Class-12 Assamese Solutions |Chapter-4| জনতাৰ আহ্বান

Class-12 Assamese Solutions |Chapter-4| জনতাৰ আহ্বান। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class-12 Assamese Solutions |Chapter-4| জনতাৰ আহ্বান AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS 2nd years Solutions

Class-12 Assamese Solutions |Chapter-4| জনতাৰ আহ্বান

Class-12 Assamese Solutions |Chapter-4| জনতাৰ আহ্বান অসমীয়া। উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অসমীয়া বিষয়ৰ শেহতীয়া পাঠ্যক্ৰমৰ (AHSEC) ওপৰত ভিত্তি কৰি পাঠ ভিত্তিক প্রশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আমাৰ ৱেবচাইটত উপলব্ধ।

গোট ২

নিৰ্বাচিত পদ্য

কবি পৰিচিতি—জ্যোতিপ্ৰসাদ আগৰৱালা (১৯০৩-১৯৫১)

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হয় ১৯০৩ চনৰ ১৭ জুন তাৰিখে। পিতৃৰ নাম পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম কিৰণময়ী আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালাই তেজপুৰ আৰু ডিব্ৰুগড়ত স্কুলীয়া শিক্ষা লাভ কৰাৰ পিছত কলিকতাৰ নেচনেল কলেজত পঢ়িছিল যদিও সেই কলেজ উঠি যোৱাত পিছত বিলাত এডিনবৰা বিশ্ববিদ্যালয়ৰ পৰা পুনৰ মেট্ৰিক পৰীক্ষা পাছ কৰে। তেওঁ ১৯২৬ চনত বিলাতলৈ উচ্চ শিক্ষাৰ কাৰণে যায়। তেওঁ তাত এম এ পঢ়িবলৈ গৈছিল যদিও সেই শিক্ষা বাদ দি জার্মানীত চলচ্চিত্র নির্মাণ সম্পর্কীয় শিক্ষাহে লৈ ১৯৩০ চনত স্বদেশলৈ ঘূৰি আহি অসমৰ প্ৰথম কথাছবি ‘জয়মতী’ (১৯৩৫) ৰ পিছত ইন্দ্ৰমালতী’কে ধৰি কেবাখনো কথাছবি নিৰ্মাণ কৰি মহাপুৰুষৰ শ্ৰীমন্ত শংকৰদেৱৰ পিছতেই অসমীয়া সংস্কৃতিৰ বৰঘৰ নিৰ্মাণ কৰে।

জ্যোতিপ্ৰসাদ আগৰৱালাই ছাত্ৰাৱস্থাৰ পৰাই নাটক, গীত, কবিতা আদি লিখিবলৈ লয়। মাত্র ১৪ বছৰ বয়সতে তেওঁ ‘শোণিত কুঁৱৰী’ নাটক লিখি এক অভিলেখ সৃষ্টি কৰিছিল। তেওঁৰ নাটকসমূহ হ’ল— ‘শোণিত কুঁৱৰী’ (১৯২৫), ‘কাৰেঙৰ লিগিৰি’ (১৯৩০), ‘লভিতা’ (১৯৪৮), ‘ৰূপালীম’ (১৯৬০), ‘খনিকৰ’, ‘নিমাতী কন্যা’, সোণ পখিলী’ (অসমাপ্ত নাট) ‘কনকলতা’ আৰু ‘সুন্দৰকোৱৰ’। কবিতা পুথি হ’ল— ‘লুইতৰ পাৰৰ অগ্নিসুৰ’। ‘জ্যোতি ৰামায়ণ’ নামৰ আন এখনি কবিতাৰ পুথি অসমাপ্ত অৱস্থাত ৰৈ যায়। চন্দ্ৰকুমাৰ আগৰৱালাৰ বিষয়ে তেওঁ এখনি জীৱনী প্ৰস্তুত প্ৰণয়ন কৰিছিল। ‘জ্যোতি সাতসৰী নামৰ তেওঁৰ এখনি গল্পৰ পুথি অতুল চন্দ্ৰ হাজৰিকাদেৱে সম্পাদনা কৰি উলিয়ায়। তেওঁৰ কেবাটাও মূল্যৱান ভাষণ পিছত কিতাপ আকাৰে প্ৰকাশ কৰি উলিয়ায়। ‘নালিয়াপুলৰ বিপদ সংকেত’ নামৰ লিখনিয়ে জ্যোতি প্ৰসাদৰ সাম্যবাদৰ ধ্যান-ধাৰণাৰ

ইংগিত দিয়ে। ইয়াৰ উপৰি ১৯৪৪ চনৰপৰা বন্ধ হৈ থকা চন্দ্ৰ কুমাৰ আগৰৱালাৰ সম্পাদনাত প্ৰকাশ পোৱা ‘অসমীয়া’ কাকতখনিৰ তেওঁ সম্পাদনাৰ দায়িত্ব লৈ পুনৰ প্ৰকাশ কৰি উলিয়ায়। সাহিত্য-সংস্কৃতি জগতত তেওঁক ‘ৰূপকোঁৱৰ’ আখ্যা দিয়া হৈছে। এইজনা মহান শিল্পী-সাহিত্যি মাত্ৰ ৪৮ বছৰ বয়সতে ১৯৫৩ চনৰ ১৭ জানুৱাৰী তাৰিখে দেহাৱসান ঘটে।

পাঠভিত্তিক প্রশ্নোত্তৰ

(ক) অতি চমু প্ৰশ্নৰ উত্তৰ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক-১) 

প্রশ্ন ১। অসমীয়া সাহিত্য-সংস্কৃতি জগতত ‘ৰূপকোৱৰ’ অভিধাৰে কোনগৰাকী সাহিত্যিকক বিভূষিত কৰা হৈছে?

উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালাক।

প্রশ্ন ২। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি ?

উত্তৰ: জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম হ’ল— ‘লুইতৰ পাৰৰ অগ্নিসুৰ’।

প্রশ্ন ৩। জ্যোতিপ্রসাদ আগৰৱালাই ৰচনা কৰা প্ৰথম নাটখনৰ নাম কি ?

উত্তৰ : ‘শোণিত কুঁৱৰী’ জ্যোতি প্ৰসাদ আগৰৱালাৰ প্ৰথম নাটক ।

প্রশ্ন ৪। জ্যোতিপ্ৰসাদ আগৰৱালাই জাৰ্মানীলৈ গৈ কিহৰ প্ৰশিক্ষণ লৈছিল? 

উত্তৰ: জ্যোতিপ্ৰসাদ আগৰৱালাই জার্মানীলৈ গৈ ভাত কথাছবি প্রযোজনা আৰু পৰিচালনাৰ

বিষয়ত প্রশিক্ষণ লৈছিল।

প্রশ্ন ৫। প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি ?

উত্তৰ : প্ৰথম অসমীয়া কথাছবিখনৰ নাম ‘জয়মতী’।

প্রশ্ন ৬। জ্যোতি প্ৰসাদ আগৰৱালাই ইন্দ্ৰমালতী’ কথাছবিখন কোন চনত নিৰ্মাণ কৰিছিল?

