Class 12 Political Science| Chapter-8| আঞ্চলিক আকাংক্ষাবোৰ

Class 12 Political Science| Chapter-8| আঞ্চলিক আকাংক্ষাবোৰ এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব AHSEC Class 12 Political Science| Chapter-8| আঞ্চলিক আকাংক্ষাবোৰ পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়।

HS Second Year Question Answer (Assamese Medium)

EnglishClick Here
অৰ্থনীতি (Economy)Click Here
ভূগোল (Geography)Click Here
हिंदीClick Here
অসমীয়াClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
ৰাজনীতি (Political Science)Click Here
সমাজতত্ত্ব (Sociology)Click Here
তৰ্কবিদ্যা আৰু দর্শনশাস্ত্ৰ (Logic & Philosophy)Click Here
নৃতত্ত্ব (Anthropology)Click Here

Class 12 Political Science| Chapter-8| আঞ্চলিক আকাংক্ষাবোৰ

চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া ছাত্র-ছাত্ৰীৰ বাবে আমাৰ এই ৱেবছাইটত শেহতীয়া পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি পাঠ Class 12 Political Science| Chapter-8| আঞ্চলিক আকাংক্ষাবোৰ ভিত্তিক প্ৰশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। যত ছাত্ৰ-ছাত্ৰীয়ে অনলাইন যোগে পঢ়িব পাৰিব।

দ্বিতীয় খণ্ড

অষ্টম অধ্যায়

(ক) অতি চমু প্ৰশ্নৰ উত্তৰ লিখা : মূল্যাংক : ১ নম্বৰকৈ

১।ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্কৰ প্ৰধান বিষয়বোৰ আলোচনা কৰা।

উত্তৰঃ কাশ্মীৰ সমস্যা।

২। হৰি সিং কোন আছিল?

উত্তৰঃ জম্মু আৰু কাশ্মীৰৰ ৰজা আছিল।

৩। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে জম্মু আৰু কাশ্মীৰক অধিক স্বায়ত্বশাসন প্ৰদান কৰিছিল ?

উত্তৰঃ ৩৭০ নং অনুচ্ছেদ।

8।তাৰা সিং কোন আছিল?

উত্তৰঃ তাৰা সিং শিখ ধৰ্মীয় আৰু ৰাজনৈতিক নেতা আছিল।

৫। MNF ৰ সম্পূৰ্ণ নাম কি?

উত্তৰঃ Mizo National Front.

৬। লালদেংগা কোন আছিল?

উত্তৰঃ লালদেংগা মিজো জাতীয় মৰ্চাৰ জন্মদাতা আছিল।

৭।অসম আন্দোলন কেতিয়া আৰম্ভ হৈছিল ?

উত্তৰঃ ১৯৭৯ চন। 

৮।অগপ কোনখন ৰাজ্যৰ আছিল?

উত্তৰঃ অসম।

৯। কোন চনত গোৱা ভাৰতৰ অংগ ৰাজ্য হৈছিল?

উত্তৰঃ ১৯৮৭ চনত।

 ১০। পঞ্জাৱত আকালি দল কেতিয়া গঠন কৰা হৈছিল?

উত্তৰঃ ১৯২০।

১১। প্ৰধানমন্ত্রী ইন্দিৰা গান্ধীক কেতিয়া হত্যা কৰা হৈছিল?

 উত্তৰঃ ১৯৮৪ চনত।

১২। নাগা নেচনেল কাউন্সিলৰ নেতা কোন আছিল?

উত্তৰঃ এ. জে. ফিজো।

১৩। আনন্দপুৰ চাহিব প্ৰস্তাৱ কেতিয়া গ্ৰহণ কৰা হৈছিল?

উত্তৰঃ ১৯৭৩ চনত।

১৪। অপাৰেচন ব্লু ষ্টাৰ কোন চনত ভাৰত চৰকাৰে গ্ৰহণ কৰিছিল?

উত্তৰঃ ১৯৮৪ চনত।

 ১৫। ছিকিমত কেতিয়া প্রথম বিধানসভাৰ নিৰ্বাচন হৈছিল?

উত্তৰঃ ১৯৭৪ চনত।

১৬। এম. জি. পিৰ সম্পূর্ণ নাম লিখা।

 উত্তৰঃ অসম (Asom) গণ (Gana) পৰিষদ ( Parishad)।

১৭৷ ভাৰতৰ সৈতে ছিকিম কেতিয়া চামিল হৈছিল?

উত্তৰঃ ১৯৭৫ চনত।

১৮। AASU ৰ সম্পূর্ণ নামটো লিখা।

উত্তৰঃ সদৌ (All) অসম (Assam) ছাত্র ( Student) সন্থা (Union)।

১৯। সঁচা নে মিছা লিখা :

(ক) ১৯৪৭ চনৰ আগতে জম্মু আৰু কাশ্মীৰ এখন দেশীয় ৰাজ্য আছিল। 

উত্তৰঃ সঁচা।

(খ)ভাৰতীয় ৰাজনীতিত দ্ৰাবিড়ীয়ান আন্দোলন প্রথম আঞ্চলিক আন্দোলন আছিল।

উত্তৰঃ সঁচা।

(গ) অধিক সংখ্যক কাশ্মিৰী জনসাধাৰণে ৩৭০ নং অনুচ্ছেদৰ অধীনত প্ৰদান কৰা স্বায়ত্ব শাসন যথেষ্ট বুলি বিশ্বাস কৰে।

উত্তৰঃ মিছা।

(ঘ)১৯৮৪ চনত ভাৰত চৰকাৰে “অৰাপেচন ব্লু ষ্টাৰ”-অভিযান চলাইছিল।

উত্তৰঃ সঁচা। 

(ঙ)১৯৬৬ চনত এম. এন ফে স্বাধীনতাৰ বাবে সশস্ত্র আন্দোলন আৰম্ভ কৰিছিল।

উত্তৰঃ সঁচা।

(চ)নেচনেল কনফাৰেন্সৰ মহম্মদ আলি আব্দুলাই জনপ্রিয় আন্দোলন আৰম্ভ কৰিছিল।

উত্তৰঃ মিছা।

(ছ) ১৯৬২ চনত নাগালেণ্ড ৰাজ্যখন গঠন কৰা হৈছিল।

উত্তৰঃ মিছা।

(জ) তেলেগু দেশমৰ প্ৰতিষ্ঠাপক সভাপতি আছিল এন. টি. ৰামা. ৰাওঁ।

উত্তৰঃ সঁচা।

(ঝ) ১৯৮৬ চনৰ ডিচেম্বৰ মাহত অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল।

উত্তৰঃ মিছা।

২০। কোন চনত সৰ্বভাৰতীয় কিষান সভা প্রতিষ্ঠা কৰা হৈছিল।

উত্তৰঃ ১৯৮০ চনত

২১। চেতকাৰী সংঘটনা কোনখন ৰাজ্যত আছে।

 উত্তৰঃ মহাৰাষ্ট্ৰ।

২২। নর্মদা বচাও আন্দোলনৰ নেতৃত্ব কোনে দিছিল।

উত্তৰঃ মেধা পাটকাৰ।

২৩। ভাৰতত কেতিয়া খেতিয়ক আন্দোলন আৰম্ভ হৈছিল।

উত্তৰঃ ১৯৭০ দশকত।

২৪। চিপ্‌কো আন্দোলন কি ?

উত্তৰঃ পৰিবেশ আন্দোলন।

২৫। নর্মদা বচাও আন্দোলন কি? 

উত্তৰঃ বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰা আন্দোলন।

২৬। ভাৰতীয় কিষান সভাৰ নেতা কোন আছিল? 

উত্তৰঃ মহেন্দ্ৰ সিং টিকাইট।

২৭। খালী ঠাই পূৰ কৰাঃ

(ক) চিপকো আন্দোলন—— ত আৰম্ভ হৈছিল।

উত্তৰঃ উত্তৰাখণ্ডত ।

(খ)—-নদীত চৰ্দাৰ সৰোবৰ বান্ধ নিৰ্মাণ কৰা হৈছিল।

উত্তৰঃ নর্মদা নদী।

(গ)—–চনত তথ্যজনাৰ অধিকাৰ বিধেয়কখন সংসদত গৃহীত হৈছিল আৰু ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰিছিল। 

উত্তৰঃ ২০০৫ চনত।

২৮। নেশ্যনেল কনফাৰেন্স কেতিয়া গঠিত হৈছিল?

উত্তৰঃ ১৯৪৮ চনত।

 ২৯। কোনখন ৰাজ্যত অসম গণ পৰিষদ সক্রিয় ?

উত্তৰঃ অসম।

 ৩০। তেলুগু দেশমৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল?

উত্তৰঃ এন. টি. ৰামা ৰাও।

৩১। কোনটো বছৰত ৰাজ্য গঠন কৰা হৈছিল?

উত্তৰঃ ১৯৬৩ চনত।

৩২। শুদ্ধ নে অশুদ্ধ লিখা :

(ক)পঞ্জাৱৰ পুনৰ গঠনৰ পিছত ১৯৭৮ চনত আকালিসকল ক্ষমতালৈ আহিছিল।

উত্তৰঃ অশুদ্ধ।

(খ)১৯৬২ চনত নগালেণ্ড ৰাজ্য গঠন কৰা হৈছিল।

উত্তৰঃ অশুদ্ধ।

(গ) এন টি ৰামা ৰাও তেলুগু দেশমৰ প্ৰতিষ্ঠাপক সভাপতি আছিল।

উত্তৰঃ শুদ্ধ।

৩৩। নেশ্যনেল কনফাৰেন্স কেতিয়া গঠিত হৈছিল?

উত্তৰঃ ১৯৪৮ চনত।

৩৪। তেলুগু দেশমৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল?

উত্তৰঃ এন. টি. ৰামাৰাও।

 ৩৫। কোনটো বছৰত নগালেণ্ড ৰাজ্য গঠন কৰা হৈছিল?

উত্তৰঃ ১৯৬৩ চনৰ ১ ডিচেম্বৰত। 

৩৬। সাত ভনী বুলিলে কি বুজা?

উত্তৰঃ অসম, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, মেঘালয়, অৰুণাচল প্রদেশ আৰু নাগালেণ্ড একেলগে সাতভনী বোলা হয়। 

৩৭। আঞ্চলিকতাবাদৰ সৃষ্টি কৰা যিকোনো এটা কাৰক উল্লেখ কৰা।

উত্তৰঃ কেন্দ্ৰীয় চৰকাৰৰ অবহেলা।

৩৮। খালী ঠাই পূৰণ কৰা :

(ক) ছিকিম ভাৰতৰ —- ৰাজ্য হৈছিল।

উত্তৰঃ ২২ তম।

(খ) উত্তৰ-পূৰ্বাঞ্চলৰ পুনৰ গঠন সম্পূৰ্ণ হৈছিল—-চনত।

উত্তৰঃ ১৯৭২।

(গ) অনুচ্ছেদ—— -এ জম্মু আৰু কাশ্মীৰক বিশেষ মর্যাদা দিছে।

উত্তৰঃ ৩৭০

৩৯। ভাৰত আৰু পাকিস্তানৰ মাজত সদায়েই কোনটো বিষয়ে প্রাধান্য পাই আহিছে?

উত্তৰঃ কাশ্মীৰৰ সমস্যাই।

 ৪০। অগপ কোন বছৰ গঠন হৈছিল?

উত্তৰঃ ১৯৮৫ চনত।

৪১। ফিজো কোন আছিল? 

উত্তৰঃ নগা বিদ্ৰোহৰ কিংবদন্তী।

৪২। অসমত বিদেশী সমস্যা সম্পৰ্কীয় আন্দোলন কেতিয়া আৰম্ভ হৈছিল।

উত্তৰঃ ১৯৭৯ চনত।

(খ) চমু প্ৰশ্নৰ উত্তৰ লিখা : মূল্যাংক : ২ নম্বৰকৈ

১। ১৯৭২ চনত কোন দুখন কেন্দ্রীয় শাসিত অঞ্চলে পূৰ্ণাংগ ৰাজ্যৰ মৰ্য্যাদা লাভ কৰিছিল?

উত্তৰঃ অৰুণাচল আৰু মণিপুৰে।

২।ছিকিম ভাৰতৰ লগত কেতিয়া অন্তর্ভুক্ত হৈছিল?

উত্তৰঃ ১৯৭৫ চনত।

৩। আঞ্চলিকতাবাদ মানে কি?

উত্তৰঃ আঞ্চলিকতাবাদে কোনো এখন ৰাজ্য বা অঞ্চলৰ ওপৰত অধিক গুরুত্ব দিয়ে।

8।আঞ্চলিকতাবাদে ভাৰতীয় ৰাজনীতিক কেনেদৰে প্ৰভাৱিত কৰিছে? 

উত্তৰঃ আঞ্চলিকতাবাদে ভাৰতীয় ৰাজনীতিত ৰাজ্যসমূহৰ বা প্ৰান্তীয় অঞ্চলবোৰৰ গুৰুত্ব বৃদ্ধি কৰিছে।

৫ ।আঞ্চলিকতাবাদ উৎপত্তিৰ দুটা কাৰণ লিখা ।

উত্তৰঃ (ক) কেন্দ্ৰৰ বৈষম্য (খ) অসমান উন্নয়ন।

৬ ।লাল দেংগাৰ বিষয়ে কেইশাৰীমান লিখা।

উত্তৰঃ লাল দেংগা মিজোৰামৰ এজন বিদ্রোহী নেতা আছিল। তেওঁ মিজো নেচনেল ফ্ৰণ্টৰ প্ৰতিষ্ঠাপক আছিল আৰু ভাৰতৰ চৰকাৰৰ বিৰুদ্ধে সশস্ত্র বিদ্রোহ ঘোষণা কৰি মিজোৰামৰ স্বাধীনতাৰ দাবী উত্থাপন কৰিছিল।

৭। এম. এন. এফ মানে কি?

উত্তৰঃ মিজো নেচনেল ফ্রন্ট।

৮। জম্মু-কাশ্মীৰক বিশেষ মৰ্য্যাদা প্ৰদান কৰা দুটা ব্যৱস্থা লিখা।

উত্তৰঃ (ক) সংবিধানৰ ৩৭০ নং অনুচ্ছেদ অনুসৰি জম্মু-কাশ্মীৰক স্বায়ত্ব শাসন প্ৰদান কৰা হৈছে।

(খ) জম্মু-কাশ্মীৰৰ বাবে পৃথক সংবিধানৰ ব্যৱস্থা আছে। 

৯।ভাৰতীয় সংবিধানৰ ৩৭০ নং অনুচ্ছেদৰ তাৎপৰ্য লিখা।

উত্তৰঃ সংবিধানৰ ৩৭০ নং অনুচ্ছেদৰ জৰিয়তে জম্মু-কাশ্মীৰক অধিক স্বায়ত্ব শাসন প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।

১০। কাশ্মীৰ সমস্যাটোৰ প্ৰধান বৈশিষ্ট্য কি?

