Class 12 Political Science| Chapter-2| দ্বি ৰাষ্ট্ৰবাদৰ অৱসান

Class 12 Political Science| Chapter-2| দ্বি ৰাষ্ট্ৰবাদৰ অৱসান। এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব AHSEC Class 12 Political Science| Chapter-2| দ্বি ৰাষ্ট্ৰবাদৰ অৱসান পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়।

HS Second Year Question Answer (Assamese Medium)

EnglishClick Here
অৰ্থনীতি (Economy)Click Here
ভূগোল (Geography)Click Here
हिंदीClick Here
অসমীয়াClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
ৰাজনীতি (Political Science)Click Here
সমাজতত্ত্ব (Sociology)Click Here
তৰ্কবিদ্যা আৰু দর্শনশাস্ত্ৰ (Logic & Philosophy)Click Here
নৃতত্ত্ব (Anthropology)Click Here

Class 12 Political Science| Chapter-2| দ্বি ৰাষ্ট্ৰবাদৰ অৱসান

চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া ছাত্র-ছাত্ৰীৰ বাবে আমাৰ এই ৱেবছাইটত শেহতীয়া পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি পাঠ Class 12 Political Science| Chapter-2| দ্বি ৰাষ্ট্ৰবাদৰ অৱসান ভিত্তিক প্ৰশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। যত ছাত্ৰ-ছাত্ৰীয়ে অনলাইন যোগে পঢ়িব পাৰিব।

প্ৰথম খণ্ড

দ্বিতীয় অধ্যায়

(ক) অতি চমু প্ৰশ্নৰ উত্তৰ লিখা : মূল্যাংক : ১ নম্বৰকৈ

১। কেতিয়া USSR প্রতিষ্ঠা হৈছিল?

উত্তৰঃ ১৯১৭ চনত USSR প্ৰতিষ্ঠা হৈছিল।

২। কেতিয়া বিশ্ব ৰাজনীতিৰ দ্বিমেৰু ব্যৱস্থাৰ সমাপ্তি ঘটিছিল?

উত্তৰঃ ছোভিয়েট সাম্যবাদৰ পতন ঘটি নতুন ১৫খন স্বাধীন ৰাষ্ট্ৰৰ সৃষ্টি হোৱাৰ লগে লগে

 দ্বিমেৰু ব্যৱস্থাৰ সমাপ্তি ঘটে। (১৯৯১ চনৰ ২৫ ডিচেম্বৰৰ পিছত)

৩। মিখাইল গর্বাচেভ কোন আছিল?

উত্তৰঃ মিখাইল গর্বাচেভ ছোভিয়েট ইউনিয়নৰ শেষৰ জন নেতা তথা ছোভিয়েট ইউনিয়নৰ কমিউনিষ্ট দলৰ সাধাৰণ সম্পাদক আছিল।

৪। বাক্যটো শুদ্ধকৈ লিখাঃ

ষ্টেলিনে ছোভিয়েট ইউনিয়নত সংস্কাৰৰ সূচনা কৰিছিল। 

উত্তৰঃ গর্বাচেভে ছোভিয়েট ইউনিয়নত সংস্কাৰৰ সূচনা কৰিছিল।

৫। USSR ক কোন দলে শাসন কৰিছিল?

উত্তৰঃ একমাত্র সাম্যবাদী দলে।

৬। ছোভিয়েট সংঘ পতনৰ মূখ্য আৰু তাৎক্ষণিক কাৰণটো কি আছিল?

উত্তৰঃ ছোভিয়েট সংঘ পতনৰ মূখ্য আৰু তাৎক্ষণিক কাৰণ আছিল মিখাইল গর্বাচেভব ‘গ্লাচনোষ্ট’ আৰু ‘পেৰেষ্ট্ৰাইকা’ নামৰ সংস্কাৰ কাৰ্যসূচীসমূহ।

৭। ছোভিয়েট সংঘ ভাঙোনৰ পিছত কোন প্ৰধান শক্তি হিচাপে গা কৰি উঠিছিল?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰধান শক্তি হিচাপে গা কৰি উঠিছিল।

৮। CIS ৰ সম্পূৰ্ণ নামটো কি?

উত্তৰঃ Commonwealth of Independent States (স্বাধীন ৰাষ্ট্ৰৰ কমনৱেলথ)

৯। কি আদৰ্শৰ ভিত্তিত ছোভিয়েট সংঘ প্রতিষ্ঠিত হৈছিল? 

উত্তৰঃ সমাজবাদী আদৰ্শৰ ভিত্তিত ছোভিয়েট সংঘ প্রতিষ্ঠিত হৈছিল।

১০। ছোভিয়েট ইউনিয়ন কি আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত আছিল ? 

উত্তৰঃ সাম্যবাদী আদর্শ।

১১। ৱাৰ্শ্ব চুক্তি কোন চনত বাতিল কৰা হৈছিল?

উত্তৰঃ ১৯৯১ চনত।

১২। কোনখন ৰাষ্ট্ৰৰ পতনক দ্বিতীয় বিশ্বৰ পতন বুলি গণ্য কৰা হৈছিল?

উত্তৰঃ ছোভিয়েট ৰাছিয়া।

১৩। কোনখন দেশৰ পতনৰ লগে লগে শীতল যুদ্ধৰ অৱসান হৈছিল?

উত্তৰঃ ছোভিয়েট ৰাছিয়া।

১৪। ৰাছিয়াই কোন চনত চোভিয়েট মহাসংঘৰ ৰাষ্ট্ৰ সংঘৰ আসনখন গ্ৰহন

উত্তৰঃ ১৯৯১ চনত।

১৫। ছোভিয়েট মহাসংঘত কিমানখন গণৰাজ্য আছিল?

উত্তৰঃ ১৫ খন।

১৬। বলছেভিক কমিউনিষ্ট দলৰ প্ৰতিষ্ঠাপক কোন আছিল? 

উত্তৰঃ লেনিন।

১৭। ৰাছিয়াৰ প্ৰথম জন নির্বাচিত ৰাষ্ট্ৰপতি কোন আছিল?

উত্তৰঃ বৰিছ ইয়েল্টচিন।

১৮। ছোভিয়েট ইউনিয়ন কেতিয়া মহাশক্তি হৈছিল? 

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত।

১৯। ছোভিয়েট ৰাছিয়াত ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ কোনে আৰম্ভ কৰিছিল?

উত্তৰঃ মিথাইল গর্বাচেভ।

২০। মাচনোষ্টৰ অৰ্থ ব্যাখ্যা কৰা ?

উত্তৰঃ: মাচনেষ্টিৰ অৰ্থ হ’ল মুকলি কৰা।

২১। বার্লিন দেৱাল কেতিয়া ভংগ হৈছিল?

উত্তৰঃ ১৯৯০ চনত বার্লিন দেৱাল ভাঙি দিয়া হৈছিল।

২২। ছোভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰখন কি ? 

উত্তৰঃ ৰাছিয়া ছোভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰ।

২৩। শ্বক থেৰাপী কি?

উত্তৰঃ বিশ্ব বেংক আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ সাহার্যত ছোভিয়েট ইউনিয়নক অর্থনৈতিক উন্নয়নৰ বাবে সাহাৰ্য প্ৰদান কৰা এক আহি।

২৪। ছোভিয়েট সমাজবাদী গণৰাজ্যসমূহৰ সংঘ কেতিয়া প্ৰতিষ্ঠা হৈছিল?

উত্তৰঃ ১৯১৭ চনত।

২৫। দ্বি-মেৰুত বিভক্ত আন্তর্জাতিক ব্যৱস্থাৰ পৰিসমাপ্তি কেতিয়া ঘটিছিল?

উত্তৰঃ ১৯৯১ চনত।

২৬। ছোভিয়েট সমাজবাদী গণৰাজ্যত কোন দলে শাসন কৰিছিল? 

উত্তৰঃ সাম্যবাদী দলে।

২৭। ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ চূড়ান্ত আৰু তাৎক্ষণিক কাৰণ কি আছিল?

উত্তৰঃ ১৯৮৫ চনত ক্ষমতালৈ অহা মিখাইল গর্বাভোঙ সূচনা কৰা গ্লাচনোষ্ট আৰু পেৰেষ্ট্রোইকা নামৰ সংস্কাৰৰ কাৰ্যসূচীসমূহ।

(খ) চমু প্ৰশ্নৰ উত্তৰ লিখা : মূল্যাংক : ২ নম্বৰকৈ

১। ‘দ্বিতীয় বিশ্ব’ বুলিলে কি বুজা?

উত্তৰঃ ছোভিয়েট সাম্যবাদী আদৰ্শৰ ৰাষ্ট্ৰবোৰক দ্বিতীয় বিশ্ব বোলে। দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত পূব ইউৰোপৰ দেশসমূহ ছোভিয়েট ৰাছিয়াৰ নিয়ন্ত্ৰণলৈ আহে। বাৰ্শ্বো চুক্তিৰ জৰিয়তে এই ৰাষ্ট্ৰসমূহ ৰাছিয়াৰ মিত্ৰ গোষ্ঠীত পৰিণত হৈছিল। এই মিত্ৰগোষ্ঠীক ‘দ্বিতীয় বিশ্ব’ বোলে।

২। ছোভিয়েট সংঘত গর্বাচেভে সূচনা কৰা দুটা সংস্কাৰৰ নাম লিখা। 

উত্তৰঃ ছোভিয়েট সংঘত গর্বাচেভে সূচনা কৰা দুটা সংস্কাৰ নীতি হ’ল –’গ্লাছনোষ্ট’ অর্থাৎ ‘মুক্ত অৱস্থা’ আৰু পেৰেষ্ট্ৰাইকা অৰ্থাৎ ‘পুনৰ গঠন। 

৩। কোনে আৰু কেতিয়া ছোভিয়েট সংঘৰ পতন হোৱা বুলি ঘোষণা কৰিছিল?

