SEBA Class-10 Social Science| Chapter-4| অৰ্থনৈতিক উন্নয়ন

SEBA Class-10 Social Science| Chapter-4| অৰ্থনৈতিক উন্নয়ন. The answer to each chapter is provided in the list so that you can easily browse throughout different chapters  SEBA Class-10 Social Science| Chapter-4| অৰ্থনৈতিক উন্নয়ন Class 10 Social Science SEBA Notes and Question Answer In Assamese Medium and select need one.

SEBA CLASS 10 (Ass. MEDIUM)

  1. English Solutions
  2. অসমীয়া Questions Answer
  3. বাংলা Questions Answer
  4. বিজ্ঞান Questions Answer
  5. সমাজ বিজ্ঞান Questions Answer
  6. हिंदी ( Elective ) Questions Answer
  7. ভূগোল (Elective) Questions Answer
  8. বুৰঞ্জী (Elective) Questions Answer
  9. Hindi (MIL) Question Answer

SEBA Class-10 Social Science| Chapter-4| অৰ্থনৈতিক উন্নয়ন

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions For SEBA Class-10 Social Science| Chapter-4| অৰ্থনৈতিক উন্নয়ন Solutions for All Subjects, You can practice these here.

অনুশীলনীৰ প্ৰশ্নোত্তৰ

(ক) অতি চমু উত্তৰৰ প্রশ্ন ঃ

প্রশ্ন ১। ব্যাখ্যা কৰ৷ (এটা বাক্যত) 

(ক) অর্থনৈতিক বিকাশ।

উত্তৰ। দেশ এখনৰ জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধিকে অর্থনৈতিক বিকাশ বোলে।

(খ) অর্থনৈতিক উন্নয়ন।

উত্তৰ। জাতীয় আয় বৃদ্ধিৰ ফলত দেশৰ চহকী আৰু দুখীয়া সকলো শ্ৰেণীৰ মানুহ বৈষম্যহীন ভাৱে উপকৃত হোৱা সুস্থ পৰিৱেশটোক অর্থনৈতিক উন্নয়ন বুলি ক’ব পাৰি।

(গ) মানৱ উন্নয়ন।

উত্তৰ। জনসাধাৰণৰ অর্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক এই সকলোবোৰ বিষয়ে সামূহিক পছন্দৰ বিস্তাৰ সাধন হোৱাটোকে মানৱ উন্নয়ন বোলা হয়।

(ঘ) অর্থনৈতিক পৰিকল্পনা।

উত্তৰ। সুনির্দিষ্ট লক্ষ্য নিৰ্ধাৰণ কৰি নিৰ্ধাৰিত সময়ত সেই লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় কৰ্তৃপক্ষৰ তত্ত্বাৱধানত দেশৰ অৰ্থনীতিৰ নিয়ন্ত্ৰণ আৰু দিগ্‌দর্শনকে অর্থনৈতিক পৰিকল্পনা বোলে।

(ঙ) গণতান্ত্রিক পৰিকল্পনা।

উত্তৰ৷ পৰিকল্পনাৰ বিভিন্ন পৰ্যায়ৰ ভিতৰত যি পৰিকল্পনাত ৰাইজৰ অংশগ্ৰহণ সুনিশ্চিত কৰা হয় তাকে গণতান্ত্রিক পৰিকল্পনা বোলে।

(চ) উদাৰীকৰণ।

উত্তৰ। দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্রৰ বাধা-নিষেধ তথা নিয়ন্ত্রণ শিথিলকৰণ কাৰ্যকে উদাৰীকৰণ বোলে।

(ছ) ব্যক্তিগতকৰণ ৷

উত্তৰ। দেশৰ চৰকাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ অধীনত প্রতিষ্ঠা আৰু পৰিচালিত হোৱা অনুষ্ঠান প্রতিষ্ঠানসমূহ পর্যায়ক্রমে বেচৰকাৰী খণ্ডলৈ হস্তান্তৰ কৰি দিয়া চৰকাৰী নীতিকে ব্যক্তিগতকৰণ বোলে।