উত্তৰ : ১৯৩৯ চনত।

(খ) চমু প্ৰশ্নৰ উত্তৰ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক-২/৩)

প্রশ্ন ১। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ দুটা বৈশিষ্ট। লিখা। 

উত্তৰ: জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ দুটা বৈশিষ্ট্য হ’ল-

(ক) জাতীয়তাবোধ, দেশৰ ঐতিহ্য আৰু বুৰঞ্জীৰ লগত একাত্মবোধ আৰু জনতাৰ প্ৰতি দায়বদ্ধতা তেখেতৰ কবিতাৰ এক বিশেষ বৈশিষ্ট্য।

(খ) তেখেতৰ কবিতাত ভাষা আৰু শব্দৰ ওজস্বিতা, যৌবনসুলভ দীপ্ততা আদি বৈশিষ্ট্য লক্ষ্য কৰা যায়।

প্রশ্ন ২। ‘আজি সুন্দৰৰ পূজা-থাপনাত

যাটিবি কিহেৰে ষোড়শোপচাৰ- ষোড়শপচাৰ কি বুজাই লিখা।

উত্তৰ: ষোড়শ উপচাৰ হৈছে পূজাত লগা বোলবিধ বস্তু। সেই বস্তুবোৰ হ’ল গন্ধ, ধূপ, দীপ, নৈবেদ্য, বন্ধ, আভৰণ, আসন, স্বগত (আবাহন), পাদ্য, অর্থা, আচমনীয়, মধুপক পুনরাচমনীয়, স্নান আৰু চন্দন ।

কবি জ্যোতি প্ৰসাদ আগৰৱালাই ‘জনতাৰ আহ্বান’ কবিতাত জনতার আলোক যাত্রাব অভিযানৰ বিষয়ে ক’বলৈ গৈ ষোড়শোপচাৰ পূজাৰ কথা কৈছে। পূজাত ষোড়শোপচাৰেৰে যেনেদৰে আৰাধ্য দেৱ-দেৱীক পূজা কৰা হয়, কবিয়েও সুন্দৰৰ পূজা থাপনাত জনতাৰ আলোকসন্ধানী অভিযানক প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছে।

প্রশ্ন ৩। কবিতাটোত কবিয়ে ‘আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান’ বুলি কিয় কৈছে?

উত্তৰ : ‘জনতাৰ আহ্বান’ কবিতাটিত কবিয়ে পৃথিৱীত মানৱৰ মুক্তি সাধনৰ অর্থে সাংস্কৃতিক আৰু গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ পক্ষে মত প্রকাশ কৰিছে। কবিৰ দৃষ্টিত জনতাৰ এক নতুন ৰূপ প্ৰতিভাত হৈছে। অন্ধকাৰ নাশি পোহৰ বিলাবলৈ, সমগ্ৰ পৃথিৱীৰ আকাশতে সৌন্দৰ্য বিলাবলৈ পৃথিৱীৰ জনতা আজি ওলাই আহিছে। পৃথিৱীৰ সমগ্ৰ জনতাই আজি সাম্যবাদৰ সপোন দেখিছে। সেয়ে পৃথিবীৰ আকাশে আকাশে এই সাম্যবাদত উদ্বুদ্ধ হোৱাৰ জনতাৰ আহ্বান নিনাদিত হৈছে। মানুহৰ এই পৃথিৱীত শান্তি, ঐক্য সংহতিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভ্যুত্থানে জনতাৰ মহাপ্ৰাণ জাগ্ৰত কৰি তুলি। সমগ্ৰ পৃথিবীৰ জনতাৰ এই আহ্বান কাৰণে ‘আজি পৃথিৱীত আকাশে আকাশে জনতাৰ আহ্বান’ বুলি কোৱা হৈছে।

প্রশ্ন ৪। ‘হে মোৰ আলোক পূজাৰী প্ৰাণ’ কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা।

উত্তৰ : আলোক পূজাৰী মানে পোহৰৰ পূজাৰী, পোহৰৰ সেৱক। কবি জ্যোতিপ্ৰসাদ আগৰৱালা মনে-প্রাণে সংস্কৃতিৰ সাধক আছিল। সেয়ে সংস্কৃতিৰ বিকাশ সাধনৰ অৰ্থে দুর্দশাগ্রস্ত জনতাৰ প্ৰাণত এপাহ পদুম ফুলাব বিচৰা যেনকৈ এক আলোক সৃষ্টি কৰিবলৈকো অহৰহ প্রয়াস কৰিছে। জনতাৰ হৃদয়ত এই আলোকৰ সৃষ্টিৰ সম্ভৱনা একমাত্ৰ সুন্দৰৰ অৰ্থাৎ ভগৱানৰ ঈপাতহে সম্ভব। সেয়ে ষোড়শোপচাৰেৰে তেওঁ সুন্দৰৰ পূজাৰ থাপনাত উপাসনা কৰাৰ কথা চিন্তা কৰিছে।

প্রশ্ন ৫। কথাছবি নির্মাতা হিচাপে জ্যোতিপ্ৰসাদৰ এটি চমু পৰিচয় লিখা। 

উত্তৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হয় ১৯০৩ চনৰ ১৭ জুন তাৰিখে।পিতৃৰ নাম পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম কিরণময়ী আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালাই তেজপুৰ আৰু ডিব্ৰুগড়ত স্কুলীয়া শিক্ষা লাভ কৰাৰ পিছত কলিকতাৰ নেচনেল কলেজত পঢ়িছিল যদিও সেই কলেজ উঠি যোৱাত পিছত বিলাতৰ এডিনা বিশ্ববিদ্যালয়ৰ পৰা পুনৰ মেট্ৰিক পৰীক্ষা পাছ কৰে। তেওঁ ১৯২৬ চনত বিলাতলৈ উচ্চ শিক্ষাৰ কাৰণে যায়। তেওঁ তাত এন এ পঢ়িবলৈ গৈছিল যদিও সেই শিক্ষা বাদ দি জার্মানীত চলচ্চিত্র নির্মাণ সম্পর্কীয় শিক্ষাহে লৈ, ১৯৩০ চনত স্বদেশলৈ ঘূৰি আহি অসমৰ প্ৰথম কথাছবি ‘জয়মতী’ (১৯৩৫)কে ধৰি কেবাখনো কথাছবি নিৰ্মাণ কৰি মহাপুৰুষৰ শ্ৰীমন্ত শংকৰদেৱৰ পিছতেই অসমীয়া সংস্কৃতিৰ বৰঘৰ নিৰ্মাণ কৰে।

(গ) দীঘল প্ৰশ্নৰ উত্তৰ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক-৪/৫)

প্রশ্ন ১। ‘জনতাৰ আহ্বান’ কবিতাটোৰ মূল কথাখিনি আলোচনা কৰা। 

উত্তৰ : ‘জনতাৰ আহ্বান’ কবিতাটো জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘লুইতৰ পাৰৰ অগ্নিসুৰ’ নামৰ কাব্যগ্ৰন্থৰ পৰা অনা হৈছে। কবিতাটোত বিপ্লৱী কবিজনাই মানৱতাৰ ওপৰত গভীৰ আস্থা আৰু সৌন্দৰ্য ৰূপায়ণক বিশেষ গুরুত্ব আৰোপ কৰিছে। আলোকসন্ধানী কবিজনাই জনতাৰ আলোকসন্ধানী ৰূপ কবিতাটো মূৰ্ত কৰি তুলিছে।

