Class-12 Assamese Solutions |Chapter-3| আনন্দৰাম বৰুৱা

Class-12 Assamese Solutions |Chapter-3| আনন্দৰাম বৰুৱা। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class-12 Assamese Solutions |Chapter-3| আনন্দৰাম বৰুৱা AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS 2nd years Solutions

Class-12 Assamese Solutions |Chapter-3| আনন্দৰাম বৰুৱা

Class-12 Assamese Solutions |Chapter-3| আনন্দৰাম বৰুৱা অসমীয়া। উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অসমীয়া বিষয়ৰ শেহতীয়া পাঠ্যক্ৰমৰ (AHSEC) ওপৰত ভিত্তি কৰি পাঠ ভিত্তিক প্রশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আমাৰ ৱেবচাইটত উপলব্ধ।

গোট ১

লেখক পৰিচিতি

উপেন্দ্রচন্দ্ৰ লেখাৰ (১৯০৫-১৯৭৯) অসমীয়া বৈষ্ণব সাহিত্যৰ অন্যতম গৱেষক পণ্ডিত উপেন্দ্ৰ চন্দ্ৰ লেখাৰৰ জন্ম হয় ১৯০৫ চলত। তেওঁ পড়াশুনার অতি ঢোকা আছিল। অসমীয়া আৰু বাংলা– এই দুয়োটা বিষয়তে কেওঁ হাতকোত্তৰ ডিগ্রী (এম এ) লাভ কৰে। শিক্ষা সাং কৰি পোনপ্ৰথমে তেওঁ উত্তৰ গুৱাহাটীৰ কমলদের হাইস্কুলত শিক্ষকতা কৰিবলৈ লয়। পিছত তেওঁ কটন মহাবিদ্যালয়ত অসমীয়া বিভাগত অধ্যাপনা কৰে আৰু তাৰ পৰাই মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে। 

উপেন্দ্ৰ চন্দ্ৰ লেখাৰু অসমীয়া ভাষা-সাহিত্য জগতৰ অন্যতম কৃতি সাহিত্যিক। তেওঁ সম্পাদনা কৰা বৃহৎ কলেৱৰৰ কথা-গুৰুচৰিত অসমীয়া সাহিত্যৰ এক অমূল্য সম্পদ। তেওঁৰ অন্যান্য উল্লেখযে এই হ’ল- ‘অসমীয়া ৰামায়ণ সাহিত্য’, ‘অসমীয়া সাহিত্যৰ সেৱক ৰজনী বৰদলৈ’, ‘লক্ষ্মীনাথ বেজবৰুৱা। তেওঁ অনুবাদ সাহিত্যতো যথেষ্ট বৰঙণি আগবঢ়াই গৈছে। অনুবাদ গ্ৰন্থসমূহ হ’ল— ‘শ্ৰীশ্ৰীৰামকৃষ্ণৰ উপদেশ’, ‘ধৰ্ম্মপদ’, ‘এনক আর্ডেন’। আধুনিক বিজ্ঞানসম্মত পদ্ধতিত পুৰণি সাহিত্য গ্ৰন্থৰ সম্পাদনাৰ প্ৰয়াস কৰা লেখাৰু দেৱৰ ‘ভক্তিবিবেক’ আৰু ‘কথা-সাহিত্য’ আন দুখনি উল্লেখযোগ্য সম্পাদিত গ্রন্থ।

১৯৭০ চনত বিস্তৃত অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তত্রিশে অধিৱেশনত লেখাৰুদেৱ সভাপতিত্ব কৰিছিল। ১৯৭৯ চনত এইজনা সাহিত্যিক গৱেষক পণ্ডিতৰ পৰলোকপ্ৰাপ্তি হয়।

পাঠভিত্তিক প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্ন উত্তৰ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক -১)

প্রশ্ন ১। উৎপন্ন চন্দ্ৰ লেখাৰুৰে শিক্ষা সমাপন কৰি কোনখন শিক্ষানুষ্ঠানত শিক্ষা কৰিবলৈ লৈছিল?

উত্তৰঃ উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে শিক্ষা সমাপন কৰি উত্তৰ গুৱাহাটীৰ কমলদের হাইস্কুলত শিক্ষকতা কৰিবলৈ লয়।

প্রশ্ন ২। উপেন্দ্র চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা বৃহৎ কলেবৰৰ গ্ৰন্থখন কি? 

উত্তৰ : উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা বৃহৎ কলেবৰৰ গ্ৰন্থখন হৈছে ‘কথা-গুৰু-চৰিত’।

প্রশ্ন ৩। আনন্দৰামৰ কাম আৰু সংকল্প দেখি কোনগৰাকী পণ্ডিতে বিস্ময় মানিছিল?

উত্তৰ : আনন্দৰামৰ কাম আৰু সংকল্প দেখি ইউৰোপৰ প্ৰসিদ্ধ পণ্ডিত মেন্সমূলাৰে বিস্ময় মানিছিল।

প্রশ্ন ৪। ‘আনন্দৰাম বৰুৱা’ শীৰ্ষক পাঠটোৰ লেখকৰ মতে মানুহৰ সাৰবস্তু কি?

উত্তৰ : ‘আনন্দৰাম বৰুৱা’ শীৰ্ষক পাঠটিৰ লেখকৰ মতে মানুহৰ সাৰবস্তু হৈছে জ্ঞান।

প্রশ্ন ৫) আনন্দৰামে ‘কামৰূপৰ ভাওনা’ৰ কথা ক’ড উল্লেখ কৰিছে? 

উত্তৰ : আনন্দৰামে ‘কামৰূপৰ ভাওনা’ৰ কথা সংস্কৃত গ্ৰন্থ ‘মহাবীৰ চৰিত্ৰত উল্লেখ কৰিছে।

প্রশ্ন ৬। আনন্দৰামে ল’ৰাকালতে কণ্ঠস্থ কৰা গ্ৰন্থখনৰ নাম কি?

উত্তৰ : আনন্দৰামে ল’ৰাকালতে কণ্ঠস্থ কৰা গ্ৰন্থখনৰ নাম হৈছে ‘অমৰকোষ’।

প্রশ্ন ৭। আনন্দৰাম বৰুৱাই জন্মগ্ৰহণ কৰা গাঁওখনৰ নাম কি ?

উত্তৰ : আনন্দৰাম বৰুৱাই জন্মগ্ৰহণ কৰা গাঁওখনৰ নাম হৈছে ৰজাদুৱাৰ।

প্রশ্ন ৮। অর্থ লিখা : উপৰিস্থসকল, প্ৰকৃষ্ট, অনিয়া-অনি

উত্তৰ : শব্দ অর্থ

উপৰিস্থসকল____জ্যেষ্ঠসকল

প্রকৃষ্ট_____উত্তম, শ্রেষ্ঠ

অনিয়া-অনি___পৰস্পৰে দায়িত্ব অস্বীকাৰ কৰা।

প্রশ্ন ৯। কিহৰ বাৰে আনন্দৰাম বৰুৱা পূজনীয় হৈ থাকিব?

উত্তৰ : মূল্যৱান সংস্কৃত গ্ৰন্থসমূহৰ বাবে আনন্দৰাম বৰুৱা পূজনীয় হৈ থাকিব।

প্রশ্ন ১০। ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা ক’লৈ গৈছিল ?

