SEBA Class-10 History Elective| Chapter-8| ভাৰতবৰ্ষৰ বৈদেশিক নীতি

SEBA Class-10 History Elective| Chapter-8| ভাৰতবৰ্ষৰ বৈদেশিক নীতি (SEBA) ,পৰীক্ষাত উৎকৃষ্ট হ’বলৈ যথেষ্ট মূল্যৱান হ’ব পাৰে। অসমীয়া মধ্যম ASSAM BOARD শ্ৰেণী 10 ইতিহাস (বৈকল্পিক) আপোনাক সকলো অধ্যায়ৰ বিষয়ে ভালজ্ঞান প্ৰদান কৰে। আপুনি মৌলিক আৰু উন্নত দুয়োটা স্তৰৰ প্ৰশ্নৰ সমাধান পাব পাৰে। আপোনাৰ ব’ৰ্ড পৰীক্ষাত উৎকৃষ্ট হোৱাৰ এটা সৰ্বশ্ৰেষ্ঠ উপায় হ’ল অনুশীলন কৰা।

SEBA CLASS 10 (Ass. MEDIUM)

  1. English Solutions
  2. অসমীয়া Questions Answer
  3. বাংলা Questions Answer
  4. বিজ্ঞান Questions Answer
  5. সমাজ বিজ্ঞান Questions Answer
  6. हिंदी ( Elective ) Questions Answer
  7. ভূগোল (Elective) Questions Answer
  8. বুৰঞ্জী (Elective) Questions Answer

SEBA Class-10 History Elective| Chapter-8| ভাৰতবৰ্ষৰ বৈদেশিক নীতি

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions For SEBA Class-10 History Elective| Chapter-8| ভাৰতবৰ্ষৰ বৈদেশিক নীতিSolutions for All Subjects, You can practice these here.

পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ

১। অতি চমু উত্তৰ দিয়া :

(ক) তলত দিয়া ঘটনাসমূহৰ চন-তাৰিখ উল্লেখ কৰা : 

(ক) ভাৰত-চীন দ্বিপাক্ষিক চুক্তি

(খ) চাৰ্কৰ সংগঠন

(গ) বাংলাদেশৰ মুক্তি সংগ্রাম 

(ঘ) কন্যা শিশু বর্ষ

(ঙ) যুৱ বৰ্ষ

(চ) তিন বিঘা সম্পৰ্কীয় ভাৰত-বাংলাদেশ চুক্তি (ছ) ভাৰত-পাক ছিমলা চুক্তি।

উত্তৰ। (ক) ভৰাত-চীন দ্বিপাক্ষিক চুক্তি – ১৯৫৪ চনৰ ২৯ মে 

(খ) চাৰ্কৰ সংগঠন—১৯৮৫ চন।

(গ) বাংলাদেশৰ মুক্তি সংগ্রাম––১৯৭১ চন।

(ঘ) কন্যা শিশু বর্ষ–১৯৯০ চন।

(ঙ) যুৰ বৰ্ষ ― ১৯৯৪ চন। 

(চ) তিন বিঘা সম্পৰ্কীয় ভাৰত-বাংলাদেশ চুক্তি মার্চ । ― ১৯৯২ চনৰ ২

(ছ) ভাৰত-পাক ছিমলা চুক্তি ― ১৯৭২ চন

২। চমু উত্তৰ দিয়া

(ক) চীনৰ সৈতে ভাৰতবৰ্ষৰ সম্পৰ্ক 

(খ) পাকিস্তানৰ সৈতে ভাৰতবৰ্ষৰ সম্পৰ্ক

(গ) বাংলাদেশৰ সৈতে ভাৰতবৰ্ষৰ সম্পর্ক

(ঘ) নেপালৰ সৈতে ভাৰতবৰ্ষত সম্পর্ক। 

উত্তৰ। 

(ক) চীনৰ সৈতে ভাৰতবৰ্ষৰ সম্পৰ্ক : চীন আৰু ভাৰতবৰ্ষ দুয়োখন দেশ একোটা প্রাচীন সভ্যতাৰ গৃহভূমি। আদিতে চীনৰ সৈতে ভাৰতবৰ্ষৰ সম্পৰ্ক মধুৰ আছিল। এই দেশ দুখনৰ মাজত প্রাচীন কালৰেপৰা বাণিজ্যিক তথা শৈক্ষিক-সাংস্কৃতিক আদান-প্রদান চলি আছিল। ভাৰতবৰ্ষত সৃষ্টি হোৱা বৌদ্ধ ধৰ্মই চীন আদি প্ৰাচ্যৰ দেশসমূহত বিস্তৃতি লাভ কৰাৰ পাছৰেপৰা চীন আৰু ভাৰতবৰ্ষৰ সৈতে সাংস্কৃতিক আদান-প্রদান আৰু বৌদ্ধিক চিন্তা-চৰ্চাৰ পথ মুকলি হৈছিল। দুয়োখন দেশৰ চৰকাৰে পঞ্চশীল নীতিৰ আধাৰত পাৰস্পৰিক সহযোগিতাৰে ৰাষ্ট্ৰ গঠন তথা বিশ্ব শান্তি প্রতিষ্ঠাত নিজ নিজ ভূমিকা পালন কৰিবলৈ প্রতিশ্রুতিবদ্ধ হৈছিল। কিন্তু ১৯৬২ চনৰ শেষৰফালে দুয়োখন দেশৰ মাজত সীমা বিবাদক কেন্দ্ৰ কৰি সামৰিক সংঘৰ্ষই দেখা দিছিল আৰু ইয়ে পূৰ্বৰ বন্ধুত্বপূর্ণ সম্পর্কৰ অৱনতি ঘটাইছিল। সম্প্রতি দুয়োখন দেশৰ মাজত পুনৰ এই সম্পর্ক গঢ়লৈ উঠিছে। দুয়োখন দেশেই এতিয়াও পঞ্চশীল নীতিক বিশ্বাস কৰি তাৰ আধাৰতেই দ্বিপাক্ষিক সম্পর্ক চলাই আছে আৰু দুয়োখন দেশবে যুটীয়া কাৰ্যকৰী গোটে বিবাদমান আন্তঃৰাষ্ট্ৰীয় সীমাৰ প্ৰশ্নটো সমাধান কৰিবলৈ যত্নপৰ হৈছে।

