Class-12 Assamese Solutions |Chapter-1| বৰগীত (উঠৰে উঠ বাপু)

Class-12 Assamese Solutions |Chapter-1| বৰগীত (উঠৰে উঠ বাপু)। এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class-12 Assamese Solutions |Chapter-1| বৰগীত (উঠৰে উঠ বাপু) AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS 2nd years Solutions

Class-12 Assamese Solutions |Chapter-1| বৰগীত (উঠৰে উঠ বাপু)

Class-12 Assamese Solutions |Chapter-1| বৰগীত (উঠৰে উঠ বাপু) অসমীয়া। উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অসমীয়া বিষয়ৰ শেহতীয়া পাঠ্যক্ৰমৰ (AHSEC) ওপৰত ভিত্তি কৰি পাঠ ভিত্তিক প্রশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আমাৰ ৱেবচাইটত উপলব্ধ।

গোট ২

নিৰ্বাচিত পদ্য

কবি পৰিচিতি: মাধৱদেৱ : ১৪৮৯-১৫৯৬

অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক তথা সৰ্বকালৰ মহত্ত্বম পুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অতি প্রিয় তথা প্রধান শিষ্য মাধৱদেৱৰ জন্ম হয় উত্তৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰী নামৰ ঠাইত ইং ১৪৮৯ চনত। পিতৃৰ নাম গোবিন্দগিৰী ভূঞা আৰু মাতৃৰ নাম মনোৰমা। প্রথম অৱস্থাত মাধৱদেৱ আছিল অতি শাক্তপন্থী। পিছত ঘটনাক্রমে শংকৰ গুৰুৰ লগত তেওঁৰ লগালগি হয় আৰু দুয়োৰে মাজত হোৱা ধৰ্মীয় তর্কযুদ্ধত মাধৱদেৱ হাৰে। মাধৱদেৱে বৈষ্ণৱ ধৰ্মৰ প্ৰকৃত তত্ত্ব বুজি শংকৰদেৱৰ ওচৰত শৰণ লয় আৰু গুৰুজনাৰ প্ৰধান আৰু অতি প্রিয় শিষ্য হৈ পৰে। তেওঁ গুৰুজনাৰ নিৰ্দেশক্রমে একাণপতীয়াভাবে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু এই উদ্দেশ্যে গীত, নাট, ভটিমা, বিবিধ পনপুথি ৰচনাত মনোনিবেশ কৰে। তেওঁৰ কালজয়ী ৰচনা দুখন হ’ল ‘নামঘোষা’ আৰু ‘ভক্তি ৰত্নাৱলী’। ইয়াৰ বাহিৰেও তেওঁ ‘বৰগীত’, ‘ৰাজসূয় যজ্ঞ’, ‘দধিমথন’, ‘চোৰধৰা’, ‘পিম্পৰা গুচোৱা’, ‘ভোজন বেহাৰ’, অর্জুন ভঞ্জন’, ‘ভূমি লেটোৱা’, ‘জন্ম ৰহস্য’, ‘গুৰু ভটিমা’আদি গ্ৰন্থ ৰচনা কৰিছিল। তেৰা গুৰু শংকৰদেৱৰ দৰে ধৰ্ম-সাহিত্য- সংস্কৃতিৰ ক্ষেত্ৰত্ব বিশিষ্ট অৱদান আগবঢ়াই কোচবেহাৰৰ ভেলা মধুপুৰত ১৫৯৬ চনত তেওঁ ইহলীলা সম্বৰণ কৰে। 

মহাপুৰুষ মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা ১৫৭টা। “নামঘোষা”ক তেওঁৰ সাহিত্যিক জীৱনৰ কীৰ্ত্তিস্তস্ত বুলি কোৱা হয়।

পাঠভিত্তিক প্রশ্নোত্তৰ

(ক) অতি চমু প্ৰশ্নৰ উত্তৰ (প্ৰতিটো প্ৰশ্নৰ মূলাংক – ১) 

প্রশ্ন ১। মাধৱ দেৱৰ জন্ম ক’ত হৈছিল?

উত্তৰ: উত্তৰ লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰী নামৰ ঠাইত।

প্রশ্ন ২। শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক কি বুলি অভিহিত কৰা হয় ?

