SEBA Class-10 Social Science| Chapter-5| ভাৰত আৰু উত্তৰ – পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য

SEBA Class-10 Social Science| Chapter-5| ভাৰত আৰু উত্তৰ – পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য. The answer to each chapter is provided in the list so that you can easily browse throughout different chapters  SEBA Class-10 Social Science| Chapter-5| ভাৰত আৰু উত্তৰ – পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য Class 10 Social Science SEBA Notes and Question Answer In Assamese Medium and select need one.

SEBA CLASS 10 (Ass. MEDIUM)

  1. English Solutions
  2. অসমীয়া Questions Answer
  3. বাংলা Questions Answer
  4. বিজ্ঞান Questions Answer
  5. সমাজ বিজ্ঞান Questions Answer
  6. हिंदी ( Elective ) Questions Answer
  7. ভূগোল (Elective) Questions Answer
  8. বুৰঞ্জী (Elective) Questions Answer
  9. Hindi (MIL) Question Answer

SEBA Class-10 Social Science| Chapter-5| ভাৰত আৰু উত্তৰ – পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions For SEBA Class-10 Social Science| Chapter-5| ভাৰত আৰু উত্তৰ – পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য Solutions for All Subjects, You can practice these here.

      অনুশীলনীৰ প্রশ্নোত্তৰ

 (ক) অতি চমু উত্তৰৰ প্রশ্ন :

প্রশ্ন ১। সিন্ধু সভ্যতাৰ পূৱ সীমা গাংগেয় উপত্যকাৰ কোন ঠাইলৈ বিস্তৃত আছিল?

 উত্তৰ ৷ সিন্ধু সভ্যতাৰ পূৱ সীমা গাংগেয় উপত্যকাৰ মীৰাট পর্যন্ত বিস্তৃত আছিল।

 প্রশ্ন ২। সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল?

 উত্তৰ। খ্রিষ্টপূর্ব চতুৰ্থ সহস্রাব্দত সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ হৈছিল।

প্রশ্ন ৩। ঋকবেদৰ আনুমানিক ৰচনাকাল কি?

উত্তৰ। আনুমানিক খ্রিষ্টপূর্ব ১৫০০ চনৰ পৰা খ্ৰীষ্টপূৰ্ব ১০০০ চন।

 প্রশ্ন ৪। ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীকত থকা ‘সত্যমের জয়তে’ এই বাক্যশাৰী মূলতঃ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে?

উত্তৰ। মুণ্ডক উপনিষদ গ্ৰন্থৰ পৰা লোৱা হৈছে।

প্রশ্ন ৫। প্রাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম কি ?

উত্তৰ। প্রাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্রন্থখনৰ নাম অর্থশাস্ত্র।

 প্রশ্ন ৬। ‘বিবিধতাৰ মাজত একতা’ এই বাক্যাংশ কোনখন গ্ৰন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিলে?

উত্তৰ। ‘ভাৰত সম্ভেদ’।

প্রশ্ন ৭। ভাৰতৰ ভাস্কর্য শিল্পকলাৰ কোনটো শৈলীত গ্রীক-ৰোমান কলা-কৌশলৰ প্ৰয়োগ হৈছিল?

উত্তৰ। গান্ধাৰ শিল্পকলাত গ্রীক-বোমান কলা-কৌশলৰ প্ৰয়োগ হৈছিল।

প্রশ্ন ৮। ভৰতমুনিৰ নাট্যশাস্ত্ৰ কেতিয়া ৰচিত হৈছিল?

উত্তৰ। খ্রিষ্টপূর্ব ২০০ ৰ পৰা খ্রিষ্টিয় ২০০ শতিকা মানৰ ভিতৰত।

প্রশ্ন ৯। ভৰতৰ নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে?

উত্তৰ। ৬০০০টা শ্লোক আছে।

প্রশ্ন ১০। হেৰাকা আন্দোলন কি?

উত্তৰ। নগালেণ্ডৰ পৰম্পৰাগত ধর্ম বিশ্বাস তথা সংস্কৃতি সংৰক্ষণ তথা পুনৰ প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যে নগালেণ্ডৰ ৰাণী গাইডালুৱে গঢ়ি তোলা এক আন্দোলন হ’ল হেৰাকা আন্দোলন।

প্রশ্ন ১১। নগালেণ্ডৰ ‘হৰ্ণবিল’ উৎসৱ কি জীৱৰ নামত উৎসর্গিত?

উত্তৰ। ধনেশ পক্ষীৰ নামত উৎসর্গিত।

প্রশ্ন ১২। ‘চপছৰ কূট’ কোন্ ৰাজ্যৰ পৰম্পৰাগত উৎসৱ? 

উত্তৰ। মিজোৰামৰ পৰম্পৰাগত উৎসৱ।

প্রশ্ন ১৩। মিজো শব্দৰ অর্থ কি?

উত্তৰ। ‘পাহাৰৰ বাসিন্দা’।

প্রশ্ন ১৪। উত্তৰ-পূৰ্বাঞ্চলৰ কোন ৰাজ্যত মাতৃতান্ত্রিক সমাজব্যৱস্থা প্রচলিত আছে?

উত্তৰ। মেঘালয়ত মাতৃতান্ত্রিক সমাজব্যৱস্থা প্রচলিত আছে।

 প্রশ্ন ১৫। মণিপুৰী নৃত্য কি মূল বিষয় বস্তুক আলম কৰি গঢ়ি উঠিছে?

উত্তৰ। চৈতন্য মহাপ্রভুৰ শৈশৱ, কৃষ্ণলীলা আদিৰ আলম কৰি গঢ়ি উঠিছে। 

প্রশ্ন ১৬। অসমৰ প্ৰাচীন নাম কি আছিল?

উত্তৰ। প্ৰাগজ্যোতিষ আৰু কামৰূপ ।

প্রশ্ন ১৭। কি বড়োমূলীয় শব্দৰ পৰা অসম নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয় ?

উত্তৰ। বড়োমূলীয় আ-চাম অথবা ‘হা-চোম’ শব্দৰ পৰা অসম নামটোৰ উৎপত্তি হৈছে।

প্রশ্ন ১৮। চর্যাপদ মানে কি?

উত্তৰ। চর্যাপদ মানে কেইটামান সহজযানপন্থীয় গীত।

প্রশ্ন ১৯। চর্যাপদ কেতিয়া ৰচিত হৈছিল ? 

উত্তৰ। খ্রিষ্টীয় দশম শতিকাৰ পৰা চতুর্দশ শতিকাৰ সময়ছোয়াৰ ভিতৰত।

প্রশ্ন ২০। মাধৱ কন্দলিয়ে কাৰ পৃষ্ঠপোষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল?

উত্তৰ। বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত।

প্রশ্ন ২১। অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল?

 উত্তৰ। ভট্টদেৱে অসমৰ গদ্য সাহিত্যৰ সূচনা কৰিছিল।

প্রশ্ন ২২। জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল? 

উত্তৰ। চুফী সাধক আজানপীৰ নামে খ্যাত চাহ মিলনে জিকিৰ আৰু জাৰি ৰচনা কৰিছিল।

প্রশ্ন ২৩। আজানপীৰ কোন?

উত্তৰ। এজন চুফী সাধক।

প্রশ্ন ২৪। আজানপীৰ কেতিয়া অসমলৈ আহিছিল?

 উত্তৰ। স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত।

প্রশ্ন ২৫। দ-পৰ্বতীয়াৰ শিলৰ তোৰণখন কেতিয়া নির্মিত হৈছিল?

উত্তৰ। খ্রিষ্টীয় ষষ্ঠ শতিকাত নির্মিত হৈছিল।

 প্রশ্ন ২৬। চাংকং ফুকন কি দায়িত্বত ন্যস্ত আছিল?

উত্তৰ। আহোম শাসন ব্যৱস্থাত মঠ-মন্দিৰ, ৰাস্তা-ঘাট, প্রাসাদ, ঘৰ-দুৱাৰ আদিৰ নিৰ্মাণ কাৰ্য, জোখ মাখ চোৱা চিতাৰ দায়িত্বত ন্যস্ত আছিল।

প্রশ্ন ২৭। লোকসংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোন শিল্পীক পদ্মশ্রী সন্মান প্রদান কৰা হৈছিল?

উত্তৰ। প্রতিমা পাণ্ডে বৰুৱা।

প্রশ্ন ২৮। অসমৰ প্ৰথম বাৰ্তালোচনীখনৰ নাম কি? 

উত্তৰ। অসমৰ প্ৰথম বাৰ্তালোচনীখনৰ নাম অৰুণোদয়।

প্রশ্ন ২৯। কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল ?

উত্তৰ। চিলাৰায়ে।

প্রশ্ন ৩০। উত্তৰ-পূৰ্বাঞ্চলৰ অষ্টিক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত জনজাতিটো কি?

উত্তৰঃ খাছীয়া।

প্রশ্ন ৩১৷ ৰচয়িতা সকলৰ নাম লিখা :

উত্তৰ। (ক) অর্থশাস্ত্র— কৌটিল্য।

(খ) হস্তিবিদ্যার্ণ – সুকুমাৰ বৰকাইথ।

(গ) কীৰ্ত্তন— শ্রীমন্ত শংকৰদেৱ ৷

(ঘ) নামঘোষা— শ্রীমাধৱদেৱ।

(ঙ) চোৰধৰা পিম্পৰা গুচোৱা – শ্রীমাধৱদেৱ।

(চ) কালিয় দমন— শ্ৰীমন্ত শংকৰদেৱ। 

(ছ) ৰামবিজয়— শ্ৰীমন্ত শংকৰদেৱ।

(জ) কথাগীতা— ভট্টদেৱ।

(ঝ) ৰাজতৰঙ্গিনী— কলহন।

(ঞ) ভাৰত সম্ভেদ – জৱাহৰলাল নেহক।

চমু উত্তৰৰ প্ৰশ্ন

প্রশ্ন ১। খ্রিষ্টীয় ষষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম লিখা।

উত্তৰ। খ্রিষ্টীয় ষষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতি গ্রীক আৰু পৰ্টুগীজ৷

প্রশ্ন ২। সিন্ধু উপত্যকাত আবিষ্কৃত হোৱা ধর্মীয় উদ্দেশ্যত ব্যৱহৃত হোৱা দুটা মূৰ্ত্তিৰ নাম লিখা৷ 

উত্তৰ। পশুপতি সদৃশ মূৰ্ত্তি আৰু মাতৃদেৱীৰ মূৰ্ত্তি।

প্রশ্ন ৩। অষ্ট্রিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা।

উত্তৰ৷ কুঁহিয়াৰৰ পৰা গুৰ তৈয়াৰ কৰা কৌশল, আৰু কপাহৰ পৰা সূতা উলিয়াই কাপোৰ বোৱা কৌশল।

প্রশ্ন ৪৷ ভাৰতীয় সংস্কৃতিত বৰ্ণাঢ্যতা সৃষ্টিৰ ক্ষেত্ৰত ভৌগোলিক পৰিস্থিতিয়ে কিদৰে ভূমিকা গ্ৰহণ কৰিছে?

