Class 12 Political Science| Chapter-6| আন্তর্জাতিক সংগঠন

Class 12 Political Science| Chapter-6| আন্তর্জাতিক সংগঠন। এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব AHSEC Class 12 Political Science| Chapter-6| আন্তর্জাতিক সংগঠন পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়।

HS Second Year Question Answer (Assamese Medium)

EnglishClick Here
অৰ্থনীতি (Economy)Click Here
ভূগোল (Geography)Click Here
हिंदीClick Here
অসমীয়াClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
ৰাজনীতি (Political Science)Click Here
সমাজতত্ত্ব (Sociology)Click Here
তৰ্কবিদ্যা আৰু দর্শনশাস্ত্ৰ (Logic & Philosophy)Click Here
নৃতত্ত্ব (Anthropology)Click Here

Class 12 Political Science| Chapter-6| আন্তর্জাতিক সংগঠন

চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া ছাত্র-ছাত্ৰীৰ বাবে আমাৰ এই ৱেবছাইটত শেহতীয়া পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি পাঠ Class 12 Political Science| Chapter-6| আন্তর্জাতিক সংগঠন ভিত্তিক প্ৰশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। যত ছাত্ৰ-ছাত্ৰীয়ে অনলাইন যোগে পঢ়িব পাৰিব।

প্ৰথম খণ্ড

ষষ্ঠ অধ্যায়

(ক)অতি চমু প্ৰশ্নৰ উত্তৰ লিখা : মূল্যাংক:- ১ নম্বৰকৈ

১।যুদ্ধতকৈ বাক-বিতণ্ডাই বহুত ভাল – কথাষাৰ কোনে কৈছিল ? 

উত্তৰঃ ইংলেণ্ডৰ পূৰ্বৰ প্ৰধানমন্ত্রী চাৰ্চিলে কৈছিল। 

২। যেতিয়া ৰাষ্ট্ৰসংঘৰ চনদ গঠিত হৈছিল তেতিয়া কেইখন সদস্য ৰাষ্ট্ৰই তাত স্বাক্ষৰ কৰিছিল?

উত্তৰঃ ৫১ খন সদস্য ৰাষ্ট্ৰই।

৩। ৰাষ্ট্ৰসংঘৰ প্ৰধান উদ্দেশ্য কি?

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ প্ৰধান উদ্দেশ্য হ’ল আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা।

৪। ৰাষ্ট্ৰসংঘত বৰ্তমান কেইখন সদস্য ৰাষ্ট্ৰ আছে?

উত্তৰঃ ১৯২ খন।

৫। খালী ঠাই পূৰ কৰা :ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ——খন স্থায়ী সদস্য ৰাষ্ট্ৰ আছে।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ৫খন স্থায়ী সদস্য ৰাষ্ট্ৰ আছে।

৬। ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্রধান কোন? 

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্রধান দক্ষিণ কোৰিয়াৰ বেন কি মুন।

৭। IAEA ৰ সম্পূর্ণ নামটো লিখা। 

উত্তৰঃ International Atomic Energy Agency (আন্তর্জাতিক পাৰমাণবিক শক্তি সংগঠন)

৮। ভেটো ক্ষমতা মানে কি?

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত যিকোনো সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত স্থায়ী সদস্য ৰাষ্ট্ৰৰ বিৰোধিতা কৰিব পৰা ক্ষমতাই হ’ল ভেটো ক্ষমতা।

৯। ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্রধান কোন আছিল?

উত্তৰঃ নৰৱে’ৰ ট্ৰিগভি লি।

১০। ৰাষ্ট্ৰসংঘলৈ অধিক অৱদান আগবঢ়োৱা একমাত্ৰ দেশখনৰ নাম কি?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ। 

১১। কোনটো দিনক ৰাষ্ট্ৰস”ঘ দিৱস হিচাবে পালন কৰা হয় ?

উত্তৰঃ ২৪ অক্টোবৰ 

১২। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্রথম মহিলা সভাপতি কোন আছিল?

উত্তৰঃ বিজয়লক্ষ্মী পণ্ডিত। 

১৩। শান্তি পুঁজি কোন চনত ৰাষ্ট্ৰসংঘই আৰম্ভ কৰিছিল?

উত্তৰঃ ২০০৬

১৪। বিগ থ্রি মানে কি বুজা? 

উত্তৰঃ কচভেন্ট চাৰ্চিল আৰু ষ্টেলিন।

১৫। পৰিবেশ কাৰ্য্যসূচীৰ লগত সম্পৰ্ক থকা আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ নাম লিখা।

উত্তৰঃ UNEP

১৬। ৰাষ্ট্ৰসংঘৰ উচ্চতম কর্তৃপক্ষৰ নাম লিখা।

উত্তৰঃ সাধাৰণ সভা। 

১৭। শান্তি প্রতিষ্ঠা আয়োগ কেতিয়া গঠন কৰা হৈছিল?

উত্তৰঃ ২০০৫ চনত।

১৮। ১৯৯৭ চনৰ মাইন নিষিদ্ধ চুক্তিৰ প্ৰধান সমর্থক কোন আছিল? 

উত্তৰঃ এটা চৰকাৰী সংগঠন।

১৯। ৰাষ্ট্ৰ ঘৰ শতবর্ষ ঘোষণাপত্র কেতিয়া গ্ৰহণ কৰা হৈছিল ?

উত্তৰঃ ২০০০ চনত।

২০। এক মেৰু বিশ্ব ব্যৱস্থাত ৰাষ্ট্ৰসংঘৰ প্ৰাসংগিকতা কি? 

উত্তৰঃ ৰাষ্ট্ৰসংঘই শাস্তি আৰু নিৰাপত্তা প্রতিষ্ঠাৰ ক্ষেত্ৰত এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছে।

২১। ৰাষ্ট্ৰসংঘৰ এটা দুর্বলতা লিখা। 

উত্তৰঃ ৰাষ্ট্ৰসংঘই নিজাববীয়াকৈ কোনো সিদ্ধান্ত কাৰ্যকৰী কৰিব নোৱাৰে।

২২। ভাৰত ৰাষ্ট্ৰসংঘৰ সদস্য কেতিয়া হৈছিল?

উত্তৰঃ ১৯৪৫ চনত।

২৩। NGO সমূহৰ এটা দুৰ্বলতা লিখা। 

উত্তৰঃ NGO সমূহৰ স্থায়ীত্ব নাই।

২৪। তলৰ উক্তিসমূহ শুদ্ধ নে অশুদ্ধ লিখা :

(a) নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য সকলৰহে কেৱল ভেটো প্ৰদানৰ ক্ষমতা আছে।

উত্তৰঃ শুদ্ধ।

(b) ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ সদস্যসকল স্বত্বঃস্ফূর্তভাবে আন সকলো প্রধান অঙ্গৰ সদস্য।

উত্তৰঃ অশুদ্ধ।

(c) বিশ্ব বাণিজ্য সংস্থাই বাণিজ্য আৰু শুল্ক বিষয়ক সাধাৰণ চুক্তিৰ উত্তৰাধিকাৰী হিচাবে কাম কৰি আছে।

উত্তৰঃ শুদ্ধ।

২৫। খালী ঠাই পূৰ্ণ কৰাঃ

(a) ৰাষ্ট্ৰসংঘৰ মূখ্য উদ্দেশ্য হ’ল_____। 

উত্তৰ: বিশ্ব শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা।

(b) ৰাষ্ট্ৰসংঘৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্যকৰী সংস্থাটোক কোৱা হয় ——।

উত্তৰঃ নিৰাপত্তা পৰিষদ।

(c) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ———খন স্থায়ী আৰু _____-খন অস্থায়ী সদস্য ৰাষ্ট্ৰ আছে।

উত্তৰঃ ৫, ১০।

(d) ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ সচিৰ প্ৰধান জন হ’ল____ ।

উত্তৰঃ বেন-কি-মুন।

২৬। UNDP ৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰঃ United Nations Development Programme.

২৭। ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা কৰোঁতে কিমান সদস্যই স্বাক্ষৰ কৰিছিল ?

উত্তৰঃ ৫১ খন দেশে।

২৮। ৰাষ্ট্ৰসংঘলৈ সৰ্ববৃহৎ অনুদান কোন দেশে আগবঢ়ায় ? 

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰই।

(খ) চমু প্ৰশ্নৰ উত্তৰ লিখা : মূল্যাংক : ২ নম্বৰকৈ

১। আন্তর্জাতিক সংগঠনৰ প্ৰয়োজনীয়তা কিয় ?

                   অথবা

বিশ্বত কিয় এটা আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্ৰয়োজন? ব্যাখ্যা কৰা। 

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰিবৰ কাৰণে আন্তর্জাতিক সংগঠনৰ প্ৰয়োজন। আন্তঃৰাষ্ট্ৰীয় সমস্যাবিলাক শান্তি আলোচনাৰ মাজেৰে সমাধান কৰাৰ কাৰণে আন্তর্জাতিক সংগঠনৰ প্ৰয়োজন আছে।

২। আন্তর্জাতিক সংগঠন এক শ্ৰেষ্ঠ ৰাষ্ট্ৰ বুলি তুমি ভাবানে? কাৰণ দর্শোৱা।

উত্তৰঃ আন্তর্জাতিক সংগঠনক এক শ্রেষ্ঠ ৰাষ্ট্ৰ বুলি ক’ব নোৱাৰি। আন্তর্জাতিক সংগঠনবোৰ

কোনো সার্বভৌম অনুষ্ঠান নহয়। সার্বভৌম ৰাষ্ট্ৰসমূহৰ ইচ্ছা আৰু বুজাবুজিৰ জৰিয়তেহে

আন্তর্জাতিক সংগঠন গঢ় লৈ উঠে।

৩। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ কেইখনৰ নাম লিখা।

উত্তৰঃ স্থায়ী সদস্য ৰাষ্ট্ৰকেইখনৰ নাম হ’ল:

আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, ইংলেণ্ড, ফ্রান্স আৰু চীনদেশ। এই পাঁচখন।

৪। নিৰাপত্তা পৰিষদত স্থায়ী সদস্যবোৰে লাভ কৰা দুটা সুবিধা লিখা। 

উত্তৰঃ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰবোৰে লাভ কৰা দুটা সুবিধা হ’ল: (ক) ভেটো ক্ষমতা (খ) একনায়কত্ববাদীৰ সুবিধা।

৫। আন্তর্জাতিক ক্ষমাদান মানে কি?

