Class 12 Political Science| Chapter-1| শীতল যুদ্ধৰ যুগ

Class 12 Political Science| Chapter-1| শীতল যুদ্ধৰ যুগ। এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব AHSEC Class 12 Political Science| Chapter-1| শীতল যুদ্ধৰ যুগ পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়।

HS Second Year Question Answer (Assamese Medium)

EnglishClick Here
অৰ্থনীতি (Economy)Click Here
ভূগোল (Geography)Click Here
हिंदीClick Here
অসমীয়াClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
ৰাজনীতি (Political Science)Click Here
সমাজতত্ত্ব (Sociology)Click Here
তৰ্কবিদ্যা আৰু দর্শনশাস্ত্ৰ (Logic & Philosophy)Click Here
নৃতত্ত্ব (Anthropology)Click Here

Class 12 Political Science| Chapter-1| শীতল যুদ্ধৰ যুগ

চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া ছাত্র-ছাত্ৰীৰ বাবে আমাৰ এই ৱেবছাইটত শেহতীয়া পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি পাঠ Class 12 Political Science| Chapter-1| শীতল যুদ্ধৰ যুগ ভিত্তিক প্ৰশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। যত ছাত্ৰ-ছাত্ৰীয়ে অনলাইন যোগে পঢ়িব পাৰিব।

প্ৰথম খণ্ড

(ক) অতি চমু প্ৰশ্নৰ উত্তৰ লিখা : 

১। শীতল যুদ্ধ বুলিলে কি বুজা?

উত্তৰঃ অস্ত্র প্রয়োগ নকৰাকৈ বিভিন্ন শক্তিগোষ্ঠীৰ মাজত চলি থকা অর্থনৈতিক, সামৰিক বা কুটনৈতিক সহায়, সামৰিক হস্তক্ষেপ বা চুক্তি সম্পাদন আদিৰ দ্বাৰা সৃষ্টি হোৱা উত্তেজনা বা মতভেদেই হ’ল শীতল যুদ্ধ।

২। শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিল? 

উত্তৰঃ শীতল যুদ্ধ আৰম্ভ হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ পিছত অর্থাৎ ১৯৪৫ চনৰ পিছত।

৩। NATO ৰ সম্পূৰ্ণ নামটো কি?

উত্তৰঃ North Atlantic Treaty Organisation অর্থাৎ উত্তৰ আটলান্টিক চুক্তি সংগঠন।

8।  ৱাৰ্শ্বো চুক্তি মানে কি ?

উত্তৰঃ NATO ক প্ৰত্যাহ্বান জনাই ১৯৫৫ চনত ছোভিয়েট ৰাছিয়াৰ নেতৃত্বত ৮খন ৰাষ্ট্ৰ লগ হৈ কৰা চুক্তি। 

৫। ৱাৰ্শ্বো চুক্তিৰ প্ৰধান কাৰ্যটো কি আছিল?

উত্তৰঃ NATO ক প্ৰতিৰোধ কৰা।

৬। বাক্যটি শুদ্ধকৈ লিখা :

আমেৰিকা যুক্তৰাষ্ট্ৰই সমাজবাদী আদৰ্শক গ্ৰহণ কৰিছিল।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰই পুঁজিবাদী আদৰ্শক গ্ৰহণ কৰিছিল।

৭। খালী ঠাই পূৰ কৰা :

দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিয়েই আছিল…….  -যুদ্ধৰ আৰম্ভণি। 

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিয়েই আছিল শীতল যুদ্ধৰ আৰম্ভণি ।

৮। শীতল যুদ্ধৰ যুগৰ সময়সীমা উল্লেখ কৰা। 

উত্তৰঃ ১৯৪৫ চনৰ পৰা ১৯৯১ চনলৈ।

৯। শুদ্ধ নে অশুদ্ধ লিখা:

শীতল যুদ্ধ আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়ন আৰু সিহঁতৰ লগত জড়িত ৰাষ্ট্ৰবোৰৰ মাজত হোৱা প্ৰতিদ্বন্দ্বিতা।

উত্তৰঃ শুদ্ধ।

১০। ৱাৰ্শ্ব চুক্তিৰ প্ৰধান কার্য কি আছিল ? 

উত্তৰঃ নাটোক বাধা দিয়াটোৱেই ৱাৰ্শ্ব চুক্তিৰ প্ৰধান কাৰ্য আছিল।

১১। NIEO সম্পূর্ণ অর্থ কি?

উত্তৰঃ New International Economic order.

১২। CENTO মানে কি বুজা?

উত্তৰঃ Central Treaty Organization.

১৩। নিবাৰক মানে কি বুজা?

উত্তৰঃ প্রতিহত কৰা বা নিৰুৎসাহিত কৰা।

১৪। LOCs’ মানে কি?

উত্তৰঃ Line of Control.

১৫। NAM ব সম্পূর্ণ অর্থ কি?

উত্তৰঃ Non Alignment Movement.

১৬। কিউবা সংকট কি?

উত্তৰঃ ১৯৬২ চনত সংঘটিত শীতল যুদ্ধৰ এক অতি উত্তেজনাপূর্ণ ঘটনা।

১৭। UNETAD কি?

উত্তৰঃ United Nations Conference or Trade and Development.

১৮। দুই মহাশক্তিৰ নাম লিখা?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাছিয়া।

১৯। গোষ্ঠী নিৰপেক্ষতাই অকলশৰীয়াকৈ থকা বুজায়নে? 

উত্তৰঃ গোষ্ঠী নিৰপেক্ষতাই অকলশৰীয়াকৈ থকা নুবুজায়।

২০। কোন চনত আমেৰিকাই জাপানৰ নাগাচাকি আৰু হিৰোশ্বিমা চহৰত বোমা পেলাইছিল।

উত্তৰঃ ১৯৪৫ চনত।

২১। LDCs মানে কি?

উত্তৰঃ Least Developed Countries.

২২। গোষ্ঠী নিৰপেক্ষতাই নঞার্থক নীতি বুজায় নেকি?

উত্তৰঃগোষ্ঠী নিৰপেক্ষতাই ঋনাত্মক নীতিক নুবুজায়। 

২৩। শীতল যুদ্ধৰ আৰম্ভনি কেতিয়া হৈছিল?

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিয়েই আছিল শীতল যুদ্ধৰ আৰম্ভণি ।

২৪। কোনটো দিন ৰাষ্ট্ৰসংঘ দিৱস হিচাপে উদযাপন কৰা হয় ?

উত্তৰঃ ২৪ অক্টোবৰ।

২৫। ‘ৰোধকৰণ’ বুলিলে কি বুজা? 

উত্তৰঃ ৰোধকৰণ মানে বাধা দিয়া বা নিৰুৎসাহিত কৰা।

২৬। NAM ৰ উদ্দেশ্য পৃথকীকৰণ নে?

উত্তৰঃ নহয়, NAM ৰ উদ্দেশ্য পৃথকীকৰণ নহয়।

২৭। নিয়ন্ত্ৰণ ৰেখা কি?

উত্তৰঃ ভাৰত আৰু পাকিস্তানৰ সীমাক নিয়ন্ত্ৰণ ৰেখা বোলা হয়।

২৮। গোষ্ঠী নিৰপেক্ষ আন্দোলনে নির্লিপ্ততা (নিঃসঙ্গতা) বুজায় নে?

উত্তৰঃ নুবুজায়

২৯। গোষ্ঠী-নিৰপেক্ষ আন্দোলন (NAM) ৰ প্ৰথমখন শীর্ষ সম্মিলন কিমান চনত অনুষ্ঠিত হৈছিল?

উত্তৰঃ১৯৬১ চনত।

৩০। গোষ্ঠী-নিৰপেক্ষ আন্দোলনৰ চাৰিগৰাকী নিৰ্মাতাৰ নাম লিখা। 

উত্তৰঃ পণ্ডিত জৱাহৰলাল নেহৰু, আহমেদ চুকাৰন, গামাল আব্দল নাছেৰ, কুৱাম নাকুমূহ।

৩১। ভাৰতে ইয়াৰ অৰ্থনৈতিক সংস্কাৰ কোন চনত আৰম্ভ কৰিছিল?

