Class 12 Political Science| Chapter-9| ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ

Class 12 Political Science| Chapter-9| ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব AHSEC Class 12 Political Science| Chapter-9| ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়।

HS Second Year Question Answer (Assamese Medium)

EnglishClick Here
অৰ্থনীতি (Economy)Click Here
ভূগোল (Geography)Click Here
हिंदीClick Here
অসমীয়াClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
ৰাজনীতি (Political Science)Click Here
সমাজতত্ত্ব (Sociology)Click Here
তৰ্কবিদ্যা আৰু দর্শনশাস্ত্ৰ (Logic & Philosophy)Click Here
নৃতত্ত্ব (Anthropology)Click Here

Class 12 Political Science| Chapter-9| ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ

চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া ছাত্র-ছাত্ৰীৰ বাবে আমাৰ এই ৱেবছাইটত শেহতীয়া পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি পাঠ Class 12 Political Science| Chapter-9| ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ ভিত্তিক প্ৰশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। যত ছাত্ৰ-ছাত্ৰীয়ে অনলাইন যোগে পঢ়িব পাৰিব।

দ্বিতীয় খণ্ড

নৱম অধ্যায়

(ক)অতি চমু প্ৰশ্নৰ উত্তৰ লিখা : মূল্যাংক : ১ নম্বৰকৈ

১।‘কংগ্ৰেছ ব্যৱস্থা’ মানে কি?

উত্তৰঃ কংগ্ৰেছ দলৰ আধিপত্য।

২। ‘কৰসেৱা’ মানে কি ?

উত্তৰঃ অযোধ্যাত ৰাম মন্দিৰৰ বাবে ১৯৯২ চনত কৰসেৱাৰ বাবে আহ্বান জনাইছিল।

৩।১৯৮৯ চনৰ মৰ্চা চৰকাৰৰ মুৰব্বী কোন?

উত্তৰঃ ভি. পি. সিং।

8।১৯৮৯ চনত কোনে চৰকাৰ গঠন কৰিছিল ?

উত্তৰঃ ৰাষ্ট্ৰীয় মৰ্চাই।

৫।হিন্দুত্ব কি?

উত্তৰঃ হিন্দুত্ব’ৰ অৰ্থ হ’ল ‘হিন্দুভাব’। চাৱৰ্কাৰৰ মতে হিন্দুত্ব হ’ল দেশৰ ভিত্তি। শক্তিশালী আৰু জাতীয় সংস্কৃতিৰ একতাই এখন শক্তিশালী ৰাষ্ট্ৰ গঠন কৰিব পাৰে।

৬।ৰাজীৱ গান্ধীৰ প্রধানমন্ত্রী কোন আছিল?

 উত্তৰঃ নৰসিংহ বাওঁ।

৭। ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা কোনটো দলে নেতৃত্ব দিছিল? 

উত্তৰঃ ভাৰতীয় জনতা পার্টি।

৮।আদৱানীৰ পিছত বি.জে.পি. দলৰ সভাপতি কোন হৈছিল?

উত্তৰঃ ৰাজনাথ সিং। 

৯। এন. ডি. এ-ত কিমানটা দল আছিল?

উত্তৰঃ ১৩ টা

১০। ১৯৯৬ চনৰ সংসদীয় নির্বাচনত কোনটো দলে সর্ববৃহৎ দল হিচাপে পৰিগণিত হৈছিল?

 উত্তৰঃ ভাৰতীয় জনতা পার্টি।

১১। মণ্ডল আয়োগৰ এটা পৰামৰ্শ লিখা? 

উত্তৰঃ পিছপৰা জাতিৰ লোকসকলৰ বাবে শিক্ষা প্রতিষ্ঠানসমূহত ২৭ শতাংশ আসন সংৰক্ষণ।

১২। মণ্ডল আয়োগ কি?

উত্তৰঃ ১৯৭৮ চনত কেন্দ্ৰীয় চৰকাৰে পিছপৰা শ্ৰেণীৰ জনসাধাৰণৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে পৰামৰ্শ দিবলৈ বি. পি. মণ্ডলৰ নেতৃত্বত ‘মণ্ডল আয়োগ’ গঠন কৰিছিল।

১৩। U. P.A. মানে কি?

উত্তৰঃ United Progressive Alliance.

১৪। এন.ডি.এ চৰকাৰৰ নেতৃত্ব কোনটো দলে দিছিল?

উত্তৰঃ ভাৰতীয় জনতা পার্টি।

১৫। কাশীৰাম কোন আছিল?

 উত্তৰঃ বহুজন সমাজ পাৰ্টিৰ প্ৰতিষ্ঠাপক।

১৬। আঞ্চলিক দল উৎপত্তিৰ কাৰণবোৰ কি কি?

উত্তৰঃ অর্থনৈতিক বৈষম্য, অসমান উন্নয়ন।

১৭। কোন চনত জনতা দল গঠন কৰা হৈছিল?

উত্তৰঃ ১৯৮৮।

১৮। কোন চনত ভাৰতীয় জনতা দল গঠন কৰা হৈছিল? 

উত্তৰঃ ১৯৮০।

১৯। ১৯৯৯ চনৰ পৰা ২০০৪ চনলৈকে সম্মিলিত চৰকাৰৰ মুৰব্বী কোন আছিল?

উত্তৰঃ অটল বিহাৰী বাজপায়ী। 

২০। ভাৰতীয় জনতা দলৰ কোন জন নেতাই মহম্মদ আলি জিন্নাক ধর্ম নিৰপেক্ষ নেতা বুলি কৈছিল?

উত্তৰঃ এল. কে আদৱানী।

২১। আদবানিৰ পিছত ভাৰতীয় জনতা দলৰ সভাপতি কোন হৈছিল?

উত্তৰঃ প্রমোদ মহাজন।

২২। হিন্দুত্ব মানে কি বুজা?

উত্তৰঃ হিন্দু ধৰ্মৰ ওপৰত গুৰুত্ব প্ৰদান কৰা।

২৩। ২০০৪ চনৰ নিৰ্বাচনৰ পিছত কোন ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল?

উত্তৰঃ মনমোহন সিং।

২৪। খালী ঠাই পূৰ কৰাঃ

(ক) —-চনত ভাৰত চৰকাৰে মণ্ডল আয়োগ গঠন কৰিছিল।

উত্তৰঃ ১৯৯০

(খ)প্রধান মন্ত্রী—ক ১৯৮৪ চনৰ ৩১ অক্টোবৰ তাৰিখে হত্যা কৰা হৈছিল।

উত্তৰঃ ইন্দিৰা গান্ধী।

(গ)—-বৰ্তমান জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী।

উত্তৰঃ ওমৰ আব্দুল্লা

(ঘ) ১৯৮৯ চনৰ নিৰ্বাচনে—– ৰ সমাপ্তি সূচাইছিল।

 উত্তৰঃ কংগ্ৰেছৰ

২৫।১৯৮০ ৰ দশকত ভাৰতীয় ৰাজনীতিত আটাইতকৈ সঙ্কটপূর্ণ পৰিস্থিতি কি আছিল?

উত্তৰঃ ভাৰতৰ বিভিন্ন ৰাজ্যত কংগ্ৰেছ দলৰ পৰাজয় আৰু আঞ্চলিক দলসমূহে আঞ্চলিকতা বাদ সৃষ্টি কৰে।

(খ) চমু প্ৰশ্নৰ উত্তৰ লিখাঃ মূল্যাংক : ২ নম্বৰকৈ

১। আঞ্চলিক দলৰ প্ৰয়োজনীয়তা আছেনে? তোমাৰ  উত্তৰৰ সমৰ্থনত দুটা যুক্তি দিয়া। 

উত্তৰঃ ভাৰতবৰ্ষ এখন বহু বিশাল আৰু বৈচিত্ৰতাৰে ভৰা দেশ।

২। N. D. A. মানে কি?

 উত্তৰঃ National Democratic Alliance.

৩।নতুন অর্থনৈতিক সংস্কাৰ কেতিয়া ঘোষণা কৰিছিল ? 

উত্তৰঃ ১৯৯১ চনত।

8। ৰাজীব গান্ধীক কেনেকৈ হত্যা কৰা হৈছিল?

উত্তৰঃ তামিলনাডুত এখন নির্বাচনী সভাত অংশ গ্ৰহণৰ সময়ত শ্রীলংকাৰ এজন তামিল উগ্রপন্থীয়ে আত্মঘাতী বোমাৰে ৰাজীৱ গান্ধীক হত্যা কৰিছিল। 

৫।বি. এচ. পি মর্যাদা কি?

উত্তৰঃ বহুজন সমাজ পাৰ্টিৰ প্ৰতিষ্ঠাপক আছিল কাশীৰাম। এই দলটো উত্তৰ প্ৰদেশৰ এটা গুরুত্বপূৰ্ণ ৰাজনৈতিক দল।

৬।মৰ্চা চৰকাৰ মানে3 কি? কেতিয়া কেন্দ্ৰত প্ৰথমে মৰ্চা চৰকাৰ গঠন কৰা হৈছিল?

উত্তৰঃ মৰ্চা চৰকাৰ মানে কেইবাটাও ৰাজনৈতিক দলৰ মাজত মিত্ৰতা কৰি মৰ্চা চৰকাৰ গঠন কৰা হয়। ১৯৮৯ চনত প্ৰথম মৰ্চা চৰকাৰ গঠন হৈছিল।

৭।‘মৰ্চা ৰাজনীতি’ কেতিয়া আৰম্ভ হৈছিল ?

উত্তৰঃ ১৯৮৯ চনত ‘মৰ্চা ৰাজনীতি’ আৰম্ভ হৈছিল।

৯। কোনটো নিৰ্বাচনে মৰ্চা চৰকাৰ গঠনৰ মুকলি কৰিছিল? 

উত্তৰঃ ১৯৮৯ চনৰ নিৰ্বাচনে মৰ্চা চৰকাৰে গঠনৰ বাট মুকলি কৰিছিল।

১০। ভাৰতীয় ৰাজনীতিত কেতিয়া ‘মণ্ডল’ বিষয়টোৱে স্থান পাইছিল?

উত্তৰঃ ১৯৯০ চনত মণ্ডল বিষয়টোৱে ভাৰতীয় ৰাজনীতিত স্থান পাইছিল।

১১। কোনটো দলে হিন্দুত্ব ৰাজনীতি আৰম্ভ কৰিছিল? 

উত্তৰঃ ভাৰতীয় জনতা পাৰ্টিয়ে হিন্দুত্ব ৰাজনীতি আৰম্ভ কৰিছিল।

১২। BAMCEF কি? কেতিয়া এইটো গঠন হৈছিল?

উত্তৰঃ Backward and Minority Classes Employees Federation. ১৯৭৮ চনত এই দলটো গঠন কৰা হৈছিল।

১৩। AIADMK ৰ সম্পূৰ্ণ ৰূপ লিখা। 

উত্তৰঃ All India Anna Dravida Munetra Kazhagam.

১৪। ভাৰতৰ মৰ্চা চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা।

 উত্তৰঃ মৰ্চা চৰকাৰৰ স্থিৰতা কম হয়। কেৱল কংগ্ৰেছক ক্ষমতাৰ চৰকাৰ গঠন কৰা হৈছিল।

১৫। অর্থনৈতিক বিশ্বায়নৰ বিষয়ে কেইশাৰীমান লিখা।

উত্তৰঃ অর্থনৈতিক বিশ্বায়ন প্ৰধানকৈ পৃথিৱীৰ বিভিন্ন দেশৰ মাজত থকা অর্থনৈতিক আদান প্রদান বুজায়। এই আদান-প্রদান বস্তু, সামগ্রী, মূলধন, মানৱ সম্পদ আৰু আদৰ্শৰ্গত হ’ব পাৰে।

১৬। বিজেপিৰ প্ৰধান ইস্তাহাৰ কি আছিল?

উত্তৰঃ ভাৰতীয় জনতা পার্টি জাতীয়তাবাদ আৰু ইতিবাচক ধৰ্ম নিৰপেক্ষতাবাদত বিশ্বাস কৰে৷ দুৰ্নীতি বিহীন নিকা প্রশাসন আৰু হিন্দুত্ববাদত এই দলটোৱে আস্থা ৰাখে।

১৭। ১৯৮৯ চনৰ পৰা ২০০৪ চনলৈ কোনটো দলে লোকসভাত অধিক শক্তিশালি হৈ আছিল?

উত্তৰঃ ভাৰতীয় জনতা দল।

১৮। কোন চনত কোনটো ৰাজনৈতিক দলে সংসদৰ নিৰ্বাচনত একক বৃহৎ দল হিচাপে পৰিগণিত হৈছিল। 

উত্তৰঃ ভাৰতীয় জনতা দলে ১৯৯৮ চনত সংসদৰ নিৰ্বাচনত বৃহত্তম দল হিচাপে পৰিগণিত হৈছিল।

১৯। এন.দি. এ. ত কিমানটা ৰাজনৈতিক দলে অংশ গ্রহন কৰিছিল? 

উত্তৰঃ ২৪ টা দল।

২০। ২০০৪ চনৰ সাধাৰণ নিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছে কিমানকৈ আসন লাভ কৰিছিল।

 উত্তৰঃ ২০০৪ চনৰ সাধাৰণ নিৰ্বাচনত বি.জে.পি য়ে ১৩৮খন আৰু কংগ্ৰেছ দলে ১৪৫ খন আসন লাভ কৰিছিল।

২১। কেতিয়া আৰু কিয় পিছপৰা আৰু সংখ্যালঘু শ্ৰেণীৰ কৰ্মচাৰী ফেডাৰেশ্যন গঠন হৈছিল?

