Class 12 Political Science| Chapter-4| ভাৰতৰ বৈদেশিক সম্বন্ধ

Class 12 Political Science| Chapter-4| ভাৰতৰ বৈদেশিক সম্বন্ধ। এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব AHSEC Class 12 Political Science| Chapter-4| ভাৰতৰ বৈদেশিক সম্বন্ধ পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়।

HS Second Year Question Answer (Assamese Medium)

EnglishClick Here
অৰ্থনীতি (Economy)Click Here
ভূগোল (Geography)Click Here
हिंदीClick Here
অসমীয়াClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
ৰাজনীতি (Political Science)Click Here
সমাজতত্ত্ব (Sociology)Click Here
তৰ্কবিদ্যা আৰু দর্শনশাস্ত্ৰ (Logic & Philosophy)Click Here
নৃতত্ত্ব (Anthropology)Click Here

Class 12 Political Science| Chapter-4| ভাৰতৰ বৈদেশিক সম্বন্ধ

চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া ছাত্র-ছাত্ৰীৰ বাবে আমাৰ এই ৱেবছাইটত শেহতীয়া পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি পাঠ Class 12 Political Science| Chapter-4| ভাৰতৰ বৈদেশিক সম্বন্ধ ভিত্তিক প্ৰশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। যত ছাত্ৰ-ছাত্ৰীয়ে অনলাইন যোগে পঢ়িব পাৰিব।

দ্বিতীয় খণ্ড

চতুৰ্থ অধ্যায়

(ক) অতি চমু প্রশ্নৰ উত্তৰ লিখা : মূল্যাংক : ১ নম্বৰকৈ

১। আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰঃ কেপ্টেইন সোহান সিং।

২। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত বৈদেশিক নীতিৰ বিষয়ে উল্লেখ কৰা আছে?

উত্তৰঃ ৫১ নং অনুচ্ছেদ।

৩।ভাৰতৰ বৈদেশিক নীতিৰ মুখ্য পৃষ্ঠপোষক কোন আছিল ?

উত্তৰঃ জৱাহৰলাল নেহেরু।

৪। “আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত দুই শক্তি গোষ্ঠীক নেতৃত্ব প্ৰদান কৰা বৃহৎ শক্তি ৰাষ্ট্ৰ দুখনৰ নাম লিখা। 

উত্তৰঃ আমেৰিকা আৰু ছোভিয়েট ৰাচিয়া।

৫।কোন চনত চীনে তিব্বত অধিগ্ৰহণ কৰিছিল ? 

উত্তৰঃ ১৯৫০ চনত।

৬।NEFA ৰ অৰ্থ লিখা।

 উত্তৰঃ North-East Frontier Agency

৭।চীনে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল?

উত্তৰঃ ১৯৬২ চনত।

৮। নেহেৰুৰ পিছত কোনজন প্রধানমন্ত্রীয়ে চীন ভ্রমণ কৰিছিল ?

উত্তৰঃ ৰাজীৱ গান্ধী।

৯।লাল বাহাদুৰ শাস্ত্ৰী আৰু জেনেৰেল আয়ুবখানৰ মাজত ১৯৬৬ চনত স্বাক্ষৰিত চুক্তিখনৰ নাম লিখা।

উত্তৰঃ টাচকেণ্ট চুক্তি।

১০। বাংলাদেশ যুদ্ধ কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ ১৯৭১ চন। 

১১। চিমলা চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ?

উত্তৰঃ ১৯৭২ চন।

১২। ভাৰত আৰু চীনৰ মাজত সীমা নিৰ্ধাৰণৰ বাবে মেকমোহন লাইন কোন চনত চিহ্নিত কৰা হৈছিল?

উত্তৰঃ ১৯১৪ চনত। 

১৩। কাশ্মীৰ বিভাজনৰ প্ৰস্তাৱ কোনে আগবঢ়াইছিল?

উত্তৰঃ পাকিস্তান।

১৪। প্ৰথম গোষ্ঠী নিৰপেক্ষ সম্মিলন ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰঃ বেলগ্রেডত।

১৫। বৈদেশিক নীতি মানে কি বুজা? 

উত্তৰঃ স্বাধীন ৰাষ্ট্ৰসমূহৰ মাজত সম্পৰ্ক পৰিচালনা কৰা নীতিয়েই হ’ল বৈদেশিক নীতি।

১৬। ভাৰতীয় বৈদেশিক নীতিৰ এটা মূল নীতি উল্লেখ কৰা।

উত্তৰঃ শান্তি।

১৭। শুদ্ধ উত্তৰটো লিখাঃ

(ক) গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথম সন্মিলন অনুষ্ঠিত হৈছিল (১৯৬০ / ১৯৬১/১৯৬২)।

উত্তৰঃ ১৯৬১ চনত।

(খ) পঞ্চশীল চুক্তি ভাৰত আৰু (পাকিস্তান / চীন / আমেৰিকা) ৰ মাজত স্বাক্ষৰি হৈছিল।

উত্তৰঃ চীন।

(গ) কার্গিল সংঘর্ষ মে’আৰু জুন মাহৰ (১৯৯৮/১৯৯৯/২০০০) চনত অনুষ্ঠিত হৈছিল।

উত্তৰঃ ১৯৯৯ চন।

(ঘ)জনতা দল (১৯৭৬/১৯৭৭/১৯৭৮) চনত ক্ষমতালৈ আহিছিল। 

উত্তৰঃ ১৯৭৭। 

(ঙ)চিমলা চুক্তিত কোনে চহী কৰিছিল?

  • (১) ইন্দিৰা গান্ধী আৰু মিঃ ভুট্টো
  • (২) দালাই লামা আৰু ইন্দিৰা গান্ধী
  • (৩) জৱাহৰলাল আৰু মিঃ ভুট্টো

উত্তৰঃ (১) ইন্দিৰা গান্ধী আৰু মিঃ ভুট্টো

১৮। বৈদেশীক নীতিৰ উপাদানবোৰ কি কি ?

উত্তৰঃ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু ৰাষ্ট্ৰীয় স্বার্থ। 

১৯। চীনে কোন চনত ভাৰত আক্ৰমণ কৰিছিল?

উত্তৰঃ ১৯৬২ চনত ।

২০। ভাৰত আৰু পাকিস্তানৰ মাজত বিবাদৰ প্ৰধান বিষয়টো কি?

 উত্তৰঃ কাশ্মীৰ সমস্যা।

২১। চিমলা চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল।

উত্তৰঃ ১৯৭২ চনত।

২২। কোনে চিমলা চুক্তিত চহী কৰিছিল।

উত্তৰঃ ভাৰত আৰু পাকিস্তান।

২৩। খালী ঠাই পূৰ কৰাঃ

(ক) চিমলা চুক্তি ভাৰত আৰু—- -ত স্বাক্ষৰিত হৈছিল। 

উত্তৰঃ পাকিস্তান।

(খ)ভাৰতে —- -চনত প্ৰথম পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল।

উত্তৰঃ ১৯৭৪

(গ)—–চনৰ মে আৰু —- -ত কার্গিল সংঘৰ্ষৰ সূত্ৰপাত হৈছিল।

উত্তৰ: ১৯৯৯ চনৰ জুন মাহত।

২৪। ভাৰতীয় জাতীয় সৈন্যবাহিনীৰ প্ৰতিষ্ঠাতা কোন আছিল?

উত্তৰঃ সুভাষ চন্দ্র বসু।

২৫। ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতীয় বৈদেশিক নীতি সংযোগী হৈ আছে?

উত্তৰঃ সংবিধানৰ ৫১ নং অনুচ্ছেদত।

২৬। ভাৰতৰ বৈদেশিক নীতিৰ গুৰি ধৰোঁতা কোন আছিল?

উত্তৰঃ জৱাহৰলাল নেহক।

২৭। গোলকীয় পর্যায়ত দুই মেরুক নেতৃত্ব দিয়া মহাশক্তি দুটাৰ নাম লিখা।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট সংঘ।

 ২৮। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতিসমূহ আছে?

উত্তৰঃ সংবিধানব ৩৬ নং অনুচ্ছেদৰ পৰা ৫১ নং অনুচ্ছেদটো।

২৯। শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

(a) গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথম সম্মিলন বেলগ্রেডত ১৯৬০/ ১৯৬১ / ১৯৬২ চনত হৈছিল।

উত্তৰঃ ১৯৬১।

(b) ১৯৯৮ / ১৯৯৯ / ২০০০ চনৰ ভিতৰত কার্গিল যুদ্ধ হৈছিল।

উত্তৰঃ ১৯৯৯।

(c) জনতা পাৰ্টীৰ চৰকাৰ ১৯৭৬/১৯৭৭ / ১৯৭৮ চনত ক্ষমতালৈ আহিছিল।

উত্তৰঃ ১৯৭৭।

৩০। ভাৰত আৰু পাকিস্তানৰ মাজত বিবাদৰ মূল বিষয় কি?

উত্তৰঃ সীমা বিবাদ।

(২) চমু প্ৰশ্নৰ উত্তৰ লিখা : মূল্যাংক : ২ নম্বৰকৈ

১।ভাৰতৰ বৈদেশিক নীতিৰ দুটা অতি গুৰুত্বপূৰ্ণ নীতি ব্যাখ্যা কৰা ।

উত্তৰঃ ভাৰতৰ বৈদেশিক নীতিৰ দুটা গুৰুত্বপূৰ্ণ নীতি হলঃ

(ক) গোষ্ঠী নিৰপেক্ষতা, (খ) শাস্তিপূর্ণ সহ-অৱস্থান

২ ।পঞ্চশীল মানে কি?

উত্তৰঃ ১৯৫৪ চনত ‘পঞ্চশীল নীতি’ গ্ৰহণ কৰা হৈছিল। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্রী জৱাহৰলাল নেহেৰুৱে ‘পঞ্চশীল নীতি’ প্ৰস্তুত কৰিছিল। ভাৰতীয় বৈদেশিক নীতিৰ আধাৰ শিলা হৈছে পঞ্চশীল নীতি।

৩।ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্কত উত্তেজনাৰ সৃষ্টি হোৱাৰ দুটা কাৰণ লিখা।

উত্তৰঃ কাশ্মীৰ সমস্যা আৰু সন্ত্রাসবাদী সমস্যা।

৪ । নেহেৰুৰ বৈদেশিক নীতিৰ দুটা প্রধান উদ্দেশ্য ব্যাখ্যা কৰা। 

উত্তৰঃ (ক) ৰাষ্ট্ৰীয় স্বাৰ্থ সুৰক্ষিত কৰা, (খ) আন ৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰা।

৫ ।N.P.T. আৰু C.T.B.T. ৰ সম্পূৰ্ণ নাম লিখা। 

উত্তৰঃ Non-Nuclear Proliferation Treaty Comprehensive Test Ban Treaty

৬ ।চীনৰ লগত ভাৰতৰ সংঘাতৰ দুটা গুৰুত্বপূৰ্ণ উদাহৰণ দিয়া।

উত্তৰঃ (ক) সীমা সমস্যা

(খ) তিব্বত

৭। ভাৰতে কেতিয়া প্ৰথম পাৰমাণৱিক পৰীক্ষা সম্পাদন কৰি

উত্তৰঃ ১৯৭৪ চনত ভাৰতে প্ৰথম পাৰমাণৱিক পৰীক্ষা সম্পাদন কৰিছিল।

৮।এখন দেশৰ বৈদেশিক নীতিক প্ৰভাৱিত কৰা দুটা কাৰক উল্লেখ কৰা। 

উত্তৰঃ এখন দেশৰ বৈদেশিক নীতি প্ৰভাৱিত কৰা কাৰকসমূহ :

(ক) ৰাষ্ট্ৰীয় স্বার্থ, (খ) অর্থনৈতিক উন্নয়ন, (গ) ভৌগোলিক অখণ্ডতা সুৰক্ষিত কৰা, (ঘ) সার্বভৌমত্ব ৰক্ষা কৰা, (ঙ) জনমত।

৯।চিমলা চুক্তিৰ দুটা চৰ্ত উল্লেখ কৰা।

উত্তৰঃ ১৯৭২ চনত ৩ জুলাইত ভাৰতৰ প্ৰধানমন্ত্রী ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ মাজত শান্তি প্ৰতিষ্ঠাৰ কাৰণে “চিমলা চুক্তি” সম্পাদন হয়।

এই জয়লাভে ভাৰতৰ আনন্দৰ ঢৌ তুলিছিল। সকলো মানুহে গৌৰৱ অনুভৱ কৰিছিল আৰু | ভাৰতৰ সামৰিক শক্তিক প্রশংসা কৰিছিল। সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা | গান্ধী। তেওঁ আগতেই ১৯৭১ চনৰ নিৰ্বাচনত জয়লাভ কৰিছিল। তেওঁৰ ব্যক্তিগত জনপ্রিয়তাই ইয়াৰ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলক বাৰুকৈয়ে জয়যুক্ত হোৱাত সহায় কৰিছিল।।

30। ভাৰতৰ বৈদেশিক নীতিয়ে জাতীয় স্বাৰ্থ কিদৰে ৰক্ষণাবেক্ষণ দিছে ব্যাখ্যা কৰা। 

উত্তৰঃ (ক) শান্তি স্থাপন কৰা, (খ) দ্বিপাক্ষিক সমস্যাসমূহ আলোচনাৰ মাধ্যমেৰে সমাধান করা।

১১। ভাৰতে স্বতন্ত্র স্থিতি গ্ৰহণ কৰা দুটা আন্তঃৰাষ্ট্ৰীয় ঘটনা উল্লেখ কৰা।

উত্তৰঃ সন্ত্রাসবাদ দমন আৰু মানৱ অধিকাৰ সুৰক্ষা। 

১২। শান্তিপূর্ণ সহ-অৱস্থান মানে কি বুজা ?

 উত্তৰঃ শাস্তিপূর্ণ সহ-অৱস্থান ভাৰতৰ বৈদেশিক নীতিৰ এক প্রধান বৈশিষ্ট্য। ভাৰতবৰ্ষই  সদায় বিশ্বৰ আন ৰাষ্ট্ৰৰ সৈতে বন্ধুত্বপূর্ণ সম্পৰ্ক ৰক্ষা কৰি আহিছে।

১৩। বেনদুঙ সম্মিলনৰ তাৎপৰ্য্য কি আছিল?

উত্তৰঃ বেনদুং সন্মিলনৰ ১৯৫৫ চনত ইণ্ডোনেচিয়াৰ বেনদুং চহৰত অনুষ্ঠিত হৈছিল। এই সন্মিলনখনেই গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ জন্ম হোৱাত পথ প্রদর্শক আছিল।

১৪। ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্কৰ কেন্দ্ৰীয় বিষয়বস্তু কি আছিল? 

