Class-12 Assamese Solutions |Chapter-5| ভাৰতীয় আদৰ্শত বৈৰাগ্য

Class-12 Assamese Solutions |Chapter-5| ভাৰতীয় আদৰ্শত বৈৰাগ্য। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class-12 Assamese Solutions |Chapter-5| ভাৰতীয় আদৰ্শত বৈৰাগ্য AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS 2nd years Solutions

Class-12 Assamese Solutions |Chapter-5| ভাৰতীয় আদৰ্শত বৈৰাগ্য

Class-12 Assamese Solutions |Chapter-5| ভাৰতীয় আদৰ্শত বৈৰাগ্য অসমীয়া। উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অসমীয়া বিষয়ৰ শেহতীয়া পাঠ্যক্ৰমৰ (AHSEC) ওপৰত ভিত্তি কৰি পাঠ ভিত্তিক প্রশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আমাৰ ৱেবচাইটত উপলব্ধ।

গোট ১

লেখক পৰিচিতি—তীৰ্থনাথ শৰ্মা, জন্ম: ১৯১১, মৃত্যু : ১৯৮৬

অসমৰ এগৰাকী সু-সাহিত্যিক প্ৰবন্ধকাৰ তীৰ্থনাথ শৰ্মাৰ জন্ম হয় শিৱসাগৰ জিলাৰ জাজী নামৰ ঠাইত ইং ১৯১১ চনত। তেওঁৰ পিতৃৰ নাম আছিল গোলাপ চন্দ্ৰ শৰ্মা। স্কুলীয়া শিক্ষা জাঁজী, যোৰহাট, তেজপুৰত লোৱাৰ পিছত কটন কলেজৰ পৰা বি এ পাছ কৰে আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত বিষয়ত এম এ পাছ কৰে। তেওঁ প্রথমে কলিকতা বিশ্ববিদ্যালয়ত কিছুদিন অসমীয়াত প্ৰবক্তা হিচাপে কাম কৰি পিছত কটন কলেজৰ গ্ৰন্থাগাৰিক হিচাপে কাম কৰিবলৈ লয়। পিছত প্ৰাগজ্যোতিষ কলেজ প্রতিষ্ঠাত আগভাগ লৈ তাৰ প্ৰতিষ্ঠাপক অধ্যক্ষৰূপে শেষ পর্যন্ত দায়িত্ব বহন কৰে।

তীৰ্থনাথ শৰ্মা এগৰাকী অসমীয়া সাহিত্য জগতৰ আগশাৰীৰ বিশিষ্ট প্ৰবন্ধকাৰ, সমালোচক আৰু সংস্কৃত পণ্ডিত। তেওঁ অসমৰ বাবে ‘প্ৰৱেশিকা কথা-চানেকি’, ‘সাহিত্য সংগ্রহ’, ‘চানেকি পাঠ” আদি পাঠ্যপুথি সংকলন কৰাৰ উপৰি ‘মহাত্মাৰ বাণী’, ‘গান্ধীৰ শিক্ষা-সাৰ’, ‘পঞ্চপুষ্প’, ‘ভক্তিবাদ’, ‘আউনীআটী সত্ৰৰ বুৰঞ্জী’, ‘ঝান্সিৰ ৰাণী’, ‘বেণুধৰ শৰ্মাৰ জীৱনী’ আদি বিভিন্ন বিষয়ত আলোচনাত্মক গ্ৰন্থ ৰচনা কৰে। ইয়াৰ বাহিৰেও ‘কাম সেন্দূৰ’ নামৰ এখনি কবিতাৰ পুথি আৰু ছদ্মনামত কেইটিমান গল্পও তেওঁ ৰচনা কৰিছিল। 

অসম সাহিত্য সভাৰ মাকুম অধিৱেশনত (১৯৭১ চনত তেওঁ সভাপতিত্ব কৰিছিল।এইজনা সাহিত্যিকৰ মৃত্যু হয় গুৱাহাটীত ১৯৮৬ চনত ।

অতি চমু প্ৰশ্নৰ উত্তৰ (মূল্যাংক-১)

প্রশ্ন ১। তীৰ্থনাথ শৰ্মাই ৰচনা কৰা কাব্যপুথিখনৰ নাম কি ? 

উত্তৰ : তীৰ্থনাথ শৰ্মাই ৰচনা কৰা কাব্যপুথিখনৰ নাম হ’ল— ‘কামসেন্দূৰ’।[HS.’16,’22]

প্রশ্ন ২। ‘পঞ্চপুষ্প’ পুথিখনৰ ৰচক কোন?

উত্তৰ : ‘পঞ্চপুষ্প’ পুথিখনৰ ৰচক হ’ল তীৰ্থনাথ শৰ্মা । 

প্রশ্ন ৩। তীৰ্থনাথ শর্মা ‘অসম সাহিত্য সভাৰ কোন অধিৱেশনৰ সভাপতি আছিল ?

উত্তৰ : তীৰ্থনাথ শৰ্মা ‘অসম সাহিত্য সভা’ৰ মাকুম অধিৱেশনৰ (১৯৭১) সভাপতি আছিল।

প্রশ্ন ৪। কৰ্ম কৰা কৌশলক ভগৱদগীতাত কি বুলি অভিহিত কৰা হৈছে? 

উত্তৰ ঃ কৰ্ম কৰা কৌশলক ভগবদ্‌গীতাত কর্মযোগ বা যোগ বুলি অভিহিত কৰা হৈছে।

প্রশ্ন ৫। কোনখন উপনিষদত থকা অনুশাসনৰ কথাখিনি বিশেষভাৱে দকৈ গমি চাব লগা কথা ?

উত্তৰ: তৈত্তিরীয় উপনিষদত থকা অনুশাসনৰ কথাখিনি বিশেষভাৱে দকৈ গমি ভাব লগা কথা।

প্রশ্ন ৬। তীৰ্থনাথ শর্মা কোনখন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল ? 

উত্তৰ : তীৰ্থনাথ শৰ্মা গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল।

প্রশ্ন ৭। অর্থ লিখা

কেলেহুৱা, পাৰত্ৰিক, অপ্ৰমাদী, বৈৰাগ্য

 উত্তৰ: শব্দ                  অর্থ

কেলেহুৱা__চপনীয়া, লোকৰ ঘৰত চাপি পেট পুহি থকা।

পাৰত্ৰিক __পৰলোক সম্বন্ধীয়, পরলৌকিক।

অপ্রমাদী__ভ্রান্তিহীন, যথার্থ

বৈৰাগ্য__ বিষয় বা ইন্দ্ৰিয়ভোগৰ প্ৰতি অনাসক্তি।

প্রশ্ন ৮। তীৰ্থনাথ শৰ্মাৰ একমাত্ৰ কাৰ্যপুথিখনিৰ নাম লিখা। 

উত্তৰ : তীৰ্থনাথ শৰ্মাৰ একমাত্ৰ কাব্যপুথিখনিৰ নাম হ’ল— ‘কামসেন্দুৰ।

প্রশ্ন ৯। অর্থ লিখা :

অভীষ্ট, স্বোপার্জিত, বিধান, আধ্যাত্মিক

 উত্তৰ :

শব্দঅর্থ
অতীষ্ট
স্বোপার্জিত
বিধান
আধ্যাত্মিক
বাঞ্ছিত, আকাংক্ষিত
নিজে উপাৰ্জন কৰা ।
বিধি, নিয়ম
আত্মা বা পৰমাত্মা সম্পর্কীয়।

প্রশ্ন ১০। ভাৰতীয় সংস্কৃতিৰ মূল মূলাধাৰ কি? 

