SEBA Class-10 Social Science| Chapter-2|পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

SEBA Class-10 Social Science| Chapter-2|পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা. The answer to each chapter is provided in the list so that you can easily browse throughout different chapters  SEBA Class-10 Social Science| Chapter-2|পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা Social Science Class 10 SEBA Notes and Question Answer In Assamese Medium and select need one.

SEBA CLASS 10 (Ass. MEDIUM)

  1. English Solutions
  2. অসমীয়া Questions Answer
  3. বাংলা Questions Answer
  4. বিজ্ঞান Questions Answer
  5. সমাজ বিজ্ঞান Questions Answer
  6. हिंदी ( Elective ) Questions Answer
  7. ভূগোল (Elective) Questions Answer
  8. বুৰঞ্জী (Elective) Questions Answer
  9. Hindi (MIL) Question Answer

SEBA Class-10 Social Science| Chapter-2|পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions For SEBA Class-10 Social Science| Chapter-2|পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা Solutions for All Subjects, You can practice these here.

অনুশীলনীৰ প্রশ্নোত্তৰ

প্রশ্ন ১। পৰিৱেশ বুলিলে কি বুজায় নিজৰ ভাষাত লিখা।

উত্তৰ। পৰিৱেশ বুলিলে সাধাৰণতে জীৱজগতৰ চাৰিওফালে যি জীয়াই থাকিব পৰা অৱস্থাৰ সৃষ্টি হয় তাকে বুজায়। অর্থাৎ যি প্রাকৃতিক উপাদানসমূহৰ লগত সন্মন্ধৰ সৃষ্টি ঘটি জীয়াই থাকিব পৰা অৱস্থাৰ সৃষ্টি হয় তাকে পৰিৱেশ বুলি কোৱা হয়। এই পৰিৱেশ শব্দটোৰ লগত মানুহৰ শিক্ষা-দীক্ষা, ব্যৱসায়-বাণিজ্য, প্রশাসন, ৰাজনীতি আৰু সমাজ ব্যৱস্থাই সোমাই থাকে। জীৱজগতৰ বৰ্তি থকাৰ কাৰণে চাৰিওকাষৰ সকলোবোৰ উপাদান সামৰি পৰিৱেশ সৃষ্টি হয়। এই উপাদানবোৰ জৈৱ আৰু অজৈৱ দুয়োধৰণৰ হব পাৰে। পৃথিৱীৰ পৰিৱেশ ঘাইকৈ চাৰিওটা মণ্ডলেৰে গঠিত। সেইবোৰ হ’ল—স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল।

প্রশ্ন ২। পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদানৰ কথা উল্লেখ কৰা।

উত্তৰ। জৈৱ শব্দটোৱে সাধাৰণতে প্রাকৃতিক ভাবে থকা বিভিন্ন প্রজাতিৰ উদ্ভিদৰ লগতে সকলো প্রাণীসমূহকে সামৰি লয়। উদাহৰণ হিচাপে আমি বিভিন্ন প্ৰকাৰৰ গছ-গছনিৰ নাম লিখিব পাৰো। তাৰোপৰি অণুজীৱৰ পৰা মানুহকে ধৰি সকলোবোৰ জীৱ-জন্তুৰ নামবোৰো পৰিৱেশৰ জৈৱ উপাদান হিচাপে আমি উল্লেখ কৰিব পাৰোঁ। আনহাতে ‘অজৈৱ’ উপাদান হিচাপে মাটি, পানী, বায়ু অর্থাৎ প্রাণহীন উপাদানবোৰৰ নাম উল্লেখ কৰিব পাৰোঁ। সাধাৰণ অৰ্থত জৈৱ আৰু অজৈৱ উপাদান বুলিলে ক্রমে প্রাণ থকা আৰু প্রাণহীন উপাদান সমূহকে বুজায়।

প্রশ্ন ৩। স্থলমণ্ডল বুলিলে কি বুজায় লিখা।

উত্তৰ। পৃথিৱীৰ উপৰিভাগত থকা মাটি, শিল, বালি, মণিক আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগকে স্থলমণ্ডল বুলি কোৱা হয়। এই স্থলমণ্ডলত পর্বত-পাহাৰ, মালভূমি, সমভূমি, নদী-উপত্যকা, উপকূল আদি বিভিন্ন উপাদান পোৱা যায়।

প্রশ্ন ৪। জলমণ্ডলৰ ভিতৰত কি কি পৰে লিখা।

উত্তৰ ৷ পৃথিৱীৰ সাগৰ-মহাসাগৰবোৰে ইয়াৰ জলমণ্ডল গঠন কৰিছে। পৃথিৱীৰ মুঠ জলমণ্ডলৰ পৰিমাণ ৭১ শতাংশ। প্রধানত সাগৰ-মহাসাগৰক জলমণ্ডল বুলি ধৰা হয়, যদিও পৃথিৱীৰ উপৰিভাগত থকা নদ-নদী, হ্রদ আদি জলাশয় সমূহো এই জলমণ্ডলৰ অন্তৰ্গত।

প্রশ্ন ৫। বায়ুমণ্ডল কিহেৰে গঠিত লিখা।

উত্তৰ। ভূ-পৃষ্ঠৰ পৰা ক্ৰমে ওপৰলৈ বিয়পি আছে এটা গেছীয় তপ। অক্সিজেন, নাইট্ৰ’জেন, হাইড্ৰ’জেন, কার্বন-ডাই-অক্সাইড, আর্গন আদি গেছৰ দ্বাৰা গঠিত এই গেছীয় তপটোকে বায়ুমণ্ডল বোলে। ভূ-পৃষ্ঠৰ পৰা প্ৰায় ৪৮০ কিলোমিটাৰ উচ্চতালৈ বায়ুমণ্ডল প্ৰসাৰিত হৈ আছে। বায়ুমণ্ডলৰ গুণাগুণ আৰু পৰিৱৰ্তন পৰিৱেশতন্ত্ৰৰ অন্য তিনিওটা মণ্ডলৰ ওপৰত নিৰ্ভৰশীল।

প্রশ্ন ৬। জীৱমণ্ডলৰ বিস্তৃতি সম্বন্ধে লিখা।

উত্তৰ৷ জীৱমণ্ডলে পৃথিৱীৰ জীৱ, অর্থাৎ উদ্ভিদ আৰু প্ৰাণী থকা অংশবোৰকে সামৰি লয়। পৃথিৱীৰ জীৱ থকা অংশবোৰ হৈছে — স্থলপৃষ্ঠ, সাগৰ-মহাসাগৰ আৰু বায়ুমণ্ডলৰ চৰাই-চিৰিকতি আৰু কীট-পতংগ আদি উৰি ফুৰা অংশ। জীৱমণ্ডলত এতিয়ালৈকে প্রায় ১.৭৫ নিযুত উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হৈছে। ইয়াৰ ভিতৰত মানুহ হৈছে এটা মাত্র প্রজাতি।

