Class 12 Political Science| Chapter-9| বিশ্বায়ন

Class 12 Political Science| Chapter-9| বিশ্বায়ন। এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব AHSEC Class 12 Political Science| Chapter-9| বিশ্বায়ন

HS Second Year Question Answer (Assamese Medium)

EnglishClick Here
অৰ্থনীতি (Economy)Click Here
ভূগোল (Geography)Click Here
हिंदीClick Here
অসমীয়াClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
ৰাজনীতি (Political Science)Click Here
সমাজতত্ত্ব (Sociology)Click Here
তৰ্কবিদ্যা আৰু দর্শনশাস্ত্ৰ (Logic & Philosophy)Click Here
নৃতত্ত্ব (Anthropology)Click Here

Class 12 Political Science| Chapter-9| বিশ্বায়ন

চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া ছাত্র-ছাত্ৰীৰ বাবে আমাৰ এই ৱেবছাইটত শেহতীয়া পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি পাঠ Class 12 Political Science| Chapter-9| বিশ্বায়ন ভিত্তিক প্ৰশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। যত ছাত্ৰ-ছাত্ৰীয়ে অনলাইন যোগে পঢ়িব পাৰিব।

প্ৰথম খণ্ড

পাঠ: ৯

অতি চমু প্রশ্নোত্তৰ ( মূল্যাংক -১ )

প্রশ্ন ১। গােলকীকৰণ বুলিলে কি বুজা ? 

উত্তৰঃ গােলকীকৰণ সম্পূৰ্ণৰূপে এটা অর্থনৈতিক ধাৰণা বুলি গণ্য কৰা দেখা যায় । তৎসত্ত্বেও ইয়াৰ ৰাজনৈতিক , অর্থনৈতিক , সামাজিক , সাংস্কৃতিক পৃথিৱীৰ অন্যবােৰ দেশৰ সৈতে সংযুক্ত আৰু সেই দেশসমূহৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে — এই গােটেই পৰিস্থিতি আৰু প্ৰক্ৰিয়াটো ‘ গােলকীকৰণ ’ বোলা হয় ।

প্রশ্ন ২। ৰাষ্ট্রৰ সমৰ্থনত গােলকীকৰণৰ ইতিবাচক পৰিণতি এটা উল্লেখ কৰা । 

উত্তৰঃ প্রযুক্তি ব্যৱহাৰ কৰি ৰাষ্ট্ৰই নাগৰিকসকলক প্রয়ােজনীয় তথ্য – পাতি প্ৰদান কৰিব পাৰে । 

প্রশ্ন ৩। হয় নে নহয় লিখা । 

গােলকীকৰণৰ ক্ষেত্ৰত প্রযুক্তি হ’ল গুৰুত্বপূৰ্ণ কাৰকসমূহৰ ভিতৰত এটা । 

উত্তৰঃ হয় ।

প্রশ্ন ৪। অর্থনৈতিক গােলকীকৰণে কি বুজায় ? 

উত্তৰঃ বিশ্বায়ন হৈছে এক বহুমুখী প্রক্রিয়া , এক অবিৰত প্রবাহক বুজায় । গতিকে ই পৃথিৱীৰ বিভিন্ন দেশসমূহৰ মাজত অর্থনৈতিক আদান – প্রদানৰ ক্ষেত্ৰত ওতঃপ্রােতভাৱে জড়িত । 

প্রশ্ন ৫। সাংস্কৃতিক একীভূতকৰণ মানে কি ? 

উত্তৰঃ বিশ্বায়নৰ ফলত সাংস্কৃতিক আদান – প্রদানৰ জৰিয়তে সাংস্কৃতিক সমৰূপতা সৃষ্টি হয় । 

প্রশ্ন ৬। খালী ঠাই পূৰ কৰা :সাংস্কৃতিক একত্রীকৰণৰ …………… এটা ৰূপ । 

উত্তৰঃ সাংস্কৃতিক একত্ৰীকৰণ বিশ্বায়নৰ এটা ৰূপ । 

প্রশ্ন ৭৷ ভাৰতে ইয়াৰ অর্থনৈতিক সংস্কাৰ কেতিয়া আৰম্ভ কৰিছিল ? 

উত্তৰঃ ১৯৯১ চনত । 

প্রশ্ন ৮। বিশ্ব সামাজিক মঞ্চ কি ? 

উত্তৰঃ উদাৰনৈতিক বিশ্বায়নৰ বিৰােধিতা কৰা এখন বিশ্ব মঞ্চ । 

প্রশ্ন ৯। বিশ্ব সামাজিক মঞ্চৰ প্ৰথমখন বৈঠকৰ আয়ােজন কেতিয়া কৰা হৈছিল ? 

উত্তৰঃ ২০০১ চনত ব্রাজিলৰ পাের্লো এলেগ্রেত । 

প্রশ্ন ১০। গােলকীকৰণৰ এটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ প্রযুক্তি বিদ্যা গােলকীকৰণৰ এক গুৰুত্বপূর্ণ উপাদান । গােলকীকৰণে “ প্রযুক্তি বিদ্যা ” ৰ ওপৰত নিৰ্ভৰশীল হৈ গতি কৰে । 

চমু প্রশ্নোত্তৰ ( মূল্যাংক -২ ) 

প্রশ্ন ১। গােলকীকৰণৰ কাৰণবােৰ কি কি ? 

উত্তৰঃ ( ক ) টেলিগ্রাফ , টেলিফোন আৰু মাইক্র’ছফটৰ নবীনতম আবিষ্কাৰে পৃথিৱীৰ বিভিন্ন দেশৰ যাতায়াত আৰু যােগাযােগ ব্যৱস্থাৰ ক্ষেত্ৰত এক বৈপ্লবিক পৰিৱর্তন সাধন কৰে আৰু বিশ্বায়নৰ প্ৰবাহক তৰান্বিত কৰে । 

( খ ) পৃথিবীৰ এখন দেশৰ পৰা আন এখন দেশলৈ পুঁজি , বস্তু – বাহানি আৰু মানুহৰ প্রৱাহ তৰান্বিত হােৱা বিশ্বায়নৰ আন এটা কাৰণ ।

প্রশ্ন ২। গােলকীকৰণৰ বিভিন্ন দিশবােৰ কি কি ? 