উত্তৰঃ ১৯৯১ চনত।

(খ) চমু প্ৰশ্নৰ উত্তৰ লিখা : 

১। দ্বিতীয় বিশ্বযুদ্ধৰ মিত্ৰ শক্তিগোষ্ঠী আৰু অক্ষশক্তি মানে কি? 

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ মিত্ৰগোষ্ঠী মানে আমেৰিকা যুক্তৰাষ্ট্ৰ, ছোভিয়েট ৰাছিয়া, ইংলেণ্ড আৰু ফ্রান্স। আনহাতে অক্ষশক্তি মানে জার্মানী, ইটালী আৰু জাপান।

২। দ্বিতীয় বিশ্বযুদ্ধৰ শেষ কেনেকৈ হৈছিল?

উত্তৰঃ ১৯৪৫ চনত আমেৰিকা যুক্তৰাষ্ট্ৰই জাপানৰ হিৰোচিমা আৰু নাগাচাকি নামৰ দুখন ঠাইত আণবিক বোমা নিক্ষেপ কৰাত জাপানে আত্মসমর্পণ কৰিবলৈ বাধ্য হয় আৰু তাৰ লগে লগে দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰে।

৩। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত উত্থান হোৱা দুটা শক্তিগোষ্ঠীৰ নাম লিখা। 

উত্তৰঃদ্বিতীয় বিশ্বযুদ্ধৰ পিছত উত্থান হোৱা দুটা শক্তিগোষ্ঠীৰ নাম হ’ল: 

(ক)পুঁজিবাদী আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু 

(খ) সাম্যবাদী ছোভিয়েট ৰাছিয়া।

8। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আণবিক বোমা নিক্ষেপ কৰা দুখন ঠাইৰ নাম লিখা। 

উত্তৰঃহিৰোচিমা আৰু নাগাচাকি।

৫। বৃহৎ শক্তিসম্পন্ন ৰাষ্ট্ৰবোৰক কিয় মিত্ৰ ৰাষ্ট্ৰ অৰ্থাৎ সৰু সৰু ৰাষ্ট্ৰবোৰৰ প্ৰয়োজন হৈছিল? 

উত্তৰঃ বৃহৎশক্তিসম্পন্ন ৰাষ্ট্ৰবোৰক সৰু সৰু ৰাষ্ট্ৰবোৰৰ প্ৰয়োজন হোৱাৰ কাৰণ দুটা হ’লঃ

  1. থাৰুৱা তেল আৰু খনিজ সম্পদত চহকী সৰু ৰাষ্ট্ৰবোৰে এই সম্পদবোৰেৰে বৃহৎ ৰাষ্ট্ৰত সহায় কৰিব পাৰে।
  2. সৰু সৰু ৰাষ্ট্ৰবোৰক ভিত্তি কৰি ডাঙৰ ৰাষ্ট্ৰবোৰে পৰস্পৰৰ ওপৰত চোৰাংচোৱাগিৰি চলাব পাৰে।

৬। পশ্চিমীয়া মিত্ৰগোষ্ঠী আৰু পূব মিত্ৰগোষ্ঠী মানে কি ?

উত্তৰঃ পশ্চিম ইউৰোপৰ প্ৰায় সকলো ৰাষ্ট্ৰই আমেৰিকাৰ মিত্ৰগোষ্ঠীত যোগদান কৰাৰ বাবে এই ৰাষ্ট্ৰবোৰক পশ্চিমীয়া মিত্ৰগোষ্ঠী আৰু পূব ইউৰোপৰ ৰাষ্ট্ৰবোৰে ছোভিয়েট মিত্রগোষ্ঠীত যোগদান কৰা বাবে পূব ইউৰোপৰ ৰাষ্ট্ৰবোৰক পূব মিত্ৰগোষ্ঠী বোলে।

৭। দুই বৃহৎ শক্তিগোষ্ঠীয়ে অস্ত্ৰ নিয়ন্ত্ৰণৰ বাবে স্বাক্ষৰ কৰা দুখন চুক্তিৰ নাম লিখা

উত্তৰঃদুই বৃহৎ শক্তিগোষ্ঠীয়ে স্বাক্ষৰ কৰা দুখন চুক্তিৰ নাম হ’ল: —

(ক) সীমিতভাৱে আণৱিক অস্ত্ৰৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি (Limited Test Ban Treaty) 

(খ) আণৱিক অস্ত্ৰৰ সম্প্ৰসাৰণ ৰোধকাৰী চুক্তি (Nuclear Non Proliferation Treaty)।

৮। প্রথম গোষ্ঠী নিৰপেক্ষ সন্মিলন ক’ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল ? 

উত্তৰঃপ্ৰথম গোষ্ঠী নিৰপেক্ষ সন্মিলন বেলগ্ৰেডত ১৯৬১ চনত অনুষ্ঠিত হৈছিল।

৯। নাটোৰ ৰাষ্ট্ৰসমূহৰ ঘোষণাত কি আছিল।

উত্তৰঃ নাটোৰ সদস্য ৰাষ্ট্ৰসমূহে এইদৰে অংগীকাৰবদ্ধ হৈছিল যে তেঁওলোকৰ কোনো সদস্যক আন ৰাষ্ট্ৰ বা ৰাষ্ট্ৰগোষ্ঠীয়ে আক্ৰমন কৰিলে তেঁওলোকে সামূহিকভাৱে পাৰস্পৰিক প্ৰতিৰক্ষা আগবঢ়াব।

১০। নব্য অর্থনৈতিক শৃংখলা কেৱল মাত্ৰ এটা ধাৰণাহে আছিল নেকি? 

উত্তৰঃ নব্য অর্থনৈতিক শৃংখলা এটা মাত্ৰ ধাৰণাই নহয়, ই এক বাস্তৱ শৃংখলা।

১১। নিবাৰকৰ যুক্তি কি?

উত্তৰঃ মহাশক্তিধৰ ৰাষ্ট্ৰসমূহৰ পাৰমানৱিক মৰণাস্ত্ৰই যুদ্ধক নিৰুৎসাহিত কৰে।

১২। শীতল যুদ্ধৰ মূল কাৰণ কি আছিল ? 

উত্তৰঃ আমেৰিকা আৰু ছোভিয়েট ৰাছিয়া পৰস্পৰ প্ৰতিদ্বন্দী ৰাষ্ট্ৰ হিচাপে উদয় হোৱাৰ পৰিনাম আছিল শীতল যুদ্ধ

১৩। মহাশক্তিক সৰু সৰু ৰাষ্ট্ৰবোৰে কিয় সহায় কৰিছিল?

উত্তৰঃইয়াৰ মূল কাৰণ তিনিটা হ’ল –

(ক) প্রমুখ বা মূল সম্পদসমূহ, যেনে তেল আৰু খনি।

(খ) ভূ-ক্ষেত্ৰ (য’ৰ পৰা বৃহৎ শক্তিসমূহে নিজৰ অস্ত্র-শস্ত্ৰ আৰু সেনা সঞ্চালন কৰিব পাৰে। 

(গ) অৱস্থান, য’ৰ পৰা তেওঁলোকে পৰস্পৰৰ ওপৰত গুপ্তচৰী কৰিব পাৰে।

১৪। মিত্র শক্তি আৰু অক্ষ শক্তি মানে কি?

উত্তৰঃ মিত্রশক্তি মানে আমেৰিকা যুক্তৰাষ্ট্ৰ, ছোভিয়েট ৰাছিয়া, ইংলেণ্ড আৰু ফ্ৰান্স, আনহাতে অক্ষ শক্তি মানে জার্মানী, ইটালী আৰু জাপান।

১৫। সাম্যবাদী ব্লকৰ অন্তৰ্ভূক্ত তিনিখন দেশৰ নাম লিখা ? 