উত্তৰঃ বৰিচয়েল্টচিনৰ নেতৃত্বত ১৯৯১ চনৰ ডিচেম্বৰ মাহত ছোভিয়েট সমাজবাদী প্রজাতন্ত্ৰৰ তিনিখন প্রধান অংগ ৰাজ্য ৰাছিয়া, ইউক্রেইন আৰু বেলাৰাছে ছোভিয়েট সংঘ ভংগ হোৱা বুলি ঘোষণা কৰে।

৪। পুঁজিবাদী ৰাষ্ট্ৰৰ লগত ছোভিয়েট অৰ্থনীতিৰ পাৰ্থক্য দেখুৱাব পৰা যিকোনো দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ (ক) পুঁজিবাদী ৰাষ্ট্ৰৰ অৰ্থনীতিয়ে মুক্ত অর্থনৈতিক প্রতিযোগিতাত বিশ্বাস কৰে। আনহাতে ছোভিয়েট অর্থনীতিয়ে মুক্ত অর্থনৈতিক প্রতিযোগিতা বিশ্বাস কৰা নাছিল। 

(খ) পুঁজিবাদী ৰাষ্ট্ৰৰ অর্থনীতিয়ে ব্যক্তিগত খণ্ডত গুৰুত্ব দিয়ে। আনহাতে ছোভিয়েট অর্থনীতিয়ে চৰকাৰী খণ্ডত গুৰুত্ব দিয়ে।

৫। ছোভিয়েট ইউনিয়ন ভংগৰ পিছত গঠন হোৱা দুখন ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ ছোভিয়েট ইউনিয়ন ভংগৰ পিছত গঠন হোৱা দুখন ৰাষ্ট্ৰৰ নাম হ’লঃ

(ক) ৰাছিয়া আৰু (খ) বেলাৰুচ।

৬। আঘাত নিৰাময় বুলিলে কি বুজা?

উত্তৰঃ ছোভিয়েট ইউনিয়ন ভংগ হোৱাৰ পিছত নতুনকৈ স্বাধীন হোৱা ৰাষ্ট্ৰসমূহৰ পৰা স্বেচ্ছাচাৰী সাম্যবাদী ব্যৱস্থাৰ অৱসান আৰু পুঁজিবাদী গণতান্ত্রিক ব্যৱস্থাৰ প্ৰৱৰ্তনৰ ফলস্বৰূপে এই ৰাষ্ট্ৰসমূহত এক অচলাবস্থা তথা ত্ৰাসৰ সৃষ্টি হৈছিল। এনে এক পৰিস্থিতিৰ পৰা ৰাছিয়া, মধ্য এছিয়া আৰু পূব ইউৰোপৰ দেশসমূহক উপশম দিয়াৰ বাবে বিশ্ববেংক আৰু আন্তর্জাতিক মুদ্ৰানিধিয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল। ইয়াক আঘাত নিৰাময় বোলে।

৭। ছোভিয়েট সংঘ ভাঙোনৰ পিছত বিশ্ব ৰাজনীতিত ক্ষমতা সম্পৰ্ক কেনেদৰে পৰিৱৰ্তন হৈছিল?

উত্তৰঃ ছোভিয়েট সংঘ ভাঙোনৰ পিছত বিশ্ব ৰাজনীতিত যথেষ্ট পৰিৱৰ্তন হৈছিল। কমিউনিষ্ট দেশসমূহৰ ওপৰত ছোভিয়েট ৰাছিয়াৰ প্ৰভাৱ কমি গৈছিল। শীতল যুদ্ধৰ অৱসান ঘটি আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্ব ৰাজনীতিত এক নায়কৰ ভূমিকাত অৱতীৰ্ণ হ’বলৈ ধৰিছে। বিশ্বত আমেৰিকা যুক্তৰাষ্ট্ৰ একমাত্ৰ শ্ৰেষ্ঠ শক্তি হিচাপে প্রতিষ্ঠিত হৈছে।

বাবে চলোৱা প্ৰচেষ্টা ফলশ্রুতিত গোটেই উদ্যোগসমূহেই ধ্বংসৰ গৰাহত পৰিল। বৃহৎ উদ্যোগসমূহৰ অতি কম মূল্যত দয়িলাই দিব খোজা এই গোটেই প্রক্রিয়াটোক বৃহৎ আৱৰ্জনা বিক্ৰী বোলা হৈছিল।

২১। এটাৰ পিচত এটাকৈ কিদৰে কমিউনিষ্ট ৰাজত্বৰ পতন ঘটিছিল ? 

উত্তৰঃ মিখাইল গর্বাছেভে ৰাছিয়াত সংস্থাৰ আৰম্ভ কৰাৰ লগে লগে ছোভিয়েট ইউনিয়নৰ প্ৰদেশবোৰৰ পৰা এখনৰ পিছত এখনলৈ সাম্যবাদৰ আধিপত্যৰ অন্ত পৰিবলৈ ধৰিছিল। ছোভিয়েট ইউনিয়নৰ কেন্দ্ৰৰ পৰা প্ৰজাতন্ত্ৰবোৰলৈ ক্ষমতা বিকেন্দ্ৰীকৰণ আৰম্ভ হৈছিল; বিশেষকৈ ছোভিয়েট ইউনিয়নৰ ইউৰোপৰ গোটসমূহলৈ যাৰ ফলশ্ৰুতিত এই গোটসমূহে সার্বভৌমত্ব লাভ কৰিছিল।

২২। ‘গ্লচনষ্ট’ৰ অৰ্থ ব্যাখ্যা কৰা।

উত্তৰঃ গ্লাছনষ্ট’ৰ অৰ্থ হ’ল ‘অধিক স্বচ্ছতা’। এই নীতিৰ জৰিয়তে গর্বাচেভে ছোভিয়েট সমাজৰ সমস্যা আৰু প্ৰত্যাহ্বানসমূহৰ বিষয়ে অধিক স্বচ্ছতা সৃষ্টি কৰিব বিচাৰিছিল। অর্থাৎ সেইবোৰক গাপ দি ৰাখিব বিচৰা নাছিল।

২৩। ছোভিয়েট সংঘ হঠাতে ধ্বংস হোৱাৰ কাৰণসমূহ উল্লেখ কৰা।

উত্তৰঃ গবাচেভৰ সংস্কাৰ কাৰ্যসূচীয়ে এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি কৰিছিল। ৰাছিকে প্ৰমুখ্য কৰি ছোভিয়েট সংঘৰ বিভিন্ন গণৰাজ্যসমূহত তীব্র ৰূপ লোৱা প্ৰবল জাতীয়তাবাদী চেতনা আৰু স্বাধীনতাৰ হকে গঢ়ি উঠা শক্তিশালী দাবী। ইষ্টোনিয়া, লাটওিয়া, লিথুবানিয়া, ইউক্রেন তথা জর্জিয়াত জাতীয়তাবাদী চেতনা আৰু স্বাধীনতা দাবীয়ে তীব্ৰ ৰূপ ধাৰণ কৰে। এই চেতনা তথা দাবীসমূহেই ছোভিয়েট সংঘৰ পতনৰ তাৎক্ষণিক কাৰণ হৈ উঠে।

২৪। আঘাত নিৰাময়ৰ ৰাজনৈতিক ফলাফল পৰীক্ষা কৰা।

উত্তৰঃ ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ পিছত গঠিত হোৱা নতুন স্বাধীন ৰাষ্ট্ৰসমূহৰ পৰা স্বেচ্ছাচাৰী সাম্যবাদ ব্যৱস্থাৰ অৱসান ঘটি পুঁজিবাদী গণতান্ত্রিক ব্যৱস্থা প্ৰৱৰ্তন হৈছিল। ৰাছিয়াত অৰ্ধ-ৰাষ্ট্ৰপতিয় যুক্তৰাষ্ট্ৰীয় প্রজাতন্ত্র প্রতিষ্ঠা হয়। নতুনকৈ গঠিত হোৱা কিছুমান ৰাষ্ট্ৰৰ সংবিধানবোৰ অতি খৰ-খেদাকৈ যুগুত কৰা হৈছিল। এই সংবিধানবোৰত ক্ষমতাশালী প্রশাসনিক ৰাষ্ট্ৰপতিৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু নিৰ্বাচিত সংসদৰ ক্ষমতা দুর্বল কৰা পৰিলক্ষিত হৈছে। মধ্য এছিয়াৰ ৰাষ্ট্ৰসমূহৰ ৰাষ্ট্ৰ গতিবোৰক অসীম ক্ষমতাৰ গৰাকী কৰাৰ ফলত বেছিভাগ স্বেচ্ছাচাৰী হৈ পৰিছিল।

(গ) উত্তৰ লিখা : মূল্যাংক: ৪ নম্বৰকৈ

১। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ছোভিয়েট ইউনিয়নৰ অৱস্থা তথা পৰিস্থিতি কেনেকুৱা আছিল চমুকৈ লিখা।

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ছোভিয়েট ইউনিয়ন এক বৃহৎ শক্তিৰূপে মূৰ দাঙি উঠিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিৰে পৃথিৱীৰ বাকী সকলো ৰাষ্ট্ৰতকৈ ইয়াৰ অর্থনীতি শক্তিশালী আছিল। বা ষ্ট্ৰখনৰ বিভিন্ন অঞ্চলৰ মাজত যোগাযোগ, পৰিবহণ ব্যবস্থা উন্নত হোৱাৰ লগতে ইয়াত প্ৰচুৰ পৰিমাণে তেল, লো, তীখা আদি শক্তি সম্পদ পোৱা গৈছিল। সৰু সৰু বস্তুৰ পৰা গাড়ীলৈকে ইয়াত সকলো বস্তু ঘৰুৱাভাৱে উৎপাদন হৈছিল। ৰাষ্ট্ৰই প্ৰয়োজনীয় সামগ্ৰীসমূহ সকলো নাগৰিককে সমানে দিয়াৰ লগতে আর্থিক সাহাৰ্য্য ও প্ৰদান কৰিছিল।