উত্তৰ : ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ হৈছে বেদ।

প্রশ্ন ১১। প্রকৃততে ত্যাগ বা বৈৰাগ্য কি?

উত্তৰ: প্ৰকৃততে ত্যাগ বা বৈৰাগ্য এটা বিশেষ মনোধর্ম। 

প্রশ্ন ১২। সভ্য-জীৱনৰ আৰু উন্নতচৰণৰ অপৰিহাৰ্য অংগ কি?

উত্তৰ : সভ্য-জীৱনৰ আৰু উন্নত আচৰণৰ অপৰিহাৰ্য অংগ হৈছে প্ৰতিদিনৰ কৰণীয় কৰ্ম অধ্যয়ন।

প্রশ্ন ১3। এখন উল্লেখযোগ্য উপনিষদৰ নাম লিখা। 

উত্তৰ: এখন উল্লেল্লখযোগ্য উপনিষদ হ’ল তৈত্তিৰীয় উপনিষদ।

প্রশ্ন ১৪। ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্থান কেনেকুৱা ? 

উত্তৰ : ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্থান মনত। ত্যাগ বা বৈৰাগ্য প্ৰকৃততে মনৰহে এটা অবস্থা।

চমু প্ৰশ্নৰ উত্তৰ (মূল্যাংক-২)

প্রশ্ন ১। প্রকৃততে ত্যাগ বা বৈৰাগ্য কি?

উত্তৰ : প্ৰকৃততে ত্যাগ বা বৈৰাগ্য এটা বিশেষ মনোধর্ম। থাকিও সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰদ্বাৰা সমৃদ্ধিৰ সদ্‌গতি ঘটোৱাই হৈছে প্ৰকৃত ত্যাগ। আকৌ সকলো পায়ো নিৰাসক্ত হৈ থকাই হৈছে প্ৰকৃত বৈৰাগ্য।

প্রশ্ন ২। ভাৰতীয় আদৰ্শত কিহৰ পিছত বানপ্রস্থ আৰু সন্যাসৰ বিধান দিয়া হৈছে? 

উত্তৰ : ভাৰতীয় আদৰ্শত ব্ৰহ্মচর্য আৰু গার্হস্থ্যৰ পিছত বানপ্রস্থ আৰু সন্যাসৰ বিধান দিয়া হৈছে।

প্রশ্ন ৩। ঋকবেদৰ মন্ত্ৰবিলাকত কিহৰ পৰিচয় পোৱা যায় ?

উত্তৰঃ ঋকবেদৰ মন্ত্ৰবিলাকত এটা উজ্জ্বল সমৃদ্ধিময় জীৱনৰ কাৰণে এখন সমাজৰ প্ৰবল ধাউতিৰ পৰিচয় পোৱা যায়। 

প্রশ্ন ৪। ব্যক্তিৰ দায়িত্বৰ পৰিধি কেনে ধৰণৰ ?

উত্তৰ : ব্যক্তিৰ দায়িত্বৰ পৰিধি ক্ৰমাৎ আপোনাৰ পৰা পৰিয়াল, পৰিয়ালৰ পৰা সমাজ । ‘মাতৃ দেৱো ভৱ, ‘আচার্য দেবো ভৱ’ আৰু ‘অতিথি দেৱো ভব’ এই কথাখিনিয়ে ব্যক্তিৰ দায়িত্ব কথা সুচাই দিছে।

প্রশ্ন ৫। নিত্য অধ্যয়নৰ গুৰুত্ব কেনেকুৱা ?

উত্তৰ : নিত্য অধ্যয়ন হৈছে প্ৰতিদিনৰ কৰণীয় কৰ্ম অধ্যয়ন। এই নিত্য অধ্যয়ন সভ্য জীৱনৰ আৰু উন্নত আচৰণৰ অপৰিহাৰ্য অংগ। খাৱন-শোৱনৰ নিচিনা সদায় এৰিব নোৱৰা আৰু এৰিব নলগীয়া কৰণীয় বাবে ইয়াৰ গুৰুত্ব অধিক।

প্রশ্ন ৬। সমাজ আৰু ব্যক্তিৰ মংগলৰ অৰ্থে মানুহে কোন দুটা মহৎ গুণৰ কৰ্ষণ কৰিব লাগে?

উত্তৰ : সমাজ আৰু ব্যক্তিৰ মংগলৰ অৰ্থে মানুহে কৰ্ষণ কৰিবলগীয়া মহৎ গুণ দুটা হ’ল সত্য আৰু ধৰ্ম।

প্রশ্ন ৭ ‘শ্রদ্ধয়া দেয়ম্’ ‘অশ্রদ্ধয়া অদেয়ম’ মানে কি ? 

উত্তৰ : ‘শ্রদ্ধয়া দেয়ম’ মানে শ্ৰদ্ধাৰে দান কৰিবা, ‘অশ্রদ্ধয়া অদেয়ম মানে অশ্রদ্ধাযুক্ত মন লৈ নিদিলে নহয়’ ভাৰত দান কৰা আৰু নকৰা সমান।

প্রশ্ন ৮। ঈশোপনিষদত ‘ভূঞ্জী থাঃ’ মানে কি বুজাইছে?

উত্তৰ : চাৰিবেদৰ অন্যতম যজুর্বেদ দুটা শাখাত বিভক্ত – কৃষ্ণযজ্ঞঃ আৰু শুক্লযজুঃ। শুক্লযজুৰ্বেদৰ একেবাৰে শেষৰ অধ্যায় অর্থাৎ চত্বাবিংশ অধ্যায়কে ঈশোপনিষদ বোলে।

ঈযোপনিষদৰ প্ৰথম মন্ত্ৰটিত থকা বিধিবাক্য হ’ল জীথাঃ” “তেন তাক্তেন ভূঞ্জীদাঃ মা গৃধঃ কলচিকাম্’। অর্থাৎ ত্যাগ কৰিহে ভোগ কৰিবা। নিজে ত্যাগৰ ভাৰত থাকি আনৰখিনিলৈ আকাংক্ষা নকৰাকৈ ভোগ কৰাটোৱেই উপনিষদৰ বিধান। 

প্রশ্ন ৯। অতিথি দেবো ভব’ মানে কি ?

