Class-12 Assamese Solutions |Chapter-6| চিঠি

Class-12 Assamese Solutions |Chapter-6| চিঠি। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class-12 Assamese Solutions |Chapter-6| চিঠি AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS 2nd years Solutions

Class-12 Assamese Solutions |Chapter-6| চিঠি

Class-12 Assamese Solutions |Chapter-6| চিঠি অসমীয়া। উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অসমীয়া বিষয়ৰ শেহতীয়া পাঠ্যক্ৰমৰ (AHSEC) ওপৰত ভিত্তি কৰি পাঠ ভিত্তিক প্রশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আমাৰ ৱেবচাইটত উপলব্ধ।

গোট ১

লেখক পৰিচিতি—শীলভদ্র ঃ জন্ম ১৯২৪; মৃত্যু : ২০০৮

ৰামধেনু যুগৰ পৰা আৰম্ভ কৰি একবিংশ শতিকাৰ প্ৰথম দশকলৈকে (মৃত্যু পর্যন্ত) নিৰবছিন্নভাবে চুটিগল্প আৰু উপন্যাস ৰচনা কৰি অসমীয়া সাহিত্য জগতলৈ অনবদ্য অৱদান আগবঢ়াই যোৱা অন্যতম প্রখ্যাত সাহিত্যিক ‘শীলভদ্ৰ’ৰ প্ৰকৃত নাম ৰেৱতীমোহন দত্ত চৌধুৰী। সাহিত্য জগতত ‘শীলভদ্র’ ছদ্মনামেৰেই তেওঁ সুপৰিচিত। শীলভদ্ৰৰ জন্ম হয় বৰ্তমানৰ ধুবুৰী জিলাৰ গৌৰীপুৰত ১৯২৪ চনত। প্রবেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ কটন কলেজত বিজ্ঞান বিষয়ত অধ্যয়ন কৰিছিল যদিও পৰবৰ্তী সময়ত বৰ্তমানৰ বাংলাদেশৰ কাৰমাইকেল কলেজৰ পৰা গণিত বিষয়ত সন্মান সহ স্নাতক আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ১৯৪৬ চনত গণিত বিষয়তে প্রথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰি স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৪৭ চনত তেওঁ কটন কলেজত গণিত অধ্যাপক হিচাপে যোগদান কৰে যদিও পিছত কিছুদিন ঠিকাদাৰ সাংবাদিক আৰু চাহবাগিচাৰ সহকাৰী পৰিচালক হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৫৭ চনত অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ অধ্যাপক হিচাপে যোগদান কৰে আৰু এই পদৰ পৰাই ১৯৮২ চনত অৱসৰ গ্ৰহণ কৰে।

এগৰাকী প্ৰসিদ্ধ চুটিগল্পকাৰ আৰু ঔপন্যাসিক হিচাপে জনাজাত শীলভদ্ৰৰ প্ৰথমে সাহিত্যিক জীৱন আৰম্ভ হয় উপন্যাসিকা ৰচনাৰে। পিছলৈ চুটিলায় আৰু উপন্যাস ৰচনাৰেও তেওঁ প্ৰখ্যাত হৈ পৰে। ১৯৭১ চনত তেওঁৰ প্ৰথম উপন্যাসিকা-সংকলন ‘মধুপুৰ আৰু তৰংগিনী’ প্রকাশ পায়। সেইদৰে ১৯৭৫ চনত প্ৰকাশ পোৱা ‘বাস্তৱ’ পুথিখনি প্রথম গল্প সংকলন। তেওঁ কুৰিখনৰো অধিক গল্প সংকলন প্রকাশ পায়। তাৰে কেইখনমান হ’ল ‘বাস্তব’, ‘কোনো ক্ষোভ নাই’, ‘সমুদ্র তীৰ’, ‘তৰুৱা কদম’, ‘উত্তৰণ’, ‘দায়িত্ব আৰু অন্যান্য গল্প’, ‘আকৌ মধুপুৰ’, মধুপুৰ বহুদুৰ’, ‘তৰ্পণ’, ‘চিঠি আৰু অন্যান্য গল্প’, ‘আপোন মানুহ’, ‘জীৱনৰ ৰং’ ইত্যাদি।

অনুবাদ গ্রন্থ “ৰিপভান উইংকল আৰু কেইটামান গল্প’, ‘ৰূপান্তৰ’ শীলভদ্ৰই ১৯৯০ চনত ‘অনুসন্ধান’ উপন্যাসৰ বাবে ‘অসম প্ৰকাশন পৰিষদ বঁটা’, ১৯৯২চনত দায়িত্ব আৰু অন্যান্য গল্প’ শীর্ষক গল্প সংকলনৰ বাবে ‘ভাৰতীয় ভাষা পৰিষদৰ বঁটা’, ১৯৯৪ চনত ‘মধুপুৰ বহুদূৰ গল্প সংকলনৰ বাবে সাহিত্য অকাডেমী বঁটা’ আৰু সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে ২০০২ চনত অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত হয়।

২০০৮ চনৰ ২৯ ফেব্ৰুৱাৰী তাৰিখে শীলভদ্ৰৰ দেহাৱসান ঘটে।

অতি চমু প্ৰশ্নৰ উত্তৰ (মূল্যাংক-১)

প্রশ্ন ১। ‘চিঠি’ গল্পটো শীলভদ্ৰৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে?

উত্তৰ : ‘চিঠি’ গল্পটো শীলভদ্ৰৰ ‘চিঠি আৰু অন্যান্য গল্প’ সংকলনৰ পৰা লোৱা হৈছে।

প্রশ্ন ২। শীলভদ্রই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল ? 

উত্তৰ : ‘মধুপুৰ বহুদুৰ’ গ্ৰন্থৰ বাবে শীলভদ্ৰই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

প্রশ্ন ৩। কাৰ চিঠিৰ বাবে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি আছিল ? 

উত্তৰ : ভূদেৱ চৌধুৰীয়ে পুৰণা ঘনিষ্ঠ বন্ধু প্রশান্ত শৰ্মাৰ চিঠিৰ বাবে অপেক্ষা কৰি আছিল।

প্রশ্ন ৪। প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেব চৌধুৰীক কোনে দিছিল? 

