SEBA Class-10 Social Science| Chapter-2| মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম

SEBA Class-10 Social Science| Chapter-2| মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম. The answer to each chapter is provided in the list so that you can easily browse throughout different chapters  SEBA Class-10 Social Science| Chapter-2| মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম Class 10 Socila Science SEBA Notes and Question Answer In Assamese Medium and select need one.

SEBA CLASS 10 (Ass. MEDIUM)

  1. English Solutions
  2. অসমীয়া Questions Answer
  3. বাংলা Questions Answer
  4. বিজ্ঞান Questions Answer
  5. সমাজ বিজ্ঞান Questions Answer
  6. हिंदी ( Elective ) Questions Answer
  7. ভূগোল (Elective) Questions Answer
  8. বুৰঞ্জী (Elective) Questions Answer
  9. Hindi (MIL) Question Answer

SEBA Class-10 Social Science| Chapter-2| মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions For SEBA Class-10 Social Science| Chapter-2| মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম Solutions for All Subjects, You can practice these here.

 অনুশীলনীৰ প্ৰশ্নোত্তৰ

(ক) অতি চমু উত্তৰ দিয়া :

প্রশ্ন ১। মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল?

উত্তৰঃ ১৮৬৯ চনৰ ২ অক্টোবৰত৷ 

প্রশ্ন ২। সত্যাগ্রহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমতে প্রয়োগ কৰিছিল?

উত্তৰঃ দক্ষিণ আফ্ৰিকাত প্ৰয়োগ কৰিছিল।

প্রশ্ন ৩। ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় ‘নাইট’ উপাধি ত্যাগ কৰিছিল? 

উত্তৰঃ জালিৱানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ‘নাইট’ উপাধি ত্যাগ কৰিছিল।

প্রশ্ন ৪। কাৰ কাৰ নেতৃত্বত ভাৰতত খিলাফৎ আন্দোলনৰ সূচনা হৈছিল? 

উত্তৰঃ মৌলানা চৌকত আলি আৰু মহম্মদ আলিৰ নেতৃত্বত খিলাফৎ আন্দোলনৰ সূচনা হৈছিল।

প্রশ্ন ৫। চৌৰীচৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল?

উত্তৰঃ ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত।

প্রশ্ন ৬। কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল? 

উত্তৰঃ লাহোৰত লালা লাজপত ৰায়ৰ নেতৃত্বত ছাইমন ঘূৰি যোৱা সমদলৰ ওপৰত পুলিছে কৰা লাঠি চালনাত আহত হৈ পাছত তেওঁৰ মৃত্যু হৈছিল।

প্রশ্ন ৭। কেতিয়া আৰু ভাৰতীয় জাতীয় কংেগ্ৰছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল?

উত্তৰঃ ১৯২৯ চনত, লাহোৰত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত বহা অধিবেশনত পূৰ্ণ সৰাজৰ দাবী জনোৱা হৈছিল।

প্রশ্ন ৮। গান্ধীজীয়ে সমতী আশ্ৰমৰ পৰা ডাণ্ডিৰ সাগৰ পাৰলৈ লোন আইন ভংগ কৰিবলৈ গৈছিল। সমতী আশ্ৰম আৰু ডাণ্ডিৰ মাজত দূৰত্ব কিমান?

উত্তৰঃ ৩৮৫ কিলোমিটাৰ৷

প্রশ্ন ৯। সীমান্ত গান্ধী নামেৰে কাক জনা যায় ?

উত্তৰঃ খান আব্দুল গফুৰ খানক। 

প্রশ্ন ১০। লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্ৰেছক এককভাবে প্রতিনিধিত্ব কৰিছিল ?

উত্তৰঃ মহাত্মা গান্ধীয়ে প্রতিনিধিত্ব কৰিছিল৷ 

প্রশ্ন ১১। ১৯৩২ চনত সাম্প্রদায়িক বাঁটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল ?

