Class 12 Political Science| Chapter-8| পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ

Class 12 Political Science| Chapter-8| পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ। এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব AHSEC Class 12 Political Science| Chapter-8| পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়।

HS Second Year Question Answer (Assamese Medium)

EnglishClick Here
অৰ্থনীতি (Economy)Click Here
ভূগোল (Geography)Click Here
हिंदीClick Here
অসমীয়াClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
ৰাজনীতি (Political Science)Click Here
সমাজতত্ত্ব (Sociology)Click Here
তৰ্কবিদ্যা আৰু দর্শনশাস্ত্ৰ (Logic & Philosophy)Click Here
নৃতত্ত্ব (Anthropology)Click Here

Class 12 Political Science| Chapter-8| পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ

চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া ছাত্র-ছাত্ৰীৰ বাবে আমাৰ এই ৱেবছাইটত শেহতীয়া পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি পাঠ Class 12 Political Science| Chapter-8| পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ ভিত্তিক প্ৰশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। যত ছাত্ৰ-ছাত্ৰীয়ে অনলাইন যোগে পঢ়িব পাৰিব।

প্ৰথম খণ্ড

পাঠ: ৮

অতি চমু প্রশ্নোত্তৰ ( মূল্যাংক -১ ) 

প্রশ্ন ১। UNEP ৰ পূৰ্ণ ৰূপটো লিখা । 

উত্তৰঃ United Nations Environment Programme . 

প্রশ্ন ২। ধৰিত্ৰী শীর্ষ সন্মিলন কি ? 

উত্তৰঃ ধৰিত্ৰী শীর্ষ সন্মিলন হ’ল ১৯৯২ চনৰ জুনত ব্রাজিলৰ ৰিঅ ‘ ডি জেনেৰিঅ’ত ৰাষ্ট্ৰসংঘই অনুষ্ঠিত কৰা পৰিৱেশ আৰু উন্নয়ন সম্পর্কীয় সন্মিলন । 

প্রশ্ন ৩। খালী ঠাই পূৰ কৰা : 

প্রথম বিশ্বক সাধাৰণতে ………..হিচাপে সূচোৱা হয় । 

উত্তৰঃ প্রথম বিশ্বক সাধাৰণতে উত্তৰ বিশ্বায়ন হিচাপে সূচোৱা হয় । 

প্রশ্ন ৪। কিয়ট’প্রটকলত ভাৰতে কেতিয়া স্বাক্ষৰ আৰু সমর্থন কৰিছিল ? 

উত্তৰঃ ২০০২ চনত । 

প্রশ্ন ৫। হয় নে নহয় লিখা । 

‘ ৰিঅ ‘ সন্মিলনে এজেণ্ডা -২১ ‘ নামৰ উন্নয়নমূলক প্রকৰণৰ এক তালিকাত অনুমােদন জনহিছিল । 

উত্তৰঃ হয় ।

প্রশ্ন ৬। সেউজ গৃহৰ গেছ নির্গমণে কি সূচায় ? 

উত্তৰঃ পৃথিৱীয়ে এৰি দিয়া গেছসমূহ বাহিৰলৈ যাব নােৱাৰি বায়ুমণ্ডলত থাকি যায় । এই গেছকে সেউজ গৃহ গেছ বােলে । 

প্রশ্ন ৭। UNFCCC ৰ সম্পূৰ্ণ ৰূপটো কি ? 

উত্তৰঃ United Nations Framework Comention on Climate Change . 

প্রশ্ন ৮। খিলঞ্জীয়া লােকৰ বিশ্ব পৰিষদ কোন চনত গঠিত হৈছিল ? 

উত্তৰঃ ১৯৭৫ চনত । 

প্রশ্ন ৯। পৰিৱেশ সচেতনতা দিৱস কোন দিনা উদ্যাপন কৰা হয় ? 

উত্তৰঃ ৫ জুন । 

প্রশ্ন ১০। এজেণ্ডা -২১ কি ? 

উত্তৰঃ ১৯৯২ চনত অনুষ্ঠিত ৰিঅ ‘ শীর্য সন্মিলনৰ অধিৱেশনত বিশেষকৈ আলােচনা কৰা হৈছিল জলবায়ুৰ পৰিৱৰ্তন , জৈৱ বিভিন্নতা , বনাঞ্চল আৰু উন্নয়নৰ অনুশীলনৰ বাবে এখন তালিকা অনুমােদিত কৰা হৈছিল । এই তালিকাখনকে ‘ এজেণ্ডা – ২১’বুলি জনা যায় ।

প্রশ্ন ১১। পৰিৱেশ সম্পর্কীয় আইন প্রণয়নৰ প্রয়ােজনীয়তা কি ? 