উত্তৰ : অতিথি দেবো ভৱ — মানে অতিথি দেৱতাৰ তুল্য। ইয়াত অতিথিয়ে ব্যক্তিৰ, সমাজৰ প্ৰতি থাকিব লগা দায়িত্বৰ কথা সুচাইছে। উপনিষদৰ মতে সংসাৰত প্ৰৱেশ কৰিব খোজা প্ৰতিজন যুৱকে বুজা উচিত যে তেওঁ নিজৰ কাৰণেই ডাঙৰ হোৱা নাই, নিজৰ কাৰণেই ধন-সম্পদ অৰ্জন কৰাৰ উপদেশ পোৱা নাই। নিজৰ পৰিয়ালৰ, শিক্ষক আৰু অতিথিয়ে প্রতিনিধিত্ব কৰা সমাজখনৰ কাৰণেও ব্যক্তিৰ আৰ্জন অৰ্পিত কৰিব লাগে।

চমু প্ৰশ্নৰ উত্তৰ (মূল্যাংক-৩

প্রশ্ন ১। ভাৰতীয় আদৰ্শত ত্যাগ আৰু বৈৰাগ্যৰ স্থান সম্পৰ্কে চমুকৈ লিখা। 

উত্তৰ : ভাৰতীয় আদৰ্শত ত্যাগ আৰু বৈৰাগ্যৰ স্থান অতি উচ্চ। এই ত্যাগ নোহোৱাজনৰ নালাগে বোলা ত্যাগ আৰু নোপোৱাৰ অসন্তোষত ওপজা বৈৰাগ্য নহয়। প্রকৃত অর্থত ত্যাগ বা বৈৰাগ্য হৈছে এটা বিশেষ মনোধৰ্ম। নিষ্কৰ্মাৰ জিৰণি যেনেদৰে নিৰৰ্থক তেনেদৰে নথকাৰ ত্যাগ আৰু লাগে লাগেকৈ হাবাথুৰি খাই নোপোৱাৰ পিছত বিৰক্তি উপজি হোৱা বৈৰাগ্যও জীৱন যুঁজত, পৰাজয় বৰণৰ দৰে। সকলো থাকিও সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰদ্বাৰা সমৃদ্ধিৰ সদগতি ঘটোৱাহে প্ৰকৃত ত্যাগ। আকৌ পায়ো নিৰাসক্ত হৈ থকাটোরে হৈছে প্ৰকৃত বৈৰাগ্য।

প্রশ্ন ২। এখন সমাজৰ আদৰ্শ কি তাক জানিবলৈ উপায় কি?

উত্তৰ : ‘ভাৰতীয় আদৰ্শত বৈৰাগ্য’ শীর্ষক পাঠটির লেখক তীৰ্থনাথ শৰ্মাৰ মতে এখন সমাজৰ আদৰ্শ কি তাক জানিবলৈ হ’লে সমাজৰ উঠি অহা যুৱক বা অধ্যয়ন সমাপ্ত কৰি জীৱন সংগ্ৰামত প্ৰবৃত্ত হ’ব খোজা ছাত্ৰসকলৰ আগত সেই যুগৰ মনীষী আৰু শিক্ষকসকলে কি উপদেশ দিয়ে আৰু কি আদৰ্শ পালনৰ কাৰণে উদ্‌গনি দিয়ে ইত্যাদি কথাবোৰ অনুধাৱন কৰিব লাগিব।

প্রশ্ন ৩। ধন-সম্পদ বৃদ্ধি সম্পর্কত উপনিষদত্ত কেনে উপদেশ দিয়া হৈছে? 

উত্তৰ: তৈত্তিরীয় উপনিষদত আচার্যই শিষ্যক নিজৰ মংগলৰ কাৰণে সৎপথত থাকি বন-সম্পদ আহৰণ কৰিবলৈ উপদেশ দিছে। ব্যক্তিৰ সুখ আৰু সমাজৰ সমৃদ্ধি নিৰ্ভৰ কৰে ধন- সম্পদ বঢ়োৱাৰ ওপৰত। এই অর্থবৃদ্ধি উঠি অহা যুৱকৰ এটা ব্যক্তিগত আৰু সামাজিক উত্তৰ দায়িত্ব। সেয়ে উপনিষদৰ আচাৰ্যই সেই কথা সতর্কভাৱে সোঁৱৰাই দিছে।

HS দ্বিতীয় বৰ্ষৰ অসমীয়া প্ৰশ্নৰ উত্তৰ

Sl. No.Contents
Unit 1নিৰ্বাচিত গদ্য
Chapter 1মোৰ মাতৃমোখ দৰ্শন
Chapter 2মগনিয়াৰ
Chapter 3আনন্দৰাম বৰুৱা
Chapter 4হস্তিবিদ্যাৰ্ণৱ পুথি
Chapter 5ভাৰতীয় আদৰ্শত বৈৰাগ্য
Chapter 6চিঠি
Chapter 7অসমীয়া চলচ্চিত্রৰ গতিধাৰা
Chapter 8বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো
Unit 2নিৰ্বাচিত পদ্য
Chapter 1বৰগীত (উঠৰে উঠ বাপু)
Chapter 2বিশ্ব খনিকৰ
Chapter 3মিলন
Chapter 4জনতাৰ আহ্বান
Chapter 5কাঠমিস্ত্ৰীৰ ঘৰ
Chapter 6আঘোণৰ কুঁৱলী
Chapter 7উভতি নহাৰ কবিতা
Chapter 8কৰুণতম
Unit 3কৈশোৰ কাল আৰু মূল্যবোধৰ শিক্ষা
Chapter 1মূল্যবোধৰ শিক্ষা
Chapter 2কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা

প্রশ্ন ৪। উপনিষদৰ কৰ্মযোগত কোৱা কথাখিনি চমুকৈ লিখা।

উত্তৰ : নিজে ত্যাগৰ ভাবত থাকি আৰু আনৰখিনিলৈ আকাংক্ষা নকৰাকৈ ভোগ কৰি এশ বছৰ জীয়াই থকা, জীয়াই থাকিবলৈ বাঞ্ছা কৰা। কাৰণ প্ৰত্যেকে শৰীৰধাৰী মানুহ, সেয়ে কাম কৰাৰ বাহিৰে আন উপায় নাই। কেৱল কামত লিপ্ত নোহোৱাকৈ নিৰাসক্ত হৈ কাম কৰিবলৈ শিকা। কামো কৰিবা আৰু সেই কামত লিপিত খায়ে নাথাকিবা। ইয়েই হৈছে উপনিষদৰ কৰ্মযোগ।

প্রশ্ন ৫। ‘ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ’ কথাষাৰ বহলাই লিখা।

উত্তৰ : ভাৰতীয় আদর্শ বুলিলে বহুকেইটা দিশ প্ৰকট হৈ উঠে আৰু এই আদৰ্শৰ বিষয়ে প্রাচীন ভাৰতীয় গ্ৰন্থবোৰত সুন্দৰভাৱে উল্লেখ আছে। ভাৰতীয় আদৰ্শত জীৱনৰ চাৰিটা স্তৰৰ কথা উল্লেখ আছে। এই কেইটা হ’ল — ব্ৰহ্মচর্য, গার্হস্থ্য, বানপ্রস্থ আৰু সন্ন্যাস। প্রাচীন ভাৰতীয় সাহিত্যৰ অমূল্য গ্ৰন্থবোৰ হ’ল— বেদ, উপনিষদ, পুৰাণ আদি। ঋক, যজুঃ, সাম আৰু অথব— এই চাৰিখন বেদ হৈছে ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ। এই বেদসমূহত জীৱন- যাপনৰ প্ৰণালীৰ কথা উল্লেখ আছে। এই বেদসমূহৰ সাৰগ্ৰন্থ ভগৱদগীতাত কৰ্মই ধৰ্ম বোলা কথাষাৰ যথাৰ্থতে ভাৰতীয় সংস্কৃতিক মহীয়ান কৰিছে। সেয়ে কোৱা হয় ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ বেদ ।

দীঘলীয়া প্রশ্নোত্তৰ (মূল্যাংক-৪)

প্রশ্ন ১। চাৰি আশ্ৰম বুলিলে কি বুজা ? এই চাৰি আশ্ৰম কি কি ? 

