SEBA Class-10 History Elective| Chapter-3| প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব-ৰাজনীতিৰ খতিয়ান

SEBA Class-10 History Elective| Chapter-3| প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব-ৰাজনীতিৰ খতিয়ান (SEBA) ,পৰীক্ষাত উৎকৃষ্ট হ’বলৈ যথেষ্ট মূল্যৱান হ’ব পাৰে। অসমীয়া মধ্যম ASSAM BOARD শ্ৰেণী 10 ইতিহাস (বৈকল্পিক) আপোনাক সকলো অধ্যায়ৰ বিষয়ে ভালজ্ঞান প্ৰদান কৰে। আপুনি মৌলিক আৰু উন্নত দুয়োটা স্তৰৰ প্ৰশ্নৰ সমাধান পাব পাৰে। আপোনাৰ ব’ৰ্ড পৰীক্ষাত উৎকৃষ্ট হোৱাৰ এটা সৰ্বশ্ৰেষ্ঠ উপায় হ’ল অনুশীলন কৰা।

SEBA CLASS 10 (Ass. MEDIUM)

  1. English Solutions
  2. অসমীয়া Questions Answer
  3. বাংলা Questions Answer
  4. বিজ্ঞান Questions Answer
  5. সমাজ বিজ্ঞান Questions Answer
  6. हिंदी ( Elective ) Questions Answer
  7. ভূগোল (Elective) Questions Answer
  8. বুৰঞ্জী (Elective) Questions Answer

History Elective| Chapter-3 প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব-ৰাজনীতিৰ খতিয়ান

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions For SEBA Class-10 History Elective| Chapter-3| প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব-ৰাজনীতিৰ খতিয়ান Solutions for All Subjects, You can practice these here.

পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ

প্রশ্ন ১। অতি চমু উত্তৰ দিয়া :

(ক) অৱন্তীৰ সম্পাদক কোন আছিল? 

উত্তৰ। অৱন্তীৰ সম্পাদক নাছিল বেনিটো মুছোলিনি। 

(খ) “The Fascisti Exposed” নামৰ গ্ৰন্থখনৰ কোনে ৰচনা কৰিছিল?

উত্তৰ। “The Fascisti Exposed” নামৰ গ্ৰন্থখনৰ ৰচয়িতা হৈছে গিয়াকামো মেট্রিওটিক।

(গ) “The Main Kampf” নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? 

উত্তৰ। “The Main Kampf” নামৰ গ্ৰন্থখন এড্‌লফ হিটলাৰে ৰচনা কৰিছিল৷

(ঘ) “New Deal” নামে পৰিচিত নীতিটো কোনে উক্লৱন কৰিছিল?

 উত্তৰ। “New Deal” নামে পৰিচিত নীতিটোৰ উদ্ভাৱক হৈছে ডেলানে ফ্ৰেংকলিন ৰুচডেণ্ট।

 (ঙ) ইটালীক কোনে “Geographical Expression” বুলি অভিহিত কৰিছিল? 

উত্তৰ:- আষ্ট্ৰিয়াৰ প্ৰধানমন্ত্রী মেটনিখে ইটালীক “Geographical Expression” বুলি অভিহিত কৰিছিল।

(চ) কোন দেশ ভূমধ্য সাগৰৰ বন্দীনী বুলি কোৱা হৈছিল?

উত্তৰ। ইটালী দেশক ভূমধ্য সাগৰৰ বন্দীনী বুলি কোৱা হৈছিল।

 (ছ) জার্মান সংসদ ভৱনত কোনে অগ্নি সংযোগ কৰিছিল?

উত্তৰ। জার্মান সংসদ ভৱনত ১৯৩৩ চনৰ ২৭ ফেব্ৰুৱাৰী তাৰিখে ভন ডাৰ লুৱে নামে ওলাণ্ডাজ লোক এজনে অগ্নি সংযোগ কৰিছিল। 

(ছ) “মই ফ্ৰান্সক গুৰি কৰি পেলাম” বুলি কানে কৈছিল?

উত্তৰ। “মই ফ্ৰান্সক গুৰি কৰি পেলাম” বুলি 

হিটলাৰে কৈছিল। 

প্রশ্ন ২। তলত দিয়া ঘটনাবোৰৰ চন-তাৰিখ উল্লেখ কৰা :

(ক) ৰাছিয়াৰ অক্টোবৰ সমাজতান্ত্রিক বিপ্লৱ। 

(খ) ফেহিষ্টসকলৰ প্ৰথম ইটালীৰ দেশজোৰা সম্মিলন।

(গ) মুছোলিনিৰদ্বাৰা প্ৰধানমন্ত্ৰীৰ দায়িত্বভাৰ

(ঘ) গিয়াকানো মেট্রিওটিৰ হত্যাকাণ্ড।

(ঙ) হিটলাৰৰ দ্বাৰা ক্ষমতা দখল।

(চ) ৰোম-বাৰ্লিন এক্‌ছিছ।

(ছ) ৰোম-বাৰ্লিন টকিঅ’ এক্‌ছিছ।

(জ) পেট অব ষ্টিল।

(ঝ) ৰুচ-জাৰ্মান অনাক্রমণ চুক্তি।

(ঞ) হিটলাৰৰ পোলেণ্ড আক্রমণ।

(চ) মিউনিক চুক্তি।

(ঠ) পার্ল হাবাৰৰ ওপৰত জাপানৰ আক্রমণ।

(ড) লেলিনৰ মৃত্যু।

(ঢ) হিটলাৰৰ ছোভিয়েট ৰাচিয়া আক্রমণ।

উত্তৰ:- তলত উল্লিখিত ঘটনাবোৰৰ চন-তাৰিখ উল্লেখ কৰা হ’ল—

              সংগঠিত ঘটনা                                                                   চন-তাৰিখ

(ক) ৰাছিয়াৰ অক্টোবৰ সমাজতান্ত্রিক বিপ্লৱ।                                         ― ১৯১৭ চন

(খ) ফেহিষ্টসকলৰ প্ৰথম ইটালীৰ দেশজোৰা সম্মিলন                         ।   ― ১৯১৯চন

(গ) মুছোলিনিৰদ্বাৰা প্ৰধানমন্ত্ৰীৰ দায়িত্বভাৰ                                         ― ১৯২২চন

(ঘ) গিয়াকানো মেট্রিওটিৰ হত্যাকাণ্ড                                               ।  ― ১৯২৪ চনৰ ১০ জুন

(ঙ) হিটলাৰৰ দ্বাৰা ক্ষমতা দখল।                                                        ― ১৯৩৩ চনৰ ৩০ জানুৱাৰী

(চ) ৰোম-বাৰ্লিন এক্‌ছিছ।                                                                 ― ১৯২৬ চন

(ছ) ৰোম-বাৰ্লিন টকিঅ’ এক্‌ছিছ।                                                      ― ১৯৩৭ চন

(জ) পেকট অব ষ্টিল।                                                                        ― ১৯৩৯ চনৰ ২২ মে

(ঝ) ৰুচ-জাৰ্মান অনাক্রমণ চুক্তি                                                      ।  ― ১৯৩৯ চনৰ ২১ আগষ্ট

(ঞ) হিটলাৰৰ পোলেণ্ড আক্রমণ।                                                       ― ১৯৩৯ চনৰ ১ ছেপ্টেম্বৰ

(চ) মিউনিক চুক্তি।                                                                            ― ১৯৩৮ চনৰ ১ অক্টোবৰ

(ঠ) পার্ল হাবাৰৰ ওপৰত জাপানৰ আক্রমণ                                       ।  ― ১৯৪১ চনৰ ৭ ডিচেম্বৰ

(ড) লেলিনৰ মৃত্যু।                                                                           ― ১৯২৪ চন

(ঢ) হিটলাৰৰ ছোভিয়েট ৰাচিয়া আক্রমণ।                                            ― ১৯৪১ চন

প্রশ্ন ৩। চমু উত্তৰ দিয়া :

(ক) ফেছিবাদৰ চাৰিটা নীতি উল্লেখ কৰা।

উত্তৰ। ফেছিবাদৰ চাৰিটা নীতি হৈছে— 

১। ফেছিবাদ গণতন্ত্র আৰু গণতান্ত্রিক প্ৰমূল্য আৰু পৰম্পৰাৰ পৰিপন্থী গাছিল।

২। ফেছিবাদৰ মতে ৰাষ্ট্ৰসকলোৰে ঊর্ধ্বত, ৰাষ্ট্ৰৰ ওপৰত কোনো নাই। ৰাষ্ট্রৰ এক সর্বাত্মক কৰ্তৃত্ব আছে, ই সকলোতে বিদ্যমান। ইয়াক নেতাৰ মাধ্যমেৰে চনাক্ত কৰা হয়। অর্থাৎ নেতাই ৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰই নেতা। ৰাষ্ট্ৰ আৰু নেতাৰ ৰাজত কোনো পার্থক্য নাই!

৩। ফেছিবাদ ব্যক্তিস্বাতন্ত্রবোধৰ পৰিপন্থী। ইয়াত ব্যক্তিৰ স্বাধীনতা মানি লোৱা নহয়।

৪। ফেছিবাদৰ মূল চালিকা শক্তি আছিল যুদ্ধ, সামৰিক সংঘৰ্ষ। ফেছিবাদে এইবোৰৰ দ্বাৰা পৰিচালিত হৈছিল।

(খ) ফেছিষ্ট ৰাষ্ট্ৰৰ চাৰিটা প্রধান বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ। ফেছিষ্ট ৰাষ্ট্ৰৰ চাৰিটা প্ৰধান বৈশিষ্ট্য হৈছে– (i) ফেছিবাদ সমাজবাদৰ পৰিপন্থী, ইয়াত সমাজবাদৰ সলনি একনায়কত্ববাদক প্রাধান্য দিয়া হয়।

(ii) ফেছিবাদ শাস্তিৰ পৰিপন্থী।

(iii) ফেছিবাদ মুক্ত বাণিজ্যিক আদান-প্রদানৰ পৰিপন্থী।

(iv) ফেছিবাদ সংবাদপত্ৰৰ স্বাধীনতাৰ পৰিপন্থী। ইয়াত বাতৰিকাকত, সংবাদ পত্ৰ আদিয়ে নির্ভীক, নিৰপেক্ষ সংবাদ প্ৰেৰণ কৰিব নোৱাৰিছিল।

(গ) ফেছিষ্ট আদর্শ কি?

