SEBA Class-10 Social Science| Chapter-2| আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

SEBA Class-10 Social Science| Chapter-2| আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য. The answer to each chapter is provided in the list so that you can easily browse throughout different chapters  SEBA Class-10 Social Science| Chapter-2| আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য Class 10 Social Science SEBA Notes and Question Answer In Assamese Medium and select need one.

SEBA CLASS 10 (Ass. MEDIUM)

  1. English Solutions
  2. অসমীয়া Questions Answer
  3. বাংলা Questions Answer
  4. বিজ্ঞান Questions Answer
  5. সমাজ বিজ্ঞান Questions Answer
  6. हिंदी ( Elective ) Questions Answer
  7. ভূগোল (Elective) Questions Answer
  8. বুৰঞ্জী (Elective) Questions Answer
  9. Hindi (MIL) Question Answer

SEBA Class-10 Social Science| Chapter-2| আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions For SEBA Class-10 Social Science| Chapter-2| আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য Solutions for All Subjects, You can practice these here.

অনুশীলনীৰ প্রশ্নোত্তৰ

অতি চমু উত্তৰৰ প্রশ্ন :

প্রশ্ন ১। ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিল?

উত্তৰ। ১৯১৪-ৰ পৰা ১৯১৮ চনৰ প্ৰথম বিশ্বযুদ্ধৰ পিছত বিশ্বত শান্তি স্থাপন আৰু যুদ্ধক চিৰদিনৰ বাবে বিদায় দিয়াৰ উদ্দেশ্যে গঠিত হোৱা জাতিসংঘৰ বিফলতাৰ পিছত ১৯৩৯ চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হয়। এই যুদ্ধৰ ভয়াবহতা আৰু অবর্ণনীয় ধ্বংসলীলাই বিশ্ববাসীক ভয়ার্ত কৰি তুলিছিল। তেতিয়াই আন এটা বিশ্বসংস্থা গঠনৰ চিন্তা কৰি ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছানফ্রান্সিস্কো সন্মিলনত ৫১খন ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ চনদত স্বাক্ষৰ কৰি ৰাষ্ট্ৰসংঘ গঠন কৰিছিল।

প্রশ্ন ২। ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা।

উত্তৰ। ৰাষ্ট্ৰংসঘৰ উদ্দেশ্য দুটা তলত উল্লেখ কৰা হ’ল— (ক) আন্তঃৰাষ্ট্ৰীয় শাস্তি আৰু নিৰাপত্তা বজাই ৰখা। (খ) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পর্ক প্রতিষ্ঠা কৰা।

প্রশ্ন ৩। ৰাষ্ট্ৰসংঘৰ অংগকেইটাৰ নাম লিখা।

উত্তৰ৷ ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ হ’ল ছটা— (১) সাধাৰণ সভা, (২) নিৰাপত্তা পৰিষদ, (৩) অর্থনৈতিক আৰু সামাজিক পৰিষদ, (৪) ন্যাসৰক্ষী পৰিষদ, (৫) আন্তঃর্জাতিক ন্যায়ালয় আৰু (৬) সচিবালয়।

প্রশ্ন ৪। ৰাষ্ট্ৰসংঘৰ লগত জড়িত থকা দুটা এজেন্সিৰ নাম লিখা।

উত্তৰ। ৰাষ্ট্ৰসংঘৰ লগত জড়িত থকা এজেন্সি দুটা হল—(ক) আন্তঃৰাষ্ট্ৰীয় শ্রমিক সংঘ (ILO) আৰু (খ) বিশ্ব স্বাস্থ্য সংস্থা (WHO)। 

প্রশ্ন ৫। নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তিৰ নাম লিখা।

উত্তৰ। নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা চুক্তি দুখন। (ক) ১৯৬৭ চনৰ বহিঃমহাকাশ চুক্তি (Outer Space Treaty) আৰু (খ) ১৯৬৮ চনৰ পাৰমাণৱিক অস্ত্র সংকোচন চুক্তি (Nuclear Non-proliferation Treaty)।

প্রশ্ন ৬। মানৱ অধিকাৰ মানে কি বুজা?

