Class-12 Assamese Solutions |Chapter-1| মূল্যবোধৰ শিক্ষা

Class-12 Assamese Solutions |Chapter-1| মূল্যবোধৰ শিক্ষা। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class-12 Assamese Solutions |Chapter-1| মূল্যবোধৰ শিক্ষা AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS 2nd years Solutions

Class-12 Assamese Solutions |Chapter-1| মূল্যবোধৰ শিক্ষা

Class-12 Assamese Solutions |Chapter-1| মূল্যবোধৰ শিক্ষা অসমীয়া। উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অসমীয়া বিষয়ৰ শেহতীয়া পাঠ্যক্ৰমৰ (AHSEC) ওপৰত ভিত্তি কৰি পাঠ ভিত্তিক প্রশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আমাৰ ৱেবচাইটত উপলব্ধ।

গোট ৩

কৈশোৰ কাল আৰু মূল্যবোধৰ শিক্ষা

লেখক পৰিচিতি

ডা দুলুমণি গোস্বামী গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ এগৰাকী সহযোগী অধ্যাপক। ইয়াৰ আগতে তেওঁ উত্তৰ কামৰূপ মহাবিদ্যালয়, বৰনা মহাবিদ্যালয় আৰু নগাঁও মহাবিদ্যালয়তে অধ্যাপনা কৰিছিল।ডা গোস্বামীৰ একাধিক গবেষণা পত্র ইতিমধ্যে বাস্ত্রীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন আলোচনা চক্রত পঠিত হৈছে। তেওঁৰ কেইবাটাও তথ্যপূর্ণ প্রবন্ধ বিভিন্ন বাতৰি কাকত, আলোচনী আদিত প্রকাশ পাইছে। সম্প্রতি ড° গোস্বামীৰ ৰচিত Lin eracy and Development with special Reference to North-East India’ শীর্ষক এখনি গ্রন্থ প্রকাশ পাইছে।

পাঠভিত্তিক প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্নৰ উত্তৰ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক-১) 

প্রশ্ন ১। ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল ?

উত্তৰ : ভাৰতীয় প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ আছিল মূল্যবোধ

প্রশ্ন ২। প্রথম অৱস্থাত ‘মূল্য’ শব্দটো কি উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল?

উত্তৰ : অর্থনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল। 

প্রশ্ন ৩। নৈতিক শব্দটো ইংৰাজী প্রতিশব্দ ‘ম’ৰেল’ (moral) শব্দটোৰ উৎপত্তি কোন ভাষাৰ পৰা হৈছে?

 উত্তৰ : লেটিন ভাষাৰ ম’ৰীজ শব্দৰ পৰা।

প্রশ্ন ৪। মহর্ষি টলষ্টয়ৰ মতে সৌন্দৰ্যবোধ কি ?

উত্তৰ : মহৰ্ষি টলষ্টয়ৰ মতে সৌন্দর্যবোধ বস্তুনিষ্ঠ নহয়, ব্যক্তিনিষ্ঠহে।

প্রশ্ন ৫। ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষণ পৰিষদে কিমানটা মূলবোধ চিনাক্ত কৰিছে?

উত্তৰ : ৮৪ বিধ মূল্যবোধ চিনাক্ত কৰিছে।

(খ) চমু প্ৰশ্নৰ উত্তৰ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক-২/৩)

প্রশ্ন ১। আদর্শবাদী দার্শনিকসকলৰ মতে মূল্যবোধ কেইটা আৰু কি কি ? | 

অথবা,

মূল্যবোধৰ ‘ত্রিনীতি কি?

উত্তৰ : আদর্শবাদী দার্শনিকসকলৰ মতে সত্যম শিৱম-সুন্দৰম এই তিনিটা হৈছে চিৰন্তন মূল্যবোধ, যাৰ কোনো পৰিবৰ্তন নাই। এই মূল্যবোধসমূহ সমাজতে আছে। মানুহৰ দায়িত্ব হ’ল

কেবল এইবোৰ আবিষ্কাৰ কৰা বা উপলব্ধি কৰা। চিৰন্তন মূল্যবোধৰ কোনো পৰিবৰ্তন নাই। আদর্শবাদী বা প্রকৃতিবাদী দার্শনিকসকলে মূল্যবোধৰ ক্ষেত্ৰত বস্তুবাদী জগত ধনৰ ওপৰতহে বেছি গুরুত্ব দিয়ে। তেওঁলোকৰ মতে বস্তু বা প্রকৃতিয়েহে মূল্যবোধ নিৰূপণ কৰে।

প্রশ্ন ২। ভাৰতীয় দৰ্শনে মূল্যবোধক কেইটা শ্ৰেণীত ভাগ কৰিছে আৰু কি কি?

উত্তৰ : ভাৰতীয় দৰ্শন হৈছে মুল্যবোধৰ দৰ্শন। সমাজৰ নৈতিক আৰু আধ্যাত্মিক প্রয়োজনীয়তাৰ পৰাই ইয়াৰ সৃষ্টি হৈছে। ভাৰতীয় দৰ্শনে মূল্যবোধক চাৰিটা শ্ৰেণীত ভাগ কৰিছে। সেই চাৰিটা হ’ল-

(১) ধর্ম, (২) অর্থ, (৩) কাম আৰু (৪) মোক্ষ।

প্রশ্ন ৩। প্রকৃততে মূল্যবোধক কি দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয় ?

উত্তৰ ঃ প্ৰকৃততে মূল্যবোধ সামাজিক দৃষ্টিকোণৰ পৰাহে বিচাৰ কৰা হয়। কাৰণ মানুহ সামাজিক জীব। গতিকে কেবল ব্যক্তিৰ প্ৰয়োজন পূৰণৰ ধাৰণাৰে মূল্যবোধক বিচাৰ কৰিব নোৱাৰি। ব্যক্তিৰ প্ৰয়োজন পূৰণ কৰা বস্তুক মূল্যৱান নহয় বুলি কব নোৱাৰি, কিন্তু প্রয়োজন গুৰণে যদি আনৰ অপকাৰ কৰে বা সামাজিক জীৱনত অনিষ্ট সাধন কৰে, তেনে কাৰ্যৰ কোনো ধৰণৰ মূল্য আছে বুলি ক’ব নোৱাৰি। সহজে অৰ্থত মূল্যবোধ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে বা সামাজিক জীৱন নিয়ন্ত্ৰণ কৰাৰ বাবে কিছুমান নীতি আৰু আদৰ্শ যিবোৰ মানুহে শিক্ষণৰ আৰু সামাজিকীকৰণৰ যোগেদি আয়ত্ত কৰে ।

মূল্যবোধ হৈছে মানুহৰ জীৱনৰ কিছুমান নিৰ্দেশিকা নীতি, যিবোৰ মানুহৰ দৈহিক, মানসিক উন্নতি তথা সমাজৰ কল্যাণৰ বাবে হিতকর। সমাজত প্ৰচলিত ধর্মীয় বিশ্বাস, জীৱন-দৰ্শন, নৈতিক আদর্শ, ৰাজনৈতিক আদর্শ, আচাৰ-ব্যৱহাৰ, দৈনন্দিন জীৱনৰ কাৰ্যাৱলী এই সকলোবোৰ মূল্যবোধে সামৰি লয়। সমাজৰ পৰিৱেশ আৰু প্ৰয়োজনীয়তা সাপেক্ষে মূল্যবোধৰো পৰিৱৰ্তন হয়। সমাজত পৰিবৰ্তনৰ লগে লগে নতুন মূল্যবোধৰ সৃষ্টি হয়।

প্রশ্ন ৪। সহজ অর্থত মূল্যবোধ মানে কি?