প্রশ্ন ৭। পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ। পৃথিৱীত থকা চাৰিওটা মণ্ডল জলমণ্ডল, স্থলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল প্রত্যেকটোৱে এটা আনটোৰ ওপৰত নিৰ্ভৰশীল। এই মণ্ডল সমূহৰ মাজত যি আন্তঃক্রিয়া চলি থাকে তাকেই আমি পৰিৱেশ বুলি কওঁ। এই মণ্ডল কেইটাৰ অন্তৰ্গত অসংখ্য উপাদানে সংঘটিত কৰা পাৰস্পৰিক ক্ৰিয়াই পৃথিৱীৰ উপৰিভাগৰ পৰিৱেশ নিয়ন্ত্ৰণ কৰে। যেতিয়াই এই মণ্ডল সমূহৰ ক্ৰিয়াৰ পৰিৱৰ্ত্তন হয় ঠিক তেতিয়াই পৃথিৱীৰ পৰিৱেশৰো পৰিবৰ্ত্তন হয় অর্থাৎ স্থান আৰু কাল ভেদে পৰিৱেশৰো পৰিবৰ্তন হয়। পৃথিৱীৰ ভৌগোলিক অঞ্চলবোৰৰ মাজত সম্পর্ক থাকিলেও প্রতিটো অঞ্চলৰ নিজস্ব বৈশিষ্ট্য আছে।

প্রশ্ন ৮। পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা।

 উত্তৰ ৷ পৃথিৱীৰ পৰিৱেশৰ পৰিৱৰ্তনৰ কাৰক হিচাপে আমি পৃথিৱীৰ প্ৰাকৃতিক উপাদান সমূহৰ মাজত থকা পার্থক্যৰ কথা উল্লেখ কৰিব পাৰোঁ। মাটি, পানী, বায়ু, গছ-গছনি আদি প্রত্যেকৰে নিজা নিজা বৈশিষ্ট্য সমূহে পৰিৱেশ পৰিৱৰ্ত্তনত অৰিহণা যোগায়। পৰিৱেশ পৰিৱৰ্ত্তনত বন্যপ্রাণী, চৰাই-চিৰিকতিৰ অবদানো কম নহয়। পৃথিৱীখন গোলাকাৰ হোৱা বাবে বিষুৱ অঞ্চল আৰু মেৰু অঞ্চলৰ বতৰৰ মাজত যথেষ্ট পার্থক্য দেখা যায়। পৰ্বত পাহাৰ, মৰুভূমি, নদ-নদী, সাগৰ মহাসাগৰ সকলোবোৰেৰে নিজৰ নিজৰ বৈশিষ্ট্যৰ বাবে বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ পৰিৱেশ আমি পাওঁ।

জনসংখ্যা বৃদ্ধি, উদ্যোগীকৰণ, চহৰ নগৰ সম্প্ৰসাৰণ, নগৰীকৰণ, যাতায়ত পৰিবহণ ব্যৱস্থাৰ পৰিবৰ্ত্তন আদিয়ে বৰ্ত্তমান পৃথিৱীৰ পৰিৱেশৰ পৰিৱৰ্ত্তন সাধনৰ প্রধান কাৰক। সমগ্র বিশ্বতে মানুহৰ যি ক্রিয়াকলাপ বৃদ্ধি পাব ধৰিছে সেইবোৰেও পৰিৱেশৰ পৰিৱৰ্ত্তন ঘটাইছে। বিশেষকৈ বনাঞ্চল সমূহ ধ্বংস কৰি, জলাশয় সমূহ সংকুচিত কৰি আবাদী গঢ়ি তুলি মানুহে নিজৰ বসবাসৰ উপযোগীকৈ প্রকৃতিক ধ্বংস কৰি যি পৰিৱেশ গঢ়ি তুলিছে সি আচলতে পৰিৱৰ্তিত পৰিৱেশহে। মুঠতে পৰিৱেশ পৰিৱৰ্ত্তনত প্রাকৃতিক ভাবে সংঘটিত পৰিৱৰ্ত্তনতকৈ মানুহৰ ক্ৰিয়া-কলাপৰ ফলত বেছি ক্ষতিকাৰক পৰিৱৰ্ত্তনহে সংঘটিত হব ধৰিছে।

প্রশ্ন ৯। পৰিৱেশৰ সমস্যা কি ব্যাখ্যা কৰা।

উত্তৰ। পৰিৱেশৰ উপাদান সমূহৰ মাজত সম্পর্ক স্বাভাবিক হৈ থ৷ গলে পৰিৱেশৰ কোনো সমস্যাৰ সৃষ্টি নহয়। কিন্তু বিভিন্ন প্রাকৃতিক কাৰণ বা ঘটনাৰ ফলত, মানুহৰ ক্ৰিয়াকলাপৰ ফলত, কেতিয়াবা কেতিয়াবা পৰিৱেশৰ ভাৰসাম্যত বাধাৰ সৃষ্টি কৰে, তেতিয়াই পৰিৱেশৰ কিছু সমস্যা আহি পৰে। অতীতত প্রাকৃতিক পৰিৱৰ্তনৰ ঘটনা ঘটি থাকিলেও মানুহৰ দ্বাৰা সংঘটিত সমস্যা নাছিল। কিন্তু বৰ্ত্তমান মানুহৰ দ্বাৰা যিবোৰ ধ্বংসাত্মক কাৰ্য্য সংঘটিত হব ধৰিছে সেইবোৰে পৰিৱেশৰ সমস্যাৰ সৃষ্টি কৰিব ধৰিছে। বিশেষকৈ জনসংখ্যা বৃদ্ধিৰ ফলতে উন্নয়নৰ নামত বিভিন্ন দেশসমূহত বসবাসৰ কাৰণে মানুহে অৰণ্য সমূহ ধ্বংস কৰিব লাগিছে তাৰ ফলত বায়ুমণ্ডলত কার্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাব ধৰিছে। ফলত পৰিৱেশত নতুন নতুন সমস্যাৰো সৃষ্টি হব ধৰিছে।

