Class-12 Assamese Solutions |Chapter-8| বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো

Class-12 Assamese Solutions |Chapter-8| বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class-12 Assamese Solutions |Chapter-8| বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS 2nd years Solutions

Class-12 Assamese Solutions |Chapter-8| বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো

Class-12 Assamese Solutions |Chapter-8| বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো অসমীয়া। উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অসমীয়া বিষয়ৰ শেহতীয়া পাঠ্যক্ৰমৰ (AHSEC) ওপৰত ভিত্তি কৰি পাঠ ভিত্তিক প্রশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আমাৰ ৱেবচাইটত উপলব্ধ।

গোট ১

লেখক পৰিচিতি—ড° দীনেশ চন্দ্ৰ গোস্বামী (১৯৪৯)

বিশিষ্ট বিজ্ঞানী ড° দীনেশ চন্দ্ৰ গোস্বামীৰ জন্ম হয় ১৯৪৯ চনত। তেওঁ ১৯৬৩ চনত ৰঙিয়া হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটী কটন মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্ৰী লাভ কৰে। তাৰ পিছত বি. বৰুৱা মহাবিদ্যালয়ত কিছুদিন কাম কৰাৰ পিছত কটন মহাবিদ্যালয়ত কাম কৰিবলৈ লয়। তেওঁ নতুন দিল্লীৰ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ (চি.এছ. আই. আৰ) আৰু যোৰহাটত থকা আঞ্চলিক গৱেষণাগাৰ (আৰ. আৰ. এল.)ত বৈজ্ঞানিক হিচাপেও সেৱা আগবঢ়ায়। আঞ্চলিক গৱেষণাগাৰৰ সঞ্চালক পৰ্যায়ৰ বিজ্ঞানী আৰু উপদেষ্টা হিচাপে ২০০৯ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে।

অসমীয়া বিজ্ঞান সাহিত্যলৈ ড° গোস্বামীৰ বিশেষ অৱদান আছে। তেওঁ জনপ্রিয় বিজ্ঞান (Popular Science) আৰু কল্পবিজ্ঞান (Science Fiction) বিষয়ত প্রায় পঞ্চাশখন গ্ৰন্থ ৰচনা কৰে। সেইবোৰৰ ভিতৰত উল্লেখযোগ্য হ’ল— ‘বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা’, ‘শতাধিক মহান বিজ্ঞানী’, ‘জোনাকীৰ জিলিকনি’, ‘উষ্ণ প্রবাহ’, ‘মোহনীয় বিশ্ব ব্ৰহ্মাণ্ড’, আৰু ‘শব্দ নিৰন্তৰ শব্দ’। এতিয়ালৈকে তেওঁৰ অনুবাদ কৰা সোতৰখন গ্ৰন্থ প্ৰকাশ পাইছে। ‘দৃষ্টি’ নামৰ বিজ্ঞান বিষয়ক আলোচনীখনি তেওঁ কেবাবছৰ ধৰি সম্পাদনা কৰিছিল। অসম সাহিত্য সভাই প্রকাশ কৰা ‘বিশ্বকোষ’ৰ বিজ্ঞান বিষয়ক খণ্ড তিনিটাৰ তেওঁ আছিল মুখ্য সম্পাদক। ইয়াৰ উপৰি ড° গোস্বামীয়ে ৰচনা কৰা অনেক তত্ত্বগধুৰ প্ৰবন্ধ-পাতি বিভিন্ন কাকত-পত্ৰত প্ৰকাশ পাইছে।

অতি চমু প্রশ্নোত্তৰ (মূল্যাংক -১)

প্রশ্ন ১। ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’ শীৰ্ষক পাঠটিৰ লেখক কোন? 

উত্তৰ : ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’ শীৰ্ষক পাঠটিৰ লেখক হ’ল – ড°দীনেশ চন্দ্র গোস্বামী।

প্রশ্ন ২। “বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’— শীৰ্ষক পাঠটি ক’ৰ পৰা লোৱা হৈছে?

উত্তৰ : ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’ শীর্ষক পাঠটি ‘বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা’ নামৰ গ্ৰন্থৰ পৰা লোৱা হৈছে।

প্রশ্ন ৩। আই ওলালে গোসাঁনীৰ নাম ধৰা বা গোপিনী সবাহ পতাতো লেখকৰ মতে কেনেধৰণৰ অনুষ্ঠান ?

উত্তৰ : আই ওলালে গোসাঁনীৰ নাম ধৰা বা গোপিনী সবাহ পতাতো লেখকৰ মতে এক প্ৰকাৰ ধৰ্মীয় অনুষ্ঠানহে।

প্রশ্ন ৪। দাঁতৰ পোকবোৰ প্ৰকৃততে কি?

উত্তৰ : দাঁতৰ পোকবোৰ প্ৰকৃততে চকুৰে মনিব নোৱৰা কিছুমান অণুজীৱ ৷

প্রশ্ন ৫। আমাৰ সমাজৰ অমানৱীয় আৰু নিকৃষ্ট কথা বুলি লেখকে উল্লেখ কৰা ঘটনাটো কি?

উত্তৰ : কিছুমান চতুৰ আৰু স্বাৰ্থপৰ মানুহে কিছুমান পৰিয়াল বা লোকক, বিশেষকৈ কিছুমান দুখীয়া তিৰোতাক ডাইনী আখ্যা দি অত্যাচাৰ আৰু হত্যা কৰা ঘটনাটোক লেখকে আমাৰ সমাজৰ অমানৱীয় আৰু নিকৃষ্ট কথা বুলি উল্লেখ কৰিছে।

প্রশ্ন ৬। বসন্ত ৰোগ কিহৰ পৰা বিয়পে? উত্তৰ : বসন্ত ৰোগ একোবিধ ক্ষুদ্র ভাইৰাছ বা বীজাণুৰ পৰা সৃষ্টি হয়।

প্রশ্ন ৭। আদিম মানুহে কি কৰি থাকোতে জুই জ্বলি উঠিল ?

উত্তৰ : আদিম মানুহে শিলত শিল দলিয়াই থাকোতে জুই জ্বলি উঠিল। 

প্রশ্ন ৮। বর্তমান যুগটোক কিহৰ যুগ বুলি কোৱা হয় ?

উত্তৰ : বৰ্তমান যুগটোক বিজ্ঞানৰ যুগ বুলি কোৱা হয়। বুলি কোৱা হয়?

প্রশ্ন ৯। আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্‌ঘাটনৰ ব্যৱস্থাটোক কি কোৱা হয়?

উত্তৰ : আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্য উদ্‌ঘাটনৰ ব্যৱস্থাটোক ‘বিজ্ঞান’ বুলি কোৱা হয়।

প্রশ্ন ১০। মাদু-মন্ত্ৰ বা তাবিজ-বিভূতিৰে ৰোগ নিৰাময় কৰিব পাৰিনে? 

উত্তৰ যাদু-মন্ত্ৰ বা তাবিজ-বিভূতিৰে ৰোগ নিৰাময় কৰিব নোৱৰি।

প্রশ্ন ১১। ড° দীনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম লিখা।

উত্তৰ : ড° দীনেশ চা গোস্বামীয়ে সম্পাদনা কৰা এখন বিজ্ঞান বিষয়ক আলোচনী হ’ল— ‘দৃষ্টি’।

প্রশ্ন ১২। বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি ?

উত্তৰ : বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসম্মত কাৰণ হ’ল— এবিধ অতি ক্ষুদ্র ভাইৰাছ বা বীজাণুৰ দ্বাৰা এই ৰোগ সৃষ্টি হয়।

প্রশ্ন ১৩। বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’ পাঠটি ক’ৰ পৰা লোৱা হৈছে?

উত্তৰ : ড° দীনেশ চন্দ্ৰ গোস্বামী ৰচিত “বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা’ নামৰ গ্ৰন্থৰ পৰা ।

প্রশ্ন ১৪। বিজ্ঞানীৰ কাম কি ?

উত্তৰ : পৰ্যবেক্ষণ কৰা, জোখ মাপ লোৱা, সত্যৰ অনুসন্ধান কৰা, বস্তু বা ঘটনাটোৰ ধৰ্ম বা চৰিত্ৰ ফঁহিয়াই চাই তাৰ বিষয়ে সিদ্ধান্তলৈ অহা আদি। 

প্রশ্ন ১৫। আনবোৰ অৱদানতকৈ বিজ্ঞানৰ মানৱ জাতিলৈ বহুত বেছি মূল্যবান অবদান কি।

উত্তৰ: বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাব, বৈজ্ঞানিক পদ্ধতি।

প্রশ্ন ১৬। বিজ্ঞান কি ?