২। কিয় ছোভিয়েট ইউনিয়নৰ জনসাধাৰণ ছোভিয়েট ব্যৱস্থাৰ প্ৰতি/সৈতে সন্তুষ্ট নাছিল ? চাৰিটা কাৰণ লিখা।

উত্তৰঃ ছোভিয়েট ইউনিয়নৰ জনসাধাৰণ বিভিন্ন কাৰণত ছোভিয়েট ব্যৱস্থাৰ সৈতে সন্তুষ্ট নাছিল।

তাৰ ভিতৰত চাৰিটা কাৰণ তলত উল্লেখ কৰা হ’ল―

  1. ছোভিয়েট ব্যৱস্থাৰ ৰাজনৈতিক, অর্থনৈতিক আৰু সামাজিক ব্যৱস্থা আমোলাতান্ত্রিক আৰু প্ৰভূত্ববাদী আছিল বাবে জনসাধাৰণে সমৰ্থন কৰা নাছিল।
  2. গণতান্ত্রিক সুবিধা আৰু মতামত প্ৰকাশৰ স্বাধীনতাৰ অভাৱ আছিল।
  3. ছোভিয়েট ব্যৱস্থাত ব্যক্তিৰ মতামতৰ স্বাধীনতাক মুঠেও সন্মান জনোৱা হোৱা নাছিল।
  4. কেইজনমান নেতাৰ স্বৈতন্ত্রী কার্যকলাপ, যাৰ হাতত ৰাষ্ট্ৰৰ সকলো ক্ষমতা কেন্দ্রীভূত আছিল।

৩। ছোভিয়েট সংঘ ভাঙোনৰ ফলাফলসমূহ চমুকৈ আলোচনা কৰা।

                              অথবা

ছোভিয়েট ব্লকৰ অৱসানে কি দৰে নতুন দেশৰ সৃষ্টি কৰিছিল ? 

উত্তৰঃ ছোভিয়েট সংঘ ভাঙোনৰ ফলাফলসমূহ তলত চমুকৈ আলোচনা কৰা হ’ল—

  1. ছোভিয়েট ইউনিয়নৰ পতনে শীতল যুদ্ধৰ অৱসান হোৱা বুজায়। 
  2.  আমেৰিকা আৰু ছোভিয়েট ৰাছিয়াৰ মাজত যি অস্ত্ৰ প্ৰতিযোগিতাৰ সৃষ্টি হৈছিল, ছোভিয়েট সংঘৰ পতনে সেই প্রতিযোগিতাৰ অন্ত পেলাইছিল। ফলস্বৰূপে বিশ্বত শাস্তি প্ৰতিষ্ঠাৰ এক নতুন দিশৰ সূচনা হৈছিল।
  3. বিশ্ব ৰাজনীতিত বিভিন্ন ৰাষ্ট্ৰৰ মাজৰ ক্ষমতাৰ সম্পৰ্ক সলনি হ’ল আৰু লগে লগে আদৰ্শ আৰু বিভিন্ন অনুষ্ঠানৰ প্ৰভাৱৰো পৰিৱৰ্তন ঘটিল।
  4. ছোভিয়েট ইউনিয়নৰ পতনৰ ফলস্বৰূপে বহুতো নতুন স্বাধীন ৰাষ্ট্ৰৰ উত্থান ঘটিছে যেনে – ৰাছিয়া, বেলাৰুচ, ইউক্রেইন আদি ।

৪। ছোভিয়েট ইউনিয়নৰ পৰা নতুনকৈ গঢ়ি উঠা ৰাষ্ট্ৰবোৰৰ ৰাজনৈতিক ব্যৱস্থা সম্পর্কে এক টোকা লিখা।

উত্তৰঃ ছোভিয়েট ইউনিয়নৰ পতন ঘটি গঢ়ি উঠা নতুন স্বাধীন ৰাষ্ট্ৰসমূহত সাম্যবাদী শাসন ব্যৱস্থাৰ অৱসান ঘটাই গণতান্ত্রিক শাসন ব্যৱস্থাৰ প্ৰৱৰ্ত্তন কৰা হৈছিল। ৰাছিয়াত প্ৰতিষ্ঠিত হৈছিল অৰ্ধৰাষ্ট্ৰপতীয় যুক্তৰাষ্ট্ৰীয় প্রজাতন্ত্র। এনে ব্যৱস্থাত ৰাষ্ট্ৰপতি হ’ল ৰাষ্ট্ৰ প্ৰধান আৰু প্রধানমন্ত্ৰীৰ নেতৃত্বত গঠিত মন্ত্ৰী পৰিষদ হ’ল দেশৰ প্ৰশাসনিক ক্ষমতাৰ অধিকাৰী। গতিকে নতুনকৈ গঢ়ি উঠা ৰাষ্টই গণতান্ত্ৰিক ৰাজনৈতিক ব্যৱস্থাৰ আৰ্হি গ্ৰহণ কৰিছিল যদিও তৎপৰ ভাৱে গ্ৰহণ কৰা সংবিধানে দুর্বল সংসদ আৰু ক্ষমতাশালী প্রশাসনিক ৰাষ্ট্ৰপতিৰ ব্যৱস্থাহে প্ৰৱৰ্তন কৰা পৰিলক্ষিত হয়।

৫। ভাৰত আৰু ৰাছিয়াৰ মাজত সুসম্পৰ্ক থকা বুলি তুমি ভাবানে? যদি ভাবা চাৰিটাবাকাৰণ লিখা।

                      অথবা

ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্ক বর্ণনা কৰা ? 

উত্তৰঃ ছোভিয়েট ইউনিয়নৰ পতনৰ পিছৰ পৰাই ভাৰত আৰু ৰাছিয়াৰ মাজত এক সু-সম্পৰ্ক চলি আহিছে।

ভাৰত আৰু ৰাছিয়াৰ মাজত থকা সম্পৰ্ক তলত দিয়া চাৰিটা যুক্তিৰ জৰিয়তে প্রতিপন্ন কৰিব পাৰি―

  1. ভাৰত আৰু ৰাছিয়াৰ পাৰস্পৰিক সম্বন্ধ বিশ্বাস আৰু উমৈহতীয়া নীতি আদৰ্শৰ ওপৰত প্রতিষ্ঠিত। ভাৰতবৰ্ষ আৰু ৰাছিয়াই বহু মেৰু সম্পন্ন বিশ্ব শৃংখলাৰ বাবে এক পৰিকল্পনা যুগুত কৰিছিল।
  2. ২০০১ চনত স্বাক্ষৰ কৰা ‘ভাৰত ৰাছিয়া’ কৌশলগত চুক্তি, ২০০১ ৰ অংশ হিচাপে ভাৰতবৰ্ষ আৰু ৰাছিয়াই প্ৰায় ৮০ খনৰো অধিক দ্বিপাক্ষিক চুক্তি স্বাক্ষৰ কৰিছে। 
  3. ভাৰতৰ সামৰিক বাহিনীয়ে বেছিভাগ অস্ত্র-শস্ত্র তথা প্ৰতিৰক্ষাৰ সামগ্ৰী ৰাছিয়াৰ পৰা লাভ কৰে।
  4. খনিজ তেল আমদানি কৰা দেশ হিচাপে ভাৰতবৰ্ষক ৰাছিয়াই খনিজ তেলৰ সংকটৰসময়ত সহায়ৰ হাত আগবঢ়ায়। 

উপৰোক্ত চাৰিটা যুক্তিয়েই প্রমাণ কৰে যে ভাৰত আৰু ৰাছিয়াৰ মাজত সুসম্পর্ক আছে।

৬। ১৯১৭ চনত ৰাছিয়ান বিপ্লৱৰ তাৎপৰ্য্য কি ?

উত্তৰঃ: হলছেভিক বিপ্লৱ ১৯১৭ চনত হৈছিল। ইতিহাসৰ এক উল্লেখযোগ্য বিপ্লব হিচাপে পৰিগনিত হোৱা বলছেভিক বিপ্লৱে ছোভিয়েট ৰাছিয়াত সমাজবাদী শাসন প্রতিষ্ঠা কৰিছিল। শোষনহীন আৰু এক সমতাপূৰ্ণ ৰাছিয়া গঢ়দিয়াৰ লক্ষ্যৰে বলছেডিক বিপ্লৱ সংঘটিত হৈছিল। 

৭। ছোভিয়েট অৰ্থনীতিৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা ?

উত্তৰঃ তলৰ তিনিটা বৈশিষ্ট্যই চোভিয়েট অর্থনীতিক আমেৰিকাৰ দৰে ধনতন্ত্ৰ দেশৰ পৰা পৃথক কৰিছে ―

  1.  ছোভিয়েটৰ অর্থনীতি সমাজবাদী অর্থনীতি। আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতি ধনতান্ত্রিক অর্থনীতি।
  2. ছোভিয়েটৰ অর্থনীতি সম্পূৰ্ণৰূপে চৰকাৰৰ হাতত য’ত ব্যক্তিগত মালিকীস্বত্ব সম্পত্তিৰ ক্ষেত্ৰ ত অনুমতি নাই। আনহাতে, আমেৰিকাৰ অৰ্থনীতিত ব্যক্তিগত মালিকৰ হাতত সম্পদ হস্তান্তৰ কৰাৰ অধিকাৰ আছে। 
  3.  ছোভিয়েট সংঘত সমূহীয়াভাৱে খেতি কৰা পদ্ধতিটো ৰাষ্ট্ৰই নিয়ন্ত্ৰণ কৰে। আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰ ব্যক্তিগত খণ্ডই এই কৃষি বা খেতি খণ্ডটো নিয়ন্ত্রণ কৰে।

৮। গর্বাচেভৰ সংস্কাৰ নীতিৰ ব্যৰ্থতাৰ কাৰণ কি কি? 

