Class-12 Assamese Solutions |Chapter-7| অসমীয়া চলচ্চিত্রৰ গতিধাৰা

Class-12 Assamese Solutions |Chapter-7| অসমীয়া চলচ্চিত্রৰ গতিধাৰা। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class-12 Assamese Solutions |Chapter-7| অসমীয়া চলচ্চিত্রৰ গতিধাৰা AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS 2nd years Solutions

Class-12 Assamese Solutions |Chapter-7| অসমীয়া চলচ্চিত্রৰ গতিধাৰা

Class-12 Assamese Solutions |Chapter-7| অসমীয়া চলচ্চিত্রৰ গতিধাৰা অসমীয়া। উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অসমীয়া বিষয়ৰ শেহতীয়া পাঠ্যক্ৰমৰ (AHSEC) ওপৰত ভিত্তি কৰি পাঠ ভিত্তিক প্রশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আমাৰ ৱেবচাইটত উপলব্ধ।

গোট ১

লেখক পৰিচিতি—উৎপল দত্ত (জন্ম: ১৯৬০)

ঔপন্যাসিক, নাট্যকার, চলচ্চিত্ৰ পৰিচালক উৎপল দত্ত সাহিত্য আৰু বাণিজ্য পৰিচালনা বিষয়ৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী। তেওঁ চলচ্চিত্র সমালোচক হিচাপে প্ৰসিদ্ধ আৰু ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত। তেওঁৰ উল্লেখযোগ্য দুখনি গ্রন্থ হ’ল- ‘চলচ্চিত্র’ আৰু টুৱেন্টি ফ’ৰ ফ্লেমাই’। চলচ্চিত্র বিষয়ক তেওঁ কেবাখনো গ্রন্থ সম্পাদনা কৰিছে। তেনে গ্ৰন্থ দুখন তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ স্নাতক মহলাৰ প্ৰসংগ পৃথি হিচাপে নিৰ্বাচিত হৈছে। চলচ্চিত্ৰ পৰিচালক হিচাপেও তেওঁ বিয়াতি অৰ্জন কৰিছে। তেওঁ পৰিচালনা কৰা তথ্যচিত্র দেশ-বিদেশৰ কেইবাটিও চলচ্চিত্র মহোৎসৱত প্ৰদৰ্শিত হৈছে। শ্ৰেষ্ঠ পৰিচালক হিচাপে তেওঁ ৰাজ্যিক পৰ্যায়ৰ বঁটাও লাভ কৰিছে। তেওঁ পৰিচালনা কৰা তিনিখন তথ্যচিত্ৰ হ’ল— ‘By-Lane – 2’, ‘Through Trust and Fear’ আৰু ‘বৰগীত— এটি ধ্রুপদী ৰত্ন’।

অতি চমু প্রশ্নোত্তৰ (মূল্যাংক-১)

প্রশ্ন ১। জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ কথাছবিৰ কাহিনীৰ উৎস কি?

উত্তৰ ঃ জ্যোতিপ্ৰসাদ আগৰৱালা ‘জয়মতী’ কথাছবিৰ কাহিনীৰ উৎস হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ ‘জয়মতী কুঁৱৰী’ নাটক।

প্রশ্ন ২। জ্যোতিপ্রসাদ আগৰৱালাই কোনখন দেশত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লৈছিল ?

উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালাই জার্মানীত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লৈছিল।

প্রশ্ন ৩। ‘চিত্ৰবন ষ্টুডিঅ’ কোনে নিৰ্মাণ কৰিছিল? 

উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালাই ‘চিত্ৰবন ষ্টুডিঅ’ নিৰ্মাণ কৰিছিল ।

প্রশ্ন ৪। লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম কি ?

উত্তৰ : লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম হ’ল ‘নিমিলা অংক’।

প্রশ্ন ৫। লতা মংগেশকাৰে গীতত কণ্ঠদান কৰা অসমীয়া কথাছবি এখনৰ নাম লিখা। 

উত্তৰ : লতা মংগেশকাৰে গীতত কণ্ঠদান কৰা অসমীয়া কথাছবি এখনৰ নাম হৈছে – ‘এৰা বাটৰ সুৰ’ (ড° ভূপেন হাজৰিকা)।

প্রশ্ন ৬। প্ৰথম অসমীয়া কথাছবি ‘জয়মতী’ কেতিয়া মুক্তিলাভ কৰিছিল? 

উত্তৰ : প্ৰথম অসমীয়া কথাছবি ‘জয়মতী’ ১৯৩৫ চনত মুক্তি লাভ কৰিছিল।

প্রশ্ন ৭। জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা দ্বিতীয়খন কথাছবিৰ নাম লিখা ।

উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা দ্বিতীয়খন কথাছবিৰ নাম হ’ল—’ইন্দ্ৰমালতী'(১৯৩৯)

প্রশ্ন ৮। ‘এৰা বাটৰ সুৰ’ নামৰ কথাছবিখনৰ নিৰ্মাতা কোন আছিল ?

উত্তৰ : ‘এৰা বাটৰ সুৰ’ নামৰ কথাছবিখনৰ নিৰ্মাতা আছিল ড° ভূপেন হাজৰিকা ।

প্রশ্ন ৯। অসমীয়া হাস্যৰসাত্মক কথাছবি এখনৰ নাম লিখা। 

উত্তৰ : অসমীয়া হাস্যৰসাত্মক কথাছবি এখনৰ নাম হ’ল— ‘যোগ-বিয়োগ’।

প্রশ্ন ১০। প্ৰথম অসমীয়া থ্ৰিলাৰ (উত্তেজনা সৃষ্টিকাৰী বা দুঃসাহসিক কাহিনীযুক্ত) কথাছবিখনৰ নাম লিখা।

উত্তৰ : প্ৰথম অসমীয়া থ্রিলাৰ (উত্তেজনা সৃষ্টিকাৰী বা দুঃসাহসিক কাহিনীযুক্ত) কথাছবিখনৰ নাম হ’ল— ‘ডাঃ বেজবৰুৱা’।

প্রশ্ন ১১। প্ৰথম অসমীয়া কথাছবি ‘জয়মতী’ৰ পৰিচালক কোন আছিল ? 

