Class 12 Political Science| Chapter 1-শীতল যুদ্ধৰ যুগ

Class 12 Political Science| Chapter-1-শীতল যুদ্ধৰ যুগ। এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব AHSEC Class 12 Political Science| Chapter-1| শীতল যুদ্ধৰ যুগ পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়।

HS Second Year Question Answer (Assamese Medium)

EnglishClick Here
অৰ্থনীতি (Economy)Click Here
ভূগোল (Geography)Click Here
हिंदीClick Here
অসমীয়াClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
ৰাজনীতি (Political Science)Click Here
সমাজতত্ত্ব (Sociology)Click Here
তৰ্কবিদ্যা আৰু দর্শনশাস্ত্ৰ (Logic & Philosophy)Click Here
নৃতত্ত্ব (Anthropology)Click Here

Class 12 Political Science| Chapter-1| শীতল যুদ্ধৰ যুগ

চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া ছাত্র-ছাত্ৰীৰ বাবে আমাৰ এই ৱেবছাইটত শেহতীয়া পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি পাঠ Class 12 Political Science| Chapter-1| শীতল যুদ্ধৰ যুগ ভিত্তিক প্ৰশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। যত ছাত্ৰ-ছাত্ৰীয়ে অনলাইন যোগে পঢ়িব পাৰিব।

প্ৰথম খণ্ড

(ঘ) দীঘল প্রশ্নোত্তৰ উত্তৰ লিখা : 

১। শাতল যুদ্ধৰ অৱসানৰ পিছত গোষ্ঠী নিৰপেক্ষ আন্দোলনে ইয়াৰ প্ৰাসংগিকতা হেৰুৱাইছে বুলি তুমি ভাবানে? তোমাৰ উত্তৰৰ যুক্তিযুক্ততা দেখুওৱা ।

অথবা

যুদ্ধোত্তৰ কালত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ ভূমিকা আলোচনা কৰা ? 

উত্তৰঃ শীতল যুদ্ধৰ অৱসানৰ পিছত গোষ্ঠী নিৰপেক্ষ আন্দোলনে ইয়াৰ প্ৰাসংগিকতা হেৰাইছে বুলি মই নাভাবো। কিয়নো বর্তমানে ই আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে যেনে:

(ক) বিশ্বত এতিয়াও এক মহাশক্তি আছে। এই মহাশক্তিৰ দ্বাৰা যাতে তৃতীয় বিশ্বৰ দেশসমূহৰ স্বাধীনতা বিপদাপন্ন নহয় তাক নিশ্চিত কৰিবৰ বাবে এক সামূহিক প্ৰতিৰোধ শক্তিৰ প্রয়োজন। এই আন্দোলনে এনে এক সামূহিক প্রতিৰোধ শক্তি হিচাপে কাম কৰিব পাৰে।

(খ) শীতল যুদ্ধৰ পিছত গঢ়ি উঠা আন্তর্জাতিক ব্যৱস্থা গণতান্ত্রিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত নহয় ৷ এনে অগণতান্ত্রিক নীতিৰ বিৰুদ্ধে থিয় দিবলৈ এক সামূহিক মঞ্চ লাগে। এই আন্দোলনে এই মঞ্চ প্রদান কৰিব ধৰিছে।

(গ) শীতল যুদ্ধৰ সমাপ্তিয়ে তৃতীয় বিশ্বৰ দেশসমূহৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধান কৰি দিয়া নাই। দাৰিদ্ৰতা, বৈষ্যমতা আদিৰ দ্বাৰা তৃতীয় বিশ্বৰ দেশসমূহ পীড়িত হৈ আছে। এনে সমস্যা সমাধানৰ বাবে তৃতীয় বিশ্বৰ দেশসমূহৰ মাজত সহযোগিতাৰ যথেষ্ট প্ৰাসংগিকতা আছে। এনে প্ৰাসংগিকতাই গোষ্ঠী নিৰপেক্ষ আন্দোলনক প্ৰাসংগিক কৰি ৰাখিছে।

২। শীতল যুদ্ধৰ উৎপত্তিৰ চাৰিটা কাৰণ লিখা ?

উত্তৰঃদ্বিতীয় মহাযুদ্ধৰ পিছত ১৯৫৫ চনত ইংলেণ্ড, ফ্রান্স, বৃটেইন, চোভিয়েট ইউনিয়নৰ নেতৃত্বত মিত্র শক্তিয়ে জার্মানী, ইটালী আৰু জাপানে নেতৃত্ব দিয়া অক্ষ শক্তিক পৰাস্ত কৰি দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তি ঘটায়। এই যুদ্ধত বিশ্বৰ প্ৰায়বোৰ বৃহৎ শক্তি জড়িত হৈছিল আৰু ইউৰোপৰ বাহিৰেও দক্ষিণ পুব এচিয়া, চীনদেশ, ব্ৰহ্মদেশ (বর্তমান ম্যানমাৰ) আৰু ভাৰতৰ উত্তৰ পূবৰ কোনো কোনো অংশলৈ বিয়পি পৰিছিল। এই যুদ্ধত বিপুল পৰিমানৰ ধন-জন হানি হয়। ইয়াৰ আগতে ১৯১৪ ব পৰা ১৯১৮ চনলৈ হোৱা প্রথম বিশ্বযুদ্ধই বিশ্বক জোকাৰি গৈছিল।

দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ পৰাই শীতল যুদ্ধৰ আৰম্ভণি হয়। ১৯৪৫ চনৰ আগষ্ট মাহত আমেৰিকাই হিৰোচিমা আৰু নাগাচাকি নামৰ চহৰ দুখনত দুটা আণবিক বোমার বিস্ফোরণ ঘটায় আৰু জাপানে আত্মসমর্পৰ্ণ কৰিবলগীয়া হোৱাত বিশ্বযুদ্ধৰ অন্ত পৰে। আমেৰিকাই বোমা বৰ্ষণৰ সিদ্ধান্ত লোৱাৰ বিৰোধীতা কৰা সকলে যুক্তি দর্শায় যে জাপানে আত্মসমর্পণ কৰাতো নিশ্চিত বুলি জানিও আমেৰিকাই বোমা বর্ষণ কৰাৰ প্ৰয়োজন নাছিল। তেওঁলোকৰ মতে আমেৰিকাই এনে কৰাৰ মূলতে আছিল চোভিয়েট ইউনিয়নক এচিয়া আৰু অন্য ঠাইত সামৰিক আৰু ৰাজনৈতিক লাভ আদায় কৰাত বাধা দিয়া আৰু মস্কোৰ ওচৰত আমেৰিকাৰ শ্ৰেষ্ঠতা প্রতিপন্ন কৰা। আনহাতে আমেৰিকাৰ সমৰ্থকসকলৰ মতে যুদ্ধ সোনকালে শেষ কৰিবলৈ আৰু আমেৰিকা আৰু মিত্র শক্তিৰ অধিক প্রাণহানি ৰোধ কৰিবলৈ বোমা বৰ্ষণৰ প্ৰয়োজন আছিল।

উদ্দেশ্য যিয়েই নহওক, দ্বিতীয় বিশ্বযুদ্ধৰ ফলত বিশ্ব ৰাজনীতিৰ মঞ্চত দুটা নতুন শক্তিৰ জন্ম হ’ল। জার্মানী আৰু জাপানৰ পৰাজয়। ইউৰোপ আৰু বিশ্বৰ বিভিন্ন অংশৰ পতনৰ লগে লগে আমেৰিকা আৰু ছোভিয়েট ইউনিয়ন বিশ্বৰ সবাতোকৈ বৃহৎ শক্তিৰূপে পৃথিৱীৰ যিকোনো ঠাইত ঘটা ঘটনাৰ ওপৰত প্ৰভাৱ পেলাব পৰা শক্তিৰূপে পৰিগণিত হ’ল।

শীতল যুদ্ধ আছিল আমেৰিকা আৰু ছোভিয়েট ৰাচিয়া পৰস্পৰৰ প্ৰতিদ্বন্দী বৃহৎ শক্তি হিচাপে উদয় হোৱাৰ পৰিমাণ। 

শীতল যুদ্ধৰ মূল ভেটিসমূহ তলত উল্লেখ কৰা হ’ল

(ক) পশ্চিমীয়া দেশসমূহে ধাৰণা কৰিছিল যে ৰুছিয়াৰ শক্তি বৃদ্ধি হোৱাৰ ফলত বিশ্বশক্তি প্ৰতিষ্ঠাৰ বিষয়ত বাধাৰ সৃষ্টি হ’ব, সেয়েহে পশ্চিমীয়া দেশসমূহে এটম বোম, হাইড্ৰ’জেন বোম, আণবিক অস্ত্রপাতি আদি বৃদ্ধি কৰি নিজৰ নিৰাপত্তা নিশ্চিত কৰাৰ আঁচনি গ্ৰহণ কৰিছিল। ৰুছিয়াই পশ্চিমীয়া দেশসমূহৰ সামৰিক শক্তি বৃদ্ধি কৰা আঁচনি দেখি নিজৰ দেশৰ সামৰিক শক্তি বৃদ্ধি কৰাত গুৰুত্ব আৰূপ কৰিছিল।