উত্তৰ। বিশ্বৰ প্ৰতিজন মানুহে মর্যাদাপূর্ণভাৱে জীয়াই থাকিবলৈ আৰু ক্ৰমবিকাশ ঘটাবলৈ কিছুমান ক্ষেত্ৰত স্বাধীনতা আৰু সুৰক্ষা থকাটো আবশ্যক। সেয়ে ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱনাত অত্যাৱশ্যকীয় কার্যত সকলো মানুহক কিছুমান বিশেষ অধিকাৰ দি স্বাধীনতা প্ৰদান কৰিছে। এই বিশেষ অধিকাৰটোৱে হ’ল মানৱ অধিকাৰ।

দীঘল উত্তৰৰ প্ৰশ্ন

প্রশ্ন ১। ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্য আৰু ইয়াৰ নীতিকেইটা আলোচনা কৰা৷ 

উত্তৰ। ১৯১৪-ৰ পৰা ১৯১৮ চনৰ প্রথম বিশ্বযুদ্ধৰ পিছত বিশ্বত শান্তি

স্থাপন আৰু যুদ্ধক চিৰদিনৰ বাবে বিদায় দিয়াৰ উদ্দেশ্যে গঠিত হোৱা জাতিসংঘৰ বিফলতাৰ পিছত ১৯৩৯ চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হয়। এই যুদ্ধৰ ভয়াবহতা আৰু অবর্ণনীয় ধ্বংসলীলাই বিশ্ববাসীক ভয়ার্ত কৰি তুলিছিল। তেতিয়াই আন এটা বিশ্বসংস্থা গঠনৰ চিন্তা কৰি ১৯৪৫ চনৰ ২৪ অক্টোৰ্বৰ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছানফ্রান্সিস্কো সন্মিলনত ৫১খন ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ চনদত স্বাক্ষৰ কৰি ৰাষ্ট্ৰসংঘ গঠন কৰিছিল।

১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখে গঠন হোৱা ৰাষ্ট্ৰসংঘৰ বৰ্তমান সদস্য ৰাষ্ট্ৰ ১৯৩ খন৷ ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় শান্তি অঞ্চ শৃংখলা প্রতিষ্ঠা কৰি বিবাদমান বিষয়সমূহ শান্তিপূর্ণ উপায়েৰে সমাধানৰ বাট মুকলি কৰাৰ কাৰণে এই সংস্থাটোৰ প্রতি বিশ্বৰ জনগণে আস্থা প্ৰকাশ কৰি আহিছে। আমেৰিকাৰ নিউয়র্ক চহৰত থকা মুখ্য কাৰ্যালয়ৰ পৰা কাম কাজ চলাই অহা ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্য আৰু নীতি সমূহ তলত আলোচনা কৰা হল—

ৰাষ্ট্ৰসংঘৰ চনদত থকা ১১১টা অনুচ্ছেদৰ প্রথম অনুচ্ছেদতে ৰাষ্ট্ৰসংঘৰ চাৰিটা উদ্দেশ্য সন্নিবিষ্ট হৈছে। উদ্দেশ্যকেইটা হল—

ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য : (১) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা।

(২) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত প্ৰতিখন দেশৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক প্রতিষ্ঠা কৰা।

(৩) আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সমস্যাসমূহৰ সমাধান কৰা আৰু প্ৰত্যেকজন ব্যক্তিয়ে যাতে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা৷

(৪) ওপৰৰ উদ্দেশ্যসমূহ সাধনৰ বাবে বিভিন্ন দেশৰ মাজত সম্বন্ধ প্ৰতিষ্ঠাৰ কেন্দ্ৰ হিচাপে কার্য সম্পাদন কৰা।

• ৰাষ্ট্ৰসংঘৰ নীতিসমূহ—

(১) সকলো সদস্য ৰাষ্ট্ৰৰ সমান সার্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা হব।

(২) ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ কৰা নিয়মাবলী মানি লৈ সকলো সদস্য ৰাষ্ট্ৰই নিজা দায়িত্ব পালন কৰিব লাগিব।

(৩) আন্তঃৰাষ্ট্ৰীয় শান্তি, নিৰাপত্তা আৰু ন্যায়ত কোনো আঘাত নোহোৱাকৈ সকলো সদস্য ৰাষ্ট্ৰই সকলো ধৰণৰ বিবাদ শান্তিপূর্ণভাবে মীমাংসা কৰিব লাগিব।

(৪) আন্তর্জাতিক সম্পৰ্ক ৰক্ষা কৰাৰ স্বাৰ্থত কোনো সদস্য ৰাষ্ট্ৰই শক্তি প্রয়োগ কৰিব নোৱাৰিব।

