Class-12 Assamese Solutions |Chapter-3| মিলন

Class-12 Assamese Solutions |Chapter-3| মিলন। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class-12 Assamese Solutions |Chapter-3| মিলন AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS 2nd years Solutions

Class-12 Assamese Solutions |Chapter-3| মিলন

Class-12 Assamese Solutions |Chapter-3| মিলন অসমীয়া। উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অসমীয়া বিষয়ৰ শেহতীয়া পাঠ্যক্ৰমৰ (AHSEC) ওপৰত ভিত্তি কৰি পাঠ ভিত্তিক প্রশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আমাৰ ৱেবচাইটত উপলব্ধ।

গোট ২

নিৰ্বাচিত পদ্য

কবি পৰিচিতি- নলিনীবালা দেৱী (১৮৯৮-১৯৭৭)

অসমীয়া কাব্য জগতত শীৰ্ষস্থান লাভ কৰা অন্যতম কবি পদ্মশ্রী নলিনীবালা দেৱী কমবীৰ নবীন চন্দ্ৰ বৰদলৈদেৱৰ সুযোগ্যা কন্যা। তেওঁৰ জন্ম হয় গুৱাহাটীত ১৮৯৮ চনত। মাত্র ঊনৈশ বছর বয়সতে ১৯১৭ চনত বিধৱা হোৱা আৰু পুত্ৰ বন্যাৰ বিয়োগত একেবাৰে ভাগি পৰা নলিনীবালা দেৱীয়ে পিতাকৰ উৎসাহ উনি বা জগতত প্ৰৱেশ কৰে আৰু গোটেই জীৱন ধৰি কবিতা বচনাত মনোনিবেশ কৰে। তেওঁৰ প্ৰায়বোৰ কবিতাৰ মাজেৰে এক আবুল ভক্তি আৰু আত্মসমৰ্পণৰ সুখ, অতীন্দ্রিয়বাদ, দেশপ্রেম, শোকৰ অনিৰ্বাণ বেদনা আদি প্ৰকাশ পাইছে। তেওঁৰ প্ৰকাশিত কবিতা পুথিসমূহ হ’ল— ‘সন্ধিয়াৰ সুৰ’ (১৯২৮), ‘সপোনৰ সুৰ’ (১৯৪৮), ‘পরশমণি’ (১৯৫৭), ”যুগদেৱতা’ (১৯৫৮), ‘জাতি’ (১৯৫২), ‘অলকানন্দা’ (১৯৬৪), ‘অন্তিমৰ সুৰ (১৯৭৭), ‘জীৱনী গ্রন্থ হ’ল— ‘স্মৃতি তীর্থ’ (১৯৪৮), ‘বিশ্বদীপা’, ‘সদাৰ পেটেল’; আত্মজীৱনীমূলক পুথি — ‘এৰি অহা দিনবোৰ’ (১৯৬৭), আৰু প্ৰবন্ধ গ্ৰন্থ ‘শান্তি পথ’ (১৯১৭)। ‘অলকানন্দা’ পুথিখনৰ বাবে তেওঁ ১৯৬৮ চনত সাহিত্য অকাডেমী পুৰস্কাৰ লাভ কৰে আৰু তেওঁৰ কাব্য প্ৰতিভাৰ বাবে ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী উপাধিও প্ৰদান কৰে। ১৯৫৪ চনত যোৰহাটত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্বও কৰিছিল।

পাঠভিত্তিক প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্নৰ উত্তৰ (প্ৰতিটো প্ৰশ্নৰ মূলাংক – ১)

প্রশ্ন ১। নলিনীবালা দেৱীক কি কবি ৰূপে জনা যায় ?

উত্তৰ : অতীন্দ্ৰিয়বাদী কবি ৰূপে ।

প্রশ্ন ২। নলিনীবালা দেবীৰ আত্মজীৱনীখনিৰ নাম কি?

উত্তৰ : “এৰি অহা দিনবোৰ”।

প্রশ্ন ৩। ‘জাগৃতি’ কাব্য গ্ৰন্থখনৰ মাজেৰে কবিৰ কি মনোভাব প্রকাশ পাইছে?