উত্তৰ। ফেছিষ্ট আদর্শ হৈছে ফেছিষ্ট ৰাষ্ট্ৰত নির্দিষ্ট আৰু বিশেষ এক াজনৈতিক দল থাকে আৰু দলৰ নেতাইগৰাকীয়ে সকলো ক্ষেত্ৰত সৰ্বময়কর্তা। তওঁ দলৰ নেতা, জনসাধাৰণৰ বিপৰীত তেঁৱেই সকলো ক্ষমতাৰ অধিকাৰী, দশখনৰ বিপুল জনসাধাৰণৰ ভাগ্য নিয়ন্তা। সকলো তেওঁৰ অধীন, তেওঁ কাৰো দ্বধীন নহয়।

(ঘ) ১৯১৪-১৮ চনৰ যুদ্ধৰ অব্যৱহিত পিছৰ কালছোৱাৰ জাৰ্মানীৰ মাৰ্থিক অৱস্থা কোন ধৰণৰ আছিল উল্লেখ কৰা।

উত্তৰ। ১৯১৪-১৮ চনৰ বিশ্বযুদ্ধৰ পৰৱৰ্তীকালত জার্মানিৰ আৰ্থিক অৱস্থা অতি শোচনীয় হৈ পৰিছিল। যুদ্ধৰ মাজমানৰপৰা জার্মানিত খাদ্য সংকটে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল। দেশত উৎপাদনমুখী কল-কাৰখানা, উদ্যোগ প্রতিষ্ঠান আদি ধ্বংস হোৱাত নিবনুৱা সমস্যাই ভয়াৱহ আকাৰ ধাৰণ কৰিছিল। খাদ্য সামগ্রীকে আদি কৰি নিত্য প্রয়োজনীয় বয়-বস্তুৰ মূল্য দিনক দিনে বাঁঢ়ি গৈছিল। টকাৰ ক্রম ক্ষমতা দ্রুতভাৱে হ্রাস পাই আহিছিল।

৪। ৰচনাধর্মী প্রশ্ন :

প্রশ্ন ১। ইটালীত ফেছিবাদৰ অভ্যূদয়ৰ কাৰণসমূহ আলোচনা কৰা 

উত্তৰ। প্রথম বিশ্বযুদ্ধৰ পৰিসমাপ্তি ঘটাৰ পিছত ইজিপ্তত ৰাজনৈতিক সংহতিৰ অভাৱ দেখা গৈছিল। ইয়াৰ বিভিন্ন প্ৰদেশত বিভিন্ন ৰাজপৰিয়ালে নাজত্ব কৰিছিল। আনহাতে উত্তৰৰ ফালৰ ভালেমান দেশৰ ওপৰত অষ্ট্ৰিয়াৰ ৰাজনৈতিক আধিপত্য স্থাপিত হৈছিল। অর্থাৎ স্বৈৰতান্ত্ৰিক ৰাজতন্ত্ৰ আৰু বৈদেশিক শক্তিৰ অধীনত ইটালীয়ে বহুবছৰ ৰাজনৈতিক ক্ষেত্ৰত বিভক্ত হৈ পৰিছিল। কিন্তু ইয়াৰ জনসাধাৰণে ইটালীক বিদেশী মুক্ত কৰি এখন জাতি ৰাষ্ট্ৰৰূপে গঢ়ি তুলিবলৈ চলোৱা প্ৰচেষ্টাৰ অন্তত ১৮৭০ চনতই জাতি ৰাষ্ট্ৰৰূপে প্রতিভাত হয়।

প্রথম বিশ্বযুদ্ধৰ সময়ত ইটালীয়ে ত্রিপাক্ষিক চুক্তিৰ অন্তৰ্ভূক্ত হৈ কেন্দ্রীয় শক্তি জোঁটৰ সপক্ষে যুদ্ধত অংশগ্ৰহণ কৰিব লাগিছিল যদিও অস্ট্রিয়াৰ সৈতে থকা দীর্ঘদিনীয়া বিবাদৰ ফলত প্রথমে নিৰপেক্ষ হৈ থাকি পিছত মিত্ৰ পক্ষৰ হৈ যুদ্ধত যোগদান কৰে। ইটালীয়ে আশা কৰিছিল সে যুদ্ধৰ সমাপ্তিৰ পিছত ট্ৰেণ্টিনো, ব্ৰেনাৰ গিৰিপথ, ট্ৰিইষ্টে, ইষ্টত্রিয়া, ডালমাহিয়া আদি অঞ্চল দখল কৰি নিজ ৰাজ্যৰ পৰিসৰ বৃদ্ধি কৰিব কিন্তু ভাৰ্ছাই শান্তি চুক্তিয়ে ইটালীৰ সেই আশা পূৰণ কৰিব নোৱাৰিলে ৷ মিত্র শক্তিৰ সদস্যসকলে ইটালীক কেৱল “ভোজ সভাত শিয়াল” ৰূপেহে গণ্য কৰিলে।

গতিকে এফালে কূটনৈতিক দিশত হতাশা আৰু আনফালে অর্থনৈতিক বিপর্যয়ে ইটালীৰ ৰাজনৈতিক পৰিস্থিতি অতি জটিল কৰি তুলিছিল। প্রাকৃতিক সম্পদত দুখীয়া এই দেশখনে বর্ধিত জনসংখ্যাক শিল্প উদ্যোগ স্থাপন কৰি তাৰ সহায়ত কর্ম সংস্থাপন দিয়াৰ পৰাও বঞ্চিত হৈছিল। মূল্য বৃদ্ধিৰ হাৰ আছিল ৩০০ৰপৰা ৪০০ শত ৭। খাদ্য শস্য বিদেশৰপৰা আমদানী কৰিব লাগিছিল। ইয়াৰ বাবে ভূমধ্য সাগৰীয় পথৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল।

বিশ্বযুদ্ধৰ ফলত ইটালীৰ অৰ্থনৈতিক অৱস্থা আৰু জটিল হৈ পৰিছিল। শিল্প বাণিজ্য, কল-কাৰখানা, ৰাস্তা-ঘাট, যোগাযোগ ব্যৱস্থা অধিক বিকল হৈ পৰিছিল। জনসাধাৰণৰ মাজত ঋণগ্রস্ততা, মুদ্রাস্ফীতি নিবনুৱা সমস্যা আৰু সামাজিক নিৰাপত্তাহীনতা লাহে লাহে বৃদ্ধি পাই আহিছিল। চোৰাং বেপাৰী, লাভখোৰ দোকানী, পোহাৰী আদিৰ বাবে সাধাৰণ জনগণৰ অৱস্থা পানী হাঁহ নচৰাৰ দৰে হৈছিল। যুদ্ধক্ষেত্ৰৰ পৰা উভতি অহা সৈনিকক জনসাধাৰণে শ্রদ্ধা কৰাৰ সলনি শিলগুটিহে দলিয়াইছিল। নিজৰ অৱস্থা টনকিয়াল কৰিবলৈ বহুতে ৰাজনীতিত যোগদান কৰিছিল। প্রাক্তন সৈনিকৰ ৰাজনীতিত যোগদানে দেশৰ ৰাজনৈতিক পৰিস্থিতি অধিক জটিল কৰি তুলিছিল।

দেশৰ এনে অৱস্থাত চৰকাৰে বিশেষ পদক্ষেপ লোৱাটো অসম্ভৱ যেন হৈ পৰিছিল। বহু দলীয় ৰাজনৈতিক ব্যৱস্থাই প্ৰশাসন যন্ত্ৰটো ক্ৰমাৎ দুৰ্বল কৰি তুলিছিল। প্রধানমন্ত্ৰী অৰলাণ্ডোৱে পদত্যাগ কৰাৰ পিছত ১৯১৯ চনৰ ২৩ জুনৰপৰা ১৯২২ চনৰ ৩১ অক্টেৱৰলৈ ইটালীত এখন এখনকৈ ছয়াখন মন্ত্ৰীণভাৰ উত্থান-পতন হৈছিল। ইয়াৰ পৰাই দেশৰ অস্থিৰতাৰ কাৰণ জানিব পাৰি। ইটালী দেশত চলি থকা এই চূড়াস্ত অস্থিৰঙাৰ সময়তেই বেনিটো মুছোলিনিৰ নেতৃত্বত ফেছিষ্ট দলৰ প্ৰাদুৰ্ভাৱ ঘটে। 

প্রশ্ন ২। ইটালীত ফেছিবাদৰ চমু ইতিহাস বিবৃত কৰা।

উত্তৰ। ফেছিবাদ শব্দটো লেটিন ভাষাৰ “Fasces” শব্দৰপৰা উৎপত্তি হৈছে।

ইয়াৰ অৰ্থ হৈছে দল বা আঁটি। বেনিটো মুছোলিনিৰ নেতৃত্বত এই দলটো গঠন কৰা হৈছিল। মুছোলিনিয়ে ইটালীৰ ডেকা তথা যুৱকসকলক ‘ফেছেদ’ নামে দলত সংগঠিত কৰি জাতিৰ বাবে শত্ৰু গণ্য কৰা লোকৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিবলৈ নিয়োগ কৰিছিল। মিলান চহৰত ১৯১৯ চনৰ ২৩ মাৰ্চত পোনতে ফেছিষ্ট গোট গঠন কৰা হৈছিল। এওঁলোকে গণতন্ত্রত বিশ্বাস কৰিছিল, গতিকে বিৰোধী দল থকাটো তেওঁলোকে পছন্দ নকৰিছিল। এওঁলোকে বিশ্বাস কৰা ৰাজনৈতিক আদর্শকে ফেছিবাদ বুলি কোৱা হয়।

বেনিটো মুছোলিনিয়ে জীৱনৰ আদিতে সমাজবাদৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিল। ১৯০৮ চনত ৰামাগ্‌নাৰ কৃষক বিদ্ৰোহত অংশগ্ৰহণ কৰাৰ অপৰাধত তেওঁক বন্দী কৰি কাৰাগাৰত থোৱা হৈছিল। পিছত সমাজবাদীদলৰ মুখপত্র ‘অৱন্তী’ৰ সম্পাদক পদত নিযুক্ত হয়। ইটালীয়ে বিশ্বযুদ্ধত অংশ গ্ৰহণ নকৰিবলৈ প্ৰচাৰ কৰাত মুছোলিনিয়ে সমাজবাদী দলৰপৰা পদত্যাগ কৰি ছিন্দিকেলিষ্টসকলৰ লগ লাগে আৰু যুদ্ধত ইটালীৰ অংশগ্ৰহণৰ পোষকতা কৰে।

