SEBA Class-10 Social Science| Chapter-3| পৃথিৱীৰ ভূগোল

SEBA Class-10 Social Science| Chapter-3| পৃথিৱীৰ ভূগোল. The answer to each chapter is provided in the list so that you can easily browse throughout different chapters  SEBA Class-10 Social Science| Chapter-3| পৃথিৱীৰ ভূগোল Social Science Class 10 SEBA Notes and Question Answer In Assamese Medium and select need one.

SEBA CLASS 10 (Ass. MEDIUM)

  1. English Solutions
  2. অসমীয়া Questions Answer
  3. বাংলা Questions Answer
  4. বিজ্ঞান Questions Answer
  5. সমাজ বিজ্ঞান Questions Answer
  6. हिंदी ( Elective ) Questions Answer
  7. ভূগোল (Elective) Questions Answer
  8. বুৰঞ্জী (Elective) Questions Answer
  9. Hindi (MIL) Question Answer

SEBA Class-10 Social Science| Chapter-3| পৃথিৱীৰ ভূগোল

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions For SEBA Class-10 Social Science| Chapter-3| পৃথিৱীৰ ভূগোল Solutions for All Subjects, You can practice these here.

অনুশীলনীৰ প্ৰশ্নোত্তৰ

প্রশ্ন ১। পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ লিখা।

 উত্তৰ৷ মানুহৰ একমাত্র বাসভূমি পৃথিৱীখন বিশাল৷ ইয়াৰ মুঠ মাটিকালি

প্রায় ৫১০ নিযুত বর্গ কিলোমিটাৰ। উল্লেখযোগ্য যে ভূপৃষ্ঠৰ কেৱল প্রায় ২৯ শতাংশ, অর্থাৎ ১৪৯ নিযুত বর্গ কিলোমিটাৰ স্থলভাগ আৰু বাকী ৭১ শতাংশ, অর্থাৎ ৩৬১ নিযুত বর্গ কিলোমিটাৰ জলভাগে আৱৰি আছে। পৃথিৱীৰ স্থলভাগ এছিয়া, আফ্রিকা, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওছেনিয়া আৰু এণ্টার্কটিকা মহাদেশেৰে গঠিত। আনহাতে, বৃহৎ জলভাগ প্রশাস্ত্র, আটলান্টিক, ভাৰত, উত্তৰ আৰু দক্ষিণ মহাসাগৰেৰে গঠিত। উল্লেখযোগ্য যে মহাদেশসমূহৰ ভিতৰত এছিয়া মহাদেশ আৰু মহাসাগৰসমূহৰ ভিতৰত প্ৰশাস্ত মহাসাগৰ সৰ্ববৃহৎ। ২০১৫ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি পৃথিৱীৰ মুঠ জনসংখ্যা ৭৩০ কোটি বা ৭.৩ মহানিযুত।

পৃথিৱীৰ ভূপৃষ্ঠৰ সাগৰ, মহাসাগৰ, নদ-নদী, হ্রদ, আদি পানীৰে আগুৰি থকা বৃহৎ অংশটোক জলমণ্ডল বোলে আৰু সাগৰ পৃষ্ঠৰ কিছু ওপৰত মাটিৰে আগুৰি থকা ভূপৃষ্ঠৰ বৃহৎ অংশটোক স্থলমণ্ডল বোলে। পৃথিবীৰ এই জলমণ্ডল আৰু স্থলমণ্ডল দুটা সুকীয়াভাৱে একেলগে থুপ মাৰি থকা নাই। জলমণ্ডল আৰু স্থলমণ্ডল দুয়োটা অংশই ইটোৱে সিটোক বিভাজিত কৰি মাজে মাজে সোমাই আহে। কাস্পিয়ান আৰু আৰল সাগৰক বাদ দি পৃথিৱীৰ আটাইকেইটা সাগৰ মহাসাগৰ ইটোৱে সিটোৰ লগত সংযোগ স্থাপন কৰি আছে। কিন্তু স্থলমণ্ডলটো পানীৰে চাৰিওফালে আগুৰি থাকি চাৰিটা বৃহৎ অংশত বিভাজিত হৈ আছে। ইয়াৰে প্ৰথম অংশটো এছিয়া, ইউৰোপ, আফ্রিকা মহাদেশেৰে গঠিত, দ্বিতীয়টো উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশেৰে গঠিত, তৃতীয়টো অষ্ট্রেলিয়া, আৰু বহু দ্বীপ লগ লাগি সৃষ্টি হোৱা ওছেনিয়া মহাদেশেৰে গঠিত। চতুর্থটো এন্টার্কটিকা মহাদেশেৰে গঠিত। জলমণ্ডলৰ বৃহৎ অংশ দক্ষিণ গোলার্ধত অৱস্থিত আৰু স্থলভাগৰ বৃহৎ অংশ উত্তৰ গোলার্ধত অৱস্থিত।

প্রশ্ন ২। মহাদেশীয় বিস্থাপন সূত্র অনুসৰি পৃথিবীৰ অৱস্থা আদিতে কেনে আছিল?