উত্তৰঃ কাশ্মীৰক পাকিস্তানে ভাৰতৰ অংগ নহয় বুলি দাবী কৰিছে।

 ১১। বৈচিত্ৰতাৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী কেনেকুৱা?

উত্তৰঃ বৈচিত্ৰতাৰ প্ৰতি ভাৰতে এক সহনশীল দৃষ্টিভংগী গ্ৰহণ কৰিছে।

 ১২। আঞ্চলিকতাবাদী আন্দোলন কি বিষয়ৰ লগত জড়িত?

উত্তৰঃ ভাষা, সংস্কৃতি আৰু স্বকীয় জাতিগত আৰু গোষ্ঠীগত ঐতিহ্য আৰু পৰিচয় ৰক্ষণাবেক্ষণৰ দাবীসমূহৰ সৈতে আঞ্চলিকতাবাদী আন্দোলন জড়িত।

১৩। সাত-ভনী মানে কি বুজা?

উত্তৰঃ সাত ভনী মানে উত্তৰ পূৱৰ সাতখন ৰাজ্য। যেনে – অসম, মণিপুৰ, নাগালেণ্ড, মিজোৰাম, মেঘালয়, অৰুণাচল আৰু ত্ৰিপুৰা ।

১৪। দলিত পেন্থাৰৰ দাবী কি আছিল?

উত্তৰঃ দলিত শ্ৰেণীৰ লোকৰ ওপৰত হোৱা অত্যাচাৰ বন্ধ কৰা আৰু জাতি প্ৰথা সমাজৰ পৰা আঁতৰ কৰা ।

১৫। ১৯ শতিকাৰ দুটা ধর্মীয় সামাজিক আন্দোলন উল্লেখ কৰা ।

উত্তৰঃ সুৰা বিৰোধী আন্দোলন আৰু আদি ধৰ্ম আন্দোলন।

১৬। সুৰা বিৰোধী আন্দোলন কি?

 উত্তৰঃ সুৰা পান আৰু সুৰা বিক্ৰীৰ বন্ধ কৰাৰ আন্দোলন।

১৭। খালী ঠাই পূৰ কৰাঃ

(ক) ——-আন্দোলনে নর্মদা নদীৰ ——  বান্ধ নিৰ্মানৰ প্ৰতিবাদ কৰিছিল।

উত্তৰঃ নর্মদা বচাঁও আন্দোলন, বৃহৎ নদী বান্ধ ।

(খ) বি. আৰ. আম্বেদকাৰ —-সম্পদায়ৰ আছিল।

উত্তৰঃ দলিত।

(গ) চিপকো আন্দোলন গছ কটাৰ বিৰুদ্ধে এক—-আছিল।

উত্তৰঃ পৰিবেশ।

(ঘ) সুৰা বিৰোধী আন্দোলনক —– গণ্য কৰা হয়।

উত্তৰঃ সামাজিক।

১৮। ‘অন্তৰ্ভুক্তিৰ দলিল’ সম্পর্কে কেইশাৰীমান লিখা।

উত্তৰঃ ‘অন্তর্ভূক্তিৰ দলিল’ দেশীয় শাসকসকলে ভাৰতৰ লগত চামিলকৰণৰ এক তথ্য হিচাপে। স্বাক্ষৰ কৰিছিল। এই আইনগত দলিলখন স্বাক্ষৰ কৰাৰ লগে লগে দেশীয় ৰাজ্যবিলাস বৈদেশিক পৰিক্ৰমা, যোগাযোগ আৰু প্ৰতিৰক্ষা বিষয় পৰিচালনাৰ দায়িত্ব ভাৰত চৰকাৰৰ ওপৰত আৰোপ কৰি বাকীবোৰ বিষয়ৰ লগত জড়িত বিভাগবিলাক নিয়ন্ত্ৰণৰ দায়িত্ব দেশীয় ৰাজ্যবোৰৰ ওপৰত অপৰ্ণ কৰা হয়। এইটো উল্লেখনীয় যে জুনাগড়, মণিপুৰ, হায়দৰাবাদ আৰু জম্মু আৰু কাশ্মীৰ বাবে কেতবোৰ সমস্যা জৰ্জৰিত দেশীয় ৰাজ্যৰ বাহিৰে অধিকাংশ দেশীয় শাসকে অর্ন্তভুক্তিৰ দলিলত স্বাক্ষৰ কৰিছিল।

১৯। ১৯৫৯ চনত গোৱাত কিয় ‘মতামত সমীক্ষা’ অনুষ্ঠিত হৈছিল?

উত্তৰঃ মহাৰাষ্ট্ৰবাদী গোমানাটক দলৰ নেতৃত্বত গোৱাৰ একাংশ জনসাধাৰণে এক মাৰাঠী ভাষী অঞ্চল হিচাপে গোৱাখন মহাৰাষ্ট্ৰৰ লগত চামিলকৰণৰ সপক্ষে মতপোষণ কৰিছিল। আনহাতে একাংশ গোৱাৰ বাসিন্দাই এক পৃথক গোৱাৰ স্বকীয়তা আৰু সংস্কৃতি অটুট ৰাখি কণ কাণি ভাষাৰ স্বকীয়তা ৰক্ষা কৰাতো বিচাৰিছিল। ইয়াৰ নেতৃত্ব দিছিল ইউনিয়ন গোৱা দল। ১৯৬৭ চনৰ জানুৱাৰী মাহত কেন্দ্ৰীয় চৰকাৰে গোৱাত এক বিশেষ মতামত সমীক্ষা অনুষ্ঠিত কৰি জনসাধাৰণক পৃথক গোৱাত থাকিব নে মহাৰাষ্ট্ৰৰ অংশ হৈ থাকিব সেই সন্দৰ্ভত সিদ্ধান্ত লবলৈ আহ্বান জনাইছিল। ভাৰতৰ যুক্ত গণতন্ত্রতহে এয়া প্রথম পদক্ষেপ য’ত নেকি গণভোট অনুষ্ঠিত হৈছিল।

২০।কোন বছৰত ছিকিমত প্রথম বিধানসভা নির্বাচন অনুষ্ঠিত হৈছিল?

উত্তৰঃ ১৯৭৫ চনত।

২১। মহাৰজাক আঁতৰাবলৈ জম্মু আৰু কাশ্মীৰত জনপ্রিয় আন্দোলনটোৰ নেতৃত্ব কোনে দিছিল?

উত্তৰঃ শ্বেখ মহম্মদ আব্দুলাহ। 

২২। খালী ঠাই পূৰণ কৰা :

(ক) চনত ভাৰত চৰকাৰে সেনা প্ৰেৰণ কৰিছিল, যিয়ে—-ক মুক্ত কৰিছিল।

উত্তৰঃ ১৯৭২, বাংলাদেশ

(খ)স্বাধীনতাৰ পিছত —-অঞ্চলটোক——ৰ ভিতৰতে এখন স্বায়ত্তশাসিত জিলা কৰা হৈছিল।

উত্তৰঃ দিল্লী, ভাৰতৰ

২৩। গোৱাৰ সমস্যা কি আছিল ?

উত্তৰঃ ১৯৪৭ চনত ভাৰত বৃটিছ উপনিৱেশ শাসনৰ পৰা স্বাধীন হয় যদিও পর্তুগীজসকলে গোৱা অধিকাৰ কৰি আছিল আৰু নাগৰিক সকলক স্বাধীনতা পোৱাৰ পৰা বঞ্চিত কৰি ৰাখিছিল। এই পর্তুগীজ উপনিবেশিক শাসনৰ পৰা মুক্তি লাভৰ উদ্দেশ্য গোৱাৰ জনসাধাৰণে আন্দোলন আৰম্ভ কৰে। অৱশেষত ১৯৬১ চনৰ ডিচেম্বৰ মাহত সেনা অভিযানেৰে গোৱা অঞ্চলটো পর্তুগীজসকলৰ পৰা মুক্ত কৰি কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ভাৰতে স্বীকৃতি দিয়ে।

২৪। আঞ্চলিকতাবাদৰ সমস্যাসমূহ কিদৰে সমাধান কৰিব পাৰি? 

উত্তৰঃ ভাৰতবৰ্ষৰ পৰা আঞ্চলিকতাবাদৰ সমস্যাসমূহৰ সমাধানৰ বাবে আঞ্চলিক ভাৰসাম্যহীনতা দূৰ কৰিবৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। বিভিন্ন অঞ্চলৰ যাতায়াত ব্যৱস্থা শিক্ষা ব্যৱস্থা, স্বাস্থ্য, শিল্প-বাণিজ্যৰ উন্নয়ন ইত্যাদিৰ পাৰি চৰকাৰ সচেতন হ’ব লাগিব।

২৫। ৰাজ শাসিত ৰাজ্য বুলিলে কি বুজা ?

উত্তৰঃ বৃটিছ ভাৰত শাসনৰ সময়ত ভাৰতবৰ্ষত সৰু-বৰ বহুতো প্ৰদেশ আছিল য’ত ৰজাই শাসন কৰিছিল আৰু এই ৰজাসকলে ইংৰাজৰ আধিপত্য স্বীকাৰ কৰিছিল। এনে দেশীয় ৰাজ্যসমূহৰ ৰজাসকলে ইংৰাজ চৰকাৰে নিৰ্দিষ্ট কৰা কৰ আদায় দিছিল আৰু এই ৰাজ্যসমূহক ইংলণ্ডৰ ৰাজমুকুটৰ তলতীয়া ৰাজ্য বুলি ধৰা হৈছিল।

২৬। ভাৰতত আঞ্চলিকতাবাদৰ অভ্যুত্থানৰ দুটা কাৰণ লিখা।

উত্তৰঃ (ক) কেন্দ্ৰীয় চৰকাৰৰ অৱহেলা (খ) আঞ্চলিক অসমতা

২৭। বিচ্ছিন্নতাবাদী আন্দোলন বুলিলে কি বুজা?

উত্তৰঃ বিচ্ছিন্নতাবাদী আন্দোলনৰ অভিধানিক হ’ল মূল সুঁতিৰ লৰা বেলেগ হৈ যোৱা ধাৰণা বা আন্দোলন। বিচ্ছিন্নতাবাদী আন্দোলন বোলোতে সেইসকল ব্যক্তিক বুজায় যিসকলে দেশৰ পৰা বেলেগ হৈ যাবলৈ ইচ্ছা কৰে নাইবা স্বশাসনৰ ক্ষমতা দাবী কৰে।

২৮। পূৰ্বৰ অসম ৰাজ্যৰ পৰা উত্তৰ-পূবৰ ৰাজ্যবোৰ সুকীয়াকৈ কিয় সৃষ্টি কৰা হৈছিল?

উত্তৰঃ স্বাধীনতাৰ সময়ত মণিপুৰ আৰু ত্ৰিপুৰা বাদ দি সমগ্ৰ অঞ্চলটো অসমত নাছিল। যেতিয়া অনা অসমীয়াসকলে অসমীয়া ভাষা সিহঁতৰ ওপৰত জাপি দিয়া বুলি ভাবিব ধৰিলে তেতিয়া স্থায়ত্ত শাসনৰ দাবী আহিল। বিবিন্ন আন্দেলনৰ দ্বাৰা সাধন নৃগোষ্ঠীবোৰৰ নেতাবোৰে অসমৰ পৰা পৃথক হ’ব বিচৰাৰ ফলত উত্তৰ পূবৰ ৰাজ্যবোৰ সুকীয়াকৈ সৃষ্টি হয়।

(গ)উত্তৰ লিখাঃ মূল্যাংক : ৪ নম্বৰকৈ

১।জম্মু-কাশ্মীৰৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ কাশ্মীৰ এখন দেশীয় ৰাজ্য আছিল। ১৯৪৭ চনত ভাৰত স্বাধীন হোৱাৰ পিছত পাকিস্তানে কাশ্মীৰ দখল কৰিবলৈ চেষ্টা কৰিছিল। তেতিয়া জম্মু-কাশ্মীৰৰ মহাৰাজা হৰি সিঙে ভাৰত চৰকাৰৰ সৈতে এখন চুক্তি কৰি ভাৰতৰ লগত চামিল হয়। ভাৰতীয় সংবিধানৰ ৩৭০ নং অনুচ্ছেদ অনুসৰি জম্মু-কাশ্মীৰক বিশেষ মৰ্য্যাদা প্রদান কৰি স্বায়ত্ব শাসন প্রদান কৰিছে।

২। আঞ্চলিকতাবাদে ভাৰতবৰ্ষৰ ঐক্য আৰু সংহতি কিদৰে বাধাগ্রস্ত কৰিছে? 

উত্তৰঃ আঞ্চলিকতাবাদে ভাৰতবৰ্ষৰ ঐক্য আৰু সংহতি বাধাগ্রস্ত কৰিছে। ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ বিচ্ছিন্নতাবাদী দাবী উত্থাপিত হৈছে। তেওঁলোকে ভাৰতৰ পৰা সম্পূর্ণ পৃথক হৈ স্বাধীন ৰাষ্ট্ৰ গঠনৰ দাবী তুলিছে।

৩ । দ্ৰাবিড়ীয়ান আন্দোলনৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা।

উত্তৰঃ তামিলনাডুৰ দুটা শক্তিশালী ৰাজনৈতিক দল ক্রমে – ডি. এম. কে. আৰু এ. আই. ডি. এম. কে। বর্তমান তামিলনাড়ুত এই দুয়োটা বাজনৈতিক দলৰ স্থিতি ইমান শক্তিশালী যে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহ প্রায় অ-প্রাসংগিক হৈ উঠিছে। তামিলনাডুত ৰাজনীতিৰ কথা ক’’লেই এম. কৰুণানিধি আৰু জয়ললিতাৰ কথাই মনলৈ আহে। আঞ্চলিক ৰাজনৈতিক দলৰ এনে আধিপত্যৰ মূলতে আছে স্বাধীনতা লাভৰ পূৰ্বে উত্তৰ ভাৰতৰ ৰাজনীতিয়ে দক্ষিণ ভাৰতৰ ৰাজনীতিৰ ওপৰত চলাব বিচৰা প্ৰতিপত্তিশীলতাৰ বিৰুদ্ধে তামিলনাডুত গঢ়ি উঠা প্ৰৱল প্ৰতিৰোধ। এই প্ৰতিৰোধ গঢ়ি তোলাৰ মূলতে আছে বিংশ শতিকাৰ প্ৰথমার্ধতে ৰাজ্যখনত গঢ়ি উঠা ভাৰতবৰ্ষৰ অন্যতম শক্তিশালী আঞ্চলিকতাবাদী আন্দোলন যাক দ্রাবিড় আন্দোলন নামেৰে জনা যায়। এই আন্দোলনক নেতৃত্ব দিয়াসকলৰ ভিতৰত বাট্‌কটীয়া আছিল ই. ডি. ৰামাস্বামী নেইকাৰ।

