Class-12 Assamese Solutions |Chapter-4| হস্তিবিদ্যাৰ্ণৱ পুথি

Class-12 Assamese Solutions |Chapter-4| হস্তিবিদ্যাৰ্ণৱ পুথি। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class-12 Assamese Solutions |Chapter-4| হস্তিবিদ্যাৰ্ণৱ পুথি AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS 2nd years Solutions

Class-12 Assamese Solutions |Chapter-4| হস্তিবিদ্যাৰ্ণৱ পুথি

Class-12 Assamese Solutions |Chapter-4| হস্তিবিদ্যাৰ্ণৱ পুথি অসমীয়া। উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অসমীয়া বিষয়ৰ শেহতীয়া পাঠ্যক্ৰমৰ (AHSEC) ওপৰত ভিত্তি কৰি পাঠ ভিত্তিক প্রশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আমাৰ ৱেবচাইটত উপলব্ধ।

গোট ১

লেখক পৰিচিতি

ড° সূর্যকুমাৰ ভূঞা : জন্ম : ১৮৯২, মৃত্যু : ১৯৬৪ অসমৰ শিক্ষা জগতৰ অন্যতম পুরোধা ব্যক্তি, প্রখ্যাত ইতিহাসবিদ ড° সূর্যকুমাৰ ভূঞাৰ জন্ম হয় ইং ১৮৯২ চনত নগাঁও চহৰত। ১৯০৯ চনত তেওঁ শ্বিলং চৰকাৰী হাইস্কুলৰ পৰা অসম উপত্যকাৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰি স্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ভিক্টোৰিয়া মেম’ৰিয়েল স্বর্ণপদক লাভ কৰে। তেওঁ ১৯১১ চনত কটন মহাবিদ্যালয়ৰ পৰা আই. এ. আৰু ১৯১৩ চনত কলিকতাৰ প্ৰেছিডেন্সি কলেজৰ পৰা ইংৰাজী বিষয়ত সম্মান (Honours) সহকাৰে বি. এ. পাছ কৰে। ১৯১৬ চনত কলকাতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত এম. এ. পাছ কৰি সেই বছৰতে যোৰহাটৰ বেজবৰুৱা স্কুলত শিক্ষকতাৰে চাকৰি জীৱনৰ পাতনি মেলে। তাৰ দুবছৰ পিছতে কটন মহাবিদ্যালয়ৰ অধ্যক্ষৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। সূৰ্যকুমাৰ ভূঞা আছিল কটন মহাবিদ্যালয়ৰ প্ৰথম গৰাকী অসমীয়া অধ্যাপক আৰু অধ্যক্ষ। ১৯৩৬ চনতে তেওঁ গৱেষণাৰ উদ্দেশ্যে ইংলণ্ডলৈ যায় আৰু লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। তেওঁ সেই বিশ্ববিদ্যালয়ৰ পৰাই ১৯৫২ চনত সন্মানীয় ডি. লিট উপাধি লাভ কৰে।

সূর্যকুমাৰ ভূঞা ১৯৫২ চনত গোৱালপাৰাত অনুষ্ঠিত ইণ্ডিয়ান হিষ্ট্ৰি কংগ্ৰেছৰ আধুনিক ইতিহাসৰ সভাপতি মনোনীত হয়। সেই চনতে তেওঁ ৰাজ্যসভাৰ সদস্য পদ আৰু ১৯৫৬ চনত ‘পদ্মশ্ৰী’ সন্মান লাভ কৰে। ১৯৫৭ চনৰ পৰা ১৯৬০ চনলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য হিচাপে কাৰ্যনিৰ্বাহ কৰে। তেওঁ ১৯৫৩ চনত শ্বিলঙত অনুষ্ঠিত অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰে।

অসমীয়া ভাষা সাহিত্যলৈও তেওঁৰ অমূল্য অৱদান আছে। তেওঁ একাধাৰে কবি, গল্পকার, প্ৰবন্ধকাৰ আৰু ইতিহাসবিদ হিচাপে খ্যাতি লাভ কৰে। তেওঁৰ ৰচিত গ্ৰন্থসমূহ হ’ল—- একমাত্র কবিতাৰ পুথি ‘নির্মালি’: চুটিগল্পৰ পুথি ‘পঞ্চমী’; প্রবন্ধ সংকলন ‘ত্রিপদী’ আৰু ‘সূৰ্যকুমাৰ ভূঞাৰ বিবিধ প্রবন্ধ’; জীৱনী গ্রন্থ ‘গোপাল কৃষ্ণ গোখলে’, ‘আনন্দৰাম বৰুৱা’, ‘অসম জীয়ৰী’, ‘জোনাকী’, আৰু ‘চানেকী’; ঐতিহাসিক তথ্যপুথি ‘কোঁৱৰ বিদ্ৰোহ’, ‘বুৰঞ্জীৰ বাণী’, ‘ ৰমণী গাভৰু’, ‘মীৰজুমলাৰ অসম আক্ৰমণ’, ‘লাচিত বৰফুকন’। ইংৰাজীত ৰচিত উল্লেখযোগ্য গ্রন্থসমূহ হ’ল – ‘An Assamese Nur Jahan’, ‘Early British Relations with Assam, Lachit Barphukan and His Times’, ‘Atan Buragohain and His Times’, ‘Men I have met’, London Memories.’ আৰু গৱেষণা গ্রন্থ— Anglo Assamese Ralations, 1771- 1826. ইয়াৰ বাহিৰেও তেওঁ কেবাখনো বুৰঞ্জী পুথি সম্পাদনা কৰি প্ৰকাশ কৰিছিল। ১৯৬৪ চনত এইজনা পণ্ডিতৰ পৰলোকপ্ৰাপ্তি হয়।

পাঠ্যক্ৰমত অন্তর্ভুক্ত ‘হস্তিবিদ্যাৰ্ণৱ পুথি’ শীর্ষক পাঠটি যোগেন্দ্র নারায়ণ ভূঞা সম্পাদিত ‘সূর্য কুমাৰ ভূঞাৰ বিবিধ প্রবন্ধ’ নামৰ গ্ৰন্থৰ পৰা লোৱা হৈছে।

অতি চমু প্রশ্নোত্তৰ (মূল্যাংক-১)

প্রশ্ন ১। ‘হস্তিবিদ্যাৰ্ণৰ পুথি’ শীৰ্ষক পাঠটি ক’ৰপৰা সংগ্ৰহ কৰা হৈছে ?

