Class 12 Political Science| Chapter-6| গণতন্ত্রৰ সংকট

Class 12 Political Science| Chapter-6| গণতন্ত্রৰ সংকট। এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব AHSEC Class 12 Political Science| Chapter-6| গণতন্ত্রৰ সংকট পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়।

HS Second Year Question Answer (Assamese Medium)

EnglishClick Here
অৰ্থনীতি (Economy)Click Here
ভূগোল (Geography)Click Here
हिंदीClick Here
অসমীয়াClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
ৰাজনীতি (Political Science)Click Here
সমাজতত্ত্ব (Sociology)Click Here
তৰ্কবিদ্যা আৰু দর্শনশাস্ত্ৰ (Logic & Philosophy)Click Here
নৃতত্ত্ব (Anthropology)Click Here

Class 12 Political Science| Chapter-6| গণতন্ত্রৰ সংকট

চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া ছাত্র-ছাত্ৰীৰ বাবে আমাৰ এই ৱেবছাইটত শেহতীয়া পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি পাঠ Class 12 Political Science| Chapter-6| গণতন্ত্রৰ সংকট ভিত্তিক প্ৰশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। যত ছাত্ৰ-ছাত্ৰীয়ে অনলাইন যোগে পঢ়িব পাৰিব।

দ্বিতীয় খণ্ড

ষষ্ঠ অধ্যায়

(ক) অতি চমু প্ৰশ্নৰ উত্তৰ লিখা : মূল্যাংক : ১ নম্বৰকৈ

১।জয়প্রকাশ নাৰায়ণ কোনখন ৰাজ্যৰ আছিল?

উত্তৰ: বিহাৰ।

২।কোনে ভাৰতীয় সাম্যবাদী দলটো (মার্ক্সীষ্ট লেনিনিষ্ট) দলটো গঠন কৰিছিল?

উত্তৰঃ চাৰু মজুমদাৰ।

৩।ভাৰতত পোন প্ৰথমে কেতিয়া জৰুৰী অৱস্থা ঘোষণা কৰা হৈছিল?

উত্তৰঃ ১৯৭৫ চনত।

8। চাহ আয়োগৰ মুৰব্বী কোন আছিল?

উত্তৰঃ ন্যায়াধীশ জে. টি. শাহ।

৫।গুজৰাট আৰু বিহাৰৰ ছাত্র আন্দোলনৰ নেতৃত্ব কোনে দিছিল?

 উত্তৰঃ জয়প্রকাশ নাৰায়ণ।

৬।ইন্দিৰা গান্ধীৰ কুৰি দফীয়া কাৰ্য্যসূচীৰ এটা কাৰ্য্যসূচী উল্লেখ কৰা। 

উত্তৰঃ দৰিদ্ৰতা দূৰীকৰণ।

৭।জনতা দলে কেতিয়া ক্ষমতালৈ আহিছিল?

উত্তৰঃ১৯৭৭ চনত।

৮।কোনখন চৰকাৰৰ কাৰ্য্যকালত মণ্ডল আয়োগ গঠন কৰা হৈছিল? 

উত্তৰঃ জনতা দলৰ কাৰ্যকালত।

৯। কোনটো দলে ১৯৭৭ চনৰ সাধাৰণ নিৰ্বাচনত জয়লাভ কৰিছিল?

উত্তৰঃ জনতা দলে

১০। কোনে ভাৰতবৰ্ষত সমর্পিত আমোলাতন্ত্র আৰু ন্যায়পালিকাৰ ধাৰণাটোৰ প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ ইন্দিৰা গান্ধী।

১১। ১৯৭৫ চনত জৰুৰী অৱস্থা ঘোষণা কৰা ভাৰতৰ ৰাষ্ট্ৰপতিজনৰ নাম লিখা। 

 উত্তৰঃ ফখৰুদ্দিন আলি আহমেদ।

১২। গণতন্ত্র প্রতিষ্ঠাৰ প্ৰতীক হিচাবে কাক গণ্য কৰা হয় ?

উত্তৰঃ জয় প্রকাশ নাৰায়ণ।

১৩। চাৰু মজুমদাৰ কোন আছিল?

উত্তৰঃ তেওঁ এজন সমাজবাদী বিপ্লৱী আৰু নক্সালবাদী আন্দোলনৰ নেতা আছিল।

১৪। ‘কংগ্ৰেছ ফৰ্ ডেম’ক্ৰেছী’ৰ নেতা কোন আছিল?

উত্তৰঃ জগজীৱন ৰাম।

১৫। ভাৰতবৰ্ষৰ কোনটো অঞ্চলত মার্ক্সবাদী লেনিনবাদী দলটো শক্তিশালী।

উত্তৰঃ পশ্চিমবংগ।

১৬। শুদ্ধ উত্তৰটো বাচি উলিওৱা :

(ক) ১৯৭১ চনৰ নিৰ্বাচনত (কংগ্ৰেছে / জনতা দলে) গৰিবি হটাও শ্লোগান দিছিল।

 উত্তৰঃ কংগ্ৰেছে।

(খ) (১৯৬৬/১৯৬৭) চনত দাৰ্জিলিঙৰ নক্সালবাৰী পুলিচ থানাত কৃষক বিদ্ৰোহ হৈছিল।

উত্তৰঃ ১৯৬৭।

(গ) (৩৫২ / ৩৫৬) নং অনুচ্ছেদ অনুসৰি ১৯৭৫ চনত জৰুৰী অৱস্থা ঘোষণা কৰ হৈছিল।

উত্তৰঃ ৩৫২।

(ঘ) (মোৰাৰজী দেশাই / চৰণ সিং) ১৯৭৭ চনৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী হৈছিল।

উত্তৰঃ মোবাজী দেশাই।

(ঙ) ১৯৭৪ চনত ৰেল ধর্মঘটৰ নেতৃত্ব দিছিল (জয়প্রকাশ নাৰায়ণ / জর্জ ফার্নান্দেজ

উত্তৰঃ জর্জ ফার্নান্দেজ।

(চ) (১৯৭৫/১৯৭৭/১৯৮০) চনত চাহ আয়োগ গঠন হৈছিল।

উত্তৰঃ ১৯৭৭।

(ছ) নক্সালবাদী আন্দোলন (১৯৬৭/১৯৬৯/১৯৭৪) চনত আৰম্ভ হৈছিল।

 উত্তৰঃ ১৯৬৭।

 (জ) ইন্দিৰাই ইণ্ডিয়া, ইণ্ডিয়াই ইন্দিৰা” শ্লোগান আগবঢ়াইছিল চৰণ সিং / জগজীৱন ৰাম/ দেৱকান্ত বৰুৱা)

উত্তৰঃ দেৱকান্ত বৰুৱা।

(ঝ) “সবাত্মক বিপ্লৱ”ৰ আহ্বান জনাইছিল (মোৰাৰজী দেশাই / জর্জফার্ণান্দেজ ৰাম)

উত্তৰঃ জয় প্রকাশ নাৰায়ণ।

১৭। কোনখন ৰাজ্যত নৱ নিৰ্মান আন্দোলন আৰম্ভ হৈছিল?

উত্তৰঃ গুজৰাট।

১৮। নাগৰিক স্বাধীনতা সংগঠনৰ এটা নাম লিখা ?

উত্তৰঃ নেশ্যনেল কো অবদিনেশ্যন কমিটি ফ’ৰ চিভিল লির্বাটিছ।

১৯। ‘মহা মিত্ৰতা’ কেতিয়া গঠন কৰা হৈছিল? 

উত্তৰঃ ১৯৭১।

২০। জনতা দল কেতিয়া গঠন কৰা হৈছিল?

উত্তৰঃ ১৯৭৭।

২১। জনতা দলৰ প্ৰথম সভাপতি কোন আছিল।

 উত্তৰঃ জয়প্রকাশ নাৰায়ণ।

২২। সমর্পিত আমোলাতন্ত্ৰৰ এটা বৈশিষ্ট্য লিখা। 

উত্তৰঃ চৰকাৰী আদৰ্শৰ প্ৰতি আনুগত্য।

২৩। ১৯৭৫ চনত জৰুৰী অৱস্থা ঘোষনা কৰা ভাৰতৰ ৰাষ্ট্ৰপতিজনৰ নীম লিখা।

উত্তৰঃ ফখৰুদ্দিন আলি আহমেদ। 

২৪। ১৯৭৪ চনত ৰেলৱে ধৰ্মঘটৰ কোনে নেতৃত্ব দিছিল?

উত্তৰঃ জর্জ ফার্নান্দেজ।

২৫। জয় প্রকাশ নাৰায়ণ কোন আছিল।

 উত্তৰঃ সমাজবাদী দলৰ প্ৰতিষ্ঠাপক।

২৬। খালী ঠাই পূৰ কৰাঃ

(ক) মোৰাৰজী দেশাই—–দলৰ পৰা প্রথম প্রধান মন্ত্ৰী হৈছিল।

উত্তৰঃ অকংগ্ৰেছ দল।

(খ)১৯৭৭ চনত জনতা দলে——নেতৃত্বত এখন তদন্ত আয়োগ গঠন কৰিছিল।

উত্তৰঃ স্বাহতদন্ত আয়োগ।

(গ)—– নেতৃত্বত বিৰোধী দলে ইন্দিৰা গান্ধীক পদত্যাগৰ দাবী কৰিছিল।

উত্তৰঃ জয় প্রকাশ নাৰায়ণ।

২৭। কোনখন ৰাজ্যত নৱ-নির্মাণ আন্দোলন আৰম্ভ হৈছিল ?

উত্তৰঃ গুজৰাট ৰাজ্যত।

২৮। যিকোনো এটা নাগৰিক (অসামৰিক) স্বাধীনতা সংস্থাৰ নাম লিখা।

উত্তৰঃ পিসলছ ইউনিয়ন ফৰ চিভিল লিবাৰ্চিজ এণ্ড ডেমক্রেটিক ৰাইটছ।

২৯। জয়প্রকাশ নাৰায়ণ কোন আছিল?

উত্তৰঃ জয়প্রকাশ নাৰায়ণ বিহাৰৰ মাৰ্ক্সবাদী নেতা আৰু কংগ্ৰেছ সমাজবাদী দল আৰু সমাজবাদী দলৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল।

(খ) চমু প্ৰশ্নৰ উত্তৰ লিখা : মূল্যাংক : ২ নম্বৰকৈ

১।কোনে আৰু কিয় কুৰি দফীয়া কাৰ্য্যসূচী আগবঢ়াইছিল? 

 উত্তৰঃ ইন্দিৰা গান্ধীয়ে কুৰি দফীয়া কাৰ্যসূচী গ্ৰহণ কৰিছিল।

২।দক্ষিণৰ ৰাজ্যসমূহত কংগ্ৰেছৰ জয়ৰ দুটা কাৰণ উল্লেখ কৰা।

 উত্তৰঃ (ক) জৰুৰী অৱস্থাৰ প্ৰভাৱ দক্ষিণৰ ৰাজ্যসমূহত তীব্ৰ হৈছিল। 

(খ) বলপূর্বক বন্ধ্যকৰণ।

৩।কোনে আৰু কিয় প্ৰথম ৰাষ্ট্ৰীয় সত্যাগ্রহ অনুষ্ঠিত কৰিছিল? 

উত্তৰঃ জয়প্রকাশ নাৰায়ণে ইন্দিৰা গান্ধীৰ পদত্যাগৰ দাবীত ৰাষ্ট্ৰীয় সত্যাগ্রহ অনুষ্ঠিত কৰিছিল।

8 । সংবিধানৰ মূল গাঁথনি সম্পর্কে আলোচনা কৰা। 

উত্তৰঃ ভাৰতীয় সংবিধানৰ এক মূল গাঁথনি আছে। এই মূল গাঁথনি সংশোধন কৰিব নোৱাৰি। যেনে – সংসদীয় গণতান্ত্রিক শাসন ব্যৱস্থা, আইন প্রণয়ন পদ্ধতি, ন্যায়িক সমীক্ষা, ধৰ্ম নিৰপেক্ষতা সমতাৰ অধিকাৰ ইত্যাদি।

৫। কংগ্ৰেছ চৰকাৰে কিহৰ ভিত্তিত আৰু কিয় জৰুৰী অৱস্থা ঘোষণা কৰিছিল ?

