Class 12 Political Science| Chapter-1| জাতি গঠনৰ প্ৰত্যাহ্বান

Class 12 Political Science| Chapter-1| জাতি গঠনৰ প্ৰত্যাহ্বান। এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব AHSEC Class 12 Political Science| Chapter-1| জাতি গঠনৰ প্ৰত্যাহ্বান পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়।

HS Second Year Question Answer (Assamese Medium)

EnglishClick Here
অৰ্থনীতি (Economy)Click Here
ভূগোল (Geography)Click Here
हिंदीClick Here
অসমীয়াClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
ৰাজনীতি (Political Science)Click Here
সমাজতত্ত্ব (Sociology)Click Here
তৰ্কবিদ্যা আৰু দর্শনশাস্ত্ৰ (Logic & Philosophy)Click Here
নৃতত্ত্ব (Anthropology)Click Here

Class 12 Political Science| Chapter-1| জাতি গঠনৰ প্ৰত্যাহ্বান

চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া ছাত্র-ছাত্ৰীৰ বাবে আমাৰ এই ৱেবছাইটত শেহতীয়া পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি পাঠ Class 12 Political Science| Chapter-1| জাতি গঠনৰ প্ৰত্যাহ্বান ভিত্তিক প্ৰশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। যত ছাত্ৰ-ছাত্ৰীয়ে অনলাইন যোগে পঢ়িব পাৰিব।

দ্বিতীয় খণ্ড

প্ৰথম অধ্যায়

(ক) অতি চমু প্ৰশ্নৰ উত্তৰ লিখা : মূল্যাংক : ১ নম্বৰকৈ

১. কেতিয়াৰ পৰা ভাৰতীয় সংবিধানখন বলবৎ কৰা হৈছিল? 

উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰী। আন বহু দেশৰ 

২.নেতাই ভাৰতত গণতন্ত্র প্রতিষ্ঠা সম্ভৱ নহয় বুলি কিয় কৈছিল ?

উত্তৰঃ ভাৰতবৰ্ষ এখন বৈচিত্ৰতা আৰু বৈসাদৃশ্যতাৰে পৰিপূৰ্ণ দেশ।

৩.‘ভাৰতত কেতিয়া নির্বাচন আয়োগ গঠন কৰা হৈছিল?

উত্তৰঃ ১৯৫০ চনত। 

৪.ভাৰতৰ প্ৰথমজন নির্বাচনী আয়ুক্ত কোন আছিল?

উত্তৰঃ সুকুমাৰ সেন।

৫.নির্বাচন আয়োগে কি কাৰণে প্ৰথমখন ভোটাৰ তালিকা বাতিল কৰিছিল? 

উত্তৰঃ প্ৰথমখন ভোটাৰ তালিকাত প্রায় ৪০ লাখ মহিলাৰ নাম বাদ পৰিছিল।

৬.EVM ৰ সম্পূৰ্ণ ৰূপ বা অর্থ লিখা।

উত্তৰঃ ইলেক্ট্রনিক ভোটিং মেচিন।

৭.কোন চনত প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল?

উত্তৰঃ ১৯৫২ চনত ।

৮.চৰকাৰ গঠন কৰিবলৈ কংগ্ৰেছে কিমান বাৰ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল?

উত্তৰঃ তিনিবাৰ।

৯.১৯৫২ চনৰ লোকসভাৰ নিৰ্বাচনত কংগ্ৰেছে কিমান শতাংশ ভোট লাভ কৰিছিল ?

উত্তৰঃ ৪৫%।

১০। কেতিয়া সমাজবাদী কংগ্ৰেছ পাৰ্টি গঠন কৰা হৈছিল?

উত্তৰঃ ১৯৩৪ চনত।

১১। PRI ৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰঃ পি, ই, কেল্‌ছ।

১২। দুখন দেশৰ নাম লিখা যাৰ সংবিধানে একদলীয় ব্যৱস্থা প্রবর্তন কৰিছে?

উত্তৰঃ চীন প্রজাতন্ত্ৰ আৰু কিউবা। 

১৩। সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি কোন আছিল?

উত্তৰঃ বি. আৰ. আম্বেদকাৰ।

১৪। বলছেভিক বিপ্লব (ৰাছিয়া বিপ্লৱ) কোন দেশত সংঘটিত হৈছিল? 

উত্তৰঃ ছোভিয়েট ৰাছিয়া।

১৫। ভাৰতীয় জনসংঘ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? 

উত্তৰঃ ১৯৫১ চন।

১৬। ভাৰতীয় জনসংঘৰ প্ৰতিস্থাপক সভাপতি কোন আছিল?

উত্তৰঃ শ্যামা প্রসাদ মুখার্জী।

১৭। কেতিয়া স্বতন্ত্র দল গঠন কৰা হৈছিল ?

উত্তৰঃ ১৯৫৯ চন।

১৮। স্বতন্ত্র দলে চৰকাৰৰ পৰা কি দাবী কৰিছিল?

উত্তৰঃ ব্যক্তিগত স্বতন্ত্ৰতা আৰু বেচৰকাৰী খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ স্বতন্ত্র বিকাশ  ৷

১৯ ৷ দুটা ম’হৈ যেতিয়া যুদ্ধ কৰে তেতিয়া ঘাঁহৰ অৱস্থা কি হ’ব?

উত্তৰঃ মৰণ হয়।

২০। কি পৰিস্থিতিত ভাৰতীয় দলীয় ব্যৱস্থাৰ উৎপত্তি হৈছিল? 

উত্তৰঃ স্বাধীনতা আন্দোলনৰ পৰিস্থিতিত।

২১। কেতিয়া আৰু কোনে কংগ্ৰেছ দল গঠন কৰিছিল? 

উত্তৰঃ এ’ অ’ হিউমে ১৮৮৫ চনত কংগ্ৰেছ দল গঠন কৰিছিল।

২২। প্রথম সাধাৰণ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছক কোনে নেতৃত্ব দিছিল?

উত্তৰঃ জৱাহৰলাল নেহৰুৱে।

২৩। ভাৰতৰ দলীয় ব্যবস্থাৰ এটা বৈশিষ্ট্য উল্লেখ কৰা?

উত্তৰঃ বহুদলীয় ব্যৱস্থা।

২৪। ভাৰতীয় সংবিধান কেতিয়াৰ পৰা বলবৎ হৈছিল?

উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা। 

২৫। ১৯৫৭ চনত কেৰেলাত কোনটো দলে চৰকাৰ গঠন কৰিছিল?

উত্তৰঃ সাম্যবাদী দলে। 

২৬। কোন চনত সমাজবাদী দল গঠন হৈছিল?

উত্তৰঃ ১৯৩৪ চনত।

২৭। ভাৰতীয় জনতা দলৰ শিপা কোনটো দলত আছে?

উত্তৰঃ ভাৰতীয় জন সংঘ।

২৮। কোন চনত একদলীয় আধিপত্য আৰম্ভ হৈছিল?

উত্তৰঃ ১৯৫২ চন।

২৯। এছিয়া মহাদেশৰ কোনটো আটাইতকৈ পুৰণি ৰাজনৈতিক দল?

উত্তৰঃ ভাৰতীয় জাতীয় কংগ্ৰেছ।

৩০। দিন দয়াল উপাধ্যায় কোন? 

উত্তৰঃ ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সদস্য।

৩১। ভাৰতত স্বতন্ত্র শ্রমিক দলৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰঃ বি. আৰ. আম্বেদকাৰ।

৩২। নাগপুৰ অধিৱেশন কোন চনত অনুষ্ঠিত হৈছিল?

উত্তৰঃ ১৯৫৯ চনত।

৩৩। কংগ্ৰেছক কোনে ছত্র সংগঠন বুলিছিল?

উত্তৰঃ: নাথুৰাম গডছে।

৩৪। কেৱল এটা দলৰ সাংবিধানিক ব্যৱস্থা থকা দুখন দেশৰ নাম উল্লেখ কৰা।

উত্তৰঃ চীন, কিউবা।

৩৫। ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তাৱ কোন তাৰিখে স্বাক্ষৰিত হৈছিল আৰু কেতিয়াৰ পৰা ই বলবৎ হৈছিল?

উত্তৰঃ ভাৰতৰ সংবিধান খচৰা ১৯৪৯ চনৰ ২৬ নবেম্বৰ তাৰিখে স্বাক্ষৰিত হৈছিল আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা বলবৎ হৈছিল।

৩৬। নিৰ্বাচনৰ কোন সময়ছোৱাক কংগ্ৰেছ প্ৰথা বুলি কোৱা হয় ?

উত্তৰঃ ১৯৫২ চনৰ পৰা ১৯৬৭ চনলৈ হোৱা নিৰ্বাচনবোৰক কংগ্ৰেছৰ আধিপত্যৰ বাবে ইয়াক কংগ্ৰেছ প্ৰথা বোলা হয়। 

৩৭। ভাৰতীয় জন সংঘ কেতিয়া গঠন কৰা হৈছিল আৰু এই দলৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল?

উত্তৰঃ ভাৰতীয় জনসংঘ ১৯৫১ চনত গঠন হৈছিল আৰু ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি আছিল শ্যামাপ্রসাদ মুখার্জী। 

৩৮। সমাজবাদী দলৰ দুজন নেতাৰ নাম লিখা।

উত্তৰঃ (ক) ৰাম মনোহৰ লোহিয়া, (খ) জয়প্ৰকাশ নাৰায়ণ।

৩৯। ভাৰতৰ যিকোনো দুটা ৰাষ্ট্ৰীয় দলৰ নাম আৰু প্ৰতীক লিখা।

 উত্তৰঃ (ক) ভাৰতীয় জনতা পার্টি – প্রতীক হ’ল পদুম ফুল।

(খ) ভাৰতীয় জাতীয় কংগ্ৰেছ – প্রতীক হ’ল হাত।

৪০। স্বতন্ত্র দল কেতিয়া গঠন হৈছিল? এই দলৰ দুজন নেতাৰ নাম লিখা। 

উত্তৰঃ ১৯৫৯ চনত স্বতন্ত্র দল গঠন হৈছিল। এই দলৰ দুজন নেতা হ’ল – চি. ৰাজা গোপালাচাৰী, কে. এম, মুন্সি।

৪১। স্বাধীনতাৰ পূৰ্বে গঠিত হোৱা ৰাজনৈতিক দল চাৰিটাৰ নাম উল্লেখ কৰা। 

উত্তৰঃ স্বাধীনতাৰ পূৰ্বে গঠিত হোৱা ৰাজনৈতিক দল চাৰিটাৰ নাম হ’ল –

(ক) ভাৰতীয় জাতীয় কংগ্ৰেছ

(খ) সমাজবাদী দল

(গ) ভাৰতীয় সাম্যবাদী দল

(ঘ) মুছলীম লীগ

৪২। শুদ্ধ অশুদ্ধ লিখা:

(a) ড° আম্বেদকাৰে ১৯৫৬ চনত বৌদ্ধ ধর্ম গ্রহণ কৰে।

উত্তৰঃ শুদ্ধ

(b) শ্যামা প্রসাদ মুখার্জী ভাৰতৰ কম্যুনিষ্ট দলৰ প্ৰতিষ্ঠাপক সভাপতি আছিল। 

উত্তৰঃ অশুদ্ধ।

(c) প্রথম সাধাৰণ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্ব দিছিল লাল বাহাদুৰ শাস্ত্ৰীয়ে।

উত্তৰঃ অশুদ্ধ।

(d) ১৯৫২ চনৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনৰ সময়ত ১৪ টা ৰাষ্ট্ৰীয় দল আছিল। 

উত্তৰঃ শুদ্ধ। 

(e) ড°আম্বেদকাৰে ১৯৫৬ চনত বৌদ্ধধৰ্ম গ্ৰহণ কৰিছিল।

উত্তৰঃ শুদ্ধ

(f) ভাৰতত বহুদলীয় ব্যৱস্থা আছে।

উত্তৰঃ শুদ্ধ।

(g) শ্যামাপ্রসাদ মুখার্জী আছিল ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ প্ৰতিষ্ঠাপক সভাপতি। 

উত্তৰঃ অশুদ্ধ। 

(h) প্ৰথমটো সাধারণ নির্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছক নেতৃত্ব দিছিল লালবাহাদুৰ শাস্ত্ৰী।

উত্তৰঃ অশুদ্ধ।

(i) ১৯৫৫ চনত স্বতন্ত্র পাৰ্টী গঠিত হৈছিল।

উত্তৰঃ অশুদ্ধ।

৪৩। সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি কোন আছিল?

