Class-12 Assamese Solutions |Chapter-1| মোৰ মাতৃমোখ দৰ্শন

Class-12 Assamese Solutions |Chapter-1| মোৰ মাতৃমোখ দৰ্শন । এইটোৱে আপোনাক সান্ত্বনা দিব কিয়নো আপুনি এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব Class-12 Assamese Solutions |Chapter-1| মোৰ মাতৃমোখ দৰ্শন AHSEC পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়

HS 2nd years Solutions

Class-12 Assamese Solutions |Chapter-1| মোৰ মাতৃমোখ দৰ্শন

Class-12 Assamese Solutions |Chapter-1| মোৰ মাতৃমোখ দৰ্শন অসমীয়া। উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অসমীয়া বিষয়ৰ শেহতীয়া পাঠ্যক্ৰমৰ (AHSEC) ওপৰত ভিত্তি কৰি পাঠ ভিত্তিক প্রশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আমাৰ ৱেবচাইটত উপলব্ধ।

গোট -১

লেখক পৰিচিতি

লক্ষ্মীনাথ বেজবৰুৱা, জন্ম: ১৮৬৪, মৃত্যু : ১৯৩৮অসমীয়া ভাষা-সাহিত্যৰ অন্যতম প্রধান কাণ্ডাৰী সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হ ১৮৬৪ চনত নগাঁও জিলাৰ আহতগুৰিত আৰু মৃত্যু হয় ১৯৩৮ চনত। শিৱসাগৰ হাইস্কুলৰ পৰ এষ্ট্ৰেল পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতালৈ পঢ়িবলৈ যায়। আইন বিষয়তো তেওঁ অধ্যয়ন কৰিছিল যদিও তাক তেওঁ সম্পূর্ণ নকৰিলে। কলিকতাতে তেওঁ ১৮৯১ বংগদেশৰ বিখ্যাত ঠাকু পৰিয়ালৰ কন্যা প্ৰজ্ঞাসুন্দৰীক বিয়া কৰায়। পিছলৈ তেওঁক অসমত চৰকাৰী চাকৰি যঁচা হৈছিল যদিও তাক গ্ৰহণ নকৰি স্বাধীনভাৱে উৰিষ্যাৰ সম্বলপুৰত কাঠৰ ব্যৱসায় কৰিবলৈ লয়।

বঙালী ছোৱালী বিয়া কৰাই সুদীর্ঘকাল তেওঁ অসমৰ বাহিৰত থাকিলেও তেওঁৰ মন-প্রাণ আছিল অসমত আৰু সেয়ে কলিকতাত পঢ়া অৱস্থাৰ পৰাই অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ হকে সেহেকেহে খাটিছিল। তেওঁৰ হাস্যৰসিক চৰিত্ৰ আৰু লিখনিৰ কাৰণে অসমীয়া সমাজত ঘাইকৈ সাহিত্য জগতত ‘ৰসৰাজ বেজবৰুৱা’ হিচাপে পৰিচিত হোৱাৰ উপৰি অসমীয়া ভাষা- সাহিত্যৰ আটাইকেইটা দিশতে অৱদান আগবঢ়াই গুৰিব ‘ঠা ধৰাৰ কাৰণে ‘সাহিত্যৰথী’ নামেৰেহে আটাইতকৈ জনাজাত হৈছিল। তেওঁৰ প্ৰায়বোৰ ৰচনাতে হাস্যৰসৰ সঞ্চা হ লৈও সেইসমূহ ৰচনা তত্ত্ব আৰু ভাষাৰ কলিকতাত পঢ়ি থকা অৱস্থাতেই তেওঁ চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আদিৰ লগ লাগি ‘জোনাকী’ কাকত প্ৰকাশত আগভাগ লয়। এওঁলোক তিনিওজনকে একত্রে ‘ত্রিমূর্তি’ বুলি জনা যায়। তেওঁ নিজে ‘বাহী’ কাকত সম্পাদনা কৰিছিল।

অসমীয়া ভাষা-সাহিত্যৰ কাণ্ডাৰী হিচাপে সাহিত্যৰ আটাইকেইটা নিশত তেওঁ অৱদান আগবঢ়াইছিল বুলি ইতিমধ্যে উল্লেখ কৰি অহা হৈছে। তেওঁৰ সাহিত্যিক অৱদানসমূহ এনেদৰে ভাগ কৰিব পাৰি —

কবিতাপুথি : ‘কদমকলি’,

গল্পপুথি : ‘সুৰভি’, ‘জোনবিৰি’, ‘কেহোকলি’,

উপন্যাস: ‘পদুম কুঁৱ

নাটক : ‘চক্রফাজ সিংহ’, ‘জয়মতী’, ‘বেলিমাৰ’,

ধেমেলীয়া নাট : “লিতিকাই’, ‘নোমল’, ‘পাচনি’, ‘চিক্ৰপতি আৰু নিৰপতি’;

তত্ত্বগধুৰ ৰচনা : ‘তত্ত্বকথা’, ‘শ্ৰীশংকৰদেৱ আৰু মাধৱদেৱ চৰিত’; শ্ৰীকৃষ্ণ কথা। হাসা-ব্যঙ্গ ৰচনা [HS. 22] ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’, ‘কৃপাবৰ বৰুৱাৰ ওভতনি’, ‘বৰবৰুৱাৰ বুলনি’, ‘বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি আদি;

শিশুগ্ৰন্থ। ‘জুনুকা’, ‘বাখৰ’, ‘ককাদেউতা আৰু নাতি ল’ৰা’, ‘বুঢ়ী আইৰ সাধু’, ‘সাধুকথাৰ ঝুঁকি আদি ।

লক্ষ্মীনাথ বেজবৰুৱাক চুটিগল্পৰ জনক বুলি কোৱা হয়।

বেজবৰুৱাদেৱৰ ভাঙনি গ্রন্থ ‘ভাৰতবৰ্ষৰ বুৰঞ্জী’ আৰু ইংৰাজী ভাষাত ৰচিত ‘History of Vaishnavism in India’ আৰু ‘Rasa Lila of Sri Krishna’ – আন তিনিখন মূল্যবান গ্রন্থ। ১৯২৪ চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তম অধিৱেশনৰ সভাপতিৰ

আসনত তেওঁ অধিষ্ঠিত হৈছিল।

বেজবৰুৱাই সাতটা গুত ৰচনা কৰা মোৰ মাতৃমুখ দৰ্শন’ শীর্ষক দীঘলীয়া অসম ভ্রমণ কাহিনীটোৰ প্ৰথম তিনিটা যত এই পাঠত অন্তর্ভূক্ত কৰা হৈছে। ড” নগেন শইকীয়া সম্পাদিত ‘বেজবৰুৱা ৰচনাৱলী’ (প্ৰথম খণ্ড)ৰ পৰা এই পাঠটো লোৱা হৈছে।

পাঠভিত্তিক প্রশ্নোত্তৰ

অতি চমু প্ৰশ্নৰ উত্তৰ : (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১) 

(ক) ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটো ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে ?

