SEBA Class-10 Social Science| Chapter-4| ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

SEBA Class-10 Social Science| Chapter-4| ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ. The answer to each chapter is provided in the list so that you can easily browse throughout different chapters  SEBA Class-10 Social Science| Chapter-4| ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ Class 10 Social Science SEBA Notes and Question Answer In Assamese Medium and select need one.

SEBA CLASS 10 (Ass. MEDIUM)

  1. English Solutions
  2. অসমীয়া Questions Answer
  3. বাংলা Questions Answer
  4. বিজ্ঞান Questions Answer
  5. সমাজ বিজ্ঞান Questions Answer
  6. हिंदी ( Elective ) Questions Answer
  7. ভূগোল (Elective) Questions Answer
  8. বুৰঞ্জী (Elective) Questions Answer
  9. Hindi (MIL) Question Answer

SEBA Class-10 Social Science| Chapter-4| ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions For SEBA Class-10 Social Science| Chapter-4| ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ Solutions for All Subjects, You can practice these here.

■ অনুশীলনীৰ প্রশ্নোত্তৰ ■

 (ক) অতি চমু উত্তৰৰ প্ৰশ্ন : 

প্রশ্ন ১। য়াণ্ডাবু সন্ধি কেতিয়া হৈছিল?

উত্তৰ। ১৮২৬ চনৰ ২৬ ফেব্ৰুৱাৰীত।

প্রশ্ন ২। কোম্পানীৰ আমোল বুলিলে কোনটো সময়ক বুজোৱা হয়?

 উত্তৰ। ১৮২৬ চনৰ পৰা ১৮৫৮ চনলৈ এই সময়ছোৱাক।

প্রশ্ন ৩। অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল?

উত্তৰ। ১৮৩৭ চনৰ পৰা।

প্রশ্ন ৪। বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল?

উত্তৰ। ১৮৭৩ চনত।

প্রশ্ন ৫। অৰুণোদয় কাকতৰ প্ৰথম সম্পাদক কোন আছিল?

উত্তৰ। চন্দ্ৰকুমাৰ আগৰৱালা।

প্রশ্ন ৬। অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন কি আছিল ?

উত্তৰ। ‘মিলন’।

প্রশ্ন ৭। ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য কি আছিল?

 উত্তৰ। গ্রেজিং কৰ বন্ধ কৰা, মাটিৰ খাজনা হ্রাস কৰা আৰু পূৰ্ববংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা।

প্রশ্ন ৮। সদৌ অসম ৰায়ত সভাৰ গঠন কেতিয়া হৈছিল?

উত্তৰ। ১৯৩৩ চনত।

প্রশ্ন ৯। আহোম সভাৰ সম্পাদক কোন আছিল ?

উত্তৰ। পদ্মনাম গোহাঁইবৰুৱা ৷

প্রশ্ন ১০। যোৰহাট সার্বজনিক সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল?

উত্তৰ। ১৮৮৪ চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত।

প্রশ্ন ১১। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক কোন আছিল?

উত্তৰ। প্ৰথমজন সভাপতি কুলধৰ চলিহা আৰু সম্পাদক আছিল নবীনচন্দ্র বৰদলৈ।

প্রশ্ন ১২। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নির্বাচিত প্রথমজন সভাপতি কোন আছিল?

উত্তৰ। বিষ্ণুৰাম মেধি।

প্রশ্ন ১৩। অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আৰু কেতিয়া নির্বাচিত হৈছিল?

উত্তৰ। গোপীনাথ বৰদলৈ ১৯৪৬ চনত অসমৰ প্রথম প্রধানমন্ত্রী নির্বাচিত হৈছিল।

প্রশ্ন ১৪। অসমত স্থাপিত হোৱা প্ৰথমখন জাতীয় অনুষ্ঠান কি?

উত্তৰ। আছাম এছ চিয়েছন।

প্রশ্ন ১৫। কুশল কোঁৱৰক কি অপৰাধত ফাঁচী দিয়া হৈছিল ?

 উত্তৰ। বৰপথাৰত বেল বগৰোৱাৰ অভিযোগত কুশল কোৱৰক ফাঁচী দিয়া হৈছিল।

প্রশ্ন ১৬। গৌহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল?

উত্তৰ। ১৯৪৮ চনৰ ২৬ জানুৱাৰীত।

প্রশ্ন ১৭। অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া নামাংকিত হয়?

উত্তৰ। ১৯৪৭ চনৰ ৩ নৱেম্বৰত।

প্রশ্ন ১৮। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হয়?

উত্তৰ। ১৯৬০ চনৰ ২০ ছেপ্টেম্বৰত।

• (খ) চমু উত্তৰৰ প্ৰশ্ন ঃ

প্রশ্ন ১। অসমীয়া লিটাৰেৰী ছ’চাইটিৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ। দেবীচৰণ বৰুৱা আৰু গুণগোবিন্দ ফুকনৰ নেতৃত্বত ১৮৭২ চনত ‘অসমীয়া লিটাৰেৰী ছ’চাইটী’ নামৰ অনুষ্ঠানটোৰ জন্ম হৈছিল। ইয়াৰ উদ্দেশ্য আছিল সাহিত্যচর্চ্চা; যদিও ৰাজনৈতিক চিন্তাৰো প্ৰকাশ ইয়াত ঘটিছিল। এই সংগঠনৰ সদস্য জগন্নাথ বৰুৱা আৰু মাণিক চন্দ্ৰ বৰুৱাই এই ছ’চাইটীৰ ফালৰ পৰা ভাইচৰয় লর্ড নর্থব্রুকক এখন স্মাৰকপত্ৰ দিছিল। স্মাৰকপত্ৰত উল্লেখ কৰিছিল যে অসমৰ প্ৰাকৃতিক সম্পদ উন্নয়ন, আৰু অসম আৰু বংগৰ মাজত ৰেল সংযোগ স্থাপনৰ বাবে যাবতীয় পদক্ষেপ গ্ৰহণ কৰিব লাগে। এই সংগঠনটো ১৮৮৫ চনলৈকে সক্ৰিয় হৈ আছিল।

প্রশ্ন ২। জোনাকী যুগ বুলিলে কোনটো সময়ক বুজোৱা হয়? এই যুগৰ উল্লেখযোগ্য জাতীয়তাবাদী উত্তৰণৰ এটা আভাষ দিয়া।

উত্তৰ। ঊনবিংশ শতিকাৰ অসমৰ নৱজাগৰণৰ চমকপ্রদ অধ্যায়টোৰ সূচনা হৈছিল ১৮৮৯ চনৰ জানুৱাৰী মাহত প্ৰকাশ পোৱা ‘জোনাকী’ নামৰ মাহেকীয়া সাহিত্য আলোচনী খনৰ জন্মৰ লগে লগে। অসমীয়া ভাষা উন্নতি সাধিনী সভাই। এই জোনাকী আলোচনীখন প্ৰকাশ কৰিছিল, আৰু সেয়ে এইখিনি সময়ক জোনাকী যুগ বুলি কোৱা হৈছিল। জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা।

জোনাকীয়ে সেই সময়ৰ বহু নতুন সাহিত্যিক প্রতিভাৱান মানুহক উলিয়াই আনিবলৈ সক্ষম হৈছিল। জোনাকীৰ প্রথম সংখ্যাত স্পষ্ট কৰা হৈছিল যে ই ৰাজনীতিৰ পৰা মুক্ত হৈ থাকিব। কিন্তু কালক্ৰমত স্বাভাৱিকতেই জোনাকীত প্রকাশিত কবিতা, প্রবন্ধ, নিবন্ধ সমূহত লেখক সকলৰ জাতীয়তাবাদী চিন্তাৰ প্রতিফলন ঘটিছিল।