সুন্দৰৰ পূজাৰী কবিজনাই কবিতাৰ প্ৰাৰম্ভতে কৈছে যে সুন্দৰৰ পূজাৰ থাপনাত আজি কিহেৰে পূজাৰ ষোড়শোপচাৰ গোটাব নাইবা কি ৰাগ, কি সুৰেৰে পুৱা-সন্ধ্যাৰ গান গাব— এই প্রশ্ন উত্থাপন কৰি কবিয়ে তাৰ উত্তৰো দিছে। কবিয়ে অনুভৱ কৰিছে বিশ্বৰ আকাশে-বতাহে আজি জনতাৰ আহ্বান ধ্বনিত হৈছে। কবিয়ে লক্ষ্য কৰিছে আজি সমগ্ৰ বিশ্বতে জনতাৰ পংকজ ৰূপ পদুমৰ দৰে বিকশিত হৈছে। অর্থাৎ সাম্যবাদৰ সুৰে আজি পৃথিৱীৰ আকাশে- বতাহে খলকনি তুলিছে। পৃথিৱীত শান্তি সুৰভি বিলাবলৈ, বিশ্বৰ সৌন্দৰ্য সৃষ্টিত অৰিহণা যোগাবৰ বাবে আজি জনতা ঐক্যবদ্ধ হোৱা প্ৰয়োজন। মানৱ জীৱনৰ এনে সংহত অভ্যুত্থানে জনতাৰ মহাপ্ৰাণ জগাই তুলিবলৈ সক্ষম হ’ব। কবিয়ে বিশ্বাস কৰিছে জনতাৰ আলোক বিজয়ী এনে অভিযানে নবজীৱনৰ পাতনি তৰি দিব। কবিয়ে বেদত ধ্বনিত হোৱা আলোক মন্ত্ৰেৰে অনুপ্ৰেৰণা লাভ কৰিবৰ বাবে আহ্বান জনাইছে। কবিয়ে উদাত্ত কণ্ঠে জনতাতন্ত্ৰৰ, আলোক মন্ত্রপুত মহামানৱ তন্ত্ৰৰ জয়গান গাইছে। 

প্রশ্ন ২। ‘জনতাৰ আহ্বান’ কৰিতাটোত সাধাৰণ মানুহৰ প্ৰতি কবিৰ কেনে মনোভাব প্ৰকাশ পাইছে বুজাই লিখা।

উত্তৰ : ‘জনতাৰ আহ্বান’ কবিতাটোত সাধাৰণ মানুহ অর্থাৎ জনতাৰ প্ৰতি কবিৰ গভীৰ আস্থাৰ ভাব প্ৰকাশ পাইছে। সেয়ে কবিতাটোত কবিয়ে পৃথিৱীৰ এই সাধাৰণ মানুহৰ মাজত বিয়পি পৰা এক নতুন চেতনা অভ্যুদ্বয়ৰ কথা বৰ্ণনা কৰিছে। কবিয়ে দেখিছে ৰূপান্তৰৰ পৃথিৱীত আকাশে বতাহে জনতাৰ আহ্বান বিয়পি পৰিছে। সুন্দৰৰ পূজাৰ যি সাধনা আৰম্ভ হৈছে তাত সাধাৰণ মানুহে অৰ্থাৎ জনতাই ষোড়শোপচাৰেৰে সুন্দৰৰ আৰাধনাত মগ্ন হৈছে। বোকাত জন্ম লাভ কৰা জনতা আজি পদুম ফুলৰ দৰে ফুলি সৌৰভ বিলাইছে, পোহৰ বিলাইছে। অন্ধকাৰ নাশি পোহৰত পাহি মেলি, আকাশত সৌন্দৰ্য সিঁচিবলৈ আজি জনতা ওলাই আহিছে। মানুহৰ এই পৃথিৱীখনত শাস্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভ্যুত্থানে জনতাৰ মহাপ্ৰাণ জাগ্ৰত কৰি তুলিছে। কবিৰ মনোভাব আজি জনতাৰ এই আলোকবিজয়ী অপূর্ব অভিযানে পৃথিৱীৰ আকাশ মুখৰিত কৰি তুলিব। নৱ- জীৱনৰ মহা সংঘাতে বর্তমানক কঁপাই তুলিব। জনতাৰ এই উদ্যোগ দেখি কবিব মনোভাব হৈছে বেদত ধ্বনিত হোৱা আলোকৰ আগমনী মন্ত্ৰ আজি সাৰ্থক হ’বলৈ আগ বাঢ়িছে।

প্রশ্ন ৩। কবিয়ে কেনেকুৱা জনতন্ত্ৰ কামনা কৰিছে কবিতাটোৰ আধাৰত বিশ্লেষণ কৰা ।

উত্তৰ : কবি জ্যোতিপ্ৰসাদ আগৰৱালাই ‘জনতাৰ আহ্বান’ কবিতাত জনতাক ‘প্রবুদ্ধ’ বুলি অভিহিত কৰি কৈছে যে জনতা আজি জ্ঞানৰ আলোকত উদ্ভাসিত হৈ উঠিছে। আজিৰ জনতা পূৰ্বৰ দৰে অজ্ঞান- আন্ধাৰত নিমজ্জিত নহয়। সাংস্কৃতিক আধাৰত প্রতিষ্ঠিত এক কেন্দ্ৰীভূত শক্তিৰ ওপৰত গভীৰ আস্থাবান এই জনতা আজি আলোকসন্ধানী হৈ পৰিছে। জ্ঞান আৰু মানৱীয় মূল্যবোধত এওঁলোকে গুৰুত্ব দিছে। সমাজৰ সকলো অসুন্দৰ আঁতৰাই সত্য আৰু সুন্দৰৰ ভিত্তিত প্রবুদ্ধ জনতাই সমাজ স্থাপন কৰিব খোজে। জ্ঞান-বুদ্ধি-চেতনা আৰু নিস্বাৰ্থ সেৱাৰ মনোভাবেৰে এওঁলোক উজ্জীবিত। জাতিৰ জীৱন আগুৱাই নিবলৈ এই জনতাই সাংস্কৃতিক প্রচেষ্টা কাৰ্যকৰী কৰিবলৈ বদ্ধ পৰিকৰ। তাৰ বাবে যি শাসনতন্ত্ৰৰ প্ৰয়োজন হ’ব সেয়া হ’ব জনতন্ত্র। কবিয়ে তেনে জনতন্ত্ৰৰে জয় জয়কাৰ ঘোষণা কৰিছে।

প্রশ্ন ৪। ‘জনতাৰ আহ্বান’ কবিতাটোত জনতাৰ মহাপ্ৰাণ কেনেদৰে জাগৰিত হয় বুলি কবিয়ে কৈছে আলোচনা কৰা।

উত্তৰ : ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ‘জনতাৰ আহ্বান’ নামৰ কবিতাত জনতাৰ আলোকসন্ধানী ঐক্যবদ্ধ যাত্ৰাৰ কথা প্ৰকাশ কৰিছে। মানুহৰ শ্ৰেষ্ঠতম গুণ মানৱতাৰ বিকাশ সাধন হোৱাৰ পিছত কবিয়ে পৃথিৱীত মানৱীয় মূল্যবোধৰ উত্তৰণ প্ৰত্যক্ষ কৰিছে। বোকাত গজি বিকশিত হোৱা পদুম ফুলৰ দৰে একেবাৰে নেহাত অৱস্থাত জন্মলাভ কৰা এইসকল মানুহেও সংস্কৃতিৰ বিকাশ সাধনত নিজৰ ভাগ ল’বলৈ, আকাশে-বতাহে সৌন্দৰ্যৰ সৌৰভ বিলাবলৈ, পৃথিৱী শান্তিময় কৰিবলৈ এক আলোকসন্ধানী যাত্ৰা আৰম্ভ কৰিছে। সেয়ে করিয়ে পৃথিৱীৰ আকাশে-বতাহে জনতাৰ আহ্বান হোৱা শুনিবলৈ পাইছে। জীৱনৰ প্ৰতিটো ক্ষণে ক্ষণে, মহা প্রবাহে প্রবাহে এনেদৰে জনতাৰ আহ্বান শুনি কবি আপ্লুত হৈ পৰিছে।