উত্তৰ : প্ৰকৃততে মূল্যবোধক সামাজিক দৃষ্টিকোণৰ পৰাহে বিচাৰ কৰা হয়। সেয়ে সহজ অৰ্থত মূল্যবোধ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে বা সামাজিক জীৱন নিয়ন্ত্ৰণ কৰাৰ বাবে কিছুমান নীতি আৰু আদৰ্শ— যিবোৰ মানুহে শিক্ষণ আৰু সামাজিকীকৰণৰ যোগেদি আয়ত্ত কৰে।

প্রশ্ন ৫। মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে কেইটা আচৰণৰ কথা চিনাক্ত কৰিছে আৰু কি কি?

উত্তৰ : মনোবিজ্ঞানী সকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে অধ্যয়ন চলাই যি চাৰিটা বিশেষ আচৰণৰ কথা চিনাক্ত কৰিছে, সেই চাৰিটা তলত উল্লেখ কৰা হ’ল,

(ক) যুক্তিনিষ্ঠতা : শিশুৱে সম্মুখীন হোৱা বিভিন্ন পৰিৱেশ যুক্তিনিষ্ঠভাবে বিচাৰ বিশ্লেষণ কৰা।

(খ) পৰোপকাৰিতা : অন্য মানুহৰ সুখ-দুখৰ প্ৰতি সহানুভূতিশীল হোৱা আৰু প্ৰয়োজন সাপেক্ষে সহায় কৰা

(গ) দায়িত্ববোধ : সমাজত নিজৰ দায়িত্ব সম্পর্কে সচেতন হোৱা আৰু নিজে কৰা কামৰ ভুল-ত্রুটিসমূহ স্বীকাৰ কৰি লোৱা।

(ঘ) নৈতিক স্বতন্ত্রতা : নিজস্বভাৱে এক নৈতিক লোৱাৰ ক্ষমতা। আনৰ লগত আলোচনা কৰিলেও এনেধৰণৰ সিদ্ধান্তৰ সমস্ত দায়িত্ব বাকিয়ে নিজে স্বীকাৰ কি লোৱাৰ মানসিকতা।

(গ) দীঘলীয়া প্ৰশ্নৰ উত্তৰ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক-৪/৫)

প্রশ্ন ১। আদর্শবাদী দার্শনিকসকলৰ মতে আধ্যাত্মিক মূল্যবোধ মানে কি? 

উত্তৰ ভাৰতীয় সমাজ-সংস্কৃতিত আধ্যাত্মিকতাৰ স্থান অতি উচ্চ। আধ্যাত্মিক মূল্যবোধৰ লগত ধৰ্মীয় মূল্যবোধৰ সম্পর্ক আছে। আদর্শবাদী দার্শনিকসকলৰ মতবাদসমূহ আধ্যাত্মিক মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত। আধ্যাত্মিক মূল্যবোধে বস্তুবাদী জগতৰ ওপৰত গুৰুত্ব নিদি মন বা আত্মাৰ বিকাশৰ ওপৰতহে গুৰুত্ব দিয়ে। মনৰ বা আত্মাৰ বিকাশেহে মানুহক উচ্চ স্তৰলৈ লৈ যাব পাৰে আৰু প্ৰকৃত সুখৰ সন্ধান দিব পাৰে। আধ্যাত্মিক মূল্যবোধৰ অভাৱৰ বাবেই আজিৰ সমাজখন হৈ পৰিছে বিশৃংখল, দুৰ্নীতিপৰায়ণ আৰু অনৈতিক। আধ্যাত্মিক মূল্যবোধৰ বিকাশ হ’ব, যেতিয়া মানুহে মানুহক ভাল পাবলৈ শিকিব, সহযোগিতা, সহমর্মিতা, অহিংসা ভাব, ভক্তি, সংযম, উদাৰতা আদি বৃদ্ধি হ’ব। মহাপুৰুষ শংকৰদেৱে কোৱাৰ দৰে “কুকুৰ শৃগাল গর্দভৰো আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম।”

প্রশ্ন ২। নন্দন তাত্ত্বিক মূল্যবোধে কি কি বিষয় সামৰি লয় চমুকৈ আলোচনা কৰা

উত্তৰ : নন্দনতাত্ত্বিক মূলবোধক আন কথাত সৌন্দর্যবোধ বুলি ক’ব পাৰি। কিছুমান পণ্ডিতে মত প্রকাশ কৰে যে নন্দনতাত্ত্বিক মূল্যবোধ কেবল ইন্দ্ৰিয়গ্ৰাহ্য বস্তুৰ ক্ষেত্ৰতহে প্রযোজ্য, অপার্থির বস্তুৰ ক্ষেত্ৰত তাক প্ৰয়োগ কৰিব নোৱাৰি। কিন্তু মানুহে সকলো ধৰণৰ ভাল কাম বা ঘটনা বা ধাৰণাক মূল্য দিয়ে। সেই বাবে এইবোৰৰ নান্দনিক মূল্যবোধ বিচাৰি পোৱা যায়। মানৱ জীৱনৰ তিনিটা মূল মূল্যবোধ হৈছে— (ক) সত্যা, (খ) শিৱ আৰু (গ) সুন্দৰ। এই সুন্দৰৰ মূল্যবোধেই হৈছে নন্দনতাত্ত্বিক মূল্যবোধ। নন্দনতাত্ত্বিক সৌন্দৰ্যই মানুহক শান্তি প্ৰদান কৰে আৰু জীৱনটো সুন্দৰ কৰি তোলে। জীৱন্ত বা জড় সকলো বস্তুৰে নন্দনতাত্ত্বিক মূল্যায়ন হ’ব পাৰে। মানুহৰ সকলো কার্য একেটা চকুৰে চালেও মনোযোগৰ বেলেগ বেলেগ বিন্দুৰ পৰা বেলেগ বেলেগ পৰ্যায়ত মূল্যায়ন কৰা হয়। গতিকে, মনোযোগেই হৈছে নন্দনতাত্ত্বিক মূল্যবোধৰ চাবি-কাঠী।