এই সকলোবোৰ সমস্যা পৰিৱেশৰ লগত জড়িত বাবে আমি ইয়াক পাৰিৱেশিক সমস্যা বুলি কওঁ।

ইয়াৰ বাহিৰেও শিল্প-উদ্যোগ, যানবাহন আদিত বৰ্দ্ধিত হাৰত জীবাশ্ম ইন্ধন ব্যৱহাৰ কৰাৰ ফলত বায়ুমণ্ডলত বিভিন্ন বিষাক্ত গেছ আৰু কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা অধিক হাৰত বৃদ্ধি পাব ধৰিছে। ই গোলকীয় উত্তাপ বৃদ্ধিৰ সমস্যাৰ সৃষ্টি কৰিছে। বায়ুমণ্ডলত চলাচল কৰা উৰাজাহাজবোৰেও আমাৰ চকুত নপৰা পৰিৱেশৰ সমস্যাৰ সৃষ্টি কৰিছে। মুঠতে বৰ্ত্তমান মানুহ আৰু প্ৰকৃতিৰ মাজত ভাৰসাম্যৰ যিটো হাৰত পৰিবৰ্ত্তন হব ধৰিছে, পৰিৱেশৰো সমস্যা সমূহ তাতকৈ অধিক হাৰত সদায় বৃদ্ধি হব লাগিছে।

প্রশ্ন ১০। ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাক কি কি ভাগত ভগাব পাৰি লিখা।

 উত্তৰ। ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাসমূহক তিনি ভাগত ভগাব পাৰি—

(i) স্থানীয় সমস্যা, (ii) আঞ্চলিক সমস্যা আৰু (iii) গোলকীয় সমস্যা। 

(i) স্থানীয় সমস্যা : যিবোৰ পাৰিৱেশিক সমস্যা একোটা সৰু সৰু এলেকাত সীমাবদ্ধ হৈ থাকে তেনে সমস্যাক স্থানীয় সমস্যা হিচাপে গণ্য কৰা হয়। উদাহৰণস্বৰূপে একোটা ক্ষুদ্র উদ্যোগে সৃষ্টি কৰা সমস্যা, ভূমি প্ৰদূষণ, পানীৰ নাটনি, নদীৰ খহনীয়াৰ সমস্যা আদি স্থানীয় সমস্যা।

(ii) আঞ্চলিক সমস্যা : আঞ্চলিক সমস্যা একো একোটা অঞ্চল জুৰি বিস্তাৰিত হৈ থাকে। উদাহৰণ স্বৰূপে ব্ৰহ্মপুত্ৰ নদীৰ বানপানী। এই বানপানী কেবল ডিব্ৰুগড় বা যোৰহাটতে সীমাবদ্ধ হৈ নাথাকে। ই সমগ্ৰ অসম আৰু অসমৰ বাহিৰতও মানুহক প্রভাৱিত কৰে। বৰ্ত্তমান গঢ়ি উঠা উদ্যোগ সমূহে সৃষ্টি কৰা বিভিন্ন সমস্যাসমূহ, ভূ-গৰ্ভৰ পানীৰ নাটনি, নদী অৱবাহিকাৰ ভূমি ক্ষয় আদি আঞ্চলিক সমস্যাৰ উদাহৰণ।

(iii) গোলকীয় সমস্যা : বর্তমান এনে কিছুমান সমস্যা আছে যিবোৰে সমগ্ৰ পৃথিৱীক সামৰি লয়। বিশেষকৈ বায়ুমণ্ডলত হোৱা প্ৰদূষণজনিত সমস্যা, যি সমস্যা গোটেই বিশ্বতে বিয়পি পৰে। ঠিক তেনেদৰে জলভাগত হোৱা সমস্যাও গোলকীয় সমস্যাৰ ভিতৰত পৰে। অর্থাৎ একো একোটো সমস্যাই সমগ্র পৃথিবীকে সামৰি সকলো মানুহক প্রভাবিত কৰে বাবে এনে সমস্যাক গোলকীয় সমস্যা বুলি কোৱা হয়।

প্রশ্ন ১১। পৰিৱেশৰ স্থানীয় সমস্যাসমূহ কি কি? উদাহৰণ দি লিখা।

উত্তৰ। পৰিৱেশৰ স্থানীয় সমস্যা বুলিলে সাধাৰণতে একোটা সৰু অঞ্চলত সংঘটিত হোৱা সমস্যাবোৰকে বুজোৱা হয়। উদাহৰণস্বৰূপে আমি উল্লেখ কৰিব পাবোঁ যে একোটা ক্ষুদ্র উদ্যোগে সৃষ্টি কৰা সমস্যা, ভূমি প্ৰদুষণ, পানী প্ৰদূষণ আদি সমস্যা সীমিত অঞ্চলতহে থাকে। বিল এখনৰ পানী অস্বাভাবিক ভাবে শুকাই যোৱা কাৰ্য্য, খৰালি কালত পানীৰ নাটনিৰ সমস্যা, কোনো এঠাইত নদীয়ে সৃষ্টি কৰা সমস্যা, তাৰ ভিতৰত খহনীয়া আদি উল্লেখযোগ্য স্থানীয় সমস্যা।

১২। পৰিৱেশৰ আঞ্চলিক সমস্যাৰ দুটা উদাহৰণ দিয়া।

 উত্তৰ। কিছুমান সমস্যা একো একোটা ভৌগোলিক অঞ্চল জুৰি সৃষ্টি হ’ব পাৰে। অসমৰ ব্ৰহ্মপুত্ৰ বা বৰাক উপত্যকাৰ বানপানীৰ সমস্যা, বিশাল ঔদ্যোগিক অঞ্চলৰ পানী প্ৰদূষণৰ সমস্যা, মহানগৰ অঞ্চলৰ ভূ-গর্ভস্থ পানীৰ নাটনিজনিত সমস্যা, নদী-অৱবাহিকাৰ ভূমিক্ষয় সমস্যা আদি আঞ্চলিক সমস্যাৰ উদাহৰণ। একোটা আঞ্চলিক সমস্যাই কেতিয়াবা একাধিক ৰাষ্ট্ৰকো সামৰি ল’ব পাৰে।

প্রশ্ন ১৩। কোনবোৰ সমস্যাক গোলকীয় পৰিৱেশ সমস্যা বুলি কোৱা হয় লিখা। 

উত্তৰ ৷ পৰিৱেশৰ কিছুমান সমস্যাই সমগ্ৰ পৃথিৱীকে সামৰি লয় ৷ তেনে সমস্যাৰ বিস্তৃতিৰ কোনো ভৌগোলিক সীমা নাথাকে। উদাহৰণ হিচাবে গোলকীয় উত্তাপ বৃদ্ধিৰ (Global warming)-ৰ দৰে সমস্যালৈ আঙুলিয়াব পাৰি। এই সমস্যা বায়ুমণ্ডলৰ লগত জড়িত হোৱাৰ কাৰণে বিস্তৃতিৰ ফালৰপৰা অসীম। ইয়াৰ প্ৰভাৱ বায়ুমণ্ডলৰ লগতে পৃথিৱীৰ পৰিৱেশৰ জলভাগ, স্থলভাগ আৰু জীৱজগতৰ ওপৰতো পৰে। এনে সমস্যাৰ সমাধানৰ প্ৰচেষ্টাও আন্তর্জাতিক পৰ্য্যায়ৰ হোৱাটো প্রয়োজন।

