাজ স্বীকৃত আচৰণৰ প্ৰতি অনীহা আদি বিষয়ত কিশোৰসকলক সুশিক্ষি কৰি তুলিলে তেওঁলোক বিপথগামী হয়।

প্রশ্ন ২। কৈশোৰ কালৰ বাবে কেনে ধৰণৰ শিক্ষা উপযোগী ? উদাহৰণসহ বৰ্ণনা কৰা।

উত্তৰ : কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষা হ’ল মাধ্যমিক শিক্ষা। কৈশোৰ বা বয়ঃসন্ধি কালৰ ল’ৰা-ছোৱালীয়ে পঢ়া শিক্ষানুষ্ঠানসমূহ হ’ল মাধ্যমিক শিক্ষাৰ অনুষ্ঠান। অৱশ্যে কৈশোৰৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে ক’বলৈ গ’লে আনুষ্ঠানিক শিক্ষাৰ লগতে অনানুষ্ঠানিক শিক্ষাকো সমানে গুৰুত্ব দিব লাগিব।

ব্যক্তি জীৱনৰ জটিলতাপূর্ণ কৈশোৰ কালক সামৰি লোৱা মাধ্যমিক শিক্ষাই সমগ্র শিক্ষা ব্যৱস্থাতে এক গুরুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। কিয়নো মাধ্যমিক শিক্ষাৰ জৰিয়তে এটা জাতিৰ লক্ষ্য আৰু আদৰ্শক উপলব্ধি কৰিব পাৰি। ভাৰতীয় শিক্ষা পদ্ধতিৰ আঁচনি কাৰ্যকৰী কৰিব পাৰি এই শিক্ষাৰ স্তৰতে। স্বাধীনতাৰ পৰৱৰ্তী দশকতে গঠিত হোৱা মাধ্যমিক শিক্ষা আয়োগে (১৯৫২-৫৩) মাধ্যমিক শিক্ষাৰ তিনিটা লক্ষ্যৰ বিষয়ে উনুকিয়াইছে। সেইকেইটা হ’ল- ১। দেশৰ সমসাময়িক ৰাজনৈতিক, সামাজিক বা অর্থনৈতিক সমস্যাৰ পটভূমিত বৰ্তমান আৰু ভৱিষ্যতৰ দাবী পূৰাব পৰাকৈ শিক্ষা ব্যৱস্থাক গঢ় দিয়া। ২। ধর্ম নিৰপেক্ষ দেশৰ সুনাগৰিক হিচাপে প্রয়োজনীয় গুণ আয়ত্ত কৰি অর্থনৈতিক অগ্রগতিত সহায় কৰা। ৩। জাতীয় সংহতিৰ বিকাশসাধন কৰা।