ইফালে সেই সময়ত ইটালীত বৃদ্ধি পোৱা সাম্যবাদী প্ৰচাৰ আৰু সংগঠনসমূহে সমাজৰ তথাকথিত ধনীশ্রেণীক ভীতি সন্ত্রস্ত কৰি তুলিছিল। গতিকে এই শ্ৰেণীৰ লোকৰ লগতে প্ৰাক্তন সৈনিকসকল লাহে লা েফেছিষ্ট দলৰ প্ৰতি আকৰ্ষিত হৈছিল। ইটালী দেশৰ লোকসকলে ভাবিছিল যে বেনিটো মুছোলিনিয়ে তেওঁলোকক সকলো দিশৰপৰা সহায় আগবঢ়াবলৈ সক্ষম হব। মুছোলিনিয়ে প্ৰথমতে ফেচিষ্ট গোট্‌ক কোনো ৰাজনৈতিক দল বুলি স্বীকাৰ কৰা নাছিল। এই দলে চূড়ান্ত স্ৰষ্টাচাৰ আৰু দুৰ্নীতিত নিমজ্ঞিত সকলোবোৰ ৰাজনৈতিক দলৰ প্রতি চূড়ান্ত ঘৃণ৷ আৰু অসন্তুষ্টি হৈ প্ৰকাশ কৰিছিল। সেয়েহে এই দলৰ প্ৰতি দেশৰ লোকসকল আকর্ষিত হোৱা দেখা গৈছিল। ফেছিষ্ট সকলৰ প্ৰথম দেশজোৰা কংগ্ৰেছ বহিছিল ১৯১৯ চনত, তাত ২২টা বেনিটো মুছোলিনি গোটে অংশগ্ৰহণ কৰিছিল আৰু মুঠ সদস্যৰ সংখ্যা আছিল ১৭,০০০। ১৯২০চনত বহা দ্বিতীয় কংগ্ৰেছত ফেছিষ্ট গোটৰ সংখ্যা আছিল ১১৮টা আৰু মুঠ সদস্য সংখ্যা আছিল ৩০,০০০। তৃতীয় কংগ্ৰেছৰ সময়ত ফেছিষ্ট গোটৰ সংখ্যা আছিল ২২০০টা আৰু সদস্যৰ সংখ্যা আছিল ৩,০০,০০০। এই গোটসমূহৰ পৰা অত্যন্ত বিশ্বস্তসকলক লৈ ক’লা বোলা পৰিধান কৰা এটি স্বেচ্ছাসেৱব বাহিনী গঠন কৰা হৈছিল আৰু আৰম্ভণিৰেপৰাই এওঁলোকে কমিউনিষ্টসকলক আক্ৰমণ কৰা কামত নিয়োজিত আছিল। ১৯২১ চনৰ আৰম্ভণিৰেপৰা এই আক্ৰমণ সংঘৰ্যসমূহৰ বাবে দেশখনত এক গৃহযুদ্ধ সদৃশ পৰিস্থিতিয়ে দেখা দিছিল। আইন শৃংখলা বোলা বস্তুটো নোহোৱা হৈছিল। ফেছিষ্টসকলৰ ভয়ত চৰকাৰী আমোলা বিষয়াসকল নির্বিকাত হৈ পৰিছিল। সেই সময়তে ১৯২১ চনৰ মে মাহত দেশত সাধাৰণ নির্বাচন অনুষ্ঠিত হৈছিল। সেই নিৰ্বাচনত অংশগ্রহণ কৰি ফেচিষ্টসকলে সংসদলৈ মুছোলিনিসহ ৩৬ জন সদস্য নির্বাচিত কৰি পঠিয়াইছিল। সেই বছৰৰে নৱেম্বৰ মাহত মুছোলিনিয়ে ফেছিষ্ট গোটসমূহক সুসংহত কৰি এক ৰাজনৈতিক দলৰূপে। সংঘবদ্ধ কৰে। এই দলৰ দ্বাৰা হত্যা, লুণ্ঠন, মাৰ-পিট সাধাৰণ ঘটনাত পৰিণত হয়। ১৯২২ চনৰ ৩ মাৰ্চত মুছোলিনিয়ে ফিউমৰ প্রতিষ্ঠিত চৰকাৰ উচ্ছেদ কৰি। তাত ক্ষমতা দখল কৰে। এই সময়তো কমিউনিষ্ট আৰু সমাজবাদীসকলৰ ওপৰত ফেছিষ্টসকলৰ অত্যাচাৰ অব্যাহত আছিল।

মুছোলিনিৰ নেতৃত্বত ফেছিষ্টসকলে ১৯২২ চনৰ অক্টোবৰ মাহৰ শেষৰফালে ৰোম দখলৰ বাবে এটা বৃহৎ অভিযান চলাইছিল। তাৰে আগতে ২৪ অক্টোবৰত নেপ’লছত অনুষ্ঠিত বিশাল জনসভাত ভাষণ দি মুছোলিনিয়ে কৈছিল, হয় আমাক চৰকাৰ গঠন কৰিবলৈ দিয়ক, নহয় আমি ৰোমলৈ যাত্ৰা কৰিম। প্রধানমন্ত্রী ফেক্তাই দেশত সামৰিক আইন বলৱ কৰাৰ পৰামৰ্শ দিছিল যদিও ৰজাই তৃতীয় ভিক্তৰ ইমানুৱেলে সেইটো নকৰিলে। সেয়ে ১৯২২ চনৰ ২৭ অক্টোবৰ মাহত ফেক্তাই প্রধানমন্ত্ৰীৰ পদৰপৰা পদত্যাগ কৰে। পিছদিনাখন মুছোলিনিয়ে ৰোমলৈ অভিযান আৰম্ভ কৰিলে আৰু ৰজাই ফেছিলৈৰণৰ হেঁচাত ৩০ অক্টোৱৰ তাৰিখে মুছোলিনিক ইটালীৰ প্ৰধানমন্ত্ৰীৰূপে ঘোষণা কৰিলে। সংসদে দেশত আইন আৰু শাস্তি-শৃংখলা স্থাপনৰ বাবে এবছৰলৈ মুছোলিনিক একছত্রী ক্ষমতা প্রদান কৰিলে।

প্রশ্ন ৩। বেনিটো মুছোলিনিৰ আমোলত ইটালীৰ বৈদেশিক নীতিৰ বিষয়ে আলোচনা কৰা।

উত্তৰ। ফেছিবাদক পুঁজিবাদৰ এক জঘন্য ৰূপ বা সাম্রাজ্যবাদৰ উদ্যোক্তা আৰু প্ৰৱক্তা বুলি ক’ব পাৰি। মুছোলিনিয়ে এক অগ্রাসী বৈদেশিক নীতি পৰিচালনা কৰিছিল। ইটালী প্রাকৃতিক সম্পদত দুখীয়া আছিল। সেয়েহে ফেছিষ্টসকলে চুবুৰীয়া অন্যান্য চহকী দেশ দখল কৰি ইটালীৰ ৰাজ্যক্ষেত্র সম্প্ৰসাৰণ ঘটাবলৈ চেষ্টা চলাইছিল। তেওঁলোকে ভাৰ্চাই শান্তি চুক্তিৰ বিৰোধিতা কৰি তাৰ চৰ্তসমূহ উলংঘা কৰিবলৈ বিচাৰিছিল। মুছোলিনিৰ বদ্ধমুল ধাৰণা আছিল যে ইটালীৰ সম্প্ৰসাৰণত ভাৰ্চাই চুক্তি আৰু জাতি সংঘই বাধাৰ প্ৰাচীৰ গঢ়ি তুলিছিল, সেয়ে ভার্চাই শান্তি চুক্তি আৰু জাতি সংঘৰ প্ৰতি অহৰহ বিৰোধিতা কৰিছিল।

ৰাজ্যক্ষেত্ৰৰ পৰিসৰ বৃদ্ধিৰ বাবে তেওঁ ব্যাপক সমৰৰ আয়োজন কৰিছিল। ১৯৩০ চনত তেওঁ কৈছিল “ভাষণ বৰ সুন্দৰ বস্তু, কিন্তু ৰাইফল, মেচিনগান, যুদ্ধজাহাজ, আকাশীযান আৰু কামান তাতকৈও সুন্দৰ বস্তু। সেইবিলাক এই কাৰণেই সুন্দৰ যে শক্তি অবিহনে অধিকাৰ অন্তসাৰশূন্য শব্দ।”

ভূমধ্যসাগৰক মুছোলিনিয়ে ইটালীৰ বাবে এটি নিজস্ব হ্ৰদৰূপে গণ্য কৰিবলৈ লৈছিল আৰু উপকূলৱৰ্তী দেশসমূহক নিজ অধীনলৈ আনিবলৈ যত্ন কৰিছিল। সেই উদ্দেশ্য আগত ৰাখিয়েই তেওঁ গ্ৰীচৰ কৰ্টু নামৰ দ্বীপটো দখল কৰি পিছত বহু হাজাৰ টকাৰ বিনিময়ত পুনৰ গ্ৰীচক ওভতাই দিছিল। ইয়াৰ উপৰি ইটালীয়ে আবিছিনিয়াৰ ৰাজধানী আদ্দিছ আবাবা, ইথিওপিয়া, এৰিত্ৰিয়া, ছোমালিলেণ্ড আদি দখল কৰি ইটালীৰ লগত চামিল কৰে।

১৯৩৯ চনত ইটালীয়ে আলবানিয়া দখল কৰে আৰু ইটালীৰ ৰজা ইথিওপিয়াৰ সম্রাট আৰু আলবানিয়াৰ ৰজাৰূপে পৰিগণিত হয়। আন্তৰাষ্ট্ৰীয় ৰাজনীতিত সংঘটিত এই ঘটনাবোৰ লাহে লাহে জাৰ্মানী আৰু ইটালীক ওচৰ চপাই আনে। ১৯৩৬ চনৰ অক্টোৱৰ মাহত জার্মানীয়ে ইটালীৰ সৈতে ‘ৰোম-বার্লিন এক্‌ছিছ’ গঠন কৰে। তাৰ পিছৰ মাহত জাৰ্মানী আৰু জাপানে কমিউনিষ্ট বিৰোধী চুক্তিত সোমাই পৰে৷ পিছৰ বছৰ ইটালীয়ে এই চুক্তিৰ অংশীদাৰ হয় আৰু এই চুক্তি ৰোম-বার্লিন-টকিঅ’ এক্‌ছিছৰূপে পৰিগণিত হয়।

আদিতে হিটলাৰ আৰু মুছোলিনিৰ মাজত বিশেষ সম্ভাৱ নাছিল। ১৯৩৪ চনত হিটলাৰে অষ্ট্ৰিয়াৰ আভ্যন্তৰীণ ক্ষেত্ৰত হস্তক্ষেপ কৰাত মুছোলিনিয়ে তীব্র বিৰোধিতা কৰিছিল। কিন্তু ইটালীয়ে আবিছিনিয়া আক্ৰমণ কৰাৰ লগে লগে ফ্রান্স আৰু ইংলেণ্ডে পোষণ কৰা দৃষ্টিভংগীৰ পৰিপ্ৰেক্ষিতত মুছোলিনি লাহে লাহে হিটলাৰৰ শিৱিবলৈ অগ্ৰসৰ হ’বলৈ ধৰে, অৱশেষত তেওঁ কমিউনিষ্ট বিৰোধী চুক্তিৰ অংশীদাৰ হৈ ‘ৰোম-ৱাৰ্লিন-টকিঅ’ এক্‌ছিছ’ গঠনৰ কথা ঘোষণা কৰে। এইবিলাকৰ ফলত পুনৰ বিশ্বযুদ্ধৰ আশংকাই দেখা দিয়ে।