উত্তৰ : ‘মণি-কাঞ্চন সংযোগ’ বুলি অভিহিত কৰা হয়।

প্রশ্ন ৩। কোনখন গ্রন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্ত্তিস্তস্ত বুলি কোৱা হয় ?

উত্তৰ : মাধৱদেৱ বিৰচিত ‘নামঘোষা’ গ্রন্থক। 

প্রশ্ন ৪। মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল ?

উত্তৰ : ১৫৭ টা।

প্রশ্ন ৫। “উঠৰে উঠ বাপু গোপালহে” বৰগীতটো কি ৰাগত বন্ধা ?

উত্তৰ : ‘কৌ’ ৰাগত ।

(চমু প্ৰশ্নৰ উত্তৰ (মূল্যাংক- ২/৩))

প্রশ্ন ১। বৰগীত কাক বোলে? বৰগীতৰ বিষয়বস্তুক কেইটা ভাগত ভগাব পাৰি?ভাগসমূহ উল্লেখ কৰা ।

উত্তৰ : মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত আধ্যাত্মিক ভাবসম্পন্ন আৰু ৰাগ-ৰাগিণীযুক্ত গীতসমূহক বৰগীত বুলি কোৱা হৈছে। বৰগীতৰ বিষয়বস্তু ছয়টা ভাগত ভগাব পাৰি। ভাগসমূহ হ’ল — লীলা, বিৰহ, নিক্তি, পৰমাৰ্থ, চোৰ, চাতুৰি। 

প্রশ্ন ২। ড° বাণীকান্ত কাকতিয়ে বৰগীতক কিয় Noble Numbers বুলি কৈছে?

উত্তৰ : বৰগীতৰ ৰাগ, তাল, সাংগীতিক ভাষা আদিৰ অন্তৰালত গভীৰ আধ্যাত্মিক ভাবৰ প্রবাহ লক্ষ্য কৰি ড° বাণীকান্ত কাকতিয়ে বৰগীতক Noble Numbers বুলি কৈছে।

প্রশ্ন ৩। মাধৱদেৱৰ বৰগীতৰ বৈশিষ্ট্য কি?

উত্তৰ : মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য হ’ল বাৎসল্য ভাবৰ প্ৰকাশ। তেওঁ সমগ্ৰ বৰগীতত শিশু শ্ৰীকৃষ্ণ‍ই প্রাধান্য লাভ কৰিছে। সেই কাৰণেই ড° বাণীকান্ত কাকতিয়ে “বাৎসল্য প্ৰেম মাধৱদেৱৰ ভক্ত জীৱনৰ সৰ্বহ” বুলি কৈছে। ভাষাৰ ফালৰ পৰাও মাধৱদেৱৰ বৰগীতৰ ভাষা জনজীৱনৰ ভাষাৰ বেছি ওচৰ চপা। মাধৱদেৱৰ বৰগীতত ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালৰ নানান ক্রিয়া-কলাপৰ মনোমুগ্ধ বর্ণনাই বৰগীতসমূহক এক বিশেষত্ব প্ৰদান কৰিছে।

প্রশ্ন ৪। “সব পুৰুষৰ শিৰৰ ভূষণ” বুলি কোনে, কাক, কিয় কৈছে?

উত্তৰ: “সৰ্বপুৰুষৰ শিৰৰ ভূষণ” বুলি পৰমভক্ত মাধৱদেৱে শিশু কৃষ্ণক কৈছে। ভগৱান কৃষ্ণই মানৱৰূপে দৈৱকীৰ গৰ্ভত জন্ম লৈ যশোদাৰ ঘৰত লালিত-পালিত হৈ নানান ক্রিয়া- কলাপেৰে তেওঁ মহিমা প্রকাশ কৰিছে। তেৱেঁই ঈশ্বৰ, ভগৱান, সকলোৰে আদি-অন্তক শ্রেষ্ঠ পুৰুষ। সেই কাৰণেই শিশু কৃষ্ণ হ’লেও সকলো পুৰুষৰে অর্থাৎ সকলো লোকৰে শিৰৰ অলংকাৰ স্বৰূপ।

প্রশ্ন ৫। “সিদ্ধ মুনিগণ চিন্তিয়া নপাৰ নো হৰি যশোদা কোলে”— সিদ্ধ মুনিগণে নোপোৱা হৰিক যশোদাই কিহৰ বলত পুত্ৰৰূপে পালে বুজাই লিখা ।