উত্তৰঃ ড° বি. আৰ. আম্বেদকাৰ।

৪৪। ভাৰতীয় ৰাজনৈতিক দলৰ জন্ম কেনে পৰিস্থিতিত হৈছিল। 

উত্তৰঃ বিদেশী শাসনৰ অধীনতৰ পৰা ভাৰতক মুক্ত কৰা অৰ্থাৎ ভাৰতৰ স্বাধীনতা অৰ্জনৰ বাবে ভাৰতীয় ৰাজনৈতিক দল গঠন হৈছিল।

৪৫। কোন বছৰত এটা দলৰ আধিপত্যৰ যুগ আৰম্ভ হয়?

উত্তৰঃ ১৯৫২ চনৰ পৰা।

৪৬। ভাৰতৰ দলীয় প্ৰথাৰ এটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ: বহুদলীয় ব্যৱস্থা।

৪৭ । ১৯৫২ চনৰ প্ৰথম সাধাৰণ নিৰ্বাচনত লোকসভা আৰু——(ৰাজ্যিক বিধান সভা/ৰাজ্যসভা) ৰ নিৰ্বাচন একেলগে অনুষ্ঠিত হৈছিল।

 উত্তৰঃ ৰাজ্যিক বিধানসভা।

৪৮। প্রথম নির্বাচনত দ্বিতীয় বৃহৎ সংখ্যক লোকসভাৰ আসন লাভ কৰিছিল (প্রজা ছচিয়েলিষ্ট দল / ভাৰতীয় জনসংঘ য ভাৰতৰ সাম্যবাদী দলয ভাৰতীয় জনতা পাৰ্টি)। 

উত্তৰঃ ভাৰতীয় সাম্রাজ্যবাদী দল।

৪৯। খালী ঠাই পূৰ কৰা

(ক) স্বতন্ত্র দলৰ আদৰ্শৰ এক গুৰুত্বপূৰ্ণ নীতি আছিল —–।

উত্তৰঃ ব্যক্তি স্বতন্ত্রতা।

(খ)লোকসভাৰ প্ৰথম নিৰ্বাচনত দ্বিতীয় সর্বাধিক আসন লাভ কৰা দলটো আছিল —–।

উত্তৰঃ সাম্যবাদী দল।

(গ)১৯৫২ চনৰ সাধাৰণ নিৰ্বাচনত একেলগে লোকসভা আৰু——- ভাৰতৰ  ৰাষ্ট্ৰপতি, ৰাজ্যিক বিধানসভা / ৰাজ্যসভা / প্রধানমন্ত্রী) ৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। (খালী ঠাইত শুদ্ধ উত্তৰটো লিখা)

উত্তৰঃ ৰাজ্যিক বিধানসভা।

(ঘ)——- (১৯৮৫/১৯৯০/১৯৯৫/২০০৪) চনৰ শেষৰ ফালৰ পৰাই নির্বাচন আয়োগে ইলেকট্রনিক ভোটিং মেচিন ব্যৱহাৰ কৰিছিল। (শুদ্ধ উত্তৰেৰে খালী ঠাই পূৰ কৰা)

উত্তৰঃ ২০০৪।

(ঙ)কংগ্ৰেছ দলৰ ভিতৰৰে এচাম যুৱনেতাই এক অধিক প্রগতিশীল আৰু সাম্যবাদী কংগ্ৰেছ গঠনৰ উদ্দেশ্যে কংগ্ৰেছ সমাজবাদী দল গঠন কৰিব বিচাৰিছিল।

উত্তৰঃ ১৯৩৪।

৫০। সঁচা নে মিছা লিখাঃ

(ক) ১৯৫২ চনৰ প্ৰথম সাধাৰণ নিৰ্বাচনত ১৪ টা ৰাষ্ট্ৰীয় দল আছিল।

উত্তৰঃ মিছা।

(খ)১৯৫৬ চনত ড° আম্বেদকাৰে বুদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল।

উত্তৰঃ সঁচা।

(গ)ভাৰতত বহু দলীয় ব্যৱস্থা আছে।

উত্তৰঃ সঁচা।

(ঘ)শ্যামাপ্রসাদ মুখার্জী ভাৰতৰ কমিউনিষ্ট পাৰ্টীৰ প্ৰতিষ্ঠাপক সভাপতি আছিল। 

উত্তৰঃ মিছা।

(ঙ) প্রথম সাধাৰণ নিৰ্বাচনত লাল বাহাদুৰ শাস্ত্ৰীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছক নেতৃত্ব দিছিল।

উত্তৰঃ মিছা।

(চ)১৯৫৫ চনত স্বতন্ত্র দল গঠন কৰা হৈছিল। 

উত্তৰঃ মিছা।

(খ) চমু প্ৰশ্নৰ উত্তৰ লিখা : মূল্যাংক : ২ নম্বৰকৈ

১.কোন তাৰিখে ভাৰতীয় সংবিধানৰ খচৰাত চহী কৰা হৈছিল আৰুই কেতিয়াৰ পৰা কাৰ্য্যকৰী হৈছিল?

উত্তৰঃ ১৯৪৯ চনৰ ২৬ নৱেম্বৰত ভাৰতীয় সংবিধানৰ খচৰাত চহী কৰা চনৰ ২৬ জানুৱাৰীৰ পৰা ভাৰতীয় সংবিধান বলৱৎ হৈছিল।

২.সমাজবাদীসকলে কংগ্ৰেছক কি কাৰণে সমালোচনা কৰিছিল?

 উত্তৰঃ কংগ্ৰেছ দলে পুঁজিপতি আৰু জমিদাৰ শ্ৰেণীক গুৰুত্ব দিছিল। আনহাতে শ্রমিক আৰু কৃষকসকলক অৱহেলা কৰিছিল।

৩.RSS ৰ সম্পূৰ্ণ নামটো লিখা। RSS ৰ প্ৰতিষ্ঠাপক সভাপতি কোন?

 উত্তৰঃ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ। শ্যামা প্রসাদ মুখার্জী।

8. কেতিয়া ভাৰতীয় সাম্যাবাদী দলটো (CPI) গঠন কৰা হৈছিল? এই দলটো গঠন কৰাত নেতৃত্ব দিয়া এজন ব্যক্তিৰ নাম লিখা।

 উত্তৰঃ ১৯২৪ চন। এ. কে. গোপালন।

৫.কেতিয়া নির্বাচন আয়োগ গঠন কৰা হৈছিল? প্রথম নির্বাচন আয়ুক্ত কোন আছিল?

 উত্তৰঃ ১৯৫০ চনত। সুকুমাৰ সেন।

৬.এখন বেলট পেপাৰত প্ৰাৰ্থীৰ বিষয়ে দুটা কথা লিখা থাকে। সেই দুটা কথা কি কি? 

উত্তৰঃ প্ৰাৰ্থীৰ নাম আৰু প্ৰতীক।

৭.ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদৰ আধাৰত আৰু কিমান চনত কেন্দ্ৰীয় চৰকাৰে কোলাৰ সাম্যবাদী চৰকাৰক ভাঙি দিছিল?

উত্তৰঃ ১৯৫৯ চনত। ৩৬৫ নং অনুচ্ছেদ।

৮.দুখন দেশৰ নাম লিখা য’ত এক দলীয় আধিপত্যৰ প্ৰচলন আছিল?

উত্তৰঃ চীন আৰু কিউবা। 

৯.ভাৰতবৰ্ষত কোন চনত প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল ?

উত্তৰঃ ১৯৫২ চন।

 ১০.কোনখিনি সময়ছোৱাৰ নিৰ্বাচনক কংগ্ৰেছ ব্যৱস্থা বুলি অভিহিত কৰা হৈছিল ?

উত্তৰঃ ১৯৫২ চনৰ পৰা ১৯৬২ চনলৈকে।

১১। ভাৰতীয় জন সংঘ বেতিয়া আৰু কোনে গঠন কৰিছিল ?

 উত্তৰঃ ভাৰতীয় জন সংঘ ১৯৫১ চনত শ্যামা প্রসাদ মুখাৰ্জীয়ে গঠন কৰিছিল।

১২। কোনে আৰু কেতিয়া ভাৰতত কংগ্ৰেছ দল গঠন কৰিছিল?

উত্তৰঃ ১৮৮৫ চনত এ’. অ’. হিউমে ভাৰতত কংগ্ৰেছ দল গঠন কৰিছিল।

১৩। সমাজবাদী দলৰ দুজন নেতাৰ নাম লিখা ? 

উত্তৰঃ আচাৰ্য নৰেন্দ্ৰ দেৱ আৰু জয় প্রকাশ নাৰায়ন।

১৪। ভাৰতৰ একদলীয় আধিপত্যৰ যুগটো উল্লেখ কৰা?

উত্তৰঃ ১৯৫২ চনৰ পৰা ১৯৬৭ চনলৈকে।

১৫। ভাৰতীয় জন সংঘৰ দুটা আদর্শ উল্লেখ কৰা। 

উত্তৰঃ ভাৰতীয় জন সংঘৰ দুটা আদৰ্শ হ’ল—

(ক)এক দেশ আৰু এক জাতি,

 (খ) অখণ্ড আৰু আধুনিক ভাৰত নিৰ্মাণ। 

১৬। ভাৰতৰ দুটা ৰাষ্টীয় দলৰ নাম আৰু প্ৰতীক উল্লেখ কৰা? 

উত্তৰঃ (ক) ভাৰতীয় জাতীয় কংগ্ৰেছ – হাত, (খ) ভাৰতীয় জনতা দল—— পদুম ফুল।

১৭। ভাৰতত মুক্ত আৰু নিকা নির্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰয়োজনীয় উপায়সমূহ উল্লেখ কৰা?

উত্তৰঃ ভাৰতত মুক্ত আৰু নিকা নির্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰয়োজনীয় উপায়ঃ

(ক) অপৰাধী আৰু দুৰ্নীতিপৰায়ণ সকলক নির্বাচনথ প্রতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত ৰখা।

(খ) ভোটাৰসকলক অধিক সচেতন কৰি তোলা।

১৮। চি.পি. আই, দলৰ প্ৰধান নেতাসকল কোন আছিল? 

উত্তৰঃ চি. পি. আই দলব প্রধান নেতা কেইজনমানৰ নাম হ’ল: এ.কে. গোপালন, এছ. এ.ডাংগে, ই. এম. এছ. নাম্বুদ্রিপদ ইত্যাদি।

১৯৷ কি পৰিস্থিতিত ভাৰতীয় ৰাজনৈতিক দলীয় ব্যৱস্থাৰ উৎপত্তি হৈছিল?