(খ) দ্বিতীয় মহাসমৰৰ পিছত সাম্যবাদী গোষ্ঠী আৰু পুঁজিবাদী গোষ্ঠীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হ’ব বুলি দুয়োটা গোষ্ঠীয়ে বিশ্বাস কৰিছিল, সেয়েহে ভৱিষ্যত নিৰাপত্তাৰ কাৰণে দুয়োটা গোষ্ঠীয়ে সামৰিকভাবে সাজু হোৱা নীতি অৱলম্বম কৰিছিল।

(গ) এই শক্তিগোষ্ঠীৰ বিশ্বাস হৈছিল যে আদৰ্শৰ মিল থকা দেশৰ লগত সহযোগিতা কৰিহে ভৱিষ্যত নিৰাপত্তাৰ বিষয়ত নিশ্চিত হ’ব পাৰি।

(ঘ) এই শক্তিগোষ্ঠী দুটাৰ মাজৰ যুদ্ধক স্বাধীনতা আৰু স্বেচ্ছাচাৰী শাসনৰ মাজত হোৱা যুদ্ধ হিচাবে অভিহিত কৰা হৈছিল। পশ্চিমীয়া দেশসমূহক স্বাধীনতাৰ পৃষ্ঠপোষক আৰু ৰুছিয়াক স্বেচ্ছাচাৰী শাসনৰ পৃষ্ঠপোষক হিচাপে বিবেচনা কৰা হৈছিল।

(ঙ) পশ্চিমীয়া দেশসমূহে সাম্যবাদী আন্দোলনক মষিমূৰ কৰা নীতিৰ প্ৰতি সমর্থন জনাইছিল। গ্ৰীচৰ পৰা ভিয়েটনামলৈ যিবোৰ বিষয়ত এই দেশসমূহে হস্তক্ষেপ কৰিছিল, সেই সকলোবোৰ হস্তক্ষেপতে এই ধাৰণা জড়িত আছিল।

৩। শীতল যুদ্ধৰ সময়ত আমেৰিকা আৰু ৰাছিয়াৰ প্ৰতি ভাৰতৰ বৈদেশিক নীতি কেনেকুৱা আছিল? 

উত্তৰঃ গোষ্ঠী নিবপেক্ষ আন্দোলনৰ নেতা হিচাবে শীতল যুদ্ধৰ সময়ছোৱাত ভাৰতৰ ভূমিকা আছিল দূতৰপীয়া । এটা স্তৰত, দুয়োটা মিত্ৰ শক্তিৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ ই বিশেষ যত্ন কৰিছিল। দ্বিতীয় স্তৰত ই নতুনকৈ উপনিবেশকতাবাদৰ পৰা মুক্তি পোৱা দেশবোৰে এই মিত্ৰ শক্তিত যোগ দিয়াৰ বিৰোধিতা কৰিছিল।

ভাৰতৰ নীতি নকাৰাত্মক বা নিস্ক্রিয় কোনোটোৱেই নাছিল। নেহৰুৱে বিশ্ববাসীক কোৱাৰ দৰে, গোষ্ঠী নিবপেক্ষতা ‘পলায়নবাদী’ নীতি নাছিল। তাৰ বিপৰীতে শীতল যুদ্ধৰ প্ৰতিদ্বন্দিতা নৰম কৰিবলৈ ভাৰতে বিশ্ব ঘটনাক্রমত সক্রিয় অংশ গ্ৰহণৰ পোষকতা কৰিছিল। ভাৰতে দুয়োটা মিত্ৰগোষ্ঠীৰ মাজৰ দূৰত্ব কমাবলৈ বিচাৰিছিল আৰু এইদৰে মতভেদে পূর্ণাঙ্গৰূপ লোৱাত বাধা দিছিল। ভাৰতৰৰ ৰাজনীতিক আৰু নেতাসকলক প্ৰায়ে শীতল যুদ্ধৰ প্ৰতিদণ্ডীসকলৰ মাজত সমন্বয় ৰক্ষাকাৰী আৰু মধ্যস্থতাকাৰী হিচাবে ব্যৱহাৰ কৰা হৈছিল। উদাহৰণস্বৰূপে ১৯৫০ ৰ দশকৰ প্ৰথম ভাগৰ কোৰিয়া যুদ্ধৰ কথা ক’ব পাৰি।

ভাৰতে গোষ্ঠী নিৰপেক্ষ গোটৰ আন সদস্য সমূহকো জড়িত কৰিব বিচাৰিছিল। শীতল যুদ্ধৰ সময়ছোৱাত ভাৰতে আমেৰিকা আৰু বাচিয়াই নেতৃত্ব দিয়া মিত্ৰগোষ্ঠীৰ অংশ নোহোৱা আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠন সমূহক সক্ৰিয় কৰিবলৈ বাৰে বাৰে চেষ্টা কৰিছিল। নেহৰুৱে ‘স্বতন্ত্ৰ আৰু পৰস্পৰ সহযোগী ৰাষ্ট্ৰসমূহৰ এটা ৰাষ্ট্ৰমণ্ডলত গভীৰ বিশ্বাস কৰিছিল যাতে শীতল যুদ্ধ শেষ কৰিব নোৱাৰিলেও ইয়াক নৰম কৰাত ইতিবাচক ভূমিকা ল’ব পাৰে।

কিছুমানে কোৱাৰ দৰে গোষ্ঠী নিৰপেক্ষতা এনে এটা মহৎ আন্তঃৰাষ্ট্ৰীয় বিষয় নাছিল যি ভাৰতৰ প্রকৃত স্বাৰ্থৰ লগত বিশেষ জড়িত নাছিল। গোষ্ঠী নিৰপেক্ষ নীতিয়ে অন্ততঃ দুই ধৰণে ভাৰতক প্রত্যক্ষভাবে সহায় কৰিছে।

প্ৰথম, গোষ্ঠী নিৰপেক্ষ ভাৰতে এনে আন্তঃৰাষ্ট্ৰীয় সিদ্ধান্ত আৰু পক্ষ ল’ব লাগিছিল যাৰ দ্বাৰা বৃহৎ শক্তিসমূহ আৰু তাৰ মিত্ৰপক্ষৰ স্বাৰ্থ পূৰণ হোৱাতকৈ ইয়াৰ নিজৰ স্বাৰ্থ পূৰণ হৈছিল। দ্বিতীয়তে, ভাৰতে প্ৰায়ে এটা বিশ্ব শক্তিক আনটো বিশ্বশক্তিৰ বিপক্ষে ভাৰসাম্যতাত ৰাখিব পাৰিছিল । যদি এটা বিশ্বশক্তিয়ে ভাৰতক অৱহেলা কৰা বা অনাহকত হেঁচা প্ৰয়োগ কৰা বুলি ভাৰতে অনুভৱ কৰিছিল, ই আনটো বিশ্বশক্তিৰ ফালে ঢাল যাব পাৰিছিল। দুয়োটা গোটৰ কোনোটাৱে ভাৰতক সহায়ক বুলি ধৰি ল’ব পৰা নাছিল বা উৎপীড়ন কৰিব পৰা নাছিল।

৪। শীতল যুদ্ধই অস্ত্র প্রতিযোগিতা আৰু অস্ত্ৰ নিয়ন্ত্ৰন কৰিছিল। ব্যাখ্যা কৰা?

উত্তৰঃ ইয়াৰ মূল কাৰণবোৰ হ’ল –

(ক) শীতল যুদ্ধৰ সময়ছোৱাত দুয়োটা শক্তিগোষ্ঠীৰ মাজত অবিশ্বাস আৰু উত্তেজনা বৃদ্ধি পাইছিল। শীতল যুদ্ধৰ পৰিৱর্তে কেতিয়াবা গৰম যুদ্ধৰ সৃষ্টি হ’ব বুলি দুয়োটা শক্তিগোষ্ঠীয়ে সামৰিক শক্তি বৃদ্ধিৰ প্ৰতিযোগিতা আৰম্ভ কৰিছিল। আণৱিক অস্ত্ৰৰ উৎপাদনৰ কাৰণে ভালেমান ধন খৰচ কৰিব লগা হোৱাত দেশৰ উন্নয়নমূলক কামত খৰচ কৰা ধনৰ পৰিমাণ কমি আহিছিল। ইয়াৰ ফলত শীতল যুদ্ধৰ প্ৰভাৱ ক্রমান্বয়ে কমি আহিছিল।

(খ) দুয়োটা শক্তিগোষ্ঠীৰ মাজত সৃষ্টি হোৱা বুজাবুজিয়েও শীতল যুদ্ধৰ প্ৰভাৱ নাইকীয়া কৰাত বৰঙণি যোগাইছিল। দুয়োখন দেশৰ চৰকাৰ প্ৰধানৰ মাজত অনুষ্ঠিত হোৱা শীর্ষ সন্মিলতাত দুয়োখন দেশে বিভিন্ন বিষয়ত সহযোগিতাৰ সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব দিছিল। অস্ত্ৰ-গতিৰ সীমিতকৰণ আৰু স্থায়ী শান্তি প্ৰতিষ্ঠাৰ বিষয়ত দুয়োখন দেশে এক মতত উপনীত হৈছিল। কৃষি, যাতায়ত, সাংস্কৃতিক দল বিনিময় আদি বিভিন্ন বিষয়ত দুয়োখন দেশৰ মাজত ভালেমান চুক্তি স্বাক্ষৰ কৰা হৈছিল। আণৱিক যুদ্ধ পৰিহাৰ কৰা আৰু এই বিষয়ত গৱেষণা কৰাৰ বিষয়তো সহযোগিতা কৰিবলৈ দুয়োখন দেশ সন্মত হৈছিল। দুয়োখন দেশৰ মাজত বিভিন্ন বিষয়ত মতভেদ থাকিলেও দুয়োখন দেশৰ মাজত বিভিন্ন বিষয়ত সহযোগিতৰো সৃষ্টি হৈছিল। এই সহযোগিতাই শীতল যুদ্ধৰ প্ৰভাৱ নাইকীয়া কৰি অস্ত্ৰ নিয়ন্ত্ৰণত বৰঙণি যোগাইছিল।