আনহাতে ১৯৮৬ চনত ভাৰত চৰকাৰে ঘোষণা কৰা ৰাষ্ট্ৰীয় শিক্ষানীতিতো মাধ্যমিক শিক্ষাক গুৰুত্বসহকাৰে লোৱা হৈছে। এই শিক্ষা বৃত্তিমুখীকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই ব্যৱস্থাৰে দেশৰ জনশক্তিক অর্থনৈতিক বিকাশৰ ক্ষেত্ৰত আগবঢ়াই নিব পাৰি। আন্তৰাষ্ট্ৰীয় শিক্ষা আয়োগে (১৯৯৬) মাধ্যমিক শিক্ষাক জীৱনৰ আলি-কেঁকুৰি (Crossroad of life) বুলি অভিহিত কৰিছে, য’ত ভৱিষাৎ জীৱনৰ অতি লাগতিয়াল সমলসমূহ আহৰণ কৰিব পাৰে আৰু যোগ্যতা, অভিৰুচি বা প্ৰয়োজন অনুসৰি নিজস্ব পথেদি জীৱনৰ বাটত অগ্ৰসৰ হ’ব পাৰে। কিয়নো মাধ্যমিক স্তৰৰ শিক্ষাই প্ৰাথমিক স্তৰৰ শিক্ষাৰ বিস্তাৰ ঘটাই উচ্চ স্তৰৰ শিক্ষাত প্ৰৱেশৰ অধিকাৰ সাব্যস্ত কৰাৰ লগতে স্বয়ংসম্পূৰ্ণ কৰি তোলে। সুপরিকল্পিতভাৱে গঢ় দিয়া মাধ্যমিক শিক্ষাই কৈশোৰৰ ভিন্নমুখী চাহিদাসমূহ পূৰণ কৰাত সফল হ’ব পাৰে কেবল পাঠ্যক্রম সংক্রান্ত কথাতে গুৰুত্ব নিদি সহপাঠ্যক্রমিক কার্যাবলীকে যথোপযুক্ত গুৰুত্বসহকাৰে বিবেচনা কৰিলে এই শিক্ষা কিশোৰ-কিশোৰীৰ বাবে অধিক ফলপ্ৰসু হ’ব। পাঠ্যক্রম কেৱল পাঠ্যপুথিতে আৱদ্ধ থাকিব নালাগে। আনহাতে জ্ঞানৰ পৰিধি কেৱল বিশেষ বিশেষ বিষয়তে সীমাৱদ্ধ নকৰি এক সুসংহত জ্ঞানৰ আভাস ছাত্র-ছাত্রীক দিয়াৰ বাবে যত্নপৰ হ’ব লাগে। পাঠ্যক্ৰমৰ মাজেৰে দিয়া জ্ঞানৰ সুসংগত বিকাশৰ কাৰণে শিক্ষাৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত আটাইবোৰ বৃত্তি, যেনে— পিতৃ-মাতৃ, অভিভাৱক, শিক্ষক আৰু অন্যান্যসকলৰ দায়িত্ব আৰু কৰ্তব্য সমানে গুৰুত্বপূৰ্ণ।

প্রশ্ন ৩। চমুটোকা লিখা : দিবাস্বপ্ন, বীৰপূজা, অপৰাধপ্ৰৱণ কিশোৰ।

.উত্তৰ দিবাস্বপ্ন দিবাস্বপ্ন বা অলীক কল্পনা হ’ল কৈশোৰ কালৰ এক বৈশিষ্ট্য। কল্পনাশক্তিৰ অভূতপূর্ব বিকাশে কিশোৰ-কিশোৰীৰ মনত কল্পনাৰ মায়াজাল বিস্তাৰ কৰে আৰু বহু ক্ষেত্ৰত বাস্তৱতাৰ পৰা ফালৰি কাটি কেৱল কল্পনাৰ জগততে তেওঁলোক বিচৰণ কৰা দেখা যায়। অৱশ্যে দিবাস্বপ্নৰ যোগাত্মক দিশ এটাও আছে, যিয়ে কৈশোৰৰ সৃজনী প্রতিভা বিকাশত সহায় কৰিব পাৰে। মানসিক পৰিতৃপ্তি সাধনৰ বাবে বহুতো কিশোৰ- কিশোৰীয়ে সংগীত, সাহিত্য আদি বিভিন্ন মাধ্যমৰ মাজেৰে নিজৰ সৃষ্টিশীল কল্পনাৰ প্ৰকাশ কৰিবলৈ যত্ন কৰে। আনহাতে, কেৱল কল্পনাৰ মায়াজালতে আৱদ্ধ নাথাকি বহুতে দুঃসাহসিক কার্যতো অংশগ্ৰহণ কৰিবলৈ আগবাঢ়ি যায়। কিছুমানৰ মনত আকৌ ভ্রমণতৃষ্ণা জাগি উ দেশে-বিদেশে ঘূৰি ফুৰাৰ ইচ্ছা হয় আৰু কেতিয়াবা কেতিয়াবা ক’ৰবালৈ গুচি যোৱা কিশোৰ- কিশোৰীৰ উদাহৰণো পোৱা যায়।