উত্তৰঃ আন্তর্জাতিক ক্ষমাদান এটা বেচৰকাৰী আন্তঃৰাষ্ট্ৰীয় সংগঠন। ১৯৬১ চনত লণ্ডনত আইনজীৱী পিটাৰ বেনেনচনে (Peter Benenson) এ এই সংস্থাটো প্ৰতিষ্ঠা কৰিছিল।। মানৱ অধিকাৰৰ প্ৰতি দেখুওৱা বেয়া আচৰণ ৰোধ আৰু ভংগ কৰা এই সংগঠনৰ প্ৰধান উদ্দেশ্য।

৬। বর্তমান বিশ্বত ৰাষ্ট্ৰসংঘৰ প্ৰাসংগিকতা কি ?

উত্তৰঃ বিশ্বত আক্তৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ কাৰণে ৰাষ্ট্ৰসংঘৰ দৰে এটা আৰোষ্ট্ৰীয় সংগঠনৰ প্ৰয়োজন আছে। ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা হোৱাৰ পৰা বৰ্তমানলৈকে বিশ্বযুদ্ধৰ পুনৰাবৃত্তি হোৱা নাই। আন্তঃৰাষ্ট্ৰীয় বিবাদসমূহ আলোচনার মাধ্যমেৰে সমাধান কৰাৰ ক্ষেত্ৰত ইয়াৰ প্ৰাসংগিকতা নুই কৰিব নোৱাৰি।

৭। মানৱ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত জড়িত থকা দুটা বেচৰকাৰী অনুষ্ঠানৰ নাম লিখা। 

উত্তৰঃ দুটা বেচৰকাৰী অনুষ্ঠানৰ নাম হ’লঃ

আন্তর্জাতিক ক্ষমাদান আৰু মানৱ অধিকাৰ প্ৰহৰী বা জাগৰণ।

৮। সামাজিক আৰু অৰ্থনৈতিক সমস্যাৰ লগত জড়িত থকা ৰাষ্ট্ৰসংঘৰ দুটা অভিকৰণৰ নাম লিখা।

উত্তৰঃ দুটা বিশেষ অভিকরণ হ’ল: IMF আৰু WHO। 

৯।নিৰস্ত্ৰীকৰণৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি কি?

উত্তৰঃ ভাৰতবৰ্ষই নিৰস্ত্ৰীকৰণৰ সপক্ষে মত দাঙি ধৰি আহিছে। ভাৰতে যিকোনো ধৰণৰ অস্ত্র প্রতিযোগিতা সমর্থন নকৰে। ভাবতে শান্তি আৰু অহিংস আদর্শ অনুসৰণ কৰে। পাৰমাণৱিক অস্ত্র-শস্ত্ৰসমূহ সীমিত কৰি এক শান্তিপূর্ণ বিশ্ব গঢ় দিয়াৰ ভাৰত সদায় পক্ষপাতি।

১০। ৰাষ্ট্ৰসংঘৰ সচিবালয় ক’ত অৱস্থিত? ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্রধান কোন আছিল? 

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ সচিবালয় নিউইয়র্কত অৱস্থিত। ত্ৰিগভি লী ৰাষ্ট্ৰসংঘৰ প্ৰথমজন সচিব প্রধান আছিল।

১১। ৰাষ্ট্ৰসংঘৰ চনদত কেতিয়া চহী কৰা হৈছিল ? ২০০৬ চনত ৰাষ্ট্ৰসংঘৰ সদস্য সংখ্যা কিমান? 

উত্তৰঃ ১৯৪৫ চনৰ ২৬ জুনত ৰাষ্ট্ৰসংঘৰ চন্দত চহী কৰা হৈছিল। ২০০৬ চনত ৰাষ্ট্ৰসংঘৰ সদস্য সংখ্যা ১৯২ জন।

১২। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত- জন স্থায়ী সদস্য আৰু -অস্থায়ী সদস্য আছে। 

উত্তৰঃ ৫, ১০ ।

১৩। নিৰাপত্তা পৰিষদৰ গঠন আলোচনা কৰা।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ হ’ল এক শক্তিশালী অংগ। নিৰাপত্তা পৰিষদত দুই ধৰণৰ সদস্য থাকে। নিৰাপত্তা পৰিষদত ৫ জন স্থায়ী আৰু ১০ জন অস্থায়ী সদস্য থাকে। অর্থাৎ মুঠ ১৫ জন সদস্যক লৈ নিৰাপত্তা পৰিষদ গঠিত।

১৪। সামাজিক আৰু অৰ্থনৈতিক বিষয়ৰ সৈতে জড়িত সংস্থাটোৰ নাম লিখ। 

উত্তৰঃ অর্থনৈতিক আৰু সামাজিক পৰিবনে সামাজিক আৰু অর্থনৈতিক বিকালৰ সৈতে জড়িত।

১৫। ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ প্রয়োজন? 

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ বৰ্তমান সদস্য সংখ্যা বহুত বৃদ্ধি পাইছে। গতিকে ৰাষ্ট্ৰসংঘৰ সংভাদ প্রয়োজন হৈছে।

১৬। দুটা সামনিক মিত্ৰতাৰ নাম লিখা।

উত্তৰঃ নাটো আৰু ছিয়েটা 

১৭। এমনেষ্টি ইণ্টাৰনেশ্যনেল কি?

উত্তৰঃ আন্তর্জাতিক ক্ষমাদান এটা বেচৰকাৰী সংগঠন, যিয়ে সমগ্র বিশ্বৰ মানৱ অধিকাৰ সংৰক্ষণৰ বাবে প্ৰচাৰ চলায়। সার্বজনীন মানৱ অধিকাৰত উল্লেখ থকা সকলো অধিকাৰৰ সম্মানজনক আহবান কৰে। ই মানৱ অধিকাৰক পৰস্পৰ নিৰ্ভৰশীল আৰু অবিভক্ত বুলি বিশ্বাস কৰে। ই মানৱ অধিকাৰ সম্পৰ্কে প্রতিবেদন প্রস্তুত কৰি প্ৰকাশ কৰে।

১৮। ৰাষ্ট্ৰসংঘক কিহে এক অপৰিহাৰ্য সংগঠন কৰি তুলিছে? 

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ প্ৰধান উদ্দেশ্য হ’ল, বিশ্বত শাস্তি আৰু নিৰাপত্তা ৰক্ষা কৰা। বিশ্বৰ সকলো দেশৰ জনসাধাৰণৰ মাজত শান্তি আৰু সহযোগিতা প্রতিষ্ঠা কৰাৰ বাবে ৰাষ্ট্ৰসংঘৰ অপৰিৱহাৰ্য্য। আন্তঃৰাষ্ট্ৰীয় বিবাদ মহামাৰী বা গোলকীয় উষ্ণতা নিৰাময়, অনুন্নত দেশবিলাকৰ বিকাশৰ বাবে ৰাষ্ট্ৰসংঘৰ এক অপৰিহাৰ্য সংগঠন হিচাপে বিবেচিত হৈছে।

১৯। বর্তমান এক মেৰু বিশিষ্ট বিশ্বত ৰাষ্ট্ৰসংঘৰ প্রাসঙ্গিকতা কি?

উত্তৰঃ ১৯৯৯ চনত শীতল যুদ্ধৰ সমাপ্তিৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্বত এক অপ্রতিদ্বন্দী শক্তি হিচাবে প্রতিষ্ঠা লাভ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰই সামৰিক, ৰাজনৈতিক, অর্থনৈতিক আদি ক্ষেত্ৰত বিশ্বত আধিপত্য বিস্তাৰ কৰিছে। গতিকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এনে অগ্রাসী আধিপত্যক নিয়ন্ত্ৰণ কৰিবলৈ বৰ্তমান ৰাষ্ট্ৰসংঘৰ প্ৰয়োজন আছে। বর্তমান ৰাষ্ট্ৰবোৰৰ মাজত সৃষ্টি হোৱা সমস্যাবোৰ সমাধানৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।

২০। সামাজিক আৰু অৰ্থনৈতিক বিষয়ৰ লগত জড়িত ৰাষ্ট্ৰসংঘৰ দুটা অঙ্গৰ নাম লিখা।

উত্তৰঃ (ক) অর্থনৈতিক আৰু সামাজিক পষদ (খ) ন্যাসৰক্ষী পৰিষদ

২১। ‘আইনৰ চকুত সমতা’ বুলিলে কি বুজা?

উত্তৰঃ সকলো লোকেই আইনৰ দৃষ্টিত সমান ব্যৱহাৰ পাব আৰু আইনে সকলো লোকক

সমান ৰক্ষণাবেক্ষণ দিয়াটোকে বুজায়।

২২। ৰাষ্ট্ৰসংঘৰ মুখ্য উদ্দেশ্য কি?

উত্তৰঃ বিশ্বত আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰাটোৱে ৰাষ্ট্ৰসংঘৰ প্ৰধান উদ্দেশ্য।

(গ) উত্তৰ লিখাঃমূল্যাংক: ৪ নম্বৰকৈ

১।নিৰাপত্তা পৰিষদৰ কাৰ্যসমূহ কি কি?