উত্তৰ : প্ৰশান্ত শৰ্মাৰ ভতিজা ল’ৰাজনে প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক মিছিল।

প্রশ্ন ৫। ভূদেব চৌধুৰী টিংখণ্ডলৈ কিয় গৈছিল? 

উত্তৰ : ভূদেৱ চৌধুৰীয়ে তেওঁৰ পৰিবাৰৰ পৰা আহিব পৰা চিঠিৰ কাৰণে টিংখঙলৈ গৈছিল।

প্রশ্ন ৬। শীলভদ্ৰৰ আচল নাম কি ?

উত্তৰ : শীলভদ্ৰৰ আচল নাম ৰেৱতীমোহন দত্ত চৌধুৰী । 

প্রশ্ন ৭। শীলভদ্ৰৰ দ্বাৰা ৰচিত চুটিগল্পৰ এটা বৈশিষ্ট্য লিখা ।

উত্তৰ : মেদহীন বর্ণনা শীলভদ্ৰৰ দ্বাৰা ৰচিত চুটিগল্পৰ এটা অন্যতম বৈশিষ্ট্য।

প্রশ্ন ৮। ভূদেব চৌধুৰী কোন আছিল ?

উত্তৰ : ভূদেব চৌধুৰী প্ৰশান্ত শৰ্মাৰ ঘনিষ্ঠ বন্ধু আছিল। 

প্রশ্ন ৯। ফাণ্ড কোন আছিল ?

উত্তৰ : টিংখঙৰ পৰা বাগানৰ ডাক অনা এজন বনুৱা আছিল ফাগু।

প্রশ্ন ১০। ভূদেব চৌধুৰীৰ অন্তৰংগ বন্ধুজনৰ নাম কি আছিল?

উত্তৰ : ভূদেব চৌধুৰীৰ অন্তৰংগ বন্ধুজনৰ নাম আছিল প্ৰশান্ত শর্মা। 

প্রশ্ন ১১।শীলভদ্রই কোনখন উপন্যাসৰ বাবে, কোন চনত ‘অসম প্ৰকাশন পৰিষদ টা লাভ কৰিছিল ?

উত্তৰ : ১৯৯০ চনত ‘অনুসন্ধান’ উপ্যনাসৰ বাবে। 

প্রশ্ন ১২। গল্পকাৰ শীলভদ্ৰ’ৰ আচল নামটো কি?

উত্তৰ : ৰেৱতীমোহন দত্ত চৌধুৰী।

প্রশ্ন ১৩। শীলভদ্ৰৰ প্ৰথম প্ৰকাশ পোৱা গল্প সংকলন খনিৰ নাম কি?

উত্তৰ : ১৯৭৫ চনত প্ৰকাশ পোৱা ‘বাস্তৱ’।

চমু প্রশ্নৰ উত্তৰ (মূল্যাংক-২)

প্রশ্ন ১। ‘চিঠি’ গল্পটোত ভূদেব চৌধুৰীয়ে কাৰ কাৰ চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা আছে?

উত্তৰ : “চিঠি” গল্পটোত ভূদেৱ চৌধুৰীয়ে প্ৰথমে বিয়াৰ পিছত কিছুদিনৰ কাৰণে গাঁৱৰ ঘৰত থকা পৰিবাৰৰ পৰা আহিব পৰা চিঠি আৰু ঘনিষ্ঠ বন্ধু প্রশান্ত শৰ্মাৰ পৰা আহিব পৰা চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা আছে।

প্রশ্ন ২। শীলভদ্ৰই লাভ কৰা দুটা বঁটাৰ নাম লিখা।

উত্তৰ : শীলভদ্ৰই লাভ কৰা দুটা বঁটা হ’ল ‘সাহিত্য অকাডেমি বঁটা’ আৰু ‘অসম প্ৰকাশন পৰিষদ বঁটা’।

প্রশ্ন ৩। ভূদেব চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ কিয় চিঠি লিখিছিল ?

উত্তৰ : ভূদেব চৌধুৰী আৰু প্ৰশান্ত শৰ্মা আছিল পুৰণি অন্তৰংগ বন্ধু। দুয়ো চহৰৰ ভিন্ন প্ৰান্তত বাস কৰে। চাকৰি জীৱনৰ পৰা অৱসৰ লোৱাৰ পিছত দুয়ো যোগাযোগ ৰাখিব পৰা নাছিল। এজনে আনজনৰ খবৰ ল’ব পৰাকৈ তেওঁলোকৰ গাড়ী নাই, ফোন নাই। চিটি বাছত ভিৰ হোৱা বাবে উঠিবলৈ ভয় কৰে। সেয়ে উপায় নাপাই খা-খবৰ ল’বলৈ বুলি ভূদেৱ চৌধুৰীয়ে প্রশান্ত শর্মালৈ চিঠি লিখিছিল।

প্রশ্ন ৪। ‘চিঠি’ গল্পটিত কাৰ চিঠি পুৰুষানুক্রমে সঞ্চয় কৰি থ’বলগীয়া সম্পত্তি বুলি কোৱা হৈছে? তেওঁৰ চিঠি কিয় মূল্যৱান ?

উত্তৰ : ‘চিঠি’ গল্পটিত ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিঠি পুরুষানুক্রমে সঞ্চয় কৰি থ’বলগীয়া সম্পত্তি বুলি কোৱা হৈছে।

প্রকৃততে চিঠি এখনেই চিঠিৰ মূল্য। সেয়ে ৰবীন্দ্ৰনাথ ঠাকুৰৰ মৃত্যুৰ পঞ্চাছ বছৰ পাছতো বর্তমানো বঙালী আলোচনীত তেওঁৰ চিঠিবোৰ ছপা হৈ থকা দেখিবলৈ পোৱা যায়। পৰিচিত- অপৰিচিত অজস্ৰ মানুহে ৰবীন্দ্ৰনাথক চিঠি দিছিল। এশাৰী কিবা উত্তৰ পালে, সেয়েই আছিল তেওঁৰ অমূল্য সম্পদ। সেয়ে ৰবীন্দ্ৰনাথৰ চিঠি অধিক মূল্যৱান আৰু পুৰুষানুক্রমে সাঁচি ৰাখিবলগীয়া সম্পত্তি।

প্রশ্ন ৫। বর্তমান সময়ত চিঠিৰ প্ৰাসংগিকতা কিয় কমি গ’ল ?