৫। “শীতল যুদ্ধ ক্ষমতাৰ যুদ্ধ আছিল, ইয়াত আদৰ্শৰ কোনো ভূমিকা নাছিল”—যুক্তি দিয়া। 

উত্তৰঃমই একমত নহয়। ৰুছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত থকা আদর্শগত প্রভেদ আছিল শীতল যুদ্ধৰ অন্যতম কাৰণ। ৰুছিয়াত আছিল কমিউনিষ্ট আদর্শ প্ৰচাৰ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছিল। আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰই পুঁজিবাদী আদৰ্শক সমর্থন কৰিছিল। কমিউনিষ্ট আদৰ্শত উৎপাদনৰ আহিলাসমূহ ৰাষ্ট্ৰীয়কৰণ কৰা নীতিক সমর্থন করা হয়, আনহাতে পুঁজিবাদী আদৰ্শত ব্যক্তিগত খণ্ডৰ ওপৰত গুৰুত্ব দিয়া হয়। সেয়েহে সাম্যবাদী আদৰ্শ আৰু পুঁজিবাদী আদৰ্শ হৈছে পৰস্পৰ বিৰোধী আদর্শ। দুয়োটা আদৰ্শৰ মাজত সহযোগিতাৰ সৃষ্টি কৰাটো সম্ভৱ নহয়। আমেৰিকাৰ পৰাষ্ট্র সচিব জেমছ বাইনিছে মত প্ৰকাশ কৰিছিল যে আমেৰিকা আৰু কছিয়াৰ আদৰ্শৰ মাজত যথেষ্ট পৰিমাণৰ প্ৰভেদ আছে, সেয়েহে এই দেশ দুখনৰ মাজত দীর্ঘম্যাদী সহযোগিতাৰ আঁচনি গ্ৰহণ কৰাটো কেতিয়াও সম্ভৱ নহয়। তেওঁৰ মতে কছিয়াই সর্বাত্মক চৰকাৰক সমর্থন কৰে, সেয়েহে কছিয়াৰ আদর্শ ব্যক্তি স্বাধীনতাৰ বিৰোধী। আনকি ৰাষ্ট্ৰপতি আইছেনহাৱাৰেও এই ধাৰণাক সমৰ্থন কৰিছিল। যদ্ধৰ সময়ছোৱাত ৰুছিয়া আৰু আমেৰিকাই শত্রুপক্ষৰ বিৰুদ্ধে একেলগে যুদ্ধত অৱতীৰ্ণ হৈছিল যদিও যুদ্ধত অৱলম্বন কৰিবলগা কৌশল আদিৰ বিষয়ত দুয়োখন দেশৰ মাজত মতভেদ সৃষ্টি হৈছিল। সেয়েহে শীতল যুদ্ধক ক্ষমতার সংঘর্ষ হিচাবে অভিহিত কৰাৰ লগে লগে আদৰ্শগত সংঘাত হিচাপেও অভিহিত কৰা হয়।

৬। শীতল যুদ্ধৰ যুগত NAM ৰ নেতা হিচাপে ভাৰতৰ ভূমিকা সম্পর্কে আলোচনা কৰা। 

উত্তৰঃ গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ নেতা হিচাবে শীতল যুদ্ধৰ সময়ছোৱাত ভাৰতৰ ভূমিকা আছিল দুতৰপীয়া। এটা স্তৰত, দুয়োটা মিত্র শক্তিৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ ই বিশেষ যত্ন কৰিছিল। দ্বিতীয় স্তৰত ই নতুনকৈ উপনিৱেশকতাবাদৰ পৰা মুক্তি পোৱা দেশবোৰে এই মিত্র শক্তিত যোগ দিয়াৰ বিৰোধিতা কৰিছিল।

ভাৰতৰ নীতি নকাৰাত্মক বা নিস্ক্রিয় কোনোটোৱেই নাছিল। নেহৰুৱে বিশ্ববাসীক কোৱাৰ দৰে, গোষ্ঠী নিৰপেক্ষতা ‘পলায়নবাদী’ নীতি নাছিল। তাৰ বিপৰীতে শীতল যুদ্ধৰ প্ৰতিদ্বন্দিতা নৰম কৰিবলৈ ভাৰতে বিশ্ব ঘটনাক্রমত সক্রিয় অংশ গ্ৰহণৰ পোষকতা কৰিছিল। ভাৰতে দুয়োটা মিত্ৰগোষ্ঠীৰ মাজৰ দূৰত্ব কমাবলৈ বিচাৰিছিল আৰু এইদৰে মতভেদে পূর্ণাঙ্গৰূপ লোৱাত বাধা দিছিল। ভাৰতৰৰ ৰাজনীতিক আৰু নেতাসকলক প্ৰায়ে শীতল যুদ্ধৰ প্ৰতিদণ্ডীসকলৰ মাজত সমন্বয় ৰক্ষাকাৰী আৰু মধ্যস্থতাকাৰী হিচাবে ব্যৱহাৰ কৰা হৈছিল। উদাহৰণস্বৰূপে ১৯৫০ ৰ দশকৰ প্ৰথম ভাগৰ কোৰিয়া যুদ্ধৰ কথা ক’ব পাৰি।

ভাৰতে গোষ্ঠী নিৰপেক্ষ গোটৰ আন সদস্য সমূহকো জড়িত কৰিব বিচাৰিছিল। শীতল যুদ্ধৰ সময়ছোৱাত ভাৰতে আমেৰিকা আৰু ৰাচিয়াই নেতৃত্ব দিয়া মিত্ৰগোষ্ঠীৰ অংশ নোহোৱা আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠন সমূহক সক্ৰিয় কৰিবলৈ বাৰে বাৰে চেষ্টা কৰিছিল। নেহৰুৱে ‘স্বতন্ত্ৰ আৰু পৰস্পৰ সহযোগী ৰাষ্ট্ৰসমূহৰ এটা ৰাষ্ট্ৰমণ্ডলত গভীৰ বিশ্বাস কৰিছিল যাতে শীতল যুদ্ধ শেষ কৰিব নোৱাৰিলেও ইয়াক নৰম কৰাত ইতিবাচক ভূমিকা ল’ব পাৰে।

কিছুমানে কোৱাৰ দৰে গোষ্ঠী নিৰপেক্ষতা এনে এটা মহৎ আন্তঃৰাষ্ট্ৰীয় বিষয় নাছিল যি ভাৰতৰ প্রকৃত স্বাৰ্থৰ লগত বিশেষ জড়িত নাছিল। গোষ্ঠী নিৰপেক্ষ নীতিয়ে অন্ততঃ দুই ধৰণে ভাৰতক প্রত্যক্ষভাবে সহায় কৰিছে।

প্ৰথম, গোষ্ঠী নিৰপেক্ষ ভাৰতে এনে আন্তঃৰাষ্ট্ৰীয় সিদ্ধান্ত আৰু পক্ষ ল’ব লাগিছিল যাৰ দ্বাৰা বৃহৎ শক্তিসমূহ আৰু তাৰ মিত্ৰপক্ষৰ স্বাৰ্থ পূৰণ হোৱাতকৈ ইয়াৰ নিজৰ স্বাৰ্থ পূৰণ হৈছিল। দ্বিতীয়তে, ভাৰতে প্ৰায়ে এটা বিশ্ব শক্তিক আনটো বিশ্বশক্তিৰ বিপক্ষে ভাৰসাম্যতাত ৰাখিব পাৰিছিল । যদি এটা বিশ্বশক্তিয়ে ভাৰতক অৱহেলা কৰা বা অনাহকত হেঁচা প্ৰয়োগ কৰা বুলি ভাৰতে অনুভৱ কৰিছিল, ই আনটো বিশ্বশক্তিৰ ফালে ঢাল যাব পাৰিছিল। দুয়োটা গোটৰ কোনোটাৱে ভাৰতক সহায়ক বুলি ধৰি ল’ব পৰা নাছিল বা উৎপীড়ন কৰিব পৰা নাছিল।

৭। ধৰা হ’ল শীতল যুদ্ধ হোৱাই নাছিল আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পিছত কেইবাটাও প্রধান শক্তি থাকি গ’ল। তেনে পৰিস্থিতিত ভাৰতৰ বিদেশ নীতি কিদৰে প্রভাবিত হ’লহেঁতেন? যিকোনো তিনিটা দিশ বা অঞ্চল চিনাক্ত কৰা আৰু পাৰ্থক্য নিৰূপণ কৰা। 

উত্তৰঃধৰা হ’ল শীতল যুদ্ধ হোৱাই নাছিল আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পিছত কেইবাটাও প্রধান শক্তি থাকি গ’ল। এনে পৰিস্থিতিয়ে নিতান্তই ভাৰতৰ বৈদেশিক নীতিক বেয়াকৈ প্রভাবিত কৰিব। এয়া নিম্নোক্ত তিনিটা দিশৰ পৰা স্পষ্ট।