উত্তৰঃছোভিয়েট ৰাছিয়া, হাঙ্গেৰী আৰু পোলেণ্ড।

১৬। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত উপনিবেশৰ পৰা স্বাধীনতা লাভ কৰা চাৰিখন দেশৰ নাম লিখা।

উত্তৰঃ ভাৰত, ইণ্ডোনেচিয়া, ইজিপ্ত আৰু শ্রীলংকা

১৭। বিংশতম নাটো সম্মিলন ক’ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল?

উত্তৰঃ২০১২ চনত আমেৰিকাৰ চিকাগো চহৰত বিংশতম NATO সন্মিলন অনুষ্ঠিত হৈছিল। 

১৮। ছোভিয়েট ব্ল কত অংশ গ্ৰহণ কৰা দেশৰ নাম লিখা ?

উত্তৰঃ পোলেণ্ড, হাঙ্গেৰী, জার্মানী, বুলগেৰীয়া, আলবেনিয়া, চেকো শ্লোভেকিয়া। 

১৯। নব্য অর্থনৈতিক শৃংখলাৰ প্ৰৱৰ্তনৰ যুক্তি কি আছিল?

উত্তৰঃ নব্য অর্থনৈতিক শৃংখলাই উন্নত আৰু অনুন্নত ৰাষ্ট্ৰসমূহৰ মাজত পাৰ্থক্য হ্ৰাস কৰিবলৈ বিচাৰিছিল। নব্য অর্থনৈতিক শৃংখলাই বিশ্বত সম উন্নয়ন আৰু সুষম বিকাশৰ লক্ষ্যত উপনীত হোৱাৰ ওপৰত গুৰুত্ব দিয়ে।

২০। পাৰমানৱিক প্ৰসাৰণ বিৰোধী চুক্তিৰ বিষয়ে লিখা ? 

উত্তৰঃ পাৰমাণৱিক অস্ত্র অপসাৰণ চুক্তি ১৯৬৮ চনত পাঁচখন শক্তিশালী ৰাষ্ট্ৰই সম্পাদিত কৰিছিল। এই পাঁচখন ৰাষ্ট্ৰ পাৰমাণৱিক অস্ত্রসম্পদ বাষ্ট্র। এই চুক্তিখন বিশ্বত অধিক পাৰমাণৱিক অস্ত্ৰ প্ৰসাৰণ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে সম্পাদিত কৰা হৈছিল।

২১। গোষ্ঠী নিৰপেক্ষতা এক নেতিবাচক নীতি নেকি?

উত্তৰঃ গোষ্টী নিৰপেক্ষতা এক নেতিবাচক নীতি নহয়। নিৰপেক্ষ শব্দৰ প্ৰকৃত অৰ্থ হ’ল দুখন দেশৰ মাজত যুদ্ধ বা সংঘাতৰ সৃষ্টি হ’লে নীৰব দৰ্শকৰ দৰে চাই থকা। কিন্তু গোষ্টী নিৰপেক্ষ শব্দটোৱে এই অর্থটো সূচোৱা নাই। গোষ্ঠী নিৰপেক্ষ ৰাষ্ট্ৰসমূহে প্রয়োজন হ’লৈ যুদ্ধত লিপ্ত হবলগীয়া হয়, যিদৰে ভাৰতবৰ্ষই ৱিশেষ কাৰণত কেইবাখনো যুদ্ধ কৰিব লগীয়া হৈছিল।

২২। দ্বিতীয় বিশ্বযুদ্ধৰ মিত্ৰ শক্তি আৰু অক্ষীয় শক্তি বুলিলে কি বুজা? 

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধ মিত্র শক্তি মানে হ’ল মার্কিন যুক্তৰাষ্ট্ৰ, ছোভিয়েট সংঘ, ব্রিটেইন, ফ্রান্সকে ধৰি বহুবোৰ দেশক বুজায় আনহাতে অক্ষীয় শক্তি মানে হ’ল জামানী ইটালী আৰু জাপানকে বুজায়।

২৩। মহাশক্তি সমূহক ক্ষুদ্ৰ মিত্ৰ গোষ্ঠীৰ প্ৰয়োজন কিয় হৈছিল?

উত্তৰঃমহাশক্তি সমূহক ক্ষুদ্ৰ মিশ্ৰ গোষ্টীৰ প্ৰয়োজন হোৱাৰ কাৰণ কেইটা হ’ল—

(ক) সৰু-সৰু ৰাষ্ট্ৰবোৰৰত থকা তেল আৰু খনিজ সম্পদৰ, আহোৰণৰ বাবে। 

(খ) সৰু সৰু ৰাষ্ট্ৰবোৰৰ পৰা বহৎ শক্তিৰ ৰাষ্ট্ৰসমূহৰ শত্ৰু ৰাষ্ট্ৰত সামৰিক কাহিনী মোতায়ন আৰু ক্ষেপনাস্ত্র নিক্ষেণ কৰাত সুবিধা।

(গ) সৰু-সৰু ৰাষ্ট্ৰবোৰৰ পৰা শত্রু পক্ষৰ ৰাষ্ট্ৰত চোৰাং চোৱাগিৰি কৰাত সহায় হয়। 

(ঘ) বহুত ৰাষ্ট্ৰৰ মিত্ৰতাই একেলগে সামৰিক ব্যয় বা খৰচ বহন কৰাত সহায় হয়।

২৪। পাশ্চাত্য মিত্রজোট আৰু প্ৰাচ্য মিত্ৰজোঁট বুলিলে কি বুজা?

উত্তৰঃ শীতল যুদ্ধৰ সময়ত মার্কিন যুক্তৰাষ্ট্ৰৰ নেতৃত্বাধীন পুঁজিবাদী শিবিৰ প্ৰাধনতঃ পশ্চিম ইউৰোপৰ দেশসমুহ্ত কেন্দীভূত হোৱা বাবে এই শিবিৰত পাশ্চাত্য মিত্ৰজোঁট আৰু ছোভিয়েট সংঘ নেতৃত্বাধীন সমাজবাদী শিবিৰ বিশ্বৰ পূৱ ইউৰোপৰদেশসমূহত কেন্দীভূত হোৱা বাবে ইয়াক প্ৰাচ্য মিত্ৰজোঁট বোলা হয়।

২৫। প্রথম গোষ্ঠী নিৰপেক্ষ সম্মিলন কেতিয়া আৰু ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰঃ প্ৰথন গোষ্ঠী নিৰপেক্ষ সন্মিলন ১৯৬১ চনত বেলগ্রেডত অনুষ্ঠিত হৈছিল।

২৬। নতুন আন্তর্জাতিক অর্থব্যবস্থা কেতিয়াও বাস্তবায়িত হ’ব নোৱাৰা এটা ধাৰণা নেকি? 

উত্তৰঃ ১৯৮০ দশকৰ শেষৰ পৰা নতুন আন্তর্জাতিক অর্থ ব্যৱস্থা ক্রমে দুৰ্বল হৈ আহে। ছোভিয়েট সংঘৰ পতন আৰু বিশ্বায়ন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছত গোষ্টীনিৰপেক্ষ আন্দোলনৰ নেতৃত্বদিয়া ভাৰতবৰ্ষৰ নিচিনা দেশে প্রতিষ্ঠিত আন্তর্জাতিক অর্থনীতিৰ অংশীদাৰ হৈ উঠাৰ পৰিপ্ৰেক্ষিত নতুন আন্তর্জাতিক অর্থব্যৱস্থা অ-প্ৰাসংগিক হৈ পৰে।

২৭। নিবৃত্তিকাৰক যুক্তি বুলিলে কি বুজা?