উত্তৰঃ ১৯৭৮ চনত পিছপৰা আৰু সংখ্যালঘু শ্ৰেণীৰ কৰ্মচাৰী ফেডাৰেশন চৰকাৰী কৰ্মচাৰীসকলৰ এক সাধাৰণ ট্রেড ইউনিয়নেই নহয় বৰং বহুজন সকললৈ বাজনৈতিক ক্ষমতা হস্তান্তৰ কৰাৰ সদৰ্ভত ই এক গুরুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছিল।

 ২২। উত্তৰ ভাৰতীয় ৰাজনীতিত অ’বিচিৰ উত্থানৰ বিষয়ে লিখা।

উত্তৰঃ ভাৰতীয় ক্রান্তি দল আৰু সংযুক্ত সমাজবাদী দলৰ দৰে বহুজন সমাজবাদী পার্টির অ.বি.চিৰ এক শক্তিশালী গ্রাম্য ভিত্তি আছে। বহুজন সমাজ পার্টি (B.S.D) ৰ অ.বি.চি.ৰ শক্তিশালী গ্রাম্য ভিত্তি আছে। এই দলটো উত্তৰ প্ৰদেশৰ এটা প্রধান আৰু শক্তিশালী ৰাজনৈতিক দল। পিছ পৰা শ্ৰেণীটোৰ জনগণৰ মাজত এই দলটো জনপ্রিয়। কানচী ৰামৰ নেতৃত্বত বহুজন সমাজ দলে এই বহুজন সমাজৰ ৰাজনৈতিক গুরুত্ব উপলব্ধি কৰোৱায়। বহুজন অর্থাৎ পিছপৰা জাতি আৰু জনজাতীয় লোকসকলে জনসংখ্যাৰ সংখ্যাগরিষ্ঠতা লাভ কৰে। ৰামে এই লোকসকলৰ সামাজিক সমতাৰ বাবে চৰকাৰী চাকৰি ত্যাগ কৰি এই জাতিৰ একত্ৰীকৰণত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল দলিতসকলৰ বিকাশৰ বাবে তেখেতৰ অৱদান অপৰিহাৰ্য।

২৩। ২০০৪ চনৰ নিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছে কিমানকৈ আসন লাভ কৰিছিল ?

উত্তৰঃ ২০০৪ চনৰ নিৰ্বাচনত বিজেপি ১৩৮ খন আসন লাভ কৰিছিল আৰু কংগ্ৰেছে ১৪৫খন অসম লাভ কৰিছিল।

২৪। ভাৰতীয় জনসংঘ কেতিয়া গঠন হৈছিল আৰু সেই দলৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল?

উত্তৰঃ ভাৰতীয় জনসংঘ ১৯৫১ চনত গঠন হৈছিল আৰু ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি আছিল শ্যামাপ্রদাস মুখার্জী।

২৫। ভাৰতৰ সংস্কাৰ আন্দোলনৰ প্ৰাৰম্ভক (বাটকটীয়া) কোন আছিল? ইয়াক কেতিয়া ঘোষণা কৰা হৈছিল ?

উত্তৰঃ ভাৰতৰ সংস্কাৰ আন্দোলনৰ প্ৰাৰম্ভক আছিল ড° মনমোহন সিং। ইয়াক ঘোষণা কৰা হৈছিল ১৯৯১ চনত।

২৬। ভাৰতত আঞ্চলিকতাবাদ উত্থানৰ দুটা কাৰণ লিখা।

 উত্তৰঃ 

(ক) কেন্দ্ৰীয় চৰকাৰ অবহেলা,

(খ) আঞ্চলিক প্রত্যাশা।

২৭। কোনটো নির্বাচনে সংযুক্ত চৰকাৰৰ জন্ম দিছিল আৰু কিয়?

উত্তৰঃ লোকসভাৰ ১৯৭৭ এ ষষ্ঠ নির্বাচনে সযুক্ত চৰকাৰৰ জন্ম দিয়ে। ১৯৭৫ চনত ইন্দিৰা গান্ধীয়ে ঘোষণা কৰা জৰুৰীকালীন ক্ষমতাৰ অপ্ৰয়োগৰ পৰিণতিকংগ্ৰেছ দল পৰাজয় হয় আৰু কেন্দ্ৰত প্ৰথম সংযুক্ত চৰকাৰ গঠন ১৯৭৭ চনত।

(গ)উত্তৰ লিখা : মূল্যাংক: ৪ নম্বৰকৈ

১।অ.বি.চি ৰ শক্তিশালী গ্ৰাম্য ভিত্তি থকা দলৰ নাম লিখা।

উত্তৰঃ বহুজন সমাজ পার্টি (B.S.D) ৰ অ.বি.চি.ৰ শক্তিশালী গ্রাম্য ভিত্তি আছে। এই দলটো উত্তৰ প্ৰদেশৰ এটা প্ৰধান আৰু শক্তিশালী ৰাজনৈতিক দল। পিছ পৰা শ্ৰেণীটোৰ জনগণৰ মাজত এই দলটো জনপ্রিয়।

২।বি. এচ.পি ৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ কাশীৰাম নেতৃত্বত বহুজন সমাজ পার্টি (BSP) নামৰ ৰাজনৈতিক দলটো গঠিত হৈছিল। উত্তৰ প্ৰদেশৰ দলিত সম্প্ৰদায়ৰ মাজত এই দলটো জনপ্রিয় আছিল। এই দলটোৱে ইতিমধ্যে উত্তৰ প্ৰদেশৰ নিৰ্বাচনত সফলতা অর্জন কৰিছে আৰু এটা প্রধান বাজনৈতিক দল হিচাপে পৰিগণিত হৈছে।

৩।ধৰ্ম নিৰপেক্ষতাৰ বিষয়ে লিখা।

উত্তৰঃ ধৰ্ম নিৰপেক্ষতা মানে হ’ল সকলো ধর্মকে সমমৰ্য্যদা আৰু সমান সম্মান প্রদান করা। ৰাষ্ট্ৰ আৰু ধৰ্মৰ মাজত এক স্পষ্ট বিভাজন থাকে। ধৰ্মৰ প্ৰতি ৰাষ্ট্ৰই এক নিৰপেক্ষ দৃষ্টিভংগী গ্ৰহণ কৰে।

8।‘ওলোমা সদন’ ৰ বিষয়ে লিখা।

উত্তৰঃ ওলোমা সদন হ’ল য’ত কোনো এটা দলে সদনত সংখ্যা গরিষ্ঠতা অর্জন কৰিবলৈ সক্ষম নহয়। এনে অৱস্থাত বিভিন্ন ৰাজনৈতিক দলৰ মাজত মিত্ৰতা গঠন হয় আৰু সেই মিত্র। জোটে চৰকাৰ গঠন কৰে।

৫।‘মণ্ডল আয়োগৰ প্ৰতিবেদন’ৰ বিষয়ে সমালোচনা লিখা।

উত্তৰঃ মণ্ডল আয়োগৰ প্ৰতিবেদনৰ ফলস্বৰূপে ১৯৯০ চনত ভাৰতীয় ৰাজনীতি হঠাৎ জাতি ভিত্তিক হিংসা-প্রতিহিংসাৰ সন্মুখীন হ’ব লগা হয়। বিভিন্ন ৰাজনৈতিক দলৰ মাজত মতানৈক্য সৃষ্টি হৈছিল। এই প্রতিবেদনে অন্যান্য পিছপৰা সম্প্ৰদায়ৰ বাবে শিক্ষানুষ্ঠান আৰু চৰকাৰী চাকৰিত আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছিল।

৬।১৯৯০ ৰ দশকত উৎপত্তি হোৱা তিনিটা দলৰ নাম লিখা।

 উত্তৰঃ পিছপৰা আৰু সংখ্যালঘু শ্ৰেণীৰ কৰ্মচাৰী সংস্থা, বহুজন সমাজবাদী পার্টি, শোষিত সমাজ সংঘর্ষ সমিতি।

৭।ভাৰতবৰ্ষত আঞ্চলিক দলৰ গুৰুত্ব কিয় বৃদ্ধি পাইছে?

উত্তৰঃ ভাৰতবৰ্ষত আঞ্চলিক দলৰ গুৰুত্ব দিনক দিনে বৃদ্ধি পাই আহিছে। আঞ্চলিক ভিত্তিত গঢ়ি উঠা আঞ্চলিক দলৰ সদস্যসকল সেই অঞ্চলৰে বাসিন্দা হোৱাত তেওঁলোকৰ অঞ্চলটোৰ সমস্যাৰ সম্বন্ধে যথেষ্ট অভিজ্ঞতা থাকে। এনে অভিজ্ঞতাৰ দ্বাৰা আঞ্চলিক দলে শাসনাধিষ্ঠ দলক সফলতাৰে আঁচনি তৈয়াৰ আৰু কাৰ্য্যকৰী কৰাত সহায় কৰিব পাৰে।

৮।জৰুৰী অৱস্থাৰ পিছত বি. জে. পি দলৰ শক্তিশালী উত্থানৰ কাৰণ বিশ্লেষণ কৰা।

 উত্তৰঃ জৰুৰী অৱস্থাৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ উত্থান ঘটিছিল। এই দলটো ৰাষ্ট্ৰীয়তাবাদ আৰু হিন্দুত্ব ৰাজনীতিত গুৰুত্ব আৰোপ কৰিছিল। এই দলটোৱে ৰাষ্ট্ৰীয় সংহতি স্থাপনত গুৰুত্ব দিয়ে।

৯।গুজৰাট সংঘৰ্ষৰ বিষয়ে কেইশাৰীমান লিখা।

 উত্তৰঃ ২০০২ বৰ্ষৰ ২৭ ফেব্ৰুৱাৰী তাৰিখে গুজৰাটৰ গোধৰা নামৰ চহৰখনৰ ৰে’ল ষ্টেচনত স্বাবৰ ৰেল গাড়ীখন এচাম লোকে জোৰকৈ ৰাখে আৰু ৰেলৰ এটা দবাত জুই লগাই দিয়ে। সেই দবা অযোধ্যাৰ পৰা ঘূৰি অহা কৰসেৱকৰে ভৰি আছিল। এই ঘটনাত শিশু আৰু মহিলাকে ধৰি ৫৭ জন লোকে প্ৰাণ হেৰুৱালে। এই কাণ্ড স্থানীয় মুছলমান লোকে কৰা বুলি চলোৱা প্ৰচাৰৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ গুজৰাটত সাম্প্রদায়িক সংঘৰ্ষৰ দাবানল জ্বলি উঠে। নিৰ্ভৰযোগ্য তথ্য মতে ৰাজ্যখনৰ মুঠ ২৫ খন জিলাৰ প্ৰায় ১৫-১৬ খন জিলাতে এই সংঘর্ষ বিয়পি পৰে আৰু ইয়াৰ দ্বাৰা প্ৰায় ১৫০ খন চহৰ আৰু এক হাজাৰৰো অধিক গাওঁ আক্রান্ত হয়। এই সংঘর্ষ প্ৰায় চাৰিমাহ কাল ধৰি চলে। চৰকাৰী তথ্য অনুসৰি, এই সংঘৰ্ষত প্রায় এহাজাৰ লোকৰ মৃত্যু হয়। মৃত্যু হোৱাসকলৰ ভিতৰত ৮০% লোক মুছলমান আৰু ২০% হিন্দু ধৰ্মৰ লোক। বে চৰকাৰী তথ্য অনুসাৰে, মৃত্যু হোৱা লোকৰ সংখ্যা প্রায় দুই হাজাৰ। ইয়াৰ উপৰিও, এই ঘটনাত দুশৰো অধিক লোক নিখোজ হ’ল, প্রায় আঢ়ৈ হাজাৰ লোক আঘাতপ্রাপ্ত হ’ল, এশৰো অধিক মহিলা বিধৱা হ’ল আৰু ছশৰো অধিক শিশুৱে পিতৃ-মাতৃক হেৰুৱালে।

এই ঘটনা সংঘটিত হোৱাৰ সময়ত গুজৰাটত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন আৰু কেন্দ্ৰত অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টি শাসনত আছিল। এই সংঘৰ্ষৰ বেলিকা ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে তাৎক্ষণিকভাৱে কোনো উপযুক্ত পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে গুজৰাট চৰকাৰে এই সময়ত পালন কৰা ভূমিকাৰ কঠোৰ সমালোচনা কৰিছিল আৰু সংঘৰ্ষ নিয়ন্ত্ৰণ তথা সংঘৰ্ষৰ দ্বাৰা আক্ৰান্ত হোৱা লোকসকলক সাহায্য আৰু নিৰাপত্তা দিয়াৰ বেলিকাও ব্যৰ্থ হোৱা বুলি অভিযোগ তুলিছিল। এই সংঘর্ষ বিয়পোৱাত প্রত্যক্ষ বা পৰোক্ষ ভূমিকা পালন কৰা লোকসকলক শাস্তি প্ৰদানৰ বেলিকাত চৰকাৰে কোনো সঠিক পদক্ষেপ লোৱা নাছিল। তাৰ পৰিৱর্তে, এনে অভিযোগের শুনা যায় যে, ৰাজ্য চৰকাৰৰ একাংশ মন্ত্রী তথা বিষয়াবর্গ এই সংঘৰ্ষৰ প্ৰত্যক্ষ বা পরোক্ষ পৃষ্ঠপোষক আছিল।

১০। কোনটো নির্বাচনে মৰ্চা যুগৰ আৰম্ভণি কৰিছিল আৰু ইয়াৰ কাৰণ কি? 