বীৰপূজা  : বীৰপূজাৰ প্ৰবৃত্তি কৈশোৰ কালৰ আন এক বৈশিষ্ট্য। নিজৰ ভাল লগা ব্যক্তিৰ জীৱনৰ আদৰ্শ গ্ৰহণৰ প্ৰবৃত্তি এই সময়ত প্ৰবল হৈ উঠে আৰু সেয়েহে সেই ব্যক্তিৰ ব্যক্তিত্বৰ সকলোবোৰ গুণৰ নীৰৱ অনুকৰণ কিশোৰ- কিশোৰীয়ে কৰিবলৈ লয়। কিশোৰসকলে আদর্শ ব্যক্তি হিচাপে সাধাৰণতে গ্ৰহণ কৰা দেখা যায়— ছবি জগত নতুবা খেল জগতৰ লগত জড়িত ব্যক্তিসকলক। বীৰ পূজনৰ এই প্রবৃত্তিক সঠিক পথেৰে নিবলৈ কৈশোৰ কালৰ শিক্ষাৰ পাঠ্যক্ৰমত মহৎ লোকৰ জীবন পাঠ অন্তর্ভুক্ত কৰা হয়

অপৰাধপ্ৰৱণ কিশোৰ কিশোৰ-কিশোৰীৰ মনত আহি পৰা আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল নিজস্বতাৰ সংঘাত। এই সংঘাত কৈশোৰ মনত আহি পৰে বিপৰীত ভাবাপন্ন বিভিন্ন অনুভূতিৰ প্ৰভাৱত। এই প্ৰভাৱত কিশোৰসকল ঋণাত্মক দিশটোৰ প্ৰতি ধাৱমান হোৱা দেখা যায়। তেতিয়াই কিশোৰসকলৰ অপৰাধ প্ৰৱণতা জাগি উঠে। সামাজিক ব্যাধিস্বরূপ মাদকদ্র ব্যৱহাৰ, ড্ৰাগছৰ প্ৰতি আসক্তি নতুবা সমাজ স্বীকৃত আচৰণৰ প্ৰতি অনীহা আদি বিষয়ত সুস্থভাৱে পৰিচালিত নোহোৱা কিশোৰসকল ধাবিত হয়। এনে অপৰাধপ্ৰৱণ কিশোৰসকলক বচাবলৈ সমাজৰ সকলো স্তৰৰ লোক তথা পিতৃ-মাতৃ, অভিভাবক সততে সতর্ক হোৱা উচিত।

HS দ্বিতীয় বৰ্ষৰ অসমীয়া প্ৰশ্নৰ উত্তৰ

Sl. No.Contents
Unit 1নিৰ্বাচিত গদ্য
Chapter 1মোৰ মাতৃমোখ দৰ্শন
Chapter 2মগনিয়াৰ
Chapter 3আনন্দৰাম বৰুৱা
Chapter 4হস্তিবিদ্যাৰ্ণৱ পুথি
Chapter 5ভাৰতীয় আদৰ্শত বৈৰাগ্য
Chapter 6চিঠি
Chapter 7অসমীয়া চলচ্চিত্রৰ গতিধাৰা
Chapter 8বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো
Unit 2নিৰ্বাচিত পদ্য
Chapter 1বৰগীত (উঠৰে উঠ বাপু)
Chapter 2বিশ্ব খনিকৰ
Chapter 3মিলন
Chapter 4জনতাৰ আহ্বান
Chapter 5কাঠমিস্ত্ৰীৰ ঘৰ
Chapter 6আঘোণৰ কুঁৱলী
Chapter 7উভতি নহাৰ কবিতা
Chapter 8কৰুণতম
Unit 3কৈশোৰ কাল আৰু মূল্যবোধৰ শিক্ষা
Chapter 1মূল্যবোধৰ শিক্ষা
Chapter 2কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা

প্রশ্ন ৪। “কিশোৰ-কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল পৰিচিতিৰ সংঘাত।’— ব্যাখ্যা কৰা 

উত্তৰ : কৈশোৰ কালত কিশোৰ-কিশোৰীৰ মনৰ বিভিন্ন ধৰণৰ বৈশিষ্ট্য দেখা যায়, তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল নিজস্বতাৰ সংঘাত। এই সংঘাত কৈশোৰ মনত আহি পৰে বিপৰীত ভাবাপন্ন বিভিন্ন অনুভূতিৰ প্ৰভাৱত। নৈতিকতাবোধ, মূল্যবোধ, সামাজিক দায়বদ্ধতা আদি আদৰ্শৰ বাস্তৱ জগতৰ লগত অমিলখিনি কিশোৰ-কিশোৰীয়ে নিজৰ চিন্তা- বুদ্ধি বা বিচাৰ-বিবেচনাৰে ফঁহিয়াই চাব নোৱাৰে। কৈশোৰত গঢ়ি উঠা আদর্শবানৰ লগত বাস্তৱতাৰ সংঘাতে জন্ম দিয়ে নিজস্বতাৰ সংঘাত। সমাজ গঠনত এনে সংঘাতে জোৱাৰৰ সৃষ্টি কৰে। কেতিয়াবা কেতিয়াবা এনে শক্তিশালী সংঘাতেই সমাজ গাঁথনি সলনি কৰি নতুন সমাজ গাঁথনি সৃষ্টি কৰাত অৰিহণা যোগোৱাও দেখা যায়।

