SEBA Class-10 Social Science| Chapter-3| অসমত ব্রিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ

SEBA Class-10 Social Science| Chapter-3| অসমত ব্রিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ The answer to each chapter is provided in the list so that you can easily browse throughout different chapters  SEBA Class-10 Social Science| Chapter-3| অসমত ব্রিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ Class 10 Social Science SEBA Notes and Question Answer In Assamese Medium and select need one.

SEBA CLASS 10 (Ass. MEDIUM)

  1. English Solutions
  2. অসমীয়া Questions Answer
  3. বাংলা Questions Answer
  4. বিজ্ঞান Questions Answer
  5. সমাজ বিজ্ঞান Questions Answer
  6. हिंदी ( Elective ) Questions Answer
  7. ভূগোল (Elective) Questions Answer
  8. বুৰঞ্জী (Elective) Questions Answer
  9. Hindi (MIL) Question Answer

SEBA Class-10 Social Science| Chapter-3| অসমত ব্রিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions For SEBA Class-10 Social Science| Chapter-3| অসমত ব্রিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ Solutions for All Subjects, You can practice these here.

অনুশীলনীৰ প্ৰশ্নোত্তৰ

(ক) অতি চমু উত্তৰ দিয়া :

প্রশ্ন ১। ব্ৰিটিছ শাসন প্রতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ কি পৰিৱৰ্তন হৈছিল?

উত্তৰ। ব্ৰিটিছ চৰকাৰে ৰাজহ ব্যৱস্থাত কৰ-কাটল সংগ্ৰহতহে বেছি গুৰুত্ব প্ৰদান কৰিছিল।

প্রশ্ন ২। কোন চনত মফট মিলচ অসমলৈ আহিছিল?

উত্তৰ। ১৮৫৩ চনত কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মফট্ মিলচে অসমৰ প্ৰশাসন ব্যৱস্থাৰ বিষয়ে অনুসন্ধান কৰিবলৈ অসমলৈ আহিছিল।

প্রশ্ন ৩। কেঞাসকল কোন আছিল?

উত্তৰ। অসমীয়া প্ৰজাই সুদখোৰ মহাজন শ্রেণীৰ পৰা টকা ধাৰলৈ লৈ হ’লেও ভূমি ৰাজহ চৰকাৰক দিবলৈ বাধ্য হৈছিল। টকা ধাৰলৈ দিয়া এই মহাজন শ্ৰেণীটো আছিল বহিৰাগত বেপাৰী, মাৰোৱাৰী। এই বহিৰাগত বেপাৰী মাৰোৱাৰী সকল কেঞা বুলি জনাজাত আছিল।

প্রশ্ন ৪। অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?

উত্তৰ। মণিৰাম দেৱানে।

প্রশ্ন ৫। ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ বিদ্রোহীসকলে কোন আহোম ৰাজকোৱৰক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল?

উত্তৰ। ১৮৫৭ চনৰ বিদ্রোহত অসমৰ বিদ্রোহীসকলে প্রাক্তন আহোম ৰজা পুৰন্দৰ সিংহৰ নাতি কন্দপেশ্বৰ সিংহক পুনৰাই সিংহাসনত বহুৱাব খুজিছিল। প্রশ্ন ৬। মণিৰাম দেৱানক কোন বঞ্জলী মুক্তিয়াৰে সহায় কৰিছিল? উত্তৰ ৷ কলিকতাত মধু মল্লিক নামৰ এজন বঙালী মুক্তিয়াৰে মণিৰাম দেৱানক সহায় কৰিছিল।

প্রশ্ন ৭। মণিৰাম দেৱানৰ লগত আৰু কোন ফাঁচীকাঠত ওলমিন লগা হৈছিল?

উত্তৰ। মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱাক ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত ব্ৰিটিছে যোৰহাট কাৰাগাৰত ফাঁচীকাঠত ওলমায়।

প্রশ্ন ৮। কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল ?

উত্তৰ। কেপ্টেইন হল ইডে বিশেষভাৱে গঠিত বিচাৰপীঠৰ দ্বাৰা মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ইংৰাজৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ বাবে দোষী সাব্যস্ত কৰে আৰু ফাঁচীৰ হুকুম জাৰি কৰে।

প্রশ্ন ৯। অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ উল্লেখ কৰা।

উত্তৰ। প্ৰথমতে, অসমৰ বিদ্রোহীসকলৰ সংখ্যা অতি তাকৰিয়া আছিল। মণিৰাম দেৱানৰ সমৰ্থকসকল যোৰহাট আৰু শিৱসাগৰতে সীমাবদ্ধ আছিল। নগাঁও, কামৰূপ আৰু গুৱাহাটীত বিশেষ সমর্থন লাভ কৰা নাছিল।

দ্বিতীয়তে, বিদ্রোহৰ নেতাসকলৰ সময় জ্ঞান নাছিল কিয়নো তেওঁলোকে প্রস্তুতি সম্পূর্ণ কৰিও সময়ত কাৰ্যকৰী কৰা নাছিল।

প্রশ্ন ১০। কোন কোন চনত টিকট কৰ আৰু আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল?

উত্তৰ। ১৮৫৮ চনত টিকট কৰ (Stamp duites) আৰু ১৮৬০ চনত আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল।

প্রশ্ন ১১। ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ লিখা।

উত্তৰ। ব্ৰিটিছে কৃষক সকলৰ ওপৰত বিভিন্ন কৰ বহুৱাই অত্যধিক ৰাজহ সংগ্ৰহ কৰিছিল আৰু কৃষি তথা কৃষকৰ উন্নতিৰ অৰ্থে চৰকাৰে কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা নাছিল। এই দুয়ো প্ৰকাৰে ব্ৰিটিছে অসমৰ কৃষক সকলক দুর্দশাগ্রস্ত কৰি তুলিছিল।

প্রশ্ন ১২। লেফটেনেণ্ট ছিংগাৰ কোন আছিল?

উত্তৰ। ১৮৬১ চনত নগাঁৱৰ সহকাৰী উপায়ুক্ত আছিল লেফটেনেণ্ট ছিংগাৰ। বিদ্ৰোহীসকলৰ আক্ৰমণত তেওঁৰ মৃত্যু হয়।

প্রশ্ন ১৩। ফুলগুৰিৰ ধাৱা কেতিয়া সংঘটিত হৈছিল?

উত্তৰ। ১৮৬১ চনত ব্ৰিটিছৰ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে শোষিত কৃষক ৰাইজে কৰা অসমৰ প্ৰথম বিদ্ৰোহটোৱেই হৈছে ফুলগুৰিৰ ধাৱা।

প্রশ্ন ১৪। ৰডিয়াৰ কৃষক বিদ্রোহ কেতিয়া সংঘটিত হৈছিল?

 উত্তৰ। ১৮৯৩ চনৰ ২৪ ডিচেম্বৰৰ দিনাখন ৰঙিয়া বজাৰ লুট-পাতেৰে ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ আৰম্ভণি হয়।

প্রশ্ন ১৫। লচিমা ক’ত অৱস্থিত?

উত্তৰ। কামৰূপৰ বজালী অঞ্চলৰ সৰুক্ষেত্ৰী মৌজাত লচিমা অৱস্থিত।

 প্রশ্ন ১৬। লচিমাৰ কৃষক বিদ্রোহ কেতিয়া সংঘটিত হৈছিল?

উত্তৰ। ১৮৯৪ চনৰ ২১ জানুৱাৰীৰ দিনা সৰুক্ষেত্ৰী মৌজাৰ লচিমাৰ ওচৰৰ কাপ্পা গাঁৱত লচিমাৰ কৃষক বিদ্ৰোহ আৰম্ভ হৈছিল।

প্রশ্ন ১৭। পথৰুঘাটৰ কৃষক বিদ্রোহ কেতিয়া হৈছিল? উত্তৰ। ১৮৯৪ চনৰ জানুৱাৰী মাহৰ মাজভাগৰ পৰা পথৰুঘাটৰ কৃষক বিদ্ৰোহ আৰম্ভ হৈছিল।

প্রশ্ন ১৮। ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?

উত্তৰ। ১৮৬১ চনত ওকিয়াং নংবাহৰ নেতৃত্বত জয়ন্তীয়াসকলে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্রোহ ঘোষণা কৰিছিল৷

প্রশ্ন ১৯। ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?

উত্তৰ৷ ঊনবিংশ শতিকাৰ শেষৰফালে ১৮৮১ চনত সম্বোধন কছাৰীৰ নেতৃত্বত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্রোহ সংঘটিত হয়।

 প্রশ্ন ২০। টিকেন্দ্রজিতক কোনে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল?

উত্তৰ। ব্ৰিটিছ বিষয়াক হত্যা কৰা, ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰাৰ অপৰাধত টিকেন্দ্ৰজিতক ব্ৰিটিছ চৰকাবে মৃত্যুদণ্ড দিছিল।

প্রশ্ন ২১। জে ডব্লিউ কুইণ্টনক কোন চনত হত্যা কৰিছিল?

