Class 12 Political Science| Chapter-7| গণ আন্দোলনৰ অভ্যুত্থান

Class 12 Political Science| Chapter-7| গণ আন্দোলনৰ অভ্যুত্থান। এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব AHSEC Class 12 Political Science| Chapter-7| গণ আন্দোলনৰ অভ্যুত্থান পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়।

HS Second Year Question Answer (Assamese Medium)

EnglishClick Here
অৰ্থনীতি (Economy)Click Here
ভূগোল (Geography)Click Here
हिंदीClick Here
অসমীয়াClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
ৰাজনীতি (Political Science)Click Here
সমাজতত্ত্ব (Sociology)Click Here
তৰ্কবিদ্যা আৰু দর্শনশাস্ত্ৰ (Logic & Philosophy)Click Here
নৃতত্ত্ব (Anthropology)Click Here

Class 12 Political Science| Chapter-7| গণ আন্দোলনৰ অভ্যুত্থান

চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া ছাত্র-ছাত্ৰীৰ বাবে আমাৰ এই ৱেবছাইটত শেহতীয়া পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি পাঠ Class 12 Political Science| Chapter-7| গণ আন্দোলনৰ অভ্যুত্থান ভিত্তিক প্ৰশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। যত ছাত্ৰ-ছাত্ৰীয়ে অনলাইন যোগে পঢ়িব পাৰিব।

দ্বিতীয় খণ্ড

সপ্তম অধ্যায়

(ক) অতি চমু প্ৰশ্নৰ উত্তৰ লিখা : মূল্যাংক : ১ নম্বৰকৈ

১।চিপ্‌কো আন্দোলন কোনখন ৰাষ্ট্ৰত আৰম্ভ হৈছিল? 

উত্তৰঃ উত্তৰাখণ্ড।

২।নামদেও ধাচাল কোন আছিল?

উত্তৰঃ মাৰাঠী বিপ্লৱী কবি।

৩।কৃষকসকলৰ এটা সংগঠনৰ নাম লিখা।

উত্তৰঃ ভাৰতীয় কৃষক সংঘ।

8।NFF ৰ সম্পূর্ণ অর্থ লিখা।

উত্তৰঃ National Fish Worker’s Forum.

৫।কোনখন জিলাত আৰাক বিৰোধী আন্দোলন আৰম্ভ হৈছিল ?

 উত্তৰঃ অন্ধ্ৰপ্ৰদেশৰ নেলোৰ জিলাত।

৬। MKSS ৰ সম্পূর্ণ অর্থ লিখা।

উত্তৰঃ Mazdoor Kishan Sakti Sangathan.

৭।তথ্য জনাৰ অধিকাৰ কেতিয়া আৰম্ভ হৈছিল।

উত্তৰঃ ২০০৫ চন।

৮।দলিত পন্থাৰৰ আদর্শ কি আছিল। 

উত্তৰঃ সমাজৰ পৰা জাতি প্ৰথা আঁতৰ কৰা 

৯। নর্মদা বচাওঁ আন্দোলনৰ নেতা গৰাকীৰ নাম লিখা।

উত্তৰঃ মেধা পাটেকাৰ।

১০। ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা গৰাকীৰ নাম লিখা।

উত্তৰঃ মহেন্দ্ৰ সিং টিকাইট।

১১। চিপ্‌কো আন্দোলনৰ এটা বৈশিষ্ট্য লিখা।

উত্তৰঃ গছ কটা বন্ধ কৰা পাৰিপাৰ্শ্বিকতা আন্দোলন।

১২। তথ্য জনাৰ অধিকাৰ আন্দোলন কোনটো সংগঠনে আৰম্ভ কৰিছিল?

উত্তৰঃ মজদুৰ কিষাণ শক্তি সংগঠনে।

১৩। ৰাজনৈতিক বিষয়ত মহিলাসকলক সংৰক্ষণৰ অনুমোদন কোনটো সংবিধানৰ সংশোধনে দিছিল? 

উত্তৰঃ ৭৩ তম আৰু ৭৪ তম সংশোধনী।

১৪। কোন চনত সৰ্বভাৰতীয় কিষাণ সভা গঠন কৰা হৈছিল?

উত্তৰঃ ১৯৮০ চনত।

১৫। POW মানে কি? 

উত্তৰঃ Prisonar of War.

১৬। নেলোৰ জিলাত কিমান বাৰ নিমাল বন্ধ ৰখা হৈছিল ?

উত্তৰঃ ১৭ বাৰ।

১৭। সঁচা নে মিছা লিখাঃ

(ক) শ্রমিক আন্দোলনৰ সৈতে কিছুমান সামাজিক বিবাদ জড়িত।

উত্তৰঃ সঁচা।

(খ) কৃষক আন্দোলন দলীয় ভিত্তিত হোৱা আন্দোলন।

উত্তৰঃ মিছা।

(গ) স্বেচ্ছাসেৱী অনুষ্ঠানে দলীয় ৰাজনীতিৰ পৰা আঁতৰত থকাটো পছন্দ নকৰে।

উত্তৰঃ মিছা।

(ঘ) ড° বি. আৰ. আম্বেদকাৰ দলিত সম্প্ৰদায়ৰ আছিল।

উত্তৰঃ সঁচা। 

(ঙ) ভাৰতীয় সংবিধানে অস্পৃশ্যতা নিষিদ্ধ কৰিছে।

উত্তৰঃ সঁচা।

(চ) ভাৰতীয় কিষাণ ইউনিয়নৰ মুখ্য নেতা আছিল যুধবীৰ সিং। 

উত্তৰঃ মিছা।

(ছ) সুৰাৰ কুপ্ৰভাৱৰ দ্বাৰা মহিলাসকল আটাইতকৈ বেয়াকৈ ক্ষতিগ্রস্ত হয়।

উত্তৰঃ সঁচা।

 (জ) তথ্য জনাৰ অধিকাৰ ২০০৫ চনৰ জুন মাহৰ পৰা বলবৎ হৈছিল ?

উত্তৰঃ সঁচা।

(ঝ) গছকটাটো বাধা দিয়াৰ উদ্দেশ্যে চিপ্‌কো আন্দোলন এক পৰিবেশ আন্দোলন আছিল। উত্তৰঃ সঁচা।

(ঞ) আৰাক্ বিৰোধী আন্দোলনক মহিলা আন্দোলন বুলি গণ্য কৰা হয়।

উত্তৰঃ সঁচা।

 ১৮। নেশ্যনেল কনফাৰেন্স কেতিয়া গঠন কৰা হৈছিল?

উত্তৰঃ ১৯৪৮ চনত।

১৯। কোনখন ৰাজ্যত অসম গণ পৰিষদ দলটো সক্রিয়?

উত্তৰঃ অসম।

20। তেলেগু দেশম দলটোৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল?

 উত্তৰঃ এন. টি. ৰামা ৰাও।

২১। সংবিধানৰ কোনটো অনুচ্ছেদৰ ভিত্তিত জম্মু-কাশ্মীৰক অধিক স্বায়ত্ব শাসন প্রদান কৰা হৈছে?

উত্তৰঃ ৩৭০ নং অনুচ্ছেদ।

২২। চিকিমক ভাৰতৰ সৈতে কেতিয়া চামিল কৰা হৈছিল? 

উত্তৰঃ ১৯৭৪ চনত।

২৩। কোন চনত নাগালেণ্ড ৰাজ্য গঠন কৰা হৈছিল?

উত্তৰঃ ১৯৬৩ চনত।

২৪। “অপাৰেছন বুষ্টাৰ” কেতিয়া ভাৰত চৰকাৰে আৰম্ভ কৰিছিল?

উত্তৰঃ ১৯৮৪ চনত।

২৫। সাতভনী মানে কি বুজা।

 উত্তৰঃ সাতখন ৰাজ্যঃ অসম, মণিপুৰ, মেঘালয়, ত্ৰিপুৰা, নাগালেণ্ড, মিজোৰাম, অৰুনাচল প্রদেশ।

২৬। আঞ্চলিকতাবাদৰ এটা কাৰক উল্লেখ কৰা।

উত্তৰঃ অর্থনৈতিক বৈষম্য।

২৭। খালী ঠাই পূৰ কৰাঃ

(ক)চিকিম ভাৰত সংঘ ৰাষ্ট্ৰৰ—-তম ৰাজ্য হৈছিল।

উত্তৰঃ ২২ তম।

(খ)উত্তৰ-পূৱৰ পুনৰ গঠন—-চনত সম্পূৰ্ণ হৈছিল।

উত্তৰঃ ১৯৮৭

২৮। ‘সুৰা বিৰোধী’ আন্দোলন কোন জিলাত আৰম্ভ হৈছিল?

উত্তৰঃ অন্ধ্ৰপ্ৰদেশৰ নেলোৰ জিলাত ‘সুৰা বিৰোধী’ আন্দোলন আৰম্ভ হৈছিল।

২৯। কোন বছৰত সৰ্বভাৰতীয় কিষাণ সভা গঠিত হৈছিল?

 উত্তৰঃ সৰ্বভাৰতীয় কিষাণ সভা ১৯৮০ চনত গঠিত হৈছিল।

৩০। শ্বেতকাৰী সংঘটনা কোন ৰাজ্যৰ?

উত্তৰঃ শ্বেতকাৰী সংঘটনা মহাৰাষ্ট্ৰৰ।

৩১। ভাৰতত কৃষক আন্দোলন কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ ভাৰতত কৃষক আন্দোলন আৰম্ভ হৈছিল ১৯৭০ চনত।

৩২। চিপকো আন্দোলন কি? 

উত্তৰঃ চিপকো আন্দোলন হ’ল পৰিবেশীয় আন্দোলন।

৩৩। খালী ঠাই পূৰণ কৰা :

(ক) চিপকো আন্দোলন আৰম্ভ হৈছিল ……..।

উত্তৰঃ উত্তৰাখণ্ডৰ চামেলি জিলাত।

(খ) চৰ্দাৰ সৰোবৰ বান্ধ—নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে।

উত্তৰঃ নর্মদা নদী।

(গ)২০০৪ চনত আৰ টি আই বিধেয়ক সংসদত গৃহীত হয়—-আৰু ৰাষ্ট্ৰপতিৰ সম্মতি লাভ কৰে।

উত্তৰঃ ২০০৫ চনত।

৩৪। নর্মদা বাচাও আন্দোলন কি? এই আন্দোলনৰ নেতৃত্ব কোনে বহন কৰিছিল ? 

উত্তৰঃ নর্মদা সৰোবৰ প্ৰকল্পটো বন্ধ কৰাৰ বাবে কৰা আন্দোলনকে নর্মদা আন্দোলন বোনে এই আন্দোলনৰ নেতৃত্ব বহন কৰিছিল মেধা পাটকাৰে।

৩৫। সংবিধানৰ কোনটো সংশোধনীয়ে মহিলাক ৰাজনৈতিক বিষয় সংৰক্ষণ দিছিল? 

উত্তৰঃ ৭৩ আৰু ৭৪ নং সংশোধনীৰ দ্বাৰা।

৩৬। ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত সমতাৰ অধিকাৰৰ উল্লেখ কৰা হৈছে? 

উত্তৰঃ ১৪ নং অনুচ্ছেদৰ পৰা ১৮ নং অনুচ্ছেদলৈ।

(খ)চমু প্রশ্নৰ উত্তৰ লিখাঃ মূল্যাংক: ২ নম্বৰকৈ

১।কেতিয়া আৰু ক’ত দলিত পেস্থাৰ গঠন কৰা হৈছিল? 

উত্তৰঃ ১৯৭২ চনত মহাৰাষ্ট্ৰত দলিত পেস্থাৰ গঠন হৈছিল।

২। দলিত পেস্থাৰৰ প্ৰধান দাবী কি আছিল?

উত্তৰঃ দলিতসকলৰ অধিকাৰ সাব্যস্ত কৰা।

৩। চিপ্‌কো আন্দোলনৰ প্ৰধান কাৰণ কি আছিল?

উত্তৰঃ জীৱিকাৰ উৎসৰ ওপৰত বনাঞ্চলৰ জনসাধাৰণৰ অধিকাৰ সাব্যস্ত কৰা।

 8। দলিতৰ বিষয়ে কোনে কবিতা লিখিছিল? কবিতাটোৰ তাৎপৰ্য্য কি?

উত্তৰঃ মাৰাঠী কবি নামদেও ধাছালে কবিতা লিখিছিল। কবিতাটিৰ তাৎপৰ্য্য হ’ল বর্ণভিত্তিক বৈষম্য আৰু অন্যায়ৰ প্ৰতিবাদ।

৫।চিপ্‌কো আন্দোলনৰ নতুনত্ব কি আছিল?

 উত্তৰঃ মহিলাসকলৰ সক্রিয় অংশ গ্রহণ।

৬।কৃষকৰ দুটা সংগঠনৰ নাম লিখা।

 উত্তৰঃ ভাৰতীয় কিষাণ ইউনিয়ন, কৰ্ণাটক ৰায়ত সংঘ।

৭।চৰ্দাৰ সৰোবৰ প্ৰকল্প কি?

 উত্তৰঃ নর্মদা আৰু ইয়াৰ উপনদী সমূহত নিৰ্মাণ কৰিব বিচৰা বহুমুখী বান্ধ প্রকল্প।

৮।নর্মদা বচাওঁ আন্দোলন কি?

উত্তৰঃ নমৰ্দা সৰোবৰ প্ৰকল্পটো বন্ধ কৰাৰ বাবে কৰা আন্দোলন।

৯।SEWA মানে কি? এই সংগঠনটো কেতিয়া স্থাপন কৰা হৈছিল?

উত্তৰঃ Society for Empowered Women Association.

১০। দলীয় ভিত্তিত পৰিচালিত কিছুমান আন্দোলনৰ নাম লিখা।

 উত্তৰঃ জাতীয়তাবাদী আন্দোলন, নক্সালবাদী আন্দোলন আৰু সাম্যবাদী আন্দোলন।

১১।উত্তৰ ভাৰতৰ ভাৰতীয় কিষাণ ইউনিয়নৰ সমান্তৰালকৈ গঢ় লৈ উঠা দক্ষিণৰ আন্দোলনটোৰ নাম কি আছিল?

 উত্তৰঃ উত্তৰ ভাৰতৰ ভাৰতীয় কিষাণ ইউনিয়নৰ সমান্তৰালকৈ গঢ় লৈ উঠা দক্ষিণৰআন্দোলনটো হ’ল সুৰা বিৰোধী আন্দোলন।

 ১২।জনপ্রিয় আন্দোলন মানে কি বুজা? 

উত্তৰঃ জনপ্ৰিয় আন্দোলনৰ অৰ্থ হ’ল সামাজিক সমস্যার সমাধানৰ বাবে সকলো ৰাইজে একেলগে কৰা এক আন্দোলন।

১৩। দলীয় আৰু দলবিহীন আন্দোলনৰ বিষয়ে ব্যাখ্যা আগবঢ়োৱা

উত্তৰঃ (ক) দলীয় ভিত্তিক আন্দোলনকাৰীনিৰ্বাচনত যোগদান নকৰে যদিও ৰাজনৈতিক দলৰ লগত সম্পর্ক থাকে। কিন্তু, অদলীয় আন্দোলনকাৰী ৰাজনীতিৰ বাহিৰত থাকে।

 (খ) দলীয় ভিত্তিক আন্দোলনে দাবীসমূহ ৰাজনৈতিক দলৰ দ্বাৰা পূৰণ কৰিব বিচাৰে। অদলীয় আন্দোলনে জনসাধাৰণৰ ভূমিকাৰ দ্বাৰা দাবীসমূহ পূৰণ কৰিব বিচাৰে।

(গ) দলীয় আন্দোলন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্দোলন। অদলীয় আন্দোলনসমূহে আন্তঃৰাষ্ট্ৰীয় সাহায্য আৰু সমৰ্থন লাভ কৰে।

১৪। ভাৰতীয় কিষাণ ইউনিয়নৰ বিষয়ে কি জানা লিখা।

উত্তৰঃ ভাৰতীয় কৃষক সংঘ এটা এনে কৃষকৰ সংঘ য’ত বিভিন্ন কৃষি ভিত্তিক সমস্যা সমাধান জনপ্ৰিয় আন্দোলনৰ দ্বাৰা কৰা হয়। ভাৰতীয় বুৰঞ্জীৰ ক্ষেত্ৰত আন্দোলন এক নতুন প্ৰক্ৰিয়া নহয়। স্বাধীনতা আন্দোলনৰ নিচিনাকৈয়ে এই আন্দোলনটো শোভাযাত্রা, জন সমাৱেশ, ধর্ণা, কাৰাগাৰ বৰণ প্ৰতিবাদী কাৰ্যৰ যোগেদি দাবী জনাইছিল। এই সংঘটোৱে জাতি ভিত্তিক আন্দোলন

কৰি বিভিন্ন কৃষকসকলক আর্থিক সমস্যাৰ ক্ষেত্ৰত একত্ৰিত কৰি আন্দোলন কৰিছিল। এই সংগঠনটোৰ এক আনুষ্ঠানিক সংগঠন। এই সংগঠনটোৱে এক প্ৰভাৱশালী গোষ্ঠীৰ দৰে ৰাজনীতিত কাম কৰে।

১৫। দলিত পেস্থাৰে কি বিষয়ৰ সমাধানৰ দাবী জনাইছিল?