উত্তৰঃ নিবৃত্তিকাৰক মুক্তি বুলিলে শীতল যদ্ধৰ সময়ত দুই মহাশক্তিৰ মাজত নিৰপেক্ষতা নীতি অৱলম্বন কৰি দুই মহাশক্তিৰ মাজত উত্তেজনা হ্রাস কৰাৰ বাবে চেষ্টা কৰাকে বুজায়।

২৮। সাম্যবাদী শিবিৰৰ অন্তৰ্গত তিনিখ নদেশ বাছি উলিওৱা। 

উত্তৰঃ সাম্যবাদী শিবিৰৰ অন্তৰ্গত তিনিখন দেখ হ’ল

(ক) আলবেনিয়া, 

(খ) বুলগেৰিয়া আৰু 

(গ) পোলেও

(গ) উত্তৰ লিখা

১।  কিয় শীতল যুদ্ধ ‘শীতল’ যুদ্ধ হিচাপেই আছিল আৰু ই কিয় ‘গৰম’ যুদ্ধলৈ পৰিৱৰ্তিত হোৱা নাছিল?

উত্তৰঃ শীতল যুদ্ধই প্ৰকৃত যুদ্ধৰ পৰিস্থিতিক নুবুজায়, ই যুদ্ধও নহয় বা শাস্তিও নহয়। ই এনে এটা পৰিস্থিতি আৰু পৰিবেশৰ সৃষ্টি কৰে য’ত যুদ্ধৰ সৃষ্টি নহ’লেও যুদ্ধৰ কাৰণে সকলো ধৰণৰ প্ৰস্তুতি চলি থাকে। শীতল যুদ্ধ আছিল আমেৰিকা আৰু ছোভিয়েট ইউনিয়নৰ মাজত থকা পাৰস্পৰিক অবিশ্বাস আৰু প্ৰতিদ্বন্দ্বিতা। এই যুদ্ধত কোনো সশস্ত্র সংঘৰ্ষৰ আশ্ৰয় নাছিল বাবে ই ‘শীতল’ হিচাপেই থাকিল, ‘গৰম’ যুদ্ধলৈ পৰিৱৰ্তিত নহ’ল।

২। দুই বৃহৎ শক্তিগোষ্ঠীৰ নেতৃত্বত প্রতিষ্ঠিত মিত্র ব্যবস্থাই গোটেই বিশ্বখনক দুটা গোষ্ঠীত ভাগ কৰা বুলি তুমি ভাবানে? তোমাৰ উত্তৰৰ যুক্তিযুক্ততা দেখুওৱা। 

উত্তৰঃদুই বৃহৎ শক্তিগোষ্ঠীৰ নেতৃত্বত প্রতিষ্ঠিত মিত্র ব্যৱস্থাই গোটেই বিশ্বখনক দুটা গোষ্ঠীত ভাগ কৰা বুলি ক’ব নোৱাৰি। কাৰণ তৃতীয় বিশ্বৰ দেশসমূহৰ প্ৰায় ভাগেই বৃহৎ শক্তিগোষ্ঠীত যোগদান কৰা নাছিল। তেওঁলোকে এক গোষ্ঠী নিৰপেক্ষ গোটত যোগদান কৰিছিল।

৩। কেনেকৈ সৰু সৰু ৰাষ্ট্ৰবোৰে বৃহৎ শক্তিগোষ্ঠীক সহায় কৰিছিল? 

উত্তৰঃ সৰু সৰু ৰাষ্ট্ৰবোৰে বৃহৎ শক্তিগোষ্ঠীক তলত দিয়া ধৰণে সহায় কৰিছিল—

(ক)খাৰুৱা তেল আৰু খনিজ সম্পদত চহকী সৰু ৰাষ্ট্ৰবোৰে এই সম্পদবোৰেৰে বৃহৎ ৰাষ্ট্ৰক সহায় কৰিব পাৰে।

(খ) বৃহৎ ৰাষ্ট্ৰবোৰে নিজৰ নিজৰ সামৰিক ঘাটি স্থাপন কৰিবলৈ সৰু ৰাষ্ট্ৰবোৰৰ কিছুমান অঞ্চল ব্যৱহাৰ কৰিব পাৰে।

(গ)সৰু ৰাষ্ট্ৰবোৰক ভিত্তি কৰি ডাঙৰ ৰাষ্ট্ৰবোৰে পৰস্পৰৰ ওপৰত চোৰাং চোৱাগিৰি চলাব পাৰে।

(ঘ) সৰু ৰাষ্ট্ৰবোৰৰ সন্মিলিত অর্থনৈতিক সমৰ্থনত বৃহৎ শক্তিবোৰে সামৰিক ব্যয় বৃদ্ধি কৰিব পাৰে।

৪। শীতল যুদ্ধৰ সময়ছোৱাত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ ভূমিকা আলোচনা কৰা।

অথবা

গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ সাফল্যসমূহৰ বিষয়ে এটা টোকা লিখা? 

উত্তৰঃশীতল যুদ্ধৰ সময়ছোৱাত গোষ্ঠী নিৰপেক্ষ আন্দোলনে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে—

(ক) এই আন্দোলনে ঔপনিবেশিকতাবাদ, বর্ণ বৈষম্য আদিৰ ঘোৰ বিৰোধিতা কৰি ৰাষ্ট্ৰসমূহৰ স্বাধীনতাৰ পথ প্রশস্ত কৰি তোলে।

(খ) এই আন্দোলনে শীতল যুদ্ধৰ অৱসান ঘটোৱাত অৰিহণা যোগায়। 

(গ) গোষ্ঠী নিৰপেক্ষ আন্দোলনে আন্তঃৰাষ্ট্ৰীয় শান্তি প্রতিষ্ঠা আৰু নিৰাপত্তা ৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

৫। আদর্শগত প্রভেদে শীতল যুদ্ধৰ সৃষ্টিত অৰিহণা যোগোৱা বুলি তুমি ভাবানে? যদি ভাবা কিয় ?

উত্তৰঃ হয়, আদর্শগত প্রভেদে শীতল যুদ্ধৰ সৃষ্টিত অৰিহণা যোগোৱা বুলি ভাবো। কিয়নো আদর্শগত পার্থক্য হৈছে শীতল যুদ্ধ আৰম্ভ হোৱাৰ অন্যতম প্রধান কাৰণ। ছোভিয়েট ৰাছিয়া আৰু এই দেশৰ অনুগামী ৰাষ্ট্ৰসমূহে সাম্যবাদ নীতি অনুসৰণ কৰিছিল আৰু আমেৰিকা আৰু এই দেশৰ নেতৃত্বাধীন ৰাষ্ট্ৰসমূহ পুঁজিবাদী আদর্শত বিশ্বাসী আছিল। সাম্যবাদী আদর্শত বিশ্বাস ৰাখিয়েই ৰাছিয়াত উদ্যোগসমূহ ৰাষ্ট্ৰীয়কৰণ কৰা নীতি অৱলম্বন কৰিছিল। আনহাতে পুঁজিবাদৰ ওপৰত বিশ্বাসী আমেৰিকাই এই নীতিৰ বিৰোধিতা কৰিছিল। সাম্যবাদী ৰাষ্ট্ৰসমূহে শ্রমিক শ্ৰেণীৰ হাতত ক্ষমতা প্রদান নীতিৰ পোষকতা কৰে আৰু ইয়াৰ বিপৰীতে পুঁজিবাদী গোটে এনে নীতিক গণতন্ত্র বিৰোধী আখ্যা দিয়া দেখা যায়। ওপৰোক্ত আলোচনাৰ পৰা দেখা যায় যে আদর্শগত প্রভেদে শীতল যুদ্ধৰ সৃষ্টিত অৰিহণা যোগাইছে।