উত্তৰ : এসময়ত চিঠিয়েই আছিল মানুহৰ যোগাযোগৰ মূল মাধ্যম। আপোনজনৰ পৰা পোৱা একোখন চিঠি বা চিঠিৰ অপেক্ষাত থকাটোতো নিহিত হৈ আছে এক মধুৰ অভিজ্ঞতা। বৰ্তমান বিজ্ঞান প্ৰযুক্তিৰ দ্রুত উন্নতিয়ে মানুহৰ মাজৰ যোগাযোগ দ্রুত কৰি তুলিলে। ফলত চিঠিৰ প্ৰাসংগিকতা কমি গ’ল আৰু পূৰ্বৰ চিঠিকেন্দ্ৰিক মধুৰতাও হেৰাই গ’ল।

চমু প্ৰশ্নৰ উত্তৰ (মূল্যাংক-৩)

প্রশ্ন ১। শীলভদ্ৰৰ গল্পৰ তিনিটা বৈশিষ্ট্য লিখা । 

উত্তৰ : শীলভদ্ৰৰ গল্পৰ তিনিটা বৈশিষ্ট্য হ’ল—

(ক) শীলভদ্রই বাস্তৱ জীৱনৰ সৰু সৰু যেন লগা ঘটনা একোটাক বিষয়বস্তু হিচাপে লৈ গল্প লিখে।

(খ) সৰল ভাষাৰ প্ৰয়োগ শীলভদ্ৰৰ গল্পৰ এক অন্যতম বৈশিষ্ট্য।

(গ) মেদহীন বর্ণনাই তেখেতৰ চুটিগল্পসমূহক সুখপাঠ্য কৰি তুলিছে।

প্রশ্ন ২। শীলভদ্ৰৰ তিনিখন চুটিগল্প সংকলনৰ নাম লিখা । 

উত্তৰ : শীলভদ্ৰৰ তিনিখন চুটিগল্প সংকলন হ’ল-

‘কোনো ক্ষোভ নাই’, ‘সমুদ্ৰতীৰ’, ‘মধুপুৰ বহুদূৰ’।

প্রশ্ন ৩। ‘চিঠি’ শীর্ষক গল্পটিৰ তিনিটা চৰিত্ৰৰ নাম লিখা। 

উত্তৰ : ‘চিঠি’ শীর্ষক গল্পটিৰ তিনিটা চৰিত্ৰ হ’ল- ভূদেব চৌধুরী, প্রশান্ত শৰ্মা আৰু ফাত।

প্রশ্ন ৪। “আপোনাৰ চিঠিখন পাইছিল। বৰ ভাল পাইছিল। কোনে কি প্ৰসংগত এই কথা কৈছিল?

উত্তৰ: ভূদেব চৌধুৰীয়ে প্রশান্ত শর্মালৈ এখন চিঠি লিখিছিল। সেই চিঠিখন প্রশান্ত শর্মাই পাই আনন্দিত হৈ পৰিছিল। তেওঁ ইমান ভাল পাইছিল যে তেওঁলোকৰ ঘৰলৈ আহিছিল তাকেই চিঠিখন দেখুৱাইছিল। আনকি বন্ধু ভূদেব চৌধুৰীৰ চিঠিৰ উত্তৰ দিব বুলি পুত্ৰৰ হতুৱাই অনুৱাই থৈছিল। হঠাতে অসুস্থ হৈ প্ৰশান্ত শৰ্মাৰ বিয়োগ হোৱাত ভূদেব চৌধুৰীৰ চিঠিৰ উত্তৰ দিব নোৱাৰিলে। এই কথাৰ প্ৰসংগতে শোকত অভিভূত হৈ আকুলভাবে কাশি থকা প্ৰশান্ত শৰ্মাৰ পৰিবাৰে ভূদেব চৌধুৰীৰ আগত প্ৰশ্নোক্ত কথাফাকি কৈছিল।

প্রশ্ন ৫। তলৰ শব্দবোৰৰ অৰ্থ লিখা : অনুকম্পা, কত্তাল, সংগত

উত্তৰ :শব্দ       অর্থ

অনুকম্পা—সহানুভূতি, করুণা, দয়া

কঙাল—-নিঃস্ব, দুখীয়া, যাৰ একো নাই । 

সংগত—- খাপখোৱা, উচিত, যুক্তিযুক্ত।

HS দ্বিতীয় বৰ্ষৰ অসমীয়া প্ৰশ্নৰ উত্তৰ

Sl. No.Contents
Unit 1নিৰ্বাচিত গদ্য
Chapter 1মোৰ মাতৃমোখ দৰ্শন
Chapter 2মগনিয়াৰ
Chapter 3আনন্দৰাম বৰুৱা
Chapter 4হস্তিবিদ্যাৰ্ণৱ পুথি
Chapter 5ভাৰতীয় আদৰ্শত বৈৰাগ্য
Chapter 6চিঠি
Chapter 7অসমীয়া চলচ্চিত্রৰ গতিধাৰা
Chapter 8বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো
Unit 2নিৰ্বাচিত পদ্য
Chapter 1বৰগীত (উঠৰে উঠ বাপু)
Chapter 2বিশ্ব খনিকৰ
Chapter 3মিলন
Chapter 4জনতাৰ আহ্বান
Chapter 5কাঠমিস্ত্ৰীৰ ঘৰ
Chapter 6আঘোণৰ কুঁৱলী
Chapter 7উভতি নহাৰ কবিতা
Chapter 8কৰুণতম
Unit 3কৈশোৰ কাল আৰু মূল্যবোধৰ শিক্ষা
Chapter 1মূল্যবোধৰ শিক্ষা
Chapter 2কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা

দীঘলীয়া প্রশ্নোত্তৰ (মূল্যাংক-৪)

প্রশ্ন ১। সাধাৰণতে চুটিগল্পৰ নামকৰণৰ লগত কি কি কথা জড়িত হৈ থাকে ? 