(জ) গোলকীকৰণ বা বিশ্বায়ন।

উত্তৰ। এখন ৰাষ্ট্ৰীয় অর্থনীতিৰ সৈতে বিশ্বৰ আন আন ৰাষ্ট্ৰৰ অৰ্থনীতিৰ সংযোগ ঘটোৱা বা সংহতি স্থাপন কৰা চৰকাৰী ব্যৱস্থাটোকে গোলকীকৰণ বা বিশ্বায়ন বোলে।

(খ) চমু উত্তৰৰ প্রশ্নঃ

প্রশ্ন ১। অর্থনৈতিক বিকাশ আৰু অর্থনৈতিক উন্নয়নৰ দুটা প্রধান পার্থক্য উল্লেখ কৰা।

উত্তৰ। অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ ধাৰণা দুটাৰ মাজত পার্থক্য আছে। দুয়োটাৰে মাজত থকা দুটা পার্থক্য তলত দাঙি ধৰা হ’ল—

(১) অর্থনৈতিক বিকাশে দেশ এখনৰ জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধি হোৱাটো বুজায়। কিন্তু অর্থনৈতিক উন্নয়নে জাতীয় আয়ৰ দ্বাৰা ধনী-দুখীয়া সহ সকলো শ্ৰেণীৰ লোকৰ উপকৃত হোৱাটো বুজায়।

(২) অর্থনৈতিক বিকাশৰ ফলত বৃদ্ধি হোৱা জাতীয় আয় মুঠ জনসংখ্যাৰ এটা নগণ্য অংশৰ হাতত পুঞ্জীভূত হ’ব পাৰে। কিন্তু অর্থনৈতিক উন্নয়নত জাতীয় আয় মুঠ জনসংখ্যাৰ এটা নগণ্য অংশৰ হাতত পুঞ্জীভূত হ’ব নোৱাৰে, সকলো মানুহ ইয়াৰ উপকাৰ পাব।

প্রশ্ন ২। মানৱ উন্নয়নৰ তিনিটা সূচক কি কি? উত্তৰ। অৰ্থনৈতিক উন্নয়নৰ মাপকাঠী হিচাপে ৰাষ্ট্ৰীয় আয়ৰ ওপৰত ভিত্তি

নকৰি ইয়াৰ বিকল্প হিচাপে মানৱ উন্নয়ন সূচকাংক নিৰ্ধাৰণ কৰা হৈছে। ১৯৯০ চনত প্ৰথম খন মানৱ উন্নয়ন প্রতিবেদন প্রকাশ কৰা হয় আৰু এই প্রতিবেদনত মানৱ উন্নয়নৰ ক্ষেত্ৰত নিৰ্ধাৰিত সূচক তিনিটা হৈছে—

(১) প্রত্যাশিত আয়ুস

(২) শিক্ষা আৰু

(৩) জীৱন-যাত্ৰাৰ মানদণ্ড। 

প্রশ্ন ৩। সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে বুলিলে কি বুজা?

উত্তৰ৷ সমষ্টিগত পছন্দ বিস্তাৰ সাধন হৈছে বুলিলে অর্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক দিশত সামূহিক উন্নয়ন সাধন হোৱাটো বুজায়।

 প্রশ্ন ৪। ভাৰতবৰ্ষৰ পঞ্চবার্ষিক পৰিকল্পনাৰ তিনিটা মূল লক্ষ্য উল্লেখ কৰা। 

উত্তৰ। ভাৰতবৰ্ষৰ পঞ্চবার্ষিক পৰিকল্পনাৰ তিনিটা মূল লক্ষ্য হ’ল— (১) দেশৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্রতৰ কৰি তোলা। (২) আর্থ-সামাজিক বৈষম্য আঁতৰ কৰা। (৩) দৰিদ্ৰতা নির্মূল কৰা।

প্রশ্ন ৫। নিটি (NITI) আয়োগৰ সদস্যসকল কোন কোন?

