SEBA Class-10 Social Science| Chapter-1| অর্থনৈতিক ভূগােল: বিষয়বস্তু আৰু সম্পদ

SEBA Class-10 Social Science| Chapter-1| অর্থনৈতিক ভূগােল: বিষয়বস্তু আৰু সম্পদ. The answer to each chapter is provided in the list so that you can easily browse throughout different chapters  SEBA Class-10 Social Science| Chapter-1| অর্থনৈতিক ভূগােল: বিষয়বস্তু আৰু সম্পদ Social Science Class 10 SEBA Notes and Question Answer In Assamese Medium and select need one.

SEBA CLASS 10 (Ass. MEDIUM)

  1. English Solutions
  2. অসমীয়া Questions Answer
  3. বাংলা Questions Answer
  4. বিজ্ঞান Questions Answer
  5. সমাজ বিজ্ঞান Questions Answer
  6. हिंदी ( Elective ) Questions Answer
  7. ভূগোল (Elective) Questions Answer
  8. বুৰঞ্জী (Elective) Questions Answer
  9. Hindi (MIL) Question Answer

SEBA Class-10 Social Science| Chapter-1| অর্থনৈতিক ভূগােল: বিষয়বস্তু আৰু সম্পদ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions For SEBA Class-10 Social Science| Chapter-1| অর্থনৈতিক ভূগােল: বিষয়বস্তু আৰু সম্পদ Solutions for All Subjects, You can practice these here.

অনুলনীৰ প্ৰশ্নোত্তৰ

প্রশ্ন ১। অর্থনৈতিক ভূগোল কাক বোলে? ইয়াৰ মূল বিষয়বস্তু কি? অর্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা।

উত্তৰ৷ ভূগোলৰ যি শাখাত মানুহৰ কাৰ্য্যকলাপ সমূহৰ লগতে সম্পদ সমূহৰ উৎপাদন, বিতৰণ, উপভোগ, বিনিময় আৰু প্ৰয়োজন অনুসৰি বিভিন্ন সম্পদৰ অধ্যয়ন কৰা হয়, য’ত প্ৰত্যক্ষ নাইবা পৰোক্ষ ভাবে হলেও আর্থিক দিশৰ আলোচনা কৰা হয় তেনে ভূগোলক অর্থনৈতিক ভূগোল বুলি কোৱা হয়।

ভূ-প্রকৃতি আৰু ভূতাত্ত্বিক গঠনৰ পাৰ্থক্যকে ধৰি জলবায়ু আৰু মাটিৰ বৈশিষ্ট্যৰ তাৰতম্যৰ বাবে ভূ-পৃষ্ঠৰ প্ৰাকৃতিক পৰিৱেশ বেলেগ বেলেগ হয়।” উদাহৰণ স্বৰূপে ভূ-পৃষ্ঠৰ কোনো ঠাই পার্বত্য উচ্চভূমি, আন কোনো ঠাই সাৰুৱা সমভূমি সাগৰ-মহাসাগৰীয় উপকূল ভূমি, কোনো ঠাই আকৌ জলবায়বীয়ভাৱে অতিপাত ঠাণ্ডা বা অতিপাত উষ্ণ। তদুপৰি কিছুমান অঞ্চল অৰণ্যেৰে ভৰা বা আন কিছুমান অঞ্চল গৰাখহনীয়া আৰু বানপানীৰ প্ৰাকৃতিক দুর্যোগেৰে দুর্দশাগ্রস্ত ৷ লগতে গছ-গছনি, পানী, খনিজ সম্পদ আদিৰ দৰে প্ৰাকৃতিক সম্পদৰো প্ৰাচুৰ্য, বিতৰণ আৰু গুণাগুণৰ ক্ষেত্ৰতো যথেষ্ট পার্থক্য দেখা যায়। প্রাকৃতিক পৰিৱেশৰ এনে পাৰ্থক্যৰ ফলত মানুহ আৰু পৰিৱেশৰ সম্পর্কও পৃথিৱীৰ সকলো ঠাইত একে নহয় আৰু ইয়াৰ ফলত সৃষ্টি হোৱা মানৱ পৰিৱেশো বেলেগ বেলেগ হয়। অর্থাৎ ভূ-পৃষ্ঠৰ যিবোৰ অঞ্চল সাৰুৱা সমভূমি তাত উন্নত কৃষি উৎপাদন হয়, আনহাতে য’ত ঘাঁহনির প্রাচুর্য তাত পশুপালন, উপকূলীয় অঞ্চলত মাছ ধৰা কাৰ্য আৰু যাতায়াত ব্যৱসায়, খনিজ সম্পদত চহকী অঞ্চল ঔদ্যোগিক ক্ষেত্ৰত বিশেষভাৱে আগবঢ়া হয়।

দৰাচলতে ভূ-পৃষ্ঠত বিৰাজ কৰা প্ৰাকৃতিক আৰু মানৱসৃষ্ট পৰিৱেশৰ উপাদানবোৰৰ বিভিন্নতাৰ বাবে মানুহৰ জীৱন প্ৰণালী আৰু অৰ্থনৈতিক কার্যকলাপো সকলো ঠাইতে বেলেগ বেলেগ হয়। এনে পার্থক্যৰ বাবে কোনো এখন ঠাই যেতিয়া কৃষি কার্যত উন্নত হয়, আন এখন ঠাঁই ব্যৱসায়-বাণিজ্য, ঔদ্যোগিক বা মৎস উৎপাদন কার্যত চহকী হয়। এনে কাৰণতে পৃথিৱীৰ সকলোবোৰ ঠায়েই ইখনে-সিখনৰ ওপৰত নিৰ্ভৰ কৰি এক সম্পৰ্ক ৰক্ষা কৰি চলি থাকে। অর্থনৈতিক ভূগোলত সম্পদ আৰু মানুহৰ কাম-কাজ আদিৰ লগত জড়িত এনেধৰণৰ সকলোবোৰ কথাই আলোচনা কৰা হয়।

অর্থনৈতিক ভূগোলৰ বহুত শাখা-প্রশাখা গঢ় লৈ উঠিছে। সেইবোৰ হ’ল— কৃষি ভূগোল, ঔদ্যোগিক ভূগোল, সম্পদ ভূগোল, পৰিৱহণ ভূগোল, বজাৰ ভূগোল, পৰিকল্পনা আৰু উন্নয়ন ভূগোল, পর্যটন ভূগোল আদি।

প্রশ্ন ২। অর্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা। উত্তৰ ৷ অৰ্থনৈতিক ভূগোলত মানুহৰ অৰ্থনৈতিক কাৰ্য্যকলাপৰ প্ৰক্ৰিয়া সমূহ

অধ্যয়ন কৰা হয়। ই এটা বৃহৎ পৰিসৰত কাম কৰে। ইয়াৰ পৰিসৰ মূলত তলত উল্লেখ কৰা বিশেষ প্রশ্নকেইটাৰ ওপৰত প্ৰতিষ্ঠিত :

[i] অর্থনৈতিক কাৰ্যটো ক’ত অবস্থিত?

[ii] অর্থনৈতিক কাৰ্য্যটোৰ বৈশিষ্ট্যবোৰ কি কি?

[iii] অর্থনৈতিক কামটো আন কি কি পৰিঘটনাৰ লগত জড়িত?

[iv] অর্থনৈতিক কাৰ্য্যটো য’ত আছে তাতে কিয় হৈছে?

[v] অর্থনৈকি কাৰ্য্যটো য’ত আছে তাৰ পৰিৱৰ্তে আন এঠাইত হলে বেচি ভাল হ’লহেঁতেন নেকি?

গতিকে দেখা গ’ল যে অর্থনৈতিক ভূগোলৰ পৰিসৰ এটা সুসংহত দীঘলীয়া প্ৰক্ৰিয়া যিটো মানুহৰ উৎপাদনক্ষম কাৰ্য্যকলাপ অধ্যয়নৰ লগত জড়িত। 

প্রশ্ন ৩। মানুহৰ অৰ্থনৈতিক বৃত্তি বুলিলে কি বুজা? এনে অর্থনৈতিক বৃত্তিবোৰ কি কি?

উত্তৰ। অৰ্থনৈতিক ভূগোলবিদ জন্স আৰু ডার্কেনৱাল্ডৰ মতে অর্থনৈতিক ভূগোলে বিশেষকৈ উৎপাদনক্ষম বৃত্তি বা কার্যকলাপ অধ্যয়নৰ লগত জড়িত। লগতে কিছুমান অঞ্চল কিয় উৎপাদনত আগ বঢ়া আৰু আন কিছুমান অঞ্চল কিয় আমদানি আৰু ব্যৱসায়-বাণিজ্যত আগবঢ়া এনে প্রশ্নবোৰৰ উত্তৰ উদ্‌ঘাটনত সহায় কৰে। অৰ্থাৎ অর্থনৈতিক ভূগোলে মূলতঃ মানুহৰ উৎপাদনক্ষম কাৰ্যবোৰ আৰু পাৰিৱেশিক অৱস্থাৰ লগত এইবোৰৰ সম্পর্ক অধ্যয়ন কৰে। জীৱন ধাৰণৰ বাবে উপার্জনক্ষম মানুহৰ গ্ৰহণ কৰা বৃত্তিকে অর্থনৈতিক বৃত্তি বোলে।

মানুহৰ অৰ্থনৈতিক বৃত্তি সমূহক প্ৰধানকৈ চাৰিটা ভাগত ভাগ কৰিব পাৰি। [i] যি কাৰ্যৰ দ্বাৰা মানহে প্ৰকৃতিৰপৰা সম্পদ আহৰণ কৰে তাকে প্রাথমিক বৃত্তি বোলে। যেনে— কৃষিকাৰ্য, মাছ ধৰা কাৰ্য, বনজ সম্পদ আহৰণ, খনিজ সম্পদ আহৰণ ইত্যাদি।

[ii] যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰপৰা আহৰণ কৰা বিভিন্ন দ্ৰব্য নানান প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰোপযোগী কৰি তোলে তাকে দ্বিতীয়ক বৃত্তি বোলে। যেনে— শিল্পোৎপাদন প্রক্রিয়া, বিভিন্ন নিৰ্মাণ তথা পুনৰ নিৰ্মাণ কার্য ইত্যাদি।

