Class 12 Political Science| Chapter-5| কংগ্রেছ ব্যৱস্থাৰ প্রতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্রতিষ্ঠা

Class 12 Political Science| Chapter-5| কংগ্রেছ ব্যৱস্থাৰ প্রতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্রতিষ্ঠা। এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব AHSEC Class 12 Political Science| Chapter-5| কংগ্রেছ ব্যৱস্থাৰ প্রতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্রতিষ্ঠা পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়।

HS Second Year Question Answer (Assamese Medium)

EnglishClick Here
অৰ্থনীতি (Economy)Click Here
ভূগোল (Geography)Click Here
हिंदीClick Here
অসমীয়াClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
ৰাজনীতি (Political Science)Click Here
সমাজতত্ত্ব (Sociology)Click Here
তৰ্কবিদ্যা আৰু দর্শনশাস্ত্ৰ (Logic & Philosophy)Click Here
নৃতত্ত্ব (Anthropology)Click Here

Class 12 Political Science| Chapter-5| কংগ্রেছ ব্যৱস্থাৰ প্রতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্রতিষ্ঠা

চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া ছাত্র-ছাত্ৰীৰ বাবে আমাৰ এই ৱেবছাইটত শেহতীয়া পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি পাঠ Class 12 Political Science| Chapter-5| কংগ্রেছ ব্যৱস্থাৰ প্রতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্রতিষ্ঠা ভিত্তিক প্ৰশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। যত ছাত্ৰ-ছাত্ৰীয়ে অনলাইন যোগে পঢ়িব পাৰিব।

দ্বিতীয় খণ্ড

পঞ্চম অধ্যায়

(ক) অতি চমু প্ৰশ্নৰ উত্তৰ লিখা : মূল্যাংক : ১ নম্বৰকৈ

১। ভাৰতবৰ্ষত কোনটো বৰ্ষক ‘ভয়ানক দশক’ বুলি কোৱা হয়? 

উত্তৰঃ ১৯৬০ ৰ সময়ছোৱাক।

২।লাল বাহাদুৰ শাস্ত্ৰী কোনখন ৰাজ্যৰ আছিল ? 

উত্তৰঃ উত্তৰ প্ৰদেশ।

৩।ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে লালবাহাদুৰ শাস্ত্ৰীৰ উত্তৰাধিকাৰী কোন আছিল?

উত্তৰঃ ইন্দিৰা গান্ধী।

8। ভাৰতৰ ৰাজনৈতিক আৰু নিৰ্বাচনী ইতিহাসত কোনটো বৰ্ষক যুগান্তৰকাৰী বৰ্ষ হিচাপে গণ্য কৰা হয়?

উত্তৰঃ ১৯৬৭ চন।

৫।DMK ৰ সম্পূর্ণ নাম লিখা।

উত্তৰঃ Dravida Munnetra Kazhagam. ভাৰতত 

৬।কেতিয়াৰ পৰা মৰ্চা চৰকাৰ আৰম্ভ হৈছে?

উত্তৰঃ ১৯৬৭ চন।

৭।কোনজন বিধায়কৰ লগত “আয়া ৰাম গয়া ৰাম” বাক্যাংশটো জড়িত?

উত্তৰঃ গয়া ৰাম।

৮। চতুর্থ সাধাৰণ নির্বাচন কেতিয়া অনুষ্ঠিত হৈছিল? 

উত্তৰঃ ১৯৬৭।

৯। ১৯৬৭ চনৰ লোকসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছে কিমানখন আসনদখল কৰিছিল?

উত্তৰঃ ২৮৩।

১০। ‘দল ত্যাগ’ ৰ অৰ্থ লিখা।

উত্তৰঃ দলত্যাগ মানে হ’ল যেতিয়া এজন নির্বাচিত সদস্যই নিজে জয়ী হোৱা ৰাজনৈতিক দল ত্যাগ কৰি অন্য এক দলত যোগদান কৰে।

১১। ‘চিণ্ডিকেট’ মানে কি বুজা?

 উত্তৰঃ কংগ্ৰেছৰ ছিণ্ডিকেটৰ অৰ্থ হ’ল এক শক্তিশালী আৰু প্ৰভাৱশালী কংগ্ৰেছ নেতাৰ দল।

১২। SVD ৰ সম্পূর্ণ অর্থ লিখা। 

উত্তৰঃ Sanyukt Vidhayak Dal

১৩। পণ্ডিত জৱাহৰলাল নেহেৰুৰ কেতিয়া মৃত্যু হৈছিল?

উত্তৰঃ ১৯৬৪ চনত।

১৪। শুদ্ধ উত্তৰটো লিখাঃ

(ক) লাল বাহাদুৰ শাস্ত্ৰী ভাৰতৰ (প্রথম/দ্বিতীয়/তৃতীয়) প্রধানমন্ত্রী আছিল।

উত্তৰঃ দ্বিতীয়।

(খ)‘জয় জোৱান জয় কিষাণ’ এই বিখ্যাত শ্লোগানটো আগবঢ়াইছিল (ইন্দিৰা গান্ধী / মোৰৰজী দেশাই / লাল বাহাদুৰ শাস্ত্ৰী)

উত্তৰঃ লাল বাহাদুৰ শাস্ত্ৰী।

(গ)কংগ্ৰেছ ছিণ্ডিকেটৰ নেতৃত্ব দিছিল (কপুৰী ঠাকুৰ / কে. কামৰাজ / এচ্ নিজামিনগাপ্পা)

উত্তৰঃ কে. কামৰাজ।

(ঘ)ভাৰতবৰ্ষত নিৰ্বাচন অনুষ্ঠিত হৈছিল (১৯৬৭/১৯৭৭/১৯৮২) চনত।

উত্তৰঃ ১৯৬৭ আৰু ১৯৭৭।

(ঙ)দ্রাবিড় মুনেত্রা কাজাগাম দলটো (উত্তৰ প্ৰদেশ / তামিলনাড়ু / মধ্যপ্রদেশ)ৰ।

উত্তৰঃ তামিল নাডু।

(চ)ভাৰতত মৰ্চা চৰকাৰ আৰম্ভ হৈছিল (১৯৭১/১৯৮৯ / ১৯৬৯ / ১৯৬৭)

উত্তৰঃ ১৯৬৭।

(ছ)ছিণ্ডিকেটৰ নেতা কোন আছিল? (কে. কামৰাজ / এচ কে. পাবিল / এন সঞ্জীৱবেদ্দী/ এই আটাইকেইজন)

উত্তৰঃ কে. কামৰাজ।

(জ) ইন্দিৰা হটাও’ শ্লোগান কোনে আগবঢ়াইছিল?

 উত্তৰঃ বৃহৎ মিত্ৰতা (Grand Alliance)।

১৫। ১৯৬০ ৰ দশকটোক কিয় বিপদজনক দশক বুলি কোৱা হয়।

উত্তৰঃ ১৯৬০ দশকটোক বিপদজনক দশক বুলি অভিহিত কৰা হৈছিল কাৰণ সেই সময়ত ভিন্ন সমস্যা যেনে-দৰিদ্ৰতা, সাম্প্রদায়িক সংঘর্ষ, সংকট আদিয়ে দেখা দিছিল।

১৬। সম্মিলিত চৰকাৰৰ যুগ কেতিয়াৰ পৰা আৰম্ভ হৈছিল?

উত্তৰঃ ১৯৬৭৷

১৭। কংগ্ৰেছ ছছিয়েলিষ্ট পাৰ্টীৰ প্ৰতিষ্ঠাপক কোন? 

উত্তৰঃ জয়প্রকাশ নাৰায়ণ।

১৮। জৱাহৰলাল নেহেৰুৰ পিছত কোন প্রধানমন্ত্ৰী হৈছিল।

উত্তৰঃ লাল বাহাদুৰ শাস্ত্ৰী।

১৯। কেতিয়া জৱাহৰলাল নেহেৰুৰ মৃত্যু হৈছিল।

উত্তৰঃ ১৯৬৪ চনত।

২০।১৯৭০ চনত ইন্দিৰা গান্ধীৰ চৰকাৰৰ জনপ্ৰিয়তাৰ এটা কাৰণ লিখা ।

 উত্তৰঃ দৰিদ্ৰতা দূৰীকৰণ কাৰ্যসূচী।

২১। ১৯৬৭ চনত লোকসভাৰ প্ৰধান বিৰোধী দল কোন আছিল?

উত্তৰঃ সংযুক্ত বিধায়ক দল (SVD).

২২। লাল বাহাদুৰ শাস্ত্ৰীৰ ৰাজনৈতিক উত্তৰাধিকাৰী কোন আছিল? 

উত্তৰঃ ইন্দিৰা গান্ধী।

২৩। ১৯৭১ চনৰ গ্ৰেণ্ড এলায়েঞ্চৰ বিষয়ে তলৰ কোনটো উক্তি সত্য?

 (ক) অসাম্যবাদী আৰু অকংগ্ৰেছী দল গঠন কৰিছিল।

(খ) স্পষ্ট ৰাজনৈতিক আৰু আদৰ্শৰ্গত কাৰ্য্যসূচী আছিল।

 (গ) সকলো অকংগ্ৰেছী দলে গঠন কৰিছিল।

উত্তৰঃ (ক) অসাম্যবাদী আৰু অকংগ্ৰেছী দলে গঠন কৰিছিল।

২৪। এছ.ভি.ডি মানে কি?

উত্তৰঃ সংযুক্ত বিধায়ক দল (SVD).

২৫। তলৰ শ্লোগান দুটাৰ নেতৃত্ব কোনে দিছিল। 

(ক) জয় জোৱান, জয় কিষান।

উত্তৰঃ লাল বাহাদুৰ শাস্ত্ৰী।

(খ) গৰিবী হটাও ?

উত্তৰঃ ইন্দিৰা গান্ধী।

২৬। শুদ্ধ উত্তৰটো লিখাঃ 

(ক) বিখ্যাত শ্লোগান ‘জয় জোয়ান, জয় কিষাণ’ৰ স্ৰষ্টা আছিল (ইন্দিৰা গান্ধী / মোৰাৰজী দেশাই / লাল বাহাদুৰ শাস্ত্ৰী)।

 উত্তৰঃ লালবাহাদুৰ শাস্ত্ৰী।

২৭। ভাৰতত সংযুক্ত প্ৰথা কেতিয়া আৰম্ভ কৰা হৈছিল?

উত্তৰঃ ১৯৬৭ চনত।

২৮। কংগ্ৰেছ সমাজবাদী দলৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰঃ ৰাম মনোহৰ লোহিয়াই। 

২৯। ‘গৰিবী হটাও’ শ্লোগানটোৰ কৃতিত্ব কাৰ ?

 উত্তৰঃ ইন্দিৰা গান্ধী।

৩০।১৯৬৭ চনৰ নিৰ্বাচনৰ বিষয়ে কোনটো/ কোনবোৰ উক্তি সত্য? 

(ক) কংগ্ৰেছে লোক সভা নিৰ্বাচনত জয়লাভ কৰিছিল কিন্তু বহুতো ৰাজ্যত বিধানসভা নিৰ্বাচনত পৰাজয় বৰণ কৰিছিল।

উত্তৰঃ শুদ্ধ।

(গ)কংগ্ৰেছে লোকসভা আৰু বিধানসভা দুয়োটা নিৰ্বাচনত হাৰিছিল।

উত্তৰঃ অশুদ্ধ।

(ঘ) কংগ্ৰেছে কেন্দ্ৰৰ ক্ষমতা ধৰি ৰাখিছিল।

উত্তৰঃ শুদ্ধ

(খ)চমু প্ৰশ্নৰ উত্তৰ লিখা : মূল্যাংক : ২ নম্বৰকৈ

১।১৯৬৪ চনৰ পৰা ১৯৬৬ চনলৈ লালবাহাদুৰ শাস্ত্রী প্রধানমন্ত্রী ভাৰত কি কি দুটা প্ৰত্যাহ্বানৰ সম্মুখীন হৈছিল?

উত্তৰঃ খাদ্য সংকট আৰু ভাৰত-পাকিস্তানৰ যুদ্ধ। 

২।কেতিয়া আৰু কি কাৰণে কংগ্ৰেছে দ্বিতীয়বাৰৰ বাবে ৰাজনৈতিক উত্তৰাধিকাৰী প্ৰত্যাহ্বানৰ সম্মুখীন হৈছিল?

 উত্তৰঃ ১৯৬৫ চনত আৰু কংগ্ৰেছত ছিণ্ডিকেট গঠনৰ বাবে।

৩।লাল বাহাদুৰ শাস্ত্ৰীৰ বিষয়ে কি জানা লিখা।

উত্তৰঃ লাল বাহাদুৰ শাস্ত্ৰী ভাৰতবৰ্ষৰ দ্বিতীয়গৰাকী প্ৰধান মন্ত্রী আছিল। তেওঁ এজন উত্তর প্ৰদেশৰ কংগ্ৰেছী নেতা আছিল আৰু তেওঁ নেহৰুৰ কেবিনেটৰ মন্ত্ৰীও আছিল। তেখেতৰ তেওঁ সৰলতা আৰু নীতিৰ প্ৰতি থকা আস্থাৰ বাবে জনা হয়। তেওঁ এবাৰ ৰেলৈ-মন্ত্ৰালয় পৰা পদত্যাগ কৰিছিল। কাৰণ, এটা বৃহৎ ৰে’লৰ আকস্মিক ঘটনা ঘটিছিল। তেখেত ১৯৬৪ পৰা ১৯৬৬ চনলৈ দেশৰ প্ৰধান মন্ত্ৰী আছিল। তেখেতে বিখ্যাত জয় বাণী ‘জয় জোৱান, জয় কিষাণ’ আৰম্ভ কৰিছিল।

8। চতুর্থ সাধাৰণ নির্বাচনে কংগ্ৰেছক কিদৰে জোকাৰি গৈছিল?