প্রশ্ন ৩। চিৰন্তন মূল্যবোধ সম্পর্কে চমুকৈ বুজাই লিখা ।

উত্তৰ : আদর্শবাদী দার্শনিকসকলৰ মতে সত্যম শিৱম-সুন্দম এই তিনিটা হৈছে চিৰন্তন মূল্যবোধ, যাৰ কোনো পৰিৱৰ্তন নাই। এই মূল্যবোধসমূহ সমাজতে আছে। মানুহৰ দায়িত্ব হ’ল কেবল এইবোৰ আৱিষ্কাৰ কৰা বা উপলব্ধি কৰা চিৰন্তন মূল্যবোধৰ কোনো পৰিৱৰ্তন নাই। আদর্শবাদী বা প্রকৃতিবাদী দার্শনিকসকলে মূল্যবোধৰ ক্ষেত্ৰত বস্তুবাদী জগতখনৰ ওপৰতহে বেছি গুৰুত্ব দিয়ে। তেওঁলোকৰ মতে বস্তু বা প্রকৃতিয়েহে মূল্যবোধ নিৰূপণ কৰে।

প্রশ্ন ৪। নৈতিক মূল্যবোধৰ ধাৰণাই কি কি কথা সামৰি লয় আলোচনা কৰা ।

উত্তৰ : যিহেতু নৈতিকতাৰ লগত সামাজিক নীতি-নিয়ম আৰু আদৰ্শ জড়িত হৈ থাকে, সেয়ে নৈতিকতাই সমাজৰ ৰীতি-নীতি মানি চলাটোকে বুজায়। সমাজৰ গ্ৰহণযোগ্য নীতি- নিয়ম, আচাৰ ব্যৱহাৰৰ বিপৰীতে চলাটোক অনৈতিক আচৰণ বুলি কয়। নৈতিক মূল্যবোধে মানুহক প্ৰভাৱিত কৰে আৰু সামাজিক, অর্থনৈতিক, সাংস্কৃতিক, ৰাজনৈতিক, প্রশাসনিক আদি সকলো ক্ষেত্ৰতে ইয়াৰ প্ৰতিফলন হয়। গতিকে শিশুৰ নৈতিক বিকাশৰ অর্থ হৈছে সমাজৰ প্রচলিত আচৰণবোৰ আয়ত্ত কৰিবলৈ শিকোৱা। মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে অধ্যয়ন চলাই চাৰিটা বিশেষ আচৰণৰ কথা চিনাক্ত কৰিছে—

১। যুক্তিনিষ্ঠতা ঃ শিশুৱে সন্মুখীন হোৱা বিভিন্ন পৰিৱেশ যুক্তিনিষ্ঠভাবে বিচাৰ-বিশ্লেষণ কৰা।

২। পৰোপকাৰিতা ঃ অন্য মানুহৰ সুখ-দুখৰ প্ৰতি সহানুভূতিশীল হোৱা আৰু প্ৰয়োজন সাপেক্ষে সহায় কৰা ।

৩। দায়িত্ববোধ : সমাজত নিজৰ দায়িত্ব সম্পর্কে সচেতন হোৱা আৰু নিজে কৰা কামৰ ভুল-ত্রুটিসমূহ স্বীকাৰ কৰি লোৱা।

৪। নৈতিক স্বতন্ত্রতা : নিজস্বভাৱে কোনো এক নৈতিক সিদ্ধান্ত লোৱাৰ ক্ষমতা। আনৰ লগত আলোচনা কৰিলেও এনে ধৰণৰ সিদ্ধান্তৰ সমস্ত দায়িত্ব ব্যক্তিয়ে নিজে স্বীকাৰ কৰি লোৱাৰ মানসিকতা।

প্রশ্ন ৫। মূল্যবোধ সম্পৰ্কে তোমাৰ কি ধাৰণা তাক চমুকৈ ব্যাক্ত কৰা। [

উত্তৰ : মূল্যবোধৰ ধাৰণা মানুহৰ কৰ্ম আৰু চিন্তাৰ লগত ইমান গভীৰ আৰু বিস্তৃতভাৱে জড়িত হৈ আছে যে ইয়াৰ সম্পৰ্কে ধাৰণা বা ব্যাখ্যা আগবঢ়োৱাটো খুবেই কঠিন কাম। প্রথম অৱস্থাত ‘মূল্য’ শব্দটো কেৱল অর্থনৈতিক উদ্দেশ্যেতহে ব্যৱহাৰ কৰা হৈছিল। বহল অৰ্থত চাবলৈ গ’লে, মূল হৈছে কোনো বস্তু বা অৱস্থা বা কাৰ্য, যিয়ে ব্যক্তিৰ প্ৰয়োজন বা ইচ্ছা পূৰণ কৰে। গতিকে মূল্যই সেইবোৰ বস্তুকে বুজাই, যিবোৰ ব্যক্তিয়ে বিচাৰে। আকৌ মানুহে বহুতো বস্তুকে বিচাৰে, যেনে টকা-পইচা, সম্পত্তি, খাদ্য, নিৰাপত্তা, সুখ-শান্তি ইত্যাদি। এই সকলো ব্যক্তিৰ কাৰণে মূল্যৱান। আনহাতে মানুহে বহুতো বস্তু নিবিচাৰে বা আশা নকৰে, যেনে, ক্ষুধা, অজ্ঞতা, বেমাৰ আজাৰ, অশান্তি আনি। এইবোৰ সেইবাবে মূল্যহীন। গতিকে এনে অৰ্থত মূল্যবোধৰ কোনো ভাল-বেয়া, উচ্চ-নীচৰ প্ৰশ্ন জড়িত নাথাকে।

মানুহ সামাজিক জীৱ। গতিকে কেৱল ব্যক্তিৰ প্ৰয়োজন পূৰণৰ ধাৰণাৰে মূল্যবোধ বিচাৰ কৰিব নোৱাৰি। ব্যক্তিৰ প্ৰয়োজন পূৰণে যদি আন ব্যক্তি বা সমাজৰ অনিষ্ট সাধন কৰে, তেনেহ’লে সেই কাৰ্যৰ কোনো ধৰণৰ মূল্য আছে বুলি ক’ব নোৱাৰি। সহজ অৰ্থত মূল্যবোধৰ ধাৰণা এয়ে যে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে বা সামাজিক জীৱন নিয়ন্ত্ৰণ কৰাৰ বাবে কিছুমান নীতি আৰু আদৰ্শ – যিবোৰ মানুহে শিক্ষণ আৰু সামাজিকীকৰণৰ যোগেদি আয়ত কৰে। সেয়ে মূল্যবোধ হৈছে মানুহৰ জীৱনৰ কিছুমান নির্দেশনা নীতি, যিবোৰ মানুহৰ দৈহিক, মানসিক, উন্নতি তথা সমাজ কল্যাণৰ বাবে হিতকৰ।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। ব্যক্তিয়ে মূল্যবোধ কিহৰ পৰা আয়ত্ত কৰে ?