উত্তৰঃ ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ পৰিস্থিতিত ভাৰতীয় ৰাজনৈতিক দলীয় ব্যৱস্থাৰ উৎপত্তি হৈছিল।

২০.১৯৫২ চনৰ পৰা ১৯৬৭ চনলৈকে অনুষ্ঠিত হোৱা নিৰ্বাচনৰ সময়ছোৱাৰ ভিতৰত কংগ্ৰেছ দল ক্ষমতাত নথকা দুখন ৰাজ্যৰ নাম লিখা ?

 উত্তৰঃ তামিলনাড়ু আৰু কেবেলা।

২১। খালী ঠাই পূৰ কৰা

(ক)—–চনত হোৱা প্ৰথম সাধাৰণ নিৰ্বাচনত একেলগে লোকসভা আৰু নির্বাচন অনুষ্ঠিত হৈছিল।

উত্তৰঃ ১৯৫২, ৰাজ্য বিধানসভাৰ।

(খ)—–চনত কেন্দ্ৰত শাসনত থকা কংগ্ৰেছ দলে—–সাম্যবাদী দলৰ চৰকাৰক বৰ্খাস্ত কৰিছিল।

উত্তৰঃ ১৯৪৯, কেৰেলা।

২২। কংগ্ৰেছ দলটো কেতিয়া আৰু কোনে প্রতিষ্ঠা কৰিছিল ?

উত্তৰঃ ১৮৮৫ চনত কংগ্ৰেছ দলটো প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ প্ৰতিষ্ঠাপক আছিল এ. হিউম।

২৩। প্রথম সাধাৰণ নিৰ্বাচনত কিমানটা ৰাষ্ট্ৰীয় আৰু ৰাজনৈতিক দল আছিল?

 উত্তৰঃ ছয়টা ৰাষ্ট্ৰীয় দল আৰু ৪৭টা ৰাজ্যিক দল।

২৪৷ ভাৰতীয় গণতান্ত্রিক পদ্ধতিত সম্মিলিত যুগৰ আৰম্ভণিৰ চাৰিটা কাৰণ লিখা।

উত্তৰঃ ভাৰতীয় গণতান্ত্রিক পদ্দতিত সম্মিলিত যুগৰ আৰম্ভণিৰ চাৰিটা কাৰণ হ’ল – 

  1. ভাৰতৰ বিভিন্ন অঞ্চলত আঞ্চলিক ৰাজনৈতিক দলৰ বিকাশ।
  2. ৰাষ্ট্ৰীয় দলবোৰ আভ্যন্তৰীণ বিভাজন।
  3. নেতাসকলৰ মাজত থকা ক্ষমতা লাভৰ আকাংক্ষা।
  4. সাম্প্রদায়িক ভিত্তিত দল গঠন।

২৫। ভাৰতৰ দলীয় প্ৰথাৰ যিকোনো চাৰিটা বৈশিষ্ট্য লিখা। 

উত্তৰঃ ভাৰতৰ দলীয় ব্যৱস্থাৰ চাৰিটা বৈশিষ্ট্য হল –

  1. বহুদলীয় ব্যৱস্থা।
  2. জাতি আৰু সম্প্ৰদায়ৰ ভিত্তিত গঠিত দলৰ উপস্থিতি।
  3. ৰাজনৈতিক দলসমূহত ব্যক্তিৰ আধিপত্য। 
  4. “লসমূহৰ সাংগঠনিক দুর্বলতা।

২৬. ভাৰতৰ দলীয় প্ৰথাৰ প্ৰকৃতি আলোচনা কৰা।

উত্তৰঃ সংবিধান অনুসৰি ভাৰতবৰ্ষত বহুদলীয় ব্যৱস্থাক স্বকৃতি দিয়া হৈছে। স্বাধীন ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাত ধৰ্মনিৰপেক্ষতাৰ নীতিয়ে ঠাই পালেও সাম্প্রদায়িকতাৰ বীজে বর্তমানেও ভাৰতৰ ৰাজনীতিৰ প্ৰভুত্ব বিস্তাৰ কৰি থকা দেখা যায়। ভাৰতৰ ৰাজনৈতিক দলবোৰৰ সংগঠনৰ আৰু উদ্দেশ্যৰ প্ৰতি লক্ষ্য কৰি সেইবিলাকক বিভিন্ন ভাগত ভাগ কৰিব পাৰি। যেনে ধৰ্মনিৰপেক্ষ আৰু ধৰ্মনিৰপেক্ষতা বিহীন দল, সোঁপন্থী আৰু বাওঁপন্থী দল সাম্প্রদায়িক আৰু অসাম্প্রদায়িক দল, গণতান্ত্রিক সমাজবাদী দল আৰু বাওঁপন্থ গণতান্ত্রিক সমাজবাদী দল। বর্তমান অৱস্থাত ভাৰতৰ ৰাজিৈনতক জগতত ব্যক্তি স্বাৰ্থ আৰু আঞ্চলিক ন্যস্ত স্বার্থই বিশেষ প্রতিপত্তি লাভ কৰা দেখা গৈছে। দল ত্যাগ সদনৰ পক্ষ সলনি, নতুন নতুন দলৰ গঠন কাৰ্যই ভাৰতৰ ৰাজনৈতিক মঞ্চত এক অস্থিৰতা আনি দিছে। দলত্যাগ লোকসকলে তেওঁলোকৰ নিজস্ব দল গঠন কৰি ভাৰতত আজি বহু সংখ্যক দলৰ সৃষ্টি কৰিছে।

২৭. “ভাৰতত বিৰোধী দল বিভাজিত সদন” – ব্যাখ্যা কৰা। 

উত্তৰঃ স্বাধীনতাৰ পিছত ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাত বহুত ৰাজনৈতিক দলৰ সমাবেশ ঘটিছে। অৱশ্যে কিছুমান ৰাজনৈতিক দল মাত্ৰ নামতহে আছে। কেন্দ্ৰ নাইবা ৰাজ্যত ক্ষমতা লাভৰ সোৱাদ লোৱা নাইষ আনকি বিৰোধী দল হিচাপে ভূমিকা পালন কৰিবৰ বাবেও সুবিধা লাভ কৰিব পৰা নাই ভাৰতবৰ্ষত বিৰোধী দলসমূহে ভূমিকা পালনত আংশিকভাবে কৃতকার্যতা লাভ কৰা বুলি ক’ব পৰা যায়। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ ৬৪ বছৰৰ পিছতো বৰ্তমানলৈকে প্ৰকৃত বিৰোধী দলৰ অভ্যুত্থান যোৱা নাই। কিন্তু নির্বাচনৰ ফলাফল লৈ লক্ষ্য কৰিলে দেখা যায়। স্বাধীনতাৰ পিছত ভাৰতৰ ৰাজনীতিৰ অপ্রতিদ্বন্দী হিচাপে শাসনত অধিষ্ঠিত থকা কংগ্ৰেছ দলে নিৰ্বাচনত লাভ কৰা মুঠ ভোটৰ সংখ্যাতকৈ আটাইবোৰ বিৰোধী দলে মিলি পোৱা ভোটৰ সংখ্যা অধিক, মাত্ৰ দলৰ সংখ্যা বেছি হোৱাৰ ফলশ্ৰুতিত ভোটবোৰ বিভিন্ন দলৰ মাজত ভাগ হয় আৰু কংগ্ৰেছ দলে অধিক আশন লাভ কৰি চৰকাৰ গঠন কৰে। ফলত শাসিত দলে বিভাজন হৈ বিৰোধী দলৰ ভূমিকা পালন কৰিবলগীয়া হয়।

২৮.সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ অৱলনৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকা কি ক্ষেত্ৰত সাহসী আৰু বিপদসঙ্কুল আছিল?

উত্তৰঃ স্বাধীনতাৰ পিছত দেশখনৰ বিশালতা বা ভোটাৰৰ সংখ্যাই সাৰ্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ ভিত্তি নিৰ্বাচন অনুষ্ঠিত কৰা অসাধাৰণ আছিল। প্রথম সাধারণ নির্বাচন আছিল দুখীয়া আৰু অশিক্ষিত জনসাধাৰণেৰে ভৰা গণতান্ত্ৰিক ৰাষ্ট্ৰৰ বাবে অগ্নি পৰীক্ষা। তেতিয়ালৈকে মাত্ৰ বিশ্বৰ উন্নত ৰাষ্ট্ৰ ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ দেশবোৰতহে এনে নির্বাচন প্রচলন আছিল। তেতিয়ালৈকে ইউৰোপৰ বহু দেশত সকলো মহিলাক ভোটাধিকাৰ দিয়া হোৱা নাছিল।

(গ)উত্তৰ লিখা : মূল্যাংক: ৪ নম্বৰকৈ

১.নির্বাচন আয়োগে নির্বাচন অনুষ্ঠিত কৰিবলৈ কি কি ব্যৱস্থা গ্ৰহণ কৰে? 

উত্তৰঃ স্বাধীন ভাৰতবৰ্ষৰ প্ৰথমটো সাধাৰণ নিৰ্বাচন সুকলমে অনুষ্ঠিত আৰু পৰিচালনা কৰাটো নির্বাচন আয়োগৰ এক বৃহৎ প্ৰত্যাহ্বান আছিল। নির্বাচন আয়োগৰ প্ৰাথমিক দায়িত্ব আছিল এখন শুদ্ধ ভোটাৰ তালিকা প্রস্তুত কৰা। নিৰ্বাচনৰ পদ্ধতি আৰু কৌশল প্রস্তুত কৰা। নির্বাচন আয়োগে কেইবা লাখ নির্বাচনী বিষয়া আৰু কৰ্মচাৰী নিয়োগৰ কৰি নিৰ্বাচন পৰিচালনাৰ প্রশিক্ষণ প্ৰদান কৰিছিল। নির্বাচন আয়োগে সমষ্টিৰ সীমা নিৰ্ধাৰণ কৰিছিল। ৰাজনৈতিক দলবোৰক প্ৰতীক প্ৰদান কৰাটো নিৰ্বাচন আয়োগৰ এক অন্যতম কাৰ্য্য আছিল। গতিকে শান্তিপূর্ণ, মুক্ত, নিকা আৰু নিৰপেক্ষ নির্বাচন অনুষ্ঠিত কৰাৰ দায়িত্ব নির্বাচন আয়োগে পালন কৰিছিল।

২.কোনজন ভাৰতীয় সম্পাদকে ভাৰতৰ নিৰ্বাচন ব্যৱস্থাক ইতিহাসৰ আটাইতকৈ ডাঙৰ জুৱা খেল বুলি কৈছিল?

উত্তৰঃ ভাৰতৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনক ইতিহাসৰ বৃহত্তম জুৱা খেল বুলি এজন ভাৰতীয় সম্পাদকে মন্তব্য কৰিছিল। ভাৰতবৰ্ষৰ দৰে এখন পিছপৰা দেশত গণতান্ত্রিক শাসন প্ৰৱৰ্তনৰ উদ্দেশ্যে সার্বজনীন প্রাপ্ত বয়স্ক ভোটৰ নীতি প্ৰয়োগ কৰি নিৰ্বাচন অনুষ্ঠিত কৰাটো সঁচাকৈয়ে এক বিশাল প্রত্যাহবান আছিল। ভাৰতবৰ্ষ জাতিৰ ভিত্তিত এখন অসমতা আৰু বৈষম্যৰে ভৰপুৰ দেশ আছিল। ভাষা, ধৰ্ম, সংস্কৃতিৰ দিশত ভাৰতবৰ্ষ এখন বৈচিত্ৰতা আৰু বৈসাদৃশ্যৰে পৰিপূৰ্ণ দেশত গণতান্ত্রিক অনুষ্ঠান ব্যৰ্থ হ’ব বুলি সন্দেহ আৰু আশংকা প্ৰকাশ কৰা হৈছিল। দৰিদ্ৰতা আৰু নিৰক্ষৰতা ইয়াৰ অন্যতম কাৰণ আছিল।

৩.কংগ্ৰেছ দলে সংবিধান কিয় সংশোধন কৰিছিল আৰু ইয়াৰ ফলত কি হৈছিল? 