উত্তৰ ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা সুদূৰ ইউৰোপলৈ গৈছিল। 

প্রশ্ন ১১। আনন্দৰাম বৰুৱাই কোনখন কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰিছিল?

উত্তৰ : আনন্দৰাম বৰুৱাই কলিকতাৰ প্ৰেছিডেন্সী কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।

প্রশ্ন ১২। আন অসমীয়াৰ দৰে আনন্দৰামে কি খাই ডাঙৰ-দীঘল হৈছিল ? 

উত্তৰ : আন অসমীয়াৰ দৰে আনন্দৰামে খাৰ-পাত, কল-কুঁহিয়াৰকে খাই ডাঙৰ-দীঘল হৈছিল।

প্রশ্ন ১৩। কিহৰ গুণত আনন্দৰাম অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ’ব পাৰিছিল?

উত্তৰ একাগ্ৰতাৰ গুণতে আনন্দৰাম অসাধাৰণ জ্ঞানী আৰু অসাধারণ কর্মী হব পাৰিছিল।

প্রশ্ন ১৪। উনৈশ শতিকাত অসমৰ পৰা বংগদেশলৈ যাবলৈ মানুহে কিয় ভয় কৰিছিল? 

উত্তৰ : দুর্গম পথৰ বাবে উনৈশ শতিকাত অসমৰ পৰা বংগদেশলৈ যাবলৈ মানুহে ভ কৰিছিল।

প্রশ্ন ১৫। আনন্দৰাম বৰুৱাৰ মতে কৰ্মৰ স্বৰূপ কি ?

উত্তৰ: জীৱন।

প্রশ্ন ১৬। ‘ভক্তি বিবেক’ কাৰ সম্পাদিত গ্রন্থ?

উত্তৰ: উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱৰ

প্রশ্ন ১৭। ভাৰতীয় প্ৰশাসনিক সেৱাত নিযুক্ত প্ৰথম গৰাকী অসমীয়া কোন ? | 

উত্তৰ : আনন্দৰাম বৰুৱা।

প্রশ্ন ১৮। ল’ৰাকালতে আনন্দৰাম বৰুৱাই কি গ্রন্থ গোটেইখন কণ্ঠস্থ কৰিব পাৰিছিল?

উত্তৰ : ‘অমৰকোষ’ গ্ৰন্থখনি।

প্রশ্ন ১৯। সকলো কর্মক্ষেত্ৰতে মূল দুৱাৰ মুকলি কৰি দি গ’ল বুলি কাৰ কথা কোৱা হৈছে।

উত্তৰ : আনন্দৰাম বৰুৱাৰ কথা কোৱা হৈছে।

প্রশ্ন ২০। আনন্দৰাম বৰুৱাৰ মূলমন্ত্ৰ কি আছিল ?

উত্তৰ : কর্ম।

প্রশ্ন ২১। প্ৰাচ্য-পাশ্চাত্যৰ ভাৰত সম্মিলনত কাৰ স্থান উচ্চ আছিল ? 

উত্তৰ : আনন্দৰাম বৰুৱাৰ

প্রশ্ন ২২। কোনে জাতিসমূহৰ আৰু প্ৰাচ্য-পাশ্চাত্যত ঐক্য সাধন কৰিছিল।

উত্তৰ : আনন্দৰাম বৰুৱাই ।

প্রশ্ন ২৩। উপেন্দ্র চন্দ্র লেখাৰুৱে সম্পাদনা কৰা বৃহৎ কলেৱৰৰ গ্ৰন্থখনিৰ নাম কি ?

উত্তৰ: ‘কথা শুরু চৰিত’।

প্রশ্ন ২৪। ‘এনক আর্ডেন’ৰ অনুবাদকগৰাকীৰ নাম লিখা।

উত্তৰ : উপেন্দ্ৰ চন্দ্ৰ লেখাৰু।

প্রশ্ন ২৫। তোমাৰে আনন্দ বৰুৱাই ……. বুলি কোনটো কবিতাত কোনে আনন্দৰাম বৰুৱাৰ প্ৰশস্তি গাইছে?

উত্তৰ: ‘অসম সংগীত’ কবিতার লক্ষ্মীনাথ বেজবৰুৱাই।

অতি চমু প্রশ্ন উত্তৰ (মূল্যাংক-২)

প্রশ্ন ১। আধুনিক বিজ্ঞানসম্মত পদ্ধতিত পুৰণি সাহিত্য গ্রন্থ সম্পাদনা কৰা উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱৰ গ্ৰন্থ দুখন কি কি ?

উত্তৰ : আধুনিক বিজ্ঞানসম্মত পদ্ধতিত সাহিত্য গ্রন্থ সম্পাদনা কৰা উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱন গ্ৰন্থ দুখন হ’ল— ‘ভক্তিবিবেক’ আৰু ‘কথা-সাহিত্য’।

প্রশ্ন ২। উপেন্দ্র চন্দ্র লেখাৰুদেৱে সভাপতিত্ব কৰা অসম সাহিত্য সভাৰ অধিৱেশনখনি কোন চনত, কোন স্থানত অনুষ্ঠিত হৈছিল ?

উত্তৰ : উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে সভাপতিত্ব কৰা অসম সাহিত্য সভাৰ অধিৱেশনখনি ১৯৭০ চনত, বিস্তৃত অনুষ্ঠিত হৈছিল।

প্রশ্ন ৩। আনন্দৰাম বৰুৱাক কিহে মহৎ আৰু অমৰ কৰি তুলিছে?

উত্তৰ : একান্তভাৱে জ্ঞান চর্চা কৰি ৰচনা কৰা অমূল্য গ্ৰন্থসমূহে আনন্দৰাম বৰুৱাক মহৎ আৰু অমৰ কৰি তুলিছে।

প্রশ্ন ৪। আনন্দৰামৰ মহৎ আদর্শৰাজি আমি কেনেধৰণে গ্ৰহণ কৰিব পাৰোঁ? পাঠটিৰ সহায়ত বুজাই লিখা। 

উত্তৰ : আনন্দৰাম বৰুৱাৰ স্মৃতি-মন্দিৰ স্থাপন কৰি, তেওঁৰ স্মৃতিত গ্রন্থাদি রচনা করি, অনুসন্ধান সমিতি আদিৰ সূত্ৰপাত কৰি আমি আনন্দৰামৰ মহৎ আদর্শৰাজি গ্ৰহণ কৰিব পাৰোঁ ৷

প্রশ্ন ৫। আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া ? 

উত্তৰ : আনন্দৰাম বৰুৱা আন অসমীয়াৰ দৰে খাৰ পাত, কল-কুঁহিয়াৰকে খাই ডাঙৰ-দীঘল হৈছিল যদিও তেওঁ একান্তভাবে জ্ঞান চর্চা কৰিছিল। ইয়ে তেওঁৰ বিশেষত্ব, ইয়ে তেওঁক মহৎ আৰু অমৰ কৰি তুলিছে। তেওঁৰ ৰচিত মূল্যৱান সংস্কৃত গ্ৰন্থসমূহৰ কাৰণে তেওঁ সদায় পূজনীয় হৈ থাকিব। নিজ পিতৃ-মাতৃ, স্বদেশ আৰু স্বজাতিৰ প্ৰতি তেওঁৰ ভক্তি আৰু শ্রদ্ধা অটুট আছিল। কৰ্মৰ প্ৰতি থকা একাগ্ৰতাৰ গুণত তেওঁ অসাধারণ জ্ঞানী আৰু কৰ্মী হ’ব পাৰিছিল। আনন্দৰাম বৰুৱাৰ এইবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া।

প্রশ্ন ৬। ক’ত ক’ত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈ পৰিছিল ? 

