Class 12 Political Science| Chapter-5| সাম্প্রতিক দক্ষিণ এছিয়া

Class 12 Political Science| Chapter-5| সাম্প্রতিক দক্ষিণ এছিয়া। এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব AHSEC Class 12 Political Science| Chapter-5| সাম্প্রতিক দক্ষিণ এছিয়া পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়।

HS Second Year Question Answer (Assamese Medium)

EnglishClick Here
অৰ্থনীতি (Economy)Click Here
ভূগোল (Geography)Click Here
हिंदीClick Here
অসমীয়াClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
ৰাজনীতি (Political Science)Click Here
সমাজতত্ত্ব (Sociology)Click Here
তৰ্কবিদ্যা আৰু দর্শনশাস্ত্ৰ (Logic & Philosophy)Click Here
নৃতত্ত্ব (Anthropology)Click Here

Class 12 Political Science| Chapter-5| সাম্প্রতিক দক্ষিণ এছিয়া

চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া ছাত্র-ছাত্ৰীৰ বাবে আমাৰ এই ৱেবছাইটত শেহতীয়া পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি পাঠ Class 12 Political Science| Chapter-5| সাম্প্রতিক দক্ষিণ এছিয়া ভিত্তিক প্ৰশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। যত ছাত্ৰ-ছাত্ৰীয়ে অনলাইন যোগে পঢ়িব পাৰিব।

প্ৰথম খণ্ড

পাঠ: ৫

অতি চমু প্রশ্নোত্তৰ ( মূল্যাংক -১ )

প্রশ্ন ১। দক্ষিণ এছিয়াই কি সূচায় ? 

উত্তৰঃ দক্ষিণ এছিয়া বুলি ক’লে বাংলাদেশ , ভুটান , ভাৰত , মালদ্বীপ , নেপাল , পাকিস্তান আৰু শ্রীলংকা এই সাতখন ৰাষ্ট্ৰক বুজায় । 

প্রশ্ন ২। চীন দক্ষিণ এছিয়াৰ এটা অংশনে ? 

উত্তৰঃ নহয় । 

প্রশ্ন ৩। দক্ষিণ এছয় মণ্ডলত প্রথমে কোনখন দেশে নিজৰ অৰ্থনীতিৰ উদাৰীকৰণ কৰিছিল ? 

উত্তৰঃ শ্রীলংকা । 

প্রশ্ন ৪। SAARC ৰ সম্পূৰ্ণ ৰূপটো লিখা । 

উত্তৰঃ South Asian Association for Regional Cooperation . 

প্রশ্ন ৫। হয় নে নহয় লিখা— ইছলামাবাদত অনুষ্ঠিত ১২ তম SAARC শীর্ষ সন্মিলনত SAFTA ত স্বাক্ষৰ কৰা হৈছিল । 

উত্তৰঃ হয় ।

প্রশ্ন ৬। ভাৰতে শ্রীলংকালৈ কিয় ভাৰতীয় শান্তিৰক্ষা বাহিনী ( IPKF ) প্ৰেৰণ কৰিছল ? 

উত্তৰঃ শ্রীলংকাত থকা ভাৰতীয় তামিলসকলৰ সম্পর্ক সুস্থিৰ কৰাৰ অর্থে । 

প্রশ্ন ৭। খালী ঠাই পূৰ কৰা শ্রীলংকাৰ ৰাজনীতি সংখ্যাণ্ডৰু সম্প্রদায়ৰদ্বাৰা অবদমিত । 

উত্তৰঃ সিংহলী ।

প্রশ্ন ৮। ভাৰতৰ পূবলৈ চোৱা নীতি’ৰ এটা অংশ কোনখন দেশ ? 

উত্তৰঃ বাংলাদেশ । 

প্রশ্ন ৯। ১৯৯৮ চনত ভাৰতে ক’ত পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল ? 

উত্তৰঃ গুজৰাটৰ পােখৰাণত । 

প্রশ্ন ১০। SAARC ৰ মূল উদ্দেশ্য কি ? 

উত্তৰঃ দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত যদিও বিভিন্ন ধৰণৰ সংঘাত আছে , এই সংঘাতসমূহৰ ক্ষেত্ৰত ৰাষ্ট্ৰসমূহৰ মাজত সহযােগিতা আৰু বন্ধুত্বপূর্ণ সম্পর্ক গঢ়ি তােলা । 

প্রশ্ন ১১। ভাৰত আৰু পাকিস্তান কেতিয়া একোখন স্বাধীন ৰাষ্ট্ৰ হৈছিল ? 

উত্তৰঃ ভাৰত ১৯৪৭ চনৰ ১৫ আগষ্ট আৰু পাকিস্তান ১৪ আগষ্টত স্বাধীন হৈছিল । 

প্রশ্ন ১২। কোন ঠাইত চতুর্দশ SAARC শীর্ষ সন্মিলন অনুষ্ঠিত হৈছিল ? 

উত্তৰঃ ২০০৭ চনত নতুন দিল্লীত । 

প্রশ্ন ১৩। কোন বছৰত ভাৰত আৰু পাকিস্তানে পাৰমাণৱিক পৰীক্ষণ সম্পন্ন কৰিছিল ? 

উত্তৰঃ ১৯৯৮ চনত । 

প্রশ্ন ১৪। কোন বছৰত ভাৰতে শ্রীলংকালৈ শান্তিৰক্ষা বাহিনী প্ৰেৰণ কৰিছিল ? 

উত্তৰঃ ১৯৮৭ চনত । 

প্রশ্ন ১৫। শ্রীলংকা কেতিয়া স্বাধীন হৈছিল ? 

উত্তৰঃ ১৯৪৮ চনত । 

প্রশ্ন ১৬। প্রথম SAARC শীর্ষ সন্মিলনখন ক’ত অনুষ্ঠিত হৈছিল ? 

উত্তৰঃ ১৯৮৫ চনত ঢাকাত ( বাংলাদেশ ) । 

প্রশ্ন ১৭। SAARC কেতিয়া গঠিত হৈছিল ? 

উত্তৰঃ ১৯৮৫ চনৰ ৮ ডিচেম্বৰত ।

প্রশ্ন ১৮। কোন  বছৰত  মালদ্বীপত বহুদলীয় ব্যবস্থা প্রবর্তন কৰিছিল ? 

উত্তৰঃ ২০০৫ চনত । 

প্রশ্ন ১৯। কোন ঠাইত পঞ্চদশ SAARC শীর্ষ সন্মিলন অনুষ্ঠিত হৈছিল ? 

উত্তৰঃ ২০০৮ চনত কলম্বােত । ( শ্রীলংকা ) 

প্রশ্ন ২০। কোনগৰাকী ভাৰতীয় প্রধানমন্ত্রীয়ে লাহােৰলৈ বাছ যাত্রা কৰিছিল ? 

উত্তৰঃ অটল বিহাৰী বাজপেয়ীয়ে । 

প্রশ্ন ২১। দক্ষিণ এছিয়াৰ বিষয়ে তলত দিয়া কোনটো উক্তি অশুদ্ধ ? 