উত্তৰঃ ৰামজে মেকডোনাল্ড।

প্রশ্ন ১২। কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে ‘কৰিম কিম্বা মৰিম’ শ্লোগান দিছিল?

উত্তৰঃ ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত।

প্রশ্ন ১৩। আজাদ হিন্দ ফৌজৰ প্রতিষ্ঠাতা কোন?

উত্তৰঃ কেণ্ডেইন মোহন সিং। পাছত ৰাসবিহাৰী বসুৰ সহযোগত নেতাজী সুভাষ চন্দ্ৰ বসু এই বাহিনীটোৰ পুনৰ্গঠন কৰে।

প্রশ্ন ১৪। ‘মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম’—এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল?

উত্তৰঃ নেতাজী সুভাষচন্দ্ৰ বসুৰ।

প্রশ্ন ১৫। ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক কি নামেৰে জনা যায় ?

উত্তৰঃ ৰেডক্লিফ ৰেখা নামেৰে৷

(খ) দীঘল উত্তৰৰ প্ৰশ্ন

প্রশ্ন ১। সত্যাগ্রহ বুলিলে কি বুজা? যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্রহক প্রথমতে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত ৰূপত লিখা।

উত্তৰঃ সত্যাগ্রহ শব্দটো গান্ধীজীয়ে প্ৰথমতে দক্ষিণ আফ্রিকােত ব্যৱহাৰ কৰিছিল। সত্যাগ্রহ শব্দটো এটা সন্ধিযুক্ত শব্দ। সত্য আৰু আগ্রহ শব্দ দুটা লগ হৈ সৃষ্টি হৈছে। ইয়াৰ অৰ্থ হৈছে সত্যৰ প্রতি আগ্রহ। সত্যাগ্রহ হৈছে অহিংস উপায়ৰে জনতাই গভীৰভাৱে নেৰানেপেৰাকৈ ৰাজনৈতিক কার্যকলাপত আত্মনিয়োগ কৰা৷

প্রথমতে, গান্ধীজীয়ে ১৯১৫ চনত দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ উভতি আহে। তেওঁ ভাৰতত সত্যাগ্রহ আন্দোলনৰ প্রথম প্রয়োগ কৰিছিল উত্তৰ বিহাৰৰ চম্পাৰণ জিলাত। চম্পাৰণত ভূ-স্বামী সকলে নীলখেতিয়ক সকলৰ ওপৰত অত্যাচাৰ কৰিছিল। এই অত্যাচাৰত খেতিয়ক সকলৰ দুখ কুলাই পাচিয়ে নধৰা হৈছিল। তেতিয়া কৃষক সকলে গান্ধীজীক সেই বিষয়ে অবগত কৰাত গান্ধীজীয়ে সত্যাগ্রহ আন্দোলনেৰে আঁচনি লয়। এই আন্দোলনৰ সুফল অতি শীঘ্ৰে পোৱা গ’ল। শ্রমিক সকলৰ ওপৰত চলা অত্যাচাৰ বহু পৰিমাণে সাম কাটিল।

দ্বিতীয়তে, গুজৰাটৰ খেড়া জিলাৰ কৃষক সকলে প্ৰৱল খৰাং বতৰ হোৱা সত্ত্বেও চৰকাৰক ভূমিৰাজহ দিব লগা হোৱাত নানা অসুবিধাৰ সন্মুখীন হৈছিল। • তেতিয়া গান্ধীজীয়ে তেওঁলোকক সকাহ দিয়াৰ বাবে সত্যাগ্রহ আন্দোলন আৰম্ভ কৰাত চৰকাৰে খেতিয়ক সকলৰ লগত আলোচনা কৰি ইয়াৰ মীমাংসা কৰে।

