Class-12 Assamese Solutions |Chapter-2| বিশ্ব খনিকৰ

Class-12 Assamese Solutions |Chapter-2| বিশ্ব খনিকৰ। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class-12 Assamese Solutions |Chapter-2| বিশ্ব খনিকৰ AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS 2nd years Solutions

Class-12 Assamese Solutions |Chapter-2| বিশ্ব খনিকৰ

Class-12 Assamese Solutions |Chapter-2| বিশ্ব খনিকৰ অসমীয়া। উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অসমীয়া বিষয়ৰ শেহতীয়া পাঠ্যক্ৰমৰ (AHSEC) ওপৰত ভিত্তি কৰি পাঠ ভিত্তিক প্রশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আমাৰ ৱেবচাইটত উপলব্ধ।

গোট ২

নিৰ্বাচিত পদ্য

(কৰি পৰিচিতি- মফিজুদ্দিন আহমদ হাজৰিকা (জন্ম: ১৮৭০, মৃত্যু : ১৯৫৮)

অসমীয়া সাহিত্য জগতত ‘জ্ঞান-মালিনীৰ কবি’ নামেৰে খ্যাত মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম হয় ১৮৭০ চনত ডিব্ৰুগড়ত। এওঁৰ পিতৃৰ নাম আছিল হিম্মতুদ্দিন আহমদ হাজৰিকা আৰু মাতৃৰ নাম আছিল ৰাহনুৰী। ডিব্ৰুগড়তে স্কুলীয়া শিক্ষা গ্ৰহণ কৰি প্রথমে বন বিভাগত আৰু তাৰ পিছত কাছাৰীত চাকৰি কৰি ১৯২৬ চনত অৱসৰ গ্ৰহণ করে। ১৯৫৮ চনত এওঁ ইহলীলা সম্বৰণ কৰে।

কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ জীৱন কালতে প্রকাশ হোৱা একমাত্ৰ কবিতাৰ পুথি ‘জ্ঞান-মালিনী’। এই পুথিখনি প্রকাশ পায় ১৮৯৬ চনত। ‘জ্ঞান-মালিনী’ত প্ৰকাশ পোৱা অসমীয়া সহজ-সৰল কথিত শব্দ ব্যৱহাৰ কৰি লিখা তেওঁৰ নৈতিক আৰু আধ্যাত্মিক কবিতাসমূহেই তেওঁক বিশিষ্ট কবিৰ আসনত বহুৱাই থৈ গ’ল। পিছত মৰনোত্তৰভাৱে তেওঁৰ আন এখনি কবিতাৰ পুথি ‘তত্ত্ব পাৰিজাত’ প্ৰকাশ পায় ১৯৭০ চনত। ‘মালিনীৰ বীণ’ নামৰ আন এখন তেওঁৰ কবিতাপুথিৰ কথা জানিব পৰা যায়, যদিও সেই খন এতিয়াও উদ্ধাৰ হোৱা নাই। ১৯২৯ চনত গোলাঘাটত অনুষ্ঠিত অসম সাহিত্য সভাৰ দ্বাদশ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল।

পাঠভিত্তিক প্রশ্নোত্তৰ

(ক) অতি চমু প্ৰশ্নৰ উত্তৰ (প্ৰতিটো প্ৰশ্ন মূল্যাংক-১) 

প্রশ্ন ১। অসমীয়া সাহিত্যত ‘জ্ঞানমালিনীৰ কবি’ হিচাপে কোনগৰাকী কৰি জনাজাত ?

উত্তৰ: অসমীয়া সাহিত্যত মফিজুদ্দিন আহমদ হাজৰিকা ‘আনমালিনীৰ কবি’ হিচাপে জনাজাত। 

প্রশ্ন ২। মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্ৰকাশিত কবিতা পুথিখনৰ নাম কি ?

উত্তৰ : ‘তত্ত্ব পাৰিজাত’ নামৰ কবিতা পুথিখন তেখেতৰ মৃত্যুৰ পিছত ১৯৭০ চনত প্রকাশ পায়।

প্রশ্ন ৩ । ‘বিশ্বখনিকৰ’ বুলি লেখকে কাৰ কথা হৈছে? 

উত্তৰ : ‘বিশ্বখনিকৰ’ বুলি বিশ্বসৃষ্টি কৰোতা পৰমেশ্বৰক বুজাইছে।

প্রশ্ন ৪। ‘বিশ্বখনিকৰ’ কোন শ্ৰেণীৰ কবিতা? 

উত্তৰ: ‘বিশ্বখনিকৰ’ নৈতিক আৰু আধ্যাত্মিক শ্ৰেণীৰ কবিতা।

প্রশ্ন ৫। মফিজুদ্দিন আহমদ হাজৰিকা কোন যুগৰ কবি ? 

উত্তৰ: ‘জোনাকী’ যুগৰ কবি।

(খ) চমু প্ৰশ্নৰ উত্তৰ (প্ৰতিটো প্ৰশ্ন মূল্যাংক-২/৩)

প্রশ্ন ১। মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা 

উত্তৰ : মফিজুদ্দিন হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য হ’ল—

(ক) তেখেতৰ কবিতাৰ বিষয় আৰু ছন্দৰীতি সুকীয়া। 

(খ) সহজ-সৰল ঘৰৱা ভাষাৰ যোগেদি, সহজবোধ্য ৰূপকৰ সহায়ত আধ্যাত্মিক তত্ত্ব সুন্দৰভাৱে প্ৰকাশ কৰে।

প্রশ্ন ২। কবিয়ে ঈশ্বৰক কিয় ‘বিশ্বখনিকৰ’ বুলি অভিহিত কৰিছে?