প্রশ্ন ৫। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা আজি জনতাৰ পংকজ ৰূপ জাগে পদুমৰ দৰে বোকাত জনমা মানুহে আজি আলোকনে’ উঠি আছে বেলিমুৱা হৈ হাঁহে।

উত্তৰ: উল্লিখিত কবিতাৰ স্তৱকটো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত জনতাৰ আহ্বান শীর্ষক কবিতাৰ পৰা তুলি অনা হৈছে। সমাজৰ নিম্ন স্তৰৰ মানুহখিনিও যে আজি অগ্ৰগতিৰ জখলাৰে আগুৱাই গৈছে তাকে কবিতাফাকিৰ জৰিয়তে কবিয়ে ব্যক্ত কৰিছে।

জনগণৰ আলোকসন্ধানী ৰূপৰ উমান দি কবিয়ে গৈছে যে দেৱ-দেৱীৰ পূজাৰ থাপনাত যেনেদৰে ধূপ-দীপ-নৈবেদ্যৰ ষোড়শোপচাৰেৰে পূজা কৰা হয় তেনেদৰে সুন্দৰৰ পূজা থাপনাতো জনতাৰ সৌন্দৰ্য পূৰ্ণ ৰূপক প্রতিষ্ঠিত কৰিব লাগিব। আকাশে বতাহে জনতাৰ আহ্বান শুনা কবিয়ে পৃথিৱীৰ বোকা-পানীৰ লগত মিলি থকা সমাজৰ দলিত নিষ্পেষিত সকলো লোকক পদুম ফুলৰ লগত তুলনা কৰিছে। পদুম ফুলে বোকাত জন্ম লাভ কৰি সহস্ৰ দলত ঊর্ধ্বমুখী হৈ সৌন্দৰ্য আৰু সৌৰত বিতৰণ কৰে। এনেদৰে জনতাৰ পংকজ ৰূপো পদুম ফুলৰ দৰে বিকশিত হৈ উঠি মানুহৰ পৃথিৱীত শান্তি আৰু সুৰভি বিলাই পৃথিৱীত সৌন্দৰ্যৰ মহামেলা পাতিব পাৰে। কবিয়ে কৈছে জনতাৰ বিশাল ৰূপ কল্যাণকামী মানৱ সংস্কৃতিৰ পোহৰলৈ ধাবমান হৈছে।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া। 

(ক) জ্যোতিপ্ৰসাদৰ কি কবিতা তোমাৰ পাঠ্যক্ৰমত আছে?

উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জনতাৰ আহ্বান’ কবিতাটো আমাৰ পাঠ্যক্ৰমত আছে।

(খ) ‘প্রবুদ্ধ জনতা’ মানে কি ?

উত্তৰ : প্ৰবুদ্ধ জনতা মানে জ্ঞানৰ আলোকেৰে উদ্ভাসিত হৈ উঠা জনতা।

(গ) জনতাৰ আহ্বান নামৰ কবিতাটি জ্যোতিপ্ৰসাদৰ কোনখন কাব্য সংকলনৰ পৰা লোৱা হৈছে।

উত্তৰ জনতাৰ আহ্বান, কবিতাটি জ্যোতিপ্ৰসাদৰ ‘লুইতৰ পাৰৰ অগ্নিসুৰ’ কাব্য পুথিৰ পৰা অনা হৈছে।

(ঘ) ‘যাচিবি কিহৰে ষোড়শোপচাৰ ?’ – ‘ষোড়শোপচাৰ’ মানে কি ? 

উত্তৰ : পূজা-সেৱাৰ যোগ্লবিধ উপকৰণ।

উপকাৰসমূহ হ’ল— ১। আসন, ২। স্বাগত, ৩। পাদ্য, ৪। অর্ঘ্য, ৫। আচমনীয়, ৬।মধুপর্ক, ৭। পুনরাচমনীয়, ৮। স্নান, ৯। বসন, ১০। আভৰণ, ১১। গন্ধ, ১২। পুষ্প, ১৩। ধূপ, ১৪। দীপ, ১৫। নৈবেদ্য, ১৬। বন্দন।)

(ঙ) ‘জনতাৰ আহ্বান’ কবিতাটি কাৰ ৰচনা ? 

উত্তৰ : ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচনা।

(চ) জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিনটো অসমত কি দিৱস হিচাপে পালন কৰা হয় ?

উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিন ১৭ জানুৱাৰী তাৰিখটো অসমৰ শিল্পী ‘দিৱস’ হিচাপে পালন কৰা হয়।

(ছ) জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম-মৃত্যুৰ চন দুটা লিখা । 

উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম ১৯০৩ চন আৰু মৃত্যু ১৯৫১ চন। 

(জ) জ্যোতি প্ৰসাদৰ চৈধ্য বছৰ বয়সতে ৰচনা কৰা নাটকখনি কি আছিল? 

উত্তৰ : ‘শোণিত কুঁৱৰী’।

(ঝ) ‘আজি সুন্দৰৰ পূজা- থাপনাত — বুলি উল্লেখ কৰি কবিয়ে সুন্দৰৰ’ শব্দেৰে কাক বুজাইছে?

উত্তৰ : ভগৱানক বুজাইছে।

(ঞ) ‘আজি জনতাৰ পঙ্কজ ৰূপ বুলি কৰিয়ে কিয় কৈছে?

উত্তৰ : বোকাত জন্মা পদুমৰ দৰে মাটি-পানীৰ মাজতেই জনতাৰ জন্ম হোৱা বাবে।

(ট) ‘প্রবুদ্ধ’ মানে কি?

উত্তৰ : ‘জ্ঞানী বা জাগৰিত।

(ঠ) অসমৰ প্ৰথম কথাছবিখনিৰ নাম কি?

উত্তৰ : ‘জয়মতী’।

(ড) ‘জয়মতী’ কথাছবিখনিয়ে কোন চনত মুক্তি লাভ কৰে ? 

উত্তৰ : ১৯৩৫ চনত ।

(ঢ) জ্যোতি প্ৰসাদ আগৰৱালাৰ নিৰ্মিত দ্বিতীয় কথাছবিখনৰ নাম কি ?

উত্তৰ: ‘ইন্দ্ৰমালতী’।

(ণ) ‘আজি মানৱৰ জন জীবন সংহত অভ্যুত্থান’— ইয়াক ‘সংহত অভ্যুত্থান’ শব্দই কি অৰ্থ বুজাইছে?

উত্তৰ : ঐকবদ্ধভাৱে সকলোৱে মাৰ বান্ধি ওলাই অহা অৰ্থ বুজাইছে। 

(ত) ‘ভূমিকম্প উল্লাসে’— কি অর্থ বুজাইছে?