উত্তৰঃ পৰিৱেশ সংৰক্ষণৰ স্বাৰ্থত । 

প্রশ্ন ১২। কি কাৰণে ভাৰতবৰ্ষক আৱশ্যকীয়তাসমূহ পূৰণ কৰাৰ পৰা ৰেহাই দিয়া হৈছিল ? 

উত্তৰঃ উন্নয়নশীল ৰাষ্ট্র হােৱা বাবে ভাৰতক ৰেহাই দিয়া হৈছিল । 

প্রশ্ন ১৩। গােলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দায়ী বুলি ভবা দুবিধ গেছৰ নাম লিখা । 

উত্তৰঃ গােলকীয় উষ্ণতা বৃদ্ধি কৰা গেছ দুবিধ হৈছে– 

( ১ ) কার্বন – ডাই – অক্সাইড । আৰু 

( ২ ) হাইড্রোক্লৰাইড । 

প্রশ্ন ১৪। বিশ্বৰ সামূহিক সম্পদ দুটাৰ উদাহৰণ দিয়া । 

উত্তৰঃ বিশ্বৰ সামূহিক সম্পদ দুটা হ’ল–

( ১ ) নদী । আৰু 

( ২ ) পৃথিৱীৰ জলবায়ু । 

অতি চমু প্রশ্নোত্তৰ ( মূল্যাংক -২ ) 

প্রশ্ন ১। কিয়ট’প্ৰট’কলৰ বাধ্যবাধকতাৰ পৰা ভাৰতক কিয় ৰেহাই দিয়া হৈছিল ? 

উত্তৰঃ ভাৰত , চীনৰ দৰে অন্যান্য উন্নয়নশীল ৰাষ্ট্রসমূহক উদ্যোগীকৰণৰ সময়ছােৱাত নির্গত কৰা সেউজ গৃহ গেছৰ পৰিমাণ নগণ্য হােৱাৰ বাবে কিয়ট ’ চুক্তিৰ বাধ্যবাধকতা সমূহ পূৰণৰ পৰা ৰেহাই দিয়া হৈছিল । 

প্রশ্ন ২। উমৈহতীয়া সম্পদৰ দুটা উদাহৰণ দিয়া । 

উত্তৰঃ উমৈহতীয়া সম্পদৰ দুটা উদাহৰণ হ’ল— পৃথিৱীৰ বায়ুমণ্ডল , সাগৰপৃষ্ঠ আৰু মহাকাশ ।

প্রশ্ন ৩। উমৈহতীয়া সম্পদৰ ওপৰত সহযােগিতা সহজ নহয় বুলি ভাবানে ? কিয় ? 

উত্তৰঃ কিয়নাে প্রত্যেক ৰাষ্ট্ৰই উমৈহতীয়া সম্পদসমুহ ৰক্ষণাবেক্ষণৰ বাবে সমভাৱে দায়ৱদ্ধতা অনুভৱ নকৰে । 

প্রশ্ন ৪। গােলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দায়ী বুলি বিবেচিত গেছ দুটাৰ নাম লিখা । 

উত্তৰঃ কার্বন – ডাই অক্সাইড ( CO , ) আৰু মিথেন । 

প্রশ্ন ৫। খিলঞ্জীয়া লােক সম্পর্কে ৰাষ্ট্ৰসংঘৰ সূত্ৰটো লিখা ।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ সংজ্ঞা অনুসৰি পৃথিৱীৰ বিভিন্ন অঞ্চলৰ বিভিন্ন সংস্কৃতি তথা নৃগােষ্ঠীয় মূলৰ লােকসকলৰ প্ৰব্ৰজন ঘটাৰ সময়ত কোনাে এক অঞ্চলত বসতি স্থাপন কৰি থকা জনগােষ্ঠীৰ উত্তৰপুৰুষসকলক সেই অঞ্চলৰ থলুৱা অধিবাসী বুলি জনা যায় । 

প্রশ্ন ৬। খ্রীন হাউছ গেছ কি ? ইয়াৰ ফলাফল কি ? 