 উত্তৰঃ সংবিধানৰ ৩৫২ নং অনুচ্ছেদৰ ভিত্তিত দেশত আভ্যন্তৰীণ অশান্তিয়ে দেখা দিছে বুলি যুক্তি দৰ্শাই কংগ্ৰেছ চৰকাৰে জৰুৰী অৱস্থা ঘোষণা কৰিছিল।

৬। জৰুৰী অৱস্থাৰ ফলাফলসমূহ উল্লেখ কৰা।

উত্তৰঃ (ক) বহুসংখ্যক বিৰোধী নেতা গ্ৰেপ্তাৰ হৈছিল। 

(খ) প্ৰচাৰ মাধ্যমৰ স্বতন্ত্ৰতাৰ ক্ষেত্ৰত নিষেধাজ্ঞা বলবৎ কৰা হৈছিল।

(গ) নাগৰিকৰ মৌলিক অধিকাৰ বাতিল কৰা হৈছিল। 

(ঘ) প্ৰতিৰোধীক আটকৰ ব্যৱহাৰ কৰা হৈছিল।

(ঙ) নাগৰিকৰ জীৱন আৰু স্বাধীনতাৰ অধিকাৰ চৰকাৰৰ দ্বাৰা বাতিল কৰা হৈছিল।

 ৭। পুলিচ আৰু আমোলাসকলৰ কাৰ্য্যৰ ওপৰত জৰুৰী অৱস্থাৰ প্ৰভাৱৰ বিষয়ে লিখা

উত্তৰঃ পুলিচ আৰু আমোলাসকলে জৰুৰী অৱস্থাত শাসক দলৰ নিৰ্দেশত কাম কৰিব লগা হৈছিল। তেওঁলোকে স্বতন্ত্ৰ আৰু নিৰপেক্ষভাৱে কাৰ্য্য সম্পাদন কৰিব পৰা নাছিল। পুলি আৰু আমোলাসকল শাসক দল কংগ্ৰেছৰ হাতিয়াৰ হৈ পৰিছিল।

৮। অকংগ্ৰেছী দলবোৰে কংগ্ৰেছক কিয় বিৰোধিতা কৰিছিল ?

উত্তৰঃ অকংগ্ৰেছী দলবোৰে কংগ্ৰেছক জৰুৰী অৱস্থা ঘোষণাৰ বিৰুদ্ধে প্রতিবাদ কৰিছিল। আৰু ইন্দিৰা গান্ধীৰ পদত্যাগৰ দাবী জনাইছিল।

৯।১৯৭৭ চনৰ নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত কি কি নতুন দল গঠন হৈছিল? 

উত্তৰঃ ১৯৭৭ চনৰ নিৰ্বাচনৰ প্ৰাকমুছতত জনতা দল আৰু গণতান্ত্রিক কংগ্ৰেছ দল নামৰ দল গঠন হৈছিল।

 ১০। ১৯৭২ চনৰ লোকসভা নিৰ্বাচনৰ দুটা ফলাফল ব্যাখ্যা কৰা।

উত্তৰঃ ১৯৭৭ চনৰ নিৰ্বাচনত কংগ্ৰেছ দলে লোকসভাৰ আসনৰ মাত্ৰ ১৫৪ পান আপনাকে লাভ কৰিছিল। আনহাতে জনতা দলে ২৯৫ খন আসন দখল কৰি সংখ্যাগরিষ্ঠতা পাস্ত কৰিছিল।

১১। নাগৰিক স্বাধীনতা সংগঠন মানে কি বুজা?

উত্তৰঃ সাধাৰণ জণগনৰ অধিকাৰ সুৰক্ষাৰ হকে কাম কৰা সংগঠন।

১২। ১৯৭৭ চ♥নৰ নিৰ্বাচনৰ আগে আগে গঠন কৰা ৰাজনৈতিক দলবোৰৰ নাম লিখা। 

উত্তৰঃ (ক) জনতা দল, (খ) কংগ্ৰেছ ফৰ ডেম’ক্রেচী। 

১৩। বিহাৰ আন্দোলনৰ বিষয়ে এটা চমু টোকা লিখা।

উত্তৰঃ বিহাৰ আন্দোলন ঘাইকৈ ছাত্ৰসকলে পৰিচালিত কৰিছিল। জয়প্রকাশ নাৰায়ণে বিহাৰ আন্দোলনৰ নেতৃত্ব দিছিল।

১৪। দক্ষিণাত্যৰ ৰাজ্যসমূহত কংগ্ৰেছৰ বিজয়ৰ দুটা কাৰণ লিখা।

 উত্তৰঃ দক্ষিণাত্যৰ ৰাজ্যসমূহত কংগ্ৰেছৰ বিজয়ৰ দুটা কাৰণ হ’ল-

(ক) দাক্ষিণাত্যৰ ৰাজ্যসমূহত জৰুৰীকালীন অৱস্থাৰ প্ৰভাৱ একেবাৰে সীমিত আছিল। সেয়েহে কংগ্ৰেছ বিজয় হৈছিল।

(খ) উত্তৰ ভাৰতৰ ৰাজ্যসমূহত সমাজৰ নিম্নশ্রেণীৰ লোকৰ স্থানান্তৰিতকরণ, জ্ঞানশক্তি পোষণকৰণৰ দৰে কাৰ্যসমূহ সঘনে সংঘটিত হৈছিল। উত্তৰ ভাৰতৰ মধ্যবিত্ত শ্ৰেণীৰ লোকসকল বিভিন্ন কাৰণত কংগ্ৰেছ দল পৰিত্যাগ কৰে আৰু জনগণে কংগ্ৰেছ দলৰ পোষকতা কৰিছিল।

১৫। ভাৰতৰ “দায়বদ্ধ আমোলাতন্ত্ৰৰ” দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য লিখা।

উত্তৰঃ ভাৰতৰ দায়বদ্ধ আমোলাতন্ত্ৰৰ দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল–

(ক) শাসক শ্ৰেণীৰ ভাবাদৰ্শৰ ওচৰত দায়বদ্ধ।

(খ) শাসকীয় ৰাজনৈতিক দলৰ দ্বাৰা নিৰ্দ্ধাৰিত আঁচনি আৰু পৰিকল্পনাৰ প্ৰতিদায়বদ্ধ।

 ১৬। মার্কিন যুক্তৰাষ্ট্ৰই ভাৰতলৈ সকলো সাহায্য বন্ধ কৰিছিল কিয় ? দুটা যুক্তি দিয়া ।

উত্তৰঃ আমেৰিকাই ভাৰতলৈ সকলো সাহায্য বন্ধ কৰি দিয়াৰ দুটা প্ৰধান কাৰণ হ’ল (ক) ইন্দিৰা গান্ধীয়ে ঘোষণা কৰা জৰীকালীন অৱস্থাক আমেৰিকাই তীব্রভাবে সমালোচনা কৰিছিল আৰু ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে সকলো প্ৰকাৰৰ সাহায্য ভাৰতলৈ প্ৰেৰণ কৰাটো বন্ধ কৰিছিল।

(খ)১৯৭৫ চনত ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ লগতে বিৰোধী নেতাবৰ্গৰ লগত মিলা মিচা অভিযোগত ইন্দিৰা গান্ধীয়ে আমেৰিকাক দোষাৰোপ কৰিছিল। আমেৰিকাই ইন্দিৰা গান্ধীৰ এনে কাৰ্যৰ বিৰুদ্ধে তীব্র প্রতিক্রিয়া ব্যক্ত কৰিছিল আৰু ইয়াৰ অংশ স্বৰূপে আমেৰিকাই ভাৰতলৈ সাহায্য দিয়াটো বন্ধ কৰিছিল।

১৭। সংবাদ মাধ্যমৰ চেঞ্চৰ শ্বিপ বুলিলে কি বুজা?

উত্তৰঃ সংবাদ মাধ্যমৰ চেঞ্চৰশ্বিপৰ অৰ্থ জৰীকালীন অৱস্থাৰ সময়ত চৰকাৰে বিশেষ ক্ষমতা প্রয়োগেৰে সংবাদ মাধ্যমৰ স্বাধীনতা বৰ্খাস্ত কৰিছিল। সংবাদ মাধ্যমবিলাকে যিকোনো ধৰণৰ সমল প্ৰকাশ কৰিবলৈ চৰকাৰৰ আগতীয়া অনুমোদন লব লাগিছিল। সংবাদ মাধ্যমৰ চেঞ্চৰ শ্বিপে ইয়াকে সূচাইছিল।

১৮। প্ৰতিৰোধমূলক আটক বুলিলে কি বুজা?

উত্তৰঃ প্ৰতিৰোধমূলক আটক হৈছে এক অধিনিয়ম যাৰ অধীনত কোনো ব্যক্তিয়ে অপৰাধ সংঘটিত নকৰিলে সন্দেহৰ আৱৰ্তত থাকিলে আটক কৰিব পাৰি। জৰুৰীকালীন সময়ত চৰকাৰে প্ৰতিৰোধমূলক আটক অধিনিয়ম জাৰীকৰণৰ জৰিয়তে বহু সংখ্যক লোকক বিনা বিচাৰে আটক কৰিছিল।

১৯। জনতা পাৰ্টী গঠনৰ বাবে দায়বদ্ধ কাৰণসমূহ কি কি?

উত্তৰঃ কংগ্ৰেছ দলৰ অপশাসন আৰু জৰুৰীকালীন শাসন জনতা পাৰ্টী বাবে দায়বদ্ধ  গঠনৰ কাৰক।

২০। ৪২ সংখ্যক সংবিধান সংশোধনী আইনৰ দুটা মূল বিধানৰ বিষয়ে লিখা।

উত্তৰঃ ৪২ সংখ্যক সংবিধান সংশোধনী আইনৰ দুটা মূল বিধান হ’ল –

(ক)প্ৰস্তাৱনাত নতুন শব্দৰ সংযোজন।

(খ) নাগৰিকৰ মৌলিক কৰ্তব্যসমূহৰ সংযোজন।

২১। ১৯৭৪ চনৰ ৰেলৱে ধৰ্মঘটৰ বিষয়ে এটা টোকা লিখা।

উত্তৰঃ ১৯৭৪ চনত বেল বিভাগৰ কৰ্মচাৰীসকলে বোনাচ আৰু চাকৰিৰ উন্নত পৰিবেশৰ দাবীত আন্দোলন আৰম্ভ কৰে। জর্জ ফাৰ্ণাণ্ডেজৰ নেতৃত্বত ৰেলপথ কৰ্মচাৰীসকলৰ সংগ্ৰামৰ ৰাষ্ট্ৰীয় সমন্বয়মূলক সমিতিয়ে ১৯৭৪ চনৰ মে মাহত ৰাষ্ট্ৰজোৰা ধৰ্মঘটৰ ঘোষণা কৰে। ধর্মঘটৰ ফলস্বৰূপে ব্যাপক অশান্তিৰ সৃষ্টি হয়।

২২। ভাৰতৰ “দায়বদ্ধ আমোলাতন্ত্ৰৰ” দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য লিখা।

 উত্তৰঃ (ক) আমোলাতন্ত্র কাৰ্য্যপালিকাৰ পৰা স্বাধীন হ’ব লাগে আৰু সংবিধানৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰা উচিত।

(খ)আমোলাতন্ত্ৰ নিৰপেক্ষ হোৱা উচিত। আমোলাজ্বৰ সকলো নিৰপেক্ষভাৱে সকলো কাম সমাধান কৰিব লাগে। 

২৩। জৰুৰীকালীন অৱস্থাৰে সাঙোৰ খোৱা বিষয়সমূহৰ তালিকা দিয়া।

উত্তৰঃ জসীকালীন অৱস্থাৰে সাঙোৰ খোৱা বিষয়সমূহ হ’ল বিহাৰৰ ছাত্র আন্দোলন, গুজৰাটৰ নব নির্মাণ আন্দোলন, বেলকৰ্মীৰ ধৰ্মঘট, পাকিস্তানৰ সৈতে যুদ্ধ, খাদ্যশস্য উৎপাদনৰ দ্ৰুতগতিত হ্রাস, তেলৰ মূল্য বৃদ্ধি আদি।

২৪। আৰক্ষী আৰু আমোলাৰ কাম-কাজৰ ক্ষেত্ৰত জৰুৰীকালীন অৱস্থাৰ পৰিণামসমূহ লিখা।

 উত্তৰঃ আমোলাতন্ত্র আৰু ন্যায়পালিকা যে স্বাধীন হ’ব লাগে, ইয়াৰ শিক্ষা জৰুৰীকালীন সময়ে দিলে। আমোলতন্ত্র স্বাধীন আৰু নিৰপেক্ষ হোৱা প্রয়োজন।

জৰুৰীকালীন অবস্থাই নাগৰিক স্বতন্ত্রতাৰ মূল্য সম্পর্কে সকলোকে সজাগ কৰি তোলে। ন্যায়পালিকায়ো জলীকালীন অৱস্থাৰ পিছৰ পৰা জনসাধাৰণৰ নাগৰিক স্বতন্ত্র বা ৰক্ষাৰ বাবে সক্রিয় ভূমিকা আগবঢ়াবলৈ আৰম্ভ কৰে।

২৫। সংবাদ মাধ্যমৰ চেঞ্চৰ শ্বিপ বুলিলে কি বুজা?

উত্তৰঃ অলীকালীন সময়ত চৰকাৰে সংবাদ মাধ্যমৰ স্বাধীনতা বাতিল কৰিছিল। ইয়াৰ ফলস্বৰূপে বাতৰি কাকতসমূহে যিকোনো বাতৰি প্ৰকাশৰ পূৰ্বে চৰকাৰৰ অনুমোদনৰ প্ৰয়োজন হয়। ইয়াক সংবাদ মাধ্যমৰ চেঞ্চৰ শিপ বোলা হয়।

২৬। প্ৰতিৰোধমূলক আটক বুলিলে কি বুজা?

উত্তৰঃ চৰকাৰে জৰীকালীন সময়ছোৱাত প্ৰতিৰোধমূলক আইনৰ বহুল প্রয়োগ কৰে। এই ব্যবস্থা অনুসৰি মানুহে কেৱল অপৰাধ কৰিলেহে ঘাটক অথবা বন্দী কৰাৰ বিপৰীতে অপৰাধ কৰাৰ পূৰ্বানুমানৰ ভিত্তিতো আটক অথবা বন্দী কৰিব পাৰি।

২৭। জৰুৰীকালীন অৱস্থাৰ পৰা সমাজৰ বিভিন্ন অংশৰ বিভিন্ন আকাংক্ষাবোৰ কি আছিল?