উত্তৰঃ দালাই লামাৰ ভাৰতত ৰাজনৈতিক আশ্রয় গ্রহণ।

১৫। পঞ্চশীলৰ পাঁচটা নীতি কোন চনত আৰু কোনে ঘোষণা কৰিছিল?

উত্তৰঃ ১৯৫৪ চনত পঞ্চশীলৰ পাঁচটা নীতি ঘোষণা কৰা হৈছিল।

 ১৬। নেহেৰুৰ বৈদেশিক নীতিৰ দুটা প্রধান বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ (ক) ভাৰতৰ সাৰ্বভৌমত্ব ৰক্ষা কৰা, (খ) শান্তি প্রতিষ্ঠা কৰা।

১৭। পঞ্চশীন কি?

উত্তৰঃ পঞ্চশীল মানে পাঁচটা নীতি যিবোৰ নীতিৰ ভিত্তিত ভাৰতে চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে সম্পর্ক স্থাপন কৰে।

১৮। চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে সম্পর্ক স্থাপনত ভাৰতে অনুসৰণ কৰা দুটা নীতি উল্লেখ কৰা।

উত্তৰঃ আভ্যন্তৰীণ বিষয়ত অহস্তক্ষেপ নীতি আৰু শান্তিপূর্ণ সহঅৱস্থান।

১৯। ভাৰত আৰু পাকিস্তানৰ মাজৰ উত্তেজনাৰ দুটা দিশ উল্লেখ কৰা। 

উত্তৰঃ কাশ্মীৰ সমস্যা আৰু সন্ত্রাসবাদ।

২০। ভাৰতৰ বৈদেশিক নীতিৰ দুটা প্রধান নীতি উল্লেখ কৰা।

উত্তৰঃ গোষ্ঠী নিৰপেক্ষতাবাদ আৰু ৰাষ্ট্ৰসংঘৰ ওপৰত বিশ্বাস।

২১। বৈদেশিক সম্পৰ্কৰ ক্ষেত্ৰত থকা ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি এটা উল্লেখ কৰা।

উত্তৰঃ ৰাষ্ট্ৰসমূহৰ সৈতে বন্ধুত্বমূলক সম্পর্ক স্থাপন আৰু আস্তঃ ৰাষ্ট্ৰীয় বিবাদ আলোচ মাধ্যমত সমাধান।

২২। ছিমলা চুক্তিৰ দুটা চৰ্ত উল্লেখ কৰা।

উত্তৰঃ ১৯৭২ চনৰ ৩ জুলাই তাৰিখে ইন্দিৰা গান্ধী আৰু জুলফিকৰ আলী ভুট্টোৰ মাজা স্বাক্ষৰিত চিমলা চুক্তিৰ দুটা চৰ্ত হৈছে –

  1. বুজাপৰা, মধুৰ স্থায়ী প্রতিবেশী সম্পৰ্ক ৰক্ষা কৰা আৰু দীৰ্ঘম্যাদী শান্তি বজাই ৰখা।
  2. শান্তি নিৰাপত্তা বা প্রতি পাৰস্পৰিক সন্মানৰ ওপৰত ভিত্তি কৰি কোনো ৰাষ্ট্ৰই আম ৰাষ্ট্ৰৰ ঘৰুৱা বিষয়ত হস্তক্ষেপ নকৰিব।

২৩। কোনটো পদক্ষেপক ভাৰত-চীন সম্পৰ্কৰ ধাৰক বুলি ভবা হয়? 

উত্তৰঃ পঞ্চশীল নীতিকেই ভাৰত চীন সম্পৰ্কৰ ধাৰক বুলি কোৱা হয়। পঞ্চশীল নীতিকেইটাৰ পিছলৈ গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ ভেঁটি হিচাপে পৰিণত হয়।

২৪। ভাৰতৰ বৈদেশিক নীতিৰ প্ৰসংগত ‘শান্তিপূর্ণ সহাৱস্থান’ৰ গুৰুত্ব সম্পর্কে লিখা। 

উত্তৰঃ শান্তিপূর্ণ সহ অৱস্থান ভাৰতৰ বৈদেশিক নীতিৰ এটা প্রধান বৈশিষ্ট্য। ভাৰত আৰু চীন দেশৰ মাজত ১৯৫৪ চনত স্বাক্ষৰিত হোৱা চুক্তিত শান্তিপূর্ণ সহৱস্থান নীতি দুয়োখন দেশে সমৰ্থন কৰিছিল। ওচৰ-চুবুৰীয়া ৰাষ্ট্ৰৰ লগত ভাৰতে সহায় শান্তিপ্রিয় আলোচনাৰ মাধ্যমেৰে বিবাদ মীমাংসা কৰাৰ সমৰ্থন কৰে।

২৫। বৈদেশিক নীতিৰে সম্পর্কিত ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ যিকোনো এটা উল্লেখ কৰা। 

উত্তৰঃ আন্তর্জাতিক শান্তি আৰু নিৰাপত্তাৰ উন্নতি সাধন কৰা।

২৬। ভাৰতে কেতিয়া প্রথমে আণৱিক বিস্ফোৰণ ঘটাইছিল?

উত্তৰঃ ১৯৭৪ চনৰ মে মাহত।

২৭। ভাৰতে নিৰপেক্ষ স্থিতি লোৱা যিকোনো দুটা আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ উদাহৰণ দিয়া।

উত্তৰঃ (ক) শীতল যুদ্ধৰ সময়ত নিৰপেক্ষ নীতি গ্ৰহণ কৰিছিল।

(খ) আণৱিক নীতিৰ ক্ষেত্ৰত ভাৰতে নিৰপেক্ষ নীতি সমৰ্থন কৰিছে বাবে NPT খনত এতিয়ালৈ স্বাক্ষৰ কৰা নাই।

২৮। ভাৰতে ওচৰ-চুবুৰীয়া ৰাষ্ট্ৰৰ লগত কি নীতিৰ ভিত্তিত সম্বন্ধ স্থাপন কৰিছিল তাৰে ভাৰতে ওচৰ-চুবুৰীয়া ৰাষ্ট্ৰৰ লগত পঞ্চশীল নীতিৰ দুটী নীতি লিখা।

উত্তৰঃ তাৰে দুটা নাতি হ’ল ভিত্তিত সম্বন্ধ স্থাপন কৰিছিল।

 (ক) অইন ৰাষ্ট্ৰৰ ভৌগোলিক অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি পাৰস্পৰিক শ্রদ্ধা প্রদর্শন।

(খ) পাৰস্পৰিক অনাক্রমন। 

২৯। বৈদেশিক নীতি বুলিলে কি বুজা?

উত্তৰঃ যি নীতি অনুসৰি এখন দেশে আন এখন দেশৰ লগত সম্পর্ক স্থাপন কৰে, সেই নীতিকেই বৈদেশিক নীতি বোলা হয়।

 20। জাতীয় স্বাৰ্থৰ মুখ্য উপাদানবোৰ কি কি ?

উত্তৰঃ জাতীয় স্বাৰ্থৰ মুখ্য উপাদানবোৰ হ’ল – দেশৰ স্বাধীনতা, সার্বভৌমত্ব, ৰাজ্যিক অখণ্ডতা ৰক্ষা কৰা আৰু অৰ্থনৈতিক উন্নয়ন, আভ্যন্তৰীণ শান্তি শৃংখলা ৰক্ষা কৰা আদি।

(গ) উত্তৰ লিখা: মূল্যাংক : ৪ নম্বৰকৈ

১।ভাৰতৰ বৈদেশিক সম্পৰ্কৰ মূল বৈশিষ্ট্য কি কি? 

উত্তৰঃ ভাৰতৰ বৈদেশিক নীতিৰ অন্যতম মূল বৈশিষ্ট্য হ’ল গোষ্ঠী নিৰপেক্ষতা। গোষ্ঠী নিৰপেক্ষতাই ৰাষ্ট্ৰসমূহৰ সাম্রাজ্যবাদ, উপনিবেশকতাবাদ, বর্ণ বৈষম্যতা আৰুবৃহৎ শক্তিগোষ্ঠীৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত হৈ স্বতন্ত্রভাৱে আৰু শাস্তিপূৰ্ণ নীতিৰে বৈদেশিক সম্পর্ক স্থাপনত গুৰুত্ব প্ৰদান কৰে।

2 ।ভাৰতৰ বৈদেশিক নীতিৰ চাৰিটা নিৰ্ধাৰকৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ভাৰতৰ বৈদেশিক নীতিৰ চাৰিটা নিৰ্ধাৰক হ’ল:

  • (ক) ভাৰতৰ ৰাষ্ট্ৰীয় স্বার্থ সুৰক্ষা।
  • (খ)ভাৰতৰ ইতিহাস আৰু সংস্কৃতি
  • (গ) ভাৰতৰ অৰ্থনৈতিক বিকাশ
  • (ঘ) ভৌগোলিক অখণ্ডতা আৰু সাৰ্বভৌমত্ব।

৩ ।গোষ্ঠী নিৰপেক্ষতা আৰু নিৰপেক্ষতাৰ মাজৰ পাৰ্থক্য বর্ণনা কৰা। 

উত্তৰঃ গোষ্ঠী নিৰপেক্ষতাই ৰাষ্ট্ৰসমূহক সাম্রাজ্যবাদ, উপনিবেশিকতাবাদ, বর্ণ বৈষম্যবাদ আৰু বৃহৎ শক্তিগোষ্ঠীৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত হৈ থাকি শাস্তিপূৰ্ণ আৰু স্বতন্ত্র বৈদেশিক সম্পর্ক স্থাপন প্রচেষ্টাক বুজায়।

 আনহাতে, নিৰপেক্ষতাই কোনো যুদ্ধ, সংঘর্ষ বা বিবাদত অংশ গ্ৰহণ নকৰি আঁতৰি থকাটে বুজায়। 

৪। নেহেৰু যুগত এছিয়া আৰু আফ্ৰিকাৰ মাজত একতা স্থাপনত ভাৰতৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ ১৯৪০ চনত পৃথিৱীৰ বহু ৰাষ্ট্ৰই স্বতন্ত্রতা পাইছিল। নেহৰুৱে ১৯৪০ চনৰ পৰা ১৯৫০ চনলৈ আফ্রিকা আৰু এছিয়াৰ সম্পৰ্ক স্থাপন কৰাৰ অৰ্থে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল৷ ‘এছিয়া সম্পর্ক আলোচনাচক্র’এখন তেখেতে মাৰ্চ ১৯৪৭ চনত ভাৰতত আয়োজন কৰিছিল আফ্ৰিকাৰ ক্ষেত্ৰত প্ৰচলিত বৰ্ণ বিবাদৰ নেহৰুৱে দৃঢ়ভাৱে অসমৰ্থন কৰিছিল আৰু আফ্ৰিকাৰ স্বতন্ত্ৰতাৰ ক্ষেত্ৰটো যথেষ্ট গুরুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছিল। ১৯৫৫ চনত বাংদাং নামৰ ঠাইয় আফ্ৰিকা-এছিয়াৰ আলোচনাচক্ৰ এখন আয়োজিত হৈছিল। এই আলোচনাচক্ৰৰ ফলত গোষ্ঠী নিৰপেক্ষ আন্দোলনে গঢ় লৈ উঠে। এই আন্দোলনৰ এজন প্ৰতিষ্ঠাপক আছিল নেহৰু।

৫।চিমলা চুক্তিৰ বিষয়ে এক চমু টোকা লিখা।

উত্তৰঃ ১৯৭২ চনত ৩ জুলাইত ভাৰতৰ প্ৰধানমন্ত্রী ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ মাজত শান্তি প্ৰতিষ্ঠাৰ কাৰণে “চিমলা চুক্তি” সম্পাদন হয়।

এই জয়লাভে ভাৰতৰ আনন্দৰ ঢৌ তুলিছিল। সকলো মানুহে গৌৰৱ অনুভৱ কৰিছিল আৰু ভাৰতৰ সামৰিক শক্তিক প্রশংসা কৰিছিল। সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্রী আছিল ইন্দিৰ গান্ধী। তেওঁ আগতেই ১৯৭১ চনৰ নিৰ্বাচনত জয়লাভ কৰিছিল। তেওঁৰ ব্যক্তিগত জনপ্রিয়তাই ইয়াৰ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলক বাৰুকৈয়ে জয়যুক্ত হোৱাত সহায় কৰিছিল।

৬। কাশ্মীৰ সমস্যাৰ বিষয়ে এক চমু টোকা লিখা।

উত্তৰঃ ভাৰত আৰু পাকিস্তানৰ মাজত তিক্ততাপূৰ্ণ আৰু উত্তেজনাময় সম্পৰ্কৰ কেন্দ্ৰ বিন্দু হ’ল কাশ্মীৰ সমস্যা। দেশ বিভাজনৰ সময়ৰে পৰাই কাশ্মীৰক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত বিবাদৰ সূত্ৰপাত হৈছিল আৰু দুয়োখন দেশৰ মাজত অঘোষিত যুদ্ধৰ লগতে প্ৰকৃত যুদ্ধও সংঘটিত হৈছে।

৭।ৰাষ্ট্ৰসংঘত ভাৰতৰ ভূমিকা সম্পর্কে আলোচনা কৰা।

উত্তৰঃ ভাৰতবৰ্ষই ৰাষ্ট্ৰসংঘৰ ওপৰত সম্পূর্ণ বিশ্বাস আৰু আস্থা স্থাপন কৰি আহিছে। ভাৰতবৰ্ষই ৰাষ্ট্ৰসংঘৰ চনদৰ ঘোষিত লক্ষ্যত উপনীত হ’বলৈ সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়াই আহিছে। আন্তর্জাতিক সমস্যা ৰাষ্ট্ৰসংঘৰ মজিয়াত শান্তিপূর্ণভাৱে আলোচনাৰ জৰিয়তে মীমাংসা কৰা নীতিক ভাৰতবৰ্ষই সমৰ্থন কৰি আহিছে।

৮।ভাৰত আৰু চীনৰ মাজত তিব্বতক লৈ সংঘাতৰ কাৰণ ব্যাখ্যা কৰা। 

উত্তৰঃ ১৯৪৭ চনত ভাৰত বিভাজন হোৱাৰ ফলত পাকিস্তান এখন নতুন ৰাষ্ট্ৰ হিচাপে প্রতিষ্ঠিত হয়। ভাৰত-পাকিস্তানৰ সম্পৰ্ক আৰম্ভণিৰে পৰা মধুৰ নহয়। ইয়াৰ প্ৰধান বিষয় হৈছে কাশ্মীর। | কাশ্মীৰ প্ৰসংগটো আনকি ৰাষ্ট্ৰসংঘতো উত্থাপিত হৈছিল। ১৯৪৭ চনত দুয়োখন দেশৰ মাজত এখন সঁজাতী যুদ্ধ হৈছিল। ১৯৬০ চনত বহু চেষ্টাৰ ফলত দুয়োখন দেশৰ মাজত সিন্ধু জ’ল চুক্তি স্বাক্ষৰ হৈছিল। ১৯৬৫ চনত পাকিস্তানে ভাৰত আক্ৰমণ কৰিছিল। ১৯৭২ চনত দুয়োখন দেশৰ মাজত ছিমলা চুক্তি স্বাক্ষৰিত হৈছিল আৰু দুয়োখনৰ সম্পর্ক উন্নত কৰাত এই চুক্তিখনে | সহায় কৰিছিল। ১৯৮৮ চনত বেনজীৰ ভূট্টো পাকিস্তানৰ প্ৰধান মন্ত্ৰী হোৱাত দুয়োখন দেশৰ | সম্পর্ক উন্নত হয়। ১৯৯৯ চনত সকলোবোৰ প্ৰচেষ্টা ব্যর্থ হয় আৰু কাৰগিল যুদ্ধ সংঘটিত হয়। বর্তমানো সময়টো দুয়োখন দেশৰ সম্পৰ্ক কোনো প্রকাৰে উন্নত হোৱা নাই।

৯।অপ্ৰসাৰণ চুক্তিৰ নিচিনা আন্তর্জাতিক চুক্তিবোৰৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকা কি?

