Class 12 Political Science| Chapter-3|  আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য

Class 12 Political Science| Chapter-3|  আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য। এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব AHSEC Class 12 Political Science| Chapter-3|  আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়।

HS Second Year Question Answer (Assamese Medium)

EnglishClick Here
অৰ্থনীতি (Economy)Click Here
ভূগোল (Geography)Click Here
हिंदीClick Here
অসমীয়াClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
ৰাজনীতি (Political Science)Click Here
সমাজতত্ত্ব (Sociology)Click Here
তৰ্কবিদ্যা আৰু দর্শনশাস্ত্ৰ (Logic & Philosophy)Click Here
নৃতত্ত্ব (Anthropology)Click Here

Class 12 Political Science| Chapter-3|  আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য

চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া ছাত্র-ছাত্ৰীৰ বাবে আমাৰ এই ৱেবছাইটত শেহতীয়া পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি পাঠ Class 12 Political Science| Chapter-3|  আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য ভিত্তিক প্ৰশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। যত ছাত্ৰ-ছাত্ৰীয়ে অনলাইন যোগে পঢ়িব পাৰিব।

প্ৰথম খণ্ড

(ক) অতি চমু প্রশ্নৰ উত্তৰ লিখা : মূল্যাংক: ১ নম্বৰকৈ

১। এক মেৰু ব্যৱস্থা মানে কি?

উত্তৰঃ এক মেৰু ব্যৱস্থাই সাধাৰণতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ একমাত্ৰ বৃহৎ শক্তি হিচাপে নিজ আধিপত্য বিস্তাৰ কৰা কথাক বুজায়।

২।শুদ্ধকৈ লিখা :

আধিপত্য শব্দটোৰ উৎপত্তিস্থল ৰোম সাহিত্যৰ বুলি কোৱা হয়।

উত্তৰঃ আধিপত্য শব্দটোৰ উৎপত্তিস্থল গ্ৰীক সাহিত্যৰ বুলি কোৱা হয়।

৩। শুদ্ধ বা অশুদ্ধ লিখা :

প্ৰকৃততে আধিপত্য শব্দটোৱে প্ৰাচীন গ্ৰীৰৰ এথেন্সৰ একাধিপত্য অৱস্থাটোক বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল।

উত্তৰঃ শুদ্ধ।

৪। খালী ঠাই পূৰ কৰা :

_____হ’ল আমেৰিকাৰ সামৰিক গৱেষণা আঁচনিৰ প্ৰত্যক্ষ ফলাফল।

উত্তৰঃ বিশ্বব্যাপী সংযোগ অর্থাৎ ইণ্টাৰনেট।

৫। নমনীয় আধিপত্য কি?

উত্তৰঃ আমেৰিকাই নিজৰ আদৰ্শ তথা চিন্তাধাৰাৰ প্ৰভাৱ নৰমভাৱে আন ৰাষ্ট্ৰৰ ওপৰত কৰিবলৈ সক্ষম হোৱা প্ৰভুত্বই হৈছে নৰম আধিপত্য। 

৬। কেতিয়া প্ৰথম উপসাগৰীয় যুদ্ধ হৈছিল?

উত্তৰঃ ১৯৯০ চনত।

৭। কঠিন শক্তি কি?

উত্তৰঃ কঠিন শক্তিয়ে সাধাৰণতে অস্ত্র-শস্ত্ৰৰে সুসজ্জিত তথা সুসংগঠিত সামৰিক বাহিনীৰ বুজায়।

৮। ‘মৰুভূমি ধুমুহা অভিযান’ মানে কি?

উত্তৰঃ আমেৰিকাৰ নেতৃত্বত ৩৪ খন ৰাষ্ট্ৰৰ এটা সন্মিলিত গোটে ইৰাকৰ বিৰুদ্ধে চলোৱা সম্মিলিত যুদ্ধখনক মৰুভূমি ধুমুহা অভিযান বুলি জনা যায়।

৯। গঠনমূলক শক্তি হিচাপে আধিপত্যৰ এটা উদাহৰণ দিয়া। 

উত্তৰঃ বিশ্বব্যাপী সংযোগ হৈছে এটা উৎকৃষ্ট উদাহৰণ।

১০। কোন চনত ইৰাকে কুৱেট আক্রমণ কৰিছিল?

উত্তৰঃ ১৯৯১ চনত।

১১। আমেৰিকাৰ ক্ষমতাৰ এটা সীমাবদ্ধতা উল্লেখ কৰা। 

উত্তৰঃ যুক্তৰাষ্ট্ৰীয় গাঁথনি।

১২। আমেৰিকাৰ আধিপত্য কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ ১৯৯১ চনত ছোভিয়েট ৰাছিয়াৰ পতনৰ পিছৰে পৰা আমেৰিকাৰ আধিপত্য আৰম্ভ হৈছিল।

১৩। কোন চনত আমেৰিকাৰ সামৰিক গবেষণা প্রকল্প আৰম্ভ হৈছিল ?

উত্তৰঃ ১৯৫০ চনত।

১৪। গোলকীয় ৰাজহুৱা সম্পত্তিৰ এটা উদাহৰণ দিয়া ।

উত্তৰঃ ইন্টাৰনেট।

১৫। গোলকীয় গাঁও কি? 

উত্তৰঃ গোলকীয় গাঁও হ’ল বর্তমান সমগ্র বিশ্বখন তথ্য-প্রযুক্তি আৰু সংযোগ ব্যৱস্থাৰ অভূতপূৰ্ব বিকাশৰ ফলত সংকুচিত হৈ পৰা বিশ্ব। 

১৬। প্রথম উপসাগৰীয় যুদ্ধৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন আছিল ? 

উত্তৰ: জর্জ ডব্লিউ বুশ।

১৭। ৯/১১ আক্রমণত কিমান মানুহৰ মৃত্যু হৈছিল? 

উত্তৰঃ প্রায় তিনি হাজাৰ জন মানুহ।

১৮। আমেৰিকাৰ বাহিৰত কেতিয়া প্রথম এম. বি. এ পাঠ্যক্ৰম আৰম্ভ হৈছিল?

উত্তৰঃ ১৯৫০ চনত।

১৯। ১৮৮১ চনত আমেৰিকাত স্থাপন কৰা প্ৰথমখন ব্যৱসায় অধ্যয়ন প্ৰতিষ্ঠানৰ নাম লিখা। 

উত্তৰঃ হার্টন স্কুল।

২০। বিশ্বৰ অৰ্থনীতিত আমেৰিকাৰ অংশ কি ? 

উত্তৰঃ বিশ্ব অর্থনীতিত আমেৰিকাৰ ২৮ শতাংশ অংশ আছে।

২১। পি.পি.পি. মানে কি বুজা?

উত্তৰঃ পাকিস্তান পিপুল’চ পার্টি।

২২। ‘অপাৰেশ্যন ডেজার্ট ষ্টৰ্মে’ কি বুজায় ?

উত্তৰঃ আমেৰিকাৰ নেতৃত্বত ৩৪ খন ৰাষ্ট্ৰৰ এক সন্মিলিত গোটে ইৰাকৰ বিৰুদ্ধে চলোৱা সন্মিলিত যুদ্ধখনক মৰুভূমি ধুমুহা অভিযান বুলি জনা যায়।

২৩। সমসাময়িক বিশ্ব ৰাজনীতিৰ প্ৰসংগত ‘৯/১১’ এ কি সূচায় ?

উত্তৰঃ আমেৰিকাৰ বিশ্ব বাণিজ্য কেন্দ্ৰত অল কায়দাই চলোৱা আক্রমণক সূচায়।

২৪। বিশ্ব অর্থনীতিত মার্কিন যুক্তৰাষ্ট্ৰৰ’ অংশ কিমান? 

উত্তৰঃ মার্কিন যুক্তৰাষ্ট্ৰৰ বিশ্ব অর্থনীতিত অংশ ২৮%।

২৫। এক মেৰু বিশিষ্ট ব্যৱস্থা বুলিলে কি বুজা?

উত্তৰঃ কেতিয়াবা কেতিয়াবা সমস্ত আন্তর্জাতিক ব্যৱস্থাটোত কোনো এটা অতি উচ্চকাংশী শক্তিয়ে আধিপত্য বিস্তাৰ কৰি যি নতুন যুগৰ সূচনা কৰে তাক এক মেৰু বিশিষ্ট ব্যবস্থা বোলা হয়।

২৬। বাক্যটি শুদ্ধকৈ লিখাঃ

আধিপত্য শব্দটিৰ মূল হ’ল প্রাচীন ৰোম।

উত্তৰঃ আধিপত্য শব্দটিৰ মূল প্রাচীন গ্রীম সমাজত।

২৭। ‘শুদ্ধ’ নে ‘অশুদ্ধ’ লিখা :

আদিতে, ‘আধিপত্য’ শব্দটো প্ৰাচীন গ্ৰীচত এথেন্সৰ প্ৰাধান্য বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল।

উত্তৰঃ শুদ্ধ।

২৮। খালী ঠাই পূৰণ কৰাঃ

_____আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৱেষণা প্ৰকল্পৰ প্ৰত্যক্ষ ফল।

উত্তৰঃ ইণ্টাৰনেট।

২৯। নমনীয় ক্ষমতা বুলিলে কি বুজা?

উত্তৰঃ কোনো এখন দেশৰ আদৰ্শ আৰু সাংস্কৃতিয়ে আন এখন দেশত আধিপত্যসূচক প্রভাব বিস্তাৰ কৰাকে নমনীয় ক্ষমতা বোলে।

৩০। অনমনীয় ক্ষমতা বুলিলে কি বুজা?

উত্তৰ: অনমনীয় ক্ষমতা মানে বিভিন্ন ৰাষ্ট্ৰৰ মাজত সামৰিক ক্ষমতাই নিৰ্ণয় কৰি দিয়া এক সম্পৰ্কৰ্ক সূচায় য’ত প্ৰগতিশীল ৰাষ্ট্ৰখনে সামৰিক ক্ষমতাৰ জৰিয়তে আনৰ ওপৰত নিজৰ নিয়ন্ত্রণ সাব্যস্ত কৰিব পাৰে।

৩১। গাঁথনিগত শক্তি হিচাবে আধিপত্যৰ এটা উদাহৰণ দিয়া। 

উত্তৰঃ মার্কিন যুক্তৰাষ্ট্ৰই ১৯০০ চনত আৰম্ভ কৰা “ব্যৱসায়িক প্ৰশাসনৰ স্নাতকোত্তৰ ডিগ্ৰী” পৃথিৱীৰ সকলোবিলাক দেশে আজি এক সন্মানীয় ডিগ্ৰী বুলি গ্ৰহণ কৰে।

৩২। আমেৰিকাই কিয় ইৰাক আক্ৰমণ কৰিছিল?

উত্তৰঃ ইৰাকৰ অধিক ধ্বংসাত্মক অস্ত্র বৃদ্ধি কৰাত বাধা আৰোপ কৰা আৰু ইৰাকৰ তৈলক্ষেত্ৰবোৰত আমেৰিকাই আধিপত্য বিস্তাৰ কৰা। 

৩৩। আমেৰিকান শক্তিৰ এটা প্রতিবন্ধক লিখা।

উত্তৰঃ আমেৰিকান শক্তিৰ নিয়ন্ত্ৰণ কৰিব পৰা একমাত্র প্রতিবন্ধকটো হ’ল উত্তৰ আটলান্টিক চুক্তি সংগঠন।

(খ) চমু প্ৰশ্নৰ উত্তৰ লিখা : মূল্যাংক : ২ নম্বৰকৈ

১। আধিপত্যই কি বুজায় ?