দ্রাবিড় আন্দোলনে তুলি ধৰা অন্যতম শ্ল’গান আছিল “উত্তৰে যেতিয়া দোপদোপে উন্নতিৰ জখলাত আগবাঢ়ে দক্ষিণ তেতিয়া দুৰ্যোগৰ গৰাহত পৰে”। দ্রাবিড় আন্দোলন এক জাতি বিৰোধী, ধৰ্মবিৰোধী আৰু আত্মসন্মানৰ আন্দোলন হিচাবে গঢ়ি উঠিছিল। এটা সময়ত এই আন্দোলনৰ মাজত পৃথকতাবাদী প্ৰৱণতাও গঢ়ি উঠিছিল। কিন্তু দীঘলীয়া যাত্রাকালত এই আন্দোলনে গণতান্ত্ৰিক আৰু আঞ্চলিক ৰাজনৈতিক চেতনা তথা দৰ্শনৰ জৰিয়তে ৰাজনৈতিক আধিপত্য অব্যাহত ৰাখিছে।

১৯৫৭ আৰু ১৯৬২ চনৰ নিৰ্বাচনত ডি. এম. কে. দলে প্রতিদ্বন্দ্বিতা কৰিলে। ১৯৬২ চন নির্বাচনত এই দলে বিধানসভাত ৫০ খন আসন আৰু লোকসভাত ৭খন আসন লাভ কৰিলে। ১৯৬৭ চনৰ নিৰ্বাচনত এই দলে বিধানসভাত সৰ্বমুঠ ২৩৪ খন আসনৰ ভিতৰত ১৩৮ হন। | আসন লাভ কৰিলে আৰু আন্নাডুৰাইৰ নেতৃত্বত ৰাজ্যত চৰকাৰ গঠন কৰিলে। এই নির্বাচনত | কংগ্রেছী দলে মাত্র ৪৯ খন আসন লাভ কৰিছিল। পৰৱৰ্তী সময়ত কংগ্ৰেছে এই বিপৰ্যয়ৰ পৰা কেতিয়াও উদ্ধাৰ নাপালে। ১৯৬৯ চনত আন্নাডুৰাইৰ মৃত্যুৰ পাছত এম. কণানিধি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হয়। ১৯৬৭ চনৰ পাছত দ্ৰাবিড় ৰাজনৈতিক দলসমূহেই তামিলনাডুৰ ৰাজনীতিক নিয়ন্ত্ৰণ কৰি আহিছে।

১৯৭২ চনত ডি. এম. কে. দলৰ বিভাজন ঘটে। এম. জি. ৰামচন্দ্ৰৰ নেতৃত্বত দল গঠন কৰা হয়। বিগত চাৰিটা দশকৰো অধিককাল ধৰি ডি. এম. কে. আৰু এ. আই. এ. ডি. এম. কে. দিলেই তামিলনাড়ুৰ ৰাজনীতি নিয়ন্ত্ৰণ কৰি আহিছে। ১৯৯৬ চনত কেন্দ্ৰত গঠিত ইউনাইটেড ফণ্ট চৰকাৰ আৰু তাৰ পৰৱৰ্তী সময়ত বি. জে. পি. ৰ নেতৃত্বত গঠিত ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চা চৰকাৰ তথা কংগ্ৰেছ দলৰ নেতৃত্বত গঠিত সংযুক্ত প্রগতিশীল মৰ্চা চৰকাৰত ডি. এম. কে. | দলে অংশ গ্ৰহণ কৰি আহিছে। জয়ললিতা নেতৃত্বাধীন এ. আই. এ. ডি. এম. কে দলে অটল | বিহাৰী বাজপেয়ীৰ নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা চৰকাৰত কিছুকালৰ বাবে অংশ গ্ৰহণ কৰিছিল।

৪। “সাংস্কৃতিক ঐতিহ্য আৰু অৰ্থনৈতিক অনুন্নয়ন অসম আন্দোলনৰ অন্যতম কাৰণ আছিল”। ব্যাখ্যা কৰা।

উত্তৰঃ “অসম আন্দোলন” আছিল স্বাধীন ভাৰতত গঢ়ি উঠা গণ-আন্দোলনসমূহৰ ভিতৰত | অন্যতম। এই আন্দোলনক নেতৃত্ব দিছিল ছাত্র সমাজে। তেওঁলোক কোনো ৰাজনৈতিক দলৰ সদস্য নাছিল। অসমৰ সৰ্বস্তৰৰ জনসাধাৰণে এই আন্দোলনক সমর্থন জনাইছিল। এই আন্দোলনৰ মাজেৰে অসমীয়া জনসাধাৰণৰ আঞ্চলিক ৰাজনৈতিক প্রত্যাশা শক্তিশালীভাৱে প্ৰতিফলিত হৈছিল। এই আন্দোলনে ১৯৫১ চনক “ভিত্তি বছৰ” হিচাব লৈ অসমলৈ প্ৰব্ৰজন হোৱা বিদেশী লোকক চিনাক্তকৰণ আৰু বহিঃষ্কৰণৰ দাবী উত্থাপন কৰিলে। তাৰ উপৰিও অসমৰ অৰ্থনীতিৰ ওপৰত বহিৰাগত লোকৰ ক্ৰমাবর্ধিত নিয়ন্ত্ৰণ আৰু আগ্ৰাসনৰ বিৰুদ্ধেও স্থিতি গ্ৰহণ কৰিলে। ভোটাৰ তালিকাত থকা অবৈধ নাগৰিকৰ নাম কর্তনো আছিল এই আন্দোলনৰ অন্যতম দাবী।

 ১৯৮৫ চনলৈকে চলা “অসম আন্দোলন” আছিল প্ৰধানকৈ অহিংসা আৰু অ-সাম্প্রদায়িক। কিন্তু তাৰ মাজতেই এই আন্দোলনে বিভিন্ন সময়ত হিংসাত্মক ৰূপ গ্ৰহণ কৰাৰ উপৰিও

অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হয়। এই নির্বাচনক অসম আন্দোলনে অবৈধ বুলি ঘোলা কৰিছিল আৰু এই নিৰ্বাচনৰ জৰিয়তে শাসন ক্ষমতালৈ অহা মুখ্যমনৰী হিতেশ্বৰ শইকীয়া “গণ শত্রু” আখ্যা দিছিল। আন্দোলনৰ অংশ হিচাবে আন্দোলনকাৰীসকলে অসমৰ পৰা বিহাৰৰ শোধনাগাৰলৈ যোৱা তেলৰ পাইপ লাইনো বন্ধ কৰি দিছিল। পথ অৱৰোধ, সৰ্বাত্মক ধর্মঘট, সঘনে আহ্বান জনোৱা বন্ধ ইত্যাদি আছিল এই আন্দোলনৰ নিয়মীয়া কাৰ্যসূচী। এই আন্দোলনৰ পৰিপ্ৰেক্ষিতত অসমৰ শিক্ষা ব্যৱস্থাৰ ওপৰতো নেতিবাচক প্ৰভাৱ পৰিছিল। এই আন্দোলন। বিৰোধিতা কৰাসকলৰ ওপৰত, বিশেষকৈ কংগ্ৰেছী আৰু বামপন্থীসকলৰ ওপৰত এই আন্দোলনের বিভিন্ন শাস্তি জাপি দিছিল।

“অসম নেতৃত্ব দিয়া “সদৌ অসম ছাত্ৰসন্থা” আৰু “অসম গণ সংগ্ৰাম পৰিষদে অসম গণ-পৰিষদ নামেৰে এক আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম দিয়ে। ১৯৮৫ চনত হিতেশ্বৰ শ‍ইকীয়া নেতৃত্বাধীন কংগ্ৰেছী চৰকাৰৰ ম্যাদ শেষ নোহোৱাকৈয়ে অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰা হয়। এই নিৰ্বাচনত অসম গণ-পৰিষদে বিদেশী বহিষ্কৰণ আৰু “সোমৰ অসম” গঢ়াৰ প্ৰতিশ্ৰুতিৰে ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। এই আন্দোলনক নেতৃত্ব দিয়া “সদৌ অসম ছাত্ৰ সন্থা”ৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত ৩৩ বছৰ বয়সত এই চৰকাৰৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হয়।

৫।স্বাধীনতাৰ পিছতেই ভাৰতবৰ্ষই সন্মুখীন হোৱা সমস্যাবোৰৰ এখন তালিকা কৰা।

 উত্তৰঃ স্বাধীনতাৰ পিছতেই ভাৰতবৰ্ষই সম্মুখীন হোৱা সমস্যাবোৰ হ’লঃ-

(ক)সার্বভৌম আৰু পৃথক স্বাধীন ৰাষ্ট্ৰৰ দাবী।

(খ)পৃথক ৰাজ্যৰ দাবী।

(গ) জনজাতীয় স্বায়ত্ব শাসনৰ দাবী। 

(ঘ)সম্পদ নিয়ন্ত্ৰণৰ অধিকাৰৰ দাবী।

(ঙ)সশস্ত্র বিদ্রোহ।

৬।“আঞ্চলিকতাবাদে বিচ্ছিন্নতাবাদক নুবুজায়”—ব্যাখ্যা কৰা।

 উত্তৰঃ আঞ্চলিকতাবাদে বিচ্ছিন্নতাবাদক নুবুজায়। আঞ্চলিকতাবাদে কোনো এখন ৰাজ্য বা অঞ্চলৰ জনসাধাৰণৰ সামগ্রিক উন্নয়নৰ আকাংক্ষাক প্রতিফলিত কৰে। আঞ্চলিক আশ আকাংক্ষাৰ দাবীবোৰ সংবিধান বহির্ভূত বিষয় নহয়, বৰঞ্চ এইবোৰ গণতন্ত্ৰৰ এক বৈধ অংশ। ভাৰতবৰ্ষত দৰে এখন বিশাল গণতান্ত্রিক দেশত আঞ্চলিকতাবাদৰ দাবী এক স্বাভাৱিক বিষয়। ইয়ে গণতন্ত্রক শক্তিশালী কৰে।

৭। ভাৰতৰ চাৰিটা আঞ্চলিক দলৰ নাম লিখা।

উত্তৰঃ ভাৰতৰ চাৰিটা আঞ্চলিক দলৰ নাম হ’ল—

(ক) অসম গণ পৰিষদ।

(খ) আকালি দল।

(গ) তেলেগু দেশম।

(ঘ) ডি. এম. কে।

৮।আনন্দপুৰ চাহিব প্ৰস্তাৱটো কিয় এক বিতর্কিত প্রস্তাব আছিল? 

উত্তৰঃআনন্দপুৰ চাহিব প্ৰস্তাৱটো এক বিতর্কিত প্ৰস্তাৱ বুলি কোৱা হয়। কাৰণ এই প্রস্তাৱত আঞ্চলিক স্বায়ত্ব শাসন আৰু কেন্দ্ৰ ৰাজ্য সম্পৰ্কৰ পুনৰ বিবেচনাৰ বাবে দাবী কৰা হৈছিল। সইয়ে ভাৰতবৰ্ষত এক প্ৰকৃত যুক্তৰাষ্ট্ৰ গঠনৰ দাবী কৰিছিল। পৰোক্ষভাৱে এই প্ৰস্তাৱক এক পৃথক শিখ ৰাষ্ট্ৰৰ দাবী বুলি গণ্য কৰা হৈছিল।

৯।শিৰোমণি আকালি দলৰ নীতি আৰু কাৰ্য্যসূচী বৰ্ণনা কৰা। 

উত্তৰঃ আকালি দল ১৯২০ চনত গঠিত হৈছিল। এই দলটো শিখসকলৰ বাজনৈতিক মঞ্চ ছচাপে আত্মপ্ৰকাশ কৰিছিল। ১৯৬৭ চনত আৰু ১৯৭৭ চনত এই দলটোৱে ক্ষমতা লাভ হৰিবলৈ সক্ষম হৈছিল। এই দলটোৱে কেন্দ্ৰ আৰু ৰাজ্যৰ সম্পৰ্কৰ পুনৰ গঠনৰ দাবী তুলিছিল। এই দলটোৱে স্বায়ত্ব শাসনৰ নীতি সমৰ্থন কৰিছিল।

১০। অসম চুক্তিৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ উত্তৰ-পূব ভাৰতত স্থানীয় সম্প্ৰদায়ৰ আৰু বিদেশী লোকৰ মাজত এক সংঘৰ্ষ হৈছে ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ হোৱা অসম আন্দোলন। অসমীয়াই সন্দেহ কৰিছিল যে বাংলাদেশৰ পৰা বৃহৎ সংখ্যক বঙালী মুছলমান লোকে অসমত বসবাস কৰি আছে। ফলত, | স্থানীয় অসমীয়া সংখ্যালঘু হৈ পৰিছে। ইয়াৰ উপৰি আৰ্থিক ক্ষেত্ৰটো এই সমস্যাৰ বেয়া ভাৱ পেলাইছিল। আনহাতে, অসমৰ তেল বাহিৰৰ ৰাজ্যলৈ প্ৰেৰণ কৰাত বাধা দিয়া হৈছিল। ১৯৭৯ চনত সদৌ অসম ছাত্ৰ সন্থাই বিদেশী বহিষ্কাৰ আন্দোলন আৰম্ভ কৰিছিল। এই আন্দোলনে | অবৈধ প্ৰব্ৰজন, বঙালীৰ প্ৰাধান্য, ভুল ভোটাৰলিষ্ট আদিৰ বিৰোধিতা কৰিছিল। এই আন্দোলনে ১৯৫১ চনৰ পিছত অহা বিদেশীসকলক দেশৰ পৰা পঠিয়াই দিয়াৰ দাবী কৰিছিল। এই আন্দোলনক বৃহৎ অসমীয়াই সমর্থন জনাইছিল। এই আন্দোলনৰ ফলত বহুতৰ সম্পত্তি ধ্বংস হয় আৰু বহুতে প্ৰাণ হেৰুৱাইছিল।

ছয় বছৰৰ পিছত, ৰাজীৱ গান্ধীৰ চৰকাৰে সদৌ অসম ছাত্ৰ সন্থাৰ লগত অসম চুক্তি ১৯৮৫ সত স্বাক্ষৰিত কৰে। ফলত, অসম গণ পৰিষদ (এজিপি) নামৰ ৰাজনৈতিক দল গঠন কৰা হয়। এই দলে নিৰ্বাচনত বিজয় লাভ কৰি অসম চৰকাৰ গঠন কৰে। এই দলৰ চৰকাৰে এখন সোণৰ অসম গঢ়ি তোলাৰ সংকল্প কৰিছিল।

১১। ভাৰতবৰ্ষত আঞ্চলিক দলৰ প্ৰয়োজন আছেনে? দুটা যুক্তি দিয়া।

উত্তৰঃ ভাৰতবৰ্ষৰ দৰে এখন বিশাল আৰু বৈচিত্ৰপূৰ্ণ দেশত আঞ্চলিক দলৰ প্ৰয়োজন আছে। আঞ্চলিক দলেহে কোনো এখন ৰাজ্যৰ সমস্যাবোৰ সঠিকভাৱে সমাধানৰ বাবে আগবাদি পাৰে।