উত্তৰঃ (ক) দলিত শ্ৰেণীৰ লোকসকলৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰোধিতা কৰা। (খ) জাতি প্রথা সমাজৰ পৰা আঁতৰাই দিয়া।

১৬। গোৱাৰ সমস্যা কি আছিল?

উত্তৰঃ গোৱা ১৯৮৭ চনত ভাৰতৰ অংগৰাজ্য হৈছিল। পর্তুগীজ সকলে গোৱাৰ লোক সকলক শোষন কৰিছিল।

১৭। আঞ্চলিকতাবাদৰ সমস্যা কিদৰে সমাধান কৰিব পাৰি।

 উত্তৰঃ সমউন্নয়ন নিশ্চিত কৰা আৰু সাংস্কৃতিক পৰিচয় ৰক্ষনাবেক্ষন দিয়া।

১৮।কোন চনত চিকিম বিধান সভাৰ প্ৰথম নির্বাচন অনুষ্ঠিত হৈছিল।

উত্তৰঃ ১৯৭৫ চনত।

১৯। জম্মু-কাশ্মীৰক জনপ্ৰিয় আন্দোলনৰ কোনে নেতৃত্ব দিছিল?

 উত্তৰঃ শ্বেইখ মহম্মদ আব্দুল্লা।

২০। বাণিজ্যিক শস্যৰ বজাৰখনে কিয় এক সংকটৰ সন্মুখীন হৈছিল?

 উত্তৰঃ আশীৰ দশকৰ মাজ ভাগত চৰকাৰৰ উদাৰীকৰণ আঁচনিৰ কাৰণবশতঃ বাণিজ্যিক শস্যৰ বজাৰখনে এক সংকটৰ সন্মুখীন হৈছিল।

২১। ভাৰতীয় কিষাণ ইউনিয়নৰ বিষয়ে তুমি কি জানা? 

উত্তৰঃ ভাৰতীয় কিষাণ ইউনিয়নৰ প্ৰতিষ্ঠা কৰা হৈছিল ১৯৮০ চনত। পাঞ্জাৱ আৰু উত্তৰ প্ৰদেশত এই ইউনিয়ন অধিক শক্তিশালী আছিল। ইয়াক নেতৃত্ব দিছিল মহেন্দ্র সিং টিকেইটে।

২২।আদিধর্ম আন্দোলনৰ বিষয়ে কি জানা?

উত্তৰঃ আৰাক বিৰোধী আন্দোলন প্রধানতঃ এক নাৰী আন্দোলন আছিল। এই আন্দোলনত অন্ধ্ৰ প্ৰদেশৰ নেলোৰ জিলাৰ মহিলাসকলে সংগঠিত কৰাৰ লগতে অংশ গ্রহণো কৰিছিল।

২৩। মহিলাৰ সামাজিক মর্যদাৰ বিষয়ে এটা টোকা লিখা।

উত্তৰঃ ভাৰতৰ মহিলাসকলৰ সামাজিক মর্যদা পুৰুষৰ সমপৰ্যায়ৰ নহয়। বহু বছৰ ধৰি মহিলাসকলে অর্থনৈতিক আৰু সামাজিক বঞ্চনাৰ সন্মুখীন হৈ আহিছে। আৰ্থিক আৰু সামাজিক ক্ষেত্ৰসমূহত মহিলাসকলক সমঅধিকাৰৰ পৰা বঞ্চিত কৰা হয়।

২৪। খালী ঠাই পূৰণ কৰা: 

(ক) ভাৰত সংবিধানে—ৰ পৰম্পৰা—কৰিছিল।

উত্তৰঃ অস্পৃশ্যতা, নির্মূল

২৫। বাণিজ্যিক শস্যৰ বজাৰখনে কিয় এক সংকটৰ সন্মুখীন হৈছিল? 

উত্তৰঃ আশীৰ দশকৰ মাজভাগত ভাৰতীয় অর্থনীতিত উদাৰীকৰণ আৰু আধুনিকীকৰণৰ ফলত বাণিজ্যিক লক্ষ্যৰ বজাৰখনে এক সংকটৰ সন্মুখীন হৈছিল।

২৬। ১৯ শতিকাৰ সামাজিক ধর্মীয় আন্দোলনৰ বিষয়ে ব্যাখ্যা কৰা।

উত্তৰঃ বৃটিছ শাসনৰ সময়ত ১৯ শতিকাত ভাৰতত বিভিন্ন ধৰণৰ সামাজিক আন্দোলন গঢ়ি উঠিছিল। এইবোৰৰ ভিতৰত ১৯২৮ চনত ৰাজা ৰামমোহন বায়ৰ উদ্যোগত প্রতিষ্ঠা হোৱা ব্রাহ্মসমাজ, ব্লেভ’স্কি আৰু এনি বেচাত্তৰ থি অ’ছফিকেল ছ’ছাইটি, স্বামী দয়ানন্দ সৰস্বতীৰ আৰ্যসমাজ আদিৰ নাম বিশেষভাবে উল্লেখ কৰিব পাৰি।

২৭। DKU উত্থাপন কৰা দুটা দাবী উল্লেখ কৰা।

উত্তৰঃ 

(ক) খাদ্যশস্যৰ চলাচলৰ ক্ষেত্ৰত মাণ্ডলিক বাধা নিষেধৰ সমাপ্তি।

(খ) বিদ্যুৎ নিৰিখ অথবা মুখ্য হ্রাস।

২৮। সুৰা বিৰোধী আন্দোলন কি?

উত্তৰঃ ১৯৯২ চনত অন্ধ্ৰ প্ৰদেশৰ নেপোৰ জিলাৰ পুৰুষসকলৰ সুৰা সেৱনৰ অভ্যাসে জনসাধাৰণৰ স্বাস্থ্যৰ যথেষ্ট বিৰূপ প্রভাব পেলাইছিল। পুৰুষসকলৰ সুৰাৰ আসক্তিৰ ফলস্বৰূপে মহিলাসকলৰ ওপৰত শাৰীৰিক আৰু মানসিক নির্যাতন চলোৱা হৈছিল। সেয়েহে ইয়াৰ প্ৰতিবাদৰ মহিলাসকলে যি আন্দোলন কৰিছিল তাক সুৰা বিৰোধী আন্দোলন বোল।

২৯। খালী ঠাই পূৰণ কৰাঃ 

(ক)—-আখ্যা পোৱা এটা আন্দোলনে নর্মদা নদীৰ ওপৰত—বান্ধৰ নিৰ্মাণৰ বিৰুদ্ধে প্রতিবাদ কৰিছিল।

উত্তৰঃ নর্মদা বচাও / নদী।

(খ) ড° বিআৰ আম্বেদাৰ—–আছিল।

উত্তৰঃ দলিত সম্প্রদায় ত্রাণকর্তা।

(গ) ভাৰত সংবিধানে—ৰ পৰম্পৰা কৰিছিল।

উত্তৰঃ অস্পৃশ্যতা / নিষেধ।

(ঘ)চিপকো আন্দোলনটো গছ কটাটো বন্ধ কৰাৰ এটা 

উত্তৰঃ পাৰিবেশিক অৱক্ষয়ৰ বিৰুদ্ধে আন্দোলন।

(ঙ)সুৰাৰ বিৰুদ্ধে আন্দোলনটোক—হিচাপে বিবেচনা কৰা হয়।

 উত্তৰঃ আবাক বিৰোধী।

৩০। দুটা কৃষক সংগঠনৰ নাম লিখা।

উত্তৰঃ (ক) ভাৰতীয় কিষাণ সংঘ

 (খ) মহাৰাষ্ট্ৰৰ শ্বেতকাৰী সংগঠন

৩১। অন্দল ভিত্তিক আন্দোলন কি? 

উত্তৰঃ কিছু সংখ্যক সংগঠনৰ দ্বাৰা অথবা কোনো ধৰণৰ সংগঠন অবিহনে সংঘটিত হোৱা স্থানীয় প্রতিবাদ, আন্দোলন অথবা সংগ্রামকে অ-দলভিত্তিক আন্দোলন বোলে।

(গ) উত্তৰ লিখা: মূল্যাংক : ৪ নম্বৰকৈ

১।দলিত পেস্থাৰে কিয় গণ কাৰ্য্যসূচী গ্ৰহণ কৰিছিল? 

উত্তৰঃ ড° বি. আৰ. আম্বেদকাৰ ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ সভাপতি আছিল। ভাৰতীয় সংবিধানে আইনগতভাৱে অস্পৃশ্যতাৰ নীতি বৰ্জন কৰিছিল। জাত-পাতৰ ভিত্তিত যিকোনো লোকৰ বিৰুদ্ধে বৈষম্য আচৰণ কৰাটোও সংবিধানে নিষিদ্ধ কৰিছিল। সমাজৰ অৱহেলিত লোকসকল প্ৰগতিৰ স্বাৰ্থত সংবিধান বলৱৎ হোৱাৰ পাছত বিশেষ সংৰক্ষণ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছিল। কিন্তু এই সকলো থকাৰ পাছতো দলিতসকলৰ ওপৰত চলি থকা বর্ণবাদী হিন্দু সমাজৰ নিপীড়ন উৎপীড়নৰ অন্ত নপৰিল। ৰাজহুৱা স্থানত দলিতসকলৰ মুক্ত প্ৰৱেশ আগৰ দৰেই নিষিদ্ধ হৈ ৰ’ল। উচ্চ বৰ্ণৰ লোকৰ ছাঁ গচকিলে অপৰাধ কৰা বুলি শাস্তিৰ সন্মুখীন হোৱা দলিতসকলে ৰাজহুৱা পথ ব্যৱহাৰ কৰিব পৰা নাছিল। শাৰীৰিক আৰু মানসিকভাৱে দলিতসকলৰ ওপৰত তথা তেওঁলোকৰ মহিলা আৰু শিসু ওপৰত চলি থকা অবর্ণনীয় অত্যাচাৰ অব্যাহত থাকিল। সাংবিধানিক ব্যৱস্থা আৰু চৰকাৰে গ্ৰহণ কৰা বিভিন্ন নীতি বা কাৰ্যসূচীড়ে এই পৰিস্থিতিৰ অৱসান ঘটাব নোৱাৰিলে। দলিতসকলৰ সমৰ্থনত গঢ়ি উঠা ভাৰতীয় ৰিপাব্লিকান পাৰ্টিৰ দৰে ৰাজনৈতিক দলেও নির্বাচনী ৰাজনীতিত বিশেষ সফলতা লাভ কৰিব নোৱাৰিলে। এনে এক পৰিস্থিতিতেই দলিতসকলৰ অধিকাৰ সাব্যস্ত কৰিবৰ বাবে ১৯৭২ চনত মহাৰাষ্ট্ৰত দলিত পেস্থাৰচ্ নামৰ এই বিদ্ৰোহী সংগঠনটোৰ জন্ম হয়। নগৰৰ বক্তি অঞ্চলত বসবাস কৰা দলিতসকলৰ প্ৰথম প্ৰজন্মৰ উচ্চ শিক্ষিতসকলেই এই সংগঠন গঢ়ি তোলাত সক্রিয় ভূমিকা পালন কৰিছিল।

দলিত পেছাৰৰ মূল লক্ষ্য আছিল হিন্দু বর্ণবাদী ব্যৱস্থা ভাঙি পেলোৱা। সেই লক্ষ্যত উপনীত দুখৰ বাবে সমাজৰ সকলো নিপীড়িত লোক, বিশেষকৈ ভূমিহীন কৃষক আৰু চহৰঞ্চালৰ ঔদ্যোগিক খণ্ডৰ শ্ৰমিকসকলক দলিতসকলৰ লগত সংগঠিত কৰাটোও পেছাৰৰ অন্যতম উদ্দেশ্য আছিল। এই লক্ষ্য-উদ্দেশ্যক বাস্তবায়িত কৰিবৰ বাবে দলিত পেস্থাৰচ্‌ েদলিতসকলৰ ওপৰত বৃদ্ধি পোৱা উৎপীড়নৰ বিৰুদ্ধে তীব্র প্ৰতিৰোধ গঢ়ি তুলিছিল। দলিত পেস্থাৰক এই ক্ষেত্ৰত বহুবোৰ সম মনোভাবাপন্ন সংগঠনে সহায় কৰিছিল। দলিত পেস্থাৰচে চলোৱা অবিৰত আন্দোলনৰ | পৰিপ্ৰেক্ষিততেই চৰকাৰে ১৯৮৯ চনত এখন বিস্তৃত আইন প্রণয়ন কৰে। এই আইন অনুসৰি দলিতসকলৰ ওপৰত যিকোনো নির্যাতন চলোৱা লোক কঠোৰ শাস্তিৰ সন্মুখীন হ’ব।

২।ভাৰতীয় কিষাণ ইউনিয়নৰ দাবীবোৰ উল্লেখ কৰা। 

উত্তৰঃ ভাৰতীয় কৃষক সংঘ এটা এনে কৃষকৰ সংঘ য’ত বিভিন্ন কৃষি ভিত্তিক সমস্যা সমাধান | জনপ্ৰিয় আন্দোলনৰ দ্বাৰা কৰা হয়। ভাৰতীয় বুৰঞ্জীৰ ক্ষেত্ৰত আন্দোলন এক নতুন প্রক্রিয়া নহয়। স্বাধীনতা আন্দোলনৰ নিচিনাকৈয়ে এই আন্দোলনটো শোভাযাত্রা, জন সমাবেশ, ধর্ণা, কাৰাগাৰ বৰণ প্ৰতিবাদী কাৰ্যৰ যোগেদি দাবী জনাইছিল। এই সংঘটোৱে জাতি ভিত্তিক আন্দোলন কৰি বিভিন্ন কৃষকসকলক আর্থিক সমস্যাৰ ক্ষেত্ৰত একত্ৰিত কৰি আন্দোলন কৰিছিল। এই সংগঠনটোৰ এক আনুষ্ঠানিক সংগঠন। এই সংগঠনটোৱে এক প্রভাবশালী গোষ্ঠীৰ দৰে ৰাজনীতিত কাম কৰে।

৩।‌‌ চিপ্‌কো আন্দোলনৰ দাবীবোৰ কি কি আছিল ? 

উত্তৰঃ গছক সাৱটি ধৰি অৰণ্য আৰু গছ ৰক্ষাৰ বাবে অহিংস পদ্ধতিৰে গঢ়ি তোলা এক | অভিনৱ আন্দোলন হ’ল চিপ্‌কো আন্দোলন। এই আন্দোলন সংঘটিত হৈছিল ১৯৭০-ৰ দশকত। | এই আন্দোলনৰ সৈতে জড়িত ঐতিহাসিক দিনটো হ’ল ১৯৭৪ চনৰ ২৬ মার্চ। সেই দিনটোতে | উত্তৰাখণ্ডৰ চামোলি জিলাৰ ৰেনি গাৱঁৰ মহিলাৰ এটা গোটে ৰাজ্যখনৰ (তেতিয়াৰ উত্তৰ প্রদেশ) বন বিভাগে ঠিকাদাৰৰ জৰিয়তে বনাঞ্চল ধ্বংসৰ বাবে চলোৱা চক্রান্ত ৰোধ কৰিবৰ | বাবে আৰু বনাঞ্চলৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ বাবে প্ৰতিৰোধ গঢ়ি তোলে। এই ঘটনাই পৰিৱৰ্তী সময়ত দেশৰ বিভিন্ন প্ৰান্তত পৰিৱেশ সজাগতা নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

এই আন্দোলনক গছ সাৱটি ধৰা আন্দোলন অথবা পৰিৱেশনাৰীবাদ নামেৰেও জনা যায়। এই আন্দোল প্রধানতঃ জীৱিকাৰ উৎসৰ ওপৰত বনাঞ্চলৰ জনসাধাৰণৰ অধিকাৰ সাব্যস্ত কৰাৰ হকে গঢ়ি তোলা আন্দোলন আছিল। বনাঞ্চল অথবা তাৰ ওচৰে-পাজৰে বসবাস কৰা লোকসকলে বনাঞ্চলৰ পৰা জীৱন-জীৱিকাৰ বিভিন্ন উৎস আহৰণ কৰে। খৰি-খেৰকে আমি কৰি ফল-মূল আদিও সংগ্ৰহ কৰে বনাঞ্চলৰ পৰা। কিন্তু একে সময়তে তেওঁলোকে বনাঞ্চলৰ ৰক্ষণাবেক্ষণো কৰে। কিন্তু ৰাজ্য চৰকাৰে জনসাধাৰণৰ এই পৰম্পৰাগত অধিকাৰ খৰ্ব কমি একেই অঞ্চলক ব্যৱসায়িক কামত ব্যৱহাৰৰ বাবে কোনো ক্রীড়া প্রতিষ্ঠানক দিয়াৰ সিদ্ধান্ত লয়। তাৰ বিৰুদ্ধেই এই আন্দোলনৰ সূত্রপাত হয়। লাহে লাহে এই আন্দোলন এক বহল পৰিসৰৰ পৰিৱেশ আন্দোলন হিচাপে গঢ় লৈ উঠে। বর্তমান গোটেই বিশ্বতে এই আন্দোলন পৰিৱেশ আন্দোলনৰ বাটকটীয়া বুলি মানি লোৱা হয়। এই আন্দোলনৰ জৰিয়তে গাঁওবাসীয়ে বনাঞ্চল ধ্বংস কৰা কোনো ঠিকা বা কাম বাহিৰৰ ঠিকাদাৰক নিদিয়াৰ দাবী উত্থাপন কৰে আৰু ভূমি, পানী তথা বাঞ্চলৰ দৰে প্ৰাকৃতিক সম্পদৰ ওপৰত গাঁওবাসীৰ অধিকাৰৰ দাবী তুলিলে। এই আন্দোলনে চৰকাৰৰ পৰা ক্ষুদ্র উদ্যোগ প্রতিষ্ঠাৰ বাবে কম মূল্যৰ সা-সঁজুলিৰ বাবেও দাবী তুলিলে যাতে পৰিৱেশৰ বিনষ্ট সাধন নকৰাকৈ জনসাধাৰণৰ তথা অঞ্চলটোৰ বিকাশ সাধন কৰিব পাৰি।