 উত্তৰঃ জৰুৰীকালীন অৱস্থাৰ ঘোষণাই সৰ্বসাধাৰণ লোকৰ জীৱন ক্রমাণ্ড দুর্বিসহ কৰি তোলে। এই সময়ছোৱাত সাধাৰণ লোকৰ ওপৰত অত্যাচাৰ চলাৰ লগতে বহুতো নিৰীহ লোকে আৰক্ষীৰ জিম্মাত মৃত্যুবৰণ কৰিবলগীয়া হয়। বহুতো লোকক বলপূর্বকভাবে আন ঠাইলৈ স্থানান্তৰ কৰা হয়। জন বিস্ফোৰণৰ সমস্যা নিয়ন্ত্ৰণৰ বাবে বাধ্যতামূলক বন্ধ্যাকরণ পদ্ধতি প্রয়োগ কৰা হয়।

২৮। ১৯৭৭ চনৰ লোকসভা নিৰ্বাচনৰ দুটা ফলশ্ৰুতি লিখা।

 উত্তৰঃ ১৯৭৭ চনৰ লোকসভাৰ নিৰ্বাচনৰ দুটা ফলশ্রুতি হ’ল-

(ক) কংগ্ৰেছৰ আধিপত্যৰ অন্ত পৰিছিল।

(খ) কেন্দ্ৰত প্ৰথম মৰ্চা চৰকাৰ গঠন হৈছিল।

২৯। কোনে প্রথমে দেশজোৰা সত্যাগ্রহ সংগঠন কৰিছিল আৰু কিয় ?

উত্তৰঃ জয়প্রকাশ নাৰায়ণৰ নেতৃত্বত বিহাৰ ছাত্ৰসকলে খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি, খাদ্যৰ নাটনি, নিবনুৱা সমস্যা আৰু দুৰ্নীতিৰ বিৰুদ্ধে দলজোৰা সত্যাগ্রহ সংগঠন কৰিছিল।

৩০। সংবিধানৰ মূল গাঁথনি বুলিলে কি বুজা ?

উত্তৰঃ ভাৰতীয় সংবিধানৰ কিছুমান মৌলিক বৈশিষ্ট্য আছে। যেনে – সার্বভৌম, সমাজবাদী, গণতান্ত্রিক, গণৰাজ্য, সংসদীয় পদ্ধতিৰ চৰকাৰ, ন্যায়, স্বাধীনতা, সমতা, ঐক্য, সংহতি আদি ভাৰতৰ সংবিধানৰ মূল গাঁথনি বোলা হয়।

৩১। সংবাদ মাধ্যমৰ নিষেধাজ্ঞা বুলিলে কি বুজা?

উত্তৰঃ অলীকালীন সময়ত চৰকাৰে সংবাদ মাধ্যমৰ স্বাধীনতা বাতিল কৰিছিল। ইয়াৰ ফলস্বৰূপে বাতৰি কাকতসমূহে যিকোনো বাতৰি প্ৰকাশৰ পূৰ্বে চৰকাৰৰ অনুমোদনৰ প্ৰয়োজন হয়। ইয়াক সংবাদ মাধ্যমৰ চেঞ্চৰ শিপ বোলা হয়।

৩২। নিবাৰক আটক কি?

উত্তৰঃ নিবাৰক আটক ব্যৱস্থা অনুসৰি মানুহে কেৱল অপৰাধ কৰিলেহে আটক অথবা বন্দী কৰাৰ বিপৰীতে অপৰাধ কৰাৰ পূৰ্বানুমানৰ ভিত্তিতো আটক অথবা বন্দী কৰিবপৰা ব্যৱস্থা নিবাৰক আটক বোলা হয়।

(গ) উত্তৰ লিখা: মূল্যাংক : ৪ নম্বৰকৈ

১।১৯৮০ চনত কিয় মধ্যবর্তী নির্বাচন অনুষ্ঠিত হৈছিল? 

উত্তৰঃ ১৯৮০ চনত মধ্যৱৰ্তী নির্বাচন অনুষ্ঠিত হৈছিল। ইয়াৰ কাৰণ আছিল কংগ্ৰেছ দলে। চৰণ সিং চৰকাৰৰ প্ৰতি ইয়াৰ সমৰ্থন উঠাই লৈছিল।

২।জৰুৰী অৱস্থাত ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰ কিদৰে ক্ষতিগ্রস্ত হয়? 

উত্তৰঃ জৰুৰী অৱস্থাত চৰকাৰে নাগৰিকৰ মৌলিক অধিকাৰসমূহ বাতিল অথবা সীমিত কৰিব পাৰে।

৩।জৰুৰী অৱস্থা মানে কি? আভ্যন্তৰীণ অশান্তিৰ বাবে ঘোষিত জৰুৰী অৱস্থাৰ এটা ফলাফল উল্লেখ কৰা।

উত্তৰঃ ভাৰতীয় সংবিধানৰ ৩৫২ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে। জৰুৰী অৱস্থাত সংবাদ মাধ্যমৰ ওপৰত চৰকাৰে নিষেধাজ্ঞা জাৰি কৰে।

৪।  কোনে কুৰি দফীয়া কাৰ্যসূচী প্ৰৱৰ্তন কৰিছিল আৰু ইয়াৰ কাৰণ কি আছিল? 

উত্তৰঃ ইন্দিৰা গান্ধীয়ে কুৰি দফীয়া আঁচনি প্ৰৱৰ্তন কৰিছিল। ইয়াৰ উদ্দেশ্য আছিল গৰিৱমুখী কল্যাণকামী আঁচনি ৰূপায়ন কৰা।

৫।কাৰ আৱেদনৰ ভিত্তিত ইন্দিৰা গান্ধীৰ নিৰ্বাচন আদালতে অবৈধ বুলি ঘোষণা কৰিছিল?

     অথবা

ইন্দিৰা গান্ধীৰ নিৰ্বাচনৰ অবৈধতা সম্পৰ্কে লিখা।

 উত্তৰঃ সমাজবাদী নেতা বাজ নাৰায়ণৰ আৱেদনৰ ভিত্তিত ইন্দিৰা গান্ধীৰ নিৰ্বাচন আদালতে অবৈধ বুলি ঘোষণা কৰিছিল।

৬।ভাৰতৰ ৰাজনীতিত জৰুৰী অৱস্থা আটাইতকৈ বিতর্কিত ব্যৱস্থা। যুক্তি দিয়া। 

 উত্তৰঃ এইটো সঁচা যে ভাৰতৰ ৰাজনীতিত জৰুৰী অৱস্থা আটাইতকৈ বিতর্কিত ব্যৱস্থা। তাৰণ শাসক দলে সম্পূর্ণ বাজনৈতিক স্বাৰ্থত এই জৰুৰী অৱস্থাৰ অপপ্ৰয়োগ কৰি গণতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে।

৭।জৰুৰী অৱস্থাৰ সময়ত কি কি সংঘটিত হৈছিল তাৰ এক সমালোচনামূলক ব্যাখ্যা কৰা।

উত্তৰঃ (ক) বহুসংখ্যক বিৰোধী নেতা গ্ৰেপ্তাৰ হৈছিল।

(খ) প্ৰচাৰ মাধ্যমৰ স্বতন্ত্রতাৰ ক্ষেত্ৰত নিষেধাজ্ঞা বলৱৎ কৰা হৈছিল।

(গ) নাগৰিকৰ মৌলিক অধিকাৰ বাতিল কৰা হৈছিল। 

(ঘ) প্ৰতিৰোধীক আটকৰ ব্যৱহাৰ কৰা হৈছিল।

(ঙ) নাগৰিকৰ জীৱন আৰু স্বাধীনতাৰ অধিকাৰ চৰকাৰৰ দ্বাৰা বাতিল কৰা হৈছিল।

জৰুৰীকালীন অৱস্থাৰ ফলত লাভ কৰা শিক্ষা হ’লঃ 

(ক) ভাৰতীয় গণতন্ত্রক জৰুৰী অৱস্থাই কেতিয়াও আঘাতপ্রাপ্ত কৰিব নোৱাৰে।

(খ) আভ্যন্তৰীণ জবৰী অৱস্থাৰ বাবে ‘সামাৰক বিপ্লৱ’ হ’ব লাগিব আৰু সেইবাবে ৰাষ্ট্ৰপতিৰ পৰামৰ্শ লোৱাৰ লগতে, এইটো লিখিত প্ৰকৃতিত মন্ত্ৰী পৰিষদে দিব লাগিব। 

(গ) জৰী অৱস্থাৰ বাবে সকলো নাগৰিকে পৌৰ স্বাতন্ত্রতা মূল্য উপলব্ধি কৰিলে।

(ঘ) জৰুৰী অৱস্থাত সামৰিক বাহিনী আৰু প্ৰশাসনে স্বতন্ত্রভাৱে কাৰ্য কৰিব পৰা নাছিল। শাসক দলে এই দুয়োটা বিভাগক ৰাজনৈতিক যন্ত্ৰৰ দৰে ব্যৱহাৰ কৰিছিল।

৮।তলত উল্লেখ কৰা জৰুৰী অৱস্থা সম্পৰ্কীয় উক্তিবোৰ সঁচানে মিছা লিখা।

(ক) ইন্দিৰা গান্ধীয়ে ১৯৭৫ চনত জৰুৰী অৱস্থা ঘোষণা কৰিছিল।

উত্তৰঃ সঁচা।

(খ) জৰুৰী অৱস্থাৰ সময়ত সকলোবোৰ মৌলিক অধিকাৰ হয়। 

উত্তৰঃ মিছা।

(গ) বহুতো বিৰোধী নেতাক জৰুৰী অৱস্থাৰ সময়ত গ্ৰেপ্তাৰ কৰা হৈছিল।

উত্তৰঃ সঁচা।

(ঘ) অর্থনৈতিক অৱস্থাৰ অৱনতি ঘটাৰ বাবে জৰুৰী অৱস্থা ঘোষণা কৰা হৈছিল।

উত্তৰঃ মিছা।

(ঙ) কমিউনিষ্ট দলে জৰুৰী অৱস্থাৰ ঘোষণা সমর্থন কৰিছিল।

উত্তৰঃ মিছা। 

৯।তলৰ কোনটো জৰুৰী অৱস্থা ঘোষণাৰ সৈতে খাপ নাখায়?

(ক) সর্বাত্মক বিপ্লৱৰ আহ্বান।

(খ)১৯৭৪ চনৰ ৰেলৱে ধর্মঘট। 

(গ) নক্সালবাদী আন্দোলন।

(ঘ)এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়

(ঙ)চাহ আয়োগৰ প্ৰতিবেদন।

উত্তৰঃ (গ) নক্সালবাদী আন্দোলন।

১০। ১৯৭৫ চনৰ ২৫ জুনত ঘোষণা কৰা আভ্যন্তৰীণ জৰুৰী অৱস্থাৰ কাৰণসমূহ লিখা।

উত্তৰঃ ১২ জুন, ১৯৭৫ চনত ইন্দিৰা গান্ধীৰ লোকসভা নির্বাচন ব্যর্থ বুলি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জগমোহন লাল সিংহই নিৰ্দেশ জাৰি কৰিছিল। এই নিৰ্দেশ, ৰাজনাৰায়ণ নামৰ এজন সমাজবাদী নেতাৰ দ্বাৰা দাখিল কৰা আৰ্জিৰ ভিত্তিত লোৱা হৈছিল। ১৯৭১ চনৰ নিৰ্বাচনত ৰাজনাৰায়ণে ইন্দিৰা গান্ধীৰ বিৰুদ্ধে যুঁজ দিছিল। আৰ্জিৰ মতে গান্ধীয়ে নির্বাচনত চৰকাৰী চাকৰিয়ালসকলৰ সহায় লৈছিল। উচ্চ ন্যায়ালয়ৰ এই ৰায়দানে গান্ধীৰ সংসদৰ সদস্যতা বেআইনী বুলি উল্লেখ কৰাৰ লগতে তেওঁ ভাৰতবৰ্ষৰ প্রধান মন্ত্রী হিচাপে থাকিব নোৱাৰে বুলিও ৰায় জাৰি কৰে। গান্ধী যদি প্রধান মন্ত্রী হ’ব লাগে তেতিয়া হ’লৈ ৬ মাহৰ ভিতৰত সংসদ সদস্যতা লাভ কৰিব লাগিব। ২৪ জুন তাৰিখে, উচ্চতম ন্যায়ালয়ে উচ্চ ন্যায়ালয়ৰ অৰ্ধৰূপে খাৰিজ কৰি, গান্ধীক সংসদ সদস্য হিচাপে থকাৰ কথা উল্লেখ কৰিলে। কিন্তু, কোনো ধৰণৰ লোকসভাৰ কাৰ্যত তেওঁ ভূমিকা গ্ৰহণ কৰিব নোৱাৰে বুলিও ৰায় দান কৰিলে। বিৰোধী ৰাজনৈতিক দলসমূহে জে পি নায়াৰণৰ নেতৃত্বত ইন্দিৰা গান্ধীৰ পদত্যাগ দাবী কৰিলে আৰু চৰকাৰী চাকৰিয়ালক, সেনা আৰু সামৰিক বাহিনীক ‘বেআইনীক আৰু অনৈতিক নিৰ্দেশসমূহ অমান্য কৰিবলৈ আহ্বান জনালে। দেশৰ ৰাজনৈতিক মানসিকতা কংগ্ৰেছৰ বিৰোধী হৈ পৰে ।