উত্তৰ : এই বিশ্বজগতৰ এজন স্রষ্টা আছে। তেওঁকে বিশ্বখনিকৰ তথা পৰম পুৰুষ ভগৱান বা ঈশ্বৰ বোলা হয়। সংসাৰৰ জীৱ-জন্তু, বয়-বস্তু সকলো তেওঁৰে সৃষ্ট। সকলোৰে মূল তেৱেঁই। ধন-ধান, ঐশ্বর্য-বিভূতি, মান-মানী, দান-দানী, খেতি-খেতিয়ক, জ্ঞান- জ্ঞানী, তীৰা-শাণ, ধর্ম-ধর্মী, এক-পাঁচ, যোগী-তপস্বী, বাজীকৰ, গোমস্তা, মহাজন, কাম- কর্মী- এই সকলো তেৱেঁই । তেওঁৰ ইচ্ছাতেই এই সকলো হয়। তেওঁৰ ইচ্ছাতে জগতে প্ৰাণ পায়, তেওঁৰ ইচ্ছাতেই জগত লয় হয়। তেওঁ সৃষ্টিকৰ, তেওঁ পালক, তেওঁ তাৰক, তেওঁ মাৰক। এই কাৰণেই তেওঁ বিশ্বজগতৰ মূল তেওঁ বিশ্বখনিকৰ। 

প্রশ্ন ৩। সত্ত্বঃ ৰজঃ, তমোগুণ কি বুজাই লিখা ।

উত্তৰ : সত্ত্ব, রজঃ, তমঃ- এই গুণতে অর্থাৎ শক্তিতে জগতৰ স্থিতি আৰু লয়। সত্ত্ব গুণ সুখদায়ক আৰু জ্ঞানদায়ক। ই জীৱক সুখত আসক্ত কৰি মুগ্ধ কৰে। ই সৎ গুণৰ অধিকাৰী। 

ৰঞ্জঃ গুণ ৰাগাত্মক, অর্থাৎ ই মানুহক বিষয় বাসনাত আসক্ত কৰি ৰাখে। ইয়াক ৰাজনিক গুগো বোলে। 

তমঃ গুণ অজ্ঞানৰ পৰা হয়। ই জীৱৰ মোহ উৎপাদন কৰে; খং-ৰাগৰ সৃষ্টি কৰে আৰু প্রমাদ, আলস্য আৰু নিদ্ৰাৰ দ্বাৰা সকলো জ্ঞান ঢাকি ৰাখি জীৱক মোহপাশত বন্দী কৰে।

সৰ্ব্ব গুণৰ অধিকাৰী হ’লে মানুহে জ্ঞান আৰু সুখ পায়। ৰজঃ গুণে মানুহলৈ ধন-সম্পত্তিৰ আসক্তি বঢ়াই দুখ নমাই আনে, আৰু তমঃ গুণে মানুহক অজ্ঞানী কৰি তোলে।

প্রশ্ন ৪। মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্যপুথিৰ নাম লিখা। 

উত্তৰ: মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কবিতা পুথি হ’ল – 

(ক) জ্ঞানমালিনী আৰু তত্ত্ব পাৰিজাত।

প্রশ্ন ৫। কবিয়ে “বিশ্বখনিকৰ’ক কিয় সর্বব্যাপী শক্তিমান বুলি আখ্যা দিছে?

উত্তৰ: যদিও চাক্ষুস দৃষ্টিৰে আজিলৈকে কোনেও প্ৰত্যক্ষ কৰা নাই তথাপি এই বিশ্বজোত সৃষ্টি লয়ৰ মূলতে এক পৰম সত্ত্বাৰ অস্তিত্ব সকলোৱে অনুভৱ কৰি আহিছে। এই পৰম- সত্ত্বাকেই পৰম ঈশ্বৰ তথা ভগৱান বোলা হৈছে। জগতৰ তিনিগুণ — সত্ত্বঃ ৰজঃ তমঃ তেওঁতে বিৰাজমান, কিন্তু তেওঁ নির্গুণ, তেওঁ গুণাতীত। এই পৰমসত্ত্বা ভগৱানেই সকলোৰে সৃষ্টি কৰোতা আৰু পালন ক,ে গত তেৱেঁই সৃষ্টি কৰিছে। তেওঁ সকলোতে বিৰাজমান যদিও তেওঁক কোনেও দেখা নাপায়, কিন্তু সকলোতে দেখে। তেওঁ অন্তর্যামী, তেওঁ সকলো জানে, তেওঁ সর্বজ্ঞানী, বিশ্বৰ প্ৰাণ, আত্মা, তেওঁ সৰ্বশক্তিমান।

(গ) দীঘল প্ৰশ্নৰ উত্তৰ (প্ৰতিটো প্ৰশ্ন মূল্যাংক-৪/৫) 

প্রশ্ন ১। ‘বিশ্বখনিকৰ’ কবিতাটোৰ মাজেৰে কবিয়ে প্ৰকৃততে কাৰ কথা কৈছে আৰু কি ভাষ প্ৰকাশ কৰিব বিচাৰিছে?

উত্তৰ : মানুহে যদিও দেখা নাপায় তথাপি এই বিশ্বজগতৰ সৃষ্টিকর্তা এজন আছে। তেওঁৰ নিৰ্দেশতে গ্রহ, তৰা, জোন, বেলি— এই সকলো আলাসত অর্থাৎ আকাশত ভাহি আছে। তেওঁৰ কৃপাতেই এই মৰু জগতত অর্থাৎ এই পৃথিৱীত মানুহে ল’ৰা-তিৰোতা, আই- ভাই আদিক লৈ মৰম-চেনেহেৰে বসবাস কৰি আছে। একোখিলা পাততো কত চিন থকাৰ দৰে সেই একেজন সৃষ্টিকৰ্তাৰো কত যে মহিমা— তেওঁৰ মহিমাৰ আদি-অন্ত নাই। তেওঁৰ নাম লৈ যশস্যাৰ বীণ বাই যেন গছ-গছনিবোৰো থৰ লাগি থিয় হৈ আছে। এই সৃষ্টিকর্তাজনেই পৰমেশ্বৰ। তেওঁত বাজে একোৰে অস্তিত্ব নাই। তেওঁ সকলোতে আছে, কিন্তু আমি দেখাও নাপাওঁ, হাতেৰে ঢুকিও নাপাওঁ।

