Class 12 Political Science| Chapter-3| পৰিকল্পিত বিকাশৰ ৰাজনীতি

Class 12 Political Science| Chapter-3| পৰিকল্পিত বিকাশৰ ৰাজনীতি। এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব AHSEC Class 12 Political Science| Chapter-3| পৰিকল্পিত বিকাশৰ ৰাজনীতি পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়।

HS Second Year Question Answer (Assamese Medium)

EnglishClick Here
অৰ্থনীতি (Economy)Click Here
ভূগোল (Geography)Click Here
हिंदीClick Here
অসমীয়াClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
ৰাজনীতি (Political Science)Click Here
সমাজতত্ত্ব (Sociology)Click Here
তৰ্কবিদ্যা আৰু দর্শনশাস্ত্ৰ (Logic & Philosophy)Click Here
নৃতত্ত্ব (Anthropology)Click Here

Class 12 Political Science| Chapter-3| পৰিকল্পিত বিকাশৰ ৰাজনীতি

চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া ছাত্র-ছাত্ৰীৰ বাবে আমাৰ এই ৱেবছাইটত শেহতীয়া পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি পাঠ Class 12 Political Science| Chapter-3| পৰিকল্পিত বিকাশৰ ৰাজনীতি ভিত্তিক প্ৰশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। যত ছাত্ৰ-ছাত্ৰীয়ে অনলাইন যোগে পঢ়িব পাৰিব।

দ্বিতীয় খণ্ড

তৃতীয় অধ্যায়

(ক)অতি চমু প্ৰশ্নৰ উত্তৰ লিখা : মূল্যাংকঃ ১ নম্বৰকৈ

১।POSCO ৰ সম্পূর্ণ অর্থ লিখা।

উত্তৰঃ Pohang Iron and Steel Company.

২। উন্নয়নৰ দুটা আৰ্হি আছেঃ এটা হ’ল উদাৰ পুঁজিবাদী আৰ্হি: আনটো কি ?

 উত্তৰঃ সমাজবাদী ৰক্ষণশীল আৰ্হি।

৩।কেতিয়া পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল?

উত্তৰঃ ১৯৫০ চনত।

8 । FYP মানে কি?

উত্তৰঃ Five Year Plan

৫।প্রথম পঞ্চবার্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ ১৯৫১ চনত।

৬।প্রথম পঞ্চবার্ষিক পৰিকল্পনাৰ অন্তৰ্ভুক্ত এটা বৃহৎ প্ৰকল্পৰ নাম লিখা।

উত্তৰঃ ভাক্ৰা নাঙ্গল বান্ধ।

৭।ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক কোন আছিল? 

উত্তৰঃ পি. চি. মহলানবীশ।

৮। খাদ্য সংকটৰ বাবে ভাৰতবৰ্ষই কোনখন দেশৰ ওপৰত নিৰ্ভৰ কৰিবলগা হৈছিল?

 উত্তৰঃ আমেৰিকা ।

৯। AMUL ৰ সম্পূর্ণ নাম কি? 

উত্তৰঃ Anand Milk Union Limited.

১০। দুগ্ধমানৱ বুলি কাক কোৱা হয়?

উত্তৰঃ ভাগিজ কুৰিয়েন।

১১। খালী ঠাই পূৰ কৰাঃ 

(ক) পৰিকল্পনা আয়োগ  ____ ৰ মাৰ্চ মাহত গঠন কৰা হৈছিল।

উত্তৰঃ ১৯৫০ চনৰ।

(খ) পৰিকল্পনা আয়োগে____ বছৰীয়া পৰিকল্পনা গ্রহন কৰিছিল। 

উত্তৰঃ পাঁচ বছৰীয়া।

(গ) দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাই ____ গুৰুত্ব দিছিল। 

উত্তৰঃ উদ্যোগীকৰণ।

(ঘ)ভাৰতীয় পাৰিকল্পকসকলে উদ্যোগ আৰু —— ৰ মাজত ভাৰসাম্য ৰক্ষা কৰাত অসুবিধাৰ সন্মুখীন হৈছিল। 

উত্তৰঃ কৃষি।

(ঙ) সপ্তম পঞ্চবার্ষিক পৰিকল্পনা ____ এপ্ৰিল মাহত আৰম্ভ হৈছিল।

 উত্তৰঃ ১৯৮১ চনত।

(চ) একাদশ পঞ্চবার্ষিক পৰিকল্পনা ____ আৰম্ভ হৈছিল।

উত্তৰঃ ২০১২চনত। আৰম্ভ হৈছিল।

১২। পৰিকল্পিত উন্নয়ন বুলিলে কি বুজা?

উত্তৰঃ পৰিকল্পিত উন্নয়ন হ’ল উন্নয়নৰ এক আৰ্হি অথবা পৰিকল্পনা উন্নয়ন অর্থাৎ কিদৰে আৰু কেনেদৰে উন্নয়ন সাধন কৰিব, ইয়াৰ এক পৰিকল্পনা অথবা আৰ্হি প্ৰস্তুত কৰাকে পৰিকল্পিত উন্নয়ন আখ্যা দিয়া হয়।

১৩ । ভাৰতত পৰিকল্পনাৰ ধাৰণাটো ক’ৰ পৰা লোৱা হৈছিল? 

উত্তৰঃ ভাৰতত পৰিকল্পনাৰ ধাৰণাটো ছোভিয়েট আৰ্হিৰ পৰা লোৱা হৈছিল।

১৪। দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ মূল উদ্দেশ্যটো উল্লেখ কৰা।

উত্তৰঃ দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ লক্ষ্য আছিল সমাজৰ সামগ্রিক বিকাশ সাধন। এই পরিকল্পনাই সমাজবাদী আৰ্হিৰ উন্নয়নৰ জৰিয়তে সমাজৰ গাঁথনিগত পৰিৱৰ্তন সাধনৰ ওপৰত অগ্ৰাধিকাৰ দিছিল।

১৫। এই পর্যন্ত কিমানটা পঞ্চবার্ষিক পৰিকল্পনা সম্পূর্ণ হৈছে?

উত্তৰঃ এই পর্যন্ত ১২ খন পঞ্চবার্ষিক পরিকল্পনা সম্পূর্ণ হৈছে।

১৬। ভাৰতৰ সেউজ বিপ্লৱৰ নায়ক বুলি কাক সন্মান কৰা হয়?

উত্তৰঃ ভাৰতৰ সেউজ বিপ্লৱৰ নায়ক বুলি ড° নৰ্মান বৰলাউক সম্মান কৰা হয়।

১৭। ভাৰতে পৰিকল্পনা কিয় গ্ৰহণ কৰিছিল?

 উত্তৰঃ ভাৰতবৰ্ষই ৰাষ্ট্ৰখনৰ সৰ্বাধিক বিকাশৰ হাৰ অৰ্জন কৰাৰ উদ্দেশ্যেৰেই পৰিকল্পনা গ্রহণ কৰিছিল।

১৮। পৰিকল্পনা আয়োগৰ গাঁথনিটো লিখা।

উত্তৰঃ পৰিকল্পনা আয়োগখন প্রধানমন্ত্রীক অধ্যক্ষ আৰু পৰিকল্পনা মন্ত্রীজনক উপাধ্যক্ষ আৰু গৃহমন্ত্রী, প্রতিরক্ষামন্ত্রী, বিত্তমন্ত্রী আৰু আন কিছুমান অর্থনৈতিক দিশত পাৰদৰ্শিতা থকা লোকক সদস্য হিচাপে লৈ গঠন কৰা হয়।

 ১৯। পিচি মহলানবীশ কোন আছিল ?

উত্তৰঃ পি চি মহলীনবীশ আছিল দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ স্ৰষ্টা ভাৰতৰ পৰিসংখ্যা প্ৰতিষ্ঠানৰ প্ৰতিস্থাপকো।

২০। আধুনিকতা কিহৰ লগত জড়িত?

উত্তৰঃ উন্নয়ন বা বিকাশৰ লগত আধুনিকীকৰণৰ সম্পৰ্ক আছে।

২১। পৰিকল্পিত বাজেট কি?

উত্তৰঃ পৰিকল্পিত বাজেট হ’ল পাঁচবছৰীয়া পৰিকল্পনা এই বাজেটত অগ্রাধিকার ভিত্তিত খৰচৰ ব্যৱস্থা কৰা হয়।

২২। বিতৰণমূলক ন্যায় সম্পর্কে কেইশাৰীমান লিখা।

উত্তৰঃ বিতৰণমূলক ন্যায়ে সম ন্যায় আৰু সমসুযোগ প্রদানত গুরুত্ব দিয়ে।

২৩। কেৰালা আৰ্হি কি?

উত্তৰঃ কেৰালা ৰাজ্যই সূচনা কৰা পৰিকল্পনা আৰু বিকাশৰ বাবে শিক্ষা, স্বাস্থ্য, ভূমি সংস্কার ফলপ্ৰস্ খাদ্য বিতৰণ আৰু দৰিদ্ৰতা নিবাৰণৰ বাবে যি গুৰুত্বপূৰ্ণ আৰ্হি প্ৰস্তুত কৰি পৰিকল্পনা কৰিছিল তাকেই কেৰালা আৰ্হি বোলা হয়।

২৪। পৰিকল্পনাৰ অৱকাশ দিন কি? কোনো কোনো বছৰক কিয় পৰিকল্পনাৰ অৱকাশ দিন বুলি কোৱা হয় ? 

উত্তৰঃ বিহাৰৰ দুর্ভিক্ষৰ ফলত তৃতীয় পঞ্চবার্ষিক পৰিকল্পনাত খাদ্য শস্যৰ উৎপাদন যথেষ্ট পৰিমাণে কমি যায়। সেয়ে তৃতীয় পৰিকল্পনাৰ পিছত ভাৰতত পঞ্চবার্ষিক পৰিকল্পনা স্থগিত ৰখা হ’ল। ইয়াকেই পৰিকল্পনাৰ অৱকাশ দিন বোলে।

ভাৰতবৰ্ষত ১৯৬৬-৬৭, ১৯৬৭-৬৮ আৰু ১৯৬৮-৬৯ বছৰক পৰিকল্পনা অৱকাশ দিন বুলি কোৱা হয়। কাৰণ এই তিনিটা বছৰত পঞ্চবার্ষিক পৰিকল্পনাৰ পৰিবৰ্তে কার্যক পৰিকল্পনা কৰা হৈছিল। 

২৫। বিকাশৰ দুটা আৰ্হি আছিল : এটা উদাৰনৈতিক পুঁজিবাদী আৰ্হি, আনটো কি আছিল।

উত্তৰঃ সমাজবাদী আৰ্হি।

২৬। প্রথম পাঁচ বছৰীয়া পৰিকল্পনাত গ্ৰহণ কৰা এটা বৃহৎ প্ৰকল্পৰ নাম লিখা। 

উত্তৰ: ভাক্রা-নাঙ্গাল জলবিদ্যুৎ প্রকল্প।

২৭। ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাতা কোন আছিল?

উত্তৰঃ পি. চি. মহাযানৱীশ।

২৮। এতিয়ালৈকে কিমানখন পাঁচ বছৰীয়া পৰিকল্পনা সম্পূর্ণ হৈছে?

উত্তৰঃ ১১খন (এঘাৰখন)।

২৯। ভাৰতীয় সেউজ বিপ্লৱৰ নায়ক বুলি কাক জনা যায়?

উত্তৰঃ এম. এছ. স্বামীনাথন।

৩০। ‘বম্বে আঁচনি’ কি?

উত্তৰ : ১৯৪৪ চনত কিছু সংখ্যক উদ্যোগপতিয়ে বোম্বাই মিলিত হৈ ভাৰতত পৰিকল্পিত অর্থনীতি প্রতিষ্ঠা কৰাৰ বাবে এটা যুটীয়া প্রস্তাবৰ খচৰা প্ৰস্তুত কৰে। ইয়াকে ‘বম্বে আঁচনি বোলে।

(খ)চমু প্ৰশ্নৰ উত্তৰ লিখা : মূল্যাংক : ২ নম্বৰকৈ

১।উৰিষ্যাৰ গাওঁবাসীসকলে POSCO প্লেণ্টৰ কিয় বিৰোধিতা কৰিছিল ?

উত্তৰঃ উৰিষ্যাৰ গাওঁবাসীসকলে পঙ্ক ‘ভাৰত তীখা উদ্যোগৰ বিৰোধিতা কৰিছিল। কাৰণ এই উদ্যোগ স্থাপনৰ ফলত বহু হেজাৰ গাওঁবাসীয়ে নিজৰ বাসগৃহ আৰু খেতি পথাৰৰ অধিকাৰৰ পৰা উচ্ছেদিত হ’বলগা হৈছিল।

২।বাওঁপন্থী আৰু সোঁপন্থী দল মানে কি বুজা ?

উত্তৰঃ বাওঁ দলবোৰ হ’ল ৰক্ষণশীল আৰু দুখীয়া, নিপড়িত শ্ৰেণীৰ জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ওপৰত গুৰুত্ব প্রদান কৰে। বাওঁ দলবোৰক শ্রমিক আৰু কৃষকৰ পক্ষত থকা বুলি কোৱা হয়।

আনহাতে সোঁ-দলবোৰ হ’ল উদাৰতাবাদী আৰু পুঁজিপতি ধনিক শ্ৰেণীৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ওপৰত মনোযোগ দিয়ে। সোঁ দলবোৰে সদায় পুঁজিপতি শ্ৰেণীৰ পক্ষত অৱস্থান কৰে। বাওঁ দলবোৰে ৰাষ্ট্ৰৰ নিয়ন্ত্রণ সমৰ্থন কৰে। আনহাতে সোঁ দলবোৰে মুক্ত প্রতিযোগিতা আৰু | অর্থনৈতিক অহস্তক্ষেপ নীতি সমর্থন কৰে।

৩।বিকাশ মানে কি বুজা ?

উত্তৰঃ উন্নয়ন শব্দটোৱে মূলত অর্থনৈতিক দিশটোৰ লগতে জড়িত। ইয়ে জনমূৰি আয় বৃদ্ধিৰ লগতে উদ্যোগীকৰণ, নগৰীকৰণ, শ্রম বিভাজন আৰু বিনিয়োগ বৃদ্ধিক বুজায়। উন্নয়নৰ লক্ষ্য হ’ল জনসাধাৰণৰ জীৱন নিৰ্বাহৰ মানদণ্ডৰ উৎকৰ্ষ সাধন কৰা।

৪ ।  বোম্বে পৰিকল্পনা মানে কি?