এনে কাৰণতে চৰকাৰে ১৯৭৫ চনত জৰুৰীকালীন অৱস্থাৰ ঘোষনা কৰিছিল।

১১। ১৯৭৪ চনৰ ৰেল ধর্মঘটৰ বিষয়ে এটি টোকা লিখা।

                অথবা।

১৯৭৪ চনৰ ৰেলৱে ধৰ্মঘটৰ বিষয়ে চমুটোকা লিখা। 

উত্তৰঃ ১৯৭৪ চনৰ মে’ মাহত জৰ্জ ফাৰ্ণাণ্ডেজৰ নেতৃত্বত “দ্যা নেশ্যনেল কো-অর্ডিনেশ্যন কমিটি ফৰ ৰেলৱে মেনছ ট্রাগল নামৰ সংগঠনটোৱে ৰেলৱে’ কৰ্মচাৰীসকলৰ বাবে অতিৰিক্ত সুযোগ-সুবিধা আৰু কাম কৰাৰ পৰিৱেশ উন্নীতকৰণৰ দাবী জনাই চৰকাৰক হেঁচা দিয়াৰ উদ্দেশ্যে সমগ্ৰ দেশজুৰি এক ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰে। এই আন্দোলনৰ ফলত দেশৰ সমগ্ৰ ৰেলগাড়ীৰ চলাচল বন্ধ কৰি দিয়া হয় আৰু দেশত এক অস্থিৰ পৰিবেশে দেখা দিয়ে। বিভিন্ন মহলে এনে ধৰ্মঘটৰ যুক্তিযুক্ততাক লৈ বিভিন্ন প্রশ্ন উত্থাপিত কৰে। চৰকাৰে এই আন্দোলনক অবৈধ হিচাপে ঘোষণা কৰাৰ লগতে আন্দোলনকাৰী সকলৰ দাবী

পূৰন কৰিবলৈ অস্বীকাৰ কৰে। বৰঞ্চ আন্দোলন দমন কৰাৰ উদ্দেশ্যে ঠায়ে ঠায়ে সশস্ত্র বাহিনী নিয়োগ কৰা হয় আৰু বহুতো আন্দোলনকাৰীক গ্ৰেপ্তাৰ কৰা হয়। ধর্মঘট আৰম্ভ কৰাৰ ২০ দিনৰ পাছত উপায়ন্ত্ৰ হৈ আন্দোলনকাৰীসকলে তেওঁলোকৰ দাবীৰ কোনো মীমাংসা নোহোৱাকৈয়ে ধর্মঘট প্রত্যাহাৰ কৰিবলৈ বাধ্য হয়।

১২। কেশৱানন্দ ভাৰতী গোচৰৰ বিষয়ে লিখা।

উত্তৰঃ কেশৱানন্দ ভাৰতী এটা বিখ্যাত গোচৰ। এই গোচৰত ভাৰতৰ উচ্চতম ন্যায়ালয়ে ১৯৭৩ চনত ৰায় দান কৰিছিল যে ন্যায়িক সমীক্ষা ক্ষমতা ভাৰতৰ সংবিধানৰ মূল গাঁথনিৰ অন্তর্ভুক্ত।

১৩। গুজৰাট আন্দোলনৰ বিষয়ে এটা টোকা।

উত্তৰঃ গুজবাট আন্দোলন কংগ্ৰেছৰ অপশাসনৰ বিৰুদ্ধে পৰিচালিত হৈছিল। বিশেষকৈ ছাত্ৰসকলে এই আন্দোলন সক্রিয় অংশ গ্ৰহন কৰিছিল। এই আন্দোলনৰ অন্যতম কাৰণ আছিল খাদ্য বস্তুৰ মূল্যবৃদ্ধি আৰু কংগ্ৰেছ চৰকাৰৰ স্বেচ্ছাচাৰিতা।

১৪। আনকি জৰুৰীকালীন অৱস্থাৰ পিছতো বিলুপ্ত নোহোৱা বিষয়বোৰৰ তালিকা দিয়া । 

উত্তৰঃ যদিওবা জৰীকালীন অবস্থা ঘোষণা কৰা হৈছিল তথাপি জৰুৰীকালীন অৱস্থাৰ পিছতো কেতবোৰ বিষয় বিলুপ্ত হোৱা নাছিল। এই বিষয়বোৰ এনে ধৰণৰ –

 (ক) গণতান্ত্রিক চৰকাৰ এখনৰ দৈনন্দিন কার্যক্রমণিকা আৰু ৰাজনৈতিক দল আৰু প্ৰভাৱগোষ্ঠীসমূহৰ দ্বাৰা ধাৰাবাহিকভাৱে চলা ৰাজনৈতিক প্রতিবাদ।

(খ) জলীকালীন সময়ত আৰক্ষী আৰু প্রশাসনে অত্যাধিক ক্ষমতা লাভ কৰো হল যদিও পরবর্তী সময়ত শাসক পক্ষৰ ৰাজনৈতিক হাঠিয়াৰ ৰূপে পৰিগণিত হৈছিল। এ সমস্যা বর্তমানেও বিদ্যমান।

(গ)ভাৰতৰ দৰে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত চৰকাৰৰ ক্ষমতা আৰু জনসাধাৰণৰ অধিকাদ মাজৰ সঠিক ভান ক্ষমতা বর্তমানেও এক গুরুত্বপূর্ণ বিষয়।

 (ঘ) প্রতিবাদী কাৰ্যসূচীসমূহত নিয়োজিত হোৱাৰ বাবে সমাধানৰ পূর্ণ স্বাধীনতা থাকি লাগে নে তেওঁলোকৰ এনে অধিকাৰ থকা অনুচিত এইটোও এক গুৰুত্বপূর্ণ বিষয়।

১৫। জৰুৰীকালীন অৱস্থাৰ পিছৰ ৰাজনীতি সন্দৰ্ভত এটা টোকা লিখা। 

উত্তৰঃ জৰুৰীকালীন অৱস্থাৰ ঘোষণাই দেশৰ নাগৰিকৰ জীৱন আৰু ৰাজনীতিত বছ প্রভাৱ পেলাইছিল—

(ক)১৯৭৭ আৰু ১৯৮০ ৰ নিৰ্বাচনৰ মাজত দলীয় অৱস্থাৰ নাটকীয় পৰিৱৰ্তন সাধন হৈছিল। ১৯৭৭ চনৰ নিৰ্বাচন জৰুৰীকালীন অভিজ্ঞতাৰ গণভোটৰ লেখীয়া হৈ পৰিছিল, অস্তত উত্তৰ ভাৰতত য’ত জৰুৰী অৱস্থা গভীরভাৱে উপলব্ধি কৰা হৈছিল। পেন প্ৰথমবাৰৰ বাবে কংগ্ৰেছ দল লোকসভা নিৰ্বাচনত পৰাস্ত হৈছিল।

(খ)১৯৭৭ চনৰ পৰা পিছপৰা জাতিবিলাকৰ কল্যাণৰ বিষয়টোৱে ৰাজনীতিত পৰোক্ষভাৱে প্রধান বিষয়ৰূপে চিহ্নিত হৈছিল। উদাহৰণস্বৰূপে উত্তৰ ভাৰতৰ ৰাজ্যবিলাকে অকংগ্ৰেছী চৰকাৰৰ নিৰ্বাচন কৰিছিল যিবিলাকৰ নেকি অনগ্ৰসৰ জাতিবিলাকৰ নেতাসকলে নেতৃত্ব প্রদান কৰিছিল।

(গ)তাৰোপৰি, জৰুৰীকালীন সময় আৰু ইয়াৰ সমসাময়িক সময়ছোৱাক ৰাজনৈতিক সংকটৰ সময় হিচাপে চিহ্নিত কৰা হৈছিল। ক্ষমতাধিস্থ দলটোৰ নিৰংকুশ সংখ্যাগরিষ্ঠতা থকা স্বত্বেও দলৰ নেতৃবৃন্দই গণতান্ত্রিক প্রক্রিয়াক বৰ্খাস্তকৰণৰ সিদ্ধান্ত লৈছিল। 

(ঘ) আনহাতে, এই সময়ছোৱাক সাংবিধানিক সংকটৰ সময় বুলিও কোৱা হয়। সংসদ আৰু ন্যায়পালিকাৰ কৰ্তৃত্বক কেন্দ্ৰ কৰি হোৱা সাংবিধানিক যুদ্ধৰ প্ৰেক্ষাপটতে জৰুৰীকালীন অৱস্থাৰ সৃষ্টি হৈছিল।

১৬। “জৰুৰীকালীন অবস্থা প্রয়োজনীয় আছিলনে”? — কথাটো আলোচনা কৰা।

উত্তৰঃ ভাৰতৰ তদানীক্তন প্রধানমন্ত্রী ইন্দিরা গান্ধীৰ পদত্যাগৰ দাবী তুলি জয়প্রকাশ নাৰায়ণে চলোৱা ৰাষ্ট্ৰীয় সত্যাগ্ৰহৰ প্ৰতিবাদকল্পে কংগ্ৰেছ চৰকাৰে এক সংকটকালীন পৰিস্থিতিৰ সন্মুখীন হৈছিল যাৰ বাবে জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছিল।

এনে এক প্রেক্ষাপটতে ১৯৭৫ চনৰ ২৫ জুন তাৰিখে চৰকাৰে সংবিধানৰ ৩৫২ নং অনুচ্ছেদৰ আধাৰত আভ্যন্তৰীণ শাস্তি আৰু শৃংখলা ব্যাহত হোৱাৰ অজুহাতত জাতীয় জৰুৰীকালীন অবস্থা ঘোষণা কৰিছিল।

১৭। জৰুৰীকালীন অৱস্থাৰ পৰা সমাজৰ বিভিন্ন শ্রেণীৰ বিভিন্ন আকাংক্ষাসমূহ কি কি আছিল?

উত্তৰঃ জৰুৰীকালীন অৱস্থাৰ ঘোষণাই সৰ্বসাধাৰণ লোকৰ জীৱন ক্রমাণ্ড দুর্বিসহ কৰি তোলে। এই সময়ছোৱাত সাধাৰণ লোকৰ ওপৰত অত্যাচাৰ চলাৰ লগতে বহুতো নিৰীহ লোকে আৰক্ষীৰ জিম্মাত মৃত্যুবৰণ কৰিবলগীয়া হয়। বহুতো লোকক বলপূর্বকভাবে আন ঠাইলৈ স্থানান্তৰ কৰা হয়। জন বিস্ফোৰণৰ সমস্যা নিয়ন্ত্ৰণৰ বাবে বাধ্যতামূলক বন্ধ্যাকরণ পদ্ধতি প্রয়োগ কৰা হয়।

১৮। ১৯৭৭ চনৰ নিৰ্বাচনত কংগ্ৰেছে পৰাজয় বৰণ কৰিবলগীয়া হোৱাৰ বিভিন্ন কাৰণবোৰ লিখা।

উত্তৰঃ ১৯৭৭ চনৰ নিৰ্বাচনত কংগ্ৰেছ দল পৰাজয়ৰ কাৰণবোৰ হ’ল – ১৯৭৫ চনত ইন্দিৰা গান্ধীয়ে প্ৰয়োগ কৰা জৰুৰীকালীন অৱস্থাৰ ফলত জনসাধাৰণে ভোগ কৰা অবর্ণনীয় অত্যাচাৰ। (খ) সংবাদপত্ৰৰ স্বাধীনতাৰ ওপৰত নিষেধাজ্ঞাৰ ফলত সংবাদ মাধ্যমসমূহ ইন্দিৰা গান্ধীৰ স্বেচ্ছাচাৰীতাক বাধা দিবলৈ প্ৰচাৰ চলাইছিল।

(গ) ভাৰতৰ বিভিন্ন প্ৰান্তত দেখা দিয়া গণ আন্দোলনবোৰে জনসাধাৰণক একত্ৰিত কৰিছিল আৰু এখন অনাকংগ্ৰেছী চৰকাৰ গঠনৰ বাবে জনতা দলক সমৰ্থন কৰিছিল।

(ঘ) জৰুৰীকালনী সময়ৰ বলপূর্বক সংস্থাপন, স্থানাত্তৰকৰণ তথা বলপূর্বক বান্ধ্যকৰণৰ বাবে দাক্ষিণাত্যৰ ৰাজ্যবোৰ কংগ্ৰেছ বিৰোধী হৈ পৰিছিল।

১৯। ১৯৭৫ চনত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ বাবে চৰকাৰে আগবঢ়োৱা শৰণবোৰ কি কি আছিল?