[iii] যি কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয়ক বৃত্তিৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পায় তাকে তৃতীয়ক বৃত্তি বোলে। যেনে— যাতায়ত, পৰিবহণ, বজাৰ, পাইকাৰী বা খচুৰা বিক্ৰী, পর্যটন, যোগাযোগ আদিৰ লগত জড়িত অর্থনৈতিক কার্যসমূহ।

[iv] যি কাৰ্যৰ দ্বাৰা দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহ অধিক সুচল তথা ফলপ্ৰসূ কৰি তোলাত সহায় কৰে তাকে চতুৰ্থক বৃত্তি বোলে। যেনে— বেংক বা অন্য বিত্তীয় প্রতিষ্ঠান, প্রচাৰ মাধ্যম, প্রশাসন, শিক্ষা-গৱেষণা আদিৰ লগত জড়িত কার্যসমূহ।

প্রশ্ন ৪। অর্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তু সম্পর্কে চমুকৈ লিখা।

উত্তৰ। মানুহৰ কাৰ্য্যকলাপসমূহ যিদৰে বিভিন্ন ক্ষেত্ৰত জড়িত তেনেদৰে অর্থনৈতিক ভূগোলৰো বিভিন্ন শাখা আছে, অর্থাৎ অর্থনৈতিক ভূগোল এনে এটা বিষয় যিটোৰ লগত অসংখ্য শাখা-প্রশাখা জড়িত হৈ আছে। সেইবোৰ হৈছে—(1) কৃষি ভূগোল, (2) ঔদ্যোগিক ভূগোল (3) সম্পদ ভূগোল, (4) পৰিবহণ ভূগোল, (5) বজাৰ ভূগোল, (6) পৰিকল্পনা আৰু উন্নয়ন ভূগোল, (7) পর্যটন ভূগোল। তলত এই শাখাসমূহৰ বিষয়বস্তু সম্পর্কে চমুকৈ আলোচনা কৰা হল—

(1) কৃষি ভূগোল ঃ অর্থনৈতিক ভূগোলৰ এটি অন্যতম প্রধান শাখা কৃষি ভূগোল। ইয়াত কৃষিকাৰ্যৰ লগত জড়িত কাৰকসমূহ, কৃষিৰ প্ৰকাৰ, কৃষিকাৰ্যৰ বিতৰণ আৰু পদ্ধতি, শস্যৰ উৎপাদন আৰু ইয়াৰ লগত জড়িত সূত্র, কৃষি সামগ্ৰীৰ বজাৰ তথা আমদানি-ৰপ্তনি ইত্যাদি অধ্যয়ন কৰা হয়।

(2) ঔদ্যোগিক ভূগোল :-ইয়াত উদ্যোগ স্থাপনৰ লগত জড়িত অৰ্থনৈতিক তথা অন্যান্য কাৰকসমূহ, উদ্যোগৰ প্ৰকাৰ আৰু ভৌগোলিক বিতৰণ, ঔদ্যোগিক সামগ্ৰীৰ উৎপাদন, উদ্যোগ অৱস্থানৰ লগত জড়িত সূত্র, ঔদ্যোগিক সামগ্ৰীৰ বজাৰ তথা আমদানি-রপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়।

(3) সম্পদ ভূগোল ইয়াত সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উদ্‌ঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰৰ্কসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পর্ক, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অধ্যয়ন কৰা হয়।

(4) পৰিবহণ ভূগোল ঃ ইয়াত পৰিবহণ ব্যৱস্থাৰ প্ৰকাৰ আৰু ইয়াৰ লগত জড়িত কাৰকসমূহ, সম্পদ বিতৰণত পৰিবহণৰ ভূমিকা, মানুহৰ যাতায়াত তথা অর্থনৈতিক কার্যকলাপত পৰিবহণৰ ভূমিকা, অর্থনৈতিক উন্নয়ন যেনে—

ঔদ্যোগিক উন্নয়ন, কৃষি ক্ষেত্ৰৰ উন্নয়নত পৰিবহণ ব্যৱস্থাৰ ভূমিকা ইত্যাদি অধ্যয়ন কৰা হয়।

(5) বজাৰ ভূগোল : ইয়াত বজাৰ স্থাপনৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ কাৰকসমূহ, বজাৰৰ প্ৰকাৰ আৰু বিতৰণ আৰু ইয়াৰ লগত জড়িত সূত্ৰসমূহ অধ্যয়ন কৰা হয়।

(6) পৰিকল্পনা আৰু উন্নয়ন ভূগোল : ইয়াত অর্থনৈতিক উন্নয়নৰ লগত জড়িত কাৰকসমূহ, পৰিকল্পনা ব্যৱস্থা, বহনক্ষম উন্নয়ন, অঞ্চল তথা উপাদান ভিত্তিক উন্নয়ন প্রক্রিয়া আদি অধ্যয়ন কৰা হয়। 

(7) পর্যটন ভূগোলঃ ইয়াত পর্যটন আৰু ইয়াৰ বিকাশৰ লগত জড়িত কাৰকসমূহ, পৰ্যটনৰ প্ৰকাৰ, পর্যটন ব্যৱস্থাৰ উন্নয়ন প্রক্রিয়া আৰু পৰিকল্পনা আদি অধ্যয়ন কৰা হয়।

প্রশ্ন ৫। সম্পদ ভূগোলক কিয় অর্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূর্ণ শাখা বোলা হয়?

উত্তৰ ৷ মানুহৰ জীৱনধাৰণৰ বাবে প্ৰয়োজনীয় সকলো বস্তুৱেই সম্পদ। সম্পদ বুলিলে ইয়াত প্রাকৃতিক সম্পদৰ কথাই প্রধান স্থান পায়। উদাহৰণ স্বৰূপে- • বায়ু, পানী, সূৰ্য্যৰ ৰশ্মি, মাটি, গছ-গছনি, ফলমূল, খনিজ পদার্থ সমূহ ইত্যাদি, যিবোৰ আমি প্রাকৃতিক ভাবে পাঁও সেইবোৰ সম্পদ। এইবোৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই মানুহৰ জীৱনৰ বিভিন্ন ক্ষেত্র গঢ়ি উঠিছে। অর্থনৈতিক ভূগোল আৰু ইয়াৰ শাখা উপশাখাৰ অধ্যয়ন সম্পদ ভ গোলৰ লগত ওতপ্রোতভাবে জড়িত। কাৰণ কোনো এখন দেশৰ অৰ্থনৈতিক উন্নয়ন দেশখনৰ সম্পদৰ মান আৰু প্ৰাচুৰ্যৰ ওপৰত বাৰুকৈয়ে নিৰ্ভৰ কৰে। সম্পদ ভূগোলত সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উদ্‌ঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পর্ক, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অধ্যয়ন কৰা হয়।

ইয়াৰ কাৰণে সম্পদ ভূগোলক অর্থনৈতিক ভূগোলৰ এটি প্রধান শাখা বুলি কোৱা হয়। 

প্রশ্ন ৬। সম্পদ বুলিলে কি বুজায় ? ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰ। মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয। পৃথিৱীৰ বুকুত থকা বায়ু, পানী, সূৰ্যৰ ৰশ্মি, মাটি, গছ-গছনি, ফল মূল, খনিজ পদার্থ আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল। সেয়েহে এইবোৰ সম্পদ। এই সম্পদসমূহ মানুহে প্ৰধানকৈ প্ৰকৃতিৰ বুকুৰপৰাই বিভিন্ন উপায়েৰে আহৰণ কৰে। এইবোৰ হ’ল প্রাকৃতিক সম্পদ। প্ৰকৃতিৰ পৰা লাভ কৰা এই সম্পদবোৰ মানুহে নিজৰ শক্তি, বিদ্যা-বুদ্ধি আৰু কৌশল প্রয়োগ কৰি ব্যৱহাৰ কৰে। প্রখ্যাত অর্থনীতিবিদ জিম্মাৰমানৰ মতে, সম্পদ হ’বলৈ হ’লে বস্তু এটাৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ দুটা থাকিব লাগিব। এই দুটা গুণৰ বাবেই সম্পদ ব্যৱহাৰৰ যোগেদি মানৱ কল্যাণ আৰু আর্থ-সামাজিক উৎকৰ্ষ সাধন সম্ভৱ হৈছে৷ সেয়ে সম্পদ আৰু ইয়াৰ ব্যৱহাৰ মানৱ সমাজৰ উন্নয়নৰ লগত ওতপ্রোতভাৱে জড়িত। উল্লেখযোগ্য যে প্রকৃতি, মানুহ আৰু সমাজ-সংস্কৃতি তথা বিজ্ঞান-প্রযুক্তিৰ আন্তঃক্ৰিয়াৰ ফলতেই একো একোটা সম্পদৰ সৃষ্টি হয়। মানুহ সম্পদৰ লগত দুই ধৰণে জড়িত— সম্পদৰ উৎপাদক (Producer) হিচাপে আৰু সম্পদৰ উপভোক্তা (Consumer) হিচাপে। মানুহৰ প্রয়োজনীয় বহু সম্পদ যদিও প্রকৃতিয়ে যোগান ধৰে, ইয়াৰ বেছি ভাগেই মানুহে প্রয়োজন অনুসৰি ব্যৱহাৰৰ উপযোগী কৰি লয়। তদুপৰি প্ৰকৃতিত থকা সামগ্ৰীবোৰৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা সম্পৰ্কীয় গুণবোৰ মানুহৰ জ্ঞানৰ জৰিয়তেহে উদ্ঘাটন কৰা হয়। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে নতুন নতুন সম্পদৰো সৃষ্টি হৈছে আৰু ব্যৱহাৰ হৈছে। অর্থাৎ প্রাকৃতিকভাৱে পোৱা সম্পদৰ উপৰি বহুবোৰ সম্পদ, যেনে— প্রযুক্তি, ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, উদ্যোগ কাৰখানা, স্কুল কার্যালয়, কৃষিকাৰ্যৰ সঁজুলি, যান-বাহন আদি মানুহে নিজে প্রস্তুত কৰে। সেয়েহে এনে সম্পদক মানৱ সৃষ্ট সম্পদ বোলা হয়। তদুপৰি সম্পদৰ উৎপাদক বা সৃষ্টিকর্তা হিচাপে মানুহো এক প্ৰকাৰৰ সম্পদ— যাক মানৱ সম্পদ বুলি গণ্য কৰা হয়। মন কৰিবলগীয়া যে প্ৰাকৃতিক আৰু মানৱ সৃষ্ট সম্পদৰ ব্যৱহাৰৰ তাৰতম্য নিৰ্ভৰ কৰে মানুহৰ চাহিদাৰ পৰিৱৰ্তন আৰু নতুন প্রযুক্তিৰ উন্নয়নৰ ওপৰত। সেয়ে একেটা সম্পদৰে অৰ্থ ঠাই আৰু সময় ভেদে বেলেগ বেলেগ হ’ব পাৰে।