উত্তৰ : ‘মোৰ মাতৃমুখ দর্শন’ শীৰ্ষক পাঠটো ড’ নগেন শ‍ইকীয়া সম্পাদিত ‘বেজবৰুৱাৰ ৰচনাৱলী’ (প্ৰথম খণ্ড)ৰ পৰা সংগ্ৰহ কৰা হৈছে। 

(খ) সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত ?

উত্তৰ : সম্বলপুৰ ভাৰতৰ উৰিষ্যা ৰাজ্যত অৱস্থিত।

(গ) বেজবৰুৱাই ‘মাতৃমুখ’ দৰ্শনৰ বাবে ক’ৰপৰা ক’লৈ যাত্ৰা কৰিছিল ?

উত্তৰ : বেজবৰুৱাই ‘মাতৃমুখ’ দৰ্শনৰ বাবে সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰিছিল।

(ঘ) ১৯৩০ চনৰ ১৯ ছেপ্তেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল ?

উত্তৰ : ১৯৩০ চনৰ ১৯ ছেপ্তেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে সহধর্মিণী প্ৰজ্ঞাসুন্দৰী দেৱী আৰু তেওঁৰ সৰু জীয়ৰী বেজবৰুৱাৰ সংগী আছিল।

(ঙ) লক্ষ্মীনাথ বেজবৰুৱা ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা। 

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত এখন ধেমেলীয়া নাটক হ’ল – লিতিকাই।

(চ) ‘মোৰ মাতৃমুখ দৰ্শন’ কোন শ্ৰেণীৰ ৰচনা ?

উত্তৰ : ‘মোৰ মতৃমুখ দৰ্শন’ ভ্ৰমণ কাহিনীমূলক ৰচনা।

(ছ) লক্ষ্মীনাথ বেজবৰুৱাই কলকাতাৰ কোনখন উচ্চ শিক্ষা প্রতিষ্ঠানৰ পৰা বি. এ… ডিগ্রী লাভ কৰে?

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱাই কলকাতাৰ জেনেৰেল এছেরি ইনষ্টিটিউশ্যনৰ পৰা বি.এ. ডিগ্ৰী লাভ কৰে।

(জ) লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম লিখা। 

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম হ’ল— কদমকলি।

(ঝ) ‘মোৰ মাতৃমুখ দৰ্শনত উল্লিখিত বৃন্দাবনচন্দ্ৰ কোন ?

উত্তৰ : ‘মোৰ মাতৃমুখ দর্শন ত উল্লিখিত বৃন্দাবনচন্দ্র হ’ল শ্রীকৃষ্ণ।

(ঞ) লক্ষ্মীনাথ বেজবৰুৱাই কেতিয়াৰ পৰা সম্বলপুৰত বসবাস কৰিবলৈ লৈছিল? 

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱাই ১৯১৭ চনৰ ছেপ্তেম্বৰ মাহৰ পৰা সম্বলপুৰত বসবাস কৰিবলৈ লৈছিল।

(ট) ‘Comedy of Errors’ ৰ অসমীয়া ভাঙনি ‘ভ্ৰমৰংগ’ কোন চনত প্ৰকাশ পাইছিল? 

উত্তৰ : ১৮৮৮ চনত।

(ঠ) লক্ষ্মীনাথ বেজবৰুৱাক কিয় অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয় ?| 

উত্তৰ : চুটিগল্পৰ সকলো লক্ষণ তথা বৈশিষ্ট্য ৰক্ষা কৰি লক্ষ্মীনাথ বেজবৰুৱাদেৱেই অসমীয়া সাহিত্যত পোন প্ৰথমতে চুটিগল্প ৰচনা কৰিছিল কাৰণে অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয়।

(জ) লক্ষ্মীনাথ বেজবৰুৱাৰ “শ্ৰীকৃষ্ণৰ কথা” কি বিষয়ক গ্রন্থ 

উত্তৰ: বৈষ্ণবধর্ম বিষয়ক গ্রন্থ।

চমু প্রশ্নোত্তৰ (মূল্যাংক-২)

(ক) ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক প্ৰবন্ধটো কি উদ্দেশ্যে পাঠ হিচাপে নিৰ্বাচন কৰা হৈছে?

উত্তৰ: ‘সাহিত্যৰথী’ পিতাপেৰে অভিহিত বেজবৰুৱাৰ ৰচনাৰাজি অসমৰ জাতীয় সম্পদ স্বৰূপ। বেজবৰুৱাই আত্মজীবন কথা ‘ মোৰ জীৱন সোঁৰৱণ ‘ত প্ৰকাশ কৰাৰ উপৰি আলোচনীৰ পাতত কেইবাটাও আত্ম-জীৱনীমূলক আৰু ভ্ৰমণ কাহিনী লিখিছিল। তেখেতৰ উৎকৃষ্ট সৃষ্টি হিচাপে চিহ্নিত, সাহিত্যিক সৌন্দর্য বিচাৰত নিমজ কথাশৈলীত ৰচিত তেনেবোৰ প্ৰবন্ধ তথা ৰচনা আদিৰ সোৱাদ দিয়াৰ উদ্দেশ্যে ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক প্ৰবন্ধটো পাঠ হিচাপে নিৰ্বাচন কৰা হৈছে।

(খ) লক্ষ্মীনাথ বেজবৰুৱাই সভাপতিত্ব কৰা অসম সাহিত্য সভাৰ অধিৱেশনখনি কেতিয়া ক’ড অনুষ্ঠিত হৈছিল ?

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱাই সভাপতিত্ব কৰা অসম সাহিত্য সভাৰ অধিবেশনখনি ১৯২৪ চনত গুৱাহাটীত অনুষ্ঠিত হৈছিল।

(গ) লক্ষ্মীনাথ বেজবৰুৱাক কিয় অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয় ?

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱাই পোন প্রথমে ‘জোনাকী’ পাতত চুটিগল্প ৰচনা কৰি অসমীয়া চুটিগল্পৰ বাট মুকলি কৰি বিকাশৰ যাত্ৰা সূচনা কৰিছিল। সেয়ে লক্ষ্মীনাথ বেজবৰুৱাক অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয়।

(ঘ) তলৰ শব্দবোৰৰ অৰ্থ লিখা :

মাথাপোট, ফৰিয়াদ, গজপত, ঘুঘুয়া

শব্দ অর্থ
মাথাপোটকৰ্মৰ প্ৰতি অৱহেলাৰ ফলত ওপজা দুঃচিন্তা।
ফৰিয়াসগোচৰ, অভিযোগ।
গজপাত অভিশাপ, শাওপাত।
ঘুঘুয়াঅলপীয়া, অলপকৈ হোৱা।

(ড) শ্বে ‘অপীয়েৰৰ ‘Comedy of Errors’ শীৰ্ষক নাটখন ‘ভ্ৰমৰংগ’ নামেৰে কোনে তানমীয়ালৈ অনুৰাধ কৰিছিল ?