সত্ত্বং, ৰজঃ, তমঃ— এই তিনিটা গুণত অর্থাৎ শক্তিতে জগতৰ স্থিতি আৰু লয়। এই তিনিগুণৰ গৰাকী হৈও পৰমেশ্বৰ এই তিনি গুণৰ ওপৰত— অর্থাৎ তেওঁ এটাতো লিপ্ত নহয় । যিপিনেই চাওঁ সেই পিনেই দেখো সকলোতে তেওঁৰে কৰলা যিছে। তেৱেঁই কুঁহি গজালি এটাকো শেহান্তৰত এজোপা প্ৰকাণ্ড গছত পৰিণত কৰিছে, এমাডিমা ল’ৰা এটাকো মাক-বাপেকৰ অহংকাৰ বঢ়াবলৈকেই তেজাল ডেকা ল’ৰা এজনত পৰিণত কৰিছে। মান-মানী, দান-দানী, কাম- কর্মী, খেতি-খেতিয়ক, জ্ঞান-জ্ঞানী, তীখা শাণ, ধর্ম-ধৰ্মী, বুধি-বুধিয়ক এই সকলো তেৱেঁই । আনকি পানী-মাছ, এক-পাঁচ, যোগী-তপস্বী-বাজীকৰ, ধন-ধনী, গোমস্তা-মহাজন, কাৰিকৰ তেৱেঁই সকলো। তেৱেঁই অন্তর্যামী, সর্বজ্ঞান, বিশ্ব-আত্মত্মাপ্রাণ। তেৱেঁই সকলোতে বিয়পি আছে, তেৱেঁই সর্বশক্তিমান। তেওঁৰ ওপৰত আৰু কোনো নাই।

প্রশ্ন ২। ‘সকলোতে আছে তেওঁ কিন্তু নেদেখে কেও ওৰণিৰে মুখ ঢাকি থাকে ওচৰত।’— এই কবিতাফাকিৰ মাজেৰে কবিয়ে কি ভাৰ প্ৰকাশ কৰিব বিচাৰিছে। 

উত্তৰ : এই বিশ্ব জগতৰ সৃষ্টিকৰ্তা তথা নিয়ন্তা হ’ল পৰমপুৰুষ পৰমেশ্বৰ। তেওঁকে কবিয়ে বিশ্বখনিকৰ বুলি কৈছে। তেওঁৰ মহিমা অপাৰ। তেওঁ সকলোতে ব্যাপ্ত হৈ আছে— অথচ আমি তেওঁক দেখা নাপাওঁ। ওৰণিৰে মুখ ঢাকি থকাৰ দৰে অদৃশ্য হৈ আমাৰ ওচৰতে তেওঁ সদায় থাকে। তেওঁ অন্তর্যামী, অর্থাৎ আমি কি ভাবো, কি কৰিম এই সকলো তেওঁ জানে। তেওঁ সৰ্বজ্ঞান, অর্থাৎ বিশ্বজগতৰ তেওঁ জ্ঞানৰ ভঁৰাল; তেওঁতেই সকলো জ্ঞান নিহিত হৈ আছে। কেতিয়া, ক’ত কি ঘটিছে বা ঘটিব এই সকলো তেওঁ জানে। তেৱেঁই বিশ্ব আত্মা প্ৰাণ, অৰ্থাৎ তেওঁৰ দ্বাৰাহে জগতৰ সকলো জীয়াই আছে, সকলো কৰ্ম সংঘটিত হৈ আছে: তেৱেঁই সকলোৰে শক্তি। তথাপি এইজনা পৰম পুৰুষ বিশ্বখনিকৰক আমি কোনেও দেখা নাপাওঁ, হাতেৰে খেপিয়াই চালেও ঢুকি নাপাওঁ।

প্রশ্ন ৩। ‘বিশ্বখনিকৰ’ কবিতাটিৰ মূলভাবটি লিখা

উত্তৰ : যদিও চাক্ষুস দৃষ্টিৰে আজিলৈকে ঈশ্বৰক কোনেও প্ৰত্যক্ষ কৰা নাই তথাপি ত্ৰিলোকৰ সৃষ্টি, স্থিতিৰ মূলতে এক পৰম সত্তাৰ অস্তিত্ব অনুভৱ কৰিব পাৰি। সেই পৰম সত্তাইহে সকলোকে এক আত্মীয়তাৰ জৰীৰে বান্ধি ৰাখিছে। তেওঁৰ মহিমাৰ কথা কৈ অন্ত পেলাব নোৱাৰি। গছৰ প্ৰতিটো পাতেও তেওঁৰ মহিমাৰ কথাকে বখানে। সকলোতে সেই পৰম সত্তা বিৰাজমান, সকলোৰে তেওঁৰ অস্তিত্ব অনুভৱ কৰে, তেৱোঁ মায়াৰ ওৰণিৰে মুখ ঢাকি ওচৰতে থাকে যদিও কোনেও তেওঁক বিচাৰি নাপায়। সত্ত্বঃ, ৰজঃ, তমঃ তিনিও গুণ তেওঁতে বিৰাজমান যদিও তেওঁ নিৰ্গুণ। সেই পৰম সত্তাই সকলোৰে পালন কৰোঁতা, সকলোৰে জন্মদাতা। সমগ্র জড়জগত, জীৱজগত তেৱেঁই সৃষ্টিকর্তা। তেৱেঁই খনিকৰ ৰূপে সমগ্ৰ বিশ্বকে তিল্‌ তিকৈ গঢ়ি তুলিছে। তেওঁক যদিও কোনেও দেখা নাপায় তেৱেঁই অন্তর্যামী, সর্বজ্ঞানী;বিশ্বৰ প্ৰাণ, আত্মা সর্বত্রতে বিয়পি থকা সর্ব শক্তিমান। 