উত্তৰ : ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা।

প্রশ্ন ১২। প্রথম অসমীয়া কথাছবি ‘জয়মতী’ গুৱাহাটীত কেতিয়া মুক্তিলাভ কৰিছিল ? 

উত্তৰ : ১৯৩৫ চনৰ ২০ মাৰ্চ তাৰিখে গুৱাহাটীত মুক্তি লাভ কৰিছিল। 

প্রশ্ন ১৩। কোনখন কথাছবিয়ে অসমীয়া ছবিৰ ব্যৱসায়ৰ বৰ্ণহীন ছবিখনক উজ্জ্বল কৰি তুলিছিল?

উত্তৰ : ১৯৯৮ চনত মুক্তি লাভ কৰা অশোক কুমাৰ বিষয়াৰ পৰিচালিত “যৌবনে আমনি কৰে ছবিখনে। 

প্রশ্ন ১৪। ‘মুকুতা’ আৰু ‘জাংফাই জোনাক’ ছবিদুখনৰ পৰিচালক দুগৰাকীৰ নাম লিখা।

উত্তৰ: ‘মুকুতা ব্ৰজেন বৰুৱা আৰু ‘জাফাই জোনাক’ – সঞ্জীর সভাপণ্ডিত।

প্রশ্ন ১৫। অসমীয়া চিনেমাৰ জনক কোন?

উত্তৰ : জ্যোতি প্ৰসাদ আগৰৱালা। 

প্রশ্ন ১৬। ভূপেন হাজৰিকাই ‘প্ৰতিধ্বনি’ ছবিখন কোন জনগোষ্ঠীৰ লোককলাৰ ভেটিত নিৰ্মাণ কৰিছিল? 

উত্তৰ : গাড়ী জনগোষ্ঠীৰ লোককলাৰ ভেটিত নিৰ্মাণ কৰিছিল।

প্রশ্ন ১৭। কাৰ্বি ভাষাৰ প্ৰথম ছবিখনৰ নাম কি ? পৰিচালকগৰাকীৰ নাম লিখা।

উত্তৰ : কাৰ্বি ভাষাৰ প্ৰথম ছবিখনৰ নাম ‘জিৰ চং’। পৰিচালক – প্ৰফুল্ল শ‍ইকীয়া ।

চমু প্রশ্নোত্তৰ (মূল্যাংক-২)

প্রশ্ন ১। জ্যোতিপ্রসাদ আগৰৱালাই নিৰ্মাণ কৰা দুখন কথাছবিৰ নাম লিখা ।

উত্তৰ: জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা দুখন কথাছবি হ’ল- ‘জয়মতী’ (১৯৩৫)আৰু ‘ইন্দ্ৰমালতী’ (১৯৩৯)।

প্রশ্ন ২। ব্ৰজেন বৰুৱা কোন আছিল?

উত্তৰ: ব্ৰজেন বৰুৱা আছিল অসমীয়া ছবিৰ পৰিচালক, সংগীত পৰিচালক তথা অভিনেতা। ১৯৬৯ চনত তেৱেঁই প্রথম মিশ্রিত মিলানযুক্ত অসমীয়া ছবি ‘ডাঃ বেজবৰুৱা’ পৰিচালনা কৰিছিল।

প্রশ্ন ৩। কুৰি শতিকাৰ সত্তৰ দশকত মুক্তি লাভ কৰা অসমীয়া বাস্তববাদী ধাৰাৰ দুখন কথাছবিৰ নাম লিখা। 

উত্তৰ কুৰি শতিকাৰ সত্তৰ দশকত মুক্তি লাভ কৰা অসমীয়া বাস্তববাদী ধাৰাৰ দুখন কথাছবি হ’ল- ‘অপরাজেয়’ (১৯৭০) আৰু ‘গন্ধা চিলনীৰ পাখি’ (১৯৭৬)।

প্রশ্ন ৪ বড়ো আৰু কাৰ্বি ভাষাৰ প্ৰথম চলচ্চিত্ৰ দুখনৰ নাম লিখা। 

উত্তৰ : বড়ো ভাষাৰ প্ৰথম চলচ্চিত্ৰখনৰ নাম হ’ল ‘আলয়াৰণ’ (পৰিচালক- জ্যাওদা বডোচা) আৰু কাৰ্বি ভাষাৰ প্ৰথম চলচ্চিত্ৰখনৰ নাম হ’ল ‘জিৰ চং’ (পৰিচালক প্ৰা শ‍ইকীয়া)।

প্রশ্ন ৫। অসমীয়া কথাছবিৰ দুগৰাকী সংগীত পৰিচালকৰ নাম লিখা। 

উত্তৰ: অসমীয়া কথাছবিৰ দুগৰাকী সংগীত পৰিচালক হ’ল – জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভা।

প্রশ্ন ৬। ‘এৰাবাটৰ সুৰ’ ছবিখনত কণ্ঠদান কৰা ভাৰতৰ দুগৰাকী সংগীত প্ৰতিভাধাৰৰ নাম লিখা।

উত্তৰ : লতা মংগেশকাৰ আৰু সন্ধ্যা মুখার্জী।

(চমু প্রশ্নোত্তৰ (মূল্যাংক-৩)

প্রশ্ন ১। তলৰ কথাছবিকেইখনৰ পৰিচালকৰ নাম লিখা। 

এৰা বাটৰ সুৰ, ডাঃ বেজবৰুৱা আৰু গঙা চিলনীৰ পাখি।

উত্তৰ :কথাছবি                 পৰিচালক

এৰা বাটৰ সুৰ —–ড° ভূপেন হাজৰিকা

ডাঃ বেজবৰুৱা——ব্ৰজেন বৰুৱা।

গঙা চিলনীৰ —–পাখি পদুম বৰুৱা ।

প্রশ্ন ২। ভৱেন্দ্রনাথ শ‍ইকীয়া পৰিচালিত তিনিখন কথাছবিৰ নাম লিখা। 

উত্তৰ : ভৱেন্দ্ৰনাথ শ‍ইকীয়া পৰিচালিত তিনিখন কথাছবি হ’ল— ‘কোলাহল’, ‘সাৰথি’আৰু ‘আবর্তন’।

প্রশ্ন ৩। জয়মতী, চিৰাজ আৰু সতী বেউলা — এই কথাছবিকেই খনৰ সংগীত পৰিচালক কেইগৰাকীৰ নাম লিখা। 

উত্তৰ :কথাছবি      সংগীত পৰিচালক

জয়মতী —–জ্যোতিপ্ৰসাদ আগৰৱালা

চিৰাজ——-বিষ্ণুপ্ৰসাদ ৰাভা

সতী বেউলা—–ড° ভূপেন হাজৰিকা ।

প্রশ্ন ৪। হাই ডেফিনেচন ডিজিটেল পদ্ধতিত নিৰ্মিত প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? কোনে, কেতিয়া এই ছবিখন নিৰ্মাণ কৰে? 

