Class 12 Political Science| Chapter-4| ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ

Class 12 Political Science| Chapter-4| ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ। এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব AHSEC Class 12 Political Science| Chapter-4| ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়।

HS Second Year Question Answer (Assamese Medium)

EnglishClick Here
অৰ্থনীতি (Economy)Click Here
ভূগোল (Geography)Click Here
हिंदीClick Here
অসমীয়াClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
ৰাজনীতি (Political Science)Click Here
সমাজতত্ত্ব (Sociology)Click Here
তৰ্কবিদ্যা আৰু দর্শনশাস্ত্ৰ (Logic & Philosophy)Click Here
নৃতত্ত্ব (Anthropology)Click Here

Class 12 Political Science| Chapter-4| ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ

চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া ছাত্র-ছাত্ৰীৰ বাবে আমাৰ এই ৱেবছাইটত শেহতীয়া পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি পাঠ Class 12 Political Science| Chapter-4| ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ ভিত্তিক প্ৰশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। যত ছাত্ৰ-ছাত্ৰীয়ে অনলাইন যোগে পঢ়িব পাৰিব।

প্ৰথম খণ্ড

চতুর্থ অধ্যায়

(ক) অতি চমু প্ৰশ্নৰ উত্তৰ লিখা মূল্যাংক : ১ নম্বৰকৈ

১। মার্ছাল পৰিকল্পনা মানে কি?

উত্তৰঃ মার্ছাল পৰিকল্পনা হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰই ইউৰোপীয় অর্থনীতিৰ পুনৰ উত্থানৰ বাবে প্ৰচুৰ বিত্তীয় সাহাৰ্য্য আগবঢ়োৱা এক পৰিকল্পনা।

২।_____ হ’ল ইউৰোপীয় সংঘৰ সমূহীয়া মুদ্ৰা ।

উত্তৰঃ ইউৰো (Euro) হ’ল ইউৰোপীয় সংঘৰ সমূহীয়া মুদ্ৰা ।

৩। ASEANৰ সম্পূৰ্ণ নামটো লিখা।

উত্তৰঃ Association of Southeast Asian Nations (দক্ষিণ পূর্ব এছিয় ৰাষ্ট্ৰসমূহৰ সংস্থা)

৪। বেংকক ঘোষণাপত্র মানে কি?

উত্তৰঃ ১৯৬৭ চনত ইণ্ডোনেছিয়া, মালয়েছিয়া, ফিলিপাইন, ছিংগাপুৰ আৰু থাইলেণ্ডে স্বাক্ষৰকৰা এখন ঘোষণাপত্র।

৫। কিমান চনত ARF প্রতিষ্ঠা হৈছিল।

উত্তৰঃ ১৯৯৪ চনত প্ৰতিষ্ঠা হৈছিল।

৬। শুদ্ধ নে অশুদ্ধ লিখা :

ভাৰত ASEAN ৰ এখন সদস্য হয়

উত্তৰঃ অশুদ্ধ।

৭। চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা কোন আছিল?

উত্তৰঃ মাওঁ চে টুং।

৮। মুক্ত দুৱাৰ পদ্ধতি মানে কি?

উত্তৰঃ চীন দেশৰ অৰ্থনৈতিক সংস্কাৰ আঁচনি।

৯। চাৰিটা আধুনিকীকৰণ বুলিলে কি বুজা?

উত্তৰঃ চাৰিটা আধুনিকীকৰণৰ মানে, আধুনিকীকৰণৰ চাৰিটা ক্ষেত্ৰ যেনেঃ কৃষি, উদ্যোগ, ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা আৰু বিজ্ঞান-প্রযুক্তি বিদ্যা।

১০। ৰাজীৱ গান্ধীয়ে কেতিয়া চীন ভ্রমণ কৰিছিল?

উত্তৰঃ ৰাজীৱ গান্ধীয়ে ১৯৮৮ চনত চীন ভ্ৰমণ কৰিছিল।

১১। কোন চনত একক বজাৰ সৃষ্টি কৰা হৈছিল ?

 উত্তৰঃ একক বজাৰ ১৯৯৩ চনত সৃষ্টি কৰা হৈছিল।

১২। কোন চনত ইউৰোপীয়ান পৰিষদ গঠন কৰা হৈছিল? 

উত্তৰঃ ইউৰোপীয়ান পৰিষদ ১৯৪৯ চনত স্থাপন কৰা হৈছিল।

১৩। কোন চনত এছিয়ান আঞ্চলিক ফ’ ৰাম গঠন কৰা হৈছিল? 

উত্তৰঃ ১৯৯৪ চনত এছিয়ান (ASEAN) আঞ্চলিক ফ’ৰাম গঠন হৈছিল।

১৪। চীন কেতিয়া বিশ্ব বাণিজ্য সংস্থাৰ সদস্য হৈছিল? 

উত্তৰঃ ২০০১ চনত চীন বিশ্ব বাণিজ্য সংস্থা (WTO) ৰ সদস্য হৈছিল।

 ১৫। Maastricht চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?

উত্তৰঃ মাচট্ৰিক চুক্তি ১৯৯২ চনত স্বাক্ষৰিত হৈছিল।

১৬। এছিয়ান কোন চনত গঠন হৈছিল ?

উত্তৰঃ ১৯৬৭ চনত এছিয়ান গঠন কৰা হৈছিল।

১৭। চীনৰ নিৱনুৱা সমস্যাৰ বিষয়ে এশাৰী লিখা। 

উত্তৰঃ অত্যাধিক জনসংখ্যা চীনত নিৱনুৱা সমস্যাৰ এক প্ৰধান কাৰক।

১৮। ১৯৫০ চনত তিবৰ্তৰ ৰাজনৈতিক আৰু ধৰ্মীয় নেতা কোন আছিল?

উত্তৰঃ দালাই লামা।

১৯। ১৯৭২ চনত চীনে কোনখন দেশৰ লগত দ্বিপাক্ষিত সম্পর্ক গঢ়ি তুলিছিল ? 

উত্তৰঃ ১৯৭২ চনত চীনে আমেৰিকাৰ সৈতে দ্বিপাক্ষিত সম্পর্ক গঢ়ি তুলিছিল।

২০। ____ইউৰোপীয় অর্থনৈতিক সহযোগিতা সংগঠন ____ চনত প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল।

উত্তৰঃ মাৰ্চাল আঁচনি, ১৯৪৮ ৷

২১। খালী ঠাই পূৰণ কৰাঃ ইউৰোপীয় সংঘৰ উমৈহতীয়া মুদ্ৰাৰ নাম______।

উত্তৰঃ ইউৰো।

২২। ১৯৯২ চনত কোনটো আঞ্চলিক সংগঠন গঠন কৰা হৈছিল? 

উত্তৰঃ ১৯৯২ চনত ইউৰোপীয়ান ইউনিয়ন গঠিত হৈছিল।

২৩। তলত দিয়া কোনে ‘মুক্ত দুবা’ৰ নীতি আৰম্ভ কৰিছিল? 

(a) চীন দেশ 

(b) ইউৰোপীয় সংঘ 

(c) জাপান 

(d) আমেৰিকা

উত্তৰঃ (a) চীন দেশ।

২৪। কোনখন দেশক বিশ্ব ক্ষমতাৰ তৃতীয় বিকল্প বুলি কোৱা হয়?

উত্তৰঃ চীন দেশক।

২৫। ভাৰত চীনদেশৰ যুদ্ধ কেতিয়া হৈছিল?

উত্তৰঃ ১৯৬২ চনত।

২৬। ইউৰোপীয় সংঘ কেতিয়া গঠন কৰা হৈছিল?

 উত্তৰঃ ১৯৯২।

২৭। ইউৰোপীয় সংঘই উমৈহতীয়া ভাবে কি মুদ্রা ব্যৱহাৰ কৰে? 

উত্তৰঃ ইউৰো।

২৮। ASEAN ৰ এটা উদ্দেশ্য লিখা।

উত্তৰঃ অর্থনৈতিক উন্নতিৰ প্রতি মনোনিবেশ কৰি সামাজিক আৰু সাংস্কৃতিক দিশত উন্নতি সাধন কৰা।

২৯। ভাৰত ASEANৰ সদস্য হয়নে?

উত্তৰঃ নহয়।

৩০। মাৰ্শ্বাল আঁচনি বুলিলে কি বুজা? 

উত্তৰঃ দ্বিতীয় মহাযুদ্ধৰ পিছত ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক গাঁঠনিটো পুনৰুজ্জীৱিত কৰাৰ আমেৰিকাই মাৰ্শ্বাল অধীনত যি পৰিকল্পনা কৰিছিল তাকেই “মার্শাল আঁচনি” বোলে।

৩১। ইউৰোপীয় সংঘৰ সদস্য সংখ্যা কিমান?

উত্তৰঃ ২৮ ঘন।

৩২। WHO ৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰঃ The World Trade Organisation.

৩৩। ‘ক্ষমতা বন্দুকৰ নলীৰ মাজেৰে আহে’—কথাষাৰ কোনে কৈছিল? 

উত্তৰঃ মাও-চে-টুং।

৩৪। ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হৈছিল?

উত্তৰঃ ছৰ্দ্দাৰ বল্লৱভাই পেটেল। 

৩৫। ইউৰোপীয় সংঘ কোন চনত স্থাপন হৈছিল?

উত্তৰঃ ১৯৯২ চনত।

(খ) চমু প্ৰশ্নৰ উত্তৰ লিখা : মূল্যাংক : ২ নম্বৰকৈ

১। ইউৰোপীয় সংঘৰ পৰা ৰাষ্ট্ৰ সংঘৰ নিৰাপত্তা পৰিষদত থকা স্থায়ী সদস্যবোৰৰ নাম লিখা।

উত্তৰঃ ফ্রান্স আৰু ইংলেণ্ড।

২। ASEANৰ উদ্দেশ্যসমূহ কি কি?

উত্তৰঃ (ক) সদস্য ৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰা।

(খ) অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক উন্নতি সাধন কৰা।

৩। শীতল যুদ্ধই ইউৰোপীয় সংহতিত অৰিহণা যোগোৱা বুলি ভাবানে? কেনেকৈ লিখা। 

উত্তৰঃ শীতল যুদ্ধই ইউৰোপীয় সংহতিত অৰিহণা যোগোৱা বুলি ভাবো। কাৰণ আমেৰিকাৰ মাৰ্ছেল পৰিকল্পনাই পশ্চিম ইউৰোপীয় ৰাষ্ট্ৰসমূহলৈ সাহায্য প্ৰদানৰ বাবে ইউৰোপীয় অর্থনৈতিক সহযোগিতাৰ সংগঠন প্রতিষ্ঠাত সহায় কৰিছিল।

৪। ইউৰোপীয় সংঘই বর্তমানে এক জাতি ৰাষ্ট্ৰ হিচাপে কাম কৰিবলৈ লৈছে বুলি তুমি ভাবানে? কাৰণ দর্শোৱা।

উত্তৰঃ ইউৰোপীয় সংঘই এক জাতি ৰাষ্ট্ৰ হিচাপে কাম কৰিবলৈ লৈছে বুলি ভাবিব পৰা নাযায়। ইউৰোপীয়ান সংঘ এক অধিৰাষ্ট্ৰীয় সংগঠনহে।

৫। ১৯৬২ চনৰ ভাৰত আৰু চীনৰ সীমা সংঘৰ্ষক _____ আৰু ______ অংশক লৈ সংঘটিত হৈছিল।

উত্তৰঃ অৰুণাচল আৰু আকচাই চীন।

৬। ভাৰতে FTAs ত স্বাক্ষৰ কৰা দুখন ASEAN সদস্য ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ ছিংগাপুৰ আৰু থাইলেণ্ড।

৭। আঞ্চলিক সংগঠন গঠন কৰাৰ কেইটামান উদ্দেশ্য লিখা। 

উত্তৰঃ 

  1. নিজৰ অঞ্চলৰ উন্নতিৰ হকে।
  2. অর্থনৈতিক, সামাজিক, সাংস্কৃতিক সমস্যা দূৰ কৰিবলৈ। 
  3. নিজ অঞ্চলৰ শান্তি আৰু নিৰাপত্তা অক্ষুণ্ণ ৰাখিবলৈ।

৮। ইউৰোপীয় সংঘ গঠনত অহিৰণা যোগোৱা দুটা কাৰণ লিখা।

উত্তৰঃ 

  1.  ১৯৪৫ চনত দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ পিছত, ইউৰোপখন অর্থনৈতিক ক্ষেত্ৰত দুৰ্বল হৈছিল। সেই কাৰণে তেওঁলোকে অর্থনৈতিক সাৱলীকৰণৰ বাবে সংগঠন এটা গঠন কৰিব বিচাৰিছিল।
  2. তেওঁলোকে সামৰিক ক্ষেত্ৰত শক্তিশালী হোৱাৰ বাবে।

৯। ইউৰোপীয়ান ইউনিয়নৰ দুজন সদস্যৰ নাম লিখা

উত্তৰঃ ডেনমার্ক আৰু চুইডেন। 

১০। এছিয়াৰ দুই মহাশক্তিৰ নাম লিখা।

উত্তৰঃ ভাৰত আৰু চীন।

১১। চীনৰ নতুন অর্থনৈতিক নীতিৰ দুটা দোষ উল্লেখ কৰা। 

উত্তৰঃ চীনৰ নব্য অর্থনৈতিক নীতিৰ দুটা দোষঃ

(ক) চীনৰ নব্য অর্থনৈতিক নীতিয়ে সকলো স্তৰৰ জনসাধাৰণক স্পৰ্শ কৰিবলৈ সক্ষম হোৱা নাই।

(খ) চীনত নিৱনুৱা সমস্যা বৃদ্ধি পাইছে।

১২। ১৯৯৫ চনত কোনখন দেশে ইৰোপীয়ান ইউনিয়নত যোগদান কৰিছিল?

উত্তৰঃ ১৯৯৫ চনত অষ্ট্ৰিয়া, ফিনলেণ্ড, চুইডেনে ইউৰোপীয়ান ইউনিয়নত যোগদান কৰিছিল।

১৩। ইউৰোপীয়ান ইউনিয়নৰ দুটা লক্ষ্য উল্লেখ কৰা?

উত্তৰঃ ইউৰোপীয়ান ইউনিয়নৰ দুটা লক্ষ্যঃ

  1. শান্তি আৰু সহযোগিতা বৃদ্ধি কৰা।
  2. অর্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক ঐক্য প্রতিষ্ঠা কৰা।

১৪। Mastricht চুক্তি মানে কি বুজা? 

উত্তৰঃ ১৯৯২ চনত মাচট্ৰিক চুক্তি স্বাক্ষৰিত হৈছিল। এই চুক্তিৰ ফলতেই ইউৰোপীয়ান ইউনিয়ন গঠনৰ পৰ্থ মুকলি কৰিছিল।

১৫। চীনৰ অৰ্থনৈতিক সংস্কাৰ আচঁনিয়ে প্রতিজন নাগৰিককে স্পর্শ কৰিবলৈ সক্ষম হৈছেনে?

উত্তৰঃ চীনৰ অৰ্থনৈতিক সংস্কাৰ আচঁনিয়ে প্রতিজন নাগৰিককে স্পর্শ কৰিবলৈ সক্ষম হোৱা নাই। কাৰণ চীনৰ বৰ্ধিত জনসংখ্যা পাৰিপাৰ্শ্বিক অৱক্ষয় আৰু দুৰ্নীতি।

১৬। ____পৰিকল্পনাই _____ চনত ইউৰোপীয় অর্থনৈতিক সহযোগিতা সংগঠন স্থাপনত প্ৰভাৱ বিস্তাৰ কৰিছিল?

উত্তৰঃ মাশ্বাল, ১৯৪৮।

১৭। ১৯৯২ চনত কোন আঞ্চলিক সংগঠন গঠিত হৈছিল?