প্রশ্ন ৪। ‘বিশ্বখনিকৰ’ কবিতাটিত প্রকাশিত আধ্যাত্মিক দৰ্শনৰ চমু আভাস দিয়া। 

উত্তৰ : বিশ্বখনিকৰ কাবিতাটিৰ মাজেৰে কবিয়ে বিশুদ্ধ আধ্যাত্মিক দর্শন প্রকাশ কৰিছে।চাক্ষুস দৃষ্টিৰে যদিও আজিলৈকে ঈশ্বৰক কোনেও প্রত্যক্ষ কৰা নাই তথাপি ত্রিলোকৰ সৃষ্টি, স্থিতিৰ মূলতে এক পৰম সত্ত্বাৰ অস্তিত্বক সদায় অনুভৱ কৰিব পাৰি। সেই পৰম সত্ত্বাইহে সকলোকে এক আত্মীয়তাৰ জৰীৰে বান্ধি ৰাখিছে। তেওঁৰ মহিমাৰ কথা কৈ অন্ত পেলাব নোৱাৰি। গছৰ প্ৰতিটো পাতেও যেন তেওঁৰ মহিমাৰেই গুণ গাই বতাহত নাচি আছে। সকলোতে সেই পৰমসত্ত্বা বিৰাজমান, সকলোৱে তেওঁৰ অস্তিত্ব অনুভৱ কৰে, তেৱোঁ মায়াৰ ওৰণিৰে মুখ ঢাকি ওচৰতে থাকে যদিও কোনেও তেওঁক বিচাৰি নাপায়। সত্ত্বঃ ৰজঃ তমঃ— এই তিনিগুণ তেওঁতে বিৰাজমান যদিও তেওঁ নিৰ্গুণ। সেই পৰম সত্ত্বাই সকলোৰে পালন কৰোঁতা, সকলোৱে জন্মদাতা। সমগ্ৰ জড় জগত, জীব জগতৰ তেৱেঁই গৰাকী। তেৱেঁই খনিকৰ ৰূপে সমগ্র বিশ্বকে গঢ়ি তুলিছে। তেওঁক যদিও কোনেও দেখা নাপায়, তথাপি তেৱেঁই অন্তর্যামী, তেৱেঁই সর্বজ্ঞানী, বিশ্বৰ প্ৰাণ, আত্মা, সর্বত্রতে বিয়পি থকা সর্বশক্তিমান ঈশ্বর।

প্রশ্ন ৫। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা : তেৱেঁ কাম তেৱেঁ কৰ্মী তেৱেঁ কাৰিকৰ নিশ্চয় নিশ্চয় তেৱেঁ বিশ্বখনিকৰ।

উত্তৰ : উদ্ধৃত কবিতাফাকি ‘জ্ঞান মালিনী’ৰ কবি মফিজুদ্দিন আহমদ হাজৰিকা ৰচিত ‘বিশ্বখনিকৰ’ নামৰ কবিতাটিৰ অন্তৰ্গত। 

বিশ্বননিকৰ, অর্থাৎ বিশ্বজগতা এটা ভগৱানৰ মহিমা সম্পর্কে ক’বলৈ যাওঁতে কবিগৰাকীয়েএনেদৰে উল্লেখ কৰিছে। 

এই বিশ্বজগতৰ এজন ঘণ্টা আছে। তেওঁকে বিশ্বখনিকৰ তথা পৰমপুরুষ ভগৱান বা ঈশ্বৰ বোলা হয়। সংসাৰৰ জীৱ-জন্তু, বয়-বস্তু সকলো তেওঁৰে সৃষ্ট। সকলোৰে মূল তেৱেঁই । ধন-ধান, ঐশ্বর্য-বিস্তৃতি, মান-মানী, দান-দানী, খেতি-খেতিয়ক, জ্ঞান-জ্ঞানী, তীরা শাণ, ধর্ম-ধর্মী, এক-পাঁচ, যোগী-তপস্বী, বাজীকৰ, গোমস্তা, মহাজন, কাম-কর্মী—-এই সকলো তেৱেঁই তেওঁৰ ইচ্ছাতেই এই সকলো হয়। তেওঁৰ ইচ্ছাতে জগতে প্রাণ পায়, তেওঁৰ ইচ্ছাতেই জগত লয় হয়। তেওঁ সৃষ্টিকৰ, তেওঁ পালক, তেওঁ তাৰক, তেওঁ মাৰক। এই কাৰণেই তেওঁ বিশ্বজগতৰ মূল, – তেওঁ বিশ্বখনিকৰ।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। অতি চমু উত্তৰ দিয়া :

(ক) মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম কোন চনত হৈছিল ? 

উত্তৰ : ১৮৭০ চনত। 

(খ) মফিজুদ্দিন আহমদ হাজৰিকাৰ মৃত্যু কোন চনত হৈছিল? 

উত্তৰ : ১৯৫৮ চনত। 

(গ) মৃত্যুৰ পিছত প্ৰকাশ পোৱা মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতা পুথিখনৰ নাম কি?

উত্তৰ : তত্ত্ব পাৰিজাত।

(ঘ) মফিজুদ্দিন আহমদ হাজৰিকা কোন চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল ?

উত্তৰ : ১৯২৯ চনত।

(ঙ) ‘ত্রিলোক’ মানে কি ?

উত্তৰ : স্বৰ্গ, মর্ত্য, পাতাল— এই তিনি লোক।

(চ) ‘বিশ্বখনিকৰ’ বুলি কৰিয়ে কাক বুজাইছে?

উত্তৰ : পৰমেশ্বৰক বুজাইছে।

(ছ) পৰমেশ্বৰক ‘বিশ্বখনিকৰ’ বুলি কিয় কোৱা হৈছে।

উত্তৰ : তেৱেঁ বিশ্বখন সৃষ্টি কৰা কাৰণে।

(জ) মফিজুদ্দিন আহমদ হাজৰিকাই লিখা কবিতা পুথি এখনৰ নাম লিখা।

উত্তৰ: জ্ঞানমালিনী।

(ঝ) অসম সাহিত্য সভাৰ দ্বাদশ গোলাঘাট অধিৱেশনৰ সভাপতি কোন আছিল? 

উত্তৰ : কবি মফিজুদ্দিন আহমদ হাজৰিকা।

(ঞ) ‘তত্ত্ব- পাৰিজাত’ পুথিৰ ৰচক কোন?

উত্তৰ: মার্কিনি আহমদ হাজৰিকা।

(ট) তেওঁৰেহে মহিমাৰ নাই কোনো ওৰ পাঁৰ- ইয়াত কাৰ মহিমাৰ কথা কোৱা হৈছে?

উত্তৰ ঈশ্বৰৰ।

(ঠ) ‘ওৰণিৰে মুখ ঢাকি থাকে ওচৰত’- মানে কি ?

উত্তৰ ঈশ্বৰে অদৃশ্যভাবে সকলোতে বিৰাজিত হৈ থাকে। 

(ড) ‘বোলে হনু বিশ্বগিৰি সেই মহাজন।’ – ‘সেই মহাজন’ নো কোন?

উত্তৰ ঈশ্বৰ 

(চ) ঈশ্বৰক ‘অন্তর্যামী’ বুলি কিয় কোৱা হৈছে? 

উত্তৰ: তেওঁ সকলোৰে অন্তৰৰ কথা জানে কাৰণে।

(ণ) ভগৱানক ‘সর্বব্যাপী সর্বশক্তিমান’ বুলি কোৱা হৈছে, কিয়? 