উত্তৰ: বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্য উদঘাটনৰ ব্যৱস্থাই বিজ্ঞান।

প্রশ্ন ১৭। দাঁতৰ পোকবোৰ প্ৰকৃততে কি?

উত্তৰ : চকুৰে মনিব নোৱাৰা এবিধ অনুজীব।

প্রশ্ন ১৮। বসন্তৰোগ প্ৰধানকৈ কোন গৰাকী দেবীৰ ৰোষত হোৱা বুলি মানুহে বিশ্বাস কৰিছিল?

উত্তৰ : শীতলাদেৱীৰ ৰোষত।

প্রশ্ন ১৯। ‘উপকল্প’ শব্দটোৰ অৰ্থ লিখা। 

উত্তৰ : ‘উপকল্প’ শব্দটোৰ অৰ্থ হ’ল— উপবিধি।

প্রশ্ন ২০। পদার্থ কণা-ত্বৰক কাক বোলে ?

উত্তৰ: পদাৰ্থৰ ক্ষুদ্রতম কণাসমূহৰ বেগ ক্রমে বঢ়াই নিয়া যন্ত্র বিশেষক পদার্থ কণা-ত্বক বোলে।

চমু প্রশ্নোত্তৰ (মূল্যাংক – ২)

প্রশ্ন ১। ড° দীনেশ চন্দ্র গোস্বামীয়ে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা। 

উত্তৰ : ড’ দীনেশ চন্দ্ৰ গোস্বামীয়ে ৰচনা কৰা দুখন গ্রন্থ হ’ল— ‘বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা’ আৰু ‘জোনাকীৰ জিলিকনি’।

প্রশ্ন ২। বিজ্ঞান বুলিলে কি বুজা ?

উত্তৰ ঃ বিজ্ঞান বুলিলে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোকেই বুজা যায়।

বিজ্ঞানত আমি দেখা বস্তু আৰু ঘটনাবোৰৰ একোটা সুসংবদ্ধ ব্যাখ্যা দিবলৈ চেষ্টা কৰা হয়।

প্রশ্ন ৩। বিজ্ঞানীৰ কাম কি?

উত্তৰ ঃ পৰ্যবেক্ষণ কৰা, জোখ-মাপ লোৱা, সত্যৰ অনুসন্ধান কৰা, বস্তু বা ঘটনাটোৰ ধৰ্ম বা চৰিত্ৰ ফঁহিয়াই চাই তাৰ বিষয়ে এটা সিদ্ধান্তলৈ অহাই হৈছে বিজ্ঞানীৰ কাম।

প্রশ্ন ৪। বিশুদ্ধ খোৱা পানীৰ অভাৱত মূলতঃ কেনেধৰণৰ ৰোগ হ’ব পাৰে ?

উত্তৰ : বিশুদ্ধ খোৱা পানীৰ অভাৱত মূলতঃ ডায়েৰিয়া মেলেৰিয়া, ডণ্ডিচ আদি ৰোগ হ’ব পাৰে।

প্রশ্ন ৫। আদিম মানুহৰ পৰা এতিয়াৰ আধুনিক মানুহলৈকে প্ৰত্যেকৰে কি অনুসন্ধিৎসা আছে?

উত্তৰ ঃ নজনা কথা জানিবলৈ আৰু নুবুজা কথা বুজিবলৈ আদিম মানুহৰ পৰা এতিয়াৰ আধুনিক মানুহলৈকে প্ৰত্যেকৰে অনুসন্ধিৎসা আছে।

প্রশ্ন ৬। শিশু ৰোগ প্ৰতিৰোধৰ বাবে বিজ্ঞানীসকলে কি আৱিষ্কাৰ কৰিছে ? 

উত্তৰ : শিশু ৰোগ প্ৰতিৰোধৰ বাবে বিজ্ঞানীসকলে অশেষ সাধ্য-সাধনাৰ অন্তত বেজী-ছিটা আৱিষ্কাৰ কৰিছে।

প্রশ্ন ৭। কাৰ্যকৰণৰ সম্পৰ্ক নজনাৰ ফলত অভীজত কি হৈছিল ?

উত্তৰ : অতীজত বহু কথাৰ কাৰ্যকৰণৰ সম্পৰ্ক নজনাৰ ফলত সেইবোৰ দেৱ-দেৱতা, ভূত-পিশাচৰ কাণ্ড, কোনো অদৃশ্য শক্তিৰ কাৰ্য বুলি মানি লৈছিল।

প্রশ্ন ৮। তিৰোতা মানুহে মাহেকীয়া অৱস্থাত কেনে কাম নকৰাকৈ থকা ভাল ? 

উত্তৰ : তিৰোতা মানুহে মাহেকীয়া অৱস্থাত দৌৰা, ঢেঁকী দিয়াৰ দৰে টান কাম নকৰাকৈ থকা ভাল।

প্রশ্ন ৯। মাহেকীয়া অৱস্থাত কেনে ধৰণৰ কাৰ্য কৰিবলৈ দি বেমাৰ মাতি আনিবলৈ বাধ্য কৰোৱা হয় বুলি লেখকে উল্লেখ কৰিছে?

উত্তৰ : গাঁৱে-ভূঞে মাহেকীয়া অৱস্থাত তিৰোতায়নীক পাগৰ পৰা আঁতৰাই ৰাখি টান কাম কৰিবলৈ দিয়া হয়, সেমেকা মজিয়াত কম কাপোৰৰ বিছনাত শুবলৈ দি বেমাৰহে মাতি আনিবলৈ বাধ্য কৰোৱা হয় বুলি লেখকে উল্লেখ কৰিছে। 

প্রশ্ন ১০। ডায়েৰিয়া, মেলেৰিয়া আদি ৰোগ যাদুমন্ত্ৰ বা তাবিজ আদিৰে সৃষ্টি বা নিৰাময় কৰিব পাৰিনে? 

উত্তৰ : ডায়েৰিয়া, মেলেৰিয়া আদি ৰোগ কোনো যাদু-মন্ত্র বা তাবিজ আদিৰে সৃষ্টিও কৰিব নোৱাৰি নিৰমায়ো কৰিব নোৱাৰি।

প্রশ্ন ১১। ‘সপোনত পোৱা ঔষধ’ ৰোগীয়ে কিয় ব্যৱহাৰ কৰা অনুচিত ?

উত্তৰ : সপোনত পোৱা ঔষধৰ যোগেদি যিকোনো ৰোগ নিৰাময় কৰিব পৰা বা ভৱিষ্যৎ নিৰ্ণয় কৰিব পৰা ধৰণৰ দাবীৰ কোনো ভিত্তি নাই আৰু সময়ত এইবোৰ মিছা বুলিও প্ৰমাণিত হয়। কিন্তু অন্ধবিশ্বাসী এচাম মানুহৰ পৃষ্ঠপোষকতাতে এনে ধৰণৰ ঘটনাবোৰ ঘটি থাকে। এইবোৰ ঘটনাই ব্যক্তি আৰু সমাজৰ প্ৰতি কৰিব পৰা অনিষ্টৰ কথা ভাবি ৰোগীয়ে সপোনত পোৱা ঔষধ ব্যৱহাৰ কৰা অনুচিত।

প্রশ্ন ১২। বাহ্যিক জীৱনৰ বাবে প্ৰয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ বেছি মূল্যৱান অবদান কি ? 

উত্তৰ : বাহ্যিক জীৱনৰ বাবে প্ৰয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি। মূল্যবান অবদান হৈছে বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতি।

প্রশ্ন ১৩। মুকলি মন মানে কি ?

উত্তৰ : আঁকোৰ-গোজ হৈ অযুক্তিকৰ পুৰণি কথাবোৰত লাগি নাথাকি বিজ্ঞানসম্মত নতুন কথা, নতুন সিদ্ধান্ত গ্ৰহণ কৰিব পৰা মনটোৱে হৈছে মুকলি মন। ই ব্যক্তি আৰু সমাজক উন্নতিৰ জখলাৰে আগুৱাই লৈ যায়।

প্রশ্ন ১৪। ভূত-প্রেত, দেৱতা অপদেৱতা আদিৰ বাস্তৱ ভিত্তি আছে নে? : 

উত্তৰ:আগৰ দিনত মানুহে বহুতো কথা কাৰ্যকৰণৰ সম্পৰ্কে জনা নাছিল। সেয়ে তেনে কোনো কাৰ্য-কৰণৰ অন্তৰালত ভূত-প্ৰেত, দেৱতা-অপদেৱতাৰ প্ৰভাৱ থকা বুলি ভাবিছিল। কিন্তু আজিৰ বিজ্ঞানৰ যুগত ভূত-প্রেত, দেৱতা-অপদেৱতাৰ কোনো বাস্তৱ ভিত্তি নাই বুলি প্রমাণিত হৈছে।

প্রশ্ন ১৫। আদিম মানুহে জুইৰ আৱিষ্কাৰ কিদৰে কৰিছিল? 