উত্তৰঃ ৰমাকান্ত বৰকাকতী, ঘনশ্যাম বৰুৱা, গুঞ্জানন বৰুৱা আৰু ৰত্নধৰ বৰুৱাই যুটীয়াভাৱে শ্বে ‘অপীয়েৰৰ Comedy of Erros’ শীর্ষক নাটকখন ‘অনৰংগ নামেৰে অসমীয়ালৈ অনুবাদ কৰিছিল।

চমু প্রশ্নোত্তৰ (মূল্যাংক-৩)

প্রশ্ন ১। ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটিৰ নামকৰণৰ তাৎপৰ্য বিশ্লেষণ কৰা। 

উত্তৰ : নিজৰ জীৱনকো তুচ্ছ কৰি অসহনীয় কষ্টেৰে এগৰাকী জন্মদাত্রী মাতৃয়ে সন্তান জন্ম দি, গাখীৰ খুৱাই লালন-পালন কৰি ডাঙৰ-দীঘল জগতৰ সৈতে পৰিচয়সূত্রই হৈছে আমাৰ জন্মদাত্রী মাতৃ। সেয়ে প্রত্যেক সন্তানৰ বাবে মাতৃ চিনমস্য। একেদৰে যি ভূমিত জনম লভি তাৰ বায়ু-পানী সেৱন কৰি, পেটৰ ক্ষুধা গুচাই জীৱন নিৰ্বাহ কৰা হয় সেই ঠাই কেৱল আমাৰ ভৰিৰ তলৰ ভূখণ্ড নহয়। সেই ঠাই হ’ল মাতৃভূমি বা জন্মভূমি। জন্মদাত্রী মাতৃৰ কাষত যিদৰে সন্তানে সমস্ত সুখ-শান্তি বিচাৰি পায়, তেনেদৰে মাতৃভূমিৰ বুকুতো বিচাৰি পায় প্রত্যেকে অনাবিল আনন্দ তথা সুখ। কর্মসূত্রে লক্ষ্মীনাথ বেজবৰুৱা বহু বছৰ ধৰি অসমৰ বাহিৰত আছিল। প্ৰায় ডেৰ দুকুৰি বছৰৰ মূৰত বেজবৰুৱাই মাতৃভূমি অসমলৈ অহাৰ কাহিনী বৰ্ণনা কৰিবলৈ গৈ কাহিনীটোৰ নামাকৰণ কৰিছে ‘মোৰ মাতৃমুখ দর্শন’। কিয়নো তেওঁ বহু বছৰৰ মূৰত মাতৃত্বৰূপা অসমখন দেখিবলৈ পাব। মাতৃভূমিৰ প্ৰতি থকা তেওঁৰ অসীম শ্রদ্ধা আৰু ভালপোৱা পাঠটিৰ নামকৰণতেই প্ৰকাশ পাইছে। ইয়াতেই ‘মোৰ মাতৃমুখ দৰ্শন’ শীর্শক পাঠটিৰ নামকৰণৰ তাৎপৰ্য নিহিত হৈ আছে।

প্রশ্ন ২। ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটিত ‘মাতৃ’ শব্দৰে কি বুজোৱা হৈছে ? কিমান বছৰৰ পাছত আৰু কেতিয়া তেওঁৰ মাতৃমুখ দৰ্শন হৈছিল? 

উত্তৰ : ‘মোৰ মাতৃমুখ দৰ্শন’ শীর্ষক পাঠটিত ‘মাতৃ’ শব্দৰে মাতৃভূমি অসমক বুজোৱা হৈছে।

ডেৰকুৰি-দুকুৰি বছৰৰ পাছত ১৯৩০ খ্ৰীষ্টাব্দৰ ১৯ ছেপ্তেম্বৰত বেজবৰুৱাৰ মাতৃমুখ দর্শন হৈছিল। 

প্রশ্ন ৩। লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল ? 

উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱা উৰিষ্যাৰ সম্বলপুৰৰ পৰা অসমলৈ আহি গুৱাহাটীত উপস্থিত হোৱাত কটন কলেজৰ ছাত্ৰসকলে গধূলি সভা পাতি তেওঁক অভিনন্দন জনাইছিল। ছাত্ৰসকলৰ একোজনে গুৱলাকৈ ইংৰাজী আৰু অসমীয়া ভাষাত বক্তৃতা দিছিল। জনচেৰেকে সুললিত কণ্ঠেৰে সঙ্গীত গাইছিল আৰু অনচেৰেকে ওজাপালি হৈ সুন্দৰ অংগি-ভংগীৰে হাস্যৰসপূর্ণ বিয়াহ গাই এক উৎফুল্লিত পৰিৱেশৰ সৃষ্টি কৰি বেজবৰুৱাক আনন্দিত কৰি তুলিছিল। এনে এটা সুন্দৰ পৰিৱেশ পাই বেজবৰুৱা সৰুকালৰ আনন্দ ৰসত নিমজ্জিত হৈছিল।

প্রশ্ন ৪। মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষত পাঠটিৰ লেখকে উল্লেখ কৰা ‘মাজিউ’ আৰু ‘জ্ঞান’ কোন আছিল? এওঁলোকৰ লগত লেখকৰ সম্পৰ্ক কেনে আছিল  

উত্তৰ : ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটিৰ লেখকে উল্লেখ কৰা ‘মাজিউ’ আছিল সুকবি তথা সুবিখ্যাত চাহ খেতিয়ক সদাগৰ শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালা আৰু ‘জ্ঞান’ আছিল আৰ্ল ল কলেজৰ প্ৰসিদ্ধ প্রিন্সিপাল, উদাৰ হৃদয়ৰ ব্যক্তি জ্ঞানানাভিৰাম বৰুৱা ।

এওঁলোকৰ লগত লেখকৰ নিবিড় সম্পৰ্ক আছিল। তেওঁলোকৰ ঘৰ বেজবৰুৱাৰ বাবে হৈ পৰে নিজৰ ঘৰ। তদুপৰি তেওঁলোকৰ আদৰ, যত্ন আৰু মৰমে লেখকৰ ভাই পৰা জীৱনটোক জীপ দি ঠন ধৰায়।

প্রশ্ন ৫। লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটী ভাল লগাৰ তিনিটা কাৰণ উল্লেখ কৰা।

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটী ভাল লগাৰ তিনিটা কাৰণ হ’ল—