উত্তৰঃ অর্থনৈতিক , ৰাজনৈতিক আৰু সাংস্কৃতিক । 

প্রশ্ন ৩। অর্থনৈতিক গােলকীকৰণৰ সৈতে জড়িত দুটা কাৰক উল্লেখ কৰা । 

উত্তৰঃ অর্থনৈতিক গােলকীকৰণৰ সৈতে জড়িত দুটা কাৰক হ’ল— 

( ক ) বিশ্ব বাণিজ্য সংস্থা । আৰু 

( খ ) আন্তর্জাতিক মুদ্রা নিধি । 

প্রশ্ন ৪। ৰাষ্ট্রৰ সার্বভৌমত্বক গােলকীকৰণে কিদৰে প্ৰভাৱিত – কৰে ? 

উত্তৰঃ ৰাষ্ট্ৰীয় সার্বভৌমত্বৰ পৰম্পৰাগত ধাৰণাৰ ওপৰত প্ৰভাৱ পেলায় । ইয়াৰ তিনিটা দিশ আছে । ৰাষ্ট্ৰীয় সামর্থ্য কমি যায় । আগৰ জনকল্যাণৰ ঠাইত এতিয়া বজাৰসমূহে অর্থনৈতিক আৰু সামাজিক তাগ্রাধিকাৰসমূহ নির্ণয় কৰে। বহু জাতিক নিগমৰ বৰ্দ্ধিত ভূমিকাই চৰকাৰসমূহৰ সিদ্ধান্ত গ্রহণৰ সামর্থ্য কমাই পেলাইছে । 

প্রশ্ন ৫। সাংস্কৃতিক একীভূতকৰণে কি সূচায় ? 

উত্তৰঃ সাংস্কৃতিক একীভূতকৰণে মিশ্রিত সংস্কৃতিৰ সৃষ্টি কৰে । মুঠতে বিশ্বায়ণে একো একোটা সংমিশ্রিত সংস্কৃতি সৃষ্টি কৰা দেখা যায় । 

প্রশ্ন ৬। গােলকীকৰণত প্রযুক্তিয়ে কিদৰে বৰঙণি যােগায় ? 

উত্তৰঃ প্রযুক্তি বিদ্যা বিশ্বায়নৰ এটা গুৰুত্বপূর্ণ উপাদান তাত কোনাে সন্দেহনাই। বিশেষকৈ যােগাযােগৰ বৰ্তমানৰ মাধ্যমবােৰে বিশ্বায়নৰ সকলাে কাম – কাজ , লেন – দেন , আদান – প্রদান ; দেশ – বিদেশৰ দূৰত্ব সংকোচন কৰি আনিছে । 

প্রশ্ন ৭। গােলকীকৰণৰ ফলত অনিষ্ট হােৱা দুটা ক্ষেত্র কি কি ? 

উত্তৰঃ ( ক ) কৃষিকার্যত বিফলতাৰ বাবে কৃষকৰ আত্ম হত্যা । 

( খ ) বাণিজ্যৰ ক্ষেত্ৰত খুচৰা ব্যবসায়ীৰ আন্দোলনৰ পৰা হােৱা অনিষ্টকাৰী ফলাফল । 

প্রশ্ন ৮। টিকি থকা অসম ( অসমান ) বিশ্ব দুখন কি কি ? 

উত্তৰঃ  উত্তৰ আৰু দক্ষিণ গােলার্ধৰ ৰাষ্ট্ৰসমূহৰ মাজত দৃষ্টিভংগীৰ পার্থক্য আছে । বিশ্ব পাৰিপাৰ্শ্বিকতাৰ অৱক্ষয়ৰ বাবে উত্তৰ গােলাৰ্দ্ধৰ উন্নত ৰাষ্ট্ৰবােৰ উদ্যোগীকৰণৰ অনিষ্টকাৰী ফলাফলৰ বাবে জগৰীয়া , কিন্তু দক্ষিণৰ উন্নয়নশীল ৰাষ্ট্ৰবােৰ অৱক্ষয়ৰ বাবে কোনাে প্রকাৰে জগৰীয়া নহয় । উত্তৰ গােলাৰ্ধৰ ৰাষ্ট্ৰবােৰ উন্নত ধনী আনহাতে দক্ষিণ গােলাৰ্দ্ধৰ ৰাষ্ট্ৰবােৰ উন্নয়নশীল দুখীয়া । এই দুখনকে অসমান বিশ্ব বুলি ক’ব পাৰি । 

প্রশ্ন ৯। অর্থনীতি আৰু সামাজিক অগ্রাধিকাৰৰ মুখ্য নির্ণায়ক কি ? 

উত্তৰঃ আধুনিক কল্যাণকামী ৰাষ্ট্ৰত বজাৰে ( Market ) ই হ’ল অর্থনীতি আৰু সামাজিক অগ্রাধিকাৰৰ মুখ্য নির্ণায়ক ।

প্রশ্ন ১০। বাণিজ্যিক উদাৰীকৰণ কি কি ? 

উত্তৰঃ উদাৰীকৰণ মানে উদ্যোগৰ বাবে উদাৰ নীতি গ্রহণ কৰা । এই ব্যৱস্থাই দূটা কথাক ” বুজায় । 

প্রথমতে — যিবােৰ ঔদ্যোগিক কার্য আগেয়ে ৰাজহুৱা খণ্ডৰ দ্বাৰা কৰা হৈছিল সেইবােৰ বেচৰকাৰী বা ব্যক্তিগত খণ্ডৰ দ্বাৰা কৰা হয় । 

দ্বিতীয়তে , উদ্যোগ নীতিৰ সকলাে নীতি নিয়ম শিথিল কৰি আগেয়ে আৰোপ কৰা বাধানিষেধ ব্যক্তিগত খণ্ডৰ প্রতি শিথিল কৰা হয় । বাণিজ্যিক কৰ আদিও হ্রাস কৰা হয় । 

প্রশ্ন ১১। ৰাষ্ট্ৰীয় পৰ্যায়ত গােলকীকৰণৰ এটা ইতিবাচক পৰিণাম উল্লেখ কৰা ।

উত্তৰঃ এটা ইতিবাচক পৰিণাম হ’ল অসমতা , বিশেষকৈ আর্থিক অসমতাৰ ক্ষেত্ৰত দেখা যায় বিভিন্ন দেশৰ মাজত থকা অসমতা গােলকীকৰণৰ দ্বাৰা সমাধান কৰিব পৰা যায় । 

ৰচনাধর্মী প্রশ্নোত্তৰ ( মূল্যাংক -৪ / ৬ ) 

প্রশ্ন ১। গােলকীকৰণৰ পৰিণতিবােৰ কি কি ? 