প্রশ্ন ৩। আহোম সভাৰ ৰাজনৈতিক দাবী সম্পর্কে চমুকৈ লিখা।

উত্তৰ৷ পদ্মনাথ গোহাঁইবৰুৱাৰ নেতৃত্বত ১৮৯৩ চনত আহোম সভাৰ প্ৰতিষ্ঠা হৈছিল। এই সভাৰ প্ৰথম অধিৱেশন ১৮৯৩ চনত শিৱসাগৰ জিলাত অনুষ্ঠিত হৈছিল। সংগঠিত হোৱাৰ পৰা প্ৰায় ৪০ বছৰ ধৰি আহোম সভাৰ সম্পাদক আছিল পদ্মনাথ গোহাঁইবৰুৱা। আহোম জনগোষ্ঠীৰ ৰাজনৈতিক, অর্থনৈতিক, শৈক্ষিক, সাংস্কৃতিক অৱনতিৰ প্ৰতি লক্ষ্য ৰাখি এই সভা গঠন কৰা হৈছিল। কানি বিৰোধী আন্দোলন আহোম সভাৰ এক অন্যতম কার্য আছিল। আহোম জনগোষ্ঠীৰ মাজৰপৰা কানিৰ প্ৰচলন আঁতৰাবলৈ সভাই অহোপুৰুষাৰ্থ কৰিছিল।

১৯১০ চনত এই সভাক ‘সদৌ অসম আহোম এছ’চিয়েছন’ নামেৰে নামকৰণ কৰা হৈছিল। এই এছ’চিয়েছনৰে এক উল্লেখযোগ্য ৰাজনৈতিক দাবী আছিল— ““আহোমসকলক চৰকাৰীভাৱে সংখ্যালঘু সম্প্ৰদায়ৰ মর্যাদা প্রদান কৰি তেওঁলোকৰ বাবে বিধানসভাত আসন সংৰক্ষণ কৰা আৰু পৃথক সমষ্টি গঠন কৰা।

প্রশ্ন ৪। কানিৰ প্ৰচলন সম্পর্কে যোৰহাট সার্বজনিক সভাৰ স্থিতি কি আছিল চমুকৈ লিখা।

উত্তৰ। ১৮৮৪ চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত যোৰহাট সার্বজনিক সভা স্থাপিত হয়। এই সভাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল ৰজা নৰনাৰায়ণ সিংহ আৰু সম্পাদক আছিল জগন্নাথ বৰুৱা ৷ যোৰহাট সার্বজনিক সভাই ১৮৯৩ চনত অসমৰ মুখ্য সচিবৰ জৰিয়তে ৰাজকীয় কানি আয়োগলৈ স্মাৰকপত্রযোগে কানিৰ একাধিক উপকাৰিতাৰ লেখ দি চৰকাৰৰ কানি নীতি পৰিবৰ্তন বা নিবাৰণৰ প্ৰস্তাৱৰ বিৰোধিতা কৰিছিল। এইটো আছিল উক্ত সভাৰ কানি সম্পর্কে স্থিতি।

প্রশ্ন ৫। আছাম এছ’চিয়েছনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ কি আছিল? 

উত্তৰ ৷ আছাম এছ’চিয়েছনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ তলত দিয়া হ’ল—–

        (১) আছাম এছ’চিয়েছনে বংগ বিভাজনৰ বিৰোধিতা কৰি অসমক পূৰ্ববংগৰ পৰা পৃথক কৰিবলৈ চৰকাৰৰ ওচৰত স্মাৰকপত্র দাখিল কৰিছিল।

        (২) আছাম এছ’চিয়েছনে বিধানসভাত প্রতিনিধিত্বৰ দাবী উত্থাপন কৰিছিল। 

       (৩) ১৯১৮ চনৰ মন্টেগ’-ছেমছফ’ৰ্ড ৰিপৰ্ট’ৰ আধাৰত প্ৰস্তাৱিত শাসন সংস্কাৰত অসমক সামৰি লোৱাৰ দাবী তুলিছিল।

       (৪) আছাম এছ’চিয়েছনে অসমত বিশ্ববিদ্যালয় স্থাপনৰ বাবেও দাবী উত্থাপন কৰিছিল।

প্রশ্ন ৫। অসমত বিদেশী বস্তু বর্জন আন্দোলনৰ কাৰ্য্যাৱলী সম্পর্কে চমুকৈ লিখা।

উত্তৰ। ১৯০৫ চনৰ ৭ আগষ্ট তাৰিখে কলিকতাৰ টাউন হলত হোৱা এখন জনসভাত গোটেই ভাৰততে বিদেশী বস্তু বৰ্জনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সেই মর্মে অসমৰ বিভিন্ন ঠাইত প্রতিবাদী কাৰ্যসূচী গ্রহণ কৰা হৈছিল। বিভিন্ন সম্প্ৰদায়ৰ লোকে ইয়াত অংশ গ্রহণ কৰি ৰাখীবন্ধনৰ জৰিয়তে নিজকে একত্রিত কৰিছিল। বিদেশী বস্তু বৰ্জন আৰু জাতীয় শিক্ষানুষ্ঠান স্থাপন, আৰু থলুৱা সামগ্রী ব্যৱহাৰ জাতীয় স্বাধীনতা আন্দোলনৰ মুখ্য বিষয় হৈ পৰিছিল। অসমৰ মানুহে নিমখৰ সলনি খাৰ, বিদেশী চেনিৰ সলনি বেনাৰসৰ চেনি বিদেশী বস্তুৰ সলনি থলুৱা কাপোৰ ব্যৱহাৰ কৰিছিল। ছাত্রসমাজৰ মাজত এই আন্দোলন জনপ্ৰিয় কৰি তোলাত অম্বিকাগিৰি ৰায়চৌধুৰী আৰু গোবিন্দ লাহিড়ীয়ে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল।

প্রশ্ন ৬। অসমত অসহযোগ আন্দোলনত নেতৃত্ব দিয়া অসমীয়া নেতাসকলৰ বিষয়ে উল্লেখ কৰা।

উত্তৰ। ১৯২১ চনত মহাত্মা গান্ধীৰ অসম আগমনে অসমত অসহযোগ আন্দোলন অধিক জনপ্রিয় কৰি তুলিছিল। গান্ধীয়ে ভাষণ প্রদান আৰু অংশগ্রহণ কৰা সভাসমূহত বৃহৎ সংখ্যক জনসাধাৰণে অংশগ্ৰহণ কৰিছিল। গান্ধীৰ আহ্বানক্ৰমে জনসাধাৰণে বিদেশী বস্ত্ৰ বৰ্জন আন্দোলনত অংশগ্ৰহণ কৰি বিদেশী বস্তুসমূহৰ মেজি সাজি জুই লগাই দি ইয়াক বিসর্জন দিছিল। চন্দ্রনাথ শৰ্মা, হেমচন্দ্ৰ বৰুৱা, অমিয় কুমাৰ দাস, মুহিবুদ্দিন আহমেদ আদিৰ নেতৃত্বত অসমৰ যুৱকসকলেও চৰকাৰী শিক্ষানুষ্ঠানসমূহ বৰ্জন কৰি এই আন্দোলনত অংশগ্রহণ কৰিছিল। সেই সকলৰ অগ্ৰগণ্য কেইজনমান হ’ল—লক্ষীধৰ শৰ্মা, ৰোহিণীকান্ত হাতীবৰুৱা, বিমলাকান্ত বৰুৱা, কনক চন্দ্ৰ বৰুৱা, বেণুধৰ শৰ্মা, তিলক শৰ্মা আদি।

প্রশ্ন ৮। কানিংহাম চার্কুলাৰে অসমত আইন অমান্য আন্দোলনৰ ক্ষেত্ৰত কেনে প্রভাৱ পেলাইছিল ?