উত্তৰঃ নিৰাপত্তা পৰিষদৰ কাৰ্যসমূহ হ’ল : 

(ক) শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা।

(খ) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ কাৰণে কোনো ৰাষ্ট্ৰৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা প্ৰয়োগ কৰা।

(গ) নিৰস্ত্ৰীকৰণ আৰু অস্ত্র-শস্ত্র নিয়ন্ত্ৰণৰ বাবে আঁচনি প্ৰস্তুত কৰা। 

(ঘ) নির্বাচন সংক্রান্ত কাৰ্য্য।

২।ৰাষ্ট্ৰসংঘ এখন সঠিক আন্তঃৰাষ্ট্ৰীয় সংগঠন বুলি ভাবানে? কাৰণ দর্শোৱা। 

উত্তৰঃ হয়, ৰাষ্ট্ৰসংঘক এটা সঠিক আন্তঃৰাষ্ট্ৰীয় সংগঠন বুলি ভাবো।

ইয়াৰ কাৰণ তলত উল্লেখ কৰা হ’ল:

  1. আন্তৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ ক্ষেত্ৰত ই গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছে।
  2.  ৰাষ্ট্ৰসংঘ জন্ম হোৱাৰ পিছৰ পৰা এতিয়ালৈকে বিশ্বযুদ্ধৰ সৃষ্টি হোৱা নাই।
  3. আন্তঃৰাষ্ট্ৰীয় বিবাদসমূহ শান্তিপূর্ণ উপায়েৰে মীমাংসা কৰাৰ ক্ষেত্ৰতো অগ্রণী ভূমিকা গ্ৰহণ কৰিছে।

৩। বিশ্ব বাণিজ্য সংস্থাৰ ওপৰত চমু টোকা লিখা। 

উত্তৰঃ বিশ্ব বাণিজ্য সংস্থা এটা আক্তৰাষ্ট্ৰীয় সংগঠন। ১৯৯৫ চনৰ পৰা বিশ্ব অর্থনীতিত কাম

কাজ তদাৰক আৰু নিয়ন্ত্ৰম কৰাৰ ক্ষেত্ৰত ই এটা অতি গুৰুত্বপূর্ণ সংস্থা হিচাপে থিয় দি উঠে।

ইয়াৰ মূল উদ্দেশ্যসমূহ হলঃ আন্তর্জাতিক বাণিজ্য উদ্ধাৰতা অৱলম্বণ কৰা, বাণিজ্যিক গোষ্ঠীসমূহৰ মাজত সৃষ্টি হোৱা বিবাদসমূহ মীমাংসা কৰা আদি।

এই সংস্থাৰ কাৰ্য্যাৱলীসমূহ হ’ল:

  1. পৰিৱৰ্তিত অর্থনীতৰ উন্নতি সাধন কৰা আৰু সাহাৰ্য্য প্রদান কৰা। 
  2. ৰপ্তানি বৃদ্ধিৰ বাবে বিশেষ সাহাৰ্য্য দান কৰা।
  3. গোলকীয় অর্থনৈতিক নীতি নিৰ্ধাৰণৰ সহযোগিতা আগবঢ়োৱা।
  4. চুক্তি ৰূপায়ণৰ তদাৰক কৰা আদি।

৪। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰত এখন স্থায়ী সদস্য ৰাষ্ট্ৰ হিচাপে স্বীকৃতি পাব লাগে বুলি ভাবানে ? তোমাৰ উত্তৰৰ যুক্তিযুক্ততা দেখুওৱা।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতে স্থায়ী সদস্য ৰাষ্ট্ৰৰ স্বীকৃতি পাব লাগে বুলি ভাবো।

  1. ইয়াৰ সপক্ষে কেইবাটাও যুক্তি আছেঃ জনসংখ্যাৰ ভিতৰত ভাৰত বিশ্বৰ দ্বিতীয় সর্ববৃহৎ ৰাষ্ট্ৰ।
  2. ৰাষ্ট্ৰসংঘৰ বিভিন্ন কাৰ্যসূচীত ভাৰতে অংশ গ্ৰহণ কৰি আহিছে। 
  3. ৰাষ্ট্ৰসংঘলৈ আগবঢ়াবলগীয়া বৰঙণিৰ ক্ষেত্ৰত ভাৰতে অবহেলা কৰা নাই।
  4. ৰাষ্ট্ৰসংঘৰ শান্তি প্রতিষ্ঠা প্ৰচেষ্টাত ভাৰতে এক উল্লেখনীয় ভূমিকা পালন কৰি আহিছে। 

৫। কিমান চনত বিশ্ব বেংক প্রতিষ্ঠা কৰা হৈছিল? ইয়াৰ কাৰ্য্যসমূহ আলোচনা কৰা।

                  অথবা

বিশ্ববেংকৰ কাৰ্য আলোচনা কৰা। বিশ্ববেংকৰ বৰ্তমান সচিব প্রধান কোন? 

উত্তৰঃ বিশ্ব বেংক ১৯৪৫ চনত প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ কাৰ্যসমূহ হ’ল – অর্থনৈতিক সংস্কাৰ আৰু পুনৰ গঠন কৰা। দুখীয়া আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহক বিশ্ববেংকে অর্থনৈতিক সাহায্য প্রদান কৰে।

৬। সাধাৰণ সভাৰ গঠন আলোচনা কৰা।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ এটা প্রধান অংগ হ’ল সাধাৰণ সভা। ৰাষ্ট্ৰসংঘৰ চন্দত স্বাক্ষৰ কৰা সকলো সদস্য সাধাৰণ সভাৰো সদস্য। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰতিখন সদস্য ৰাষ্ট্ৰৰে এটাকৈ ভোটো আছে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা হ’ল সংসদ স্বৰূপ।

৭। ৰাষ্ট্ৰসংঘৰ বিশেষ সংস্থাসমূহৰ নাম লিখা। 

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ বিশেষ সংস্থাসমূহ হ’ল ―

(ক) বিশ্ব স্বাস্থ্য সংস্থা। 

(খ) খাদ্য আৰু কৃষি সংস্থা। 

(গ) আন্তর্জাতিক শ্রমিক সংগঠন। 

(ঘ) ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংগঠন। 

(ঙ) ৰাষ্ট্ৰসংঘৰ শিশু জৰুৰী পুঁজি

৮। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ চাৰিজন পৃষ্ঠপোষকৰ নাম লিখা।

উত্তৰঃ গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ চাৰিজন প্ৰৱক্তা – 

(ক) জোফেফ টিটো 

(খ) জৱাহৰলাল নেহৰু 

(গ) আব্দুল নাছেৰ 

(ঘ) কামে ক্রুমা।

৯। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যক কিয় ভেটো ক্ষমতা প্ৰদান কৰা হৈছে?

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ পাঁচখন সদস্য ৰাষ্ট্ৰক এক বিশেষ মৰ্য্যদা প্ৰদান কৰাৰ বাবে ভেটো ক্ষমতা

প্ৰদান কৰা হৈছে।

১০। শীতল যুদ্ধৰ পিছত কি পৰিৱৰ্তন হৈছিল লিখা।                   অথবাশীতল যুদ্ধৰ পিছত ৰাষ্ট্ৰসংঘৰ কাৰ্যৰ কি কি পৰিৱৰ্তন ঘটিছে?

উত্তৰঃ শীতল যুদ্ধৰ পিছত বৃহৎ শক্তিগোষ্ঠীৰ আদৰ্শগত আৰু সামৰিক প্ৰতিযোগিতাৰ অন্ত পৰে। শীতল যুদ্ধৰ পৰিসমাপ্তিত নিৰস্ত্ৰীকৰণ প্ৰক্ৰিয়া তৰান্বিত হৈছে।

শীতল যুদ্ধৰ সমাপ্তিৰ পিছত বিশ্বৰ পুঁজিৰ — বিকল্প পদ্ধতিৰ আৱিৰ্ভাৱ হ’ল। বিশ্ব বেংকে তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহক অর্থনৈতিক সাহায্য প্রদান কৰিবলৈ লৈছে। শীতল যুদ্ধৰ অৱসানৰ পিছত আমেৰিকাৰ আধিপত্য বিশ্ব ৰাজনীতিত বৃদ্ধি পাইছে যদিও এছিয়া আৰু আফ্ৰিকাৰ বিভিন্ন বাষ্ট্ৰইও এক শক্তিশালী ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে।

১১। বর্তমান বিশ্বই সম্মুখীন হোৱা প্রধান সমস্যাবোৰ কি কি? 

উত্তৰঃ বর্তমান বিশ্বই সন্মুখীন হোৱা প্ৰধান সমস্যাবোৰ হ’ল– (ক) দৰিদ্ৰতা, (খ) নিৱনুৱা সমস্যা, (গ) এইচ, আই, ভি, (এইড্‌ছ বেমাৰ), (ঘ) সন্ত্রাসবাদ

১২। ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ নাম লিখা।

উত্তৰঃ (ক) বিশ্ব স্বাস্থ্য সংস্থা। (খ) আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধি। (গ) আর্ন্তজাতিক আণৱিক শক্তি সংস্থা। (ঘ) আর্ন্তজাতিক শ্রমিক সংগঠন।

১৩। IMF কি?

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধি। এই সংস্থাটো বিশ্বৰ আৰ্থ-সামাজিক উন্নয়ন প্রকল্পসমূহক অর্থনৈতিক সাহায্য প্রদান কৰে।

১৪। বিশ্ববেংকৰ কাম-কাজবোৰ আলোচনা কৰা। বিশ্ব বেংকৰ বৰ্তমানৰ সচিব প্রধান গৰাকী কোন?

উত্তৰঃ ১৯৪৫ চনত বিশ্ববেংক প্রতিষ্ঠা কৰা হৈছিল। ইয়াৰ কাৰ্যসমূহ হ’লঃ

(ক) অর্থনৈতিক সংস্কাৰ আৰু পুনৰ গঠন কৰা। (খ) দুখীয়া আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহক সাহায্য প্ৰদান কৰা। 

(গ) অনুন্নত ৰাষ্ট্ৰসমূহৰ আন্তঃগাথনি নিৰ্মাণৰ বাবে স্থান প্ৰদান কৰা। 

১৫। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মুখ্য চাৰিজন স্থপতি প্ৰতিষ্ঠাপকৰ নাম লিখা।

উত্তৰঃ গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মুখ্য চাৰিজন প্ৰতিষ্ঠাপক হ’ল – 

(ক) যুগোশ্লভিয়াৰ যোচিপ ব্রজ টিটো। 

(খ) ভাৰতবৰ্ষৰ জৱাহৰলাল নেহৰু। 

(গ) ইজিপ্তৰ গামাল আবদেল নাচেৰ।

(ঘ) ইন্দোনেছিয়াৰ চুকোর্মা।

১৬। এমনেষ্টি ইণ্টাৰনেশ্যনেলৰ ওপৰত এটা টোকা লিখা।

উত্তৰঃ এমনেষ্টি ইণ্টাৰনেশ্যনেল হ’ল এটা বেচৰকাৰী আন্তর্জাতিক সংগঠন। এই সংগঠনটোৰ মূল লক্ষ্য হ’লৱ মানব অধিকাৰৰ প্ৰতি দেখুওৱা অবাঞ্ছনীয় আচৰণ ৰোধ কৰা আৰু যি সকলৰ অধিকাৰ ভংগ কৰা হয় তেওঁলোকক ন্যায় প্রদান কৰা। এমনেষ্টি ইণ্টাৰনেচনেল প্রতিষ্ঠা কৰা হৈছিল ১৯৬১ চনত লণ্ডনত। এই সংগঠনটোৱে ৰাষ্ট্ৰসংঘৰ মানব অধিকাৰৰ সার্বজনীন ঘোষণাপত্ৰত উল্লেখিত আটাইবোৰ মানৱ অধিকাৰৰ বিষয়ৰ প্ৰতি সম্মান প্ৰদৰ্শন কৰে। এই সংগঠনটোৱে মানৱ অধিকাৰৰ বিষয়ে প্রতিবেদন প্রস্তুত কৰি প্ৰকাশ কৰে। এই সংগঠনে প্রস্তুত কৰা প্রতিবেদনে মানব অধিকাৰৰ বিষয়ত গবেষণা কৰাৰ ক্ষেত্ৰত যথেষ্ট সমল যোগায়।

(ঘ) দীঘল প্রশ্নোত্তৰ উত্তৰ লিখাঃ মূল্যাংক: ৬ নম্বৰকৈ

১। এক মেৰুৰ বিশ্বত ৰাষ্ট্ৰসংঘ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে ভাৰসাম্য বুলি ভাবানে? কাৰণ দর্শোৱা।

                   অথবা

আমেৰিকাৰ আধিপত্যবাদৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘই এক ভাৰসাম্য হিচাপে কাৰ্য্য কৰিব পাৰেনে? 