8। নর্মদা বচাও আন্দোলনৰ কৌশলবোৰ আলোচনা কৰা।

 উত্তৰঃ নৰ্মাদা বাচাও আন্দোলনৰ নেতৃত্ব দিছিল মেধা পাটেকাৰে। নৰ্মাদা বাচাও আন্দোলন আছিল নর্মদা নদী ৰক্ষাৰ আন্দোলন। বিকাশৰ নামত চৰকাৰে সূচনা কৰা এটা বিশেষ প্রকল্প নৰ্মাদা নদী আৰু নর্মদা উপত্যকা বসবাস কৰা লোকৰ জীৱন আৰু জীৱিকাৰ প্ৰতি সৃষ্টি কৰিবৰ পৰা ভয়াৱহতাৰ পৰা ৰক্ষা পাবৰ বাবেই এই আন্দোলন গঢ়ি তুলিছে। বিতর্ক আবর্তত সোমাই পৰা এই প্ৰকল্পৰ নাম হ’ল “চৰ্দাৰ সৰোবৰ প্ৰকল্প”। ১৯৮৬ চনত মহাৰাষ্ট্ৰত “নর্মদ বান্ধৰ দ্বাৰা ক্ষতিগ্রস্ত লোকৰ সমিতি” গঢ় লৈ উঠে। গুজৰাট আৰু মধ্যপ্রদেশতো এনেকুৱ ধৰণৰ সংগঠনে জন্মলাভ কৰে। ১৯৮৯ চনত এই সকলো সংগঠন লগ লাগি নর্মদা বচাও আন্দোলনৰ জন্ম দিয়ে। মেধা পাটকাৰে নৰ্মদাৰ আন্দোলনক ৰাষ্ট্ৰীয় আৰু আজ্ঞৰাষ্ট্ৰীয় পৰ্যায়ত প্রতিষ্ঠা কৰাৰ ক্ষেত্ৰত তৎকালেই সফলতা লাভ কৰে আৰু তেওঁ নর্মদা বচাও আন্দোলনর অবিসম্বাদী নেত্ৰী হৈ উঠে। বৰ্তমান সময়ত ভাৰতবৰ্ষৰ বৃহৎ নদীবন্ধা বিৰোধী আন্দোলনসমূহ এক প্রতীক হিচাপে পৰিগণিত হৈছে মেধা পাটকাৰ। বৰ্তমান সময়ত অসমত গঢ়ি উঠা বৃহৎ নদীবান্ধ বিৰোধী আন্দোলনক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰতো মেধা পাটকাৰে গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে? অসমৰ বৃহৎ নদীবান্ধ বিৰোধী আন্দোলনৰ অগ্রণী সংগঠন কৃষক মুক্তি সংগ্রাম সমিতি, অসমক ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি প্রদান কৰি মেধা পাটকারে অসমৰ তথা উত্তৰ-পূৱ ভাৰতৰ বৃহৎ নদীবান্ধ বিৰোধী সংগ্রামকো এক ৰাষ্ট্ৰীয় সংগ্ৰামলৈ উন্নীত কৰিছে।

৫। N.F.Fশশমানে কি? কর্মীসকলৰ জীৱনৰ প্রতি ভাবুকি কেনে ধৰণৰ আছিল?

উত্তৰঃ জাতীয় মীন কৰ্মচাৰী সমেঃ ভাৰতৰ পূব আৰু পশ্চিম এলেকাসমূহ বহুত পৰিয়ালৰ মাছ ধৰা এক অতীতৰ পৰা চলি থকা জীবিকার মাধ্যম। কিন্তু চৰকাৰে সিদ্ধান্ত লৈছিল যে যান্ত্ৰিক আৰু আধুনিকীকৰণ কৰিব লাগে। এই সিদ্ধান্ত এই মাছমৰীয়া লোকসকলে বিশেষকৈ কেৰালাত, ৭০ আৰু ৮০ৰ সময়ছোৱাত বিৰোধিতা কৰিছিল। চৰকাৰৰ আৰ্থিক স্বতন্ত্রতার সিদ্ধান্তৰ ফলত এই লোকসকলে জাতীয় মীন কর্মচাৰী সংঘৰ অধীনত ৰাষ্ট্ৰীয় পৰ্যায়ত বিচার কৰিছিল। ১৯৯১ চনত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্রথমখন আইনসম্মত যুদ্ধ এই সংঠোে কৰিছিল। এই সংঘই আজি বিশ্বৰ বিভিন্ন সংগঠনৰ লগ হৈ পৰিবেশ আৰু মাছমৰীয়াসকলৰ জীৱন আৰু জীৱিকা বচোৱাৰ বাবে যুদ্ধ কৰি আছে।

৬।২০০১ চনৰ মহিলা সবলীকৰণ নীতিৰ চাৰিটা উদ্দেশ্য বর্ণনা কৰা। 

উত্তৰঃ  মহিলা সবলীকৰণ নীতি ২০০১ ৰ চাৰিটা বৈশিষ্ট্যঃ-

(ক) লিংগ বৈষমা আঁতৰ কৰা।

(খ) সম-মর্যাদা প্রদান করা।

(গ) অর্থনৈতিক স্বাৱলম্বিতা অৰ্জন কৰা।

(ঘ) ৰাজনৈতিক ক্ষমতা প্ৰদান কৰা।

৭।মহিলা সবলীকৰণৰ উপায় হিচাবে সংসদ আৰু বিধানসভাত আসন সংৰক্ষণৰ দাবীটো পৰ্য্যালোচনা কৰা।

উত্তৰঃ মহিলা সবলীকৰণৰ উপায় হিচাপে সংসদ আৰু বিধান সভাত আসন সংৰক্ষণৰ বাবে ৰজনৈতিক দাবী উত্থাপিত হৈ আছে। এই উদ্দেশ্যে এখন বিষেয়কো সংসদত উত্থাপন কৰা হৈছে যদিও ৰাজনৈতিক দলবোৰৰ মাজত ঐক্যমতৰ অভাৱত গৃহীত হোৱা নাই। পুৰুষ আৰু মহিলাক সমানেই ৰাষ্ট্ৰ পৰিচালনাৰ দায়িত্ব দিয়াটো দৰকাৰী। সেইবাবেই মহিলাসকলৰ বাবে সংসদ আৰু বিধানসভাত আসন সংৰক্ষণৰ প্ৰয়োজনীয়তা আছে।

৮। ভাৰতীয় কিষাণ ইউনিয়নৰ অৰ্থনৈতিক দাবীবোৰ আলোচনা কৰা।

উত্তৰঃ ভাৰতীয় কৃষক সংঘ এটা এনে কৃষকৰ সংঘ য’ত বিভিন্ন কৃষি ভিত্তিক সমস্যা সমাধান জনপ্ৰিয় আন্দোলনৰ দ্বাৰা কৰা হয়। ভাৰতীয় বুৰঞ্জীৰ ক্ষেত্ৰত আন্দোলন এক নতুন প্রক্রিয়া নহয়। স্বাধীনতা আন্দোলনৰ নিচিনাকৈয়ে এই আন্দোলনটো শোভাযাত্রা, জন সমাবেশ, ধর্ণা, কাৰাগাৰ বৰণ প্ৰতিবাদী কাৰ্যৰ যোগেদি দাবী জনাইছিল। এই সংঘটোৱে জাতি ভিত্তিক আন্দোলন কৰি বিভিন্ন কৃষকসকলক আর্থিক সমস্যাৰ ক্ষেত্ৰত একত্ৰিত কৰি আন্দোলন কৰিছিল। এই সংগঠনটোৰ এক আনুষ্ঠানিক সংগঠন। এই সংগঠনটোৱে এক প্রভাবশালী গোষ্ঠীৰ দৰে ৰাজনীতিত কাম কৰে।

৯।চিপ্‌কো আন্দোলন সম্পৰ্কীয় তলৰ কোনবোৰ উক্তি মিছা:

(ক) গছকটাত বাধা দিয়াৰ উদ্দেশ্যে এক পৰিবেশ আন্দোলন।

উত্তৰঃ সঁচা।

(খ) পৰিবেশ আৰু অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে প্রশ্ন উত্থাপন কৰিছিল।

উত্তৰঃ সঁচা।

(গ) সুৰাপানৰ বিৰুদ্ধে মহিলাৰ আন্দোলন।

উত্তৰঃ মিছা।

(ঘ) প্রাকৃতিক সম্পদৰ ওপৰত স্থানীয় সম্প্ৰদায়ৰ নিয়ন্ত্ৰণ দাবী কৰিছিল?

উত্তৰঃ সঁচা।

১০। উত্তৰ প্ৰদেশৰ চিপ্‌কো আন্দোলনৰ কাৰণবোৰ চিনাক্ত কৰা। এই আন্দোলনৰ প্ৰভাৱ কি কি আছিল?

উত্তৰঃ গছক সাৱটি ধৰি অৰণ্য আৰু গছ ৰক্ষাৰ বাবে অহিংস পদ্ধতিৰে গঢ়ি তোলা এক অভিনৱ আন্দোলন হ’ল চিপ্‌কো আন্দোলন। এই আন্দোলন সংঘটিত হৈছিল ১৯৭০-ৰ দশকত। এই আন্দোলনৰ সৈতে জড়িত ঐতিহাসিক দিনটো হ’ল ১৯৭৪ চনৰ ২৬ মার্চ। সেই দিনটোতে উত্তৰাখণ্ডৰ চামোলি জিলাৰ ৰেনি গাৱঁৰ মহিলাৰ এটা গোটে ৰাজ্যখনৰ (তেতিয়াৰ উত্তৰ প্রদেশ) বন বিভাগে ঠিকাদাৰৰ জৰিয়তে বনাঞ্চল ধ্বংসৰ বাবে চলোৱা চক্রান্ত ৰোধ কৰিবৰ বাবে আৰু বনাঞ্চলৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ বাবে প্ৰতিৰোধ গঢ়ি তোলে। এই ঘটনাই পৰিৱৰ্তী সময়ত দেশৰ বিভিন্ন প্ৰান্তত পৰিৱেশ সজাগতা নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

এই আন্দোলনক গছ সাৱটি ধৰা আন্দোলন অথবা পৰিৱেশ-নাৰীবাদ নামেৰেও জনা যায়। এই আন্দোল প্রধানতঃ জীৱিকাৰ উৎসৰ ওপৰত বনাঞ্চলৰ জনসাধাৰণৰ অধিকাৰ সাব্যস্ত কৰাৰ হকে গঢ়ি তোলা আন্দোলন আছিল। বনাঞ্চল অথবা তাৰ ওচৰে-পাঁজৰে বসবাস কৰা লোকসকলে বনাঞ্চলৰ পৰা জীৱন-জীৱিকাৰ বিভিন্ন উৎস আহৰণ কৰে। খৰি-খেৰকে আদি কৰি ফল-মূল আদিও সংগ্রহ কৰে বনাঞ্চলৰ পৰা। কিন্তু একে সময়তে তেওঁলোকে বনাঞ্চলৰ ৰক্ষণাবেক্ষণো কৰে। কিন্তু ৰাজ্য চৰকাৰে জনসাধাৰণৰ এই পৰম্পৰাগত অধিকাৰ খৰ্ব কৰি একেই অঞ্চলক ব্যৱসায়িক কামত ব্যৱহাৰৰ বাবে কোনো ক্রীড়া প্রতিষ্ঠানক দিয়াৰ সিদ্ধান্ত লয়। তাৰ বিৰুদ্ধেই এই আন্দোলনৰ সূত্ৰপাত হয়। লাহে লাহে এই আন্দোলন এক বহল পৰিসৰৰ পৰিৱেশ আন্দোলন হিচাপে গঢ় লৈ উঠে। বর্তমান গোটেই বিশ্বতে এই আন্দোলন পৰিৱেশ আন্দোলনৰ বাটকটীয়া বুলি মানি লোৱা হয়। এই আন্দোলনৰ জৰিয়তে গাঁওবাসীয়ে

বনাঞ্চল ধ্বংস কৰা কোনো ঠিকা বা কাম বাহিৰৰ ঠিকাদাৰক নিদিয়াৰ দাবী উত্থাপন কৰে। আৰু ভূমি, পানী তথা বাঞ্চলৰ দৰে প্ৰাকৃতিক সম্পদৰ ওপৰত গাঁওবাসীৰ অধিকাৰৰ দাবী তুলিলে। এই আন্দোলনে চৰকাৰৰ পৰা ক্ষুদ্র উদ্যোগ প্ৰতিষ্ঠাৰ বাবে কম মূল্যৰ সা-সঁজুলিৰ বাবেও দাবী তুলিলে যাতে পৰিৱেশৰ বিনষ্ট সাধন নকৰাকৈ জনসাধাৰণৰ তথা অঞ্চলটোৰ বিকাশ সাধন কৰিব পাৰি।

১১।আৰাকবিৰোধী আন্দোলনটোক তুমি মহিলা আন্দোল বুলি ভাবানে? কাৰণ দর্শোৱা ।

 উত্তৰঃ ভাৰতীয় কৃষক সংঘই যেতিয়া খেতিয়কসকলক একেলগে আনি তেওঁলোকৰ দাবীসমূহ পূৰণ কৰিবৰ কাৰণে আন্দোলনকাৰী আছিল, তেতিয়াই অঙ্গপ্রদেশত, মহিলাসকলে সুৰাপানৰ বিৰুদ্ধে বৃহৎ প্রতিবাদী আন্দোলনত লিপ্ত হৈ আছিল। এই আন্দোলনক আবাক বিরোধী আন্দোলন বোলা হয়। অন্ধ্ৰপ্ৰদেশৰ বহুত ভিতৰুৱা জিলা নেলোৰৰ এখন গাঁৱত, মহিলাসকলে ১৯৯০ চনৰ আগভাগত বৃহৎ সংখ্যাত প্রাপ্তবয়স্ক শিক্ষা অভিযানত অংশগ্ৰহণ কৰে। শ্রেণীত শিক্ষাৰ লগতে মহিলাৰ সমস্যাৰ আলোচনা কৰোতে, বহু সংখ্যক মহিলাই স্থানীয় সুৰাপান কৰি মানসিক আৰু শাৰীৰিকভাৱে অত্যাচাৰ চলোৱা কথাটো সকলে! মহিলাই বিৰোধিতা কৰিছিল। গাঁৱলীয়া অর্থনীতি ইয়াৰ ফলত ক্ষতিগ্রস্ত হৈছিল। সকলো মহিলা একগোট হৈ নেলোৰত আৰাকৰ বিৰুদ্ধে আন্দোলন কৰিছিল। লাহে লাহে গোটেই ৰাজ্যতে এই আন্দোলন বিয়পি পৰিছিল। এই আন্দোলনৰ মূল উদ্দেশ্য হ’ল আৰাক ব্যৱসায় প্ৰতিৰোধ কৰা। এই আন্দোলনৰ দ্বাৰা মহিলাসকলে ৰাজনীতি আৰু অপৰাধৰ মাজৰ সম্পৰ্ক উদঙাই দিয়াত সক্ষম হয়। মহিলাসকলে সম্পত্তিৰ অধিকাৰ আৰু স্ত্ৰীধনৰ ব্যৱস্থা উলংঘা কৰাৰো আন্দোলন কৰিছিল। ৰাজনীতিৰ ক্ষেত্ৰটো মহিলাৰ আৰক্ষণৰ ব্যৱস্থাৰ দাবী জনাইছিল।

দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান প্ৰশ্নোত্তৰ

Sl. No.সূচী-পত্ৰ
Unit 1প্ৰথম খণ্ড
Chapter 1শীতল যুদ্ধৰ যুগ
Chapter 2দ্বি ৰাষ্ট্ৰবাদৰ অৱসান
Chapter 3 আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য
Chapter 4ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ
Chapter 5সাম্প্রতিক দক্ষিণ এছিয়া
Chapter 6আন্তর্জাতিক সংগঠন
Chapter 7সাম্প্রতিক বিশ্বত নিৰাপত্তা
Chapter 8পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ
Chapter 9বিশ্বায়ন
Unit 2দ্বিতীয় খণ্ড
Chapter 1জাতি গঠনৰ প্ৰত্যাহ্বান
Chapter 2এক দলীয় প্রাধান্যৰ যুগ
Chapter 3পৰিকল্পিত বিকাশৰ ৰাজনীতি
Chapter 4ভাৰতৰ বৈদেশিক সম্বন্ধ
Chapter 5কংগ্রেছ ব্যৱস্থাৰ প্রতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্রতিষ্ঠা
Chapter 6গণতন্ত্রৰ সংকট
Chapter 7গণ আন্দোলনৰ অভ্যুত্থান
Chapter 8আঞ্চলিক আকাংক্ষাবোৰ
Chapter 9ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ

১২। দলিত পেস্থাৰৰ দাবীবোৰ কি কি আছিল ?