উত্তৰঃ গর্বাচেভৰ সংস্কাৰ নীতিৰ ব্যৰ্থতাৰ কাৰণবোৰ হ’ল ― 

  1. ছোভিয়েট ৰাছিয়াৰ ৰাজনৈতিক, অর্থনৈতিক আৰু সামাজিক ব্যৱস্থা আমোলাতান্ত্রিক আৰু প্ৰভূত্ববাদী আছিল। সেইবাবে জনসাধাৰণ অসন্তুষ্ট হৈছিল।
  2. গণতান্ত্রিক সুবিধা আৰু মতামত প্ৰকাশৰ স্বাধীনতাৰ অভাৱ আছিল।
  3. ব্যক্তিৰ ব্যক্তিগত পছন্দ আৰু স্বাধীনতাৰ গুৰুত্ব প্ৰদান কৰা হোৱা নাছিল।
  4. দুর্নীতি আৰু স্বেচ্ছাচাৰিতা।

৯। USSRত সংস্কাৰ পাতনি মেলিবলৈ কি কি কাৰকে গর্বাচেভক হেঁচা দিছিল ?

উত্তৰঃ তলৰ উপাদান কেইটা ছোভিয়েট ৰাছিয়াক সংস্কাৰ কৰাৰ ক্ষেত্ৰত গৰ্ভচেফক প্রভাবিত কৰিছিল –

  1.  তথ্য আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত পশ্চিমীয়া দেশসমূহে যথেষ্ট উন্নতি কৰিছিল, যিটো অৱস্থাত ছোভিয়েট ৰাছিয়া যথেষ্ট পিচপৰি আছিল। তাৰোপৰি প্ৰশাসনিক আৰু ৰাজনৈতিক দিশটো ছোভিয়েট দেশখনৰ যথেষ্ট স্থৱিবতা আছিল।
  2. ছোভিয়েট সংঘই ইয়াৰ যথেষ্ট সংখ্যক সম্পদ আণবিক আৰু সাময়িক শক্তিৰ উন্নয়নৰ বাবে ব্যৱহাৰ কৰিছিল। যাৰ ফলত ছোভিয়েট অৰ্থনীতিত যথেষ্ট পৰিমাণে বাধাগ্রস্ততা আহিছিল।
  3. ১৯৭৯ চনত আফগানিস্তানৰ ছোভিয়েট আক্ৰমণৰ ফলত ছোভিয়েট শাসন পদ্ধতিটো পুনৰ দুৰ্বল হৈ পৰিছিল। যদিও মজুৰী হাৰ ক্ৰমে বৃদ্ধি আৰু উৎপাদিক আৰু প্ৰযুক্তিৰ উন্নয়ন ঘটিছিল তথাপি পশ্চিমীয়া দেশতকৈ যথেষ্ট পিচপৰি আছিল। এই অনুন্নত অৱস্থাটোৰ ফলত ভোগ সামগ্ৰীৰ অনাটন ঘটিছিল আৰু যাৰ বাবে প্ৰতি বছৰে খাদ্য সামগ্ৰীৰ আমদানি বৃদ্ধি কৰিবলগীয়া হৈছিল। এইবোৰ কাৰণত ছোভিয়েটৰ অৰ্থনৈতিক অৱস্থাত বাৰুকৈ স্থৱিৰতা আহি পৰিছিল।

১০। গর্বাচেভৰ সংস্কাৰ নীতিৰ বৈশিষ্ট্যসমূহ বিশ্লেষণ কৰা। 

উত্তৰঃ মিখাইল গর্বাচেভে ছোভিয়েট সংঘাত প্ৰৱৰ্তন কৰা সংস্কাৰবোৰ প্ৰধান বৈশিষ্ট্যকেইটা

হল ―

  1. গর্বাচেভে ছোভিয়েট সমাজৰ সমস্যা আৰু প্ৰত্যাহ্বানসমূহৰ বিষয়ে স্বচ্ছতা সৃষ্টি কৰিব বিচাৰিছিল।
  2. গর্বাচেভৰ সংস্কাৰ কাৰ্যসূচীয়ে ছোভিয়েট ব্যৱস্থাটোৰ অধিকভাবে শৃংখলাবদ্ধ কৰিব বিচাৰিছিল।
  3. মানৱ অধিকাৰৰ প্ৰতি সন্মান জনোৱা হৈছিল।
  4.  প্রতিদ্বন্ধীসকলক মুক্তি কৰি দিয়া আৰু মতপ্ৰকাশৰ অধিকাৰ দিয়াৰ ওপৰত গুৰুত্ব দিছিল।

১১। শ্বক থেৰাপীৰ পৰিণতিৰ ক্ষেত্ৰসমূহৰ বিশদ তালিকা দিয়া। 

উত্তৰঃ শ্বক থেৰাপীৰ পৰিণতিৰ ক্ষেত্ৰবোৰ হ’ল ―

  1.  সমাজবাদী অর্থনীতিৰ পৰা পুঁজিবাদী অর্থনৈতিক পূৰ্ণ পৰিৱৰ্তন।
  2. স্ব-নিৰ্ভৰশীল জাতীয় অর্থনীতিৰ পৰা মুক্ত বাণিজ্য অর্থনীতিলৈ পৰিবর্তন।
  3.  ছোভিয়েট শিবিৰৰ মাজত গঢ়ি উঠা বাণিজ্যিক মিত্ৰতা ভংগ কৰা।
  4. গণতন্ত্ৰৰ পৰিবৰ্তে স্বৈৰতন্ত্রী শাসন ব্যৱস্থা বিকাশ।

১২। ৰাজনৈতিক আৰু অৰ্থনৈতিক আদৰ্শৰ ক্ষেত্ৰত ভাৰত আৰু USSRৰ মাজৰ সাদৃশ্যবোৰৰ তালিকা দিয়া।

উত্তৰঃ ৰাজনৈতিক সাদৃশ্য : ৰাজনৈতিকভাবে ছোভিয়েট সংঘ আছিল এখন এটা দলৰ আধিপত্য থকা সমাজবাদী ৰাষ্ট্ৰ। ইয়াৰ কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰৰ সকলো প্ৰশাসনীয় কামবোৰ নিয়ন্ত্ৰণ কৰিছিল। সাম্যবাদী দলে কেন্দ্ৰ আৰু স্থানীয় পর্যায় আধিপত্য বিস্তাৰ কৰিছিল। ঠিক তেনেদৰে ভাৰতবৰ্ষৰো ৰাজনৈতিক ব্যৱস্থাটো সংসদীয় একাত্মক চৰকাৰে নিয়ন্ত্ৰণ কৰে। ইয়াত প্রশাসন সকলো লোক সিদ্ধান্ত প্ৰদান কৰা ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাতত প্ৰদান কৰিছে। গতিকে চৰকাৰৰ পৰিচালনাৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত সাদৃশ্য আছে।

অর্থনৈতিক সাদৃশ্য : ভাৰত আৰু USSR ৰ মাজত অর্থনৈতিক ক্ষেত্ৰটো সাদৃশ্য দেখিবলৈ পোৱা গৈছিল। উভয় দেশত দেশৰ সম্পদবোৰ পঞ্চবার্ষিক পৰিকল্পনাৰ দ্বাৰা নিয়ন্ত্ৰিত হৈছিল। দুয়োখন দেশতে বৃহৎ উদ্যোগবোৰ ৰাজহুৱা খণ্ডত প্ৰতিষ্ঠা কৰি ৰাষ্ট্ৰই নিয়ন্ত্ৰণ কৰিছিল। অর্থনৈতিক পৰিকল্পনাৰ দ্বাৰা প্ৰাকৃতিক সম্পদবোৰ উদঘাটন কৰিব দেশৰ বিকাশ জড়িত কৰিব বিচাৰিছিল।

১৩। ছোভিয়েট পদ্ধতিৰ বিষয়ে এটা টোকা লিখা। 

উত্তৰঃ লেনিনৰ নেতৃত্বত সূচনা হোৱা বিখ্যাত অক্টোবৰ বিপ্লৱৰ জৰিয়তে ১৯১৭ চনত ৰাছিয়াত এক সামজবাদী ব্যৱস্থা প্রৱতিত হয়। সমাজবাদী ব্যৱস্থাৰ মূল লক্ষ্য আছিল আৰ্থ সামাজিক সমতা আৰু ন্যায়। ছোভিয়েট সমাজবাদী ব্যৱস্থাই ব্যক্তিগত সম্পত্তিৰ অৱসান ঘটাই পৰিকল্পিতভাবে সমতাৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত এক সমাজ নিৰ্মাণৰ প্ৰচেষ্টা চলাইছিল। এই গোটেই প্রক্রিয়াটো নিয়ন্ত্ৰণ কৰিছি ৰাষ্ট্ৰই আৰু ৰাষ্ট্ৰৰ পৰিচালনাত সাম্যবাদী দলে। ছোভিয়েট সংঘই এক স্বনির্ভৰশীল অর্থনীতি গঢ়ি তোলাৰ লগতে জনসাধাৰণৰ বাবে প্রয়োজনীয় সকলো সম্পদ আৰু সেৱা নিজাকৈ প্ৰস্তুত কৰাৰ ওপৰত গুৰুত্ব দিছিল। তেল, লোহা, তীখা আদি সম্পদৰ সৰ্বোচ্চ ব্যৱহাৰৰ জৰিয়তে জাতীয় অর্থনীতিৰ বুনিয়াদ মজবুত কৰি তুলিছিল। বিশাল যোগাযোগ আৰু যাতায়ত ব্যৱস্থা গঢ়ি তুলি দেশৰ সকলো প্রান্তকে তাৰ জৰিয়তে সাঙুৰি লৈছিল। নাগৰিকৰ জীৱন-যাপন সুচল কৰিবলৈ খাদ্য, স্বাস্থ্য, শিক্ষাৰ দৰে সুযোগ-সুবিধাসমূহ ৰাজহুৱাভাবে সকলোৰে উপলব্ধ হোৱাৰ ব্যৱস্থা কৰিছিল।