( ক ) দক্ষিণ এছিয়াৰ সকলাে দেশ গণৰাজ্য । 

( খ ) ভাৰত আৰু বাংলাদেশে পানী ভাগ বটোৱাৰা লৈ এখন চুক্তি স্বাক্ষৰ কৰিছিল । 

( গ ) ইছলামাবাদত অনুষ্ঠিত হােৱা দ্বাদশ ছার্ক সন্মিলন SAFTA স্বাক্ষৰিত হৈছিল । 

( ঘ ) দক্ষিণ এছিয়াৰ ৰাজনীতিত চীনদেশ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই এটা গুৰুত্বপূর্ণ ভূমিকা পালন কৰে ।

উত্তৰঃ দক্ষিণ এছিয়াৰ ৰাজনীতিত চীনদেশ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই এটা গুৰুত্বপূর্ণ ভূমিকা পালন কৰে । 

প্রশ্ন ২২। শ্রীলংকাৰ ৰাজনীতিত কোনটো সম্প্রদায়ে প্রাধান্য বিস্তাৰ কৰে ? 

উত্তৰঃ সিংহলী সম্প্রদায় । 

প্রশ্ন ২৩। শুদ্ধ নে অশুদ্ধ লিখা :

চীনদেশ ভাৰতৰ পূবলৈ চোৱা নীতিৰ অংশীদাৰ । 

উত্তৰঃ শুদ্ধ ।

চমু প্রশ্নোত্তৰ ( মূল্যাংক -২ ) 

প্রশ্ন ১। দক্ষিণ এছিয়াৰ অন্তৰ্গত যিকোনাে চাৰিখন দেশৰ নাম লিখা । 

উত্তৰঃ ভাৰতবৰ্ষ , পাকিস্তান , বাংলাদেশ আৰু ম্যানমাৰ ।

প্রশ্ন ২। খালী ঠাই পূৰ কৰা : 

………….ৰ পৰা ……………লৈ বাংলাদেশ আছিল পাকিস্তানৰ এটা অংশ । 

উত্তৰঃ ১৯৪৭ চনৰ পৰা ১৯৭১ চনলৈকে । 

প্রশ্ন ৩। শ্রীলংকাৰ বিবাদত লিপ্ত হােৱা দুটা সম্প্রদায়ৰ নাম লিখা । 

উত্তৰঃ সিংহলী আৰু তামিল । 

প্রশ্ন ৪। পূবলৈ চোৱা নীতি কি ? 

উত্তৰঃ ভাৰতবৰ্ষই দক্ষিণ পূর্ব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ লগত সম্পর্ক বিশেষকৈ অর্থনৈতিক সম্পর্ক বৃদ্ধিৰ যি নীতি গ্রহণ কৰিছে তাকে Look East Policy বােলা হয় । 

প্রশ্ন ৫। ভাৰতৰ পাৰমাণৱিক পৰীক্ষণৰ প্রতি পাকিস্তানে কেনে সঁহাৰি দিছিল ? 

উত্তৰঃ ১৯৯৮ চনত ভাবতে পােখৰাণত আণৱিক বিস্ফোৰণ পৰীক্ষণ কৰাৰ পিছত পাকিস্তানে এইটো গুৰুত্ব সহকাৰে লৈ কেইদিনমানৰ ভিতৰত পাকিস্তানেও চাপাই পাহাৰত আণৱিক পৰীক্ষা সম্পাদন কৰে । তেতিয়াৰ পৰা ভাৰত আৰু পাকিস্তানৰ মাজত সামৰিক সম্বন্ধ স্থাপন কৰা হয় আৰু ইয়াৰ ফলত দুয়ােখন দেশৰ মাজত যুদ্ধৰ সম্ভাৱনা হ্রাস পায় । 

প্রশ্ন ৬। ভাৰত আৰু বাংলাদেশে সহযােগিতা কৰা দুটা বিষয় উল্লেখ কৰা । 

উত্তৰঃ ( ক ) অর্থনৈতিক সমস্যা । 

( খ ) দুর্যোগ নিৰাময় আৰু পৰিৱেশ বিষয়ক সমস্যা । 

প্রশ্ন ৭। ভাৰত আৰু নেপালৰ মাজত কিবা বিশেষ সম্পর্ক আছে বুলি তুমি ভাবনে ? কিয় তেনেদৰে ভাবা ? 

উত্তৰঃ নেপাল আৰু ভাৰতৰ মাজত এক বিশেষ সম্পর্ক আছে যি পৃথিৱীত বিৰল । দুয়ােখন দেশৰ জনসাধাৰণে কোনাে প্রমাণ – পত্র অথবা পাৰ – পত্ৰ নােহােৱাকৈ ভাৰতৰ পৰা নেপাললৈ অথবা নেপালৰ পৰা ভাৰতলৈ অহা – যােৱা কৰিব পাৰে ।

প্রশ্ন ৮। SAARC বা এটা প্ৰভাৱী সংগঠনৰ কৰি তােলাৰ বাবে ভাৰতে কৰা দুটা প্রচেষ্টাৰ বিষয়ে লিখা । 

উত্তৰঃ SAARC ত ভাৰতৰ বিশেষ মর্যাদা আছে । দক্ষিণ এছিয়াৰ ৭২ শতাংশ ভাৰতৰ অন্তর্ভুক্ত । ৭৭ শতাংশ জনসংখ্যা আৰু ৭৮ শতাংশ মুঠ উৎপাদন ভাৰতৰে । ভাৰতৰ সামৰিক শক্তি সমগ্ৰ অঞ্চলৰ ৫০ শতাংশ । সেয়েহে আটাইতকৈ বৃহৎ ৰাষ্ট্র , অর্থনৈতিক ভূখণ্ড আৰু জনসাধাৰণৰ দিশত আটাইতকৈ শক্তিশালী হােৱাৰ বাবে SAARC ত বিশেষ প্রতিনিধিত্ব কৰিবলৈ সক্ষম হৈছে । 

প্রশ্ন ৯। SAFTA ই কি বুজায় ? 

উত্তৰঃ SAFT = South Asian Free Trade Agreement এই চুক্তিৰ উদ্দেশ্য হৈছে সমগ্র দক্ষিণ এছিয়াৰ বাবে এক মুকলি বাণিজ্য স্থল স্থাপনৰ বাবে প্রতিশ্রুতিবদ্ধ হােৱা । 

প্রশ্ন ১০। LTTE ৰ অৰ্থ লিখা । 

উত্তৰঃ Liberation Tiger of Tamil Eelam . 

প্রশ্ন ১১। ৰাজতন্ত্রৰ পিছত নেপালত গণতন্ত্র কিদৰে প্ৰৱৰ্তন কৰা হৈছে ? 