প্রশ্ন ৫। “বিপৰীত লিংগকামিতা কৈশোৰ কালৰ আন এক প্ৰধান বৈশিষ্ট্য’। — চমুকৈ আলোচনা কৰা।

উত্তৰ : কৈশোৰ কালৰ দ্ৰুত শাৰীৰিক বিকাশ সহজেই লক্ষণীয়। যৌবনপ্রাপ্তিৰ লগে লগে হোৱা জৈৱিক পৰিবৰ্তনে ল’ৰা-ছোৱালীৰ দেহৰ বিভিন্ন অংগৰ আকাৰ, ওজন, দৈৰ্ঘ্য বৃদ্ধিৰ লগে লাগে নাৰী-পুৰুষৰ দেহৰ গঠনৰ পাৰ্থক্য পৰিলক্ষিত হয়। প্রজনন ক্ষমতাপ্রাপ্তি কৈশোৰ কালৰ এক প্ৰধান বৈশিষ্ট্য আৰু তাৰ ফলত শৰীৰৰ বিভিন্ন পৰিৱৰ্তন, কণ্ঠস্বৰৰ পৰিৱৰ্তন আদিয়ে দেখা দিয়ে। এই অভাবনীয় পৰিৱৰ্তনসমূহে কিশোৰ-কিশোৰীৰ মনলৈ আত্মসচেতনতাৰ ভাব আনি দিয়ে, যিটোৱে অনাহক লাজ, ভয় বা উৎকণ্ঠাৰ সৃষ্টি কৰে।

বিপৰীত লিংগকামিতা কৈশোৰ কালৰ আন এক প্রধান বৈশিষ্ট্য। বাল্যকালৰ স্মলিংগকামিতাৰ পৰিৱৰ্তে কিশোৰ-কিশোৰীয়ে বিপৰীত লিংগৰ প্ৰতি আসক্তিৰ ভাব অনুভৱ কৰে। প্ৰকৃততে আমাৰ দেহত থকা অন্তঃস্ৰাৱী গ্রন্থিসমূহৰ নিঃসৰণৰ ফলস্বৰূপে হোৱা জৈৱ ৰাসায়নিক প্রক্রিয়াৰেই এই ফল। এই প্ৰক্ৰিয়াত যৌন গ্রন্থিসমূহ সক্ৰিয় হৈ উঠি কিশোৰক যৌৱনৰ অফুৰন্ত শক্তিৰ অধিকাৰী কৰি তোলে। এই শক্তিক সুপথে পৰিচালিত কৰিব পাৰিলে কৈশোৰত দেখা দিয়া বহুবোৰ সমস্যাৰ হাত সাৰিব পাৰি।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগ কোন চনত গঠিত হৈছিল? [MQ, HS ‘13,15

উত্তৰ : ১৯৯৬ চনত।

প্রশ্ন ২। কৈশোৰ কালক কি কি দুখন জগতৰ সংযোগী কাল বুলি ক’ব পাৰি?

উত্তৰ : কল্পনা জগত আৰু সৃষ্টিশীল জগতৰ। 

প্রশ্ন ৩। ভাৰত চৰকাৰে কোন চনত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ঘোষণা কৰে ? 

উত্তৰ : ১৯৮৬ চনত।

প্রশ্ন ৪। ‘জীৱনৰ শান্তিৰ্পৰ প্ৰবন্ধটোৰ ৰচক কোন ?

উত্তৰ : সত্যনাথ বৰা

প্রশ্ন ৫। প্রতীতি শব্দৰ অৰ্থ লিখা ।

উত্তৰ : প্ৰতীতি শব্দৰ অৰ্থ হ’ল — বিশ্বাস, ধাৰণা।

প্রশ্ন ৭। মানসিক শক্তি মানে কি ?