উত্তৰ : সামাজিক পৰিবেশৰ পৰা ।

প্রশ্ন ২। ৰাষ্ট্ৰীয় শিক্ষা আৰু গবেষণা পৰিষদে কিমানটা মূল্যবোধ চিনাক্ত কৰিছে?

উত্তৰ : চৌৰাশিটা ।

প্রশ্ন ৪। বিভিন্ন প্ৰকাৰৰ মূল্যবোধৰ কেইটামান উল্লেখ কৰা।

উত্তৰ : মূল্যবোধসমূহৰ অৰ্থ, উদ্দেশ্য আৰু ব্যৱহাৰলৈ চাই ইয়াক বিভিন্ন প্ৰকাৰত ভাগ কৰিব পাৰি। তাৰ ভিতৰত উল্লেখযোগ্য কেইটামান হ’ল—

(১) নৈতিক মূল্যবোধ (২) আধ্যাত্মিক মূল্যবোধ (৩) নান্দনিক মূল্যবোধ (8) অর্থনৈতিক মূল্যবোধ (৫) সাংস্কৃতিক মূল্যবোধ আৰু (৬) ৰাজনৈতিক মূল্যবোধ।

প্রশ্ন ৫। নন্দনতাত্ত্বিক মূল্যবোধৰ চাবি কাঠী কি? 

উত্তৰ : নন্দনতাত্ত্বিক মূল্যবোধৰ চাবি কাঠী হ’ল— মনোযোগ।

প্রশ্ন ৬। মূল্যবোধ চিনাক্তকৰণ সম্পর্কে চমুকৈ লিখা। নাইবা, “ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পরিষদে’ উল্লেখ কৰা ১০ টা মূল্যবোধ কি কি ?

উত্তৰ : মূল্যবোধ বিভিন্ন প্ৰকাৰৰ আছে। কিন্তু প্রকৃততে মূল্যবোধ সম্পৰ্কে জানিবলৈ হ’লে ইয়াৰ চিনাক্তকৰণৰ প্ৰয়োজন। সমাজ আৰু সংস্কৃতি ভেদে মূল্যবোধসমূহ বেলেগ বেলেগ হ’ব পাৰে। অৱশ্যে মূল্যবোধসমূহ চিনাক্তকৰণ কৰি সীমাবদ্ধ কৰাটো বাস্তৱ সন্মত নহয়। ১৯৭৯ চনত ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে ৮৪ বিধ মূল্যবোধ চিনাক্ত কৰি এখন তালিকা প্রস্তুত কৰিছিল। সেই তালিকাত অন্তৰ্ভুক্ত মূল্যবোধবোৰৰ ভিতৰত উল্লেখযোগ্য ১০টা মূল্যবোধ হ’ল—

(১) সংযম, (২) সহানুভূতি, (৩) সহযোগিতা, (৪) অন্য সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা, (৫) পৰিষ্কাৰ-পৰিচ্ছন্নতা, (৬) নম্রতা, (৭) মানৱতাবোধ, (৮). অহিংসা, (৯) দেশপ্ৰেম আৰু (১০) সামাজিক দায়িত্ববোধ ।

HS দ্বিতীয় বৰ্ষৰ অসমীয়া প্ৰশ্নৰ উত্তৰ

Sl. No.Contents
Unit 1নিৰ্বাচিত গদ্য
Chapter 1মোৰ মাতৃমোখ দৰ্শন
Chapter 2মগনিয়াৰ
Chapter 3আনন্দৰাম বৰুৱা
Chapter 4হস্তিবিদ্যাৰ্ণৱ পুথি
Chapter 5ভাৰতীয় আদৰ্শত বৈৰাগ্য
Chapter 6চিঠি
Chapter 7অসমীয়া চলচ্চিত্রৰ গতিধাৰা
Chapter 8বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো
Unit 2নিৰ্বাচিত পদ্য
Chapter 1বৰগীত (উঠৰে উঠ বাপু)
Chapter 2বিশ্ব খনিকৰ
Chapter 3মিলন
Chapter 4জনতাৰ আহ্বান
Chapter 5কাঠমিস্ত্ৰীৰ ঘৰ
Chapter 6আঘোণৰ কুঁৱলী
Chapter 7উভতি নহাৰ কবিতা
Chapter 8কৰুণতম
Unit 3কৈশোৰ কাল আৰু মূল্যবোধৰ শিক্ষা
Chapter 1মূল্যবোধৰ শিক্ষা
Chapter 2কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা

প্রশ্ন ৭। ভাৰতীয় শিক্ষা ব্যৱস্থাত মূল্যবোধৰ ধাৰণাটো কেনেধৰণে আহিছে চমুকৈ বুজাই লিখা।

অথবা,

মূল্যবোধ বিকাশৰ ক্ষেত্ৰত শিক্ষা ব্যৱস্থাই কেনে ধৰণৰ ভূমিকা গ্ৰহণ কৰিব পাৰে, আলোচনা কৰা ।

উত্তৰ : মূল্যবোধ বিকাশৰ ক্ষেত্ৰত শিক্ষা ব্যৱস্থাই ভাৰতত অতীতৰে পৰা এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। ভাৰতৰ প্ৰাচীন শিক্ষা ব্যৱস্থা আছিল মূল্যবোধ আধাৰিত । শিক্ষাৰ আন এক উদ্দেশ্য হৈছে মূল্যবোধ সৃষ্টি কৰা। সমাজত মানুহে মান-মর্যাদাসহকাৰে জীয়াই থাকিবলৈ হ’লে মূল্যবোধ সৃষ্টি আৰু বিকাশ অতি প্রয়োজনীয়। মূল্যবোধ অবিহনে প্রকৃততে মানুহ আৰু আন জীৱ-জন্তুৰ মাজত কোনো প্রভেদেই নাথাকিব। গতিকে মানুহক মূল্যবোধৰ প্ৰকৃত শিক্ষা দিবৰ বাবে শিক্ষা ব্যৱস্থাই বিশেষ ভূমিকা গ্ৰহণ কৰাৰ নিতান্তই প্ৰয়োজন আছে।