 উত্তৰঃ ভাৰতবৰ্ষই পাৰমাণৱিক অ-প্ৰসাৰণতা চুক্তিক বিভেদকামী আৰু বৈষম্যমূলক বুলি স্বাক্ষৰ কৰিবলৈ অসন্মতি প্ৰকাশ কৰিছে। ভাৰতে এই চুক্তিখনৰ তীব্ৰ বিৰোধিতা কৰি এখন সাৰ্বজনীন আৰু বৈষম্যহীন অপ্ৰসাৰণ চুক্তিৰ সপক্ষে মত আগবঢ়াইছে।

১০। এখন ৰাষ্ট্ৰৰ ৰাজনৈতিক নেতৃত্বই এখন দেশৰ বৈদেশিক নীতিক কিদৰে প্ৰভাৱিত কৰে আলোচনা কৰা। ভাৰতৰ বৈদেশিক নীতিৰ আধাৰত উদাহৰণসহ ব্যাখ্যা কৰা।

উত্তৰঃ গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ বিকাশৰ চাৰিটা কাৰণ হ’লঃ

(ক)ঔপনিৱেশিকতাবাদৰ বিৰোধিতা

(খ) জাতীয়তাবাদৰ বিকাশ

(গ) অনুন্নত ব্যৱস্থা দূৰীকৰণ।

(ঘ) ৰাষ্ট্ৰসংঘৰ অৱস্থিতি

১১। ভাৰতে কিয় গোষ্ঠী নিৰপেক্ষ নীতি গ্ৰহণ কৰিছিল? 

উত্তৰঃ ভাৰতবৰ্ষই গোষ্ঠীনিৰপেক্ষ নীতিক নিজৰ বৈদেশিক নীতি হিচাপে লৈছিল কাৰণ ভাৰতবৰ্ষই স্বতন্ত্রতা লাভ কৰাৰ সময়তে আন্তর্জাতিক ৰাজনীতিত ছোভিয়েট ৰাছিয়া আৰু আমেৰিকা, দুয়োখন দেশ হৈ পৰিছিল দুটা শক্তিগোষ্ঠী। কিন্তু ভাৰতবৰ্ষই এই নতুন উপনিৱেশিকতাক অসমৰ্থন কৰি গোষ্ঠীনিৰপেক্ষনীতিক দেশৰ বৈদেশিক নীতি হিচাপে লোৱাৰ সিদ্ধান্ত লয়।

১২। ভাৰতৰ বৈদেশিক নীতিৰ প্ৰধান লক্ষ্যবোৰ বৰ্ণনা কৰা।

উত্তৰঃ ভাৰতৰ বৈদেশিক নীতিৰ প্ৰধান লক্ষ্যসমূহ হ’ল―

  • (ক) ভাৰতৰ ৰাষ্ট্ৰীয় স্বার্থ সুৰক্ষা কৰা।
  • (খ) অর্থনৈতিক বিকাশ তৰান্বিত কৰা। 
  • (গ) ভৌগোলিক অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষণাবেক্ষণ দিয়া।
  • (ঘ) আন ৰাষ্ট্ৰসমূহৰ সৈতে বন্ধুত্ব সুলভ সম্পর্ক বজাই ৰখা। 
  • (ঙ)শান্তিপূর্ণ আৰু আলোচনার মাধ্যমেৰে দ্বিপাক্ষিক আৰু বহুপাক্ষিক সমস্যার সমাধান কৰা ।

১৩। ভাৰত আৰু পাকিস্তানৰ মাজৰ তাচখণ্ড চুক্তিৰ বিষয়ে লিখা। 

উত্তৰঃ ১৯৬৬ চনত ভাৰত আৰু পাকিস্তানৰ মাজত টাচকেণ্ট চুক্তিখন স্বাক্ষৰিত হৈছিল। এ চুক্তিখন ছোভিয়েট ৰাছিয়াৰ মধ্যস্থতাত সম্পন্ন কৰা হৈছিল। এই চুক্তিত ভাৰতৰ প্ৰধান লালবাহাদুৰ শাস্ত্ৰী আৰু পাকিস্তানৰ জেনেৰেল আয়ুব খানে চহী কৰিছিল।

১৪। পঞ্চশীলৰ মূল নীতিসমূহ আলোচনা কৰা।

 উত্তৰঃ তিব্বত সম্পৰ্কত ভাৰত আৰু চীন দেশৰ মাজত ১৯৫৪ চনত স্বাক্ষৰিত হোৱা চুক্তি সময়ত এই পঞ্চশীল তথা পাঁচটা নীতি ৰচনা কৰা হৈছিল।

এই পাঁচটা নীতি আছিল ক্রমান্বয়ে :-

  1. প্রত্যেক দেশব ভৌগোলিক অখণ্ডতা ৰক্ষা কৰা আৰু সাৰ্বভৌমত্বৰ প্ৰতি পাৰস্পৰিক শ্রদ্ধা প্ৰদৰ্শন কৰা;
  2. আন দেশক আক্ৰমণৰ পৰা বিৰত থকা; 
  3. আন ৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ পৰা বিৰত থকা;
  4. সকলো দেশকে সমভাৱে বিবেচনা কৰা আৰু পাৰস্পৰিক সাহায্য দিয়া;
  5. শান্তিপূর্ণ সহ-অৱস্থানৰ প্রতি সমর্থন জনোৱা;

 — এই পাঁচটা নীতিৰ ভিত্তিত বিভিন্ন দেশৰ মাজত পাৰস্পৰিক সম্পৰ্কৰ সৃষ্টি কৰিব পাৰিলে বিশ্বশান্তি প্রতিষ্ঠা কৰা সম্ভৱপৰ হ’ব বুলি আশা কৰা হৈছিল।

১৫।আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বৃদ্ধিৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ নিৰ্দেশানাত্মক নীতি বিশ্লেষণ কৰা ।

উত্তৰঃ ভাৰতীয় সংবিধানৰ ৫১ নং অনুচ্ছেদটোৱে ‘আন্তর্জাতিক শান্তি আৰু সুৰক্ষাৰ উন্নতিৰ ওপৰত ভিত্তি কৰি নিৰ্দেশাত্মক নীতি স্থাপন কৰিছে। ৰাষ্ট্ৰ এখনে তলত উল্লেখ কৰা দিশসমূহত গুৰুত্ব দিব লাগে-

  1.  আন্তর্জাতিক শান্তি আৰু সুৰক্ষা বিকাশ কৰা। 
  2. ৰাষ্ট্ৰসমূহৰ মাজত এক প্রকৃত আৰু সন্মানপূর্বক সম্পর্ক স্থাপন কৰা।
  3. সাংগঠনিক মানুহৰ আদান-প্ৰদানৰ ক্ষেত্ৰত আন্তর্জাতিক আইন আৰু চুক্তিসমূহক প্ৰদান কৰা।
  4. আন্তর্জাতিক বিবাদবোৰ মীমাংসাৰে সমাধান কৰাৰ বাবে উৎসাহ দিয়া। 

১৬। ১৯৬৫ চনৰ আৰু ১৯৭১ চনৰ যুদ্ধৰ ভিত্তিত ভাৰত-পাকিস্তানৰ সম্পর্ক পৰ্যালোচনা কৰা।

উত্তৰঃ ১৯৪৭ চনত ভাৰত বিভাজন হোৱাৰ ফলত পাকিস্তান এখন নতুন ৰাষ্ট্ৰ হিচাপে প্রতিষ্ঠিত। | হয়। ভাৰত-পাকিস্তানৰ সম্পৰ্ক আৰম্ভণিৰে পৰা মধুৰ নহয়। ইয়াৰ প্ৰধান বিষয় হৈছে কাশ্মীৰ। | কাশ্মীৰ প্ৰসংগটো আনকি ৰাষ্ট্ৰসংঘতো উত্থাপিত হৈছিল। ১৯৪৭ চনত দুয়োখন দেশৰ মাজত | এখন সঁজাতী যুদ্ধ হৈছিল। ১৯৬০ চনত বহু চেষ্টাৰ ফলত দুয়োখন দেশৰ মাজত সিন্ধু জল চুক্তি স্বাক্ষৰ হৈছিল। ১৯৬৫ চনত পাকিস্তানে ভাৰত আক্ৰমণ কৰিছিল। ১৯৭২ চনত দুয়োখন | দেশৰ মাজত ছিমলা চুক্তি স্বাক্ষৰিত হৈছিল আৰু দুয়োখনৰ সম্পৰ্ক উন্নত কৰাত এই চুক্তিখনে। সহায় কৰিছিল। ১৯৮৮ চনত বেনজীৰ ভূট্টো পাকিস্তানৰ প্ৰধান মন্ত্রী হোৱাত দুয়োখন দেশৰ সম্পর্ক উন্নত হয়। ১৯৯৯ চনত সকলোবোৰ প্ৰচেষ্টা ব্যর্থ হয় আৰু কাৰগিল যুদ্ধ সংঘটিত হয়। বর্তমানো সময়টো দুয়োখন দেশৰ সম্পৰ্ক কোনো প্ৰকাৰে উন্নত হোৱা নাই।

১৭। ভাৰতৰ বৈদেশিক নীতিৰ পৃষ্ঠপোষক কোন আছিল? নেহেৰুৰ বৈদেশিক নীতিৰ তিনিতা উদ্দেশ্য লিখা।

উত্তৰঃ ভাৰতৰ বৈদেশিক নীতিৰ স্থপতি হ’ল জৱাহৰলাল নেহেৰু। তেখেতৰ নেতৃত্বতে ভাৰতৰ বৈদেশিক নীতি প্রস্তুত কৰা হৈছিল। ভাৰতৰ বৈদেশিক নীতিৰ মূল ভিত্তি আছিল | জাতীয় স্বাৰ্থ সুৰক্ষা কৰা। ভাৰতৰ বৈদেশিক নীতিৰ উদ্দেশ্য হ’ল ৰাষ্ট্ৰৰ ভৌগোলিক অখণ্ডতা, সার্বভৌমত্ব আৰু অৰ্থনৈতিক বিকাশ সাধন কৰা। ভাৰতৰ বৈদেশিক নীতিয়ে গোষ্ঠী নিৰপেক্ষতা, | শান্তিপূর্ণ সহঅৱস্থান আৰু বন্ধুত্বপূর্ণ সম্পর্ক স্থাপনত গুৰুত্ব প্ৰদান কৰি আহিছে।

১৮। ৰাষ্ট্ৰসংঘত ভাৰতৰ ভূমিকা সম্পৰ্কে এটা টোকা লিখা। 

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ ওপৰত বিশ্বাস ভাৰতৰ বৈদেশিক নীতিৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। আন্তর্জাতিক সমস্যা ৰাষ্ট্ৰসংঘৰ জৰিয়তে শান্তিপূর্ণভাৱে আলোচনাৰ জৰিয়তে মীমাংসা কৰা নীতিকে ভাৰতে গ্ৰহণ কৰিছে আৰু সমৰ্থন কৰে। ভাৰতে ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা মানৱ অধিকাৰৰ ঘোষনাপত্ৰৰ প্ৰতি সম্পূৰ্ণ অৱস্থা প্ৰকাশ কৰি আহিছে।

১৯৷ ভাৰতৰ পাৰমাণৱিক নীতিৰ দুটা দিশ পৰীক্ষা কৰা।

উত্তৰঃ ভাৰতবৰ্ষই পাৰমাণৱিক নীতি গ্ৰহণৰ দুটা দিশঃ (ক) ভাৰতৰ প্ৰতি সম্ভাৱ্য আক্রমণক প্রতি উত্তৰ দিয়া।

(খ) শক্তিখণ্ডৰ উপযুক্ত বিকাশ সাধন।

২০। বহিঃ সম্পর্ক বিষয়ক ভাৰতৰ নীতিৰ মূল উদ্দেশ্য কি?

 উত্তৰঃ বহিঃসম্পর্ক বিষয়ক ভাৰতৰ নীতিৰ মূল উদ্দেশ্যসমূহ হৈছে –

  1.  সকলো ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা।
  2. ভাৰতৰ সংবিধানৰ ৰাষ্ট্ৰ পৰিচালনা নিৰ্দেশনাত্মক নীতিৰ আধাৰত শাস্তি বাহাদ জৰিয়তে নিৰাপত্তা উন্নীত কৰা।
  3. গোষ্ঠী নিৰপেক্ষতাৰ ওপৰত ভিত্তি কৰি নেহৰ য়ে আমেৰিকা আৰু ছোভিয়েট ইউনি দুয়োটা শক্তি গোষ্ঠীৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত হৈ এক মুক্ত আৰু স্বতন্ত্র বৈদেশিক নী গ্ৰহণ কৰিছিল।
  4. সাম্রাজ্যবাদ আৰু বৰ্ণ বৈষম্যবাদৰ বিৰোধীতা কৰা আৰু লগতে এফ আহিল ৰাষ্ট্ৰবিলাকৰ লগত সহযোগিতাৰে কাম কৰা। ।

২১। বেনদাং সন্মিলনৰ তাৎপর্য কি?