উত্তৰঃ ৰাষ্ট্ৰসংঘত আমেৰিকাৰ স্থান সম্পৰ্কে লক্ষ্য কৰিলে দেখা যায় যে ৰাষ্ট্ৰসংঘৰ ই অতি প্রভাবশালী সদস্য। নিৰাপত্তা পৰিষদৰ ই স্থায়ী সদস্য আৰু সেইবাবে এই ৰাষ্ট্ৰৰ ভেটো ক্ষমতা আছে। ৰাষ্ট্ৰসংঘলৈ আগবঢ়োৱা আমেৰিকাৰ অর্থনৈতিক অৱদান উল্লেখনীয়। তদুপৰি আন্তর্জাতিক ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ অনুমোদনৰ অবিহনে নিজাববীয়াকৈ আমেৰিকাই কোনো কোনো ক্ষেত্ৰত সামৰিক কাৰ্য চলাইছে। তথাপি ৰাষ্ট্ৰসংঘই কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। গতিকে এনে পৰিস্থিতিত এই ৰাষ্ট্ৰসংঘৰ দৰে আন্তর্জাতিক সংগঠনটোৰ অস্তিত্ব সংকটাপন্ন হ’ব বুলি বহুত লোকে সন্দেহ প্রকাশ কৰে আৰু ৰাষ্ট্ৰসংঘ যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে ভাৰসাম্য নহয় সেই মতামত ব্যক্ত কৰে।

দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান প্ৰশ্নোত্তৰ

Sl. No.সূচী-পত্ৰ
Unit 1প্ৰথম খণ্ড
Chapter 1শীতল যুদ্ধৰ যুগ
Chapter 2দ্বি ৰাষ্ট্ৰবাদৰ অৱসান
Chapter 3 আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য
Chapter 4ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ
Chapter 5সাম্প্রতিক দক্ষিণ এছিয়া
Chapter 6আন্তর্জাতিক সংগঠন
Chapter 7সাম্প্রতিক বিশ্বত নিৰাপত্তা
Chapter 8পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ
Chapter 9বিশ্বায়ন
Unit 2দ্বিতীয় খণ্ড
Chapter 1জাতি গঠনৰ প্ৰত্যাহ্বান
Chapter 2এক দলীয় প্রাধান্যৰ যুগ
Chapter 3পৰিকল্পিত বিকাশৰ ৰাজনীতি
Chapter 4ভাৰতৰ বৈদেশিক সম্বন্ধ
Chapter 5কংগ্রেছ ব্যৱস্থাৰ প্রতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্রতিষ্ঠা
Chapter 6গণতন্ত্রৰ সংকট
Chapter 7গণ আন্দোলনৰ অভ্যুত্থান
Chapter 8আঞ্চলিক আকাংক্ষাবোৰ
Chapter 9ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ

২। ৰাষ্ট্ৰসংঘৰ সংস্কাৰ ঘাইকৈ নিৰাপত্তা পৰিষদৰ পুনৰ সংস্কাৰ বুজায় ? তুমি এই উক্তিটোৰ লগত একমত নে? ইয়াৰ সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া।

উত্তৰঃ ওপৰোক্ত উক্তিটোৰ সৈতে মই একমত। নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ এটা মুখ্য ভাগ, যিটো বিশ্বত শান্তিৰ প্ৰতিষ্ঠাৰ বাবে দায়িত্ববদ্ধ। ই ১৫ জন সদস্যৰ দ্বাৰা গঠিত – ৫ জন স্থায়ী আৰু ১০ জন অস্থায়ী সদস্য ইয়াত আছে। তাৰোপৰি এই সদস্যবোৰক সাধাৰণ সভাই ২ বছৰৰ বাবে নিৰ্বাচিত কৰে। ৫জন স্থায়ী সদস্যই ‘ভেটো’ ক্ষমতা উপভোগ কৰিব পাৰে কিন্তু যদিও সেই সদস্যসমূহৰ কোনো এজন সদস্যই ঋণাত্মক দৃষ্টিভঙ্গীৰে ভোট দিয়ে তেন্তে কোনো সিদ্ধান্ত ল’ব পৰা নাযায়। নিৰাপত্তা পৰিষদে কোনো স্থায়ী সদস্যৰ বিৰুদ্ধে কোনো সিদ্ধান্ত ল’ব নোৱাৰাটোৱে ই বুজায়। দুখন নাই বা তাতোধিক কোনো দেশৰ মাজত যদি কিবা ঘটনা ঘটে। নাইবা যুদ্ধ হয় তেতিয়া নিৰাপত্তা পৰিষদে শান্তিৰক্ষাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে। সেই কাৰণে নিৰাপত্তা পৰিষদক ৰাষ্ট্ৰসংঘৰ এটা মুখ্য শক্তিশালী বিভাগ বুলি গণ্য কৰা হয়। ৰাষ্ট্ৰসংঘৰ মাজে মাজে সংস্কাৰ হোৱাটো এই কারণেই জৰুৰী কিয়নো ইয়াৰ সদস্য সংখ্যা বঢ়াৰ লগতে পৃথিৱীৰ বিভিন্ন দেশক ইয়াৰ সদস্যভুক্ত কৰা হয়।

৩। বর্তমান যুগত ৰাষ্ট্ৰসংঘক এক অতি প্রয়োজনীয় সংগঠন বুলি ভাৱানে? যুক্তি দিয়া। 

উত্তৰঃ বর্তমান বিশ্বত ৰাষ্ট্ৰসংঘক এক গুৰুত্বপূর্ণ আন্তর্জাতিক সংগঠন হিচাপে বিবেচনা কৰা হয়। সমগ্র বিশ্ববাসীৰ চকুত ই মানৱ জাতিৰ শান্তি আৰু প্ৰগতিক প্রতিনিধিত্ব কৰা অতি অপৰিহাৰ্য্য অনুষ্ঠান। এই রাষ্ট্রসংঘ নামৰ আন্তর্জাতিক অনুষ্ঠানটো শান্তি আৰু সহযোগিতাৰ বাবে অতি লাগতিয়াল অনুষ্ঠান। ৰাষ্ট্ৰসংঘৰ নেতৃত্বৰ ৰাষ্ট্ৰবোৰৰ সহযোগিতাই বিশ্ববাসীৰ বাবে শান্তিপূর্ণ জীৱন নিৰ্বাহৰ ব্যৱস্থাৰ সূচনা কৰিছে। ৰাষ্ট্ৰবোৰৰ মাজৰ সমস্যা আৰু বিবাদবোৰ আলোচনা-বিলোচনাৰ জৰিয়তে যুদ্ধ পৰিহাৰ কৰি শান্তিপূর্ণ সমাধানৰ পথ নিৰ্ণয় কৰাত ৰাষ্ট্ৰসংঘৰ ভূমিকা অপৰিসীম।

৪।নিৰাপত্তা পৰিষদৰ নতুন সদস্য অর্ন্তভূক্তিৰ বাবে কি কি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে?

উত্তৰঃ পৰিবেশ পৰিবৰ্ত্তনৰ লগে লগে যিকোনো সংস্থার সংস্কাৰ আৰু উন্নয়নৰ মৌলিক প্রয়োজন আছে। ৰাষ্ট্ৰসংঘত ইয়াৰ ব্যতিক্রম নহয়। সাম্প্রতিক কালত বিশ্ব সংস্থাটোৰ সংস্কাৰৰ দাবী উত্থাপিত হৈছে। অৱশ্যে সংস্কাৰৰ প্ৰকৃতি আৰু সহমত বৰ পৰিস্কাৰ নহয়। ৰাষ্ট্ৰসংঘই সন্মুখীন হোৱা দুটা মৌলিক সংস্কাৰ হ’ল সংগঠনটোৰ গাঠনিক সংস্কাৰ আৰু কাৰ্য্য প্ৰণালীৰ সংস্কাৰ আৰু সংগঠনটোৰ আলোচনাৰ ভিতৰত পৰা বিষয়বোৰৰ পুনৰ নিৰিক্ষণ প্রায় সকলোৱে একমত পোষণ কৰিছে যে সংস্কাৰৰ দুয়োটা বিষয় প্রয়োজনীয়। তেওঁলোক একমত হ’ব নোৱাৰা বিষয়টো হ’ল সংক্ষেপে কি কৰা উচিত, কেনেকৈ কৰা উচিত আৰু কেতিয়া কৰা উচিত।

গাঁঠনি আৰু কাৰ্য্য প্ৰক্ৰিয়াৰ সংস্কাৰৰ ভিতৰত আটাইতকৈ বেছি আলোচিত বিষয় হ’ল নিৰাপত্তা পৰিষদৰ কাৰ্য প্ৰণালী। এই সম্পর্কত দাবী হ’ল ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী আৰু অস্থায়ী সদস্য সংখ্যা বৃদ্ধি কৰা যাতে সাম্প্রতিক বিশ্বৰ ৰাজনীতিৰ সাংগঠনিক দিশত বিশ্ব ৰাজনীতি ভালদৰে প্ৰতিফলিত হয়। বিশেষকৈ এছিয়া, আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাৰ পৰা সদস্য বৃদ্ধিৰ বাবে প্ৰস্তাৱ দিয়া হৈছে। ইয়াৰ বাহিৰেও আমেৰিকা আৰু আন পশ্চিমীয়া দেশসমূহে ৰাষ্ট্ৰসংঘৰ বাজেটৰ নিয়ম নীতি আৰু প্ৰশাসনৰ উন্নয়ন বিচাৰিছে।