উত্তৰঃ কিছুমান গেছ যেনে— কার্বন – ডাই – অক্সাইড , মিথেন , হাইড্রোক্ল’ৰাইড , কার্বন , আদিক গ্রীন হাউচ গেছ বােলা হয় । এই গেছবােৰ আংশিকভাবে হলেও গােলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দায়ী বুলি বিবেচনা না হয় । গােলকীয় উষ্ণতাই পৃথিৱীৰ তাপমাত্রা বৃদ্ধি কৰে , যিয়ে পৃথিৱীৰ জীৱ জগতত এক অনিষ্টকাৰী পৰিণামৰ সৃষ্টি কৰে । 

প্রশ্ন ৭। এজেন্দা ২১’ কি ? 

উত্তৰঃ ১৯৯২ চনত অনুষ্ঠিত ৰিঅ ’ শীর্ষ সন্মিলনৰ অধিৱেশনত জলবায়ুৰ পৰিবর্তন , জৈৱ বিভিন্নতা , বনাঞ্চল আৰু উন্নয়নৰ অনুশীলনৰ বাবে এখন তালিকা অনুমােদিত কৰা হৈছিল । এই তালিকা খনকে এজেন্দা ২১’বুলি জনা যায় । কিন্তু সমালােচকসকলে আঙুলিয়াইছে যে এই এজেন্দাখন আর্থিক বৃদ্ধিৰ ক্ষেত্ৰত একপক্ষীয় পৰিৱেশ ভাৰসাম্যতাৰ বিৰােধী । 

প্রশ্ন ৮। গােলকীয় জনসাধাৰণৰ দুটা উদাহৰণ দিয়া । 

উত্তৰঃ ( ক ) উত্তৰ গােলার্ধ গােলকীয় জনসাধাৰণ । আৰু 

( খ ) দক্ষিণ গােলার্ধৰ গােলকীয় জনসাধাৰণ । 

প্রশ্ন ৯। সাগৰীয় আৰু উপকূলীয় অৱনতি কি ? 

উত্তৰঃ সাগৰীয় আৰু উপকূলীয় অৱনতি হ’ল — সাগৰ – মহাসাগৰৰ উপকূলীয় অঞ্চলত প্রদূষণ বৃদ্ধি পাইছে । উপকূলীয় অঞ্চলৰ জনবসতিয়ে এই অঞ্চলবােৰ প্ৰদূষিত কৰিছে আৰু অৱনতিও হৈছে । নিয়ন্ত্রণ নকৰিলে আৰু বেছি দূষিত হ’ব । 

প্রশ্ন ১০। কিয়টো প্রটকলৰ পৰা ভাৰত আৰু চীনদেশক কিয় আঁতৰত ৰখা হৈছিল ? 

উত্তৰঃ ভাৰত আৰু চীন আদি উন্নয়নশীল ৰাষ্ট্রসমূহে জনমূৰি নির্গমন কৰা সেউজ গৃহ গেছৰ পৰিমাণ উন্নত দেশৰ জনমূৰি নির্গমনৰ তুলনাতকৈ যথেষ্ট কম সেইবাবে উক্ত দুয়ােখন ৰাষ্ট্রকে আঁতৰাই ৰখা হৈছিল । 

প্রশ্ন ১১। পাৰিপাৰ্শ্বিক অবনতিৰ সৈতে সম্পর্কিত দুটা বিষয় লিখা ।

উত্তৰঃ পাৰিপাৰ্শ্বিকতা অৱনতিৰ কাৰণত বিশেষকৈ –

( ক ) পানীৰ নাটনিয়ে পাৰিপাৰ্শ্বিকতা বা অৱনতি ঘটায় । 

( খ ) দ্বিতীয়তে অৰণ্য ভূমিৰ ক্রমান্বয়ে বিলুপ্তি সাধন হােৱা বাবেও পাৰিপাৰ্শ্বিকতাৰ অৱনতি হৈ আছে । 

ৰচনাধর্মী প্রশ্নোত্তৰ ( মূল্যাংক -8 / ৬ ) 

প্রশ্ন ১। গােলকীয় ৰাজনীতিৰ পৰিমণ্ডলৰ ভিতৰত পাৰিপাৰ্শ্বিক বিষয়সমূহ একগােট কৰাত UNO ৰ ভূমিকা আলােচনা কৰা । 