 উত্তৰঃ (ক) সংযুক্ত চৰকাৰ ব্যৱস্থা, (খ) দলত্যাগ

৫।মৰ্চা চৰকাৰ বুলিলে কি বুজা?

উত্তৰঃ যেতিয়া নিৰ্বাচনত কোনো এটা ৰাজনৈতিক দলে নিৰঙ্কুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নহয়, তেতিয়া কেবাটাও দলে একেলগে হৈ মিত্ৰতা কৰি সংযুক্ত চৰকাৰ গঠন কৰে এনে ধৰণৰ চৰকাৰকে সংযুক্ত চৰকাৰ বোলে।

৬।তলত উল্লেখ কৰা শ্লোগান দুটাৰ লগত জড়িত নেতা কেইজনৰ নাম লিখা।

(ক) জয় জোবান, জয় কিষাণ। (খ) আয়া ৰাম, গয়া ৰাম।

(ক) লাল বাহাদুৰ শাস্ত্ৰী। (খ) ৰাওঁ বিৰেন্দ্ৰ সিং।

উত্তৰঃআয়া ৰাম আৰু গয়া ৰামৰ অৰ্থ লিখা। এই খণ্ড বাক্যটোৰ উৎপত্তিৰ বিষয়ে লিখা। আয়া ৰাম, গয়া ৰাম ভাৰতৰ ৰাজনৈতিক অভিধানৰ এটা জনপ্রিয় শব্দ। ইয়াৰ অৰ্থ বিধায়কসকলে অতি সঘনে সদনৰ মজিয়া পাৰ হোৱা। অর্থাৎ দল সলনি কৰা। প্রথমে ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছত হাৰিয়ানাৰ গয়া ৰাম নামৰ এজন বিধায়কে অভি আচৰিতভাৱে সদনৰ মজিয়া পাৰ হৈ আন দলত যোগদান কৰিছিল। তেওঁ একপক্ষ বা দুই সপ্তাহৰ ভিতৰত তিনিবাৰ দল পৰিৱৰ্তন কৰিছিল। প্রথম কংগ্ৰেছৰ পৰা সংযুক্ত ফ্রন্ট, কংগ্ৰেছলৈ পুনৰ গমন আৰু ইয়াৰ পিছত ৯ ঘণ্টাৰ পিছত পুনৰ সংযুক্ত ফ্রণ্টলৈ। যেতিয়া গয়া ৰামে সংযুক্ত ফ্রন্ট ত্যাগ কৰাৰ ইচ্ছা প্ৰকাশ কৰিলে আৰু কংগ্ৰেছত যোগদান কৰিলে কংগ্ৰেছৰ এজন নেতা ৰাও বিৰেন্দ্ৰ সিঙে তেওঁক চণ্ডিগড় প্ৰেছলৈ আনি ঘোষণা কৰিলে—“গয়া ৰাম এতিয়া আয়া ৰাম।”

কিছু বছৰৰ পিছত সংবিধান সংশোধন কৰি দলত্যাগ প্ৰথাক বাধা দিয়া হৈছে।

৮।ভাৰতৰ ৰাজনীতিত ‘ৰাজনৈতিক ভূমিকম্প’ শব্দটোৰ তাৎপৰ্য্য কি?

 উত্তৰঃ ১৯৬৭ চনৰ লোকসভা আৰু বিধানসভাৰ নিৰ্বাচনক ৰাজনৈতিক পর্যবেক্ষক মহলে এক “ৰাজনৈতিক ভূমিকম্প” সদৃশ বুলি গণ্য কৰিছিল। 

৯।অকংগ্ৰেছীবাদ মানে কি?

উত্তৰঃ অকংগ্ৰেছীবাদ হ’ল কংগ্ৰেছ বিৰোধী ৰাজনৈতিক দলবোৰৰ এক জোটবন্ধন।

১০। এছ.ডি.ডি (SVD) ৰ মৰ্য্যাদা কি ? 

উত্তৰঃ SVD মানে হ’ল সংযুক্ত বিধায়ক দল। (Sanyukt Vidhayak Dal)

১১।১৯৬৭ চনৰ লোকসভাত প্ৰধান বিৰোধী দল কোন আছিল?

উত্তৰঃ স্বতন্ত্র দল।

১২। ‘গ্রেণ্ড এলাইন্স’ মানে কি ব্যাখ্যা কৰা।

 উত্তৰঃ ১৯৭১ চনৰ সাধাৰণ নিৰ্বাচনত ইন্দিৰা গান্ধীক পৰাজয় কৰাৰ বাবে অকংগ্ৰেছীয় বিৰোধী দলসমূহে এক নির্বাচনী মিত্ৰতা গঠন কৰিছিল। এই মিত্রতাকে বৃহৎ মিত্রতা বোলা হয়।

১৩। ‘হুইপ’ মানে কি?

উত্তৰঃ বিধায়নী দলৰ নেতাই বিধায়নী দলৰ সদস্যসকলক সংসদ বা বিধানসভাত দলৰ সপে ভোট দান কৰিবলৈ জাৰি কৰা নির্দেশ।

১৪। মোৰাৰজী দেশাইৰ বিষয়ে কেইশাৰীমান লিখা।

উত্তৰঃ মোৰাৰজী দেশাই ভাৰতৰ প্ৰধানমন্ত্রী আছিল। তেওঁ এজন স্বাধীনতা যুজাৰু আছি, তেওঁ এজন গান্ধীবাদী নেতা আছিল আৰু খাদীক সমৰ্থন কৰিছিল।

১৫। লাল বাহাদুৰ শাস্ত্ৰীৰ প্ৰধানমন্ত্ৰীত্ব কেতিয়া শেষ হৈছিল? 

উত্তৰঃ ১৯৬৬ চনত লাল বাহাদুৰ শাস্ত্ৰীৰ প্ৰধানমন্ত্ৰীত্বৰ অন্ত পৰিছিল।

১৬। লাল বাহাদুৰ শাস্ত্ৰীৰ ৰাজনৈতিক উত্তৰাধিকাৰী কোন আছিল?

 উত্তৰঃ ইন্দিৰা গান্ধী লাল বাহাদুৰ শাস্ত্ৰীৰ ৰাজনৈতিক উত্তৰাধিকাৰী আছিল।

১৭। জৱাহৰলাল নেহেৰুৰ মৃত্যু কেতিয়া হৈছিল আৰু নেহেৰুৰ পিছত ভাৰতৰ প্ৰধানমন্ত্র কোন হৈছিল।

উত্তৰঃ ১৯৬৪ চনত জৱাহৰলাল নেহেৰৰ মৃত্যু হৈছিল আৰু লাল বাহাদুৰ শাস্ত্রী প্রধানমন্ত্র হৈছিল।

১৮। খালী ঠাই পূৰ কৰা :

(ক)—চনৰ নিৰ্বাচনত—-আৰু তেঁওৰ দল পৰাজিত হৈছিল।

 উত্তৰঃ ১৯৬৭ চনত, লোকসভাৰ নিৰ্বাচন।

১৯। ১৯৬৭ চনৰ নিৰ্বাচনৰ পিছত ইন্দিৰা গান্ধীয়ে সম্মুখীন হোৱা দুটা প্রত্যাহবান বর্ণন কৰা।

উত্তৰঃ খাদ্যৰ মূল্যবৃদ্ধি আৰু দৰিদ্ৰতা।

২০। তলত দিয়া শ্লোগান দুটাৰ সৈতে জড়িত নেতা দুগৰাকী কোন আছিল? 

(ক) জয় জোৱান, জয় কিষাণ

উত্তৰঃ লাল বাহাদুৰ শাস্ত্ৰী।

(খ) গৰিবী হটাও

উত্তৰঃ ইন্দিৰা গান্ধী।

২১। ‘‘আয়া ৰাম, গয়া ৰাম’ বাক্যাংশটোৰ উদ্ভৱ কিদৰে হৈছিল?

 উত্তৰঃ ১৯৬৭ চনৰ নিৰ্বাচনৰ পিছত হাৰিয়ানাৰ এগৰাকী বিধায়ক গয়ালালে পোন্ধৰ দিনত তিনিবাৰকৈ দল সলনি কৰিছিল। তেওঁ প্ৰথমে কংগ্ৰেছ দলৰ পৰা বিৰোধী দলসমূহৰ একত্ৰিত শক্তি ইউনাইটেড ফ্রণ্টলৈ, আকৌ ইউনাইটেও ফ্ৰণ্টৰ পৰা কংগ্ৰেছলৈ, আকৌ নঘণ্টাৰ পিছত পুনৰ ইউনাইটেও ফ্ৰণ্টলৈ আনুগত্য পৰিবৰ্তন কৰাৰ কথাকলৈ ৰাও বীৰেজ সিঙে সাংবাদিকৰ সন্মুখত ঘোষণা কৰিছিল যে ‘গয়া ৰাম এতিয়া আয়া ৰাম’।

২২। পণ্ডিত নেহৰুৰ মৃত্যু কেতিয়া হৈছিল আৰু পণ্ডিত নেহৰুৰ পিছত ভাৰতৰ প্ৰধানমন্ত্রী কোন হৈছিল?

উত্তৰঃ পণ্ডিত নেহৰুৰ মৃত্যু হৈছিল ১১৯৬৮ চনৰ ২৭ মে।

পণ্ডিত নেহৰুৰ পিছত লাল বাহাদুৰ শাস্ত্ৰী ভাৰতৰ প্ৰধানমন্ত্রী হৈছিল।

২৩। (ক) —-চনৰ নিৰ্বাচনত —আৰু তেওঁৰ দলৰ পৰাজিত হৈছিল।

উত্তৰঃ ১৯৭৭, ইন্দিৰা গান্ধী।

(খ)—-ৰ চতুৰ্থ সাধাৰণ নিৰ্বাচনত জন সংঘই লোক সভাৰ—-খন আসন লাভ কৰিছিল।

উত্তৰঃ ১৯৬৭, ৩৫ খন।

২৪। ১৯৬৪ চনৰ পৰা ১৯৬৬ লৈ লাল বাহাদুৰ শাস্ত্ৰীৰ চমু প্ৰধানমন্ত্ৰীৰ কালত ভাৰতে কি দুটা প্ৰত্যাহ্বানৰ মুখামুখি হৈছিল?

 উত্তৰঃ (ক) চীনৰ যুদ্ধৰ পিছত ভাৰত এক অর্থনৈতিক সংকটৰ সন্মুখীন হৈছিল। ইয়াৰ লগতে খৰাং আৰু খাদ্য সংকটে ভাৰতৰ এক অনিশ্চিত ভৱিষ্যতৰ আগজাননী দিছিল।

(খ) শাস্ত্ৰীৰ প্ৰধানমন্ত্রীত্বৰ কালত ভাৰতে ১৯৬৫ চনত পাকিস্তানৰ সৈতে পূর্ণাংগ যুদ্ধ এখনৰ অৱতীৰ্ণ হ’বলগীয়া হৈছিল।

 ২৫। ‘মহা মিত্ৰজোঁট’ শব্দটো ব্যাখ্যা কৰা।

উত্তৰঃ ১৯৭১ চনৰ লোকসভাৰ নিৰ্বাচনত ভাৰতীয় কমিউনিষ্ট পাৰ্টি আৰু কংগ্ৰেছ দল দুটাৰ বাহিৰে অইন ৰাজনৈতিক দলসমূহে ইন্দিৰা গান্ধীৰ বিৰুদ্ধে সংযুক্ত ছ’চিয়েলিষ্ট পার্টি, প্রজা ছচিয়েলিষ্ট পাৰ্টি, ভাৰতীয় জনসংঘ, স্বতন্ত্র পাৰ্টি আৰু ক্ৰান্তি দলৰ দ্বাৰা গঠিত নির্বাচনী মিত্রতাক ‘মহা মিত্ৰজোঁট বোলা হয়।

২৬। ভাৰতত আঞ্চলিক অভ্যুত্থানৰ দুটা কাৰণ লিখা।

উত্তৰঃ (ক) কেন্দ্ৰীয় চৰকাৰৰ কিছুমান অঞ্চলক অৱহেলা। (খ) নেতাসকলৰ মাজত ৰাজনৈতিক উচ্চাভিলাস।

২৭।১৯৭৭ চনৰ লোক সভা নিৰ্বাচনৰ দুটা ফলাফল লিখা। 

উত্তৰঃ (ক) কংগ্ৰেছ দলৰ আধিপত্যৰ অস্ত।

(খ) কেন্দ্ৰত প্রথম মৰ্চা চৰকাৰৰ আৰম্ভ।

২৮। ভাৰতীয় ৰাজনীতিত কেতিয়া আৰু কিয় মণ্ডল বিষয়টো উত্থাপিত হৈছিল? 

উত্তৰঃ ১৯৭৯ চনত পিছপৰা শ্ৰেণীয় আসন সংৰক্ষণৰ বিষয়ৰ বাবে।

(গ) উত্তৰ লিখা : মূল্যাংক: ৪ নম্বৰকৈ

১।দেশীয় ৰাজ্যৰ আছুতীয়া পুঁজি প্ৰত্যাহাৰৰ বিষয়ে এটা চমু টোকা লিখা।

                অথবা

প্রি ভি পাৰ্চৰ ওপৰত চমুটোকা লিখা।

 উত্তৰঃ ‘’প্ৰিভি পাৰ্চ’ৰ অৰ্থ হ’ল ৰজা আৰু তেওঁৰ পৰিয়ালৰ খৰচৰ বাবে দিয়া ধন। চৰকাৰে ৰজাৰ পৰিয়ালৰ ব্যক্তিগত সম্পত্তি ইত্যাদিৰ চোৱা-চিতাৰ বাবে দিয়া অনুমোদন। কাৰণ এই ৰাজ্যবোৰ স্বতন্ত্ৰতাৰ সময়ত ভাৰতবৰ্ষৰ অংগ হৈছিল।

২।১৯৭০ দশকৰ আৰম্ভণিতে ইন্দিৰা গান্ধী চৰকাৰৰ জনপ্ৰিয়তাৰ কাৰণসমূহ ব্যাখ্যা কৰা। 

উত্তৰঃ ইন্দিৰা গান্ধীয়ে দৰিদ্ৰতা দূৰীকৰণত গুৰুত্ব প্ৰদান কৰি বিভিন্ন আঁচনি ৰূপায়নৰ কাৰ্য্যসূচী ঘোষণা কৰিছিল। ১৪ টা বেংক ৰাষ্ট্ৰীয়কৰণ কৰিছিল। ৰজাসকলৰ “প্ৰিভি পাৰ্চ” বন্ধ কৰিছিল। এই ব্যৱস্থাই জনসাধাৰণৰ মাজত সমতা আৰু ন্যায় প্রতিষ্ঠাত সহায় কৰিছিল।

৩।১৯৬৭ চনত ভাৰত চৰকাৰে কি কাৰণে টকাৰ মূল্য হ্ৰাস কৰিছিল? 