উত্তৰঃ ১৯৪৪ চনত ভাৰতবৰ্ষত এক পৰিকল্পিত অর্থনীতি প্রতিষ্ঠাৰ বাবে এক খচৰা প্ৰস্তাৱ প্ৰস্তুত কৰা হৈছিল। ইয়াকে বোম্বে আঁচনি (Bombay Plan) বুলি কোৱা হয়। এই আঁচনিৰ লক্ষ্য আছিল উদ্যোগিক আৰু অৰ্থনৈতিক বিনিয়োগৰ ক্ষেত্ৰত ৰাষ্ট্ৰই অগ্রণী ভূমিকা পালন কৰা। 

৫ ।চৰকাৰী বাজেটক দুটা ভাগত ভাগ কৰিব পাৰি। ভাগ দুটা কি কি

উত্তৰঃ (ক) পৰিকল্পনামূলক বাজেট,

(খ) অপৰিকল্পনামূলক বাজেট।

৬।  কেতিয়া প্রথম পঞ্চবার্ষিক পৰিকল্পনা আৰম্ভ হৈছিল?

উত্তৰঃ ১৯৫১ চনত প্ৰথম পঞ্চবার্ষিক পৰিকল্পনা আৰম্ভ হৈছিল। কে. এন. ৰাজ নামৰ অর্থনীতিবিদজনে ভাৰতক লাহে লাহে দ্রুত উন্নয়নলৈ গতি কৰা উচিত বুলি মন্তব্য দিছিল।

৭।মিশ্র অর্থনীতি মানে কি?

      অথবা

মিশ্ৰ অৰ্থনীতিৰ লক্ষ্য সম্পর্কে ১৯৫০ চনত কেবিনেট প্ৰস্তাৱটো কি আছিল? 

উত্তৰঃ মিশ্র অর্থনীতি হ’ল সমাজবাদ আৰু পুঁজিবাদৰ মিশ্রণ। ভাৰতীয় অর্থনীতি হ অর্থনীতি।

৮ ।পৰ্য্যাপ্ত খাদ্য নিশ্চিতকৰণৰ বাবে ভাৰতে কি ধৰণৰ নীতি গ্ৰহণ কৰিছিল?

উত্তৰঃ ভাৰতে খাদ্য ভৰাল টনকিয়াল কৰিবলৈ আমেৰিকাৰ পৰা সাহায্য গ্ৰহণ কৰিছি ভাৰতে গম আমদানি কৰিছিল। ভাৰত চৰকাৰে খাদ্যৰ ক্ষেত্ৰত আত্মনির্ভশীল হ’বলৈ পৰিব গ্ৰহণ কৰিছিল।

৯। পৰিকল্পনাৰ দুটা লক্ষ্য উল্লেখ কৰা । 

উত্তৰঃ (ক) অর্থনৈতিক পুনৰ গঠন আৰু (খ) সম উন্নয়ন।

১০। পৰিকল্পনাৰ দুটা সুবিধা উল্লেখ কৰা। 

উত্তৰঃ (ক) উন্নয়নৰ সমসুযোগ আৰু (খ) ন্যায়।

১১। পৰিকল্পনা আয়োগ কোন চনত গঠন হৈছিল আৰু ইয়াৰ প্ৰথম সভাপতি যে আছিল।

 উত্তৰঃ ১৯৫০ চনত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল। জৱাহৰলাল নেহেৰু পৰিয়া আয়োগৰ প্ৰথম সভাপতি আছিল।

১২ ।ভাৰতৰ নতুন অর্থনৈতিক নীতি কেতিয়া আৰম্ভ হৈছিল আৰু এই নতুন অর্থনৈছি নীতিৰ উদ্ভাৱক কোন আছিল?

উত্তৰঃ ১৯৯১ চনত ভাৰতে নতুন অর্থনৈতিক নীতি গ্ৰহণ কৰিছিল। ড° মনমোহন সিং ভা নতুন অর্থনৈতিক নীতিৰ পৃষ্ঠপোষক আছিল।

১৩। পৰিকল্পিত অৰ্থনীতিৰ প্ৰধান ফলাফল কি কি আছিল?

উত্তৰঃ পৰিকল্পিত অর্থনীতিয়ে সময়ৰ অপচয় আৰু সম্পদৰ উপযুক্ত ব্যৱহাৰ নিশ্চিতকা পৰিকল্পিত অর্থনৈতিক ব্যৱস্থাই জনসাধাৰণৰ জনমূৰি আয় বৃদ্ধিত সহায় কৰে।

১৪। কোনজন ভাৰতীয় চিন্তাবিদে আৰু কেতিয়া ভাৰতত পৰিকল্পনা গ্ৰহণৰ ওপ গুৰুত্ব দিছিল।

উত্তৰঃ ১৯২০ দশকত জৱাহৰলাল নেহেৰুৱে ভাৰতত পোনপ্ৰথমে পৰিবঙ্গ প্রয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিছিল।

১৫। পৰিকল্পনা আয়োগৰ কি অতি সংবিধানিক অনুষ্ঠান বুলি কোৱা হয়।

 উত্তৰঃ পৰিকল্পনা আয়োগক সংবিধান বহির্ভূত অনুষ্ঠান বুলি কোৱা হয় কাৰণ সংবিধানত এই অনুষ্ঠান গঠনৰ বিষয়ে উল্লেখ নাই।

 ১৬। ‘কেৰালা আৰ্হি’ৰ জৰিয়তে কি বিশেষ বিষয়ৰ ওপৰত আলোকপাত কৰা হৈছিল?

উত্তৰঃ কেৰালা আৰ্হিৰ জৰিয়তে শিক্ষা, স্বাস্থ্য, ভূমি সংস্কাৰ, ফলৱৰ্তী খাদ্য বিতৰণ, আৰু দৰিদ্ৰতা দূৰীকৰণৰ ওপৰত আলোকপাত কৰা হৈছিল।

১৭। দহ বছৰীয়া পৰিকল্পনা কোনে আৰু কিয় যুগুত কৰিছিল ?

উত্তৰঃ স্বাধীন ভাৰতৰ পৰিকল্পনাৰ আৰ্হিৰে মানবেন্দ্ৰনাথ ৰয়ে দহ বছৰীয়া পৰিকল্পনা যুগুত কৰিছিল।

১৮। কেৰালা আৰ্হি কি?

উত্তৰঃ কেৰালা ৰাজ্যৰ দ্বাৰা ধাৰ্ষিত পৰিকল্পনা আৰু উন্নয়নৰ যি পথ তাকে কেৰালা আৰ্হি নামেৰে নামাকৰণ কৰা হয়। এই কেৰালা আৰ্হি বিকেন্দ্ৰীভূত পৰিকল্পনাৰ ভিত্তিত প্রতিষ্ঠিত কেৰালাৰ উন্নয়নৰ এই আৰ্হিত শিক্ষা, স্বাস্থ্য ভূমি, সংস্কাৰ, ফলপ্ৰসূ খাদ্য বিতৰণ আৰু দৰিদ্ৰতা দূৰীকৰণৰ ওপৰত যথোচিত গুৰুত্ব আৰোপ কৰা হয়।

১৯। পৰিকল্পনাৰ অৱকাশ দিন কি? কোনো কোনো বছৰক কিয় পৰিকল্পনাৰ অৱকাশ দিন বুলি কোৱা হয়?

উত্তৰঃ দুখন পঞ্চবার্ষিক পৰিকল্পনাৰ মাজৰ যি শূন্যতা বা ব্যৱধান তাকেই পৰিকল্পনাৰ অৱকাশ দিন বুলি কোৱা হয়। ১৯৭৯-৮০, ১৯৯০-৯২ ৰ সময়ছোৱাত চৰকাৰৰ পৰিৱৰ্তন, উন্নয়নশীল লক্ষ্য বা কৌশল সম্পৰ্কত চৰকাৰৰ স্পষ্টতাৰ অভাৱ আদি কাৰণবশতঃ কোনো ধৰণৰ পঞ্চবার্ষিক পৰিকল্পনা গ্ৰহণ কৰা হোৱা নাছিল। সেয়ে এই সময়ছোৱাক পৰিকল্পনাৰ অৱকাশ দিন বোলা হয়।

২০। আধুনিকীকৰণ কিহৰ সৈতে সংযুক্ত ?

উত্তৰঃ দ্ৰুত উদ্যোগীকৰণৰ জৰিয়তে দেশৰ বিকাশ সাধন কৰিব পাৰিলে আধুনিকীকৰণ সংযুক্ত হৈ আছে। উন্নত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা আদি আৰু যোগাযোগৰ বিকাশ আধুনিকীকৰণৰ লগত জৰিত।

২১। কোন বছৰত প্ৰথম পঞ্চবার্ষিক পৰিকল্পনা আৰম্ভ হৈছিল আৰু ভাৰতৰ হেষ্টেন ষ্টোনলী বুলি কোৱা অৰ্থনীতিবদগৰাকীৰ নাম লিখা।

উত্তৰঃ প্ৰথম পঞ্চবার্ষিক পৰিকল্পনা ১৯৫১ চনৰ ১ এপ্রিলৰ পৰা আৰম্ভ কৰা হৈছিল। কে. এন. ৰাজক ভাৰত হেষ্টেন ষ্টোনলী বুলি কোৱা হয়।

২২। ‘কেৰালা আৰ্হি’ৰ জৰিয়তে কি বিশেষ বিষয়ৰ ওপৰত আলোকপাত কৰা হৈছিল? 

উত্তৰঃ‘কেৰালাআহিৰ জৰিয়তে শিক্ষা, স্বাস্থ্য, জমি, সংস্কাৰ, কার্যক্ষম খাদ্য বিতরণ আর পৰিা দুৰীৰ ওপৰত আলোকপাত কৰা হৈছিল।

২৬। পৰিকল্পনা বাজেট কি?

উত্তৰঃ পঞ্চবার্ষিক পৰিকল্পনাৰ জৰিয়তে ভাৰত চৰকাৰে আগন্তুক পাঁচ বছৰৰ বাবে সকলো বৰণৰ আয় আৰু বায়ৰ এটা পৰিকল্পনা প্রস্তুত কৰে। ইয়াকেই পৰিকল্পনা বাজেট বোলা হয়।

২৪। বিভৰাত্মক ন্যায় সম্পর্কে কেইশাৰীমান লিখা।

উত্তৰঃ বিজ্ঞানেই হওক বা কলাই হওক প্রত্যেকৰে উদ্দেশ্য হৈছে অধিক পৰিমানৰ সুখ সুবিধাৰ সৃষ্টি কৰা। অর্থাৎ জনসাধাৰণৰ কল্যাণ সাধন কৰাই হৈছে ৰাষ্ট্ৰৰ উদ্দেশ্য। যিয়ে ৰাষ্ট্ৰৰ কল্যাণৰ কাৰণে অধিক পৰিমাণৰ বৰঙণি যোগাব পাৰে তেওঁক বৰঙণি অনুপাত পুৰস্কৃত কৰাই হৈছে বিতৰণাত্মক ন্যায় বোলে।

২৫। পৰিকল্পনাৰ দুটা সুফল জনোৱা। 

উত্তৰঃ পৰিকল্পনাৰ দুটা সুফল হৈছে –

(ক) কৃষিখণ্ডত ভাৰতে পৰিকল্পনাৰ ফলত যথেষ্ট বিকাশ হৈছে। খাদ্য সম সামগ্রিকভাবে সমাধান হোৱা বুলিব পাৰি।

(খ) গৰিকল্পনাৰ ফলত ঔদ্যোগিক খণ্ডত ভাৰতৰ যথেষ্ট উল্লেখনীয়। পৰিকল্পনাৰ ফলত

১৯৮৬-৮৭ চনত জাতীয় আয়লৈ উদ্যোগ পৰিমাণ আছিল ২৭.৫%।

২৬। কোন ভাৰতীয় চিন্তাবিদে ভাৰতত পৰিকল্পনা লাগে বুলি গুৰুত্ব আৰোপ কৰিছিল। আৰু কেতিয়া ? গুৰুত্ব আৰোপ কৰিছিল।

উত্তৰঃ১৯৩১ চনত এম. বিশ্বেচাৰায়াই ভাৰতত পৰিকল্পনা লাগে বুলি গুৰুত্ব আৰোপ কৰিছিল।

২৭। পৰিকল্পনা সংজ্ঞা দিয়া।

উত্তৰঃ পৰিকল্পনা মানে হ’ল পূর্বানুমানিত উদ্দেশ্য আৰু লক্ষ্য সাধনৰ বাবে এটা সম্প্ৰদায়ৰ এক সচেতন প্রয়াস। ই লক্ষ্য আৰু লক্ষ্য সাধনৰ পথৰ সমন্বয়ক বুজায়।

(গ)উত্তৰ লিখাঃ মূল্যাংক: ৪ নম্বৰকৈ

১। প্রথম পঞ্চবার্ষিক পৰিকল্পনাৰ বিষয়ে ব্যাখ্যা কৰা।

উত্তৰঃ প্রথম পঞ্চবার্ষিক পৰিকল্পনাৰ মুখ্য লক্ষ্য আছিল দেশৰ কৃষিখণ্ডক শক্তিশালী কৰি তোলা। এই খণ্ডৰ বাবেই প্রথম পঞ্চম বার্ষিক পৰিকল্পনাত সৰ্বাধিক ধনৰ আবণ্টন দিয়া হৈছিল। দেশ বিভাজনে বিধ্বস্ত কৰি পেলোৱা দেসৰ কৃষিখণ্ডক শক্তিশালী কৰিব নোৱাৰিলে

যে দেশৰ অৰ্থনীতি বা বিকাশৰ ভেঁটি সুদৃঢ় নহ’ব – সেই কথা প্রথম পৰিকল্পনাৰ সময়ত গভীৰভাৱে উপলব্ধি কৰা হৈছিল। 

এই পৰিকল্পনাৰ মূল লক্ষ্যসমূহ চমুকৈ উল্লেককৰা হ’ল-

(ক) কৃষিখণ্ডৰ উন্নয়নৰ বাবে জলসিঞ্চন প্রসারণ। তাৰেই লক্ষ্য আগত ৰাখি বহুমুখী নদী প্রকল্প স্থাপনৰ ওপৰতো গুৰুত্ব দিয়া হৈছিল। এই লক্ষ্যত উপনীত হ’বৰ বাবে প্ৰথম পঞ্চবার্ষিক পৰিকল্পনাত ভাক্ৰা-নাঙ্গল বান্দ প্রতিষ্ঠা কৰা হৈছিল।

(খ) সামন্তীয় ব্যৱস্থাৰ মাজত সোমাই থকা কৃষিখণ্ডত খেতিয়কৰ মাজত কৃষিভূমিৰ বিতৰণ আছিল বৈষম্যপূর্ণ। প্রকৃত খেতিয়কৰ হাতত কৃষিভূমি থকা পৰিৱৰ্তে সামন্ত প্রভুসকলেহে হাজাৰ হাজাৰ একৰ কৃষিভূমি নিয়ন্ত্ৰণ কৰিছিল। এই অৱস্থাৰ পৰিবৰ্তন নহ’লে যে কৃষিখণ্ডৰ বিকাশ সম্ভৱ নহ’ব বা তাৰ সুফল সকলোৱে ভোক কৰিব নোৱাৰিব সেই কথাও পৰিকল্পনাকাৰীসকলে অনুধাৱন কৰিছিল। সেইবাবেই, ভূমি সংস্কাৰৰ ওপৰত প্রথম পঞ্চবার্ষিক পৰিকল্পনাতেই যথেষ্ট গুৰুত্ব দিয়া হৈছিল।

(গ) জাতীয় আয়ৰ বৃদ্ধিৰ ওপৰতো এই পৰিকল্পনাই যথেষ্ট গুরুত্ব দিছিল। জাতীয় আয় বৃদ্ধিৰ লক্ষ্য হিচাপে জনসাধাৰণ সঞ্চয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল। জনসাধাৰণৰ ব্যয় বা ক্রয় ক্ষমতা কম হোৱা সত্ত্বেও সঞ্চয়ৰ ওপৰত চৰকাৰে দিয়া প্ৰাধান্যৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ সঞ্চয় ক্ষমতা প্রথমাৱস্থাত বৃদ্ধি পাবলৈ ধৰিলে। অৱশ্যে, তৃতীয় পৰিকল্পনাৰ সময়লৈ এই সঞ্চয় ক্ষমতা দ্রুতভাৱে হ্রাস পালে।

২। দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ স্থপতি কোন আছিল? ইয়াৰ লক্ষ্য কি কি আছিল? 