উত্তৰ। নিটি (NITI) আয়োগৰ সদস্যসকল হ’ল— আয়োগৰ অধ্যক্ষ হ’ল প্রধানমন্ত্ৰী আৰু আন আন সদস্যসকল হ’ল এজন উপাধ্যক্ষ, ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপ-ৰাজ্যপাল সকল, ৪ গৰাকী কেন্দ্রীয় মন্ত্রী, মুখ্য কাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকল।

দীঘল উত্তৰৰ প্ৰশ্ন

প্রশ্ন ১। ভাৰতবৰ্ষৰ পৰিকল্পিত অর্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা (১৯৫১-১৯৯১) আৰু দ্বিতীয়ছোৱা (১৯৯১ৰ পৰা বৰ্ত্তমানলৈ) ৰ মাজত থকা এটা মূল পার্থক্য ব্যাখ্যা কৰা।

উত্তৰ। ভাৰতবৰ্ষৰ পৰিকল্পিত অর্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা (১৯৫১-৯১) আৰু দ্বিতীয় ছোৱা (১৯৯১-ৰ পৰা বৰ্তমানলৈ)ৰ মাজত থকা মূল পার্থক্য এটা হ’ল ১৯৫০ চনৰ পৰা ১৯৯১ চনৰ সময়ছোৱাত ভাৰতীয় অর্থনৈতিক উন্নয়নৰ গুৰিবঠা ধৰিছিল ৰাজহুৱা খণ্ডই আৰু এই সময়ছোৱাত ব্যক্তিগত খণ্ডৰ ভূমিকা একেবাৰে গৌণ পৰ্যায়ৰ আছিল। কিন্তু ভাৰতীয় পৰিকল্পিত অর্থনীতিৰ দ্বিতীয় ছোৱা অৰ্থাৎ ১৯৯১ চনৰ পৰা বৰ্তমানলৈ কেন্দ্ৰীয় চৰকাৰে বিশ্ববেংকৰ পৰামৰ্শ অনুযায়ী অর্থনৈতিক সংস্কাৰ কাৰ্যসূচী গ্ৰহণ কৰি উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ বা বিশ্বায়নৰ কাৰ্যসূচীক উদ্‌গনি জগাবলৈ ধৰে। ইয়াৰ ফল স্বৰূপে প্ৰথম ছোৱা কালত ৰাজহুৱা খণ্ডই ভাৰতীয় অর্থনীতিৰ উন্নয়নত মুখ্য ভূমিকা লৈছিল আৰু ব্যক্তিগত খণ্ডৰ ভূমিকা এই সময়ছোৱাত গৌণ আছিল। ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডই এই সময়ছোৱাত আর্থিক ক্ষেত্ৰত সহাৱস্থান কৰি মিশ্রিত অর্থনৈতিক অৱস্থা এটা গঢ়ি তুলিছিল অর্থাৎ প্রথমছোৱা কালত ভাৰতবৰ্ষত অর্থনৈতিক উন্নয়নৰ বাবে মিশ্রিত অর্থনীতিৰ প্ৰৱৰ্তন হৈছিল। এই সময়ছোৱাত ভাৰতীয় অর্থনীতিৰ মূল লক্ষ্য আছিল অর্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্ৰ কৰি তোলা, আধুনিক প্রযুক্তিবিদ্যাৰ প্ৰয়োগত গুৰুত্ব প্রদান কৰা আৰু আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা আৰু সামাজিক ন্যায় প্রতিষ্ঠা কৰা ইত্যাদি। নানা প্রতিকূল পৰিস্থিতিৰ বাবে এই সময়ছোৱাত ভাৰতীয় অর্থনীতিৰ উন্নয়নৰ হাৰ গড় হিচাপত ৩.৫ শতাংশ আছিল। কৃষিৰ বৰঙণি ৫৯ শতাংশৰ পৰা ৩৪.৯ শতাংশলৈ নিম্নগামী হৈছিল।