উত্তৰঃ ১৯৪০ আৰু ১৯৫০ দশকৰ গোটেই সময়ছোৱাত নেহৰু এছিয়াৰ একতাৰ বাবে সমর্থক আছিল। তেওঁৰ নেতৃত্বত ভাৰত স্বাধীন হোৱাৰ পাঁচমাহৰ আগতে ১৯৪৭ চনৰ মাহত ভাৰতে এছিয়া সম্বন্ধীয় সন্মিলন আহ্বান কৰিছিল। উপনিবেশ মুক্ত কৰা পদ্ধতিত ভাৰতৰ দৃঢ় সমর্থন আছিল। জাতিভেদ বিশেষভাবে দক্ষিণ আফ্ৰিকাৰ বৰ্ণ বৈষম্যক দৃঢ়রূপে বিৰোধিত কৰিছিল। সাধাৰণতে বেনদং সন্মিলন নামে জনজাত ১৯৫৫ চনৰ ইণ্ডোনেছিয়াৰ বেনদং চহা হোৱা এফ্ৰো এছিয়াৰ সন্মিলনখনে এছিয়া আৰু আফ্ৰিকাৰ নতুনকৈ স্বাধীন হোৱা ৰাষ্ট্ৰসমূহ লগত ভাৰতৰ লগ লগাই শীর্ষ বিন্দু আছিল। এই বানদুং সন্মিলনখনেই গোষ্ঠী নিৰপেক্ষ আন্দোলন স্থাপন কৰাৰ পথপ্ৰদৰ্শক আছিল।

দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান প্ৰশ্নোত্তৰ

Sl. No.সূচী-পত্ৰ
Unit 1প্ৰথম খণ্ড
Chapter 1শীতল যুদ্ধৰ যুগ
Chapter 2দ্বি ৰাষ্ট্ৰবাদৰ অৱসান
Chapter 3 আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য
Chapter 4ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ
Chapter 5সাম্প্রতিক দক্ষিণ এছিয়া
Chapter 6আন্তর্জাতিক সংগঠন
Chapter 7সাম্প্রতিক বিশ্বত নিৰাপত্তা
Chapter 8পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ
Chapter 9বিশ্বায়ন
Unit 2দ্বিতীয় খণ্ড
Chapter 1জাতি গঠনৰ প্ৰত্যাহ্বান
Chapter 2এক দলীয় প্রাধান্যৰ যুগ
Chapter 3পৰিকল্পিত বিকাশৰ ৰাজনীতি
Chapter 4ভাৰতৰ বৈদেশিক সম্বন্ধ
Chapter 5কংগ্রেছ ব্যৱস্থাৰ প্রতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্রতিষ্ঠা
Chapter 6গণতন্ত্রৰ সংকট
Chapter 7গণ আন্দোলনৰ অভ্যুত্থান
Chapter 8আঞ্চলিক আকাংক্ষাবোৰ
Chapter 9ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ

২২। নিৰস্ত্ৰীকৰণত আন্তঃৰাষ্ট্ৰীয় চুক্তিসমূহৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি কি?

উত্তৰঃ ভাৰতে নিবস্ত্ৰীকৰণ আন্তঃৰাষ্ট্ৰীয় চুক্তিবোৰ যিবোৰ অবিস্তাৰিত কৰিবৰ উদ্দেশ্যে কৰিছিল৷ সেইবোৰে আপত্তি কৰিছিল কিয়নো সেইবোৰে আণবিক শক্তি নোহোৱা দেশবোৰৰ ক্ষেত্ৰত প্ৰযোজ্যৰ বাবে বাছি লৈছিল আৰু পাঁচখন আণৱিক শক্তিসম্পন্ন একাধিপত্য দেশক বিধিসন্মত কৰিব বিচাৰিছিল। এইদৰে ভাৰতে ১৯৫৫ চনত NPT খন অনির্দিষ্ট কাললৈ ম্যাদ বৃদ্ধি কৰাটো আপত্তি কৰিছিল আৰু বিস্তৃত পৰীক্ষা নিষেধ চুক্তিখন চহী কৰিবলৈ অস্বীকাৰ কৰিছিল।

২৩।ভাৰতৰ বৈদেশিক নীতিৰ স্থপতিগৰাকী কোন আছিল? নেহৰুৰ বৈদেশীক নীতি তিনিটা মূল উদ্দেশ্য উল্লেখ কৰা।

উত্তৰঃ ভাৰতৰ বৈদেশিক নীতি স্থপতিগৰাকী হ’ল জৱাহৰলাল নেহৰু ।

নেহৰুৰ বৈদেশিক নীতিৰ প্ৰধান লক্ষ্য তিনিটা হ’ল– 

  1. যথেষ্ট কষ্ট আৰু ত্যাগৰ বিনিময়ত লাভ কৰা সাৰ্বভৌমত্বৰ সংৰক্ষণ।
  2. ভৌগোলিক অখণ্ডতাৰ ৰক্ষণাবেক্ষণ। দ্রুত অর্থনৈতিক বিকাশত উৎসাহিত কৰা।
  3. দ্রুত অর্থনৈতিক বিকাশত উৎসাহিত কৰা।

২৪। ভাৰতে নিজৰ স্বাধীনতা উত্তৰ যুগত চীনলৈ কিদৰে সমৰ্থন আগবঢ়াইছে? 

উত্তৰঃ ভাৰতৰ আৰু চীনৰ সম্পৰ্ক অতি পুৰণি। অতীজৰে পৰা এই দুই দেশৰ মাজত সাংস্কৃতিক আদান-প্রদান চলি আছিল। ১৯৪৯ চনৰ চীন বিপ্লৱৰ পিছত চীনৰ কমিউনিষ্ট চৰকাৰক স্বীকৃতি দিয়া প্রথম দেশবোৰৰ ভিতৰত ভাৰতো আছিল। নেহৰুৱে পশ্চিমব একাধিপত্যৰ পৰা পৰিত্ৰাণ পোৱা এই ওচৰ-চুবুৰীয়াৰ কথা বৰকৈ উপলব্ধি কৰিছিল আৰু আন্তর্জাতিক ক্ষেত্ৰত নতুন চৰকাৰখনক সহায় কৰিছিল। নেহৰুৱে চীনৰ পৰা আক্ৰমণৰ সন্মুখীন হ’ব লাগিব পৰাটোক “একেবাৰে অসম্ভৱ” বুলি গণ্য কৰিছিল। বহু দীর্ঘদিন ধৰি চীন সীমান্তৰ সামৰিক বাহিনীৰ পৰিবৰ্তে অৰ্দ্ধ সামৰিক বাহিনীয়ে পহৰা দিছিল।

২৫। “গোষ্ঠী নিৰপেক্ষতাই অপক্ষপাতিত্ব বা নিৰাপদ দূৰত্ব এটাকো নুবুজায় – মন্তব্য দিয়া।

উত্তৰঃ গোষ্ঠী নিৰপেক্ষ দেশসমূহে মিত্ৰ জোঁটৰ অন্তৰ্ভুক্ত নোহোৱাটোৱে এইটো নুসূচায় যে বাষ্ট্ৰসমূহ অকলশৰীয়া বা সম্পূর্ণ নিৰপেক্ষ। ভাৰতবৰ্ষক আদি কৰি গোষ্ঠী নিৰপেক্ষ দেশসমূহে দুই বিপক্ষ মিত্ৰগোষ্ঠীৰ মাজত শাস্তি আৰু সুস্থিৰ বাতাবৰণ অনাৰ বাবে অহৰহ প্ৰচেষ্টা কৰিছিল। গোষ্ঠী নিৰপেক্ষ ৰাষ্ট্ৰসমূহক মিত্ৰগোষ্ঠী দুটাই নিজৰ নিজৰ পক্ষত কামৰ বাবে চেষ্টা চলাইছিল; কিন্তু এই ৰাষ্ট্ৰসমূহৰ মাজত থকা একতা আৰু নিৰপেক্ষ হৈ থকাৰ ভাবধাৰাই কোনো পক্ষৰ

নিজৰ ফলিয়া কৰিব পৰা নাছিল।

২৬। চীনৰ সৈতে বিবাদৰ গুৰুত্বপূৰ্ণ কাৰণকেইটা উল্লেখ কৰা। 

উত্তৰঃ চীনৰ সৈতে বিবাদৰ গুৰুত্বপূৰ্ণ কাৰণকেইটা হ’ল–

  1. অৰুণাচল প্রদেশ আৰু লাভানৰ আকচাই চিন অঞ্চলক লৈ সীমা বিবাদ।
  2. তিবৃতৰ ধৰ্মীয় নেতা দালাই নামাজ ভাৰতে প্ৰদান কৰা ৰাজনৈতিক‌ আশ্রয়।
  3. ব্ৰহ্মপুত্ৰৰ পানীৰ ভাগ-বাটোৱাৰৰ। 
  4. ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতক স্থায়ী সদস্য পদ প্ৰদানৰ চীনে কৰা বাধা।

২৭। আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ উন্নীতকৰণ’ সম্পৰ্কত ৰাষ্ট্ৰৰ নিৰ্দেশান্তক নীতিৰ ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতীয় সংবিধানৰ ৫১ নং অনুচ্ছেদত আন্তর্জাতিক শান্তি আৰু মৈত্ৰী আৰু নিৰাপত্তাৰ উৎকর্ষ সাধন কৰিবলৈ কিছুমান ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি সন্নিবিষ্ট কৰা হৈছে। তাৰ ভিতৰত প্ৰধান হ’ল আন্তঃজাতিক শান্তি আৰু নিৰাপত্তা উন্নীতকৰণ। বিশ্বশান্তিৰ অৰ্থে ভাৰতে বিভিন্ন ধৰণে কাম কৰি আছে। আন্তর্জাতিক সদস্য ৰাষ্ট্ৰসংঘৰ জৰিয়তে শান্তিপূর্ণভাবে আলোচনাৰ জৰিয়তে মীমাংসা কৰা নীতিক ভাৰতে সমৰ্থন কৰে। বিভিন্ন সময়ত বিভিন্ন সমস্যা বিষয়ত ভাৰতে ৰাষ্ট্ৰসংঘৰ ওপৰত আস্থা প্ৰকাশ কৰি আহিছে আৰু ৰাষ্ট্ৰসংঘই দিয়া দায়িত্ব ভাৰতে পালন কৰি আহিছে।

২৮। এখন দেশৰ বৈদেশিক নীতিক কি কি উপাদানে প্রভাবিত কৰে?

 উত্তৰঃ বৈদেশিক নীতিক প্রভাবিত কৰা উপাদানবোৰ হ’ল – (ক) ভৌগোলিক পৰিস্থিতি, (খ) ঐতিহাসিক পটভূমি, (গ) ৰাষ্ট্ৰ অৰ্থনৈতিক স্বাৰ্থৰ সুৰক্ষা (ঘ) জাতীয় স্বার্থরক্ষা, (ঙ) আদৰ্শৰ প্রভাব, (চ) বিশ্বশান্তি, (ছ) জাতীয় আন্দোলন।

২৯। ভাৰতৰ বৈদেশিক নীতিৰ যিকোনো চাৰিটা নিৰ্ণায়ক লিখা। 

উত্তৰঃ (ক) ভৌগোলিক পৰিস্থিতি, (খ) জাতীয় স্বাৰ্থৰক্ষা, (গ) ৰাষ্ট্ৰৰ অৰ্থনৈতিক স্বাৰ্থৰ সুৰক্ষ (ঘ) বিশ্বশান্তি

৩০। ভাৰতৰ বৈদেশিক নীতিৰ পৰিপ্ৰেক্ষিতত ‘শান্তিপূর্ণ সহাৱস্থান’ৰ গুৰুত্ব লিখা।

 উত্তৰঃ শান্তিপূর্ণ সহ-অৱস্থান নীতিত বিশ্বাসী ভাৰতৰ বৈদেশিক নীতিৰ এটা বৈশিষ্ট্য। ভাৰতে সদায় বিশ্বৰ আন ৰাষ্ট্ৰৰ লগত বন্ধুত্বপূর্ণ সম্পৰ্ক ৰক্ষা কৰি আহিছে। পঞ্চশীল নীতিৰ জৰিয়তে এছিয়াৰ দেশসমূহৰ লগতে নহয় বিশ্বর অন্যান্য দশৰ লগতো সম্পর্ক স্থাপন কৰিছে।

৩১। ভাৰতৰ বৈদেশিক নীতিয়ে ইয়াৰ এক উল্লেখযোগ্য আঞ্চলিক শক্তি হোৱাৰ ইচ্ছা প্রতিফলিত কৰে নেকি?

উত্তৰঃ ভাৰতে কেতিয়াও আঞ্চলিক শক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ বৈদেশিক নীতি গ্ৰহণ কৰা নাই। ভাৰত সদায় বিশ্বশান্তি ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। স্বাধীনতাৰ পিছৰে পৰা গোষ্ঠীনিবপেক্ষ নীতি আৰু শান্তিপূর্ণ সমৱস্তানৰ জৰিয়তে আফ্ৰিকাৰ বৰ্ণবৈষম্য দূৰ কৰা নিৰম্ভীকৰণ, মানব অধিকাৰ বিশ্ব সন্ত্রাসবাদ আদিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ ৰাষ্ট্ৰসংঘৰ সহায় কৰি আহিছে। ভাৰতৰ প্ৰধান নীতি হ’ল শান্তিপূর্ণ সহৱস্থান।

৩২। অপ্ৰসাৰণৰ দৰে আন্তর্জাতিক বিষয়ত ভাৰতৰ স্থিতি কি?