উত্তৰ : আদিম মানুহ এজনে এনেয়ে শিলত শিল দলিয়াই থাকোতে জুই উঠিল। সেই পৰ্যবেক্ষণৰ পিছত তেওঁ দুই তোলা প্ৰক্ৰিয়াটো বাৰে বাৰে কৰি চালে। তেওঁ জুইৰ ধৰ্ম অধ্যয়ন কৰি জুইৰ নানা ব্যৱহাৰ আৱত কৰিলে। এনেকৈয়ে আদিম মানুহে জুইৰ আৱিষ্কাৰ কৰিছিল।

চমু প্রশ্নোত্তৰ (মূল্যাংক -৩)

প্রশ্ন ১। কি গুণৰ বাবে মানুহ উন্নতিৰ পথেৰে আগুৱাই গৈছে— চমুকৈ আলোচনা কৰা । 

উত্তৰ : মানুহে সদায় নজনা কথা জানিবলৈ, নুবুজা কথা বুজিবলৈ হাবিয়াস কৰে। আদিম কালৰ পৰা আধুনিক কাললৈ প্ৰত্যেক মানুহৰে মনত অনুসন্ধিৎসাই ক্ৰিয়া কৰি আহিছে। তাৰ বাহিৰেও কথাবোৰ ভাঙি পাতি চাব পৰা, ফঁহিয়াই চাব পৰা, ফঁহিয়াই চাই বুজি ল’ব পৰা বুদ্ধি মানুহৰ আছে। বুদ্ধি আৰু অনুসন্ধিৎসা গুণৰ বাবেই মানুহ উন্নতিৰ পথেৰে আগুৱাই গৈ আছে। তাৰ বলতেই মানুহে প্ৰকৃতিৰ নানা সত্য, নানা ৰহস্যৰ উদ্‌ঘাটন কৰিছে আৰু প্ৰকৃতিৰ শক্তি আৰু সম্পদ নিজ জীৱনৰ মান উন্নত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিছে।

প্রশ্ন ২। বিজ্ঞানৰ প্ৰক্ৰিয়া কেনেকৈ আৰম্ভ হ’ল বুলি লেখকে কৈছে? 

উত্তৰ : বস্তু আৰু ঘটনা লক্ষ্য কৰিব পৰা গুণ, তাক জানিবলৈ-বুজিবলৈ আগ্ৰহ কৰা গুণ আৰু বুজি লৈ সেই বস্তু বা পঘিটনা নিজৰ আয়ত্তলৈ অনাৰ আগ্ৰহৰ ফলতে মানুহে নানা বস্তু আৰু ঘটনা আৱিষ্কাৰ কৰি গৈ থাকিল। এনে প্ৰক্ৰিয়াতে বিজ্ঞানৰ প্ৰক্ৰিয়াৰ আৰম্ভ হ’ল বুলি লেখকে কৈছে।

প্রশ্ন ৩। বিজ্ঞানীসকলে সকলো ধৰণৰ প্ৰশ্নৰ উত্তৰ বিচৰাৰ ফলত মানৱ সমাজৰ কি লাভ হৈছে?

উত্তৰ : বিজ্ঞানীসকলে সকলো ধৰণৰ প্ৰশ্নৰ উত্তৰ বিচাৰি যোৱাৰ ফলত মানুহৰ আহাৰ, আশ্ৰয়, কাপোৰ-কানিৰ নানা সমস্যাৰ আজি সমাধান হৈছে। প্ৰকৃতিৰ নতুন দ্রব্য, শক্তি আৰু পৰিঘটনাক মানৱ সমাজে নিজৰ আয়ওঁলৈ আনিব পাৰিছে আৰু মানুহৰ জ্ঞানৰ পিয়াহ গুচাব পাৰিছে।

প্রশ্ন ৪। আঙুলি এটা কাটিলে সোহা মাৰি তেজখিনি খাই থ’লে শৰীৰৰ উপকাৰ হয়নে?

উত্তৰ : আঙুলি কাটি তেজ ওলালে বহুতে চোহা মাৰি তেজখিনি খাই থয়। তেওঁলোকে ভাবে যে দেহৰ পৰা ওলোৱা তেজখিনি পুনৰ দেহত ভৰাই থ’লে উপকাৰ হয়। কিন্তু আমাৰ শৰীৰৰ তেজ চলাচল কৰা ব্যৱস্থাটো বা তদুটো আহাৰ জীপ নিওবা তন্ত্ৰটোৰ পৰা সম্পূৰ্ণ পৃথক। গতিকে পেটলৈ তেজখিনি সুমুৱাই দিলে সি পোনে পোনে সোঁতলৈ গুচি নাযায়।

আনহাতে দূষিত হৈ পেটত সোমোৱা বা সি শৰীৰৰ বাবে অপকৰাহে হ’ব পাৰে। 

প্রশ্ন ৫। তিৰোতা মানুহৰ মাহেকীয়া কেনেধৰণৰ প্ৰক্ৰিয়া বুজাই লিখা। 

‘উত্তৰ : তিৰোতা মানুহৰ মাহেকীয়া হোৱা প্ৰক্ৰিয়াটো কোনো ৰোগ নহয়, আনকি তাৰ লগত কোনো অণুজীৱ বা জীৱাণুও জড়িত নাথাকে। সি এক স্বাভাবিক প্রক্রিয়াহে। আগতে মানুহে এই স্বাভাৱিক কথাটোকে নাজানি তেনে তিৰোতাক অস্বাভাৱিক ধৰণৰ ব্যৱহাৰ কৰিছিল। মাহেকীয়া হোৱা তিৰোতাই দৰাচলতে দৈনন্দিন কাম-কাজ কৰি থাকিব পাৰে। কেৱল দৌৰা, ঢেঁকী দিয়াৰ দৰে টান কাম কৰাৰ পৰা বিৰত থাকিলে ভাল। কিন্তু গাঁৱে-ভূঞে মাহেকীয়া হোৱা তিৰোতাজনীক পাগৰ পৰা আঁতৰাই ৰাখি টান কাম কৰিবলৈ দিয়া হয়। সেমেকা মজিয়াত কম কাপোৰৰ বিছনাত শুবলৈ দি বেমাৰহে মাতি আনিবলৈ বাধ্য কৰোৱা হয় ৷

প্রশ্ন ৬। ‘আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্‌ঘাটনৰ ব্যৱস্থাটোৱেই হ’ল বিজ্ঞান’ কথাষাৰবুজাই লিখা ।

“উত্তৰ : এই বিশ্ব ব্ৰহ্মাণ্ডত অনেক বস্তু, অনেক জীব-জন্তু আছে। ইয়াত অনেক ঘটনা- পৰিঘটনা সততে ঘটিব লাগিছে। এই বিশ্ব ব্রহ্মাণ্ডখননো কি, ইয়াত কি কি আছে, সেইবোৰৰ স্থিতি, গতি, অস্তিত্ব, অৱয়ব আদি মানুহে জ্ঞান-বুদ্ধিৰে বিচাৰ-বিশ্লেষণ কৰি, ফঁহিয়াই চাই বুজি তাৰ ৰহস্য তথা আচল তত্ত্ব বিচাৰি উলিওৱা প্ৰথাটোকেই বিজ্ঞান বোলা হয়। বিজ্ঞানত আমি দেখা বস্তু বা ঘটনাবোৰৰ এনেদৰে একোটা সুসংবদ্ধ ব্যাখ্যা দিবলৈ চেষ্টা কৰা হয়। এই ব্যাখ্যাবোৰ পৰীক্ষা কৰি চাব পৰা বিধৰ হ’ব লাগিব।