উত্তৰ : ভগৱান সৰ্বত্ৰ বিৰাজমান, তেৱেঁই সৃষ্টি, স্থিতি, লয়ৰ কাৰণ কাৰণে। 

(ত) ‘বিশ্বখনিকৰ’ কবিতাটিৰ মাজেৰে ঈশ্বৰ সম্বন্ধে কবিৰ কেনে ধাৰণা ফুটি ওলাইছে?

উত্তৰ : ঈশ্বৰেই বিশ্বৰ সর্বেসর্বা – এই ধাৰণা।

(থ) “বিশ্বখনিকৰ’ কবিতাটি কাৰ ৰচনা ?

উত্তৰ: মফিজুদ্দিন আহমদ হাজৰিকাৰ। 

(দ) ‘বিশ্বখনিকৰ’ কবিতাটিত উল্লেখ থকা তিনিটা গুণ কি কি?

উত্তৰ : সত্ত্ব, রজঃ, তমঃ – এই তিনিটা গুণ।

(ধ) মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত কেনেধৰণৰ দৰ্শনৰ প্ৰকাশ ঘটিছে ?

উত্তৰ : আধ্যাত্মিক দৰ্শনৰ। 

(ন) বিশ্ব খনিকৰক কিয় খেপিয়ালে পোৱা নাযায় ?

উত্তৰ: ভগৱানক বিশ্ব খনিকৰ বোলা হয়। তেওঁ সাকাৰ নহয়, নিৰাকাৰ কাৰণে খেপিয়ালে পোৱা নাযায়।

(প) তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কোনগৰাকী কৰি ‘জোনাকী’ কাকতৰ স’তে জড়িত নাছিল ?

উত্তৰ : মফিজউদ্দিন আহমদ হাজৰিকা ।

(ফ) ‘বিশ্ব খনিকৰ’ কবিতার ‘কুঁহি-গজালি’ বুলি কোন তিনিজোপা গছৰ নাম ৰক্ষনীত উল্লেল্লখ কৰিছে?

উত্তৰ : পমা, চিচু, পাৰলীক।

(ব) অসমীয়া ভাষাত ছুফী সাধকসকলৰ ভাবধাৰা প্ৰথম কোনগৰাকী কবিৰ কবিতাত প্রকাশ পাইছিল?

উত্তৰ : মফিজউদ্দিন আহমদ হাজৰিকা।

HS দ্বিতীয় বৰ্ষৰ অসমীয়া প্ৰশ্নৰ উত্তৰ

Sl. No.Contents
Unit 1নিৰ্বাচিত গদ্য
Chapter 1মোৰ মাতৃমোখ দৰ্শন
Chapter 2মগনিয়াৰ
Chapter 3আনন্দৰাম বৰুৱা
Chapter 4হস্তিবিদ্যাৰ্ণৱ পুথি
Chapter 5ভাৰতীয় আদৰ্শত বৈৰাগ্য
Chapter 6চিঠি
Chapter 7অসমীয়া চলচ্চিত্রৰ গতিধাৰা
Chapter 8বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো
Unit 2নিৰ্বাচিত পদ্য
Chapter 1বৰগীত (উঠৰে উঠ বাপু)
Chapter 2বিশ্ব খনিকৰ
Chapter 3মিলন
Chapter 4জনতাৰ আহ্বান
Chapter 5কাঠমিস্ত্ৰীৰ ঘৰ
Chapter 6আঘোণৰ কুঁৱলী
Chapter 7উভতি নহাৰ কবিতা
Chapter 8কৰুণতম
Unit 3কৈশোৰ কাল আৰু মূল্যবোধৰ শিক্ষা
Chapter 1মূল্যবোধৰ শিক্ষা
Chapter 2কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা

প্রশ্ন ২। ‘তেওঁৰেহে কৃপাজৰী টনাটনি কৰি — কথাষাৰে কি বুজাইছে?

উত্তৰ : চাক্ষুস দৃষ্টিৰে আজিলৈকে কোনেও দেখা নাই যদিও তথাপি ত্রিলোকৰ সৃষ্টি, স্থিতিৰ মূলতে এক পৰম সত্ত্বাৰ অস্তিত্বক সদায় সকলোৱে অনুভৱ কৰি আহিছে। সেই পৰম সত্ত্বাৰ কৃপাতহে জগতৰ সকলোৱে এক আত্মীয়তাৰ জৰীৰে বান্ধ খাই আছে; আনকি আকাশৰ গ্রহ, তৰা, জোন বেলি আদিয়েও এই পৰম সত্ত্বা তথা ভগৱানৰ কৃপাতেই ইটিয়ে সিটিক টনাটনি কুৰি শূন্যত ওলমি থাকিব পাৰিছে।

প্রশ্ন ৩। ‘ওৰণিৰে মুখ ঢাকি থাক ওচৰত বুলি কাৰ কথা কোৱা হৈছে, বুজাই লিখা। 

উত্তৰ : ইয়াত বিশ্বখনিকৰ, বিশ্ব সৃষ্টিকৰ, সৰ্বজ্ঞানী, সর্বঅন্তর্যামী, সর্বশক্তিমান, স্বয়ংভগৱানৰ কথা কোৱা হৈছে। আমি ভগৱানক চাক্ষুস দৃষ্টিৰে দেখা নাই যদিও বিশ্বব্রহ্মাণ্ড সৃষ্টি-স্থিতিৰ মূলতে এক পৰমসত্ত্বাৰ অস্তিত্ব অনুভৱ সকলোৱে কৰি আহিছে। তেওঁক কোনেও দেখা নাপায় যদিও ওৰণিৰে মুখ ঢাকি – অর্থাৎ অদৃশ্যভাৱে আমাৰ সকলোৰে ওচৰতে থাকে। তেওঁ সকলোতে বিৰাজমান। তেওঁক আমি দেখা নাপালেও তেওঁ সকলোকে দেখে সকলোকে জানে। তেওঁক ওচৰতে আছে বুলি খেপিয়াই চালেও লগ নাপায়, তেওঁৰ চিন-চাব পোৱা নাযায়।

