Class-12 Assamese Solutions |Chapter-5| কাঠমিস্ত্ৰীৰ ঘৰ

Class-12 Assamese Solutions |Chapter-5| কাঠমিস্ত্ৰীৰ ঘৰ। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class-12 Assamese Solutions |Chapter-5| কাঠমিস্ত্ৰীৰ ঘৰ AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS 2nd years Solutions

Class-12 Assamese Solutions |Chapter-5| কাঠমিস্ত্ৰীৰ ঘৰ

Class-12 Assamese Solutions |Chapter-5| কাঠমিস্ত্ৰীৰ ঘৰ অসমীয়া। উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অসমীয়া বিষয়ৰ শেহতীয়া পাঠ্যক্ৰমৰ (AHSEC) ওপৰত ভিত্তি কৰি পাঠ ভিত্তিক প্রশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আমাৰ ৱেবচাইটত উপলব্ধ।

গোট ২

নিৰ্বাচিত পদ্য

কৰি পৰিচিতি—ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত (১৯১০-১৯৭২)

অসমৰ কমিউনিষ্ট আন্দোলনৰ অন্যতম পুরোধা ব্যক্তি তথা আজীবন বিপ্লবী ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ জন্ম হৈছিল ১৯১০ চনত উজনি অসমৰ কাটিং বাগিচাত। তেওঁৰ পিতৃৰ নাম আছিল ডাঃ শৰৎ চন্দ্ৰ দত্ত। ডাঃ শৰৎ চন্দ্ৰ দত্তৰ ঘৰ বৰ্তমান বাংলাদেশৰ ঢাকাৰ ওচৰৰ বিক্ৰমপুৰত আছিল যদিও পিছত তেওঁ গোলাঘাটৰ বৰুৱাবাৰু গাঁৱলৈ আহি ভাত নিগাজিকৈ থাকিবলৈ লৈছিল।

ধীৰেন্দ্ৰ নাথ দত্তই ওঠৰ বছৰ বয়সতে জননী জন্ম ভূমিৰ স্বাধীনতা আন্দোলনত তলশ্রেণীতে ছাত্ৰজীৱনৰ সামৰণি মাৰি নামি পৰে। সাম্যবাদী আদৰ্শৰ দত্তই কৃষক কনুৱাৰ স্বাৰ্থৰ বাবে আন্দোলন কৰিবলৈ গৈ অনেক নির্যাতন ভোগ কৰিবলগীয়া হৈছিল যদিও তেওঁ এই সকলো নির্যাতন, দুখ-কষ্টক আওকাণ কৰি আপোচবিহীনভাৱে সংগ্ৰামত প্ৰকৃত বিপ্লৱীৰ আদর্শ ৰাখি থৈ গৈছে।

অসমীয়া প্ৰগতিশীল কবিতাৰ বাটকটীয়া হিচাপে ধীৰেন্দ্ৰ নাথ দত্ত অন্যতম। শ্রমজীবী মানুহৰ কাৰণে কায়িকভাৱে খাটাই নহয় এই সম্পৰ্কত তেওঁ কবিতাও ৰচনা কৰিছিল। পাঠ্যক্ৰমৰ অন্তৰ্গত ‘কাঠ মিস্ত্ৰীৰ ঘৰ’ তাবেই এটি উৎকৃষ্ট উদাহৰণ।

এইজনা কবিৰ ‘অভিযান’ নামৰ কবিতা পুথিৰ পৰা ‘কাঠ মিস্ত্ৰীৰ ঘৰ’ কবিতাটি লোৱা হৈছে। ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ মৃত্যু হয় ১৯৭২ চনৰ অক্টোবৰ মাহত ।

পাঠভিত্তিক প্রশ্নোত্তৰ

(ক) অতি চমু প্ৰশ্নৰ উত্তৰ : (প্ৰতিটোৰ মূল্যাংক – ১) 

প্রশ্ন ১। ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটো কিমান চনত ৰচিত ?

উত্তৰ : ‘কাঠমিস্ত্ৰী ঘৰ’ কবিতাটো ১৯৩৯ চনত ৰচিত।

প্রশ্ন ২। কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ এখন কবিতা পুথিৰ নাম লিখা । 

উত্তৰ : কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ এখন কবিতা পুথিৰ নাম হ’ল – ‘অভিযান’।

প্রশ্ন ৩। কবিতাটিত ‘প্রবাল দ্বীপৰ শৃঙ্গৰ দৰে’ বুলি কিহৰ কথা কোৱা হৈছে?

উত্তৰ : সাগৰত প্ৰবাল নামৰ এবিধ প্ৰাণীৰ আঁকা জমা হৈ দ্বীপ সৃষ্টি হোৱাৰ দৰে মিস্ত্ৰীয়ে সজোৱা কাঠৰ মনোৰম আচবাবেৰে ঘৰ ভৰি থকাৰ কথা কোৱা হৈছে।

প্রশ্ন ৪। কবিতাটিত উল্লেখ থকা বিশ্বশিল্পী কোন ?

উত্তৰ : কবিতাটোত কৰিয়ে কাঠমিস্ত্ৰীক মহাবিশ্বৰ বিশ্বশিল্পী বুলি কৈছে।

প্রশ্ন ৫। কাঠমিস্ত্রীয়ে নিজৰ অধিকাৰ কেনেকৈ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে? 

উত্তৰ : কাঠমিস্ত্ৰীয়ে কৰা কামৰ সুফল ধনিক শ্ৰেণীক ভোগ কৰিবলৈ নিদি নিজে ভোগ কৰিবলৈ হ’লে তেওঁলোকে বাহুবলেৰে নিজ অধিকাৰ সাব্যস্ত কৰিবলৈ কৈছে।

(খ) চমু প্ৰশ্নৰ উত্তৰ : (প্ৰতিটোৰ মূল্যাংক -২/৩) 

প্রশ্ন ১। কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম লিখা।

উত্তৰ: কাঠমিস্ত্রীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলি হ’ল ৰাতা আৰু বটালী।

প্রশ্ন ২। ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটিৰ বিষয়ে নৱকান্ত বৰুৱাই কি কৈছিল ?