উত্তৰঃ ১৯৯০ চনত ৰাজতন্ত্ৰৰ বিৰুদ্ধে গঢ়ি উঠা কমিউনিষ্ট আন্দোলনৰ পৰিপ্ৰেক্ষিতত  ৰজা বীৰেন্দ্ৰই ৰাজনৈতিক সংস্কাৰ সাধন কৰিবলৈ বাধ্য হয় । 

প্রশ্ন ১২। ভাৰত আৰু পাকিস্তানৰ মাজৰ দ্বন্দ্বৰ দুটা ক্ষেত্র উল্লেখ কৰা । 

উত্তৰঃ ( ক ) পাকিস্তান আৰু ভাৰতৰ মাজৰ বিৰােধৰ এটা বিষয় হৈছে কাশ্মীৰ । 

( খ ) নদীৰ পানী বণ্টনক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত অসন্তোষ আছে । 

প্রশ্ন ১৩। SAARC গঠন কৰা ৰাষ্ট্র সাতখনৰ নাম লিখা । 

উত্তৰঃ ভাৰত , বাংলাদেশ , পাকিস্তান , নেপাল , ভুটান , মালদ্বীপ আৰু শ্রীলংকা । 

প্রশ্ন ১৪। ১৯৯৮ চনৰ ডিচেম্বৰত মুক্ত বাণিজ্য চুক্তি অন্তর্ভুক্ত হােৱা দেশসমূহৰ নাম লিখা । 

উত্তৰঃ ভাৰত , পাকিস্তান , বাংলাদেশ , নেপাল , ভূটান , মালদ্বীপ আৰু শ্রীলংকা । 

প্রশ্ন ১৫। SAARC ৰ দুখন পর্যবেক্ষক ৰাষ্ট্ৰৰ নাম লিখা । 

উত্তৰঃ চীন আৰু জাপান । 

প্রশ্ন ১৬। SAARC ৰ সদস্যবােৰৰ নাম লিখা । 

উত্তৰঃ ভাৰত , পাকিস্তান , বাংলাদেশ , নেপাল , ভুটান , মালদ্বীপ , শ্রীলংকা ।

প্রশ্ন ১৭। দক্ষিণ এছিয়া বুলি জনাজাত দেশসমূহৰ নাম লিখা । 

উত্তৰঃ ভাৰত , পাকিস্তান , বাংলাদেশ , নেপাল , ভুটান , মালদ্বীপ আৰু শ্রীলংকা । 

প্রশ্ন ১৮। ফাৰক্কা সন্ধিত স্বাক্ষৰ কৰা দেশ দুখনৰ নাম লিখা । 

উত্তৰঃ ভাৰত আৰু পাকিস্তান । 

প্রশ্ন ১৯। ভাৰতৰ দক্ষিণ দিশত থকা SAARC ৰ যিকোনাে দুখন সদস্য ৰাষ্ট্রৰ নাম লিখা । 

উত্তৰঃ ভাৰত আৰু পাকিস্তান ।

প্রশ্ন ২০। তাঁচখাণ্ড চুক্তিৰ তাৎপর্য লিখা । 

উত্তৰঃ ১৯৬৫ চনত ভাৰত আৰু পাকিস্তানৰ মাজত তাঁচখাণ্ড চুক্তি স্বাক্ষৰীত হৈছিল । 

প্রশ্ন ২১। ভাৰত আৰু বাংলাদেশৰ মাজৰ সহযােগিতা আৰু বিবাদৰ দুটাকৈ ক্ষেত্ৰৰ উল্লেক কৰা । 

উত্তৰঃ ( ক ) সহযােগিতাৰ ক্ষেত্ৰত ব্যৱসায় – বাণিজ্য আৰু জল আৱণ্টন । 

( খ ) বিবাদৰ ক্ষেত্ৰত সীমা বিবাদ আৰু সন্ত্রাসবাদ । 

প্রশ্ন ২২। খালী ঠাই পূৰণ কৰা :

( ক ) বাংলাদেশ ……….. ৰ পৰা …………..লৈ পাকিস্তানৰ অংশ আছিল । 

উত্তৰঃ ১৯৪৭ চনৰ পৰা ১৯৭১ চনলৈ । 

প্রশ্ন ২৩। ভাৰতৰ আণৱিক পৰিক্ষণৰ প্রত্যুত্তৰ পাকিস্তানে কিদৰে দিছিল ? 

উত্তৰঃ ১৯৯৮ চনত ভাৰতে , পােখৰাণত আণৱিক বিস্ফোৰণ পৰীক্ষণ কৰাৰ পিছত পাকিস্তানে এইটো গুৰুত্ব সহকাৰে লৈ কেইদিনমানৰ ভিতৰত পাকিস্তানেহে চাপাই পাহাৰত আণৱিক পৰীক্ষণ সম্পাদন কৰে । 

প্রশ্ন ২৪। ভাৰত আৰু বাংলাদেশৰ মাজত সহযােগিতা আৰু সংঘাতৰ এটাকৈ দিশ উল্লেখ কৰা । 

উত্তৰঃ ( ক ) সহযােগিতাৰ ক্ষেত্ৰত ব্যৱসায় বাণিজ্য আৰু জলবণ্টন ।

( খ ) বিবাদৰ ক্ষেত্ৰত সীমা বিবাদ আৰু সন্ত্রাসবাদ । 

প্রশ্ন ২৫। পাকিস্তান সুস্থিৰ গণতন্ত্রৰ বিফলতাৰ দুটা কাৰণ লিখা । 

উত্তৰঃ ( ক ) সামৰিক বাহিনী , পুৰােহিত শ্রেণী , মাটিৰ গৰাকী , অভিজাত শ্রেণীৰ আদিপত্যই সঘনে নির্বাচিত চৰকাৰখনৰ পতন ঘটায় আৰু সামৰিক শাসন প্রৱর্তনৰ পথ সূচল কৰে । 

( খ ) পাকিস্তানৰ গণতন্ত্র প্রতি প্রথমতে আন্তর্জাতিক সমর্থন নাই।তাৰ ফলশ্ৰুতিত ইয়াৰ শাসন – ব্যৱস্থাক সামৰিক বাহিনীয়ে দমন কৰি ৰাখিবলৈ সুবিধা পাইছে । 

( চমু প্রশ্নোত্তৰ ( মূল্যাংক -৪ ) 

প্রশ্ন ১। দক্ষিণ এছিয়াৰ বিভিন্ন দেশে একে ধৰণৰ ৰাজনৈতিক ব্যৱস্থাকে অনুসৰণ কৰে বুলি তুমি ভাবানে ? তােমাৰ উত্তৰৰ যুক্তিযুক্ততা প্রতিপন্ন কৰা । 