বেছি গুৰুত্ব পোৱা বা ৰাষ্ট্ৰসংঘৰ পৰিসৰৰ ভিতৰলৈ আনিব বিচৰা বিষয়সমূহ কিছুমান দেশ আৰু বিশেষজ্ঞৰ মতে ৰাষ্ট্ৰসংঘই শান্তি আৰু নিৰাপত্তাৰ দিশত অধিক গুৰুত্ব প্ৰদান কৰিব লাগে। আন কিছুমানৰমতে ৰাষ্ট্ৰসংঘই উন্নয়ন আৰু মানবীয় কার্যত মনোনিবেশ কৰিব লাগে। যেনে – স্বাস্থ্য, শিক্ষা, পাৰিপাৰ্শ্বিকতা, জনসংখ্যা নিয়ন্ত্রণ, মানৱ অধিকাৰ লংঘন আৰু সামাজিক ন্যায়। এতিয়া, আমি সংস্কাৰৰ দুয়োটা দিশৰ গাঁঠনি আৰু কাৰ্য্য প্ৰণালীৰ বিষয়ে তলত আলোচনা কৰা হল― দ্বিতীয় মহাসমৰৰ ঠিক পিছতে ১৯৪৫ চনৰ ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা কৰা হৈছিল। দ্বিতীয় মহাসমৰৰ পাছত বিশ্ব ৰাজনীতিৰ ধৰণ আৰু প্ৰকৃতি প্রতিফলিত হৈছিল ৰাষ্ট্ৰসংঘৰ গঠন আৰু কাৰ্য সম্পাদন কৰা পদ্ধতিত। শীতল যুদ্ধৰ পাছত ইয়াৰ প্ৰকৃতি বেলেগ হয়। তলত কিছুমান পৰিবৰ্তন আলোচনা কৰা হ’ল – (ক) ছোভিয়েট ইউনিয়ন ভংগ (খ) আমেৰিকা আটাইতকৈ শক্তিশালী (গ) ছোভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী বাছিয়া আৰু আমেৰিকাৰ সম্পৰ্কত উন্নত। (ঘ) চীনৰ দ্ৰুত গতিৰ শক্তিশালী ৰাষ্ট্ৰ হিচাপে আত্মপ্রকাশ আৰু ভাৰতৰ দ্ৰুতগতিত উন্নতি। (ঙ) এচিয়াৰ অৰ্থনীতিৰ হাৰ অভূতপূৰ্বভাবে বাঢ়িছে। (চ) বহুত নতুন ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘত যোগদান কৰিছে কাৰণ সেইবোৰ ৰাষ্ট্ৰই ছোভিয়েট ইউনিয়নৰ পৰা স্বাধীনতা পাইছে। (ছ) বিশ্বই কিছুমান নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল – গণহত্যা, গৃহযুদ্ধ, গোষ্ঠীৰ সংঘাত, সন্ত্রাসবাদ, পৰমাণুৰ উৎপাদন, জলবায়ু পৰিবৰ্ত্তন, পাৰিপাৰ্শ্বিকতাৰ অৱনতি, মহামাৰী ইত্যাদি।

এই অৱস্থাত ১৯৮৯ চনত যেতিয়া শীতল যুদ্ধ শেষ হৈছিল তেতিয়া বিশ্বই সন্মুখীন হোৱা সমস্যাসমূহ হ’ল – ৰাষ্ট্ৰসংঘই কৰা কামখিনি যথেষ্ট নে? যিখিনি প্রয়োজন সেইখিনি কৰিব পাৰিছে নে? কি কৰা উচিত? আৰু কেনেকৈ? ভাল ভাল কাম কৰিবলৈ কি কি সংস্কাৰৰ প্রয়োজন। যোৱা ডেবটা শতিকাৰ সদস্য ৰাষ্ট্ৰসমূহে এইবোৰ প্ৰশ্নৰ সন্তোষজনক আৰু প্ৰয়োগিক উত্তৰ পাবলৈ চেষ্টা কৰি আছে।

৫। ৰাষ্ট্ৰসংঘই নিজৰ লক্ষ্যত উপনীত হোৱাৰ বাবে কি কি পদ্ধতি অবলম্বন কৰিছে? 

উত্তৰঃ ৰাষ্ট্ৰসংঘই নিজৰ লক্ষ্যত উপনীত হ’বলৈ বিভিন্ন পদ্ধতি অৱলম্বন কৰে। যেনে 

(ক) শান্তিপূর্ণ আলোচনাৰ জৰিয়তে বিবাদৰ নিষ্পত্তিকৰণ। 

(খ) আন্তঃৰাষ্ট্ৰীয় বুজাপৰা আৰু মত-বিনিময়। (গ) গণতান্ত্রিক পদ্ধতি। 

(ঘ) ন্যায়িক পদ্ধতি। 

(ঙ) অর্থনৈতিক সাহায্য প্রদানে।

৬। ৰাষ্ট্ৰসংঘৰ নীতি আৰু উদ্দেশ্য আলোচনা কৰা। 

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ লক্ষ্য আৰু উদ্দেশ্য ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ কৰা আছে। সেইবোৰ হ’ল— 

(ক) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা প্রতিষ্ঠা কৰা। 

(খ) যুদ্ধ পৰিহাৰ কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা। 

(গ) ৰাষ্ট্ৰসমূহৰ মাজত সাৰ্বজনীন শান্তি, বুজাপৰা আৰু সহযোগিতা স্থাপন কৰা। 

(ঘ) অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সম্পর্ক উন্নত কৰি মানৱ জাতিৰ সবাংগিন কল্যাণ সাধন কৰা।

৭।এক বিশ্ব সংস্থা হিচাপে ৰাষ্ট্ৰসংঘৰ সফলতা আৰু বিফলতা আলোচনা কৰা। 

উত্তৰঃ বৰ্তমান বিশ্বত ৰাষ্ট্ৰসংঘক এটা গুৰুত্বপূর্ণ আন্তর্জাতিক সংগঠন হিচাপে বিবেচনা কৰা হয়। সমগ্র বিশ্বৰ বেছিভাগ মানুহৰ চকুত ই মানৱ জাতিৰ শান্তি আৰু প্ৰগতি আমাক প্রতিনিধিত্ব কৰা অতি লাগতিয়াল অনুষ্ঠান। তেনেহ’লে ৰাষ্ট্ৰসংঘৰ দৰে এটা সংস্থাৰ আমাৰ প্ৰয়োজন আছে। এতিয়া দুটা কাহিনী শুনা –

ৰাষ্ট্ৰসংঘই মানৱ জাতিক স্বৰ্গলৈ নিবৰ কাৰণে নহয়। কিন্তু ইয়াক নৰকৰ পৰা উদ্ধাৰ কৰিবলৈ সৃষ্টি কৰা হৈছিল।

Dag Hammar Skiold ৰাষ্ট্ৰসংঘৰ দ্বিতীয়জন সচিব প্রধান আড্ডা মৰা হয়। ৰাষ্ট্ৰসংঘত বহুতো কথা-বতৰা আৰু মিটিং হৈ থাকে। বিশেষকৈ সাধারণ সভাৰ বাৰ্ষিক অধিবেশনৰ সময়ত। চাৰ্চিলে কৈছিল যুদ্ধতকৈ বক বকনি বেছি ভাল। এইটো ভাল নহয় জানো য’ত বিশ্বৰ সকলো ৰাষ্ট্ৰই একলগ হ’ব পাৰিব আৰু অস্ত্ৰৰ পৰিবৰ্তে কথা-বতৰা বা বাক বিতণ্ডাবে সমস্যা সমাধানৰ নাম পাব। শশীধৰৰ প্ৰাক্তন তাৱৰ সচিব প্রধান, যোগাযোগ আৰু জনসংযোগ বিভাগ।

এই উক্তি দুটাই আগবঢ়োৱা আন্তর্জাতিক সকলো গুরুত্বপূর্ণ বিষয়ৰ উত্তৰ নহয় যদিও এইবোৰৰ গুৰুত্ব একেবাৰে নুই কৰিব নোৱাৰি। আন্তর্জাতিক সংগঠন যুদ্ধ আৰু শাস্তিৰ বাবে সহায়কাৰী। ৰাষ্ট্ৰবোৰৰ সহযোগিতাই আমাৰ সকলোৰে জীৱন নিৰ্বাহৰ ব্যৱস্থা সূচনা কৰিছে।

ৰাষ্ট্ৰবিলাকৰ পৰস্পৰৰ মাজত বিবাদ আৰু মতানৈক্য আছে। কিন্তু সেইটোৱে নুবুজায় যে সিবিলাকৰ সমস্যাবোৰ যুদ্ধৰ দ্বাৰা সমাধান কৰা। ইয়াৰ পৰিবৰ্তে তেওঁলোকে সমস্যাবোৰ আলোচনা-বিলোচনাৰ জৰিয়তে শান্তিপূর্ণ সমাধানৰ পথ উলিয়াব পাৰে। এই ক্ষেত্ৰত আন্তর্জাতিক সংগঠনৰ গুৰুত্বপূর্ণ ভূমিকা আছে।

সংগঠন এখন শক্তিশালী শ্রেষ্ঠ ৰাষ্ট্ৰ নহয় যে ইয়াৰ সদস্য ৰাষ্ট্ৰবোৰৰ ওপৰত কৰ্তৃত্ব প্ৰয়োগ কৰিব পাৰে। ইয়াক ৰাষ্ট্ৰবিলাকেই গঠন কৰে। ৰাষ্ট্ৰবিলাকৰ সন্মতিক্রমে ই গঠিত অর্থাৎ সৃষ্টি হৈছিল। এবাৰ গঠন হোৱাৰ পিছত ই সদস্য ৰাষ্ট্ৰবিলাকৰ সমস্যাসমূহ শান্তিপূর্ণভাৱে সমাধা কৰাত সহায় কৰিছে।