উত্তৰঃ ( ক ) গােলকীকৰণে ৰাজনৈতিক ক্ষেত্ৰত উল্লেখযােগ্য প্রভাৱ বিস্তাৰ কৰিছে । এই ধাৰণাই পাৰস্পৰিক সার্বভৌমত্বৰ অৰ্থৰ পৰিৱৰ্তন কৰিছে । 

( খ ) গােলকীকৰণৰ প্ৰসাৰৰ বাবে বহুজাতিক সংস্থাৰ প্ৰৱেশ আৰু ইয়াৰ গুৰুত্ব সকলাে দেশত বৃদ্ধি পােৱাৰ বাবে চৰকাৰৰ ক্ষমতা ক্রমান্বয়ে হ্রাস পাইছে । 

( গ ) গােলকীকৰণে মানুহৰ জীৱনশৈলী , বিচাৰধাৰা , খাদ্যাভ্যাস আদিৰ ক্ষেত্ৰতাে পৰিৱর্তন আনিছে । 

( ঘ ) অর্থনৈতিক গােলকীকৰণে পৃথিৱীৰ ৰাজনৈতিক চেহেৰাৰ পৰিৱৰ্তন সাধন কৰিছে । অর্থনৈতিক বিশ্বায়নৰ বিভিন্ন আন্তর্জাতিক বিত্তীয় সংগঠন যেনে আন্তর্জাতিক মুদ্রানিধি , বিশ্ববেংক আদিৰ লগত ঘনিষ্ঠ সম্পর্ক আছে । 

প্রশ্ন ২। ভাৰতৰ গােলকীকৰণৰ প্ৰভাৱ দেখুওৱা । 

উত্তৰঃ ভাৰতবৰ্ষত প্রকৃত অর্থত বিশ্বায়ন ১৯৯১ চনৰ পৰা আৰম্ভ হয় । 

( ক ) বাণিজ্যিক নীতিৰ ক্ষেত্ৰত সংস্কাৰ :- ভাৰতৰ বাণিজ্যিক নীতিৰ – ক্ষেত্রত বিশ্বায়নৰ প্ৰভাৱ পৰিছে । আমদানিকৃত বস্তুৰ অনুজ্ঞাপত্ৰৰ ক্ষেত্ৰত যথেষ্ট শিথিলতা প্রদান কৰা হয় । 

( খ ) ঔদ্যোগিক নীতিৰ সংস্কাৰ :- ঔদ্যোগিক ক্ষেত্ৰত সংস্কাৰ সম্পূৰ্ণৰূপে উঠাই লােৱা হয় । অৱশ্যে কেইটামান বিশেষ উদ্যোগৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰৰ এতিয়াও প্রয়ােজন । 

( গ ) বিত্তীয় সংস্কাৰ :- বিত্তীয় ক্ষেত্ৰতাে আমূল পৰিৱৰ্তন সাধন কৰা হয় । ব্যক্তিগত খণ্ডৰ , বেংকসমূহৰ লগতে যৌথভাৱে পৰিচালিত বিদেশী বেংকসমূহকো তেওঁলােকৰ বিত্তীয় কার্যৰ পৰিধি বৃদ্ধি কৰাৰ অনুমতি প্রদান কৰা হয় ।

প্রশ্ন ৩। গােলকীকৰণৰ অর্থনৈতিক সংস্কাৰ কি কি ? 

উত্তৰঃ অর্থনৈতিক বিশ্বায়নে পৃথিৱীৰ ধনী – দুখীয়াৰ মাজত ব্যৱধান বৃদ্ধি কৰিছে যদিও ইয়াৰ সমর্থকসকলে বিশ্বায়নৰ সকাৰাত্মক দিশ সম্পর্কে এনেদৰে উল্লেখ কৰিছে –

( ক ) বিশ্বায়নত বিশ্বৰ চাৰিও কাষৰ বৃহৎ সামগ্ৰীৰ ব্যৱসায় জড়িত হৈ থাকে । আন দেশৰ পৰা সম্পদ আমদানিৰ ক্ষেত্ৰত বিভিন্ন ৰাষ্ট্ৰই আৰােপ কৰা বাধা নিষেধসমূহ ইয়াত কমােৱা হয় । 

( খ ) একেদৰে বিভিন্ন ৰাষ্ট্রৰ মাজত মূলধনৰ চলাচলৰ ক্ষেত্ৰত থকা বাধাবােৰাে কমােৱা হয় । 

( গ ) কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ জৰিয়তে বিশ্বায়নে জাতীয় সীমা পাৰ হৈ ভাবৰ আদান – প্রদান নিশ্চিত কৰে । 

প্রশ্ন ৪। বিশ্বায়নৰ সপক্ষে দুটা আৰু বিপক্ষে দুটা যুক্তি লিখা । 

উত্তৰঃ সপক্ষে— 

( ক ) বিশ্বায়নৰ ফলত অর্থনৈতিক পৰস্পৰ নিৰ্ভৰশীলতা দেশসমূহৰ মাজত বৃদ্ধি হৈছে । 

( খ ) দেশসমূহৰ মাজত সংহতি স্থাপনত সহায়ক হৈছে । 

বিপক্ষে — 

( ক ) কৃষিকার্যত বিফলতাৰ বাবে কৃষকৰ আত্মহত্যা আৰু 

( খ ) বাণিজ্যৰ খুচুৰা ব্যৱসায়ীৰ আন্দোলনৰ পৰা হােৱা অনিষ্টকাৰী ফলাফল । 

প্রশ্ন ৪। গােলকীকৰণৰ সময়ত ৰাষ্ট্ৰবােৰৰ পৰিবৰ্তিত ভূমিকাৰ প্ৰভাৱ উন্নয়নশীল ৰাষ্ট্ৰবােৰৰ ওপৰত কেনেদৰে পৰিছে সমালােচনামূলক ভাবে মূল্যায়ণ কৰা ।