উত্তৰঃ আধিপত্য বুলি ক’লে নেতৃত্ব বা প্রাধান্যতাক বুজায়। আধিপত্য মানে সাধাৰণতে আমি মানুহৰ সমষ্টিৰ ওপৰত এজন বা কেইবাটাও মানুহৰ সমষ্টিয়ে চলোৱা শাসনক বা মানুহৰ সমষ্টিটোৱে এজন মানুহ বা মানুহৰ সমষ্টিটোৰ নিদের্শমতে কাৰ্য্য কৰাক বুজায়।

২। ৰাজহুৱা সামগ্ৰীৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ ৰাজহুৱা সামগ্ৰীৰ দুটা উদাহৰণ হ’ল : (ক) বিশ্বব্যাপি সংযোগ আৰু (খ) যোগাযোগৰ বাবে সাগৰীয় পথ।

৩। কোনে, কাৰ বিৰুদ্ধে দীর্ঘস্থায়ী স্বতন্ত্রতা অভিযান আৰম্ভ কৰিছিল? 

উত্তৰঃ ২০০১ চনৰ ৭ অক্টোবৰ তাৰিখে আমেৰিকাৰ সেনাবাহিনীয়ে বৃটিছ সেনা বাহিনী আৰু আফগান ইউনাইটেড ফ্ৰণ্টৰ সহযোগত গোটেই বিশ্বত সন্ত্রাসবাদ নাইকিয়া কৰাৰ উদ্দেশ্যে বিশেষকৈ অলকায়দা আৰু আফগানিস্তানৰ তালিবানসকলৰ বিৰুদ্ধে এই অভিযান আৰম্ভ কৰিছিল।

৪। কেতিয়া আমেৰিকাৰ আধিপত্য আৰম্ভ হৈছিল?

উত্তৰঃ ১৯৯১ চনৰ পিছৰ পৰা। অর্থাৎ ছোভিয়েট সংঘৰ পতনৰ পিছত আমেৰিকাই একমাত্র বৃহৎ শক্তি ৰূপে বিশ্ব ৰাজনীতিত থিয় দিছিল।

৫। কেতিয়া আৰু কোনে ‘ব্রিটন উডচ’ প্ৰতিষ্ঠা কৰিছিল? 

উত্তৰঃ দ্বিতীয় মহাযুদ্ধৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰই ‘ব্রিটন উডচ্’ স্থাপন কৰিছিল।

৬। আমেৰিকাৰ আধিপত্যৰ দুটা উৎপাদক লিখা। 

উত্তৰঃ MBA ৰ প্ৰচলন আৰু Internet ৰ উদ্ভাৱন।

৭। সফল অভিযান কৌশল কি?

উত্তৰঃ আধিপত্যসূচক প্ৰভাৱ বিস্তাৰ কৰাৰ সুযোগ গ্ৰহণ কৰিবলৈ হ’লে আন ৰাষ্ট্ৰৰ আধিপত্যসূচক প্ৰভাৱক বিৰোধ কৰাতকৈ নিজৰ দেশৰ উৎপাদন বৃদ্ধি কৰি বাণিজ্য সম্প্ৰসাৰণ, প্রযুক্তিবিদ্যাৰ উন্নতি আৰু আন ৰাষ্ট্ৰত অর্থ বিনিয়োগ কৰিব লাগে। ইয়াক সফল অভিযান কৌশল বোলে।

৮। অর্থনৈতিক আৰু ৰাজনৈতিক ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য সীমিত কৰিব পাৰে বুলি তুমি ভাবানে? তোমাৰ উত্তৰৰ যুক্তিযুক্ততা দেখুওৱা I

উত্তৰঃ মই ভাবো যে অর্থনৈতিক আৰু ৰাজনৈতিক ক্ষমতাৰ এক বিকল্প কেন্দ্রই আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য সীমিত কৰিব পাৰে। কাৰণ অর্থনৈতিক আৰু সামৰিকভাৱে শক্তিশালী ৰাষ্ট্ৰই আমেৰিকাৰ আধিপত্যক সহজে প্রত্যাহ্বান জনাবলৈ সক্ষম হ’ব পাৰে।

৯। ১৯৯২ চনত আৰু ১৯৯৬ চনত কোনে আমেৰিকাৰ নিৰ্বাচনত জয় লাভ কৰিছিল? 

উত্তৰঃ ১৯৯২ চনত আৰু ১৯৯৬ চনত বিল ক্লিন্টনে আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনত জয়ী হৈছিল।

১০। কেতিয়া আৰু কিয় আমেৰিকাৰ আধিপত্য আৰম্ভ হৈছিল?

উত্তৰঃ ১৯৯১ চনত আমেৰিকাৰ আধিপত্য আৰম্ভ হৈছিল। ইয়াৰ প্ৰধান কাৰণ আছিল সাম্যবাদী ছোভিয়েট ৰাছিয়াৰ পতন।

১১। অল কায়দা কি?

উত্তৰঃ অল কায়দা এটা ইছলামিক সন্ত্রাসবাদী সংগঠন। এই সংগঠনে অমেৰিকাৰ বিখ্যাত বিশ্ব বাণিজ্য কেন্দ্র আক্রমণ কৰি ধ্বংস কৰিছিল।

১২। আমেৰিকাৰ আধিপত্যৰ দুটা সীমাবদ্ধতা উল্লেখ কৰা ?

উত্তৰঃ আমেৰিকান আধিপত্যৰ দুটা সীমাবদ্ধতা হ’ল ―

(ক) যুক্তৰাষ্ট্ৰীয় আইনৰ গাঁথনি, 

(খ) আমেৰিকান সমাজৰ উদাৰ প্ৰকৃতি।

১৩। নৰম ক্ষমতা হিচাপে আধিপত্যই কি বুজায় ?

উত্তৰঃ আমেৰিকাই নিজৰ আদৰ্শ তথা চিন্তাধাৰাৰ প্ৰভাৱ নৰমভাৱে আন ৰাষ্ট্ৰৰ ওপৰত

বিস্তাৰ কৰিবলৈ সক্ষম হোৱা প্ৰভৃত্বই হৈছে নৰম আধিপত্য। 

১৪। সমসাময়িক বিশ্ব ৰাজনীতিত ৯/১১ ৰ ধাৰণাই কোনটো ঘটনাক বুজায়।

উত্তৰঃ ২০০১ চনৰ ১১ ছেপ্তেম্বৰত আৰবৰ বিভিন্ন দেশৰ পৰা অহা ১৯ জন অপহৰণকাৰীয়ে চাৰিখন বিমান অপহৰণ কৰি আমেৰিকাৰ নিউয়ৰ্ক চহৰৰ কেইটামান অতি গুরুত্বপূর্ণ ব্যৱসায়িক কৰে। কেন্দ্ৰত আত্মঘাতী আক্রমণ চলোৱা ঘটনাক ৯/১১ ধাৰণাই প্রতিপন্ন

১৫। আমেৰিকাই কি কাৰণে ইৰাক আক্ৰমণ কৰিছিল?

উত্তৰঃ আমেৰিকাই ইৰাক আক্রমণ কৰাৰ মূল কাৰণ আছিল ইৰাকৰ গণ বিধ্বংসী অস্ত্র-শস্ত্ৰ বিকাশত বাধা দিয়া।

১৬। অনমনীয় ক্ষমতা হিচাপে আধিপত্যবাদ কি?

উত্তৰঃ আমেৰিকাই নিজৰ আদৰ্শ তথা চিন্তাধাৰাৰ প্ৰভাৱ নৰমভাৱে আন ৰাষ্ট্ৰৰ ওপৰত বিস্তাৰ কৰিবলৈ সক্ষম হোৱা প্ৰভুত্বই হৈছে নৰম আধিপত্য।

১৭। ‘হেণ্ডৱাগন’ কৌশল কি?

উত্তৰঃ হেণ্ডৱাগন কৌশল আধিপত্য সূচক প্ৰভাৱ বিস্তাৰ কৰাৰ সুযোগ গ্ৰহণ কৰিবলৈ হ’লে আন ৰাষ্ট্ৰৰ আধিপত্যসূচক প্ৰভাৱক বিৰোধ কৰাতকৈ নিজৰ দেশৰ উৎপাদন বৃদ্ধি কৰি বাণিজ্য সম্প্রসারণ, প্রযুক্তিবিদ্যার উন্নতি আৰু আন ৰাষ্ট্ৰত অর্থ বিনিয়োগ কৰিব লাগে। ইয়াকে হেণ্ডৱাগন এ সফল অভিযানব কৌশল বুলি অভিহিত করা হয়।

১৮। মার্কিন আধিপত্য কেতিয়া আৰু কিয় আৰম্ভ হৈছিল? 

উত্তৰঃ ছোভিয়েট ইউনিয়নর পতনৰ পিছত ১৯৯১ চনত মার্কিন আধিপত্য আৰম্ভ হৈছিল।

১৯৯১ চনত যেতিয়া ছোভিয়েট ইউনিয়নৰ সম্পূৰ্ণৰূপে বিভাজন ঘটিছিল তেতিয়াৰে পৰা৷

বিশ্বৰ একমাত্ৰ পৰম শক্তি হিচাপে আমেৰিকাৰ আধিপত্য আৰম্ভ হৈছিল।

১৯। কি প্ৰক্ৰিয়াৰে মাৰ্কিন আধিপত্য প্রতিষ্ঠিত হৈছিল নিৰ্ণয় কৰা।

উত্তৰঃ মার্কিন আধিপত্য তিনি ধৰণৰ প্ৰক্ৰিয়াৰে প্ৰতিষ্ঠা হৈছিল। এই প্রক্রিয়াসমূহ – 

(ক) নথকা শক্তি হিচাপে আধিপত্য।

(খ) কঠোৰ শক্তি হিচপে আধিপত্য। 

(গ) গাঁথনিগত শক্তি হিচাপে আধিপত্য।

২০। ৰাজনৈতিক প্ৰচাৰাডিমানৰ কৌশল বুলিলে কি বুজা? 

উত্তৰঃ আধিপত্য সূচক প্রভাব বিস্তাৰ কৰাৰ সুযোগ গ্রহণ কৰিবলৈ হ’লে আন ৰাষ্ট্ৰ আধিপত্যসূচক প্রভাৱক বিৰোধ কৰাতকৈ নিজৰ দেশৰ উৎপাদন বৃদ্ধি কৰি বাণিজ্য সম্প্ৰসাৰণ, প্রযুক্তিবিদ্যাৰ উন্নতি আৰু আন ৰাষ্ট্ৰত অর্থ বিনিয়োগ কৰিব লাগে। ইয়াক ৰাজনৈতিক প্ৰচাৰাভিমানৰ কৌশল বুলি অভিহিত কৰা হয়।

২১। গুৱান্টানাম নৌ ঘাটি কি?

উত্তৰঃ গুৱাণ্টানাম নৌ ঘাটি কিউবাত আছে। এই নৌ ঘাটিত আমেৰিকা যুক্তৰাষ্ট্ৰই বিভিন্ন দেশৰ মানুহক বন্দী কৰি ৰাখিছিল। এই বন্দীসকলে আন্তঃৰাষ্ট্ৰীয় আইন বা নিজৰ দেশৰ আইনৰ কোনো সুৰক্ষা নাপায়।

২২। ক্লিন্টনৰ শাসনকালত আমেৰিকাৰ সামৰিক অভিযানৰ বিষয়ে লিখা।

উত্তৰঃ বিল ক্লিন্টনৰ নেতৃত্বত অপাৰেশ্যন Infinite Reach কার্যকৰী কৰা হয়। চুদনি আৰু আফগানিস্থানৰ অলকায়দাৰ এই অভিযানৰ অধীনত মিচাইলেৰে আক্ৰমণ কৰা হৈছিল। 

২৩। অপাৰেচন ইৰাকী ফ্ৰীডম কি ? ইয়াৰ ফলাফল কি কি?

উত্তৰঃ ২০০৩ চনত আমেৰিকাই অপাৰেচন ইৰাকী ফ্রীডম আঁচনিৰ অধীনত ইৰাক আক্ৰমণ কৰিছিল। এই আক্ৰমণৰ উদ্দেশ্য আছিল ইৰাকৰ গণবিধ্বংসী অস্ত্র-শস্ত্র ধ্বংস কৰা।

২৪। মার্কিন যুক্তৰাষ্ট্ৰই ইৰাক আক্রমণ কিয় কৰিছিল?