উত্তৰঃ ১৯৯২ চনত ইউৰোপীয় সংঘ নামৰ এটা নতুন আঞ্চলিক অনুষ্ঠান গঠন হৈছিল।

১৮। মস্ত্রিখেট সন্ধিয়ে কি বুজায় ?

উত্তৰঃ ১৯৯২ চনৰ ফেব্ৰুৱাৰীত ইউৰোপৰ দেশবোৰে স্বাক্ষৰ কৰি ইউৰোপীয় সংঘ স্থাপন কৰে। এই সন্ধি অনুসৰি ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰসমূহে সমূহীয়া মুদ্ৰা ইউৰো প্ৰচলনৰ ব্যৱস্থা কৰিছিল।

১৯। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ কেইখনৰ নাম উল্লেখ কৰা। 

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, ফ্রান্স, ৰাছিয়া আৰু চীন দেশ।

২০। শীতল যুদ্ধই ইউৰোপীয় ঐক্য স্থাপনৰ সহায় কৰিছিল বুলি তুমি ভাবানে?

 উত্তৰঃ শীতল যুদ্ধই ইউৰোপৰ দেশসমূহৰ মাজত এক ধৰণৰ একত্ৰীকৰণ প্ৰক্ৰিয়া সূচনা হোৱাত অৰিহণা যোগাইছিল। শীতল যুদ্ধৰ সময়ত মার্কিন যুক্তৰাষ্ট্ৰই পশ্চিম ইউৰোপৰ দেশবোৰক একত্ৰিত কৰি এই সন্মিলিত সামৰিক শক্তি NATO গঢ়ি তুলিছিল। মার্শাল আঁচনিৰ অধীনত ১৯৪৮ চনত গঠন কৰা হ’ল ইউৰোপীয় অর্থনৈতিক সহযোগিতা সংস্থা। ইয়াৰ দ্বাৰা ইউৰোপৰ দেশবোৰ একত্ৰীকৰণ হয়।

২১। ইউৰোপীয় সংঘৰ অধীনৰ অনুষ্ঠানসমূহৰ নাম লিখা।

উত্তৰঃ ইউৰোপীয় সংঘৰ অনুষ্ঠানবোৰ হ’ল –

(ক) সংসদ, (খ) ইউৰোপীয় পৰিষদ, (গ) অর্থনৈতিক আৰু সামাজিক কমিটি।

২২। ভাৰতে FTA স্বাক্ষৰ কৰা দুখন ASEAN সদস্য ৰাষ্ট্ৰৰ নাম উল্লেখ কৰা।

উত্তৰঃ ছিংগাপুৰ আৰু থাইলেণ্ড।

(গ)  উত্তৰ লিখাঃ মূল্যাংক: ৪ নম্বৰকৈ

১। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপত কি প্ৰধান সমস্যাৰ উদ্ভৱ হৈছিল? 

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপৰ অৰ্থনৈতিক গাঁঠনিটো ভাঙি গৈছিল। ইউৰোপৰ ৰাষ্ট্ৰসমূহৰ মাজত অৰিয়াঅৰি বন্ধ কৰি এক নিৰ্দিষ্ট নীতি-নিয়মৰ ভিত্তিত আঃৰাষ্ট্ৰীয় সম্পর্ক। আৰু বুজা পৰা স্থাপনৰ প্ৰচেষ্টা হাতত লোৱা হৈছিল। জার্মানীক দ্বিখণ্ডিত কৰাত ইউৰোপত ঐক্য আৰু সহযোগিতা স্থাপনত বাধাৰ সৃষ্টি হৈছিল। তদুপৰি ইউৰোপত সাম্যবাদী ভাৱধাৰাৰ প্ৰসাৰণৰ ফলত আমেৰিকাই ইউৰোপত সক্রিয়ভাবে মনোনিে । কৰিছিল।

২। চীনৰ চাওঁ এনলাইয়ে প্রস্তাৱ কৰা চাৰিবিধ আধুনিকীকৰণৰ বিষয়ে উল্লেখ কৰা। 

উত্তৰঃ (ক) কৃষি

(খ) উদ্যোগ

(গ) বিজ্ঞান

(ঘ) সামৰিক

৩। অর্থনৈতিক স্থবিৰতা অৱসানৰ বাবে চীনে কি অর্থনৈতিক নীতি গ্ৰহণ কৰিছিল? আলোচনা কৰা।

উত্তৰঃ চীনৰ অৰ্থনীতিৰ যোৱা ৩০টা বছৰত সাংঘাতিক উন্নতি হৈছিল। কেন্দ্ৰীয়কৰণ আঁচনিৰ পৰিবৰ্ত্তে বজাৰকৰণ অৰ্থনীতিৰ প্ৰভাৱ বিস্তাৰ কৰাত ঘৰুৱা ক্ষেত্ৰ খনৰ বাণিজ্যই প্ৰভূত্ব বিস্তাৰ কৰে। আৰু ইয়ে বিশ্বায়ন অর্থনীতিৰ ক্ষেত্ৰতো ভূমিকা গ্ৰহণ কৰে। ১৯৪৯ চনত চীনত জনগণৰ গণতন্ত্র স্থাপন হোৱাৰ পাচত মাওঁৰ নেতৃত্বত চীনৰ অর্থনীতিয়ে এক বিপ্লব সূচনা কৰে। এই বিপ্লৱ ছোভিয়েটৰ আৰ্হিত প্রতিষ্ঠিত। এই অর্থনৈতিক ব্যৱস্থাই ধনতান্ত্রিক দেশসমূহৰ লগত কোনো সম্পৰ্ক ৰক্ষা কৰা নাছিল। এই অর্থনৈতিক ব্যৱস্থাই চীনৰ নিজৰ সম্পদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিছিল। এই পদ্ধতিয়ে দেশখনক গধুৰ উদ্যোগ ক্ষেত্ৰখন কৃষিক্ষেত্ৰ ৰ পৰা গঠিত হোৱা মূলধনৰ দ্বাৰা স্থাপন হোৱাত সহায় কৰিছিল। যিহেতু বৈদেশিক বিনিময় কম। আছিল মেয়ে চীনৰ ঘৰুৱা সামগ্ৰীৰ বিনিময়ত আমদানি কৰাৰ সিদ্ধান্ত লৈছিল। এই সিদ্ধান্ত বা পদ্ধতিয়ে চীনক এই সম্পদসমূহ ব্যৱহাৰ কৰি উদ্যোগীক অর্থনীতিৰ ক্ষেত্ৰখনৰ ভেটি নিৰ্মাণৰ সম্ভৱ কৰিছিল, যিটো অতীতত সম্ভৱ হোৱা নাছিল। অৱশ্যে এই পদক্ষেপ সন্তোষজনকভাবে ফলপ্রসূ হোৱা নাছিল। কাৰণ সেই অনুপাতে উৎপাদন বৃদ্ধি হোৱা নাছিল। ১৯৭২ চনত চীনে আমেৰিকাৰ লগত সম্পর্ক স্থাপন কৰে। ১৯৭৩ চনত কৃষি, উদ্যোগ, বিজ্ঞান, প্রযুক্তি আৰু সামৰিক ক্ষেত্ৰখন আধুনীকৰণ কৰে। ১৯৭৮ চনত ডেংজায়োপিঙে মুক্ত দুৱাৰ নীতি আৰু অর্থনৈতিক সংস্কাৰ ঘটাই উৎপাদক শক্তি বিনিয়োগৰ ক্ষেত্ৰত বৃদ্ধি কৰে আৰু মূলধন আৰু প্রযুক্তি বাহিৰৰ পৰা আমদানি কৰিছিল। ১৯৮২ চনত কৃষি ক্ষেত্ৰ খন ব্যক্তিগতকৰণ কৰে। এইদৰে চীনৰ অৰ্থনীতি দিনে দিনে উন্নতিৰ পথত অগ্ৰসৰ হয়।

৪। এছিয়ান ডিশ্যন ২০২০ ৰ উপাদানবোৰ কি কি?

উত্তৰঃ এছিয়ান বৰ্তমান এটা দৰকাৰী আঞ্চলিক সংগঠনলৈ গতি কৰি আছে। আছিয়ানৰ ২০২০ ৰ লক্ষ্য আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ ক্ষেত্ৰত ভূমিকা নিৰ্ধাৰিত কৰে। বৰ্তমান এছিয়ানব গতিত এই লক্ষ্যই উৎসাহিত কৰাৰ উপৰিও বিবাদ মীমাংসাত অৰিহণা যোগায়। সেয়েহে কম্বোডিয়ান বিবাদ ইষ্ট টিমৰ দুর্ভিক্ষ আদিৰ ক্ষেত্ৰত সমন্বয় স্থাপন কৰে।

৫। এছিয়ানত ভাৰতৰ মৰ্য্যাদা কি?

উত্তৰঃ ১৯৬৭ চনত দক্ষিণ পূৱ এচিয়াৰ পাঁচখন দেশক লৈ এছিয়ান আঞ্চলিক সংগঠনৰ প্ৰতিষ্ঠা হৈছিল। ভাৰতবৰ্ষই এছিয়ানৰ লক্ষ্য আৰু উদ্দেশক পূর্ণ সমর্থন কৰে। এছিয়ানৰ মূল লক্ষ্য আৰু উদ্দেশ্য হ’ল অর্থনৈতিক উন্নতিৰ জৰিয়তে সামাজিক আৰু সংস্কৃতিক উন্নতি সাধন কৰা। আইনৰ শাসন আৰু ৰাষ্ট্ৰসংঘৰ চনদৰ নীতিৰ ওপৰত ভিত্তি কৰি আঞ্চলিক শাস্তি আৰু সুস্থিৰতা সৃষ্টি কৰা।

৬। এছিয়ান আঞ্চলিক সংগঠনৰ সদস্যসকলৰ নম লিখা। 

উত্তৰঃ ইণ্ডোনেছিয়া, মালয়েছিয়া, ফিলিপাইনচ, চিংগাপুৰ আৰু থাইলেণ্ড।

৭।  ৰোম চুক্তি স্বাক্ষৰ কৰা ছয়খন দেশৰ নাম লিখা। 

উত্তৰঃ ফ্রান্স, পশ্চিম জার্মানী, ইটালী, বেলজিয়াম, নেদাৰলেণ্ড আৰু লুক্সেমবার্গ।

৮। ১৯৬৭ চনত প্ৰতিষ্ঠা কৰা এছিয়ানৰ পাঁচখন সদস্যৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ ইণ্ডোনেছিয়া, মালয়েছিয়া, ফিলিপাইনচ, ছিংগাপুৰ আৰু থাইলেণ্ড।

৯। এছিয়াৰ সম্প্ৰদায়ৰ উদ্দেশ্য আলোচনা কৰা। 

উত্তৰঃ ১৯৬৭ চনত দক্ষিণ-পূর্ব এছিয়াত ইণ্ডোনেছিয়া, মালয়েছিয়া, ফিলিপাইনচ, ছিংগাপুৰ আৰু থাইলেণ্ডৰ দ্বাৰা এছিয়ান (ASEAN) প্রতিষ্ঠা কৰা হৈছিল। এই দেশবোৰক এছিয়ানৰ স্তম্ভ বুলি কোৱা হয়। ইয়াৰ মূল উদ্দেশ্যসমূহ হ’লঃ

  1. সদস্য ৰাষ্ট্ৰবোৰৰ অৰ্থনৈতিক উন্নতি সাধন কৰা।
  2. অর্থনৈতিক উন্নতিৰ জৰিয়তে সামাজিক আৰু সাংস্কৃতিক উন্নতি সাধন কৰা । 
  3. আইনৰ নিয়ম আৰু ৰাষ্ট্ৰসংঘৰ চদনৰ নীতিৰ ওপৰত নিৰ্ভৰ কৰি আঞ্চলিক শান্তি আৰু সুস্থিৰতা সৃষ্টি কৰা ।
  4. আমেৰিকাৰ আধিপত্যৰ এটা ক্ষমতাৰ বিকল্প কেন্দ্ৰ স্থাপন কৰা।

১০। ইউৰোপীয়ান ইউনিয়নৰ সীমাবদ্ধতাসমূহ কি কি?

উত্তৰঃ প্ৰতিখন সদস্য ৰাষ্ট্ৰৰ সুকীয়া বৈদেশিকন নীতি আৰু প্ৰতিৰক্ষাৰ নীতি আছে। ফলত ইউৰোপীয়ান ইউনিয়নৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত এক ঐক্যমত গঠনৰ প্ৰত্যাহ্বানৰ সৃষ্টি হয়। তদুপৰি সদস্য ৰাষ্ট্ৰসমূহৰ মাজত ইউৰোপৰ ঐক্য স্থাপনৰ প্ৰতি সন্দেহ আৰু অবিশ্বাসৰ ভাৱ সৃষ্টি হৈছে।

১১। অর্থনৈতিক উত্থানে বিশ্বত এক তৃতীয় বিকল্প হিচাপে চীনক কেনেকৈ প্ৰতিষ্ঠা কৰিছে?

উত্তৰঃ ১৯৭৮ চনত চীনে ‘মুক্ত দ্বাৰ’ আঁচনি ঘোষণা কৰাৰ মূল কাৰণ হ’ল দেশৰ অৰ্থনৈতিক সংস্কাৰ সাধন। এই আঁচনিয়ে প্রযুক্তিবিদ্যাৰ কৌশলক উচ্চ পৰ্যায়লৈ নিয়মৰ বাবে জোৰ দিয়াৰ লগতে মূলধন জমা ৰাখি বেছি পৰিমাণৰ উৎপাদন কৰাৰ ওপৰত গুৰুত্ব দিছিল। ১৯৮২ চনত কৃষিখণ্ড ব্যক্তিগত খণ্ডলৈ ৰূপান্তৰিত হৈছিল। আকৌ ১৯৯৮ চনত উদ্যোগবিলাকো ভিগতকৰণ হৈছিল। বৈদেশিক জমাকাৰীবোৰক চীনত খণ্ড প্রতিষ্ঠা কৰিবৰ বাবে অনুমতি দিয়া হৈছিল। এইবোৰ কামৰ মাজেৰে চীনে অতি তাৎক্ষণিকভাবে অর্থনৈতিক ক্ষেত্ৰত বহুত ওপৰলৈ উন্নীত হৈছিল।

১২। এছিয়ান সম্প্রদায়ৰ গঠনৰ প্ৰচেষ্টাৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ আঞ্চলিক সংগঠন প্রতিষ্ঠাত ভৌগোলিক সাদৃশ্যই যথেষ্ট প্রভাৱ পেলায়। ভৌগোলিক সাদৃশ্যই অর্থনৈতিক সমন্বয় আৰু আন্তঃৰাষ্ট্ৰীয় বেহা-বেপাৰৰ ক্ষেত্ৰতো প্ৰেৰণা যোগায়। তেওঁলোকে ভৌগোলিক সীমাৰেখাৰ ভিতৰত কিছুমান সমূহীয়া বজাৰ আৰু সেৱাৰ কেন্দ্ৰ সৃষ্টি কৰিব পাৰে, যিয়ে সামাজিক আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত অঞ্চলটোক সহায় কৰে। এছিয়ান সম্প্ৰদায় গঠনৰ ক্ষেত্ৰত এইবোৰ কাৰকে উদগণি যোগাইছিল। গোষ্ঠী নিৰপেক্ষ আন্দোলনেও এইক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছিল। 

১৩। চীনৰ প্ৰৱল অর্থনৈতিক উত্থান সত্বেও কিছুমান প্রত্যাহবান অব্যাহত আছে সেইবোৰ কি কি ?

