SEBA Class-10 Social Science| Chapter-1| ভাৰতীয় গণতন্ত্ৰ

SEBA Class-10 Social Science| Chapter-1| ভাৰতীয় গণতন্ত্ৰ. The answer to each chapter is provided in the list so that you can easily browse throughout different chapters  SEBA Class-10 Social Science| Chapter-1| ভাৰতীয় গণতন্ত্ৰ Class 10 Social Sconce SEBA Notes and Question Answer In Assamese Medium and select need one.

SEBA CLASS 10 (Ass. MEDIUM)

  1. English Solutions
  2. অসমীয়া Questions Answer
  3. বাংলা Questions Answer
  4. বিজ্ঞান Questions Answer
  5. সমাজ বিজ্ঞান Questions Answer
  6. हिंदी ( Elective ) Questions Answer
  7. ভূগোল (Elective) Questions Answer
  8. বুৰঞ্জী (Elective) Questions Answer
  9. Hindi (MIL) Question Answer

SEBA Class-10 Social Science| Chapter-1| ভাৰতীয় গণতন্ত্ৰ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions For SEBA Class-10 Social Science| Chapter-1| ভাৰতীয় গণতন্ত্ৰ Solutions for All Subjects, You can practice these here.

অনুশীলনীৰ প্রশ্নোত্তৰ ।

অতি চমু উত্তৰৰ প্রশ্ন :

প্রশ্ন ১। ১৯৪৫ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল?

উত্তৰ। শ্রমিক দল জয়ী হৈছিল।

প্রশ্ন ২। ‘কেবিনেট মিছন’ ভাৰতলৈ কেতিয়া আহিছিল?

উত্তৰ। ১৯৪৬ চনৰ মাৰ্চ মাহত কেবিনেট মিছন ভাৰতলৈ আহিছিল।

 প্রশ্ন ৩। সংবিধান সভাৰ প্রথম সভাপতি কোন আছিল?

উত্তৰ। ড০ সচ্চিদানন্দ সিনহা।

প্রশ্ন ৪। খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি? উত্তৰ। ড০ বি. আৰ. আম্বেদকাৰ।

প্রশ্ন ৫। ‘সমাজবাদী’ আৰু ‘ধৰ্মনিৰপেক্ষ’ শব্দ দুটা সংবিধানৰ কিমান সংশোধনী মতে প্রস্তাৱনাত সন্নিবিষ্ট হৈছিল ?

উত্তৰ। ওপৰুক্ত শব্দ দুটা ১৯৭৬ চনৰ সংবিধানৰ ৪২নং সংশোধনী মতে সন্নিবিষ্ট হৈছিল।

 প্রশ্ন ৬। ইংৰাজী Federation শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে?

উত্তৰ। ইংৰাজী Federation শব্দটো লেটিন শব্দ ‘Foedus’ শব্দৰ পৰা আহিছে।

প্রশ্ন ৭৷ ‘যুক্তৰাষ্ট্ৰৰ গৃহভূমি’ বুলি কাক কোৱা হয়?

উত্তৰ। যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি আমেৰিকা যুক্তৰাষ্ট্ৰক কোৱা হয়। 

প্রশ্ন ৮৷ ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে?

উত্তৰ। ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই। 

প্রশ্ন ৯। ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে?

উত্তৰ। কানাডাৰ সংবিধানৰ ধাৰণাটোৰ পৰা অনুকৰণ কৰা হৈছে।

চমু উত্তৰৰ প্ৰশ্ন

প্রশ্ন ১। ব্ৰিটিছ চৰকাৰে ‘কেবিনেট মিছনক’ কিয় ভাৰতলৈ পঠাইছিল?

 উত্তৰ। ১৯৪৫ চনত ইংলেণ্ডত শ্রমিক দলৰ চৰকাৰ গঠন হোৱাৰ পিছত ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিবেশ আৰু প্রস্তুতি চলোৱাৰ অৰ্থে ব্ৰিটিছ চৰকাৰে ১৯৪৬ চনৰ মাৰ্চ মাহত কেবিনেট মিছনক ভাৰতলৈ পঠাইছিল।

প্রশ্ন ২। ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৫০ চনৰ ২৬ জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কি আইনৰ ভিত্তিত চলিছিল আৰু আইনখন কোনে প্ৰস্তুত কৰিছিল?