(ক) অনান্য ৰাষ্ট্ৰবিলাকৰ লগত সম্পর্ক : শীতল যুদ্ধৰ সময়ত ভাৰতে পশ্চিমীয়া আৰু আফ্রিকান ৰাষ্ট্ৰবিলাকৰ অধিকাংশৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলিছিল আৰু অনান্য অর্থনৈতিক আৰু ৰাজনৈতিক ব্যৱস্থাসমূহৰ লগতো সম্পৰ্ক ৰক্ষা কৰিছিল। কিন্তু যদিহে শীতল যুদ্ধ নহলেহেঁতেন তেনে ভাৰতৰ লগত অন্যান্য ৰাষ্ট্ৰবিলাকৰ সম্পৰ্কৰ প্রকৃতি বেলেগ হ’লহেঁতেন। উদাহৰণস্বৰূপে পশ্চিমীয়া পুঁজিবাদী ৰাষ্ট্ৰবিলাকে যিহেতু পশ্চিমীয়া মৈত্ৰীৰ অংশীদাৰ আছিল সেয়ে ভাবতে শীতল যুদ্ধৰ সময়ত এই ৰাষ্ট্ৰবোৰৰ লগত সম্পৰ্ক ৰখা নাছিল। কিন্তু যদিহে শীতল যুদ্ধ নহ’লহেতেন ভাৰতৰ এই ৰাষ্ট্ৰবোৰৰ লগত বন্ধুত্বপূর্ণ সম্পর্ক গঢ়ি উঠিলহেতেন।

(খ) কাশ্মীৰ সমস্যা : কাশ্মীৰ সমস্যাটোক সমাধানৰ ক্ষেত্ৰত ভাৰতৰ বাবে জটিলতাৰ সৃষ্টি কৰিছিল। যিহেতু পশ্চিমীয়া শিৱিৰৰ লগত পাকিস্তানৰ এক ঘনিষ্ঠ সম্পৰ্ক আছিল। সেয়েহে পশ্চিমীয়া শিৱিৰে কাশ্মীৰক ভাৰতৰত লগত চামিলকৰণৰ পক্ষে মতপোষণ কৰা নাছিল। শীতল যুদ্ধৰ অনুপস্থিতিয়ে কাশ্মীৰ সীমাৰেখাৰ বিষয়টো মীমাংসা কৰিলেহেঁতেন আৰু ভাৰত পাকিস্তানৰ মাজৰ মধুৰ সম্পৰ্ক অব্যাহত থাকিলেহেঁতেন।

(গ) গোষ্ঠী নিৰপেক্ষতা নীতি ঃ পশ্চিমীয়া আৰু পূৰ্বৰ মৈত্ৰীৰ মাজৰ দ্বিবিভাজনৰ ফলশ্ৰুতিত গোষ্ঠী নিৰপেক্ষতাৰ নীতিৰ উদ্ভৱ হৈছিল, নতুনকৈ স্বাধীনতাপ্রাপ্ত এফ্র-এছিয়ান ৰাষ্ট্ৰবিলাকে পুনৰ উপনিৱেশবাদ আৰু সাম্ৰাজ্যবাদৰ দৰে নীতিবিলাকক পৰিহাৰ কৰিব বিচাৰিছিল। সেয়েহে এই ৰাষ্ট্ৰ বিলাকে দুয়োটা শিৱিৰৰ পৰা সমব্যৱধান বৰ্তাই ৰখাৰ উদ্দেশ্যে NAM নামেৰে এক নতুন বৈদেশিক নীতি গ্ৰহণ কৰিছিল। শীতল যুদ্ধ নোহোৱাহেঁতেন NAM নীতিৰ অভ্যুত্থান নহ’লহেতেন আৰু ভাৰতৰ বৈদেশিক নীতি কিছু পৃথক ৰূপৰ হ’লহেঁতেন।

৮। নতুন আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক শৃংখলা সংগঠনৰ (NIEO) আঁৰৰ বাস্তবতা কি আছিল ?

উত্তৰঃনতুন আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক শৃংখলাই বিশ্বৰ উন্নত আৰু অনুন্নত ৰাষ্ট্ৰবিলাকৰ মাজৰ ব্যৱধান হ্রাসকৰণৰ এক অর্থনৈতিক ব্যৱস্থাক সূচায়। অনাঅনুন্নত ৰাষ্ট্ৰবিলাকৰ বহনক্ষম আৰু সমঅৰ্থনৈতিক উন্নয়নৰ কাৰণে নতুন আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক শৃংখলাৰ ধাৰণাটো উদ্ভাবন কৰা হৈছিল। ১৯৭২ চনত ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু উন্নয়ন শীর্ষক সম্মিলনখনে নতুন আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক শৃংখলাৰ উত্তৰ মাতিও এনিবেদন যুত কৰিছিল। অনুন্নত ৰাষ্ট্ৰবিলাকৰ অৰ্থনৈতিক উন্নয়ন আৰু ৰাজনৈতিক অঙতা অর্জনৰ কাৰণে নতুন আন্তঃৰাষ্ট্রীয় অর্থনৈতিক শৃংখলা হৈছে এক গুরুত্বপূর্ণ উপায়। চেষ্ঠা নিৰপেক্ষতার এই অভিপ্রায়ে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্রকৃতি ক্রমাগতভাবে পরিবর্তন সাধন কৰিছিল আৰু কালক্ৰমত ১৯৭০ দশকৰ পৰা গোষ্ঠী নিৰপেক্ষতা এক অর্থনৈতিক প্রভাব গোষ্ঠী স্বৰূপ হৈ পৰিছিল।

৯। গোলকীয় বাণিজ্য পদ্ধতির সংস্কাৰ সম্পর্কীয় ONCTAC প্রতিবেদনখন কি আছিল? 

উত্তৰঃ গোষ্ঠী নিৰপেক্ষ ৰাষ্ট্ৰবিলাকৰ অধিকাংশৰেই প্ৰত্যাহ্বান – অধিকাংশ গোষ্ঠী নিৰপেক্ষ ৰাষ্ট্ৰৱেই অর্থনৈতিকভাবে উন্নয়ন অর্জনৰ বাবে জনগণক দৰিদ্ৰতাৰ কৱলৰ পৰা ৰক্ষা কৰিব লাগিছিল নতুনকৈ স্বাধীনতাগ্ৰাপ্ত ৰাষ্ট্ৰবিলাকৰ বাবে অর্থনৈতিক উন্নয়ন অতিকৈ আৱশ্যকীয় আছিল। বহুপক্ষৰ উন্নয়ন অবিহনে রাষ্ট্র এখন প্রকৃতাৰ্থত মুক্ত হ’ব নোৱাৰে। উপনিবেশিক শক্তি (যিবিলাকৰ পৰা নেকি রাজনৈতিক স্বাধীনতা লাভ কৰিছিল) বিলাকৰ ওপৰত এই অনুন্নত ৰাষ্ট্ৰবিলাক আকৌ নির্ভশীল হৈ ৰব। এই বাস্তৱতাৰ ভিত্তিতেই নতুন আক্তৰাষ্ট্ৰীয় অর্থনৈতিক শৃংখলাৰ ধাৰণাতো অৱধাৰিত হৈছিল।

ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু উন্নয়ন শীর্ষক সন্মিলনখনে ১৯৭২ চনত “Towards আৰু Trade policy for development” শীর্ষক এক প্রতিবেদন যুগুত কৰিছিল। বিশ্ব বাণিজ্য ব্যৱস্থাক এক সংস্কাৰৰ অৰ্থে প্রতিবেদনখনৰ নিম্নোক্ত প্ৰস্তাৱ আগবঢ়োৱা হৈছিল –

(ক) অনুন্নত ৰাষ্ট্ৰবিলাকক তেওঁলোকৰ প্রাকৃতিক সম্পদৰ ওপৰত নিয়ন্ত্রণ সাব্যস্ত কৰা।

(খ) পশ্চিমীয়া দেশবোৰৰ পৰা কাৰিকৰী ব্যয় হ্রাস কৰা।

(গ)আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক অনুষ্ঠানসমূহত উন্নয়নশীল ৰাষ্ট্ৰবোৰৰ ভূমিকা সৱল কৰা।

ক্রমাগতভাৱে গোষ্ঠী নিৰপেক্ষতাৰ প্ৰকৃতি অর্থনৈতিক বিষয়বোৰত যথোচিত গুৰুত্ব আৰোপ কৰালৈ পৰ্যবেক্ষিত হৈছিল। ১৯৬১ চনৰ বেলগ্ৰেডৰ প্ৰথমখন গোষ্ঠী নিৰপেক্ষ সন্মিলনত অর্থনৈতিক বিষয়টোক বিশেষ গুরুত্ব দিয়া হোৱা নাছিল। ফলস্বৰূপে NAM এক অর্থনৈতিক প্রভাৱ গোষ্ঠী স্বৰূপ হৈ পৰিছিল। ১৯৮০ ৰ দশকৰ পৰা উন্নত ৰাষ্ট্ৰবোৰে গোষ্ঠীনিৰপেক্ষ ৰাষ্ট্ৰবিলাকৰ ঐক্য ৰক্ষাৰ বাবে চলোৱা প্ৰচেষ্টাৰ বিৰুদ্ধে চলোৱা প্ৰতিযোগিতাৰ পৰিপ্ৰেক্ষিতত নতুন আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক শৃংখলাৰ প্ৰাৰম্ভিক পদক্ষেপ হতাশাগ্ৰস্ত হৈ পৰিছিল।