উত্তৰ ৷ মহাদেশীয় বিস্থাপন বা সঞ্চাৰণ সূত্ৰ অনুসৰি আজিৰ পৰা প্ৰায় তিনিশ নিযুত বছৰ আগতে পৃথিৱীখনৰ স্থলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল। পৃথিবীৰ এই অৱস্থাত থকা স্থলমণ্ডলটোক পেঞ্জিয়া আৰু পেঞ্জিয়াৰ চাৰিওফালে আগুৰি থকা জলমণ্ডলটোক পান্থালাছা বোলা হৈছিল। কিছুকাল যোৱাৰ পিছত পেঞ্জিয়াৰ প্ৰায় সোঁমাজেৰে পূৱা পশ্চিমাকৈ এটা দীঘল সাগৰৰ সৃষ্টি হৈছিল। এইটোৰ নাম টেথিছ সাগৰ। টেথিছ সাগৰৰ সৃষ্টিয়ে পেঞ্জিয়াটো উত্তৰা-দক্ষিণাকৈ দুটা ভাগত ভাগ হৈছিল। উত্তৰৰ অংশটোক লৰেছিয়া আৰু দক্ষিণৰ অংশটোক গণ্ডোৱানালেণ্ড বুলি কোৱা হৈছিল। মধ্যজীৱীয় কল্পৰ সময়ত অৰ্থাৎ আজিৰ পৰা প্ৰায় ২৫০ নিযুত বছৰ আগতে ভূত্বকৰ ফাটন ক্ৰিয়া আৰু মহাদেশীয় সঞ্চাৰণৰ ফলত লৰেছিয়া আৰু গণ্ডোৱানালেণ্ড বিভাজিত হৈ বিষুৱ আৰু পশ্চিম দিশত গতি কৰি বৰ্তমান অৱস্থাত থকা মহাদেশ সমূহৰ সৃষ্টি হৈছিল। মহাদেশীয় সঞ্চাৰণ সূত্র অনুসৰি লৰেছিয়া বিভাজিত হৈ উত্তৰ আমেৰিকা, গ্ৰীণলেণ্ড, আৰু ভাৰত উপমহাদেশৰ উত্তৰে থকা ইউৰোপ আৰু এছিয়া মহাদেশৰ সৃষ্টি হৈছিল। আনহাতে গণ্ডোৱানালেণ্ড বিভাজিত হৈ দক্ষিণ আমেৰিকা, আফ্রিকা, মাদাগাস্কাৰ, ভাৰতবৰ্ষ, আৰৱ অঞ্চল, মালয়েছিয়া আৰু অন্যান্য দ্বীপসমূহ, অস্ট্রেলিয়া, এন্টার্কটিকা আদিৰ সৃষ্টি হৈছিল।

প্রশ্ন ৩। মহাসাগৰৰ তলিভাগৰ ভূ-অৱয়বৰ সম্পৰ্কে চমুকৈ লিখা। 

উত্তৰ। মহাসাগৰৰ জলপৃষ্ঠ অতি মসৃণ হলেও মহাসাগৰৰ তলিভাগৰ ভূ-প্রকৃতি তেনেই অসমান। মহাসাগৰৰ তলিভাগত থকা শৈলসিৰা, দ্ৰোণী, সামুদ্রিক টিলা, খাত আদিয়ে মহাসাগৰৰ তলি ভাগক ওখোৰা মোখোৰা কৰি ৰাখিছে৷ মহাসাগৰৰ গভীৰতা গড় হিচাপত প্ৰায় ৪০০০ মিটাৰ। জলমণ্ডল আৰু স্থলমণ্ডলৰ সংযোগ ৰেখাৰ পৰা মহাসাগৰৰ মাজভাগলৈ মহাসাগৰৰ গভীৰতা বৃদ্ধি পায় আৰু বিভিন্ন প্ৰকাৰৰ অৱয়ব পোৱা যায়। উপকূলৰ পৰা মহাসাগৰৰ মাজভাগলৈ যথাক্রমে মহীসোপান, মহীঢাল, গভীৰ সমুদ্রতল, সমুদ্রতলীয়’দ্রোণী, সামুদ্রিক শৈলসিৰা, দ্বীপ, আৰু গভীৰ সমুদ্ৰখাত অৱস্থিত৷ উপকূলৰ চাৰিওকাৰে থকা মহাসাগৰৰ অগভীৰ (প্রায় ২০০০ মি. পর্যন্ত) অংশক মহীসোপান আৰু ইয়াৰ পিছৰ যথেষ্ট গভীৰ (প্রায় ২০০ মি. পর্যন্ত) অংশটোক মহীঢাল বোলে। মহীঢালৰ পিছত মহাসাগৰৰ মাজভাগত অতি গভীৰ সমুদ্রতলীয় দ্ৰোণী (প্রায়) ৪০০০ মি. পর্যন্ত), গভীৰতম সামুদ্রিক খাত (গঢ় হিচাপত ৮০০০ মি. পর্যন্ত), আৰু সিঁচৰিতভাবে অ’ত ত’ত সমুদ্রপৃষ্ঠৰ ওপৰলৈ বহু শৈলসিৰা, দ্বীপ আদি দেখা যায়। প্রশান্ত মহাসাগৰৰ তলিত থকা ১১,০২২ মি. গভীৰ পৃথিৱীৰ গভীৰ্তম খাত হৈছে মেৰিয়ানা বা চেলেঞ্জাৰ।

প্রশ্ন ৪। মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ সম্পর্কে চমুকৈ লিখা।