বিচিত্ৰ সংস্কৃতিৰ দেশ ভাৰতবৰ্ষৰ শিক্ষানুষ্ঠানসমূহলৈ বিভিন্ন আর্থ-সামাজিক আৰু সাংস্কৃতিক পৰিৱেশৰ পৰা ল’ৰা-ছোৱালী শিক্ষাগ্ৰহণ কৰিবলৈ আহে। সেইসকলে ইতিমধ্যে আয়ত্ত কৰি অহা মূল্যবোধ বেলেগ বেলেগ হোৱাটো স্বাভাবিক। তদুপৰি বৰ্তমান বিজ্ঞান- প্ৰযুক্তিবিদ্যাৰ বিকাশ আৰু পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱত নতুন পুৰুষৰ মাজত অনেক সন্দেহ আৰু খেলি-মেলি হোৱা পৰিলক্ষিত হৈছে। গতিকে শিক্ষা ব্যৱস্থাই এইক্ষেত্ৰত মূল্যবোধৰ বিকাশৰ বাবে বিশেষ ভূমিকা লোৱাৰ প্ৰয়োজন আহি পৰিছে।

নৈতিক শিক্ষাই উচ্চ মূল্যবোধ, উচ্চ আদৰ্শ আৰু শান্তিকামী মনোভাব গঢ়ি তুলিব পাৰে । নতুন পুৰুষৰ মাজত এনে মূল্যবোধ জগাই তুলিবলৈ শিক্ষা ব্যৱস্থাত নৈতিক শিক্ষাৰ সূচনা কৰিব লাগে।

মন তথা আত্মাৰ বিকাশেহে মানুহক উচ্চ স্তৰলৈ লৈ যাব পাৰে আৰু প্ৰকৃত সুখৰ সন্ধান দিব পাৰে। এনে আধ্যাত্মিক মূল্যবোধৰ বিকাশৰ বাবে শিক্ষা ব্যৱস্থাই আধ্যাত্মিক জ্ঞান দিব পৰা পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব পাৰে। তদুপৰি সৌন্দৰ্যবোধ, সংযম, সহানুভূতি, সহযোগিতা, অন্য সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, নম্রতা, মানৱতাবোধ, অহিংসা, দেশপ্রেম, সামাজিক দায়িত্ববোধ, যুক্তিনিষ্ঠতা, পৰোপকাৰিতা, সহমর্মিতা আদি বিষয়ৰ পূৰ্ণজ্ঞান লাভৰ বাবে শিক্ষা ব্যৱস্থাই শিক্ষানুষ্ঠানসমূহত বিশেষ পাঠ্যক্রম, কার্যক্রমণিকা ৰাখিলে নতুন পুৰুষৰ লগতে সকলো শ্ৰেণীৰ মাজতেই উচ্চ মূল্যবোধৰ বিকাশ ঘটিব; সমাজ সুশৃংখলিত হ’ব; সমাজত শাস্তি প্রতিষ্ঠা হ’ব।

প্রশ্ন ৮। মূল্যবোধ বুলিলে কি বুজা ? পাঠৰ আধাৰত চমুকৈ লিখা।

উত্তৰ : মূল্যবোধক বিভিন্নজনে বিভিন্ন ধৰণেৰে ব্যাখ্যা আগবঢ়ালেও সাধাৰণতে মূল্যবোধক সামাজিক দৃষ্টিকোণৰ পৰাহে বিচাৰ কৰা হয়। এইফালৰ পৰা মূল্যবোধ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে বা সামাজিক জীৱন নিয়ন্ত্ৰণ কৰাৰ বাবে কিছুমান নীতি আৰু আদৰ্শ, যিবোৰ মানুহে শিক্ষণ আৰু সামাজিকীকৰণৰ যোগেদি আয়ত্ত কৰে। আন কথাত ক’বলৈ গ’লে মূল্যবোধ হৈছে মানুহৰ জীৱনৰ কিছুমান নির্দেশিকা-নীতি যিবোৰ মানুহৰ দৈহিক, মানসিক, উন্নতি তথা সমাজৰ কল্যাণৰ বাবে হিতকর। সমাজত প্ৰচলিত ধর্মীয় বিশ্বাস, জীৱন দৰ্শন, নৈতিক আদর্শ, ৰাজনৈতিক আদর্শ, আচাৰ-ব্যৱহাৰ, দৈনন্দিন জীৱনৰ কাৰ্যাৱলী — এই সকলোবোৰ মূল্যবোধে সামৰি লয়। মূল্যবোধসমূহ কোনো ব্যক্তিয়ে জন্মতে আহৰণ কৰি নাহে, ইয়াক আয়ত্ত কৰে সামাজিক পৰিৱেশতহে।

মূল্যবোধসমূহ চিৰন্তন নে পৰিৱৰ্তনশীল এই সম্পর্ক বিভিন্ন দার্শনিক দৃষ্টিভংগী এনে ধৰণৰ — আদর্শবাদী দাৰ্শনিকসকলৰ মতে সত্যম্, শিৱম্, সুন্দৰম্— এই তিনিটা হৈছে চিৰওঁন মূল্যবোধ; যাৰ কোনো পৰিৱৰ্ত্তন নাই। এই মূল্যবোধসমূহ সমাজতে আছে। মানুহৰ দায়িত্ব হ’ল কেৱল এইবোৰ আৱিষ্কাৰ কৰা বা উপলব্ধি কৰা। চিৰন্তন মূল্যবোধৰ কোনো পৰিৱৰ্তন নাই।

প্রগতিবাদী দার্শনিকসকলে মূল্যবোধৰ ক্ষেত্ৰত বস্তুবাদী জগতৰ ওপৰতহে বেছি গুৰুত্ব দিছে। তেওঁলোকৰ মতে বস্তু বা প্রকৃতিয়েহে মূল্যবোধ নিৰূপণ কৰে।

প্রয়োগবাদী দার্শনিকসকলে কিন্তু সম্পূর্ণ বেলেগ মত প্ৰকাশ কৰা দেখা যায়। তেওঁলোকে কোনো ধৰণৰ চিৰন্তন মূল্যবোধৰ ওপৰত বিশ্বাস নকৰে। তেওঁলোকৰ মতে মূল্যবোধৰ সৃষ্টি যেনেকৈ সমাজে কৰে তেনেদৰে পৰিৱৰ্তনো কৰে সমাজে। প্ৰকৃততে মূল্যবোধ সম্পূৰ্ণৰূপে সমাজৰ পৰিৱেশ আৰু প্ৰয়োজনীয়তা সাপেক্ষে পৰিৱৰ্তন হয়। সমাজৰ পৰিৱৰ্তনৰ লগে লগে নতুন নতুন মূল্যবোধৰ সৃষ্টি হয়।

প্রশ্ন 9। প্ৰকৃতিবাদী আৰু প্ৰয়োগবাদীসকলৰ মত সম্পর্কে চমুকৈ লিখা। 

উত্তৰ : প্ৰকৃতিবাদী দার্শনিকসকলৰ মতে মূল্যবোধৰ ক্ষেত্ৰত বস্তুবাদী জগতখনৰ গুৰুত্ব বেছি। তেওঁলোকে বস্তুবাদী জগতখনৰ ওপৰতহে গুৰুত্ব বেছি দিয়ে। তেওঁলোকৰ মতে বস্তু বা প্রকৃতিয়েহে মূল্যবোধ নিৰূপণ কৰে। এয়া হ’ল তেওঁলোকৰ চিৰন্তন মূল্যবোধ ।