প্রশ্ন ৭। ‘সম্পদ পৰিৱৰ্তনশীল’—ব্যাখ্যা কৰা৷

উত্তৰ। সম্পদ পৰিৱৰ্তনশীল। আজি কোনো এটা সামগ্ৰী মানুহৰ দ্বাৰা ব্যৱহৃহৃত নহ’লেও বা মানুহৰ বাবে অপকাৰী হ’লেও ভৱিষ্যতে সেই একেটা সামগ্ৰীয়েই মানৱ কল্যাণত ব্যৱহৃত হ’ব পাৰে। এনে সামগ্ৰীসমূহৰ যিবোৰে মানুহৰ কোনো ধৰণে উপকাৰ বা অপকাৰ সাধন নকৰে সেইবোৰক নিৰপেক্ষ বা নিষ্ক্রিয় সামগ্রী (Neutral stuff) বোলা হয়। উদাহৰণস্বৰূপে মানুহে যেতিয়ালৈকে শক্তি উৎপাদনত কয়লা বা খনিজ তেলৰ ব্যৱহাৰ নাজানিছিল তেতিয়ালৈকে এইবোৰ কেৱল নিৰপেক্ষ সামগ্ৰীহে আছিল। আনহাতে, যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে, সেইবোৰক প্ৰতিৰোধক সামগ্রী (Resistance) বোলা হয়। উদাহৰণস্বৰূপে অনূৰ্বৰ মাটি, বানপানী জৰ্জৰিত অঞ্চল আদি একো একোঁটা প্ৰতিৰোধক। এইখিনিতে উল্লেখযোগ্য যে পশ্চিমবংগত সঘনে বানপানী সৃষ্টি কৰা দামোদৰ নদৰ ওপৰত বান্ধ নির্মাণ কৰি জলবিদ্যুৎ শক্তি উৎপাদন আৰু জলসিঞ্চনৰ ব্যৱস্থা নকৰালৈকে দামোদৰ নদক প্ৰতিৰোধক হিচাপে গণ্য কৰা হৈছিল। গতিকে মানুহৰ জ্ঞানৰ প্ৰসাৰ আৰু বিজ্ঞান-প্ৰযুক্তিৰ উন্নয়নৰ ফলত পৃথিৱীত থকা এনে বহু নিৰপেক্ষ আৰু প্ৰতিৰোধক সামগ্ৰী মানুহৰ সু-প্ৰচেষ্টাৰ ফলত সম্পদলৈ ৰূপান্তৰিত হৈছে। সম্পদৰ এনে পৰিৱৰ্তনশীল বৈশিষ্ট্যৰ বাবেই আজি উপকাৰী বুলি গণ্য হোৱা এটা সামগ্ৰী বা পৰিঘটনা সময়ৰ গতিত অপকাৰী বা নিষ্ক্রিয় সামগ্ৰীলৈ ৰূপান্তৰিত হ’ব পাৰে। অৰ্থাৎ সামাজিক পৰিৱৰ্তন ঘটাৰ লগে লগে সম্পদৰ ধাৰণা আৰু ইয়াৰ আহৰণ আৰু ব্যৱহাৰৰো পৰিৱৰ্তন ঘটে। সেয়ে সম্পদ পৰিৱৰ্তনশীল।

প্রশ্ন ৮৷ সম্পদৰ প্ৰয়োজনীয়তা সম্পর্কে উদাহৰণসহ চমুকৈ আলোচনা কৰা৷

উত্তৰ৷ যিহেতু মানুহ আৰু সম্পদৰ এটা নেৰানেপেৰা সম্পর্ক আছে সেয়েহে জীয়াই থাকিবলৈ সম্পদ সমূহৰ প্ৰয়োজনীয়তা মানুহে নুই কৰিব নোৱাৰে। ইয়াৰ উপৰি ভৱিষ্যতলৈ আমি সম্পদ সমূহ সংৰক্ষণ কৰি ৰাখিব লাগে। প্ৰকৃতিৰ পৰা পোৱা সম্পদ সমূহৰ ওপৰত নিৰ্ভৰ কৰিয়েই মানুহৰ জীৱনৰ উন্নতি আদি নিৰ্ভৰশীল। সেয়ে মানুহৰ বাবে অর্থাৎ আমাৰ বাবে সম্পদৰ প্ৰয়োজনীয়তা আছে।

সম্পদ আৰু ইয়াৰ ব্যৱহাৰ মানৱ সমাজৰ উন্নয়নৰ লগত ওতপ্রোতভাৱে জড়িত৷ উল্লেখযোগ্য যে প্রকৃতি, মানুহ আৰু সমাজ-সংস্কৃতি তথা বিজ্ঞান প্ৰযুক্তিৰ আন্তঃক্ৰিয়াৰ ফলতেই একো একোটা সম্পদৰ সৃষ্টি হয়। মানুহৰ প্ৰয়োজনীয় বহু সম্পদ যদিও প্রকৃতিয়ে যোগান ধৰে তথাপি, ইয়াৰ বেছি ভাগেই মানুহে প্রয়োজন অনুসৰি ব্যৱহাৰৰ উপযোগী কৰি লয়। তদুপৰি প্ৰকৃতিত থকা সামগ্ৰীবোৰৰ কার্যকাৰিতা আৰু উপকাৰিতা সম্পৰ্কীয় গুণবোৰ মানুহৰ জ্ঞানৰ জৰিয়তেহে উদ্‌ঘাটন কৰা হয় । মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে নতুন নতুন সম্পদৰো সৃষ্টি হৈছে আৰু ব্যৱহাৰ হৈছে। অর্থাৎ প্রাকৃতিকভাৱে পোৱা সম্পদৰ উপৰি বহুবোৰ সম্পদ, যেনে— প্রযুক্তি, ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, উদ্যোগ-কাৰখানা, স্কুল কাৰ্যালয়, কৃষিকাৰ্যৰ সঁজুলি, যান-বাহন আদি মানুহে নিজে প্রস্তুত কৰে। সেয়েহে এনে সম্পদক মানৱ সৃষ্ট সম্পদ বোলা হয়। তদুপৰি সম্পদৰ উৎপাদক বা সৃষ্টিকর্তা হিচাপে মানুহো এক প্ৰকাৰৰ সম্পদ— যাক মানৱ সম্পদ বুলি গণ্য কৰা হয় মন কৰিবলগীয়া যে প্রাকৃতিক আৰু মানৱ সৃষ্ট সম্পদৰ ব্যৱহাৰৰ তাৰতম্য নিৰ্ভৰ কৰে মানুহৰ চাহিদাৰ পৰিৱৰ্তন আৰু নতুন প্রযুক্তিৰ উন্নয়নৰ ওপৰত৷ সেয়ে একেটা সম্পদৰে অৰ্থ ঠাই আৰু সময় ভেদে বেলেগ বেলেগ হ’ব পাৰে।

প্রশ্ন ৯। সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ। সম্পদ আৰু মানুহৰ মাজত এটা নিৰবচ্ছিন্ন সম্পর্ক আছে। সম্পদ বুলিলে সাধাৰণতে আমি প্রকৃতি আৰু প্ৰকৃতিৰ পৰা আহৰণ কৰা সামগ্ৰী সমূহকে বুজো৷ জীয়াই থাকিবলৈ যিবোৰৰ ওপৰত মানুহ সম্পূর্ণরূপে নিৰ্ভৰশীল। প্রাকৃতিক ভাবে পোৱা সম্পদবোৰ মানুহৰ ব্যৱহাৰৰ উপযোগী কৰি তুলিবলৈ মানুহৰ কাৰ্য্যদক্ষতা, বুদ্ধি, শিক্ষা, প্রযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন। মানুহৰ এনে গুণবোৰে সম্পদ সমূহৰ লগত এটা সম্পর্ক গঢ়ি তুলিছে। উদাহৰণ স্বৰূপে বাঁহৰ পৰা কাগজ, কপাহৰ পৰা কাপোৰ, খনিজ তেলৰ পৰা নানা ধৰণ ৰং, নেপৃথা, কৃত্রিম কাপোৰ, ৰাসায়নিক সাব, কীটনাশক দ্রব্য, চাবোন, প্লাষ্টিক, কৃত্রিম ৰবৰ, মম আদি প্ৰস্তুত কৰা হয়। গছ গছনিৰ পৰা নানা ধৰণৰ খাদ্য, ঔষধ, কাঠ, গৃহ নিৰ্মাণৰ সামগ্ৰীৰ উপৰিও অসংখ্য মনোমোহা বস্তু কেবল মানুহে কর্মদক্ষতাৰ গুণতে সৃষ্টি করে। এই কাৰ্য্যবোৰে মানুহ আৰু সম্পদৰ মাজত এটা ওতঃপ্রোত সম্পর্ক গঢ়ি তুলিছে। 

প্রশ্ন ১০। সম্পদ আৰু বিজ্ঞান প্রযুক্তিৰ মাজত থকা সম্পৰ্কৰ বিষয়ে চমুকৈ আলোচনা কৰা।