উত্তৰ : ‘হস্তিবিদ্যাৰ্ণৱ পুথি’ শীৰ্ষক পাঠটি যোগেন্দ্ৰনাৰায়ণ ভূঞা সম্পাদিত সূর্যকুমাৰ ভূঞাৰ বিবিধ প্রবন্ধ’ নামৰ গ্ৰন্থৰ পৰা সংগ্ৰহ কৰা হৈছে।

প্রশ্ন ২। ‘হস্তিবিদ্যাৰ্ণৰ পুথি’ শীর্ষক প্রবন্ধটি প্রথমতে ক’ত প্ৰকাশ পাইছিল ?

উত্তৰ : ‘হস্তিবিদ্যাৰ্ণৱ পুথি’ শীর্ষক প্রবন্ধটি ১৮৫৩ চনত শুক্লেশ্বৰ বৰা সম্পাদিত ‘জয়ন্তী’ আলোচনীত প্রথমতে প্ৰকাশ পাইছিল।

প্রশ্ন ৩। কটন কলেজৰ প্ৰথম গৰাকী অসমীয়া অধ্যাপকৰ নাম কি ? 

উত্তৰ : কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপকৰ নাম হ’ল ড° সূর্যকুমাৰ ভূঞা।

প্রশ্ন ৪। সূর্যকুমাৰ ভূঞাৰ গৱেষণা গ্ৰন্থখনৰ নাম কি ? 

উত্তৰ : সূর্যকুমাৰ ভূঞাৰ গৱেষণা গ্ৰন্থখনৰ নাম হ’ল – Anglo-Assamese Rela tions 

প্রশ্ন ৫। হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ পুথিখন কোনে ৰচনা কৰিছিল। 

উত্তৰ : সুকুমাৰ বৰকাইথে ১৯৫৬ শকত, অর্থাৎ ১৭৩৪ খ্ৰীষ্টাব্দত ‘হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ পুথিখন ৰচনা কৰে ।

প্রশ্ন ৬। অসম সাহিত্য সভাৰ শ্বিলং অধিৱেশনৰ (১৯৫৩) সভাপতি কোন আছিল ? 

উত্তৰ : সূর্যকুমাৰ ভূঞা অসম সাহিত্য সভাৰ শ্বিলং অধিৱেশনৰ (১৯৫৩) সভাপতি আছিল।

প্রশ্ন ৭। সুকুমাৰ বৰকাইথে কাৰ আদেশমতে ‘হস্তিবিদ্যাৰ্ণব’ পুথিখন ৰচনা কৰে ?

উত্তৰ : অসমৰ স্বৰ্গদেউ শিৱসিংহ মহাৰাজ আৰু বৰকুঁৱৰী অম্বিকা দেৱীৰ আদেশমতে সুকুমাৰ বৰকাইথে ‘হস্তিবিদ্যাৰ্ণৱ’ পুথিখনি ৰচনা কৰে।

প্রশ্ন ৮। ‘বৃহৎ সংহিতা’ৰ ৰচক কোন ?

উত্তৰ ঃ ‘বৃহৎ সংহিতা’ৰ ৰচক হ’ল বৰাহমিহিৰ ।

প্রশ্ন ৯। পালকাপ্য মুনিৰ ‘হস্তি আয়ুৰ্বেদ’ কি ভাষাত ৰচিত ?

উত্তৰ : পালকাপ্য মুনিব ‘হস্তি আয়ুর্বেদ’ সংস্কৃত ভাষাত ৰচিত।

প্রশ্ন ১০। স্বৰ্গদেউসকলে শিৰবস্ত্ৰ হিচাপ ব্যৱহাৰ কৰা বস্ত্ৰবিধৰ নাম কি?

উত্তৰ : স্বৰ্গদেউসকলে শিৰবস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা বস্ত্ৰবিধৰ নাম আছিল ফচৌ।

প্রশ্ন ১১। হস্তিবিদ্যাৰ্ণৰ পুথি’ শীর্ষক প্রবন্ধটি প্রথমে ক’ত প্ৰকাশ পাইছিল? 

উত্তৰ : ‘হস্তিবিদ্যাৰ্ণৱ পুথি’ শীর্ষক প্রবন্ধটি প্রথমতে প্ৰকাশ পাইছিল শুক্লেশ্বৰ কৰা সম্পাদিত’জয়ন্তী’ আলোচনীত ১৯৫৩ চনত

প্রশ্ন ১২। ‘যশস্তিলক’ আৰু ‘অর্থশাস্ত্ৰৰ ৰচকৰ নাম লিখা।

উত্তৰ : ‘যশস্তিলক’ ৰ ৰচক সোমদেৱ আৰু ‘অর্থশাস্ত্ৰ’ৰ ৰচক কৌটিল্য।

চমু প্রশ্নোত্তৰ (মূল্যাংক-২)

প্রশ্ন ১। ‘হস্তিবিদ্যাৰ্গৱ সাৰ সংগ্ৰহ পুথিখন কোনে কেতিয়া ৰচনা কৰিছিল ? 

উত্তৰ : ‘হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ পুথিখন সুকুমাৰ বৰকাইথে ১৬৫৬ শকত, অর্থাৎ ১৭৩৪ খ্ৰীষ্টাব্দত ৰচনা কৰিছিল।

প্রশ্ন ২। পুৰণি অসমীয়া সচিত্ৰ পুথি দুখনৰ নাম লিখা।

উত্তৰ : পুৰণি অসমীয়া সচিত্ৰ পুথি দুখনৰ নাম হ’ল- ‘হস্তিবিদ্যাৰ্ণৱ’ আৰু ‘গীত- গোবিন্দ’।

প্রশ্ন ৩। হস্তিবিদ্যাৰ্ণৰ পুথিৰ চিত্ৰবোৰ কোনে অংকন কৰিছিল ? 

উত্তৰ : হস্তিবিদ্যাৰ্গৱ পুথিৰ চিত্ৰবোৰ অংকন কৰিছিল নিলবৰ আৰু দোষায়ে।

প্রশ্ন ৪। হস্তিবিদ্যাৰ্ণৰ পুথিত কোনকেইজন লোকৰ চিত্ৰ অংকিত হৈছে? 