উত্তৰ : ১৯৩৯ চনত ৰচনা কৰা ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটোক কেবাগৰাকীও সমালোচকে শ্ৰেষ্ঠ অসমীয়া প্ৰগতিবাদী কবিতা বুলি অভিহিত কৰিছে। কবি-সমালোচক নৱকান্ত বৰুৱাহ কৈছে— “মোক যদি কোনোবাই দহোটা শ্ৰেষ্ঠ কবিতাৰ নাম সোধে, তাৰ মাজত এটা হ’ব“কাঠমিস্ত্ৰীৰ ঘৰ”।” 

প্রশ্ন ৩। কাঠমিস্ত্রীয়ে সজা কেইবিধমান আচবাবৰ নাম লিখা।

উত্তৰ : ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটোত উল্লেখ থকা কাঠমিস্ত্রীয়ে সজা আচবাব যেনে— টেবুল, চেয়াৰ, আলনা, ড্ৰয়াৰ, আলমাৰি, চাহৰ টিপয় আদি। ইয়াৰ উপৰি কাঠমিস্ত্রীয়ে ধনী লোকৰ বাবে প্রাসাদোপম ঘৰ, আৰামী চকী আদি সাজি দিয়ে। 

প্রশ্ন ৪। কাঠমিস্ত্ৰীয়ে কাৰ বাবে কাম কৰে বুলি কবিতাটিত কোৱা হৈছে?

উত্তৰ : বিশ্বৰ লাখ লাখ শ্রমিকে কেৱল সমাজৰ বৰনেতাসকলৰ বাবেই কাম কৰোঁতে জীৱন অতিবাহিত হয়। অন্যান্য শ্রমিকৰ দৰে শ্রমিক কাঠমিস্ত্রীয়ে নিজ বাহু বলেৰে কঠোৰ শ্ৰম কৰি বিভিন্ন বেঁকা বেঁকি কাঠ কাটি ৰেণ্ডা-বাচুলা, বটালি ব্যৱহাৰ কৰি কাঠৰ মনোৰম সামগ্ৰী তৈয়াৰ কৰাৰ উপৰিও সমাজৰ উদাৰ মহৎ বৰ নেতা বোলোৱা ডাঙৰীয়া সকলৰ মায়াপুৰীসদৃশ প্রাসাদ অট্টালিকা আদি নিৰ্মাণ কৰে। উদাৰ মহৎ বুলি সমাজৰ বৰনেতা সকলৰ কিন্তু এই সকল শ্রমিকৰ প্রতি সেই উদাৰতা আছে বুলি ক’ব নোৱাৰি। তেনে প্রাসাদ নিৰ্মাণ কৰি তেওঁলোকৰ পৰা তাৰ বিনিময়ত পায় সামান্যতম পারিশ্রমিক যিয়ে তেওঁলোকৰ নিম্নতম অভাৱখিনিও আঁতৰাব নোৱাৰে। 

প্রশ্ন ৫। কবিয়ে কাঠমিস্ত্ৰীৰ লগত আৰু কাক কাক নিজৰ অধিকাৰ কাঢ়ি ল’বলৈ কৈছে? 

উত্তৰ: কবিয়ে কাঠমিস্ত্ৰীৰ লগতে কঁহাৰ কুমাৰ আদিকো নিজৰ অধিকাৰ বাবলেৰে কাঢ়ি লোৱাৰ কথা কৈছে।

(গ) দীঘলীয়া প্ৰশ্নৰ উত্তৰ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক-৪/৫)

প্রশ্ন ১। কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ জীৱন আৰু কৰ্মৰ চমু পৰিচয় দিয়া।

উত্তৰ : অসমৰ কমিউনিষ্ট আন্দোলনৰ অন্যতম পুৰোধ্য ব্যক্তি তথা আজীৱন বিপ্লৱী ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ জন্ম হৈছিল ১৯১০ চনত উজনি অসমৰ কলাটিং বাগিচাত। তেওঁৰ পিতৃৰ নাম আছিল ডাঃ শৰৎ চন্দ্ৰ দত্ত। ডাঃ শৰৎ চন্দ্ৰ দত্তৰ ঘৰ বৰ্তমান বাংলাদেশৰ ঢাকাৰ ওচৰৰ বিক্ৰমপুৰত আছিল যদিও পিছত তেওঁ গোলাঘাটৰ বৰুৱাবাদৃশ গাঁৱলৈ আহি তাত নিগাজিকৈ থাকিবলৈ লৈছিল।

ধীৰেন্দ্ৰ নাথ দত্তই ওঠৰ বছৰ বয়সতে জননী জন্ম ভূমিৰ স্বাধীনতা আন্দোলনত তলশ্রেণীতে ছাত্ৰজীৱনৰ সামৰণি মাৰি নামি পৰে। সাম্যবাদী আদৰ্শৰ দত্তই কৃষক বনুৱাৰ স্বাৰ্থৰ বাবে আন্দোলন কৰিবলৈ গৈ অনেক নির্যাতন ভোগ কৰিবলগীয়া হৈছিল যদিও তেওঁ এই সকলো নির্যাতন, দুখ-কণ্টক আওকাণ কৰি আপোচবিহীনভাৱে সংগ্ৰামত প্ৰকৃত বিপ্লৱীৰ আদৰ্শ ৰাখি থৈ গৈছে।

অসমীয়া প্ৰগতিশীল কবিতাৰ বাটকটীয়া হিচাপে ধীরেন্দ্র নাথ দত্ত অন্যতম। শ্রমজীবী মানুহৰ কাৰণে কায়িকভাৱে খাটাই নহয় এই সম্পৰ্কত তেওঁ কবিতাও ৰচনা কৰিছিল। পাঠ্যক্ৰমৰ অন্তৰ্গত ‘কাঠ মিস্ত্ৰীৰ ঘৰতাৰেই এটি উৎকৃষ্ট উদাহৰণ।

এইজনা কবিৰ ‘অভিযান’ নামৰ কবিতা পুথিৰ পৰা ‘কাঠ মিস্ত্ৰীৰ ঘৰ’ কবিতাটি লোৱা হৈছে। ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ মৃত্যু হয় ১৯৭২ চনৰ অক্টোবৰ মাহত। 