উত্তৰ : ভাৰতীয় আদৰ্শত জীৱনকালক চাৰিটা স্তৰত ভগোৱা হৈছে। এই চাৰিটা স্তৰকে চাৰি আশ্ৰম বুলি কোৱা হয়। এই চাৰি আশ্ৰম হৈছে – ব্ৰহ্মচর্য, গার্হস্থ্য, বানপ্রস্থ আৰু সন্ন্যাস। চাৰি আশ্ৰমৰ প্ৰথম স্তৰটোৱেই হৈছে ব্ৰহ্মচর্য। এই স্তৰত ব্যক্তিয়ে গুৰুৰ কাষত থাকি বিন্যা-শিক্ষাৰ জৰিয়তে জ্ঞান আহৰণ কৰিব লাগে। ইয়াৰ পিছৰ স্তৰটোৱেই হৈছে গার্হস্থ্য। এই কালছোৱাত ব্যক্তিয়ে বৈবাহিক জীৱনত প্ৰৱেশ কৰি সাংসাৰিক হৈ সংসাৰৰ দায়িত্ব নিয়াৰিকৈ পালন কৰিব লাগে। গার্হস্থ্য ধৰ্ম সামৰি সংসাৰ চিন্তাৰ পৰা বিমুক্ত হৈ জীৱন কটোৱা সময়ছোৱাই হৈছে বানপ্রস্থ আশ্রম। একেবাৰে শেষত বয়স ভাটি দিয়াৰ পৰত সংসাৰ বান্ধোনৰ সকলো মায়া-মোহ এৰি কেৱল ঈশ্বৰ চিন্তাত নিমজ্জিত হৈ জীৱন কটোৱা সময়ছোৱাকে সন্ন্যাস আশ্ৰম বোলা হৈছে। 

প্রশ্ন ২। উপনিষদত কিভাবে দান কৰিব লাগে বুলি বিদ্যাৰ্থীক সোঁৱৰাই দিয়া হৈছে বুজাই লিখা।

উত্তৰ : তীৰ্থনাথ শৰ্মাই ‘ভাৰতীয় আদৰ্শত বৈৰাগ্য’ শীর্ষক স্বৰচিত পাঠটিত উপনিষদত বিদ্যাৰ্থীক সোঁৱৰাই দিয়া দান সম্পর্কীয় নির্দেশ কিছুমানৰ কথা উল্লেখ কৰিছে। উপনিষদত দান কৰা অৰ্থাৎ স্বোপার্জিত ধন সম্পদ সমানে কেনেকৈ বিতৰণ কৰি ভোগ কৰিব, তাৰ উপদেশ দিছে। তাকো কিভাবে দান কৰিব লাগে সেই বিষয়েও তরুণ বিদ্যাৰ্থীক উপনিষদত সোঁৱৰাই দিয়া হৈছে— “শ্রয়া দেয়ম, অশ্ৰয়া অদেয়ম্, প্রিয়া দেয়ম, হিয়া দেয়ম, ভিয়া দেয়ম, সংবিদা দেয়ম্।’ অর্থাৎ শ্রদ্ধাসহকাৰে দান কৰিব লাগে। অশ্রদ্ধাভাব মনত লৈ নিদিলে নহয়’ এনেভাৱে দান কৰা নকৰা সমান। শ্রিয়া অর্থাৎ সামর্থ্য অনুসাৰে দান কৰিব লাগে। মোৰনো কি আছে, গতিকে নিদিওঁ এনে ভাবৰ পৰা বিৰত থাকিব লাগে। অথবা বহুত আছে কিন্তু অলপমান দি নামমাত্ৰ কৰাও নিন্দনীয়। সলজ্জভাৱে (হিয়া) শাস্ত্ৰৰ প্ৰতি বা লোকৰ নিন্দাৰ ভয়ত মিত্ৰভাৱে প্রেমভাবত দান কৰিব লাগে।

প্রশ্ন ৩। ঈশোপনিষদৰ প্ৰথম মন্ত্ৰটিৰ বিধিবাক্যটো কি আৰু তাৰ অৰ্থ কেনেধৰণৰ ?

উত্তৰ : ‘ভাৰতীয় আদৰ্শত বৈৰাগ্য’ শীৰ্ষক পাঠটিত তীৰ্থনাথ শৰ্মাই ঈশোপনিষদৰ প্ৰথম মন্ত্ৰটিৰ বিধিবাক্যটো উল্লেখ কৰিছে এনেদৰে : ‘ভুঞ্জীথাঃ’, নিষেধ বাক্য হ’ল— ‘মা গৃধঃ’’ (তেন তারুন— ভুঞ্জীথা : মা গৃধঃ কস্যচিহ্ননম্)। ‘দুখীথাঃ’ অর্থাৎ ভোগ কৰা, কিন্তু সাবধান, ত্যক্তন— অর্থাৎ ত্যাগ কৰিহে ভোগ কৰা। ‘মা গৃধঃ’— নিজে ত্যাগৰ ভাবত থাকি আৰু আনৰখিনিলৈ আকাংক্ষা নকৰাকৈ ভোগ কৰা। এয়াই হৈছে উপনিষদৰ বিধান। ভোগ এৰি দি বনবাসী আৰু লাওলোৱা হৈ থকাৰ কাৰণে উপদেশ দিয়া নাই

প্রশ্ন ৪। বৈৰাগ্য মানে কি? ভাৰতীয় আদর্শই কেনেধৰণৰ বৈৰাগ্যৰ কথা কৈছে? 