উত্তৰ : স্বদেশপ্ৰেমৰ মনোভাব।

প্রশ্ন ৪। ‘মিলন’ কবিতাত কৰিয়ে ‘তোমাৰ’ বুলি কাক বুজাইছে? 

উত্তৰ : পৰমপিতা ভগৱানক বুজাইছে।

প্রশ্ন ৫। নলিনীবালা দেবীয়ে কি কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল ?

উত্তৰ: ‘অলকানন্দা’ কাব্যগ্ৰন্থৰ বাবে । 

প্রশ্ন ৬। ‘বিশ্বদ্বীপা’ শীর্ষক জীৱনীমূলক গ্ৰন্থখনৰ ৰচক কোন?

উত্তৰ : নলিনীবালা দেৱী।

(খ) চমু প্ৰশ্নৰ উত্তৰ (প্ৰতিটো প্ৰশ্নৰ মূলাংক – ২ অথবা ৩) 

প্রশ্ন ১। নলিনীবালা দেবীয়ে ৰচনা কৰা দুখন জীৱনী গ্ৰন্থৰ নাম লিখা।

উত্তৰ : “স্মৃতি তীৰ্থ’ আৰু ‘বিশ্বদীপা’। 

প্রশ্ন ২। কবিৰ পৰম আৰাধ্যজনে আহি নিতে তেওঁক কেনেকৈ দৰ্শন দিয়ে?

উত্তৰ : সপোনে দিঠকে কবিৰ মনৰ মাজত নিতে আহি তেওঁৰ আৰাধ্যজনে দৰ্শন দিয়ে।

প্রশ্ন ৩। কৰিয়ে আছা মোৰ নিজান কোণত’ বুলি কাৰ কথা বুজাইছে? 

উত্তৰ : কবিয়ে তেওঁৰ পৰম আৰাধ্য পৰমেশ্বৰৰ কথা বুজাইছে। কবিয়ে ঈশ্বৰৰ অস্তিত্ব পৃথিৱীত সকলোতে উপলব্ধি কৰিছে। সেয়ে তেওঁৰ অন্তৰৰ নিজান কোণতো সেই ঈশ্বৰ ভগবান আছে বুলি অনুভৱ কৰিছে।

প্রশ্ন ৪। কোনে নিয়ৰৰ মালা গাঁথি ৰাতিপুৱা কবিক দেখা দিয়েছি? 

উত্তৰ : ৰাতিপুৱা সূর্যোদয়ৰ সময়ত ঘাঁহ-বনত পৰি থকা নিয়ৰৰ কণ কণ টোপালবোৰ চিক্‌মিকাই থকা মুকুতামণি যেন দেখা যায়। এই মুকুতামণিৰেই যেন একোডাল মালা গাঁথি ৰাতিপুৱা সুৰুষে আহি কবিক দেখা দিয়েছি।

প্রশ্ন ৫। ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলে কবিয়ে কাক দেখা পায় ?

উত্তৰ : মাত্র ঊনৈশ বছৰ বয়সতে নিজ স্বামী আৰু দুটি পুত্ৰৰ অকাল বিয়োগ-শোকত ভাগি পৰা কবি নলিনীবালা দেৱীয়ে শেষত পৰম পিতা ভগবানৰ ওচৰত নিজকে অৰ্পণ কৰি সান্ত্বনা লভিছে। সপোনে দিঠকে অর্থাৎ সাবে টোপনিতেও তেওঁ ভগবানকেই নিজৰ অন্তৰত উপলব্ধি কৰে, মনৰ চকুৰে তেওঁ ভগবানক দেখা পায় ৷

প্রশ্ন ৬। নলিনীবালা দেৱীৰ কোনদুখন কাব্যগ্ৰন্থৰ ভালেমান কবিতা স্বদেশপ্ৰেমৰ সুৰ প্রবাহিত হৈছে?