প্রশ্ন ২। কবিতাটিত কাঠমিস্ত্ৰীৰ শ্ৰম আৰু কষ্টৰ চিত্ৰ কেনেদৰে দাঙি ধৰা হৈছে চমুকৈ লিখা। 

উত্তৰ: ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটিৰ মাজেৰে কাঠমিস্ত্ৰীৰ জীৱনৰ এখনি সুন্দৰ ছবি পৰিস্ফুট হৈছে। কাঠমিস্ত্ৰীয়ে অহৰহ কঠোৰ শ্ৰম কৰাই জীৱন। আজাৰ, শিমলু, শাল, শিঙৰি আদি নানাধৰণৰ বেকা বেঁকি কাঠ কাটি, বেণ্ডা মাৰি মিহি কৰি, বটালি হাতুৰীৰে কোবাই কাটি-কুটি সেইবোৰ কাঠ প্রয়োজন মতে বিভিন্ন আকৃতি ৰূপ মনোহৰ কৰি সজাই তোলে। এনেদৰে কঠোৰ শ্ৰম কৰাৰ কাৰণে কাঠ মিস্ত্ৰীৰ গাৰ পৰা ঘাম বাহিৰ হোৱাৰ লগতে কপালৰ পৰা ঘাম টপটপ পৰিবলৈ ধৰে। মুখেৰে ভাগৰত ফেন বাহিৰ ওলায়। এনেকৈয়ে কাঠ মিস্ত্রীয়ে জীৱন। ঢালি কাম কৰি টেবুল, চেয়ার, আলনা, ড্রয়ার, আলমারি, টিপয় আদি মনোহৰ সামগ্ৰী, সজাৰ উপৰিও তেজটালি কাঠমিস্ত্রীয়ে গঢ়ি নিয়ে বিলাসী জীৱন কটোৱা ধনী মানী লোকসকলৰ মায়াপুৰী সদৃশ প্রাসাদ। কিন্তু কাঠমিস্ত্রীয়ে এই মায়াপুৰী সদৃশ্য প্ৰসাদত থকাৰ সৌভাগ্য নাই। তেওঁলোকৰ অৰ্থনৈতিক দুৰৱস্থাই তেওঁলোকক অন্ধকাৰত ডুবাই ৰাখে। তেওঁলোকৰ জীৱনৰ অৱস্থা অতি শোচনীয়। তেওঁলোক অভাৱত জুবলা। কাঠমিস্ত্রীয়ে তেজঢালি, কপালৰ ঘাম মাটিত পেলাই শ্ৰম কৰিলেও জীৱন কটাবলগীয়া হয় অতি নিঃকিন আৰু নিঃস্বভাবে। 

প্রশ্ন ৩। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা ‘

বিশ্বৰ ৰত কৰ্মীৰ দল

তেজ ঢালি গঢ়ে প্রাসাদ উজ্জ্বল’

উত্তৰ: উদ্ধৃত কবিতাফাকি সাম্যবাদী শ্রমিক দৰদী কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত ৰচিত ‘কাঠমিস্ত্ৰীৰ ঘৰ’ নামৰ কবিতাটিৰ অন্তৰ্গত। 

কাঠমিস্ত্রীয়ে কিমান কষ্ট আৰু শ্ৰম কৰি বিলাসী ধনিক আৰু চহকী লোকৰ প্রাসাদোপম অট্টালিকা নিৰ্মাণ কৰে আৰু তাৰ বিনিময়ত পোৱা মজুৰীৰে যে তেওঁলোকৰ অভাৱ দূৰ নহয় সেই কথা প্ৰকাশ কৰিবলৈকেই কবিয়ে এনেদৰে উল্লেখ কৰিছে।

কাঠমিস্ত্রীয়ে কঠোৰ পৰিশ্ৰম কৰি নানা তৰহৰ গছ, গছৰ বেঁকা-বেঁকি কাঠকো ৰেণ্ডা বাচুলা মাৰি বঁটালি খুন্দিয়াই মনোমোহা ৰূপৰ টেবুল, চেয়াৰ, আলনা, ড্ৰয়াৰ, আলমাৰি টিপয় আদি সা- সামগ্ৰী তৈয়াৰ কৰে। তদুপৰি এই সাধাৰণ শ্রমিক কর্মীদলেই কপালৰ ঘাম মাটিত পেলাই, বুকুৰ তেজ ঢালি আর্থিকভাৱে জল বিলাসী ধনিক শ্রেণী মায়াপুৰী সদৃশ প্ৰসাদ অট্টালিকা নির্মাণ কৰে। এই প্রাসাদ অট্টালিকাত ধনিক শ্ৰেণীৰ মানুহে মহা আৰামেৰে থাকি বিলাসী জীবন কাটায়, কিন্তু কাঠমিস্ত্রী তথা কনুৱাই আর্থিকভাৱে জুৰুলা হৈ অভাৱী জীৱন কটায়।

প্রশ্ন ৪। কাঠমিস্ত্রীক কিয় শিল্পী বুলি কোৱা হৈছে?

উত্তৰ : একোজন কাঠমিস্ত্রীয়ে কঠোৰ পৰিশ্ৰম কৰি, কপালৰ ঘাম মাটিত পেলাই, বুকুৰ তেজ ঢালি আজাৰ, শিমলু, শাল, শিশু আদি নানা তৰহৰ গছৰ কঠিন বেঁকা-বেঁকি কাঠ ৰেণ্ডা-

বাচুলা মাৰি, বটালি-হাতুৰি ব্যৱহাৰ কৰি মিহি আৰু পোন কৰি অতি মনোৰম টেবুল, চেয়ার, আলনা, ড্রয়ার, আলমারি, টিপয় আদি নানা ৰূপৰ সামগ্ৰী তৈয়াৰ কৰাৰ উপৰিও ধনী মানীসকলৰ প্রাসাদোপম অট্টালিকা নির্মাণ কৰে। কাঠমিস্ত্ৰীৰ শিল্পীসুলভ হাতৰ পৰশত কঠিন বেঁকা ঢেঁকি কাঠো বটালিৰ খুন্দাত মনোহৰ ৰূপত গঢ় লৈ উঠে। এরা কাঠমিস্ত্ৰীৰ শিল্পীসুলভ নিপুণতাৰ পৰিচায়ক। 

প্রশ্ন ৫। কাঠমিস্ত্রীকে ধৰি শ্ৰমজীৱীসকলে কেনেদৰে নিজৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে? 