উত্তৰঃ ১৯৬৭ চনত ইন্দিৰা গান্ধী চৰকাৰে ভাৰতীয় টকাৰ মূল্য হ্ৰাস কৰিছিল। এই সময়ছোৱাত ভাৰতীয় অর্থনীতি দুৰ্বল হৈ পৰিছিল। দেশত সৃষ্টি হোৱা খৰাং বতৰৰ ফলত কৃষি উৎপাদনৰ পৰিমাণ কমি গৈছিল। খাদ্য দ্ৰৱ্যৰ নাটনি আৰু উদ্যোগিক উৎপাদন হ্রাস পাইছিল। বৈদেশিক বিনিময় ভঁৰাল হ্রাস পাইছিল। তীব্র আর্থিক সংকটৰ মুখামুখি আৰু আমেৰিকাৰ হেঁচাত ইন্দিৰা গান্ধী চৰকাৰে ভাৰতীয় টকাৰ মূল্য হ্ৰাস কৰিছিল ।

8 । পণ্ডিত জৱাহৰলাল নেহেৰুৰ মৃত্যুৰ পিছত ভাৰতীয় ৰাজনীতিত কেনে ধৰণৰ গুণা গঁথা চলিছিল?

উত্তৰঃ জৱাহৰলাল নেহেৰুৰ মৃত্যুৰ পিছত দেশৰ প্ৰধানমন্ত্ৰীৰ বাবে উপযুক্ত প্ৰাৰ্থীৰ অভাৱ হ’ব বুলি আশংকা কৰা হৈছিল। অর্থাৎ দেশত নেহেৰুৰ উত্তৰাধিকাৰী হিচাবে উপযুক্ত নেতৃত্বৰ অভাৱ হ’ব বুলি ভবা হৈছিল। তদুপৰি ভাৰতত গণতন্ত্র নেহেবৰ পিছত জীয়াই থাকিব নে নাই সন্দেহ আছে।

৫।১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল কি আছিল? 

উত্তৰঃ কংগ্ৰেছ দলে বহু সংখ্যক ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত সংখ্যা গবিষ্ঠতা হেৰুৱাইছিল।

তদুপৰি লোকসভাত কংগ্ৰেছ দলৰ শক্তি যথেষ্ট হ্রাস পাইছিল। ১৯৬৭ চনৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ আধিপত্য হ্রাস পাইছিল।

৬। ১৯৭১ চনৰ গ্ৰেণ্ড এলায়েঞ্চৰ বিষয়ে তলত কোনটো উক্তি শুদ্ধ।

(ক) অসাম্যবাদী, অকংগ্ৰেছী দলৰ দ্বাৰা গঠিত। 

(খ)এক স্পষ্ট ৰাজনৈতিক আৰু আদৰ্শগত কাৰ্য্যসূচী আছিল।

(গ) অকংগ্ৰেছী দলৰ দ্বাৰা গঠিত আছিল।

 উত্তৰঃ (ক) অসাম্যবাদী, অকংগ্ৰেছী দলৰ দ্বাৰা গঠিত।

৭।১৯৬৭ ৰাজিক বিধান সভাৰ নিৰ্বাচনত কোন কেইখন ৰাজ্যত কংগ্ৰেছ দলে সংখ্যাগৰিষ্ঠতা লাভ কৰা নাছিল?

উত্তৰঃ পাঞ্জাব, হাৰিয়ান, উত্তৰ প্ৰদেশ, কেবেলা। 

৮।ইন্দিৰা গান্ধীয়ে কি ধৰণে নিজৰ কংগ্ৰেছ দলটো পুনৰ গঠন কৰিছিল ?

উত্তৰঃ ইন্দিৰা গান্ধীৰ সময়ত নিৰ্বাচনৰ ক্ষেত্ৰত কংগ্ৰেছ দলে বিশেষকৈ দৰিদ্ৰ, মহিলা, দলিত, আদিবাসী আৰু সংখ্যালঘুসকলৰ ওপৰত নিৰ্ভৰশীল আছিল। এইটো কংগ্ৰেছ দলৰ বাবে এক নতুন উপলব্ধি আছিল। লগতে ইন্দিৰা গান্ধীয়ে সেই সময়ত হৈ পৰিছিল এগৰাকী শক্তিশালী ৰাজনৈতিক কৰ্তা। ফলস্বৰূপে, জনমতৰ গুৰুত্ব একেবাৰে নাইকিয়া হৈ পৰিছিল। এনেদৰে ইন্দিৰা গান্ধীয়ে কংগ্ৰেছ দলৰ পুনঃসংস্থাপন কৰাৰ বাবে প্ৰচেষ্টা কৰিছিল।

৯।অকংগ্ৰেছবাদ মানে কি ? ১৯৬৭ চনৰ ভাৰতৰ ৰাজনৈতিক দৃশ্যপটৰ অকংগ্ৰেছবাদৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ১৯৭১ চনৰ সাধাৰণ নিৰ্বাচনত ইন্দিৰা গান্ধীক পৰাজয় কৰাৰ বাবে অকংগ্ৰেছী বিৰোধী দলসমূহে একত্ৰিত হৈ নির্বাচনী মিত্ৰতা গঠন কৰিছিল। কংগ্ৰেছৰ বিৰুদ্ধে এক সন্মিলিত বিৰোধী গঠনেই অংকগ্ৰেছবাদৰ মুখ্য উদ্দেশ্য আছিল।

১০। কংগ্ৰেছ (৩) আৰু কংগ্ৰেছ (আৰ)ৰ মাজৰ পাৰ্থক্য আলোচনা কৰা। 

উত্তৰঃ কংগ্ৰেছৰ (৩) দলে ছিণ্ডিকেটৰ দ্বাৰা পৰিচালিত হৈছিল। আনহাতে কংগ্ৰেছ (আৰ) দল ইন্দিৰা গান্ধীৰ দ্বাৰা পৰিচালিত হৈছিল। ১৯৭১ চনৰ নিৰ্বাচনত কংগ্ৰেছ (আৰ) দলে ৩৫২ খন আসন লাভ কৰিছিল। আনহাতে কংগ্ৰেছ (৩) দলে ১৬খন আসন লাভ কৰিছিল।

১১। “আয়া ৰাম গয়াৰাম” এই ব্যাকাশের উৎপত্তি কেনেকৈ হৈছিল। 

উত্তৰঃ আয়া ৰাম, গয়া ৰাম ভাৰতৰ ৰাজনৈতিক অভিধানৰ এটা জনপ্রিয় শব্দ। ইয়াৰ অৰ্থ হ’ল বিধায়কসকলে অতি সঘনে সদনৰ মজিয়া পাৰ হোৱা। অর্থাৎ দল সলনি কৰা। প্রথমে ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছত হাৰিয়ানাৰ গয়া ৰাম নামৰ এজন বিধায়কে অতি আচৰিতভাবে সদনৰ মজিয়া পাৰ হৈ আন দলত যোগদান কৰিছিল। তেওঁ একপক্ষ বা দুই সপ্তাহৰ ভিতৰত তিনিবাৰ দল পৰিবৰ্তন কৰিছিল। প্রথম কংগ্ৰেছৰ পৰা সংযুক্ত ফ্রন্ট, কংগ্ৰেছলৈ পুনৰ গমন আৰু ইয়াৰ পিছত ৯ ঘণ্টাৰ পিছত পুনৰ সংযুক্ত ফ্রন্টলৈ। যেতিয়া গয়া ৰামে সংযুক্ত ফন্ট ত্যাগ কৰাৰ ইচ্ছা প্ৰকাশ কৰিলে আৰু কংগ্ৰেছত যোগদান কৰিলে কংগ্ৰেছৰ এজন নেতা বাও বিবে সিঙে তেওঁক চণ্ডিগড় গ্ৰেছলৈ আনি ঘোষণা কৰিলে— “গয়া বাম এতিয়া আয়া ৰাম।”

কিছু বছৰৰ পিছত সংবিধান সংশোধন কৰি দলত্যাগ প্ৰথাক বাধা দিয়া হৈছে।

১২। চমুটোকা লিখাঃ

(ক) নতুন কংগ্ৰেছ (আৰ) দল।

উত্তৰঃ ১৯৬৭ চনত কংগ্ৰেছ দল বিভাজিত হয়। এটা দল ছিণ্ডিকেটৰ দ্বাৰা পৰিচালিত হৈছিল আৰু আনটো দল ইন্দিৰা গান্ধীৰ নেতৃত্বত কংগ্ৰেছ (আৰ) দল হিচাপে পৰিগণিত হৈছিল। ১৯৭১ চনৰ নিৰ্বাচনত কংগ্ৰেছ (আব) দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। কংগ্ৰেছ (আৰ) দলে ইন্দিৰা গান্ধীৰ নেতৃত্বত আধিপত্য বিস্তাৰ কৰিছিল।

(খ) ইন্দিৰা হটাও।

উত্তৰঃ কংগ্ৰেছ চৰকাৰৰ অপশাসনৰ প্ৰতিবাদ কৰে এই চৰকাৰৰ মুৰব্বী ইন্দিৰা গান্ধীর অপসাৰণৰ বাবে ইন্দিৰা হটাও শ্লোগান দিছিল। জয়প্রকাশ নাৰায়ণৰ নেতৃত্বত ইন্দিৰা গান্ধীর অপসাৰণৰ বাবে এই শ্লোগান জনপ্ৰিয় হৈ উঠিছিল।

১৩। কামৰাজ আঁচনি কি? কে. কামৰাজৰ বিষয়ে লিখা ?

উত্তৰঃ কে. কামৰাজ কংগ্ৰেছ ছিণ্ডিকেটৰ মুৰব্বী আছিল। তেওঁ তামিলনাডু কংগ্ৰেছৰ সভাপতি আৰু মুখ্যমন্ত্ৰী আছিল। তেওঁৰ কংগ্ৰেছৰ পৰা ১৯৬৩ চনত জেষ্ঠ কংগ্ৰেছী নেতাক পদৰ পৰা অব্যাহতি লৈ নতুন সকলক দায়িত্বভাৰ লোৱাৰ প্ৰস্তাৱ দিছিল। এই আঁচনিকে কামৰাজ আঁচনি বোলে।

১৪। ১৯৬৭ চনৰ চতুৰ্থ সাধাৰণ নির্বাচনে ভাৰতীয় ৰাজনীতিৰ গতি কি দৰে পৰিৱৰ্তন কৰিছিল?

উত্তৰঃ ১৯৬৭ চনৰ চতুৰ্থ সাধাৰণ নিৰ্বাচনক ৰাজনৈতিক মহলে এক ৰাজনৈতিক ভূমিকম্প সদৃশ বুলি গণ্য কৰিছিল। এই নিৰ্বাচনত কংগ্ৰেছ দলে সংখ্যাগৰিষ্ঠতা হেৰুৱাইছিল ফলত সন্মিলিত চৰকাৰৰ যুগ আৰম্ভ হৈছিল। ১৯৬৭ চনৰ নিৰ্বাচন কংগ্ৰেছ দলে আধিপত্য হ্রাস পাইছিল।

১৫। প্রিভি পাৰ্চ মানে কি ? ১৯৭০ চনত ইন্দিৰা গান্ধীয়ে কিয় প্রিভি পাৰ্চ বাতিল কৰাৰ ওপৰত জোৰ দিছিল ?