উত্তৰ : সংযতভাৱে জীৱন-যাপন কৰি প্ৰাপ্তিতো নিৰাসক্ত হৈ থাকিব পৰাটোৱেই হৈছে বৈৰাগ্য।

‘ভাৰতীয় আদৰ্শত বৈৰাগ্য’ শীৰ্ষক পাঠটিত তীৰ্থনাথ শৰ্মাই কৈছে যে ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্থান অতি উচ্চ আৰু ই এক বিশেষ মনোধৰ্ম। নিষ্কৰ্মাৰ জিৰণি লোৱা কথাটো যেনেকৈ অর্থহীন ঠিক তেনেদৰে নথকাজনৰ ত্যাগ আৰু লাগে লাগে বুলি কৈ হাবাথুৰি খাই নোপোৱাৰ পিছত বিৰক্তি প্ৰকাশ কৰা বৈৰাগ্যও জীৱন-যুঁজত, পৰাজয় বৰণৰ তুল্য। সকলো থাকিও আৰু পায়ো নিৰাসক্ত হৈ থাকিব পৰাটোহে প্রকৃত বৈৰাগ্য।

প্রশ্ন ৫। ভগৱদগীতাৰ কৰ্মযোগৰ বীজতত্ত্ব কি চমুকৈ বুজাই লিখা।

উত্তৰ : ‘ভাৰতীয় আদৰ্শত বৈৰাগ্য’ শীর্ষক পাঠটিত তীৰ্থনাথ শৰ্মাই কৈছে যে আমাৰ মূল শাস্ত্ৰবোৰে সমাজৰ আগত দৰিদ্ৰ আৰু অভাৱে আৱৰি থকা জীৱন এটাৰ দৈন্যচিত্ৰ এখন দাঙি ধৰা নাই। সেইদৰে নিষ্কৰ্মাৰ কেলেংৱা জীৱনধাৰাৰ প্ৰশংসাও কাহানিও কৰা নাই। এটা উজ্জ্বল সমৃদ্ধিময় জীৱনৰ কাৰণে এখন সমাজৰ প্ৰবল ধাউতি ঋকবেদৰ মন্ত্ৰবিলাকত আৰু অবিসকলৰ প্ৰাৰ্থনাত যেনেদৰে পোৱা যায় তেনেদৰে উপনিষদৰ আধ্যাত্মিক শিখৰতো সেই এক ধৰণৰ জীৱনাদৰ্শৰ নিৰ্দেশ দেখা পোৱা যায়। এই আদর্শও কৰ্ম কৰাৰ আদৰ্শই। উপনিষদত কোৱা হৈছে যে নিজে ত্যাগৰ ভাবত থাকি আৰু আনৰখিনিলৈ আকাংক্ষা নকৰাকৈ ভোগ কৰি এশ বছৰ জীয়াই থাকি, জীয়াই থাকিবলৈ বাঞ্ছা কৰিব লাগে। কাৰণ প্ৰত্যেক শৰীৰধাৰী মানুহ, গতিতে কাম কৰাৰ বাহিৰে আন উপায় নাই। কেবল কামত লিপ্ত নোহোৱাকৈ নিৰাসত হৈ কাম কৰিবলৈ শিকিব লাগে। অর্থাৎ কামো কৰিব লাগে আৰু সেই কামত লিপিত খায়ো থাকিব নালাগে। এয়াই হৈছে ভগৱদগীতাৰ কৰ্মযোগৰ বীজতত্ব।

দীঘলীয়া প্ৰশ্নোত্তৰ (মূল্যাংক-৫)

প্রশ্ন ১। উপনিষদৰ যুগত শিক্ষা সাং কৰি গার্হস্থ্য জীৱনত প্ৰবেশ কৰিবলৈ উলটির খোজা বিদ্যার্থীক গুৰুৱে কি উপদেশ দিছিল ? 

উত্তৰ উপনিষদৰ যুগত শিক্ষা সাং কৰি গার্হস্থ্য জীৱনত প্ৰৱেশ কৰিবলৈ উলটির খোজা বিদ্যার্থীক গুৰুৱে সত্য আৰু ধৰ্মৰ পথত থাকি সকলোবোৰ কাম কৰিবলৈ উপদেশ দিচ্ছে। গুৰুৱে বিদ্যার্থীক উপদেশ দি কৈছে— ‘সত্য ক’বা, ধৰ্ম আচৰণ কৰিবা। দৈনন্দিন অধ্যয়ন পৰা বিচ্যুত নহ’বা। আচাৰ্যক অভীষ্ট দক্ষিণা দি গৃহাস্থাশ্রমত প্ৰৱেশ কৰি বংশধাৰা অক্ষু ৰাখিবা। সত্যৰ পৰা বিচ্যুত নহ’বা, ধৰ্মৰ অৰ্থাৎ কল্যাণকৰ পথৰ পৰা বিচ্যুত নহ’বা। নিজৰ মংগলৰ কাৰণে কৰণীয় কামৰ পৰা আঁতৰি নাথাকিবা। ধন-সম্পত্তি সংগ্ৰহ ৰূপ মংগলজনক কাৰ্য কৰিবা কিন্তু ধর্মপথৰ পৰা বিচ্যুত নোহোৱাকৈ থাকিবা সেৱকাৰ্য আৰু পিতৃকার্য বিষয়ত কেতিয়াও প্রমাদগ্ৰস্ত নহ’বা। মাতৃক দেৱতাৰ দৰে মানিবা, পিতৃক দেৱতাৰ দৰে মানিবা, আচাৰ্যক দেৱতাৰ দৰে মান্য কৰিবা। যিবোৰ অনিন্দনীয় কাম সেইবোৰ কৰিবা। ডাঙৰৰ যিবোৰ ভাল সেইবোৰ আচৰণ কৰিবা ডাঙৰৰ যিবোৰ বেয়া সেইবোৰ পৰিহাৰ কৰিবা ।

প্রশ্ন ২। তৈত্তিৰীয় উপনিষদত গুৰুৱে দিয়া উপদেশখিনিৰ সাৰমৰ্ম বিচাৰ কৰা ।

উত্তৰ : ‘ভাৰতীয় আদৰ্শত বৈৰাগ্য’ শীর্ষক পাঠটিত লেখক তীৰ্থনাথ শৰ্মাই কৈছে যে তৈত্তিৰীয় উপনিষদৰ কথাখিনি বিশেষভাবে গমি চাবলগীয়া। এইখন উপনিষদৰ প্ৰথমটো উপদেশ হৈছে সত্য আৰু ধৰ্ম। সমাজ আৰু ব্যক্তিৰ দুয়োটাৰে জীৱন কল্যাণৰ আৰু সুখদায়ক হ’বলৈ আৰু পাৰত্ৰিক শ্ৰেয় লাভ কৰিবলৈ সমাজৰ প্ৰত্যেক ব্যক্তিয়ে দুটা মহৎ গুণৰ কৰ্ষণ কৰিব লাগে। এই দুটা গুণৰ কৰ্ষণ নকৰিলে ব্যক্তি জীৱনৰ লগতে সমাজ জীবন দুখঃদায়ক, পীড়াজনক আৰু বিশৃংখল হয়। এই কর্ষণীয় গুণ দুটা হ’ল সত্য আৰু ধৰ্ম। গুৰুৱে এই দুটা গুণৰ কথা কৈ প্ৰতিদিনৰ কৰণীয় কৰ্ম অধ্যয়নৰ কথা সোঁৱৰাই দিছে। সভ্য জীৱনৰ আৰু উন্নত আচৰণৰ বাবে এই নিত্য অধ্যয়ন এক অপরিহার্য অংগ। খাৱন-শোৱনৰ দৰে সদায় এৰিব নোৱৰা আৰু এৰিব নলগীয়া কৰণীয়। এইদৰে প্রধান কথাকেইটা কোৱাৰ পিছতহে আচার্যই শিষ্যক নিজৰ মংগলৰ কাৰণে সদায় সৎ পথত থাকিহে ধন-সম্পদ আহৰণ কৰিবলৈ উপদেশ দিছে। সৎ পথেৰে ধন-সম্পদ বঢ়োৱাৰ ওপৰতে ব্যক্তিৰ সুখ আৰু সমাজৰ সমৃদ্ধি নিৰ্ভৰ কৰে। এই অর্থবৃদ্ধি উঠি অহা যুৱকৰ এটা ব্যক্তিগত আৰু সামাজিক উত্তৰ দায়িত্ব। সেয়ে উপনিষদৰ আচাৰ্যই সতর্কভাৱে সেই কথাবোৰ সোঁৱৰাই দিছে।

