Class 12 Political Science| Chapter-2| এক দলীয় প্রাধান্যৰ যুগ

Class 12 Political Science| Chapter-2| এক দলীয় প্রাধান্যৰ যুগ। এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব AHSEC Class 12 Political Science| Chapter-2| এক দলীয় প্রাধান্যৰ যুগ পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়।

HS Second Year Question Answer (Assamese Medium)

EnglishClick Here
অৰ্থনীতি (Economy)Click Here
ভূগোল (Geography)Click Here
हिंदीClick Here
অসমীয়াClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
ৰাজনীতি (Political Science)Click Here
সমাজতত্ত্ব (Sociology)Click Here
তৰ্কবিদ্যা আৰু দর্শনশাস্ত্ৰ (Logic & Philosophy)Click Here
নৃতত্ত্ব (Anthropology)Click Here

Class 12 Political Science| Chapter-2| এক দলীয় প্রাধান্যৰ যুগ

চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া ছাত্র-ছাত্ৰীৰ বাবে আমাৰ এই ৱেবছাইটত শেহতীয়া পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি পাঠ Class 12 Political Science| Chapter-2| এক দলীয় প্রাধান্যৰ যুগ ভিত্তিক প্ৰশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। যত ছাত্ৰ-ছাত্ৰীয়ে অনলাইন যোগে পঢ়িব পাৰিব।

দ্বিতীয় খণ্ড

দ্বিতীয় অধ্যায়

(ক) অতি চমু প্ৰশ্নৰ উত্তৰ লিখা : মূল্যাংক : ১ নম্বৰকৈ

১। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্রী কোন আছিল ? 

উত্তৰঃ জৱাহৰলাল নেহেৰু।

২। স্বাধীন ভাৰতবৰ্ষই কিমান প্ৰকাৰৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল?

উত্তৰঃ তিনিটা।

৩। ১৯৪৭ চনৰ ১৪ আৰু ১৫ আগষ্টত দুখন ৰাষ্ট্ৰ সৃষ্টি হৈছিল – এখন ভাৰতবৰ্ষ,আনখনৰ নাম কি ?

উত্তৰঃ পাকিস্তান।

৪। দেশ বিভাজনৰ সময়ত দুখন মহানগৰ সাম্প্ৰদায়িক মণ্ডল (Zone) ত ভাগ হৈছিল?এই মহানগৰ দুখনৰ নাম লিখা। 

উত্তৰঃ পাঞ্জাৱ আৰু বংগ প্রদেশ।

৫।দেশীয় ৰাজ্য (Princely State) কি?

উত্তৰঃ ৰজাৰ শাসনাধীন ৰাজ্য।

৬। চৰ্দাৰ বল্লভভাই পেটেল কোন আছিল?

উত্তৰঃ স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী।

৭।স্বাধীনতাৰ সময়ত মণিপুৰৰ মহাৰজা কোন আছিল? 

উত্তৰঃ মহাৰাজা বোধচন্দ্র।

৮ । কোন চনত নাগপুৰ অধিবেশন অনুষ্ঠিত হৈছিল?

উত্তৰঃ ১৯২০ চনত। 

৯। দেশ বিভাজনৰ ফলত ক্ষতিগ্রস্ত হোৱা দুখন ৰাজ্যৰ নাম লিখা।

উত্তৰঃ পাঞ্জাৱ আৰু বংগ প্রদেশ।

১০। সঁচা নে মিছা লিখাঃ

(ক) স্বাধীন ভাৰতবৰ্ষই তিনি ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল ?

উত্তৰঃ শুদ্ধ।

(খ)১৯৪৭ চনতটো এক বৃহৎ পৰিকল্পনা বিহীন আৰু দুখজনক ঘটনাৰে পৰিপূৰ্ণ আছিল।

উত্তৰঃ শুদ্ধ।

(গ) পাকিস্তানৰ সৃষ্টি আৰু দেশীয় ৰাজ্যৰ একত্ৰীকৰণৰ লগে লগে ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰক্ৰিয়াৰ অন্ত পৰিছিল।

উত্তৰঃ অশুদ্ধ।

(ঘ) “Struggle for Survival” প্রকাশিত হৈছিল (১৯৫২/ ১৯৫৩/১৯৫৫)

উত্তৰঃ ১৯৫২

১১। ভাৰতে কেতিয়া স্বাধীনতা লাভ কৰিছিল?

উত্তৰঃ ১৯৪৭

১২। ব্ৰিটিছ সর্বপ্রধান কোন? 

উত্তৰঃ গ্রেট বৃটেইনৰ ৰাণী।

১৩। দ্বি-জাতি তত্ত্ব কি?

উত্তৰঃ ভাৰতবৰ্ষক ধৰ্মৰ ভিত্তিত বিভাজন কৰি দুখন পৃথক ৰাষ্ট্ৰ গঠনৰ দাবী।

১৪। পণ্ডিত নেহেৰুৰ লক্ষ্য কি আছিল?

উত্তৰঃ সমাজবাদী, ধৰ্মনিৰপেক্ষ গণতন্ত্র প্রতিষ্ঠা কৰা।

১৫। ভাৰতীয় সংবিধান কেতিয়া বলবৎ হৈছিল?

 উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰী

১৬। হায়দৰাবাদৰ জনসাধাৰণে নিজামৰ শাসনৰ কিয় বিৰোধিতা কৰিছিল? 

উত্তৰঃ হায়দৰাবাদৰ শাসকৰ গোড়ামী আৰু স্বেচ্ছাচাৰিতা।

১৭। নিজামৰ অত্যাচাৰী শাসনৰ কোন বলি হৈছিল? 

উত্তৰঃ মুছলিম ব্ৰাডাৰৰ্ছ।

১৮। সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত কোনখন দেশীয় ৰাজ্যই প্রথমে নির্বাচন অনুষ্ঠিত কৰিছিল?

উত্তৰঃ মণিপুৰ।

১৯। কোনখন দেশীয় ৰাজ্যই ভাৰতৰ অংগৰাজ্য হোৱাত সমস্যাৰ সৃষ্টি কৰিছিল?

 উত্তৰঃ জম্মু আৰু কাশ্মীৰ।

২০। অন্তর্ভুক্তীকৰণ চুক্তিৰ প্ৰধান দিশ কি আছিল? 

উত্তৰঃ ভাৰত ৰাষ্ট্ৰৰ সৈতে চামিলৰ সন্মতি প্রদান।

২১। কোন তাৰিখে জম্মু-কাশ্মীৰৰ মহাৰাজাই ভাৰতৰ সৈতে অন্তর্ভূক্তিকৰণ চুক্তিত চহী কৰিছিল।

উত্তৰঃ ১৯৪৭ চনৰ ২৬ অক্টোবৰ।

২২। খালী ঠাই পূৰ কৰাঃ

(ক) ১৯৭২ চনত ——- পৰা কাটি মেঘালয় ৰাজ্য গঠন কৰা হৈছিল।

উত্তৰঃ অসমৰ।

(খ) পণ্ডিত নেহেৰুৱে ভাৰতীয় জনগণে নিৰ্ভৰ কৰিব পৰা কোনো —— গঢ় দিব পৰা নাছিল?

উত্তৰঃ আদর্শ।

২৩। ভাৰত বৃটিছ শাসনৰ পৰা কেতিয়া মুক্ত হৈছিল?

উত্তৰঃ ১৯৪৭ চনৰ ১৫ আগষ্টত।

২৪। বৃটিছ শাসনৰ সৰ্বোচ্চ কর্তৃত্ব মানে কি বুজা ?

 উত্তৰঃ ৰাজশাসিত ৰাজ্যসমূহে বৃটিছ সর্বোচ্চ কর্তৃত্ব মানি লোৱাৰ বিনিময়ত তেওঁলোকক আভ্যন্তৰীণ শাসন পৰিচালনাৰ বেলিকা কিছু স্বায়ত্বতা প্ৰদান কৰা হৈছিল।

২৫। কোন কেইজন ৰাজ শাসিত ৰাজ্যই ভাৰতৰ অংশ হওঁতে কিছু সমস্যাৰ

উত্তৰঃ ট্রাভাংকোৰ, ভূপাল প্ৰদেশ, হায়দৰাবাদ, মণিপুৰ, জুনাগড়, জম্মু আৰু সৃষ্টি কৰিছিল? কাশ্মীৰ।

(খ) চমু প্ৰশ্নৰ উত্তৰ লিখা : মূল্যাংক : ২ নম্বৰকৈ

১। স্বাধীন ভাৰতবৰ্ষই গ্ৰহণ কৰা প্ৰথমটো প্ৰত্যাহ্বান কি আছিল?

উত্তৰঃ স্বাধীনতা লাভ কৰাৰ পিছত ভাৰতবৰ্ষই সন্মুখীন হোৱা প্ৰথমটো প্ৰত্যাহ্বান হ’ল জাতি গঠন প্ৰক্ৰিয়া। ভাৰতৰ দৰে এখন বিশাল ৰাষ্ট্ৰত ঐক্য আৰু সংহতি প্ৰতিষ্ঠা কৰাটো এক কঠিন প্ৰত্যাহ্বান আছিল।

২।আমাৰ এক মুছলিম সংখ্যালঘু আছে যদিও এই সংখ্যা ইমান বৃহৎ যে ইচ্ছা কৰিলেও তেওঁলোকে আন কলৈকো যাব নোৱাৰে?

উত্তৰঃ “আমাৰ ভাৰতবৰ্ষত থকা সংখ্যালঘু মুছলমানসকলৰ সংখ্যা ইমান বেছি যে তেওঁলোকে ইচ্ছা কৰিলেও আন ঠাইলৈ যাব নোৱাৰে।” এই কথাষাৰ জৱাহৰলাল নেহেৰুৱে ১৯৪৭ চনৰ ১৫ অক্টোবৰ তাৰিখে কৈছিল।

৩।স্বাধীনতাৰ আগতে ভাৰতবৰ্ষত দ্বি-ৰাষ্ট্ৰ তত্ত্বৰ প্ৰচলন আছিল। এই তত্ত্বত কোন দুখন ৰাষ্ট্ৰ অন্তৰ্ভুক্ত হৈ আছিল? 

উত্তৰঃ ভাৰত আৰু পাকিস্তান।

8।মহাত্মা গান্ধীক কোন চনত আৰু কোনে হত্যা কৰিছিল? 

উত্তৰঃ ১৯৪৮ চনত মহাত্মা গান্ধীক নাথুরাম গড়ছে হত্যা কৰিছিল।

৫।ব্ৰিটিছ ভাৰতবৰ্ষ দুটা ভাগত বিভক্ত হৈ আছিল? এই ভাগ দুটা কি কি? 

উত্তৰঃ ব্ৰিটিছ ভাৰতৰ প্ৰদেশ আৰু দেশীয় ৰাজ্য।

৬।নিজাম’ৰ অৰ্থ কি? 

উত্তৰঃ প্রাচীন হায়দৰাবাদৰ শাসকজনক নিজাম নামেৰে জনা গৈছিল।

৭।কোন চনত ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল?

 উত্তৰঃ ১৯৫২ চনত।

৮। দেশ বিভাজনৰ ফলত ক্ষতিগ্রস্ত হোৱা দুখন ৰাজ্যৰ নাম লিখা।

উত্তৰঃ পাঞ্জাৱ আৰু বংগদেশ।

৯। দুখন ৰাজ্যৰ নাম লিখা যি দুখন পূর্বতে কেন্দ্রীয় শাসিত অঞ্চল আছিল? 

উত্তৰঃ মণিপুৰ আৰু হিমালয় প্রদেশ।

১০। ৰাজ্য পুনৰ গঠন আইনখন কোন চনত গৃহীত হৈছিল? এই আইনৰ অধীনত গঠন কৰা এখন ৰাজ্যৰ নাম লিখা। 

উত্তৰঃ ১৯৫৬ চনত ৰাজ্য পুনর্গঠন আইন গৃহীত হৈছিল। এই আইনৰ অধীনত অন্ধ্ৰপ্ৰদেশ ৰাজ্যখন গঠন কৰা হৈছিল।

১১। ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল মাউন্টবেটেনে ১৯৪৭ চনৰ ৩ জুনত কি ঘোষণা কৰিছিল। 

উত্তৰঃ ভাৰতবৰ্ষক বিভাজন কৰি দুখন পৃথক স্বাধীন ৰাষ্ট্ৰ গঠন কৰা। এখন হ’ল ভাৰতবৰ্ষ আৰু আনখন পাকিস্থান।

১২। জম্মু-কাশ্মীৰক বিশেষ মর্যাদা প্রদান কৰা দুটা অনুচ্ছেদ উল্লেখ কৰা। 

উত্তৰঃ জম্মু-কাশ্মীৰৰ বাবে পৃথক সংবিধানৰ ব্যৱস্থা। ভাৰতীয় সংসদে প্রণয়ন কৰা আইন জম্মু-কাশ্মীৰত প্রযোজ্য হ’বলৈ হ’লে ৰাজ্যিক বিধানসভাৰ অনুমোদনৰ প্ৰয়োজন।

১৩। ৰাজ্য পুনৰ গঠন আইন অনুসৰি কিমানখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সৃষ্টি কৰা হৈছে?

 উত্তৰঃ ১৪খন ৰাজ্য আৰু ছয়খন কেন্দ্রীয় শাসিত ৰাজ্য।

১৪। স্বাধীনতা আন্দোলনত নেতাসকলে ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰৰ ধাৰণাটো কি কাৰণে সমর্থন কৰিছিল? 

উত্তৰঃ ভাৰতবৰ্ষত বসবাস কৰা বিভিন্ন ধৰ্মৰ মানুহৰ মাজত সদভাৱ, একতা আৰু ভ্রাতৃত্বভাৱ অটুট ৰাখিবলৈ।

১৫। ৰাজ্য পুনৰ গঠন আয়োগৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ কি আছিল? 

উত্তৰঃ ভাষাৰ ভিত্তিত ৰাজ্যসমূহৰ পুনৰ গঠন কৰাটো আয়োগৰ অন্যতম পৰামৰ্শ আছিল।

১৬। বিভাজন সম্পৰ্কে ডলৰ কোনটো মন্তব্য অশুদ্ধ।

  • দ্বি-জাতিতত্ত্বৰ ভিত্তিত ভাৰত বিভাজিত হৈছিল।
  • ধৰ্মৰ ভিত্তিত পাঞ্জাৱ আৰু বেংগল প্রদেশ দুখনক বিভাজিত কৰিছিল।
  • পূর্ব-পাকিস্তান আৰু পশ্চিম পাকিস্তান প্রতিবেশী নাছিল।
  • বিভাজনৰ আঁচনিত জনসাধাৰণক সীমাৰ সিপাৰে বিভাজনৰ বিষয়ে অন্তর্ভূক্ত আছিল।

উত্তৰঃ (ঘ) বিভাজনৰ আঁচনিত জনসাধাৰণক সীমাৰ সিপাৰে বিভাজনৰ বিষয়ে অন্তৰ্ভূক্ত কৰিছিল। 

১৭। নেহৰুৰ নীতিৰ দুটা নেতিবাচক লক্ষণ লিখা।

উত্তৰঃ নেহৰুৰ নীতিৰ দুটা নেতিবাচক লক্ষণবোৰ হ’ল – 

  1. নেহৰুৱে ভাৰতীয় জনগণে নিৰ্ভৰ কৰিব পৰা কোনো আদর্শ গঢ় দিব পৰা নাছিল।
  2. নেহৰুৰ বৈদেশিক নীতিৰ সংকীৰ্ণ প্রেক্ষাপট।

১৮। স্বাধীন ভাৰতে সন্মুখীন হোৱা প্ৰত্যাহ্বান তিনিটা কি কি আছিল? 

উত্তৰঃ 

  1. প্ৰথম প্ৰত্যাহ্বানটো আছিল ভাৰতৰ বিশালতা আৰু বৈচিত্ৰতাৰ মাজত ঐক্য স্থাপন কৰা।
  2. দ্বিতীয়টো প্ৰত্যাহ্বান আছিল গণতন্ত্র প্রতিষ্ঠা কৰা।
  3. ভাৰতৰ মুষ্টিমেয়সকলৰ পৰিবৰ্তে সমগ্ৰ জনসাধাৰণৰ বিকাশ আৰু মংগল সুনিশ্চিত কৰা।

১৯। ‘দ্বিৰাষ্ট্ৰ সূত্র’ৰ তাৎক্ষণিক ফল কি আছিল?