উত্তৰঃ চীনৰ অৰ্থনৈতিক বিকাশ ঘটা সত্বেও কিছুমান প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে। চীনৰ অৰ্থনৈতিক আঁচনিয়ে প্রতিজন নাগৰিককে স্পৰ্শ কৰিবলৈ সক্ষম হোৱা নাই। চীনৰ বৰ্ধিত জনসংখ্যা, পাৰিপাৰ্শ্বিক অৱক্ষয় আৰু দুৰ্নীতি ইয়াৰ প্ৰধান কাৰক হিচাবে চিহ্নিত হৈছে।

১৪। “আঞ্চলিক সংগঠনৰ কৰি ৰাষ্ট্ৰবোৰৰ মাজত শান্তি আৰু প্ৰগতি অটুট ৰাখিব পাৰি ”—ব্যাখ্যা কৰা।

উত্তৰঃ আঞ্চলিক সংগঠন গঠনৰ জৰিয়তে ৰাষ্ট্ৰসমূহে নিজৰ বিকাশৰ বাবে ঐক্যবদ্ধ প্রচেষ্টা

গ্ৰহণ কৰিবলৈ সক্ষম হয়। তেওঁলোকে নিজৰ দেশৰ অৰ্থনৈতিক, সামাজিক আৰু সংস্কৃতিক সমস্যা দূৰ কৰিবলৈ সামূহিক আঁচনি কার্যকৰী কৰিব পাৰে। ইয়াৰ উপৰিও নিজৰ নিজৰ দেশৰ শান্তি আৰু নিৰাপত্তা নিশ্চিত কৰিবলৈ সক্ষম হয়।

১৫। এছিয়ান সম্প্রদায় মানে কি ? ইয়াৰ মূল উদ্দেশ্যসমূহ আলোচনা কৰা। 

উত্তৰঃ ১৯৬৭ চনত দক্ষিণ এচিয়া, ইণ্ডোনেছিয়া, মালয়েছিয়া, ফিলিপাইনচ, চিংগাপুৰ আৰু থাইলেণ্ডৰ দ্বাৰা এছিয়ান প্রতিষ্ঠা হৈছিল। এই দেশবোৰক এছিয়ানৰ স্তম্ভ বুলি কোৱা হয়।

ইয়াৰ মূল উদ্দেশ্যসমূহ হ’ল :

  1. সদস্য ৰাষ্ট্ৰবোৰৰ অৰ্থনৈতিক উন্নতি সাধন কৰা।
  2. অর্থনৈতিক উন্নতিৰ জৰিয়তে সামাজিক আৰু সাংস্কৃতিক উন্নতি সাধন কৰা। 
  3. আইনৰ নিয়ম আৰু ৰাষ্ট্ৰসংঘৰ চন্দৰ নীতিৰ ওপৰত নিৰ্ভৰ কৰি আঞ্চলিক শান্তি আৰু সুস্থিৰতাৰ সৃষ্টি কৰা।
  4.  সৈনিকবিলাকৰ মাজত সামৰিক অনুপ্ৰেৰণা বুজি কৰা।
  5. আমেৰিকাৰ আধিপত্যতাৰ এটা ক্ষমতাৰ বিকল্পীয় কেন্দ্র স্থাপন কৰা।

১৬। ইউৰোপীয়ান ইউনিয়নৰ ৰাজনৈতিক আৰু কূটনৈতিক প্রভাবসমূহ লিখা। 

উত্তৰঃ ইউৰোপীয়ান ইউনিয়নৰ ৰাজনৈতিক আৰু কূটনৈতিক বিষয়ত যথেষ্ট প্রভাব লক্ষ্য কৰা দেখা গৈছে। ইউৰোপীয়ান ইউনিয়নৰ দুখন সদস্য ৰাষ্ট্ৰ যেনেঃ গ্রেট বৃটেইন আৰু ফ্রান্স ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদৰ সন্মানীয় আৰু স্থায়ী সদস্য। ফলত ইউৰোপীয়ান ইউনিয়নে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক আৰু ৰাজনৈতিক বিষয়ত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে।

১৭। চীন আৰু ভাৰতৰ মাজৰ সম্পৰ্ক উন্নত কৰাৰ বাবে পৰামৰ্শ আগবঢ়োৱা। 

উত্তৰঃ ১৯৯৮ চনত ভাৰতে চলোৱা পাৰমাণৱিক পৰীক্ষাক মাজে সময়ে চীনৰ পৰা অহা ভাবুকিৰ পৰিপ্ৰেক্ষিতত কৰা হোৱা বুলি প্ৰতিপন্ন কৰিলেও, ইয়াৰ দ্বাৰা অধিক পাৰস্পৰিক যোগাযোগত বাধা জন্মা নাছিল। এই কথা সত্য যে পাকিস্তানৰ পাৰমাণৱিক কাৰ্যসূচী গঢ় দিয়াত চীনে অৰিহণা যোগোৱা পৰিলক্ষিত হৈছিল। বাংলাদেশ আৰু ম্যানমাৰৰ লগত থকা চীনৰ সামৰিক সম্পৰ্কক দক্ষিণ এছিয়াত ভাৰতৰ স্বাৰ্থৰ বিৰোধী বুলি গণ্য কৰা হৈছিল। কিন্তু এই বিষয়সমূহে দেশ দুখনক সংঘাতলৈ পৰিচালিত কৰিব পৰা নাছিল। ইয়াৰ এটা প্ৰমাণ হৈছে যে সীমাৰ প্ৰশ্ন সমাধান কৰিবলৈ হোৱা আলোচনাৰ কোনো ব্যাঘাত নোহোৱাকৈ চলি আছিল আৰু সামৰিক সহযোগিতা বৃদ্ধি পাই আহিছে। ভাৰত আৰু চীনৰ নেতা আৰু বিষয়াসকলৰ বেইজিং আৰু নতুন দিল্লীৰ ভ্ৰমণ অধিক সঘনে হৈছিল আৰু দুয়োখন দেশ ইখনে সিখনৰ লগত অধিক ঘনিষ্ঠ হৈছিল। পৰিবহন আৰু যোগাযোগৰ যোগসূত্ৰবোৰ, উমৈহতীয়া অর্থনৈতিক স্বাৰ্থ আৰু সমগ্ৰ পৃথিৱীৰ স্বাৰ্থৰ বাবে থকা উৎকণ্ঠাই পৃথিৱীৰ ভিতৰতে দুখন জনবহুল ৰাষ্ট্ৰৰ মাজত অধিক ইতিবাচক আৰু গভীৰ সম্পৰ্ক স্থাপন কৰাত সহায় কৰা উচিত।

১৮। তুমি ভাবানে যে অর্থনৈতিক সংস্কাৰে চীনৰ প্ৰতিজনকে স্পৰ্শ কৰিছে? কাৰণ দৰ্শোৱা। 

উত্তৰঃ যদিওৱা চীনে এক বৃহৎ অর্থনৈতিক শক্তি হিচাপে পৰিগণিত হৈছে তথাপি চীনৰ অর্থনৈতিক সংস্কাৰৰ সোৱাদে সকলোকে স্পর্শ কৰিব পৰা নাই। নিবনুৱা সমস্যাই বর্তমানেও চীনত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ১০০ মিলিয়নৰো অধিক লোকে সংস্থাপনৰ বাবে বাট চাই আছে। ১৮ শ আৰু ১৯শ শতিকাৰ ইউৰোপৰ দৰে মহিলাসকলৰ নিযুক্তি আৰু কাম কৰাৰ পৰিৱেশ নিকৃষ্ট মানদণ্ডৰ আছিল। গ্ৰাম্য আৰু নগৰীয়া বাসিন্দাসকলৰ মাজৰ অৰ্থনৈতিক অসমতাৰ লগতে পৰিৱেশীয় অৱনতি আৰু দুৰ্নীতিৰ প্ৰয়োভৰ চীনত বিপুল হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান প্ৰশ্নোত্তৰ

Sl. No.সূচী-পত্ৰ
Unit 1প্ৰথম খণ্ড
Chapter 1শীতল যুদ্ধৰ যুগ
Chapter 2দ্বি ৰাষ্ট্ৰবাদৰ অৱসান
Chapter 3 আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য
Chapter 4ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ
Chapter 5সাম্প্রতিক দক্ষিণ এছিয়া
Chapter 6আন্তর্জাতিক সংগঠন
Chapter 7সাম্প্রতিক বিশ্বত নিৰাপত্তা
Chapter 8পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ
Chapter 9বিশ্বায়ন
Unit 2দ্বিতীয় খণ্ড
Chapter 1জাতি গঠনৰ প্ৰত্যাহ্বান
Chapter 2এক দলীয় প্রাধান্যৰ যুগ
Chapter 3পৰিকল্পিত বিকাশৰ ৰাজনীতি
Chapter 4ভাৰতৰ বৈদেশিক সম্বন্ধ
Chapter 5কংগ্রেছ ব্যৱস্থাৰ প্রতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্রতিষ্ঠা
Chapter 6গণতন্ত্রৰ সংকট
Chapter 7গণ আন্দোলনৰ অভ্যুত্থান
Chapter 8আঞ্চলিক আকাংক্ষাবোৰ
Chapter 9ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ

১৯। গোলকীয় স্তৰত চীনা অর্থনীতিক স্বীকৃতি প্রদান কৰা সহায়কাৰী উপাদানবোৰ লিখা। 

উত্তৰঃ চীনে এক বজাৰ অৰ্থনীতি সূচনা কৰিবৰ বাবে নিজস্ব পথ গ্ৰহণ কৰিছে। চীনে ইয়াৰ নীতিত আঘাত প্ৰতিকাৰৰ ইয়াৰ অৰ্থনীতিক পদে পদে মুক্ত কৰি তুলিছে। ১৯৮২ আৰু ১৯৯৮ চনত ক্ৰমে কৃষি আৰু ঔদ্যোগিক খণ্ডক ব্যক্তিগতক্ৰম কৰি তোলা হৈছিল। বিশেষ অর্থনৈতিক অঞ্চলসমূহত বাণিজ্যিক বাধাসমূহ নিৰাময় কৰি বৈদেশিক বিনিয়োগকাৰী সকলক বিনিয়োগৰ সুযোগ দিয়া হৈছিল। চীনত ৰাষ্ট্ৰখনে এক বজাৰ অর্থনীতি প্রতিষ্ঠাৰ ক্ষেত্ৰত অবিৰতভাৱে এককেন্দ্ৰীয় ভূমিকা পালন কৰি আহিছে।

চীনা অর্থনীতিক স্থবিৰতাৰ পৰা মুক্ত হোৱাত নতুন অর্থনৈতিক নীতিসমূহে বিশেষভাবে সহায় কৰিছিল। কৃষিজাত উৎপাদন আৰু গ্ৰাম্য উপার্জন বৃদ্ধিৰ ক্ষেত্ৰত কৃষিৰ ব্যক্তিগতকৰণে এক বিশেষ ভূমিকা গ্ৰহণ কৰিছিল।

২০। “ইউৰোপীয় সংঘ হ’ল এটা অর্থনৈতিক সংঘতকৈ অধিক একজাতি ৰাষ্ট্ৰহে” যুক্তিযুক্ততা প্রতিপন্ন কৰা।

উত্তৰঃ “ইউৰোপীয় সংঘ” স্থাপন হোৱাৰ পৰাই ই এটা উৎকৃষ্ট আঞ্চলিক সংগঠন হিচাপে প্রয়োজনীয় ভূমিকা গ্ৰহণ কৰি আহিছে। আন্তৰাষ্ট্ৰীয় ক্ষেত্ৰ খন ই অর্থনৈতিক, ৰাজনৈতিক, সামৰিক আদি বিভিন্ন দিশত অগ্রণী ভূমিকা গ্ৰহণ কৰিছে। এইটো তলৰ কথাখিনিৰ পৰা স্পষ্ট হৈছে।

(ক) অর্থনৈতিক দিশৰ পৰা : ২০০৫ চনত ১২ বিলিয়ন ডলাৰতকৈ অধিক মুঠ ঘৰুৱা উৎপাদনৰ দ্বাৰা ইউৰোপীয় সংঘই পৃথিৱীৰ বৃহত্তম অর্থনীতি হিচাপে পৰিগণিত হৈছিল, যিটো আমেৰিকাতকৈ কিছু পৰিমাণে বেছি আছিল। সেইয়ে ইউৰোপীয়ান সংঘ আমেৰিকাক প্ৰত্যাহ্বান দিব পাৰিছিল।

(খ) ৰাজনৈতিক আৰু ৰাজকীয় মন্ত্ৰণা বিষয়ক : ইউৰোপীয়ান সংঘৰ ৰাজনৈতিক আৰু ৰাজকীয় মন্ত্রণা বিষয়ত যথেষ্ঠ প্ৰভাৱ আছে। ইয়াৰ দুখন সদস্য ৰাষ্ট্ৰ যেনে বৃটেইন আৰু ফ্ৰান্স ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য। ইউৰোপীয়ান সংঘৰ নিৰাপত্তা পৰিষদৰ বিভিন্ন সদস্য অস্থায়ী হিচাপে আছিল।

(গ) ইউৰোপীয়ান সংঘৰ সামৰিক প্ৰভাৱ : ইউৰোপীয়ান সংঘৰ সামৰিক শক্তিয়ে বিশ্বত দ্বিতীয় শ্রেষ্ঠ স্থান অধিকাৰ কৰিছে। ই আমেৰিকাৰ পাচতে সর্বোচ্চ পৰিমাণৰ ধন সামৰিক ক্ষেত্ৰত খৰচ কৰে। বৃটেইন আৰু ফ্ৰান্সৰ এই দুই সদস্য ৰাষ্ট্ৰই পৰিমাণৱিক শক্তিৰ ক্ষেত্ৰত বৃহৎ ভাণ্ডাৰ থকা দেশ। মহাকাশ আৰু যোগাযোগ প্রযুক্তিৰ ক্ষেত্ৰত ই বিশ্বৰ দ্বিতীয় বৃহত্তৰ উৎসৰূপে পৰিগণিত হৈছে।

২১। ইউৰোপীয় সংঘৰ দক্ষতা সীমিত কৰা বৈষম্যবোৰ কি কি ?

উত্তৰঃ ইউৰোপীয় সংঘৰ দক্ষতা সীমিত কৰা বৈষম্যবোৰ হ’ল– 

(ক) এক অতি ৰাষ্ট্ৰীয় সংগঠন হিচাপে ইউৰোপীয় ইউনিয়নে অর্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক ক্ষেত্রসমূহত হস্তক্ষেপ কৰিবলৈ সক্ষম হৈছে। কিন্তু বহু ক্ষেত্ৰত ইউনিয়নৰ সদস্য ৰাষ্ট্ৰবিলাকৰ নিজা বৈদেশিক সম্পর্ক আৰু প্ৰতিৰক্ষা নীতি আৰু যিবিলাক আনৰ লগত অমিল। উদাহৰণস্বৰূপে, ইৰাক আক্ৰমণৰ সময়ত বৃটেইনৰ প্ৰধানমন্ত্ৰী টনি ব্ৰেয়াৰ আমেৰিকাৰ অংশীদাৰ আৰু ইউৰোপীয় ইউনিয়নৰ বহু নতুন সদস্যই ইচ্ছা প্ৰকাশ কৰিছিল ঠিক সেই সময়তে জার্মানী আৰু ফ্রান্সে আমেৰিকাৰ নীতিক বিৰোধীতা কৰিছিল।

(খ) ইউৰোপীয় ইউয়িনৰ একত্ৰীকৰণৰ কাৰ্যসূচীৰ ক্ষেত্ৰত ইউৰোপৰ বহু অংশত ইউৰোপ বিৰোধী ব্যৱস্থা দেখিবলৈ পোৱা গৈছিল। উদাহৰণস্বৰূপে ইংলেণ্ডৰ পূৰ্বৰ প্ৰধানমন্ত্রী মার্গাৰেট থেচাৰে ইংলেণ্ডক ইউৰোপীয় বজাৰৰ পৰা আঁতৰত ৰাখিছিল। ইয়ে ইউৰোপীয় ইউনিয়নক বৈদেশিক সম্পৰ্ক আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত সীমাবদ্ধতা আৰোপ কৰিছিল।

২২। ভৌগলিক সন্নিকটে আঞ্চলিক সংগঠনৰ গঠনক প্রভাবিত কৰে কিদৰে? 