উত্তৰঃ ড° বি. আৰ. আম্বেদকাৰ ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ সভাপতি আছিল। ভাৰতীয় সংবিধানে আইনগতভাৱে অস্পৃশ্যতাৰ নীতি বৰ্জন কৰিছিল। জাত-পাতৰ ভিত্তিত যিকোনো লোকৰ বিৰুদ্ধে বৈষম্য আচৰণ কৰাটোও সংবিধানে নিষিদ্ধ কৰিছিল। সমাজৰ অৱহেলিত লোকসকল প্ৰগতিৰ স্বাৰ্থত সংবিধান বলবৎ হোৱাৰ পাছত বিশেষ সংৰক্ষণ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছিল। কিন্তু এই সকলো থকাৰ পাছতো দলিতসকলৰ ওপৰত চলি থকা বর্ণবাদী হিন্দু সমাজৰ নিপীড়ন উৎপীড়নৰ অন্ত নপৰিল। ৰাজহুৱা স্থানত দলিতসকলৰ মুক্ত প্ৰৱেশ আগৰ দৰেই নিষিদ্ধ হৈ ব’ল। উচ্চ বৰ্ণৰ লোকৰ ছাঁ গচকিলে অপৰাধ কৰা বুলি শাক্তিৰ সন্মুখীন হোৱা দলিতসকলে ৰাজহুৱা পথ ব্যৱহাৰ কৰিব পৰা নাছিল। শাৰীৰিক আৰু মানসিকভাৱে দলিতসকলৰ ওপৰত তথা তেওঁলোকৰ মহিলা আৰু শিসু ওপৰত চলি থকা অবর্ণনীয় অত্যাচাৰ

অব্যাহত থাকিল। সাংবিধানিক ব্যৱস্থা আৰু চৰকাৰে গ্ৰহণ কৰা বিভিন্ন নীতি বা কাৰ্যসূচীর এই পৰিস্থিতিৰ অৱসান ঘটাব নোৱাৰিলে। দলিতসকলৰ সমৰ্থনত গঢ়ি উঠা ভারতীয় বিপত্রিকান পাৰ্টিৰ দৰে ৰাজনৈতিক দলেও নির্বাচনী ৰাজনীতিত বিশেষ সফলতা লাভ কৰিব নোৱাৰিলে।

এনে এক পৰিস্থিতিতেই দলিতসকলৰ অধিকাৰ সাব্যস্ত কৰিবৰ বাবে ১৯৭২ চনত মহাৰাষ্ট্ৰ দলিত পেস্থাৰ নামৰ এই বিদ্রোহী সংগঠনটোৰ জন্ম হয়। নগৰৰ বস্তি অঞ্চলত বসবাস করা। দলিতসকলৰ প্ৰথম প্ৰজন্মৰ উচ্চ শিক্ষিতসকলেই এই সংগঠন গঢ়ি তোলাত সক্রিয় ভূমিকা পালন কৰিছিল।

দলিত পেছাৰৰ মূল লক্ষ্য আছিল হিন্দু বর্ণবাদী ব্যৱস্থা ভাঙি পেলোৱা। সেই লক্ষ্যত উপনীত হ’বৰ বাবে সমাজৰ সকলো নিপীড়িত লোক, বিশেষকৈ ভূমিহীন কৃষক আৰু চহৰঞ্চালৰ ঔদ্যোগিক খণ্ডৰ শ্ৰমিকসকলক দলিতসকলৰ লগত সংগঠিত কৰাটোও পেস্থাৰৰ অন্যতম উদ্দেশ্য আছিল। এই লক্ষ্য-উদ্দেশ্যক বাস্তবায়িত কৰিবৰ বাবে দলিত পেস্থাৰচ্ েদলিতসকলৰ ওপৰত বৃদ্ধি পোৱা উৎপীড়নৰ বিৰুদ্ধে তীব্ৰ প্ৰতিৰোধ গঢ়ি তুলিছিল। দলিত পেস্থাৰক এই ক্ষেত্ৰত বহুবোৰ সম মনোভাৱাপন্ন সংগঠনে সহায় কৰিছিল। দলিত পেস্থাৰচে চলোৱা অবিৰত আন্দোলনৰ পৰিপ্ৰেক্ষিততেই চৰকাৰে ১৯৮৯ চনত এখন বিস্তৃত আইন প্রণয়ন কৰে। এই আইন অনুসৰি দলিতসকলৰ ওপৰত যিকোনো নির্যাতন চলোৱা লোক কঠোৰ শাস্তিৰ সন্মুখীন হ’ব।

১৩। মণ্ডল আয়োগৰ পৰামৰ্শসমূহ আলোচনা কৰা।  

উত্তৰঃ ১৯৯০ চনৰ মাজভাগত ভাৰতীয় ৰাজনীতিক হঠাৎ জাতিভিত্তিক হিংসা-প্রতিহিংসাৰ জুযে ছানি ধৰিলে। এই হিংসা-প্রতিহিংসাৰ মূলতে আছিল বিশ্বনাথ প্রতাপ সিংহ নেতৃত্বাধীন নেশ্যনেল ফ্ৰণ্ট চৰকাৰৰ দ্বাৰা মণ্ডল আয়োগৰ পৰামৰ্শৱলীৰ বলবৎকৰণ। মোৰাৰজী দেশাই নেতৃত্বাধীন জনতা চৰকাৰে (১৯৭৭-৭৯) নিযুক্তি দিয়া এই আয়োগৰ পৰামৰ্শৱলী ইন্দিৰা গান্ধী তথা ৰাজীৱ গান্ধী নেতৃত্বাধীন চৰকাৰে বলৱৎ কৰা নাছিল। এই আয়োগে পৰামৰ্শ আগবঢ়াইছিল যে চৰকাৰী তথা ৰাজহুৱা প্ৰতিষ্ঠানসমূহৰ ২৭ শতাংশ চাকৰি পিছপৰা জাতিসমূহৰ বাবে সংৰক্ষিত হ’ব লাগে। ১৯৯০ চনৰ আগষ্ট মাহৰ ৭ তাৰিখে বিশ্বনাথ প্রতাপ সিং নেতৃত্বাধীন নেশ্যনেল ফ্রন্ট চৰকাৰে এই পৰামৰ্শ বলৱৎ কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰাৰ লগে লগেই জাতি-হিংসা আৰু প্রতিহিংসাই তীব্র ৰূপ ধাৰণ কৰে। ১৯৯০ চনৰ পিছত ভাৰতীয় ৰাজনীতিৰ চৰিত্ৰ নিৰূপণত মণ্ডল আয়োগৰ পৰামৰ্শৱলীৰ বলৱৎকৰণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

মণ্ডল আয়োগৰ পৰামৰ্শৱলী বলৱৎ কৰাৰ ফলত অন্যান্য পিছপৰা শ্ৰেণীসমূহ আৰ্থিক আৰু সামাজিকভাৱে লাভাৱান্বিত হোৱাৰ লগতে ৰাজনৈতিকভাৱেও সংগঠিত হ’ব ধৰিলে। ফলত অন্যান্য পিছপৰা শ্রেণীসমূহে বহু ৰাজনৈতিক দলো গঢ়ি তুলিলে। এই দলসমূহে অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ বাবে অধিক সা-সুবিধা দাবী কৰাৰ লগতে প্রশাসনিক তথা ৰাজনৈতিক ক্ষেত্ৰ  সমূহত প্রতিনিধিত্ব লাভ কৰাৰ হকেও দাবী তুলিলে। 

১৪। নামদেৱ আৰু ধালে কোন আছিল? শ্রেণী সংগ্ৰামৰ বিষয়ে কেইশাৰীমান লিখা।

উত্তৰঃ নামদেৱ আৰু ধালে দলিত লেখক আছিল। তেওঁলোকে জাতি ব্যৱস্থাৰ অন্যায় আৰু নিষ্ঠুৰতাৰ বিৰুদ্ধে প্রতিবাদ কৰি বিভিন্ন লিখনি লিখিছিল।

১৫। কাশ্মীৰৰ পৃথকতাবাদী ৰাজনীতিত বিভিন্ন ৰূপবোৰ কি কি?

উত্তৰঃ কাশ্মীৰক কেন্দ্ৰ কৰি বিগত ছয় দশকৰো অধিক কাল ধৰি জম্মু-কাশ্মীৰৰ অব্যাহত থকা সংকট আৰু সংঘাত ভাৰতবৰ্ষৰ এক আভ্যন্তৰীণ সমস্যা হৈ ৰোৱা নাই। ই ভাৰতবৰ্ষৰ বাবে এক দ্বি-পাক্ষিক সমস্যাও। কাৰণ কাশ্মীৰক কেন্দ্ৰ কৰিয়েই ভাৰতবৰ্ষ আৰু পাকিস্তানৰ মাজত সংঘাত চলি আহিছে আৰু দুয়োখন দেশৰ মাজত তিনিখন যুদ্ধ সংঘটিত হৈছে। পাকিস্তানে কাশ্মীৰক দেশখনৰ সহজাত অংগ বুলি ভাবে আৰু এই সহজাত অংগক ভাৰতবৰ্ষৰ পৰা মুক্ত কৰাৰ স্বাৰ্থতে ১৯৪৭ চনত পাঠান জনজাতীয় লোকৰ দ্বাৰা কাশ্মীৰ উপত্যকাত আক্রমণ চলাইছিল। এই আক্ৰমণৰ ফলশ্ৰুতিতে ৰাজ্যখনৰ এটা অংশ পাকিস্তানৰ হাতলৈ যায়। এই অংশটোক পাকিস্তানে “আজাদ কাশ্মীৰ” বুলি কোৱাৰ বিপৰীতে ভাৰতবৰ্ষই “পাক অধিকৃত কাশ্মীৰ” বুলি কয়। অন্যহাতে ভাৰতবৰ্ষৰ লগত থকা কাশ্মীৰক পাকিস্তানে “ভাৰত অধিকৃত কাশ্মীৰ” বুলি অভিহিত কৰে। ভাৰতবৰ্ষই অধিকাৰ কৰি ৰখা বুলি ভবা কাশ্মীৰক উদ্ধাৰ কৰিবৰ বাবেই পাকিস্তানে কাশ্মীৰত গঢ়ি উঠা সন্ত্রাসবাদক পৃষ্ঠপোষকতা কৰি অহা বুলি ভাৰতবৰ্ষই অভিযোগ কৰি আহিছে আৰু সেয়েহে ১৯৪৭ চনৰ পৰাই কাশ্মীৰ ভাৰত-পাক সংঘাতৰ কেন্দ্ৰবিন্দু হৈ আহিছে।

১৬। কেতিয়া চিকিমক ভাৰতৰ সৈতে চামিল কৰা হৈছে।

উত্তৰঃ স্বাধীনতাৰ সময়ত চিক্কিম এখন ভাৰতৰ দ্বাৰা সংৰক্ষিত ৰাজ্য আছিল। ৰাজ্যখনৰ প্ৰশাসন ৰজাৰ হাতত আৰু সামৰিক আৰু বৈদেশিক দিশ ভাৰত চৰকাৰৰ হাতত আছিল। ৰজা চয়গালে ভাৰতৰ গণতান্ত্রিক ব্যৱস্থা ভাল পোৱা নাছিল। কিন্তু, ৰাইজৰ আশা-আকাংক্ষাৰ বিৰোধিতা কৰিব পৰা নাছিল। এই ৰাজ্যৰ নেপালী সম্প্ৰদায়ৰ লোকসকল সংখ্যাগৰিষ্ঠ আৰু লেপছা-ভোটীয়াসকল সংখ্যালঘু আছিল। এই জনগণক ভাৰত চৰকাৰে সমৰ্থন জনাইছিল। ১৯৭৪ চনত, চিক্কিমত প্ৰথমটো গণতান্ত্রিক নির্বাচন হৈছিল য’ত চিক্কিম কংগ্ৰেছ জয়ী হৈছিল। ১৯৭৫ চনত, প্ৰথমতে সদনত চিক্কিম সহকাৰী ৰাজ্য সংলগ্ন ৰাষ্ট্ৰৰ মৰ্যাদা দিছিল। কিন্তু, পিছত সদনৰ অনুৰোধত ভাৰতীয় সংসদে চিক্কিমক ২২ নং ৰাজ্য হিচাপে স্বীকৃতি দিয়ে। এনেদৰেই, ভাৰতৰ লগত চিক্কিম অন্তর্ভুক্ত হয়।

১৭। ভাৰতীয় গণতন্ত্ৰৰ বাবে আঞ্চলিকতাবাদ ভাল বুলি তুমি ভাবানে?

উত্তৰঃ ভাৰতবৰ্ষৰ দৰে এখন বিশাল আৰু বৈচিত্রপূর্ণ দেশত আঞ্চলিক দলৰ প্ৰয়োজন আছে। আঞ্চলিক দলেছে কোনো এখন ৰাজ্যৰ সমস্যাবোৰ সঠিকভাৱে সমাধানৰ বাবে আগবাড়ির পাৰে। 

আনহাতে আঞ্চলিক দলৰ জৰিয়তে স্থানীয় ৰাজ্য বা অঞ্চলৰ ভাষা, সংস্কৃতি সুৰক্ষিত কৰাৰ দৃঢ় পদক্ষেপ ল’ব পৰা যায়।

১৮। চমুটোকা লিখা

(ক) ই.ভি. ৰামস্বামী নাইকাৰ।

উত্তৰঃ ই. ভি. ৰামস্বামী নাইকাৰৰ জন্ম হৈছিল১৮৭৯ চনত। তেঁও দ্ৰাবিড়িয়ান আন্দোলনৰ এজন অন্যতম নেতা আছিল।

১৯। মহিলাৰ সামাজিক মর্যদা সম্পর্কে এটা চমু টোকা লিখা। 

উত্তৰঃ মহিলাসকলৰ সামাজিক মর্যদা অতিকৈ নিম্নখাপৰ। জীৱনৰ প্ৰতিটো খোজতে তেওঁলোকে ধমকি ৰ’ব লগা হয়। কোনো অভিলাষা অবিহনেই মহিলাসকলে ঘৰখনৰ উন্নয়নৰ হতে জীবন উৎসর্গা কৰিবলগীয়া হৈছিল কিন্তু আশীৰ দশকৰ সময়ছোৱাত পৃথিৱীৰ বিভিন্ন ঠাইত নাৰীবাদী আন্দোলনে গা কৰি উঠিছিল। যিবোৰে সমাজত মহিলাৰ মৰ্যদা অধিক উন্নীত কৰি তুলিছিল। এই আন্দোলনবিলাকে মহিলাৰ বিৰুদ্ধে যৌন আতিশয্য, পাৰিবাৰিক হিংসা, যৌতুক ব্যৱস্থাৰ বিৰুদ্ধে অভিযান আৰু লিংগ সমতাৰ প্ৰমূল্যতা ভিত্তিত ব্যক্তিগত আৰু ব্যক্তিগত আইনক দাবীৰ দৰে বিষয়সমূহৰ ওপৰত যথোচিত গুৰুত্ব আৰোপ কৰিছিল।

২০। চিপকো আন্দোলনৰ দাবীবোৰ কি কি আছিল?

উত্তৰঃ এক পৰিৱেশীয় আন্দোলন হিচাপে চিপকো আন্দোলনৰ দাবীসমূহ আছিল এনে ধৰণৰ –

(ক) বহিৰাগতসকলৰ লগত বনাঞ্চল শোষা বিষয়ক চুক্তি কৰা নহ’ব।

(খ) ভূমি, পানী আৰু বনাঞ্চলৰ দৰে প্ৰাকৃতিক সম্পদৰ ওপৰত স্থানীয় সম্প্রদায়বিলাকৰ ফলপ্রসূ নিয়ন্ত্রণ থাকিব।

(গ) ক্ষুদ্র উদ্যোগসমূহক চৰকাৰে নিম্ন ব্যয়ৰ সমল যোগান ধৰিব আৰু পাৰিপাৰ্শ্বিক ভাৰসাম্য ক্ষতিগ্রস্ত নোহোৱাকৈ অঞ্চলটোৰ উন্নয়নত মনোনিৱেশ কৰিব। 

(ঘ) ভূমিহীন কনকৰ্মীসকলৰ অৰ্থনৈতিক সমস্যাক আন্দোলনটোৱে গুৰুত্ব দিয়াৰ লগতে নিম্নতম মজুবিৰ নিশ্চয়তা দাবী জনাইছিল।

২১৷ স্বাধীনতাৰ সময়ত অর্থনৈতিক বিকাশৰ আদৰ্শ সম্পৰ্কীয় বিভিন্ন বিষয়ৰ সামাজিক আন্দোলনসমূহে কিদৰে উত্থাপন কৰিছিল?