প্রশ্ন ৪। ‘বিশ্বখনিকৰ’ কবিতাটিৰ কথাখিনি তোমাৰ নিজৰ ভাষাত লিখা।

উত্তৰ : যদিও চাক্ষুস দৃষ্টিৰে ঈশ্বৰক কোনেও দেখা নাই তথাপি সকলোৱে অনুভৱ কৰে যে এই ত্রিলোক অর্থাৎ বিশ্ব ব্ৰহ্মাণ্ডৰ এজন খনিকৰ অৰ্থাৎ সৃষ্টিকর্তা আছে। আকাশত শূন্যতে থকা গ্ৰহ, তৰা, বেলি, জোন এইবোৰে তেওঁৰ দ্বাৰাই টনাটনি কৰি ওলমি আছে। ল’ৰা-তিৰী, আই-ভাই সকলো প্রাণী তেওঁৰ দ্বাৰাই জীৱন ধাৰণ কৰি আছে। তেওঁৰ মহিমাৰ অন্ত নাই, পাৰাপাৰ নাই। গছ পাতবোৰেও যেন তেওঁৰেই মহিমা গাই বতাহত নাচি আছে। তেওঁ সকলোতে আছে— কিন্তু তেওঁক কোনেও দেখা নাপায়, খেপিয়াই চালেও তেওঁক লগ নাপায়; ক’তো চিন-চাব ধৰা নপৰে। সত্ত্বঃ ৰজঃ তমঃ— এই তিনি গুণৰ অধিকাৰীও তেওঁ। তেওঁতে এই তিনিগুণ বিৰাজমান; কিন্তু তেওঁ নিৰ্গুণ— গুণাতীত। এই সকলো গুণৰ তেওঁ ঊর্ধ্বত। তেৱেঁই বিশ্বৰ গৰাকী, তেৱেঁই বিশ্বৰ মহাজন। তেঁৱেই সকলোৰে ওপৰত দয়া-মৰম বৰষিছে তেওঁৰ কৃপাতে কুঁহি গজালি এটিও শেষত এজোপা প্রকাণ্ড গছত পৰিণত হয়; নিচেই কেঁচুৱা এটিও তেজাল ডেকা হৈ মাক-বাপেকৰ অহংকাৰ বঢ়ায়, আনন্দ বঢ়ায়। মান-মানী, দান-দানী, কাম কর্মী, খেতি-খেতিয়ক, জ্ঞান-জ্ঞানী, তীখা-শাণ, ধর্ম-ধর্মী, বুধি বুধিয়ক, পানী মাছ, এক পাঁচ যোগী-তপস্বী, বাজীকৰ, ধন-ধনী, গোমস্তা, মহাজন, এই সকলো তেৱেই। অর্থাৎ তেওঁ সকলোতে আছে, সকলো তেৱেঁই কৰিছে। তেৱেঁই সকলোৰে অন্তৰৰ, মনৰ কথা জানে, তেৱেঁই সকলো জানে, সকলো আনৰ অধিকাৰী সকলোতে বিৰাজমান, সর্বশক্তিমান, বিশ্বব আত্মা-ভগৱান, ঈশ্বৰ।

প্রশ্ন ৫। ‘তেৱে যোগী তপস্বী ও তেৱেঁ বাজীকৰ 

তেৱেঁ ধনী, তেৱেঁ ধন

গোমস্তা ও মহাজন।’

– ইয়াত ‘ও’ শব্দটো কি অৰ্থত ব্যৱহাৰ হৈছে? এই চৰণটোক দার্শনিক ভাবৰ পদ

বুলিব পাৰিনে বুজাই লিখা।

উত্তৰ : কবিতাৰ চৰণটোত ‘ও’ শব্দটো যোজক অব্যয় হিচাপে আৰু অৰ্থত ব্যৱহাৰ হৈছে। শুদ্ধ অসমীয়া গদ্যত ‘ও’ শব্দটো ব্যৱহাৰ নহয়; কেতিয়াবা কবিতা বা পদ্যতহে ব্যৱহাৰ হোৱা দেখা যায়।

এই চৰণটোক দাৰ্শনিক ভাবৰ পদ বুলিব পাৰি। ইয়াৰ দ্বাৰা ভগৱান যে অন্তর্যামী, সর্বশক্তিমান, সর্বব্যাপী বিশ্বজগতৰ সৰ্বস্ব এই দার্শনিক ভাবটোকে প্রকাশ কৰিছে। বিশ্বজগতৰ নিয়ন্তা পৰম পুৰুষ ভগৱান জগতৰ সৰ্বস্ব। ধন-ধনী, বায়ু-পানী, মাছ-কাছ, গছ-গছনি, পশু-পক্ষী মানুহ এই সকলোৰে তেওঁ প্ৰাণসৰ্বস্ব। সেয়ে যোগী, তপস্বী, বাজীকৰ, ধন, ধনী, গোমস্তা বা চাকৰ, মহাজন এই সকলো তেৱেঁই। কোনেও কিবা এটা নিজে হওঁ বুলি হ’ব নোৱাৰে, কৰোঁ বুলি কৰিব নোৱাৰে। সকলোৰে প্ৰাকী তেৱেঁই তেওঁৰ ইচ্ছাতেই, তেওঁৰ নিৰ্দেশ তথা কলাতেই সকলো হয়। তেৱেঁই কর্তা, তেৱেঁই নিয়ন্তা। তেৱেঁই পালক, তেৱেঁই তাৰক তেৱেঁই মাৰক।

প্রশ্ন ৬। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।

(ক) ‘সত্ত্বঃ ৰজঃ তমোগুণ 

সকলোতে নিৰগুণ 

বোলে হুনু বিশ্বগিৰি সেই মহাজন।’

উত্তৰ : উদ্ধৃত কবিতাফাকি ‘জ্ঞান মালিনীৰ কবি মফিজুদ্দিন আহমদ হাজৰিকা ৰচিত বিশ্বখনিকৰ’ নামৰ কবিতাটিৰ অন্তৰ্গত।

বিশ্বখনিকৰ— অর্থাৎ ভগৱানৰ মহিমা সম্পৰ্কে কবলৈ যাওঁতে কবিয়ে এনেদৰে কবিতাটিত উল্লেখ কৰিছে।