উত্তৰ : সাধাৰণতে চুটিগল্প একোটাৰ নামকৰণৰ লগত কেবাটাও কথা জড়িত হৈ থাকে,

যেনে—

(ক) বিষয়বস্তুৰ ইংগিত

(খ) মূল চৰিত্ৰৰ পৰিচয়

(গ) কেন্দ্রীয় ভাব ইত্যাদি

একোটা চুটিগল্পৰ নামৰ সৈতে বিষয়বস্তুৰ ইংগিত আৰু কেন্দ্ৰীয় ভাব জড়িত হৈ থাকে। চুটিগল্পৰ নামটোৱেই কেতিয়াবা সেই গল্পটোৰ বিষয়বস্তু হৈ ধৰা নিয়ে। যেনে – ‘চিঠি’ চুটিগল্পটোৰ বিষয়বস্তু চিঠিক লৈয়ে গঢ় লৈ উঠিছে। আনহাতে গল্প এটাৰ নামকৰণতেই গল্পটোৰ কেন্দ্ৰীয় ভাব নিহিত হৈ থকাৰ লগতে মূল চৰিত্ৰ একোটাৰ পৰিচয়ো নামকৰণৰ সৈতে জড়িত হৈ থকা দেখা যায়। ‘চিঠি’ গল্পটোলৈ লক্ষ্য কৰিলে দেখা যায় যে ভূদেব চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ প্ৰেৰণ কৰা চিঠিখনক কেন্দ্ৰ কৰি দুখন ঘৰত উৎকণ্ঠা আৰু আনন্দৰ সৃষ্টি হৈছে। ভূদেব চৌধুৰীলৈ চিঠিৰ উত্তৰ লিখি পঠিওৱাৰ পৰিকল্পনা কৰি থকা প্ৰশান্ত শৰ্মাৰ আকস্মিক মৃত্যু হোৱাত আনফালে চিঠিৰ বাবে অপেক্ষা কৰি থকা ভূদেৱ চৌধুৰীৰ আশাৰ মৃত্যু ঘটিছে। আনকি বন্ধুৰ মৃত্যুৰ খবৰ ল’বলৈ যোৱাৰ পৰতো ভূদেৱ চৌধুৰীক সকলোৱে সেই চিঠিখনৰ কথাকে কৈছিল। এই ‘চিঠি’ গল্পটোৰ মূল চৰিত্ৰ দুটা হৈছে ভূদেৱ চৌধুৰী আৰু প্ৰশান্ত শৰ্মা। এখন চিঠিক কেন্দ্র কৰিয়েই এই চৰিত্র দুটি গঢ় লৈ উঠিছে আৰু গল্পৰ কাহিনী আগবাঢ়ি যোৱাত সহায় হৈছে।

প্রশ্ন ৩। শীলভদ্ৰৰ দ্বাৰা ৰচিত চাৰিখন গ্ৰন্থৰ নাম লিখা ।

উত্তৰ : শীলভদ্ৰৰ দ্বাৰা ৰচিত চাৰিখন গ্ৰন্থ হ’ল— ‘মধুপুৰ আৰু তৰংগিনী’, ‘বাস্তৱ’, ‘কোনো ক্ষোভ নাই’, ‘মধুপুর বহুদূৰ’।

প্রশ্ন ৪। ভূদেৱ চৌধুৰীয়ে প্রশান্ত শর্মালৈ কিয় চিঠি লিখিছিল?

উত্তৰ : ভূদেব চৌধুৰী আৰু প্ৰশান্ত শৰ্মা আছিল দুয়ো পুৰণি ঘনিষ্ঠ বন্ধু। চাকৰি বা কৰ্মজীৱনৰ পৰা অৱসৰ লোৱা বহু বছৰ হৈ গ’ল। দুয়ো চহৰৰ ভিন্ন প্রান্তত থাকে। সেয়ে তেওঁলোকে যোগাযোগ ৰাখিব পৰা নাই। এজনে আনজনৰ খা-খবৰ ল’ব পৰাকৈ তেওঁলোকৰ গাড়ী নাই, ফোন নাই। চিটি বাছত ভিৰ থকা বাবে উঠিবলৈ ভয় কৰে। চিঠি-পত্র লিখিও যে যোগাযোগ ৰাখিব পৰা যায় সেই কথা তেওঁলোকৰ মনলৈ অহাই নাছিল। সেয়ে ভূদের চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ হঠাতে এখন চিঠি লিখিছিল।

প্রশ্ন ৫। ‘চিঠি’ গল্পটিৰ কাহিনীটো তোমাৰ ভাষাত চমুকৈ লিখা।

উত্তৰ কৰ্মজীৱনৰ পৰা অৱসৰ লোৱাৰ পাছত মানুহে কিছু অকলশৰীয়া অনুভৱ কৰিবলৈ ধৰে। তেনে সময়তে পুৰণি মনেমিলা বন্ধু-বান্ধৱৰ সান্নিধ্যই অনাবিল আনন্দ বা সুখ প্রদান কৰে। বন্ধুৰ পৰা যদি আন্তৰিকতা আৰু আগ্রহপূর্ণ সঁহাৰি লাভ কৰা যায় তেন্তে সেই আনন্দ দুগুণে চৰে। এনে এক আনন্দময় পৰিবেশৰ সৃষ্টি হৈছে শীলভদ্ৰৰ দ্বাৰা ৰচিত ‘চিঠি’ নামৰ চুটিগল্পটিত।