উত্তৰ। ১৮৯০ চনত অসমৰ চীফ কমিছনাৰ জে ডব্লিউ কুইণ্টন আৰু চাৰিজন ইউৰোপীয় বিষয়াই টিকেন্দ্ৰজিতক ধৰিবলৈ অহাত স্বাধীনতা প্রয়াসী মণিপুৰীসকলে আটাইকেইজনকে হত্যা কৰে৷

• (খ) দীঘল প্ৰশ্নৰ উত্তৰ :

প্রশ্ন ১। ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ কাৰণ সম্পর্কে চমুকৈ আলোচনা কৰা।

উত্তৰ। ঊনবিংশ শতিকাৰ ত্ৰিশ আৰু চল্লিছৰ দশকত ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এক শক্তিশালী শাসকৰ ৰূপত প্রতিষ্ঠিত হৈছিল। অসমতো তেওঁলোকে এক শক্তিশালী প্রশাসনিক গাঁথনিৰ সৃষ্টি কৰি স্থানীয় লোকৰ দ্বাৰা হ’বপৰা যিকোনো ব্ৰিটিছ বিৰোধী উত্থানক বাধা প্ৰদান কৰিবলৈ সক্ষম হৈছিল। এক সম্পূর্ণ নতুন ৰাজহ ব্যৱস্থাৰে তেওঁলোকে ভাৰতৰ অৰ্থনীতিও তেওঁলোকৰ আয়ত্তলৈ আনিবলৈ সক্ষম হৈছিল। এই ৰাজহ ব্যৱস্থাত বিদেশী চৰকাৰখনে কৰ-কাটল সংগ্ৰহতহে বেছি গুৰুত্ব প্রদান কৰিছিল। দৰিদ্ৰ প্ৰজা তথা কৃষকৰ

দুখ-দুর্দশা মোচন কৰাৰ ক্ষেত্ৰত চৰকাৰে একো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। আনহাতে, ব্ৰিটিছ চৰকাৰে কৃষিকাৰ্যৰ উন্নয়নৰ বাবে একো ব্যৱস্থা গ্রহণ নকৰাৰ ফলত অসমত বতৰ প্ৰতিকূল হ’লেই খাদ্য শস্য উৎপাদনত বিঘিনি ঘটিছিল আৰু অৱধাৰিতভাৱেই অসমীয়া প্ৰজাগণ দুর্ভিক্ষৰ কবলত পৰিছিল।

ইংৰাজে ঊনবিংশ শতিকাৰ আগভাগতে উজনি অসমত চাহ বাগিচা স্থাপন কৰিছিল। চাহ খেতিয়কক উৎসাহিত কৰিবলৈ চাহ বাগিচাৰ অন্তৰ্গত ভূমিৰ ৰাজহ ৰেহাই দিছিল। ফলস্বৰূপে ভূমি ৰাজহৰ বোজা দুখীয়া সাধাৰণ কৃষকে বহন কৰিবলগীয়া হৈছিল।

ইংৰাজৰ ৰাজহ ব্যৱস্থাত মুদ্ৰা অৰ্থনীতিৰ প্ৰচলনৰ উপৰি আন আন কিছুমান কাৰকে অসমীয়া প্ৰজাৰ অৱস্থা শোচনীয় কৰি তুলিছিল। উদাহৰণস্বৰূপে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ দৰেই অসমতো ব্ৰিটিছ শাসনে কুটীৰ শিল্পৰ অৱনতি অৰিহণা যোগাইছিল। আহোম ৰাজত্বৰ দিনৰপৰাই ভাৰতবৰ্ষত অসমৰ পটি-মুগাৰ এক বিশেষ বজাৰ আছিল। কিন্তু ব্ৰিটিছ শাসনে বিলাতী বস্তুৰ আমদানিত পৃষ্ঠপোষকতা কৰাত অসমীয়া এই কুটীৰ শিল্পৰ লগত জড়িত মানুহখিনিৰ অৱস্থা শোচনীয় হৈ পৰিছিল।

সাধাৰণ শ্ৰেণীৰ মানুহৰ এই অৱস্থাৰ বিপৰীতে অভিজাত শ্রেণীৰ লোকসকলৰো যে ব্ৰিটিছৰ অধীনত অৱস্থা ভাল আছিল সেইটো ক’ব নোৱাৰি। ইংৰাজ শাসকেও প্রশাসন চলাবলৈ বংগদেশৰপৰা বঙালী শিক্ষিত লোকক, আমদানি কৰিবলৈ বাধ্য হৈছিল। ফলস্বৰূপে অসমৰ আহোম শাসনৰ দিনৰ ডা ডাঙাৰীয়াসকলে দ্রুত হাৰত কৰ্মসংস্থান হেৰুৱাবলৈ আৰম্ভ কৰিছিল।

ইতিহাসবিদ হেৰম্বকান্ত বৰপূজাৰীয়ে উল্লেখ কৰিছে যে উজনি অসমৰ ভালেমান ব্রাহ্মণ পুৰোহিতে ১৮৫৭ চনৰ বিদ্ৰোহত ব্ৰিটিছ শাসনৰ বিৰুদ্ধাচৰণ কৰিছিল, যিহেতু তেওঁলোকৰ হাতৰপৰা ব্ৰিটিছ চৰকাৰে পূৰ্বৰেপৰা ভোগ-দখল কৰি অহা লাখেৰাজ তথা নিষ্কৰ ভূমিসমূহৰ অতিৰিক্তখিনি কাঢ়ি লৈছিল আৰু বাকীখিনিৰ ওপৰত খাজনা বহুৱাইছিল। স্বাভাৱিকতে এই শ্রেণীৰ লোকসকলো ইংৰাজ শাসনৰ বিৰোধী হৈ পৰিছিল।

উপৰিউক্ত আলোচনাৰ পৰা ক’ব পৰা যায় যে ১৮৫৭ খ্ৰীষ্টাব্দৰ পূৰ্বৰ প্ৰায় তিনি দশকজোৰা ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনে জনসাধাৰণৰ কোনো শ্রেণীক সন্তুষ্ট কৰিব পৰা নাছিল। ইংৰাজ শাসনৰ আৰম্ভণিৰ গোমধৰ কোঁৱৰ, পিয়লি ফুকন বা গদাধৰৰ বিদ্ৰোহ আছিল কেৱল আহোম অভিজাত ডা-ডাঙৰীয়াসকলৰ বিদেশী শাসনৰ বিৰুদ্ধে প্রকাশ কৰা অসন্তুষ্টি। এই বিদ্ৰোহসমূহ তেওঁলোকৰ মাজতেই সীমাবদ্ধ আছিল। সাধাৰণ শ্ৰেণীৰ লোকৰ অংশগ্রহণ নাছিলেই। কিন্তু এই বিদ্ৰোহসমূহ দমন হোৱাৰ পিছৰ কালছোৱাত ইংৰাজ শাসনৰ বিৰুদ্ধে পুঞ্জিভূত অসন্তুষ্টি সৰ্বসাধাৰণলৈও বিয়পি পৰিছিল। এই সকলোবোৰ কাৰণ মানুহৰ মনত ব্ৰিটিছৰ বিৰুদ্ধে তীব্র অসন্তোষ পুঞ্জীভূত কৰিছিল আৰু সমাজৰ সকলোশ্ৰেণীৰ মানুহৰ এই পুঞ্জীভূত অসন্তোষ ১৮৫৭-৫৮ চনৰ মহাবিদ্ৰোহ ৰূপে প্রকাশ পায়।

প্রশ্ন ২। অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পর্কে আলোচনা কৰা।

উত্তৰ৷ মণিৰাম (দত্ত বৰভাণ্ডাৰ বৰুৱা) দেৱানে (১৮০৬-৫৮) ব্ৰিটিছৰ আমোলত অসমৰ সমাজখনে সম্মুখীন হোৱা বিপৰ্যয়ৰ কথা মফট্ মিলছৰ জৰিয়তে চৰকাৰৰ ওচৰত দাঙি ধৰিছিল। অসমৰ মানুহৰ সামাজিক আৰু অর্থনৈতিক বিলাই-বিপত্তিৰ গুৰিতে যে দেশৰ ৰাজনৈতিক পৰাধীনতা তাক ব্ৰিটিছৰ প্রত্যক্ষ সংস্পৰ্শলৈ অহা মণিৰামে সুন্দৰৰূপে উপলব্ধি কৰিব পাৰিছিল।

এনে অৱস্থাত এই শ্ৰেণীটোৰ বাবে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্রোহ কৰাৰ বাহিৰে কোনো গত্যন্তৰ নাছিল৷ অৱধাৰিতভাৱেই মণিৰাম দেৱান এই শ্ৰেণীটোৰ আৰু লগতে চাৰিং ৰজা কন্দপেশ্বৰ সিংহৰ নেতাৰূপে পৰিগণিত হল। তেওঁ যি কোনো পৰিস্থিতিতে চাৰিং ৰজা কন্দপেশ্বৰ সিংহক উজনি অসমৰ সিংহাসন দিয়াৰ বাবে উঠিপৰি লাগিল। ব্ৰিটিছ শাসন ব্যৱস্থা যে অসমীয়া মানুহৰ বাবে বাঘৰ ৰাজত্বলৈ পৰিণত হৈছিল সেই কথা মণিৰামে উপলব্ধি কৰিবলৈ পাৰিছিল। তেওঁ কৈছিল, “আমি যেনিবা সম্প্রতি বাঘৰ পেটতহে সোমাইছোঁহক।”

তথাপিতো পৰিস্থিতিৰ কিবা গুণগত পৰিৱৰ্তন সাধন কৰিব পাৰিব বুলি মণিৰাম দেৱানে ১৮৫৭ চনৰ আদি ভাগতে কলিকতাত উপস্থিত হৈছিলগৈ। তেওঁৰ আশা আছিল, কলিকতাত গৈ তেওঁ কোম্পানীৰ চৰকাৰৰ ঊৰ্দ্ধতন কর্তৃপক্ষৰ ওচৰত নিজৰ আৰু কন্দপেশ্বৰ সিংহৰ হকে চৰকাৰক পতিয়ন নিয়াব পাৰিব আৰু অইনৰ নহলেও দুয়োজনৰে পূৰ্বৰ খিতাপ, মান-সম্ভ্রম, সা-সম্পত্তি সকলো আদায় কৰিব পাৰিব। কিন্তু তাতো মণিৰামক ব্যর্থতাই এৰা নিদিলে।