উত্তৰঃ ১৯৮৯ চনৰ নিৰ্বাচনে মৰ্চা ৰাজনীতিৰ যুগ আৰম্ভ কৰিছিল। ইয়াৰ প্ৰধান কাৰণ হিচাপে ভাৰতবৰ্ষত বিভিন্ন অঞ্চলত আঞ্চলিক ৰাজনৈতিক দল গঠন আৰু ইয়াৰ বৰ্ধিত জনপ্রিয়তা। আনহাতে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলবোৰৰ আভ্যন্তৰীণ বিভাজন আৰু নিৰ্বাচনত কম সংখ্যক আসন লাভ ইত্যাদিবোৰ কাৰণতে মৰ্চা ৰাজনীতিৰ যুগ আৰম্ভ হোৱা বুলি ক’ব পাৰি।

১১। কৰ সেৱাৰ বিষয়ে লিখা।

উত্তৰঃ অয্যোধাত ৰাম মন্দিৰ নিৰ্মাণৰ উদ্দেশ্যে ১৯৯২ চনত ‘কৰ সেৱা’ৰ বাবে আহ্বান জনাইছিল। বিশ্ব হিন্দু পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিয়ে ‘কৰ সেৱাৰ’ আহ্বান জনাইছিল। ফলত সমগ্ৰ দেশত আলোড়নৰ সৃষ্টি হৈছিল। এই আহ্বানৰ উদ্দেশ্য আছিল অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে আত্মত্যাগ কৰা।

১২। ১৯৮৯ চনৰ পিছত ভাৰতীয় ৰাজনীতিৰ প্ৰধান বিষয়সমূহ কি কি?

 উত্তৰঃ ১৯৮৯ চনৰ পিছত ভাৰতীয় ৰাজনীতিৰ প্ৰধান বিষয়সমূহ হ’ল :

(ক) সাম্প্রদায়িকতা।

(খ) হিন্দুত্ব

(গ)অয্যোধাত ৰাম মন্দিৰ নিৰ্মাণ

(ঘ)মণ্ডল আয়োগৰ পৰামৰ্শ ৰূপায়ন। 

(ঙ)পিছপৰা শ্রেণীসমূহৰ ৰাজনৈতিক উত্থান।

(চ) মৰ্চা গঠনৰ ৰাজনীতি।

১৩।২০০৪ চনৰ লোকসভা নিৰ্বাচনৰ বিষয়ে লিখা। 

উত্তৰঃ ২০০৪ চনৰ লোকসভা নির্বাচনে ভাৰতবৰ্ষৰ ৰাজনীতিত উল্লেখযোগ্য পৰিৱৰ্তন আনিছিল। এই নির্বাচনত কংগ্ৰেছ দলটো বৃহৎ দল হিচাবে পৰিগণিত হৈছিল যদিও সংখ্যা। গৰিষ্ঠতা লাভ কৰা নাছিল। কংগ্ৰেছ দলে অন্যান্য সহযোগী দলৰ সৈতে মিত্ৰতা গঠন কৰি কেন্দ্ৰত সংযুক্ত প্রগতিশীল মৰ্চা নামেৰে চৰকাৰ গঠন কৰে।

১৪। মৰ্চা চৰকাৰৰ চাৰিটা বৈশিষ্ট্য লিখা।

উত্তৰঃ মৰ্চা চৰকাৰৰ চাৰিটা বৈশিষ্ট্য হ’লঃ-

(ক) মৰ্চা চৰকাৰক সংযুক্ত চৰকাৰ বুলি কোৱা হয়।

(খ)মৰ্চা চৰকাৰত আঞ্চলিক দলবোৰে গুৰুত্ব লাভ কৰে।

(গ)মৰ্চা চৰকাৰত ৰাজনৈতিক স্থিৰতা ক্ষণস্থায়ী হয়।

(ঘ) মৰ্চা চৰকাৰক দুৰ্বল চৰকাৰ বুলি কোৱা হয়।

১৫। ১৯৮৯ চনৰ পৰা ১৯৯২ চনলৈ ভাৰতীয় ৰাজনীতিৰ কেইটামান বিষয় লিখা। 

উত্তৰঃ ভাৰতীয় ৰাজনীতিত ১৯৮৯ চনত মৰ্চা যুগ আৰম্ভ হৈছিল। কেন্দ্ৰত লোকসভা নিৰ্বাচনত কোনো এটা ৰাজনৈতিক দলে সংখ্যা গৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। ১৯৮৯ চনত জনতা দলৰ নেতৃত্বত ৰাষ্ট্ৰীয় মৰ্চা চৰকাৰ গঠন হৈছিল। ১৯৯০ চনত এই চৰকাৰে মণ্ডল আয়োগৰ পৰামৰ্শ ৰূপায়নৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। তদুপৰি ১৯৯২ চনত দেশত জনতা দলৰ চাৰিটা প্ৰধান ৰাজনৈতিক ঘটনা লিখা। সাম্প্রদায়িকতা আৰু হিন্দুত্ববাদৰ আত্মপ্রকাশ ঘটিছিল আৰু অয্যোধা বিবাদ মূৰ দাঙি উঠে।

১৬। জনতা দলৰ চাৰিটা প্ৰধান ৰাজনৈতিক ঘটনা লিখা।

উত্তৰঃ ১৯৮৯ চনত জনতা দলে ভি. সিঙৰ নেতৃত্বত ৰাষ্ট্ৰীয় মৰ্চা চৰকাৰ গঠন কৰে। ১৯৯০ চনত মণ্ডল আয়োগৰ পৰামৰ্শ ৰূপায়নৰ সিদ্ধান্তগ্ৰহণ কৰে। ইয়াৰ ফলত দেশত যথেষ্ট বিতর্ক সৃষ্টি কৰিছিল। দেশত সংৰক্ষণ বিৰোধী আন্দোলন গঢ় লৈ উঠে। দিল্লীত এজন ছাত্ৰই ইয়াৰ প্ৰতিবাদত নিজৰ গাত জুই লগাই আত্মহত্যা কৰিছিল।

১৭।ভাৰতত সম্মিলিত চৰকাৰৰ দুটা সুবিধা আৰু দুটা অসুবিধা লিখা ?

উত্তৰঃ

 (১) সংযুক্ত চৰকাৰৰ স্থিৰতা কম।

(২) এই চৰকাৰে সময়ে সময়ে আভ্যন্তৰীণ সমস্যাৰ সমাধান কৰিব লাগে।

(৩) এই চৰকাৰৰ এক মত হোৱাৰ ক্ষেত্ৰত বহুত সময় লাগে।

(৪) এই চৰকাৰত কোনো দলৰ প্ৰকৃত আদর্শ কাৰ্যকৰী কৰা নহয়।

১৮। ভাৰতৰ গণতান্ত্ৰিক ৰাজনৈতিক ব্যৱস্থাত সন্মিলিত চৰকাৰৰ আবিৰ্ভাৱৰ চাৰিটা কাৰণ ব্যাখ্যা কৰা ?

উত্তৰঃ (১) বহুদলীয় ব্যৱস্থা 

(২) আঞ্চলিক দলৰ উত্থান।

(৩) জাতি ভিত্তিক দল গঠন।

(৪) কংগ্ৰেছ দলৰ নিৰ্বাচনী বিপৰ্য্যয়।

১৯। ১৯৮৯ চনৰ পিছৰ কালত ভাৰতীয় ৰাজনীতিৰ মূল বিষয়সমূহ উল্লেখ কৰা। ৰাজনৈতিক দলসমূহৰ এই পার্থক্য সৃষ্টিকাৰী বিভিন্ন স্থিতি কি আছিল?

 উত্তৰঃ ১৯৮৯ চনৰ পিছৰ কালত ভাৰতীয় ৰাজনীতিৰ মূল বিষয়সমূহ হ’ল –

(ক) ভাৰতীয় নির্বাচনী ৰাজনীতিত মৰ্চা চৰকাৰৰ উত্থান।

(খ)মণ্ডল আয়োগ আৰু ইয়াৰ আধাৰত গঢ়ি উঠা অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ ৰাজনৈতিক ভিত্তি।

 (গ) ভাৰতীয় ৰাজনীতিত ক্রমাগতভাবে শক্তিশালী হৈ উঠা সম্প্ৰদায়িক ৰাজনীতি আৰু ভাৰতীয় ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ ব্যৱস্থা আৰু ৰাজনীতিৰ প্ৰতি ই সৃষ্টি কৰিব পৰা প্ৰত্যাহ্বান।

(ঘ) ১৯৯১ চনত সূচনা কৰা অৰ্থনৈতিক সংস্কাৰৰ নীতি আৰু ই ভাৰতীয় ৰাজনীতিৰ বাবে কঢ়িয়াই অনা পৰিবৰ্তনসমূহ।

২০।জনতা দলৰ উত্থানৰ বিষয়ে ব্যাখ্যা কৰা।

উত্তৰঃ ১৯৮৮ চনৰ ১১ অক্টোবৰত বাংগালোৰ চহৰত অনুষ্ঠিত এখন সন্মিলনৰ জৰিয়তে জনমৰ্চাৰ নেতা বিশ্বনাথ প্রতাপ সিংহৰ নেতৃত্বত তিনিটা প্রধান বাজনৈতিক দল একত্ৰিত হৈ জনতা গল গঠন কৰে। জনমচাৰ বাহিৰে এই নতুন দলটোত চামিলহোৱা অইন দুটা দল আছিল জনতা পাৰ্টি আৰু লোকদল। বিশ্বানাথ প্রতাপ সিং সর্বসম্মতিক্রমে জনতা দলৰ নেতা নিৰ্বাচিত হয়। ১৯৮৯ চনৰ ২২ অক্টোবৰত ভাৰতৰ নিৰ্বাচনী আয়োগ জনতা দলক তেওঁলোকৰ দলীয় প্রতীক চক্ৰ প্ৰদান কৰে।

১৯৮৯ চনৰ নৱেম্বৰ মাহত অনুষ্ঠিত লোকসভাৰ নিৰ্বাচন এই দলে ১৪১ খন আসম লাভ কৰে। বিশ্বনাথ প্রতাপ সিঙক জনতা দল আৰু নেচনেল ফ্ৰণ্টৰ সংসদীয় শাখাৰ নেতা হিচাপে সৰ্বসম্মতিক্রমে নির্বাচন কৰা ভাৰতৰ প্ৰধানমন্ত্ৰীৰূপে শাসন ভাৰ গ্ৰহণ কৰে। দলটোৱে ১৯৯০ চনৰ ৰাজ্য বিধানসভাৰ নিৰ্বাচনত বিহাৰ, গুজৰাট আৰু উৰিষ্যাত গঠন কৰে।

২১। ১৯৮৯ চনৰ পৰা কংগ্ৰেছ আৰু বিজেপিৰ নিৰ্বাচনী সফলতা বিফলতাৰ প্ৰধান ধাৰাটো কি?

উত্তৰঃ ১৯৮৯ চনৰ পৰবৰ্ত্তী কালছোৱাক ভাৰতীয় জনতা দলৰ উত্থান আৰু কংগ্ৰেছৰ পতন বুলি বিবেচনা কৰিব পৰা যায়। এই সময় ছোৱাত ভাৰতীয় জনতা দল আৰু কংগ্ৰেছৰ মাজৰ প্রতিযোগিতাই তীব্রৰূপ ধাৰণ কৰিছিল। ১৯৮৯ চনৰ নিৰ্বাচনৰ পিছৰ পৰা কংগ্ৰেছ আৰু জনতা দল দুয়োটা দলেই ৫০% তকৈ অদিক ভোট লাভ কৰিব পৰা নাই। সেইদৰে তেওঁলোকে লাভ কৰা আসনৰ সংখ্যা লোকসভাৰ মুঠ আসনৰ আধাও নহলগৈ। ১৯৮৯ চনৰ গঠিত দুটা দল দুটা পৰিয়ালৰ হৈ পৰিছে। নবুৈ দশকৰ সময়ছোৱাত বাজনৈতিক প্রতিযোগিতা ভাৰতীয় জনতা দল আৰু কংগ্ৰেছৰ নেতৃত্বত সংযুক্ত চৰকাৰৰ নামত দুভাগ হৈ পৰে।