১৪। কমিউনিষ্ট ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক আলোচনা কৰা। 

উত্তৰঃ ভাৰতবৰ্ষই আটাইবোৰ সাম্যবাদোত্তৰ ৰাষ্ট্ৰৰ লগত সুসম্পর্ক অটুট ৰাখিছে। ভাৰতবৰ্ষৰ বৰ্তমানো ৰাছিয়াৰ সৈতে সম্পর্ক অতি দৃঢ় হৈয়ে আছে। ভাৰতবৰ্ষই আৰু ৰাছিয়াই বহু সৰু তথা ধ্রুবী বিশ্ব শৃংখলাৰ বাবে এক পৰিকল্পনা যুগুত কৰিছিল। “ভাৰত-ৰাছিয়া কুটকৌশল চুক্তি ২০০১ ৰ অংশ হিচাপে ভাৰতবৰ্ষ আৰু ৰাছিয়াই প্ৰায় ৮০ খনকে অধিক দ্বিপক্ষীয় চুক্তিত উন্নয়ন ঘটিছিল তথাপি পশ্চিমীয়া দেশতকৈ যথেষ্ট পিচপৰি আছিল। এই অনুন্নত অৱস্থাটোৰ ফলত ভোগ সামগ্ৰীৰ অনাটন ঘটিছিল আৰু যাৰ বাবে প্ৰতি বছৰে খাদ্য সামগ্ৰীৰ আমদানি বৃদ্ধি কৰিবলগীয়া হৈছিল। এইবোৰ কাৰণত ছোভিয়েটৰ অৰ্থনৈতিক অৱস্থাত বাৰুকৈ স্থৱিৰ্তা আহি পৰিছিল।

৩। ছোভিয়েট ব্যৱস্থাৰ বিষয়ে এটি টোকা লিখা ?

 উত্তৰঃ ১৯১৭ চনত সমাজবাদী বিপ্লৱৰ পাছত ছোভিয়েট সমাজবাদী গণৰাষ্ট্ৰ সংঘ (USSR)

প্রতিষ্ঠা হৈছিল। এই শাসন ব্যৱস্থা সম্পূর্ণৰূপে সাম্যবাদী সমাজ ব্যৱহাৰৰ ওপৰত প্ৰতিষ্ঠিত। পুঁজিবাদী বিৰোধী এই শাসন ব্যবস্থাই ব্যক্তিগত সম্পতি বিলোপ সাধন কৰি দলীয় ব্যৱস্থাক প্রাধান্য দিছিল। ছোভিয়েট শাসন ব্যৱস্থা সাম্যবাদী দল সম্বন্ধীয় আছিল আৰু কোনো বিৰোধী দলক ইয়াত স্থান দিয়া নহৈছিল। দেশৰ অৰ্থনীতি পৰিকল্পনা আৰু নিয়ন্ত্রণো ৰাষ্ট্ৰৰ দ্বাৰা হৈছিল। ছোভিয়েট সংঘৰ চৰকাৰে ইয়াৰ জনসাধাৰণৰ বাবে জীৱন ধাৰণৰ নিম্নতম মানদণ্ড ঠিৰাং কৰিছিল আৰু সেই অনুপাতে প্রয়োজন হোৱা স্বাস্থ্য, শিক্ষা, শিশুপালন, অন্যান্য জনকল্যাণমূলক সেৱাৰ যোগান ধৰিছিল। ৰাষ্ট্ৰৰ তত্বাবিধান মালিকীস্তত্বৰ অন্যতম প্রধান বাহক আছিল আৰু দেশৰ সমগ্ৰ ভূমি আৰু অন্যান্য উৎপাদিত সামগ্ৰীৰ নিয়ন্ত্ৰণ আৰু তত্ত্বাধান ৰাষ্ট্ৰৰ অধীনত আছিল। ঘাইকৈ ছোভিয়েট ব্যৱস্থাত বিষয়াকেন্দ্ৰিক ও স্বেচ্ছাচাৰী আছিল আৰু জনসাধাৰণৰ বাবে স্বেচ্ছাচাৰী আছিল। গণতন্ত্র আৰু বাক্ স্বাধীনতা নথকা বাবে জনসাধাৰণে নিজৰ ক্ষোভ প্ৰকাশ কৰিব নোৱাৰিছিল। ইয়াৰ প্ৰায়বোৰ সংঘ আৰু অনুষ্ঠান সাম্যবাদী দলৰ অধীনত আছিল। জনসাধাৰণৰ ওচৰত দায়বদ্ধ নোহোৱাৰ বাবে এনে সংঘবোৰৰ সংশোধন হোৱা নাছিল। ১৯৭৯ চনত আফগানিস্থানৰ আক্ৰমণ আৰু উৎপাদন ব্যয় বৃদ্ধি খাদ্যৰ নাটনি আদি বিভিন্ন কাৰণত ছোভিয়েট অর্থনীতি ধ্বংসৰ ফালে অগ্ৰসৰ হৈছিল। মুখ্যতঃ পশ্চিমীয়া দেশৰ তুলনাত কাৰিকৰী কৌশল নিম্ন মানদণ্ডৰ আছিল। শেষত ১৯৭০ চনৰ শেষৰ ফালে ছোভিয়েট ৰাছিয়াৰ শাসন ব্যৱস্থা সম্পূর্ণরূপে ভাঙি পৰিল।

দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান প্ৰশ্নোত্তৰ

Sl. No.সূচী-পত্ৰ
Unit 1প্ৰথম খণ্ড
Chapter 1শীতল যুদ্ধৰ যুগ
Chapter 2দ্বি ৰাষ্ট্ৰবাদৰ অৱসান
Chapter 3 আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য
Chapter 4ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ
Chapter 5সাম্প্রতিক দক্ষিণ এছিয়া
Chapter 6আন্তর্জাতিক সংগঠন
Chapter 7সাম্প্রতিক বিশ্বত নিৰাপত্তা
Chapter 8পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ
Chapter 9বিশ্বায়ন
Unit 2দ্বিতীয় খণ্ড
Chapter 1জাতি গঠনৰ প্ৰত্যাহ্বান
Chapter 2এক দলীয় প্রাধান্যৰ যুগ
Chapter 3পৰিকল্পিত বিকাশৰ ৰাজনীতি
Chapter 4ভাৰতৰ বৈদেশিক সম্বন্ধ
Chapter 5কংগ্রেছ ব্যৱস্থাৰ প্রতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্রতিষ্ঠা
Chapter 6গণতন্ত্রৰ সংকট
Chapter 7গণ আন্দোলনৰ অভ্যুত্থান
Chapter 8আঞ্চলিক আকাংক্ষাবোৰ
Chapter 9ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ

৪। আঘাত নিৰাময় বুলিলে কি বুজা? সাম্যবাদী শাসনোত্তৰ কালত আঘাত নিৰাময়ৰ ফলাফলসমূহ কি কি আছিল? সাম্যবাদৰ পৰা পুঁজিবাদী অর্থনীতিলৈ পৰিৱৰ্তিত হোৱাৰ এইটো এটা উত্তম উপায় আছিলনে?

                          অথবা

নিৰাময় আৰ্হিৰ ৰাজনৈতিক ফলাফল পৰীক্ষা কৰা?

উত্তৰঃ ছোভিয়েট ইউনিয়ন ভংগ হোৱাৰ পিছত নতুনকৈ স্বাধীন হোৱা ৰাষ্ট্ৰসমূহৰ পৰা স্বেচ্ছাছাৰী সাম্যবাদী ব্যৱস্থাৰ অৱসান আৰু পুঁজিবাদী গণতান্ত্রিক ব্যৱস্থাৰ প্ৰৱৰ্তনৰ ফলস্বৰূপে এই ৰাষ্ট্ৰসমূহত এক অচলাৱস্থা তথা ত্ৰাসৰ সৃষ্টি হৈছিল। এনে এক পৰিস্থিতিৰ পৰা ৰাছিয়া, মধ্য এছিয়া আৰু পূব ইউৰোপৰ দেশসমূহক উপশম দিয়াৰ বাবে বিশ্ববেংক আৰু আন্তর্জাতিক মুদ্রানিধিয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল। ইয়াক আঘাত নিৰাময় বোলে। 

আঘাত নিৰাময়ৰ ফলাফলসমূহ—

  1. ৰাছিয়াত ৰাষ্ট্ৰীয় নিয়ন্ত্রণাধীন বৃহৎ উদ্যোগিক এলেকাসমূহৰ পতন ঘটিছিল। প্রায় ৯০ শতাংশ উদ্যোগকেই ব্যক্তি বা কোম্পানীক বিক্ৰী কৰিবলগীয়া হৈছিল।
  2. বাছিয়াৰ মুদ্ৰা ব্যৱস্থা ‘কবল’ৰ মূল্য কমি আহিছিল আৰু দৈনন্দিন ব্যবহার্য সামগ্ৰীৰ দাম অভাবনীয়ভাৱে বৃদ্ধি পালে। 
  3.  ৰাছিয়াত প্ৰৱৰ্তিত হোৱা পুৰণি সামাজিক কল্যাণমূলক আঁচনিসমূহ ক্রমান্বয়ে লোপ পাবলৈ ধৰিছিল।

সাম্যবাদী অর্থনীতিৰ পৰা পুঁজিবাদী অর্থনীতি লৈ ৰূপান্তৰিত হোৱাৰ ক্ষেত্ৰত আঘাত নিৰাময়ক বহুতে এটা উত্তম উপায় বুলি ভাবিছিল।

৫। ছোভিয়েট ব্যৱস্থাৰ দূৰ্বলতাসমূহ উল্লেখ কৰা ?