উত্তৰঃ দ্বতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ প্ৰধান স্থপতি আছিল পি.চি. মহলানশি। দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাই বৃহৎ উদ্যোগ স্থাপনত গুৰুত্ব প্ৰদান কৰিছিল। দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ লক্ষ্য আছিল সমাজৰ সামগ্রিক বিকাশ সাধন। এই পৰিকল্পনাই সমাজবাদী আৰ্হিৰ উন্নয়নৰ জৰিয়তে সমাজৰ গাঁথনিগত পৰিবৰ্তন সাধনৰ ওপৰত অগ্ৰাধিকাৰ দিছিল।

৩ । ব্যক্তিগত খণ্ড কি ? ৰাজহুৱা খণ্ডৰ পৰা ব্যক্তিগত খণ্ড কিদৰে পৃথক?

 উত্তৰঃ (ক) চৰকাৰী প্ৰতিষ্ঠানসমূহৰ ক্ষেত্ৰত চৰকাৰী নিয়ম আৰু নীতি মানি চলে। আনহাতে, বেচৰকাৰী প্ৰতিষ্ঠানসমূহৰ ক্ষেত্ৰত নিজা নিয়ম-নীতি মানি চলে।

(খ) চৰকাৰী প্ৰতিষ্ঠানসমূহৰ ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰীয়ে কাম কৰে। আনহাতে, বেচৰকাৰী প্রতিষ্ঠানসমূহৰ ক্ষেত্ৰত ব্যক্তিগতগৰাকীয়ে নিজা ইচ্ছা মতে ব্যক্তিক নিযুক্তি কৰে।

8 ।  সেউজ বিপ্লৱ আৰু শ্বেত বিপ্লৱৰ মাজৰ পাৰ্থক্য আলোচনা কৰা।

উত্তৰঃ (ক) সেউজ বিপ্লৱ হ’ল খাদ্য শস্যৰে পথাৰ সেউজীয়া করা। আনহাতে, ‘শুক্ল বিষয়’ হ’ল গাখীৰৰ উৎপাদন উভৈনদী করা। 

(খ) “সেউজ বিপ্লৱত খেতিয়কসকল জড়িত আৰু ‘শুক্ল বিপ্লৱ’ গাখীৰৰ কাৰবাৰৰ লগত জড়িত।

৫ । ভাৰতবৰ্ষত পৰিকল্পনাৰ প্ৰধান উদ্দেশ্য লিখা।

উত্তৰঃ পৰিকল্পনাৰ লক্ষ্য –

(ক) ৰাষ্ট্ৰীয় আয় বৃদ্ধি কৰা, 

(খ) জনমুৰি আয় বৃদ্ধি করা,

(গ) দ্রুত উদ্যোগীকৰণ কৰা, 

(ঘ) খাদ্য ভড়াল টনকিয়াল কৰা, 

(ঙ) কৃষি উৎপাদন বৃদ্ধি কৰা, 

(চ) জীৱনৰ মানদণ্ড বৃদ্ধি কৰা। 

৬।দেশৰ আৰ্থ-সামাজিক বিকাশত পৰিকল্পনা আয়োগৰ ভূমিকা কি? 

উত্তৰঃ পৰিকল্পনা আয়োগৰ সকলো নীতির মূল উদ্দেশ্য জনসাধাৰণক সুৰক্ষা প্ৰদান কৰাৰ

লগতে— (ক) সকলো নাগৰিকক জীৱিকাৰ প্ৰয়োজনীয় মাধ্যম প্রদান করা, 

(খ) সম্প্ৰদায়ৰ উৎপাদিত সম্পদৰ অধিকাৰ আৰু নিয়ন্ত্রণ জনসাধাৰণৰ ভালৰ বাবে সুৰক্ষিত কৰি ৰখা আৰু

(গ) অর্থনৈতিক ব্যৱস্থা কার্যকাবিতাৰ ক্ষেত্ৰত সম্পত্তিৰ কেন্দ্ৰীতকৰণ আৰু উৎপাদনৰ মাধ্যম জনসাধাৰণে নিৰ্ধাৰণ কৰিব। 

৭।পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ কাৰ্য্য পৰিধি আলোচনা কৰা।

         অথবা

পৰিকল্পনা প্রস্তুত প্রক্রিয়া সম্পর্কে কেইশাৰীমান লিখা? 

উত্তৰঃ পৰিকল্পনা আয়োগ ১৯৫০ চনত গঠন কৰা হৈছিল।

পৰিকল্পনা আয়োগৰ সকলো নীতিৰ মূল উদ্দেশ্য জনসাধাৰণক সুৰক্ষা প্ৰদান কৰাৰ লগতে—

(ক) সকলো নাগৰিকক জীৱিকাৰ প্ৰয়োজনীয় মাধ্যম প্ৰদান কৰা,

(খ)সম্প্ৰদায়ৰ উৎপাদিত সম্পদৰ অধিকাৰ আৰু নিয়ন্ত্ৰণ জনসাধাৰণৰ ভালৰ বাবে সুৰক্ষিত কৰি ৰথা আৰু

(গ) অর্থনৈতিক ব্যৱস্থা কার্যকাৰিতাৰ ক্ষেত্ৰত সম্পত্তিৰ কেন্দ্ৰীতকৰণ আৰু উৎপাদনৰ মাধ্যম জনসাধাৰণে নিৰ্ধাৰণ কৰিব।

৮।বিকেন্দ্রীকৃত পৰিকল্পনা কি?

উত্তৰঃ বিকেন্দ্রীকৃত পৰিকল্পনাই স্থানীয় পৰ্য্যায়ত প্রস্তুত আৰু প্ৰণয়ন কৰা পৰিকল্পনাক গুৰুত্ব দিয়া হয়। এই ধৰণৰ পৰিকল্পনাই সীমিত আৰু ক্ষুদ্ৰ পৰিসৰত উদ্যোগ প্রতিষ্ঠান আৰু বিভিন্ন উন্নয়ন প্রকল্প স্থাপনৰ নীতি গ্ৰহণ কৰে। বিকেন্দ্রীকৃত পৰিকল্পনাত জনসাধাৰণক উন্নয়নমূলক

আঁচনিত অংশ গ্ৰহণৰ বাবে সুযোগ আৰু উৎসাহ প্রদান কৰা হয়। উদাহৰণস্বৰূপে, ‘কেৰেলা মডেল’ৰ কথা উল্লেখ কৰিব পাৰি।

৯।ভূমি সংস্কাৰ কি? ভূমি সংস্কাৰৰ বিভিন্ন পৰামৰ্শসমূহ আলোচনা কৰা।

 উত্তৰঃ ভূমি সংস্কাৰ মানে হীন কৃষক, শ্রমিক আৰু দৰিদ্ৰ জনসাধাৰণক প্রয়োজনীয় ভূমি প্ৰদান কৰা। ভূমি সংস্কাৰৰ এটা উপাদান হ’ল জমিদাৰী প্ৰথা বিলোপ কৰা আৰু মাটিৰ উধৰ্তম সীমা নিৰ্ধাৰণ কৰা। অর্থাৎ এজন মানুহে নিজৰ নামত কিমান পৰিমাণৰ মাটি ৰাখিব পাৰিব তাৰ উধতম সীমা নিৰ্ধাৰণ কৰা আৰু অতিৰিক্ত মাটি ভূমিহীন কৃষকসকলক আৱণ্টন দিয়া।

১০। ভাৰতবৰ্ষৰ পৰিকল্পনা ব্যৱস্থাটো বৰ্ণনা কৰা। 

উত্তৰঃ পৰিকল্পনা আয়োগৰ সকলো নীতিৰ মূল উদ্দেশ্য জনসাধাৰণক সুৰক্ষা প্ৰদান কৰাৰ

লগতে— 

(ক) সকলো নাগৰিকক জীৱিকাৰ প্ৰয়োজনীয় মাধ্যম প্রদান করা, 

(খ) সম্প্ৰদায়ৰ উৎপাদিত সম্পদৰ অধিকাৰ আৰু নিয়ন্ত্রণ জনসাধাৰণৰ ভালৰ বাবে সুৰক্ষিত কৰি ৰখা আৰু

(গ) অর্থনৈতিক ব্যৱস্থা কার্যকাবিতাৰ ক্ষেত্ৰত সম্পত্তিৰ কেন্দ্ৰীতকৰণ আৰু উৎপাদনৰ মাধ্যম জনসাধাৰণে নিৰ্ধাৰণ কৰিব। 

১১। বজাৰ অৰ্থনীতিৰ যুগত পৰিকল্পনাৰ প্ৰাসংগিকতা কি? 

উত্তৰঃ বজাৰ অৰ্থনীতিৰ যুগত পৰিকল্পনাৰ প্ৰাসংগিকতা হ্রাস পোৱা নাই। অগ্ৰাধিকাৰ ভিত্তিত জনসাধাৰণৰ কল্যানৰ দিশটোক মনোযোগ দি পৰিকল্পনা প্রস্তুত কৰা হয়। পৰিকল্পনাই স্থানীয় পর্যায় উন্নয়নমূলক আঁচনিত জনসাধাৰণক অংশগ্ৰহণৰ বাবে সুয়োগ আৰু উৎসাহ প্রদান, কৰে।

১২। সেউজ বিপ্লৱৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ফলাফল আলোচনা কৰা। 

 উত্তৰঃ সেউজ বিপ্লৱৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ফলাফল :-

(ক) এই বিনিয়োগ আৰু আঁচনিসমূহে দেশত জলসিঞ্চন ব্যৱস্থাৰ দ্ৰুত প্ৰসাৰণ সাধন কৰে। উদাহৰণস্বৰূপে সেউজ বিপ্লৱৰ পূৰ্বে দেশখনত বছৰি ১ নিযুত হেক্টৰ মাটিত জলসিঞ্চনৰ ব্যৱস্থা সংযোজিত হৈছিল। কিন্তু সেউজ বিপ্লৱ সূচনা হোৱাৰ পাছত ১৯৭০ ৰ দশকত বছৰি ২.৫ নিযুত হেক্টৰ মাটিত জলসিঞ্চন ব্যৱস্থা সংযোজিত হৈছিল। সেইদৰে, এই সময়ছোৱাত দ্ৰুত হাৰত কৃষিখণ্ডত বৈদ্যুতিক তথা ডিজেল পাম্পচেট আৰু নলীনাদ যোগান ধৰা হ’ল। ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যৰো দ্রুত প্রয়োগ ঘটিবলৈ ধৰিলে।

(খ) এই ব্যৱস্থাসমূহে কৃষিখণ্ডৰ উৎপাদন ক্ষমতা বৃদ্ধিত অৰিহণা যোগালে। উদাহৰণস্বৰূপে, ১৯৬৭-৬৮ আৰু ১৯৭০-৭১ চনৰ সময়ছোৱাত দেশত খাদ্যদ্ৰব্যৰ উৎপাদন ৩৫ শতাংশ বৃদ্ধি পালে। তাৰ ফলত, খাদ্যদ্ৰব্যৰ আমদানিৰ পৰিমাণো হ্রাস পাবলৈ ধৰিলে।

১৩। কাক ‘ভাৰতৰ গুৱাল’ বুলি কোৱা হৈছিল ? শ্বেত বিপ্লৱৰ বিষয়ে আলোচনা কৰা।

 উত্তৰঃ ভাগিছে কুৰিয়েনক ‘ভাৰতৰ গুৱাল’ বুলি কোৱা হয়। কৃষিখণ্ডত হোৱা সেউজ বিপ্লৱৰ দৰেই অন্য এক ক্ষেত্র তো উৎপাদন প্রক্রিয়াত এক বি সংঘটিত হৈছিল। এই বিপ্লৱক শ্বেত বিপ্লৱ বুলি জনা যায়। গাখীৰৰ পৰা উৎপাদিত দ্রব কেন্দ্ৰ কৰি সংঘটিত হোৱা বাবেই ইয়াক শ্বেত বিপ্লৱ বুলি জনা যায়। এই বিপ্লৱ সূচনা হৈছি সমবায়ভিত্তিক বুগ্ধ পামৰ জৰিয়তে। এই বিপ্লৱৰ অন্যতম নেতা হ’ল ভাগিছ কুৰিয়েন আ এওঁক ভাৰতবৰ্ষৰ দুগ্ধ ব্যক্তি” নামেৰেও জনা যায়। আমূল উৎপাদনত গুৰুত্বপূর্ণ ভূমি পালন কৰা গুজৰাট সমবায় মুগ্ধ আৰু মার্কেটিং ফেডাৰচেন লিমিটেড গঠনত ভাৰ্গিছ কুৰিয় মুখ্য ভূমিকা পালন কৰিছিল।