উত্তৰ : হস্তিবিদ্যাৰ্ণৱ পুথিত গ্ৰন্থকাৰ, দুজনা চিত্ৰকৰ, স্বৰ্গদেউ শিৱসিংহ আৰু বৰকুঁৱৰী অম্বিকা দেৱী আৰু তেওঁলোকৰ সন্তান উগ্ৰসিংহ কোৱৰৰ চিত্ৰ অংকিত হৈছে।

প্রশ্ন ৫। হস্তিগ্রন্থ বুলিলে কি বুজা ? 

উত্তৰ ঃ হস্তী সম্পৰ্কীয় কথা উল্লেখ থকা গ্রন্থকেই হস্তিগ্রন্থ বুলি জনা যায়। এই গ্ৰন্থত বিবিধ হাতীৰ লক্ষণ, হাতীশাল নিৰ্মাণৰ নিয়ম, হাতীবন্ধা ফুটাৰ মান আৰু কাঠৰ নিৰ্ব্বন্ধ, বিবিধ হাতীৰ দোষ-গুণ, হাতীৰ ব্যাধি আৰু নানান প্ৰতিকাৰ, হাতীদাঁতৰ মূল্য, হস্তী বশ্য হোৱাৰ ময় আদি বিভিন্ন কথা বা বিৱৰণ হস্তিগ্ৰন্থত সন্নিবিষ্ট হৈ থাকে।

প্রশ্ন ৬। ড° সূর্যকুমাৰ ভূঞাৰ মতে অসমৰ কোনকেইটা জনগোষ্ঠীৰ মানুহৰ হাতীৰ বিষয়ে ভাল জ্ঞান আছে?

উত্তৰ : ড° সূর্যকুমাৰ ভূঞাৰ মতে অসমৰ খাতি, চিংফৌ, নৰা, ফাঁকিয়াল আৰু মৰাণ জনগোষ্ঠীৰ মানুহৰ হাতীৰ বিষয়ে ভাল জ্ঞান আছে।

প্রশ্ন ৭। সংস্কৃত ভাষাত ৰচিত দুখন পুৰণি হস্তী পুথিৰ নাম লিখা।

উত্তৰ : সংস্কৃত ভাষাত ৰচিত দুখন পুৰণি হস্তীপুথিৰ নাম হ’ল – পালকপা মুনি বিৰচিত হস্তি আয়ুর্বেদ আৰু নীলকণ্ঠ বিৰচিত মাতঙ্গলীলা।

প্রশ্ন ৮। হস্তীপুথিৰ লগত মাগুৰা ৰজা কিদৰে জড়িত ? 

উত্তৰ হস্তিবিদ্যাৰ্গৱ পুথিৰ সূচনাত উল্লেখ আছে যে মাওৰা ৰজাৰ হাতী মৰিবলৈ ধৰাত ৰজা বৰ চিন্তিত হৈ পৰিল। এদিন পণ্ডিতে কাকত চাই বিধি দিয়াত হাতী মৰিবলৈ এৰিলে। যি ৰজাৰ হাতত এই কাকত থাকে, সেইমতে কাম কৰি দেউ-দেউতাক মাননি নিলে হাতী নমৰে। এই কাকতেই হৈছে গজশাস্ত্ৰৰ মূল কথা। এনেদৰেই মাস্তবা ৰজা হস্তীপুথিৰ লগত জড়িত হৈ আছে।

প্রশ্ন ৯। হস্তিবিদ্যাৰ্ণৱ পুথিৰ গছাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰ : হস্তিবিদ্যাৰ্ণৱ পুথিৰ গদ্যৰ দুটা বৈশিষ্ট্য হ’ল—

(১) প্ৰশক্তি অংশৰ ভাষা সংস্কৃতগন্ধী।

(২) বাক্যবোৰত সৰল অসমীয়া ভাষাৰ চানেকী পোৱা যায়।

প্রশ্ন ১০। কাক আৰু কিছু ‘গঞ্জ’ বিভাপেৰে বিভূষিত কৰা হৈছিল ? 

অথবা, কোন দেশৰ প্ৰাচীন নৃপতিসকলক ‘গজ ধ্বজ’ পিতাপেৰে বিভূষিত কৰা হৈছিল ?[H.S.’20]

উত্তৰ: অসমত হাতীৰ প্ৰাচুৰ্যৰ কাৰণেই হয়তো কামৰূপৰ প্ৰাচীন নৃপতিসকলে হাতীকে অসমৰ ধ্বজাৰূপে ব্যৱহাৰ কৰিছিল আৰু সেই নৃপতিসকলক গজধ্বজ খিতাপেৰে বিভূষিত কৰা হৈছিল।

প্রশ্ন ১১। “হস্তিবিদ্যাৰ্ণৱ পুথি’ খনি কোনে কাৰ পৰা আনিছিল ? 

উত্তৰ : ‘হস্তিবিদ্যাৰ্গৱ পুথি’খনি প্রয়াত হেমচন্দ্ৰ গোস্বামী ডাঙৰীয়াই অসমৰ সুপ্ৰসিদ্ধ[HS.’17)পূৰ্ণানন্দ বুঢ়াগোহাঞিৰ সন্ততি লোকেশ্বৰ বুঢ়াগোহাঞিৰ ঘৰৰ পৰা আনিছিল। 

প্রশ্ন ১২। তলৰ শব্দবোৰৰ অৰ্থ লিখা :

স্বন্দ, ৰাতুল, বুলন, বহুনা

উত্তৰ

শব্দ অৰ্থ 
স্বন্দ
ৰাতুল
বুলন
বহুনা 
লালিত্য, সৌন্দর্য
ৰক্ত, ৰঙা
খোজ
হাতীৰ ডিঙিত মাউত বহা ঠাই।

HS দ্বিতীয় বৰ্ষৰ অসমীয়া প্ৰশ্নৰ উত্তৰ

Sl. No.Contents
Unit 1নিৰ্বাচিত গদ্য
Chapter 1মোৰ মাতৃমোখ দৰ্শন
Chapter 2মগনিয়াৰ
Chapter 3আনন্দৰাম বৰুৱা
Chapter 4হস্তিবিদ্যাৰ্ণৱ পুথি
Chapter 5ভাৰতীয় আদৰ্শত বৈৰাগ্য
Chapter 6চিঠি
Chapter 7অসমীয়া চলচ্চিত্রৰ গতিধাৰা
Chapter 8বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো
Unit 2নিৰ্বাচিত পদ্য
Chapter 1বৰগীত (উঠৰে উঠ বাপু)
Chapter 2বিশ্ব খনিকৰ
Chapter 3মিলন
Chapter 4জনতাৰ আহ্বান
Chapter 5কাঠমিস্ত্ৰীৰ ঘৰ
Chapter 6আঘোণৰ কুঁৱলী
Chapter 7উভতি নহাৰ কবিতা
Chapter 8কৰুণতম
Unit 3কৈশোৰ কাল আৰু মূল্যবোধৰ শিক্ষা
Chapter 1মূল্যবোধৰ শিক্ষা
Chapter 2কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা

চমু প্রশ্নোত্তৰ (মূল্যাংক-৩)

প্রশ্ন ১। ড° সূর্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত তিনিখন জীৱনীমূলক গ্ৰন্থৰ নাম লিখা । 

উত্তৰ : ড° সূর্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত তিনিখন জীৱনীমূলক গ্ৰন্থৰ নাম হ’ল – অসম জীয়ৰী, জোনাকী আৰু চানেকী।

প্রশ্ন ২। পুৰণি কালত অসমীয়া সমাজত হাতী কি কি কামত ব্যৱহাৰ হৈছিল? 

উত্তৰ : অসম হাতীপ্রধান দেশ। পুৰণি অসমীয়া সমাজৰ প্ৰতি সম্ভ্রান্ত মানুহৰ ঘৰত হাতী থকাৰ নিয়ম আছিল। বিয়া বাৰুত আৰু সমাৰোহ যাত্ৰাত হাতীৰ প্ৰচলন আছিল। দীঘলীয়া বাট যাবলৈ হ’লে হাতীৰ নিতান্ত প্রয়োজন আছিল। যুদ্ধক্ষেত্ৰতো হাতী সৈন্য-বাহিনীৰ এটি লাগতিয়াল অংগ বুলি পৰিগণিত হৈছিল। হাতীৰে কাঠ আলি টনা কামো কৰা হৈছিল।

প্রশ্ন ৩। ‘হাতী- পুথি’ত কোনবোৰ বিষয় অন্তৰ্ভুক্ত হৈছিল ?

উত্তৰ : ‘হাতী-পুথি’ত হাতীৰ বিভিন্ন প্ৰকাৰ, বিবিধ হাতীৰ লক্ষণ, হাতীশাল নিৰ্মাণৰ নিয়ম, হাতীৰন্ধা খুঁটাৰ মান আৰু কাঠৰ নিৰ্বন্ধ, হাতী দাঁতৰ মূলা, যাত্ৰাকালত আৰু উভতি অহাৰ পিছত হাতীৰ শুভ কাম, কামদকীয় নীতিসাব মতে হস্তীৰ কৰ্ম, যুদ্ধ হস্তীৰ কথা, অপ্রীতিবন্ধক হাতী, বেয়া হাতীৰ লক্ষণ, স্বৰ্গদেৱৰ ঘাই হাতীৰ শিকোৱাৰ নিৰ্বন্ধ, হস্তী বশ্য হোৱাৰ মন্ত্ৰ, বিবিধ হাতীৰ দোষ-গুণ, ৰজা কোন হাতীত উঠিলে ভাল, কোন হাতীত উঠিলে বেয়া, কোন হাতী থাকিলে ৰজাৰ কুশল আৰু সমৃদ্ধি বাড়ে ইত্যাদি বিষয়বোৰ অন্তৰ্ভুক্ত হৈছিল।

প্রশ্ন ৪। সংস্কৃত ভাষাত লিখা তিনিখন হস্তী পুথিৰ নাম লিখা।

উত্তৰ : সংস্কৃত ভাষাত লিখা তিনিখন হস্তীপুথিৰ নাম হ’ল— পালকাপ্য মুনি বিৰচিত হস্তি আয়ুর্বেদ, নীলকণ্ঠ বিৰচিত মাতঙ্গলীলা— তাঞ্জোৰত থকা অসম্পূর্ণ সংস্কৃত পুথি আৰু গজেন্দ্র চিন্তামণি।

প্রশ্ন ৫। আহোম স্বৰ্গদেউসকলে মোগলী প্রথা মতে পৰিধান কৰা তিনিবিধ সাজ-পাৰৰ নাম লিখা।

উত্তৰ : আহোম স্বৰ্গদেউসকলে মোগলী প্রথামতে পৰিধান কৰা তিনিবিধ সাজ-পাৰ নাম লিখা।

হ’ল— জামা, পাগ আৰু ইজাৰ।

প্রশ্ন ৬। হস্তিবিদ্যার্ণর পুথি’ প্ৰবন্ধত হাতীৰ ব্যৱহাৰ সম্পৰ্কে কি কথা লিখিছে?|

উত্তৰ : অসম হাতী প্রধান দেশ। অতীতৰে পৰা ইয়াত পৰ্বতে কন্দৰে, হাবিয়ে-জঙ্ঘলে এটা সময়ত হাতী গেজ খাই আছিল আৰু এতিয়াও কিছু পৰিমাণে আছে। প্রতি সম্ভ্রান্ত মানুহৰ ঘৰত হাতী থকাৰ নিয়ম আছিল। বিয়া বাৰুৱে আৰু সমাৰোহ যাত্ৰাত হাতীৰ প্ৰচলন আছিল। দীঘলীয়া বাট যাবলৈ হ’লে অথবা বন-জঙ্ঘলৰ মাজেৰে যাবলৈ হ’লে হাতীৰ নিতান্তই প্রয়োজন হৈছিল। যুদ্ধ ক্ষেত্ৰতো হাতী সৈন্য বাহিনীৰ এটি লাগতিয়াল অংগ বুলি লোৱা হৈছিল। হাতী ধৰা, হাতীক শিকোৱা, হাতীৰ চক ভঙ্গা, হাতীৰে কাঠ আদি টনা কাম কৰা আদি অনেক কাম হাতীৰেই কৰা হৈছিল। বৰ্তমান যান্ত্ৰিক যুগত হাতীৰ কাম কমি আহিল ।

দীঘলীয়া প্রশ্নোত্তৰ (মূল্যাংক-৪)

প্রশ্ন ১। ব্যৱহাৰিক সাহিত্য বুলিলে কি বুজা ? দুখন অসমীয়া ব্যৱহাৰিক সাহিত্য পুথিৰ নাম লিখা।