উত্তৰঃ এইটো যুক্তিৰে কোৱা হয় যে উন্নয়নশীল ৰাষ্ট্ৰৰ ভূমিকাত গােলকীকৰণে কার্য কৰে । অর্থাৎ ৰাষ্ট্ৰৰ চৰকাৰে কৰিব খােজা কামত সক্ষমতা আনে । যেতিয়া কোনাে এখন দেশে আন এখন দেশৰ লগত বাণিজ্যিক কাম কাজত ব্যস্ত হয় , দুয়ােখন চৰকাৰে এটা চুক্তিত উপনীত হয় , দুয়ােখন দেশতে বাণিজ্যিক কাম কাজ কৰাৰ সুবিধা কৰি লয় । আনহাতে পৃথকভাৱে বিশ্ব বাণিজ্যিক সংস্থাৰ নিচিনা আন্তর্জাতিক সংস্থাৰ বাৰেও নীতি – নিয়ম প্রণয়ন কৰে সকলাে – দেশৰ বাবে আৰু চৰকাৰে সেই নীতি – নিয়মবােৰ নিজৰ দেশত বলবৎ কৰিব লাগে । বহুতাে সময়ত তেওঁলােকে কিছুমান নীতি নিয়মৰ পৰা আঁতৰি থাকিবলৈ বাধ্য হয় যাৰ দ্বাৰা তেওঁলােকৰ অধিকাৰ আৰু কাম কৰাৰ পৰিস্থিতিৰ ৰক্ষণাবেক্ষণ দিয়া হয় । 

এইটো সাব্যস্ত যে , প্রাচীন কল্যাণকামী ৰাষ্ট্রৰ ঠাইত বর্তমান বজাৰেহে অর্থনীতি আৰু সামাজিক অগ্রাধিকাৰ নির্ণয় কৰে । কোনাে এখন দেশত বহুজাতিক কোম্পানীৰ প্ৰৱেশে চৰকাৰৰ নিজে নিজৰ বাবে সিদ্ধান্ত লােৱাৰ সক্ষমতা বহুগুণে কমাই পেলায় । 

যিয়ে নহওক এইটো দেখা যায় যে গােলকীকৰণে ৰাষ্ট্ৰৰ সক্ষমতা সকলাে সময়তে কমায় । উন্নয়নশীল দেশৰ ৰাষ্ট্ৰই নিজৰ অত্যাৱশ্যকীয় কার্যাৱলী সঠিক ভাবেই চলাই থাকে । যেনে আইন শৃংখলা বজাই ৰখা , ৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষা কৰা আদি । এইদৰে ৰাষ্ট্র সদায়ে এক গুৰুত্বপূৰ্ণ আৰু এনেকি উন্নয়নশীল ৰাষ্ট্ৰইয়াে গােলকীকৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে । ইয়াৰ উপৰিও ৰাষ্ট্রই উন্নত কাৰিকৰী শিল্প প্রযুক্তিৰ জৰিয়তে নাগৰিকৰ সকলাে খা – খবৰ সংগ্ৰহ কৰি সঠিকভাৱে দেশ শাসন কৰিব পাৰিছে । ইয়াৰ ফলস্বৰূপে নতুন কাৰিকৰী শিল্প – প্রযুক্তি সহায়ত নীতি – নিয়মকে বেছি শক্তিশালী ৰূপত কার্যকৰী কৰিব পাৰিছে । 

দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান প্ৰশ্নোত্তৰ

Sl. No.সূচী-পত্ৰ
Unit 1প্ৰথম খণ্ড
Chapter 1শীতল যুদ্ধৰ যুগ
Chapter 2দ্বি ৰাষ্ট্ৰবাদৰ অৱসান
Chapter 3 আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য
Chapter 4ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ
Chapter 5সাম্প্রতিক দক্ষিণ এছিয়া
Chapter 6আন্তর্জাতিক সংগঠন
Chapter 7সাম্প্রতিক বিশ্বত নিৰাপত্তা
Chapter 8পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ
Chapter 9বিশ্বায়ন
Unit 2দ্বিতীয় খণ্ড
Chapter 1জাতি গঠনৰ প্ৰত্যাহ্বান
Chapter 2এক দলীয় প্রাধান্যৰ যুগ
Chapter 3পৰিকল্পিত বিকাশৰ ৰাজনীতি
Chapter 4ভাৰতৰ বৈদেশিক সম্বন্ধ
Chapter 5কংগ্রেছ ব্যৱস্থাৰ প্রতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্রতিষ্ঠা
Chapter 6গণতন্ত্রৰ সংকট
Chapter 7গণ আন্দোলনৰ অভ্যুত্থান
Chapter 8আঞ্চলিক আকাংক্ষাবোৰ
Chapter 9ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ

প্রশ্ন ৫। বিশ্বায়নৰ বিভিন্ন মাত্রাসমূহ কি কি ? 

