Class-12 Assamese Solutions |Chapter-6| আঘোণৰ কুঁৱলী

Class-12 Assamese Solutions |Chapter-6| আঘোণৰ কুঁৱলী এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class-12 Assamese Solutions |Chapter-6| আঘোণৰ কুঁৱলী AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS 2nd years Solutions

Class-12 Assamese Solutions |Chapter-6| আঘোণৰ কুঁৱলী

Class-12 Assamese Solutions |Chapter-6| আঘোণৰ কুঁৱলী অসমীয়া। উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অসমীয়া বিষয়ৰ শেহতীয়া পাঠ্যক্ৰমৰ (AHSEC) ওপৰত ভিত্তি কৰি পাঠ ভিত্তিক প্রশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আমাৰ ৱেবচাইটত উপলব্ধ।

গোট ২

নিৰ্বাচিত পদ্য

(কবি পৰিচিতি— কেশৱ মহন্ত (জন্ম : ১৯২৬, মৃত্যু : ২০০৬)

অসমীয়া গীতি-সাহিত্যৰ প্ৰখ্যাত গীতিকাৰ আৰু কবি কেশৱ মহন্তই প্ৰথমতে শিক্ষকতাৰে চাকৰি জীৱন আৰম্ভ কৰিছিল যদিও পিছত ১৯৬৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰকাশন বিষয়া হিচাপে কাম কৰিবলৈ লয় আৰু তাৰ পৰাই অৱসৰ গ্ৰহণ কৰে। কেশৱ মহন্তৰ ‘মোৰ যে কিমান হেঁপাহ’ নামৰ গীতৰ পুথিখনিৰ বাবে তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰে। আনহাতে তেওঁৰ ‘তোমাৰ তেজ’ কাব্য গ্ৰন্থখনিৰ বাবে অসম সাহিত্য সভাৰ ‘ৰঘুনাথ চৌধাৰী’ বঁটাও লাভ কৰে। তেওঁৰ ৰচিত কাব্যগ্ৰন্থসমূহ হ’ল— ‘আমাৰ পৃথিৱী’, ‘আগন্তুক’, ‘তোমাৰ তেজ’, “মোৰ শুকান কলিজাৰ কুঁহিপাত’, ‘ৰ’দ জিকিমিকি’, ‘কুবলী আঁতৰি যা’, ‘দিশ ধৱলী বৰণ’, ‘বুকুত এজাক ধুমুহা’। গীতৰ পুথি— ‘মোৰ যে কিমান হেঁপাহ’। শিশুগ্রন্থ— ‘ওমলা ঘৰ’ আৰু ‘মা আমি শদিয়ালৈ যামেই’। সম্পাদিত গ্রন্থ— ‘স্বাধীনতা আন্দোলনৰ গীত’। এইজনা কবি, গীতিকাৰৰ জন্ম ১৯২৬ চনত আৰু মৃত্যু হয় ২০০৬ চনত।

পাঠভিত্তিক প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্ন উত্তৰ (প্ৰতিটো প্ৰশ্ন মূল্যাংক-১)

প্রশ্ন ১। কবি কেশৱ মহন্তই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল ?

উত্তৰ : কবি কেশৱ মহন্তই ‘মোৰ যে কিমান হেপাহ গ্ৰন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল।

প্রশ্ন ২। কেশৱ মহন্তৰ দ্বাৰা ৰচিত এখন গীতৰ পুথিৰ নাম লিখা। 

উত্তৰ : কেশৱ মহন্তৰ গীতৰ পুথিখন হৈছে ‘মোৰ যে কিমান হেঁপাহ’।

প্রশ্ন ৩। ‘পছোৱা” আলোচনী কোনগৰাকী সাহিত্যিকে সম্পাদনা কৰিছিল ?

উত্তৰ : ‘পছোৱা’ আলোচনী হেম বৰুৱাই সম্পাদনা কৰিছিল।

প্রশ্ন ৪। কেশৱ মহন্তই কোনখন আলোচনীত প্রথমতে কবি হিচাপে আত্মপ্রকাশ কৰিছিল ? 

উত্তৰ : ‘জয়ন্তী’ৰ পাতত কেশৱ মহন্তই কবি হিচাপে আত্মপ্রকাশ কৰে।

প্রশ্ন ৫। ‘আঘোণৰ কুঁৱলী’ শীর্ষক কবিতাটিত উল্লেখ থকা সেউতী’ কোন? 

উত্তৰ : সেউতী কবিৰ কল্পনাৰ প্ৰেয়সী, এগৰাকী দাৱনী।

(খ) চমু প্রশ্ন উত্তৰ (প্ৰতিটো প্রশ্ন মূল্যাংক-২/৩)

প্রশ্ন ১। ‘জয়ন্তী’ৰ কবিসকলৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা । 

উত্তৰ : জয়ন্তী’ৰ কবিসকলৰ কবিতাৰ দুটা বৈশিষ্টা হ’ল—

(ক) কবিতাসমূহ সাম্যবাদী তথা প্রগতিশীল ভাবধাৰাৰ ।

(খ) ‘জয়ন্তী’ৰ কবিতাসমূহত কৃষক, শ্রমিক আদি সাধাৰণ শ্ৰেণীৰ লোকৰ সুখ-দুখ আৰু সংগ্ৰামৰ প্ৰতিচ্ছবি প্রকাশ পায়। 

প্রশ্ন ২। অসমীয়া কবিতাৰ আধুনিক যুগ সৃষ্টিত বিশেষ অৰিহণা যোগোৱা তিনিখন আলোচনীৰ নাম লিখা। 