নাইবা, 

“লোৱা অধিকাৰ নিজ বাহুবলে”— কবিয়ে সমাজৰ কোন শ্ৰেণীৰ লোকক নিজে কৰা কৰ্মৰ অধিকাৰ ল’বলৈ আহ্বান জনাইছে?

উত্তৰ : কাঠমিস্ত্ৰী, কহাৰ, কমাৰ আদি শ্ৰমিক সকলে কঠোৰ শ্ৰম কৰি কাম কৰে আৰু সেই কামৰ সুফল ভোগ কৰে আন ধনিক শ্রেণীয়ে। এই শ্রমিকে নিজৰ শ্ৰমৰ ফল ভোগ কৰিব নোৱাৰে। শ্ৰম কৰাৰ বিনিময়ত পোৱা সামান্য পারিতোষিকতে তেওঁলোকে জীবন কটায় । শ্ৰমৰ মৰ্যাদা যি পাব লাগে সেয়া নাপায়। সেই কাৰণেই কবিয়ে এইসকল শ্রমিকক আহ্বান জনাই কৈছে যে নিজে কৰা কামৰ সুফল তেওঁলোকে ভোগ কৰিবলৈ জাগি ওলাই আহিব লাগে। নিজ বাহুবলেৰে কামৰ সুফল ভোগ কৰি নিজৰ অধিকাৰ নিজে লব লাগে। তেতিয়াহে তেওঁলোকৰ দুখৰ দিনৰ অন্ত পৰিব।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। অতি চমু উত্তৰ দিয়া :

(ক) কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটিৰ ৰচক কোন ? 

উত্তৰ : ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত।

(খ) ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ জন্ম কোন চনত হৈছিল?

উত্তৰ : ১৯১০ চনত

(গ) ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ জন্ম ক’ত হৈছিল ? 

উত্তৰ : করুনাটিং বাগিচাত ।

(ঘ) ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ মৃত্যু কোন চনত হৈছিল ? 

উত্তৰ : ১৯৭২ চনত।

(ঙ) ‘এই চাম কবিতাৰ ভিতৰত সম্ভবতঃ সর্বশ্রেষ্ঠ হ’ল ‘কাঠ মিস্ত্ৰীৰ ঘৰ’ বুলি কোনে মন্তব্য কৰিছিল?

উত্তৰ: ড° হীৰেন গোহাঁইদেৱে।

(চ) ‘মোক যদি কোনোবাই দহোটা শ্ৰেষ্ঠ অসমীয়া কবিতাৰ নাম সোধে, তাৰ মাজত এটা হ’ব, কাঠ মিস্ত্ৰীৰ ঘৰ’— এই মন্তব্য কাৰ ? 

উত্তৰ : কবি, সমালোচক নৱকান্ত বৰুৱাৰ।

(ছ) ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটি প্রথমে ক’ত প্ৰকাশ হৈছিল ? 

উত্তৰ : বিপ্লবী কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ ‘অভিযান’ নামৰ কবিতা পুথিত ।

(জ) ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ পিতৃৰ নাম কি?

উত্তৰ : ডাঃ শৰৎ চন্দ্ৰ দত্ত।

(ঝ) ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ দেউতাকৰ আগতে ঘৰ ক’ত আছিল?

উত্তৰ : বৰ্তমানৰ বাংলাদেশৰ ঢাকাৰ ওচৰৰ বিক্ৰমপুৰত ।

(ঞ) ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাৰ জৰিয়তে কবিয়ে কাৰ জীৱনৰ কথা ক’ব বিচাৰিছে ?

উত্তৰ : সদাবঞ্চিত বিশ্বৰ শ্ৰমিক বনুৱাসকলৰ জীৱনৰ কথা।

(ট) ‘তেজ ঢালি গঢ়ে প্রাসাদ উজ্জ্বল’ মানে কি ? 

উত্তৰ : কঠোৰ শ্ৰম কৰি প্রাসাদ নিৰ্মাণ কৰে।

(ঠ) ‘মায়াপুৰী মানৱৰ’— কি অৰ্থ বুজাইছে? 

উত্তৰ : মায়াপুৰীৰ ঘৰ দুৱাৰ যিদৰে অতি সুন্দৰ ঠিক তেনেদৰে কাঠমিস্ত্ৰীয়ে মানুহৰো মনোৰম প্রাসাদ নিৰ্মাণ কৰে।

(ড) ‘হায় হতভাগা থাকে আন্ধাৰত’— বুলি কাৰ কথা কোৱা হৈছে?

উত্তৰ : সদাবঞ্চিত শ্ৰমিকসকলৰ কথা।

(ঢ) ‘বৰনেতা সমাজত’– বুলি কাৰ কথা কৈছে?

উত্তৰ: আৰ্থিকভাৱে চহকী লোকসকলৰ কথা ।

(ণ) কাঠমিস্ত্রীয়ে কি কি কাঠক মনোহৰ ৰূপ দিয়ে ? বা, কাঠমিস্ত্ৰীয়ে ৰাভাৰ হেঁচাৰে কি কি গছৰ কাঠক মনোহৰ ৰূপ দি ? 

উত্তৰ আজাৰ, শিমলু, শাল, শিঙৰি আদি কাঠক।

(ত) কাঠমিস্ত্রী ক’ত থাকিবলগীয়া হয়?