(ক) প্রাকৃতিক সৌন্দর্য

(খ) ঐতিহাসিক উৎকর্ষ

(গ) প্রাচীন জ্ঞান-গৌৰৱৰ গৰিমা ।

HS দ্বিতীয় বৰ্ষৰ অসমীয়া প্ৰশ্নৰ উত্তৰ

Sl. No.Contents
Unit 1নিৰ্বাচিত গদ্য
Chapter 1মোৰ মাতৃমোখ দৰ্শন
Chapter 2মগনিয়াৰ
Chapter 3আনন্দৰাম বৰুৱা
Chapter 4হস্তিবিদ্যাৰ্ণৱ পুথি
Chapter 5ভাৰতীয় আদৰ্শত বৈৰাগ্য
Chapter 6চিঠি
Chapter 7অসমীয়া চলচ্চিত্রৰ গতিধাৰা
Chapter 8বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো
Unit 2নিৰ্বাচিত পদ্য
Chapter 1বৰগীত (উঠৰে উঠ বাপু)
Chapter 2বিশ্ব খনিকৰ
Chapter 3মিলন
Chapter 4জনতাৰ আহ্বান
Chapter 5কাঠমিস্ত্ৰীৰ ঘৰ
Chapter 6আঘোণৰ কুঁৱলী
Chapter 7উভতি নহাৰ কবিতা
Chapter 8কৰুণতম
Unit 3কৈশোৰ কাল আৰু মূল্যবোধৰ শিক্ষা
Chapter 1মূল্যবোধৰ শিক্ষা
Chapter 2কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা

দীঘলীয়া প্রশ্নোত্তৰ (মূল্যাংক-৪)

প্রশ্ন ১। “পানী মে মীন পিয়াসী। মোক শুনত শুনত লাগে হাসি।’ এই পদফাকি কাৰ ৰচনা? বেজবৰুৱাই কি প্ৰসংগত ইয়াৰ অৱতাৰণা কৰিছে, বুজাই লিখা। 

উত্তৰ : সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা কৰ্মসূত্রে বহু বছৰ ধৰি মাতৃভূমিৰ পৰা আঁতৰি অসমৰ বাহিৰত থাকিবলগীয়া হৈছিল। কর্মব্যস্ততাৰ কাৰণে তেওঁ ত্রিশ-চল্লিশ বছৰ ধৰি ঘৰলৈ আহিব পৰা নাছিল। সেয়ে শিৱসাগৰত অনুষ্ঠিত হোৱা এখন সভাত এজন অসমীয়া ডেকাই কয় যে বেজবৰুৱা গল্প বা অভিমান কৰিহে মাতৃভূমিৰ পৰা আঁতৰি আছে। এই অভিযোগৰ উত্তৰ দিবলৈ যোৱাৰ প্ৰসঙ্গতেই বেজবৰুৱাই ভক্ত কবীৰ বিৰচিত উক্ত পদফাকিৰ অৱতাৰণা কৰিছে। শাওপাত বা বিধিৰ বিপাকত পৰিলে যিদৰে এভিত্তি পানীত থকা মানুহেও পিয়াহত শুকাই মৰে আৰু পানীত থাকিও মাছ তৃষ্ণাতুৰ হ’ব পাৰে, ঠিক সেইদৰে বিধিৰ বিপাকত পৰিহে তেওঁ বহু বছৰ ধৰি মাতৃভূমিলৈ আহিব পৰা নাছিল। এই কথাকে বেজবৰুৱাই উক্ত পদফাকিৰ জৰিয়তে বুজাব বিচাৰিছে। ভক্ত কবীৰৰ উক্ত পদফাকিৰ সৰল অসমীয়া অনুবাদ

“পানীত থাকিও নাছ তৃষ্ণাতুৰ। 

শুনি শুনি হাঁহি উঠে মোৰ। “

প্রশ্ন ২। “যথা নিযুক্তোহস্মি তথা কৰোমি।”- এই পদফাকি কোনে ক’ত কি প্রসঙ্গত অৱতাৰণা কৰিছে বুজাই লিখা।

উত্তৰ : এই সংস্কৃত পদফাকিৰ অৰ্থ হৈছে যিদৰে (অৰ্থাৎ যি কামৰ বাবে) নিযুক্ত হৈছে তাকে কৰিছোঁ।

কৰ্মসূত্ৰে বহু বছৰ ধৰি উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ লোৱা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই প্ৰায় ডেৰ-পুকুৰি বছৰ পাছত, ১৯৩০ চনত মাতৃভূমি অসমলৈ উভতি আহে। বাইশ ছেপ্তেম্বৰ তাৰিখে তেওঁ গুৱাহাটীত উপস্থিত হোৱাত তেওঁক সম্বৰ্ধনা জনোৱোৰ উদ্দেশ্যে কটন কলেজৰ ছাত্ৰসকলে গধূলি এখন সভা অনুষ্ঠিত কৰে। সিদিনা বেজবৰুৱাৰ গা সিমান ভাল নাছিল। তৎসত্ত্বেও জাতীয় কাণ্ডাৰী হিচাপে সভালৈ গৈ ছাত্ৰসকলক উৎসাহিত কৰাটো তেওঁৰ দায়িত্ব বুলি বিবেচনা কৰিছিল। ইয়াৰদ্বাৰা তেওঁ ক’ব বিচাৰিছে যে ঈশ্বৰে যি কাম কৰিবলৈ তেওঁক পৃথিৱীলৈ পঠিয়াইছে তেওঁ তাকেই কৰিছে। এনে ভাব প্রকাশ কৰাৰ প্ৰসঙ্গতেই বেজবৰুৱাই উক্ত পদফাকিৰ অৱতাৰণা কৰিছে।

প্রশ্ন ৩। ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটির লেখকৰ অন্তৰৰ জাতিপ্ৰেম কিদৰে প্ৰকাশ পাইছে চমুকৈ আলোচনা কৰা।)

উত্তৰ : সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা কৰ্মসূত্ৰে বহু বছৰ ধৰি অসমৰ বাহিৰত, কলকাতা আৰু সম্বলপুৰত আছিল। কর্মব্যস্ততাৰ বাবে তেওঁ প্ৰায় ত্রিশ-চল্লিশ বছৰ ধৰি মাতৃভূমি অসমলৈ আহিব পৰা নাছিল। অৱশেষত সকলো অপেক্ষাৰ অন্ত পেলাই ১৯৩০ চনৰ ১৯ ছেপ্তেম্বৰ তাৰিখে সম্বলপুৰ এৰি পত্নী আৰু সৰু জীয়ৰীৰ সৈতে অসমলৈ বুলি যাত্ৰা কৰে। অনাহাৰে করা এই যাত্রা কষ্টদায়ক আছিল যদিও অসমভূমিত পদার্পণ কৰি তেওঁ আনন্দিত হৈ পৰিছিল।