 উত্তৰ৷ মহাদেশীয় সঞ্চাৰণ সূত্রমতে আদিতে পৃথিবীৰ স্থলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াক জলমণ্ডলে আগুৰি আছিল। পৃথিৱীৰ এনে অৱস্থাত থকা স্থলমণ্ডলটোক পেঞ্জিয়া আৰু পেঞ্জিয়াক আগুৰি থকা জলমণ্ডলটোক পান্থালাছা বোলা হৈছিল। কিছুকাল যোৱাৰ পিছত পেঞ্জিয়াৰ সোঁমাজেৰে পূবা পশ্চিমাকে এটা দীঘল সাগৰৰ সৃষ্টি হৈছিল। ইয়ে আছিল টেথিছ সাগৰ। টেথিছ সাগৰে পেঞ্জিয়াটোক উত্তৰা-দক্ষিণাকে দুই ভাগত ভাগ কৰিছিল। উত্তৰ অংশটাক লৰেছিয়া আৰু দক্ষিণ অংশটোক গণ্ডোৱানালেণ্ড বোলা হৈছিল। মধ্যজীৱীয় কল্পৰ সময়ত ভূত্বকৰ ফাটন ক্ৰিয়া আৰু মহাদেশীয় সঞ্চাৰণৰ ফলত লৰেছিয়া আৰু গণ্ডোৱানালেণ্ড পুনৰ বিভাজিত বিষুৱ আৰু পশ্চিম দিশত গতি কৰি বৰ্তমান অৱস্থাত থকা মহাদেশ সমূহৰ সৃষ্টি হৈছিল। মহাদেশীয় সঞ্চাৰণ সূত্ৰ অনুসৰি লবেছিয়া বিভাজিত হৈ উত্তৰ আমেৰিকা, গ্ৰীণলেণ্ড আৰু ভাৰত উপমহাদেশৰ উত্তৰে থকা ইউৰোপ, আৰু এছিয়া মহাদেশৰ সৃষ্টি হৈছিল। আনহাতে গণ্ডোৱানালেণ্ড বিভাজিত হৈ দক্ষিণ আমেৰিকা, আফ্রিকা, মাদাগাস্কাৰ, ভাৰতবৰ্ষ, আৰৱ অঞ্চল, মালয়েছিয়া আৰু অষ্ট্ৰেলিয়া আৰু অন্যান্য দ্বীপসমূহ এন্টার্কটিকা আদিৰ সৃষ্টি হৈছিল।

পৃথিৱীৰ জলমণ্ডল আৰু স্থলমণ্ডল দুটা একেলগে থুপ মাৰি থকা নাই, ইটোৱে সিটোক বিভাজিত কৰি মাজে মাজে সোমাই আছে। অৱশ্যে কাস্পিয়ান,আৰু আৰল সাগৰৰ বাহিৰে পৃথিবীৰ গোটেই সাগৰ মহাসাগৰ ইটোৰ লগত সিটোৰ সংযোগ স্থাপন কৰি আছে। স্থলমণ্ডলটো পানীৰে চাৰিওফালে আগুৰি থাকি চাৰিটা বৃহৎ অংশত বিভাজিত হৈ প্ৰথমটো এছিয়া, ইউৰোপ আৰু আফ্রিকা মহাদেশেৰে গঠিত, দ্বিতীয় উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা মহাদেশেবে গঠিত, তৃতীয় অস্ট্রেলিয়া আৰু বহু দ্বীপ লগলাগি ওছেনিয়া মহাদেশেৰে গঠিত, চতুর্থ এন্টার্কটিকা, মহাদেশেৰে গঠিত।

আনহাতে মহাদেশৰ সমূহৰ চাৰিওফালে আগুৰি থকা পৃথিৱীৰ মহাসাগৰ সমূহৰ প্ৰশান্ত মহাসাগৰ—এছিয়া, উত্তৰ আমেৰিকা, আৰু দক্ষিণ আমেৰিকা মহাদেশৰ মাজত অবস্থিত। আটলান্টিক মহাসাগৰ— উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা আৰু ইউৰোপ, আফ্রিকা মহাদেশৰ মাজত অৱস্থিত, ভাৰত মহাসাগৰ— এছিয়া মহাদেশৰ দক্ষিণত, আফ্রিকা মহাদেশৰ পূৱত আৰু ওছেনিয়া মহাদেশৰ পশ্চিমত অৱস্থিত, উত্তৰ মহাসাগৰ উত্তৰ আমেৰিকা, ইউৰোপ আৰু এছিয়া মহাদেশৰ উত্তৰে অবস্থিত, আৰু দক্ষিণ মহাসাগৰ—দক্ষিণ আমেৰিকা, আফ্রিকা, আৰু ওছেনিয়া মহাদেশৰ দক্ষিণে অবস্থিত। উল্লেখযোগ্য যে জলমণ্ডলৰ বেছি অংশ দক্ষিণ গোলার্ধত আৰু স্থলমণ্ডলৰ বেছি অংশ উত্তৰ গোলার্ধত অৱস্থিত।

প্রশ্ন ৫। পৃথিবীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ-অৱয়ব সমূহৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ। পৃথিৱীৰ স্থলভাগ ৭ খন মহাদেশেৰে গঠিত— এছিয়া, ইউৰোপ, আফ্রিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওছেনিয়া, আৰু এন্টার্কটিকা। পৃথিৱীৰ এই স্থলভাগৰ উপৰিভাগক পর্বত, পাহাৰ, মালভূমি, উপকূলীয় সমভূমি, আদি ভূ-অৱয়বে ওখোৰা মোখোৰা কৰি ৰাখিছে।