এইদৰে পৰ্যবেক্ষণ কৰা, জোখ-মাপ লোৱা, সত্যৰ অনুসন্ধান কৰা, বস্তু বা ঘটনাটোৰ ধৰ্ম বা চৰিত্ৰ ফঁহিয়াই চাই তাৰ বিষয়ে এটা সিদ্ধান্তলৈ অহা এইবোৰ বিজ্ঞানীৰ কাম । 

HS দ্বিতীয় বৰ্ষৰ অসমীয়া প্ৰশ্নৰ উত্তৰ

Sl. No.Contents
Unit 1নিৰ্বাচিত গদ্য
Chapter 1মোৰ মাতৃমোখ দৰ্শন
Chapter 2মগনিয়াৰ
Chapter 3আনন্দৰাম বৰুৱা
Chapter 4হস্তিবিদ্যাৰ্ণৱ পুথি
Chapter 5ভাৰতীয় আদৰ্শত বৈৰাগ্য
Chapter 6চিঠি
Chapter 7অসমীয়া চলচ্চিত্রৰ গতিধাৰা
Chapter 8বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো
Unit 2নিৰ্বাচিত পদ্য
Chapter 1বৰগীত (উঠৰে উঠ বাপু)
Chapter 2বিশ্ব খনিকৰ
Chapter 3মিলন
Chapter 4জনতাৰ আহ্বান
Chapter 5কাঠমিস্ত্ৰীৰ ঘৰ
Chapter 6আঘোণৰ কুঁৱলী
Chapter 7উভতি নহাৰ কবিতা
Chapter 8কৰুণতম
Unit 3কৈশোৰ কাল আৰু মূল্যবোধৰ শিক্ষা
Chapter 1মূল্যবোধৰ শিক্ষা
Chapter 2কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা

প্রশ্ন ৭। বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিত কেনেদৰে অৰিহণা যোগায় ?

উত্তৰ মানুহে নজনা কথা জানিব খোজে। শাৰীৰিক শক্তিৰে দখল বা আয়তলৈ আনিব – নোৱৰা বস্তু বা ঘটনা মানুহে বুদ্ধি প্রয়োগ কৰি নিজৰ আয়তলৈ আনিব বিচাৰে। এই প্ৰক্ৰিয়াৰ মাজতে বিজ্ঞান প্ৰক্ৰিয়াৰো আৰম্ভণি। বিজ্ঞানত আমি দেখা বস্তু বা ঘটনাবোৰৰ একোটা সুসংবদ্ধ ব্যাখ্যা দিবলৈ চেষ্টা কৰা হয়। এই ব্যাখ্যাবোৰ পৰীক্ষা-নিৰীক্ষা কৰি চাব পৰা বিধৰ হ’ব লাগিব। বিজ্ঞানীসকলে কৰা পৰীক্ষা-নিৰীক্ষাৰ ফলৰ বাবেই মানুহৰ আহাৰ, আশ্ৰয় আৰু বস্ত্ৰৰ সমস্যা সমাধানৰ পথ সুগম হৈছে। বিজ্ঞানৰ এই অৱদানৰ উপৰি মানৱ সমাজলৈ অন্য গুৰুত্বপূৰ্ণ অৱদান হ’ল বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতি। এই বৈজ্ঞানিক চিন্তাধাৰাৰ প্ৰভাৱতে আজিৰ মানুহৰ মন মুকলি হৈছে। বিজ্ঞানৰ গোটেই পদ্ধতিটোত অযুক্তিকৰ পুৰণি কথাবোৰত আঁকোৰগোজ হৈ নাথাকি মুকলি মনেৰে বিজ্ঞানসন্মত নতুন কথা, নতুন সিদ্ধান্ত গ্ৰহণ কৰিব পৰা মানুহে সমাজৰ প্ৰগতিত অৰিহণা আগবঢ়াব পাৰে।

প্রশ্ন ৮। সপোনত পোৱা ঔষধ আৰু দৈবশক্তি লাভ কৰা সম্পৰ্কত লেখকে কেনেদৰে মন্তব্য কৰিছে, লিখা। 

উত্তৰ : আমাৰ সমাজত আগৰে পৰা বৰ্তমানলৈ এনে কিছুমান চতুৰ আৰু স্বাৰ্থপৰ দুষ্ট বুদ্ধিৰ মানুহে আছে, যি বিলাকে নানান কৌশল আৰু বুদ্ধি খটুৱাই সৰল, হোজা, আনকি শিক্ষিত মানুহকো নানা প্ৰকাৰে ঠগ প্ৰবঞ্চনা কৰি ধন উপাৰ্জনৰ পথ মুকলি কৰি আহিছে। তাৰ ভিতৰত এটা হ’ল সপোনৰ ঔষধ আৰু দৈৱশক্তি লাভ কৰা বুলি কৰা অপপ্ৰচাৰ, আৰু তাৰদ্বাৰা মানুহক প্রলোভিত কৰা কাৰ্য। কিছুমান মানুহে হঠাতে সপোনত কোনো শক্তিৰ পৰা মানুহৰ ৰোগ নিৰামৰ দৰৱ আৰু মন্ত্ৰ লাভ কৰা বুলি দাবী কৰি নানা উপায়ে প্ৰচাৰ কৰে। আন দুই এজন মানুহ হঠাতে কোনো অদ্ভুত শক্তিৰ অধিকাৰী হৈ পৰা বুলি ভূত ভৱিষ্যতৰ কথা ক’ব পৰা, আনকি ভৱিষ্যত নিৰ্ণয় কৰিব পৰা হোৱা বুলি আৰু প্ৰায় সকলো ৰোগ নিৰায়ম কৰিব পৰা হোৱা বুলি দাবী কৰে। এনে দাবীক মানুহে বিশ্বাস কৰি এই সকল মানুহৰ ওচৰলৈ মানুহৰ সোঁত বহু আৰু এইসকল দাবীদাৰ চতুৰ লোকে এই সুযোগতে প্ৰচুৰ ধন আহৰণ কৰে। প্ৰকৃততে এইসকল লোকৰ দৈৱিক শক্তিৰ দাবীৰ কোনো ভিত্তি নাই আৰু সময়ত এইবোৰ মিছা বুলিও প্রমাণিত হয়। কিন্তু অন্ধবিশ্বাসী এচাম মানুহৰ পৃষ্ঠপোষকতাতেই এইবোৰ ঘটনা ঘটি থাকে। এইবোৰ ঘটনাই ব্যক্তি আৰু সমাজৰ কেনে অনিষ্ট কৰে অলপ ভাবি চালেই অনুভৱ কৰিব পাৰি।

দীঘলীয়া প্রশ্নোত্তৰ (মূল্যাংক -8)

প্রশ্ন ১। বিজ্ঞানৰ মানৱ জাতিলৈ মূল্যৱান অৱদান সম্পৰ্কে লেখকে প্ৰকাশ কৰা কথাখিনি বুজাই লিখা।

উত্তৰ : আদিম কালৰে পৰা নজনাটো জানিবলৈ, নুবুজাটো বুজিবলৈ মানুহৰ হাবিয়াস দুৰ্বাৰ অনুসন্ধিৎসু মানুহৰ মনত অন্তহীন প্রশ্নই ভূমুকি মাঝে। বিজ্ঞানীসকলে সেই প্রশ্নবোৰৰ উত্তৰ বিচাৰি যোৱাৰ ফলত আমাৰ আশ্ৰয়, বস্ত্ৰ তথা নানা সমস্যাৰ আজি সমাধান হৈছে। প্ৰকৃতিৰ নতুন দ্রব্য, শক্তি আৰু পৰিঘটনাক মানুহে নিজৰ আয়ত্তলৈ আনিব পাৰিছে আৰু সকলোৰে জ্ঞানৰ পিয়াহ গুচাব পাৰিছে।

এই অৱদানবোৰতকৈ বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি মূল্যৱান অৱদান হৈছে বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাব, বৈজ্ঞানিক পদ্ধতি। বিজ্ঞানীসকলে পর্যবেক্ষণ কৰে, তাৰ পাছত তথ্যবোৰ সুন্দৰকৈ সজাই লৈ এটা উপকল্প বা এটা ধাৰণা কৰি লয়। তাৰ পাছত নতুন তথ্য, নতুন পৰ্যবেক্ষণেৰে তেওঁলোকে উপকল্প বা ধাৰণাটো সঁচা নে মিছা জানিব বিচাৰে। পৰ্যবেক্ষণৰ ফলস্বৰূপে যদি নতুনকৈ পোৱা তথ্যবোৰে আগৰ বা পুৰণি ধাৰণাটো মানি নচলে তেন্তে বিনা দ্বিধাই তেওঁলোকে আগৰ ধাৰণাটো আঁতৰাই নতুনক গ্ৰহণ কৰে।