১০। পাৰমাণৱিক নিৰস্ত্ৰীকৰণ চুক্তি সম্পর্কে এটা টোকা লিখা। 

উত্তৰঃ পাৰমাণৱিক নিবস্ত্ৰীকৰণ চুক্তিখন পাৰমাণৱিক শক্তিসম্পন্ন পাঁচখন বৃহৎ ৰাষ্ট্ৰক্ৰমে আমেৰিকা ছোভিয়েট ইউনিয়ন, বৃটেইন ফ্রান্স আৰু গণৰাজ্য চীনে ১৯৬৮ চনত স্বাক্ষৰিত কৰিছিল। পারমাণৱিক অস্ত্র শস্ত্ৰৰ সম্প্ৰসাৰণ অদূৰ ভৱিষ্যতত ৰোধ কৰাৰ উদ্দেশ্যেৰেই পারমাণৱিক নিৰস্ত্ৰীকৰণ চুক্তিখন স্বাক্ষৰ কৰা হৈছিল। ১৯৭২ চনৰ ৩ অক্টোবৰৰ পৰা চুক্তিখন কাৰ্যকৰী কৰা হৈছিল।

১১। এইটো কোৱা হয় যে শীতল যুদ্ধ হ’ল ক্ষমতাৰ বাবে এক সাধাৰণ সংগ্ৰাম আৰু এই ক্ষেত্ৰত আদর্শ বুলিবলৈ একো নাছিল। এই মতক ভূমি সমৰ্থন কৰানে? উদাহৰণসহ তোমাৰ স্থিতি ব্যাখ্যা কৰা।

উত্তৰঃ মই একমত নহয়।

কছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত থকা আদর্শগত প্রভেদ আহিল শীতল যুদ্ধৰ অন্যতম কাৰণ। কছিয়াত আছিল কমিউনিষ্ট আদর্শ প্রচাৰ কৰাৰ পৰিকল্পনা গ্রহণ কৰিছিল। আনহাতে আমেৰিকা যুক্তরাষ্ট্রই পুঁজিবাদী আদর্শক সমর্থন কৰিছিল। কমিউনিষ্ট আদর্শত উৎপাদনর আহিলাসমূহ ৰাষ্ট্ৰীয়কৰণ কৰা নীতিক সমৰ্থন কৰা হয়, আনহাতে পুঁজিবাদী আদৰ্শত ব্যক্তিগত হাণ্ডৰ ওপৰত গুৰুত্ব দিয়া হয়। সেয়েহে সাম্যবাদী আদর্শ আৰু পুঁজিবাদী আদৰ্শ হৈছে পৰপৰ বিৰোধী আদর্শ। দুয়োটা আদৰ্শৰ মাজত সহযোগিতাৰ সৃষ্টি কৰাটো সম্ভৱ নহয়। আমেৰিকাৰ পৰৰাষ্ট্র সচিব জেমছ বাইনিছে মত প্ৰকাশ কৰিছিল যে আমেৰিকা আৰু ৰুছিয়াৰ আদৰ্শৰ মাজত যথেষ্ট পৰিমাণৰ প্ৰভেদ আছে, সেয়েহে এই দেশ দুখনৰ মাজত দীৰ্ঘম্যাদী সহযোগিতাৰ আঁচনি গ্ৰহণ কৰাটো কেতিয়াও সম্ভব নহয়। তেওঁৰ মতে ৰুছিয়াই সৰ্বাত্মক চৰকাৰক সমর্থন কৰে, সেয়েহে ৰুছিয়াৰ আদৰ্শ ব্যক্তি স্বাধীনতার বিরোধী। আনকি রাষ্ট্রপতি আইছেনহাৱাৰেও এই ধাৰণাক সমৰ্থন কৰিছিল। যুদ্ধৰ সময়ছোৱাত ৰুছিয়া আৰু আমেৰিকাই শত্রুপক্ষৰ বিৰুদ্ধে একেলগে যুদ্ধত অৱতীৰ্ণ হৈছিল যদিও যুদ্ধত অৱলম্বন কৰিবলগা কৌশল আদিৰ বিষয়ত দুয়োখন দেশৰ মাজত মতভেদ সৃষ্টি হৈছিল। সেয়েহে শীতল যুদ্ধক ক্ষমতাৰ সংঘৰ্ষ হিচাবে অভিহিত কৰাৰ লগে লগে আদর্শগত সংঘাত হিচাপেও অভিহিত কৰা হয়।

১২। কিউবাৰ ক্ষেপণাস্ত্ৰ সংকটৰ বিষয়ে এটা টোকা লিখা। ইয়াৰ তাৎপর্য কি? 

উত্তৰঃউত্তৰঃ ১৯৫৯ চনত ফিডেল কাষ্টোৰ নেতৃত্বৰ লেটিন আমেৰিকাৰ ক্ষুদ্ৰ দ্বীপবাষ্ট্র কিউবাৰত সাম্যবাদী আদর্শত বিশ্বাসী চৰকাৰ প্ৰতিষ্ঠা কৰা হয়। মার্কিন যুক্তৰাষ্ট্ৰৰ নিচেই সমীপৰ এই দ্বীপ ৰাষ্ট্ৰখনে এই চৰকাৰ প্ৰতিষ্টা মূহুৰ্তৰ পৰাই নানান প্ৰত্যহ্বানৰ সম্মুখীন হৈ আহিছিল। এই পৰিস্থিতিত কিউবাই ছোভিয়েট সংঘৰ সৈতে মিত্রতা গঢ়ি তোলে আৰু কূটনৈতিক তথা বিত্তিয় সাহায্য লাভ কৰিবলৈ ধৰে।

কাষ্টোৰ নেতৃত্বত চৰকাৰ গঠিত হোৱাৰ ঠিক পিছৰে পৰাই কিউবা হৈ উঠেদুই মহাশক্তিৰ মাজত চলা শীতল যুদ্ধৰ এক সংঘাত কেন্দ্র। এই সংঘাট ১৯৬২ চনত ভয়াহ ৰূপ ধাৰণ কৰে।

১৯৬১ চনত মার্কিন যুক্তৰাষ্ট্ৰই কিউবাৰ ওপৰত আক্ৰমণ কৰাৰ ষড়যন্ত্র চলোৱা বুলি সন্দেহ কৰিবলৈ ধৰে আৰু কিউবাত ৰাছিয়াত পাৰামণবিক ক্ষেপনাস্ত্ৰৰ ঘাটি প্রতিষ্ঠা কৰে। ইয়াৰ ফলত দুই মহাশক্তিৰ মাজত উত্তেজনা বৃদ্ধি পাবলৈ ধৰে।ছোভিয়েট সংঘৰ এই আক্রমনাত্মক মনোভাব প্রতিহত কৰি তোলাৰ বাবে মার্কিন যুক্তৰাষ্ট্ৰই আকাশ মাৰ্গ আৰু সাগৰেৰে কিউবাৰ ওপৰত আক্ৰমণ হনাৰো চিন্তা চর্চা কৰিবলৈ ধৰে। ছোভিয়েট সংঘক তৎকালে ইতিমধ্যে প্রতিষ্ঠা কৰা আৰু প্ৰতিষ্ঠা কৰিব খোজা সকলোবোৰ আণবিক সামরিক ঘাটি উঠাই নিয়াৰ দাবী উত্থাপন কৰে। ছোভিয়েট সংঘই ৰাজহুৱা কৈ মার্কিন যুক্তৰাষ্ট্ৰই দাবী মানিলবলৈ অস্বীকার কৰে। কিন্তু অৱশেষত ২৮ অক্টোবৰ তাৰিখে এই সংঘাতৰ অন্তপৰে। ৰাষ্ট্ৰপতি জন, এই, কেনেডী ৰাষ্ট্ৰসংঘৰ সচিব প্রধান ইউ মান্ট আৰু ছোভিয়েট নেতা নিকিতা খুছেভৰ মাজত সম্পাদিত চুক্তি অনুসাৰে ছোভিয়েট সংঘই কিউবাত স্থাপন কৰা আণৱিক ঘাটি ধ্বংস কৰাৰ আৰু কিউবাত মজুত কৰা অস্ত্ৰসমূহ ঘূৰাই লোৱাৰ সিদ্ধান্ত গ্রহণ কৰে। তাৰ বিনিময়ত মার্কিন যুক্তৰাষ্ট্ৰই কিউবা আক্রমণ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

১৩। গোষ্ঠী নিৰপেক্ষতা একাকীত্ববাদ নে নির্লিপ্ততা? তুমি কি ভাবা আৰু কিয় ? 