তৃতীয়তে, ১৯১৮ চনত আহমেদাবাদত কাপোৰ কলৰ মালিক আৰু শ্ৰমিকৰ মাজত মজুৰিৰ বিষয় লৈ বিবাদৰ সূত্ৰপাত হৈছিল। তেতিয়া গান্ধীজীয়ে শ্রমিকৰ দাবীৰ প্রতি সমর্থন জনাই সত্যাগ্রহ হিচাপে আমরণ অনশন কাৰ্যসূচী গ্রহণ কৰে। তেতিয়া মা ি সকলে শ্রমিকৰ মজুৰি ৩৫ শতাংশ বঢ়াবলৈ বাধ্য হয়। শোষণৰ বিৰুদ্ধে গান্ধীজীৰ এয়া আছিল আন এক বিজয়।

ওপৰুক্ত তিনিটা ঘটনাত গান্ধীজীয়ে সত্যাগ্রহক কৌশল হিচাপে ব্যৱহাৰ কৰিছিল য’ত আদৰ্শ আছিল সত্য আৰু অহিংসা। এই আন্দোলনবোৰত জনগণৰ বৃহৎ অংশগ্রহণে গান্ধীক প্রকৃত শক্তি প্রদান কৰিছিল।

প্রশ্ন ২। ভাৰতত খিলাফৎ আন্দোলন কিয় আৰম্ভ হৈছিল ? উত্তৰ ৷ প্রথম বিশ্বযুদ্ধৰ অন্তত ব্ৰিটিছ আৰু মিত্ৰ শক্তিয়ে তুর্কী সাম্রাজ্য টুকুৰা

টুকুৰ কৰি নিজৰ মাজতে ভাগ বতৰা কৰা কাৰ্যৰ বিৰুদ্ধে তীব্র প্রতিক্রিয়ায়ই দেখা দিছিল। মুছলমান সকলে তুৰস্কৰ সম্রাটক খলিফা বুলি গণ্য কৰিছিল। তেওঁক মুছলমান সকলে আধ্যাত্মিক গুৰু হিচাপে গণ্য কৰিছিল। কিন্তু খলিফাই নিজৰ সাম্রাজ্যৰ ওপৰত অধিকাৰ হেৰুৱাত মুছলমান সকল উত্তেজিত হৈ পৰে। ভাৰতৰ মুছলমান সকলেও খলিফাৰ দুৰ্ভাগ্যত শংকিত হৈ মৌলানা চৌকত আলি আৰু মহম্মদ আলিৰ নেতৃত্বত এখন খিলাফৎ সমিতি গঠন কৰে। তুৰস্কৰ খলিফাক কেন্দ্ৰ কৰি ভাৰতৰ মুছলমান সকলৰ মাজত তীব্রভাবে গঢ়ি উঠা আন্দোলনকে খিলাফৎ আন্দোলন বোলে। এই আন্দোলনৰ উদ্দেশ্য আছিল ইছলামৰ আধ্যাত্মিক গুৰু খলিফাক পূৰ্বৰ মৰ্যাদালৈ ঘূৰাই অনা।

        গান্ধীজীয়ে এই আন্দোলনৰ সহায়ত ভাৰতত হিন্দু-মুছলমানৰ মাজত সম্প্রীতি গঢ়ি তোলাৰ এক সুবর্ণ সুযোগৰ দেখা পাইছিল। এই উদ্দেশ্যে তেওঁ খিলাফৎ আন্দোলনলৈ মুকলি সমর্থন জনাইছিল। তেওঁ খিলাফৎ সমিতিক অহিংস, অসহযোগ আন্দোলনৰ জৰিয়তে নিজৰ দাৱী উত্থাপন কৰি চৰকাৰক দাবীসমূহ মানি লবলৈ বাধ্য কৰিব পাৰিব বুলি পতিয়ন নিয়াইছিল।

এনেদৰে গান্ধীজীয়ে ভাৰতত খিলাফৎ আন্দোলনৰ প্ৰতি সমর্থন জনাইছিল।

 প্রশ্ন ৩। ১৯২০-২২ চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ কাৰ্যসূচী কি আছিল? গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল?