আনহাতে প্রয়োগবাদী দার্শনিকসকলে কিন্তু সম্পূর্ণ বেলেগ মত প্ৰকাশ কৰা দেখা যায়। তেওঁলোকে কোনো ধৰণৰ চিৰন্তন মূল্যবোধত বিশ্বাস নকৰে। তেওঁলোকৰ মতে, মূলবোধৰ সৃষ্টি যেনেকৈ সমাজে কৰে, তেনেদৰে পৰিৱৰ্তনো কৰে সমাজে। প্ৰকৃততে মূল্যবোধ সম্পূৰ্ণৰূপে সমাজৰ পৰিৱেশ আৰু প্ৰয়োজনীয়তা সাপেক্ষে পৰিবৰ্তন হয়। সমাজৰ পৰিৱৰ্তনৰ লগে লগে নতুন নতুন মূল্যবোধৰ সৃষ্টি হয়।

প্রশ্ন ১০। ভাৰতীয় দৰ্শনে মূল্যবোধক কেইটা শ্ৰেণীত ভাগ কৰিছে ? ভাগকেইটা উল্লেখ কৰি বুজাই লিখা।

উত্তৰ : ভাৰতীয় দৰ্শন হৈছে মূল্যবোধৰ দৰ্শন। সমাজৰ নৈতিক আৰু আধ্যাত্মিক প্রয়োজনীয়তাৰ পৰাই ইয়াৰ সৃষ্টি হৈছে। ভাৰতীয় দৰ্শনে মূল্যবোধক চাৰিটা শ্ৰেণীত ভাগ কৰিছে। সেই চাবিটা হ’ল—

(১) ধর্ম, (২) অর্থ, (৩) কাম আৰু (৪) মোক্ষ।

ধর্ম হৈছে নৈতিক মূল্যবোধ। ইয়ে মানুহক কর্তব্য সম্পর্কে সোঁৱৰাই দিয়ে। এই মূল্যবোধক আন দুটা মূল্যবোধ ‘অর্থ’ আৰু ‘কাম তকৈ শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। প্ৰকৃততে ‘অর্থ’ আৰু ‘কাম’ক পৰিচালিত কৰে ধৰ্মই অর্থাৎ নৈতিকতাই। আনকথাত ভাল বা বেয়া কাৰ্যৰ পাৰ্থক্য নিৰ্ধাৰণ কৰে ধৰ্মই। আকৌ ‘মোক্ষ’ হৈছে মানুহৰ জীৱনৰ চৰম উদ্দেশ্য লাভৰ উপায়, যিটো মানুহৰ আত্মবোধৰ ওপৰত প্ৰতিষ্ঠিত।

এই চাৰিটা মূল্যবোধৰ উপৰি ভাৰতীয় জীৱন দৰ্শন প্রতিষ্ঠিত হৈছে তিনিটা প্ৰধান মূল্যবোধ “সত্যম্ শিৱম্ সুন্দৰ ‘ৰ ওপৰত। ইয়াক কোৱা হয় মূল্যবোধৰ ‘ত্রিনীতি’ বুলি।

প্রশ্ন ১১। চমুকৈ বুজাই লিখা

(ক) নৈতিক মূল্যবোধ, (খ) আধ্যাত্মিক মূল্যবোধ (গ) নন্দন তাত্ত্বিক মূল্যবোধ

উত্তৰ : মূল্যবোধৰ অৰ্থ উদ্দেশ্য আৰু ব্যৱহাৰলৈ লক্ষ্য কৰি বিভিন্ন প্ৰকাৰত ভাগ কৰিব পৰা যায়। ইয়াৰ উল্লেখযোগ্য কেইটামানৰ ভিতৰত নৈতিক, আধ্যাত্মিক আৰু নান্দনিক মূল্যবোধৰ গুৰুত্ব সম্পর্কে তলত আলোচনা কৰা হ’ল—

(ক) নৈতিক মূল্যবোধ : যিহেতু নৈতিকতাৰ লগত সামাজিক নীতি-নিয়ম আৰু আদর্শ জড়িত হৈ থাকে, সেনে নৈতিকতাই সমাজৰ ৰীতি নীতি মানি চলাটোকে বুজায়। সমাজৰ গ্রহণযোগ্য নীতি-নিয়ম, আচাৰ-ব্যৱহাৰৰ বিপৰীতে চলাটোক অনৈতিক আচৰণ বুলি কয়। নৈতিক মূল্যবোধে মানুহক প্ৰভাৱিত কৰে আৰু সামাজিক, অর্থনৈতিক, সাংস্কৃতিক, ৰাজনৈতিক, প্রশাসনিক আদি সকলো ক্ষেত্ৰতে ইয়াৰ প্ৰতিফলন হয়। গতিকে শিশুৰ নৈতিক বিকাশৰ অর্থ হৈছে সমাজৰ প্রচলিত আচৰণবোৰ আয়ত্ত কৰিবলৈ শিকোরা মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে অধ্যয়ন চলাই চাৰিটা বিশেষ আচৰণৰ কথা চিনাক্ত কৰিছে

১। যুক্তিনিষ্ঠতা ঃ শিশুৱে সন্মুখীন হোৱা বিভিন্ন পৰিৱেশ যুক্তিনিষ্ঠভাবে বিচার-বিশ্লেষণ কৰা। ২। পৰোপকাৰিতা : অন্য মানুহৰ সুখ-দুখৰ প্ৰতি সহানুভূতিশীল হোৱা আৰু প্ৰয়োজন সাপেক্ষে সহায় কৰা। ৩। দায়িত্ববোধ : সমাজত নিজৰ দায়িত্ব সম্পৰ্কে সচেতন হোৱা আৰু নিজে কৰা কামৰ ভুল-ত্রুটিসমূহ স্বীকাৰ কৰি লোৱা। ৪। নৈতিক স্বতন্ত্রতা : নিজস্বভাৱে কোনো এক নৈতিক সিদ্ধান্ত লোৱাৰ ক্ষমতা। আনৰ লগত আলোচনা কৰিলেও এনে ধৰণৰ সিদ্ধান্তৰ সমস্ত দায়িত্ব ব্যক্তিয়ে নিজে স্বীকাৰ কৰি লোৱাৰ মানসিকতা। বিজ্ঞান-প্রযুক্তিবিদ্যাৰ অভাৱনীয় বিকাশে আনি দিয়া সা-সুবিধাৰ কাৰণে মানুহ বিলাসিতাপূর্ণ জীৱনৰ প্ৰতি আকৰ্ষিত হৈছে। ফলত মানুহ বস্তুকেন্দ্ৰিক হৈ পৰিছে, যাৰ ফলত মানুহৰ মাজত নৈতিক মূল্যবোধ ক্রমে লোপ পাবলৈ ধৰিছে। এনেক্ষেত্ৰত নৈতিক মূল্যবোধ শিক্ষাৰ গুৰুত্ব অধিক হৈছে। শিশুৰ নৈতিক বিকাশৰ বাবে কিছু বাস্তৱিক ব্যৱস্থা লোৱাৰ অতি প্ৰয়োজন হৈছে।