উত্তৰঃ আমেৰিকাই ইৰাক আক্ৰমণ কৰাৰ কাৰণসমূহ হ’ল ―

(ক) ইৰাকৰ গণবিধ্বংসী অস্ত্র বিকাশত বাধা দিয়া।

(খ) ইৰাকৰ তৈল ক্ষেত্ৰসমূহৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰা।

২৫। ‘‘আধিপত্য’ বুলিলে কি বুজা?

উত্তৰঃ কোনো ব্যক্তি বা ব্যক্তি গোষ্ঠীয়ে ক্ষমতা লাভ কৰি আন কোনো ব্যক্তি বা ব্যক্তিগোষ্ঠীৰ ওপৰত বজায় ৰাখিব বিচৰাকে আধিপত্য বোলে। বিশ্ব ৰাজনীতিত কিছুমান দেশে বা দেশৰ সমষ্টিয়ে ক্ষমতা অর্জন কৰি তাক বৰ্তাই ৰাখিবৰ বাবে যি অনবৰত চেষ্টা চলাই তাকেই আধিপত্য বোলে।

২৬। ‘সহজ ক্ষমতা হিচাপে আধিপত্য’ কি?

উত্তৰঃ এখন উন্নত দেশত প্ৰচলিত ৰীতি-নীতিবোৰ অনুসৰণ কৰি আন এখন অনুন্নত দেশে উৎকৃষ্ট জীবন-যাপন, ব্যক্তিগত কৃতকাৰ্য আৰু সৰহভাগ সপোন বাস্তবায়িত কৰিব বিচাৰে। এইবোৰ এখন দেশে আন এখন দেশক জোৰ কৰি ৰাষ্ট্ৰত জাপি দিব নিবিচাৰে; তেওঁলোকৰ ৰীতি-নীতি সাংস্কৃতিবোৰ আন ৰাষ্ট্ৰই নিজে নিজে গ্ৰহণ কৰাকে সহজ ক্ষমতা হিচাপে আধিপত্য বোলে।

২৭। অপাৰেচন ইৰাকী ফ্রীডম’ কি আছিল?

উত্তৰঃ ইৰাকক মানৱ ধ্বংসমুখী অস্ত্র-শস্ত্র উৎপাদন কৰাত বাধা দিয়াৰ উদ্দেশ্যে ২০০৩ চনৰ ১৯ মাৰ্চৰ দিনা আমেৰিকাৰ নেতৃত্বত ৪০ খনৰো অধিক ৰাষ্ট্ৰৰ দ্বাৰা গঠিত মৰ্চা সামৰিক বাহিনীয়ে ইৰাকৰ ওপৰত চলোৱা অভিযানক “অপাৰেচন ইৰাকী ফ্রীডম” বোলা হৈছিল।

২৮। আমেৰিকাৰ প্ৰভূত্বৰ দুটা ফল উল্লেখ কৰা।

উত্তৰঃ (ক) ইন্টাৰনেন্ট, (খ) ব্যৱসায়িক প্ৰশাসনৰ স্নাতকোত্তৰ ডিগ্ৰী।

(গ) উত্তৰ লিখা মূল্যাংক: ৪ নম্বৰকৈ

১। ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক লিখা।

উত্তৰঃ বৰ্তমান সময়ত ভাৰতবৰ্ষই উদাৰ অৰ্থনৈতিক নীতি গ্ৰহণ কৰিছে। ইয়াৰ ফলস্বৰূপে ভাৰতবৰ্ষই আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে বন্ধুত্বপূর্ণ সম্পর্ক স্থাপন কৰিছে। ভাৰতবৰ্ষই সামৰিক ক্ষেত্ৰতো আমেৰিকাৰ সৈতে অংশীদাৰিত্ব কৰিছে। ভাৰতে পাৰমাণৱিক খণ্ডতো আমেৰিকাৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে। তদুপৰি ভাৰতে সাম্প্ৰতিক সময়ত আমেৰিকাৰ সৈতে কাৰিকৰী জ্ঞানৰ আদান-প্রদান আৰু ভাৰতীয় আমেৰিকানসকলৰ আদান প্রদান সম্পর্কীয় দিশত সম্বন্ধ স্থাপনত অধিক মনোনিবেশ কৰিছে।

২। আধিপত্য কিদৰে অৱসান কৰিব পাৰি? 

উত্তৰঃ আমেৰিকাৰ আধিপত্যক প্ৰত্যাহ্বান কৰিব পৰা উপায় হ’ল ―

  1. ডাঙৰ আৰু শক্তিশালী ৰাষ্ট্ৰসমূহৰ মাজত মিত্ৰতা গঢ়ি তোলা। 
  2. আধিপত্যবাদৰ বিৰুদ্ধে প্ৰৱল জনমত আৰু সচেতনতা
  3. বেচৰকাৰী সংগঠনৰ সক্রিয় ভূমিকা গ্রহণ। 

৩। বিল ক্লিন্টনৰ শাসনকালত আমেৰিকাৰ আধিপত্য আলোচনা কৰা।

উত্তৰঃ বিল ক্লিন্টনৰ শাসনকালত আমেৰিকাই নমনীয় আধিপত্যৰ নীতি অনুসৰণ কৰিছিল৷ 

বিল ক্লিন্টনে বিশ্বত গণতান্ত্রিক আদৰ্শ আৰু শাসন পদ্ধতি বিস্তাৰৰ পোষকতা কৰিছিল। বিল ক্লিস্টনে পৰিবেশ সুৰক্ষা, বিশ্ব বাণিজ্যৰ প্ৰসাৰ আৰু সন্ত্রাসবাদ দমনৰ ওপৰত বিশেষভাৱে অগ্ৰাধিকাৰ দিছিল।

৪। উপসাগৰীয় যুদ্ধৰ কাৰণবোৰ কি কি?

উত্তৰঃ উপসাগৰীয় যুদ্ধৰ কাৰণ আছিল :

  1. তেল সম্পদৰ ওপৰত নিয়ন্ত্রণ।
  2. আমেৰিকা প্রতি বন্ধুত্ব সুলভ শাসন প্রতিষ্ঠা।
  3. ইৰাক গণবিধ্বংসী অস্ত্র-শস্ত্র প্রস্তুত আৰু মজুতকৰণত বাধা দিয়া।

৫। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ শেহতীয়া সম্পৰ্কৰ বিষয়ে চমুকৈ উল্লেখ কৰা ।

                        অথবা

ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক স্বাভাৱিক হোৱা প্ৰক্ৰিয়া বৰ্ণনা কৰা। 

উত্তৰঃ বৰ্তমান সময়ত ভাৰতবৰ্ষই উদাৰ অৰ্থনৈতিক নীতি গ্ৰহণ কৰিছে। ইয়াৰ ফলস্বৰূপে ভাৰতবৰ্ষই আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে বন্ধুত্বপূর্ণ সম্পর্ক স্থাপন কৰিছে। ভাৰতবৰ্ষই সামৰিক ক্ষেত্ৰতো আমেৰিকাৰ সৈতে অংশীদাৰিত্ব কৰিছে। ভাৰতে পাৰমাণৱিক খণ্ডতো আমেৰিকাৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে। তদুপৰি ভাৰতে সাম্প্ৰতিক সময়ত আমেৰিকাৰ সৈতে কাৰিকৰী জ্ঞানৰ আদান-প্রদান আৰু ভাৰতীয় আমেৰিকানসকলৰ আদান প্রদান সম্পৰ্কীয় দিশত সম্বন্ধ স্থাপনত অধিক মনোনিবেশ কৰিছে।

৬। “আমেৰিকাৰ গঠনমূলক শক্তিৰ এক উত্তম উদাহৰণ হ’ল ব্যৱসায় পৰিচালনাৰ মাষ্টাৰ উপাধি (MBA)।” উদাহৰণ দি ইয়াৰ তাৎপৰ্য্য ব্যাখ্যা কৰা। 

উত্তৰঃ এইটো সঁচা যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ গঠনমূলক শক্তিৰ এক উত্তম উদাহৰণ হ’ল এম.বি.এ. নামৰ শিক্ষাগত উপাধি। আমেৰিকাৰ বিশ্ববিদ্যালয়ত ব্যৱসায়ৰ কৌশল আৰু নিপুণতাৰ বিষয়ে শিকোৱা হয়। পৃথিৱীৰ প্ৰথমখন বাণিজ্যিক শিক্ষানুষ্ঠান আমেৰিকাৰ বিশ্ববিদ্যালয়তে স্থাপিত হৈছিল।

৭। আমেৰিকান আধিপত্যবাদৰ সাংস্কৃতিক দিশৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ আদৰ্শগত আৰু বৌদ্ধিক চিন্তাচর্চা যথেষ্ট শৃংখলাবদ্ধ আৰু উন্নত। আমেৰিকা যুক্তৰাষ্ট্ৰই বিশ্বৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত সহমত সৃষ্টি কৰিব পাৰে। বিশ্বৰ ভিন্ন প্ৰান্তৰ জনসাধাৰণে আমেৰিকান সংস্কৃতি আৰু সাহিত্যৰ প্ৰতি গভীৰভাৱে প্ৰভাৱিত।

৮। আমেৰিকাৰ আধিপত্যবাদ প্রতিষ্ঠিত হোৱা প্ৰক্ৰিয়া পৰীক্ষা কৰা। 

উত্তৰঃ (ক) শীতল যুদ্ধৰ সময়ত আমেৰিকাই ছোভিয়েট ৰাছিয়াৰ নিচিনা সর্বশক্তিমান দেশ এখনৰ বিৰুদ্ধে প্রতিদ্বন্দিতা কৰিবলগীয়া হৈছিল। কিন্তু যুদ্ধৰ পিছত আমেৰিকাই আস্তঃৰাষ্ট্ৰীয় ৰাজনীতিত শক্তিশালী দেশ হিচাপে পৰিগণিত হৈছিল। সেই সময়ত পৃথিৱীৰ এনেকুৱা এখন দেশ নাছিল যিয়ে আমেৰিকাৰ চূড়ান্ত শক্তিৰ ওচৰত থিয় দিব পৰা নাছিল।

(খ) শীতল যুদ্ধৰ পৰিসমাপ্তিৰ পিচত বিশ্ববেংকৰ নিচিনা আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ লগত ইয়াৰ প্ৰভূত্ব বিস্তাৰ কৰিছিল। লগতে ই বিশ্ব মুদ্ৰানিধি আৰু বিশ্ব ৰাষ্ট্ৰসংঘৰ ওপৰতো আধিপত্য বিস্তাৰ কৰিছিল।

(গ) শান্তি যুদ্ধৰ পিছত আমেৰিকাই সামৰিক বৃদ্ধি কৰে, যিটো ইৰাক, ইৰাণ, আফগানিস্থানৰ বিপক্ষে থিয় দিব পাৰিছিল।

৯। আন্তৰাষ্ট্ৰীয় ৰাজনীতিৰ পৰিপ্ৰেক্ষিতত আধিপত্যবাদৰ ব্যাখ্যা আগবঢ়োৱা। 

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত আধিপত্য মানে কোনো এখন ৰাষ্ট্ৰই আন ৰাষ্ট্ৰবোৰৰ ওপৰত বিস্তাৰ কৰা আধিপত্য। সাম্প্রতিক সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰই বিশ্বত আধিপত্য বিস্তাৰ কৰিছে। ছোভিয়েট ৰাছিয়াৰ পতনৰ লগে লগে বিশ্বত একমাত্র মহাশক্তি হিচাপে আমেৰিকাৰ যুক্তৰাষ্ট্ৰই আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰভুত্ব বিস্তাৰ কৰিছে।