উত্তৰঃ আঞ্চলিক সংগঠন প্রতিষ্ঠাত ভৌগোলিক সাদৃশ্যই যথেষ্ট প্রভাৱ পেলায়। বেছিভাগ মানুহেই এটা নির্দিষ্ট সীমাত বাস কৰে য’ত একে ধৰ্ম, ভাষা, ৰীতি-নীতি, পৰম্পৰা আৰু সংস্কৃতিয়ে বিৰাজ কৰে যিয়ে মানুহৰ মাজত একতাৰ ভাবৰ সৃষ্টি কৰে।

ভৌগোলিক সাদৃশ্যই অর্থনৈতিক সমন্বয় আৰু আন্তঃৰাষ্ট্ৰীয় বেহা-বেপাৰৰ ক্ষেত্ৰতো প্ৰেৰণা যোগায়। এই সমূহে প্ৰতিৰক্ষামূলক কিছুমান জাতি গঠন কৰে, যাৰ জৰিয়তে সদস্য দেশসমূহে তেওঁলোকৰ মাজত অস্ত্র-শস্ত্ৰৰ বিবাদৰ পৰিৱৰ্তে পাৰস্পৰিক বুজা-মেলাৰ দিশত উন্নতি সাধন কৰিব পাৰে। তাৰোপৰি তেওঁলোকে ভৌগোলিক সীমাৰেখাৰ ভিতৰত কিছুমান সমূহীয়া বজাৰ আৰু দ্ৰৱ্য্য সৃষ্টি কৰিব পাৰে, যি সামাজিক আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত অঞ্চলটোক সহায় কৰে। এনেকৈ কিছুমান সংগঠন গঠন কৰি সদস্য ৰাষ্ট্ৰবোৰে শান্তি, সহযোগিতাৰ সৃষ্টি কৰাৰ লগতে ইখন ৰাষ্ট্ৰই সিখন ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বক সন্মান কৰে।

২৩। বৰ্তমানৰ চীনা অর্থনীতি কিদৰে ব্যৱহাৰিক অর্থনীতিৰ পৰা পৃথক? 

উত্তৰঃ চীনৰ অৰ্থনীতিৰ যোৱা ৩০টা বছৰত সাংঘাতিক উন্নতি হৈছিল। কেন্দ্ৰীয়কৰণ আঁচনিৰ পৰিৱৰ্তে বজাৰকৰণ অৰ্থনীতিৰ প্ৰভাৱ বিস্তাৰ কৰাত ঘৰুৱা ক্ষেত্ৰখনৰ বাণিজ্যই প্রভুত্ব বিস্তাৰ কৰে। আৰু ইয়ে বিশ্বায়ন অৰ্থনীতিৰ ক্ষেত্ৰতো ভূমিকা গ্ৰহণ কৰে। ১৯৪৯ চনত চীনত জনগণৰ গণতন্ত্র স্থাপন হোৱাৰ পাচত মাওঁৰ নেতৃত্বত চীনৰ অৰ্থনীতিয়ে এক বিপ্লৱ সূচনা কৰে। এই বিপ্লৱ ছোভিয়েটৰ আৰ্হিত প্রতিষ্ঠিত। এই অর্থনৈতিক ব্যৱস্থাই ধনতান্ত্রিক দেশসমূহৰ লগত কোনো সম্পৰ্ক ৰক্ষা কৰা নাছিল। এই অর্থনৈতিক ব্যৱস্থাই চীনৰ নিজৰ সম্পদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিছিল। ১৯৭৮ চনত ডেংজায়োপিঙে মুক্ত দুৱাৰ নীতি আৰু অৰ্থনৈতিক সংস্কাৰ ঘটাই উৎপাদক শক্তি বিনিয়োগৰ ক্ষেত্ৰত বৃদ্ধি কৰে আৰু মূলধন আৰু প্ৰযুক্তি বাহিৰৰ পৰা আমদানি কৰিছিল। ১৯৮২ চনত কৃষি ক্ষেত্ৰখন ব্যক্তিগতকৰণ কৰে। এইদৰে চীনৰ অর্থনীতি দিনে দিনে উন্নতিৰ পথত অগ্ৰসৰ হয় ।

২৪। “সময়ৰ লগে লগে ইউৰোপীয় সংঘ এটা অর্থনৈতিক সংঘৰ পৰা এক বর্ধিত ৰাজনৈতিক সংঘলৈ বিকশিত উঠিছে— ব্যাখ্যা কৰা।

উত্তৰঃ ইউৰোপীয় সংঘ যদিও প্রথম অৱস্থাত কেৱল অর্থনৈতিক দিশত প্ৰবেশ কৰিছিল। কিন্তু সময়ত ই ৰাজনৈতিক প্রেক্ষাপটতো প্রবেশ কৰি “জাতি ৰাষ্ট্ৰ”ৰ দৰে কাৰ্যকলাপ আৰম্ভ কৰিছে। ইয়াৰ নিজস্ব পতাকা, জাতীয় সংগীত আৰু মুদ্ৰা আছে। তদুপৰি ইউৰোপীয় সংখ্যাই ইয়াৰ ক্ষেত্ৰ বৃদ্ধি কৰাৰ বাবে নতুন সদস্য ৰাষ্ট্ৰৰ অনুসন্ধানৰ নাম পৰিছে, বিশেষকৈ ছোভিয়েট ইউনিয়নৰ ভাঙনৰ পিছত নতুনকৈ স্বাধীন ৰাষ্ট্ৰসমূহক অন্তৰ্ভুক্ত কৰাৰ বাবে ই ইচ্ছুক।

২৫। তুমি ভাবানে যে অর্থনৈতিক সংস্কাৰে চীনৰ প্ৰতিজনকে স্পৰ্শ কৰিছে? কাৰণ দর্শোৱা। 

উত্তৰঃ চীন গণ প্রজাতন্ত্রই গ্ৰহণ কৰা উদ্যোগিক নীতি আৰু সম্পদৰাজি উদ্ঘাটনৰ প্ৰচেষ্টাই চীনক ঔদ্যোগিক অর্থনীতি প্রতিষ্ঠা কৰাত সহায় কৰিছিল। চীনৰ প্ৰতিজন নাগৰিকক কৰ্ম সংস্থাপনৰ আৰু সামাজিক কল্যাণৰ নিশ্চয়তা প্ৰদান কৰা হৈছিল আৰু চীনে উন্নয়নশীল ৰাষ্ট্ৰৰ সৈতে ফেৰ মৰাকৈ ইয়াৰ নাগৰিকক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰাত আৰু উপযুক্ত স্বাস্থ্যৰ ব্যৱস্থা কৰাত সক্ষম হৈছিল। চীনে প্ৰৱৰ্তন কৰা নতুন অর্থনৈতিক নীতিয়ে চীনত যি অর্থনৈতিক মন্দা অৱস্থাৰ সৃষ্টি হৈছিল তাক উপশম কৰাত সক্ষম হৈছিল। চীনে কৃষিখণ্ডক ব্যক্তিগতকরণ কৰাৰ ফলত ইয়াৰ উৎপাদন অভাবনীয়ভাবে বৃদ্ধি পাইছিল আৰু গাঁৱৰ মানুহৰ আৰ্থিক অৱস্থা টনকীয়াল হৈছিল, ইয়াৰ লগতে উন্নতি হৈছিল গাঁৱলীয়া উদ্যোগবোৰৰ।

২৬। চীনা ৰাষ্ট্ৰপতি জিনটাও চনৰ ২০০৬ নবেম্বৰৰ ভাৰতলৈ আহিছিল?

উত্তৰঃ তেখেতৰ ভ্ৰমণকাল স্বাক্ষৰ হোৱা চুক্তিবোৰ হ’ল – 

(ক) দুয়োখন দেশৰ অতদিনে বিবাদ হৈ থকা সীমান্ত অঞ্চলৰ কাজিয়া সমাধানৰ চুক্তি স্বাক্ষৰ কৰে।

(খ) ২০০৬ চনত দুয়োখন দেশে মুক্ত বাণিজ্য নীতিত স্বাক্ষৰ কৰে। 

(গ)দুয়োখন দেশে ছিকিমৰ “নাথুলা পাছ”ক দুয়োখন দেশৰ সীমান্ত অঞ্চল হিচাপে মানি নলয়। 

(ঘ) ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ ওপৰত চুক্তি স্বাক্ষৰিত হয়।

২৭। চীনা অর্থনীতিৰ উত্থান বিশ্বশক্তিৰ প্ৰতি তৃতীয় বিকল্প হৈ পৰিছিল কিদৰে? 

উত্তৰঃ বৰ্তমান সময়ত চীনৰ অৰ্থনীতিয়ে বিশ্ব অর্থনীতিত অতি গুরুত্বপূর্ণ স্থান দখল কৰিবলৈ সক্ষম হৈছে। চীনত উৎপাদিত পণ্যই পৃথিৱীৰ বজাৰত যথেষ্ট গুৰুত্ব লাভ কৰিছে। চীনৰ অৰ্থনীতিৰ এনে উত্থানে বিশ্বত আধিপত্য লাভ কৰি থকা মার্কিন অর্থনীতিকো প্রত্যাহ্বান জনাবলৈ সক্ষম হৈছে। কেৱল যে অর্থনৈতিক ক্ষেত্ৰতেই চীনৰ উন্নতি হৈছে তেনে নহয়। প্ৰযুক্তিৰ ক্ষেত্ৰত চীনে বিশেষভাবে চমক দেখুৱালৈ সক্ষম হৈছে। চীনৰ অৰ্থনৈতিক অগ্ৰগতিৰ প্ৰতি লক্ষ্য কৰিলে ই ২০৪০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰকো চেৰ পেলাবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰিব পাৰে। গতিকে চীনৰ অৰ্থনৈতিক উত্থানে বিশ্বশক্তিৰ তৃতীয় বিকল্প বুলি ক’ব পাৰি।

২৮। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপত দেখা দিয়া প্রধান প্ৰত্যাহ্বানবোৰ কি কি? 

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তিৰ পিছত ইউৰোপীয় ৰাষ্ট্ৰসংঘসমূহৰ অৰ্থনৈতিক গাঁথনিটো একবাৰে ভাগি পৰিছিল। সেয়েহে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত ইউৰোপীয় দেশসমূহৰ মাজত দেখা দিয়া শত্ৰুতাৰ ভাব পৰিহাৰ কৰি এই দেশসমূহে আন্তর্জাতিক সহযোগিতাৰ পোষকতা কৰিছিল।

১৯৪৫ চনৰ পিছত ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ মাজত সংহতি অনাৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰই আৰু ছোভিয়েট ইউনিয়নৰ মাজত বিৰাজ কৰা শীতল যুদ্ধই ইন্ধন যোগাইছিল। আমেৰিকা যুক্তৰাষ্ট্ৰই “মার্শাল পৰিকল্পনা”ৰ জৰিয়তে ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক গাঁথনিটো পুনৰুজ্জীৱিত কৰাত বিশেষ সহায় কৰিছিল। তদুপৰি আমেৰিকা যুক্তৰাষ্টই NATO ৰ অধীনত ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ বাবে নতুন সমূহীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছিল। পশ্চিম ইউৰোপীয় ৰাষ্ট্ৰসমূহক সহায় ক’ৰ উদ্দেশ্যে মার্শাল পৰিকল্পনাৰ অধীনত ১৯৪৮ চনত ইউৰোপীয় অর্থনৈতিক সহযোগী সংগঠন স্থাপন কৰিছিল। ইয়াৰ জৰিয়তে পশ্চিমীয়া ইউৰোপীয় ৰাষ্ট্ৰসমূহে বাণিজ্য আৰু অৰ্থনৈতিক ক্ষেত্ৰত সহযোগিতা কৰিছিল। একেদৰে ৰাজনৈতিক সহযোগিতাৰ বাবে

১৯৪৯ চনত ইউৰোপীয় পৰিষদ স্থাপন কৰিছিল। ইয়াৰ ফলত ইউৰোপীয় পুঁজিবাদী ৰাষ্ট্ৰসমূহৰ মাজত অর্থনৈতিক সহযোগিতা আৰম্ভ হৈছিল আৰু ১৯৫৭ চনত ইউৰোপীয় অর্থনৈতিক গোষ্ঠী স্থাপন হৈছিল। এই পদ্ধতিৰ জৰিয়তে ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ মাজত ইউৰোপীয় সংসদ স্থাপন হৈছিল।

২৯। পঞ্চশীল বুলিলে কি বুজা?

উত্তৰঃ ১৯৫৪ চনৰ ২৯ এপ্ৰিলত ভাৰতৰ প্ৰধানমন্ত্রী নেহৰু আৰু চীনৰ মুৰব্বী চৌ এন লায়ে

দুয়োখন দেশৰ সম্পৰ্কৰ বাবে যুটীয়াভাবে পাঁচটা নীতি ঘোষণা কৰে। ইয়াকে পঞ্চশীল নীতি বোলা হয়। পঞ্চশীল নীতিকেইটা হ’ল।

(ক) অইন ৰাষ্ট্ৰৰ ভৌগোলিক অখণ্ডতা আৰু সার্বভৌমত্বৰ প্ৰতি পাৰস্পৰিক শ্রদ্ধা প্রদর্শন কৰিব।

(খ) পাৰস্পৰিক অনাক্রমণ।

(গ) অইন ৰাষ্ট্ৰৰ আভ্যন্তরীণ বিষয়ত হস্তক্ষেপ নকৰা।

(ঘ) সমতা আৰু পাৰস্পৰিক সুবিধা।

(ঙ) শান্তিপূর্ণ সহাৱস্থান।

৩০। ASEAN ৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ কি কি ? 