প্রশ্ন ১৪। পৰিৱেশৰ প্ৰধান সমস্যাসমূহ উল্লেখ কৰা।

উত্তৰ। পৰিৱেশৰ প্ৰধান সমস্যাসমূহৰ বিষয়ে আলোচনা কৰিবলৈ ল’লে দেখা যায় যে এই সমস্যাবোৰৰ প্ৰধান কাৰক হৈছে মানুহৰ ক্ৰিয়া-কলাপ। সেই ক্ৰিয়াকলাপৰ ভিতৰত জনবসতিৰ প্ৰসাৰ, উদ্যোগ নগৰৰ প্ৰসাৰ, যাতায়ত-পৰিবহণ ব্যবস্থাৰ পৰিৱৰ্ত্তন (সম্প্ৰসাৰণ) এই সকলো সমস্যাই বৰ্তমান। এইবোৰ যি সুস্থ পৰিৱেশৰ অনুপযোগী অসুস্থ পৰিৱেশৰ সৃষ্টি কৰি আহিছে সিয়েই হ’ল পৰিৱেশৰ সমস্যা। সেইবোৰৰ ভিতৰত প্ৰদূষণজনিত, মৰুকৰণজনিত অর্থাৎ নিৰ্বনীকৰণ জনিত, ভূমিস্খলন জনিত সমস্যা, ভূমিক্ষয়, গোলকীয় সমস্যা আদিয়ে প্রধান।

প্রশ্ন ১৫। প্ৰদূষণৰ অৰ্থ লিখা।

উত্তৰ। অনিষ্টকাৰী দ্রব্যই পৰিৱেশ বিনষ্ট কৰা প্ৰক্ৰিয়াকে সহজ কথাত প্ৰদূষণ বুলি ক’ব পাৰি। ঘাইকৈ মানুহে সৃষ্টি কৰা প্ৰদূষণজনিত দ্রব্য অধিক মাত্ৰাত পৰিৱেশত সংযোজিত হ’লে জীৱজগতৰ ক্ষতি সাধন কৰিব পাৰে৷ এনে দ্রব্যক প্ৰদূষক বুলি কোৱা হয়। ধূলি, ধোঁৱা, ছাঁই, দুর্গন্ধ, সীহ, ছালফাৰ ডাই অক্সাইড, কার্বন-মন’ক্সাইড আদি পৰিৱেশ প্ৰদূষকৰ কিছুমান উদাহৰণ ৷ পৰিৱেশৰ প্রধান উপাদান মাটি, পানী আৰু বায়ু নানা কাৰণত প্ৰদূষিত হৈ মানুহ আৰু জীৱজগতৰ অনিষ্ট সাধন কৰিব পাৰে।

প্রশ্ন ১৬। পানী প্রদূষণ কি আৰু কেনেকৈ হয় লিখা।

উত্তৰ ৷ সাধাৰণভাবে পৃথিৱীৰ কিবা পানী ভাগত যদি কিবা প্ৰকাৰে ৰাসায়নিক পদাৰ্থ, অণুজীৱ, পদার্থকণা আদি মিহলি হৈ পানীৰ স্বাভাৱিক গুণৰ পৰিবৰ্ত্তন ঘটাই তেনে পানীকে আমি প্ৰদূষিত পানী বুলি কওঁ। এই প্রক্রিয়াটোকে পানী প্রদূষণ বোলা হয়। সহজ ভাষাত দূষিত পানীকে আমি প্ৰদূষিত পানী বুলি কওঁ। ঠিক তেনেদৰে ব্যৱহাৰৰ অনুপযোগী পানীকে প্ৰদূষিত পানী বুলি কোৱা হয়৷ অৰ্থাৎ দৈনন্দিন ব্যৱহাৰ হৈ থকা পানী যদি ব্যৱহাৰৰ অনুপযোগী হয় তেতিয়া আমি পানী প্ৰদূষণ হোৱা বুলি কওঁ।

সাধাৰণতে প্রাকৃতিক ভাৱে পোৱা পানীত উদ্যোগ সমূহৰ পেলনীয়া বর্জ্য পদাৰ্থ দ্বাৰা পানী প্ৰদূষণ হোৱা দেখা যায়। উদ্যোগৰ নলা-নর্দমাবোৰ জলাশয় বা নদীত পেলোৱা হয়। তাৰোপৰি কৃষি কাৰ্য্যত ব্যবহৃত ৰাসায়নিক পদার্থসমূহ দ্বাৰা পানী প্রদূষণ হয়। এই কাৰ্য্যই অৱশ্যে ভূগৰ্ভৰ পানী প্ৰদূষিত নকৰে।

সাধাৰণতে ঔদ্যোগিক আৱৰ্জনা আৰু নগৰৰ পেলনীয়া পদার্থই নগৰ অঞ্চলৰ মাজেদি বা কাষেদি প্রৱাহিত নদ-নদীৰ পানী প্ৰদূষিত কৰে। উত্তৰ ভাৰতৰ মাজেদি বৈ যোৱা গংগা নদীক এই ক্ষেত্ৰত বিশেষ উদাহৰণ হিচাপে বিবেচনা কৰিব পাৰি। এই নদীৰ পাৰত অৱস্থিত ডাঙৰ ডাঙৰ নগৰ-মহানগৰ আৰু উদ্যোগবোৰে সেইবোৰত উৎপন্ন হোৱা আৱৰ্জনা আৰু অপদ্ৰব্যবোৰ দীৰ্ঘকাল ধৰি নদীখনত পেলাই অহাৰ ফলত একালৰ পবিত্ৰ গংগাৰ পানী সম্প্ৰতি বেয়াকৈ প্ৰদূষিত হৈছে। আমাৰ গুৱাহাটী মহানগৰীৰ মাজেদি বৈ গৈ ব্ৰহ্মপুত্ৰত পৰা ভৰলু নৈখন মহানগৰৰ আৱৰ্জনা আৰু শিল্প-উদ্যোগৰ পেলনীয়া দ্রব্যই প্ৰদূষিত কৰিছে।

বৃহৎ ঔদ্যোগিক অঞ্চলৰ আশে-পাশে থকা জলাশয়ৰ পানীভাগত এচিডৰ পৰিমাণ বৃদ্ধি পালেও পানী প্ৰদূষিত হয়। বায়ুমণ্ডলত জমা হোৱা ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰ’জেন অক্সাইড এচিড বৰষুণৰূপে নামি আহি জলাশয় আদিৰ পানী প্ৰদূষিত কৰে। জলাশয়ৰ পানীত এচিডৰ মাত্রা বৃদ্ধি পালে জলজ উদ্ভিদ আৰু জীৱৰ বহুতৰে বিলুপ্তি ঘটে। আনহাতে, সাম্প্রতিক বালত নানা কাৰণত সাগৰ-মহাসাগৰৰ পানীভাগো ঠাই বিশেষে প্ৰদূষিত হোৱাটো পৰিলক্ষিত হৈছে।