প্রশ্ন ৩। “ভাৰতীয় সংস্কৃতিৰ মূলধাৰা বেদ’ – কথাখিনি বহলাই লিখা।

উত্তৰ: ভাৰতীয় সংস্কৃতি মূলতঃ বৈদিক সংস্কৃতি। পৃথিৱীৰ বিভিন্ন দেশৰ বিভিন্ন জাতিৰ সুকীয়া জীৱন প্ৰণালী তথা এক নির্দিষ্ট আদৰ্শৰ মাজেৰে স্বকীয় সমাজ-সংস্কৃতি গঢ় লৈ উঠিছে। ভাৰতীয় সমাজ-সংস্কৃতিৰো এক স্বকীয় আদর্শ আছে। এই আদর্শ মূলতঃ বেদ কেন্দ্রিক।

‘বেদ’ শব্দৰ অৰ্থ হৈছে জ্ঞান। জ্ঞানৰ জৰিয়তে মানুহৰ মানসিক উৎকর্ষ সাধন হয়, কর্ম সংস্কৃতিৰ ফালে লৈ যায়। ঋকবেদ, যজুঃর্বেদ, সামবেদ আৰু অথৰ্ববেদ — এই চাৰি প্ৰকাৰৰ বেদ হৈছে ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ। এই বেদসমূহত উচ্চ গুৰীয় জীবন-যাপনৰ সুস্পষ্ট নিৰ্দেশনাৰ উল্লেখ আছে। ঋকবেদৰ মন্ত্ৰবিলাকত আৰু ঋষিসকলৰ প্ৰাৰ্থনাত এটা উজ্জ্বল সমৃদ্ধিময় জীৱনৰ কাৰণে এখন সমাজৰ প্ৰৱল ধাউতিৰ পৰিচয় পোৱা যায়। ঠিক তেনেদৰে উপনিষদৰ আধ্যাত্মিক শিখৰতো কৰ্ম কৰাৰ কৌশল বা মনোধৰ্মৰ কৰ্ষণ কৰাৰ উপদেশ পোৱা যায়। ত্যাগ, বৈরাগ্য, সত্য, ধর্ম আদি কর্ম কৌশল বা মনোধর্মসমূহৰ কৰ্ষণে জীবনাদর্শনত ব্ৰতী হ’বলৈ শিক্ষা প্ৰদান কৰে। ভাৰতীয় দৰ্শন, সমাজ, ধর্ম আদি সকলোবোৰ বেদৰ মাজত প্রতিফলিত হোৱা দেখা যায়। সকলো কৰ্মৰ মীমাংসা আৰু সকলো জ্ঞানৰ পৰিণতি এই বেদসমূহত পোৱা যায়। বিভিন্ন ভাৰতীয় দৰ্শনত প্ৰতিফলিত হোৱা হিন্দু চিন্তাধাৰাৰ চৰম পৰিণতিৰ মূল হৈছে বেদ। সেয়ে লেখকে কৈছে যে ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ হৈছে বেদ।

প্রশ্ন ৪। বৈৰাগ্য মানে কি? ভাৰতীয় আদর্শই কেনেধৰণৰ বৈৰাগ্যৰ কথা কৈছে? 

উত্তৰ : সংযতভাৱে জীৱন-যাপন কৰি প্ৰাপ্তিতো নিৰাসক্ত হৈ থকাকেই বৈৰাগ্য বুলি কোৱা হয়।

‘ভাৰতীয় আদৰ্শত বৈৰাগ্য’ শীৰ্ষক পাঠটিৰ লেখক তীৰ্থনাথ শৰ্মাই কৈছে যে ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্থান অতি উচ্চ। বিভিন্ন দেশৰ বিভিন্ন জাতিৰ সভ্যতা-সংস্কৃতিৰ এক নির্দিষ্ট আদর্শ আছে। ভাৰতীয় সভ্যতা আৰু সংস্কৃতিতো এক স্বকীয় আদর্শ নিহিত হৈ আছে। ভাৰতীয় আদৰ্শত বৈৰাগ্যই প্রধান স্থান লাভ কৰিছে। প্ৰকৃততে বৈৰাগ্য হৈছে এক বিশেষ মনোধৰ্ম। নিষ্কৰ্মাৰ জিৰণি বোলা কথাটো যেনেকৈ অৰ্থহীন, নথকাৰ ত্যাগ আৰু লাগে লাগেকৈ হাবাথুৰি খাই নোপোৱাৰ অসন্তোষত ওপজা বৈৰাগ্যও জীৱন-যুঁজত, পৰাজয় বৰণৰ তুল্য। সকলো পোৱাৰ পিছতো নিৰাসক্ত হৈ থকা অৱস্থাটোৱেই হৈছে বৈৰাগ্য আৰু নিৰাসক্ত হৈ সংযতভাৱে জীৱন-যাপন কৰাজনকেই বোলা হয় প্ৰকৃত বৈৰাগী। ভাৰতীয় আদৰ্শত এনেধৰণৰ বৈৰাগ্যৰ কথাকে কোৱা হৈছে।

প্রশ্ন ৫।প্রসংগ-সংগতি দশাই ব্যাখ্যা কৰা। 

(ক) প্রকৃততে ত্যাগ বা বৈৰাগ্য এটা বিশেষ মনোধর্ম।

উত্তৰ : উদ্ধৃত কথাফাকি তীৰ্থনাথ শৰ্মাৰ ‘ভাৰতীয় আদৰ্শত বৈৰাগ্য’ শীৰ্ষক পাঠটিৰ অন্তর্গত।

ভাৰতীয় আদৰ্শত ত্যাগ বা বৈৰাগ্যৰ স্বৰূপ সম্পর্কে আলোচনা কৰাৰ প্ৰসংগত উক্ত কথাফাকিৰ অৱতাৰণা কৰা হৈছে।