উত্তৰ : ‘যুগ দেৱতা’ আৰু ‘জাগৃতি’।

(গ) দীঘল প্ৰশ্নৰ উত্তৰ (প্ৰতিটো প্ৰশ্নৰ মূলাংক – ৪ বা ৫ ) 

প্রশ্ন ১। নলিনীবালা দেবীৰ কবিতাসমূহৰ মাজেৰে মূলতঃ কি ভাব ধাৰা প্ৰকাশ পাইছে তোমাৰ পাঠটিৰ আধাৰত আলোচনা কৰা । 

উত্তৰ : অতীন্দ্ৰিয়বাদী কবি পদ্মশ্রী নলিনীবালা দেৱী অসমীয়া কাব্য জগতৰ এটি সুপৰিচিত নাম। নলিনীবালা দেৱীৰ কবিতাসমূহ নিজস্ব বৈশিষ্ট্যৰে সমৃদ্ধ। কবিতাবোৰৰ মাজেৰে কবিৰ আত্মিক জ্ঞান আৰু নিজস্ব প্রতিভাৰ অপূর্ব মিলন ঘটিছে। ভাৰতীয় ধর্ম, সংস্কৃতি আৰু দৰ্শনৰ প্ৰতি তেওঁৰ আছিল অসীম শ্রদ্ধা আৰু অনুগত্য। নলিনীবালা দেৱীয়ে মাত্ৰ উনৈশ বছৰ বয়সতে স্বামী আৰু দুই পুত্ৰক হেৰুৱাই ব্যক্তিগত জীৱনত পোৱা অসহনীয় দুখ বেদনাকো নীৰৱে সহ্য কৰি নিজকে পৰমপিতাৰ ওচৰত সমৰ্পণ কৰি শান্তি লাভ কৰিব বিচাৰিছে। এয়া তেওঁৰ প্ৰায়বোৰ কবিতাৰ মাজেৰে প্ৰকাশ পাইছে। ‘মিলন’ কবিতাৰ মাজেৰেও এই ভাব আৰু অনুভৱ প্ৰকাশ পাইছে। বেদনাৰে সিক্ত আৰু এক সমাহিত ভাবেৰে পৰিপূৰ্ণ নলিনীবালা দেবীৰ কবিতাবোৰ অসমীয়া সাহিত্যৰ অনুপম সম্পদ। তেওঁৰ প্ৰায়বোৰ কবিতাতেই আধ্যাত্মিক চেতনা লক্ষ্য কৰা যায়। শান্ত সমাহিত আৰু কৰুণ আকুতিৰে ভৰা কবিতাবোৰত কবিৰ আকুল হাদয়ৰ বিননি ধ্বনিত হৈছে।

প্রশ্ন ২। ‘মিলন’ কবিতাটিত কবিয়ে কাৰ লগত মিলন হোৱাৰ কথা বুজাইছে?

উত্তৰ : ‘মিলন’ কবিতাটিত কৰি নলিনীবালা দেৱীৰ আধ্যাত্মিক চেতনাৰ অনুভূতি প্রকাশ পাইছে। কবিয়ে পৰম আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বস্তুতে উপলব্ধি কৰিছে। করিয়ে সাপোলে-দিঠকে পৰম জনৰ অস্তিত্বক নিজৰ হৃদয়ৰ মাজত অনুভৱ কৰিছে। নিশাৰ জোনাকী পোহৰ, গধূলিৰ তৰা ভৰা আকাশৰ মোহনীয় সৌন্দৰ্যৰ সুষমাই কবিৰ ভগৱৎ প্ৰীতিৰ ধাৰণাক গভীৰ কৰি তোলে। ৰাতিপুৱা সূর্য উদয়া হোৱাৰ পিছৰে পৰা নিশা গভীৰ টোপনিত পৰালৈকে প্ৰতিটো ক্ষণতে পৰমপিতাৰ মনত চকুৰে তেওঁ দৰ্শন কৰাৰ লগতে তেওঁৰ লগত একাত্মভাৱে মিলনৰ আকাঙ্খাই তেওঁক ব্যগ্ৰ কৰি তোলে। সততে তেওঁ পৰমজনৰ সতে অন্তহীন মিলন অনুভৱ কৰে।

প্রশ্ন ৩। কবিয়ে তেওঁৰ পৰম আৰাধ্যজনক ক’ত কেনেকৈ নিতে দেখা পায় বুলি কৈছে চমুকৈ লিখা।