উত্তৰ : হাই ডেফিনেচন ডিজেটেল পদ্ধতিত নির্মিত প্রথম অসমীয়া কথাছবিখনৰ নাম হ’ল ‘জাংফাই জোনাক’। সঞ্জীর সভাপণ্ডিতে ২০১০ চনত এই ছবিখন নিৰ্মাণ কৰে।

প্রশ্ন ৫। অসমীয়া কথাছবি শিল্প উদ্যোগ হিচাপে প্রতিষ্ঠিত নোহোৱাৰ তিনিটা কাৰণ উল্লেখ কৰা হল।

উত্তৰ : অসমীয়া কথাছবি শিল্প উদ্যোগ হিচাপে প্রতিষ্ঠিত নোহোৱাৰ তিনিটা কাৰণ হ,ল–

(ক) উপযুক্ত প্রযোজক আৰু কলা কুশলীৰ অভাৱ।

(গ) প্ৰতিকূল সামাজিক পৰিৱেশ।

(গ) উন্নত মানৰ নিৰ্মাণ-প্ৰযুক্তিৰ অভাৱ।

HS দ্বিতীয় বৰ্ষৰ অসমীয়া প্ৰশ্নৰ উত্তৰ

Sl. No.Contents
Unit 1নিৰ্বাচিত গদ্য
Chapter 1মোৰ মাতৃমোখ দৰ্শন
Chapter 2মগনিয়াৰ
Chapter 3আনন্দৰাম বৰুৱা
Chapter 4হস্তিবিদ্যাৰ্ণৱ পুথি
Chapter 5ভাৰতীয় আদৰ্শত বৈৰাগ্য
Chapter 6চিঠি
Chapter 7অসমীয়া চলচ্চিত্রৰ গতিধাৰা
Chapter 8বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো
Unit 2নিৰ্বাচিত পদ্য
Chapter 1বৰগীত (উঠৰে উঠ বাপু)
Chapter 2বিশ্ব খনিকৰ
Chapter 3মিলন
Chapter 4জনতাৰ আহ্বান
Chapter 5কাঠমিস্ত্ৰীৰ ঘৰ
Chapter 6আঘোণৰ কুঁৱলী
Chapter 7উভতি নহাৰ কবিতা
Chapter 8কৰুণতম
Unit 3কৈশোৰ কাল আৰু মূল্যবোধৰ শিক্ষা
Chapter 1মূল্যবোধৰ শিক্ষা
Chapter 2কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা

দীঘলীয়া প্ৰশ্নোত্তৰ (মূল্যাংক-৪)

প্রশ্ন ১। জ্যোতিপ্রসাদ আগৰৱালাই নিৰ্মাণ কৰা ‘জয়মতী’ কথাছবি সম্পর্কে এটি টোকা যুগুত কৰা।

উত্তৰ: জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা অতীত গৌৰৱ কাহিনী সম্বলিত কথাছবি জয়মতী ৰেই অসমীয়া চিনেমাৰ আৰম্ভণি। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী’ নাটকৰ আলমত ‘জয়মতী’ কথাছবিখন নিৰ্মাণ কৰা হৈছিল। জার্মানীত চলচ্চিত্ৰ নিৰ্মাণৰ প্রশিক্ষণেৰে প্রশিক্ষিত জ্যোতিপ্ৰসাদে তেজপুৰৰ ওচৰৰ ভোলাগুৰি চাহ বাগিচাত ‘চিত্রবন’ নামেৰে ষ্টুডিঅ’ সাজি তাতে জয়মতীৰ দৃশ্যগ্ৰহণৰ কাম কৰিছিল। পিছত ১৯৩৫ চনৰ ১০ মাৰ্চ তাৰিখে লাহোৰৰ ষ্টুডিঅ’ত সম্পাদনাৰ কাম কৰি কলকাতাৰ ‘ৰাউনাক’ প্ৰেক্ষাগৃহত ছবিখনৰ প্রথম প্রদর্শনীৰ আয়োজন কৰা হৈছিল। সেই বছৰৰে মাৰ্চ মাহৰ ২০ তাৰিখে গুৱাহাটীত ছবিখনে মুক্তিলাভ কৰিছিল। প্ৰথম অসমীয়া ছবি হিচাপে ৰাইজে বিপুল আগ্রহেৰে জয়মতী ক আনৰি লৈছিল, কিন্তু ছবি পৰিৱেশনাৰ বাবে পৰিকাঠামোৰ অভাৱ আৰু ছবিখনৰ নিৰ্মাণত অভাৱনীয় ব্যয় হোৱা বাবে ছবিখনে বহু টকা লোকচান ভৰে।

প্রশ্ন ২। অসমীয়া চলচ্চিত্ৰ ক্ষেত্ৰৰ লগত বিষ্ণুপ্ৰসাদ ৰাভা, পদুম বৰুৱা, লক্ষ্যধৰ চৌধুৰী আৰু লতা মংগেশকাৰ কিদৰে জড়িত, দহোটামান বাক্যৰে উত্তৰ লিখা । 