উত্তৰঃ ১১৯৭৫ চনত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ চৰকাৰী কাৰণ তিনিটা আছিল –

(ক) ১৯৭১ চনৰ পাকিস্তানৰ সৈতে যুদ্ধ, ১৯৭২-৭৮ চনৰ খাদ্য শস্য উৎপাদনৰ দ্ৰুতগতিত হ্ৰাস আৰু ১৯৭৩-৭৪ চনৰ তেলৰ মূল্য বৃদ্ধি।

(খ) ১৯৭৪ চনৰ বিহাৰৰ ছাত্র আন্দোলন, গুজৰাটৰ নবনিৰ্মাণ আন্দোলন আৰু কংগ্ৰেছ দলৰ ৰাজ্যবিধানসভা নিৰ্বাচনত পৰাজয় আৰু ১৯৭৪ চনৰ ৰেলকৰ্মীৰ ধৰ্মঘট ফলত ৰাষ্ট্ৰত অশান্তির সৃষ্টি।

(গ) এলাহাবাদৰ উচ্চ ন্যায়ালয়ৰ দ্বাৰা ইন্দিৰা গান্ধীৰ ১৯৭১ চনৰ লোকসভাৰ নিৰ্বাচনৰ জয়লাভ নাকচ কৰি প্ৰদান কৰা লেখ জাৰি ফলব ন্যায়পালিকাৰ অধিকাৰকে বাধা প্ৰদান কৰে।

২০। ইন্দিৰা গান্ধীৰ নিৰ্বাচনৰ অবৈধতা সম্পৰ্কে লিখা। 

উত্তৰঃ পঞ্চম লোকসভা নির্বাচনত সমাজবাদী নেতা ৰাজনাৰায়ণে ইন্দিৰা গান্ধীর বিরুদ্ধে প্রতিদ্বন্দ্বিতাত নামি পৰাজয় বৰণ কৰিছিল। নিৰ্বাচনৰ শেষত ৰাজ নাৰায়ণে ইন্দিৰা গান্ধীর নিৰ্বাচনী প্ৰচাৰ কাৰ্যক লৈ ন্যায়ালয়ত এক অভিযোগ কৰে। এই অভিযোগৰ ভিত্তিত ১৯৭৫ চনৰ ১২ জুন তাৰিখে এলাবাদৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জগমোহন লাল সিনহাই এজনীয় বিচাৰপীঠ যোগে ১৯৭১ চনৰ লোকসভা নিৰ্বাচনত ইন্দিৰা গান্ধীৰ প্ৰচাৰ কাৰ্যক অবৈধ হিচাপে ঘোষণা কৰে। ৰাজনাৰায়ণৰ অভিযোগৰ ভিত্তিত ন্যায়াধীশ সিনহাই ৰায় দিয়ে যে নির্বাচনী প্ৰচাৰ কাৰ্যত ইন্দিৰা গান্ধীয়ে চৰকাৰ চাকৰিয়াল নিয়োগ কৰিছিল। যিটো প্ৰকৃততে সংবিধান বিৰোধী আছিল। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায় দানৰ বিধিগত অর্থ এই যে আছিল যে ইন্দিৰা গান্ধী লোকসভাৰ সদস্য নহয় আৰু সেয়েহে তেওঁ প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ থকাৰ সাংবিধানিক যোগ্যতা নাই।

২১। কংগ্ৰেছ চৰকাৰে কি ভিত্তিত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল?

উত্তৰঃ ১১৯৭৫ চনত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ চৰকাৰী কাৰণ তিনিটা আছিল –

(ক) ১৯৭১ চনৰ পাকিস্তানৰ সৈতে যুদ্ধ, ১৯৭২-৭৮ চনৰ খাদ্য শস্য উৎপাদনৰ দ্ৰুতগতিত হ্ৰাস আৰু ১৯৭৩-৭৪ চনৰ তেলৰ মূল্য বৃদ্ধি।

(খ) ১৯৭৪ চনৰ বিহাৰৰ ছাত্র আন্দোলন, গুজৰাটৰ নবনিৰ্মাণ আন্দোলন আৰু কংগ্ৰেছ দলৰ ৰাজ্যবিধানসভা নিৰ্বাচনত পৰাজয় আৰু ১৯৭৪ চনৰ ৰেলকৰ্মীৰ ধৰ্মঘট ফলত ৰাষ্ট্ৰত অশান্তিৰ সৃষ্টি।

(গ) এলাহাবাদৰ উচ্চ ন্যায়ালয়ৰ দ্বাৰা ইন্দিৰা গান্ধীৰ ১৯৭১ চনৰ লোকসভাৰ নিৰ্বাচনৰ জয়লাভ নাকচ কৰি প্ৰদান কৰা লেখ জাৰি ফলব ন্যায়পালিকাৰ অধিকাৰকে বাধা প্ৰদান কৰে।

দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান প্ৰশ্নোত্তৰ

Sl. No.সূচী-পত্ৰ
Unit 1প্ৰথম খণ্ড
Chapter 1শীতল যুদ্ধৰ যুগ
Chapter 2দ্বি ৰাষ্ট্ৰবাদৰ অৱসান
Chapter 3 আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য
Chapter 4ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ
Chapter 5সাম্প্রতিক দক্ষিণ এছিয়া
Chapter 6আন্তর্জাতিক সংগঠন
Chapter 7সাম্প্রতিক বিশ্বত নিৰাপত্তা
Chapter 8পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ
Chapter 9বিশ্বায়ন
Unit 2দ্বিতীয় খণ্ড
Chapter 1জাতি গঠনৰ প্ৰত্যাহ্বান
Chapter 2এক দলীয় প্রাধান্যৰ যুগ
Chapter 3পৰিকল্পিত বিকাশৰ ৰাজনীতি
Chapter 4ভাৰতৰ বৈদেশিক সম্বন্ধ
Chapter 5কংগ্রেছ ব্যৱস্থাৰ প্রতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্রতিষ্ঠা
Chapter 6গণতন্ত্রৰ সংকট
Chapter 7গণ আন্দোলনৰ অভ্যুত্থান
Chapter 8আঞ্চলিক আকাংক্ষাবোৰ
Chapter 9ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ

২২। জৰুৰীকালীন অৱস্থাৰ প্ৰয়োগ উল্লেখ কৰা। 

উত্তৰঃ ১১৯৭৫ চনত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ চৰকাৰী কাৰণ তিনিটা আছিল –

(ক) ১৯৭১ চনৰ পাকিস্তানৰ সৈতে যুদ্ধ, ১৯৭২-৭৮ চনৰ খাদ্য শস্য উৎপাদনৰ দ্ৰুতগতিত হ্ৰাস আৰু ১৯৭৩-৭৪ চনৰ তেলৰ মূল্য বৃদ্ধি।

(খ) ১৯৭৪ চনৰ বিহাৰৰ ছাত্র আন্দোলন, গুজৰাটৰ নবনিৰ্মাণ আন্দোলন আৰু কংগ্ৰেছ দলৰ ৰাজ্যবিধানসভা নিৰ্বাচনত পৰাজয় আৰু ১৯৭৪ চনৰ ৰেলকৰ্মীৰ ধৰ্মঘট ফলত ৰাষ্ট্ৰত অশান্তিৰ সৃষ্টি।

(গ) এলাহাবাদৰ উচ্চ ন্যায়ালয়ৰ দ্বাৰা ইন্দিৰা গান্ধীৰ ১৯৭১ চনৰ লোকসভাৰ নিৰ্বাচনৰ জয়লাভ নাকচ কৰি প্ৰদান কৰা লেখ জাৰি ফলব ন্যায়পালিকাৰ অধিকাৰকে বাধা প্ৰদান কৰে।

২৩। ৪২তম সংবিধান সংশোধনী আইনৰ ৪টা ব্যৱস্থা লিখা।

উত্তৰঃ ৪২ তম সংবিধান সংশোধনী আইনৰ ৪টা ব্যৱস্থা হ’ল –

(ক) সংবিধানৰ চতুর্থ অধ্যায়ত ত নাগৰিকৰ মৌলিক কৰ্তব্য সংযোজন কৰা হয়।

(খ)প্রস্তাব মতে সমাজবাদী, ধৰ্মনিৰপেক্ষ শব্দ দুটা সংযোজন কৰা হয়। 

(গ) ৭৪ (১) নং অনুচ্ছেদ মতে মন্ত্রীসভাৰ পৰামৰ্শক্ৰমে ৰাষ্ট্ৰপতি পৰিচালিত হোৱা বাধ্যবাধ্যকতা।

(ঘ)আইনসভাসমূহৰ কাৰ্য্যকাল ৫ বছৰৰ ঠাইত ৬ বছৰ কৰা হয়। 

২৪। জনতা পাৰ্টী গঠন হোৱাৰ কাৰণসমূহ কি আছিল? 

উত্তৰঃ ১৯৭৭ চনৰ ১ মে’ত দিল্লীৰ প্ৰগতি ময়দানত অনুষ্ঠিত সন্মিলনৰ জৰিয়তে জনতা পার্টি গঠন হয়। জনতা পার্টি গঠন হোৱাৰ প্ৰধান কাৰণ হ’ল –

(ক)ভাৰতৰ ৰাজনীতিৰ পৰা কংগ্ৰেছ দলৰ আধিপত্যৰ অন্ত পেলাবৰ বাবে বিভিন্ন নেতা একত্ৰিত হৈছিল। 

(খ) ইন্দিৰা গান্ধীৰ একনায়কত্ববাদী শাসন বিৰুদ্ধে বিৰোধী দলবোৰে এখন মঞ্চত থিয়  হৈ জনতা পার্টি গঠন কৰে।

(গ) জরুবীকালীন অৱস্থাত জনসাধাৰণৰ ওপৰত অবর্ণনীয় অত্যাচাৰৰ পৰা হাত সাৰিবলৈ জনতা পার্টি গঠন হৈছিল।

(ঘ) জৰুৰীকালীন অৱস্থাত গণতন্ত্ৰৰ বিফল কৰিবলৈ চেষ্টা চলোৱাৰ বিপৰীতে বিৰোধী দলবোৰে গণতন্ত্ৰ ৰক্ষাৰ বাবে জনতা পার্টি গঠন কৰিছিল।

২৫। জনতা পাৰ্টী চৰকাৰে শ্বাহ আয়োগ কিয় গঠন কৰিছিল আৰু ইয়াৰ অনুসন্ধানৰ ফল কি আছিল?

উত্তৰঃ ১৯৭৭ চনৰ মে’ মাহত জনতা দলৰ চৰকাৰ ১৯৭৫ চনৰ ২৫ জুনত ঘোষণা কৰা জৰুৰী অৱস্তাৰ সময়ত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন অপৰাধমূলক কার্য তথা আন আন দিশৰ তদন্ত কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ অবসৰপ্ৰাপ্ত মূল্য ন্যায়াধীশ জে.টি. শ্বাহৰ নেতৃত্বত এখন তদন্ত কমিটি গঠন কৰি দিয়ে।

এই কমিছনে বিভিন্ন প্রমাণ আৰু প্ৰত্যক্ষদশস্ত্ৰীৰ সাম্য প্রমাণ পৰীক্ষা কৰিছিল। এইবোৰৰ ভিতৰত ইন্দিৰা গান্ধীত অন্তর্ভুক্ত আছিল, যদিও তেওঁ কোনো উত্তৰ দিবলৈ অস্বীকাৰ কৰিছিল। ভাৰত চৰকাৰে শ্বাহ কমিছনৰ দুটা মধ্যকালীন প্রতিবেদন আৰু তৃতীয় তথা চূড়ান্ত প্রতিবেদনত ইয়াৰ তথ্য প্রমাণ, পৰ্যবেক্ষণ তথা পৰামৰ্শাৱলী গ্ৰহণ কৰিছিল। এই প্রতিবেদন সংসদৰ দুয়োখন সদনতো উত্থাপন কৰা হৈছিল।

২৬। জৰুৰীকালীন অৱস্থাৰ ফলাফলসমূহ আলোচনা কৰা।

 উত্তৰঃ সামগ্রিকভাবে জৰুৰীকালীন অৱস্থাৰ ফলসমূহ আছিল এনে ধৰণৰ―

(ক) মৌলিক অধিকাৰসমূহৰ বাতিলকৰণ।

(খ) সংবাদ মাধ্যমৰ স্বাধীনতাৰ নিষেধাজ্ঞা জাৰি।

(গ) নিবাৰক নিৰোধ আইনসমূহৰ প্ৰণয়ন। 

(ঘ) বিৰোধী ৰাজনৈতিক দলসমূহৰ নেতা, কৰ্মী আৰু সমৰ্থকৰ গ্ৰেপ্তাৰ আৰু কাৰাবন্দী।

(ঙ) যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো একাত্মক চৰকাৰলৈ ৰূপান্তৰ।