এছিয়া মহাদেশৰ মধ্য অংশ পর্বত আৰু মালভূমিতে ভৰা। এই মহাদেশৰ পর্বতসমূহ হ’ল— হিমালয় পর্বতমালা, ইউৰাল পর্বতমালা, কাবাকোৰাম পর্বতমালা, কুনলুন পর্বতমালা, আলপাইন পর্বতমালা, টিয়েনচান পর্বতমালা, আলটাই পৰ্বত, আৰাৱলী পর্বত আদি। পৃথিৱীৰ উচ্চতম শৃংগ এভাৰেষ্ট হিমালয় পর্বত শ্ৰেণীত অৱস্থিত। আনহাতে মালভূমিৰ ভিতৰত তিব্বত মালভূমি, পৃথিবীৰ | উচ্চতম পামিৰ মালভূমি, ছাইবেৰিয়া মালভূমি, মংগোলীয় মালভূমি দাক্ষিণাত্য মালভূমি, আৰৱ মালভূমি, ইৰাণ মালভূমি প্রধান। পর্বত, পাহাৰ, মালভূমিয়ে সৃষ্টি কৰা উচ্চভূমি অঞ্চলৰ পৰা সৃষ্টি হোৱা বহুতখিনি নদীয়ে কেবাখনো সমভূমি আৰু ব-দ্বীপৰ সৃষ্টি কৰিছে। ইয়াৰ উপৰি গোবি, থৰ, আৰৱ মৰুভূমিও এছিয়াত অবস্থিত।

ইউৰোপ মহাদেশৰ ভূ-প্রাকৃতিক গঠন অতি জটিল আৰু বৈচিত্র্যময়। ইউৰোপ মহাদেশক ভ-প্রাকৃতিক ভাৱে দুটা ভাগত ভাগ কৰা হৈছে— উত্তৰ ভাগ উত্তৰ পশ্চিমে ফ্রান্স উপকূলৰ পৰা পূৱৰ ইউৰাল পর্বত শ্ৰেণীলৈ প্রায় সমতলভূমি। দক্ষিণ অংশটো স্পেইনৰ পৰা কৃষ্ণ সাগৰলৈকে বিস্তৃত আৰু পৰ্বত-পাহাৰ, মালভূমিৰে যথেষ্ট ওখোৰা-মোখোবা। দক্ষিণ ইউৰোপৰ পৰ্বত শ্রেণী হল আল্লছ, পাইবেনিজ, কার্পেথিয়ান আৰু ককেছাছ। ইউৰোপৰ ককেছাছ পর্বতশ্রেণীৰ উচ্চতম শৃংগ ‘মাউন্ট এলব্ৰাছ’ ইউৰোপৰ উচ্চতম শৃংগ আৰু আল্‌ছৰ উচ্চতম শৃংগ ‘মাউন্ট ব্লেংক’ শৃংগ।

আফ্রিকা মহাদেশৰ উপকূল অঞ্চলৰ ঠেক সমতলভূমিৰ বাহিৰে মহাদেশখনৰ বেছি অংশ এখন বৃহৎ মালভূমি। ইয়াৰ উচ্চতম শৃংগ হ’ল কিলিমানজাৰো অন্য উচ্চ শৃংগ সমূহ হ’ল এটলাছ, ইথিওপিয়ান উচ্চভূমি, এডামাৱা উচ্চভূমি, ড্রাকেন্সবার্গ উচ্চভূমি আদিয়ে প্রধান। মহাদেশখনৰ অ’ত ত’ত সিঁচৰিত হৈ থকা সৰুসক উচ্চভূমিয়ে ইয়াৰ ভূ-প্রকৃতিক ওখোৰা-মোখোৰা কৰি ৰাখিছে।

উত্তৰ আমেৰিকাৰ ভূ-প্রাকৃতিক গঠন বৈচিত্র্যময়। মহাদেশখনৰ পশ্চিম আৰু পূৱ অংশ দুটা উত্তৰা-দক্ষিণাকৈ পৰ্বত পাহাৰময়। উত্তৰ আমেৰিকাৰ ভ-প্রকৃতিক চাৰিটা ভাগত ভাগ কৰা হৈছে। মহাদেশৰ পশ্চিমে আলাস্কাৰ পৰা মেক্সিকোলৈ সুউচ্চ পর্বতশ্রেণী ৰকি পার্বত্য অঞ্চল অৱস্থিত। ইয়াৰ উপৰি পশ্চিম অংশত উপকূলবর্তী কাস্কেড, ছিয়েবা, নেভাড়া, ক’ষ্টবেঞ্জ পর্বত শ্রেণী আৰু পূৱ অংশত উত্তৰে নিউফাউণ্ডলেণ্ডৰ পৰা দক্ষিণে ফ্ল’ৰিডালৈ বিস্তৃত পর্বত-পাহাব, ঠেক উপত্যকা, আৰু ভগ্ন মালভূমিৰে গঠিত ওখোৰা-মোখোৰা আপেলেছিয়ান উচ্চভূমি আছে। ইয়াৰ দক্ষিণত এলিঘেনি আৰু বুৰিজ পর্বতশ্রেণী আছে। আটলান্টিক মহাসাগৰৰ উপকূলীয় অংশত ঠেক বিস্তৃত উপকূলীয় সমতল ভূমি আছে। মহাদেশখনৰ পশ্চিম উপকূল অংশত কেলিফোর্নিয়া ঠেক উপকূলীয় সমভূমি আছে।