উত্তৰ। অসমত আইন অমান্য আন্দোলনত যুৱনেতা সকলে ছাত্র সকলক আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। কিন্তু ছাত্ৰসকলৰ সঁহাৰি আছিল নিৰাশাজনক। যেতিয়া ব্রিটিছে ১৯৩০ চনৰ ১৪ এপ্রিল নেহৰুক আৰু ৫ মে’ত গান্ধীক গ্ৰেপ্তাৰ কৰে তেতিয়া বহু ছাত্ৰই হৰতাল কাৰ্যসূচীত অংশ লৈছিল। সেই সময়ত অসমৰ শিক্ষাধিকর্তা আছিল জে. আৰ, কানিংহাম। ১৯৩০ চনত কানিংহামে প্ৰকাশ কৰা কানিংহাম চার্কুলাৰৰ বাবে পৰিস্থিতি অধিক স্পর্শকাতৰ হৈ পৰিছিল। এই চার্কুলাৰ মতে ছাত্ৰ আৰু তেওঁলোকৰ অভিভাৱক সকলে কোনো ধৰণৰ ৰাজনৈতিক কার্যকলাপত অংশগ্ৰহণ নকৰাৰ লিখিত প্রতিশ্রুতি দিব লগীয়া হৈছিল। যিবিলাক ছাত্ৰ দোষী সাব্যস্ত হয় তেওঁলোকক জৰিমনা বিহাৰ লগতে ছাত্র বৃত্তিৰ পৰা বঞ্চিত কৰা হব বুলি জাননী জাৰি কৰিছিল। ছাত্ৰসকলে এই জাননীৰ বিৰুদ্ধে তীব্র প্রতিক্রিয়া প্ৰকাশ কৰিছিল যিয়ে পিছলৈ অসমত আইন অমান্য আন্দোলনৰ প্ৰসাৰতাত প্ৰভাৱ পেলাইছিল।

প্রশ্ন ৯। গোপীনাথ বৰদলৈ মন্ত্রীসভাই স্বাধীনতাৰ পিছত মুখামুখি হোৱা সমস্যা সম্পর্কে লিখা।

উত্তৰ। গোপীনাথ বৰদলৈ মন্ত্রীসভাই স্বাধীনতাৰ পিছত বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছিল। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল সীমান্ত সমস্যাৰ সন্মুখীন হৈছিল। ১৯৪৭ চনৰ দেশ বিভাজনে ভাৰতবৰ্ষৰ আন আন অঞ্চলৰ লগত উত্তৰ-পূৱ ভাৰতৰ যোগাযোগ বিঘ্নিত কৰিছিল। মাত্র ১২ কিলোমিটাৰ বহল এক সংকীর্ণ ভূখণ্ডইহে উত্তৰ-পূৱক ভাৰতৰ লগত সংযোগ কৰিছিল। বিভাজনৰ পিছত পশ্চিমবংগ আৰু অসমৰ মাজৰ ৰেলপথ আৰু নদী পৰিবহণ হঠাতে পূৱ পাকিস্তানৰ অন্তৰ্গত হৈ গৈছিল। বিভাজনে বংগ, অসম আৰু আৰাকান অঞ্চলৰ মাজত থকা জটিল অর্থনৈতিক সম্পর্ক বিঘ্নিত কৰিছিল। বিভাজনৰ পূৰ্বে এই অঞ্চলটোৱে বংগ অসম আৰাকান) কৃষি শিল্পজাত সামগ্রী চাহ, নীল মৰাপাট, ৰেচম আদিৰ আন্তর্জাতিক ভিত্তিত বাণিজ্য কৰিছিল। কিন্তু বিভাজনৰ পিছত এই আন্তর্জাতিক পৰ্যায়ৰ অৰ্থনীতিৰ বিসর্জন দি প্রত্যেকেই নিজ নিজ জাতীয় অর্থনীতি গঠনত মনোনিবেশ কৰিছিল।

প্রশ্ন ১০। অসম কৃষি বিশ্ববিদ্যালয় প্রতিষ্ঠাৰ চমু ইতিহাস লিখা।

উত্তৰ। অসমৰ সামগ্ৰীক আর্থ সামাজিক উন্নতিৰ বাবে স্বাধীনতাৰ পিছতেই আন্তঃগাঠনি নির্মাণত চৰকাৰে মনোনিবেশ কৰিছিল। ১৯১৩ আৰু ১৯২৩ চনত কৰিমগঞ্জ আৰু তিতাবৰত কৃষি গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাই অসম কৃষি বিশ্ববিদ্যালয়ৰ আৰম্ভণি বুলিব পাৰি। যদিও এই কেন্দ্ৰসমূহে গৱেষণা আৰু প্ৰশিক্ষণ চলাই আছিল তথাপি এখন সুকীয়া কৃষি বিশ্ববিদ্যালয় অত্যাৱশ্যকীয় হৈ পৰিছিল। সেয়েহে ১৯৪৮ চনত নগাঁৱত অসম পশু মহাবিদ্যালয় আৰু যোৰহাটত অসম কৃষি মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। পিছত এই দুয়োখন মহাবিদ্যালয়ক সামৰি ১৯৬৯ চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপিত হয়। অসম কৃষি বিশ্ববিদ্যালয় উত্তৰ-পূৱ ভাৰতৰ একমাত্ৰ আৰু প্ৰথম বৃত্তিমুখী বিশ্ববিদ্যালয়৷

প্রশ্ন ১১। অসম চিকিৎসা মহাবিদ্যালয় প্রতিষ্ঠাৰ চমু ইতিহাস লিখা।

 উত্তৰ। ডিব্ৰুগড়ত উত্তৰ পূৱ ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল। ১৯০০ চনত ডিব্ৰুগড়ত ড. জন বেৰী হোৱাইটৰ ৫০,০০০

টকাৰ অনুদানৰ পুঁজিৰে ‘বেৰী হোৱাইট মেডিকেল স্কুল’ স্থাপন কৰা হৈছিল। জনহিতৈষী ড. জন বেৰী হোৱাইট আছিল লখিমপুৰ জিলাৰ চিভিল চার্জন। ১৯১০ চনত এই চিকিৎসা বিদ্যালয়খনৰ বাবে ইংলেণ্ডৰ পৰা দুটা এক্স-ৰে মেচিন আমদানি কৰি আনিছিল আৰু ৰেডিঅ’ল’জী বিভাগ আৰম্ভ কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এই বিদ্যালয়খন ওচৰৰে এখন চিকিৎসালয়ৰ চৌহদলৈ স্থানান্তৰিত কৰা হৈছিল যিখন যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য বাহিনীয়ে ব্যৱহাৰ কৰিছিল। স্বাধীনতাৰ পিছত ১৯৪৭ চনৰ ৩ নৱেম্বৰ তাৰিখে এই বিদ্যালয়খনক আনুষ্ঠানিক ভাবে অসম চিকিৎসা মহাবিদ্যালয় নামেৰে নামাকৰণ কৰা হৈছিল।

(গ) দীঘল উত্তৰৰ প্রশ্ন :

প্রশ্ন ১। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্য্যাবলীৰ বিষয়ে আলোচনা কৰা।

উত্তৰ। বাংলা ছপাশালত অসমীয়া ভাষাৰ স্বতন্ত্রতাৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰৱণতা লক্ষ্য কৰি কলিকতাত থকা অসমীয়া ছাত্ৰসকলে অসমীয়া ভাষা আৰু সাহিত্য উন্নয়নৰ হকে ১৮৮৮ চনৰ ২৫ আগষ্টত ‘অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ’ জন্ম দিয়ে। এই সভাই অসমীয়া সকলৰ মাজত একতা আৰু জাতীয়তাবাদৰ ভাৱ গঢ়ি তুলিছিল। এই সভাই অসমীয়া ভাষাৰ এক শক্তিশালী বিজ্ঞানসম্মত উত্তৰণৰ লগতে অসমৰ সকলো পাঠশালাতে পৰিশুদ্ধ আৰু উন্নতমানৰ অসমীয়া ব্যাকৰণ প্ৰয়োগৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল। ইয়াৰ উপৰি সামাজিক ইতিহাস সংকলন আৰু সংস্কৃত বা অন্যান্য ভাষাৰ উল্লেখনীয় পুথিসমূহ অসমীয়া ভাষালৈ অনুবাদ কৰা কাম এই সভাই হাতত লৈছিল। এই সভাৰ প্ৰচেষ্টাতে চৰকাৰে হেমচন্দ্ৰ বৰুৱাৰ ‘হেমকোষ’ প্ৰকাশৰ কাম হাতত লৈছিল।

উক্ত সভাই বুৰঞ্জী, সাহিত্য আৰু ভাষা সম্পর্কে নিজৰ মাজতে আলোচনা অব্যাহত ৰাখি অসমৰ বিভিন্ন ঠাইত ইয়াৰ শাখা প্রতিষ্ঠাৰ বাবে প্ৰচেষ্টা চলাইছিল। বহুতো অসমীয়া যুৱকে কলিকতাত শিক্ষা শেষ কৰি অসমলৈ ঘূৰি আহি অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ শাখা গঠনৰ বাবে অগ্রণী ভূমিকা লৈছিল। এই সভাৰ মুখপত্ৰ আছিল ‘জোনাকী’। জোনাকীয়ে অসমৰ সুধী সমাজত এক নতুন আলোড়নৰ সৃষ্টি কৰিছিল। অৰুণোদয়ৰ জৰিয়তে আৰম্ভ হোৱা সাহিত্যিক নৱজাগৰণে পৰিপূৰ্ণতা লাভ কৰিছিল জোনাকীৰ পাতত। জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। জোনাকীয়ে সেই সময়ত বহু নতুন সাহিত্যিকক উলিয়াই আনিবলৈ সক্ষম হৈছিল। সদস্য সকলে এই আলোচনীখনে ৰাজনৈতিক আলোচনাৰ পৰা মুক্ত কৰি ৰাখিব বুলি সিদ্ধান্ত লৈছিল। কিন্তু কালক্ৰমত জোনাকীত প্রকাশিত কবিতা, প্ৰৱন্ধ আদিত জাতীয়তাবাদী চিন্তাৰ প্রতিফলন ঘটিছিল। 