উত্তৰঃ বিশ্বত এক সুস্থ আৰু স্বাস্থ্যসম্মত পাৰিপাৰ্শ্বিক পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘই আৰম্ভণিৰে পৰাই এক অতি গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে । ৰাষ্ট্ৰসংঘই মানৱ জাতিৰ ভবিষ্যত সুৰক্ষিত কৰাৰ বাবে এক সেউজ পৰিৱেশৰ প্ৰয়ােজনীয়তা সম্পর্কে ৰাষ্ট্ৰসমূহৰ মাজত সজাগতা সৃষ্টি আৰু সহযােগিতা স্থাপনৰ ওপৰত প্রচেষ্টা চলাই আহিছে । এইক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সম্পর্কীয় কাঠামাে চুক্তি প্রশ্নৰ কথা উল্লেখযোগ্য । 

প্রশ্ন ২। ৰিঅ ‘ শীর্য সন্মিলনৰ ওপৰত এটি টোকা লিখা । 

নাইবা , 

বিঅ ’ শীর্ষ সন্মিলনৰ ফলাফল কি আছিল ? 

উত্তৰঃ বিশ্বৰ পাৰিৱেশিক বিষয়ত , গােলকীয় ৰাজনীতিৰ ক্ষেত্ৰত বর্ধিত গুৰুত্ব সুপ্রতিষ্ঠিত কৰিছিল ১৯৯২ চনৰ জুনত , ব্রাজিলৰ ৰিঅ ’ – ডি – জেনেইৰােত বহা ৰাষ্ট্ৰসংঘৰ পাৰিৱেশিক আৰু উন্নয়নৰ শীৰ্য সন্মিলনখনে । এই সন্মিলনখনক পৃথিৱীৰ সন্মিলন ( Earth Summit ) বুলিও কোৱা হয় । এই সন্মিলনত ২৭০ খন ৰাষ্ট্রই যােগদান কৰিছিল । ইয়াত হেজাৰ হেজাৰ । বে – চৰকাৰী সংগঠনে ( N.G.O ) আৰু বহুতাে বহুজাতিক সংগঠনেও যােগদান কৰিছিল । এই সন্মিলনত বিশেষকৈ আলােচনা কৰা হৈছিল , জলবায়ুৰ পৰিবর্তন , জৈৱবিভিন্নতা , বনাঞ্চল । আদি বিষয়ত । লগতে এইবিলাকৰ উন্নয়নৰ অনুশীলনৰ বাৱে এখন তালিকা প্রস্তুত কৰা হৈছিল যাক “ Agenda ২১ ” বুলি কোৱা হয় । 

এই প্রচেষ্টাত যদিও বহুতাে পার্থক্য আৰু কষ্ট অমীমাংসিত হৈয়ে থাকিল তথাপি আর্থিক উন্নয়নৰ লগত পৰিৱেশিক ভাৰসাম্যতাৰ দায়বদ্ধৃতাৰ মিলন ঘটোৱাৰ ক্ষেত্ৰত সকলােৱে একমত হৈছিল । এই দৃষ্টিভংগীটোকে বর্তি থাকিব পৰা উন্নয়ন বুলি জনা যায় । ৰাষ্ট্ৰসংঘৰ এই সন্মিলনখনৰ পৰা বিশ্বৰাজনীতিত পাৰিৱেশিক বিষয়বােৰ গুৰুত্বপূৰ্ণ হৈ পৰে । 

প্রশ্ন ৭।খিলঞ্জীয়া অধিবাসী ( indigenous ) জনগােষ্ঠীৰ সংজ্ঞা দিয়া । 

উত্তৰঃ ৰাষ্ট্ৰসংঘই খিলঞ্জীয়া অধিবাসী জনগােষ্ঠীৰ সংজ্ঞা দি কৈছে যে ই জনসাধাৰণৰ বংশধৰসকলৰ সমষ্টি যিয়ে বর্তমানৰ ৰাষ্ট্র এখনৰ এটা অঞ্চলত বসবাস কৰি থকাৰ সময়তে পৃথিৱীৰ আনদেশৰ বেলেগ সংস্কৃতিৰ বা জনগােষ্ঠীৰ লােকে তেওঁলােকক বশ কৰি শাসন  কৰে । এনেদৰে বশ হৈ থকা লােকসকলেই হ’ল থলুৱা বাসিন্দা । 

প্রশ্ন ৮। কিয়ােটো প্রটকল কি ? কি কাৰণত ভাৰতক কিয়ােটা প্রটোকলৰ আচৰণ বিধিৰ পৰা ৰেহাই দিয়া হৈছে ? 