উত্তৰঃ ১৯১৭ চনত সমাজবাদী বিপ্লৱৰ পাছত ছোভিয়েট সমাজবাদী গণৰাষ্ট্ৰ সংঘ (USSR) প্রতিষ্ঠা হৈছিল। এই শাসন ব্যৱস্থা সম্পূর্ণৰূপে সাম্যবাদী সমাজ ব্যৱহাৰৰ ওপৰত প্ৰতিষ্ঠিত। পুঁজিবাদী বিৰোধী এই শাসন ব্যৱস্থাই ব্যক্তিগত সম্পতি বিলোপ সাধন কৰি দলীয় ব্যৱস্থাক প্রাধান্য দিছিল। ছোভিয়েট শাসন ব্যৱস্থা সাম্যবাদী দল সম্বন্ধীয় আছিল আৰু কোনো বিৰোধী দলক ইয়াত স্থান দিয়া নহৈছিল। দেশৰ অৰ্থনীতি পৰিকল্পনা আৰু নিয়ন্ত্রণো ৰাষ্ট্ৰৰ দ্বাৰা হৈছিল। ছোভিয়েট সংঘৰ চৰকাৰে ইয়াৰ জনসাধাৰণৰ বাবে জীৱন ধাৰণৰ নিম্নতম মানদণ্ড ঠিৰাং কৰিছিল আৰু সেই অনুপাতে প্রয়োজন হোৱা স্বাস্থ্য, শিক্ষা, শিশুপালন, অন্যান্য জনকল্যাণমূলক সেৱাৰ যোগান ধৰিছিল। ৰাষ্ট্ৰৰ তত্বাবিধান মালিকীস্তত্বৰ অন্যতম প্রধান বাহক আছিল আৰু দেশৰ সমগ্ৰ ভূমি আৰু অন্যান্য উৎপাদিত সামগ্ৰীৰ নিয়ন্ত্ৰণ আৰু তত্ত্বাধান ৰাষ্ট্ৰৰ অধীনত আছিল। ঘাইকৈ ছোভিয়েট ব্যৱস্থাত বিষয়াকেন্দ্রিক ও স্বেচ্ছাচাৰী আছিল আৰু জনসাধাৰণৰ বাবে স্বেচ্ছাচাৰী আছিল। গণতন্ত্ৰ আৰু বাক্ স্বাধীনতা নথকা বাবে জনসাধাৰণে নিজৰ ক্ষোভ প্ৰকাশ কৰিব নোৱাৰিছিল। ইয়াৰ প্ৰায়বোৰ সংঘ আৰু অনুষ্ঠান সাম্যবাদী দলৰ অধীনত আছিল। জনসাধাৰণৰ ওচৰত দায়বদ্ধ নোহোৱাৰ বাবে এনে সংঘবোৰৰ সংশোধন হোৱা নাছিল। ১৯৭৯ চনত আফগানিস্থানৰ আক্ৰমণ আৰু উৎপাদন ব্যয় বৃদ্ধি খাদ্যৰ নাটনি আদি বিভিন্ন কাৰণত ছোভিয়েট অর্থনীতি ধ্বংসৰ ফালে অগ্ৰসৰ হৈছিল। মুখ্যতঃ পশ্চিমীয়া দেশৰ তুলনাত কাৰিকৰী কৌশল নিম্ন মানদণ্ডৰ আছিল। শেষত ১৯৭০ চনৰ শেষৰ ফালে ছোভিয়েট ৰাছিয়াৰ শাসন ব্যৱস্থা সম্পূৰ্ণৰূপে ভাঙি পৰিল।

৬। ভাৰতৰ ওপৰত ছোভিয়েট ইউনিয়নৰ ভংগৰ প্ৰভাৱ কি কি? 

উত্তৰঃ বৈদেশিক নীতিৰ ক্ষেত্ৰত ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক এটা প্রয়োজনীয় দিশ। অতীতত ছোভিয়েটৰ সৈতে ভাৰতৰ এটা সু-সম্পৰ্ক আছিল। আনকি ১৯৯১ চনত ছোভিয়েট বিভাজনৰ পাচতো এই দেশ দুখনৰ মাজত সম্পর্ক ভাল আছিল। তথাপিও এই ছোভিয়েট বিভাজনে ভাৰতৰ দৰে বিভিন্ন বিশ্বৰ দেশক তলত দিয়া ধৰণে প্ৰভাৱ পৰে –

প্ৰথমতে, শীতল যুদ্ধৰ সমাপ্তি। সমাজবাদী আৰু পুঁজিবাদী আদৰ্শৰ শ্ৰেষ্ঠতা প্রতিষ্ঠাৰ বুজন অস্তিত্ব শেষ হৈ গ’ল যেতিয়াৰে পৰা এই আদৰ্শৰ সংঘাত সামৰিক সংঘাতৰ দিশত আগবাঢ়ি যন্ত্ৰৰ ৰণ আৰু আণৱিক অস্ত্ৰৰ সম্প্ৰসাৰণলৈ বিস্তৃত হ’ব ধৰিছিল, তেনে সময়তে শীতল যুদ্ধৰ সমাপ্তিত নিয়ন্ত্ৰীকৰণ প্ৰক্ৰিয়াৰ প্ৰভাৱত, পৃথিৱীত শাস্তি প্ৰতিষ্ঠাৰ এক নতুন যুগ আৰম্ভ হ’ল।

দ্বিতীয়তে, বিশ্ব ৰাজনীতিৰ ক্ষমতাৰ সময়ত পৰিবৰ্তন আছিল আৰু তাৰ বাবে ইয়াৰ লগত জড়িত অনুষ্ঠান প্রতিষ্ঠান সমূহৰ মাজতো পৰিবৰ্তন অহা দেখা গ’ল। শীতল যুদ্ধৰ সমাপ্তিত বিশ্বৰ পুঁজি বিকল্প পদ্ধতিৰ আবিৰ্ভাৱ হ’ল। বাকী থকা শক্তিশালী ৰাষ্ট্ৰসমূহে এককেন্দ্রিক বিশ্বৰ সৃষ্টি কৰা, বিভিন্ন নতুন গোটসমূহ বিশ্বত এক নতুন ব্যৱস্থা সৃষ্টিত এক শক্তিশালী ভূমিকা পালন কৰে, য’ত কোনো এখন দেশে দখলকাৰী ভূমিকা পালন কৰিব নোৱাৰে।

তৃতীয়তে, Soviet Blocৰ পতন হোৱা বাবে, বহুতো নতুন ৰাষ্ট্ৰৰ জন্ম হয়। নতুন প্ৰতিখন ৰাষ্ট্ৰৰ নিজা স্বাধীন আশা আৰু আকাংক্ষা আছে। ইয়াৰ কিছুমান দেশে বিশেষত Baltic আৰু পূৱ ইউৰোপীয় দেশসমূহ European Union ৰ লগত থাকিব বিচাৰিলে আৰু NATO সদস্যভুক্ত হ’ল। কেন্দ্ৰীয় এচিয়াৰ দেশসমূহে নিজ ভৌগোলিক অৱস্থানৰ সুবিধা গ্ৰহণ কৰি Soviet ৰ লগত ওচৰ সম্পৰ্ক ৰক্ষাৰ উপৰিও পশ্চিমীয়া দেশ China, U.S. আদিৰ লগত ভাল সম্বন্ধ থাকিব বিচাৰিলে। এইদৰে দেখা গ’ল আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত নিজ স্বকীয়তা বজাই ৰাখি বহুতো নতুন খেলুৱৈৰ জন্ম হ’ল যাৰ নিজৰ অৰ্থনৈতিক, ৰাজনৈতিক ব্যৱস্থা আছে।

৭। শ্বক থেৰাপী কি? কমিউনিষ্ট ৰাজত্বৰ পিছত শ্বক থেৰাপীৰ পৰিণতিবোৰ কি কি আছিল? সাম্যবাদৰ পৰা পুঁজিবাদলৈ পৰিৱৰ্তনৰ এয়া উত্তম পথ আছিলনে? 