উত্তৰ : অতি নিঃকিন অৱস্থাত এটি জুপুৰি ঘৰত ।

HS দ্বিতীয় বৰ্ষৰ অসমীয়া প্ৰশ্নৰ উত্তৰ

Sl. No.Contents
Unit 1নিৰ্বাচিত গদ্য
Chapter 1মোৰ মাতৃমোখ দৰ্শন
Chapter 2মগনিয়াৰ
Chapter 3আনন্দৰাম বৰুৱা
Chapter 4হস্তিবিদ্যাৰ্ণৱ পুথি
Chapter 5ভাৰতীয় আদৰ্শত বৈৰাগ্য
Chapter 6চিঠি
Chapter 7অসমীয়া চলচ্চিত্রৰ গতিধাৰা
Chapter 8বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো
Unit 2নিৰ্বাচিত পদ্য
Chapter 1বৰগীত (উঠৰে উঠ বাপু)
Chapter 2বিশ্ব খনিকৰ
Chapter 3মিলন
Chapter 4জনতাৰ আহ্বান
Chapter 5কাঠমিস্ত্ৰীৰ ঘৰ
Chapter 6আঘোণৰ কুঁৱলী
Chapter 7উভতি নহাৰ কবিতা
Chapter 8কৰুণতম
Unit 3কৈশোৰ কাল আৰু মূল্যবোধৰ শিক্ষা
Chapter 1মূল্যবোধৰ শিক্ষা
Chapter 2কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা

প্রশ্ন ২। কাঠমিস্ত্রীয়ে কেনেদৰে কি কাম কৰে, বুজাই লিখা। 

উত্তৰ : আজাব, শিমলু, শাল, শিঙৰি কঠিন নিৰস বেঁকা বেঁকি কাঠো কাঠমিস্ত্রীয়ে কাটি কুটি ৰেণ্ডাৰে মিহি কৰি বটালি হাতুৰীৰে চালে চকুৰোৱা টেবুল, চেয়াৰ, আলনা, ড্ৰয়াৰ আলমাৰি, চিপয় আদি নানা ৰকমৰ মনোৰম আচবাব তৈয়াৰ কৰে। তদুপৰি কপালৰ ঘাম মাটিত পেলাই, বুকুৰ তেজ ঢালি ধনিক বিলাসী লোকসকলৰ বাবে মায়াপুৰী সদৃশ ঘৰ-দুৱাৰ প্রাসাদ কাৰেংআদি নিৰ্মাণ কৰে। 

প্রশ্ন ৩। ‘প্রতিদান নাই কৰ্মৰ বুলি কিয়া কোৱা হৈছে? 

উত্তৰ: কাঠমিস্ত্ৰীয়ে অতি কঠোৰ পৰিশ্ৰমেৰে কপালৰ ঘাম মাটিত পেলাই, বুকুৰ তেজ ঢালি শিল্পী সুলভ নৈপুণ্যতাৰে কঠিন বেঁকা বেঁকি কাঠো ৰেণ্ডা, হাতুৰী-বটালিৰ সহায়ত কাঠৰে মনোৰম আচবাব আৰু প্রাসাদ ঘৰ-দুৱাৰ আদি নিৰ্মাণ কৰে। সেইবোৰ ব্যৱহাৰ কৰি মহাসুখত দিন কটায় 

আর্থিকভাবে স্বচ্ছল লোকসকলে। কিন্তু তাৰ বিনিময়ত কাঠমিস্ত্রী সকলে একোৱেই নাপায়। সামান্য পারিতোষিক পায় যদিও সেৱাই তেওঁলোকৰ জীৱন ধাৰণৰ কাৰণে একোৱেই নহয়। তেওঁলোকে সদায় অভাবী জীৱন কটাবলগীয়া হয়। ধনিক বিলাসী লোকসকলৰ কাৰণে ইমানখিনি ত্যাগ কৰিও, পৰিশ্ৰম কৰিও তেওঁলোকৰ এই অৱস্থাৰ কাৰণে কামৰ প্ৰতিদান নাই বুলি কৈছে।

প্রশ্ন ৪। কাঠমিস্ত্রীয়ে কেনেদৰে কাৰ বাবে ঘৰসাজি দিয়ে চমুকৈ লিখা। 

উত্তৰ : কাঠমিস্ত্ৰীয়ে অসহনীয় শ্ৰমৰ বোজা শৰীৰত লৈ সমাজৰ অৰ্থনৈতিকভাবে স্বচ্ছল, বিলাসী ধনিক শ্ৰেণীটোৰ বাবে ঘৰ সাজি দিয়ে। আজাব, শিমলু, শাল, শিঙৰি আদি না তৰহৰ বেঁকা বেঁকি কাঠ কাটি ৰেণ্ডাৰে মিহি কবি, হাতুৰী-বটালি ব্যৱহাৰ কৰি টেবুল, চেয়ার, আলমারি, আলনা, ড্রয়ার, টিপয় আমি তৈয়াৰ কৰাৰ উপৰিও কাঠমিস্ত্রীয়ে কপালৰ ঘাম মাটিত পেলাই দেহৰ তেজ ঢালি এই চাম বিলাসী ধনিক শ্ৰেণীৰ বাবে মায়াপুৰী সদৃশ গ্লাসান সাজি দিয়ে আৰু তাতেই কাঠমিস্ত্রীয়ে শিল্পীসুলভ কুশলতাৰে গঢ়ি দিয়া আৰামী চকীত বহি বিলাসী শ্ৰেণীটোৱে এক স্বাচ্ছন্দ্য জীৱন কটায়।

প্রশ্ন ৫। কাঠমিস্ত্ৰীৰ জীৱনৰ অৱস্থা কেনেকুৱা — চমুকৈ বুজাই লিখা। 

উত্তৰ: কাঠমিস্ত্ৰীৰ জীৱনৰ অৱস্থা অতি শোচনীয়, তেওঁলোক অভাৱত জুবলা। কঠোর শ্রম কৰি, কপালৰ ঘাম মাটিত পেলাই, বুকুৰ তেজ ঢালি কাম কৰি নানা তৰহৰ গছৰ বেঁকা-বেকিং কাঠবোৰ ৰেঙা বাচুলা মাৰি মিহি কৰি, হাতুৰী বঁটালি ব্যবহাৰ কৰি কাঠৰ টেবুল, চেয়াৰ, আলন ড্ৰয়াৰ, আলমাৰি, টিপয় আদি মনোৰম দামী দামী সামগ্ৰী তৈয়াৰ কৰাৰ উপৰিও বিলাসী ধনিক শ্ৰেণীৰ বাবে মায়াপুৰী সদৃশ প্রাসাদ নিৰ্মাণ কৰি দিয়ে যদিও তাৰ বাবে কাঠমিস্ত্ৰীয়ে পায় সামান্য পারিশ্রমিক। সেয়ে তেওঁলোক আর্থিকভাৱে স্বচ্ছ হ’ব নোৱাৰে। অতি নিঃকিভাবে অভাবী জীৱন কটাবলগীয়া হয়। শ্রম অনুপাতে তেওঁলোকে মজুৰী নাপায়। শ্রমেই তেওঁলোকৰ জীৱন।