উত্তৰ : সিদ্ধ মুনি ঋষিসকলে কঠোৰ ধ্যান, সাধনা কৰিও বিজন ভগবান কৃষ্ণ বিচাৰি নাপায়, পৰম ভক্তিৰ বলত যশোদাই সেইজনকে পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছে। ইয়াৰ পৰা বুজা যায় অন্তৰত একান্ত ভক্তি থাকিলেহে পৰম ঈশ্বৰক পাব পাৰি।

প্রশ্ন ৬। মাধৱদেৱৰ বৰগীতক ভাৰতীয় আন কোন দুগৰাকী কবিৰ গীতৰ লগত তুলনা কৰিব পাৰি? 

উত্তৰ : মহাৰাষ্ট্ৰৰ তুকাৰাম আৰু উত্তৰ ভাৰতৰ কৰি সুৰদাসৰ লগত তুলনা কৰিব পাৰি।

দীঘল প্রশ্নৰ উত্তৰ (মূল্যাংক- ৪/৫) 

প্রশ্ন ১। মাধৱদেৱৰ “উঠৰে উঠ বাপু গোপালহে “বৰগীতটোৰ মূল কথাখিনি আলোচনা কৰা।

উত্তৰ : ৰাতিপুৱা যশোদাই প্ৰাণধন শিশু কৃষ্ণক মৰমতে বাপু, কমল নয়ন আদিৰে সম্বোধন কৰি টোপনিৰ পৰা উঠিবলৈ কৈছে। সকলো পুৰুষৰ শিৰৰ ভূষণ, অর্থাৎ সকলোৰে আৰাধ্য কৃষ্ণক মৰমেৰে মুখত বাৰে বাৰে চুমা খাই কোলাত তুলি লৈছে। সিদ্ধ মুনি ঋষিসকলে কঠোৰ ধ্যান, সাধনা কৰিও যিজন ভগবান কৃষ্ণক বিচাৰি পাব নোৱাৰে সেই ভগবান কৃষ্ণকে যশোদাই একান্ত ভকতিৰ বলত পুত্ৰৰূপে কোলাত লবলৈ পাইছে।

মাধৱদেৱে এইদৰে মাতৃ পুত্ৰৰ মধুৰ সম্পৰ্কৰ বৰ্ণনা কৰাৰ লগতে কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মহিমাৰ কথাও প্ৰকাশ কৰিছে। ইয়াৰ জৰিয়তে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ভগবান যে ডাক্তৰ অধীন এই কথা হৃদয়স্পর্শী ৰূপত দাঙি ধৰিছে। 

প্রশ্ন ২। বৰগীতটোৰ মাজেৰে যশোদাৰ মাতৃ-স্নেহ কিদৰে প্ৰকাশ পাইছে, বুজাই লিখা।

উত্তৰ মহাপুৰুষ মাধৱদেৱৰ বৰগীত ‘উঠৰে উঠ বাপু গোপালহে ‘ৰ জৰিয়তে যশোদাৰ মাতৃ-স্নেহ সুন্দৰভাৱে প্ৰকাশ পাইছে। শিশু সকল ৰাতিপুৱা দেৱীলৈকে শুই থাকিলে সাধাৰণতে চেনেহী মাতৃসকলে শিশুটিক জগালে সি ওৰা অৰ্থাৎ ওজৰ পাতিব পাৰে বুলি ভাবি অতি মৰনেৰে সোণটি, বাপু, মইনাটো ইত্যাদি নানান মৰমৰ সম্বোধনৰে টোপনিৰ পৰা জগাই কোলাত লৈ আনে আৰু চকু-মুখ ধুৱাই কিবা খাবলৈ দিয়ে। এয়া সন্তানৰ প্ৰতি মাতৃৰ আকুল স্নেহ। মাতৃৰ সেই অকৃত্রিম স্নেহ এই বৰগীতটিতো প্রকাশ পাইছে। যশোদাই শুই থকা পুত্র কৃষ্ণক শুই উঠিবলৈ মৰমেৰে বাপু, কমল নয়ন, প্রাণধন আদি বুলি সম্বোধন কৰি জগাইছে আৰু তুলি আনি বাৰে বাৰে চুমা খাই কোলাত লৈছে। কৃষ্ণইয়ো মাতৃ-স্নেহত অভিভূত হৈ মাতৃ যশোদাৰ কোলাত উঠি আবদাৰ কৰিছে। এনেদৰে মাতৃ-পুত্ৰৰ মধুৰ সম্পৰ্ক বৰগীতটিত পৰিস্ফুট হৈ জাগতিক সকলো মাতৃ-পুত্ৰৰে মাতৃ-স্নেহ কেনে এক সৰগীত বন্ধু তাক প্ৰকাশ কৰিছে।