Isউত্তৰ। সম্পদ আৰু মানুহৰ মাজত যেনেদৰে সম্পৰ্ক আছে তেনেদৰে সম্পদ আৰু বিজ্ঞান আৰু প্ৰযুক্তিৰ মাজতো সম্পর্ক গঢ়ি উঠিছে। মানুহে প্রাকৃতিক সম্পদ সমূহক নিজৰ সুবিধাৰ বাবে প্রযুক্তিগত ভাবে পৰিবৰ্তন কৰি লব লগা হৈছে। বৰ্ত্তমান সময় বিজ্ঞানৰ সময়। মানুহৰ চিন্তা চর্চা, কর্মদক্ষতাই বিজ্ঞানক বহু উচ্চতালৈ লৈ গৈছে। লগতে বিজ্ঞানক প্রত্যেক ক্ষেত্ৰতে ব্যৱহাৰ কবি প্রাকৃতিক ভাবে পোৱ সম্পদ সমূহে মানুহৰ জীৱনত বহু পৰিবৰ্ত্তন আনিছে। উদাহৰণ স্বৰূপে বিজ্ঞানে পানীৰ পৰা বিদ্যুত উৎপাদন কৰি বিদ্যুতৰ দ্বাৰা বহুতখিনি উন্নয়নমূলক কাম কৰিব পৰা সুবিধা কৰি দিছে। অথচ পানী এবিধ সাধাৰণ ভাবে পোৱা প্রাকৃতিক সম্পদ। ঠিক তেনেদবে চূণশীল, কয়লা প্রাকৃতিক ভাবে পোৱা খনিজাত সম্পদ সমূহৰো বিজ্ঞান প্রযুক্তিয়ে গুরুত্ব বঢ়াই তুলিছে। সম্পদৰ লগত বিজ্ঞান প্রযুক্তিৰ সম্পৰ্কই প্রাকৃতিক ভাবে পোৱা সম্পদ সমূহক নতুন ৰূপত তথা অধিক প্রয়োজনীয় হিচাপে মানুহৰ মাজলৈ বিয়পাই দিব পাৰিছে।

প্রশ্ন ১১। উদাহৰণসহ সম্পদৰ শ্রেণীবিভাজন সম্পর্কে লিখা।

উত্তৰ। পৃথিবীত প্রাকৃতিক ভাবে পোৱা অসংখ্য সম্পদক সেইবোৰৰ প্ৰকৃতি অনুসৰি বিভিন্ন ধৰণে ভাগ কৰা হৈছে। সেইবোৰক মুখ্যত চাৰি ভাগত ভাগ কৰিব পাৰি আকৌ তাৰ পৰা প্ৰত্যেক বিধৰে শ্রেণীবিভাজন কৰিব পাৰি।

ওপৰত উল্লেখ কৰা সম্পদ সমূহৰ উদাহৰণ সমূহ তলত উল্লেখ কৰা হ’ল—

(i) প্রাকৃতিক সম্পদ ঃ যিবোৰ সম্পদ আমি প্রাকৃতিক ভাবে পাওঁ তেনে সম্পদ সমূহকে প্রাকৃতিক সম্পদ বুলি কোৱা হয়। যেনে— সূৰ্য্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, নৈৰ পলস, খনিজ পদার্থ, আদি।

(ii) মানব সৃষ্ট সম্পদপ্রাকৃতিক ভাবে পোৱা সম্পদ সমূহক মানুহে নিজৰ সুবিধা অনুসৰি পৰিৱৰ্তন কৰি নতুন সম্পদৰ সৃষ্টি কৰে। এই সম্পদ সমূহক মানবসৃষ্ট সম্পদ বুলি কোৱা হয়। উদাহৰণ স্বৰূপে আমি—কাগজ, চাবোন, তেল, বাসায়নিক সাৰ, ৰং, কাপোৰ, কৃত্ৰিম কাপোৰ, প্লাষ্টিক, খাদ্য, ঔষধ আদি মানুহ দ্বাৰা সৃষ্টি কৰা মানব সৃষ্ট সম্পদৰ উল্লেখ কৰিব পাৰোঁ।

(iii) মানব সম্পদ : মানুহে নিজৰ কাৰ্য্যদক্ষতা, শিক্ষা, প্রযুক্তি ব্যবহাৰ কৰি নতুন নতুন সম্পদ সৃষ্টি কৰিব পৰা গুণৰ বাবে মানুহে নিজেই এবিধ সম্পদলৈ ৰূপান্তৰিত হৈছে ৷ সেয়ে মানুহক মানব সম্পদ বুলি কোৱা হয়। উদাহৰণস্বৰূপে— শিক্ষক সকল, বিভিন্ন বিষয়ৰ কাৰিকৰী জ্ঞানৰ লোক সকল আদি মানব সম্পদ।

(iv) জীৱীয় আৰু অজীৱীয় সম্পদ : প্রাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে বা জীৱৰ পৰা উৎপত্তি, সেইবোৰক জীৱীয় সম্পদ আৰু যিবোৰ নিৰ্জীৱ সেইবোৰক অজীৱীয় সম্পদ বোলে। উদ্ভিদ, প্রাণী, মাছ, শস্য আদি জীৱীয় সম্পদ। আনহাতে, মাটি, শিল, পানা, বায়ু, খনিজ পদার্থ, কয়লা আদি অজীৱীয় সম্পদ। কিন্তু জানিবলগীয়া কথা যে কয়লা, খনিজ তেল, প্রাকৃতিক গেছ আদি উৎপত্তিৰ দিশৰপৰা জীৱীয় মূলৰ। কিন্তু বর্তমান অৱস্থাত নিৰ্জীৱ হোৱা বাবে এইবোৰক অজীৱীয় সম্পদৰ শ্ৰেণীত ধৰা হয়।

(v) নৱীকৰণ যোগ্য সম্পদ: যিবোৰ প্রাকৃতিক সম্পদক এবাৰ ব্যৱহাৰ কৰাৰ পাছত পুনৰ ব্যৱহাৰ কৰিব পাৰি সেইবোৰ সম্পদক নৱীকৰণযোগ্য সম্পদ বোলা হয়। সূৰ্য্যৰ ৰশ্মি, বায়ু, পানী, জীব-জন্তু মানুহ, শস্য, গছ-গছনি আদি নৱীকৰণযোগ্য সম্পদ।

(vi) অনৱীকৰণ যোগ্য সম্পদ : প্রাকৃতিক ভাবে পোৱা এনে কিছুমান সামগ্ৰী আছে যিবোৰ এবাৰ ব্যৱহাৰ কৰাৰ পাচত পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি বা পুনঃ সৃষ্টি কৰিব নোৱাৰি তেনে সামগ্রী সমূহক অনৱীকৰণযোগ্য সম্পদ বোলে। উদাহৰণ স্বৰূপে – কয়লা, খনিজ তেল, তাম, চূণশীল প্রাকৃতিক গেছ আদি।

(vii) ব্যক্তিগত সম্পদ : একোজন মানুহৰ নিজ নিজ দখলত থকা, অধিকাৰত থকা সম্পদবোৰক ব্যক্তিগত সম্পদ বোলা হয়। উদাহৰণস্বৰূপে নিজ ভূমি সম্পত্তি, ভাল গুণ, ভাল চৰিত্ৰ, শিক্ষা, কর্মদক্ষতা আদি ব্যক্তিগত সম্পদ।

(viii) জাতীয় সম্পদএখন দেশৰ অধীনত থকা সকলো বস্তু দেশখনৰ

জাতীয় সম্পদ। উদাহৰণস্বৰূপে – দেশৰ চৰকাৰ, প্রশাসনিক ব্যৱস্থা, শিক্ষানুষ্ঠান,

জীবজন্তু, অভয়াৰণ্য আদি, গছ-গছনি দেশখনৰ জাতীয় সম্পদ।

(ix) আন্তর্জাতীয় আন্তর্জাতিক) সম্পদ : সমগ্র বিশ্বৰ অধীনত থকা সম্পদ বোৰক আন্তর্জাতিক সম্পদ বুলি কোৱা হয়। উদাহৰণস্বৰূপে — সাগৰ মহাসাগৰ আৰু ইয়াৰ খনিজ সম্পদ, জীৱজন্তু, বায়ুমণ্ডল, অৰণ্য আদি সমগ্র বিশ্ব জুৰি থকা সম্পদ সমূহক আন্তর্জাতিক সম্পদ বোলা হয়।

প্রশ্ন ১২। প্রাকৃতিক সম্পদ বুলিলে কি বুজায় ? উদাহৰণসহ চমুকৈ লিখা। উত্তৰ। পৃথিবীত পোৱা অৰ্থাৎ প্ৰকৃতিৰ দ্বাৰা সৃষ্টি হোৱা আৰু যিবোৰ সম্পদক

সাধাৰণ ভাবেই আমি পাওঁ সেই সকলো সম্পদকে প্রাকৃতিক সম্পদ হিচাপে গণ্য কৰা হয়। এই প্রাকৃতিক সম্পদ সমূহ ব্যৱহাৰ কৰিয়েই কিছুমান দেশ আজি সকলো ক্ষেত্ৰতে আগবাঢ়ি যাব পাৰিছে। অৱশ্যে এইটো ঠিক যে পৃথিৱীৰ সকলো অঞ্চলতে সকলো দেশতে সকলো প্রয়োজনীয় প্রাকৃতিক সম্পদ পোৱা নাযায়। উদাহৰণ স্বৰূপে খনিজ তেল, কয়লা আদি সকলো দেশতে পোৱা নাযায়।

উল্লেখযোগ্য যে উপৰোক্ত সম্পদসমূহ বিশেষকৈ প্ৰাকৃতিক সম্পদৰ বিতৰণ সকলো ঠাইতে একে নহয়। কাৰণ প্ৰাকৃতিক সম্পদবোৰৰ কিছুমান যেনে— সূৰ্যৰ ৰশ্মি, বায়ু, পানী আদি সকলোতে বিৰাজমান বা পৃথিৱীৰ সকলো ঠাইতে উপলব্ধ হয়। এনেবোৰ প্ৰাকৃতিক সম্পদক চিৰ বিৰাজমান সম্পদ বোলে। আনহাতে, প্রাকৃতিক সম্পদৰ যিবোৰ পৃথিৱীৰ কিছুমান বিশেষ বিশেষ স্থানতহে উপলব্ধ তেনে সম্পদবোৰক স্থানিক সম্পদ বোলা হয়। উদাহৰণস্বৰূপে কয়লা, পেট্ৰ’লিয়াম, লো, ইউৰেনিয়াম আদি বিভিন্ন খনিজ পদার্থ, উদ্ভিদ শ্রেণী, শস্য ইত্যাদি।