উত্তৰ : পৰম আৰাধ্য ভগৱান পৃথিৱীৰ কোনেও দেখা নাপায় বুলি কোৱা কথা কবিয়ে মানি নলয় । কাৰণ তেওঁৰ পৰম আৰাধ্যজনক তেওঁ নিজৰ অন্তৰৰ নিজান কোণত, মনৰ প্ৰতিটো মুহূৰ্তত, সূর্য উদয় হোৱাৰ পৰা নিশা টোপনিত পৰালৈকে আনকি টোপনিত সপোনতো দেখা পায়, তেওঁৰ অস্তিত্বক অনুভৱ কৰে, পৰমজনৰ লগত অন্তহীন মিলন করিয়ে অনুভৱ কৰে।

প্রশ্ন ৪। কবিয়ে ‘তোমাৰ লগত মোৰ অন্তহীন মিলন’ বুলি কি বুজাইছে ব্যাখ্যা কৰা ।

উত্তৰ : মাত্র ঊনৈশ বছৰ বয়সতে নিজ স্বামী আৰু পৰৱৰ্তী কালত দুজনকৈ পুত্ৰক অকালতে হেৰুৱাই মৰ্মত্তদ শোক আৰু বেদনাত আহত নলিনীবালা দেৱীয়ে একমাত্ৰ ভৰসা হিচাপে পৰমপিতাক হৃদয়ত স্থান দি সান্ত্বনা লভিবলৈ চেষ্টা কৰে। পৰম আৰাধ্য দেৱতা তথা ভগৱানৰ ওচৰত নিজকে সমৰ্পণ কৰি তেওঁ সপোনে দিঠকে, সূর্যোদয়ৰ পৰা নিশা টোপনিত পৰালৈকে আনকি টোপনিটো তেওঁ মানস চকুৰে তেওঁৰ আৰাধ্যজনকেই সততে দেখিবলৈ পায়। তেওঁ ভগৱানক এক মুহূৰ্ত্তৰ কাৰণেও অন্তৰৰ পৰা আতঁৰত ৰাখিব নোৱাৰে। কেৱল বেদনাহত জীৱনত শান্তি লাভ কৰিবলৈকেই তে ভগৱানৰ লগত ‘অন্তহীন মিলন’ আকাঙ্খা কৰিছে। তেওঁ একান্তভাৱে অনুভৱ কৰিছে ভগৱানৰ লগত অন্তহীন মিলনেহে সকলোকে শাস্তি দিব পাৰে।

প্রশ্ন ৫। ‘মিলন’ কবিতাটিৰ মাজেৰে কবিৰ আধ্যাত্মক অনুভূতি কেনেদৰে প্ৰকাশ পাইছে— চমুকৈ আলোচনা কৰা। অথবা, ‘মিলন’ কবিতাটিৰ মূলভাব লিখা।

উত্তৰ : ‘মিলন’ কবিতাটি কবিৰ আধ্যাত্মিক জ্ঞানৰ প্ৰতিধ্বনি অনুভূত হৈছে। কবিয়ে তেওঁ পৰম আৰাধ্য ভগৱানৰ অস্তিত্ব পৃথিৱীৰ সকলো ঠাইত, সকলো বস্তুতে, সকলো প্রাণীতে উপলব্ধি কৰিছে। কবিয়ে সপোনে দিঠকে সূর্যোদয়ৰ পৰা নিশা টোপনিত পৰালৈকে তেওঁৰেই অস্তিত্বক নিজৰ অন্তৰৰ মাজতে উপলব্ধি কৰাৰ উপৰি আনকি টোপনিতো নিজ মানস চকুৰে তেওঁ দৰ্শন লাভ কৰা বুলি অনুভৱ কৰিছে। নিশাৰ জোনাকী পোহৰ, গধূলিৰ তৰাভৰা আকাশৰ মোহনীয় সৌন্দৰ্য-সুষমাই কবিৰ ভগৱৎ প্ৰীতিৰ ধাৰণাক গভীৰ কৰি তুলিছে। কবি বেদনাহত জীৱনত পৰম আৰাধ্য জনৰ সতে অন্তহীন মিলন কামনা কৰিছে। এই অন্তহীন মিলন কামনাতে তেওঁৰ আধ্যাত্মিক অনুভূতি পৰিস্ফুট হৈছে।