উত্তৰঃ প্ৰিভি পাৰ্চৰ অৰ্থ হ’ল ৰজা আৰু তেঁওৰ পৰিয়ালৰ খৰচৰ বাবে দিয়া ধন। চৰকাৰে ৰজাৰ পৰিয়ালৰ ব্যক্তিগত সম্পত্তি ইত্যাদি চোৱা চিতাৰ বাবে দিয়া ধনৰ অনুমোদন। এই ৰাজ্যবোৰে স্বাধীনতাৰ সময়ত ভাৰতবৰ্ষৰ অংগ হৈ পৰিছিল।

১৬। মৰ্চা চৰকাৰৰ উৎপত্তি ব্যাখ্যা কৰা। 

উত্তৰঃ যেতিয়া নিৰ্বাচনত কোনো এটা ৰাজনৈতিক দলে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নহয়, তেতিয়া কেইটাও দলে মিত্ৰতা কৰি সংযুক্ত চৰকাৰ গঠন কৰে এনে ধৰণৰ চৰকাৰকে সংযুক্ত চৰকাৰ বোলা হয়। ১৯৬৭ চনৰ নিৰ্বাচনে ভাৰতৰ ৰাজনীতিত সংযুক্ত চৰকাৰৰ প্ৰপঞ্চ উদঙাই দেখুৱাইছিল।

সংযুক্ত চৰকাৰৰ উৎপত্তিৰ কাৰণসমূহ তলত উল্লেখ কৰা হ’ল ১৯৬৭ চনৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত কোনো ৰাজনৈতিক দলেই একক সংখ্যাগরিষ্ঠতা লাভ কৰিবলৈ সক্ষম নহ’ল। সেয়েহে বহুকেইটা অকংগ্ৰেছী দল একেলগ হৈ সংযুক্ত বিধায়ক দল নামেৰে যুটীয়া বিধায়িনী দল গঠন কৰি অনাকংগ্ৰেছ চৰকাৰখনক সমৰ্থন কৰিছিল। বিভিন্ন অকংগ্ৰেছী দলে সংঘবদ্ধ হৈ এখন সংযুক্ত চৰকাৰ গঠন কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছিল। সংযুক্ত দলবিলাকৰ আদৰ্শগতভাৱে প্ৰভেদ আছিল আৰু দলবিলাকৰ ভাবাদর্শ পৃথক পৃথক আছিল। তৎসত্বেও প্ৰথমবাৰৰ বাবে ভাৰতীয় ৰাজনীতিত সংযুক্ত ব্যৱস্থাৰ অভ্যুত্থান উঠিছিল।

১৭।১৯৬৯ চনৰ কংগ্ৰেছৰ বিভাজন অৱশ্যম্ভাৱী আছিলনে? ব্যাখ্যা কৰা। 

উত্তৰঃ ১৮৯ নং পৃষ্ঠাৰ ৩ নং প্রশ্নোত্তৰৰ প্ৰভাৱ বিস্তাৰ কৰিছিল লৈকে যোগ দিয়া – কংগ্ৰেছ বিভাজন হোৱাত এই গোটৰ সদস্যসকল কংগ্ৰেছ (আই)ত থাকে। চিণ্ডিকেট আৰু ইন্দিৰা গান্ধীৰ মাজত এক মধুৰ সম্পৰ্ক থকা হ’লে ১৯৬৯ চনত কংগ্ৰেছত বিভাজন সৃষ্টি নহ’লহেতেন। এই দুয়ো গোটৰ মাজৰ নাৰ্যতাই দলীয় প্রতিদণ্ডিতালৈ সৃষ্টি কৰাই ইন্দিৰা গান্ধী আৰু চিণ্ডিকেটৰ মাজৰ তিক্ততাপূৰ্ণ সম্পৰ্কৰ উদ্রেক ঘটাইছিল, ইয়াৰ ফলতেই ৰাষ্ট্ৰপতিৰ শাসন বলৱৎ কৰি দলটোক পৰস্পৰ বিৰোধী শিৱিত বিভাজিত কৰা হৈছিল।

১৮। নতুন মৰ্চাৰ যুগত SVD ৰ ধাৰণাটো চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ ১৯৬৭ চনৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত কোনো ৰাজনৈতিক দলেই একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নহ’ল। সেয়েহে বহুকেইটা অকংগ্ৰেছী দল একেলগ হৈ সংযুক্ত বিধায়ক দল নামেৰে যুটীয়া বিধায়িনী দল গঠন কৰি অনাকংগ্ৰেছ চৰকাৰখনক সমৰ্থন কৰিছিল। সেয়েহে এই চৰকাৰখনকে এচ ভি. ডি. চৰকাৰ নামেৰে নামাকৰণ কৰা হৈছিল। এনে অধিক ক্ষেত্ৰতে সংযুক্ত দলবিলাক আদর্শগতভাৱে ৰস্পৰে পৰস্পৰৰ পৰা পৃথক। বিহাৰৰ এচ. ভি. ডি. চৰকাৰৰ জনসংঘ সোঁপন্থী আৰু চি. পি. আই বাওঁপন্থী হিচাপে থকাৰ লগতে SSP আৰু PSP নামেৰে দুটা সমাস্তবাদী দলো অর্ন্তভুক্ত আছিল। পাঞ্জাৱত ইয়ার জনপ্রিয় সংযুক্ত মৰ্চা নামেৰে নামাকৰণ কৰা হৈছিল।

১৯। ১৯৬৭ চনৰ চতুৰ্থ সাধাৰণ নিৰ্বাচনৰ নিৰ্বাচনী ৰায়টো কি আছিল?

উত্তৰঃ ১৯৬৭ চনৰ চতুৰ্থ সাধাৰণ নিৰ্বাচনৰ নির্বাচনী ঘোষণাই কংগ্ৰেছ দলটোক বাৰুকৈয়ে বিচ্যুতিত পেলাইছিল। ১৯৬৭ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা চতুর্থ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে প্ৰথমবাৰৰ বাবে নেহৰৰ অবিহনে নির্বাচকমণ্ডলীৰ মুখামুখি হৈছিল। এই নিৰ্বাচনৰ ফলাফলে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত কংগ্ৰেছ দলক জোকাৰি গৈছিল। কংগ্ৰেছ দলে লোকসভাত কোনো মতেহে সংখ্যাগরিষ্ঠতা লাভ কৰিছিল। দলটোৱে লাভ কৰা আসনৰ সংখ্যা আৰু ভোটৰ অংশীদাৰীত্ব ১৯৫২ চনৰ পৰা ১৯৬৭ চনলৈকে অনুষ্ঠিত হোৱা নিৰ্বাচনসমূহৰ ভিতৰত আটাইতকৈ কম আছিল। ইন্দিৰা গান্ধীৰ মন্ত্ৰীসভাৰ অধিকাংশ মন্ত্ৰীয়েই এই নির্বাচনত পৰাস্ত হৈছিল। ৰাজনৈতিক পৰিৱৰ্তনৰ এই নাটকীয় ৰূপটো ৰাজ্যিক পৰ্যায়ত অধিক বেছিকৈ প্ৰকট হৈছিল। ৭ খন ৰাজ্যত কংগ্ৰেছ দলে সংখ্যাগৰিষ্ঠতা হেৰুওৱাৰ বিপৰীতে আন ২ খন ৰাজ্যত দলীয় অন্তঃকন্দলৰ পৰিণতিত সৃষ্টি হোৱা দল ত্যাগে কংগ্ৰেছ দলক চৰকাৰ গঠনত বাধা দিছিল।

২০। কেতিয়া আৰু কিয় কংগ্ৰেছে দ্বিতীয় বাৰলৈ ৰাজনৈতিক উত্তৰাধিকাৰত্বৰ প্ৰত্যাহহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল?

উত্তৰঃ ১৯৬৬ চনত লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যুৰ পিছত কংগ্ৰেছ দলে দ্বিতীয়বাৰলৈ ৰাজনৈতি উত্তৰাধিকাৰত্বৰ প্ৰত্যাহ্বানৰ সন্মুখীন হবলগীয়া হৈছিল।

২১। মৰ্চা চৰকাৰৰ উৎপত্তি ব্যাখ্যা কৰা।

উত্তৰঃ মৰ্চা চৰকাৰৰ উৎপত্তিৰ প্ৰধান কাৰণবোৰ হ’ল– (ক) ভাৰতৰ বিভিন্ন ৰাজ্যত আঞ্চলিক দলবোৰৰ ক্ৰমবিকাশ।

(খ)কংগ্ৰেছ অথবা ভাৰতীয় জনতা পাৰ্টিখ ক্ষমতাৰ বাহিৰত ৰখা লক্ষ্যই মৰ্চা গঠন গুৰুত্বপূৰ্ণ

(গ)ভূমিকা পালন কৰিছিল। দলিত আৰু পিছপৰা শ্ৰেণীসমূহৰ পৰিচয়ৰ ভিত্তিত গঠিত ৰাজনৈতিক দলসমূহৰ ক্রমবর্ধিত শক্তি।

 (ঘ) সাম্প্রদায়িক সক্তি আৰু ধৰ্মনিৰপেক্ষ শক্তিৰ মাজত থকা ব্যৱধানৰ ক্ৰমাগত অৱসাদ।

২২। ১৯৬৯ চনৰ কংগ্ৰেছৰ বিভাজন অবশ্যম্ভাবী আছিলনে? ব্যাখ্যা কৰা।

 উত্তৰঃ ১৯৬৯ চনৰ ৰাষ্ট্ৰপতি নির্বাচন অনুষ্ঠিত হয়। এই নির্বাচনত ইন্দিরা গান্ধীৰ সমর্পিত নির্দলীয় প্রার্থী ভি.ভি. গিৰী জয়া হোৱাৰ বিপৰীতে কংগ্ৰেছ দলৰ দলীয় প্রার্থী নিলম সঙ্গীবা ৰেডিড্ড পৰাজিত হয়। এই নিৰ্বাচনৰ পিছত কংগ্ৰেছ দলৰ সভাপতিয়ে প্রধানমন্ত্রী ইন্দিরা গান্ধীক দলৰ পৰা বহিষ্কাৰ কৰিলে। ইয়াৰ বিপৰীতে ইন্দিৰা গান্ধীয়ে দাবী কৰিলে যে তেওঁৰ গোটটোৱেহে প্ৰকৃততে কংগ্ৰেছ দলক প্রতিনিধিত্ব কৰে। এনেদৰে ১৯৬৯ চনৰ নবেম্বৰ মাহৰ ভিতৰত কংগ্ৰেছ দলৰ বিভাজন সম্পূৰ্ণ হ’ল। চিণ্ডিকেটৰ নেতাসকলৰ গোটটোক কংগ্ৰেছ (সাংগঠনিক) বুলি জনাজাত হোৱাৰ বিপৰীত ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন গোটটোক কংগ্ৰেছ (দাবীকাৰক) জনা গৈছিল। ইন্দিৰা গান্ধীয়ে এই দল বিভাজনক রক্ষণশীল আৰু সমাজবাদীসকলৰ মাজৰ আদৰ্শগত প্ৰভেদ বুলি বৰ্ণনা কৰিছিল।

২৩। ৰাজকীয় ৰাজ্যসমূহৰ ৰাজ সাহায্য বিলুপ্তিৰ বিষয়ে এটা টোকা লিখা। 

উত্তৰঃ স্বাধীনতাৰ পিছত দেশীয় ৰাজ্যসমূহ ভাৰতীয় সংঘত চামিলকৰণৰ পূৰ্বে শাসকবৃন্দক এইটো নিশ্চিতি প্ৰদান কৰা হৈছিল যে তেওঁলোকৰ শাসন সমাপ্ত হোৱাৰ পিছতো তেওঁলোকৰ পৰিয়ালে কিছুমান ব্যক্তিগত সম্পত্তি ৰক্ষা কৰিব পাৰিব লগতে ৰাজ্যখনৰ পৰা আদায় কৰা বাজহৰ ওপৰত আৰু ৰাজ্যখনৰ সম্ভাৱনীয়তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ পৰিয়ালক বংশগতভাবে চৰকাৰী ভাত্তা প্ৰদান কৰা হ’ব। ১৯৬৭ চনৰ নিৰ্বাচনৰ পিছৰ পৰা ইন্দিৰা গান্ধীয়ে চৰকাৰে ‘প্ৰিভি-পাৰ্ট’ বিলুপ্ত কৰিব লাগে বুলি উঠা দাবীৰ প্ৰতি সমর্থন জনাই আহিছিল। প্রিভি পাৰ্চ, ৰদ কৰিবলৈ ১৯৭০ চনৰ চৰকাৰে সংবিধান সংশোধনৰ চেষ্টা কৰিছিল যদিও সংবিধান সংশোধনী বিধেয়কখন ৰাজ্যসভাত অগ্ৰাহ্য হৈছিল। ইয়াৰ পিছত চৰকাৰে এই উদ্দেশ্যে এখন অধ্যাদেশ জাৰি কৰিছিল যদিও উচ্চতম ন্যায়ালয়ে এই অধ্যাদেশখন নাকচ কৰিছিল। ইন্দিৰা গান্ধীয়ে ১৯৭১ চনৰ নিৰ্বাচনত এই বিষয়টোক মূল নির্বাচনী ইচ্ছা কৰিছিল আৰু ই ব্যাপক সমর্থন লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯৭১ চনৰ নিৰ্বাচনত লাভ কৰা বিশাল কাম ইন্দিৰা গান্ধীক সংবিধান সংশোধনৰ জৰিয়তে আইনী বাধা আঁতৰাই “প্ৰিভি পাৰ্চ” বিলুপ্তি সাধন কৰে।

দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান প্ৰশ্নোত্তৰ

Sl. No.সূচী-পত্ৰ
Unit 1প্ৰথম খণ্ড
Chapter 1শীতল যুদ্ধৰ যুগ
Chapter 2দ্বি ৰাষ্ট্ৰবাদৰ অৱসান
Chapter 3 আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য
Chapter 4ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ
Chapter 5সাম্প্রতিক দক্ষিণ এছিয়া
Chapter 6আন্তর্জাতিক সংগঠন
Chapter 7সাম্প্রতিক বিশ্বত নিৰাপত্তা
Chapter 8পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ
Chapter 9বিশ্বায়ন
Unit 2দ্বিতীয় খণ্ড
Chapter 1জাতি গঠনৰ প্ৰত্যাহ্বান
Chapter 2এক দলীয় প্রাধান্যৰ যুগ
Chapter 3পৰিকল্পিত বিকাশৰ ৰাজনীতি
Chapter 4ভাৰতৰ বৈদেশিক সম্বন্ধ
Chapter 5কংগ্রেছ ব্যৱস্থাৰ প্রতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্রতিষ্ঠা
Chapter 6গণতন্ত্রৰ সংকট
Chapter 7গণ আন্দোলনৰ অভ্যুত্থান
Chapter 8আঞ্চলিক আকাংক্ষাবোৰ
Chapter 9ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ

২৪। নতুন মৰ্চাৰ যুগত SVD ৰ ধাৰণাটো চমুকৈ ব্যাখ্যা কৰা। 

উত্তৰঃ ১৯৭১ চনৰ নিৰ্বাচনৰ পিছত আঠখন ৰাজ্যৰ বিধানসভাত মৰ্চা চৰকাৰ গঠন কৰা হয়। এই ৰাজ্যবোৰত যি চৰকাৰ গঠন কৰা হৈছিল সেই বিধায়কবোৰে গঠন কৰা দলটোক “সংযুক্ত বিধায়নী দল” বুলি জনা গৈছিল। সেই সময়ত ভাৰতৰ ১৬ খন ৰাজ্যৰ ভিতৰত আধা সংখ্যক ৰাজ্যতে মৰ্চা চৰকাৰ গঠিত হৈছিল। কিন্তু প্ৰতিখন বস্তুৰ মৰ্চা চৰকাৰৰ কাৰ্য সূচীবোৰ সুকীয়া আছিল। বিহাৰত সংযুক্ত ছচিয়েলিষ্ট পাৰ্টি আৰু প্ৰজা ছচিয়েলিষ্ট পার্টি এই দুটা সমাজবাদী মতাদর্শবিশিষ্ট দলৰ সৈতে বাওঁপন্থী ভাৰতৰ কমিউনিষ্ট পার্টি আৰু সোঁপন্থী জনসংঘৰ দ্বাৰা মৰ্চা চৰকাৰ গঠন হৈছিল। একেদৰে পঞ্জাৱতো দুটা বিৰোধী আকালি দলৰ

সৈতে ভাৰতৰ কমিউনিষ্ট পাৰ্টি, ভাৰতৰ কমিউনিষ্ট পার্টি, ছচিয়েলিষ্ট পার্টি, বিপাব্লিকান পাতি আৰু ভাৰতীয় জনসংঘই একগোট হৈ চৰকাৰ গঠন কৰিছিল। 

২৫। দেশৰ কোন চাৰিখন ৰাজ্যত কংগ্ৰেছে ৰাজ্যিক বিধানসভাত সংখ্যাগৰিষ্ঠতা ১৯৬৭ চনৰ নিৰ্বাচনত লাভ কৰা নাছিল?