উত্তৰ৷ ভাৰতীয় সংস্কৃতিত বর্ণাঢ্যতা সৃষ্টিত ভৌগোলিক পৰিস্থিতিয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিছে। ভাৰত কৃষি উপযোগী সাৰুৱা ভূমি, যাতায়ত-যোগাযোগ ব্যৱস্থাৰ সুচলতা আৰু প্ৰাকৃতিক সম্পদত চহকী, ইয়াৰ উপৰি ভাৰতীয় সংস্কৃতিৰ উদাৰতা ; এই সকলোবোৰ কাৰণে ভাৰতীয় সংস্কৃতি বর্ণাঢ্য। 

প্রশ্ন ৫। বেদৰ চাৰিখন সংহিতাৰ নাম লিখা।

উত্তৰঃ ঋকবেদ, যজুঃবেদ, সামবেদ আৰু অথর্ব বেদ সংহিতা।

প্রশ্ন ৬। অশোকৰ দ্বাদশ মুখ্য শিলালিপিত ধর্মীয় উদাৰতাৰ বিষয়ে কি কথা লিখা আছে?

উত্তৰ। একমাত্র নিজৰ ধৰ্মটোক মাত্র প্রশংসা আৰু আনৰ ধৰ্মক হীন বুলিব নালাগে৷ ববং সকলো ধৰ্মৰ সাৰ গ্ৰহণ কৰি সমন্বয়ৰ বাট অনুসৰণ কৰিব লাগে।

প্রশ্ন ৭। সাংস্কৃতিক বহুত্ববাদ মানে কি? 

উত্তৰ ৷ সাংস্কৃতিক বহুত্ববাদ মানে কোনো  এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু বিবিধতাৰ প্ৰতি থকা শ্রদ্ধাৰ মনোভাবক বুজায়।

 প্রশ্ন ৮। ভাৰতৰ প্রাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা।

উত্তৰ৷ দ্বিতীয় ভাস্কৰাচাৰ্য আৰু মহৰ্ষি ভৰদ্বাজ। 

প্রশ্ন ৯। প্রাচীন ভাৰতৰ দুখন চিকিৎসা শাস্ত্ৰৰ নাম লিখা।

উত্তৰ। চৰক সংহিতা আৰু সুশ্ৰুত সংহিতা। 

প্রশ্ন ১০। ভাৰতীয় চিত্রকলাক কি কি ভাগত ভগাব পাৰি?

উত্তৰ। ভাৰতীয় চিত্ৰকলাক বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্ৰাকাৰ চিত্ৰ নামৰ দুটা ভাগত ভগাব পাৰি।

প্রশ্ন ১১। চিত্ৰকলাৰ প্রতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদছাহৰ নাম লিখা।

উত্তৰ। চিত্ৰকলাৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদছাহৰ নাম আকবৰ আৰু জাহাংগীৰ।

প্রশ্ন ১২। ক্ষুদ্রাকাৰ চিত্ৰযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথিৰ নাম লিখা। 

উত্তৰ। ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথি আনন্দলহৰী আৰু  চিত্ৰ ভাগৱত।

প্রশ্ন ১৩। হস্তিবিদ্যার্ণব গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম লিখা।

উত্তৰ। দিলবৰ আৰু দোচাই ।

প্রশ্ন ১৪। ঝুম খেতি মানে কি বুজা? 

উত্তৰ৷ পাহাৰীয়া মানুহে পাহাৰৰ ঢাপত মাটি চহাই কৰা খেতিয়ে ঝুম খেতি।

প্রশ্ন ১৫। জেং বিহু মানে কি?

উত্তৰ। উজনি অসমৰ মহিলাসকলে নির্জন স্থানত পুৰুষ মানুহে নেদেখাকৈ পতা বিহুৱে হ’ল জেং বিহু।

প্রশ্ন ১৬। ওজাপালিৰ দুটা ভাগৰ নাম লিখা। 

উত্তৰ। ব্যাসৰ ওজা আৰু সুকনান্নী ওজা।

প্রশ্ন ১৭। প্রাচীন ভাৰতবৰ্ষৰ দুগৰাকী দার্শনিকৰ নাম লিখা।

উত্তৰ। বাদৰায়ণ, আৰু জৈমিনি।

প্রশ্ন ১৮। আহোম ৰাজত্বকালত ৰচিত দুখন বুৰঞ্জীৰ নাম লিখা। 

উত্তৰ। দেওধাই বুৰঞ্জী আৰু কছাৰী বুৰঞ্জী।

প্রশ্ন ১৯। বিহুৰ সমধর্মী হিচাপে নামনি অসমত উদ্‌যাপিত হোৱা দুটা স্থানীয় উৎসৱ উল্লেখ কৰা।

উত্তৰ। দেউল আৰু ভঠেলি।

প্রশ্ন ২০। দৰঙৰ দুবিধ লোকনৃত্যৰ নাম উল্লেখ কৰা। উত্তৰ। বৰঢুলীয়া আৰু দেওধনী নৃত্য।

প্রশ্ন ২১। ভাৰতত থকা মূল নৃ-গোষ্ঠী কেইটা কি কি?

উত্তৰ। নর্ডিক গোষ্ঠী, নিগ্রোগোষ্ঠী, অষ্টিকগোষ্ঠী, মংগোলীয় গোষ্ঠী আৰু প্রশস্ত মস্তিকী গোষ্ঠী।

প্রশ্ন ২২। ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক উল্লেখ কৰা।

উত্তৰ। হিন্দুধৰ্মৰ স্বকীয় বহুত্ববাদীতা, ভাৰতীয় সংস্কৃতির ধর্মীয় উদাৰতা, সহৱৰ্ত্তিতা আৰু আধ্যাত্মিকতা অনৈক্যৰ মাজত ঐক্যৰ সৃষ্টি কৰিছে। 

প্রশ্ন ২৩। প্রাচীন ভাৰতৰ স্থাপত্য নিদর্শন সমূহক ঘাইকৈ কি কি ভাগত ভগোৱা হৈছে?

উত্তৰ। প্রাচীন ভাৰতৰ স্থাপত্য নিদর্শন সমূহক মঠ-মন্দিৰ, স্তুপ আদি ভাগত ভাগ কৰা হৈছে । চুলতানী আৰু বাদছাহী যুগত মূলত চাৰি প্ৰকাৰৰ স্থাপত্য দেখা যায়— মছজিদ, মঞ্জিল, মাকোৱাৰা আৰু মিনাৰ৷

প্রশ্ন ২৪। ‘ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য’ পাঠটিত ‘সাংস্কৃতিক একতাৰ জালিকা’ বুলি কি বুঝাব বিচৰা হৈছে?

উত্তৰ৷ উত্তৰ-পূৰ্বাঞ্চল শব্দটো – উপনিৱেশকাৰী ব্ৰিটিছ শাসকসকলে উদ্ভাৱন কৰিছিল। এই শব্দটোৱে সামৰি লোৱা অৰুণাচল প্রদেশ, নগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু অসম প্ৰত্যেকৰে নিজা নিজা কৃষ্টি-সংস্কৃতি, ৰাজনৈতিক ইতিহাস আছে। যদিও এই সমগ্ৰ অঞ্চলটোৰ কেতবোৰ উমৈহতীয়া বৈশিষ্ট্যৰ বাবেই অঞ্চলটোৱে এক উমৈহতীয়া পৰিচয় লাভ কৰিছে। এক বিশেষ সাংস্কৃতিক যোগাযোগৰ দ্বাৰা দেশখনৰ প্ৰতিটো গোট পৰস্পৰ বন্ধনযুক্ত হৈ থকা দেখা যায়। ইয়াকেই ‘সাংস্কৃতিক একতাৰ জালিকা’ বোলা হৈছে।

প্রশ্ন ২৫। UNESCO-ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ তিনিটা স্থাপত্যৰ উল্লেখ কৰা।

উত্তৰ। সাঁচীৰ স্তুপ, অজস্তাৰ গুহা সমূহ আৰু তাজমহল।

প্রশ্ন ২৬। ভাৰতৰ ভাস্কর্য শিল্পত কি কি মূৰ্ত্তি নিৰ্মাণ কৰা হৈছিল?

উত্তৰ। ভাৰতৰ ভাস্কর্য শিল্পত গৌতম বুদ্ধ, মহাবীৰ, হিন্দু দেৱদেৱী, যক্ষ-যক্ষিণী অপেশ্বৰী আৰু হিন্দু তথা বৌদ্ধধৰ্মৰ লগত জড়িত বিভিন্ন জীব জন্তুৰ মূৰ্ত্তি নিৰ্মাণ কৰা হৈছিল।

প্রশ্ন ২৭। ভাৰতৰ ভাস্কর্য শিল্পকলাৰ তিনিটা প্রধান শৈলী কি কি?

 উত্তৰ। পোৰামাটি-শিল্প, শিল-শিল্প, ব্রঞ্জ-শিল্প আদি।

প্রশ্ন ২৮। দেৱাল চিত্ৰৰ নিদৰ্শন থকা ভাৰতৰ তিনিখন ঠাইৰ নাম লিখা। 

উত্তৰ। মহাৰাষ্ট্ৰৰ অজস্তা, মধ্যপ্ৰদেশৰ বাঘ আৰু তামিলনাডুৰ চিত্তনাৱাচল।

 প্রশ্ন ২৯। মোগল যুগৰ ক্ষুদ্ৰাকাৰ চিত্র সম্বলিত তিনিখন গ্ৰন্থৰ নাম লিখা।

 উত্তৰ। পাদছাহনামা, তুতিনামা আৰু জাহাংগীৰনামা।

প্রশ্ন ৩০। চিত্রকলাৰ ষড়াংগ মানে কি বুজা?