৬। শীতল যুদ্ধৰ সময়ছোৱাত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ নেতা/সদস্য হিচাপে ভাৰতৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ শীতল যুদ্ধৰ সময়ছোৱাত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ নেতা হিচাপে শীতল যুদ্ধৰ প্ৰতি ভাৰতৰ প্ৰতিক্ৰিয়া আছিল দুই ধৰণৰ। প্ৰথম, ই দুটা শক্তিগোষ্ঠীৰ প্ৰভাৱৰ পৰা আঁতৰি থকাৰ বাবে বিশেষভাবে যত্নপৰ আছিল। দ্বিতীয়তে, উপনিবেশবাদৰ পৰা নতুনকৈ স্বাধীনতা লাভ কৰা ৰাষ্ট্ৰবিলাকে বৃহৎ শক্তিগোষ্ঠীত যোগদান কৰিলে ভাৰতবৰ্ষই তাৰ প্ৰতিবাদ কৰিছিল। ভাৰতবৰ্ষই পূৰ্ণ পৰ্য্যায়ৰ যুদ্ধ সংঘতিত নহ’বৰ বাবে দুয়োটা শক্তিগোষ্ঠীৰ মাজৰ বৈষম্য আঁতৰাবলৈ চেষ্টা কৰিছিল। শীতল যুদ্ধৰ সংঘাতৰ তীব্রতা কমাবলৈ বিশ্ব ৰাজনীতিৰ বিভিন্ন বিষয়ত সক্রিয় অংশ গ্ৰহণ কৰাটোহে পছন্দ কৰিছিল।

৭। বেলগ্রেড সন্মিলনৰ তাৎপৰ্য পৰীক্ষা কৰা ।

উত্তৰঃবেলগ্রেড সন্মিলন ১৯৬১ চনত অনুষ্ঠিত হৈছিল। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্রথমখন সন্মিলনত বেলগ্রেডত অনুষ্ঠিত হৈছিল। এই সন্মিলনখনতেই গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ নীতি আৰু লক্ষ্য ঘোষিত হৈছিল।

দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান প্ৰশ্নোত্তৰ

Sl. No.সূচী-পত্ৰ
Unit 1প্ৰথম খণ্ড
Chapter 1শীতল যুদ্ধৰ যুগ
Chapter 2দ্বি ৰাষ্ট্ৰবাদৰ অৱসান
Chapter 3 আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্রৰ আধিপত্য
Chapter 4ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ
Chapter 5সাম্প্রতিক দক্ষিণ এছিয়া
Chapter 6আন্তর্জাতিক সংগঠন
Chapter 7সাম্প্রতিক বিশ্বত নিৰাপত্তা
Chapter 8পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ
Chapter 9বিশ্বায়ন
Unit 2দ্বিতীয় খণ্ড
Chapter 1জাতি গঠনৰ প্ৰত্যাহ্বান
Chapter 2এক দলীয় প্রাধান্যৰ যুগ
Chapter 3পৰিকল্পিত বিকাশৰ ৰাজনীতি
Chapter 4ভাৰতৰ বৈদেশিক সম্বন্ধ
Chapter 5কংগ্রেছ ব্যৱস্থাৰ প্রতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্রতিষ্ঠা
Chapter 6গণতন্ত্রৰ সংকট
Chapter 7গণ আন্দোলনৰ অভ্যুত্থান
Chapter 8আঞ্চলিক আকাংক্ষাবোৰ
Chapter 9ভাৰতীয় ৰাজনীতিত সাম্প্রতিক বিকাশ

৮। নাটোৰ সদস্য ৰাষ্ট্ৰসমূহ কি কি ? 

উত্তৰঃনাটোৰ সদস্যৰাষ্ট্ৰবোৰ হ’ল—

(ক)বেলজিয়াম

(খ) কানাডা

(গ) ডেনমার্ক

(ঘ) ফ্ৰান্স

(ঙ) আইচলেও

(চ) ইটালী

(ছ) লুক্সেমবার্গ

(জ) নেদাৰলেণ্ড

(ঝ) নৰৱে

(ঞ) পর্তুগাল

(ট) ইংলেণ্ড

(ঠ) আমেৰিকা

৯। মিত্ৰতা ব্যৱস্থাৰ আদৰ্শগত যুক্তি কি?

উত্তৰঃ মিত্ৰতা ব্যৱস্থাৰ আদৰ্শগত যুক্তি হ’ল যে আদৰ্শৰ মিল থকা দেশৰ লগত সহযোগিতা কৰিহে ভবিষ্যত নিৰাপত্তাৰ বিষয়ত নিশ্চিত হ’ব পাৰি। পশ্চিমিয়া দেশসমূহক স্বাধীনতাৰ পৃষ্ঠপোষক আৰু ছোভিয়েট ৰাছিয়াক স্বেচ্ছাচাৰী শাসনৰ পৃষ্ঠপোষক হিচাপে বিবেচনা কৰা হৈছিল। আমেৰিকাই সাম্যবাদী আন্দোলনক মষিমূৰ কৰা নীতিৰ প্ৰতি সমর্থন জনাইছিল। গ্ৰীচৰ পৰা ভিয়েটনামলৈ যিবোৰ বিষয়ত এই দেশসমূহে হস্তক্ষেপ কৰিছিল, সেই সকলোবোৰ হস্তক্ষেপত এই ধাৰণা জড়িত আছিল।

১০। মহাশক্তি ৰাষ্ট্ৰবোৰে যুক্তিসংগত আৰু দায়বদ্ধ আচৰণৰ বাবে কিয় বাধ্য হৈছিল? 

উত্তৰঃ দুই মহাশক্তিয়ে উপলব্ধি কৰিছিল যে তেওঁলোকৰ হাতত থকা আণৱিক অস্ত্রসমূহৰ প্ৰয়োগৰ ফলত দুয়োখন দেশ সমানেই ক্ষতিৰ সন্মুখীন হ’ব লাগিব। গতিকে দুই মহাশক্তিয়ে দায়িত্বশীল আচৰণ কৰিবলৈ বাধ্য হৈছিল। মানৱজাতিৰ সুৰক্ষিত ভবিষ্যত আৰু এক নিৰাপদ বিশ্ব গঢ়াৰ বাবে থকা প্ৰৱল জনমতেঁও মহাশক্তিধৰ ৰাষ্ট্ৰক যুক্তিসংগত আচৰণৰ বাবে বাধ্য কৰাইছিল।

১১। ভাৰতৰ গোষ্ঠী নিৰপেক্ষতাৰ নীতিক কি কি কাৰণত সমালোচনা কৰা হৈছে। 

উত্তৰ : ভাৰতবৰ্ষই গ্ৰহণ কৰা গোষ্ঠী নিৰপেক্ষ নীতিক সমালোচনা সকলে কঠোৰভাৱে সমালোচনা কৰিছিল। তেওঁলোকৰ মতে ভাৰতে গোষ্ঠী নিৰপেক্ষতাৰ নামত নিষ্ক্রিয় ভূমিকা গ্ৰহণ কৰিছিল। আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত ভাৰতে সৱল ভুমিকা পালন কৰিবলৈ অপাৰগ আছিল বাবেই ভাৰতে গোষ্ঠী নিৰপেক্ষ নীতি গ্ৰহণ কৰিছিল বুলি অভিযোগ কৰা হ’ল। তদুপৰি ভাৰতৰ গোষ্ঠী নিৰপেক্ষ নীতিক সুবিধাবাদী নীতি বুলিও সমালোচনা কৰা হৈছিল।

১২। কিউবান মিচাইল সংকট কি?

                   অথবা

কিউবাৰ মিচাইল সংকটৰ ওপৰত এটা টোকা লিখা। ইয়াৰ গুৰুত্ব কি আলোচনা কৰা। 

উত্তৰঃ১৯৬১ চনত ছোভিয়েট ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত কিউবাক লৈ সংঘাত হৈছিল। ছোভিয়েট ৰাছিয়াই আশংকা কৰিছিল যে আমেৰিকাই কিউবা আক্ৰমণ কৰিব। কিউবা ছোভিয়েট ৰাছিয়াৰ মিত্ৰ ৰাষ্ট্ৰ আছিল। কিউবা এখন সাম্যবাদী ৰাষ্ট্ৰ আৰু সেই সময়ত কিউবাৰ ৰাষ্ট্ৰপতি আছিল ফিডেল কাষ্ট্ৰো। ছোভিয়েট ৰাছিয়াই কিউবাত ৰাছিয়াৰ সামৰিক ভেটি গঢ়ি তুলিবলৈ ১৯৬২ চনত আণৱিক ক্ষেপনাস্ত্ৰ স্থাপন কৰিছিল। এই কথাত আমেৰিকাই আপত্তি জনাইছিল আৰু কিউবা অভিমুখী ছোভিয়েট ৰাছিয়াৰ জাহাজক আক্ৰমণ কৰিবলৈ সামৰিক বাহিনীক নিৰ্দেশ দিছিল। ইয়াৰ ফলত আমেৰিকা আৰু ছোভিয়েট ৰাছিয়াৰ মাজত যুদ্ধৰ সম্ভাৱনাই দেখা দিছিল। ইয়াকেই কিউবাৰ মিচাইল সংকট বুলি জনা গৈছিল।

১৩। গোষ্ঠী নিৰপেক্ষতাই অকলশৰীয়াকৈ থকা বা নিৰপেক্ষ হৈ থকা বুলি ভাবানে? কিয়? 