১৪।সেউজ বিপ্লৱ আৰু শ্বেত বিপ্লৱৰ মাজ পাৰ্থক্যসমূহ আলোচনা কৰা। 

উত্তৰঃ সেউজ বিপ্লৱ আৰু শ্বেত বিপ্লৱ হৈছে ঘেহু আৰু দুগ্ধ উৎপাদনৰ লগত জড়িত বৃহৎ বিপ্লৱ। দুয়োটা বিপ্লৱৰ মাজত নিম্নোক্ত প্রভেদসমূহ পৰিলক্ষিত হয় – 

(ক) নতুন কৃষিজাত কৌশলৰ আঁচনি অনুসৰি সেউজ বিপ্লৱ ঘেহু উৎপাদনৰ লগত জড়ি আনহাতে শ্বেত বিপ্লব্ধ, দুগ্ধ উৎপাদনৰ বিষয়ৰ লগত জড়িত।

(খ) পাঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ পশ্চিম অঞ্চলত সেউজ বিপ্লৱ সংঘটিত হৈছি আনহাতে গুজৰাটৰ আনন্দ নগৰত শ্বেত বিপ্লৱটো সংঘটিত হৈছিল।

 (গ) সেউজ বিপ্লৱৰ পিতৃ আছিল স্বামীনাথন আনহাতে শ্বেত বিপ্লৱৰ পিতৃ হিচাপ ভাগি কুৰিয়েনক অভিহিত কৰা হয়।

 (ঘ) সেউজ বিপ্লৱে উচ্চ উৎপাদনক্ষম বিভিন্ন বীজ, সার, কীটনাশক আৰু উন্ন জলসিঞ্চন বিশেষ ৰেহাই হাৰত যোগান ধৰাৰ জৰিয়তে কৃষিজাত উৎপাদনশীলত বৃদ্ধিক উৎসাহিত কৰিছিল। আনহাতে দুগ্ধ সমবায় সমাজ সংঘবদ্ধ কৰাৰ জৰিয়তে শ্বেত বিপ্লবে দুগ্ধ উৎপাদনক উৎসাহিত কৰিছিল।

 ১৫। ১৯৫০ চনৰ কেবিনেট সিদ্ধান্তটো কি আছিল? মিশ্র অৰ্থনীতিৰ লক্ষ্য সম্পর্কে ব্যাখ। কৰা ।

উত্তৰঃ মিশ্ৰ অৰ্থনীতিৰ লক্ষ্য সম্পর্কত ১৯৫০ চন কেবিনেটৰ সিদ্ধান্তই পৰিকল্পনা আয়োগ্য পৰিসৰৰ আধাৰত নিম্নোক্ত উদ্দেশ্যসমূহ আগবঢ়াইছিল

(ক) পুৰুষ-মহিলা সকলো নাগৰিকৰ বাবে উপযুক্ত জীৱন নিৰ্বাহৰ উপায়ৰ অধিকাৰ থাকি

 (খ) মুহীয়া সম্পদৰ মালিকীস্বত্ব একেদৰে বিতৰণ কৰা হ’ব যাতে উৎকৃষ্টভাৱে সামুহিব মংগল সাধন হয় আৰু 

(গ) অর্থনৈতিক ব্যৱস্থা কাৰ্যকৰী কৰোঁতে যাতে সম্পদ আৰু উৎপাদনৰ উপায়সমূ কেন্দ্ৰীভূত হৈ সামূহিক মংগলৰ পৰিপন্থী নহ’ব।

১৬। পৰিকল্পনা যুগুত কৰাৰ প্ৰক্ৰিয়া সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদৰ দ্বাৰা প্রতি নির্দেশনাৱলীৰ ভিত্তিত পৰিকল্পনা আয়োগে পৰিকল্পনা প্রস্তুত কৰে।

(ক) চূড়ান্ত পৰিকল্পনাৰ এক খচৰা কেন্দ্ৰীয় কেবিনেটে বিবেচনা কৰি অনুমোদনৰ বাবে ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদলৈ প্ৰেৰণ কৰে।

(খ) ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ আৰু কেবিনেটৰ অনুমোদনৰ পিছত পৰিকল্পনাৰ খচৰা সংসদত দাখিল কৰা হয় ।।

(গ) পৰিকল্পনাখন প্রস্তুতকৰণৰ পিছত পৰিকল্পনাখনৰ ফলপ্ৰসূ ৰূপায়ণ আৰু সম্পদৰ আৱণ্টনৰ সূচলতাৰ অৰ্থে বাৰ্ষিক পৰিকল্পনা কৰাৰ বিভক্ত কৰা হয়। পৰিকল্পনাখনৰ ৰূপায়ণ কার্য পৰিকল্পনা আয়োগৰ পৰিৱৰ্তে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা সম্পাদন কৰা হয়।

১৭॥ খালী ঠাই পূৰণ কৰাঃ

(ক) পৰিকল্পনা আয়োগ স্থাপিত হৈছিল ___________ চনৰ মাৰ্চত।

উত্তৰঃ ১৯৫০।

(খ) ভাৰতৰ পৰিকল্পনা আয়োগে ___________ বাৰ্ষিক পৰিকল্পনাৰ দিহা দিছিল। 

উত্তৰঃ পঞ্চবার্ষিক।

(গ) দ্বিতীয় পঞ্চবার্ষিক পরিকল্পনাত গুৰু ___________ ৰ ওপৰত জোৰ দিছিল।

উত্তৰঃ উদ্যোগ।

(ঘ) ভাৰতীয় পৰিকল্পনাকাৰীসকলে উদ্যোগৰ সত্তলন সৃষ্টি কৰিছিল আৰু জটিলতাসমূহ ___________

উত্তৰঃ কৃষিত।

(ঙ) সপ্তম পঞ্চবার্ষিক পৰিকল্পনা আৰম্ভ হৈছিল ___________ চনৰ এপ্ৰিলত।

উত্তৰঃ ১৯৮১।

(চ) একাদশ পঞ্চবার্ষিক পৰিকল্পনা আৰম্ভ হৈছিল ___________ ত।

উত্তৰঃ ২০১২ চনত।

১৮। পৰিকল্পনা আয়োগে ইয়াৰ কাৰ্যাৱলী কিদৰে পৰিচালনা কৰে?

উত্তৰঃ ১৯৫০ চনৰ ১৫ মাৰ্চত ভাৰত চৰকাৰৰ এক সাধাৰণ প্ৰস্তাবৰ দ্বাৰা পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল। পৰিকল্পনা আয়োগৰ প্ৰধান কাৰ্যাৱলীবোৰ হ’ল–

(ক)দেশৰ পাৰ্থিৱ মূলধন আৰু মানব সম্পদৰাজিৰ সঠিক মূল্যায়ন কৰা।

(খ)দেশৰ সম্পদৰাজিৰ অধিক ফলপ্ৰসু আৰু ভাৰসাম্যপূর্ণ ব্যৱহাৰৰ উপযোগীকৈ এক আঁচনি যুগত কৰা। 

(গ) আঁচনিখনৰ প্ৰতিটো পর্যায়তো সকলোবিলাক দিশৰ সফল ৰূপায়নৰ নিশ্চয়তা প্ৰদানৰ

বাবে যাবতীয় ৰূপায়নকাৰীৰ প্ৰকৃতি নিৰ্দ্ধাৰণ কৰা। 

(ঘ) অগ্ৰাধিকাৰ নিৰূপণ কৰা, আঁচনিখন ৰূপায়িত কৰিব পৰা পর্যায়ক সংজ্ঞায়িত কৰা আৰু সম্পদ আৱণ্টনৰ প্ৰস্তাব আগবঢ়োৱা যাতে প্রতিটো পৰ্যায়ৰ কথা সম্পূর্ণ হয়।

দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান প্ৰশ্নোত্তৰ

Sl. No.সূচী-পত্ৰ
Unit 1প্ৰথম খণ্ড
Chapter 1শীতল যুদ্ধৰ যুগ
Chapter 2দ্বি ৰাষ্ট্ৰবাদৰ অৱসান
Chapter 3 আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য
Chapter 4ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ
Chapter 5সাম্প্রতিক দক্ষিণ এছিয়া
Chapter 6আন্তর্জাতিক সংগঠন
Chapter 7সাম্প্রতিক বিশ্বত নিৰাপত্তা
Chapter 8পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ
Chapter 9বিশ্বায়ন
Unit 2দ্বিতীয় খণ্ড
Chapter 1জাতি গঠনৰ প্ৰত্যাহ্বান
Chapter 2এক দলীয় প্রাধান্যৰ যুগ
Chapter 3পৰিকল্পিত বিকাশৰ ৰাজনীতি
Chapter 4ভাৰতৰ বৈদেশিক সম্বন্ধ
Chapter 5কংগ্রেছ ব্যৱস্থাৰ প্রতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্রতিষ্ঠা
Chapter 6গণতন্ত্রৰ সংকট
Chapter 7গণ আন্দোলনৰ অভ্যুত্থান
Chapter 8আঞ্চলিক আকাংক্ষাবোৰ
Chapter 9ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ

১৯। স্বাধীনতাৰ প্ৰথম দশকটোত বহুবোৰ বিতৰ্কৰ অৱতাৰণা হৈছিল’ – কিয় ? 

 উত্তৰঃ স্বাধীনতাৰ প্ৰথম দশকটোৰ বহুবোৰ বিতৰ্কৰ অৱতাৰণা হৈছিল। এতিয়াৰ দৰে তেতিয়াও জনসাধাৰণে বিকল্প জোখ-মাপ কৰাৰ মানদণ্ড হিচাপে পাশ্চাত্যলৈ আঙুলিয়াইছিল। বিকল্পক্রমে অধিক ‘আধুনিক’ হোৱা সূচাইছিল আৰু আধুনিকে পাশ্চাত্যৰ ঔদ্যোগিক ৰাষ্ট্ৰৰ দৰে হোৱাটো বুজাইছিল। সাধাৰণ মানুহৰ মনতে বিশেষজ্ঞসকলেও এইদৰে ভাবিছিল। এনেদৰে বিশ্বাস কৰা হৈছিল যে প্রত্যেক ৰাষ্ট্ৰই পাশ্চাত্য ৰাষ্ট্ৰৰ দৰে আধুনিকীকৰণ প্ৰক্ৰিয়াৰে আগবাঢ়ি যাব। এই প্ৰক্ৰিয়াটো পৰম্পৰাগত সামাজিক গাঁথনি ভংগ কৰা আৰু পুঁজিবাদ আৰু উদাৰতাবাদৰ উত্থানৰ লগত জড়িত আছিল। বুদ্ধি, বক্তবাদী প্ৰগতি আৰু বৈজ্ঞানিক যুক্তিযুক্ততা এনে ধৰণৰ ধাৰণাই ৰাষ্ট্ৰসমূহত উন্নত, উন্নয়নশীল আৰু অনুন্নত ৰাষ্ট্ৰ হিচাপে অভিহিত কৰাৰ পথ প্ৰশস্ত কৰিছিল।

২০। প্রথম পাঁচ বছৰীয়া পৰিকল্পনা ব্যাখ্যা কৰা।

উত্তৰঃ ১৯৫১ চনত আৰম্ভ হোৱা প্ৰথম পঞ্চবার্ষিক পৰিকল্পনাৰ উদ্দেশ্য আছিল দ্বিতীয় বিশ্বযুদ্ধ আৰু ভাৰত বিভাজনৰ ফলস্বৰূপে অৱনতি ঘটা ভাৰতৰ অৰ্থনৈতিক পৰিস্থিতিৰ পুনৰুৰ্দ্ধাৰ কৰা আৰু খাদ্য শস্যৰ, কপাহ আৰু মৰাপাটৰ উৎপাদন বৃদ্ধি কৰা। এই পৰিকল্পনাত কৃষিখণ্ডৰ বিকাশৰ সৈতে জড়িত নদী বান্ধৰ আৰু জলসিঞ্চন ব্যৱস্থাৰ প্ৰতি প্রথম পৰিকল্পনাই গুৰুত্ব দিছিল। এই পৰিকল্পনাত ভাক্ৰা নাঙল বান্ধৰ দৰে বৃহৎ প্ৰকল্পৰ বাবে পুঁজি ধার্য কৰা হয়। এই পৰিকল্পনাত ভাৰতৰ সাৰ্বজনীন বিকাশৰ বাবে ভূমি সংস্কাৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। কৃষিকাৰ্যৰ বাবে অধিক পৰিমানৰ ভূমি সামৰি লোৱাৰ বাবে খাদ্যশস্য, কপাহ আৰু মৰাপাটৰ উৎপাদন বৃদ্ধিৰ যি লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল সেই লক্ষ্য সামগ্রিকভাবে পূৰণ হৈছিল। এই পৰিকল্পনাতে মুদ্রাস্ফীতিৰ হাৰ হ্ৰাস কৰাৰ লগতে শৰণাৰ্থীসকলৰ পুনৰ সংস্থাপনৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছিল। এই পৰিকল্পনাই জাতীয় আয় বৃদ্ধি আৰু জনসাধাৰণৰ জীবন ধাৰণৰ মানদণ্ডৰ সুস্থিৰ বৃদ্ধিৰ বাবে এক সৰ্বসত্ত্বলিত বিকাশৰ চেষ্টা কৰিছিল।

২১। ভাৰতৰ শ্বেত বিপ্লৱ আলোচনা কৰা।

উত্তৰঃ গাখীৰৰ পৰা উৎপাদিত দ্রব্যক কেন্দ্ৰ কৰি সংঘটিত হোৱা বিপ্লৱক শ্বেত বিপ্লব বোলা হয়। এই বিপ্লব সূচনা হৈছিল সমবায়ভিত্তিক দুগ্ধ পামৰ জৰিয়তে। এই বিপ্লবৰ অন্যতম নেতা আছিল ভাগিজ কুৰেইন। গুজৰাটৰ আনন্দ নামৰ চহৰত আৰম্ভ হোৱা আমূল নামৰ দুগ্ধ সমবায় আন্দোলনত ৰাজ্যখনত ২.৫ নিযুত দুগ্ধ উৎপাদনকাৰী যোগদান কৰিছিল। আমূল আৰ্হি দেশৰ গ্রাম্য বিকাশৰ আৰ্হিৰূপে গা কৰি উঠিল। ১৯৭০ ৰ দশকত আৰম্ভ কৰা অপাৰেশ্যন ফ্রাগু নামৰ আঁচনিৰ জৰিয়তে অধিক দুগ্ধ উৎপাদনৰ লক্ষ্য আগত ৰাখি দেশজুৰি দুগ্ধ উৎপাদনকাৰীসকলক সংগঠিত কৰা হয়।

২২। ভাৰতত পৰিকল্পনাৰ মুখ্য উদ্দেশ্যবোৰ কি কি ?