উত্তৰ : মানুহৰ ব্যৱহাৰিক জীৱনৰ লগত জড়িত অন্ন-বস্ত্র-বাসস্থান অথবা জীৱ-জন্তুৰ গুণাগুণ, স্বাস্থ্য আদিক বিষয় হিচাপে লৈ ৰচিত ব্যৱহাৰিক জ্ঞানৰ পুথিবোৰক ব্যৱহাৰিক সাহিত্য’ বুলি ক’ব পাৰি। ব্যৱহাৰিক সাহিত্য কবিতা, চুটিগল্প, উপন্যাস আদিৰ দৰে বিশুদ্ধ সাহিত্য নহয়। এই পুথিবোৰৰ ঐতিহাসিক গুরুত্ব অপৰিসীম। অসমীয়া ভাষা-সাহিত্যৰ – ক্রমোন্নতিত ইবিলাকৰ বিশেষ ভূমিকা আছে। গদ্য-পদ্য উভয়তে ৰচিত এইবিধ সাহিত্যৰ ভিতৰুৱা কেইবাখনিও সংস্কৃত গ্ৰন্থ অসমীয়ালৈ অনুদিত হৈছে।

দুখন অসমীয়া ব্যৱহাৰিক সাহিত্য পুথি হ’ল— ‘ঘোঁৰা নিদান’ আৰু ‘চাংকং ফুকনৰ বুৰঞ্জী”।

প্রশ্ন ২। ড° সূর্যকুমাৰ ভূঞাৰ সাহিত্য প্ৰতিভা সম্পৰ্কে আলোচনা কৰা ।

উত্তৰ : তীক্ষ্ণ মেধাৰ অধিকাৰী ড° সূর্য কুমাৰ ভূঞা অসমীয়া ভাষা-সাহিত্যৰ এটা চিনাকি নাম। অসমীয়া সাহিত্যৰ বিশাল ক্ষেত্ৰখনত ভূঞাই কবিতা, চুটিগল্প, প্রবন্ধ, জীৱনী সাহিত্য আদি বিভিন্ন দিশত অৱদান আগবঢ়াই থৈ গৈছে। কবি হিচাপে প্ৰথমতে তেওঁ আত্মপ্রকাশ কৰে যদিও ইতিহাসবিদ হিচাপেহে খ্যাতি অর্জন কৰে। তেওঁ কেবাখনো মূল্যবান গ্রন্থ রচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে। তেওঁৰ একমাত্ৰ কবিতাপুথিখনৰ নাম হৈছে নিৰ্মালী। তেনেদৰে তেওঁ লিখা চুটিগল্পৰ পুথিখন হ’ল — পঞ্চমী। উল্লেখযোগ্য প্রবন্ধ সংকলন হ’ল ত্রিপদী’ আৰু ‘সূৰ্যকুমাৰ ভূঞাৰ বিবিধ প্ৰবন্ধ। তেওঁৰ আন উল্লেখযোগ্য গ্রন্থসমূহ হ’ল— জীৱনীমূলক গ্রন্থ : ‘গোপাল কৃষ্ণ গোখলে’, ‘আনন্দৰাম বৰুৱা’, ‘অসম জীয়ৰী’, ‘জোনাকী’আৰু ‘চানেকী’। ঐতিহাসিক তথ্যসমৃদ্ধ পুথিসমূহ হ’ল – ‘কোৱৰ বিদ্ৰোহ’, ‘বুৰঞ্জী বাণী’,ৰমণী গাভৰু’, ‘মীৰজুমলাৰ অসম আক্ৰমণ’ আৰু ‘লাচিত বৰফুকন’। ইংৰাজীত ৰচিত তেওঁৰ উল্লেখযোগ্য গ্রন্থবোৰ হ’ল— ‘An Assamese Nur Jahan’, ‘Early British Relations with Assam’, ‘Lachit Borphukan and His Times’, ‘Atan Buragohain & HisTimes’, ‘Men I have Met’, ‘London Memories’. সূর্যকুমাৰ ভূঞাৰ অন্যতম গৱেষণা গ্রন্থ হ’ল – Anglo- Assamese Relations 1771-1826। ইয়াৰ উপৰি তেওঁ কেইবাখনো বুৰঞ্জী পুথি সম্পাদনা কৰিছিল।

প্রশ্ন ৩। হস্তিবিদ্যাৰ্ণৱ পুথিৰ বিষয়বস্তুৰ এটি আভাস দিয়া।

উত্তৰ : অসমৰ স্বৰ্গদেউ শিৱসিংহ মহাৰাজাই আৰু বৰকুঁৱৰী অম্বিকা দেৱীৰ আদেশ অনুসৰি সুকুমাৰ বৰকাইথে ১৫৫৬ শকত, অর্থাৎ ১৭৩৪ খ্ৰীষ্টাব্দত হস্তিবিদ্যার্ণর পুথিখন ৰচনা কৰে। হস্তিবিদ্যাৰ্ণৱ পুথিৰ অন্তৰ্গত প্রধান বিষয়বস্তু হৈছে – হাতীৰ বিভিন্ন প্ৰকাৰ বিবিধ হাতীৰ লক্ষণ, হাতীশাল নিৰ্মাণৰ নিয়ম, হাতীবন্ধা খুঁটাৰ মান আৰু কাঠৰ নিৰ্বন্ধ, হাতীদাঁতৰ মূল্য, যাত্ৰাকালত আৰু উভতি অহাৰ পিছত শুভকাম, কামন্দকীয় নীতিসাৰ মতে হস্তীৰ কৰ্ম, যুদ্ধ হস্তীৰ কথা, ঐৰাবত হাতীৰ কথা, নিন্দিত হাতীৰ কথা, ৰজাৰ গড়ৰ বাজত থাকিবলগীয়া হাতী, অন্য ৰজাৰ লগত অপ্রীতিবন্ধক হাতী, বেয়া হাতীৰ লক্ষণ, স্বৰ্গদেৱৰ ঘাই হাতীক শিকোৱাৰ নিৰ্বন্ধ, ময়দাৰ, মেদ বৃদ্ধি, পুষ্টি, মনচোকা আৰু বলবন্ত হোৱাৰ নিয়ম, হস্তী বশ্য হোৱাৰ মন্ত্ৰ আদি ।