উত্তৰঃ স্বাধীনতাৰ সময়ত ভাৰতে গ্ৰহণ কৰা অৰ্থনৈতিক উন্নয়নৰ আৰ্হিৰ সন্দৰ্ভত সামাজিক আন্দোলনবিলাকে বিভিন্ন বিষয় উত্থাপন কৰিছিল।

(ক) পাৰিপাৰ্শ্বিক স্খলনতাৰ বিষয়টো চিপকো আন্দোলনে দৃষ্টিগোচৰ কৰাইছিল।

 (খ) কৃষিখণ্ডৰ প্ৰতি অৱহেলাৰ মনোভাব পোষণ কৰাৰ বিৰুদ্ধে ভাৰতীয় কিমান ইউনিয়ন শ্রমিক সংগঠনটোৱে অভিযোগ উত্থাপন কৰিছিল।

 (গ) দলিতসকলে তেওঁলোকৰ প্ৰতি আৰ্থ-সামাজিক শোষণ আৰু বঞ্চনার বিরুদ্ধে সংগ্ৰামৰ সূত্ৰপাত কৰিছিল।

(ঘ) বৃহৎ বৃহৎ উন্নয়ন প্রকল্পবিলাক (যেনে- সৰদাৰ সৰোবৰ প্ৰকল্প আৰু নর্মদা বচাওঁ আন্দোলন)ৰ ফলশ্ৰুতিত হোৱা স্থানান্তৰ্তিকৰণ।

২২।ভাৰতত গণ বা সামাজিক আন্দোলনে কিদৰে গণতন্ত্রক শক্তিশালী কৰি তুলিছে? ইয়াৰ সীমাবদ্ধতাসমূহ কি কি?

উত্তৰঃ গণ বা সামাজিক আন্দোলনবিলাক ভাৰতত অধিক শক্তিশালী ভাবতীয় গণতন্ত্রই নাগৰিকসকলক তেওঁলোকৰ অধিকাৰৰ বিষয়ে সচেতন কৰি তোলে। আৰু ইয়েই পৰৱৰ্তী সময়ত ৰাষ্ট্ৰত গণতান্ত্রিক অনুষ্ঠানবিলাকৰ বৃদ্ধিত সহায় কৰে। দলীয় ৰাজনীতিৰ কাৰ্যক্ৰমণিকাত এই আন্দোলনবিলাকে কেতবোৰ সংস্কাৰ আঙুলিয়াই দিয়াৰ উদ্দেশ্যে গঢ় লৈ উঠিছে। আৰু ই বিলাকক আমাৰ গণতান্ত্ৰিক ৰাজনীতিৰ অবিচ্ছেদ্য অংগৰূপে বিবেচনা কৰা উচিত। এইবিলাকে কেতবোৰ নতুন সামাজিক গোট প্রতিনিধিত্ব কৰে যিবিলাকৰ নেকি আৰ্থিক আৰু সামাজিক অভিযোগসমূহ নিষ্পত্তি কৰাৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়াটোত কোনো বিশেষ পদক্ষেপ লোৱা পৰিলক্ষিত নহয়। বিভিন্ন গোটবিলাকৰ ফলপ্রসূ প্রতিনিধিত্ব আৰু লগতে তেওঁলোকৰ দাবী দাবাজসমূহৰ উপযুক্ত নিশ্চয়তা প্রদান কৰে। এই আন্দোলনবিলাকৰ সীমাবদ্ধতাসমূহ –

(ক) ৰাজহুৱা নীতিবিলাকৰ ওপৰত আন্দোলনবিলাকৰ দৈনন্দিন জীৱনৰ প্ৰভাৱ একেবাৰে সীমিত আছিল। বৰ্তমানৰ প্ৰায়বিলাক আন্দোলনৰ মূল বিষয় এককেন্দ্রিক হোৱা দেখা যায় আৰু সমাজৰ একোটা মাত্র বিশেষ শ্ৰেণীৰহে প্রতিনিধিত্ব কৰে। এনেদৰে এই আন্দোলনবিলাকৰ যুক্তি সংগত দাবীসমূহক আওকাণ কৰা দেখা যায়।

(খ) সমাজৰ অৱহেলিত গোটবোৰৰ এক বৃহৎ মৈত্ৰীৰ আৱশ্যকতা গণতান্ত্ৰিক ৰাজনীতিয়ে স্বীকাৰ কৰে। এনে ধৰণৰ মৈত্রী এনে সামাজিক আন্দোলনবিলাকৰ গঠন কৰাতো অসম্ভৱ।

(গ) ৰাজনৈতিক দলবিলাকে বিভিন্ন শ্ৰেণীৰ স্বাৰ্থক একত্ৰিত কৰাৰ প্ৰয়াস কৰে যদিও অপৰাগ হোৱা দেখা যায়।

২৩। নর্মদা বচাও আন্দোলনে ইয়াৰ দাবীবোৰক আগবঢ়াই নিবলৈ কি কি কৌশল অবলম্বন কৰিছিল?

উত্তৰঃ নর্মদা বচাও আন্দোলনে দাবী জনাইছিল যে এতিয়ালৈকে ৰাষ্ট্ৰই সম্পূৰ্ণ কৰা বৃহৎ উন্নয়নমূলক প্রকল্পসমূহত হোৱা খৰচ আৰু এইবোৰৰ পৰা লাভ কৰা উপকাৰৰ বিশ্লেষণ হোৱা উচিত। আন্দোলনটোৱে দাবী জনাইছিল যে এনে বিশ্লেষণত, বিকাশমূলক প্রকল্পসমূহৰ বাবে হোৱা বৃহত্তৰ সামাজিক ব্যয় সমূহৰো হিচাপ হোৱা উচিত। প্ৰকল্পৰ দ্বাৰা ক্ষতিগ্রস্ত হোৱা লোকসকলক বলপূর্বক পুনৰ সংস্থাপন তেওঁলোকৰ জীবিকা নির্বাহৰ উপায় হানি আৰু সাংস্কৃতিক আৰু পাৰিপাৰ্শ্বিক সম্পদ অবক্ষৰ আদি সামাজিক ব্যয়ৰ অন্তৰ্ভুক্ত হ’ব লাগে।

২৪। মহিলাৰ সামাজিক মর্যাদা সম্পর্কে এটা চমু টোকা লিখা। 

উত্তৰঃ ভাৰতীয় সমাজ ব্যৱস্থাত পুৰুষসকলে আধিপত্য বিস্তাৰ কৰি অহাৰ বিপৰীতে মহিলাসকলে অতীজৰ পৰা শোষণ, বঞ্চনা, উৎপীড়ন, অবহেলাৰ সন্মুখীন হৈ আহিছে। ঊনৈশ শতিকাত মহিলাসকলৰ স্থান আৰু মৰ্যাদা ভাৰতীয় সমাজত প্ৰতিষ্ঠা কৰিবলৈ প্ৰথমে আগবাঢ়ি আহিছিল কেইগৰাকীমান বৰেণ্য ভাৰতীয় পুৰুষ। ভাৰতৰ ৰাজনৈতিক নেতৃত্বয়ো স্বাধীনতা আন্দোলনৰ সময়ত মহিলাসকলক গতিশীলতা প্ৰদান কৰি স্বাধীনতা সংগ্ৰামত অংশ গ্ৰহণৰ অনুপ্ৰেৰণা যোগাইছিল। বিগত চাৰিটা দশকত ভাৰতৰ নাৰী আন্দোলনটোৱে গতি লাভ কৰিছে। ভাৰতীয় সমাজত মহিলাৰ মৰ্যাদা উন্নত কৰাৰ বাবে বিভিন্ন মহিলা সংগঠনে আত্মপ্ৰকাশ কৰি আহিছে। ভাৰতত মহিলাসকলে কিছুমান অতি গুৰুত্বপূৰ্ণ অধিকাৰৰ বাবে যুঁজ দি আহিছে আৰু বহুক্ষেত্ৰত সফলতাও লাভ কৰিছে। মহিলাসকলৰ ক্ৰমাগত দাবীৰ প্ৰতি সহাঁৰি জনাই সংসদে মহিলাৰ স্থান আৰু মৰ্যাদা বৃদ্ধিৰ বাবে বিভিন্ন আইন প্রণয়ন কৰিছে।

২৫। মহিলাৰ সবলীকৰণৰ এটা উপায় হিচাপে সংসদ আৰু ৰাজ্যিক বিধান সভাসমূহত আসন সংৰক্ষণৰ দাবীটো পৰীক্ষা কৰা।

উত্তৰঃ ভাৰতীয় মহিলাৰ অধিকাৰ আৰু আইনগত সুৰক্ষাৰ অৰ্থে সংসদে ১৯৯০ চনত এখন আইন প্রণয়ন কৰে। ৰাজনৈতিক ক্ষমতা আৰু সিদ্ধান্ত গ্ৰহণকাৰী প্ৰক্ৰিয়াত মহিলাৰ অংশ গ্রহণত উৎসাহিত কৰাৰ বাবে সংবিধানৰ ৭৩ নং আৰু ৭৪ নং সংশোধনীৰ জৰিয়তে পঞ্চায়ত আৰু পৌৰ নিগমসমূহত এক তৃতীয়াংশ আসন মহিলাৰ বাবে সংৰক্ষণ কৰা হৈছে। কেন্দ্ৰীয় আৰু ৰাজ্যিক বিধানমণ্ডললৈ এই ধৰণৰ সংৰক্ষণৰ ব্যৱস্থাৰ সম্প্ৰসাৰণ ঘটাবলৈও দাবী জনোৱা হৈছিল। কিন্তু এতিয়ালৈকে সংসদত প্রয়োজন হোৱা সমৰ্থন লাভ কৰিব পৰা নাই

২৬। দলবিহীন ৰাজনৈতিক আৰ্হিৰ প্ৰকৃতি সম্পৰ্কত আলোকপাত কৰা।

 উত্তৰঃ স্বাধীন ভাৰতত গণতান্ত্ৰিক ব্যৱস্থা এটা গ্ৰহণ আৰু কাৰ্যকৰী কৰাৰ পিছতো ভাৰতীয় জনসাধাৰণৰ মাজত অসন্তুষ্টি আৰু হতাশাৰ সৃষ্টি হৈছিল। বিকাশ আৰু ন্যায়ৰ সংকল্পৰে। স্বাধীন ভাৰতত পশ্চিমীয়া উদ্ধাৰবাদী পৰম্পৰাৰ ওপৰত আধাৰিত এখন সংবিধান ৰচনা আৰু গ্ৰহণ কৰা হৈছিল যদিও এই গণতান্ত্রিক ব্যৱস্থা আৰু সংবিধানখনে ভাৰতীয় জনসাধাৰণৰ প্রত্যাশা পূৰণ কৰিব নোৱাৰিলে। ফলস্বৰূপে স্বাধীনতাৰ পিছৰ পৰা ভাৰতত বিভিন্ন ধৰণৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক সংকটৰ সৃষ্টি হৈ আহিছে। চৰকাৰে এই সংকটসমূহৰ ভালদৰে সন্মুখীন হোৱাত বিশেষ সফলতা লাভ কৰিব নোৱাৰ বাবে, বিভিন্ন সময়ত বিভিন্ন আন্দোলন গঢ় লৈ উঠিছে। ন্যায্য দাবীত বিভিন্ন সময়ত জনসাধাৰণে সংঘবদ্ধভাবে চৰকাৰৰ কিছু কাৰ্যৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰি আহিছে। কৃষক, মহিলা, বিকাশ আক্রান্ত লোক আদিয়ে বিভিন্ন সময়ত চৰকাৰৰ বিৰুদ্ধে আন্দোলনৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে।

২৭। অন্ধ্ৰপ্ৰদেশৰ আৰক বিৰোধী আন্দোলনে কিছুমান গুৰুতৰ বিষয়ৰ প্ৰতি দেশৰ দৃষ্টি আকৰ্ষণ কৰিছিল। সেইবোৰ চিনাক্ত কৰা।

উত্তৰঃ অন্ধ্ৰপ্ৰদেশৰ আৰক বিৰোধী আন্দোলনে মহিলাসকলৰ জীৱনত প্ৰভাৱ পেলোৱা ডাঙৰ ডাঙৰ সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক সমস্যা স্পৰ্শ কৰিছিল। চহৰ অঞ্চলৰ মধ্যবিত্ত শ্ৰেণীৰ মহিলাৰ মাজতহ ঘৰুৱা নির্যাতন, যৌতুক প্রথা, কর্মস্থলী আৰু ৰাজহুৱা স্থানত যৌন নির্যাতন আদি বিষয়ত কাম কৰা মহিলাৰ গোটসমূহ সক্ৰিয় আছিল। এই আন্দোলনে যৌতুক ব্যৱস্থাৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল আৰু লিংগ সমতাৰ ভিত্তিত পাৰিবাৰিক আৰু সম্পত্তি আইনৰ নিগমসমূহ নিৰ্ধাৰণ কৰিবলৈ দাবী জনাইছিল।

২৮। নর্মদা বচাও আন্দোলনে নর্মদা উপত্যকাৰ বান্ধ প্ৰকল্পৰ কিয় বিৰোধিতা কৰিছিল ? 

উত্তৰঃ নর্মদা নদীৰ বান্ধ নিৰ্মাণৰ প্ৰতিবাদস্বৰূপে ১৯৮৮-৮৯ চনত নর্মদা বাচাও আন্দোলন আৰম্ভ হয়। ফলস্বৰূপে ২৪৫ খন গাওঁ জলমগ্ন হোৱাৰ লগতে এই গাওঁসমূহৰ প্ৰায় দুই লাখ ৫০ হেজাৰ লোক ক্ষতিগ্রস্ত হ’ব। নর্মদা বচাও আন্দোলনে দাবী জনায় যে প্ৰকল্পৰ দ্বাৰা প্রত্যক্ষ আৰু পৰোক্ষভাবে ক্ষতিগ্রস্ত লেকাসকলক চৰকাৰে উপযুক্তভাবে পুনৰ সংস্থাপন কৰিব লাগিব। আন্দোলনটোৱে সিদ্ধান্ত গ্রহণ প্রক্রিয়াত স্থানীয় লোকৰ অংশগ্ৰহণৰ দাবী উত্থাপন কৰাৰ লগতে পানী, ভূমি, বননি আদি প্রাকৃতিক সম্পদৰ ওপৰত স্থানীয় জনসাধাৰণৰ নিয়ন্ত্ৰণৰ দাবী জনায় । আন্দোলনটোৰ মতে বৃহৎ উন্নয়নমূলক প্রকল্প নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণৰ সময়ত স্থানীয় সম্প্ৰদায়ৰ মতপ্ৰকাশৰ অধিকাৰ থাকিব লাগিব।

২৯। নতুন সামাজিক আন্দোলন আৰু বিপ্লৱাত্মক আদৰ্শৰ মাজত পাৰ্থক্য কি? 

উত্তৰঃ নতুন সামাজিক আন্দোলন আৰু বিপ্লৱাত্মক আন্দোলনৰ মাজত থকা প্রধান পার্থক্যকেইটা হ’ল –

(ক) নতুন সামাজিক আন্দোলনবিলাক হৈছে অনানুষ্ঠানিক ইচ্ছাকৃত আৰু সামাজিক আৰু অর্থনৈতিক অন্যায় অবিচাৰমূলক বিষমমূলক কেন্দ্ৰ কৰি প্ৰকাশ কৰা বিভিন্ন দাবীসমূহৰ সামূহিক প্রচেষ্টা; কিন্তু বিপ্লৱাত্মৰ আন্দোলন হৈছে দলীয় আন্দোলন যাৰ উদ্দেশ্য হৈছে ৰাজনৈতিক পৰিবৰ্তন সাধন কৰা।

(খ) নতুন সামাজিক আন্দোলনৰ উদ্দেশ্য হৈছে সমাজত পৰিবৰ্তন সাধন কৰা, কিন্তু বিপ্লৱাত্মক আন্দোলনে ৰাজনৈতিক সমর্থনৰ ওপৰত ভিত্তি কৰি কেতবোৰ পৰিবৰ্তন সাধনৰ চেষ্টা কৰে।

(গ) বিপ্লৱাত্মক আন্দোলনৰ উদ্দেশ্য হৈছে সামাজিক পৰিবৰ্তনৰ জৰিয়তে সমতা, ন্যায় আৰু উন্নয়নৰ ঢৌ অনা আনহাতে নতুন সামাজিক আন্দোলনে জনসাধাৰণৰ জীৱন জীৱিকা তথা ইয়াৰ উৎসসমূহ ৰক্ষা কৰাটোৱেই এই আন্দোলৰ লক্ষ্য।

(ঘ) বিপ্লৱাত্মক আন্দোলনৰ এটা জাতি বা এখন দেশৰ মুক্তিৰ আন্দোলন কিন্তু নতুন সামাজিক আন্দোলন হ’ল এটা অঞ্চলৰ মুক্তি বা সংৰক্ষণৰ আন্দোলন।

৩০। চৰ্দাৰ সৰোবৰ প্ৰকল্পৰ ওপৰত এটা টোকা লিখা। 

উত্তৰঃ নর্মদা নদীৰ ওপৰত যি নদী বান্ধ নিৰ্মাণ কৰিব বিচৰা হৈছিল ইয়াক চৰ্দাৰ সৰোবৰ প্ৰকল্প বোলা হয়। চৰ্দাৰ সৰোবৰ প্ৰকল্প হৈছে এটা বহুমুখী বৃহৎ বান্দ। ইয়াৰ সমৰ্থকসকলে কয় যে গুজৰাট আৰু ইয়াৰ সংলগ্ন তিনিখন ৰাজ্যক খোৱাপানী, জলসিঞ্চন, বিদ্যুৎ উৎপাদন আৰু কৃষিৰ উৎপাদন বৃদ্ধিত সহায় কৰিব। ইয়াৰ উপৰিও অঞ্চলটোত বানপানী আৰু খৰাং বতৰ নিয়ন্ত্ৰণৰ দৰে আন আনুষংগিক উপকাৰো বান্ধটোৰ সফলতাৰ লগত জড়িত কৰা হৈছিল। বান্ধটোৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ এই ৰাজ্যবোৰৰ ২৪৫ খন গাওঁ জলমগ্ন হ’ব বুলি আশংকা কৰা হৈছিল। এই গাওঁবোৰৰ পৰা প্ৰায় ২,৫০,০০০ অধিবাসীক পুনৰ সংস্থাপন কৰাৰ প্ৰয়োজন

হৈছিল। প্ৰকল্পটোৰ দ্বাৰা ক্ষতিগ্রস্ত হোৱা লোকসকলৰ পুনৰ সংস্থাপনৰ বিষয়টো প্রথমে স্থানীয় সক্ৰিয় কৰ্মীৰ গোটসমূহে উত্থাপন কৰিছিল।

৩১। সেউজ বিপ্লৱ কি? চমুকৈ আলোচনা কৰা।

 উত্তৰঃ ১৯৬০ দশকৰ মাজভাগৰ পৰা ভাৰতত পৰম্পৰাগত আওপুৰনি কৃষি কৌশলৰ প্রযুক্তিবিদ্যাই গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। নতুন উন্নত জাতৰ বীজ আৰু সাৰৰ লগতে জলসিঞ্চনৰ ব্যৱহাৰৰ ব্যৱস্থা ভাৰত চৰকাৰে গ্ৰহণ কৰে। এই নতুন পদ্ধতিটোক সেউজ বিপ্লব বোলা হয়।

৩২। সামাজিক আন্দোলন বুলিলে কি বুজা ? ই গণতন্ত্রক শক্তিশালী কৰেনে? 