বা, 

কুৰি শতিকাৰ চল্লিছৰ দশকত বিশেষ ভূমিকা পালন কৰা তিনিখন আলোচনীৰ নাম লিখা। 

উত্তৰ : অসমীয়া কবিতাৰ আধুনিক যুগ আৰম্ভ হয় প্ৰকৃতাৰ্থত কুৰি শতিকাৰ ছল্লিছৰ দশকত। এই যুগসৃষ্টিত বিশেষ ভূমিকা পালন কৰে কমল নাৰায়ণ দেৱ আৰু চক্ৰেশ্বৰ ভট্টাচাৰ্যৰ দ্বাৰা সম্পাদিত ‘জয়ন্তী’ আলোচনীয়ে। ‘জয়ন্তী’ৰ পৰৱৰ্তী কালত প্ৰকাশ পোৱা হেম বৰুৱা সম্পাদিত ‘পছোৱা’ আৰু ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ দ্বাৰা সম্পাদিত ‘ৰামধেনু’ আলোচনীৰ জৰিয়তে অসমীয়া কবিতাৰ আধুনিক ৰূপটিৰ বিকাশ সাধন হয়।

প্রশ্ন ৩। কেশৱ মহন্তৰ দুখন কবিতাপুথিৰ নাম লিখা।

উত্তৰ : কেশৱ মহন্তৰ দুখন কবিতাপুথি হ’ল— ‘আমাৰ পৃথিৱী’ আৰু ‘আগন্তুক’।

প্রশ্ন ৪। ‘আঘোণৰ পথাৰত কাম আৰু কাম – কবিয়ে আঘোণৰ পথাৰত থকা কি’কাম’ৰ বিষয়ে ইংগিত কৰিছে ?

উত্তৰ : আঘোণৰ পথাৰত দাৱনীসকলৰ ব্যস্ততাৰ কথা ক’বলৈ গৈ কবিয়ে এনেদৰে উল্লেখ কৰিছে।

আঘোণৰ পথাৰ সোণালী ধানেৰে উপচি পৰে। আঘোণৰ এই সোণবৰণীয়া ধাননি পথাৰ আঘোণৰ কুঁৱলীয়ে চকুৰে নমনা কৰি ঢাকি ধৰিলেও দাৱনীসকলৰ তাত কৰিবলগীয়া কাম আছে। এই কুঁৱলীৰ মাজতেই দাৱনীসকলে লিহিৰি লিহিৰি আঙুলিৰে মুঠি মুঠি ধান কাচিৰে কেচ্‌কেচ্‌কৈ কাটে, খিলখিল্‌কৈ হাঁহি হাঁহি তৰা-জৰীৰে ডাঙৰি বান্ধে। আঘোণৰ কুঁৱলীয়ে পথাৰ ঢাকি ধৰি

থাকিলেও আঘোণৰ পথাৰত কাম পূর্ণোদ্যমে চলি থাকে, পথাৰত দাৱনীৰ কামেই কাম। 

প্রশ্ন ৫। ‘উৰুলি’ আৰু ‘ৰাগি’ শব্দ দুটাৰ অৰ্থ লিখা । 

উত্তৰ : ‘উকলি’র অর্থ শুভ কার্যত তিৰোতাসকলে মুখেৰে কৰা ধ্বনি বিশেষ আৰু’ৰাগি’ৰ অৰ্থ— নিচা, মাদকতা।

(ক) দীঘলীয়া প্রশ্ন উত্তৰ (প্ৰতিটো প্ৰশ্ন মূল্যাংক- ৪/৫) 

প্রশ্ন ১। আঘোণৰ কুঁৱলীয়ে কবিক কিদৰে আমনি কৰিছে বুজাই লিখা।

উত্তৰ : আযোগৰ সোণবৰণীয়া ধাননি পথাৰত ৰূপহী দাৱনীজাকে খিলখিল্‌কৈ হাঁহি- মাতি ধান দাবলৈ ধৰিছে। এই কথা গম পাই কবিয়ে তেওঁৰ প্ৰেয়সী সেউতীজনীও সেই দাৱনীজাকত আছে নেকি চাবলৈ বিচাৰিছিল যদিও আঘোণৰ কুঁৱলীয়ে চকুৰে মণিব নোৱাৰাকৈ ঢাকি ধৰা ধাননি পথাৰ, পাকনীজাক একোকেই কবিয়ে দেখা নাপালে। ইতিমধ্যে সেই কুঁৱলীৰ মাজেৰেই মন চঞ্চল কৰা কলৰৱ ধ্বনি কৰি বন-হাঁহ এজাক ক’ৰবাৰ বিললৈ আকাশেৰে উৰি গুচি গ’ল। তাকে দেখি তেওঁৰ প্ৰাণ-প্ৰিয়াক বিচাৰি যোৱা মনটোৱেও বন-হাঁহৰ দৰে উৰি উৰি যেন বন শেষ কৰিলে; কিন্তু সেউতীক বিচাৰি নাপালে, সেউতীক বিচাৰি যোৱা বাটবোৰ যেন আঘোণৰ কুঁৱলীয়ে ভেটা দি ধৰিছে।

প্রশ্ন ২। আঘোণৰ পথাৰৰ মন পৰশা চিত্ৰ আঘোণৰ কুঁৱলীত কেনেদৰে প্ৰকাশ পাইছে পাইছে আলোচনা কৰা।

উত্তৰ: ‘আঘোণৰ কুঁৱলী’ কবিতাত গীতিকাৰ, কবি কেশৱ মহন্তই আঘোণৰ পথাৰৰ এটি মন পৰশা চিত্র অংকন কৰিছে। কবিতাটিত আঘোণৰ পথাৰৰ সোণবৰণীয়া ধাননিৰ মনোমোহা পৰিৱেশৰ মাজত নিভাজ প্ৰেমৰ সন্ধান আৰু আঘোণৰ কুঁৱলীয়ে বাট ভেটি প্ৰেমৰ পথত আমনি কৰাত কবিৰ অন্তৰত যি বিষাদবোধ তাৰো সহজ-সৰল প্ৰকাশ ঘটিছে।