উত্তৰঃ ভাৰতত পৰিকল্পনাৰ মুখ্য উদ্দেশ্যবোৰ হ’ল–

(ক) জীৱন ধাৰণৰ মানদণ্ডৰ উন্নতি, 

(খ) জাতীয় আয় বৃদ্ধি, 

(গ) সম্পদ দক্ষ ব্যৱহাৰ, 

(ঘ) অর্থনৈতিক অসমতা হ্রাস, 

(ঙ) সামাজিক ন্যায় প্রতিষ্টা কৰা, 

(চ) আঞ্চলিক বিকাশ সাধন কৰা।

২৩। দেশৰ আৰ্থ-সামাজিক উন্নয়নত পৰিকল্পনা আয়োগৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ পৰিকল্পনা আয়োগে ভাৰতৰ আধুনিকীকৰণ আৰু বিকাশৰ ক্ষেত্ৰত এক অতি তাৎপর্যপূর্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। এই আয়োগে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ বাবে পঞ্চবার্ষিক পৰিকল্পনা আৰম্ভ কৰে। পৰিকল্পনাৰ ফলত ৭১% বছৰি জনমূৰি আয় বৃদ্ধি পাইছে। পৰিকল্পনা আয়োগৰ প্ৰচেষ্টা আৰু কৃষিখণ্ডত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰৰ ওপৰত গুৰুতব প্ৰদানৰ ফলস্বৰূপে ১৯৬৬-৬৭ চনত সেউজ বিপ্লৱৰ আৰম্ভ হয়। আয়োগে ঔদ্যোগিক খণ্ডৰ বিকাশতো যথেষ্ট বৰঙণি আগবঢ়াইছে। শিক্ষা, চিকিৎসা শাস্ত্ৰ আদিতো যথেষ্ট উন্নতি হৈ আছে। সামাজিক ন্যায় প্রতিষ্ঠাত আয়োগৰ অৱদান উল্লেখযোগ্য। অর্থাৎ ভাৰতৰ আৰ্য-সামাজিক বিকাশত পৰিকল্পনা আরোগে প্রশংসনীয় ভূমিকা গ্ৰহণ কৰি আছে।

(ঘ)দীঘল প্রশ্নোত্তৰঃ মূল্যাংক : ৬ নম্বৰকৈ

১।বিকাশৰ ধাৰণাটো আলোচনা কৰা।

উত্তৰঃ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ মুহূৰ্তৰ পৰাই ‘বিকাশ’ৰ ধাৰণাটোক লৈ বিতর্ক হৈ আহিছে। 

সাধাৰণতে আমি যেতিয়া ‘বিকাশ’ বুলি কওঁ তেতিয়া আমাৰ মনলৈ তলত দিয়া ধাৰণাবোৰ আহে :

(ক) আধুনিকীকৰণ 

(খ) উদ্যোগীকৰণ 

(গ) উচ্চ প্রযুক্তিৰ ব্যৱহাৰ 

(ঘ) উৎপাদন বৃদ্ধি 

(ঙ) প্রতিযোগিতামূলক অর্থনীতি

পশ্চিমীয়া ঔদ্যোগিক দেশসমূহক মাপকাঠি হিচাপে লৈয়েই পৃথিৱীৰ বিভিন্ন দেশক উন্নত উন্নয়নশীল আৰু অনুন্নত – এই তিনিটা স্তৰত বিভক্ত কৰা হৈছিল। ভাৰতবৰ্ষই যি সময়ত স্বাধীনত অৰ্জন কৰিছিল, সেই সময়ত পৃথিৱীত প্রধানতঃ দুই ধৰণ ‘বিকাশ আৰ্হি’ প্রচলিত আছিল : (ক) উদাৰ-পুঁজিবাদী আৰ্হি (খ) সমাজবাদী আৰ্হি 

এই দুয়োটা আৰ্হিৰ মাজত প্ৰধান পার্থক্য আছিল এইয়ে যে উদাৰ-পুঁজিবাদীৰ আৰ্হিত অধিক উৎপাদনৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছিল আৰু ব্যক্তিগত পুঁজিবাদীসকলে এই বিকাশ প্ৰক্ৰিয়াটোত অগ্ৰাধিকাৰ লাভ কৰিছিল। উৎপাদিত পণ্য বা সেৱা সকলোৰে সম সুযোগ সুবিধাৰ বাবে বিতৰণ কৰিব লাগিব বুলি কোনো কথা নাছিল।

সমাজবাদী আৰ্হিত বিকাশ প্ৰক্ৰিয়াটো প্রধানতঃ নিয়ন্ত্ৰণ কৰিছিল ৰাষ্ট্ৰই। লক্ষ্য আছিল সমাজৰ সকলোৰে বাবে সম সুযোগ-সুবিধাৰ সৃষ্টি কৰা। অর্থাৎ এই আৰ্হিৰ উৎপাদন বৃদ্ধিৰ লগত সামাজিক ন্যায় প্রতিষ্ঠাৰ প্ৰশ্নটোও জড়িত হৈ আছিল। ‘বিকাশ’ৰ জৰিয়তে উৎপাদিত সেৱা বা পণ্যৰ নিয়ন্ত্ৰণ আৰু বিতৰণৰ ক্ষেত্ৰত এই দুই আৰ্হিৰ

মাজত পার্থক্য থাকিলেও ‘বিকাশ’ বুলি কওঁতে সমাজবাদী ৰাষ্ট্ৰসমূহেও আধুনিকীকৰণ,

উদ্যোগীকৰণ আৰু উচ্চ প্রযুক্তিৰ ওপৰত গুৰুত্ব দিছিল।

২।১৯৬৫ আৰু ১৯৬৭ চনৰ খাদ্য সংকটৰ বিষয়ে ব্যাখ্যা আগবঢ়োৱা।

    অথবা

বিহাৰৰ খাদ্য সংকট সম্পর্কে লিখা।

 উত্তৰঃ ১৯৬০-ৰ দশকটো আছিল ভাৰতীয় ৰাজনীতি আৰু অৰ্থনীতিৰ বাবে মহা দুৰ্যোগৰ কাল। ১৯৬২ চনত চীনৰ সৈতে আৰু ১৯৬৫ চনত পাকিস্তানৰ সৈতে হোৱা যুদ্ধ আৰু ১৯৬৫-৬৭ চনত হোৱা খৰাং বতৰে ভাৰতীয় অর্থনীতিক কাবু কৰি পেলাইছিল। এই দুৰ্যোগৰ ভয়াৱহ ফলশ্রুতি আছিল দেশৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা দুর্ভিক্ষসম পৰিস্থিতি আৰু ব্যাপক খাদ্য সংকট।

১৯৬৫ আৰু ১৯৬৬ – এই দুয়োটা বছৰতে বৰষুণ সংঘাতিকভাৱে কমি আহিছিল—ইংৰাজীত যাক “Monsoon Failure” বুলি কোৱা হয়। ইয়াৰ ফলত দেশত কৃষিখণ্ডৰ উৎপাদন ১৭% আৰু খাদ্য দ্রব্যৰ উৎপাদন ২০% কমি আহিছিল। ইয়াৰ ফলত মূল্যবৃদ্ধি ব্যাপক হাৰত বাঢ়িছিল আৰু খাদ্যদ্রব্যৰ দামো অভূতপূৰ্বভাৱে বৃদ্ধি পাইছিল। দেশৰ বৈদেশিক মুদ্ৰাৰ ভঁৰালো দুৰ্বল  হোৱাৰ হেতুকে ব্যাপক হাৰত খাদ্যৰ আমদানি কৰাটোও ভাৰতবৰ্ষৰ বাবে সম্ভৱপৰ কথা নাছিল।

 এই সময়ছোৱাত অর্থাৎ ১১৯৬৬ চনৰ পৰা ১৯৬৯ চনলৈ ভাৰত চৰকাৰে পঞ্চবার্ষিক পৰিকল্পনা স্থগিত ৰাখিবলৈকো বাধ্য হয়। ১৯৬৬ চনত আৰম্ভ হ’বলগীয়া চতুর্থ পঞ্চবার্ষিক পৰিকল্পনা ১৯৬৯ চনৰ এপ্রিল মাহত আৰম্ভ হয়।

এই খাদ্য সংকটৰ সময়ত পৃথিৱীত উন্নত দেশসমূহে, বিশেষকৈ মার্কিন যুক্তৰাষ্ট্ৰই ভাৰতবৰ্ষলৈ আগবঢ়োৱা অৰ্থ সাহায্য পাক-ভাৰত যুদ্ধৰ পৰিপ্ৰেক্ষিতত বাতিল কৰে। আন্তর্জাতিক মুদ্ৰানিধি বিশ্ববেংক আৰু মার্কিন যুক্তৰাষ্ট্ৰই এই পৰিস্থিতি মোকাবিলা কৰিবৰ বাবে ভাৰত চৰকাৰে স্বাধীনতাৰ সময়ৰে পৰা গ্ৰহণ কৰি অহা “আত্মনিৰ্ভৰশীলতা”ৰ নীতি পৰিবৰ্তন কৰাৰ বাবেও হেঁচা প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰে।

৩ ।সেউজ বিপ্লৱ কি? সেউজ বিপ্লৱ কেনেকৈ আৰম্ভ কৰিছিল ? 

     অথবা

সেউজ বিপ্লৱৰ দুটা সকাৰাত্মক আৰু নকাৰাত্মক ফলাফল লিখা। 

উত্তৰঃ ভাৰত চৰকাৰে কৃষিখণ্ডৰ আধুনিকীকৰণ আৰু অধিক শস্য উৎপাদনৰ বাবে বহুবোৰ নতুন কৌশল গ্ৰহণ কৰিছিল। এই কৌশল বা নীতিসমূহে ভাৰতবৰ্ষৰ কৃষিখণ্ডত এক বৈপ্লৱিক পৰিৱৰ্তন অনা বুলি দাবী কৰা হয়। এই নীতিসমূহক “সেউজ বিপ্লৱ” নামেৰে জনা যায়। এই বিপ্লৱে ভিক্ষাৰ পাত্ৰ লৈ খাদ্যৰ বাবে আনৰ ওচৰত হাত পাতিবলগীয়া হোৱা ভাৰতবৰ্ষৰ ভাৱমূর্তি সম্পূর্ণরূপে পৰিৱৰ্তন কৰি ভাৰতবৰ্ষক এখন খাদ্য ৰাহি দেশলৈ ৰূপান্তৰিক কৰা বুলিও দাবী কৰা হয়।

সেউজ বিপ্লৱৰ দুটা ইতিবাচক ফলাফল :

(ক) এই বিনিয়োগ আৰু আঁচনিসমূহে দেশত জলসিঞ্চন ব্যৱস্থাৰ দ্ৰুত প্ৰসাৰণ সাধন কৰে। উদাহৰণস্বৰূপে সেউজ বিপ্লৱৰ পূৰ্বে দেশখনত বছৰি ১ নিযুত হেক্টৰ মাটিত জলসিঞ্চনৰ ব্যৱস্থা সংযোজিত হৈছিল। কিন্তু সেউজ বিপ্লৱ সূচনা হোৱাৰ পাছত ১৯৭০ ৰ দশকত বছৰি ২.৫ নিযুত হেক্টৰ মাটিত জলসিঞ্চন ব্যৱস্থা সংযোজিত হৈছিল। সেইদৰে, এই সময়ছোৱাত দ্ৰুত হাৰত কৃষিখণ্ডত বৈদ্যুতিক তথা ডিজেল পাম্পচেট আৰু নলীনাদ যোগান ধৰা হ’ল। ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যৰো দ্রুত প্রয়োগ ঘটিবলৈ ধৰিলে।

(খ) এই ব্যৱস্থাসমূহে কৃষিখণ্ডৰ উৎপাদন ক্ষমতা বৃদ্ধিত অৰিহণা যোগালে। উদাহৰণস্বৰূপে, ১৯৬৭-৬৮ আৰু ১৯৭০-৭১ চনৰ সময়ছোৱাত দেশত খাদ্যদ্রব্যৰ উৎপাদন ৩৫ শতাংশ বৃদ্ধি পালে। তাৰ ফলত, খাদ্যদ্রব্যৰ আমদানিৰ পৰিমাণো হ্রাস পাবলৈ ধৰিলে।

সেউজ বিপ্লৱৰ দুটা নেতিবাচক ফলাফল: 

(ক) সেউজ বিপ্লৱ দেশৰ সকলো ৰাজ্য বা প্রান্ততে সংঘটিত হোৱা নাছিল। পাঞ্জার, হাবিয়ানা দৰে কিছুমান বিশেষ ৰাজ্যতহে এই বিপ্লব সংঘটিত হ’ল। ইয়াৰ ফলশ্ৰুতি হিচাপে দেশৰ ভিতৰতে কৃষিখণ্ডত আঞ্চলিক বৈষম্য বৃদ্ধি পাব ধৰিলে।

 (খ) সেউজ বিপ্লৱে দেশত এক শক্তিশালী কৃষক শ্ৰেণীৰ উত্থান ঘটাই। এই শ্ৰেণীটো

ক্রমান্বয়ে ৰাজনৈতিকভাৱেও শক্তিশালী হৈ উঠে আৰু কৃষিখণ্ডলৈ আগবঢ়োৱা ৰাজ সাহায্য তেওঁলোকে হস্তগত কৰিবলৈ ধৰে।

(গ) কৃষি বিপ্লৱৰ দ্বাৰা অৱহেলিত অঞ্চল আৰু কৃষকসকলৰ মাজত মাওবাদী শক্তিসমূহ শক্তিশালী হৈ উঠে।