দক্ষিণ আমেবিকা মহাদেশত উচ্চ পার্বত্যভূমি, নদীগঠিত সমভূমি, মালভূমি, উপকূলীয় সমভূমি, দ্বীপ, মরুভূমি আদি প্রায় সকলো ভূ-অৱয়বেই আছে। ইয়াৰ পশ্চিম অংশত সুউচ্চ এণ্ডিজ পর্বতমালাই আগুৰি আছে। এইটো পৃথিৱীৰ দীৰ্ঘতম পর্বতমালা, প্রায় ৮০০০ কিমি. দীঘল। ইয়াৰ উচ্চতম শৃংগ হ’ল একানকাগুরা। মধ্য-পূৱ অংশত ব্রাজিলিয়ান মালভূমি অৱস্থিত। এণ্ডিজৰ কাষৰ উত্তৰ অংশত ইকুৱেড’ৰ মালভূমি আৰু দক্ষিণত পাৰাণা-পেটাগ নিয়া মালভূমি আছে। এন্ডিজ পর্বতমালাৰ বৃষ্টিহীন অংশত আটাকামা উষ্ণ মৰুভূমি, আৰু পাটাগণিয়া নাতিশীতোষ্ণ মৰুভূমি আছে।

ওচেনিয়া মহাদেশৰ অষ্ট্ৰেলিয়া মালভূমিৰ চাৰিওফালে ঠেক উপকূলীয় সমভূমি আছে। অষ্ট্ৰেলিয়াৰ পূৱ অংশত গ্রেট ডিভাইডিং ৰেঞ্জ আৰু স্ন’ৱি মাউন্টেইনে সৃষ্টি কৰা উচ্চভূমি অঞ্চল আছে। ইয়াক অস্ট্রেলিয়ান আল্লছ বুলি কোৱা হয়। মূৰে আৰু ডার্লিং নদীয়ে অষ্ট্ৰেলিয়াৰ দক্ষিণ পূৱত বৃহৎ সমতল ভূমিৰ সৃষ্টি কৰিছে।

প্রশ্ন ৬। এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্য সমূহ চমুকৈ আলোচনা কৰা।

উত্তৰ। এছিয়া পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশ। ৪৪.৬ নিযুত বর্গ কিলোমিটাৰ মাটিকালিৰে এছিয়া মহাদেশে পৃথিৱীৰ স্থলভাগৰ প্ৰায় ৩০ শতাংশ জুৰি আছে। এছিয়া মহাদেশ মূলতঃ উত্তৰ গোলার্ধত অৱস্থিত। ই উত্তৰে ৭৮° উত্তৰ-অক্ষাংশৰ পৰা দক্ষিণে ১° উত্তৰ অক্ষাংশলৈ আৰু পশ্চিমে ২৫° পূৱ দ্রাঘিমাংশৰ পৰা পূবে ১৭০° পশ্চিম দ্রাঘিমাংশলৈ বিস্তৃত। উল্লেখযোগ্য যে প্রশান্ত মহাসাগৰত অৱস্থিত জাপান, টাইৱান, ফিলিপাইন, জাভা, চুমাত্রা, বর্ণিও ইত্যাদি দ্বীপসমূহ আৰু ভাৰত মহাসাগৰত অৱস্থিত আন্দামান-নিকোবৰ, শ্রীলংকা, লাক্ষাদ্বীপ, মালদ্বীপ, বাহৰেইন আদি এছিয়া মহাদেশৰ অন্তৰ্গত। এছিয়া মহাদেশখনক উত্তৰে উত্তৰ মহাসাগৰ ; দক্ষিণে ভাৰত মহাসাগৰ ; পূবে বেৰিং প্ৰণালী আৰু প্রশান্ত মহাসাগৰ ; আৰু পশ্চিমে লোহিত সাগৰ, ছুৱেজখাল, ভূমধ্য সাগৰ, ক’কেছাছ পর্বত, কাস্পিয়ান সাগর, ইউৰাল নদী আৰু ইউৰাল পর্বতমালাই আগুৰি আছে।

এছিয়া মহাদেশখন সুউচ্চ পর্বতশ্রেণী, মালভূমি, নদী উপত্যকা, নিম্নভূমি, উপকূলীয় সমভূমি, মহাসাগৰীয় দ্বীপ, মৰুভূমি আদিৰে আৱৰা। মহাদেশখনৰ মধ্য অংশ পৰ্বত আৰু মালভূমিৰে ভৰা। পর্বতশ্ৰেণীসমূহৰ ভিতৰত মহাদেশখনৰ পশ্চিম সীমাত উত্তৰা-দক্ষিণাকৈ থকা ইউৰাল পর্বতমালা, মধ্যাংশত পূবা পশ্চিমাকৈ বিস্তৃত পৃথিৱীৰ সৰ্বোচ্চ হিমালয় পর্বতমালা, কাৰাকোৰাম পর্বতমালা, কুনলুন পর্বতমালা, আলপাইন পর্বতমালা, টিয়েনচান পর্বতমালা, আলটাই পর্বত, আৰাৱলী পৰ্বত আদি বিশেষভাৱে উল্লেখযোগ্য। হিমালয় পর্বতশ্রেণীৰ অন্তৰ্গত পৃথিৱীৰ উচ্চতম শৃংগ এভাৰেষ্ট (৮,৮৪৮ মিটাৰ) আৰু কাৰাকোৰাম পৰ্বতমালাৰ অন্তৰ্গত পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ গডউইন অষ্টিন বা Mount K, (৮, ৬১১ মিটাৰ) এছিয়া মহাদেশতেই অৱস্থিত। আনহাতে, মালভূমিৰ ভিতৰত তিব্বত মালভূমি, পৃথিৱীৰ উচ্চতম পামিৰ মালভূমি, ছাইবেৰিয়া মালভূমি, মংগোলীয়া মালভূমি, দাক্ষিণাত্য মালভূমি, আৰৱ মালভূমি, ইৰাণ মালভূমি আদিয়েই প্রধান। পৰ্বত, পাহাৰ আৰু মালভূমিয়ে সৃষ্টি কৰা উচ্চভূমি অঞ্চলৰ পৰা বহু ডাঙৰ