ব্ৰিটিছৰ আগমনে অসমৰ থলুৱা উদ্যোগ আৰু বাণিজ্যত যি নেতিবাচক প্ৰভাৱ পৰিছিল সেই বিষয়ে জোনাকীয়ে সচেতনতা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল। জোনাকীৰ পাতত কনকলাল বৰুৱা আৰু কমলাকান্ত ভট্টাচাৰ্যই নিয়মীয়াকৈ অসমৰ অর্থনৈতিক অনগ্ৰসৰতা আৰু প্ৰগতিৰ ধাৰা সম্বন্ধীয় নিবন্ধ প্ৰকাশ কৰিছিল। অসমীয়া সাহিত্যৰ যোগেদি পশ্চিীয়া উদাৰপন্থাৰ বিষয়ে ৰাইজক অৱগত কৰি অসমীয়া ৰাইজক যে অসমীয়৷ হিচাপে গৌৰৱবোধ কৰিবলৈ এক অনুপ্ৰেৰণা যোগাইছিল তাত কোনো সন্দেহ নাই। নিজ সভ্যতা সংস্কৃতিৰ গৰিমা প্ৰচাৰ কৰা জোনাকী যুগৰ লেখক সকলে অসমীয়া ৰাইজক জাতীয় চেতনাৰে অনুপ্রাণিত কৰাৰ ফলত ভবিষ্যতে অসমৰ ৰাজনৈতিক জীৱনতো তাৰ প্ৰতিক্ৰিয়াৰ প্ৰতিফলন হোৱা দেখা গৈছিল।

প্রশ্ন ২। অসম ছাত্র সন্মিলনৰ অৱদানৰ বিষয়ে লিখা।

উত্তৰ। অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা হৈছে ১৯১৬ চনত গঠন হোৱা অসম ছাত্র সন্মিলন। অসমৰ ছাত্ৰসকলৰ মাজত এটি প্রাদেশিক ছাত্র সংগঠন গঢ়ি তোলাৰ বাবে লক্ষ্মীনাথ বেজবৰুৱাৰ সভাপতিত্বত প্রথম অধিবেশনখন গুৱাহাটীত অনুষ্ঠিত হৈছিল। এই সভাৰ মূল উদ্দেশ্য আছিল অসমীয়া ভাষাৰ উন্নতি সাধন কৰা। বিশেষকৈ সৃজনীমূলক সাহিত্যিক কামকাজ আৰু বৌদ্ধিক তথা মানসিক, নৈতিক, আৰু শাৰীৰিক উৎকর্ষ সাধন কৰা। সন্মিলনৰ সংবিধানৰ চৰ্তমতে এই সংগঠনৰ কোনো ধৰনৰ ৰাজনৈতিক মতাদর্শ প্ৰচাৰ কৰা আৰু কামকাজৰ সৈতে জড়িত হোৱাৰ অবকাশ নাথাকিব। ছাত্রসন্মিলনে অসমৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ লগত মত আদান প্ৰদান কৰি এক সম্পর্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছিল।

কিন্তু ছাত্রসন্মিলনে সাংবিধানিক বাধা থকা সত্ত্বেও দেশৰ ৰাজনৈতিক ঘটনাৱলী তথা স্বাধীনতা আন্দোলনক উপেক্ষা কৰি চলিব পৰা নাছিল। বৰং সময় সাপেক্ষে প্রত্যক্ষ বা সদর্থক ভূমিকা গ্ৰহণ কৰিছিল। অসম ছাত্ৰসন্মিলনৰ নেতা সকলে জাতীয় আন্দোলনৰ বিভিন্ন স্তৰত দায়িত্ব আৰু নেতৃত্বও দিছিল।

এই সন্মিলনৰ বাৰ্ষিক অধিবেশন সমূহত বিখ্যাত সাহিত্যিক, শিক্ষাবিদ, চিন্তাবিদ আৰু ৰাজনীতিবিদ সকলে অংশগ্রহণ কৰিছিল। ছাত্ৰ সন্মিলনখনৰ মুখপত্ৰ আছিল ‘মিলন’। এইদৰে ছাত্ৰ সন্মিলনে অসমৰ শিক্ষা, সাহিত্য, সংস্কৃতি চৰ্চ্চাৰ লগতে সাম্প্রদায়িক সম্প্রীতি আৰু জাতীয় চেতনা গঢ়াত যথেষ্ট অবদান আগবঢ়াইছিল।

প্রশ্ন ৩। অসমত ৰায়ত সভাসমূহৰ উদ্দেশ্য আৰু ভূমিকা সম্পর্কে এটি খতিয়ান দাঙি ধৰা ৷

উত্তৰ। অসমৰ কৃষক সকলৰ বিভিন্ন সমস্যা সমাধানৰ অৰ্থে ১৯ শতিকাৰ শেষৰ ফালে তেজপুৰ বায়ত সভা আৰু নগাঁও ৰায়ত সভাৰ জন্ম হৈছিল। তেজপুৰ ৰায়ত সভাৰ সংগঠনত আৰু তাৰ কাৰ্যসূচীত ভালেমান মধ্যবিত্ত শ্রেণীৰ লোকে মুখ্য ভূমিকা গ্ৰহণ কৰিছিল।

এই ৰায়ত সভাৰ উদ্দেশ্য আছিল—গ্রেজিং কৰ বন্ধ কৰা, মাটিৰ খাজনা হ্রাস কৰা, আৰু পূৰ্ববংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা। ইয়াৰ উপৰি চৰকাৰে ভূমি ৰাজহ বৃদ্ধি কৰাৰ প্ৰতিবাদও কৰিছিল। এই প্রতিবাদত ৰঙিয়া, সৰ্থেবাৰী লচিমা, আৰু পথৰুঘাটত কৃষকসকলে কৰা বিদ্রোহত ৰায়ত সভাই উদ্যোগ লোৱা নাছিল।

আইন অমান্য আন্দোলনৰ সময়ত অসম প্ৰাদেশিক কংগ্ৰেছ সমিতিৰ উদ্যোগত অসমত পুনৰ ৰায়ত সভা গঠন হৈছিল। এইসময়ছোৱাত কংগ্ৰেছ নেতাসকলে কৃষক সকলক ৰায়ত সভাৰ অধীনত সংগঠিত কৰাৰ চেষ্টা কৰিছিল। ১৯৩০ ৩৪-ৰ কাল ছোয়াত ন-দুৱাৰ আৰু ছয়দুৱাৰ ৰায়ত সভা দুখন বৰ শক্তিশালী হৈছিল। পিছত শিৱসাগৰ আৰু দৰঙতো সভাৰ সংগঠন গঢ়ি উঠিছিল। অসমত ৰায়ত সভাই আইন অমান্য আন্দোলনৰ কাৰ্যসূচীৰ আৰ্হিত ৫০ শতাংশ ভূমি ৰাজহ হ্রাস কৰাৰ দাবী উত্থাপন কৰিছিল। ৰায়ত সভাসমূহক সক্ৰিয় আৰু শক্তিশালী কৰিবলৈ এক উমৈহতীয়া কেন্দ্রীয় সমিতি সদৌ অসম বায়তসভা ১৯৩৩ চনত গঠন কৰা হয়। পিছত কংগ্ৰেছ মন্ত্রীসভা গঠন হোৱাত ১৯৩৯ চনৰ পৰা ৰায়ত সভাসমূহৰ কামকাজো নোহোৱা হৈ আহিছিল।

যি কি নহওক অসমৰ কৃষক জনসাধাৰণক সাম্রাজ্যবাদ বিৰোধী ৰাজনৈতিক শিক্ষাৰে শিক্ষিত কৰি এই ৰায়ত সভাসমূহৰ মাধ্যমত স্বাধীনতা আন্দোলনৰ পৰবৰ্তী কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে প্ৰস্তুত কৰি তুলিছিল বুলি কব পাৰি।