 উত্তৰ। খ্ৰী পূর্ব প্রথম শতিকাত চিত্র অংকণৰ বাবে প্রয়োজনীয়

(১) আকৃতি,

(২) জোখমাখ,

(৩) আবেগ অনুভূতি প্রকাশক কৌশল,

(৪) কলাত্মক উপস্থাপন,

(৫) সাদৃশ্য জ্ঞান আৰু

(৬) তুলিকা ব্যৱহাৰৰ নিয়মেই হল ষড়াংগ। 

প্রশ্ন ৩১। ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ। ভাৰতৰ যোগবিদ্যা এক গৌৰৱময় সাংস্কৃতিক ঐতিহ্য। ই মানৱ সমাজলৈ অনবদ্য অৱদান আগবঢ়াইছে। সিন্ধু সভ্যতাৰ সময়তে যৌগিক জ্ঞানৰ অধিকাৰী আছিল ভাৰতীয় সকল। কিন্তু এই বিদ্যাৰ বহুল চৰ্চ্চা হৈছিল বৈদিক যুগত। খ্রিষ্টীয় দ্বিতীয় শতিকাত পতঞ্জলিৰ যোগসূত্ৰই এই বিদ্যাক সুসংহত ৰূপ দিয়ে। এই বিদ্যাই শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকর্ষ সাধনত মানৱ জীৱনক এক সচেতন আৰু সক্ৰিয় প্ৰক্ৰিয়াৰ সন্ধান দিয়ে।

প্রশ্ন ৩২। ভাৰতৰ স্থাপত্যকলাৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা। 

উত্তৰ। প্রাচীন ভাৰতৰ শিলেৰে নিৰ্মিত মঠ-মন্দিৰ সমূহৰ নিৰ্মাণশৈলীক ঘাইকৈ উত্তৰ ভাৰতীয় নাগৰ, দক্ষিণ ভাৰতীয় দ্রাবিড় আৰু বিন্ধ্যপর্বত-কৃষ্ণানদীৰ মাজভাগৰ ৱেচৰ শৈলী এই তিনি ভাগত ভাগ কৰিব পাৰি।

১। উত্তৰ ভাৰতৰ মন্দিৰ সমূহৰ ওপৰ অংশ (শিখৰ) অৰ্ধবৃত্তাকাৰ।

২। দক্ষিণ ভাৰতৰ মন্দিৰ সমূহৰ ওপৰ অংশ (বিমান) আয়তাকাৰেৰে ক্ৰমে ওপৰলৈ সৰু হৈ যোৱা ধৰণৰ।

 ৩। ৱেচৰ শৈলীত নাগৰ আৰু দ্রাবিড় শৈলীৰ মিশ্রণ ঘটা দেখা যায়। কিছুমান

মন্দিৰৰ প্ৰধান শিখৰ সমূহৰ লগতে কিছুমান ক্ৰমে চাপৰ হৈ অহা সহযোগী শিখৰ পৰ্বতৰ শৃংগৰ দৰে নির্মিত। 

প্রশ্ন ৩৩। ৰঙালি বিহুৰ সাতদিনক কি কি নামেৰে জনা যায়?

উত্তৰ৷ ৰঙালি বিহুৰ সাতদিনক ক্রমে— গৰু বিহু, মানুহ বিহু, গোসাই বিহু, কুটুম বিহু, চেনেহী বিহু, মেলা বিহু আৰু চেৰা বিহু নামে জনা যায়।

প্রশ্ন ৩৪। কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তু কি?

 উত্তৰ। কামৰূপী আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তু ― মানুহৰ জীৱনৰ সুখ-দুখ, দেহৰ ক্ষণভাগুবতা, জীৱনত ঈশ্বৰ চিন্তাৰ গুৰুত্ব, দেৱ-দেৱীৰ প্ৰশস্তি আদি প্রকাশমূলক গীত। ইয়াৰ উপৰি গোৱালপৰীয়া লোকগীতত স্থানীয় কিম্বদন্তি তথা হাতীধৰা আৰু হাতীক পোহ মনোৱা বিষয়ক লৈ ৰচনা কৰা গীত।

প্রশ্ন ৩৫। অসমৰ প্রাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষৰ উল্লেখ থকা তিনিখন গ্ৰন্থৰ নাম লিখা।

উত্তৰ। বিষ্ণুপুৰাণ, কালিকাপুৰাণ আৰু যোগিনী তন্ত্র।

দীঘল উত্তৰৰ প্ৰশ্ন

প্রশ্ন ১। ভাৰতৰ সাংস্কৃতিক বহুত্ববাদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ। ভাৰতৰ সাংস্কৃতিক বহুত্ববাদ ভাৰতীয় সংস্কৃতিৰ এটা বৈশিষ্ট।সাংস্কৃতিক বহুত্ববাদে কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু বিবিধতাৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাবক বুজায়। ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন জাতি উপজাতিয়ে তেওঁলোকৰ পৃথক পৃথক স্বকীয় কৃষ্টি, সংস্কৃতিৰ সংৰক্ষণ তথ্য সংবর্দ্ধন কৰিব বিচৰাৰ সময়তে আনৰ কৃষ্টি-সংস্কৃতিৰ সৈতে সহৱৰ্ত্তিতা আৰু সম্মানৰ ভাৱ পোষণ কৰা দেখা যায়। বিবিধতাৰ যি সৌন্দর্য সেয়া অনুভৱ কৰাৰ মানসিকতা আৰু প্ৰশিক্ষণ ভাৰতীয় মানুহে যুগ যুগ ধৰি লাভ কৰিছে। হিন্দুধৰ্মৰ স্বকীয় বহুত্ববাদীতা আৰু উদাৰতা বিভিন্ন সময়ত গঢ়ি উঠা সাম্রাজ্যসমূহে সৃষ্টি কৰা ৰাজনৈতিক একতাৰ ইতিহাস। বিভিন্ন যুগৰ শাসক সকলৰ ধৰ্মীয় তথা সাংস্কৃতিক উদাতা, ৰামায়ণ আৰু মহাভাৰত গ্ৰন্থ দুখনে ভাৰতৰ বিভিন্ন প্রান্তক মূল কাহিনীভাগৰ লগত সাঙুৰি সৃষ্টি কৰা এক সাংস্কৃতিক পৰিয়ালৰ অনুভূতি আদিয়ে এই ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছে। এইবোৰৰ উপৰি এক বিশেষ সাংস্কৃতিক যোগাযোগৰ দ্বাৰা দেশখনৰ প্ৰতিটো গোট পৰস্পৰৰ বন্ধনযুক্ত হৈ থকা দেখা যায়। যিবোৰ বিষয়ত বিবিধতাৰ সৃষ্টি হৈছে সেইবোৰেই আকৌ অন্য ধৰণে ঐক্যবদ্ধ হোৱাও দেখা যায়। দুটা গোট যদি আঞ্চলিকভাবে বিচ্ছিন্ন তেওঁলোক হয়তো ভাষিকভাবে অথবা ধর্মীয়ভাবে ঐক্যবদ্ধ। কোনোবা যদি ধর্মীয় ভাবে পৃথক তেওঁলোক হয়তো ভাষিক ভাৱে অথবা আঞ্চলিক নৈকট্যৰ জৰিয়তে বন্ধনযুক্ত হৈছে। এনেদৰে বিবিধতাৰ মাজত একতা বিষয়টো ভাৰতীয় মানুহে পৰম্পৰাগতভাবে যুগ যুগ ধৰি অনুসৰণ কৰি অজিলৈকে ভাৰতবৰ্ষ হিচাপে বৰ্তি আছে।

Sl. No.Contents
HISTORY (ইতিহাস)
পাঠ-1বংগ বিভাজন আৰু স্বদেশী আন্দোলন
পাঠ-2মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম
পাঠ-3অসমত ব্রিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ
পাঠ-4ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ
পাঠ-5ভাৰত আৰু উত্তৰ – পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য
GEOGRAPHY (ভূগােল)
পাঠ-1অর্থনৈতিক ভূগােল: বিষয়বস্তু আৰু সম্পদ
পাঠ-2পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা
পাঠ-3পৃথিৱীৰ ভূগোল
পাঠ-4অসমৰ ভূগোল
POLITICAL SCIENCE AND ECONOMICS
পাঠ-1ভাৰতীয় গণতন্ত্ৰ
পাঠ-2আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য
পাঠ-3মুদ্রা আৰু বেংক ব্যৱস্থা
পাঠ-4অৰ্থনৈতিক উন্নয়ন

প্রশ্ন ২। ‘ভাৰতৰ প্রাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজিত ভাৰতীয় সভ্যতা-সংস্কৃতিৰ আত্মা নিহিত হৈ আছে বুলি কলে সম্ভৱত অতিৰঞ্জিত কৰা নহ’ব’–বাক্যশাৰীৰ ভাবার্থ আলোচনা কৰা।