উত্তৰঃ স্বাধীনতা লাভৰ আগতে কংগ্ৰেছ দলে সমাজবাদী চিন্তাধাৰা গ্ৰহণ কৰা লোকসকলৰ দ্বাৰা প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল। ১৯৩৪ চনত তেওঁলোকে কংগ্ৰেছক অধিক গতিশীল কৰাৰ উদ্দেশ্যে কংগ্ৰেছ সমাজবাদী দল গঠন কৰে। ভৱিষ্যতে এনে ধৰণৰ দলীয় বিভাজন ৰোধ কৰিবৰ বাবে ১৯৪৮ চনত কংগ্ৰেছে সংবধিান সংশোধন কৰিব লগীয়া হৈছিল।

সংবিধান সংশোধনৰ দ্বাৰা ইয়াৰ সদস্যসকলক দুটা দলীয় সদস্য পদ লোৱাত বাধা প্রদান কৰে। ফলস্বৰূপে সমাজবাদীসকলে ১৯৪৮ চনত এটা প্রথম সমাজবাদী দল গঠন কৰিবলৈ বাধ্য হয়।

৪.বি. আৰ. আম্বেদকাৰ কোন আছিল? তেওঁ কি কাৰণে সংগ্ৰাম কৰিছিল?

উত্তৰঃ তেখেত জাতি বিৰোধী আন্দোলনৰ নেতা আছিল। তেখেতে দলিতসকলৰ ন্যায়ব বাবে সংগ্ৰাম কৰিছিল। তেওঁ স্বতন্ত্র শ্রমিক পার্টির (Independent Labour Party) প্রতিষ্ঠাতা আছিল। সংবিধান খচৰা সমিতিৰ তেখেত সভাপতি আছিল। নেহবৰ প্রথম কেবিনেটৰ মন্ত্ৰী আছিল। পিছত ‘হিন্দু আইন’ বিলৰ ক্ষেত্ৰত মতভেদ হোৱাত পদত্যাগ কৰে। ১৯৫৬ চনত তেখেতে বৌদ্ধধর্ম গ্ৰহণ কৰে।

৫.ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ ক্ষেত্ৰত সাম্যবাদীসকলৰ দৃষ্টিভংগী কেনেকুৱা আছিল?

উত্তৰঃ সাম্যবাদী দলে সমাজবাদী আদৰ্শক গুৰুত্ব প্ৰদান কৰিছিল। তেওঁলোকে প্রথম অবস্থাত কংগ্ৰেছৰ সৈতে মিলি স্বাধীনতা আন্দোলনত অংশ গ্ৰহণ কৰিছিল। কিন্তু ১৯৪১ চনত কংগ্ৰেছ দলৰ সৈতে তেওঁলোকৰ মনোমালিন্য ঘটে আৰু অকলশৰীয়াকৈ স্বাধীনতা সংগ্ৰামৰ কাৰ্য্যসূচী প্রস্তুত কৰিছিল।

৬.কংগ্ৰেছ দলক কিয় ভাৰতীয় ৰাজনীতিৰ কেন্দ্ৰবিন্দু বুলি কোৱা হয়? ব্যাখ্যা কৰা।

         অথবা

এক দলীয় আধিপত্য মানে কি ? এক দলীয় আধিপত্যৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ কংগ্ৰেছ দলক ভাৰতীয় ৰাজনীতিৰ কেন্দ্ৰ বিন্দু বুলি অভিহিত কৰা হয়। স্বাধীন ভাৰতৰ ৰাজনীতিত কংগ্ৰেছ দলটোৱেই প্রাধান্য দখল কৰি অহা পৰিলক্ষিত হৈছে। প্রথম তিনিটা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে সংখ্যা গৰিষ্ঠ আসন লাভ কৰি আধিপত্য বিস্তাৰ কৰিছিল। এই কংগ্ৰেছ দলৰ নেতাসকলে স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰাৰ সূত্ৰে জনসাধাৰণৰ মাজত জনপ্ৰিয় আছিল। তদুপৰি কংগ্ৰেছ দলটোৰ সমগ্ৰ ভাৰতবৰ্ষতে এক সুদৃঢ় সংগঠন আছিল।

দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান প্ৰশ্নোত্তৰ

Sl. No.সূচী-পত্ৰ
Unit 1প্ৰথম খণ্ড
Chapter 1শীতল যুদ্ধৰ যুগ
Chapter 2দ্বি ৰাষ্ট্ৰবাদৰ অৱসান
Chapter 3 আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য
Chapter 4ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ
Chapter 5সাম্প্রতিক দক্ষিণ এছিয়া
Chapter 6আন্তর্জাতিক সংগঠন
Chapter 7সাম্প্রতিক বিশ্বত নিৰাপত্তা
Chapter 8পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ
Chapter 9বিশ্বায়ন
Unit 2দ্বিতীয় খণ্ড
Chapter 1জাতি গঠনৰ প্ৰত্যাহ্বান
Chapter 2এক দলীয় প্রাধান্যৰ যুগ
Chapter 3পৰিকল্পিত বিকাশৰ ৰাজনীতি
Chapter 4ভাৰতৰ বৈদেশিক সম্বন্ধ
Chapter 5কংগ্রেছ ব্যৱস্থাৰ প্রতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্রতিষ্ঠা
Chapter 6গণতন্ত্রৰ সংকট
Chapter 7গণ আন্দোলনৰ অভ্যুত্থান
Chapter 8আঞ্চলিক আকাংক্ষাবোৰ
Chapter 9ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ

৭.বাওঁদলৰ নীতি আৰু কাৰ্যসূচী ব্যাখ্যা কৰা। 

উত্তৰঃ বাওঁপন্থী দল সাম্যবাদী আদৰ্শ আৰু নীতিৰ ওপৰত প্ৰতিষ্ঠিত। বাওঁপন্থী দলে শ্রমিক আৰু কৃষকসকলৰ অধিকাৰ আৰু স্বাৰ্থৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব দিয়ে। বাওঁপন্থী দলে পুঁজিপতিসকলৰ শোষণৰ নীতি বিৰোধিতা কৰে আৰু সমতাৰ আদৰ্শ প্ৰতিষ্ঠাৰ দাবী জনায়।

 ৮. ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাত সন্মিলিত চৰকাৰৰ উৎপত্তিৰ চাৰিটা কাৰণ লিখা ? 

উত্তৰঃ ভাৰতৰ গণতান্ত্রিক ব্যৱস্থাত সন্মিলিত চৰকাৰৰ উৎপত্তিৰ চাৰিটা কাৰণ :

(ক)কংগ্ৰেছ দলৰ আধিপত্যৰ অৱসান।

(খ) আঞ্চলিক প্রত্যাশাৰ উত্থান।

(গ) সাম্প্রদায়িক ৰাজনীতি।

(ঘ) দলিত আৰু পিছপৰা শ্ৰেণীৰ ৰাজনৈতিক দলবোৰৰ ক্রমবর্ধমান শক্তি।

৯.ভাৰতীয় ৰাজনৈতিক দলীয় ব্যৱস্থাৰ চাৰিটা বৈশিষ্ট্য লিখা ?

উত্তৰঃ ভাৰতীয় ৰাজনৈতিক দলীয় ব্যৱস্থাৰ চাৰিটা বৈশিষ্ট্য— 

  1. বহুদলীয় ব্যৱস্থা।
  2. আঞ্চলিক ৰাজনৈতিক দলৰ উপস্থিতি।
  3. একদলীয় অধিপত্য। 
  4.  সাম্প্রদায়িক দলৰ উপস্থিতি।

১০. ভাৰতীয় ৰাজনৈতিক দলৰ প্ৰকৃতি বর্ণনা কৰা।

উত্তৰঃ ভাৰতীয় ৰাজনৈতিক দল স্বাধীনতা আন্দোলনৰ পৰিস্থিতিত উৎপত্তি হৈছিল। স্বাধীন ভাৰতবৰ্ষত ধৰ্মনিৰপেক্ষ আৰু সাম্প্রদায়িক দল দেখিবলৈ পোৱা যায়। ভাৰতবৰ্ষত একদলীয় আধিপত্য খুবেই শক্তিশালী আছিল যদিও বর্তমানে এই আধিপত্য হ্রাস পাইছে। তদুপৰি আঞ্চলিক ৰাজনৈতিক দলবো উত্থান ঘটিছে।

১১.ভাৰতত একদলীয় আধিপত্যৰ চাৰিটা কাৰণ উল্লেখ কৰা ?

উত্তৰঃ ভাৰতত একদলীয় আধিপত্যৰ চাৰিটা কাৰণ হ’লঃ-

  1. স্বাধীনতা অর্জন কৰা দল হিচাপে ভাৰতীয় জাতীয় কংগ্ৰেছৰ জনপ্রিয়তা আৰু গ্রহণযোগ্যতা। 
  2. সংগঠিত আৰু বিস্তৃত শাখা থকা একমাত্ৰ ৰাজনৈতিক দল হিচাপে কংগ্ৰেছৰ আধিপত্য।
  3. সংগঠিত বিরোধী দলৰ অভাৱো একদলীয় আধিপত্যৰ অভাৱ।
  4.  বহুদলীয় ব্যৱস্থা।

১২. ১৯৫২ চনৰ সাধাৰণ নিৰ্বাচনৰ ইতিহাস চমুকৈ ব্যাখ্যা কৰা।

 উত্তৰঃ স্বাধীন ভাৰতবৰ্ষৰ প্ৰথমটো সাধাৰণ নিৰ্বাচন ১৯৫২ চনত অনুষ্ঠিত হৈছিল। নির্বাচন আয়োগে ভাৰতৰ প্ৰথমটো গণতান্ত্রিক নির্বাচন সুকলমে পৰিচালনাৰ দায়িত্ব পালন কৰিব লগা হৈছিল। নির্বাচন আয়োগে সার্বজনীন প্রাপ্তবয়স্ক ভোটাৰ ব্যৱস্থাৰ ভিত্তিত ভাৰতবৰ্ষত নিৰ্বাচন অনুষ্ঠিত কৰি গণতান্ত্ৰিক ব্যৱস্থা প্ৰৱৰ্ত্তনৰ বাট মুকলি কৰিছিল। নির্বাচন আয়োগে খচৰা ভোটাৰ তালিকা প্রস্তুত কৰি প্ৰকাশ কৰিছিল। লোকসভাৰ নিৰ্বাচনৰ বাবে গোটেই দেশখনক নির্বাচনী সমষ্টিত ভাগ কৰি সমষ্টি নিৰ্ধাৰণ কৰিছিল। বেলট বাকচ প্রস্তুত আৰু ৰাজনৈতিক দলবোৰক প্রতীক প্ৰদান কৰাটো নিৰ্বাচনৰ এক অন্যতম দিশ আছিল। কেইবালাখ নির্বাচনী বিষয়া আৰু কৰ্মচাৰী নিয়োগ কৰি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিল।