উত্তৰ : ভাৰত আৰু সুদূৰ ইউৰোপত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈ পৰিছিল।

প্রশ্ন ৭। কেনেধৰণে নিজৰ পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল? 

উত্তৰ : দুৰ্লভেশ্বৰী আৰু গৰ্গৰামৰ পুত্ৰ পৰশুৰাম আৰু জানকীৰামৰ ভাতৃ বুলি পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল।

প্রশ্ন ৮। আনন্দৰাম বৰুৱাই প্ৰাগজ্যোতিষপুৰ সম্পর্কে কি বুলি কৈ বিশেষ গৌৰৱ অনুভৱ কৰিছিল?

উত্তৰ : আনন্দৰাম বৰুৱাই প্ৰাগজ্যোতিষপুৰ সম্পৰ্কে ‘প্ৰাগজ্যোতিষপুৰ সম্ভৱম্’ বুলি কৈ বিশেষ গৌৰৱ অনুভৱ কৰিছিল।

প্রশ্ন ৯। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ কি আছিল ?

উত্তৰ : আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ আছিল কর্ম। তেওঁ দৃঢ়ভাৱে ভাবি লৈছিল যে কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্রকৃত মৃত্যুস্বৰূপ। সেই কাৰণেই তেওঁৰ আনন্দ আছিল অবিৰাম কর্মগতিত। কামৰ বাবে তেওঁ প্ৰশংসা বা মান নিবিচাৰিছিল। ইয়ে প্ৰকৃত কৰ্মীৰ চিন । প্রকৃত কর্মী হিচাপে আনন্দবামে সেই চিন জীৱনত ৰাখি থৈ গৈছিল।

HS দ্বিতীয় বৰ্ষৰ অসমীয়া প্ৰশ্নৰ উত্তৰ

Sl. No.Contents
Unit 1নিৰ্বাচিত গদ্য
Chapter 1মোৰ মাতৃমোখ দৰ্শন
Chapter 2মগনিয়াৰ
Chapter 3আনন্দৰাম বৰুৱা
Chapter 4হস্তিবিদ্যাৰ্ণৱ পুথি
Chapter 5ভাৰতীয় আদৰ্শত বৈৰাগ্য
Chapter 6চিঠি
Chapter 7অসমীয়া চলচ্চিত্রৰ গতিধাৰা
Chapter 8বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো
Unit 2নিৰ্বাচিত পদ্য
Chapter 1বৰগীত (উঠৰে উঠ বাপু)
Chapter 2বিশ্ব খনিকৰ
Chapter 3মিলন
Chapter 4জনতাৰ আহ্বান
Chapter 5কাঠমিস্ত্ৰীৰ ঘৰ
Chapter 6আঘোণৰ কুঁৱলী
Chapter 7উভতি নহাৰ কবিতা
Chapter 8কৰুণতম
Unit 3কৈশোৰ কাল আৰু মূল্যবোধৰ শিক্ষা
Chapter 1মূল্যবোধৰ শিক্ষা
Chapter 2কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা

চমু প্রশ্ন উত্তৰ (মূল্যাংক-৩)

প্রশ্ন ১। প্রকৃত মহৎ লোকসকলে দেশ-কালৰ সীমা কেনেদৰে অতিক্ৰম কৰে ? 

উত্তৰ ঃ ক্ষণজন্মা আনন্দৰাম বৰুৱাৰ জ্ঞান আৰু মহত্ব সমগ্ৰ বিশ্বতে বিয়পি আছে। দৰাচলতে জ্ঞানৰ কোনো পৰিসীমা নাথাকে। সেয়ে মহৎ লোকৰ জ্ঞান তথা মহত্ব কেৱল এক নির্দিষ্ট দেশতে সীমাবদ্ধ হৈ নাথাকি গোটেই বিশ্বতে ব্যাপ্ত হয়। তেনে লোকৰ জ্ঞান-বিদ্যাত বা মহত্বত সকলো মোহিত হয় আৰু তেনে লোক সদায় সৰ্বত্ৰে আদৰ সন্মানৰ পাত্ৰ হয়। আনফালে কেৱল দেশৰ সীমা অতিক্ৰম কৰাই নহয়, মহৎ লোকৰ গুণ-গৰিমাই কালৰ সীমাকো অতিক্ৰম কৰে। এগৰাকী প্ৰকৃত মহৎ লোকৰ খ্যাতি কেৱল তেওঁৰ জীৱনকালতে আবদ্ধ হৈ নাথাকি ভৱিষ্যতলৈ তেওঁৰ খ্যাতি ৰৈ-বৈ যায়। অর্থাৎ অতীত, বৰ্তমান আৰু ভৱিষ্যত তিনিও কালতে তেওঁলোকৰ মহত্ব ব্যাপী থাকে। এইদৰেই প্ৰকৃত মহৎ লোকসকলে দেশ-কালৰ সীমা অতিক্ৰম কৰে।

প্রশ্ন ২। কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰৰ উল্লেখ কৰি আনন্দৰাম বৰুৱাই কেনেদৰে স্বদেশ প্ৰেমৰ পৰিচয় দিছিল?

উত্তৰ : স্বদেশ আৰু স্বজাতিৰ প্ৰতি আনন্দৰামৰ ভক্তি আৰু প্ৰেম আছিল অসীম। ‘প্ৰাগজ্যোতিষপুৰ সম্ভৱম্’ বুলি কৈ তেওঁ বিশেষ গৌৰৱ অনুভৱ কৰিছিল। তেওঁৰ প্ৰকাশিত গ্ৰন্থসমূহত তেওঁ এইদৰে পৰিচয় দিছে। তেওঁৰ মিহাবীৰ চৰিত’ৰ সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ বিষয়ে লিখোঁতে কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে। এইদৰেই য’তেই সুবিধা পাইছে ত’তেই প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপৰ বিষয়ে উল্লেখ কৰি তেওঁৰ স্বদেশপ্ৰেমৰ পৰিচয় দিছিল।

প্রশ্ন ৩। আনন্দৰামৰ সময়ত কিয় ভাৰতৰ পৰা নিচেই কম সংখ্যক মানুহে ইউৰোপলৈ যাবলৈ সাহ কৰিছি

উত্তৰ : আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতৰ পৰা খুব কম সংখ্যক মানুহেহে ইউৰোপলৈ বা বিদেশত পঢ়া-শুনা কৰিবলৈ যাবলৈ সাহ কৰিছিল। ভাৰতৰ পৰা বিদেশত পঢ়িবলৈ যাবলৈ হ’লে আর্থিকভাবে সবল হোৱাৰ উপৰি কঠোৰ পৰিশ্ৰম কৰিব পৰা ক্ষমতা, মনোবল আৰু সাহসো থাকিব লাগিব। আনকি পথ দুর্গম হোৱা বাবে অসমৰ পৰা বংগদেশলৈকে মানুহে যাবলৈ ভয় কৰিছিল। এনে ভয়ৰ বাহিৰেও বিলাতলৈ গ’লে জাত যোৱা বুলি মানুহে ভয় কৰিছিল। সেয়ে আনন্দৰামৰ সময়ত নিচেই কম সংখ্যক মানুহেৰে ভাৰতৰ পৰা ইউৰোপলৈ যাবলৈ সাহ কৰিছিল।