উত্তৰ: ১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই ‘জয়মতী’ কথাছবি নিৰ্মাণ কৰি অসমীয়া চিনেমাৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছত ১৯৩৯ চনত স্বাধীনতা সংগ্ৰামী জ্যোতিপ্রসাদে স্বাধীনতা আন্দোলনৰ ছবি প্ৰতিফলিত হোৱাকৈ ইন্দ্ৰমালতী’ কথাছবিৰ প্রযোজনা কৰি লাভজনক হব পৰাকৈ ডাঙৰ বজাৰ নাছিল। তথাপি কেৱল চলচ্চিত্র কলা মাধ্যমটিৰ প্ৰতি থকা ভালপোৱা আৰু ছবিৰ মাজেৰে কিবা কোৱাৰ ইচ্ছাই চিত্রনির্মাতাসকলক উৎসাহিত কৰি আহিছিল। ১৯৫৫ চনত লক্ষ্যধৰ চৌধুৰীয়ে ‘নিমিলা অংক’ কথাছবিৰ পৰিচালনা কৰি তাত অসমীয়া মধ্যবিত্তীয় সমাজৰ চিত্র চিত্ৰিত কৰিছিল আৰু সেই ছবিৰ লগে লগে অসমীয়া কথাছবিৰ কাহিনীলৈ বাস্তৱমুখী ঘটনাৰ আগমন ঘটিবলৈ ধৰে। ১৯৫৬ চনত ভূপেন হাজৰিকাৰদ্বাৰা পৰিচালিত ‘এৰা বাটৰ সুৰ’ ছবিখন অসমৰ মাটিৰ সুৰৰ ওপৰত আধাৰিত আছিল। ভাৰতৰ বিখ্যাত সংগীত প্রতিভা লতা মংগেশকাৰে এই ছবিখনত কণ্ঠদান কৰিছিল। বাস্তববাদী চলচ্চিত্ৰৰ ধাৰাটোৰ এগৰাকী বিশিষ্ট ছবি পৰিচালক হ’ল পদুম পৰুৱা। ১৯৭৬ চনত তেখেতে নিৰ্মাণ কৰা ‘গঙা চিলনীৰ পাখি’ ছবিখনে এই বাস্তববাদী ধাৰাটোক শক্তিশালী কৰি তোলাত অৰিহণা যোগায়। বিষ্ণুপ্ৰসাদ ৰাভায়ো ‘চিৰাজ’ ছবিখনৰ সংগীত পৰিচালনা কৰিছিল।

এনেদৰে বিশ্লেষণ কৰিলে দেখা যায় যে অসমীয়া চলচ্চিত্ৰ ক্ষেত্ৰখনৰ লগত বিষ্ণু ৰাভা, পদুম বৰুৱা, লক্ষ্যধৰ চৌধুৰী আৰু লতা মংগেশকাৰ আদি ব্যক্তিসকল জড়িত হৈ অসমীয়া চলচ্চিত্ৰ ক্ষেত্ৰখনক আৰু এখোজ আগুৱাই লৈ গৈছে।

প্রশ্ন ৩। ‘ব্যবসায়িকভাবে সফল অসমীয়া কথাছবি’ শীর্ষক চমু প্রবন্ধ এটি লিখা।

উত্তৰ: জ্যোতিপ্ৰসাদ আগৰৱালাই পোন প্ৰথমে ‘জয়মতী’ ছবিখনি নিৰ্মাণ কৰি অসমীয়া চিনেমাৰ ক্ষেত্ৰখনক উজ্জ্বলাই তোলে। প্রথম অসমীয়া ছবি কাৰণে ‘জয়মতী’ৰ প্ৰতি ৰাইজৰ আগ্রহ অসীম আছিল যদিও ছবি পৰিৱেশনাৰ বাবে প্ৰয়োজনীয় পৰিকাঠামোৰ অভাৱ আৰু ছবিখনৰ নিৰ্মাণত হোৱা অভাৱনীয় ব্যয়ৰ বাবে ছবিখনে বহু টকা লোকচান ভৰিবলগীয়া হৈছিল। ইয়াৰ পিছত ১৯৩৯ চনত জ্যোতিপ্ৰসাদে নিজৰ কাহিনীৰে প্ৰযোজনা আৰু পৰিচালনা কৰি উলিওৱা ‘ইন্দ্ৰমালতী’ নামৰ ছবিখনে ব্যবসায়িক দিশত সফল হৈছিল আৰু ই জয়মতীৰ লোকচানো পূৰণ কৰিছিল।

১৯৬৯ চনত ব্ৰজেন বৰুৱা পৰিচালিত বিনোদনধর্মী ছবি ‘ডাঃ বেজবৰুৱাই যি সফল ব্যৱসায়িক বার্তা বহন কৰিছিল, সেই পথেৰে বহু পৰিচালকে বাট বুলি দর্শকক উপভোগ্য ছবি উপহাৰ দিবলৈ সক্ষম হৈছিল। ১৯৭৭ চনত মুক্তিলাভ কৰা ভবেন্দ্ৰনাথ শ‍ইকীয়াৰ বাস্তৱবাদী ধাৰাৰ ‘সন্ধ্যাৰাগ’ ছবিখনে ব্যৱসায়িক আৰু কলাগত উভয় দিশতে সফলতা লাভ কৰিছিল। ইয়াৰ পিছত বহুতো পৰিচালকে ছবি পৰিচালনা কৰিছিল যদিও এটা সময়ত বিভিন্ন কাৰণত অসমীয়া ছবিৰ ব্যৱসায় বেয়া হ’বলৈ আৰম্ভ কৰে। অসমীয়া ভাষাৰ ছবিৰ লগতে সৰ্বভাৰতীয় পর্যায়তো দেখা নিয়া এই মন্দাৱস্থাৰ সৈতে মোকাবিলা কৰিবলৈ কেইবাজনো পৰিচালকে হিন্দী আৰু দক্ষিণ ভাৰতীয় ছবিৰ উপাদান প্রয়োগেৰে অসমীয়া চিনেমাক ব্যৱসায়িক দিশত সফল কৰাৰ চেষ্টা কৰিছিল। কিন্তু এই প্রচেষ্টা ব্যৰ্থ হৈছিল। ১৯৯৮ চনত অশোক কুমাৰ বিষয়া পৰিচালিত ‘যৌৱনে আমনি কৰে ছবিখনে হঠাৎ অসমীয়া ছবিৰ বৰ্ণহীন ব্যৱসায়িক ৰূপটোক উজ্জ্বলাই তোলে। এনে সফলতাত উজ্জীবিত হৈ বহু ছবি নিৰ্মাতাই হিন্দী আৰু দক্ষিণ ভাৰতীয় ছবিৰ উপাদানৰ সমাবেশ ঘটাই অসমীয়া চিনেমা নিৰ্মাণ কৰিছিল। এই ধাৰাৰ কেইখনমান ব্যবসায়িকভাৱে সফল ছবি আছিল ‘মহাৰথী’, ‘বুকুৰ মাজত জ্বলে’ ইত্যাদি। কেইখনমান ছবিয়ে ব্যবসায়িক দিশত সফল হ’লেও বেছিভাগ ছবিয়ে লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল। ইয়াৰ মাজতে মুনীন বৰুৱাই ‘হিয়া দিয়া নিয়া’ নামৰ ব্যৱসায়িকভাবে সফল ছবি এখন নির্মাণ কৰিছিল। পৰৱৰ্তী কালতো মুনীন বৰুৱাই কেইবাখনো ব্যবসায়িকভাবে সফল ছবি নির্মাণ কৰিছে আৰু ৰুচিবোধৰ ক্ষেত্ৰত কোনোদিন আপোচ কৰা নাই।