উত্তৰঃ বিশ্ব বেংক আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ সাহার্যত ছোভিয়েট ইউনিয়নক অর্থনৈতিক উন্নয়নৰ বাবে সাহাৰ্য প্ৰদান কৰা এক আৰ্হি ।

জোকাৰণি চিকিৎসাক ধনতান্ত্ৰিকৰ পৰা সাম্যবাদীলৈ পৰিবৰ্ত্তন অনাত উত্তম উপায়ৰূপে গ্রহণ কৰিব নোৱাৰি, কাৰণ প্ৰতিখন ৰাষ্ট্ৰই সম্পূর্ণভাবে পুঁজিবাদী ব্যৱস্থাৰ প্ৰসাৰ ঘটাব লগা হ’ল, য’ত ব্যক্তিগত মালিকানা এক অন্যতম বৈশিষ্ট্য। জাতীয় সম্পদ ব্যক্তিগতকৰণ আৰু সমূহীয়া মালিকানা স্বত্ত্বৰ প্ৰৱৰ্তন হ’ল। সমূহীয়া কাম/ Firm ব্যক্তিগত হ’ল আৰু ব্যৱস্থাত পুঁজিবাদৰ প্ৰৱৰ্তন হ’ল। এই ব্যৱস্থাই কোনো তৃতীয় বিকল্পৰ স্থান বাচি দিলে, লাগে জাতীয় নিয়ন্ত্রিত সমাজবাদ বা পুঁজিবাদেই হওক।

Shock Therapy বাহ্যিক অর্থনৈতিক পৰিবৰ্তনৰ লগতো জড়িত। বৰ্তমান উন্নয়ন বুলিলে বেপাৰ-বাণিজ্যৰ প্ৰসাৰৰ কথা বুজায় যাৰ বাবে মুক্ত বাণিজ্য ধাৰণা অতি প্রয়োজনীয় হৈ পৰিল। মুক্ত বাণিজ্য নীতি আৰু বৈদেশিক বিনিয়োগ পৰিবৰ্ত্তনৰ প্ৰধান কাৰক হৈ পৰিল। ই বৈদেশিক বিনিয়োগৰ যুক্ততা, অর্থনৈতিক যুক্ততা আৰু বৈদেশিক মুদ্ৰাৰ সম্প্ৰসাৰণ আৰু যুক্ত পৰিবৰ্ত্তনৰ লগতো সাঙোৰ খাই পৰিল।

৮। মার্কিন যুক্তৰাষ্ট্ৰৰ দৰে এখন পুঁজিবাদী ৰাষ্ট্ৰৰ পৰা ছোভিয়েট অর্থনীতিক পৃথক কৰা বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

 উত্তৰঃ তলৰ তিনিটা বৈশিষ্ট্যই চোভিয়েট অর্থনীতিক আমেৰিকাৰ দৰে ধনতন্ত্ৰ দেশৰ পৰা

পৃথক কৰিছে ―

  1.  ছোভিয়েটৰ অর্থনীতি সমাজবাদী অর্থনীতি। আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতি ধনতান্ত্রিক অর্থনীতি।
  2. ছোভিয়েটৰ অর্থনীতি সম্পূৰ্ণৰূপে চৰকাৰৰ হাতত য’ত ব্যক্তিগত মালিকীস্বত্ব সম্পত্তিৰ ক্ষেত্ৰ ত অনুমতি নাই। আনহাতে, আমেৰিকাৰ অৰ্থনীতিত ব্যক্তিগত মালিকৰ হাতত সম্পদ হস্তান্তৰ কৰাৰ অধিকাৰ আছে। 
  3.  ছোভিয়েট সংঘত সমূহীয়াভাৱে খেতি কৰা পদ্ধতিটো ৰাষ্ট্ৰই নিয়ন্ত্ৰণ কৰে। আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰ ব্যক্তিগত খণ্ডই এই কৃষি বা খেতি খণ্ডটো নিয়ন্ত্রণ কৰে।

৯। ভাৰতৰ দৰে দেশসমূহৰ বাবে ছোভিয়েট ইউনিয়নৰ বিভাজনৰ প্ৰধান পৰিণতি বোৰ কি কি ?

উত্তৰঃ বৈদেশিক নীতিৰ ক্ষেত্ৰত ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক এটা প্রয়োজনীয় দিশ। অতীতত ছোভিয়েটৰ সৈতে ভাৰতৰ এটা সু-সম্পর্ক আছিল। আনকি ১৯৯১ চনত ছোভিয়েট বিভাজনৰ পাচতো এই দেশ দুখনৰ মাজত সম্পর্ক ভাল আছিল। তথাপিও এই ছোভিয়েট বিভাজনে ভাৰতৰ দৰে বিশ্বৰ বিভিন্ন দেশক তলত দিয়া ধৰণে প্ৰভাৱ পেলাই –

প্ৰথমতে, শীতল যুদ্ধৰ সমাপ্তি। সমাজবাদী আৰু পুঁজিবাদী আদৰ্শৰ শ্ৰেষ্ঠতা প্ৰতিষ্ঠাৰ বুজন অস্তিত্ব শেষ হৈ গ’ল যেতিয়াৰে পৰা এই আদৰ্শৰ সংঘাত সামৰিক সংঘাতৰ দিশত আগবাঢ়ি যন্ত্ৰৰ ৰণ আৰু আণৱিক অস্ত্ৰৰ সম্প্ৰসাৰণলৈ বিস্তৃত হ’ব ধৰিছিল, তেনে সময়তে শীতল যুদ্ধৰ সমাপ্তিত নিয়ন্ত্ৰীকৰণ প্ৰক্ৰিয়াৰ প্ৰভাৱত, পৃথিৱীত শাস্তি প্ৰতিষ্ঠাৰ এক নতুন যুগ আৰম্ভ হ’ল। দ্বিতীয়তে, বিশ্ব ৰাজনীতিৰ ক্ষমতাৰ সময়ত পৰিবৰ্তন আছিল আৰু তাৰ বাবে ইয়াৰ লগত জড়িত অনুষ্ঠান প্রতিষ্ঠান সমূহৰ মাজতো পৰিবৰ্তন অহা দেখা গ’ল। শীতল যুদ্ধৰ সমাপ্তিত বিশ্বৰ পুঁজি বিকল্প পদ্ধতিৰ আবিৰ্ভাৱ হ’ল। বাকী থকা শক্তিশালী ৰাষ্ট্ৰসমূহে এককেন্দ্রিক বিশ্বৰ সৃষ্টি কৰা, বিভিন্ন নতুন গোটসমূহ বিশ্বত এক নতুন ব্যৱস্থা সৃষ্টিত এক শক্তিশালী ভূমিকা পালন কৰে, য’ত কোনো এখন দেশে দখলকাৰী ভূমিকা পালন কৰিব নোৱাৰে।

তৃতীয়তে, Soviet Bloc ৰ পতন হোৱা বাবে, বহুতো নতুন ৰাষ্ট্ৰৰ জন্ম হয়। নতুন প্ৰতিখন ৰাষ্ট্ৰৰ নিজা স্বাধীন আশা আৰু আকাংক্ষা আছে। ইয়াৰ কিছুমান দেশে বিশেষত Baltic আৰু পূৱ ইউৰোপীয় দেশসমূহ European Union ৰ লগত থাকিব বিচাৰিলে আৰু NATO সদস্যভুক্ত হ’ল। কেন্দ্ৰীয় এচিয়াৰ দেশসমূহে নিজ ভৌগোলিক অৱস্থানৰ সুবিধা গ্ৰহণ কৰি Soviet ৰ লগত ওচৰ সম্পৰ্ক ৰক্ষাৰ উপৰিও পশ্চিমীয়া দেশ China, U.S. আদিৰ লগত ভাল সম্বন্ধ থাকিব বিচাৰিলে। এইদৰে দেখা গ’ল আন্ত:ৰাষ্ট্ৰীয় ৰাজনীতিত নিজ স্বকীয়তা বজাই ৰাখি বহুতো নতুন খেলুৱৈৰ জন্ম হ’ল যাৰ নিজৰ অর্থনৈতিক, ৰাজনৈতিক ব্যবস্থা আছে।

১০। ধৰা হ’ল ছোভিয়েট ইউনিয়ন বিভাজিত হোৱা নাই আৰু ১৯৮০ৰ দশকৰ মাজভাগৰ দৰে পৃৱিৰ্থীখন দ্বিবিভক্ত হৈয়ে আছে। যোৱা দুই দশকৰ উন্নয়নত ই কিদৰে প্ৰভা পেলালেহেঁতেন? তিনিটা অঞ্চল বা ৰাজ্য চিনাক্ত কৰা য’ত তেনে ধৰণৰ বিশ্বত উন্নয়ন হয়তো নহ’লহেঁতেন।

উত্তৰঃ (ক) ৰাছিয়াঃ ছোভিয়েট ইউনিয়নৰ পৰা পৃথক হৈ পৰা ৰাছিয়াই এখন সুকীয়া গণৰাজ্য হিচাপে প্ৰতিষ্ঠা হোৱাৰ পিছত জনগোষ্ঠী ধর্মীয় গোট তথা অঞ্চলৰ পৰা ভাবুকিৰ সন্মুখীন হৈছিল। ৰাছিয়াৰ ছেচনিয়া আৰু ডাগেস্তান এই দুখন প্রজাতন্ত্রত বিচ্ছিন্নতাবাদী আন্দোলন আৰম্ভ হৈছে। এই আন্দোলন এতিয়াও অব্যাহত আছে।

মধ্য এছিয়া : মধ্য এছিয়াৰ প্ৰজাতন্ত্ৰবোৰ হাইড্রকার্বন সম্পদে এই প্রজাতন্ত্ৰবোৰক অর্থনৈতিক দিশত যথেষ্ট বৰঙণি আগবঢ়ায়। এই প্রজাতন্ত্ৰবোৰ বহিঃশক্তি আৰু তেল কোম্পানীবোৰৰ প্ৰতিযোগিতাৰ স্থল হৈ পৰিছে।

(51) বাক্ষান ৰাষ্ট্ৰ ঃ পুব ইউৰোপৰ শ্বেকোল্লাভাকিয়া শান্তিপূর্ণভাবে খণ্ডিত হৈ ঠেক গণৰাজ্য আৰু শ্ৰভাক নামৰ দুখন স্বাধীন ৰাষ্ট্ৰ গঠিত হৈছিল। কিন্তু বান্ধানৰ যুগোশ্লভিয়া প্রজাতন্ত্রত যথেষ্ট সংঘাত হৈছিল। ১৯৯১ চনৰ পিছত এই প্রজাতন্ত্রখন কেইবাটাও খণ্ডত বিভক্ত হৈ ক্ৰৱেছিয়া ‘শ্লোভেনিয়া’ বছনিয়া হাৰজেগভিনা নামৰ স্বাধীন ৰাষ্ট্ৰ গঠিত হৈছিল।