 উত্তৰঃ ভাৰতে আন্তর্জাতিক অ-প্ৰসাৰণ চুক্তিৰ বিৰোধিতা কৰিছিল। কিয়নো ইয়াক কেৱল নির্দিষ্ট কিছুমান পাৰমাণবিক অস্ত্ৰ নথকা দেশৰ ক্ষেত্ৰতহে প্ৰয়োগ কৰিব বিচৰা হৈছিল আৰু পাঁচখন দেশৰ বাবে ইয়াক একচেটিয়া কৰি ৰখা হৈছিল সেয়েহে ভাৰতে চিৰদিনৰ বাবে প্ৰয়োগ কৰিব বিচৰা পাৰমাণৱিক অ-প্ৰসাৰণ চুক্তিৰ ১৯৯৫ চনত বিৰোধিতা কৰিছিল। 

৩৩। আফ্রিকা আৰু এচিয়াৰ ঐক্যৰ ওপৰত এটা টোকা লিখা।

উত্তৰঃ ভাৰতে এছিয়া আৰু আফ্ৰিকাৰ একতাৰ ওপৰত সদায় গুৰুত্ব প্ৰদান কৰি আহিছে। ঐতিহাসিক আৰু সাংস্কৃতিক সাদৃশ্যৰ ওপৰত ভিত্তি কৰি ভাৰতৰ বৈদেশিক নীতিয়ে সদায় চুবুৰীয়া ৰাষ্টসমূহৰ সৈতে উন্নত সম্পর্ক স্থাপনৰ ওপৰত আগ্রহী। এই দৃষ্টিভংগীৰে ভাৰতে দক্ষিণ পূর্ব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সৈতে সম্পর্ক উন্নত কৰিবলৈ প্রয়োজনীয় অগ্রাফিকাৰ প্ৰদান কৰি আহিছে। ১৯৪৭ চনত ভাৰতে এছীয় সম্পর্ক সম্মিলন অনুষ্ঠিত কৰিছিল। ১৯৫৪ চনত অনুষ্ঠিত আন্তৰাষ্ট্ৰীয় নিয়ন্ত্রণ আয়োগৰ সম্মিলনত ভাৰতে এই একতাৰ বাবে বিভিন্ন কর্ম ব্যৱস্থা গ্ৰহণ কৰি আহিছে। ১৯৫৫ চনত আফ্রো-এছিয়াৰ সন্মিলন ইন্দোনেছিয়াৰ চহৰ বাণ্ডুঙত অনুষ্ঠিত হৈছিল। এই সম্মিলনতে এছিয়া আৰু আফ্রিকাৰ ২৭ খন দেশৰ প্রতিনিধিয়ে যোগদান কৰিছিল। বর্ণ-বৈশম্য নির্মূলকৰণ, উপনিবেশক শাসনৰ অৱসান, আণবি অস্ত্ৰৰ পৰীক্ষা নিষিদ্ধকৰণৰ বিষয়ে এই সম্মিলনত আলোচনা কৰা হ’ল।

৩৪। ভাৰতৰ আণৱিক আঁচনিৰ ওপৰত এটা টোকা লিখা।

 উত্তৰঃ ভাৰতৰ বৈদেশিক নীতিৰ অন্যতম বৈশিষ্ট্য হ’ল ৰাষ্ট্ৰখনৰ শক্তিশালী পাৰমাণৱিক নীতি। ১৯৪০ ৰ দশকৰ শেহৰফালে ভাবাৰ নেতৃত্বত ভাৰতত পাৰমাণৱিক কর্মসূচী আৰম্ভ হয়। পাৰমাণৱিক পৰীক্ষা নিষিদ্ধ কৰাৰ দাবী জনোৱা ভাৰত হ’ল বিশ্বৰ প্ৰথম ৰাষ্ট্ৰ। অৱশ্যে ভাৰতে ১৯৪৭ আৰু ১৯৯৮ চনত দুবাৰকৈ ৰাজস্থানৰ পোখৰাপত পাৰমাণৱিক পৰীক্ষা কৰিছে। ১৯৯৯ চনত ভারতে বিশ্বাসযোগ্য নূন্যতম প্ৰতিৰোধৰ ওপৰত আধাৰিত এটা পাৰমাণৱিক মতবাদ আৰম্ভ কৰে। ভাৰতে ঘোষণা কৰে যে ৰাষ্ট্ৰখনে প্রথমে কেতিয়াও পাৰমাণৱিক যুদ্ধাস্ত্ৰ ব্যৱহাৰ নকৰিব। ২০০৩ চনত ভাবতে অনুষ্ঠানিকবাবে কৌশলগত পারমাণৱিক কর্তৃত্ব আনুষ্ঠানিকভাবে গঠন কৰে। ভাৰত আন্তঃৰাষ্ট্ৰীয় আণৱিক ইন্ধন এজেন্সিৰ সদস্য। ভাৰতে সুসংহত পৰীক্ষা নিষিদ্ধাকৰণ চুক্তি স্বাক্ষৰ কৰাৰ পৰাও আঁতৰি আছে। ভাৰতে আণৱিক ইন্ধন শান্তিপূর্ণ উদ্দেশ্যত উৎপাদন আৰু ব্যৱহাৰক সমর্থন কৰে।

(ঘ) দীঘল প্রশ্নোত্তৰ: মূল্যাংক: ৬ নম্বৰকৈ

১।বৈদেশিক নীতি মানে কি বুজা? চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ স্বাধীন ৰাষ্ট্ৰসমূহৰ মাজত সম্পৰ্ক পৰিচালনা কৰা নীতিয়েই হ’ল বৈদেশিক নীতি। বৈদেশিক নীতিৰ জৰিয়তে ৰাষ্ট্ৰসমূহে নিজৰ নিজৰ ৰাষ্ট্ৰীয় স্বাৰ্থ সুৰক্ষিত কৰিবলৈ প্ৰচেষ্টা চলায়। স্বাধীন ৰাষ্ট্ৰ এখনৰ বাবে এক সুস্থ আৰু শক্তিশালী বৈদেশিক নীতি অপৰিহাৰ্য্য। দেশসমূহৰ মাজত সহযোগিতা, বুজাপৰা, আদান-প্ৰদানৰ বাবে বৈদেশিক নীতিৰ প্ৰয়োজনীয়তা আছে।

২ ।ভাৰত আৰু চীনৰ সীমা বিবাদৰ বিষয়ে এক চমু টোকা লিখা।

    অথবা

স্বাধীনতাৰ পৰৱৰ্তী সময়ত চীনক ভাৰতে কি দৰে সমৰ্থন কৰিছিল?

 উত্তৰঃ চীনে ভাৰতৰ পশ্চিম আৰু পূৱ সীমান্তৰ দুটা অঞ্চল দাবী কৰিলে, সেয়া হ’ল আকাশী চীন অঞ্চল আৰু জম্মু-কাশ্মীৰৰ লাডাখ অঞ্চল। ইয়াৰ উপৰিও তেতিয়াৰ নেফা আৰু বৰ্তমানৰ অৰুণাচল প্ৰদেশৰ বহু অঞ্চল। ১৯৫৭-৫৯ চনৰ ভিতৰত চীনে আকাশী চীন অঞ্চল দখল কৰে আৰু এটা ৰাষ্টাও বান্ধে। নেতাসকলৰ মাজত বহু যোগাযোগ আৰু আলোচনাৰ পিছতো কোনো সিদ্ধান্তত উপনীত হ’ব পৰা নগ’ল। দুয়োখন দেশৰ সেনাৰ মাজত সীমান্তত সামানা যুঁজ-বাগৰ পৰিলক্ষিত হ’ল।

চীনে ১৯৬২ চনৰ অক্টোবৰ মাহত বিবাদ হোৱা দুয়োটা অঞ্চলত হঠাৎ আক্রমণ চলায়। প্রথম আক্ৰমণ এক সপ্তাহ চলাই অৰুণাচলৰ বহুতো গুৰুত্বপূৰ্ণ অঞ্চল দখল কৰে। দ্বিতীয় পর্যায় আক্ৰমণ পিছৰ মাহত আৰম্ভ হয়। ভাৰতীয় সেনাই পশ্চিম অঞ্চলৰ লাডাখত চীনৰ সেনার বাধা প্রদান কৰে। কিন্তু পূৱত চীনৰ সেনা আগবাঢ়ি আহি অসমৰ সমভূমি অঞ্চলত পদাপণ কৰে। শেষত চীনে একপক্ষীয়ভাৱে যুদ্ধ বিৰতি ঘোষণা কৰে আৰু সেনা আঁতৰাই নিযি অঞ্চলৰ পৰা প্ৰথম যুদ্ধ ঘোষণা কৰিছিল তাত সংস্থাপন কৰে।

চীনৰ যুদ্ধই ভাৰতৰ প্ৰতিমূৰ্তি নিজৰ দেশত আৰু বিদেশত ম্লান কৰিছিল। এই দুর্যোগ উপশমৰ কাৰণে ভাৰতে আমেৰিকা আৰু ব্ৰিটিছৰ সামৰিক সহায় বিচাৰিছিল। যুদ্ধৰ সময়ত ছোভিয়েট বাছিয়াই নিৰপেক্ষ ভূমিকা পালন কৰিছিল। এইটো এটা জাতিৰ প্ৰতি কৰা নিন্দা আৰু লগতে জাতীয়তাবোধ জনগণৰ মাজত জাগ্রত কৰি তুলিছিল।

৩।ভাৰতৰ বৈদেশিক নীতি, শান্তি আৰু সহযোগিতাৰ ভিত্তিত প্রতিষ্ঠিত। কিন্তু ১৯৬২ আৰু ১৯৭২ চনৰ মাজৰ ১০ বছৰৰ সময়ছোৱাত ভাৰত তিনিখন যুদ্ধত লিপ্ত হৈছিল। গতিকে ভাৰতৰ বৈদেশিক নীতি বিফল হৈছে বুলি তুমি যুক্তি দিব বিচৰা নেকি?

 উত্তৰঃ ভাৰতব বৈদেশিক নীতি ব্যৰ্থ হোৱা বুলি ক’ব নোৱাৰি। ভাৰতে সদায়েই শান্তি আৰু সহযোগিতাৰ নীতিৰ মাধ্যমত চুবুৰীয়া আৰু অন্যান্য ৰাষ্ট্ৰৰ সৈতে বৈদেশিক সম্পৰ্ক ৰক্ষা দিয়া কৰাৰ প্ৰচেষ্টা চলাই আহিছে। কিন্তু দুর্ভাগ্যজনক কথা হ’ল ভাৰতে ১০ বছৰৰ সময়ৰ ভিতৰত (খ) তিনিখন যুদ্ধত লিপ্ত হ’বলগা হৈছিল। অর্থাৎ ১৯৬২ চনৰ পৰা ১৯৭২ চনলৈকে এই সময়ছোৱাৰ ৰূপা ভিতৰত ভাৰতে চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধত লিপ্ত হ’ব লগা হৈছে। কিন্তু উল্লেখযোগ্য দলে কথা হ’ল যে ভাৰতে প্ৰথমে কোনো ৰাষ্ট্ৰকে আক্রমণ কৰা নাই। ভাৰতকহে চীন আৰু পাকিস্তানে স্বার্থ আক্ৰমণ কৰিছিল আৰু এহ আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈকেহে ভাৰতে যুদ্ধত অৱতীৰ্ণ হৈছিল। পৰিল গতিকে ভাৰতৰ বৈদেশিক নীতি ব্যর্থ হোৱা বুলি ক’ব নোৱাৰি।

৪।ভাৰতৰ বৈদেশিক নীতিৰ আভ্যন্তৰীণ আৰু বাহ্যিক কাৰকবোৰ আলোচনা কৰা। ।

উত্তৰঃ ভাৰতৰ বৈদেশিক নীতিৰ আভ্যন্তৰীণ নিৰ্ধাৰকসমূহ হ’ল (ক) ভাৰতৰ ৰাষ্ট্ৰীয় স্বার্থ সুৰক্ষা, (খ) ভাৰতৰ ইতিহাস আৰু সংস্কৃতি, (গ) ভাৰতৰ অর্থনৈতিক (ঘ) ভৌগোলিক অৱস্থিতি, (ঙ) জনমত, (চ) ৰাজনৈতিক নেতৃত্ব, (ছ) সামৰিক শক্তি জৰতৰ বৈদেশিক নীতিৰ বাহ্যিক নিৰ্ধাৰকসমূহ হ’ল (ক) আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক পৰিস্থিতি, (খ) ওচৰ-চুবুৰীয়া ৰাষ্ট্ৰৰ মনোভাৱ আৰু আচৰণ। 

৫।ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে আৰম্ভণিৰে পৰাই সম্পৰ্কৰ অৱনতি ঘটিছিল” ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে আৰম্ভণিৰে পৰাই সম্পৰ্ক ভাল নাছিল। ভাৰতৰ ওচৰ ধীয়া ৰাষ্ট্ৰ যেনে পাকিস্তান আৰু চীনে সদায়েই ভাৰতৰ প্ৰতি আক্রমণাত্মক আৰু শত্ৰুতাপূৰ্ণ হণ কৰি আহিছে৷ উদাহৰণস্বৰূপে, চীনে ১৯৬২ চনত ভাৰত আক্ৰমণ কৰিছিল। এতিয়াও ভাৰতৰ অৰুণাচল প্ৰদেশক চীনৰ অন্তৰ্ভুক্ত বুলি অপপ্ৰচাৰ চলাই আহিছে। তদুপৰি পাকিস্তানে ভাৰতক দুবাৰ আক্ৰমণ কৰিছিল। কাশ্মীৰক পাকিস্তানে ভাৰতৰ অংগ নহয় বুলি নবী কৰি আহিছে। সন্ত্ৰাসবাদ সমস্যাও ভাৰত আৰু পাকিস্তানৰ মাজত সম্পৰ্ক অৱনতি হোৱাৰ এক প্ৰধান কাৰক হিচাপে বিবেচিত হৈছে।

৬। চমু টোকা লিখা :

(ক) ভাৰতৰ পাৰমাণৱিক নীতি

(খ) বৈদেশিক নীতিৰ বিষয়ত সহমত।

(গ) ভাৰত আৰু সম্পর্ক

(ঘ) কার্গিল সংঘর্ষ

উত্তৰঃ (ক) ভাৰতৰ পাৰমাণৱিক নীতি  :ভাৰতে পোন প্ৰথমবাৰৰ বাবে ১৯৭৪ চৰ মে’ মাহত পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল। অৱশ্যে ভাৰতে বিজ্ঞান আৰু প্ৰযুক্তিৰ বিকাশ ঘটাই পাৰমাণৱিক শক্তিক শান্তিপূৰ্ণ আৰু উন্নয়নমূলক কামত ব্যৱহাৰৰ পোষকতা কৰে। ভাৰতে প্ৰতিৰক্ষা ব্যৱস্থা উন্নত কৰি দেশৰ প্ৰতি অহা আক্রমণাত্মক ভাবুকিৰ উত্তৰ দিয়াৰ বাবে পাৰমাণৱিক শক্তিৰ বিকাশত গুৰুত্ব দিছিল।

(খ) বৈদেশিক নীতিৰ বিষয়ত সহমত : ভাৰত চৰকাৰে বৈদেশিক নীতি প্রস্তুত আৰু বিশ্বায়নৰ ক্ষেত্ৰত এক ঐক্যমতত উপনীত হ’বলৈ প্ৰচেষ্টা কৰা দেখা যায়। বিভিন্ন ৰাজনৈতিক লিবোৰৰ মাজত যদিও আদৰ্শগত প্ৰভেদ আছে তথাপি ভাৰতৰ ৰাষ্ট্ৰীয় সংহতি আৰু জাতীয় স্বাৰ্থ সুৰক্ষা লগতে দেশৰ আন্তর্জাতিক সীমা সুৰক্ষাৰ ক্ষেত্ৰত এক বহল পৰিসৰত সহমত পৰিলক্ষিত হোৱা দেখা যায়।