উত্তৰঃশীতল যুদ্ধৰ সময়ছোৱাত গোষ্ঠী নিৰপেক্ষ আন্দোলনে নিরপেক্ষতার নীতি অবলম্বন কৰাৰ পৰিবৰ্তে সক্রিয়তাৰে শান্তিপূর্ণ আৰু নিৰাপদ বিশ্ব রাজনীতি গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই আন্দোলনে মহাশক্তিৰ কবলৰ পৰা নিজকে মুক্ত ৰাখি স্বাধীনভাবে দেশীয় আৰু বৈদেশিক নীতি তথা স্বার্থ নির্ণয় কৰাৰ ওপৰত গুৰুত্ব দিছিল। গোষ্ঠী নিৰপেক্ষ নীতিয়ে এখন ৰাষ্ট্ৰ বিশ্ব ৰাজনীতিৰ পৰা সম্পূর্ণ আঁতৰি অকলশৰীয়াকৈ থকাক নুবুজায়। ই হ’ল এটা সক্ৰিয় আৰু গঠনমূলক নীতি। য’ত স্বাধীনতা নষ্ট হয় আৰু আক্রমণ অনুষ্ঠিত হয়, তাত গোষ্ঠী নিৰপেক্ষতাই সক্রিয় অংশ গ্ৰহণ কৰে।

১৪। মহাশক্তিয়ে কি কাৰণত সহযোগিতা স্থাপনত কৰিবলৈ বাধ্য হৈছিল? 

উত্তৰঃ মহাশক্তিধৰ ৰাষ্ট্ৰসমূহে বিভিন্ন বিষয়ত সহযোগিতা স্থাপনত গুৰুত্ব দিছিল। অস্ত্ৰপতিৰ সীমিতকৰণ আৰু স্থায়ী শান্তি প্রতিষ্ঠা বিষয়ত দুয়োখন দেশে একমতত উপনীত হৈছিল। কৃষি, যাতায়ত, সাংস্কৃতিক দল বিনিময় আদি বিভিন্ন বিষয়ত দুয়োখন দেশৰ মাজত ভালেমান চুক্তি স্বাক্ষৰ কৰা হৈছিল। আনৱিক যুদ্ধ পৰিহাৰ কৰা আৰু এই বিষয়ত গৱেষণা কৰাৰ বিষয়তো সহযোগিতা কৰিবলৈ দুয়োখন দেশ সন্মত হৈছিল।

১৫। বিশ্ব বাৱসায় ব্যৱস্থাত UNETAD ৰ প্ৰতিবেদনত কি উল্লেখ আছে? 

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু বিকাশৰ সম্বন্ধীয় প্রতিবেদনত উল্লেখিত বিষয়বোৰ আছিল এনে ধৰণৰঃ—

(ক) উন্নত পশ্চিমীয়া দেশবোৰ শোষন কৰি থকা প্রাকৃতিক সম্পদসমূহ অনুন্নত দেশবিলাকৰ নিজৰ অধীনলৈ অনা হ’ব।

(খ) অনুন্নত দেশবোৰে পশ্চিমীয়া বজাৰত নিজৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰিব পাৰিব।

(গ) পশ্চিমীয়া দেশৰ পৰা আমদানিকৃত প্ৰযুক্তিৰ খৰচ কমিব।

(ঘ) আন্তঃৰাষ্টীয় অর্থনৈতিক অনুষ্ঠানসমূহত অনুন্নত দেশবোৰৰ গুৰুত্ব বৃদ্ধি কৰা হ’ব।

১৬। ৰাষ্ট্ৰীয় আৰু দায়িত্বশীল দৃষ্টিভংগী গ্রহণেৰে দুই বিশ্বশক্তিক কোনে গঢ় দিছিল ? 

উত্তৰঃ ৰাষ্ট্ৰীয় আৰু দায়িত্বশীল দৃষ্টিভংগী দুই বিশ্বশক্তিকে গ্ৰহণ কৰিছিল, মূলত পৃথিৱীত আন এক বিশ্বযুদ্ধ এৰাই চলিবলৈ আৰু লগতে মানৱ সমাজৰ নিৰাপত্তা আৰু যশস্যা অক্ষুণ্ণ ৰাখিবলৈ। 

১৭। ১৯৬২ চনত ছোভিয়েট ৰাছিয়াই কিউবাত পাৰমাণৱিক ক্ষেপণাস্ত্ৰ স্থাপন কৰাৰ কাৰণ কি আছিল?

উত্তৰঃ ১৯৬২ চনত ছোভিয়েট ইউনিয়নে আমেৰিকাক প্রতিহত কৰিবলৈ কিউবাত আণৱিক ক্ষেপনাস্ স্থাপন কৰিছিল। কিউবাৰ পৰা আমেৰিকাক আক্রমণ কৰাত সহায়ক হোৱাৰ উদ্দেশ্যেকেই ছোভিয়েট ইউনিয়নে কিউবাত পাৰমাণৱিক ক্ষেপণাস্ত্ৰ স্থাপন কৰিছিল ।

১৮। দুই মহাশক্তিক কিহে সহযোগী কৰিছিল? 

উত্তৰঃ দুই মহাশক্তিয়ে এক বৃহৎ যুদ্ধক নিবাৰণ কৰাৰ লগতে বিশ্বক ধ্বংসাত্মক অৱস্থাৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যেৰেই দুই বিশ্বশক্তিয়ে সহযোগিতা কৰিছিল। দুয়োটা বিশ্বশক্তিয়ে অর্থনৈতিক উন্নয়ন আৰু তেওঁলোকৰ নাগৰিকসকলৰ নিৰাপত্তা অৰ্জনৰ লক্ষ্যৰে এক উন্নত বিশ্ব গঢ়াৰ সপোনেৰে সহযোগিতা কৰিছিল।

১৯। NAM ৰ সাফল্য সন্দৰ্ভত এটা টোকা লিখা।

উত্তৰঃ শীতল যুদ্ধৰ যুগত NAM য়ে এক তাৎপর্যপূর্ণ ভূমিকা গ্ৰহণ কৰিছিল। NAM ৰ ভূমিকা নিম্নোক্ত ধৰণে আলোচনা কৰিব পাৰো 

(ক) গোষ্ঠী নিৰপেক্ষতা নীতিয়ে শান্তি উত্তৰণ ঘটোৱাৰ লগতে ৰাষ্ট্ৰবিলাকৰ মাজত শান্তিপূর্ণভাৱে বিবাদ নিষ্পত্তিকৰণৰ ওপৰত গুৰুত্ব দিছিল।

(খ) এই আন্দোলনে উপনিৱেশিকতাবাদ, বর্ণ বৈষম্য আদিৰ ঘোৰ বিৰোধীতা কৰি ৰাষ্ট্ৰসমূহৰ স্বাধীনতাৰ পথ প্রশস্ত কৰি তোলে।

(গ) এই আন্দোলনে শীতল যুদ্ধৰ অৱসান ঘটোৱাত অৰিহণা যোগায়। 

(ঘ) গোষ্ঠী নিৰপেক্ষ আন্দোলনে আন্তঃৰাষ্ট্ৰীয় শান্তি প্রতিষ্ঠা আৰু নিৰাপত্তা ৰক্ষাৰ ক্ষেত্ৰত এক গুরুত্বপূর্ণ ভূমিকা পালন কৰে। 

২০। কি ভিত্তিত ভাৰতৰ গোষ্ঠী নিৰপেক্ষতাৰ নীতিক সমালোচনা কৰা হৈছিল?