প্রশ্ন ৪। কোনে কি প্রসঙ্গত এই কবিতা ফাঁকিৰ অৱতাৰণা কৰিছে :

“তোমাৰে আনন্দ বৰুৱাই চোৱা সংস্কৃত সাগৰ মথি যুৰুপ, এচিয়াত কিৰিতি ৰাখিলে, জগতে কৈছে ডাঠি।”

উত্তৰ : “তোমাৰ আনন্দ বৰুৱাই …” কবিতাৰ শাৰী দুটা লক্ষ্মীনাথ বেজবৰুৱাৰ ‘অসম সঙ্গীত’ নামৰ কবিতাৰ পৰা ‘আনন্দৰাম বৰুৱা’ শীৰ্ষক পাঠটিত তুলি দিয়া হৈছে। 

আনন্দৰামৰ আগতে সংস্কৃত চর্চা বৰ বিশেষ হোৱা নাছিল বুলি ক’ব পাৰি। পাশ্চাত্যৰ লোকসকলে প্ৰাচ্যৰ জ্ঞানৰাজিৰ বিশেষ আলোচনা কৰিবলৈ সুবিধা পোৱা নাছিল। কিন্তু আনন্দৰামৰ পিছত এই কাম উজু হৈ পৰিল। তেওঁ সংস্কৃত সাগৰ মথি প্ৰাচ্য আৰু পাশ্চাত্যৰ মাজত সমন্বয় ঘটাই উচ্চ আসন লাভ কৰিছিল। তেওঁ অসমৰ লোকসকলৰ গৌৰৱ ৰবি। তেওঁৰ অনুসন্ধানস্পৃহা, কর্ম আৰু খ্যাতিত বিস্ময়ান্বিত হৈ অসমৰ লোকসকলৰ আত্মস্মৃতি জাগি উঠিল। একাগ্রতা আৰু অধ্যৱসায়ৰ বলত জগতৰ জাতিসমূহৰ মাজত অসমীয়াই উচ্চ আসন দাবী কৰিব পৰা আত্মবিশ্বাস তেৱেঁই আনি দিছিল। আনন্দৰাম অসমীয়াৰ শক্তিৰ প্ৰমাণ দিওঁতা বুলি গৌৰৱ কৰাৰ প্ৰসংগতে কবিয়ে উক্ত কবিতাফাকিৰ অৱতাৰণা কৰিছে।

প্রশ্ন ৫। আনন্দৰাম বৰুৱাই কিয় চিত্ৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল? 

উত্তৰ : আনন্দৰাম বৰুৱা সদায় একাগ্ৰ আছিল। একাগ্ৰতাৰ গুণতে তেওঁ অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ’ব পাৰিছিল। এই গুণেই তেওঁক সাহস আৰু শক্তিদান কৰিছিল। সেই দেখিয়ে আগৰ জ্ঞানীসকলে সকলো আন লাভৰ লগতে একাগ্রতা সাধন কৰিবলৈ কৈছিল। ল’ৰা কালতে ভাওনা আদি অভিনয় উৎসৱত যোগ দিওঁতে আনন্দৰাম যেনে একমনা আছিল সেইদৰে লিখাপঢ়া বিষয়তো তেওঁ একমনা আছিল। সেয়েহে গোটেই অমৰকোষখনি তেওঁ ল’ৰাকালতে কণ্ঠস্থ কৰিব পাৰিছিল। নানা কুভাব মনত ঠাই দিলে আৰু মনপুতি নালাগিলে কোনো বিষয়তে সফল হ’ব নোৱাৰি।

আনন্দৰাম বৰুৱা কৰ্মত একনিষ্ঠভাৱে লিপ্ত আছিল, জ্ঞান চৰ্চাৰ অনুৰাগ ইমানেই প্রবল আছিল যে তেওঁ তাৰ বাবে চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল। এনে পথৰ পথিক হোৱা কাৰণেই তেওঁ আমাৰ সকলোৰে নমস্য।

দীঘলীয়া প্রশ্নোত্তৰ (মূল্যাংক-৪)

প্রশ্ন ১। আনন্দৰাম বৰুৱাৰ দেশৰ প্ৰতি মহৎদান কি বুলি লেখকে কৈছে বুজাই লিখা।

উত্তৰ : আনন্দৰাম বৰুৱাই অসমীয়া ভাষাত কোনো গ্রন্থ লিখা নাছিল। সেয়ে কোনো কোনোৱে তেওঁক দোষাৰোপ কৰিবলৈ বিচাৰে যদিও সেইটো ভুল আৰু যুক্তিহীন। তেওঁ কি কি নকৰিলে সেইবোৰলৈ লক্ষ্য নকৰি তেওঁ কি কৰিলে তালৈ চালেহে তেওঁৰ প্ৰকৃত পৰিচয় পোৱা যাব। এজন মানুহে তেওঁৰ জীৱনকালত সকলোবোৰ কাম কৰা সম্ভৱ নহয়। বিশেষকৈ সংস্কৃত ভাষা আৰু সাহিত্যকে আনন্দৰামে ভাল পাইছিল। তাৰে বিশেষ চৰ্চা কৰি নিজ প্রতিভাবে তেওঁ জগতত চিৰকাললৈ অসমীয়াৰ সন্মান বঢ়ালে আৰু আন আন অসমীয়াক দেশৰ উন্নতি পথৰ ইংগিত দি গ’ল। দেশৰ প্ৰতি আনন্দৰাম বৰুৱাৰ এয়ে মহৎ দান আছিল। ইয়াৰ বাবেই তেওঁ আমাৰ চিৰপূজনীয় হৈ ৰৈছে।

প্রশ্ন ২। ‘আনন্দৰাম সদায় একাগ্র আছিল।’ — চমুকৈ বুজাই লিখা। 

উত্তৰ : আনন্দৰাম বৰুৱা সদায় একাগ্ৰ আছিল। একাগ্ৰতাৰ গুণতে তেওঁ অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ’ব পাৰিছিল। এই গুণেই তেওঁক সাহস আৰু শক্তি প্ৰদান কৰিছিল। সেই দেখিয়ে আগৰ জ্ঞানীসকলে সকলো জ্ঞান লাভৰ লগতে একাগ্রতা সাধন কৰিবলৈ কৈছিল। ল’ৰাকালতে ভাওনা আদি অভিনয় উৎসৱত যোগ দিওঁতে আনন্দৰাম যেনে একমনা আছিল সেইদৰে লিখা-পঢ়া বিষয়তো তেওঁ একমনা আছিল। সেয়েহে গোটেই অমৰকোষ খনি তেওঁ ল’ৰাকালতে কণ্ঠস্থ কৰিব পাৰিছিল। নানা কু-ভাব মনত ঠাই দিলে আৰু মনপুতি নালাগিলে কোনেও এনেদৰে পাঠ আয়ত্ত কৰিব নোৱাৰে। আনন্দৰাম কৰ্মত এনেকৈ একনিষ্ঠভাবে লিপ্ত আছিল, জ্ঞান চৰ্চাৰ অনুৰাগ তেওঁৰ ইমান প্ৰবল আছিল যে তেওঁ তাৰ বাবে চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল। এনে পৰিত্ৰ পথৰ পথিক হোৱা বাবে তেওঁ আমাৰ চিৰনমস্য।