প্রশ্ন ১৭। মাটি প্ৰদূষণৰ বিষয়ে এটি চমু টোকা লিখা। 

উত্তৰ। মাটি মানুহৰ অপৰিহাৰ্য্য সম্পদ আৰু পৃথিবীৰ এটা অতি গুৰুত্বপূৰ্ণ উপাদান। মানব সভ্যতাৰো মূল উৎস এই মাটিয়েই৷

মানৱ সভ্যতাৰ বিকাশ প্ৰধানকৈ এই সম্পদৰ ওপৰত ভিত্তি কৰিয়েই তাৰ হৈ উঠিছে। কিন্তু পৰিতাপৰ বিষয় যে মূলতঃ মানৱজনিত কাৰণতেই মাটি সম্পদ প্ৰদূষণৰ কবলত পৰিছে৷ সাধাৰণতে মাটিৰ লগত কোনো ৰাসায়নিক পদার্থ, বিষাক্ত ধাতু, ঔদ্যোগিক আৱৰ্জনা, তেজষ্ক্রিয় পদার্থ, এচিড বৰষুণ আদি মিহলি হ’লে মাটিৰ স্বাভাৱিক গুণাগুণ নষ্ট হয় আৰু উৰ্বৰতাও হ্রাস পায়। এনে অৱস্থাত সংশ্লিষ্ট মাটিভাগক প্ৰদূষিত মাটি বুলি বিবেচনা কৰা হয়।

সাধাৰণতে আধুনিক কৃষিকাৰ্য্য, উদ্যোগৰ প্ৰসাৰ আৰু ক্রমবর্ধিত হাৰত চলি থকা বননি ধ্বংসই মাটি প্ৰদূষণৰ বাবে প্ৰধানকৈ জগৰীয়া। কৃষিৰ আধুনিকীকৰণে কৃষি ক্ষেত্ৰত ৰাসায়নিক সাৰ, জলসিঞ্চন, কীটনাশক দৰব আদিৰ প্রয়োগ বৃদ্ধি কৰিছে। বাসায়নিক সাৰৰ প্রয়োগে মাটিৰ স্বাভাৱিক গঠন আৰু গুণাগুণৰ যিদৰে সলনি ঘটায়, সেইদৰে ভূ-গর্ভস্থ পানী কৃষি ক্ষেত্ৰত প্ৰয়োগ কৰিলেও ভূমিৰ গুণাগুণৰ পৰিৱৰ্তন ঘটে৷ তদুপৰি কীটনাশক আৰু অপতৃণনাশক দৰব প্ৰয়োগ কৰিলেও অনিষ্টকাৰী কীট-পতংগ আৰু অলাগতীয়াল উদ্ভিদৰ উপৰি মাটিত থকা উপকাৰী প্ৰাণী আৰু অণুজীৱও ধ্বংসৰ মুখত পৰে। ইয়ে মাটিৰ প্ৰাকৃতিক গুণৰ পৰিৱৰ্তন ঘটাই মাটিক প্ৰদূষিত কৰে। তদুপৰি ঔদ্যোগিক আৱৰ্জনা, প্লাষ্টিক, কঁাচ আৰু ৰাসায়নিক পদার্থও মাটিত মিহলি হৈ মাটি প্ৰদূষিত কৰে। ভূগৰ্ভৰ পৰা কয়লা, খাৰুৱা তেল আদি উত্তোলন কৰোঁতেও সেইবোৰৰ কিছু অংশ অসাৱধানতাবশতঃ ওচৰৰ মাটিত মিহলি হৈ মাটি প্ৰদূষিত কৰে। এইদৰে পৃথিৱীৰ বেছিভাগ ঠাইতে মাটি প্রদূষণ এটা সর্বাত্মক সমস্যাৰ সৃষ্টি কৰিছে।

প্রশ্ন ১৮। বায়ু কেনেকৈ প্ৰদূষিত হয় লিখা।

 উত্তৰ। পৃথিৱীৰ বায়ুমণ্ডল প্ৰধানকৈ গেছীয় পদাৰ্থৰ দ্বাৰা গঠিত। জুলীয় আৰু গোটা পদার্থও বায়ুমণ্ডলত কিছু পৰিমাণে বিভিন্ন অৱস্থাত থাকে। গেছীয় পদাৰ্থৰ ভিতৰত নাইট্ৰ’জেন, অক্সিজেন, কার্বন-ডাই-অক্সাইড আদিয়েই প্রধান। এক নির্দিষ্ট অনুপাতত থাকি এই গেছীয় পদার্থবোৰে বায়ুমণ্ডলক ভাৰসাম্যপূর্ণ অৱস্থাত ৰাখিছে। কিবা কাৰণত এই ভাৰসাম্য বিনষ্ট হ’লে, বিভিন্ন ধৰণৰ সমস্যাৰ উদ্ভৱ হোৱাটো নিশ্চিত। প্রাকৃতিক বা মানৱসৃষ্ট কাৰণত বায়ুমণ্ডলত কঠিন, তৰল বা গেছীয় পদাৰ্থৰ সংযোজন ঘটিলে, বায়ুৰ স্বাভাৱিক অৱস্থাৰ পৰিৱৰ্তন ঘটিব পাৰে। এনে পৰিৱৰ্তনে জীৱ আৰু জড় পদাৰ্থৰ ক্ষতি সাধন কৰিলে, বায়ু প্ৰদূষিত হোৱা বুলি কোৱা হয়।

বায়ু দূষিতকাৰী প্রাকৃতিক কাৰকৰ ভিতৰত আগ্নেয় উদ্‌গিৰণেই প্রধান। উদ্‌গিৰণৰ সময়ত নিৰ্গত হোৱা ধোঁৱা, ছাঁই আৰু গেছীয় পদার্থই বায়ু প্ৰদূষিত কৰে৷ ইয়াৰ উপৰি পৃথিৱীৰ বিশেষ কিছুমান অঞ্চলত প্রায়ে সংঘটিত বনজুয়েও বায়ুমণ্ডল দূষিত কৰে।