উত্তৰঃ সামাজিক আন্দোলন মানে হ’ল কিছুমান সংগঠনৰ দ্বাৰা অথবা কোনো ধৰণৰ সংগঠন অবিহনে সংঘটিত হোৱা স্থানীয় প্রতিবাদ, আন্দোলন অথবা সংগ্রামক বুঝায়। সামাজিক আন্দোলন প্রতিশব্দটো সামাজিক আৰু ৰাজনৈতিক পৰিবৰ্তনৰ বাবে যিকোনো ধৰণৰ অনা অননুষ্ঠানিক ইচ্ছাকৃত সংঘবদ্ধ কাৰ্যৰ ক্ষেত্ৰত ব্যৱহৃত হৈ আহিছে।

এই আন্দোলন গণতান্ত্রিক শক্তিশালী কৰাত সহায় কৰে। এই আন্দোলনৰ দ্বাৰা জনসাধাৰণক নিজৰ অধিকাৰ আৰু ৰাজনৈতিক সচেতনতা বৃদ্ধি কৰাত সহায় কৰে।

(ঘ) দীঘল প্রশ্নোত্তৰ : মূল্যাংক : ৬ নম্বৰকৈ

১।নর্মদা বচাওঁ আন্দোলনে নর্মদা উপত্যকাত বান্ধ প্ৰকল্পৰ কিয় বিৰোধিতা কৰিছিল?

  অথবা

নর্মদা বাচাও আন্দোলন সম্পর্কে চমুকৈ আলোচনা কৰা। তুমি এই আন্দোলনটো যুক্তিসংগত বুলি ধাৰণা কৰানে? তোমাৰ যুক্তিৰ কাৰণ দর্শোৱা। 

উত্তৰঃ নৰ্মাদা বাচাও আন্দোলনৰ নেতৃত্ব দিছিল মেধা পাটেকাৰে। নৰ্মাদা বাচাও আন্দোলন আছিল নর্মদা নদী ৰক্ষাৰ আন্দোলন। বিকাশৰ নামত চৰকাৰে সূচনা কৰা এটা বিশেষ প্রকল্প নর্মদা নদী আৰু নর্মদা উপত্যকা বসবাস কৰা লোকৰ জীৱন আৰু জীৱিকাৰ প্ৰতি সৃষ্টি কৰিবৰ পৰা ভয়াৱহতাৰ পৰা ৰক্ষা পাবৰ বাবেই এই আন্দোলন গঢ়ি তুলিছে। বিতর্ক আৱর্তত সোমাই পৰা এই প্ৰকল্পৰ নাম হ’ল “চৰ্দাৰ সৰোবৰ প্ৰকল্প”। ১৯৮৬ চনত মহাৰাষ্ট্ৰত “নর্মদা বান্ধৰ দ্বাৰা ক্ষতিগ্রস্ত লোকৰ সমিতি” গঢ় লৈ উঠে। গুজৰাট আৰু মধ্যপ্রদেশতো এনেকুৱা ধৰণৰ সংগঠনে জন্মলাভ কৰে। ১৯৮৯ চনত এই সকলো সংগঠন লগ লাগি নর্মদা বচাও আন্দোলনৰ জন্ম দিয়ে। মেধা পাটকাৰে নর্মদাৰ আন্দোলনক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্রতিষ্ঠা কৰাৰ ক্ষেত্ৰত তৎকালেই সফলতা লাভ কৰে আৰু তেওঁ নর্মদা বচাও আন্দোলনৰ অবিসম্বাদী নেত্ৰী হৈ উঠে। বৰ্তমান সময়ত ভাৰতবৰ্ষৰ বৃহৎ নদীবন্ধা বিৰোধী আন্দোলনসমূহৰ এক প্রতীক হিচাপে পৰিগণিত হৈছে মেধা পাটকাৰ। বর্তমান সময়ত অসমত গঢ়ি উঠা বৃহৎ নদীবান্ধ বিৰোধী আন্দোলনক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰতো মেধা পাটকাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অসমৰ বৃহৎ নদীবান্ধ বিৰোধী আন্দোলনৰ অগ্ৰণী সংগঠন কৃষক মুক্তি সংগ্রাম সমিতি, অসমক ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি প্রদান কৰি মেধা পাটকাৰে অসমৰ তথা উত্তৰ-পূৱ ভাৰতৰ বৃহৎ নদীবান্ধ বিৰোধী সংগ্রামকো এক ৰাষ্ট্ৰীয় সংগ্ৰামলৈ উন্নীত কৰিছে।

২।প্রতিবাদী আন্দোলনৰ ফলত গণতন্ত্র শক্তিশালী হয়নে? যুক্তি দিয়া।

 উত্তৰঃ তথ্য জনাৰ অধিকাৰৰ আন্দোলন আৰম্ভ হৈছিল ১৯৯০ চনত। ইয়াৰ আৰম্ভণীয় ক্ষেত্ৰত মজদুৰ কিষাণ শক্তি সংগঠনৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। এই সংগঠনৰ অধীনত, ৰাজস্থানত মজদুৰসকলৰ আয়-ব্যয় আৰু মহামাৰী সাহায্যৰ কাৰ্যৰ ৰেকৰ্ড বিচাৰিছিল। ভিম তেহচিল নামৰ ভিতৰুৱা গাঁওখনত এইটো প্ৰথমতে উত্থাপন হৈছিল। কাগজে-পত্রই সকলোবোৰ প্রকল্প গঠনৰ কাম সমাপ্ত হোৱা বুলি উল্লেখ আছে যদিও প্রকৃততে সকলো গাঁওবাসীয়ে পুঁজিৰ অপব্যৱহাৰ হৈছে বুলি অৱগত আছিল। ১৯৯৪ আৰু ১৯৯৬ চনত এই সংগঠনটোৱে জনতাৰ শুনানিৰ ব্যৱস্থা কৰি প্ৰশাসনক ব্যাখ্যা কৰিবৰ বাবে দাবী জনায়। ফলত, ৰাজস্থান পঞ্চায়ত আইনৰ সংশোধন কৰি পঞ্চায়তৰ পৰা জনসাধাৰণে তথ্য লোৱাৰ সুযোগ পায়। পঞ্চায়তে সকলো তথ্য বাতৰি কাকতত প্ৰচাৰ কৰিব লগা হয়। ১৯৯৬ চনত, এই সংগঠনটোৱে তথ্য লাভৰ অধিকাৰটো জাতীয় মর্যাদাৰ দাবী জনোৱাত, এখন খচৰা তৈয়াৰ কৰা হয়। ২০০৪ চনত, তথ্য লাভৰ বিলখন উৎপাদিত কৰা হয় আৰু ২০০৫ চনৰ জুনমাহত এইখন আইনত ৰূপান্তৰিত হয়।

৩।ভাৰতত মহিলা আন্দোলনৰ বিষয়ে এখন ৰচনা লিখা।

উত্তৰঃ ভাৰতীয় কৃষক সংঘই যেতিয়া খেতিয়কসকলক একেলগে আনি তেওঁলোকৰ দাবীসমূহ পূৰণ কৰিবৰ কাৰণে আন্দোলনকাৰী আছিল, তেতিয়াই অন্ধ্ৰপ্ৰদেশত, মহিলাসকলে সুৰাপানৰ বিৰুদ্ধে বৃহৎ প্রতিবাদী আন্দোলনত লিপ্ত হৈ আছিল। এই আন্দোলনক আৰাক বিৰোধী আন্দোলন বোলা হয়। অন্ধ্ৰপ্ৰদেশৰ বহুত ভিতৰুৱা জিলা নেলোৰৰ এখন গাঁৱত, মহিলাসকলে ১৯৯০ চনৰ আগভাগত বৃহৎ সংখ্যাত প্রাপ্তবয়স্ক শিক্ষা অভিযানত অংশগ্ৰহণ কৰে। শ্ৰেণীত শিক্ষাৰ লগতে মহিলাৰ সমস্যাৰ আলোচনা কৰোতে, বহু সংখ্যক মহিলাই স্থানীয় সুৰাপান কৰি মানসিক আৰু শাৰীৰিকভাৱে অত্যাচাৰ চলোৱা কথাটো সকলো মহিলাই বিৰোধিতা কৰিছিল। গাঁৱলীয়া অর্থনীতি ইয়াৰ ফলত ক্ষতিগ্রস্ত হৈছিল। সকলো মহিলা একগোট হৈ নেলোৰত আৰাকৰ বিৰুদ্ধে আন্দোলন কৰিছিল। লাহে লাহে গোটেই ৰাজ্যতে এই আন্দোলন বিয়পি পৰিছিল। এই আন্দোলনৰ মূল উদ্দেশ্য হ’ল আৰাক ব্যৱসায় প্ৰতিৰোধ কৰা। এই আন্দোলনৰ দ্বাৰা মহিলাসকলে ৰাজনীতি আৰু অপৰাধৰ মাজৰ সম্পৰ্ক উদঙাই দিয়াত সক্ষম হয়। মহিলাসকলে সম্পত্তিৰ অধিকাৰ আৰু স্ত্ৰীধনৰ ব্যৱস্থা উলংঘা কৰাৰো আন্দোলন কৰিছিল। ৰাজনীতিৰ ক্ষেত্ৰটো মহিলাৰ আৰক্ষণৰ ব্যৱস্থাৰ দাবী জনাইছিল।

8। নর্মদা বচাও আন্দোলন কি ? ইয়াৰ বিৰুদ্ধে কি সমালোচনা উত্থাপন হৈছিল?

 উত্তৰঃ নৰ্মাদা বাচাও আন্দোলনৰ নেতৃত্ব দিছিল মেধা পাটেকাৰে। নৰ্মাদা বাচাও আন্দোলন আছিল নর্মদা নদী ৰক্ষাৰ আন্দোলন। বিকাশৰ নামত চৰকাৰে সূচনা কৰা এটা বিশেষ প্রকল্প নৰ্মাদা নদী আৰু নৰ্মদা উপত্যকা বসবাস কৰা লোকৰ জীৱন আৰু জীৱিকাৰ প্ৰতি সৃষ্টি কৰিবৰ পৰা ভয়াৱহতাৰ পৰা ৰক্ষা পাবৰ বাবেই এই আন্দোলন গঢ়ি তুলিছে। বিতর্ক আৱৰ্তত সোমাই পৰা এই প্ৰকল্পৰ নাম হ’ল “চৰ্দাৰ সৰোবৰ প্ৰকল্প”। ১৯৮৬ চনত মহাৰাষ্ট্ৰত “নর্মদা বান্ধৰ দ্বাৰা ক্ষতিগ্রস্ত লোকৰ সমিতি” গঢ় লৈ উঠে। গুজৰাট আৰু মধ্যপ্রদেশতো এনেকুৱা ধৰণৰ সংগঠনে জন্মলাভ কৰে। ১৯৮৯ চনত এই সকলো সংগঠন লগ লাগি নর্মদা বচাও আন্দোলনৰ জন্ম দিয়ে। মেধা পাটকাৰে নৰ্মদাৰ আন্দোলনক ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তৎকালেই সফলতা লাভ কৰে আৰু তেওঁ নর্মদা বচাও আন্দোলনৰ অবিসম্বাদী নেত্ৰী হৈ উঠে। বৰ্তমান সময়ত ভাৰতবৰ্ষৰ বৃহৎ নদীবন্ধা বিৰোধী আন্দোলনসমূহৰ এক প্রতীক হিচাপে পৰিগণিত হৈছে মেধা পাটকাৰ। বৰ্তমান সময়ত অসমত গঢ়ি উঠা বৃহৎ নদীবান্ধ বিৰোধী আন্দোলনক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰতো মেধা পাটকাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে? অসমৰ বৃহৎ নদীবান্ধ বিৰোধী আন্দোলনৰ অগ্ৰণী সংগঠন কৃষক মুক্তি সংগ্রাম সমিতি, অসমক ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি প্রদান কৰি মেধা পাটকাৰে অসমৰ তথা উত্তৰ-পূৱ ভাৰতৰ বৃহৎ নদীবান্ধ বিৰোধী সংগ্রামকো এক ৰাষ্ট্ৰীয় সংগ্রামলৈ উন্নীত কৰিছে।

৫।অৰাজনৈতিক আন্দোলনৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা।

 উত্তৰঃ অদলীয় আন্দোলনঃ ১৯৭০ চনৰ পৰা ১৯৮০ চনৰ সময়ছোৱাত সমাজে ৰাজনৈতিক দলসমূহৰ পৰা এক নভবা অভিজ্ঞতাৰ সন্মুখীন হৈছিল। সেই সময়ৰ বিভিন্ন সামাজিক আৰু আর্থিক সমস্যাৰ ফলত, দলিত আৰু আদিবাসীৰ লগতে অন্যান্য শ্ৰেণীৰ লোকসকলে কিছুমান স্বেচ্ছাসেৱী সংগঠন প্রতিষ্ঠা কৰিছিল। এই সংগঠনবোৰ দলীয় ৰাজনীতিৰ বাহিৰত থাকে। প্ৰায়বোৰ এনে গোটে ৰাজনীতি বিশ্বাস কৰিছিল যদিও ৰাজনীতিক দলৰ দ্বাৰা যোগদান দিয়াৰ পক্ষপাতি নাছিল।

৬।অন্ধ্ৰপ্ৰদেশৰ আৰাক বিৰোধী আন্দোলনে দেশৰ কিছুমান গুৰুতৰ সমস্যাৰ প্ৰতি দেশৰ মনোযোগ আকৰ্ষণ কৰিছিল? এই গুৰুতৰ সমস্যাবোৰ কি কি আছিল?

