Class 12| Logic And Philosophy| Chapter-8| ধর্ম

Class 12| Logic And Philosophy| Chapter-8| ধর্ম। এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব AHSEC Class 12| Logic And Philosophy| Chapter-8| ধর্ম পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়।

HS Second Year Question Answer (Assamese Medium)

EnglishClick Here
অৰ্থনীতি (Economy)Click Here
ভূগোল (Geography)Click Here
हिंदी Click Here
অসমীয়াClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
ৰাজনীতি (Political Science)Click Here
সমাজতত্ত্ব (Sociology)Click Here
তৰ্কবিদ্যা আৰু দর্শনশাস্ত্ৰ (Logic & Philosophy)Click Here
নৃতত্ত্ব (Anthropology)Click Here

Class 12| Logic And Philosophy| Chapter-8| ধর্ম

চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া ছাত্র-ছাত্ৰীৰ বাবে আমাৰ এই ৱেবছাইটত শেহতীয়া পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি পাঠ Class 12| Logic And Philosophy| Chapter8| ধর্ম ভিত্তিক প্ৰশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। যত ছাত্ৰ-ছাত্ৰীয়ে অনলাইন যোগে পঢ়িব পাৰিব।

অষ্টম অধ্যায়

অতি চমু প্রশ্ন : 

১। “Religion” শব্দটো কোনটো লেটিন শব্দৰ পৰা উৎপত্তি হৈছে? 

উত্তৰঃReligion শব্দটো ‘Religare’ শব্দৰ পৰা উৎপত্তি হৈছে।

২। লেটিন শব্দ “Religare” ৰ অৰ্থ কি?

উত্তৰঃশব্দৰ অৰ্থ হৈছে ‘বন্ধন’।

৩। “ধর্ম” শব্দটো কোনটো সংস্কৃত শব্দৰ পৰা উৎপত্তি হৈছে?

উত্তৰঃসংস্কৃত শব্দ ‘ধৰ্ম’, ‘ধৃ’ ধাতুৰ লগত “মন” প্রত্যয় সংযোগ কৰি উৎপত্তি হৈছে।

8। কাৰ মতে “ধৰ্ম হ’ল সসীম আত্মাৰ মাধ্যমত নিজৰ ঐশ্বৰিক আত্মাৰ সম্পর্কে জ্ঞান?”

উত্তৰঃদার্শনিক হেগেলৰ মতে।

৫। আমাৰ সকলো কৰ্তব্যক ঐশ্বৰিক আদেশ ৰূপে স্বীকাৰ কৰি লোৱাই হ’ল ধৰ্ম কথাটো কোনে কৈছে?

উত্তৰঃদার্শনিক কান্টে কৈছে।

৬। ধৰ্মৰ পৰাই নীতিৰ উৎপত্তি – কথাটো বিশ্বাস কৰা নে?

উত্তৰঃ কথাটো বিশ্বাস কৰিব নোৱাৰি।

৭। ‘ধৰ্মৰ উদ্দেশ্য ধৰ্ম নিজেই’—কথাটো বিশ্বাস কৰা নে? 

উত্তৰঃকথাটো বিশ্বাস কৰিব নোৱাৰি।

৮।  “ধৰ্ম হ’ল সসীম আত্মাৰ মাধ্যমত নিজৰ ঐশ্বৰিক আত্মাৰ সম্পৰ্কে জ্ঞান কোনে কৈছিল?

উত্তৰঃএই কথাষাৰ হেগেলে কৈছিল। 

৯। “ধর্ম হ’ল আধ্যাত্মিক জীৱত বিশ্বাস”—কথাষাৰ কোনে কৈছিল? 

উত্তৰঃ কথাবাৰ টাইলৰে কৈছিল।

১০। “ধর্ম হল অসীমৰ প্ৰত্যক্ষণ বা উপলব্ধি”—কথাষাৰ কোনে কৈছে?

উত্তৰঃমেক্‌সুমালাৰে। 

১১। “ধৰ্মৰ অপৰিহাৰ্য বৈশিষ্ট্য হ’ল ঈশ্বৰৰ ওপৰত একান্ত নিৰ্ভৰতাবোধ”—কথাবাৰ কোনে কৈছে? 

উত্তৰঃ: শ্লেয়ামেকাৰে।

১২। “ধর্মহ’ল আবেগ স্পর্শিত নৈতিকতা।”—কথাবাৰ কোনে কৈছে? 

উত্তৰঃমেথিউ আর্নল্ডে।

১৩। “ধর্ম হ’ল এজন নিয়ত অস্তিত্বশীল ঈশ্বৰত বিশ্বাস, যিজন ঈশ্বৰে এক ঐশ্বৰিক মন আৰু ইচ্ছাৰ জগতক নিয়ন্ত্রণ কৰে আৰু মানুহৰ লগত এক পাৰস্পৰিক নৈতিক সম্পর্ক স্থাপন কৰাৰ চেষ্টা কৰে।”—উক্তিটোৰ বক্তা কোন?