(খ) পাকিস্তানৰ সৈতে ভাৰতবৰ্ষৰ সম্পৰ্ক : পাকিস্তানৰ সৈতে ভাৰতবৰ্ষৰ সম্পর্ক বৰ মধুৰ নহয়। সাম্রাজ্যবাদ বিৰোধী স্বাধীনতা আন্দোলনত সমাে অংশগ্ৰহণ কৰা পাকিস্তান ধৰ্মৰ ভিত্তিত বিভাজনৰ নীতি মানি লৈ সৃষ্টি হৈছিল যদিও আজিলৈকে তাত শান্তি স্থাপন হোৱা নাই। পাকিস্তানে এফালে ধর্মীয় মানসিকতাৰে ভাৰতবৰ্ষৰ বিৰোধিতা কবে আৰু আনফালে জম্মু আৰু কাশ্মীবর প্রতি অনাহক দাবী কৰে। ইয়াৰ ফলত দুয়োখন দেশৰ মাজত সুসম্পর্ক কেতিয়াও স্থাপন হোৱা নাই।

স্বাধীনতা প্রাপ্তিৰ সময়ৰে পৰা পাকিস্তানে ভাৰতবৰ্ষৰ বিরুদ্ধে জম্মু আৰু কাশ্মীৰৰ দখলৰ নামত বাজনৈতিক আৰু সামধিক অভিযান চলাই আছে, কলত দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পর্ক সদায় উত্তেজনাপূর্ণ হৈ আছে। পাকিস্তানে এই উদ্দেশ্যৰে ১৯৬৫ চন আৰু ১৯৭১-৭২ চনত দুবাৰকৈ ভাৰতবর্ষ আক্রমণ কৰি সফল হ’ব পৰা নাই। পাকিস্তানে এনেদৰে বিফল হৈও জম্মু আৰু কাশ্মীৰ অঞ্চলক লৈ গোপনে সন্ত্রাসবাদী কার্যকলাপ চলাই সামৰিক উত্তেজনাৰ সৃষ্টি কৰাৰ ফলত ভাৰতৰ শাস্তি বিঘ্নিত হৈছে। দুয়োখন দেশৰ মাজত বিবাদমান সমস্যাবোৰ সমাধান কৰিবলৈ দুখনকৈ দ্বিপাক্ষিক চুক্তি সম্পদান কৰা হৈছে যদিও। পাকিস্তানে এই নীতিৰ বিৰোধিতা কৰিছে। পাকিস্তানে বাৰে বাৰে সামৰিক শক্তিৰ সহায়েৰে সমস্যা সমাধানৰ পথ লোৱাত এতিয়ালৈকে দুয়োখন দেশৰ মাজৰ দম্পর্ক শত্রুভাবাপন্ন হৈ আছে।

(গ) বাংলাদেশৰ সৈতে ভাৰধৰ সম্পৰ্ক : বাংলাদেশেৰ স্বাধীনতা আন্দোলনত ভাৰতবৰ্ষই বাংলাদেশক সামৰিক সাহাৰ্য প্ৰদান কৰিছিল আৰু দেশখনে স্বাধীনতা পোৱাৰ পাছতো অধিকাংশ লোক ভাৰতবৰ্ষত ৰৈ গৈছিল। ভাৰতবৰ্শ আৰু বাংলাদেশৰ মাজত কেইবাটাও দ্বিপাক্ষিক সমস্যা আছে তাৰ ভিতৰত মূখ্য হৈছে ভগনীয়া সমস্যা, লোকপ্ৰব্ৰজন, ফাৰাক্কা বেৰেজ সমস্যা, সীমা বিবাদ, তিন বিঘা আৰু চাকমা সমস্যা। বাংলাদেশৰ ভগনীয়াসকলে উত্তৰ পূৰ্বাঞ্চলৰ বৈদেশিক আৰু অৰ্থণৈতিক নিৰাপত্তাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিছে আৰু ই সৃষ্টি কৰা অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সমস্যাবোৰ সমাধান কৰিবলৈ বাংলাদেশ চৰকাৰ অসম্মত। বাংলাদেশৰ পৰা হোৱা অবৈধ লোকপ্ৰব্ৰজনে ভাৰতবৰ্ষৰ অসম ৰাজ্যৰ আভ্যস্তৰীণ অৱস্থা শংকিত কৰাৰ লগতে দেশ দুখনৰ মাজত দ্বিপাক্ষিক সম্পর্কৰ অৱনতি ঘটিছে। ফারাক্কা বেবেজ সমস্যাটো দুয়োখন দেশৰ মাজত আলাপ-আলোচনাৰ মাজেদি সমাধান কৰা হৈছিল যদিও বাংলাদেশ আজিও সন্মত হোৱা নাই। তাৰোপৰি ভাৰত আৰু বাংলাদেশৰ মাজত থকা সীমা সম্পর্কীয় বিবাদ এতিয়াও চলি আছে। 