উত্তৰঃ দক্ষিণ এছিয়াৰ সকলােবােৰ ৰাষ্ট্ৰত একেই ধৰণৰ ৰাজনৈতিক ব্যৱস্থা নাই । ভাৰতবর্ষ আৰু শ্ৰীলংকাই স্বাধীনতাৰ পিছৰ পৰাই গণতান্ত্রিক পৰম্পৰা মানি চলি আছে । পাকিস্তান আৰু বাংলাদেশে সামৰিক আৰু অসামৰিক দুয়ােধৰণৰ শাসনৰ তলতীয়া আছিল । ২০০৬ চনত এক গণ উত্থানে পেনালত দলীয় গণতন্ত্র প্রতিষ্ঠা কৰে আৰু ৰজা নাম মাত্র শাসকত পৰিণত হয় । ভূটানত এতিয়াও ৰাজতন্ত্র ব্যৱস্থা চলি আছে । অৱশ্যে ৰজাই পর্যায়ক্রমে চৰকাৰক বহুদলীয় গণতন্ত্রলৈ ৰূপান্তৰ কৰাৰ প্রচেষ্টা চলাইছে । মালদ্বীপ ১৯৬৮ চনলৈকে চুলতানৰ শাসনৰ তলতীয়া আছিল । ইয়াৰ পৰৱর্তী পর্যায়ত মালদ্বীপ গণৰাজ্য আৰু ৰাষ্ট্রপতি শাসিত চৰকাৰলৈ পৰিৱর্তিত হয় । 

প্রশ্ন ২। এক সুস্থিৰ গণতন্ত্র গঢ়ি তােলাত পাকিস্তানৰ ব্যর্থতাৰ কাৰকসমূহ উল্লেখ কৰা । 

উত্তৰঃ পাকিস্তানৰ ভাৰতৰ লগত সংঘাত সামৰিক বাহিনী পাকিস্তানত অধিক শক্তিশালী কৰি তােলে । নির্বাচিত চৰকাৰক উলাই কৰি সামৰিক লােকসকলে কাম কৰে । 

( খ ) জনসাধাৰণৰ গণতন্ত্র প্রতি আস্থা নাই । 

( গ ) বিভিন্ন গােষ্ঠীয়ে প্ৰায়ে কয় যে ৰাজনৈতিক দল আৰু গণতন্ত্র নিশকতীয়া , গতিকে পাকিস্তানৰ নিৰাপত্তা স্বার্থপৰ ৰাজনৈতিক দল আৰু দুর্বল গণতান্ত্রিক ব্যৱস্থাত বিঘ্নিত হ’ব । 

( ঘ ) সামৰিক বাহিনী , পুৰােহিত শ্রেণী , অভিজাত শ্ৰেণীৰ লােকসকলৰ আধিপত্যই সঘনে নির্বাচিত চৰকাৰখনৰ পতন ঘটায় আৰু সামৰিক শাসন প্রৱর্তনৰ পথ মুকলি কৰে । 

প্রশ্ন ৩। পূর্ব পাকিস্তানৰ লােকসকলে মুক্তি আন্দোলনৰ প্রতি ঢাল খােৱাৰ কাৰণবােৰ আঙুলিয়াই দিয়া । 

উত্তৰঃ পূর্ব পাকিস্তানৰ জনসাধাৰণে মুক্তি আন্দোলনত অংশগ্রহণৰ কাৰণবােৰ হ’ল— 

( ক ) পশ্চিম পাকিস্তানৰ দমন আৰু শােষণ । 

( খ ) উর্দু ভাষা আৰােপ । 

( গ ) বেংগলী সংস্কৃতি আৰু ভাষাৰ প্রতি অবহেলা আৰু অৱকাশ । 

প্রশ্ন ৪। ভাৰত আৰু শ্রীলংকাৰ মাজৰ সম্পৰ্কৰ জটিলতাসমূহ আঙুলিয়াই দিয়া । 

উত্তৰঃ স্বাধীনতাৰ পিছৰ পৰাই শ্রীলংকাৰ ৰাজনীতিত সংখ্যাগৰিষ্ঠ সিংহলী সম্প্রদায়ৰ আধিপত্য পৰিচালিত হৈছিল । ভাৰত চৰকাৰে তামিল সমস্যাটোৰ মােকাবিলাকৰ কাৰণে শ্রীলংকাৰ চৰকাৰৰ লগত যােগাযােগ কৰে । ১৯৪৭ চনত ভাৰত চৰকাৰে প্ৰথমবাৰৰ কাৰণে শ্রীলংকাৰ তামিল সমস্যাৰ লগত প্রত্যক্ষভাৱে জড়িত হৈ পৰে । ভাৰতে শ্রীলংকাৰ লগত এটা চুক্তিত স্বাক্ষৰ কৰি শ্ৰীলংকালৈ ভাৰতীয় সেনা পঠিয়াই শ্রীলংকাৰ চৰকাৰৰ লগত তামিলসকলৰ সম্পর্ক সুস্থিৰ কৰাৰ অর্থে ঘটনাক্রমে ভাৰতীয় সেনাই LTTE ৰ লগত এখন যুদ্ধত লিপ্ত হ’বলগীয়া হয় । 

দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান প্ৰশ্নোত্তৰ

Sl. No.সূচী-পত্ৰ
Unit 1প্ৰথম খণ্ড
Chapter 1শীতল যুদ্ধৰ যুগ
Chapter 2দ্বি ৰাষ্ট্ৰবাদৰ অৱসান
Chapter 3 আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য
Chapter 4ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ
Chapter 5সাম্প্রতিক দক্ষিণ এছিয়া
Chapter 6আন্তর্জাতিক সংগঠন
Chapter 7সাম্প্রতিক বিশ্বত নিৰাপত্তা
Chapter 8পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ
Chapter 9বিশ্বায়ন
Unit 2দ্বিতীয় খণ্ড
Chapter 1জাতি গঠনৰ প্ৰত্যাহ্বান
Chapter 2এক দলীয় প্রাধান্যৰ যুগ
Chapter 3পৰিকল্পিত বিকাশৰ ৰাজনীতি
Chapter 4ভাৰতৰ বৈদেশিক সম্বন্ধ
Chapter 5কংগ্রেছ ব্যৱস্থাৰ প্রতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্রতিষ্ঠা
Chapter 6গণতন্ত্রৰ সংকট
Chapter 7গণ আন্দোলনৰ অভ্যুত্থান
Chapter 8আঞ্চলিক আকাংক্ষাবোৰ
Chapter 9ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ

প্রশ্ন ৫। SAARC গঠনৰ মূল কাৰণসমূহ কি কি ? 

উত্তৰঃ ( ক ) সামূহিক আত্মনিৰ্ভৰশীল বৃদ্ধি কৰা । 

( খ ) অর্থনৈতিক উন্নয়ন খৰতকীয়া কৰা । 

( গ ) আঞ্চলিক সহযােগিতাৰ উত্তৰণ ঘটোৱা । 

( ঘ ) সন্ত্রাবাদ আৰু মাদক দ্রব্য নির্ধাৰণ ৰােধ কৰা । 

প্রশ্ন ৬। সাম্প্রতিক দৃশ্যপটত শ্রীলংকাৰ মর্যাদা নির্ণয় কৰা । 

উত্তৰঃ ভাৰতে শ্রীলংকাৰ সৈতে এখন মুকলি বাণিজ্য চুক্তি কৰে যি দুয়ােখন দেশৰ সম্পৰ্কক সবল কৰিছে । ছামিৰ পাছৰ সময়ছােৱাত শ্রীলংকাৰ পুনৰ নিৰ্মাণত ভাৰতৰ সহযােগে দুয়ােখন দেশক কাষলৈ লৈ আহে । 

প্রশ্ন ৭। বাংলাদেশ স্বাধীনতা লাভত ভাৰতে কিদৰে সহায় কৰিছিল ? 