উত্তৰঃমার্টিনিউ।

১৪। “ধর্ম হ’ল মূল্যৰ অবিনাশিতাত বিশ্বাস”—উক্তিটোৰ বক্তাজনৰ নাম লিখা। 

উত্তৰঃহেৰল্ড হফডিং

১৫। নীতিৰ পৰাই ধৰ্মৰ উৎপত্তি এই মতবাদ সমর্থক কোনে? 

উত্তৰঃ কাণ্ট, মাৰ্টিনিউ আদি নীতি বিজ্ঞানীসকল।

চমু প্রশ্ন (আৰ্হি নং-১) 

১। ধৰ্ম শব্দটোৰ অৰ্থ কি? 

উত্তৰঃ ধৰ্ম শব্দৰ অৰ্থ হ’ল যিয়ে ধাৰণ কৰে।

২  ধৰ্মৰ ক্ষেত্ৰত কি কি মানসিক শক্তিয়ে প্ৰেৰণাৰূপে ক্রিয়া কৰে? 

উত্তৰঃ ধৰ্মৰ ক্ষেত্ৰত ব্যক্তিৰ জীয়াই থকাৰ বাসনা, আত্মবিকাশ আৰু কল্যাণ লাভৰ আগ্ৰহ আৰু আত্মোপলব্ধিৰ আকাংক্ষা আদি মানসিক শক্তিয়ে প্ৰেৰণাৰূপে ক্ৰিয়া কৰে।

৩। মেথিউ আর্নল্ডৰ মতে ধর্ম কি?

উত্তৰঃ মেথিউ আর্নল্ডৰ মতে “ধৰ্ম হ’ল আবেগ স্পর্শিত নৈতিকতা।”

8। ধৰ্মৰ দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য লিখা।

উত্তৰঃধৰ্মৰ দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল:

(ক) ধৰ্মৰ ক্ষেত্ৰত ব্যক্তিৰ জীয়াই থকাৰ বাসনা, আত্মবিকাশ আৰু কল্যাণ লাভৰ আগ্ৰহ আৰু আত্মোপলব্ধিৰ আকাংক্ষা আদি শক্তিয়ে প্ৰেৰণাৰূপে ক্রিয়া কৰে। 

(খ) ধৰ্মই কোনো উচ্চতৰ অতীন্দ্ৰিয় সত্তাত বিশ্বাস কৰে আৰু ব্যক্তিয়ে নিজৰ মংগলৰ কাৰণে এই সত্তাৰ ওপৰত নিৰ্ভৰ কৰে।

৫।  ধৰ্ম আৰু নৈতিকতাৰ মাজত সাদৃশ্য কি কি ?

উত্তৰঃধৰ্ম আৰু নৈতিকতা দুয়ো আত্মাৰ অমৰত্ব স্বীকাৰ কৰে। নৈতিকতাৰ আদৰ্শক সীমিত জীৱনৰ লাভ কৰা সম্ভৱ নহয়। এই পৰম আদৰ্শক জন্ম-জন্মান্তৰৰ প্ৰচেষ্ঠাৰ দ্বাৰা অমৰ আত্মাক স্বীকাৰ কৰিলেহে মানুহৰ নৈতিক প্রচেষ্টা সার্থক হয়। গতিকে ধৰ্ম আৰু নৈতিকতাৰ মাজত ওতঃপ্রোত সম্বন্ধ আছে।

৬। ধৰ্ম আৰু নৈতিকতাৰ মাজত থকা দুটা বৈসাদৃশ্য লিখা।

উত্তৰঃধৰ্ম আৰু নৈতিকতাৰ মাজত থকা দুটা বৈসাদৃশ্য হ’ল 

(ক) ধর্ম ঈশ্বৰ কেন্দ্ৰিক আৰু নীতি মানৱ কেন্দ্রিক।

(খ) নৈতিকতাৰ লগত সত্তাৰ অলৌকিকতাৰ সম্পৰ্ক নাই। কিন্তু ধৰ্মৰ লগত সত্তাৰ অলৌকিকতাৰ সম্পর্ক আছে।

৭। “ধৰ্মৰ উদ্দেশ্য ধৰ্ম নিজেই” কথাটো বিশ্বাস কৰা নে? কাৰণ ব্যাখ্যা কৰি উত্তৰ দিয়া।

উত্তৰঃ: “ধৰ্মৰ উদ্দেশ্য ধর্ম নিজেই” কথাটো বিশ্বাস কৰিব নোৱাৰি। কাৰণ, ধর্মীয় জীৱনত নৈতিক চেতনাৰ অৱদানৰ মূল্য অসীম। নীতি আৰু ধৰ্ম পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। নীতি ধৰ্মৰ কাৰণে আৰু ধৰ্ম নীতিৰ কাৰণে অপৰিহাৰ্য। নীতি অবিহনে ধর্ম কেবল মাত্র লৌকিকতাত বিশ্বাস আৰু কু-সংস্কাৰৰ বাহিৰে একো নহয়। আকৌ ধৰ্মও নীতিৰ কাৰণে অপৰিহাৰ্য। নীতিৰ শেষ পৰিণতি ধৰ্মত।