আন এটা দিশৰ পৰাও আন্তর্জাতিক সংগঠনৰ উপযোগিতা আছে। ৰাষ্ট্ৰসমূহে বিচাৰ কৰে যে এনে কিছুমান কাম আছে যিবিলাক কাম সকলোৱে মিলি কৰিব পাৰে। কিছুমান এনেকুৱা ডাঙৰ সমস্যা আছে, যিবিলাক কেৱল সকলো ৰাষ্ট্ৰই একেলগে কাম কৰিলেই সমাধান হ’ব। মহামাৰী হ’ল এনে এটা উদাহৰণ। কিছুমান মহামাৰী আছে যিবিলাক প্রত্যেক ৰাষ্ট্ৰই পৰস্পন সহযোগত সকলো জনসাধাৰণকে টিকাকৰণৰ দ্বাৰাহে উপশম কৰাব পাৰি। অথবা গোলকী উষ্ণতা আৰু ইয়াৰ ফলাফলৰ কথা ক’ব পাৰি। Chlorofluorbong নামৰ ৰাসায়নিক পদা বিয়পি পৰা কাৰণে গোলকীয় উষ্ণতা বৃদ্ধি পাই সাগৰৰ উপবিভাগ ওফন্দি উঠাৰ ফল। উপকূল অঞ্চলকে ধৰি ডাঙৰ ডাঙৰ চহৰ পানীত ডুব যায়। অৱশ্যে প্রত্যেক ৰাষ্ট্ৰই গোলকী। উষ্ণতাৰ সমস্যা বাবে নিজাকৈ বেলেগ বেলেগ চেষ্টা হাতত লৈছে। কিন্তু আচল কথা হ’ল এই উষ্ণতা বন্ধ কৰাৰ বাবে ডাঙৰ ডাঙৰ উদ্যাগবিলাকৰ সহযোগিতাৰ প্ৰয়োজন

দুর্ভাগ্যক্রমে সহযোগিতাৰ আৱশ্যকতা আৰু প্রকৃত সহযোগিতাৰ স্বীকৃতি দুটা বেলেগ বস্তু। ৰাষ্ট্ৰবিলাকে সহযোগিতাৰ আৱশ্যকতাৰ স্বীকৃতি দিব পাৰে। কিন্তু সদায় একমত নহ’ব পাৰে। কেনেকৈ সহযোগিতাৰ বাবে দিয়া খৰচৰ অংশ ভগাব, কেনেকৈ নিশ্চিত হ’ব যে সহযোগিতাৰ উপযোগিতা সমানে ভাগ কৰিব আৰু কেনেকৈ নিশ্চিত হ’ব যে আন ৰাষ্ট্ৰই ইয়াৰ নীতি-নিয়ম ভংগ নকৰিব আৰু এখন চুক্তিক প্ৰৱঞ্চনা নকৰিব। এটা আন্তর্জাতিক সংগঠনে কেনেকৈ সহযোগিতা আহে তাৰ তথ্য আৰু ধাৰণা যোগান ধৰাত সহায় কৰিব পাৰে। ই নিয়ম-নীতিৰ ধাৰণ৷ আমোলাতন্ত্ৰৰ জৰিয়তে সদস্য ৰাষ্ট্ৰবোৰৰ মাজত খৰচ কেনেকৈ ভাগ কৰিব পাৰি আৰু ইয়াৰ উপকাৰ সকলো ৰাষ্ট্ৰৰ মাজত সমানে বিতৰণ হ’ব আৰু এখন ৰাষ্ট্ৰই এখন চুক্তিত যোগদান কৰিলে ইয়াৰ নীতি নিৰ্দেশনাসমূহক সম্মান কৰিব।

শীতল যুদ্ধ শেষ হোৱাৰ পিছত আমি দেখিছো যে বাষ্ট্ৰসংঘই এলানী বেলেগ ভূমিকা পালন কৰিছে। আমেৰিকা আৰু ইয়াৰ সহযোগী ৰাষ্ট্ৰসমূহৰ জয় লাভ কৰাৰ লগে লগে বহুতো চৰকাৰ আৰু মানুহৰ মাজত এটা ধাৰণা সোমাইছে যে আমেৰিকাৰ নেতৃত্বত পশ্চিমীয়া শক্তি ইনস শক্তিশালী যে তেওঁলোকৰ আশা আৰু আকাংশাৰ বিৰুদ্ধে বাধা আৰোপ কৰা কোনো শক্তি নাই।

ৰাষ্ট্ৰসংঘই বাৰ্তালাপ আৰু আলোচনাৰ জৰিয়তে আমেৰিকা চৰকাৰৰ শক্তিৰ ওপৰত বাধা আৰোপ কৰিব।

৮। কি যুক্তিৰ আধাৰত ৰাষ্ট্ৰসংঘৰ পুনৰ গঠন ভাৰতে সমর্থন কৰিছে? 

উত্তৰঃ এজন ভাৰতীয় নাগৰিক হিচাপে, মই নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্য পদৰ প্ৰাৰ্থীত্ব সমর্থন কৰো। তলত তাৰ কাৰণবোৰ বৰ্ণনা কৰা হ’ল।

(ক) ভাৰত এখন পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ গণতান্ত্রিক দেশ য’ত ১০০ কোটিৰো অধিক জনসংখ্যা আছে। ভাৰতত আন্তর্জাতিক শান্তি আৰু নিৰাপত্তাই বিৰাজ কৰাৰ লগতে অর্থনৈতিক দিশটো অতি শক্তিশালী আৰু স্থিৰ। ৰাষ্ট্ৰসংঘৰ কাৰ্য্যাবলীৰ ক্ষেত্র তো এক গুরুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

(খ)ৰাষ্ট্ৰসংঘৰ সদস্য পদ ৫১ব পৰা ১৯২ লৈ বৃদ্ধি পাইছিল। আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিতই এটা ডাঙৰ পৰিবৰ্তন আনিছে। শীতল যুদ্ধৰ পৰিসমাপ্তিৰ লগে লগে ৰুচিয়াৰ পতন হৈছিল আৰু তেতিয়া জার্মানী প্রতিষ্ঠা হৈছিল আৰু দক্ষিণ আফ্ৰিকা আৰু নমি বিয়াত গণতান্ত্রিক পদ্ধতিৰ আৰম্ভ হৈছিল। উন্নয়নশীল দেশবোৰৰ মাজত ভাৰতৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ ক্ষেত্ৰত বলিষ্ঠকাৰী দাবী আছিল।

(গ)দ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তিৰ পিছত ৫টা ডাঙৰ শক্তিয়ে ‘ভেটো’ অধিকাৰৰ দ্বাৰা নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ দিছিল। বর্তমান আমেৰিকাই হ’ল চূড়ান্ত শক্তি আৰু ভাৰতৰো বৰ্তমান এটা বলিষ্ঠ শক্তি আছে। তাৰোপৰি ‘ভেটো’ ক্ষমতাও ব্যবহৃত হয়। সেয়ে নিৰাপত্তা পৰিষদৰ সদস্য পদ বৃদ্ধিত অতিকৈ প্ৰয়োজন আৰু কিছুমান দেশক ‘ভেটো’ ক্ষমতা দিয়াটো অতিকৈ জৰুৰী।

(ঘ) নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ বাবে পৃথিৱীৰ বিভিন্ন দেশে ভাৰতক সমৰ্থন কৰিছিল। ইতিমধ্যে কছিয়া, ভূটান, কিউবা, ভিয়েটনাম, লাউচ, মউৰিটিয়াচ আৰু চিপৰাচেও ইয়াক সমৰ্থন জনাইছিল। তাৰোপৰি বৃটেইন আৰু ফ্ৰান্স ইয়াৰ ঘোৰ সমৰ্থক আছিল। আমেৰিকাও এই ক্ষেত্ৰ ত একমত আছিল। মাত্র চীন আৰু পাকিস্তানেই একমাত্র দুখন দেশ যিয়ে এই দাবীটোৰ বিৰোধী আছিল। যিহেতু পৃথিৱীৰ বেছিভাগে দেশেই এই দাবীটোৰ সমর্থক আছিল গতিকে ভাৰত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হোৱাটো উচিত।

৯। নিৰাপত্তা পৰিষদত নতুনকৈ স্থায়ী আৰু অস্থায়ী সদস্যৰ অন্তৰ্ভুক্তিৰ বাবে প্ৰস্তাৱ কৰা নিয়মবোৰ উল্লেখ কৰা।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ কেতবোৰ অংগৰ সম্প্ৰসাৰণ আৰু পুনঃগঠনৰ বিষয়ত এক দীঘলীয়া মতানৈক্য দেখা যায়। ভাৰতে এই সংস্কাৰৰ দাবীক আদৰণি জনোৱা দেখা যায়। এজন ভাৰতীয় নাগৰিক হিচাপে, মই নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্য পদৰ প্ৰাৰ্থীত্ব সমৰ্থন কৰো। তলত তাৰ কাৰণবোৰ বৰ্ণনা কৰা হ’ল –

(ক)ভাৰত এখন পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ গণতান্ত্রিক দেশ য’ত ১০০ কোটিৰো অধিক জনসংখ্যা আছে। ভাৰতত আন্তর্জাতিক শান্তি আৰু নিৰাপত্তাই বিৰাজ কৰাৰ লগতে অর্থনৈতিক দিশটো অতি শক্তিশালী আৰু স্থিৰ। ৰাষ্ট্ৰসংঘৰ কাৰ্যাৱলীৰ ক্ষেত্ৰতো এক গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

(খ) ৰাষ্ট্ৰসংঘৰ সদস্য পদ ৫১ৰ পৰা ১৯২ লৈ বৃদ্ধি পাইছিল। আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিত ই এটা ডাঙৰ পৰিৱৰ্তন আনিছে। শীতল যুদ্ধৰ পৰিসমাপ্তিৰ লগে লগে ৰুচিয়াৰ পতন হৈছিল আৰু তেতিয়া জার্মানী প্রতিষ্ঠা হৈছিল আৰু দক্ষিণ আফ্রিকা আৰু নামবিয়াত গণতান্ত্রিক পদ্ধতিৰ আৰম্ভ হৈছিল। উন্নয়নশীল দেশবোৰৰ মাজত ভাৰতৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ ক্ষেত্ৰ ত বলিষ্ঠকাৰী দাবী আছিল।

(গ) দ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তিৰ পিছত ৫টা ডাঙৰ শক্তিয়ে ‘ভেটো’ অধিকাৰৰ দ্বাৰা নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ দিছিল। বর্তমান আমেৰিকাই হ’ল চূড়ান্ত শক্তি আৰু ভাৰতৰো বৰ্তমান এটা বলিষ্ঠ শক্তি আছে। তাৰোপৰি ‘ভেটো’ ক্ষমতাও ব্যৱহৃত হয়। সেয়ে নিৰাপত্তা পৰিষদৰ সদস্য পদ বৃদ্ধিত অতিকৈ প্ৰয়োজন আৰু কিছুমান দেশক ‘ভেটো’ ক্ষমতা দিয়াটো অতিকৈ জৰুৰী।

(ঘ) নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ বাবে পৃথিৱীৰ বিভিন্ন দেশে ভাৰতক সমৰ্থন কৰিছিল। ইতিমধ্যে কছিয়া, ভূটান, কিউবা, ভিয়েটনাম, লাউচ, মউৰিটিয়াচ আৰু চিপৰাচেও ইয়াক সমৰ্থন জনাইছিল। তাৰোপৰি বৃটেইন আৰু ফ্ৰান্স ইয়াৰ ঘোৰ সমৰ্থক আছিল। আমেরিকাও এই ক্ষেত্ৰ ত একমত আছিল। মাত্র চীন আৰু পাকিস্তানেই একমাত্র দুখন দেশ যিয়ে এই দাবীটোৰ বিৰোধী আছিল। যিহেতু পৃথিৱীৰ বেছিভাগে দেশেই এই দাবীটোৰ সমৰ্থ আছিল গতিকে ভাৰত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হোৱাটো উচিত।

১০। মার্কিন আধিপত্যৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘই এক সমকক্ষ হিচাপে সেৱা আগবঢ়াব পাৰেনে? 