১৩. ৰাষ্ট্ৰীয় বিপ্লৱী দলৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ই এক স্পেইনীয় ৰাজনৈতিক দল। এই দলে প্রায় ছয় দশক কাল শাসন ক্ষমতা ভোগ কৰিছিল। ১৯২৯ চনত ৰাষ্ট্ৰীয় ৰিউলিউচনেৰি দলটো জন্ম লাভ কৰিছিল। এই দলে মেক্সিকোেত সফলতাৰে বিপ্লৱক প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছিল। এই দলটোৱে কৃষক, শ্রমিক আৰু দৰিদ্ৰ জনসাধাৰণৰ স্বাৰ্থক সুৰক্ষিত কৰিবলৈ বৈপ্লৱিক কাৰ্য্যসূচী পৰিচালনা কৰিছিল। যদিও এই দলটোৱে ২০০০ চনলৈকে আধিপত্য বিস্তাৰ কৰিছিল; এই দলটোৰ শাসনক একনায়কত্ববাদ বুলি সমালোচনা কৰিছিল।

১৪.স্বাধীনতাৰ পূৰ্বে প্ৰতিষ্ঠা কৰা চাৰিটা ৰাজনৈতিক দলৰ নাম লিখ।

উত্তৰঃ (ক) ভাৰতীয় জাতীয় কংগ্ৰেছ, 

(খ) সাম্যবাদী দল, 

(গ) মুছলীম লীগ 

(ঘ) সমাজবাদী দল।

১৫. ভাৰতত বিৰোধী দলৰ উৎপত্তি সম্পৰ্কে এটি চমুটোকা লিখা। 

উত্তৰঃ ভাৰতীয় বিবোধী দলসমূহ গুরুত্বপূর্ণ ভূমিকা গ্রহণ কৰে। গণতন্ত্রৰ সাফল্যৰ এক গুৰুত্বপূর্ণ কাৰণ হ’ল নিৰপেক্ষ আৰু সবল বিৰোধী দল। বিৰোধী দলৰ প্রধান কার্য হ’ল শাসনাধিষ্ঠ চৰকাৰৰ ক্ষমতা অপব্যৱহাৰৰ বিৰোধিতা কৰা। জনকল্যাণমূলক কাম-কাজ কৰাৰ বাবে চৰকাৰক বাধ্য কৰা।

১৬. ৰাজ্যিক পৰ্যায়ত কংগ্ৰেছ দলৰ অসমান সফলতা আলোচনা কৰা।

উত্তৰঃ ৰাজ্যিক পৰ্য্যায়ত কংগ্ৰেছ দলে অসমান সাফল্য লাভ কৰিছিল। অর্থাৎ কেন্দ্ৰত যিদৰে কংগ্ৰেছ দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি আহিব পাৰিছে সেইদৰে ৰাজ্যসমূহত সমানে সফল হ’ব পৰা নাই। বিশেষকৈ কেৰেলা, পাঞ্জাৱ, তামিলনাডু, জম্মু কাশ্মীৰ আদি ৰাজ্যসমূহত অকংগ্ৰেছ দলে চৰকাৰ গঠন কৰিছে।

১৭. স্বাধীনতাৰ পূৰ্বে ভাৰতৰ ৰাজনৈতিক দল সম্পর্কে এটা টোকা লিখা।

উত্তৰঃ স্বাধীনতাৰ পূৰ্বেই ভাৰতত ৰাজনৈতিক দলৰ জন্ম হৈছিল। ১৮৮৫ চনত কংগ্ৰেছ দলৰ জন্ম হৈছিল। ১৯০৬ চনত মুছলীম লীগৰ জন্ম হৈছিল আৰু ১৯২৪ চনত সমাজবাদী দল গঠন কৰা হৈছিল। তদুপৰি ১৯৩৪ চনত স্বতন্ত্র দল প্রতিষ্ঠা হৈছিল।

১৮. ভাৰতত কংগ্ৰেছ দলটো কেতিয়া গঠন কৰা হৈছিল আৰু কোনে কৰিছিল?

উত্তৰঃ ১৮৮৫ চনত লৰ্ড হিউম নামৰ এজন ইংৰাজ বিষয়াই ভাৰতীয় জাতীয় কংগ্ৰেছ অনুষ্ঠানটো গঠন কৰিছিল। সেই সময়ছোৱাত জাতীয় কংগ্ৰেছ শিক্ষিত, চাকৰিয়াল, ব্যৱসায়িক আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকৰ বাবে এক অৰাজনৈতিক অনুষ্ঠান। আন কথাত ক’বলৈ গ’লে প্ৰাৰম্ভিক অৱস্থাত এই দলটো আছিল প্ৰভাৱগোষ্ঠীৰ নিচিনা। কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে ই এক সৰ্বসাধাৰণ দললৈ পৰ্যবেসিত হৈছিল আৰু পিছলৈ ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাত দলটোৱে আধিপত্য লাভ কৰিছিল।

১৯.প্ৰথমটো সাধাৰণ নিৰ্বাচনৰ সময়ত কিমানটা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দল আছিল?

উত্তৰঃ ১৯৪৭ চনত ভাৰতবৰ্ষই স্বাধীনতা আহৰণ কৰাৰ পিছত ১৯৫১-৫২ চনত প্ৰথমটো সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল। এই নিৰ্বাচনত ১৪টা ৰাষ্ট্ৰীয় দল আৰু ৫০ টাতকৈ অধিক ৰাজ্যিক পৰ্যায়ৰ দল আছিল। প্ৰথমটো সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে অভূতপূর্ব সাফল্য আহৰণ কৰিছিল।

২০.ছচিয়েলিষ্ট পাৰ্টি অৱ ইণ্ডিয়াৰ লক্ষ্য আৰু উদ্দেশ্যসমূহৰ তালিকা দিয়া। দলটোৱেকিয় নিজকে কংগ্ৰেছৰ প্ৰভাবী বিকল্প হিচাপে প্ৰমাণ কৰিব নোৱাৰিলে? 

উত্তৰঃ ছচিয়েলিষ্ট পার্টি অৱ ইণ্ডিয়া গঠন কৰা হৈছিল ১৯২৪ চনত। ছচিয়েলিষ্ট পার্টি অব ইণ্ডিয়াৰ প্ৰধান লক্ষ্য হৈছে– গণতান্ত্রিক সমাজবাদ প্রতিষ্ঠা করা।

এই দলে দৰিদ্ৰ, পিছপৰা শ্রেণী, শোষিত শ্ৰেণী, মধ্যবিত্ত শ্ৰেণীৰ সমৰ্থন আদায় কৰিবলৈ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ধর্ম নিৰপেক্ষতা ৰক্ষা কৰা, আৰ্থিক আৰু সামাজিক বৈষম্য দূৰ কৰা, নিম্ন আৰু পিছপৰা জনসাধাৰণৰ কল্যাণ সাধন কৰা, ৰাজ্যসমূহক অধিক ক্ষমতা প্রদান আদি ছচিয়েলিষ্ট পার্টি অৱ ইণ্ডিয়াৰ প্ৰধান কাৰ্যসূচী।

সমাজবাদী দলে কংগ্ৰেছ দলক পুঁজিপতি আৰু জমিদাৰৰ দল বুলি সমালোচনা করে। কিন্তু ১৯৫৫ চনত সমাজবাদী আৰ্হিত সমাজ প্রতিষ্ঠা কৰাৰ বিষয়ে কংগ্ৰেছ দলে ঘোষণা কৰাৰ লগে লগে সমাজবাদী দলটো বিবুধিত পৰিছিল। ইয়াৰ বাবে দলটোৱে নিজকে কংগ্ৰেছৰ প্ৰভাৱী বিকল্প হিচাপে প্ৰমাণ কৰিব নোৱাৰিলে।

২১.“বিৰোধী পক্ষ হ’ল ভাৰতৰ এক বিভাজিত সদন”—ব্যাখ্যাকৰা। 

উত্তৰঃ এক শক্তিশালী আৰু ফলপ্ৰসূ বিৰোধী দলৰ অৱস্থিতি গণতন্ত্ৰৰ স্তম্ভ স্বৰূপ। গণতান্ত্রিক শাসন ব্যৱস্থাত বিৰোধী দলৰ ভূমিকা নিম্নোক্তা ধৰণে আলোচনা কৰিব পাৰি –

(ক)শাসকপক্ষক সমালোচনা কৰা : বিৰোধী দলে, চৰকাৰী দলে প্রশাসন পৰিচালনা কৰোঁতে সমালোচনা কৰাটো প্ৰধান কৰ্তব্য। বিৰোধীপক্ষই শাসনাধীস্থ দলটোৰ কটু সমালোচনা কৰি তেওঁলোকৰ ভুল-ত্রুটিসমূহ আঙুলিয়াই দেখুওৱাৰ জৰিয়তে প্ৰধান সংশোধক হিচাপে ভূমিকা পালন কৰে।

(খ)জনগণৰ অভাৱ অভিযোগসমূহক ব্যক্ত কৰা :-  বিৰোধী দলবিলাকে জনগণৰ অভাৱ অভিযোগসমূহ চৰকাৰৰ ওচৰত ব্যক্ত কৰাৰ লগতে জনস্বার্থ জড়িত সমস্যাসমূহ সমাধানৰ বাবে চৰকাৰক যাৱতীয় পৰামৰ্শ আগবঢ়ায়। এনেদৰে চৰকাৰী নীতি নিৰ্দ্ধাৰণ প্ৰক্ৰিয়াত বিৰোধী দলে সহায় কৰে।

(গ) মতামত প্ৰকাশ কৰা : আইন পালিকাই যাতে ভালদৰে কাৰ্য পৰিচালনা কৰিব পাৰে। তাৰ বাবে আইনসভাৰ দ্বাৰা বহু সমিতি গঠন কৰি দিয়া হয়, এই সমিতিবিলাকত বিৰোধী দলক যথোপযুক্ত প্রতিনিধিত্ব সুবিধা দিয়া হয় যাতে ইয়াৰ দ্বাৰা বিৰোধী দলবিলাকে বিভিন্ন বিষয় তথা সমস্যাসমূহ নিৰীক্ষণ কৰি নিজস্ব অভিমত ব্যক্ত কৰিব পাৰে।

(ঘ)চৰকাৰৰ এক বিকল্পৰূপ হিচাপে কাম কৰা ঃ চৰকাৰৰ নিৰ্দ্ধাৰিত পাঁচ বছৰীয়া কাৰ্যকাল অন্ত হোৱাৰ পূৰ্বে চৰকাৰৰ পতন ঘটিলে বিৰোধী পক্ষই এক বিকল্প হিচাপে চৰকাৰ গঠন কৰিবলৈ সততে মান্তি হৈ থকা পৰিলক্ষিত হয়।

২২.প্ৰথমটো সাধাৰণ নিৰ্বাচনৰ সময়ত কিমানটা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দল আছিল? 

উত্তৰঃ প্ৰথমটো সাধাৰণ নিৰ্বাচনৰ সময়ত ১৪ টা ৰাষ্ট্ৰীয় দল আৰু ৫০ টাতকৈ অধিক ৰাজ্যিক দল আছিল।

২৩. ভাৰতত একদলীয় ব্যৱস্থাৰ শাসনৰ যিকোনো চাৰিটা কাৰণ লিখা।

উত্তৰঃ ভাৰতীয় গণতান্ত্রিক পদ্দতিত সম্মিলিত যুগৰ আৰম্ভণিৰ চাৰিটা কাৰণ হ’ল – 

  1. ভাৰতৰ বিভিন্ন অঞ্চলত আঞ্চলিক ৰাজনৈতিক দলৰ বিকাশ।
  2. ৰাষ্ট্ৰীয় দলবোৰ আভ্যন্তৰীণ বিভাজন।
  3. নেতাসকলৰ মাজত থকা ক্ষমতা লাভৰ আকাংক্ষা।
  4. সাম্প্রদায়িক ভিত্তিত দল গঠন।

২৪.’এটা দলৰ আধিপত্য প্রথা’ই ভাৰতীয় ৰাজনীতিৰ গণতান্ত্রিক প্রকৃতিত কুপ্রভাব পেলাইছিল নেকি?