বায়ুমণ্ডল প্ৰধানকৈ মানুহৰ কাৰ্যাৱলীয়ে প্ৰদূষিত কৰিছে। শিল্প উদ্যোগৰ প্ৰসাৰ, নগৰীকৰণ, যান-বাহনৰ বৰ্ধিত ব্যৱহাৰ, আণৱিক বিস্ফোৰণ আদি মানুহৰ বিভিন্ন কার্য পৃথিৱীৰ বায়ুমণ্ডল দূষিত হোৱাৰ প্ৰধান কাৰক । দৰাচলতে ইউৰোপত আৰম্ভ হোৱা শিল্প-বিপ্লৱৰ পিছৰেপৰা বায়ুমণ্ডল দূষিত হ’বলৈ ধৰে। ক্রমবর্ধমান হাৰত হোৱা জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰেই বায়ুমণ্ডলত কাৰ্বন মন’ক্সাইড, নাইট্ৰ’জেন ডাই-অক্সাইড, হাইড্ৰ’কাৰ্বন, ছালফাৰ ডাই-অক্সাইডআদি বিষাক্ত গেছ সংযোগ কৰে। এইবোৰ গেছে বায়ুমণ্ডল প্ৰদূষিত কৰে।

বায়ুমণ্ডল প্ৰদূষিত হোৱাৰ অন্যতম ভয়াৱহ পৰিণতি হৈছে এচিড বৰষুণৰ সৃষ্টি। যোৱা কেইটামান দশকত বিশেষকৈ ঔদ্যোগিক ক্ষেত্ৰত আগবঢ়া কিছুমান অঞ্চলত এচিড বৰষুণজনিত সমস্যাৰ সৃষ্টি হোৱা দেখা গৈছে। সাধাৰণতে বায়ুমণ্ডলত মাত্রাধিক ছালফাৰ ডাই-অক্সাইড আৰু নাইট্ৰ’জেন ডাই-অক্সাইড সঞ্চিত হ’লে এচিড বৰষুণৰ সৃষ্টি হয়। এনে বৰষুণে হাবি-বননি ধ্বংস কৰাৰ লগতে বিল-খাল আদিৰ পানীও প্ৰদূষিত কৰে। 

প্রশ্ন ১৯। মৰুভূমি কাক বোলে? মৰুকৰণৰ সংজ্ঞা দিয়া। 

উত্তৰ। পৃথিৱীৰ যিবোৰ অঞ্চলত প্রাকৃতিক কাৰণত বৰষুণ অতিকৈ কম হয়, শুকান, গছ-গছনি কম আৰু বাষ্পীভৱন বেছি তেনেবোৰ অঞ্চলকে মৰুভূমি বুলি কোৱা হয়। পৃথিৱীৰ স্থলভাগৰ ২০ শতাংশ ভূমি মৰুভূমিয়ে আগুৰি আছে। মেৰু অঞ্চলৰ বৰফাবৃত অঞ্চলবোৰ শীতল মৰুভূমি হিচাপে পৰিগণিত হয়। মৰুভূমিৰ কাষৰীয়া অঞ্চল সমূহলৈ মৰুভূমিৰ সম্প্ৰসাৰণ ঘটা কাৰ্য্যকে মৰুকৰণ বুলি কোৱা হয়। এই প্রক্রিয়া উৎপাদনক্ষম কৃষিভূমি সমূহক মরুভূমিত পৰিণত কৰে। ১৯৭৭ চনত ৰাষ্ট্ৰসংঘৰ এক সন্মিলনে মৰুকৰণৰ সংজ্ঞা দিছে এনেধৰণে—‘মৰুকৰণ এনে এটা প্রক্রিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্ট কৰি অৱশেষত মৰু সদৃশ অৱস্থাৰ সৃষ্টি কৰে ।

মৰুকৰণ প্ৰক্ৰিয়াই ভূমিৰ উৎপাদিকা শক্তি হ্রাস কৰে আৰু মৰুভূমিৰ কাষৰীয়া বা দূৰৰ ভূমিভাগকো মৰুভূমিলৈ ৰূপান্তৰিত কৰিব পাৰে। অর্থাৎ এই প্রক্রিয়াই মৰুভূমিবোৰৰ সম্প্ৰসাৰণ ঘটায় আৰু নতুন নতুন ঠাইক মৰুভূমিত পৰিণত কৰে। সম্প্রতি পৃথিৱীৰ স্থলভাগৰ প্রায় ৩৫ শতাংশ ভূমি মৰুকৰণ প্ৰক্ৰিয়াৰ কবলত পৰিছে।

Sl. No.Contents
HISTORY (ইতিহাস)
পাঠ-1বংগ বিভাজন আৰু স্বদেশী আন্দোলন
পাঠ-2মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম
পাঠ-3অসমত ব্রিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ
পাঠ-4ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ
পাঠ-5ভাৰত আৰু উত্তৰ – পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য
GEOGRAPHY (ভূগােল)
পাঠ-1অর্থনৈতিক ভূগােল: বিষয়বস্তু আৰু সম্পদ
পাঠ-2পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা
পাঠ-3পৃথিৱীৰ ভূগোল
পাঠ-4অসমৰ ভূগোল
POLITICAL SCIENCE AND ECONOMICS
পাঠ-1ভাৰতীয় গণতন্ত্ৰ
পাঠ-2আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য
পাঠ-3মুদ্রা আৰু বেংক ব্যৱস্থা
পাঠ-4অৰ্থনৈতিক উন্নয়ন

প্রশ্ন ২০। মৰুকৰণৰ কাৰণ দৰ্শোৱা।

উত্তৰ। সাধাৰণতে মানৱসৃষ্ট আৰু প্ৰাকৃতিক কাৰণ কিছুমানে মৰুকৰণত সহায় কৰে। মানবসৃষ্ট কাৰণৰ ভিতৰত অত্যধিক পশুচাৰণ, কৃষিৰ প্ৰসাৰ আৰু বননি ধ্বংস প্রধান কাৰক হিচাপে চিহ্নিত হৈছে। আনহাতে প্রাকৃতিক কাৰণ সমূহৰ ভিতৰত খৰাং বতৰ আৰু গোলকীয় উত্তাপ বৃদ্ধি প্রধান।

বহুতে অৱশ্যে মৰুকৰণৰ কাৰণে মানুহৰ কাৰ্য্যকলাপকহে বেছিকৈ জগৰীয়া কৰিছে৷ মানুহৰ কাৰ্য্যকলাপৰ ভিতৰত অত্যধিক পশুচাৰণ, কৃষিৰ প্ৰসাৰ আৰু বননি ধ্বংসই প্রধান। সাম্প্রতিক কালত ঘটা দ্রুত জনসংখ্যা বৃদ্ধিয়ে মৰু আৰু মৰুপ্ৰায় অঞ্চলবোৰত মানুহৰ হেঁচা বঢ়াইছে আৰু মৰুভূমিৰ প্ৰসাৰ ঘটাত এই হেঁচাই যথেষ্ট সহায় কৰিছে। বর্তমানে পৃথিৱীৰ প্ৰায় ১০০ খন দেশৰ আপেক্ষিকভাৱে শুকান অঞ্চলবোৰ মৰুকৰণৰ সন্মুখীন হৈছে। উত্তৰ আমেৰিকা মহাদেশত মৰুকৰণৰ দ্বাৰা বেয়াকৈ ক্ষতিগ্রস্ত হোৱা ভূমিৰ পৰিমাণ বেছি। মহাদেশখনৰ সৰ্বমুঠ শুকান ঠাইৰ প্রায় ২৭ শতাংশ মৰুকৰণৰ দ্বাৰ আক্ৰান্ত হৈছে। ভাৰতৰ উত্তৰ-পশ্চিম ভাগৰ বৰষুণ কম হোৱা এলেকাবোৰ মৰুকৰণৰ কবলত পৰিছে।

প্রশ্ন ২১। মৰুকৰণ সমস্যাৰ সমাধান সম্ভৱনে?