উত্তৰ: ভূমিকম্পই যিদৰে পৃথিৱী কঁপাই তোলে, তেনেকৈ পৃথিৱী আকাশ বতাহ কঁপোৱা উল্লাসেৰে জনতা জাগৰিত হোৱা অৰ্থ বুজাইছে।

(থ) বোকাত জন্মা মানুহে কাৰফালে মুখ কৰি হাঁহে 

উত্তৰ: বেলিমুৱা হৈ হাঁহে।

(দ) জ্যোতিপ্ৰসাদ আগৰৱালাৰ দুখন নাটকৰ নাম লিখা।

উত্তৰ : শোণিত কুঁৱৰী, লভিতা।

(ধ) জ্যোতি প্ৰসাদ আগৰৱালাৰ গীতসমূহত কোন দুটা সুৰ ধ্বনিত হৈছে? 

উত্তৰ : জনতাৰ প্ৰতি গভীৰ আস্থাৰ সুৰ আৰু সুন্দৰৰ সাধনাৰ সুৰ ।

(ন) মৰণোত্তৰভাৱে প্রকাশিত হোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি ?

উত্তৰ : ‘লুইত পাৰৰ অগ্নিসুৰ।

(প) পূজাৰ ১৬ বিধ উপকৰণক এটা শব্দত কি বুলি কোৱা হয় ?

উত্তৰ : ষোড়শোপচাৰ

(ফ) ‘জনতাৰ আহ্বান’ কবিতাটিত কবিয়ে কাৰ জয়ৰ কথা ঘোষণা কৰিছে ? 

উত্তৰ : ‘জনতাৰ আহ্বান কবিতাটিত কবিয়ে জনতাৰ জয়ৰ কথা ঘোষণা কৰিছে ।আজিৰ জনতা আগৰ দৰে অজ্ঞান আন্ধাৰত নিমজ্জিত নহয়। সাংস্কৃতিক আধাৰত প্ৰতিষ্ঠিত এক কেন্দ্ৰীভূত শক্তিৰ ওপৰত গভীৰ আস্থাৱান এই জনতা আজি আলোক সন্ধানী হৈ পৰিছে। 

HS দ্বিতীয় বৰ্ষৰ অসমীয়া প্ৰশ্নৰ উত্তৰ

Sl. No.Contents
Unit 1নিৰ্বাচিত গদ্য
Chapter 1মোৰ মাতৃমোখ দৰ্শন
Chapter 2মগনিয়াৰ
Chapter 3আনন্দৰাম বৰুৱা
Chapter 4হস্তিবিদ্যাৰ্ণৱ পুথি
Chapter 5ভাৰতীয় আদৰ্শত বৈৰাগ্য
Chapter 6চিঠি
Chapter 7অসমীয়া চলচ্চিত্রৰ গতিধাৰা
Chapter 8বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো
Unit 2নিৰ্বাচিত পদ্য
Chapter 1বৰগীত (উঠৰে উঠ বাপু)
Chapter 2বিশ্ব খনিকৰ
Chapter 3মিলন
Chapter 4জনতাৰ আহ্বান
Chapter 5কাঠমিস্ত্ৰীৰ ঘৰ
Chapter 6আঘোণৰ কুঁৱলী
Chapter 7উভতি নহাৰ কবিতা
Chapter 8কৰুণতম
Unit 3কৈশোৰ কাল আৰু মূল্যবোধৰ শিক্ষা
Chapter 1মূল্যবোধৰ শিক্ষা
Chapter 2কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা

প্রশ্ন ২। ‘প্রবুদ্ধ জনতা জয় জয় জনতন্ত্র’— এই উক্তিৰ কবিগৰাকী কোন? প্রবুদ্ধ জনতা’ শব্দ দুটাৰে কবি গৰাকীয়ে কি অৰ্থ বুজাইছে?

উত্তৰ : এই উক্তিৰ কবিগৰাকী হ’ল — ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। ‘প্রবুদ্ধ জনতা’শব্দ দুটাৰ অৰ্থ হ’ল জ্ঞান আৰু মানৱীয় মূল্যবোধ থকা জনসমাজ। 

প্রশ্ন ৩। ‘জয় জনতন্ত্র স্বতন্ত্র’— জ্যোতিপ্ৰসাদ আগৰৱালাই কি আশা পোষণ কৰি এই কথাষাৰ কৈছে, তুমি পঢ়া কবিতাৰ আধাৰত বুজাই লিখা।

উত্তৰ: অসমীয়া কাব্য-সাহিত্যত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা সুন্দৰৰ পূজাৰী কবি-শিল্পীৰূপে জনাজাত। তেওঁৰ কাৰ্যৰ অন্তৰ্নিহিত বক্তব্য হৈছে সৌন্দৰ্যৰ সন্ধান। জীৱনটো সুন্দৰকৈ গঢ় দিয়া প্রয়াসেই শিল্পীৰ আদৰ্শ বুলি তেওঁ অনুভৱ কৰিছিল। তেওঁৰ শিল্পসাধনা আছিল জনতামুখী।

আলোকসন্ধানী এই কবি-শিল্পজনাই ‘জনতাৰ আহ্বান’ কবিতাত সুন্দৰৰ পূজা থাপনাত জনতাক প্রতিষ্ঠিত কৰি জনতাৰ জয়গান গাবৰ প্ৰয়াস কৰিছে। পৃথিৱীত মানৱৰ মুক্তি সাধনাত মানব সমাজৰ সাংস্কৃতিক আৰু গণতান্ত্রিক অধিকাৰ সাব্যস্ত হোৱাৰ সপক্ষে তেওঁ নতুন সুৰেৰে গান গোৱাৰ প্ৰয়াস কৰিছে। কবিয়ে অনুভৱ কৰিছে সমগ্ৰ আকাশ-বতাহে যেন আজি জনতাৰ জয়জয়কাৰ ধ্বনি প্রতিধ্বনিত হৈছে। এই ধ্বনি জ্ঞান আৰু মুক্তিৰ ধ্বনি। বোকাত জন্ম হোৱা পদুমে বেলিৰ ফালে মুখ কৰি সৌৰভ আৰু সৌন্দৰ্য বিতৰণ কৰাৰ দৰে আজি জনতায়ো মাটি, পানী, বায়ু ফালি আকাশত সৌন্দর্য সিটি শান্তি-সুৰভি বিলাই বিশ্বৰ সৌন্দৰ্য মেলাত ভূমিকা গ্ৰহণ কৰিছে। মানৱ জীৱনৰ এনে সংহত অভ্যুত্থানে জনতাৰ মহাপ্ৰাণ জগাই তুলিবলৈ সক্ষম হ’ব বুলি কবিয়ে বিশ্বাস কৰিছে। কৰিয়ে আশা কৰিছে জনতাৰ আলোক বিজয়ী এনে অভিযানে নৱজীৱনৰ পাতনি এৰি দিব। করিয়ে সেয়েহে অনুভৱ কৰিছে জনতাৰ অপ্ৰতিহত গতিধাৰা আজি জীৱনৰ প্রবাহে প্রবাহে প্রবাহিত হৈছে। .

