SEBA Class-10 History Elective| Chapter-6| দ্বিতীয় বিশ্বযুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যুদয়

SEBA Class-10 History Elective| Chapter-6| দ্বিতীয় বিশ্বযুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যুদয় (SEBA) ,পৰীক্ষাত উৎকৃষ্ট হ’বলৈ যথেষ্ট মূল্যৱান হ’ব পাৰে। অসমীয়া মধ্যম ASSAM BOARD শ্ৰেণী 10 ইতিহাস (বৈকল্পিক) আপোনাক সকলো অধ্যায়ৰ বিষয়ে ভালজ্ঞান প্ৰদান কৰে। আপুনি মৌলিক আৰু উন্নত দুয়োটা স্তৰৰ প্ৰশ্নৰ সমাধান পাব পাৰে। আপোনাৰ ব’ৰ্ড পৰীক্ষাত উৎকৃষ্ট হোৱাৰ এটা সৰ্বশ্ৰেষ্ঠ উপায় হ’ল অনুশীলন কৰা।

SEBA CLASS 10 (Ass. MEDIUM)

  1. English Solutions
  2. অসমীয়া Questions Answer
  3. বাংলা Questions Answer
  4. বিজ্ঞান Questions Answer
  5. সমাজ বিজ্ঞান Questions Answer
  6. हिंदी ( Elective ) Questions Answer
  7. ভূগোল (Elective) Questions Answer
  8. বুৰঞ্জী (Elective) Questions Answer

SEBA Class-10 History Elective| Chapter-6| দ্বিতীয় বিশ্বযুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যুদয়

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions For SEBA Class-10 History Elective| Chapter-6| দ্বিতীয় বিশ্বযুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যুদয় Solutions for All Subjects, You can practice these here.

পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

প্রশ্ন ১। অতি চমু উত্তৰ দিয়া :

(ক) স্বাধীনতা লাভ কৰা এছিয়াৰ প্ৰথম দেশখনৰ নাম লিখা। 

উত্তৰ। ফিলিপাইন। এই দেশখনে ১৯৪৬ চনৰ ৪ জুলাই তাৰিখে স্বাধীনতা লাভ কৰিছিল৷

(খ) ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা কোন আছিল?

উত্তৰ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্রতিষ্ঠাতা আছিল এলেন অভোভিয়ান হিউম আৰু ব্ৰিটিছ বৰলাট লর্ড ডাফ্‌ণি। ১৮৮৫ চনত প্রতিষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ মহাসভাত উমেশ চন্দ্ৰ বেনাৰ্জীয়ে সভাপতিত্ব কৰিছিল।

(গ) আফ্ৰিকাৰ জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা কোন আছিল? 

উত্তৰ। আফ্ৰিকাৰ জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা আছিল জেনেৰেল জেমচ্ বেৰী

মাল্লিক হাৰযোগ (General James Barry Munnik Hertzog) ।

(ঘ) ব্ৰহ্মদেশৰ মুক্তি আন্দোলনৰ নেতাসকল কোন কোন আছিল?

 উত্তৰ। ব্ৰহ্মদেশৰ মুক্তি আন্দোলনৰ নেতাসকল আছিল—আং ছান (Aung San) আৰু ইউ নু (U Nu) 

(ঙ) ইন্দোনেছিয়াৰ স্বাধীনতা আন্দোলনৰ দুজন নেতাৰ নাম উল্লেখ কৰা।

উত্তৰ৷ ইন্দোনেছিয়াৰ স্বাধীনতা আন্দোলনৰ দুজন নেতা হৈছে—হাডিনীংঘাট (Hadiningrat) আৰু ৰাডেন আডজাং কাৰটিনী (Radan Adjang Kartini) | 

(চ) চীনত কোনে টুং-মুং-হাই সংগঠিত কৰিছিল?

উত্তৰ। চীনত ডা° ছান ইয়েৎ চেনে (Dr. Sun Yat Sen) টুংমুং-হাই (Tung Meng-hai) সংগঠিত কৰিছিল।

(ছ) কুৱামিংটান সংগঠন কৰাত জড়িত এজন ব্যক্তিৰ নাম উল্লেখ কৰা। 

উত্তৰ। ছুং-ছিয়াও-জেন (Sung Chiao-Jen)।

(জ) ছিয়াং-কাই ছেকে ক’ত চীনৰ জাতীয় চৰকাৰ প্ৰতিষ্ঠা কৰিছিল?

উত্তৰ। ফৰমোচা (টাইৱান)ত।

(ঝ) স্বর্ণ উপকূলৰ বর্তমান নাম কি?

উত্তৰ। স্বর্ণ উপকূলৰ বৰ্তমান নাম হৈছে ঘানা। 

(ঞ) কোন মহাদেশক অন্ধকাৰ মহাদেশ বোলা হৈছিল?

উত্তৰ। আফ্রিকা মহাদেশক৷

(ট) পিকিঙৰ বৰ্তমান নাম কি?

উত্তৰ। পিকিঙৰ বৰ্তমান নাম হৈছে চীন প্রজাতন্ত্র। 

(ঠ) ড° ছান-ইয়েৎ চেনৰ মৃত্যুৰ তাৰিখটো কি?

উত্তৰ। ১৯২৫ চনৰ ১২ মার্চ।

(ড) কংগোৰ বৰ্তমান নাম কি ?

উত্তৰ। কংগোৰ বৰ্তমান হৈছে জাইয়েৰী। 

(ঢ) আলজেৰিয়ান মুক্তি সংগ্ৰামৰ নেতা কোন আছিল?

 উত্তৰ। বেন বোলা (Ben Bela) |

(৭) ছুয়েজ খাল কোন কোম্পানীয়ে খনন কৰিছিল? 

উত্তৰ। ফ্ৰান্সৰ ছুয়েজ কেনেল কোম্পানীয়ে।

(ত) নেলচন মেণ্ডেলাই কিমান বছৰ জেইলত কটাইছিল?

উত্তৰ। ২৭ বছৰ।

(থ) কেতিয়া আফ্ৰিকাৰ জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল?

 উত্তৰ। ১৯১২ চনত।

(দ) SWAPO-ৰ অৰ্থ কি?

উত্তৰ। SWAPO-ৰ অৰ্থ হৈছে– South-West African People’s Organisation বা দক্ষিণ-পশ্চিম আফ্রিকীয় লোকৰ সংস্থা। 

(ধ) কুৱামি এন জুমাই ক’ত তেওঁৰ কলেজীয়া শিক্ষা লাভ কৰিছিল?

উত্তৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘এছিমোটা কলেজ’ আৰু ‘লশুন স্কুল অৱ ইকনমিক্সত’।

(ন) ৰবাৰ্ট মুগাবে ক’ত তেওঁৰ কলেজীয়া শিক্ষা লাভ কৰিছিল? 

উত্তৰ। দক্ষিণ আফ্ৰিকাৰ ফৰ্ট হেয়াৰ বিশ্ববিদ্যালয়ৰ অধীনস্থ কলেজত।

প্রশ্ন ২। চমু উত্তৰ দিয়া : 

(ক) মিয়ানমাৰৰ মুক্তি আন্দোলন

(খ) শ্রীলংকাৰ মুক্তি আন্দোলন

(গ) ঘানাৰ মুক্তি আন্দোলন 

(ঘ) কংগোৰ মুক্তি আন্দোলন

(ঙ) আলজেৰিয়াৰ মুক্তি আন্দোলন 

(চ) ইজৰায়েল ৰাষ্ট্ৰৰ সৃষ্টি

(ছ) পেলেষ্টাইন মুক্তি সংগঠন 

(জ) ইয়াছেৰ আৰাফট।

উত্তৰ৷ (ক) মিয়ানমাৰৰ মুক্তি আন্দোলন : মিয়ানমাৰ বা পূৰ্বৰ ব্ৰহ্মদেশৰ লোকসকলে স্বাধীনতা প্রাপ্তিৰ বাবে ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিবলগীয় হৈছিল। ১৮২৪ চনত ব্ৰহ্মদেশৰ সৈতে ব্ৰিটিছৰ প্রথম সামৰিক সংঘর্ষ লাগিছি আৰু এই যুদ্ধৰ পাছত ব্ৰিটিছে ব্ৰহ্মদেশৰ পৰা আৰাকান, টেনাচেৰিম ৰাজ্য দখল কৰি দেশৰ সৈতে চামিল কৰিছিল। তাৰ পৰৱৰ্তী সময়ছোৱা ১৮৫৪ আৰু ১৮৮৫-৮৬ চনত ব্ৰিটিছে মিয়ানমাৰৰ সৈতে পুনব দুখন যুদ্ধে অৱতীৰ্ণ হৈছিল। ব্ৰিটিছে ব্ৰহ্মদেশক ভাৰতবৰ্ষৰ পৰা আঁতৰাই নি তেওঁলোকৰ গৃহ চৰকাৰৰ অধীন কৰিছিল। ১৯৪২ চনত জাপানে ব্রহ্মদেশক নিজৰ অধিকাৰলৈ নিছিল আৰু সেই সময়ত বহুসংখ্যক ব্ৰহ্মদেশীয় লোকে জাপানৰ সৈতে সহযোগ

কৰিছিল৷ তাৰ পৰৱৰ্তী পৰ্যায়ত ইংৰাজসকলৰ সহযোগত ব্ৰহ্মদেশত জাপানৰ বিৰুদ্ধে প্রতিৰোধ সংগ্রাম গঢ়ি উঠিছিল। ১৯৪৬ চনত ইংলেণ্ডৰ গৃহ চৰকাৰৰ পৰা সহাৰি পাই মিয়ানমাৰৰ নেতা আং ছানে তেওঁলোকৰ ৰাজনৈতিক প্রশ্নটো আলোচনা কৰিবলৈ লণ্ডনলৈ গৈছিল আৰু তাৰপৰা উভতি অহাৰ কেইমাহ মান পাছত তেওঁ ৰাজনৈতিক প্রতিদ্বন্দ্বীৰ হাতত প্ৰাণ হেৰুৱাইছিল। আং ছানৰ

মৃত্যুৰ পাছত মিয়ানমাৰ ইউ নু আৰু ব্ৰিটেইনৰ গৃহচৰকাৰৰ মাজত আলোচনা অনুষ্ঠিত হৈছিল আৰু সেই আলোচনা মর্মে ১৯৪৮ চনৰ ৪ জানুৱাৰী তাৰিখে মিয়ানমাৰে স্বাধীনতা লাভ কৰিছিল। স্বাধীনতা লাভ কৰাত পাছৰ মিয়ানমাৰৰ মুক্তি আন্দোলন সমাপ্ত হৈছিল।