উত্তৰঃ গণতন্ত্র কৃতকার্যতা নির্ভর করে শক্তিশালী বিৰোধী দলৰ ওপৰত কিন্তু ভাৰতত এই উপাদানটোৰ একান্ত অভাব দেখা যায়। ভাৰতৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক বিধানমগুলবোৰত শক্তিশালী বিরোধী দলত অ ভাৱৰ ফলত উভয় ক্ষেত্ৰত একমাত্র কংগ্ৰেছ দলে আধিপত্য বিস্তাৰ কৰিবলৈ সুযোগ পাইছে। ই সংসদীয় ৰাষ্ট্ৰৰ পক্ষে এটা ডাঙৰ দুৰ্বলতা। কিয়নো সংসদীয় গণতন্ত্রত শক্তিশালী বিরোধী দল নাথাকিলে গণতন্ত্র কেতিয়াও কৃতকার্য হ’ব। নোৱাৰে। শক্তিশালী বিৰোধী দলৰ অনুপস্থিতিৰ বাবে কংগ্ৰেছ দলে একচেতিয়াভাবে শাসন চলাবলৈ সুবিধা পাইছে। দলীয় ব্যৱস্থাত শক্তিশালী বিরোধী দল নথকা বাবে কংগ্ৰেছ দলে প্রথম তিনিটা সাধারণ নিৰ্বাচনৰ আধিপত্য বিস্তাৰ কৰিব পাৰিছিল। যাৰ ফলত এক দলীয় একনায়কত্বলৈ পৰিবৰ্তন হোৱা দেখা গৈছিল।

২৫. সমাজবাদী দল আৰু সাম্যবাদী দলৰ পার্থক্যসমূহ দেখুওৱা। 

উত্তৰঃ সমাজবাদী দল আৰু সাম্যবাদী দলৰ মাজত থকা পার্থক্য হ’ল–

(ক) সমাজবাদী দল গণতান্ত্রিক সমাজবাদর বিশ্বাসী। কিন্তু সাম্যবাদী দল বিদ্ৰোহৰ দ্বাৰা স্বাধীনতা লাভ কৰাৰ সমৰ্থন কৰে।

(খ) সমাজবাদী দলে বহুদলীয় পদ্ধতিৰ দ্বাৰা গণতন্ত্রক প্রতিষ্ঠান কৰাৰ সমৰ্থন সাম্যবাদী দলে এটা দলৰ দ্বাৰা দেশ এখন পৰিচালনা হোৱা বিচাৰে।

(গ) সমাজবাদী দলে সংসদীয় চৰকাৰ পৰিচালনাত সহায় কৰে, কিন্তু সাম্যবাদী দলে সমাজবাদী আদৰ্শৰ দ্বাৰা চৰকাৰ পৰিচালনা হোৱাটো বিচাৰে।

(ঘ) সমাজবাদী দলে কংগ্ৰেছৰ ভিতৰতে থাকি কংগ্ৰেছক সমালোচনা কৰিছিল। কিন্তু সাম্যবাদী দল সম্পূর্ণ কংগ্ৰেছ বিৰোধী আছিল।

 (ঘ) দীঘল প্রশ্নোত্তৰঃ মূল্যাংক : ৬ নম্বৰকৈ

১.প্রথম তিনিটা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলৰ আধিপত্যৰ বিষয়ে ব্যাখ্যা কৰা ।

        অথবা 

কংগ্ৰেছদলৰ আধিপত্যৰ প্ৰকৃতি সম্পর্কে এক তুলনামূলক বিশ্লেষণ দাঙি ধৰা ।

উত্তৰঃ প্রথম তিনিটা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ আধিপত্য দেখিবলৈ পোৱা যায়। স্বাধীন ভাৰতৰ প্ৰথম নিৰ্বাচনত কংগ্ৰেছ বিজয় হয়, কারণ এইটোৱেই একমাত্র সেই সময়ৰ জনপ্রিয় দল আছিল। তাৰ উপৰি এই দলে স্বাধীনতা আন্দোলনত গুরুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছিল। এই দলৰ নেতা, পণ্ডিত নেহেক এজন সুপৰিচিত ব্যক্তি আছিল। এই দলে বাজ্য আৰু কেন্দ্ৰত সমানে শাসন চলাইছিল। স্বাধীন ভাৰতৰ প্ৰথমজন প্রধান মন্ত্রী হিচাপে পণ্ডিত জৱাহৰলাল নেহেৰুৱে শাসনভাৰ গ্ৰহণ কৰিছিল। একে ধৰণেই দ্বিতীয় আৰু তৃতীয় সাধাৰণ নিৰ্বাচনটো কংগ্ৰেছ দলে লোকসভাৰ মুঠ আসনৰ তিনি চতুর্থাংশ আসন লাভ কৰে। দ্বিতীয় আৰু তৃতীয় সাধাৰণ নিৰ্বাচন হৈছিল ক্ৰমে ১৯৫৭ আৰু ১৯৬২ চনত।

২.কেতিয়া ভাৰতীয় জনসংঘ গঠন কৰা হৈছিল? ইয়াৰ আদৰ্শৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ শ্যামাপ্রসাদ মুখার্জীক প্রতিষ্ঠাপক সভাপতি হিচাপে লৈ ১৯৫১ চনত ভাৰতীয় জনসংঘ দল গঠন কৰা হয়। ইয়াৰ মূল হ’ল স্বাধীনতাৰ আগৰ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ আৰু হিন্দু মহাসভা।

আদৰ্শ আৰু কাৰ্যসূচীৰ ফালৰ পৰা জনসংঘ অন্যান্য দলবিলাকৰ পৰা পৃথক। ইয়াৰ আদৰ্শ হ’ল এক দেশ, এক সংস্কৃতি আৰু এক জাতি। ই বিশ্বাস কৰে যে ভাৰতীয় সংস্কৃতি আৰু কৃষ্টিৰ ওপৰত ভিত্তি কৰি দেশ, আধুনিক, উন্নতিশীল আৰু শক্তিশালী হ’ব পাৰিব। অখণ্ড ভাৰত গঢ়ি তোলাৰ বাবে ভাৰত আৰু পাকিস্তান একগোট হোৱাটো বিচাৰে। ইংৰাজীৰ পৰিৱৰ্তে হিন্দী ভাৰতৰ চৰকাৰী ভাষা হিচাপে প্ৰতিষ্ঠা হ’ব লাগে আৰু ধৰ্মীয় আৰু সাংস্কৃতিক সংখ্যালঘিষ্ঠক বিশেষ সুবিধা প্ৰদান কৰাটোৰ পক্ষপাতী নহয়। এই দলে ভাৰতে আণবিক অস্ত্র উৎপাদনৰ ওপৰত গুৰুত্ব প্রদান কৰে।

১৯৫২ চনৰ সাধাৰণ নিৰ্বাচনত জনসংঘই লোকসভাত মাত্র তিনিখন আসন আৰু ১৯৫৭ চনৰ নিৰ্বাচনত চাৰিখন আসন লাভ কৰে। প্ৰথম অৱস্থাত ইয়াৰ সমৰ্থক আছিল নগৰ অঞ্চলৰ হিন্দী ভাষী লোকসকল বিশেষকৈ ৰাজস্থান, মধ্যপ্রদেস, দিল্লী, উত্তৰ প্ৰদেশ ইত্যাদি। দলৰ নেতাৰ ভিতৰত বিশেষকৈ শ্যামা প্রসাদ মুখার্জী, দীন দয়াল উপাধ্যায়, বলৰাজ মাধক আদিৰ নাম উল্লেখযোগ্য। আজিৰ ভাৰতীয় জনতা দলৰ মূল হ’ল ভাৰতীয় জনসংঘ।

৩. স্বতন্ত্ৰ দলৰ বিষয়ে চমুকৈ আলোচনা কৰা।

         অথবা

ভাৰতত সমাজবাদী দলৰ লক্ষ্য আৰু উদ্দেশ্য উল্লেখ কৰা। এই দলটো কংগ্ৰেছ দলৰ বিকল্প কিয় হৈ উঠিব পৰা নাছিল ?

উত্তৰঃ ১৯৫৯ চনৰ আগষ্ট মাহত কংগ্ৰেছৰ নাগপুৰ অধিৱেশনৰ সময়ত স্বতন্ত্র দল গঠন হয়। এই দল বয়োজ্যেষ্ঠ কংগ্ৰেছ নেতা চি, ৰাজাগোপালাচাৰীয়াৰ তত্বাৱধানত পৰিচালিত হৈছিল। ইয়াৰ তিনিজন দক্ষ পৰিচালক আছিল কে. এম. মুন্সি, এন. জি. ৰংগ আৰু মিনো মাচানি। এই দল অর্থনৈতিক কাৰণতে অন্যান্য দলৰ পৰা পৃথক আছিল।

স্বতন্ত্ৰ দলৰ মতে চৰকাৰে অতি কমকৈ অর্থনৈতিক নিয়ন্ত্রণ আৰোপ কৰিব লাগে। এই দলে বিশ্বাস কৰে যে ব্যক্তি স্বতন্ত্রতা থাকিলেহে বিকাশ সম্ভৱ হয়। অর্থনীতিত ৰাষ্ট্ৰৰ হস্তক্ষেপে

বিকাশৰ গতি মন্থৰ কৰে। ই কেন্দ্ৰীয় পৰিকল্পনা, ৰাষ্ট্ৰীয়কৰণ, চৰকাৰী খণ্ডতো বিৰোধিতা কৰে। ই ব্যক্তিগত খণ্ডৰ প্ৰসাৰতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। স্বতন্ত্র দল কৃষিৰ ক্ষেত্ৰত মাটিৰ চিলিঙৰ বিৰোধিতা কৰে আৰু সমবায়ভিত্তিক খেতি পামক সমৰ্থন নকৰে। ই উন্নত কৰ ব্যৱস্থা আৰু লাইসেন্স প্ৰথাৰ সমৰ্থন নকৰে। গোষ্ঠীনিৰপেক্ষনীতি আৰু ছোভিয়েট ৰাছিয়াৰ লগত বন্ধুত্বৰ সন্দেহ কৰে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত ওচৰ সম্বন্ধ কৰাৰ ওকালতি কৰে।

স্বতন্ত্র দলে আঞ্চলিক দল কিছুমানৰ লগত চামিল হৈ শক্তি সঞ্চয় কৰে। এই দলক মাটিৰ জমিদাবী শ্ৰেণী আৰু বাজকুমাৰসকলে সমৰ্থন কৰে। কিয়নো এই দলে তেওঁলোকৰ ভূমি আৰু মৰ্যাদা হানিকৰ আইনক বাধা প্রদান কৰে। শিল্পপতি আৰু ব্যৱসায়ীসকলেও ৰাষ্ট্ৰীয়কৰণ আৰু চৰকাৰৰ লাইচেন্স নীতিৰ বিৰোধিতা কৰে তেওঁলোকেও স্বতন্ত্র দলক সমর্থন কৰে। অৱশ্যে বিভিন্ন কাৰণত এই দল সুসংগঠিত হ’ব পৰা নাছিল।

8। ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ উৎপত্তি আৰু বিভাজন বর্ণনা কৰা  ।