প্রশ্ন ৪ অসমীয়া চলচ্চিত্ৰ বিকাশৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সম্পর্কে আলোচনা কৰা।

উত্তৰ: অসমীয়া চিনেমাৰ আৰম্ভণি আৰু বিকাশ ব্যক্তিগত প্রচেষ্টাত হৈছিল। পৰৱৰ্তী কালত অসম চৰকাৰে অসমীয়া চলচ্চিত্র প্রয়োজকসকলক আর্থিক অনুদান নি সহায় কৰাৰ ব্যৱস্থা কৰে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত জ্যোতি চিত্ৰবন ছচাইটি নামেৰে ষ্টুডিঅ’ কমপ্লেক্স নির্মাণ কৰি অসমৰ চলচ্চিত্ৰ নিৰ্মাতাসকলক ছবি নিৰ্মাণৰ প্ৰয়োজনৰ বাবে অসমৰ বাহিৰলৈ যোৱা কামটোৰ পৰা যথেষ্ট সকাহ দিয়ে। এই জ্যোতি চিত্ৰবন ছ’চাইটি চৌহদতে চলচ্চিত্র নির্মাণ প্রশিক্ষণ বিদ্যালয় ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী ফিল্ম আৰু টিভি ইন্‌ষ্টিটিউট’ স্থাপন কৰা হৈছে। ছবি প্ৰযোজনাৰ বাবে অসম চৰকাৰে ‘অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগম’ গঠন কৰিছে। ইয়াৰোপৰি চৰকাৰে চলচ্চিত্ৰ সংগ্ৰহালয় আৰু আর্কাইভো স্থাপন কৰিছে।

প্রশ্ন ৫। ‘অসমীয়া চলচ্চিত্ৰৰ সংগীত আৰু সংগীত পৰিচালক’ শীৰ্ষক চমু প্রবন্ধ এটি প্ৰস্তুত কৰা। 

উত্তৰ: অসমীয়া চলচ্চিত্ৰ আৰম্ভণিতেই আছিল সাংগীতিক প্ৰথম অসমীয়া ছবি ‘জয়মতী’ৰ সংগীত পৰিচালনা জ্যোতিপ্ৰসাদ আগৰৱালাই নিজেই কৰিছিল। সৰু ডাঙৰ মিলি প্ৰায় এক ডজন গীত ‘জয়মতী’ত সন্নিবিষ্ট হৈ আছে। ‘জয়মতী’ৰ ‘লুইতৰ পানী যাবি অ বৈ’, ‘মোৰে ভাৰতৰে মোৰে সপোনৰে’, ‘পৰ্বতৰ ঢেকীয়া লিহিৰি পতীয়া’ আদি গীতে আজিও শ্রোতাৰ হৃদয় তুই যায়। বিষ্ণুপ্রমান বাতায়ো ‘চিৰাজ’ ছবিৰ সংগীত পৰিচালনা কৰিছিল। ‘সতী বেউলা’ ছবিৰে ভূপেন হাজৰিকাই সংগীত পৰিচালক হিচাপে আত্মপ্রকাশ কৰিলেও অসমীয়া দ্বিতীয়খন চলচ্চিত্র ইন্দ্ৰমালতী’ত শিশু ভূপেন হাজৰিকাৰ কন্ঠ শুনিবলৈ পোৱা গৈছিল বিশ্ববিজয়ী নৱজোৱান’ গীতটোৰ যোগেদি। পৰৱৰ্তী কালত বহু অসমীয়া চিনেমাত ভূপেন হাজৰিকাই সমগীত পৰিচালক হিচাপে কাম কৰিছিল। ‘চামেলি মেমচাব’ ছবিখনৰ সংগীত পৰিচালনাৰ বাবে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্র প্রতিযোগিতাত শ্রেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰে। ‘স্মৃতিৰ পৰস’ ছবিতে ব্ৰজেন বৰুৱাই অভিনেতা আৰু সংগীত পৰিচালক হিচাপে আত্মপ্রকাশ কৰি সফল আৰু প্ৰতিষ্ঠিত হয়। অৱশ্যে নিজে ছবি পৰিচালনা কৰিবলৈ লোৱাৰ পৰা ব্ৰজেন বৰুৱাই ছবিৰ সংগীত পৰিচালনাৰ পৰা অব্যাহতি লয়। ব্ৰজেন বৰুৱাৰ চলচ্চিত্র ‘ডাঃ বেজবৰুৱা’ (১৯৬৯), ‘মুকুতা’ (১৯৭০), ওপজা সোণৰ মাটি’ (১৯৭২)ৰ সংগীত পৰিচালনা কৰে ৰমেন বৰুৱাই। উল্লেখযোগ্য পৰিচালক হ’ল- জিতু- তপন, উপেন কাকতি, জয়ন্ত হাজৰিকা, জুবিন গাৰ্গ ইত্যাদি।

প্রশ্ন ৬। ব্যাখ্যা কৰা- “…অসমীয়া চিনেমাই এতিয়াও আন্তর্জাতিক প্ৰেক্ষাপটত সবল খোজ দিব পৰা নাই।” 

উত্তৰ: উদ্ধৃত ব্যাক্যাংশটি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰত’ৰ অন্তৰ্গত উৎপল দত্তৰ “অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা” শীৰ্ষক পাঠটিৰ পৰা লোৱা হৈছে। -ব্যাক্যাংশটিৰ জৰিয়তে লেখকে বর্তমান সময়ত অসমীয়া চিনেমাই যে আন্তর্জাতিক পর্যায়ত আজিও প্রতিষ্ঠিত হ’ব পৰা নাই তাৰে ইঙ্গিত দিছে। 