উত্তৰঃ (ক) বিহাৰ, (খ) পশ্চিমবঙ্গ, (গ) হাবিয়ানা, (ঘ) উৰিষ্যা 

২৬। নতুন কংগ্ৰেছ (আৰ) পাৰ্টীৰ প্ৰকৃতিৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন কংগ্ৰেছ দলটোক কংগ্ৰেছ (R) বুলি জনা গৈছিল। কংগ্ৰেছ (O) ৰ হাতত এটা নির্বাচনী ইচ্ছা আছিল, কাৰ্যসূচী আছিল আৰু আছিল এক যোগাত্মক শ্লোগান। কংগ্ৰেছ (R) ৰ যোগাত্মক কাৰ্যসূচীকো বিখ্যাত শ্লোগান “গৰিবী হটাও” ৰ দ্বাৰা আগবঢ়াই নিছিল। ইয়াৰোপৰি ৰাজহুৱা খণ্ডৰ বিকাশ, গ্রামাঞ্চলৰ ব্যক্তিৰ হাতত থাকিব পৰা ভূমিৰ উচ্চতম সীমা নিৰ্ধাৰণ, নগৰীয়া লোকৰ সম্পত্তিৰ উচ্চতম সীমা নির্ধারণ, উপাৰ্জনৰ ক্ষেত্ৰত আৰু লগতে জনগণে পাবলগীয়া সা-সুবিধাৰ ক্ষেত্ৰত থকা বৈষম্য দূৰীকৰণৰ লগতে “প্ৰিভি পাচ” বিলুপ্তিকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

২৭। ১৯৬৭ চনত কংগ্ৰেছৰ পৰাজয়ৰ কাৰণবোৰ উল্লেখ কৰা। তোমাৰ উত্তৰৰ বাবে কাৰণবোৰ দৰ্শোৱা।

উত্তৰঃ ১৯৬৭ চনৰ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনবোৰত ১৬ খন ৰাজ্যৰ ভিতৰত আধা সংখ্যক ৰাজ্যত কংগ্ৰেছ দল পৰাজয় হৈছিল। ইয়াৰ প্ৰধান কাৰণ হ’ল-

(ক) ১৯৬৭ চনত অর্থনৈতিক সংকটৰ সন্মুখীন হোৱা ভাৰতীয় জনসাধাৰণে বিভিন্ন কংগ্ৰেছ চৰকাৰৰ বিপক্ষে আন্দোলন আৰম্ভ কৰে। পদ্ধতিে 

(খ)এই সময়ছোৱাত কংগ্ৰেছৰ নেতাসকলৰ মাজত আভ্যন্তৰীণ ক্ষেত্ৰত ক্ষমতাকেন্দ্রীয় সংঘাত সৃষ্টি হয়। 

(গ) এই দলটোত নেহৰুৰ মৃত্যুৰ পিছত জনপ্রিয় নেতাৰ অভাৱ ঘটাৰ ফলত কংগ্নো দলটোত আগবঢ়াই নিয়াত অপৰাগ হৈছিল।

(ঘ)ভাৰতৰ বিভিন্ন প্ৰান্তত আঞ্চলিকতাবাদৰ ফলত সৃষ্টি হোৱা দলৰ ফলত বিধানসভা নিৰ্বাচনবোৰত পৰাজয় হয়।

২৮। কেতিয়া আৰু কিয় কংগ্ৰেছে দ্বিতীয় বাৰলৈ ৰাজনৈতিক উত্তৰাধিকাৰত্বৰ প্ৰত্যাহ্বান সন্মুখীন হ’বলগীয়া হৈছিল?

উত্তৰঃ ১৯৬৬ চনৰ ১০ জানৱাৰীত লালবাহাদুৰ শাস্ত্ৰীৰ মৃত্যু হয়। মাত্র দুবছৰৰ ভিজা কংগ্ৰেছ নেতৃবর্গই আকৌ এগৰাকী সুযোগ্য নেতাৰ সন্ধান কৰিবলগীয়া হ’ল। নেতৃত্ব দুগৰাকী নেতাৰ মাজত ভিতৰুৱাকৈ প্ৰতিযোগিতা চলিল। এই নেতা দুগৰাকী হ’ল ইন্দিৰা গান্ধী আৰু মোৰাৰজী দেশাই। অভিজ্ঞতাৰ দিশৰ পৰা মোৰাৰজী দেশাইৰ সম্ভাৱনা অধিক আছিল। দলৰ অধিকাংশ জ্যেষ্ঠ নেতাই ইন্দিৰা গান্ধীক দলনেত্রী হিচাপে বিচাৰিছিল যদিও একমতত উপনীত হ’বপৰা নাছিল। গোপন বেলটৰ দ্বাৰা অনুষ্ঠিত হোৱা নিৰ্বাচনত ইন্দিৰা গান্ধীয়ে মোৰাজী দেশাইক দুই-তৃতীয়াংশ ভোটত পৰাস্ত কৰে আৰু কংগ্ৰেছৰ নেতা হিচাপে নির্বাচিত হয়।

২৯। চমু টোকা লিখা :

ৰাজকীয় ৰাজ্যসমূহলৈ ৰাজকীয় সাহায্য (প্রিভিপার্চ) 

উত্তৰঃ স্বাধীনতাৰ পিছত দেশীয় ৰাজ্যসমূহ ভাৰতীয় সংঘত চামিলকৰণৰ পূৰ্বে শাসকবৃন্দক এইটো নিশ্চিতি প্ৰদান কৰা হৈছিল যে তেওঁলোকৰ শাসন সমাপ্ত হোৱাৰ পিছতো তেওঁলোকৰ পৰিয়ালে কিছুমান ব্যক্তিগত সম্পত্তি ৰক্ষা কৰিব পাৰিব লগতে ৰাজ্যখনৰ পৰা আদায় কৰা বাজহৰ ওপৰত আৰু ৰাজ্যখনৰ সম্ভাৱনীয়তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ পৰিয়ালক বংশগতভাবে চৰকাৰী ভাত্তা প্ৰদান কৰা হ’ব। ১৯৬৭ চনৰ নিৰ্বাচনৰ পিছৰ পৰা ইন্দিৰা গান্ধীয়ে চৰকাৰে ‘প্ৰিভি-পাৰ্ট’ বিলুপ্ত কৰিব লাগে বুলি উঠা দাবীৰ প্ৰতি সমর্থন জনাই আহিছিল। প্রিভি পাৰ্চ, ৰদ কৰিবলৈ ১৯৭০ চনৰ চৰকাৰে সংবিধান সংশোধনৰ চেষ্টা কৰিছিল যদিও সংবিধান সংশোধনী বিধেয়কখন ৰাজ্যসভাত অগ্ৰাহ্য হৈছিল। ইয়াৰ পিছত চৰকাৰে এই উদ্দেশ্যে এখন অধ্যাদেশ জাৰি কৰিছিল যদিও উচ্চতম ন্যায়ালয়ে এই অধ্যাদেশখন নাকচ কৰিছিল। ইন্দিৰা গান্ধীয়ে ১৯৭১ চনৰ নিৰ্বাচনত এই বিষয়টোক মূল নির্বাচনী ইচ্ছা কৰিছিল আৰু ই ব্যাপক সমর্থন লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯৭১ চনৰ নিৰ্বাচনত লাভ কৰা বিশাল কাম ইন্দিৰা গান্ধীক সংবিধান সংশোধনৰ জৰিয়তে আইনী বাধা আঁতৰাই “প্ৰিভি পাৰ্চ” বিলুপ্তি সাধন কৰে।

৩০।কংগ্ৰেছ পাৰ্টীত ছিণ্ডিকেটে কি ভূমিকা লৈছিল?

উত্তৰঃ কংগ্ৰেছ দলৰ সাংগঠনিক দিশটো নিয়ন্ত্ৰণ কৰা এমুঠি মান অতি শক্তিমন্ত শীর্ষ নেতাৰ গোটৰ বুৰাবলৈ সাধাৰণতে চিণ্ডিকেট শব্দটো ব্যৱহাৰ কৰা হৈছিল। তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ দলৰ তেতিয়াৰ সভাপৰিত কে. কামৰাজৰ নেতৃত্বতে এই চিণ্ডিকেটৰ জন্ম হৈছিল। এই চিণ্ডিকেটৰ ৰাজ্যসমূহৰ পৰা অহা বহুতো শক্তিশালী নেতাও আছিল যাৰ ভিতৰত বম্বেৰ এছ.কে. পাৰ্টিল, মাইচোৰৰ এছ. নিজালিং আপ্পা, অন্ধ্ৰপ্ৰদেশৰ এন. সঞ্জীবা ৰেড্ডি আৰু পশ্চিম বংগৰ অতুল্য ঘোষ আছিল অন্যতম। লালবাহাদৰে শাস্ত্ৰী আৰু পিছলৈ ইন্দিৰা গান্ধীয়েও এই চিণ্ডিকেটৰ পৰা লাভ কৰা সমৰ্থনৰ ভিত্তিতেই পদবী লাভ কৰিবলৈ সক্ষম হৈছিল। ইন্দিৰা গান্ধীৰ প্ৰথমখন মন্ত্রীপৰিষদত আৰু লগতে নীতি নির্ধাৰণ তথা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত এই গোষ্ঠীটোৰ এটা অতি শক্তিশালী ভূমিকা আছিল। কংগ্ৰেছ দল বিখণ্ডিত হোৱাৰ সময়ত চিণ্ডিকেটৰ নেতাসকল আৰু তেওঁলোকৰ সমৰ্থক সকল কংগ্ৰেছ দলত আছিল। কিন্তু নিৰ্বাচনত ইন্দিৰা গান্ধী নেতৃত্বাধীন কংগ্ৰেছ (R) য়ে কংগ্ৰেছে (O) ৰ তুলনাত বহু বেছি জনপ্রিয়তা লাভ কৰাৰ ফলত অতি শক্তিশালী এই ছিণ্ডিকেটৰ নেতাসকলৰ ১৯৭১ চনৰ পিছত তেওঁলোকৰ ক্ষমতা আৰু গৌৰব হেৰুৱালগীয়া হয়।

৩১। ৰাজশাসিত ৰাজ্যসমূহত ৰাজনাবৰ্গৰ বানচ বিলুপ্তকৰণৰ ওপৰত এটা টোকা লিখা। 

উত্তৰঃ স্বাধীনতাৰ পিছত দেশীয় ৰাজ্যসমূহ ভাৰতীয় সংঘত চামিলকৰণৰ পূৰ্বে শাসকবৃন্দক এইটো নিশ্চিতি প্ৰদান কৰা হৈছিল যে তেওঁলোকৰ শাসন সমাপ্ত হোৱাৰ পিছতো তেওঁলোকৰ পৰিয়ালে কিছুমান ব্যক্তিগত সম্পত্তি ৰক্ষা কৰিব পাৰিব লগতে ৰাজ্যখনৰ পৰা আদায় কৰা বাজহৰ ওপৰত আৰু ৰাজ্যখনৰ সম্ভাৱনীয়তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ পৰিয়ালক বংশগতভাবে চৰকাৰী ভাত্তা প্ৰদান কৰা হ’ব। ১৯৬৭ চনৰ নিৰ্বাচনৰ পিছৰ পৰা ইন্দিৰা গান্ধীয়ে চৰকাৰে ‘প্ৰিভি-পাৰ্ট’ বিলুপ্ত কৰিব লাগে বুলি উঠা দাবীৰ প্ৰতি সমর্থন জনাই আহিছিল। প্রিভি পাৰ্চ, ৰদ কৰিবলৈ ১৯৭০ চনৰ চৰকাৰে সংবিধান সংশোধনৰ চেষ্টা কৰিছিল যদিও সংবিধান সংশোধনী বিধেয়কখন ৰাজ্যসভাত অগ্ৰাহ্য হৈছিল। ইয়াৰ পিছত চৰকাৰে এই উদ্দেশ্যে এখন অধ্যাদেশ জাৰি কৰিছিল যদিও উচ্চতম ন্যায়ালয়ে এই অধ্যাদেশখন নাকচ কৰিছিল। ইন্দিৰা গান্ধীয়ে ১৯৭১ চনৰ নিৰ্বাচনত এই বিষয়টোক মূল নির্বাচনী ইচ্ছা কৰিছিল আৰু ই ব্যাপক সমর্থন লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯৭১ চনৰ নিৰ্বাচনত লাভ কৰা বিশাল কাম ইন্দিৰা গান্ধীক সংবিধান সংশোধনৰ জৰিয়তে আইনী বাধা আঁতৰাই “প্ৰিভি পাৰ্চ” বিলুপ্তি সাধন কৰে।

৩২। কেতিয়া আৰু কিয় কংগ্ৰেছ দলে দ্বিতীয় বাৰ ৰাজনৈতিক উত্তৰাধিকাৰীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল ?