উত্তৰঃ শীতল যুদ্ধৰ অৱসানৰ পিছত আমেৰিকা নিঃসন্দেহে বিশ্বৰ একমাত্র পৰমশক্তি হৈ পৰিছিল। আমেৰিকাৰ ইচ্ছাৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাব পৰা কোনো শক্তি নাহিল। এনে পৰিস্থিতির প্রেক্ষাপটত আমেৰিকাৰ স্বেচ্ছামূলক কার্যক প্ৰত্যাহ্বান জনাব পৰা ৰাষ্ট্ৰসংঘই আছিল একমাত্র সংস্থা।

অৱশ্যে আমেৰিকাৰ ক্ষমতাক সহজতে বাধা দিব পৰা হোৱা নাছিল কাৰণ ৰাষ্ট্ৰসংঘৰ কাৰ্যালয়। আমেৰিকাত অৱস্থিত আৰু ৰাষ্ট্ৰসংঘৰ অধিকাংশ বিষয়াই আমেৰিকাৰ নাগৰিক, তাৰোপৰি ৰাষ্ট্ৰসংঘলৈ এক বুজৰ পৰিমাণৰ সাহায্য আমেৰিকাই আগবঢ়ায় আনকি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ভেটো ক্ষমতাও আমেৰিকাই উপভোগ কৰে। সেয়ে মার্কিন আধিপত্যৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘই এক সমকক্ষ হিচাপে সেৱা আগবঢ়াব পাৰে বুলি ক’ব নোৱাৰি। আমেৰিকাৰ নেতৃত্বাধীন এক মেক বিশ্বত ৰাষ্ট্ৰসংঘই আমেৰিকা আৰু অন্যান্য ৰাষ্ট্ৰসমূহক বিভিন্ন বিষয়বিলাক আলোচনা কৰিবৰ বাবে আলোচনাৰ মাজলৈ আনিব পাৰে। ৰাষ্ট্ৰসংঘৰ ক্ষুধাৰ সমালোচনা স্বত্বেও আমেৰিকাৰ নেতৃবৃন্দই সংঘৰ্ষ আৰু আর্থ সামাজিক উন্নয়নৰ লগত জড়িত কার্যকলাপসমূহত ১৯০খন ৰাষ্ট্ৰক একমতত অনাৰ আপ্রাণ চেষ্টা আহিছে। ৰাষ্ট্ৰসংঘই এক ক্ষেত্ৰ প্ৰদান কৰিছে য’ত নেকি আমেৰিকাৰ দৃষ্টিভংগী আৰুৰ্নীতিসমূহ সংশোধন কৰাতো সম্ভব হয়।

সেয়েহে ক’ব পাৰি যে যদিওৱা আমেৰিকাৰ প্ৰেক্ষাপটত ৰাষ্ট্ৰসংঘ এক অসম্পূর্ণ সংখ্যা তথাপিতো ইয়াৰ গুৰুত্ব অস্বীকাৰ কৰিব নোৱাৰি। গোলকীয় বিশ্বত ৰাষ্ট্ৰসংঘৰ গুৰুত্ব ক্ৰমাৎ বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে। বিভিন্ন বাষ্ট্ৰৰ জনসাধাৰণ আৰু চৰকাৰে ৰাষ্ট্ৰসংঘ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহক তেওঁলোকৰ নিজৰ লগতে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ স্বাৰ্থৰ লগত সংগতি ৰাখি সমৰ্থন জনোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে।

১১। বিধায়িনী, কার্যপালিকা আৰু ন্যায়পালিকা হিচাপে বিবেচিত ৰাষ্ট্ৰসংঘৰ তিনিটা মূল অংগৰ বিষয়ে আলোচনা কৰা। 

উত্তৰঃ সন্মিলিত ৰাষ্ট্ৰসংঘৰ প্ৰধান তিনিটা অংগ হ’ল–

(ক) । সাধাৰণ সভা ৰাষ্ট্ৰসংঘৰ বিধায়িনী অংগ হিচাপে বিবেচনা কৰা হয়। 

(খ) নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ কাৰ্যনিৰ্বাহ অংগ।

(গ) ৰষ্ট্ৰসংঘৰ ন্যায়পালিকা হিচাপে আন্তঃৰাষ্ট্ৰীয় ন্যায় আদালতক গণ্য কৰা হয়।

১২। কোন চনত বিশ্ববেদ্ধ গঠন হৈছিল? ইয়াৰ বিভিন্ন কার্যাবলী আলোচনা কৰা। 

উত্তৰঃ ১৯৪৫ চনৰ বিশ্ববেংক গঠন হৈছিল।

উন্নতশীল ৰাষ্ট্ৰসমূহৰ বিকাশ সাধনৰ লগত ই বেংকটোৰ কাৰ্যসমূহ বিশেষভাবে জড়িত কৰা 

হৈছিল। বিশ্ববেংকর প্রধান কার্যাৱলীবোৰ হ’ল ―

(ক) মানব উন্নয়ন : বিশ্ববেংকৰ প্ৰধান কাম হ’ল বিশ্বৰ মানব উন্নয়ন সাধন করা। ইয়াব বাবে বিশ্ববেংকে শিক্ষা আৰু স্বাস্থ্যৰ বিকাশৰ বাবে সহায় আগবঢ়ায়।

(খ) কৃষি আৰু গ্ৰাম্য উন্নয়ন : বিশ্ববেংকৰ আন এটা প্ৰধান কাৰ্য হ’ল কৃষি আৰু গাওঁ অঞ্চলৰ বিকাশ সাধন কৰা। ইয়াৰ বাবে খেতি পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰা আৰু গাওঁ অঞ্চলৰ বিকাশৰ বাবে যাতায়াত ব্যৱস্থাৰ বিকাশৰ বাবে সহায় আগবঢ়ায়। 

(গ) পাৰিপাৰ্শ্বিক নিয়ন্ত্ৰণ: বিশ্ববেংক প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বাবে বিভিন্ন বিধি প্ৰৱৰ্তন কৰে। 

(ঘ)ৰাস্তা নির্মাণ আৰু নতুনকৈ সৃষ্টিকৰণৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু সহায় আগবঢ়ায়।

(ঙ) বৈধ অনুষ্ঠানসমূহক উন্নতীকৰণ আৰু দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে।

১৩। বিশ্বায়নৰ ৰাজনৈতিক, অর্থনৈতিক আৰু সাংস্কৃতিক প্রভাৱসমূহ কি কি? আলোচনা কৰা। 

উত্তৰঃ বিশ্বায়নৰ ৰাজনৈতিক প্ৰভাৱঃ বিশ্বায়নে কোনো দেশৰ ৰাজনীতি তথা ৰাষ্ট্ৰ ব্যৱস্থাৰ ওপৰত বিভিন্ন ধৰণে প্রভাব পেলাইছে। এই প্ৰভাৱবোৰ হ’ল –

(ক) বিশ্বায়নে ৰাষ্ট্ৰৰ সাৰ্বভৌম ক্ষমতাৰ ক্ষেত্ৰত সীমাবদ্ধতা আনি দিছে।

(খ) বিশ্বায়নৰ মাজেৰে সোমাই অহা উদাৰীকৰণ আৰু ব্যক্তিগতকৰণ প্ৰক্ৰিয়াই ৰাষ্ট্ৰৰ কল্যাণবাদী কাৰ্যসূচীক সংকুচিত কৰিছে।

(গ) বিভিন্ন দেশৰ চকৰাৰ ব্যক্তিগত আৰু বহুজাতিক পুঁজিৰ সেবাত অধিকভাবে ব্যস্ত হৈ পৰিছে। 

(ঘ) বিশ্বায়নে বিভিন্ন দেশৰ ৰাজনীতিত ব্যাপক দুৰ্নীতিৰো সূচনা কৰিছে।

বিশ্বায়নৰ অৰ্থনৈতিক প্রভাবঃ বিশ্বায়ন প্রক্রিয়াই দেশীয় তথা আন্তর্জাতিক অর্থনীতিত পেলোৱা প্রভাবৰ ভিতৰত প্ৰধানবোৰ হ’ল –

  1. পৃথিৱীৰ বিভিন্ন দেশৰ অৰ্থনীতি বজাৰৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে।
  2. আন্তর্জাতিক মুদ্ৰানিধি তথা বিশ্ববেংকৰ দৰে আন্তর্জাতিক প্রতিষ্ঠানে বিভিন্ন দেশৰ অৰ্থনীতিৰ ওপৰত বিভিন্ন ধৰণে নিয়ন্ত্ৰণ সাব্যস্ত কৰিছে।
  3. বিশ্বায়নৰ মাজেৰে গঢ়ি উঠা বিশ্ব বাণিজ্য ব্যৱস্থাত বিভিন্ন ধৰণৰ বৈষম্য গঢ়ি উঠিছে।
  4. বিশ্বায়নৰ মাজেৰে নামি অহা উদাৰীকৰণৰ আৰু ব্যক্তিগতকৰণ প্ৰক্ৰিয়াই বিভিন্ন দেশ তথা দেশৰ ভিতৰতে বিভিন্ন বৰ্ণৰ মাজত অসমতাৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপিত হ’ব ধৰিছে।