১৯৩৫ চনত ‘জয়মতী’ কথাছবিৰে আৰম্ভণি ঘটা অসমীয়া চলচ্চিত্ৰৰ ইতিহাসে আজি আঠটা দশক অতিক্ৰম কৰিলে। এই সুদীর্ঘ সময়ছোৱাত কিছুসংখ্যক অসমীয়া চিনেমাই ৰাষ্ট্ৰীয় পর্যারত সম্মানিত তথা প্রতিষ্ঠা লাভ করিছে যদিও হিন্দী অথবা দক্ষিণ ভাৰতীয় ছবিয়ে ৰাষ্ট্ৰীয় তথা আন্তর্জাতিক প্ৰেক্ষাপটত প্রতিষ্ঠা লাভ কৰাৰ দৰে কিন্তু অসমীয়া চিনেমাই পৰা নাই। ইয়াৰ কাৰণ হৈছে— অতি উন্নত মানৰ চলচ্চিত্ৰ নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা ছবিৰ কাৰিকৰী দিশৰ উচ্চ মান আৰু বিষয়বস্তুৰ বৌদ্ধিক আৰু দার্শনিক সমলৰ অভাৱ। সেয়ে অসমীয়া চিনেমাই আন্তর্জাতিক প্রেক্ষাপটত আজিও সকল খোজ দিবলৈ সক্ষম হোৱা নাই।

দীঘলীয়া প্ৰশ্নোত্তৰ (মূল্যাংক-৫)

প্রশ্ন ১। অসমীয়া চলচ্চিত্র শিল্পীলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান সম্পর্কে আলোচনা কৰা।

উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালাই অসমৰ পোন প্ৰথম চলচ্চিত্র নির্মাতা। জার্মানীত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লৈ উভতি অহা জ্যোতিপ্ৰসাদে তেজপুৰৰ ওচৰৰ ভোলাগুৰি চাই বাগিচাত “চিত্ৰবন নামেৰে ষ্টুডিঅ’ এটি নিৰ্মাণ কৰি তাতেই ‘জয়মতী’ৰ দৃশ্যগ্ৰহণ কৰিছিল। পিছত লাহোৰৰ ষ্টুডিঅ’ত সম্পাদনাৰ কাম কৰি কলকাতাস্থিত ‘ৰাউনাক’ প্ৰেক্ষাগৃহত ছবিখনৰ প্ৰথম দৰ্শনীৰ আয়োজন কৰিছিল ১৯৩৫ চনৰ ১০ মাৰ্চ তাৰিখে আৰু সেই একে মাহৰ ২০ তাৰিখে ছবিখনে গুৱাহাটীত মুক্তিলাভ কৰিছিল। ‘জয়মতী’ য়েই আছিল প্ৰথম অসমীয়া চলচ্চিত্র, সেয়ে ৰাইজে অসীম আগ্ৰহেৰে ছবিখনি আঁকোৱালি লৈছিল। অৱশ্যে ছবি পৰিৱেশনাৰ বাবে প্রয়োজনীয় পৰিকাঠামোৰ অভাৱ আৰু ছবি নির্মাণত অভাৱনীয় ব্যয় হোৱা বাবে ছবিখনে বহু টকা লোকচান ভৰিবলগীয়া হৈছিল।

১৯৩১ চনৰ ৩০ জুলাইত নিজৰ কাহিনীৰে জ্যোতিপ্ৰসাদ আগৰৱালাই দ্বিতীয়খন অসমীয়া কথাছবি ইন্দ্ৰমালতী’ৰ প্রযোজনা আৰু পৰিচালনা কৰি উলিয়ায়। এই ছবিখন ব্যৱসায়িক দিশত সফল আছিল আৰু ই ‘জয়মতী’ৰ নিৰ্মাণত হোৱা লোকচানো পূৰণ কৰিছিল। কলকাতা অৰোৰা ষ্টুডিঅ’ ‘ইন্দ্ৰমালতী’ নিৰ্মাণ কৰা হৈছিল। জ্যোতিপ্ৰসাদৰ স্বাধীনতা সংগ্ৰামী মনটোৰ প্ৰভাৱ তেওঁৰ ছবিবোৰতো পৰিছিল। ‘জয়মতী’ত আছিল অতীত গৌৰৱৰ কাহিনী আৰু ‘ইন্দ্ৰমালতী’ ত আছিল স্বাধীনতা আন্দোলনৰ ছবি। পৰৱৰ্তীকালত বিভিন্ন পৰিচালক আৰু প্ৰযোজকৰ অংশ গ্ৰহণেৰে এই ধাৰাৰেই অসমীয়া ছবিৰ গতি আগবঢ়াইছিল।

এনেদৰে জ্যোতিপ্ৰসাদে পোন প্রথমে অসমীয়া চলচ্চিত্ৰৰ ভেটি নিৰ্মাণ কৰি অসমীয়া চলচ্চিত্র শিল্পলৈ প্ৰভূত অৱদান আগবঢ়াই থৈ গ’ল। 

প্রশ্ন ২। অসমীয়া চলচ্চিত্র শিল্পলৈ ভূপেন হাজৰিকাৰ অৱদান সম্পর্কে আলোচনা কৰা।

উত্তৰ: অসমীয়া চলচ্চিত্র শিল্পলৈ ভূপেন হাজৰিকাৰ অৱদান আছিল অতুলনীয়। অসমীয়া সাংস্কৃতিক জগতৰ বাটকটীয়া শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্যৰে তেওঁ অনুপ্ৰাণিত হৈছিল। ১৯৫৬ চনত ভূপেন হাজৰিকাই অসমৰ মাটিৰ সুৰৰ ওপৰত আধাৰিত ছবি ‘এৰা বাটৰ সুৰ’ নিৰ্মাণ কৰি মুক্তি দিয়ে। এই ছবিখনত ভূপেন হাজৰিকাই লতা মংগেশকাৰ, হেমন্ত মুখার্জী আদিৰ দৰে ভাৰতৰ বিখ্যাত সংগীত প্ৰতিভাৰ কণ্ঠ ব্যৱহাৰ কৰি ছবিখনক এটি বহুল প্রেক্ষাপটত চিনাকি কৰাই দিছিল।