অসমীয়াৰ জীৱন-বেদৰ পাত মুকলাই দেখুওৱা গুৱাহাটীৰ প্ৰাকৃতিক সৌন্দৰ্য, ঐতিহাসিক উৎকৰ্ণ আৰু প্ৰাচীন জ্ঞান-গৌৰৱৰ গৰিমা আদিয়ে বেজবৰুৱাৰ মনত অধিক প্ৰভাৱ পেলাইছিল। গুৱাহাটীত কলেজ স্থাপন হ’বৰ বাবে তেওঁ যথাসাধ্য চেষ্টা কৰিছিল। ডিব্ৰুগড়ত উপস্থিত হৈ তেওঁ অসমীয়া তিৰোতাৰ গঢ়গতি আৰু কাৰ্যকলাপ দেখি মনত বৰ সন্তোষ লভিছিল। তিৰোতাসকলে যে ৰক্ষণশীল সমাজৰ শিকলি ছিগি পুৰুষৰ খোজত খোজ মিলাই শিক্ষা- দীক্ষা আৰু ৰাজহুৱা কার্যাদিত আগবাঢ়ি যোৱা কথাই তেওঁক অতিকৈ আনন্দিত কৰি তুলিছে। অসমীয়া ডেকাই নাট্যচৰ্চা কৰোতে যাতে মৌলিক অসমীয়া নাটৰ জন্ম দিয়ে আৰু অসমৰ সম্পদ বঢ়োৱাত অৰিহণা যোগায় তাৰ প্ৰতি তেওঁ লক্ষ্য ৰাখিছিল। ইয়াৰোপৰি নতুনকৈ উঠি অহা ডেকাচামে যাতে অসমীয়া সৰ্বসাধাৰাৰ মন হৰণ কৰিব পৰাকৈ বিদেশী নাট অসমীয়ালৈ ভাঙি তাক অসমীয়া সাজপাৰ পিন্ধাই অসমীয়া ৰংগশালাত তুলি ধৰিব পাৰে সেই কথাও বেজবৰুৱাই ব্যক্ত কৰিছে। এনেদৰে আলোচিত দিশবোৰৰ পৰাই ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটিত লেখকৰ অন্তৰৰ জাতিপ্ৰেম প্ৰকাশ পোৱা দেখা যায়।

প্রশ্ন ৪। প্রবাসী লেখক লক্ষ্মীনাথ বেজবৰুৱাই কি কাৰণে সুদীৰ্ঘ কাল জন্মস্থান অসমলৈ উভতিব পৰা নাছিল বুজাই লিখা।

উত্তৰ : সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা কৰ্মসূত্রে বহু বছৰ ধৰি মাতৃভূমি অসমৰ বাহিৰত কলকাতা আৰু উৰিষ্যাৰ সম্বলপুৰত আছিল। কর্মব্যস্ততাৰ কাৰণে তেওঁ ত্রিশ-চল্লিশ বছৰ ধৰি ঘৰলৈ (মাতৃভূমি অসমলৈ) আহিব পৰা নাছিল। প্ৰথমতে তেওঁ কলকাতাত তেওঁৰবন্ধু ভোলানাথ বৰুৱাৰ লগ লাগি কাঠৰ কাৰবাৰ কৰিছিল যদিও পাছত স্বতস্তৰীয়াভাৱে সেই ব্যৱসায়ত লাগে। কিন্তু প্রথম মহাযুদ্ধৰ প্ৰকোপত তেওঁৰ ব্যৱসায় পৰি যায়। পাছত, ১৯১৬ চনত তেওঁ কাঠৰ ব্যৱসায় কৰা ‘বাৰ্ড কোম্পানী’ৰ চাকৰিত যোগদান কৰে। কোম্পানীৰ কলকাতাৰ কাৰ্যালয়ত এছৰ কাম কৰাৰ পাছত কোম্পানীয়ে তেওঁক উৰিষ্যাৰ সম্বলপুৰত থকা ফার্মলৈ পঠিয়ায়। ১৯১৭ চনৰ ছেপ্তেম্বৰ মাহত তেওঁ সম্বলপুৰলৈ যায় আৰু বাৰ্ড কোম্পানীৰ ফাৰ্মৰ ‘মেনেজাৰৰ কামত যোগদান কৰে। এনেবোৰ কৰ্ম-ব্যস্ততাৰ বাবেই জন্মস্থান অসমলৈ ওভতাৰ এক তীব্র হেঁপাহ মনত পুহি ৰাখিলেও বেজবৰুৱাই উভতিব পৰা নাছিল। ইয়াকে লেখকে পাঠটিত কৈছে যে শাওপাতত পৰি এডিঙিলৈকে পানীত নমা মানুহে পানীৰ পিয়াহত শুকাই মৰাৰ দৰে তেৱোঁ হেনো শাওপাতত পৰিহে মন গ’লেও মাতৃভূমি অসমলৈ আহিব পৰা নাছিল।

প্রশ্ন ৫। ডিব্ৰুগড়ৰ থিয়েটাৰ বা ৰংগশালাৰ বিষয়ে লক্ষ্মীনাথ বেজবৰুৱাই কেনে মনোভাৱ প্ৰকাশ কৰিছে, পাঠটিৰ আধাৰত বুজাই লিখা।

উত্তৰ : ডিব্ৰুগড়ৰ থিয়েটাৰ বা ৰংগশালাৰ বিষয়ে ক’বলৈ গৈ লক্ষ্মীনাথ বেজবৰুৱা উৎকণ্ঠিত হৈ পৰিছিল। এই ৰংগশালাটোত সভা-সমিতি, থিয়েটাৰ, যাত্রা, গান, ভাওনা আদি অনুষ্ঠিত হৈছিল। থিয়েটাৰৰ চিত্ৰপটবোৰ অসমীয়া চিত্রবিদ ডেকাসকলৰ দ্বাৰাই অঁকা হৈছিল। আৰু সেইবোৰ কলিকতাৰ ব্যৱসায়, নিপুণ চিত্ৰবিদৰ চিত্ৰতকৈ কোনোগুণে কম নাছিল। পেইন্টিং আৰু ফটোগ্ৰাফীত মুক্তানাথ বৰদলৈৰ কৃতিত্ব আছিল লেখত ল’বলগীয়া। থিয়েটাৰৰ ভালেমান দৃশ্যপটৰ কাম তেৱেঁই কৰিছিল। ইয়াৰোপৰি চিত্ৰকলাবিদ মুক্তানাথ বৰদলৈৰ কৃতিত্ব ‘কমিক এক্টিভতো’ অর্থাৎ হাস্যৰসৰ ভাবতো পৰিস্ফুট। ডেকাসকলে পূজাৰ সময়ত কেইবাখনো নাটৰঅভিনয় কৰিছিল। সাজ-সজ্জা, চিত্রপট, ভাবপূৰ্ণ অভিনয়, সুখৰ সংগীত আৰু মনো নৃত্যত তেওঁলোকৰ বৈশিষ্ট্য দেখা গৈছিল।