উত্তৰঃ দ্বিৰাষ্ট্ৰ সূত্ৰৰ তাৎক্ষণিক ফল আছিল ভাৰতবৰ্ষক ধর্ম ভিত্তি দুখন ৰাষ্ট্ৰৰ বিভক্ত কৰি ভাৰতবৰ্ষ আৰু পাকিস্তান ৰাষ্ট্ৰৰ সৃষ্টি কৰি স্বাধীনতা প্ৰদান কৰা।

২০। নেহৰুৰ নীতিৰ দুটা নেতিবাচক লক্ষণ লিখা।

উত্তৰঃ নেহৰুৰ নীতিৰ দুটা নেতিবাচক লক্ষণ হল—

  1. স্বাধীনতা ছয়টা দশকৰো অধিককাল ধৰি ভাৰতীয় জাতি নির্মাণ প্রক্রিয়াই প্রত্যাহ্বান হিচাপে ঠিয় দি আছে।
  2. ভাৰতবৰ্ষত এতিয়াও বৈচিত্র্যতাৰ মাজত একটা স্থাপন হোৱা। এতিয়া ভাৰতবৰ্ষত সাম্প্রদায়িকতাই প্রত্যাহ্বান হিচাপে গঢ় লৈ আছে।

২১। “কেন্দ্ৰীয় চৰকাৰে নিবিচৰা বাবে গোৱাক মহাৰাষ্ট্ৰৰ সৈতে চামিল কৰা হোৱা নাছিল ব্যাখ্যা কৰা।

উত্তৰঃ ১৯৪৭ চনত ভাৰতবৰ্ষত বৃটিছ সাম্ৰাজ্যৰ শাসনৰ ওৰ পৰে যদিও ষোল্ল শতিকাৰ পৰা ঔপনিবেশিক শাসনাধীন গোৱা, দিউ আৰু দমন ৰাজ্যক্ষেত্ৰৰ পৰা পৰ্টুগাল উঠি যাবলৈ অমান্তি হৈছিল। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত ভাৰত চৰকাৰে পটুগীজ চৰকাৰক তেওঁলোকৰ শাসনকার্য পৰিহাৰ কৰিবলৈ বহুতে চেষ্টা কৰে। সেই উদ্দেশ্যে আনকি গোৱাৰ এটা শক্তিশালী আন্দোলনও গঢ় লৈ উঠিছিল। অৱশেষত ১৯৬১ চনৰ ডিচেম্বৰ মাহত ভাৰত চৰকাৰে সৈন্য পঠিয়াই আৰু দুদিনৰ পিছত গোৱা পৰ্টুগাল শাসনৰ পৰা মুক্ত হয় আৰু কেন্দ্রীয় শাসিত অঞ্চল

হিচাপে স্বীকৃতি লাভ কৰে। 

২২। শ্বিলং কোন ৰাজ্যৰ ৰাজধানী আছিল? সেই ৰাজ্যখনৰ পৰা ইয়াক কেতিয়া আঁতৰাই নিয়া হয়?  

উত্তৰঃ শ্বিলং অসম ৰাজ্যৰ ৰাজধানী আছিল। ১৯৭২ চনত ইয়াক অসমৰ পৰা আঁতৰাই নিয়া হয়।

(গ) উত্তৰ লিখা : মূল্যাংক: ৪ নম্বৰকৈ

১। দ্বি-জাতি তত্ত্বৰ বিষয়ে ব্যাখ্যা কৰা।

 উত্তৰঃ দ্বিজাতি তত্ত্ব মানে ভাৰতবৰ্ষক ধৰ্মৰ ভিত্তিত দুখন পৃথক ৰাষ্ট্ৰ গঠনৰ দাবী। এই তত্বৰ ভিত্তিতেই ১৯৪৭ চনৰ ১৪ আগষ্ট আৰু ১৫ আগষ্টত দুখন স্বাধীন বাষ্ট্ৰৰ জন্ম হৈছিল। তাবে এখনৰ নাম পাকিস্তান আৰু আনখনৰ নাম আছিল ভাৰত৷ মুছলিম লীগে এই দাবী ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰি কৈছিল যে ভাৰতবৰ্ষত দুটা পৃথক জাতি আছে। সেয়া হ’ল

হিন্দু আৰু মুছলমান। গতিকে তেওঁলোকে মুছলমানসকলৰ কাৰণে এখন গঠনৰ দাবী কৰিছিল।

২ | “গান্ধীজীৰ কাৰ্য্যবোৰ সকলোৱে পছন্দ কৰা নাছিল” তোমাৰ মতামত আগবঢ়োৱা। 

উত্তৰঃ এইটো সঁচা যে গান্ধীজীৰ কৰ্মৰাজিক সকলোৱে ভাল পোৱা নাছিল। চমপন্থীসকলে ভাৰত বিভাজনৰ বাবে তেওঁক দোষাৰোপ কৰিছিল। ১৯৪৮ চনত নাথুৰাম গড়ছে গান্ধীজীক হত্যা কৰিছিল।

৩| ব্ৰিটিছ ভাৰতৰ প্ৰদেশবোৰ কি কি আছিল? এইবোৰ দেশীয় ৰাজ্যৰ পৰা কি ধৰণে পৃথক আছিল?

উত্তৰঃ ব্ৰিটিছ ভাৰতৰ প্ৰদেশবোৰ ব্ৰিটিছ চৰকাৰৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত পৰিচালিত হৈছিল। ইংৰাজ চৰকাৰে এই প্ৰদেশবোৰ পোনপটীয়াকৈ শাসন কৰিছিল। আনহাতে দেশীয় ৰাজ্যবোৰ ব্ৰিটিছ ৰাজমুকুটৰ তলতীয়া ৰাজ্য আছিল। এই ৰাজ্যসমূহে বৃটিছ চৰকাৰৰ আধিপত্য স্বীকাৰ কৰি ইংৰাজক কৰ কাটল আদায় দিছিল। 

৪ ।স্বাধীন ভাৰতৰ দুটা সহজ লক্ষ্য ব্যাখ্যা কৰা।

উত্তৰঃ স্বাধীন ভাৰতবৰ্ষৰ দুটা লক্ষ্য আছিল সংবিধান প্রণয়ন আৰু গণতান্ত্রিক শাসন প্রতিষ্ঠা কৰা । স্বাধীন ভাৰতৰ সংবিধান ৰচনা কৰাৰ দায়িত্ব ন্যস্ত কৰা হৈছিল এখন সংবিধান সভাৰ হাতত। সংবিধান সভাই যথেষ্ট পৰিশ্ৰম কৰি স্বাধীন ভাৰতৰ বাবে এখন সুন্দৰ সংবিধান ৰচনা কৰি উলিয়াইছিল। এই সংবিধানখনৰ ভিত্তিতেই স্বাধীন ভাৰতৰ শাসন ব্যৱস্থা সুকলমে পৰিচালিত হৈছে।

স্বাধীনতা লাভ কৰাৰ পিছত ভাৰতবৰ্ষই গণতান্ত্রিক শাসন প্রতিষ্ঠা কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছিল। ভাৰতীয় সংবিধানে সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত নিয়মীয়া নিৰ্বাচনৰ ব্যৱস্থা কৰিছিল। ভাৰতীয় সংবিধানত মৌলিক অধিকাৰ আৰু প্ৰত্যেক নাগৰিকৰ সমভোটাধিকাৰ আৰু নিৰ্বাচনত সমানে প্রতিদ্বন্দ্বিতা কৰাৰ অধিকাৰ আছে। ভাৰতবৰ্ষত প্রতিনিধিত্বমূলক গণতন্ত্র প্ৰচলন কৰা হৈছে যাৰ ভিত্তি হ’ল সংসদীয় চৰকাৰ ব্যৱস্থা।

৫। দেশ বিভাজনৰ ফলাফল আলোচনা কৰা।

             অথবা

১৯৪৭ চনত ভাৰত বিভাজনৰ ফলাফল সমূহ কি কি? 

উত্তৰঃ দেশ বিভাজনৰ দুখন পৃথক ৰাষ্ট্ৰ গঠন হৈছিল। তাৰে এখন ভাৰতবৰ্ষ আন এখন হ’ল পাকিস্তান। দেশ বিভাজনৰ ফলত হাজাৰ হাজাৰ সীমান্তৰ জনসাধাৰণ সাম্পদায়িক সংঘৰ্ষৰ বলি হৈ নিহত হৈছিল। লাখ লাখ মানুহৰ সা-সম্পত্তি লুট-পাত কৰা হৈছিল। বহু লাখ লোক গৃহহাৰা হৈছিল। বহুতো লোক শৰণাৰ্থী হিচাপে দুয়োখন দেশত বাস কৰিবলৈ বাধ্য হৈছিল। হাজাৰ হাজাৰ লোকে নিজৰ ঘৰ-বাৰী আৰু নিজ সম্পত্তিৰ পৰা বঞ্চিত হ’ব লগা হৈছিল। এই লোকসকলে নিজৰ ভাষা-সংস্কৃতি হেৰুৱাৰ লগতে নিজ আত্মীয় কুটুম্বৰ সান্নিধ্যৰ পৰাও বঞ্চিত হৈছিল।

৬ । ৰাষ্ট্ৰীয় সংহতিৰ ক্ষেত্ৰত চৰকাৰৰ তিনিটা পদক্ষেপ আলোচনা কৰা। 

উত্তৰঃ স্বাধীন ভাৰতৰ চৰকাৰে ঐক্য আৰু সংহতি দৃঢ় কৰিবলৈ তিনিটা দৃষ্টিভংগী বিবেচনা কৰিছিল। যেনে: 

  1. গৰিষ্ঠ সংখ্যক দেশীয় ৰাজ্যই ভাৰতবৰ্ষত চামিল হোৱাৰ ইচ্ছা স্পষ্টভাৱে প্ৰকাশ কৰিছিল।
  2. দেশীয় ৰাজ্যসমূহৰ জনগণৰ ভাষা, সংস্কৃতি আৰু স্বকীয় ঐতিহ্য অক্ষুণ্ণ ৰখাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল।
  3. দেশ বিভাজনে সৃষ্টি কৰা ধ্বংস আৰু হত্যালীলাৰ ক্ষয় ক্ষতিৰ পুনঃনির্মাণ আৰু ঐক্যবদ্ধ শক্তিশালী ভাৰত গঠনৰ কাৰ্য্যসূচীক গুৰুত্ব দিছিল।

৭। ৰাষ্ট্ৰ পুনৰ গঠন আয়োগ কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ কাৰ্য্য আলোচনা কৰা। 

উত্তৰঃ ১৯৫৩ চনত ৰাজ্য পুনৰ গঠন আয়োগ নিয়োগ কৰা হৈছিল। এই আয়োগে বিভিন্ন ধৰণৰ আলোচনা আৰু অধ্যয়ন কৰি ভাষাৰ ভিত্তিত ৰাজ্য পুনৰ গঠনৰ পৰামৰ্শ আৰু প্ৰস্তাৱ গ্ৰহণ কৰিছিল। এই আয়োগৰ পৰামৰ্শৰ ভিত্তিত ১৯৫৬ চনত ভাৰত চৰকাৰে সংসদত ৰাজ্য পুনৰ গঠন আইনখন গৃহীত কৰিছিল। এই আইনখনৰ জৰিয়তে ভাষাৰ ভিত্তিত ভাৰতবৰ্ষক পুনৰ গঠনৰ উদ্দেশ্যে ১৪ খন ৰাজ্য আৰু ৬ খন কেন্দ্রীয় শাসিত অঞ্চল নতুনকৈ গঠন কৰা হৈছিল।

৮। চৰ্দাৰ বল্লভভাই পেটেলৰ বিষয়ে এটি টোকা লিখা। 

উত্তৰঃ চৰ্দাৰ পেটেল আছিল স্বাধীন ভাৰতবৰ্ষৰ প্ৰথম উপ-প্রধান মন্ত্ৰী আৰু গৃহ মন্ত্ৰী। তেখেতে স্বাধীন ভাৰতবৰ্ষৰ লগত দেশীয় ৰাজ্য সমূহক একত্ৰীকৰণ কৰাত ঐতিহাসিক ভূমিকা গ্ৰহণ কৰিছিল। ভাৰতবৰ্ষ ঐক্যবদ্ধ কৰাত তেখেতৰ অৱদান উল্লেখযোগ্য।

৯। হায়দৰাবাদৰ গণ আন্দোলনৰ বিষয়ে এটা টোকা লিখা।

উত্তৰঃ ভাৰতৰ ভূখণ্ডত হায়দৰাবাদ আছিল বৃহত্তম দেশীয় ৰাজ্য। বিশ্বৰ অন্যতম আঢ্যবস্তু শক্তি হিাপে প্রতিষ্ঠা লাভ কৰা হায়দৰাবাদৰ শাসকজনক নিজাম বুলি কোৱা হৈছিল জুনাগড় আৰু ভূপালৰ দৰে হায়দৰাবাদৰ নিজামেও ভাৰত বা পাকিস্তানৰ অন্তৰ্ভুক্ত হোৱাৰ পৰিৱৰ্তে স্বাধীন চিতীয়াভাৱে থাকিব বিচাৰিছিল যদিও পৰৱৰ্তী সময়ত ষ্টেগুষ্টিল চুক্তিৰ জৰিয়তে ভাৰতৰ সৈতে চামিল হৈছিল।

আনহাতে হায়দৰবাদৰ জনসাধাৰণে নিজামৰ অগণতান্ত্রিক শাসনৰ ওপৰত মুঠেই সন্তুষ্ট নাছিল। মহিলা আৰু শিশুসকলকে আদি কৰি সংখ্যালঘুসকলৰ ওপৰত নিজামে কঠোৰ অত্যাচাৰ চলাইছিল। অনা মুছলীমসকলৰ পৰা তেওঁ উচ্চহাৰত কৰ দাবী জনাইছিল। এনে পৰিপ্ৰেক্ষিতত হায়দৰাবাদৰ নিজামৰ শাসনৰ বিৰুদ্ধে গণ আন্দোলনৰ সূত্ৰপাত ঘটিছিল। নিজামে মুছলিম ইহোদ উল মুছলীম নামৰ উগ্ৰ সাম্প্ৰদায়িকতাবাদী আৰু ভাৰত বিৰোধী সংগঠনৰ নেতা কাছিম ৰাজভিৰ নেতৃত্বত উগ্র সাম্প্রদায়িক ৰাজাকাৰ নামৰ অৰ্ধসামৰিক বাহিনীয়ে জনগণৰ বিশেষকৈ হিন্দুৰ ওপৰত নিৰ্মম অত্যাচাৰ চলাইছিল। কেন্দ্ৰই ১৯৪৮ চনৰ ১৩ ছেপ্তেম্বৰত হায়দৰাবাদলৈ ভাৰতীয় সেনা প্ৰেৰণ কৰে। নিজামক ভারতীয় সেনাই গ্রেপ্তাৰ কৰে আৰু হায়দৰাবাদৰ প্রশাসন কেন্দ্ৰৰ হাতলৈ হস্তগত কৰা হয়। নিজামে ভাৰত চৰকাৰৰ সৈতে চৰ্ত সম্বলিত চুক্তিপত্ৰত স্বাক্ষৰ কৰিছিল, তেতিয়াৰ পৰা হায়দৰাবাদ ভাৰতৰ আত্মবিশ্বাসী অংগস্বৰূপ হৈ পৰিল।

১০। স্বাধীনতাৰ পিছত তাৎক্ষণিকভাৱে ভাৰতে সম্মুখীন হ’বলগীয়া হোৱা প্ৰত্যাহ্বান দুটাৰ বিষয়ে আলোচনা কৰা। 

উত্তৰঃ স্বাধীনতাৰ পিছত তাৎক্ষণিকভাবে ভাৰতে সন্মুখীন হ’বলগীয়া হোৱা প্ৰতাহ্বান দুটা