২২। ভাৰতীয় গণতান্ত্রিক ব্যৱস্থাত মৰ্চা যুগৰ বিকাশৰ চাৰিটা কাৰণ ব্যাখ্যা কৰা।

উত্তৰঃ 

(ক) বহুদলীয় ব্যৱস্থা

(খ)আঞ্চলিক দলৰ উত্থান।

(গ) জাতি ভিত্তিক জল গঠন।

(ঘ)কংগ্ৰেছ দলৰ নিৰ্বাচনী বিপর্যয়।

২৩। তেলুগু দেশমৰ ভূমিকাৰ বিষয়ে লিখা।

উত্তৰঃ ১৯৪২ চনত এন.টি ৰামাৰাওৰ নেতৃত্বত তেলেগু দলটো প্রতিষ্ঠা কৰা হৈছিল। ছয় কোটি তেলেগু লোকৰ আত্মসম্মান ৰক্ষা কৰাৰ উদ্দেশ্য আৰু মূল্যবোধজড়িত বাজনৈতিক শাসন প্রতিষ্ঠা কৰাৰ উদ্দেশ্য ৰামাৰাওৰ নেতৃত্ব এইদলটো গঠন কৰা হৈছিল। ইয়াৰ পৰবিৰ্ত্তী কালত ৰামাৰাওৰ জোৱাই চন্দ্ৰবাবু নাইডুৰ নেতৃত্বত এই দলে অন্ধ্ৰৰ শাসনকাৰ্য্য পরিচালনা কৰিছিল। ৰাজ্যৰ আভ্যন্তৰীণ উন্নতিৰ উপৰিও কেনদ্ৰীয় পৰ্যায়ততো এই দলে প্রভাব বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। ২০০৮ চনৰ নিৰ্বাচনৰ আগলৈকে চন্দ্ৰবাবু নাইডুৰ নেতৃত্বৰ এই দল ৰাজ্যৰ আভ্যন্তৰীণ উন্নতি সাধন কৰাৰ উপৰিও কেন্দ্ৰীয় পৰ্যায়তো এই দলে প্ৰভাৱ বিস্তাৰ কৰাৰ সুযোগ লাভ কৰিছিল।

২৪। অর্থনৈতিক গোলকীকৰণৰ ওপৰত এটা টোকা লিখা। 

উত্তৰঃ ভাৰতে বিশ্বয়ানৰ সৈতে খোজ মিলাবলৈ আৰু অৰ্থনৈতিক মহাসংকটৰ পৰা পৰিত্ৰাণ পাবলৈ ১৯৯১ চনত অর্থনৈতিক নীতি গ্ৰহণ কৰে। ১৯৯১ চনত বিত্তমন্ত্রী ড” মনমোহন সিংৰ তাৎপৰতাত ভাৰতত অৰ্থনৈতিক গোলকীকৰণ নীতি গ্ৰহণ কৰা হয়। এই নীতিৰদ্বাৰা ভাৰতে উদ্দেশ্য ৰাজহুৱা কণ্ড ৰাজস্বনীতি, মূল্য নীতি আদিৰ সৈতে জড়িত বিভিন্ন নীতি অন্তর্ভূক্ত কৰা হয়। অর্থনৈতিক গোলকীকৰণৰ বাবে ভাৰতে বিভিন্নধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে। এইবোৰৰ ভিতৰত প্ৰত্যক্ষ ৰণ ব্যৱস্থাৰ বিলুপ্তি সাধন, বিদেশী বেংকৰ প্ৰতি উদাৰ আচৰণ, বেংকসমূহক অধিক স্বাধীনতা প্ৰদানৰ লগতে ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু বিত্তমন্ত্ৰালয়ৰ দ্বৈত নিয়ন্ত্ৰণৰ সময়ত ইত্যাদি বিশেষভাবে উল্লেখযোগ্য।

২৫। BJP বইস্তাহাৰখন আলোচনা কৰা।

উত্তৰঃ ১৯৮০ চনৰ সাধাৰণ নিৰ্বাচনৰ BJP য়ে নির্বাচনী ইস্তাহাৰখন প্ৰাকশ কৰে। এই দলৰ প্রধান ইস্তাহাৰখন হ’ল– ভাৰতীয় জনতা পাৰ্টী কংগ্ৰেছ দলৰ একনায়কত্ববাদৰ ঘোৰ বিৰোধী। এই যে জাতীয়বাদ, জাতীয় সংহতি, গণত্নত্র: প্রত্যক্ষ ধৰ্মনিৰপেক্ষতাবাদ আৰু গান্ধীবাদী সমাজবাদৰ বিশ্বাসী । এই দলে সামজৰ সামগ্রিক কল্যাণ সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ই কৃষিৰ উন্নয়ন আৰু সামগ্রিক সংস্কাৰ সাধন দৰিদ্ৰতা নির্মূল গাৱলীয়া অঞ্চলৰ খোৱাপানীৰ যোগান, থকা ঘৰৰ ব্যৱস্থা, স্বাস্থ্য ব্যৱস্থা আৰু পৰিয়ালৰ পৰিকল্পনা, কর্মমুখী শিক্ষা ব্যৱস্থা, মাতৃ মংগলৰ ব্যৱস্থা উভয় ক্ষেত্ৰৰ শল্প উন্নয়ন আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই দলে স্বাধীন আৰু গোষ্ঠী নিৰপেক্ষ নীতিক সমর্থন কৰে। ওচৰ-চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ লগত বন্ধুত্ব ভাবৰ জৰিয়তে সহায় সহযোগিতা কামনা কৰে।

দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান প্ৰশ্নোত্তৰ

Sl. No.সূচী-পত্ৰ
Unit 1প্ৰথম খণ্ড
Chapter 1শীতল যুদ্ধৰ যুগ
Chapter 2দ্বি ৰাষ্ট্ৰবাদৰ অৱসান
Chapter 3 আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য
Chapter 4ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ
Chapter 5সাম্প্রতিক দক্ষিণ এছিয়া
Chapter 6আন্তর্জাতিক সংগঠন
Chapter 7সাম্প্রতিক বিশ্বত নিৰাপত্তা
Chapter 8পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ
Chapter 9বিশ্বায়ন
Unit 2দ্বিতীয় খণ্ড
Chapter 1জাতি গঠনৰ প্ৰত্যাহ্বান
Chapter 2এক দলীয় প্রাধান্যৰ যুগ
Chapter 3পৰিকল্পিত বিকাশৰ ৰাজনীতি
Chapter 4ভাৰতৰ বৈদেশিক সম্বন্ধ
Chapter 5কংগ্রেছ ব্যৱস্থাৰ প্রতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্রতিষ্ঠা
Chapter 6গণতন্ত্রৰ সংকট
Chapter 7গণ আন্দোলনৰ অভ্যুত্থান
Chapter 8আঞ্চলিক আকাংক্ষাবোৰ
Chapter 9ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ

২৬। সম্মিলিত চৰকাৰৰ যিকোনো চাৰিটা বৈশিষ্ট্য লিখা। 

উত্তৰঃ (ক) আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰাধান্য

(খ)কংগ্ৰেছ অথবা ভাৰতীয় জনতা পাৰ্টিক ক্ষমতাৰ বাহিৰত ৰখা লক্ষ্যই মচা গঠনত পালন কৰা নিৰ্ণয়ক ভূমিকা।

(গ) দলিত আৰু পিছপৰা শ্রেণমীসমূহৰ পৰিচয়ৰ ভিত্তত গঠিত বাজনৈতিক দলসমূহৰ ক্রমবর্ধিত শক্তি ৷৷

(ঘ) সাম্পদায়িক শক্তি আৰু ধৰ্ম নিৰপেক্ষ শক্তিৰ মাজত থকা ব্যৱধানৰ ক্রমাগত অৱসান।

 ২৭। মণ্ডল আয়োগ প্রতিবেদনৰ দুটা সমালোচনামূলক বিষয় উল্লেখ কৰা।

উত্তৰঃ (ক) মণ্ডল আয়োগৰ পৰামৰ্শৱলী বলবৎকৰাৰ সিদ্ধান্তককেন্দ্ৰ কৰি নেশ্যনেল ফ্রন্ট চৰকাৰৰ ভিতৰতেইযথেষ্ঠ বিতর্ক গঢ়ি উঠিছিল। আনকি নীতিগত ভাবে এই সিদ্ধান্ত বিরোধীতা নকৰা সকলেও এই প্রতিবেদনৰ পৰামৰ্শৱলী প্রয়োগ কৰা সময় শুদ্ধ নহয় বুলি মত পোষন কৰিছিল।

(খ) মণ্ডল আয়োগৰ পৰামৰ্শৱলী প্ৰয়োগৰ বেলিকা ৰাজনিতিক সহমত গঢ়ি উঠা নাছিল। বহুতেই অভিযোগ কৰিছিল যে ইতিমধ্যে সেউজ বিপ্লবৰ দ্বাৰা প্ৰকৃত আৰু অর্থনৈতিক বাৰে উন্নত সম্পদায়কো অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ অন্তৰ্ভূক্ত কৰি সংৰক্ষণ সুবিধা প্ৰদান কৰাহৈছিল।

২৮। শক্তিশালী ৰাজনৈতিক দল হিচাপে BJPৰ উত্থান অঙ্কন কৰা।

উত্তৰঃ ১৯৮০ চনৰ সপ্তম লোকসভাৰ নিৰ্বাচনত পৰাজয়ৰ পিছত জনতা পার্টিত হোৱা দ্বিতীয়টো বিভাজনৰ ফলস্বৰূপে ভাৰতীয় জনতা পাৰ্টিৰ জন্ম হয়। এই দলটো ১৯৫১ চনত শ্যাম সুন্দৰ মুখার্জীৰ নেতৃত্বত গঠন হোৱা ভাৰতীয় জন সংঘৰ নতুন আৰু সংশোধিত সংস্কাৰ বোলা হয়। বর্তমান ভাৰতীয় ৰাজনীতিত এক শক্তিশালী ৰাজনৈতিক দল হিচাপে BJPৰ ঊত্থান ঘটিছে। এই দলটোৱে ১৯৫৬ ৰ পৰা বৰ্তমানলৈ চাৰিবাৰকৈ কেন্দ্ৰত চৰকাৰ গঠন কৰিবলৈ হৈছে।

২৯। ভাৰতত সংযুক্ত চৰকাৰৰ দুটা সুবিধা আৰু দুটা অসুবিধা লিখা।

উত্তৰঃ সংযুক্ত চৰকাৰৰ দুটা সুবিদা হ’ল –

  1. সংযুক্ত চৰকাৰে সকলোধৰণৰ মতামতৰ প্ৰতিনিধিত্ব কৰাত সুবিধা হয়। 
  2. আঞ্চলিক মনোভাব আৰু প্ৰতাবলৰ সন্তুষ্টি দেখা যায়।

সংযুক্ত চৰকাৰৰ দুটা দোষ হ’ল–

  1. সংযুক্ত চৰকাৰ অস্থিৰ চৰকাৰ হিচাপে পৰিগণিত হোৱা দেখা যায়।
  2. নেতাসকলৰ পাস্তত ক্ষমতালৈ কাজিয়াৰ সৃষ্টি হোৱা দেখা যায়।

৩০। সংযুক্ত ৰাজনীতিৰ নতুন যুগত ৰাজনৈতিক দলসমূহে পক্ষ বা আদৰ্শৰ ভিত্তিত নতুন পক্ষ নলয়। তুমি সম্মত নে? তোমাৰ উত্তৰৰ সমৰ্থনত যুক্তি দর্শোৱা।

উত্তৰঃ সংযুক্ত ৰাজনীতিৰ যুগত ৰাজনৈতিক দলসমূহে মতাদর্শগত ভিত্তিত সংগঠিত হোৱাৰ পৰিবৰ্তে পৰিস্থিতিগত দলটোতহে অধিক প্রদান কৰি আহিছে। এক অনীতিগত মিত্ৰতাই সুবিধাবাদৰ “ৰাজনীতি” আৰু “যথাৰ্থতাৰ ৰাজনীতি” জন্ম দিছে। বর্তমান ভাৰতৰ প্ৰায় সকলো জনৈতিক দলে তেওলোকৰ স্বাৰ্থ পূৰণৰ বাবে যিকোনো মিত্ৰতাত আবদ্ধ হবলৈ প্রস্তুত থাকে।

(ঘ)দীঘল প্রশ্নোত্তৰ: মূল্যাংকঃ ৬ নম্বৰকৈ

১।ভাৰতীয় জনতা দলৰ কাৰ্য্যসূচী কি কি? 