উত্তৰঃ অধিৱেশনৰ অংশিদাৰীসকলে সন্মতি প্রকাশ কৰে যে আটাইতকৈ ডাঙৰ ঐতিহাসিক ভাগটো আৰু বৰ্তমানৰ গােলকীয় কলা ধোৱা নির্গমনৰ উৎপত্তি হৈছিল উন্নয়নশীল দেশবােৰত । আকৌ এই ক্ষেত্ৰতাে সন্মতি প্রকাশ কৰিছিল যে ভাৰত আৰু চীনদেশৰ নিচিনা উন্নয়নশীল দেশবােৰত জনমূৰী নির্গমনৰ পৰিমাণ বৰ নিম্ন । সেইবাবে ভাৰত , চীন আৰু আন উন্নয়নশীল দেশবােৰক জাপানৰ কিয়ােটো প্রটোকল ( Kyoto Protocol ) আৱশ্যকতাৰ পৰা ৰেহাই দিয়া হৈছে । কিয়ােটো প্রটোকল ( Kyoto Protocol ) হ’ল এখন আন্তর্জাতিক চুক্তি , যাৰ দ্বাৰা ঔদ্যোগিক দেশবােৰ ক’লা ধােৱাৰ গেছ নির্গত নকৰাৰ বাবে এটা লক্ষ্য থিৰ কৰি দিয়া হয় । কার্বন – ডাই – অক্সাইড , মিথেইন আদি গেছক গােলকীয় উষ্ণতা বৃদ্ধিৰ ক্ষেত্ৰত দায়ী বুলি বিবেচনা কৰা হৈছে । গােলকীয় উষ্ণতা বৃদ্ধি পৃথিৱীৰ জীৱ – জগতৰ বাবে সাংঘাতিক পৰিমাণে দেখা দিয়াৰ সম্ভাৱনাই দেখা দিছে ।

দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান প্ৰশ্নোত্তৰ

Sl. No.সূচী-পত্ৰ
Unit 1প্ৰথম খণ্ড
Chapter 1শীতল যুদ্ধৰ যুগ
Chapter 2দ্বি ৰাষ্ট্ৰবাদৰ অৱসান
Chapter 3 আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য
Chapter 4ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ
Chapter 5সাম্প্রতিক দক্ষিণ এছিয়া
Chapter 6আন্তর্জাতিক সংগঠন
Chapter 7সাম্প্রতিক বিশ্বত নিৰাপত্তা
Chapter 8পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ
Chapter 9বিশ্বায়ন
Unit 2দ্বিতীয় খণ্ড
Chapter 1জাতি গঠনৰ প্ৰত্যাহ্বান
Chapter 2এক দলীয় প্রাধান্যৰ যুগ
Chapter 3পৰিকল্পিত বিকাশৰ ৰাজনীতি
Chapter 4ভাৰতৰ বৈদেশিক সম্বন্ধ
Chapter 5কংগ্রেছ ব্যৱস্থাৰ প্রতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্রতিষ্ঠা
Chapter 6গণতন্ত্রৰ সংকট
Chapter 7গণ আন্দোলনৰ অভ্যুত্থান
Chapter 8আঞ্চলিক আকাংক্ষাবোৰ
Chapter 9ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ

প্রশ্ন ৯। ভাৰত চৰকাৰে গােলকীয় উষ্ণতা উপশমৰ বাবে লােৱা পন্থাবােৰৰ কেইটামান উল্লেখ কৰা । 

উত্তৰঃ কিছু সংখ্যক আঁচনিৰে ভাৰত চৰকাৰে উষ্ণতা উপশমৰ গােলকীয় প্রচেষ্টাত অংশ গ্রহণ কৰিছে । 

( ১ ) ভাৰতৰ ৰাষ্ট্ৰীয় যান-বাহন , ইন্ধন নীতি ’ হ’ল ভাৰত যান-বাহন ইন্ধনৰ পৰিষ্কাৰ কৰা ব্যৱস্থা । 

( ২ ) শক্তি ৰক্ষণাবেক্ষণ আইন প্রণয়ন ২০০১ য়ে শক্তি উন্নয়নৰ সক্ষমতা বৃদ্ধিৰ প্ৰচেষ্টাৰ কথাকে বুজায় । 