প্রশ্ন ৪। জ্যোতিপ্ৰসাদৰ ‘জনতাৰ আহ্বান’ কবিতাটোৰ সাৰাংশ লিখা।

নাইবা

‘আজি জনতাৰ আলোক বিজয়ী 

অপূর্ব অভিযান,

আজি পৃথিৱীৰ আকাশে আকাশে

জনতাৰ আহ্বান,

নৱ জীৱনৰ মহা সংঘাতে কঁপায় বর্তমান।’ 

— কোনটো কবিতাৰ পৰা এই স্তৰটো লোৱা হৈছে? ইয়াৰ মাজেদি কবিগৰাকীয়ে জনতাৰ আহ্বান কিদৰে প্ৰকাশ কৰিছে, তাৰ বিৱৰণ দিয়া। 

উত্তৰ : ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত ‘জনতাৰ আহ্বান’ নামৰ কবিতাটিৰ পৰা এই স্তবকটি লোৱা হৈছে। জ্যোতিপ্ৰসাদৰ কবিতাৰ সংকলন ‘লুইতৰ পাৰৰ অগ্নিবীণা সুৰ’ত সন্নিবেশ কৰা ‘জনতাৰ আহ্বান’ নামৰ কবিতাটো সুন্দৰৰ চিন্তাৰ অভিব্যক্তিৰ বাহক, উদ্বেলিত জনতাৰ মুক্তিৰ সাধনা আৰু নতুন পুৰুষৰ দ্বিধা, প্রশ্ন আৰু সমস্যাৰ বিশ্লেষণৰূপে প্রতীয়মান হৈছে। ‘জনতাৰ আহ্বান’ ৰূপকোঁৱৰ জ্যোতি প্ৰসাদৰ শিল্পী মনৰ সংস্কাৰকামী উদাত্ত আহ্বান। এই কবিতাত ‘সংস্কৃতি জনতা, ভাৰতীয় ঐতিহ্য, অসমীয়া জাতিৰ পুনৰুথান আৰু তাৰ মাজেদি বিশ্বমানৱৰ প্ৰগতি আৰু কল্যাণৰ জখলাত আৰোহণ’— এই সকলোবোৰৰ এক অভূতপূর্ব সমন্বয়ৰ ৰূপৰেখা উদ্ভাসিত হৈছে।

 ‘জনতাৰ আহ্বান’ কবিতাৰ আৰম্ভণিতে বিশ্বৰ মানুহৰ মুক্তিৰ সাধনাত মানৱ সমাজৰ সাংস্কৃতিক আৰু গণতান্ত্রিক অধিকাৰৰ দাবী সাব্যস্ত হোৱাৰ মুহূৰ্তত শিল্পীমনক নতুন সুৰেৰে গান গাবলৈ জগাই তুলিছে। কিয়নো শিল্পী হ’ল পোহৰৰ পূজাৰী, প্ৰগতিৰ সাধক। 

কবিয়ে যেন তেওঁৰ অৰ্ন্তদৃষ্টিৰে দেখিবলৈ পাইছে যে পৃথিৱীত এক নতুন প্রগতিশীল সাম্যবাদী সমাজ গঢ়ি উঠিবৰ সময় হৈছে। কোনো মানুহে পিছপৰি, অনুন্নত হৈ থাকিব খোজা নাই সভ্যতাৰ শিখৰত উপনীত হ’বলৈ সকলো একচিত্তে অগ্ৰসৰ হৈছে। ভাৰতৰ বৈদিক ঐতিহ্যই প্ৰেৰণা যোগোৱা ‘চৰৈবেতী, চৰৈবেতী’ ধ্বনিৰ দৰে কবিয়ে ‘মানৱ জনজীৱনৰ সংহত অভ্যুত্থান’ দেখা পাইছে। ঐক্যবদ্ধৰূপে মানৱ প্ৰীতি আৰু সভ্যতা-সংস্কৃতিৰ আদান-প্রদান ঘটিছে। ‘জনতাৰ আলোক বিজয়ী অপূর্ব অভিযানত কবিয়ে শিল্প-সাধনাৰ মূৰ্চনাত উপলব্ধি কৰিব পাৰিছে যে পৃথিৱীৰ সকলো ঠাইতে ‘আকাশত জনতাৰ আহ্বান’ উচ্চাৰিত হৈছে। এই আহ্বান কিহৰ বাৰু। শিল্পী কবিৰ বৈপ্লৱিক আত্মাই এই আহ্বানৰ সুৰ মুক্তিৰ আৰু মানৱতাৰ দাবীতে আলোকিত বুলি অনুভৱ কৰিছে। জ্যোতিপ্ৰসাদৰ এনেবোৰ কবিতাক যুগসন্ধিৰ কবিতা বুলি কোৱা হয়। উঠি অহা নতুন পুৰুষৰ হৃদয়ত সঘনাই স্পৰ্শ কৰা এই কবিতাত স্পষ্টকৈয়ে কোৱা হৈছে যে নতুন পুৰুষে সাম্প্ৰতিক কালৰ সংঘাত অৰ্থাৎ প্ৰশ্ন, বিধা আৰু সমস্যাসমূহৰ সন্মুখীন হৈছে। সমাজ, অর্থনীতি সকলোতে নতুন পুৰুষৰ আগত চিন্তাশীল মানব জীবন উদ্ভাসিত হৈছে— ‘নব জীৱনৰ মহাসংঘাতে কঁপায় বর্তমান।’ এই সংঘাত সমাজ গণতন্ত্র, বিজ্ঞানমুখী যুগ আদিত ভাস্কৰ হৈ উঠিছে। অৱশ্যে শিল্পী কবিয়ে এনে সংঘাতৰ মূৰকত নতুন পুৰুৰে প্ৰেৰণা লাভ কৰিব বুলি প্রাচীন যুগাৰ আলোকসন্ধানী প্রতিভাৰ দিশ দৰ্শন কৰিছে। কবিতাটিত বেদত ধ্বনিত হোৱা আলোক আগমনী মন্ত্ৰ বুলি উত্তিষ্ঠত জাগ্রত, প্ৰাপ্য বান্মিবোধত — মহান বাণীৰ ইংগিত বহন কৰা দেখা গৈছে। প্রাচীন যুগতে মানুহক জাগ্ৰত কৰাৰ জ্ঞানৰ আলোকত উদ্বুদ্ধ জনতাই মানুহৰ স্বাধীনতা, দেশৰ স্বাধীনতা। গণতান্ত্ৰিক নিৰাপত্তাৰ জয়গান গাবলৈ ঐক্যবদ্ধ হওক—এয়ে কবিৰ কামনা।

প্রশ্ন ৫। ‘বোকাত জনমা মানুহে আজি 

আলোকলে উঠি আহি বেলিমুৱা হৈ হাঁহে’

— ‘বোকাত জনমা মানুহ’ বুলি কাক কোৱা হৈছে? তেওঁলোক আলোকলে কেনেকৈ উঠি আহে ?