এইদবে বেনিটো মুছোলিনিৰ আমোলত ইটালীৰ বৈদেশিক নীতি নির্ধাৰণ কৰা হৈছিল বুলি ক’ব পাৰি। 

প্রশ্ন ৪। জার্মানীত নাজীবাদৰ উৎপত্তি আৰু বিকাশ সম্পর্কে আলোচনা

উত্তৰ। হিটলাৰে জাৰ্মানীত সৃষ্টি কৰা নাজীবাদ হৈছে ইটালীৰ ফেছিবাদ বা সাম্ৰাজ্যবাদৰে নামান্তৰ মাথোন। কিন্তু জাৰ্মানীৰ নাজীবাদ ইটালীৰ ফেছিবাদতকৈ অধিক উগ্ৰ আৰু ভয়ংকৰ আছিল। এই নাজীবাদৰ সমর্থক বা নাজীসকলে তেওঁলোকৰ নেতা এডল্‌ফ হিটলাৰৰ নেতৃত্বত আধুনিক কালৰ সকলোতকৈ বৰ্বৰ একনায়কত্ববাদৰ প্ৰতিষ্ঠা কৰিছিল।

প্রথম বিশ্বযুদ্ধৰ অন্তত জার্মানীৰ অৱস্থা অতি শোচনীয় হৈ পৰিছিল। ৰাজনৈতিক বিশৃংখলতা, অর্থনৈতিক সংকট, সামাজিক উত্তেজনা আদিয়ে ইয়াৰ সকলোফালে গা কৰি উঠিছিল। ১৯১৯ চনৰ আগভাগৰপৰা ১৯৩৩ চনৰ আগভাগলৈ দেশত ১৯খন মন্ত্রীসভা গঠন আৰু পতন হোৱাত জার্মানসকলে সংসদীয় গণতন্ত্রৰ ওপৰত আস্থা হেৰুৱাই পেলায়। জার্মানীত দেখা দিয়া এই ৰাজনৈতিক আৰু অৰ্থনৈতিক দুৰ্দশাৰ ফলত দেশৰ সাম্যবাদী সংগঠন আৰু ৰাজনৈতিক দলসমূহ অতি সক্ৰিয় আৰু জনপ্ৰিয় হৈ উঠিল। সৰকাৰ সন্মুখত অসংখ্য সমস্যা ৷ জনসাধাৰণৰ দুখ-দুর্দশা আদিয়ে চৰম অৱস্থাত উপনীত হোৱাৰ সময়তে এই দুখ-দুর্দশা অৱসানৰ আশ্বাস দি হিটলাৰ আৰু তেওঁৰ নাজীদলে জার্মানীৰ ৰাজনৈতিক ক্ষেত্ৰত পদার্পণ কৰে।

১৯২০ চনত হিটলাৰৰ নেতৃত্বত জার্মানীত “জাতীয় সমাজবাদী জার্মান শ্রমিক দল” (National Socialist German Worker’s Party) চমুকৈ নাজী পাৰ্টিৰ সংগঠন গঢ়ি তোলা হয়। ১৯২৩ চনত মিউনি বলপূর্বক ক্ষমতা দখল কৰিবলৈ গৈ হিটলাৰে ব্যৰ্ণ হৈ ধৰা পৰি কাৰাগাৰৰ ভাত খাবলগীয়া হৈছিল। কাৰাগাৰত থকা কালছোৱাত তেওঁ নিজ জীৱন আৰু আদৰ্শৰ বিষয়ে ‘মেইন কেপফ’ বা ‘মোৰ সংগ্ৰাম’ নামে আত্মজীৱনী লিখি উলিয়ায়। পিছলৈ এই পুথিখন নাজীদলৰ বাইবেলস্বৰূপ হৈ পৰিছিল৷ ইয়াত হিটলাৰে নাজীৰ উদ্ভট আদর্শ দাঙি ধৰিছিল।

বল প্রয়োগৰ দ্বাৰা ক্ষমতা দখল কৰিবলৈ ব্যৰ্থ হোৱাত হিটলাৰে এইবাৰ নিৰ্বাচনৰ জৰিয়তে ক্ষমতালৈ আহিবলৈ সিদ্ধান্ত লয়। ১৯২৫ চনৰ ফেব্ৰু-বাৰী মাহত তেওঁ নাজীদলক পুনৰ সংগঠিত কৰে। সেই সময়ত জাৰ্মানীৰ জনপ্ৰিয় আৰু শক্তিশালী দল ‘ছ’ছিয়েল ডেমক্রেটিক পার্টি’ আৰু ‘কমিউনিস্ট পার্টি’য়ে জার্মানীৰ বিৰুদ্ধে ঐক্যৱদ্ধ হোৱাত ব্যর্থ হয়। ১৯৩৩ জনৰ ৩০ জাৰ্মানীৰ ৰাষ্ট্ৰপতি হিন্দেনবাৰ্গে হিটলাৰক জাৰ্মানীৰ প্ৰধানমন্ত্ৰীৰূপে নিযুক্তি দিয়ে।

প্রধানমন্ত্ৰীৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিয়েই হিটলাৰে অবাধ ক্ষমতা আৰু অসীম কর্তৃত্বৰ অধিকাৰ বিচাৰিলে। তেঁওঁ জার্মানীত নিজৰ তথা নাজীদলৰ একনায়কত্ববাদ প্রতিষ্ঠা কৰিবলৈ অগ্ৰসৰ হ’ল। ১৯৩৩ চনৰ ২৭ ফেব্ৰুৱাৰীত তেওঁৰ গোপন নির্দেশ মতে ৰাইসষ্টেগ বা সংসদ ভৱনটো জ্বলাই দিয়া হ’ল আৰু পিচত এই কাৰ্যৰ বাবে কমিউনিষ্ট পাৰ্টিৰ সদস্যসকলক দোষাৰোপ কৰি কঠোৰভাৱে শাস্তি দিয়া হ’ল। নাজীদলৰ বাহিৰে আন সকলো ৰাজনৈতিক দলক নিষিদ্ধ ঘোষণা কৰা হ’ল। ১৯৩৪ চনৰ আগষ্ট মাহত ৰাষ্ট্ৰপতি হিন্দেনবাৰ্গৰ মৃত্যু হোৱাত হিটলাৰে প্ৰধানমন্ত্ৰীৰ উপৰিও ৰাষ্ট্ৰপতিৰ পদটোও গ্ৰহণ কৰিলে। দেশৰ নাজীবিৰোধী শক্তিবোৰ ‘দমন কৰাৰ উপৰিও সকলো জার্মান ভাষা-ভাষী লোকক একগোট কৰি এক শক্তিশালী জার্মান ৰাষ্ট্ৰ গঠন কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ সেয়েহে ভাৰ্চাই শান্তি চুক্তিক পদদলিত কৰি জাৰ্মানীক সামৰিকভাৱে সুসজ্জিত কৰি যুদ্ধৰ বাবে প্ৰস্তুত কৰি লোৱা হয়। নাজীবাদে লাভ কৰা এই সফলতাই কেৱল জাৰ্মানীসকলৰ বাবেই নহয়, সমগ্ৰ ইউৰোপ তথা বিশ্বৰ বাবে এক বিপৰ্যয়ৰ আগজাননী কঢ়িয়াই আনিছিল বুলি ক’ব পাৰি।

SEBA Class 10 History(Elective) Solutions

Sl. No.Contents
Chapter 1ঔপনিৱেশিকতা আৰু সাম্রাজ্যবাদৰ বিকাশ
Chapter 2প্রথম বিশ্বযুদ্ধ
Chapter 3প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব-ৰাজনীতিৰ খতিয়ান
Chapter 4দ্বিতীয় বিশ্বযুদ্ধ
Chapter 5ৰাষ্ট্ৰসংঘ
Chapter 6দ্বিতীয় বিশ্বযুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যুদয়
Chapter 7গোষ্ঠী নিৰপেক্ষ আন্দোলন
Chapter 8ভাৰতবৰ্ষৰ বৈদেশিক নীতি

প্রশ্ন ৫। হিটলাৰৰ ৰাজনৈতিক লক্ষ্য আৰু উদ্দেশ্য কি আহিল আলোচনা কৰা।

উত্তৰ। প্ৰথম বিশ্বযুদ্ধত বিধস্ত হোৱা জার্মানীক দ্রুত অৱক্ষয়ীমান অর্থনৈতিক অৱস্থাৰপৰা পৰিত্ৰাণৰ বাবে হিটলাৰে কেতবোৰ ৰাজনৈতিক লক্ষ্য আৰু উদ্দেশ্য ঠিৰাং কৰিছিল আৰু তাক কাৰ্যত ৰূপায়ণ কৰিবলৈ অহৰহ প্ৰচেষ্টা চলাইছিল। এই লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে আলোচনা কৰা হ’ল–