8 । দুগ্ধ মানৱ বুলি কাক কোৱা হয়? শ্বেত বিপ্লৱৰ বিষয়ে আলোচনা কৰা।

    অথবা

গুজৰাটৰ দুগ্ধ বিপ্লৱৰ বিষয়ে এটি টোকা লিখা।

 উত্তৰঃ কৃষিখণ্ডত হোৱা সেউজ বিপ্লৱৰ দৰেই অন্য এক ক্ষেত্র তো উৎপাদন প্রক্রিয়াত এক বিপ্লৱ সংঘটিত হৈছিল। এই বিপ্লৱক শ্বেত বিপ্লৱ বুলি জনা যায়। গাখীৰৰ পৰা উৎপাদিত দ্ৰব্যক কেন্দ্ৰ কৰি সংঘটিত হোৱা বাবেই ইয়াক শ্বেত বিপ্লৱ বুলি জনা যায়। এই বিপ্লৱ সূচনা হৈছিল সমবায়ভিত্তিক দুগ্ধ পামৰ জৰিয়তে। এই বিপ্লৱৰ অন্যতম নেতা হ’ল ভাগিজ কুৰেইন আৰু এওঁক ‘ভাৰতবৰ্ষ’ৰ “দুগ্ধ ব্যক্তি” নামেৰেও জনা যায়। আমূল উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা গুজৰাট সমবায় দুগ্ধ আৰু মার্কেটিং ফেডাৰচেন লিমিটেড গঠনত ভাগির্জ কুৰেইনে মুখ্য ভূমিকা পালন কৰিছিল।

গুজৰাটৰ আনন্দ নামৰ চহৰত আৰম্ভ হোৱা আমূল নামৰ দুগ্ধ সমবায় আন্দোলনত ৰাজ্যখনত ২.৫ নিযুত দুগ্ধ উৎপাদনকাৰীয়ে যোগদান কৰিছিল। আমূল আৰ্হি দেশৰ গ্ৰাম্য বিকাশৰ আৰ্হিৰূপে গা কৰি উঠে। ১৯৭০ ৰ দশকত আৰম্ভ কৰা “অপাৰেশ্যন ফ্লাড” নামৰ আঁচনিৰ জৰিয়তে অধিক দুগ্ধ উৎপাদনৰ লক্ষ্য আগত ৰাখি দেশজুৰি দুগ্ধ উৎপাদনকাৰীসকলক সংগঠিত কৰা হয়। দুগ্ধ দ্রব্য ক্রেতাসকলক উৎপাদনকাৰীসকলৰ সৈতে লগ লগাই দিয়া হয় আৰু মধ্যভোগীসকলক আঁতৰাই পঠিওৱা হয়। এই ব্যবস্থাই দুগ্ধ উৎপাদনকাৰীসকলৰ বাবে বছৰজোৰা নিৰ্দ্ধাৰিত আয়ৰ ব্যৱস্থা কৰিলে। “অপাৰেচন ফ্লাডে” গ্ৰাম্যাঞ্চলৰ বিকাশ আৰু দৰিদ্ৰতা দূৰীকৰণ দৰে আঁচনিও ৰূপায়ন কৰিব ধৰিলে। এই আঁচনিৰ সহায়ত মহিলাসকলে “মহিলা দুগ্ধ সমবায় সমিতি”সমূহ গঠন কৰিব ধৰিলে। অর্থাৎ এই বিপ্লৱে মহিলাসকলক অর্থনৈতিকভাৱে আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰতো অৰিহণা যোগায়।

৫ ।পৰিকল্পনা মানে কি ? উন্নয়নৰ ক্ষেত্ৰত পৰিকল্পনাৰ গুৰুত্ব কি?

 উত্তৰঃ পৰিকল্পনা আয়োগৰ সকলো নীতির মূল উদ্দেশ্য জনসাধাৰণক সুৰক্ষা প্ৰদান কৰাৰ

লগতে— (ক) সকলো নাগৰিকক জীৱিকাৰ প্ৰয়োজনীয় মাধ্যম প্রদান করা, 

(খ) সম্প্ৰদায়ৰ উৎপাদিত সম্পদৰ অধিকাৰ আৰু নিয়ন্ত্রণ জনসাধাৰণৰ ভালৰ বাবে সুৰক্ষিত কৰি ৰখা আৰু

(গ) অর্থনৈতিক ব্যৱস্থা কার্যকাবিতাৰ ক্ষেত্ৰত সম্পত্তিৰ কেন্দ্ৰীতকৰণ আৰু উৎপাদনৰ মাধ্যম জনসাধাৰণে নিৰ্ধাৰণ কৰিব। 

৬। পৰিকল্পনা কালৰ ভিতৰত ভূমি সংস্কাৰৰ বিষয়ে এটা টোকা লিখা। 

উত্তৰঃ পৰিকল্পনা কালছোৱাতে কৃষিখণ্ডত গুৰুত্ব সহকাৰে ভূমি সংস্কাৰৰ প্ৰচেষ্টা চলোৱা হৈছিল। এইবিলাকৰ ভিতৰত ঔপনিবেশিক সময়ৰ জমিদাৰী ব্যৱস্থা বিলোপ সাধন কৰাটো অতিকৈ তাৎপর্যপূর্ণ আৰু সফল আছিল। কেৱল যে কৃষিৰ প্ৰতি আগ্ৰহী নোহোৱা শ্ৰেণীটোৰ হাতৰ পৰা ভূমি মোকলাইছিল এনে নহয়, ই জমিদাৰসকলৰ ৰাজনৈতিক আধিপত্যও হ্ৰাস কৰিছিল।

ভূমি একত্ৰীকৰণৰ অৰ্থাৎ ভূমিৰ ক্ষুদ্ৰ খণ্ডসমূহ একত্ৰিত কৰি কৃষিৰ উপযোগী জোখৰ কৰি লোৱা প্ৰচেষ্টাও বহু পৰিমাণে সফল হৈছিল। ভূমি সংস্কাৰৰ আসোঁৱাহ। অন্যহাতে ভূমিক সংস্কাৰৰ আন দুটা উপাদান অতি কম পৰিমাণেহে সফল হৈছিল।

প্রথমতে, এজন ব্যক্তিয়ে নিজৰ নামত কিমান পৰিমাণ কৃষি ভূমি ৰাখিব পাৰে তাৰ বাবে উচ্চসীমা বা চিলিং নিৰ্দ্ধাৰণ কৰি আইন প্রণয়ন কৰা হৈছিল যদিও অতিৰিক্ত ভূমি থকা মানুহখিনিয়ে আইন ফাঁকি দিবলৈ ব্যৱস্থা কৰিছিল।

দ্বিতীয়তে, আনৰ ভূমিত খেতি কৰা কৃষকৰ উচ্ছেদৰ বিৰুদ্ধে অধিক আইনগত নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল যদিও এই ব্যৱস্থাতো কচিহে কাৰ্যকৰী কৰা হৈছিল। অৱশ্যে কৃষি সম্পৰ্কীয় এই জনহিতকৰ আঁচনি আৰু নীতিসমূহক প্ৰকৃতাৰ্থত কাৰ্যকৰী কৰাটো সহজ কথা নাছিল। গাঁৱৰ দৰিদ্ৰ ভূমিহীন লোকসকলক একত্ৰিত কৰিব পাৰিলেহে এয়া সম্ভৱ হ’লহেতেন কিন্তু ভূমিৰ মালিকসকল অতি আঢ়্যৱন্তশালী আছিল আৰু প্ৰভূত পৰিমাণে ৰাজনৈতিক প্ৰভাৱ বিস্তাৰ কৰিব পাৰিছিল। সেয়ে ভূমি সংস্কাৰৰ বহুতো প্ৰস্তাৱ আইনত পৰিণত হ’ব পৰা নাছিল। যিবিলাক আইনত পৰিণত হৈছিল সেইবোৰো কাগজতেই আছিল, বাস্তৱ ক্ষেত্ৰৰ কাৰ্যকৰী হোৱা নাছিল।

৭। ভাৰতৰ পৰিকল্পনা ৰূপায়ণকাৰীৰ বিষয়ে ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতৰ ১৯৫০ চনৰ মাৰ্চ মাহত ভাৰত চৰকাৰৰ এক সাধাৰণ প্ৰস্তাৱৰ দ্বাৰা পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল। ভাৰতৰ পৰিকল্পনা আৰু উন্নয়নৰ প্ৰক্ৰিয়াটোত আয়োগে এক

বিস্তৃত পৰিসৰ সামৰি লয়। আয়োগৰ প্ৰধান পৰিসৰ হ’ল –

দেশৰ পাৰ্থিৱ, মূলধন আৰু মানৱ সম্পদৰাজিৰ সঠিক মূল্যায়ন কৰা। দেশৰ সম্পদৰাজিৰ অধিক ফলপ্ৰসু আৰু ভাৰসাম্যপূর্ণ ব্যৱহাৰৰ উপযোগীকৈ এক আঁচনি যুগুত কৰা।

(গ)আঁচনিখনৰ পতিটো পৰ্যায়তো সকলোবিলাক দিশৰ 

সফল ৰূপায়ণৰ নিশ্চয় বাবে যাবতীয় ৰূপায়ণকাৰীৰ প্রকৃতি নিৰ্দ্ধাৰণ কৰা।

 (ঘ) অগ্রাধিকার নিরূপণ কৰা, আঁচনিখন ৰূপায়িত কৰিব পৰা পর্যায়ক সংজ্ঞায়িত করা আৰু সম্পদ আবণ্টনৰ প্ৰস্তাৱ আগবঢ়োৱা যাতে প্রতিটো পৰ্যায়ৰ কথা সম্পূর্ণ হয়। 

(ঙ) আঁচনিখনৰ প্ৰতিটো পৰ্যায়ৰ কাৰ্যকৰীকৰণৰ অগ্রগতি সম্পর্কে সময়ে সময়ে নি কৰা আৰু নীতিৰ সামঞ্জস্যৰ বাবে প্ৰয়োজন সাপেক্ষে পৰামর্শ আগবঢ়েবা।

৮। ভাৰতত কেতিয়া পৰিকল্পনা আয়োগ স্থাপন কৰা হৈছিল? ইয়াৰ পৰিসৰ আলোচনা কৰা।

উত্তৰঃ ১৯৫০ চনৰ ১৫ মাচৰ্ত ভাৰতত পৰিকল্পনা আয়োগ স্থাপন কৰা হয়।

পৰিকল্পনাৰ পৰিসৰবোৰ তলত আলোচনা কৰা হ’ল –

অর্থনৈতিক পৰিকল্পনাই অর্থনৈতিক সম্পদৰ সুব্যৱহাৰৰ ক্ষেত্ৰত সহায় কৰে। ই সীমিত উত্তর জৰিয়তে নূন্যতম প্রয়োজনীয়তাসমূহ সমাধান কৰাত গুরুত্ব দিয়ে। পৰিকল্পনাই সমাজ এখন মৌলিক প্রয়োজনীয়তাসমূহ পূৰণ কৰাত সহায় কৰে। পৰিকল্পনাই এটা নিৰ্ধাৰিত সমৰ ভিতৰত এটা নিৰ্দিষ্ট কার্য সম্পাদন কৰাত সহায় হয়। ইয়াত চৰকাৰ আৰু জনসাধাৰণে এটা নির্দিষ্ট সময়ত সর্বাধিক সুবিধা প্ৰদান কৰাৰ লক্ষ্য সাধনৰ চেষ্টা কৰা হয়। পৰিকল্পনাই নিৰক্ষৰতা, দৰিদ্ৰতা, পিচপৰি থকা আদি বিভিন্ন সামাজিক সমস্যা নির্মূল কৰণত বিশেষভাবে সহায় করে। পৰিকল্পনাৰ জৰিয়তে এখন সমাজৰ সন্তুলিত অর্থনৈতিক বিকাশ সাধন হয়। অর্থনৈতিক পৰিকল্পনাই পিছপৰি থকা লোক অথবা সম্প্রদায়ক বিশেষ গুরুত্ব প্রদান কৰে।

৯ ।বিকেন্দ্ৰীকৃত পৰিকল্পনাৰ বিষয়ে আলোচনা কৰা। 

উত্তৰঃ সকলো পৰিকল্পনাই সদাম কেন্দ্রীভূত হোৱাটো প্ৰয়োজনীয় নহয়, তদুপৰি এনে কথাও নহয় যে পৰিকল্পনা কেলৱ ডাঙৰ উদ্যোগে আৰু বৃহৎ প্রকল্পৰ বাবেহে প্রয়োজন। কেরালা ৰাজ্যই সূচনা কৰা পৰিকল্পনা আৰু বিকাশৰ পথক কেৰালা আৰ্হিত নাম দিয়া হৈছে। এই আৰ্হিটোত শিক্ষা, স্বাস্থ্য, ভূমি সংস্থাৰ ফলপ্ৰসূ খাদ্য বিতৰণ আৰু দৰিদ্ৰতা নিৰ্বাৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। নিম্ন জনমুৰি আয় আৰু তুলনামূলকভাবে দুর্বল ঔদ্যোগিক ভিত্তি হোৱা সত্বেও কেঁৰালাই প্রায় সম্পূর্ণ সাক্ষৰতা, দীর্ঘ জীৱন প্রত্যাশা, শিশু আৰু মহিলাৰ নিম্ন মৃত্যুৰ হাৰ, নিম্ন জন্মৰ হাত আৰু সহজলভ্য স্বাস্থ্য সেবাৰ ক্ষেত্ৰত সফলতা লাভ কৰিছে। ১৯৮৭ চনত আৰু ১৯৯১ চনৰ ভিতৰত ভাৰত চৰকাৰে নতুন গণতান্ত্রিক উদ্যোগ প্রবর্তন কৰিছিল। ই বিকাশৰ প্ৰচাৰৰ লগত জড়িত আছিল। স্বেচ্ছাসেৱী নাগৰিক সংগঠনৰ জৰিয়তে জনসাধাৰণক উন্নয়নমূলক কাম-কাজত পোনপটীয়াকৈ জড়িত কৰিবলৈ ইয়াক প্ৰস্তুত কৰা হৈছিল। পঞ্চায়ত, খণ্ড আৰু জিলা পৰ্যায়ত পৰিকল্পনা প্রস্তুত কৰা কাৰ্যত জনসাধাৰণক জড়িত কৰিবলৈ ই ব্যৱস্থা গ্ৰহণ কৰিছিল।

১০। ভূমি সংস্কাৰ বুলিলে কি বুজা ? ভূমি সংস্কাৰৰ বিধানসমূহ আলোচনা কৰা।

 উত্তৰঃ বৃটিছ ঔপনিৱেশিক ব্যৱস্থত সৃষ্টি হোৱা জমিদাৰী প্ৰথাৰ ফলত কৃষি ভূমিবোৰ জমিদাৰসকলৰ হাতত কেন্দ্ৰীভূত হৈ আছিল। কিন্তু তেওঁলোকে কৃষিভূমিক নিয়ন্ত্ৰণ কৰিছিল। জমিদাৰী ব্যৱস্থা বিলোপ সাধন কৰি কৃষিভূমিক তেওঁলোকৰ হাতৰ পৰা মুক্ত কৰি কৃষকৰ হাতত বিতৰণ কৰি দিয়া ব্যৱস্থাকেই ভূমি সংস্কাৰ বোলে।

ভূমি সংস্কাৰৰ বিধানবোৰ হ’ল–

(ক)অত-ত’ত সিঁচৰিত হৈ থকা ভূমিক একত্ৰিত কৰি উৎপাদন বৃদ্ধি কৰা।

(খ) ভূমির মালিকানাৰ ওপৰ ছিলিং লগোৰা অৰ্থাৎ এজন ব্যক্তিৰ হাতত সর্বাধিক কিমান ভূমি থাকিব পাৰে তাৰ এটা সীমা কৰি দিয়া আৰু তাৰ জৰিয়তে উদ্বৃত ভূমি অধিগ্রহণ কৰি ভূমিহীন কৃষকৰ মাজত বিতৰণ কৰা।

(গ) অন্যৰ ভূমিত খেতি কৰা কৃষকক উৎখাত কৰাৰ বিৰুদ্ধে বিধিগত নিৰাপত্তা প্রদান কৰা।

১১। পৰিকল্পনা বুলিলে কি বুজা? উন্নয়নৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্ব কি? 