প্রশ্ন ৬। ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটিৰ মাজেৰে সমাজত দুই বিপৰীত শ্ৰেণীৰ জীৱনৰ ছবি কেনেভাবে প্রকাশিত হৈছে বুজাই লিখা।

উত্তৰ: ‘কাঠ মিস্ত্ৰীৰ ঘৰ’ কবিতাটিৰ মাজেৰে দুৰ্দশাগ্রস্ত শ্রমিক শ্ৰেণী আৰু অৰ্থনৈতিকভাৱে নকিয়াল বিলাসী ধনিক এই দুই বিপৰীত শ্ৰেণীৰ জীৱনৰ ছবি প্ৰকাশিত হৈছে।

কবিতাটিত অকল কাঠমিস্ত্ৰীৰ জীৱনৰ কথা উল্লেখ কৰিছে যদিও কাঠমিস্ত্ৰীৰ জীৱনক সর্বসাধাৰণ শ্রমিক তথা বনুৱা শ্ৰেণীৰ জীৱনৰ প্ৰতীক হিচাপে লোৱা হৈছে। অসহনীয় জাম কৰে কনুৱাসকলে। কিন্তু তাৰ সুফল ভোগ কৰে ধনিক শ্ৰেণীয়ে। শ্ৰমৰ বিনিময়ত বৰুৱা সকলে যি পাপ সেয়া নিচেই নগণ্য। কঠোৰ শ্ৰমৰ বোজা শৰীৰত লৈ, কপালৰ ঘাম মাটিত পেলাই, বুকুৰ তেজ ঢালি কাঠমিস্ত্ৰীয়ে নানা তৰহৰ কঠিন গছৰ কাঠ কাটি ৰেণ্ডা বাচুলাৰে কাঠো মিহি পোন কৰি কাঠৰ নানা ৰকমৰ মনোৰম সামগ্ৰী সজোৱাৰ উপৰিও এই ধনিক বিলাসী শ্ৰেণীটোৰ কাৰণে মায়াপুৰী সদৃশ প্রাসাদ, ঘৰ-দুৱাৰ নিৰ্মাণ কৰি দিয়ে। সেই ঘৰ

প্রসাদত সেইসকল ধনিক শ্রেণীয়ে সুখ-স্বাচ্ছন্দ্যৰে বাস কৰি জীৱন কটায়। আনহাতে সেই শ্ৰেণীৰ লোকসকলক সুখ-স্বাচ্ছন্দ্যৰ সামগ্ৰী গঢ়ি দিয়া কাঠমিস্ত্ৰীৰ জীৱন কিন্তু অতি দুখ লগা অতি শোচনীয় আর্থিকভাৱে অতি জুৰুলা। তেওঁলোকে সেই সুখ আৰামৰ কথা চিন্তা কৰিব নোৱাৰে। নিঃকিনভাৱে টুক্‌টাকৈ জীৱন কটাবলগীয়া হয়।

এনেদৰে সাধাৰণ বনুৱা আৰু ধনিক এই দুই বিপৰীত শ্ৰেণীৰ জীৱন কাঠমিস্ত্ৰীৰ ঘৰ’কবিতাটো পৰিস্ফুট হৈ উঠিছে। 

প্রশ্ন ৭। শ্রমিক শ্রেণীক কবিয়ে কিহৰ বাবে আহ্বান জনাইছে জুকিয়াই লিখা। 

উত্তৰ : কঠোৰ শ্ৰম কৰিও শ্ৰমিকসকলে নিজৰ আৰ্থিক দিশটো সবল কৰিব নোৱাৰে, এটা সুখী আৰু স্বচ্ছ জীৱন গঢ়িব নোৱাৰে, প্ৰয়োজনীয় ঘৰ-দুৱাৰ, আচবাব আদি অভাৱ পূৰণ কৰিব নোৱাৰে। তেওঁলোকে অসহনীয় শ্ৰম কৰে, কপালৰ ঘাম মাটিত পেলাই, বুকুৰ তেজ ঢালি মনপুতি কাম কৰে নিজৰ কাৰণে নহয়, কেৱল আর্থিকভাৱে স্বচ্ছল, ধনী বিলাসীসকলৰ কাৰণে। তাৰ বিনিময়ত পোৱা সামান্য পারিশ্রমিকেৰে তেওঁলোকৰ অভাৱ দূৰ কৰিব নোৱাৰে, তেওঁলোকে স্বচ্ছ জীৱন এটা কটাব নোৱাৰে। তেওঁলোক যেন এই ধনিক শ্ৰেণীটোৰ হাতত লাঞ্ছিত অবদমিত হৈ আছে।

সেই কাৰণেই কৰিয়ো

উঠা মিস্ত্রী, কঁহাৰ, কমাৰ

আন্ধাৰৰ শেষ আহিল তোমাৰ 

লোৱা অধিকাৰ নিজ বাবলে’-

বুলি নিজৰ কামৰ ফল নিজে ভোগ কৰিবলৈ, নিজৰ পৰিশ্ৰম নিজৰ বাবে কৰিবলৈ কবিয়ে আহ্বান জনাইছে। কাৰণ আজি আৰু নিজৰ দেহামাৰি আনক সুখত ৰখাৰ দিন নাই। নিজে কাম কৰি নিজেই নিজক সুখ-স্বাচ্ছন্দ্যত ৰখাৰ দিন। আগৰ তেওঁলোকৰ সেই আন্ধাৰৰ দিন উকলি গ’ল। শ্রমিক-বনুৱা আজি সকলো জাগিবৰ হ’ল বুলি করিয়ে আহ্বান জনাইছে। কবিতাটিত সাম্যবাদী মনোভাব প্রকট হৈ উঠিছে।