উত্তৰঃ পূব পাকিস্তান অর্থাৎ বাংলাদেশ পাকিস্তানৰ অধীনত ১৯৪৭ চনৰ পৰা ১৯৭১ চনলৈকে আছিল । পূর্ব পাকিস্তানক সদায় পশ্চিম পাকিস্তানে দমন কৰি ৰাখিব বিচাৰিছিল । ইয়াৰ ফলশ্ৰুতিত অসংখ্য পূর্ব পাকিস্তানৰ নাগৰিক ভাৰতলৈ শৰণার্থী হিচাপে আহিবলগীয়া হৈছিল । এনে এক পৰিস্থিতিত ভাৰত চৰকাৰে পূব পাকিস্তানৰ জনসাধাৰণৰ স্বাধীনতাৰ দাবীৰ প্রতি পূর্ণ সমর্থন আগবঢ়াই আর্থিক আৰু সামৰিক দিশত সহায় কৰিছিল । ইয়াৰ পৰিণতিস্বৰূপে ১৯৭১ চনত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ হৈছিল । এই যুদ্ধত পাকিস্তানৰ সৈন্য বাহিনীয়ে আত্মসমর্পণ কৰে , ফলত বাংলাদেশ নামৰ এখন নতুন ৰাষ্ট্রৰ গঠন হৈছিল । 

প্রশ্ন ৮। পঞ্চশীলৰ বিষয়ে এটি টোকা লিখা । 

উত্তৰঃ ভাৰত আৰু চীনদেশৰ মাজত ১৯৫৪ চনত স্বাক্ষৰিত হােৱা চুক্তিৰ সময়ত পঞ্চশীল নীতি ৰচনা কৰা হৈছিল । এই নীতিকেইটা হ’ল –

( ক ) প্রত্যেক দেশৰ ভৌগােলিক অখণ্ডতা ৰক্ষা কৰা আৰু সার্বভৌমত্বৰ প্রতি পাৰস্পৰিক শ্রদ্ধা প্রদর্শন কৰা । 

( খ ) আদেশক আক্ৰমণৰ পৰা বিৰত থকা । 

( গ ) আন দেশৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ পৰা বিৰত থকা ।

( ঘ ) শান্তিপূর্ণ সহাৱস্থানৰ প্রতি সমর্থন জনােৱা । 

প্রশ্ন ৯। ভাৰত আৰু নেপালৰ পাৰ্থক্যৰ দিশবােৰ লিখা । 

উত্তৰঃ ভাৰত আৰু নেপালৰ পাৰ্থক্যৰ দিশবােৰ তলত উল্লেখ কৰা হ’ল— 

( ক ) ভাৰত এখন বহুধর্মীয় দেশ যত বিভিন্ন ভাষা – ভাষী আৰু বহু ধৰ্মৰ মানুহে বাস কৰে । আনহাতে নেপাল এখন হিন্দুধর্ম প্রধান ৰাষ্ট্র । 

( খ ) ভাৰতত সুস্থিৰ গণতন্ত্র প্রচলিত হৈ আহিছে । আনহাতে , নেপালত গণতন্ত্র সুস্থিৰ নহয় । 

প্রশ্ন ১০। ২০০১ চনৰ আগ্রা শীর্য সন্মিলনৰ বিষয়ে এটি টোকা লিখা । 

উত্তৰঃ আগ্রা সন্মিলনখন হৈছে ২০০১ চনৰ ১৪-১৬ জুলাই পর্যন্ত ভাৰত – পাকিস্তানৰ মাজত অনুষ্ঠিত হােৱা এখ ঐতিহাসিক দুদিনীয়া শীর্ষ সন্মিলন । ভাৰত – পাকিস্তানৰ মাজত দীর্ঘদিন জুৰি চলা বিবাদমান বিষয়বিলাক নিষ্পত্তিকৰণৰ বাবে এই সন্মিলনখন অনুষ্ঠিত কৰা হৈছিল । 

প্রশ্ন ১১। ‘ সামৰিক শাসন আৰু গণতন্ত্র পাকিস্তানত একেটা মুদ্ৰাৰে ইপিঠি – সিপিঠি’— ব্যাখ্যা কৰা । 

উত্তৰঃ পাকিস্তানত গণতন্ত্র আৰু সামৰিক শাসনৰ সংমিশ্রণ ঘটি আহিছে । পাকিস্তানত সংবিধান অনুসৰি গণতান্ত্রিক শাসন প্ৰৱৰ্তন কৰাৰ পিছতেই জেনেৰেল আয়ুব খানে দেশৰ শাসন ক্ষমতা নিজৰ হাতলৈ আনি সামৰিক শাসন প্রৱৰ্তন কৰিছিল । ১৯৭১ চনৰ পৰা ১৯৭৭ চনলৈ গণতান্ত্রিকভাবে নির্বাচিত চৰকাৰৰ শাসন চলিছিল যদিও ১৯৭৭ চনত পুনৰ জেনেৰেল জিয়াউল হকে ক্ষমতা হস্তগত কৰে । সেইদৰে ১৯৯৯ চনত জেনেৰেল পাৰভেজ মুছাৰফে নির্বাচিত , প্রধানমন্ত্রী নরাজ শ্বৰীফক আঁতৰাই নিজে ক্ষমতা দখল কৰে । 

প্রশ্ন ১২। এক সুস্থিৰ গণতন্ত্র গঢ়ি তােলাত পাকিস্তানৰ ব্যর্থতাৰ বাবে দায়ী কাৰকসমূহ লিখা । 

উত্তৰঃ এক সুস্থিৰ গণতন্ত্র গঢ়ি তােলাত পাকিস্তানৰ ব্যর্থতাৰ কাৰকবােৰ হ’ল— 

( ক ) জনসাধাৰণৰ গণতন্ত্র প্রতি আস্থা নাই । 

( খ ) বিভিন্ন গােষ্ঠীয়ে প্ৰায়ে কয় ৰাজনৈতিক দল আৰু গণতন্ত্র নিশকতীয়া , গতিকে পাকিস্তানৰ নিৰাপত্তা স্বার্থপৰ ৰাজনৈতিক দল আৰু দুর্বল গণতান্ত্রিক ব্যৱস্থাত বিঘ্নিত হ’ব । 

( গ ) পাকিস্তানৰ ভাৰতৰ লগত সংঘাত সামৰিক বাহিনী পাকিস্তানত অধিক শক্তিশালী কৰি তােলে । নির্বাচিত চৰকাৰক উলাই কৰি সামৰিক লােকসকলে কাম কৰে । 

প্রশ্ন ১৩। পাকিস্তানত নদীৰ পানী ভাগ-বটোৱাৰা সম্পর্কীয় সমস্যাবােৰ আলােচনা , কৰা । 