 উত্তৰ। ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৫০ চনৰ ২৬ জানুৱাৰীলৈ ভাৰতবর্ষৰ নতুন সংবিধান বলবৎ করালৈকে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনৰ ভিত্তিত চলিছিল। এই আইনখন ইংলেণ্ডৰ সংসদে প্রস্তুত কৰিছিল।

প্রশ্ন ৩। প্রস্তাৱনাত ‘আমি ভাৰতীয় জনসাধাৰণে’ বুলি কিয় উল্লেখ কৰা হৈছে?

উত্তৰ। ভাৰতৰ সংবিধান প্রণেতা সকলে প্ৰস্তাৱনাত ‘আমি ভাৰতীয় জনসাধাৰণে’ বুলি উল্লেখ কৰাৰ কাৰণ হ’ল সংবিধানখনৰ ৰচক ভাৰতীয় জনগণ, সংবিধানখন ভাবতীয় জনগণৰ আৰু জনগণেই সংবিধানৰ আঁৰত থকা বৃহৎ শক্তি। সার্বভৌমৰ অধিকাৰী হৈ আমি আমাৰ আশা আকাংক্ষাবোৰ বাস্তৱত ৰূপ দিবলৈ নিজে সংবিধান সভাৰ জৰিয়তে এখন সংবিধান ৰচনা কৰি নিজকে প্ৰদান কৰিছো। সংবিধানৰ উদ্দেশ্য হিচাপে সকলো নাগৰিককে সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, চিন্তা, মত প্রকাশ, ধর্ম বিশ্বাস আদিৰ জৰিয়তে স্বাধীনতা, সকলো ক্ষেত্ৰতে সমতা আৰু ভ্রাতৃত্ব বোধৰ জৰিয়তে দেশৰ ঐক্য আৰু অখণ্ডতা ৰক্ষা কৰাৰ কথা কোৱা হৈছে।

প্রশ্ন ৪। ‘সার্বভৌম’ মানে কি?

উত্তৰ। সার্বভৌম মানে হৈছে সর্বোচ্চ ক্ষমতা। ভাৰতবৰ্ষ এখন সার্বভৌম ৰাষ্ট্ৰ। ভাৰতৰ সংবিধানত ভাৰতবৰ্ষক এখন সার্বভৌম ৰাষ্ট্ৰ হিচাপে প্রতিষ্ঠা কৰিছে৷ সেয়ে ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু ভাৰতবৰ্ষ কোনো আভ্যন্তৰীণ শক্তিৰ দ্বাৰাও পৰিচালিত নহয়।

প্রশ্ন ৫। কোন চনৰ কিমান সংখ্যক সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত “সমাজবাদী’ আৰু ‘ধৰ্মনিৰপেক্ষ’ শব্দ দুটা সন্নিবিষ্ট কৰা হৈছে?

উত্তৰ। ১৯৭৬ চনৰ ১৮ ডিচেম্বৰ তাৰিখে সংবিধানৰ ৪২ তম সংবিধান সংশোধনী অনুসৰি প্ৰস্তাৱনাত ‘সমাজবাদী’ আৰু ‘ধর্মনিরপেক্ষ’ এই দুটা শব্দ সন্নিবিষ্ট কৰা হৈছে।

প্রশ্ন ৬। অৰ্ধ যুক্তৰাষ্ট্ৰ কাক বোলে?

উত্তৰ ৷ যিবোৰ ৰাষ্ট্ৰত যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য থকাৰ উপৰিও এক কেন্দ্ৰীক চৰকাৰৰ বৈশিষ্ট্য সংযুক্ত হৈ থাকে তেনে ৰাষ্ট্ৰক অৰ্ধযুক্ত ৰাষ্ট্ৰ বোলে।

প্রশ্ন ৭। কোন কেইখন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল ?