ভাৰতীয় আদৰ্শত ত্যাগ আৰু বৈৰাগ্যৰ স্থান অতি উচ্চ। নোহোৱাৰ নালাগে বোলা ত্যাগ আৰু নোপোৱাৰ অসন্তোষত ওপজা বৈৰাগ্য অর্থহীন। প্ৰকৃততে এই ত্যাগ বা বৈৰাগ্য হৈছে এটা বিশেষ মনোধৰ্ম। নিষ্কৰ্মাৰ জিৰণি যেনেকৈ অর্থহীন, ঠিক তেনেকৈ নথকাৰ ত্যাগ আৰু লাগে লাগেকৈ হাবাথুৰি খাই নোপোৱাৰ পিছত ওপজা বিৰক্তি ৰূপ বৈৰাগ্যও জীৱন-যুঁজত পৰাজয় বৰণৰ তুল্য। থাকিও সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰদ্বাৰা সমৃদ্ধিৰ সদ্‌গতি ঘটোৱাই হৈছে প্ৰকৃত ত্যাগ। আকৌ সকলো পায়ো নিৰাসক্ত হৈ থাকিব পৰাটোৱে হৈছে প্রকৃত বৈৰাগ্য। গতিকে ত্যাগ বা বৈৰাগ্য সম্পূৰ্ণকৈ মনৰ ওপৰত নিৰ্ভৰশীল।

(খ) ব্যক্তিৰ দায়িত্বৰ পৰিধি ক্ৰমাৎ আপোনাৰ পৰা পৰিয়াল, পৰিয়ালৰ পৰা সমাজ। 

উত্তৰ : উদ্ধৃত কথাফাকি তীৰ্থনাথ শৰ্মাৰ ‘ভাৰতীয় আদৰ্শত বৈৰাগ্য’ শীৰ্ষক পাঠটিৰ অন্তর্গত। 

উপনিষদৰ প্ৰৱৰ্তিত জীৱনদর্শন সম্বন্ধীয় আভাস দিয়াৰ প্ৰসংগত লেখকে উক্ত কথাফাকিৰ অৱতাৰণা কৰিছে।

উপনিষদত কোৱা হৈছে যে ‘মাতৃ দেৱো ভৱ’, ‘আচার্য দেৱো ভৱ’ আৰু ‘অতিথি দেৱো ভৱ’— এই তিনিওটা কথাই ব্যক্তিৰ দায়িত্বৰ পৰিধিৰ কথা সোঁৱৰাই দিছে। অর্থাৎ ব্যক্তিৰ দায়িত্বৰ পৰিধি আপোনাতেই সীমাৱদ্ধ নহৈ ক্ৰমাৎ আপোনাৰ পৰা পৰিয়াল, পৰিয়ালৰ পৰা সমাজলৈ বিস্তৃত হৈ থাকে। পিতৃ-মাতৃয়ে পৰিয়ালৰ দায়িত্ব, আচাৰ্য আৰু অতিথিয়ে সমাজৰ দায়িত্বৰ কথা সোঁৱৰাই দিছে। শিক্ষা সাং কৰি গার্হস্থ্য জীৱনত প্ৰৱেশ কৰিব খোজা যুৱকে বুজা উচিত যে তেওঁ কেৱল নিজৰ কাৰণে ডাঙৰ হোৱা নাই বা নিজৰ কাৰণেই ধন-সম্পদ অৰ্জন কৰাৰ উপদেশ পোৱা নাই। নিজৰ লগতে পৰিয়ালবৰ্গৰ কাৰণেও হয়, কিন্তু আচাৰ্য আৰু অতিথিয়ে প্ৰতিনিধিত্ব কৰা সমাজখনৰ কাৰণেও তেওঁৰ কিছু আৰ্জন অৰ্পিত কৰিব লাগে। দেখা যায় যে এইখিনি উপদেশ বাণীয়ে বিদ্যাৰ্থীৰ সন্মুখত কৰ্মমা৷ জীৱনৰ চিত্ৰ এটা দাঙি ধৰিছে। ইয়াৰ পৰাই উপনিষদৰ প্ৰৱৰ্তিত জীৱনদর্শন সম্বন্ধীয় আভাস এটাও দেখিবলৈ পোৱা যায়।

প্রশ্ন ৬। গুৰুৱে শিক্ষার্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি কি উপদেশ দিছিল? অথবা, উপনিষদৰ যুগত শিক্ষা সাং কৰি গার্হস্থ্য জীৱনত প্ৰৱেশ কৰিবলৈ উলটিবলৈ খোজা বিদ্যাৰ্থীক গুৰুৱে কি উপদেশ দিছিল — নিজৰ ভাষাৰে লিখাঁ।

উত্তৰ : ‘ভাৰতীয় আদৰ্শত বৈৰাগ্য’ পাঠটিত তীৰ্থনাথ শৰ্মাদেৱে বৈৰাগ্যৰ স্বৰূপ ব্যাখ্যা কৰিবলৈ গৈ উপনিষদৰ যুগত শিক্ষা সাং কৰি গার্হস্থ্য জীৱনত প্ৰৱেশ কৰিব খোজা বিদ্যার্থীক গুৰুৱে কেনেধৰণৰ উপদেশ দিয়ে সেই কথা উল্লেখ কৰিছে।

বিদ্যার্থীক গুৰুৱে উপদেশ দি কয় যে সদায় সত্য আৰু ধৰ্ম আচৰণ কৰিব লাগে। দৈনন্দিন অধ্যয়নৰ পৰা বিচ্যুত হ’ব নালাগে। আচাৰ্যক দক্ষিণা দি গার্হস্থ্য জীৱনত প্ৰৱেশ কৰিব লাগে। “সত্য আৰু ধৰ্মৰ পৰা কেতিয়াও বিচ্যুত হ’ব নালাগে। ধর্ম পথ অনুসৰণ কৰি ধন-সম্পত্তি সংগ্ৰহৰ দৰে মংগলজনক কাম কৰিব লাগে। অধ্যয়ন আৰু অধ্যাপনা এই দুয়োটাই অপ্রমাদী হৈ চলাই থাকিব লাগে। মাতৃ, পিতৃ আৰু আচাৰ্যক দেৱতাৰ দৰে মান্য কৰিব লাগে। সদায় ডাঙৰৰ ভালবোৰ আচৰণ কৰি বেয়াবোৰ পৰিহাৰ কৰিব লাগে।

ভাৰতীয় আদৰ্শত গুৰুত্ব আৰোপ কৰা হৈছে সত্য আৰু ধৰ্মত। সমাজ আৰু ব্যক্তি এই দুয়োৰে কল্যাণৰ বাবে প্ৰত্যেকেই ধৰ্ম আৰু সত্য কৰ্ষণ কৰিব লাগে। বিদ্যালাভৰ চৰম প্ৰাপ্য আৰু অৰ্জনীয় বিষয়ো এই দুটাই।

সন্যাস বা বৈৰাগ্যক স্বীকাৰ কৰি ল’লেও ভাৰতীয় আদৰ্শত গার্হস্থ্য জীৱনৰ শ্ৰেষ্ঠত্বহে শাস্ত্ৰবোৰত ঘোষিত হৈছে। গার্হস্থ্য জীৱন সুখ আৰু সমৃদ্ধিৰ হ’বলৈ হ’লে আর্থিক দিশ টনকিয়াল হোৱাৰ প্ৰয়োজন। কিন্তু ধন উপার্জন ধর্ম পথত থাকিহে কৰিব লাগে। ধন-সম্পদ বৃদ্ধিৰ ওপৰতে ব্যক্তি আৰু সমাজৰ সমৃদ্ধি নিৰ্ভৰ কৰে।