প্রশ্ন ৩। বৰগীতটোৰ মাজেৰে গ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপ কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা ।

উত্তৰ : ভগবান শ্রীকৃষ্ণই সাধাৰণ মানৱ শিশুৰূপে দৈৱকীৰ গৰ্ভত জন্ম গ্ৰহণ কৰি যশোদাৰ মাতৃ-স্নেহত লালিত-পালিত হৈ ডাঙৰ হৈছে। মানৱ শিশুৰূপে ৰাতিপুৱা দেৰিলৈকে বিছনাত শুই আছে, তাকে দেখি পালিতা মাক যশোদাই পুত্রস্নেহত আপ্লুত হৈ মৰমতে বাপু, কমল- নয়ন, প্রাণধন বুলি সম্বোধন কৰি কৃষ্ণক জগাই বাৰে বাৰে মুখত চুমা খাই কোলাত লৈছে। কৃষ্ণয়ো সাধাৰণ মানৱ শিশুৰ দৰেই মাকৰ কোলাত থাকি বিমল সুখ অনুভৱ কৰিছে। ইমানলৈ ভগৱান কৃষ্ণৰ মানৱীয় ৰূপ বৰগীতটিত প্ৰকাশ পাইছে। কিন্তু মহাপুৰুষ মাধৱদেৱে কৃষ্ণল ঐশ্বৰিক ৰূপটোও বৰগীতত ফুটাই তুলিছে। সিদ্ধ মুনি ঋষিসকলে কঠোৰ কষ্টেৰে ধ্যান আক সাধনা কৰিও যি গৰাকী ঈশ্বৰ পুৰুষক বিচাৰি নাপায়, সেই গৰাকী “সব পুৰুষৰ শিৰৰ ভূষণ” ভগবান কৃষ্ণ যশোদাৰ ভকতিৰ বলত পুত্ৰৰূপে কোলাত থাকি আনন্দ লভিছে, মাধৱদেৱে ইয়াৰ উপৰি ‘সব পুৰুষৰ শিৰৰ ভূষণ’, ‘ত্ৰিজগতৰ পতি’ ‘সিদ্ধ মুনিগণে চিন্তিয়া নপারে সো হৰি’ আদি কথাৰে কৃষ্ণৰ ঐশ্বৰিক ৰূপটো প্ৰকট কৰি তুলিছে।

প্রশ্ন ৪। বৰগীতটোৰ মাধ্যমেৰে ভক্তিৰ প্ৰকাশ কিদৰে ঘটিছে আলোচনা কৰা। 

উত্তৰ : মাধৱদেৱৰ বৰগীতত শিশু কৃষ্ণৰ ক্ৰিয়া-কলাপ মাহাত্ম্য আদি মানৱীয় শিশুৰ মাধ্যমেৰে প্ৰকাশ কৰিছে। বৰগীতটিত উল্লেখ কৰিছে ‘সিদ্ধ মুনি গণে চিন্তিয়া নপাৱে সো হৰি সেই হৰিক যশোদাই পুত্ৰৰূপে কোলাত লৈ বাৰে বাৰে চুমা খাইছে। যশোদাৰ কাৰণে এয়া সম্ভৱ হৈছে তেওঁৰ ভগৱানৰ প্ৰতি অকৃত্ৰিম আৰু অসীম ভক্তিৰ কাৰণে। সিদ্ধমুখি গণে বহু চিন্তা সাধনা কৰিলেও যদি তাত আন্তৰিক আৰু অকপট ভকতি নাথাকে তেতিয়া সেই চিন্তা সাধনাই কাম নিদিয়ে। এই কথাকেই মাধৱদেৱে বৰগীতটোত পৰিষ্কাৰকৈ ফুটাই তুলিছে। ভগবান সকলোতে বিৰাজমান, সকলোৰে অন্তৰত ভগবান আছে, কিন্তু ভকতি বিহীনে সেই। ভগবানক বিচাৰিলে অন্তৰতো নাপায়, কতো নাপায়। এই কথাকেই বৰগীতটোৰ মাধ্যমেৰে প্ৰকাশ কৰিছে।