বাংলাদেশ আৰু ভাৰতবৰ্ষৰ মাজত গুৰুতৰ সামৰিক সংঘৰ্ম্ম হোৱা নাই যদিও মাজে মাজে চলি থকা সীমা বিবাদে দুয়োখন দেশৰ পাৰস্পৰিক সম্পৰ্ক অৱনতি ঘটোৱাত সহায় কৰিছে। বাংলাদেশৰপৰা হোৱা ব্যাপক প্ৰব্ৰজনে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বিশেষকৈ অসম, মেঘালয়, আৰুণাচল প্ৰদেশ আৰু পশ্চিমবংগত জনসাধাৰণৰ মাজত বাংলাদেশৰ প্রতি বিদ্বেষভাব আহিছে।

(ঘ) নেপালৰ সৈতে ভাৰতবৰ্ষৰ সম্পর্ক : নেপালৰ সৈতে ভাবতবর্ষব সম্পর্ক মধুৰ। ভাৰতবৰ্ষৰ আন চুবুৰীয়া ৰাষ্ট্ৰকেইখনত থকাৰ দৰে নেপালৰ সৈতে ভাৰতবৰ্ষৰ কোনো বিদ্বেষভাব নাই। নেপালৰ পূব, পশ্চিম আৰু দক্ষিণফালটো ভাৰতবৰ্ষই আগুৰি আছে। ১৮৪৬ চনৰ পৰা ১৯৫১ চনলৈ নেপালত ৰানা পৰিয়ালৰ লোকে বংশগতভাৱে প্ৰধানমন্ত্ৰীৰ পদত থাকি দেশ শাসন কৰিছিল আৰু তাত নেপালী কংগ্ৰেছৰ নেতৃত্বত চলা বাজনৈতিক আন্দোলনৰ ফলত পুনৰ ৰাজকীয় শাসন ব্যৱস্থা প্ৰৱৰ্তন হৈছিল। সম্প্রতি নেপালত ৰাজতন্ত্ৰৰ অৱসান ঘটাই প্রতিনিধিত্বমূলক প্রজাতান্ত্রিক চৰকাৰ প্ৰৱৰ্তন কৰা হৈছে। নেপালৰ সৈতে ভাৰতবৰ্ষৰ সম্পৰ্ক পূৰ্বৰে পৰা মজুত আছিল আৰু আজিও সেই সম্পর্ক অটুত আছে।

৩। ৰচনাধর্মী প্রশ্ন আৰু উত্তৰ :

প্রশ্ন ১। ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ মূল লক্ষ্য আৰু উদ্দেশ্য কি কি?

উত্তৰ। ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ মূল লক্ষ্য আৰু উদ্দেশ্যসমূহ হৈছে ―

(ক) ঔপনিবেশিকতাবাদ আৰু সাম্রাজ্যবাদৰ অবসান ঘটোৱা। 

(খ) পদানত আৰু নিপীড়িত জাতি তথা দেশসমূহৰ প্রতি সমর্থন আগবঢ়াই মুক্তি আৰু স্বাধীনতাৰ পথ মুকলি কৰা।

(গ) ভিন্ন ৰাজনৈতিক মতাৱলম্বী আৰু অর্থনৈতিক আদৰ্শৰ প্ৰতি অনুগত দেশৰ সৈতে সহাৱস্থান কৰা আৰু সহযোগিতা আগবঢ়োৱা। 

(ঘ) আত্মনিৰ্ভৰশীলতা অর্জন কৰা।

(ঙ) গোষ্ঠী নিবপেক্ষতা।

(চ) বর্ণ-বৈষম্যবাদৰ বিৰোধিতা কৰা।

(ছ) বিভিন্ন দেশৰ মাজত থকা বাজনৈতিক বৈষম্যৰ অৱসান ঘটোৱা।

(জ) নিৰস্ত্ৰীকৰণ কৰা।

(ঝ) পাৰস্পৰিক বিবাদসমূহৰ শান্তিপূর্ণ সমাধান কৰা।

(ঞ) পৰৰাজ্য বা বাষ্ট্ৰৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰা। (ট) যিকোনো দেশৰে ভৌগোলিক আৰু ৰাষ্ট্ৰীয় অখণ্ডতা ৰক্ষা কৰা আদি।