 প্রশ্ন ৪। যোৰহাট সার্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী সম্পর্কেলিখা। 

উত্তৰ। জগন্নাথ বৰুৱাৰ নেতৃত্বত ১৮৮৪ চনত যোৰহাট সার্বজনিক সভা স্থাপিত হৈছিল। এই সভাৰ উদ্দেশ্যসমূহ হল—

(১) ৰাইজৰ আশা-আকাংক্ষাৰ বিষয়ে চৰকাৰক অৱগত কৰোৱা।

 (২) চৰকাৰৰ উদ্দেশ্য আৰু নীতি জনসাধাৰণক বুজোৱা আৰু

(৩) জনসাধাৰণৰ অৱস্থাৰ উন্নতি সাধন কৰা।

যদিও এই সভাই প্রত্যক্ষভাবে চৰকাৰৰ মুখামুখী হোৱা নাছিল কিন্তু চৰকাৰী কূটনীতিৰ বিৰুদ্ধে সক্রিয়ভাবে মাত মাতিছিল। এই ক্ষেত্ৰত সভাই গ্ৰহণ কৰা কেইটামান কাৰ্য্যাৱলী তলত উল্লেখ কৰা হল—

(১) ১৮৮৬ চনৰ চৰকাৰৰ ভূমি ৰাজহ ব্যৱস্থাৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছিল। (২) ১৮৯২-৯৩ চনত সভাই কৃষক সমাজৰ লগত একেলগে বর্ধিত কৰৰ বিৰোধিতা কৰিছিল।

(৩) ১৮৯৩ চনত সভাই অসমৰ মুখ্য সচিবৰ দ্বাৰা ৰাজকীয় কানি আয়োগলৈ স্মাৰকপত্র যোগে কানিৰ একাধিক উপকাৰিতাৰ লেখ দি চৰকাৰৰ কানি নীতি পৰিবর্তন যা কানি নিবাৰণৰ প্ৰস্তাৱৰ বিৰোধিতা কৰিছিল।

(৪) দৰমহা বৃদ্ধি আৰু অন্যান্য সা-সুবিধা প্রদানৰ বাবে দাবী জনাইছিল।

এই সভাই ১৯০৫ চনৰ বংগ বিভাজনৰ তীব্ৰ বিৰোধিতা কৰিছিল। এই প্রতিবাদৰ সন্মুখীন হোৱা স্বত্ত্বেও ব্ৰিটিছে এই বিভাজনৰ প্রক্রিয়া সম্পূর্ণ কৰি অসমক পূৰ্ববংগৰ লগত চামিল কৰে তেতিয়া সভাই এই নতুন প্ৰদেশত অসমীয়া জনসাধাৰণৰ অধিকাৰ সংৰক্ষণ কৰিবলৈ দাবী জনাইছিল।

জগন্নাথ বৰ-ৱাৰ মৃত্যুৰ পিছত এই সভা দুৰ্বল হৈ পৰে যদিও ১৯২১ চনলৈ এই সভাই কোনোমতে জীয়াই আছিল।

Sl. No.Contents
HISTORY (ইতিহাস)
পাঠ-1বংগ বিভাজন আৰু স্বদেশী আন্দোলন
পাঠ-2মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম
পাঠ-3অসমত ব্রিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ
পাঠ-4ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ
পাঠ-5ভাৰত আৰু উত্তৰ – পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য
GEOGRAPHY (ভূগােল)
পাঠ-1অর্থনৈতিক ভূগােল: বিষয়বস্তু আৰু সম্পদ
পাঠ-2পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা
পাঠ-3পৃথিৱীৰ ভূগোল
পাঠ-4অসমৰ ভূগোল
POLITICAL SCIENCE AND ECONOMICS
পাঠ-1ভাৰতীয় গণতন্ত্ৰ
পাঠ-2আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য
পাঠ-3মুদ্রা আৰু বেংক ব্যৱস্থা
পাঠ-4অৰ্থনৈতিক উন্নয়ন

প্রশ্ন ৫। আছাম এছ’চিয়েচনৰ ব্ৰিটিছ শাসনাধীন অসমত সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পর্কে লিখা।

উত্তৰ৷ অসমৰ কথা সামগ্রিকভাবে চিন্তা কৰিবলৈ আৰু অসমৰ জনসাধাৰণৰ ইচ্ছা আকাংক্ষাক চৰকাৰৰ ওচৰত নিবেদন কৰাৰ পাবে মাণিকচন্দ্ৰ বৰুৱাৰ নেতৃত্বত ১৯০৩ চনত ‘আছাম এছ’চিয়েচনৰ জন্ম হৈছিল।

আছাম এছ’চিয়েচনে অসমৰ ৰাইজৰ মুখপত্ৰ হিচাপে সেৱা আগবঢ়াইছিল। চৰকাৰৰ বিৰুদ্ধে ই প্রত্যক্ষ বা সক্রিয়ভাবে কার্যপন্থা লোৱা নাছিল। ই শান্তিপূর্ণভাবে সাংবিধানিক আৰু প্ৰশাসনিক সংস্কাৰৰ মাধ্যমেৰে ৰাইজৰ সমস্যা সমূহ সমাধানৰ পোষকতা কৰিছিল।

আছাম এছ’চিয়েচনে সমাজ সংস্কাৰৰ বাবে কৰা কামবোৰ হ’ল— (১) পৌৰসভাত চৰকাৰী আৰু লোকেল ব’ৰ্ডত চাহ খেতিয়ক সকলৰ আধিপত্যৰ বিৰোধিতা কৰা।

(২) এছ’চিয়েচনে স্থানীয় সমিতি সমূহৰ গণতান্ত্রিকীকৰণৰ দাবী উত্থাপন কৰিছিল৷

(৩) বর্ধিত কৰ, চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল।

(৪) শিক্ষাৰ দিশত অসমক আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল। সেয়েহে এছ’চিয়েচনে কটন কলেজত অসমীয়া শিক্ষাৰ নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ হকে মাত মাতিছিল।

প্রশ্ন ৬। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ জন্ম আৰু মুখ্য ভূমিকা সম্পর্কে সংক্ষিপ্ত বিৱৰণ দিয়া।

উত্তৰ। ১৮৮৫ চনত স্থাপন হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰতৰ স্বাধীনতা আন্দোলনত এক নতুন অধ্যায়ৰ পাতনি মেলিছিল। আছাম এছ’চিয়েচনেও জাতীয় কংগ্ৰেছৰ নেতৃত্বত হোৱা ১৯২১ চনৰ অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰি লাহে লাহে সৰ্বভাৰতীয় ৰাজনীতিলৈ অগ্ৰসৰ হৈছিল। তাৰেই আপাহতে সংগঠনটোৰ একাংশ নেতা কর্মীয়ে এছচিয়েচনক প্রাদেশিক কংগ্ৰেছ কমিটিলে ৰূপান্তৰিত কৰাৰ চেষ্টা কৰিছিল আৰু কিছুমানে ইয়াৰ বিৰোধিতা কৰিছিল। কিন্তু জাতীয় কংগ্ৰেছৰ ৰাজনৈতিক কামকাজ তথা আৰ্হি আঁচনিয়ে অসমীয়া মধ্যবিত্ত শ্ৰেণীটোক বৰকৈ আকৰ্ষিত কৰিছিল। আছাম এছ’চিয়েচনক কংগ্ৰেছ সংগঠনলৈ ৰূপান্তৰিত কৰাৰ উদ্দেশ্যে ছবিলাল উপাধ্যায়ৰ পৌৰহিত্যত ১৮ এপ্রিল ১৯২১ চনত যোৰহাটত এখন বিশেষ অধিবেশন অনুষ্ঠিত কৰিছিল। সেই বছৰৰে জুন মাহত নবীনচন্দ্ৰ বৰদলৈ, ছবিলাল উপাধ্যায়, কৃষ্ণকান্ত ভট্টাচাৰ্যৰ উদ্যোগত অসম প্রদেশ কংগ্ৰেছ কমিটি গঠন কৰি অসমত কংগ্ৰেছৰ ৰাজনীতিৰ পাতনি মেলিছিল।