প্রশ্ন ৬। প্রসঙ্গ সঙ্গতি দশাই ব্যাখ্যা কৰা— “কালৰ পীড়নত আজিৰ অসম জীৰ্ণ-শীৰ্ণ-ধীৰ্ণ।

উত্তৰ : উদ্ধৃত ব্যাক্যাংশটি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভৰ অন্তৰ্গত লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মোৰ মাতৃ মুখ দৰ্শন’ শীৰ্ষক পাঠৰ পৰা লোৱা হৈছে ইয়াৰ জড়িয়তে লেখকে নিজৰ সমসাময়িক অসমখনৰ এটি করুণ চিত্র উল্লেখ কৰিছে।

নিজৰ মাতৃভূমিৰ পৰা দূৰত থাকিও লেখকে নিজৰ জন্মভূমিৰ প্ৰতি ভালপোৱাৰ কাৰণ ইয়াত উল্লেখ কৰিছে। অসমৰ প্ৰাকৃতিক সৌন্দৰ্য, ইয়াৰ ঐতিহাসিক উৎকৰ্ষ আৰু প্ৰাচীন জ্ঞান- গৌৰৱৰ গৰিমাই অসমৰ প্ৰতিজন লোকক জীৱনৰ আদিপাঠ শিকায়। সেয়ে লেখকে অসমভূমি প্রাণভৰি ভালপোৱাৰ কাৰণ বুলি কৈছে। পিছে লেখকে এইদৰেও খেদ প্ৰকাশ কৰিছে যে কালৰ কুটিল গতিত তেখেতে অসমখনক ভাল পাই অহা কাৰণবোৰ যেন নিঃশেষ হ’বলৈ ধৰিছে। সেয়ে তেখেতে কৈছে— “কালৰ পীড়নত আজিৰ অসম জীর্ণ-শীর্ণ-

টোকা আৰু শব্দার্থ :

(ক) পানীমে মীন পিপাসী [H.S’19]

মোক শুনত শুনত লাগে হাসি

নিজ মাতৃভূমিৰ পৰা আঁতৰি কলকাতা আৰু সম্বলপুৰত ব্যৱসায়ত অতিপাত ব্যস্ত হৈ থকাৰ কাৰণে লক্ষ্মীনাথ বেজবৰুৱা বহু বছৰ ধৰি অসমলৈ অৰ্থাৎ ঘৰলৈ আহিব পৰা নাছিল। এই কাৰণেই শিৱসাগৰত অনুষ্ঠিত এখন সভাত বেজবৰুৱাৰ এজন ডেকা বন্ধুৱে মন্তব্য কৰিছিল— বেজবৰুৱাই গপ আৰু ওফোন পাতিহে ঘৰলৈ অহা নাছিল। এই অভিযোগৰ উত্তৰ নিবলৈ গৈছে বেজবৰুৱাই ভক্ত কণীৰ ৰচিত উক্ত পদভাবিৰ অৱতাৰণা কৰিছে। বিধিৰ বিপাক পৰিলে পানীত মাছো যে তৃষ্ণাতুৰ হ’ব পাৰে, এডিত্তি পানীত পৰি থকা মানুহো যে পিয়াহত শুকাই মৰিব পাৰে, সেইদৰে বিধিৰ বিপাক অর্থাৎ শাও পাতৰ কাৰণেহে তেওঁ আচলতে ইমান বছৰ মাতৃভূমিৰ মুখ নেদেখাকৈ থাকিব লগীয়া হ’ল এই কথাকে তেওঁ বুজাব বিচাৰিছে।

ভক্ত কবীৰ এই ফাকি পদৰ সৰল অসমীয়া হ’ল-

পানীত থকা মাছ তৃষ্ণাতুৰ

শুনি শুনি হাঁহি উঠে মোৰ।

পদফাকিৰ তাত্ত্বিক অৰ্থ হ’ল মানুহৰ অন্তৰতে ঈশ্বৰ আছে, তথাপি ভক্তিহীন জ্ঞানী মানুহে ঈশ্বৰ উপলব্ধি কৰিব নোৱাৰে। অজ্ঞানীজনৰ এনে অৱস্থা দেখি কবিৰ হাঁহি উঠিছে।

(খ) “যথা নিযুক্তোঽম্মি তথা কৰোমি।” সংস্কৃত এই শ্লোকটিৰ অসমীয়া ৰূপান্তৰ হ’ল যিদৰে (অৰ্থাৎ যি কামৰ বাবে) নিযুক্ত হৈছোঁ, তাকে কৰিছোঁ।

নিজৰ ব্যৱসায়ৰ কামত মাতৃভূমি অসমৰ পৰা প্ৰায় ত্ৰিশ বছৰ আঁতৰি থকাৰ পিছত মাতৃভূমি দর্শনার্থে লক্ষ্মীনাথ বেজবৰুৱা সপৰিয়ালে ১৯৩০ চনৰ ১৯ ছেপ্তেম্বৰত অসমলৈ যাত্রা কৰে। তেওঁ গুৱাহাটীত আহি উপস্থিত হোৱাত কটন কলেজৰ ছাত্ৰসকলে তেওঁৰ সন্মানার্থে এখন সভা পাতে। ছাত্ৰসকলক উদ্দেশ্যি তেওঁ নিজৰ কৰ্ম ব্যস্ততাৰ কথা ক’বলৈ যাওঁতে এনেদৰে এই সংস্কৃত শ্লোকটো উল্লেখ কৰিছিল। ইয়াৰ দ্বাৰা তেওঁ ক’ব বিচাৰিছিল যে ঈশ্বৰে তেওঁক যি কামত নিযুক্ত কৰিছে অর্থাৎ যি কাম কৰিবলৈ পৃথিৱীলৈ পঠাইছে তাকেই তেওঁ কৰি আছে। মানুহে কৰো বুলি একো কৰিব নোৱাৰে ঈশ্বৰে নিৰ্দিষ্ট কৰি দিয়া কামতহে মানুহ কৰ্মৰত হৈ থাকে।

দীঘলীয়া প্রশ্নোত্তৰ (মূল্যাংক-৫/৬)

প্রশ্ন ১।’ মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটিৰ লেখকে সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰে’ল যাত্ৰাৰ এটি বিৱৰণ আগবঢ়োৱা।