উত্তৰঃ ১৯৬৬ চনৰ ১০ জানৱাৰীত লালবাহাদুৰ শাস্ত্ৰীৰ মৃত্যু হয়। মাত্র দুবছৰৰ ভিজা কংগ্ৰেছ নেতৃবর্গই আকৌ এগৰাকী সুযোগ্য নেতাৰ সন্ধান কৰিবলগীয়া হ’ল। নেতৃত্ব দুগৰাকী নেতাৰ মাজত ভিতৰুৱাকৈ প্ৰতিযোগিতা চলিল। এই নেতা দুগৰাকী হ’ল ইন্দিৰা গান্ধী আৰু মোৰাৰজী দেশাই। অভিজ্ঞতাৰ দিশৰ পৰা মোৰাৰজী দেশাইৰ সম্ভাৱনা অধিক আছিল। দলৰ অধিকাংশ জ্যেষ্ঠ নেতাই ইন্দিৰা গান্ধীক দলনেত্রী হিচাপে বিচাৰিছিল যদিও একমতত উপনীত হ’বপৰা নাছিল। গোপন বেলটৰ দ্বাৰা অনুষ্ঠিত হোৱা নিৰ্বাচনত ইন্দিৰা গান্ধীয়ে মোৰাজী দেশাইক দুই-তৃতীয়াংশ ভোটত পৰাস্ত কৰে আৰু কংগ্ৰেছৰ নেতা হিচাপে নির্বাচিত হয়।

৩৩। কংগ্ৰেছ দলত চিণ্ডিকেটেকেনে ভূমিকা পালন কৰিছিল?

উত্তৰঃ কংগ্ৰেছ দলৰ সাংগঠনিক দিশটো নিয়ন্ত্ৰণ কৰা এমুঠি মান অতি শক্তিমন্ত শীর্ষ নেতাৰ গোটৰ বুৰাবলৈ সাধাৰণতে চিণ্ডিকেট শব্দটো ব্যৱহাৰ কৰা হৈছিল। তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ দলৰ তেতিয়াৰ সভাপৰিত কে. কামৰাজৰ নেতৃত্বতে এই চিণ্ডিকেটৰ জন্ম হৈছিল। এই চিণ্ডিকেটৰ ৰাজ্যসমূহৰ পৰা অহা বহুতো শক্তিশালী নেতাও আছিল যাৰ ভিতৰত বম্বেৰ এছ.কে. পাৰ্টিল, মাইচোৰৰ এছ. নিজালিং আপ্পা, অন্ধ্ৰপ্ৰদেশৰ এন. সঞ্জীবা ৰেড্ডি আৰু পশ্চিম বংগৰ অতুল্য ঘোষ আছিল অন্যতম। লালবাহাদৰে শাস্ত্ৰী আৰু পিছলৈ ইন্দিৰা গান্ধীয়েও এই চিণ্ডিকেটৰ পৰা লাভ কৰা সমৰ্থনৰ ভিত্তিতেই পদবী লাভ কৰিবলৈ সক্ষম হৈছিল। ইন্দিৰা গান্ধীৰ প্ৰথমখন মন্ত্রীপৰিষদত আৰু লগতে নীতি নির্ধাৰণ তথা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত এই গোষ্ঠীটোৰ এটা অতি শক্তিশালী ভূমিকা আছিল। কংগ্ৰেছ দল বিখণ্ডিত হোৱাৰ সময়ত চিণ্ডিকেটৰ নেতাসকল আৰু তেওঁলোকৰ সমৰ্থক সকল কংগ্ৰেছ দলত আছিল। কিন্তু নিৰ্বাচনত ইন্দিৰা গান্ধী নেতৃত্বাধীন কংগ্ৰেছ (R) য়ে কংগ্ৰেছে (O) ৰ তুলনাত বহু বেছি জনপ্রিয়তা লাভ কৰাৰ ফলত অতি শক্তিশালী এই ছিণ্ডিকেটৰ নেতাসকলৰ ১৯৭১ চনৰ পিছত তেওঁলোকৰ ক্ষমতা আৰু গৌৰব হেৰুৱালগীয়া হয়।

(ঘ) দীঘল প্রশ্নোত্তৰ : মূল্যাংক: ৬ নম্বৰকৈ

১।১৯৬৯ চনত কংগ্ৰেছ দলৰ বিভাজনৰ ছ্যাটা কাৰণ লিখা।

উত্তৰঃ (ক) দলৰ আভ্যন্তৰীণ মতানৈক্য, (খ) ক্ষমতাৰ বাবে লবীকেন্দ্ৰীক ৰাজনীতি, (গ)১৯৬৭ চনৰ নিৰ্বাচনত পৰাজয়, (ঘ) দলীয় হুইপ অমান্য, (ঙ) নেতৃত্বৰ দুৰ্বলতা, (চ) দল

২। ১৯৬৭ চনত কংগ্ৰেছ দলৰ পৰাজয়ৰ কাৰণবোৰ চিনাক্ত কৰি যুক্তি আগবঢ়োৱা। 

(ক) কংগ্ৰেছ দলত মোহনীয় নেতৃত্বৰ অভাৱ।

(খ) কংগ্ৰেছ দলৰ বিভাজন।

(গ) আঞ্চলিক, গোষ্ঠীগত আৰু সাম্প্ৰদায়িক দলৰ 

বৰ্ধিত গতিশীলতা।

(ঘ) অকংগ্ৰেছী দলৰ মাজত একতা বৃদ্ধি। 

(ঙ) কংগ্ৰেছ দলত আভ্যন্তৰীণ মনোমালিন্য।

উত্তৰঃ (ঘ) অকংগ্ৰেছী দলৰ মাজত একতা বৃদ্ধি, (ঙ) কংগ্ৰেছ দলত আভ্যন্তৰীণ মনোমালিন্য। 

৩।১৯৬০ ৰ দশকত কংগ্ৰেছ দলৰ প্ৰসংগত ছিণ্ডিকেটৰ বিষয়ে ব্যাখ্যা কৰা। কংগ্ৰেছ দলত ছিণ্ডিকেটৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ দলৰ সংগঠনক নিয়ন্ত্ৰণত ৰখা কংগ্ৰেছ নেতাৰ অনানুষ্ঠানিক গোটক চিণ্ডিকেট বোল্ হয়। মাদ্ৰাজৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু সেই সময়ৰ কংগ্ৰেছৰ সভাপতি কে. কামৰাজে ইয়ার পৰিচালনা কৰিছিল। ইয়াত ৰাজ্যৰ ক্ষমতাশালী নেতাসকলক অন্তর্ভূক্ত কৰা হৈছিল। সেইসকলৰ ভিতৰত এচ. কে. পাটিল (বোম্বাই), এচ. নিজলিংগাপ্পা (মহীশূৰ), এন. সঞ্জিবা ৰেড্ডি (অন্ধ্র), অটুল্য ঘোষ (পশ্চিমবংগ) আদি প্ৰধান। লাল বাহাদুৰ শাস্ত্ৰী আৰু ইন্দিৰা গান্ধীয়ে এই চিণ্ডিকেটা সহায়ত পদত অধিষ্ঠিত আছিল। এই গোটে ইন্দিৰা গান্ধীৰ প্ৰথম মন্ত্রীসভাৰ নীতি প্রণয়ন আৰু কাৰ্যকৰীকৰণত প্ৰভাৱ বিস্তাৰ কৰিছিল। কংগ্ৰেছ বিভাজন হোৱাত এই গোটৰ সদস্যসকল কংগ্ৰেছ (আইত) থাকে। তেতিয়া পৰা ই ইন্দিৰা গান্ধীৰ কংগ্ৰেছ (আৰ) হৈ জনপ্ৰিয় হৈ পৰে। ১৯৭১ চনৰ পিছৰ পৰা ভাৰতীয় ৰাজনীতিৰ শক্তিশালী নেতাসকল তেওঁলোকৰ ক্ষমতাৰ পৰা বঞ্চিত হয়।

8। ১৯৭১ চনৰ নিৰ্বাচনৰ ফলাফল কি দৰে কংগ্ৰেছক পুনৰ প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ কংগ্ৰেছৰ বিভাজনে ইন্দিৰা গান্ধী চৰকাৰক সংখ্যালঘু চৰকাৰলৈ পৰ্য ৱসিত কৰে। তথাপিও ভাৰতৰ সাম্যবাদী দল আৰু ডি. এম. কে. দলকে ধৰি আন কেইটা দলৰ ইছা বেচৰ সমৰ্থনত গান্ধীৰ চৰকাৰ বৰ্তি আছিল। এই কালছোৱাত চৰকাৰে অতি সতর্কতাৰে ইয়াৰ সমাজবাদী পৰিচয় দাঙি ধৰিব বিচাৰিছিল। এই সময়তে ইন্দিৰা গান্ধীয়ে ভূমি-সংস্কাৰ আইন দ্রুত গতিত কাৰ্যকৰী কৰিবলৈ অভিযান চলাইছিল আৰু (ভূমি উচ্চ সীমা) “লেণ্ড চিলিং নিৰ্ধাৰণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছিল। তেওঁ আন ৰাজনৈতিক দলৰ সহায়ৰ পৰা সকাহ

পাবৰ কাৰণে আৰু সংসদত নিজৰ দলৰ স্থিতি সবল কৰাৰ কাৰণে আৰু তেওঁ জনপ্রিয় আঁচনিসমূহ কাৰ্যকৰী কৰাৰ কাৰণে জনাদেশ লাভ কৰিবলৈ ১৯৭০ চনৰ ডিচেম্বৰ মাহত লোকসভা ভংগ কৰি দিবলৈ পৰামৰ্শ আগবঢ়ায়। ১৯৭১ চনৰ ফেব্ৰুৱাৰী মাহত লোকসভাৰ পঞ্চম নির্বাচন অনুষ্ঠিত হয়।

১৯৭১ চনৰ লোকসভাৰ ফলাফল আছিল আচম্বিক। কংগ্ৰেছ (আর) আৰু চি. পি. আই মিত্ৰজোঁটে পূৰ্বৰ চাৰিটা নিৰ্বাচনতকৈ অধিক আসন আৰু ভোট লাভ কৰে। জোটে মুঠ ৩৭৫ খন আসন আৰু ৪৮.৪ শতাংশ ভোট এই লোকসভা নির্বাচনত লাভ কৰে। ইন্দিৰা গান্ধীৰ কংগ্ৰেছ আবে নিজাববীয়াকৈ ৩৫২ খন আসন লাভ কৰে। কংগ্ৰেছ “ও” ৰ প্ৰখ্যাত নেতাসকলে মাত্র ১৬খন আসন লাভ কৰি সন্তুষ্ট থাকিবলগা হয়। এইদৰে ইন্দিৰা কংগ্ৰেছে আধিপত্য বিস্তাৰ কৰি প্ৰকৃত কংগ্ৰেছ বুলি দাবী কৰে আৰু ভাৰতৰ ৰাজনীতিত গুরুত্বপূর্ণ স্থান দখল কৰিবলৈ সক্ষম হয়। বিৰোধীৰ এই বৃহৎ মৈত্রীবন্ধ বেয়া ধৰণে বিফল হয়। এই ঐক্যবদ্ধ জোটে ৪০ খনতকৈ কম আসন লাভ কৰে।

৫।১৯৭০ ৰ দশকৰ প্ৰথম ভাগত ইন্দিৰা গান্ধীৰ চৰকাৰৰ প্ৰতি জনপ্রিয়তা অনা কাৰকসমূহ কি কি আছিল?

উত্তৰঃ ১৯৭০ দশকৰ প্ৰথম ভাগত ইন্দিৰা গান্ধীৰ চৰকাৰৰ প্ৰতি জনপ্রিয়তা অনাকাৰকসমূহ হৈছে—

(ক) সম্মোহিনী নেতৃত্ব:-  ইন্দিৰা গান্ধী এগৰাকী সন্মোহিনী ক্ষমতাসম্পন্ন নেতা আছিল। ইন্দিৰা গান্ধীৰ আকৰ্ষণীয় ব্যক্তিত্বৰ বলত তেওঁৰ চৰকাৰখন অধিক ক্ষমতাশালী আৰু জনপ্ৰিয় হৈ পৰিছিল।

(খ) ইতিবাচক আঁচনি: ইন্দিৰা গান্ধীৰ চৰকাৰে দৰিদ্ৰ, কৃষক শ্ৰেণীৰ সুবিধার্থে যথেষ্ট কাৰ্য আঁচনি গ্ৰহণ কৰিছিল। ৰাজহুৱা খণ্ড, ভূমি সংস্কাৰৰ বিকাশৰ ওপৰত ইন্দিৰা গান্ধীয়ে যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল।

(গ) গৰীৱী হটাও আঁচনি: ইন্দিৰা গান্ধীৰদ্বাৰা ঘোষিত গৰীৱী হটাও জয় গানে অধিক জনপ্রিয়তা লাভ কৰিছিল। ভূমিহীন শ্রমিক, কৃষক দলিতসকল, আদিবাসী আৰু সংখ্যালঘুসকলৰ মাজত ইন্দিৰা গান্ধীয়ে সমর্থনৰ ভিত্তি গঢ়ি তোলাৰ আপ্রাণ প্রয়াস চলাইছিল।

৬।১৯৭১ চনৰ নিৰ্বাচনৰ ফলাফলো কংগ্ৰেছৰ পুনৰুত্থানত কিদৰে সহায় কৰিছিল?