বৈদেশিক নীতিৰ আধাৰ হিচাপে ভাৰতবৰ্ষই উক্ত লক্ষ্য আৰু আদর্শসমূহ গ্ৰহণ কৰিছিল। প্রায় ১৯১৭ চন মানৰ পৰাই বিশ্বৰ প্ৰধান দেশসমূহ কম বেছি পৰিমাণে দুটা প্রধান ৰাজনৈতিক শিৱিৰত ভাগ হৈ পৰিছিল পুঁজিবাদী আৰু সমাজবাদী দেশ হিচাপে। পুঁজিবাদী শিৱিৰত আছিল– আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্রিটেইন, ফ্রান্স আদি আৰু সমাজবাদী শিৱিৰত আছিল– ছোভিয়েট ৰাছিয়া আৰু সেই দেশৰ প্রতি সহানুভূতিশীল আৰু সমৰ্থক ৰাষ্ট্ৰসমূহ। ভাৰতবৰ্ষই এই দুয়োটা শিৱিৰৰ কোনোটোতে অংশগ্রহণ নকৰি অন্য এটা তৃতীয় শিৱিৰত অন্তর্ভূক্ত হৈছিল। ভাৰতবৰ্ষকে ধৰি ঔপনিৱেশিকতাবাদ আৰু সাম্রাজ্যবাদৰ পৰা সদ্য স্বাধীন তৃতীয় বিশ্বৰ দেশকেইখনমানে পুঁজিবাদী আৰু সমাজবাদী শিৱিৰত অংশগ্রহণ নকৰি এক পৃথক ৰাজনৈতিক সমীকৰণৰ প্ৰতি আগ্ৰহাম্বিত হৈছিল। এফালে পুঁজিবাদী সাম্রাজ্যবাদী আৰু আনফালে কমিউনিষ্ট সমাজবাদী শিৱিৰ দুটাৰ কোনো এটি প্রতিষ্ঠিত ৰাজনৈতিক সামৰিক শিৱিৰতে অংশ গ্রহণ নোলোৱাকৈ সদ্য স্বাধীন দেশসমূহে নিজাববীয়াকৈ এক আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক সংগঠন গঢ়ি তোলাৰ দিশত অগ্ৰসৰ হৈছিল। তাৰে পৰিণতিতেই ভাৰতবৰ্ষৰ গোষ্ঠী নিৰপেক্ষ আন্দোলন সৃষ্টি হৈছিল আৰু এই আন্দোলন পঞ্চশীল নীতিৰ আধাৰত গঢ়ি উঠিছিল। স্বাধীন ভাৰতৰ প্ৰথম প্রধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে বৈদেশিক নীতিৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল আৰু তেওঁৰ শাসনকালতেই ভাৰতৰ বৈদেশিক নীতিৰ বুনিয়াদ ৰচনা হৈছিল। ভাৰতবৰ্ষ তাৰ কাৰণে নিৰপেক্ষতাৰ অৰ্থ হৈছে কোনো সামৰিক শিৱিৰতে অংশ গ্ৰহণ নকৰি আন্তর্জাতিক সমস্যা সমাধানৰ ক্ষেত্ৰত আনৰ সৈতে সহযোগিতা কৰা। এনে এক লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখিয়ে ভাৰতবৰ্ষত বদেশিক নীতিসমূহ কাৰ্যকৰী কৰা হৈছিল।

প্রশ্ন ২। কি ঐতিহাসিক পৰিস্থিতিত পঞ্চশীল ভাৰতবৰ্ষৰ বৈদেশিক শীতিৰ আধাৰৰূপে পৰিগণিত হৈছে আলোচনা কৰা। 

উত্তৰ। প্রথম বিশ্বযুদ্ধৰ পাছৰে পৰা বিশ্বৰ প্রধান দেশসমূহ কম-বেছি গৰিমাণে দুটা প্রধান বাজনৈতিক শিৱিৰত ভাগ হৈছে। পুঁজিবাদী শিৱিৰৰূপে এটা ভাগত আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ, ফ্রান্স, ব্রিটেইন আদি আৰু আনটো শিৱিবত সমাজতান্ত্রিক দেশ ছোভিয়েট বাছিয়াকে ধৰি সেই দেশৰ সহানুভূতিশীল আৰু সমৰ্থক ৰাষ্ট্ৰসমূহ আছিল। ভাৰতবৰ্ষকে ধৰি সদ্য স্বাধীনতাপ্রাপ্ত দেশসমূহ উক্ত কোনো এটা শিৱিৰৰে সদস্য নহৈ আন এক তৃতীয় শিৱিৰৰ সদস্য তথা অন্তৰ্ভূক্ত হৈ পবিল।

ছোভিয়েট ৰাচিয়াৰ অভ্যুদয়ৰ সময়ৰপৰাই সমাজবাদী আৰু পুঁজিবাদী সাম্রাজ্যবাদী শিৱিবৰ মাজত চলি অহা ৰাজনৈতিক মতাদর্শগত সংগ্রাম, সংশয়, অবিশ্বাস আৰু সন্দেহৰ ফলত দুয়োটা শিৱিৰৰ মাজত শীতল যুদ্ধৰ সৃষ্টি হৈছিল। এই শীতল যুদ্ধৰ ফলত বিশ্বৰ বিভিন্ন দেশৰ মাজত ৰাজনৈতিক মেৰুকৰণ প্ৰক্ৰিয়াৰ সূচনা হৈছিল। নিজ নিজ দেশত প্রচলিত মতাদর্শ অনুসৰি বিভিন্ন দেশসমূহ উক্ত দুয়োটা শিৱিৰৰ যিকোনো এটা শিৱিৰত অন্তৰ্ভূক্ত হৈ পৰিছিল।

ভাৰতবৰ্ষকে আদি কৰি ঔপনিৱেশকতাবাদ আৰু সাম্রাজ্যবাদৰপৰা সদ্য স্বাধীনতাপ্রাপ্ত তৃতীয় বিশ্বৰ অন্তৰ্গত কেইখনমান দেশে তেনে কোনো শিৱিৰত অংশগ্রহণ নকৰি এক পৃথক ৰাজনৈতিক সমীকৰণৰ প্ৰতি আগ্ৰহাম্বিত হৈ পৰিছিল। উক্ত দেশসমূহ লাহে লাহে নিজাববীয়াকৈ এক আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক সংগঠন গঢ়ি তোলাৰ দিশত অগ্ৰসৰ হৈছিল। ফলস্বৰূপে বিশ্বৰ ৰাজনীতিত গোষ্ঠী নিৰপক্ষে আন্দোলন সৃষ্টি হৈছিল বুলি ক’ব পাৰি। গোষ্ঠী নিৰপেক্ষ আন্দোলন পঞ্চশীল নীতিৰ আধাৰত গঢ়ি উঠিছিল। পঞ্চশীল নীতিসমূহ বৌদ্ধধৰ্মৰ পাঁচটা নৈতিক আচৰণ বিধিৰপৰা গ্ৰহণ কৰা হৈছে।