১০। আজিৰ বিশ্বত মার্কিন আধিপত্যই কি বুজায়? মার্কিন আধিপত্যৰ ক্ষেত্ৰত থকা যিকোনো দুটা প্রতিবন্ধতা উল্লেখ কৰা। 

উত্তৰঃ আজিৰ বিশ্বত মার্কিন আধিপত্যই সামৰিক, অর্থনৈতিক সুন্দৰ জীৱনৰ আদৰ্শ এই সকলোবিলাকতো আমেৰিকাৰ নেতৃত্বক সূচায়। 

মার্কিন আধিপত্যৰ ক্ষেত্ৰত থকা প্রতিবন্ধকতাসমূহ হ’ল –

প্রথম সীমাবদ্ধতা হৈছে যুক্তৰাষ্ট্ৰীয় ৰাজ্যত আইনৰ গাঠনি। চৰকাৰৰ তিনিটা বিভাগৰ মাজৰ ক্ষমতা বিভাজন ব্যৱস্থাই কার্য নির্বাহক বিভাগে অদমনীয় আৰু অপৰিমিত সামৰিক ক্ষমতা প্রয়োগত গুৰুত্বৰ বাধা দিছে।

দ্বিতীয় সীমাবদ্ধতা হৈছে যুক্তৰাষ্ট্ৰীয় শক্তি ঘৰুৱা প্ৰাকৃতিক আৰু ই আমেৰিকান সমাজক খোলা প্ৰকৃতিৰ পৰা উৎপত্তি হৈছে। যদিওবা সময়ে সময়ে যুক্তৰাষ্ট্ৰৰ ঘৰুৱা জনসাধাৰণৰ মতামতৰ ওপৰত নিৰ্দিষ্ট অবিকল দৃশ্য এটা আমেৰিকান জন প্ৰচাৰে প্ৰচাৰ যোগে আৰোপ কৰে বা সহায় কৰে, তথাপিতো আমেৰিকান ৰাজনৈতিক সংস্কাৰ অভিপ্ৰায় আৰু কৌশলৰ শাসন সম্বন্ধে গভীৰ অবিশ্বাস আছে। এই উপাদান দীর্ঘদিনত যুক্তৰাষ্ট্ৰৰ সমুদ্ৰৰ সিপাৰৰ সামৰিক অভিযানত এটা বৃহৎ সীমাবদ্ধতা আনি দিছিল।

১১। গোলকীয় গাঁৱত ৰাষ্ট্ৰৰ ভূমিকা আলোচনা কৰা। 

উত্তৰঃ সমগ্ৰ বিশ্বখন সম্প্রতি এখন গাঁৱত পৰিণত হৈছে। এই গোলকীয় বিশ্বখনৰ গাওঁবুঢ়া হৈছে আমেৰিকা। যিহেতু এইখনেই একমাত্র গাঁও য’ত নেকি আমি বসবাস কৰোঁ গতিকে গাঁওৰ মুৰব্বীৰ ইচ্ছাৰ বিৰুদ্ধে কোনো নায়কেই কাৰ্যপন্থা গ্ৰহণ কৰিব নোৱাৰে। মুৰব্বীজনৰ আধিপত্যৰ প্ৰতিৰোধ কৰাটো গোলকীয় বিশ্বত জীয়াই থাকিবৰ বাবে উপযুক্ত বিকল্প পথ।

১২। গুৱান্টানাম উপসাগৰ কি ? ইয়াৰ তাৎপর্য আলোচনা কৰা। 

উত্তৰঃ গুৱান্টানাম উপসাগৰ হ’ল কিউবাত থকা আমেৰিকাৰ নৈ বাহিনীৰ ঘাটি। এই অঞ্চল হ’ল উপসাগৰীয় অঞ্চল।

আমেৰিকা যুক্তৰাষ্ট্ৰই বিভিন্ন ৰাষ্ট্ৰৰ পৰা বন্দী কৰি অনা সন্ত্রাসবাদীসকলক বন্দী কৰি ৰখা হয়। এই ঠাই কোনো আন্তর্জাতিক আইন বা তেওঁলোকৰ নিজ দেশৰ আইন বা আমেৰিকাৰ আইন উপভোগ কৰিব নোৱাৰে। আনকি ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধিসকলোকে এই বন্দীসকলক সাক্ষাৎ কৰিবলৈ এই অঞ্চলত প্ৰবেশ কৰিবলৈ নিদিয়ে।

১৩। ইৰাকী স্বাধীনতাৰ অভিযান’ কি? ইয়াৰ ফলাফলসমূহ উল্লেখ কৰা।

উত্তৰঃ ইৰাকক মানব ধ্বংসমুখী অস্ত্র নির্মাণত বাধা প্ৰদান কৰিবলৈ আমেৰিকাৰ নেতৃত্বত বিশ্বৰ ৪০ খন ৰাষ্ট্ৰৰ দ্বাৰা গঠিত বাহিনীয়ে ইৰাকৰ বিৰুদ্ধে অভিযান চলাই তাকেই ইৰাকী স্বাধীনতাৰ অধিযান বোলে।

এই যুদ্ধৰ ফলত ইৰাকত ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইনৰ ৰাজত্ব সোনকালে অন্ত পৰিছিল যদিও ইৰাকত শান্তি স্থাপন হোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইৰাক আক্ৰমণক লৈ ইৰাকত পুর্ণোদ্যমে বিদ্ৰোহৰ সূত্ৰপাত হৈছিল। এই যুদ্ধখনত আমেৰিকা যুক্তৰাষ্ট্ৰই প্রায় ৩,০০০ সৈন্যৰ মৃত্যু হৈছে আৰু ইৰাকৰ সৈন্যৰ মৃত্যুৰ সংখ্যা ইয়াতকৈ অধিক আছিল। আমেৰিকাৰ

এই আক্ৰমণত প্ৰায় ৫০,০০০ ইৰাকৰ সধাৰণ লোক মৃত্যু হৈছিল।

১৪। ৰাজহুৱা পণ্য বুলিলে কি বুজা? গোলকীয় ৰাজহুৱা পণ্যৰ উদাহৰণৰ তালিকা দিয়া। 

উত্তৰঃ যিবোৰ দ্ৰব্য প্ৰতিজন ব্যক্তিক জীয়াই থকাৰ কাৰণে অতিশয় প্রয়োজন। ইয়াৰ ব্যৱহাৰ কোনো কাৰণতে হ্ৰাস কৰিব নোৱাৰি তাকেই ৰাজহুৱা পণ্য দ্রব্য বোলে।

ৰাজহুৱা পণ্য দ্ৰব্যৰ কেইতামান উদাহৰণ হ’ল— বিশুদ্ধ বায়ু, ৰাস্তা-পদুলি, যাতায়তৰ সমুদ্রপথসমূহ আদি।

১৫। ক্লিণ্টনৰ যুগত মার্কিন সামৰিক যুদ্ধৰ বিষয়ে ব্যাখ্যা কৰা। 

উত্তৰঃ ক্লিণ্টৰ সময়তো আমেৰিকা যুক্তৰাষ্ট্ৰ সামৰিক শক্তি প্ৰয়োগ কৰাৰ ক্ষেত্ৰত প্ৰস্তুত 

আছিল। ১৯৯৯ চনত যুগোশ্লোভিয়াৰ আলবেনিয়ান জনবসতি প্রধান কচভো প্ৰদেশত যুগোশ্লোভিয়াৰ আক্ৰমণ চলে। এই ঘটনা প্রতিহত কৰিবৰ বাবে মার্কিন যুক্তৰাষ্ট্ৰৰ নেতৃত্বতে NATOৰ অন্তৰ্ভুক্ত দেশসমূহে যুগোশ্লোভিয়াৰ ওপৰত বোমাবর্ষন আৰম্ভ কৰে। এই অভিযানত শ্ল’ব ‘ডান মিলোশ্বেভিক চৰকাৰৰ পতন ঘটে।

ক্লিন্টন প্ৰশাসনৰ দিন ১৯৯৪ চনত কেনিয়াকৰ নাইৰোবি আৰু তানজানিয়াৰ ডাৰ-ঈ-চালামত থকা মার্কিন দূতবাসত ‘অল কায়দা’ নামৰ উগ্ৰপন্থী সংগঠনে বোমা বর্ষন কৰে। এই বোমা বর্ষণ সংঘটিত হোৱা ঠিক কেইদিনমানৰ ভিতৰতে ‘অল কায়দা’ৰ ঘাটিৰ ওপৰত আক্ৰমণ কৰাৰ আদেশ দিয়ে। এই অভিযানক ‘অপাৰেচন ইনফিনিটৰিছ’ নামেৰে জনা যায়। এই অভিযানত ক্লিটন প্রশাসনে চুডান আৰু আফগানিস্তানত থকা অল কায়দাৰ ঘাটিৰ পৰা ক্ৰুইজমিছাইলেৰে আক্ৰমণ কৰে।

১৬। ‘কঠিন শক্তি হিচাপে আধিপত্য’ কি? 

উত্তৰঃ কঠিন শক্তি হিচাপে আধিপত্য মানে হ’ল বিভিন্ন ৰাষ্ট্ৰৰ মাজত সামৰিক ক্ষমতাই নির্ণয় কৰি দিয়া এক সম্পৰ্কক সুচায় য’ত প্ৰতিপত্তিশালী ৰাষ্ট্ৰখনে সামৰিক ক্ষমতাৰ জয়িৰতে আনৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰিব পাৰে। আমেৰিকা যুক্তৰাষ্ট্ৰই বর্তমান আন্তর্জাতিক ৰাজনীতিত যি আধিপত্য বিস্তাৰ কৰিছে ইয়াৰ ভিত্তিহ’ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক ক্ষমতা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইমান বেছি সামৰিক শক্তি আছে যে ই যিকোনো ঠাইতে অতি সহজে বিশ্বৰ যিকোনো ঠাই ঢুকি পাব পাৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক শক্তিৰ লগত বিশ্বৰ কোনো দেশৰ সামৰিক শক্তি ফেৰ মাৰিব নোৱাৰে। আমেৰিকা যুক্তৰাষ্ট্ৰই সামৰিক ক্ষেত্ৰত বিশ্বৰ শ্ৰেষ্ঠ ধন খৰচ কৰে।

১৭। আধিপত্যৰ পৰা কেনেকৈ মুক্তি পাব পাৰি?