(খ) শ্রীলংকাৰ মুক্তি আন্দোলন : শ্রীলংকাৰ প্ৰধানকৈ তিনিখন ইউৰোপীয় দেশ—পটুগাল, হলেণ্ড আৰু ইংলেণ্ডে বিভিন্ন সময়ত ঔপনিৱেশিক স্থাপন কৰিছিল। ভাৰতবৰ্ষত আৰম্ভ হোৱা স্বাধীনতা আন্দোলনৰ সমসাময়িকভারে

শ্রীলংকাতো ব্ৰিটিছ-বিৰোধী বাজনৈতিক কার্যকলাপ তথা স্বাধীনতা আন্দোলনৰ

সূত্রপাত হৈছিল। শ্রীলংকাৰ বিভিন্ন বাজনৈতিক নেতা কর্মীয়ে দেশখনৰ ভবিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি একত্রিতভাৱে কাম কৰাৰ উদ্দেশ্যে ১৯১৯ চনত

ছি’লন জাতীয় কংগ্ৰেছ গঠন কৰিছিল। এই কংগ্ৰেছৰ নেতৃত্বত পৰিচালিত আন্দোলনৰ ফলস্বৰূপে ব্ৰিটিছ চৰকাৰে ১৯২০ চনত এখন সংবিধান প্ৰস্তুত কৰি শ্রীলংকাৰ শাসনৰ ক্ষেত্ৰত কিছু পৰিৱ সাধন কৰিছিল আৰু ইংৰাজ

তত্বাবধানত শ্রীলংকাত সাংবিধানিক গণতন্ত্র সূচনা হৈছিল। তাৰ পাছৰেপৰা সংখ্যালঘিষ্ট সকলে কংগ্ৰেছ ফালৰি কাটি আহি নিজস্ব পৃথক ৰাজনৈতিক সংগঠন গঢ়ি তুলিছিল। ১৯৩১ চনত ব্ৰিটিছ চৰকাৰে শ্ৰীলংকাৰ বাবে এখন নতুন সংবিধান প্রস্তুত কৰি তাত কাৰ্যকৰী কৰিছিল। ১৯৪৭ চনত ব্ৰিটিছ চৰকারে শ্রীলংকাত স্বায়ত্ব শাসন প্ৰদান কৰিছিল যদিও শ্রীলংকাবাসী সন্তুষ্ট হোৱা নাছিল আৰু ব্ৰিটিছ বিৰোধী আন্দোলন চলাই আছিল। ১৯৪৮ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে শ্রীলংকাৰ মুক্তি আন্দোলন থমাব নোৱাৰি ইংলেণ্ডে শ্রীলংকা ত্যাগ কৰিছিল আৰু তেতিয়াৰে পৰা শ্রীলংকা স্বাধীন ৰাষ্ট্ৰত পৰিণত হৈছিল। তাৰ স্বাধীনতা প্রাপ্তিৰ সময়তে শ্রীলংকাৰ মুক্তি আন্দোলন সমাপ্ত হৈছিল।

(গ) নানাৰ মুক্তি আন্দোলন : ঘানা দক্ষিণ আটলান্টিক মহাসাগৰৰ গুইনা উপসাগৰৰ উপকূলৱৰ্তী আফ্রিকা মহাদেশৰ এখন সৰু দেশ। ১৮২১ চনত ব্ৰিটেইনে ঘানা দখল কৰি তাত এক উপনিৱেশ স্থাপন কৰিছিল। বহু বছৰ পূৰ্বৰে পৰা ঘানাৰ অধিবাসীসকলে স্বায়ত্ব শাসনৰ দাবী কৰি আহিছিল আৰু ব্ৰিটেইনে প্ৰদান কৰা সা-সুবিধাত তাৰ জনসাধাৰণে সন্তুষ্ট হোৱা নাছিল। ইয়াৰ ফলত ৰাজনৈতিক আন্দোলন চলি আছিল আৰু বিশ্বযুদ্ধৰ অন্তত আন্দোলনৰ তীব্ৰতা বৃদ্ধি পাইছিল। ১৯৪৬ চনত ব্ৰিটিছ গৃহ চৰকাৰে ঘানাৰ বাবে এখন নতুন সংবিধান প্রস্তুত কৰিছিল যদিও ফলৱতী হোৱা নাছিল। ১৯৩৯ চনত ঘানাৰ কোৱামি এনক্রুমাৰ নেতৃত্বত Convention of People’s Party নামৰ দল গঠন হৈছিল `আৰু এই দলৰ ব্যাপক প্ৰচাৰৰ জৰিয়তে জনসাধাৰণৰ ওচৰ চাপিছিল। এই ৰাজনৈতিক দলটোৱে ১৯৫১ চনৰ সাধাৰণ নিৰ্বাচনত সংখ্যাগৰিষ্ঠ দলৰূপে পৰিগণিত হৈছিল আৰু ইয়াৰ ফলত স্বাধীনতাৰ আকাংখা অধিক উজ্জ্বল হৈ পৰিছিল। স্বাধীনতা আন্দোলনৰ তীব্ৰতা আৰু জনপ্ৰিয়তাৰ শীৰ্ষত উঠা অৱস্থাতেই কোৱামি এনক্রুমাই ১৯৫৬ চনত বিধান পৰিষদত ঘানাৰ স্বাধীনতাৰ দাবীত এক প্ৰস্তাৱ উত্থাপন কৰিছিল আৰু এই প্ৰস্তাৱ বিধান পৰিষদত গৃহীত হৈছিল। ঘানাৰ জনসাধাৰণৰ স্বাধীনতাৰ প্ৰতি থকা উচ্চাকাংখাৰ প্ৰতি শ্রদ্ধা জনাই ব্ৰিটেইনে সেই দেশক স্বাধীনতা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ১৯৫৭ চনৰ ৬ মাচত স্বর্ণ উপকূল স্বাধীন হৈ ঘানাৰূপে পৰিচিত হৈছিল আৰু মুক্তি আন্দোলনৰ অন্ত পৰিছিল।

(ঘ) কংগোৰ মুক্তি আন্দোলন : দ্বিতীয় বিশ্বযুদ্ধৰ পিছত কংগোত জাতীয়তাবাদী মুক্তি আন্দোলনৰ সূত্রপাত হয়। কংগো দেশখন পূর্বতে বেলজিয়ামৰ উপনিৱেশ আছিল। কংগোৰ মুক্তি আন্দোলনৰ নেতৃত্ব দিছিল পেট্ৰিছ লুমুম্বা (Patrice Lumumba) নামব ডাক বিভাগৰ কৰ্মচাৰী এজনে। তেৱেই ১৯৫৭ চনত কংগোবাসীৰ জাতীয় আন্দোলন (Congolese National Movement) নামে এটা ৰাজনৈতিক দল গঢ়ি তুলিছিল। পেট্ৰিছ লুমুম্বাই নেতৃত্ব দিয়া জাতীয়তাবাদী মুক্তি আন্দোলনে ১৯৫৭-৬০ৰ কালছোৱাত জনসাধাৰণৰ ব্যাপক সমর্থন লাভ কৰিছিল। বেলজিয়ামৰ সেনাবাহিনীত কৰ্মৰত থলুৱা সৈনিকসকলেও স্বাধীনতাৰ দাবীত দেশৰ বিভিন্ন ঠাইত বিদ্ৰোহৰ সূত্ৰপাত কৰিছিল। সৈনিকসকলে বেলজিয়ামৰ সামৰিক বিষয়াসকলৰ নির্দেশ অমান্য বি কৰিবলৈ আৰম্ভ কৰিছিল। তেনে এক পৰিস্থিতিত বেলজিয়াম চৰকাৰে ১৯৬০ চনৰ ৩০ জুনত কংগোেক স্বাধীনতা প্ৰদান কৰি মুক্তি আন্দোলনৰ পেলাইছিল। স্বাধীনতা প্রাপ্তিৰ পাছত মুক্তি আন্দোলনৰ নেতা পেট্ৰিছ লুমুম্বাই প্রধানমন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু কাছাভাবু নামৰ লোক এজনে স্বাধীন কংগো ৰাষ্ট্ৰৰ প্ৰেছিডেণ্ট হৈছিল। ১৯৭১ চনৰ ২৭ অক্টোবৰৰপৰা কংগোক নতুনকৈ জাইয়েৰীৰূপে নামাকৰণ কৰা হৈছে ।

(ঙ) আলজেৰিয়াৰ মুক্তি আন্দোলন : আলজেৰিয়া মুক্তি আন্দোলনৰ প্রধান নেতা আছি৷ ফৰাছী সেনাবাহিনীত সৈনিকৰূপে কাম কৰা বেন বেলা ঘৰ এগৰাকী প্রাক্তন সৈনিক। দ্বিতীয় বিশ্বযুদ্ধৰ অন্তত আলজেৰিয়াক স্বাধীনতা প্ৰদান কৰা হ’ব বুলি দিয়া প্ৰতিশ্ৰুতি ফৰাছী সামৰিক শাসনে পালন কৰা নাছিল | আৰু সেয়ে বেন বেলাৰ নেতৃত্বত মুক্তি আন্দোলনৰ সূত্ৰপাত হৈছিল। ১৯৫০ চনত ফৰাছী চৰকাৰে বেন বেলাক বন্দী কৰি জেলত ৰাখিছিল। ১৯৫২ চনত তেওঁ ফাইৰোলৈ পলায়ন কৰি তাতেই ১৯৫৪ চনত আলজেৰিয়াৰ জাতীয় মুক্তি বাহিনী (National Liberation Front) গঠন কৰি ফ্ৰান্সৰ বিৰুদ্ধে সশস্ত্র সংগ্রাম। আৰম্ভ কৰিছিল। ১৯৫৮ চনত আলজেৰিয়াৰ মুক্তিবাহিনীয়ে দেশৰ স্বাধীনতা ঘোষণা কৰি অস্থায়ী চৰকাৰ গঠন কৰাত ফ্রান্সে তাত নির্মম অত্যাচাৰ আৰম্ভ কৰিছিল। কিন্তু বিশ্বব বহু দেশেই আলজেৰিয়াৰ অস্থায়ী চৰকাৰক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি প্রদান কৰাত উপায়বিহীন হৈ শেষত জেনেবেল ডি গলে আলজেৰিআৰ স্বাধীনতাৰ প্ৰশ্নটোৰ সমাধানৰ উদ্দেশ্যে ১৯৬০ চনত ফ্রান্সত ৰেফাৰেণ্ডমি | পাতিছিল। ফৰাছী জনসাধাৰণে আলজেৰিয়াৰ স্বাধীনতাৰ দাবীটো বিপুল ভোেটত মানি লোৱাত ১৯৬২ চনৰ ৩ জুলাই তাৰিখে আলজেৰিয়া ফ্ৰান্সৰ কৱলৰ পৰা মুক্ত হৈ স্বাধীন দেশ হিচাপে স্বীকৃতি লাভ কৰিলে। দেশে স্বাধীনতা লাভ কৰাৰ পাছত মুক্তি আন্দোলনৰ নেতা বেন বেলা প্রধানমন্ত্রী হয় আৰু তাৰ লগে লগে আলজেৰিয়াৰ মুক্তি আন্দোলনৰ সমাপ্ত হয়।