প্রশ্ন ৫। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। 

(ক) “ব্রিজগত পতি ভকতি মিলিল মুৰুখ মাধবে বোলে।

উত্তৰ : উদ্ধৃত বৰগীতৰ পদফাকি মাধৱদেৱ বিৰচিত— “উঠৰে উঠ বাপু গোপালহে বৰগীতটিৰ অন্তৰ্গত।

শিশু কৃষ্ণৰূপী ভগবানৰ মহিমা আৰু গুৰুত্ব প্ৰকাশ কৰিবলৈকে মহাপুৰুষ মাধৱদেৱে এনেদৰে উল্লেখ কৰি বৰগীতটিৰ সামৰণি মাৰিছে।

মনুষ্যলোকক শিকনি দিয়াৰ উদ্দেশ্যে ভগৱানে বিভিন্ন ৰূপত অৱতাৰ লয়। সাধাৰণ মনুষ্য শিশুৰূপে ভগবান কৃষ্ণ দৈৱকীৰ গৰ্ভত জন্ম লৈ যশোদাৰ পালিত পুত্ৰ হিচাপে আমাৰ সমুখত ধৰা দিছে। মাক যশোদাই সাধাৰণ মনুষ্য শিশুৰূপে মৰমেৰে টোপনিৰ পৰা অগাইছে,— সন্তানৰূপে ঘনে ঘনে মুখত চুমা খাই কোলাত লৈছে। মহাপুৰুষ মাধৱদেৱে ইয়াকে অনুভৱ কৰি ভাবিছে ‘সব পুৰুষৰ শিৰৰ ভূষণ’, ‘সিদ্ধ মুনিগণে যাক ধ্যান সাধনা কৰিও বিচাৰি নাপায়’ তেনে গৰাকী ভগবানক ভকতিৰ বলতেই যশোদাই সন্তানৰূপে কোলাত লবলৈ পাইছে। দেখাত যদি এটি মানব শিশু প্ৰকৃততে তেওঁ ব্ৰিজগতৰ পতি, বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী। একান্ত ভকতি ন’হলে তেওঁক বিচাৰি নাপায়—এই কথা ভাবি মাধৱদেৱৰ অন্তৰতো ভক্তিভাৱ ওপজিছে।

HS দ্বিতীয় বৰ্ষৰ অসমীয়া প্ৰশ্নৰ উত্তৰ

Sl. No.Contents
Unit 1নিৰ্বাচিত গদ্য
Chapter 1মোৰ মাতৃমোখ দৰ্শন
Chapter 2মগনিয়াৰ
Chapter 3আনন্দৰাম বৰুৱা
Chapter 4হস্তিবিদ্যাৰ্ণৱ পুথি
Chapter 5ভাৰতীয় আদৰ্শত বৈৰাগ্য
Chapter 6চিঠি
Chapter 7অসমীয়া চলচ্চিত্রৰ গতিধাৰা
Chapter 8বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো
Unit 2নিৰ্বাচিত পদ্য
Chapter 1বৰগীত (উঠৰে উঠ বাপু)
Chapter 2বিশ্ব খনিকৰ
Chapter 3মিলন
Chapter 4জনতাৰ আহ্বান
Chapter 5কাঠমিস্ত্ৰীৰ ঘৰ
Chapter 6আঘোণৰ কুঁৱলী
Chapter 7উভতি নহাৰ কবিতা
Chapter 8কৰুণতম
Unit 3কৈশোৰ কাল আৰু মূল্যবোধৰ শিক্ষা
Chapter 1মূল্যবোধৰ শিক্ষা
Chapter 2কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা

(খ) উঠৰে বাপু গোপাল হে নিশি পৰভাত ভৈল।

কমল নয়ন, বুলি ঘনে ঘন, যশোৱা ডাকিতে লৈল। 

উত্তৰ : উদ্ধৃত বৰগীতৰ পনফাকি মাধৱদেৱ বিৰচিত— “উঠৰে উঠ বাপু গোপালহে বৰগীতটিৰ অন্তৰ্গত।