উত্তৰ। ভাৰতৰ প্ৰাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজিত ভাৰতীয় সভ্যতা সংস্কৃতিৰ আত্মা নিহিত হৈ আছে বুলি কব পাৰি। সেইসময়ত বহুতো সংস্কৃত সাহিত্যৰ সৃষ্টি হৈছিল। বেদৰ সংহিতা, ব্রাহ্মণ, আৰণ্যক আদি উপনিষদসমূহ, ৰামায়ণ আৰু মহাভাৰত মহাকাব্যদ্বয়, গীতা, পুৰাণসমূহ, বেদাংগ সমূহ, ৰাজনীতি বিজ্ঞান বিষয়ক কৌটিল্যৰ অর্থশাস্ত্র, চিকিৎসা বিষয়ক চৰক সংহিতা, সুশ্রুত সংহিতা, কালিদাস, শূদ্রক, ডাস, বাণভট্ট আদি লিখকৰ বিশুদ্ধ সাহিত্যৰাজি ভাৰতীয় সাহিত্যৰ উজ্জ্বল নিদর্শন। কপিল, পটঞ্জলি, গৌতম, বাদবায়ণ, কণাদ, জৈমিনি, ৰামানুজ আদি দৰ্শনিকৰ দৰ্শনৰ গ্ৰন্থ সমূহ, বুৰঞ্জীমূলক গ্ৰন্থ কলহনৰ ৰাজতৰঙ্গিণী ; আর্যভট্ট, বৰাহবিহিৰ, ব্ৰহ্মগুপ্ত প্ৰথম আৰু দ্বিতীয় ভাস্কৰাচাৰ্য আৰু ভৰদ্বাজ আদি বৈজ্ঞানিকৰ বিভিন্ন গ্রন্থ, দক্ষিণভাৰতৰ সংগম সাহিত্য আদি গ্ৰন্থৰাজিয়ে ভাৰতীয় লোকৰ সাহিত্যৰুচি আৰু জ্ঞান পিপাসাৰ পৰিচয় দিয়ে। এই সমূহে জীৱন আৰু জগত সম্পর্কে দৃষ্টিভংগী, ধর্মবিশ্বাস, বিজ্ঞান মানসিকতা আৰু কাৰিকৰী জ্ঞান, ৰাজনীতি, চিকিৎসা আদি বিস্তৃত ক্ষেত্ৰত প্রাচীন কালত ভাৰতীয় সকলে আহৰণ কৰা জ্ঞানৰ স্তৰকো প্রতিফলিত কৰে। এই গ্রন্থসমূহ সৃষ্টিকৰ্তা মণীষীসকলৰ কঠোৰ সাধনাৰ জৰিয়তে আহৰণ কৰা গভীৰ অন্তদৃষ্টি আৰু অক্লান্ত বৌদ্ধিক সাধনাৰ ফচল। এই গ্রন্থ সমূহে ভাৰতীয় সকলৰ সমাজ ব্যৱস্থা, মনস্তত্ত্ব, সাহিত্য চেতনা, ঐক্যবোধ আদি গঢ়ি তোলাৰ ক্ষেত্ৰত গভীৰ প্ৰভাৱ পেলাইছিল। হিন্দুধৰ্মৰ চাৰি বৰ্ণাশ্রম ব্যৱস্থা পিতৃ, মাতৃ গুৰু, অতিথি, বিদ্যা আৰু বিদ্বামৰ প্ৰতি ভাৰতীয় সংস্কৃতিত থকা শ্রদ্ধাৰ শিক্ষা এইসকল গ্ৰন্থৰাজিয়ে প্ৰসাৰিত কৰিছিল। সেইদৰে জন্মান্তৰবাদ, অৱতাৰবাদ মোক্ষ, স্বর্গ, — নৰক, পাপপুণ্য আদিৰ ধাৰণাও এই গ্রন্থৰাজিয়ে জনপ্রিয় কৰি তুলিছে। এই গ্ৰন্থৰাজিত থকা ‘সত্যমেৱ জয়তে’, ‘অহিংসা পৰম ধৰ্ম’, ‘জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰিয়সী, বসুধৈৱ, কুটুম্বকম আদি বাণী সমূহে ভাৰতীয় মূল্যবোধৰ ভেটিটো গঢ় দিছে। অসত্যৰ বিপৰীতে সত্যৰ প্ৰতি, অজ্ঞান আন্ধাৰৰ বিপৰীতে জ্ঞানালোকৰ প্ৰতি আৰু মৃত্যুৰ বিপৰীতে অমৃতময়ীতালৈ নিয়াৰ প্ৰাৰ্থনা ‘অসতো মা সদ্‌গময়, তমসোমা জ্যোতির্গময়, মৃত্যুমামৃতম গময়’ আদি অমোঘবাণী সমূহেও সামগ্ৰীকভাবে ভাৰতীয় মনস্তত্ত্বক প্ৰেৰণা যোগাই আহিছে। সংস্কৃত ভাষাত ৰচিত এই বৌদ্ধিক সৃষ্টিকর্ম সমূহৰ কিছুমান পৰবৰ্তী সময়ত ভাৰতৰ বিভিন্ন প্রান্তীয় ভাষাত অনূদিত হৈছে। এই সকলোবোৰ বিষয় আলোচনাৰ পিছত আমি কব পাৰোঁ,—‘ভাৰতৰ প্রাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজিত ভাৰতীয় সভ্যতা সংস্কৃতিৰ আত্মা নিহিত হৈ আছে।’ প্রশ্ন ৩। ভাৰতৰ ধৰ্মীয় ঐতিহ্য বিষয়ে লিখা। উত্তৰ। সিন্ধু সভ্যতাৰ ধৰ্মব্যৱস্থাত উপাস্যদেৱতাৰ বিবিধতা দেখা যায়। বৈদিক

ধর্ম ব্যৱস্থাতো বহু দেৱদেৱীৰ লগতে একেশ্বৰৰ ধাৰণা বিদ্যমান আছিল। এইদৰে ভাৰতৰ প্ৰাচীনতম ধর্মীয় পৰম্পৰাই নতুন নতুন বিশ্বাস, গীতিনীতিৰ ক্ষেত্ৰ সহবর্তিতা, সংযোজন আৰু সংমিশ্ৰণৰ ক্ষেত্ৰত এক দ্বিধাহীন নীতি গ্রহণ কৰিছিল) ইয়াৰ লগতে স্বকীয় নীতিৰ সংস্কাৰ, সংশোধন, নতুন ব্যাখ্যা আৰু বিৰোধৰ প্রতিও শ্রদ্ধাৰ ভাৱ ৰাখিছিল। এনে দৃষ্টিভংগীৰ বাবেই ভাৰতত কেইবাটাও তত্ত্বগতভাৱে পৰস্পৰ বিৰোধী দৰ্শন সৰল ৰূপত বিকশিত হৈছিল আৰু বেদৰ কেতবোৰ মূল তত্ত্বৰ বিৰোধিতা কৰা স্বত্ত্বেও খ্রিষ্টপূর্ব ষষ্ঠ শতিকাত আত্মপ্রকাশ কৰা বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ সৈতে বৈদিক হিন্দুধৰ্মৰ সংঘৰ্ষ হোৱা নাছিল। একেটা কাৰণতে হিন্দুধৰ্মৰ ভিতৰতেই অনেক পন্থাৰ উদ্ভৱ হৈছিল। পৰৱৰ্তী কালৰ বিভিন্ন ৰাজবংশই ধৰ্মীয় উদাৰতাৰ নীতিটো অনুসৰণ কৰা দেখা যায়। এই ক্ষেত্ৰত খ্রিষ্টপূর্ব তৃতীয় শতিকাতেই সম্রাট অশোকৰ গিৰ্ণাৰত থকা ১২নং মুখ্য শিলালেখখনত উল্লেখ থকা কিছুমান কথা বিশেষ মনকৰিবলগীয়া। এই লিপিত কোৱা হৈছে যে কোনেও একমাত্র নিজৰ ধৰ্মটোক মাত্র প্রশংসা আৰু আনৰ ধৰ্মক হীন বুলিব নালাগে। বৰং সকলো ধৰ্মৰ সাৰ গ্ৰহণ কৰি সমন্বয়ৰ বাট অনুসৰণ কৰিব লাগে। পৰবৰ্তী সময়ত বিশ্বৰ অন্য বিভিন্ন প্রান্তত উদ্ভৱ হোৱা খ্রিষ্টিয়ান, ইছলাম, জোৰğাৰ, ইহুদি আদি ধৰ্মৰো ভাৰতলৈ আগমন ঘটিছিল। শাস্ত্ৰ নিৰ্ভৰ ধৰ্মবোৰৰ উপৰি ভাৰতৰ চুকে কোণে বিভিন্ন বিশ্বাস তথা ৰীতিনীতিৰে অনেক জনজাতীয় ধর্মপন্থা বিদ্যমান।

ধর্মীয় বিবিধতা আৰু সহবৰ্ত্তিতাৰ লগতে ধৰ্ম আৰু আধ্যাত্মিকতাই ভাৰতীয় লোকৰ ব্যক্তিগত আৰু সামাজিক জীবন তথা সভ্যতা সংস্কৃতিৰ সকলো ক্ষেত্রকে গভীৰভাৱে প্রভাবিত কৰিছে।

প্রশ্ন ৪। উত্তৰ-পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় কেনেকৈ সৃষ্টি হৈছে?

 উত্তৰ। উত্তৰ-পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় সৃষ্টি হোৱাৰ ক্ষেত্ৰত, অঞ্চলটোৰ ভৌগোলিক পৰিস্থিতিয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিছে। ইয়াৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যবোৰৰ কেতবোৰ উমৈহতীয়া বৈশিষ্টইও উমৈহতীয়া পৰিচয় লাভ কৰাত সহায় কৰিছে।

ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সাৰুৱা ভূমিখণ্ডক মাজভাগত লৈ উত্তৰ, পূৱ আৰু দক্ষিণ দিশত থকা অন্য ৰাজ্যকেইখনে উত্তৰ-পূৰ্বাঞ্চলক আগুৰি আছে। এই ৰাজ্য কেইখন আকৌ কেইখনমান বিদেশী ৰাষ্ট্ৰৰ দ্বাৰা আবৃত্ত। অসমৰ চুবুৰীয়া আটাইকেইখন ৰাজ্যই হৈছে পাহাৰীয়া। এনে পৰিস্থিতিত যাতায়ত যোগাযোগৰ ক্ষেত্ৰত অসম আটাইৰে বাবে সুবিধাজনক, সুচল কেন্দ্রীয় স্থল হিচাপে ব্যৱহৃত হৈ আহিছে। ইতিহাসে ঢুকি নোপোৱা সময়তে ব্ৰহ্মপুত্ৰ উপত্যকাত এক উন্নত সভ্যতা গঢ়ি উঠিছিল বুলি অনুমান কৰিব পাৰি। অৱশ্যে খ্রিষ্টীয় চতুর্থ শতিকাত বৰ্মন বংশৰ প্ৰতিষ্ঠা হোৱাৰ পৰাহে প্রাচীন অসমৰ ৰাজনৈতিক ইতিহাস উদ্ধাৰ হৈছে। বিভিন্ন যুগত অসমৰ শক্তিশালী ৰাজবংশসমূহৰ শাসনকালত দাঁতিকাষৰীয়া অঞ্চলসমূহৰ স্থানীয় শাসক সকলে অসমৰ প্রতি আনুগত্য প্রকাশ কৰিছিল আৰু কেতিয়াবা আধিপত্যও মানি লৈছিল। ৰাজপৰিয়াল সমূহৰ মাজত বৈৱাহিক সম্পর্ক স্থাপন হোৱা আৰু বিপদৰ সময়ত সামৰিক সাহায্য প্ৰদান কৰা আৰু দূত প্ৰেৰণ কৰা হৈছিল। পাহাৰ আৰু ভৈয়ামত উৎপন্ন হোৱা সামগ্ৰীৰ আদান প্রদানো হৈছিল। এইদৰে উত্তৰ পূৰ্বাঞ্চলৰ বাসিন্দা সকলৰ মাজত ঐক্যবোধৰ উৎপত্তি হৈছিল আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যবোৰৰ এক উমৈহতীয়া সুকীয়া পৰিচয়ৰ সৃষ্টি হৈছিল।