 আনহাতে আঞ্চলিক দলৰ জৰিয়তে স্থানীয় ৰাজ্য বা অঞ্চলৰ ভাষা, সংস্কৃতি সুৰক্ষিত কৰে দৃঢ় পদক্ষেপ ল’ব পৰা যায়।

১২। ডি. ম. কে. দলৰ নীতি আৰু কাৰ্য্যসূচী বৰ্ণনা কৰা৷

উত্তৰঃ

 (১) দালমীয়াপুৰম নাম আঁতৰাই পুৰণি নাম কাল্লাকুৰী ৰে’ল ষ্টেচন হিচাপে নামকৰণ কৰা।

(২) স্কুলীয়া পাঠ্যক্ৰমত তামিল সাংস্কৃতিক ইতিহাসৰ বিশেষ গুৰুত্ব প্ৰদান কৰা। 

(৩) ভাৰতবৰ্ষৰ চৰকাৰী ভাষা হিন্দীৰ বিৰোধিতা কৰিছিল।

১৩। তেলেগু দেশম দলৰ নীতি আৰু কাৰ্য্যসূচী বৰ্ণনা কৰা।

উত্তৰঃ ১৯৮২ চনত তেলেগু দেশম দল গঠন হৈছিল। এন. টি. ৰামাৰাত্তৰ নেতৃত্তত এই দলটো প্ৰতিষ্ঠা হৈছিল।

এই দলটোৰ নীতি আৰু কাৰ্য্যসূচীসমূহ হ’লঃ

(ক)কেন্দ্ৰ ৰাজ্যৰ সম্পৰ্কৰ পুনৰ বিবেচনা।

(খ)দল ত্যাগৰ ৰাজনীতিৰ অৱসান কৰা।

(গ) নিৰ্বাচনত ধন আৰু বাহুবলৰ প্ৰভাৱ হ্রাস কৰা।

(ঘ) প্ৰচাৰ মাধ্যমক স্বতন্ত্ৰ দিয়া

১৪। ৩৭০ নং অনুচ্ছেদৰ তাৎপৰ্য্য ব্যাখ্যা কৰা।

উত্তৰঃ সংবিধানৰ ৩৭০ নং অনুচ্ছেদত জম্মু-কাশ্মীৰক বিশেষ মৰ্য্যাদা প্রদান কৰা হৈছে। এই অনুসৰি জম্মু-কাশ্মীৰক স্বায়ত্ব শাসন প্ৰদান কৰা হৈছে। জম্মু-কাশ্মীৰৰ বাবে এখন পৃথক সংবিধানৰ ব্যৱস্থা কৰা হৈছে।

১৫। ভাৰতত আঞ্চলিক ৰাজনৈতিক দলৰ উদ্ভৱৰ যি কোনো দুটা কাৰকৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ ভাৰতত আঞ্চলিক ৰাজনৈতিক দলৰ উদ্ভৱৰ দুটা কাৰক হ’ল – অর্থনৈতিক বৈষম্য : ভাৰতবৰ্ষত আঞ্চলিক দলৰ গুৰুত্ব দিনক দিনে বৃদ্ধি পাই আহিছে৷ আঞ্চলিক ভিত্তিত গঢ়ি উঠা আঞ্চলিক দলৰ সদস্যসকল সেই অঞ্চলৰে বাসিন্দা হোৱাও তেওঁলোকৰ অঞ্চলটোৰ সমস্যাৰ সম্বন্ধে যথেষ্ট অভিজ্ঞতা থাকে। এনে অভিজ্ঞতাৰ দ্বাৰা

আঞ্চলিক দলে শাসনাধিষ্ঠ দলক সফলতাৰে আঁচনি তৈয়াৰ আৰু কাৰ্য্যকৰী কৰাত সহায় কৰিব পাৰে। 

সাম্যতা ৰক্ষা কৰিবলৈঃ আঞ্চলিক সংগঠন গঠনৰ জৰিয়তে ৰাষ্ট্ৰসমূহে নিজৰ বিকাশৰ বাবে ঐক্যবদ্ধ প্রচেষ্টা গ্ৰহণ কৰিবলৈ সক্ষম হয়। তেওঁলোকে নিজৰ দেশৰ অৰ্থনৈতিক, সামাজিক আৰু সংস্কৃতিক সমস্যা দূৰ কৰিবলৈ সামুহিক আঁচনি কার্যকৰী কৰিব পাৰে। ইয়াৰ উপৰিও নিজৰ নিজৰ দেশৰ শান্তি আৰু নিৰাপত্তা নিশ্চিত কৰিবলৈ সক্ষম হয়।

দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান প্ৰশ্নোত্তৰ

Sl. No.সূচী-পত্ৰ
Unit 1প্ৰথম খণ্ড
Chapter 1শীতল যুদ্ধৰ যুগ
Chapter 2দ্বি ৰাষ্ট্ৰবাদৰ অৱসান
Chapter 3 আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য
Chapter 4ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ
Chapter 5সাম্প্রতিক দক্ষিণ এছিয়া
Chapter 6আন্তর্জাতিক সংগঠন
Chapter 7সাম্প্রতিক বিশ্বত নিৰাপত্তা
Chapter 8পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ
Chapter 9বিশ্বায়ন
Unit 2দ্বিতীয় খণ্ড
Chapter 1জাতি গঠনৰ প্ৰত্যাহ্বান
Chapter 2এক দলীয় প্রাধান্যৰ যুগ
Chapter 3পৰিকল্পিত বিকাশৰ ৰাজনীতি
Chapter 4ভাৰতৰ বৈদেশিক সম্বন্ধ
Chapter 5কংগ্রেছ ব্যৱস্থাৰ প্রতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্রতিষ্ঠা
Chapter 6গণতন্ত্রৰ সংকট
Chapter 7গণ আন্দোলনৰ অভ্যুত্থান
Chapter 8আঞ্চলিক আকাংক্ষাবোৰ
Chapter 9ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ

১৬। সকলো আঞ্চলিক আন্দোলনৰে বিচ্ছিন্নতাবাদীৰ দাবী নুবুজায়। আঞ্চলিক প্রত্যাশা অধ্যায়ৰ পৰা উদাহৰণসহ ব্যাখ্যা কৰা।

 উত্তৰঃ এইটো সত্য যে সকলো আঞ্চলিক আন্দোলনৰ বিচ্ছিন্নতাবাদৰ দাবী নুবুজায়। ১৯৬৬ চনত মিজো নেশ্যনেল ফ্রণ্টে স্বাধীনতাৰ বাবে এক সশস্ত্র সংগ্ৰামৰ আৰম্ভ কৰিছিল। মিজো বিদ্ৰোহী আৰু ভাৰতীয় সেনাৰ মাজত এক দীর্ঘদিন ধৰি যুদ্ধৰ সূত্ৰপাত হৈছিল। পাকিস্তানৰ সমর্থনত এম. এন এফে এক গোৰিলা যুদ্ধ সংঘটিত কৰিছিল। ভাৰতীয় সেনাই আনকি এম এন এফক নিয়ন্ত্ৰণৰ বাবে বায়ু সেনাকো প্ৰয়োগ কৰিছিল। কিন্তু এই পদক্ষেপসমূহে বিদ্রোহী সকলক অধিক আক্রোশী আৰু ভাৰতৰ পৰা তেওঁলোক বিচ্ছিন্ন হৈ যোৱাৰ দাবী উত্থাপিত হৈছিল । ঠিক এনে সময়তে পাকিস্তানৰ নিৰীক্ষণৰ পৰা উভতি আহি লাল ডেংগাই ভাৰত চৰকাৰৰ লগত আলোচনাত মিলিত হৈছিল অৱশেষত তদানীন্তন প্রধানমন্ত্ৰী ৰাজীৱ গান্ধী আৰু লাল ডেংগাৰ মাজত এক শান্তি চুক্তি স্বাক্ষৰিত হৈছিল। ১৯৮৬ চনত স্বাক্ষৰিত হোৱা এই চুক্তি অনুসৰি বিশেষ ক্ষমতাৰ সৈতে মিজোৰামক পূৰ্ণাগ ৰাজ্যৰ মৰ্যদা প্ৰদান কৰা হয় আৰু এম এন এফে সংঘৰ পৰা ওলাই অহাৰ অজুহাতত সংগ্ৰাম পৰিহাৰ কৰিছিল, নগালেণ্ডৰ লগত মিজোৰামৰ বাহিনী একে ভাৰতীয় এক দীর্ঘদিনীয়া সংগ্ৰামৰ অন্তত ভাৰতৰ চৰকাৰৰ লগত একাংশ নগাৰ এক চুক্তি স্বাক্ষৰিত হৈছিল যদিওৱা ই অন্যান্য প্রতিবাদীসকলৰ পক্ষে গ্রহণ যোগ্য নাছিল। 

১৭। নেশ্যনেল কনফাৰেন্সৰ আদৰ্শ আৰু নিৰ্বাচনী সফলতা বিফলতাৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ জম্মু আৰু কাশ্মীৰৰ নেশ্যনেল কনফাৰেন্স দলটো অৰ্ধ শতিকাৰ পূৰ্বে শ্বেখ আব্দুলাই কাশ্মিৰী হিন্দু আৰু মুছলীমসকলৰ দৰে একাংশ ৰাজনৈতিক গোটৰ সাহাৰ্যত গঠন কৰিছিল। দলটোৱে ইয়াব বিভিন্ন কাৰ্যপন্থাসমূহৰ দ্বাৰা কাশ্মিৰী অনুভূতিক প্রতীকী ৰূপত বিগত পাঁচটা দশক জুৰি প্ৰতিফলিত কৰি আহিছিল আৰু কাশ্মীৰ উপত্যকাত ইয়াৰ ভেঁটি প্রতিষ্ঠা কৰিছিল ৷ নেশ্যনেল কনফাৰেন্সে ইছলামীক উপদানৰে সৈতে কাশ্মীৰীবাদক গুৰুত্ব দিছিল। কাশ্মীৰী মুছলীমসকলৰ নেশ্যনেল কনফান্সেৰ লগত আৱেগিকভাৱে সম্পর্কিত আছিল। -১৯৫১ চনৰ নিৰ্বাচনত জম্মু আৰু কাশ্মীৰত নেশ্যনেল কনফাৰেন্সে ৰাজ্যিক বিধানমণ্ডলৰ ৭৫ খন আসনৰ আটাইকেইখনেই লাভ কৰিছিল। আব্দুলাৰ ভাৰত বিৰোধী দৃষ্টিভংগীৰ ফলশ্রুতিত ১৯৫৩ চনত আব্দুলাক গ্ৰেপ্তাৰ কৰা হয় আৰু ১৯৬৫ চনত তেওঁক মুকলি কৰি দিয়া হয়। ১৯৮২ চনৰ তেওঁৰ মৃত্যুৰ সময়লৈকে তেওঁয়েই নেশ্যনেল কনফাৰেন্সৰ নেতৃত্ব বহন কৰি আহিছিল। তেওঁৰ মৃত্যুৰ পিছত দলটোৰ নেতৃত্বৰ ভাৰ আব্দুলাৰ পুত্ৰ ড° ফাৰুক আব্দুলাৰ হাতত অৰ্পণ কৰা হৈছিল। তেওঁ স্বায়ত্ত শাসনৰ পোষকতা কৰি আহিছে। ১৯৯৯ চনত কেন্দ্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ অংশীদাৰী দল আছিল। বর্তমান ৰাজ্যখনৰ বিধানসভাৰ নিৰ্বাচনত দলটোৱে ক্ষমতাৰ পৰা বিতাৰিত হৈছে।

১৮। ভাৰতত ‘আঞ্চলিকতাবাদ’ৰ বিকাশৰ দায়ী কাৰকসমূহ কি কি আছিল?

উত্তৰঃ ভাৰতত ‘আঞ্চলিকতাবাদৰ বিকাশৰ দায়ী কাৰকসমূহ আছিল –

 (ক) কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যবিলাকলৈ গ্ৰহণ কৰা বৈষম্যমূলক নীতি।

(খ) ৰাজ্যসমূহৰ অসমান উন্নয়ন।

 (গ) ৰাজনৈতিক বঞ্চনা।

(ঘ) আঞ্চলিক দলবিলাকে গ্ৰহণ কৰা ভূমিকা।

(ঙ)নিজৰ স্বকীয় পৰিচয় হেৰুওৱাৰ ভয়।

১৯। কাজী লেনদীপ দৰ্জী খাংছাপাৰ বিষয়ে কি জানা? 

উত্তৰঃ কাজী লেনদীপ দৰ্জী খাংছাপাৰ তামিলনাডুত জন্ম হৈছিল ১৮৭৯ চনত আৰু মৃত্যু হৈছিল ১৯৭৩ চনত। তামিলনাডুৰ দ্ৰাবিড়ীমান আন্দোলনৰ তেওঁ মূল হোতা আছিল। উল্লেখযোগ্য যে দ্রাবিড়ীমান আন্দোলন এক উল্লেখযোগ্য আঞ্চলিক আন্দোলন আছিল।

২০। আমাৰ সংবিধানৰ অনুচ্ছেদ ৩৭০ ৰ তাৎপৰ্য উল্লেখ কৰা। 

উত্তৰঃ

 (ক) জম্মু আৰু কাশ্মীৰক ভাৰতৰ আন ৰাজ্যতকৈ অধিক স্বায়ত্ত শাসন প্ৰদান কৰিছে।

(খ)৩৭০ নং অনুচ্ছেদ দ্বাৰা ৰাজ্যখনৰ এজন নিজা সংবিধান আছে। 

(গ)ভাৰতৰ সংবিধানৰ সকলো অধ্যায় ৰাজ্যখনৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়।

 (ঘ) ভাৰতৰ সংসদে গৃহীত কৰা আইন ৰাজ্যখনে অনুমোদন দিলেহে কাৰ্যকৰী হয়।

২১। উত্তৰ-পূৰ্বাঞ্চলত সুকীয়া ৰাজ্য বিচৰা সম্প্ৰদায়সমূহৰ নাম লিখা।

উত্তৰঃ (ক) বড়ো, (খ) ৰাভা, (গ) কাৰ্বি, (ঘ) মিচিং, (ঙ) তিৱা, (চ) ডিমাচা 

২২। ‘আঞ্চলিকতাবাদ’ এক অভিশাপ। ‘ইয়াক কিদৰে ৰোধ কৰিব পাৰি? যিকোনো চাৰিটা পৰামৰ্শ আগবঢ়োৱা।

উত্তৰঃ (ক) আঞ্চলিক প্রত্যাশা গণতান্ত্ৰিক ব্যৱস্থাৰ এটা অংশ । ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাটো সফল কৰিবৰ বাবে আঞ্চলিক ভাৰসাম্যতা দূৰ কৰিব লাগিব।

 (খ) আঞ্চলিক প্রত্যাশা ৰোধ কৰাৰ আন এটা উপায় হ’ল গণতান্ত্রিক আলোচনা। 

(গ) আঞ্চলিক প্রত্যাশা ৰোধ কৰিবৰ বাবে ক্ষমতাৰ ভাগ-বটোবাৰাৰ ব্যৱস্থা কৰিব লাগিব।

 (ঘ) কেন্দ্ৰই সকলো আন্দলোনে সমানেই অর্থনৈতিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব।

২৩। কাশ্মীৰৰ বিভিন্ন ধৰণৰ বিচ্ছিন্নতাবাদী ৰাজনীতিবোৰ কি কি ? 