উত্তৰ। ভাৰতবৰ্ষত ১৯২০-২২ চনত মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন আৰম্ভ হৈছিল। এই আন্দোলনে অহিংস পথেৰে ব্ৰিটিছৰ পৰা ভাৰতবৰ্ষক মুক্ত কৰাৰ কাৰণে আন্দোলনকাৰী সকলে দৃঢ় প্রতিজ্ঞ হৈছিল। এই আন্দোলন কোনো এটা নির্দিষ্ট কাৰকৰ বাবে হোৱা নাছিল, এই আন্দোলনত বিভিন্ন কাৰকে অৰিহনা যোগাইছিল। প্রথম বিশ্বযুদ্ধত ভাৰতীয় সকল অসন্তুষ্ট হৈছি৷ কিয়নো ইয়াৰ ফলত ভাৰতৰ অর্থনৈতিক আৰু মানৱ সম্পদৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছিল। দ্বিতীয়তে, ৰাওলাত এক্টৰ জৰিয়তে ব্ৰিটিছে দমনমূলক নীতি গ্ৰহণ কৰি যিকোনো মানুহকে দুছৰ বিনা বিচাৰে কাৰাগাৰলৈ নিক্ষেপ কৰিব পাৰিছিল। এই আইনৰ বিৰুদ্ধে গান্ধীজীৰ নেতৃত্বত প্রতিবাদী আন্দোলন গঢ়ি উঠিছিল৷ তৃতীয়তে জালিয়ানবালাৱাগৰ হত্যাকাণ্ডৰ ফলত বহুসংখ্যক সাধাৰণ মানুহৰ জীবনহানি ঘটিছিল। এই সকল কাৰণে ১৯২১ চনত কলিকতাত বহা জাতীয় কংগ্ৰেছৰ সভাত গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন আৰম্ভ কৰিছিল।

এই আন্দোলনৰ কাৰ্যসূচী তলত দিয়া হ’ল। ভাৰতৰ নানা ঠাইত বিদেশী বস্তু জ্বলাই দিয়া, বিদেশী বয় বস্তু আৰু সুৰা বিক্ৰী কৰা দোকানবোৰ বৰ্জন কৰা, ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী বিদ্যালয়, মহাবিদ্যালয় ত্যাগ কৰা, বংগদেশৰ কৃষক সকলে কৰ কাটল নিদিয়াৰ সপক্ষে প্ৰচাৰ কাৰ্যসূচী ৰূপায়ণ কৰা, জাতীয় শিক্ষানুষ্ঠান গঢ়ি তোলা, চৰকাৰী অনুষ্ঠান, সভা-সমিতি বৰ্জন কৰা, আদালত বৰ্জন, নির্বাচন বৰ্জন কৰা আদি আছিল এই আন্দোলনৰ কাৰ্য্যসূচী। অসহযোগ আন্দোলনকাৰী সকলে অহিংস নীতি যাতে কঠোৰভাৱে মানি চলে সেই বিষয়ে স্পষ্ট কৰি দিয়া হৈছিল।

গান্ধীজীয়ে এই আন্দোলন বন্ধ কৰাৰ কাৰণ হ’ল ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে উত্তৰ প্ৰদেশেৰ চৌৰিচৌৰাত ঘটা পুলিচ আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা হিংসাত্মক ঘটনা। এই সংঘৰ্ষত ৩ জন প্রতিবাদকাৰীৰ মৃত্যু হোৱাত উন্মত্ত জনতাই পুলিচ থানাত জুই জ্বলাই দিয়ে। ফলত ২২ জন পুলিচৰ মৃত্যু হয়। অসহযোগ আন্দোলন হিংসাত্মক ৰূপ লবলৈ ধৰাত গান্ধীজীয়ে এই ঘটনাত মর্মাহত হৈ অসহযোগ আন্দোলন বন্ধ কৰি দিছিল।

প্রশ্ন ৪। আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল? এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল?