HS দ্বিতীয় বৰ্ষৰ অসমীয়া প্ৰশ্নৰ উত্তৰ

Sl. No.Contents
Unit 1নিৰ্বাচিত গদ্য
Chapter 1মোৰ মাতৃমোখ দৰ্শন
Chapter 2মগনিয়াৰ
Chapter 3আনন্দৰাম বৰুৱা
Chapter 4হস্তিবিদ্যাৰ্ণৱ পুথি
Chapter 5ভাৰতীয় আদৰ্শত বৈৰাগ্য
Chapter 6চিঠি
Chapter 7অসমীয়া চলচ্চিত্রৰ গতিধাৰা
Chapter 8বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো
Unit 2নিৰ্বাচিত পদ্য
Chapter 1বৰগীত (উঠৰে উঠ বাপু)
Chapter 2বিশ্ব খনিকৰ
Chapter 3মিলন
Chapter 4জনতাৰ আহ্বান
Chapter 5কাঠমিস্ত্ৰীৰ ঘৰ
Chapter 6আঘোণৰ কুঁৱলী
Chapter 7উভতি নহাৰ কবিতা
Chapter 8কৰুণতম
Unit 3কৈশোৰ কাল আৰু মূল্যবোধৰ শিক্ষা
Chapter 1মূল্যবোধৰ শিক্ষা
Chapter 2কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। অতি চমু উত্তৰ দিয়া :

(ক) নলিনীবালা দেৱীৰ জন্ম আৰু মৃত্যু চন দুটা উল্লেখ কৰা ।

উত্তৰ : জন্ম চন ১৮৯৮, মৃত্যু চন ১৯৭৭, ২০ ডিচেম্বৰ।

(খ) নলিনীবালা দেৱীৰ পিতৃৰ নাম কি? 

উত্তৰ : কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ।

(গ) অসম সাহিত্য সভাৰ কোন অধিবেশনত নলিনাবালা দেৱীয়ে সভাপতিত্ব কৰিছিল? 

উত্তৰ : ১৯৫৪ চনত যোৰহাটত বহা ত্রয়োবিংশ অধিবেশনত।

(ঘ) কৰি নলিনীবালা দেবীৰ আধ্যাত্মিক ভাবৰ ব্যঞ্জনা প্ৰতিধ্বনিত হোৱা দুখন কাব্যগ্ৰন্থৰ নাম লিখা।

উত্তৰ : ‘সন্ধিয়াৰ সুৰ’ আৰু ‘সপোনৰ সুৰ’। 

(ঙ) ‘মিলন’ কবিতাটি কবিৰ কোনখন কাব্যগ্ৰন্থৰ পৰা তুলি দিয়া হৈছে?

উত্তৰ : ‘সন্ধিয়াৰ সুৰ’ কাব্যগ্ৰন্থৰ পৰা।

(চ) নলিনীবালা দেৱীৰ এখনি জীৱনী গ্ৰন্থৰ নাম লিখা 

উত্তৰ : ‘স্মৃতিতীর্থ’।

(ছ) নলিনীবালা দেৱীৰ পিতৃৰ নাম কি আছিল? –

উত্তৰ : কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ।

(জ) নলিনীবালা দেৱীয়ে ভাৰত চৰকাৰৰ পৰা কোন চনত ‘পদ্মশ্ৰী সন্মান লাভ কৰিছিল ? 

উত্তৰ : ১৯৫৮ চনত।

(ঝ) নলিনীবালা দেৱীয়ে কোন চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? 

উত্তৰ : ১৯৬৮ চনত।

(ঞ) সাহিত্য অকাডেমি বঁটাৰে সন্মানিত প্ৰথম গৰাকী মহিলা কবি কোন?

উত্তৰ : পদ্মশ্রী নলিনী বালা দেবী। 

(ট) নলিনীবালা দেবীৰ কবিতাৰ মূল সুৰ কি ?

উত্তৰ: অতিন্দ্ৰীয়বাদ আৰু আধ্যাত্মিকতাবাদ।

(ঠ) ‘জাগৃতি’ কাব্যগ্ৰন্থৰ ৰচয়িতা কোন?