উত্তৰঃ ASEAN ৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ হ’ল –

  1. সদস্য ৰাষ্ট্ৰবিলাকৰ অর্থনৈতিক উন্নয়ন দ্রুতগামী কৰা।
  2. উমৈহতীয়া আঁচনিৰ জৰিয়তে আঞ্চলিক, সামাজিক আৰু সাংস্কৃতিক বিকাশ সাধন কৰা।
  3. বৃহৎশক্তিৰ প্ৰতিযোগিতাৰ বিৰুদ্ধে অঞ্চলটোৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সুস্থিৰতাক ৰক্ষণাবেক্ষণ দিয়া।
  4. দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰবিলাকৰ মাজত সামূহিক আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰাৰ চেষ্টা অটুট ৰখা
  5. অন্যান্য উন্নয়নশীল দেশৰ লগত সহযোগিতা শক্তিশালী কৰাৰ ব্যৱস্থা কৰা।

(ঘ) দীঘল প্রশ্নোত্তৰ উত্তৰ লিখাঃ মূল্যাংক: ৬ নম্বৰকৈ

১। ক্ষমতাৰ তিনিটা প্ৰধান বিকল্প ন্দ্ৰৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ ক্ষমতাৰ তিনিটা প্রধান বিকল্প কেন্দ্ৰ হ’ল: ইউৰোপীয়ান সংঘ, আছিয়ান সম্প্রদায় আৰু চীন।

ইউৰোপীয় সংঘ স্থাপন হোৱাৰ পৰাই ই এটা উৎকৃষ্ট আঞ্চলিক সংগঠন হিচাপে প্রয়োজনীয়

ভূমিকা গ্ৰহণ কৰি আহিছে। আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত ইয়ে অর্থনৈতিক, ৰাজনৈতিক, সামৰিক আদি বিভিন্ন দিশত অগ্রণী ভূমিকা গ্ৰহণ কৰিছে। 

আছিয়ান বৰ্তমান এটা দৰকাৰী আঞ্চলিক সংগঠনলৈ গতি কৰি আছে। আছিয়ানৰ ২০২০ ৰ লক্ষ্য আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত ভূমিকা নিৰ্ণয় কৰি আহিছে।

চীন বর্তমান এক শক্তিশালী অর্থনৈতিক আৰু সামৰিক শক্তিত পৰিণত হৈছে। ১৯৪৯ চনত চীনত জনগণৰ গণতন্ত্র স্থাপন হোৱাৰে পৰা মাওঁ ছে টুঙৰ ৰ নেতৃত্বত সাম্যবাদী চীনত এক অর্থনৈতিক আৰু সাংস্কৃতিক বিপ্লৱৰ সূচনা হৈছে।

২। “ইউৰোপীয় সংঘই অর্থনৈতিক সংঘৰ পৰা ৰাজনৈতিক সংঘলৈ অগ্ৰসৰ হৈছে।” বহলাই আলোচনা কৰা।

                 অথবা

“ইউৰোপীয়ান ইউনিয়নক অর্থনৈতিক সংঘতকৈ এক অতি ৰাষ্ট্ৰীয় সংঘ বুলিহে ক’ব পাৰি” —যুক্তি দি প্ৰতিপন্ন কৰা।

উত্তৰঃ “ইউৰোপীয় সংঘ” স্থাপন হোৱাৰ পৰাই ই এটা উৎকৃষ্ট আঞ্চলিক সংগঠন হিচাপে

প্রয়োজনীয় ভূমিকা গ্রহণ কৰি আহিছে। আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰ খন ই অর্থনৈতিক, ৰাজনৈতিক, সামৰিক আদি বিভিন্ন দিশত অগ্রণী ভূমিকা গ্ৰহণ কৰিছে। এইটো তলৰ কথাখিনিৰ পৰা স্পষ্ট হৈছে।

(ক) অর্থনৈতিক দিশৰ পৰাঃ ২০০৫ চনত ১২ বিলিয়ন ডলাৰতকৈ অধিক মুঠ ঘৰুৱা উৎপাদনৰ দ্বাৰা ইউৰোপীয় সংঘই পৃথিৱীৰ বৃহত্তম অর্থনীতি হিচাপে পৰিগণিত হৈছিল, যিটো আমেৰিকাতকৈ কিছু পৰিমাণে বেছি আছিল। সেইয়ে ইউৰোপীয়ান সংঘ আমেৰিকাক প্ৰত্যাহ্বান দিব পাৰিছিল। আমেৰিকাতকৈ ইয়াৰ বিশ্বৰ বেহা-বেপাৰ অংশৰ তিনিগুণ বেছি আছিল, যিয়ে এছিয়া আৰু আফ্ৰিকাৰ প্ৰভাৱিত কৰিছিল।

(খ) ৰাজনৈতিক আৰু ৰাজকীয় মন্ত্রণা বিষয়ক : ইউৰোপীয়ান সংঘৰ ৰাজনৈতিক আৰু ৰাজকীয় মন্ত্রণা বিষয়ত যথেষ্ঠ প্ৰভাৱ আছে। ইয়াৰ দুখন সদস্য ৰাষ্ট্ৰ যেনে বৃটেইন আৰু ফ্ৰান্স ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য। ইউৰোপীয়ান সংঘৰ নিৰাপত্তা পৰিষদৰ বিভিন্ন সদস্য অস্থায়ী হিচাপে আছিল। এইটোৱে ইউৰোপীয় সংঘক আমেৰিকাক প্ৰভাৱিত কৰাত সম্ভৱ কৰি তুলিছিল। এইটোৱে ৰাজকীয় অর্থনৈতিক বিনিয়োগ আদিৰ ক্ষেত্রত ফলপ্রসুভাৱে প্ৰভাৱ পেলাইছিল। বিশেষকৈ মানৱ অধিকাৰ আৰু পৰিবেশ অনুন্নত দিশ দুটাত চীনৰ মন্তব্যক মষিমূৰ কৰিছিল।

(গ) ইউৰোপীয়ান সংঘৰ সামৰিক প্ৰভাৱঃ ইউৰোপীয়ান সংঘৰ সামৰিক শক্তিয়ে বিশ্বত দ্বিতীয় শ্রেষ্ঠ স্থান অধিকাৰ কৰিছে। ই আমেৰিকাৰ পাচতে সর্বোচ্চ পৰিমাণৰ ধন সামৰিক ক্ষেত্ৰত খৰচ কৰে। বৃটেইন আৰু ফ্ৰান্সৰ এই দুই সদস্য ৰাষ্ট্ৰই পৰিমাণৱিক শক্তিৰ ক্ষেত্ৰত বৃহৎ ভাণ্ডাৰ থকা দেশ। মহাকাশ আৰু যোগাযোগ প্রযুক্তিৰ ক্ষেত্ৰত ই বিশ্বৰ দ্বিতীয় বৃহত্তৰ উৎসৰূপে পৰিগণিত হৈছে।

৩। ভাৰত আৰু চীনৰ সম্পৰ্ক আলোচনা কৰা।

            অথবা

ভাৰত আৰু চীনৰ মাজৰ আন্তঃৰাষ্ট্ৰীয় বিবাদবোৰ বৰ্ণনা কৰা। 

উত্তৰঃ বৃটেইনৰ পৰা ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত আৰু চীনে বৈদেশিক শক্তিসমূহক বহিস্কাৰ কৰাৰ পিছত দুয়োখন দেশে লগ লাগি উন্নয়নশীল পৃথিৱীৰ আৰু বিশেষকৈ এছিয়াৰ ভৱিষ্যত গঢ় দিব বুলি আশা কৰা হৈছিল। অতি চমু সময়ৰ বাবে ‘হিন্দী-চীনি ভাই ভাই’ শ্লোগানটো জনপ্ৰিয় হৈছিল। কিন্তু দুয়োখন দেশৰ মাজত সীমা বিবাদৰ বাবে হোৱা সামৰিক সংঘাতে সেই আশা মষিমূৰ কৰিছিল। স্বাধীনতাৰ কিছু পিছতেই, ১৯৫০ চনত তিব্বত হস্তগত কৰা বাবে আৰু ভাৰত চীন সীমান্ত চূড়ান্তভাবে স্থিৰ কৰা বিষয়ক লৈ ভাৰত আৰু চীনৰ মাজত পার্থক্য উদ্ভৱ হৈছিল। ১৯৬২ চনত চীন আৰু ভাৰতে বিশেষকৈ অৰুণাচল প্রদেশ আৰু লাভাখৰ আকচাই চীন অঞ্চলৰ ভূখণ্ডৰ দাবীত সীমা বিবাদত লিপ্ত হৈ পৰিছিল।

১৯৬২ চনৰ বিবাদত ভাৰতৰ সামৰিক বাহিনীয়ে পশ্চাদপসৰণ কৰিবলগীয়া হৈছিল আৰু ভাৰত-চীন সম্পৰ্কৰ্ক ইয়াৰ দীৰ্ঘম্যাদী প্ৰস্তাৱ পৰিছিল। ১৯৭৬ চনলৈ দুয়োখন দেশৰ কুটনৈতিক সম্পৰ্কৰ অৱনতি ঘটি আছিল। তাৰ পিছত এই সম্পর্ক লাহে লাহে উন্নত হ’বলৈ ধৰিলে। কুৰি শতিকাৰ সত্তৰৰ দশকৰ মাজভাগৰ পৰা শেষৰ ভাগলৈ চীনৰ ৰাজনৈতিক নেতৃত্ব সলনি হোৱাৰ ফলত চীনৰ নীতি অধিক বাস্তবধর্মী আৰু কম আদৰ্শাত্মক হৈছিল। সেইবাবে ভাৰতৰ লগত সম্পর্ক উন্নত কৰিবলৈ যাওঁতে বিৰোধৰ বিষয়সমূহৰ মীমাংসাৰ কথাটো পিছুৱাই থবলৈ মাস্তি হৈছিল। ১৯৮১ চনত সীমা বিবাদৰ বিষয়টো মীমাংসা কৰিবলৈ এলানি আলোচনা আৰম্ভ কৰা হৈছিল।

শীতল যুদ্ধ শেষ হোৱাৰ পিছৰ পৰা ভাৰত-চীন সম্পৰ্কত গুৰুত্বপূৰ্ণ পৰিবৰ্তন পৰিলক্ষিত হৈছে। দুয়োখন দেশৰ সম্পৰ্কত এতিয়া কৌশলগত আৰু অৰ্থনৈতিক দিশ আছে। দুয়োপক্ষই নিজকে বিশ্ব ৰাজনীতিৰ ক্ৰমে উত্থান ঘটি অহা শক্তি হিচাপে গণ্য কৰে আৰু দুয়োপক্ষই এচিয়াব অর্থনীতি আৰু ৰাজনীতিত প্রধান ভূমিকা গ্ৰহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে।

১৯৮৮ চনৰ ডিচেম্বৰ মাহত ৰাজীৱ গান্ধীৰ চীন ভ্রমণে ভাৰত চীন সম্পর্ক উন্নত কৰাত অৰিহণা যোগাইছিল। তেতিয়াৰ পৰা দুয়োখন চৰকাৰে সীমান্ত বিৰোধ আঁতৰাই ‘শান্তি আৰু স্থিৰতা’ ৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁলোকে সাংস্কৃতিক বিনিময় আৰু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত সহযোগিতাৰ চুক্তি স্বাক্ষৰ কৰিছে আৰু বাণিজ্যৰ বাবে চাৰিটা সীমান্ত চকী মুকলি কৰিছে। ১৯৯৯ চনৰ পৰা ভাৰত আৰু চীনৰ মাজৰ বাণিজ্য প্রত্যেক বছৰে শতকৰা ৩০ ভাগকৈ বাঢ়ি অহাত চীনৰ লগত থকা সম্পৰ্কত অধিক ইতিবাচক দিশৰ সূচনা হৈছে। ভাৰত আৰু চীনৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য ১৯৯২ চনৰ ৩৩.৮ কোটি ডলাৰৰ পৰা ২০০৬ চনত ১৮০ কোটি ডলাৰলৈ বৃদ্ধি পাইছিল। শেহতীয়াভাৱে, দুয়োখন দেশে আনিক বিদেশত ইন্ধন চুক্তিৰ বাবে আগবঢ়োৱা প্ৰস্তাৱৰ দৰে সংঘাত সৃষ্টি কৰিব পৰা ক্ষেত্র সমূহতো ইখনে সিখনৰ প্ৰতি সহযোগিতা আগবঢ়াবলৈ সম্মতি প্ৰকাশ কৰিছে। আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত, ভাৰত আৰু চীনে বিশ্ব বাণিজ্য সংগঠনৰ দৰে আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক সংঘখনত নীতি একে ধৰণৰ অৱলম্বন কৰিছে।

১৯৯৮ চনত ভাৰতে চলোৱা পাৰমাণৱিক পৰীক্ষাক মাজে সময়ে চীনৰ পৰা অহা ভাবুকিৰ পৰিপ্ৰেক্ষিতত কৰা হোৱা বুলি প্ৰতিপন্ন কৰিলেও, ইয়াৰ দ্বাৰা অধিক পাৰস্পৰিক যোগাযোগত বাধা জন্মা নাছিল। এই কথা সত্য যে পাকিস্তানৰ পাৰমাণৱিক কাৰ্যসূচী গঢ় দিয়াত চীনে অৰিহণা যোগোৱা পৰিলক্ষিত হৈছিল। বাংলাদেশ আৰু ম্যানমাৰৰ লগত থকা চীনৰ সামৰিক সম্পৰ্কক দক্ষিণ এছিয়াত ভাৰতৰ স্বাৰ্থৰ বিৰোধী বুলি গণ্য কৰা হৈছিল। কিন্তু এই বিষয়সমূহে দেশ দুখনক সংঘাতলৈ পৰিচালিত কৰিব পৰা নাছিল। ইয়াৰ এটা প্ৰমাণ হৈছে যে সীমাৰ প্ৰশ্ন সমাধান কৰিবলৈ হোৱা আলোচনাৰ কোনো ব্যাঘাত নোহোৱাকৈ চলি আছিল আৰু সামৰিক সহযোগিতা বৃদ্ধি পাই আহিছে। ভাৰত আৰু চীনৰ নেতা আৰু বিষয়াসকলৰ বেইজিং আৰু নতুন দিল্লীৰ ভ্ৰমণ অধিক সঘনে হৈছিল আৰু দুয়োখন দেশ ইখনে সিখনৰ লগত অধিক ঘনিষ্ঠ হৈছিল। পৰিবহন আৰু যোগাযোগৰ যোগসূত্ৰবোৰ, উমৈহতীয়া অর্থনৈতিক স্বাৰ্থ আৰু সমগ্ৰ পৃথিৱীৰ স্বাৰ্থৰ বাবে থকা উৎকণ্ঠাই পৃথিৱীৰ ভিতৰতে দুখন জনবহুল ৰাষ্ট্ৰৰ মাজত অধিক ইতিবাচক আৰু গভীৰ সম্পৰ্ক স্থাপন কৰাত সহায় কৰা উচিত।

৪। ইউৰোপীয়ান ইউনিয়নৰ আৰম্ভণি, লক্ষ্য উদ্দেশ্য আৰু ত্যৎপর্য ব্যাখ্যা কৰা।

                     অথবা

ইউৰোপীয়ান ইউনিয়ন এক অতি প্রভাবশীল সংগঠন হোৱাৰ কাৰণবোৰ কি কি? 

উত্তৰঃ “ইউৰোপীয় সংঘ” স্থাপন হোৱাৰ পৰাই ই এটা উৎকৃষ্ট আঞ্চলিক সংগঠন হিচাপে প্রয়োজনীয় ভূমিকা গ্ৰহণ কৰি আহিছে। আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰ খন ই অর্থনৈতিক, বাজনৈতিক, সামৰিক আদি বিভিন্ন দিশত অগ্রণী ভূমিকা গ্ৰহণ কৰিছে। এইটো তলৰ কথাখিনিৰ পৰা স্পষ্ট হৈছে।

(ক) অর্থনৈতিক দিশৰ পৰা :- ২০০৫ চনত ১২ বিলিয়ন ডলাৰতকৈ অধিক মুঠ ঘৰুৱা উৎপাদনৰ দ্বাৰা ইউৰোপীয় সংঘই পৃথিৱীৰ বৃহত্তম অর্থনীতি হিচাপে পৰিগণিত হৈছিল,যিটো আমেৰিকাতকৈ কিছু পৰিমাণে বেছি আছিল। সেইয়ে ইউৰোপীয়ান সংঘ আমেৰিকাক প্ৰত্যাহ্বান দিব পাৰিছিল। আমেৰিকাতকৈ ইয়াৰ বিশ্বৰ বেহা-বেপাৰ অংশৰ তিনিগুণ বেছি আছিল, যিয়ে এছিয়া আৰু আফ্ৰিকাৰ প্ৰভাৱিত কৰিছিল।

(খ) ৰাজনৈতিক আৰু ৰাজকীয় মন্ত্রণা বিষয়ক :- ইউৰোপীয়ান সংঘৰ ৰাজনৈতিক আৰু ৰাজকীয় মন্ত্রণা বিষয়ত যথেষ্ঠ প্ৰভাৱ আছে। ইয়াৰ দুখন সদস্য ৰাষ্ট্ৰ যেনে বৃটেইন আৰু ফ্ৰান্স ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য। ইউৰোপীয়ান সংঘৰ নিৰাপত্তা পৰিষদৰ বিভিন্ন সদস্য অস্থায়ী হিচাপে আছিল। এইটোৱে ইউৰোপীয় সংঘক আমেৰিকাক প্ৰভাৱিত কৰাত সম্ভৱ কৰি তুলিছিল। এইটোৱে ৰাজকীয় অর্থনৈতিক বিনিয়োগ আদিৰ ক্ষেত্ৰত ফলপ্রসুভাৱে প্ৰভাৱ পেলাইছিল। বিশেষকৈ মানৱ অধিকাৰ আৰু পৰিবেশ অনুন্নত দিশ দুটাত চীনৰ মন্তব্যক মষিনুৰ কৰিছিল।

(গ) ইউৰোপীয়ান সংঘৰ সামৰিক প্ৰভাৱ :- ইউৰোপীয়ান সংঘৰ সামৰিক শক্তিয়ে বিশ্বত দ্বিতীয় শ্রেষ্ঠ স্থান অধিকাৰ কৰিছে। ই আমেৰিকাৰ পাচতে সর্বোচ্চ পৰিমাণৰ ধন সামৰিক ক্ষেত্ৰত খৰচ কৰে। বৃটেইন আৰু ফ্ৰান্সৰ এই দুই সদস্য ৰাষ্ট্ৰই পৰিমাণৱিক শক্তিৰ ক্ষেত্ৰত বৃহৎ ভাণ্ডাৰ থকা দেশ। মহাকাশ আৰু যোগাযোগ প্রযুক্তিৰ ক্ষেত্ৰত ই বিশ্বৰ দ্বিতীয় বৃহত্তৰ উৎসৰূপে পৰিগণিত হৈছে।

৫।দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপৰ প্ৰধান প্ৰত্যাহ্বান কি কি আছিল? 