১১। ছোভিয়েট পদ্ধতিৰ অসুবিধাবোৰ উল্লেখ কৰা।

উত্তৰঃ ছোভিয়েট পদ্ধৰি প্ৰধান অসুবিধাবোৰ হ’ল

(ক) প্রশাসনিক ক্ষেত্ৰত গঢ়ি উঠা দুর্নীতি আৰু ছোভিয়েট কমিউনিষ্ট পাৰ্টিৰ মাজত ক্রমাগতভাবে বৃদ্ধি পোৱা স্বৈৰতন্ত্ৰীয় প্ৰবণতা।

(খ) ছোভিয়েট সংঘৰ বিভিন্ন গণৰাজ্যত গঢ়ি উঠা জাতীয়তাবাদী চেতনা আৰু স্বাধীনতাৰ হকে গঢ়ি উঠা আকাংশা।

(গ) ব্যক্তি স্বাধীনতাৰ ওপৰত ছোভিয়েট সংঘই চলোৱা অবদমন।

(ঘ) পাৰমাণৱিক আৰু বিশ্বৰ মহাশক্তি হিচাপে ছোভিয়েট সংঘই আধিপত্য স্থাপনৰ বাবে ব্যয় কৰা সম্পদ আৰু ই দেশীয় অর্থনীতিত সৃষ্টি কৰা প্ৰচুৰ চাপ।

১২। ছোভিয়েট গণৰাজ্যৰ সংস্কাৰ আৰম্ভ কৰিবলৈ কোনবোৰ উপাদানে গর্বাচেভক বাধ্য কৰিছিল?

উত্তৰঃ ছোভিয়েট ৰাছিয়াক সংস্কাৰ কৰাৰ ক্ষেত্ৰত গাৰ্বাচেভক বাধ্য কৰোৱা উপাদানবোৰ হল ―

(ক) প্রযুক্তি, শক্তি আৰু যোগাযোগ ব্যৱস্থাত মার্কিন যুক্তৰাষ্ট্ৰ আৰু পশ্চিমীয়া পুঁজিবাদী

দেশতকৈ পিছপৰা থকাৰ বাবে ইয়াৰ সংস্কাৰ কৰিব বিচাৰিছিল।

(খ) ছোভিয়েট সংঘত দৈনন্দিন ব্যৱহার্য সামগ্ৰীৰ ভঁৰাল দুৰ্বল হৈ আহিছিল আৰু খাদ্য দ্ৰৱ্য্যকে প্ৰমুখ্য কৰি বিভিন্ন দৈনন্দিন দ্রব্য আমদানি কৰিবলগীয়া হৈছিল।

(1) প্রশাসনিক ক্ষেত্ৰত গঢ়ি উঠা দুর্নীতি আৰু ছোভিয়েট কমিউনিষ্ট পাৰ্টিৰ মাজত ক্রমাগতভাবে বৃদ্ধি পোৱা স্বৈতন্ত্ৰীৰ প্ৰবণতা হ্ৰাস কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছিল।

পাৰমাণৱিক আৰু বিশ্বৰ মহাশক্তি হিচাপে ছোভিয়েট সংঘই আধিপত্য স্থাপনৰ বাবে ব্যয় কৰা সম্পদ আৰু ই দেশীয় অর্থনীতিত সৃষ্টি কৰা প্ৰচুৰ চাপৰ সংস্কাৰ কৰিব বিচাৰিছিল।

১৩। আমেৰিকা যুক্তৰাষ্ট্ৰ দৰে পুঁজিবাদী দেশৰ অৰ্থনীতিৰ পৰা ছোভিয়েট অর্থনীতিক পৃথক কৰা বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট সংঘৰ অৰ্থনীতিক পৃথক কৰা বৈশিষ্ট্যবোৰ হল ―

(ক) আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতি হ’ল পুঁজিবাদী অর্থনীতি আনহাতে ছোভিয়েট অর্থনীতি সমাজবাদী আৰ্হিৰ অর্থনীতি আছিল।

(খ) আমেৰিকাই ব্যক্তিগত মালিকীস্বত্বৰ ওপৰত সম্পদৰ অধিকাৰ প্ৰদান কৰিছে; কিন্তু ছোভিয়েট অর্থনীতিয়ে সম্পূৰ্ণৰূপে ৰাষ্ট্ৰৰ হাতত থাকে আৰু ৰাষ্ট্ৰই সম্পদবোৰ নিয়ন্ত্ৰণ কৰে।

(গ) ছোভিয়েট অর্থনীতি পঞ্চবার্ষিক পৰিকল্পনাৰ ৰাষ্ট্ৰৰ দ্বাৰা নিৰ্ধাৰিত হয়; কিন্তু আমেৰিকা অর্থনীতি ৰাষ্ট্ৰৰ পৰিবৰ্তে ব্যক্তিগত মালিকীস্বত্বৰ দ্বাৰা পৰিচালিত হয়।

(ঘ) আমেৰিকাৰ অর্থনীতিয়ে প্রতিযোগিতাক সমর্থন কৰে। আনহাতে, ছোভিয়েট অর্থনীতি সহযোগিতাৰ দ্বাৰা সামাজিক ন্যায় প্রতিষ্ঠা কৰিব বিচাৰে।

(ঙ) আমেৰিকাৰ অৰ্থনীতিয়ে ধন সম্পদ উৎপাদনত ব্যক্তিগত মুনাফাক সমৰ্থন কৰে। কিন্তু ছোভিয়েট অর্থনীতিয়ে শান্তিপূর্ণ আৰু শাসনতান্ত্রিক নীতিত আস্থাশীল।

১৪। ভাৰতৰ দৰে দেশৰ বাবে ছোভিয়েট সংঘৰ ভাঙোনৰ মূল পৰিণতিসমূহ কি আছিল? 

উত্তৰঃ সমাজবাদী ছোভিয়েট সংঘৰ পতনে আন্তর্জাতিক ৰাজনীতিত ব্যাপক প্রভাব পেলায়। এই পতনে বিংশ শতিকাৰ আন্তর্জাতিক ৰাজনীতিৰ চৰিত্ৰ সম্পূৰ্ণৰূপে সলনি কৰি দিয়ে ছোভিয়েট সংঘৰ পতনে ভাৰতৰ দৰে দেশত বিশেষ প্রভাব পৰিলক্ষিত হয়। সেইবোৰ হ’ল

(ক) ছোভিয়েট সংঘৰ ভাঙোনে আৰু শীতল যুদ্ধৰ অবসানে ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশে আন্তর্জাতিক ৰাজনীতিত পালন কৰি তৃতীয় বিশ্বৰ দেশে আন্তর্জাতিক ৰাজনীতিত পালন কৰি অহা ভূমিকা আৰু উত্থাপন কৰি অহা দাবীবোৰে গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। দৰাচলতে ছোভিয়েট সংঘৰ পতনে আন্তর্জাতিক ভাৰতৰ ভূমিকা দুৰ্বল হৈ পৰে।

(খ) ছোভিয়েট সংঘৰ ভাঙোনে দ্বিমেকত বিভক্ত আন্তর্জাতিক অৱস্থা আৰু দুই মহাশক্তিৰ মাজত চলা শীতল যুদ্ধৰ অৱসান ঘটায়। ফলত বিংশ শতিকাৰ সাতটা দশকৰো অধিককাল ধৰি চলা যুদ্ধ সদৃশ পৰিবেশৰ পৰা আন্তর্জাতিক ৰাজনীতি মুক্ত হয়। আন্তর্জাতিক স্তৰত অস্ত্র প্রতিযোগিতাৰও অৱসান ঘটে।

(গ) ছোভিয়েট সংঘৰ পতনৰ পাছত ভাৰতৰ দৰে বিভিন্ন দেশে বিভিন্ন অঞ্চলত নিজা নিজা আদৰ্শৰ শিবিৰ নিৰ্মাণ কৰি আন্তৰ্জাতিক ৰাজনীতি বহুমেৰুসম্পন্ন গঢ়ি তোলে। 

(ঘ) অর্থনৈতিক ক্ষেত্ৰত বিশ্ববেংক অথবা আন্তর্জাতিক মুদ্ৰানিধিৰ দৰে প্ৰতিষ্ঠানে মার্কিন যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ সহযোগী ৰাষ্ট্ৰসমূহৰ উদ্যোগত বিশ্বজুৰি অৰ্থনীতিৰ উদাৰীকৰণ আৰু ব্যক্তিগতকৰণৰ নীতি বলবৎ কৰিছে।

(ঙ) ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশবোৰে ছোভিয়েট সংঘৰ পতনৰ পাছত ‘উদারনৈতিক গণতন্ত্ৰক’ সাৰ্বজনীন ৰাজনৈতিক মতাদর্শ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে ।

(চ) মার্কিন যুক্তৰাষ্ট্ৰৰ আধিপত্যক প্রত্যাহ্বান জনোৱা এক শক্তি হিচাপে ছোভিয়েট সংঘৰ অনুপস্থিতিৰ সুযোগ গ্ৰহণ কৰি ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশসমূহে গোষ্ঠীনিৰপেক্ষ আন্দোলন গঢ়ি তুলিলে। এই আন্দোলনে তৃতীয় বিশ্বৰ দেশসমূহৰ ওপৰত চলা ঐতিহাসিক শোষণকে প্রমুখ্য কৰি বহুবোৰ প্রশ্ন আন্তর্জাতিক ৰাজনীতিত সজোৰেৰে উত্থাপন কৰিবলৈ ধৰিলে।

Leave a Reply