পঞ্চশীল তথা ৰাষ্ট্ৰসমূহৰ পাৰস্পৰিক সহাৱস্থানৰ পাঁচটা নীতি চীনত কমিউনিষ্ট বিপ্লৱ সফল হোৱাৰ পিছৰ কালছোৱাত দেশৰ ৰাষ্ট্ৰ প্ৰধান মাও জে দঙে উদ্ভাবন কৰিছিল। চীনদেশৰ বৈদেশিক নীতিৰ মূল বৈশিষ্ট্য সম্পর্কে উল্লেখ কৰি মাও জে-দঙে কৈছিল যে সেই দেশৰ উদ্দেশ্য আছিল, “সমানাধিকাৰৰ নীতি মানিব খোঁজা, পাৰস্পৰিক সুবিধা লাভৰ প্রতি আগ্রহী আৰু ৰাষ্ট্ৰীয় অখণ্ডতা আৰু সার্বভৌমত্বৰ প্ৰতি পাৰস্পৰিক শ্রদ্ধাত বিশ্বাসী সকলোবোৰ দেশৰ সৈতেই কূটনৈতিক সম্পর্ক স্থাপন কৰিবলৈ আগ্রহী।”

ব্যৱহাৰিক ৰাজনীতিত এই পঞ্চশীল নীতি প্রথমে প্রয়োগ কৰা হৈছিল ১৯৫৪ চনৰ ২৯ মে’ত স্বাক্ষৰিত ভাৰত-চীন দ্বিপাক্ষিক চুক্তিৰ জৰিয়তে। এই চুক্তিটো নতুন দিল্লীত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্রী জৱাহৰলাল নেহৰু আৰু চীনৰ প্ৰধানমন্ত্ৰী চৌ এন লাইয়ে স্বাক্ষৰ কৰিছিল। ২৮ জুন তাৰিখে যুটীয়াভাবে এই বিবৃতিটো বাতৰিকাকত লৈ প্ৰেৰণ কৰি উক্ত চুক্তিৰ চৰ্তাৱলীৰ কথা সাদৰি কৰা হৈছিল। উক্ত চর্তাবলী আছিল—

(i) স্বাভৌমত্ব আৰু ৰাষ্ট্ৰীয় অখণ্ডতাৰ প্ৰতি পাৰস্পৰিক স্বীকৃতি আৰু শ্রদ্ধা প্ৰদান কৰা।

(ii) পৰস্পৰৰ প্রতি অনাক্রমণ নীতিত বিশ্বাস কৰা।

(iii) গৰম্পৰৰ আভ্যন্তৰীণ ৰাজনৈতিক বিষয়ত হস্তক্ষেপ কৰাৰপৰা বিৰত থকা। 

(iv) সমান অধিকাৰৰ ভিত্তিত পাৰস্পৰিক সুবিধাৰ সৃষ্টি কৰা আৰু

(v) শান্তিপূর্ণ সহ অৱস্থান।

তিব্বতক কেন্দ্ৰ কৰি চীন আৰু ৰতবৰ্ষৰ মাজত স্বাক্ষৰিত এই চুক্তিয়ে পোন প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত পঞ্চশীল নীতিৰ প্ৰয়োগ কৰা দেখা যায়। ইয়াৰ পিছত ১৯৫৫ চনৰ ১৭-২৪ এপ্ৰিলত ইন্দোনেছিয়াৰ বান্দুঙত অনুষ্ঠিত প্রথম আফ্রো-এছীয় সন্মিলনৰ বিশ্ব শান্তি আৰু সহযোগিতা শীর্ষক ঘোষণা পত্রতো এই নীতিসমূহ সন্নিৱিষ্ট কৰা হৈছিল।

প্রশ্ন ৩। কি ঐতিহাসিক পৰিস্থিতিত দক্ষিণ এছিয়া মানণ্ডলিক সহযোগিতা সংগঠন গঢ়ি উঠিছে সেই সম্পর্কে আলোচনা কৰা।

উত্তৰ। দ্বিতীয় বিশ্বযুদ্ধৰ সময়লৈকে বিশ্বত গঢ়লৈ উঠা অধিকাংশ সংগঠনেই আছিল সামৰিক সংগঠন। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত এই অৱস্থাৰ কিছু পৰিৱৰ্তন ঘটিছিল। কেৱল যুদ্ধ প্রতিহত কৰা আৰু শাস্তি প্রতিষ্ঠা কৰা কামতেই ব্যস্ত নাথাকি দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰপৰা বিভিন্ন দেশে লাহে লাহে অর্থনৈতিক, সামাজিক, সাংস্কৃতিক সহযোগিতামূলক সংগঠন জন্ম দিবলৈ আৰম্ভ কৰিছিল। একোটা ভৌগোলিক অঞ্চলৰ মানুহৰ জীৱনধাৰণ পদ্ধতি, অর্থনৈতিক উৎপাদন ব্যৱস্থা, প্রাকৃতিক সম্পদ আহৰণৰ উপায়, সাংস্কৃতিক জীৱনবোধ আদিৰ ওপৰত নৰ্ভৰ কৰি মানুহে নতুন নতুন আঞ্চলিক সহযোগিতাকেন্দ্ৰীক আন্তঃৰাষ্ট্ৰীয় সংগঠন গঢ়ি তুলিছিল। আঞ্চলিক সহযোগিতাৰ সংগঠনসমূহ মহাদেশ বা উপমহাদেশতেই সীমাৱদ্ধ আছিল। তেনে এক প্রয়োজন এছিয়া মহাদেশৰ লোকসকলেও অনুভৱ কৰিছিল আৰু তেনে পৰিস্থিতিতেই দক্ষিণ এছিয়া মাগুলিক সহযোগিতা সংগঠন গঢ় লৈ উঠিছিল।