প্রশ্ন ২। বিজ্ঞানৰ গোটেই পদ্ধতিত মুকলি মনটোৰ গুৰুত্ব উদাহৰণসহ বুজাই লিখা।

উত্তৰ : বৰ্তমান যুগটো হ’ল মন মুকলি ৰখা যুগ। বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বেছি। আঁকোৰগোজ হৈ অযুক্তিকৰ পুৰণি কথাবোৰত লাগি নাথাকি বিজ্ঞানসন্মত নতুন কথা, নতুন সিদ্ধান্ত গ্ৰহণ কৰিব পৰা মনটোৱে ব্যক্তি আৰু সমাজকো উন্নতিৰ জখলাৰে আগুৱাই লৈ যায়। উদাহৰণস্বৰূপে – ‘বোপা ককাৰ দিনৰে পৰা এনেদৰে খেতি কৰি আহিছে৷ এতিয়া সেইবোৰ আমাক শিকাবলৈ আহিছা?’ বুলি এজনে নিজৰ নিশকতীয়া বীজেৰে সাৰ-পানী দিয়াৰ পুৰণি পদ্ধতিৰে খেতি কৰিলে। আন এজনে আকৌ তেওঁৰ মুকলি মনটোৰ বাবেই কৃষি বিষয়াজনৰ কথাষাৰ অন্ততঃ কেইডৰামান মাটিত পৰীক্ষা কৰি চাব খুজিলে। তেওঁ নতুন উন্নত বীজ আনিলে। মাটিৰ নমুনা পৰীক্ষা কৰাই বিশেষজ্ঞই কোৱা বিধৰ আৰু কোৱা পৰিমাণৰ বিশেষ সাৰ দিলে। তেওঁৰ খেতি বহু বেছি ভাল হ’ল।

প্রাচীন কালত মানুহে বহুতো কথা বা ঘটনাৰ কাৰ্য-কৰণ সম্পৰ্ক জনা নাছিল। তেওঁলোকে সেইবোৰ কোনো ভূত-প্রেত, দেৱতা-অপদেৱতা আদি অদৃশ্য শক্তিৰ কাণ্ড বুলি বিশ্বাস কৰিছিল। বসন্ত আদি ৰোগ শীতলা আদি অপেশ্বৰীৰ ৰোষত হোৱা বুলি বিশ্বাস কৰিছিল। আধুনিক চিকিৎসাবিজ্ঞানীয়ে প্ৰমাণ কৰি দেখুৱালে যে ভূত-প্রেত, দেৱতা-অপদেৱতা বুলি কোনো শক্তি নাই বসন্ত ৰোগ এবিধ ক্ষুদ্ৰ ভাইৰাছৰদ্বাৰাহে সৃষ্টি হয় ।

এনেকুৱা বিভিন্ন উদাহৰণ আমাৰ সমাজত বিৰাজমান। গতিকে আমাৰ মন-মস্তিষক সদায় মুকলি কৰি ৰাখিলেহে এখন উন্নত সমাজ তথা দেশ কামনা কৰিব পাৰোঁ।

প্রশ্ন ৩। সপোনত দেখা ঘটনাবোৰ আৰু ইয়াৰ ফলাফলৰ দাবীৰ ভিত্তি আছে নে? 

উত্তৰ : কিছুমান মানুহে হঠাতে ৰাতি সপোনত কোনো শক্তিৰ পৰা মানুহৰ ৰোগ নিৰাময়ৰ দৰৱ বা মন্ত্ৰ লাভ কৰা বুলি দাবী কৰে। আন দুই এজন মানুহে হঠাতে কোনো অদ্ভুত শক্তিৰ অধিকাৰী হৈ পৰা বুলি ভূত-ভবিষ্যতৰ কথা ক’ব পৰা, আনকি ভবিষ্যৎ নির্ণয় কৰি দিব পৰা হোৱা বুলি আৰু প্ৰায় সকলো বেমাৰ-আজাৰ বা ৰোগ নিৰাময় কৰিব পৰা হোৱা বুলি দাবী কৰে। এনে দাবীৰ প্ৰকৃততে কোনো বাস্তব ভিত্তি নাই আৰু সময়ত এইবোৰ মিছা বুলি প্ৰমাণিত হয়। কিন্তু অন্ধবিশ্বাসী এচাম লোকৰ পৃষ্ঠপোষকতাত এনেবোৰ ঘটনা ঘটিয়েই থাকে। কোনো ঘটনা সংঘটিত হোৱাৰ বাস্তৱসন্মত কাৰণ এটা থাকিবই লাগিব। অলৌকিক শক্তিয়ে কোনো কার্য সাধন নকৰে। সপোনত দেখা ঘটনাবোৰ সম্পূর্ণ অলৌকিক। আনহাতে অলৌকিক শক্তিৰ ধাৰণাটো সম্পূর্ণ কাল্পনিক। গতিকে ব্যক্তি তথা সমাজৰ অহিত সাধনকাৰী এনে বাস্তরভিত্তিহীন কার্য বা ঘটনাবোৰৰ গ্ৰহণযোগ্যতা সম্পর্কে মুকলি মনেৰে বিচাৰ কৰি চোৱা উচিত।

প্রশ্ন ৪। “বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো পাঠটিত ছাত্ৰ-ছাত্ৰীৰ প্ৰতি আগবঢ়োৱা উপদেশখিনি চমুকৈ লিখা। 

উত্তৰ : ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’– পাঠটিৰ জৰিয়তে লেখক ড°দীনেশ চন্দ্র গোস্বামীয়ে ছাত্ৰ-ছাত্ৰীৰ প্ৰতি কিছুমান গুৰুত্বপূর্ণ উপদেশ উল্লেখ কৰিছে। লেখকে কৈছে যে বর্তমান যুগটো হৈছে মন মুকলি কৰি ৰখা যুগ। গতিকে মন মুকলি কৰি ৰাখি নতুন জ্ঞান, নতুন তথ্যবে নতুন সিদ্ধান্তত উপনীত হ’বলৈ সকলো সাজু হ’ব লাগে। সকলো কথা

চালি-জাৰি চাবলৈ তথা ফঁহিয়াই চাবলৈ অভ্যাস গঢ়ি তোলা উচিত। পুৰণি কালৰে পৰা বা রোপা-ককাৰ দিনৰে পৰা চলি আহিছে গতিকে আমিও চলাই যাওঁ বুলি অনিষ্টকাৰী বা প্ৰগতিত বাধাৰ সৃষ্টিকাৰী প্রথাবোৰ ভংগ কৰি নতুন দিশেৰে আগবাঢ়ি যোৱা উচিত। কেবল ভাগ্যকে ধিয়াই নাথাকি নিজে কৰিব পৰাখিনি কৰি যাব লাগে। 

প্রকৃত বিজ্ঞানী এজনে যেনে মন, যেনে চিন্তা লৈ আগবাঢ়ে, যেনে পদ্ধতি অনুসৰণ কৰে, প্রত্যেকে তেনে মনৰ অধিকাৰী হ’ব পাৰিব লাগিব। ফলত এই বৈজ্ঞানিক মানসিকতাই সমাজখনৰ প্ৰগতিত অৰিহণা যোগাব।

প্রশ্ন ৫। ভূত-প্রেত, দেৱতা-অপদেৱতা আদিৰ বাস্তব ভিত্তি আছেনে? কিছুমান মানুহে এইবোৰত গভীৰ বিশ্বাস কৰাৰ ফলত আমাৰ সমাজত কেনেধৰণৰ সমস্যাৰ সৃষ্টি হৈছে আলোচনা কৰা।

উত্তৰ : কোনো ঘটনা সংঘটিত হোৱাৰ বাস্তৱসন্মত কাৰণ এটা থাকিবই লাগিব। অলৌকিক শক্তিয়ে কোনো কার্য সাধন নকৰে। কাৰণ অলৌকিক শক্তিৰ ধাৰণাটো কাল্পনিক। প্রাচীন কালত মানুহে বহুতো কথা বা ঘটনাৰ কাৰ্যকাৰণ সম্বন্ধে জনা নাছিল। তেওঁলোকে সেইবোৰ কোনো ভূত-প্রেত, দেৱতা-অপদেৱতা আদি অদৃশ্য শক্তিৰ কাণ্ড বুলি বিশ্বাস কৰিছিল। তেনে দেৱ-দেৱী, ভূত-প্রেতক সন্তুষ্ট কৰিবলৈ তেওঁলোকে নানা পূজা-নাম-সবাহ-সৎকাৰৰ ব্যৱস্থা কৰিছিল। কিন্তু আধুনিক বিজ্ঞানীয়ে প্ৰমাণ কৰি দেখুৱালে যে ভূত-প্রেত, দেবতা-অপদেবতা বুলি কোনো শক্তি নাই বা এইবোৰৰ কোনো বাস্তৱ ভিত্তি নাই ।