নদীৰ উৎপত্তি হৈ উত্তৰ, দক্ষিণ আৰু পূব দিশত থকা সাগৰ-মহাসাগৰলৈ বৈ গৈ কেবাখনো সাৰুৱা সমভূমি আৰু ব-দ্বীপৰ সৃষ্টি কৰিছে। বিশেষভাৱে উল্লেখযোগ্য নদীসমূহৰ ভিতৰত মহাদেশখনৰ প্ৰায় দক্ষিণ-মধ্য অংশত থকা সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ, উত্তৰ অংশত থকা ইয়েনিছি, ওবি আৰু লেনা ; পূব অংশত থকা আমুৰ, হোৱাংহো, ইয়াংজে কিয়াং আৰু চিকিয়াং ; আৰু দক্ষিণ আৰু দক্ষিণ-পূবত থকা নর্মদা, তাপ্তি, মহানদী, গোদাবৰী, কৃষ্ণা, কাবেৰী, বৰাক, মে’নাম, ইৰাৱতী আৰু মেকং। এছিয়া মহাদেশত সৰু-ডাঙৰ বহুতো হ্রদ আছে। ইয়াৰ ভিতৰত বলখাচ, বৈকাল, চিল্কা, চম্বৰ, ডাল, পুলিকট, কল্লেক, লোকটক আদি হ্রদ বিশেষভাৱে উল্লেখযোগ্য। ইয়াৰোপৰি গোবি, থৰ আৰু আৰৱ মৰুভূমিও এছিয়া মহাদেশতে অৱস্থিত।

(ঝ) অষ্ট্ৰেলিয়াৰ একোখনকৈ প্ৰধান পৰ্বতশ্রেণী, নদী আৰু মৰুভূমিৰ নাম লিখা।

উত্তৰ। পৰ্বতশ্রেণী—স্ন’বি।

নদী—ডার্লিং।

মৰুভূমি—গ্রেট ভিক্টোৰিয়া ৷

(ঞ) ইউৰোপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত তিনিখন দেশৰ নাম লিখা।

উত্তৰ। ভূমধ্যসাগৰীয় অঞ্চলৰ তিনিখন দ্বীপপুঞ্জ হ’ল ক্ৰিট, ছিছিলি, আৰু মাল্টা আৰু তিনিখন দেশ হ’ল—স্পেন, ফ্রান্স, ইটালী।

প্রশ্ন ৯। চমুটোক লিখা :

(ক) পেঞ্জিয়া ঃ মহাদেশীয় সঞ্চাৰণ সূত্র অনুসৰি প্ৰায় তিনিশ নিযুত বছৰ আগতে গোটেই পৃথিৱীখনৰ স্থলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল। পৃথিবীৰ এই স্থলমণ্ডলটোৰ নাম আছিল পেঞ্জিয়া। এই পেঞ্জিয়াক জলমণ্ডলটোৱে আগুৰি আছিল। কিছুকাল অতিক্ৰম কৰাৰ পিছত এই পেঞ্জিয়াৰ প্ৰায় সোঁমাজেৰে পূৱা-পশ্চিমাকৈ এটা দীঘল সাগৰৰ সৃষ্টি হৈছিল এই সাগৰটোৰ নাম আছিল টেথিছ সাগৰ। টেথিছ সাগৰে পেঞ্জিয়াটোক উত্তৰা দক্ষিণাকৈ দুটা ভাগত ভাগ কৰিছিল।

(খ) উত্তৰ মহাসাগৰ ঃ উত্তৰ মহাসাগৰ হৈছে পৃথিবীৰ ক্ষুদ্রতম মহাসাগৰ। ইয়াৰ কালি প্রায় ১৪.১ নিযুত বর্গ কি.মি.। ইয়াৰ আকাৰ ভাৰত মহাসাগৰৰ প্ৰায় এক পঞ্চমাংশ৷ উত্তৰ মেৰুৰ চাৰিওফালে বিস্তৃত কাৰণে ইয়াৰ আকৃতি ঘূৰণীয়া৷ এই মহাসাগৰক এছিয়া, ইউৰোপ, আৰু উত্তৰ আমেৰিকা মহাদেশৰ উত্তৰ অংশই আগুৰি আহে। ইয়াৰ তলিৰ গভীৰতা গড় প্রায় ৩৫০০ মিটাৰ। উত্তৰ মেৰুত ই অৱস্থিত কাৰণে বছৰৰ বেছিভাগ সময় ডাঠ বৰফেৰে ঢাক খাই থাকে।