(ক) স্বাধীনতাৰ পিছত ভাৰতে সন্মুখীন হোৱা প্ৰত্যাহ্বানটো হ’ল – ভাৰতৰ বিশালতা আৰু বিচিত্ৰতা। ভাৰতৰ জনসাধাৰণে অসংখ্য ভাষা ব্যৱহাৰ কৰাৰ লগতে সংস্কৃতি আৰু ধৰ্মৰ ক্ষেত্ৰত বিভিন্নতা বিৰাজমান। স্বাভাৱিকতে এই বিভিন্নতা অথবা বিচিত্রতা আৰু ভৌগোলিক আয়তনৰ বিশালতাই নতুনকৈ স্বাধীনতা লাভ কৰা ভাৰতৰ ভৱিষ্যৎ সম্পৰ্কে সংশয়ৰ সৃষ্টি কৰিছিল।

(খ) জাতি নিৰ্মাণৰ প্ৰক্ৰিয়াটো দ্বিতীয় প্ৰত্যাহ্বান আছিল গণতান্ত্রিক চৰকাৰ প্ৰতিষ্ঠিতা কৰা। ভাৰতক এখন গণতান্ত্ৰিক ৰাষ্ট্ৰলৈ উন্নীত কৰাটো আছিল এটা অতিশয় কঠিন কাম। সংবিধানত সংসদীয় পদ্ধতিৰ চৰকাৰী ব্যৱস্থাৰ ওপৰত আধাৰিত প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ গ্ৰহণ কৰা হৈছিল যাতে ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰত এক প্রতিযোগিতামূলক পৰিবেশৰ সৃষ্টি হয় আৰু ইয়াৰ জৰিয়তে ভাৰতৰ নতুনকৈ স্বাধীনতাৰ সোৱাদ লাভ কৰা জনসাধাৰণে গণতান্ত্রিক শিক্ষা আহৰণ কৰিব পাৰে।

১১। ‘হৃদয়ৰ বিভাজন’ শব্দ দুটাই কি বুজায় আলোচনা কৰা। 

উত্তৰঃ ভাৰত-পাকিস্তানৰ বিভাজনক “হৃদয়ৰ বিভাজন” বুলি কোৱা হৈছিল, কাৰণ দেশ। বিভাজনৰ কেৱল দেশৰ সা-সম্পত্তি, দেনা-পাওনা বা দেশৰ ৰাজনৈতিক আৰু প্ৰশাসনীয় গোটৰ বিভাজন নাছিল। আর্থিক সম্পদসমূহৰ লগতে চৰকাৰী কাৰ্যালয়ৰ চকী-মেজ, টাইপ বাইটাৰ, পেপাৰক্লিপ আৰু আনকি আৰক্ষী বাহিনীয়ে ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰসমূহো ভাগ কৰি লোৱা হৈছিল। বিভাজনৰ সময়ছোৱাত প্রায় ৮০ লাখ লোক নতুন সীমান্তলৈ প্ৰব্ৰজন কৰিবলগীয়া হৈছিল। বিভাজনৰ সৈতে জড়িত হিংসাত্মক ঘটনাক পাঁচৰ পৰা দহ লাখ লোকৰ মৃত্যু হৈছিল। অসংখ্য লোক গৃহহাৰা আৰু চিৰদিনলৈ পংগু হৈছিল। সীমান্ত অতিক্রম কৰোঁতে বহুত লোকক হত্যা কৰাৰ লগতে অসংখ্য মহিলাক ধৰ্ষণ কৰা হৈছিল। আনকি দুয়োটা সীমান্তত বহু মহিলাক অপহৰণ কৰি ধৰ্মান্তৰিত কৰা হৈছিল। বহুক্ষেত্ৰত এই ধৰণৰ মহিলাসকলক “পৰিয়ালৰ সন্মান” ৰক্ষাৰ বাবে নিজৰ পৰিয়ালৰ সদস্যই হত্যা কৰিছিল। বহুতো – শিশু নিজৰ পিতৃ-মাতৃৰ পৰা পৃথক হৈছিল।

১২। ৰাষ্ট্ৰ গঠনৰ নিৰ্ণয় কৰা যিকোনো চাৰিটা কাৰকৰ ব্যাখ্যা কৰা।

উত্তৰঃ ৰাষ্ট্ৰ গঠনৰ ক্ষেত্ৰত দেখা দিয়া চাৰিটা প্রধান সমস্যা হল –

(ক) বৃটিছ ভাৰতত এনে কোনো একত্রিত অঞ্চল নাছিল য’ত মুছলমান সংখ্যাগরিষ্ঠতা আছিল। 

(খ) দ্বিতীয়তে, সকলোবোৰ মুছলমান সংখ্যাগৰিষ্ঠ অঞ্চল পাকিস্তানৰ সৈতে চামিল হ’ব বিচৰা নাছিল। 

(গ) বৃটিছ ভাৰতৰ মুছলমান সংখ্যাগৰিষ্ঠ প্ৰদেশ বংগ আৰু পঞ্চায়ত এনে কিছু বিশাল এলেকা আছিল য’ত অমুছলমান সংখ্যাগৰিষ্ঠতা আছিল।

 (ঘ) দুয়োখন ৰাষ্ট্ৰৰ সীমান্তৱৰ্তী অঞ্চলৰ সংখ্যালঘুসকলক কেন্দ্ৰ কৰি সবাতোকৈ গুৰুত্বৰ সমস্যাটোৰ উদ্ভৱ হৈছিল।

১৩। ভাৰতৰ ভাষা সমস্যাৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ ভাৰতৰ ভাষা সমস্যাৰ চাৰিটা বৈশিষ্ট্য হল – 

(ক)ভাৰতৰ সংবিধানে হিন্দী ভাষাক ৰাষ্ট্ৰীয় ভাষা হিচাপে গ্ৰহণ কৰিছে যদিও দক্ষিণ ভাৰতত এতিয়াও এই ভাষাক বিৰোধ কৰা দেখা গৈছে।

(খ)ভাৰতবৰ্ষত ভাষাই মানুহৰ মাজত ঐক্যৰ পৰিবৰ্তে অনৈক্যৰহে সৃষ্টি কৰিছে। 

(গ)ভাৰতৰ বিভিন্ন অঞ্চলৰ ভাষাৰ ভিত্তি আঞ্চলিক দল গঠন হোৱা দেখা গৈছে আৰু ৰাজনৈতিক ক্ষেত্ৰত এক অস্থিৰতা বিৰাজ কৰিছে। 

(ঘ)ভাষাৰ ভিত্তিত ৰাজ্য গঠন হোৱাত স্বাধীনতাৰ পিছত ভাৰতত বহুতো নতুন ৰাজ্যৰ সৃষ্টি কৰিবলগীয়া হৈছে। যিটো ব্যৱস্থা এতিয়াও চলি আছে আৰু চৰকাৰৰ সন্মুখত এক প্রত্যাহ্বান হিচাপে দেখা দিছে।

১৪। ভাৰত বিভাজনৰ সৈতে সম্পর্কিত ঘটনাৱলী আলোচনা কৰা।

উত্তৰঃ ভাৰত বিভাজনৰ সৈতে সম্পর্কিত ঘটনাৱলীকেইটা হ’ল –

  • (ক) স্বাধীনতাৰ লগে লগে দেশ বিভাজন হয়, যাৰ ফলত কেউদিশে সংঘটিত হোৱা ব্যাপক হিংসা সংঘৰ্ষ আৰু স্থানান্তৰকৰণে ভাৰতবৰ্ষৰ ধৰ্ম নিৰপেক্ষতাৰ প্ৰতিচ্ছবি বা ধাৰণাটোৰ প্ৰতি ভাবুকি সৃষ্টি কৰি আৰু বিভিন্ন অঞ্চলত সাম্প্রদায়িক হিংসাই গা কৰি উঠিছিল।
  • (খ)ক্ষুদ্র ক্ষুদ্ৰ ৰাজ্যসমূহক ভাৰত ৰাষ্ট্ৰৰ সৈতে সংযুক্তিকৰণৰ প্ৰক্ৰিয়া জৰুৰীভাবে হাতত লবলগীয়া হৈছিল।
  • (গ) বিভিন্ন ভাষা-ভাষী লোকৰ মনৰ প্ৰত্যাশা পূৰণৰ বাবে দেশৰ আভ্যন্তৰীণ সীমাৰেখাৰ নতুনকৈ অংকন কৰিবলগীয়া হৈছিল।
  • (ঘ) বিভাজনৰ পিছত সবাতোকৈ গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানটো আছিল শৰণাৰ্থীৰ পুনৰ সংস্থাপন। নিজৰ ঘৰ, ভূমি হেৰুবাই মানসিকভাবে বিধ্বস্ত হৈ পৰা লোকসকলক শরণার্থী শিবিৰত ৰখাৰ ব্যৱস্থা কৰা হৈছিল।

১৫। ১৯৪৭ চনত ভাৰত বিভাজিত হোৱাৰ প্ৰতিফলবোৰ কেনেকুৱা আছিল?

উত্তৰঃ ১৯৪৭ চনত ভাৰত বিভাজন হোৱাৰ প্ৰতিফলবোৰ হ’ল –

(ক) সাম্প্রদায়িক সংঘর্ষ : দেশ বিভাজনৰ পিছত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত সাম্প্রদায়িক সংঘৰ্ষৰ সৃষ্টি হয়। বিভাজনৰ কেইমাহমানৰ ভিতৰতে পাঁচ লাখ লোকক হত্যা কৰা হৈছিল আৰু হাজাৰ নিযুত টকাৰ সম্পত্তি লুণ্ঠন আৰু ধ্বংস কৰা হ’ল। লাহোৰ, অমৃতসৰ, কলকাতা আদি ঠাইত সাম্প্রদায়িক সংঘৰ্ষৰ সৃষ্টি হয়।

(খ)শৰণাৰ্থীৰ সমস্যা : ভাৰত বিভাজনৰ পৰিণতি স্বৰূপ মানব ইতিহাসৰ কেতিয়াও সংঘটিত নোহোৱা ধৰণৰ অপৰিকল্পিত মানব হস্তান্তৰ প্ৰক্ৰিয়া সংঘটিত হৈ গ’ল। দেশ বিভাজনৰ ফলত গৃহহীন হৈ পৰা লাখ লাখ লোক অন্য দেশত গৈ শৰণাৰ্থী হৈ পৰিল।

(গ) ৰাজহুৱা সম্পত্তিৰ পুনগঠন: স্বাধীনতাৰ পিছত দেশ বিভাজনৰ আন এটা গুরুত্বপূর্ণ পৰিণতি আছিল ৰাজহুৱা সম্পদ বিভাজন। অতদিনে এটা প্ৰশাসনৰ ব্যৱহাৰ অধীনস্থ হৈ থকা দেশখনৰ স্বাধীনতা লাভৰ মুহূৰ্তত দুভাগত বিভক্তি হৈ পৰাৰ ফলত চৰকাৰী কৰ্মচাৰীৰ লগতে চৰকাৰে ব্যৱহাৰ কৰি অহা সম্পদসমূহৰো ভাগ বাটোৱাৰা কৰিবলগীয়া হ’ল। ভাগ-বাটোৱাৰা কৰিবলগীয়া সম্পদসমূহৰ ভিতৰত আছিল চকী, মেজ, কিতাপপত্র, টাইপ-ৰাইটাৰ অথবা সংগীতৰ বাদ্যযন্ত্র আদি।

(ঘ)ভাৰত আৰু পাকিস্তানৰ সংখ্যাগৰিষ্ঠ আৰু সংখ্যা নতুনকৈ সমস্যাঃ বিভাজনৰ আন এটা পৰিণতি হ’ল নিজৰ ঠাইতে হিন্দু আৰু মুছলমান লোকসকল সংখ্যাগৰিষ্ঠ আৰু সংখ্যালঘিষ্ঠত পৰিণত হৈছিল।

(ঙ)আত্মীয়তাৰ মাজত বিভাজন : বিভাজনৰ সময়ত বিভিন্ন লিখক, কবি, সাহিত্যিক, কথাছবিৰ প্ৰতিষ্ঠাতাসকলে নানা সমস্যাৰ সন্মুখীন হৈছিল আৰু বিভিন্ন হিংসা আৰু হত্যাৰ দ্বাৰা এইলোকসকলে কষ্টত ভুগীবলগীয়া হৈছিল। গতিকে ভাৰত বিভাজনৰ পৰিণতিটোক আত্মাৰ বিভাজন বুলি কোৱা হয়।

১৬। ভাৰতৰ সৈতে কাশ্মীৰৰ চামিল!কৰণৰ বিশদ ব্যাখ্যা কৰা। 

উত্তৰঃ কাশ্মীৰ ভাৰতবৰ্ষ আৰু পাকিস্তান দুয়োখন দেশৰ সীমিতত অৱস্থিত। স্বাধীনতাৰ সময়ত এই ৰাজ্যৰ শাসক আছিল হৰি সিং আৰু তেওঁ হিন্দু ধৰ্মৰ লোক। কিন্তু ৰাজ্যখনৰ ৭৫% লোক আছিল মুছলমান। ৰজা হৰি সিঙে কাশ্মীৰক এখন স্বাধীন ৰাজ্য হিচাপে ৰাখির খুজিলে। কিন্তু ১৯৪৭ চনৰ ২২ অক্টোবৰ তাৰিখে পাকিস্তানৰ সৈন্যবাহিনীৰ সহযোগত পাঠান। জনজাতীয় লোকে কাশ্মীৰ আক্ৰমণ কৰি ৰাজ্যৰ ৰাজধানী শ্রীনগৰলৈ আগবাঢ়ি আহে। মহাৰাজ হৰি সিঙৰ সৈন্য এনে আক্ৰমণৰ সন্মুখত তিষ্ঠিব নোৱাৰিব বুলি জানিয়েই ২৪ অক্টোবৰ তাৰিখে মহাৰাজাই ভাৰত চৰকাৰৰ ওচৰত সামৰিক সাহায্য বিচাৰি আবেদন জনালে। তেতিয়া ভাৰতৰ প্ৰধানমন্ত্রী জৱাহৰলাল জনসাধাৰণৰ মতামত নোহোৱাকৈ কাশ্মীৰক ভাৰতত চামিল কৰাৰ পক্ষপাতী নাছিল। তেনে পৰিস্থিতত ২৬ অক্টোবৰ তাৰিখে কাশ্মীৰ ভাৰতবৰ্ষত চামিল হয় আৰু শেখ আব্দুলাক ৰাজ্যৰ প্ৰশাসনৰ দায়িত্ব অর্পণ কৰে। ভাৰত চৰকাৰে ঘোষণা কৰিলে যে, ৰাজ্যখনত আইন শৃংখলা প্রতিষ্ঠা হোৱাৰ পাছত গণভোট অনুষ্ঠিত কৰি কাশ্মীৰক স্থায়ীভাবে ভাৰতবৰ্ষক চামিল কৰা হ’ব। ২৭ অক্টোবৰ তাৰিখে ভাৰতীয় সৈন্য কাশ্মীৰলৈ প্ৰেৰণ কৰি তৎকালে শ্রীনগৰ উদ্ধাৰ কৰা হ’ল আৰু কাশ্মীৰ ভাৰতৰ অংশ হৈ পৰিল।

১৭। ভাৰতৰ স্বাধীনতা লাভৰ পথটো সেন্দুৰীয়া নাছিল’— ব্যাখ্যা কৰা।

 উত্তৰঃ ভাৰতবৰ্ষই এটা অত্যন্ত জটিল সন্ধিক্ষণত স্বাধীনতা লাভ কৰিছিল। সেই সময়ত স্বাধীনতা লাভ কৰা অন্য ৰাষ্ট্ৰসমূহৰ তুলনাত ভাৰতবৰ্ষৰ পৰিস্থিতি তুলনামূলকভাবে বেছি জটিল আছিল। বহু আকাংখিত বহু প্রত্যাশিত আত্মাৰ এই স্বাধীনতা আহিছিল তীব্র যন্ত্রণাদায়ক দেশ বিভাজনৰ পিছত। দেশ বিভাজনে ভাৰতত ব্যাপক হত্যা হিংসা আৰু দেশ ত্যাগৰ জুই জ্বলাইছিল। সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে বহু যুগৰে পৰা মিলাপ্ৰীতিৰে বসবাস কৰি অহা দুয়োটা সম্প্ৰদায়ৰ মাজত হোৱা এক বক্তাক্ত ভাতৃঘাতী সংঘৰ্ষৰ যোগেদি এই বিভাজন সম্পূৰ্ণ হৈছিল। প্রায় ৫ ৰ পৰা ১০ লাখ পর্যন্ত লোকে দেশ বিভাজনে সৃষ্টি কৰা অশান্তিত প্ৰাণ হেৰুৱাইছিল।

১৮। সংবিধানৰ কোনকেইটা ব্যৱস্থাই জম্মু আৰু কাশ্মীৰৰ বিশেষ মর্যাদা প্রতিফলিত কৰে?