এইদৰে উপর্যুপৰি ব্যৰ্থতাই জুমুৰি দি ধৰা অৱস্থাতে আৰু কলিকতাত বাহৰ পাতি থাকোতেই মণিৰামে মিৰাটত সংঘটিত হোৱা বিদ্ৰোহৰ সম্ভেদ পায় আৰু বোধহয় তেতিয়াই তেওঁ আবেদন-নিবেদনেৰে কৰিব নোৱাৰা কামটো বিদ্ৰোহৰ জৰিয়তে কৰিব পাৰিব বুলি সিদ্ধান্তত উপনীত হয়। এইটো মণিৰামৰ ৰাজনৈতিক জীৱনৰ এক উল্লেখনীয় বিৱৰ্তন বিন্দু। মিৰাটত সংঘটিত বিদ্ৰোহৰ সংবাদে যেন মণিৰামক অন্যায়-অত্যাচাৰৰ প্ৰতিবাদ কৰিবলৈ অন্য এটি বিকল্প পথৰহে সন্ধান দিলে। আবেদন-নিবেদনৰ ৰাজনীতিত পাকৈত মণিৰাম হৈ পৰিল বিদ্ৰোহৰ পৰিকল্পনা কৰোঁতা, পৰামৰ্শদাতা আৰু সংগঠক।

মিৰাট, দিল্লী, লক্ষ্ণৌ, কানপুৰ আদিত উপর্যুপৰি সংঘটিত হোৱা চিপাহী সকলৰ বিদ্ৰোহৰ সৈতে সাধাৰণ লোকৰ অংশ গ্ৰহণৰ খবৰে মণিৰামক যথেষ্ট উৎসাহিত কৰিছিল। সেয়ে তেওঁ সময়ৰ শৰ সময়তে মৰাৰ সঙ্কল্প লৈ চাৰিং ৰজা কন্দৰ্পেশ্বৰ সিংহ, আহোম ডা-ডাঙৰীয়া আৰু কমলাবাৰীৰ সত্ৰাধিকাৰকে ধৰি কোনো কোনোলৈ কলিকতাৰ পৰাই পত্রযোগে বিদ্ৰোহৰ বাবে সষ্টম হ’বলৈ পৰামৰ্শ দিছিল।

আনহাতে অসমত থকা হিন্দুস্থানী চিপাহীসকলেও বিভিন্ন মাধ্যমত তেওঁলোকৰ নিজ নিজ অঞ্চলত সংঘটিত হোৱা বিদ্ৰোহৰ খা-খবৰ সময় মতে পাই আছিল। এই আলোচনা-বিলোচনা তথা পৰিকল্পনা সমূহ চূড়ান্ত কৰা হৈছিল আহাৰ শাওন মাহত। উক্ত আলোচনা মর্মে এইটো থিৰাং কৰা হৈছিল যে আগন্তুক দুর্গা পূজাৰ সময়ত (অক্তোবৰ মাহত) আৰু মণিৰাম দেৱান কলিকতাৰ পৰা আহি পোৱাৰ লগে লগেই বিদ্ৰোহ আৰম্ভ কৰা হব।

অসমৰ য’ত যি ইংৰাজ বিষয়া আৰু লোক থাকিব সকলোকে কাটি-মাৰি খাটাং কৰিব আৰু কন্দৰ্পেৰ্শ্বৰ সিংহক অসমৰ ৰজা ৰূপে ৰাজসিংহাসনত বহুৱাব। আঁচনি মৰ্মে মণিৰাম দেৱান হব প্রধানমন্ত্রী, মধু মল্লিক থাকিব মন্ত্ৰী পৰিষদৰ ঠিক দ্বিতীয় স্থানত, পিয়লি হ’ব বৰভাণ্ডাৰ বৰুৱা, লুকী শেনছোৱা বৰুৱা হ’ব নাওবৈছা ফুকন, কমলা চাৰিঙ্গীয়া বৰুৱা হব যোৰহাটৰ চুবেদাৰ আৰু দাৰোগা। বিদ্রোহী নেতাসকলৰ এই প্রস্তুতিৰ সম্ভেদ পোৱাত চৰকাৰী পক্ষত যথেষ্ট ত্ৰাসৰ সৃষ্টি হৈছিল।

ইফালে শিৱসাগৰৰ প্রিঞ্চিপাল এছিছটেণ্ট কেপ্তেইন হলৰইডে কেপ্তেইন লাউথাৰৰ সৈতে যুটীয়াভাৱে ১৮৫৭ চনৰ ছেপ্তেম্বৰ মাহত যোৰহাটত চাৰিং ৰজা কন্দৰ্পেৰ্শৰ সিংহ আৰু মধু মল্লিকক গ্ৰেপ্তাৰ কৰিছিল। বন্দী কন্দৰ্পেৰ্শৰ সিংহক কলিকতালৈ প্ৰেৰণ কৰাৰ পিচত গৱৰ্ণৰ জেনেৰেলৰ আদেশ মর্মে তেওঁক আলিপুৰ জেইলত ৰাজবন্দীৰূপে আটক কৰি ৰাখিছিল। ইয়াৰ পিচতে বিদ্ৰোহৰ অন্যান্য নেতাসকলক বিভিন্ন ঠাইত গ্ৰেপ্তাৰ কৰি বিদ্ৰোহৰ কণকঠিয়া মৰাৰ ব্যৱস্থা করিছিল। ইতিমধ্যে ১৮৫৭ চনৰ ছেপ্তেম্বৰ মাহৰ আৰম্ভণিতে কেপ্তেইন হলৰইডে মণিৰাম দেৱানে কলিকতাৰ পৰা পঠিওৱা ভালেমান চিঠি-পত্র হস্তগত কৰিছিল। ইফালে কন্দপেশ্বৰক গ্ৰেপ্তাৰ কৰাৰ প্ৰায় লগে লগেই কলিকতাত মণিৰাম দেৱানকো গ্ৰেপ্তাৰ কৰিছিল। মণিৰামক গ্রেপ্তাৰ কৰি কিছুদিন আলিপুৰ জেইলত আৱদ্ধ কৰি ৰখাৰ পিচত “কোলাডাইন” জাহাজেৰে অসমলৈ আনি যোৰহাটত ৰাজদ্ৰোহৰ অপৰাধত দোষী সাব্যস্ত কৰি বিচাৰ কৰাৰ ব্যৱস্থা কৰিছিল। মণিৰামৰ দৰে বিদ্ৰোহৰ সৈতে জড়িত অন্যান্য নেতা-সহযোগীসকলকো শাস্তি প্ৰদান কৰিছিল। মণিৰাম দেৱান আৰু মহেশচন্দ্ৰ বৰুৱা ওৰফে পিয়লী বৰুৱাক ৰাজদ্ৰোহৰ অপৰাধত দোষী সাব্যস্ত কৰি ১৮৫৮ চনৰ ফেব্ৰুৱাৰী মাহৰ ২৬ তাৰিখে যোৰহাটত ফাঁচী দি ব্ৰিটিছ চৰকাৰে হত্যা কৰিছিল।

প্রশ্ন ৩। কি কি কাৰণত অসমত ১৮৫৭-৫৮ চনৰ বিদ্রোহ ব্যৰ্থ হৈছিল আলোচনা কৰা।

উত্তৰ। ১৮৫৭-৫৮ চনত বিদ্রোহীসকলৰ ভালেমান ৰাজনৈতিক আৰু সাংগঠনিক প্ৰচেষ্টাৰ পিছতো মণিৰাম দেৱান আৰু তেওঁৰ সহযোগীসকলে উত্তৰ ভাৰতৰ দৰে অসমত চিপাহী বিদ্ৰোহৰ জুই জ্বলাবলৈ সক্ষম নহ’ল। বিদ্ৰোহৰ ব্যৰ্থতাৰ কাৰণসমূহ ক’বলৈ গ’লে ক’ব লাগিব

প্ৰথমতে, অসমৰ বিদ্রোহীসকলৰ সংখ্যা অতি তাকৰিয়া আছিল। মণিৰাম দেৱানৰ সমৰ্থকসকল যোৰহাট আৰু শিৱসাগৰতে সীমাবদ্ধ আছিল। নগাঁও, কামৰূপ আৰু গুৱাহাটীত তেওঁ বিশেষ সমর্থন লাভ কৰা নাছিল।

দ্বিতীয়তে, বিদ্রোহৰ নেতাসকলৰ সময় জ্ঞান নাছিল কিয়নো তেওঁলোকে প্রস্তুতি সম্পূৰ্ণ কৰিও সময়ত কাৰ্যকৰী কৰা নাছিল। যাৰ ফলত ইংৰাজ চৰকাৰে প্ৰতিৰক্ষাৰ প্ৰস্তুতিৰ বাবে যথেষ্ট সময় লাভ কৰিছিল।

তৃতীয়তে, বিদ্ৰোহৰ মুখ্য সংগঠক মণিৰাম দেৱান বিদ্ৰোহস্থলীৰপৰা বহু যোজন দূৰৈত কলিকতাত অৱস্থান কৰিছিল। সেই সময়ৰ পৰিপ্ৰেক্ষিতত কলিকতা অসমৰপৰা বহু দূৰৈত আছিল আৰু তাৰপৰা চিঠি-পত্ৰৰ যোগেদি বা আদেশ পঠিয়াই বিদ্ৰোহ পৰিচালিত কৰাটো বাস্তৱসন্মত নাছিল।