মানুহৰ দৈনন্দিন জীৱনৰ লগত জড়িত বহুতো ৰীতি-নীতি, পৰম্পৰাত অন্ধবিশ্বাস জড়িত হৈ আছে। কিছুমান মানুহে এই অন্ধবিশ্বাসবোৰত গভীৰ বিশ্বাস ৰখাৰ ফলত সমাজত প্ৰায়ে সমস্যাৰ সৃষ্টি হৈ আহিছে। আই ওলালে বা বসন্ত ৰোগ হ’লে সেয়া শীতলা দেবী বা অন্য কোনো দেৱীৰ ৰোষত হোৱা বুলি মানুহে বিশ্বাস কৰিছিল। তেনে দেৱ-দেৱীক সন্তুষ্ট কৰিবলৈ ৰোগীৰ ঘৰত গোপিনী সবাহ বা নাম-প্রসংগ পাতে। ইয়াৰ ফলত মাহ-প্ৰসাদ দিলে তাৰ জৰিয়তে আৰু ৰোগী অথবা পৰিচৰ্যা কৰোতাসকলৰ সংস্পৰ্শলৈ অহাৰ ফলত আন মানুহৰ গালৈও এই ৰোগৰ সংক্ৰমণ হ’ব পাৰে। কাৰণ বসন্ত বা আই হৈছে একোবিধ ক্ষুদ্ৰ ভাইৰাছ আৰু ইয়াৰ প্ৰত্যক্ষ সংক্ৰমণ হয়। এই কথা জনাৰ পিছতো মানুহৰ মাজত থকা অন্ধবিশ্বাসবোঁধ আঁতৰ হোৱা নাই ।

বিশুদ্ধ খোৱাপানীৰ অভাৱ বা অস্বাস্থ্যকৰ পৰিৱেশৰ বাবে গাঁৱে-ভূঞে তথা বহু অঞ্চলত ডায়েৰিয়া, মেলেৰিয়া, ডচি আদি ৰোগ যেতিয়াই তেতিয়াই য’তে-তাতে হয়। কোনো অপশক্তিৰ প্ৰভাৱত এনেবোৰ ৰোগ হয় বুলি কিছুমান মানুহে বিশ্বাস কৰিছিল। সেয়ে এনে ধৰণৰ ৰোগ হ’লে যাদু-মন্ত্ৰ বা তাবিজ আদিৰ সহায় লৈছিল। কিছুমান চতুৰ আৰু স্বাৰ্থপৰ মানুহে কিছুমান পৰিয়াল বা লোকক বিশেষকৈ কিছুমান মুখীয়া তিৰোতাক ডাইনী আখ্যা দি অত্যাচাৰ চলায় আৰু হত্যাও কৰে। ই অকল ঘৃণনীয়ই নহয়, দণ্ডনীয় অপৰাধো ।

ভূত-প্রেত, দেৱতা-অপদেৱতা আদিৰ ওপৰত কিছুমান মানুহে গভীৰ বিশ্বাস কৰাৰ ফলত আমাৰ সমাজত বহু সমস্যাৰ সৃষ্টি হৈছে আৰু এইবোৰে সমাজৰ প্ৰগতিত বাধা প্ৰদান কৰি আহিছে।

প্রশ্ন ৮। বসন্ত ৰোগ হোৱাৰ বিজ্ঞান সম্মত কাৰণ কি ?

উত্তৰ : আগতে মানুহে বসন্ত ৰোগ শীতলাদেবী বা আন কোনো দেবীৰ ৰোষত হোৱা বুলি বিশ্বাস কৰিছিল। সেই কাৰণেই তেনে দেৱ-দেৱী ভূত-প্রেতক সন্তুষ্ট কৰিবলৈ মানুহে নানান পূজা নাম-সবাহ সৎকাৰৰ ব্যৱস্থা কৰিছিল। কিন্তু আচলতে ই আছিল এটা অন্ধ বিশ্বাসহে।

প্রকৃত বসন্ত ৰোগ বিজ্ঞানীসকলৰ মতে এবিধ অতি ক্ষুদ্ৰ ভাইৰাছ বা বীজাণুৰ দ্বাৰা সৃষ্টি হোৱা ৰোগহে। ভাইৰাছ নামৰ এই বীজাণুৰ আক্ৰমণৰ পৰা শৰীৰটোক ৰক্ষা কৰাৰ ব্যৱস্থাও তেওঁলোকে আবিষ্কাৰ কৰিলে। অতি চমকপ্রদভাৱে বিজ্ঞানীসকলে গোটেই পৃথিবীৰপৰা আই নির্মূল কৰিলে। অৱশ্যে সৰু আই আৰু মাজু আই এতিয়াও আছে। এই দুই ৰোগো ভাইৰাছৰ পৰা হয়। এয়াই হৈছে বিজ্ঞান সন্মত কাৰণ।

এই বিজ্ঞান সন্মত কাৰণতেই মন কৰিবলগীয়া কথা এটা যে বসন্ত ৰোগীৰ ঘৰত নাম। মাহ-প্ৰসাদ দিলে তাৰ জৰিয়তে আৰু ৰোগী পরিচর্যা কৰোতাসকলৰ সংস্পৰ্শলৈ অহাৰ কালত আন মানুহৰ গালৈও এই ভাইৰাছ বিয়পি যাব পাৰে। আগতে যেতিয়া আই ওলোৱাৰ কাৰণ ভালদৰে বুজি পোৱা নাছিল কেতিয়া বেলেগ কথা আছিল । এতিয়া ভাইৰাছ আৰু ৰোগৰ পোনপটীয়া সম্বন্ধৰ কথা জনাৰ পিছতো আমাৰ সেই আগৰ অন্ধবিশ্বাসটো আঁতৰা নাই। ৰোগীৰ ঘৰত “গোপিনীসবাহ বা নাম প্ৰসংগ পাতি আন শিশুসকলক মাতি মাহ-প্রসাদ খাবলৈ দিলে এই ভাইৰাছ তেওঁলোকৰ গালৈও বিয়পাৰ সম্পূৰ্ণ সম্ভাৱনা থাকে।

প্রশ্ন ৭। লেখকৰ মতে ‘বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি মূল্যৱান অৱদান’ কি কি ?

উত্তৰ : বিজ্ঞানীসকলে সকলো কথা আৰু ঘটনা, বস্তু পৰ্যবেক্ষণ কৰা, জোখ-মাপ লোৱা, সত্যৰ অনুসন্ধান কৰা, বন্ধ বা ঘটনাৰ ধৰ্ম বা চৰিত্ৰ ফঁহিয়াই চাই তাৰ বিষয়ে সিদ্ধান্তলৈ অহা আদি কামত ব্যস্ত থাকে। বিজ্ঞানৰ জৰিয়তেই জুইৰ আৱিষ্কাৰ, জুই ধৰাৰ কৌশল আৰু ব্যৱহাৰ, খালী চকু, খালী হাতেৰে পৰ্যবেক্ষণ কৰাৰ সলনি নানান যন্ত্র-পাতি, উন্নত কৌশল ব্যৱহাৰ আদি সম্ভৱ হৈছে। এক্স- ৰশ্মিৰ দূৰবীণ, আলোকীয় বা ৰেডিঅ’ দূৰবীণ, অণুবীক্ষণ যন্ত্র, লেজাৰ ৰশ্মি, অপটিকেল ফাইবাৰ, ৰোগ আদি কেনেকৈ হয়, তাৰ প্ৰতিকাৰৰ উপায়, চৰাইৰ দৰে উৰি ফুৰাৰ কৌশল, আমাৰ আহাৰ আশ্ৰয়, কাপোৰ-কানিৰ সমস্যাৰ সমাধান আদিৰো ব্যৱস্থা বিজ্ঞানৰ মহান অৱদান