প্রশ্ন ৪। মংগলদায়ক হাতী’ৰ লক্ষণ সম্পর্কে আলোচনা কৰা।

উত্তৰ : হস্তিবিদ্যাৰ্গৱ পুথিত হাতীৰ বিভিন্ন প্ৰকাৰ, বিবিধ হাতীৰ লক্ষণ, বিবিধ হাতীৰ দোষ-গুণ আদি বিভিন্ন হাতী সম্পৰ্কীয় কথা সন্নিবিষ্ট হৈ আছে। ঠিক তেনেদৰে মঙ্গলদায়ক হাতীৰ লক্ষণ সম্পর্কেও এই পুথিখনত বর্ণনা পোৱা যায়। মঙ্গলদায়ক হাতীৰ বৰ্ণনা কৰা হৈছে এনেদৰে — মঙ্গলদায়ক হাতী শ্যাম বৰণৰ সুন্দৰ, শৰীৰ স্থূলকায়, দুয়োটা দাঁত দীঘল, সমান ৰং কৰা, আগলৈ চাপি যোৱা, কালশিলি বৰ্ণৰ, দাঁতৰ আগভাগ জোঙা, নখ কিছু ক’লা আৰু বলৱন্ত হয়। এনে মঙ্গলদায়ক হাতী যদি ৰজাই পায় তেন্তে বহুত ধন লাভ হয়। এনে হাতীক • উত্তম আহাৰ দি সহজে ৰক্ষা কৰিব পাৰি।

প্রশ্ন ৫। হস্তিবিদ্যাৰ্ণৰ পুথিৰ গদ্যশৈলী সম্পর্কে আলোচনা কৰা।

উত্তৰ : অষ্টাদশ শতিকাৰ প্ৰথমাৰ্চত সুকুমাৰ বৰকাইঘৰ দ্বাৰা ৰচিত হস্তিবিদ্যাৰ্ণৱ পুথি অসমীয়া সাহিত্যৰ এক বহুমূলীয়া সম্পদ। পুথিখন গদ্যত ৰচিত। প্রশস্তি অংশৰ ভাষা সংস্কৃতগন্ধী। যেনে— “ইন্দ্র বংশসৰোবৰৰ পদ্মপুষ্পৰ তুল্য হৈছে যি মহাৰাজা আৰু নীতিবিদ্যাৰো আনন্দিত ঘই বৃহস্পতিক উপালত কৰিছে যি মহাৰাজা আৰু গম্ভীৰ ধীৰ ধাৰ্মিকসকলৰ মধ্যত শ্ৰেষ্ঠতৰ সৌমাৰ পীঠৰ ঈশ্বৰ শ্ৰীযুক্ত শ্ৰীমন্ত শিৱসিংহ যি মহাৰাজা, আপোনাৰ সুন্দৰ বিলাস বিদগ্ধতা ভাবেৰে পৃথিৱীত সকলো সুন্দৰীগণৰ গৰ্ব্বক চুৰ কৰিছে যি মহাদেৱীয়ে, সেই কাৰণে অতিশয় বিৰাজমান হৈছে যি শ্রীশ্রীঅম্বিকানাম মহাদেৱী, সেই দুজনাৰ আজ্ঞাবর মালাক শিৰত ধৰি সুকুমাৰ বৰকাইথে এই হস্তিবিদ্যাৰ্গৱ সাৰ সংগ্ৰহ কৰি ৰচিল।” ঠায়ে ঠায়ে বাকাবোৰত সৰল অসমীয়া ভাষাৰ চানেকীও পোৱা যায়। যেনে— “পাতালৰ জাতে যি হাতী আহিছে, তাৰ মুখৰূপ দেখি, গা ৰাতুল চন্দনৰ বৰ্ণনা হে দেখি, নেজ মাটি লুটি যাই, মূৰ জোকাৰি থাকে, পানীপৰুৱাৰ বুলন যেন বুলন খৰ। আবে টিপৰ কথা। বহুত বহুনাত বহিব, কলাফুলেৰে চেপি ডাবি ধৰি অলপকৰি আঙ্গুলী কাণত লগাব। আকুহি থিয় কৰি যাব। পাচ মাউতে ডাবি মাৰিব, তেবে মূৰ দাঙ্গি যাব।” ইত্যাদি।

দীঘলীয়া প্ৰশ্নোত্তৰ (মূল্যাংক-৫)

প্রশ্ন ১। হস্তিবিদ্যাৰ্ণৰ পুথিত থকা ছবিবোৰৰ বৈশিষ্ট্য সম্পর্কে আলোচনা কৰা । 

উত্তৰ: হস্তিবিদ্যাৰ্ণৰ পুথিত থকা ছবিবোৰৰ কিছুমান নির্দিষ্ট বৈশিষ্ট্য আছে। বিবিধ হাতীৰ দোষ-গুণৰ বৰ্ণনাৰ সূত্ৰৰ লগতে পুথিখনত ছবিও দিয়া হৈছে। ৰজা কোন হাতীত উঠিলে ভাল, কোন হাতীত উঠিলে বেয়া, কোন হাতী থাকিলে ৰজাৰ কুশল আৰু সমৃদ্ধি বাঢ়ে, সেইবোৰ বৰ্ণনা কৰিবৰ বাবে চিত্ৰকৰে পৃষ্ঠপোষক ৰজা শিৱসিংহ মহাৰাজ আৰু বৰকুঁৱৰী অম্বিকা দেৱী আৰু তেওঁলোকৰ চ’ৰাৰ বিষয়াসকলৰ প্ৰতিমা অংকন কৰিছে। সেয়ে শিৱসিংহৰ ৰজাৰ ৰাজচ’ৰাৰ বিবিধ অৱস্থাৰ ছবি এই পুথি পোৱা যায়। ‘আঠোদেশৰ যশস্যাৰূপ চন্দ্ৰতাপে আচ্ছাদন কৰিছে’— এইবুলি কৈ ভাৰতৰ আঠজন ৰজাৰ ছবি পুথিখনিত অংকিত হৈছে। স্বৰ্গদেৱৰ সমৃদ্ধি আৰু সৌভাগ্য দেখুৱাবলৈ স্বৰ্গদেৱক নানান উপহাৰ বস্তু নিয়াৰ ছবিও পুথিত অংকন কৰা হৈছে। বিশেষ মন কৰিবলগীয়া কথা এই যে— এই পুথিত থকা ৰজা, বিষয়া, আদিৰ ছবিত অৰ্পিত কৰা সাজ-পাৰ কিছু মোগলী ধৰণৰ আছিল। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰে পৰা মোগলী প্রথামতে নতুন সাজ-পাৰ, যেনে – জামা, পাগ, ইজাৰ আদিৰ প্ৰচলন হয় বুলি জনা যায়। পোন প্রথমে ডাঙৰীয়াসকলে দেশীয় সাজ-পাৰ এৰি বিদেশীৰ ধৰণে সাজ-পাৰ পিন্ধিবলৈ অমান্তি হৈছিল যদিও পিছত তেওঁলোকো সন্মত হ’ল। হস্তিবিদ্যাৰ্গৱ পুথিৰ এই ছবিবোৰৰ জৰিয়তে স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্ব কালৰ বিভিন্ন দিশ সুন্দৰভাৱে পৰিস্ফুট হৈছে। –

প্রশ্ন ২। আহোম ৰজাসকলে হাতীক কি কি কামত ব্যৱহাৰ কৰিছিল ?