চতুৰ্থতে, সমাজৰ প্ৰতিটো শ্ৰেণীৰ মানুহকে বিদ্ৰোহত জড়িত কৰিবলৈ মণিৰাম দেৱান তথা তেখেতৰ সহযোগীসকল কোনো প্রচেষ্টা হাতত লোৱা নাছিল। নগাঁও আৰু গুৱাহাটীত অসমৰ মধ্যবিত্ত শ্রেণীৰ লোকসকল বিদ্ৰোহৰ প্ৰতি অলপো সহানুভূতিশীল নাছিল ৷ সেই সময়ত নতুনকৈ বিকশিত হৈ উঠা মধ্যবিত্ত অসমীয়া বুদ্ধিজীৱী শ্ৰেণীৰ লোকসকলে, বঙালী মধ্যবিত্ত শ্রেণীৰ জীৱনধাৰাৰ প্রতিহে বেছি আকৰ্ষিত হৈছিল। পুৰণি আহোম ৰাজতান্ত্রিক শাসন ব্যৱস্থাৰ অধীনলৈ পুনৰাই উভতি যোৱাৰ কোনো ইচ্ছা তেওঁলোকৰ নাছিল।

পঞ্চমতে, অসমৰ বিদ্রোহীসকলে তেওঁলোকৰ কাৰ্যপন্থাৰ গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল। ফলস্বৰূপে সমগ্ৰ পৰিকল্পনাখিনি ব্ৰিটিছ চৰকাৰৰ অৱগত হৈছিল আৰু বিদ্ৰোহ নির্মূল কৰাত চৰকাৰ সফল হৈছিল।

ষষ্ঠতে, অসমৰ বিদ্ৰোহীসকলে প্রয়োজন অনুযায়ী অস্ত্র-শস্ত্ৰৰ যোগান পোৱা নাছিল। মণিৰাম দেৱানে যদিও অস্ত্ৰৰ যোগান দিয়াৰ কথা আছিল, কিন্তু তাৰ .আগতেই তেওঁ ধৰা পৰিছিল।

 শেষত, ভাৰতবৰ্ষৰ অন্যান্য প্রান্তৰ দৰে অসমতো ব্ৰিটিছ সৈন্য বাহিনীত থকা ভাৰতীয় সৈন্যই মূল চালিকাশক্তি হিচাপে বিদ্রোহত অংশ লোৱা নাছিল। অসমৰ বিদ্রোহীসকলে মিৰাট, দিল্লী, লক্ষ্ণৌ আদিৰ দৰে চিপাহীসকলৰ সমৰ্থন আদায় কৰিব পৰা নাছিল।

এই সকলোবোৰ কাৰণতে অসমত ১৮৫৭ চনৰ বিদ্রোহ বিশেষ প্রভাৱ পেলাব পৰা নাছিল। যি অলপমান বিদ্রোহ সংঘটিত হৈছিল ব্ৰিটিছ চৰকাৰে সম্পূৰ্ণৰূপে সেই বিদ্রোহ নিৰ্মূল কৰিবলৈ সক্ষম হৈছিল।

প্রশ্ন ৪। অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পর্কে আলোচনা কৰা।

উত্তৰ। প্ৰথমতে ক’ব পাৰোঁ যে, ১৮৫৭ চনৰ বিদ্ৰোহ যদিও ব্ৰিটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম হৈছিল তথাপিও এই বিদ্রোহ অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এক সৰ্বভাৰতীয় ঐতিহাসিক ঘটনা হিচাপে পৰিগণিত হৈছিল। দ্বিতীয়তে, ১৮৬১ চনৰ পৰা অসমত আৰম্ভ হোৱা কৃষক বিদ্রোহসমূহ ১৮৫৭ চনৰ বিদ্ৰোহৰে প্রতিক্রিয়া স্বৰূপ।

তৃতীয়তে, অসমতো হিন্দু আৰু মুছলমান এই দুটা প্রধান সম্প্রদায়ে একগোট হৈ বিদ্ৰোহত অংশগ্ৰহণ কৰি জাতীয়তাবোধৰ বিকাশত ইন্ধন যোগাইছিল।

১৮৫৭ চনৰ বিদ্ৰোহৰপৰা ভাৰতীয় স্বাধীনতা আন্দোলনৰ অন্যান্য সংগ্ৰামীৰ দৰে অসমীয়া সংগ্রামীসকলেও মণিৰাম দেৱান তথা সহযোগীসকলৰ কৰ্মৰ দ্বাৰা অনুপ্রাণিত হৈছিল।

এই সকলোবোৰ কাৰণ পৰ্য্যালোচনা কৰি এইটো ক’ব পৰা যায় যে—এই বিদ্রোহ ব্যৰ্থ হ’বল’গা হলেও বিভিন্ন কাৰণে অসমৰ স্বাধীনতা আন্দোলনত এই মহাবিদ্রোহ এটা বিশেষ গুরুত্বপূর্ণ স্থান অধিকাৰ কৰি আছে।

প্রশ্ন ৫। ফুলগুৰি ধাৱাৰ ওপৰত এটি টোকা লিখা। 

উত্তৰ। ১৮৬১ চনত নগাঁৱৰ ফুলগুৰিত সংঘটিত কৃষক বিদ্রোহটোৱে ফুলগুৰি

ধাৱা নামেৰে প্ৰখ্যাত। ইংৰাজ চৰকাৰে কৃষকৰ ওপৰত বহুওৱা অত্যধিক কৰৰ বোজাই অসমৰ কৃষক সমাজক চৰকাৰৰ প্রতি বিক্ষুব্ধ কৰি তুলিছিল। যাৰ ফলত ঠায়ে ঠায়ে কৃষ্ণক সমাজ ৰাইজমেল যোগে সংগঠিত হোৱাৰ চেষ্টা অব্যাহত ৰাখিছিল। ফুলগুৰিব ধাৱাও কৃষক সকলৰ এনে প্ৰচেষ্টাৰে ফল।

নগাঁৱৰ ফুলগুৰি গাঁও তিৱা বসতি প্রধান গাঁও। এই গাঁওৰ সৰহভাগ কৃষক আফু খেতিৰ খেতিয়ক। সেয়ে আফু খেতিয়ে আছিল মূলতঃ এই গাঁৱৰ লোকৰ জীৱিকা নির্বাহৰ ঘাই অৱলম্বন। ১৮৬১ চনত ব্ৰিটিছ চৰকাৰে আফু খেতি নিষিদ্ধ কৰে তদুপৰি’ পাণ-তামোলৰ ওপৰত চৰকাৰে কৰা লগোৱাৰ বাতৰি প্ৰচাৰ হয়। এই দুটা কাৰণত কৃষক সকল প্রৱলভাৱে বিক্ষুব্ধ হৈ উঠে আৰু ১৮৬১ চনৰ ১৭ ছেপ্টেম্বৰত বিক্ষুব্ধ ১৫০০ কৃষকে চৰকাৰী ব্যৱস্থাৰ প্ৰতিবাদ কৰিবলৈ ফুলগুৰিত মিলিত হয়।

 তেওঁলোকে সমূহীয়াভাৱে উপায়ুক্তক আফু খেতি বন্ধ কৰাৰ নিৰ্দেশটো বাতিল কৰিবলৈ আৰু পাণ-তামোলত কৰ নলগাবলৈ আবেদন জনোৱাৰ বাবে এনেদৰে মিলিত হৈছিল। কিন্তু উপায়ুক্ত লেফ্‌টেনেন্ট হার্বার্ট স্কেন্সে তেওঁলোকৰ আপত্তি সম্পর্কে সঁহাৰি জনোৱা দূৰৰ কথা বৰং বেয়া ব্যৱহাৰহে কৰে৷ ইয়াতে ক্ষোভিত হোৱা কৃষক সকলে ১৫ অক্টোবৰৰ পৰা ফুলগুৰিত পাঁচ দিন ধৰি ৰাইজমেল পাতে। ১৮ অক্টোবৰত মেলত প্রায় ৪০০০ লোকে যোগদান কৰে। কিছু কৃষক লাঠীৰে সজ্জিত হৈ সভালৈ আহিছিল। উপায়ুক্তই সহকাৰী উপায়ুক্ত লেফটেনেন্ট ছিংগাৰক তালৈ পঠিয়ায়। এই সভাত কৃষক সকলৰ কথাত উত্তেজিত হোৱা ছিংগাৰে কৃষকৰ হাতৰ পৰা পুলিচক লাঠিবোৰ কাঢ়ি অনাৰ নিৰ্দেশ দিয়ে। ইয়াৰ ফলত পুলিচ আৰু কৃষকৰ মাজত টনা-আঁজোৰা চলি থাকেঁাতেই বাবু কৈৱৰ্তই ছিংগাৰৰ মূৰ্ত লাঠীৰে কোবায় আৰু ছিংগাৰৰ থিতাতে মৃত্যু হয় আৰু চৰকাৰী পুলিচে ঘটনাৰ ৰূপ দেখি পলাবলৈ বাধ্য হয়। বিদ্ৰোহীসকলে ছিংগাৰৰ মৃতদেহটো কলং নৈত দলিয়াই পেলাই দিয়ে। ইয়াৰ পাছত কৰ্তৃপক্ষই ছিংগাৰ হত্যাৰ অপৰাধত ভালেমান কৃষকক গ্রেপ্তাৰ কৰি জেলত ভৰায়। লক্ষ্মণ ডেকা, চংবৰ লালুং, ৰংবৰ ডেকাক মৃত্যুদণ্ড দিয়ে। কিছু অভিযুক্তক কলিয়াপানী (আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ) লৈ পঠিয়ায়।

অসমৰ সামাজিক ইতিহাসত ফুলগুৰিৰ কৃষক বিদ্রোহ এটা গুৰুত্বপূৰ্ণ ঘটনা। এই বিদ্রোহে খাটিখোৱা শ্ৰেণীৰ লোকক এক গণভিত্তি দিয়ে আৰু পৰৱৰ্তী সময়ত দৰং, কামৰূপ আদিত ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে এলানি কৃষক বিদ্ৰোহৰ সূচনা কৰিছিল।