আঘোণৰ পথাৰ সোণবৰণীয়া ধানেৰে উপচি পৰি অতি মনোমোহা হৈ পৰিছে। দাৱনীয়ে মূৰত আকর্ষণীয় খোপা বান্ধি হাতত কাচি লৈ লিহিৰি লিহিৰি আঙুলিৰে মুঠি মুঠি ধান কেকেকৈ কাটিব লাগিছে, যেন দাৱনীয়ে মূৰ তুলি চাবলৈকে সময় পোৱা নাই। কিন্তু এনে সুন্দৰ পৰিৱেশকো আঘোণৰ কুঁৱলীয়ে ঢাকি ধৰি একো নমনা কৰি আমনি কৰিছে। তথাপিতো দাৱনীসকলৰ প্ৰাণ চঞ্চল হাঁহি-বিকিন্দালিয়ে পৰিৱেশত মধুৰতা ঢালিছে। আঘোণৰ কুঁৱলীয়ে নেদেখাকৈ ঢাকি ধৰি আমনি নকৰাহেঁতেন ‘অলপ দূৰৰ পৰা নোচোৱাৰ ভাও ধৰি’ কবিয়ে তেওঁৰ প্ৰেয়সী সেউতী সেই দাৱনীসকলৰ মাজত আছিল নেকি হয়তো চাব পাৰিলেহেঁতেন। তথাপি কবিয়ে ভাবিছে তামোলৰ পিকেৰে ওঁঠ ৰঙা কৰি ডালিমী দাঁতেৰে হাঁহি হাঁহি ডাঙৰি বন্ধাৰ লগ বিচাৰি আনন্দতে ‘যাঃ’ বুলি ঠেলা মৰা তেওঁৰ সেই সেউতীজনী কিজানিবা তাত আছেই তাৰ গম ল’ব নোৱাৰিনে। কিন্তু এই সকলোতে আমনি কৰিছে আঘোণৰ কুঁৱলীয়ে ঢাকি ধৰি একোকে নমনা কৰি।

আঘোণৰ এই মন পৰশা পৰিৱেশৰ মাজতেই আকাশেৰে জাকি মাৰি বন-হাঁহ উৰি কোনোবা বিললৈকে গুচি যায়গৈ। সিহঁতৰ কলৰৱ ধ্বনিয়ে আকাশত উৰুলি বাগি তোলে। লগে লগে কবিয়েও মন-হাঁহ খেদি খেদি বন শেষ কৰিও সিহঁতক লগ ধৰিব নোৱাৰে; কাৰণ আঘোণৰ কুঁৱলী ঢাকি ধৰি একোকে নমনা কৰি ৰাখিছে, কুঁৱলীয়ে বাট ভেটি ধৰিছে।

আঘোণৰ কুঁৱলীত আঘোণৰ ধাননি লুকাল, দাৱনী লুকাল আৰু সেই দাৱনীসকলৰ লগতে কবিৰ সেউতীজনীও হেৰাল, মাথোন থাকি গ’ল সেউতীৰ লগত ডাঙৰি বান্ধিম বুলি তুলি অনা তৰা জীকেইডাল। 

প্রশ্ন ৩। ‘আঘোণৰ কুঁৱলী’ শীর্ষক কবিতাটিত সহজ-সৰল প্ৰেমৰ চিত্ৰ কেনেদৰে অংকিত হৈছে বুজাই লিখা। 

উত্তৰ : ‘আঘোণৰ কুঁৱলী’ কেশৱ মহন্তৰ এটি মনোৰম কবিতা। এই কবিতাটিৰ মাজেৰে আঘোণৰ সোণবৰণীয়া পথাৰৰ মন পৰশা পৰিৱেশ দাঙি ধৰাৰ লগতে এটি সহজ-সৰল নির্ভাজ প্ৰেমৰ চিত্ৰও অংকিত কৰিছে। 

আঘোণৰ কুঁৱলীয়ে একো নমনাকৈ সোণবৰণীয়া ধাননি পথাৰ আৰু ধাননি পথাৰত মুঠি মুঠি ধান কাচিৰে কাটি হাঁহি-বিক্যিালি কৰি থকা সুন্দৰকৈ তুলি বন্ধা খোপাৰে শুৱনি দাৱনীহঁতক ঢাকি ধৰি থাকিলেও কবিয়ে তাৰ মাজতেই তেওঁৰ মৰমৰ প্ৰেম-প্ৰিয়া সেউতীক বিচাৰি চাব বিচাৰিছে, কিন্তু তেনে কাৰ্যত কবিক আঘোণৰ কুঁৱলী একো নমনা কৰি ঢাকি ধৰি বৰকৈ আমনি কৰিছে। কবিৰ প্ৰেয়সী সেউতীয়েও ধান কাটিবলৈ আহে, তেওঁকেই লগ বিচাৰি তৰা-জৰীৰে ডাঙৰি বান্ধিবলৈ আহে — ‘যাঃ’ বুলি তেওঁক ঠেলা মাৰি খিল্‌ খিল্‌কৈ হাঁহে। আঘোণৰ কুঁৱলীৰ মাজতে ধান দাই থকা দাৱনীসকলৰ মাজত সেউতী আহিছে নেকি অলপ দূৰত ৰৈ নোচোৱাৰ ভাও ধৰি চাবলৈকো কবিয়ে পৰা নাই, আঘোণৰ কুঁৱলীয়ে তেওঁক আমনি কৰিছে। ইয়াৰ মাজতে সেউতীক তেওঁৰ কথা কৈছিল নে নাই— এই কথাও কবিয়ে বৌৱেকক সুধিছে। কবিৰ মন বিষাদেৰে ভৰি পৰিছে, এই কাৰণেই আঘোণৰ কুঁৱলীৰ মাজত তেওঁ প্রিয়া সেউতী হেৰাই গ’ল; থাকিল মাথোঁ সেউতীৰে ডাঙৰি বান্ধিম বুলি তুলি অনা তৰা-জীকেইডালহে। 