উত্তৰ : সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা কৰ্মসূত্রে বহু বছৰ ধৰি মাতৃভূমি অসমৰ বাহিৰত, কলকাতা আৰু সম্বলপুৰত আছিল। কৰ্ম-ব্যস্ততাৰ কাৰণে তেওঁ ত্রিশ-চল্লিশ বছৰ ধৰি মাতৃভূমি অসমলৈ আহিব পৰা নাছিল। আত্মীয়-স্বজনসকলে বাৰে বাৰে মাতি থকা সত্ত্বেও তেওঁ সময় সুবিধা উলিয়াব পৰা নাছিল। অৱশেষত দুৰ্গাপূজাৰ বন্ধত ৰে’ল কোম্পানীয়ে যাত্ৰীক ভেৰোণৰ সুবিধা কৰি দিয়া সুবিধাকে লৈ ১৯৩০ খ্ৰীষ্টাব্দৰ ১৯ ছেপ্তেম্বৰত সম্বলপুৰ এৰি অসমলৈ যাত্রা কৰে। এই যাত্ৰাত তেওঁৰ সংগী আছিল পত্নী প্ৰজ্ঞাসুন্দৰী আৰু সৰু জীয়ৰী। বেংগল নাগপুৰ যে লৈৰে সম্বলপুৰৰৰ পৰা দুঘণ্টা যাত্ৰা কৰি তেওঁ ঝাৰচোগোড়া জানত নামে। কিন্তু ৰাচোগোড়া পোৱাৰ আগতে কলিকতাৰ ফালে যোৱা বোম্বাই মেইল গাড়ীয়ে ষ্টেচন এৰে। কলত উপায়হীন হৈ ৰাতি দুই-তিনি বজালৈ খাপ দি শেহৰাতীয়া পেছেঞ্জাৰ গাড়ীখনতে জাৰচোখেড়াৰ পৰা কলিকতালৈ যায়। লগত খোৱাবদ্ধ নিনিয়া বাবে আৰু ৰে’লত খোৱাৰ ব্যৱস্থা কৰিব নোৱৰা কাৰণে পৰিয়ালসহ লেখকে লঘোণে-ডোকে যাত্ৰা কৰিবলগীয়া হয়। বিশ তাৰিখে ৰাতি আঠমান বজাত তেওঁলোকে কলিকতাত উপস্থিত হয় আৰু তাতে লৰালৰিকৈ ভাত আৰু মাহৰ আঞ্জা ৰন্ধাই খাই পেটক প্রবোধ দি ৰাতিটো কটায়।

একৈশ তাৰিখে শিয়ালদহ ষ্টেচন এৰি বাইশ ছেপ্তেম্বৰ তাৰিখে তেওঁ গুৱাহাটীত উপস্থিত হয়। সেই সময়ত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত দলং নিৰ্মাণ হোৱা নাছিল। গতিকে যাত্রীসকলে নদীৰ উত্তৰ পাৰে থকা (আমিনগাঁও) ষ্টেচনতে নামি নদী জাহাজেৰে ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীলৈ গৈছিল। বেজবৰুৱাক পাণ্ডু জাহাজঘাটতে কবি চন্দ্ৰকুমাৰ আগৰৱালা আৰু আৰ্ল ল কলেজৰ অধ্যক্ষ জে. বৰুৱাই আদৰণি জনায়।

প্রশ্ন ২। ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটিত লেখকে উল্লেখ কৰা মহাদেৱৰ কৃষি- কৰ্মৰ কাহিনীটো তোমাৰ ভাষাত বুজাই লিখা।

উত্তৰ : ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটিত লেখকে উল্লেখ কৰা মতে তাহানি হেনো মহাদেৱে ভাং, ধতুৰা খাই গৃহস্থৰ কাম-কাজ নকৰা বুলি এদিন পাৰ্বতীয়ে মহাদেৱক ধিক্কাৰ দি কৈছিল। আনকি ঘৰতে খাই-বই নোদোকা হৈ পৰা বৃষভটোক নি তাৰেই হাল বাই খেতি-বাতি কৰি কিছু ধানকে আজিবলৈ ক’লে। পাৰ্বতীৰ এনে ককৰ্থনা শুনি মহাদেৱৰ মনত বৰ বেজাৰ লাগিল। তেওঁ তেতিয়াই খেতি কৰিবলৈ দৃঢ়সংকল্পবদ্ধ হ’ল আৰু বৃষভটোক লগত লৈ খেতি কৰাত লাগি গ’ল। দেবাদিদের মহাদেৱ খেতিত ধৰিলে কাৰো ৰখাবলৈ সাধ্য নাই। খোৱা বোৱা বাদ দি তেওঁ খেতি কৰি উভৈনদী কৰি দিলে। আনকি মহাদেৱে ঘৰলৈ আহিবলৈকো পাহৰিলে। মহাদেৱৰ এনে কার্য দেখি পার্বতী উপায়হীন হৈ নন্দী-ভৃংগীকে আদি কৰি যোৰে যোৰে মানুহ পঠিয়াবলৈ ধৰিলে। তথাপি মহাদেৱ ঘৰলৈ উভতি নোযোৱা দেখি নাৰণক খাটনি ধৰিলে। নানদেও মহাদেৱক মতাই নিব নোৱৰাত পাৰ্বতীয়ে ভাবি-চিন্তি অসংখা তাহ মহ, চেৰেপা আদি আজি মহাদেৱক আমনি কৰিবলৈ পঠিয়াই দিয়ে। তাৰ পিছতো হাহা-হুহু নামৰ মানসপুত্ৰ দুটা প্ৰজন কৰি মহাদেৱৰ কৃষিকাৰ্যত আমনি কৰিবলৈ পঠিয়াইছিল।

প্রশ্ন ৩। “হাহা হুহু’ কোন আছিল। তেওঁলোকক কোনে কি কাৰণে সৃষ্টি কৰিছিল বুজাই লিখা।

উত্তৰ: ‘হাহা হুহু’ আছিল মহাদেৱৰ পত্নী পাৰ্বতীয়ে অৰ্জন কৰা দুটা মানসপুত্র। তাহানি হেনো মহাদেৱে ভাং, ধতুৰা নাই ঘৰৰ কাম-কাজ নকৰি এনেই বহি থকা পাৰ্বতীয়ে এদিন মহাদেৱক ধিক্কাৰ দি কৈছিল। আনকি ঘৰতে থকা বৃষভটোও খাই-বই নোদোকা হৈ পৰিছে।