প্রশ্ন ৫৷ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ধৰ্মীয় বাতাৱৰণৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰ। ঔপনিৱেশিক শাসনৰ কালছোৱাত উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে পাহাৰীয়া লোক সকলৰ মাজত মিছনেৰিসকলে খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰসাৰ ঘটায়। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ ভিতৰত অসমত আর্যভাষা আৰু হিন্দুধৰ্মৰ প্ৰসাৰ অতি প্রাচীন কালতেই ঘটিছিল। মণিপুৰ আৰু ত্ৰিপুৰাতো বংগদেশ হৈ অতি প্রাচীন কালতেই হিন্দুধৰ্মৰ প্ৰসাৰ ঘটিছিল। অৱশ্যে মনকৰিবলগীয়া যে পাহাৰীয়া জনজাতিসকলৰ মাজত এতিয়াও প্রকৃতি-প্রাণবাদী বিশ্বাস তথা ৰীতি-নীতি সমান্তৰালভাবে চলি থকা দেখা যায়। উদাহৰণ হিচাপে অৰুণাচলৰ বহুসংখ্যক লোক হিন্দু, খ্রিষ্টীয়ান আৰু বৌদ্ধ ধৰ্মৰ লোক, একে সময়তে বিভিন্ন স্থানীয় দেৱ-দেৱীৰ লগতে ডনিপ’ল অর্থাৎ চন্দ্ৰ-সূর্য তেওঁলোকৰ জনপ্ৰিয় দেৱতা। নগালেণ্ডত হর্ণবিল উৎসৱত প্রায় সকলো নগাগোষ্ঠীৰ লোকে ধনেশ পক্ষীক এক ত্রাণকর্তা পবিত্র জীৱ হিচাপে বিবেচনা কৰি এই উৎসৱটো উদযাপন কৰে। নগালেণ্ডৰ স্বাধীনতা সংগ্রামী ৰাণী গাইডালুৱে নগালেণ্ডৰ পৰম্পৰাগত ধর্মবিশ্বাস তথা সংস্কৃতি সংৰক্ষণ তথা পুনৰ প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যে ‘হেৰাকা’ নামৰ আন্দোলন গঢ়ি তুলিছিল। মণিপুৰৰ মেইটেই সম্প্ৰদায়ৰ বেছি সংখ্যক লোক চৈতন্যপন্থী বৈষ্ণৱ ধৰ্মাৱলম্বী। মণিপুৰী সকলৰ একাংশৰ মাজত এতিয়াও প্রকৃতি-প্রাণবাদী ধর্মপন্থাৰ প্ৰচলন আছে। মেঘালয়ত খাছী, গাৰো, জয়ন্তীয়া সকলে খ্রীষ্টান ধর্মত দীক্ষিত হৈছে। বর্তমান মেঘালয়ত সত্তৰ শতাংশতকৈও অধিক লোক খ্রিষ্টীয়ান ধৰ্মাৱলম্বী। মিজোৰামৰ গৰিষ্ঠ সংখ্যক লোক খ্ৰীষ্টান ধৰ্মাৱলম্বী কিছু সংখ্যক বৌদ্ধ আৰু হিন্দুধর্মাবলম্বী। ত্ৰিপুৰাৰ অধিকাংশ লোকেই হিন্দু ধৰ্মাৱলম্বী আৰু বংগীয় সংস্কৃতিৰ দ্বাৰা প্ৰভাৱিত ৷ এনেদৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত এক বৈচিত্র্যময় ধর্মীয় বাতাবৰণৰ সৃষ্টি হৈছে।

 প্রশ্ন ৬। ‘অসমত আর্য-অনার্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্ৰিত সংস্কৃতিৰ উৎপত্তি হৈছে—এই প্ৰসংগটো চমুকৈ আলোচনা কৰা৷

উত্তৰ। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ ভিতৰত অসমত আর্যভাষা আৰু হিন্দুধৰ্মৰ প্ৰসাৰ অতি প্রাচীন কালতেই ঘটিছিল। বৈদিক যুগৰ শেষৰ ফালে ৰামায়ণ আৰু মহাভাৰত মহাকাব্য দুখন ৰচিত হৈছিল বুলি অনুমান কৰা হয়। সেই সময়ছোৱাৰ ভিতৰতেই আৰ্য সংস্কৃতি ভাৰতৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ দিশে সম্প্ৰসাৰণ ঘটিছিল। বৈদিক সংস্কৃতিৰ মূল নির্মাতা আছিল আর্যভাষী নর্ডিক গোষ্ঠীৰ অন্তৰ্ভুক্ত লোকৰ এটা দল।

উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্য কেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিৱৰ্তন অধিকতৰ হৈছে। ব্ৰহ্মপুত্ৰ উপত্যকা সাৰুৱা কৃষিভূমি আৰু প্ৰাকৃতিক সম্পদত চহকী এক উন্নত প্রাচীন সভ্যতাৰ অধিকাৰী দেশ চীনলৈ যাব পৰা এটা পথ থকাৰ উপৰি চীন দেশৰপৰা ৰোমান সাম্ৰাজ্যলৈ যোৱা মহাৰেচমী পথৰ এটা শাখা অসম হৈ আগবাঢ়িছিল। তদুপৰি অসমৰ প্রাকৃতিক সৌন্দর্য তথা নির্জনতা আদিৰ বাবে সুদূৰ অতীতৰপৰা বিভিন্ন নৃগোষ্ঠীৰ লোক স্বাভাৱিক প্রব্রজনকাৰী হিচাপে, আক্ৰমণকাৰী হিচাপে, ব্যৱসায়-বাণিজ্য কৰিবলৈ আৰু তীৰ্থ ভ্রমণ, আধ্যাত্মিক সাধনা আদি বিভিন্ন উদ্দেশ্যত অসমলৈ আহিছিল আৰু অসমত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল। ইতিমধ্যে উল্লেখ কৰা ভাৰতবৰ্ষত বসবাস কৰা প্ৰধান নৃ-গোষ্ঠী কেইটাৰ আটাইকেইটা নৃ-গোষ্ঠী অসমতো দেখা যায় আৰু সামগ্ৰিকভাৱে ভাৰতবৰ্ষত ঘটিত হোৱা নৃতাত্ত্বিক তথা সাংস্কৃতিক সংমিশ্ৰণৰ প্ৰক্ৰিয়াটে৷ অসমতো ঘটিছিল আৰু অসমত আর্য অনাৰ্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্রিত সংস্কৃতিৰ উৎপত্তি হৈছিল।

প্রশ্ন ৭। অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ। সপ্তদহ শতিকা মানৰপৰা অসমত উত্তৰ ভাৰতীয় ক্ষুদ্রাকৃতিৰ পুথি চিত্ৰসমুহৰ অনুৰূপ ৰজাঘৰীয়া পৃষ্ঠপোষকতাত অথবা সত্ৰীয় সৃষ্টিৰে চিত্ৰকলাৰ এটা পৰম্পৰা আৰম্ভ হৈছিল। এনে কিছুমান সচিত্ৰ পুথি হ’ল আনন্দলহৰী, হস্তীবিদ্যার্ণৱ, চিত্রভাগৱত গীতগোবিন্দ, কুমৰ হৰণ, শংখচূড় বধ, লৱ-কুশৰ যুদ্ধ আদি। এই চিত্রসমূহ স্থানীয়ভাবে আহৰণ কৰা সামগ্ৰীৰ পৰা প্ৰাকৃতিক ৰঙেৰে বহুৰঙীয়াকৈ অঁকা হৈছিল। চিত্ৰসমূহত ৰজা, ৰাজদৰবাৰ, দেৱীমূৰ্ত্তি, যুদ্ধৰ চিত্ৰ, হাতী, জীৱজন্তু আদি সংশ্লিষ্ট পুথিৰ বিষয়বস্তুৰ লগত সংগতি ৰাখি অঁকা হৈছিল। খালী ঠাইবোৰত ফুল, লতা, আদি অঁকা হৈছিল। ইয়াত ৰঙা, সেউজীয়া, হালধীয়া আৰু ক’লা ৰঙৰ পয়োভৰ দেখা গৈছিল। সন্মুখাংশ আৰু পাৰ্শ্বাংশত দুয়োধৰণৰ চিত্র অংকন কৰা দেখা যায়। মানুহ আৰু জীৱজন্তুবোৰৰ ছবিবোৰত মুখাৱয়ৱৰ নিখুঁত প্রকাশ, শৰীৰৰ অনুপাত, মনৰ অনুভূতি প্রকাশক সূক্ষ্ম কৌশলৰ প্ৰয়োগ কৰাৰ দক্ষতা দেখা নগৈছিল। চিত্ৰবোৰ সহজ সৰল আছিল যদিও দৃষ্টি নন্দন বুলি কব পাৰি। সুকুমাৰ বৰকাইথে ৰচনা কৰা হস্তীবিদ্যার্ণর পুথিখনত বিভিন্ন আকাৰ আৰু বৰণৰ হাতীৰ ছবি আছে। দিলবৰ আৰু দোচাই নামে দুজন চিত্রকৰে এই চিত্ৰসমূহ অংকন কৰিছিল। এই গ্রন্থসমূহৰ কেবাখনো গ্রন্থ ইতিমধ্যে ছপা আকাৰে প্ৰকাশ পাইছে।