(৫) চনদত উল্লেখ কৰা মতে ৰাষ্ট্ৰসংঘই কোনো ব্যৱস্থা গ্ৰহণ কৰিলে সদস্য ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰসংঘক সহায় কৰিব লাগিব আৰু ৰাষ্ট্ৰসংঘই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা ৰাষ্ট্ৰক সহায় কৰিব নোৱাৰিব। (৬) ৰাষ্ট্ৰসংঘই সদস্য ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিব।

প্রশ্ন ২। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওপৰত এটি টোকা লিখা। 

উত্তৰ। ৰাষ্ট্ৰসংঘৰ এটা অতি গুৰুত্বপূৰ্ণ অংগ হ’ল ইয়াৰ নিৰাপত্তা পৰিষদ। আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা অক্ষুণ্ণ ৰখাটো নিৰাপত্তা পৰিষদৰ প্ৰধান কাম। যেতিয়া ৰাষ্ট্ৰসংঘ গঠন হৈছিল তেতিয়া নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য আছিল পাঁচজন আৰু অস্থায়ী সদস্য আছিল ছজন। ১৯৬৩ চনত ৰাষ্ট্ৰসংঘৰ চন্দৰ ২৩নং অনুচ্ছেদ সংশোধন কৰি অস্থায়ী সদস্য সংখ্যা দহজনলৈ বৃদ্ধি কৰিছিল। নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য সকলক সাধাৰণ সভাই নির্বাচিত কৰে। স্থায়ী সদস্য ৰাষ্ট্ৰকেইখন হ’ল–আমেৰিকা, গ্রেট বৃটেইন, ফ্রান্স, ৰাছিয়া আৰু চীন৷ কোনো এটা গুৰুত্বপূর্ণ বিষয়ত সিদ্ধান্ত লবলৈ স্থায়ী পাঁচজন সদস্যসহ মুঠ  ৯ জন সদস্যৰ সন্মতি থাকিব লাগে। স্থায়ী সদস্য সকলৰ ভেটো প্ৰয়োগৰ ক্ষমতা আছে। সেইবাবে কোনো বিষয়ত এখন স্থায়ী সদস্যই ভেটো দিলে সকলোৱে লোৱা সিদ্ধান্ত গ্রহণ নহয়।

প্রশ্ন ৩। বিশ্বশান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপসমূহ আলোচনা কৰা। 

উত্তৰ। ১৯৪৫ চনত প্ৰতিষ্ঠা হোৱা ৰাষ্ট্ৰসংঘই সত্তৰ বছৰত ভৰি দিলে। এই সুদীর্ঘ কালছোৱাত বিভিন্ন সমস্যাজৰ্জৰিত বিশ্বত শাস্তিৰ বাতাবৰণ আনি সকলো সমস্যাকে বুজাবুজি আৰু আলোচনার মাধ্যমেৰে সমাধান কৰাত ৰাষ্ট্ৰসংঘৰ ভূমিকা প্রশংসনীয়। অৱশ্যে কেতিয়াবা আমেৰিকাই ৰাষ্ট্ৰসংঘৰ অনুমোদন অবিহনে লোৱা সামৰিক কাৰ্যপন্থাই ৰাষ্ট্ৰসংঘৰ স্থিতিত জোকাৰণি আনিছে। যদিও বিশ্বযুদ্ধৰ লেখীয়া পৰিৱেশ সৃষ্টিত বাধা দি ৰখা কাৰ্যই ৰাষ্ট্ৰসংঘৰ সফলতাক সূচাইছে।