উত্তৰ। ছাইমন কমিছনৰ প্ৰতিবাদত ১৯২৮ চনৰ ৩ ফেব্ৰুৱাৰী বংগদেশত হতাল পালন কৰা হয়। ১৯২৮ চনতেই কলিকতাত বহা কংগ্ৰেছৰ অধিবেশনত ব্ৰিটিছ চৰকাৰক সকীয়নি দিয়া হৈছিল যে যদি ভাৰতক ডমিনিয়ন ব্যৱস্থা প্রদান কৰা নহলে আইন অমান্য আন্দোলন গঢ়ি তোলা হ’ব। ১৯২৯ খ্ৰীষ্টাব্দৰ কংগ্ৰেছৰ লাহোৰ অধিবেশনত গান্ধীজীয়ে ‘পূর্ণ স্বৰাজ বা সম্পূর্ণ স্বাধীনতা’ কংগ্ৰেছেৰ মূল লক্ষ্য হিচাপে ঘোষণা কৰে। ১৯৩০ চনৰ ২৬ জানুৱাৰী তাৰিখে গোটেই ভাৰততে পূর্ণ স্বৰাজ দিবস পালন কৰা হয়। গান্ধীজীয়ে ব্ৰিটিছৰ অপশাসনৰ অৱসান বিচাৰি লৰ্ড আউইনলৈ ১১ দফীয়া দাবী প্ৰকাশ কৰে৷ সেইবোৰ তলত আলোচনা কৰা হ’ল :

(১) মাদক দ্রব্য প্রচলন বন্ধ, (২) টকা আৰু ষ্টার্লিঙৰ অনুপাত সলনি কৰা, (৩) মাটিৰ খাজনা হ্রাস কৰা, (৪) লোণৰ ওপৰত থকা কৰ বন্ধ কৰা, (৫) প্রশাসনীয় ব্যয় কমোৱা, (৬) বিদেশী কাপোৰত সীমা শুল্ক আৰোপ, (৭) ডাক সংৰক্ষণ বিল গ্ৰহণ কৰা, (৮) অপৰাধ অনুসন্ধান শাখাৰ বিলুপ্তি কৰা, (৯) সকলো ৰাজনৈতিক বন্দীক মুক্তি দিয়া, (১০) সৈন্যবাহিনীৰ ব্যয় কমোৱা আৰু (১১) আত্মৰক্ষাৰ বাবে সাধাৰণ নাগৰিকক অস্ত্র শস্ত্ৰ ৰখাৰ বৈধতা প্ৰদান কৰা।

      ওপৰৰ দাবীসমূহ মানি নল’লে গান্ধীজীয়ে আইন অমান্য আন্দোলন আৰও কঠিন হ’ব বুলি স্পষ্টৰূপত মত প্ৰকাশ কৰিছিল।

এই আন্দোলনৰ মূল বৈশিষ্ট্যসমূহ হ’ল—আইন অমান্য আন্দোলন গান্ধীজীৰ ‘লোন সত্যাগ্রহৰ’ জৰিয়তে আৰম্ভ হৈছিল। তেওঁ নিজে লোন প্রস্তুত কৰি চৰকাৰৰ প্রতি প্রত্যাহ্বান সৃষ্টি কৰিছিল। এই আন্দোলনত বহুসংখ্যক জাতীয়তাবাদী মুছলমানেও যোগদান কৰিছিল। উত্তৰ-পশ্চিম প্রান্তত খান আব্দুল গফুৰ খানৰ নেতৃত্বত ‘ৰেড চাৰ্টছ’ হিচাপে খ্যাত খুদাই খিটমদগাৰ্ছ সকলে এই আন্দেলনটো চলাই নিছিল। এই আন্দোলনত ভাৰতৰ সকলো প্রান্ততে পুৰুষ-মহিলাই সক্রিয়ভাৱে যোগদান কৰিছিল৷ আন্দোলনত অংশগ্ৰহণ কৰা বহু পুৰুষ-মহিলাক ব্ৰিটিছে গ্ৰেপ্তাৰ কৰিছিল। আন্দোলন চলি থকা কাৰণে ১৯৩০ চনত লণ্ডনত বহা প্ৰথম ঘূৰণীয়া মেজমেল গান্ধীজীয়ে বর্জন কৰিছিল।