(চ) ধর্মঘট, হৰতাল আদিৰ নিষিদ্ধকৰণ।

(ঘ) দীঘল প্রশ্নোত্তৰ: মূল্যাংক : ৬ নম্বৰকৈ

১।১৯৭৫ চনৰ ২৫ জুন তাৰিখে ঘোষণা কৰা জৰুৰী অৱস্থাৰ ছয়টা ফলাফল ঘোষণা কৰা।

উত্তৰঃ (ক) বহুসংখ্যক বিৰোধী নেতা গ্ৰেপ্তাৰ হৈছিল।

(খ) প্রচাৰ মাধ্যমৰ স্বতন্ত্রতাৰ ক্ষেত্ৰত নিষেধাজ্ঞা বলবৎ কৰা হৈছিল।

(গ) নাগৰিকৰ মৌলিক অধিকার বাতিল কৰা হৈছিল। 

(ঘ) প্ৰতিৰোধী আটকৰ ব্যৱহাৰ কৰা হৈছিল।

 (ঙ) নাগৰিকৰ জীৱন আৰু স্বাধীনতাৰ অধিকাৰ চৰকাৰৰ ঘানা বাতিল কৰা হৈছিল।

২।১৯৭৭ চনৰ নিৰ্বাচনত কংগ্ৰেছৰ পৰাজ্যাৰ কাৰণসমূহ উল্লেখ কৰা।

 উত্তৰঃ যিহেতু জৰুৰী অৱস্থাৰ সময়ত হাজাৰ লোকক কৰা গ্ৰেপ্তাৰ, সংবাদ পত্ৰৰ ওপৰত। আৰি কৰা নিষেধাজ্ঞা আদিৰ কাৰণে জনসাধাৰণ ইতিমধ্যে চৰকাৰৰ ওপৰত নিতুষ্ট ৰৈ পৰিছিল আৰু তেওঁলোকে জয়প্রকাশ নাৰায়ণক এজন যোগ্য নেতা হিচাপে মানিবলৈ আৰম্ভ কৰে। তাৰোপৰি, জনতা দল গঠন হোৱাৰ ফলত কংগ্ৰেছ বিৰোধী ভোটসমূহ বিভাজন হোৱাৰ আশংকাও নোহোৱা হয়। এনে পৰিস্থিতিত সেই সময়ৰ নিৰ্বাচনী বতাহ কংগ্ৰেছ দলৰ বিপক্ষে ববলৈ আৰম্ভ কৰে।

লোকসভা নিৰ্বাচনৰ ফলাফলে ভাৰতীয় ৰাজনৈতিক ইতিহাসত এক উল্লেখযোগ্য পৰিবৰ্তনৰ সূচনা কৰে। এই নিৰ্বাচনত কংগ্ৰেছ দলে লোকসভাৰ আসনৰ মাত্ৰ ১৫৪ খন আসনহে পায় কৰিবলৈ সক্ষম হয়। অন্যহাতে, জনতা পার্টি আৰু ইয়াৰ মিত্ৰ দলসমূহে মুঠ ৫৪২ খন আসনৰ ৩৩০ খন আসন লাভ কৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে জনতা পার্টিয়ে অকলেই ২৯৫ খন আসনত জয়লাভ কৰি একক সংখ্যাগরিষ্ঠতা লাভ কৰিবলৈ সক্ষম হয়। নির্বাচনী ফলাফলত দেখা গ’ল যে উত্তৰ ভাৰতত প্ৰায় সংখ্যক লোকেই কংগ্ৰেছ দলৰ বিৰুদ্ধে ভোটদান কৰে। তাৰোপৰি বিহাৰ, উত্তৰ প্ৰদেশ, দিল্লী, হাৰিয়ানা আৰু পাঞ্জাৱৰ কোনো এটা সমষ্টিতে কংগ্ৰেছ দলে জয়লাভ কৰিবলৈ সক্ষম নহয়। ঠিক একেদৰে ৰাজস্থান আৰু মধ্যপ্রদেশত কেবল মাত্ৰ এখনকৈহে আসন লাভ কৰে। ৰায়বেৰেলি সমষ্টিত ইন্দিৰা গান্ধীয়ে আৰু তেওঁৰ পুত্ৰ সঞ্জয় গান্ধীয়ে আমেথিত পৰাজয় বৰণ কৰে।

৩।১৯৭৭ চনত জনতা চৰকাৰে শ্বাহ আয়োগ নিয়োগ কৰিছিল? এই আয়োগ কি কাৰণে নিয়োগ কৰা হৈছিল আৰু ইয়াৰ প্ৰতিবেদনত কি কি আছিল?

উত্তৰঃ ১৯৭৭ চনৰ মে’ মাহত জনতা দল চৰকাৰে ন্যায়াধীশ জে চি চাহক এটা আয়োগৰ মুৰব্বী হিচাপে নিযুক্তি কৰিছিল। এই আয়োগক চাহ আয়োগ বোলা হয়। এই আয়োগৰ মূল উদ্দেশ্য আছিল জৰুৰীকালীন অৱস্থাত হোৱা সমস্যাসমূহৰ তদন্ত কৰা। তদন্ত কৰোতে, এই আয়োগৰ আগত আনকি ইন্দিৰা গান্ধীও যাব লগা হৈছিল। কিন্তু, ইন্দিৰা গান্ধীয়ে কোনো প্ৰশ্নৰ উত্তৰ দিয়া নাছিল। এই আয়োগে দিয়া ৰিপ’ৰ্টৰ ওপৰত ভিত্তি কৰি, জনতা দলৰ চৰকাৰে সদনত উত্থাপন কৰিছিল।

8। ১৯৭৭ চনৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে বিৰোধী দলে কেন্দ্ৰত ক্ষমতালৈ আহিছিল। ইয়াৰ কাৰণবোৰ কি কি আছিল?

উত্তৰঃ যিহেতু জৰুৰী অৱস্থাৰ সময়ত হাজাৰ লোকক কৰা গ্ৰেপ্তাৰ, সংবাদ পত্ৰৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞা আদিৰ কাৰণে জনসাধাৰণ ইতিমধ্যে চৰকাৰৰ ওপৰত বিতৃষ্ট বৈ পৰিছিল আৰু তেওঁলোকে জয়প্রকাশ নাৰায়ণক এজন যোগ্য নেতা হিচাপে মানিবলৈ আৰম্ভ কৰে। তাৰোপৰি, জনতা দল গঠন হোৱাৰ ফলত কংগ্ৰেছ বিৰোধী ভোটসমূহ বিভাজন হোৱাৰ আশংকাও নোহোৱা হয়। এনে পৰিস্থিতিত সেই সময়ৰ নিৰ্বাচনী বতাহ কংগ্ৰেছ দলৰ বিপক্ষে ববলৈ আৰম্ভ কৰে।

লোকসভা নিৰ্বাচনৰ ফলাফলে ভাৰতীয় ৰাজনৈতিক ইতিহাসত এক উল্লেখযোগ্য পৰিবৰ্তনৰ সূচনা করে। এই নিৰ্বাচনত কংগ্ৰেছ দলে লোকসভাৰ আসনৰ মাত্ৰ ১৫৪ খন আসনহে লাভ কৰিবলৈ সক্ষম হয়। অন্যহাতে, জনতা পার্টি আৰু ইয়াৰ মিত্ৰ দলসমূহে মুঠ ৫৪২ খন আসনৰ ৩৩০ খন আসন লাভ কৰে। আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল যে জনতা পার্টিয়ে অকলেই ২৯৫ খন আসনত জয়লাভ কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হয়। নির্বাচনী ফলাফলত দেখা গ’ল যে উত্তৰ ভাৰতত প্ৰায় সংখ্যক লোকেই কংগ্ৰেছ দলৰ বিৰুদ্ধে ভোটদান কৰে। তাৰোপৰি বিহাৰ, উত্তৰ প্ৰদেশ, দিল্লী, হাৰিয়ানা আৰু পাঞ্জাৱৰ কোনো এটা সমষ্টিতে কংগ্ৰেছ দলে জয়লাভ কৰিবলৈ সক্ষম নহয়। ঠিক একেদৰে ৰাজস্থান আৰু মধ্যপ্ৰদেশত কেৱল মাত্র এখনকৈহে আসন লাভ কৰে। ৰায়বেৰেলি সমষ্টিত ইন্দিৰা গান্ধীয়ে আৰু তেওঁৰ পুত্ৰ সঞ্জয় গান্ধীয়ে আমেথিত পৰাজয় বৰণ কৰে।

৫।জৰুৰী অৱস্থাৰ প্ৰভাৱ সম্পর্কে তলত দিয়া মন্তব্যবোৰ আলোচনা কৰা। (ক) নাগৰিকৰ পৌৰ স্বাধীনতাৰ ওপৰত প্ৰভাৱ।

উত্তৰঃ জৰুৰী অৱস্থাৰ সময়ত চৰকাৰে জনসাধাৰণৰ স্বাধীনতাৰ অধিকাৰত বাধা আৰোপ কৰিছিল। প্রতিবাদীকাৰীসকলক আটক কৰা হৈছিল। জৰুৰী অৱস্থাৰ বাবে নাগৰিকে পৌৰ স্বাধীনতাৰ মূল্য উপলব্ধি কৰিবলৈ সক্ষম হৈছিল। 

(খ) কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ ওপৰত প্ৰভাৱ।

উত্তৰঃ জৰুৰী অৱস্থাৰ সময়ত কাৰ্য্যপালিকা আৰু ন্যায়পালিকাৰ মাজত সংঘাত হৈছিল। কাৰ্য্যপালিকাই ন্যায়পালিকাৰ কাৰ্য্যত অপ্রয়োজনীয় হস্তক্ষেপ কৰিছিল।

(গ) গণমাধ্যমৰ কাৰ্য্য

উত্তৰঃ জৰীকালীন অৱস্থাত চৰকাৰে সংবাদ মাধ্যমৰ স্বাধীনতা বাতিল কৰিছিল। বাতৰি কাকতসমূহে যি কোনো তথ্য প্ৰকাশ কৰাৰ বাবে চৰকাৰৰ আগতীয়া অনুমতি ল’ব লাগে। এই  অৱস্থা ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থা হোৱাৰ সময়ত ভাৰতত হৈছিল। তাকে সংবাদ মাধ্যমৰ নিষেধাজ্ঞা বোলা হয়।

(ঘ) পুলিচ আৰু আমোলৰ ওপৰত প্ৰভাৱ।

 উত্তৰঃ পুলিচ আৰু আমোলাসকলে জৰুৰী অৱস্থাত শাসক দলৰ নিৰ্দেশত কাম কৰিব লগা। হৈছিল। তেওঁলোকে স্বতন্ত্ৰ আৰু নিৰপেক্ষভাৱে কাম কৰিবলৈ সক্ষম হোৱা নাছিল। পুলিচ আৰু আমোলা শাসক দলৰ হাতিয়াৰ হৈ পৰিছিল।

৬। জৰুৰী অৱস্থাৰ প্ৰয়োগে ভাৰতীয় দলীয় ব্যৱস্থাক কিদৰে প্ৰভাৱিত কৰিছিল? উদাহৰণ দি আলোচনা কৰা। 

উত্তৰঃ জৰুৰী অৱস্থাৰ প্ৰয়োগে বিৰোধী ৰাজনৈতিক দলবোৰক একত্ৰিত হোৱাত সহায় কৰিছিল। তেওঁলোকে জনতা দল নামেৰে এটা নতুন ৰাজনৈতিক দল জন্ম দিছিল। কিছুমান কংগ্ৰেছ দলৰ নেতায়ো পৃথক দল গঠনৰ চেষ্টা কৰিছিল। ১৯৭৭ চনৰ নিৰ্বাচনত জনতা দলে কংগ্ৰেছক হৰুৱাই প্ৰথমখন অকংগ্ৰেছী চৰকাৰ গঠন কৰিছিল।

৭।জনতা দলৰ নীতি আৰু কাৰ্য্যসূচী আলোচনা কৰা। 

উত্তৰঃ ১৯৭৭ চনত জয় প্রকাশ নাৰায়ণৰ নেতৃত্বত জনতা দল গঠিত হৈছিল। এই দলটো এটা প্ৰধান অকংগ্ৰেছী ৰাজনৈতিক দল আছিল। এই দলটোৱে গণতন্ত্র পুনৰ প্ৰতিষ্ঠা কৰি ভাৰতবৰ্ষক এখন জনকল্যাণমুখী ৰাষ্ট্ৰ হিচাবে গঢ়ি তোলাৰ পোষকতা কৰিছিল। এই দলটোৱে কৃষক আৰু শ্ৰমিকৰ আৰ্থ-সামাজিক বিকাশত গুৰুত্ব প্ৰদান কৰিছিল।

৮। ১৯৭৭ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰধান ফলাফল সম্পর্কে আলোচনা কৰা। 

উত্তৰঃ যিহেতু জৰুৰী অৱস্থাৰ সময়ত হাজাৰ লোকক কৰা গ্ৰেপ্তাৰ, সংবাদ পত্ৰৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞা আদিৰ কাৰণে জনসাধাৰণ ইতিমধ্যে চৰকাৰৰ ওপৰত বিতুষ্ট বৈ পৰিছিল আৰু তেওঁলোকে জয়প্রকাশ নাৰায়ণক এজন যোগ্য নেতা হিচাপে মানিবলৈ আৰম্ভ কৰে। তাৰোপৰি, জনতা দল গঠন হোৱাৰ ফলত কংগ্ৰেছ বিৰোধী ভোটসমূহ বিভাজন হোৱাৰ আশংকাও নোহোৱা হয়। এনে পৰিস্থিতিত সেই সময়ৰ নিৰ্বাচনী বতাহ কংগ্ৰেছ দলৰ বিপক্ষে ববলৈ আৰম্ভ কৰে।