চাক্ষুস দৃষ্টিৰে যদিও কোনেও ভগৱান তথা এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰোঁতাক দেখা নাই। তথাপি তেওঁৰ সত্ত্বাৰ অস্তিত্ব সদায় অনুভৱ কৰা যায়। সকলোতে পৰম সত্ত্বা বিৰাজমান। সত্ত্বঃ অর্থাৎ জ্ঞান, সৎ আৰু সুখদায়ক; বজঃ অর্থাৎ আসক্তি আৰু দুখদায়ক আৰু তমঃ অর্থাৎ অজ্ঞনতা— এই তিনিও গুণ এই পৰম সত্ত্বা বিশ্বখনিকৰ ভগৱানতে বিৰাজমান যদিও নিৰ্গুণ, গুণাতীত। সুখ, দুখ, জ্ঞান, অজ্ঞানতাৰ মূল কাৰক তেৱেঁই যদিও এইবোৰৰ পৰা তেওঁ বহুত ওপৰত থাকে। মানুহে কৰ্ম, সাধনা, আৰু বিফলতাৰ গুণতহে এইবোৰৰ ফলাফল ভোগ করে। এই তিনি গুণৰ অধিকাৰী হ’লেও নির্গুণ ভগৱানেই এই বিশ্বৰ একমাত্ৰ অধিকাৰী ।

(খ) ‘নিশ্চয় নিশ্চয় তেৱেঁ

(দেখা নায়ো যদি কেরে)

অন্তর্যামী সর্বজ্ঞান, বিশ্ব-আত্মা প্রাণ 

সর্ব ব্যাপি সর্বশক্তিমান।’ 

উত্তৰ : উদ্ধৃত কবিতাফাকি জ্ঞান-মালিনী কবি মফিজুদ্দিন আহমদ হাজৰিকা ৰচিত বিশ্বখনিকৰ’ নামৰ কবিতাটিৰ অন্তৰ্গত।

বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি কাৰক ভগৱানৰ মাহাত্ম্য আৰু শ্ৰেষ্ঠত্ব সম্পৰ্কে ক’বলৈ যাওঁতে কবিয়ে কবিতাটি এনেদৰেকৈ সামৰণি মাৰিছে। 

যদিও চাক্ষুস দৃষ্টিৰে আজিলৈকে কোনেও প্রত্যক্ষ কৰা নাই তথাপি এই বিশ্বব্রহ্মাণ্ড সৃষ্টি লয়ৰ মূলতে এক পৰম সত্বাৰ অস্তিত্ব সকলোৱে অনুভৱ কৰি আহিছে। এই পৰম সত্ত্বাকেই পৰম ঈশ্বৰ তথা ভগৱান বোলা হৈছে। অগতৰ তিনিগুণ — সত্ত্বঃ ৰজঃ তমঃ তেওঁতে বিৰাজমান, কিন্তু তেওঁ নিৰ্গুণ, তেওঁ গুণাতীত। এই পৰমসত্ত্বা ভগৱানেই সকলোৰে সৃষ্টি কৰোঁতা আৰু পালন কৰোতা, জড়জগত, জীৱজগত তেৱেঁই সৃষ্টি কৰিছে। তেওঁ সকলোতে বিৰাজমান যদিও তেওঁক কোনেও দেখা নাপায়, কিন্তু সকলোতে দেখে। তেওঁ অন্তর্যামী, তেওঁ সকলো জানে, তেওঁ সর্বজ্ঞানী, বিশ্বব প্রাণ, আত্মা, তেওঁ সর্বশক্তিমান।

(গ) ‘নিশ্চয় নিশ্চয় তেৱেঁ

(দেখা নায়ো যদি কেরে) 

অন্তর্যামী, সর্বজ্ঞান, বিশ্ব-আত্মা প্রাণ 

সর্বব্যাপী সর্বশক্তিমান।”

উত্তৰ : উদ্ধৃত কবিতাফাকি দার্শনিক কবি মফিজুদ্দিন আহমদ হাজৰিকা ৰচিত ‘বিশ্বখনিকৰ’ নামৰ কবিতাটিৰ অন্তর্গত।

বিশ্বজগতৰ স্ৰষ্টা পৰমপুৰুষ ভগৱানৰ শক্তি মহিমা সম্পর্কে ক’বলৈ যাওঁতে কবিগৰাকীয়ে এনেদৰে কৈ কবিতাটিৰ সামৰণি মাৰিছে।

বিশ্বখনিকৰ অৰ্থাৎ ভগৱান সৰ্বময়। তেওঁত বাহিৰে আন একোৰে অস্তিত্ব নাই। সকলোৰে মূল কাৰণ তেৱেঁই। তেওঁ অন্তর্যামী। সেই কাৰণে সকলোতে বিয়পি আছে যদিও, আমাৰ লগে লগে, আমাৰ ওচৰতে আছে যদিও আমি দেখা নাপাওঁ, আমি ঢুকি নাপাওঁ। মান-মानী, দান-দানী, ধন-ধনী, কাম-কর্মী, খেতি-খেতিয়ক, জ্ঞান-জ্ঞানী, তীৰা-শাণ, ধর্ম-ধর্মী, এক-পাঁচ, যোগী-তপস্বী, বাজীক, সৃষ্টিকৰ, চাকৰ-মহাজন এই সকলো তেৱেঁই তেৱেঁই পালক, তেৱেই তাৰক, তেৱেঁই মাৰক। তেওঁৰ ইচ্ছাতেই এই সকলো হয়। কি হৈছে, কি হ’ব তেৱেঁই জানে, তেওঁ সৰ্বজ্ঞান। তেৱে বিশ্বত আত্মা প্রতিষ্ঠা কৰিছে, তেওঁৰ দ্বাৰাই বিশ্ব গতিশীল। তেৱেঁ সৰ্বশক্তিমান। সকলোৰে ওপৰত তেওঁ। তেওঁৰ অবিহনে জগত শূন্য।

(ঘ) ‘চাওঁ যদি ইপিনেদি 

আহা! কেনে বুকু ভেদি 

মৰমেৰে বসিছে দয়া বৰষুণ।’

উত্তৰ : উদ্ধৃত কবিতাফাকি ‘জ্ঞান-মালিনী’ৰ কবি মফিজুদ্দিন আহমদ হাজৰিকা ৰচিত “বিশ্ব খনিকৰ’ নামৰ কবিতাটিৰ অন্তৰ্গত।

বিশ্বখনিকৰ অৰ্থাৎ বিশ্ব জগতৰ স্ৰষ্টা ভগৱানৰ মহিমা সম্পর্কে ক’বলৈ যাওঁতে কৰিয়ে এনেদৰে উল্লেখ কৰিছে।