মহাপুৰুষ মাধৱদেৱৰ বৰগীত ‘উঠৰে উঠ বাপু গোপালহে ‘ৰ জৰিয়তে যশোদাৰ মাতৃ- স্নেহ সুন্দৰভাৱে প্ৰকাশ পাইছে। শিশু সকল ৰাতিপুৱা দেৰীলৈকে শুই থাকিলে সাধাৰণতে চেনেহী মাতৃসকলে শিশুটিক জগালে সি ওৰা অৰ্থাৎ গুজৰ পাতিব পাৰে বুলি ভাবি অতি মৰমেৰে সোণটি, বাপু, মইনাটো ইত্যাদি নানান মৰমৰ সম্বোধনৰে টোপনিৰ পৰা জগাই কোলাত লৈ আনে আৰু চকু-মুখ ধুৱাই কিবা খাবলৈ দিয়ে। এয়া সন্তানৰ প্ৰতি মাতৃৰ আকুল স্নেহ। মাতৃৰ সেই অকৃত্রিম স্নেহ এই বৰগীতটিতো প্রকাশ পাইছে। যশোদাই শুই থকা পুত্র কৃষ্ণক শুই উঠিবলৈ মৰমেৰে বাপু, কমল-নয়ন, প্রাণধন আদি বুলি সম্বোধন কৰি জগাইছে।

অতিৰিক্ত প্রশ্নোত্তৰ উত্তৰ দিয়া :

প্রশ্ন ১। মহাপুৰুষ মাধৱদেৱৰ কালজয়ী দুখনি গ্ৰন্থৰ নাম লিখা।

উত্তৰ : ‘নামঘোষা’ আৰু ‘ভক্তি ৰত্নাৱলী’

প্রশ্ন ২। মাধৱদেৱৰ পিতৃৰ নাম কি ? 

উত্তৰ : গোবিন্দ ডেকাগিৰি ।

প্রশ্ন ৩। মাধৱদেৱে কাৰ ছাত্ৰ শালাত আনুষ্ঠানিক শিক্ষা লাভ কৰিছিল? 

উত্তৰ : ৰাজেন্দ্ৰ অধ্যাপকৰ ছাত্ৰশালাত।

প্রশ্ন ৪। মাধৱদেৱে কাৰ শিষ্যত্ব গ্ৰহণ কৰিছিল ?

উত্তৰ : মহাপুৰুষ শংকৰদেৱৰ

প্রশ্ন ৫। মাধৱদেৱে প্ৰচাৰ কৰা ধৰ্মটো কি আছিল ? 

উত্তৰ : নৱ বৈষ্ণৱ ধর্ম।

প্রশ্ন ৬। মাধৱদেৱে ৰামায়ণৰ কোনকাণ্ড ভাঙনি কৰিছিল ?

উত্তৰ আদিকাণ্ড।

প্রশ্ন ৭। মাধৱদেৱ ৰচিত এখনি নাটৰ নাম লিখা।

উত্তৰ : ‘অর্জুন ভঞ্জন’।

প্রশ্ন ৮। মাধৱ দেৱৰ জন্ম আৰু মৃত্যু চন দুটা উল্লেখ কৰা ।

উত্তৰ : জন্ম ১৪৮৯চন, মৃত্যু ১৫৯৬ চন। 

প্রশ্ন ৯। মাধৱদেৱ ক’ত বৈকুণ্ঠ প্ৰয়াণ ঘটে?

উত্তৰ: কোচবিহাৰত ।

প্রশ্ন ১০। ‘ৰাজসূয় কাব্য’ কোনে ৰচনা কৰিছিল? 

উত্তৰ : মহাপুৰুষ মাধৱদেৱে।

প্রশ্ন ১১। বৰগীতত কি কথা বৰ্ণনা কৰা হৈছে? 

উত্তৰ : বৰগীতত বেদ-উপনিষদৰ মর্মার্থ, বৈষ্ণৱ ধৰ্মৰ উপাস্য দেৱতা শ্ৰীকৃষ্ণৰ মহিমা আৰু ভক্তৰ আকুল প্রার্থনা সাংগীতিক ভাষাৰে বৰ্ণনা কৰা হৈছে। 

প্রশ্ন ১২। মাধৱদেৱৰ বৰগীতত কি প্ৰকাশ পাইছে?