উত্তৰঃ আধিপত্যৰ পৰা মুক্তি পাব পৰা ব্যৱস্থাকেইটা হ’ল—

(ক) পৃথিৱীৰ ডাঙৰ আৰু শক্তিশালী ৰাষ্ট্ৰবোৰে সামৰিক মিত্ৰজোট গঠন কৰি আধিপত্যৰ পৰা মুক্তি পাব পাৰি।

(খ) আন্তঃর্জাতিক ক্ষেত্ৰত যুদ্ধৰ নিয়ন্ত্ৰণৰ বাবে যুদ্ধৰ বিধানবোৰ প্ৰয়োগ কৰিব লাগিব।

(গ) আধিপত্যৰ পৰা মুক্তি পাব পৰা আনএটা কৌশল হ’ল নিৰাপদ দূৰত্ব অৱস্থান কৰা যাক লুকাই থকাও বুলিব পাৰি। নিজৰ সামৰিক শক্তি লুকাই ৰাখিব অধিপত্যৰ পৰা। মুক্তি পাব পাৰি।

(ঘ) বিভিন্ন অনাচৰকাৰী অনুষ্ঠান সমাজিক আন্দোলন আৰু জনসমতৰ দ্বাৰা আধিপত্যব পৰা মুক্তি পাব পাৰি।

দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান প্ৰশ্নোত্তৰ

Sl. No.সূচী-পত্ৰ
Unit 1প্ৰথম খণ্ড
Chapter 1শীতল যুদ্ধৰ যুগ
Chapter 2দ্বি ৰাষ্ট্ৰবাদৰ অৱসান
Chapter 3 আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য
Chapter 4ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ
Chapter 5সাম্প্রতিক দক্ষিণ এছিয়া
Chapter 6আন্তর্জাতিক সংগঠন
Chapter 7সাম্প্রতিক বিশ্বত নিৰাপত্তা
Chapter 8পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ
Chapter 9বিশ্বায়ন
Unit 2দ্বিতীয় খণ্ড
Chapter 1জাতি গঠনৰ প্ৰত্যাহ্বান
Chapter 2এক দলীয় প্রাধান্যৰ যুগ
Chapter 3পৰিকল্পিত বিকাশৰ ৰাজনীতি
Chapter 4ভাৰতৰ বৈদেশিক সম্বন্ধ
Chapter 5কংগ্রেছ ব্যৱস্থাৰ প্রতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্রতিষ্ঠা
Chapter 6গণতন্ত্রৰ সংকট
Chapter 7গণ আন্দোলনৰ অভ্যুত্থান
Chapter 8আঞ্চলিক আকাংক্ষাবোৰ
Chapter 9ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ

১৮। বিশ্ব পৰিক্ৰমাত আমেৰিকাৰ বৰ্তমান মর্যাদা সম্বন্ধে আলোচনা কৰা । 

উত্তৰঃ বিশ্বৰ দুই বৃহৎ শক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ মাজৰ পৰা হঠাতে ছোভিয়েট ইউনিয়নৰ পতন ঘটাত বিশ্ব ৰাজনীতিত এক আমূল পৰিবৰ্তন আহি পৰিছিল। বিশ্ব ৰাজনীতিৰ পৰা দুই বৃহৎ শক্তিৰ ভিতৰত যে কেৱল ছোভিয়েট ইউনিয়নৰ পতন আৰু কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰই তিষ্ঠি থাকিলে সেয়ে নহয়, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ষমতাও ক্রমাগতভাবে বৃদ্ধি পাবলৈ ধৰিছে। ১৯৯১ চনৰ পিছত আন্তর্জাতিক ৰাজনীতিৰ প্ৰেক্ষাপটৰ পৰা ছোভিয়েট ইউনিয়নৰ অন্তৰ্ধান হোৱাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ একচেটিয়া আধিপত্য আৰম্ভ হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰই বৰ্তমান বিশ্বৰ ৰাজনীতিৰ ওপৰঞ্চি বিশ্বৰ আন ৰাষ্ট্ৰবোৰৰ আভ্যন্তৰীণ বিষয়বোৰত সোমাই পৰি হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে কোনো ৰাষ্ট্ৰৰ সংঘাত হ’লে বা নিৰ্দেশ মতে গৰিচালিত নহ’লে সেই ৰাষ্ট্ৰখনক চল চাই কিবা অজুহাতত আক্রমণ কৰে।

(ঘ) দীঘল প্রশ্নোত্তৰ উত্তৰ লিখা : মূল্যাংক : ৬ নম্বৰকৈ

১। বিভিন্ন প্ৰকাৰৰ আধিপত্যবাদৰ বিষয়ে উদাহৰণ দি আলোচনা কৰা। 

উত্তৰঃ শীতল যুদ্ধৰ পৰিসমাপ্তিৰ পিছত আমেৰিকাৰ কোনো প্রতিদণ্ডী নাছিল। আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত আমেৰিকাই আধিপত্য বিস্তাৰ কৰিছিল।

অধিপত্যৰ প্ৰকাৰঃ

(ক) কঠিন শক্তি : আমেৰিকা সামৰিক ভাবে এক শ্রেষ্ঠ আৰু কঠিন শক্তি। আমেৰিকাৰ সামৰিক শক্তিৰ সৈতে বর্তমানলৈকে কোনো আন ৰাষ্ট্ৰই প্ৰতিদণ্ডিতা কৰিব পৰা সাহস হোৱা নাই।

(খ) গাঁথনিগত শক্তি : আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক গাঁথনি যথেষ্ঠ শক্তিশালী। আভ্যন্তৰীনভাৱে আমেৰিকাৰ পৰ্য্যাপ্ত পৰিমাণৰ গাঁথনিগত ক্ষমতা আছে। উদাহৰণ স্বৰূপে অৰ্থনৈতিক আৰু প্ৰযুক্তিৰ কথা উল্লেখ কৰিব পাৰি।

(গ) ‘সন্মতি গঠন’ৰ ক্ষমতাঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ আদৰ্শচ্ছগত আৰু বৌদ্ধিক চিন্তাচর্চা যথেষ্ঠ শৃংখলাবদ্ধ আৰু উন্নত। সেয়েহে বিভিন্ন জটিল ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত সহমত সৃষ্টি কৰিব পাৰে।

২। “আমেৰিকান আধিপত্যৰ বিৰুদ্ধে আটাইতকৈ ডাঙৰ বাধাটো আধিপত্যৰ কেন্দ্ৰ বিন্দুতে অন্তর্ভুক্ত হৈ আছে” — এই উক্তিৰ আধাৰত আমেৰিকান আধিপত্যৰ তিনিটা বাধা চিনাক্ত কৰা।

উত্তৰঃ প্রথম সীমাবদ্ধতা হৈছে যুক্তৰাষ্ট্ৰীয় ৰাজ্যত আইনৰ গাঠনি। চৰকাৰৰ তিনিটা বিভাগৰ মাজৰ ক্ষমতা বিভাজন ব্যৱস্থাই কার্য নির্বাহক বিভাগে অদমনীয় আৰু অপৰিমিত সামৰিক ক্ষমতা প্রয়োগত গুৰুত্বৰ বাধা দিছে। দ্বিতীয় সীমাবদ্ধতা হৈছে যুক্তৰাষ্ট্ৰীয় শক্তি ঘৰুৱা প্ৰাকৃতিক আৰু ই আমেৰিকান সমাজৰ খোলা প্ৰকৃতিৰ পৰা উৎপত্তি হৈছে। যদিওবা সময়ে সময়ে যুক্তৰাষ্ট্ৰৰ ঘৰুৱা জনসাধাৰণৰ মতামতৰ ওপৰত নিৰ্দ্দিষ্ট অবিকল দৃশ্য এটা আমেৰিকান জন প্ৰচাৰে প্ৰচাৰ যোগে আৰোপ কৰে বা সহায় কৰে, তথাপিতো আমেৰিকান ৰাজনৈতিক সংস্কাৰ অভিপ্ৰায় আৰু কৌশলৰ শাসন সম্বন্ধে গভীৰ অবিশ্বাস আছে। এই উপাদান দীর্ঘদিনত যুক্তৰাষ্ট্ৰৰ সমুদ্ৰৰ সিপাৰৰ

সামৰিক অভিযানত এটা বৃহৎ সীমাবদ্ধতা আনি দিছিল।

সেই যি হওঁক, যুক্তৰাষ্ট্ৰৰ তৃতীয় সীমাবদ্ধতাটো বোধকৰো অতি গুৰুত্বপূর্ণ। বর্তমান আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাত এটা মাত্র সংগঠন আছে যিয়ে আজি বোধকৰো যুক্তৰাষ্ট্ৰীয় শক্তি প্রয়োগত সাম্য কৰিব পাৰে আৰু সেইটোৱেই হ’ল নর্থ আটলান্টিক ত্ৰিতি অৰগেনাইজেচন যুক্তৰাষ্ট্ৰৰ দেখাদেখিকৈ গণতান্ত্ৰিক মিত্ৰতা ধৰি ৰখাত পৰ্য্যাপ্ত স্বাৰ্থ আছে। কাৰণ ই বাণিজ্যিক অর্থনীতি জীয়াই ৰাখিব আৰু সেই কাৰণেই তেওঁলোকৰ (যুক্তৰাষ্ট্ৰৰ) মিত্ৰসকলে যুক্তৰাষ্ট্ৰীয় আধিপত্য প্রয়োগ কৰাত সৈমান কৰিব পৰাটো সম্ভৱ।

৩। আমেৰিকান অধিপত্যৰ বৰ্ত্তমান বাধা (Constraints) কি? ভবিষ্যতে এইবোৰৰ কোনটোৱে প্ৰাধান্য পাব বুলি তুমি ভাবা ? 

উত্তৰঃ বৰ্তমান সময়ত আমেৰিকাৰ আধিপত্যই বিশ্ব ৰাজনীতিত আমেৰিকাৰ শক্তিশালী স্থান আৰু ভূমিকাক বুজায়।

প্রথম সীমাবদ্ধতা হৈছে যুক্তৰাষ্ট্ৰীয় ৰাজ্যত আইনৰ গাঠনি। চৰকাৰৰ তিনিটা বিভাগৰ মাজৰ ক্ষমতা বিভাজন ব্যৱস্থাই কার্য নির্বাহক বিভাগে অদমনীয় আৰু অপৰিমিত সামৰিক ক্ষমতা প্ৰয়োগত গুৰুত্বৰ বাধা দিছে।

দ্বিতীয় সীমাবদ্ধতা হৈছে যুক্তৰাষ্ট্ৰীয় শক্তি ঘৰুৱা প্ৰাকৃতিক আৰু ই আমেৰিকান সমাজৰ মুক্ত প্ৰকৃতিৰ পৰা উৎপত্তি হৈছে। যদিওবা সময়ে সময়ে যুক্তৰাষ্ট্ৰৰ ঘৰুৱা জনসাধাৰণৰ মতামতৰ ওপৰত নিৰ্দ্দিষ্ট অবিকল দৃশ্য এটা আমেৰিকান জন প্ৰচাৰে প্ৰচাৰ যোগে আৰোপ কৰে বা সহায় কৰে, তথাপিতো আমেৰিকান ৰাজনৈতিক সংস্কাৰ অভিপ্ৰায় আৰু কৌশলৰ শাসন। সম্বন্ধে গভীৰ অবিশ্বাস আছে। এই উপাদান দীর্ঘদিনত যুক্তৰাষ্ট্ৰৰ সমুদ্ৰৰ সিপাৰৰ সামৰিক অভিযানত এটা বৃহৎ সীমাবদ্ধতা আনি দিছিল।

সেই যি হওঁক, যুক্তৰাষ্ট্ৰৰ তৃতীয় সীমাবদ্ধতাটো বোধকৰো অতি গুৰুত্বপূর্ণ। বর্তমান আন্তৰাষ্ট্ৰীয় ব্যৱস্থাত এটা মাত্র সংগঠন আছে যিয়ে আজি বোধকৰো যুক্তৰাষ্ট্ৰীয় শক্তি প্রয়োগত সাম্য কৰিব পাৰে আৰু সেইটোৱেই হ’ল নর্থ আটলান্টিক ত্ৰিতি অৰগেনাইজেচন যুক্তৰাষ্ট্ৰৰ দেখাদেখিকৈ 

গণতান্ত্রিক মিত্ৰতা ধৰি ৰখাত পৰ্য্যাপ্ত স্বাৰ্থ আছে। কাৰণ ই বাণিজ্যিক অর্থনীতি জীয়াই ৰাখিব

আৰু সেই কাৰণেই তেওঁলোকৰ (যুক্তৰাষ্ট্ৰৰ) মিত্ৰসকলে যুক্তৰাষ্ট্ৰীয় আধিপত্য প্রয়োগ কৰাত

সৈমান কৰিব পৰাটো সম্ভৱ।

৪। আধিপত্যৰ বিষয়ে ইতিহাসে আমাক কি শিকায়? 