উত্তৰঃ ১৯৮৯ চনৰ পিছত, বিজেপি এক শক্তিশালী ৰাজনৈতিক দল হিচাপে পৰিগণিত হয়। সাধাৰণ নিৰ্বাচনত সেইবাৰ বিজেপি দলে ৮৪খন আসনত সফলতা লাভ কৰে। নিৰ্বাচনৰ পিচত ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থনত জনতা দলে চৰকাৰ গঠন কৰে। এই চৰকাৰৰ নেতৃত্বত আছিল ভি পি সিং। এই সংযুক্ত চৰকাৰক ‘জাতীয় মৰ্চা” বোলা হৈছিল। এই মৰ্চা চৰকাৰে ‘ৰাম জনমভূমি-বাবৰি মছজিদ’ সমস্যার সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু, এইটো সমস্যাৰ সমাধানত ব্যর্থ হয়। ফলত জনতা দলে সমর্থন প্রত্যাহাৰ কৰে আৰু মৰ্চা চৰকাৰৰ পতন হয়। পিছত, ১৯৯৬ চনৰ নিৰ্বাচনত বিজেপি দলে অকলে ১৬০খন আসন লাভ কৰি বৃহত্তম দল হিচাপে ৰাষ্ট্ৰপতিয়ে চৰকাৰ গঠন কৰিবৰ বাবে নিমন্ত্রণ জনায়। দলীয় নেতা অটল বিহাৰী বাজপেয়ীয়ে মুঠ ১৩টা ৰাজনৈতিক দলৰ সমৰ্থনত ভাৰতৰ প্ৰধান মন্ত্ৰী হিচাপে ১৯৯৬ চনত শপত গ্ৰহণ কৰে। কিন্তু, সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰাত পদত্যাগ কৰে। পিছত, ১৯৯৯ চনত অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত বিজেপিৰ National Democratic Alliance গঠন কৰি পাঁচ বছৰ কাল ভাৰতৰ শাসন চলায়।

২। “মৰ্চা চৰকাৰৰ যুগত, ৰাজনৈতিক দলবোৰে আদৰ্শৰ ভিত্তিত একত্ৰিত নহয়।” 

উত্তৰঃ মৰ্চা চৰকাৰৰ যুগত ৰাজনৈতিক দলবোৰ আদৰ্শৰ ভিত্তিত একত্ৰিত নহয়। কাৰণ মৰ্চা চৰকাৰত বিভিন্ন ৰাজনৈতিক দলবোৰে কেৱল ক্ষমতা লাভৰ বাবেহে মিত্ৰতা স্থাপন কৰে।সেইবাবেই মৰ্চা চৰকাৰক সুবিধাবাদী বুলি কোৱা হয়। মৰ্চা চৰকাৰত কোনো ৰাজনৈতিক দলৰ প্রকৃত আদর্শ কাৰ্য্যকৰী কৰা নহয়। মৰ্চা চৰকাৰত সহমত বা ঐক্যমতত্ উপনীত হোৱাত অসুবিধা হয়।

৩। কংগ্ৰেছ দলৰ আধিপত্যৰ অৱসান হৈছে যদিও কংগ্ৰেছ দলেই এতিয়াও অধিক প্রভাবশালী হৈ আছে? ব্যাখ্যা কৰা।

 উত্তৰঃ এইটো সঁচা যে কংগ্ৰেছ দলৰ আধিপত্যৰ অৱসান হৈছে। কিন্তু কংগ্ৰেছ দলটোৱেই এতিয়াও ভাৰতীয় ৰাজনীতিত অধিক প্ৰভাৱশালী দল হিচাবে পৰিগণিত হৈ আহিছে। লোকসভাত এই দলটো এতিয়াও সৰ্ববৃহৎ দল হিচাপে নিজৰ প্ৰভাৱ অক্ষুণ্ণ ৰাখিছে। ২০০৪ চনৰ লোকসভা নিৰ্বাচনৰ পৰা কংগ্ৰেছ দলে পুনৰ গুৰুত্ব পাবলৈ ধৰিছে। এই দলটো অন্যান দলসমূহতকৈ ভোটৰ ক্ষেত্ৰত অধিক উন্নত অৱস্থাত আছে। ২০০৪ চনৰ পৰা একেৰাহে কংগ্ৰেছৰ নেতৃত্বত কেন্দ্ৰত চৰকাৰ গঠন হৈছে।

8।গুজৰাটৰ হিন্দু মুছলমানৰ সংঘৰ্ষৰ বিষয়ে লিখা।

উত্তৰঃ ২০০২ চনত, গুজৰাটত বৃহৎ আকাৰত মুছলমানবিৰোধী সন্ত্রাস হৈছিল। প্ৰথমটো ঘটনা সংঘটতি হৈছিল ‘গধৰা’ নামৰ ষ্টেচন এটাত। অযোধ্যাৰ পৰা অহা বে’লত অগ্নি সংযোগ কৰাৰ ফলত বহুত ‘কৰসেৱক’ৰ মৃত্যু হয়। এই ঘটনাত মুছলমানসকলৰ হাত থকাৰ সন্দেহ কৰাৰ ফলত গুজৰাটত মুছলমান বিৰোধী সন্ত্রাসে দেখা দিয়ে। বহুত মানুহ, বিশেষকৈ মুছলমান লোকে প্রাণ হেৰুৱায়। এই ঘটনাৰ ক্ষেত্ৰত জাতীয় মানৱ অধিকাৰ আয়োগে গুজৰাট চৰকাৰৰ ভূমিকা সমালোচনাচ কৰে। নির্বাচনী আয়োগে ৰাজ্যিক নির্বাচন পিছুৱাই দিয়ে। এই ক্ষেত্ৰত দেখা যায় যে ধর্মীয় মানসিকতা ৰাজনৈতিক ক্ষেত্ৰত ব্যৱহাৰ কৰিলে গণতান্ত্ৰিক ৰাজনীতিৰ বিশেষ ক্ষতি হয়।

৫।দ্বিদলীয় ব্যৱস্থাক বহুতে সফল গণতন্ত্ৰৰ বাবে প্ৰয়োজনীয় বুলি গণ্য কৰে। ভাৰতবৰ্ষৰ অভিজ্ঞতাৰ ভিত্তিত বৰ্তমান দলীয় ব্যৱস্থাৰ সুবিধাবোৰ আলোচনা কৰা। 

উত্তৰঃ দ্বিদলীয় ব্যৱস্থাক বহুতে গণতন্ত্ৰৰ সফলতাৰ বাবে প্ৰয়োজনীয় বুলি বিবেচনা কৰে। এই ক্ষেত্ৰত গ্রেট ব্রিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বিদলীয় ব্যৱস্থাৰ কথা উল্লেখ কৰিব পাৰি। গ্রেট ব্রিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত গণতন্ত্ৰ অতি সফলভাৱে চলি আছে। ভাৰতবৰ্ষত বহুদলীয় ব্যৱস্থা প্রচলিত হৈ আহিছে। ভাৰতবৰ্ষ ভৌগোলিকভাৱে এখন বিশাল আৰু জনসংখ্যা বহুল ৰাষ্ট্ৰ। ভাৰতবৰ্ষ এখন বৈচিত্ৰতা আৰু বৈসাদৃশ্যৰে ভৰপুৰ ৰাষ্ট্ৰ য’ত সংসদীয় গণতন্ত্র প্রচলিত হৈ আছে। ভাৰতবৰ্ষত বহুতো ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ উপৰিও যথেষ্ট সংখ্যক সৰু-ডাঙৰ আঞ্চলিক ৰাজনৈতিক দল আছে। এই দলবোৰে নিৰ্বাচনত অংশ গ্ৰহণ কৰি সাংবিধানিকভাৱে চৰকাৰ গঠনৰ প্ৰচেষ্টা চলায়। এইদৰে জনসাধাৰণেও গণতন্ত্ৰত অংশ গ্ৰহণৰ সুবিধা লাভ কৰিছে।

৬।জনতা দলৰ উত্থানৰ বিষয়ে লিখা।

উত্তৰঃ ১৯৭৭ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছত জনতা দল ক্ষমতালৈ আহিছিল। কিন্তু প্রধান মন্ত্ৰীৰ পদৰ বাবে দলৰ প্ৰাৰ্থী তিনিজনৰ মাজত প্ৰতিযোগিতা দেখা যায়। এই তিনিজনৰ প্ৰাৰ্থী আছিল— মোৰাৰজী দেশাই যিজনে ইন্দিৰা গান্ধীৰ বিৰোধিতা কৰিছিল, চৰণ সিং আৰু জগজীৱন ৰাম । পিছলৈ মোৰাৰজী দেশাই যদিও প্ৰধান মন্ত্ৰী হৈছিল, দলৰ মাজত ক্ষমতাৰ বিতৰ্কৰ অন্ত হোৱা নাছিল । ফলত, জনতা দলৰ চৰকাৰৰ মাজত একতা, নেতৃত্বাধীন আঁচনি আৰু নিৰ্দিষ্ট দিশ নোহোৱা হৈ পৰিছিল। এই চৰকাৰে নীতিৰ ক্ষেত্ৰত কোনো ধৰণৰ পৰিৱৰ্তন > আনিব পৰা নাছিল। জনতা দলৰ মাজত বিভাজন হোৱাৰ ফলত মোৰাৰজী দেশাইৰ চৰকাৰ কেৱল ১৮ মাহহে ক্ষমতাত থাকিব পাৰিলে। পিছত, ১৯৮০ চনৰ লোকসভা নিৰ্বাচনত, জনতা দল কংগ্ৰেছৰ হাতত পৰাস্ত হয়।

৭।ইউনাইটেড প্রগ্রেছিভ এলায়েঞ্চৰ বিষয়ে লিখা। 

উত্তৰঃ ২০০৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছত কংগ্ৰেছ দলে সংযুক্ত প্রগতিশীল মৰ্চাৰ চৰকাৰ গঠন কৰে। এই চৰকাৰে বাওঁপন্থী দলৰ সমৰ্থন লাভ কৰে। এই নিৰ্বাচনত, কংগ্ৰেছ দলে কিছু ক্ষেত্ৰত পুনৰ গুৰুত্ব লাভ কৰা দেখা যায়। কংগ্ৰেছ আৰু মিত্ৰ দলসমূহৰ বিজেপি আৰু মিত্ৰ লসমূহতকৈ ভোটৰ ক্ষেত্ৰত অৱস্থা উন্নত। সেয়েহে দলৰ ব্যৱস্থা বহুত পৰিৱৰ্তন হোৱা দেখা যায়।

৮।এন. ডি. এৰ বিষয়ে চমুকৈ লিখা।

 উত্তৰঃ এন. ডি. এ. (NDA) ৰ সম্পূৰ্ণ অৰ্থ হ’ল নেচনেল ডেমোক্রেটিক এলায়েঞ্চ। অর্থাৎ | ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা। ১৯৯৭ চনত ভাৰতীয় জনতা দলৰ নেতৃত্বত ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চা গঠন কৰা হৈছিল। ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চাত ১৩ টা সহযোগী দলে মিত্রতা গঠন কৰিছিল। | ১৯৯৯ চনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই চৰকাৰ গঠন কৰিছিল। অটল বিহাৰী বাজপেয়ী এই ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ মুৰব্বী হিচাপে ১৯৯৯ চনৰ পৰা ২০০৪ চনলৈকে প্ৰধানমন্ত্ৰী আছিল। এইচৰকাৰে যথেষ্ঠ সংখ্যক উন্নয়নৰ কাৰ্য্যসূচী গ্ৰহণ কৰিছিল।

৯। ইউনাইটেড ফ্রণ্ট অর্থাৎ ঐক্য মৰ্চা মানে কি?

উত্তৰঃ ১৯৯৬ আৰু ১৯৯৭ চনত ঐক্য মৰ্চা গঠন কৰা হৈছিল। ভাৰতবৰ্ষৰ মৰ্চা ৰাজনীতিত ঐক্য মৰ্চাৰ উপস্থিতি খন্তেকীয়া আছিল। ১৯৯৬ চনত কংগ্ৰেছৰ সমৰ্থনত ঐক্য মৰ্চাই চৰকাৰ গঠন কৰিছিল। ইয়াৰ নেতৃত্ব বহন কৰিছিল এইচ. ডি. দেবগৌড়া।

১০।তলত দিয়াবোৰ মিলোৱাঃ

(ক) সহমতৰ ৰাজনীতি(১) শ্বাহ বানু গোচৰ
(খ) জাতি ভিত্তিক দল(২) অন্যান্য পিছপৰা জাতিৰ উত্থান
(গ)ব্যক্তিগত আইন আৰু লিংগ ন্যায়(৩) মৰ্চা চৰকাৰ
(ঘ)আঞ্চলিক দলৰ বৰ্ধিত শক্তি(৪) অর্থনৈতিক ৰাজনীতিৰ চুক্তি

উত্তৰঃ

(ক) সহমতৰ ৰাজনীতি(৪) অর্থনৈতিক ৰাজনীতিৰ চুক্তি
(খ) জাতি ভিত্তিক দল(২) অন্যান্য পিছপৰা জাতিৰ উত্থান
(গ) ব্যক্তিগত আইন আৰু লিংগ ন্যায়(১) শ্বাহ বানু গোচৰ
(ঘ) আঞ্চলিক দলৰ বৰ্ধিত শক্তি(৩) মৰ্চা চৰকাৰ

১১। তলত দিয়াবোৰ ক্ৰম অনুসৰি সজোৱা –

(ক) মণ্ডল আয়োগ আৰু সংৰক্ষণ বিৰোধী আন্দোলন।

(খ)জনতা দলৰ চৰকাৰ গঠন।

(গ) বাবৰি মছজিদ ধ্বংস। 

(ঘ) ইন্দিৰা গান্ধী হত্যা।

(ঙ)গোধৰা কাণ্ড

(চ) ইউ পি. এ চৰকাৰ গঠন

উত্তৰঃ

(১) ইন্দিৰা গান্ধী হত্যা।

(২) জনতা দলৰ চৰকাৰ গঠন।

(৩) মণ্ডল আয়োগ আৰু সংৰক্ষণ বিৰোধী আন্দোলন।

(৪) বাবৰি মছজিদ ধ্বংস।

(৫) গোধৰা কাণ্ড

(৬) ইউ পি. এ চৰকাৰ গঠন

১২। চমুটোকা লিখাঃ

(ক) অয্যোধ্যা বিবাদ।

উত্তৰঃ ১৯৮৬ চনত, ফৈজাবাদ ন্যায়ালয়ে অযোধ্যাত থকা বাবৰি মছজিদটো হিন্দু ভক্তৰ বাবে খুলি দিয়াৰ নিৰ্দেশ দিয়ে। এই মছজিদটো মীৰ বাকীয়ে ১৬ শতিকাত নিৰ্মাণ কৰিছিল। কিছুমান হিন্দুৰ মতে এই মছজিদটো হিন্দুৰ ভগৱান ৰামৰ মন্দিৰ ধ্বংস কৰি বনাইছিল। ১৯৪০ চনৰ পৰাই বিতৰ্কটো ন্যায়ালয়ত দাখিল কৰা হৈছিল। এই নির্দেশ মতে হিন্দু আৰু মুছলমানসকলৰ বাবে প্রেক্ষাগৃহটো খুলি দিয়া হয়। হঠাতে, এই বিতৰ্কৰ ৰূপ সলনি হৈ জাতীয় বিতৰ্কৰ ৰূপ নয়। বিজেপি, বিশ্ব হিন্দু পৰিষদ, আৰ এছ এছ আদি সংগঠনে এই বিতর্কটোক ৰাজনৈতিক দিয়ে। আনকি, বিজেপি দলে ‘ৰথ যাত্রা’ এটাৰো আয়োজন কৰে। ১৯৯২ চনত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ‘কৰসেৱক সকলে সেৱা আগবঢ়োৱায়। ফলত, সমগ্ৰ ভাৰততে হিন্দু আৰু মুছলমানৰ মাজত সংঘর্ষ হয়।