উত্তৰঃ পৰিকল্পনা হ’ল পূর্বানুমানিত উদ্দেশ্য আৰু লক্ষ্য সাধনৰ বাবে এটা সম্প্ৰদায়ৰ এক সচেতন প্রয়াস। ই লক্ষ্য আৰু লক্ষ্য সাধনৰ পথৰ সমন্বয়ক বুজায়। 

এখন ৰাষ্ট্ৰৰ অৰ্থনৈতিক বিকাশত পৰিকল্পনাই যথেষ্ট গুৰুত্ব আছে। শক্তিশালী আৰু সুসংহত পৰিকল্পনাৰ জৰিয়তেহে এখন ৰাষ্ট্ৰৰ সৰ্বাধিক বিকাশ সম্ভৱ হ’ব পাৰে। তলত পৰিকল্পনাৰ গুৰুত্ব আলোচনা কৰা হ’ল –

(ক) অর্থনৈতিক সম্পদৰ সুব্যৱহাৰ : অর্থনৈতিক পৰিকল্পনাই অর্থনৈতিক সম্পদৰ সুব্যৱহাৰৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে। ই সীমিত উৎসৰ জৰিয়তে নূন্যতম প্রয়োজনীয়তাসমূহ সমাধান কৰাত গুৰুত্ব দিয়ে। 

(খ)মৌলিক প্রয়োজনীয়তা পূৰণঃ পৰিকল্পনাই সমাজ এখনৰ মৌলিক প্রয়োজনীয়তাসমূহ পূৰণত সহায় কৰে। পৰিকল্পনাত বিতৰণ আৰু উৎপাদন ব্যৱস্থাটো এনে ধৰণে সজোৱা হয়, যাতে সমাজৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰি।

(গ) নিৰ্ধাৰিত সময়ৰ ভিতৰত নিৰ্দিষ্ট কার্য সম্পাদনঃ পৰিকল্পনাই এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত এটা নিৰ্দিষ্ট কার্য সম্পাদন কৰাত সহায় হয়। ইয়াত চৰকাৰ আৰু জনসাধাৰণে এটা নিৰ্দিষ্ট সময়ত সৰ্বাধিক সুবিধা প্ৰদান কৰাৰ লক্ষ্য সাধনৰ চেষ্টা কৰা হয়।

(ঘ) সামাজিক বিকাশৰ সহায়ক : পৰিকল্পনাই নিৰক্ষৰতা, দৰিদ্ৰতা, পিচপৰি থকা আদি বিভিন্ন সামাজিক সমস্যা নিৰ্মূলকৰণত বিশেষভাবে সহায় কৰে। অৰ্থাৎ সমাজৰ বিকাশত পৰিকল্পনাৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা থাকে।

(ঙ) সন্তুলিত অর্থনৈতিক বিকাশ : পৰিকল্পনাৰ জৰিয়তে এখন সমাজৰ সত্ত্বলিত অর্থনৈতিক বিকাশ সাধন হয়। অর্থনৈতিক পৰিকল্পনাই পিছপৰি থকা লোক অথবা সম্প্ৰদায়ৰ বিশেষ গুরুত্ব প্রদান কৰে। ফলস্বৰূপে এই লোকসকলে সমাজৰ অন্যান্য লোকৰ দৰে অগ্ৰসৰ হোৱাৰ সুযোগ পায়।

১২। সেউজ বিপ্লৱৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ফলাফল আলোচনা কৰা।

উত্তৰঃ সেউজ বিপ্লৱৰ অৰ্থনৈতিক ফলাফলকেইটা হ’ল – (ক)সেউজ বিপ্লৱৰ প্ৰধান সফলতা আছিল ঘেঁহু আৰু ধান এই দুই প্রধান শস্যৰ উৎপাদনৰ অভাবনীয় বৃদ্ধি। 

(খ)সেউজ বিপ্লৱৰ ফলস্বৰূপে ভাৰতৰ কৃষিকাৰ্যৰ পদ্ধতিৰ তাৎপর্যপূর্ণ পৰিবৰ্তন হয়। 

(গ)সেউজ বিপ্লৱৰ ফলত ভাৰতৰ স্থানীয় উৎপাদন খণ্ডৰ বৃদ্ধিত বিশেষভাবে সহায় কৰে।

(ঘ) ভাৰত খাদ্যৰ ক্ষেত্ৰত আত্মনির্ভৰশীল হৈ উঠে আৰু সেউজ বিপ্লৱৰ বাবে বিশ্ব বেংকৰ পৰা লোৱা সমুদায় ঋণ পৰিশোধ কৰাৰ স্থিতিত উপনীত হয়। 

(ঙ)সেউজ বিপ্লৱ ফলস্বৰূপে গ্রামাঞ্চলৰ শীৰ্ষ অর্থাৎ ধনী দহ শতাংশ লোকৰ হাতত সম্পত্তি কেন্দ্ৰীভূত হৈ পৰে।

 সেউজ বিপ্লৱৰ ৰাজনৈতিক ফলাফল:

(ক) সেউজ বিপ্লৱৰ জৰিয়তে ভাৰত এখন ভোকাটুৰ ৰাষ্ট্ৰৰ পৰা খাদ্যশস্য ৰপ্তানি কৰাৰ সামর্থ থকা ৰাষ্ট্ৰৰূপে পৰিগণিত হয়।

(খ) সেউজ বিপ্লৱে ইন্দিৰা গান্ধীৰ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছক অধিক শক্তিশালী কৰাত পৰোক্ষভাবে যথেষ্ট সহায় কৰে।

১৩। বজাৰ অৰ্থনীতিৰ যুগত পৰিকল্পনাৰ প্ৰাসংগিকতা কি?

 উত্তৰঃ ভাৰতে সাম্প্ৰতিক সময়ত বিশ্বায়নৰ সৈতে খোজ মিলাবলৈ বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি আছে। বিশ্বায়নৰ এক অন্যতম গুরুত্বপূর্ণ বৈশিষ্ট্য হৈছে বজাৰ অৰ্থনীতি। বিশ্বায়নৰ ফলস্বৰূপে সামগ্রী, সেবা, প্রযুক্তিবিদ্যা, বিত্ত আৰু শ্ৰমৰ সৈতে জড়িত আন্তঃৰাষ্ট্ৰীয় বজাৰসমূহ একত্ৰিত হৈছে। জাতীয় অর্থনীতি বিশ্বৰ বজাৰ শক্তিৰ ওচৰত মুকলি কৰি দিয়া হৈছে আৰু চৰকাৰৰ অৰ্থনৈতিক নীতিৰ পৰিসৰ সীমিত হৈ পৰিছে। ব্যক্তিগত উদ্যোগসমূহে বজাৰৰ পৰিবর্তনশীল ধাৰণাৰ সৈতে খোজ মিলাবলৈ বিচৰাৰ ফলস্বৰূপে চৰকাৰৰ পৰিকল্পনাতাঁকে বজাৰৰ ধাৰকহে অনুসৰণ কৰাটো পছন্দ কৰে।

১৯৮০ ৰ দশকৰ মাজভাগৰ পৰা ভাৰতৰ অৰ্থনৈতিক নীতিৰ বৃহৎ পৰিবৰ্তন আৰম্ভ হয়। ইয়াৰ প্ৰধান কাৰণবোৰ হ’ল –

(ক)১৯৮০ চনৰ দশকৰ পিছত ভাৰতে উদাৰীকৰণ আৰু ব্যক্তিগতকৰণ নীতি গ্রহণ কৰে।

 (খ) নতুন অর্থনৈতিক নীতি অনুসৰি ৰাজহুৱা খণ্ডৰ বাবে সুৰক্ষিত ক্ষেত্ৰসমূহ ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিয়া হয়।

(গ)ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহে বিভিন্ন কাৰণত ইপ্সিত ফলাফল লাভ কৰাত ব্যর্থতা প্ৰদৰ্শন কৰি আহিছিল। 

১৯৯১ চনত ভাৰতত সৃষ্টি হোৱা অর্থনৈতিক সংকটৰ মোকাবিলা কৰাৰ অৰ্থে ভাৰতে নতুন অর্থনৈতিক নীতি ঘোষণা কৰে।

অৱশ্যে ইয়াৰ দ্বাৰা এইটো নুবুজায় যে ভাৰতত পৰিকল্পনা সম্পূৰ্ণৰূপে গুৰুত্বহীন হৈ পৰিছে। এখন উন্নয়নশীল ৰাষ্ট্ৰ হিচাপে ভাৰততে পৰিকল্পনাৰ যথেষ্ট প্রয়োজনীয়তা আছে। সেয়ে বিশ্বায়নৰ যুগতো ভাৰতৰ পঞ্চবার্ষিক পৰিকল্পনাসমূহৰ গুৰুত্ব অস্বীকাৰ কৰিব নোৱাৰি।

১৪। সেউজ বিপ্লৱ আৰু শ্বেত বা দুগ্ধ বিপ্লৱৰ পাৰ্থক্যসমূহ আলোচনা কৰা।

উত্তৰঃ সেউজ বিপ্লৱ আৰু শ্বেত বিপ্লৱৰ মাজত থকা পার্থক্যসমূহ হ’ল –

(ক) কৃষিখণ্ডত হোৱা বিপ্লৱক সেউজ বিপ্লৱ বোলা হয়; কিন্তু শ্বেত বিপ্লৱ সংঘটিত হৈছিল গাখীৰ উৎপাদনৰ ওপৰত। 

(খ) কৃষিখণ্ডত বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ কৰি উৎপাদন বৃদ্ধি কৰাৰ বাবে সেউজ বিপ্লৱৰ সংঘটিত হৈছিল; কিন্তু শ্বেত বিপ্লৱ অকল দুগ্ধ পামবোৰত সংঘটিত হৈছিল।

(গ) সেউজ বিপ্লৱ পঞ্জাৱত হাৰিয়ানা আৰু কিছুমান বিশেষ ৰাজ্যতহে সংঘটিত হৈছিল; কিন্তু শ্বেত বিপ্লৱ অকল গুজৰাট ৰাজ্যত আনন্দ নামৰ চহৰত সংঘটিত হৈছিল।

(ঘ)সেউজ বিপ্লৱৰ বাবে চৰকাৰে বিভিন্ন আঁচনি প্ৰস্তুত কৰিছিল; কিন্তু শ্বেত বিপ্লৱৰ বাবে কেৱল ‘অপাৰেশ্যন ক্লাব’ নামৰ আঁচনি প্ৰস্তুত কৰা হৈছিল। 

(ঙ) কৃষিখণ্ডৰ আধুনিকীকৰণৰ বাবে সেউজ বিপ্লৱৰ সংঘটিত হৈছিল কিন্তু শ্বেত বিপ্লৱ গাখীৰৰ পৰা উৎপাদনক দ্ৰব্যক কেন্দ্ৰ কৰি সংঘটিত হৈছিল।

(চ) সেউজ বিপ্লৱ কেন্দ্ৰীয় চৰকাৰৰ অধীনত সংঘটিত হৈছিল; কিন্তু শ্বেত বিপ্লৱ কেবল গুজৰাটৰ গ্ৰাম্য আৰ্হিত প্রস্তুত হৈছিল।

১৫। ব্যক্তিগত খণ্ড মানে কি ? ৰাজহুৱা খণ্ডৰ লগত ইয়াৰ পাৰ্থক্য কি?