প্রশ্ন ৪। ‘আঘোণৰ কুঁৱলীত কবিৰ অন্তৰ বিষাদবোধ কিদৰে প্ৰকাশ পাইছে বুজাই লিখা।

উত্তৰ : ‘আঘোণৰ কুঁৱলী’ কবিতাটিত আঘোণৰ সোণবৰণীয়া ধাননি পথাৰৰ মনোমোহা পৰিৱেশ অংকনৰ মাজতে সহজ-সৰল প্ৰেমৰ চিত্ৰ এটিও চিত্ৰিত হৈছে আৰু সেই প্ৰেমৰ চিত্ৰত এটি বিষাদবোধো প্রকাশ পাইছে।

আঘোণৰ কুঁৱলীয়ে ধাননি পথাৰ চকুৰে নমনা কৰি ঢাকি ধৰিছে। তাৰ মাজতে সুন্দৰী গাভৰু দাৱনীহঁতে হাঁহি-খিকিন্দালিৰে কাচিৰে মুঠি মুঠি ধান কাটিছে। এইসকল দাৱনীৰ মাজতে কবিৰ প্রেয়সী সেউতীজনীও আছে নেকি গম ল’বলৈ, অলপ দূৰৰ পৰা নোচোৱাৰ ভাও ধৰি চাবলৈও কবিয়ে বৰ অসুবিধা পাইছে; কিয়নো আঘোণৰ কুঁৱলীয়ে সোণবৰণীয়া ধাননি পথাৰকে নহয় দাৱনীসকলকো ঢাকি ধৰি চকুৰে নমনা কৰি ৰাখিছে। কবিয়ে তথাপি গম ল’বলৈ চেষ্টা কৰিছে তামোলৰ পিকেৰে ওঁঠ দুখনি বোলাই ডালিমী দাঁতেৰে খিল্‌ খিল্‌ কৈ হাঁহি তেওঁৰ সৈতে ডাঙৰি বান্ধিবলৈ অহা, অভিমানত ‘যাঃ’ বুলি তেওঁ ঠেলা মাৰি হাঁহি আঁতৰি যোৱা তেওঁৰ প্ৰাণ-প্ৰিয়া সেউতীজনী হয়তো নিশ্চয় আছে। কিন্তু ইমান চেষ্টা কৰা সত্ত্বেও কবিয়ে সেউতীজনীৰ কোনো সন্ধানেই নাপালে; চকুৰে সেউতীজনী নেদেখিলে। কাৰণ আঘোণৰ কুঁৱলীত ধাননি লুকাল, তেওঁৰ প্ৰাণ-প্ৰিয়াজনীও হেৰাল। মৰমৰ সেউতীজনীৰে ডাঙৰি বান্ধিবলৈ বৰ আশাৰে অনা তৰা- জী তেওঁলোকৰ হাততে থাকি গ’ল। তেওঁ আৰু সেউতীজনীক লগ নাপালে, নেদেখিলে। প্রাণ- প্রিয়া সেউতীজনীক নেদেখি, লগ নাপাই কবিৰ মন বিষাদেৰে ভৰি পৰিল। 

প্রশ্ন ৫। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা :

(ক) ‘আঘোণৰ পথাৰৰ দাৱনীৰ কাম আছে মুঠি মুঠি কাচি ডাঙৰি ডাঙৰি,কাম আছে,আঘোণৰ পথাৰত কাম আৰু কাম।’

উত্তৰ : উদ্ধৃত কবিতাফাঁকি প্ৰসিদ্ধ গীতিকাৰ তথা কবি কেশৱ মহন্তৰ ৰচিত ‘আঘোণৰ কুঁৱলী’ কবিতাটিৰ অন্তর্গত।

আঘোণৰ পথাৰত দাৱনীসকলৰ ব্যস্ততাৰ কথা ক’বলৈ গৈ কবিয়ে এনেদৰে উল্লেখ কৰিছে। আঘোণৰ পথাৰ সোণালী ধনেৰে উপচি পৰে। আঘোণৰ এই সোণবৰণীয়া ধাননি পথাৰ আঘোণৰ কুঁৱলীয়ে চকুৰে নমনা কৰি ঢাকি ধৰিলেও দাৱনীসকলৰ তাত কৰিবলগীয়া কাম আছে।

এই কুঁৱলীৰ মাজতেই দাৱনীসকলে লিহিৰি লিহিৰি আঙুলিৰে মুঠি মুঠি ধান কাটিৰে কোবে কৈ কাটে, খিল্‌ খিল্‌কৈ হাঁহি হাঁহি তৰাজৰীৰে ডাঙৰি বান্ধে। আঘোণৰ কুঁৱলীয়ে পথাৰ ঢাকি ধৰি থাকিলেও আঘোণৰ পথাৰত কাম পূর্ণোদ্যমে চলি থাকে, পথাৰত দাৱনীৰ কামেই কাম। 

(খ) আঘোণৰ আকাশেদি কোনোবা বিমলে মন কাঢ়ি বন-হাঁহ জাকি মাৰি গ’ল ৰাগি আছে,আঘোণৰ আকাশত ৰাগি আৰু ৰাগি।’ 

উত্তৰ : উদ্ধৃত কবিতাফাঁকি প্ৰসিদ্ধ গীতিকাৰ, কবি কেশৱ মহন্ত ৰচিত ‘আঘোণৰ কুঁৱলী’নামৰ কবিতাটিৰ অন্তর্গত। 