বিশ্বৰ বিভিন্ন দেশত সংগঠিত হোৱা আঞ্চলিক সংস্থাবোৰৰ আৰ্হি-আদর্শতেই ১৯৮৫ চনত দক্ষিণ এছিয়া সহযোগিতা সংস্থা (South Asian Association for Regional Corporation বা চমুকৈ SAARC) সংগঠিত হয়। এই মাগুলিক সহযোগিতা সংগঠনটোৰ অন্তৰ্ভুক্ত দেশ কেইখন হৈছে– ভাৰতবৰ্ষ, পাকিস্তান, বাংলাদেশ, ভুটান, নেপাল, শ্রীলংকা আৰু মালদ্বীপ । এই আটাইকেইখন দেশেই পুর্বতে ব্ৰিটিছব সাধিপত্য চলিছিল। নেপালৰ বাহিৰে বাকী কেইখন দেশৰে ব্ৰিটিছৰ কঠোৰ ঔপনিৱেশিক সাম্রাজ্যবাদী শাসন-শোষণ চলিছিল। ইয়াৰ ফলত অঞ্চলটোৰ আটাইবোৰ দেশতে কৃষিকে ধৰি আন সকলো ক্ষেত্ৰতে অর্থনৈতিক পশ্চাদপদতা, নিৰক্ষৰতা, স্বাস্থ্যহীনতা আদি মানুহৰ লগৰীয়া আছিল। সেইবাবে অঞ্চলটোৰ জনসাধাৰণৰ সামগ্রিক উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি দণি এছিয়া আঞ্চলিক সহযোগিতা সংগঠনটো গঢ়ি তোলা হৈছে। সাতখন দেশক লৈ গঠিত এই সংগঠনটোৰ প্ৰথম তথা সাংগঠনিক শীর্ষ সন্মিলনখন ১৯৮৫ চনৰ ডিচেম্বৰ মাহৰ ৭ তাৰিখে বাংলাদেশৰ ৰাজধানী ঢাকা চহৰত অনুষ্ঠিত হৈছিল।

এই সহযোগিতা সংস্থাটো গঢ়ি তোলাৰ মুখ্য উদ্দেশ্য আছিল ব্ৰিটিছ ঔপনিৱেশিকতাবাদে চলোৱা শোষণ আৰু লুণ্ঠনৰ অৱসান ঘটোৱা মানুহৰ জীৱননিৰ্বাহ পদ্ধতি উন্নত কৰা, অর্থনৈতিক উৎপাদন ব্যৱস্থা উন্নত কৰা, প্রাকৃতিক সম্পদ আহৰণত মনোনিৱেশ কৰা, সাংস্কৃতিক জীৱনবোধকে ধৰি সকলো ক্ষেত্ৰতে জনসাধাৰণৰ বিকাশ সাধন কৰা। দক্ষিণ এছিয়াৰ এই সাতখন দেশক লৈ চাৰ্ক সংগঠনটো হৈছে। চাৰ্কৰ মূখ্য কাৰ্যালয় নেপালৰ ৰাজধানী কাঠমাণ্ডুত অৱস্থিত। দ্বিতীয় বিশ্বযুদ্ধত দক্ষিণ এছিয়াৰ দেশসমূহ অধিক ক্ষতিগ্রস্ত হৈছিল আৰু অৰ্থনৈতিক তথা সামাজিকভাবে অনগ্ৰসৰ হৈছিল। তেনে এক পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈকে দক্ষিণ এছিয়া মাগুলিক সহযোগিতা সংগঠনৰ জন্ম হৈছিল আৰু ইয়ে দেশসমুহৰ মাজত সহযোগিতা আৰু একতা অক্ষুণ্ণ ৰখাত সহায় কৰিছিল।

SEBA Class 10 History(Elective) Solutions

Sl. No.Contents
Chapter 1ঔপনিৱেশিকতা আৰু সাম্রাজ্যবাদৰ বিকাশ
Chapter 2প্রথম বিশ্বযুদ্ধ
Chapter 3প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব-ৰাজনীতিৰ খতিয়ান
Chapter 4দ্বিতীয় বিশ্বযুদ্ধ
Chapter 5ৰাষ্ট্ৰসংঘ
Chapter 6দ্বিতীয় বিশ্বযুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যুদয়
Chapter 7গোষ্ঠী নিৰপেক্ষ আন্দোলন
Chapter 8ভাৰতবৰ্ষৰ বৈদেশিক নীতি

প্রশ্ন ৪। দক্ষিণ এছিয়া মাণ্ডলিক সহযোগিতা সংগঠনৰ মূল লক্ষ্য আৰু উদ্দেশ্য সম্পর্কে অলোচনা কৰা।