(গ) ওছেনিয়া মহাদেশ : ওছেনিয়া মহাদেশ অস্ট্রেলিয়া মহাদেশক কেন্দ্র কৰি আৰু দক্ষিণ-পশ্চিম প্রশান্ত মহাসাগৰত অৱস্থিত নিউজিলেণ্ড, টাছমানিয়া, নিউগিনি আদি বহুতো সৰু ডাঙৰ দ্বীপসমূহক লৈ গঠিত। ই এছিয়া মহাদেশৰ দক্ষিণে পৃথিৱীৰ দক্ষিণ গোলার্ধত অৱস্থিত। ই উত্তৰে ০° নিৰক্ষীয় ৰেখাৰ পৰা দক্ষিণে ৪৮° দক্ষিণ অক্ষাংশলৈ আৰু পূৱে প্ৰায় ১৮০° পূৱ-দ্রাঘিমাংশৰ পৰা পশ্চিমে ১১৩° পূৱ দ্রাঘিমাংশলৈ বিস্তৃত। মহাদেশখনৰ মুঠ মাটিকালি প্রায় ৮ নিযুত বৰ্গ কিমি.। ইয়াৰ বৃহত্তম দেশ হৈছে অষ্ট্ৰেলিয়া। এই মহাদেশৰ উত্তৰে— জাভা, চুমাত্রা, ছেলেবিচ দ্বীপসমূহ আৰু প্ৰশাস্ত মহাসাগৰ, দক্ষিণে দক্ষিণ মহাসাগৰ পূৱে প্ৰশান্ত মহাসাগৰ, পশ্চিমে ভাৰত মহাসাগৰ, অস্ট্রেলিয়া আৰু নিউজিলেণ্ডকে ধৰি ইয়াৰ মুঠ দেশ হল ১৪ খন আৰু মুঠ জনসংখ্যা হল প্রায় ৩৮ নিযুত।

(ঘ) এছিয়া মহাদেশৰ নদ-নদী: এছিয়া মহাদেশত অসংখ্য নদ-নদী আছে। এই নদ-নদী সমূহ মূলত পৰ্বত, পাহাৰ, আৰু মালভূমিৰ পৰা সৃষ্টি। নদীবোৰ উচ্চভূমি অঞ্চলৰ পৰা উৎপত্তি হৈছে আৰু উত্তৰ পূৱ, দক্ষিণ দিশত থকা সাগৰ মহাসাগৰলৈ বৈ গৈ সাৰুৱা সমভূমি, আৰু ব-দ্বীপৰ সৃষ্টি কৰিছে। এছিয়া মহাদেশৰ দক্ষিণ-মধ্য অংশত থকা সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ, উত্তৰ অংশত ইয়েনিছি, ওবি, আৰু লেনা ; পূৱ অংশত আমূৰ, হোৱাংহো, ইয়াং জেকিয়াং, চিকিয়াং আৰু দক্ষিণ পূৱত নর্মদা, তাপ্তি, মহানদী, গোদাৱৰী, কৃষ্ণা, কাবেৰী, বৰাক, মেনাম, ইৰাৱতী আৰু মেকং উল্লেখযোগ্য।

(ঙ) আফ্রিকা মহাদেশৰ হ্ৰদ সমূহ : আফ্রিকা মহাদেশত বহুতো হ্রদ আছে। ইয়াৰ ভিতৰত ভিক্টোৰিয়া, এলবাৰ্ট, চাড, টাংগানিকা, ভোল্টা, ন্যাচা, মালাবি, টুকানা, কিভু কোচ্চৌ, এব্বে আদি উল্লেখযোগ্য।

(চ) ইউৰোপ মহাদেশৰ নদ-নদী : ইউৰোপ মহাদেশ বহুতো নদ-নদীৰে ভৰা। নদীসমূহৰ ভিতৰত স্পেইনৰ এলব্ৰো, ফ্ৰান্সৰ ৰোণ, আৰু চেইন, জার্মানীৰ বাইন আৰু এগ্বে, পোলেণ্ডৰ ওডাৰ আৰু ভিষ্টুলা, অষ্টিয়া, হাংগেৰী, বোমানিয়াৰ ডানিয়ুব, বেলাৰুচ আৰু ইউক্ৰেনৰ নিপাৰ ইটালিৰ পো, গ্রেট ব্রিটেইনৰ থেমচ্‌, ৰাচিয়াৰ ডন, ভল্গা আৰু ইউৰাল আদি উল্লেখযোগ্য নদী।

(ছ) আপেলেছিয়ান উচ্চভূমি অঞ্চল: আপেলেছিয়ান উচ্চভূমি উত্তৰ আমেৰিকা মহাদেশত অৱস্থিত। এই উচ্চভূমি পূবত উত্তৰে নিউফাউণ্ডলেণ্ডৰ পৰা দক্ষিণে ফ্লোৰিডা পৰ্য্যন্ত বিস্তৃত পর্বত-পাহাৰ, ঠেক উপত্যকা আৰু ভগ্ন মালভূমিৰে গঠিত। এই উচ্চভূমিৰ দক্ষিণ অংশত এলিঘেনি আৰু বুজি পৰ্বত আছে। পূৱে আটলান্টিক মহাসাগৰৰ উপকুলীয় অংশত উত্তৰে নভাস্কটিয়াৰ পৰা দক্ষিণে পানামালৈকে এক বিস্তৃত উপকূলীয় সমতলভূমি আছে। 

(জ) উত্তৰ আমেৰিকা মহাদেশৰ হ্রদ সমূহ : উত্তৰ আমেৰিকা মহাদেশত বহুতো হ্রদ আছে। ইয়াৰ ভিতৰত ছুপেৰিওৰ, হুৰণ, মিচিগান, এবি, ওন্টেৰিও, গ্রেটবিয়াৰ, গ্রেটশ্লেভ, উইনিপেগ, আৰু গ্রেট ছল্ট আদি উল্লেখযোগ্য হ্রদ।