ভূদেব চৌধুৰী আৰু প্ৰশান্ত শৰ্মা দুয়ো কৰ্মজীৱনৰ পৰা অৱসৰ লোৱা পুৰণা অন্তৰংগ বন্ধু। দুয়ো চহৰৰ ভিন্ন প্ৰান্তত বসবাস কৰে। যোগাযোগ ৰাখিব পৰাকৈ তেওঁলোকৰ গাড়ী নাই, ফোন নাই। চিটি বাছত ভিৰ হোৱা বাবে উঠিবলৈ ভয় কৰে। অৱসৰ হোৱাৰ পিছৰে পৰা বহু বছৰ তেওঁলোকৰ মাজত কোনো কথা-বতৰা হোৱা নাছিল যদিও দুয়ো বন্ধুৰ মাজত আছিল অসীম আন্তৰিকতা তথা কথা-পতা, খা-খবৰ লোৱাৰ অফুৰন্ত হেঁপাহ। সেয়ে চিঠি-পত্ৰ লিখাৰ অভ্যাস নথকা সত্ত্বেও ভূদেব চৌধুৰীয়ে বন্ধু প্রশান্ত শৰ্মালৈ এখন চিঠি লিখিলে। প্রশান্ত শৰ্মাৰ পৰাও চিঠিৰ উত্তৰ পাব বুলি প্ৰত্যেক দিনে অধীৰ অপেক্ষাত ৰোৱা ভূদেব চৌধুৰীলৈ শেষত খবৰ আহিল যে প্রশান্ত শৰ্মা ঢুকাল। ভূদেৱ চৌধুৰীয়ে শৰ্মাৰ ঘৰত মৃত্যুৰ খবৰ ল’বলৈ যোৱাত গম পায় যে মৃত্যুৰ পূৰ্বে শৰ্মাৰ ঘৰত ভূদেৱ চৌধুৰীৰ চিঠিখনে এক আনন্দদায়ক পৰিৱেশৰ সৃষ্টি কৰিছিল। প্ৰশান্ত শৰ্মাই বন্ধু ভূদেব চৌধুৰীৰ চিঠিৰ উত্তৰ পঠিয়াবলৈ লেফাফাও অনাই থৈছিল। কিন্তু সেয়া হৈ নুঠিল। কথাখিনি গম পাই ভূদেব চৌধুৰীয়ে বৰ শোক পায়। তেওঁ নিজে নিখিনি আনন্দৰ বাবে বাট চাই আছিল সেই আনন্দখিনি যে তেওঁৰ বহু প্ৰশান্ত শৰ্মাই লাভ কৰিলে সেয়া অনুভৱ কৰি চৌধুৰী আৱেগত উথলি উঠিল। এনেদৰে গল্পটিত অপ্ৰাপ্তিৰ মাজতো লুকাই থকা মধুৰতাৰ সুন্দৰ প্ৰকাশ ঘটা দেখিবলৈ পোৱা যায়।

প্রশ্ন ৬। শীলভদ্ৰৰ সাহিত্য কৃতিৰ চমু পৰিচয় দাঙি ধৰা ।

উত্তৰ : শীলভদ্ৰৰ প্ৰকৃত নাম ৰেৱতীমোহন দত্ত চৌধুৰী। সাহিত্য ৰচনাৰ উদ্দেশ্যে তেখেতে শীলভদ্র ছদ্মনাম গ্রহণ কৰে। সত্তৰৰ দশকত আত্মপ্ৰকাশ কৰা শীলভদ্ৰই সাহিত্যিক জীৱন আৰম্ভ কৰে উপন্যাস ৰচনারে। শীলভদ্র এগৰাকী সুনিপুণ চুটিগল্প লেখকো আছিল। তেওঁ একবিংশ শতিকাৰ প্ৰথম দশকলৈকে নিৰৱচ্ছিন্নভাবে চুটিগল্প লিখি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ যায়। উপন্যাস ৰচনাৰে তেওঁ সাহিত্যিক জীৱন আৰম্ভ কৰে যদিও পৰৱৰ্তী কালত গল্পকাৰ হিচাপেহে অধিক খ্যাতি অর্জন কৰে। ১৯৭১ চনত তেওঁৰ প্ৰথম উপন্যাস সংকলন “মধুপুৰ আৰু তৰংগিনী প্ৰকাশ পায়। ইয়াৰ পিছত ১৯৭৫ চনত তেখেতৰ

প্রথম গল্প সংকলন ‘বাস্তব’ প্ৰকাশ পায়। তেওঁৰ কুৰিখনৰো অধিক গল্প সংকলন প্রকাশ পাইছে। তাৰে কেইখনমান গল্প সংকলন হ’ল— ‘কোনো ক্ষোভ নাই’, ‘সমুদ্রতীৰ’, ‘তৰুৱা কদম’, “উত্তৰণ’, ‘দায়িত্ব আৰু অন্যান্য গল্প’, ‘আকৌ মধুপুৰ’, ‘মধুপুৰ বহুদূৰ’, ‘অর্পণ’, ‘চিঠি আৰু অন্যান্য গল্প’, ‘আপোন মানুহ’, ‘জীৱনৰ ৰং’ ইত্যাদি। তেওঁ দুখনমান অনুবাদ গ্রন্থও লিখিছিল। যেনে -‘বিপভান উইংকল আৰু কেইটামান গল্প’ আৰু ‘ৰূপান্তৰ’।

সাহিত্যকর্মৰ স্বীকৃতি হিচাপে শীলভদ্ৰই কেইবাটাও বঁটা লাভ কৰে। ১৯৯০ চনত ‘অনুসন্ধান’ উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা, ১৯৯২ চনত ‘দায়িত্ব আৰু অন্যান্য গল্প’ শীৰ্ষক গল্প সংকলনৰ কাৰণে ভাৰতীয় পৰিষদ বঁটা আৰু ১৯৯৪ চনত ‘মধুপুৰ বহুদূৰ’ গল্প সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ করে। ২০০২ চনত সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে তেওঁক অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত কৰা হয়

দীঘলীয়া প্রশ্নোত্তৰ (মূল্যাংক-৫)

প্রশ্ন ১। ভূদেব চৌধুৰীৰ চিঠিখনে প্ৰশান্ত শৰ্মাৰ ঘৰত কেনে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ?