উত্তৰ : মাধৱদেৱৰ বৰগীতত শ্ৰীকৃষ্ণৰ শিশুকালৰ বিভিন্ন লীলা প্ৰকাশ পাইছে। তদুপৰি মাতৃ যশোদা আৰু পুত্ৰ শ্ৰীকৃষ্ণৰ স্নেহপূর্ণ মমতাময় সম্পৰ্কৰ মনোৰম বৰ্ণনাৰ মাজেৰে মাতৃ-পুত্ৰৰ চিৰন্তন ৰূপ পৰিস্ফুট হৈছে। 

প্রশ্ন ১৩। কি উদ্দেশ্যে মাধৱদেৱৰ বৰগীত “উঠৰে উঠ বাপু—” পাঠ্যক্ৰমত সন্নিবিষ্ট কৰা হৈছে?

উত্তৰ : ছাত্ৰ-ছাত্ৰীসকলে বৰগীতৰ বিশেষত্ব সম্পৰ্কে জনাৰ লগতে মাধৱদেৱে ৰচনা বাৎসল্য ৰসপূৰ্ণ বৰগীতৰো যাতে আভাস পাব পাৰে, সেই উদ্দেশ্যেই এই বৰগীতটো পাঠ্যক্ৰমত সন্নিবিষ্ট কৰা হৈছে।

প্রশ্ন ১৪। মাধৱদেৱৰ বৰগীত — “উঠৰে উঠ বাপু গোপালহে”- ক’ৰ পৰা লোৱা হৈছে?

উত্তৰ : হৰি নাৰায়ণ দত্তবৰুৱা সম্পাদিত আৰু দত্ত বৰুৱা পাব্লিচিং কোঃ প্রাঃ লিমিটেডৰ দ্বাৰা প্ৰকাশিত ২০১২ চনৰ সংশোধিত সংস্কৰণৰ ২০১৪ চনত হোৱা পুনৰ মুদ্রণ ‘বৰগীত’ গ্ৰন্থৰ পৰা লোৱা হৈছে।

প্রশ্ন ১৫। মাতৃ যশোদাই পুত্ৰ শিশু কৃষ্ণক কি কি মৰমৰ সম্বোধনেৰে টোপনিৰ পৰা জগাইছে? 

উত্তৰ : মাতৃ যশোদাই বাপু, গোপাল, কমল নয়ন, প্রাণধন, সুচান্দ বয়ন আদি মৰমৰ সম্বোধনেৰে সম্বোধন কৰি শিশু কৃষ্ণক টোপনিৰ পৰা জগাইছে।

প্রশ্ন ১৬। মাধৱদেৱৰ বৰগীতটিত কেনেদৰে বাৎসল্য ভাবৰ প্ৰকাশ পাইছে? 

উত্তৰ: বাৎসল্য ভাবৰ প্ৰকাশ মাধৱদেৱৰ সকলো বৰগীত তথা লেখনিতে প্রকাশ পাইছে। বাৎসল্য ভাবৰ প্রকাশেই মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য। বৎস মানে শিশু। ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালৰ নানান ক্রিয়া-কলাপৰ মনোমুগ্ধ বর্ণনা মাধৱদেৱৰ বৰগীতত পোৱা যায় বাবেই তেওঁৰ বৰগীতসমূহক বাৎসল্য ভাবপ্রধান বুলি কোৱা হয়। পাঠ্যক্ৰমৰ বৰগীতটোত শিশু শ্ৰীকৃষ্ণক মাতৃ যশোদাই কেনেদৰে টোপনিৰ পৰা অগাইছে সেই কথা সৰল আৰু সুন্দৰ ৰূপত ফুটাই তোলা হৈছে।

প্রশ্ন ১৭। মহাপুৰুষ শংকৰদেৱ মাধৱদেৱৰ ৰচনাসমূহ কি ভাবেৰে পুষ্ট? 

উত্তৰ : আধ্যাত্বিক ভক্তিভাবেৰে পুষ্ট।

প্রশ্ন ১৮। বৰগীতসমূহ কি ভাষাত ৰচিত ?

উত্তৰ : বৰগীতসমূহ ব্ৰজাৱলী নামৰ এটি কৃত্রিম সাহিত্যিক ভাষাত ৰচিত।

প্রশ্ন ১৯। বৰগীতসমূহক কোনে কি আখ্যা দিছে? বা, ড° বাণীকান্ত কাকতি, কালিৰাম মেধি আৰু দেৱেন্দ্ৰনাথ বেজবৰুৱাই বৰগীতসমূহ কি বুলি কৈছে?