দ্বিতীয় সময়ছোৱাত অর্থাৎ ১৯৯১ চনৰ পৰা বৰ্তমানলৈকে ভাৰতীয় অর্থনৈতিক ব্যৱস্থাত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণৰ প্রাধান্যই গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটায়। ইয়াৰ ফলত ভাৰতীয় অর্থনৈতিক ব্যৱস্থাত ৰাজহুৱা খণ্ডৰ গুৰুত্ব হ্রাস পায় আৰু ব্যক্তিগত খণ্ডই প্রাধান্য লাভ কৰে। ভাৰতীয় অর্থনীতিৰ উন্নয়নৰ হাবো দ্বিতীয় সময়ছোৱাত বৃদ্ধি পায়। ২০১৩-১৪ চনত বার্ষিক উন্নয়নৰ | হাব ৭.২ শতাংশ হৈছিল।

প্রশ্ন ২। ভাৰতবৰ্ষত অর্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ তিনিটা মূল কাৰণ চমুকৈ ব্যাখ্যা কৰা। 

উত্তৰ। ভাৰতবৰ্ষ মিশ্রিত অর্থনীতিৰ প্ৰচলন থকা দেশ। ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডৰ সহাৱস্থানৰ মাজেদিয়ে ভাৰতীয় অর্থনীতিক গঢ় দিয়াৰ প্ৰণালী ৰাষ্ট্ৰই গ্ৰহণ কৰিছে। ভাৰতবৰ্ষৰ পৰিকল্পিত অর্থনৈতিক উন্নয়নৰ প্ৰথমছোৱাত (১৯৫১-১৯৯১)-এই অর্থনীতি বিশেষ ফলপ্ৰসূ নহ’ল, যাৰ বাবে ভাৰতবৰ্ষই বিশ্ববেংকৰ পৰামর্শ ক্ৰমে অর্থনৈতিক উন্নয়নৰ বাবে অর্থনৈতিক সংস্কাৰ কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হয়। ভাৰতবৰ্ষত অর্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ তিনিটা মূল | কাৰণ তলত দাঙি ধৰা হ’ল –

(১) ভাৰতীয় অর্থনীতিত চৰকাৰী আয়ৰ হাৰতকৈ ব্যয় বৃদ্ধিৰ হাৰ অধিক হৈছিল। ইয়াৰ ফলত ৰাষ্ট্ৰৰ অৰ্থনৈতিক অৱস্থা ম’হতকৈ শিং চৰা বিধৰ হৈ উঠিছিল যাৰ বাবে বৃহৎ বিত্তীয় ঘাটিয়ে দেখা দিছিল। ভাৰতীয় অর্থনৈতিক উন্নয়নৰ গুৰিবঠা ধৰা ৰাজহুৱা খণ্ডই লোকচান ভৰিব লগীয়া হৈছিল।

(২) ৰাষ্ট্ৰখনত ঘাইকৈ সীমিত উৎপাদনৰ ফলত মুদ্রাস্ফীতি বা সা-সামগ্ৰীৰ একেৰাহে ঘটা মূল্যবৃদ্ধিৰ ফলত ৰাষ্ট্ৰৰ দুৰ্বল শ্ৰেণীৰ লোকৰ জীৱন-নিৰ্বাহৰ ক্ষেত্ৰত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল আৰু এনে সংকটৰ পৰা উদ্ধাৰ হ’বলৈ| দেশৰ চৰকাৰৰ নতুন পথৰ সন্ধান কৰিবলগীয়া অৱস্থাৰ উদ্ভৱ হৈছিল।

(৩) ১৯৯০-৯১ চনত ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ ছবিখন বাৰুকৈয়ে ভয়াবহ হৈ পৰিছিল। ভাৰতীয় অর্থনীতিৰ নিশকতীয়া অৱস্থাই ৰাষ্ট্ৰলৈ বিদেশৰ মূলধন অহাৰ বাট সংকীর্ণ কৰি পেলাইছিল। ইয়াৰ লগতে ভাৰতৰ পৰা মূলধনৰ বহির্গমন হ’বলৈ আৰম্ভ কৰিছিল।