প্রশ্ন ৮। অসমৰ ধর্মীয় বিবিধতা আৰু সংহতিৰ বিষয়ে লিখা।

 উত্তৰ। অসমত হিন্দু ধৰ্মাৱলম্বী লোকৰ সংখ্যা বেছি যদিও অসম ইছলাম, খ্রিষ্টীয়ান, শিখ, জৈন, বৌদ্ধ আৰু বিভিন্ন জনজাতীয় ধৰ্মাৱলম্বী মানুহৰ বসতিস্থল। হিন্দুধৰ্মৰ ভিতৰত শাক্ত, শৈৱ, বৈষ্ণৱ আৰু সৌৰপন্থী মানুহ আছে। অসমৰ বিভিন্ন ঠাইত প্ৰৱল প্রভাবী শক্তিপীঠ আছে, এইবোৰৰ ভিতৰত কামাখ্যা মন্দিৰ পৃথিবী বিখ্যাত। নৱবৈষ্ণৱ আন্দোলনে অসমৰ বৃহৎ সংখ্যক লোকক বৈষ্ণৱী ভক্তিমাগত অনুগামী কৰিছিল। খ্রিষ্টীয় ত্রয়োদশ শতিকাৰ প্ৰথম ভাগত অসমত ইছলাম ধৰ্মৰ আগমন ঘটাৰ তথ্য পোৱা যায়। হাজোৰ পোৱামক্কা অসমৰ ইছলাম ধৰ্মৰ লোক সকলৰ এখন পরিত্র তীর্থস্থান। স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত অসমলৈ অহা চুফী সাধক আজানপীব নামে খ্যাত চাহ মিলনে ৰচনা কৰা জিকিৰ আৰু জাৰিগীত সমূহ অসমত প্রচলিত এবিধ জনপ্রিয় ধর্মীয় সঙ্গীত। মানৰ আক্ৰমণৰ সময়ত ৰজা চন্দ্ৰকান্ত সিংহক সহায় কৰিবলৈ পঞ্জাৱৰ ৰঞ্জিৎ সিংহৰ নিৰ্দেশত অসমলৈ অহা শিখ সৈন্যদল এটিৰ কিছু অংশ লোক অসমত থাকি শিখ ধর্ম বৰ্তাই ৰাখিও অসমীয়া ভাষা, সংস্কৃতি গ্রহণ কৰি জাতীয় জীৱনৰ অংগীভূত হৈ পৰিছিল। অসমৰ পূৱ অংশত বাস কৰা টাই, ফাকে, তুৰুং, আইহতন, খামটি, খাময়াং, নৰা সকল বৌদ্ধ ধর্মাৱলম্বী। মধ্যযুগত আহোম স্বৰ্গদেউ সকলে উদাৰ ধৰ্মনীতি গ্ৰহণ কৰিছিল আৰু বিভিন্ন ধৰ্মাৱলম্বী লোকক উপাসনা স্থলী আদি নিৰ্মাণ কৰাই দান-দক্ষিণাৰে পৃষ্ঠপোষকতা কৰিছিল।

প্রশ্ন ৯। উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্য কেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্রণ, আৰু বিৱৰ্তন কিয় অধিকতৰ হৈছে?

উত্তৰ। উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্য কেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্রণ আৰু বিৱৰ্তন অধিকতৰ হৈছে। ব্ৰহ্মপুত্ৰ উপত্যকা সাৰুৱা কৃষিভূমি আৰু প্ৰাকৃতিক সম্পদত চহকী এক উন্নত প্রাচীন সভ্যতাৰ অধিকাৰী দেশ চীনলৈ যাব পৰা এটা পথ থকাৰ উপৰি চীন দেশৰপৰা ৰোমান সাম্ৰাজ্যলৈ যোৱা মহাৰেচমী পথৰ এটা শাখা অসম হৈ আগবাঢ়িছিল। তদুপৰি অসমৰ প্রাকৃতিক সৌন্দর্য তথা নির্জনতা আদিৰ বাবে সুদূৰ অতীতৰপৰা বিভিন্ন নৃগোষ্ঠীৰ লোক স্বাভাৱিক প্ৰব্ৰজনকাৰী হিচাপে, আক্ৰমণকাৰী হিচাপে, ব্যৱসায়-বাণিজ্য কৰিবলৈ আৰু তীৰ্থ ভ্রমণ, আধ্যাত্মিক সাধনা আদি বিভিন্ন উদ্দেশ্যত অসমলৈ আহিছিল আৰু অসমত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল। ইতিমধ্যে উল্লেখ কৰা ভাৰতবৰ্ষত বসবাস কৰা প্ৰধান নৃ-গোষ্ঠী কেইটাৰ আটাইকেইটা নৃ-গোষ্ঠী অসমতো দেখা যায় আৰু সামগ্ৰিকভাৱে ভাৰতবৰ্ষত ঘটিত হোৱা নৃতাত্ত্বিক তথা সাংস্কৃতিক সংমিশ্রণৰ প্ৰক্ৰিয়াটো অসমতো ঘটিছিল আৰু অসমত আর্য অনাৰ্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্রিত সংস্কৃতিৰ উৎপত্তি হৈছিল।

অসমৰ প্ৰাচীন নাম প্ৰাগজ্যোতিষ আৰু কামৰূপ আছিল। ৰামায়ণ, মহাভাৰত, বিষ্ণুপুৰাণ কালিকা পুৰাণ, যোগিনী তন্ত্র, হিউৱেন চাঙৰ টোকা, অসমৰ প্রাচীন ৰাজ বংশসমূহৰ দিনৰ লিপিসমূহত এই নাম দুটা পোৱা যায়। এই শব্দ দুটা সংস্কৃত ভাষাৰ অন্তৰ্গত আৰু শব্দদুটাই হিন্দু জ্যোতিষ শাস্ত্র তথা হিন্দু পৌৰাণিক কাহিনীৰ সৈতে ৰাজ্যখনক সম্পর্কিত কৰিছে। অৱশ্যে বাণীকান্ত কাকতিদেৱে এই শব্দদুটাৰ সংস্কৃত ৰূপটো সৃষ্টি হোৱাৰ আগতে অষ্ট্ৰিক ভাষাৰ অনুৰূপ ধৰণৰ শব্দৰ পৰা উৎপত্তি হৈছিল বুলি মতপোষণ কৰিছে। খ্রিষ্টীয় ত্রয়োদশ শতিকাৰপৰা শাসন কৰিবলৈ লোৱা আহোমসকলৰ আৰু তেওঁলোকৰ শাসনাধীন অঞ্চলটোক তেওঁলোকৰ পূৰ্বৰ বাসিন্দা বড়োসকলে নামাংকিত কৰা ক্ৰমে ‘আ-চাম’ অথবা ‘হা-চোম’ শব্দৰ সংস্কৃত কৰণৰ জৰিয়তে অসম নামটোৰ উৎপত্তি হোৱা বুলি কিছুমান পণ্ডিতে মত পোষণ কৰে। এই সকলোবোৰ কাৰণে উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্রণ আৰু বিৱৰ্তন অধিকতৰ হৈছে।

প্রশ্ন ১০। ‘লোকসংস্কৃতি অধ্যয়নৰ বাবে দৰাচলতে সমগ্ৰ সমাজখনেই এখন কিতাপৰ দৰে’–এই প্ৰসংগত তোমাৰ মন্তব্য আগবঢ়োৱা৷

উত্তৰ। লোক সংস্কৃতিৰ অধ্যয়নৰ বাবে সমগ্ৰ সমাজখনেই এখন কিতাপৰ দবে। সমাজ এখন বিভিন্ন লোকসংস্কৃতিৰে ভৰপূৰ। দৈনন্দিন জীৱনত সৰ্বসাধাৰণ লোকে প্ৰতিটো মূহুৰ্ত্ততে কৰি থকা কাম আৰু আচৰণবোৰ মনোযোগেৰে পৰ্যবেক্ষণ কৰিলেই সমাজখনৰ লোক সংস্কৃতিৰ বিষয়ে বহু মূল্যৱান কথা জানিব পৰা যায়।

লোক সংস্কৃতিৰ দিশসমূহৰ উপৰিও সমাজৰ ভিন ভিন অঞ্চল, সম্প্রদায়, জাতি জনজাতিৰ মাজত প্রচলিত কথিত ভাষা, লোক সাহিত্য, গীত মাত-নৃত্য বাদ্য, পোছাক পৰিচ্ছদ, আ-অলংকাৰ, খোৱা-বোৱা, গৃহ নির্মাণ, কৃষি, পশুপালন, বিভিন্ন উৎসৱ, বাঁহ-বেত আদিৰ ব্যৱস্থাৰ পাৰিবাৰিক সামাজিক সম্পর্ক, ৰীতি-নীতি আদি বিষয়ক অনেক ক্ষেত্ৰত মন কৰিবলগীয়া অনেক তথ্য আমি পাব পাৰোঁ। এটা জাতি বা সমাজ এখনৰ স্বাভাবিক ৰূপ-ৰং, সুখ-দুখ, আনন্দ-বিনোদন আদি লোক সংস্কৃতিৰ জৰিয়তে প্রতিফলিত হয়। সমাজ এখনৰ সদস্যসকলে সমাজখনৰ লোক সাংস্কৃতিৰ কথাবোৰ কোনো প্রশিক্ষণ নোলোৱাকৈ দেখিশুনি পৰম্পৰাগতভাবে পুৰুষানুক্রমে আহৰণ কৰে। কিন্তু সেইবোৰৰ সৈতে অপৰিচিত লোক এজনে লোকসংস্কৃতি বিষয়ক প্ৰতিটো কথাকেই সূক্ষ্মাতিসূক্ষ্ম ভাৱে আৰু বিশেষ মনোযোগেৰে পৰ্যবেক্ষণ কৰিলেহে বুজি পায়। সম্প্রতি সমগ্র বিশ্বতে সমাজবিজ্ঞানী সকলোেৰ মাজত লোক সংস্কৃতিৰ অধ্যয়নৰ বিষয়ে বিশেষ আগ্রহ দেখা গৈছে কিয়নো লোকসংস্কৃতি অধ্যয়নৰ মাজেৰেই সমাজ এটাৰ বহুতখিনি তথ্য কিতাপৰ দৰে আমি পাব পাৰোঁ।

(ঘ) চমুটোকা লিখা :

১। প্রাচীন ভাৰতৰ ভাস্কর্য শিল্প ও 

প্রাচীন যুগতেই ভাৰতৰ ভাস্কর্য শিল্পৰ উৎকৰ্ষৰ এক পৰিপক্ক পর্যায় সৃষ্টি হৈছিল। সিন্ধুসভ্যতাৰ সময়তেই ভাৰতৰ ভাস্কর্য শিল্পৰ নিদৰ্শন পোৱা যায়। ইয়াৰ পৰবৰ্তী সময়ত পোৰা মাটি, শিল, ব্রঞ্জ, তাম, ৰূপ, সোণ আদিৰ মূৰ্ত্তি পোৱা যায়। ভাৰতীয় সকলে নিজে বিকশিত কৰা স্থানীয় কলাকৌশলৰ লগতে বিভিন্ন সময়ত বিদেশী বৈশিষ্ট্যৰ সংযোজন কৰিছিল। ভাৰতৰ বিভিন্ন প্রান্তত দেখিবলৈ পোৱা শিল্পত মুখাবয়ব তথা অংগ প্রত্যংগত সূক্ষ্ম কলাকৌশলৰ প্ৰয়োগেৰে অজস্র মূৰ্ত্তি নিৰ্মাণ কৰা হৈছিল। ইয়াৰ ভিতৰত গৌতম বুদ্ধ, মহাবীৰ, হিন্দু দেৱদেৱী, যক্ষ-যক্ষিণী, অপেশ্বৰী, হিন্দু তথা বৌদ্ধ ধর্মব লগত জড়িত জীৱ জন্তুৰ মূৰ্ত্তি এই ভাস্কর্য সমূহৰ ভিতৰত দেখা যায়। বিভিন্ন পার্থক্য আৰু বৈশিষ্ট্যৰ ভিত্তিত ভাৰতত গঢ়ি উঠা এই ভাস্কর্য শিল্পকলাক গান্ধাৰ শিল্পকলা, মথুৰা শিল্পকলা, আৰু অমৰাৱতী শিল্পকলা নামেৰে তিনিটা প্রধান ভাগত ভাগ কৰা হৈছে।