Sl. No.Contents
HISTORY (ইতিহাস)
পাঠ-1বংগ বিভাজন আৰু স্বদেশী আন্দোলন
পাঠ-2মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম
পাঠ-3অসমত ব্রিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ
পাঠ-4ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ
পাঠ-5ভাৰত আৰু উত্তৰ – পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য
GEOGRAPHY (ভূগােল)
পাঠ-1অর্থনৈতিক ভূগােল: বিষয়বস্তু আৰু সম্পদ
পাঠ-2পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা
পাঠ-3পৃথিৱীৰ ভূগোল
পাঠ-4অসমৰ ভূগোল
POLITICAL SCIENCE AND ECONOMICS
পাঠ-1ভাৰতীয় গণতন্ত্ৰ
পাঠ-2আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য
পাঠ-3মুদ্রা আৰু বেংক ব্যৱস্থা
পাঠ-4অৰ্থনৈতিক উন্নয়ন

প্রশ্ন ৬। ১৮৯৪ চনত উত্তৰ কামৰূপত সংঘটিত হোৱা কৃষক বিদ্রোহ সম্পর্কে আলোচনা কৰা।

উত্তৰ। ফুলগুৰি ধাৱাৰ পিছত কামৰূপৰ ৰঙিয়া আৰু লচিমাৰ কৃষক বিদ্ৰোহ দুটা উল্লেখযোগ্য ঘটনা।

কৃষিয়ে সৰহভাগ লোকৰ জীৱিকা হোৱা কামৰূপৰ ৰঙিয়া অঞ্চলৰ শোচনীয় আর্থিক অৱস্থাত পতিত হোৱা কৃষক সকল চৰকাৰৰ প্ৰতি বিক্ষুব্ধ হৈ পৰিছিল আৰু তেওঁলোক সংঘটিত হৈ ১৮৯৩ চনৰ ২৪ ডিচেম্বৰত ৰঙিয়া বজাৰত লুট পাত চলাই কৃষক বিদ্ৰোহৰ সূচনা কৰে। ৩০ ডিচেম্বৰত কেইব্য শ কৃষক লগ লাগি স্থানীয় তহচিলদাৰ ৰাধানাথ বৰুৱাক লঘু-লাঞ্ছনা কৰি বজাৰৰ ঘৰ-দুৱাৰ লণ্ডভণ্ড কৰে আৰু সুদখোৰ মহাজনৰ মাটি বন্ধকী নথিপত্র লুট কৰে। খাজনা দিয়াটো বন্ধ কৰে। এই ঘটনাত কৃষকৰ সংগঠিত ৰূপ দেখি পুলিচৰ অধীক্ষক ৰেইলীয়ে কৃষক সকলক গ্ৰেপ্তাৰ কৰাৰ পৰা বিৰত থাকে। চৰকাৰে সেনা মোতায়েন কৰি ৩০ ডিচেম্বৰৰ পৰিস্থিতি নিয়ন্ত্রণ কৰে। ১৮৯৪ চনৰ ৮ জানুৱাৰীত পুলিচে ১৫ গৰাকী কৃষকক গ্রেপ্তাৰ কৰে। ১০ জানুৱাৰীত উপায়ুক্ত মেক কেবেই এক জাননীযোগে উপায়ুক্তৰ আগতীয়া অনুমতি নোলোৱাকৈ কোনো মেল অনুষ্ঠিত কৰিব নোৱাৰাৰ নিৰ্দেশ জাৰি কৰে। লগতে উপায়ুক্তই ৰায়তৰ ক্ষোভৰ উপশম ঘটোৱাৰ উদ্দেশ্যে কৃষকৰ মাজৰ নেতৃস্থানীয় লোকক আৰক্ষীৰ কনিষ্টবল হিচাপে নিযুক্তি দি চৰকাৰ আৰু ৰায়তৰ মাজত শান্তি স্থাপনৰ ব্যৱস্থা কৰে। ৰায়ত আৰু কৃষক সকলেও চৰকাৰক কৰ শোধাবলৈ সম্মত হয়। ৰঙিয়াত এনেদৰে কৃষক বিদ্রোহে শাম কাটে যদিও ব্ৰিটিছৰ দমনমূলক নীতি, কৰৰ বোজা আদিৰ ফলত নলবাৰী, বৰ্মা, বজালী আদিৰ কৃষক ৰাইজে পূৰ্বৰ দৰে সংগঠিত হৈ চৰকাৰৰ ৰাজহ সংগ্ৰহত বাধা জন্মোৱাৰ চেষ্টা অব্যাহত ৰাখে।

লচিমা অবিভক্ত কামৰূপ জিলাৰ বজালী অঞ্চলত অৱস্থিত। ইয়াৰ কাষৰীয়া বৰ্মাত ৰাইজমেল বৰ শক্তিশালী আছিল আৰু এই ৰাইজমেলৰ অন্তৰ্গত কৃষকে লাঠিয়াল বাহিনীও গঢ়ি তুলিছিল। লচিমা, চৌখুটি, পানাগাঁও, সৰ্থেবাৰী, পাটাছাৰকুচি আদিত হেজাৰ হেজাৰ কৃষক সংগঠিত হৈ ৰাইজমেল অনুষ্ঠিত কৰিছিল ৷ পানাগাঁও ৰাইজমেল আটাইতকৈ ডাঙৰ আছিল৷ ইয়াত ৰঙিয়া, নলবাৰী, ধৰ্মপুৰ, বজালী আদি উত্তৰ কামৰূপৰ বিভিন্ন ঠাইৰ কৃষকে যোগদান কৰিছিল। ১৮৯৪ চনৰ ২১ জানুৱাৰীৰ দিনা লচিমাৰ ওচৰৰ কাপ্পা গাঁওত খাজনা সংগ্ৰহৰ বাবে যোৱা ফৌজদাৰ দাসোৰাম চৌধুৰী আৰু মণ্ডল হলিৰাম মিশ্ৰক ৰাইজে বেয়াকৈ মাৰধৰ কৰে। কিছুদিন পিছতে মৌজাদাৰৰ মৃত্যুও ঘটে। এই ঘটনাৰ প্রতিক্রিয়া হিচাপে সেই সময়ৰ বৰপেটাৰ মহকুমাধিপতি মাধৱচন্দ্ৰ বৰদলৈয়ে ৭৫ জন কৃষকক আটক কৰি লচিমাৰ জিৰণি শিবিৰলৈ লৈ আহে। কিন্তু আটক কৰা লোকৰ মুক্তিৰ দাবীত প্রায় ৩০০০ কৃষকে শিবিৰ ঘেৰাও কৰি জুলাই দিয়াৰ ভাবুকি দিয়াত তেঁও বন্দী সকলক মুক্তি দিবলৈ বাধ্য হয়। ইয়াৰ প্রতিক্রিয়া ৰূপে উপযুক্ত মেক কেবে দলবল লৈ গৈ তাত উপস্থিত হৈ ৫৯ জন বিদ্রোহী কৃষকক গ্ৰেপ্তাৰ কৰে। ২৫ তাৰিখে বন্দী সকলৰ মুক্তিৰ দাবী জনাই প্রায় ৬০০০ লোকে উপায়ুক্তৰ শিবিৰে যায়গৈ। কিন্তু উপায়ুক্ত মেক কেবে তেওঁলোকৰ দাবীলৈ ভ্রূক্ষেপ নকৰি শক্তি প্রয়োগেৰে আটাইকে খেদি পঠিয়ায়। ইয়াৰ পাছত গোসাঁই দলৈ সহ কেইবাজনো মুখিয়াল বিদ্রোহীক কঠোৰ শাস্তি প্রদান কৰি আৰু ১৬ জন কৃষকক শাস্তি বিহে। বিদ্ৰোহৰ নেতৃত্ব দিয়া পুষ্পৰাম কলিতা, দেৱী দত্ত শর্মা, জয়ন্তী বেজ, নির্ভাষা কলিতা, নাউচাকু কলিতা আৰু মংগলু কলিতাক দু বছৰলৈ কাৰাদণ্ড বিহে৷ পাছত কলিকতা হাইকোর্টৰ নিৰ্দেশত শাস্তিৰ পৰিমাণ লাঘৱ হয়৷ লচিমা কৃষক বিদ্রোহ এইদৰে উত্তৰ কামৰূপৰ এটা প্রখ্যাত কৃষক বিদ্রোহ ৰূপে খ্যাত হয়।

প্রশ্ন ৭। ১৮৯৪ চনত পথৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ এটি খতিয়ান দাঙি ধৰা।