উত্তৰ : মানসিক শক্তি মানে ‘বুদ্ধি, বিমূর্ত চিন্তনৰ ক্ষমতা, যুক্তিশক্তি, বিভিন্ন দিশত আগ্রহ আদি।

প্রশ্ন ৮। জীৱনৰ নৱজাগৰণৰ সময় বুলি কোনছোৱা কালক কোৱা হয় ? 

উত্তৰ: কৈশোৰ কালক।

প্রশ্ন 9। কোনছোৱা কৈশোৰ কাল বুলি জনা যায় ?

উত্তৰ : বাল্যকাল আৰু প্ৰাপ্তবয়স্কৰ মাজৰ সময় তথা কালছোৱাক কৈশোৰ কাল বুলি জনা যায়। ই বয়ঃসন্ধি কাল হিচাপেও পৰিচিত। সকলো জীৱৰে বৃদ্ধি আৰু বিকাশ এক অবিৰত, অন্তহীন প্রক্রিয়া। মানৱ জীৱনো তাৰ ব্যতিক্ৰম নহয়। কিশোৰ-কিশোৰীৰ ক্ষেত্ৰত পৰিলক্ষিত হোৱা পৰিৱৰ্তন, বৈশিষ্ট্য সমূহলৈ লক্ষ্য কৰি ১০-১১ বছৰ বয়সৰ পৰা ১৮-১১ বছৰ বয়সৰ সময়খিনিকে সচৰাচৰ কৈশোৰ কাল বুলি চিহ্নিত কৰা হয়। অৱশ্যে লিংগভেদে, ব্যক্তিভেদে বা জলবায়ুৰ তাৰতম্য অনুসৰি ওপৰোক্ত সময়সীমাৰ তাৰতম্য হ’ব পাৰে। সেয়েহে ল’ৰাতকৈ ছোৱালীৰ, শীতল জলবায়ুৰ দেশতকৈ গৰম জলবায়ুৰ দেশৰ শিশুৰ ক্ষেত্ৰত কিশোৰ অৱস্থ প্রাপ্তি আগতীয়া হয়।

প্রশ্ন ১০। মানৱ জীৱনৰ কোনছোৱা কালক ৰূপান্তৰ কাল বুলি অভিহিত কৰিব পাৰি?

অথবা, 

‘কৈশোৰ কালক’ কি কাল বুলি অভিহিত কৰিব পাৰি? 

উত্তৰ : মানৱ জীৱনৰ কৈশোৰ কালক এক ৰূপান্তৰ কাল বুলিব পাৰি। সোণালী শৈশৱ কালৰ সহজ-সৰল গতিৰ পৰিৱৰ্তে এটি কিশোৰ এই কালত সমুখীন হয় শাৰীৰিক, মানসিক- আৱেগিক, সামাজিক আৰু নৈতিক ক্ষেত্ৰত নানা জটিল পৰিৱৰ্তনৰ। সেয়েহে কৈশোৰ কাল সম্পৰ্কে নানাজনৰ নানা মত। কিছুমানৰ মতে এই সময়খিনি হ’ল ধুমুহা আৰু পীড়নৰ সময়। এই সময়ত হোৱা দ্রুতগতিৰ পৰিৱৰ্তনসমূহ নিয়ন্ত্ৰণ কৰিবলৈ অনুকূল পৰিবেশ আৰু উপযুক্ত শিক্ষাৰ অতি প্রয়োজন। নহ’লে সেই ধুমুহাই জীৱনৰ গতিত জটিলতাৰ সৃষ্টি কৰিব পাৰে। আনহাতে অইন এটা মতবাদ অনুসৰি কৈশোৰ কাল হ’ল নৱজাগৰণৰ সময়; বিভিন্ন ক্ষেত্ৰত হোৱা বিকাশৰ অফুৰন্ত শক্তিয়ে এটি কিশোৰক জীৱনৰ ন ন দিশ উন্মোচন কৰিবলৈ সুযোগ দিয়ে। এই দুই ভিন্নমুখী মতবাদৰ পৰিপ্ৰেক্ষিতত কৈশোৰ কালৰ শিক্ষাই সমগ্ৰ শিক্ষা ব্যৱস্থাত এক গুরুত্বপূর্ণ স্থান পোৱাটো স্বাভাৱিক।

প্রশ্ন ১১। নৈতিকতাৰ বিকাশে কিশোৰ-কিশোৰীৰ মনত কেনে ভাৱৰ উন্মেষ হোৱাত সহায় কৰে? 