কুঁৱলীয়ে ঢকা আঘোণৰ সোণবৰণীয়া ধাননি পথাৰৰ মনোৰম সৌন্দৰ্যৰ কথা বর্ণনা কৰোতে কবিয়ে এনেদৰে কবিতাফাকিত উল্লেখ কৰিছে। 

আঘোণৰ কুঁৱলীয়ে সোণবৰণীয়া ধাননি পথাৰ চকুৰে নমনা কৰি ঢাকি ধৰি থাকিলেও ইয়াৰ মনোমোহা সৌন্দৰ্যক ম্লান কৰিব পৰা নাই। হাতে হাতে কাচি লৈ লিহিৰি লিহিবি

আঙুলিৰে মুঠি মুঠি ধান কাটি, ধানৰ ডাঙৰি বান্ধি সুন্দৰী গাভৰু দাৱনীহঁতে পথাৰৰ সৌন্দৰ্যবৰ্ষ কৰিছে। তদুপৰি আঘোণৰ আকাশেৰে বন-হাঁহ জাকি মাৰি উৰি কলৰৱ ধ্বনিৰে কোনোবা

বিললৈ গুচি গৈছে। বন-হাঁহৰ সুমধুৰ কলৰৱ ধ্বনি আৰু দাৱনীহঁতৰ হাঁহি-খিকিন্দালিয়ে আঘোণৰ

পথাৰ-আকাশ সকলোতে প্ৰাণ চঞ্চল কৰা ৰাগিণীৰ সৃষ্টি কৰিছে।

(গ) আঘোণৰ কুঁৱলীত ধাননি লুকালে আঘোণৰ কুঁৱলীয়ে দাৱনী ঢাকিলে আঘোণৰ কুঁৱলীত সেউতী হেৰালে ডাঙৰি বান্ধিম বুলি তৰা-জৰী তোলাতে থাকিল।’

উত্তৰ : উদ্ধৃত কবিতাফাকি প্ৰসিদ্ধ গীতিকাৰ, কবি কেশৱ মহন্ত ৰচিত ‘আঘোণৰ কুঁৱলী’ নামৰ কবিতাটিৰ অন্তর্গত।

আঘোণৰ কুঁৱলীয়ে ঢকা সোণবৰণীয়া ধাননি পথাৰত একোকে নমনা দেখি কবিৰ বিষাদবোধ কেনেদৰে উথলি উঠিছে তাকেই এই কবিতাফাকিৰ জৰিয়তে প্ৰকাশ পাইছে।

আঘোণৰ কুঁৱলীয়ে সোণবৰণীয়া ধাননি পথাৰ, সেই পথাৰলৈ ধান দাবলৈ হাতত কাচি লৈ অহা খিলখিল্‌কৈ হাঁহি থকা দাৱনীজাক চকুৰে নমনাকৈ ঢাকি ধৰিছে। তাৰ মাজতে কবিৰ প্ৰাণ- প্রিয়া সেউতীজনীও আছে নেকি দূৰৰ পৰা নোচোৱাৰ ভাও ধৰি চাবলৈকো কবিয়ে পৰা নাই। ডাঙৰি বান্ধিবলৈ আহি তেওঁক ‘যাঃ’ বুলি ঠেলা মাৰি খিল্‌ৈিক হাঁহি আঁতৰি যোৱা সেউতীজনীক চাবলৈ, লগ পাবলৈ বৰ হেঁপাহ কৰিছিল যদিও কুঁৱলীয়ে সকলো ঢাকি ধৰাত একোকে কবিয়ে মণিব নোৱাৰিলে। সেউতীৰ সৈতে ডাঙৰি বান্ধিম বুলি তুলি অনা তৰা-জৰী তোলাতে থাকিল। কুঁৱলীৰ মাজত সোণবৰণীয়া ধাননি লুকায়, দাৱনীসকলকো কুঁৱলীয়ে ঢাকিলে তেওঁৰ মৰমৰ সেউতীজনী সেই কুঁৱলীৰ মাজতেই হেৰাই থাকিল। এই কথাই কবিৰ মনত বিষাদৰ সৃষ্টি কৰিলে।

HS দ্বিতীয় বৰ্ষৰ অসমীয়া প্ৰশ্নৰ উত্তৰ

Sl. No.Contents
Unit 1নিৰ্বাচিত গদ্য
Chapter 1মোৰ মাতৃমোখ দৰ্শন
Chapter 2মগনিয়াৰ
Chapter 3আনন্দৰাম বৰুৱা
Chapter 4হস্তিবিদ্যাৰ্ণৱ পুথি
Chapter 5ভাৰতীয় আদৰ্শত বৈৰাগ্য
Chapter 6চিঠি
Chapter 7অসমীয়া চলচ্চিত্রৰ গতিধাৰা
Chapter 8বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো
Unit 2নিৰ্বাচিত পদ্য
Chapter 1বৰগীত (উঠৰে উঠ বাপু)
Chapter 2বিশ্ব খনিকৰ
Chapter 3মিলন
Chapter 4জনতাৰ আহ্বান
Chapter 5কাঠমিস্ত্ৰীৰ ঘৰ
Chapter 6আঘোণৰ কুঁৱলী
Chapter 7উভতি নহাৰ কবিতা
Chapter 8কৰুণতম
Unit 3কৈশোৰ কাল আৰু মূল্যবোধৰ শিক্ষা
Chapter 1মূল্যবোধৰ শিক্ষা
Chapter 2কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। অতি চমু উত্তৰ দিয়া :

(ক) কেশৱ মহন্তক কি বুলি জনা যায়? 

উত্তৰ : কবি আৰু গীতিকাৰ হিচাপে।

(খ) কেশৱ মহন্তই কোনখন পুথিৰ বাবে ৰঘুনাথ চৌধাৰী বঁটা’ পাইছিল?