উত্তৰ। উত্তৰ কামৰূপৰ বৰ্মা, নলবাৰী, ৰঙিয়া, লচিমা, চৌখুঁটি, সৰ্থেবাৰী, ধৰ্মপুৰ আদিত হোৱা কৃষক বিদ্ৰোহৰ অন্ত নৌপৰোঁতেই দৰঙৰ মঙলদৈ মহকুমাৰ পথৰুঘাটতো কৃষক বিদ্রোহে দেখা দিয়ে। ১৮৯৪ চনৰ জানুৱাৰীৰ মাজভাগৰ পৰাই ৰাইজমেলৰ যোগেদি কৃষকসকল সংগঠিত হৈ খাজনা বৃদ্ধিৰ প্ৰতিবাদ জনোৱাৰ লগতে খাজনা সংগ্রহতো বাধা দিবলৈ ধৰে। এই পৰিপ্ৰেক্ষিতত মহকুমাটোৰ কলাইগাঁও, মঙলদৈ, ছিপাঝাৰ আৰু পথৰুঘাট তহচিলৰ কৃষক সকলে ৰাইজমেল অনুষ্ঠিত কৰিছিল। জানুৱাৰী মাহৰ ২৬ তাৰিখৰ পৰা ২৮ তাৰিখলৈ পথৰুঘাটত এখনি বৃহৎ ৰাইজমেলত কৃষক সকলে লগ লগাৰ কথা আছিল। কিন্তু অঞ্চলটোৰ তহচিলদাৰ সকলে প্রস্তাৱিত ৰাইজমেলৰ বিষয়ে মহকুমাধিপতিক আগতীয়াকৈ জনোৱাত তেওঁ জিলাধিপতি জে ডি এণ্ডাৰনক জনায়৷ জিলাধিপতি এণ্ডাৰছনে সামৰিক ফৌজসহ পুলিচ অধীক্ষক জে আৰ বেৰিংটনৰ সৈতে ২৬ তাৰিখে যাত্ৰা কৰি ২৭ তাৰিখে পথৰুঘাটত উপস্থিত হয়। তেওঁলোকে খাজনা নিদিয়া কৃষকৰ সম্পত্তি বাজেয়াপ্ত কৰা কাৰ্যই কৃষক সকলক উত্তেজিত কৰি তোলে। ২০০ কৃষকে পুলিচ অধীক্ষক বেৰিংটনক আগুৰি ধৰে। কোনোমতে ৰাইজৰ বোষৰ হাত সাৰি তেওঁ শিবিৰ পায়গৈ আৰু এণ্ডাৰছনক আদ্যোপান্ত বিৱৰি কয়। ইয়াৰ কেইঘণ্টামান পিছতে প্রায় ২০০০ উত্তেজিত কৃষকে লাঠী আৰু বাঁহৰ কামি লৈ শিবিৰৰ ফালে অগ্ৰসৰ হয়। জিলাধিপতি এণ্ডাছনে কৃষক সকলক ঘৰাঘৰি যাবলৈ নিৰ্দেশ দিয়ে, যদিও কৃষক সকলে সেই নির্দেশ অমান্য কৰাত এণ্ডাৰছনে পুলিচ অধীক্ষক বেৰিংটনক শক্তি প্রয়োগ কৰিবলৈ নির্দেশ দিয়ে। ইয়াৰ ফলত পুলিচ বাহিনী আৰু কৃষকৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। কৃষক সকলৰ অবিৰাম দলি-ফর্মুটিৰ প্ৰকোপত পুলিচ, মিলিটাৰী, প্রশাসনিক বিষয়াই চকু মেলিব নোৱাৰা অৱস্থা হ’ল। এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত এণ্ডাৰছনে বেৰিংটনক গুলী কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ ফলত পথৰুঘাটৰ কৃষক বিদ্রোহত বেচৰকাৰী হিচাপ মতে ১৪০ জন কৃষকৰ মৃত্যু হয় আৰু ১৫০ জন কৃষক আহত হয়। আনহাচে চৰকাৰী হিচাপত ১৫ জনৰ মৃত্যু আৰু ৩৭ জন আহত হয় বুলি কোৱা হয়। এই বিদ্ৰোহৰ গোচৰত চৰকাৰে মহকুমাধিপতি নেছম চাহাবৰ বিচাৰ অনুযায়ী ৩৭ জন কৃষকক গ্ৰেপ্তাৰ কৰি বিচাৰ কৰে। বাকী সকলক এৰি দিয়ে। যদিও আকলু শ্বেখসহ ছয়জনক শাস্তি প্রদান কৰা হয়। নৰোত্তম দাসৰ ‘দলি পুৰাণ’ত এই বিদ্রোহ লিপিবদ্ধ হৈছে। এই বিদ্রোহে কৃষক সকলক ৰাজনৈতিকভাৱে সচেতন কৰাৰ লগতে স্বাধীনতা সংগ্ৰামৰ প্ৰেৰণাও যোগাইছিল।

প্রশ্ন ৮। ১৮৫০ চনত ব্ৰিটিছৰ বিৰুদ্ধে জয়ন্তীয়াসকলে কৰা বিদ্ৰোহৰ বিষয়ে এটি টোকা লিখা।

উত্তৰ। ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে ভৈয়ামত কৃষক বিদ্রোহ সংঘটিত হোৱাৰ দৰে পাহাৰীয়া জনজাতি সকলেও ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্রোহত নামিব লগীয়া হৈছিল। এই বিদ্রোহ সমূহৰ ভিতৰত জয়ন্তীয়া বিদ্রোহ, উত্তৰ কাছাৰৰ বিদ্রোহ, নগা জনগোষ্ঠীৰ বিদ্রোহ, মণিপুৰৰ বিদ্রোহ বিশেষভাৱে উল্লেখযোগ্য৷

১৮৩৫ চনত ইংৰাজে জয়ন্তীয়া ৰাজা ৰাজেন্দ্ৰ সিঙৰ হাতৰ পৰা ৰাজ্যৰ শাসনভাৰ নিজৰ হাতলৈ নিয়ে আৰু ইয়াৰ ফলত জয়ন্তীয়া সকলে ইংৰাজৰ প্রতি বিক্ষুব্ধ হৈ উঠে৷ ইংৰাজ শাসকৰ উদ্ভন্ডালি তেওঁলোকৰ বাবে ক্রমে অসহনীয় হৈ উঠিছিল। আনকি তেওঁলোকে মকলিকৈ মাছ ধৰা, খৰি-খেৰ গোটোৱা কামতো বাধাৰ সৃষ্টি কৰি ইংৰাজে কৰ সংগ্ৰহৰ বাট উলিয়াইছিল। লগতে ধর্মীয় আৰু পৰম্পৰাগত অনুষ্ঠানতো ব্ৰিটিছে হস্তক্ষেপ কৰিছিল৷ তদুপৰি ইংৰাজে ঘৰ কৰ, আয়কৰ আদি বহুৱাইছিল। এনেবোৰ কাৰণত জয়ন্তীয়াৰ চৰ্দাৰ আৰু দলৈ সকলে ইংৰাজৰ বিৰুদ্ধে বিদ্রোহ কৰাৰ পৰিকল্পনা কৰি জোঁৱাইৰ তহচিলদাৰ্ক একাষৰীয় কৰি বিদ্ৰোহৰ সূচনা কৰে। এই বতৰা জয়ন্তীপুৰ, মূলাগোল, জাফলং, ছেৰা আদিত বিয়পি পৰে আৰু বিদ্ৰোহৰ সূচনা হয়। ১৮৬১ চনত ওকিয়াং নংবাহৰ নেতৃত্বত জয়ন্তীয়া সকল প্ৰৱল ব্ৰিটিছ বিৰোধী আন্দোলনত চামিল হয়। ১৮৬২ চনৰ ১৭ জানুৱাৰীত বিদ্রোহী সকলে জোঁৱাইত থকা ব্ৰিটিছ ছাউনী আক্ৰমণ কৰে। তেওঁ ইয়াৰ আগতে জোঁৱাই-চেৰাপুঞ্জী, চেৰাপুঞ্জী-জয়ন্তীপুৰ পথ অৱৰোধ কৰি থৈছিল। জয়ন্তীয়া সকলৰ ওপৰত ব্ৰিটিছ মিলিটাৰী আৰু পুলিচ বাহিনীয়ে নানা অত্যাচাৰ চলায়। বিদ্রোহী সকলৰ হাততো প্রতিপক্ষৰ অনেক লোকৰ মৃত্যু ঘটে। এনে অৱস্থাত ইংৰাজ প্রশাসনে নিযুক্ত কৰা বিগ্রেডিয়াৰ জি ডি শ্বাৱাৰছ আৰু ডেপুটী কমিছনাৰ বি ডব্লিউ মর্টনৰ চেষ্টাত বিদ্ৰোহীৰ শক্তি হ্রাস পাবলৈ ধৰে। এনে অৱস্থাতে চৰকাৰে আত্মসমর্পণকাৰী বিদ্রোহীক ক্ষমা প্ৰদানৰ প্রতিশ্রুতি দিয়ে। বিদ্ৰোহৰ নেতা ওকিয়াং নংবাহক ধৰাই দিয়াৰ নামত চৰকাৰে পুৰস্কাৰ ঘোষণা কৰে। শেষত ওকিয়াং নংবাহ ইংৰাজৰ হাতত ধৰা পৰে আৰু ইংৰাজে তেওঁক ফাঁচীকাঠত ওলমায়। ফলত বিদ্রোহীৰ অনেকে আত্মসমর্পণ কৰে আৰু জয়ন্তীয়া বিদ্ৰোহৰো অন্ত পৰে।

প্রশ্ন ৯। ১৮৯১ চনত মণিপুৰত টিকেন্দ্ৰজিতৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ বিষয়ে লিখা।