(চ) ইজৰায়েল ৰাষ্ট্ৰৰ সৃষ্টি : ১৯৪৮ চনৰ মে’ মাহৰ ১৪ তাৰিখে ভূমধ্য সাগৰৰ পূর্ব উপকূলত পেলেষ্টাইনৰ একাংশক লৈ ইহুদীসকলৰ বাবে এখন সুকীয়া ৰাষ্ট্ৰৰ সৃষ্টি কৰা হৈছিল। এই সুকীয়া ৰাষ্ট্ৰখনক ইজৰায়েল নামে নামাকৰণ কৰা হয়। এই রাষ্ট্র সৃষ্টিৰ আগলৈকে বিশ্বত ইহুদীসকলৰ কোনো নিজস্ব গৃহভূমি নাছিল অর্থাৎ ইহুদীসঞ্চল এটা বাষ্ট্রবিহীন জাতি আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচনত ইহুদীসকলৰ ভূমিকাৰ প্রতি লক্ষ্য ৰাখি সেই দেশৰ ডেমক্রেটিক চৰকাৰে পেলেষ্টাইনক দুখন পৃথক ৰাষ্ট্ৰত বিভাজিত কৰি একাংশত ইহুদীসকলৰ বাবে এখন গৃহভূমি তৈয়াৰ কৰাৰ প্ৰতি আগ্ৰহী হৈছিল। ১৯৪৭ চনত ৰাষ্ট্ৰসংঘই আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্ৰিটেইনৰ হেঁচাত পেলেষ্টাইনক দ্বিখণ্ডিত কৰাৰ দাবী মানি লৈছিল। ইয়াৰ ফলশ্রুতিতেই ১৯৪৮ চনৰ ১৪ মে তাৰিখে ইজৰায়েল নামে নতুন ৰাষ্ট্ৰখনৰ সৃষ্টি হয় আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই এই ৰাষ্ট্ৰখনক স্বীকৃতি প্রদান কৰে।

(চ) পেলেষ্টাইনৰ মুক্তি সংগঠন:– ইজৰায়েল ৰাষ্ট্ৰ তৈয়াৰ কৰাৰ প্ৰতিবাদত পেলেষ্টাইন ৰাষ্ট্ৰ পুনঃ প্ৰতিষ্ঠাৰ উদ্দেশ্যে পেলেষ্টাইন মুক্তি সংগ্রাম নামে এক ৰাজনৈতিক সংগঠন গঢ়ি উঠিছিল। ১৯৬৪ চনৰ মে’ মাহত জৰ্দানত পেলেষ্টাইন মুক্তি সংগঠনটোৰ জন্ম হয়। ইজৰায়েল বাষ্ট্ৰ সৃষ্টি কৰাৰ পাছৰেপৰা পেলেষ্টাইন আৰু অন্যান্য চুবুৰীয়া দেশৰ লোকে পুনৰ এখন পেলেষ্টাইন ৰাষ্ট্ৰ তৈয়াৰ কৰাৰ উদ্দেশ্যে প্রায় চাৰি দশক জুৰি অহৰহ সংগ্ৰাম কৰিছিল। পেলেষ্টাইন মুক্তি সংগঠনৰ নেতৃত্ব দিছিল ইয়াছেৰ আৰাফাট নামৰ এগৰাকী নেতাই। পেলেষ্টাইন মুক্তি সংগঠনে উদ্দেশ্যত উপনীত হ’বলৈ কূটনৈতিকভাৱে বিশ্বৰ জনসতৰ সমৰ্থন পাবলৈ চেষ্টা কৰিছিল। আৰম্ভণিতে এই সংগঠনটোৰ ওপৰত ছিৰিয়াৰ আলফাটাহ গোটটোৰ আধিপত্য আছিল। ইয়াৰ উপৰিও এই সংগঠনৰ সৈতে জড়িত আন উগ্রপন্থী গোটসমূহ হৈছে পেলেষ্টাইনৰ মুক্তি ফ্ৰণ্ট, ব্লেক ছেপ্তেম্বৰ আদি। বিশ্বৰ বিভিন্ন ঠাইত সংঘটিত হোৱা কুটাঘাতমূলক কার্যত এই সংগঠন জড়িত থকা বুলি সন্দেহ কৰা হৈছিল। জর্দানত গৃহ যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱাত পেলেষ্টাইন মুক্তি সংগঠনৰ গৰিলা যোদ্ধাসকল আঁতৰি চিৰিয়া আৰু লেবানন দেশত সোমাইছিল। পেলেষ্টাইন মুক্তি সংগঠনৰ উপস্থিতিৰ বাবে ছিৰিয়া, লেবানন আদি দেশৰ ওপৰত ইজবায়েলে প্রায় আক্রমণ চলাইছিল। ১৯৭৪ চনত পেলেষ্টাইন মুক্ত সংগঠনৰ প্ৰধান কাৰ্যালয় আলজেৰিয়াৰ ৰাজধানী আলজিয়াছলৈ স্থানাস্তবিত কৰিছিল। সেই সময়ৰেপৰা ৰাষ্ট্ৰসংঘই এই সংগঠনটোক ৰাষ্ট্ৰসংঘত স্থায়ী পর্যবেক্ষকৰূপে স্বীকৃতি দিছিল।। 

(জ) ইয়াছেৰ আৰাফট : ইয়াছেৰ আৰাট আছিল পেলেস্তাইন মুক্তি সংগঠনৰ এগৰাকী অন্যতম নেতা। তেওঁ মুক্তি সংগঠনৰ উদ্দেশ্যত উপনীত। হ’বলৈকে কূটনৈতিকভাৱে বিশ্বৰ জনতাৰ সমর্থন পাবলৈকে এই সংগঠনটো গঢ়ি তোলাত নেতৃত্ব দিছিল। ইয়াছেৰ আৰাফটে নেতৃত্ব দিয়া পেলেষ্টাইন মুক্তি সংগঠনৰ সৈতে ছিৰিয়াৰ আল ফাটাহ, পেলেষ্টাইনৰ মুক্তি ফ্ৰণ্ট, ব্লোক ছেপ্তেম্বৰ আদি উগ্রপন্থী সংগঠন জড়িত আছিল। ১৯৮৮ চনৰ ১৫ নৱেম্বৰ তাৰিখে ইয়াছেৰ আৰাফটে ৱেষ্ট বেংক আৰু গাজা দ্বীপক লৈ এখন স্বাধীন পেলেষ্টাইন ৰাষ্ট্ৰ গঠন কৰা বুলি ঘোষণা কৰিছিল। তেওঁৰ এই ঘোষণাক ভাৰতবৰ্ষকে ধৰি বিশ্বৰ ৮০ খন দেশে নতুন ৰাষ্ট্ৰখনৰ প্ৰতি স্বীকৃতি প্ৰদান কৰিছিল। পেলেষ্টাইন মুক্তি সংগঠন তথা পেলেষ্টাইন নতুন ৰাষ্ট্ৰখনক ইজৰাইল চৰকাৰে স্বীকৃতি প্রদান কৰা নাছিল। পাছত ইজৰায়েল পেলেষ্টাইন চুক্তিৰ মাধ্যমত ১৯৯৪ চনৰ ১৩ মে’ত ইয়াছেৰ আৰাফটৰ নেতৃত্বত পেলেষ্টাইনত সেই দেশৰ জনসাধাৰণৰ বাবে স্বায়ত্ব শাসনৰ ব্যৱস্থা কৰা হৈছিল।

৩। ৰচনাধর্মী প্রশ্ন আৰু উত্তৰ :

প্রশ্ন ১। এছিয়াৰ উপনিৱেশসমূহত আৰম্ভ আৰু বিকাশ লাভ কৰা মুক্তি আন্দোলনৰ কাৰক সম্পর্কে আলোচনা কৰা। 

উত্তৰ। এছিয়াৰ উপনিৱেশসমূহত আৰম্ভ আৰু বিকাশ লাভ কৰা মুক্তি আন্দোলনৰ কাৰকসমূহ হৈছে—

সাম্রাজ্যবাদী দেশসমূহে কৰা অর্থনৈতিক শোষণৰ ফলশ্রুতিতেই দেশসমূহত মুক্তি আন্দোলনে বিকাশ লাভ কৰিছিল। সাম্রাজ্যবাদৰ কৱলত থকা দেশসমূহতে সাম্রাজ্যবাদী শাসন ব্যৱস্থাই বিভিন্ন ভাষিক সাংস্কৃতিক ৰাজনৈতিক গোটৰ মাজৰ পূৰ্বৰেপৰা চলি থকা বিভিন্নতা দূৰ কৰি এক কেন্দ্রীভূত শাসন ব্যৱস্থাৰ প্ৰৱর্তন কৰিছিল৷ ইয়াৰ ফলত সাম্রাজ্যবাদীৰ বিৰুদ্ধে ভাৰতবৰ্ষৰ দৰে বিশাল দেশসমূহত বহু জাতিক বহু ভাষিক জাতীয়তা আৰু জাতীয়তাবাদৰ জন্ম আৰু বিকাশ হৈছিল৷ পশ্চিমীয়া ঔপনিবেশিক সাম্রাজ্যবাদী শাসন ব্যৱস্থাই পদানত দেশসমূহৰ প্ৰচলিত কৃষ্টি, সংস্কৃতি আৰু সভ্যতাৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টি কৰাৰ লগতে পূৰ্বৰেপৰা চলি অহা জীৱনবোধ আৰু অনুষ্ঠান প্রতিষ্ঠানৰো অস্ত পেলোৱাৰ আশংকাৰ সৃষ্টি কৰিছিল। ফলস্বৰূপে মুক্তি আন্দোলনৰ ভাৱধাৰা জাগ্ৰত হৈছিল।

সাম্রাজ্যবাদী নির্মম শোষণে জাতিসমূহৰ বিকাশৰ পথ বন্ধ কৰাৰ লগতে তেওঁলোকক জাতিগত উন্নসিক মনোবৃত্তিৰে দমন কৰিবলৈ চেষ্টা কৰিছিল, ফলত পদানত দেশৰ শিক্ষিত শ্ৰেণীটোৰ মাজত ব্যাপক ক্ষোভ আৰু হতাশাৰ সৃষ্টি কৰিছিল। সাম্রাজ্যবাদী শোষণে সৃষ্টি কৰা অর্থনৈতিক পশ্চাদপদতাই শিক্ষিত শ্ৰেণীৰ লোকসকলকেই প্রথমতে ৰাজনৈতিকভাবে সংগঠিত হ’বলৈ প্ৰৰোচিত কৰিছিল। পদানত দেশসমূহৰ শিক্ষিত মধ্যবিত্ত শ্রেণীটোৰ উদ্যোগ আৰু নেতৃত্বতেই পোনতে ইউৰোপীয়সকলৰ জাতিগত শ্রেষ্ঠত্বৰ ধাৰণা আৰু দাম্ভিকতাৰ বিৰুদ্ধে সাম্রাজ্যবাদ বিৰোধী চেতনা জাগি উঠিছিল।