উত্তৰঃ ভাৰতীয় কৃষক সংঘই যেতিয়া খেতিয়কসকলক একেলগে আনি তেওঁলোকৰ দাবীসমূ পূৰণ কৰিবৰ কাৰণে আন্দোলনকাৰী আছিল, তেতিয়া অন্ধ্রপ্রদেশত, মহিলাসকলে সুৰাপানৰ বিৰুদ্ধে বৃহৎ প্রতিবাদী আন্দোলনত লিপ্ত হৈ আছিল। এই আন্দোলনক আৰাক বিৰোধী আন্দোলন বোলা হয়। অন্ধ্ৰপ্ৰদেশৰ বহুত ভিতৰুৱা জিলা নেলোৰৰ এখন গাঁৱত, মহিলাসকলে ১৯৯০ চনৰ আগভাগত বৃহৎ সংখ্যাত প্রাপ্তবয়স্ক শিক্ষা অভিযানত অংশগ্ৰহণ কৰে। শ্ৰেণীত শিক্ষাৰ লগতে মহিলাৰ সমস্যাৰ আলোচনা কৰোতে, বহু সংখ্যক মহিলাই স্থানীয় সুৰাপান কৰি মানসিক আৰু শাৰীৰিকভাৱে অত্যাচাৰ চলোৱা কথাটো সকলো মহিলাই বিৰোধিতা কৰিছিল। গাঁৱলীয়া অর্থনীতি ইয়াৰ ফলত ক্ষতিগ্রস্ত হৈছিল। সকলো মহিলা একগোট হৈ নেলোৰত আৰাকৰ বিরুদ্ধে আন্দোলন কৰিছিল। লাহে লাহে গোটেই ৰাজ্যতে এই আন্দোলন বিয়পি পৰিছিল। এই আন্দোলনৰ মূল উদ্দেশ্য হ’ল আৰাক ব্যৱসায় প্ৰতিৰোধ কৰা। এই আন্দোলনৰ দ্বাধ মহিলাসকলে ৰাজনীতি আৰু অপৰাধৰ মাজৰ সম্পৰ্ক উদঙাই দিয়াত সক্ষম হয়। মহিলাসকলে সম্পত্তিৰ অধিকাৰ আৰু স্ত্রীধনৰ ব্যৱস্থা উলংঘা কৰাৰো আন্দোলন কৰিছিল। ৰাজনীতিৰ ক্ষেত্ৰটো মহিলাৰ আৰক্ষণৰ ব্যৱস্থাৰ দাবী জনাইছিল।

৭।কৃষক সংগঠনৰ বিষয়ে এটি চমু টোকা লিখা। 

উত্তৰঃ অসম দৰিদ্ৰ কৃষকসকলক লৈয়েই ২০০৫ বৰ্ষত এই সংগ্রাম সমিতি গঢ় লৈ উঠিছিল। অসমৰ প্ৰখ্যাত বিপ্লৱী শিল্পী বিষ্ণু ৰাভাব জন্মদিন, ২০ জুন তাৰিখে অসমৰ সংস্কৃতিৰ প্ৰাণকেন্দ্র তেজপুৰৰ বিষ্ণু ৰাভা সমাধি ক্ষেত্ৰত শপত গ্ৰহণেৰে জন্মলাভ কৰা এটি সংগঠন গোলাঘাট জিলাৰ দৈয়াং-টেঙানী বনাঞ্চলবাসীয়ে দীর্ঘদিন ধৰি চলাই অহা সংগ্ৰামৰ এক ফলশ্রুতি। দৈযাং-টেঙানী অঞ্চলৰ বৰ্ণাচলবাসীয়ে প্ৰধানতঃ ভূমিৰ পট্টাৰ দাবীত চলাই অহাসংগ্রামর অসমভিত্তিক এক কৃষক আন্দোলন হিচাপে গঢ় দিয়াৰ স্বাৰ্থতেই এই সংগঠন গঢ়ি তোলাহৈছে।

২০০৬ চনৰ অসমৰ বিধানসভাৰ নিৰ্বাচনৰ পাছত কৃষক মুক্তি সংগ্রাম সমিতি, অসমৰ উদ্যোগত আমাৰ তিনিখন জিলা ক্ৰমে — নগাঁও, গোলাঘাট আৰু ধেমাজি বনাঞ্চলবাসীৰ ভূমি অধিকাৰৰ দাবীত জংগী আন্দোলন গঢ়ি উঠে। এই আন্দোলনৰ ফলশ্ৰুতিত অসম চৰকাৰে ২০০৬ বৰ্ষৰ জুলাই মাহত বনাঞ্চলবাসীৰ বিভিন্ন দাবী চালি-জাৰি চাবৰ বাবে এটি স্পেচিয়েল টাস্কফ গঠন কৰি দিয়ে।

বিগত সময়ছোৱাত কৃষক মুক্তি সংগ্রাম সমিতি, অসমে কৃষক জনসাধাৰণৰ প্ৰাপ্য অধিকাৰ পূৰণৰ বাবে আন্দোলনৰ পৰিসৰ বৃদ্ধি কৰিছে। সকলো জনগোষ্ঠী, ধর্ম তথা ভাষিক গোষ্ঠীক কৃষক সমাজৰ স্বাৰ্থ পূৰণৰ বাবে গঢ়ি তোলা এই আন্দোলনৰ মূখ্য দাবীসমূহ হ’ল

(ক) ভূমিহীন কৃষকক ভূমি প্ৰদান কৰা;

 (খ) পট্টা নোহোৱাকৈ খেতি কৰি অহা কৃষকক পট্টা প্ৰদান কৰা;

(গ) বৃহৎ পৰিসৰত ভূমিসংস্কাৰ সাধন কৰা; 

(ঘ)অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰা;

(ঙ)খেতি কৰিব পৰা সকলো মাটিত বিনামূলীয়া জলসিঞ্চনৰ ব্যৱস্থা কৰা । 

ইয়াৰ উপৰিও কৃষক মুক্তি সংগ্রাম সমিতি, অসমে তলত দিয়া প্রশ্নবিলাকৰ ভিত্তিত আন্দোলন গঢ়ি তুলিছে—

(ক) ভূকম্পন জৰীপৰ বিৰোধিতা করা;

(খ) ৰাজ্যিক খচৰা জলনীতিৰ বিৰোধিতা কৰা;

(গ) বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰা। 

৮।অযোধ্যা আৰু গোধ্ৰা ঘটনাৰ সৈতে সম্পৰ্ক ৰাখি ভাৰতত সাম্প্রদায়িকতাবাদে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰা।

 উত্তৰঃ ১৯৯২ চনৰ ছয় ডিচেম্বৰ তাৰিখটো ভাৰতীয় ৰাজনীতিৰ এক ক’লা দিন হিচাপে চিহ্নিত হৈ ৰ’ল ৷ এই দিনটোতে ভাৰতীয় জনতা পাৰ্টি আৰু বিশ্ব হিন্দু পৰিষদে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে কৰসেৱা আগবঢ়োৱাৰ লক্ষ্য আগত ৰাখি অযোধ্যাৰ বিবদমান স্থানত এক বৃহৎ সমাৱেশৰ আয়োজন কৰে। প্ৰায় ২,০০,০০০ হিন্দু ধৰ্মৰ স্বেচ্ছাসেৱক সেইদিনা সেই বিবাদমান স্থানত উপস্থিত আছিল। ভাৰতীয় জনতা পাৰ্টি আৰু বিশ্ব হিন্দু পৰিষদৰ জ্যেষ্ঠ নেতাসকল সেইদিনা সেই স্থানত উপস্থিত আছিল। এই ঘটনাক কেন্দ্ৰ কৰি গোটেই দেশখনতে এক উত্তেজনাই বিৰাজ কৰিছিল। এই সমাৱেশৰ ফলত যাতে বাবৰি মছজিদৰ কোনো ক্ষতি সাধন নহয়, তাৰ নিশ্চয়তা প্ৰদান কৰি উত্তৰ প্ৰদেশৰ কল্যাণ সিং নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টি চৰকাৰে ভাৰতীয় উচ্চতম ন্যায়ালয়ত এক শপতনামা দাখিল কৰিছিল। ভাৰতীয় জনতা পাৰ্টিৰ নেতাসকলেও বাবৰি মছদিজৰ কোনো ক্ষতি সাধন কৰা নহ’ব বুলি সংসদত প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু, এই সকলো প্রতিশ্রুতিক অসাৰ প্ৰমাণ কৰি ৰাম মন্দিৰৰ সমৰ্থক স্বেচ্ছাসেৱকসকলে বাবৰি মছজিদ ভাঙি পেলালে। এই ঘটনাৰ লগে লগে গোটেই দেশতেই ভয়াৱহ সাম্প্রদায়িক সংঘৰ্ষই গা কৰি উঠিল। ১৯৪৭ চনৰ পাছত সংঘটিত এইটোৱেই আছিল আটাইতকৈ ভয়াৱহ সাম্প্রদায়িক সংঘর্ষ। এই সংঘৰ্ষই আটাইতকৈ বেছি ভয়াৱহ ৰূপ পালে কলকাতা, মুম্বাই আৰু ভূপালত। এই ঘটনাই সৃষ্টি কৰা সাম্প্রদায়িক সংঘৰ্ষৰ কবলত পৰি ভাৰতবৰ্ষত প্ৰায় তিনি হাজাৰ লোকে প্ৰাণ হেৰুৱালে।

২০০২ বৰ্ষৰ ২৭ ফেব্ৰুৱাৰী তাৰিখে গুজৰাটৰ গোধৰা নামৰ চহৰখনৰ ৰে’ল ষ্টেচনত স্বাবৰ বেল গাড়ীখন এচাম লোকে জোৰকৈ ৰাখে আৰু ৰেলৰ এটা দবাত জুই লগাই দিয়ে। সেই দবা অযোধ্যাৰ পৰা ঘূৰি অহা কৰসেৱকৰে ভৰি আছিল। এই ঘটনাত শিশু আৰু মহিলাকে ধৰি ৫৭ জন লোকে প্ৰাণ হেৰুৱালে। এই কাণ্ড স্থানীয় মুছলমান লোকে কৰা বুলি চলোৱা প্ৰচাৰৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ গুজৰাটত সাম্প্রদায়িক সংঘৰ্ষৰ দাবানল জ্বলি উঠে। নিৰ্ভৰযোগ্য তথ্য মতে ৰাজ্যখনৰ মুঠ ২৫ খন জিলাৰ প্ৰায় ১৫-১৬ খন জিলাতে এই সংঘর্ষ বিয়পি পৰে আৰু ইয়াৰ দ্বাৰা প্ৰায় ১৫০ খন চহৰ আৰু এক হাজাৰৰো অধিক গাওঁ আক্রান্ত হয়। এই সংঘর্ষ প্রায় চাৰিমাহ কাল ধৰি চলে । চৰকাৰী তথ্য অনুসৰি, এই সংঘৰ্ষত প্ৰায় এহাজাৰ লোকৰ মৃত্যু হয়।মৃত্যু হোৱাসকলৰ ভিতৰত ৮০% লোক মুছলমান আৰু ২০% হিন্দু ধৰ্মৰ লোক। বে

চৰকাৰী তথ্য অনুসাৰে, মৃত্যু হোৱা লোকৰ সংখ্যা প্রায় দুই হাজাৰ। ইয়াৰ উপৰিও, এই ঘটনাত দুশৰো অধিক লোক নিখোজ হ’ল, প্রায় আঢ়ৈ হাজাৰ লোক আঘাতপ্রাপ্ত হ’ল, এশৰো অধিক মহিলা বিধৱা হ’ল আৰু ছশৰো অধিক শিশুৱে পিতৃ-মাতৃক হেৰুৱালে। এই ঘটনা সংঘটিত হোৱাৰ সময়ত গুজৰাটত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন আৰু কেন্দ্ৰত অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন ভাৰতীয় জনতা পার্টি শাসনত আছিল। এই সংঘৰ্ষৰ বেলিকা ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে তাৎক্ষণিকভাৱে কোনো উপযুক্ত পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে গুজৰাট চৰকাৰে এই সময়ত পালন কৰা ভূমিকাৰ কঠোৰ সমালোচনা কৰিছিল আৰু সংঘর্ষ নিয়ন্ত্রণ তথা সংঘৰ্ষৰ দ্বাৰা আক্ৰান্ত হোৱা লোকসকলক সাহায্য আৰু নিৰাপত্তা দিয়াৰ বেলিকাও ব্যর্থ হোৱা বুলি অভিযোগ তুলিছিল। এই সংঘর্ষ বিয়পোৱাত প্ৰত্যক্ষ বা পৰোক্ষ ভূমিকা পালন কৰা লোকসকলক শাস্তি প্ৰদানৰ বেলিকাত চৰকাৰে কোনো সঠিক পদক্ষেপ লোৱা নাছিল। তাৰ পৰিৱৰ্তে, এনে অভিযোগহে শুনা যায় যে, ৰাজ্য চৰকাৰৰ একাংশ মন্ত্রী তথা বিষয়াবৰ্গ এই সংঘৰ্ষৰ প্ৰত্যক্ষ বা পৰোক্ষ পৃষ্ঠপোষক আছিল।

৯।সামাজিক আন্দোলন বুলিলে তুমি কি বুজা? সামাজিক আন্দোলন আৰু ৰাজনৈতিক আন্দোলনৰ মাজৰ পাৰ্থক্য নিৰূপণ কৰা।

উত্তৰঃ সামাজিক আন্দোলন হ’ল কোনো পৰিৱৰ্তনৰ উদ্দেশ্যে বা কোনো পৰিবৰ্তনক বাধা দিবলৈ কৰা এক সমূহীয়া প্রচেষ্টা। এই প্রচেষ্টা কোনো চলিত ব্যৱস্থাত পৰিৱৰ্তন সাধন কৰিবলৈ বা নতুন ব্যৱস্থা সৃষ্টি কৰিবলৈ হ’ব পাৰে। বিশেষ উদ্দেশ্যৰে সামাজিক আন্দোলনসমূহ স্বতঃস্ফূতভাৱে উদ্ভব হয়। এই আন্দোলনবিলাকৰ কেতবোৰ স্থায়ী প্রভাৱগোষ্ঠী আৰু স্বার্থন্বেষী গোষ্ঠীলৈ পৰিৱৰ্তন হ’ব পাৰে।

সামাজিক আন্দোলন আৰু ৰাজনৈতিক আন্দোলনৰ মাজৰ প্ৰভেদ –

 (ক) সামাজিক আন্দোলনবিলাক হৈছে অনানুস্থানিক, ইচ্ছাকৃত আৰু সামাজিক আৰু অর্থনৈতিক অন্যায়-অবিচাৰমূলক বিষয়সমূহক কেন্দ্ৰ কৰি প্ৰকাশ কৰা বিভিন্ন দাবীসমূহৰ সামূহিক প্রচেষ্টা। আনহাতে ৰাজনৈতিক আন্দোলন হৈছে দলীয় আন্দোলন যাৰ উদ্দেশ্য হৈছে ৰাজনৈতিক পৰিৱৰ্তন সাধন কৰা।

(খ) সামাজিক আন্দোলনৰ উদ্দেশ্য হৈছে সমাজত পৰিৱৰ্তন সাধন কৰা, আনহাতে ৰাজনৈতিক আন্দোলনবিলাকে ৰাজনৈতিক সমর্থনৰ ওপৰত ভিত্তি কৰি কেতবোৰ পৰিৱৰ্তন সাধনৰ চেষ্টা কৰে।

(গ) ৰাজনৈতিক আন্দোলনৰ উদ্দেশ্য হৈছে সামাজিক পৰিৱৰ্তনৰ জৰিয়তে সমতা, ন্যায় আৰু উন্নয়নৰ জোৱাৰ অনা।

১০। নাৰীবাদ কি? ইয়াৰ মূল বৈশিষ্ট্যবোৰ আলোচনা কৰা।

উত্তৰঃ নাৰীবাদ হৈছে পুৰুষতান্ত্রিক ব্যৱস্থাৰ বিৰুদ্ধে গঢ়ি উঠা এক পুঁজিবাদী আন্দোলন। ভাৰতত সামাজিক আন্দোলনবিলাক গঢ়ি তোলাৰ ক্ষেত্ৰত মহিলাসকলে এক অনবদ্য ভূমিকা পালন কৰা দেখা যায়। প্ৰতিটো জনপ্রিয় আন্দোলনৰে ই এক অপৰিহাৰ্য অংশস্বৰূপ। উদাহৰণস্বৰূপে, চিপকো আন্দোলনত মহিলাসকলে গছক সাবটি ধৰি গছ কটাৰ পৰা ৰক্ষাৰ ক্ষেত্ৰত পুৰুষৰ সমান্তৰালভাৱে এক শক্তিশালী ভূমিকা পালন কৰিছিল। অঞ্চলটোৰ বনাঞ্চলৰ ঠিকাদাৰসকলে যোগানদাতা হিচাপে পুৰুষসকললৈ সুৰাৰ যোগান ধৰিছিল। মহিলাসকলে সুৰাৰ অভ্যাসৰ বিৰুদ্ধে অবিৰাম সংগ্রাম চলাই আহিছিল আৰু এনেদৰে আন্দোলনটোৰ কাৰ্যসূচী সম্বন্ধে কেতবোৰ সামাজিক বিষয়লৈ অধিকভাৱে বিস্তাৰিত কৰি তোলা হৈছিল। পুনৰ আত্মক বিৰোধী আন্দোলনতো মহিলাসকলৰ ভূমিকা বিশেষভাৱে লক্ষণীয়। অন্ধ্ৰপ্ৰদেশত মহিলাসকলে সূচনা কৰা এই আন্দোলনটো পৰৱৰ্তী সময়ত সমগ্ৰ দেশ জুৰি বিয়পি পৰিছিল। এই আন্দোলনটোৱে আন কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ৰো স্পৰ্শ কৰি গৈছিল।

১১। সামাজিক আন্দোলন আৰু ৰাজনৈতিক আন্দোলনৰ মাজৰ পাৰ্থক্য নিৰূপণ কৰা।

উত্তৰঃ সামাজিক আন্দোলন আৰু ৰাজনৈতিক আন্দোলনৰ মাজৰ প্ৰভেদ –

 (ক) সামাজিক আন্দোলনবিলাক হৈছে অনানুস্থানিক, ইচ্ছাকৃত আৰু সামাজিক আৰু অর্থনৈতিক অন্যায়-অবিচাৰমূলক বিষয়সমূহক কেন্দ্ৰ কৰি প্ৰকাশ কৰা বিভিন্ন দাবীসমূহৰ সামূহিক প্রচেষ্টা। আনহাতে ৰাজনৈতিক আন্দোলন হৈছে দলীয় আন্দোলন যাৰ উদ্দেশ্য হৈছে ৰাজনৈতিক পৰিৱৰ্তন সাধন কৰা।

(খ) সামাজিক আন্দোলনৰ উদ্দেশ্য হৈছে সমাজত পৰিৱৰ্তন সাধন কৰা, আনহাতে ৰাজনৈতিক আন্দোলনবিলাকে ৰাজনৈতিক সমর্থনৰ ওপৰত ভিত্তি কৰি কেতবোৰ পৰিৱৰ্তন সাধনৰ চেষ্টা কৰে।

(গ) ৰাজনৈতিক আন্দোলনৰ উদ্দেশ্য হৈছে সামাজিক পৰিৱৰ্তনৰ জৰিয়তে সমতা, ন্যায় আৰু উন্নয়নৰ জোৱাৰ অনা।

১২।ভাৰতৰ কৃষক বা চহা লোকৰ আন্দোলনৰ বিষয়ে এখন ৰচনা লিখা।

 উত্তৰঃ প্ৰাক উপনিবেশ কালৰে পৰা কৃষক আন্দোলনে এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে।১৯১৪-১৯৫৮ এই সময়ছোৱাত এই আন্দোলনবিলাক অধিক স্থানীয়কৃত কৰা হৈছিল। বৰদলৈ সত্যাগ্রহ (১৯২৮), সৰ্বভাৰতীয় কৃষক সভা (১৯২৮), টেসা আন্দোলন (১৯৪৬-৪৭), টেলেংগানা আন্দোলন (১৯৪৬-৪৭) ইত্যাদি কেতবোৰ জনপ্ৰিয় কৃষত আন্দোলনৰ সুন্দৰ উদাহৰণ আছিল। এই আন্দোলনবিলাকে ভূমি সংস্কাৰ, জমিদাৰী উচ্ছেদকৰণ, কৃষকলৈ জলসিঞ্চন যোগান আদিৰ সুন্দৰ উদাহৰণবিলাক এই আন্দোলন সময়ত আনকি হিংসাত্মকো হৈ পৰিছিল। কৃষকসকলে পথ আৰু ৰেল অৱৰোধ, গ্ৰাম্য এলেকালৈ ৰাজনীতিজ্ঞ আৰু আমোলাসকলৰ প্ৰৱেশত বাধা দিয়া আদিৰ দৰে কৌশল প্রচেষ্টাৰে তেওঁলোকৰ স্বাৰ্থপুৰণত গুৰুত্ব আৰোপ কৰিছিল। এনে এক আন্দোলন মহেন্দ্র সিং টিকেইটৰ নেতৃত্বত ভাৰতীয় কিমান ইউনিয়নে সংগঠিত কৰি তুলিছিল, ১৯৮৩ চনৰ কৃষিভিত্তিক আন্দোলন আছিল ৰাষ্ট্ৰৰ বিৰুদ্ধে গঢ়ি তোলা এক সুসংঘবদ্ধ প্রতিবাদী আন্দোলন।

১৩। BKU ৱে উত্থাপন কৰা অৰ্থনৈতিক বিষয়বোৰ কি কি আছিল? 