প্রশ্ন ৩। ‘আনন্দৰামৰ মূলমন্ত্ৰ আছিল কৰ্ম।’— চমুকৈ আলোচনা কৰা। 

উত্তৰ : কর্মই জীৱন আৰু কর্মহীনতাই প্রকৃত মৃত্যুস্বৰূপ। সেয়ে আনন্দৰামৰ জীৱনৰো মূলমন্ত্ৰ আছিল কৰ্ম। অবিৰাম কৰ্মগতিতে তেওঁৰ আনন্দ। কামৰ বাবে তেওঁ প্ৰশংসা বা মান বিচৰা নাছিল। ইয়ে প্রকৃত কৰ্মীৰ চিন। বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ কৰি চাকৰি জীৱনৰ অতি কম বয়সৰ ভিতৰতে তেওঁ যিমানবিলাক ওখ শ্ৰেণীৰ গ্ৰন্থ প্ৰকাশ কৰিছিল দেখিলে ত মানিব লগা। প্রকাশ হোৱা গ্ৰন্থবোৰৰ বাহিৰেও বহুত গ্ৰন্থ প্রণয়ন কৰিবলৈ তেওঁ সংকল্প কৰিছিল। তেওঁৰ কাম আৰু সংকল্প দেখি আন নালাগে জগদ্বিখ্যাত পণ্ডিত মেক্সমূলাৰেও বিস্ময় মানিছিল। জীৱন আৰু কৰ্মহাৰা তেওঁ জাতিসমূহৰ আৰু প্ৰাচ্য-পাশ্চাত্যৰ ঐক্য সাধন কৰিছিল। গতিকে এনে এজন প্ৰকৃত কৰ্মী আৰু প্ৰতিভাশালী লোকৰ মৃত্যুত গোটেই জগত ম্রিয়মান হৈ পৰিছিল।

প্রশ্ন ৪। ‘আনন্দৰামৰ নিজ দেশৰ প্ৰতি ভক্তিও কম নাছিল’— – বুজাই লিখা।

উত্তৰ : আনন্দৰাম বৰুৱাৰ নিজ দেশৰ প্ৰতি ভক্তি আছিল অসীম। ‘প্ৰাগজ্যোতিষপুৰ সম্ভৱম’ বুলি তেওঁ বিশেষ গৌৰৱ অনুভৱ কৰিছিল। তেওঁৰ প্ৰকাশিত গ্ৰন্থসমূহৰ তেওঁ এইদৰেই পৰিচয় দিছিল। তেওঁৰ গ্ৰন্থ ‘মহাবীৰ চৰিত’ৰ সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ বিষয়ে লিখোঁতে কামৰূপৰ ভাওনাৰ উল্লেখ কৰিছে। এইদৰে য’তে সুবিধা পাইছে ত’তে প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপৰ কথা উল্লেখ কৰি তেওঁ স্বদেশপ্ৰেমৰ পৰিচয় দিছে। শ্ৰদ্ধেয় সূর্য কুমাৰ ভূঞা ডাঙৰীয়াই লিখা আনন্দৰামৰ জীৱনীৰ বিৱৰণবোৰৰ পৰা আমি জানিব পাৰোঁ যে তেওঁ সদায় নিজ দেশৰ লোকসকলৰ সন্মান ৰক্ষাৰ কাৰণে অহৰহ সচেষ্ট হৈ আছিল। সেই কাৰণেই আমি কওঁ- যি দেশৰ পিতৃ-মাতৃৰ পৰা আনন্দৰামৰ দৰে আজীৱন জ্ঞানপিপাসু, প্রকৃত কৰ্মী আৰু দেশপ্রেমী পুত্ৰ জন্ম হ’ব পাৰে, সেই দেশৰ নৰ-নাৰী উভয়ে শ্রদ্ধা পায়। আনন্দৰামৰ এই দেশপ্রেমে প্রতিজন অসমীয়াক উদ্বুদ্ধ কৰি তোলে।

প্রশ্ন ৫। প্রসংগ সংগতি দশাই ব্যাখ্যা কৰা— ‘কৰ্মই জীৱন আৰু আৰু কৰ্মহীনতাই প্রকৃত মৃত্যুস্বৰূপ’।

উত্তৰ : উদ্ধৃত কথাফাকি সু-সাহিত্যিক, গৱেষক পণ্ডিত উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱ ৰচিত ‘আনন্দৰাম বৰৱা’ নামৰ পাঠটিত অন্তৰ্গত। 

কৰ্ম সম্পৰ্কে আনন্দৰাম বৰুৱাই তেনেদৰে ধাৰণা কৰিছিল আৰু সেই কৰ্মৰ গুণতে তেওঁ কিদৰে জগত বিখ্যাত হ’ব পাৰিছিল— এই সম্পর্কে আলোচনা কৰিবলৈ যাওঁতেই লেখকে এনেদৰে উল্লেখ কৰিছে।

আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ আছিল কৰ্ম। কৰ্মইহে মানুহৰ জীৱন উদ্‌জীৱিত কৰিব পাৰে আৰু কৰ্মহীন জীৱনে মানুহক মৃত্যুৰ দুৱাৰদলিলৈ ঠেলি নিব পাৰে। সেই কাৰণেই কোৱা হৈছে কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্রকৃত মৃত্যুস্বৰূপ। আনন্দৰামৰ আনন্দ আছিল কৰ্মগতিতে। কামৰ বাবে তেওঁ কাৰো প্ৰশংসা আৰু সন্মান বিচৰা নাছিল। এইয়া হৈছে প্ৰকৃত কৰ্মীৰ চিন। বিশ্ববিদ্যালয়ত শিক্ষা শেষ কৰি গধুৰ দায়িত্বৰ চাকৰিত থাকিও এই কৰ্মগতিৰ কাৰণেই তেওঁ সংস্কৃত সাগৰ মথি বৃহৎ বৃহৎ সংস্কৃত গ্ৰন্থ ৰচনা কৰিব পাৰিছিল। তেওঁৰ কাম আৰু সংকল্প দেখি জগত বিখ্যাত পণ্ডিত মেন্সমূলাকেও বিস্ময় মানিছিল। তেওঁৰ কৰ্মই তেওঁক আজি মহৎ আৰু অমৰ কৰি ৰাখিছে।

দীঘলীয়া প্রশ্নোত্তৰ (মূল্যাংক-৫)

প্রশ্ন ১। আনন্দৰাম বৰুৱাই জন্ম দিওঁতা আৰু লালন-পালন কৰি ডাঙৰ-দীঘল কৰোতাসকলক কেনেদৰে ভক্তি আৰু কৃতজ্ঞতা জনাইছিল বুজাই লিখা।