অসম প্রদেশ কংগ্ৰেছ কমিটিৰ তত্ত্বাবধানত ১৯২১ চনত মহাত্মা গান্ধীক অসমত অসহযোগ আন্দোলনৰ প্ৰচাৰ চলাবলৈ নিমন্ত্ৰণ কৰিছিল। ১৯২১ চনত গান্ধীৰ অসম ভ্রমণে নরগঠিত কংগ্ৰেছ কৰ্মী সকলৰ মাজত আলোড়ন সৃষ্টি কৰিছিল। ফলত অসমত অসহযোগ আন্দোলন অতি সক্ৰিয় হৈ পৰিছিল আৰু ১৯২৬ চনত গুৱাহাটীৰ পাণ্ডুত কংগ্ৰেছৰ ৪১তম বার্ষিক অধিবেশন আয়োজন কৰা হৈছিল। অসম প্ৰদেশ কংগ্ৰেছৰ নেতাসকলে কংগ্ৰেছৰ পৰিকল্পনাসমূহ কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰিছিল। ১৯৪৬ চনৰ সাধাৰণ নিৰ্বাচনত অসম প্রদেশ কংগ্ৰেছে সংখ্যা গৰিষ্ঠতা লাভ কৰিছিল। সেই সময়ত কেবিনেট মিছনে অসম আৰু উত্তৰ পূৱাঞ্চলক পূৰ্ববংগৰ লগত সাঙুৰি ‘গ’ গোটত সন্নিবিষ্ট কৰিব বিচাৰিছিল। কংগ্ৰেছ মন্ত্ৰীবৰ্গই ইয়াৰ তীব্র প্রতিবাদ কৰিছিল। গান্ধীৰ সমৰ্থন আৰু বৰদলৈৰ নেতৃত্বত হোৱা আন্দোলনৰ ফলত অসম ‘গ’ গোটত অন্তৰ্ভুক্ত নহ’ল।

গান্ধীয়ে ভাষণ প্রদান আৰু অংশগ্ৰহণ কৰা সভা সমূহত বহুসংখ্যক জনসাধাৰণে অংশগ্ৰহণ কৰিছিল৷ গান্ধীৰ আহ্বানক্রমে জনসাধাৰণে বস্তু বর্জন আন্দোলনত অংশগ্ৰহণ কৰি বিদেশী বস্তুবোৰক মেজি সাজি জুই জ্বলাই দি ইয়াক বিসর্জন দিছিল। অসমৰ কংগ্ৰেছ কৰ্মী সকলে কানিৰ প্ৰচলন বন্ধ কৰিবৰ বাবে গ্ৰহণ কৰা কাৰ্যপন্থাৰ পৰিপ্ৰেক্ষিত প্রচলিত কানিৰ শুল্ক ১৯২০-২১ বিত্তীয় বৰ্ষত ১৬১৫ মোণৰ পৰা ১৯২২-২৩ বিত্তীয় বৰ্ষত ৯৯৩ মোণ হৈছিল। কানি বিক্ৰীৰ ফলত উপার্জিত ৰাজহৰ পৰিমাণ কমি গৈ ১৯ লাখ টকা হৈছিল। এই আন্দোলনৰ আন এটা গঠনমূলক কাম আছিল খাদীৰ প্ৰচলন জনপ্ৰিয় কৰি তোলাৰ লগত ইয়াৰ উৎপাদন বৃদ্ধি কৰা। বৃহৎ সংখ্যক চাহ বাগিছাৰ বনুৱাইও কংগ্ৰেছৰ নেতৃত্বত ঔপনিৱেশিক শোষণৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছিল। গান্ধীৰ লোন সত্যাগ্রহৰ প্ৰতি অসম কংগ্ৰেছে নিজৰ আনুগত্য প্ৰকাশ কৰিছিল।

প্রশ্ন ৭। স্বদেশী আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া ৷

 উত্তৰ। স্বদেশী আন্দোলনৰ সময়ত অসম প্রদেশ কংগ্ৰেছ কমিটিয়ে বিদেশী বস্তু বৰ্জন কৰি দেশীয় সামগ্ৰীৰ প্ৰচলন কৰি ইংৰাজৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছিল। ১৯০৫ চনৰ ৭ আগষ্টত কলিকতাৰ টাউন হলত হোৱা এখন জনসভাত ‘বিদেশী বস্তু বৰ্জনৰ’ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। বংগত ইয়াৰ সৰ্বব্যাপী প্রভাৱ পৰিছিল। ১৯০৫ চনৰ ছেপ্তেম্বৰ মাহত ব্ৰিটিছ কাপোৰৰ বিক্ৰিৰ হাৰ পূৰ্বতকৈ ঙ-ৰ পৰা ২০ শতাংশলৈ কমি গৈছিল। জনসমাগমৰ মাজত থূপ খুৱাই বিদেশী কাপোৰ বিলাক জ্বলাই দিছিল আৰু বিদেশী বস্তু বৰ্জনৰ বাবে স্বতঃস্ফূর্তভাবে গাওঁ বিলাকতো কমিটি গঠন হৈছিল।

অসমৰ তেজপুৰ, বৰপেটা, ধুবুৰী গৌৰীপুৰ, গুৱাহাটী, গোৱালপাৰা, ডিব্ৰুগড়, শিলচৰ আদিত প্রতিবাদী সভাসমূহ অনুষ্ঠিত হৈছিল। বিভিন্ন সম্প্ৰদায়ৰ লোকে এই সভাসমূহত বাখীবন্ধন পৰম্পৰাৰ জৰিয়তে নিজকে একত্রিত কৰিছিল। বিদেশী বস্ত্ৰ আৰু সামগ্ৰীৰ বৰ্জন, জাতীয় শিক্ষানুষ্ঠান স্থাপন আৰু থলুৱা সামগ্ৰীৰ ব্যৱহাৰ স্বদেশী আন্দোলনৰ মুখ্য বিষয় হৈ পৰিছিল। বংগ দেশতকৈ ব্ৰহ্মপুত্ৰ উপত্যকাত এই আন্দোলন পৃথক আছিল। সেই সময়ত অসমৰ জনসাধাৰণে নিমখৰ পৰিবৰ্তে খাৰ, বিদেশী চেনিৰ সলনি বেনাৰসৰ চেনি আৰু বিদেশী বস্তুব বিপৰীতে থলুৱা কাপোৰ ব্যৱহাৰ কৰিছিল। অম্বিকাগিৰি ৰায়চৌধুৰী আৰু গোবিন্দ লাহিড়ীয়ে ছাত্রসমাজৰ মাজত এই আন্দোলন জনপ্রিয় কৰি তোলাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। সুমা ভেলী এছ’চিয়েচনৰ নেতৃত্বত সুমা উপত্যকাত এই আন্দোলন যথেষ্ট জনপ্রিয় হৈ পৰিছিল। ইয়াৰ ফলস্বৰূপে শ্রীহট্ট, হবিগঞ্জ, শ্রীমংগল, লখাই, বনিয়াচংগ, কৰিমগঞ্জ, শিলচৰ আদি ঠাইত বহুতো জাতীয় বিদ্যালয় স্থাপন কৰা হৈছিল। 

প্রশ্ন ৮। অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পর্কে এটি খতিয়ান দাঙি ধৰা।

উত্তৰ। মহাত্মা গান্ধীৰ আহ্বানত সমগ্র দেশ যেতিয়া অসহযোগ আন্দোলনত অৱতীৰ্ণ হৈছিল তেতিয়া আছাম এছ’চিয়েচন এই আন্দোলনত অংশগ্ৰহণ কৰিব নে নকৰে সেই সম্পর্কে নিশ্চিত নাছিল। সি যিয়েই নহওক অধিকাংশই নেতাই অংশগ্ৰহণ কৰাটো বিচাৰিছিল। ১৯২০ চনৰ ডিচেম্বৰত তেজপুৰত বহা অসম প্রদেশ কংগ্ৰেছৰ ১৭ সংখ্যক অধিৱেশনত অসহযোগ আন্দোলনৰ সমৰ্থনত কংগ্ৰেছৰ নীতি নির্দেশনা মানি চলিবলৈ সিদ্ধান্ত হৈছিল।