উত্তৰঃ শীতল যুদ্ধৰ পৰিসমাপ্তিৰ পিছত আমেৰিকাৰ কোনো প্রতিদণ্ডী নাছিল। আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত আমেৰিকাই আধিপত্য বিস্তাৰ কৰিছিল।

বাগদাদৰ সীমান্তত থকা এখন বিদ্যালয়ত অনিতাই বিদ্যা শিক্ষা লৈছিল। তাই পঢ়াত খুউব ভাল আছিল। ভৱিষ্যতে তাই ডাক্টৰ হোৱাৰ উদ্দেশ্য আছিল। কিন্তু ২০০৩ চনত এটা দুৰ্ঘটনাত তাই এখন ভবি হেৰুৱাৰলগীয়া হয়। এতিয়া তাইৰ চিকিৎসা চলি আছে আৰু তাই লাখুটিত ভৰ দি খোজকাঢ়িব চেষ্টা কৰি আছে।

বিক্রম এজন শিল্পী আৰু আফ্ৰিকাৰ ডাৰবানত থাকে। বিক্ৰম ছবি অঁকা শিকিবৰ বাবে বিদ্যালয়লৈ যোৱাৰ প্ৰতি অতি আগ্রহী। আৰু ভবিষ্যতে এখন ছবি অঁকা বিদ্যালয় খুলিবলৈ বিচাৰে। কিন্তু বিক্ৰমৰ দেউতাকে বিক্ৰমক MBA কৰিবৰ বাবে আমেৰিকালৈ পঠিয়াব বিচাৰে। কিয়নো দেউতাকেভাবে পৰিয়ালৰ যি ব্যৱসায় আছে সেইবোৰ বিক্ৰমে MBA পঢ়ি অহাৰ পিছত সুন্দৰকৈ পৰিচালনা কৰিব পাৰিব।

বকি এজন ডেকা ল’ৰা, যি, অষ্ট্ৰেলিয়াত থাকে। তেওঁৰ মা-দেউতা ৰাচিয়াৰ পৰা অষ্ট্ৰেলিয়ালৈ আহিছিল। গির্জালৈ যোৱাৰ সময়ত ৰাঁকিয়ে সদায় জিনচ্ পিন্ধিছিল, যিটো তাৰ মাকে পছন্দ কৰা নাছিল। তেওঁৰ মাকে গির্জালৈ যাওঁতে সম্মানীয় পোচাক পিন্ধাটো বিচাৰিছিল। কিন্তু বাঁকিৰ মতে জিনচ্ হৈছে এবিধ ভদ্ৰ আৰু স্বাধীনতার কথা সোৱৰাই দিয়া এবিধ পোচাক। তেওঁৰ দেউতাকে মাকক সোৱৰাই দিছিল কেনেকৈ লেনিন গ্রেদত থাকোতে তেওঁলোকে জিনচ ব্যৱহাৰ কৰিছিল।

ওপৰোক্ত এই তিনিগৰাকী ব্যক্তিয়ে যুক্তৰাষ্ট্ৰীয় আধিপত্যৰ দ্বাৰা বেলেগ বেলেগ পথেৰে ক্রিয়াম্বিত হৈছিল।

৫। “ডাঙৰ আৰু সমবৃদ্ধ ৰাষ্ট্ৰই যদি যুক্তৰাষ্ট্ৰৰ অধিপত্যক বাধা দিব নোৱাৰে তেন্তে অতি সৰু আৰু দুৰ্বল ৰাষ্ট্ৰহীন কর্তাসকলে বাধা দিব বুলি ভবাটো অযুক্তিকৰ” এই প্রস্তাবিত কথাশাৰী পৰীক্ষা কৰি তোমাৰ মতামত দিয়া।

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত আমেৰিকাই প্রভূত্ব বিস্তাৰ কৰি আছে। কচিয়াৰ আমেৰিকাৰ লগত থকা ঐক্যতা ভাঙি যোৱাৰ পিছত আমেৰিকাৰ কৰ্তৃত্ব আৰু সামৰিক শক্তিৰ বিৰুদ্ধে থিয় দিবলৈ কোনো বাহিৰা শক্তি নাছিল। আমেৰিকাৰ প্ৰভূত্বৰ বিৰুদ্ধে বৃহৎ আৰু সম্পদশালী ৰাষ্ট্ৰ যেনে চীন, ৰুছিয়া, ভাৰত আৰু ইউৰোপ আদি কোনেও প্রতিদ্বণ্ডিতা কৰিব পৰা নাছিল। 

এইটো অবাক্তৱ আৰু আশা কৰিব পৰা নাযায় যে অতি ক্ষুদ্ৰ ৰাষ্ট্ৰই আমেৰিকাক বাধাগ্রস্ত কবিত পাৰিব। কিন্তু এইটো সম্ভৱ যে অচৰকাৰী সংগঠন, সামাজিক আন্দোলন, জনসাধাৰণৰ মতামত আদিৰ সংযোজন আৰু সমন্বয়ণত আমেৰিকাৰ হকে মাত মাতিব পাৰিব। আমেৰিকাৰ বিপক্ষে মাত মাতিব পৰা অন্য এটা সম্ভাৱনা হৈছে বুঞ্জি সম্পন্ন লিখক, শিল্পী আৰু গণমাধ্যম। বর্তমান গোটেই বিশ্বখনেই বিশ্বায়নৰ ফলত এখন সৰু গাৱত পৰিণত হৈছে। সেয়েহে আমি সকলোৱে সেই সৰু গাওঁখনৰ চুবুৰীয়া বুলিব পাৰি। গতিকে সেই সৰু গাওঁখনৰ আচৰণেই যদি গ্রহণযোগ্য। নহয় তেন্তে তাৰ বিপক্ষে থিয় হোৱাৰ বিপক্ষে অন্য গত্যন্তৰ নাই। কারণ সেই সৰু গাওঁখনতেই আমি সকলোৱে বাস কৰিব লাগিব। এনে যুক্তিতে আমেৰিকাৰ প্ৰভূত্বৰ বিপক্ষে থিয় হোৱাৰ বাহিৰে অন্য বিকল্প নাই।

৬। শেহতীয়া বছৰবোৰত ভাৰত-মার্কিন সম্পৰ্কক বিকশাই তোলা নতুন কাৰকসমূহ উল্লেখ কৰা।

উত্তৰঃ ভাৰত আৰু আমেৰিকাৰ সম্পৰ্কৰ্ক বিকশাই তোলা নতুন কাৰকসমূহ হৈছে– 

  1. ভাৰতে ছফটৱেৰ খণ্ডত ৰপ্তানি কৰা ৬৫% আমেৰিকা যুক্তৰাষ্ট্ৰই লয়।
  2. বোয়িং শতকৰা ৩৫ ভাগ কাৰিকৰী কৰ্মচাৰী হ’ল ভাৰতীয় মূলব ।
  3.  চিলিকন উপত্যকা ৩:০০,০০০ ভাৰতীয়ই কাম কৰে।
  4.  শতকৰা ১৫ ভাগ উচ্চ প্রযুক্তি ভাৰতীয় আৰু আমেৰিকাৰ দ্বাৰা পৰিচালিত হয়।। 

৭। মার্কিন যুক্তৰাষ্ট্ৰৰ গাঁথনিগত ক্ষমতাৰ এটা ধ্রুপদী উদাহৰণ হ’ল মাষ্টাৰ্ছ ইন বিজনেছ এডমিনিষ্ট্রেশান নামৰ বিদ্যায়তনিক ডিগ্ৰীটো’ – বহলাই লিখা। 

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰত ব্যৱসায়ক এটা বৃত্তি হিচাপে গণ্য কৰি পোনপ্ৰথমে কেবল আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন বিশ্ববিদ্যালয়ত এই বিষয়ে শিক্ষা দিয়া হৈছিল। ১৮৮১ চনত পেনচিল ভেনিয়া বিশ্ববিদ্যালয়ৰ অধীনত স্থাপিত ৱাৰ্টন স্কুলখন হ’ল বিশ্বৰ প্ৰথমখন ব্যৱসায়িক স্কুল। প্রথম MBA পাঠ্যক্রম আমেৰিকাতে ১৯০০ চনত আৰম্ভ কৰা হৈছিল। বর্তমান সকলো ৰাষ্ট্ৰতে এই পাঠ্যক্ৰমটো এক সন্মানীয় পাঠ্যক্রম হিচাপে গণ্য কৰা হয়।

৮। মার্কিন আধিপত্যৰ সাংস্কৃতিক আয়তনৰ বিষয়ে এটা টোকা লিখা।

 উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত চলা আদৰ্শগত আৰু সাংস্কৃতিক দিশটো অত্যন্ত গুৰুত্বপূর্ণ। মাত্র বিশ্বতে আমেৰিকান সংস্কৃতি এক প্রভাবশালী সংস্কৃতি হিচাপে পৰিগণিত হৈছে। আমেৰিকাৰ এই সাংস্কৃতিক আধিপত্যক নথকা ক্ষমতা । অভিহিত কৰা হৈছে। আমেৰিকাৰ সন্মতি আদায় কৰিব পৰা ক্ষমতা আছে। আদৰ্শ জীৱনৰ ধাৰণা, ব্যক্তিগত কৃতকার্যতা, সমগ্ৰ বিশ্বৰ ব্যক্তি আৰু সমাজৰ সপোন আদি বিভিন্ন ধাৰণা বিশ্বই আজি স্বাৰ্থোৰকাৰ পৰা লাভ কৰিছে।

৯।  আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি প্ৰসংগত আধিপত্যৰ বিষয়ে ব্যাখ্যা কৰা।

উত্তৰঃ আঃৰাষ্ট্ৰীয় ব্যৱস্থাক ক্ষমতাৰ এটা মাথোন কেন্দ্ৰৰ দ্বাৰা নেতৃত্ব দিয়া ব্যৱস্থাক আধিপত্য হিচাপে সংজ্ঞায়িত কৰিব পাৰি। ছোভিয়েট ইউনিয়নৰ আকস্মিক পতনে আমেৰিকাৰ হাতত সৰ্বস্ব ক্ষমতা কেন্দ্ৰীভূত কৰি তুলিছিল। সমগ্র বিশ্বত একমাত্ৰ অপ্ৰতিৰোধ শক্তি হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰ পৰিগণিত হৈছিল। সেয়াই হৈছে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত আমেৰিকাৰ আধিপত্য।

১০। মার্কিন যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ মাজত সম্পর্ক স্বাভাৱিক কৰাৰ প্ৰক্ৰিয়াটো ব্যাখ্যা কৰা। 

উত্তৰঃ মেজৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) বি. চি. খান্দুৰী, বি. জে. পি – আমি ভাল পাওঁ বা নাপাওঁ আমি এইটো মনত ৰখা উচিত যে এই এককেন্দ্রীয় বিশ্বত যুক্তৰাষ্ট্ৰই হ’ল একমাত্র সর্বশক্তিমান শক্তি। কিন্তু সেই একে সময়তে আমি এইটোও মনত ৰখা উচিত যে ভাৰতো বিশ্বশক্তি আৰু প্ৰখ্যাত শক্তি হিচাপে প্ৰকাশ পাইছে। সেই দেখি আমি ভাবো যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত আন্তর্জাতিক দৃষ্টিপাতত ভাল সম্বন্ধ থকা দৰকাৰ কিন্তু এইটো আমার সুৰক্ষা বিসর্জন দিয়া নহয়। তেওঁলোকে বিচাৰে যে ভাৰতে বাশ্বিংটনৰ পৰা দূৰত্ব বজাই ৰাখক আৰু নিজৰ বিস্তাৰিত শক্তি বৃদ্ধি কৰাত দৃষ্টি নিবন্ধ কৰো।

আন বিশ্লেষকসকলে যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ মাজৰ সম্পৰ্ক ওচৰ চাপি অহাটো ভাৰতৰ বাবে এটা ঐতিহাসিক সুযোগ বুলি গণ্য কৰে। তেওঁলোকে যুক্তৰাষ্ট্ৰৰ আধিপত্যৰ সুবিধা ল’ব পৰাকৈ কৌশল ৰচনা কৰাটো আৰু উমৈহতীয়াভাৱে ওচৰ চপাৰ সুবিধালৈ এৰা ধৰাৰ মাজেৰে নিজৰ কাৰণে যিটো ভাল সেইটো লোৱাৰ ওকালতি কৰে। যুক্তৰাষ্ট্ৰৰ প্ৰতি আপত্তি দৰ্শাই যুক্তি আগবঢ়াই যে এটা অসাৰ কৌশলে মাত্ৰ দীৰ্ঘদিনত ভাৰতৰ বাবে ক্ষতিকাৰক হ’ব।