  1. হিটলাৰে ভাৰ্চাই শান্তি চুক্তিৰ চর্তসমুহে জার্মানীৰ সম্প্ৰসাৰণত বাধাব সৃষ্টি কৰিছিল বুলি অভিযোগ কৰি তাক উলংঘা কৰাৰ পোষকতা কৰিছিল। সকলো জার্মান লোককে এক জার্মানী ৰাষ্ট্রৰ তলতীয়া কৰিব লাগে বুলি দাবী উত্থাপন কৰাৰ লগতে জার্মানীৰ বৰ্ধিত জনসংখ্যালৈ চাই ইয়াৰ ৰাজ্যক্ষেত্ৰৰ সম্প্ৰসাৰণৰ পোষকতা কৰিছিল। এই সম্প্ৰসাৰণৰ বাবে ৰাচিয়া আৰু উত্তৰ পুৱ ইউৰোপক বাচি লৈছিল।
  2. হিটলাৰে জাৰ্মানীৰ ৰক্তকৌলিন্যতত্বত বিশ্বাস কৰিছিল। তেওঁ বিশ্বাস কৰিছিল যে জামাল আর্য গোষ্ঠীসম্ভূত লোক। সকলো মানুহৰ ভিতৰত আর্যসকল শ্রেষ্ঠ, গতিকে এই শ্রেষ্ঠ জার্মান জাতিটোৱে সকলো জাতিকে দমন কৰি শাসন কৰাৰ অধিকাৰ আছে। জার্মান জাতিৰ এই তথাকথিত শ্ৰেষ্ঠত্বৰ তত্বই দেশৰ নিবনুৱা ডেকা-যুৱকসকলক মতলীয়া কৰি তুলিছিল।
  3. জার্মানীত জার্মান জাতিৰ এই শ্রেষ্ঠত্ব তত্ব প্ৰচাৰ কৰাৰ লগে লগে সমান্তৰালভাৱে ইয়াত বসবাস ইহুদী আৰু জনগোষ্ঠীৰ লো তথ্য নাগৰিকসকলৰ বিৰুদ্ধে অনৱবৰ্ত অপপ্ৰচাৰ চলোৱা হৈছিল। জার্মান সমাজত প্রচলিত সকলো ব্যভিচাৰ ভ্ৰষ্টাচাৰৰ মূল বুলি এওঁলোকক কোল হৈছিল। এওঁলোকক জাৰ্মান ৰাষ্ট্ৰৰ নাগৰিক অধিকাৰৰ পৰা বঞ্চিত কৰাৰ লগতে চৰকাৰী চাকৰি বাকৰিৰ পৰাও অপসাৰিত কৰা হৈছিল।
  4. ২৫ দফীয়া আঁচনিৰ মাধ্যমত হিটলাৰে নাজী দলৰ ৰাজনৈতি কাৰ্যসূচী বিস্তাৰিতভাৱে প্ৰচাৰ কৰিছিল। সেইবোৰৰ ভিতৰত আছিল আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ নীতিৰ ভিত্তিত সকলো জার্মান লোককে এক ৰাষ্ট্ৰৰ অধীন কৰা, ভাৰ্চাই আৰু ছেণ্ট জার্মান শান্তি চুক্তি বাতিল কৰা, জার্মানীৰ বৰ্ধিত জনসংখ্যাৰ বাবে উপনিবেশ স্থাপন কৰা, বৃত্তিজীৱী সেনাবাহিনীৰ পৰিৱর্তে জাতীয় সেনাবাহিনী গঠন কৰা, শক্তিশালী কেন্দ্ৰীয় চৰকাৰ গঠন কৰা ইত্যাদি।
  5. নাজী দল এক প্ৰচাৰ সৰ্বস্ব ৰাজনৈতিক দল আছিল। জ্বালাময়ী উত্তেজক ভাষণ আৰু নেৰানেপেৰা প্ৰচাৰৰ জৰিয়তে এই দলে দেশৰ ৰাজনৈতিক পৰিৱেশ অনৱৰত উত্তপ্ত কৰি ৰাখিছিল। ফলত অন্যান্য বিৰোধী দল বা ব্যক্তিয়ে নিজ দলৰ কাম-কাজ কৰাৰ বাবে কোনো সুযোগ বা সুৰুঙা পোৱা নাছিল।
  6. মুছোলিনিৰ ফেছিবাদৰ দৰে হিটলাৰৰ নাজীবাদো গণতন্ত্ৰৰ পৰিপন্থী আছিল। হিটলাৰে বিৰোধী মতব প্রতি হিষ্ণু আছিল। গণতন্ত্র বা উদাৰ ৰাজনৈতিক মতবাদত বিশ্বাসী বহু হাজাৰ ২ ১৯৩৩ চনৰ ১০ মে’ তাৰিখে অকাতৰে পুৰি পেলোৱা হৈছিল। তেওঁৰ মতৰ প্ৰতি অনুৰাগী নোেহাৱা হাজাৰ হাজাৰ বিদ্বানে কলেজ-বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ পদবী হেৰুৱাইছিল। তেওঁৰ নিজৰ দলৰ লোকেও বিপৰীত মত পোষণ কৰিব নোৱাৰিছিল অন্যথা কঠোৰ শাস্তি ভোগ কৰিবলগীয়া হৈছিল। নাজীবাদে এক ৰাষ্ট্ৰ, এক দল, এক নেতা এই নীতিত বিশ্বাস ৰাখি বাকীবোৰ ৰাজনৈতিক দল নিষেধ কৰিছিল।
  7. নাজী দলে নিজস্ব অর্ধ-সামৰিক বাহিনী গঠন কৰি প্ৰতিপক্ষৰ ওপৰত জোব-জুলুম, শাৰীৰিক নির্যাতন, আক্রমণ আদি কৰাৰ ব্যৱস্থা কৰিছিল। সেই অর্ধ-সামৰিক বাহিনীক ‘ষ্টৰ্ম ট্ৰপাছ’ বোলা হৈছিল। তদুপৰি হিটলাৰে নিজস্ব নিৰাপত্তাৰ বাবে ‘স্কাটষ্টাফেল’ নামৰ সামৰিক বাহিনী ৰাখিছিল। এই অৰ্ধ-সামৰিক বাহিনীক হিটলাৰে বিৰোধী ৰাজনৈতিক, বিশেষকৈ কমিউনিষ্ট আৰু ছোচিয়েলিষ্ট দলৰ লোকক হত্যা কৰিবলৈ তেওঁলোকে আহ্বান কৰা সভা সমিতি ভাঙি দিবলৈ ব্যৱহাৰ কৰিছিল।
  8. জার্মানীত হিটলাৰৰ নেতৃত্বত নাজীবাদ গঠন হোৱাৰ আন এক কাৰণ আছিল বিক্ষুব্ধ আৰু প্ৰাক্তন সৈনিক আৰু সামৰিক বাহিনীৰ লোকৰ ৰাজনৈতিক অভিলাস পূৰণ কৰাৰ আকাংক্ষা। এই লোকসকলে নিজ নিজ ৰাজনৈতিক ইচ্ছা আকাংক্ষা পুৰণ কৰাৰ অভিপ্রায়েৰে নাজী দলত যোগদান কৰিছিল। (ix) কমিউনিষ্টৰ প্ৰতি থকা ভয়ৰ বাবেও বহু বিত্তবান লোক নাজী দললৈ আকৰ্ষিত হৈছিল কিয়নো এই দল কমউনিষ্টসকলৰ প্রতি অত্যন্ত কঠোৰ আৰু অসহিষ্ণু আছিল।
  9. ১৯২৯-৩০ চনত বিশ্বজুৰি দেখা দিয়া অর্থনৈতিক মন্দা অৱস্থাই শিল্পপতিসকলৰ মনত ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে সাধাৰণ লোকৰ মাজতো অনিশ্চয়তাৰ সৃষ্টি কৰি বহুতকে নাজী দলৰ অনুগামী আৰু সমৰ্থকত পৰিণত কৰিছিল।
  10. প্রথম বিশ্বযুদ্ধৰ সামৰণিৰ পিছত জাৰ্মানীত ৰাজনৈতিক দলৰ ভীষণ প্ৰসাৰ ঘটিছিল। ১৯৩০ চনৰ সাধাৰণ নিৰ্বাচনত জার্মানীত অতি কমেও সৰু ডাঙৰ ২৪টা ৰাজনৈতিক দলে অংশগ্রহণ কৰিছিল। ইয়াৰদ্বাৰা পৰোক্ষভাৱে নাজী দলকেই শক্তিশালী কৰা হৈছিল।

প্রশ্ন ৬। হিটলাৰৰ বৈদেশিক নীতিৰ মূল বৈশিষ্ট্য কি আছিল আলোচনা কৰা। 

উত্তৰ। হিটলাৰৰ নেতৃত্বত গঠিত হোৱা নাজী দলে ২৫ দফীয়া আঁচনিৰ মাধ্যমত এক ৰাজনৈতিক কাৰ্যসূচী গ্ৰহণ কৰিছিল। তাতেই তেওঁ গ্ৰহণ কৰা

বৈদেশিক নীতিৰ সবিশেষ উল্লেখ কৰিছে। হিটলাৰৰ বৈদেশিক নীতিৰ মূল আধাৰ আছিল সামৰিক শক্তি।

ভাৰ্চাই শান্তি চুক্তিৰ দ্বাৰা জাৰ্মানীৰ সামৰিক শক্তিৰ ওপৰত ব্যাপক বাধা নিষেধ আৰোপ কৰা হৈছিল। কিন্তু ভার্চাই শান্তি চুক্তিক উলংঘা কৰি হিটলাৰে। জার্মানীত এক বৃহৎ সামৰিক শক্তি গঢ়ি তুলিলে আৰু ৰাজ্য বিস্তাৰ কৰাত মনোনিৱেশ কৰিলে। ভাৰ্চাই শান্তি চুক্তি স্বাক্ষৰ কৰা কোনো এখন দেশেই এই দিশত বাধা দিব নোৱাৰিলে।

হিটলাৰে ১৯৩৩ চনত নিৰঞ্জীকৰণ সম্মিলন আৰু তাৰ লগতে জাতি সংঘৰপৰা জার্মানীৰ সদস্য পদ প্রত্যাহাৰ কৰে আৰু ভাৰ্চাই শাস্তি চুক্তি বাতিল কৰে। জার্মান জনসাধাৰণে গণভোটৰ মাধ্যমেৰে সেই কাৰ্যৰ সমৰ্থন আগবঢ়ায়। ১৯৩৫ চনত হিটলাৰে দেশৰ সেনাবাহিনীৰ সংখ্যা ১০০,০০০-ৰপৰা

৫,৫০,০০০ লৈ বৃদ্ধি কৰাৰ আঁচনি গ্ৰহণ কৰে। ইয়াৰ পিছত হিটলাৰে নৌ-বাহিনীৰ শক্তি বৃদ্ধিত মনোনিৱেশ কৰে। এই ক্ষেত্ৰত তেওঁ ব্ৰিটেইনৰ সহানুভূতিও লাভ কৰে। ১৯৩৪ চনত হিটলাৰে অষ্ট্ৰিয়া অধিকাৰ কৰাৰ অভিপ্রায়েৰে অষ্ট্ৰিয়াৰ

আভ্যন্তৰীণ ক্ষেত্ৰত হস্তক্ষেপ কৰে। কিন্তু ব্রিটেইন, ফ্রান্স আৰু ইটালীৰ হস্তক্ষেপৰ বাবে তেওঁ এই ক্ষেত্ৰত সাময়িকভাৱে থমকি ৰবলৈ বাধ্য হয়। ১৯৩৫ চনত তেওঁ অষ্ট্ৰিয়াৰ সৈতে এক চুক্তি সম্পাদন কৰে। ১৯৩৮ চনত পুনৰ অষ্ট্রিয়াত ইস্তক্ষেপ কৰে। এইবাৰ ইটালীয়ে হিটলাৰৰ প্রতি সহযোগিতা দেখুৱাৰ সম্ভাৱনাই দেখা দিয়ে। ইতিমধ্যে আবিছিনিয়াৰ ক্ষেত্ৰত ইটালীয়ে লোৱা নীতিৰ ক্ষেত্ৰত ফ্রান্স আৰু ব্ৰিটেইনে লোৱা দৃষ্টিভংগীৰ বিপৰীতে জার্মানীয়ে গ্ৰহণ কৰা নীতিয়ে ইটালী আ” “স্বার্মানীক ওচৰ চপাই আনিছিল। এই সুযোগতে হিটলাৰে ১৯৩৬ চনত মুছোলিনিৰ সৈতে ‘ৰোম-বাৰ্লিন এক্‌ছিছ’ নামে এটি চুক্তি স্বাক্ষৰ কৰে। পিছত ১৯৩৭ চনত জাপানেও ইয়াৰ অংশীদাৰ হৈ ‘ৰোম-বাৰ্লিন টকিঅ’ এক্‌ছিছ’ গঠন কৰাত সহায় কৰে।