উত্তৰঃ

 (ক) কাশ্মীৰৰ উপত্যকাৰ মানুহবোৰ কাশ্মীৰী ভাষী আৰু সৰহ সংখ্যক মুছলমান যদিও ইয়াত কম সংখ্যক কাশ্মীৰী হিন্দু আছে। 

(খ) জম্মু অঞ্চলটো সমতল আৰু টিলাৰ, হিন্দু মুছলমান, আৰু শিখ আৰু বিভিন্ন ভাষিক লোকৰ সংমিশ্রণ।

(গ)লাডাখ অঞ্চলটো পার্বত্য কম জনসংখ্যাৰ, বুদ্ধ আৰু মুছলমান দুয়োটে সমান বিভক্ত।

(ঘ) জম্মু-কাশ্মীৰ ব্যাহিক আৰু আভ্যন্তৰীণ বিষয়টো হ’ল কাশ্মীৰিয়াত বুলি জনাজাত কাশ্মীৰী পৰিচয়ৰ সৈতে আৰু জন্ম আৰু কাশ্মীৰী জনসাধাৰণৰ স্বায়ত্ত শাসনৰ সৈতে জড়িত।

২৪। চমু টোকা লিখাঃ 

(ক)ইভি ৰামস্বামী নাইকাৰ

উত্তৰঃ ই. ভি. ৰামস্বামী নাইকাৰ পেৰিয়াৰ হিচাপে জনাজাত ঈশ্বৰ নমনা শ্রেণী বিৰুদ্ধ দ্রাবিড়ী সকলৰ পৰিচয়ৰ স্ৰষ্টা। কংগ্ৰেছ দলৰ এজন সক্রিয় কর্মী হিচাপে ১৯২৫ চনত আত্মসন্মান আন্দোলন আৰম্ভ কৰিছিল। ব্ৰাহ্মণ বিৰোধী আন্দোলনৰ নেতৃত্ব দিয়ে। ‘দ্ৰাবিদাৰ কাজাগাম’ গঠন কৰে আৰু উত্তৰ ভাৰতৰ দমন নীতি নিশেষ কৰাৰ প্ৰচেষ্টা কৰে।

(খ) পঞ্জাব চুক্তি

উত্তৰঃ ১৯৮৫ চনৰ ২৪ জুলাইত ৰাজীব গান্ধী আৰু আকালি দলৰ সভাপতি হৰছান্দ সিংলং গোৱালাৰ মাজত সম্পাদিত হোৱা চুক্তিখনক পঞ্জাব চুক্তি বোলা হয়। এই চুক্তিৰ ব্যৱস্থাবোৰ হ’ল-

(১)ছত্তীশগড় পঞ্জাবলৈ হস্তান্তৰিত কৰা হ’ব।

(২)পঞ্জাব আৰু হাৰিয়ানাৰ মাজত সীমা বিবাদৰ সমাধানৰ অৰ্থে এটা আয়োগ গঠন কৰা হ’ব।

(৩)পঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থানৰ মাজত ৰবিৰিয়াছ নদীৰ পানীৰ ভাগ বাটোৱাৰৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰাৰ অৰ্থে এখন ট্ৰিবুনেল গঠন কৰা হ’ব।

(৪)পঞ্জাৱত চলি থকা সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইনখন প্রত্যাহাৰ কৰা হ’ব। 

(৫)পঞ্জাবত সন্ত্রাসবাদীৰ দ্বাৰা ক্ষতিগ্ৰস্তসকলক উন্নত সা-সুবিধা আগবঢ়োৱা হ’ব।

(গ)অসম চুক্তি

উত্তৰঃ সুদীৰ্ঘ ছয় বছৰৰ আন্দোলনৰ পিছত ৰাজীব গান্ধী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু আন্দোলনৰ নেতৃত্ববৰ্গৰ মাজত ১৯৮৫ চনৰ ১৫ আগষ্টত ঐতিহাসিক অসম চুক্তি সম্পাদিত হয়। এই চুক্তিমর্মে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অসমলৈ অবৈধ অনুপ্রৱেশ কৰা বাংলাদেশী নাগৰিকসকলক ১৯৯৬ চনৰ বিদেশী আইনৰ অধীনত বিতাড়ন কৰা হ’ব। ১৯৬৬ চনৰ এক জানুৱাৰী বিদেশী চিনাক্তকৰণ আৰু বিতারণ ভিত্তি বৰ্ষ হিচাপে ধৰি লোৱা হয়।

(ঘ) শিৰোমণি আকালি দল

উত্তৰঃ আকালি দল ১৯২০ চনত গঠিত হৈছিল। এই দলটো শিখসকলৰ ৰাজনৈতিক মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছিল। ১৯৬৭ চনত আৰু ১৯৭৭ চনত এই দলটোৱে ক্ষমতা লাভ কৰিবলৈ সক্ষম হৈছিল। এই দলটোৱে কেন্দ্ৰ আৰু ৰাজ্যৰ সম্পৰ্কৰ পুনৰ গঠনৰ দাবী তুলিছিল। এই দলটোৱে স্বায়ত্ব শাসনৰ নীতি সমৰ্থন কৰিছিল।

২৫। ভাৰতৰ উত্তৰ পূব অঞ্চলৰ স্বতন্ত্ৰতাৰ দাবীৰ বিষয়ে আলোচনা কৰা।

 উত্তৰঃ ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত উত্তৰ পূবত স্বতন্ত্ৰতাৰ দাবী উত্থাপিত হয়। স্বাধীনতাৰ পিচত বৰ অসমৰ যিবোৰ অঞ্চলত অসমীয়া লোক নাছিল। সেই অঞ্চলমূহে ৰাজনৈতিক স্বতন্ত্ৰতাৰ জাবীত আন্দোলন আৰম্ভ কৰে। বহুবাৰ্ষিক আৰু বহুজাতিক বৰ অসমত অসমীয়া ভাষা-সংস্কৃতিক সকলোৰে ওপৰত বলপূৰ্বকভাবে জাপি দিয়াৰ প্ৰচেষ্টাই প্ৰকৃততে অনা-অসমীয়া জনজাতীয় অঞ্চলসমূত ক্ষোভৰ সৃষ্টি কৰিছিল। সেই সময়ৰ অসম চৰকাৰৰ ৰাজ্যিক চৰকাৰী ভাষা নীতিৰ ফলত বহুভাষিক অসমৰ অধিকাংশ জনজাতীয় সম্প্রদায়ে অসমৰ পৰা ফালৰি কাটি যোৱাৰ বাবে আন্দোলন আৰম্ভ কৰে। অবিভক্ত অসমৰ পাৰ্বত্য জনজাতীয় নেতাসকলে পার্বত্য জিলাকেইখন অসমৰ পৰা পৃথক কৰি স্বায়ত্বশাসিত ৰাজ্য গঠনৰ দাবীত আন্দোলন আৰম্ভ কৰি দিয়ে। অৱশেষত এখনৰ পিছত এখন এখনকৈ বৰ অসমৰ পৰা পাৰ্বত্য জিলাকেইখনৰ অধিকাংশ ওলাই গৈ সুকীয়া ৰাজ্যত পৰিণত হয়।

২৬। কাশ্মীৰ সমস্যাৰ মূল প্রকৃতি কি?

উত্তৰঃ কাশ্মীৰ সমস্যাটোক কেন্দ্ৰ কৰি ভাৰত আৰু পাকিস্তানৰ মাজত স্বাধীনতাৰ দিনৰ পৰাই তিক্ততাপূর্ণ সম্পর্ক গঢ়ি উঠিছে। ইয়াৰ লগত কাশ্মীৰী আত্ম পৰিচয়ৰ বিষটোও জড়িত হৈ আহিছে। কাশ্মীৰীয়ৎ নামেৰে জনপ্ৰিয় এই বিষয়োৱে জন্ম আৰু কাশ্মীৰৰ জনসাধৰণৰ ৰাজনৈতিক স্বতন্ত্ৰতাৰ প্ৰত্যশাক প্রতিনিধিত্ব কৰে।

২৭। ভাৰতত আঞ্চলিক দলসমূহৰ উত্থানৰ বাবে দায়ী কাৰকসমূহ আলোচনা কৰা। 

উত্তৰঃ কেন্দ্ৰীয় চৰকাৰৰ অবহেলা : ভাৰতবৰ্ষ কেন্দ্ৰীয় চৰকাৰে ইয়াৰ অংশ ৰাজ্যসমূহৰ প্রতি সমানে সহানুভুতিশীল নোহোৱাৰ ফলত কিছুমান ৰাজ্যত নিজৰ প্ৰাপ্য আদায়ৰ উদ্দেশ্য আঞ্চলিক ৰাজনৈতিক দল গঠন হোৱা দেখা যায়।

আঞ্চলিক অসমতাঃ ভাৰতবৰ্ষৰ সকলোবোৰ ৰাজ্য সমান ভাবে অর্থনৈতিক ক্ষেত্ৰত আগবাঢ়িব লৰা নাই। ইয়াৰ ফল শ্ৰুতিৰ পিছপৰা অঞ্চলসমূহৰ স্থানীয় নেতাসকলে সুবিধা গ্রহণ কৰি অঞ্চলটোৰ জনসাধাৰণৰ মনত আঞ্চলিকতাৰ ভাব জগাই তুলি নিজকে অঞ্চলটোৰ নেতা হিচাপে প্ৰতিপন্ন কৰিছে।

ধর্মীয় কাৰণ : ভাৰতবর্ষ কেতিয়াবা ধৰ্মক উৎস হিচাপে গ্ৰহণ কৰি আঞ্চলিক ৰাজনৈতিক দল গঠন কৰা পৰিলক্ষিত হয়।

নেতাসকলৰ ৰাজনৈতিক উচ্চভিলাস : ৰাষ্ট্রিয় দলত বিশেষ স্তান নোপোৱা নাইবা মন্ত্রীত্ব নোপোৱা কেতবোৰ ৰাজনৈতিক নেতাই উচ্চভিলাস পূৰণৰ মৰ্মে নিজৰ ৰাজ্যত আঞ্চলিক দল গঠন চেষ্ঠা কৰা দেখা যায়।

ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ দুৰ্বলতা : সৰ্বভাৰতীয় দল সমূহৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি ৰাজ্যিক নেতা কিছুমানে অঞ্চলটোৰ সমস্যসমূহ সমাধানৰ বাবে প্ৰতিশ্ৰুতি আগবঢ়াই আঞ্চলিক গল গঠন কৰিছে।

ভৌগলিক বিভিন্নতা : ভৌগলিক বিভিন্নতাৰ ফলত কোনো বিশেষ অঞ্চলত বাসিন্দাসকলে তেওঁলোকৰ নিজৰ সমস্যাবোৰ সমাধাণৰ বাবে আঞ্চলিক দল গঠন কৰি সমস্যাবোৰ ৰাষ্ট্ৰীয় পৰ্যায়ত দৃষ্টি আকৰ্ষণৰ বাবে চেষ্টা চলায়।

 ২৮। ভাৰতীয় গণতন্ত্ৰৰ বাবে আঞ্চলিকতাবাদক তুমি ভাল বুলি ভাবা নে?

উত্তৰঃ ভাৰতীয় জাতিয়বাদ যে এক পৰিচয়ৰ ওপৰত প্ৰতিষ্ঠিত নহয় আৰু ইয়াৰ চৰিত্ৰ যে বাৰ্ণাঢ্য এই কথা ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামক নেতৃত্ব দিয়া জাতীয়বাদী নেতাসকলে বাৰুকৈয়ে বুজি উঠিছিল। অর্থাৎ ভাৰতীয় জাতীয়বাদে আমাৰ বাৰ্ণাঢ্য ৰূপটোত মানি গৈছিল আৰু তাৰেই আধাৰত বৈচিত্ৰৰ বুকুত এক্যৰ নীতিক জাতি নিৰ্মাণ প্ৰক্ৰিয়াৰ বৈশিষ্ট্য বুলি গ্ৰহণ কৰা হৈছিল। ভাৰতীয় সংবিধানতো এই বৈচিত্ৰ আৰু বাৰ্ণাঢ্য ৰূপটোৰ স্বীকৃতি দিছে। বিভিন্ন অঞ্চলৰ ভাষিক আৰু সংস্কৃতি স্বকীয়তাক ভাৰতীয় জাতীয়বাদে নাকচ কৰিব বিচৰা নাই। অৰ্থৎ ভাৰতীয় জাতিৰ বুকুত বহু অঞ্চলৰ ভাব অস্তিত্ব থাকিব এই কথা জাতি নির্মাণ প্রক্রিয়াই মানিলৈছে। ভাৰতীয় সংবিধানৰ অষ্টম অনূসূচীত অন্তর্ভূক্ত বিভিন্ন জাতীয় ভাষাই তাকেই প্রতিপন্ন কৰে অন্যাহাতে গনৰাজ্য দিৱসত প্ৰদৰ্শন হোৱা সংস্কৃতিক অনুষ্ঠানসমূহত দেশৰ বিভিন্ন প্রান্ত সংস্কৃতিক বার্ণাঢ্য সন্মান সহকাৰে স্বীকৃতি দিয়া হয়।

ভাৰতীয় গনতান্ত্রীক ৰাজনীতিয়েও আঞ্চলিকতাবাদী চিন্তা চেতনাৰ উত্থান তথা প্রকাশক জা বিৰোধী কাৰ্য কলা বুলি ভাবি নাকচ কৰা নাই। আঞ্চলিকতাবাদী পৰিচয়। চেতনা আৰু দান ভিত্তিত গঢ়ি উঠা ৰাজনৈতিক শক্তিশমূহে মূলসুতিৰ ৰাজনীতি অংশগ্ৰহণেৰে ক্ষমা দখ ক্ষেত্ৰত লাভ কৰা সুবিধাই এই কথাকেই প্রমাণ কৰে। বিগত সময়ছোৱাত বিভিন্ন আঞ্চলিকতা

ৰাজনৈতিক দলে কেন্দ্ৰীয় চৰকাৰতো অংশগ্ৰহণ কৰা ঘটনাই এই কথাই প্রমাণ কৰিছে যে আঞ্চলিকতাবাদী ৰাজনীতিয়ে জাতি নির্মাণ প্ৰক্ৰিয়াৰ অন্যতম আধাৰ হিচাপে গা কৰি উঠিছে।