বর্ত্তমান দেখা যায় যিবোৰ দেশত প্ৰাকৃতিক সম্পদৰ উপযুক্ত ব্যবহাৰ অধিক মাত্ৰাত হৈছে সেইবোৰ দেশৰ উন্নতিৰ গতিও অধিক মাত্ৰাত হব ধৰিছে। উদাহৰণ স্বৰূপে আমি আমেৰিকা, কানাডা, ইংলেণ্ড, ফ্রাঞ্চ আদি বিশ্বৰ প্ৰথম শ্ৰেণীৰ দেশবোৰৰ কথা উল্লেখ কৰিব পাৰোঁ।

প্রশ্ন ১৩। মানৱ সৃষ্ট সম্পদ কি? উদাহৰণ সহ ইয়াৰ ব্যৱহাৰ সম্পৰ্কে চমুকৈ লিখা।

উত্তৰ৷ প্ৰাকৃতিক সম্পদ সমূহক মানুহৰ প্ৰয়োজন অনুসৰি ব্যৱহাৰৰ উপযোগী সামগ্ৰীলৈ পৰিৱৰ্ত্তন বা নতুনকৈ সৃষ্টি কৰি লোৱাকে মানৱ সৃষ্ট সম্পদ বোলে। অৰ্থাৎ মানুহৰ দ্বাৰা সৃষ্টি হোৱা সম্পদ সমূহেই মানৱ সৃষ্ট সম্পদ। মানৱ সৃষ্ট সম্পদৰ মূলতে মানুহৰ কাৰ্য্যদক্ষতা, শিক্ষা, প্রযুক্তিৰ অতি প্রয়োজন। মানৱ সৃষ্ট সম্পদৰ উদাহৰণ হিচাপে আমি উল্লেখ কৰিব পাৰো যে বাঁহৰ পৰা কাগজ, কপাহৰ পৰা কাপোৰ, খনিজ তেলৰ পৰা নানা ধৰণৰ ৰং, নেপথা, কৃত্রিম কাপোৰ, নানা ধৰণৰ প্লাষ্টিক, কৃত্রিম ৰবৰ ইত্যাদি। ইয়াৰ উপৰিও গছ গছনিৰ পৰা গৃহ নির্মাণ সামগ্রী, উদ্ভিদৰ পৰা খাদ্য, ঔষধ আদি। এইবোৰৰ উপৰিও বর্তমান মানৱ সৃষ্ট সম্পদ সমূহ বিজ্ঞান ক্ষেত্ৰলৈও সম্প্ৰসাৰিত হৈছে। যিবোৰ সম্পদ বর্ত্তমান প্রত্যেক দেশৰ বাবে আপুৰুগীয়া সম্পদ বুলি গণ্য কৰিব পাৰি।

প্রশ্ন ১৪। নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজৰ পাৰ্থক্য কি কি? উদাহৰণসহ চমুকৈ আলোচনা কৰা।

উত্তৰ। যিবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পাচতো একেবাৰে শেষ হৈ নোযোৱাকৈ পুনৰ ব্যৱহাৰ কৰিব পাৰি তেনে সম্পদসমূহকে নৱীকৰণযোগ্য সম্পদ বোলে। উদাহৰণ স্বৰূপে সূৰ্য্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি ইত্যাদি। এইবোৰ নৱীকৰণ কৰি অর্থাৎ পুনৰ ব্যৱহাৰ কৰি নতুন সম্পদ সৃষ্টি কৰিব পাৰি। যেনে সুৰ্য্যৰ ৰশ্মিৰ পৰা বিদ্যুৎ, বায়ু বা পানীৰ পৰাও বিদ্যুৎ উৎপাদন কৰি আন কামত ব্যবহাৰ কৰিব পাৰি।

আনহাতে এনে কিছুমান সম্পদ আছে যিবোৰ এবাৰ ব্যবহাৰ কৰাৰ পাছত নিঃশেষ হৈ যায় আৰু পুনৰ ব্যৱহাৰ কৰাটো সম্ভৱ নহয়। এনে সামগ্রী সমূহক অনৱীকৰণযোগ্য সম্পদ বোলা হয়। উদাহৰণস্বৰূপে খনিজ তেল, কয়লা, চূণশীল, বিভিন্ন প্ৰকাৰৰ খনিজ পদার্থ সমূহ। এইবোৰ এবাৰ ব্যবহাৰ কৰাৰ পাচত পুনৰ ব্যবহাৰ কৰিব নোৱাৰি বা এটা কামতে ব্যবহাৰ কৰিব পাৰি। পুনঃ পুনঃ আন ক্ষেত্ৰত ব্যবহাৰ কৰিব নোৱাৰি।

অর্থাৎ যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপূৰ্ণীকৃত প্ৰক্ৰিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদবোৰক নৱীকৰণযোগ্য বা পুনঃপূর্ণীকৃত বা পুনঃসৃষ্টিক্ষম সম্পদ বোলা হয়। অর্থাৎ সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি নৱীকৰণযোগ্য সম্পদ। এই সম্পদবোৰ প্ৰকৃতিৰ বুকুত সহজে সৃষ্টি হয়। আনহাতে, যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনঃসৃষ্টি কৰিব নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায়, তেনে সম্পদবোৰক অনৱীকৰণযোগ্য বা ক্ষয়শীল বা পুনঃসৃষ্টিহীন সম্পদ বোলা হয়। উদাহৰণস্বৰূপে, কয়লা, খনিজ তেল, খনিজ পদার্থ (যেনে— তাম, সোণ, চূণশিল, লো, ৰূপ আদি), প্রাকৃতিক গেছ আদি অনৱীকৰণযোগ্য সম্পদ। এনেবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰিলে চিৰদিনৰ বাবে লোপ পায়। সেয়ে এই ধৰণৰ সম্পদবোৰ যাতে সহজে শেষ নহয়, তাৰ বাবে এইবোৰৰ সুপৰিকল্পিত আহৰণ আৰু ব্যৱহাৰত গুৰুত্ব প্রদান কৰিব লাগে।

Sl. No.Contents
HISTORY (ইতিহাস)
পাঠ-1বংগ বিভাজন আৰু স্বদেশী আন্দোলন
পাঠ-2মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম
পাঠ-3অসমত ব্রিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ
পাঠ-4ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ
পাঠ-5ভাৰত আৰু উত্তৰ – পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য
GEOGRAPHY (ভূগােল)
পাঠ-1অর্থনৈতিক ভূগােল: বিষয়বস্তু আৰু সম্পদ
পাঠ-2পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা
পাঠ-3পৃথিৱীৰ ভূগোল
পাঠ-4অসমৰ ভূগোল
POLITICAL SCIENCE AND ECONOMICS
পাঠ-1ভাৰতীয় গণতন্ত্ৰ
পাঠ-2আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য
পাঠ-3মুদ্রা আৰু বেংক ব্যৱস্থা
পাঠ-4অৰ্থনৈতিক উন্নয়ন

প্রশ্ন ১৫। সম্পদ সংৰক্ষণ বুলিলে কি বুজায়? ইয়াৰ প্ৰয়োজনীয়তা কি?

উত্তৰ। সম্পদৰ ব্যৱহাৰ আৰু ইয়াৰ সংৰক্ষণ ওতঃপ্রোতভাৱে জড়িত। সাধাৰণতে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্য পূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বোলা হয়। অর্থাৎ সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য হ’ল আমি প্ৰকৃতিৰপৰা আমাৰ প্ৰয়োজনীয় সম্পদবোৰ এনেদৰে আহৰণ কৰি ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি সকলোৱে বহু সময় ধৰি উপকৃত হওঁ। সম্পদ সংৰক্ষণ বুলিলে অৱশ্যে সম্পদৰ ব্যৱহাৰ নকৰি কেৱল ভৱিষ্যতৰ বাবে সাঁচি ৰখা কাৰ্যকে নুবুজায়। উদাহৰণস্বৰূপে, খনিজ তেল সংৰক্ষণ বুলিলে খনিজ তেল প্ৰকৃতিৰপৰা কোনো ধৰণৰ অপচয় নোহোৱাকৈ মানৱ কল্যাণত সঠিক ৰূপত বহু দিনৰ বাবে ব্যৱহাৰ কৰিব পৰা কাৰ্যক বুজায়। পৃথিীত সম্পদ সমূহ সকলো ঠাইতে সমানে পোৱা নাযায়। সেইবোৰৰ কিছুমান আকৌ অনৱীকৰণযোগ্য সম্পদ। অর্থাৎ সীমিত। কিন্তু জনসংখ্যা বৃদ্ধিৰ লগে লগে আৰু বিজ্ঞানৰ অগ্ৰগতিৰ লগতে উন্নত প্রযুক্তিৰ ব্যৱহাৰে অনৱীকৰণযোগ্য সম্পদ সমূহ শেষ হৈ যোৱাৰ ইংগিত দি আহিছে। ভৱিষ্যতত পৃথিবীৰ অনৱীকৰণযোগ্য সম্পদ সমূহ শেষ নোহোৱাকৈ ৰাখিবলৈ আৰু দীর্ঘ সময় এই সম্পদ সমূহ কাৰ্য্যক্ষম কৰি ৰাখিবলৈ সম্পদ সংৰক্ষণৰ প্ৰয়োজন আহি পৰিছে। এই বিষয়ে বিশেষ প্ৰক্ৰিয়াৰে সম্পদ সমূহ দীর্ঘকালৰ বাবে ব্যবহাৰৰ উপযোগীকৈ সংৰক্ষণ কৰি ৰখা ব্যৱস্থাকে সম্পদ সংৰক্ষণ কৰা বুলি কোৱা হয়। অর্থাৎ কোনো এবিধ সম্পদৰ কোনো ধৰণৰ হানি নোহোৱাকৈ বা কোনো অপব্যৱহাৰ নোহোৱাকৈ দীৰ্ঘকাল ব্যৱহাৰৰ উপযোগীকৈ সংৰক্ষণ কৰাৰ ব্যবস্থাকে সম্পদ সংৰক্ষণ বুলি কোৱা হয়।