উত্তৰ। দক্ষিণ এছিয়া মাঙলিক সহযোগিতা সংগঠনৰ মূল লক্ষ্য আছিল— সংগঠনৰ অন্তৰ্ভূক্ত দেশসমূহে নিজ নিজ দেশৰ মানৱ আৰু বৈষয়িক সম্পদৰ সর্বোচ্চ ব্যৱহাৰৰ জৰিয়তে তেওঁলোকক নিজ নিজ দেশৰ সামাজিক আৰু অর্থনৈতিক উন্নয়ন প্রক্রিয়া ত্বৰান্বিত কৰা। জনসাধাৰণৰ কল্যাণ আৰু উন্নয়ন সাধন কৰি মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাটো এই সংস্থাটোৰ প্ৰধান লক্ষ্য আছিল। সংগঠনটোৰ মুৰব্বীসকলে বিশ্বাস কৰিছিল যে ক্রিয়াশীল আঞ্চলিক সহযোগিতাৰ মাধ্যমত দেশৰ প্ৰাকৃতিক সম্পদসমূহৰ সৰ্বোচ্চ ব্যৱহাৰৰ জৰিয়তে জনসাধাৰণৰ কল্যাণ সাধন কৰিব পাৰিব, দেশৰ অৰ্থনৈতিক উন্নয়নৰ গতি ত্বৰান্বিত কৰিব পাৰিব আৰু ইয়াৰ জৰিয়তে তেওঁলোকৰ জাতীয় আৰু সামুহিক আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰিব পাৰিব। দক্ষিণ এছিয়া মাণ্ডলিক সহযোগিতা সংগঠনৰ মূল উদ্দেশ্য হৈছে অঞ্চলটোত শাস্তি সম্প্ৰীতি অক্ষুণ্ণ ৰাখি সদস্যভূক্ত দেশসমূহৰ অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক উন্নয়ন সাধন করা। চার্কব শীর্ষ সন্মিলনত সমাধানৰ বাবে নির্বাচন কৰি লোৱা বিভিন্ন বিষয় হৈছে কৃষি, টেলিফোন, স্বাস্থ্য, শিক্ষা, বতৰ বিজ্ঞান, বিজ্ঞান, কাৰিকৰী আৰু প্ৰযুক্তিবিদ্যা, ভ্রমণ, পৰিৱহণ, নাৰী সম্পৰ্কীয় সমস্যা, সাংস্কৃতিক উন্নয়ন, দৰিদ্ৰতা নির্মূলকৰণ, সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সমানাধিকাৰৰ ভিত্তিত মুক্ত বাণিজ্যিক সম্পর্ক স্থাপন কৰা আদি৷ ১৯৯৬ চনত ঢাকাত অনুষ্ঠিত চাৰ্কৰ শীৰ্ষ সন্মিলনত অঞ্চলটোৰ ৰাজ্যসমূহৰ মাজত বাণিজ্যিক আদান প্রদান বৃদ্ধি কৰা উদ্দেশ্যে ছাপটা (South Asian Preferential Trade Association বা SAPTA) গঢ়ি তোলা হৈছে। চাৰ্কৰ লক্ষ্য আৰু উদ্দেশ্য সফল কৰিবলৈকে বছৰভিত্তিক কিছুমান আঁচনি ৰূপায়ণ কৰা হৈছে; যেনে— 

১৯৮৯ – নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ নিষিদ্ধকৰণ আৰু চোৰাং ব্যৱসায় প্ৰতিৰোধ বর্ষ,

১৯৯১ ― ছোৱালী শিশু কল্যাণ বর্ষ,

১৯১২― পৰিৱেশ সংৰক্ষণ বর্ষ,

১৯৯৩ – শাৰীৰিকভাবে অক্ষম লোকৰ বৰ্ষ,

১৯৯৪ ― যুৱ কল্যাণ বর্ষ,

১৯৯৫ ― দৰিদ্ৰতা নির্মূলকৰণ বর্ষ,

১৯৯৬ – – নিৰক্ষৰতা দূৰীকৰণ বর্ষ।

এনেদৰে যোৱা কেইবছৰমানত চাৰ্কৰ মাধ্যমত দক্ষিণ এছিয়াত মাগুলিক সহযোগিতাৰে বহুতো কল্যাণমুখী আঁচনি জনসাধাৰণৰ হিতাৰ্থে ৰূপায়িত কৰা হৈছে আৰু সুফল পোৱা গৈছে।

প্রশ্ন ৫। সাম্প্রতিকবিশ্ব ৰাজনীতিত ভাৰতবৰ্ষৰ অৱস্থান সম্পর্কে আলোচনা কৰা। 

উত্তৰ। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছৰেপৰা বিশ্ব ৰাজনীতিত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে আৰু তাৰ দ্বাৰা নিজকে বিশ্বৰ এক লেখত লবলগীয়া ৰাষ্ট্ৰত পৰিণত কৰিছে। বিশ্বত সৃষ্টি হোৱা পুঁজিবাদী ৰাষ্ট্ৰ ব্যৱস্থা আৰু সমাজবাদী তথা কমিউনিষ্ট ৰাষ্ট্ৰ ব্যৱস্থাৰ মাজৰ সংগ্ৰামত ভৰাতবৰ্ষই অংশ গ্রহণ নকৰি নিজাববীয়াকৈ সদ্য স্বাধীনতাপ্রাপ্ত ৰাষ্ট্ৰৰ সৈতে সহমতত উপনীত হৈ গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ পোষকতা কৰিছিল। ভাৰতবৰ্ষই নিজে দেশৰ বৈদেশিক নীতি পৰিচালনা কৰিছিল আৰু ইয়াৰ ফলত দ্বিতীয় বিশ্বযুদ্ধৰ পাছত দুয়োটা বিবাদমান পক্ষৰ মাজত উদ্ভব হোৱা বহুতো গুৰুত্বপূৰ্ণ সমস্যা শান্তিপূর্ণভাবে সমাধান কৰিবলৈ সক্ষম হৈছিল। ভাৰতবৰ্ষৰ এনে কাৰ্যই বিশ্ব ৰাজনীতিত ভাবমূর্তি অতি উজ্জ্বল কৰি তুলিছিল। ১৯৪৭ চনৰ পৰা ১৯৯০-৯১ চনলৈকে ভাৰতবৰ্ষই বিশ্বৰ ভালেমনে গুৰুত্বপূৰ্ণ ঘটনাত সদাৰ্থক ভূমিকা পালন কৰি এক চমকপ্রদ সাফল্য লাভ কৰিছিল।