উত্তৰঃ বিশ্বায়ন এটা বহুমুখী ধাৰণা । বিশ্বায়ন ৰাজনৈতিক , অর্থনৈতিক আৰু সামাজিক প্রতিফলন আছে যিবােৰক আমি যথােপ যুক্তভাৱে পৃথক কৰিব পাৰাে । কিন্তু আমি এইটো ধৰি লােৱাটো ভুল হ’ব যে ই কেৱল এট্য অর্থনৈতিক প্রতিফলনহে , আনহাতে ইয়াক কেৱল বিশুদ্ধ সাংস্কৃতিক বাতাবৰণ বুলিও কোৱাটো ভুল হ’ব । বিশ্বায়ন অসমানভাৱে পৰা বিশাল প্রভাৱ । বিশ্বায়নে কোনাে এখন সমাজক আন কোনাে এখন সমাজতকৈ বৈছি প্ৰভাৱ পেলায় আৰু সমাজৰ কোনাে এটা অংশত আৰু বেছি প্ৰভাৱ পেলাব পাৰে । মুঠতে কোনাে এটা নির্দিষ্ট বিষয়ত যথেষ্ট গুৰুত্ব নিদিয়াকৈ , বিশ্বায়নৰ প্ৰভাৱৰ বিষয়ে সাধাৰণ সিদ্ধান্ত লােৱাটো এৰাই চলিব লাগে । 

প্রশ্ন ৬। গােলকীকৰণে গােলকীয় সংস্কৃতি হানিকাৰক প্ৰভাৱ পেলােৱা উপায়বােৰ লিখা । 

উত্তৰঃ গােলকীয় সংস্কৃতিত গােলকীকৰণৰ প্ৰভাৱ পৰা সাধাৰণতে তিনিটা প্রকাৰে পৰা দেখা যায় 

( i ) সাধাৰণতে গােলকীয় সংযােগ থকা বৃত্তিধাৰী আৰু বিশেষকৈ বাণিজ্যিক শ্ৰেণীৰ লােকৰ দ্বাৰা নতুন সংস্কৃতিৰ বিকাশত প্রভাৱ পেলায় । 

( ii ) কিছুমান প্রাক সংস্কৃতি দ্রুতগতিত বিকাশ ঘটা কার্য । 

( iii ) মানৱ অধিকাৰ আৰু অন্যান্য সামাজিক বিশালতৰ বিষয়বােৰৰ ওপৰত থকা বিশ্বাস আৰু মূল্যবােধৰ দ্রুত প্রসাৰণ অধপতন ঘটে । 

প্রশ্ন ৭। গােলকীকৰণৰ কেইটিমান সুবিধা উল্লেখ কৰা । 

উত্তৰঃ তলত কেইটিমান সুবিধা উল্লেখ কৰা হ’ল– 

( ১ ) গােলকীকৰণে উপযুক্ত প্রতিযােগীক প্রতিযােগিতাৰ সুবিধা প্রদান কৰে আৰু উন্নয়ন গতি বৃদ্ধি কৰে । 

( ২ ) সমর্থকসকলে যুক্তি দিয়ে যে দুখন ৰাষ্ট্ৰৰ মাজৰ বাণিজ্যিক ব্যৱসায়ে দুয়ােখন ৰাষ্ট্ৰৰে সম্পদৰ পৰিমাণ বৃদ্ধি কৰে । 

( ৩ ) পুঁজিবাদ আৰু সমাজবাদ এই দুয়ােটাৰে পৰস্পৰ সংমিশ্ৰিত বুলি কব লাগিব , দুয়ােটাৰে যুদ্ধৰ মাজেৰেহে প্রকৃত শ্রেষ্ঠত্বৰ পৰিণতি ঘটাব পৰা যাব । 

( ৪ ) যিবােৰ দুখীয়া দেশে আন দেশৰ লগত বাণিজ্যত লিপ্ত হৈছে , প্রায়বােৰ দেশেই উচ্চ হাৰত আয় বৃদ্ধি কৰিবলৈ সক্ষম হৈছে । জনমূৰি আয় বাঢ়িছে । 

প্রশ্ন ৮। গােলকীকৰণে সংস্কৃতিক বহুধাবিভক্ত কৰা যুক্তিত তুমি একমত নে ? 

উত্তৰঃ হয় ; গােলকীকৰণে সংস্কৃতিক বিভিন্ন প্রকাৰে প্ৰভাৱিত কৰি বহুধাবিভক্ত কৰি মিশ্রিত সংস্কৃতিৰ সৃষ্টি কৰে । মুঠতে গােলকীকৰণে প্রত্যেক সংস্কৃতিকে এটা বেলেগ ৰূপ দিয়ে আৰু তাক স্পষ্ট কৰি তােলে । এনে এক বাতাবৰণকে সংস্কৃতিক সংমিশ্রণ কৰি বিভিন্ন ৰূপ দিয়ে । গােলকীকৰণৰ ফলত উন্নত দেশবােৰে বিভিন্ন টি ভি চেনেলৰ যােগেৰে জনপ্রিয় সাংস্কৃতিক দৃশ্য , নাচ , গান চিনেমা আদিৰে পৃথিৱীৰ উন্নয়নশীল দেশৰ সংস্কৃতিক নানাভাৱে প্ৰভাৱিত কৰিছে । কাৰণ সকলাে দেশৰ লােকে সহজে দূৰদৰ্শনৰ জৰিয়তে বিভিন্ন আমােদ প্রমােদৰ দৃশ্য , গান নাচ উপভােগ কৰি নিজৰ সংস্কৃতিক পৰােক্ষভাৱেৰে হলেও কিছু পৰ্মিাণে প্রভাৱিত কৰিছে । 

প্রশ্ন ৯। গােলকীকৰণত শিল্প প্রযুক্তিয়ে কিদৰে বৰঙণি যােগাইছে ব্যাখ্যা কৰা । 

উত্তৰঃ গােলকীকৰণত শিল্প – প্রযুক্তিৰবৰঙণিয়ে এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে । 

( ১ ) টেলিগ্রাফ , টেলিফোন , টেলিভিশন , ইনটাৰনেট , ই – মেইল , ফেক্স আদি বৈদ্যুতিক ব্যৱস্থাৰ আৱিষ্কাৰে পৃথিৱীত যােগাযােগ ব্যৱস্থাত এক আমূল পৰিবৰ্তনৰ সৃষ্টি কৰিছে । 

( ২ ) পৃথিৱীৰ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ মানুহৰ ভাৱধাৰা , মূলধন , বিভিন্ন সামগ্রী , আৰু জনসাধাৰণে অতি সহজে গতি কৰি থকাটো সম্ভৱ কৰি তুলিছে আজিৰ উন্নত শিল্প প্রযুক্তিয়ে আৱিষ্কাৰ কৰা নানা যন্ত্রপাতি , ইঞ্জিন , কল – কাজাৰ বাবেই । 