উত্তৰঃ ভাৰতৰ সাম্যবাদী দল ছোভিয়েট সাম্যবাদী দলৰ আদৰ্শত ১৯২৪ চনত গঠিত হৈছিল। এই দলে ভাৰতত ৰাছিয়াৰ পদ্ধতিত সাম্যবাদী সমাজ ব্যৱস্থা গঠন কৰাৰ মত পোষণ কৰে। বহু উচ্চশিক্ষিত আৰু অভিজ্ঞ ব্যক্তি এই দলৰ সমৰ্থক। ইয়াৰ উপৰি কৃষি, শিল্প, ব্যৱসায় বাণিজ্যত নিযুক্ত বহু শ্রমিক এই দলৰ অনুগামী। এই দলৰ বহু নেতৃস্থানীয় ব্যক্তি আগতে কংগ্ৰেছ দলৰ আছিল। কিন্তু পিছত কংগ্ৰেছ প্ৰৱৰ্তিত অহিংসা নীতিত আস্থাহীন ৰৈ ৰাছিয়াৰ অনুসৃত কাৰ্যক্ৰমৰ বিৰাট সাফল্যত আকৃষ্ট হৈ সাম্যবাদী দলত যোগদান কৰে। জনসাধাৰণৰ লগতই স্থাপন কৰা সম্পৰ্কৰ ফালৰ পৰা বিবেচনা কৰিলে ভাৰতৰ সাম্যবাদী দলে কেইবছৰমানৰ ভিতৰতে দেশৰ দ্বিতীয় বৃহত্তম ৰাজনৈতিক দল হিচাপে পৰিগণিত হ’বলৈ সক্ষম হৈছিল। সেই সময়ৰ ভাৰত চৰকাৰে (ব্ৰিটিছ চৰকাৰ) সাম্যবাদী দলক বেআইনী দল বুলি ঘোষণা কৰিছিল। কিন্তু ১৯৪৩ চনত এই বাধা তুলি লোৱা হয় আৰু তেতিয়াৰে পৰা সাম্যবাদী দলে স্বাধীনভাৱে নিজৰ সংগঠন আৰু প্ৰচাৰ কাৰ্য চলাই আহিছে। এই দলে প্রথম সাধাৰণ নিৰ্বাচনত ১৬ খন আসন লাভ কৰে। এ. কে. গোপালন, এছ. এ. ডাংগে, ই. এম. এছ. নাম্বুদ্রিপদ, পি. চি. যোশী, অজয় ঘোষ আদি সাম্যবাদী দলৰ প্ৰখ্যাত নেতা আছিল।

১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ ফলত ভাৰতৰ সাম্যবাদী দলৰ মাজত অন্তর্দ্বন্দ্বৰ সূচনা হয়। এটা অংশই ভাৰতৰ ওপৰত দোষাৰোপ কৰি চীনক সমৰ্থন কৰে আৰু আনটো অংশই চীনক আক্ৰমণকাৰী বুলি নিন্দা কৰে। ১৯৬৪ চনৰ জুলাই মাহত বাওঁপন্থী শাখাটোৱে দলৰ পৰা ওলাই আহি এটা নতুন সাম্যবাদী দল গঠন কৰিছিল। এই দলটো ভাৰতৰ মার্ক্সবাদী সাম্যবাদী দল হিচাপে জনাজাত হৈছিল। এইদৰে ১৯৬৪ চনত ভাৰতত দুটা সাম্যবাদী দলৰ সৃষ্টি হৈছিল – মার্ক্সবাদী সাম্যবাদী দল [C.P.I (M)] আৰু আনটো ভাৰতীয় সাম্যবাদী দল (C.P.I) | কিন্তু ইমানতে অন্তর্দ্বন্দ্ব বিবাদৰ ওৰ পৰা নাছিল। ১৯৬৯ চনৰ পৰা ভাৰতত তিনিটা সাম্যবাদী দলৰ উদ্ভৱ হয়। তৃতীয় সাম্যবাদী দলক ভাৰতৰ মাৰ্ক্সবাদী লেনিনবাদী সাম্যবাদী দল [C.P.I (ML)] বোলা হয়। মার্ক্সবাদী সাম্যবাদী দলৰ পৰা চৰমপন্থীসকল ওলাই আহি এই দলৰ মার্ক্সবাদী লেনিনবাদী শাখাটো প্ৰতিষ্ঠা কৰে।

৫.১৯৫২ চনত অনুষ্ঠিত নিৰ্বাচনসমূহৰ বুৰঞ্জী চমুকৈ ব্যাখ্যা কৰা।

 উত্তৰঃ ভাৰতৰ সংবিধানত গণতান্ত্রিক ব্যবস্থা প্ৰৱৰ্তন কৰা হৈছে আৰু সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰক স্বীকৃতি প্ৰদান কৰিছে। সেই অনুসৰি ২১ বছৰ (বর্তমান ১৮ বছৰ) বয়সপ্রাপ্ত হ’লে জাতি, ধর্ম, বর্ণ, নির্বিশেষে সকলো ভাৰতীয়ই ভোটদান কৰিব পাৰে। ইয়াৰ ভিত্তিত ১৯৫১-৫২ চনত ভাৰতত প্ৰথম সাধারণ নির্বাচন অনুষ্ঠিত হৈছিল। প্রথম সাধারণ নির্বাচন ১৯৫২ চনৰ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হয়। এই নির্বাচনত ১৪ টা ৰাষ্ট্ৰীয় দল তথা পঞ্চাছটাতকৈ অধিক ৰাজ্যিক পৰ্যায়ৰ দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছিল। ১৯৫২ চনত হোৱা লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ লগতে ৰাজ্যিক বিধান সভাৰো নিৰ্বাচন অনুষ্ঠিত হৈছিল।

প্রথম সাধাৰণ নিৰ্বাচনত লোকসভাৰ মুঠ ৪৮৯ খন আসনৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। এই আসনসমূহৰ ভিতৰত কংগ্ৰেছে ৩৬৮ খন আসন লাভ কৰিছিল। ভাৰতীয় সাম্যবাদী দলে ১৬ খন আসন লাভ কৰি দ্বিতীয় স্থান দখল কৰিছিল। প্রথম সাধাৰণ নিৰ্বাচনত আন কেইটামান দলে লাভ কৰা আসনৰ সংখ্যা হ’ল সমাজবাদী দলে ১২ খন কৃষাণ মজদুৰ প্ৰজা পার্টিয়ে ৯ খন, পিপলছ ডেমক্রেটিক ফন্টে ৯ খন গণতন্ত্র পৰিষদে ৬ খন অমিল ভাৰতীয় হিন্দু মহাসভাই ৪ খন আৰু অন্যান্য দলে ৩৪ খন আসন আৰু নিৰ্দলীয়ই ৩৭ খন।

প্রথম সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে মুঠ ৪৮৯ খন আসনৰ ভিতৰত ৩৬৮ খন আসন লাভ কৰি ভাৰতৰ শাসন ব্যৱস্থাত আধিপত্য বিস্তাৰ কৰিছিল আৰু পণ্ডিত জৱাহবলাল নেহৰুৰ নেতৃত্বত চৰকাৰ গঠন কৰিছিল। এই নিৰ্বাচনত কংগ্ৰেছে প্রত্যেক ৪ খন আসনৰ ভিতৰত ৩ খন অর্থাৎ ৩/৪ আসন দখল কৰিবলৈ সক্ষম হৈছিল।

১৯৫২ চনৰ সাধাৰণ নিৰ্বাচন সমগ্ৰ বিশ্বৰ গণতান্ত্রিক ইতিহাসৰ এক মাইলৰ খুটি ৰূপে পৰিগণিত হয়। এই নির্বাচনে এটা কথা প্ৰমাণ কৰি দেখুৱালে যে দৰিদ্ৰতা অথবা শিক্ষাৰ অভাব গণতান্ত্ৰিক নিৰ্বাচনৰ ক্ষেত্ৰত বাধা হ’ব নোৱাৰে। এই নির্বাচনে প্ৰমাণ কৰি দিয়ে যে বিশ্বৰ যিকোনো স্থানতে গণতন্ত্র প্রতিষ্ঠা আৰু প্ৰচলন কৰিব পাৰি। 

৬.নেশ্যনেল ৰিভলিশ্যনাৰী পাৰ্টীৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ১৯২৯ চনত ৰাষ্ট্ৰীয় বিভলিউচনেৰি দলৰ জন্ম হৈছিল আৰু ইয়াৰ পিছত ইয়াক ইনষ্টিটিউচনেল বিভলিউচনেৰি দল হিচাপে নামাকৰণ কৰা হয়, ইনষ্টিউচনেল দলে PRI মেক্সিক’ত প্ৰায় ছয় দশককাল ক্ষমতা ভোগ কৰিছিল। ই মেক্সিক’ৰ বিপ্লৱক প্ৰতিনিধিত্ব কৰিছিল। প্ৰকৃততে PRI দলটো বহুতো সামৰিক আৰু ৰাজনৈতিক নেতা, শ্রমিক আৰু কৃষক সংগঠন আৰু বহুতো ৰাজনৈতিক দলৰ স্বাৰ্থৰ লগত জড়িত আছিল। এটা সময়ত PRIৰপ্ৰতিস্থাপক প্লোটাৰক হলিয়াচ কলচে চৰকাৰৰ উপৰিও সংগঠনটোক ধৰি ৰাখিবলৈ সমৰ্থ হৈছিল। এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু একমাত্র দল আছিল যি সময়তে জয়ী হৈছিল। শাসকীয় দলটোক বৈধতাৰ ৰূপ দিবৰ বাবে অন্যান্য দলবোৰ কেৱল নামতহে আছিল PRI দলটো সদায় জয়ী হোৱাটো নিশ্চিত কৰাৰ বাবেহে নিৰ্বাচনী বিধি কাৰ্যকৰী কৰা হৈছিল।

শাসকীয় দলৰ দ্বাৰা নিৰ্বাচনটো সদায় ৰিগিং আৰু নাৰ্চাজি কৰা হৈছিল। এই শাসনক সম্পূর্ণ একনায়কত্ববাদ হিচাপে আখ্যা দিব পাৰি। শেষত ২০০০ চনত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰপতীয় নিৰ্বাচনত দলটোৱে পৰাজয়বৰণ কৰিছিল। কিন্তু PRI দলটোৰ আধিপত্য থকা সময়ছোৱাত যি কৌশল গ্ৰহণ কৰিছিলৱ যি সুস্থ গণতন্ত্রৰ ওপৰত দীঘলীয়া প্রভাব পেলাইছিল। মুক্ত আৰু নিকা নিৰ্বাচনৰ সম্পৰ্কৰ্থ নাগৰিকসকলে সম্পূর্ণ বিশ্বাসৰ বিকাশ ঘটাব পাৰিছিল।

৭. ভাৰতত বিৰোধী দলৰ উৎপত্তি সম্পৰ্কত এটা টোকা লিখা। 

উত্তৰঃ ১৯৫২ চনৰ সাধাৰণ নিৰ্বাচনৰ আগতেই কিছুমান বিৰোধী দলৰ জন্ম হৈছিল। এইবিলাকৰ ভিতৰত কিছুমান দলে ষাঠি আৰু সত্তৰ দশকত ৰাজনীতিত গুরুত্বপূর্ণ ভূমিকা পালন কৰিছিল। ১৯৮০ চনৰ কিছু সংখ্যক বিৰোধী দলক আজিৰ অকংগ্ৰেছী দলৰ জন্মদাতা বুলি ক’ব পাৰি।