উত্তৰঃ গোষ্ঠী নিৰপেক্ষতা একাকীত্ববাদ বা নির্লিপ্ততা মতবাদ নহয়। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ অৰ্থ অৱশ্যে আন্তর্জাতিক ৰাজনীতিত এক সুবিধাজনক নিৰপেক্ষ গ্ৰহণ কৰা নহয়। অৰ্থাৎ আন্তর্জাতিক ৰাজনীতিত সংঘটিত কোনো ঘটনাৰ ক্ষেত্ৰত এই দেশসমূহে কোনো অৱস্থান গ্রহণ কৰিব বা কোনো ভূমিকা পালন নকৰিব। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ তেনে কোনো লক্ষ্য নাছিল। এই আন্দোলনৰ মূলকথা আছিল মহাশক্তিৰ কৱলৰ পৰা নিজকে মুক্ত ৰাখি স্বাধীনভাবে দেশীয় আৰু বৈদেশিক নীতি তথা স্বাৰ্থ নিৰ্ণয় কৰা। গোষ্ঠী নিৰপেক্ষ আন্দোলনে যিকোনো বৈদেশিক ৰাষ্ট্ৰত সামৰিক ঘাটি নির্মাণ নীতিৰ বিৰোধিতা কৰাটো অন্যতম লক্ষ্য হিচাপে চিহ্নিত কৰিছিল।

গোষ্ঠীনিৰপেক্ষ আন্দোলনে কোনো এক নির্দিষ্ট মতাদৰ্শন প্রতিনিধিত্ব কৰা নাছিল। কাৰণ এই আন্দোলনৰ মাজত ভিন্ন মতাদর্শ পোষণ কৰা বহুবোৰ জাতি ৰাষ্ট্ৰৰ সমাবেশ ঘটিছিল। বিশ্বশান্তি আৰু নিৰাপত্তাক প্রাধান্য দিয়া এই আন্দোলনক পৃথিৱীৰ সৰ্ববৃহৎ শান্তি আন্দোলন নামেৰেও জন্য যায়। বহুতেই হ’ব খোজে যে এই আন্দোলনে কি কৰিব বিচাৰিছিল বুলি সোধতকৈ কি কৰিব বিচৰা নাছিল বুলি সুধিলেহে গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ সঠিক চৰিত্ৰ বুজিব পাৰি। এই আন্দোলনে কোনো পরিস্থিতিতে কোনো সামৰিক মিত্ৰজোঁটৰ অংশীদাৰী হ’ব বিচৰা নাছিল।

১৪। শীতল যুদ্ধত যুগত NAMৰ নেতা হিচাপে ভাৰতৰ ভূমিকা সম্পর্কে আলোচনা কৰা। 

উত্তৰঃ গোষ্ঠী নিৰপেক্ষ আন্দোলন গঢ়ি উঠাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰথম প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৱে গুরুত্বপূর্ণ ভূমিকা পালন কৰিছিল। শীতল যুদ্ধৰ কালত ভাৰতবৰ্ষই গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ দ্বাৰা ন্যায় আৰু শান্তির ওপৰত প্রতিষ্ঠিত এক আন্তর্জাতিক ব্যৱস্থা গঢ়ি তোলাৰ স্বাৰ্থত সক্রিয় ভূমিকা পালন কৰিছিল।

ভাৰতবৰ্ষই দুই মহাশক্তিৰ ক্ৰমে ছোভিয়েট সংঘ আৰু মার্কিন যুক্তৰাষ্ট্ৰৰ লগত সমদুৰত্ব আৰু সম বন্ধুত্ব বজাই ৰাখিবৰ বাবে চেষ্টা চলাইছিল। দুই মহাশক্তিয়ে পোষকতা কৰা দুই ভিন্ন মতাদৰ্শৰ সংমিশ্ৰণৰে ভাৰতবৰ্ষ গণতান্ত্রিক সমাজবাদ গঢ়ি তোলাৰ বাবে চেষ্টা কৰিছিল।

আন্তর্জাতিক বাজনীতিত সৃষ্টি হোৱা উত্তেজনা বোধ কৰাৰ ক্ষেত্ৰটো সক্রিয় ভূমিকা পালন কৰিছিল। শীতল যুদ্ধৰ সময়ত দুই মহাশক্তিৰ মাজত সৃষ্টি হোৱা সংঘাতৰ পৰিণতিত যাতে যুদ্ধৰ সূচনা নহয় সেই ক্ষেত্ৰত ভাৰতবৰ্ষই দুই মহাশক্তিৰ মাজত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিছিল। উদাহৰণস্বৰূপে ১৯৫০ চনৰ পৰা ১৯৫৩ চনলৈকে সংঘটিত হোৱা কোৰিয়া যুদ্ধৰ সমাপ্তিৰ বাবে ভাৰতবৰ্ষই সক্রিয়ভাবে মধ্যস্থতাকারী ভূমিকাত অৱতীৰ্ণ হৈছিল।

আন্তর্জাতিক শান্তি আৰু নিরাপত্তা বজাই ৰখাৰ ক্ষেত্ৰত দুই মহাশক্তিৰ অংশীদাৰ নোহোৱা আৰু গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ সদস্যভুক্ত হোৱা ৰাষ্ট্ৰসমূহক সংগঠিত আৰু সক্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত ভাৰতবৰ্ষই উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। স্বাধীনতাৰ প্ৰতি সম্মান প্ৰদৰ্শন কৰা ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা মনোভাব আৰু পৰিবেশ গঢ়ি তুলি তাৰ আধাৰত শীতল যুদ্ধৰ উত্তেজনা হ্ৰাস কৰিবৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

১৫। শীতল যুদ্ধৰ সময়ত মার্কিন যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ প্ৰতি ভাৰতৰ বৈদেশিক নীতি কি আছিল? ভাৰতৰ স্বাৰ্থত এই নীতিয়ে সহায় কৰিছেনে?

উত্তৰঃ শীতল যুদ্ধৰ কালত আন্তর্জাতিক ৰাজনীতিত ভাৰতবৰ্ষৰ ভূমিকা গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মতবাদৰ আদৰ্শ আৰু লক্ষ্যৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল। শীতল যুদ্ধৰ সময়ত সৃষ্টি হোৱা দুই মিত্র শক্তিয়ে গঢ়ি তোলা সামৰিক মিত্ৰজোঁটৰ পৰা ভাৰতবৰ্ষই নিজকে আঁতৰাই ৰাখিছিল। 

শীতল যুদ্ধৰ সময়ত ভাৰতবৰ্ষই দুই মহাশক্তি ক্রমে ছোভিয়েট সংঘৰ আৰু মার্কিন যুক্তৰাষ্ট্ৰৰ লগত সমদূৰত্ব আৰু সমবন্ধুত্ব বজাই ৰাখিবৰ বাবে চেষ্টা চলাইছিল। দুই মহাশক্তিয়ে পোষকতা কৰা দুই ভিন্ন মতাদৰ্শৰ সংমিশ্ৰণেৰে ভাৰতবৰ্ষই গণতান্ত্রিক সমাজবাদ গঢ়ি তোলাৰ হকে প্রচেষ্টা চলাইছিল। গোষ্ঠী নিৰপেক্ষতাৰ আধাৰত গঢ়ি তোলা বৈদেশিক নীতিয়ে ভাৰতবৰ্ষৰ জাতীয় স্বার্থক সুৰক্ষিত আৰু প্ৰসাৰিত কৰাতো অৰিহণা যোগাইছিল। এই ক্ষেত্ৰত ভাৰতবৰ্ষ দুই ধৰণে উপকৃত হৈছিল। সেই দুটা হ’ল কোনো মহাশক্তিৰ অধীনস্থ নোহোৱাকৈ স্বতন্ত্রভাবে দেশীয় আৰু আন্তর্জাতিক নীতি নিৰ্ধাৰণ কৰিছিল আৰু দুয়ো শিবিৰৰ পৰা সাহায্য আৰু সমর্থন লাভৰ পথ খোলা ৰাখিছিল।

(খ) নিজৰ স্বাৰ্থ সুৰক্ষিত হোৱাকৈ দুই মহাশক্তিৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব পাৰিছিল। কোনো পক্ষৰ পৰা অৱহেলা আৰু হেঁচাৰ সৃষ্টি হ’লে আন পক্ষৰ ঘনিষ্ঠ হ’বলৈ চেষ্টা কৰি এনে অবহেলা বা হেঁচাৰ অন্ত পেলাইছিল।

১৬। এই মহাশক্তিৰ সৰু সৰু ৰাষ্ট্ৰসমূহৰ সৈতে কিয় সামৰিক সহযোগিতা আছিল? তিনিটা কাৰণ দৰ্শোৱা।

উত্তৰঃ শীতল যুদ্ধৰ সময়ত বৃহৎ শক্তিসমূহক সৰু সৰু ৰাষ্ট্ৰবোবৰ সৈতে সামৰিক সহযোগিতাৰ প্রয়োগ হৈছিল। সৰু সৰু বাইবোৰৰ তুলনাত বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহৰ শক্তি যথেষ্ট বেছি আৰু আর্থিকভাবে টনকিয়াল, তথাপিও এই ৰাষ্ট্ৰসমূহে সৰু সৰু ৰাষ্ট্ৰবোৰৰ লগত মিত্রতা স্থাপন কৰিব বিচাৰে। ইয়াৰ মূল কাৰণ তিনিটা হ’ল

(ক) সৰু সৰু ৰাষ্ট্ৰবোৰত থকা তেল আৰু খনিজ সম্পদ আহৰণৰ বাবে মিত্রতা কৰিছিল। 

(খ)সৰু সৰু ৰাষ্ট্ৰবোৰৰ পৰা বৃহৎ ৰাষ্ট্ৰসমূহৰ শত্ৰু ৰাষ্ট্ৰত সামৰিক বাহিনী মেতায়েন স্থাপন আৰু ক্ষেপণাস্ত্র নিক্ষেপ কৰাত সুবিধা হয়। 

(গ) সৰু সৰু ৰাষ্ট্ৰবোৰৰ পৰা শক্ত পক্ষৰ ৰাষ্ট্ৰত চোৰাং চোৱাগিৰি কৰাত সহায় হয়। 

১৭। অস্ত্রশস্ত্ৰৰ নিয়ন্ত্রণ বজাই ৰাখিবলৈ মার্কিন যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ মাজতbস্বাক্ষৰিত চুক্তি তিনিখনৰ বিষয়ে ব্যাখ্যা কৰা। 