তৃতীয় গোটৰ বিশ্লেষকসকলে ওকালতি কৰে যে ভাৰতে পৃথিৱীৰ উন্নয়নশীল দেশ সমূহক লৈ এটা গোট তৈয়াৰ কৰিবলৈ আগভাগ ল’ব লাগে। অনাগত দিনবোৰত এই গোটটো বেছিশক্তিশালী হ’ব আৰু ই আধিপত্যক ক্ষয় কৰি দমনৰ বাটৰ পৰা আতঁৰোৱাত কৃতকার্য হ’ব পাৰে।

ভাৰত যুক্তৰাষ্ট্ৰৰ সম্বন্ধবোৰ বোধকৰো এটা কৌশলেৰে চণ্ডালা অতি কঠিন কাম। ভাৰতে যুক্তৰাষ্ট্ৰৰ লগত সম্বন্ধ কৰিবলৈ এটা উপযুক্ত কৌশলগত বৈদেশিক নীতি বিকাশ কৰিব লাগিব। 

১১। মার্কিন আধিপত্য প্রতিষ্ঠিত হোৱাৰ প্ৰক্ৰিয়াসমূহ বিশ্লেষণ কৰা।

উত্তৰঃ মার্কিন আধিপত্য প্রতিষ্ঠিত হোৱাৰ প্ৰক্ৰিয়াসমূহক তিনিটা অৰ্থত দেখিবলৈ পোৱা যায়। যেনে – কঠোৰ তথা নিৰ্মম ক্ষমতা হিচাপে প্রাধান্যসূচক প্রভাব, গঠনাত্মক ক্ষমতা হিচাপে প্ৰাধান্যসূচক প্ৰভাৱ আৰু নমনীয় ক্ষমতা হিচাপে প্রাধান্যসূচক প্রভাৱ। তলত এইকেইটাৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল

(ক) কঠোৰ তথা নিৰ্মম ক্ষমতা হিচাপে আমেৰিকাৰ আধিপত্য : আমেৰিকা যুক্তৰাষ্ট্ৰই বৰ্তমান আন্তর্জাতিক ৰাজনীতিত যি আধিপত্য বিস্তাৰ কৰিছে ইয়াৰ ভিত্তিহ’ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক ক্ষমতা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইমান বেছি সামৰিক শক্তি আছে যে ই যিকোনো ঠাইতে অতি সহজে বিশ্বৰ যিকোনো ঠাই ঢুকি পাব পাৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক শক্তিৰ লগত বিশ্বৰ কোনো দেশৰ সামৰিক শক্তি ফেৰ মাৰিব নোৱাৰে। আমেৰিকা যুক্তৰাষ্ট্ৰই সামৰিক ক্ষেত্ৰত বিশ্বৰ শ্ৰেষ্ঠ ধন খৰচ কৰে।

(খ) গঠনাত্মক ক্ষমতা হিচাপে আমেৰিকাৰ আধিপত্য ঃ বিশ্বৰ অৰ্থনীতিৰ লগত গঠনাত্মকভাবে আমেৰিকা যুক্তৰাষ্ট্ৰ ওতঃপ্রোতভাবে জড়িত হৈ আছে। বৰ্তমান বিশ্বৰ অৰ্থনীতিৰ প্ৰতিটে খণ্ড আৰু প্ৰযুক্তিবিদ্যাত আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰবেশ কৰিছে। বিশ্ব অর্থনীতিৰ শতকৰা ভাগ ২৪ হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ। বিশ্বৰ অৰ্থনীতিত এনেকুৱা এটা ব্যৱসায়িক প্রতিষ্ঠান নাই য’ত আমেৰিকা ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্থান প্রথম তিনিটাৰ ভিতৰত নাই। আমেৰিকাৰ গঠনমূলক ক্ষমতা হিচাপে যোগাযোগৰ বাবে সাগৰীয় পথ আৰু ১৯৫০ চনত আৰম্ভ কৰা ইণ্টাৰনেটে গোটেই বিশ্বক আগুৰি আছে। গঠনমূলক ক্ষমতা হিচাপে বিশ্বৰ প্ৰথমখন বাণিজ্যিক স্কুল ১৮৮১ চনত আমেৰিকাত প্রতিষ্ঠা কৰা হৈছিল। ১৯০০ চনত আমেৰিকাত প্রথম MBA পাঠ্যক্ৰম আৰম্ভ হৈছিল। বৰ্তমান বিশ্বত এনে এখন দেশ নাই য’ত MBA এটা সম্মানীয় ডিগ্ৰীয় বুলি গণ্য কৰা নহয়।

(গ) নমনী ক্ষমতা হিচাপে আমেৰিকাৰ আধিপত্য : মার্কিন যুক্তৰাষ্ট্ৰৰ আধিপত্য আদর্শগত আৰু সাংস্কৃতিক দিশটোৰো গুৰুত্ব আছে। মার্কিন যুক্তৰাষ্ট্ৰই আচলতে বিশ্বৰ দেশসমূহৰ মাজত এক ধৰণৰ সাংস্কৃতিক চিন্তাৰ সৌধ গঢ়ি তুলিছে— মার্কিন চিন্তা আৰু আদৰ্শ সকলোৰে বাবে মংগলজনক বুলি প্ৰতিপন্ন কৰাৰ হকে প্রচেষ্টা চলাই আহিছে। বিশ্বজুৰি প্ৰসাৰিত ভাল জীৱন আৰু জীৱনৰ সফলতাৰ ধাৰণাটোও বিংশ শতিকাৰ মার্কিন যুক্তৰাষ্ট্ৰৰ দ্বাৰা নিৰ্মিত চিন্তাৰ দ্বাৰা প্রভাবাম্বিত। এই অৰ্থত মার্কিন যুক্তরাষ্ট্র হল। সাংস্কৃতিকভাবেও আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ। তাৰ আধাৰতেই মার্কিন যুক্তৰাষ্ট্ৰই বিশ্বজোৰা আধিপত্য গঢ়ি তোলাত সফল হৈছে – কেৱল সামৰিক আৰু অৰ্থনৈতিক শক্তিৰ আধাৰত নহয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ উদাৰ গণতান্ত্রিক চেতনা আৰু ব্যক্তি স্বাতন্ত্র্যাৰ প্ৰমূল্যই তৃতীয় বিশ্বৰ দেশসমূহৰ প্ৰভাৱাম্বিত কৰি ৰাখিছে।

১২। আধিপত্য আৰু কিমান দিনলৈ টিকি থাকিব? আধিপত্যৰ ঊৰ্ধলৈ আমি কিদৰে যাৰ পাৰোঁ?

উত্তৰঃ পৃথিৱীৰ আটাইবোৰ ৰাষ্ট্ৰক নিয়ন্ত্ৰণ কৰাৰ বাবে যেতিয়ালৈকে এখন আন্তঃৰাষ্ট্ৰীয় চৰকাৰ সৃষ্টি নহয় আৰু আন্তর্জাতিক ক্ষেত্ৰত যুদ্ধক বাধা দিবলৈ যেতিয়ালৈকে যুদ্ধৰ বিধানৰ ব্যৱস্থা কৰা নহয় তেতিয়ালৈকে আধিপত্য টিকি থাকিব।

আধিপত্যৰ ঊৰ্ধলৈ আমি যাব পৰা ব্যৱস্থাকেইটা তলত বৰ্ণনা কৰা হ’ল –

(ক) আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক শক্তিৰ সৈতে অকলে মোকাবিলা কৰাৰ বাবে বিশ্বত কোনো এখন দেশে বর্তমানলৈকে ক্ষমতা অৰ্জন কৰা নাই। অৱশ্যে চীন, ভাৰত, ৰাছিয়া আদি ৰাষ্ট্ৰসমূহৰ সামৰিক শক্তিৰ জোঁট বন্ধনৰ দ্বাৰা আমেৰিকাৰ আধিপত্যসূচক প্ৰভাৱৰ পৰা মুক্ত পাব পাৰোঁ।

আধিপত্যসূচক প্রভাব বিস্তাৰ কৰাৰ সুযোগ গ্ৰহণ কৰিবলৈ হ’লে আন ৰাষ্ট্ৰৰ আধিপত্যসূচক প্রভাৱক বিৰোধ কৰাতকৈ নিজৰ দেশৰ উৎপাদন বৃদ্ধি কৰি বাণিজ্য সম্প্ৰসাৰণ, প্রযুক্তিবিদ্যাৰ উন্নতি আৰু আন ৰাষ্ট্ৰত অর্থ বিনিয়োগ কৰিব লাগে। ইয়াক ‘বেও বেগন’ কৌশল বোলা হয়।

(গ) আধিপত্যসূচক প্রভাব আহ্বান কৰাৰ আন এটা কৌশল হ’ল ‘আত্মগোপন’। ইয়াৰ অৰ্থ হ’ল যিমান দূৰ সম্ভৱ প্ৰভুত্বশীল শক্তিসমূহৰ পৰা নিজকে আঁতৰাই ৰাখিব লাগে। চীন, ৰাছিয়া আৰু ইউৰোপীয় ইউনিয়নৰ ৰাষ্ট্ৰসমূহে বিভিন্ন কৌশল অৱলম্বন কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা নিজকে লুকুৱাই ৰাখিব লাগে।

(ঘ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্যমূলক প্ৰভাৱৰ প্ৰতিহত কৰিবলৈ হ’লে অনা-চৰকাৰী অনুষ্ঠান, সামাজিক আন্দোলন আৰু জনমতৰ জৰিয়তে আমেৰিকাৰ অৰ্থনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰত প্ৰত্যাহ্বান জনাব লাগিব। তদুপৰি প্ৰচাৰ মাধ্যম তথা বুদ্ধিজীৱী, শিল্পী আৰু লিখকসকলেও ইয়াৰ বিৰুদ্ধে ধ্বনি দিব লাগিব।

১৩। ইতিহাসে আধিপত্যৰ বিষয়ে আমাক কি শিক্ষা দিয়ে ? 

উত্তৰঃ আমি ইতিহাসৰ পৰা অভিজ্ঞতা লাভ কৰিছো যে এখন সাম্ৰাজ্যৰ পতনৰ মূলতে হ’ল তেওঁলোকৰ নিজৰ কৰ্মফল। বর্তমান বিশ্বত আমেৰিকাই যি অনিয়ন্ত্রিত আধিপত্যমূলক প্ৰভাৱ বিস্তাৰ কৰি আছে আমেৰিকায়ো এদিন নিজে নিজৰ এই আধিপত্যসূচক প্ৰভাৱ ৰোধ কৰিবলৈ বাধ্য হ’ব।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ শক্তিৰ ওপৰত তিনি ধৰণৰ হেঁচা বা চাপ প্রয়োগ হ’ব পাৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ শক্তিৰ ওপৰত হ’ব পৰা এই হেঁছা তিনি ধৰণৰ হ’ল –

(ক) সাংবিধানিক গাঠনি: আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানত চৰকাৰৰ তিনিটা অংগ যেনে

—বিধানমণ্ডল, কার্যপালিকা আৰু ন্যায়পালিকাৰ মাজত ক্ষমতা স্পষ্টভাৱে বিভাজন কৰি দিয়া আছে। সেয়েহে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাৰ্যপালিকাই আমেৰিকাৰ সামৰিক বাহিনীয়ে যি বাধাহীন আৰু মাত্ৰাধিক ক্ষমতা প্রয়োগ কৰি আছে তাক বাধা দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।

(খ) জনমত তথা সংবাদ মাধ্যম : আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ষমতাৰ ওপৰত হেঁচা প্রয়োগ হ’ব পাৰে দেশখনৰ ভিতৰ চ’ৰাৰ পৰা। আমেৰিকা যুক্তৰাষ্ট্ৰ সংবাদ মাধ্যমবোৰে সময়ে সময়ে চৰকাৰে যিবোৰ সন্দেহজনক ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ কৰে, সেই বাতৰিবোৰ প্ৰকাশ কৰি দেশৰ ভিতৰত জনমত গঠন কৰি চৰকাৰৰ ওপৰত হেঁচা প্রয়োগ কৰে আৰু সময়ত ইয়ে আমেৰিকা যুক্তৰাষ্টৰ অপ-শক্তি প্রয়োগ আৰু সামৰিক কার্যকলাপক নিয়ন্ত্রিত কৰিব।