উত্তৰ। ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনখনে সীমিত ৰূপত পৰাধীন ভাৰতবৰ্ষত সংসদীয় পদ্ধতিৰ চৰকাৰৰ পদ্ধতি আৰম্ভ কৰিছিল।

দীঘল উত্তৰৰ প্ৰশ্ন

প্রশ্ন ১। ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদর্শ কেনেদৰে প্রকাশ পাইছে আলোচনা কৰা।

উত্তৰ। ভাৰতীয় সংবিধানৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে ইয়াৰ প্ৰস্তাৱনা। সংবিধানৰ প্ৰস্তাৱনাক সংবিধানৰ পাতনি বুলি কব পাৰি। সংবিধানৰ প্ৰস্তাৱনাত ইয়াৰ উদ্দেশ্য আৰু আদৰ্শৰ কথা কোৱা হৈছে। সংবিধান বলবৎ কৰাৰ সময়ত ভাৰতবৰ্ষক কেৱল মাত্র এখন সার্বভৌম গণতান্ত্রিক প্রজাতন্ত্র হিচাপে ঘোষণা | কৰা হৈছিল। ইয়াত ভাৰতৰ প্ৰকৃত আদর্শ প্রতিফলিত হোৱা নাছিল। সেয়ে ১৯৭৬ চনৰ ৪২ তম সংশোধনী মতে প্রস্তাৱনাত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ | শব্দ দুটা অন্তর্ভুক্ত কৰা হৈছে।

প্ৰকৃতাৰ্থত প্ৰস্তাৱনাত সন্নিবিষ্ট কথাখিনি জানিলেহে সংবিধানখনক জনা সম্ভৱ। কাৰণ প্ৰস্তাৱনাৰ প্ৰতিটো শব্দত লুকাই আছে সংবিধানখনৰ আদৰ্শ। আমি ভাৰতীয় জনসাধাৰণে বুলি আৰম্ভ হোৱা প্ৰস্তাৱনাত থকা প্ৰতিটো শব্দত নিহিত হৈ আছে নির্দিষ্ট আদর্শ। উল্লেখ কৰা ভাল হব যে, সংবিধান প্রণেতা সকলে সংবিধান প্রস্তুত কৰা সময়ত প্রাচীন ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ দিশটোৰ প্ৰতি গুৰুত্ব দিছিল। প্ৰস্তাৱনাটো ‘আমি ভাৰতীয় জনসাধারণে’ বুলি আৰম্ভ কৰি সংবিধান | প্রণেতাসকলে স্পষ্ট উল্লেখ কৰিছে যে, সংবিধানখনৰ ৰচক ভাৰতীয় জনগণ,

সংবিধানখন ভাৰতীয় জনগণৰ আৰু ভাৰতীয় জনগণেই সংবিধানৰ আঁৰত থকা বৃহৎ শক্তি। প্ৰস্তাৱনাত থকা গুৰুত্বপূৰ্ণ শব্দ কেইটা হৈছে সার্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্রিক আৰু প্ৰজাতন্ত্র। এই আটাইকেইটা শব্দৰ মাজত সংবিধানৰ আদৰ্শ প্রতিফলিত হৈছে।

প্রশ্ন ২। ‘সার্বভৌম’, ‘সমাজবাদী’, ‘ধৰ্মনিৰপেক্ষ’, ‘গণতান্ত্রিক’ আৰু ‘গণৰাজ্য’ বুলিলে কি বুজা বহলাই লিখা।

উত্তৰ। ওপৰত উল্লেখ কৰা শব্দকেইটা ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত থকা গুরুত্বপূর্ণ শব্দ। এই শব্দ কেইটাই সংবিধানৰ আদর্শ প্রতিফলিত কৰিছে। সেইবোৰ তলত আলোচনা কৰা হ’ল। 