(গ) ভাৰত আৰু সম্পর্ক : ১৯৪৭ চনত ভাৰত বিভাজন হোৱাৰ ফলত পাকিস্তান এখন নতুন ৰাষ্ট্ৰ হিচাপে প্রতিষ্ঠিত হয়। ভাৰত-পাকিস্তানৰ সম্পৰ্ক আৰম্ভণিৰে পৰা মধুৰ নহয়৷ ইয়াৰ প্ৰধান বিষয় হৈছে কাশ্মীৰ। কাশ্মীৰ প্ৰসংগটো আনকি ৰাষ্ট্ৰসংঘতো উত্থাপিত হৈছিল। ১৯৪৭ চনত দুয়োখন দেশৰ মাজত এখন সঁজাতী যুদ্ধ হৈছিল। ১৯৬০ চনত বহু চেষ্টার ফলত দুয়োখন দেশৰ মাজত সিন্ধু জ’ল চুক্তি স্বাক্ষৰ হৈছিল। ১৯৬৫ চনত পাকিস্তানে ভাৰত আক্ৰমণ কৰিছিল। ১৯৭২ চনত দুয়োখন দেশৰ মাজত ছিমলা চুক্তি স্বাক্ষৰিত হৈছিল আৰু দুয়োখনৰ সম্পৰ্ক উন্নত কৰাত এই চুক্তিখনে সহায় কৰিছিল। ১৯৮৮ চনত বেনজীৰ ভূট্টে পাকিস্তানৰ প্ৰধান মন্ত্ৰী হোৱাত দুয়োখন দেশৰ সম্পৰ্ক উন্নত হয়। ১৯৯৯ চনত সকলোবো প্রচেষ্টা ব্যর্থ হয় আৰু কাৰগিল যুদ্ধ সংঘটিত হয়। বর্তমানো সময়টো দুয়োখন দেশৰ সম্পৰ্ক কোনো প্ৰকাৰে উন্নত হোৱা নাই।

(ঘ) তালি সংঘর্ষ : ১৯৯৯ চনৰ মে-জুন মাহত হৈছিল। ১৯৯৯ চনৰ আদি ভাগ পাতিজ্ঞাল মোজাহিদীন নামৰ উগ্ৰপন্থী সংগঠন এটাই এল. ও. চি.ৰ কাষৰ ভাৰতীয় কেইটাম এটি মাংকার, ডায়, ব্যবচাৰ আৰু বাটালিক দখল কৰি লয়। পাকিস্তানী সেনা ইয়াত সংল থকা বুলি ভাবি ভাৰতীয় সেনায়ো সেই অঞ্চলসমূহলৈ আগবাঢ়ে। ইয়ে দুয়োখন দেশৰ মাজ মুখমুখি সংঘৰ্ষৰ অৱতাৰণা কৰে। ইয়াকে “কার্গিল যুদ্ধ” বুলি জনা যায়। এই যুদ্ধ ১৯৯ চলল মে-জুন মাহত সংঘটিত হয়। ১৯৯৯ চনৰ ২৬ জুলাই তাৰিখে ভাৰতে হেৰুওৱা বেছিন্ন কৰী উচ্ছাস কৰিবলৈ সক্ষম হয়। কার্গিল যুদ্ধই সমগ্ৰ বিশ্বৰ দৃষ্টি আকর্ষণ কৰে কাৰণ এই যু আর এবছৰৰ আগতে দুয়োখন দেশ আণবিক শক্তিৰ অধিকাৰী হয়। অৱশ্যে এই যুদ্ধ কাটি অঞ্চনাতে সীমাবদ্ধ থাকে। এই যুদ্ধই পাকিস্তানত আভ্যন্তৰীণ মত বিৰোধৰ সৃষ্টি কৰিছি বিয়ানা এই যুদ্ধৰ বিষয়ে পাকিস্তানৰ প্ৰধানমন্ত্ৰীক সেনাপ্রধানে কোনো কথা জনোৱা যে নাছিল । যুদ্ধ শেষ হোৱাৰ পিছতে সেনাপ্রধান পাৰভিজ মুছাৰফে পাকিস্তানৰ চৰকাৰৰ শাসন। নিজৰ হাতলৈ নিছিল। অর্থাৎ পাকিস্তানত সামৰিক শাসন প্ৰৱৰ্তন কৰা হৈছিল।

৭।প্রতিবেশী ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক আৰম্ভণিৰে পৰাই নিমজ নাছিল’,ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে আৰম্ভণিৰ পৰাই ভাল সম্পর্ক নাছিল। ভাৰতৰ ওচ চুকুৰীয়া ৰাষ্ট্ৰ যেনে পাকিস্তান আৰু চীনে সদায়েই ভাৰতৰ প্ৰতি আক্রমণাত্মক আৰু শত্রুতা আচৰণ কৰি আহিছে।

কাশ্মীৰ বিষয়ক কেন্দ্ৰ কৰি স্বাধীনতাৰ পৰৱৰ্তী সময়ৰ পৰা ভাৰতৰ লগত পাকিস্তা উত্তেজনাপূর্ণ বিৰাজ কৰিছে। পাকিস্তানৰ পদক্ষেপতে ১৯৬৫ চনত দেশ দুখনৰ মাজ এক সশস্ত্র সংঘাতৰ সূত্ৰপাত হৈছিল। সম্প্রতি পাকিস্তানে সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবা পোষকতা কৰাৰ জৰিয়তে ভাৰতৰ আভ্যন্তৰীণ শান্তিত হেঙাৰ ৰূপে ক্ৰিয়া কৰিছে। 

চনৰ মুম্বাই আক্ৰমণ আৰু ২০১১ চনৰ ডিচেম্বৰত হোৱা সংসদ আক্রমণ পাকিস্তান সমর্থিত । সন্ত্রাসবাদৰ সুন্দৰ নিদর্শন। সিন্ধু নদীক কেন্দ্ৰ কৰিও ভাৰত-পাকিস্তানৰ মাজৰ সংঘাত বিদ্যমান। যদিওৱা ৰাষ্ট্ৰ দুখনে এক চুক্তিৰ জৰিয়তে শান্তিপূর্ণ পৰিৱেশ বৰ্তাই ৰখাৰ চেষ্টা চলাইছে তথাপি ৰাষ্ট্ৰ দুখনৰ মাজত সংঘাতপূর্ণ সম্পর্ক বিদ্যমান।

ভাৰতৰ সৈতে চীনৰ সম্পৰ্ক: ১৯৫০ চনত চীনে তিব্বত আক্ৰমণ কৰাৰ লগে লগে ভাৰতৰ লগত চীনৰ সংঘাতপূৰ্ণ সম্পৰ্ক সূত্ৰপাত হৈছিল। প্ৰাৰম্ভিক অৱস্থাত ভাৰতে চীনৰ এই কার্যক পোনপটীয়াকৈ বিৰোধীতা কৰা নাছিল। সীমা বিবাদক কেন্দ্ৰ কৰিও দেশ দুখনৰ মাজৰ তিক্ততাপূর্ণ সম্পর্ক বিদ্যমান। ভাৰতৰ ভূ-খণ্ডৰ দুই বৃহৎ এলেকা চীনে সহায় দাবী কৰি আহিছে। এক দীঘলীয়া আলাপ-আলোচনা হোৱা স্বত্বেও ৰাষ্ট্ৰ দুখনৰ মাজৰ বিৰাজমান বিষয়বিলাক অমীমাংসিত ৰূপতেই আছে।  ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতে স্থায়ী সদস্য পদ লাভৰ ক্ষেত্ৰত চীনে সদায় বিৰোধীতা কৰি আহিছে।

৮।ভাৰতৰ বৈদেশীক নীতিৰ স্থপতিগৰাকী কোন আছিল? নেহৰুৰ বৈদেশিক নীতিৰ তনিটা মূল উদ্দেশ্য ব্যাখ্য কৰা।

উত্তৰঃ স্বাধীন ভাৰতৰ প্ৰথমজন প্রধানমন্ত্রী তথা বৈদেশিক মন্ত্ৰী জৱাহৰলাল নেহৰু আছিল ভাৰতৰ বৈদেশিক নীতিৰ নৃপতি।

নেহৰুৰ বৈদেশিক নীতিৰ তিনিটা মূল উদ্দেশ্য হ’ল (ক) প্ৰথমতে নেহৰুৰ বৈদেশিক নীতিয়ে ৰাষ্ট্ৰখনৰ ক্ষেত্ৰীয় অখণ্ডতা সুৰক্ষাৰ লগতে দেশখনৰ ভিতৰত আৰু বাহিৰত নাগৰিকসকলৰ স্বাৰ্থৰ সুৰক্ষা প্ৰদান কৰা ।

(খ) নিজৰ ৰাষ্ট্ৰীয় স্বাৰ্থ সুৰক্ষাৰ খাতিৰত আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ আন আন সদস্যবিলাকৰ লগত সহযোগিতা ৰক্ষা কৰাৰ লগতে উক্ত সদস্যবিলাকৰ প্ৰতি সংঘৰ্ষ আৰু সহযোগিতাৰ নীতি গ্ৰহণ কৰা আৰু

(গ) দ্রুত অর্থনৈতিক উন্নয়ন অৰ্জন কৰা। স্বাধীনতা লাভৰ প্ৰাৰম্ভিক অৱস্থাত ভাৰতৰ অর্থনৈতিক অৱস্থা বিশেষ মনঃপুত হোৱা নাছিল আৰু সেয়েহে নেহেৰুৱে ক্ষিপ অর্থনৈতিক উন্নয়ন অৰ্জনৰ উদ্দেশ্যে উন্নয়ন পৰিকল্পনাৰ সূচনা কৰিছিল ৷

৯।ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে চীন ভ্ৰমণলৈ যাব আৰু তেওঁৰ বাবে এটা টোকা প্ৰস্তুত কৰিবলৈ তামাক কোৱা হৈছে। সীমান্ত আৰু অৰ্থনৈতিক সহযোগিতা সম্পৰ্কত ভাৰতীয় আৰু চীনা ভয়ৰে অৱস্থিতিৰ বিষয়ে এটা দিশ ব্যাখ্যা কৰা।

উত্তৰঃ সীমা আৰু অৰ্থনৈতিক সহযোগিতা সন্দৰ্ভত ভাৰত আৰু চীনৰ অৱস্থিতি সম্পৰ্কে নিম্নোক্ত দিশসমূহ আলোচনা কৰিব পাৰো –

(ক) ভাৰত আৰু চীনে বাণিজ্য বিষয়ক সহযোগিতা উন্নীতকৰণৰ হ’কে দ্বিপাক্ষিক চুক্তি 

(খ)ভাৰত আৰু চীন উভয়েই পাৰস্পাৰিক স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি পৰিৱৰ্তিত পৰিস্থি সন্দৰ্ভৰ নিজস্ব মতপোষণ কৰা দেখা যায়। 

(গ)দেশ দুখনৰ সীমান্ত পথ আৰু চকীসমূহ বাণিজ্যৰ বাবে মুক্ত কৰি দিব লাগে। ইয়াৰ জৰিয়তে সীমান্তৱৰ্তী এলেকাসমূহত দ্ৰব্য-সামগ্ৰীৰ সহজলব্ধ হ’ব।

 (ঘ) ধর্ম্মশালাত দালাই মালাই ৰাজনৈতিক আশ্রয় গ্ৰহণ কৰা বিষয়টোৱে ৰাষ্ট্ৰ দুখনৰ মা সম্পৰ্কৰ্ক অৱনমিত কৰি তুলিছে। এনে প্রেক্ষাপটত দেশ দুখনে এক চূড়ান্ত সিদ্ধান্ত উপনীত হবৰ বাবে সহমতত আহিব লাগে।

 (ঙ) দেশ দুখনৰ মাজৰ সাংস্কৃতিক সহযোগিতা বৃদ্ধিৰ বাবে আঁচনি গ্ৰহণ কৰিব লাগে। শ দুখনৰ মাজৰ সৌহাদ্যপূৰ্ণ সম্পর্ক বজাই ৰখাৰ বাবে সাংস্কৃতিক গোটৰ বিনিময় কঠি লাগে।

(চ) লাডাখ আৰু অৰুণাচল প্রদেশক কেন্দ্ৰ কৰি ভাৰত আৰু চীনৰ মাজৰ সংঘাতৰ বিষয়া অতি শীঘ্ৰে মীমাংসা কৰা উচিত।

এনেদৰে আমি দেশ দুখনৰ মাজৰ বিৰাজমান সম্পৰ্কৰ বিষয়বিলাক আলোচনা কৰিব পাৰে

১০। ভাৰতৰ পাৰমাণৱিক নীতিৰ যিকোনো দুটা দিশ ব্যাখ্যা কৰা । 

উত্তৰঃ ভাৰতৰ পাৰমাণৱিক নীতিৰ গ্ৰহণৰ দুটা দিশ হৈছে – (ক) ভাৰতৰ ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা যিকোনো শক্তিৰ সম্ভা আক্ৰমণক প্ৰত্যুত্তৰ প্ৰদান কৰা। 

(খ, বিশ্বৰ অন্যান্য পাৰমাণৱিক শক্তিসম্পন্ন ৰাষ্ট্ৰবিলাকৰ লগত ফেৰ মাৰিব পৰাকৈ ৰাষ্ট্ৰ শক্তিখণ্ডৰ উপযুক্ত বিকাশ সাধন কৰা।

১১। অপক্ষপাতিত্ব আৰু গোষ্ঠী নিৰপেক্ষতাৰ মাজৰ পাৰ্থক্য ব্যাখ্যা কৰা। 

উত্তৰঃ গোষ্ঠী নিৰপেক্ষতা আৰু নিৰপেক্ষতা দুয়োটা একে নহয়। দুয়োটাৰে অৰ্থ সুকীয়া সুকীয়া, নীতিগতভাৱে নিৰপেক্ষতাই দুই বিপৰীতমুখী শক্তিৰ কোনোটোৰে পক্ষ নোলোৱাৰ এক চ ১৮ শ শতিকাত বৃটেইন আৰু ফ্ৰান্সৰ মাজত সর্বোচ্চ স্থানত শিখৰিত হোৱাক কেন্দ্ৰ কৰি ইউৰোপীয় ৰাষ্ট্ৰবিলাকে এনে এক নিৰপেক্ষ নীতি অনুসৰণ কৰিছিল। এই নীতি অনুসৰণ কৰা ৰাষ্ট্ৰবিলাকে যুদ্ধৰ অথন্তৰৰ লগত জড়িত নহয়। অন্যহাতে স্বাভাৱিকতে গোষ্ঠীনিৰপেক্ষতা হৈছে বিশ্বশান্তি উন্নীতকৰণৰ ক্ষেত্ৰত বিশ্ব পৰিক্ৰমাসমূহত এক স্বতন্ত্র নীতি। ভাৰতবৰ্ষকে