কিন্তু এই সকলোবোৰ অৱদানতকৈ লেখকৰ মতে বিজ্ঞানৰ মানৱ জাতিলৈ বহুবেছি মূল্যৱান অৱদান হ’ল, বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাব, বৈজ্ঞানিক পদ্ধতি। বিজ্ঞানীসকলে লক্ষ্য আৰু পৰ্যবেক্ষণ কৰে, তাৰ পিছতে তথ্যবোৰ সুন্দৰকৈ সজাই লৈ এইটো এনে বস্তু বা এইটো এনে পৰিঘটনা হ’ব লাগে বুলি এটা উপকল্প, এটা ধাৰণা কৰি লয়। তাৰ পিছত নতুন তথ্য, নতুন পৰ্যবেক্ষণৰে তেওঁলোকে আগৰ উপকল্প বা ধাৰণাটো সঁচানে মিহা জানিব খোজে। যদি দেখা যায় যে নতুনকৈ পোৱা তথ্যবোৰে আগৰ ধাৰণাটো বা সিদ্ধান্তটো মানি নচলে, তেনেহ’লে তেওঁলোকে কোনো দ্বিধাবোধ নোহোৱাকৈ আগৰ সিদ্ধান্তটো এৰি পেলায়।

এয়া হ’ল মুকলি মনৰ কথা। বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি। এই চিন্তা ধাৰা, এই মনোভাব আৰু পদ্ধতিয়েই হৈছে বিজ্ঞানৰ মানৱ জাতিলৈ বহুবেছি মূল্যবান অবদান।

দীঘলীয়া প্রশ্নোত্তৰ (মূল্যাংক -৫)

প্রশ্ন ১। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা— “বিজ্ঞানৰ গোটেই পদ্ধতিটোত এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি।”

উত্তৰ : উদ্ধৃত কথাফাকি ড’ দীনেশ চন্দ্ৰ গোস্বামী ৰচিত বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ শীৰ্ষক পাঠটিৰ অন্তৰ্গত। 

বর্তমান যুগটো হ’ল মন মুকলি কৰি ৰখাৰ যুগ। আঁকোৰ-গোজ হৈ অযুক্তিকৰ পুৰণি কথাবোৰত লাগি নাথাকি বিজ্ঞানসম্মত নতুন কথা, নতুন সিদ্ধান্ত গ্রহণ কৰিব পৰা মনটোৱে হ’ল মুকলি মন। এই মুকলি মনে ব্যক্তি তথা সমাজক উন্নতিৰ জখলাৰে আগুৱাই লৈ যায়। বিজ্ঞানীসকল হৈছে মুকলি মনৰ অধিকাৰী। তেওঁলোকে লক্ষ্য বা পর্যবেক্ষণ কৰে, তাৰ পিছত তথ্যবোৰ সুন্দৰকৈ সজাই লৈ এটা উপকল্প বা এটা ধাৰণা কৰি লয়। তাৰ পাছত নতুন তথ্য, নতুন পৰ্যবেক্ষণেৰে তেওঁলোকে পূৰ্বৰ উপকল্পটো সঁচা নে মিছা বিচাৰ-বিশ্লেষণ কৰে। যদি দেখা যায় যে নতুনকৈ পোৱা তথ্যবোৰে আগৰ ধাৰণাটো মানি নচলে, তেনেহ’লে তেওঁলোকে কোনো দ্বিধা নোহোৱাকৈ আগৰ সিদ্ধান্তটো এৰি পেলায়। মুকলি মনৰ অধিকাৰী হোৱাৰ বাবেই বহু লোক পৰম্পৰাবাদী আৰু অন্ধবিশ্বাসী ঠেক গণ্ডীৰ পৰা ওলাই আহিব পাৰিছে। সমাজৰ নিৰক্ষৰ, হোজা লোক এজনো এনে মনৰ অধিকাৰী হ’ব পাৰে। গতিকে বিজ্ঞানৰ গোটেই পদ্ধতিটোতেই এই মুকলি মনটোৰ গুৰুত্ব খুব বেছি।

প্রশ্ন ২। আগতে খেডিয়া বহুতো কথাৰ কাৰ্যকৰণৰ সম্পৰ্ক মানুহে জনা নাছিল তেতিয়া সেইবোৰ কেনেধৰণৰ কাৰ্য বুলি ভৰা হৈছিল বুজাই লিখা।

উত্তৰ : প্ৰাচীন কালত মানুহে বহুতো কথা বা ঘটনাৰ কাৰ্যকৰণ সম্পৰ্ক জনা নাছিল। তেওঁলোকে সেইবোৰ দেৱ-দেৱতা, ভূত পিশাচ আদি অদৃশ্য শক্তিৰ কাণ্ড বুলি বিশ্বাস কৰিছিল। আই বা বসন্ত ৰোগ আদি শীতলা বা অন্য কোনো দেৱীৰ ৰোষত হোৱা বুলি মানুহে বিশ্বাস কৰিছিল। তেনে দেৱ-দেৱী, ভূত-প্রেতক সন্তুষ্ট কৰিবলৈ তেওঁলোকে নানা পূজা-নাম-সবাহ- সৎকাৰৰ ব্যৱস্থা কৰিছিল। আধুনিক চিকিৎসাবিজ্ঞানীয়ে প্ৰমাণ কৰি দেখুৱালে যে আই বা বসন্ত ৰোগ একোবিধ অতি ক্ষুদ্র ভাইৰাছ বা বীজাণুৰদ্বাৰা সৃষ্টি হোৱা ৰোগছে।

আগতে মানুহে তিৰোতা মানুহৰ মাহেকীয়া হোৱা স্বাভাবিক কথাটোকে নাজানি অস্বাভাবিক ধৰণৰ ব্যৱহাৰ কৰিছিল। তেনে তিৰোতাই আচলতে দৈনন্দিন কাম-কাজ কৰি থাকিব পাৰে। কেৱল দৌৰা, ঢেঁকী দিয়াৰ দৰে টান কাম কৰিব দিব নালাগে। কিন্তু গাঁৱে-ভূঞে মাহেকীয়া হোৱা তিৰোতাজনীক পাগৰ পৰা আঁতৰাই ৰাখি টান কাম কৰিবলৈ দিয়া হয়, সেমেকা মজিয়াত কম কাপোৰৰ বিছনাত শুবলৈ দি বেমাৰহে মাতি আনিবলৈ বাধ্য কৰোৱা হয়।

বিশুদ্ধ খোৱা পানীৰ অভাৱ বা অস্বাস্থ্যকৰ পৰিৱেশৰ বাবে ডায়েৰিয়া মেলেৰিয়া, ডণ্ডিচ আদি নানা ৰোগ হয়। আগতে মানুহে এনে ৰোগ হ’লে কোনো অপদেৱতা বা ভূত-পিশাচৰ কৱলত পৰা বুলি ভাবিছিল। সেয়ে ৰোগ নিৰাময়ৰ বাবে যাদু-মন্ত্ৰ বা তাবিজ-বিভূতিৰ সহায় লৈছিল। কিন্তু এনে ৰোগৰ নিৰ্দিষ্ট কাৰণ আছে আৰু আধুনিক চিকিৎসা বিজ্ঞানে এনেবোৰ ৰোগৰ প্ৰতিষেধক চিকিৎসাৰ বাবে বৈজ্ঞানিক উপায় উলিয়াইছে। সেইদৰে মানুহৰ দৈনন্দিন জীৱনৰ লগত জড়িত বহুতো ৰীতি-নীতি পৰম্পৰাত অন্ধবিশ্বাস জড়িত হৈ আছে। এইবোৰ প্ৰায়ে সমস্যাৰ সৃষ্টি কৰে। ভূত-প্রেত, দেৱতা-অপদেৱতা বিশ্বাস কৰা নিষ্ঠুৰ মানুহ কিছুমানে ‘ডাইনী’ বুলি সন্দেহ কৰি দৰিদ্ৰ, নিঠৰুৱা তিৰোতা কিছুমানক অতি নির্মমভাবে হত্যা কৰি আছে। ই অকল ঘৃণনীয়ই নহয়, দণ্ডনীয় অপৰাধো।