( ৩ ) পৃথিৱীত ডিজিটেল , খা – খবৰৰ প্ৰভাৱে পৃথিৱীৰ শিক্ষা ব্যৱস্থাত , যােগাযােগ ব্যৱস্থাত , বেপাৰ – বাণিজ্যত , চিকিৎসা সেৱাৰ পদ্ধতি আদি সকলাে দিশতে এক আমূল পৰিবৰ্তন আনিবলৈ শিল্প প্রযুক্তিৰ ফলতে সম্ভৱ হৈছে । 

( ৪ ) কম্পিউটাৰৰ শিল্পোন্নতিয়ে দূৰ – দূৰণিৰ পৰা শিক্ষাৰ প্ৰসাৰণ কৰাৰ ব্যৱস্থা অতি সহজ কৰি তুলিছে । ইংলেণ্ড আমেৰিকা আদি দেশৰ উন্নত শিক্ষা ব্যৱস্থা সহজে বিভিন্ন দেশত প্ৰসাৰিত হৈছে । 

গতিকে বৈজ্ঞানিক শিল্পকলাৰ কৌশলে বিশাল পৃথিৱীখনক সকলাে ক্ষেত্ৰতে গােলকীকৰণৰ দ্বাৰা এক কৰি তুলিছে । 

প্রশ্ন ১০। কি কাৰণৰ বাবে ভাৰতে নতুন অর্থনৈতিক নীতি গ্রহণৰ বাবে বাধ্য হব লগা হ’ল ?

উত্তৰঃ ভাৰত চৰকাৰে ১৯৯১ চনত নতুন অর্থনৈতিক নীতি অবলম্বন কৰিব লগা হল । তলত উল্লেখ কৰা সমস্যাবােৰৰ বাবে নতুন অর্থনৈতিক নীতি অৱলম্বন কৰিবলৈ বাধ্য হল । 

( i ) বহুতাে চৰকাৰী খণ্ডৰ অনুষ্ঠান ভীতিগ্রস্তভাৱে লােকচান হৈছিল , যদিও সেইবােৰত অপর্যাপ্ত বিনিয়ােগ কৰা হৈছিল । 

( ii ) বজাৰত মূল্য বৃদ্ধি , অপর্যাপ্ত মূলধনৰ নাটনি , মন্থৰ অর্থনৈতিক উন্নয়ন আৰু কাৰিকৰী দিশত অতি পিছপৰা প্রযুক্তি আদিয়ে চৰকাৰক নতুন নীতি গ্রহণ কৰিবলৈ বাধ্য কৰায় । এনেবােৰ কাৰণতে নতুন অর্থনৈতিক নীতি গ্রহণ কৰা হৈছিল । 

প্রশ্ন ১১। গােলকীকৰণৰ লগত আর্থিক যােগসূত্র কি ? ভাৰতত গােলকীকৰণ কিদৰে প্ৰভাৱিত , বিশেষকৈ আর্থিক দিশত ? 

নাইবা , বিশ্বায়ন অথবা গােলকীকৰণৰ কাৰণসমূহ কি কি ? 

উত্তৰঃ গােলকীয় অর্থনীতি সাধাৰণতে পৃথিৱীৰ বিভিন্ন দেশৰ ভিতৰত প্রবাহিত বৃহৎ অর্থনীতিৰ লগত জড়িত । এই প্রবাহ বা বিনিময়ে বিভিন্ন ৰূপ লয়— ভাবধাৰা , সামগ্রী , মূলধন আৰু জনগণ হিচাপে । এই যােগসূত্ৰৰ জোটসমূহ হ’ল— 

( i ) গােলকীয় অর্থনীতিয়ে সমগ্র বিশ্বত সামগ্ৰীৰ বেপাৰ – বাণিজ্য বৃদ্ধি কৰে । আন দেশৰ পৰা সামগ্রী আমদানী কৰাৰ ক্ষেত্ৰত দেশবােৰে যথেষ্ট বাধানিষেধ আৰােপ কৰে যাতে আমদানি হ্রাস কৰিব পৰা যায় । 

( ii ) ঠিক তেনেদৰে , এখন দেশৰ পৰা আন এখন দেশলৈ মূলধনৰ গতি বা চলাচলৰ ওপৰতাে বাধা নিষেধ আৰােপ কৰা হয় , যাতে ইয়াক কমাব পৰা যায় । 

( iii ) গােলকীকৰণৰ দ্বাৰা জনগণৰ ভাৱধাৰা , ৰাষ্ট্ৰীয় চাৰিসীমাৰ বাহিৰৰ পৰা কম্পিউটাৰ আৰু ইনটাৰনেটৰ জৰিয়তে প্রবাহিত কৰা হয় । 

( iv ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিচিনা উন্নত দেশবােৰেও অতি সাৱধানে ভিচা নীতিৰে নিশ্চিত কৰিব বিচাৰে যাতে আন দেশৰ নাগৰিকে নিজৰ দেশৰ কর্মসংস্থানবােৰ দখল কৰিব নােৱাৰে । 

( v ) গােলকীকৰণে বহুতাে আন্তঃর্জাতিক আর্থিক সংগঠন যেনে— বিশ্ব বেংক IM.F. আৰু W.T.O. ক জড়িত কৰি এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে । 

( vi ) অর্থনৈতিক গােলকীকৰণে গােটেই পৃথিৱীতে মতামতৰ এক উগ্রবিভাজন অনা দেখা যায় । 

( vii ) যিসকলে গােলকীকৰণৰ বিৰােধিতা কৰে , তেওঁলােকে ক’ব খােজে যে ই এক সামান্য সংখ্যক লােকক হে উপকৃত কৰে আনহাতে সৰহসংখ্যককে যিসকলে এটা কর্ম সংস্থাপন বা শিক্ষা , চিকিৎসা আদিৰ নিচিনা সুবিধাৰ পৰাও বঞ্চিত হব লগা হৈছে । মুঠতে তেওঁলােকে ভাবে যে গােলকীকৰণে অর্থনৈতিক ধ্বংসহে আনে বিশেষকৈ সংখ্যাগৰিষ্ঠ দুখীয়া লােকৰ বাবে । 