উত্তৰ: বিপ্লবী কবি জ্যোতিপ্ৰসাদ আগৰৱালাই ‘জনতাৰ আহ্বান’ কবিতাত বোকাত জনমা মানুহ বুলি সমাজৰ দলিত-শোষিত শ্ৰেণীটোক নিৰ্দেশ কৰিছে। সমাজৰ সকলো স্তৰতে আজি কবিয়ে জনতাৰ এক জাগ্ৰত ৰূপ প্ৰত্যক্ষ কৰিছে। সংস্কৃতিৰ পোহৰেৰে জনতা আজি উদ্ভাসি উঠিছে। বোকাত জন্ম হোৱা পদুম ফুলে মূৰ দাঙি বেলিমুৱা হৈ হাঁহি সৌৰভ বিতৰণ কৰাৰ দৰে সমাজৰ নিম্ন দলিত শ্ৰেণীৰ মানুহেও পদুমৰ দৰে বিকশিত হৈ পৃথিৱীত শান্তি-সুৰভি বিলাই সৌন্দর্যৰ মহামেলা স্থাপনত অংশগ্ৰহণ কৰিছে। আলোকলে উঠি অহা কথাষাৰৰ তাৎপৰ্য হ’ল সমাজৰ দলিত-নিষ্পেষিত সকলো মানুহ সংস্কৃতিৰ পোহৰত আলোকিত হৈ উঠা।

প্রশ্ন ৬। ‘আজি পৃথিৱীৰ আকাশে বতাহে’

জনতাৰ আহ্বান’ 

নৱজীৱনৰ মহাসংঘাতে কঁপায় বৰ্তমান।

 — এই উক্তিৰ যোগেদি জ্যোতিপ্ৰসাদ আগৰৱালাই জনতাৰ আহ্বান কিদৰে দেখুৱাইছে বুজাই লিখা।

উত্তৰ আলোকসজ্ঞানী কবি জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ ‘জনতাৰ আহ্বান’ কবিতাত পৃথিৱীত মানৱৰ মুক্তি সাধনৰ অৰ্থে সাংস্কৃতিক আৰু গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ পক্ষে মত প্ৰকাশ কৰিছে। কবিৰ দৃষ্টিত জনতাৰ এক নতুন ৰূপ প্ৰতিভাত হৈছে। কবিয়ে অনুভৱ কৰিছে বিশ্বৰ আকাশে বতাহে আজি জনতাৰ আহ্বান ধ্বনিত হৈছে। বোকাত জন্মা পদুম ফুলে সূর্যমুখী সৌৰভ দৰে সমাজত শোষিত-নিষ্পেষিত শত-সহস্র জনগণে আলোকসন্ধানী যাত্ৰা আৰম্ভ কৰিছে। অর্থাৎ সাম্যবাদৰ সুৰে আজি পৃথিৱীৰ আকাশ-বতাহত খলকনি তুলিছে। পৃথিৱীত শান্তি-সুৰভি বিলাবলৈ, বিশ্বৰ সৌন্দৰ্য সৃষ্টিত অৰিহণা যোগাবৰ বাবে আজি জনতা ঐক্যবদ্ধ হোৱা প্ৰয়োজন। মানৱ জীৱনৰ এনে সংহত অভ্যুত্থানে জনতাৰ মহাপ্রাণ জগাই তুলিবলৈ সক্ষম হ’ব। কবিয়ে বিশ্বাস কৰিছে জনতাৰ আলোকবিজয়ী এনে অভিযানে নৱজীৱনৰ পাতনি ভৰি দিব।

প্রশ্ন ৭। ‘হে মোৰ আলোক-পূজাৰী প্ৰাণ।

আজি সুন্দৰৰ পূজা থাপনাত

যাচিবি কিহেৰে ঘোষশোপচাৰ’ 

– কবিয়ে নিজৰ প্ৰাণক কিয় ‘আলোক পূজাৰী প্ৰাণ’ বুলি কৈছে? কোন সুন্দৰৰ পূজা থাপনাত তেওঁ কি ‘ষোড়শাপচাৰ’ যচাৰ কথা কৈছে?

উত্তৰ : কবি নিজেই মনে-প্রাণে এজন সংস্কৃতিৰ সাধক। সংস্কৃতিৰ বিকাশ সাধন কৰি বোকাত জন্মা পদুম ফুলৰ দৰে এই নেহাত অৱস্থাত জন্মা জনতাৰ প্ৰাণত এক অপূর্ণ আলোকৰ সৃষ্টি কৰিবলৈ কবিয়ে অহৰহ চেষ্টা কৰি আহিছে। সেই কাৰণেই তেওঁৰ প্ৰাণক ‘আলোক- পূজাৰী প্ৰাণ’ বুলি কৈছে। জনতাৰ হৃদয়ত এই আলোকৰ সৃষ্টিৰ সম্ভাৱনা একমাত্ৰ সুন্দৰ অৰ্থাৎ ভগৱানৰ কৃপা লাভতহে। সেয়ে এই সুন্দৰৰ পূজা থাপনাত আসন, স্বাগত, পাদ্য, অৰ্ঘ্য, আচমনীয়, মধুপর্ক, পুনৰাচমনীয়, স্নান, বসন, আভৰণ, গন্ধ, পুষ্প, ধূপ, দীপ, নৈবেদ্য, বন্দন— এই ষোল্ল প্ৰকাৰ উপচাৰেৰে উপাসনা কৰাৰ কথা চিন্তা কৰিছে।

প্রশ্ন ৮। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা

(ক) মাটিৰ পানীৰ বিদাৰি বক্ষ

জননী গৰ্ভৰ আধাৰ কক্ষ 

ওলাল এৰিবলৈ 

পোহৰত পাহি মেলিবলে 

আকাশত সৌন্দৰ্য সিঁচিবলে

বতাহৰ ৰেণু বিলাবলে।

উত্তৰ : উল্লিখিত কবিতাৰ স্তৱকটো কবি জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা ‘জনতাৰ আহ্বান’ কবিতাটোৰপৰা উদ্ধৃত কৰা হৈছে। জনতাৰ আলোকসন্ধানী ৰূপৰ কল্পনা কৰি কবিয়ে এনেদৰে কৈছে।

জনতাৰ জীৱনৰ সকলোবোৰ মলিনতা আঁতৰাই কৰিয়ে জনতাৰ আলোকসন্ধানী যাত্রাপথৰ ইংগিত কবিতাটোত দিছে। জনতাৰ শোষিত নিষ্পেষিত-দলিত শ্ৰেণীটোক করিয়ে বোকাত জন্ম হোৱা পদুমৰ লগত তুলনা কৰিছে। পদুম ফুলে বোকাত জন্ম লাভ কৰিলেও তাৰ শতদল বিকাশেৰে সি ঊর্ধ্বমুখী হৈ সৌৰভ আৰু সৌন্দর্য বিতৰণ কৰে। একেদৰে সমাজৰ নিম্ন শ্ৰেণীৰ লোকে মাটি- পানী বোকাত মিলি সংস্কৃতিৰ পোহৰেৰে উজ্জ্বল হৈ মানুহে ফুলৰ দৰে সৌৰভ আৰু সৌন্দর্য বিতৰণ কৰিবলৈ সক্ষম হয়। পাম ফলে মাটি-পানীৰ বক্ষ বিদাৰি সৌন্দৰ্য বিতৰণ কৰাৰ দৰে আজি জনতায়ো সংস্কৃতিৰ পোহৰেৰে উদ্ভাসিত হৈ পৃথিৱীত শান্তি-সুৰভি বিলাবলৈ, পৃথিৱীত সৌন্দৰ্যৰ মহামেলা স্থাপন কৰিবলৈ সক্ষম হৈছে। পোহৰৰ সম্ভেদ পাই জনতা আজি সেই পোহৰেৰে উল্লাসিত হৈ উঠিছে।

(খ) অভিনব এক জীৱনৰ ৰূপ

পুষ্পিত কৰি তুলিবলে 

আজি মানৱৰ জন জীৱনৰ 

সংহত অভ্যুত্থান।

উত্তৰ উদ্ধৃত কবিতাফাকি ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা ৰচিত ‘জনতাৰ আহ্বান’ নামৰ কবিতাটিৰ অন্তৰ্গত। 