Sl. No.Contents
HISTORY (ইতিহাস)
পাঠ-1বংগ বিভাজন আৰু স্বদেশী আন্দোলন
পাঠ-2মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম
পাঠ-3অসমত ব্রিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ
পাঠ-4ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ
পাঠ-5ভাৰত আৰু উত্তৰ – পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য
GEOGRAPHY (ভূগােল)
পাঠ-1অর্থনৈতিক ভূগােল: বিষয়বস্তু আৰু সম্পদ
পাঠ-2পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা
পাঠ-3পৃথিৱীৰ ভূগোল
পাঠ-4অসমৰ ভূগোল
POLITICAL SCIENCE AND ECONOMICS
পাঠ-1ভাৰতীয় গণতন্ত্ৰ
পাঠ-2আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য
পাঠ-3মুদ্রা আৰু বেংক ব্যৱস্থা
পাঠ-4অৰ্থনৈতিক উন্নয়ন

প্রশ্ন ৫। কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল ? ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই আন্দোলনৰ কাৰ্যসূচীক তুমি মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব খোজানে? তোমাৰ মতামতৰ সমৰ্থনত যুক্তি দিয়া।

উত্তৰ। ১৯৩৯ চনৰ ছেপ্টেম্বৰ মাহত দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি হৈছিল। গান্ধী আৰু নেহৰু দুয়োজনেই হিটলাৰ আৰু নাৎসী বাহিনীৰ বিৰোধিতা কৰিছিল। কিন্তু তেওঁলোকে ‘সম্পূর্ণ স্বাধীনতা’ৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে ব্ৰিটিছক যুদ্ধত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল। ১৯৪০ আৰু ১৯৪১ চনত কংগ্ৰেছে এলানি সত্যাগ্রহ কাৰ্যসূচী গ্ৰহণ কৰিছিল। সেই সময়ত ব্ৰিটেইনত সকলো দলৰে সন্মিলিত চৰকাৰ আছিল, যাৰ শ্রমিক দলৰ সদস্যসকলে ভাৰতীয়সকলৰ দাবীসমূহৰ প্রতি সহানুভূতি প্ৰদৰ্শন কৰিছিল। কিন্তু প্রধানমন্ত্রী উইনষ্টন চার্চিল অত্যন্ত ৰক্ষণশীল আছিল আৰু তেওঁ ব্ৰিটিছ সাম্ৰাজ্যৰ পৰিসৰ সংকুচিত কৰাৰ পৰিপন্থী আছিল। সেয়ে ব্রিটিছ প্রধানমন্ত্রী চার্চিলে মন্ত্রীসভাৰ সদস্য ষ্টাফোর্ড ক্ৰিপছক নতুন সাংবিধানিক প্রস্তাৱসহ ভাৰতলৈ প্ৰেৰণ কৰিছিল। ক্রিপছে ভাৰতীয় সকলো ৰাজনৈতিক দলৰ লগত আলোচনা কৰি ইউৰোপত চলি থকা যুদ্ধত ইংলেণ্ডৰ পক্ষত ভাৰতৰ সহায় আৰু সমৰ্থন বিচাৰিছিল। ব্ৰিটিছ চৰকাৰে ক্ৰিপছ মিছন গঠন কৰি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে। তেওঁৰ প্ৰস্তাৱত মতে যুদ্ধৰ শেষত ভাৰতৰ বাবে ডমিনিয়ন ব্যৱস্থাৰ প্ৰস্তাৱ আগবঢ়োৱাৰ লগতে এখন সাংবিধানিক পৰিষদ আৰু প্ৰদেশ বিলাকৰ কাৰণে পৃথক সংবিধান প্রণয়ণৰ অধিকাৰ প্ৰদান কৰা হব বুলি ঘোষণা কৰিছিল। কিন্তু ক্ৰিপছৰ প্ৰস্তাৱত তৎকালে ক্ষমতা হস্তান্তৰ বিষয়ে কোনো প্ৰস্তাৱ নিদিয়াৰ বাবে কংগ্ৰেছ আৰু মুছলিম লীগে ইয়াক গ্ৰহণ কৰা নাছিল। ক্ৰিপছ মিছন ব্যর্থ হোৱাত গান্ধীজীয়ে ‘ভাৰত ত্যাগ’ আন্দোলন আৰম্ভ কৰিছিল। ইয়াৰ উপৰি অন্যান্য কাৰণবোৰ হ’ল জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি, পূর্ববংগত সন্ত্রাস, ভাৰতীয় সকলৰ নিৰাপত্তাহীনতাৰ ভয় আদি।