( ৩ ) ২০০৩ চনৰ বৈদ্যুতিক আইনে শক্তি পুনৰ নতুন কৰা ব্যৱস্থাক উৎসাহিত কৰে । 

( ৪ ) উন্নত প্রাকৃতিক গেছৰ সদ্যকালীন ধাৰা আৰু উৎসাহজনক পৰিষ্কাৰ কয়লা কাৰিকৰী নীতি অৱলম্বনৈ দেখুৱাইছে যে ভাৰত চৰকাৰে এটা প্রকৃত প্রচেষ্টাই হাতত লৈছে । 

( ৫ ) প্রায় ১১ নিযুত হেক্টৰ ভূমি ব্যৱহাৰ কৰি ভাৰত চৰকাৰে ২০১১-১২ চনৰ ভিতৰত এটা জৈৱ – ডিজেল উৎপাদন কেন্দ্র গঢ়ি তুলিবলৈ এটা ৰাষ্ট্ৰীয় মিছনৰ প্রচেষ্টা হাতত লবলৈ বৰ ইচ্ছা প্রকাশ কৰিছে । 

( ৬ ) পৃথিৱীত এটা সর্ববৃহৎ শক্তি পুনর্বিকীৰণৰ আঁচনি ভাৰত চৰকাৰে হাতত ল’বলৈ প্রচেষ্টাও লৈছে । 

প্রশ্ন ১০। পৰিৱেশ কেতিয়াৰ পৰা বিশ্বৰাজনীতিৰ লগত জড়িত হ’ল ? 

উত্তৰঃ পৰিৱেশ পৰিণামৰ সচেতনতাই ৰাজনৈতিক বৈশিষ্ট্য আহৰণ কৰে প্রায় কুৰি শতিকাৰ যাঠিৰ দশকৰ পৰাই পৰিৱেশ ৰক্ষণাবেক্ষণৰ বিষয়ে প্রথম অধিৱেশন ( summit ) বহিছিল ১৯৭২ চনত চুইদেনৰ ষ্টকহ’লমত । কিন্তু দ্বিতীয় গুৰুত্বপূর্ণ অধিৱেশনখন বহিছিল , ১৯৯২ চনত ব্রাজিলৰ ৰিঅ – ডি – জেনেৰিঅত । এইখন অধিৱেশনকে পৃথিৱীৰ অধিৱেশন ( Earth Summit ) বুলিও কোৱা হয় । সেই একে বছৰতে ৰাষ্ট্ৰ সংঘৰ সংগঠনিক কার্যৰ অধিৱেশন জলবায়ু পৰিবৰ্তনৰ ( UNFCCC ) ওপৰত অনুষ্ঠিত হৈছিল । ৰাষ্ট্ৰসংঘৰ এই পাৰিৱেশিক আঁচনি ( UNEP ) ৰ মতে পাৰিৱেশিক সমস্যাবােৰ সমাধানৰ বাবে আন্তঃৰাষ্ট্ৰীয় অধিৱেশনবােৰ অনুষ্ঠিত কৰিবলৈ আৰম্ভ কৰে । তেতিয়াৰে পৰা পৰিৱেশ এটা অতি গুৰুত্বপূর্ণ বিষয় হিচাপে গােলকীয় ৰাজনীতিত উদ্ভৱ হৈছে । 

প্রশ্ন ১১। গােলকীয় সামূহিক মানে কি ? এইবােৰ কিদৰে আহৰণ আৰু প্ৰদূষিত কৰা হয় ।

উত্তৰঃ পৃথিৱীত এনে কিছুমান এলেকা নাইবা অঞ্চল আছে যিবােৰ কোনাে ৰাষ্ট্ৰৰ সার্বভৌমত্ব থকা এলেকাৰ ভিতৰত নপৰে , অর্থাৎ বাহিৰত অৱস্থিত , গতিকে এইবােৰক আন্তর্জাতিক সম্প্রদায়ৰ সাধাৰণ প্রশাসন আৱশ্যক হয় আৰু এনে সাধাৰণ প্ৰশাসনৰ এলেকা বা অঞ্চলকে “ গােলকীয় সামূহিক ” বুলি জনা যায় ।