গতিকে দেখা যায় হিটলাৰে অতি কম সময়ৰ ভিতৰতে ইউৰোপত জার্মানীৰ হেৰুওৱা গৌৰৱ পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হয়। ভার্চাই সন্ধিৰ সকলোবোৰ চতৰপৰা জার্মানীক মুক্ত কৰি ইউৰোপত পুনৰ জাৰ্মানীৰ আধিপত্য স্থাপন কৰে। জার্মানীৰ এই অগ্নগতিয়ে ইউৰোপত পুনৰ যুদ্ধৰ সম্ভাৱনা বৃদ্ধি কৰে।

প্রথম বিশ্বযুদ্ধৰ পিছত সামূহিক নিৰাপত্তাৰ বাবে কেন্দ্রীয় শক্তি জোঁটিব বিপৰীত পক্ষৰ দেশসমূহৰ মাজত দেখা পোৱা তৎপৰতা জার্মানীত হিটলাবে ক্ষমতা দখল কৰাৰ পিছৰপৰা স্তিমিত হৈ পৰা দেখা যায়। হিটলাবৰ নেতৃত্বত সংঘটিত জাৰ্মানীৰ এই ক্রমবর্ধমান সামরিক শক্তি বৃদ্ধি আৰু আস্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত জার্মানীয়ে লাভ কৰা সফলতাৰ বাবে ফ্রান্স আব ব্রিটেইনৰ বৈদেশিক নীতিক বহু পৰিমাণে জগৰীয়া কৰিব পাৰি।

১৯৩৮ চনৰ মাৰ্চ মাহত হিটল৷বে অষ্ট্রিয়া দখল কৰে। ১৯৩৯ চনত ছেক শ্লোভাকিয়াকো জার্মানীৰ অন্তৰ্ভূক্ত কৰি লয়। ইয়াৰ পিছত বাল্টিক সাগৰৰ উপকূলত সেমেলে নামে বন্দৰটো দখল কৰি তাত সামৰিক ঘাটি পাতে। এই ঘটনাৰ পিছত ডান্‌ জিগ দখলৰ প্ৰস্তুতি চলায়। জার্মানীয়ে এইবাৰ ডানজিগসহ পোলেণ্ডৰ মাজেৰে পূৰ্ব প্ৰুচিয়াক সংলগ্ন কৰি এটি কৰিডৰ এৰি দিবলৈ পোলেণ্ডৰ ওচৰত দাবী উত্থাপন কৰে।

এই ঘটনাসমূহে হিটলাৰ আৰু মুছোলিনিৰ বিপৰীত শিৱিৰত যথেষ্ট ৰাজনৈতিক উত্তেজনাৰ সৃষ্টি কৰে। ১৯৩৯ চনৰ ২২ মে’ৰ দিনা স্বাক্ষৰিত ‘পেক্ত অৱ ষ্টীল’ চুক্তি অনুযায়ী এই দুয়োজন নেতাই দুয়োখন দেশৰ মাজত ঘনিষ্ঠ সম্পর্ক স্থাপন কৰে। তাৰ পিছত ২১ আগষ্টৰ দিনা জার্মানীয়ে ছোভিটে দেশৰ সৈতে কিছ জার্মান অনাক্রমণাত্মক চুক্তি স্বাক্ষৰ কৰি বিশ্বৰ কূটনৈতিক ইতিহাসক চমক লগায়।

এই ঘটনাৰ পাছতে জার্মানীয়ে চেপ্তেম্বৰৰ ১ তাৰিখে পোলেণ্ড আক্রমণ কৰে। পোলেণ্ডৰ স্বাধীনতা আৰু ৰাষ্ট্ৰীয় অখণ্ডতা ৰক্ষাৰ দোহাই দি তাৰ দুদিন পিছত ফ্রান্স আৰু জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। এইদৰে হিটলাৰে তেওঁৰ বাজত্বকালত দেশৰ বৈদেশিক নীতি নির্ধাৰণ কৰিছিল।

প্রশ্ন ৭। মুছোলিনি আৰু হিটলাৰৰ অভ্যুদয়ৰ বাবে ইংগ-ফৰাছী তোষণ নীতি দায়ী আছিলনে আলোচনা কৰা।

উত্তৰ৷ আভ্যন্তৰীণ ক্ষেত্ৰত ফেছিবাদৰ পৰা নিজকে মুক্ত ৰাখি ফ্রান্স আৰু ইংলেণ্ডে বৈদেশিক ক্ষেত্ৰত পৰোক্ষভাৱে ফেছিবাদী দেশসমূহৰ অগ্ৰগতিৰ ক্ষেত্ৰত সহায় কৰা দেখা যায়। ইংলেণ্ড আৰু ফ্রান্সে লোৱা এনে পৰৰাষ্ট্র নীতিক তোষণ নীতি বুলি কোৱা হয়।

১৯৩৭ চনত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ পদত অধিস্থিত হোৱা নিউৰিল চেম্বাৰলেইনে ইংলেণ্ডৰ বৈদেশিক নীতিৰ কোনো পৰিৱৰ্তন নঘটাই হিটলা আৰু মুছোলিনিৰ লগত দে-দেখকৈ এক তোষণ নীতি কাৰ্যকৰী কৰাৰ দিশতহে অগ্ৰসৰ হয়। নৱেম্বৰ মাহত তেওঁ নতুন বৈদেশিক সচিব হালিফাসক হিটলাৰ ওচৰলৈ পঠিয়াই দিয়ে আৰু হালিফাসে হিটলাৰৰ ওচৰত স্বীকাৰ কৰে যে অস্ট্রিয়া, ছেকশ্লাভাকিয়া আৰু ডান্‌জিগ আদি সম্পর্কত হয়তো কিছু কিছু পৰিৱৰ্তনৰ প্ৰয়োজন হ’ব পাৰে। গতিকে সেই পৰিৱৰ্তন যাতে শান্তিপূর্ণভাবে হয়, ইয়াৰণৰা আৰু ছেক ‘শ্লাভাকিয়াৰ প্ৰতি ব্রিটেইনে হিটলাৰৰ সম্প্ৰসাৰণ নীতিকে সমর্থন কৰা বুলি ক’ব পাৰি। গতিকে ১৯৩৮ চনৰ ১৩ মাৰ্চত হিটলাৰে। অষ্ট্ৰিয়া অধিকাৰ কৰি জাৰ্মানীৰ অন্তর্ভুক্ত কৰে৷

চেম্বাৰলেইনৰ তোষণ নীতিৰ আন এক উদাহৰণ হ’ল তেওঁ ১৯৩৮ চনত মুছোলিনিৰ সৈতে স্বাক্ষৰ কৰা চুক্তিখন। এই চুক্তি অনুযায়ী ইটালীয়ে স্পেইনত কৰা হস্তক্ষেপ প্রত্যাহাৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। ১৯৩৬ চনৰ জ্বলাই মাহত ইটালীয়ে স্পেইনৰ গৃহযুদ্ধত ‘পপুলাৰ ফ্ৰণ্ট’ৰ বিপৰীত জেনেৰেল ফ্ৰেংকোৰ সমৰ্থনত হস্তক্ষেপ কৰিছিল। ইটালীয়ে স্পেইনৰপৰা আঁতৰি অহাৰ প্ৰতিশ্ৰুি দিয়াৰ বিনিময়ত চেম্বাৰলেইনে আবিছিনিয়া তথা ইথিওপিয়াত ইটালী আধিপতা স্বীকাৰ কৰি লৈছিল। এইদৰে সমৰ্থন দি চেম্বাৰলেইনে ইটালীক জার্মানীৰ এভাৱৰপৰা মুক্ত কৰাৰ বৃথা চেষ্টা কৰিছিল। ব্ৰিটেইনে গ্ৰহণ কৰা তোষণ নীতিৰ আন এক উদাহৰণ হ’ল ছেক’শ্লাভাকিয়া। হিটলাৰে ছেক’শ্লাভাকিয়াৰ ছুডেটনলেণ্ড বোলা এলেকাটো জার্মানীৰ অন্তৰ্ভূক্ত কৰিবলৈ বিচাৰিছিল। তেওঁৰ মতে এই অঞ্চলটোৰ বাসিন্দাসকল আছিল জার্মান লোক। চেম্বাৰলেইনে ব্রিটিশ সংসদত ঘোষণা কৰিছিল যে এই এলেকা সম্পর্কে  উত্থাপিত সমস্যাটো চেকশ্লাভাকিয়াৰ অভ্যন্তৰীণ সমস্যা তাত ইংলেণ্ডৰ একো কৰিবলগীয়া নাই। পিছত তেওঁ হিটলাৰক আশ্বাস দিছিল যে তেওঁ চেক চৰকাৰ আৰু ফৰাচী চৰকাৰক উক্ত এলেকাটো জার্মানীক এৰি দিবলৈ সন্মত কৰায়। অৱশেষত এই সমস্যাটো সমাধান কৰিবলৈ মুছোলিনিৰ প্ৰস্তাৱমৰ্মে মিউনিখ চহৰত অনুষ্ঠিত এক আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ফ্রান্স, ব্ৰিটেইন, ইটালী আৰু জাৰ্মানীৰ মাজত ‘মিউনিখ চুক্তি’ নামে এক চুক্তি স্বাক্ষৰিত হয়। ইয়াৰদ্বাৰা ছুডেটেনলেও বোলা এলেকাটো জার্মানীক এৰি দিবলৈ সিদ্ধান্ত লোৱা হ’ল। ইয়াৰ পিছত হিটলাৰে ছেক’শ্লাভাকিয়া দখল কৰাৰ আঁচনি গ্রহণ কৰে আৰু ১৯৩৯ চনত ছেক স্লাভাকিয়াত জার্মান সৈন্য প্রবেশ কৰোৱাই দেশখন জার্মানীৰ সৈতে চামিল

কৰে।

গতিকে দেখা যায় মুছোলিনি আৰু হিটলাৰৰ প্রতি ইংলেণ্ড আৰু ফ্রান্সে লোৱা তোষণ নীতিয়ে ইউৰোপৰ আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি অতি উত্তেজিত কৰি ৰখাৰ উপৰিও যুদ্ধৰ বিভীষিকা সৃষ্টি কৰাত সহায় কৰিছিল।