উত্তৰ : কোনো লোকে প্ৰকৃত জ্ঞানৰ অধিকাৰী হ’লে বা জীৱনৰ মাধুৰী ভোগ কৰিবলৈ পালে বা পৃথিৱীত জন্মলাভ কৰাৰ সার্থকতা উপলব্ধি কৰিলে জন্মদাতা পিতৃ-মাতৃ আৰু লালন-পালন কৰি ডাঙৰ কৰোঁতা উপৰিস্থসকল, সংগীসকল, জ্ঞানদাতাসকল দেশ বা সমাজৰ প্রতি কৃতজ্ঞ হয়। আনন্দৰামৰ জীৱনত ইয়াৰ সত্যতা প্রমাণিত হয়। ভাৰত আৰু সুদূৰ ইউৰোপত শিক্ষা লাভ কৰি তেওঁ অগাধ পণ্ডিত হৈ উঠিছিল। তাৰ উপৰি, দেশৰ আন কোনো লোকে সেই সময়ত আশা কৰিব নোৱৰা ৰজাঘৰীয়া ডাঙৰ বিষয়বাবো তেওঁ পাইছিল। তথাপি তেওঁৰ নিজৰ আই-বোপাই, ভাই-ককাইৰ প্ৰতি ভক্তি আৰু শ্রদ্ধা লেশমানো কমা নাছিল। সংস্কৃত সাগৰ মথি জগত বিখ্যাত পণ্ডিতসকলৰ শাৰীত বহি তেওঁ সংস্কৃতৰ সুবৃহৎ গ্রন্থ লিখিবৰ বেলিকাও দুর্লভেশ্বৰী আৰু গৰ্গৰামৰ পুত্ৰ পৰশুৰাম আৰু জানকীৰামৰ ভ্ৰাতৃ বুলি পৰিচয় দিহে সন্তোষ লাভ কৰিছে। জন্ম দিওঁতা আৰু লালন-পালন কৰি ডাঙৰ-দীঘল কৰোতাসকলক কেনেকৈ ভক্তি দেখুৱাব, কেনেকৈনো তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰিব তাকেহে তেওঁ চিন্তা কৰিছিল। এনে কৃতজ্ঞতা আৰু জ্ঞানী সন্তানক জগতে সদায় সোঁৱৰে।

প্রশ্ন ২। কেনে পৰিবেশত আনন্দৰামে বিলাত যাত্ৰা কৰিছিল বুজাই লিখা। 

উত্তৰ : আনন্দৰাম বৰুৱা অসমৰ এখনি সৰু গাঁৱত জন্মিছিল। আন অসমীয়াৰ দৰে তেওঁ খাৰ-পাত, কল-কুঁহিয়াৰকে খাই ডাঙৰ দীঘল হৈছিল। কিন্তু তেওঁ একান্তমনে জ্ঞান চর্চা কৰিছিল। আনন্দৰামে জ্ঞান লাভৰ কাৰণে ভাৰতত শিক্ষা শেষ কৰি সুদূৰ ইউৰোপলৈ গৈছিল। তেওঁ জ্ঞান বা বিদ্যা যেনে অসীম আছিল তাক লাভ কৰিবলৈ সেইদৰে অশেষ পৰিশ্ৰম কৰিবলগীয়া হৈছিল আৰু যথেষ্ট সাহসৰো আৱশ্যক হৈছিল। আজিকালি বিলাতলৈ যোৱাটো একো আচৰিত কথা নহয়। কিন্তু তেওঁ যিটো সময়ত বিলাতলৈ গৈছিল তেতিয়াৰ দিনত নিচেই কম সংখ্যক মানুহেহে বিলাতলৈ যাবলৈ সাহস কৰিছিল। কাৰণ বিলাতলৈ যাবলৈ হ’লে প্ৰচুৰ অৰ্থৰ প্ৰয়োজন হৈছিল। আনকি পথ দুৰ্গম হোৱা বাবে অসমৰ পৰা বংগদেশলৈ মানুহে যাবলৈ ভয় কৰিছিল। এনে ভয়ৰ বাহিৰেও বিলাতলৈ গ’লে জাত যায় বুলি মানুহৰ মনত ভয় সম্পূৰ্ণৰূপে আছিল। গতিকে তেনে এক পৰিৱেশক প্ৰত্যাহ্বান জনাই পিতৃ-মাতৃ, জ্ঞাতি-কুটুম আৰু সমাজৰ পৰা আঁতৰি মহাসাগৰ পাৰ হৈ সুদূৰ বিলাতলৈ যাবলৈ আনন্দৰামৰ কিমান মনৰ বলৰ আৱশ্যক হৈছিল সেয়া সহজেই অনুমেয়। যি সময়ত অন্য ব্যক্তিসকলে বিলাতলৈ যোৱাৰ কথা ভাবিয়েই কোঁচ-মোচ খাই ঘৰৰ সুখ লৈ আছিল আনন্দৰামে তেতিয়া অসীম সাহসেৰে জাতিসমূহৰ অনিয়া-অনিৰ মাজত অসমৰ উচ্চ আসন স্থাপন কৰিলে।

প্রশ্ন ৩। প্রাচ্য আৰু পাশ্চাত্যৰ ভাৰত সন্মিলনত আনন্দৰাম বৰুৱাৰ স্থান নিৰ্ণয় কৰা। 

উত্তৰ : আনন্দৰামৰ জীৱনৰ মূলমন্ত্ৰ আছিল কৰ্ম। অবিৰাম কর্মগতিতে তেওঁ আনন্দ লভিছিল। কামৰ বাবে কোনোদিন তেওঁ প্ৰশংসা বা মান বিচৰা নাছিল। বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ কৰি চাকৰি জীৱনৰ অতি কম সময়ৰ ভিতৰতে তেওঁ প্ৰকাশ কৰা উচ্চ খাপৰ গ্ৰন্থবোৰ দেখিলে আচৰিত হ’ব লাগে। প্ৰকাশ হোৱা গ্ৰন্থবোৰৰ বাহিৰেও বহুত গ্রন্থ প্রণয়ন কৰিবলৈ তেওঁ সংকল্প কৰিছিল। তেওঁৰ কাম আৰু সংকল্প দেখি জগতবিখ্যাত পণ্ডিত মেন্সমূলাৰৰ দৰে লোকেও বিস্ময় মানিছিল। জীৱন আৰু কৰ্মৰছাৰা তেওঁ জাতিসমূহৰ আৰু প্ৰাচ্য-পাশ্চাত্যৰ ঐক্য সাধন কৰিছিল। এনে এজন প্ৰতিভাশালী লোকৰ মৃত্যুত গোটেই জগত শোকাভিভূত হৈ পৰিছিল। আনন্দৰামৰ আগতে সংস্কৃত চৰ্চা বৰ বিশেষ হোৱা নাছিল বুলি ক’ব পাৰি। পাশ্চাত্যৰ লোকসকলে প্ৰাচ্যৰ জ্ঞানৰাজিৰ বিশেষ আলোচনা কৰিবলৈ সুবিধা পোৱা নাছিল। আনন্দৰামৰ পিছত এই কাম উজু হৈ পৰিল। গতিকে প্ৰাচ্য-পাশ্চাত্যৰ ভাৰত সন্মিলনত আনন্দৰামৰ স্থান অতি উচ্চ আছিল।

প্রশ্ন ৪। “নবযুগৰ আৰম্ভণি অসমীয়াৰ পক্ষে গৌৰৱনায় কৰি তোলাৰ কাৰণে আনন্দরামে সদায় পূজা পাব।”- বুজাই লিখা।

উত্তৰ : আনন্দবাসে জ্ঞান লাভৰ কাৰণে ভাৰতত শিক্ষা শেষ কৰি সুদূৰ ইউৰোপলৈ গৈছিল। তেওঁৰ জ্ঞান বা বিদ্যা যেনে অসীন আছিল, থাক নাচ কৰিবলৈ তেওঁ অশেষ পৰিশ্ৰম কৰিবলগীয়া হৈছিল আৰু যথেষ্ট সাহসৰো আৱশ্যক হৈছিল। আনন্দৰামে যিটো সময়ত বিলাতলৈ গৈছিল তেতিয়া অতি কম সংখ্যক লোকেহে বিলাতলৈ যাবলৈ সাহ কৰিছিল।