উদাহৰস্বৰূপে চীনত কাউনিষ্ট শাসনতন্ত্র প্রতিষ্ঠা হোৱাৰ তিনি মাহৰ ভিতৰতে ভাৰতবৰ্ষই চীনৰ প্রতি স্বীকৃতি প্রদান কৰিছিল। চীন ভাৰত চুক্তিৰ মাধ্যমত আৰু পঞ্চশীল নীতিৰ আধাৰত ভাৰতবৰ্ষই তিব্বতৰ ওপৰত চীন অধিকাৰ স্বীকাৰ কৰি মহানুভবতাৰ পৰিচয় দিছিল। আকৌ ইজিপ্টৰ প্ৰেচিডেণ্ট নাছেৰৰ কাৰ্যকালত উদ্ভৱ হোৱা ছুৱেজ খাল জাতীয়কৰণৰ সমস্যাৰ সমাধান কৰাত ভাৰতবৰ্ষই গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল।

শীতল যুদ্ধ চলি থাকোতে বিশ্বত শাস্তি বিঘ্নিত হোৱাৰ আশংকা ঘনীভূত হোৱাৰ সময়ত ভাৰতবৰ্ষৰ চেষ্টাত বিশ্ব বাজনীতিত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ সুত্ৰপাত হৈছিল আৰু এই ক্ষেত্ৰত ভাৰতবৰ্ষই মুখ্য ভূমিকা লৈছিল। ভাৰতবৰ্ষৰ তৎপৰতা আৰু নতুনকৈ স্বাধীন হোৱা বিশ্বৰ বহুতো ৰাষ্ট্ৰৰ সহযোগত ১৯৬১ চনত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথম সাংগঠনিক সন্মিলন অনুষ্ঠিত হৈছিল। ভাৰতবৰ্ষৰ নিজস্ব বৈদেশিক নীতিৰ আৰ্হি-আদর্শ আৰু গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ আদর্শ লৈয়ে ভাৰতবৰ্ষই বিশ্ব ৰাজনীতিত এক সুকীয়া স্থান লাভ কৰিবলৈ সমৰ্থ হৈছিল। বিশ্বৰ বৃহৎ শক্তি দুটা পুঁজিবাদী (আমেৰিকা যুক্তৰাষ্ট্ৰ) আৰু সমাজবাদী বা কউিনিষ্ট (ছোভিয়েট ৰাচিয়া) ৰ মাজত সৃষ্টি হোৱা কেইবাটাও গুৰুত্বপূৰ্ণ সমস্যা ভাৰতবৰ্ষই শান্তিপূর্ণভাবে সমাধান কৰাত সহায় কৰিছিল। ভাৰতবৰ্ষই কোৰিয়া সমস্যা, ভিয়েটনামৰ যুদ্ধ, কংগোৰ সমস্যা আদি শান্তিপূর্ণভাবে সমাধান কৰিছিল৷ কোৰিয়াৰ সমস্যাৰ ক্ষেত্ৰত ভাৰতবৰ্ষই কৃষ্ণমেননৰ মাধ্যমত ৰাষ্ট্ৰসংঘত উদ্ভাৱন কৰা সমাধান সূত্ৰৰ জৰিয়তে এই যুদ্ধৰ অৱসান ঘটাইছিল। ভাৰতবৰ্ষৰ প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৱে ইন্দোচীন সমস্যা সমাধানৰ ক্ষেত্ৰত আগভাগ লৈছিল। ভিয়েটনামৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতি ভাৰতবৰ্ষই সমৰ্থন আগবঢ়াই আন্দোলন কৃতকার্য হোৱাত সহায় কৰিছিল আৰু ভিয়েটনাম যুদ্ধত আমেৰিকা যুক্তৰাষ্ট্ৰই পৰাজয় বৰণ কৰিছিল।

ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ আগৰেপৰা দেশখনে পৰদানত দেশ মূহৰ মুক্তি আৰু স্বাধীনতাৰ হকে মাত মাতি আহিছিল। আফ্ৰিকাৰ দেশ।মুহৰ স্বাধীনতাৰ ক্ষেত্ৰত ভাৰতবৰ্ষই আপোচহীন স্থিতি গ্ৰহণ কৰিছিল আৰু ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ প্ৰভাৱ আফ্ৰিকাৰ বিভিন্ন দেশত পৰিছিল। কংগোৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ভাৰতবৰ্ষই নিৰ্ণায়ক ভূমিকা পালন কৰিছিল। এনেদৰে ভাৰতবৰ্ষই বিশ্ব ৰাজনীতিত বলিষ্ঠ ভূমিকা পালন কৰি দেশৰ মান-সম্মান বৃদ্ধি কৰি আৰু আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত ভাৰতৰ স্থান উচ্চ শিখৰত তুলিছিল।

Leave a Reply