২। ভাৰতীয় চিত্রকলা :

 প্রাচীন ভাৰতীয় চিত্রকলাক প্রধানত দুটা ভাগত ভাগ কৰিব পাৰি। বৃহদাকাৰ দেৱালচিত্ৰ আৰু ক্ষুদ্ৰাকাৰ চিত্র। ক্ষুদ্রাকাৰ চিত্ৰসমূহ অলংকৃত কৰিবলৈ আৰু সচিত্ৰ বিবৰণ দিবলৈ অংকন কৰা হৈছিল। এই দুয়োটা চিত্ৰশৈলী ভাৰতৰ বিভিন্ন স্থানৰ গুহাৰ দেৱাল সমূহত অঁকা হৈছিল। এই গুহাসমূহৰ ভিতৰত অজস্তাগুহা, চিত্তনাৱাচল, আমামলাই আদি বিখ্যাত। ইয়াৰ ভিতৰত অজন্তাৰ দেয়ালৰ চিত্ৰসমূহ পৃথিবী বিখ্যাত। দশম শতিকা মানৰ পৰা অসম, ৰাজস্থান, উৰিষ্যা, মহীশূৰ তাঞ্জোৰ আদি ঠাইত তালপাত, সাঁচিপাত পাটকাপোৰ আদিত ক্ষুদ্ৰাকৃতিৰ চিত্ৰ অঁকা হৈছিল। মূলত সংশ্লিষ্ট গ্রন্থসমূহৰ বিষয়বস্তুৰ সচিত্র বিৱৰণ দিয়াৰ উদ্দেশ্যে চিত্ৰবোৰ অঁকা হৈছিল। খ্রীষ্টপূর্ব প্রথম শতিকাতে চিত্র অংকণ কৰাৰ বাবে প্রয়োজনীয়।

আকৃতি, জোখ-মাখ, আবেগ অনুভূতি প্রকাশক কৌশল, কলাত্মক উপস্থাপন সাদৃশ্য জ্ঞান আৰু তুলিকা ব্যবহাৰৰ নিয়ম এই ষড়াংগৰ চৰ্চ্চা হৈছিল। চিত্ৰসমূহৰ ৰংবোৰ এলাহ্নু, হালধি, সেন্দুৰ, শিলিখাৰ ৰস, কেঁচুৰ ৰস আদিৰে তৈয়াৰ কৰিছিল।

মোগলসকলৰ দিনত আকবৰ, জাহাঙ্গীৰ আৰু ছাহাজাহানৰ পৃষ্ঠপোষকতাত ক্ষুদ্ৰাকাৰ চিত্ৰশিল্পৰ চৰ্চ্চা হয়। পাদছাহনামা, তুতিনামা, জাহাংগীব নামা, দাস্তান-ই আমীৰ, খামদা আদি গ্রন্থ সচিত্ৰকৈ অঁকা হৈছিল। ফাৰ্চী ৰীতিৰ এই চিত্রশৈলীৰে ৰামায়ণ-মহাভাৰত আদি হিন্দু গ্রন্থও চিত্র আঁকিবলৈ লোৱা হয়।

৩। ভাৰতৰ সংগীত আৰু নৃত্যকলাৰ ঐতিহ্য :-

সংগীতৰ ক্ষেত্ৰত ভাৰতৰ এক সমৃদ্ধশালী ঐতিহ্য আছে। সামবেদৰ স্তোত্ৰসমূহ যজ্ঞত দেৱতাৰ সন্তুষ্টিৰ অর্থে উদ্‌গাতা নামৰ পুৰোহিত সকলে গীত আকাৰে পাঠ কৰিছিল। পৰবৰ্তী সময়ত উদ্‌গাতা সকলৰ সুৰ, তালৰ পৰিবৰ্তন ঘটি বিভিন্ন শাখা প্রশাখাত ভাগ হৈ পৰে। ভৰত মুনিৰ নাট্যশাস্ত্ৰত নাটক, সংগীত আৰু নৃত্যৰ বিষয়ে ৬০০০ শ্লোকত বিভিন্ন নীত নিয়ম লিপিবদ্ধ আছে। ভাৰতৰ ধ্রুপদী সংগীতৰ পৰম্পৰা গুরু-শিষ্য, অনুক্রমে বৰ্তমানলৈ সবল ৰূপত বৰ্তি আছে। সংগীতৰ লগতে বিভিন্ন প্ৰকাৰৰ বাঁহী, পেঁপা, চেহনাই, ঢোল, তবলা বিভিন্ন ধৰণৰ তাল, চেতাৰ, চাৰিন্দা দোতোৰা আদি বিভিন্ন বাদ্যযন্ত্র ধ্রুপদী সংগীত আৰু লোকসংগীতৰ লগত সংগত কৰিবলৈ উদ্ভাৱন কৰা হৈছিল আৰু বৰ্তমানো প্রচলিত হৈ আছে৷ নৃত্যৰ ক্ষেত্ৰতো ভাৰতবৰ্ষৰ সমৃদ্ধশালী পৰম্পৰা আছে। দেশৰ চুকে-কোণে থকা অজস্র লোকনৃত্যৰ উপৰিও চৰকাৰী স্বীকৃতি প্রাপ্ত আঠবিধ ধ্রুপদী নৃত্য আছে। সেইবোৰ হ’ল—কথাকলি, মোহিনী আট্টম, ভাৰত নাট্যম্, কুচিপুড়ী, অ’ডিছি, কথক, সত্ৰীয়া আৰু মণিপুৰী।

৪। অসমৰ ভাস্কর্য শিল্প :- 

অসমৰ ভাস্কর্য শিল্পৰ নিদর্শন পোৱা যায় বিভিন্ন ঠাইৰ মন্দিৰৰ দেৱালত খোদিত কৰা, দ্বি-মাত্রিক, অথবা পূর্ণাংগ ৰূপত নির্মিত বা, ত্রিমাত্রিক মূৰ্ত্তি সমূহত। শিলৰ বাহিৰে হাতী দাঁত, সোণ, ৰূপ, তাম, কাঠ আদিৰে মূৰ্ত্তি নিৰ্মাণ কৰা হৈছিল। মূৰ্ত্তিবোৰৰ ভিতৰত দেৱীমূৰ্ত্তি, শিৱ, বিষ্ণু, গণেশ, সূর্য, মগৰ, ঘোঁৰা, হাতী, সিংহ আদি আছিল। তেজপুৰৰ দ-পবর্তীয়া অঞ্চল, বামুণী পাহাৰ, মদনকামদেৱ, আমবাৰী, ডবকা, সূর্যপাহাৰ, শুক্লেশ্বৰ, আদি ঠাইত ভাস্কর্য শিল্পৰ নিদৰ্শন আবিষ্কৃত হৈছে। কলা নিপুণতাৰ দিশৰপৰা দ-পৰ্বতীয়া অঞ্চল শিলৰ তোৰণৰ নিম্ন অংশত থকা গংগা, যমুনাৰ মূৰ্ত্তি দুটা সৰু যদিও দেহাৱয়ৱ আনুপাতিক, দ্বিভংগ ভংগিমাত লয়-লাস পূর্ণ ৰূপত নির্মাণ কৰা হৈছে। এই ভাস্কর্য গুপ্তযুগৰ প্ৰভাৱত খ্রিষ্টীয় ষষ্ঠ শতিকাত নির্মিত হোৱা বুলি ঠাৱৰ কৰা হৈছে। মদন কামদেবৰ মৈথুন মূৰ্ত্তিবোৰ কোনো তান্ত্রিক উদ্দেশ্যত নিৰ্মিত হৈছিল বুলি কিছুমান পণ্ডিতে মত প্রকাশ কৰিছে। নৃত্যৰতা আৰু প্ৰেম প্রকাশক ভংগিমাৰে পুৰুষ নাৰী, বিভিন্ন জীৱজন্তু আৰু ভৈৰৱ, সূৰ্য, বিষ্ণুৰ মূৰ্ত্তি আদি ইয়াত দেখিবলৈ পোৱা যায়।

৫। অসমৰ স্থাপত্য শিল্প :-

 বর্তমান সময়ত অসমত যিবোৰ স্থাপত্য শিল্পৰ নিদর্শন পোৱা গৈছে সেইবোৰৰ বেছিভাগেই মধ্যযুগৰ আৰু আহোম ৰাজবংশৰ নাইবা কোচ ৰজাসকলৰ পৃষ্ঠপোষকতাত নিৰ্মিত হৈছিল। আহোম ৰাজত্ব কালৰ শিৱসাগৰত থকা অট্টালিকা তিনিটা ক্ৰমে ৰংঘৰ, কাৰেংঘৰ আৰু গড়গাঁৱৰ তলাতল ঘৰ আৰু ভালেমান মন্দিৰ এতিয়াও বর্তি আছে। সেই সময়ত নির্মিত প্রাচীন মন্দিৰবোৰ হ’ল কামাখ্যা মন্দিৰ, উগ্ৰতাৰা মন্দিৰ, উমানন্দ মন্দিৰ, নৱগ্ৰহ মন্দিৰ, শিৱদল, জয়দ’ল, দেৱীদল, ফাকুৱা দ’ল, নেঘেৰিটিঙৰ শিৱদ’ল, হাজো মন্দিৰ, শুক্লেশ্বৰ মন্দিৰ দেৱালয়, দেৰগাঁৱ আৰু বিশ্বনাথৰ শিৱমন্দিব ৷ আহোম ৰাজত্বকালত ভালেমান শিলৰ দলং নিৰ্মাণ কৰা হৈছিল। এইবোৰৰ ভিতৰতনামদাঙ, দৰিকা, আৰু দিনজয়ৰ শিলৰ সাঁকো আদি বিখ্যাত। 

৬। অসমৰ বৈষ্ণৱী সাহিত্য :