( viii ) গােলকীকৰণৰ সমর্থকসকলে যুক্তি দিয়ে যে ই সমাজত বেছি অর্থনৈতিক উন্নয়ন আনে আৰু সৰহ সংখ্যক লােকৰ কল্যাণ সাধন কৰে । পৃথিৱীৰ বিভিন্ন দেশৰ মাজত বাণিজ্যিক কার্যৰ প্ৰসাৰণ ঘটায় আৰু উন্নতি সাধন কৰায় ।

১৯৯১ চনত , অর্থনৈতিক সংকটৰ সময়ত আৰু উচ্চ হাৰৰ আর্থিক বিকাশৰ প্রতি আগ্রহী হৈ , ভাৰত চৰকাৰে এক নতুন অর্থনৈতিক নীতিৰ প্রতি আকৃষ্ট হয় । এই নতুন নীতি মতে ৰাজহুৱা খণ্ডৰ প্রৱর্তনৰ লগতে বেচৰকাৰী , ব্যক্তিগত খণ্ডতা কিছু ব্যৱস্থা কৰা হয় আৰু গুৰুত্ব আৰােপ কৰা হয় । বহুতাে ব্যক্তিগত খণ্ডৰ কোম্পানীক বহুতাে বাধা নিষেধৰ পৰা মুক্ত কৰি দিয়া হয় । অন্যদেশৰ উদ্যোগ আৰু কোম্পানীক বহুতাে শিথিল নিয়মৰ মাজত উৎপাদন আৰু বাণিজ্য – বেপাৰ কৰাৰ সুবিধা প্রদান কৰা হয় । ইতিমধ্যে আন দেশৰ পৰা অহা উদ্যোগপতি আৰু বাণিজ্যিক গােষ্ঠীয়ে তেওঁলােকৰ সামগ্রী উৎপাদন আৰু বিক্ৰী কৰিবলৈ বিভিন্ন ভাৰতৰ ৰাজ্য পৰিদৰ্শন কৰিছে আৰু সেৱা আগবঢ়াবলৈ আগ্ৰহী হৈছে । যােৱা কেইটামান বছৰত বহুতাে বিদেশী কোম্পানীয়ে ভাৰতৰ বিভিন্ন ৰাজ্যত যােগাযােগ ব্যৱস্থা খা – খবৰ প্রেৰণ কৰা সেৱা । যথেষ্ট উন্নত কৰি তুলিবলৈ সক্ষম হৈছে । 

প্রশ্ন ১২। গােলকীকৰণে ভাৰতক কিদৰে প্ৰভাৱিত কৰিছে আৰু ভাৰতে গােলকীকৰণক কিদৰে প্ৰভাৱিত কৰিছে ? 

উত্তৰঃ গােলকীকৰণে বিভিন্ন প্রকাৰে ভাৰতক বৰঙণি যােগাইছে বা প্রভাৱিত কৰিছে । যেনে — অর্থনৈতিকভাৱে , সামাজিকভাৱে , সাংস্কৃতিকভাৱে । স্বাধীনতাৰ পৰবৰ্তীকালত ভাৰতে মিশ্রিত অর্থনীতি অনুসৰণ কৰি উন্নয়নৰ পথ অবলম্বন কৰিছিল । ইয়াৰ দ্বাৰা বহুতাে বৃহৎ উদ্যোগ ৰাজহুৱা খণ্ডৰ সহায়ত প্রতিষ্ঠা কৰিছিল আৰু ভালেমান ব্যক্তিগত খণ্ডৰ উন্নয়নৰ কাম কাজ কৰিছিল । কিন্তু এই অর্থনৈতিক নীতিৰে ভাৰতে আশানুৰূপ উন্নয়নৰ পথ প্রশস্ত নহ’ল । ইয়াৰ ফলত ১৯৯১চনৰ পৰা নতুন অর্থনৈতিক নীতি গ্রহণ কৰিবলৈ বাধ্য হ’ল । কাৰণ বহুতাে ৰাজহুৱা খণ্ডৰ উদ্যোগত অপর্যাপ্ত বিনিয়ােগ কৰা সত্ত্বেও বৃহৎ পৰিমাণ ক্ষতি হৈছিল ; মূল্য বৃদ্ধি , মূলধনৰ নাটনি , মন্থৰ আর্থিক উন্নয়ন , শিল্প প্রযুক্তি পিছপৰা আৰু অনুন্নত অৱস্থাৰ । এনে এক সংকটৰ অৱসানৰ বাবে অর্থনীতিৰ সংস্কাৰ সাধন আৱশ্যক হৈ পৰে আৰু এক উদাৰীকৰণ নীতি গ্রহণ কৰে এনেকি বাণিজ্যিক আৰু বৈদেশিক মূদ্রা বিনিয়ােগ নীতিৰ সংস্কাৰ সাধন । কৰা হয় । বহুতাে বহু ৰাষ্ট্রীয় কোম্পানীক আকর্ষণ কৰিবলৈ আর্থিক নীতিৰ বহুতাে বাধা – নিষেধ হ্রাস কৰি , বিদেশী মূলধন বিনিয়ােগৰ গতি বৃদ্ধি কৰিব লগা হৈছে । আনহাতে গােলকীকৰণৰ কাৰণতে বহুতাে ভাৰতীয় নাগৰিকে উন্নত সংস্থাপন বিচাৰি বিদেশলৈ যাব লগা হৈছে । 

সংস্কৃতিৰ ক্ষেত্ৰতাে , আমেৰিকান আৰু ইউৰােপীয় সংস্কৃতিয়ে ভাৰতত ভয়াৱহভাৱে প্ৰসাৰতা লাভ কৰিছে । আমাৰ খাদ্যভ্যাস , সাজপােছাক ধৰণকৰণ পৰিবৰ্তন হৈছে । যেনে বার্গাৰ খােৱা , গাত লিপিত খাই ধৰা জীনছ পেন্ট পিন্ধা আদিয়ে আমাৰ জীৱনত এক সাংঘাটিক পৰিবৰ্ত আনিছে । গােলকীকৰণ আমাৰ পৰিয়াল জীৱনতাে পৰিবৰ্তন আনিছে যুটীয়া পৰিয়ালৰ ঠাইত একক পৰিয়ালৰ সৃষ্টি কৰিছে ।