আদি কৰি গোষ্ঠী নিৰপেক্ষ ৰাষ্ট্ৰবিলাকে নিৰপেক্ষতা অৱলম্বন কৰাৰ বিপৰীতে বহু কাৰণবশতঃ প্ৰকৃত যুদ্ধত জড়িত হোৱা পৰিলক্ষিত হয়। এই গোষ্ঠী নিৰপেক্ষ ৰাষ্ট্ৰবিলাকে বিশ্বৰ অনান্য ৰাষ্ট্ৰবিলাকৰ মাজৰ যুদ্ধ প্রতিহত কৰাৰ চেষ্টা কৰিছিল আৰু যুদ্ধৰ অৱসানৰ বাবে যাবতীয় পদক্ষেপৰ সূচনা কৰিছিল।

১২। খালী ঠাই পূৰণ কৰা :

(ক) ছিমলা চুক্তি স্বাক্ষৰিত হৈছিল ভাৰত আৰু—- ৰ মাজত।

 উত্তৰঃ পাকিস্তান।

(খ)ভাৰতে প্ৰথম পাৰমাণৱিক বিস্ফোৰণ ঘটায় — চনত ।

উত্তৰঃ ১৯৭৪।

(গ)কার্গিল বিবাদ সংঘটিত হৈছিল—- ৰ মে’ আৰু —– ৰ মাজত।

উত্তৰঃ জুন ১৯৯৯ ভাৰত আৰু পাকিস্তানৰ

(ঘ)বাংলাদেশে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে মূৰ ডাঙি উঠে —-ত।

উত্তৰঃ ১৯৭১৷

(ঙ)—–ত চীনে আকস্মিকভাবে ভাৰতৰ ওপৰত আক্ৰমণ কৰে।

উত্তৰঃ ১৯৬২।

 ১৩। পাকিস্তানৰ সৈতে ভাৰতৰ পৰিৱৰ্তিত সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ব্ৰিটিছ শাসনৰ পৰা ভাৰতেস্বাধীনতা লাভ কৰা সময়ত ভাৰত আৰু পাকিস্তান ধৰ্মৰ ভিত্তিত বিভাজন হৈছিল। জনগণৰ পৰা এই দুয়োখন চুবুৰীয়া ৰাষ্ট্ৰৰ মাজত সংঘাতপূর্ণ পৰিবেশৰ সৃষ্টি হৈ আহিছে। মূলতঃ কাশ্মীৰক কেন্দ্ৰ কৰি ভাৰত আৰু পাকিস্তানৰ মাজত বিদ্বেষ চলি আছে।

ভাৰত আৰু পাকিস্তানৰ মাজত সম্পৰ্ক তিক্ততাপূৰ্ণ হৈ থাকিলেও দুয়োখন ৰাষ্ট্ৰৰ মাজত বিভিন্ন বিষয়ত চুক্তি সম্পাদিত হৈ আহিছে। উদাহৰণস্বৰূপে দুয়োখন ৰাষ্ট্ৰৰ মাজত সিন্ধু নদীৰ পানীক কেন্দ্ৰ চলি থকা জলবিবাদ ১৯৬০ চনত বিশ্ব বেংকৰ মধ্যস্থতাত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা সিন্ধু জল চুক্তিৰ জৰিয়তে এই সমস্যা সমাধান হৈছিল।

ভাৰত আৰু পাকিস্তানৰ মাজত উদ্ভৱ হোৱা বিভিন্ন সমস্যা আছে যদিও দুয়োখন দেশে সমস্যাবোৰ সমাধানৰ বাবে ৰাষ্ট্ৰ দুখনৰ মাজত প্ৰচেষ্টা অব্যাহত আছে। উদাহৰণস্বৰূপে ১৯৬৫ চনত ভাৰত পাক যুদ্ধৰ পাছত ১১৯৬৬ চনৰ চাৰি জানুৱাৰীত ৰাষ্ট্ৰসংঘৰ অধীনৰ আৰু পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ মধ্যস্থতাত টাছ খণ্ডত এটা স্থায়ী সমাধানৰ বাবে ভাৰত আৰু পাকিস্তানৰ মাজত এখন শান্তি সন্মিলন অনুষ্ঠিত হৈছিল। থিক সেইদৰে ১৯৭১ চনৰ যুদ্ধৰ পিছত ১৯৭২ চনত পাকিস্তানৰ ৰাষ্ট্ৰপতি জুলফিকৰ খালী ভুট্টো আৰু ইন্দিৰা গান্ধীৰ মাজত ছিমলা চুক্তি স্বাক্ষৰিত হয়।

ভাৰতে যদিও কোনো দিনেই প্রথমে সংঘাত সৃষ্টি কৰা নাই, পাকিস্তানে ছিমলা চুক্তিৰ পিছাতো বিভিন্ন সময়ত ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্রমূলক কার্য উদগণি লগাই আহিছে। পাকিস্তানে জম্মু আৰু কাশ্মীৰক সন্ত্রাসবাদী কার্যকলাপত বিভিন্ন ধৰণে প্ৰয়াস কৰি অহা বহুবাৰ প্ৰমাণিত হৈছে। ১৯৯৯ চনৰ মুম্বাইৰ ভয়াবহ বিস্ফোৰণ, ২০০১ চনৰ ১৩ ডিচেম্বৰত ভাৰতীয় সংসদত্ত সন্ত্ৰাসবাদীৰ আক্ৰমণ, ২০০৯ চনৰ ২৬ আগষ্টত মুম্বাইত সন্ত্রাসবাদীৰ আক্ৰমণ আদিত পাকিস্তান জড়িত থকাৰ প্ৰমাণ পোৱা হৈছে। পাকিস্তানে ভাৰতৰ আভ্যন্তৰীণ ক্ষেত্ৰত অস্থিৰতাপূর্ণ পৰিস্থিতিৰ সৃষ্টি কৰি অহাৰ পিছতো ভাৰতে ৰাষ্ট্ৰখনৰ সৈতে সম্পর্ক উন্নত কৰিবলৈ চেষ্টা চলাই আছে। উদাহৰণস্বৰূপে দিল্লী লাহোৰ বাছ সেৱা, সমঝোগ এক্সপ্ৰেছ ৰেল সেৱা আদি বিশেষভাবে উল্লেখযোগ্য।

১৪।ভাৰতৰ বৈদেসীক নীতিয়ে এক গুৰুত্বপূর্ণ মাণ্ডলিক শক্তি হ’বলৈ কৰা দেশখনৰ আকাংক্ষাকে প্রতি কৰে নে? ১৯৭১ চনৰ বাংলাদেশৰ যুদ্ধক এক উদাহৰণ হিচাপে লৈ এই প্ৰসংগত তোমাৰ মতামত আগবঢ়োৱা।

উত্তৰঃ ১৯৭০ চনত পাকিস্তানে আভ্যন্তৰীণ ক্ষেত্ৰত বীৰ্ষণ সংকটৰ সন্মুখীন হৈছিল। দেশখনৰ প্রথম সাধাৰণ নির্বাচনে এটা অসাদৃশ্য ফাঁট মতামত দিছিল। জলুফিকৰ আলী ভুট্টোৰ দল। পশ্চিম পাকিস্তানৰ বৃহত্তম দল হিচাপে আৰু পূর্ব-পাকিস্তানত আৱামী লীগৰ নেতা শ্বেখ মুজিবৰ বহমানে বৃহত্তম দল হিচাপে জয়লাভ কৰিছিল। পাকিস্তানী শাসকসকল গণতান্ত্রিক মতামত মানি লবলৈ প্ৰস্তুত নহ’ল। তেওঁলোকে আবাসী লীগৰ যুক্তৰাজ্যিক ব্যৱস্থাৰ দাবী মানি লোৱা নাছিল। ইয়াৰ পৰিবৰ্তে ১৯৭১ চনৰ আদিভাগৰ পাকিস্তানী সেনাই শ্বেখ মুজিবৰ বহমানক গ্ৰেপ্তাৰ কৰি পূব পাকিস্তানৰ জনসাধাৰণৰ ওপৰত অমানুষিক অত্যাচাৰ আৰম্ভ কৰিছিল। ইয়াৰ পৰিণতিস্বৰূপে জনসাধাৰণে বাংলাদেশ স্বাধীন কৰাৰ কাৰণে আন্দোলন গঢ়ি তোলে। ১৯৭১ চনৰ গোটেই বছৰটোত প্রায় ৪০ লাখ ভগনীয়া বাংলাদেশৰ পৰা পলাই আহিল ভাৰতৰ ওচৰে-পাঁজবে বসবাস কৰিবলৈ লৈছিল। বাংলাদেশৰ যুক্তি সংসদত ভাবতে নৈতিক সমৰ্থনৰ লগতে আর্থিক সাহায্যও প্ৰদান কৰিছিল। পাকিস্তানে দেশ বিভাজনৰ কাৰণে ভাৰতে ষড়যন্ত্ৰ কৰা বুলি দোষাৰোপ কৰিছিল।

কেইমাহমানৰ পিছত কুটনৈতিক উত্তেজনা আৰু সামৰিক সমৰ সজ্জাৰ ফলস্বৰূপে ১৯৭১ চনৰ ডিচেম্বৰ মাহত ভাৰত আৰু পাকিস্তানৰ মাজত এখন পূৰ্ণ পৰ্যায়ৰ যুদ্ধ আৰম্ভ হয়। পাকিস্তানৰ বিমান বাহিনীয়ে পঞ্জাৱ আৰু ৰাজস্থান আক্ৰমণ কৰে আৰু জন্ম আৰু পিনে অগ্ৰসৰ হয়। পশ্চিম আৰু পূব দুয়োপিনে ভাৰতীয় স্থলবাহিনী, জলবাহিনী আৰু বিমানবাহিনীক ব্যৱহাৰ কৰি এই আক্রমণ প্ৰতিৰোধ কৰে। দহ দিনৰ ভিতৰত ভাৰতীয় সেনাই তিনি ফালৰ পৰা ঢাকা ঘেৰাও কৰে আৰু পাকিস্তানৰ ৯০,০০০ সেনাই আত্মসমর্পণ কৰিবলৈ বাধ্য হয়। ফলত স্বাধীন দেশ হিচাপে বাংলাদেশৰ জন্ম হয়। ভাৰতে একপক্ষীয়ভাবে যুদ্ধ বিৰতি ঘোষণা কৰে। ইয়াৰ পিচত ১৯৭২ চনত ৩ জুলাইত ভাৰতৰ প্ৰধানমন্ত্রী ইন্দিৰা গান্ধী আৰু জুলফিকৰ আলী ভুট্টোৰ মাজত শান্তি প্ৰতিষ্ঠাৰ কাৰমে ছিমলা চুক্তি সম্পাদন হয়।

১৫। ভাৰতৰ বৈদেশিক নীতিৰ আভ্যন্তৰীণ আৰু বহিঃনিৰ্ধাৰকসমূহ ব্যাখ্যা কৰা।

 উত্তৰঃ ভাৰতৰ বৈদেশিক নীতিৰ আভ্যন্তৰীণ নিধাৰকসমূহ হ’ল –

(ক) ভৌগোলিক পৰিস্থিতি,

(খ) ঐতিহাসিক পটভূমি,

(গ) ৰাষ্ট্ৰৰ অর্থনৈতিক স্বার্থৰ সুৰক্ষা,

(ঘ) জাতীয় স্বার্থৰক্ষা,

(ঙ) আদৰ্শৰ প্ৰকাৰ,

(চ) জাতীয় আন্দোলন,

(ছ) ব্যক্তিগত কাৰক।

ভাৰতৰ বৈদেশিক নীতিৰ বাহ্যিক নিৰ্ধাৰকবোৰ হ’ল –

(ক) বিশ্বশান্তি প্রতিষ্ঠা কৰা,

(খ) গোষ্ঠী নিৰপেক্ষতা,

(গ) শাস্তিপূর্ণ প্রতিষ্ঠান।

১৬। ৰাষ্ট্ৰসংঘত ভাৰতৰ ভূমিকা সম্পৰ্কে এটা টোকা লিখা।

 উত্তৰঃ ভাৰতবৰ্ষ বৃটিছ ঔপনিবেশীকতাবাদৰ পৰা মুক্তি লাভ কৰা পূর্বতে অর্থাৎ ১৯৪৫ চনৰ ২৪ অক্টোবৰ ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা হোৱা দিনৰ পৰাই ৰাষ্ট্ৰসংঘৰ সদস্য হৈ আছে। ভাৰতবৰ্ষ হ’ল ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাপক সদস্য। ভাৰতবৰ্ষই ৰাষ্ট্ৰসংঘৰ প্ৰায় সকলোবোৰ কাৰ্যৰ লগত সক্রিয়ভাৱে অংশগ্রহণ কৰি আহিছে। ৰাষ্ট্ৰসংঘৰ আন্তর্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশৰ পদত তিনিগৰাকী ভাৰতীয় অধিষ্ঠিত হৈছিল। ১৯৫৩ চনত বিজয়লক্ষ্মী পণ্ডিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত সভানেত্রী আছিল। ভাৰতবৰ্ষ ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত হোৱা দিনৰ পৰাই ইয়াৰ বিকাশ সম্পৰ্কীয় কাম-কাজত অংশ গ্ৰহণ কৰাৰ উপৰি ৰাষ্ট্ৰসংঘৰ বিভিন্ন কাৰ্যসূচী ভাৰতে যথেষ্ট বৰঙণি আগবঢ়াই আহিছে। ভাৰতবৰ্ষই বিশ্বত শান্তি প্রতিষ্ঠা কৰাৰ বাবে সদায় বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। ভাৰতবৰ্ষই নিৰস্তীকৰণৰ সমৰ্থনত আৰু বৰ্ণবাদৰ বিৰুদ্ধে সদায় ৰাষ্ট্ৰসংঘৰ মজিয়াত নিজৰ মতপ্ৰকাশ কৰি আহিছে। ভাৰতবৰ্ষই সদায় নিয়মিতভাবে ৰাষ্ট্ৰসংঘলৈ বৰঙণি আগবঢ়াই আহিছে আৰু ইয়াৰ পৰা কেতিয়াও বিৰত থকা নাই।

১৭। নেহৰুৰ যুগত এছিয়া-আফ্ৰিকা ঐক্যৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকা আলোচনা কৰা। 