প্রশ্ন ৮। ১৯১৯-৪১ চনৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ অভ্যুদয়ৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ। প্রথম বিশ্বযুদ্ধত মিত্র পক্ষৰ বিজয়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৱদান আছিল উল্লেখযোগ্য। আমেৰিকা যুক্তৰাষ্ট্ৰই কেন্দ্ৰীয় শক্তি জোঁটৰ বিপৰীতে মিত্র শক্তি জোঁটক ধন, জন আৰু যুদ্ধৰ অস্ত্র-শস্ত্র দি সহায় কৰি বিজয় সম্ভৱ কৰি তুলিছিল। এই যুদ্ধই আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশেষ একো ক্ষতি কৰিবপৰা নাছিল। বৰঞ্চ ই আমেৰিকাৰ দ্ৰুত উন্নয়নত সহায়হে কৰিছিল।

আনহাতে বিশ্বযুদ্ধ চলি থকা অৱস্থাত আমেৰিকাই ভাৰ্চাই শান্তি আলোচনাত অংশগ্রহণ কৰি যি কোনো উপায়ে শান্তি প্রতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্রতিনিধিবর্গৰ উদ্যোগতে ভাৰ্চাই সন্ধিত জাতি সংঘ নামৰ আন্তঃৰাষ্ট্ৰীয় সংগঠন এটি গঢ়ি তোলাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল আৰু তাক কাৰ্যকৰী কৰা হৈছিল। কিন্তু আমেৰিকাই ভাৰ্চাই সন্ধিক আন্তঃৰাষ্ট্রীয় মর্যদা দিয়া নাছিল আৰু নিজে জাতি সংঘৰ সদস্যপদ গ্ৰহণ কৰা নাছিল। সেয়েহে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অন্তৰ্ভূক্তি অবিহনে জতিসংঘ নিস্তেজ আৰু দুৰ্বল হৈ পৰিছিল।

প্রথম বিশ্বযুদ্ধত আমেৰিকা যুক্তৰাষ্ট্ৰই যুদ্ধৰ গতি নিৰ্ণায়কৰ ভূমিকা ল’লেও যুদ্ধৰ পৰৱৰ্তীকালত এই দেশে ইউৰোপীয় ৰাজনীতিৰ পৰা আঁতৰি আছিল। ভাৰ্ছাই সন্ধিৰ জৰিয়তে জার্মানীৰ প্রতি অবিচাৰ কৰা নীতিক আমেৰিকাই বিৰোধিতা কৰিছিল। ইউৰোপীয় ৰাজনীতিত সক্রিয় অংশগ্ৰহণৰ পৰা আঁতৰি থকা আমেৰিকা যুক্তৰাষ্ট্ৰই জাতিসংঘৰ দ্বাৰা নিৰস্ত্ৰীকৰণৰ বাবে লোৱা প্ৰষ্টা, ১৯২৮ চনৰ পেৰিছ চুক্তিৰদ্বাৰা যুদ্ধৰ পথ পৰিহাৰৰ বাবে লোৱা সিদ্ধান্ত আদিৰ প্রতি আমেৰিকা যুক্তৰাষ্ট্ৰই পূর্ণ সমর্থন আগবঢ়াইছিল। এই কালছোৱাত আমেৰিকা যুক্তৰাষ্ট্ৰই নিজ নিৰাপত্তা আৰু বাণিজ্যিক স্বাৰ্থ ৰক্ষাৰ বাবে অন্যান্য দেশসমূহৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলিছিল।

প্রথম বিশযুদ্ধৰ পৰৱৰ্তীকালত আমেৰিকা যুক্তৰাষ্ট্ৰব অর্থনীতিত অভূতপূর্ব বিকাশ হৈছিল যদিও ১৯২৯ চনৰপৰা বিশ্বব্যাপী দেখা দিয়া অর্থনৈতিক সংকটৰ প্ৰভাৱৰপৰা আমেৰিকা যুক্তৰাষ্ট্ৰও মুক্ত হ’বপৰা নাছিল। ১৯৩৩ চনৰ পৰা লাহে লাহে আমেৰিকা যুক্তৰাষ্ট্ৰক আদি কৰি অন্যান্য পুঁজিবাদী দেশসমূহে নিজ নিজ  অর্থনৈতিক স্থিৰতা পুনৰ ঘূৰাই পাবলৈ চেষ্টা কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰত ফ্রেংকলিন ভিলানো বচভেণ্টৰ নেতৃত্বত ডেমক্রেটিক দল ক্ষমতালৈ আহে। এই নতুন ৰাষ্ট্ৰপতি ৰচভেন্টে দেশৰ শ্ৰমিক আৰু নিবনুৱাসকলৰ উন্নতিৰ বাবে ‘নিউ ডিল’ নামৰ এক নতুন আঁচনি গ্রহণ কবে! এই আঁচনিয়ে দেশৰ অৰ্থনৈতিক অবস্থাক পুনৰ উজ্জ্বীৱিত কৰি তোলাত সহায় কৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আভ্যন্তৰীণ ক্ষেত্ৰত দেখা দিয়া প্ৰৱল অর্থনৈতিক বিপর্যয় স্বত্ত্বেও প্রথম বিশ্বযুদ্ধৰ পৰৱৰ্তীকালত এই দেশে বিশ্ব ৰাজনীতিত নিজকে শ্রেষ্ঠতম শক্তিৰূপে প্রতিষ্ঠিত কৰি ৰাখিবলৈ সক্ষম হৈছিল। অৱশ্যে বৈদেশিক ক্ষেত্ৰত এই দেশৰ নীতি ফ্রান্স আৰু বৃটেইনৰ দৰে দুৰ্বল আছিল। আমেৰিকা যুক্তবাট্ৰই ফেছিষ্ট শক্তিসমূহৰ উগ্র সাম্রাজ্যবাদ নীতিক দ্বিতীয় মহাযুদ্ধ আগলৈকে ৰুদ্ধ কৰিবলৈ কোনো প্রচেষ্টা চলোৱা নাছিল। অবশেষত ফেছিষ্ট শক্তিসমূহ, বিশেষকৈ জাপানৰ আক্ৰমণাত্মক নীতিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰক দ্বিতীয় বিশ্বযুদ্ধত পদাৰ্পণ কৰিবলৈ বাধ্য কৰাইছিল।

প্রশ্ন ৯। ১৯১৭-৪১ চনৰ ভিতৰত সংযুক্ত ছোভিয়েট সমাজতান্ত্রিক প্রজাতন্ত্ৰৰ অভ্যুদয় সম্পর্কে আলোচনা কৰা।

উত্তৰ। ছোভিয়েট ৰাচিয়া এখন বৃহৎ দেশ। এই দেশৰ মাটি কালি ২,২৪,০০,০০০ বর্গ কিঃমিঃ। প্রথম বিশ্বযুদ্ধৰ পিছত অর্থাৎ ১৯১৮ চনৰ জুলাই মাহত এই দেশত এখন নতুন সংবিধান তৈয়াৰ কৰি প্ৰশাসনৰ ক্ষেত্ৰত পৰিৱৰ্তন সাধন কৰা হয়। পিছত ১৯২৪ চনত পুনৰ এখন নতুন সংবিধান ৰচনা কৰি দেশখনৰ নাম দিয়া হয় সংযুক্ত ছোভিয়েট সমাজতান্ত্রিক প্রজাতন্ত্র।

ৰাচিয়া প্রধানতঃ এখন কৃষি প্রধান দেশ। জাৰ তথা সম্ৰাটৰ আমোলত ইয়াত সামস্তপ্ৰথাৰ প্ৰচলন আছিল। দেশৰ মুঠ জনসংখ্যাৰ অধিকাংশই আছিল দাস। সমাজর উচ্চ শ্ৰেণীৰ লোকসকল এই দাসসকলৰ গৰাকী আছিল। ১৮৬১ চনত কচ সম্রাট দ্বিতীয় আলেকজেণ্ডাৰে এখন ৰাজকীয় ঘোষণাৰ দ্বাৰা দাসসকলক মুকলি কৰি দিয়ে। কিন্তু এই ব্যৱস্থাই দাসসণ অৱস্থাৰ উন্নতি কৰিব পৰা নাছিল। সমগ্ৰ কচ দেশখন অর্থনৈতিক, ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক সকলো দিশতে পিছপৰা আছিল।

প্রথম বিশ্বযুদ্ধৰ পিছৰেপৰা এই দেশখনৰ কৃষি, শিল্প, বাণিজ্য, বিজ্ঞান আৰু প্রযুক্তিবিদ্যা, শৈক্ষিক, সাংস্কৃতিক আদি সকলো দিশতে উন্নতি হোৱা দেখা যায়। ১৯১৮ চনৰপৰ৷ ১৯২১ চনলৈ দেশৰ অৰ্থনৈতিক উন্নয়নৰ এই সমাছোৱাক ‘বাৰ কমিউনিজম’বুলি কোৱা হয়। বিপ্লৱৰ পিছত এই দেশখনত খাদ্য সমস্যাই দেখা দিছিল। সেয়ে কৃষকসকলে নির্দিষ্ট হাৰত খাদ্য শস্য যোগান ধৰাটো বাধ্যতামূলক কৰা হৈছিল। দেশখনৰ সকলোবোৰ শিল্প উদ্যোগ জাতীয়কৰণ কৰা হৈছিল। ফলত দেশত উৎপাদনৰ হাৰ কমি গৈছিল। সমগ্ৰ দেশৰ অৰ্থনৈতিক ব্যৱস্থাটো ভাঙি গৈ দুর্ভিক্ষ হোৱাৰ অৱস্থাই দেখা দিছিল।

লেনিনে সেইবাবে দেশৰ অর্থনৈতিক অৱস্থা পুনৰদ্ধাৰ কৰিবলৈ বাৰ কমিউনিজম’ বাতিল কৰি ১৯২১ চনৰপৰা কাৰ্যকৰী হোৱাকৈ ‘নতুন অর্থনৈতিক আঁচনি বা নীতি’ প্ৰৱৰ্তন কৰে। প্ৰথম অৱস্থাত বিফল হ’লেও পিছলৈ দেশৰ অর্থনৈতিক বৈদেশিক, বাণিজ্যিক সকলো ক্ষেত্ৰতেই সফলতা লাভ কৰিবলৈ ধৰে।