উত্তৰ: অসমৰ স্বৰ্গদেউ শিৱসিংহ মহাৰাজ আৰু বৰকুঁৱৰী অম্বিকা দেৱীৰ আদেশ অনুসৰি সুকুমাৰ বৰকাইথে ১৭৩৪ খ্ৰীষ্টাব্দত হস্তিবিদ্যাৰ্ণৱ পুথি ৰচনা কৰে। হাতীৰ বিষয়ে লিখা এই পুথিখনত আহোম ৰজাসকলে হাতীক কেনেদৰে কি কি কামত ব্যৱহাৰ কৰিছিল সেই সম্পৰ্কেও উল্লেখ আছে। প্রাচীন অসম হাতী প্রধান দেশ। ইয়াৰ হাবি-জংঘল-পাহাৰত প্ৰচুৰ হাতী আছিল। বনৰীয়া হাতী ধৰি বিভিন্ন উপায়েৰে তাক বশ কৰা হৈছিল আৰু তেনে হাতী ঘৰচীয়া হৈ পৰিছিল। সেই সময়ত আহোম ৰজাসকলে লগত হাতী ৰখাটো ঐশ্বৰ্য আৰু সমৃদ্ধিৰ প্ৰতীক আছিল। বিয়া-বাৰুৱে আৰু সমাৰোহ যাত্ৰাত আহোম ৰজাসকলে হাতীৰ প্ৰচলন কৰিছিল । দীঘলীয়া বাট যাবলৈ হ’লে হাতীৰ নিতান্ত প্রয়োজন আছিল। আহোম ৰজাসকলে যুদ্ধক্ষেত্ৰত হাতী এক অপৰিহাৰ্য অংগ বুলি ধৰিছিল। আহোম ৰজাসকলে যাত্রাকালত আৰু উভতি অহাৰ পিছত হাতীক শুভ কার্যতো ব্যৱহাৰ কৰিছিল।

প্রশ্ন ৩। হস্তিবিদ্যাৰ্ণৰ পুথি ৰচনাৰ কাৰণে লেখকে ক’ৰ পৰা কিদৰে সমল সংগ্ৰহ কৰিছিল?

উত্তৰ : মধ্যযুগীয় অসমীয়া ভাষাত বিভিন্ন বিষয়ৰ ব্যৱহাৰিক জ্ঞানৰ পুথি ৰচিত হৈছিল। হাতী, ঘোঁৰা আদি জীৱ-জন্তুৰ স্বাস্থ্য আৰু চিকিৎসা সম্পর্কীয় কেবাখনো হাতেলিখা সচিত্র পুথি যোৱা শতিকাতে পণ্ডিত-গৱেষকসকলে উদ্ধাৰ কৰিছিল। ব্যৱহাৰিক জ্ঞানৰ এই পুথিবোৰক ব্যৱহাৰিক সাহিত্য’ বুলি চিহ্নিত কৰিব পৰা যায়। অষ্টাদশ শতিকাৰ লেখক সুকুমাৰ বৰকাই থৰ ‘হস্তি-বিদ্যাৰ্ণৱ-সাৰ-সংগ্রহ’ এই শ্ৰেণীৰ শ্ৰেষ্ঠ পুথি বুলিব পাৰি। লেখক সূৰ্যকুমাৰ ভূঞাই হস্তিবিদ্যাৰ্ণৱ পুথি ৰচনাৰ কাৰণে নিতান্তই সুকুমাৰ বৰকাইথৰ ‘হস্তি-বিদ্যাৰ্ণৱ-সাৰ-সংগ্ৰহ’ পুথিখনিৰ সহায় লৈছে। পুথিৰ কেইবাখিলাও পাত পূৰ্বৰে পৰা নাই। মৰাণৰ বিপ্লৱত অসমৰ বহুত ঐশ্বর্য লোপ পোৱাৰ দৰে এই পুথিৰ কিছুমান পাতো হেৰায় বুলি অনুমান কৰিব পাৰি। তথাপি যিখিনি আছে তাৰে পৰা অসমৰ চিত্ৰকলা আৰু গজশাস্ত্ৰৰ সম্যক আভাস পাব পাৰি। প্রাচীন তামৰ ফলি আৰু বুৰঞ্জী পুথিবোৰৰ পৰাও লেখকে কিছু সমল সংগ্ৰহ কৰিছিল। ইয়াৰোপৰি সংস্কৃত ভাষাত ৰচিত কেইবাখনিও গ্রন্থ, যেনে –পালকাপ্য মুনিৰ হস্তিআয়ুর্বেদ, নীলকন্ঠ বিৰচিত মাতঙ্গলীলা তাঞ্জোৰত থকা অসম্পূর্ণ সংস্কৃত পুথি, গজেন্দ্ৰ চিন্তামণি, বৰাহমিহিৰৰ বৃহৎসংহিতা, সোমদেৱৰ যশস্তিলক, কৌটিল্যৰ অৰ্থশাস্ত্ৰ আৰু কামন্দকীয় নীতিসাৰ আদি গ্ৰন্থৰ পৰাও লেখকে হস্তিবিদ্যাৰ্ণৰ পুথি ৰচনাৰ ক্ষেত্ৰত সমল আহৰণ কৰিছিল। অসম হাতী প্রধান দেশ। ইয়াৰ পৰ্বতে-কন্দৰে প্ৰচুৰ পৰিমাণে হাতী আছিল আৰু এতিয়াও কিছু পৰিমাণে আছে। বিয়া-বাৰু, যুদ্ধক্ষেত্র, সমাৰোহ যাত্ৰা আদি বিভিন্ন কামত হাতী ব্যৱহাৰ কৰা হৈছিল। হাতীক শিকোৱা, হাতীৰ চক ভঙ্গা, হাতীৰে কাঠ আদি টনা কাম কৰা আৰু হাতী ব্যাধিৰ প্ৰতিকাৰ এইবোৰৰ বিষয়ে অসমত উপযুক্ত শিক্ষা থকা ডাঙৰ-সৰু অপর্যাপ্ত হাতী পুথিৰ প্ৰচলন আছিল। সূৰ্যকুমাৰ ভূঞাই এই হাতী-পুথিসমূহৰ পৰা সমল গ্ৰহণ কৰি হস্তিবিদ্যাৰ্ণৱ পুথি ৰচনা কৰিছিল।