উত্তৰ। বাস্তবিকতে মৰুকৰণ প্ৰক্ৰিয়া সমাধান কৰাটো বৰ সহজসাধ্য বিষয় নহয়। বর্ত্তমান যিটো হাৰত মৰুকৰণ অব্যাহত আছে তাৰ সমাধানৰ বাবে আন্তর্জাতিক সহযোগৰ প্ৰয়োজন। গোলকীয় উত্তাপ বৃদ্ধিৰ সৈতে জড়িত হোৱা কাৰণে মৰুকৰণ প্ৰক্ৰিয়াৰ সমাধানো এটা জটিল বিষয়। তথাপি প্রাকৃতিক কাৰণটো বাদ দি যদি মানুহৰ ক্ৰিয়া-কলাপ নিয়ন্ত্ৰণ কৰা হয় তেন্তে মৰুকৰণ প্ৰক্ৰিয়াটো কিছু পৰিমাণে নিয়ন্ত্ৰণ হব বুলি আশা কৰিব পাৰি।

প্রশ্ন ২২। গোলকীয় উত্তাপ বৃদ্ধি কি? ইয়াৰ কাৰকবোৰ উল্লেখ কৰা।

 উত্তৰ৷ পৃথিৱীৰ প্ৰায় ৪৬০০ নিযুত বছৰীয়া ইতিহাসত নানা ধৰণৰ পৰিৱৰ্তন

ঘটিছে। ইয়াৰ পৰিৱেশৰ মাটি, পানী, বায়ু, জীৱ আদি প্রধান উপাদানবোৰ ব্যাপক পৰিৱৰ্তনৰ সন্মুখীন হৈছে। এই পৰিৱৰ্তনৰ কাৰকবোৰ আছিল মূলতঃ প্রাকৃতিক। কিন্তু শেহতীয়াকৈ পৃথিৱীৰ পৰিৱেশৰ যিবোৰ পৰিৱৰ্তন ঘটিছে সেইবোৰৰ বেছিভাগেই মানৱসৃষ্ট। পৃথিৱীৰ বায়ুমণ্ডলৰ পৰিৱৰ্তন প্রাকৃতিক কাৰণতেই ঘটিছিল যদিও সম্প্রতি বায়ুমণ্ডলৰ লগতে ভূ-পৃষ্ঠতো যি ধৰণে উত্তাপ বৃদ্ধি পাব ধৰিছে, তাৰ প্ৰধান কাৰক হিচাপে বিজ্ঞানীসকলে মানুহৰ ক্ৰিয়া-কলাপলৈকে আঙুলিয়াইছে। গোলকীয় উত্তাপ বৃদ্ধি বুলি অভিহিত এই বিশেষ সমস্যাই পৃথিৱী বাসীক বর্তমানে বেয়াকৈ শংকিত কৰিছে।

বায়ুমণ্ডলত থকা বিশেষ কিছুমান গেছে ভূ-পৃষ্ঠৰ পৰা প্ৰতিফলিত সৌবশক্তি শোষণ কৰি ৰাখিব পাৰে। এনে গেছবোৰৰ ভিতৰত কার্বন-ডাই-অক্সাইড, মিথেন, নাইট্রাছ অক্সাইড জলীয় বাষ্প আদিয়েই প্রধান। এই গেছবোৰে পৃথিৱীৰপৰা প্ৰতিফলিত সৌৰ শক্তি শোষণ কৰি বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিত সহায় কৰে কাৰণে এইবোৰ গেছক সেউজগৃহ গেছ বোলা হয়। উল্লেখ্য যে, এই গেছবোৰৰ পৰিমাণ বায়ুমণ্ডলত থকা সকলো গেছৰ মুঠ পৰিমাণৰ ০.১ শতাংশ মাথোন। এনে ধৰণে স্বাভাৱিকভাৱে থকা এইবোৰ গেছে বায়ুমণ্ডলৰ লগতে ভূপৃষ্ঠতো উত্তাপৰ ক্ষেত্ৰত ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। কিন্তু যিকোনো কাৰণতে বায়ুমণ্ডলত এই গেছবোৰৰ স্থিতিৰ তাৰতম্য ঘটিলে, বায়ুমণ্ডলৰ লগতে পৃথিৱীৰ উত্তাপৰ স্বাভাৱিক অৱস্থাৰ পৰিৱৰ্তন ঘটে। বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বাঢ়িলে সাধাৰণতে বায়ুমণ্ডলৰ উত্তাপ বাঢ়ে।

বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিত সেউজ গৃহ গেছবোৰৰ ভিতৰত কাৰ্বন-ডাই অক্সাইডৰ ভূমিকা সৰ্বাধিক। আমি সকলোৱে জানো যে শিল্প বিপ্লৱৰ পৰৱৰ্তীকালত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ ক্ৰমে বৃদ্ধি পাবলৈ ধৰে আৰু কিছুমান উদ্যোগৰ চাহিদা পূৰণ কৰিবলৈ গছ-গছনি ধ্বংস কার্যও বাঢ়ে। ইয়াৰ পৰিণতিস্বৰূপে বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰে। মানুহৰ কাৰ্যাৱলীৰ লগতে আগ্নেয় উদ্‌গিৰণেও বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি কৰে। তদুপৰি বায়ুমণ্ডলত মিথেন, নাইট্ৰাছ অক্সাইড, ক্লৰ’ফ্লুৰ’ কাৰ্বন আদি গেছৰ পৰিমাণো বাঢ়িছে। এই আটাইবোৰ গেছে ক্ৰমে অধিক মাত্ৰাত শক্তি ধৰি ৰাখি বায়ুমণ্ডলৰ লগতে ভূপৃষ্ঠৰো উত্তাপ কিছু হ’লেও বৃদ্ধি কৰিছে৷ ইয়াকেই গোলকীয় উত্তাপ বৃদ্ধি বোলা হয়।