  • সার্বভৌম :-ভাৰতবৰ্ষ এখন সার্বভৌম ৰাষ্ট্ৰ। সাৰ্বভৌম শব্দটোৱে ভাৰতবৰ্ষক এখেন স্বাধীন ৰাষ্ট্ৰ হিচাপে পৰিগণিত কৰিছে। সার্বভৌমত্ব হৈছে ৰাষ্ট্ৰৰ আটাইতকৈ সর্ব্বোচ্চ ক্ষমতা। ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাৱেও কোনো শক্তিৰ দ্বাৰা পৰিচালিতও নহয়।
  • সমাজবাদী : ভাৰতবৰ্ষ এখন সমাজবাদী ৰাষ্ট্ৰ। সমাজবাদী শব্দটো ১৯৭৬ চনত ৪২নং সংবিধান সংশোধনী আইনৰ জৰিয়তে প্রস্তাৱনাত সন্নিবিষ্ট কৰা হৈছে। সমাজবাদী শব্দটোৱে ভাৰতবৰ্ষৰ মানুহৰ মাজত আয়, মর্যাদা আৰু জীৱনধাৰণৰ মানদণ্ডৰ ক্ষেত্ৰত কোনো বৈষম্য নাথাকিব। জাতীয় আয়ৰ সমবিতৰণ কৰা হব। দেশৰ অৰ্থনীতি জনসাধাৰণে নিৰ্ধাৰণ কৰিব, কোনো পুঁজিপতিয়ে দেশৰ অৰ্থনীতি নিৰ্ধাৰণ কৰিব নোৱাৰিব।
  • ধৰ্মনিৰপেক্ষ : ধৰ্মনিৰপেক্ষ শব্দটোৱে ভাৰতবৰ্ষক এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে প্রতিষ্ঠা কৰিছে। ইয়াৰ অৰ্থ ভাৰতবৰ্ষত চৰকাৰী ধৰ্ম বুলি কোনো ধর্ম নাথাকিব। ইয়াত ধৰ্মৰ নামত বৈষম্য নাথাকিব আৰু সকলো ধর্ম সমান বুলি বিবেচিত হব। চৰকাৰে কোনো ধৰ্মক অনুগ্রহ দেখুৱাব নোৱাৰি।
  • গণতান্ত্রিক ঃ ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ। দেশৰ শাসন ব্যৱস্থা পৰিচালিত হব দেশৰ জনগণৰ প্রতিনিধিৰ দ্বাৰা। প্রশাসন জনসাধাৰণৰ ওচৰত দায়বদ্ধ থাকিব।
  • গণৰাজ্য : ভাৰতবৰ্ষ এখন গণৰাজ্য । ইয়াৰ ৰাষ্ট্রপ্রধানজন জনসাধাৰণৰ দ্বাৰা নির্বাচিত হয়। ৰাষ্ট্র প্রধানজনৰ পদবী বংশানুক্রমিক নহয়।

 প্রশ্ন ৩। নেহৰুৰ উদ্দেশ্য সম্পর্কিত প্ৰস্তাৱ কেইটা আলোচনা কৰা।

উত্তৰ। নেহৰুৰ উল্লেখ করা উদ্দেশ্য সম্পর্কিত প্রস্তাৱ কেইটা তলত দিয়া হ’ল—

(১) গণপৰিষদে ভাৰতবৰ্ষক ‘স্বাধীন’ ‘সার্বভৌম’ ‘প্রজাতন্ত্র’ হিচাপে ঘোষণা কৰিবলৈ দৃঢ় প্রতিজ্ঞ। (স্বাধীন শব্দটো পিছত বাদ দিয়া হয়।)

 (২) ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ ভূখণ্ড আৰু ভাৰতৰ অন্তৰ্ভুক্ত হব বিচৰা দেশীয় ৰাজ্যবিলাকক লৈ ৰাজ্যসমূহৰ সংঘ গঠিত হ’ব। 

(৩) ভাৰতবৰ্ষৰ জনসাধাৰণৰ সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায়,সমতা, ধর্মীয় স্বাধীনতা ৰক্ষা, চিন্তা, আৰু মতামত প্ৰকাশৰ স্বাধীনতাক স্বীকৃতি প্ৰদান কৰা হব।

(৪) অনুসূচিত জাতি, জনজাতি, অনুন্নত সম্প্রদায় আৰু সংখ্যালঘু জনসাধাৰণৰ সুৰক্ষাৰ ব্যৱস্থা থাকিব।