সেই সময়ত এই সকলোবোৰ বিৰোধী দলে লোকসভা আৰু ৰাজ্যিক বিধানসভাত নাম মাত্র অংশ লোৱাৰ সুবিধআহে পাইছিল, কিন্তু এই দলবিলাকৰ উপস্থিতিয়ে গণতন্ত্ৰৰ চৰিত্ৰ পালন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। বিভিন্ন বিৰোধী দলবোৰে কংগ্ৰেছ দলৰ কাৰ্যবোৰ আৰু নীতিবোৰ প্ৰায়ে নীতিগতভাবে সমালোচনা কৰিছিল, বিৰোধী দলৰ এনে কাৰ্যই কংগ্ৰেছ দলক স্বেচ্ছাচাৰী হোৱাত বাধা প্রদান কৰে আৰু কংগ্ৰেছ দলৰ মাজত ক্ষমতাৰ ভাৰসাম্য প্ৰতিষ্ঠা কৰে।

বহু সময়ত দেখা গৈছে যে দলীয় নীতি আৰু আদৰ্শৰ মাজত কোনো সম্পর্ক নানা দিশেও কংগ্ৰেছ বিৰোধী দলবোৰে জনমতক পৰিচালিত কৰি বিভিন্ন ৰাজ্যত অকংগ্ৰেছী বা বিৰোধী দলৰ সংযুক্ত চৰকাৰ গঠন কৰিছে। বিৰোধী দল হিচাপে কংগ্ৰেচ আৰু য’ত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিছে সেইবোৰত অন্যান্য দলবোৰক বিৰোধী দলৰ ভূমিকাত অৱতীৰ্ণ হোৱা দেখা যায়। ভাৰতত যদিও বহু দলৰ অস্তিত্ব বৰ্তমান আৰু প্ৰস্তুত বিৰোধী দল হিচাপে কোনো এটা দলৰ বিশেষ প্রাধান্য থকা দেখা নাযায় তথাপি ভাৰতত প্ৰস্তুত বিৰোধী দল গঢ়ি উঠা নাই। বুলি ক’ব নোৱাৰি। ১৯৭৭ চনত বহুকেইটা দলৰ সংমিশ্ৰণত জনতা দলৰ আবিভাৱ আৰু ষষ্ঠ সাধাৰণ নিৰ্বাচনত ইয়াৰ অভূতপূর্ব সাফল্য এই ক্ষেত্ৰত বিশেষ তাৎপর্যপূর্ণ। বিৰোধী দল হিচাপে সাম্যবাদী দল আৰু অন্যান্য সমাজবাদী দলবোৰৰ যে ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাত যথেষ্ট প্রাধান্য আছে সেইটো বিভিন্ন দলৰ কাৰ্যকলাপৰ পৰা সহজে অনুমান কৰিব পাৰি।

৮.কংগ্ৰেছ অধিপত্যৰ প্ৰকৃতি সম্পর্কে তুলনামূলক বিশ্লেষণ আগবঢ়োৱা ।

 উত্তৰঃ ভাৰতবৰ্ষ হ’ল বিশ্বৰ ভিতৰত সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ। ইয়াত নিৰ্বাচনৰ সময়ত বহুত ৰাজনৈতিক দলে প্রতিদ্বন্দ্বিতা কৰে যদিও কেৱল মাত্ৰ কংগ্ৰেছ দলক সকলোবোৰ নিৰ্বাচনত আধিপত্য বিস্তাৰ কৰা দেখিবলৈ পোৱা যায়। কংগ্ৰেছ দলে আধিপত্য লাভ কৰাৰ প্ৰকৃতি ৰম্পৰ্কত কিছুমান কাৰণ দেখা পোৱা যায়। সেইবোৰ তলত আলোচনা কৰা হ’ল–

(ক)ব্ৰিটিছ উপনিৱেশিকতাবাদৰ পৰা মুক্ত কৰাৰ বাবে কংগ্ৰেছৰ নেতৃত্বত আন্দোলন গঢ়ি উঠিছিল। কংগ্ৰেছৰ নেতাসকল জনসাধাৰণৰ মাজত জনপ্ৰিয় আছিল আৰু এই নেতা সকলে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ ফলত সহজে জয়লাভ কৰিব পাৰিছিল।

(খ)কংগ্ৰেছ দলৰ আধিপত্যৰ প্ৰকৃতিৰ আন এটা কাৰণ হ’ল যে কংগ্ৰেছ দলটো অতি পুৰণি আৰু সুসংগঠিত হোৱাৰ বাবে আন দলতকৈ নিৰ্বাচন বিষয়ত সুপৰিপক্ক হোৱা বাবে এই দলে স্বাধীনতাৰ পিছত হোৱা নিৰ্বাচনবোৰত অতি সহজে সমগ্ৰ ভাৰতবৰ্ষতে বিজয় সাব্যস্ত কৰিব পাৰিছে।

(গ)ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ সময়ত কংগ্ৰেছ দলৰ ভেঁটি গাঁৱে-ভূঞে, চহবে নগৰে সকলো স্তৰতে শক্তিশালী আছিল। ইয়াৰ ফলশ্ৰুতিত সহজে নিৰ্বাচনত জয়লাভ কৰি আধিপত্য বিস্তাৰ কৰিব পাৰিছিল।

(ঘ)ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত হোৱা নিৰ্বাচনবোৰত স্বাধীনতা আন্দোলনৰ নেতাসকলৰ ব্যক্তিত্ব আৰু নিজা ভাবমূৰ্ত্তিৰ বাবেও এই দলক নিৰ্বাচনত জয় হোৱাত বৰঙণি যোগাইছিল।

৯. অধিপত্য দলীয় ব্যৱস্থা কি? এনে ব্যৱস্থাৰ এটা উদাহৰণ দিয়া। 

উত্তৰঃ যি দেশৰ শাসন ব্যৱস্থাত দীর্ঘ সময় ধৰি এটা ৰাজনৈতিক দলে পৰিচালনা কৰা দেখা 

যায় বা এটা দলকহে স্বীকৃতি প্ৰদান কৰা হয় তাক আধিপত্য দলীয় ব্যৱস্থা বোলা হয়।

আমি যদি গোটেই বিশ্বলৈ দৃষ্টিপাত কৰো তেতিয়া হ’লে একদলীয় প্রাধান্যৰ বহুতো উদাহৰণ আমি দেখিবলৈ পাম। বিশ্বত এটা দলৰ আধিপত্য থকা বহুকেইখন ৰাষ্ট্ৰ আছে। চীন, কিউবা আৰু ছিৰিয়া আদি কেতবোৰ ৰাষ্ট্ৰৰ সংবিধানে মাত্ৰ এটা দলক শাসন কৰাৰ বাবে অনুমোদন জনাইছে। আন কিছুমান ৰাষ্ট্ৰ যেনে – ম্যানমাৰ বেশাৰুছ, ইজিপ্ত আৰু এৰিত্ৰিয়া হ’ল একদলীয় ৰাষ্ট্ৰ। আনহাতে কেইবছৰমান আগলৈকে মেক্সিকো, দক্ষিণ কোৰিয়া আৰু টাইবান এটা দলৰ আধিপত্য ৰাষ্ট্ৰ আছিল।

১০. ৰাজ্যিক স্তৰত কংগ্ৰেছ দলৰ বিষম ধাৰাটো আলোচনা কৰা।

উত্তৰঃ ১৯৫২ চনত হোৱা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে কেন্দ্ৰ আৰু ৰাজ্য উভয়তে আধিপতা বিস্তাৰ কৰিছিল। ১৯৫৭ চনত হোৱা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে কেন্দ্ৰত পুনৰ আধিপতা বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰু বিধানসভাৰ নিৰ্বাচনত কেৰেলাৰ বাহিৰে আন ৰাজ্যবোৰত জয়লাভ কৰি চৰকাৰ গঠন কৰিছিল। কংগ্ৰেছ দলে প্রথমবাৰৰ বাবে কেৰালাৰ বিধানসভার নৰ্বাচনৰ পৰাজয় হৈ পৰাজয়ৰ তিক্ততা লাভ কৰিছিল। এই নিৰ্বাচনত কেৰালাত সাম্যবাদী দলে বিধানসভাৰ মুঠ ১২৬ খন আসনৰ ভিতৰত ৬০ খন আসন লাভ কৰি পাঁচজন নির্দলীয় বধায়কৰ সমৰ্থনত চৰকাৰ গঠন কৰিছিল।

১৯৬৭ চনৰ নিৰ্বাচনত কংগ্ৰেছে ভালকেইখন ৰাজ্যত আধিপত্য হেৰুৱাইছিল আৰু অকংগ্রেছী মৰ্চা চৰকাৰ গঠন হৈছিল; কিন্তু মৰ্চা চৰকাৰবোৰ বেছিদিন ক্ষমতাত থাকিব পৰা নাছিল। কাৰণ মৰ্চা চৰকাৰৰ অংশীদাৰৰ দলসমূহৰ মতাদৰ্শ আৰু উদ্দেশ্যৰ মিল নাছিল; ইয়াৰ ফলত চৰকাৰবোৰ ভাঙি গৈছিল আৰ মধ্যৱৰ্তাকালীন নির্বাচন অনুষ্ঠিত হৈছিল।

অসমত স্বাধীনতাৰ পিছৰ পৰা ১৯৭৭ চনলৈকে যদিও কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিছিল। কিন্তু ১৯৭৮ চনৰ বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলে পৰাজয় বৰণ কৰিছিল আৰু নতুনকৈ গঠিত হোৱা জনতা দলে চৰকাৰ গঠন কৰিছিল। ১৯৮৫ চনৰ নিৰ্বাচনত কংগ্ৰেছ দল পৰাজয় হৈছিল আৰু নতুনকৈ গঠিত হোৱা আঞ্চলিক দল “অসম গণ পৰিষদ” নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিছিল।

১১.ভাৰতত আঞ্চলিক ৰাজনৈতিক দলৰ উদ্ভৱৰ যি কোনো দুটা কাৰকৰ বিষয়ে চমুকৈ আলোচনা কৰা ।

উত্তৰঃ ভাৰতত আঞ্চলিক ৰাজনৈতিক দলৰ উদ্ভৱৰ দুটা কাৰক হ’ল –

অর্থনৈতিক বৈষম্য : ভাৰতবৰ্ষত আঞ্চলিক দলৰ গুৰুত্ব দিনক দিনে বৃদ্ধি পাই আহিছে। আঞ্চলিক ভিত্তিত গঢ়ি উঠা আঞ্চলিক দলৰ সদস্যসকল সেই অঞ্চলৰে বাসিন্দা হোৱাত তেওঁলোকৰ অঞ্চলটোৰ সমস্যাৰ সম্বন্ধে যথেষ্ট অভিজ্ঞতা থাকে। এনে অভিজ্ঞতাৰ দ্বাৰা আঞ্চলিক দলে শাসনাধিষ্ঠ দলক সফলতাৰে আঁচনি তৈয়াৰ আৰু কাৰ্য্যকৰী কৰাত সহায় কৰিব পাৰে।

সাম্যতা ৰক্ষা কৰিবলৈ : আঞ্চলিক সংগঠন গঠনৰ জৰিয়তে ৰাষ্ট্ৰসমূহে নিজৰ বিকাশৰ বাবে ঐক্যবদ্ধ প্রচেষ্টা গ্ৰহণ কৰিবলৈ সক্ষম হয়। তেওঁলোকে নিজৰ দেশৰ অৰ্থনৈতিক, সামাজিক আৰু সংস্কৃতিক সমস্যা দূৰ কৰিবলৈ সামূহিক আঁচনি কার্যকৰী কৰিব পাৰে। ইয়াৰ উপৰিও নিজৰ নিজৰ দেশৰ শান্তি আৰু নিৰাপত্তা নিশ্চিত কৰিবলৈ সক্ষম হয়।

Leave a Reply