আনকি পথ দুর্গম হোৱা বাবে অসমৰ পৰা বংগদেশলৈ যাবলৈকে মানুহে ভয় কৰিছিল। ইয়াৰোপৰি বিলাতলৈ গ’লে জাতি যোৱা ভয়টো মানুহৰ মনত সম্পূৰ্ণৰূপে আছিল। গতিকে তেনে সময়ত পিতৃ-মাতৃ, জ্ঞাতি-কুটুম আৰু সমাজৰ পৰা আঁতৰি মহাসাগৰ পাৰ হৈ সুদূৰ বিলাতলৈ যাবলৈ আনন্দৰামৰ যথেষ্ট মনোবলৰ আৱশ্যক হৈছিল । আন লোকে বিলাতলৈ যোৱা কথা ভাবিয়েই কোচ-মোচ খাই ঘৰৰ সুখ লৈ থকা সময়ত আনন্দৰামে অকলে অসীম সাহসেৰে জাতিসমূহৰ অনিয়া-অনিৰ মাজত অসমৰ উচ্চ আসন স্থাপন কৰিলে। আমাৰ বাবে ই এক গৌৰৱৰ বিষয়। আনন্দধামে অসমীয়া ভাষাত একো নিলিখিলে, এখন অসম বুৰঞ্জী লিখি থৈ নগ’ল, বক্তৃতা আদি দি কোনো আন্দোলনৰ সূত্ৰপাত নকৰিলে, কিন্তু তেওঁ সকলো কর্মক্ষেত্ৰৰে মূল দুৱাৰ মুকলি কৰি দি গ’ল। নৱযুগৰ আৰম্ভণি অসমীয়াৰ পক্ষে গৌৰৱময় কৰি তোলাৰ কাৰণে আনন্দৰাম আমাৰ বাবে চিৰ পূজনীয় হৈ থাকিব। 

প্রসঙ্গ সংগতি দর্শাই ব্যাখ্যা কৰা :

(ক) তেওঁ কি কি নকৰিলে সেইবোৰলৈ নাচাই তেওঁ কি কি কৰিলে, তাকে চালেহে আমি তেওঁৰ পৰিচয় পাম। 

উত্তৰ : উদ্ধৃত কথাফাকি গৱেষক পণ্ডিত উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱৰ ৰচিত ‘আনন্দৰাম বৰুৱা’ শীৰ্ষক পাঠটিৰ অন্তৰ্গত।

অসমৰ সুযোগ্য সন্তান আনন্দৰাম বৰুৱাৰ মহৎ দান তথা তেওঁৰ গুণ আৰু আদৰ্শৰ কথা ক’বলৈ যোৱাৰ প্ৰসংগত লেখকে উক্ত কথাফাকিৰ অৱতাৰণা কৰিছে।

বিদ্বান পুৰুষ আনন্দৰাম বৰুৱাই সংস্কৃত সাগৰ মথি জগত বিখ্যাত পণ্ডিতসকলৰ শাৰীত“বহি সংস্কৃতৰ সুবৃহৎ গ্রন্থ লিখি উলিয়াইছে। আনন্দৰামে বিশেষকৈ সংস্কৃত ভাষা আৰু সাহিত্যক ভাল পাইছিল। অসমীয়া ভাষাত তেওঁ কোনো গ্রন্থ লিখা নাছিল। সেইবাবে কোনো কোনোৱে এই ক্ষেত্ৰত আনন্দৰামক দোষাৰোপ কৰিব বিচাৰে। কিন্তু সেইটো ভুল আৰু যুক্তিহীন। তেওঁৰ নকৰা দিশবোৰলৈ নাচাই তেওঁ কি কি কৰিলে সেইবোৰলৈ লক্ষ্য কৰিলেহে তেওঁৰ আমি প্রকৃত পরিচয় পাম। এজন মানুহে গোটেই জীৱনটোত সকলোবোৰ কাম কৰা সম্ভৱ নহয়।

(খ) কৰ্মই জীৱন আৰু কর্মহীনতাই প্রকৃত মৃত্যুস্বৰূপ।

উত্তৰ : উদ্ধৃত কথাফাকি সুলেখক, গৱেষক পণ্ডিত উপেন্দ্র চন্দ্ৰ লেখাৰুদেৱৰ ৰচিত’আনন্দৰাম বৱা’ শীৰ্ষক পাঠটিৰ অন্তৰ্গত। 

কৰ্ম সম্পৰ্কে আনন্দৰাম বৰুৱাৰ ধাৰণা আৰু কৰ্মৰ জৰিয়তে কিদৰে জগতত নিজৰ খ্যাতি ৰাখিব পাৰিছিল এই কথাৰ প্ৰসঙ্গতে লেখকে উক্ত কথাফাকিৰ অৱতাৰণা কৰিছে। কর্মই জীৱন আৰু কর্মহীন জীবন মৃত্যুতুল্য। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্র আছিল কর্ম। অবিৰাম কৰ্মগতিতেই তেওঁ আনন্দ লভিছিল। কামৰ বাবে তেওঁ কোনোদিনে প্রশংসা আৰু মান বিচৰা নাছিল। এয়াই প্ৰকৃত কৰ্মীৰ চিন। বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ কৰি চাকৰি জীৱনৰ অতি কম বয়সৰ ভিতৰতে তেওঁ যিমানবিলাক উচ্চ খাপৰ গ্ৰন্থ প্ৰকাশ কৰিছিল সেইবোৰ দেখিলে তবধ মানিব লাগিব। প্ৰকাশ পোৱা গ্ৰন্থবোৰৰ বাহিৰেও বহুত গ্ৰন্থ প্রণয়ন কৰিবলৈ তেওঁ সংকল্প কৰিছিল। তেওঁৰ কাম আৰু সংকল্প দেখি জগতবিখ্যাত পণ্ডিত মেক্সমুলাৰেও বিস্ময় মানিছিল। জীৱন আৰু কৰ্মকাৰা তেওঁ জাতিসমূহৰ আৰু প্ৰাচ্য-পাশ্চাত্যৰ ঐক্য সাধন কৰিছিল। এনে এজন প্ৰতিভাশালী লোকৰ মৃত্যুত গোটেই জগত শোকাভিভূত হৈ পৰিছিল।

(গ) প্ৰকৃততে মহাপুৰুষসকলৰ পদাংক অনুসৰণ কৰি প্ৰত্যেক মানুহে নিজকে উন্নতিৰ পথেৰে পৰিচালিত কৰিব পাৰে।

উত্তৰ : উদ্ধৃত কথাফাকি সু-সাহিত্যিক, গবেষক পণ্ডিত উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱৰ ৰচিত’আনন্দৰাম বৰুৱা’ শীৰ্ষক পাঠটিৰ পৰা লোৱা হৈছে।