উত্তৰ : ভূদেৱ চৌধুৰীৰ চিঠিখনে প্রশান্ত শৰ্মাৰ ঘৰত এটা আনন্দময় পৰিৱেশৰ সৃষ্টি কৰিছিল। ভুদেৱ চৌধুৰী আৰু প্ৰশান্ত শৰ্মা অতি ঘনিষ্ঠ বন্ধু আছিল যদিও তেওঁলোকে এজনে আনজনৰ খা-খবৰ ৰাখিবলৈ বা কথা-বতৰা পাতিবলৈ কোনো উপায় নাছিল। প্রশান্ত শৰ্মাই ভুদেৱ চৌধুৰীৰ চিঠিখন পাই অনাবিল সুখ আৰু আনন্দ লাভ কৰিছিল। পত্নী, পুত্র, জী ঘৰৰ সকলোৰে আগত চিঠিখন দেখুওৱাৰ লগতে ঘৰলৈ যিয়েই আহিছিল তাকেই চিঠিখন দেখুৱাইছিল। চিঠিখন পাই যেন প্রশান্ত শর্মাই সাক্ষাৎ বন্ধু ভূদেব চৌধুৰীকহে লগ পাইছিল। দুয়ো একেলগে কি কৰিছিল, ক’ত গৈছিল সেইবোৰ কথাকে সকলোৰে আগত কৈ গৈছিল। প্ৰথমছোৱাত ভুদেৱ চৌধুৰীয়ে যে কিমান কষ্ট কৰিবলগীয়া হৈছিল সেইবোৰ কথাও প্রশান্ত শৰ্মাই কৈ কৈ অভিভূত হৈ পৰিছিল। কেইদিনমান কেবল ভূদেব চৌধুৰীৰ কথা আৰু তেওঁলোকৰ বন্ধুত্বৰ কথাই প্ৰশান্ত শৰ্মাই সকলোৰে আগত কৈ থাকিলে। সেই চিঠিখনতেই প্রশান্ত শর্মাই বন্ধু ভূদের চৌধুৰীৰ সান্নিধ্য অনুভৱ কৰিছিল। চিঠিৰ উত্তৰ লিখি পঠিয়াবলৈ আনকি প্রশান্ত শৰ্মাই পুত্ৰৰ হতুৱাই লেফাফাও অনাই থৈছিল, কিন্তু সেয়া বাস্তৱত ৰূপায়িত নহ’ল। ভূদেব চৌধুৰীলৈ চিঠিৰ উত্তৰ লিখাৰ পূর্বেই ইতিমধ্যে প্রশান্ত শৰ্মাৰ বিয়োগ হৈছিল।

প্রশ্ন ২। আপোনজনৰ পৰা চিঠি পোৱা আৰু তেনে চিঠিৰ বাবে অপেক্ষা কৰাৰ মধুৰতা ‘চিঠি’ গল্পত কিদৰে প্ৰকাশ পাইছে বুজাই লিখা।

উত্তৰ : আপোনজনৰ পৰা চিঠি পোৱা আৰু তেনে চিঠিৰ বাবে অপেক্ষা কৰাৰ মধুৰতা অতি সুখকৰ, আনন্দদায়ক আৰু তৃপ্তিদায়ক। এনে এটি আনন্দদায়ক আৰু সুখকৰ পৰিৱেশ শীলভদ্ৰৰ ‘চিঠি’ চুটিগল্পটিত দেখিবলৈ পোৱা যায়।

জুদেৱ চৌধুৰীৰ পৰা চিঠিখন পাই প্ৰশান্ত শৰ্মাই যি আনন্দ লভিছিল বা সুখ অনুভর কৰিছিল সেয়া তেওঁৰ কথা-বতৰা তথা আচৰণৰ পৰাই বুজিব পাৰি। ভূদেব চৌধুৰীৰ চিঠিখন- পাই প্ৰশান্ত শৰ্মাই পুৰণি স্মৃতি ৰোমন্থন কৰি আত্মবিভোৰ হৈ পৰিছিল। পৰিয়ালবৰ্গৰ লগতে ঘৰলৈ অহা বিভিন্নজন ব্যক্তিক প্রশান্ত শৰ্মাই চিঠিখন দেখুৱাই পৰম তৃপ্তি লাভ কৰিছিল। সেই চিঠিখনতেই যেন প্রশান্ত শৰ্মাই বন্ধু ভূদেৱ চৌধুৰীৰ সান্নিধ্য অনুভৱ কৰিছিল।

ভূদেব চৌধুৰীয়েও তেনেদৰে তেওঁৰ চিঠিখন পালে প্ৰশান্ত শৰ্মাৰ মনৰ প্ৰতিক্ৰিয়া কেনেধৰণৰ হ’ব বা আনন্দিত হ’ব নে বিস্মিত হ’ব ইত্যাদি কথাবোৰ ভাবি এখন চিঠিৰ বাবে অধীর অপেক্ষা কৰিছে। আনহাতে এটা সময়ত কিছুদিনৰ কাৰণে গাঁৱৰ ঘৰত থকা ভূদেৱ চৌধুৰীৰ পত্নীয়ে তেওঁলৈ মৰম-চেনেহসিক্ত কথাৰে চিঠি লিখি পঠিয়াব বুলি ব্যাকুল প্রতীক্ষা কৰিছে। যিবোৰ দিনত পৰিবাৰৰ পৰা চিঠি আহিব পাৰে সেইকেইদিন তেওঁ দুই বজাৰ পিছত ধৈর্য ধৰি ৰাখি থাকিব নোৱাৰে। ডাকোৱাললৈ অপেক্ষা নকৰি নিজেই চাইকেলখন লৈ কমেও চাৰি মাইল দূৰত থকা ডাকঘৰলৈ গৈছিল।

এনেদৰেই আপোনজনৰ পৰা চিঠি পোৱা আৰু তেনে চিঠিৰ বাবে অপেক্ষা কৰাৰ মধুৰতা ‘চিঠি’ গল্পটিত প্রতিফলিত হৈছে।

প্রশ্ন ৩। ‘চিঠি’ গল্পটিৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা। [HS.’18, 20]