উত্তৰ : কৈশোৰ কালছোৱাতে মানুহৰ নিজস্ব মতাদর্শ গঢ়ি উঠে আৰু নৈতিক ক্ষেত্ৰত কিছু পৰিমাণে তাৰ প্ৰভাৱ পৰে। ধৰ্মৰ প্ৰতি, দৰ্শনৰ প্ৰতি বা জীৱনৰ লক্ষ্য-উদ্দেশ্যৰ প্ৰতি উৎকণ্ঠা জাগি উঠে আৰু তাৰেই ফলস্বৰূপে মানসিক অন্তর্দ্বন্দ্বৰো সৃষ্টি হ’ব পাৰে। কিছু ক্ষেত্ৰত পিতৃ-মাতৃ বা সমাজৰ বয়োজ্যেষ্ঠজনৰ মতাদৰ্শৰপৰা ফালৰি কাটি নিজৰ যুক্তি-বিবেচনাবে এক নতুন নৈতিকতা সমৃদ্ধ সমাজ সৃষ্টি কৰিবলৈ বিচাৰে। যৌৱনৰ অফুৰন্ত শক্তিৰ জোৱাৰ কৈশোৰ মনত সৃষ্টি কৰে এক সার্বজনীন বিশ্বভাতৃত্বৰ মনোভাৱ। সমাজ সচেতনতাৰ লগতে গঢ়ি উঠে নিঃস্বার্থ মনোভাৱ, যাৰ ফলত কিশোৰ-কিশোৰীয়ে নতুন সমাজ গঢ়াৰ সপোনত ব্ৰতী হয়। ন্যায়ৰ হকে যুঁজিবলৈ লোৱা মনোভাৱৰ বাবেই বিশ্বৰ বহুবোৰ সামাজিক বিপ্লৱত অংশ গ্ৰহণ কৰা লোকসকলৰ অধিকাংশই কিশোৰ-কিশোৰী। নৈতিকতাৰ এনে বিকাশে কিশোৰ-কিশোৰীৰ মনত সামাজিক দায়বদ্ধতা, দেশপ্রেম বা বিশ্বপ্রেম আদি ভাবৰ উন্মেষ হোৱাত সহায় কৰে।

প্রশ্ন ১২। কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষণক কি শিক্ষা বুলি কোৱা হয় ?

উত্তৰ: কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষাক মাধ্যমিক শিক্ষা বুলি কোৱা হয়। কৈশোৰ বা বয়ঃসন্ধি কালৰ ল’ৰা-ছোৱালীয়ে পঢ়া শিক্ষানুষ্ঠানবোৰ হ’ল মাধ্যমিক শিক্ষাৰ অনুষ্ঠান।

অৱশ্যে, কৈশোৰৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে ক’বলৈ গ’লে আনুষ্ঠানিকভাৱে শিক্ষাৰ লগতে অনানুষ্ঠানিক শিক্ষাকো সমান গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। মুঠতে মাধ্যমিক স্তৰৰ শিক্ষাই কিশোৰ-কিশোৰীক প্ৰাথমিক স্তৰৰ শিক্ষাৰ বিস্তাৰ ঘটাই উচ্চস্তৰৰ শিক্ষাৰ প্ৰৱেশৰ অধিকাৰ সাব্যস্ত কৰাত স্বয়ং সম্পূৰ্ণ কৰি তোলে।