উত্তৰঃ জম্মু আৰু কাশ্মীৰৰ বিশেষ মর্যদাকেইটা হ’ল–

  1. ৩৭০ আৰু ৩৭১ নং অনুচ্ছেদ অনুসৰি জম্মু আৰু কাশ্মীৰক ভাৰতৰ আন ৰাজ্যতকৈ অধিক স্বায়ত্ব শাসন কৰিছে।
  2.  জম্মু আৰু কাশ্মীৰৰ এখন নিজা সংবিধান আছে।
  3. ইয়াত ভাৰতৰ সংবিধানৰ সকলো অধ্যয় ৰাজ্যখনৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়।
  4. সংসদে গৃহীত কৰা আইন ৰাজ্যখনে অনুমোদন দিলেহে ইয়াত কাৰ্যকৰী হয়।।

 ১৯। জাতীয় আন্দোলনৰ নেতাসকলে এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ আদৰ্শ কিয় পোষণ কৰিছিল?

উত্তৰঃ জাতীয় আন্দোলন চলি থকা সময়তে ভাৰতৰ জাতীয় কংগ্ৰেছৰ নেতাসকলে ধৰ্মনিৰপেক্ষতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। কাৰণ ভাৰত হিন্দু, মুছলমান, শিখ, জৈন, বৌদ্ধ আদি বিভিন্ন ধৰ্মৰ লোক বাস কৰা এক বিশাল দেশ যি বৃটিছ অধীনত আছিল। গতিকে সকলো সম্প্ৰদায়ৰ লোকে একত্রিতভআবে সংগ্ৰাম কৰিলেহে স্বাধীনতা লাভ কৰিব পাৰিব। সেইবাবে নেতাসকলে সকলো ধৰ্মৰ মাজত একতা স্থাপন কৰিবলৈ ধৰ্মনিৰপেক্ষতা নীতি অৱলম্বন কৰিছিল। ইয়াৰ দ্বাৰা হিন্দু-মুছলমান একত্রিতভাবে স্বাধীনতা আন্দোলন আগুৱাই নিব পাৰিছিল।

২০। “ভাৰতৰ স্বাধীনতাৰ পথ গোলাপৰ পথ নাছিল।” –ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতবৰ্ষই এটা অত্যন্ত জটিল সন্ধিক্ষণত স্বাধীনতা লাভ কৰিছিল। সেই সময়ত স্বাধীনতা লাভ কৰা অন্য ৰাষ্ট্ৰসমূহৰ তুলনাত ভাৰতবৰ্ষৰ পৰিস্থিতি তুলনামূলকভাবে বেছি জটিল আছিল। বহু আকাংখিত বহু প্রত্যাশিত আত্মাৰ এই স্বাধীনতা আহিছিল তীব্র যন্ত্রণাদায়ক দেশ বিভাজনৰ পিছত। দেশ বিভাজনে ভাৰতত ব্যাপক হত্যা হিংসা আৰু দেশ ত্যাগৰ জুই জ্বলাইছিল। সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে বহু যুগৰে পৰা মিলাপ্ৰীতিৰে বসবাস কৰি অহা দুয়োটা সম্প্ৰদায়ৰ মাজত হোৱা এক বক্তাক্ত ভাতৃঘাতী সংঘৰ্ষৰ যোগেদি এই বিভাজন সম্পূৰ্ণ হৈছিল। প্রায় ৫ ৰ পৰা ১০ লাখ পর্যন্ত লোকে দেশ বিভাজনে সৃষ্টি কৰা অশান্তিত প্ৰাণ হেৰুৱাইছিল।

২১। কি নীতিৰ ভিত্তিত ভাৰত বিভাজন সম্পূৰ্ণ কৰা হয়?

উত্তৰঃ দেশ বিভাজন কেৱল বেদনাদায়কেই নাছিল, ই আছিল এটা অত্যন্ত জটিল সিদ্ধান্ত যিটোৱে কাৰ্যকৰীকৰণত দেখা দিছিল অজস্র সমস্যাই । পৰাধীনতাৰ গ্লানি দূৰ কৰিবলৈ সাব বান্ধি থিয় হৈ উঠা জাতিটোক দুভাগ কৰিবলৈ যাওঁতে মূলতঃ ধর্মীয় সংখ্যাগৰিষ্ঠতাৰ নীতিকেই ভিত্তি কৰি লোৱা হৈছিল। অর্থাৎ মুছলমানৰ সংখ্যাগৰিষ্ঠতা থকা অঞ্চলসমূহক পাকিস্তানৰ লগত চামিল কৰা হৈছিল আৰু বাকী অংশবোৰ ভাৰতৰ লগত ৰখা হৈছিল।

২২। ৰাজশাসিত ৰাজ্যবিলাকৰ একত্ৰীকৰণত চৰ্দাৰ বল্লভভাই পেটেলৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ ৰাজ শাসিত ৰাজ্যবিলাক একত্ৰীকৰণত স্বাধীন ভাৰতৰ প্ৰথমজন গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলে সেই কঠিন সময়ছোৱাত এক ঐতিহাসিক ভূমিকা পালন কৰিছিল। গভীৰ দূৰদৃষ্টিসম্পন্ন কুটনীতিবিদ চৰ্দাৰ পেটেলে যথেষ্ট দৃঢ়তাৰে দেশীয় ৰাজ্যবিলাকৰ ৰজাসকলৰ সৈতে আলোচনা বিলোচনাত মিলিত হৈ প্ৰায় সংখ্যক শাসককে ভাৰতৰ লগত চামিল হ’বলৈ সৈমান কৰাইছিল।

(ঘ) দীঘল প্রশ্নোত্তৰঃ মূল্যাংক : ৬ নম্বৰকৈ

 ১। জাতি নিৰ্মাণৰ চাৰিটা উপাদান ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতবৰ্ষক এটা জাতি হিচাপে গঢ়ি তুলিবলৈ যাওঁতে বিগত সময়ছোৱাত ভাৰতবৰ্ষই প্ৰধানতঃ তিনিটা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। তলত এই বিষয়ে চমুকৈ আলোকপাত কৰা হ’ল।

(ক) বৈচিত্ৰ্যৰ বুকুত ঐক্য আৰু সংহতি প্রতিষ্ঠা কৰা:  এখন মহাদেশৰ সমান ভৌগোলিক বিস্তৃতি থকা তথা নানা জাতি, ধর্ম, ভাষা আৰু অঞ্চলক সাঙুৰি লোৱা ভাৰতবৰ্ষ এটা জাতি আৰু এখন দেশ হিচাপে বৰ্তি থাকিব নে নাথাকে সেইটো সদ্য স্বাধীনতাপ্রাপ্ত দেশখনৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান আছিল। সমান্তৰালভাৱে দেশৰ কিছু প্ৰান্তত কিছুমান নৃ-গোষ্ঠী ভাৰতবৰ্ষৰ অংশীদাৰ হ’ব নে নহ’ব — তাক লৈও বিতর্ক আৰম্ভ হৈছিল। এনে পৰিস্থিতিত জাতীয় ঐক্য আৰু সংহতি প্রশ্নটোৱে স্বাভাৱিকতেই গুরুত্ব লাভ কৰিছিল। কিন্তু বৈচিত্ৰ্যৰ পৰিপূৰ্ণ ভাৰতবৰ্ষক ঐক্য আৰু সংহতিৰ ডোলেৰে কিদৰে বান্ধিব পাৰি সেই প্রশ্নটো চৰকাৰৰ বাবে গভীৰ প্ৰত্যাহ্বান হিচাপে দেখা দিছিল।

(খ)সংবিধানে প্রদান কৰা গণতন্ত্ৰৰ বহল অৰ্থক বাস্তবায়িত কৰা : ভাৰতীয় সংবিধানে গণতন্ত্ৰৰ এক বহল ব্যাখ্যা আগবঢ়াইছে। গণতন্ত্রৰ অৰ্থ কেৱল নাগৰিকৰ মৌলিক অধিকাৰ অথবা নির্দিষ্ট সময়ৰ মূৰে মূৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ মাজতে সীমাবদ্ধ হৈ ৰোৱা নাই। ভাৰতীয় সংবিধানে গণতন্ত্ৰৰ বুকুত সমতা আৰু সামাজিক ন্যায় প্রমূল্য সাঙুৰি লৈছে; বৈষম্য আৰু অস্পৃশ্যতা বৰ্জন কৰিছেল। দেশ শাসনৰ বাবে জনপ্রতিনিধিত্বমূলক সংসদীয় শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। জাতি নির্মাণ প্রক্রিয়াটোরে এই প্ৰমূল্যসমূহক আওকাণ কৰিব নোৱাৰে।

(গ) সমাজৰ সৰ্বস্তৰৰ মংগল সাধন কৰিব পৰা বিকাশ নীতি গ্ৰহণ কৰা : স্বাধীনতাপ্রাপ্তিয়ে দেশৰ সকলো লোকৰে দৰিদ্ৰতা, নিৰক্ষৰতা, গৃহহীনতা, কৰ্ম সংস্থাপনহীতাৰ দৰে সকলো সমস্যা সমাধান কৰিব বুলিও আশা কৰিছিল। তাৰ উপৰিও অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ দৰে পিছপৰা সম্প্ৰদায়সমূহৰ বিকাশৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰো পোষকতা কৰিছিল স্বাধীনতা সংগ্রামে। এনে প্রত্যাশাক বাস্তৱ ৰূপ দিব পৰা বিকাশৰ নীতি বা আৰ্হিগ্ৰহণ কৰাটোৱেও ভাৰতীয় জাতি নিৰ্মাণ প্ৰক্ৰিয়াটোৰ বাবে এক প্ৰত্যাহ্বান হিচাপে গা কৰি উঠিল।

২। ভাৰতৰ ভাষা সমস্যাৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা। 

উত্তৰঃ ভাৰতীয় জাতীয় কংগ্ৰেছে ভাষাভিত্তিক ৰাজ্য গঠনৰ পোষকতা কৰাৰ অন্তৰালত কেতবোৰ গুৰুত্বপূৰ্ণ কাৰণ নিহিত আছিল –

(ক)১৯১৯ চনৰ পাছত স্বাধীনতা আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰাৰ লগে লগে সৰ্বস্তৰৰ জনসাধাৰণে স্বাধীনতা আন্দোলনত অংশ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে ভাৰতীয় জাতীয় কংগ্ৰেছে জনসাধাৰণক সংগঠিত কৰিবৰ বাবে মাতৃভাষা ব্যৱহাৰৰ নীতি গ্ৰহণ কৰে। তাৰ লগে লগে ভাষা-ভিত্তিক প্রদেশিক চেতনা বৃদ্ধি পাবলৈ ধৰে।

(খ)শিক্ষাৰ ব্যাপক সম্প্ৰসাৰণৰ বাবে মাতৃভাষাক মাধ্যম হিচাপে লোৱাটোৱেই যে উত্তম পন্থা হ’ব সেই কথা স্বাধীনতা আন্দোলনৰ নেতাসকলে ভালকৈ বুজিছিল। কিন্তু, কোনো এখন ৰাজ্যত এটা নির্দিষ্ট ভাষিক গোষ্ঠীৰ প্ৰাধান্য নাথাকিলে তেনে ভাষাক শিক্ষাৰ মাধ্যম বা চৰকাৰী ভাষা বুলি স্বীকৃতি দিব পৰা নাযায়। সেই দিশৰ পৰাও ভাষাৰ ভিত্তিত ৰাজ্য পুনৰ গঠনৰ প্ৰয়োজনীয়তা অধিকভাৱে অনুভৱ কৰা হৈছিল।

(গ)গণতন্ত্রণক তেতিয়াহে ৰাইজৰ ওচৰলৈ লৈ যাব পৰা যাব যেতিয়া কোনো প্রদেশ বা অঞ্চলৰ ৰাজনীতি আৰু প্ৰশাসন মাতৃভাষাত পৰিচালিত হ’ব। গণতন্ত্রক শক্তিশালী কৰি তোলাৰ স্বাৰ্থতো সেয়েহে ভাষাভিত্তিক ৰাজ্য পুনৰ গঠনৰ চিন্তাই গুৰুত্ব লাভ কৰিছিল। 

দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান প্ৰশ্নোত্তৰ

Sl. No.সূচী-পত্ৰ
Unit 1প্ৰথম খণ্ড
Chapter 1শীতল যুদ্ধৰ যুগ
Chapter 2দ্বি ৰাষ্ট্ৰবাদৰ অৱসান
Chapter 3 আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য
Chapter 4ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ
Chapter 5সাম্প্রতিক দক্ষিণ এছিয়া
Chapter 6আন্তর্জাতিক সংগঠন
Chapter 7সাম্প্রতিক বিশ্বত নিৰাপত্তা
Chapter 8পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ
Chapter 9বিশ্বায়ন
Unit 2দ্বিতীয় খণ্ড
Chapter 1জাতি গঠনৰ প্ৰত্যাহ্বান
Chapter 2এক দলীয় প্রাধান্যৰ যুগ
Chapter 3পৰিকল্পিত বিকাশৰ ৰাজনীতি
Chapter 4ভাৰতৰ বৈদেশিক সম্বন্ধ
Chapter 5কংগ্রেছ ব্যৱস্থাৰ প্রতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্রতিষ্ঠা
Chapter 6গণতন্ত্রৰ সংকট
Chapter 7গণ আন্দোলনৰ অভ্যুত্থান
Chapter 8আঞ্চলিক আকাংক্ষাবোৰ
Chapter 9ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ

৩ ।স্বাধীন ভাৰতবৰ্ষৰ তিনিটা প্ৰত্যাহ্বান বর্ণনা কৰা।

                       অথবা

“ভাৰতবৰ্ষৰ স্বাধীনতাৰ পথ গোলাপ সদৃশ মসৃণ নাছিল”-ব্যাখ্যা কৰা।

উত্তৰঃ প্ৰথম, এখন ৰাষ্ট্ৰ গঠন কৰা, যিখন ৰাষ্ট্ৰত বৈচিত্র্যতাৰ মাজত ঐক্যতা ৰক্ষা কৰা হ’ব। ভাৰতবৰ্ষ এখন এনেকুৱা ৰাষ্ট্ৰ য’ত বিভিন্ন ভাষা, লোক, ধৰ্ম আৰু সংস্কৃতি আছে। এনে এক অৱস্থাত ভাৰতবৰ্ষ এখন ৰাষ্ট্ৰ হিচাপে বেছি সময় চলিব নোৱাৰে বুলি বহুতে মন্তব্য প্রকাশ কৰিছিল। দেশৰ বিভাজনে সকলোৰে মনত সন্দেহৰ সৃষ্টি কৰিছিল।

দ্বিতীয়তে, এখন গণতন্ত্রৰ সৃষ্টি কৰিছিল এক প্ৰত্যাহ্বান। ভাৰতীয় সংবিধানত মৌলিক অধিকাৰ আৰু প্ৰত্যেক নাগৰিকৰ ভোটদানৰ অধিকাৰ আছে। ভাৰতবৰ্ষত প্রতিনিধিত্বমূলক গণতন্ত্র আছে। যাৰ ভিত্তি হ’ল সংসদীয় চৰকাৰ ব্যৱস্থা। একমাত্র এনেকুৱা গণতান্ত্রিক সংবিধান এখনে প্রকৃত গণতন্ত্র সৃষ্টি কৰিব নোৱাৰে। সংবিধান অনুযায়ী প্রকৃত গণতন্ত্র বিকাশ কৰাটো আছিল আন এটা প্ৰত্যাহ্বান।