সাম্রাজ্যবাদে প্রৱৰ্তন কৰা শিক্ষা ব্যৱস্থাই শিক্ষিত মধ্যবিত্ত শ্ৰেণীৰ মাজত ইউৰোপীয় গণতান্ত্রিক ধ্যানধাৰণা, উদাৰতাবাদ আৰু ব্যক্তি স্বাতন্ত্র্যবোধৰ সৃষ্টি কৰিছিল। ইয়ে বিকাশমান মধ্যবিত্ত শ্রেণীৰ বিবেকত আঘাত হানিছিল আৰু তেওঁলোকে নিজৰ দেশৰ প্ৰশাসনৰ মাধ্যমত জনসাধাৰণে সেই সুবিধাবিলাক উপভোগ কৰাৰ পৰা অবকাশ পাবলৈ আন্দোলন আদি সংগঠন কৰি নেতৃত্ব দিছিল।

প্রথম বিশ্বযুদ্ধৰ সময়ত সাম্রাজ্যবাদী দেশসমূহে কৰা যুদ্ধ সম্পৰ্কীয় ঘোষণাই পদানত দেশসমূহৰ ৰাজনৈতিকভাৱে সচেতন মধ্যবিত্ত শ্ৰেণীৰ মাজত ব্যাপক আশাৰ সঞ্চাৰ সৃষ্টি কৰিছিল। যুদ্ধৰ অন্তত সাম্রাজ্যবাদৰ দ্বাৰা পদানত দেশসমুহে আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ ভিত্তিত স্বাধীনতা লাভ কৰিব বুলি আশা কৰিছিল কিন্তু এছিয়া আৰু আফ্রিকা মহাদেশৰ কোনো দেশেই উপকৃত হোৱা নাছিল। সাম্রাজ্যবাদী দেশসমূহৰ এনে বৈষম্যমূলক আচৰণে এছিয়াৰ পদানত দেশসমূহৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল আৰু জাতীয় মুক্তি আন্দোলনে বিভিন্ন দেশত ঠন ধৰি উঠিছিল। 

তাৰোপৰি সাম্রাজ্যবাদৰ দ্বাৰা পদানত দেশসমূহত শোষিত জনতাৰ মাজত মার্কসবাদী ধাৰণাৰ প্ৰতি আকৰ্ষণ কৰিছিল। ১৯১৭ চনত মার্কসবাদৰ ভিত্তিত সংঘটিত ৰুচদেশৰ অক্টোৱৰ বিপ্লৱৰ সাফল্যই ঔপনিৱেশিক দেশৰ একাংশ লোকৰ মাজত ৰাজনৈতিক মতাদৰ্শৰ প্রতি আকর্ষণ সৃষ্টি কৰিছিল। ইয়ে সাম্ৰাজ্যবাদৰ দ্বাৰা পদানত দেশসমূহত ব্যাপক আলোড়নৰ সৃষ্টি কৰিছিল আৰু দেশে দেশে স্বাধীনতা প্রাপ্তিৰ বাবে মুক্তি আন্দোলন আন্দোলনে বিকাশ লাভ কৰিছিল। এনেবোৰ বিভিন্ন কাৰকৰ বাবে পদানত দেশসমূহত মুক্তি আন্দোলন আৰম্ভ হৈছিল।

SEBA Class 10 History(Elective) Solutions

Sl. No.Contents
Chapter 1ঔপনিৱেশিকতা আৰু সাম্রাজ্যবাদৰ বিকাশ
Chapter 2প্রথম বিশ্বযুদ্ধ
Chapter 3প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব-ৰাজনীতিৰ খতিয়ান
Chapter 4দ্বিতীয় বিশ্বযুদ্ধ
Chapter 5ৰাষ্ট্ৰসংঘ
Chapter 6দ্বিতীয় বিশ্বযুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যুদয়
Chapter 7গোষ্ঠী নিৰপেক্ষ আন্দোলন
Chapter 8ভাৰতবৰ্ষৰ বৈদেশিক নীতি

প্রশ্ন ২। এছিয়াৰ দেশসমূহত আৰম্ভ হোৱা মুক্তি আন্দোলনসমূহৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ। প্রথম বিশ্বযুদ্ধৰ পিছৰেপৰা এছিয়া মহাদেশৰ উপনিৱেশসমূহত স্বাধীনতা আন্দোলনে ব্যাপকতা লাভ কৰিছিল আৰু দ্বিতীয় বিশ্বযুদ্ধ সামৰণিৰ পাছত কেইবছৰমানৰ ভিতৰতে এছিয়াৰ বহুকেইখন দেশে মুক্তি আন্দোলনৰ যোগেদি স্বাধীনতা লাভ কৰিছিল। সেই সময়ছোৱাত ফেচিবাদ বিৰোধী আন্দোলনে জনজাগৰণত বিশেষভাৱে অৰিহণা যোগাইছিল। এছিয়াৰ বিভিন্ন দেশত কেঁছিবাদ আৰু জাপানী আগ্রাসন বিৰোধী প্ৰতিৰোধ সংগ্ৰাম গঢ়ি উঠিছিল আৰু ফেচিবাদ আৰু জাপানৰ পতনৰ লগে লগে সেই আন্দোলনসমূহে ব্যাপক জাতীয় জাগৰণ তথা মুক্তি আন্দোলনলৈ উন্নীত হৈছিল। এছিয়াৰ ভাৰতবৰ্ষ, মিয়ানমাৰ, ভিয়েটনাম, চীন, ইন্দোনেচিয়া আদি দেশত এই মুক্তি আন্দোলনে ব্যাপকতা আৰু তীব্ৰতা লাভ কৰিছিল।

ভাৰতবৰ্ষত ঊনবিংশ শতিকাত এক ব্যাপক ব্ৰিটিছ বিৰোধী প্ৰতিৰোধ সংগ্রামে গা কৰি উঠিছিল আৰু তাৰ পাছৰেপৰা বিভিন্ন অঞ্চলত কৃষক বিদ্রোহ সংঘটিত হৈছিল। চিপাহী বিদ্ৰোহৰ সমসাময়িকভাৱে ইংৰাজী তথা পাশ্চাত্যৰ আৰ্হিত গঢ়ি উঠা শিক্ষা ব্যৱস্থা, গশ্চিমীয়া উদাৰতাবাদ আৰু গণতান্ত্রিক মূল্যবোধৰ লগতে ব্যক্তি স্বাতন্ত্র্যবোধৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ফলতেই ভাৰতবৰ্ষত মুক্তি আন্দোলন গঢ়ি উঠিছিল। মধ্যবিত্ত শ্ৰেণীৰ নেতৃত্বত গঢ় লৈ উঠা এই জাতীয়তাবাদী আন্দোলনে দেশখনক ব্ৰিটিছৰ কৱলৰপৰা মুক্ত কৰাত সহায় কৰিছিল। ভাৰতবৰ্ষত মুক্তি আন্দোলনৰ বিভিন্ন স্তৰকেইটা আছিল ১৯০৫-১১ চনৰ স্বদেশী • আন্দোলন, মহাত্মা গান্ধীৰ দ্বাৰা পৰিচালিত ১৯২০-২২ চনৰ অসহযোগ আন্দোলন, ১৯৩০-৩৪ চনৰ আইন অমান্য আন্দোলন, ১৯৪২-৪৫ চনৰ গণ আন্দোলন আৰু ১৯৪৬ চনৰ নৌ বিদ্রোহ আদি। ভাৰতবৰ্ষত চলি থকা স্বাধীনতা আন্দোলনৰ সময়ত ব্ৰিটিছে ১৯৩৭ চনত

ব্রহ্মদেশক প্রশাসনিকভাৱে ভাৰতবৰ্ষৰপৰা আঁতৰাই নি ইংলেণ্ডৰ ৰাজকীয় উপনিৱেশৰূপে ব্ৰিটিছ গৃহ চৰকাৰৰ প্রত্যক্ষ শাসনৰ অধীন কৰে। পাছত ব্ৰহ্মদেশৰ আং ছান আৰু ইউ নু-ৰ নেতৃত্বত এক প্রতিবোধ সংগ্রাম গঢ়ি উঠে জাপানীসকলৰ বিৰুেদ্ধে। ১৯৪৮ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে নিটেইনৰ গৃহ চৰকাৰে এক আলোচনা মর্মে ব্রহ্মদেশক স্বাধীনতা প্ৰদান কৰি মিয়ানমাৰ নামে নামাকৰণ কৰি মুক্তি আন্দোলনৰ অন্ত পেলায়।

ইন্দোনেছিয়াৰ ঊনবিংশ শতিকাৰ আৰম্ভণিৰে পৰা জাতীয়তাবাদী আন্দোলনে গা কৰি উঠে। বিংশ শতাব্দীৰ দ্বিতীয় দশকৰ পৰাই ইন্দোনেছিয়াত ওলন্দাজ বিবোধী জাতীয়তাবাদী আন্দোলনে এক সুসংহত ৰূপ ধাৰণ কৰে। ইন্দোনেচিয়াত প্ৰধানকৈ তিনিটা ৰাজনৈতিক সংগঠনে এই আন্দোলনত মুখ্য ভূমিকা গ্রহণ কৰিছিল। বিংশ শতাব্দীৰ তৃতীয় দশকত ইন্দোনেছিয়াৰ বিভিন্ন ঠাইত ছাত্র-যুৱক সকল জাতীয়তাবাদী আদৰ্শৰে উদ্বুদ্ধ হৈ ৰাজনৈতিক কর্মীৰূপে ওলাই আহিছিল আৰু সৰু সৰু গোট গঠন কৰিছিল। এই আন্দোলন দমন কৰিবলৈ ওলন্দাজ সকলে ইন্দোনেছিয়াৰ জনতাৰ ওপৰত তীব্র নির্যাতন আৰম্ভ কৰিছিল। পাছত ইন্দোনেছিয়াৰ মুক্তি সংগ্ৰামীসকলে জাপানৰ সহযোগত ১৯৪৫ চনত নিজ দেশৰ স্বাধীনতা ঘোষণা কৰিছিল যদিও প্রকৃততে ১৯৪৯ চনতহে ইন্দোনেছিয়া ওলন্দাজ সকলৰপৰা স্বাধীনতা লাভ কৰে।