প্ৰতিজন ব্যক্তিৰ কৰণীয় কৰ্তব্য হ’ল অধ্যয়ন। এই নিত্য অধ্যয়ন সভ্য জীৱনৰ আৰু উন্নত আচৰণৰ বাবে অপৰিহার্য। ই আহাৰ-নিদ্ৰাৰ দৰে এৰিব নলগীয়া এটা কৰ্তব্য। স্বোপার্জিত ধন সমভাৱে বিতৰণ কৰিহে ভোগ কৰিব লাগে। সদায় শ্ৰদ্ধাৰে দান কৰিব লাগে আৰু সামর্থ্য অনুযায়ী দান কৰিব লাগে। সদায় বিনম্ৰ আৰু মিত্ৰতাৰ ভাবত দান দিব লাগে।

উপনিষদত বিদ্যাৰ্থীক গুৰুৱে সোঁৱৰাই দিয়ে যে নিজৰ কাৰণেই ধন-সম্পদ আহৰণ কৰিব নালাগে। ব্যক্তিৰ দায়িত্ব পৰিয়াল আৰু পৰিয়ালৰ বাধা সমাজলৈ বিস্তৃত। গতিকে পৰিয়াল আৰু সমাজৰ প্ৰতিও ব্যক্তি দায়বদ্ধ।

উপনিষদ প্রবর্তিত জীবন-দর্শন সম্পর্কীয় কথা এইখিনিয়েই। 

প্রশ্ন ৭। ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ। — লেখকৰ এই মন্তব্যৰ তাৎপৰ্য বুজাই লিখা। 

উত্তৰ : বিশাল ভাৰতীয় সংস্কৃতি মূলতঃ বৈদিক সংস্কৃতি। বেদসমূহেই হ’ল ভাৰতীয় সংস্কৃতিৰ মূল আধাৰস্বৰূপ গ্রন্থ। ভাৰতীয় ধর্ম, দর্শন, সমাজ— এই সকলোবোৰ উৎপত্তি হৈছে বেদৰ পৰাই। ভাৰতীয় ধৰ্ম আৰু চিন্তাধাৰাৰ যি চৰম পৰিণতি আমি দৰ্শনত দেখা পাওঁ তাৰ মূল হৈছে বেদ। বেদৰ কৰ্মকাণ্ডক অৱলম্বন কৰি মীমাংসা দৰ্শন আৰু জ্ঞানকাণ্ডক অৱলম্বন কৰি বেদান্ত দর্শন উজ্জীৱিত হৈছে। হিন্দু সমাজৰ চতুৰাশ্ৰম বিভাগ বেদক কেন্দ্ৰ কৰিয়েই গঢ়ি লৈ উঠিছে। বিবিধ ভাৰতীয় দৰ্শনত হিন্দু মনীষা আৰু চিন্তাধাৰাৰ যি চৰম পৰিণতি লক্ষ্য কৰা যায় তাৰ মূল হৈছে বেদ। সেয়ে সামগ্রিকভাৱে বেদেই ভাৰতীয় সংস্কৃতিৰ মূল স্বৰূপ নির্ণয় কৰি দিছে। এনেদৰে প্ৰাচীন ভাৰতৰ ধৰ্ম, দর্শন, সমাজ আদি সকলোবোৰ বেদৰ মাজতেই প্রতিফলিত হোৱা আমি দেখা পাওঁ। এই পৰিপ্রেক্ষিতে লেখকে মন্তব্য দিবলৈ প্ৰয়াস কৰিছে যে বেদসমূহেই ভাৰতীয় মূল আধাৰ স্বৰূপ।

প্রশ্ন ৮। ‘ভাৰতীয় আদৰ্শত বৈৰাগ্য’ প্ৰবন্ধটো কোনে লিখা? উপনিষদৰ যুগত শিক্ষা সাং কৰাৰ পিছত বিদ্যাৰ্থীক গুৰুত্ব কি উপদেশ দিছিল লিখা]

উত্তৰ : ‘ভাৰতীয় আদৰ্শত বৈৰাগ্য’ প্ৰবন্ধটো সু-সাহিত্যিক তীৰ্থনাথ শৰ্মাই লিখা ।

উপনিষদৰ যুগত শিক্ষা সাং কৰাৰ পিছত বিদ্যাৰ্থীক গুৰুৱে উপদেশ দিছিল— ‘সত্য ক’বা, ধৰ্ম আচৰণ কৰিবা। দৈনন্দিন অধ্যয়নৰ পৰা বিচ্যুত নহ’বা।’ আচাৰ্যক অভীষ্ট দক্ষিণা দি গৃহাশ্রমত্ত প্ৰৱেশ কৰি বংশধাৰা অক্ষুণ্ণ ৰাখিবা। সত্যৰ পৰা বিচ্যুৎ নহ’বা। নিজৰ মংগলৰ কাৰণে কৰণীয় কামৰ পৰা আঁতৰি নাথাকিবা ধন-সম্পত্তি সংগ্ৰহ ৰূপ মংগলজনক কার্য কৰিবা, কিন্তু ধৰ্ম পথৰ পৰা বিচ্যুত নোহোৱাকৈ কৰিবা। অধ্যয়ন আৰু অধ্যাপনা দুয়োটা অপ্রমাদী হৈ চলাই থাকিবা। দেৱকাৰ্য আৰু পিতৃকার্য বিষয়ত কেতিয়াও প্রমাদগ্রস্ত নহ’বা।

মাতৃক দেৱতাৰ দৰে মানিবা, পিতৃক দেৱতাৰ দৰে মানিবা, আচাৰ্যক দেৱতাৰ দৰে মান্য কৰিবা। যিবোৰ অলিন্দনীয় কাম সেইবোৰ কৰিবা ডাঙৰৰ যিবোৰ ভাল সেইবোৰৰ আচৰণ কৰিবা। ডাঙৰৰ যিবোৰ বেয়া সেইবোৰ পৰিহাৰ কৰিবা।

দান কৰা অৰ্থাৎ স্বোপার্জিত ধন-সম্পদ কেনেকৈ সমানে বিতৰণ কৰি ভোগ কৰিব লাগে, কিভাবে দান কৰিব লাগে সেই সম্পর্কেও গুৰুৱে বিদ্যার্থীক এনেদৰে কৈছে, “শ্ৰদ্ধাৰে দান কৰিবা, অশ্রদ্ধাযুক্ত মন লৈ নিদিলে নহয় এনেভাৱে দান কৰা নকৰা সমান। সামৰ্থ্য অনুসাৰে দান দিবা, — মোৰনো কি আছে? এতেকে নিদিওঁ এই ভাবি হাত সাৰিবলৈ চেষ্টা নকৰিবা। বহুত আছে, কিন্তু অলপমান দি নামমাত্র করা ও নিন্দনীয়। নম্ৰ আৰু উদাৰ মনেৰে দান কৰিব লাগে ।

Leave a Reply