পৃথিৱীৰ সাধাৰণ জন মানবে সাম্যবাদত উদ্বুদ্ধ হৈ কেনেদৰে জাগি উঠিছে তাকে প্রকাশ কৰিবলৈ গৈ করিয়ে এনেদৰে উল্লেখ কৰিছে।

পৃথিৱীৰ জনতা আজি নীৰৱে সুপ্ত হৈ শুই বহি থকা নাই। নিজক প্ৰতিষ্ঠা কৰিবলৈ সাম্যবাদৰ মনোভাব লৈ আজি জনতা জাগি উঠিছে। আন্ধাৰ নাশি পোহৰ বিকশিত কৰি আকাশ বতাহত নিনাদিত কৰি আজি জনতা ওলাই আহিছে। মানুহৰ পৃথিৱীত শান্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভ্যুত্থানে জনতাৰ মহাপ্ৰাণ জাগ্ৰত কৰি ভুলছে। আজি জনতার আলোক বিজয়ী এই অভ্যুত্থানে, নর জীৱনৰ মহা সংঘাতে বর্তমানক কঁপাই তুলিছে। মানৱৰ জন জীৱনৰ এই সংহত অভ্যুত্থানে জনতাক এক নৱ জীৱন প্ৰদান কৰিছে।

(গ) আজি জনতাৰ আলোক বিজয়ী

অপূর্ব অভিযান 

আজি পৃথিবীর আকাশে বতাহে 

জনতাৰ আহ্বান;

নৱ জীৱনৰ মহা সংঘাতে

কঁপায় বর্তমান।

উত্তৰ : উদ্ধৃত কবিতা ফাকি ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা ৰচিত ‘জনতাৰ আহ্বান’ নামৰ কবিতাটিৰ অন্তৰ্গত। 

সৰ্বসাধাৰণ জনতা আজি সাম্যবাদত উদ্বুদ্ধ হৈ নিজৰ ভৰিত নিজে থিয় হোৱাৰ আশাৰে দিবে জাগি উঠিছে তাকেই এই কবিতাফাকিৰ জৰিয়তে প্ৰকাশ কৰিব বিচাৰিছে।

করিয়ে পৃথিবীৰ জনতাৰ আলোক সন্ধানী ঐক্যবদ্ধ যাত্ৰাৰ কথা প্ৰকাশ কৰিবলৈ গৈ কৈছে যে মানুহৰ শ্ৰেষ্ঠতম গুণ মানৱতাৰ বিকাশ সাধন হোৱাৰ পিছত পৃথিৱীত মানৱীয় মূল্যবোধৰ উত্তৰণ ঘটিছে। বোকাত গজি বিকশিত হোৱা পদুম ফুলৰ দৰে একেবাৰে নেহাত অৱস্থাত জন্মলাভ কৰা এই সকল মানুহেও সংস্কৃতিৰ বিকাশ সাধনত নিজৰ ভাগ ল’বলৈ, আকাশে-বতাহে সৌন্দৰ্যৰ সৌৰভ বিলাবলৈ, পৃথিৱীত শান্তি স্থাপন কৰিবলৈ এক আলোকসন্ধানী যাত্ৰা আৰম্ভ কৰিছে। সেয়ে করিয়ে পৃথিৱীৰ আকাশে বতাহে জনতাৰ এই আহ্বান শুনিবলৈ পাইছে। আজি মানৱৰ এই সংহত অভ্যুত্থানে, নব জীৱনৰ মহাসংঘাতে আজি পৃথিৱী কঁপাই তুলিছে।

(ঘ) ‘প্রবুদ্ধ জনতা জয় জয় জনতন্ত্র

জয় স্বতন্ত্র 

জয় স্বতন্ত্র।’

উত্তৰ: উদ্ধৃত কবিতা ফাকি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত ‘জনতাৰ আহ্বান’ কবিতাটিৰ অন্তৰ্গত। 

কবিয়ে জনতাক ‘প্রবুদ্ধ’ অর্থাৎ জ্ঞানী বুলি অভিহিত কৰি সেই জ্ঞানৰ পোহৰেৰে সকলোকে আলোকিত কৰিবলৈ কবিতা ফাকিৰ জৰিয়তে আহ্বান জনাইছে।

আজিৰ জনতা পূৰ্বৰ দৰে অজ্ঞান-আন্ধাৰত নিমজ্জিত নহয়। সাংস্কৃতিক আধাৰত প্ৰতিষ্ঠিত এক কেন্দ্ৰীভূত শক্তিৰ ওপৰত গভীৰ আস্থাবান এই জনতা আজি আলোক সন্ধানী হৈ পৰিছে। জ্ঞান আৰু মানৱীয় মূল্যবোধত এওঁলোকে গুরুত্ব দিছে। সমাজৰ সকলো অসুন্দৰ আঁতৰাই সত্য আৰু সুন্দৰৰ সমাজ গঢ়িবলৈ আজিৰ প্রবুদ্ধই বিচাৰে। জ্ঞান-বুদ্ধি, চেতনা আৰু নিস্বার্থ সেৱাৰ মনোভাবেৰে এওঁলোক জাগতি। জাতিৰ জীৱন আগুৱাই নিবলৈ এই অনতাই সাংস্কৃতিক প্রচেষ্টা কাৰ্যকৰী কৰিবলৈ এওঁলোক বদ্ধ পৰিকৰ। তাৰবাবে যি শাসনতন্ত্ৰৰ প্ৰয়োজন হ’ব সেয়া হ’ব জনতন্ত্র। কবিয়ে তেনে জনতন্ত্ররেই জয় জয়কাৰ ঘোষণা কৰিছে।

শব্দার্থ

অভিনৱ : একেবাৰে নতুন; আলোক : পোহৰ, জ্যোতি; আলোক পূজাৰী প্ৰাণ পোহৰ আকাংক্ষী মন, জনতা, পঙ্কজ ; পদুম; আজি জনতাৰ পংকজ ৰূপ জাগে পদুমৰ দৰে ঃ বোকাত জন্মা পদুম ফুল বিকশিত হৈ সৌৰভ-শোভা বঢ়োৱাৰ দৰে নিচেই নেহাত অৱস্থাত জন্ম লাভ কৰা মানুহেও আজি সংহত ৰূপত নিজৰ জয়গান গাবলৈ ওলাই আহিছে, পোহৰৰ সন্ধানত জাগি উঠিছে, বিদাৰি : ফালি; বক্ষঃ বুকু; কক্ষ : কোঠা, সংহত :  মিলন, ঐকা, একীভূত, অভ্যুত্থান :জগবনণ, জাগি উঠা, দুর্নিবাৰ  দুৰ্বাৰ বাধা দিব নোৱাৰা বাৰণ কৰিব নোৱাৰা; অভিযান : যাত্রা, গতি, আগমনী – আবাহনী, আহ্বান জনোৱা কার্য, স্বতন্ত্র স্বাধীন, নিজমতে চলা; প্রবুদ্ধ :  জ্ঞান লাভ কৰা, জাগৰিত, জনতন্ত্ৰ : জনতাৰ মতে চলা কাৰ্য, ৰাইজেই ৰজা এনে অৰ্থত, নৱ জীৱনৰ মহা সংঘাতনতুন জীবনে স্থিতি লাভ কৰিবলৈ পুৰণি জীৱনৰ লগত হোৱা সংঘাত বিৰোধ,

Leave a Reply