প্রশ্ন ৩। বৈজ্ঞানিক মানসিকতা কেনেদৰে গঢ়িব পাৰোঁ— বুজাই লিখা।

উত্তৰ : আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্‌ঘাটনৰ ব্যৱস্থাটোৱেই হ’ল বিজ্ঞান। বিজ্ঞানত আমি দেখা বস্তু আৰু ঘটনাবোৰৰ একোটা সুসংবদ্ধ ব্যাখ্যা দিবলৈ যত্ন কৰা হয়। কিন্তু এই ব্যাখ্যাবোৰ পৰীক্ষা কৰি চাব পৰা বিধৰ হ’ব লাগিব। পর্যবেক্ষণ কৰা, সত্যৰ অনুসন্ধান কৰা, বস্তু বা ঘটনাটোৰ ধৰ্ম বা চৰিত্ৰ ফঁহিয়াই চাই তাৰ বিষয়ে এটা সিদ্ধান্তলৈ অহা – এইবোৰ হৈছে বিজ্ঞানীৰ কাম। সৰ্বসাধাৰণ মানুহেও নজনা কথা জানিব খোজে, নুবুজা কথা বুজি ল’ব খোজে। আদিম অৱস্থাৰ পৰা আধুনিক পৰ্যায়লৈ প্ৰত্যেক মানুহৰে আছে এক অনুসন্ধিৎসু মন। তাৰ বাহিৰেও কথাবোৰ ভাঙি পাতি চাব পৰা, ফঁহিয়াই চাব পৰা, ফঁহিয়াই চাই বুজিব পৰা বুদ্ধিও মানুহৰ আছে। গতিকে মানুহে বিবেক-বিবেচনা আৰু বুদ্ধিৰে অনুসন্ধিৎসু মন লগত লৈ বৈজ্ঞানিক মানসিকতা গঢ় দিব পাৰে। বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ’বলৈ কোনো এজন মানুহ বিজ্ঞানৰ উচ্চ ডিগ্ৰীধাৰী হোৱাৰ প্ৰয়োজন নাই। আনহাতে, বিজ্ঞানৰ উচ্চ ডিগ্ৰীধাৰী হ’লেও কোনো লোকৰ বৈজ্ঞানিক মানসিকতা নাথাকিব পাৰে। অৰ্থাৎ বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী ব্যক্তি এজন পৰম্পৰাবাদী আৰু অন্ধবিশ্বাসৰ কৱলত নপৰি সকলো কথাৰ সত্যাসত্য বিচাৰ কৰিব পৰা হ’ব লাগিব। সমাজৰ নিৰক্ষৰ, হোজা লোক এজনো বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ’ব পাৰে। সেয়ে মনটো মুকলি কৰি ৰাখি নতুন জ্ঞান, নতুন তথ্যবে নতুন সিদ্ধান্তত উপনীত হ’বলৈ সকলোৱে সাজু হ’ব লাগে। পুৰণিকালৰে পৰা বা বোপা-ককাৰ দিনৰে পৰা চলি আহিছে বুলি সেই পুৰণি কথাবোৰতে আঁকোৰ-গোজ হৈ লাগি নাথাকি অনিষ্টকাৰী বা প্ৰগতিত বাধাৰ সৃষ্টিকাৰী প্রথাবোৰ ধৰি ৰখা উচিত নহয়। ভাগাৰ ওপৰত নিৰ্ভৰ কৰি বহি নাথাকি নিজে কৰিব পৰাখিনি সদায় কৰি যাব লাগে। এনে বিচাৰ-বুদ্ধি মনলৈ আনিব পাৰিলেই বৈজ্ঞানিক মানসিকতা গঢ় লৈ উঠিব।

প্রশ্ন ৪। অসমীয়া বিজ্ঞান সাহিত্যলৈ ড° দীনেশ চন্দ্ৰ গোস্বামীৰ অৱদান সম্পর্কে বহলাই লিখা । 

উত্তৰ: অসমীয়া বিজ্ঞান সাহিত্যলৈ ড’ দীনেশ চন্দ্ৰ গোস্বামীৰ বিশেষ অবদান আছে। তেওঁ জনপ্রিয় বিজ্ঞান (Popular Science) আৰু কল্পবিজ্ঞান (Science Fiction) বিষয়ক প্রায় আঢ়ৈ কুৰিখন গ্ৰন্থ ৰচনা কৰিছে। সেইবোৰৰ ভিতৰত উল্লেখযোগ্য গ্ৰন্থবোৰ হ’ল— “বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকত্তা’, ‘শতাধিক মহান বিজ্ঞানী’, ‘জোনাকীৰ জিলিকনি’, ‘উষ্ণ প্রবাহ’, ‘মোহনীয় বিশ্বব্রহ্মাণ্ড’ আৰু ‘শব্দ, নিৰন্তৰ শব্দ। এতিয়ালৈকে ড° গোস্বামীয়ে অনুবাদ কৰা ১৭ খন গ্ৰন্থ প্ৰকাশিত হৈছে। তেওঁ সম্পাদনা কৰা বিজ্ঞান বিষয়ক আলোচনীখনৰ নাম হ’ল ‘দৃষ্টি’। অসম সাহিত্য সভাই প্ৰকাশ কৰা বিশ্বকোষৰ বিজ্ঞান বিষয়ৰ খণ্ড তিনিটাৰ তেওঁ মুখ্য সম্পাদক আছিল। ইয়াৰোপৰি ড° গোস্বামীয়ে ৰচনা কৰা অনেক তত্ত্বগধুৰ প্ৰবন্ধ- পাতি বিভিন্ন কাকত-আলোচনীত প্রকাশিত হৈছে।

প্রশ্ন ৫। ‘বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি মূল্যবান অবদান হৈছে বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ, বৈজ্ঞানিক পদ্ধতি।’ – আলোচনা কৰা। 

উত্তৰ : আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটন ব্যৱস্থাটোৱেই হ’ল বিজ্ঞান। বিজ্ঞানত -আমি দেখা বস্তু আৰু ঘটনাবোৰৰ একোটা সুসংবদ্ধ ব্যাখ্যা দিবলৈ চেষ্টা কৰা হয়। কিন্তু এই ব্যাখ্যাবোৰ পৰীক্ষা কৰি চাব পৰা বিধৰ হ’ব লাগে। পর্যবেক্ষণ কৰা, জোখ-মাপ লোৱা, সত্যৰ অনুসন্ধান কৰা, বস্তু বা ঘটনাটোৰ ধৰ্ম বা চৰিত্ৰ ফঁহিয়াই চাই তাৰ বিষয়ে এটা সিদ্ধান্তলৈ অহা এইবোৰ হ’ল বিজ্ঞানীৰ কাম। বিজ্ঞানীসকলে পৰ্যবেক্ষণ কৰি, তথ্যবোৰ সুন্দৰকৈ সজাই এটা উপকল্প বা ধাৰণা কৰি লয়। তাৰ পাছত ধাৰণাটোৰ সত্যাসত্য বিচাৰ কৰি চোৱা হয়। যদি দেখা যায় যে নতুনকৈ পোৱা তথ্যবোৰে আগৰ ধাৰণাটো মানি নচলে তেন্তে কোনো দ্বিধা নোহোৱাকৈ আগৰ সিদ্ধান্তটো এৰি পেলায় আৰু নতুন সিদ্ধান্ত গ্ৰহণ কৰে। বিজ্ঞানৰ গোটেই প্ৰক্ৰিয়াটোতে দৰাচলতে মুকলি মনটোৰ গুৰুত্ব বৰ বেছি। আঁকোৰগোজ হৈ পুৰণি কথাবোৰতে লাগি নাথাকি বিজ্ঞানসন্মত নতুন কথা, নতুন সিদ্ধান্ত গ্ৰহণ কৰিব পৰা মনটোৱে ব্যক্তি আৰু সমাজকো উন্নতিৰ জখলাৰে আগুৱাই লৈ যায়।

শিশুৰ ৰোগ প্ৰতিৰোধৰ বাবে বিজ্ঞানীসকলে অশেষ সাধ্য-সাধনাৰ অন্তত নানা বেজী- ছিটা আদি আবিষ্কাৰ কৰিছে। সেইবোৰ দেশৰ চুকে-কোণে পোৱাও হৈছে আৰু তাক দিবৰ বাবে চৰকাৰে বিস্তৰ প্ৰচাৰ চলাইছে। বসন্ত আদি ৰোগ হ’লে বীজাণুৰ আক্ৰমণৰ পৰা শৰীৰটোক ৰক্ষা কৰাৰ ব্যৱস্থাও তেওঁলোকে আবিষ্কাৰ কৰিছে। ডায়েরিয়া, মেলেৰিয়া, জণ্ডিচ আদি ৰোগৰ প্ৰতিষেধক চিকিৎসাৰো বৈজ্ঞানিক উপায় আছে। সেয়ে বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি মূল্যৱান অৱদান হৈছে বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতি।

Leave a Reply