(৫) দেশৰ স্বাধীনতা, সার্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব প্রদান কৰা হব।

(৬) আন্তর্জাতিক সুসম্পর্ক বিশ্বশান্তি ৰক্ষা আৰু জনগণৰ কল্যাণৰ বাবে ভাৰতবৰ্ষই সম্পূর্ণ সহযোগিতা আগবঢ়াব।

 (৭) জনসাধাৰণেই হ’ব সকলো ক্ষমতাৰ উৎস। সার্বভৌম দেশখনৰ চৰকাৰ আৰু সকলো অংগই জনসাধাৰণৰ পৰা ক্ষমতা লাভ কৰিব।

(৮) সংঘত যোগ দিয়া সহযোগী দেশীয় ৰাজ্যসমূহে অৱশিষ্ট ক্ষমতাৰ সৈতে স্বায়ত্বশাসনৰ মাজেৰে অংগৰাজ্যৰ মর্যাদা লাভ কৰিব।

ওপৰত উল্লেখ কৰা প্ৰস্তাৱসমূহক আধাৰ হিচাপে লৈ হেজাৰ বছৰীয়া সভ্যতা সংস্কৃতিক গুৰুত্ব দি সংবিধান প্রণেতাসকলে সংবিধানৰ আদৰ্শক প্রতিফলিত কৰিছিল।

প্রশ্ন ৪। ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। 

উত্তৰ। ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্য বিশ্লেষণ কৰিলে দেখা যায় যে এখন যুক্তৰাষ্ট্ৰত থাকিব লগা কেইবাটাও বৈশিষ্ট্য থকা সত্ত্বেও ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো প্ৰকৃত যুক্তৰাষ্ট্ৰীয় ব্যবস্থা নহয়। ইয়াত এককেন্দ্ৰীক চৰকাৰৰ বহুতো বৈশিষ্ট্য লগ হৈ আছে। সেই কাৰণে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটোক ‘অৰ্ধ-যুক্ত ৰাষ্ট্ৰীয়’, ‘ব্যতিক্ৰম ধৰ্মী যুক্তৰাষ্ট্ৰ’, ‘কেন্দ্ৰীভূত যুক্তৰাষ্ট্ৰ’, ‘গঠনত যুক্তৰাষ্ট্ৰ কিন্তু আদৰ্শত এককেন্দ্ৰীক’ বুলি অভিহিত কৰা হৈছে।

ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত অংগৰাজ্য সমূহে আঁতৰি যোৱাৰ ব্যবস্থা নাই। অন্য যুক্তৰাষ্ট্ৰত থকাৰ দৰে ভাৰতৰ অংগৰাজ্যসমূহৰ সুকীয়া সংবিধানৰ ব্যৱস্থা, নাই ৷ ভাৰতৰ এখনেই সংবিধান, ‘ভাৰতীয় সংবিধান’। অন্য যুক্তৰাষ্ট্ৰৰ বিপৰীতে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ বেছি শক্তিশালী। সংবিধানে যদিও তিনিখন সূচীৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ ভাগ কৰিছে তথাপি ভাৰতবৰ্ষৰ সকলো গুৰুত্বপূৰ্ণ ক্ষমতা কেন্দ্ৰৰ ওচৰত ন্যাস্ত থাকে। অংগৰাজ্য বিলাকত একোজন ৰাজ্যপালৰ নিযুক্তি দি ভাৰতবৰ্ষক যুক্তৰাষ্ট্ৰীয় চৰিত্ৰ প্ৰদান কৰা নাই। ভাৰতবৰ্ষত ৰাজ্যপালজনে প্রতিখন ৰাজ্যত কেন্দ্রীয় চৰকাৰৰ প্রতিনিধি হিচাপে কাম কৰে। ভাৰতৰ যুক্তৰাষ্ট্ৰত দ্বৈত নাগৰিকত্ব ব্যৱস্থা নাই। সকলো মানুহ একমাত্র ভাৰতৰ নাগৰিক ; কোনো অংগৰাজ্যৰ নাগৰিক নহয়। ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ সহযোগিতাৰ ওপৰত বেছি নিৰ্ভৰশীল। ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা এনে বৈশিষ্ট্যপূর্ণ।