 উত্তৰঃ ১৯৭১ চনৰ নিৰ্বাচনৰ ফলাফলে কংগ্ৰেছৰ পুনৰুত্থানত বিভিন্ন ধৰণে উৎসাহ যোগাইছিল।

(ক) দলটোৱে পূৰ্বৰ দৰেই জনপ্ৰিয়তাৰ ৰূপত একে স্থান লাভ কৰিছিল।

(খ) দলটোৱে সম্পূৰ্ণৰূপে সর্বোচ্চ নেতাৰ জনপ্ৰিয়তাৰ ওপৰত নিৰ্ভৰ কৰিছিল। কিছু পৰিমাণে দলটোৰ দুৰ্বল সাংগঠনিক গাঁথনি আছিল।

(গ) কংগ্ৰেছ দলটোৰ বহু ভাগ নাছিল এনেদৰে ই সকলো ধৰণৰ মতামত আৰু স্বাৰ্থৰ মাজত সামঞ্জস্য ৰক্ষা কৰা নাছিল। 

(ঘ) নিৰ্বাচনত জয়ী হওঁতে কংগ্ৰেছ দলটোৱে সামাজিক গোটসমূহ, দৰিদ্ৰ মহিলা দলিত আদিবাসী আৰু সংখ্যালঘুসকলৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰিছিল।

 এনেদৰে কংগ্ৰেছ দলটোৰ প্ৰকৃতিৰ পৰিৱৰ্তন সাধনৰ জৰিয়তে ইন্দিরা গান্ধীয়ে কংগ্ৰেছ দলটোৰ পুনৰুদ্ধাৰ কৰিছিল।

৭।যাঠিৰ দশকটোক কিয় ‘বিপজ্জনক দশক’ বুলি আখ্যা দিয়া হৈছিল?

উত্তৰঃ ষাঠিৰ দলটোক ভাৰতৰ ৰাজনীতিত এক বিপজ্জনক দশক বোলা হ’ল। ইয়াৰ অন্তৰালৰ

বিভিন্ন ঘটনাই ভাৰতৰ ৰাজনীতিক অস্থিৰ কৰি তুলিছিল। সেইবোৰ হ’ল –

(ক)প্রথম সংকট হিচাপে ক’ব পাৰি যে ১৯৬৪ চনৰ ২৭ মে ত জৱাহৰলাল নেহৰ মৃত্যু। নেহৰুৰ মৃত্যুৰ পিছত কংগ্ৰেছ দলত নেতৃত্বৰ বাবে নেতাসকলৰ মাজত কিছু আভ্যন্তৰীণ সংকট পৰিলক্ষিত হৈছিল।

(খ) ষাঠিৰ দশক ভাৰতে সম্মুখীন হোৱা আন এটা সংকট হ’ল ১৯৬২ চনত চীনৰ ভাৰত আক্ৰমণ। এই যুদ্ধই ভাৰতৰ সামৰিক দুর্বলতা বিশ্ব সম্প্ৰদায়ৰ সন্মুখত স্পষ্ট ৰূপত প্ৰতিফলিত কৰিলে। চীনৰ বিৰুদ্ধে ভাৰতৰ হতাশাজনক আত্মসম্পর্কতো এক জাতীয় লজ্জাজনক পৰিস্থিতিৰ সৃষ্টি কৰে।

 (গ) ষাঠিৰ দশকত ভাৰতে সন্মুখীন হোৱা আন এটা প্ৰত্যাহ্বান হ’ল ১৯৬৫ চনৰ ভাৰত পাকিস্তানৰ যুদ্ধ। পাকিস্তানে ১৯৬৫ চনৰ এপ্ৰিলত গুজৰাটৰ ৰাণ অব কচ্ছ অঞ্চলৰে সশস্ত্র আক্রমণ চলায়। প্রধানমন্ত্রী শাস্ত্ৰীয়ে ভাৰতীয় সেনাক পঞ্জাব সীমান্তৰে প্ৰত্যাক্ৰমণৰ নিৰ্দেশ দিয়ে। ভাৰতীয় সেনাই পাকিস্তানী সেনাক খেদি লাহোৰৰ সমীপলৈ আগবাঢ়ি যায়। ১৯৬০ চনৰ জানুৱাৰী মাহত টাছখাণ্ডৰ চুক্তিৰ দ্বাৰা ই যুদ্ধ বন্ধ হয়।

(ঘ) ষাঠিৰ দশকত ভাৰতে সন্মুখীন হোৱা আন এটা প্ৰত্যাহ্বান হ’ল দৰিদ্ৰতা, অসমতা, সাম্প্রদায়িক আৰু আঞ্চলিক পার্থক্য আদিয়ে ভাৰতৰ গা কৰি উঠিছিল। এই সমস্যাসমূহে যিকোনো মুহুৰ্তৰ ভাৰতক সংকটপূৰ্ণ পৰিস্থিতিলৈ কঢ়িয়াই নিয়াৰ আশংকাৰ সৃষ্টি হৈছিল।

৮।১৯৬৭ চনৰ নিৰ্বাচনৰ পিছত ইন্দিৰা গান্ধীয়ে মুখামুখি হোৱা দুটা প্ৰত্যাহ্বান উল্লেখ কৰা। এই প্রত্যাহ্বান সন্দৰ্ভত তেওঁৰ ৰণকৌশলবোৰ উল্লেখ কৰা। 

উত্তৰঃ ১৯৬৭ চনৰ নিৰ্বাচনৰ পিছত ইন্দিৰা গান্ধীয়ে সন্মুখীন হোৱা প্ৰত্যাহ্বান দুটা হ’ল—

(ক)প্ৰথমে ইন্দিৰা গান্ধীয়ে চিণ্ডিকেটৰ প্ৰভাবৰ পৰা নিজকে মুক্ত কৰিব লগা হৈছিল।

 (খ) দ্বিতীয়তে তেওঁ ১৯৬৭ চনৰ নিৰ্বাচনত কংগ্ৰেছ দলে হেৰুওৱা স্থিতিৰ পুনৰুদ্ধাৰৰ বাবেও চেষ্টা কৰিবলগা হৈছিল।

এই দুয়োটা প্ৰত্যাহ্বনিৰ মুখামুখি হ’বলৈ গান্ধীয়ে এটা যথেষ্ট সাহসী পদক্ষেপ লৈছিল। তেওঁ এটা অতি সাধাৰণ ক্ষমতা কেন্দ্রীক সংঘৰ্ষক আদর্শগত সংঘাতলৈ ৰূপান্তৰিত কৰিছিল। তেওঁ এলানি এনে কাৰ্যসূচী লৈছিল যিবোৰে তেওঁৰ চৰকাৰৰ নীতিসমূহক এক বাওঁপন্থী ৰূপ দিবলৈ সক্ষম হৈছিল। ১৯৬৭ চনৰ মে মাহত তেওঁ কংগ্ৰেছ বর্কিং কমিটিত এক দহ দফীয়া কাৰ্যসূচী গ্ৰহণ কৰোৱাবলৈ সক্ষম হৈছিল। এই দহদফীয়া নগৰীয়া সম্পত্তি আৰু উপাৰ্জনৰ উচ্চতম সীমা নিৰ্ধাৰণ কৰা, খাদ্য সামগ্ৰীৰ ৰাজহুৱা বিতৰণ, ভূমি সংস্কাৰ আৰু গ্ৰাম্যাঞ্চলব দৰিদ্ৰ লোকসকলৰ বাবে গৃহৰ ব্যৱস্থা কৰা আদিয়েই প্রধান। এইদৰে ইন্দিৰা গান্ধীয়ে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল।

৯।যাঠিৰ দশকৰ কংগ্ৰেছ পাৰ্টীৰ প্ৰসংগত ছিণ্ডিকেট বুলিলে কি বুজায়? কংগ্ৰেছ পাটীত ছিণ্ডিকেটে কি ভূমিকা লৈছিল?

উত্তৰঃ কংগ্ৰেছ দলৰ সাংগঠনিক দিশটো নিয়ন্ত্ৰণ কৰা এমুঠি মান অতি শক্তিমন্ত শীর্ষ নেতাৰ গোটৰ বুৰাবলৈ সাধাৰণতে চিণ্ডিকেট শব্দটো ব্যৱহাৰ কৰা হৈছিল। তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ দলৰ তেতিয়াৰ সভাপৰিত কে. কামৰাজৰ নেতৃত্বতে এই চিণ্ডিকেটৰ জন্ম হৈছিল। এই চিণ্ডিকেটৰ ৰাজ্যসমূহৰ পৰা অহা বহুতো শক্তিশালী নেতাও আছিল যাৰ ভিতৰত বম্বেৰ এছ.কে. পাৰ্টিল, মাইচোৰৰ এছ. নিজালিং আপ্পা, অন্ধ্ৰপ্ৰদেশৰ এন. সঞ্জীবা ৰেড্ডি আৰু পশ্চিম বংগৰ অতুল্য ঘোষ আছিল অন্যতম। লালবাহাদৰে শাস্ত্ৰী আৰু পিছলৈ ইন্দিৰা গান্ধীয়েও এই চিণ্ডিকেটৰ পৰা লাভ কৰা সমৰ্থনৰ ভিত্তিতেই পদবী লাভ কৰিবলৈ সক্ষম হৈছিল। ইন্দিৰা গান্ধীৰ প্ৰথমখন মন্ত্রীপৰিষদত আৰু লগতে নীতি নির্ধাৰণ তথা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত এই গোষ্ঠীটোৰ এটা অতি শক্তিশালী ভূমিকা আছিল। কংগ্ৰেছ দল বিখণ্ডিত হোৱাৰ সময়ত চিণ্ডিকেটৰ নেতাসকল আৰু তেওঁলোকৰ সমৰ্থক সকল কংগ্ৰেছ দলত আছিল। কিন্তু নিৰ্বাচনত ইন্দিৰা গান্ধী নেতৃত্বাধীন কংগ্ৰেছ (R) য়ে কংগ্ৰেছে (O) ৰ তুলনাত বহু বেছি জনপ্রিয়তা লাভ কৰাৰ ফলত অতি শক্তিশালী এই ছিণ্ডিকেটৰ নেতাসকলৰ ১৯৭১ চনৰ পিছত তেওঁলোকৰ ক্ষমতা আৰু গৌৰব হেৰুৱালগীয়া হয়।

১০। ১৯৬৯ চনত কংগ্ৰেছৰ বিভাজন অবশ্যম্ভাবী আছিলনে? যদিহে বিভাজন নহ’লহেঁতেন, তেন্তে ১৯৭০ ৰ দশকৰ ঘটনাৱলীত ইয়াৰ কেনে প্ৰভাৱ পৰিলহেঁতেন।

উত্তৰঃ ১৯৬৯ চনৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ সংঘাতৰ ওপৰিণতিত কংগ্ৰেছ দলৰ বিভাজন ঘটে। এই নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থী নীলম সঞ্জীৱা ৰেড্ডিৰ পৰাজয়ৰ কাৰণ হিচাপে কংগ্ৰেছৰ সভাপতি

এচ. নিজালিন গান্ধীৰ দল বিৰোধী কার্যকলাপৰ অভিযোগৰ ইন্দিৰা গান্ধীক দলৰ পৰা বহিষ্কাৰ কৰে। ইয়াৰ ফলত ১৯৬৯ চনত কংগ্ৰেছ (R) আৰু কংগ্ৰেছ (O) নামৰ দুটা দলত বিভাজন হয়। ১৯৭০ চনৰ ঘটনাৱলীত এই বিভাজনে বিশেষ প্ৰভাৱ পেলায়। সেইবোৰ হ’ল –

  1. ভূমি সংস্কাৰ আইন কার্যকৰীকৰণ নহ’লহেতেন। 
  2. ভূমিৰ সৰ্বোচ্চ মালিকানাস্বত্ব নিৰ্ধাৰণৰ ওপৰত আইন প্রণয়ন নহ’লহেতেন।
  3. কংগ্ৰেছ দল পূৰ্বৰ দৰে চিণ্ডিকেটৰ প্ৰভাবৰ পৰা মুক্ত হ’ব নোৱাৰিলেহেঁতেন।
  4. ১৯৭৭ চনত মাৰাৰজী দেশাই নেতৃত্বত মৰ্চা চৰকাৰ গঠন নহ’লহেতেন।

 ১১। ভাৰতীয় ৰাজনীতিৰ গতিশীলতাক ভাৰতৰ চতুৰ্থ সাধাৰণ নিৰ্বাচনে (১৯৬৭) কিদৰে পৰিৱৰ্তন কৰিছিল?