বিশ্বায়নৰ সাংস্কৃতিক প্রভাবঃ বিশ্বায়নৰ বাবে আমি আজি পৃথিৱীৰ বিভিন্ন প্ৰান্তত সংস্কৃতিৰ সৈতে সহজে পৰিচিত হোৱাৰ সুবিধা পাইছো। সংস্কৃতিয়ে নতুন ৰূপ লৈছে বর্ণাঢ্য ৰূপ গ্ৰহণ কৰিছে। আত্মাৰ পৰম্পৰাগত গীত মাতত এতিয়া অন্য দেশৰ লোক-সংগীতৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। কিন্তু বিশ্বায়নৰ নাম অপ-সংস্কৃতিৰ বেহা পতা বুলি অভিযোগো উত্থাপিত হ’ব ধৰিছে।

১৪। ৰাষ্ট্ৰসংঘৰ প্রস্তাবিত সংস্কাৰ প্ৰয়োগ কৰোঁতে হ’ব পৰা অসুবিদাসমূহৰ মূল্যায়ন কৰা।

উত্তৰঃ যেতিয়া ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ কথাই চাৰিওফালৰ পৰা সমৰ্থন পাইছিল তেতিয়া ১৯৯২ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই এটা প্রস্তাব লৈছিল। এই প্রস্তাবে তিনিটা প্রধান দাবী প্রতিফলিত কৰিছে । যেনে –

  1. নিৰাপত্তা পৰিষদে সমসাময়িক ৰাজনীতিৰ সত্যতাক কেতিয়াও প্রতিনিধিত্ব নকৰে। 
  2. ইয়াৰ সিদ্ধান্তবিলাক পশ্চিমীয়া মূল্যবোধ আৰু স্বাৰ্থ প্ৰতিফলিত হয় আৰু মাত্ৰকেইখনমান ৰাষ্ট্ৰই ইয়াৰ আধিপত্য চলায়।
  3.  ই সম প্রতিনিধিত্ব পোৱা নাই।

ৰাষ্ট্ৰসংঘৰ পুনৰ সংস্কাৰৰ দাবীৰ পৰিপ্ৰেক্ষিতত ১৯৯৭ চনৰ ১ জানুৱাৰীত ৰাষ্ট্ৰসংঘৰ সচিব প্রধান কফি আন্নানে এখন তদন্ত কমিটি গঠন কৰিছিল যে কেনে ধৰণে ৰাষ্ট্ৰসংঘৰ সংস্কাৰ কৰা উচিত। তেতিয়াৰে পৰা ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্যৰ সংস্থাৰ বাবে কেইটামান প্রস্তাব আগবঢ়ায়। সেইকেইটা হ’ল

  1. এটা বুজন পৰিমাণৰ অৰ্থনৈতিক ক্ষমতা।
  2.  বুজন পৰিমাণৰ সামৰিক ক্ষমতা। 
  3. ৰাষ্ট্ৰসংঘৰ বাজেটলৈ আকর্ষণীয় বৰঙণি।
  4. জনসংখ্যাৰ ফালৰ পৰা এখন বৃহৎ ৰাষ্ট্ৰ।
  5. গণতন্ত্র আৰু মানৱ অধিকাৰৰ সন্মান জনোৱা ৰাষ্ট্ৰ।
  6. বিশ্বৰ ভৌগোলিক, অর্থনৈতিক ব্যৱস্থা, সাংস্কৃতিক বিভিন্নতাৰ মাজত পৰিষদক বেছি প্রতিনিধিত্ব কৰা।

নিৰাপত্তা পৰিষদত ৫ জন স্থায়ী সদস্য আছে। এই স্থআয়ী সদস্য ৰাষ্ট্ৰকেইখনৰ ভেটো ক্ষমতা আছে। কিন্তু যেতিয়া ভেটো ব্যৱস্থা উঠাই দিয়া বা পৰিবৰ্তন কৰাৰ ক্ষেত্ৰত প্ৰস্তাৱ লোৱা হয়। তেতিয়া এনেকুৱা সংস্কাৰত স্থায়ী সদস্যসকল একমত নহয়। ভেটো ক্ষমতা নাথাকিলে পুনৰ ১৯৪৫ চনৰ নিচিনা বিপদ হ’ব পাৰে কিয়নো বৃহৎ শক্তিসমূহৰ বিশ্ব সংস্থাৰ প্ৰতি আস্থা বা আগ্রহ নাথাকিব পাৰে। তেতিয়া সিবিলাকে বাহিৰত যিমান যায় তাকে কৰিব পাৰে আৰু সিবিলাকৰ সমৰ্থন আৰু সহযোগিতা অবিহনে বিশ্ব সংস্থা অপ্রাসংগিক হৈ পৰিব।

১৫। বর্তমান বিশ্বৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসংঘক এটা অত্যাবশ্যকীয় সংগঠন বুলি তুমি ভাবানে? তোমাৰ উত্তৰৰ যুক্তিযুক্ততা প্ৰদৰ্শন কৰা।

উত্তৰঃ বর্তমান বিশ্ব আন্তর্জাতিক সংস্থা ৰাষ্ট্ৰসংঘৰ শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ কাৰণে যথেষ্ট গুৰুত্বতা আছে। ছোভিয়েট ৰাছিয়াৰ পতন অর্থাৎ দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ পিছত ৰাষ্ট্ৰসংঘ গঠনে বিশ্বত যুদ্ধ সম্ভাৱনা হোৱাৰ ক্ষেত্ৰত বাধা প্রদান কৰি পৰস্পৰ বিৰোধী ৰাষ্ট্ৰসংঘৰ তথ্য আক্তৰাষ্ট্ৰীয় বিবাদসমূহ আলোচনাৰ মাধ্যমেৰে সমাধান কৰাৰ ক্ষেত্ৰত সহায় কৰি আহিছে। গতিকে এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ প্ৰাসংগিকতা নুই কৰিব নোৱাৰি। বৰ্তমান সময়ত ৰাষ্ট্ৰসংঘক বিশ্বৰ অতি গুৰুত্বপূৰ্ণ আন্তর্জাতিক সংগঠন হিচাপে স্বীকৃতি প্রদান কৰা হয়। সমগ্র বিশ্বতে শান্তি আৰু প্ৰগতিক প্রতিনিধিত্ব কৰাৰ বাবে প্ৰয়োজনীয় সকলো সা-সুবিধা এই ৰাষ্ট্ৰসংঘই প্ৰদান কৰে। এটি আন্তর্জাতিক অনুষ্ঠান হিচাপে ৰাষ্ট্ৰসংঘই শান্তি আৰু সহযোগিতাৰ বাবে বিভিন্ন ৰাষ্ট্ৰৰ মাজত সৃষ্টি হোৱা সমস্যা আৰু বিবাদমান বিষয়ৰ ওপৰত আলোচনা কৰি যুদ্ধৰ দৰে সংঘাতক পৰিহাৰ কৰি শান্তিপূর্ণ সমাধানৰ পথ নিৰ্ণয় কৰি উলিয়ায়। এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ ভূমিকা সচাকৈয়ে অপৰিসীম বুলিব পাৰি।

তথাপিও ৰাষ্ট্ৰসংঘৰ কিছুমান নেতিবাচক দিশো নথকা নহয়। শীতল যুদ্ধৰ পিছৰ আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিত ৰাষ্ট্ৰসংঘৰ প্ৰাসংগিকতা সম্পৰ্কত বহুতে প্রশ্ন উত্থাপন কৰা দেখা গৈছে। বৰ্তমানৰ একমেৰু বিশ্বত কেৱল আমেৰিকাৰ প্ৰভুত্ব সর্বত্র বিদ্যমান। এনে এক অৱস্থাত ৰাষ্ট্ৰসংঘও আমেৰিকাৰ এক বহতীয়া অনুষ্ঠানলৈ পৰ্যবেশিত হৈছে। প্ৰথম অৱস্থাত ৰাষ্ট্ৰসংঘই কিছুমান ৰাজনৈতিক সমস্যা কৰিবলৈ সক্ষম হৈছিল। কিন্তু শীতল যুদ্ধৰ পিছত আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিত সিমান বেছি সফল হ’ব পৰা নাই। আমেৰিকাৰদ্বাৰা আফগানিস্তান আৰু ইৰাক আক্ৰমণক ৰাষ্ট্ৰসংঘই বাধা দিব নোৱাৰিলে য’ত লাখ লাখ নিৰীহ মানুহৰ মৃত্যু হ’ল।

অৱশ্যে ৰাজনৈতিক ক্ষেত্ৰৰ সকলোবোৰ সমস্যা সম্পূৰ্ণৰূপে নিষ্পত্তি কৰাত ৰাষ্ট্ৰসংঘই অৰ্জন কৰিছে বুলি দাবী কৰিব নোৱাৰে যদিও বিশ্ব শান্তি অক্ষুণ্ণ ৰখাত ইয়াৰ বৰঙণি মন কৰিবলগীয়া। তদুপৰি সামাজিক তথা জনকল্যাণমূলক কার্যত ই বিশেষ সফলতা অৰ্জন কৰিছে বুলি সমালোচকসকলে ঐক্যমত প্ৰকাশ কৰিছে। স্বাস্থ্য, শিক্ষা, বিজ্ঞান, মানৱ কল্যাণ আদি দিশত ৰাষ্ট্ৰসংঘৰ অৱদান অনস্বীকার্য।

যি কি নহওক, কিছু সফলতা বিফলতাৰ মাজত ৰাষ্ট্ৰসংঘই বিশ্বশান্তি ৰক্ষাৰ সৃষ্টি কৰি আহিছে। ৰাষ্ট্ৰসংঘৰ প্ৰচেষ্টাৰ বাবেই তৃতীয় এখন বিশ্বযুদ্ধৰ সন্মুখীন বিশ্ববাসী হ’বলগা হোৱা নাই। অৱশ্যে ইয়াক অদূৰ ভৱিষ্যত অধিক প্ৰাসংগিক কৰি তুলিবৰ বাবে ইয়াৰ সংস্কাৰৰ প্ৰয়োজনীয়তা আছে।

Leave a Reply