উত্তৰঃ ভাৰত আৰু পাকিস্তানৰ মাজত নদীৰ পানী ভাগ – বিতৰণক লৈ বিবাদৰ সূত্রপাত ঘটিছে । সিন্ধু নদীৰ পানীৰ ভাগ বিতৰণক লৈ ১৯৬০ দশকৰ পৰাই দুয়ােখন দেশৰ মাজত তীব্র মতানৈক্যৰ সৃষ্টি হৈছে । শেহতীয়াকৈ ভাৰত আৰু পাকিস্তানৰ মাজত এই বিবাদ নিষ্পত্তিৰ বাবে চুক্তি সম্পাদন কৰা হৈছে । 

প্রশ্ন ১৪। SAARC ত ভাৰতৰ ভূমিকা ব্যাখ্যা কৰা । 

উত্তৰঃ ভাৰতে SAARC ৰ ক্ষেত্ৰত এক উল্লেখনীয় ভূমিকা গ্রহণ কৰি আহিছে । ভাৰতে ছাৰ্কৰ সদস্য ৰাষ্ট্ৰসমূহৰ সৈতে বন্ধুত্বসুলভ আৰু সহযােগিতাপূর্ণ সম্পর্ক ৰক্ষা কৰি আহিছে । দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজত মুক্ত বেপাৰ – বাণিজ্য প্রতিষ্ঠা কৰাৰ ক্ষেত্ৰত ভাৰতে অগ্রণী ভূমিকা পালন কৰে । 

প্রশ্ন ১৫। SAARC এ শেহতীয়াকৈ গ্ৰহণ কৰা বিষয়বােৰ উল্লেখ কৰা । 

উত্তৰঃ SAARC এ শেহতীয়াকৈ গ্ৰহণ কৰা বিষয়বােৰ হ’ল— 

( ক ) অর্থনৈতিক উন্নয়ন খৰতকীয়া কৰা । 

( খ ) আঞ্চলিক সহযােগিতা উত্তৰণ ঘটোৱা । 

( গ ) সন্ত্রাসবাদ আৰু মাদক দ্রব্যৰ নিবাৰণ কৰা ।

( ঘ ) সামূহিক আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰা । 

প্রশ্ন ১৬। ভাৰত – বাংলাদেশ সম্বন্ধৰ ওপৰত এটা টোকা লিখা । 

উত্তৰঃ ভাৰত আৰু বাংলাদেশৰ বিভিন্ন বিষয়ত সহযােগিতা আছে । দুয়ােখন দেশৰ মাজত অর্থনৈতিক দিশত সম্পর্ক উন্নত হৈছে । ম্যানমাৰৰ মাজেৰে দক্ষিণ – পূর্ব এছিয়াৰে সম্পর্ক স্থাপন কৰিব বিচৰা লােক ইটা পলিচিৰ বাংলাদেশ এটা অংশ দুর্ঘটনা ক্ষোভাে আৰু পৰিৱেশৰ বিষয়বােৰত দুয়াে দেশে নিয়মীয়াভাৱে সহযােগ কৰি আহিছে । 

প্রশ্ন ১৭। ভাৰত – পাকিস্তান সম্বন্ধৰ ওপৰত এটা টোকা লিখা । 

উত্তৰঃ ভাৰত – পাকিস্তানৰ সম্পর্ক এক সংঘাতপূর্ণ সম্পর্ক । স্বাধীনতাৰ পিছত কাশ্মীৰ বিষয়ক লৈ দুয়ােখন দেশৰ মাজত এক বিবাদপূর্ণ সংঘাত বিৰাজমান । ভাৰত পাকিস্তান সৈতে বিবাদ – কৌশলগত বিষয় যেনে— অস্ত্র সংগ্রহ চিয়াচিন হিমবাহ আদিতাে । ১৯৫০ চনলৈকে ইণ্ডাচ বেচিনৰ নদীৰ ব্যৱহাৰক লৈ এক ভয়ানক চুক্তিত আৱদ্ধ হৈ আছিল । ঘটনাক্রমে ১৯৬০ চনত বিশ্ববেংকৰ সহায়ত ভাৰত আৰু পাকিস্তানে ইণ্ডাচ জল চুক্তি স্বাক্ষৰ কৰে যি দুয়ােখন দেশৰ মাজত বিভিন্ন বিবাদ থকা সত্ত্বেও আজিলৈকে বর্তি আছে । 

প্রশ্ন ১৮। ভাৰত – নেপাল সম্বন্ধৰ ওপৰত এটা টোকা লিখা । 

উত্তৰঃ ভাৰত আৰু নেপালে এক বিশেষ সম্পর্ক ৰক্ষা কৰে যি পৃথিৱীতক বহু কম আছে । দুয়ােখন দেশৰ মাজত হােৱা এখন চুক্তিয়ে পাছপৰ্ট আৰু ভিছা নােহাৱাকৈ দুয়ােখন দেশৰ নাগৰিকক যাতায়াত আৰু কাম কৰাৰ অনুমতি দিয়ে । এই বিশেষ সম্পর্ক থকা সত্ত্বেও দুয়ােখন দেশৰ জনসাধাৰণৰ মাজত অতীতত বাণিজ্যিক সম্পর্কৰ বিবাদ আছিল । যি কি নহওক , ভাৰত আৰু নেপালৰ সম্পর্ক স্থায়ী আৰু শান্তিময় । 

প্রশ্ন ১৯। ভাৰত – শ্রীলংকাৰ সম্বন্ধৰ ওপৰত এটা টোকা লিখা । 

উত্তৰঃ ভাৰত শ্রীলংকা সম্পর্কত দ্বীপদেশখনৰ জনজাতিয় বিবাদে অসুবিধাৰ সৃষ্টি কৰিছে । ১৯৪৭ চনত সামৰিক হস্তক্ষেপৰ পিছত ভাৰত চৰকাৰে শ্ৰীলংকাই সন্মুখীন হােৱা আভ্যন্তৰীণ অসুবিধাবােৰৰ পৰা নিজকে আঁতৰত ৰখাৰ কৌশল লয় । ভাৰতে শ্রীলংকাৰ সৈতে এখন মুকলি বাণিজ্য চুক্তি ( FTA ) কৰে যি দুয়ােখন দেশৰ সম্পৰ্কক সবল কৰিছে । ছুনামিৰ পাছৰ সময়ছােৱাত শ্রীলংকাৰ পুনৰ নিৰ্মাণত ভাৰতত সহযােগ দুয়াে দেশক কাষলৈ লৈ আহে ।

প্রশ্ন ২০। SAARC ৰ গুৰুত্ব আৰু প্ৰাসংগিকতা আলােচনা কৰা । 

উত্তৰঃ South Association for Regional Cooperation ( SAARC ) বহুপাক্ষিকভাৱে সহযােগিতা স্থাপনৰ বাবে আৰম্ভ হয় । ১৯৮৫ চনত ঢাকাত SAARC ৰ প্রথম শীর্ষ সন্মিলন অনুষ্ঠিত হৈছিল । SAARC গঠন কৰা হৈছিল অর্থনৈতিক উন্নয়ন খৰতকীয়া কৰাৰ উদ্দেশ্য , সন্ত্রাসবাদ আৰু মাদক দ্রব্য নিবাৰণ ৰােধ কৰাৰ উদ্দেশ্য , আঞ্চলিক সহযােগিতাৰ উত্তৰণ ঘটোৱাৰ উদ্দেশ্য । 

দীঘলীয়া প্রশ্নোত্তৰ ( মূল্যাংক -৬ ) 

প্রশ্ন ১। ভাৰতৰ প্ৰতিৱেশীবােৰে প্ৰায়ে ভাবে যে ভাৰত চৰকাৰে অঞ্চলটোৰ সৰু সৰু দেশবােৰৰ ঘৰুৱা বিষয়বস্তুত আধিপত্য বিস্তাৰ কৰিবলৈ আৰু হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰে । ” এই ধাৰণাক তুমি সঠিক বুলি ভাবানে ? 