(খ) অর্থনৈতিক সংস্কাৰ ১৯৯১

উত্তৰঃ ৰাজীৱ গান্ধী যেতিয়া দেশৰ প্ৰধান মন্ত্রী হয় তেতিয়া এই ‘নতুন অর্থনৈতিক ব্যৱস্থা আৰম্ভ কৰিছিল। ইয়াক ১৯৯৪ চনত প্ৰথমবাৰৰ বাবে উপলব্ধি কৰা হৈছিল। এই নীতিসমূহৰ প্রভাৱ অর্থনীতিত দেখা যায়। কিন্তু, এই নীতিসমূহক বহুত সংগঠন আৰু আন্দোলনে সমালোচনা কৰিছিল।

(গ) গুজৰাটৰ মুছলমান বিৰোধী সংঘর্ষ।

উত্তৰঃ ২০০২ চনত, গুজৰাটত বৃহৎ আকাৰত মুছলমানবিৰোধী সন্ত্ৰাস হৈছিল। প্ৰথমটো ঘটনা সংঘটতি হৈছিল ‘গধৰা’ নামৰ ষ্টেচন এটাত। অযোধ্যাৰ পৰা অহা ৰে’লত অগ্নি সংযোগ কৰাৰ ফলত বহুত ‘কৰসেৱক’ৰ মৃত্যু হয়। এই ঘটনাত মুছলমানসকলৰ হাত থকাৰ সন্দেহ | কৰাৰ ফলত গুজবাটত মুছলমান বিৰোধী সন্ত্রাসে দেখা দিয়ে। বহুত মানুহ, বিশেষকৈ মুছলমান লোকে প্ৰাণ হেৰুৱায়। এই ঘটনাৰ ক্ষেত্ৰত জাতীয় মানৱ অধিকাৰ আয়োগে গুজৰাট চৰকাৰৰ ভূমিকা সমালোচনাচ কৰে। নির্বাচনী আয়োগে ৰাজ্যিক নির্বাচন পিছুৱাই দিয়ে। এই ক্ষেত্ৰত দেখা যায় যে ধৰ্মীয় মানসিকতা ৰাজনৈতিক ক্ষেত্ৰত ব্যৱহাৰ কৰিলে গণতান্ত্ৰিক ৰাজনীতিৰ বিশেষ ক্ষতি হয়।

(ঘ) অন্যান্য পিছপৰা সম্প্ৰদায়ৰ ৰাজনৈতিক উত্থান। 

উত্তৰঃ কান্‌চী ৰামৰ নেতৃত্বত বহুজন সমাজ দলে এই বহুজন সমাজৰ ৰাজনৈতিক গুরুত্ব উপলব্ধি কৰোৱায়। বহুজন অৰ্থাৎ পিছ পৰা জাতি আৰু জনজাতীয় লোকসকলে জনসংখ্যাৰ সংখ্যাগৰিষ্ঠতা লাভ কৰে। ৰামে এই লোকসকলৰ সামাজিক সমতাৰ বাবে চৰকাৰী চাকৰি চ্যাগ কৰি এই জাতিৰ একত্ৰীকৰণত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। দলিতসকলৰ বিকাশৰ ধবে তেখেতৰ অৱদান অপৰিহাৰ্য।

১৩। জটিল বিষয়সমূহৰ ক্ষেত্ৰত বৰ্দ্ধিত সহমত বিশ্লেষণ কৰা।

উত্তৰঃ তীব্র প্রতিযোগিতা আৰু দলীয় সংঘৰ্ষৰ মাজত একতা পৰিলক্ষিত হয়। এই ঐক্যমতত ধানতঃ চাৰিটা উপাদান সন্নিৱিষ্ট হৈ পৰে। এইবিলাক হৈছে –

(ক) নব্য অর্থনৈতিক নীতিত একমতঃ যি সময়ত নতুন অর্থনৈতিক আঁচনিৰ ক্ষেত্ৰত বহ গোট, শাখা আদি গোষ্ঠীয়ে বিৰোধীতা কৰিছিল সেই সময়তে বহু দলে চৰকাৰক নতুন অর্থনৈতিক আঁচনি গ্ৰহণৰ ক্ষেত্ৰত সমর্থন জনাইছিল। সমর্থনকাৰা দলবোৰে বিশ্বাস কৰিছিল যে এই নতুন অর্থনৈতিক আঁচনিয়ে দেশব অর্থনৈতিক দিশত বিকাশ ঘটোৱাৰ উপৰি বিশ্বৰ দৰবাৰত অৰ্থনৈতিক ক্ষমতাত এক উচ্চস্তৰীয় মৰ্যদা প্রদান। কৰিব।

(খ) পিছপৰা শ্ৰেণীৰ ৰাজনৈতিক আৰু সামাজিক দাবীসমূহৰ গ্ৰহণঃ পিছপৰা শ্ৰেণীসমূহৰ দাবীসমূহ যুক্তিসংগতআৰু সেয়েহে মানি লোৱা উচিত বুলি ৰাজনৈতিক দলবিলাকে স্বীকাৰ কৰিছিল। ফলস্বৰূপে বর্তমানেও সকলো ৰাজনৈতিক দলে শিক্ষা আৰু কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত পিছপৰা শ্ৰেণীৰ বাবে আসন সংৰক্ষণৰ সমৰ্থন কৰে। অন্যান্য পিছপৰা শ্ৰেণীৰ লোকে উপযুক্ত ক্ষমতাৰ অংশ পাব লাগে বুলি ৰাজনৈতিক দলবিলাকে ইচ্ছা প্ৰকাশ কৰে।

(গ) ৰাষ্ট্ৰ পৰিচালনাত ৰাজ্যিক পৰ্যায়ৰ দলবিলাকৰ ভূমিকাক স্বীকাৰ কৰা: ৰাজ্যিক পৰ্যায় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলবিলাকৰ মাজৰ প্ৰভেদসমূহ দ্রুত গতিত হ্রাস পাবলৈ ধৰে। ৰাজ্যিক পৰ্যায়ৰ দলবোৰে ৰাষ্ট্ৰীয় পৰ্যায়ত ক্ষমতাৰ অংশ ল’বলৈ সক্ষম হৈছে আৰু বিগত কুৰি বছৰ ধৰি দেশৰ ৰাজনীতি এই দলবোৰে প্ৰধান ভূমিকা পালন কৰি আহিছে।

(ঘ) মতাদর্শীয় ঐক্য অবিহনে স্থান আৰু ৰাজনৈতিক মৰ্চা তুলনাত ৰাষ্ট্ৰীয় বিচাৰ-বিবেচনাক অধিক গুৰুত্ব আৰোপঃ শাসন ক্ষমতাৰ ক্ষেত্ৰত মৰ্চা ৰাজনীতিয়ে ৰাজনৈতিক দলবোৰক আদৰ্শগত পাৰ্থক্যৰ পৰা ক্ষমতাৰ অংশীদাৰৰ অৱস্থালৈ ঢাল থুবায়। 

১৪। সংযুক্ত প্রগতিশীল মৰ্চা চৰকাৰৰ বিষয়ে এটা চমু টোকা লিখা।

উত্তৰঃ ২০০৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছত কংগ্ৰেছ দলে সংযুক্ত প্রগতিশীল মৰ্চাৰ চৰকাৰ গঠন কৰে। এই চৰকাৰে বাওঁপন্থী দলৰ সমৰ্থন লাভ কৰে। এই নিৰ্বাচনত, কংগ্ৰেছ দলে কিছু ক্ষেত্ৰত পুনৰ গুৰুত্ব লাভ কৰা দেখা যায়। কংগ্ৰেছ আৰু মিত্ৰ দলসমূহৰ বিজেপি আৰু মিত্ৰ দলসমূহতকৈ ভোটৰ ক্ষেত্ৰত অৱস্থা উন্নত। সেয়েহে দলৰ ব্যৱস্থা বহুত পৰিৱৰ্তন হোৱা দেখা যায়। 

১৫৷ ১৯৮০ চনৰ পিছৰ পৰা ভাৰতৰ অৰ্থনীতিত ৰাজ্যৰ গুৰুত্ব নীতি নিৰ্ধাৰকসকলে কিয় কমাই দিছিল ?

উত্তৰঃ ১৯৮০ চনৰ পিছৰ পৰা ভাৰতৰ অৰ্থনীতিত ৰাজ্যৰ গুৰুত্ব নীতি নিৰ্দ্ধাৰকসকলে অর্থনৈতিক উদাৰীকৰণৰ নীতি প্ৰৱৰ্তন কৰি কমাই দিছিল। ১৯৮০ ৰ সময়ছোৱাত সৃষ্টিবাদী অর্থনৈতিক নীতিসমূহ যেনে – ঔদ্যোগিক নীতি, বিত্তীয় নীতি, বিনিময় হাৰৰ নীতি, আমদানি ৰপ্তানিৰ নীতি আৰু মুদ্রানীতি আদিয়ে উচ্চহাতে নিয়ন্ত্রিত অর্থনীতিৰ পৰা উদাৰনৈতিক | অর্থনীতিলৈ এক আমোল পৰিৱৰ্তন সাধন হৈছিল। নতুন অর্থনৈতিক নীতিৰ মূল ভেটি হ’ল। এয়েই যে সকলে৷ ধৰণৰ হস্তক্ষেপকৰণৰ নীতি আকাংক্ষিত নহ’বও পাৰে। নতুন অর্থনৈতিক নীতিয়ে বিনিয়োগ, আমদানি আৰু উৎপাদনৰ ওপৰত নিয়ন্ত্ৰণ আৰু অনুজ্ঞাপত্ৰ প্ৰদানৰ পোষকতা কৰে।

নতুন অর্থনৈতিক নীতিৰ প্ৰধান নিৰ্দ্ধাৰকসমূহ হ’ল-

  1.  প্রতিযোগিতাৰ পুনৰ্দ্ধাৰ
  2. ব্যক্তিগত খণ্ডৰ বাবে এক বৃহৎ ভূমিকা
  3.   বিত্তীয় নীতিৰ পুনৰ মুদ্রিতকৰণ।
  4. সকলো ধৰণৰ অৰ্থনৈতিক কার্যকলাপৰ ক্ষেত্ৰত প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতি। 
  5. আমদানি আৰু ৰপ্তানিৰ ক্ষেত্ৰত প্ৰতিযোগিতাৰ এক নতুন যুগৰ সূচনা কৰা।

১৬। ১৯৯৮ চনৰ নিৰ্বাচনৰ পিছত তেলুণ্ড দেশম পাৰ্চী আৰু এ আই এডিএমকে লোৱা ভূমিকাৰ মূল্যায়ন কৰা।