এইসকল কাৰণে ভাৰতবৰ্ষত অর্থনৈতিক সংস্কাৰ প্ৰৱৰ্তন কৰাটো আৱশ্যক হৈ পৰিছিল।

প্রশ্ন ৩। অর্থনৈতিক সংস্কাৰৰ তিনিটা সুফল উল্লেখ কৰা।

উত্তৰ। ১৯৯০-৯১ চনত ভাৰতীয় অর্থনীতিত ভয়াৱহ সংকটৰ সৃষ্টি হয়। এই দুর্যোগপূর্ণ সময়ত ভাৰতৰ সেই সময়ৰ প্ৰধানমন্ত্রী পি. ভি. নৰসিংহ ৰাওৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বিশ্ববেংকৰ পৰামৰ্শ ক্রমে ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচী প্ৰৱৰ্তন কৰে। এই অর্থনৈতিক সংস্কাৰ কাৰ্যসূচী প্ৰৱৰ্তন কৰি পোৱা তিনিটা সুফল তলত দাঙি ধৰা হ’ল—

(১) অর্থনৈতিক সংস্কাৰ কাৰ্যসূচী প্ৰৱৰ্তনৰ পাছত ভাৰতবৰ্ষত অর্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি হ’বলৈ ধৰিছে। বৃদ্ধি অনুযায়ী ২০০৫-০৬, ২০০৬-০৭ আৰু ২০০৭-০৮ চনত বাৰ্ষিক উন্নয়নৰ হাৰ আছিল ক্ৰমে ৯.৫ শতাংশ, ৯.৭ শতাংশ আৰু ৯.২ শতাংশ। ১৯৫১ চনৰ পৰা এই সময়লৈকে ভাৰতীয় অর্থনীতিৰ উন্নয়নৰ হাৰ পূৰ্বে কেতিয়াও এই উচ্চতা স্পর্শ কৰা নাই।

(২) অর্থনৈতিক সংস্কাৰৰ ফলত পাইকাৰী মূল্যসূচী পূৰ্বৰ তুলনাত হ্রাস হৈছে। কিন্তু খুচুৰা মূল্যসূচী সেই একে হাৰত কমি অহা নই।

(৩) অর্থনৈতিক সংস্কাৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ পাছৰ পৰা ভাৰতৰ কেন্দ্ৰীয় বেংক ‘ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া’ত জমা হোৱা বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ = পৰিমাণৰ বৃদ্ধি ঘটিছে। বর্ত্তমান এনে মুদ্ৰাৰ পৰিমাণ প্রায় ৩২৮.৭ বিলিয়ন * ডলাৰ হৈছে। অথচ ১৯৯০-৯১ চনত এনে মুদ্রা মাত্র ১৫ দিনৰ আমদানিৰ বাবেহে মজুত আছিল। অর্থনৈতিক সংস্কাৰৰ এইবোৰ সুফল আমি পাইছোঁ।

প্রশ্ন ৪। অর্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হোৱা দুটা অসুবিধা চমুকৈ ব্যাখ্যা কৰা।

 উত্তৰ। ১৯৯০-‘৯১ চনত ভাৰতৰ অর্থনৈতিক অৱস্থা শোচনীয় হৈ পৰে আৰু এই সংকটৰ পৰা উদ্ধাৰ হোৱাৰ নিমিত্তে ভাৰতৰ কেন্দ্রীয় চৰকাৰে বিশ্ব বেংকৰ পৰামর্শ ক্রমে যি অর্থনৈতিক সংস্কাৰ কাৰ্যসূচী গ্রহণ কৰিছিল তাৰ পৰা ৰাষ্ট্ৰই ভালেখিনি সুফল লাভ কৰিছে যদিও ইয়াৰ ফলত দুই-এটা অসুবিধা নোহোৱাকৈয়ো থকা নাই। তলত অর্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হোৱা দুটা অসুবিধা চমুকৈ ব্যাখ্যা কৰা হ’ল 