উত্তৰঃ নহয় । ই সত্য ধাৰণা নহয় । ভাৰতে সদায় অন্য দেশৰ আভ্যন্তৰীণ ক্ষেত্ৰত হস্তক্ষেপ কৰানীতিক বিশ্বাস কৰে আৰু অন্য ৰাষ্ট্ৰক নিয়ন্ত্রণ কৰিবলৈ চেষ্টা নকৰে । ভাৰতে শ্রীলংকালৈ নিজৰ শান্তি ৰক্ষা বাহিনী পঠাইছিল শ্রীলংকা চৰকাৰৰ অনুৰােধ মর্মে ভাৰতে নেপাল আৰু ভূটানৰ দৰে সৰু ৰাষ্ট্ৰসমূহক যথেষ্ট টকা দি ৰাষ্ট্ৰসমূহক অর্থনৈতিক উন্নতিৰ ক্ষেত্ৰত সাহায্য আগবঢ়াইছিল । ২০০৫ চনত পাকিস্তানে ভূমিকম্পৰ সন্মুখীন হােৱা সময়ত ভাৰতে সাহায্য পঠিয়াইছিল । কিন্তু , অন্যায়ভাৱে কেতিয়াও আন দেশৰ আভ্যন্তৰীণ ক্ষেত্ৰত হস্তক্ষেপ নকৰে । 

প্রশ্ন ২। SAFTA কেতিয়া স্বাক্ষৰিত হৈছিল ? SAFTA ৰ মূল উদ্দেশ্য কি ? 

উত্তৰঃ SAFTA ( South Asian Free Trade Agreement ) ২০০৪ চনৰ ১২ তম সন্মিলন এই চুক্তি সম্পাদিত হৈছিল । SAFTA ৰ মূল উদ্দেশ্য হৈছে সমগ্র দক্ষিণ এছিয়াৰ বাবে এক মুকলি বাণিজ্য স্থল স্থাপনৰ বাবে প্রতিশ্রুতিবদ্ধ হােৱা । 

প্রশ্ন ৩। আঞ্চলিক সহযােগিতাৰ মঞ্চ হিচাপে SAARC ৰ ভূমিকা আৰু সীমাবদ্ধতা আলােচনা কৰা । 

উত্তৰঃ ছাৰ্কৰ প্ৰতিষ্ঠাৰ পিছৰে পৰা ই কিছু অগ্রগতি লাভ কৰিলেও ই নিজকে জীয়াই ৰখাৰ বাবে লগতে আৰু অধিক প্রগতি লাভ কৰিবলৈ হ’লে SAARC এ সন্মুখীন হােৱা প্রত্যাহ্বান সমূহ হ’ল— 

( ক ) অঞ্চলটোৰ দেশসমূহৰ মাজত চলি থকা পাবম্পৰিক বিদ্বেষে ছাৰ্কৰ সফলতাত বাধাৰ সৃষ্টি কৰিছে । 

( খ ) দেশসমূহৰ মাজত উন্নয়ন , পৰিবহণ আৰু যােগাযােগ ব্যৱস্থাৰ অভাৱেও ছাৰ্কৰ সফলতাত বাধা জন্মাইছে । 

( গ ) সদস্য দেশসমূহৰ প্রাকৃতিক সম্পদৰ বৈষম্য আৰু আকাবেও দেশসমূহৰ মাজত সহযােগিতা আৰু বিশ্বাস বৃদ্ধিত বাধা জন্মাইছে । 

প্রশ্ন ৪। দক্ষিণ এছিয়া ৰাষ্ট্ৰসমূহৰ মাজত অর্থনৈতিক সহযােগিতা গঢ়াৰ মঞ্চ হিচাপে SAARC ৰভূমিকা আৰু সীমাবদ্ধতাসমূহ লিখা । 

উত্তৰঃ ছাৰ্কৰ প্রথিষ্ঠাৰ পিছৰে পৰা ই কিছু অগ্রগতি লাভ কৰিলেও ই নিজেকে জীয়াই ৰখাৰ বাবে লগতে আৰু অধিক প্রগতি লাভ কৰিবলৈ হ’লে ছার্কে সন্মুখীন হােৱা প্রত্যাহ্বান সমূহ হ’ল— 

( ক ) অঞ্চলটোৰ দেশসমূহৰ মাজত চলি থকা পাৰস্পৰিক বিদ্বেষে ছাৰ্কৰ সফলতাত বাধাৰ সৃষ্টি কৰিছে । 

( খ ) সদস্য দেশসমূহৰ প্রাকৃতিক সম্পদৰ বৈষম্য আৰু আকাৰেও দেশসমূহৰ মাজত সহযােগিতা আৰু বিশ্বাস বৃদ্ধিত বাধা জন্মাইছে । 

( গ ) দেশসমূহৰ মাজত উন্নয়ন , পৰিবহণ আৰু যােগাযােগ ব্যৱস্থাৰ অভাৱেও SAARC ৰ সাফল্যত বাধা জন্মাইছে । 

প্রশ্ন ৫। শ্রীলংকাৰ গােষ্ঠীগত সংঘর্ষ প্রধান সম্প্রদায় দুটাৰ নাম লিখা আৰু এই সংঘৰ্যৰ  ভৱিষ্যৎ সমাধানৰ মূল্যাংকন কিদৰে কৰিবা ? 

উত্তৰঃ শ্রীলংকাৰ গােষ্ঠীগত সংঘৰ্যৰ প্রধান সম্প্রদায় দুটা হ’ল সংখ্যাগুৰু সিংহলীসকল আৰু সুংখ্যালঘু তুমিলসকল । 

সিংহলী সম্প্রদায়ৰ লােকসকল তামিলসকলৰ অতি উগ্র বিৰােধী আছিল । তামিলসকল হ’ল ভাৰতৰ পৰা শ্রীলংকালৈ প্রব্রজিত লােক । তেওঁলােক শ্রীলংকাত স্থায়ীভাৱে বসবাস কৰা লােক । সিংহলী জাতীয়তাবাদীসকলে শ্রীলংকা দেশখন কেৱল সিংহলীসকলৰ বাবেহে বুলি ভাবে , তামিলসকলক কোনাে প্রকাৰৰ ৰেহাই শ্রীলংকাত দিব নিবিচাৰে । তামিলসকলক কৰা অৰজ্ঞাই উগ্র তামিল জাতীয়তাবাদী ভাবধাৰা জাগৰিত হয় । ১৯৮৩ চনৰ পৰা তামিলসকলে গঠন কৰা উগ্রবাদী সংগঠন Liberation Tigers of Tamil Elam ( LTTE ) এ শ্রীলংকাৰ সৈন্যবাহিনীৰ বিৰুদ্ধে সশস্ত্র সংঘৰ্ষত লিপ্ত হৈ আহিছিল । তেওঁলােকৰ দাবী আছিল ” Tamil Elam ” , অর্থাৎ সুকীয়া তামিল ৰাজ্য । 