একেদৰে শ্রীলংকাতো ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ সমসাময়িকভাৱে ব্ৰিটিছ বিৰোধী ৰাজনৈতিক কার্যকলাপ তথা মুক্তি আন্দোলনৰ সূত্ৰপাত হৈছিল। ১৯১১ চনত শ্রীলংকাৰ প্রথম জাতীয়তাবাদী ৰাজনৈতিক সংগঠন—ছিলন জাতীয় কংগ্ৰেছ গঠিত হৈছিল। প্রায় ৩০ বছৰীয়া সংগ্ৰামৰ অন্তত ১৯৪৮ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে ইংলেণ্ডে শ্রীলংকা ত্যাগ কৰিবলৈ বাধ্য হৈছিল আৰু ১৯৪৮ চনৰ ২২ মে’ত শ্রীলংকাই স্বাধীনতা পাইছিল। এনেদৰে ঔপনিৱেশিক শক্তিসমূহৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্রাম তথা মুক্তি আন্দোলন গঢ়ি তুলি এছিয়াৰ দেশসমূহে বিংশ শতিকাৰ প্ৰায় মাজভাগত স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু তাৰ লগে লগে স্বাধীনতা মুক্তি আন্দোলনৰ সমাপ্ত হৈছিল।

প্রশ্ন ৩। ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ অগ্ৰগতি সম্পর্কে আলোচনা কৰা।

উত্তৰ। ১৮৫৭-৫৮ চনৰ মহা বিদ্ৰোহ বা চিপাহী বিদ্রোহেই ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ আৰম্ভণি বুলি ক’ব পাৰি। চিপাহী বিদ্ৰোহৰ পাছতেই সমগ্ৰ দেশতে বেলেগে বেলেগে বিভিন্ন অঞ্চলত কৃষক বিদ্ৰোহ আৰম্ভ হৈছিল। ১৮৮৫ চনত গঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছ নামৰ সংগঠনটোৱে পৰৱৰ্তী সময়ত ভাৰতৰ স্বাধীনতা আন্দোলন আগবঢ়াই নিছিল। ভাৰতীয় মধ্যবিত্ত শ্ৰেণীৰ নেতৃত্বত সংগঠিত আৰু পৰিচালিত আন্দোলনসমূহ কেইবাটাও স্তবেদি আগবাঢ়িছিল।

ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ বিভিন্ন স্তৰৰ ভিতৰত আছিল—১৯০৫– ১৯১১ চনৰ বংগভংগ আন্দোলন বা স্বদেশী আন্দোলন, মহাত্মা গান্ধীৰ নেতৃত্বত পৰিচালিত ১৯২০–২২ চনৰ অসহযোগ আন্দোলন, ১৯৩০-৩৪ চনৰ আইন অমান্য আন্দোলন, ১৯৪২-৪৫ চনৰ গণ আন্দোলন আৰু ১৯৪৬ চনৰ নৌ বিদ্ৰোহ আদি। ইয়াৰ বাহিৰেও ১৯২৫-৪৭ চনৰ ভিতৰত সমাজবাদী তাৰ কমিউনিষ্টসকলৰ দ্বাৰা পৰিচালিত শ্রমিক-কৃষক সংগ্রামে ভাৰতৰ স্বাধীনতা প্রাপ্তিত অৰিহণা যোগাইছিল।

স্বাধীনতা আন্দোলনৰ অহিংসপন্থীৰ অন্যতম নেতা মহাত্মা গান্ধীৰ নেতৃত্বত পৰিচালিত ১৯৪২-৪৫ চনৰ গণবিপ্লৱেই হৈছে ভাৰতবৰ্ষৰ জনসাধাৰণৰ মুকলি বিদ্রোহ। ১৯৪২ৰ গণআন্দোলন বহুল পৰিমাণে হিংসাশ্রয়ী আৰু কূটাঘাটমূলক আছিল। মহাত্মা গান্ধীৰ দ্বাৰা পৰিচালিত আন্দোলনৰ ভেটি আছিল গ্ৰাম্য স্বৰাজ আৰু খাদী গ্রামোদ্যোগ, আনহাতে সমাজবাদী আৰু কমিউনিষ্টসকলে সংগঠিত তথা পৰিচালিত কৰা আন্দোলনবোৰৰ অর্থনৈতিক আৰ্হি আঁচনি আৰু কাৰ্যসূচী মার্ক্সীয় দৰ্শনৰ ওপৰত নিৰ্ভৰশীল আছিল। তেওঁলোকে শোষণ, নির্যাতন নিহীন অর্থনৈতিকভাৱে মুক্ত স্বাধীন দেশ এখন আফ্ৰিকাৰ অভ্যুদয়

গঢ়ি তোলাৰ পৰিকল্পনা কৰিছিল। তেওঁলোকৰ ৰাজনৈতিক আদৰ্শ আছিল মার্ক্সবাদ আৰু তেওঁলোকে ছোভিয়েট ৰাছিয়াৰ আৰ্হিত ৰাষ্ট্ৰ গঠনৰ পোষকতা কৰিছিল। ব্ৰিটিছসকলে ১৮৫৭ চনৰ মহাবিদ্ৰোহৰ সময়ৰে পৰা ভাৰতবৰ্ষৰ সাম্প্রদায়িক বিভেদ নীতিবে হিন্দু আৰু মুছলমানক ধর্মীয় ভিত্তিত বিভক্ত কৰি দেশৰ স্বাধীনতা আন্দোলনকো বিভক্ত কৰাৰ নীতি লৈ তাক কাৰ্যকৰী কৰিছিল। ব্ৰিটিছৰ এই কাৰ্যকলাপৰ ফলশ্ৰুতিতেই ১৯০৬ চনত ভাৰতবৰ্ষত নিখিল ভাৰত মুছলীম লীগ (All India Muslim Legue) সংঘটিত হৈছিল। ব্ৰিটিছে সাম্প্রদায়িক ৰাজনৈতিক সংগঠন গঢ়ি তোলাৰ বাবে ঢাকাৰ নবাৱ ছালিমুল্লাক অধিক পৰিমাণৰ আর্থিক অনুদান দিছিল। নিখিল ভাৰত মুছলীম লীগ নামৰ এই বাজনৈতিক দলে অৱশেষত ব্ৰিটিছৰ প্ৰৰোচনাত ভাৰতবৰ্ষ বিভাজনৰ দাবী ত তুলি পাকিস্তানৰ সৃষ্টি কৰাত সহায় কৰিছিল। ইয়াৰ ফলত ১৯৪৭ চনৰ ১৫ ই আগষ্ট তারিখে ভাৰতবৰ্ষই ব্ৰিটিছ ঔপনিৱেশিক সাম্রাজ্যবাদী শাসন-শোষণৰপৰা মৃক্ত হৈ স্বাধীনতা লাভ কৰিছিল আৰু ইয়াৰ লগে লগে ভাৰতবৰ্ষত জাতীয়তাবাদী, ক মুক্তি আন্দোলনৰ অস্ত পৰিছিল।

প্রশ্ন ৪। ইন্দোনেছিয়াৰ মুক্তি আনোদলনৰ বিষয়ে আলোচনা কৰা। 

উত্তৰ। ইন্দোনেছিয়া প্রায় ১৩,৫০০টা দ্বীপৰ সমষ্টি আৰু তাৰ প্রায় আধা অংশতহে জনবসতি আছে। ওলন্দাজসকলে ইন্দোনেছিয়াৰ দ্বীপসমূহত তেওঁলোকৰ উপনিৱেশ স্থাপন কৰিছিল আৰু তাৰ খিলঞ্জীয়া জনসাধাৰণৰ জীৱন যাত্রা পদ্ধতি বিপাপন্ন কৰি তুলিছিল আৰু তাৰ পৰিণতিতেই ঊনবিংশ শতিকাৰ প্ৰায় আনম্ভণিৰেপৰা ইন্দোনেছিয়াত জাতীয়তাবাদী সংগঠন আৰু আন্দোলনে মুব দাঙি উঠিছিল।

ইন্দোনেছিয়া মুক্তি আন্দোলনৰ নেতৃত্ব দিছিল হাডিনীংগ্রাট (Hadiningrat) আৰু ৰাডেন আডজাং কাৰটিনী (Raden Adjang Kartini) এওঁলোকৰ নেতৃত্বত বিংশ শতিকাৰ প্রায় দ্বিতীয় দশকৰ পৰা ইন্দোনেছিয়াত ওলান্দাজবিৰোধী জাতীয়তাবাদী আন্দোলন এক সুসংহত ৰূপ লৈছিল। ইন্দোনেছিয়াত মূলত তিনিটা প্রধান বাজনৈতিক সংগঠন যেনে—ছাৰেকটি ইছলাম (Sarekat Islam), মোহাম মেদিয়া (Muharnmadiyah) আৰু সমাজতান্ত্রিক গণতান্ত্রিক সংগঠন, জাতীয়তাবাদী আন্দোলনৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। বিংশ শতিকাৰ তৃতীয় দশকত ইন্দোনেছিয়াৰ খিলঞ্জীয়া লোকৰ বাজনৈতিক সংগঠন আন্দোলনে ব্যাপক ৰূপ ধাৰণ কৰিছিল। এই সময়ছোৱাত ইন্দোনেছিয়াৰ বিভিন্ন ঠাইত ছাত্র-যুৱকসকল জাতীয়তাবাদী আদৰ্শৰে উদ্বুদ্ধ হৈ ৰাজনৈতিক কৰ্মীৰূপে বাহিৰলৈ ওলাই আহি ৰাজনৈতিক অধ্যয়ন চক্ৰ আৰু ক্ষুদ্র ক্ষুদ্র সংগ্রামী গোট গঢ়ি তুলিছিল। সেই সময়তে পাৰছেৰিকাটান কমিউনিষ্ট ইণ্ডিয়া (Pereserikatan Komunist India বা চমুকৈ PKI) নামৰ মাৰ্ক্সবাণী ‘ৰাজনৈতিক সংগঠনটোৰ নেতৃত্বত বিদ্ৰোহাত্মক ৰাজনীতিৰ ব্যাপক প্রচাৰ ঘটিছিল। একেদৰে ১৯২৭ চনত বান্দুঙত ছাত্র-যুৱকসকলৰ নেতৃত্বত সংগঠিত হৈছিল ইন্দোনেছিয়াৰ জাতীয়তাবাদী সংগঠন (Indonesian National Association)। এই সংগঠনটোৰ মুখ্য উদ্দেশ্য আছিল ইন্দো॥েহয়াত জনৈতিক একতা স্থাপন কৰা আৰু দেশখনক ওলন্দাজসকলৰ পৰা মুক্ত কৰা। সেই উদ্দেশ্যে পৰৱৰ্তী কালত ছাত্রনেতা আহমেদ চুকাণ্টোই ‘Associates of Political Organisation of the Indonesian People’ নামে এক শক্তিশালী উপনিৱেশ বিৰোধী মঞ্চ তৈয়াৰ কৰিছিল আৰু তাৰ সভাপতিৰ দরিদম দিছিল মহম্মদ হোছনী থামণিক। ইন্দোনেছিয়াৰ স্বাধীনতা আন্দোলন মষিমূৰ কৰিবলৈ ওলন্দাজসকলে তাৰ জনসাধাৰণৰ ওপৰত তীব্র নির্যাতন চলাইছিল আৰু লোকসকলে পুলিচৰ ৰাজত্বত অশেষ যন্ত্রণা পাবলগীয়া হৈছিল। দ্বিতীয় বিশ্বযুদ্ধত জাপানৰ পৰাজয়ৰ লগে লগে ইন্দোনেছিয়াৰ স্বাধীনতাকাংখী বিদ্রোহীসকলে ১৯৪৫ চনৰ ১৭ আগষ্টত জাকার্তাত নিজ দেশৰ স্বাধীনতা ঘোষণা কৰিছিল যদিও কেইদিনমান পাছতে ওলান্দাজসকলে পুনৰ ইন্দোনেছিয়াত প্রভূত্ব দেখুৱাবলৈ আৰম্ভ কৰিছিল। তাৰ পাছৰেপৰা ইন্দোনেছিয়াৰ মুক্তি সংগ্রামী আৰু ওলান্দাজসকলৰ মাজত শত্রুতা তীব্ৰতৰ হৈছিল। ফলস্বৰূপে ১৯৪৬ চনৰ ১৫ নৱেম্বৰত ওলান্দাজসকলে ইন্দোনেচিয়াৰ সুমাত্ৰা আৰু জাভাক দেশীয় চৰকাৰৰ স্বীকৃতি দিছিল আৰু সংযুক্ত ইন্দোনেছিয়া নামে এখন গণতান্ত্রিক সার্বভৌম চৰকাৰৰ প্রতি সমর্থন আগবঢ়াইলৈ প্রতিশ্রুতি দিছিল। অৱশেষত ৰাষ্ট্ৰসং নিৰাপত্তা পৰিষদৰ হস্তক্ষেপত ওলান্দাজসকলে ইন্দোনেচিয়া ত্যাগ কৰিবলৈ বাধ্য হৈছিল আৰু ১৯৪৯ চনৰ ২ ডিচেম্বৰ তাৰিখে ইন্দোনেছিয়া ওলান্দাজসকলৰ পৰা স্বাধীন হয় আৰু তাৰ লগে লগে ইন্দোনেচিয়াৰ জনগণৰ স্বাধীনতা সংগ্ৰামৰ অস্ত পৰিছিল। ইন্দোনেছিয়াই স্বাধীনতা লাভ কৰাৰ পাছত ছাত্র নেতা আছমদ চুকাৰ্ণোই দেশখনৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।