২৯। দ্রাবিড়িয়ান আন্দোলনৰ প্ৰকৃতি আলোচনা কৰা।

উত্তৰঃ তামিলনাডুৰ দুটা শক্তিশালী ৰাজনৈতিক দল ক্রমে – ডি. এম. কে. আৰু এ. আই. ডি. এম. কে। বর্তমান তামিলনাড়ুত এই দুয়োটা বাজনৈতিক দলৰ স্থিতি ইমান শক্তিশালী যে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহ প্রায় অ-প্রাসংগিক হৈ উঠিছে। তামিলনাডুত ৰাজনীতিৰ কথা ক’’লেই এম. কৰুণানিধি আৰু জয়ললিতাৰ কথাই মনলৈ আহে। আঞ্চলিক ৰাজনৈতিক দলৰ এনে আধিপত্যৰ মূলতে আছে স্বাধীনতা লাভৰ পূৰ্বে উত্তৰ ভাৰতৰ ৰাজনীতিয়ে দক্ষিণ ভাৰতৰ ৰাজনীতিৰ ওপৰত চলাব বিচৰা প্ৰতিপত্তিশীলতাৰ বিৰুদ্ধে তামিলনাডুত গঢ়ি উঠা প্ৰৱল প্ৰতিৰোধ। এই প্ৰতিৰোধ গঢ়ি তোলাৰ মূলতে আছে বিংশ শতিকাৰ প্ৰথমার্ধতে ৰাজ্যখনত গঢ়ি উঠা ভাৰতবৰ্ষৰ অন্যতম শক্তিশালী আঞ্চলিকতাবাদী আন্দোলন যাক দ্রাবিড় আন্দোলন নামেৰে জনা যায়। এই আন্দোলনক নেতৃত্ব দিয়াসকলৰ ভিতৰত বাট্‌কটীয়া আছিল ই. ডি. ৰামাস্বামী নেইকাৰ।

দ্রাবিড় আন্দোলনে তুলি ধৰা অন্যতম শ্ল’গান আছিল “উত্তৰে যেতিয়া দোপদোপে উন্নতিৰ জখলাত আগবাঢ়ে দক্ষিণ তেতিয়া দুৰ্যোগৰ গৰাহত পৰে”। দ্রাবিড় আন্দোলন এক জাতি বিৰোধী, ধৰ্মবিৰোধী আৰু আত্মসন্মানৰ আন্দোলন হিচাবে গঢ়ি উঠিছিল। এটা সময়ত এই আন্দোলনৰ মাজত পৃথকতাবাদী প্ৰৱণতাও গঢ়ি উঠিছিল। কিন্তু দীঘলীয়া যাত্রাকালত এই আন্দোলনে গণতান্ত্ৰিক আৰু আঞ্চলিক ৰাজনৈতিক চেতনা তথা দৰ্শনৰ জৰিয়তে ৰাজনৈতিক আধিপত্য অব্যাহত ৰাখিছে।

১৯৫৭ আৰু ১৯৬২ চনৰ নিৰ্বাচনত ডি. এম. কে. দলে প্রতিদ্বন্দ্বিতা কৰিলে। ১৯৬২ চন নির্বাচনত এই দলে বিধানসভাত ৫০ খন আসন আৰু লোকসভাত ৭খন আসন লাভ কৰিলে। ১৯৬৭ চনৰ নিৰ্বাচনত এই দলে বিধানসভাত সৰ্বমুঠ ২৩৪ খন আসনৰ ভিতৰত ১৩৮ হন। | আসন লাভ কৰিলে আৰু আন্নাডুৰাইৰ নেতৃত্বত ৰাজ্যত চৰকাৰ গঠন কৰিলে। এই নির্বাচনত | কংগ্রেছী দলে মাত্র ৪৯ খন আসন লাভ কৰিছিল। পৰৱৰ্তী সময়ত কংগ্ৰেছে এই বিপৰ্যয়ৰ পৰা কেতিয়াও উদ্ধাৰ নাপালে। ১৯৬৯ চনত আন্নাডুৰাইৰ মৃত্যুৰ পাছত এম. কণানিধি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হয়। ১৯৬৭ চনৰ পাছত দ্ৰাবিড় ৰাজনৈতিক দলসমূহেই তামিলনাডুৰ ৰাজনীতিক নিয়ন্ত্ৰণ কৰি আহিছে।

১৯৭২ চনত ডি. এম. কে. দলৰ বিভাজন ঘটে। এম. জি. ৰামচন্দ্ৰৰ নেতৃত্বত দল গঠন কৰা হয়। বিগত চাৰিটা দশকৰো অধিককাল ধৰি ডি. এম. কে. আৰু এ. আই. এ. ডি. এম. কে. দিলেই তামিলনাড়ুৰ ৰাজনীতি নিয়ন্ত্ৰণ কৰি আহিছে। ১৯৯৬ চনত কেন্দ্ৰত গঠিত ইউনাইটেড ফণ্ট চৰকাৰ আৰু তাৰ পৰৱৰ্তী সময়ত বি. জে. পি. ৰ নেতৃত্বত গঠিত ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চা চৰকাৰ তথা কংগ্ৰেছ দলৰ নেতৃত্বত গঠিত সংযুক্ত প্রগতিশীল মৰ্চা চৰকাৰত ডি. এম. কে. | দলে অংশ গ্ৰহণ কৰি আহিছে। জয়ললিতা নেতৃত্বাধীন এ. আই. এ. ডি. এম. কে দলে অটল | বিহাৰী বাজপেয়ীৰ নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা চৰকাৰত কিছুকালৰ বাবে অংশ গ্ৰহণ কৰিছিল।

৩০। ভাৰতত বিচ্ছিন্নতাবাদ জন্ম হোৱাৰ বাবে কোনবোৰ উপাদান দায়ী আছিল?

উত্তৰঃ ভাৰতত বিচ্ছিন্নতাবাদ জন্ম হোৱাৰ বাবে দায়ী উপাদানবোৰ হ’ল– 

সাৰ্বভৌম আৰু স্বাধীন ৰাষ্ট্ৰৰ দায়ী : উত্তৰ-পূৱ ভাৰতৰ নগা বিদ্ৰোহীসকলৰ পৰা আৰম্ভ কৰি আলফালৈকে বিভিন্ন সমস্ত গোটে ভাৰতবৰ্ষৰ পৰা সম্পূৰ্ণকৈ পৃথক হৈ স্বাধীন আৰু সার্বভৌম ৰাষ্ট্ৰ গঠনৰ দাবী উত্থাপন কৰি আহিছে।

পৃথক ৰাজ্যৰ দাবী : বাৰতৰ বিচ্ছিন্নবাদৰ আটাইতকৈ শক্তিশালী দাবী। প্রধানতঃ ভাষিক আৰু সাংস্কৃতিক স্কীয়তাৰ ভিত্তিয়েই এই দাবী উত্থাপিত হৈ আহিছে। স্বাধীনতাৰ ঠিক পিছতেই আৰম্ভ হোৱা এই দাবী এতিয়াও আছে। অসমৰ বড়োসকলে পৃথক ৰাজ্যৰ দাবীত ৰাজনৈতিক সংগ্রাম অব্যাহত ৰাখিছে।

সায়ত্ব শাসিত পৰিষদৰ দাবী : বিভিন্ন ৰাজ্যৰ ভিতৰতে বিভিন্ন নৃ-গোষ্টীয়ে নিজৰ জিলা তথা অঞ্চলত অথবা বিভিন্ন অঞ্চলত সিচৰিত হৈ থকা নিজৰ নৃ-গোষ্টীৰ বাবে স্বায়ত্ব শাসনৰ দাবী উত্থান কৰি আহিছে। অসমৰ এই দাবী অত্যন্ত প্ৰৱল। ইয়াৰ ফলত ভাৰতৰ বিচ্ছিন্নবাদীৰ সৃষ্টি হৈছে।

সম্পদ নিন্ত্ৰণৰ অধিকাৰৰ দাবী: বিগত সময়ছোৱাত ভাৰতৰ বিবিন্ন অঞ্চলৰ বিভিন্ন প্রকৃতিক সম্পদ বিশেষকৈ জলসম্পদ আৰু বন্য সম্পদৰ ওপৰত জনসাধাৰণৰ পূৰ্ণ নিয়নত্ৰণৰ দাবীত বিভিন্ন বিচ্ছিন্নবাদী আন্দোলন গঢ়ি উঠিছে। 

ক্ষমতাৰ বাটোৱাৰৰ অভাৱতে বিভিন্নবাদী ৰাজনীতিৰ ইন্ধন যোগাইছে।

ভাৰতৰ বিচ্ছিন্নবাদৰ ৰাজনীতি উন্নয়নৰ প্ৰক্ৰিয়াত যি আঞ্চলিক মতবিভেদ সিয়ো দ্রুতভাবে উন্নয়নৰ পথত অগ্ৰহৰ হয় তেনে অৱস্থাত ই অনগ্ৰসৰ ৰাজ্যবিলাকৰ মাজত এক প্ৰাকৰৰ বিচ্ছিন্নবাদী ধাৰা গঢ়ি তোলে।

৩১। ভাৰতত আঞ্চলিত দলৰ উৎপত্তিৰ কাৰণসমূহ আলোচনা কৰা। 

উত্তৰঃ কেন্দ্ৰীয় চৰকাৰৰ অবহেলা : ভাৰতবৰ্ষ কেন্দ্ৰীয় চৰকাৰে ইয়াৰ অংশ ৰাজ্যসমূহৰ প্রতি সমানে সহানুভুতিশীল নোহোৱাৰ ফলত কিছুমান ৰাজ্যত নিজৰ প্ৰাপ্য আদায়ৰ উদ্দেশ্য আঞ্চলিক ৰাজনৈতিক দল গঠন হোৱা দেখা যায়।

আঞ্চলিক অসমতাঃ ভাৰতবৰ্ষৰ সকলোবোৰ ৰাজ্য সমান ভাবে অর্থনৈতিক ক্ষেত্ৰত আগবাঢ়িব লৰা নাই। ইয়াৰ ফল শ্ৰুতিৰ পিছপৰা অঞ্চলসমূহৰ স্থানীয় নেতাসকলে সুবিধা গ্রহণ কৰি অঞ্চলটোৰ জনসাধাৰণৰ মনত আঞ্চলিকতাৰ ভাব জগাই তুলি নিজকে অঞ্চলটোৰ নেতা হিচাপে প্ৰতিপন্ন কৰিছে।

ধর্মীয় কাৰণ : ভাৰতবর্ষ কেতিয়াবা ধৰ্মক উৎস হিচাপে গ্ৰহণ কৰি আঞ্চলিক ৰাজনৈতিক দল গঠন কৰা পৰিলক্ষিত হয়।

নেতাসকলৰ ৰাজনৈতিক উচ্চভিলাস : ৰাষ্ট্রিয় দলত বিশেষ স্তান নোপোৱা নাইবা মন্ত্রীত্ব নোপোৱা কেতবোৰ ৰাজনৈতিক নেতাই উচ্চভিলাস পূৰণৰ মৰ্মে নিজৰ ৰাজ্যত আঞ্চলিক দল গঠন চেষ্ঠা কৰা দেখা যায়।

ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ দুৰ্বলতা : সৰ্বভাৰতীয় দল সমূহৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি ৰাজ্যিক নেতা কিছুমানে অঞ্চলটোৰ সমস্যসমূহ সমাধানৰ বাবে প্ৰতিশ্ৰুতি আগবঢ়াই আঞ্চলিক গল গঠন কৰিছে।

ভৌগলিক বিভিন্নতা : ভৌগলিক বিভিন্নতাৰ ফলত কোনো বিশেষ অঞ্চলত বাসিন্দাসকলে তেওঁলোকৰ নিজৰ সমস্যাবোৰ সমাধাণৰ বাবে আঞ্চলিক দল গঠন কৰি সমস্যাবোৰ ৰাষ্ট্ৰীয় পৰ্যায়ত দৃষ্টি আকৰ্ষণৰ বাবে চেষ্টা চলায়।

৩২। উত্তৰ পূব ভাৰতত আঞ্চলিক আন্দোলনৰ এটা বৰ্ণনা দিয়া । উত্তৰ পূব ভাৰতত এনে আন্দোলনৰ জন্ম হোৱাৰ কাৰণবোৰ কি বুলি ভাবা ?

উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলত যথেষ্ঠ সংখ্যক প্রাকৃতিক সম্পদ থকাৰ পিছতো অঞ্চলটোত বিকাশৰ তিধীৰ। ভাৰতৰ মূল খণ্ডৰ পৰা আতৰত অৱস্থিত হোৱাৰ কাৰণে অঞ্চলটো বহুক্ষেত্ৰত অবহেলাৰ সন্মুখীন হৈ অহাটো সত্য। আকৌ ক্রমাগত অনুপ্রবেশৰ ফলস্বৰূপে অঞ্চলটোৰ ৰাজ্যসমূহৰ জনগাথনি ভাবুকিৰ সন্মুখীন হৈ আহিছে। এই ক্ষেত্ৰত অসম, ত্ৰিপুৰা আৰু অৰুণাচল প্রদেশ অধিক পৰিমানে ভুক্তবোগী। আনকি ভাৰতৰ মন্যান্য অঞ্চল আৰু বিশেষকৈ বাংলাদেশৰ কৰা হোৱা প্ৰবজনে অঞ্চলটোৰ থলুৱা সমাজ সংস্কৃতিতো বিৰূপ প্রভাব পেলাইছে।

অঞ্চলটোৰ নিলগতা ইয়াৰ জটিল সামাজিক চৰিত্ৰ আৰু ভাৰতৰ অন্যান্য অংশৰ তুলনাত অর্থনৈতিক অগ্রগতাৰ ফলস্বৰূপে উত্তৰ-পূৱৰ ৰাজ্যসমূহত স্বাধীনতাৰ দিনৰ পৰা বিভিন্ন দাবী উত্থাপিত আহিছে। ইয়াৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত আঞ্চলিকতা বাদে গা কৰি উঠিছে।