উত্তৰ : ‘তোমাৰ তেজ’ কাব্যগ্ৰন্থৰ বাবে।

(গ) মা আমি শদিয়ালৈ যামেই’ গ্ৰন্থখনিৰ লেখক কোন ?

উত্তৰ : কেশৱ মহন্ত।

(ঘ) কেশৱ মহন্তৰ প্রথম প্রকাশিত কবিতা পুথিখনৰ নাম কি ?

উত্তৰ : ‘আমাৰ পৃথিৱী’।

(ঙ) সোণবৰণীয়া ধাননি পথাৰ আৰু দাৱনীজাকক কিহে ঢাকি ৰাখিছে?

উত্তৰ : আঘোণৰ কুঁৱলীয়ে।

(চ) কবিয়ে দাৱনীজাকৰ মাজত কাক বিচাৰিছে?

উত্তৰ : কবিৰ প্ৰাণ-প্রিয়া সেউতীক।

(ছ) কবিৰ প্ৰেয়সীজনীৰ নাম কি ?

উত্তৰ : সেউতী।

(জ) কবিৰ প্ৰেয়সী সেউতীৰ বয়স কিমান?

উত্তৰ : সোতৰ বছৰ।

(ঝ) আঘোণৰ আকাশেদি কি উৰি যোৱাৰ কথা কৈছে?

উত্তৰ: বন-হাঁহৰ জাক।

(ঞ) আপুনিয়ে কৈছিলে সেউতীৰ কথা- বুলি কবিয়ে কাক কৈছে?

উত্তৰ: বৌদেৱকক।

(ট) সেউতী ক’ত হেৰাল বুলি কবিয়ে কৈছে?

উত্তৰ : আঘোণৰ কুঁৱলীত ।

(ঠ) কেশৱ মহন্তই ৰচনা কৰা দুখনি শিশু উপযোগী গ্ৰন্থৰ নাম লিখা

উত্তৰ : ‘মা আমি শদিয়ালৈ যামেই’, আৰু ‘ওমলা ঘৰ’।

(ড) ‘আঘোণৰ কুঁৱলী’ কবিতাটিৰ কৰি কোন ?

উত্তৰ: কেশৱ মহন্ত।

(ঢ) ‘আঘোণৰ কুঁৱলী’ কবিতাটি ক’ৰ পৰা লোৱা হৈছে? 

উত্তৰ: ড° মহেশ্বৰ নেওগৰ দ্বাৰা সম্পাদিত ‘সমন্বয়ৰপৰা।

(ণ) কেশৱ মহন্তৰ জন্ম কোন চনত হৈছিল ?

উত্তৰ : ১৯২৬ চনত ।

(ত) কেশৱ মহন্তৰ মৃত্যু কোন চনত হৈছিল?

উত্তৰ : ২০০৬ চনত। 

(থ) কি উদ্দেশ্যে ‘আঘোণৰ কুঁৱলী’ কবিতাটি পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে ?

উত্তৰ : ছাত্ৰ-ছাত্ৰীসকলক অসমীয়া প্ৰগতিশীল কবিতাৰ এটি আভাস দিয়াৰ উদ্দেশ্যে। 

(দ) আঘোণৰ কুঁৱলী কবিতাটি কেনেধৰণৰ কবিতা ?

উত্তৰ : প্ৰগতিশীল কবিতা।

(ধ) ‘ওমলা ঘৰ’ পুথি খনিৰ ৰচক কোন?

উত্তৰ : কেশৱ মহন্ত

(ন) কেশৱ মহন্তই কি পদবীৰ পৰা অৱসৰ লয় ?

উত্তৰ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰকাশন বিষয়া পদবীৰ পৰা।

(প) কৰিক কিহে বাট ভেটি আমনি কৰিছে?

উত্তৰ : আঘোণৰ কুঁৱলীয়ে।

(ফ) ‘দেখিলোঁহেঁতেন বা খোপাবন্ধা মূৰবোৰ’— ইয়াত কাৰ খোপাৰ কথা কোৱা হৈছে? 

উত্তৰ : আঘোণৰ পথাৰত ধান দাই থকা দাৱনীবোৰৰ।

(ব) দাৱনীজাকৰ মাজত কবিয়ে কোন থকা বুলি ভাবিছে? 

উত্তৰ : কবিৰ প্ৰেয়সী সেউতী।

(ড) ‘এমোকোৰা তামোলৰ পিক্‌ ৰঙা ওঁঠে ওঠে— বুলি কাৰ কথা কৈছে?

উত্তৰ : কবিৰ প্ৰেয়সী সেউতীৰ কথা।

(ম) ‘তথাপিও নোৱাৰিনে গম ল’ব বাৰু ইয়াত কাৰ গম লোৱাৰ কথা কৈছে ?

উত্তৰ : কবিৰ প্ৰেয়সী সেউতীৰ। 

(য) ‘আঘোণৰ কুঁৱলী’ কবিতাটিত কোনে ডাঙৰি বন্ধাৰ লগ বিচাৰি ফুৰাৰ কথা কৈছে?

উত্তৰ : কবিৰ প্ৰেয়সী সেউতীয়ে।

(ৰ) ‘মন-হাঁহ খেদি খেদি বন শেষ হ’ল’- মানে কি?

উত্তৰ: বন হাঁহ খেদি খেদি নোপোৱাৰ দৰে কবিয়েও প্রেয়সী সেউতীক মনেৰে বিচাৰি বিচাৰি চলাথ কৰিলে যদিও ক’তো নাপালে।

(ল) আঘোণৰ কুঁৱলীয়ে কি ভেটিছে? 

উত্তৰ : কবিক বাট ভেটিছে।

(ব) আঘোনৰ পথাৰত কিহৰ ৰাগি আছে?

উত্তৰ : মন কাঢ়ি, জাকি মাৰি উৰি যোৱা বন-হাঁহ জাকৰ।

(শ) ‘ৰ’দ জিকিমিকি’ কাব্য গ্ৰন্থখনৰ ৰচক, কোন ?