 উত্তৰঃ সম্প্ৰতি আঞ্চলিক দলবিলাকে আঞ্চলিক সমস্যাবিলাকক অধিকভাৱে সম্বোধন আৰু প্রতিফলিত কৰা দেখিবলৈ পোৱা যায়। আঞ্চলিক দল হিচাপে তেলেগু দেশম আৰু AIADMK য়ে আৰম্ভণিৰে পৰাইভাৰতীয় ৰাজনীতিত এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি আহিছে। ১৯৯৮ চনৰ লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন NDA চৰকাৰ গঠন কৰা হৈছিল য’ত বিজেপি ১৮২ খন আসন লাভ কৰাৰ লগতে এন ডি এ মুঠ ২৫১ খন আসন লাভ কৰিছিল। তেলেগু দেশম দলৰ ১২জন সদস্যৰ সমৰ্থনৰে NDA চৰকাৰ গঠিত হৈছিল, কিন্তু ১৯৯৮ চনৰ বিজেপি নেতৃত্বাধীন মৰ্চা চৰকাৰখনে প্ৰতিৰক্ষা মন্ত্ৰী জৰ্জ ফাৰ্ণাণ্ডেজৰ অপসাৰণৰ দাবী তুলি AIADMKৰ প্ৰতিনিধিয়ে চৰকৰখনৰ প্ৰতি সমর্থন প্রত্যাহাৰ কৰিছিল। ক্ষণস্থায়ী বাজপেয়ীৰ চৰকাখনে ১৯৯৮ চনৰ মে? মাহত পোখৰাণত পাচটা পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰাৰ দ্বাৰা ভাৰতৰ আণৱিক শক্তিৰ ওপৰত মোহৰ মাৰিছিল। পাকিস্তানৰ সৈতে কার্গিল যুদ্ধৰ সময়ত বাজপেয়ীৰ চৰকাৰে দেশীয় সুৰক্ষাৰ বিষয়ত যথোচিত গুৰুত্ব দিছিল। পাকিস্তানৰ সেনাবাহিনীয়ে ভাৰতীয় নিয়ন্ত্ৰণৰেখাক অতিক্ৰম কৰাত ভাৰতীয় সামৰিক বাহিনীয়ে পাকিস্তানৰ সেনাবাহিনীৰ পৰা কৌশলগত পৰ্ব্বত চকী পুনৰুদ্ধাৰৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছিল। ইয়াৰ পটভূমিতে ১৯৯৯ চনত নির্বাচন অনুষ্ঠিত হৈছিল। এই নিৰ্বাচনত তেলেও দেশম দলৰ ২৯ জন সাংসদৰ সৈতে ২৪ টা দলৰ সহযোগত NDA ৰে চৰকাৰ গঠন কৰিছিল। ২০০৪ চনৰ নিৰ্বাচনত কংগ্ৰেছ দলে AIADMK, PMK, TRS আৰু আন দলবিলাকৰ লগ লাগি নতুন মৰ্চা গঠন কৰিছিল। এই নিৰ্বাচনত ১৪৫ খন আসনৰ সৈতে কংগ্ৰেছ দলে একক  বৃহৎ দল হিচাপে পৰিগণিত হৈ AIADMK কে আদি কৰি অনান্য দলবিলাকৰ লগত মিত্রা কৰি ২১৯ খন আসন লাভ কৰি চৰকাৰ গঠন কৰিছিল।

 ১৭। ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চাৰ নীতি আৰু কাৰ্যসূচী বিশ্লেষণ কৰা।

উত্তৰঃ বিজেপি নেতৃত্বাধীন মৰ্চাৰ চৰকাৰক ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চা বুলি কোৱা হয়। ১৯৯৮ চনৰ লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন NDA চৰকাৰ গঠন কৰা হৈছিল য’ত বিজেপি ১৮২ খন আসন লাভ কৰাৰ লগতে এন ডি এ মুঠ ২৫১ খন আসন লাভ কৰিছিল। তেলেগু দেশম দলৰ ১২ জন সদস্যৰ সমৰ্থনৰে NDA চৰকাৰ গঠিত হৈছিল কিন্তু ১৯৯৮ চনৰ বিজেপি নেতৃত্বাধীন মৰ্চা চৰকাৰখনে প্ৰতিৰক্ষা মন্ত্রী জর্জ ফাৰ্ণাণ্ডেজৰ অপসাৰণৰ দাবী তুলি AIADMKৰ প্ৰতিনিধিয়ে চৰকৰখনৰ প্ৰতি সমর্থন প্রত্যাহাৰ কৰিছিল। ক্ষণস্থায়ী বাজপেয়ীর চৰকাৰখনে ১৯৯৮ চনৰ মে’ মাহত পোখৰাণত পাচঁটা পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰাৰ দ্বাৰা ভাৰতৰ আণবিক শক্তিৰ ওপৰত মোহৰ মাৰিছিল। পাকিস্তানৰ সৈতে কার্গিল যুদ্ধৰ সময়ত বাজপেয়ীৰ চৰকাৰে দেশীয় সুৰক্ষাৰ বিষয়ত যথোচিত গুরুত্ব দিছিল। পাকিস্তানৰ সেনাবাহিনীয়ে ভাৰতীয় নিয়ন্ত্রণখোক অতিক্রম কৰাত ভাৰতীয় সামৰিক বাহিনীয়ে পাকিস্তানৰ সেনাবাহিনীৰ পৰা কৌশলগত পৰ্বত চকী পুনৰুদ্ধাৰৰ বাবে সংগ্রাম কৰিবলগীয়া হৈছিল। ইয়াৰ পটভূমিতে ১৯৯৯ চনত নির্বাচন অনুষ্ঠিত হৈছিল। এই নিৰ্বাচনত তেলেগু দেশম দলৰ ২৯ জন সাংসদৰ সৈতে ২৪ টা দলৰ সহযোগত NDA ৰে চৰকাৰ গঠন কৰিছিল। NDA চৰকাৰে ২০০২ চনত সন্ত্রাসবাদৰ প্ৰত্যাক্ৰমণৰ বিৰুদ্ধে Prevention of Terrorist Act (POTA) অধিনিয়মখন গ্ৰহণ কৰিছিল। ২০০১ চনৰ ডিচেম্বৰ মাহত সংসদৰ আক্ৰমণৰ POTA পিছতেই গ্ৰহণ কৰা হৈছিল।

১৮। গুৰুতৰ প্ৰতিযোগিতা আৰু বিভিন্ন দ্বন্দ্বৰ মাজতে, বেছিভাগ ৰাজনৈতিক দলৰ মাজত সহমত স্থাপন হ’বলগীয়া হৈছিল’— এই উক্তিৰ ভিত্তিত সহমতৰ তিনিটা দিশ দেখুওৱা। 

উত্তৰঃ (ক) নব্য অর্থনৈতিক নীতিত একমত যি সময়ত নতুন অর্থনৈতিক আঁচনিৰ ক্ষেত্ৰত বহু গোট, শাখা আদি গোষ্ঠীয়ে বিৰোধীতা কৰিছিল সেই সময়তে বহু দলে চৰকাৰক নতুন অর্থনৈতিক আঁচনি গ্ৰহণৰ ক্ষেত্ৰত সমৰ্থন জগাইছিল। সমর্থনকাৰী দলবোৰে বিশ্বাস কৰিছিল যে এই নতুন অর্থনৈতিক আঁচনিয়ে দেশৰ অৰ্থনৈতিক দিশত বিকাশ ঘটোৱাৰ উপৰি বিশ্বৰ দৰবাৰত অর্থনৈতিক ক্ষমতাত এক উচ্চস্তৰীয় মৰ্যদা প্ৰদান কৰিব।

(খ) পিছপৰা শ্ৰেণীৰ ৰাজনৈতিক আৰু সামাজিক দাবীসমূহৰ গ্ৰহণ পিছপৰা শ্ৰেণীসমূহৰ দাবীসমূহ যুক্তিসংগতআৰু সেয়েহে মানি লোৱা উচিত বুলি ৰাজনৈতিক দলবিলাকে স্বীকাৰ কৰিছিল। ফলস্বৰূপে বৰ্তমানও সকলো ৰাজনৈতিক দলে শিক্ষা আৰু কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত পিছপৰা শ্ৰেণীৰ বাবে আসন সংৰক্ষণৰ সমৰ্থন কৰে। অন্যান্য পিছপৰা শ্ৰেণীৰ লোকে উপযুক্ত ক্ষমতাৰ অংশ পাব লাগে বুলি ৰাজনৈতিক দলবিলাকে ইচ্ছা প্রকাশ কৰে।

(গ) ৰাষ্ট্ৰ পৰিচালনাত ৰাজ্যিক পৰ্যায়ৰ দলবিলাকৰ ভূমিকাক স্বীকাৰ কৰা ৰাজ্যিক পৰ্যায় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলবিলাকৰ মাজৰ প্ৰভেদসমূহ দ্রুত গতিত হ্রাস পাবলৈ ধৰে। ৰাজ্যিক পৰ্যায়ৰ দলবোৰে ৰাষ্ট্ৰীয় পৰ্যায়ত ক্ষমতাৰ অংশ ল’বলৈ সক্ষম হৈছে আৰু বিগত কুৰি বছৰ ধৰি দেশৰ ৰাজনীতিৰ এই দলবোৰে প্ৰধান ভূমিকা পালন কৰি আহিছে।

১৯। জটিল বিষয়সমূহৰ ক্ষেত্ৰত বৰ্দ্ধিত সহমত বিশ্লেষণ কৰা।

উত্তৰঃ ভাৰতৰ সামাজিক জীৱন, র্থনীতি আৰু ৰাজনীতিৰ জটিল বিষয়বোৰ তলত আলোচনা কৰা হ’ল-

ভাৰতীয় জাতীয় কংগ্ৰেছৰ একাধিপত্যৰ অৱসানঃ ১৯৭৫ চনৰ জৰুৰীকালীন শাসনৰ পাছত অনুষ্ঠিত ১৯৭৭ চনৰ সাধাৰণ নিৰ্বাচনত এই দলে চৰম বিপৰ্যয়ৰ সন্মুখীন হয়। ১৯৮৯ চনত স্থায়ীভাবে কংগ্ৰেছ ব্যৱস্থাৰ অৱসান ঘটে।

মণ্ডল আয়োগৰ পৰামৰ্শৱলীৰ প্ৰয়োগ আৰু তাৰ ফলফলঃ ১৯৯০ চনৰ মাজ ভাগত হিংসা প্রতিহিংসাৰ মূলতে আছিল বিশ্বনাথ প্রতাপ সিংহৰ নেতৃত্বাধীন নেশ্যনেলফ্রন্ট চৰকাৰৰ দ্বাৰা মণ্ডল আয়োগৰ পৰামৰ্শৱলীৰ কল্যাণকৰণ।

নব্য অর্থনৈতিক নীতিঃ ১৯৯১ চনত পি. ভি. সিংহ ৰাওৰ প্ৰধানমন্ত্ৰীত্বৰ কালত তেতিয়াৰ বিত্তীয় মন্ত্রী ড° মনমোহন সিঙে দেশত নতুন অর্থনৈতিক নীতিৰ সূচনা কৰে। বিগত দুটা দশকত এই নীতিসমূহক কেনদৰ কৰি বাৰতবৰ্ষত যথেষ্ট বিতৰ্ক হৈছে আৰু ইয়াৰ বিৰুদ্ধে বহু আন্দোলন গা কৰি উঠে।

বাবৰি মছজিদ ধ্বংসকৰণ আৰু ভাৰতীয় ধৰ্মনিৰপক্ষৰষ্ট্ৰব্যৱস্থাৰ ক্ৰমাবর্ধিত সংকটঃ ১৯৯২ চনৰ ৬ডিচেম্বৰ তাৰিখে হিন্দু সম্প্রদায়িক শক্তিসমূহে অযোধ্যাৰ বিবাদমান বাবৰি মছজিদ ভাঙি পেলায় লগে লগে দেশৰ সাম্প্রদায়িক উত্তেজনাই ছানিধৰে।

পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ নতুন ৰূপ : ১৯৯১ চনত ৰাজীৱগান্ধীৰ মৃত্যুৰ পিছত পৰিয়ালকেন্দ্ৰীক ৰাজনীতিৰ অবসানঘটিব বুলি ভবা হৈছিল। কিন্তু ১৯৯৮ চনৰ লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে ৰাজীৱ গান্ধীৰ পত্নী ছোনীয়া গান্ধীক ভাৰতৰ জাতীয় কংগ্ৰেছৰ সভাপতিৰ পদত অধিষ্ঠিত হয়। ভাৰতৰ বিভিন্ন ৰাজ্যটো পৰিয়ালকেন্দ্ৰীক ৰাজনীতিৰ প্ৰভাব দেখিবলৈ পোৱা যায়।

২০। ভাৰতৰ বৰ্তমান দলীয় ব্যৱস্থাৰ সুবিধা আৰু অসুবিধাসমূহ আলোচনা কৰা।

উত্তৰঃ ভাৰতবৰ্ষ বিশ্বৰ গনতান্ত্ৰিক ৰাষ্ট্ৰ। ইয়াত বহুদলীয় ব্যৱস্থা প্ৰচল কৰা হৈছে। ভাৰতীয় দসীয় ব্যৱস্থাৰ সবিধা বোৰ হ’ল-

(ক) ভাৰতীয় দলীয় ব্যৱস্থাই সকলো ধৰণৰ মতামতৰ প্ৰতিনিধিত্ব গুৰুত্ব প্রদান করে। বিভিন্ন বর্ণ শ্রেণী সম্পদায়ক প্রতিনিধিত্ব কৰা বিভিন্ন দলে তেওঁলোকৰ মতামত ব্যক্তকৰাৰ সুযোগ পায়।

(খ) বহুদলীয় ব্যৱস্থা থকাৰ বাবে ভাৰতত ভোটৰসকলে তেওঁলোকৰ পছন্দৰ দল আৰু প্রার্থীৰ হকে ভোটাদন কৰাৰ বাবে সুযোগ লাভ করে।

(গ)ভাৰতৰ বিভিন্ন সংস্কৃতি জনগোষ্ঠী ভা,াৰ লোকৰ সমাহাৰ ঘটা বাবে বহুদলীয় ব্যৱস্থা অধিক উপযোগী।

 (ঘ) ভাৰতীয় দলীয় ব্যৱস্থাই জনসাধাৰণৰ আঞ্চলীকতাবাদী মনোভাব আৰু প্ৰত্যাশা পূৰণ কৰিব পাৰি।