উত্তৰ : ‘চিঠি’ গল্পটিৰ নামটোৰ লগত বিষয়বস্তুৰ ইংগিত আৰু কেন্দ্ৰীয়ভাব এই দুয়োটা কথা জড়িত হৈ আছে। গল্পটোৰ বিষয়বস্তু এখন চিঠিক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে। এজন ব্যক্তিয়ে তেওঁৰ পুৰণি ঘনিষ্ঠ বন্ধুলৈ চিঠি পঠিয়াই উত্তৰৰ বাবে অপেক্ষা কৰিছে। চিঠিৰ প্রসংগত প্রখ্যাত সাহিত্যিক ৰবীন্দ্ৰনাথ ঠাকুৰলৈ অহা চিঠি আৰু বিভিন্নজনলৈ ৰবীন্দ্ৰনাথ ঠাকুৰে দিয়া চিঠিবোৰৰ গুৰুত্বৰ কথা কোৱা হৈছে। ইয়াৰোপৰি ব্যক্তিজনে কিছুদিনৰ বাবে ঘৰৰ পৰা আঁতৰত থকা পত্নীৰ পৰা আহিব লগা চিঠিৰ বাবে অধীৰ অপেক্ষাত থকাৰ কথাও কোৱা হৈছে। আনহাতে এখন চিঠিয়েই গল্পটোৰ কেন্দ্ৰীয় বিষয় হৈ পৰিছে। ভূদেৱ চৌধুৰীয়ে বন্ধু প্ৰশান্ত শৰ্মালৈ প্ৰেৰণ কৰা চিঠিখনক কেন্দ্ৰ কৰিয়েই দুয়োখন ঘৰত আনন্দ আৰু উৎকণ্ঠাৰ সৃষ্টি হৈছে। চিঠিৰ উত্তৰ লিখাৰ পৰিকল্পনা কৰি থকা প্ৰশান্ত শৰ্মাৰ মৃত্যু হোৱাত চিঠিৰ বাবে অপেক্ষা কৰি থকা ভুদেৱ চৌধুৰীৰো সেই আশাৰ মৃত্যু ঘটিছে। আনকি প্রশান্ত শৰ্মাৰ মৃত্যুৰ খবৰ ল’বলৈ যোৱা ভূদেৱ চৌধুৰীক সকলোৱে তেওঁৰ চিঠিখনৰ কথাকেই কৈছে।

এনেদৰে বিশ্লেষণ কৰিলে দেখা যায় যে, গায়টিৰ নামকৰণ সাৰ্থক হৈছে।

প্রশ্ন ৪। zভূদেব চৌধুৰী কোন আছিল? তেওঁ কিহৰ বাবে অপেক্ষা কৰি আছিল বুজাই লিখা। 

উত্তৰ: ভূদেব চৌধুৰী আছিল প্ৰশান্ত শৰ্মাৰ পুৰণি ঘনিষ্ঠ বন্ধু।

চিঠি এখনেই চিঠিৰ মূল্য। চিঠি এখনে তাত যি লিখা থাকে তাতোকৈ বহুত কিবাকিবি কঢ়িয়াই আনে। বিয়াৰ পিছত ভূদেব চৌধুৰীয়ে কিছুদিনৰ কাৰণে পৰিবাৰক গাঁৱৰ ঘৰত থৈছিল আৰু নিজে কিছু অসুবিধাৰ কাৰণে অকলে বাগানত আছিল। তেতিয়া পৰিবাৰৰ চিঠিৰ কাৰণে ভূদেব চৌধুৰীয়ে ব্যাকুল প্রতীক্ষা কৰিছিল। যিবোৰ দিনত পৰিবাৰৰ চিঠি আহিব পাৰে সেইকেইদিন তেওঁ দুই বজাৰ পিছত ধৈর্য ধৰি ৰখি থাকিব নোৱাৰে। ডাকোবাললৈ অপেক্ষা নকৰি নিজেই কমেও চাৰি মাইল দূৰৰ ডাকঘৰলৈ বুলি চাইকেলখন লৈ ওলাই গৈছিল।

আনহাতে ভূদেৱ চৌধুৰীয়ে তেওঁৰ পুৰণি ঘনিষ্ঠ বন্ধু প্রশান্ত শর্মালৈ এখন চিঠি প্ৰেৰণ কৰিলে। তেওঁৰ চিঠিখন পালে প্ৰশান্ত শৰ্মাৰ মনত প্ৰতিক্ৰিয়া কেনে ধৰণৰ হ’ব অথবা আনন্দিত হ’ব নে বিস্মিত হৈ পৰিব, চিঠিখনত তেওঁ কি কি কথা লিখিব ইত্যাদি কথাবোৰ ভাবি ভুদের চৌধুৰীয়ে বন্ধু প্রশান্ত শৰ্মাৰ পৰা আহিব পৰা এখন চিঠিৰ বাবে অধীৰ অপেক্ষা কৰি আছিল।

প্রশ্ন ৫। প্রসংগ সং2গতি দৰ্শাই ব্যাখ্যা কৰা : 

(ক) “দেউতাই আপোনাৰ চিঠিখন পাইছে। ইমান যে ভাল পাইছিল কি আৰু ক’ম?”

উত্তৰ : উদ্ধৃত কথাফাকি শীলভদ্ৰদ্বাৰা ৰচিত ‘চিঠি’ শীৰ্ষক চুটিগল্পৰ পৰা লোৱা হৈছে। হুদেৱ চৌধুৰীৰ চিঠি পাই প্ৰশান্ত শৰ্মাৰ মনত হোৱা প্রতিক্রিয়া ব্যক্ত কৰাৰ প্ৰসংগত প্রশ্নোক্ত কথাফাকিৰ অৱতাৰণা কৰিছে।