(গ)উত্তৰ আটলান্টিক চুক্তি গঠন : আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ষমতাক নিয়ন্ত্ৰণ কৰিব পৰা একমাত্র আন্তর্জাতিক সংগঠনটো হ’ল “উত্তৰ আটলান্টিক চুক্তি সংগঠন”। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক ব্যৱস্থাটোক সজীৱ কৰি ৰখাৰ বাবে ‘নাটো’ৰ সদস্যভুক্ত ৰাষ্ট্ৰসমূহৰ সৈতে আমেৰিকাৰ জোঁট সন্ধিয়াটো নিতান্ত প্রয়োজন সেয়েহে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ষমতাক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত NATO ৰ সদস্যভুক্ত ৰাষ্ট্ৰভুক্ত ৰাষ্ট্ৰসমূহে বিশেষ ভূমিকা ল’ব পাৰে।

১৪। গাঁথনিগত ক্ষমতা হিচাবে আধিপত্য – ব্যাখ্যা কৰা। 

উত্তৰঃ বিশ্বৰ অৰ্থনীতিৰ বুজোৱাৰ অৰ্থে গঠনাত্মক ক্ষমতা হিচাপে আধিপত্যসূচক প্রভাবৰ সূচনা হৈছে। বিশেষকৈ মুক্ত বিশ্ব অর্থনীতিৰ সৃষ্টি তথা ইয়াক বৰ্তাই ৰখাৰ বাবে বৃহৎ শক্তির সমর্থনৰ প্রয়োজন। অৱশেষত এই বৃহৎ শক্তিয়ে হৈ পৰে বিশ্ব অর্থনীতির মূল চালৰ আৰু বিশ্বৰ অৰ্থনীতিৰ গাঁথনিটোৰ ওপৰত আধিপত্যসূচক প্ৰভাৱ বিস্তাৰ কৰে।

এই আধিপত্যসূচক প্রভাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্বব্যাপী ৰাজহুৱা নিত্য প্রয়োজনীয় দ্রব্য ব্যৱহাৰৰ ক্ষেত্ৰত বিস্তাৰ কৰা প্ৰভাৱক প্রতিফলিত কৰিছে। মুক্ত বিশ্ব অর্থনীতিত মুক্ত সমুদ্র পথৰ অবিহনে চিন্তা কৰিব পৰা নাযায়। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌ বাহিনীয়ে বৃটিছ নৌ বাহিনীক আন্তর্জাতিক জলাশয় ব্যৱহাৰৰ ক্ষেত্ৰত বাধা আৰোপ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ আধিপত্য প্ৰদৰ্শন কৰিছিল।

১৯৫০ চনত আমেৰিকাই আৰম্ভ কৰা সামৰিক গৱেষণাৰ পৰিণতিত ইণ্টাৰনেট ব্যৱস্থাৰ আৱিষ্কাৰ হয়; কিন্তু ইন্টাৰনেটে বর্তমান সমগ্র বিশ্বখনক এখন জালেৰে আবৰাৰ দৰে সংলগ্ন কৰি ৰাখিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰই বৰ্তমান বিশ্ব অর্থনীতিৰ প্ৰতিটো খণ্ড আৰু প্ৰযুক্তিবিদ্যাত প্ৰবেশ কৰিছে। বিশ্ব অর্থনীতিৰ শতকৰা ২৪% ভাগ হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ। বিশ্বৰ অৰ্থনীতিত এনেকুৱা এটা ব্যৱসায়িক প্রতিষ্ঠান নাই য’ত আমেৰিকাৰ ব্যৱসায়িক প্রতিষ্ঠানৰ স্থান প্রথম তিনিটার ভিতৰত নাই ৷ গোলকীয় অর্থনীতি বর্তমান সম্পূর্ণভাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিয়ন্ত্রণাধীন আৰু ইয়াক আমেৰিকা যুক্তরাষ্ট্র গঢ় দিয়ে। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰতিষ্ঠা কৰা “ব্রেটন উড পদ্ধতি” বর্তমানো গোলকীয় অর্থনীতিৰ মৌখিক গাঁথনি হিচাপে ব্যৱহাৰ হৈ আছে। বিশ্ববেংক, আন্তর্জাতিক মুদ্ৰা ভাণ্ডাৰ, বিশ্ব বাণিজ্য সন্থা আদি হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৃষ্টি আৰু ইয়াৰ ওপৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূৰ্ণোদ্যমে আধিপত্য চলে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন এটা গাঁঠনিমূলক ক্ষমতাৰ উদাহৰণ হ’ল “মাষ্টাৰ্ছ ইন বিজনেছ এডমিনিছট্টেশ্যন”। আমেৰিকা যুক্তৰাষ্ট্ৰত ব্যৱসায়ত এটা বৃত্তি হিচাপে গণ্য কৰি পোনপ্ৰথমে কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন বিশ্ববিদ্যালয়ত এই বিষয়ে শিক্ষা দিয়া হৈছিল। বর্তমান সকলো ৰাষ্ট্ৰতে এই পাঠ্যক্ৰমটো এটা সন্মানীয় পাঠ্যক্রম হিচাপে গণ্য কৰা হয়।

১৫। ‘কঠোৰ ক্ষমতা হিচাপে আধিপত্য’ৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ প্রথমে আধিপত্য শব্দটোৱে দেশৰ মাজত সম্বন্ধ, ধাৰণা আৰু সামৰিক শক্তিৰ ভাৰসাম্য বুজাইছিল। এই ক্ষেত্ৰত বৰ্তমান বিশ্ব ৰাজনীতিত যুক্তৰাষ্ট্ৰৰ স্থান আৰু ভূমিকালৈ লক্ষ্য কৰি আধিপত্য শব্দটোৱে সামৰিক শ্ৰেষ্ঠতা বুজাবলৈ বিশেষ যুক্তিযুক্ততা আছে। আমেৰিকাৰ সামৰিক একাধিপত্য সম্পূর্ণ অতুলনীয়। সম্পূর্ণতাৰ ক্ষেত্ৰত আজি যুক্তৰাষ্ট্ৰই পৃথিৱীৰ যিকোনো বিন্দুত সঠিক সময়ত নিখুঁতভাৱে আঘাত কৰি শত্রুপক্ষক অসমৰ্থ কৰিব পাৰে। আমেৰিকাৰ ইৰাক আক্রমণে ইয়াৰ যুদ্ধ জয় কৰাৰ শক্তি যে অলংঘনীয় এয়া প্রমাণ কৰে আৰু এই ক্ষেত্ৰত অধিক ভয়াবহ কথাটো হ’ল যে বর্তমান তেওঁলোকৰ ওচৰ চাপিব পৰা এনে কোনো শক্তি পৃথিৱীত নাই।

১৬। বিশ্ব ৰাজনীতিত ৯/১১ য়ে কি সূচায় ? চমুকৈ আলোচনা কৰা। 

উত্তৰঃ ২০০১ চনৰ ১১ ছেপ্টেম্বৰত কেইবাখনো আৰৱ ৰাষ্ট্ৰৰ ১৯ জন অপহৰণকাৰীয়ে চাৰিখন বাণিজ্যিক বিমান ঠিক উৰণৰ পিছতেই নিজৰ অধীনলৈ আনি যুক্তৰাষ্ট্ৰৰ কেইটামান প্রধান অট্টালিকাৰ পিনে উৰুৱাই লৈ যায়। নিউয়ৰ্কত অৱস্থিত পৃথিৱীৰ বাণিজ্য কেন্দ্ৰৰ উত্তৰ আৰু দক্ষিণৰ উচ্চ-অট্টালিকা দুটাক একোখনকৈ বিমানে খুন্দামাৰি ধ্বংস কৰে। তৃতীয়খন বিমানে ভার্জিনিয়াৰ এলিংটনত থকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগৰ মুখ্য কাৰ্য্যলয়ত খুন্দামাৰি ধ্বংস হয়। চতুর্থখন বিমান বোধকৰো যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ মূল ভৱনলৈ লক্ষ্য কৰি গৈ পেনচিলভেনিয়াৰ এখন পথাৰত পৰেগৈ। এই আক্রমণ কেইটাক ৯/১১ নামে জনা যায়।

এই আক্রমণটোত প্রায় তিনিহেজাৰ মানুহৰ মৃত্যু হৈছিল। আমেৰিকানসকলে এই আক্ৰমণটোৰ আঘাতৰ ফল ১৮১৪ চনত ব্ৰিটিছ সকলে ওৱাচিংটন ডিচি জ্বলোৱা আৰু জাপানীসকলে ১৯৪১ চনত কৰা পাৰ্লহাৰবাৰ আক্ৰমণৰ লগত তুলনা কৰে। যি হওক, ১৭৭৬ চনত যুক্তৰাষ্ট্ৰ স্থাপনৰ পৰা জীৱন হানি হোৱাৰ ক্ষেত্ৰত যুক্তৰাষ্ট্ৰৰ মাটিত হোৱা এই ৯/১১ আক্রমণটো আটাইতকৈ ভয়াৱহ আক্রমণ আছিল।

যুক্তৰাষ্ট্ৰৰ ৯/১১ ৰপ্ৰত্যুত্তৰ দ্ৰুত আৰু নিষ্ঠুৰ আছিল। ৰিপাব্লিকান দলৰ আগৰ ৰাষ্ট্ৰপতি জৰ্জ এইচ. ডব্লিউ বুশ্ব ক্লিন্টনৰ উত্তৰাধিকাৰী আছিল। যুক্তৰাষ্ট্ৰৰ স্বাৰ্থ আৰু প্ৰভাৱ বিস্তাৰ কৰাত ক্লিনটনতকৈ বুশ্বৰ দৃষ্টি কঠিন আছিল। ‘সন্ত্ৰাসৰ ওপৰত পৃথিৱী জোৰা যুদ্ধ’ৰ অংশ হিচাবে যুক্তৰাষ্ট্ৰই এই আক্ৰমণটোৰ পিছত যিসকল আছে বুলি ভাবিছিল, বিশেষকৈ অলকায়দা আৰু আফগানিস্তানৰ তালিবান শাসনৰ বিপক্ষে ‘অপাৰেচন এনডিৰিং ফ্রিডম’ নামে এক অভিযান আৰম্ভ কৰে। তালিবান শাসন অতি সহজে উৎখাত কৰে। কিন্তু ইয়াৰ পিছতো তালিবান আৰু অল কায়দাসকলে পশ্চিমীয়া লক্ষ্যসমূহত সন্ত্রাসবাদী আক্ৰমণৰ লক্ষ্য কৰিলে। তেওঁলোকৰ অৱশিষ্ট সকল শক্তিশালী হৈ থকাটোকে বুজায়।

যুক্তৰাষ্ট্ৰৰ সেনাই গোটেই পৃথিৱীতে মানুহ আটক কৰিছিল। বহু সময়ত চৰকাৰে নজনাকৈয়ে বিভিন্ন দেশৰ মানুহবোৰ আটক আৰু দেশান্তৰিত কৰি জে’লত আবদ্ধ কৰি থৈছিল। ইয়াৰে কিছুমানক কিউবাৰ গুৱান্টানাম নৌ ঘাটিলৈ নিছিল য’ত বন্দীসকলে আন্তঃৰাষ্ট্ৰীয় আইন, নিজৰ দেশৰ আইন বা যুক্তৰাষ্ট্ৰৰ আইনৰ সুৰক্ষা নাপায়। ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধিকো এই বন্দীসকলক সাক্ষাৎ কৰিবলৈ দিয়া হোৱা নাছিল।

Leave a Reply