ভাৰতীয় দলীয় ব্যৱস্থাৰ অসুবিধাবোৰ হ’ল–

(ক)ভাৰতৰ ৰাজনৈতিক দলবিলাকৰ কোনো এটাৰ সাংগাঠনিক ভেটি দৃঢ় নহয়। 

(খ)ভাৰতৰ কোনো ৰাজনৈতিক দলৰ সুস্পষ্ট আঁচনি পৰিকল্পনা বা নীতি থকা দেখাযায়।

(গ) সুপৰিকল্পিত, সুনির্দিষ্ট দৃঢ় ইস্তাহাৰ অভাব প্ৰতিটো দলৰ মাজত বিৰাজমান।

(ঘ)দল ত্যাগ বা দল বাগৰা ভাৰতৰ ৰাজনৈতিক দলত আন এটা দোষ।

(ঙ) সুনেতৃত্বৰ ভাব ভাৰতৰ দল ব্যৱস্থা আন এটা আসোঁৱাহ।

(চ)পকৃত দলীয় আদৰ্শৰ অভাব দল ব্যৱস্থাৰ এটা অন্যতম আসোঁৱাহ।

২১। পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণ ব্যৱস্থা যুক্তিযুক্ত বুলি ভাবানে? তোমাৰ উত্তৰৰ কাৰণ দর্শোৱা।

উত্তৰঃ পিছপৰা শ্ৰেণীৰ আসন সংৰক্ষণৰ ব্যৱস্থাৰ ফলত তলত দিয়া সুফলবোৰ

(১) মহিলা সকলক ৰাজনৈতিক ভাবে সচেতনতা বৃদ্ধি কৰাত সহায় কৰে।

(২) পিছপৰা শ্ৰেণীৰ অৰ্থনৈতিক বিকাশত সহায়ক হয়। 

(৩) পিছপৰা শ্ৰেণীৰ অৰ্থনৈতিক বিকাশত সহায়ক হয়।

(8)সমাজৰ পৰা অস্পৃশ্যতা দূৰ হব।

২২।নেচনেল ডেমক্রেটিক এলায়েন্স (ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা) ৰ নীতি আৰু আঁচনিসমূহ বিশ্লেষণ কৰা।

উত্তৰঃ ১৯৯৯ চনৰ কংগ্ৰেছ দলক কেন্দ্ৰত সম্পূর্ণৰূপে উৎখাত কৰাৰ উদ্দেশ্য ভাৰতীয় জনতা পার্টি আৰু ইয়াৰ মিত্ৰ দলসমূহৰ লগতে ডি. এম. কে. ইণ্ডিয়ান লোকে দল আদিয়ে এক “উমৈহতীয়া ইস্তাহাৰেৰে অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত নির্বাচনত অঁশগ্ৰহণ কৰে। এই প্রাক নির্বাচনী মিত্রতাটোকে নেশ্যনেল ডেমক্রেটিক এলায়েন্স অথবা চমুকৈ এন. ডি. এ. নামেৰে জনা যায়। ইয়াৰ বিভিন্ন নীতি আৰু কৰ্মসূচীবোৰ হ’ল –

(ক)নেচনেল ডেমক্রেটিকএলায়েন্স চৰকাৰ ভাৰতীয় জাতিটোক ভুখ, ভয় আৰু ভ্ৰষ্টাচাৰ এই তিনিটা অভিলাশৰ পৰা মুক্ত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। 

(খ)চৰকাৰখনে আৰক্ষী আৰু অন্যান্য অসামৰিক সেৱা সহ প্রসাসনীয় সংস্কাৰৰ প্ৰতিশ্ৰুত দিয়ে।

(গ) মৰ্চা চৰকাৰখন বিধানমণ্ডল সহ নিৰ্বাচনৰ জৰিয়তে গঠিত হোৱা সকলোধৰণৰ সংগঠনৰ কাৰ্যকালত পাচঁ বছৰৰ নিৰ্দিষ্ট কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব।

(ঘ)চৰকাৰখনে নিবনুৱা সমস্যা দূৰীকৰণ কৰিব। এই চৰকাৰে সংখ্যালঘুসকলৰ প্ৰতি বন্ধুত্বমূলক সহায় আগবঢ়ায়।

(ঙ) চৰকাৰখনে নির্বাচনী ভাৰতীয় সংবিধানৰ পৰ্যালোচনাৰ বাবে এখন আয়োগ গঠন কৰে।

(চ)চৰকাৰখনে প্ৰতিখন ৰাজ্যৰ বাবে পিছপৰা অঞ্চল আয়োগ গঠন কৰিব। ভাৰতৰ মুঠ ঘৰুৱা উৎপাদান বৃদ্ধি কৰাৰ প্ৰতি ত্রুটি এন. ডি. ও. চৰকাৰে বহন কৰিব।

২৩। চমু টোকা লিখাঃ

ভাৰতত গণতন্ত্ৰৰ ভৱিষ্যত

উত্তৰঃ ভাৰতত গণতন্ত্ৰৰ ভৱিষ্যত : ভাৰতীয় গণতন্ত্ৰৰ সন্মুখত যে কিছুমান প্ৰত্যাহ্বান আছে। সেই বিষয়ে সন্দেহ নাই। কিন্তু ভাৰতে এতিয়ালৈকে সাহসেৰে সেই বাধাসমূহ দূৰ কৰিব পাৰিছে। তলত দিয়া কাৰন বিলাকৰ বাবে ভাৰতীয় গণতন্ত্ৰৰ ভৱিষ্যত উজ্জল বুলি ক’ব পাৰি।

(ক) নিৰক্ষৰতা দূৰীকৰণ

(খ) দৰিদ্ৰতা আৰু নিবনুৱা সমস্য হ্ৰাসৰ বাবে ব্যৱস্থা।

(গ) জাতীয় চৰিত্ৰৰ উন্নতি।

 (ঘ) বহুদলীয় ব্যৱস্থাৰ আগমন।

(ঙ) বাহিৰৰ পৰা অহা গতিৰ সন্মুখীন

(চ) আঞ্চলিকতাবাদ আৰু সাম্প্ৰদায়িকতাবাদ দূৰ কৰাৰ

(ছ) অসমতা আৰু অৰ্থনীতি আঁতৰাবৰ বাবে চেষ্ঠা

বাবে প্ৰচেষ্ঠা

(জ) গণতন্ত্র সুৰক্ষাৰ বাবে সাংবিধানিক ব্যৱস্থা

(ঝ) যোৱা পাঁচ দশকত বহুতো নেতাই নেতৃত্ব প্রদান কৰি ভাৰতৰ গণতন্ত্ৰক কম-বেছি পৰিমানে কৃতকাৰ্য প্ৰদান কৰিছে।

(ঞ) ভোটাদাতাসকলৰ ৰাজনৈতিক সচেতনতাৰ বৃদ্ধি কৰিছে।

 ২৪। অযোধ্যা আৰু গোধ্ৰা ঘটনাৰ সৈতে সম্পৰ্ক ৰাখি ভাৰতত সাম্প্রদায়িকতাবাদে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ১৯৯২ চনৰ ছয় ডিচেম্বৰ তাৰিখটো ভাৰতীয় ৰাজনীতিৰ এক ক’লা দিন হিচাপে চিহ্নিত হৈ ৰ’ল। এই দিনটোতে ভাৰতীয় জনতা পার্টি আৰু বিশ্ব হিন্দু পৰিষদে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে কৰসেৱা আগবঢ়োৱাৰ লক্ষ্য আগত ৰাখি অযোধ্যাৰ বিবদমান স্থানত এক বৃহৎ সমাৱেশৰ আয়োজন কৰে। প্ৰায় ২,০০,০০০ হিন্দু ধৰ্মৰ স্বেচ্ছাসেৱক সেইদিনা সেই বিবাদমান স্থানত উপস্থিত আছিল। ভাৰতীয় জনতা পার্টি আৰু বিশ্ব হিন্দু পৰিষদৰ জ্যেষ্ঠ নেতাসকল সেইদিনা সেই স্থানত উপস্থিত আছিল। এই ঘটনাক কেন্দ্ৰ কৰি গোটেই দেশখনতে এক উত্তেজনাই বিৰাজ কৰিছিল। এই সমাৱেশৰ ফলত যাতে বাবৰি মছজিদৰ কোনো ক্ষতি সাধন নহয়, তাৰ নিশ্চয়তা প্ৰদান কৰি উত্তৰ প্ৰদেশৰ কল্যাণ সিং নেতৃত্বাধীন ভাৰতীয় জনতা পার্টি চৰকাৰে ভাৰতীয় উচ্চতম ন্যায়ালয়ত এক শপতনামা দাখিল কৰিছিল। ভাৰতীয় জনতা পাৰ্টিৰ নেতাসকলেও বাৰি মছদিজৰ কোনো ক্ষতি সাধন কৰা নহ’ব বুলি সংসদত প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু, এই সকলো প্রতিশ্রুতিক অসাৰ প্ৰমাণ কৰি ৰাম মন্দিৰৰ সমৰ্থক স্বেচ্ছাসেৱকসকলে বাবৰি মছজিদ ভাঙি পেলালে। এই ঘটনাৰ লগে লগে গোটেই দেশতেই ভয়াৱহ সাম্প্রদায়িক সংঘৰ্ষই গা কৰি উঠিল। ১৯৪৭ চনৰ পাছত সংঘটিত এইটোৱেই আছিল আটাইতকৈ ভয়াৱহ সাম্প্রদায়িক সংঘর্ষ। এই সংঘর্ষই আটাইতকৈ বেছি ভয়াৱহ ৰূপ পালে কলকাতা, মুম্বাই আৰু ভূপালত। এই ঘটনাই সৃষ্টি কৰা সাম্প্রদায়িক সংঘৰ্ষৰ কবলত পৰি ভাৰতবৰ্ষত প্রায় তিনি হাজাৰ লোকে প্ৰাণ হেৰুৱালে।

২০০২ বৰ্ষৰ ২৭ ফেব্ৰুৱাৰী তাৰিখে গুজৰাটৰ গোধৰা নামৰ চহৰখনৰ ৰে’ল ষ্টেচনত স্বাৰৰ বেল গাড়ীখন এচাম লোকে জোৰকৈ ৰাখে আৰু ৰেলৰ এটা দবাত জুই লগাই দিয়ে। সেই দবা অযোধ্যাৰ পৰা ঘূৰি অহা কৰসেৱকৰে ভৰি আছিল। এই ঘটনাত শিশু আৰু মহিলাকে ধৰি ৫৭ জন লোকে প্ৰাণ হেৰুৱালে। এই কাণ্ড স্থানীয় মুছলমান লোকে কৰা বুলি চলোৱা প্ৰচাৰৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ গুজৰাটত সাম্প্রদায়িক সংঘৰ্ষৰ দাবানল জ্বলি উঠে। নিৰ্ভৰযোগ্য তথ্য মতে ৰাজ্যখনৰ মুঠ ২৫ খন জিলাৰ প্ৰায় ১৫-১৬ খন জিলাতে এই সংঘর্ষ বিয়পি পৰে আৰু ইয়াৰ দ্বাৰা প্ৰায় ১৫০ খন চহৰ আৰু এক হাজাৰৰো অধিক গাওঁ আক্রান্ত হয়। এই সংঘর্ষ প্রায় চাৰিমাহ কাল ধৰি চলে। চৰকাৰী তথ্য অনুসৰি, এই সংঘৰ্ষত প্ৰায় এহাজাৰ লোকৰ মৃত্যু হয়।মৃত্যু হোৱাসকলৰ ভিতৰত ৮০% লোক মুছলমান আৰু ২০% হিন্দু ধৰ্মৰ লোক। বে চৰকাৰী তথ্য অনুসারে, মৃত্যু হোৱা লোকৰ সংখ্যা প্রায় দুই হাজাৰ। ইয়াৰ উপৰিও, এই ঘটনাত দুশৰো অধিক লোক নিখোজ হ’ল, প্রায় আঢ়ৈ হাজাৰ লোক আঘাতপ্রাপ্ত হ’ল, এশৰো অধিক মহিলা বিধৱা হ’ল আৰু ছশৰো অধিক শিশুৱে পিতৃ-মাতৃক হেৰুৱালে। এই ঘটনা সংঘটিত হোৱাৰ সময়ত গুজৰাটত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন আৰু কেন্দ্ৰত অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টি শাসনত আছিল। এই সংঘৰ্ষৰ বেলিকা ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে তাৎক্ষণিকভাৱে কোনো উপযুক্ত পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে গুজৰাট চৰকাৰে এই সময়ত পালন কৰা ভূমিকাৰ কঠোৰ সমালোচনা কৰিছিল আৰু সংঘৰ্ষ নিয়ন্ত্রণ তথা সংঘৰ্ষৰ দ্বাৰা আক্রান্ত হোৱা লোকসকলক সাহায্য আৰু নিৰাপত্তা দিয়াৰ বেলিকাও ব্যর্থ হোৱা বুলি অভিযোগ তুলিছিল। এই সংঘর্ষ বিয়পোৱাত প্রত্যক্ষ বা পৰোক্ষ ভূমিকা পালন কৰা লোকসকলক শাস্তি প্ৰদানৰ বেলিকাত চৰকাৰে কোনো সঠিক পদক্ষেপ লোৱা নাছিল। তাৰ পৰিৱৰ্তে, এনে অভিযোগহে শুনা যায় যে, ৰাজ্য চৰকাৰৰ একাংশ মন্ত্রী তথা বিষয়াবর্গ এই সংঘৰ্ষৰ প্ৰত্যক্ষ বা পরোক্ষ পৃষ্ঠপোষক আছিল।

Leave a Reply