দ্ৰুত উদ্যোগীকৰণ আৰু নতুন বিজ্ঞান আৰু প্ৰযুক্তিয়ে ‘ গােলকীয় সাধাৰণ ’ আহৰণ আৰু প্ৰদূষণ কৰাত যথেষ্ট অৰিহণা যােগাইছে । এইটো কোৱা হয় যে বৃহৎ উদ্যোগ আৰু কল-কাৰখানাৰ ক’লা ধোঁৱা আৰু গেছ আৰু ৰাসায়নিক পেলনীয়া সামগ্ৰীয়ে সমগ্র বায়ুমণ্ডল প্ৰদূষিত কৰিছে । ঠিক সেইদৰে বিশাল সমুদ্রপৃষ্ঠকো প্ৰদূষিত কৰিছে । মানুহৰ ভূমি সংলগ্নিত কার্যৱলীয়ে সমুদ্র তীৰৰ পৰিৱেশ অতি দূষিত কৰি তুলিছে । এইবােৰেই হ’ল আহৰণ আৰু প্ৰদূষণৰ ফলশ্রুতি । 

প্রশ্ন ১২। বিশ্বৰ সামূহিক ( Global Common ) সম্পদ বুলিলে কি বুজা ? 

নাইবা , উমৈহতীয়া অথচ পৃথকীকৃত দায়বদ্ধতা মানে কি ? চমুকৈ লিখা ।

উত্তৰঃ সামূহিক বা ৰাজহুৱা সম্পদ বুলিলে সেই সমূহ সম্পদক বুজোৱা হয় যিবােৰ কোনাে ব্যক্তিৰ বাবে নহয় , বৰং এটা সম্প্রদায়ে ভােগ কৰে । এখন নদী , এখন উদ্যান , এটা সামূহিক কেন্দ্র আদি সামূহিক বা ৰাজহুৱা সম্পদৰ ভিতৰত পৰে । বিশ্বত এনে বহুত অঞ্চল আছে যিবােৰ কোনাে সার্বভৌম ৰাষ্ট্রৰ চাৰিসীমাৰ ভিতৰত অৱস্থিত নহয় আৰু সেয়েহে বিশ্ব সমুদায়ে সামূহিকভাৱে এনে অঞ্চলবােৰ শাসন কৰা প্রয়ােজন । এনে সম্পদবােক বিশ্বৰ সামূহিক সম্পদ বুলিব পৰা যায় । বিশ্বৰ এনে সামূহিক সম্পদসমূহৰ ভিতৰত পৃথিৱীৰ জলবায়ু , এন্টার্কটিকা মহাদেশ , বৰফাবৃত অঞ্চল আৰু মহাকাশ অন্যতম । 

বিশ্বৰ সামূহিক সম্পদৰাজিৰ ক্ষেত্ৰত ৰাষ্ট্ৰসমূহৰ মাজত সহযােগিতাৰ সৃষ্টি হােৱাটো বৰ সহজ নহয় । অৱশ্যে ১৯৫৯ চনৰ এন্টার্কটিকা সন্ধি , ১৯৮৭ চনৰ মণ্টীলে আচৰণ বিধি আৰু ১৯৯১ চনৰ এন্টার্কটিকা পাৰিপাৰ্শ্বিকতা আচৰণ বিধিৰ দৰে উল্লেখযােগ্য সহযােগিতাত সৃষ্টি হােৱা দেখা গৈছে । ইয়াতে উল্লেখ কৰিব পৰা যায় যে এনে সামূহিক সম্পদসমূহক বিশেষকৈ আগবঢ়া দেশসমূহৰ দ্বাৰা দুয়ােগ কৰাৰ বাবে বর্তমান প্রজন্মকে নহয় ভৱিষ্যত প্রজন্মকো ক্ষতিগ্রস্ত কৰাৰ সম্ভাৱনা আছে । 

প্রশ্ন ১৩। সম্পদ ভূ-ৰাজনীতি কি ? 