ইয়াৰ ফলতে পৃথিৱীৰ বায়ুমণ্ডলৰ লগতে বাকি কেইটা মণ্ডল বেয়াকৈ প্ৰভাৱিত হৈছে আৰু সমগ্ৰ বিশ্ব বৰ্তমান এই সমস্যাৰ সন্মুখীন হৈছে। ইয়াৰ ফলত বতৰৰ যি ব্যাপক পৰিৱৰ্তন হৈ আছে, তাৰ বেয়া প্ৰভাৱ গোটেই বিশ্বক ভুঞ্জিব লগা হৈছে। 

প্রশ্ন ২৩। গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব লিখা।

উত্তৰ। বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিয়ে বহু ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব। তাৰ ভিতৰত মেৰু অঞ্চলৰ বিশাল বৰফস্তূপৰ গলন, সাগৰপৃষ্ঠৰ উত্থান, উদ্ভিদ আৰু প্ৰাণীজগতৰ জন্ম, বৃদ্ধি আৰু ভৌগোলিক বিতৰণৰ পৰিৱৰ্তন, শস্য উৎপাদন হ্রাস, মৰুকৰণ সমস্যা আদি প্ৰধান। অনুমান কৰা হৈছে যে বায়ুমণ্ডলৰ উত্তাপ ২-৩ ডিগ্রি ছেলছিয়াছ বৃদ্ধি পালে উত্তৰ আৰু দক্ষিণ মেৰুত জমা হৈ থকা বৰফবোৰ গলিব আৰু সাগৰপৃষ্ঠ ক্ৰমে ওপৰলৈ উঠি আহিব। এইদৰে সাগৰ পৃষ্ঠ বৰ্তমানতকৈ এক মিটাৰ ওপৰলৈ উঠি আহিলে পৃথিৱীৰ উপকূল অঞ্চলৰ প্রায় ৫ নিযুত বর্গ কিলোমিটাৰ পৰিমাণৰ ভূমি জলমগ্ন হ’ব। লগতে বহুতো  জন বসতিপূর্ণ দ্বীপ, ব-দ্বীপ, প্রৱাল দ্বীপ আদি পানীত বুৰ যাব। সুখৰ বিষয় যে ভৱিষ্যতে হ’ব পৰা এনে ধৰণৰ সমস্যাৰ প্ৰতি বিশ্ববাসী সজাগ হৈছে আৰু সমন্বিত প্রচেষ্টাৰে গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰসমূহে সহমত প্ৰকাশ কৰিছে।

প্রশ্ন ২৪। গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ উপায় কি?

উত্তৰ ৷ গোলকীয় উত্তাপ বৃদ্ধিৰ সমস্যা বৰ্তমানত গোটেই বিশ্বখিনিৰ সন্মুখত এটা অন্যতম ডাঙৰ সমস্যা। অনতিপলমে এই সমস্যাখিনি সমাধান কৰাটো প্রয়োজন। এই সমস্যাখিনি সমাধান কৰিবলৈ সমগ্ৰ বিশ্বৰ সকলোবোৰ দেশৰ সজাগতা প্রয়োজন।

এই গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰিবলৈ প্ৰথমতে উদ্যোগৰ পৰা ওলোৱা বর্জ্য্য-আবৰ্জনাবোৰ পৰিৱেশৰ ক্ষতি নকৰাকৈ ঠাইত পেলাব লাগে। বর্জ্যখিনি যিমানখিনি সম্ভৱ পৰিশোধন কৰি পেলাব লাগে। পৰিৱহণ ব্যৱস্থাৰ ওপৰত চৰকাৰৰ নিয়ন্ত্ৰণ থাকিব লাগিব, যান-বাহন চলাচল নিয়ন্ত্রণ কৰিব লাগিব। জীবাশ্ম ইন্ধনৰ ব্যৱহাৰ কম কৰিব লাগিব। জীৱাশ্ম শক্তিৰ বিকল্প হিচাপে সৌৰশক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্রদান কৰিব লাগে। কৃষিখণ্ডত অজৈৱ সাৰৰ সলনি জৈৱ সাৰ প্ৰয়োগ কৰিব লাগে। এইবোৰ প্রাথমিক কাৰ্য্যৰ জৰিয়তে আমি গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰা প্ৰক্ৰিয়াটো আৰম্ভ কৰিব পাৰিম, আৰু সমগ্ৰ বিশ্বৰ সকলোবোৰ দেশক একেলগে এই কাৰ্য্যত চামিল হব লাগিব।

প্রশ্ন ২৫। তোমাৰ নিজৰ ঠাইখনত পৰিৱেশৰ কিবা সমস্যা আছেনে? যদি আছে তাৰ কাৰণ ব্যাখ্যা কৰা আৰু সমাধানৰ উপায় চিন্তা কৰি লিখা৷

উত্তৰ। মই ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত থাকো। অর্থাৎ উত্তৰ গুৱাহাটীত। উত্তৰ গুৱাহাটী এখন বুৰঞ্জী প্ৰসিদ্ধ তথা পাহাৰেৰে আগুৰা সুন্দৰ পৰিৱেশৰ ঠাই। কিন্তু বর্তমান উদ্যোগীকৰণৰ নামত তথা গুৱাহাটী মহানগৰীৰ পৰিসীমা বৃদ্ধিৰ যি নগৰীকৰণ প্ৰক্ৰিয়া চলিব লাগিছে সি এটা সমস্যা হৈ পৰিছে। বৰ্ত্তমান ইয়াত সৰু ডাঙৰ অসংখ্য উদ্যোগ গঢ়ি উঠিছে। সেইবোৰৰ লগত গাড়ী-মটৰ আদি কৰি এটা বসবাসৰ অনুপযোগী পৰিৱেশৰ সৃষ্টি হৈছে। কলকাৰখানাবোৰৰ পৰা নিৰ্গত ধোৱা আৰু ছাঁইবোৰে ওচৰ পাজৰৰ কৃষিভূমি সমূহৰ উৎপাদনত প্রভাব পেলাইছে আৰু উৎপাদন হ্রাস কৰিছে তুলনামূলকভাবে স্থানীয় বায়ুমণ্ডলৰ উত্তাপো বৃদ্ধি হৈছে। আমাক যিহেতু উদ্যোগো লাগিব আৰু উৎপাদনো লাগিব সেয়েহে বিজ্ঞানসম্মত ভাবে সকলো কাম নিয়ন্ত্রণ যুক্ত হলে এটা সুন্দৰ পৰিৱেশ বৰ্তি থাকিব বুলি আশা কৰিব পাৰোঁ।

Leave a Reply