পৃথিৱীৰ অনুন্নত আৰু উন্নয়নশীল দেশবোৰক বাদ দি উন্নত দেশবোৰত দেখা যায় যে অতি উচ্চ হাৰত প্রাকৃতিক সম্পদ সমূহৰ ব্যৱহাৰ কৰি আহিছে। বর্ত্তমান উন্নয়নশীল দেশ বোৰেও প্ৰতিযোগিতামূলক ভাবে প্রাকৃতিক সম্পদ সমূহৰ ব্যৱহাৰ কৰিব লাগিছে। তাৰোপৰি বিভিন্ন দেশৰ জনসংখ্যা বৃদ্ধিয়েও প্রাকৃতিক সম্পদ অধিক ব্যৱহাৰত অবদান আগবঢ়াইছে। এই গোটেই কথাবোৰ বিশ্লেষণ কৰিলে দেখা যায় যে— পৃথিীক দীর্ঘদিন কাৰ্য্যক্ষম কৰি ৰাখিবলৈ অর্থাৎ সম্পদসমূহ সঞ্চয় কৰি ৰাখিবলৈ প্ৰাকৃতিক সম্পদ সমূহৰ সংৰক্ষণৰ প্রয়োজনীয়তা আছে। সম্পদ সংৰক্ষণ কৰিবলৈ বিশ্বৰ বিভিন্ন অনুষ্ঠান প্রতিষ্ঠানে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে আৰু তাৰ লগত সংগতি ৰাখি অসংখ্য অনুষ্ঠানৰ জন্মও হৈছে। সেইবোৰৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় পৰিবেশ সংৰক্ষণ সংস্থা, বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ, বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰ, গ্রীণপিচ ইণ্ডিয়া আদি উল্লেখযোগ্য। এই অনুষ্ঠান সমূহে বিভিন্ন ক্ষেত্ৰত সম্পদ সমূহৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি কাম কৰি আহিছে।

প্রশ্ন ১৬। সম্পদ সংৰক্ষণৰ পদ্ধতি সম্পর্কে চমুকৈ লিখা

উত্তৰ সম্পদ সংৰক্ষণ ব্যৱস্থাটো নিজে নিজে কাৰ্য্যক্ষম হৈ থাকিব নোৱাৰে৷ এই ব্যৱস্থাটো দীর্ঘদিনৰ বাবে কাৰ্য্যক্ষম কৰি ৰাখিবলৈ সুনিশ্চিত আঁচনি তথা সঠিক ৰূপায়ণৰ প্ৰয়োজন। বিভিন্ন পদ্ধতিৰ দ্বাৰা এই সম্পদ সংৰক্ষণ ব্যৱস্থাটো কাৰ্য্যক্ষম কৰা হয়। সেইবোৰ তলত আলোচনা কৰা হ’ল—

(i) বিকল্প সম্পদৰ সন্ধান : কোনো এটা সম্পদ যেতিয়া বহুল ভাবে ব্যৱহৃত হৈ থাকে তেতিয়া ভবিষ্যতে যাতে ই সোনকালে শেষ হৈ নাযায় তাৰ বাবে পৰিকল্পিত ভাবে আঁচনি প্রস্তুত কৰি বিকল্প সম্পদৰ সন্ধান কৰিব লাগে। উদাহৰণ স্বৰূপে কপাহী সূতাৰ পৰিবৰ্ত্তে কৃত্রিম সূতাৰ সন্ধান তথা উদঘাটন কৰিলে প্রয়োজনীয় অভাব পূৰণৰ লগতে সমস্যাৰ সমাধানো হব পাৰে।

(ii) পুনৰাৱৰ্ত্তন ঃ সীমিত পৰিমাণৰ কেঁচা সামগ্রী যাতে ভবিষ্যতে শেষ হৈ নাযায় তাৰোপৰি সামগ্ৰী ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী ‘বর্জিত দ্রব্য পুনৰাৱৰ্ত্তন প্ৰক্ৰিয়াৰে পুনৰ ব্যবহাৰ কৰিব পাৰি। উদাহৰণ স্বৰূপে পলিথিনৰ বেগ, লোহাৰ সামগ্ৰী, প্লাষ্টিক বটল আদি পুনৰ গলাই নতুন ৰূপত ব্যৱহাৰ কৰিব পাৰি।

 (iii) নৱ-প্ৰচলন : প্রকৃতিৰ পৰা পোৱা সম্পদসমূহ আহৰণ কৰি গৱেষণাৰ জৰিয়তে ব্যৱহাৰৰ উপযোগী কৰি তুলিবলৈ যি প্রক্রিয়া প্রয়োগ কৰা হয় তেনে প্ৰক্ৰিয়াক নৱপ্ৰচলন বুলি কোৱা হয়।

 (iv) বর্জিত দ্ৰব্যৰ পৰিমাণ হ্রাস : কেঁচা সামগ্ৰী সম্পদলৈ ৰূপান্তৰিত কৰিবলৈ যাওঁতে যিবোৰ বৰ্জিত পদার্থ আছে সেইবোৰৰ পৰিমাণ যিমান পাৰি কম কৰিব পাৰিলে সম্পদ সংৰক্ষণত সহায় হব বুলি আশা কৰিব পাৰি।

 (v) জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ : জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ হলেহে সম্পদৰ উৎপাদন, উদঘাটন আৰু সংৰক্ষণত সহায়ক হব। সেয়েহে উপৰোক্ত বিষয়ত আমি সদায় গুৰুত্ব দিব লাগে। 

(vi) সংৰক্ষণ সম্পৰ্কীয় আইনৰ কাৰ্য্যকৰীকৰণঃ দেশত সম্পদ সংৰক্ষণ সম্পৰ্কীয় আইন প্রস্তুত আৰু কাৰ্য্যকৰী কৰিলেহে সম্পদ সংৰক্ষণ সম্ভৱ হব বুলি আশা কৰিব পাৰি।

(vii) সম্পদৰ ভৰালৰ সঠিক মূল্যায়ন ঃ সম্পদ সমূহৰ সংৰক্ষণৰ বাবে সম্পদৰ ভৰালৰ সঠিক মূল্যায়ন তথা অধ্যয়ন কৰিলেহে সম্পদৰ উপযুক্ত ব্যৱহাৰৰ লগতে ভৱিষ্যতত সম্পদৰ সন্ধান কৰিব পাৰি।

(viii) সম্পদৰ ভৱিষ্যত প্রয়োজন নিৰ্দ্ধাৰণ : ভবিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি সম্পদ সমূহৰ সংৰক্ষণ কৰা অতি প্রয়োজন। বর্ত্তমান জনসংখ্যা বৃদ্ধিৰ লগতে সম্পদৰ যি হাৰত অপচয় হব ধৰিছে সেই কথা লক্ষ্য কৰি ভবিষ্যতলৈ সম্পদ সমূহ পৰিকল্পিত ভাবে সংৰক্ষণ কৰা অতি প্রয়োজন৷

প্রশ্ন ১৭। সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা সম্পর্কে চমুকৈ লিখা।

উত্তৰ। সমগ্র বিশ্বজুৰি দেখা দিয়া দ্রুত জনসংখ্যা বৃদ্ধি আৰু প্ৰাকৃতিক পৰিৱেশৰ সমস্যা তথা বহু প্রাকৃতিক সম্পদ নিঃশেষ হ’বলৈ ধৰা পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি সমগ্ৰ বিশ্বতে বিভিন্ন পর্যায়ত পৰিৱেশ সুৰক্ষা আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে। এনে কার্য সম্পাদনৰ বাবে আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়, আঞ্চলিক তথা স্থানীয় পৰ্যায়ত বহু চৰকাৰী-বেচৰকাৰী সংস্থা আৰু সংগঠনৰ জন্ম হৈছে। এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা (Internation Union for Conservation of Nature IUCN) বিশেষভাৱে উল্লেখযোগ্য।

আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা এই (Internation Union for Conservation of Nature, IUCN) সংস্থাটো ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত বিশ্বজুৰি থকাঁ এটা সংস্থা। ১৯৪৮ চনত UNESCO অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্ৰথম সঞ্চালক প্রধান জুলিয়ান হাক্সলেৰ একান্ত চেষ্টাত এই IUCN প্রতিষ্ঠিত হৈছিল। ইয়াৰ মূল উদ্দেশ্য হৈছে– সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক পৰিবেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণৰ লগতে জৈৱ বৈচিত্র্য অধ্যয়ন তথা গবেষণা আৰু প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা। IUCN-ৰ অধীনত ওৱার্ল্ড ৱাইড ফান্ড ফৰ নেচাৰ (World Wide Fund for Nature) আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ (WCMC) নামৰ অনুষ্ঠান দুটাও গঢ়ি উঠিছে।

এইদৰে বিশেষ জীৱ-জন্তু আৰু উদ্ভিদ শ্রেণী তথা সামগ্রিকভাৱে প্রাকৃতিক পৰিৱেশৰ সংৰক্ষণৰ বাবে আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত বহু সংস্থা-সংগঠনে কাম কৰি আছে। ভাৰত বৰ্ষত এনে কাৰ্যৰ বাবে চৰকাৰীভাৱে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন নামেৰে এটি মন্ত্রালয় (Ministry of Environment, Forests and Climate Change) গঠন কৰা হৈছে। এনে চৰকাৰী সংস্থাই প্রাকৃতিক সম্পদ সংৰক্ষণ আৰু পৰিৱেশ সুৰক্ষা সম্পৰ্কীয় আইনো প্রণয়ন কৰে। এই মন্ত্ৰালয়ৰ অন্তৰ্গত স্বতন্ত্রভাৱে ১৯৮৬ চনত ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা (Indian Council of Forestry Research and Educa tion) গঠন কৰা হৈছে। ইয়াৰ উপৰি বেচৰকাৰীভাৱে বিজ্ঞান আৰু পৰিৱেশ কেন্দ্র (Centre for Science and Environment), গ্রীণপিচ ইণ্ডিয়া (Greenpeace India), ৱাইল্ড লাইফ ট্রাষ্ট অব্ ইণ্ডিয়া (Wildlife Trust of India) আদিৰ দৰে বহু সংগঠনে পৰিৱেশ সুৰক্ষাৰ বাবে অজস্র কাম কৰি আছে। অসমতো অসম বিজ্ঞান সমিতি, আৰণ্যকৰ দৰে কেইবাটাও বেচৰকাৰী সংগঠনে পৰিৱেশ সুৰক্ষা, জৈৱ বৈচিত্র্য সংৰক্ষণ আদিৰ বাবে কাম-কাজ কৰি আছে। ৰাষ্ট্ৰসংঘৰ আহ্বানত সাধাৰণ মানুহৰ মাজত পৰিৱেশ সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ বাবে সমগ্র বিশ্বজুৰি প্ৰতি বছৰে ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়।