তৃতীয় প্রত্যাহ্বান হ’ল সমাজৰ সকলো লোকৰ বিকাশ আৰু হিত চিন্তা কৰা। ভাৰতীয় সংবিধানত মৌলিক অধিকাৰে সমতা আৰু পিছ পৰা লোকসকলৰ বাবে বিশেষ গুরুত্ব দানৰ কথা উল্লেখ কৰিছে। সামাজিক আৰু ধৰ্মীয় সম্প্ৰদায়ৰ লোকৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব দিছে। সংবিধানত থকা নির্দেশাত্মক নীতিৰ দ্বাৰা কল্যাণকামী লক্ষ্যত উপনীত হোৱাৰ কথাও উল্লেখ কৰিছে। এইক্ষেত্ৰতো প্রকৃত প্রত্যাহ্বান হ’ল আৰ্থিক পৰিৱৰ্তনৰ দ্বাৰা দৰিদ্ৰতা দূৰ কৰাৰ বাবে প্ৰয়োজনীয় নীতিৰ ব্যৱস্থা কৰা।

8। ভাৰত বিভাজনৰ সৈতে জড়িত ঘটনাৰ আলোচনা কৰা।

উত্তৰঃ দেখাত সহজ যেন লাগিলেও দেশ বিভাজনৰ গোটেই প্ৰক্ৰিয়াটো আছিল অত্যন্ত জটিল। প্ৰধানতঃ চাৰিটা সমস্যাই এই জটিলতাৰ সৃষ্টি কৰিছিল –

(ক) ব্ৰিটিছসকলে শাসন কৰা ভাৰতবৰ্ষ কোনো এটা বিশেষ বেল্টত মুছলিম সংখ্যাগৰিষ্ঠতা নাছিল। কিন্তু দুটা অঞ্চলত মুছলিমসকলৰ বসতিৰ ঘনত্ব অধিক আছিল। কিন্তু তাৰে এটা অঞ্চল আছিল পশ্চিমত আৰু আন এটা অঞ্চল আছিল পুৱত। দুয়োটা অঞ্চলৰ মাজত পোনপটীয়া সংযোগৰো কোনো ব্যৱস্থা নাছিল।

(খ)দ্বিতীয়তে মুছলিম সংখ্যাগৰিষ্ঠতা থকা সকলো অঞ্চলো পাকিস্তানৰ অন্তর্ভুক্ত হ’ব খোজা নাছিল। ইয়াৰ ভিতৰৰ অন্যতম আছিল উত্তৰ-পশ্চিম সীমান্ত প্রদেশ। এই প্ৰদেশৰ অ-প্রতিদ্বন্দ্বী নেতা আৰু মহাত্মা গান্ধীৰ অন্যতম শিষ্য তথা “সীমান্ত গান্ধী” নামেৰে জনাজাত খান আব্দুল গফুৰ খানে নেতা বিভাজন আৰু পাকিস্তান সৃষ্টিৰ ধাৰণাটোৰ বিৰোধিতা কৰি আহিছিল। কিন্তু গফুৰ খানৰ প্ৰতিবাদক আওকাণ কৰি উত্তর-পশ্চিম সীমান্ত প্রদেশক পাকিস্তানৰ অন্তৰ্ভুক্ত কৰা হয়। পৰৱৰ্তী সময়ত এই প্ৰদেশত স্বায়ম্ভতাৰ দাবীত বিভিন্ন আন্দোলন গঢ় লৈ উঠে।

(গ) তৃতীয়টো সমস্যা আহিছিল দুখন প্রদেশক কেন্দ্ৰ কৰি। সেই প্রদেশ দুখন হ’ল ক্রমে – বেংগল আৰু পাঞ্জাৱ। এই দুয়োখন প্রদেশেই আছিল মুছলিম সংখ্যাগৰিষ্ঠ প্রদেশ। কিন্তু দুয়োখন প্রদেশৰে বহুবোৰ অঞ্চল এনে আছিল য’ত অ-মুছলমান লোকৰ সংখ্যাগরিষ্ঠতা আছিল। সেয়েহে, এই দুয়োখন প্ৰদেশ বিভাজনৰ বেলিকা এক নতুন পন্থা গ্ৰহণ কৰা হয়।

(ঘ)প্রধানতঃ ধৰ্মৰ ভিত্তিত বিভক্ত হোৱা দেশ দুখনত বহু লোক ধর্মীয় সংখ্যালঘু হৈ পৰিল। অর্থাৎ পাকিস্তানত বহু লক্ষ হিন্দু লোক তথা শিখ ধৰ্মৰ লোক আৰু ভাৰতবৰ্ষত বহু লক্ষ মুছলিম লোক তেওঁলোকৰ নিজৰ জন্মভূমিতেই বিদেশীৰ নিচিনা হৈ পৰিল। ধৰ্মীয় উন্মাদনাই সৃষ্টি কৰা ৰাজনৈতিক পৰিস্থিতিত নিজৰ প্ৰতিবেশীসকলৰ বাবে যেন তেওঁলোক হৈ পৰিল অনাকাংক্ষিত লোক। আনকি, দুয়োখন দেশতেই সংখ্যালঘুসকলক আক্রমণৰ লক্ষ্য কৰি লোৱা হ’ল। এনে পৰিস্থিতিত এই লোকসকলে তাৎক্ষণিকভাৱে নিজৰ গৃহভূমি ত্যাগ কৰিবলৈকো বাধ্য হৈ পৰিল।

৫। ভাৰতৰ সৈতে কাশ্মীৰ অন্তৰ্ভূক্ত সম্পর্কে ব্যাখ্যা আগবঢ়োৱা।

 উত্তৰঃ কাশ্মীৰ ভাৰতবৰ্ষ আৰু পাকিস্তান— দুয়োখন দেশৰ সীমাত অৱস্থিত। স্বাধীনতাৰ সময়ত এই ৰাজ্যৰ শাসক আছিল হৰি সিং আৰু তেওঁ হিন্দু ধৰ্মৰ লোক। কিন্তু ৰাজ্যখনৰ ৭৫% লোক আছিল মুছলমান। হৰি সিঙে ভাৰতবৰ্ষ অথবা পাকিস্তান— কাৰো লগতে চামিল হ’ব নুখুজিলে। হৰি সিঙে ভাৰতবৰ্ষৰ গণতন্ত্ৰ আৰু পাকিস্তানৰ সাম্প্রদায়িকতাবাদ – দুয়োটাকে ভয় কৰিছিল। তেওঁ কাশ্মীৰক এখন স্বাধীন ৰাজ্য হিচাপে ৰাখিব খুজিলে। কাশ্মীৰৰ সেই সময়ত জনপ্ৰিয় ৰাজনৈতিক শক্তি আছিল নেশ্যনেল কনফাৰেন্স আৰু ইয়াৰ নেতৃত্ব দিছিল শ্বেখ আব্দুল্লাই। নেশ্যনেল কনফারেন্স দলে কাশ্মীৰ ভাৰতবৰ্ষৰ সৈতে চামিল হোৱাৰ পক্ষে কৰিলে। কিন্তু ভাৰত চৰকাৰে এই ক্ষেত্ৰত অকলে কোনো ব্যৱস্থা গ্রহণ নকৰিলে। অন্য বাজ-শাসিত ৰাজ্যৰ ক্ষেত্ৰত গ্ৰহণ কৰা দৃষ্টিভংগীকে কাশ্মীৰৰ ক্ষেত্র তো গ্রহণ

কৰিলে আৰু কাশ্মীৰ ভাৰতবৰ্ষৰ অংশীদাৰ হ’ব নে পাকিস্তানৰ অংশীদাৰ হ’ব তাৰ চূড়ান্ত সিদ্ধান্ত জনসাধাৰণেই গ্ৰহণ কৰিব বুলি ঘোষণা কৰিলে। ১৯৪৭ চনত মহাত্মা গান্ধীয়েও ঘোষণা কৰিলে যে জনসাধাৰণৰ ইচ্ছা সাপেক্ষে কাশ্মীৰৰ ভাৰতবৰ্ষ অথবা পাকিস্তানৰ লগত চামিল হোৱাৰ অধিকাৰ আছে।

এনে পৰিস্থিতিত মাজতে ১৯৪৭ চনৰ অক্টোবৰ তাৰিখে পাকিস্তানী সৈন্যবাহিনীৰ সহযোগত পাঠান জনজাতীয় লোকে কাশ্মীৰ আক্ৰমণ কৰি ৰাজ্যৰ ৰাজধানী শ্রীনগৰলৈ আগবাঢ়ি আহে। মহাৰাজ হৰি সিঙৰ সৈন্য এনে আক্ৰমণৰ সন্মুখত তিষ্ঠিব নোৱাৰিব বুলি জানিয়েই ২৪ অক্টোবৰ তাৰিখে মহাৰাজাই ভাৰত চৰকাৰৰ ওচৰত সামৰিক সাহায্য বিচাৰি আবেদন জনালে। সামৰিক বাহিনী প্ৰেৰণৰ ক্ষেত্ৰত এক আন্তর্জাতিক বিধিগত বাধ্য উপস্থিত হ’ল। কাশ্মীৰ ভাৰতবৰ্ষৰ লগত চামিল নোহোৱালৈকে ভাৰতবৰ্ষই আন্তর্জাতিক আইনৰ নিয়মানুসাৰে সৈন্য প্ৰেৰণ কৰিব নোৱাৰে। অন্যহাতে, জনসাধাৰণৰ মতামত নোহোৱাকৈ কাশ্মীৰক ভাৰতত চামিল কৰাৰো পক্ষপাতী নাছিল ভাৰতীয় নেতৃত্ব, বিশেষকৈ প্ৰধানমন্ত্রী জৱাহৰলাল নেহৰু। এনে পৰিস্থিতিত ২৬ অক্টোবৰ তাৰিখে কাশ্মীৰ ভাৰতবৰ্ষত চামিল হয় আৰু শ্বেখ আব্দুল্লাক ৰাজ্যৰ প্ৰশাসনৰ দায়িত্ব অপর্ণ কৰে। ভাৰত চৰকাৰে ঘোষণা কৰিলে যে, ৰাজ্যখনত আইন-শৃংখলা প্রতিষ্ঠা হোৱাৰ পাছত গণভোট অনুষ্ঠিত কৰি কাশ্মীৰক স্থায়ীভাৱে ভাৰতবৰ্ষত চামিল কৰা হ’ব। ২৭ অক্টোবৰ তাৰিখে ভাৰতীয় সৈন্য কাশ্মীৰলৈ প্ৰেৰণ কৰা হ’ল। তৎকালেই শ্রীনগৰ উদ্ধাৰ কৰা হ’ল যদিও ৰাজ্যৰ কেতবোৰ অংশ সোনকালে উদ্ধাবৰ কৰিব পৰা নগ’ল।

এনে পৰিস্থিতিত ভাৰতবৰ্ষ আৰু পাকিস্তানৰ মাজত পূৰ্ণ পৰ্যায়ৰ যুদ্ধ হোৱাৰ সম্ভাৱনা দেখি ভাৰত চৰকাৰে ১৯৪৭ চনত ৩০ ডিচেম্বৰ তাৰিখে কাশ্মীৰ সমস্যা ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদলৈ প্ৰেৰণ কৰিলে আৰু পাকিস্তানক কাশ্মীৰৰ পৰা উলিয়াই পঠিওৱাৰ বাবে আহ্বান জনালে।

নিৰাপত্তা পৰিষদে “কাশ্মীৰ সমস্যা”-ক “ভাৰত-পাকিস্তান বিবাদ” আখ্যা দিলে। নিৰাপত্তা পৰিষদৰ এক প্ৰস্তাৱ মৰ্মে ভাৰতবৰ্ষ আৰু পাকিস্তানে ১৯৪৮ চনৰ ৩১ ডিচেম্বৰ তাৰিখে যুদ্ধ বিৰতি ঘোষণা কৰিলে আৰু যুদ্ধ বিৰতি হোৱা সীমাক ভিত্তি হিচাপে লৈ কাশ্মীৰক দুখন ৰাজ্যত বিভক্ত কৰা হ’ল।

১৯৫১ চনত ৰাষ্ট্ৰসংঘই এটা প্ৰস্তাৱ গ্ৰহণ কৰি কাশ্মীৰৰ গণভোট অনুষ্ঠিত কৰাৰ পৰামৰ্শ আগবঢ়ালে। এই গণভোট ৰাষ্ট্ৰসংঘৰ তত্ত্বাৱধানত অনুষ্ঠিত কৰাৰ পৰামৰ্শ আগবঢ়োৱা হ’ল আৰু গণবোট অনুষ্ঠিত হোৱাৰ আগেয়েই পাকিস্তানক ই নিয়ন্ত্রণ কৰি থকা কাশ্মীৰৰ পৰা সৈন্যবাহিনী বিতাড়নৰো প্ৰস্তাৱ ৰাখিলে। পাকিস্তানে বৰ্তমান “আজাদ কাশ্মীৰ” নামেৰে জনাজাত অংশৰ পৰা সৈন্যবাহিনীক আঁতৰাই নিয়াৰ প্ৰস্তাৱ মানি নোলোৱাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসংঘৰ এই প্ৰস্তাৱ কাৰ্যকৰী কৰিব পৰা নগ’ল।

৬ । স্বাধীনতা লাভৰ ঠিক পিছতেই ভাৰতবৰ্ষই সম্মুখীন হেৱা দুটা প্ৰত্ৰাহ্বান আলোচনা কৰা।

উত্তৰঃ ভাৰতবৰ্ষক এটা জাতি হিচাপে গঢ়ি তুলিবলৈ যাওঁতে বিগত সময়ছোৱাত ভাৰতবৰ্ষই প্রধানতঃ তিনিটা প্রত্যাহ্বানৰ সন্মুখীন হৈছে। তলত এই বিষয়ে চমুকৈ আলোকপাত কৰা হ’ল।

(ক) বৈচিত্ৰ্যৰ বুকুত ঐক্য আৰু সংহতি প্ৰতিষ্ঠা কৰা : এখন মহাদেশৰ সমান ভৌগোলিক বিস্তৃতি থকা তথা নানা জাতি, ধর্ম, ভাষা আৰু অঞ্চলক সাঙুৰি লোৱা ভাৰতবৰ্ষ এটা জাতি আৰু এখন দেশ হিচাপে বৰ্তি থাকিব নে নাথাকে সেইটো সদ্য স্বাধীনতাপ্রাপ্ত দেশখনৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান আছিল। সমান্তৰালভাৱে দেশৰ কিছু প্ৰান্তত কিছুমান নৃ-গোষ্ঠী ভাৰতবৰ্ষৰ অংশীদাৰ হ’ব নে নহ’ব – তাক লৈও বিতর্ক আৰম্ভ হৈছিল। এনে পৰিস্থিতিত জাতীয় ঐক্য আৰু সংহতি প্রশ্নটোৱে স্বাভাৱিকতেই গুরুত্ব লাভ কৰিছিল। কিন্তু বৈচিত্ৰ্যৰ পৰিপূৰ্ণ ভাৰতবৰ্ষক ঐক্য আৰু সংহতিৰ ডোলেৰে কিদৰে বান্ধিব পাৰি সেই প্রশ্নটো চৰকাৰৰ বাবে গভীৰ প্ৰত্যাহ্বান হিচাপে দেখা দিছিল।

(খ) সংবিধানে প্রদান কৰা গণতন্ত্ৰৰ বহল অৰ্থক বাস্তবায়িত কৰা: ভাৰতীয় সংবিধানে গণতন্ত্ৰৰ এক বহুল ব্যাখ্যা আগবঢ়াইছে। গণতন্ত্ৰৰ অৰ্থ কেৱল নাগৰিকৰ মৌলিক অধিকাৰ অথবা নির্দিষ্ট সময়ৰ মূৰে মূৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ মাজতে সীমাবদ্ধ হৈ ৰোৱা নাই। ভাৰতীয় সংবিধানে গণতন্ত্ৰৰ বুকুত সমতা আৰু সামাজিক ন্যায়ৰ প্ৰমূল্য সাঙুৰি লৈছে: বৈষম্য আৰু অস্পৃশ্যতা বৰ্জন কৰিছেল। দেশ শাসনৰ বাবে জনপ্রতিনিধিত্বমূলক সংসদীয় শাসন ব্যৱস্থা প্রবর্তন কৰিছে। জাতি নিৰ্মাণ প্ৰক্ৰিয়াটোৱে এই প্ৰমূল্যসমূহক আওকাণ কৰিব নোৱাৰে।