উত্তৰঃভাৰতবৰ্ষৰ গোষ্টী নিৰপেক্ষতাৰ নীতিক বহু সমালোচকে সমালোচনা কৰিছে । ইয়াৰ প্রধান দুটা হ’ল—

(ক) ভাৰতবৰ্ষৰ গোষ্টিীনিৰপেক্ষতা হ’ল নৈতিকতাহীন ভাৰতবৰ্ষই কেতিয়াবা জাতীয় স্বাৰ্থৰ বাবে গুৰুত্বপূৰ্ণ আন্তর্জাতিক বিষয়ৰ ক্ষেত্ৰত সথিক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অমাস্তি হয় বা প্রত্যাখ্যান কৰে। 

(খ) ভাৰতবৰ্ষই আন ৰাষ্টক মিত্ৰ গোষ্টীত যোগদান কৰাৰ ক্ষেত্ৰত সমালোচনা কৰে, কিন্তু ১৯৭১ চনত ভাৰতৰ্কই নিজে ছোভিয়েট ৰাছিয়াৰ সৈতে বন্ধুত্বৰ চুক্তি স্বাক্ষৰ কৰিছিল।

২১। মিত্ৰতা ব্যৱস্থাৰ আদৰ্শগত কাৰণসমূহ লিখা। 

উত্তৰঃ মিত্ৰতা ব্যৱস্থাৰ আদৰ্শৰত কাৰণসমূহ হ’ল

দুখনকৈ বিশ্বযুদ্ধই পৃথিৱীৰ বহুবোৰ দেশৰ বিশেষকৈ ইউৰোপৰ দেশসমূহৰ অৰ্থনীতি তথা সামৰিক শক্তি ভাঙি পেলাইছিল। সেয়েহে অর্থনীতি আৰু সামৰিক ব্যৱস্থাৰ পুনৰ গঠনৰ বাবেও এই দেশসমূহ পৃথিৱীৰ দুই মহাশক্তিৰ কোনোৱা এটাৰ পৰা পৃষ্টপোষকতা গ্ৰহণ কৰিবলৈ বাধ্য হৈ উঠিছিল।

দুই মহাশক্তিৰ মাজত চলা প্রতিযোগিতাইসৰুসৰু দেশসমূহৰ অস্তিত্বক যাতে বিলোপ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বহু দেশে দুই মহাশক্তিয়ে নেতৃত্ব দিয়া দুই শিৱিৰত কোনোৱা এটাত অংশগ্ৰহণ কৰিলে।

বহু সময়ত দুই মহাশক্তিৰ মাজত চলা আধিপত্যৰ অৰিয়া অৰি মোকাবিলা কৰিবৰ বাবেও কিছুমান বিশেষ দেশক বিভাজিত কৰি দুটী শিবিৰৰ মাজত বাগ কৰি দিয়া হ’ল। 

২২। মহাশক্তিয়ে কিয় ৰাষ্ট্ৰীয় আৰু দায়িত্বশীল দৃষ্টিভংগী গ্ৰহণ কৰিছিল?

উত্তৰঃশীতল যুদ্ধ আছিল একে সময়তে পাৰস্পৰিক সন্দেহ আৰু সমন্ধয়ৰ এক সময় ৰেখা। দুই মহাশক্তিয়েই পৰস্পৰৰ সামৰিক শক্তি বৃদ্ধিৰ বাবে পাৰ্যমানে সামৰিক অস্ৰ প্ৰস্তুত কৰিছিল। কিন্তু ইয়াৰ বিপৰিতে দুই মহা শক্তিয়ে ৰাষ্ট্ৰীয় আৰু দায়িত্বশীলতা দৃষ্টিভংগীও গ্ৰহণ কৰিছিল। দুয়ো মহাশক্তিৰ মজত পাৰস্পৰিকঅস্ৰ থকা হেতুকে দুয়ো পক্ষই যথেষ্ঠ সাৱধানতাও অৱলম্বন কৰিবলগীয়া হৈছিল। কিন্তু এনে সাৱধানতাৰ পাছতো যুদ্ধ সংঘটিত হ’লে কি পদক্ষেপ লবলাগিব সেই সম্পৰ্কত যথেষ্ঠ বিপাঙত পৰিছিল। পাশ্যদঘাটী পদক্ষেপ হিচাপে পাৰমানৱিক অস্ত্ৰ-ব্যৱহৃত হব পাৰে। একে পৰিস্থিতি যে পাৰস্পৰিক ধ্বংশৰ কাৰণ হব পাৰে সেই কথা মনত ৰাখি দুই মহাশক্তিয়েই পাৰমানৱিক তথা অন্য অস্ৰ হ্ৰাসকৰণৰ বাবে বিভিন্ন সহযোগিতা গঢ়ি তুলিছিল। এই প্ৰক্ৰিয়াৰ অংশ হিচাপে ১৯৬০ চনত নিৰস্ৰীকৰণৰ বাবে দুই মহাশক্তিৰ মাজত তিনিখন গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয়। 

(ক) সীমিত অস্ত্ৰ পৰীক্ষন নিষিদ্ধ চুক্তি

(খ) পাৰমানবিক নি-সম্পসাৰণ চুক্তি 

(গ) ক্ষেপণাস্ত্ৰ বিৰোধী চুক্তি

২৩। কিউবাৰ ক্ষেপণাস্ত্র সংকট কি আছিল?

উত্তৰঃ১৯৫৯ চনত ফিডেল কাষ্ট্ৰোৰ নেতৃত্বত লেটিন আমেৰিকাৰ ক্ষুদ্ৰ দ্বীপৰাষ্ট্ৰ কিউবাত সাম্যবাদী আদৰ্শত বিশ্বাসী চৰকাৰ প্ৰতিষ্ঠা কৰা হয়। মার্কিন যুক্তৰাষ্ট্ৰ নিচেই সমীপৰ এই দ্বীপ ৰাষ্ট্ৰখনেএই চৰকাৰ প্ৰতিষ্ঠাৰ মহুৰ্তৰ পৰাই নানান প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছিল। এই পৰিস্থিতিত কিউবাই ছোভিয়েট সংঘৰ সৈতে মিত্ৰতা গঢ়ি তোলে আৰু কুটনৈতিক তথা বিত্তিয় সাহায্য লাভ কৰিবলৈ ধৰে। কাষ্ট্ৰোৰ নেতৃত্বত চৰকাৰ গঠিত হোৱাৰ ঠিক পিছৰে পৰাই কিউবা হৈ উঠে দুই মহাশক্তিৰ মাজত চলা শীতল যুদ্ধ এক সংঘাত কেন্দ্র। এই সংঘাতে ১৯৬২ চনৰ অক্টোবৰ মাহৰ ভয়াবহ ৰূপ ধাৰণ কৰে।

১৯৬২ চনৰ এপ্রিল মাহত মার্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জন এফ. কেনেডীৰ নেতৃত্বত আৰু মার্কিন যুক্তৰাষ্ট্ৰৰ চোৰং চোৱা ব্যৱস্থা চি. আই. এ. ৰ পৃষ্টপোষকতাত মার্কিন যুক্তৰাষ্টই কিউবাৰ ওপৰত আক্ৰমন কৰাৰ ষড়যন্ত্ৰ চলোৱা বুলি ছোভিয়েট সংঘৰ্ষ সন্দেহ কৰিবলৈ ধৰে। এনে সন্দেহ আৰু সংশয়ৰ ভিত্তিত চোভিয়েট সংঘৰ নেটা নিকিটা খুঁছেভে কিউবাত ৰাছিয়াৰ সামৰিক ঘাটি প্রতিস্থাৰ সিদ্ধান্ত গ্ৰহণ কৰে ১৯৬২ চনৰ ছেপ্তেম্বৰ মাহৰ কিউৱা আৰু ছোভিয়েট সংঘ চৰকাৰে কিউবাত পাৰামানবিক ক্ষেপনাস্ৰৰ ঘাটি প্রতিস্থা কৰে। অক্টোবৰ মাহৰ গ্ৰথমাৰ্বত মার্কিন যুক্তৰাষ্টই এই বিষয়ে অবগত হয় আৰু দুই মহাশক্তিৰ মাজত উত্তেজনা বৃদ্ধি পাবলৈ ধৰে।