প্রশ্ন ৮। মাধ্যমিক স্তৰৰ শিক্ষাৰ কি দুটা প্ৰধান বিশেষত্ব আছে, বুজাই লিখা।

উত্তৰ : মাধ্যমিক স্তৰৰ শিক্ষাৰ দুটা প্ৰধান বিশেষত্বৰ প্ৰথমতো হ’ল— এই স্তৰৰ কোনো বিশেষীকৰণ পাঠ্যক্ৰম নাই। মানৱ জাতিৰ বৃহত্তৰ অভিৰুচি অনুসাৰে পাঠ্যক্ৰমৰ পৰিসৰ বহলাই সাধাৰণ শিক্ষা দিব পাৰি এই স্তৰতেই। শিশুৰ ব্যক্তিত্বৰ সামগ্রিক বিকাশৰ বাবে এই সাধাৰণ পাঠ্যক্ৰমত বিভিন্নতাৰ পৰিমাণ বৃদ্ধি হোৱা উচিত।

দ্বিতীয়টো বিশেষত্ব হ’ল, এই কালছোৱাত ছাত্ৰ-ছাত্ৰীসকল কৈশোৰ বা বয়ঃসন্ধি কালৰ। এই সময়ত ব্যক্তিৰ বিভিন্ন বুদ্ধি বৃত্তিৰ বৃদ্ধি হয়। প্ৰকৃতিৰ বিষয়ে গভীৰভাৱে জানিবলৈ তেওঁলোক কৌতূহলী হৈ পৰে। সমাজখনৰ প্ৰতিও তেওঁলোকৰ আগ্ৰহ বাঢ়ি যায়। নানা কৌতূহল, অনুভূতি আৰু আকাংক্ষাৰ ফলস্বৰূপে কৈশোৰ মনত সৃষ্টি হোৱা আলোড়নৰ পৰিপ্ৰেক্ষিতত নানা ধৰণৰ চাহিদাৰ উদ্ভৱ হয়। কৈশোৰৰ শাৰীৰিক, মানসিক, আৱেগিক অথবা সামাজিক চাহিদাসমূহ পূৰণৰ অৰ্থে শিক্ষানুষ্ঠানৰ বিভিন্নতা, অপর্যাপ্ত ঐচ্ছিক বিষয়ৰ প্ৰৱৰ্তন, স্কুল আৰু পৰিয়ালৰ মাজত সুদৃঢ় যোগসূত্র, স্কুল আৰু বৃহত্তৰ সমাজৰ পাৰস্পৰিক সম্পৰ্ক স্থাপন আদিত গুৰুত্ব দিয়া হয়। 

প্রশ্ন ১০। কিশোৰ সংস্কৃতি বুলিলে কি বুজা? ইয়াৰ ধনাত্মক আৰু ঋণাত্মক দিশৰ দুটিমান উদাহৰণ দিয়া। 

উত্তৰ কিশোৰ কালত সমনীয়াৰ সৈতে হোৱা প্ৰতিযোগিতা-সহযোগিতাৰ অন্তৰালত গঢ়ি উঠা মনোভাৱকেই ‘উপ সংস্কৃতি’ বা ‘কিশোৰ সংস্কৃতি’ বোলা হয়। ইয়াৰ ধনাত্মক দিশ হ’ল— এই সময়ত দলীয় মনোভাৱৰ লগতে সহমর্মিতাৰ উন্মেষ হয়। সমনীয়াৰ মাজত গভীৰ বন্ধুত্ব আৰু সহযোগিতাৰ ভাব গঢ়ি উঠে। আনহাতে ইয়াৰ ঋণাত্মক দিশ হ’ল— সামাজিক ব্যাধিস্বৰূপ মাদকদ্ৰব্যৰ ব্যৱহাৰ, ড্ৰাগছৰ প্ৰতি আসক্তি নতুবা সমাজ স্বীকৃত আচৰণৰ প্রতি অনীহা আনকি বিপথগামী মনোভাবো এই সময়ত গঢ় ল’ব পাৰে।

(শব্দার্থ

ৰূপান্তৰ সলনি, পৰিবর্তন, অনুকূল- সহায়ক, পোষক, সার্বজনীন- জা দিবাস্বপ্ন— অবাস্তব কল্পনা অলীক অবাস্তব, প্রতীতি— বিশ্বাস, ধারণা, উন্মোচন- মুকলি কৰা কাৰ্য, প্রন – জন্ম সন্তান উৎপাদন, আসক্তি— ৰাপ, ইচ্ছা, সামগ্রিক সমূহীয়া; অপর্যাপ্ত— প্ৰচুৰ, বহুত।

Leave a Reply