উত্তৰঃ ১৯৪৫ চনত দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ পিছত ইউৰোপীয় অর্থনৈতিক গাঠনিটো ভাঙি গৈছিল। ইউৰোপৰ বহুতো দলপতিয়ে চিন্তা কৰিছিল কেনেকৈ আগৰ অৰিয়াঅৰি নিঃশেষ কৰি কিছুমান নীতি নিয়ম গঠন কৰি আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ক্ষেত্ৰত নিশ্চিত ধাৰণাৰ সৃষ্টি কৰিব পাৰে। শীতল যুদ্ধই ইউৰোপক একত্ৰিত কৰাত যথেষ্ট সহায় কৰিছিল। মাৰ্ছেল আঁচনিৰ অধীনত আমেৰিকাইও ইউৰোপক পুনৰ সংস্থাপিত হোৱাৰ বাবে অর্থনৈতিক সহায়ত হৃত আগবঢ়াইছিল। আমেৰিকাই NATO ৰ অধীনত এটা নতুন সমূহীয়া নিৰাপত্তা মূলক গাঠনিও। গঠন কৰিছিল। পশ্চিমীয়া ইউৰোপীয় ৰাষ্ট্ৰবিলাকক সহায় কৰিবৰ বাবে মাৰ্চেল আঁচনিৰ অধীনত ১৯৪৮ চনত ইউৰোপীয় অর্থনৈতিক সহযোগিতাৰ সংগঠন গঠন হয়। এইটো এটা ফ’ৰাৰ হৈছিল য’ত পশ্চিমীয়া ইউৰোপীয় ৰাষ্ট্ৰবিলাকে অর্থনৈতিক আৰু বাণিজ্যিক ক্ষেত্ৰত সহায় সহযোগিতা কৰিবলৈ আৰম্ভ কৰিছিল।

ৰাজনৈতিক সহযোগিতাৰ অন্য এটা পদক্ষেপ হ’ল ইউৰোপৰ পৰিষদ। ইউৰোপীয় ধনতন্ত্র দেশবোৰে অৰ্থনৈতিক একতাৰ প্ৰক্ৰিয়াটো পদে পদে আগবঢ়াইছিল। ১৯৫১ চনত ৫খন ইউৰোপীয় দেশ যথা, ফ্রান্স, পশ্চিম জার্মানী, ইটালী, বেলজিয়াম, নেদাৰলেণ্ড, লাক্সেমবার্গ, ইউৰোপীয় কয়লা আৰু লো কমিউনিটি (Europian Coal and Steel Community ) স্থাপনৰ জৰিয়তে “পেৰিচ চুক্তি স্বাক্ষৰ কৰে। ১৯৫৭ চনত সেই দেশসমূহে ইউৰোপীয়ান অর্থনৈতিক কমিউনিটি (Economic Community) স্থাপনৰ জৰিয়তে ৰোম চুক্তি স্বাক্ষৰ কৰিছিল। এই চুক্তি স্বাক্ষৰ কৰাৰ পূৰ্বে ইউৰোপীয়ান এটমিক এনার্জি কমিউনিটি স্থাপন কৰিছিল। ১৯৭৩ চনত ইংলেণ্ড, ডেনমার্ক, আয়াৰলেণ্ড আদি দেশেও ইউৰোপীয়ান কমিউনিটিত যোগদান কৰে। গ্ৰীচে ১৯৮১ চনত পটুৰ্গাল আৰু স্পেইনেও ১৯৮৬ চনত নাম ভৰ্তি কৰে। কাৰ্য্যপালক পৰিষদৰ সদস্য সমচুৰ মাজত চেহেনজেন চুক্তিয়ে নিয়ন্ত্ৰণ প্ৰৱৰ্তন কৰিছিল। ১৯৯১ চনত চোভিয়েট ৰাচিয়া ধ্বংস হোৱাৰ ফলত ইউৰোপে এটা তীব্ৰবেগী বাট এটা পাইছিল আৰু ইয়াৰ ফলস্বৰূপে ১৯৯২ চনত ইউৰোপীয়না সংঘ স্থাপন হয়। ১৯৯২ চনৰ ৭ ফেব্ৰুৱাৰীত, ‘মেচট্ৰিটচ চুক্তি ‘ত চহী কৰা হয় আৰু “ইউৰোপীয়ান সংঘ” স্থাপন কৰে।

৬। বিশ্ব পৰ্যায় চীনৰ অৰ্থনৈতিক উত্থানৰ কাৰকবোৰ উল্লেখ কৰা। 

উত্তৰঃ চীনৰ অৰ্থনীতিৰ যোৱা ৩০টা বছৰত সাংঘাতিক উন্নতি হৈছিল। কেন্দ্ৰীয়কৰণ আঁচনিৰ পৰিবৰ্ত্তে বজাৰকৰণ অৰ্থনীতিৰ প্ৰভাৱ বিস্তাৰ কৰাত ঘৰুৱা ক্ষেত্ৰ খনৰ বাণিজাই প্ৰভৃত্ব বিস্তাৰ কৰে। আৰু ইয়ে বিশ্বায়ন অর্থনীতিৰ ক্ষেত্র তো ভূমিকা গ্রহণ করে। ১৯৪৯ চনত চীনত জনগণৰ গণতন্ত্র স্থাপন হোৱাৰ পাচত মাওঁৰ নেতৃত্বত চীনৰ অৰ্থনীতিয়ে এক বিপ্লৱ সূচনা কৰে। এই বিপ্লৱ ছোভিয়েটৰ আৰ্হিত প্রতিষ্ঠিত। এই অর্থনৈতিক ব্যবস্থাই ধনতান্ত্রিক দেশসমূহৰ লগত কোনো সম্পৰ্ক ৰক্ষা কৰা নাছিল। এই অর্থনৈতিক ব্যৱস্থাই চীনৰ নিজৰ সম্পদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিছিল। এই পদ্ধতিয়ে দেশখনক গধুৰ উদ্যোগ ক্ষেত্ৰখন কৃষিক্ষেত্ৰৰ পৰা গঠিত হোৱা মূলধনৰ দ্বাৰা স্থাপন হোৱাত সহায় কৰিছিল। যিহেতু বৈদেশিক বিনিময় কম আছিল সেয়ে চীনৰ ঘৰুৱা সামগ্ৰীৰ বিনিময়ত আমদানি কৰাৰ সিদ্ধান্ত লৈছিল। এই সিদ্ধান্ত বা পদ্ধতিয়ে চীনক এই সম্পদসমূহ ব্যৱহাৰ কৰি উদ্যোগীক অৰ্থনীতিৰ ক্ষেত্ৰখনৰ ভেটি নিৰ্মাণৰ সম্ভৱ কৰিছিল, যিটো অতীতত সম্ভৱ হোৱা নাছিল। অৱশ্যে এই পদক্ষেপ সন্তোষজনকভাৱে ফলপ্ৰসূ হোৱা নাছিল। কাৰণ সেই অনুপাতে উৎপাদন বৃদ্ধি হোৱা নাছিল। ১৯৭২ চনত চীনে আমেৰিকাৰ লগত সম্পর্ক স্থাপন কৰে। ১৯৭৩ চনত কৃষি, উদ্যোগ, বিজ্ঞান, প্রযুক্তি আৰু সামৰিক ক্ষেত্ৰখন আধুনীকৰণ কৰে। ১৯৭৮ চনত ডেংজায়োপিঙে মুক্ত দুৱাৰ নীতি আৰু অর্থনৈতিক সংস্কাৰ ঘটাই উৎপাদক শক্তি বিনিয়োগৰ ক্ষেত্ৰত বৃদ্ধি কৰে আৰু মূলধন আৰু প্রযুক্তি বাহিৰৰ পৰা আমদানি কৰিছিল। ১৯৮২ চনত কৃষি ক্ষেত্ৰখন ব্যক্তিগতকৰণ কৰে। এইদৰে চীনৰ অৰ্থনীতি দিনে দিনে উন্নতিৰ পথত অগ্ৰসৰ হয়।

৯। অর্থনৈতিক শক্তি হিচাপে চীনৰ উত্থান সম্পর্কে চমুকৈ আলোচনা কৰা। 2015

উত্তৰঃ চীনৰ অৰ্থনীতিৰ যোৱা ৩০টা বছৰত সাংঘাতিক উন্নতি হৈছিল। কেন্দ্ৰীয়কৰণ আঁচনিৰ পৰিবৰ্ত্তে বজাৰকৰণ অৰ্থনীতিৰ প্ৰভাৱ বিস্তাৰ কৰাত ঘৰুৱা ক্ষেত্ৰ খনৰ বাণিজ্যই প্ৰভূত্ব বিস্তাৰ কৰে। আৰু ইয়ে বিশ্বায়ন অর্থনীতিৰ ক্ষেত্ৰ তো ভূমিকা গ্ৰহণ কৰে। ১৯৪৯ চনত চীনত জনগণৰ গণতন্ত্র স্থাপন হোৱাৰ পাচত মাওঁৰ নেতৃত্বত চীনৰ অৰ্থনীতিয়ে এক বিপ্লৱ সূচনা কৰে। এই বিপ্লৱ ছোভিয়েটৰ আৰ্হিত প্রতিষ্ঠিত। এই অর্থনৈতিক ব্যৱস্থাই ধনতান্ত্রিক দেশসমূহৰ লগত কোনো সম্পৰ্ক ৰক্ষা কৰা নাছিল। এই অর্থনৈতিক ব্যৱস্থাই চীনৰ নিজৰ সম্পদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিছিল। এই পদ্ধতিয়ে দেশখনক গধুৰ উদ্যোগ ক্ষেত্ৰখন কৃষিক্ষেত্ৰ ৰ পৰা গঠিত হোৱা মূলধনৰ দ্বাৰা স্থাপন হোৱাত সহায় কৰিছিল। যিহেতু বৈদেশিক বিনিময় কম আছিল সেয়ে চীনৰ ঘৰুৱা সামগ্ৰীৰ বিনিময়ত আমদানি কৰাৰ সিদ্ধান্ত লৈছিল। এই সিদ্ধান্ত বা পদ্ধতিয়ে চীনক এই সম্পদসমূহ ব্যৱহাৰ কৰি উদ্যোগীক অৰ্থনীতিৰ ক্ষেত্ৰখনৰ ভেটি নিৰ্মাণৰ সম্ভৱ কৰিছিল, যিটো অতীতত সম্ভৱ হোৱা নাছিল। অৱশ্যে এই পদক্ষেপ সন্তোষজনকভাবে ফলপ্ৰসূ হোৱা নাছিল। কাৰণ সেই অনুপাতে উৎপাদন বৃদ্ধি হোৱা নাছিল। ১৯৭২ চনত চীনে আমেৰিকাৰ লগত সম্পর্ক স্থাপন কৰে। ১৯৭৩ চনত কৃষি, উদ্যোগ, বিজ্ঞান, প্রযুক্তি আৰু সামৰিক ক্ষেত্ৰখন আধুনীকৰণ কৰে। ১৯৭৮ চনত ডেংজায়োপিঙে মুক্ত দুৱাৰ নীতি আৰু অর্থনৈতিক সংস্কাৰ ঘটাই উৎপাদক শক্তি বিনিয়োগৰ ক্ষেত্ৰত বৃদ্ধি কৰে আৰু মূলধন আৰু প্রযুক্তি বাহিৰৰ পৰা আমদানি কৰিছিল। ১৯৮২ চনত কৃষি ক্ষেত্ৰ খন ব্যক্তিগতকৰণ কৰে। এইদৰে চীনৰ অৰ্থনীতি দিনে দিনে উন্নতিৰ পথত অগ্ৰসৰ হয়।

৮। ASEAN সম্প্রদায় কি ? ASEAN সম্প্ৰদায়ৰ তিনিটা স্তম্ভ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ ১৯৬৭ চনত দক্ষিণ পূব এছিয়া ৰাষ্ট্ৰসমূহৰ সংস্থা বা চমুকৈ এছিয়ান প্রতিষ্ঠা হৈছিল ২০০৩ চনত এছিয়ানে তিনিটা স্তম্ভৰে সৈতে এছিয়ান সম্প্রদায় গঠন কৰি ইউৰোপীয় ইউনিয়নৰ পৰা অনুসৰণ কৰিছে। এছিয়ান গোষ্ঠীৰে এই স্তম্ভ তিনিটা হ’ল এছিয়ান নিৰাপত্তা পৰিষদ, – অর্থনৈতিক পৰিষদ, আৰু সামাজিক সাংস্কৃতিক পৰিষদ।

(ক) এছিয়ান নিৰাপত্তা পৰিষদ : এছীয় ৰাষ্ট্ৰসমূহৰ মাজত থকা সীমা বিবাদ যাতে সশস্ত্র সংঘাতলৈ ৰূপান্তৰিত নহয় অৰ প্ৰতি লক্ষ্য ৰখাতো এছিয়ান নিৰাপত্তা পৰিষদৰ উদ্দেশ্য। নিৰাপত্তাজনিত বিবাদবিলাক মীমাংসা কৰাৰ বাবে এছিয়ানৰ পৰিষদৰ সঘনে বৈঠক অনুষ্ঠিত হৈছিল।

(খ) এছিয়ান অর্থনৈতিক পৰিষদ : এছিয়ান অর্থনৈতিক পৰিষদে ইয়াৰ সদস্যভুক্ত ৰাষ্ট্ৰসমূহৰ মাজৰ সমূহীয়া বজাৰ আৰু উৎপাদনৰ ব্যৱস্থা কৰা, এছিয়ান অঞ্চলত আর্থ-সামাজিক উন্নতি সাধন কৰা, এছিয়ান অর্থনৈতিক পৰিষদৰ উদ্দেশ্য। এছিয়ানে ইয়াৰ মুক্ত বাণিজ্য ক্ষেত্র ব্যৱস্থাৰ বাবে বিনিয়োগ বনুৱা আৰু সেৱাৰ আকৰ্ষণৰ কেন্দ্ৰস্থল হৈ পৰিছে।

(গ)এছিয়ান সামাজিক-সাংস্কৃতিক পৰিষদ : বিশ্বৰ সকলো ধৰ্মৰ লগত সাংস্কৃতিক সম্পর্ক ৰক্ষা কৰাটো এছিয়ান সামাজিক-সাংস্কৃতিক সম্প্রদায়ে প্রচেষ্টা চলাব। এছিয়ান ৰাষ্ট্ৰবোৰৰ মাজত এক মধুৰ সাংস্কৃতিক যোগাযোগ ৰক্ষা কৰাৰো সম্প্ৰদায়ৰ অন্যতম উদ্দেশ্য। এছিয়ান অঞ্চলটোৰ জনগণক সাহিত্য বঁটা প্ৰদান কৰাৰো প্ৰচেষ্টা সংগঠনটোৱে চলাই আহিছে।