ভুদেৱ চৌধুৰী আৰু প্ৰশান্ত শৰ্মা অতি ঘনিষ্ঠ বন্ধু হোৱা সত্ত্বেও কৰ্মজীৱনৰ পৰা অৱসৰ লোৱাৰ পাছৰে পৰা কেইবা বছৰ ধৰি তেওঁলোকৰ মাজত কোনো কথা-বতৰা বা খা-খবৰ লোৱা হোৱা নাছিল। সেয়ে ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ এখন চিঠি লিখি পঠিয়াইছিল। তেওঁৰ চিঠিখন পালে প্ৰশান্ত শৰ্মাৰ মনৰ প্ৰতিক্ৰিয়া কেনেধৰণৰ হ’ব, আনন্দিত হ’ব নে বিস্মিত হ’ব ইত্যাদি কথাবোৰ ভাবি প্রশান্ত শৰ্মাৰ পৰা আহিব পৰা এখন চিঠিৰ বাবে অধীৰ অপেক্ষাত থাকোতেই ভতিজা ল’ৰাজনে খবৰ দিয়ে যে প্রশান্ত শৰ্মা ঢুকাল। বন্ধুৰ মৃত্যুৰ খবৰ শুনি ভূদেব চৌধুৰী মৰ্মাহত হৈ পৰে আৰু ততাতৈয়াকৈ প্ৰশান্ত শৰ্মাৰ ঘৰ গৈ ওলায়। তেতিয়া প্রশান্ত শৰ্মাৰ পুত্ৰই ভূদেৱ চৌধুৰীৰ আগত তেওঁৰ চিঠিখন পাই পিতৃয়ে আনন্দিত হৈ পৰা বুলি কয়। লগতে আৰু কয় যে সেই চিঠিখন পাই প্রশান্ত শৰ্মাই ইমান ভাল পাইছিল যে তেওঁলোকৰ ঘৰলৈ যিয়েই আহিছিল সকলোকে চিঠিখন দেখুৱাইছিল আৰু কেৱল ভূদের চৌধুৰীৰ কথাকেই কৈছিল।

প্রশ্ন ৬। চুটি গল্পৰ বৈশিষ্ট্যসমূহ কি কি ? শীলভদ্ৰৰ ‘চিঠি’ চুটি গল্পটোত কেনেদৰে সেইবোৰ ৰক্ষিত হৈছে বুজাই লিখা।

উত্তৰ : সাহিত্য সমালোচকসকলে চুটিগল্পৰ কিছুমান বৈশিষ্ট্য নিৰ্ধাৰণ কৰি দিছে। সেইসমূহ হ’ল –

(ক) আৰম্ভণি আকস্মিক,

(খ) সামৰণি নাটকীয়,

(গ) ভাবৰ একমুখিতা,

(ঘ) জীৱনৰ সমগ্ৰতাৰ পৰিৱর্তে কোনো নির্দিষ্ট দিশৰ উপস্থাপন,

(৩) কম চৰিত্ৰৰ সমাবেশ

(চ) কম পৰিমাণ ইত্যাদি।

শীলভদ্ৰ ৰচিত চুটিগল্পতো উল্লেখিত বৈশিষ্ট্যসমূহ পৰিলক্ষিত হৈছে। চিঠি গল্পটি আনও হৈছে আকস্মিকভাৱে— ‘দুয়োৰে বয়স হৈছে। অৱসৰ লোৱাৰ কেইবা বছৰো হ’ল’— এনে বাক্যৰে। কাৰ বয়স হৈছে, কাৰ অৱসৰ লোৱাৰ কেইবা বছৰো হ’ল- -এইবোৰ কথাৰ কোনো ইংগিত নিদিয়াকৈ বা বিবৰণ নিদিয়াকৈ আকস্মিকভাবে গল্পটি আৰম্ভ কৰি পাঠকৰ মনত এক ঔসুকাৰ সৃষ্টি কৰিছে। ঠিক সেইদৰে প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰ লবলৈ গৈ ভূদেব চৌধুৰীয়ে এক শোকজনক পৰিস্থিতিত পৰিছে আৰু ৰুমালখনেৰে চকুপানী টুকি নিজৰ চিঠিখন যে ইমান মূল্যবান আছিল এই ধাৰণা তেওঁ কৰিব নোৱাৰিলে আৰু এনেদৰেই সেইখিনিতে গল্পটিত সামৰণি পৰিছে। নাটকৰ এটা দৃশ্য যোৱাৰ পিছত আৰু কি দৃশ্য ওলাব এই ঔসুক্য দৰ্শকৰ যিদৰে মনলৈ আহে সেইদৰে ইয়াৰ পিছত ভূদেৱ চৌধুৰীয়ে কি কৰিলে বা প্রশান্ত শৰ্মাৰ পৰিয়ালে কি কৰিলে এই কথা জানিবলৈও পাঠকৰ ইচ্ছা এটা থাকি গ’ল। এনেদৰে নাটকীয়ভাৱে গল্পটি সামৰণি মাৰিছে।

চুটিগল্পটিত ভাবৰ একমুখিতা লক্ষ্য কৰা যায়। অন্য ডাব চিন্তা বা বিভিন্ন বিষয়বস্তু সামৰি নলৈ কেৱল এটা বিষয়বস্তু চিঠিকেই লৈ এই গল্পতি ৰচিত হৈছে। ইয়াত কেৱল চিঠিৰ মূল্য আৰু গুৰুত্বকেই বৰ্ণনা কৰা হৈছে। আনহাতে গল্পটিৰ মূল চৰিত্র দুটি ভূদেৱ চৌধুৰী আৰু প্রশান্ত শৰ্মাৰ সমগ্ৰ জীৱনৰ কথা আলোচনা নকৰি অৱসৰৰ পিছত তেওঁলোকৰ মনৰ বহুত চৰিত্ৰৰ সমাবেশ ঘটোৱা নাই। চৰিত্ৰ বুলিবলৈ কেৱল ভূদেৱ চৌধুৰী আৰু প্ৰশান্ত শৰ্মা। প্রশাস্ত শৰ্মাৰ ভতিজা, স্ত্রী, পুত্ৰ আৰু জীয়েকৰ এষাৰি দুৰাৰি কথা আছে যদিও চৰিত্ৰ কেইটা বিশেষ উল্লেখযোগ্য নহয়; অৱশ্যে তেওঁলোকৰ দুই এটি কথা হ’লেও ভূদেব চৌধুৰীৰ মনত প্ৰতিক্ৰিয়াৰ সৃষ্টি নকৰাকৈ থকা নাই ।

এনেদৰে ‘চিঠি’ গল্পটিত চুটিগল্পৰ বৈশিষ্ট্যসমূহ সম্পূৰ্ণৰূপে ৰক্ষিত হোৱা দেখা যায়।

Leave a Reply