প্রশ্ন ৬। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ মাজৰ সম্পৰ্কৰ শেহতীয়া ধাৰাৰ বিষয়ে আলােচনা কৰা । 

অথবা

দক্ষিণ এছিয়াত কিদৰে বাহ্যিক ক্ষমতাই দ্বিপাক্ষিক সম্বন্ধক প্ৰভাৱিত কৰিছে । উদাহৰণ দি বর্ণনা দিয়া । 

উত্তৰঃ বর্তমান বিশ্বত কোনাে এটা অঞ্চলেই অকলশৰীয়াকৈ থাকিব নাইবা বাহিৰা দেশৰ প্রভাৱৰ পৰা বাছি থাকিব নােৱাৰে । দক্ষিণ এছিয়াৰ ৰাজনীতিত চীনদেশ আৰু আমেৰিকাই । হ’ল প্রধান প্রভাৱশালী ৰাষ্ট্র । 

ভাৰত আৰু চীন দেশৰ মাজৰ সম্পর্ক কিছু পৰিমাণে উন্নত হৈছে যদিও চীনদেশৰ অতি ঘনিষ্ঠ আৰু গুৰুত্বপূর্ণ সম্পর্কহ’ল পাকিস্তানৰ লগতহে যিটো ভাৰতৰ কাৰণে অতি উদ্বেগজনক । বিশ্বায়ন আৰু উদাৰীকৰণৰ জৰিয়তে এছিয়াৰ দুয়ােখন ডাঙৰ ৰাষ্ট্ৰ পৰস্পৰে ওচৰ চাপি আহিছে । আৰু অর্থনৈতিক দিশত ১৯৯১ চনৰ পৰা খৰতকীয়াভাৱে দুয়ােখন দেশ আগবাঢ়ি আছে । 

শীতল যুদ্ধৰ পিছৰে পৰা দক্ষিণ এছিয়াত আমেৰিকাৰ আগ্ৰাসান যথেষ্ট বৃদ্ধি পাই আহিছে । শীতল যুদ্ধ শেষ হােৱাৰ পাছৰে পৰা আমেৰিকাৰ সম্পর্ক ভাৰত আৰু পাকিস্তানৰ লগত বেছ ভাল হৈ উঠা দেখা যায় । আমেৰিকাই ভাৰত আৰু পাকিস্তান এই দুয়ােখন দেশৰ সম্বন্ধ ৰক্ষাত মধ্যস্থতাকাৰী হিচাপে কাম কৰিবলৈ লৈছে । দুয়ােখন দেশতে অর্থনৈতিক সংস্কাৰ আৰু উদাৰ – অর্থনৈতিক নীতিবােৰৰ ফলত আমেৰিকাৰ সহযােগিতাৰ পৰিমাণ অঞ্চলটোত যথেষ্ট বৃদ্ধি পােৱা দেখা যায় । অঞ্চলটোৰ দেশ দুখনৰ বিশালতা আৰুবর্ধিত জনসংখ্যাৰ বাবে আমেৰিকাৰ দৰে দেশে এই অঞ্চলত এখন আকর্ষণীয় বজাৰ সৃষ্টি কৰিছে । এনেবােৰ কাৰণতে ক্ষমতাশালী দেশবােৰে সম্পর্ক গঢ়ি তুলিবলৈ বিভিন্ন কাৰণত ইচ্ছা প্রকাশ কৰে । 

প্রশ্ন ৭। দক্ষিণ এছিয়াত স্থায়ী শান্তি প্রতিষ্ঠা কেনেদৰে কৰিব পাৰি ? আলােচনা কৰা । 

উত্তৰঃ দক্ষিণ এছিয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত অর্থাৎ ভাৰত , পাকিস্তান , বাংলাদেশ , নেপাল , শ্রীলংকা , ভূটান আৰু মালদ্বীপ আদি দেশবােৰৰ মাজত নানা চুক্তি , সংগঠন আছে যদিও নানা বাদ – বিসম্বাদ লাগি থাকে । এই দেশকেইখনৰ মাজত আভ্যন্তৰীণ নানা ৰাজনৈতিক বাদ – বিসম্বাদ থকা দেখা যায় । দেশকেইখনৰ মাজত বিশেষকৈ ভাৰত – পাকিস্তানৰ মাজত জন্ম লগ্নৰে পৰা কিছুমান বিবাদ চলি আহিছে । 

জম্মু – কাশ্মীৰক লৈ বহুতাে বিবাদ আছে । শ্রীলংকাত আভ্যন্তৰীণ বিবাদ আছে । পাকিস্তান বাংলাদেশৰ মাজতাে অশান্তি আছে । এইবােৰক লৈ অশান্তি প্রায়ে চলি থাকে যদিও এই আটাইবােৰ দেশৰ মাজত দক্ষিণ এছিয়া আঞ্চলিক সহযােগিতা সংস্থা SAARC হ’ল এক প্রধান আঞ্চলিক প্রচেষ্টা যাৰ দ্বাৰা অঞ্চলটোৰ দেশসমূহক বিভিন্ন উপায়েৰে উপকৃত কৰিব পৰা যায় । 

এই দেশবােৰৰ মাজত ‘ দক্ষিণ এছিয়া মুক্ত বাণিজ্যিক চুক্তি ’ গঢ় লৈ উঠিছে।ইয়াৰ দ্বাৰা সমগ্র অঞ্চলটোৰ দেশবােৰে যথেষ্ট উপকাৰ লাভ কৰিবলৈ সক্ষম হ’ব । মুঠতে এই দুই সংগঠনৰ মধ্যস্থতাত দক্ষিণ – এছিয়াৰ দেশবােৰে বাণিজ্যিক লাভৰ উপৰি ৰাজনৈতিক লাভালাভাে লাভ কৰিব পাৰিব আৰু দেশবােৰৰ মাজত সম্প্রীতি ভাব এটা গঢ়ি উঠিব বুলি আশা কৰিব পাৰি । এই দেশবােৰৰ ভিতৰত ভাৰতবর্য বেছি ডাঙৰ জনবহুল দেশ । সকলাে ক্ষেত্ৰতে আন সৰু ৰাষ্ট্ৰবােৰক বিভিন্ন সংকটৰ সময়ত ভাৰতে সহায় – সহযােগ আগবঢ়াই আহিছে । মুঠতে শান্তি – শৃংখলা গঢ়ি তুলিবলৈ ভাৰতে এটা নিঃস্বার্থ মনােভাব লৈ কাম কৰিব লাগিব ।

Leave a Reply