৯। ইউৰোপীয় সংঘৰ প্ৰভাৱৰ প্ৰধান ক্ষেত্ৰবোৰ কি কি ? বিশদভাবে আলোচনা কৰা।

উত্তৰ : “ইউৰোপীয় সংঘ” স্থাপন হোৱাৰ পৰাই ই এটা উৎকৃষ্ট আঞ্চলিক সংগঠন হিচাপে প্রয়োজনীয় ভূমিকা গ্ৰহণ কৰি আহিছে। আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখন ই অর্থনৈতিক, ৰাজনৈতিক, সামৰিক আদি বিভিন্ন দিশত অগ্রণী ভূমিকা গ্ৰহণ কৰিছে। এইটো তলৰ কথাখিনিৰ পৰা স্পষ্ট হৈছে।

(ক) অর্থনৈতিক দিশৰ পৰা: ২০০৫ চনত ১২ বিলিয়ন ডলাৰতকৈ অধিক মুঠ ঘৰুৱা উৎপাদনৰ দ্বাৰা ইউৰোপীয় সংঘই পৃথিৱীৰ বৃহত্তম অর্থনীতি হিচাপে পৰিগণিত হৈছিল, যিটো আমেৰিকাতকৈ কিছু পৰিমাণে বেছি আছিল। সেইয়ে ইউৰোপীয়ান সংঘ আমেৰিকাক প্ৰত্যাহ্বান দিব পাৰিছিল। আমেৰিকাতকৈ ইয়াৰ বিশ্বৰ বেহা-বেপাৰ অংশৰ তিনিগুণ বেছি আছিল, যিয়ে এছিয়া আৰু আফ্ৰিকাৰ প্ৰভাৱিত কৰিছিল।

(খ) ৰাজনৈতিক আৰু ৰাজকীয় মন্ত্রণা বিষয়ক : ইউৰোপীয়ান সংঘৰ ৰাজনৈতিক আৰু ৰাজকীয় মন্ত্রণা বিষয়ত যথেষ্ট প্রভাব আছে। ইয়াৰ দুখন সদস্য ৰাষ্ট্ৰ যেনে বৃটেইন আৰু ফ্ৰান্স ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য। ইউৰোপীয়ান সংঘৰ নিৰাপত্তা পৰিষদৰ বিভিন্ন সদস্য অস্থায়ী হিচাপে আছিল। এইটোৱে ইউৰোপীয় সংঘক আমেৰিকাক প্ৰভাৱিত কৰাত সম্ভৱ কৰি তুলিছিল। এইটোৱে ৰাজকীয় অর্থনৈতিক বিনিয়োগ আদিৰ ক্ষেত্রত ফলপ্রসূভাৱে প্ৰভাৱ পেলাইছিল। বিশেষকৈ মানৱ অধিকাৰ আৰু পৰিবেশ অনুন্নত দিশ দুটাত চীনৰ মন্তব্যক মষিমূৰ কৰিছিল।

(গ) ইউৰোপীয়ান সংঘৰ সামৰিক প্ৰভাৱ : ইউৰোপীয়ান সংঘৰ সামৰিক শক্তিয়ে বিশ্বত দ্বিতীয় শ্রেষ্ঠ স্থান অধিকাৰ কৰিছে। ই আমেৰিকাৰ পাচতে সর্বোচ্চ পৰিমাণৰ ধন সামৰিক ক্ষেত্ৰত খৰচ কৰে। বৃটেইন আৰু ফ্ৰান্সৰ এই দুই সদস্য ৰাষ্ট্ৰই পৰিমাণৱিক শক্তিৰ ক্ষেত্ৰত বৃহৎ ভাণ্ডাৰ থকা দেশ। মহাকাশ আৰু যোগাযোগ প্রযুক্তিৰ ক্ষেত্ৰত ই বিশ্বৰ দ্বিতীয় বৃহত্তৰ উৎসৰূপে পৰিগণিত হৈছে।

১০। দেশসমূহৰ শান্তি আৰু সমৃদ্ধি নিহিত থাকে আঞ্চলিক অর্থনৈতিক সংগঠনৰ প্ৰতিষ্ঠা আৰু সবলীকৰণত। উক্তিটোৰ যুক্তিযুক্ততা নির্ণয় কৰা। 

উত্তৰঃ এইটো সঁচা যে অর্থনৈতিক ক্ষেত্ৰত সবল নহ’লে কোনো দেশে উন্নতি সাধন কৰিব নোৱাৰে। তাৰোপৰি অন্য দেশবোৰৰ লগত ভাল সম্পর্ক বা সহযোগিতা নাথাকিলেও উন্নতি কৰিব নোৱাৰে। সেয়ে এটা নির্দিষ্ট অঞ্চলত থকা দেশবোৰৰ মাজত অর্থনৈতিক সহযোগিতা থাকিব লাগে। সেই কাৰণে আঞ্চলিক অর্থনৈতিক সংগঠন গঠন কৰাটো অতিকৈ প্ৰয়োজনীয়। এটা প্রভাবশালী আঞ্চলিক সংগঠনৰ অৰ্থনৈতিক, ৰাজনৈতিক, সামৰিক ক্ষেত্ৰত পৃথিৱীৰ ভিতৰতে শক্তিশালী প্ৰভাৱ থাকে। মানুহে নিজৰ গুণ উচ্চ পৰ্য্যায়লৈ উন্নীত কৰিব পাৰে। তাৰোপৰি ই পাৰস্পৰিক বুজাবুজিতো সহায় কৰে। ই অর্থনৈতিক দিশত উন্নতি সাধন কৰাৰ লগতে সামাজিক আৰু সাংস্কৃতিক দিশটোও উন্নীতকৰণ কৰিব পাৰে। সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সহযোগীতাৰ সৃষ্টি কৰাৰ লগতে ই অন্য আঞ্চলিক আৰু আন্তর্জাতিক সংগঠনৰ লগতো সহযোগ কৰে।

১১। যদিও চীনা অর্থনীতিয়ে নাটকীয়ভাবে উন্নতি লাভ কৰিছিল তথাপি তাত এতিয়াও উন্নয়নে ঢুকি নোপোৱা ক্ষেত্র আছে। তেনে ক্ষেত্ৰবোৰ উল্লেখ কৰা। 

উত্তৰঃ ১৯৫০-৫১ চনত যেতিয়া চীনে তিব্বত আক্ৰমণ কৰাৰ সময়ত তিব্বতৰ ৰাজনৈতিক আৰু ধৰ্মীয় নেতাৰূপে দালাই লামাই ভাৰতত আশ্ৰয় গ্ৰহণ কৰিছিল আৰু ইয়াৰ ফলত দেশ দুখনৰ মাজৰ সম্পৰ্ক তিক্ততাপূৰ্ণ হৈ পৰিছিল। ভাৰত-চীন সীমান্তৰ মেক মোহন ৰেখাকলৈ ভাৰত চীনৰ মাজৰ বিবাদ মান সম্পর্ক বিদ্যমান অৰুণাচল প্রদেশ আৰু কাশ্মীৰৰ লাডাথ অঞ্চল দখলক কেন্দ্ৰ কৰি ১৯৬২ চনত চীনে ভাৰতৰ লগত এখন যুদ্ধত লিপ্ত হৈছিল। ১৯৬৫ চনৰ ভাৰত-পাক যুদ্ধৰ সময়ত চীনে ভাৰতৰ প্ৰতি শত্রুতামূলক আচৰণ প্ৰদৰ্শন কৰি। পাকিস্তানৰ প্ৰতি নৈতিক আৰু কূটনৈতিক সমর্থন আগবঢ়াইছিল। চীনে পাকিস্তানৰ প্ৰতি সাহায্য আগবঢ়াইছিল, পাকিস্তানক বিত্তীয় আৰু সামৰিক তথা কাৰিকৰীভাৱে চীনে সহায় আগবঢ়াইছিল। পাকিস্তানৰ আণৱিক অস্ত্রেয়াপাৰ নিৰ্মাণৰ ক্ষেত্ৰত চীনে অৰিহণা যোগাইছিল। চীন বাংলাদেশ আৰু ম্যানমাৰৰ লগত সামৰিক সম্পৰ্কৰ্ক দক্ষিণ এছিয়া অঞ্চলটোত ভাৰতৰ স্বাৰ্থৰ প্ৰতি বিদ্রূপ বুলি মত প্ৰকাশ কৰা হৈছিল। ১৯৭১ চনৰ বাংলাদেশৰ সংকটৰ সময়ছোৱাতো চীনে পাকিস্তানৰ প্ৰতি সহযোগিতা আগবঢ়াইছিল। ১৯৭৪ আৰু ১৯৯৮ চনৰ ভাৰতে আণৱিক পৰীক্ষা চলোৱা কাৰ্যই ভাৰত-চীনৰ সম্পৰ্কৰ্ক তিক্ততাপূৰ্ণ কৰি তুলিছিল। অৱশ্যে দুয়োখন ৰাষ্ট্ৰই উত্তেজনাপূর্ণ বিষয়সমূহ পাৰস্পৰিক বুজাপৰাৰ জৰিয়তে নিষ্পত্তিকৰণৰ বাবে অবিৰতভাৱে প্রচেষ্টা চলোৱা পৰিলক্ষিত হয়। সম্প্রতি ভাৰত মাৰু চীন দেশ দুখনে বিশ্বৰ নতুন অর্থনৈতিক শক্তি হিচাপে তেওঁলোকৰ বিবাদমান বিষয়বোৰ শান্তিপূর্ণভাৱে নিষ্পত্তি কৰিব লাগিব। যিহেতু ৰাষ্ট্ৰ দুখনে বিশ্ব ৰাজনীতিত নিজকে উদ্ভাৱনী শক্তি হিচাপে পৰিচয় দাঙি ধৰে আৰু এছিয়ান অৰ্থনীতিত নিজৰ এক সবল ভূমিকা দাঙি ধৰিব বিচাৰে গতিকে ৰাষ্ট্ৰ দুখনে নিয়মিতভাৱে যোগাযোগ ৰক্ষা কৰা উচিত। সীমান্তৱৰ্তী এলেকাত সংঘৰ্ষ দূৰ কৰি শান্তি প্ৰতিষ্ঠাৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা উচিত। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত উভয় ৰাষ্ট্ৰই সহযোগিতা ৰক্ষা কৰি চলা উচিত। সাংস্কৃতিক বিনিময়ে ৰাষ্ট্ৰ দুখনৰ সম্পৰ্কৰ্ক অধিক গাঢ় কৰি তুলিব অর্থনৈতিক শক্তি হিচাপে ৰাষ্ট্ৰ দুখনে বাণিজ্যিক সম্পর্কও মধুৰতৰ কৰি তুলিব লাগে। বিশ্ব বাণিজ্য দৰে আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক সংগঠন সমূহত দুয়োখন ৰাষ্ট্ৰই একে ধৰণৰ নীতি গ্ৰহণ কৰা উচিত। বর্ধিত পৰিবহণ আৰু যোগাযোগৰ ক্ষেত্ৰৰ সহযোগিতাই বিশ্বৰ অন্যতম শক্তিশালী দেশ দুখনৰ মাধ্যম এক ধনাত্মক আৰু সুস্থ সম্পর্ক গঢ়ি তোলাত বহু পৰিমাণে অৰিহণা যোগাব।

১২। ASEAN সম্প্রদায় গঠনৰ প্ৰচেষ্টাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ দ্বিতীয় মহাসমৰ চলি থকা সময়তে দক্ষিণ-পূব এছিয়াই ইউৰোপ আৰু জাপানৰ ঔপনিবেশিক কার্যকলাপৰ গ্ৰাসত পৰি অর্থনৈতিক আৰু ৰাজনৈতিকভাবে যথেষ্ট যন্ত্রণা ভোগ কৰিবলগীয়া হৈছিল। যুদ্ধৰ শেষত ই জাতি গঠনৰ সমস্যাৰ সন্মুখীন হৈছিল যেনে – দৰিদ্ৰতা দূৰীকৰণ আৰু অৰ্থনৈতিক অনগ্ৰসৰতা দূৰীকৰণ ইত্যাদি। ইয়াৰ উপৰিও, শীতল যুদ্ধৰ সময়ত কোনো এটা বৃহৎ শক্তিৰ লগত যোগদান কৰাটো হেঁচা পৰিছিল এই দেশবোৰৰ ওপৰত। এছিয়াৰ আৰু তৃতীয় বিশ্বৰ মাজত একতা স্থাপনৰ ব্যৱস্থা বাণ্ডুং অধিবেশন আৰু গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ জৰিয়তে কৰা হৈছিল যদিও ই সহযোগিতা প্ৰতিষ্ঠাৰ কাৰণে ফলপ্ৰসূ হোৱা নাছিল। সেয়ে দক্ষিণ পূব এছিয়াৰ দেশসমূহে দক্ষিণ পূব এছীয় জাতীয় সংস্থা গঠন কৰে।

দক্ষিণ পূব এছিয়াৰ পাঁচখন ৰাষ্ট্ৰকলৈ ASEAN প্রথমে গঠন কৰা হয় ১৯৬৭ চনত। ৰাষ্ট্ৰ কেইখন হ’ল ইন্দোনেচিয়া, মালয়েছিয়া, ফিলিপাইন, ছিংগাপুৰ আৰু থাইলেণ্ড। এই পাঁচখন ৰাষ্ট্ৰই প্ৰথমে বেংকৰ ঘোষণাপত্ৰত স্বাক্ষৰ কৰিছিল। এছিয়াৰ মূল উদ্দেশ্য হ’ল ক্ষিপ্রগতিত অর্থনৈতিক উন্নয়নৰ জৰিয়তে সামাজিক আৰু সাংস্কৃতিক উন্নতি সাধন কৰা। দ্বিতীয় উদ্দেশ্য হ’ল আইনৰ শাসন আৰু ৰাষ্ট্ৰসংঘৰ চনদৰ নীতিৰ ওপৰত ভিত্তি কৰি আঞ্চলিক শান্তি আৰু স্থিৰতা ৰক্ষা কৰা। কেই বছৰমানৰ পিছত আঠ জানুৱাৰী ১৯৮৪ চনত ব্ৰনই দাৰুচালামে এই সংঘৰ যোগদান কৰে। ২২ জুলাই ১৯৫৫ চনত ভিয়েট নাম ইয়াৰ সপ্তম সদস্য ৰাষ্ট্ৰ হয়। লাও পিডিআৰ, ম্যানমাৰ আৰু কম্বোডিয়াই এছিয়ানত যোগদান কৰে। মুঠতে ১০ খন সদস্য ৰাষ্ট্ৰৰে এছিয়ান সংঘ বা দক্ষিণ পূব এছিয়া সংঘ গঠিত হয়।

১৩। তলত দিয়া শিৰোনামৰ অধীনত ইউৰোপীয় সংঘৰ বিষয়ে টোকা লিখা :

(ক) আৰম্ভণি

(খ) উদ্দেশ্য আৰু লক্ষ্য

(গ) তাৎপর্য

উত্তৰঃ (ক) আৰম্ভণিঃ দ্বিতীয় মহাযুদ্ধই ইউৰোপৰ দেশসমূহৰ ব্যাপক ক্ষতিসাধন কৰিছিল। এই দেশসমূহৰ অৰ্থনীতি ভাঙি পৰিল। সেয়েহে মাশ্চাল আঁচনিৰ অধীনত ইউৰোপৰ ৰাষ্ট্ৰসমূহৰ অর্থনীতি পুনৰুদ্ধাৰ কৰিবৰ কাৰণে NATO ই যথেষ্ট পৰিমাণে ধনৰ যোগান ধৰিছিল।