উত্তৰ: কেশৱ মহন্ত ।

(ষ) ‘আঘোণৰ কুঁৱলী’ কবিতাটিত কৰিয়ে সেউতীক উদ্দেশ্যি বৌদেউক বন্ধনীত সোধা কাৰ্য্যপংক্তিটো কি আছিল ? 

উত্তৰ: বোঁদেউ, আপুনি যে কৈছিল সেউতীৰ কথা মোৰ কথা সেউতীক কৈছিল নেকি।

প্রশ্ন ২। দেখিলোঁহেঁতেন বা যোদ্ধা বন্ধা মূৰবোৰ ওপৰলে তুলিবৰে সময় নোপোৱা।’ বুলি কৰিয়ে কি প্ৰসংগত কাৰ কথা কৈছে বুজাই লিখা।

অথবা, 

আঘোণৰ পথাৰত কুঁৱলী নথকা হ’লে কবিয়ে কি কি দেখা পালেহেঁতেন ?

উত্তৰ আঘোণৰ সোণবৰণীয়া ধাননি পথাৰত ধান দাই নিবলৈ অথ দারুণীহঁতে হাঁহি-খিকিন্দালিবে ধান কাটাতে অতি ব্যস্ত হৈ পৰে। ধান কাটি ডাঙৰি বান্ধে। আঘোণৰ পথাৰত সিহঁতৰ ধান কটা, ডাঙি বন্ধা কামেই কাম। সুন্দৰকৈ খোপা বন্ধা সিহঁতৰ মূৰবোৰ ওপৰলৈ তুলিবলৈকে সিহঁতে সময় নাপায়। এই দৃশ্য চাকলৈ কবিৰ একান্ত হেঁপাহ আছিল যদিও আঘোণৰ কুঁৱলীয়ে চকুৰৰ নমনাকৈ সকলো ঢাকি হৰি থকাত কবিয়ে দেখা নাপালে। আঘোণৰ কুঁৱলীয়ে এনেদৰে বাধা নিদিলে কর্মব্যস্ত দাৱনীহঁতে লিহিৰি লিহিৰি আঙুলিৰে মুঠি মুঠি ধান কটা, ডাঙৰি বন্ধা দেখিলেহেঁতেন।

প্রশ্ন ৩। সেউতী কোন? কোনে, ক’ত সেউতীক বিচাৰিছে? সেউতীক বিচাৰি পালেনে?

উত্তৰ : সেউতী কবিৰ প্ৰাণ-প্রিয়া এগৰাকী দাৱনী। আঘোণৰ সোণবৰণীয়া পথাৰত ধান দাই থকা ৰূপহী দাৱনীজাকৰ মাজত কবিয়ে তেওঁৰ প্ৰেয়সী সেউতীজনী আছে নেকি বিচাৰি চাব খুজিছিল। কিন্তু আঘোণৰ কুঁৱলীয়ে চকুৰে নমনাকৈ সোণবৰণীয়া ধাননি পথাৰ, ধান দাবলৈ অহা দাৱনীজাক – এই সকলোকে ঢাকি ধৰাত তেওঁ সেউতীজনীক বিচাৰি নাপালে।

প্রশ্ন 8I “আঘোণৰ বাটটোহে কুঁৱলীৰে ঢকা,মন-হাঁহ খেদি খেদি বন শেষ হ’ল আঘোণৰ কুঁৱলীয়ে বাট ভেটি ল’লে।”

উত্তৰ : আঘোণৰ সোণবৰণীয়া ধাননি পথাৰত ৰূপহী দাৱনীজাকে খিল্‌ খিল্‌ কৈ হাঁহি-মাতি ধান ৰাবলৈ ধৰিছে। এই কথা গম পাই কবিয়ে তেওঁৰ প্ৰেয়সী সেউতীজনীও সেই দাৱনীজাকত আছে নেকি চাবলৈ বিচাৰিছিল যদিও আঘোণৰ কুঁৱলীয়ে চকুৰে মণিব নোৱাৰাকৈ ঢাকি ধৰা ধাননি পথাৰ, দাৱনীজাক একোকেই কবিয়ে দেখা নাপালে। ইতিমধ্যে সেই কুঁৱলীৰ মাজেৰেই মন চঞ্চল কৰা কলৰৱ পানি কৰিকা হাঁহ এজাক ক’ৰবাৰ বিললৈ আঁকাশেৰে উৰি গুচি গ’ল। তাকে দেখি তেওঁৰ প্ৰাণ-প্ৰিয়াক বিচাৰি যোৱা মনটোৱেও বন-হাঁহৰ দৰে উৰি উৰি যেন বন শেষ কৰিলে; কিন্তু সেউতীক বিচাৰি নাপালে, সেউতীক বিচাৰি যোৱা বাটবোৰ যেন আঘোণৰ কুঁৱলীয়ে ভেটা দি ধৰিছে।

প্রশ্ন ৫। ‘ডাঙৰি বান্ধিম বুলি তৰা-জৰী তোলাতে থাকিল’— বুলি কবিয়ে কিয় খেদ কৰিছে, বুজাই লিখা। 