(খ) আধ্যাত্মিক মূল্যবোধ ] : ভারতীয় সমাজ সংস্কৃতিত আধ্যাত্মিকতাৰ স্থান অতি উচ্চ। আধ্যাত্মিক মূল্যবোধৰ লগত ধৰ্মীয় মূল্যবোধৰ সম্পৰ্ক আছে। আদর্শবাদী দার্শনিকসকলৰ মতবাদসমূহ আধ্যাত্মিক মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত। আধ্যাত্মিক মূল্যবোধে বস্তুবাদী জগতৰ ওপৰত গুৰুত্ব নিদি মন বা আত্মাৰ বিকাশৰ ওপৰতহে গুরুত্ব দিয়ে। মনৰ বা আত্মাৰ বিকাশেহে মানুহক উচ্চ স্তৰলৈ লৈ যাব পাবে আৰু প্ৰকৃত সুখৰ সন্ধান দিব পাৰে। আধ্যাত্মিক মূল্যবোধৰ অভাবৰ বাবেই আজিৰ সমাজখন হৈ পৰিছে বিশৃংখল, দুর্নীতিপৰায়ণ আৰু অনৈতিক। আধ্যাত্মিক মূল্যবোধৰ বিকাশ হ’ব, যেতিয়া মানুহে মানুহক ভাল পাবলৈ শিকিব, সহযোগিতা, সহমর্মিতা, অহিংসা ভাব, ভক্তি, সংযম, উদাৰতা আদি বৃদ্ধি হ’ব। মহাপুৰুষ শংকৰদেৱে কোৱাৰ দৰে “কুকুৰ শৃগাল গর্দভবো আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্রণাম।”

(গ) নান্দনিক মূল্যবোধ : নান্দনিক বা নন্দনতাত্ত্বিক মূল্যবোধক আন কথাত সৌন্দর্যবোধ বুলি ক’ব পাৰি। বিভিন্ন পণ্ডিতে বিভিন্ন ধৰণে এই মূল্যবোধৰ ওপৰত যি মন্তব্যকে নকৰক কিনা, সকলো বিচাৰ কৰি চাই ক’ব পাৰি যে পার্থিব-অপার্থিব সকলো বস্তুৰ ক্ষেত্ৰতে সুন্দৰৰ মূল্যবোধেই হৈছে নান্দনিক তথা নন্দনতাত্ত্বিক মূল্যবোধ । নন্দনতাত্ত্বিক সৌন্দর্যই মানুহক শান্তি প্ৰদান কৰে আৰু জীৱনটো সুন্দৰ কৰি তোলে। জীবন্ত বা অড় সকলো বস্তুৰে নন্দনতাত্ত্বিক মূল্যায়ন হ’ব পাৰে। মানুহৰ সকলো কাৰ্য একেটা চকুৰে চালেও

মনোযোগৰ বেলেগ বেলেগ বিন্দুৰ পৰা বেলেগ বেলেগ পৰ্যায়ত মূল্যায়ন কৰা হয়। গতিকে মনোযোগেই হৈছে নান্দনিক তথা নন্দনতাত্ত্বিক মূল্যবোধৰ চাবি-কাঠী। সৌন্দর্যবোধন উপলৰিখিনি আমাৰ নিজস্ব গ্রহণযোগ্য দৃষ্টিভংগীৰ ওপৰতহে সম্পূৰ্ণ নিৰ্ভৰ কৰে। এজন দার্শনিক পণ্ডিতৰ মতে সেয়ে সৌন্দর্যবোধ বস্তুনিষ্ঠ নহয়, ব্যক্তিনিষ্ঠহে।

প্রশ্ন ১1। মূল্যবোধৰ অৱক্ষাক বাধা দিবলৈ ছাত্ৰ-ছাত্ৰীসকলৰ কৰণীয় কি, চমুকৈ বুজাই লিখা।

অথবা,

 ছাত্ৰ-ছাত্ৰীৰ বাবে গুৰুত্বপূৰ্ণ দহটা মূল্যবোধ উল্লেখ কৰা আৰু বিদ্যালয়ত এইবোৰ কেনেকৈ দিব পাৰি পৰামৰ্শ দিয়া।

অথবা,

ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পরিষদে’ উল্লেখ কৰা ১০ প্ৰকাৰৰ মূল্যবোধ কি কি?

উত্তৰ : মূল্যবোধ মানৱ জীৱনৰ এক অপৰিহাৰ্য শিক্ষা। মূল্যবোধে মানুহক সংস্কৃতিবান কৰাৰ উপৰি এক মৰ্যাদাসহকাৰে জীয়াই থকাৰ বাট প্রশস্ত কৰে। সেই কাৰণে ছাত্ৰ-ছাত্ৰীসকলক সৰু অৱস্থাৰ পৰাই বিদ্যালয়ত মূল্যবোধৰ শিক্ষা দিয়াৰ ব্যৱস্থা অব্যাহত ৰাখিব লাগে।

ছাত্ৰ-ছাত্ৰীৰ বাবে গুৰুত্বপূৰ্ণ দহটা মূল্যবোধ হ’ল (১) সংযম, (২) সহানুভূতি, (৩) সহযোগিতা, (৪) অন্য সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা, (৫) পৰিষ্কাৰ-পৰিচ্ছন্নতা, (৬) নম্রতা, (৭) মানবতাবোধ, (৮) অহিংসা, (৯) দেশপ্রেম আৰু (১০) সামাজিক দায়িত্ববোধ।

বিদ্যালয়ত ওপৰত উল্লেখ কৰা এই দহটা মুল্যবোধৰ শিক্ষা ছাত্ৰ-ছাত্ৰীক দিবৰ বাবে বিভিন্ন উপায় বা পন্থা গ্ৰহণ কৰিব পৰা যায়। পাঠ্যক্ৰমত এনেবোৰ বিষয়ৰ শিক্ষা দিব পৰা মনোগ্ৰাহী আৰু আকর্ষণীয় উদাহৰণেৰে পাঠ অন্তৰ্ভুক্ত কৰি সেইবোৰ শ্ৰেণীত শিক্ষক-শিক্ষয়িত্ৰীসকলে আন্তৰিকতাৰে আৰু সালভাৱে শিকালে ছাত্র-ছাত্রীসকলে তাক গ্ৰহণ কৰিব পাৰে।