এই বিশ্বজগতৰ স্ৰষ্টাকে বিশ্বখনিকৰ বুলি কোৱা হৈছে। সংসাৰৰ সকলো জীৱ-জন্তু, বয় বস্তু তেওঁৰেই সৃষ্টি। সকলোৰে মূল তেৱেঁই । ধন-ধান, ঐশ্বর্য-বিভূতি, মান-মানী, দান-দানী, জ্ঞান-জ্ঞানী, যোগী, তপস্বী, বাজিকর, গোমস্তা-মহাজন, কাম-কর্মী এই সকলো তেৱেঁই। তেৱেঁই সৃষ্টিকৰ, তেৱেঁই পালক, তেৱেঁই তাৰক, তেৱেঁই মাৰক। যিপিনেই চোৱা যায়, তাতেই দেখা যায় তেৱেঁই সকলোকে মৰমেৰে সৃষ্টি কৰিছে, পালন কৰিছে। তেওঁৰ মৰম-চেনেহ, দয়া- করুণা চাৰিওফালে বিয়পি আছে।

(ঙ) তেঁৱে এমাডিমা ল’ৰা,

কৰে ডেকা তেজ ধৰা 

অহংকাৰ বঢ়াবলৈ মাক-বাপেকৰ ।’

উত্তৰ : উদ্ধৃত কবিতাাকি জ্ঞান মালিনীৰ কবি মফিজুদ্দিন আহমদ হাজৰিকা ৰচিত “বিশ্বখনিকৰ’ নামৰ কবিতাটিৰ অন্তৰ্গত।

বিশ্বখনিকৰ, অর্থাৎ বিশ্বটা ভগৱানৰ মাহাত্ম্য সম্পৰ্কে প্ৰকাশ কৰিবলৈ গৈ কবিয়ে এনেদৰে উল্লেখ কৰিছে।

চকুৰে নেদেখিলেও, হাতেৰে ঢুকি নাপালেও এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি, স্থিতিৰ মূলতে এক পৰম সত্ত্বাৰ অস্তিত্ব অনুভৱ কৰা যায়। সেই পৰম সত্ত্বাকেই বিশ্ব স্রষ্টা ভগৱান বুলি বিশ্বাস কৰা হয়। তেৱেঁই এই বিশ্বৰ গৰাকী। তেওঁৰ ইংগিতত বিশ্বৰ সকলো সৃষ্টি, স্থিতি, লয় হয়। তেওঁৰ

করুণাতেই কুঁহি গজালি এটিও বৃহৎ গছ এজোপাত পৰিণত হয়, এমাডিমা কেঁচুৱা ল’ৰা এটিও তেজাল আৰু শক্তিশালী ডেকাত পৰিণত হয়, যাক লৈ মাক বাপেকে গৌৰৱ কৰিব পাৰে অহংকাৰ কৰিব পাৰে। ইয়াৰ দ্বাৰা পৰম সত্ত্বা ভগৱানেই যে সর্বেসর্বা বিশ্ব নিয়ন্তা এই কথাকে প্ৰকাশ কৰিব বিচৰা হৈছে।

(চ) সত্ত্বা, ৰজা আৰু তমঃ গুণে মানুহৰ জীৱনলৈ কি আনে?

উত্তৰ : চাক্ষুস দৃষ্টিৰে যদিও কোনেও ভগৱান তথা এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰোতাক দেখা নাই তথাপি তেওঁৰ সত্বাৰ অস্তিত্ব সদায় অনুভৱ কৰা যায়। সকলোতে পৰম সা বিৰাজমান। সত্ত্বঃ অর্থাৎ জ্ঞান, সৎ আৰু সুখদায়ক, ৰজঃ অর্থাৎ আসক্তি আৰু দুখদায়ক আৰু তমঃ অর্থাৎ অজ্ঞনতা— এই তিনিও গুণ এই পৰম সত্ত্বা বিশ্বখনিকৰ ভগৱানতে বিৰাজমান যদিও নির্গুণ, গুণাতীত। সুখ, দুখ, জ্ঞান, অজ্ঞানতাৰ মূল কাৰক তেৱেঁই যদিও এইবোৰৰ পৰা তেওঁ বহুত ওপৰত থাকে। মানুহে কর্ম, সাধনা, আৰু বিফলতাৰ গুণতহে এইবোৰৰ ফলাফল ভোগ কৰে। এই তিনি গুণৰ অধিকাৰী হ’লেও নির্গুণ ভগৱানেই এই বিশ্বৰ একমাত্ৰ অধিকাৰী।

( শব্দার্থ

খনিকৰ : শিল্প, কাঠ মাটিৰ পৰা মূৰ্ত্তি নিৰ্মাণ কৰোঁতা, চিত্ৰকৰ, বিশ্বখনিকৰ : বিশ্ব নিৰ্মাণ কৰোতা, ঈশ্বৰ, সৃষ্টিকর্তা, যদিস্যাতো [HS. 20] যদিও ত্রিলোক : স্বর্গ-মর্তা, পাতাল; বিশ্ব ব্রহ্মাণ্ড; আলাসতে : শূন্যতে; ওপত্তি; সত্ত্বঃ : সৎ-জ্ঞানাত্ম্য, সুখদায়ক গুণ; ৰজঃ-ৰাজসিক ৰাগাত্মক আসক্তিজনক-দুখদায়ক গুণ; তমঃ- মোহ-প্রসাদ-আলস্য-খং, দুখ আদি জন্মাব পৰা গুণ; নিৰগুণ : নিৰ্গুণ, গুণাতীত, সকলো গুণৰ ঊর্ধ্বত; হুনু : হেনো; বিশ্বগিৰি বিশ্বৰ গৰাকী, ঈশ্বৰ এমাডিমা : নিচেই কেটুৱা অৱস্থা, শেহান্তৰে : অন্তত, অৱশেষত, গোমস্তা- [H.S. 19]]দোকানৰ হিচাপ পত্ৰ ৰখা কৰ্মী, বাজীকৰ যাদুকৰ টাটকীয়া; অন্তর্যামী : অন্তৰৰ অৰ্থাৎ মনৰ ভাব সকলো বুজি পাওঁতা; সর্বব্যাপী : সকলোতে বিৰাজমান; সকলোতে জুৰি থকা যদিস্যাতোঃ যদিও।

Leave a Reply