অসমীয়া ছবিৰ সীমিত বজাৰখন বঢ়াবৰ বাবে ভূপেন হাজৰিকা সহায় সচেতন আছিল। সেই উদ্দেশ্যেই তেওঁ ১৯৬৫ চনত এটি বাচি লোককথাৰ ভেটিত প্ৰতিধ্বনি’ নামৰ ছবি নিৰ্মাণ কৰিছিল। এই ছবিখন তেওঁ খাচি ভাষালৈ ‘ভাব’ কৰি বণিজ্যিকভাৱে মুক্তি দিছিল। ইয়াৰোপৰি তেওঁ ‘তবদীন’ (ভাগা) নামে হিন্দী ছবি এখনি অসমীয়ালৈ ভাৰ কৰাত আগভাগ লৈছিল আৰু পৰৱৰ্তী কালত সেই ছবিৰ প্ৰযোজক ৰাজশ্ৰী প্ৰডাকচনৰ লগত যৌথ প্রযোজনাত ‘চিকমিক বিজুলী’ ছবিখানি নিৰ্মাণ কৰিছিল। ‘চিকমিক বিফুলী য়েই আছিল প্রতিষ্ঠিত চলচ্চিত্র প্রযোজনা সংস্থা এটাই প্রযোজনা কৰা প্ৰথম অসমীয়া ছবি ইয়াৰ পাছৰে পৰা অসমীয়া ছবিত ব্যবসায়ী সংস্থাৰ অংশগ্রহণ আৰম্ভ হয়।

‘সতী বেউলা’ ছবিৰে সংগীত পৰিচালক হিচাপে আত্মপ্রকাশ কৰা ভূপেন হাজৰিকাই বহু অসমীয়া চিনেমাৰ সংগীত পৰিচালনা কৰিছে। তেওঁ ‘চামেলি মেমচাব’ ছবিৰ পৰিচালনাৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্র প্রতিযোগিতাত শ্রেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল। অসমীয়া চলচ্চিত্র শিল্পলৈ তেওঁৰ অতুলনীয় অবদান তথা কৃতিত্বৰ বাবে অসম চৰকাৰে জ্যোতি চিত্ৰবন ছ’চাইটি ষ্টুডিঅ’ কমপ্রেশ্নত ‘ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী ফিল্ম আৰু টি ভি ইনষ্টিটিউট’ নামে এখন চলচ্চিত্র নির্মাণ প্রশিক্ষণ বিদ্যালয় স্থাপন কৰিছে।

প্রশ্ন ৩। ভবেন্দ্র নাথ শ‍ইকীয়া আৰু জাহ্নু বৰুৱাই অসমীয়া চলচ্চিত্র শিল্পলৈ আগবঢ়োৱা অৱদান সম্পর্কে আলোচনা কৰা। 

উত্তৰ: অসমীয়া সাহিত্যলৈ ভবেন্দ্ৰ নাথ শ‍ইকীয়াই যিদৰে অতুলনীয় অবদান আগবঢ়াই গৈছে, ঠিক তেনেদৰে চলচ্চিত্ৰ শিল্পৰ ক্ষেত্ৰতো তেখেতৰ অভূতপূর্ব অৱদান আছে। ১৯৭৭ চনত ‘সন্ধ্যাৰাগ’ ছবিখনেৰে ভবেন্দ্ৰনাথ শ‍ইকীয়াই ছবি পৰিচালক হিচাপে পোন প্ৰথমে আত্মপ্রকাশ কৰে। এই ছবিখনে লাভ কৰা ব্যৱসায়িক আৰু কলাগত সফলতাই বাস্তৱবাদী চলচ্চিত্ৰৰ ধাৰাটোক এক নতুন আশাৰ সঞ্চাৰ কৰে। পৰৱৰ্তীকালত তেওঁ পৰিচালনা কৰা ছবিকেইখন হ’ল— ‘সাৰথি’, ‘আবর্তন’, ‘ইতিহাস’ আৰু ‘কালসন্ধ্যা’ (হিন্দী)। ৰাষ্ট্ৰীয় পৰ্যায়ত ভবেন্দ্রনাথ শ‍ইকীয়াই ‘অগ্নিমান’ ছবিৰ বাবে শ্রেষ্ঠ চিত্রনাট্য বঁটা লাভ কৰিছিল। দেশ-বিদেশৰ বহু চলচ্চিত্ৰ মহোৎসৱত ভৱেন্দ্ৰনাথ শ‍ইকীয়াৰ ছবি প্ৰদৰ্শিত হৈছে।

অসমীয়া চলচ্চিত্র শিল্পলৈ প্ৰভূত অবদান আগবঢ়োৱা আন এগৰাকী ব্যক্তি হ’ল জা বৰুৱা। ভবেন্দ্ৰনাথ শ‍ইকীয়াৰ পিছত জাহ্নু বৰুৱাই ‘অপৰূপা’ ছবি পৰিচালনাৰে অসমীয়া চলচ্চিত্র জাতত পদার্পণ কৰে। তেওঁ কেইবাখনো ছবি নিৰ্মাণ কৰিছে আৰু বাড়ীয় আন্তৰাষ্ট্রীয় ক্ষেত্রত তেওঁৰ ছবিয়ে সন্মান বুটলিবলৈও সক্ষম হৈছে। সাগৰলৈ বহু দূৰ’ ছবিৰ বাবে জাহ্নু বৰুৱাই ৰাষ্ট্ৰীয় পৰ্যায়ত ‘শ্রেষ্ঠ পৰিচালকৰ বঁটা’ লাভ কৰিছিল। ইয়াৰোপৰি হালধীয়া চৰায়ে বাওধান খায়’, ‘বনানী’, ‘তা’ আদি ছবিৰ বাবেও তেওঁ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। অসমীয়া চলচ্চিত্র জগতত জাহ্নু বৰুৱাৰ নাম সদায় উজলি ৰ’ব ।