প্রশ্ন ১৮। চমুটোকা লিখা :

(ক) সম্পদমানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়। পৃথিৱীৰ বুকুত থকা বায়ু, পানী, সূৰ্যৰ ৰশ্মি, মাটি, গছ গছনি, ফল-মূল, খনিজ পদার্থ আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল। সেয়েহে এইবোৰ সম্পদ। এই সম্পদসমূহ মানুহে প্ৰধানকৈ প্ৰকৃতিৰ বুকুৰ পৰাই বিভিন্ন উপায়েৰে আহৰণ কৰে। প্ৰকৃতিৰ পৰা লাভ কৰা এই সম্পদবোৰ মানুহে নিজৰ শক্তি, বিদ্যা-বুদ্ধি আৰু কৌশল প্রয়োগ কৰি ব্যৱহাৰ কৰে। প্রখ্যাত অর্থনীতিবিদ জিম্মাৰ্মানৰ মতে, সম্পদ হ’বলৈ বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ দুটা থাকিব লাগিব। এই দুটা গুণৰ বাবেই সম্পদ ব্যৱহাৰৰ যোগেদি মানৱ কল্যাণ আৰু আৰ্থ-সামাজিক উৎকর্ষ সাধন সম্ভৱ হৈছে। সেয়ে সম্পদ আৰু ইয়াৰ ব্যৱহাৰ মানৱ সমাজৰ উন্নয়নৰ লগত ওতঃপ্রোতভাৱে জড়িত। উল্লেখযোগ্য যে প্রকৃতি, মানুহ আৰু সমাজ-সংস্কৃতি তথা বিজ্ঞান প্ৰযুক্তিৰ আন্তঃক্ৰিয়াৰ ফলতেই একো একোটা সম্পদৰ সৃষ্টি হয়।

(খ) মানৱ সম্পদঃ অর্থনীতিবিদ জিম্মাৰমানৰ সম্পদৰ সূত্রমতে মানুহৰ কাৰ্য্যকাৰিতা আৰু উপকাৰিতা গুণ থকা বাবে মানুহো প্রাকৃতিক ভাবে এবিধ সম্পদ। বিশেষকৈ প্রাকৃতিক সম্পদ সমূহক ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহৰ কাৰ্য্যদক্ষতা, শিক্ষা-প্রযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন আছে। এই সমগ্র গুণ কেবল মানুহৰহে আছে। সেয়েহে মানুহকো সম্পদ হিচাপে গণ্য কৰিব পাৰি।

(গ) সম্পত্তি : সাধাৰণ অৰ্থত সম্পদবোৰকে সম্পত্তি বুলি গণ্য কৰা হয়। কিন্তু অর্থনীতিৰ সূত্র মতে যিবোৰ সামগ্ৰীৰ বিনিময়মূল্য আছে সেইবোৰহে সম্পত্তি। সম্পত্তি সমূহৰ এটা ব্যৱহাৰিক মূল্য আছে তাৰোপৰি ই ব্যৱহাৰৰ উপযোগী আৰু ইয়াক এজনৰ পৰা আন এজনলৈ হস্তান্তৰ কৰিব পাৰি। সম্পত্তিৰ এটা বজাৰ মূল্য থাকে। সেয়েহে ইয়াক যিকোনো এটা মূল্যৰ বিনিময়ত হস্তান্তৰ কৰিব পাৰি। উদাহৰণ স্বৰূপে ঘৰ-দুৱাৰ, যন্ত্রপাতি, ভূমি, কোম্পানীৰ অংশ ইত্যাদি। সম্পত্তিৰ দ্বাৰা কেতিয়াবা উপকাৰৰ লগতে অপকাৰো হব পাৰে৷ যিবোৰৰ পৰা অপকাৰ হোৱাৰ সম্ভাৱনা আছে তেনেবোৰক সাধাৰণতে সম্পদ বুলি গণ্য কৰা নহয়।

(ঘ) নৱীকৰণযোগ্য সম্পদ: যিবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পাচতো একেবাৰে শেষ হৈ নোযোৱাকৈ পুনৰ ব্যৱহাৰ কৰিব পাৰি তেনে সামগ্ৰীসমূহকে নৱীকৰণযোগ্য সম্পদ বোলে। উদাহৰণ স্বৰূপে সূৰ্য্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি ইত্যাদি। এইবোৰ নৱীকৰণ কৰি অৰ্থাৎ পুনৰ ব্যবহাৰ কৰি নতুন সম্পদ সৃষ্টি কৰিব পাৰি। যেনে সূৰ্য্যৰ ৰশ্মিৰ পৰা বিদ্যুৎ, বায়ু-পানীৰ পৰাও বিদ্যুৎ উৎপাদন কৰি আন কামত ব্যৱহাৰ কৰিব পাৰি।

(ঙ) ব্যক্তিগত সম্পদ : যিবোৰ সম্পদৰ মালিকীস্বত্ব আছে বা থাকে তেনে সম্পদকে ব্যক্তিগত সম্পদ বুলি কোৱা হয়। অৱশ্যে ব্যক্তিগত সম্পদ বুলিলে অকল সামগ্ৰীবোৰকে নুবুজায়। কোনো এজন ব্যক্তিৰ ভাল গুণ, ভাল চৰিত্ৰ, শিক্ষা কর্মদক্ষতা আদিকো একো একোটা ব্যক্তিগত সম্পদ বুলি কোৱা হয়।

(চ) জাতীয় সম্পদকোনো এখন দেশৰ তত্ত্বাবধানত থকা সম্পদসমূহক জাতীয় সম্পদ বুলি কোৱা হয়। ৰাষ্টাঘাট, অৰণ্য, অভয়াৰণ্য, নদ-নদী, শিক্ষানুষ্ঠান, জীৱজন্তু, গছ-গছনি ইত্যাদি আৰু চৰকাৰ, প্রশাসনিক ব্যৱস্থা যিবোৰৰ ওপৰত দেশৰ অধিকাৰ থাকে তেনে সম্পদ সমূহক জাতীয় সম্পদ বুলি কোৱা হয়। ই জাতিৰ সম্পদ, দেশৰ সম্পদ, দেশৰ প্ৰতিজন মানুহৰ সম্পদ।

(ছ) জীৱীয় সম্পদ : প্রাকৃতিক গঠন অনুসৰি যিবোৰ সম্পদৰ জীৱন থাকে বা জীৱৰ পৰা উৎপত্তি হয় তাকেই জীৱীয় সম্পদ বুলি কোৱা হয়। সজীৱ বস্তুক বা সজীৱ বস্তুৰ পৰা পোৱা বস্তুকে সাধাৰণতে জীৱীয় সম্পদ বোলা হয়। জীৱজন্তু, উদ্ভিদ, মাছ-কাছ, শস্য আদি জীবীয় সম্পদ। এই ক্ষেত্ৰত কয়লা খনিজ তেল, প্রাকৃতিক গেছ আদি জীৱীয় মূলৰ যদিও ই অজীৱীয় সম্পদহে।

(জ) সম্পদ সংৰক্ষণ : সম্পদৰ ব্যৱহাৰ আৰু ইয়াৰ সংৰক্ষণ ওতঃপ্রোতভাবে জড়িত। সাধাৰণতে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্য পূর্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বোলা হয়। অৰ্থাৎ সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য হ’ল আমি প্ৰকৃতিৰপৰা আমাৰ প্ৰয়োজনীয় সম্পদবোৰ এনেদৰে আহৰণ কৰি ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি সকলোৱে বহু সময় ধৰি উপকৃত হওঁ। সম্পদ সংৰক্ষণ বুলিলে অৱশ্যে সম্পদৰ ব্যৱহাৰ নকৰি কেৱল ভৱিষ্যতৰ বাবে সাঁচি ৰখা কার্যকে নুবুজায়। উদাহৰণস্বৰূপে, খনিজ তেল সংৰক্ষণ বুলিলে খনিজ তেল প্ৰকৃতিৰপৰা কোনো ধৰণৰ অপচয় নোহোৱাকৈ মানৱ কল্যাণত সঠিক ৰূপত বহু দিনৰ বাবে ব্যৱহাৰ কৰিব পৰা কাৰ্যক বুজায়।

(ঝ) সম্পদৰ পুনৰাৱৰ্ত্তন সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বৰ্জিত দ্রব্য পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰ যোগেদি পুন ব্যৱহাৰ কৰিব পাৰি। উদাহৰণস্বৰূপে পুৰণি পলিথিন বেগ, প্লাষ্টিক বটল, কাগজ, লোহাৰ সামগ্ৰী আদি পুনৰাৱৰ্তনৰ জৰিয়তে সংশ্লিষ্ট সম্পদৰ কেঁচা সামগ্ৰী কিছু পৰিমাণে হ’লেও সংৰক্ষণ কৰিব পাৰি।

(ঞ) IUCN : IUCN-ৰ সম্পূৰ্ণ ইংৰাজী নাম Internation Union for Conservation of Nature. ইয়াৰ অসমীয়া ভাঙনি হ’ল—আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা। ৰাষ্ট্ৰসংঘৰ UNESCO ৰ সঞ্চালক প্রধান জুলিয়ান হাক্সলেই ১৯৪৮ চনত এই IUCN প্রতিষ্ঠা কৰিছিল। ইয়াৰ মূল উদ্দেশ্য হ’ল—সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ তথা প্রাকৃতিক সম্পদ সংৰক্ষণ তথা জৈৱ বৈচিত্র্য সম্পর্কে অধ্যয়ন, গৱেষণা আৰু প্রয়োজনীয় ব্যবস্থা গ্রহণ কৰা।

প্রশ্ন ১৯। পার্থক্য লিখা :

(ক) সম্পদ আৰু সম্পত্তি : সাধাৰণভাবে সম্পদ আৰু সম্পত্তি একে যদিও গুণগত আৰু অৰ্থনীতিৰ সূত্ৰ অনুসৰি কিছু পার্থক্য আছে।