লোকসভা নিৰ্বাচনৰ ফলাফলে ভাৰতীয় ৰাজনৈতিক ইতিহাসত এক উল্লেখযোগ্য পৰিবৰ্তনৰ সূচনা কৰে। এই নিৰ্বাচনত কংগ্ৰেছ দলে লোকসভাৰ আসনৰ মাত্র ১৫৪ খন আসনহে লাত। কৰিবলৈ সক্ষম হয়। অন্যহাতে, জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰ দলসমূহে মুঠ ৩৩০ খন আসন লাভ করে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে জনতা পার্টিয়ে অকলেই ২৯৫ খন আসনত জয়লাভ কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হয়। নির্বাচনী ফলাফলত দেখা গ’ল যে উত্তৰ ভাৰতত প্ৰায় সংখ্যক লোকেই কংগ্ৰেছ দলৰ বিৰুদ্ধে ভোটদান কৰে। তাৰোপৰি বিহাৰ, উত্তৰ প্ৰদেশ, দিল্লী, হাৰিয়ানা আৰু পাঞ্জাৱৰ কোনো এটা সমষ্টিতে কংগ্ৰেছ দলে জয়লাভ কৰিবলৈ সক্ষম নহয়। ঠিক একেদৰে ৰাজস্থান আৰু মধ্যপ্ৰদেশত কেৱল মাত্ৰ এখনকৈহে আসন লাভ কৰে। ৰায়বেৰেলি সমষ্টিত ইন্দিৰা গান্ধীয়ে আৰু তেওঁৰ পুত্ৰ সঞ্জয় গান্ধীয়ে আমেথিত পৰাজয় বৰণ কৰে।

৯।১৯৭৩ চনৰ ন্যায়পালিকা আৰু সংসদৰ মাজৰ বিবাদৰ বিষয়ে ব্যাখ্যা কৰা।

উত্তৰঃ ১৯৭৩ চনত ভাৰতীয় মুখ্য ন্যায়াধীশৰ পদ খালী হৈছিল। কিন্তু কাৰ্যপালিকাই আইন অমান্য কৰি তিনিজন জ্যেষ্ঠ ন্যায়াধীশ থকা সত্ত্বেও ন্যায়াধীশ এ এন ৰে’ক ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিছিল। এইটোৱে ন্যায়পালিকা আৰু কাৰ্যকালিকাৰ মাজত বিতৰ্কৰ সৃষ্টি কৰিছিল। আনহাতে, ন্যায়পালিকাৰ সাংবিধানিক ব্যাখ্যাৰ ক্ষেত্ৰটো ৰাজনৈতিক উদ্দেশ্যৰ প্ৰভাৱ দেখা গৈছিল। ফলত, দুয়োটাৰ মাজত বিতৰ্কৰ সৃষ্টি হৈছিল।

১১। “জৰুৰী অৱস্থা ঘোষনাৰ বাহিৰে ইন্দিৰা গান্ধীৰ ওচৰত কোনো বিকল্প নাছিল”ব্যাখ্যা কৰা। 

উত্তৰঃ ১২ জুন, ১৯৭৫ চনত ইন্দিৰা গান্ধীৰ লোকসভা নির্বাচন ব্যর্থ বুলি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জগমোহন লাল সিংহই নিৰ্দেশ জাৰি কৰিছিল। এই নির্দেশ, ৰাজনাৰায়ণ নামৰ এজন সমাজবাদী নেতাৰ দ্বাৰা দাখিল কৰা আৰ্জিৰ ভিত্তিত লোৱা হৈছিল। ১৯৭১ চনৰ নিৰ্বাচনত ৰাজনাৰায়ণে ইন্দিৰা গান্ধীৰ বিৰুদ্ধে যুঁজ দিছিল। আৰ্জিৰ মতে গান্ধীয়ে নির্বাচনত চৰকাৰী চাকৰিয়ালসকলৰ সহায় লৈছিল। উচ্চ ন্যায়ালয়ৰ এই ৰায়দানে গান্ধীৰ সংসদৰ সদস্যতা বেআইনী বুলি উল্লেখ কৰাৰ লগতে তেওঁ ভাৰতবৰ্ষৰ প্ৰধান মন্ত্ৰী হিচাপে থাকিব নোৱাৰে বুলিও ৰায় জাৰি কৰে। গান্ধী যদি প্রধান মন্ত্রী হ’ব লাগে তেতিয়া হ’লে ৬ মাহৰ ভিতৰত সংসদ সদস্যতা লাভ কৰিব লাগিব। ২৪ জুন তাৰিখে, উচ্চতম ন্যায়ালয়ে উচ্চ ন্যায়ালয়ৰ অৰ্ধৰূপে খাবিজ কবি, গান্ধীক সংসদ সদস্য হিচাপে থকাৰ কথা উল্লেখ কৰিলে। কিন্তু, কোনো ধৰণৰ লোকসভাৰ কাৰ্যত তেওঁ ভূমিকা গ্ৰহণ কৰিব নোৱাৰে বুলিও ৰায় দান কৰিলে। বিৰোধী ৰাজনৈতিক দলসমূহে জে পি নায়াৰণৰ নেতৃত্বত ইন্দিৰা গান্ধীৰ পদত্যাগ দাবী কৰিলে আৰুৰ্চৰকাৰী চাকৰিয়ালক, সেনা আৰু সামৰিক বাহিনীক ‘বেআইনীক আৰু অনৈতিক নির্দেশসমূহ অমান্য কৰিবলৈ আহ্বান জনালে। দেশৰ ৰাজনৈতিক মানসিকতা কংগ্ৰেছৰ বিৰোধী হৈ পৰে। এনে কাৰণতে চৰকাৰে ১৯৭৫ চনত জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিছিল।

১২। নক্সাল আন্দোলনৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ চতুৰ্থ সাধাৰণ নিৰ্বাচনৰ জৰিয়তে ইন্দিৰা গান্ধী নেতৃত্বাধীন চৰকাৰ ১৯৬৭ চনত কেন্দ্ৰত গঠন হোৱাৰ সময়ত সমগ্ৰ দেশজুৰি ভূমি-সংস্কাৰ বিষয়টোৱে এক প্রত্যাহ্বান হিচাপে দেখা দিছিল। নতুন চৰকাৰ গঠন হোৱাৰ পাছত ভূমি আৰু ভূমি ৰাজহ মন্ত্রী হৰেকৃষ্ণ কোঁৱৰে ভূমিহীন দুখীয়া খেতিয়কৰ মাজত ভূমি বিতৰণৰ উদ্দেশ্যে নতুন ভূমি-নীতি ঘোষণা কৰে। কিন্তু এনে বিতৰণ প্ৰক্ৰিয়াত কৃষক সংগঠনসকলক অন্তর্ভুক্ত কৰাৰ কোনো ইংগিত নথকাত সেই সময়ৰ কমিউনিষ্ট মার্ক্সবাদী নেতাসকলৰ অসন্তুষ্ট হয় আৰু ইয়াৰ বিৰুদ্ধে ঠায়ে ঠারে বিভিন্ন সভা-সমিতিৰ আয়োজন কৰে। ১৯৬৭ চনৰ মাৰ্চ মাহৰ মাজ ভাগত পশ্চিমবংগৰ দার্জিলিং পাহাৰীয়া জিলাৰ নক্সালবাৰী আৰক্ষী চকীত কমিউনিষ্ট মাওবাদী নেতাসকলৰ নেতৃত্বত কৃষকসকলৰ এখন সভাৰ আয়োজন কৰে আৰু ইয়াতেই বিদ্ৰোহৰ সূত্রপাত ঘটে। লাহে লাহে এই বিদ্ৰোহ কেইবাখনো ৰাজ্যলৈ বিয়পি পৰে। নক্সালবা আৰক্ষী চকীত এই বিদ্ৰোহৰ প্ৰথম সূত্ৰপাত ঘটাৰ বাবে এই আন্দোলনক “নক্সালবাদী আন্দোলন” হিচাপে জনা যায়। ১৯৬১ চনত নক্সালবাদী আন্দোলনৰ মূল নেতাসকল কমিউনিষ্ট মার্ক্সবাদী দলৰ পৰা বিভক্ত হৈ আহি চাৰু মজুমদাৰৰ নেতৃত্বত “কমিউনিষ্ট-মার্ক্সবাদ-লেনিনবাদ নামেৰে এটা নতুন দল গঠন কৰে। তেওঁলোকে ভাৰতীয় গণতন্ত্রক এক প্রহসন হিচাপে আখ্যা দিয়ে। সশস্ত্র পন্থাত বিশ্বাসী এই নেতাসকলে বিশ্বাস কৰে যে গেৰিলা যুদ্ধৰ জৰিয়তেহে ভাৰতবৰ্ষত এক সর্বাত্মক আন্দোলন গঢ়ি তোলা সম্ভৱপৰ হ’ব।

নক্সালবাদী নেতাসকলে আন্দোলনৰ অংশ হিচাপে দেশৰ বিভিন্ন ঠাইত বহুতো কুটাঘাতমূলক কার্য সংঘটিত কৰে। দুখীয়া তথা ভূমিহীন খেতিয়কলসকলক শোষণ বঞ্চনাৰ পৰা মুক্ত কৰি সমাজত প্ৰকৃত ন্যায় প্রতিষ্ঠা কৰাই হৈছে তেওঁলোকৰ মূল্য উদ্দেশ্য। বর্তমান নক্সালবাদী আন্দোলন বিভিন্ন দল আৰু সংগঠনত বিভক্ত হৈ পৰিছে। ইয়াৰে কিছুমান দল যেনে—চিপি আই এম এল (লিবাবেশ্যন)- এ বর্তমান মুকলিকৈ গণতান্ত্ৰিক ৰাজনীতিত নামি পৰিছে।

১৩। ১৯৭৭ চনত শ্বাহ আয়োগক নিযুক্তি দিছিল জনতা চৰকাৰে। ইয়াক কিয় নিযুক্তি দিয়া হৈছিল আৰু ইয়াৰ প্ৰাপ্তিবোৰ কি আছিল?

উত্তৰঃ জনতা দল চৰকাৰে ন্যায়াধীশ শাহক ১৯৭৭ চনৰ মে মাহত এখন আয়োগৰ মুৰব্বী ৰূপে নিযুক্তি দিছিল। এই আয়োগখনকে শ্বাহ আয়োগ বোলা হয়। জৰুৰীকালীন অৱস্থাত উদ্ভৱ হোৱা সমস্যাবোৰ অনুসন্ধান কৰাই আছিল শাহ আয়োগৰ মৌলিক উদ্দেশ্য অনুসন্ধান কৰোঁতে আয়োগৰ ওচৰত আনকি ইন্দিৰা গান্ধীয়ো যাব লগা হৈছিল। কিন্তু ইন্দিৰা গান্ধীয়ে কোনো প্রশ্নৰ উত্তৰ দিয়া নাছিল। এই আয়োগৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি জনতা দলৰ চৰকাৰে সদনত উত্থাপন কৰিছিল।

১৪। ১৯৭৭ চনত চৰকাৰ গঠন কৰাৰ পিছত জনতা পাৰ্টিৰ মূল সিদ্ধান্তবোৰ কি আছিল? 

উত্তৰঃ জনতা দলৰ প্ৰধান আঁচনি আৰুনীতি আছিল গণতান্ত্রিক সমাজবাদ, নাগৰিক স্বতন্ত্রতা আৰু স্পষ্ট ৰাজনীতি ইত্যাদি। জনতা দলে দেশৰ জনগণক এক আটক ধুনীয়া সাংগঠনিক ভেটি প্ৰদান কৰিছিল। জনতা দলৰ মৌলিক অৱদান ইয়াতেই যে কংগ্ৰেছ (অতি) ৰ ৰাষ্ট্ৰীয় বিকল্প হিচাপে জনতা দলে ইয়াৰ প্ৰতিপত্তি হেৰুৱা নাছিল।

জনতা দলৰ কেতবোৰ নীতি আৰু আঁচনি তলত উল্লেখ কৰা হ’ল – (ক) সমাজৰ অনুসূচীত জাতি, অনুসূচীত জনজাতি, পিছপৰা সম্প্ৰদায় মহিলাসকলৰ কল্যাণৰ ব্যৱস্থা কৰা। (খ) মণ্ডল ২ আয়োগৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰা। (গ) গণতন্ত্র আৰু সমাজবাদ প্রতিষ্ঠা করা। (ঘ) | নিৰ্বাচনত ধন বল আৰু বাহ্বল প্রয়োগক বাধা দান কৰা। (ঙ) ৰেডিঅ আৰু দূৰদৰ্শনক স্বায়ত্ত শাসিত অনুষ্ঠান ৰূপে গঢ়ি তোলা। (চ) ৰাজ্যবিলাকক অধিক স্বায়ত্ত শাসন প্রদান কৰা। (ছ) ধৰ্ম্মনিৰপেক্ষতা আৰু সামাজিক ন্যায় প্রতিষ্ঠা কৰা।

১৫। ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাই ভাৰতীয় গণতান্ত্রিক গাঁথনিটোক কিদৰে লাভৱান্বিত কৰিছিল?