প্রশ্ন ৪। ‘অসম হাতী-প্রধান দেশ।— হস্তিবিদ্যাৰ্ণৰ পুথি শীৰ্ষক প্ৰবন্ধটোৰ লেখকে কি প্রসঙ্গত এই কথাযাৰ অৱতাৰণা কৰিছে বুজাই লিখা।

উত্তৰ: প্ৰাচীন অসমৰ হাবি-জংঘল-পাহাৰত প্ৰচুৰ পৰিমাণে হাতী আছিল আৰু এতিয়াও কিছু পৰিমাণে আছে। সেই সময়ত সম্ভ্রান্ত মানুহৰ ঘৰত হাতী থকাৰ নিয়ম আছিল। বিয়া- বাকবে, সমাৰোহ যাত্ৰাত বা দীঘলীয়া বাট যাবলৈ হ’লে হাতীৰ নিতান্তই প্রয়োজন হৈছিল। যুদ্ধক্ষেত্ৰতো হাতী সৈন্য বাহিনীৰ এটি অপরিহার্য অংগ হিচাপে ধৰিছিল। হাতীক শিকোৱা, হাতীক ওঁক ভঙ্গা, হাতীৰে কাঠ আদি টনা কামো কৰা হৈছিল। হাতীৰ বিষয়ে অসমত ভালকৈ জানিছিল খামতি, চিংফৌ, নৰা, ফাঁকিয়াল আৰু মৰাণ আদি জাতিৰ মানুহে। সেই হাতীৰ ফাদি আৰু মাউত সাধাৰণতে তেওঁলোকৰ পৰাই বাছি লোৱা হৈছিল। ৰাজকুমাৰসকলৰ লগত ডাঙৰীয়া আৰু ফুনসকলৰ ল’বাও হাতী চলোৱা কামত নিপুণ আছিল। অসমত হাতীৰ প্ৰাচুৰ্যৰ কাৰণেই হয়তো কামৰূপৰ প্ৰাচীন নৃপতিসকলে হাতীকে অসমৰ ধ্বজা ৰূপে ব্যৱহাৰ কৰিছিল আৰু সেয়ে সেই নৃপতিসকলক গজজ খিতাপেৰে বিভূষিত কৰা হৈছিল। এনেবোৰ কথাৰ প্ৰসংগতে লেখকে অসম হাতী-প্রধান দেশ বুলি কৈছে।

প্রশ্ন ৫। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰা ঃ ‘হস্তিবিদ্যাৰ্ণৱ পুথি অসমীয়া জাতিৰ এটি অমূল্য সম্পত্তি।”

উত্তৰ : উদ্ধৃত কথাফাকি প্রখ্যাত ইতিহাসবিদ সূর্যকুমাৰ ভূঞাৰ ‘হস্তিবিদ্যাৰ্ণৰ পুথি’ শীর্ষক পাঠটিৰ অন্তৰ্গত।

হস্তিবিদ্যাৰ্ণৱ পুথিখনত সন্নিবিষ্ট হৈ থকা অসমীয়া জাতীয় কৃষ্টিৰ বাবে ই অসমীয়া জাতিৰ এটা অমূল্য সম্পত্তি। এই কথাৰ প্ৰসংগতে লেখকে উক্ত কথাফাকিৰ অৱতাৰণা কৰিছে। পুৰণি অসমীয়া সাঁচিপতীয়া সচিত্ৰ পুথিসমূহৰ ভিতৰত সুকুমাৰ বৰকাই থৰদ্বাৰা ৰচিত ইস্তিবিদ্যার পুথিখনিয়েই শ্রেষ্ঠ। এই পুথিখনক বিবিধ হাতীৰ লক্ষণ, হাতীশাল নিৰ্মাণৰ নিয়ন, শুভ কার্যত হাতীৰ ব্যৱহাৰ, ৰজা কোন হাতীত উঠিলে ভাল, কোন হাতীত উঠিলে বেয়া, কোন হাতী থাকিলে ৰজাৰ কুশল আৰু সমৃদ্ধি বাড়ে, যুদ্ধ হস্তীৰ কথা, হাতীৰ বৰ্ণ, স্বাস্থ্য, খাদ্য, ব্যাধি, উপকরণ, হাতী বলৱন্ত হোৱাৰ নিয়ম, হাতী বশীকরণ মন্ত্র ইত্যাদি হাতী বিষয়ক প্রায় সকলোবোৰ কথা পুথিখনিত বৰ্ণিত হৈছে। ইয়াৰ লগতে পৃষ্ঠপোষক ৰজা, বিভিন্ন ডা- ডাঙৰীয়া, ৰাজ্য’ৰাৰে বিষয়ববীয়াসকলৰ সাজ-পাৰ আদিৰ চিত্ৰ এই পুথিত সন্নিবিষ্ট কৰাত তদানীন্তন অসম তথা অসমীয়া জাতীয় কৃষ্টিৰ অনেক আভাস পোৱা যায়। মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহৰু, ডাঃ ৰাজেন্দ্ৰ প্ৰসাদ আদিকে ধৰি অনেক খ্যাতনামা পুৰুষে হস্তিবিদ্যাগের পুথিখনি আদিৰ পৰা অন্তলৈকে চাই তাৰ বিচিত্ৰ চিত্ৰকলাৰ বিষয়ে ভূয়সী প্রশংসা কৰিছিল। সেয়ে হস্তিবিদ্যার্ণর পুথিখনি অসমীয়া জাতিৰ এটি অমূল্য সম্পত্তি।

Leave a Reply