উত্তৰ : বৰগীতৰ ৰাগ, তাল, সাংগীতিক ভাষা আদিৰ অন্তৰালত গভীৰ আধ্যাত্মিক ভাবব প্রবাহ লক্ষ্য কৰি ড° বাণীকান্ত কাকতিয়ে ইয়াক Noble Numbers, কালিৰাম মেধিয়ে Great Songs বা Songs Celestial আৰু দেবেন্দ্র নাথ বেজবৰুৱাই Holy Songs বুলি আখ্যা দিছে।

প্রশ্ন ২০। ব্যাখ্যা কৰা“সব পুৰুষৰ তুমিসে বাপু গোবিন্দ।

উত্তৰ : উদ্ধৃত বৰগীতফাকি মাধৱদেৱ বিৰচিত “উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটিৰ অন্তর্গত। 

সাধাৰণ মনুষ্য শিশুৰূপে কৃষ্ণৰ ঐশ্বৰিক ৰূপ প্ৰকাশ কৰিবলৈকেই এই ফাকি পদৰ অৱতাৰণা কৰা হৈছে।

সাধাৰণ মনুষ্য শিশুরূপে গ্ৰীকৃষ্ণ দৈৱকীৰ গৰ্ভত জন্ম লৈ মাতৃ যশোদাবো পুত্ৰৰূপে লালিত-পালিত হ’লেও তেওঁ প্ৰকৃততে ভগবান কৃষ্ণহে। মনুষ্য সংসাৰৰ নিজৰ মাহাত্ম্য, তথা বিভিন্ন লীলা প্রকাশ কৰিবলৈয়েই ভগবানে সময়ে সময়ে এনেদৰে অৱতাৰ ধৰে। তেওঁ সকলো পুৰুষৰ শিৰৰ ভূষণ অর্থাৎ সকলোৰে আৰাধ্য ভগবান। তেওঁ সকলোতে বিৰাজমান, সকলো প্ৰাণীৰ অন্তৰতে থাকে। কিন্তু তেওঁক কোনেও বিচাৰি নাপায়। একমাত্র ভকতি বলতহে তেওঁক পাব পাৰি। মাতৃ যশোদায়ে একমাত্র একান্ত ভকতিৰ বলতহে ত্ৰিজগতৰ পতি কৃষ্ণক পুত্ৰৰূপে লাভ কৰিছে।

শব্দার্থ

নিশি : নিশা বাতি; পৰভাত : প্রভাত, ৰাতিপুৱা; ভৈল : হ’ল; কমল : পদুম; নয়ন : চকু, কমল নয়ন : পদুমৰ পাহীৰ আকৃতি চকু (শ্ৰীকৃষ্ণক বুজাইছে); ডাকিতে : মাতিবলৈ, লৈল : ললে, লাগিল; সুচান্দ ঃ চন্দ্ৰটোৰ দৰে সুন্দৰ; বয়ন : মুখ, বদন; গাৰ চালি : গা টঙাই, গা লৰাই, ডেজ [H.S. ’22) ত্যাগ করা, নিন্দনিয়া, টোপনি, ঘুমটি সব পুৰুষৰ : সকলো মানুহৰ (পুৰুষৰ), শিৰৰ ঃ মূৰৰ; ভূষণ [H.S. 20]: অলংকাৰ (শ্রেষ্ঠ অৰ্থত ব্যৱহাৰ হৈছে); চুম্বন ঃ চুমা, মগন ঃ মগ্ন, নিমজ্জিত হোৱা সো সেই, সেইজন; কোলে ঃ কোলাত; চিন্তিয়া চিপ্তি, ভাবি, নপারে নাপায়; কোলে কোলাত, ত্রিজগত পতি : স্বর্গ, মর্ত্য, পাতাল- এই তিনিজগতৰ গৰাকী, অর্থাৎ ভগবান শ্রীকৃষ্ণ, মূৰুখ মূর্খ, একো নজনা, জ্ঞানহীন। মাধৱদেৱৰ ৰচনাৰ এটি বৈশিষ্ট্য হ’ল — দাস্য ভাবৰ প্ৰকাশ। নিজকে মুখমতি, মূঢ়মতি আদি বুলি উল্লেখ কৰি মাধৱদেৱে তেওঁৰ ৰচনাত এই দাস্যভাবকেই প্রকাশ কৰিছে।

Leave a Reply