 উত্তৰঃ জৰুৰীকালীন অৱস্থাৰ ঘোষণাই দেশৰ নাগৰিকৰ জীৱন আৰু ৰাজনীতিত বহুত | প্ৰভাৱ পেলাইছিল –

(ক)১৯৭৭ আৰু ১৯৮০ ৰ নিৰ্বাচনৰ মাজত দলীয় অৱস্থাৰ নাটকীয় পৰিৱৰ্তন সাধন হৈছিল। ১৯৭৭ চনৰ নিৰ্বাচন জৰুৰীকালীন অভিজ্ঞতাৰ গণভোটৰ লেখীয়া হৈ পৰিছিল, অন্তত উত্তৰ ভাৰতত য’ত জৰুৰী অৱস্থা গভীৰভাৱে উপলব্ধি কৰা হৈছিল। পোন প্ৰথমবাৰৰ বাবে কংগ্ৰেছ দল লোকসভা নির্বাচনত পৰাস্ত হৈছিল।

(খ)১৯৭৭ চনৰ পৰা পিছপৰা জাতিবিলাকৰ কল্যাণৰ বিষয়টোৱে ৰাজনীতিত পৰোক্ষভাৱে প্রধান বিষয়ৰূপে চিহ্নিত হৈছিল। উদাহৰণস্বৰূপে উত্তৰ ভাৰত ৰাজ্যবিলাকে অকংগ্ৰেছী চৰকাৰৰ নিৰ্বাচন কৰিছিল যিবিলাকৰ নেটক অনগ্ৰসৰ জাতিবিলাকৰ নেতাসকলে নেতৃত্ব প্ৰদান কৰিছিল।

(গ) তাৰোপৰি, জৰুৰীকালীন সময় আৰু ইয়াৰ সামাজিক সময়ছোৱাক ৰাজনৈতিক সংকটৰ সময় হিচাপে চিহ্নিত কৰা হৈছিল। ক্ষমতাধিস্থ দলটোৰ নিৰুৎঙ্কুশ সংখ্যাগৰিষ্ঠতা থকা স্বত্বেও দলৰ নেতৃবৃন্দই গণতান্ত্রিক প্রক্রিয়াক বৰ্খাস্তকৰণৰ সিদ্ধান্ত লৈছিল।

(ঘ) আনহাতে, এই সময়ছোৱাক সাংবিধানিক সংকটৰ সময় বুলিও কোৱা হয়। সংসদ আৰু ন্যায়পালিকাৰ কৰ্তত্বক কেন্দ্ৰ কৰি হোৱা সাংবিধানিক যুদ্ধৰ প্ৰেক্ষাপটতে জৰীকালীন অৱস্থাৰ সৃষ্টি হৈছিল।

১৬। জৰুৰীকালীন অৱস্থাই (১৯৭৫-১৯৭৭) কিদৰে ভাৰতৰ নাগৰিকৰ মৌলিক অধিকাৰসমূহ খৰ্ব কৰিছিল? উদাহৰণ দিয়া।

উত্তৰঃ জৰুৰীকালীন অৱস্থাই ভাৰতৰ নাগৰিকৰ মৌলিক অধিকাৰসমূহ নিম্নোক্ত ধৰণে খৰ্ব কৰিছিল

(ক) জৰীকালীন সময়ত চৰকাৰে প্ৰতিৰোধমূলক আটক অধিনিয়মৰ বিস্তৃত প্রয়ো জৰিয়তে বহু সংখ্যক বাজনৈতিক নেতৃবৃন্দ আৰু অসামৰিক লোকক অটক কৰিছি

 (খ) বন্দী প্রত্যক্ষীকৰণ ব্যক্তিত্বৰ জৰিয়তে বন্দী হোৱা ৰাজনৈতিক কর্মীসকলে তেওঁলো আটককৰণৰ প্ৰত্যাহ্বান জনাব নোৱাৰিছিল।

(গ) জৰুৰীকালীন সময়ত নির্যাতন আৰু জিম্মাত থকা বহু সকলৰ মৃত্যু হৈছিল আ কোনোৱে ন্যায়ালয়ৰ জৰিয়তে ইয়াৰ বিপৰীতে প্ৰত্যাহ্বান জন্মক নোৱাৰিছিল।

 (ঘ) মতপ্ৰকাশৰ স্বাধীনতাক নির্মূল কৰা হৈছিল আৰু সংবাদ মাধ্যমবোৰে কোনো সংক প্ৰচাৰ কৰাৰ পূৰ্বে চৰকাৰৰ অনুমতি লব লাগিছিল।

১৭। ১৯৮০ চনৰ মধ্যকালীন নিৰ্বাচনৰ কাৰণবোৰ কি কি আছিল?

উত্তৰঃ ১৯৮০ চনৰ মধ্যকালীন নিৰ্বাচনৰ কাৰণবোৰ হ’ল –

(ক) ১৯৮০ চনৰ জনতা চৰকাৰ পতনৰ বাবে মধ্যকালীন নির্বাচন অনুষ্ঠিত কৰিবলগীয় হৈছিল। 

(খ) প্রধানমন্ত্রী পদৰ বাবে মোৰাৰজী দেশাই চৌধাৰীচৰণ সিং আৰু জন জীবন শুরু মাজত হোৱা মতানৈক্যৰ ফলত জনতা চৰকাৰৰ পতন। 

(গ)জনতা চৰকাৰে পিছপৰা সম্প্রদায় বিকাশৰ বাবে গ্ৰহণ কৰা আঁচনিবোৰ বিফলত বাবে এই চৰকাৰৰ পতন ঘটে।

(ঘ) চৌধাৰী চৰগ সিঙে কংগ্ৰেছৰ সমৰ্থলৈ চৰকাৰ গঠন কৰিছিল যদিও ইন্দিরা গান্ধীয়ে হঠাতে

সমর্থন প্রত্যাহাৰ কৰাৰ ফলত ১১৯৮৬ চনত মধ্যকালীন নির্বাচন পাৰিবলগীয়া হয়।

 (ঙ) জে. চি. শ্বাহ আয়োগৰ প্ৰতিবেদনৰ বিফলতাৰ বাবে জনতা চৰকাৰ পতন হয়।

১৮। জৰুৰীকালীন অৱস্থা প্রবর্তনে ভাৰতত দলীয় প্ৰথাৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাইছিল?

উত্তৰঃ জৰীকালী অৱস্থা চলি থকাৰ সময়ত শাসনাধিষ্ঠিত ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ অ-গণতান্ত্রিক কার্যকলাপ আৰু ক্ষমতাৰ অপব্যৱহাৰে ১৯৭৭ চনৰ লোকসভা নির্বাচনঃ জনতা পার্টিত ক্ষমতালৈ অহাত এক সুবিধা প্রদান কৰে। কিন্তু জনতা চৰকাৰৰ অসমৰ্থতাৰ ফলত ১৯৮০ চনৰ নিৰ্বাচনত কংগ্ৰেছ দল পুনৰ ক্ষমতালৈ অহাৰ সুযোগ পায়। ১৯৭৭ চল পৰা ১৯৮০ চনৰ এই সময়ছোৱাত কংগ্ৰেচ দলৰ আদৰ্শ আৰু কাৰ্যক্ৰমনিতাৰ নাটকীয় পৰিবৰ্তন ঘটে। ১৯৬৯ চনত পুৰণা কংগ্ৰেছ দল বিভক্ত হোৱাৰ হেতু বিৰোধী দলৰ নেতা আৰু কৰ্মীসকলৰ মাজত এক ওচৰ সম্পৰ্ক গঢ়ি উঠিছিল। সেয়েহে ইন্দিৰা গান্ধী নেতৃত্বাধীন কংগ্ৰেছ দল এক স্বতন্ত্র আদৰ্শ গ্ৰহণ কৰে আৰু কংগ্ৰেছ দলক সামাজিক কল্যাণমূলক আঁচনিসমূহে জনসাধাৰণৰ মাজত ইন্দিৰা গান্ধীৰ নেতৃত্বক জনপ্রিয় কৰি তোলাৰ পৰিপ্ৰেক্ষিতত বিৰোধী দলসমূহে কংগ্ৰেছী মতবাদৰ ওপৰত গুৰুত্ব দিবলৈ আৰম্ভ কৰে। সেয়েহে ১৯৭৭ চনৰ নিৰ্বাচনত যাতে অ-কংগ্ৰেছী ভোটসমূহ বিভাজন হ’ব নোৱাৰে তাৰ বাবে বিৰোধী দলসমূহে জনতা দল গঠন কৰি চৰকাৰ গঠনৰ সুবিধা লাভ কৰে। 

১৯। কংগ্ৰেছ আৰু জনতা পাৰ্টীতে কিহে বিভাজন ঘটাইছিল?

উত্তৰঃ ১৯৬৯ চনত কংগ্ৰেছ দলৰ বিভাজন ঘটি দুটা দলৰ সৃষ্টি হয়। ইয়াৰ প্ৰধান কাৰণ আছিল ১৯৬৯ চনত ৰাষ্ট্ৰপতি নির্বাচনক কেন্দ্ৰ কৰি গঢ়ি উঠা বিবোধ। এই নিৰ্বাচনত কংগ্ৰেছ সমর্থিত প্রার্থী নীলম সঞ্জীবা ৰেড্ডিৰ পৰাজয়ে কংগ্ৰেছ দলৰ বিভাজন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। কংগ্ৰেছ সভাপতি এছ. নিজালিন গামাই দলবিৰোধী কার্যকলাপৰ অভিযোগত ইন্দিৰা গান্ধীক লৰ পৰা বহিষ্কাৰ কৰে। ইন্দিৰা গান্ধীয়ে এই বহিষ্কাৰৰ প্ৰত্যাহ্বান জনাই ঘোষণা কৰে যে তেওঁৰ ফৈদটোহে প্ৰকৃত কংগ্ৰেছ। ১৯৬৯ চনৰ নবেম্বৰৰ ভিতৰত ছিলিকেট নেতৃত্বাধীন কংগ্ৰেছ গোটবোৰক কংগ্ৰেছ (সংগঠন) নামেৰে নামাকৰণ হয় আৰু ইন্দিৰা গান্ধীৰ কংগ্ৰেছক কংগ্ৰেছ (দাবীকাৰক) নামেৰে জনা যায়।

ঠিক তেনেদৰে ১৯৭৭ চনৰ ৫ মে তাৰিখে জন্ম লাভ কৰা জনতা দলে ১৯৭৭ চনৰ লোকসভাৰ নিৰ্বাচন জয়লাভ কৰি চৰকাৰ গঠন কৰিছিল যদিও মাত্র ১৮ মাহৰ পিছতে জনতা পাৰ্টিৰ | বিভাজন হয়। য়িািৰ প্ৰধান কাৰণ আছিল দলটোৰ নেতাসকলৰ মাজত নমা আভ্যন্তৰীণ দল। | অৰণ জনতা পাৰ্টিৰ দলীয় সংহতিৰ অভাৱ আছিল। দলটোত চামিল হোৱা বিভিন্ন দল পৰস্পৰৰ সৈতে খাপ খাই পৰিবলৈ সমৰ্থ হোৱা নাছিল। সেয়ে তেওঁলোকে নিজস্ব ধৰণেৰে কাম কৰি গৈছিল। জনতা পাৰ্টিৰ চামিল হোৱা দলসমূহহে নিজৰ মতাদৰ্শৰ বিসর্জন দিয়া নাছিল। আৰম্ভণিৰ পৰা ভাৰতীয় লোকদল আৰু ভাৰতীয় জনসংঘৰ মাজত সুসম্পৰ্ক থকাৰ বাবে চৌধাৰী চৰণ সিক বিত্ত দপ্তৰৰ লগতে উপ প্রধানমন্ত্ৰীৰ পদ অপৰ্ণ কৰা হয়। আনহাতে ৰাজ নাৰায়ণক হাঁসভাত ৰখা নহ’ল। এনে এটা পৰিস্থিতিত জনতা চৰকাৰৰ ভেটি দুৰ্বল হৈ পৰে। জনতা নৰ উমৈহতীয়া কৰ্মসূচীৰ অভাবৰ ফলত এই দল বিভাজন হয়।

২০। জৰুৰীকালীন অৱস্থাৰ পৰা ভাৰতে গ্ৰহণ কৰা শিক্ষাৰ বিষয়ে ব্যাখ্যা কৰা।

উত্তৰঃ জৰুৰীকালীন অৱস্থাৰ ফলত লাভ কৰা শিক্ষা হ’ল –

(ক) ভাৰতীয় গণতন্ত্রক জৰুৰী অৱস্থাই কেতিয়াও আঘাতপ্রাপ্ত কৰিব নোৱাৰে।

(খ) আভ্যন্তৰীণ জৰুৰী অৱস্থাৰ বাবে ‘সামৰিক বিপ্লৱ হ’ব লাগিব আৰু সেইবাবে ৰাষ্ট্ৰপতিৰ পৰামৰ্শ লোৱাৰ লগতে, এইটো লিখিত প্ৰকৃতিত মন্ত্ৰী পৰিষদে দিব লাগিব।

(গ) জৰুৰী অৱস্থাৰ বাবে সকলো নাগৰিকে পৌৰ স্বাতন্ত্রতা মূল্য উপলব্ধি কৰিলে।

(ঘ) জৰুৰী অৱস্থাত সামৰিক বাহিনী আৰু প্ৰশাসনে স্বতন্ত্রভাৱে কাৰ্য কৰিব পৰা নাছিল। শাসক দলে এই দুয়োটা বিভাগক ৰাজনৈতিক যন্ত্ৰৰ দৰে ব্যৱহাৰ কৰিছিল।

Leave a Reply