উত্তৰ কবিৰ প্ৰাণ-প্ৰিয়া সেউতী এগৰাকী দাৱনী। সোতৰ বছৰীয়া সেউতীৰ ডালিমী দাঁত লাগি থকা হাঁহিয়ে কবিক আত্মহাৰা কৰে। সেয়ে করিয়ে আঘোণৰ সোণবৰণীয়া ধাননি পথাৰত ধান দাই থকা ৰূপহী দাৱনীজাকৰ মাজত তেওঁৰ প্ৰেয়সী সেউতীজনী আছে নেকি চাবলৈ আহিছিল যদিও আঘোণৰ কুঁৱলীয়ে চকুৰে মণিব নোৱাৰাকৈ সকলো ঢাকি ধৰি থকাত করিয়ে সেউতীক দেখা নাপালে বা তাইৰ কোনো সম্ভেদ নাপালে। আঘোণৰ কুঁৱলীয়ে ধাননি পথাৰ, দাৱনীজাক সকলোকে ঢাকিলে। সেউতীও সেই কুঁৱলীৰ মাজতেই হেৰাই থাকিল। সেউতীৰ সৈতে ডাঙৰি বান্ধিম বুলি তুলি অনা তৰা-জৰী তোলাতে থাকি যোৱাত কবিৰ মনত খেদ লাগিছে, তেওঁৰ মন বিষাদেৰে ভৰি পৰিছে।

প্রশ্ন ৬। আমোদৰ কুঁৱলীয়ে বাট ডেটি আমনি নকৰাহেঁতেন করিয়ে কি দেখিলেে

উত্তৰ : আঘোণৰ কুঁৱলীয়ে বাটভেটি আমনি কৰা কাৰণেই কবিয়ে একোকে মনিব পৰা নাই। আখোলৰ কুঁৱলীয়ে বাটভেটি আমনি নকৰিলে তেওঁ দেখিলেহেঁতেন পতা সোণবৰণীয়া ধানৰ আঁচল, ওপৰলৈ মূৰ তুলিবলৈ সময় নোপোৱা লিহিৰি লিহিৰি আঙুলিৰে কাচি ধৰি চেকেণ্ডকৈ ধান কাটি থকা লাহৰি-খোপাৰ দাৱনীহঁতক তেওঁলোকৰ তামোলৰ পিকেৰে চুৱা হৈ পৰা ওঠৰ হাঁহি হাঁহি থকা মুখবোৰ, ইজনীয়ে সিজনীক জোকাই কৰা ধেমালিকে আৰু আকাশেদি উৰি যোৱা বন-হাঁহৰ জাকবোৰ।

প্রশ্ন ৭। ‘আঘোণৰ কুঁৱলী’ কবিতাটিৰ মূল কথাখিনি তোমাৰ ভাষাত লিখা। অথবা, আঘোণৰ কুঁৱলী কবিতাটিৰ সাৰাংশ লিখা ।

উত্তৰ : ‘আঘোণৰ কুঁৱলী’ কবিতাটি গীতিকাৰ, কবি, কেশৱ মহন্তৰ এটি মন পৰশা কবিতা । আঘোণৰ কুঁৱলীয়ে বাটডেটা নিদিলে তেওঁ দেখিলেহেঁতেন পথাৰত পড়া সোণ বৰণীয়া ধানৰ মনোমোহা দৃশ্য। সেই পথাৰতে মূৰত লাহতি থোপা বান্ধি ওপৰলৈ মূৰ তুলিবলৈ সময় নোপোৱা দাৱনীয়ে লিহিৰি লিহিৰি আঙুলি চিক্‌চিকীয়া কাচিৰে কেঢুকেচকৈ মুঠি মুঠি ধান কাৰি থকা দৃশ্যও তেওঁ দেখিলেহেঁতেন। দাৱনীহঁতৰ ইটিয়ে সিটিক জোকাই পাণ চঞ্চল কৰা হাঁহি-ধেমালিয়ে আঘোণৰ পথাৰ খনিৰ পৰিৱেশ আৰু মধুৰ কৰি তুলিছে। তামোলৰ পিকেৰে ৰঙা কৰা ওঠৰ হাঁহিয়ে আৰু মোহনীয় কৰি তুলিছে। আঘোণৰ এই মন পৰশা পৰিৱেশৰ মাজতে ডাকিমাকিন- হাঁহবোৰ আকাশেৰে উৰি যোৱা দৃশ্যই পৰিৱেশটোত সোণত সুৱগা চৰাইছে। সিহঁতৰ কলৰৱে ধ্বনিয়ে আকাশত উৰুলি বাগি তোলে। সেই হাঁহ জাকক কবিয়ে খেদি খেদিও ধৰিব নোৱাৰে, কাৰণ আঘোণৰ কুঁৱলীয়ে বাট ভেটি ধৰিছে।

আঘোণৰ কুঁৱলীত আঘোণৰ সোণ-বৰণীয়া ধাননি পথাৰ লুকাল, দাৱনী লুকাল আৰু সেই দাৱনীসকলৰ লগতে কবিৰ সেউতীজনীও হেৰাল, মাথোন থাকিল সেউতীহতে ডাঙৰি বান্ধিম বুলি লগত অন্য তৰা জৰী কেইডাল।

শব্দার্থ

কেচো কাটিৰে ধান কাটোতে হোৱা শব্দ, বিৰিঙা অলপ নিগনি ওলোৱা,  ডাঙৰী ধানৰ সৰু সৰু মুঠি একেলগ কৰি বন্ধা ডাঙৰ মুঠা, আঁচল : গাত লোৱা কাপোৰৰ আগ, লিহিৰিঃ লাহী; দাৱনী ঃ ধান কটা তিৰোতা বা ছোৱালী, ডেট হালধীয়া  (পাঠানে : তেল-হালধীয়া) পাতল হালধীয়া পতা-মোঃ সোণাৰীয়ে পিতি পাতল কৰা সোণ; মোক তোল আঘোণ’ পকা ধানেৰে পৰিপূৰ্ণ আধোলক বুজাইছে উৰুলি : শুভাকার্যত তিৰোতাসকলে কৰা বানি বিশেষ ৰাগি নিচা, মানকতা। (কবিতাটিত ধ্বনি বা সুৰ অৰ্থত ব্যৱহাৰ হৈছে।); তৰা-জৰী  তৰা গছৰ জনী, ‘মন বাঁহ’ মনে বিচৰাজনী।

Leave a Reply