৭।ৰাজ্য পুনৰ গঠন আয়োগ কেতিয়া নিযুক্ত হৈছিল? ইয়াৰ কাৰ্যাৱলী ব্যাখ্যা কৰা।

উত্তৰঃ ১৯৫৩ চনত ৰাজ্য পুনৰ গঠন আয়োগ নিয়োগ কৰা হৈছিল। এই আয়োগে বিভিন্ন ধৰণৰ আলোচনা আৰু অধ্যয়ন কৰি ভাষাৰ ভিত্তিত ৰাজ্য পুনৰ গঠনৰ পৰামৰ্শ আৰু প্ৰস্তাৱ গ্ৰহণ কৰিছিল। এই আয়োগৰ পৰামৰ্শৰ ভিত্তিত ১৯৫৬ চনত ভাৰত চৰকাৰে সংসদত ৰাজ্য পুনৰ গঠন আইনখন গৃহীত কৰিছিল। এই আইনখনৰ জৰিয়তে ভাষাৰ ভিত্তিত ভাৰতবৰ্ষক পুনৰ গঠনৰ উদ্দেশ্যে ১৪ খন ৰাজ্য আৰু ৬ খন কেন্দ্রীয় শাসিত অঞ্চল নতুনকৈ গঠন কৰা হৈছিল।

 ৰাজ্যিক পুনৰ গঠন আয়োগৰ কাৰ্যাৱলী:

(ক) ৰাজ্যবিলাকৰ সীমা পুনৰ নিৰ্দ্ধাৰণৰ প্ৰশ্নটো আয়োগে বিচাৰ বিবেচনা কৰিব।

(খ)আয়োগে ইয়াৰ প্ৰতিবেদনত এই বুলি গ্ৰহণ কৰিছিল যে ৰাজ্যবিলাকৰ সীমাই বিভিন্ন ভাষাৰ সীমাক প্রতিফলিত কৰিব।

(গ) আয়োগে ভাষিক ৰাষ্ট্ৰ অৰ্থাৎ ভাষিক পুনঃগঠনৰ পৰামৰ্শ আগবঢ়াইছিল, এই পৰামৰ্শই পৰৱৰ্তী সময়ত ভিত্তি প্রদান কৰিছিল।

(গ)আয়োগৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰিয়েই ১৯৫৫ চনত ভাষিক পুনৰ গঠন অধিনিয়ম গৃহীত কৰা হৈছিল আৰু ইয়েই ১৪ খন ৰাজ্য আৰু ৬ খন কেন্দ্ৰীয় শাসিত অঞ্চল গঠনৰ পথ প্রশান্ত কৰি তোলে।

৮।ভাৰত সংযুক্ত ৰাষ্ট্ৰৰ সৈতে ৰাজকীয় ৰাজ্যসমূহক চামিল কৰণৰ মূল বিবেচনাসমূহ কি কি ? এই কার্যত কোনে ঐতিহাসিক ভূমিকা লৈছিল?

উত্তৰঃ ভাৰত সংযুক্ত ৰাষ্ট্ৰৰ সৈতে ৰাজকীয় ৰাজ্যবিলাকক চামিল কৰণৰ মূল বিবেচনাসমূহ গঢ়ি উঠিছিল মূলতঃ তিনিটা বিচাৰ বিবেচনাক কেন্দ্ৰ কৰি। প্ৰথমতে, গৰিষ্ঠ সংখ্যক দেশীয় ৰাজ্যৰ জনগণে ভাৰতীয় সংঘত চামিল হোৱাৰ ইচ্ছা স্পষ্টভাৱে প্ৰকাশ কৰিছিল। দ্বিতীয়তে, ভাৰত চৰকাৰে এই দেশীয় ৰাজ্যবিলাকৰ ভাষিক আঞ্চলিক আৰু অনান্দ স্বকীয়তাসমূহ অক্ষুণ্ণ বখাৰ ক্ষেত্ৰত যথেষ্ট নমনীয় স্থিতি গ্ৰহণ কৰিছিল। সেয়েহে এনে বহু অঞ্চলক কিছু কিছু ক্ষেত্ৰত আত্মনিয়ন্ত্ৰণৰ অধিকাৰ প্ৰদান কৰা হৈছিল। ভাষিক আঞ্চলিক আৰু অন্যান্য বৈচিত্রতাসমূহ ৰক্ষাৰ হেতু চৰকাৰে শিষ্টাচাৰশীল আপোচকামী মনোভাব পোষণ কৰিছিল। তৃতীয়তে, দেশ বিভাজনে সৃষ্টি কৰা হিংসাত্মক নাৰকীয় পৰিস্থিতিৰ মাজত সম্যক পুনৰ বিভাজন ৰোধ কৰি এক ঐক্যবদ্ধ ভাৰত গঢ়াৰ কাৰ্যসূচীয়ে সর্বাধিক গুৰুত্ব লাভ কৰিছিল।

স্বাধীন ভাৰতৰ প্ৰথমজনা গৃহমন্ত্ৰী হিচাপে চৰ্দাৰ বল্লভ ভাই পেটেলে এই কার্যত ঐতিহাসিক ভূমিকা লৈছিল।

৯। দেশ বিভাজন প্ৰক্ৰিয়াত জড়িত নীতি আৰু জটিলতাসমূহ আলোচনা কৰা।

 উত্তৰঃ ১৯৪০ ৰ দশকৰ বিভিন্ন ঘটনা-পৰিঘটনা, কংগ্ৰেছ আৰু মুছলীম লীগৰ মাজত চলি থকা তীব্ৰ ৰাজনৈতিক বিৰোধ তথা প্ৰতিযোগিতা আৰু ইংৰাজ শাসকৰ ভূমিকাই দেশ বিভাজনৰ সিদ্ধান্ত গ্ৰহণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।

ভাৰতক বিভাজন কৰিবলৈ যাওঁতে মূলতঃ ধৰ্মীয় সংখ্যা গৰিষ্ঠতাৰ নীতিকেই ভিত্তি হিচাপে লোৱা হৈছিল। অর্থাৎ মুছলমানৰ সংখ্যা গৰিষ্ঠতাৰ অঞ্চলসমূহ পাকিস্তানৰ লগত সংযুক্ত কৰা হৈছিল আৰু বাকীবোৰ অংশ ভাৰতৰ লগত চামিল ৰখা হৈছিল। ধৰ্ম্মীয় সংখ্যাগৰিষ্ঠতাৰ নীতিটো কাৰ্যক্ষেত্ৰত প্ৰয়োগ কৰোতে সীমাহীন জটিলতাই দেখা দিছিল।

এই জটিলতাসমূহ এনে ধৰণৰ –

প্রথমতে, বৃটিছ শাসনাধীন ভাৰতত তেনে কোনো এক অঞ্চল নাছিল য’ত সম্পূৰ্ণৰূপে মুছলমানৰ সংখ্যা গৰিষ্ঠতা আছিল। সেই সময়ত মুছলমান অধ্যুষিত অঞ্চল আছিল দুটা – পৰাধীন ভাৰতৰ পূৰ্ব অংশ আৰু পশ্চিম পাকিস্তান নামে দুটা খণ্ডত বিভক্ত হ’ব।

দ্বিতীয়তে, সকলোবোৰ মুছলমান অধ্যুষিত অঞ্চল পাকিস্তানৰ লগত চামিল হ’বলৈ ইচ্ছুক নাছিল উত্তৰ পশ্চিম সীমান্ত প্রদেশৰ অবিসম্বদী নেতা ধান আব্দুল গফুৰ খানে দ্বিজাতি তত্বৰ ভিত্তিত হোৱা দেশ বিভাজনৰ তীব্ৰভাৱে বিৰোধীতা কৰিছিল। কিন্তু অৱশেষত তেওঁৰ বিৰোধীতাক উপেক্ষা কৰি উত্তৰ পশ্চিম সীমান্ত প্রদেশখন পাকিস্তানত অন্তৰ্ভুক্ত কৰা হয়। তৃতীয়তে, সমস্যাটো আছিল পৰাধীন ভাৰতৰ পাঞ্জাৱ আৰু বংগ প্রদেশক কেন্দ্ৰ কৰি এই দুয়োখন প্রদেশতে মুছলমানসকল সংখ্যাগৰিষ্ঠ আছিল যদিও বহু বিশাল অঞ্চলত, অমুছলমানসকলৰ সংখ্যাগৰিষ্ঠতা আছিল। সেয়েহে সিদ্ধান্ত লোৱা হৈছিল যে এই দুয়োখন

প্রদেশকে জিলা বা তাতোকৈয়ো তলৰ পৰ্যায়ত ধর্মীয় সংখ্যাগৰিষ্ঠতাৰ ভিত্তি ভাগ কৰা হ’ব। এই দুয়োখন প্ৰদেশৰ বিভাজন আছিল ভাৰত বিভাজনৰ এটা অতি দুঃখজনক অধ্যায়। দেশ বিভাজনৰ পিছত সীমান্তৰ দুয়োপাৰে সংখ্যালঘুসকলে সম্মুখীন হোৱা অবর্ণনীয় দুখ দুৰ্দ্দশা আছিল দেশ বিভাজনে সৃষ্টি কৰা চতুৰ্থটো গুৰুত্বপূৰ্ণ সমস্যা।

১০। ১৯৪৭ চনৰ ১৫ অক্টেক্টবৰত মুখ্যমন্ত্ৰীসকললৈ লিখা পত্ৰত পণ্ডিত জৱাহৰলাল নেহৰুৱে কি মতামত প্ৰকাশ কৰিছিল?

উত্তৰঃ ১৯৪৭ চনৰ ১৫ অক্টোবৰত জৱাহৰলাল নেহৰুৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী সকললৈ লিখা পত্ৰখনত হিন্দু মুছলমানসকলৰ মাজৰ সংঘাত সম্পৰ্কত তীব্র বিষেদাগাৰ প্ৰকাশ কৰিছিল। তেওঁ যুক্তি দৰ্শাইছিল যে মুছলীম সংখ্যালঘুসকলক সুৰক্ষা প্ৰদান কৰাৰ লগতে গণতান্ত্রিক ৰাষ্ট্ৰৰ নাগৰিক হিচাপে অধিকাৰসমূহ প্ৰদান কৰিব লাগিব। এই উদ্দেশ্যেৰেই নেহৰুৱে ভাৰতক এক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ পোষকতা কৰিছিল। সংখ্যাগৰিষ্ঠসকলৰ দৰে সংখ্যা লঘুসকলেৰো অধিকাৰ সমূহৰ সুৰক্ষা দিব লাগে। অন্যান্য সাম্প্রদায়িক সংঘৰ্ষৰ এই বীজে জনৰ সমগ্ৰ ৰাজনৈতিক ব্যৱস্থাটোকে সাম্প্রদায়িকতাৰ চৰিত্ৰ প্ৰদান কমিব বুলি নেহৰুৱে উক্ত চিঠিখনত অভিমত জব্দ কৰিছিল।

১১। স্বাধীন ভাৰতে সহজতে উপনীত হ’ব পৰা দুটা লক্ষ্যৰ বিষয়ে ব্যাখ্যা কৰা। 

উত্তৰঃ স্বাধীনতাৰ পিছতে ভাৰতে সহজতে উপনীত হ’ব পৰা দুটা লক্ষ্য হ’ল―

(ক) স্বাধীন ভাৰতত গণতান্ত্রিক শাসন ব্যৱস্থা প্রতিষ্ঠা কৰাটো প্ৰথম লক্ষ্য আছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত যিখন সংবিধান প্ৰস্তুত কৰা হৈছিল, সেই সংবিধানখনে আক্ষৰিক আৰু প্ৰায়োগিক উভয় দিশতে গণতন্ত্র প্রতিষ্ঠাৰ চেষ্টা কৰিছিল। সংবিধানত সংসদীয় পদ্ধতিৰ চৰকাৰী ব্যৱস্থাৰ ওপৰত আধৰিত প্ৰতিনিধিত্বমূলক গণতন্ত্র গ্রহণ কৰা হৈছিল যাতে ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰত এক প্রতিযোগিতামূলক পৰিবেশৰ সৃষ্টি হয় আৰু ইয়াৰ জৰিয়তে ভাৰতৰ নতুনকৈ স্বাধীনতাৰ সোৱাদ লাভ কৰা জনসধাৰণে গণতান্ত্রিক শিক্ষা আহৰণ কৰিব পাৰে।

(খ) স্বাধীন ভাৰতে সহজতে উপনীত হ’ব পৰা আনটো লক্ষ্য হ’ল সমগ্ৰ জনসাধাৰণৰ বিকাশ আৰু মগংল নিশ্চিত কৰা। ইয়াৰ বাবে সমতাৰ নীতি, সামাজিকভাৱে পিছপৰি থকা গোট আৰু ধৰ্মীয় আৰু সাংস্কৃতিক সম্প্ৰদায়ৰ বাবে বিশেষ সুৰক্ষা আদিৰ জৰিয়তে ভাৰতৰ সৰহ সংখ্যক জনসাধাৰণক ন্যায় প্রদান কৰাৰ চেষ্টা সংবিধানখনে কৰে। গণতান্ত্ৰিক ৰাজনীতিৰ বাবে প্রয়োজনীয় কল্যাণমূলক লক্ষ্যসমূহ পূৰণৰ বাবে ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি সংবিধানৰ অন্তৰ্ভুক্ত কৰা হয়।

১২। ভাৰতে গ্ৰহণ কৰি♥বলগীয়া হোৱা তিনিটা প্ৰত্যাহ্বানৰ বিষয়ে ব্যাখ্যা কৰা। 

উত্তৰঃ ভাৰতে স্বাধীনতা লাভৰ পিছত সামগ্রীভাবে তিনিটা প্রধান প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। সেই প্রত্যাহ্বান তিনিটা তলত চমুকৈ বৰ্ণনা কৰা হ’ল–

(ক) জাতি নির্মাণ প্ৰক্ৰিয়াত ভাৰতৰ ৰাজনৈতিক নেতৃবৃন্দৰ সন্মুখত থকা প্ৰথমটো প্ৰত্যাহ্বান আছিল বৈচিত্ৰতাৰ মাজত একতা স্থাপন। ভাৰতৰ ভৌগোলিক আয়তন এখন মহাদেশৰ আছিল আৰু ইয়াক বিভিন্নতা আৰু বৈচিত্রতাও সমানে আকর্ষণীয় আছিল। ভাৰতৰ জনসাধাৰণে বিভিন্না ভাষা-সংস্কৃতি আৰু ধৰ্মৰ বিভিন্নতা বিৰাজ কৰিছিল। স্বাধীনতাৰ পিছত এই বিভিন্নতা আৰু বৈচিত্ৰতাৰ মাজত একতা স্থাপন কৰাৰ বাবে ভাৰতীয় নেতাসকলৰ মাজত এক প্ৰত্যাহ্বান হিচাপে থিয় দিছিল।

(খ) জাতি নিৰ্মাণৰ প্ৰক্ৰিয়াৰ দ্বিতীয় প্ৰত্যাহ্বানটো আছিল ভাৰতবৰ্ষত গণতন্ত্র প্রতিষ্ঠা কৰা। ভাৰতবৰ্ষক এখন গণতান্ত্ৰিক ৰাষ্ট্ৰলৈ উন্নত কৰাটো অতিশয় কঠিন কাম আছিল। ভাৰতে স্বাধীনতাৰ পিছত যিখন সংবিধান প্ৰস্তুত কৰিছিল সেই সংবিধানখনে আক্ষৰিক আৰু প্ৰায়োগিক দিশত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ চেষ্টা কৰা হৈছিল। সংবিধানত সংসদীয় পদ্ধতিৰ চৰকাৰী ব্যৱস্থাৰ ওপৰত আধাৰিত প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ গ্ৰহণ কৰা হৈছিল যাতে ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰত এক প্রতিযোগিতামূলক পৰিবেশ সৃষ্টি হয় আৰু ইয়াৰ জৰিয়তে জনসাধাৰণক নতুনকৈ স্বাধীনতাৰ সোৱাদ লাভ কৰা জনসাধাৰণক গণতান্ত্রিক শিক্ষা দিয়াটো এক প্ৰত্যাহ্বান হিচাপে থিয় দিছিল।