উত্তৰঃ কোনো ৰাষ্ট্ৰৰ সম্পদবোৰ ৰাষ্ট্ৰই নিয়ন্ত্ৰণ কৰাৰ পৰিবৰ্তে কোনো ব্যক্তিয়ে বা ব্যক্তিগত প্রতিষ্ঠানে নিয়ন্ত্ৰণ কৰে তাকেই ব্যক্তিগত খণ্ড বোলে।

ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডৰ মাজত থকা পাৰ্থক্যবোৰ হ’ল –

(ক)ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ ক্ষেত্ৰত চৰকাৰী নিয়ম আৰুনীতি মানি চলে। আনহাতে ব্যক্তিগত প্রতিষ্ঠানসমূহৰ ক্ষেত্ৰত নিজা নিয়ম-নীতি মানি চলে।

(খ)ৰাজহুৱা প্ৰতিষ্ঠানসমূহৰ ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰীয়ে কাম কৰে; কিন্তু ব্যক্তিগত খণ্ডৰ প্রতিষ্ঠানসমূহৰ ক্ষেত্ৰত ব্যক্তিগত গৰাকীয়ে নিজা ইচ্ছা মতে ব্যক্তিক নিযুক্তি দিয়ে। 

(গ) ৰাজহুৱা খণ্ডত উৎপাদন আৰু বিতৰণৰ ক্ষেত্ৰত সহযোগিতাৰ নীতি অনুসৰণ কৰে, কিন্তু ব্যক্তিগত খণ্ডই উৎপাদন আৰু বিতৰণৰ ক্ষেত্ৰত প্ৰতিযোগিতাক সমর্থন কৰে।

(ঘ) ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানবোৰ ৰাষ্ট্ৰই নিয়ন্ত্ৰণ কৰে; কিন্তু ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানবোৰ ব্যক্তিয়ে নিয়ন্ত্ৰণ কৰে।

(ঙ)ৰাজহুৱা খণ্ডৰ মুনাফাবোৰ ৰাষ্ট্ৰৰ সকলো নাগৰিকে ভোগ কৰে, কিন্তু ব্যক্তিগত খণ্ডৰ মুনাফাবোৰ অকল ব্যক্তিয়ে ভোগ কৰে।

 (চ) ৰাজহুৱা খণ্ডই সামুহিয়া কল্যাণক সমর্থন কৰে; কিন্তু ব্যক্তিগত খণ্ডই ব্যক্তিগত কল্যাণৰ স্বাৰ্থৰ লগত জড়িত।

১৬। ভূমি সংস্কাৰ বুলিলে কি বুজা? ভূমি সংস্কাৰৰ ব্যৱস্থাসমূহ আলোচনা কৰা।।

 উত্তৰঃ বৃটিছ ঔপনিৱেশিক ব্যৱস্থত সৃষ্টি হোৱা জমিদাৰী প্ৰথাৰ ফলত কৃষি ভূমিবোৰ জমিদাৰসকলৰ হাতত কেন্দ্ৰীভূত হৈ আছিল। কিন্তু তেওঁলোকে কৃষিভূমিক নিয়ন্ত্ৰণ কৰিছিল। জমিদাৰী ব্যৱস্থা বিলোপ সাধন কৰি কৃষিভূমিক তেওঁলোকৰ হাতৰ পৰা মুক্ত কৰি কৃষকৰ হাতত বিতৰণ কৰি দিয়া ব্যৱস্থাকেই ভূমি সংস্কাৰ বোলে।

ভূমি সংস্কাৰৰ বিধানবোৰ হ’ল–

(ক)অত-ত’ত সিঁচৰিত হৈ থকা ভূমিক একত্ৰিত কৰি উৎপাদন বৃদ্ধি কৰা।

(খ) ভূমির মালিকানাৰ ওপৰ ছিলিং লগোৰা অৰ্থাৎ এজন ব্যক্তিৰ হাতত সর্বাধিক কিমান ভূমি থাকিব পাৰে তাৰ এটা সীমা কৰি দিয়া আৰু তাৰ জৰিয়তে উদ্বৃত ভূমি অধিগ্রহণ কৰি ভূমিহীন কৃষকৰ মাজত বিতৰণ কৰা।

(গ) অন্যৰ ভূমিত খেতি কৰা কৃষকক উৎখাত কৰাৰ বিৰুদ্ধে বিধিগত নিৰাপত্তা প্রদান কৰা।

১৭। সেউজ বিপ্লৱৰ ফলাফল আলোচনা কৰা

উত্তৰঃ সেউজ বিপ্লৱৰ অৰ্থনৈতিক ফলাফলকেইটা হ’ল – (ক)সেউজ বিপ্লৱৰ প্ৰধান সফলতা আছিল ঘেঁহু আৰু ধান এই দুই প্রধান শস্যৰ উৎপাদনৰ অভাবনীয় বৃদ্ধি। 

(খ)সেউজ বিপ্লৱৰ ফলস্বৰূপে ভাৰতৰ কৃষিকাৰ্যৰ পদ্ধতিৰ তাৎপর্যপূর্ণ পৰিবৰ্তন হয়। 

(গ)সেউজ বিপ্লৱৰ ফলত ভাৰতৰ স্থানীয় উৎপাদন খণ্ডৰ বৃদ্ধিত বিশেষভাবে সহায় কৰে।

(ঘ) ভাৰত খাদ্যৰ ক্ষেত্ৰত আত্মনির্ভৰশীল হৈ উঠে আৰু সেউজ বিপ্লৱৰ বাবে বিশ্ব বেংকৰ পৰা লোৱা সমুদায় ঋণ পৰিশোধ কৰাৰ স্থিতিত উপনীত হয়। 

(ঙ)সেউজ বিপ্লৱ ফলস্বৰূপে গ্রামাঞ্চলৰ শীৰ্ষ অর্থাৎ ধনী দহ শতাংশ লোকৰ হাতত সম্পত্তি কেন্দ্ৰীভূত হৈ পৰে।

 সেউজ বিপ্লৱৰ ৰাজনৈতিক ফলাফল:

(ক) সেউজ বিপ্লৱৰ জৰিয়তে ভাৰত এখন ভোকাটুৰ ৰাষ্ট্ৰৰ পৰা খাদ্যশস্য ৰপ্তানি কৰাৰ সামর্থ থকা ৰাষ্ট্ৰৰূপে পৰিগণিত হয়।

(খ) সেউজ বিপ্লৱে ইন্দিৰা গান্ধীৰ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছক অধিক শক্তিশালী কৰাত পৰোক্ষভাবে যথেষ্ট সহায় কৰে।

১৮। খাদ্য সঙ্কটৰ সমস্যাটো আলোচনা কৰা।

 উত্তৰঃ কুৰি শতিকাৰ ষাঠিৰ দশকত কৃষিৰ অৱস্থা বেয়াৰপৰা অধিক বেয়ালৈ অৱনতি ঘটিছিল। ছল্লিছ আৰু পঞ্চাছৰ দশকৰ খাদ্য শস্য উৎপাদনৰ বৃদ্ধিৰ হাৰ জনসংখ্যা বৃদ্ধিৰ হাৰতকৈ সামান্য বেছি আছিল। ১৯৬৫ আৰু ১৯৬৭ চনৰ মাজত ভাৰতৰ বহু অংশৰ তীব্ৰ খৰাং হৈছিল। এই সময়ছোৱাত ৰাষ্ট্ৰখনে দুখন যুদ্ধ আৰু বৈদেশিক বিনিময়ৰ সংকটৰ সন্মুখীন হৈছিল। এইবোৰৰ ফলস্বৰূপে দেশখনৰ বহু অংশত অতিশয় খাদ্যৰ অভাব আৰু দুর্ভিক্ষ হৈছিল।

বিহাৰত খাদ্য সংকট অতি তীব্রভাবে অনুভব কৰা হৈছিল আৰু ৰাজ্যখনত প্ৰায় দুর্ভিক্ষৰ নিচিনা অৱস্থা হৈছিল। বিহাৰৰ সকলো জিলাতে খাদ্যৰ নাটনি হৈছিল আৰু ৭ খন জিলাত স্বাভাৱিক অৱস্থাৰ তুলনাত আধাতকৈও কম শস্য উৎপাদন হৈছিল। প্ৰকৃততে এই জিলা কেইখনৰ ৫ খন জিলাই তেওঁলোকে সাধাৰমতে কৰা উৎপাদনৰ ১/৩ অংশতকৈও কম উৎপাদন কৰিছিল। খাদ্যৰ পৰা বঞ্চিত হোৱাৰ ফলত তাৰ পিছত ব্যাপক হাৰত পৰিপুষ্টিৰ অভাব হৈছিল। ৰাজ্যখনৰ বহু অঞ্চলত দৈনিক জনমূৰি কেলৰি ২২০০ ৰ পৰা ১২০০ লৈ। কমি গৈছিল। ১৯৬৭ চনত বিহাৰত মৃত্যুৰ হাৰ পিছৰ বছৰৰ তুলনাত ৩৪% বেছি আছিল। এই বছৰটোত উত্তৰ ভাৰতৰ আন ৰাজ্যৰ তুলনাত বিহাৰৰ খাদ্য দ্ৰব্যৰ মূল্য বৃদ্ধি পাইছিল। ৰাজ্যখনত গম আৰু চাউলৰ দাম অধিক উন্নত ৰাজ্য পাঞ্জাৱৰ তুলনাত দুগুণ বা তাতকৈও অধিক আছিল। চৰকাৰে গ্ৰহণ কৰা মণ্ডলকৰণ নীতিয়ে ৰাজ্যবোৰৰ মাজত খাদ্য দ্রব্যৰ বাণিজ্যত বাধা দিছিল। ই নাটকীয়ভাবে বিহাৰত খাদ্যৰ সুলভতা নোহোৱা কৰিছিল৷ এনে অৱস্থাত সমাজৰ দৰিদ্ৰতম শ্ৰেণীটোৱে আটাইতকৈ বেছি কষ্ট ভোগ কৰিছিল।

১৯।দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ সময়ত উদ্যোগীকৰণ আৰু কৃষি বিকাশৰ মাজত  উদ্ভৱ হোৱা বিতৰ্কৰ বৰ্ণনা কৰা।

 উত্তৰঃ দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ সময়ত উদ্যোগীকৰৰণ আৰু কৃষি বিকাশৰ মাজত বিভিন্ন ধৰণৰ বিতৰ্কৰ সৃষ্টি হয়। ভাৰতৰ দৰে পিছপৰা অৰ্থনীতিৰ দেশ এখনত, কৃষি আৰু উদ্যোগৰ মাজত কোনটো ক্ষেত্ৰত ৰাজহুৱা সম্পদ অধিক বিনিয়োগ কৰা হ’ব? এই বিষয়টো এটা ডাঙৰ প্ৰশ্ন হিচাপে দেখা দিছিল। বহুতে ভাবিছিল যে দ্বিতীয় পৰিকল্পনাত উন্নয়নৰ বাবে কৃষিভিত্তিক কৌশলৰ অভাৱ আছিল আৰু উদ্যোগৰ ওপৰত দিয়া অধিক গুৰুত্বই কৃষিক্ষেত্রক আৰু গ্ৰাম্য ভাৰতক ক্ষতিগ্রস্ত কৰিছিল। জে. চি. কুমাৰাপ্পাৰ দৰে গান্ধীবাদী অর্থনীতিবিদে এটা বিকল্প আৰ্হিৰ প্ৰস্তাৱ দাঙি ধৰিছিল। তাত তেওঁ গ্ৰাম্য ঔদ্যোগীকৰণৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিল। চৌধুৰী চৰণ সিঙে পিছলৈ দলটোৰ পৰা আঁতৰি গৈ ভাৰতীয় লোকদল গঠন কৰিছিল, তেওঁ কৃষিক ভাৰতৰ পৰিকল্পনাৰ মুখ্য বিষয় হিচাপে ৰাখিবলৈ দাবী জনাইছিল। তেওঁ কৈছিল যে পৰিকল্পনাই কৃষক আৰু গ্ৰাম্য জনসাধাৰণক ক্ষতিগ্রস্ত কৰি নগৰীয়া আৰু ঔদ্যোগিক শ্ৰেণীৰ উন্নতিৰ পথ প্রশস্ত কৰিছিল।

আনসকলে ভাবিছিল যে ঔদ্যোগিক উৎপাদন প্রভূত বৃদ্ধি নকৰিলে দৰিদ্ৰতাৰ চক্ৰৰ পৰা মুক্তি লাভ কৰাটো সম্ভৱ নহ’ব। তেওঁলোকে যুক্তি দৰ্শাইছিল যে ভাৰতীয় পৰিকল্পনাৰ খাদ্য শস্যৰ উৎপাদন বৃদ্ধি কৰিবলৈ এটা কৃষিভিত্তিক কৌশল আছে। ৰাষ্ট্ৰই ভূমি সংস্কাৰ আৰু গাঁৱৰ দৰিদ্ৰ লোকৰ মাজত সম্পদৰ বিতৰণৰ বাবে আইন প্রণয়ন কৰিছিল। তদুপৰি সামূহিক উন্নয়নৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰিছিল আৰু জলসিঞ্চন প্রকল্পসমূহত প্ৰচুৰ পৰিমাণে ধন ব্যয় কৰিছিল। আঁচনিসমূহ ভালদৰে প্ৰস্তুত কৰা হৈছিল যদিও সামাজিক আৰু ৰাজনৈতিক প্রতিপত্তিশালী, ভূমি সম্পত্তি থকা শ্ৰেণীটোৰ বাবে সেইবোৰ সঠিকভাবে কার্যকৰী কৰিব পৰা হোৱা নাছিল আৰু সেইবোৰ বিফল হৈছিল। ভূমি সম্পত্তি থকা শ্ৰেণীটোৰ যথেষ্ট সামাজিক আৰু ৰাজনৈতিক প্ৰতিপত্তি আছিল৷ তদুপৰি তেওঁলোকে যুক্তি দৰ্শাইছিল যে চৰকাৰে কৃষিৰ বাবে প্ৰচুৰ ধন ব্যয় কৰিলেও ইয়াৰ দ্বাৰা গ্ৰাম্য দৰিদ্ৰতাৰ দৰে ডাঙৰ সমস্যা সমাধান কৰিব পৰা নগ’লহেঁতেন।

২০। বিশ্বায়নৰ যুগত পৰিকল্পনা কিমান দূৰ প্ৰাসংগিক ? আলোচনা কৰা ।

 উত্তৰঃ পৰিকল্পিত উন্নয়ন হ’ল উন্নয়নৰ এক আৰ্হি অথবা পৰিকল্পনা উন্নয়ন অর্থাৎ কিদৰে আৰু কেনেদৰে উন্নয়ন সাধন কৰিব, ইয়াৰ এক পৰিকল্পনা অথবা আৰ্হি প্ৰস্তুত কৰাকে পৰিকল্পিত উন্নয়ন আখ্যা দিয়া হয়।

বিশ্বায়ন মানে আন্তর্জাতিক পৰিসীমা অতিক্ৰম কৰি সংঘটিত পৰিচালনা পদ্ধতিৰ সম্প্ৰসাৰণ। ই হৈছে অবিৰামভাৱে সম্প্ৰসাৰিত আৰু সমান্তৰালভাবে পৰিবৰ্তিত হৈ থকা সা-সুবিধা আৰু অর্থনৈতিক সুবিধা।

বিশ্বায়নৰ যুগত পৰিকল্পনা কিছু ক্ষেত্ৰত প্ৰাসংগিক। কিয়নো পৰিকল্পনা তথা বিশ্বায়নৰ দ্বাৰা কোনো এখন ঠাইৰ স্থানীয় ভাষা সংস্কৃতিৰ চিনাক্তকৰণ কৰা সম্ভৱ। পৰিকল্পনাৰ দ্বাৰা সেই ঠাইখনৰ ভাষা সংস্কৃতিৰ লগতে স্থানীয় বজাৰসমূহৰ লগত চিনাকি হৈ অৰ্থনৈতিক দিশটোৰ বিষয়ে জানিব পৰা যায়।

Leave a Reply