উত্তৰঃ ভাৰতে এছিয়া আৰু আফ্ৰিকাৰ একতাৰ ওপৰত সদায় গুৰুত্ব প্ৰদান কৰি আহিছে। ঐতিহাসিক আৰু সাংস্কৃতিক সাদৃশ্যৰ ওপৰত ভিত্তি কৰি ভাৰতৰ বৈদেশিক নীতিয়ে সদায় চুবুৰীয়া ৰাষ্টসমূহৰ সৈতে উন্নত সম্পর্ক স্থাপনৰ ওপৰত আগ্রহী। এই দৃষ্টিভংগীৰে ভাৰতে দক্ষিণ পূর্ব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সৈতে সম্পর্ক উন্নত কৰিবলৈ প্রয়োজনীয় অগ্রাফিকাৰ প্ৰদান কৰি আহিছে। ১৯৪৭ চনত ভাৰতে এছীয় সম্পর্ক সম্মিলন অনুষ্ঠিত কৰিছিল। ১৯৫৪ চনত অনুষ্ঠিত আন্তৰাষ্ট্ৰীয় নিয়ন্ত্রণ আয়োগৰ সম্মিলনত ভাৰতে এই একতাৰ বাবে বিভিন্ন কর্ম ব্যৱস্থা গ্ৰহণ কৰি আহিছে। ১৯৫৫ চনত আফ্রো-এছিয়াৰ সন্মিলন ইন্দোনেছিয়াৰ চহৰ বাণ্ডুঙত অনুষ্ঠিত হৈছিল। এই সম্মিলনতে এছিয়া আৰু আফ্রিকাৰ ২৭ খন দেশৰ প্রতিনিধিয়ে যোগদান কৰিছিল। বর্ণ-বৈশম্য নির্মূলকৰণ, উপনিবেশক শাসনৰ অৱসান, আণবি অস্ত্ৰৰ পৰীক্ষা নিষিদ্ধকৰণৰ বিষয়ে এই সম্মিলনত আলোচনা কৰা হ’ল।

১৮। চমু টোকা লিখাঃ

(ক) ভাৰতৰ বৈদেশিক নীতিত গোষ্ঠী নিৰপেক্ষতা

উত্তৰঃ গোষ্ঠীনিৰপেক্ষতা ভাৰতৰ বৈদেশিক নীতিৰ প্ৰধান ভিত্তি। গোষ্ঠী নিৰপেক্ষতাই ৰাষ্ট্ৰসমূহৰ সাম্ৰাজ্যবাদ, উপনিবেশকতাবাদ, বর্ণ-বৈষম্যতা আৰু বৃহৎ শক্তিগোষ্ঠীৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত হ’বলৈ কৰা শান্তিপূর্ণ প্ৰচেষ্টাৰ পোষকতা কৰে। ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত বিশ্বৰ দুই শক্তিগোষ্ঠী আছিল আমেৰিকা আৰু ৰাছিয়া। বহুবিলাক দেশে এই দুই শক্তিৰ যিকোনো সৈতে মিত্রগোষ্ঠী গঠন কৰিছিল। ভাৰতৰ প্ৰধানমন্তৰী জৱাহৰলাল নেহৰুৱে কোনো এটা গোষ্ঠীতে যোগদান কৰাৰ পৰা বিৰত থাকে। নেহৰুৱে অনুভব কৰিছিল যে ভাৰতে বিশ্বত যুদ্ধ আৰু অশান্তিপূর্ণ পৰিবেশক অন্ত পেলোৱাৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰাৰ প্রয়োজনীয়তা আছে। সেয়ে ভাৰতে বিশ্বৰ সকলো ৰাষ্ট্ৰ আৰু গোষ্ঠীৰ সৈতে সাম্ভাব্যপূর্ণ সম্পৰ্ক ৰক্ষা কৰিবৰ কাৰণে গোষ্ঠীনিৰপেক্ষ নীতি ঘোষণা কৰে। গোষ্ঠী নিৰপেক্ষ নীতি গ্রহণ কৰাৰ ফলত বিশ্বৰ সকলো ৰাষ্ট্ৰৰ সৈতে বন্ধুত্বপূর্ণ পৰিবেশ গঢ়ি তোলা ভাৰতৰ কাৰণে হৈছিল।

(খ)পঞ্চশীলৰ ভূমিকা।

উত্তৰঃ তিবৃত সম্পৰ্কত ভাৰত আৰু চীন দেশৰ মাজত ১৯৫৪ চনত স্বাক্ষৰিত হোৱা চুক্তির সময়ত পাঁচটা নীতি ৰচনা কৰা হৈছিল। ইয়াকে পঞ্চশীল নীতি বোলা হয়। এই পাঁচটা নীতি আছিল– 

(১) প্রত্যেক দেশৰ ভৌগোলিক অখণ্ডতা ৰক্ষা কৰা আৰু সাৰ্বভৌমত্বৰ প্ৰতি শ্রদ্ধা প্রদর্শন কৰা।

(২)আন দেশক আক্রমণৰ পৰা বিৰত থকা।

(৩) আন ৰাষ্ট্ৰৰ আভ্যন্তরীণ বিষয়ত হস্তক্ষেপ কৰাৰ পৰা বিৰত থকা।

 (8) সকলো দেশকে সমভাবে বিবেচনা কৰা আৰু পাৰস্পৰিক সাহায্য দিয়া।

(৫) শান্তিপূর্ণ সহ-অৱস্থানৰ প্রতি সমর্থন জনোৱা।

১৯। ভাৰত আৰু চীন দেশৰ সম্বন্ধ আলোচনা কৰা। 

উত্তৰঃ পশ্চিমীয়া উপনিৱেশবাদৰ আগমনৰ আগতে ভাৰত আৰু চীন এছিয়া মহাদেশৰ বৃহৎ শক্তি হিচাপে পৰিগণিত আছিল। চীন নিজৰ চাৰিসীমাৰ ভিতৰত যথেষ্ট প্রভাবশালী আছিল। মনকৰিবলগীয়া বিষয়টো হ’ল যে চীনে আধিপত্য বিস্তাৰ কৰা অঞ্চলবোৰ আৰু ভাৰতে প্ৰবাব বিস্তাৰ কৰা অঞ্চলবোৰ পৃথক আছিল। কিন্তু বিংশ শতিকাত দুয়োখন দেশৰ মাজত। যেতিয়া মুখামুখী হ’ল ইখনে সিখনক কেতবোৰ বিষয়ত বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিছিল। তেতিয়া ৰাষ্ট্ৰ দুখনৰ মাজত বৈদেশিক নীতি গ্ৰহণৰ ক্ষেত্ৰত কিছু অসুবিধা আহি পৰিছিল। ভাৰতবৰ্ষই যেতিয়া বৃটিছ উপনিবেশিকবাদৰ পৰা স্বাধীনতা লাভ কৰিছিল, চীনে বাহিৰ শক্তিক বহিষ্কাৰ কৰি বিশ্বৰ উন্নয়নশীল দেশবোৰৰ মাজত এটা আশাৰ ৰেঙণি দেখা দিছিল। সেয়েহে চীন আৰু ভাৰতৰ মাজত গঢ়ি উঠা সম্পৰ্কক হিন্দী-চীনি-ভাই-ভাই” জনপ্রিয় ধ্বনি শুনিবলৈ পোৱা গৈছিল। ভাৰত আৰু চীনৰ এই সম্পৰ্কৰ অৱতি ঘটিছিল ৰাষ্ট্ৰ দুখনৰ মাজত। সীমা বিবাদৰ বাবে বিশেষকৈ অৰুণাচল প্রদেশ আৰু লাডাখৰ আকচাই চীন অঞ্চলক লৈ ১৯৬২ চনত পোনপটীয়া যুদ্ধত লিপ্ত হয়। ১৯৭৬ চনলৈ দুয়োখন ৰাষ্ট্ৰৰ কুটনৈতিক সম্পর্ক কোনো ধৰণৰ উন্নতি হোৱা নাছিল। ১৯৭০ চনৰ মাজভাগত চীনৰ ৰাজনৈতিক নেতৃত্বৰ সলনি হোৱাত ভাৰত আৰু চীনৰ সম্পৰ্ক ক্ৰমে উন্নত হ’বলৈ ধৰে। ভাৰত আৰু চীনৰ সম্পৰ্ক অধিক উন্নত কৰিবলৈ ১৯৮৮ চনত ডিচেম্বৰ মাহত তেতিয়াৰ প্ৰধানমন্ত্ৰী ৰাজীব গান্ধীয়ে চীন ভ্ৰমণ কৰিছিল। এই ভ্ৰমণত দুয়োখন ৰাষ্ট্ৰই সংঘাতৰ পৰা আঁতৰত থাকি সিদ্ধান্ত গ্রহণ কৰিছিল। তদুপৰি দুয়োখন দেশৰ মাজত ব্যৱসায় বৃদ্ধিৰ বাবে সীমান্তৰ ৪ খন দুবাৰ মুকলি ৰাখিছিল।

বৰ্তমান চীন আৰু ভাৰতৰ নেতৃবৃন্দৰ সঘনাই দিল্লী আৰু বেইজিং ভ্রমণে এই দুখন জনবহুল ৰাষ্ট্ৰৰ মাজত গঢ়ি উঠা যাতায়াত আৰু যোগাযোগ ব্যৱস্থা, সমূহীয়া অৰ্থনৈতিক আৰু গোলকীয় স্বাৰ্থ আদিয়ে ৰাষ্ট্ৰ দুখনৰ মাজত ধনাত্মক আৰু সু-সম্পর্ক গঢ়ি তোলাত বৰঙণি আগবঢ়াইছে।

 ২০। কাশ্মীৰ সমস্যা সম্পর্কে বিশদভাবে আলোচনা কৰা।

উত্তৰঃ কাশ্মীৰ বিষয়টো সদায়ে ভাৰত আৰু পাকিস্তানৰ মাজত প্রধান বিষয় হৈ আছে। কাশ্মীৰ ৰাজনৈতিক পৰিস্থিতিৰ বিভিন্ন দিশ আছে। জম্মু আৰু কাশ্মীৰে তিনিটা ৰাজনৈতিক আৰু সামাজিক অঞ্চলক সামৰি লয় – জম্মু, কাশ্মীৰ আৰু লাডাখ। কাশ্মীৰৰ হৃদয়স্বৰূপ হ’ল কাশ্মীৰ উপত্যকা, মানুহবোৰ কাশ্মীৰী ভাষী আৰু সৰহ সংখ্যক মুছলমান, যদিওবা ইয়াত কম সংখ্যক কাশ্মীৰী হিন্দু আছে। জম্মু অঞ্চলটো সমতল আৰু টিলাৰ আৰু হিন্দু, মুছলমান আৰু শিখ আৰু বিভিন্ন ভাষিক লোকৰ সংমিশ্রণ।

লাডাখ অঞ্চলটো পার্বত্য কম জনসংখ্যাৰ, বুদ্ধ আৰু মুছলমান দুয়োতে সমানে বিভক্ত। কাশ্মীৰৰ বিবাদেই ভাৰত-পাকিস্তানৰ একমাত্ৰ বিবাদ নহয়। ইয়াৰ বাহ্যিক আৰু আভ্যন্তৰীণ দিশো আছে। এই বিষয়টো কাশ্মীৰিয়াত বুলি জনাজাত কাশ্মীৰী পৰিচয়ৰ সৈতে আৰু জম্মু আৰু কাশ্মীৰৰ জনসাধাৰণৰ স্বায়ত্ত শাসনৰ সৈতে জড়িত।

১৯৪৭ চনত আগলৈকে জম্মু আৰু কাশ্মীৰ ৰজাৰ দ্বাৰা শাসিত প্ৰদেশ এখন আছিল। ইয়াৰ হিন্দু শাসক হৰিসিঙে ভাৰতৰ সৈতে একলগ হ’ব বিচৰা নাছিল আৰু তেওঁৰ দেশক স্বাধীন মর্যাদা দিবৰ বাবে ভাৰত আৰু পাকিস্তানৰ সৈতে আলোচনা কৰিছিল। যিহেতু ৰাজ্যখনৰ সৰহ সংখ্যক লোক মুছলমান আছিল, সেয়ে পাকিস্তানী নেতাসকলে কাশ্মীৰ অঞ্চলটো পাকিস্তানৰ বুলি ভাবিছিল। কিন্তু জনসাধাৰণে তেনেদৰে ভবা নাছিল। তেওঁলোকে প্রথমে নিজকে কাশ্মীৰী বুলি গণ্য কৰিছিল।‘নেচনেল কনফাৰেন্সৰ শ্বেইখ আব্দুল্লাৰ নেতৃত্বত হোৱা গণ আন্দোলনে মহাৰাজৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, কিন্তু পাকিস্তানত যোগ দিয়াৰ তেওঁ বিৰোধী আছিল।

১৯৪৭ চনৰ অক্টোবৰ মাহত পাকিস্তানে কাশ্মীৰ দখল কৰিবৰ বাবে এদল জনজাতীয় চোৰাংচোৱা পঠিয়ায়। এই ঘটনাই মহাৰাজক ভাৰতৰ সামৰিক সহায় বিচাৰিবলৈ বাধ্য কৰিছিল। মহাৰাজাই ভাৰত চৰকাৰৰ সৈতে ইনষ্টুমণ্ট অফ এচ্চেন’ স্বাক্ষৰ কৰাৰ পাছত ভাৰতে সামৰিক সঁহাৰি আগবঢ়ায় আৰু কাশ্মীৰ উপত্যকাৰ পৰা চোৰাংচোৰা খেদি পঠিয়ায়। চুক্তিৰ এই বিষয়টো একমত হৈছিল যে এবাৰ পৰিস্থিতি শাম কটাৰ পাছত জম্মু আৰু কাশ্মীৰৰ জনসাধাৰণৰ মতামতে তেওঁলোকৰ ভৱিষ্যৎ নিৰ্ণয় কৰিব। ১৯৪৮ চনৰ মাৰ্চ মাহত শ্বেইখ আব্দুল্লা ৰাজ্যৰ প্রধানমন্ত্রী হ’ল (সেই সময়ত ৰাজ্যৰ চৰকাৰ প্ৰধানক প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিল।) তেতিয়াৰে পৰা বাহ্যিক আৰু আভ্যন্তৰীণ দুয়ো কাৰণতে জম্মু আৰু কাশ্মীৰৰ ৰাজনীতি সদায় সংঘর্ষ বিদিত আৰু বিবাদগ্ৰস্ত হৈ আছে। বাহ্যিকভাৱে পাকিস্তানে কাশ্মীৰ উপত্যকা সদায়ে পাকিস্তানৰ অংশ হ’ব লাগে বুলি দাবী কৰি আহিছে।

Leave a Reply