প্রশ্ন ৪ অসমীয়া বিনোদনধর্মী চলচ্চিত্র বিষয়ে এটি চমু আলোচনা আগবঢ়োষা। 

উত্তৰ: অসমীয়া বিনোদনধর্মী চলচ্চিত্ৰৰ আৰম্ভণি হয় ব্ৰজেন বৰুৱা পৰিচালিত ‘ডাঃ বেজবৰুৱা’ৰ যোগেদি ১৯৬৯ চনত মুক্তিলাভ কৰা ‘ডাঃ বেজবৰুৱাই আছিল প্ৰথম অসমীয়া আৱেগমিশ্ৰিত প্ৰিলাৰযুক্ত ছবি। অসমীয়া ছবিৰ ইতিহাসত আজিও ‘ডাঃ বেজবৰুৱা’ ছবিখনে এক গুরুত্বপূর্ণ স্থান দখল কৰি আছে। ডাঃ বেজবৰুৱা’ ব্যৱসায়িক দিশত সফল ছবি আছিল। এই ছবিখনে যি সফল ব্যৱসায়িক বার্তা বহন কৰিছিল, সেই পথেৰে বহু পৰিচালকে বাট বুলিছিল আৰু দৰ্শকক উপভোগ্য ছবি উপহাৰ দিছিল। এই ছবিবোৰৰ প্ৰায়ভাগৰেই কাহিনী আছিল আৱেগপূৰ্ণ আৰু নাটকীয় উপাদানেৰে ভৰা। এই ধাৰাৰ ছবিকেইখন হ’ল— ‘মুকুতা’, ‘যোগ বিয়োগ’, ‘উপগ্রহ’, ‘ভাইটি’, ‘চামেলি মেমচাব’, ‘আজলী নবৌ’ ইত্যাদি। এই ছবিবোৰ চলচ্চিত্ৰ দৰ্শকৰ ৰুচিবোধৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি নিটোল গ্রহণযোগ্য কাহিনী একোটাৰ মাজতে নিজকে আৱদ্ধ কৰি ৰাখিছিল। নিপ বৰুৱা, দ্বিবন বৰুৱা, আব্দুল মজিদ, শিৱ ঠাকুৰ আদি ব্যক্তিয়ে বিনোদনধর্মী ছবি পৰিচালক হিচাপে অসমীয়া চলচ্চিত্ৰ জগতত এক সুকীয়া আসন দখল কৰি আছে। 

প্রশ্ন ৫। অসমীয়া কথাছবিয়ে লাভ কৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি সম্পর্কে আলোচনা কৰা।

উত্তৰ : অসমীয়া কথাছবিৰ ইতিহাসত বহুকেইখন অসমীয়া কথাছবিয়ে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত সন্মানিত হৈছে। অসমৰ বাহিৰত অসমীয়া চিনেমাই যি এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে তাৰ মূলতে আছে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰাপ্তি আৰু ভাৰতৰ আন্তর্জাতিক মহোৎসৱ ইণ্ডিয়ান পেনোৰামা ত হোৱা প্ৰদৰ্শন। ১৯৫৫ চনত ফণী শৰ্মা পৰিচালিত “পিয়লি ফুকন’ ছবিয়ে ৰাষ্ট্ৰপতিৰ চাৰ্টিফিকেট অব্ মেৰিট’ লাভ কৰিছিল আৰু সেয়াই আছিল অসমীয়া ছবিয়ে লাভ কৰা প্ৰথমটো পুৰস্কাৰ। প্ৰায় প্ৰতি বছৰেই আঞ্চলিক ভাষাৰ ছবিৰ বাবে দিয়া পুৰস্কাৰ অসমীয়া ছবিয়ে পাই আহি আছে। কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমটো পুৰস্কাৰ লাভ কৰে ড° ভূপেন হাজৰিকাই ‘চামেলি মেমচাব’ ছবিৰ সংগীত পৰিচালাৰ বাবে। ড° ভবেন্দ্রনাথ শ‍ইকীয়াই ‘অগ্নিস্নান’ ছবিৰ বাবে শ্রেষ্ঠ চিত্ৰনাট্যৰ বঁটা লাভ কৰিছিল। ‘সাগৰলৈ বহু দূৰ’ ছবির “বাবে জাহ্নু বৰুৱাই ‘শ্রেষ্ঠ পৰিচালকৰ বঁটা’ লাভ কৰিছিল। ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত অসমীয়া ছবিকেইখন হ’ল – ‘ৰাগ বিভাগ’ (বিদ্যুৎ চক্রবর্তী); ‘হলধৰ’ (সঞ্জীৱ হাজৰিকা); ‘বশ্ব বিপু” (গৌতম বৰা): ‘হালধীয়া চৰায়ে বাওধান যায়’ (জাহ্নু বৰুৱা): ‘নানী’ (জাহ্নু বৰুৱা); ‘বৈভৱ’ (মঞ্জু বৰা), ‘তা’ (জাহ্নু বববা); ‘জুয়ে পোৰা সোণ’ (সঞ্জীৱ হাজৰিকা); ‘আই ক’ত নাই” (মঞ্জু বৰা)। বিভিন্ন শিতানত বঁটা লাভ কৰা ব্যক্তিকেইগৰাকীমান হ’ল — শ্বেৰ চৌধুৰী (সংগীত পরিচালনা), মলয়া গোস্বামী (অভিনয়), এ শ্ৰীকৰ প্ৰসাদ (সম্পাদনা), মৃণালকান্তি দাস (চিত্র গ্রহণ), অভিনয়ৰ বাবে ‘জুৰিৰ বিশেষ উল্লেখ’ বঁটা লাভ কৰিছিল ৰুদ্ৰ বৰুৱা, ভাগীরথী আৰু বিষ্ণু খাৰঘৰীয়াই। তথ্যচিত্ৰৰ বিভিন্ন শিতানত আৰু চিত্ৰ সমালোচনা আৰু চলচ্চিত্র বিষয়ক গ্ৰন্থৰ বাবেও কেইবাগৰাকী অসমীয়াই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

১৯৫৯ চনত প্রভাত মুখার্জী নির্মিত ছবি ‘পুরেৰুণ’য়ে প্ৰথমবাৰৰ বাবে আন্তর্জাতিক স্বীকৃতি লাভ কৰিছিল। বার্লিন চলচ্চিত্ৰ মহোৎসৱত প্রদর্শিত পূবেৰুণে অসমীয়া চলচ্চিত্ৰৰ এক নতুন দিগন্তৰ সুচনা কৰে। উল্লেখযোগ্য যে পৰিচালক জাহ্নু বৰুৱাৰ দ্বাৰা নিৰ্মিত ‘পখী’, ‘বান্ধোন’, কণিকাৰ ৰামধেনু’ আদি ছবিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক উচ্চ স্থান দখল কৰি আহিছে।

Leave a Reply