ব্যায়াম-প্রাণায়াম, খেলা-ধূলা, সংযম, সহানুভূতি, নম্রতা, সহযোগিতা আদি মূল্যবোধ শিকার গুরুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰে। অনুপৰি বিদ্যালয়ত প্রবর্তিত স্কাউট, এটি চি এন চি চি আদি ব্যৱস্থায়ো এনেবোৰ মূল্যবোধ আহৰণ কৰাত অমূল্য বৰঙণি যোগায়। ছাত্র-ছাত্রীক মাজে-সময়ে দলবদ্ধভাৱে লৈ গাঁৱৰ ৰাস্তা-পদুলিৰ মেৰামতি, পৰিষ্কাৰ কৰা আৰু অন্যান্য সামাজিক কামত মনোনিৱেশ কৰা আদি কামেৰেও ছাত্র-ছাত্রীক এই মূল্যবোধৰ জান দিব পৰা যায়।

এইবোৰতকৈ আটাইকে মুখ্য কথা হ’ল শিক্ষক-শিক্ষয়িত্ৰীসকল আদর্শবান আৰু ও পৰোক্ষ মূল্যবোধসমূহৰ অধিকাৰী হ’ব লাগিব। ছাত্ৰ-ছাত্ৰীক যিমানেই ভাল কথা নিশিকাক কি শিক্ষক- শিক্ষাচিত্রীসকল জেনে গুণৰ অধিকাৰী নহ’লে ছাত্র-ছাত্রীক শিকোৱা সকলো কথাই অসাৰ হৈ যায়। গতিকে বাইকৈ মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ কথা বাদ দিলেও নিম্ন মধ্য আৰু উচ্চ, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষত্ৰীসকল এনে গুৰ অধিকাৰী হ’বই লাগিব, তেতিয়াহে বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক মূল্যবোধৰ শিক্ষা দিব পৰা যাব আৰু সি ফলবতী হ’ব।

প্রশ্ন ১2। বর্তমান সমাজত মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা সম্পর্কে তোমাৰ মতামত দাঙি ধৰা ।

অথবা,

মূল্যবোধে সমাজত প্ৰচলিত কোনবোৰ দিশক সামৰি লয়? 

উত্তৰ : বৰ্তমান সমাজত মূল্যবোধ শিক্ষাৰ অতি প্রয়োজন হৈ পৰিছে। মূল্যবোধ শিক্ষা ধাৰণাটো ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত একেবাৰে নতুন বুলি ক’ব নোৱাৰি। ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যবস্থা আছিল মূল্যবোধ আধাৰিত । শিক্ষাৰ অন্যতম উদ্দেশ্য হৈছে মূল্যবোধ সৃষ্টি কৰা। সমাজত মানুহে সামাজিক মর্যাদাসম্পন্নভাৱে জীয়াই থাকিবলৈ হ’লে মূল্যবোধৰ সৃষ্টি আৰু বিকাশ অতি প্রয়োজনীয়। মূল্যবোধ অবিহনে প্ৰকৃততে মানুহ আৰু অন্য জীৱ-জন্তুৰ মাজত বিশেষ প্রভেদ নাথাকিব। মূল্যবোধৰ জৰিয়তেহে মানুহে প্রকৃত জীৱন নিৰ্বাহৰ পদ্ধতি সম্পৰ্কে জ্ঞান আহৰণ কৰিব পাৰি। মূল্যবোধে মানুহৰ সামাজিক জীৱন পৰিচালিত কৰে।

বিচিত্ৰ সংস্কৃতিৰ দেশ ভাৰতবৰ্ষৰ শিক্ষানুষ্ঠানসমূহলৈ বিভিন্ন শ্ৰেণীৰ ল’ৰা-ছোৱালীয়ে শিক্ষা আহৰণ কৰিবলৈ আহে। বিভিন্ন আর্থ-সামাজিক আৰু সাংস্কৃতিক পৰিৱেশৰ পৰা অহা ল’ৰা-ছোৱালীবোৰে আয়ত্ত কৰি অহা মূল্যবোধবোৰ বেলেগ বেলেগ হোৱাটোৱেই স্বাভাৱিক। আনহাতে বর্তমান বিজ্ঞান-প্রযুক্তিবিদ্যাৰ বিকাশ তথা পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱত নতুন পুৰুষৰ মাজত মূল্যবোধৰ অনেক খেলি-মেলি হোৱা পৰিলক্ষিত হৈছে। তেনেক্ষেত্ৰত বৰ্তমান সমাজত উচিতভাৱে মূল্যবোধৰ শিক্ষা প্ৰদানৰ অতি আৱশ্যক হৈ পৰিছে।

প্রশ্ন ১৩। মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে অধ্যয়ন চলাই কি বিশেষ

 উত্তৰ : মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে অধ্যয়ন চলাই চাৰিটা বিশেষ আচৰণ চিনাক্ত কৰিছে, লিখা ।

আচৰণ চিনাক্ত কৰিছে, সেইকেইটা হ’ল—

(ক) যুক্তিনিষ্ঠতাঃ শিশুৱে সম্মুখীন হোৱা বিভিন্ন পরিবেশ যুক্তিনিষ্ঠভাবে বিচাৰ-বিশ্লেষণ কৰা । (খ) পৰোপকাৰিতা ঃ অন্য মানুহৰ সুখ-দুখৰ প্ৰতি সহানুভূতিশীল হোৱা আৰু

প্রয়োজন সাপেক্ষে সহায় কৰা।

(গ) দায়িত্ববোধ : সমাজত নিজৰ দায়িত্ব সম্পর্কে সচেতন হোৱা আৰু নিজে কৰা কামৰ ভুল-ত্রুটিসমূহ স্বীকাৰ কৰি লোৱা (ঘ) নৈতিক স্বতন্ত্রতা : নিজস্বভাৱে কোনো এক নৈতিক সিদ্ধান্ত লোৱাৰ ক্ষমতা। আনৰ লগত আলোচনা কৰিলেও এনে ধৰণৰ সিদ্ধান্তৰ সমস্ত দায়িত্ব ব্যক্তিয়ে নিজে স্বীকাৰ কৰি লোৱাৰ মানসিকতা।

শব্দার্থ

ধর্ম— নৈতিক শিক্ষা দিব পৰা কাৰ্য, অর্থ— টকা-পইচা, ধন-সম্পত্তি আদি, কাম-কামনা- বাসনা, লিলা; মোঘ— মুক্তি [HS. ’17], নির্বাণ, সংসাদ বন্ধনৰ পৰা মোচন; মূল্যবোধৰ “জিনীতি’ঃ[H.S.’19] সত্যম্ শিৱম্, সুন্দৰ চিৰন্তন – সদায় থকা, চিৰস্থায়ী; দৈহিক — দেহ সম্পৰ্কীয়; মানসিক মন সম্পৰ্কীয়; কুকুৰ কুকুৰ, শৃগাল — শিয়াল। গর্দভ — গাধ।

Leave a Reply