উত্তৰ : নলিনীবালা দেৱী।

প্রশ্ন ২। অতীন্দ্রিয়বাদী কবি’ বুলি নলিনীবালা দেৱীক কিয় কোৱা হয়?

“উত্তৰ : কবি নলিনীবালা দেৱীয়ে সাংসাৰিক জীৱনত মর্মন্তুদ বেদনাহত হ’লেও তেওঁৰ আৰাধ্য দেৱতা অর্থাৎ ভগৱানৰ ওচৰত আত্মসমৰ্পণ কৰি শান্তি লভিবলৈ চেষ্টা কৰিছে। ভগৱানক কোনো ইন্দ্রিয়ই ঢুকি নাপায়, তেওঁ ইন্দ্ৰিয়াতীত। সাংসাৰিক দুখ বেদনা, হাঁহি কান্দোন কেবল ইন্দ্ৰিয়ৰ জৰিয়তেহে অনুভৱ কৰিব পাৰি। যদিও দুখ কোনাত তেওঁ জীৱনত অনেক কষ্ট পাইছে তথাপি ইন্দ্ৰিয়াতীত ভগবানৰ ওপৰতহে তেওঁৰ সম্পূৰ্ণ ভৰসা। ইন্দ্রিয়ই ঢুকি নোপোৱা এনে ভাবি চিন্তাৰে তেওঁৰ কবিতাসমূহ ভৰপুৰ আধ্যাত্মিক চেতনা তেওঁৰ কবিতাত প্রকাশিত, এক ৰহস্যময় ব্যঞ্জনাৰে তেওঁৰ বেছিভাগ কবিতাই ৰঞ্জিত। সেইকাৰণেই তেওঁক অতীন্দ্রিয়বাদী কবি’ বুলি কোৱা হৈছে।

প্রশ্ন ৩। নলিনীবালা দেৱীৰ কবিতাসমূহত কি বিশেষত্ব পৰিলক্ষিত হয় ? 

উত্তৰ : নলিনীবালা দেৱীৰ কবিতাসমূহত পৰিলক্ষিত হোৱা বিশেষত্বসমূহ হ’ল-

(১) ৰহস্যবাদ,

(২) আধ্যাত্মিকতা,

(৩) স্বদেশপ্রেম

(৪) শোকগাঁথা আৰু

(৫) প্ৰকৃতি প্রেম।

প্রশ্ন ৪। কবিয়ে তেওঁৰ আৰাধ্যজনৰ সতে ‘অন্তহীন মিলন’ আকাঙ্খা কিয় কৰিছে?

উত্তৰ : অকাল বৈধব্য আৰু পুত্ৰ শোকৰ যান্ত্ৰণাই কবিক ভগবৎ সান্নিধ্যৰ বাবে ব্যাকুল কৰি তুলিছে। কাৰণ তেওঁ অনুভৱ কৰিছে এনে দুখ-যন্ত্ৰণাৰ মাজতো সান্ত্বনা লাভ কৰিব পাৰি ভগৱানৰ সান্নিধ্যতহে। এই অনুভৱৰ কাৰণেই তেওঁ সপোনে দিঠকে, টোপনিতো, সকলো সময়তে মানস চকুৰে ভগবানৰেই ৰূপ তেওঁ দৰ্শন কৰিছে। আকুল হৃদয়েৰে সেয়ে তেওঁ ভগৱানৰ সতে ‘অন্তহীন মিলন’ আকাঙ্খা কৰিছে।

শব্দার্থ

মৰতৰ : পৃথিবীৰ; আৰাধ্য : পূজনীয়; উপাস্য; পৰম : অতি উত্তম, শ্রেষ্ঠ, উৎকৃষ্ট, মানস : মনৰ, মন সম্বন্ধীয়; নিতে নিতৌ, দৈনিক, সদায়, প্রতিদিনে; দৰ্শন : দর্শন, সাক্ষাৎ; উৰুলিঃ তিৰোতাই মঙ্গল কার্যত জিভা লৰাই কৰা শব্দ; স্নান : মলিন, মলযুক্ত, নিৰানন্দ; আকুল : ব্যাকুল, কাতৰ, ব্যগ্র, নিসুতি : নিশ্চুপ, নিতাল।

Leave a Reply