উত্তৰ। মণিপুৰ অসম প্ৰশাসনৰ অন্তৰ্গত ৰাজ্য নাছিল আৰু বহু বছৰ পূৰ্বৰ পৰাই মণিপুৰ ইংৰাজৰ আশ্ৰিত আৰু স্বীকৃত দেশীয় ৰাজ্য হিচাপে বৰ্তি থকাৰ কৌশল অৱলম্বন কৰিছিল। ১৮৯০ চনত মণিপুৰৰ ৰাজ পৰিয়ালত সিংহাসনৰ উত্তৰাধিকাৰীক লৈ গৃহ কন্দলৰ সৃষ্টি হয়। চতুৰ ইংৰাজ সকলে দেশীয় ৰাজ্যসমূহৰ দুৰ্বলতাৰ সুযোগ কোনো কাৰণতে অথলে যাবলৈ নিদিয়ে। এই ক্ষেত্ৰতো মণিপুৰৰ ৰাজপৰিয়ালত উত্তৰাধিকাৰ লৈ হোৱা কন্দল তেওঁলোকৰ মাজতে মীমাংসা হ’বলৈ এৰি দিয়াৰ সলনি অসমৰ চীফ কমিছনাৰে অযথা তাত হস্তক্ষেপ কৰে। এই হস্তক্ষেপৰ ফলস্বৰূপে ইংৰাজৰ সহায়ত যুৱৰাজ কুলচন্দ্ৰই মণিপুৰৰ সেই সময়ৰ মহাৰাজ সুৰচন্দ্ৰক সিংহাসনচ্যুত কৰি ১৮৯০ চনৰ ২১ ছেপ্টেম্বৰত ‘মণিপুৰৰ সিংহাসনত আৰোহণ কৰে। এই সন্ধিক্ষণতে সুৰচন্দ্ৰই ইংৰাজৰ সহায় বিচাৰি বিফল হয়। কাৰণ ইংৰাজে কুলচন্দ্ৰকহে মণিপুৰৰ ৰজা হিচাপে স্বীকৃতি দিয়ে। কিন্তু মণিপুৰত সেই সময়ত ব্ৰিটিছ বিৰোধী নেতা সেনাপতি টিকেন্দ্ৰজিতৰ ব্ৰিটিছৰ বিৰুদ্ধে বিদ্রোহ চলিয়েই আছিল। ইংৰাজ সকলে মাছৰ তেলেৰে মাছ ভজাৰ কৌশল অৱলম্বন কৰি সেনাপতি টিকেন্দ্রজিতক দেশ৷প্তৰিত কৰিবলৈ কুলচন্দ্ৰক হেঁচা প্ৰয়োগ কৰে; যদিও কুলচন্দ্ৰৰ বাবে এই কাম কৰাটো সহজ নাছিল৷ এনে পৰিস্থিতিত অসমৰ চীফ কমিছনাৰ জে ডব্লিউ কুইণ্টন আৰু চাৰিজন ইংৰাজ বিষয়াই টিকেন্দ্ৰজিতক ধৰিবলৈ মণিপুৰলৈ অহাত স্বাধীনতাপ্রিয় মণিপুৰী সকলে চাৰিওজনকে হত্যা কৰে। এই ঘটনাই ইংৰাজ সকলক স্তম্ভিত কৰি তোলে আৰু ইয়াৰ প্ৰতিশোধ লবলৈ শক্তিশালী ব্ৰিটিছ ফৌজ মণিপুৰলৈ মণিপুৰী বিদ্ৰোহৰ ঘাই নেতা, সেনাপতি বিষয়াক হত্যা কৰা আৰু ব্ৰিটিছ শাসনৰ বিৰোধিত কৰাৰ অপৰাধত টিকেন্দ্রজিতক ফাঁচী দিয়ে। আনহাতে, মণিপুৰত আধিপত্য বিস্তাৰ কৰিবলৈ ব্ৰিটিছে ৰজা কুলচন্দ্ৰকো নির্বাসন দণ্ড দি এজন নাবালক কৌৱৰক নামমাত্ৰ ৰজা পাতি, ৰজা নাবালক হোৱাৰ অজুহাত দেখুৱাই ব্ৰিটিছ চৰকাৰৰ মণিপুৰৰ প্ৰতিনিধিজনক প্রশাসনিক দায়িত্ব দি মণিপুৰত ইংৰাজ আধিপত্য স্থাপনৰ সুযোগ লয়। এই ঘটনা বা বিদ্ৰোহৰ ক্ষতিপূৰ্ণ হিচাপে মণিপুৰে আঢ়ৈ লাখ টকা ব্ৰিটিছক ক্ষতিপূৰ্ণ দিবলগা হৈছিল। লগতে বাৰ্ষিক মণিপুৰে ইংৰাজক ৫০,০০০ টকা পৰিশোধ কৰিবলগা হৈছিল। সময়ত মণিপুৰত ইংৰাজৰ সম্পূর্ণ আধিপত্য স্থাপিত হৈছিল।

• (গ) চমু টোকা লিখাঃ

১)অসমত ইংৰাজে প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থা : ঊনবিংশ শতিকাৰ ত্ৰিশ আৰু চল্লিছৰ দশকত ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এক শক্তিশালী শাসকৰ ৰূপত প্রতিষ্ঠিত হৈছিল৷ এক সম্পূর্ণ নতুন ৰাজহ ব্যৱস্থাৰে তেওঁলোকে অর্থনীতিও তেওঁলোকৰ আয়গুলৈ আনিবলৈ সক্ষম হৈছিল। এই ৰাজহ ব্যৱস্থাত বিদেশী চৰকাৰখনে কৰ-কাটল সংগ্রহতহে বেছি গুৰুত্ব প্রদান কৰিছিল। দৰিদ্ৰ প্ৰজা তথা কৃষকৰ দুখ-দুর্দশা মোচন কৰাৰ ক্ষেত্ৰত চৰকাৰে একো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। অসমত ব্ৰিটিছ শাসনৰ পূৰ্বৰ্ৱৰ্তী অৱস্থাত মুদ্ৰাৰে ৰাজহ সংগ্ৰহৰ ব্যৱস্থা নাছিল৷ কিন্তু ইংৰাজে প্ৰৱৰ্তন কৰা টকাৰ মাধ্যমত মাটিৰ খাজনা আৰু অন্যান্য কৰ কাটল সংগ্ৰহৰ ব্যৱস্থাই অসমীয়া প্ৰজাৰ অৱস্থা শোচনীয় কৰি তুলিছিল আৰু ব্ৰিটিছ চৰকাৰৰ শোষণ দিনক দিনে বৃদ্ধি পাই আহিছিল৷

ব্ৰিটিছ চৰকাৰৰ নতুন ভূমি-ৰাজহ বৃদ্ধিৰ নীতি আৰু মুদ্ৰা অর্থনীতিয়ে অসমীয়া সৰ্বসাধাৰণ মানুহৰ মনত তীব্র অসন্তুষ্টিৰ সৃষ্টি কৰিছিল।

২। মণিৰাম দেৱান ঃ 

মণিৰাম দেৱানৰ প্ৰকৃত নাম মণিৰাম বৰভাণ্ডাৰ বৰুৱা আছিল। এই গৰাকী চতুৰ লোকে ১৮২৮ চনত ব্ৰিটিছৰ অধীনত চিৰস্তাদাৰৰ চাকৰিত নিযুক্ত হৈছিল। সুখ্যাতিৰে তেওঁ এই পদবীত কার্যনির্বাহ কৰিছিল। তেওঁ পুৰন্দৰ সিংহৰ দেৱানো আছিল। দেৱান পদ এৰি দি তেওঁ ব্ৰিটিছৰ অসম টি কোম্পানীত যোগ দিয়ে। এই পদবীৰ পৰাও পদত্যাগ কৰি তেওঁ ১৮৪৪ চনত যোৰহাটত চাহ বাগিচা খোলে। কিন্তু তেওঁ ব্ৰিটিছৰ পৰা সুবিধা লাভ নকৰাত বিক্ষুব্ধ হৈ থাকে। তদুপৰি মফট্ মিলছক দিয়া তেওঁৰ আর্জি নাকচ হয়। এই কাৰণে তেওঁ ইংৰাজ বিদ্বেষী হৈ পৰে। সেয়ে ১৮৫৭ চনত অসমৰ পৰা ইংৰাজক খেদিবলৈ তেওঁ ষড়যন্ত্ৰত লিপ্ত হৈ ব্ৰিটিছৰ হাতত ধৰা পৰে আৰু ব্ৰিটিছে ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাটত তেওঁক ফাঁচী দিয়ে।

৩। ফুলগুৰি ধাৱা :

 ফুলগুৰি ধাৱাৰো ঘাই কাৰণ আছিল ব্ৰিটিছৰ সাধাৰণ প্ৰজাক কৰা নিৰ্মম শোষণ । ফুলগুৰি ধাৱাই মূৰ তুলি উঠা আনুষংগিক কাৰণটো হ’ল ১৮৬১ চনত চৰকাৰে আফু খেতি কৰাটো নিষিদ্ধ কৰে। ফুলগুৰি তিৱা লোকৰ বসতিস্থল আৰু এই সকলে আফু খেতি কৰি জীৱন নিৰ্বাহ কৰিছিল। চৰকাৰে হঠাৎ আফু খেতি বন্ধ কৰি দিয়াত এই অঞ্চলৰ কৃষক সকল বিক্ষুব্ধ হৈ পৰে আৰু এই সময়ত চৰকাৰে পাণ-তামোলৰ ওপৰত কৰ লগাব বুলি বাতৰি এখন প্ৰকাশ পালে। ইয়াৰ ফলত ৰাইজমেল যোগে কৃষকসকলে সংগঠিত হৈ বিক্ষোভ প্রকাশ কৰে আৰু ফুলগুৰি ধাৱাৰ সূত্রপাত ঘটায়। অসমৰ সামাজিক ইতিহাসত ফুলগুৰিৰ কৃষক বিদ্রোহ এটা গুৰুত্বপূৰ্ণ ঘটনা। এই বিদ্রোহে খাটিখোৱা শ্ৰেণীৰ লোকক এক গণভিত্তি দিয়ে আৰু পৰৱৰ্তী সময়ত দৰং, কামৰূপ আদিত ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে এলানি কৃষক বিদ্ৰোহৰ সূচনা কৰিছিল।

৪। লচিমাৰ কৃষক বিদ্রোহ : 