অসহযোগ আন্দোলনত অসমৰ বৃহৎ সংখ্যক জনসাধাৰণে অংশগ্রহণ কৰিছিল। বিদেশী বস্ত্ৰ বৰ্জন আন্দোলনত অংশগ্ৰহণ কৰি বিদেশী বস্তু সমূহ মেজি সাজি জুই লগাই দি ইয়াক বিসর্জন দিছিল। চন্দ্রনাথ শৰ্মা, হেমচন্দ্ৰ বৰুৱা আদিৰ নেতৃত্বত অসমৰ যুবক সকলে চৰকাৰী শিক্ষানুষ্ঠান বৰ্জন কৰি আন্দোলনত অংশগ্ৰহণ কৰিছিল। ছাত্ৰসকলক অনুসৰণ কৰি উকিল সকলেও ওকালতি এৰি আন্দোলনত অংশগ্ৰহণ কৰিছিল। বহুতো চৰকাৰী বিষয়া আৰু শিক্ষক সকলেও তেওঁলোকৰ দায়িত্ব এৰি দিছিল। এই আন্দোলনৰ প্ৰভাৱৰ ফলতেই অসমৰ বিভিন্ন ঠাইত জাতীয় শিক্ষানুষ্ঠান গঢ়ি উঠিছিল। ইয়াৰ ভিতৰত গুৱাহাটীত প্রথম জাতীয় শিক্ষানুষ্ঠান বাল গংগাধৰ তিলকৰ স্মৃতিত ‘তিলক সোঁৱৰণী স্কুল’ প্রতিষ্ঠা কৰা হৈছিল। অসমত কংগ্ৰেছ কৰ্মীসকলে সৰলৰূপে কানিৰ প্ৰচলন বন্ধ কৰিবৰ বাবে গ্ৰহণ কৰা কৰ্মপস্থাৰ ফলত কানিৰ উপার্জিত ৰাজহৰ পৰিমাণ কমি গৈছিল। ইয়াৰ উপৰি খাদিৰ প্ৰচলন জনপ্ৰিয় কৰি তোলাৰ লগতে ইয়াৰ উৎপাদন বৃদ্ধি কৰিছিল।

বাগিচাৰ বনুৱাসকলেও উক্ত আন্দোলনত সক্রিয়ভাবে অংশগ্রহণ কৰিছিল৷ বৃহৎ সংখ্যক চাহ বাগিচাৰ বনুৱাই এই আন্দোলনত তেওঁলোকৰ ওপৰত চলা ঔপনিবেশিক শোষণৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছিল। মজুৰি বৃদ্ধিৰ দাবী জনোৱাৰ লগতে ‘গান্ধী মহাৰাজৰ জয়’ ধবনি দি বনুৱাসকলে বাগিচাৰ পৰা ওলাই আহিছিল।

অসহযোগ আন্দোলনৰ সময়ত মহাত্মা গান্ধীয়ে অসম ভ্রমণ কৰে আৰু অসহযোগৰ বাণী প্রচাৰ কৰে। গান্ধীৰ এই ভ্রমণে অসমত অসহযোগ আন্দোলনৰ শক্তি বৃদ্ধি কৰাৰ লগতে কংগ্ৰেছৰ সাংগঠনিক স্থিতিও মজবুত কৰি তুলিছিল।

প্রশ্ন ৯। আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পর্কে এটি খতিয়ান দাঙি ধৰা।

উত্তৰ। আইন অমান্য আন্দোলনত অসমৰ হেমচন্দ্ৰ বৰৱা, মহম্মদ তৈয়াবুল্লা, বিষ্ণুৰাম মেধি আদিয়ে গুৱাহাটীৰ জজ খেলপথাৰত একত্ৰিত হৈ গান্ধীৰ লোণ আইন সত্যাগ্রহৰ প্ৰতি নিজৰ আনুগত্য প্রকাশ কৰিছিল। সেই সময়ত কলিকতাৰ চিটি কলেজত পঢ়ি থকা লীলাধৰ বৰুৱাই মহাত্মা গান্ধীৰ দাণ্ডিযাত্ৰাত অংশগ্রহণ কৰিছিল৷ কিন্তু লাহোৰ কংগ্ৰেছৰ সিদ্ধান্ত মৰ্মে আইন অমান্য আন্দোলনৰ কাৰ্যসূচী পালনৰ ক্ষেত্ৰত অসমত মতভেদ দেখা দিছিল।

অসমৰ কংগ্ৰেছৰ নেতৃত্বই ইয়াৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ প্ৰস্তুত নহয়৷ তথাপি বিষ্ণুৰাম মেধি, অম্বিকাগিৰি ৰায়চৌধুৰীয়ে সক্রিয়ভাবে সাংগঠনিক কাম কাজ অব্যাহত ৰাখিছিল। আন্দোলনৰ বিভিন্ন দিশ চাবলৈ বহুতো নতুন সমিতি আৰু উপসমিতি গঠন কৰা হৈছিল। এই সমিতিসমূহৰ উদ্দেশ্য আছিল পুঁজি বৃদ্ধি কৰা, শোষণ আৰু দমনমূলক আইন অধ্যাদেশৰ বিৰোধিতা কৰা, বিদেশী বস্তু বৰ্জন কৰা আৰু কানি আৰু সুৰাৰ ব্যৱহাৰৰ বিৰুদ্ধে প্রতিবাদ কৰা।

ছাত্ৰসকলক এই আন্দোলনত অংশগ্ৰহণ কৰিবলৈ অমিয় কুমাৰ দাসৰ দৰে যুব নেতাই আহ্বান জনাইছিল। ১৯৩০ চনৰ ৫ মেত যেতিয়া মহাত্মা গান্ধী আৰু ১৪ এপ্রিল নেহৰুক গ্ৰেপ্তাৰ কৰা হয় তেতিয়া অসমৰ বৃহৎসংখ্যক ছাত্ৰই হতাল কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল৷ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ছাত্ৰসকলে শিক্ষানুষ্ঠানসমূহ বৰ্জন কৰিছিল। সেই সময়ত জে আৰ কানিংহামে ১৯৩০ চনত প্ৰকাশ কৰা কানিংহাম চার্কুলাৰৰ বাবে পৰিস্থিতি অধিক স্পর্শকাতৰ হৈ পৰিছিল। এই চার্কুলাৰ মতে খত্ৰ আৰু তেওঁলোকৰ অভিভাবক সকলে কোনো ধৰণৰ ৰাজনৈতিক কার্যকলাপত অংশগ্রহণ নকৰাৰ লিখিত প্রতিশ্রুতি দিব লগীয়া হৈছিল। দোষী সাব্যস্ত হোৱা ছাত্ৰসকলক জৰিমনা বিহাৰ লগতে ছাত্রবৃত্তিৰ পৰা বঞ্চিত কৰা হব বুলি জাননীত প্ৰকাশ কৰা হৈছিল। ছাত্ৰসকলে এই অপমানজনক নির্দেশনাৰ বিৰুদ্ধে তীব্র প্রতিক্রিয়া প্ৰকাশ কৰিছিল যিয়ে পিছলৈ অসমত আইন অমান্য আন্দোলনৰ প্ৰসাৰত অৰিহণা যোগাইছিল।

গুৱাহাটীত অসম ছাত্র সন্মিলনে ইয়াৰ আঁচনি আৰু কাৰ্যপস্থাৰ বিষয়ে আলোচনা কৰিবলৈ এখন সভা অনুষ্ঠিত কৰি চৰকাৰী শিক্ষানুষ্ঠান সমূহ বৰ্জনৰ সিদ্ধান্ত লৈছিল। ইয়াৰ পিছত কানি আৰু সুৰাৰ দোকানসমূহ বন্ধ কৰা হৈছিল। মাটিৰ খাজনা ৫০ শতাংশ হ্ৰাসৰ দাবীৰে খেতিয়ক সকলেও আন্দোলনত জড়িত হৈ পৰিছিল৷ ছাত্ৰ সকলৰ এই আন্দোলন সুমা উপত্যকালৈ প্ৰসাৰিত হৈছিল।

এনেদৰে মহাত্মা গান্ধীৰ অনুপ্ৰেৰণা আৰু আদর্শমতে আইন অমান্য আন্দোলন অসমৰ চাৰিওদিশে বিয়পি পৰিছিল।

প্রশ্ন ১০। অসমত ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যাৱলী আৰু প্ৰভাৱ সম্পর্কে এটি খতিয়ান দাঙি ধৰা।