প্রশ্ন ৫। প্রথম বিশ্বযুদ্ধৰ অব্যাহতিৰ পিছৰ কালছোৱাত চীনৰ ৰাজনৈতিক পৰিস্থিতি সম্পর্কে আলোচনা কৰা।

উত্তৰ। প্রথম বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ বহু বছৰ আগৰেপৰা জাপানে চীনৰ ওপৰত নিজৰ সাম্রাজ্যবাদী আগ্রাসন আৰম্ভ কৰিছিল। এছিয়াত নিজৰ বাবে উপনিবেশ স্থাপন কৰাৰ উদ্দেশ্যে জাপানে ঊনবিংশ শতিকাৰ শেষৰ দশকত চীনৰ ওপৰত সামৰিক অভিযান চলাইছিল আৰু চীনৰপৰা ফৰমোছা দ্বীপটো দখল কৰিছিল। চীনক কোৰিয়াৰ ওপৰত থকা অধিকাৰ প্রত্যাহাৰ কৰি জাপানে কোৰিয়াক স্বাধীন দেশৰূপে মানি ল’বলৈ বাধ্য কৰাইছিল। ১৯১৪ চনত জাপানে জার্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল আৰু জাৰ্মানীৰ অধিকাৰত থকা চীনৰ ছানটুং (Shantung) প্ৰদেশখন হস্তগত কৰাৰ লগতে কিয়াও স্থাও (Kiao Chou) আৰু ছিংটাও (Tsingtao)ৰপৰা ছিনান (Tsinan) লৈকে থ ৰেলপথ ছোৱা দখল কৰিছিল।

জাপানে চীনত নিজৰ ৰাজনৈতিক অধিকাৰ স্থাপনৰ উদ্দেশ্যে ১৯১৫ চনৰ ১৮ জানুৱাৰী তাৰিখে চীনৰ ওচৰত ২১ দফীয়া দাবীপত্র দাখিল কৰিছিল আৰু সেই দাবী পূৰণৰ উদ্দেশ্যেৰে চীনৰ ওচৰত এক চৰমপত্র দাখিল কৰিছিল। জাপানৰ হেঁচাত চীনে প্ৰায়বোৰ দাবী মানি লবলৈ বাধ্য হৈছিল। জাপানৰ এই আগ্রাসন নীতিৰ পৰিণতিস্বৰূপে চীনত লাহে লাহে জাতীয়তাবাদী ৰাজনৈতিক কাম-কাজে প্রাধান্য লাভ কৰিছিল। জাপানৰ চীনা আগ্রাসনৰ প্ৰতিবাদত চীনে নিজ দেশৰ মুক্তি আন্দোলনৰ পদক্ষেপস্বৰূপে ১৯১৭ চনত প্ৰথম বিশ্বযুদ্ধত লিপ্ত হৈছিল।

প্রথম বিশ্বযুদ্ধৰ অব্যাহতিৰ পাছত সমগ্র চীনতে পশ্চিমৰ দেশসমূহৰ বিৰুদ্ধে এক ঘৃণাৰ মনোভাব গঢ়ি উঠিছিল আৰু চীনত ৰাজনৈতিক উত্তেজনা বৃদ্ধি পাইছিল। চীনৰ কলেজ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে চীনত থকা সকলোবোৰ বিদেশী শক্তিৰ বিৰুদ্ধে প্রতিবাদ, সভা-সমিতি, ধর্মঘট, আন্দোলন, বিক্ষোভ আদি অনুষ্ঠিত কৰিছিল। ১৯১৯ চনৰ ৪ মে’ত ৰাজধানী পিকিং চহৰত দেশৰ প্ৰায় ৩০০০ ছাত্র সমবেত হৈ ‘জাতীয় অবমাননা দিৱস’ (National Humiliation Day) পালন কৰিছিল আৰু তেওঁলোকে বিদেশী দখলকাৰী শক্তিসমূহৰ বিৰুদ্ধে প্রায় যুদ্ধ ঘোষণা কৰিছিল। বিদেশীৰ পদলেহনকাৰী চীনৰ যুদ্ধবাজ পিকিং চৰকাৰে বহু কেইজন ছাত্ৰক বন্দী কৰি জেইলত ৰাখিছিল আৰু ছাত্র আন্দোলনৰ সমৰ্থনত দেশজোৰা ছাত্র আন্দোলনৰ সূত্ৰপাত হৈছিল। ছাত্র আন্দোলনৰ পৰিপ্ৰেক্ষিতত পিকিং চৰকাৰে সমগ্ৰ চীনতে কঠোৰ নিৰ্যাতন আৰম্ভ কৰিছিল আৰু ছাত্র আন্দোলনে চীনৰ ৰাজনৈতিক জীৱন উতলা কৰিছিল। নতুন সংস্কৃতি আন্দোলন (New Culture Movement) নামে চীনত এক নতুন জাতীয়তাবাদী আন্দোলন আৰম্ভ হৈছিল। মাতৃভূমিৰ মুক্তিৰ উদ্দেশ্যেৰে হাজাৰ হাজাৰ ছাত্ৰ যুৱকে ছান ইয়েৎ-চেনৰ নেতৃত্বত পুনৰ সংগঠিত কোউমিনটাং জাতীয়তাবাদী দলত যোগদান কৰি তাক প্রাণচঞ্চল আৰু কর্মচঞ্চল কৰি তুলিছিল। ইয়াৰ সমসাময়িকভাৱে চীন নতুন নতুন ৰাজনৈতিক সংগঠন গঢ়ি উঠিছিল তাৰ ভিতৰত প্ৰধান আছিল সমাজবাদী যুৱ দল আৰু কমিউনিষ্ট দল। চীনৰ এই সাংগঠনিক সৰ্বৰ লগে লগে দেশত গৃহযুদ্ধৰ আৰম্ভণি হৈছিল। কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰাদেশিক চৰকাৰৰ সমূহৰ পৰস্পৰৰ মাজত আৰম্ভ হোৱা গৃহযুদ্ধই চীনৰ ভবিষ্যৎ বিপদাপন্ন কৰি তুলিছিল। এনেদৰে প্রথম বিশ্বযুদ্ধৰ পাছৰে পৰা চীনত এক অস্থিৰ ৰাজনৈতিক পৰিস্থিতিৰ উদ্ভৱ হৈছিল।

প্রশ্ন ৬। ১৯৪৯ চনৰ অক্টোবৰ মাহত চীনত প্রজাতান্ত্রিক সাধাৰণতন্ত্ৰ স্থাপন হোৱালৈ তাত সংঘটিত হোৱা বিপ্লৱৰ এক খতিয়ান দাঙি ধৰা। 

উত্তৰ। ১৯৪৯ চনৰ অক্টোবৰ মাহত চীনত প্রজাতান্ত্রিক সাধারণতন্ত্র স্থাপন হোৱাৰ সময়লৈকে চীনত বিভিন্ন বিপ্লৱ সংঘটিত হৈছিল।

চীনত গৃহযুদ্ধ আৰম্ভ হোৱাৰ পাছৰে পৰা কেন্দ্রীয় চৰকাৰৰ দুৰ্বলতাৰ সুযোগলৈ প্ৰাদেশিক চৰকাৰৰ মুৰব্বীসকলে স্বাধীনভাৱে বৰ্তি থকাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ঘোষণা কৰিছিল। উদ্ভব চীন আৰু মধ্য চীনৰ যুদ্ধবাজ সামৰিক নেতাসকলৰ মাজত ৰাজনৈতিক ক্ষনতাক কেন্দ্ৰ কৰি প্ৰথমতে এই গৃহযুদ্ধ আৰম্ভ হৈছিল। চীনব এই ৰাষ্ট্রীয় বিপদৰ সময়ত ছান ইয়েৎ-চেনে সকলো বিপ্লৱী শক্তিকে একত্রিত কৰি দেশৰ যুদ্ধবাজ সমৰকৰ্তাসকলৰ বিৰুদ্ধে যুঁজ কৰি ৰাষ্ট্ৰীয় সংহতি আৰু একতা বজাই ৰাখিবলৈ চেষ্টা কৰিছিল। ছান ইয়েৎ-চেনে ওরাম্পো সামরিক একাডেমী (Whampo Military Academy) স্থাপন কৰি তেওঁৰ ৰাজনৈতিক সহযোগী চিয়াং কাই চেকক সামৰিক প্ৰশিক্ষ লবলৈকে ছোভিয়েট ৰাছিয়ালৈ পঠাইছিল।