কিন্তু অৱশেষত ২৮ অক্টোবর ১৯৬২ তাৰিখে এই সংঘাটৰ অন্ত পৰে । ৰাষ্ট্ৰপতি জন এফ. কেনেডী ৰাষ্ট্ৰসংঘৰ সচিবপ্রধান ইউ থান্ট আৰু ছোভিয়েট নেতা গ্লুছেভৰ মাজত সম্পাদিক চুক্তি অনুসাৰে ছোভিয়েট সংঘই কিউবাত স্থাপন কৰা আনৱিক ঘাটি ধ্বংস কৰে আৰু কিউবাত স্থাপন কৰা অস্ৰসমূহ ঘূৰাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

২৪। শীতল যুদ্ধৰ কালছোৱাত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ ভূমিকা আলোচনা কৰা। 

উত্তৰঃ শীতল যুদ্ধৰ সময়ছোৱাত দুই মহাশক্তিৰ মাজত এক স্বতন্ত্ৰ অৱস্থান গ্ৰহণ কৰি শীতল যুদ্ধৰ উৎপাদন হ্ৰাস কাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা গোষ্ঠীনিৰপেক্ষ আন্দোলন ৰাষ্ট্ৰসংঘ আৰু আন্তর্জাতিক ৰাজনীতিৰ কেতবোৰ গুৰুত্বপূৰ্ণ ঘটনাত প্ৰভাৱশলী ভূমিকা পালন কৰিছিল। শীতল যুদ্ধৰ কালচোৱাত গোষ্টীনিৰপেক্ষ আন্দোলনে সুবিধাজনক নিৰপেক্ষতার নীতি অৱলম্বন কৰাৰ পৰিবৰ্তে সক্রিয়তাৰে শান্তিপূৰ্ণ আৰু নিৰাপদ বিশ্ব ৰাজনীতি গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্ব পূর্ণ ভূমিকা পালন কৰিছিল। 

২৫। বৃহৎ শক্তিসমূহৰ মাজত কিহে সহযোগিতা আনি দিছিল?

উত্তৰঃ শীতল যুদ্ধই সৃষ্টি কৰিব পৰা ধ্বংশ ৰোধ কৰাৰ ক্ষেত্ৰত দুটা সংগঠনে গুরুত্বপূর্ণ ভূমিকা পালন কৰিছিল। সেই সংগঠন দুটা হ’ল ক্ৰমে গোষ্টীনিৰপেক্ষ আন্দোলন আৰু ৰাষ্ট্ৰসংঘ। উপনিবেশিক শাসনৰ পৰা মুক্ত হোৱা তৃতীয় বিশ্বৰ দেশসমূহে সদ্যপ্রাপ্ত স্বাধীনতা বাত্তাই বখাৰ স্বাৰ্থত গঢ়ি তোলা গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ নেতৃত্বই দুই মহাশক্তিৰ মাজত সৃষ্টি হোৱা সংঘাত দূৰীকৰণতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। উদাহৰণস্বৰূপে যুদ্ধত লিপ্ত হোৱা দুই কেৰিয়াৰৰ মাজত মধ্যস্থতা কৰাৰ ক্ষেত্ৰত গোষ্টীনিৰপেক্ষ আন্দোলনৰ নেহৰুৱে গুরুত্বপূর্ণ ভূমিকা পালন কৰিছিল। ঠিক সেইদৰে কংগোৰ সংকট মোচনৰ বেলিকা ৰাষ্ট্ৰসংঘৰ সচিব প্রধান ডাগ হাম্পাৰৰ্ছশ্বিন্দ্ৰৰ ভূমিকা আছিল অন্যন্য।

২৬। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ সফলতাসমূহৰ ওপৰত এটা টোকা লিখা।

উত্তৰঃশীতল যুদ্ধৰ ফলত দুই মহাশক্তিৰ মাজত সৃষ্টি হোৱা বিভিন্ন বিবাদৰ সমধানত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে যেনে—

(ক) দুই কেৰিয়াৰ মাজত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিছিল 

(খ) দক্ষিণ আফ্ৰিকাৰ বৰ্ণবাদ বিৰোধী আন্দোলনৰ সমাপ্তি।

(গ) পেলেষ্টাইন জিম্বাবোৱে নামবিয়াৰ স্বাধীনতাৰ সংগ্ৰামত গুৰুত্বপূৰ্ণ অৰিহনা যোগাইছিল। (ঘ) দুই মহাশক্তিৰ মাজত উত্তেজনা হ্ৰাস কৰিবলৈ চেষ্টা কৰিছিল।

২৭। নতুন আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক শৃংখলাৰ বিষয়ে চমুকৈ আলোচনা কৰা। 

উত্তৰঃগোষ্ঠী নিৰপেক্ষ দেশবোৰ শীতল যুদ্ধৰ সময়ছোৱাত কেৱল মধ্যস্থতাকাৰীয়েই নাছিল। গোষ্ঠী নিৰপেক্ষ আন্দোলনত অংশগ্ৰহণকাৰী বেছিভাগ দেশেই ‘অনুন্নত দেশ’ আখ্যা পাইছিল। এই দেশবোৰৰ সন্মুখত মুখ্য প্ৰত্যাহ্বান আছিল অধিক অর্থনৈতিক বিকাশ সাধন আৰু নিজৰ দেশৰ জনগণৰ দৰিদ্ৰতা দূৰ কৰা। নতুন দেশসমূহৰ স্বাধীনতাৰ বাবেও আর্থিক বিকাশ অনিবার্য আছিল। বিকাশ অবিহনে কোনো দেশ আচলতে স্বাধীন হ’ব নোৱাৰে। তেওঁলোক ধনী দেশসমূহৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব লাগিব। তাত সেইবোৰ নিৰ্ভৰশীল হৈ থাকিব লাগিব। তাত সেইবোৰ ঔপনিৱেশিৰ দেশো থাকিব পাৰে যাৰ পৰা তেওঁলোকে ৰাজনৈতিক লাভ কৰিছিল।

এই উপলব্ধিৰ পৰাই নতুন অর্থনৈতিক শৃঙ্খলা ধাৰণাটিৰ জন্ম হৈছিল। ১৯৭২ চনত সংযুক্ত ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু বিকাশ সম্বন্ধীয় সন্মিলনত towards a New trade Policy for Development নামৰ এক প্রতিবেদন প্রস্তুত কৰা হয়। এই প্রতিবেদনত বিশ্ব বাণিজ্য প্ৰথাৰ সংস্কাৰৰ প্ৰস্তাৱ লোৱা হয় যাৰ দ্বাৰা –

(ক) উন্নত পশ্চিমীয়া দেশবোৰে শোষণ কৰি থকা প্ৰাকৃতিক সম্পদসমূহ অনুন্নত দেশ বিলাকৰ নিজৰ অধীনলৈ অনা হ’ব।

(খ) অনুন্নত দেশবোৰে পশ্চিমীয়া বজাৰত নিজৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰিব পাৰিব। সেইবাবে দেশবোৰৰ বাবে ব্যৱসায় অধিক লাভজনক হ’ব।

(গ) পশ্চিমীয়া দেশৰ পৰা আমদানিকৃত প্রযুক্তিৰ খৰচ কমিব।

(ঘ) আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক অনুষ্ঠানসমূহত অনুন্নত দেশবোৰৰ গুৰুত্ব বাঢ়িব।

Go To Next Page

1 2

Leave a Reply