আনহাতে ভাৰতবৰ্ষইয়াে গােলকীকৰণৰ ওপৰতাে প্রভাৱ বিস্তাৰ কৰিছে । ভাৰতত যােগাযােগ কাৰিকৰী শিল্প প্রযুক্তি আকাশ মার্গ কাৰিকৰী শিল্প প্রযুক্তি যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে । উন্নয়নশীল দেশৰ বাৰে বেপাৰ বাণিজ্যত লিপ্ত হবৰ বাবে যেতিয়া উন্নত দেশবােৰৰ লগত দৰদাম কৰিব লগা হয় ভাৰতে নেতৃত্ব দিবলৈ এক সংকটপূর্ণ ভূমিকা গ্রহণ কৰিব লগা হয় । 

ভাৰতত গােলকীকৰণৰ ক্ষেত্ৰত বাধা – নিষেধ বিভিন্ন দিশৰ পৰা আহিছে । অর্থনৈতিক উদাৰীকৰণৰ বিৰুদ্ধেও ৰাজনৈতিক দল আৰু ভাৰতীয় সামাজিক মঞ্চ আদিৰ পৰাও বিৰােধিতা আহিছে । বাণিজ্যিক শ্রমিক সংস্থা , কৃষক সংস্থা আৰু সৰু সৰু উদ্যোগীসকলেও সংগঠিতভাৱে বহুৰাষ্ট্ৰীয় কোম্পানীৰ প্ৰৱেশৰ বিৰুদ্ধে বাধা প্রদান কৰিছে । গােলকীকৰণৰ বিৰুদ্ধে প্রতিবাদ হােৱাৰ আন এটা কাৰণ হ’ল কেবল নেটৱৰ্কৰ জৰিয়তে প্রচাৰ কৰা বিদেশী TV . চেনেলত . স্কুল – কলেজ ছাত্র সাজ – পাৰৰ ফেচনৰ সােৱাদেৱে পাশ্চাত্যকৰণ পথ মুকলি কৰা । 

প্রশ্ন ১৩। গােলকীকৰণৰ সময়ত ৰাষ্ট্ৰবােৰৰ পৰিবৰ্তিত ভূমিকাৰ প্ৰভাৱ উন্নয়নশীল ৰাষ্ট্ৰবােৰৰ ওপৰত কেনেদৰে পৰিছে সমালােচনামূলক ভাৱে মূল্যায়ণ কৰা ।

উত্তৰঃ এইটো যুক্তিৰে কোৱা হয় যে উন্নয়নশীল ৰাষ্ট্ৰৰ ভূমিকাত গােলকীকৰণে কার্য কৰে । অর্থাৎ ৰাষ্ট্ৰৰ চৰকাৰে কৰিব খােজা কামত সক্ষমতা আনে । যেতিয়া কোনাে এখন দেশে আন এখন দেশৰ লগত বাণিজ্যিক কাম কাজত ব্যস্ত হয় , দুয়ােখন চৰকাৰে এটা চুক্তিত উপনীত হয় , দুয়ােখন দেশতে বাণিজ্যিক কাম কাজ কৰাৰ সুবিধা কৰি লয় । আনহাতে পৃথকভাৱে বিশ্ব বাণিজ্যিক সংস্থাৰ নিচিনা আন্তর্জাতিক সংস্থাৰ বাৰেও নীতি – নিয়ম প্রণয়ন কৰে সকলাে দেশৰ বাবে আৰু চৰকাৰে সেই নীতি – নিয়মবােৰ নিজৰ দেশত বলবৎ কৰিব লাগে । বহুতাে সময়ত তেওঁলােকে কিছুমান নীতি নিয়মৰ পৰা আঁতৰি থাকিবলৈ বাধ্য হয় যাৰ দ্বাৰা তেওঁলােকৰ অধিকাৰ আৰু কাম কৰাৰ পৰিস্থিতিৰ ৰক্ষণাবেক্ষণ দিয়া হয় । 

এইটো সাব্যস্ত যে , প্রাচীন কল্যাণকামী ৰাষ্ট্ৰৰ ঠাইত বর্তমান বজাৰেহে অর্থনীতি আৰু সামাজিক অগ্রাধিকাৰ নির্ণয় কৰে । কোনাে এখন দেশত বহুজাতিক কোম্পানীৰ প্ৰৱেশে চৰকাৰৰ নিজে নিজৰ বাবে সিদ্ধান্ত লােৱাৰ সক্ষমতা বহুগুণে কমাই পেলায় । যিয়ে নহওক এইটো দেখা যায় যে গােলকীকৰণে ৰাষ্ট্ৰৰ সক্ষমতা সকলাে সময়তে নকমায় । উন্নয়নশীল দেশৰ ৰাষ্ট্ৰই নিজৰ অত্যাৱশ্যকীয় কার্যাৱলী সঠিক ভাবেই চলাই থাকে যেনে আইন শৃংখলা বজাই ৰখা , ৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষা কৰা আদি । এইদৰে ৰাষ্ট্ৰ সদায়ে এক গুৰুত্বপূৰ্ণ আৰু এনেকি উন্নয়নশীল ৰাষ্ট্ৰইয়াে গােলকীকৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে । ইয়াৰ উপৰিও ৰাষ্ট্ৰই উন্নত কাৰিকৰী শিল্প প্রযুক্তিৰ জৰিয়তে নাগৰিকৰ সকলাে খা – খবৰ সংগ্ৰহ কৰি সঠিকভাৱে দেশ শাসন কৰিব পাৰিছে । ইয়াৰ ফলস্বৰূপে নতুন কাৰিকৰী শিল্প – প্রযুক্তি সহায়ত নীতি – নিয়মকে বেছি শক্তিশালী ৰূপত কার্যকৰী কৰিব পাৰিছে ।

Leave a Reply