কামৰূপ জিলাৰ বজালী অঞ্চলত লচিমা, চৌখুঁটী, পানাগাঁও, সৰ্থেবাৰী, পাটাছাৰকুছি আদিত হেজাৰ হেজাৰ কৃষকে ৰাইজমেলত যোগদান কৰিছিল। ১৮৯৪ চনৰ ২১ জানুৱাৰীৰ দিনা সৰুক্ষেত্ৰী মৌজাৰ লচিমাৰ ওচৰৰ কাপ্পা গাঁওত লচিমাৰ কৃষক বিদ্ৰোহ আৰম্ভ হৈছিল। মৌজাদাৰ দাসোৰাম চৌধুৰী আৰু মণ্ডল হলিৰাম মিশ্ৰই খাজনা সংগ্ৰহৰ বাবে যাওঁতে দুয়োকে ৰাইজে বেয়াকৈ আঘাট কৰে। কিছুদিনৰ পিছত মৌজাদাৰৰ মৃত্যু হয়। ঘটনাস্থলীত উপস্থিত হৈ বৰপেটাৰ মহকুমাধিপতি মাধৱচন্দ্ৰ বৰদলৈয়ে ৭৫ জন লোকক আটক কৰি তেওঁৰ লচিমৰ জিৰণি শিবিৰলৈ লৈ যায়। এই ঘটনাৰ বিৰুদ্ধে প্রায় ৩০০০ লোকে শিবিৰৰ চাৰিওফালে ঘেৰাও কৰি জুই জ্বলাই দিয়াৰ ভাবুকি দিয়াত তেওঁ আটক কৰা বন্দীসকলক মুক্ত কৰিবলৈ বাধ্য হয়। পিছদিনা উপায়ুক্ত মেক কেবে ৩০ জনমান পুলিচ আৰু গোৰ্খা ৰেজিমেণ্টৰ লোকক লগত লৈ তাত উপস্থিত হৈ মুঠতে ৫৯ জন বিদ্রোহী কৃষকক গ্ৰেপ্তাৰ কৰিছিল আৰু তেওঁলোকক অস্থায়ী জেলত ভৰাই থয়। ২৫ তাৰিখৰ আবেলিলৈ প্রায় ৬০০০ লোকে বন্দীসকলৰ মুক্তি বিচাৰি ৬০০০ লোকৰ স্বাক্ষৰিত এখন আবেদন উপায়ুক্তৰ শিবিৰলৈ গৈ দাখিল কৰে। মেক কেবে কোনো সঁহাৰি নজনায় আৰু শক্তি প্ৰয়োগ কৰি ৰাইজক খেদি পঠিয়ায়। পুলিচে আটক কৰা সকলৰ ভিতৰত গোসাঁই দলৈ আৰু কেইবাজনো মুখীয়াল লোক আছিল। বন্দীসকলক তেওঁ গৰুৰ দৰে কান্ধত যুঁৱলি দি হাল টনাই ৰাইজক দৃষ্টান্ত দেখুৱাইছিল যাতে ভৱিষ্যতে কোনেও বিদ্রোহ কৰিবলৈ সাহস কৰিব নোৱাৰে। লচিমাত কৃষক বিদ্রোহ সংগঠিত কৰা আৰু হলিৰাম মিশ্র মণ্ডলক মৰাৰ অপৰাধত ১৬ জনক বিভিন্ন শাস্তি বিহা হৈছিল।

৫। পথৰুঘাটৰ ৰণঃ

 দৰং জিলাৰ মঙলদৈ মহকুমাৰ পথৰুঘাটত ১৮৯৪ চত কৃষক বিদ্রোহ দেখা দিয়ে। তাত ৰাইজমেললৈ অহা কৃষক সকলে জিৰণি শিবিৰত অৱস্থান কৰা সময়তে জিলাধিপতি জে ডি এণ্ডাৰছনৰ নিৰ্দেশত পুলিচ অধীক্ষক জে আৰ বেৰিংটনে কৃষক সকলক শক্তি প্ৰয়োগ কৰি খেদি পঠিয়াবলৈ কৰা চেষ্টাত উত্তেজিত কৃষক সকলে লাঠী জোকাৰি, দলি ফর্মুটি পুলিচৰ গালৈ দলিয়াবলৈ ধৰে৷ দলি চপৰাৰ খুন্দাতে পুলিচ, মিলিটাৰী, প্রশাসনিক বিষয়া আদি চকু মেলিব নোৱাৰা অৱস্থা হয়। এনে অৱস্থাত জিলাধিপতি গুলী চালনা কৰিবলৈ নিৰ্দেশ দিয়াত ‘বেচৰকাৰী হিচাপ মতে ১৪০ জন কৃষকৰ মৃত্যু হয় আৰু ১৫০ জন আহত হয়। অৱশ্যে চৰকাৰী হিচাপে ১৫ জনৰ মৃত্যু আৰু ৩৭ জন আহত হোৱাৰ তথ্য প্রকাশ কৰে। দলি চপৰাই এই ৰণত প্ৰাধান্য লাভ কৰা বাবে আৰু ইয়াহে লৈ নৰোত্তম দাসে দলি পুৰাণ ৰচনা কৰা বাবে পথৰুঘাটত হোৱা এই ৰণক দলি ৰণ বুলিও কোৱা হয়।

৬। অসমত কৃষক বিদ্ৰোহৰ গুৰুত্বঃ ঊনবিংশ শতিকাৰ শেষৰফালে অসমত কেইবালানিও কৃষক বিদ্রোহ হৈছিল। ফুলগুৰিত ১৮৬১ চনত প্ৰথমটো কৃষক বিদ্রোহ সংঘটিত হৈছিল। এই বিদ্রোহত লেফটেনেণ্ট ছিংগাৰ নামৰ এজন চৰকাৰী বিষয়াৰ বিদ্ৰোহীৰ হাতত মৃত্যু হৈছিল। ব্ৰিটিছ প্রশাসনে এই বিদ্রোহ কঠোৰ হাতেৰে দমন কৰে।

ফুলগুৰি ধাৱাৰ পিছতো ১৮৯৩-৯৪ চনত কৃষকে ব্ৰিটিছৰ ৰাজহ বৃদ্ধিৰ প্ৰতিবাদত বিদ্রোহ কৰিছিল। এইলানি বিদ্রোহ দৰং জিলাৰ পথৰুঘাট, কামৰূপ জিলাৰ ৰঙিয়া, লচিমা, সৰ্থেবাৰী আদি নামনি অসমৰ বিভিন্ন অঞ্চলত সংঘটিত হৈছিল।

ব্ৰিটিছ শাসনৰপৰা মুক্তি বিচাৰি পাহাৰীয়া জনজাতিসকলেও উত্তৰ কাছাৰ, নগাভূমি আৰু মণিপুৰ আদিত বিদ্রোহ ঘোষণা কৰিছিল। জনজাতিসমূহৰ এই বিদ্রোহে। ব্ৰিটিছ প্রশাসনে দমন কৰিবলৈ সক্ষম হৈছিল।

এনেদৰে দেখা যায় যে চিপাহী বিদ্ৰোহৰ পাছত অসমত কেৱাটাও কৃষক বিদ্রোহ সংঘটিত হৈছিল আৰু এই সকল কৃষক বিদ্ৰোহৰ মাজেৰেই দেশৰ স্বাধীনতা যুঁজত অসম সক্রিয়ভাৱে জড়িত হৈ পৰে।

৭। টিকেন্দ্রজিৎ:

 মণিপুৰ ৰাজ্য অসম প্ৰশাসনৰ বাহিৰত আছিল। ভালেমান বছৰৰ পূৰ্বৰপৰাই মণিপুৰ ব্ৰিটিছৰ দ্বাৰা আশ্ৰিত আৰু স্বীকৃত দেশীয় ৰাজ্যৰূপে বৰ্তি আছিল। মণিপুৰত সিংহাসন লাভৰ বাবে ১৮৯০ চনত ৰাজপৰিয়ালৰ সদস্যসকলৰ মাজত এক গৃহ কন্দলৰ সূচনা হৈছিল। এই উত্তৰাধিকাৰীৰ যুদ্ধত অসমৰ চীফ কমিছনাৰে অনাহকতে হস্তক্ষেপ কৰিছিল। ইংৰাজৰ উপস্থিতিৰ সুবিধা গ্ৰহণ কৰি যুৱৰাজ কুলচন্দ্ৰই মহাৰাজ সুৰচন্দ্ৰক সিংহাসনচ্যুত কৰি নিজেই ৰজা হয় (২১ ছেপ্টেম্বৰ, ১৮৯০)। সুৰচন্দ্ৰই ইংৰাজৰ সহায় ভিক্ষা কৰিছিল যদিও তেওঁলোকে কুলচন্দ্ৰকহে মণিপুৰৰ ৰজা হিচাপে স্বীকৃতি দিয়ে। কিন্তু তলে তলে চলি থকা ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ মূল নেতা আছিল সেনাপতি টিকেন্দ্রজিত। সেনাপতি টিকেন্দ্ৰজিতক দেশান্তৰিত কৰিবলৈ ব্ৰিটিছে নতুন ৰজা কুলচন্দ্ৰক হেঁচা প্রয়োগ কৰিলে। কিন্তু দেশৰ স্বাধীনতা ৰক্ষাৰ হকে কাম কৰা জনপ্রিয় নেতাজনক ব্ৰিটিছৰ কথা মতে দেশান্তৰিত কৰাটো কুলচন্দ্ৰৰ কাৰণে সহজ কথা নাছিল। সেয়ে ১৮৯০ চনত অসমৰ চীফ কমিছনাৰ জে ডব্লিউ কুইণ্টন আৰু চাৰিজন ইউৰোপীয় বিষয়াই টিকেন্দ্রজিতক ধৰিবলৈ অহাত স্বাধীনতা প্রয়াসী মণিপুৰীসকলে আটাইকেইজনকে হত্যা কৰে। এই ঘটনাৰ প্ৰতিশোধ লবলৈ ব্ৰিটিছে এটা শক্তিশালী সৈন্যবাহিনী মণিপুৰলৈ পঠিয়ায়। ইংৰাজ বাহিনী বীৰ সেনাপতি টিকেন্দ্ৰজিতক ধৰিবলৈ সক্ষম হয়। ব্ৰিটিছ বিষয়াক হত্যা কৰা ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰাৰ অপৰাধত বীৰ সেনাপতি টিকেন্দ্রজিত ব্ৰিটিছে ফাঁচীকাঠত ওলমায়।

Leave a Reply