১৯৪৮ চনত ইউৰোপীয় অর্থনৈতিক সহযোগিতা সংগঠন স্থাপন কৰি বাণিজ্ঞ, অর্থনৈতিক আৰু ৰাজনৈতিক সহযোগিতা স্থাপন কৰিবলৈ গঠন কৰিছিল। এইক্ষেত্ৰত ইউৰোপীয় পরিষদে যথেষ্ট সহায় কৰিছিল। ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ পিছত ১৯৪৯ চনত গঠন হোৱা ইউরোপীয় দেশসমূহৰ মাজত ৰাজনৈতিক সহযোগিতা বৃদ্ধি কৰিছিল। ছোভিয়েট সংঘৰ পতনৰ লগে লগে ১৯৯২ চনত ইউৰোপৰ দেশবোৰ লগ লাগি ইউৰোপীয় সংঘ গঠন কৰে।

উদ্দেশ্য আৰু লক্ষ্য : ইউৰোপীয় সংঘৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্যকেইটা হ’ল ―

  1. ইউৰোপৰ দেশসমূহৰ মাজত অর্থনৈতিক আৰু ৰাজনৈতিক ঐক্য স্থাপন কৰা ।
  2. ইউৰোপৰ দেশসমূহৰ মাজত উমৈহতীয়া বৈদেশিক আৰু নিৰাপত্তাৰ নীতি গ্ৰহণ কৰা। 
  3. ন্যায় আৰু দেশীয় স্বাৰ্থৰ প্ৰসাৰণৰ আধাৰত সহযোগিতা গঢ়ি তোলা।
  4. ইউৰোপৰ দেশসমূহৰ সাংস্কৃতিক আৰু সাহিত্যৰ সংৰক্ষণ আৰু বিকাশ সাধন কৰা।
  5. ইউৰোপৰ দেশবোৰৰ মাজত উমৈহতীয়া বা একক ইউৰোপীয় মুদ্ৰাৰ প্ৰচলন কৰা। 

তাৎপর্য : ইউৰোপীয় সংঘ এক অতি ৰাষ্ট্ৰীয় সংস্থা অর্থাৎ এই সংস্থাই জাতি ৰাষ্ট্ৰৰ সীমা অতিক্ৰম কৰিছে। সেয়েহে ইউৰোপৰ সকলোবিলাক দেশৰ অৰ্থনৈতিক, ৰাজনৈতিক বা সামাজিক ক্ষেত্ৰত এই সংঘই হস্তক্ষেপ কৰিব পাৰে। কিন্তু কিছুমান ক্ষেত্ৰত বিশেষকৈ প্ৰতিৰক্ষা আৰু আভ্যন্তৰীণ আইন শৃংখলাৰ দৰে প্ৰশ্নত ইউৰোপীয় সংঘই ইয়াৰ সদস্য ৰাষ্ট্ৰৰ কাম কাজত হস্তক্ষেপ কৰিব নোৱাৰে। বৈদেশিক নীতিৰ প্ৰশ্নতো সদস্য ৰাষ্ট্ৰসমূহৰ নিজা নিজা স্থিতি পৰিলক্ষিত হয়। উদাহৰণস্বৰূপে মার্কিন যুক্তৰাষ্টই ইৰাক আৰু বিশ্ব সন্ত্ৰাসৰ প্ৰশ্নত গ্ৰহণ কৰা স্থিতি সম্পৰ্কত ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত পাৰ্থক্য থকা দেখা যায়। ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰসমূহৰ মাজত দেখা দিয়া বিভিন্নতাই ইয়াৰ বৈদেশিক সম্পৰ্ক আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত সীমাবদ্ধতা আনি দিছে।

১৪। বিশ্ব ৰাজনীতিত চীন দেশৰ ভূমিকা আলোচনা কৰা। 

উত্তৰঃ বর্তমান সময়ত চীনৰ অৰ্থনীতিয়ে বিশ্বৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ স্থান দখল কৰিবলৈ সক্ষম হৈছে। চীনত উৎপাদিত পণ্যই পৃথিৱীৰ বজাৰত যথেষ্ট গুৰুত্ব লাভ কৰিছে। চীনৰ অৰ্থনীতিৰ এনে উত্থানে বিশ্বত আধিপত্য লাভ কৰি থকা মার্কিন অর্থনীতিকো প্রত্যাহ্বান জনাবলৈ সক্ষম হৈছে। আঞ্চলিক আৰু বিশ্বজোৰা অৰ্থনৈতিক ক্ষেত্ৰখনত চীনৰ গুৰুত্ব হ্ৰাস পোৱা নাই। বিশ্ব রাজনীতিত বৃদ্ধি পোৱা প্ৰভাৱৰ সুযোগত চীনে বিভিন্ন দেশ যেনে জাপান আমেৰিকা, ৰাছিয়া অথবা দক্ষিণ-পূব এছীয় জাতিসংঘৰ দেশসমূহৰ লগত থকা দীর্ঘদিনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰতো অগ্রগতি লাভ কৰিবলৈ ধৰিলে। টাইৱানক নিজৰ অর্থনীতিৰ সৈতে ঘনিষ্ঠভাবে যুক্ত কৰি সেই প্রদেশৰ সতে থকা মত পার্থক্য দূৰ কৰাৰো আশা পুহি ৰাখিছে চানে। চীনৰ উত্থানে সৃষ্টি কৰা ভয় দূৰীকৰণৰ বাবে চীনে ১৯৭৭ চনত দক্ষিণ পূব এছীয় দেশসমূহৰ অৰ্থনীতিয়ে সন্মুখীন হোৱা সংঘাত মোকবিলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আৰু ইতিবাচক ভূমিকা পালন কৰিলে। অন্যহাতে চীনে লেটিন আমেৰিকা তথা আফ্রিকার দেশসমূহৰ লগতো ঘনিষ্ঠ সম্পর্ক গঢ়ি তোলাৰ বাবে সেই দেশসমূহত বিনিয়োগ কৰি তথা, বিভিন্ন ধৰণে সাহায্য প্রদান কৰি তৃতীয় বিশ্বৰ এক শক্তিশালী অর্থনৈতিক নেতা হিচাবে নিজকে প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। বিশ্ব অর্থনীতিৰো চীন তৃতীয় বিশ্বৰ নেতৃত্ব গ্ৰহণ কৰিছে।

১৫। ক্ষমতাৰ তিনিটা প্ৰধান বিকল্পৰ ভূমিকা চমুকৈ আলোচনা কৰা।

উত্তৰঃ ১৯৯১ চনত ছোভিয়েট সংঘৰ পতন ঘটাত শীতল যুদ্ধৰ অস্ত পৰে। ছোভিয়েট সংঘৰ পতনে আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্ব অপ্রতিদ্বন্দ্বী বৃহৎ শক্তি হিচাবে পৰিণত হ’ল। আমেৰিকা যুক্তৰাষ্ট্ৰই বিশ্ব ৰাজনীতিত যি আধিপত্যমূলক কার্য চলাইছিল তাক প্রতিহত কৰাৰ বাবে বিকল্প শক্তিৰ প্ৰয়োজন আহি পৰিল। গতিকে আমেৰিকাৰ শক্তিক বাধা প্ৰদান কৰাৰ কাৰণে গঠন হোৱা প্ৰধআন বিকল্প শক্তি তিনিটা হ’ল – (ক) ইউৰোপীয় সংঘ, (খ) দক্ষিণ পূব-এছীয় ৰাষ্ট্ৰসমূহৰ সংস্থা (গ) চীনৰ উত্থান।

(ক) ইউৰোপীয় সংঘ: ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ পিছত ১৯৯২ চনত ইউৰোপীয় সংঘ নামৰ এটা নতুন আঞ্চলিক অনুষ্ঠান গঠন হৈছিল। ইউৰোপীয় সংঘ স্থাপনৰ জৰিয়তে ইউৰোপীয় ৰাষ্ট্ৰসমূহে সমূহীয়া বৈদেশিক আৰু নিৰাপত্তা নীতি গ্ৰহণ কৰিছে। ইউপোৰীয় সংঘ যদিও প্রথম অৱস্থাত কেৱল অর্থনৈতিক দিশৰ প্ৰবেশ কৰিছিল কিন্তু সময়ত ৰাজনৈতিক প্রেক্ষাপটটো প্রবেশ কৰি জাতি ৰাষ্ট্ৰৰ দৰে কাৰ্যকলাপ আৰম্ভ কৰিছে। ইউৰোপীয় সংঘই আন্তর্জাতিক সংঘ হিচাপে বিশ্বৰ অৰ্থনীতি, ৰাজনীতি, সামাজিক আৰু সামৰিক আদি ক্ষেত্ৰত প্ৰভাৱশালী স্থিতি ৰক্ষা কৰিবলৈ সক্ষম হৈছে। ই বিশ্বৰ প্ৰযুক্তিবিদ্যাৰ দ্ৰুত অগ্ৰগতিৰ প্ৰতি লক্ষ্য ৰাখি বৈজ্ঞানিক গৱেষণাৰ প্ৰতিও গভীৰ মনোনিবেশ কৰিছে।

(খ) দক্ষিণ পূব এছীয় ৰাষ্ট্ৰসমূহৰ সংস্থা : দ্বিতীয় বিশ্বযুদ্ধ অন্ত পৰাৰ পিছত বিশ্বৰ দুই বৃহৎ শক্তি আমেৰিকা যুক্তৰাষ্টৰ আৰু ছোভিয়েট ইউনিয়নৰ মাজত শীতল যুদ্ধ আৰম্ভ হৈছিল আৰু উভয় পক্ষই আন আন ৰাষ্ট্ৰবোৰ সৈতে মিত্ৰতা কৰাত ব্যস্ত হৈ পৰিছিল। দক্ষিণ পূব এছীয় ৰাষ্ট্ৰসমূহে এই দুই বৃহৎ শক্তিৰ কোনো এটা পক্ষত যোগদান কৰা নাছিল, আনকি গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ সৈতেও জড়িত হোৱা নাছিল। এই ৰাষ্ট্ৰসমূহে নিজাববীয়াকৈ দক্ষিণ পূব এছীয় ৰাষ্ট্ৰসমূহৰ সন্থা গঠন কৰিছিল। ASEAN য়ে আন্তর্জাতিক ক্ষেত্ৰত অতি দ্রুতগতিৰে আঞ্চলিক সন্থা হিচাপে প্রতিষ্ঠিত হ’বলৈ সক্ষম হৈছে। ই আন্তর্জাতিক ৰাজনৈতিক ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি আন্তর্জাতিক ক্ষেত্ৰত প্ৰবেশ কৰিছে। ইয়াৰ বাবে এই অঞ্চলত বিৰাজ কৰি থকা বিশাদসমূহ বুজাবুজিৰ জৰিয়তে ASEAN নে নিষ্পত্তি কৰাৰ বাবে বিশেষ ভূমিকা গ্ৰহণ কৰিছে। ASEAN হ’ল এছিয়া মহাদেশৰ একমাত্র আঞ্চলিক সন্থা য’ত এছীয় আৰু বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহে ৰাজনৈতিক আৰু নিৰাপত্তাৰ পৰিষদত আলোচনা কৰিব পাবে।

(গ) চীনৰ উত্থান : বিশ্বত আমেৰিকা যুক্তৰাষ্ট্ৰই যি আধিপত্য বিস্তাৰ কৰিছে তাৰ বিকল্প হিচাপে চীন দেশক তৃতীয় বিকল্প শক্তিৰ কেন্দ্ৰস্থল হিচাপে প্ৰক্ষেপ কৰিব পাৰো। চীনে ১৯৭৮ চনৰ পৰা অৰ্থনৈতিক দিশত যি সফলতা অর্জন কৰিবলৈ সক্ষম হৈছে, হয়ে চীনক ২০৪০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰকো চেৰ পেথাবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰিব পাৰি। চীনে বর্তমান আঞ্চলিক আৰু গোলকীয়ভাবে অর্থনৈতিক ক্ষমতা আহৰণ কৰিবলৈ সক্ষম হৈছে। চীনৰ অৰ্থনৈতিক উন্নতিয়ে “আছিয়ান” সদস্যভুক্ত ৰাষ্ট্ৰসমূহক ১৯৯৭ চনত আৰ্থিক বিপৰ্যয়ৰ সময়ত সহায় কৰি ইয়াৰ অৰ্থনৈতিক অৱস্থাৰ সুস্থিৰতা আনিছিল। চীনে লেটিন আমেৰিকা আৰু আফ্ৰিকাত কৰা বিনিয়োগ আৰু সাহাৰ্যই বিশ্বৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে।

১৬। অর্থনৈতিক শক্তি হিচাপে চীনৰ উত্থান সম্পর্কে চমুকৈ আলোচনা কৰা।

উত্তৰঃ চীনৰ অৰ্থনীতিৰ যোৱা ৩০টা বছৰত সাংঘাতিক উন্নতি হৈছিল। কেন্দ্ৰীয়কৰণ আঁচনিৰ পৰিবৰ্ত্তে বজাৰকৰণ অৰ্থনীতিৰ প্ৰভাৱ বিস্তাৰ কৰাত ঘৰুৱা ক্ষেত্ৰ খনৰ বাণিজ্যই প্রভুত্ব বিস্তাৰ কৰে। আৰু ইয়ে বিশ্বায়ন অর্থনীতিৰ ক্ষেত্র তো ভূমিকা গ্ৰহণ কৰে। ১৯৪৯ চনত চীনত জনগণৰ গণতন্ত্র স্থাপন হোৱাৰ পাচত মাওঁৰ নেতৃত্বত চীনৰ অৰ্থনীতিয়ে এক বিপ্লৱ সূচনা কৰে। এই বিপ্লৱ ছোভিয়েটৰ আৰ্হিত প্রতিষ্ঠিত। এই অর্থনৈতিক ব্যবস্থাই ধনতান্ত্রিক দেশসমূহৰ লগত কোনো সম্পৰ্ক ৰক্ষা কৰা নাছিল। এই অর্থনৈতিক ব্যৱস্থাই চীনৰ নিজৰ সম্পদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিছিল। এই পদ্ধতিয়ে দেশখনক গধুৰ উদ্যোগ ক্ষেত্ৰখন কৃষিক্ষেত্ৰ ৰ পৰা গঠিত হোৱা মূলধনৰ দ্বাৰা স্থাপন হোৱাত সহায় কৰিছিল। যিহেতু বৈদেশিক বিনিময় কম আছিল সেয়ে চীনৰ ঘৰৱা সামগ্ৰীৰ বিনিময়ত আমদানি কৰাৰ সিদ্ধান্ত লৈছিল। এই সিদ্ধান্ত বা পদ্ধতিয়ে চীনক এই সম্পদসমূহ ব্যৱহাৰ কৰি উদ্যোগীক অর্থনীতিৰ ক্ষেত্ৰখনৰ ভেটি নিৰ্মাণৰ সম্ভৱ কৰিছিল, যিটো অতীতত সম্ভব হোৱা নাছিল। অৱশ্যে এই পদক্ষেপ সন্তোষজনকভাবে ফলপ্ৰসূ হোৱা নাছিল। কাৰণ সেই অনুপাতে উৎপাদন বৃদ্ধি হোৱা নাছিল। ১৯৭২ চনত চীনে আমেৰিকাৰ লগত সম্পর্ক স্থাপন কৰে। ১৯৭৩ চনত কৃষি, উদ্যোগ, বিজ্ঞান, প্রযুক্তি আৰু সামৰিক ক্ষেত্ৰখন আধুনীকৰণ কৰে। ১৯৭৮ চনত ডেংজায়োপিঙে মুক্ত দুৱাৰ নীতি আৰু অর্থনৈতিক সংস্কাৰ ঘটাই উৎপাদক শক্তি বিনিয়োগৰ ক্ষেত্ৰত বৃদ্ধি কৰে আৰু মূলধন আৰু প্রযুক্তি বাহিৰৰ পৰা আমদানি কৰিছিল। ১৯৮২ চনত কৃষি ক্ষেত্ৰ খন ব্যক্তিগতকৰণ কৰে। এইদৰে চীনৰ অৰ্থনীতি দিনে দিনে উন্নতিৰ পথত অগ্ৰসৰ হয়।

Leave a Reply