 উত্তৰ-পূৱ বাৰ্তৰ আঞ্চলিকতাবাদৰ সৃষ্টিহোৱাৰ প্ৰধান কাৰণবোৰ হ’ল-

(ক)দেশৰ মূল ভূখণ্ডৰ সৈতে থকা ভৌগলিক দুৰত্ব। 

(খ)উত্তৰ-পূৱ ভাৰতৰ বৰ্ণাঢ্য নৃ-গোষ্ঠীৰ গাঠনি। 

(গ)এই অঞ্চলৰ বিকাশৰ ক্ষেত্ৰত কেন্দ্ৰই প্ৰদৰ্শন কৰি অহা অবহেলাৰ দৃষ্টিভংগি।

(ঘ)অ-নিয়ন্ত্রিত প্রব্রজ বহি ৰাষ্ট্ৰৰ দ্বাৰা আগুৰিতকা অঞ্চলটোৰ সীমান্ত।

(ঙ)বহি ৰাষ্ট্ৰৰ দ্বাৰা আগুৰিতকা অঞ্চলটোৰ সীমান্ত।

৩৩।“অসম আন্দোলন” আছিল সাংস্কৃতিক গৌৰব আৰু আৰ্থিক অনগ্ৰসৰতাৰ সংযোজন—ব্যাখ্যা কৰা।

উত্তৰঃ অসম আন্দোলন আছিল স্বাধীন ভাৰতত গঢ়ি উঠা গণ আন্দোলন সমূহৰ ভিতৰত জন্যতম। এই আন্দোলনক নেতৃত্ব দিছিল ছাত্র সমাজে। তেওঁলোক কোনো ৰাজনৈতিক দলৰ সদস্য নাছিল। অসমৰ সৰ্বস্তৰৰ জনসাধাৰণে এই আন্দোলনক সমর্থন জনাইছিল। এই আন্দোলনৰ মাজৰে অসমীয়া জনসাধাৰণৰ আঞ্চলিক ৰাজনৈতিক প্রত্যাশা শক্তিশালীভাবে প্রতিফলিত হৈছিল। এই আন্দোলনে ১৯৫১ চনক ভিত্তি বছৰ হিচাপ লৈ অসমলৈ প্ৰব্ৰজন হোৱা বিদেশী লোকক চিনাক্তকৰণৰ আৰু বহিঃস্কৰণৰ দাবী উত্থাপন কৰিলে তাৰউপৰিও অসমৰ অৰ্থনীতিৰ ওপৰত বহিৰাগত লোকৰ ক্ৰমাবর্ধিত নিয়ন্ত্ৰণ আৰু আগ্ৰাসনৰ বিৰুদ্ধে স্তিতি গ্ৰহণ কৰিলে ভোটৰ তালিকাত থকা অবৈধ নাগৰিকৰ নামকৰ্তনো আছিল এই আন্দোনৰ অন্যতম দাবী।

১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে চলা অসম আন্দোলন আছিল প্রধান অহিংসা আৰু অ সাম্প্রদায়িক অসম আন্দোলনক নেতৃত্ব দিয়া সদৌ অসম ছাত্ৰসন্থা আৰু অসম গণ সংগ্রাম পৰিষদে। অসম গণ পৰিষদ নামেৰে এক আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম দিয়ে। ১৯৮৫ চনত কংগ্ৰেছী চৰকাৰৰ ম্যাদ শেষ নোহোৱাকৈয়ে অসম বিধান সভাৰ নিবাচন অনুষ্ঠিত কৰা হয়। এই নির্বাচনত অসম গণ পৰিষদে বিদেশী বহিস্কৰণ আৰু সোনৰ অসম গঢ়াৰ প্ৰতিশ্ৰুতিে ৰাজ্যৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়।

৩৪। ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ স্বতন্ত্ৰতাৰ দাবীৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত উত্তৰ পূবত স্বতন্ত্ৰতাৰ দাবী উত্থাপিত হয়। স্বাধীনতাৰ পিচত বৰ অসমৰ যিবোৰ অঞ্চলত অসমীয়া লোক নাছিল। সেই অঞ্চলমূহে ৰাজনৈতিক স্বতন্ত্ৰতাৰ জাবীত আন্দোলন আৰম্ভ কৰে। বহুবাৰ্ষিক আৰু বহুজাতিক বৰ অসমত অসমীয়া ভাষা-সংস্কৃতিক সকলোৰে ওপৰত বলপূৰ্বকভাবে জাপি দিয়াৰ প্ৰচেষ্টাই প্ৰকৃততে অনা-অসমীয়া জনজাতীয় অঞ্চলসমূত ক্ষোভৰ সৃষ্টি কৰিছিল। সেই সময়ৰ অসম চৰকাৰৰ ৰাজ্যিক চৰকাৰী ভাষা নীতিৰ ফলত বহুভাষিক অসমৰ অধিকাংশ জনজাতীয় সম্প্রদায়ে অসমৰ পৰা ফালৰি কাটি যোৱাৰ বাবে আন্দোলন আৰম্ভ কৰে। অবিভক্ত অসমৰ পাৰ্বত্য জনজাতীয় নেতাসকলে পার্বত্য জিলাকেইখন অসমৰ পৰা পৃথক কৰি স্বায়ত্বশাসিত ৰাজ্য গঠনৰ দাবীত আন্দোলন আৰম্ভ কৰি দিয়ে। অৱশেষত এখনৰ পিছত এখন এখনকৈ বৰ অসমৰ পৰা পাৰ্বত্য জিলাকেইখনৰ অধিকাংশ ওলাই গৈ সুকীয়া ৰাজ্যত পৰিণত হয়।

(ঘ) দীঘল প্রশ্নোত্তৰঃ মূল্যাংক : ৬ নম্বৰকৈ

১।সঞ্জাৱ চুক্তিৰ প্ৰধান দিশসমূহ আলোচনা কৰা।

উত্তৰঃ (ক)পঞ্জাৱত সাধাৰণ পৰিস্থিতি ঘুৰাই অনা।    

(খ) চণ্ডীগড়ক পাঞ্জাবলৈ অনা।

(গ)পঞ্জাৱ আৰু হাৰিয়ানাৰ মাজৰ সীমাৰ মতভেদ সমাধান কৰাৰ বাবে এখন আয়োগ গঠন কৰা।

২।ভাৰতবৰ্ষত বিচ্ছিন্নতাবাদত উদগণি যোগোৱা কাৰকবোৰ আলোচনা কৰা। 

উত্তৰঃ ভাৰতবৰ্ষত বিচ্ছিন্নতাবাদৰ উদগণি যোগোৱা কাৰকবোৰ হ’ল- কেন্দ্ৰীয় চৰকাৰৰ শোষণ আৰু বৈষম্য, অসমান উন্নয়ন আৰু ঐতিহাসিক ৰাজনৈতিক স্বতন্ত্ৰ পৰিচয়। উত্তৰ পূৱ ভাৰতৰ বিদ্ৰোহীসকলৰ পৰা আৰম্ভ কৰি পাঞ্জাৱ আৰু কাশ্মীৰব বিদ্রোহী সংগঠন সমূহে ভাৰতবৰ্ষৰ পৰা সম্পূৰ্ণকৈ পৃথক আৰু স্বাধীন সার্বভৌম ৰাষ্ট্ৰ গঠনৰ দাবী উত্থাপন কৰিছে।

৩।ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত কোনজন প্রধানমন্ত্ৰীয়ে শিখসকলৰ ওপৰত সংঘটিত নিৰ্যাতনৰ বাবে দুখ প্ৰকাশ কৰিছল।

উত্তৰঃ ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত ২০০৫ চনত প্রধানমন্ত্রী মনমোহন সিঙে শিখসকলৰ ওপৰত সংঘটিত নিৰ্যাতনৰ বাবে দুখ প্ৰকাশ কৰিছিল।

8। আঞ্চলিকতাবাদ সমস্যা সমাধানৰ বাবে তোমাৰ পৰামৰ্শ আগবঢ়োৱা।

উত্তৰঃ প্ৰথমটো শিক্ষা হ’ল গণতান্ত্রিক ৰাজনীতিত আঞ্চলিক আশা-আকাংক্ষার বিশেষ গুৰুত্ব আছে। দ্বিতীয়তে, আঞ্চলিক আশা-আকাংক্ষাৰ সমিধান দিয়া উচ্চতম উপায় হ’ল গণতান্ত্রিক মীমাংসা। তৃতীয়তে, দক্ষতাৰ সমবিভাজন, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত হ’ব লাগে। চতুৰ্থতে, অর্থনৈতিক অনগ্ৰসৰতাই আঞ্চলিক অনাদৰ ভাবৰ জন্ম দিয়ে। 

শেষত, এই আঞ্চলিক আশা-আকাংক্ষাৰ ফলত সংবিধান প্রণয়নকাৰীসকলৰ ভৱিষ্যতৰ দূৰদৰ্শিতাৰ কথা উপলব্ধি কৰিব পাৰি। 

৫। জম্মু আৰু কাশ্মীৰৰ ৰাজনীতিত কংগ্ৰেছৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ কাশ্মীৰক কেন্দ্ৰ কৰি বিগত ছয় দশকৰো অধিক কাল ধৰি জম্মু-কাশ্মীৰৰ অব্যাহত থকা সংকট আৰু সংঘাত ভাৰতবৰ্ষৰ এক আভ্যন্তৰীণ সমস্যা হৈ ৰোৱা নাই। ই ভাৰতবৰ্ষৰ

বাবে এক দ্বি-পাক্ষিক সমস্যাও। কাৰণ কাশ্মীৰক কেন্দ্ৰ কৰিয়েই ভাৰতবৰ্ষ আৰু পাকিস্তানৰ মাজত সংঘাত চলি আহিছে আৰু দুয়োখন দেশৰ মাজত তিনিখন যুদ্ধ সংঘটিত হৈছে। পাকিস্তানে কাশ্মীৰক দেশখনৰ সহজাত অংগ বুলি ভাবে আৰু এই সহজাত অংগক ভাৰতবৰ্ষৰ পৰা মুক্ত কৰাৰ স্বাৰ্থতে ১৯৪৭ চনত পাঠান জনজাতীয় লোকৰ দ্বাৰা কাশ্মীৰ উপত্যকাত আক্রমণ চলাইছিল। এই আক্ৰমণৰ ফলশ্ৰুতিতে ৰাজ্যখনৰ এটা অংশ পাকিস্তানৰ হাতলৈ | যায়। এই অংশটোক পাকিস্তানে “আজাদ কাশ্মীৰ” বুলি কোৱাৰ বিপৰীতে ভাৰতবৰ্ষই “পাক | অধিকৃত কাশ্মীৰ” বুলি কয়। অন্যহাতে ভাৰতবৰ্ষৰ লগত থকা কাশ্মীৰক পাকিস্তানে “ভাৰত | অধিকৃত কাশ্মীৰ” বুলি অভিহিত কৰে। ভাৰতবৰ্ষই অধিকাৰ কৰি ৰখা বুলি ভবা কাশ্মীৰক উদ্ধাৰ কৰিবৰ বাবেই পাকিস্তানে কাশ্মীৰত গঢ়ি উঠা সন্ত্রাসবাদক পৃষ্ঠপোষকতা কৰি অহা বুলি ভাৰতবৰ্ষই অভিযোগ কৰি আহিছে আৰু সেয়েহে ১৯৪৭ চনৰ পৰাই কাশ্মীৰ ভাৰত-পাক | সংঘাতৰ কেন্দ্ৰবিন্দু হৈ আহিছে।

৭।পাঞ্জাৱ চুক্তিৰ মূল বিধানবোৰ কি আছিল? পাঞ্জাৱ আৰু ইয়াৰ ওচৰ-চুবুৰীয়া ৰাজ্যসমূহৰ মাজত পুনৰ বিবাদ সৃষ্টিৰ ক্ষেত্ৰত ই কিদৰে এটা ভিত্তি হ’ব পাৰে?

উত্তৰঃ ১৯৮০ ৰ দশকটোৱে পঞ্জাৱত কেতবোৰ গুৰুত্বপূৰ্ণ সফলতাৰ স্বাক্ষৰ বহন কৰিছিল। বিভাজনৰ লগে লগে ৰাজ্যখনৰ গাঠনিৰ পৰিৱৰ্তন ঘটিছিল। ১৯৫৩ ৰ সময়ছোৱাত ভাষাৰ ভিত্তিত ৰাজ্যবিলাকৰ পুনৰ গঠনৰ লগে লগে ১৯৫৬ চন পর্যন্ত পাঞ্জাৱী ভাষী ৰাজ্য এখন গঠনৰ বাবে পাঞ্জাৱে বহুদিন ধৰি অপেক্ষা কৰিবলগীয়া হৈছিল। শিখসকলৰ ৰাজনৈতিক আহিলা হিচাপে ১৯২০ চনত গঠিত হোৱা আকলি দলে ‘পাঞ্জাৱ চুবা’ গঠনৰ বাবে আন্দোলনর সূত্ৰপাত কৰিছিল।

পুনৰ গঠনৰ অন্তত ১৯৬৭ চনত আকালি দলে ক্ষমতালৈ আহিছিল আৰু পুনৰ ১৯৭৭ চনত আহিছিল। দুয়োটা কার্যকালতে আকালি দলৰ চৰকাৰখন আছিল এক মৰ্চা চৰকাৰ আকালিসকলে ভাবিছিল যে সীমা নিৰ্দ্ধাৰণ অবিহনে তেওঁলোকৰ ৰাজনৈতিক মৰ্যদা অপূৰণীয় হৈ ৰব৷ তাৰোপৰি কেন্দ্ৰই তেওঁলোকৰ চৰকাৰ কাৰ্যকালৰ মাজভাগত ভংগ কৰি দিছিল। অনান্য ধৰ্মীয় সম্প্রদায়বোৰৰ দৰে শিখসকল জাতি আৰু শ্ৰেণীৰ ভিত্তিত অনান্যসকলৰ পৰা কিছু পৰিমাণে পৃথক আছিল। দলিতসকলৰ মাজত (হিন্দুয়েই হওঁক বা শিখেই হওঁক) কংগ্ৰেছ দলে অধিক জনপ্রিয়তা অর্জন কৰিছিল।

এনে প্রেক্ষাপটতে আকালি আন্দোলনৰ নেতৃবৃন্দই নৰমপন্থাৰ পৰিৱৰ্তে সশস্ত্র বিদ্রোহীলৈ পর্যৱেশিত হৈছিল। বিদ্রোহীসকলে তেওঁলোকৰ মুখ্য কাৰ্যালয় শিখসকলৰ পৱিত্ৰ অমৃতসৰ স্বৰ্ণ মন্দিৰৰ ভিতৰত পাতি ইয়াক বিদ্ৰোহীৰ আশ্ৰয় স্থানলৈ পৰিণত কৰিছে। ১৯৮৪ চনৰ জুন মাহত ভাৰত চৰকাৰে অপাৰেচন ব্লষ্টাৰ নামেৰে স্বৰ্ণ মন্দিৰত সামৰিক অভিযান চলালে। যদিও চৰকাৰ এই অভিমানত সফল হ’ল তথাপি এই অভিযোগে ঐতিহাসিক মন্দিৰটোৰ বিস্তৰ ক্ষতি সাধন কৰিলে আৰু ই শিখসকলৰ অন্তৰত গভীৰভ্ৰৱে আঘাত কৰিলে। ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন প্ৰা স্তৰ শিখসকলে এই সামৰিক অভিযানক তেওঁলোকৰ বিশ্বাসৰ ওপৰত আঘাত বুলি ভাবিলে আৰু ইয়ে পিছলৈ সন্ত্রাসবাদী আৰু বিচ্ছিন্নবাদীসকলক তেওঁলোকৰ হিংসাত্মক কাৰ্যৰ বাবে অৰিহণা যোগালে। ইয়াৰ পিছত আন কেতবোৰ ঘটনাই পাঞ্জাৱৰ সমস্যাক অধিক জটিল কৰি তুলিলে। ১৯৮৪ চনৰ ৩১ অক্টোবৰৰ দিনা প্রধানমন্ত্রী ইন্ধিৰা গান্ধীক তেওঁৰ দেহৰক্ষীয়ে বাসভৱনৰ বাহিৰত গুলিয়াই থকা কৰিলে। এই ঘটনাই গোটেই দেশক দুঃখিত কৰাৰ সময়ত দিল্লী আৰু উত্তৰ ভাৰতৰ কিছু অংশত শিখ সম্প্ৰদায়ৰ ওপৰত হিংসাত্মক আক্রমণ সংঘটিত হ’ল। প্রায় এসপ্তাহ ধৰি চলা এই আক্ৰমণত প্ৰায় দুহেজাৰ শিখ নিহত হ’ল৷ দেশৰ আন প্ৰান্তত বিশেষকৈ কানপুৰ, কোকান্বো আৰু চাচত শৰ ঘৰত শিখক হত্যা কৰ হ’ল। বহুতো শিখ পৰিয়ালে তেওঁলোকৰ পুৰুষ সকলক হেৰুৱালে। চৰকাৰে স্বাভাৱিক পৰিস্থিতি ঘুৰাই আনিবলৈ বহু সময় ললে আৰু ঘটনাবোৰৰ আৰৰ ব্যক্তিসকলে উপযুক্ত শাস্তি নাপালে।‌বিয়েই শিখসকলক মর্মান্তিক আঘাত দিলে। ২০ বছৰৰ পিছত ২০০৫ চনত প্ৰধানমন্ত্রী ড° নমোহন সিঙে এই হত্যাকাণ্ডবিলাকৰ বিষয়ে শোক প্রকাশ কৰাৰ লগতে শিখ বিৰোধী হিংসাৰ বাবে ক্ষমা বিচাৰিলে।

৮।পাঞ্জাৱ সমস্যাক পুনৰ জটিল কৰি তোলা শোকাবহ ঘটনাটো কি আছিল? 