উত্তৰঃ BKU ৱে উত্থাপন কৰা অর্থনৈতিক বিষয়বোৰ আছিল –

(ক) খাদ্যশস্যৰ চলাচলৰ ক্ষেত্ৰত মাণ্ডলিক বাধা নিষেধ সমাপ্তি।

(খ) বিদ্যুৎ নিৰিখ অথবা মূল্য হ্রাস।

(গ) কুঁহিয়াৰ আৰু গাখীৰৰ মূল্য বৃদ্ধি। 

(ঘ) নলা-নর্মদাৰ বাবে পঞ্জাবৰ কৃষকসকলে চৰকাৰক দিবলগীয়া কৰ বাতিল।

(ঙ) প্রাকৃতিক দুর্যোগৰ সময়ত পর্যাপ্ত চৰকাৰী সাহার্য। 

(চ) উৎপাদিত সামগ্রী বিক্ৰীৰ বাবে চৰকাৰৰ দায়িত্ব গ্রহণ।

১৪। BKU বুলিলে কি বুজা? তেওঁলোকৰ মূল দাবীবোৰ কি আছিল ? সাফল্যৰ বাবে তেওঁলোকে কেনেকুৱা কাম-কাজ কৰিবলৈ লৈছিল?

উত্তৰঃ BKU মানে হ’ল Bharatiya Kisan Union তেওঁলোকৰ প্ৰধান দাবীবোৰ আছিল –

(ক)খাদ্যশস্যৰ চলাচলৰ ক্ষেত্ৰত মাণ্ডলিক বাধা নিষেধ সমাপ্তি।

(খ) বিদ্যুৎ নিৰিখ অথবা মূল্য হ্রাস।

(গ) কুঁহিয়াৰ আৰু গাখীৰৰ মূল্য বৃদ্ধি।

(ঘ) নলা-নর্দমাৰ বাবে পঞ্জাবৰ কৃষকসকলে চৰকাৰক দিবলগীয়া কৰ বাতিল।

(ঙ) প্রাকৃতিক দুৰ্যোগৰ সময়ত পৰ্যাপ্ত চৰকাৰী সাহায্য।

(চ) উৎপাদিত সামগ্রী বিক্ৰীৰ বাবে চৰকাৰৰ দায়িত্ব গ্রহণ।

সংগঠনটোৱে এই দাবীসমূহ পূৰণ কৰাৰ বাবে বিভিন্ন ধৰণৰ কৌশল অবলম্বন কৰি আহিছে। এই কৌশলসমূহ সম্পূৰ্ণৰূপে গণতান্ত্রিক আৰু শান্তিপূর্ণ। এই কৌশল অথবা পদ্ধতিসমূহ হ’ল সমদল আৰু বিক্ষোভ প্রদর্শন, ধর্ণা, বন্ধ, বিধানসভা আৰু সংসদত শিবিৰৰ ব্যৱস্থা কৰা, মোকদমা,ৰেল ভাড়া আন্দোলন, অনুকূল জনমতৰ সৃষ্টি ইত্যাদি।

১৫। ১৯৭০ চনৰ আগছোৱাত উত্তৰ প্ৰদেশত চিপকো আন্দোলন আৰম্ভ হোৱাৰ কাৰণবোৰ চিনাক্ত কৰা। এই আন্দোলনৰ প্ৰভাৱ কি আছিল?

উত্তৰঃ চিপকো আন্দোলনৰ অৰ্থ হ’ল ‘গছক সাবটি ধৰা আন্দোলন।’ এই আন্দোলন ১৯৭২ চনত উত্তৰাখণ্ডৰ দুই-তিনিখন গাঁৱত গাওঁবাসী আৰু এজন কাঠৰ কুণ্ডাৰ ব্যৱসায় কৰা ঠিকাদাৰৰ মাজত হোৱা সংঘাতৰ পৰা আৰম্ভ হৈছিল। এই ঠিকাদাৰজনক ৰাজ্য চৰকাৰে গাঁৱৰ সৈতে সংলগ্ন বননিত গছ কটাৰ অনুমতি প্ৰদান কৰিছিল। গাওঁবাসীয়ে এই ঠিকাদাৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্রতিবাদ আন্দোলন আৰম্ভ কৰে। গাঁৱৰ লোকসকলে কৃষিকাৰ্যৰ বাবে লাগতিয়াল আহিলা তৈয়াৰ কৰিবলৈ বননিৰ গছ ব্যৱহাৰৰ বাবে বন বিভাগক আবেদন জনাইছিল। কিন্তু বন বিভাগে এই আবেদন অগ্রাহ্য কৰে। ইয়াৰ বিপৰীতে বিভাগটোৱে ক্রীড়া সামগ্ৰী প্রস্তুতকৰণ ব্যৱসায়ৰ সৈতে জড়িত ঠিকাদাজনক ব্যৱসায়িক দামত ব্যৱহাৰৰ বাবে ভূমি আবণ্টন দিয়ে। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে অসন্তুষ্ট গাওঁবাসীয়ে প্রতিবাদী আন্দোলন আৰম্ভ কৰে।

উপকো আন্দোলনৰ ফলস্বৰূপে হিমালয় অঞ্চলত পর্যাপ্ত পরিমাণে গছ-গছনি নোহোৱালৈ ১৫ বছৰৰ বাবে গছ কটাত নিষেধাজ্ঞা আৰোপ কৰে। চিপকো আন্দোলনৰ এক অন্যতম এৰুত্বপূর্ণ অবদানটো হ’ল এই আন্দোলনে ভাৰতৰ বিভিন্ন স্থানত সামাজিক বিষয় আৰু সমস্যাৰ সমাধানৰ উদ্দেশ্যে সামাজিক আন্দোলন আৰু গণ প্রতিবাদ সাব্যস্ত কৰিবলৈ উদ্বুদ্ধ কৰিছে। 

১৬।আদিধর্ম আন্দোলনৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ ১৯৯২ চনত অন্ধ্ৰপ্ৰদেশৰ নেল্লোৰ জিলাত আৰম্ভ হোৱা আবাক বিৰোধী আন্দোলন এক শক্তিশালী মহিলা আন্দোলন রূপে বিবেচিত হৈছে। এই আন্দোলনটোৱে গার্হস্থ হিংসা, যৌতুক প্রথা, কৰ্মস্থলী আৰু ৰাজহুৱা স্থানত যৌন নির্যাতনৰ বিৰুদ্ধে আন্দোলন হিচাপে সমগ্র ভাৰতৰ দৃষ্টি আকর্ষণ কৰিবলৈ সমৰ্থ হয়।

নেল্লোৰ জিলাৰ পুৰুষসকলৰ সুৰা সেৱনৰ অভ্যাসে জনসাধাৰণৰ স্বাস্থ্যৰ যথেষ্ট বিৰূপ প্ৰভাৱ পেলাইছিল। পুৰুষসকলৰ সুৰাৰ আসক্তিৰ ফলস্বৰূপে মহিলাসকলৰ ওপৰত শাৰীৰিক আৰু মানসিক নির্যাতন চলোৱা হৈছিল। সুৰা সেৱনৰ প্ৰত্যক্ষভাৱে আৰু সবাতোকৈ বেয়া প্রভাব পৰিছিল মহিলা আৰু শিশুসকলৰ ওপৰত। সেয়ে ইয়াৰ প্ৰতিবাদত মহিলাসকলে আৰাক বিৰোধী আন্দোলন আৰম্ভ কৰে। মহিলাসকলে স্বতঃস্ফূর্তভাবে এই সুবাৰ বিৰুদ্ধে সংগঠিত হৈ সুৰাৰ দোকানসমূহ বন্ধ কৰি দিয়ে। প্রায় ৫০০ খন গাঁৱৰ মহিলাই এখন সভা অনুষ্ঠিত কৰি আৰাকৰ ওপৰত সম্পূর্ণ নিষেধাজ্ঞা জাৰি কৰাৰ প্ৰস্তাৱ এটা উপপতি সমাৰ্হতা আৰু উর্ধ্বতন কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰে। মহিলাসকলৰ এই সবল প্ৰতিবাদৰ ফলস্বৰূপে নেল্লোৰ জিলাত সোতবৰাবকৈ আৰাকৰ নিলাম পিছৱাই দিবলগীয়া হয়। নেল্লোৰত আৰম্ভ হোৱা এই আন্দোলন অন্ধ্ৰপ্ৰদেশৰ সকলো অঞ্চলত বিয়পি পৰে। মহিলাসকলে অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী হায়দৰাবাদৰ আৰাকৰ বিৰুদ্ধে সংগঠিত হৈছিল। তথাপি আন্দোলনটোৰ বাবে সমবেত হোৱা মহিলাসকলে তেওঁলোকে সন্মুখীন হৈ থকা অন্যান্য বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰিছিল।

১৭। ২০০১ চনৰ ৰাষ্ট্ৰীয় মহিলা সবলীকৰণ নীতিৰ উদ্দেশ্যসমূহ বর্ণনা কৰা।  

উত্তৰঃ ভাৰতৰ পুৰুষতান্ত্রিক সমাজ ব্যৱস্থাত মহিলাসকলে সন্মুখীন হৈ থকা সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সমস্যাসমূহৰ প্ৰতি সুবিচাৰ কৰাৰ উদ্দেশ্য ভাৰত চৰকাৰে ২০০১ চনত ৰাষ্ট্ৰীয় মহিলা সবলীকৰণ নীতি প্রণয়ন কৰে। এই নীতিৰ কেইটামান উদ্দেশ্য তলত উল্লেখ কৰা হ’ল –

(ক, মহিলাসকলৰ সামাজিক, অর্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু পৌৰ অধিকাৰৰ আইনগত আৰু বাস্তৱিক প্ৰয়োগ।

(খ) মহিলাৰ বিৰুদ্ধে বৈষম্য নিৰ্মূলকৰণ আৰু এক কাৰ্যদক্ষ ন্যায়িক ব্যৱস্থাৰ দৃষ্টি। 

(গ) অর্থনৈতিক আৰু সামাজিক নীতিৰ জৰিয়তে এক ইতিবাচক পৰিবেশৰ সৃষ্টি কৰা যি পৰিবেশত মহিলাসকলে তেওঁলোকৰ গুণগতমান নিৰ্ধাৰণ কৰি পূৰ্ণ বিকাশ লাভ কৰিব পাৰে।

(ঘ) মহিলাসকলক সম পদবী, স্বাস্থ্য, নিয়োগ, সামাজিক নিৰাপত্তা আৰু সুবিধা প্রথম কৰা।

ওপৰোক্ত বিভিন্ন ব্যৱস্থাৰ বাহিৰেও ৰাজনৈতিক ক্ষমতা আৰু সিদ্ধান্ত গ্ৰহণকাৰী প্ৰক্ৰিয়াৰ মহিলাসকলৰ অংশগ্ৰহণত উৎসাহিত কৰাৰ বাবে সংবিধানৰ ৭৩ নং আৰু ৭৪ নং সংশোধনীর জৰিয়তে পঞ্চায়ত আৰু পৌৰ নিগমসমূহত এক তৃতীয়াংশ আসন মহিলাসকলৰ বাবে সংৰক্ষ কৰা হৈছে।

১৮। উত্তৰ পূব ভাৰতৰ বিচ্ছিন্নতাবাদী আন্দোলন সমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ উত্তৰ পূবৰ ৰাজনীতিৰ প্ৰধান বিষয়বোৰৰ ভিতৰত অন্যতম হৈছে- বিচ্ছিন্নতাবাদী আন্দোলন। স্বাধীনতাৰ পাছত মিজো পাহাৰ অঞ্চলক অসমৰ এক স্বায়ত্তশাসিত জিলা সা হৈছিল। কিছুমান মিজোৰ সৈতে তেওঁলোক কেতিয়াও ব্ৰিটিছৰ ভাৰতৰ লগ নাছিল সেয়ে তেওঁলোক ভাৰতৰ অংশ নহয়। কিন্তু ১৯৫৯ চনত মিজো পাহাৰৰ দুর্ভিক্ষক অসম চৰকাৰে সাময়িকভাবে সঁহাৰি দিব নোৱাৰাত বিচ্ছিন্নতাবাদী আন্দোলনত জনসাধাৰণৰ সঁহাৰি লাভ কৰিল। লালডেঙ্গাৰ নেতৃত্বত মিজোৰাম আক্রোশে Mizo Nationalist Front গঠনলৈ সহায় হৈছিল।

১৯৬৬ ত MNF এ এক সশস্ত্ৰ প্ৰচাৰেৰে স্বাধীনতাৰ দাবী জনায়। এনেকৈয়ে ভাৰতীয় সেনা আৰু মিজো বিদ্ৰোহীৰ মাজত দশকজোৰা সংঘৰ্ষ আৰম্ভ হৈছিল। MNF এ এক গেৰিলা যুদ্ধ কৰিছিল, পাকিস্তানী চৰকাৰৰ পৰা সহাঁৰি আৰু পূব পাকিস্তানৰ সুৰক্ষা পাইছিল। ভাৰতীয় সুৰক্ষা বাহিনীয়ে কঠোৰ পদ্ধতিৰে যুঁজ দিছিল, য’ত সাধাৰণ জনগণই হাৰাশাভিত ভুগিছিল। এটা সময়ত বায়ু সেনাৰো ব্যৱহাৰ কৰা হৈছিল। ই মানুহৰ মাজত অধিক খং আৰু ত্যাগ আনিছিল।

দুটা দশকৰ বিদ্ৰোহৰ অন্তত সকলো পৰাজিত হৈছিল। এই সময়তে দুয়োপক্ষৰ নেতাৰ মাজত পৰিপক্কতাই পৰিস্থিতি সলনি কৰিছিল। লালডেঙ্গা পাকিস্তানৰ পৰা ঘুৰি আহিল আৰু ভাৰত চৰকাৰৰ সৈতে আলোচনাত বহিল। ৰাজীৱ গান্ধীয়ে এই আলোচনাক এক গঠনমূলক সামৰণি দিছিল। ১৯৮৬ চনত ৰাজীৱ গান্ধী আৰু লালডেঙ্গাৰ মাজত এখন শান্তি চুক্তি হয়। এই চুক্তি অনুসৰি মিজোৰামক সম্পূৰ্ণ ৰাজ্যৰ মৰ্যাদা দিয়া হৈছিল আৰু MNF এ বিচ্ছিন্নতাবাদী আন্দোলন ত্যাগ কৰাৰ বাবে মাস্তি হৈছিল। লালডেঙ্গা মুখ্যমন্ত্ৰী হৈছিল। এই চুক্তিয়ে মিজোৰামৰ ইতিহাসক এক নতুন দিশ দিছিল৷ এতিয়া মিজোৰাম অঞ্চলটোৰ আটাইতকৈ শান্তিময় ঠাই আৰুই আৰু বিকাশত এক বৃহৎ বেঙা মেলিলে।

Leave a Reply