১৯২৪ চনত কোউমিনটাং দলৰ ৰাষ্ট্ৰীয় সন্মিলনত ছান ইয়েৎ-চেনে চীন প্রজাতান্ত্রিক চৰকাৰ স্থাপন কৰিবলৈ সহযোগীসকলক উদ্দেশ্য জাতীয়তাবাদ, গণতন্ত্ৰ আৰু সমাজবাদৰ ওপৰত ভাষণ প্রদান কৰিছিল। চেনৰ এই নীতিৰ ভিত্তিতেই ১৯২৫ চনত কেণ্টনত জাতীয় চৰকাৰ প্ৰতিষ্ঠা কৰা হৈছিল। কোউমিনটাং আৰু চীনৰ কমিউনিষ্ট দলে সাম্রাজ্যবাদ আৰু চীন সমৰকৰ্তাসকলক জাতীয়তবাদৰ শত্ৰু জ্ঞান কৰিছিল। তাৰ পাছৰেপৰা ছাংহাইত ছাত্ৰসকলে জাপানী উদ্যোগসমূহত শ্রমিকৰ দুৰাৱস্থাৰ বিৰুদ্ধে শান্তিপূর্ণ প্রতিবাদী আন্দোলন গঢ়ি তুলিছিল। আন্দোলনকাৰীসকলৰ ওপৰত পুলিচে অত্যাচাৰ চলোৱাত তাব পৰিণতিস্বৰূপে সমগ্ৰ দেশতে আন্দোলনৰ জোৱাৰ উঠিছিল। পৰৱৰ্তী পৰ্যায়ত জনসাধাৰণৰ মাজত কমিউনিষ্টসকলৰ প্ৰতি গঢ়ি উঠা ক্রমবৰ্দ্ধমান আকৰ্ষণ আৰু তেওঁলোকে লাভ কৰা শক্তিৰ দ্বাৰা শংকিত হৈ ছিয়াং কাই-চেকে ১৯২৬ চনত কেণ্টনৰ ক্ষমতা দখল কৰিছিল। তেতিয়াৰেপৰা চীনৰ জাতীয়তাবাদীসকলে কমিউনিষ্টসকলৰ ওপৰত তীব্র নির্যাতন আৰম্ভ কৰিছিল। ১৯২৮ চনত জাতীয়তাবাদীসকলে পিকিং দখল কৰি কেন্দ্ৰত নিজৰ স্থিতি মজবুত কৰিছিল। ছিয়াং কাই-চেকৰ নেতৃত্বাধীন জাতীয়তাবাদী চীন চৰকাৰৰ প্ৰতি আমেৰিকা যুক্তৰাষ্ট্ৰই স্বীকৃতি প্রদান কৰিছিল। চীনত কমিউনিষ্টসকলক নিঃশেষ কৰাৰ অৰ্থে ১৯৩১-৩৫ চনত ছিয়াং কাই চেকৰ নেতৃত্বত দেশৰ কমিউনিষ্ট বিৰোধী অভিযান আৰম্ভ হৈছিল আৰু ইয়াৰ

ফলত হাজাৰ হাজাৰ কমিউনিষ্ট নেতা কর্মী জাতীয়তাবাদীসকলৰ হাতত নিহত হৈছিল। তাৰ ফলশ্ৰুতিত চীনত জাতীয় মুক্তি সংস্থা (National Salvation Association) গঢ় লৈ উঠিছিল আৰু ছাত্ৰসকলে সমগ্র দেশতে প্রত্যক্ষ প্ৰতিৰোধ সংগ্রাম গঢ়ি তুলিছিল। আভ্যন্তৰীণ ৰাজনীতিৰ এই ঘটনাৰ পাছত জাতীয়তাবাদী আৰু কমিউনিষ্টসকলৰ যৌথ উদ্যোগ আৰু সহযোগত জাপান বিৰোধী তীব্র আন্দোলনে গা কৰি উঠিছিল। ১৯৩৭ চনৰ পৰা জাপানৰ বিৰুদ্ধে পূৰ্ণ পৰ্যায়ৰ যুদ্ধ সংঘটিত হৈছিল। ১৯৪৫ চনৰ আগষ্ট মাহত জাপানে দ্বিতীয় বিশ্বযুদ্ধত পৰাজয় বৰণ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওচৰত আত্মসমর্পণ কৰাত চীনত ঠুনব কোউমিনটাং আৰু কমিউনিষ্টসকলৰ মাজত গৃহযুদ্ধই মুৰ দাঙি উঠিছিল। প্রথমাৱস্থাত জাতীয়তাবাদী সকলে আমেৰিকাৰ সহায়ত বিজয়ী হৈছিল কিন্তু পাছলৈকে তেওঁলোকে কমিউনিষ্টসকলৰ হাতত হাৰ মানিছিল। ১৯৪৯ চনত জাতীয়তাবাদীসকলে কমিউনিষ্টসকলৰ ওচৰত আত্মসমর্পণ কৰিছিল যদিও ছিয়াং কাই চেকে তেওঁৰ অনুগামীসকলক লৈ টাইৱানলৈ পলায়ন কৰিছিল। ১৯৪৯ চনৰ অক্টোবৰ মাহৰ ১ তাৰিখে মাও জে দঙে চীনক জনগণতান্ত্রিক চীনা সাধাৰণতন্ত্র হিচাপে ঘোষণা কৰিছিল আৰু তেতিয়াৰেপৰা চীনত সংঘটিত বিপ্লৱসমূহৰ অন্ত পৰিছিল।

প্রশ্ন ৭। আফ্রিকা মহাদেশত সূচনা হোৱা মুক্তি আন্দোলনৰ ঐতিহাসিক পটভূমি সম্পর্কে চমুকৈ আলোচনা কৰা।

উত্তৰ৷ আফ্রিকা মহাদেশৰ দেশসমূহৰ স্বাধীনতা তথা মুক্তি আন্দোলন আছিল ঔপনিৱেশিকতাবাদী আৰু সাম্ৰাজ্যবাদী শোষণ-নিৰ্যাতনৰ প্ৰতিবাদৰূপে গঢ়ি উঠা গণ বিক্ষোভৰ স্বাভাৱিক পৰিণতি। প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধই সৃষ্টি কৰা বহুতো ঘটনা-পৰিঘটনা, ৰচ দেশত সংঘটিত হোৱা অক্টোৱৰ বিপ্লৱ আৰু মাৰ্কসবাদৰ প্রতি জনসাধাৰণৰ আকৰ্ষণ, পশ্চিমীয়া দেশসমূহত চলি থকা গণতান্ত্রিক শাসন পদ্ধতি, ব্যক্তি স্বাধীনতা, নাগৰিক অধিকাৰ আদিয়ে বিশ্বযুদ্ধ সমাপ্তিৰ পাছৰেপৰা আফ্ৰিকাৰ বিভিন্ন দেশৰ মানুহৰ ওপৰত সদর্থক প্রভাৱ পেলাইছিল। বিংশ শতাব্দীৰ আৰম্ভণিতে ৰাজনৈতিক স্বাধীনতা আন্দোলনৰ পোহৰেৰে আফ্রিকা আলোকিত হৈছিল।

দ্বিতীয় বিশ্বযুদ্ধ ঔপনিৱেশিকতাবাদ আৰু সাম্র্যবাদৰ দ্বাৰা পদানত দেশসমূহৰ বাবে আশীর্বাদস্বৰূপ আছিল। তাৰোপৰি ইউৰোপত বিকাশ লাভ কৰা জাতীয়তাবাদী মতাদর্শ আৰু জাতি ৰাষ্ট্ৰৰ আৰ্হিত বিশ্বৰ বিভিন্ন দেশত জাতীয়তাবাদী আন্দোলন সাম্রাজ্যবাদৰ শত্ৰুৰূপে দেখা দিছিল আৰু একে সময়তে আফ্ৰিকাৰ দেশসমূহতো এই প্রক্রিয়া চলিছিল। ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ প্রভাৱ আফ্ৰিকাৰ দেশসমূহত পৰিছিল আৰু আফ্ৰিকাৰ অধিকাংশ দেশৰ স্বাধীনতা সংগ্রামীসকলে ভাৰতীয় স্বাধীনতা সংগ্রামীসকলৰ আদৰ্শকে সৰোগত কৰি যাত্ৰাপথত অগ্ৰসৰ হৈছিল। আফ্ৰিকাৰ শিক্ষিত লোকসকলে পোনতে স্বাধীনতা আন্দোলনৰ নেতৃত্ব দি তাক আগুৱাই নিছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ আদর্শ আৰু শিক্ষা আফ্ৰিকাৰ সংগ্রামী লোকৰ পাথেয় আছিল। দণি আফ্ৰিকাৰ বৰ্ণ বৈষম্যবাদী শ্বেতাংগ শাসকসকলৰ বিৰুদ্ধে আপোচহীন সংগ্ৰামৰ নেতা নেলছন মেণ্ডেলা মহাত্মা গান্ধীৰ হিংসাবর্জিত ৰাজনৈতিক আন্দোলনৰ আদৰ্শৰ দ্বাৰা সততে অনুপ্রাণিত আৰু পৰিচালিত হৈছিল।

আফ্রিকা মহাদেশৰ দেশসমূহত স্বাধীনতা আন্দোলনৰ মূল চালিকা শক্তি আছিল শ্বেতাংগ লোকসকলে কৃষ্ণাংগসকলৰ বিৰুদ্ধে প্ৰৱৰ্তন কৰা বৰ্ণবৈষম্যবাদ। এই নীতিয়ে বিভিন্ন দেশৰ লোকসকলক স্বাধীনতাৰ বাবে আগ্রহী কৰি তুলিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত কেইবছৰমানৰ ভিতৰতে ১৯৫১ চনত আফ্ৰিকাৰ লিবিয়াই স্বাধীনতা লাভ কৰিছিল আৰু ইয়ে আফ্ৰিকাৰ অন্যান্য দেশসমূহক স্বাধীনতা প্রাপ্তিৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগাইছিল। মুঠৰ ওপৰত ভাৰতবৰ্ষত আৰম্ভ হোৱা স্বাধীনতা মুক্তি সংগ্রামে আফ্ৰিকাৰ মুক্তি সংগ্ৰামৰ্ক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰিছিল আৰু সেয়ে আফ্ৰিকাৰ প্ৰায়বোৰ দেশে ঔপনিৱেশিকতাবাদ আৰু সাম্রাজ্যবাদৰ পৰা মুক্ত হ’বলৈ আপ্রাণ চেষ্টা চলাইছিল। ১৯৬০ষ দশকটোতে আফ্ৰিকাৰ অধিকাংশ দেশে স্বাধীনতা লাভ কৰি ঔপনিৱেশিক শোষণৰপৰা মুক্তি পাইছিল। 

প্রশ্ন ৮। পৰিণতিসহ আফ্ৰিকাৰ বৰ্ণবৈষম্যবাদ বিৰোধী আন্দোলনৰ অগ্রগতি সম্পর্কে আলোচনা কৰা।