সম্পদ হবলৈ হলে যিকোনো এটা বস্তুৰ কাৰ্য্যকাৰিতা আৰু উপকাৰিতা গুণ থাকিব লাগিব। যি গুণৰ বাবে মানুহৰ কল্যাণ আৰু আর্থ সামাজিক উৎকৰ্ষ সম্ভৱ হয়। কিন্তু সম্পত্তিয়ে বহু সময়ত ব্যক্তিগত কল্যাণতহে অগ্রাধিকাৰ দিয়ে। সম্পত্তিৰ প্রত্যক্ষ বিনিময় মূল্য আছে কিন্তু সম্পদ প্রত্যক্ষ বিনিময় মূল্য নাথাকিবও পাবে। সম্পত্তিক এজনৰ পৰা আন এজনলৈ হস্তান্তৰ কৰিব পাৰি। সম্পদক কিন্তু হস্তান্তৰ কৰিব নোৱাৰি।

(খ) অর্থনৈতিক ভূগোল আৰু সম্পদ ভূগোলভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ লগত মানুহৰ কাৰ্য্যকলাপৰ বিষয় আলোচনা কৰা হয় তেনে ভূগোলকে অর্থনৈতিক ভূগোল বুলি কোৱা হয়। আনহাতে, যি ভূগোলত প্রাকৃতিক সম্পদ সমূহৰ অধ্যয়ন গবেষণা, ব্যৱহাৰৰ লগতে সম্পদৰ যোগেদি মানুহৰ কল্যাণৰ কথা আলোচনা কৰা হয় তেনে বিষয়ৰ ভূগোলক সম্পদ ভূগোল বুলি কোৱা হয়।

(গ) সম্পদ আৰু নিষ্ক্রিয় সামগ্রী প্রাকৃতিক ভাবে পোৱা সকলো বস্তুৱেই সম্পদ। আচলতে মানুহৰ জীৱন ধাৰণৰ বাবে যিবোৰ বস্তুৰ কাৰ্য্যকাৰিতা আৰু উপকাৰিতা গুণ আছে সেইবোৰ বস্তু সম্পদ। আনহাতে প্রকৃতিত এনে কিছুমান সামগ্রী বা বস্তু আছে যিবোৰ বৰ্ত্তমান কোনো ব্যৱহাৰত নালাগিলেও বা অপকাৰী হলেও ভৱিষ্যতে এইবোৰ সামগ্ৰী সমূহ মানুহৰ কল্যাণত ব্যৱহাৰ হব পাৰে। এনে সামগ্ৰী সমূহৰ যিবোৰে মানুহৰ কোনো উপকাৰ বা অপকাৰ সাধন নকৰে তেনে সামগ্রী সমূহ নিষ্ক্রিয় সামগ্ৰী বুলি কোৱা হয়।

(ঘ) জীৱীয় আৰু অজীৱীয় সম্পদ : প্রাকৃতিক গঠন অনুসৰি যিবোৰ সম্পদৰ জীৱ থাকে তেনে সম্পদক জীৱীয় সম্পদ বুলি কোৱা হয়। যেনে—প্রাণী, মাছ-কাছ, গছ-গছনি, শস্য আদি জীৱীয় সম্পদ।

আনহাতে যিবোৰ সামগ্ৰীৰ কোনো জীৱ নাই তেনে সম্পদক অজীৱীয় সম্পদ বুলি কোৱা হয়। যেনে মাটি, বায়ু, পানী শিল আদি অজীৱীয় সম্পদ। (ঙ) নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ : প্রাকৃতিক ভাবে পোৱা কিছুমান সম্পদ আছে যিবোৰ ব্যবহাৰৰ পাচতো বিশেষ প্ৰক্ৰিয়াৰে পুনৰ ব্যবহাৰ কৰিব পাৰি তেনে সম্পদক নৱীকৰণযোগ্য সম্পদ বুলি গণ্য কৰা হয়। উদাহৰণ স্বৰূপে সূৰ্য্যৰ ৰশ্মি, বায়ু, পানী ইত্যাদি।

আকৌ কিছুমান সম্পদ আছে যিবোৰ অধিক ব্যবহাৰৰ ফলত নাইবা প্রাকৃতিক কাৰণত লাহে লাহে একেবাৰে শেষ হৈ যায়। অর্থাৎ যিবোৰ সম্পদক মাথোন এবাৰহে ব্যৱহাৰ কৰাৰ পিছত শেষ হৈ যায় সেইবোৰ সম্পদক অনৱীকৰণযোগ্য সম্পদ বুলি গণ্য কৰা হয়। এনেবোৰ সামগ্ৰীৰ এটা ক্ষয়জাত গুণ থকা বাবে লাহে লাহে এইবোৰ নিঃশেষ হৈ যায়। উদাহৰণ স্বৰূপে খনিজ তেল, কয়লা, তাম, সোণ, চূনশিল, ৰূপ, লো ইত্যাদি।

(চ) ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদঃ যিবোৰ সম্পদ ব্যক্তিগত দখলত থাকে অর্থাৎ ব্যক্তিগত মালিকী স্বত্ব থাকে তেনে সম্পদক ব্যক্তিগত সম্পদ বুলি কোৱ৷ হয়। আনহাতে যিবোৰ সম্পদ দেশ এখনৰ তত্ত্বাবধানত থাকে তেনেবোৰক জাতীয় সম্পদ বুলি কোৱা হয়। উদাহৰণ স্বৰূপে—অভয়াৰণ্য, নদ-নদী, গছ-গছনি, পাহাৰ পৰ্বত, ৰাষ্ট্ৰীয় উদ্যান, ৰাষ্টাঘাট, ভূমি-মাটি আদি জাতীয় সম্পদ। তেনেদৰে ভাল গুণ, ভাল চৰিত্ৰ, শিক্ষা, কর্মদক্ষতা আদিবোৰ এজন মানুহৰ ব্যক্তিগত সম্পদ। তাৰোপৰি নিজৰ অধীনত থকা সম্পদ সমূহো মানুহ এজনৰ ব্যক্তিগত সম্পদ।

(ছ) মানৱ সৃষ্ট সম্পদ আৰু মানৱ সম্পদ মানুহে প্রাকৃতিক সম্পদ সমূহক ব্যৱহাৰ কৰি মানুহৰ কর্মদক্ষতা প্রয়োগ কৰি যিবোৰ নতুন প্রয়োজনীয় বস্তুৰ সৃষ্টি কৰিছে তেনে সম্পদসমূহক মানৱ সৃষ্ট সম্পদ বোলে। উদাহৰণ স্বৰূপে— পানীৰ পৰা বিদ্যুৎ উৎপাদন, বাঁহৰ পৰা কাগজ, কপাহৰ পৰা কাপোৰ, খনিজ তেলৰ পৰা নানা ধৰণৰ ৰং ইত্যাদি।

ঠিক তেনেদৰে অৰ্থনীতিৰ সূত্ৰ অনুসৰি মানুহকো সম্পদ হিচাপে গণ্য কৰা হয়। কাৰণ মানুহৰ কাৰ্য্যকাৰিতা আৰু উপকাৰিতা গুণ আছে। তাৰোপৰি মানুহৰ কাৰ্য্যদক্ষতা, শিক্ষা, প্রযুক্তি আৰু আগ্রহ আদি গুণৰ বাবেও মানুহক সম্পদ হিচাপে গণ্য কৰিব পাৰি।

(জ) সম্পদৰ পুনৰাৱৰ্ত্তন আৰু অভিযোজন : পুনৰাৱৰ্তন : সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বর্জিত দ্রব্য পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰ যোগেদি পুন ব্যৱহাৰ কৰিব পাৰি। উদাহৰণস্বৰূপে পুৰণি পলিথিন বেগ, প্লাষ্টিক বটল, কাগজ, লোহাৰ সামগ্ৰী আদি পুনৰাৱৰ্তনৰ জৰিয়তে সংশ্লিষ্ট সম্পদৰ কেঁচা সামগ্ৰী কিছু পৰিমাণে হ’লেও সংৰক্ষণ কৰিব পাৰি।

অভিযোজন বা নৱপ্ৰচলনঅধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে প্ৰকৃতিৰপৰা আহৰণ কৰা সম্পদ ব্যৱহাৰৰ উপযোগী অৱস্থালৈ ৰূপান্তৰিত কৰিবলৈ অভিযোজন বা নৱপ্ৰচলন (Innovation) প্ৰক্ৰিয়াৰ প্ৰয়োগ কৰিব লাগে। ৰাসায়নিক সাৰ, ৰাসায়নিক কীটনাশক আদি প্ৰয়োগৰ দ্বাৰা মাটিত হ’বপৰা ঋণাত্মক প্রভাৱ ৰোধ কৰিবলৈ জৈৱ সাৰ, জৈৱ কীটনাশক আদি প্রয়োগত বেছি গুৰুত্ব প্ৰদান কৰিব লাগে।

প্রশ্ন ২০। শুদ্ধ উত্তৰটো বাছি উলিওৱা :

(ক) তলৰ কোনটো মানব সৃষ্ট সম্পদ –

(ক) নদ-নদী.            (খ) খনিজ তেল

(গ) জলসিঞ্চন নলা.   (ঘ) অৰণ্য

উঃ। (গ) জলসিঞ্চন নলা।

(খ) তলৰ কোনটো অজীৱীয় সম্পদ

(ক) বায়ু.           (খ) গছ-গছনি

(গ) জীৱ-জন্তু.      (ঘ) ভেকুৰ

উঃ। (ক) বায়ু।

(গ) তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ –

(ক) বায়ু.              (খ) পানী

(গ) শস্য.               (ঘ) কয়লা

উঃ। (ঘ) কয়লা।

(ঘ) তলৰ কোনটো বিলুপ্তপ্রায় প্রাণী

(ক) এশিঙিয়া গঁড় (খ) নল গাহৰি (গ) জিৰাফ (ঘ) মিথুন 

উঃ। (খ) নলগাহৰি।

(ঙ) IUCN সংস্থাটো কোন্ আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত?

(ক) UNESCO.         (খ) UNDP.    

 (গ) WWF.                 (ঘ) UNEP

উঃ। (ক) UNESCO-ৰ অন্তৰ্গত।

Leave a Reply