(গ) স্বাধীনতাৰ পিছত ভাৰতে সন্মুখীন হোৱা আন এটা প্ৰত্যাহ্বান হ’ল সমগ্ৰ জনসাধাৰণৰ বিকাশ আৰু মংগল সুনিশ্চিত কৰা। ইয়াৰ বাবে ভাৰতৰ সংবিধানত সমতাৰ নীতি, সামাজিকভাবে পিছপৰি থকা গোট আৰু ধৰ্মীয় আৰু সাংস্কৃতিক সম্প্ৰদায়ৰ বাবে বিশেষ সুৰক্ষা আদিৰ জৰিয়তে ভাৰতৰ সৰহ সংখ্যক জনসাধাৰণক ন্যায় প্রদান কৰাৰ সুনিশ্চিত কৰা। ইয়াৰ বাবে সমতাৰ নীতি সামাজিকভাৱে পিছপৰি থকা গোট আৰু ধৰ্মীয় আৰু সাংস্কৃতিক সম্প্ৰদায়ৰ বাবে বিশেষ সুৰক্ষা আদিৰ জৰিয়তে ভাৰতৰ সৰহ সংখ্যক জনসাধাৰণক ন্যায় কৰাৰ বাবে চেষ্টা কৰে।

১৩। দেশ বিভাজনৰ প্ৰতিফল ব্যাখ্যা কৰা। 

উত্তৰঃ ১৯৪৬ চনৰ কেবিনেট মিছনৰ পৰিকল্পনা অনুসৰি ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত আৰু পাকিস্তান নামৰ দুখন ৰাষ্ট্ৰৰ সৃষ্টি হয়। এই বিভাজনৰ পৰিণতিকেইটা হ’ল—

(ক) সাম্প্রদায়িক সংঘর্ষ : দেশ বিভাজনৰ পিছত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত সাম্প্রদায়িক সংঘৰ্ষৰ সৃষ্টি হয়। বিভাজনৰ কেইমাহমানৰ ভিতৰতে পাঁচ লাখ লোকক হত্যা কৰা হৈছিল আৰু হাজাৰ নিযুত টকাৰ সম্পত্তি লুণ্ঠন আৰু ধ্বংস কৰা হ’ল। লাহোৰ, অমৃতসৰ, কলকাতা আদি ঠাইত হিন্দু-মুছলমানৰ মাজত সাম্প্রদায়িক সংঘৰ্ষৰ সৃষ্টি হৈছিল।

(খ) শৰণার্থী সমস্যা : ভাৰত বিভাজনৰ পৰিণতি স্বৰূপে মানব ইতিহাসত কেতিয়াও সংঘটিত নোহোৱা ধৰণৰ অপৰিকল্পিত মানৱ হস্তান্তৰ প্ৰক্ৰিয়া সংঘটিত হৈ গ’ল। দেশ বিভাজনৰ ফলত গৃহহীন হৈ পৰা লাখ লাখ লোক অন্য দেশত গৈ শৰণার্থী হৈ পৰিল। হাজাৰ হাজাৰ শিশু নিজৰ পিতৃ-মাতৃৰ পৰাও পৃথক হৈ পৰিল।

(গ) ৰাজহুৱা সম্পত্তিৰ পূৰ্ণগঠন: স্বাধীনতাৰ পিছত দেশ বিভাজনৰ আন এটা গুৰু পৰিণতি আছিল ৰাজহুৱা সম্পদ বিভাজন। অতদিনে এটা প্রশাসন ব্যৱস্থাৰ অধীন হৈ পৰা দেশখনৰ স্বাধীনতা লাভৰ মুহূৰ্তত দুভাগত বিভক্ত হৈ পৰাৰ ফলত চৰকাৰী কমচাৰীৰ লগতে চৰকাৰে ব্যৱহাৰ কৰি অহা সম্পদসমূহৰো ভাগ-বতৰা কৰিবলগীয়া হ’ল। ভাগ-বতৰা কৰিবলগীয়া সম্পদসমূহৰ ভিতৰত চকী, মেজ, কিতাপ, পত্র, টাইপ ৰাইটোৰ অথবা সংগীত বাদ্যযন্ত্রও আছিল।

(ঘ)ভাৰত আৰু পাকিস্তানৰ সংখ্যাগৰিষ্ঠ আৰু সংখ্যালঘুতলৈ সমস্যা: বিভাজনৰ আন এটা পৰিণতি হ’ল নিজৰ ঠাইতে হিন্দু আৰু মুছলমান লোকসকল সংখ্যাগৰিষ্ঠ আৰু সংখ্যা লঘিষ্ঠত পৰিণত হৈছিল। গৰিষ্ঠ সংখ্যক মুছলিম লোক নিজৰ গৃহভূমি এৰি পাকিস্তানলৈ গুচি যোৱাৰ পিছত ১৯৫১ চনৰ লোকপিয়ল অনুসাৰে ভাৰতবৰ্ষত মুছলীম লোকৰ সংখ্যা আছিল ১২%। এই লোকসকলে ভাৰতবৰ্ষত সংখ্যা গৰিষ্ঠত পৰিণত হৈছিল।

(ঙ) আত্মীয়তাৰ মাজত বিভাজন: বিভাজনৰ সময়ত বিভিন্ন লিখক, কবি, সাহিত্যিক, কথাছবিৰ প্ৰতিষ্ঠাতাসকলে নানা সমস্যাৰ সন্মুখীন হৈছিল আৰু বিভিন্ন হিংসা আৰু হত্যাৰ দ্বাৰা এইলোকসকলে কষ্টত ভুগীবলগীয়া হৈছিল। গতিকে ভাৰত বিভাজনৰ পৰিণতিটোক আত্মাৰ বিভাজন বুলি কোৱা হয়।

১৪। সংহতিৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰচেষ্টাৰ তিনিটা বিবেচনা আলোচনা কৰা।

 উত্তৰঃ সংহতিৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টা তিনিটা হ’ল

(ক) গৰিষ্ঠ সংখ্যক দেশীয় ৰাজ্যৰ জনসাধাৰণে ভাৰতীয় সংঘত চামিল হোৱাৰ ইচ্ছা স্পষ্টভাবে প্ৰকাশ কৰিছিল যাৰ ফলত ভাৰতৰ একতা স্থাপন হৈছিল।

(খ)ভাৰত চৰকাৰে এই দেশীয় ৰাজ্যসমূহৰ ভাষিক, আঞ্চলিক আৰু অন্যান্য স্বকীয়তাসমূহ অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত যথেষ্ট নমনীয় স্থিতি গ্ৰহণ কৰিছিল। সেয়েহে এনে বহু অঞ্চলক কিছু ভাষিক, আঞ্চলিক আৰু অন্যান বিচিত্ৰতাসমূহ ৰক্ষাৰ হেতু চৰকাৰে শিষ্টাচাৰশীল আপোচকামী মনোভাব শোষণ কৰিছিল।

(গ)দেশ বিভাজনে সৃষ্টি কৰা হত্যা হিংসাৰ নাৰকীয় পৰিস্থিতিৰ মাজত সম্ভাব্য পুনৰ বিভাজন ৰোধ কৰি এক ঐক্যবদ্ধ ভাৰত গঢ়াৰ কাৰ্যসূচীৰ সৰ্বাধিক গুৰুত্ব লাভ কৰিছিল।

১৫। ৰাজ্য পুনর্গঠন আয়োগ কেতিয়া নিযুক্ত হৈছিল? ইয়াৰ কাৰ্যাৱলী ব্যাখ্যা কৰা। 

উত্তৰঃ ৰাজ্য পুনৰ গঠন আয়োগ ১৯৫৩ চনত নিযুক্ত কৰা হৈছিল। ৰাজ্যপুনৰ গঠন আয়োগে ইয়াৰ পৰামৰ্শৱলীত ভাষা ভিত্তিত ৰাজ্য পুনৰ গঠনৰ প্ৰস্তাবটো মানি লৈছিল। ৰাজ্য পুনগঠন আয়োগৰ পৰামৰ্শাৱলীৰ ভিত্তিতেই ১৯৫৬ চনত পাছত পুনৰগঠন আইনখন প্ৰণয়ন কৰা হয়।। এই আইনখনৰ আধাৰতে ১৪খন ৰাজ্য আৰু ৬ খন কেন্দ্রীয় শাসিত অঞ্চল নতুনকৈ সৃষ্টি কৰা হয়। এই আয়োগে ভাৰতৰ বিভিন্ন প্ৰান্তৰ ভাষিক বা আঞ্চলিক ভিত্তিত সৃষ্টি হোৱা দাবীসমূহ যদি বিচাৰ বিবেচনাৰ বাবে গ্ৰহণ কৰা হয় তেন্তে বিভাজনৰ ভয়ো হ্রাস পাব আৰু পৃথকতাবাদী মনোভাবো কমিব । ইয়াৰোপৰি ভাষা ভিত্তিক ৰাজ্যগঠনৰ দাবীৰ লগতে আঞ্চলিক দাবীসমূহ বিবেচনাৰ্থে গ্ৰহণ কৰা কাৰ্যই ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাটোক অধিক গণতান্ত্রিক ৰূপ দিব বুলিও আশা কৰা হৈছিল।

১৬। ৰাজ্য পুনগঠন কি? সেয়া কেতিয়া সংঘটিত হৈছিল?

উত্তৰঃ দেশ বিভাজন আৰু ৰাজ্য শাসিত অঞ্চলসমূহৰ একত্ৰীকৰ্মৰ বাবে স্বাধীনতাৰ পিছত ৰাজাবোৰ গঠন কৰা ব্যৱস্থাটোক ৰাজ্যপুনৰ গঠন বোলা হৈছিল।

স্বাধীনতা লাভৰ ঠিক পাছতেই দ্রুত পৰিবৰ্তন ঘটিল। বহুবোৰ প্ৰত্যাহ্বানে সদ্য স্বাধীনতাপ্রাপ্ত দেশখনক আৱৰি ধৰিলে। সেয়েহে স্বাধীন ভাৰতৰ নেতৃত্বই ভাষাভিত্তিক ৰাজ্য গঠনৰ কথাটো নতুনকৈ চিন্তা কৰিবলৈ বাধ্য হ’ল। তেওঁলোকৰ মনত সংশয় হ’ল, যে ভাষাভিত্তিক ৰাজ্যগঠন প্ৰক্ৰিয়াই দেশখনত আৰু অধিক বিভেদকামী শক্তিৰ সৃষ্টি কৰিব পাৰে।

ভাৰতীয় সংবিধান সভাত অৱশ্যে ভাষাভিত্তিক ৰাজ্য গঠনৰ প্ৰশ্নটো উত্থাপিত হ’ল আৰু সংবিধান সভাই ১৯৪৮ চনত ন্যায়াধীশ এছ. কে. দেবৰ নেতৃত্বত ভাষিক প্ৰদেশ আয়োগ গঠন কৰি দিয়ে। এই আয়োগৰ প্ৰধান দায়িত্ব আছিল ভাষাভিত্তিক ৰাজ্য গঠন কিমান দূৰ সমাধান হ’ব সেই বিষয়ে অনুসন্ধান কৰা। জাতীয় নিৰাপত্তা বিঘ্নিত হোৱাৰ আশংকা প্ৰকাশ কৰি এই আয়োগে ভাষাভিত্তিক ৰাজ্য গঠনৰ বিৰুদ্ধে পৰামৰ্শ আগবঢ়ালে। এই পৰামৰ্শৰ আধাৰতে ভাৰতীয় সংবিধান সভাই সংবিধানত কোনো ভাষিক নীতি অন্তৰ্ভুক্ত নকৰিলে।

১৯৪৮ চনত ডিচেম্বৰ মাহত ৰাজ্য গঠনৰ বাবে এখন কমিটি গঠন কৰি দিয়ে। এই কমিটিয়েও দেশৰ ঐক্য-সংহতি জাতীয় নিৰাপত্তা আৰু অর্থনৈতিক বিকাশক অগ্ৰাধিকাৰ দিয়াত স্বাৰ্থত সদ্যহতে ভাষাভিত্তিৰ ৰাজ্যগঠনৰ বিৰুদ্ধে পৰামৰ্শ আগবঢ়ালে। যিবোৰ অঞ্চলত ভাষাভিত্তিক ৰাজ্য গঠনৰ দাবী অতি তীব্ৰ আৰু গণ সমর্থন ব্যাপক, তেনে ক্ষেত্ৰত নতুন ৰাজ্য গঠনৰ চিন্তা কৰিব পাৰি বুলি পৰামৰ্শ আগবঢ়ালে।

১৭। স্বাধীনতাৰ পিছৰ যোৱা ছয় দশকত আহৰিত ৰাষ্ট্ৰীয় সংহতি সম্পৰ্কীয় যিকোনো চাৰিটা শিকনি ব্যাখ্যা কৰা।

উত্তৰঃ স্বাধীনতাৰ পিছৰ যোৱা ছয় দশকত আহৰিত ৰাষ্ট্ৰীয় সংহতি সম্পৰ্কীয় চাৰিটা শিকনি তলত আলোচনা কৰা হ’ল–

(ক) শিক্ষাৰ সম্প্ৰসাৰণঃ জাতীয় সংহতি সংৰক্ষণৰ প্ৰধান উপায় হ’ল শিক্ষা সার্বভৌম, গণতান্ত্রিক, গণৰাজ্য ভাৰতৰ নাগৰিকসকলৰ ভাৰতৰ কেন্দ্ৰবিন্দু। দেশক ভালপোৱা, ইয়াৰ সংগঠনৰ কাৰণে জাতীয় সংহতি অক্ষুণ্ণ ৰখাৰ বাবে সকলো নাগরিক সচেতন হ’ব লাগিব। নাগৰিকৰ সচেতনতা গঢ়ি তুলিবলৈ সুপৰিকল্পিত শিক্ষার প্রয়োজন। জনসাধাৰণক সৰুকালৰ পৰাই এনে শিক্ষা দিয়া চৰকাৰ যাৰ জৰিয়তে তেওঁলোকে স্বাৰ্থপৰতা আৰু সংকীর্ণ ভাবধাৰা পৰিত্যাগ কৰি উদাৰ ভাব আৰু আদৰ্শৰ দ্বাৰা জাতীয় সংহতি সমৃদ্ধ কৰিব পাৰিব।

(খ) অর্থনৈতিক অসমতা দূৰীকৰণ : জাতীয় সংহতিৰ অন্তৰায় অর্থনৈতিক বৈষম্য জনসাধাৰণৰ মাজৰ পৰা দূৰ কৰাৰ প্ৰতি ৰাষ্ট্ৰীয় কর্তৃপক্ষ সচেতন হোৱা উচিত। দেশৰ সকলো অকলে যাতে সমানে খোজ মিলাই যাব পাৰে তাৰ বাবে চৰকাৰে মনোযোগ দিব লাগে। সকলো অঞ্চলৰ সমান প্রগতিয়ে অসমতা দূৰ কৰি আঞ্চলিকতাবাদৰ ওৰ পেলালে জাতীয় সংহতি ঠন ধৰি গঢ়ি উঠিব।

(গ) সাম্প্রদায়িক অশান্তি দমন: দেশত গঢ়ি উঠা সাম্প্রদায়িক অশান্তিক কঠোরভাবে দমন কৰি সংবিধান প্রদত্ত নাগৰিক অধিকাৰ সকলো শ্ৰেণীৰ লোকে সমভাবে উপভোগ কৰিব পৰাৰ কাৰ্যকৰী ব্যৱস্থা কৰিব লাগিব। আমাৰ দেশৰ সংবিধানৰ আদৰ্শসমূহ যাতে সকলোৰে ভালদৰে উপলব্ধি কৰিব পাৰে তাৰ বাবেও প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰা বাঞ্ছনীয়। জাতীয় আদৰ্শৰ দ্বাৰা জাতীয় স্বার্থ রক্ষা করে।

(ঘ)আঞ্চলিক অসমতা দূৰীকৰণঃ আঞ্চলিক অসমতা ভাৰতৰ জাতীয় সংহতিৰ প্ৰতি এটা ডাঙৰ অন্তৰায়। এতিয়াও দেশৰ বহুতো অঞ্চল যথেষ্ট পিছপৰি থকা দেখা যায়। এই অঞ্চলবিলাকৰ জনসাধাৰণৰ অসন্তুষ্টিয়ে বহু সময়ৰ জাতীয় সংহতিৰ বাধাৰ সৃষ্টি কৰে। সেয়ে জাতীয় চৰকাৰে নিষ্ঠা সহকাৰে দেশৰ সকলো অঞ্চলৰ সমান উন্নয়নৰ ব্যৱস্থা কৰিলে ভাৰতৰ জাতীয় সংহতিৰ আগত থকা বাধা নাইকিয়া হ’ব।

 ১৮। ৰাজ্য পুনৰগঠন আয়োগখনৰ নিৰ্ধাৰিত কাৰ্য কি আছিল? ইয়াৰ অতি গুৰুত্বপূৰ্ণ পৰামৰ্শ কি আছিল?