উত্তৰ। ব্ৰিটিছ সংসদে ১৯০৯ চনত গ্ৰহণ কৰা দক্ষিণ আফ্রিকা বিধিখন কাৰ্যকৰী কৰাৰে পৰা দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্যবাদ নীতি কঠোৰভাবে প্ৰৱৰ্তন কৰা হয়। এই নীতি প্রবর্তন কৰি কৃষ্ণাংগসকলক অর্থনৈতিক, ৰাজনৈতিক, সামাজিক, শৈক্ষিক তথা সাংস্কৃতিক আদি সকলো অধিকাৰৰপৰা বঞ্চিত কৰিছিল। দক্ষিণ আফ্রিকাত বর্ণবৈষম্যবাদী নীতিৰ আধাৰত গঠিত শ্বেতাংগসকলৰ ৰাজনৈতিক সংগঠনটো আছিল জাতীয়তাবাদী দল (Nationalist Party) আৰু এই সংগঠনৰ নেতৃত্ব দিছিল জেনেৰেল হাৰযোগ। জেনেৰেল হাৰযোগক আফ্ৰিকাত প্ৰৱৰ্তন কৰা বৰ্ণ-বৈষম্যবাদী নীতিৰ পিতৃপুৰুষ বুলি কোৱা হয়। ১৯৬১ চনত দক্ষিণ আফ্ৰিকা ব্ৰিটেইনৰপৰা সম্পূৰ্ণ মুক্ত হয় আৰু তেতিয়াৰে পৰা তাত বর্ণবৈষম্যবাদ আৰু অধিক কঠোৰভাবে বলৱৎ কৰা হৈছিল। ফলস্বৰূপে দক্ষিণ আফ্ৰিকাৰ প্রায় ৮০ শতাংশ কৃষ্ণাংগ লোক লাঞ্ছিত অল্পমানিত হৈ নির্যাতিত হৈছিল। কমসংখ্যক শ্বেতাংগ শাসনকর্তাই দক্ষিণ আফ্রিকাত বর্ণবৈষম্য নীতি চলাই থকাত কৃষ্ণাংগসকলৰ মাজত চূড়ান্ত ক্ষোভ আৰু প্ৰতিৰাদঁৰ সৃষ্টি হৈছিল! এই ক্ষোভ আৰু প্ৰতিবাদ শ্বেতাংগসকলৰ বিৰুদ্ধে ৰাজনৈতিক দিশত সুসংহতভাৱে পৰিচালিত কৰাৰ বাবে ১৯১২ চনত আফ্ৰিকীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল। আৰু তাত ভাৰতীয় বংশোদ্ভৱ কৃষ্ণাংগসকলেও যোগদান কৰিছিল। দক্ষিণ আফ্ৰিকাৰ শ্বেতাংগ চৰকাৰে কৃষ্ণাংগসকলৰ জাতীয় কংগ্ৰেছক বেআইনী ঘোষণা কৰি নেতাকর্মীসকলৰ ওপৰত নির্যাতন-নিপীড়ন আৰম্ভ কৰিছিল। শ্বেতাংগ শাসকসকলে হাজাৰ হাজাৰ কৃষ্ণাংগ লোকক বহু বছৰ জেইলত ৰাখিছিল। আফ্রিকীয় জাতীয় কংগ্ৰেছ সভাপতি নেলচন মেণ্ডেলাক গ্রেপ্তাৰ কৰি প্রায় ২৭ বছৰকাল জেলত বন্দী কৰি ৰাখিছিল। শ্বেতাংগসকলৰ এনে কাৰ্যই সমগ্র নেলচন মেণ্ডেলা বিশ্বতে এক প্রতিবাদৰ সৃষ্টি কৰিছিল আৰু তেনে অৱস্থাত আফ্রিকাত শ্বেতাংগ বিৰোধী আন্দোলনে এক হিংসাত্মক ৰূপ ধাৰণ কৰিছিল আৰু ব্যাপক হাৰত দেশখনৰ বিভিন্ন অঞ্চলত কূটাঘাতমূলক হিংসাশ্রয়ী কাম-কাজৰ সূচনা হৈছিল।

১৯৮৯ চনত বিশ্বজনমতৰ হেঁচা আৰু ৰাষ্ট্ৰসংঘৰ চেষ্টাত শ্বেতাংগসকলে বর্ণবৈষম্যবাদ পৰিহাৰ কৰাৰ অৰ্থে আফ্ৰিকীয় জাতীয় কংগ্ৰেছ কমিউনিষ্ট দল আৰু আন আন ৰাজনৈতিক দল উপদলৰ ওপৰত থকা নিষেধাজ্ঞা বাতিল কৰিছিল আৰু ৰাজনৈতিক নেতাকর্মীসকলক বন্দী অৱস্থাৰপৰা মুকলি দিবলৈ আৰম্ভ কৰিছিল। একে সময়তে আফ্রিকীয় কংগ্ৰেছৰ সভাপতি নেলচন মেণ্ডেলাইও জেলৰপৰা মুক্তি পাইছিল। আফ্ৰিকাৰ বর্ণবৈষম্যবাদ বিৰোধী আন্দোলনৰ পৰিণতিস্বৰূপে দক্ষিণ আফ্ৰিকাৰপৰা বর্ণবৈষম্যবাদে মেলানি মাগিছিল। তাৰ পাছত ১৯৯৪ চনৰ এপ্ৰিল মাহত অনুষ্ঠিত হোৱা সাধাৰণ নৰ্বাচনত আফ্রিকীয় জাতীয় কংগ্ৰেছে অধিকাংশ ভোটত বিজয়ী হৈ নেলচন .মণ্ডেলাৰ নেতৃত্বত আফ্রিকীয় জাতীয় কংগ্ৰেছে চৰকাৰ গঠন কৰিছিল। নেলচন মণ্ডেলাই দক্ষিণ আফ্ৰিকাৰ প্ৰেচিডেণ্ট হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগে লগে সাফ্ৰিকাৰ ইতিহাসত এক নতুন যুগৰ সূচনা হৈছিল।

প্রশ্ন ৯। ইজিপ্তৰ নাছেৰৰ নেতৃত্বত গঢ়ি উঠা আৰৱ জাতীয়তাবাদী মৃভ্যুত্থান সম্পর্কে আলোচনা কৰা।

উত্তৰ। নাছেৰে আছিল আৰৱ জাতীয়তাবাদৰ এগৰাকী দায়িত্বশীল আৰু গুৰুত্বপূৰ্ণ নেতা আৰু কৰ্মী। তেওঁৰ জাতীয়তাবাদী নীতিসমূহে আৰৱ দেশসমূহক এক বিশেষ ৰাজনৈতিক মর্যাদা প্রদান কৰিছিল।

১৯১৪ চনৰপৰা ১৯৫৬ চনলৈ ইজিপ্ত দেশখন ব্ৰিটিছ দখলদাৰী সৈনিকৰ তত্ত্বাৱধানত আছিল আৰু ব্ৰিটেইনৰ দখলদাৰী আধিপত্যৰ বিৰুদ্ধে ইজিপ্তত স্থানীয়ভা;ে জাতীয়তাবাদী আন্দোলনৰ সূত্ৰপাত হৈছিল। ইজিপ্তত আন্দোলনমুখী ৰাজনৈতিক পৰিস্থিতিৰ উদ্ভৱ হোৱাত ১৯২২ চনত ইংলেণ্ডে ইজিপ্তক স্বাধীন সার্বভৌম দেশৰ স্বীকৃতি দিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ অন্তত পশ্চিম এছিয়াত এখন নতুন ইহুদী ৰাষ্ট্ৰ তৈয়াৰ কৰাৰ লগে ইজিপ্তৰ জাতীয়তাবাদী ৰাজনৈতিক আন্দোলন অধিক তীব্ৰতৰ হৈছিল আৰু দ্ৰুতগতিত ৰাজনৈতিক পট পৰিৱৰ্তন আৰম্ভ হৈছিল। ইয়াৰ ফলত ইজিপ্তত ৰাজতন্ত্ৰৰ অবসান ঘটিছিল আৰু ১৯৫২ চন৩ জেনেৰেল নেগুইবে ক্ষমতা দখল কৰিছিল। ১৯৫৪ চনত আৰৱ জাতীয়তাবাদী দলৰ নেতা গামাল আবডেল নাছেৰে জেনেৰেল নেগুইবক ক্ষমতাচ্যুত কৰি নিজে ইজিপ্তৰ প্ৰেচিডেণ্ট হিচাপে আত্মপ্ৰকাশ কৰিছিল।

ক্ষমতা দখল কৰাৰ পাছত ১৯৫৬ চনত নাছেৰে ইজিপ্তৰ পৰা ব্ৰিটিছ সেনাবাহিনীক অপসাৰিত কৰি দেশৰ উন্নয়নৰ কামত মনোনিৱেশ কৰিছিল। নাছেৰে ইজিপ্তৰ নীল নদীত আছোৱান ডাম স্থাপন কৰি এক বিশাল জলবিদ্যুৎ প্ৰকল্পৰ কাম হাতত লৈছিল। এই ডামৰ বাবে প্ৰয়োজন হোৱা অর্থ তেওঁ হোভিয়েট ৰাছিয়াৰপৰা সংগ্ৰহ কৰিছিল। লগতে ছুয়েজ খাল জাতীয়কৰণ কৰি তাৰ শুল্ক নিৰ্দ্ধাৰণ কৰিও কিছু পৰিমাণে অর্থ সংগ্ৰহৰ ব্যৱস্থা কৰিছিল। নাছেৰেৰ শাসন কালত ইজৰাইলক কেন্দ্ৰ কৰি ইজিপ্তকে ধৰি আৰৱ দেশসমূহৰ এক কাজিয়াৰ সুত্ৰপাত হৈছিল আৰু এই যুদ্ধ ছয় দিন ধৰি চলিছিল। ইজৰাইলৰ পৰা হোৱা উপর্যুপৰি হোৱা আক্ৰমণৰ পৰিপ্ৰেক্ষিতত নাছেৰৰ নেতৃত্বত ইজিপ্ত আৰু ছিৰিয়াক লৈ ১৯৫৮ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ সংযুক্ত আৰুৱ প্ৰজাতন্ত্ৰ গঠন কৰা হৈছিল। ১৯৭০ চনত নাছেৰৰ মৃত্যুৰ পাছত মহম্মদ আনোৱাৰ আল্-হাদাত ইজিপ্তৰ প্ৰেছিডেণ্ট হৈছিল।

এনেদৰে নাছেৰৰ নেতৃত্বত আৰৱত জাতীয়তবাদী ভাৱধাৰা সংগঠিত হৈ ইজিপ্তক ব্ৰিটেইনৰ হাতৰ পৰা মুক্ত কৰিছিল আৰু দেশখনক অর্থনৈতিক তথা ৰাজনৈতিকভাৱে স্বাধীন কৰিছিল।

Leave a Reply