Sl. No.Contents
HISTORY (ইতিহাস)
পাঠ-1বংগ বিভাজন আৰু স্বদেশী আন্দোলন
পাঠ-2মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম
পাঠ-3অসমত ব্রিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ
পাঠ-4ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ
পাঠ-5ভাৰত আৰু উত্তৰ – পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য
GEOGRAPHY (ভূগােল)
পাঠ-1অর্থনৈতিক ভূগােল: বিষয়বস্তু আৰু সম্পদ
পাঠ-2পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা
পাঠ-3পৃথিৱীৰ ভূগোল
পাঠ-4অসমৰ ভূগোল
POLITICAL SCIENCE AND ECONOMICS
পাঠ-1ভাৰতীয় গণতন্ত্ৰ
পাঠ-2আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য
পাঠ-3মুদ্রা আৰু বেংক ব্যৱস্থা
পাঠ-4অৰ্থনৈতিক উন্নয়ন

 প্রশ্ন ৫৷ ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহৰ ওপৰত ব্যাখ্যা আগবঢ়োৱা।

উত্তৰ। ভাৰতৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হল–

ভাৰতৰ সংসদীয় চৰকাৰত দুজন মূৰব্বী থাকে। প্রকৃত কাৰ্যপালিকা আৰু নামমাত্র কার্য পালিকা। প্রকৃত কাৰ্যপালিকা হ’ল প্রধানমন্ত্ৰীৰ নেতৃত্বত গঠন হোৱা মন্ত্ৰী পৰিষদখন আৰু নামমাত্ৰ কাৰ্যপালিকা হ’ল ৰাষ্ট্ৰপ্ৰধান ৰাষ্ট্ৰপতিজন। ভাৰতৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ মন্ত্রীপৰিষদ বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ। যদি কেতিয়াবা কিবা বিশেষ পৰিস্থিতিত বিধানমণ্ডলে অনাস্থা প্রস্তাৱ গ্ৰহণ কৰে তেতিয়া মন্ত্রীপৰিষদে পদত্যাগ কৰিবলৈ বাধ্য হয়।

ভাৰতৰ সংসদীয় চৰকাৰ দুখন সদনৰ দ্বাৰা গঠিত। এখন হৈছে লোক সভা আৰু আনখন ৰাজ্যসভা। ইয়াৰ উপৰি ভাৰতৰ ৰাষ্ট্ৰপতিজন সংসদ অবিচ্ছেদ্য অংগ।

ভাৰতত প্রচলিত হোৱা সংসদীয় গণতন্ত্রই জনসাধাৰণৰ ওচৰত বিশেষভাবে দায়বদ্ধ চৰকাৰ এখন গঠন কৰে। ভাৰতৰ সংসদীয় পদ্ধতিত গঠিত হোৱা কেন্দ্ৰীয় চৰকাৰ অধিক শক্তিশালী। যদিও সংবিধানে তিনিখন সূচীৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ ভাগ কৰিছে তথাপি সকলো গুরুত্বপূর্ণ ক্ষমতা কেন্দ্ৰৰ ওচৰত কেন্দ্রীভূত। অংগ ৰাজ্য বিলাকত থকা ৰাজ্যপাল কেন্দ্ৰীয় চৰকাৰৰ প্রতিনিধি হিচাপে কাম কৰে। ভাৰতৰ সংসদীয় পদ্ধতিৰ চৰকাৰ প্ৰবৰ্তন কৰাৰ ক্ষেত্ৰত ইংলণ্ডৰ সংবিধানখন অনুকৰণ কৰা হৈছিল।

মুঠতে ভাৰতবৰ্ষৰ পৰিৱেশ পৰিস্থিতিৰ সৈতে খাপ খোৱাকৈ সংবিধানখনে প্ৰৱৰ্তন কৰা সংসদীয় গণতন্ত্রই আমাৰ দেশখনক বিশ্বৰ এখন মর্যাদাসম্পন্ন সংসদীয় গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে।

Leave a Reply