প্রশ্ন ১০। পার্থক্য লিখা :

(ক) মহীসোপান আৰু মহীঢাল : মহীসোপান হল উপকূলৰ চাৰিওকাষে থকা সাগৰ মহাসাগৰৰ অগভীৰ অংশ। আনহাতে মহীঢাল হল মহীসোপানৰ পিছৰ যথেষ্ট গভীৰ অংশ।

(খ) এভাৰেষ্ট শৃংগ আৰু গডউইন অষ্টিন শৃংগ : এভাৰেষ্ট শৃংগ হৈছে পৃথিবীৰ উচ্চতম শৃংগ আনহাতে গডউইন অষ্টিন শৃংগ হৈছে পৃথিবীৰ দ্বিতীয় উচ্চতম শৃংগ। এভাৰেষ্ট শৃংগৰ উচ্চতা হৈছে প্ৰায় ৮,৮৪৮ মিটাৰ আনহাতে গডউইন

অষ্টিনৰ উচ্চতা হৈছে ৮৬১১ মিটাৰ। এভাৰেষ্ট শৃংগ হিমালয় পর্বতমালাৰ অন্তর্গত আৰু গডউইন অষ্টিন হৈছে কাৰাকোৰাম পর্বতমালাৰ অন্তৰ্গত।

(গ) ওচেনিয়া মহাদেশ আৰু এন্টার্কটিকা মহাদেশ : ওচেনিয়া মহাদেশ মাটিকালি হিচাপে আটাইতকৈ সৰু মহাদেশ আনহাতে এন্টার্কটিকা মহাদেশৰ স্থান ষষ্ঠ। ওচেনিয়া মহাদেশত মানুহৰ স্থায়ী বসতি আছে আনহাতে এন্টার্কটিকা মহাদেশত স্থায়ী বসতি নাই।

(ঘ) গোবি মৰুভূমি আৰু আটাকামা মৰুভূমিঃ গোবি মৰুভূমি হৈছে এছিয়া মহাদেশত অৱস্থিত আনহাতে আটাকামা মৰুভূমি হৈছে দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত।

Sl. No.Contents
HISTORY (ইতিহাস)
পাঠ-1বংগ বিভাজন আৰু স্বদেশী আন্দোলন
পাঠ-2মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম
পাঠ-3অসমত ব্রিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ
পাঠ-4ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ
পাঠ-5ভাৰত আৰু উত্তৰ – পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য
GEOGRAPHY (ভূগােল)
পাঠ-1অর্থনৈতিক ভূগােল: বিষয়বস্তু আৰু সম্পদ
পাঠ-2পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা
পাঠ-3পৃথিৱীৰ ভূগোল
পাঠ-4অসমৰ ভূগোল
POLITICAL SCIENCE AND ECONOMICS
পাঠ-1ভাৰতীয় গণতন্ত্ৰ
পাঠ-2আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য
পাঠ-3মুদ্রা আৰু বেংক ব্যৱস্থা
পাঠ-4অৰ্থনৈতিক উন্নয়ন

প্রশ্ন ১১। শুদ্ধ উত্তৰটো বাছি উলিওৱা :

(ক) পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন?

(১) প্রশান্ত মহাসাগৰ।     (২) ভাৰত মহাসাগৰ

(৩) আটলান্টিক মহাসাগৰ (৪) দক্ষিণ মহাসাগৰ

উঃ। (৩) আটলান্টিক মহাসাগৰ

(খ) পৃথিৱীৰ ক্ষুদ্রতম মহাদেশ কোনখন?

(১) উত্তৰ আমেৰিকা মহাদেশ 

(২) ইউৰোপ মহাদেশ

(৩) এন্টার্কটিকা মহাদেশ 

(8) ওছেনিয়া মহাদেশ

উঃ। (৪) ওছেনিয়া মহাদেশ।

(গ) ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত?

(১) আটলান্টিক মহাসাগৰ

(২) উত্তৰ মহাসাগৰ

(৩) প্রশান্ত মহাসাগৰ

(৪) ভাৰত মহাসাগৰ

উঃ। (১) আটলান্টিক মহাসাগৰ।

(ঘ) এছিয়া আৰু আফ্রিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে?

(১) ভূমধ্য সাগৰ

(২) লোহিত সাগৰ

(৩) কাস্পিয়ান সাগৰ

(8) আৰৱ সাগৰ

উঃ। (২) লোহিত সাগৰ।

(ঙ) এছিয়া আৰু ইউৰোপ মহাদেশক প্রাকৃতিক ভাৱে কিহে পৃথক কৰিছে?

(১) ইউৰাল পর্বতমালা

(২) ককেচাচ পর্বত

(৩) কাস্পিয়ান সাগৰ

(8) ভল্গা নদী

উঃ। (১) ইউৰাল পর্বতমালা।

(চ) ইকুৱেড’ৰ কোনখন মহাদেশত অৱস্থিত?

(১) উত্তৰ আমেৰিকা

(২) দক্ষিণ আমেৰিকা

(৩) আফ্রিকা

(8) এছিয়া

উঃ। (২) দক্ষিণ আমেৰিকা।

(ছ) ব্রাজিলৰ ৰাজধানী কি?

(১) বিও ডি জেনেইবো

(২) চাও পাওলো

(৩) ব্রাচিলিয়া

(৪) লিমা

উঃ। (৩) ব্রাচিলিয়া।

Leave a Reply