উত্তৰঃ অস্ত্র-শস্ত্ৰৰ নিয়ন্ত্রণ বজাই ৰাখিবলৈ মার্কিন যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ মাজত স্বাক্ষৰিত হোৱা চুক্তি তিনিখনৰ বিষয়ে তলত চমুকৈ বৰ্ণনা কৰা হ’ল – 

(ক) সীমিত পৰীক্ষা নিষিদ্ধকৰণ চুক্তি : বায়ুমণ্ডল, আকাশৰ বহিবভাগত বা পানীৰ তলত পারমাণবিক অস্ত্র পরীক্ষা নিষিদ্ধকৰণ চুক্তিখন সম্পাদন হৈছিল। ১৯৬৩ চনৰ ৫ আগষ্টত আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্রেট ব্রিটেইন আৰু ছোভিয়েট বাছিয়াব মাজত আৰু ইয়াক কাৰ্যকৰী কৰা হৈছিল ১৯৬৩ চনৰ ১০ অক্টোবৰৰ পৰা।

(খ) পারমাণবিক অস্ত্র সম্প্ৰসাৰণ বিৰোধ চুক্তি : পারমাণবিক অস্ত্র সম্প্ৰসাৰণ বিবোধ চুক্তি অনুসৰি কেৱল পাৰমাণৱিক শক্তি আহৰণ কৰা ৰাষ্ট্ৰসমূহৰহে পাৰমাণৱিক অস্ত্র থাকিব। এই চুক্তি অনুসৰি পাৰমাণকির বাষ্ট্ৰ বুলি ক’লে সেইবোৰ ৰাষ্ট্ৰক গণ্য কৰা হ’ব, যিবোধ ৰাষ্ট্ৰই ১৯৬৭ চনৰ ১ জানুৱাৰীৰ আগতে পাৰমাণবিক অস্ত্ৰ তৈয়াৰ কৰিছিল। এই চুক্তি ১৯৬৮ চনৰ ১ জুলাইত ৱাশ্বিংটন, লণ্ডন আৰু মস্কোেত স্বাক্ষবিত হৈছিল আৰু বলবৎ হৈছিল ১৯৭০ চনৰ মাৰ্চ মাহত।

(গ) অস্ত্র সীমিতকরণ কৌশল আলোচনা -১: প্রথমতে অস্ত্র সীমিতকরণ কৌশলব বিষয়ে আলোচনা হৈছিল ১৯৬৯ চনৰ নৱেম্বৰৰ মাহত। ইয়াৰ পিছত ছোভিয়েট নেতা মিথাইল ব্রেজনেভ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি বিছাৰ্ড নিক্সনে মস্কোেত এন্টি ব্যালিচিটিক মিছাইল পদ্ধতিৰ সীমিতকৰণ চুক্তি আৰু ৰণকৌশল আগ্রাসী অস্ত্র সীমিকৰণৰ দুখন আন্তর্জাতিক চুক্তিত ১৯৭২ চনৰ ২৬ মে’ত স্বাক্ষণ কৰিছিল। এই চুক্তি দুখন ১৯৭২ চনৰ ৩ অক্টোবৰত কাৰ্যকৰী কৰা হৈছিল।

১৮। গোষ্ঠী নিৰপেক্ষতা নিঃসঙ্গতা বা নিৰপেক্ষতা হয়নে? কিয় ? 

উত্তৰঃগোষ্ঠী নিৰপেক্ষতা দেশসমূহে মিত্ৰ জোঁটত অন্তর্ভুক্ত নোহোৱাটোৱে এইটো নুসূচায় যে এই ৰাষ্ট্ৰসমূহ অকলশৰীয়া বা সম্পূর্ণ নিৰপেক্ষ। ৰাষ্ট্ৰ এখনত অকলশৰীয়া তেতিয়াহে কোৱা হয়, যেতিয়া ই সম্পূর্ণভাবে আন্তর্জাতিক বিষয়বোৰৰ পৰা আঁতৰি থাকে।

গোষ্ঠী নিৰপেক্ষই শীতল যুদ্ধৰ সময়ত দুই বিপক্ষ মিত্ৰগোষ্ঠীৰ মাজত শান্তি আৰু সুস্থিৰ বাতাবৰণ অনাৰ বাবে অহৰহ প্ৰচেষ্টা কৰিছিল। গোষ্ঠী নিৰপেক্ষ ৰাষ্ট্ৰসমূহ মিত্র গোষ্ঠী দুটাই নিজৰ নিজৰ পক্ষত লবৰ বাবে চেষ্টা চলাইছিল; কিন্তু এই ৰাষ্ট্ৰসমূহৰ মাজত থকা একতা আৰু নিৰপেক্ষ হৈ থকাৰ ভাৱধাৰাই তেওঁলোকক কোনো পক্ষই নিজৰ ফলিয়া কৰিব পৰা নাছিল।

গোষ্ঠী নিৰপেক্ষ ৰাষ্ট্ৰসমূহে সদায় যে নিৰপেক্ষ ভূমিকা পালন কৰে তেনে নহয়। ‘নিৰপেক্ষ’ শব্দৰ প্ৰকৃত অৰ্থ হ’লে দুখন দেশৰ মাজত যুদ্ধ বা সংঘাতৰ সৃষ্টি হ’লে নীৰব দৰ্শকৰ দৰে চাই থকা। কিন্তু গোষ্ঠী নিৰপেক্ষ শব্দটোৱে এই অৰ্থটো সূচোৱা নাই। গোষ্ঠী নিৰপেক্ষ ৰাষ্ট্ৰসমূহে প্রয়োজন হ’লে যুদ্ধতো লিপ্ত হ’বলগীয়া হয়, যিদৰে বিশেষ কাৰণত ভাৰতবৰ্ষই কেইবাখনো যুদ্ধ কৰিবলগীয়া হৈছিল। অৱশ্যে গোষ্ঠী নিৰপেক্ষ ৰাষ্ট্ৰসমূহে যিমান দূৰ সম্ভৱ যুদ্ধ এৰাই চলিব বিচাৰে।

১৯। শীতল যুদ্ধৰ সমাপ্তিৰ পাচত গোষ্ঠী নিৰপেক্ষ আন্দোলনে ইয়াৰ প্ৰাসঙ্গিকতা হেৰুৱাইছে বুলি তুমি ভাবা নেকি ? তোমাৰ উত্তৰৰ যুক্তিযুক্ততা প্রতিপন্ন কৰা। 

উত্তৰঃ ১৯৮০ দশকৰ শেষৰ ফালে সমাজবাদী শিবিৰ দুৰ্বল হৈ আহিল আৰু ১৯৯১ চনত ছোভিয়েট সংঘৰ পতন হয়। ছোভিয়েট সংঘৰ পতনৰ লগে লগে শীতল যুদ্ধৰো সমাপ্তি হয় । শীতল যুদ্ধৰ অৱসানৰ পাছত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰাসংগিকতা আছে নে – এই প্রশ্নক কেন্দ্ৰ কৰি বিগত সময়ত আন্তর্জাতিক ৰাজনীতিত যথেষ্ট বিতর্ক হৈছে। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ অন্যতম উদ্যোক্তা ভাৰতবৰ্ষয়ো ১৯৯১ চনত অৰ্থনৈতিক সংস্কাৰ নীতি গ্ৰহণ কৰে। বিগত সময়ত ভাৰতবৰ্ষই মার্কিন যুক্তৰাষ্ট্ৰৰ লগত যথেষ্ট ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিছে। এই গোটেই ঘটনা প্রবাহে গোষ্ঠীনিৰপেক্ষ আন্দোলন তথা ভাৰতবৰ্ষৰ বৈদেশিক নীতি হিচাপে গোষ্ঠীনিৰপেক্ষ স্থিতিৰ প্ৰাসংগিকতা হেৰাই যোৱাৰ ইংগিত বহন কৰে। তৎসত্বেও গোষ্ঠী নিৰপেক্ষ আন্দোলন জীয়াই আছে আৰু ২০১০ বয়তো এই আন্দোলন সদস্য ৰাষ্ট্ৰৰ সংখ্যা ১১৮। এই কথাই গোষ্ঠীনিৰপেক্ষতাৰ আদৰ্শৰ প্ৰাসংগিকতাকে প্রতিপন্ন কৰে।

গোষ্ঠীনিৰপেক্ষ আন্দোলন যে এতিয়াও প্রাসংগিক সেই কথা তলত দিয়া সমূহে প্রতিপন্ন কৰে

(ক) বিশ্বত এতিয়াও এক মহাশক্তি বর্তি আছে। এই মহাশক্তিৰ দ্বাৰা যাতে তৃতীয় বিশ্বৰ দেশসমূহৰ স্বাধীনতাৰ অস্তিত্ব বিপদাপন্ন নহয় তাক নিশ্চিত কৰিবৰ বাবে এক সামূহিক প্ৰতিৰোধ শক্তি প্রয়োজন আছে। গোষ্ঠীনিৰপেক্ষ আন্দোলনে এনে এক সামূহিক প্ৰতিৰোধ শক্তি হিচাপে কাম কৰিব পাৰে।