১৯৪২ চনৰ আগষ্ট মাহত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণি কৰিছিল। আগষ্ট মাহত প্ৰস্তাৱ গৃহীত হোৱা বাবে এই আন্দোলনক আগষ্ট বিপ্লৱ নামেৰেও জনা যায়। ১৯৪২ চনৰ ৮ আগষ্ট তাৰিখে বোম্বাইত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে তাৎক্ষণিকভাৱে ব্ৰিটিছ শাসনৰ অৱসান বিচাৰি প্ৰস্তাৱ গৃহীত কৰিছিল। গান্ধীজীয়ে ঐতিহাসিক আগষ্ট সভাত বোম্বাইৰ গোৱালিয়া টেংকত উদ্দাত্ত ভাষণ দিছিল, যিখন ঠাইক বর্তমান ‘আগষ্ট ক্রান্তি ‘মৈদান’ নামেৰে জনা যায়। গান্ধীৰ কৰিম কিম্বা মৰিম’ (Do or Die) ধনিৰ প্ৰেৰণাত উদ্বুদ্ধ হৈ দেশে এই আন্দোলনত জঁপিয়াই পৰিছিল।

এই আন্দোলনৰ কাৰ্যসূচীসমূহ মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব পাৰোঁ। কাৰণ এই আন্দোলনে ভাৰতীয় সকলৰ জাতীয়তাবাদী ভাবধাৰাৰ গভীৰতা, সংগ্ৰাম আৰু ত্যাগৰ সামূহিক প্ৰদৰ্শনৰ এক অনন্য উদাহৰণ আছিল। আন্দোলনৰ কাৰ্যসূচী সমূহত জনসাধাৰণে স্বতঃস্ফূর্ত অংশগ্রহণ কৰাত আন্দোলনৰ মাত্ৰা অধিক বৃদ্ধি পাইছিল। ছাত্র-ছাত্রী, শ্রমিক, খেতিয়ক সকলে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল। এই আন্দোলনে স্বাধীনতাৰ দাবীক জাতীয়তাবাদী আন্দোলনৰ তাৎক্ষণিক কাৰ্যসূচীলৈ পৰিগণিত কৰিছিল। ব্ৰিটিছ চৰকাৰৰ লগত ভাৰত ত্যাগ আন্দোলনৰ পিছত কৰিবলগীয়া এটাই বুজাপৰা বাকী আছিল সেয়া হল ক্ষমতা হস্তান্তৰ।

প্রশ্ন ৬। ভাৰতীয় জাতীয় সেনাবাহিনীৰ বিষয়ে এটা চমু টোকা লিখা। উত্তৰ ভাৰতীয় জাতীয় সেনাবাহিনীৰ ধাৰণাটো প্রথমে পোষণ কৰিছিল