প্রশ্ন ৮। ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটিৰ মূল কথাখিনি তোমাৰ ভাষাত লিখা । 

উত্তৰ : কাঠমিস্ত্ৰীয়ে কঠোৰ পৰিশ্ৰম কৰি আজাৰ, শিমলু, শাল, শিঙৰি আদি নানা তৰহৰ গছত বেঁকা-বেঁকি কাঠ ৰেণ্ডা মাৰি, বটালিৰে খুন্দিয়াই টেবুল, চেয়াৰ, আলনা, ড্ৰয়াৰ, আলমাৰি, টিপয় আদি নানান আচ্‌বাব অতি মিহি আৰু মনোৰম কৰি সাজি উলিয়ায়। কঠিন খহটা কাঠো কাঠমিস্ত্ৰীৰ শিল্পীসুলভ হাতৰ স্পৰ্শত ৰূপ মনোহৰ সৌন্দৰ্যশালী হৈ পৰে। তাৰোপৰি অকণো জিৰণি নলৈ কঠোৰ শ্ৰম কৰি, কপালৰ ঘাম মাটিত পেলাই, বুকুৰ তেজ ঢালি অর্থনৈতিকভাৱে স্বচ্ছল, বিলাসী ধনীক শ্ৰেণীৰ বাবে সাজে মায়াপুৰী প্রাসাদ অট্টালিকা। সেইবোৰ ঘৰ প্রাসাদ ভৰি পৰে কাঠমিস্ত্রীয়ে নিৰ্মাণ কৰা কাঠৰ মনোৰম আবাৰেৰে। এইবোৰ নিৰ্মাণ কৰোতে যেন তেওঁলোকৰ ভাগৰত মুখেৰে যেন বাহিৰ হয়। এনে প্রাসানত আৰামী চকীত বহি সুখ-শান্তিৰে বিলাসী জীবন কটায় এই ধনিক শ্রেণীৰ লোক সকলে। কিন্তু হায়। ইয়াৰ বিপৰীতে কলা কুশলী কাঠমিস্ত্রীয়ে জীৱন কটায় অতি অবাৱত জুৰুলা হোৱা শোচনীয় নিঃকিন অৱস্থাত ।

এনেকৈয়ে লাখ লাখ মিস্ত্ৰী, কঁহাৰ, কমাৰ শ্ৰমিকে কঠোৰ শ্ৰমেৰে আনৰ সুখ গঢ়ি দিছে। তেওঁলোকৰ শ্ৰমৰ সুফল ভোগ কৰে আনে, নিজে ইমান শ্ৰম কৰিও সেই সুফল ভোগৰ পৰা তেওঁলোক বঞ্চিত।

সেয়ে কবিয়ে এইসকল দৰিদ্ৰ অসহায় নিষ্পেশিত শ্রমিকক জাগৰিত হ’বলৈ আহ্বান কৰি কৈছে যে আজি আৰু সেই আগৰ দিন নাই। তেওঁলোকৰ আন্ধাৰৰ দুখৰ দিনৰ অন্ত পৰিল। নিজে কৰা কামৰ ফল নিজে ভোগ কৰিবলৈ ওলাই আহক — তেওঁলোক সজাগ। নিজৰ সুখ- শান্তি বিসৰ্জন দি, বুকুৰ তেজ ঢালি আনৰ কাৰণে কাম কৰাৰ দিন নাই। সেই শ্ৰম নিজৰ সুখ- শান্তিৰ কাৰণে কৰক।

প্রশ্ন ৯। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।

(ক) নিৰস কঠিন বেঁকা-বেঁকি কাঠ

বটালি খুন্দাত উঠে জাঁত জাঁত 

ৰূপৰ জপনা মেল খাই উঠে

পাই ৰূপ মনোহৰ

কাঠমিস্ত্ৰীৰ ঘৰ

উত্তৰ : উদ্ধৃত কবিতাফাকি সাম্যবাদী কবি বীৰেন্দ্ৰ চন্দ্ৰ দত্ত ৰচিত ‘কাঠমিস্ত্ৰীৰ ঘৰ’ নামৰ কবিতাটির অন্তর্গত। 

কাঠমিস্ত্রীয়ে কেনেভাবে কঠোৰ শ্ৰম কৰি একোটা মনোৰম বস্তু সজাই তোলে তাকেই কবিতা ফাকিৰ জৰিয়তে কবিয়ে প্ৰকাশ কৰিছে।

একোজন কাঠমিস্ত্রীয়ে কঠোৰ পৰিশ্ৰম কৰি, কল্পনাৰ ঘাম মাটিত পেলাই, বুকুৰ তেজ ঢালি আজাৰ, শিমলু, শাল, শিঙৰি আদি নানা তৰহৰ গছৰ কঠিন বেঁকা-বেঁকি কাঠ ৰেণ্ডা-বাচুলা মাৰি, বটালি হাতুৰি ব্যৱহাৰ কৰি মিহি আৰু পোন কৰি অতি মনোৰম টেবুল, চেয়াৰ, আলনা, ড্রয়ার, আলমারি, টিপয় আদি নানা ৰূপৰ সামগ্ৰী তৈয়াৰ কৰাৰ উপৰিও ধনী মানীসকলৰ প্রাসাদোপম অট্টালিকা নিৰ্মাণ কৰে। কাঠমিস্ত্ৰীৰ শিল্পীসুলভ হাতৰ পৰশত কঠিন বেঁকা বেঁকি কাঠো বটালিৰ ৰুন্দাত মনোহৰ ৰূপত গঢ় লৈ উঠে। এয়া কাঠমিস্ত্ৰীৰ নিপুণতাৰ পৰিচায়ক।

(খ) লাখ মানুহৰ বাহু কর্ম

কাঢ়ি গঢ়ি তোলে প্রাসাদ হৰ্ম হয় ডাঙৰীয়া উদাৰ মহৎ

বৰনেতা সমাজৰ‌ কাঠমিস্ত্ৰীৰ ঘৰ । 

উত্তৰ: উদ্ধৃত কবিতাফাকি সাম্যবাদী শ্রমিক দৰদী কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত ৰচিত ‘কাঠমিস্ত্ৰীৰ ঘৰ’ নামৰ কবিতাটিৰ অন্তৰ্গত।