 পঞ্চদশ শতিকাত শংকৰদেৱ আৰু মাধৱদেৱৰ নেতৃত্বত আৰম্ভ হোৱা নৱবৈষ্ণৱ আন্দোলনে অসমীয়া সমাজ জীৱনৰ সকলো ক্ষেত্রকে গভীৰভাবে প্রভাবিত কৰিছে। এই ধর্মীয় আন্দোলনৰ প্ৰভাৱত অসমীয়া সাহিত্যতো এক জোৱাৰ সৃষ্টি হয় আৰু বহু সংখ্যক কাব্য, নাট, গীত, চৰিত পুথি, গদ্য সাহিত্য ৰচিত হয়। শংকৰদেৱৰ কীৰ্তন আৰু মাধৱদেৱৰ নামঘোষা আৰু এওঁলোকৰ বৰগীত সমূহ অসমীয়া সমাজত সৰ্বাধিক জনপ্রিয়। শংকৰদেৱে ৰচনা কৰা পত্নীপ্রসাদ, কালিয়দমন, কেলি গোপাল, ৰুক্মিণীহৰণ, পাৰিজাত হৰণ, ৰামবিজয় মাধৱদেৱৰ চোৰধৰা, পিম্পৰা গুচোৱা আদি অংকীয়া নাট জনসমাগমৰ উপস্থিতিত মঞ্চস্থ কৰা হয়।

৭। অসমৰ লোক সংগীত :-

 অসমত ভিন ভিন পৰিৱেশ তথা ভিন ভিন প্ৰয়োজনত গোৱা বিভিন্ন ধৰণৰ লোকসংগীতৰ প্ৰচলন আছে। কিছুমান লোকসংগীত প্রায় বিলুপ্তিৰ পথত যদিও আন কিছুমান এতিয়াও বহুলভাবে প্রচলিত হৈ আছে। অসমৰ লোকসংগীতৰ ভিতৰত কেঁচুৱা টোপনি নিওঁৱা, নিচুকণি গীত, বিয়ানাম, আইনাম, ধাইনাম, কামৰূপী লোকগীত গোৱালপৰীয়া লোকগীত, টোকাৰী গীত আদি উল্লেখযোগ্য। এইবোৰৰ ভিতৰত বিয়ানাম, কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ বিশেষ জনপ্রিয়তা আছে। বিয়ানামবোৰ দৰা-কইনা নোৱাবৰ বাবে, দৰা আদৰাৰ বাবে, দৰাঘৰীয়া আৰু কইনাঘৰীয়াই পৰস্পৰে জোকাবলৈ আৰু কইনা বিদায়ৰ সময়ত গোৱা হয়। বৰষুণ আহিবলৈ পতা ভেঁকুলি বিয়া আৰু তোলনি বিয়াৰ সময়ত গোৱা বিয়ানামো উল্লেখযোগ্য লোকসংগীত। কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত আৰু টোকাৰি গীতসমুহ ঘাইকৈ জীৱনৰ সুখ-দুখ, দেহৰ ক্ষণভংগুৰতা, জীৱনত ঈশ্বৰ চিন্তাৰ গুৰুত্ব, দেৱদেৱীৰ প্ৰশস্তি আদি প্ৰকাশমূলক গীত গোৱালপৰীয়া লোকগীত স্থানীয় কিম্বদস্তি তথা হাতী ধৰা আৰু পোহমনোৱা বিষয়ক লৈ ৰচিত।

৮। অসমৰ ধৰ্মীয় সংহতি : 

অসমৰ বেছি সংখ্যক লোকেই হৈছে হিন্দু ধৰ্মাৱলম্বী৷ ইয়াৰ উপৰি ইছলাম, খ্রিষ্টীয়ান, জৈন, বৌদ্ধ শিখ আৰু জনজাতীয় ধৰ্মৰ লোক আছে। হিন্দুধৰ্মৰ ভিতৰত শাক্ত, শৈৱ, বৈষ্ণৱ আৰু সৌৰপন্থীৰ লোক দেখা যায়। অসমৰ প্ৰৱল প্ৰভাৱী শক্তিপীঠ কামাখ্যা মন্দিৰ পৃথিৱী বিখ্যাত। নৱবৈষ্ণৱ আন্দোলনৰ সময়ত অসমৰ বহু সংখ্যক লোকক বৈষ্ণৱী ভক্তিমাৰ্গৰ অনুগামী কৰিছিল। খ্রিষ্টীয় ত্রয়োদশ শতিকাৰ প্ৰথমভাগত অসমত ইছলাম ধৰ্মৰ আগমন ঘটাৰ তথ্য পোৱা গৈছে। অসমলৈ অহা চুফীসাধক আজান পীৰ নামে খ্যাত চাহ মিলনে ৰচনা কৰা জিকিৰ আৰু জাৰি সমূহ এবিধ জনপ্রিয় ধর্মীয় সংগীত। পঞ্জাৱৰ পৰা অসমলৈ অহা শিখসকলে শিখধর্ম বৰ্তাই ৰাখিও অসমীয়া ভাষা, সংস্কৃতি গ্রহণ কৰি জাতীয় জীৱনৰ অংগীভূত হৈ পৰিছে। অসমৰ পূব অংশত টাইফাকে, তুং, খামটি, নৰা আদি বৌদ্ধধর্মাৱলম্বী মানুহ আছে। মধ্যযুগৰ বিভিন্ন ধর্মাবলম্বী লোকসকলৰ উপাসনাস্থলী সমূহ আহোম স্বৰ্গদেউ সকলে দান-দক্ষিণাৰে পৃষ্ঠপোষকতা কৰিছিল।

৯। অসমৰ বুৰঞ্জী সাহিত্য 

অসমৰ বুৰঞ্জী সাহিত্য সমূহ মধ্যযুগৰ আহোম ৰজা, ডা-ডাঙৰীয়া সকলৰ পৃষ্ঠপোষকতাত ৰচিত হৈ অসমৰ সাহিত্য ভাণ্ডাৰলৈ এক গুৰুত্বপূর্ণ সংযোজন ঘটাইছে। ৰাজকীয় ঘটনাৱলী সন্নিবিষ্ট এই ৰচনা সমূহ প্ৰথম অৱস্থাত আহোমসকলৰ নিজৰ ভাষাত ৰচিত হৈছিল, যদিও ষোড়শ শতিকাৰ পৰা অসমীয়া ভাষাতো এইবোৰ লিখিবলৈ লোৱা হয়। ব্রিটিছ শাসনকালত উদ্ধাৰ হোৱা বুৰঞ্জীসমূহ হ’ল কছাৰী বুৰঞ্জী, জয়ন্তীয়া বুৰঞ্জী, ত্ৰিপুৰা বুৰঞ্জী, পদ্য বুৰঞ্জী, পাদশাহ বুৰঞ্জী, দেওধাই বুৰঞ্জী, তুংখুংগীয়া বুৰঞ্জী আদি।

১০। বিহু উৎসৱ বিহু অসমৰ জাতীয় উৎসৱ বিহু তিনিটা।

 বহাগ বিহু বা ৰঙালী বিহু, কাতিবিহু বা কঙালী বিহু আৰু মাঘ বিহু বা ভোগালী বিহু নামেৰে তিনিটা উৎসৱ পালন কৰা হয়। ৰঙালী বিহু চ’ত মাহৰ শেষ দিনটোৰ পৰা আৰম্ভ হয় আৰু বহাগৰ প্রথম ছয় দিনলৈ পালন কৰা হয়। চ’তৰ শেষ দিনটোক দোমাহী আৰু গৰু বিহু বুলি কোৱা হয়। কৃষিজীবী অসমীয়া সমাজত কৃষিৰ ক্ষেত্ৰত গৰুক ব্যৱহাৰ কৰা হয় বাবে এই দিনটোক গৰু বিহু বুলি কোৱা হয়। সেইদিনা গৰুক নীতি-নিয়মৰ মাজেৰে নদী বা পুখুৰীত গাধুৱাই গধূলি ধূপ-ধুনা জ্বলাই গৰুক নতুন পঘাৰে আদৰি নিয়া হয়। দ্বিতীয় দিনটোক মানুহ বিহু বোলা হয়। সেইদিনত সৰু ডাঙৰক সেৱা জনাই শ্রদ্ধা নিবেদন কৰে। এই কেইদিনত ৰাজহুৱা স্থানত খেল ধেমালি, গীত মাতৰ আয়োজন কৰা হয়। হুঁচৰি, নৃত্য গীত কৰি গৃহস্থক আশীর্বাদ দিয়ে। এনেদৰে গোসাই বিহু, কুটুম বিহু, চেনেহী বিহু, মেলা বিহু আৰু চেৰা বিহু পালন কৰা হয়। বহাগ বিহুৰ সমধর্মী হিচাপে উদযাপন কৰা দৰং জিলাৰ দেউল, পুৰণি কামৰূপৰ ভঠেলি আদি উল্লেখযোগ্য।

কাতিমাহৰ প্ৰথম দিনটোত কাতিবিহু পালন কৰা হয়। এই বিহু আধ্যাত্মিক পৱিত্ৰতাৰে বিভিন্ন ৰীতি নীতিৰে পালন কৰা হয়। দিনটো ব্ৰত ৰাখি গধূলি তুলসীৰ তলত আৰু শস্য পথাৰত চাকি-বস্তি জ্বলোৱা হয়। বড়ো সকলেও সিজুগছৰ তলত চাকি জ্বলায়৷

পুহ মাহৰ শেষ ৰাতি ভেলা ঘৰত অগ্নি সংযোগ কৰি মাঘবিহুৰ আৰম্ভ কৰা হয়। পুহৰ এই শেষৰ দিনটোক উৰুকা বোলে। গাঁও অঞ্চলত ডেকা সকলে ভেলাঘৰ সাজে আৰু ৰাতি ভোজৰ আয়োজন কৰে। ৰাতিপুৱা গা-পা ধুই মেজিত জুই জুলাই অগ্নিক পূজা কৰা হয়। তাৰ পিছত অভ্যাগত সকলক দৈ, সান্দহ, চিৰা, পিঠা, জলপান আদিৰে আপ্যায়িত কৰে। এই সময় খাদ্য সামগ্রী উভৈনদী হয় আৰু খোৱাবোৱাৰ প্ৰাধান্য থকা বাবে মাঘবিহুক ভোগালী বিহু বোলে। অসমৰ বিহু উৎসৱৰ ৰীতি নীত সমূহৰ মাজত অসমৰ আৰ্য-অনার্য বিভিন্ন জাতি উপজাতি লোক সংস্কৃতিৰ উপাদানৰ সংমিশ্রণ দেখা যায়।

Leave a Reply