(১) অর্থনৈতিক সংস্কাৰ কাৰ্যসূচী প্ৰৱৰ্তনৰ পাছত সংস্কাৰ নীতিৰ প্রতিযোগিতাৰ প্ৰসাৰ আৰু তীব্রতা বৃদ্ধি কৰিছে। বিভিন্ন ধৰণৰ সা-সামগ্ৰীৰে বজাৰ ভৰি পৰিছে। ফলত বাণিজ্যিক জগতখনত যি তীব্র প্রতিযোগিতাৰ সৃষ্টি হৈছে তাৰ ফলত তুলনামূলক ভাবে দুর্বল বাণিজ্যিক প্রতিষ্ঠানে প্রতিযোগিতাৰ পৰা আঁতৰি যোৱাৰ শংকা দেখা দিছে। তদুপৰি এই প্রতিযোগিতা সুস্থ হ’বলৈ হ’লে জনসাধাৰণৰ ক্ৰয় ক্ষমতাৰ পৰিমাণো বৃদ্ধি হ’ব লাগিব।

(২) পণ্যৰ প্রতি অত্যধিক আসক্তিয়ে ভোগবাদী অর্থনীতিৰ উদ্ভৱ ঘটায়। এই ভোগবাদী অর্থনীতিয়ে নৈতিকতাৰ স্খলন ঘটোৱাৰ আশংকা থাকে। ইয়াৰ ফলত সামাজিক অৱক্ষয়ো ঘটিব পাৰে বা ঘটে।

প্রশ্ন ৫। অসমৰ চলিত পঞ্চবার্ষিক পৰিকল্পনাৰ ছটা প্রধান লক্ষ্য উল্লেখ কৰা।

উত্তৰ। ২০১৪ চনৰ নিৰ্বাচনত কেন্দ্ৰত নতুন চৰকাৰ শাসনলৈ অহাৰ পাছত পৰিকল্পনা আয়োগ নিটি (NITI) আয়োগলৈ পৰিৱৰ্তিত হয়। চলিত পৰিকল্পনাৰ

মাজভাগত এই পৰিৱর্তন সংঘটিত হয়। এই পৰিৱৰ্তনৰ পটভূমিতে অসমত চলিত দ্বাদশ পৰিকল্পনাৰ লক্ষ্যসমূহ কাৰ্যকৰী কৰাৰ ব্যৱস্থা চলি আছে। তলত চলিত পঞ্চবার্ষিক পৰিকল্পনাৰ ছটা লক্ষ্য দাঙি ধৰা হ’ল—

 (১) এই পৰিকল্পনাত অহা দুই-তিনিটা দশকৰ ভিতৰত অসমৰ উন্নয়নৰ হাৰ ১০ শতাংশলৈ বৃদ্ধি কৰা।

(২) দৰিদ্ৰতা আৰু অর্থনৈতিক বৈষম্য আঁতৰোৱাৰ বাবে বিভিন্ন আঁচনি গ্রহণ।

(৩) প্রযুক্তিবিদ্যা আৰু বিজ্ঞানসম্মত প্ৰচেষ্টাৰে বানপানী আৰু গৰাখহনীয়াৰ দীর্ঘদিনৰ সমস্যাৰ সমাধান কৰাৰ ব্যৱস্থা গ্রহণ। (৪) কৃষি প্রধান ৰাজ্যখনৰ কৃষি উন্নয়নৰ হাৰ ৬ ৰ পৰা ৮ শতাংশলৈ বৃদ্ধি কৰাৰ ব্যৱস্থা গ্রহণ।

(৫) শক্তি উৎপাদনত গুৰুত্ব আৰোপ কৰি এই ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা আৰু শক্তি পৰিবহণ আৰু বিতৰণৰ ক্ষেত্ৰত শেহতীয়া প্ৰযুক্তিবিদ্যা প্রয়োগকৰণ।

(৬) ৰাজ্যখনৰ মানৱ উন্নয়ন সূচকাংকৰ মান উন্নত কৰা আৰু ইয়াৰ বাবে স্বাস্থ্য আৰু শিক্ষাখণ্ডত বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰি শিক্ষাৰ গুণগত মান বৃদ্ধি কৰিবলৈ শিক্ষক প্রশিক্ষণৰ ব্যৱস্থা কৰা।

Leave a Reply