গতিকে বৃষভটোকে লগত লৈ হাল জুৰি খেতি-বাতি কৰি কিছু ধানকে আৰ্জি আনিবলৈ ক’লৈ। পাৰ্বতীৰ এনে ককৰ্থনা শুনি মহাদেৱে মন বেজাৰ কৰি তেতিয়াই তেওঁ খেতি কৰিবলৈ দৃঢ়সংকল্প কৰিলে। কম দিনৰ ভিতৰতে মহাদেৱে খেতি কৰি উভৈনদী কৰি দিলে। খেতিত ধৰি মহাদেৱে খোৱা-শোৱা বাদ দিলে, আনকি ঘৰলৈ আহিবলৈও পাহৰিলে। পার্বতী উপায়হীন হৈ মহাদেৱক মাতি আনিবলৈ নন্দী-ভংগীক আদি কৰি যোৰে যোৰে মানুহ পঠিওৱা সত্ত্বেও মহাদেৱক ঘৰলৈ ওভতাই নিব নোৱৰাত নাৰদক খাটনি ধৰিলে। অৱশেষত অনেক ভাবি-চিত্তি পাৰ্বতীয়ে ডাহ, মহ, চেৰেপা আদি প্ৰজন কৰি মহাদেৱক আমনি কৰিবলৈ পঠিয়াই দিলে। তাৰ পিছতো মহাদেৱ ঘৰলৈ উভতি মহা দেখি পাৰ্বতীয়ে হাহা-হুহু নামৰ দুটা মানসপুত্ৰ অজি মহাদেৱৰ কৃষিকাৰ্যত আমনি কৰিবলৈ পঠিয়াই দিছিল। 

প্রশ্ন ৪। ডিব্ৰুগড়ত কোনবোৰ কথাই লক্ষ্মীনাথ বেজবৰুৱাক সন্তোষ দিছিল বুজাই লিখা।

উত্তৰ : ডিব্ৰুগড়ত গোটাচেৰেক কথাই বেজবৰুৱাৰ মনত বৰ সন্তোষ দিছিল। প্ৰথমতে তেওঁ ডিব্ৰুগড়ৰ অসমীয়া তিৰোতাসকলৰ গঢ়গতি আৰু কাৰ্যকলাপ দেখি আনন্দ-বিমিশ্রিত আচৰিত হৈ পৰিছিল। শিক্ষা, দীক্ষা আৰু ৰাজহুৱা কাৰ্যাদিত তিৰোতাসকল পূৰ্বৰ দৰে পিছপৰি থকা নাই। ৰক্ষণশীল সমাজৰ শিকলি ছিগি সকলো সকাৰ্যত পুৰুষৰ সমকক্ষ হ’বলৈ তেওঁলোক অতি আগ্রহী। দেশৰ সেৱাত তেওঁলোকে পুৰুষৰ সমানে আগভাগ লৈছে আৰু অনেক বিষয়ত পুৰুষতকৈ আগবাঢ়ি গৈছে। ডিনায়ক সভা-সমিতি পতাত তেওঁলোকেই আগৰণুৱা হৈ পৰিছে। বিমোৰ অৱস্থাত পৰি অসমীয়া তিৰোতা-শিপিনীসকলে পৰিহাৰ কৰা বোৱা-কটা কাৰ্য পুনৰ সানৰেৰে গ্ৰহণ কৰাত বেজবৰুৱাই বৰ সুখ পাইছিল। তেওঁলোকৰ বিনন্দীয়া সুখ মলিন কৰোতা পনাপ্ৰথা পৰিহাৰ কৰি আংশিক গুৰণি লোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সভা-সমিতিত তেওঁলোক পুৰুষৰ আগত ওলাই একে শাৰীতে বা সম্মুখতে বহি প্রজাসাধাৰণৰ মঙ্গলা-মঙ্গলৰ বিষয়ত স্বাধীন মতামত প্ৰকাশ কৰিছে, অথচ তেওঁলোকৰ স্ত্ৰীসুলভ গাম্ভীৰ্য আৰু কমনীয়তাও অকণো হ্রাস হ’বলৈ দিয়া নাই। দুই এগৰাকীয়ে সভাত উঠি প্ৰদান কৰা বক্তৃতাৰ ক্ষেত্ৰত অনেক নামজ্বলা বক্তা পুৰুষকো তেওঁলোকে চেৰ পেলাইছে। ৰামমোহন ৰায়ৰ স্মৃতিসভাত কল্যাণীয়া শ্রীমতী যোগদা দেৱীয়ে দিয়া অনর্গল বক্তৃতা শুনি তেওঁ পুলকিত হৈ পৰিছিল আৰু এগৰাকী সম্ভ্ৰান্ত মহিলাৰ সেই বিষয়ত নৈপুণ্য দেখি গৌৰৱবোধ কৰিছিল। ইয়াৰোপৰি বেজবৰুৱাই নৰিয়াত পৰি থকা অৱস্থাতো বালিকা স্কুলৰ প্ৰধান শিক্ষা শ্রীমতী গৌৰীভা চলিহাই লগত একুৰিমান ছাত্ৰী আৰু কেইবাগৰাকীমান সহযোগী শিক্ষয়িত্ৰীক লৈ তেওঁক দেখা কৰিবলৈ গৈ সংকোচবিহীনভাৱে আৰু অকণো খোতামোজা নলগাকৈ কোৱা কথাবোৰে বেজবৰুৱাক বৰ সন্তোষ দিছিল।

প্রশ্ন ৫। লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত বুজাই লিখা।

উত্তৰ : বিদেশী নাটক অসমীয়ালৈ ভাঙি অসমীয়া ৰংগশালাত অভিনয় কৰা কাৰ্যটোত বেজবৰুৱাই বৰ সন্তোষ পোৱা নাছিল। কিন্তু বিদেশী ভাষাৰ নাটক একেবাৰে অসমীয়া ৰংগশালাৰ পৰা বাহিৰ কৰি দিয়াটোৰো তেওঁ বিৰোধী আছিল। তেওঁৰ মতে বিদেশী নাটকৰ অনুবাদবোৰ প্ৰকৃত অসমীয়া অনুবাদ হৈ অসমীয়াৰ পেটত সি জীন যোৱা বিধৰ হ’ব লাগে। ভাল বিদেশী নাটকৰ উৎকৃষ্ট ভাবসম্পদেৰে অসমীয়া সাহিত্যৰ সৌন্দৰ্য বঢ়োৱাটো অতি শোভন কথা বুলি তেওঁ ভাবিছিল। যদিহে সেই ভাবসম্পদক বাবেঙলুৱা অসমীয়া নকৰি আচল অসমীয়া কৰি নিয়া হয়। ইয়াৰোপৰি বিদেশী নাটৰ অসমীয়া অনুবাদে অসমীয়া সৰ্বসাধাৰণৰ মন হৰণ কৰিব পৰা হ’ব লাগে বুলি তেওঁ ভাবিছিল। বেজবৰুৱাই আকৌ কৈছিল যে নতুনকৈ উঠি অহা ডেকাচামে যদি তেনে গঢ়েৰে বিদেশী নাট অসমীয়ালৈ ভাঙি তাক অসমীয়া সাজ পাৰ পিন্ধাই অসমীয়া ৰংগশালাত তুলি দিব পাৰে তেন্তে তাৰ আসোঁৱাহ বুলিবলৈ একো নাথাকিব।

Leave a Reply