১৯২৪ চনৰ জানুৱাৰী মাহত লেনিনৰ মৃত্যু হয় আৰু তেতিয়াৰেপৰা জোছেফ ষ্টেলিন ছোভিয়েটৰ সৰ্বময় কৰ্তাত পৰিণত হয়। ষ্টেলিনৰ পৰিকল্পিত অর্থনৈতিক উন্নয়ন প্রক্রিয়াই এই দেশৰ আস্তঃৰাষ্ট্ৰীয় সম্মান বৃদ্ধি কৰাৰ লগতে এই দেশখনক অধিক সৰল কৰি তোলে। বিশেষকৈ শিল্পায়নৰ ক্ষেত্ৰত ছোভিয়েটে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাৰ্মানীৰ পিছতে স্থান লাভ কৰিবলৈ সক্ষম হয়।

লেনিনৰ মৃত্যুৰ পিছণ্ড বলছেভিক পাৰ্টিৰ আভ্যন্তৰীণ ক্ষেত্ৰত নেতৃত্বশালী অংশৰ মাজত ক্ষমতাৰ বাবে ভীষণ যুঁজ চলিছিল। এই যুঁজত অনেক লোকৰ মৃত্যু হৈছিল আৰু বহুতকে হত্যা কৰা হৈছিল। ক্ষমতাত মতলীয়া ষ্টেলিনে নিজকে একছত্ৰীৰূপে প্ৰতিষ্ঠা কৰিবলৈ ১৯৩৫-৪০ৰ ভিতৰত ৮,০০,০০০ নেতা কর্মী, সদস্যক নির্মমভাৱে হত্যা কৰিছিল। ইয়াৰ উপৰি সামৰিক বাহিনীৰ লোক, বিখ্যাত অর্থনীতিবিদ, সাহিত্যিক, ঐতিহাসিক আদিয়েও ষ্টেলিনৰ অত্যাচাৰৰ পৰা হাত সাৰিবপৰা নাছিল।

গতিকে ছোভিয়েট ৰাচিয়াও ষ্টেলিনে সংগঠিত কৰা হত্যাকাণ্ডৰ লগত মুছোলিনি আৰু হিটলাৰে কৰা হত্যাকাণ্ডৰ কোনো পার্থক্য নাছিল। ক্ষমতাৰ প্রতি ষ্টেলিনৰ দুৰ্বলতাৰ বিষয়ে লেনিন জানিব পাৰিছিল। সেয়েহে তেওঁৰ অবিহনে। লেনিনে দেশৰ শাসনৰ মুৰব্বী হিচাপে ট্ৰীক পছন্দ কৰি আহিছিল। ষ্টেলিনে আৰম্ভণিৰেপৰা নিজৰ মত আৰু ইচ্ছা অত্যন্ত কঠোৰভাৱে প্ৰয়োগ কৰিব বিচাৰিছিল আৰু তাৰ বাবে তেওঁ যিকোনো কাৰ্য কৰিবলৈ সাজু আছিল। ষ্টেলিনৰ এক কার্যই দেশত এক শ্বাসৰুদ্ধকাৰী পৰিৱেশৰ সৃষ্টি কৰিছিল।

ষ্টেলিনৰ এই পাৰ্টি শুদ্ধিকৰণ প্ৰক্ৰিয়াই দেশৰ বাহিৰত লোকসকলৰ মনত সন্দেহব সৃষ্টি কৰিছিল! সমাজতান্ত্রিক ছোভিয়েট ৰাচিয়াই অর্থনৈতিক, ৰাজনৈতিক, সামাজিক, শৈক্ষিক, সাংস্কৃতিক আদি বিভিন্ন দিশত লাভ কৰা সালা বহু সময়ত ষ্টেলিনৰ নির্মম নির্যাতনে ম্লান আৰু নিষ্প্রভ কৰি পেলাইছিল।

প্রশ্ন ১০। ১৯১৭–৪১ চনৰ ভিতৰত ছোভিয়েট ৰাচিয়াই অনুসৰণ কৰা বৈদেশিক নীতিৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰা। 

উত্তৰ৷ বিশ্বযুদ্ধৰ আকাংখা আৰু লক্ষ্য আগত ৰাখি ছোভিৰোচিয়াই নিজৰ বৈদেশিক নীতি উদ্ভাৱন কৰি তাক পৰিচালনা কৰিবলৈ লৈছিল। ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছত বলছেভিক পার্টিয়ে জাৰতন্ত্ৰৰ আমোলত ৰু, দেশে স্বাক্ষৰ কৰা সকলো বৈদেশিক চুক্তি, সন্ধি আদি বাতিল কৰাৰ লগতে জান আমোলত লোৱা বৈদেশিক ঋণ পৰিশোধ কৰাৰ দায়িত্বও প্রত্যাখান কৰিছিল। সমাজতান্ত্রিক বিপ্লৱত সফলতা লাভ কৰাৰ পিছত লেনিনে কৈছিল, বিশ্বৰ বিভিন্ন দেশত প্ৰধানকৈ ঔপনিৱেশিকতাবাদ আৰু সাম্ৰাজ্যবাদৰ কৱলত থকা শোষিত আৰু নিপীড়িত মানুহৰ মুক্তিৰ স্বাৰ্থত সংঘটিত হোৱা বিপ্লৱৰ প্ৰতি বলছেভিক দলে সমর্থন আগবঢ়াব। এই বক্তব্যৰদ্বাৰা তেওঁ ভাৰতবৰ্ষ, চীন, পাৰস্য আদি এচিয়া মহাদেশৰ দেশসমূহলৈ আঙুলিয়াইছিল। সেই সময়ত উক্ত দেশমূহত সাম্রাজ্যবাদ বিৰোধী আন্দোলনে ব্যাপক জনসমর্থন লাভ কৰিবলৈ সক্ষম হৈছিল।

এই লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি লেনিনে ১৯১৯ চনত কমউনিষ্ট আন্তর্জাতিক চমুকৈ কমিনটাৰ্ণ গঠন কৰিছিল। এই সংগঠনৰ মূল উদ্দেশ্য আছিল সাম্রাজ্যবাদ আৰু পুঁজিবাদৰ উচ্ছেদ সাধন কৰি তাৰ ঠাইত সৰ্বহাৰাৰ চৰকাৰ স্থাপন কৰা। এই নীতি ১৯১৮ চনৰপৰা ১৯২১ চনলৈ বিশেষভাৱে কাৰ্যকৰ৷ কৰা হৈছিল।

১৯২০ চনত ছোভিয়েট ৰাচিয়াই ফিনলেণ্ড, লাটভিয়া, এষ্টোনিয়া, লিথুৱানিয়া আৰু ১৯২১ চনত পোলের সৈতে দ্বিপাক্ষিক চুক্তি স্বাক্ষৰ কৰি সেই দেশবোৰৰ সৈতে বৈদেশিক সম্পর্ক স্থাপন কৰিছিল। সেই সময়তে আফগানিস্থান, তুৰস্ক আৰু পাবস্যৰ সৈতেও ছোভিয়েটে পৃথক পৃথকচুক্তিৰ দ্বাৰা দ্বিপাক্ষিক সম্পর্ক স্থাপন কৰিছিল। সমসাময়িকভাৱে ৰাচিয়াই ইংলেণ্ড আৰু জাৰ্মানীৰ সৈতেও বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰি অৰ্থনৈতিক ক্ষেত্ৰত দুয়োখন দেশৰ সৈতে সম্পর্ক স্থাপন কৰিছিল।

১৯২২ চনত জার্মানী আৰু ১৯২৪ চনত ইটালী, ফ্রান্স আৰু ইংলেণ্ডে ছোভিয়েট ৰাচিয়াৰ বলছেভিক চৰকাৰৰ প্রতি স্বীকৃতি দিয়ে। ১৯২৪ চনত স্বাক্ষৰিত হোৱা ইংগ-ছোভিয়েট চুক্তিৰ জৰিয়তে ছোভিয়েট দেশে ইংলেণ্ডৰ পৰা যথেষ্ট আর্থিক সাহায্য লাভ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰই ফ্ৰেংকলিন ৰুচডেল্টৰ শাসনকালত ছোভিয়েট চৰকাৰৰ প্ৰতি স্বীকৃতি প্রদান কৰিছিল। পিছৰ বছৰ ছোভিয়েট দেশে জাতিসংঘৰ সদস্য পদ লাভ কৰিছিল আৰু সেই সংগঠনৰ পৰিষদৰ স্থায়ী সদস্যৰূপেও মনোনীত হৈছিল।

জাৰৰ আমোলত ৰাচিয়াৰ সৈতে সুসম্পর্ক নথকা জাপানৰ সৈতে বলছেভিক দলে ক্ষমতা দখল কৰি উঠি ১৯২০ চনত ৰচ-জাপান চুক্তি স্বাক্ষৰ কৰিছিল। এই চুক্তি মর্মে জাপানে ছাইবেৰিয়া আৰু ছাখালীন দ্বীপৰ উত্তৰাংশৰপৰা নিজ সৈন্য অপসাৰণ কৰিছিল।

জার্মানীত হিটলাৰে ক্ষমতা দখল কৰাৰ পিছৰ পৰা ছোভিয়েট ৰাচিয়াৰ ৰাষ্ট্ৰীয় অখণ্ডতা আৰু নিৰাপত্তাৰ প্ৰশ্নটো অতি জটিল হৈ পৰিছিল। কাৰণ হিটলাৰে ছোভিয়েট বাচিয়ালৈ নিজ ৰাজ্য সম্প্ৰসাৰণ কৰিব বিচাৰিছিল আৰু এই ক্ষেত্ৰত ফ্রান্স আৰু ব্ৰিটেইনে হিটলাৰৰ প্রতি সহানুভূতিশীল আছিল৷

অৱশেষত ১৯৩৯ চনত জাৰ্মানী আৰু ৰাচিয়াৰ মাজত এটি অনাক্রমণাত্মক চুক্তি স্বাক্ষৰিত হোৱাত ছোভিয়েট ৰাচিয়া নিৰাপত্তাৰ ক্ষেত্ৰত নিশ্চিত হৈছিল। কিন্তু ইয়াৰ অন্তৰালত হিটলাৰৰ কু-অভিসন্ধি জড়িত হৈ আছিল। ১৯৪১ চনত হিটলাবে ছোভিয়েট দেশ আক্ৰমণ কৰাৰ ঘটনাৰ পৰাই হিটলাৰ কু-অভিসন্ধি বিশ্ববাসীৰ আগত উন্মোচিত হৈ পৰে। এই ঘটনাবোৰৰ বাবেই ছোভিয়েট ৰাচিয়াই বিশ্বযুদ্ধত লিপ্ত হ’বলগীয়া হয়। ৰোম-বাৰ্লিন-টকিঅ’ একছিছ’ৰ বিপৰীতে ছোভিয়েট বাচিয়াই মিত্র পক্ষৰ অংশীদাৰত পৰিণত হৈ যুদ্ধত নামি পৰিবলগীয়া হয়।

Leave a Reply