বা ,

বিশ্ব ৰাজনীতিত প্ৰাসংগিকতা থকা দুবিধ সম্পদৰ উল্লেখ কৰা । 

উত্তৰঃ বর্তমান বিশ্ব ৰাজনীতিৰ এক গুৰুত্বপূর্ণ দিশ হ’ল সম্পদকেন্দ্রিক ভূ বাজনীতি । বর্তমান বিশ্ব সম্পদ কেন্দ্রিক ভূ – ৰাজনীতিটো এক অন্যতম বিষয়ত পৰিণত হৈছে । সম্পদকেন্দ্রিক ভূ – ৰাজনীতিৰ অৰ্থ হ’ল বিশ্বৰ পৰিবেশৰ বা প্রাকৃতিক সম্পদসমূহ কোনে , কিমান , ক’ত আৰু কেনেকৈ লাভ কৰিব সেই ক্ষেত্ৰত বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত দেখা দিয়া বিবাদ , সংঘাতৰ প্রতিফলন । এইদৰে বিশ্বৰ প্রাকৃতিক পৰিবেশ আৰু সম্পদসমূহ কোনে কিমানে ক’ত আৰু কেনেকৈ লাভ কৰিব বা ভােগ কৰিব অথাৎ সম্পদৰ উদঘাটন আৰু ব্যৱহাৰক কেন্দ্ৰ কৰিয়েই বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত সৃষ্টি হােৱা প্রতিযােগিতা , বিৰােধ , বিবাদবােৰকেই সম্পদকেন্দ্রিক ভূ ৰাজনীতি বােলা হয় । 

সম্পদক কেন্দ্র কৰি প্রাকৃতিক সম্পদত চহকী বিশ্বৰ বিভিন্ন দেশত বিশেষকৈ তৃতীয় বিশ্বত গঢ়ি উঠা সংঘাত আৰু ইয়াৰ বিশ্বজোৰা ব্যাপ্তিকে সম্পদকেন্দ্রিক ভৌগােলিক ভূ ৰাজনীতি বুলি কোৱা হয় । গােলকীয় ৰাজনীতিৰ বাবে প্ৰাসংগিক দুটা সম্পদৰ নাম হ’ল— 

( ক ) খাৰুৱা তেল । আৰু 

( খ ) জল সম্পদ । 

প্রশ্ন ১৪। ১৯৯০ চনৰ পৰা কিয় “ গােলকীয় পাৰিৱেশিক ৰক্ষণাবেক্ষণ ” সম্পর্কীয় বিষয়টো ৰাষ্ট্ৰবােৰৰ অগ্ৰাধিকাৰ সম্পৰ্কীয় বিষয় হৈ পৰিছে ?

উত্তৰঃ পাৰিবেশিক সংকটৰ বিষয়ে সচেতনতা আৰু ইয়াক পৰিষ্কাৰ কৰি ৰখাটো আজিকালি এক গােলকীয় বিষয় হৈ পৰিছে । 

তলত উল্লেখ কৰা কাৰকবােৰ ইয়াৰ লগত জড়িত থকা দেখা যায়— 

( ১ ) সমগ্র পৃথিৱীতে কৃষিযােগ্য তাঞ্চল সামান্যভাৱেহে বৃদ্ধি পাইছে , আৰু কৃষিৰ প্ৰচলিত ভূমিৰ অনেক অঞ্চল উৰ্বৰতা বিহীন হৈ পৰিছে । 

( ২ ) উন্নত দেশবােৰত বহু নিযুত জনসাধাৰণে বিপদমুক্ত নির্মল পানী আৰু পৰিষ্কাৰ পৰিচ্ছন্ন পৰিৱেশ নােপােৱাৰ ফলত প্রতি বছৰ তিনি নিযুতকৈও বেছি ল’ৰা – ছােৱালীৰ মৃত্যু হৈ আছে । 

( ৩ ) প্রাকৃতিক বনাঞ্চল যিয়ে জলবায়ু স্থায়ীকৰণত সহায় কৰে , মধ্যমীয়া বৃষ্টিপাতৰ যােগান ধৰে , যিয়ে বেছি ভাগ উদ্ভিদৰ জৈৱবিভিন্নতা প্রতিষ্ঠা কৰে এই সকলােবােৰ কাটি ধ্বংস কৰে আৰু মানুহক স্থানান্তৰ কৰে । 

( ৪ ) দ্রুতপতন হয় অজন লেয়াৰৰ পৃথিৱীৰ বায়ুমণ্ডলৰ ষ্ট্রেটোস্ফেয়াৰত এনে কাইপাৰিৱেশিক ভাৰসাম্যতাত এক সাংঘাটিক পৰিণামৰ সৃষ্টি কৰে আৰু মানৱ স্বাস্থ্যৰ ক্ষতি সাধন কৰে । 

( ৫ ) সমুদ্র প্রদূষণ গােলকীয়ভাৱে বৃদ্ধি পাই আছে । যদিও বা মুক্ত সমুদ্র যথেষ্ট পৰিষ্কাৰ , ভূমি সংলগ্নিত পানী যথেষ্টভাৱে প্ৰদূষিত বিশেষকৈ মানুহৰ তীর্তি কার্যকলাপৰ বাবে ।

Leave a Reply