মালয়ত ব্ৰিটিছ সৈন্যবাহিনীত চাকৰি কৰি পিছত জাপানী সৈন্যৰ ওচৰত আত্মসমর্পণ কৰা ভাৰতীয় বিষয়া কেপ্তেইন মোহন সিং। এই বাহিনীটোৰ উদ্দেশ্য আছিল সশস্ত্র সংগ্রামেৰে

ব্ৰিটিছক খেদি ভাৰতবৰ্ষ স্বাধীন কৰা। এই বাহিনীত যুদ্ধবন্দী সকলৰ উপৰিও বহু সাধাৰণ নাগৰিকেও যোগদান কৰিছিল৷ ১৯৪২ চনৰ মাৰ্চত বিদেশত থকা ভাৰতীয় সকলক লৈ টকিঅত বহা সভাত স্বতন্ত্র লীগ গঠন কৰা হৈছিল। ১৯৪২ চনৰ জুনত বেংককত বহা সম্মিলনত উক্ত লীগৰ সভাপতি হিচাপে ৰাসবিহাৰী বসু নির্বাচিত হয় আৰু তাতেই ভাৰতীয় জাতীয় সেনাবাহিনীক পুনৰুজ্জীবিত উজ্জিবীত কৰাৰ সিদ্ধান্ত লয়। বেংকক অধিবেশনে সুভাষ বসুক জাপানলৈ নিমন্ত্রণ জনায়। সেই মর্মে বসু গৈ উপস্থিত হোৱাত ৰাসবিহাৰী বসুই ভাৰতীয় স্বতন্ত্র লীগৰ সভাপতিৰ আসনখন ত্যাগ কৰি সুভাষ বসুক এই পদত অধিস্থিত কৰে। লগতে তেওঁ আজাদ হিন্দ ফৌজৰ সেনাধ্যক্ষ পদত নিযুক্ত হয়।

১৯৪৩ চনত তেওঁ চিংগাপুৰত স্বাধীন ভাৰতৰ প্ৰাদেশিক চৰকাৰ গঠন কৰি ব্ৰিটিছ মুক্ত ভাৰত গঠনৰ সংকল্প লৈছিল। যুদ্ধৰ পুজি গঠন কৰা হয়, আৰু জান্সি ৰাণী ৰেজিমেণ্ট নামেৰে মহিলা সকলৰ বাহিনী এটাও গঠন কৰা হয়। জাপানৰ লগ লাগি যুদ্ধবন্দী আৰু ভাৰতীয় সেনাবাহিনী লগ লাগি ভাৰতীয় জাতীয় সেনাবাহিনী ব্রহ্মদেশ, ইম্ফল আৰু ক’হিমাত যুদ্ধ কৰিছিল। ব্ৰিটিছক খেদি ইম্ফলত ভাৰতীয় পতাকা উত্তোলনও কৰিছিল।

এই বাহিনীটোৰ শ্লোগান আছিল ‘জয় হিন্দ’। ভাৰতীয় জাতীয় সেনাবাহিনীয়ে ব্ৰিটিছ আৰু সহযোগী সৈন্যৰ বিপক্ষে জাপানৰ লগ লাগি ব্রহ্মদেশ, ইম্ফল, আৰু কহিমাত যুদ্ধ কৰিছিল। বসুৰ বিখ্যাত উক্তি ‘মোক তেজ দিয়া মই . তোমালোকক স্বাধীনতা দিম’ এই বাণীয়ে সৈন্য সকলক বৰকৈ অনুপ্রাণিত কৰিছিল। কিন্তু দ্বিতীয় বিশ্বযুদ্ধত জাপানৰ পৰাজয় হোৱাত ভাৰতীয় জাতীয় সৈন্যবাহিনীকো আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰে।

Leave a Reply