উত্তৰ। ১৯৪২ চনৰ মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰত ত্যাগ আন্দোলনত অসমৰ জনসাধাৰণেও বিপুল সঁহাৰি জনাইছিল। কংগ্ৰেছৰ অধিবেশনত ভাৰত ত্যাগ প্ৰস্তাৱ গ্ৰহণ কৰাৰ ফলত ভাৰতৰ আন আন ঠাইৰ লগতে অসমৰ কংগ্ৰেছ নেতাসকলক গ্ৰেপ্তাৰ কৰাৰ লগতে অসম প্রদেশ কংগ্ৰেছ কমিটি, জিলা কমিটি আৰু অন্যান্য ঐক্যমঞ্চসমূহক ব্ৰিটিছে অবৈধ ঘোষণা কৰিছিল। সকলো ধৰণৰ সভা, হৰতাল আৰু মানুহৰ সমাগম নিষিদ্ধ কৰিছিল। অসমত এই আন্দোলন অহিংস পদ্ধতিৰে হতাল, শোভাযাত্রা সমাৰোহ আৰু পিকেটিং আদিৰ জৰিয়তে আৰম্ভ হৈছিল। জেলত থকা নেতা সকলৰ ওপৰত যেতিয়া পুলিচে অত্যাচাৰ আৰম্ভ কৰিছিল, এই আন্দোলনে তেতিয়া হিংসাত্মক ৰূপ ধাৰণ কৰিছিল। জনসাধাৰণে চৰকাৰী ঘৰদুৱাৰ আক্ৰমণ কৰাৰ লগতে ৰেলপথ, আৰু সামৰিক বাহিনীৰ অস্ত্ৰ শস্ত্ৰ সৰবৰাহৰ পথসমূহ ধবংস কৰি দিছিল। বিশেষকৈ নগাঁও আৰু দৰং জিলাত চৰকাৰী ঘৰ-দুৱাৰ ধবংস কৰাৰ লগতে চৰকাৰী বিষয়াবোৰক হাৰাশাস্তি কৰিছিল। হবিগঞ্জৰ চাহাবী বজাৰ, গোলাঘাটৰ বৰপথাৰ, কামৰূপৰ পাণবাৰী, ৰঙিয়া আৰু শিৱসাগৰৰ চাফ্ৰাইত ৰেলপথ বগৰোৱাৰ ঘটনা সংঘটিত হৈছিল।

গোটেই দেশত এই আন্দোলনটোক ব্ৰিটিছ চৰকাৰে বিভিন্ন উপায়েৰে দমন কৰিবলৈ চেষ্টা কৰিছিল। শশ নিৰপৰাধী মানুহ পুলিচৰ লাঠি চালনাত আহত হৈছিল৷ বৰপথাৰত ৰেল বগৰোৱাৰ অভিযোগত কুশল কোঁৱৰক ফাঁচী দিয়া হৈছিল। ইয়াৰ উপৰিও অসমৰ বিভিন্ন ঠাইত পুলিচৰ গুলিত ২৭ গৰাকী লোক শ্বহীদ হৈছিল আৰু শ শ লোকে কাৰাবৰণ কৰিছিল।

প্ৰকৃতাৰ্থত ভাৰত ত্যাগ আন্দোলন এক গণ আন্দোলন আছিল। বহু হেজাৰ জনতাই অংশগ্ৰহণ কৰা এই আন্দোলনে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত হিংসাত্মক ৰূপ লৈছিল। চৰকাৰেও বহু লোকক গ্ৰেপ্তাৰ কৰি জেলত আৱদ্ধ কৰি ৰাখিছিল। চৰকাৰে ৰাইজৰ অসামৰিক অধিকাৰ, বাক স্বাধীনতা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা খর্ব কৰিছিল। কিন্তু জেলৰ বাহিৰত থকা কিছু নেতাই আত্মগোপন কৰি এই আন্দোলন অব্যাহত ৰখাৰ চেষ্টা কৰিছিল। ব্ৰিটিছৰ সমান্তৰালভাবে চৰকাৰ গঠন কৰা ভাৰত ত্যাগ আন্দোলনৰ একাংশ নেতাৰ অন্যতম কর্মসূচী আছিল। তাসমৰ বিভিন্ন ঠাইত আন্দোলনকাৰীয়ে গাঁও পঞ্চায়ত গঠন কৰি স্থানীয় শাসন ব্যৱস্থা গাঁওবাসীৰ হাতত তুলি দিছিল। কংগ্ৰেছৰ নেতা সকল জেল খাটি থকাৰ সময়তে ঔপনিৱেশিক চৰকাৰে সৰ্বশক্তি প্রয়োগ কৰি এই আন্দোলন দমন কৰিছিল। ফলত বহু জাতীয়তাবাদী নেতা হতাশাগ্রস্ত হৈছিল।

প্রশ্ন ১১। বৰদলৈ মন্ত্রীসভাৰ নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠান সমূহৰ এটি সংক্ষিপ্ত বিৱৰণ দিয়া।

উত্তৰ। ১৯৪৬ চনত গোপীনাথ বৰদলৈৰ নেতৃত্বত অসমত অন্তর্বর্তী মন্ত্রীসভা গঠিত হয়। স্বাধীনতার পাছত তেখেতৰ মন্ত্রীসভাৰ মূল্য লক্ষ্য আছিল অসমৰ শাসন ব্যবস্থাৰ আন্তঃগাঠনিব উন্নয়ন আৰু মানৱ সম্পদৰ বিকাশ সাধন। ফলস্বৰূপ, ১৯১৩ চনত কৰিমগঞ্জত আৰু ১৯২৩ চনত তিতাবৰত কৃষি গৱেষণা কেন্দ্র প্রতিষ্ঠা হৈছিল যদিও বেলেগকৈ কৃষি আৰু পশু মহাবিদ্যালয় স্থাপন অত্যাৱশ্যকীয় হৈ পৰিছিল। সেয়ে ১৯৪৮ চনত নগাঁৱত অসম পশু মহাবিদ্যালয় আৰু যোৰহাটত অসম কৃষি মহাবিদ্যালয় প্রতিষ্ঠা কৰা হৈছিল। শেষত এই দুয়োখন মহাবিদ্যালয় সামৰি ১৯৬৯ চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপিত হয় আৰু পশু চিকিৎসা মহাবিদ্যালয়খন নগাঁৱৰ পৰা গুৱাহাটীৰ খানাপাৰালৈ স্থানান্তৰিত কৰা হয়।

১৯৪৮ চনৰ ২৬ জানুৱাৰী তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল। এই বিশ্ববিদ্যালয়ৰ প্ৰথমখন আদৰণি সভাৰ দিনটোক বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰা হয়। প্রতিষ্ঠাকালত ইয়াৰ ১৭ খন মহাবিদ্যালয় আৰু ৮টা স্নাতকোত্তৰ বিভাগ আছিল। ১৯৫৫-৫৬ চনত মহানগৰী কেন্দ্ৰৰ পৰা বিশ্ববিদ্যালয়খন জালুকবাৰী চৌহদলৈ স্থানান্তৰিত কৰা হয়। বর্তমান এই বিশ্ববিদ্যালয় চৌহদ গোপীনাথ বৰদলৈ নগৰ নামেৰে জনাজাত।

উত্তৰ পূৱ ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল ডিব্ৰুগড়ত। ১৯০০ চনতে ডিব্ৰুগড়ত ড° জন বেৰী হোৱাইটৰ ৫০,০০০ টকাৰ অনুদানেৰে ‘বেৰী হোয়াইট মেডিকেল স্কুল’ স্থাপন হৈছিল। ১৯১০ চনত এই চিকিৎসা বিদ্যালয়খনৰ ইংলেণ্ডৰ পৰা দুটা এক্স-ৰে মেচিন আনি ৰেডিঅ’লজী বিভাগ আৰম্ভ কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এই বিদ্যালয়খন ওচৰৰে এখন চিকিৎসালয়ৰ চৌহদলৈ স্থানান্তৰিত কৰা হৈছিল। যিখন যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য বাহিনীয়ে ব্যবহাৰ কৰিছিল। স্বাধীনতাৰ পিছত বৰদলৈ মন্ত্ৰীসভাৰ জৰিয়তে ১৯৪৭ চনৰ ৩ নৱেম্বৰৰ তাৰিখে এই বিদ্যালয়খনক আনুষ্ঠানিকভাবে অসম চিকিৎসা মহাবিদ্যালয় নামে নামাকৰণ কৰা হয়।

Leave a Reply