(খ) শীতল যুদ্ধৰ উত্তৰকালত গঢ়ি উঠা আন্তর্জাতিক ব্যবস্থা গণতান্ত্রিক নীতিৰ ওপৰত প্রতিষ্ঠিত নহয়। গতিকে এনে অ-গণতান্ত্রিক ব্যৱস্থাৰ বিৰুদ্ধে যুঁজ কৰিবলৈ তৃতীয় বিশ্বৰ দেশসমূহক এক সামুহীয়া মঞ্চ লাগে। গোষ্ঠীনিৰপেক্ষ আন্দোলনে এই মঞ্চ প্ৰদান কৰি আহিছে।

(গ) শীতল যুদ্ধৰ সমাপ্তিৰ পিছত দাৰিদ্ৰতা, বৈষম্যমূলক নীতিৰ দ্বাৰা তৃতীয় বিশ্বৰ দেশবোৰ পীড়ত হৈ আছে। এনে সমস্যা সমাধানৰ বাবে গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰাসংগিক আছে।

২০। যুদ্ধোত্তৰ কালত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ ভূমিকা সম্পৰ্কে চমুকৈ বিশ্লেষণ কৰা। 

উত্তৰঃ দ্বিতীয় মহাযুদ্ধৰ সমাপ্তিৰ পিছত সামৰিক আৰু আদৰ্শগত পাৰ্থক্যৰ ফলত বিশ্বত দুটা গোষ্ঠীৰ সৃষ্টি হয়। এই গোষ্ঠী দুটা হ’ল আমেৰিকান গোষ্ঠী (NATO) আৰু ছোভিয়েট সংঘৰ গোষ্ঠী (WARSAW)। এই গোষ্ঠী দুটাৰ পৃথক পৃথক সামৰিক মিত্ৰজোঁটৰ ফলত শীতল যুদ্ধ আৰম্ভ হয়।

শীতল যুদ্ধৰ সময়ত নতুনকৈ স্বাধীন হোৱা এছিয়া আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ ৰাষ্ট্ৰবোৰে লগ লাগি এটা তৃতীয় গোষ্ঠীৰ জন্ম দিয়ে। এই গোষ্ঠীটো হ’ল গোষ্ঠী নিৰপেক্ষ আন্দোলন। শীতল যুদ্ধৰ সময়ত বৃহৎ গোষ্ঠী দুটাৰ পৰা আঁতৰি থকা গোষ্ঠী নিৰপেক্ষ দেশসমূহে বৃহৎ শক্তি দুটাৰ মাজত সৃষ্টি হোৱা সংঘাত কিছু পৰিমাণে লাঘব কৰাত সহায়ৰ হাত আগবঢ়াইছিল। গোষ্ঠী নিৰপেক্ষৰ এজন মুখ্য নেতা জৱাহৰলাল নেহৰুৱে দুই কোৰিয়াৰ মাজত দেখা দিয়া সংঘাতৰ সময়ত মধ্যস্থতাৰ ভূমিকা গ্ৰহণ কৰিছিল।

শীতল যুদ্ধৰ সময়ত দুই মহাশক্তিৰ মাজত এক স্বতন্ত্ৰ অৱস্থান গ্ৰহণ কৰি শীতল যুদ্ধৰ উন্মদনা হ্রাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা গোষ্ঠী নিৰপেক্ষ আন্দোলন ৰাষ্ট্ৰসংঘৰ আৰু আন্তর্জাতিক ৰাজনীতিৰ কেতবোৰ গুৰুত্বপূৰ্ণ ঘটনাত প্রভাবশালী ভূমিকা পালন কৰিছিল। উদাহৰণস্বৰূপে আফ্ৰিকাৰ বৰ্ণাদ বিৰোধী আন্দোলন, পেলেষ্টাইন, জিম্বাবোরে অথবা নামিবিয়াৰ স্বাধীনতাৰ সংগ্রামটো গোষ্ঠীনিৰপেক্ষ আন্দোলনে গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছিল।

শীতল যুদ্ধৰ কালছোৱাত গোষ্ঠী নিৰপেক্ষত আন্দোলনে সুবিধাজনক নিৰপেক্ষতাৰ নীতি অৱলম্বন কৰাৰ পৰিবৰ্তে সক্রিয়তাৰে শান্তিপূর্ণ আৰু নিৰাপদ বিশ্বৰাজনীতি গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

২১। ছোভিয়েট প্ৰথাৰ অসুবিধাসমূহ উল্লেখ কৰা ।

উত্তৰঃ ১৯১৭ চনৰ ৰাছিয়া বিপ্লৱ পৰিণতিস্বৰূপে ১৫ খন প্রজাতন্ত্র লগ লাগি কার্লমাক্সৰ সমাজবাদী আদৰ্শৰে সমাজবাদী ৰাষ্ট্র প্রতিষ্ঠিত হয়। পৰিকল্পিত অর্থনৈতিক ব্যৱস্থাৰ দ্বাৰা ই এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে পৰিচিত হয়। কিন্তু ১৯৮০ দশকৰ পৰা ছোভিয়েট প্রথাত কিছুমান অসুবিধাই দেখা দিয়ে। ইয়াৰ ফলত ১৯৯১ চনত এই দেশখনৰ পতন ঘটে। ছোভিয়েট প্ৰথাৰ | প্ৰধান অসুবিধাবোৰ হ’ল 

(ক) ছোভিয়েট ব্যৱস্থা ক্রমে আমোলাতান্তিক মেৰপাক আৰু স্বৈতন্ত্রী কার্যকলাপৰ দ্বাৰা প্ৰভাৱান্বিত হ’বলৈ ধৰে। ষ্টেলিনৰ সময়ৰ পৰা এনে বিপর্যয় আৰম্ভ হয়। 

(খ) ছোভিয়েট সমাজবাদী ব্যৱস্থাত গণতান্ত্রিক প্রমূল্য, অথবা ব্যক্তিৰ মতপ্ৰকাশৰ স্বাধীনতাক মুঠেও সম্মান জনোৱা নাছিল। 

(গ) সংঘৰ আন আন গণৰাজ্যবোৰ আশা-প্রত্যাশাৰ সাম্যবাদী দলে সন্মান জনোৱা নাছিল। 

(ঘ) ছোভিয়েট সংঘ ব্যৱস্থাৰ ৰাছিয়াই সকলো কার্যকলাপ আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰই সম্পূর্ণ কর্তৃত্ব চলাইছিল।

(ঙ) প্রযুক্তি, শক্তি তথা যোগাযোগ ব্যৱস্থা ইত্যাদি ক্ষেত্ৰত মার্কিন যুক্তৰাষ্ট্ৰ আৰু পশ্চিমীয়া পুঁজিবাদী দেশতকৈ পিছপৰি ৰোৱা ছোভিয়েট সংঘর্ষ মহাশক্তি হিচাপে চলোৱা সামৰিক ব্যয়ে দেশৰ জনসাধাৰণৰ বাবে কৰিবলগীয়া ব্যয়ৰ নেতিবাচক প্রভাব পৰিছিল।

২২। ছোভিয়েট সংঘৰ বিলগ্ন হোৱাৰ মুখ্য ফলাফল ভাৰতৰ দৰে দেশৰ বাবে কি আছিল? 

উত্তৰঃ ১৯৯১ চনত ছোভিয়েট সংঘৰ পতন হৈ ১৫ খন ৰাষ্ট্ৰৰ সৃষ্টি হয়। শীতল যুদ্ধ অব্যাহত থকা সময়ছোৱাত ভাৰতবৰ্ষই ছোভিয়েট ইউনিয়নৰ সৈতে বন্ধুত্বপূর্ণ সম্পর্ক গঢ়ি তুলিছিল। কিন্তু ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ পিছত ভাৰতবৰ্ষ আন্তর্জাতিক প্রেক্ষাপট বন্ধুত্বহীন হৈ পৰিছিল। এনে সময়তে গোলকীয় অৰ্থনীতিৰ সৈতে খাপ-খোৱাটো ভাৰতবৰ্ষই ইয়াৰ অৰ্থনীতিক উদাৰীকৰণ কৰিবলগীয়াত পৰে।

নিৰাপত্তাৰ ক্ষেত্ৰত ভাৰতবৰ্ষই নিজকে শক্তিশালী কৰিবলগীয়া হৈছে। ইয়াৰ বাবে ভাৰতে ১৯৯৮ চনত পাৰমাণৱিক পৰীক্ষা সম্পাদন কৰি সামৰিক শক্তি বৃদ্ধি কৰিছে।

ভাৰতবৰ্ষৰ পঞ্চবার্ষিক পৰিকল্পনা ধাৰণাটো আৰু ছোভিয়েট সংঘৰ আৰ্হিৰ কিন্তু ছোভিয়েট সংঘৰ পতনৰ ফলত ভাৰতে ইয়াৰ পৰিকল্পনা নিজে নিজে পৰিচালিত কৰিবলগীয়া হৈছে। 

১৯৯১ চনৰ পিছত ভাৰতবৰ্ষই নতুন অর্থনীতি নীতি ঘোষণা কৰি অর্থনীতি ক্ষেত্ৰত উদাৰীকৰণ কৰি মুক্ত বাণিজ্য নীতি ঘোষণা কৰিবলগীয়া হয়।

১৯৯১ চনলৈ যিবোৰ প্ৰতিষ্ঠান ৰাজহুৱা খণ্ডত আছিল তাৰ প্ৰায়ভাগ প্রতিষ্ঠান ব্যক্তিগত খণ্ডলৈ পৰিবৰ্তন কৰিবলগীয়া হয়।

Go The Previous Page

1 2

Leave a Reply