কিমান কষ্ট আৰু প্ৰমেৰে কাঠমিস্ত্ৰীয়ে সমাজৰ বৰনেতা বোলোৱা ডাঙৰীয়াসকলৰ মায়াপুৰী সদৃশ প্রাসাদ অট্টালিকা নির্মাণ কৰে তাৰ কথা ব্যক্ত কৰিবলৈ গৈ কবিয়ে এনেদৰে উল্লেখ কৰিছে।

বিশ্বব লাখ লাখ শ্রমিকে কেবল সমাজৰ বৰনেতাসকলৰ বাবেই কাম কৰোতা জীবন অতিবাহিত হয়। অন্যান্য শ্ৰমিকৰ দৰে শ্ৰমিক কাঠমিস্ত্ৰীয়ে নিজ বাহু বলেৰে কঠোৰ শ্ৰম কৰি বিভিন্ন বেঁকা ঢেঁকি কাঠ কাটি ৰেণ্ডা-বাচুলা, বটালি ব্যৱহাৰ কৰি কাঠৰ মনোৰম সামগ্ৰী তৈয়াৰ কৰাৰ উপৰিও – সমাজৰ উদাৰ মহৎ বৰ নেতা বোলোৱা ডাঙৰীয়া সকলৰ মায়াপুৰীসদৃশ প্রাসাদ অট্টালিকা আদি নিৰ্মাণ কৰে। উদাৰ মহৎ বুলি সমাজৰ বৰনেতা সকলৰ কিন্তু এই সকল শ্ৰমিকৰ প্ৰতি সেই উদাৰতা আছে বুলি ক’ব নোৱাৰি। তেনে প্রাসাদ নিৰ্মাণ কৰি তেওঁলোকৰ পৰা তাৰ বিনিময়ত পায় সামান্যতম পারিশ্রমিক যিয়ে তেওঁলোকৰ নিম্নতম অভাৱখিনিও আঁতৰাব নোৱাৰে।

(গ) উঠা মিস্ত্ৰী কঁহাৰ কমাৰ

আন্ধাৰৰ শেষ আহিল তোমাৰ

লোৱা অধিকাৰ নিজবাহুবলে

নিজে কৰা কৰ্মৰ, কাঠমিস্ত্ৰীৰ ঘৰ ।

উত্তৰ : উদ্ধৃত কবিতাফাকি সাম্যবাদী শ্রমিক দৰদী কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত ৰচিত ‘কাঠমিস্ত্ৰীৰ ঘৰ’ নামৰ কবিতাটিৰ অন্তৰ্গত। 

আনৰ বাবে কাম কৰি নিষ্পেশিত আৰু অভাৱী জীৱন কটোৱা শ্রমিক সকলক নিজেই নিজৰ ভাবে কাম কৰি জীৱন জীবিকা উন্নত কৰিবলৈ আহ্বান জনাই কবিয়ে এনেদৰে কৈছে।

কাঠ মিস্ত্ৰী, কঁহাৰ, কমাৰ এই সকলোৱে কঠোৰ শ্ৰম কৰি, কপালৰ ঘাম মাটিত পেলাই, বুকুৰ তেজ ঢালি ইমান দিনে কাম কৰি আহিছে কেৱল সমাজৰ বৰনেতা বোলোৱা ধনিক শ্ৰেণীৰ কাৰণেই। তাৰ ফলত এইসকল শ্রমিকৰ জীৱন হৈ পৰিছে শোচনীয়, অভাৱী, জুৰুলা। তাকে দেখি কবিয়ে এইসকল শ্রমিক কর্মীক আজি জাগি উঠিবলৈ আহ্বান জনাইছে নিজে কৰা কৰ্মৰ ফল আনক ভোগ কৰিবলৈ দিয়াৰ দিন উকলিত। তেওঁলোকৰ আন্ধাৰ জীৱনৰ অন্ত পৰিল। তেওঁলোক সকলো ওলাই আহি নিজ কামৰ জৰিয়তে নিজ শ্ৰমৰ জৰিয়তে নিজৰ অধিকাৰ সাব্যস্ত কৰিব লাগে। সেইদিন তেওঁলোকৰ সমাগত।

(শব্দার্থ)

ৰাস্তা  কাঠ মিঙ্গিকটাচিবলে মিস্ত্ৰীয়ে ব্যৱহাৰ কৰা অস্ত্ৰ বিশেষ; ঝাণ্ডা :  পতাকা, নিচান, ৰূপৰ জপনা মেল খাই উঠে ধুনীয়া হৈ পৰে যেন যায় যায় কঠোৰ পৰিশ্ৰমৰ বাবে কাঠমিস্ত্ৰীৰ মুখৰ পৰা যেন যেন বাহিৰ হয় এনে অর্থত, জমি : মাটি, প্রবাল দ্বীপৰ শৃঙ্গৰ দৰে : বিভিন্ন মণি-মুকুতাৰে প্রবাল দ্বীপ ভৰি থকাৰ দৰে নিস্ত্রীয়ে সজোৱা কাঠৰ নানান মনোৰম আবাবেৰে পৰিপূৰ্ণ হোৱা, বিলাসীৰ দল : লাহ বিলাহত থকা ধনিক শ্রেণী: হৰ্মা ৰূপৰ জপনা মেল খাই উঠে কাৰেং: বিনয় :  বিনাশ, জীত জাঁত  ছেও, শব্দ বিশেষ, তো ঢালি গড়ে প্রাসাদ : কঠোৰ শ্ৰম কৰি প্রাসাদ নির্মাণ কৰে, বিশ্ব শিল্পী মহাবিশ্বৰ : কাঠমিস্ত্রীক কবিয়ে এই মহাবিশ্বৰ বিশ্বশিল্পী বুলিছে, আন্ধাৰৰ শেষ আহিল তোমাৰ শ্ৰমিক সকলৰ দুখৰ দিন আঁতৰিল।

Leave a Reply