বিদ্বান পুৰুষ আনন্দৰাম বৰুৱাৰ গুণ, কর্মস্পৃহা, জ্ঞান, সাধনা আদিয়ে তেওঁক মহৎ আৰু অমৰ কৰি ৰাখিছে। এনে এগৰাকী পথ প্রদর্শক মহাপুৰুষৰ পদাংক অনুসৰণ কৰি প্ৰত্যেক মানুহে নিজকে উন্নতিৰ বাটেৰে পৰিচালিত কৰিব পাৰে বুলি লেখকে উক্ত কথাফাকিৰ অৱতাৰণা কৰিছে।

এজন মহাপুৰুষে প্রকৃততে নিজৰ গুণ, কৰ্ম, সাধনা, একাগ্ৰতা আৰু একান্ত জ্ঞান চৰ্চাৰ বলত অমৰত্ব আৰু মহত্ব লাভ কৰে। তেনে এগৰাকী ব্যক্তিৰ আদৰ্শ সদায় অনুকৰণ কৰিবলগীয়া আনন্দৰাম বৰুৱা আছিল এগৰাকী অসাধাৰণ কৰ্মী, প্রকৃত জ্ঞানী আৰু অসাধাৰণ পণ্ডিত। অসমৰে এখন সৰু গাঁৱত জন্ম লাভ কৰি আন অসমীয়াৰ দৰে খাৰ-পাত, কল-কুঁহিয়াৰ খাই আনন্দৰাম ডাঙৰ-দীঘল হৈছিল। কিন্তু তেওঁ একান্তভাৱে জ্ঞান চর্চা কৰিছিল। জ্ঞান চৰ্চাৰ অনুৰাগ তেওঁৰ ইমান প্ৰবল আছিল যে তেওঁ তাৰ বাবে চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল। এইগৰাকী ক্ষণজন্মা আনন্দৰামে অতীত, বৰ্তমান আৰু ভৱিষ্যৎ তিনি কালতে ব্যাপী থাকি মহত্বৰ পৰিচয় দিছে। প্রকৃত মহৎ লোকে প্রকৃততে দেশ-কালৰ সীমা অতিক্ৰম কৰে। পৱিত্ৰ পথৰ পথিক আনন্দৰাম বৰুৱাও আছিল এগৰাকী মহাপুৰুষৰ দৰে। তেওঁ জীৱনত যিবিলাক আদর্শ দেখুৱাই গৈছে সেইয়া সদায় অনুকৰণীয়। প্ৰকৃততে এনে মহাপুৰুষসকলৰ পদাংক অনুসৰণ কৰি প্ৰত্যেক মানুহেই নিজকে উন্নতিৰ পথেৰে পৰিচালিত কৰিব পাৰে আৰু মহৎ গুণৰ অধিকাৰী হ’ব পাৰে।

(ঘ) একাগ্ৰতাৰ গুণতে তেওঁ অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ’ব পাৰিছিল

উত্তৰ : উক্ত কথাফাকি গৱেষক পণ্ডিত উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱৰ ৰচিত ‘আনন্দৰাম বৰুৱা’ শীৰ্ষক পাঠটিৰ পৰা লোৱা হৈছে।

আনন্দৰাম বৰুৱাৰ গুণৰাজি সম্পর্কে ক’বলৈ যোৱাৰ প্ৰসংগতে লেখকে উক্ত কথাফাকিৰ অৱতাৰণা কৰিছে।

আনন্দৰাম বৰুৱা সদায় একা আছিল। এই একাগ্ৰতাৰ গুণেই তেওঁক সাহস আৰু শক্তিদান কৰিছিল। সেইবাবে আগৰ জ্ঞানীসকলে সকলো জ্ঞান লাভৰ লগতে একাগ্রতা সাধন কৈছিল। ল’ৰাকালতে ভাওনা আদি অভিনয় উৎসৱত যোগ দিওঁতে আনন্দৰাম যেনে একমনা আছিল তেনেদৰে লিখা-পঢ়া বিষয়তো তেওঁ একমনা আছিল। সেয়ে গোটেই ‘অমৰকোষ’খনি তেওঁ ল’ৰাকালতে কণ্ঠস্থ কৰিব পাৰিছিল। আনন্দৰাম কৰ্মত এনেকৈ একনিষ্ঠভাবে লিপ্ত আছিল, জ্ঞান চৰ্চাৰ অনুৰাগ ইমান প্ৰৱল আছিল যে তেওঁ তাৰ বাবে চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল। এনে পৰিত্ৰ পথৰ পথিক আনন্দৰাম আমাৰ চিৰনমস্য।

(ঙ) “অসমীয়াই আনন্দৰামক কেতিয়াও পাহৰিব নোৱাৰে।” কথাষাৰৰ যথাৰ্থতা বিচাৰ কৰা ।

উত্তৰ : ক্ষণজন্মা আনন্দৰাম বৰুৱা অসমৰ এগৰাকী সুযোগ্য সন্তান। অসমৰে এখন সৰু, সাধাৰণ গাঁৱত ডাঙৰ-দীঘল হৈও তেওঁ একান্তভাৱে জ্ঞানৰ চৰ্চা কৰিছিল। জ্ঞান লাভৰ প্ৰতি থকা ঐকান্তিক গুণে তেওঁক মহৎ আৰু অমৰ কৰি ৰাখিছে। নিজ পিতৃ-মাতৃ, স্বদেশ আৰু স্ব- জাতিৰ প্ৰতি তেওঁৰ ভক্তি আৰু শ্রদ্ধা অটুট আছিল। তেওঁ য’তেই সুযোগ পাইছিল তাতেই ‘প্ৰাগজ্যোতিষপুৰ’ আৰু ‘কামৰূপৰ কথা উল্লেখ কৰি স্বদেশপ্ৰেমৰ পৰিচয় দিছে। সংস্কৃত ভাষা আৰু সাহিত্য চৰ্চা কৰি নিজৰ প্ৰতিভাবে জগতত চিৰকাললৈ অসমীয়াৰ মান বঢ়াই থৈ গ’ল। আজিৰ পৰা প্ৰায় ডেৰশ বছৰ আগতে জ্ঞান লাভৰ কাৰণে তেওঁ ভাৰতত শিক্ষা শেষ কৰি সুনুৰ ইউৰোপলৈ গৈছিল। কৰ্ম আনন্দৰামৰ জীৱনৰ মূল মন্ত্র। কামৰ বাবে তেওঁ কেতিয়াও প্ৰশংসা বা মান বিচৰা নাছিল। জীৱন আৰু কৰ্মবদ্বাৰা তেওঁ জাতিসমূহৰ আৰু প্ৰাচ্য-পাশ্চাত্যৰ ঐক্য সাধন কৰিছিল। আনন্দৰামে যি সংস্কৃত চৰ্চা কৰি গ’ল তাৰদ্বাৰা পাশ্চাত্যৰ লোকসকলে প্ৰাচাৰ জ্ঞানৰাজিৰ বিশেষ আলোচনা কৰিবলৈ সুবিধা পালে। গতিকে প্রাচ্য-পাশ্চাত্যৰ ভাৰত সন্মিলনত আনন্দৰামৰ স্থান অতি উচ্চ। অসমৰ লোকসকলৰ তেওঁ গৌৰৱ ৰবি। তেওঁৰ অনুসন্ধান স্পৃহা, কৰ্ম আৰু খ্যাতিত বিস্ময়ান্বিত হৈ অসমৰ লোকসকলৰ আত্মস্মৃতি জাগি উঠিল। সেয়ে অসমীয়াই আনন্দৰামক কেতিয়াও পাহৰিব নোৱাৰে।

Leave a Reply