উত্তৰঃ ভাৰতৰ ৰাজনীতিত ১৯৬৭ চনৰ নিৰ্বাচনৰ যথেষ্ট তাৎপৰ্যতা আছে। বিভিন্ন সমস্যাৰে জৰ্জৰিত ভাৰতীয় জনসাধাৰণৰ মনত পৰিবর্তন বতাহ বয়ে এই নির্বাচনৰ পৰা। অর্থনৈতিক সংকটৰ সন্মুখীন হোৱা ভাৰতীয় জনসাধাৰণে বিভিন্ন পদ্ধতিৰে কংগ্ৰেছৰ চৰকাৰৰ বিপক্ষে আন্দোলন আৰম্ভ কৰে।

জনসাধাৰণৰ কংগ্ৰেছ চৰকাৰৰ প্ৰতি উদ্ভৱ হোৱা ক্ষোভৰ সুযোগ গ্ৰহণ কৰিবলৈ বিৰোধী ৰাজনৈতিক দলসমূহ আগবাঢ়ি আহে। কমিউনিষ্ট আৰু সমাজবাদী দলসমূহে অধিক সমতাৰ দাবীত সংগ্ৰাম তীব্ৰতৰ কৰি তোলে। অন্যান্য বিৰোধী দলসমূহেও গণ প্রতিবাদ কাৰ্যসূচী সংগঠিত কৰি চৰকাৰৰ ওচৰত ক্রমাগতভাবে হেঁচা প্ৰয়োগ কৰিবলৈ লয়।

১৯৬৭ চনৰ চতুৰ্থ লোকসভাৰ ৰাজ্য বিধানসভাৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে দলটাকে নেহৰুৰ দৰে আকর্ষণীয় নেতাৰ অবিহনে নির্বাচনী যুঁজত অৱতীর্ণ হয়। এই নির্বাচনৰ ফলাফলে ক দুৰ্গত জোকাৰণি তোলে। কেন্দ্ৰ আৰু ৰাজ্য উভয়তে কংগ্ৰেছ দলে বৃহৎ প্রত্যাহ্বানৰ সম্মুইন হবলগীয়াত পৰে। ৰাজ্য বিধানসভাৰ নিৰ্বাচনী ফলাফলতো কংগ্ৰেছ দলৰ গৰাখহনীয়া পৰিলক্ষিত হয়। সাতখন ৰাজ্যত দলটোৱে সংখ্যাগৰিষ্ঠতা হেৰুৱালগীয়াত পৰে। আনহাতে দুখন ৰাজ্যত দলত্যাগৰ বাবে দলটোৱে চৰকাৰ গঠন কৰাত অসমর্থ হয়। ১৯৬৭ চনৰ পৰা ভাৰতত মৰ্চা চৰকাৰৰ যুগৰ আৰম্ভণি হোৱা বুলি কোৱা হয়। কারণ ১৯৬৭ চনৰ নিৰ্বাচনৰ পিছত আঠখন ৰাজ্যৰ বিধানসভাত মৰ্চা চৰকাৰ গঠন হয়। 

১২। ‘কামৰাজ পৰিকল্পনা’ কি? কে কামৰাজৰ বিষয়ে বহলাই লিখা।

উত্তৰঃ কে. কামবাজ ভাৰতৰ এজন স্বাধীনতা সংগ্রামী আছিল। তেওঁ কংগ্ৰেছ দলৰ সভাপতি আৰু মাদ্ৰাজৰ মুখ্যমন্ত্ৰী আছিল। তেওঁৰ নেতৃত্বতেই কংগ্ৰেছত চিণ্ডিকেটৰ জন্ম হৈছিল। কামবাজ নিজে শিক্ষাৰ পৰা বঞ্চিত হৈছিল। তেওঁ মাদ্ৰাজত শিক্ষা বিস্তাৰৰ অৰ্থে চেষ্টা কৰিছিল। স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে তেওঁ মধ্যাহ্ন ভোজন আঁচনি প্ৰচলন কৰিছিল। ১৯৬০ চনত তেওঁ এইটো প্রস্তাব আগবঢ়াইছিল যে সকলো জ্যেষ্ঠ কংগ্ৰেচীয়েই দলীয় পদবীর পদত্যাগ কৰিব লাগে যাতে নতুন প্রজন্মৰ কৰ্মীসকলৰ বাবে দলত স্থান ওলায়। কামৰাজৰ এই প্রস্তাবটো কামৰাজ আঁচনি নামেৰে জনপ্ৰিয়। কে. কামৰাজ দাক্ষিণাত্যৰ এজন প্রভাবী আৰু শক্তিশালী নেতা আছিল। তেওঁ ইন্দিৰা গান্ধীক কংগ্ৰেছ সংসদীয় দলৰ নেতা নির্বাচিত কৰি প্ৰধানমন্ত্রী হোৱাত সহায় কৰিছিল।

১৩।১৯৬৭ চনৰ নিৰ্বানচত কংগ্ৰেছে পৰাজয় বৰণ কৰাৰ কাৰণসমূহ ব্যাখ্যা কৰা। 

উত্তৰঃ ১৯৬৭ চনৰ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনবোৰত ১৬ খন ৰাজ্যৰ ভিতৰত আধা সংখ্যক ৰাজ্যত কংগ্ৰেছ দল পৰাজয় হৈছিল। ইয়াৰ প্ৰধান কাৰণ হ’ল-

(ক) ১৯৬৭ চনত অর্থনৈতিক সংকটৰ সন্মুখীন হোৱা ভাৰতীয় জনসাধাৰণে বিভিন্ন কংগ্ৰেছ চৰকাৰৰ বিপক্ষে আন্দোলন আৰম্ভ কৰে। পদ্ধতিে 

(খ)এই সময়ছোৱাত কংগ্ৰেছৰ নেতাসকলৰ মাজত আভ্যন্তৰীণ ক্ষেত্ৰত ক্ষমতাকেন্দ্রীয় সংঘাত সৃষ্টি হয়। 

(গ) এই দলটোত নেহৰুৰ মৃত্যুৰ পিছত জনপ্রিয় নেতাৰ অভাৱ ঘটাৰ ফলত কংগ্নো দলটোত আগবঢ়াই নিয়াত অপৰাগ হৈছিল।

(ঘ)ভাৰতৰ বিভিন্ন প্ৰান্তত আঞ্চলিকতাবাদৰ ফলত সৃষ্টি হোৱা দলৰ ফলত বিধানসভা নিৰ্বাচনবোৰত পৰাজয় হয়।

১৪। ভাৰতত ১৯৬৭ চনৰ ৪ৰ্থ সাধাৰণ নিৰ্বাচনে ভাৰতীয় ৰাজনীতিৰ গতি কেনেকৈ সলনি কৰি দিছিল?

উত্তৰঃ ভাৰতৰ ৰাজনীতিত ১৯৬৭ চনৰ নিৰ্বাচনৰ যথেষ্ট তাৎপৰ্যতা আছে। বিভিন্ন সমস্যাৰে জৰ্জৰিত ভাৰতীয় জনসাধাৰণৰ মনত পৰিবর্তন বতাহ বয়ে এই নির্বাচনৰ পৰা। অর্থনৈতিক সংকটৰ সন্মুখীন হোৱা ভাৰতীয় জনসাধাৰণে বিভিন্ন পদ্ধতিৰে কংগ্ৰেছৰ চৰকাৰৰ বিপক্ষে আন্দোলন আৰম্ভ কৰে।

জনসাধাৰণৰ কংগ্ৰেছ চৰকাৰৰ প্ৰতি উদ্ভৱ হোৱা ক্ষোভৰ সুযোগ গ্ৰহণ কৰিবলৈ বিৰোধী ৰাজনৈতিক দলসমূহ আগবাঢ়ি আহে। কমিউনিষ্ট আৰু সমাজবাদী দলসমূহে অধিক সমতাৰ দাবীত সংগ্ৰাম তীব্ৰতৰ কৰি তোলে। অন্যান্য বিৰোধী দলসমূহেও গণ প্রতিবাদ কাৰ্যসূচী সংগঠিত কৰি চৰকাৰৰ ওচৰত ক্রমাগতভাবে হেঁচা প্ৰয়োগ কৰিবলৈ লয়।

১৯৬৭ চনৰ চতুৰ্থ লোকসভাৰ ৰাজ্য বিধানসভাৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে দলটাকে নেহৰুৰ দৰে আকর্ষণীয় নেতাৰ অবিহনে নির্বাচনী যুঁজত অৱতীর্ণ হয়। এই নির্বাচনৰ ফলাফলে ক দুৰ্গত জোকাৰণি তোলে। কেন্দ্ৰ আৰু ৰাজ্য উভয়তে কংগ্ৰেছ দলে বৃহৎ প্রত্যাহ্বানৰ সম্মুইন হবলগীয়াত পৰে। ৰাজ্য বিধানসভাৰ নিৰ্বাচনী ফলাফলতো কংগ্ৰেছ দলৰ গৰাখহনীয়া পৰিলক্ষিত হয়। সাতখন ৰাজ্যত দলটোৱে সংখ্যাগৰিষ্ঠতা হেৰুৱালগীয়াত পৰে। আনহাতে দুখন ৰাজ্যত দলত্যাগৰ বাবে দলটোৱে চৰকাৰ গঠন কৰাত অসমর্থ হয়। ১৯৬৭ চনৰ পৰা ভাৰতত মৰ্চা চৰকাৰৰ যুগৰ আৰম্ভণি হোৱা বুলি কোৱা হয়। কারণ ১৯৬৭ চনৰ নিৰ্বাচনৰ পিছত আঠখন ৰাজ্যৰ বিধানসভাত মৰ্চা চৰকাৰ গঠন হয়। 

১৫। 1969 চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সৈতে জড়িত বিতৰ্কৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ১৯৬৯ চনত ইন্দিৰা গান্ধী আৰু চিণ্ডিকেটৰ মাজত দীর্ঘদিন ধৰি চলি অহা উপদলীয় বিরোধে মুকলিভাৱে প্ৰকাশ পাইছিল। ৰাষ্ট্ৰপতি জাকিৰ হুছেইনৰ মৃত্যুৰ পিছত সেই বছৰ ৰাষ্ট্ৰপতিৰ পদটো খালী হৈ আছিল। শ্ৰীমতী ইন্দিৰা গান্ধীৰ বিৰোধিতা সত্বেও চিণ্ডিকেটর নেতাসকলে তদানীন্তন লোকসভাব অধ্যক্ষ তথা গান্ধীৰ দীৰ্ঘদিনীয়া শুক্রএন. সঞ্জীৱা ৰেড্ডীক ৰাষ্ট্ৰপতি পদৰ বাবে কংগ্ৰেছ দলৰ দলীয় প্রার্থী হিচাপে মনোনীত কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰ প্ৰতিশোধ ৰূপে গান্ধীয়ে সেই সময়ৰ উপৰাষ্ট্ৰপতি ডি. ভি. গিৰিক ৰাষ্ট্ৰপতি পদৰ বাবে নির্দলীয় প্রার্থী ৰূপে প্রতিদ্বন্দ্বিতা কৰিবলৈ উৎসাহ যোগাইছিল। সেই সময়তে শ্রীমতী গান্ধীয়ে দেশৰ আগশাৰীৰ ১৪টা বেংক ৰাষ্ট্ৰীয়কৰণ কৰা আৰু ‘প্ৰিভি পাৰ্চ বিলুপ্ত কৰাৰ দৰে কিছুমান অত্যন্ত জনপ্রিয় নীতি গ্ৰহণ কৰাৰ বিষয়ে ঘোষণা কৰিছিল। মোৰাৰজী দেশাই সেই সময়ৰ উপ-প্রধানমন্ত্রী আৰু দেশৰ বিত্তমন্ত্ৰী আছিল। উপৰিউক্ত বিষয় দুটাক কেন্দ্ৰ কৰি মোৰাৰজী দেশাই আৰু ইন্দিৰা গান্ধীৰ মাজত তীব্র মত পাৰ্থক্যই গা কৰি উঠিছিল। আৰু ইয়াৰ ফলশ্রুতিতেই মোৰাৰজী দেশাইয়ে ইন্দিৰা গান্ধীৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিবলগীয়া হৈছিল।

ৰাষ্ট্ৰপতিৰ নিৰ্বাচনক কেন্দ্ৰ কৰি কংগ্ৰেছ দলত যেনে মত পার্থক্যৰ সৃষ্টি হৈছিল তেনে পার্থক্য ইতিপূর্বেও কংগ্ৰেছ দলত সৃষ্টি হৈছিল। কিন্তু এইবাৰ উভয় পক্ষই যেন শেষ পৰিণতিৰ বাবে মুখামুখি হ’বলৈ সাজু হৈছিল। তদানীন্তন কংগ্ৰেছ দলৰ সভাপতি এছ নিজালিগাপ্পাই কংগ্ৰেছ দলৰ দলীয় প্রার্থী সঞ্জীৱা ৰেড্ডিৰ সপক্ষে ভোটদান কৰিবলৈ দলৰ সকলো সাংসদ আৰু বিধায়কলৈ দলীয় নির্দেশনা জাৰি কৰিছিল। আনহাতে ইন্দিৰা গান্ধীৰ সমৰ্থকসকলে অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ এখন বিশেষ অধিবেশন আহ্বান কৰিবলৈ দাবী কৰিছিল আৰু এই দাবী অস্বীকাৰ কৰা হৈছিল। ভি. ভি. গিৰিক নীৰৱে সমর্থন কৰি থাকি শেষত প্ৰধানমন্ত্রী ইন্দিৰা গান্ধীয়ে মুকলিভাৱেই বিবেক ভোটৰ আহ্বান জনালে। অর্থাৎ ইন্দিৰা গান্ধীয়ে কংগ্ৰেছ দলৰ সাংসদ আৰু বিধায়কসকলক নিজৰ বিবেকৰ সিদ্ধান্ত অনুযায়ী ভোটদান কৰিবলৈ সুবিধা দিলে। অৱশেষত নিৰ্বাচনত নির্দলীয় প্রার্থী ভি. ভি. গিৰি জয়ী হোৱাৰ বিপৰীতে কংগ্ৰেছ দলৰ দলীয় প্রার্থী সঞ্জীৱা ৰেড্ডি পৰাজিত হয়।

ৰাষ্ট্ৰপতি নিৰ্বাচনত কংগ্ৰেছৰ দলীয় প্ৰাৰ্থীজনৰ পৰাজয়ে দল বিভাজনৰ আনুষ্ঠানিকতাখিনি পূৰ্ণ কৰিলে। কংগ্ৰেছ দলৰ সভাপতিয়ে প্ৰধানমন্ত্রী ইন্দিৰা গান্ধীক দলৰ পৰা বহিষ্কাৰ কৰিলে। ইয়াৰ বিপৰীতে ইন্দিৰা গান্ধীয়ে দাবী কৰিলে যে তেওঁৰ গোটটোৱেহে প্ৰকৃততে কংগ্ৰেছ দলক প্রতিনিধিত্ব কৰে। এনেদৰে ১৯৬৯ চনৰ নৱেম্বৰ মাহৰ ভিতৰত কংগ্ৰেছ দলৰ বিভাজন সম্পূর্ণ হ’ল।

Leave a Reply