উত্তৰঃ ভাষাৰ ভিত্তিত ১৯৫৩ চনত অন্ধ্ৰপদেশ এখন সুকীয়া ৰাজ্য সৃষ্টিৰ লগে লগে ভাৰতৰ সকলো প্ৰান্তত ভাষাভিত্তিত ৰাজ্য গঠনৰ দাবীৰ জোৱাৰ উঠিল। ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে কেন্দ্ৰীয় চৰকাৰে ১৯৫৩ চনৰ ২৯ ডিচেম্বৰত ৰাজ্যসমূহৰ পুনৰ বিষয়টো পর্যালোচনা কৰিবলৈ ৰাজ্যপুনৰ গঠন আয়োগ গঠন কৰা হয়।

এই আয়োগে বিষয়টোৰ বিভিন্ন দিশ ভালদৰে চালিজাৰি চাই এটা সিদ্ধান্তত উপনীত হয় যে ৰাজ্যৰ চাৰিসীমাসমূহে বিভিন্ন ভাষাৰ চাৰিসীমাক প্ৰতিফলিত কৰা উচিত। এই প্রতিবেদনৰ ওপৰত ভিত্তি কৰি ৰাজ্যসমূহৰ পুনৰ গঠন আইন ১৯৫৬ গ্ৰহণ কৰা হয়। এহ আইনৰ ১৪ বন ৰাজ্য আৰু ৬ খন কেন্দ্ৰীয় শাসিত অঞ্চল সৃষ্টি কৰা হয়। ৰাজ্য পুনৰ গঠন আয়োগে ভাষা ভিত্তিত পাঞ্জাৱ আৰু বোম্বেত বিভাজন কৰাৰ বিৰোধিতা কৰিলে। পৰৱৰ্তী সময়ত এই সিদ্ধান্তৰ বিৰুদ্ধে তীব্র আন্দোলন গঢ়ি উঠিল। এনে আন্দোলনৰ পৰিপ্ৰেক্ষিতত ১৯৬০ চনত বোম্বে ভাষাৰ ভিত্তিত মহাৰাষ্ট্ৰ আৰু গুজৰাট নামৰ দুখন ৰাজ্যত ভাগ কৰাহয়। ১৯৬৬ চনত পাঞ্জাৱকো ভাষাৰ ভিত্তিত দুভাগ কৰি পাঞ্জাবী ভাষীসকলৰ বাবে পাঞ্জাৱ আৰু হিন্দী ভাষীসকলৰ বাবে হাৰিয়ানা ৰাজ্য গঠন কৰা হয়।

১৯। ৰাজ্য পুনৰ গঠন আয়োগ কিয় গঠন কৰা হৈছিল? ইয়াৰ গুৰুত্বপূৰ্ণ অনুমোদনসমূহ আলোচনা কৰা।

উত্তৰঃ ভাষাৰ ভিত্তিত ১৯৫৩ চনত অন্ধ্ৰপদেশ এখন সুকীয়া ৰাজ্য সৃষ্টিৰ লগে লগে ভাৰতৰ সকলো প্ৰান্তত ভাষাভিত্তিত ৰাজ্য গঠনৰ দাবীৰ জোৱাৰ উঠিল। ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে কেন্দ্ৰীয় চৰকাৰে ১৯৫৩ চনৰ ২৯ ডিচেম্বৰত ৰাজ্যসমূহৰ পুনৰ বিষয়টো পর্যালোচনা কৰিবলৈ ৰাজ্যপুনৰ গঠন আয়োগ গঠন কৰা হয়।

এই আয়োগে বিষয়টোৰ বিভিন্ন দিশ ভালদৰে চালিজাৰি চাই এটা সিদ্ধান্তত উপনীত হয় যে ৰাজ্যৰ চাৰিসীমাসমূহে বিভিন্ন ভাষাৰ চাৰিসীমাক প্ৰতিফলিত কৰা উচিত। এই প্রতিবেদনৰ ওপৰত ভিত্তি কৰি ৰাজ্যসমূহৰ পুনৰ গঠন আইন ১৯৫৬ গ্ৰহণ কৰা হয়। এহ আইনৰ ১৪ বন ৰাজ্য আৰু ৬ খন কেন্দ্ৰীয় শাসিত অঞ্চল সৃষ্টি কৰা হয়। ৰাজ্য পুনৰ গঠন আয়োগে ভাষা ভিত্তিত পাঞ্জাৱ আৰু বোম্বেত বিভাজন কৰাৰ বিৰোধিতা কৰিলে। পৰৱৰ্তী সময়ত এই সিদ্ধান্তৰ বিৰুদ্ধে তীব্র আন্দোলন গঢ়ি উঠিল। এনে আন্দোলনৰ পৰিপ্ৰেক্ষিতত ১৯৬০ চনত বোম্বে ভাষাৰ ভিত্তিত মহাৰাষ্ট্ৰ আৰু গুজৰাট নামৰ দুখন ৰাজ্যত ভাগ কৰাহয়। ১৯৬৬ চনত পাঞ্জাৱকো ভাষাৰ ভিত্তিত দুভাগ কৰি পাঞ্জাবী ভাষীসকলৰ বাবে পাঞ্জাৱ আৰু হিন্দী ভাষীসকলৰ বাবে হাৰিয়ানা ৰাজ্য গঠন কৰা হয়।

 ২০। জাতিৰ ভিত্তিত কিদৰে ৰাজ্যসমূহ পুনৰ গঠন কৰা হৈছিল ব্যাখ্যা কৰা।

উত্তৰঃ উত্তৰ-পূব ভাৰতৰ পুনৰ গঠন প্ৰক্ৰিয়াত ভাষাৰ প্ৰশ্নটোৱে গুৰুত্বপূর্ণ ভূমিকা পালন কৰাৰ কথা অস্বীকাৰ কৰিব নোৱাৰি। কিন্তু উত্তৰ-পূব ভাৰতৰ ক্ষেত্ৰত ভাষাৰ সমান্তৰালভাবে সাংস্কৃতিক আৰু জাতিৰ ভিত্তিত পৃথক ৰাজ্য গঠনৰ প্ৰধান আধাৰ হৈ আহিছে। নাগালেণ্ড আৰু মিজোৰামৰ ক্ষেত্ৰত ৰাজ্যগঠন প্ৰক্ৰিয়াটোক প্ৰধানকৈ প্ৰভাৱিত কৰিছিল নগা আৰু মিজোসকলৰ সশস্ত্র বিদ্রোহে। এই বিদ্রোহী গোটসমূহে পৃথক ৰাজ্যৰ পৰিবৰ্তে সার্বভৌম স্বাধীন ৰাষ্ট্ৰৰ দাবীহে উত্থাপন কৰিছিল। ৰাজনৈতিক সমাধান সূত্ৰৰ অংশ হিচাপে ১৯৬৩ চনতনাগালেণ্ড ৰাজ্য আৰু ১৯৭২ চনত মিজোৰামক কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদা প্ৰদান কৰা হয়।

অসম চৰকাৰে অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে গ্ৰহণ কৰা আইন পৰিপ্ৰেক্ষিতত পার্বত্য অঞ্চলৰ নেতাসকলে অল পাৰ্টি হিল লিডাৰৰ কনফাৰেন্স গঠন কৰে আৰু এখন পূর্ণাংগ পার্বত্য ৰাজ্য দাবী কৰে। ১৯৭২ চনত উত্তৰ পূব ভাৰতৰ পুনৰ গঠনৰ অংশ হিচাপে গাৰো, খাচী আৰু জয়ন্তীয়া জনজাতীয় লোকক লৈ পৃথক মেঘালয় ৰাজ্য গঠন কৰা হয়।

২১৷ ভাৰত বিভাজনৰ পৰিণতিসমূহ বিশ্লেষণ কৰা। 

উত্তৰঃ লক্ষ লক্ষ জনগণক অতি আকস্মিকভাৱে তথা সম্পূর্ণ অপৰিকল্পিতভাৱে স্থানান্তৰ শোকজনক ঘটনাৰ বাবে ১৯৪৭ চনটো মানৱ ইতিহাস চিহ্নিত হৈ ৰৈছে। নৱজাত দুয়োখন ৰাষ্ট্ৰতে ধৰ্মৰ নামত চলা নৃশংসা অত্যাচাৰ, হত্যা-হিংসাই চৰম পৰ্যায়ত উপনীত হৈছিল। ধৰ্মৰ গইনা লৈ এটা সম্প্রদায়ে অন্যটো সম্প্ৰদায়ৰ ওপৰত কৰা অত্যাচাৰৰ ফলত লাহোৰ, অমৃতসাৰ, কলকতা আদি চহৰত সাম্প্রদায়িক মণ্ডল গঢ় লৈ উঠিছিল। এই চহৰবোৰত মুছলমান অধ্যুষিত অঞ্চললৈ হিন্দু বা শিখ সম্প্ৰদায়ৰ লোক অহা যোৱা কৰা আৰু হিন্দু বা শিখ সম্প্রদায় অধ্যুষিত অঞ্চললৈ মুছলমান সম্প্ৰদায়ৰ লোক আহ-যা কৰাটো এৰাই চলা দেখা গৈছিল। এনেদৰে এই চহৰবোৰত সাম্প্রদায়িক মণ্ডল গঢ় লৈ উঠা দেখা গৈছিল।

এনে দুর্ভিক্ষ পৰিস্থিতিয়ে নিজৰ ঘৰ-বাৰী ত্যাগ কৰিবলৈ বাধ্য কৰা সীমান্তৰ দুয়োপাৰৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে নতুন সীমান্ত অতিক্ৰম কৰিবলৈ যাওঁতে সীমাহীন কষ্ট আৰু অকথ্য নিৰ্যাতনৰ সন্মুখীন হ’ব লগা হৈছিল। দেশ বিভাজন আৰু ইয়াৰ পিছৰ পৰিস্থিতিয়ে গৃহহীন কৰা লাখ লাখ লোকে শৰণার্থী শিৱিৰত আশ্রয় ল’বলগীয়া হৈছিল। এনে ভগনীয়াসকলে আনকি স্থানীয় প্রশাসন আৰু আৰক্ষীৰ পৰাও যথোপযুক্ত সঁহাৰি পোৱা নাছিল। নতুন সীমান্ত অতিক্ৰম কৰিবলৈ বাছ, ৰেল আৰু পদব্রজে অগ্রসৰ হোৱা ভগনীয়াসকলে যাত্রাপথত হত্যা ধৰ্ষণ-লুণ্ঠনৰ সম্মুখীন হ’বলগীয়া হৈছিল। সীমান্তৰ দুয়োপাৰে হাজাৰ হাজাৰ মহিলাক ধর্ষণ কৰা হৈছিল। বহুসংখ্যক মহিলাক অপহৰণ কৰি নি জোৰ জুলুমকৈ বিয়া কৰাই ধর্মান্তৰকৰণ কৰা হৈছিল। আনকি বহু মহিলাক বিধৰ্মীৰ হাতত লাঞ্ছিত হৈ পৰিয়ালৰ দুর্নাম আনিব বুলি ভাবি পৰিয়ালৰ লোকেই হত্যা কৰাৰ কথাও পোহৰলৈ আহিছিল। বহুতো শিশু নিজৰ পিতৃ বৃ মাতৃৰ পৰা পৃথক হৈ আশ্রয়হীন হ’বলগীয়া হৈছিল। এনেদৰে যাত্ৰাপথত অকথ্য নির্যাতন লাঞ্ছনা-বাঞ্চনাৰ সন্মুখীন হৈ লক্ষ লক্ষ ভগনীয়াই সীমান্ত অতিক্রম কৰাৰ পিছতহে গম পালে যে সীমান্তৰ এইটো পাৰতো তেওঁলোকৰ বাবে কোনো ঘৰ নাই। বাধ্য হৈ শৰণার্থী শিবিৰত = আশ্রয় লোৱা এনে লোকসকলৰ বাবে দেশৰ স্বাধীনতা মানে আশ্রয় শিৱিবৰ জীৱনৰ বাসে আন একো নাছিল।

ভাৰত বিভাজন কেৱল দেশৰ সা-সম্পত্তি, দেনা-পাওনা বা দেশৰ ৰাজনৈতিক আৰু প্ৰশাসনীয় গোটৰ বিভাজন নাছিল আর্থিক সম্পদসমূহৰ লগতে চৰকাৰী কাৰ্যালয়ৰ চকী-মেজ, কিতাপ পত্ৰ, টাইপ-ৰাইটাৰ, পেপাৰক্লিপ আৰু আনকি আৰক্ষী বাহিনীয়ে ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰসমূহো ভাগ কৰি লোৱা হৈছিল। চৰকাৰী কৰ্মচাৰী আৰু ৰে’ল বিভাগৰ কৰ্মচাৰীসকলকো ভাগ কৰি লোৱা হৈছিল। সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে বহুযুগৰে পৰা মিলা-প্ৰীতিৰে বসবাস কৰি অহা দুয়োটা সম্প্ৰদায়ৰ মাজত হোৱা এক ৰক্তাক্ত ভাতৃঘাতী সংঘৰ্ষৰ যোগেদি এই বিভাজন সম্পূৰ্ণ হৈছিল। এক আনুমালিক হিচাপ অনুসৰি প্ৰায় ৮০ লাখ লোকে সুৰক্ষিত আশ্রয়স্থলীৰ সন্ধানত সীমান্ত অতিক্ৰম কৰিছিল। প্রায় ৫ ৰ পৰা ১০ লাখ পর্যন্ত লোকে দেশ বিভাজন সৃষ্টি কৰা অশান্তিত প্ৰাণ হেৰুৱাইছিল। 

২২ ।ভাৰতৰ দলীয় ব্যৱস্থাত দলত্যাগৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ ১৯৬৭ চনৰ নিৰ্বাচনৰ পিছৰে পৰা দলত্যাগ ভাৰতীয় ৰাজনীতিৰ এটা উল্লেখযোগ্য। বৈশিষ্ট্য হিচাপে পৰিগণিত হৈছিল। ৰাজ্যবোৰত চৰকাৰ ভঙা-পতাত দলত্যাগে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। দলত্যাগ বুলি ক’লে সাধাৰণতে জনগণৰ দ্বাৰা নিৰ্বাচিত এজন প্রতিনিধিয়ে যি দলৰ নিৰ্বাচনী প্রতীক ব্যৱহাৰ কৰি নিৰ্বাচনত জয়ী হৈছিল সেই দল ত্যাগ কৰি অন্য ৰাজনৈতিক দলত যোগদান কৰাকে বুজায়। ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছত হাৰিয়ানা, মধ্যপ্রদেশ আৰু উত্তৰ প্ৰদেশত অ কংগ্ৰেছী চৰকাৰ প্ৰতিষ্ঠা কৰাত দলত্যাগী বিধায়ক সকলে =অতি উল্লেখনীয় ভূমিকা পালন কৰিছিল। এই সময়ছোৱাত সঘনে ৰাজনৈতিক দল সলনি কৰা কাৰ্যই ‘ৰা আহিল, বাম গ’ল’ (আয়া ৰাম, গয়া ৰাম)প্রবাদ বাক্য শাৰীৰ জন্ম দিছিল।

Leave a Reply