নিৰস্ত্ৰীকৰণৰ জৰিয়তে বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত যুদ্ধৰ পৰিবেশ নাইকীয়া কৰাৰ কাৰণে ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপ সমূহ বিশেষ গুরুত্বপূর্ণ। ১৯৫২ চনৰ জানুৱাৰী মাহত ৰাষ্ট্ৰসংঘই নিৰস্ত্ৰীকৰণ আয়োগ গঠন কৰে। ১৯৬৩ চনত ৰাষ্ট্ৰসংঘৰ তৎপৰতাত আংশিকভাবে আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি সম্পাদিত হয়। ১৯৬৭ চনত ‘বহিঃ মহাকাশ চুক্তি’, ১৯৬৮ চনত ‘পাৰমাণৱিক অস্ত্র সংকোচন চুক্তি’, ১৯৭১ চনৰ ‘সমুদ্রতলি নিয়ন্ত্রণ চুক্তি’, ১৯৭২ চনত ‘ছল্ট ১ চুক্তি’, ১৯৭৯ চনত ‘ছল্ট-২ চুক্তি’, ১৯৯৩ চনত ‘পাৰমাণৱিক অস্ত্র নিয়ন্ত্রণ চুক্তি’, ১৯৯১ আৰু ১৯৯৩ চনত ‘START-1′ আৰু ‘START-2’, ১৯৯৬ চনত ১৫৮ খন ৰাষ্ট্ৰৰ সমৰ্থনত সম্পাদিত হোৱা ‘পাৰমাণৱিক অস্ত্ৰপৰীক্ষা নিষিদ্ধকৰণ চুক্তি’কে ধৰি ভালেমান চুক্তি স্বাক্ষৰ হোৱা ঘটনাই বিশ্বলৈ শাস্তিৰ বাতাবৰণ সৃষ্টি কৰাত বৰঙনি যোগাইছে।

২০০৭ চনত ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা প্ৰতিৰোধমূলক কূটনীতিৰ সহায়ত বিবাদ মীমাংসাৰে শাস্তিৰ পৰিবেশ অনাত আগভাগ লোৱাটো এটা গুৰুত্বপূর্ণ পদক্ষেপ। এনেদৰে ৰাষ্ট্ৰসংঘই সুদীর্ঘ কাললৈকে বিশ্বশান্তিৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে।

প্রশ্ন ৪। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ সম্পৰ্কত এটা টোকা লিখা।

উত্তৰ৷ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ১৯৬৬ চনত এটা প্ৰস্তাৱ গ্ৰহণ কৰি মানৱ অধিকাৰ আয়োগ গঠনৰ বাবে সদস্য ৰাষ্ট্ৰসমূহৰ পৰামৰ্শ বিচাৰিছিল । ১৯৭০ চনত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগে সদস্য ৰাষ্ট্ৰসমূহৰ মানৱ অধিকাৰ আয়োগ গঠনৰ বিষয়টোক গুৰুত্ব দি বিষয়টো ৰাষ্ট্ৰসমূহলৈ আগবঢ়াই দিলে। ভিয়েনাত ১৯৯৩ চনৰ জুন মাহত মানৱ অধিকাৰ সম্পৰ্কীয় অধিবেশনত ৰাষ্ট্ৰসংঘৰ প্রত্যেক সদস্য ৰাষ্ট্ৰত একোটা মানৱ অধিকাৰ আয়োগ গঠনৰ ওপৰত পুনৰ গুৰুত্ব প্ৰদান কৰা হয়। বিশ্বৰ ৰাষ্ট্ৰসমূহত মানৱ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত এনে আয়োগ গঠন হ’ল।

।চ ভাৰতবৰ্ষত ১৯৯৩ চনৰ ২৮ ছেপ্টেম্বৰত ৰাষ্ট্রপতিয়ে এখন অধ্যাদেশ জাৰি কৰি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰে। সেই বছৰৰে ১৮ ডিচেম্বৰত আগৰ অধ্যাদেশৰ ঠাইত সংসদত এখন বিধেয়ক উত্থাপিত হয়। ১৯৯৪ চনৰ ৮ জানুৱাৰী তাৰিখে বিধেয়কখন ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰি আইনত পৰিণত হয়। এই আইনখনক ‘মানৱ অধিকাৰ সুৰক্ষা আইন’ নামে জনা যায়। এই আইনৰ যতে ৰাজ্য বিলাকতো ৰাজ্যিক মানৱ অধিকাৰ আয়োগ গঠন হব লাগে। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ৰাষ্ট্ৰসংঘ আৰু অন্যান্য মুখ্য ন্যায়াধীশ হব লাগিব। সদস্যসকলৰ ভিতৰত, (ক) এজন সদস্য উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বা প্রাক্তন ন্যায়াধীশ, (খ) এজন সদস্য কোনো উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অথবা প্রাক্তন মুখ্য ন্যায়াধীশ আৰু (গ) দুজন সদস্য মানৱ অধিকাৰ সম্পৰ্কীয় জ্ঞান আৰু অভিজ্ঞতা থকা ব্যক্তি।

ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ সভাপতি, অনুসূচিত জাতি আৰু জনজাতিৰ ৰাষ্ট্ৰীয় আয়োগৰ সভাপতি আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সভাপতিও আয়োগৰ সদস্য পদত থাকিব। এওঁলোকক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে পাঁচ বছৰৰ বাবে নিযুক্তি দিয়ে।

ভাৰতত মানৱ অধিকাৰ উলংঘন হলে ইয়াৰ সকলো দিশ চালিজাৰি চাই তাৰ বিহিত ব্যৱস্থাৰ বাবে চৰকাৰৰ ওচৰত প্রতিবেদন দাখিল কৰাৰ লগতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ এই দিশত অতন্দ্ৰ প্ৰহৰীৰ ভূমিকা লব লাগে৷

প্রশ্ন ৫। মানৱ অধিকাৰ সম্পৰ্কত ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপ আলোচনা কৰা।

উত্তৰ। ৰাষ্ট্ৰসংঘই বিশ্বত শান্তিৰ বাতাবৰণ অনাৰ উদ্দেশ্যে ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধি আৰু মানৱ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্রদান কৰিছে। বিশ্বৰ প্ৰতিজন মানুহে মৰ্য্যাদাপূর্ণ জীৱন কটোৱাৰ বাবে প্ৰয়োজনীয় কিছুমান অধিকাৰক সুৰক্ষা দিয়াৰ কাৰণে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ১৯৪৮ চনৰ ১০ ডিচেম্বৰ তাৰিখে ৪৮ খন সদস্য ৰাষ্ট্ৰৰ সমৰ্থনত মানৱ অধিকাৰ ঘোষণাপত্র গ্ৰহণ কৰে। এটা প্ৰস্তাৱনা আৰু ৩০টা অনুচ্ছেদ সম্বলিত এই ঘোষণা পত্রই মূলত দুটা উদ্দেশ্য সাধন কৰে।

প্ৰথমতে, বিশ্বৰ জনগণৰ প্ৰয়োজনীয় অধিকাৰ সমূহ এই ঘোষণাপত্ৰত সন্নিবিষ্ট হৈছে। দ্বিতীয়তে, এই ঘোষণাপত্ৰত উল্লেখিত অধিকাৰ সমূহক সদস্য ৰাষ্ট্ৰসমূহে স্বীকৃতি দিছে। উল্লেখযোগ্য যে, এই ঘোষণাপত্ৰত উল্লেখ থকা অধিকাৰ সমূহে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ ওপৰত কিছু সীমাবদ্ধতা অনিছে। কাৰণ, নীতিগতভাবে কোনো ৰাষ্ট্ৰই এই অধিকাৰ সমূহক আওকাণ কৰিব নোৱাৰে। দেশৰ নাগৰিক সকলক এই অধিকাৰৰ পৰা বঞ্চিত কৰি আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰাটো যে সম্ভৱ নহয় তাক ৰাষ্ট্ৰসংঘই এই ঘোষণাপত্ৰৰ জৰিয়তে স্পষ্ট কৰিছে। বিশ্বৰ সকলো নাগৰিকৰ জীৱনযাত্ৰাৰ মানদণ্ড উন্নত কৰা আৰু এটা মর্যাদাপূর্ণ জীৱন-যাপনৰ বাট মুকলি কৰাৰ বাবে ৰাষ্ট্ৰসংঘই মানৱ অধিকাৰ সম্পৰ্কত এতিয়ালৈকে লোৱা পদক্ষেপ নিশ্চয়কৈ আশাব্যঞ্জক।

Sl. No.Contents
HISTORY (ইতিহাস)
পাঠ-1বংগ বিভাজন আৰু স্বদেশী আন্দোলন
পাঠ-2মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম
পাঠ-3অসমত ব্রিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ
পাঠ-4ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ
পাঠ-5ভাৰত আৰু উত্তৰ – পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য
GEOGRAPHY (ভূগােল)
পাঠ-1অর্থনৈতিক ভূগােল: বিষয়বস্তু আৰু সম্পদ
পাঠ-2পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা
পাঠ-3পৃথিৱীৰ ভূগোল
পাঠ-4অসমৰ ভূগোল
POLITICAL SCIENCE AND ECONOMICS
পাঠ-1ভাৰতীয় গণতন্ত্ৰ
পাঠ-2আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য
পাঠ-3মুদ্রা আৰু বেংক ব্যৱস্থা
পাঠ-4অৰ্থনৈতিক উন্নয়ন

Leave a Reply