উত্তৰঃ ১৯৮৪ চনৰ ৩১ অক্টোবৰৰ দিনা প্রধানমন্ত্রী ইন্দিৰা গান্ধীক তেওঁৰ দেহৰক্ষীয়ে বাসভৱনৰ বাহিৰত গুলীয়াই হত্যা কৰিছিল। এই দুয়োজন হত্যাকাৰীয়েই শিখ আছিল। ইয়াৰ জৰিয়তে তেওঁলোকে এক প্ৰকাৰৰ ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে পাঞ্জাৱৰ সমস্যাটোক পুনৰ জটিল কৰি তুলিছিল।

(ক)দিল্লী আৰু উত্তৰ ভাৰতৰ কিছু অংশত শিখ সম্প্ৰদায়ৰ ওপৰত হিংসাত্মক আক্রমণ সংঘটিত হ’ল।  প্রায় এক সপ্তাহ জুৰি শিখসকলৰ ওপৰত আক্রমণ চলি থাকিল।

(খ) এই হিংসাত্মক ঘটনাই বেয়াকৈ প্ৰভাৱিত কৰা ৰাজধানী চহৰখনত প্ৰায় দুহেজাৰশিখ নিহত হ’ল।

(গ) দেশৰ অন্য প্ৰান্তত বিশেষকৈ কানপুৰ শৰ কোকাম্বো আৰু চাচতশৰ ঘৰত শিখক হত্যা কৰা হ’ল। 

(ঘ) বহুতো শিখ পৰিয়ালে তেওঁলোকৰ পুৰুষসকলক হেৰুৱালে আৰু পৰিয়ালবোৰত আবেগ-অনুভূতি আৰু ব্যাপক অর্থনৈতিক সমস্যাৰ সৃষ্টি হ’ল.

(ঙ) চৰকাৰে স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ বহুতো সময় ললে আৰু ঘটনাবোৰৰ আৰৰ ব্যক্তিসকলে উপযুক্ত শাস্তি নাপালে যিয়ে শিখসকলক মর্মান্তিক আঘাত দিলে।

(চ) ২০ বছৰৰ পিছত ২০০৫ চনত প্রধানমন্ত্রী মনমোহন সিঙে এই হত্যাকাণ্ডবিলাকৰ বিষয়ে শোক প্ৰকাশ কৰিলে আৰু শিখবিৰোধী হিংসাৰ বাবে ক্ষমা বিচাৰিলে৷

৯।ভাৰতত বিচ্ছিন্নতাবাদৰ জুই জ্বলাত কি কি কাৰকে ইন্ধন হিচাপে কাম কৰে?

 উত্তৰঃ ভাৰতৰ বিচ্ছিন্নতাবাদৰ জুই জ্বলাত ইন্ধন হিচাপে কাম কৰা কাৰকবিলাক তলত আলোচনা কৰা হ’ল-

(ক)১৯৮৯ চনত পৃথক কাশ্মীৰৰ দাবীৰে সামৰিক আন্দোলন আৰম্ভ হৈছিল। পাকিস্তানে বিদ্রোহীসকলক নৈতিক, সা-সৰঞ্জাম আৰু জৈৱিকভাৱে সহায় কৰিছিল।

(খ)ভাৰতৰ বিচ্ছিন্নতাবাদৰ ৰাজনীতিত উন্নয়নৰ প্ৰক্ৰিয়াত যি আঞ্চলিক মতবিভেদ সিয়ো ইন্ধন যোগাইছিল। যদি কিছুমান পিছপৰা ৰাজ্য দ্ৰুতভাৱে উন্নয়নৰ পথত অগ্ৰসৰ হয় তেনে অৱস্থাত ই অনগ্ৰসৰ ৰাজ্যবিলাকৰ মাজত এক প্ৰকাৰৰ বিচ্ছিন্নতাবাদী ধার গঢ়ি তোলে।

(গ)তাৎপর্যপূর্ণ ক্ষমতা বাটোৱাৰাৰ অভাৱেও বিচ্ছিন্নতাবাদী ৰাজনীতিত ইন্ধন যোগাইছে। এক অনুষ্ঠানিক গণতান্ত্রিক গাঁথনিয়েই যথোপযুক্ত নহয়। তাৰোপৰি, ৰাজ্যিক পৰ্যায়ত বিভিন্ন গোট আৰু দলবিলাকক ক্ষমতা বাটোৱাবাৰ ৰাজনীতিত অংশ গ্ৰহণৰ সুযোগ প্ৰদান কৰাৰ আৱশ্যকতা আছে। ৰাষ্ট্ৰীয় পৰ্যায়ত সিদ্ধান্ত গ্রহণ প্ৰক্ৰিয়াত অঞ্চলবিলাকৰ অংশ গ্ৰহণৰ সুযোগ প্রদান কৰাৰ আৱশ্যকতা আছে। অন্যথাই অন্যায় আৰু বিচ্ছিন্নতাবাদী মনোভাৱ গঢ়ি উঠে।

(ঘ) আঞ্চলিক অভাৱ অভিযোগসমূহক হিংসাত্মক পন্থাৰ পৰিৱৰ্তে গণতান্ত্রিক আলোচনাৰ মাধ্যমেৰে সমাধানৰ চেষ্টা কৰা উচিত।

১০।১৯৮০ ৰ দশকৰ পাঞ্জাৱ আৰু অসমৰ সংকট দুটাৰ এটা সাদৃশ্য আৰু বৈসাদৃশ চিনাক্ত কৰা।

উত্তৰঃ ১৯৮০ ৰ সময়ছোৱাত পাঞ্জাৱ আৰু অসমত হোৱা সংকট দুটাৰ এটা সাদৃশ্য হ’ল যে দুয়োটা সংকটেই বিকাশৰ সমস্যাটোৰ লগত জড়িত। পাঞ্জাৱত “পাঞ্জাৱ চুবা” গঠন কৰা আৰু অসমত বাংলদেশৰ পৰা অবাধ হাৰত অবৈধ বাংলাদেশীৰ প্ৰৱজনৰ কাৰণবশতঃ দুয়োখন ৰাজ্যত সংকটকালীন পৰিস্থিতিৰ উদ্ভৱ হৈছিল। দুয়োখন ৰাজ্যৰ সংকটৰ এক বৈসাদৃশ্য হ’ল যে পাঞ্জাৱৰ বিভাজন আৰু পৰৱৰ্তী সময়ত হাৰিয়ানা আৰু হিমাচল প্ৰদেশ অসমৰ পৰা ফালৰি কাটি অহাৰ লগে লগে পাঞ্জাৱৰ সামাজিক সংমিশ্ৰণৰ পৰিৱৰ্তন হৈছিল অন্যহাতে অসম আন্দোলন আছিল সাংস্কৃতিক, গৰ্ব আৰু অৰ্থনৈতিক অনগ্ৰসৰতাৰ সংমিশ্রণ।

১১। আঞ্চলিক প্রত্যাশা অধ্যায়টোৰ পৰা আমি কি শিকনি পাওঁ?

উত্তৰঃ প্ৰথমটো শিক্ষা হ’ল গণতান্ত্ৰিক ৰাজনীতিত আঞ্চলিক আশা-আকাংক্ষাৰ বিশেষ গুৰুত্ব আছে। দ্বিতীয়তে, আঞ্চলিক আশা-আকাংক্ষাৰ সমিধান দিয়া উচ্চতম উপায় হ’ল গণতান্ত্রিক মীমাংসা। তৃতীয়তে, দক্ষতাৰ সমবিভাজন, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত হ’ব লাগে। চতুৰ্থতে, অর্থনৈতিক অনগ্ৰসৰতাই আঞ্চলিক অনাদৰ ভাবৰ জন্ম দিয়ে। শেষত, এই আঞ্চলিক আশা-আকাংক্ষাৰ ফলত সংবিধান প্রণয়নকাৰীসকলৰ ভৱিষ্যতৰ দূৰদৰ্শিতাৰ কথা উপলব্ধি কৰিব পাৰি।

১২। ঐক্যৰ মাজত অনৈক্য অনাৰ পথত আঞ্চলিকতাবাদে কিদৰে বাধা সৃষ্টি কৰে?

 উত্তৰঃ এইটো নিতান্তই সত্য যে আঞ্চলিকতাবাদ ঐক্যৰ মাজত অনৈক্য সৃষ্টিৰ প্ৰধান অন্তরায়। ভাৰতবৰ্ষ এখন বহুভাষিক আৰু বহু সাংস্কৃতিক ৰাষ্ট্ৰ। ভাৰতৰ বিভিন্ন নৃগোষ্ঠীয় লোকে বসলে কৰে। এই প্ৰতিটো নৃগোষ্ঠীক সন্তুষ্টি কৰিবলৈ যাওঁতে কেন্দ্ৰীয় চৰকাৰে নানান সমস্যাৰ সন্মুখ

হোৱাতো স্বাভাৱিক জাতি গঠন এক চিৰাচৰিত প্ৰক্ৰিয়া। আঞ্চলিকতাবাদে ভাৰতবৰ্ষৰ ঐক্য আৰু সংহতি বাধাগ্রস্ত কৰিছে। ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ বিচ্ছিন্নতাবাদী দাবী উত্থাপিত হৈছে। তেওঁলোকে ভাৰতৰ পৰা সম্পূর্ণ পৃথক হৈ স্বাধীন ৰাষ্ট্ৰ গঠনৰ দাবী তুলিছে।

(ঙ) বহুতৰপীয়া প্রশ্নঃ

১৩। তলত দিয়াবোৰ শুধৰোৱা আৰু পুনৰাই লিখা :

(ক)অসমৰ পৰা অনা-হিন্দুসকলক বিতাড়নাৰ দাবীত অসম আন্দোলনটোৰ ধৰ্মীয় নেতাসকলে নেতৃত্ব দিছিল।

উত্তৰঃ অসমৰ পৰা অনা হিন্দুসকলক বিতাড়নৰ দাবীত অসম আন্দোলনটোৰ ছাত্ৰ নেতাসকলে নেতৃত্ব দিছিল।

(খ) বিচিত্ৰতাৰ ক্ষেত্ৰত ভাৰতৰ মূল নীতিটো হ’ল: ‘ভাৰত ৰাষ্ট্ৰই বিভিন্ন আঞ্চলিক আৰু ভাষিক গোটসমূহৰ স্বকীয় সংস্কৃতিক বৰ্তাই ৰখাৰ অধিকাৰক সহ্য নকৰিব।

উত্তৰঃ বৈচিত্র্যতাৰ ক্ষেত্ৰত ভাৰতৰ মূল নীতিটো হ’ল ভাৰত ৰাষ্ট্ৰই বিভিন্ন আঞ্চলিক আৰু ভাষিক গোটসমূহৰ স্বকীয় সংস্কৃতিক বৰ্তাই ৰখাৰ অধিকাৰক সহ্য কৰিব।

১৪।ভাৰতৰ আঞ্চলিক ৰাজনৈতিক দলৰ ক্রমবর্ধমান গুৰুত্বৰ দুটা কাৰক লিখা। 

উত্তৰঃ ভাৰতত আঞ্চলিক ৰাজনৈতিক দলৰ উদ্ভৱৰ দুটা কাৰক হ’ল অর্থনৈতিক বৈষম্য : ভাৰতবৰ্ষত আঞ্চলিক দলৰ গুৰুত্ব দিনক দিনে বৃদ্ধি পাই আহিছে। আঞ্চলিক ভিত্তিত গঢ়ি উঠা আঞ্চলিক দলৰ সদস্যসকল সেই অঞ্চলৰে বাসিন্দা হোৱাত তেওঁলোকৰ অঞ্চলটোৰ সমস্যাৰ সম্বন্ধে যথেষ্ট অভিজ্ঞতা থাকে। এনে অভিজ্ঞতাৰ দ্বাৰা আঞ্চলিক দলে শাসনাধিষ্ঠ দলক সফলতাৰে আঁচনি তৈয়াৰ আৰু কাৰ্য্যকৰী কৰাত সহায় কৰিব পাৰে।

সাম্যতা ৰক্ষা কৰিবলৈ: আঞ্চলিক সংগঠন গঠনৰ জৰিয়তে ৰাষ্ট্ৰসমূহে নিজৰ বিকাশৰ বাবে ঐক্যবদ্ধ প্রচেষ্টা গ্ৰহণ কৰিবলৈ সক্ষম হয়। তেওঁলোকে নিজৰ দেশৰ অৰ্থনৈতিক, সামাজিক আৰু সংস্কৃতিক সমস্যা দূৰ কৰিবলৈ সামূহিক আঁচনি কাৰ্যকৰী কৰিব পাৰে। ইয়াৰ উপৰিও নিজৰ নিজৰ দেশৰ শান্তি আৰু নিৰাপত্তা নিশ্চিত কৰিবলৈ সক্ষম হয়।

Leave a Reply