চমু প্রশ্ন (আৰ্হি নং-২)

১। ধৰ্মৰ তিনিটা বৈশিষ্ট্য লিখা।

উত্তৰঃ: ধৰ্মৰ বৈশিষ্ট্যবোৰ হ’ল—

প্ৰথমতে, ধৰ্মৰ ক্ষেত্ৰত কিছুমান মানসিক শক্তিয়ে প্ৰেৰণাৰূপে ক্রিয়া কৰে। যেনে ব্যক্তিৰ জীয়াই থকাৰ বাসনা, আত্মবিকাশ আৰু কল্যাণ লাভৰ আগ্ৰহ আৰু আত্মোপলব্ধিৰ আকাংক্ষা। দ্বিতীয়তে, ধর্মই কোনো উচ্চতৰ অতীন্ত্ৰিয় সত্তাত বিশ্বাস কৰে আৰু ব্যক্তিয়ে নিজৰ মঙ্গলৰ কাৰণে এই সত্তাৰ ওপৰত নিৰ্ভৰ কৰে। ঈশ্বৰৰ লগত মানুহৰ সম্পৰ্কৰ্ক কেন্দ্ৰ কৰি মানুহৰ মনত যি ভাৱে, ধাৰণা, চিন্তা আৰু অনুভূতিৰ উদয় হয়, সেইবিলাক ধৰ্মৰ আভ্যন্তৰীণ দিশ।

তৃতীয়তে, ধৰ্মৰ এটা বাহ্যিক দিশো আছে। অর্থাৎ ধৰ্মীয় আচাৰ অনুষ্ঠানৰ মাজেদি ধৰ্মীয়া অনুভূতি প্রকাশ পায়। 

২। ধৰ্ম আৰু নৈতিকতাৰ মাজত তিনিটা গুৰুত্বপূৰ্ণ পার্থক্য লিখা।

উত্তৰঃ: ধৰ্ম আৰু নৈতিকতাৰ মাজত বৈসাদৃশ্য সমূহ হ’ল 

(ক) ধৰ্ম ঈশ্বৰ কেন্দ্ৰিক আৰু নীতি মানৱ কেন্দ্রিক।

(খ) নৈতিকতাৰ লগত সত্তাৰ অলৌকিকতাৰ সম্পর্ক নাই। কিন্তু ধর্মব লগত সত্তাৰ অলৌকিকতাৰ সম্পৰ্ক আছে।

(গ) নীতিয়ে কেবল কল্যাণ সম্পর্কে আলোচনা কৰে। কিন্তু ধৰ্মই কল্যাণৰ বাহিৰেও সত্য আৰু সুন্দৰৰো আলোচনা কৰে। গতিকে নীতিৰ তুলনাত ধৰ্মৰ পৰিসৰ ব্যাপক।

(ঘ) নীতি হ’ল অসীমৰ দিশলৈ অগ্ৰগতি আৰু ধৰ্ম হ’ল অসীমৰ মাজৰ পৰাই অগ্রগতি। 

(ঙ) নৈতিকতা প্রধানতঃ আৱেগ মুক্ত। আনহাতে ধর্ম হ’ল আৱেগযুক্ত অভিজ্ঞতা।

(চ) ইচ্ছাৰ স্বাধীনতাৰ চেতনা অবিহনে নীতি সম্ভৱ নহয়। আনহাতে, ধৰ্মৰ ক্ষেত্ৰ হ’ল অনিবার্যতাৰ ক্ষেত্র।

৩। ধর্ম সম্পর্কে ফ্লিন্টে দিয়া সংজ্ঞা বর্ণনা কৰা। 

উত্তৰঃফ্ৰিণ্টৰ মতে ‘ধৰ্ম হ’ল এনে এক বা একাধিক সত্তাত মানুহৰ বিশ্বাস, যি সত্তা মানুহতকৈ বহুত বেছি শক্তিশালী আৰু তেওঁ ইন্দ্ৰিয়ৰ অনভিগম্য, অথচ তেওঁৰ আবেগ আৰু কাৰ্যৰ প্ৰতি উদাসীন নহয় আৰু যি বিশ্বাসৰ লগত যুক্ত হৈ আছে তেওঁৰ অনুভূতি আৰু আচৰণ।

ধৰ্মৰ অন্যান্য সংজ্ঞাৰ তুলনাত ফ্ৰিণ্টৰ এই সংজ্ঞাটো অপেক্ষাকৃতভাবে সন্তোষজনক। কিয়নো ধৰ্মৰ প্ৰয়োজনীয় বৈশিষ্ট্যৰ কেইবাটাও উপাদান এই সংজ্ঞাটোত উল্লেখ কৰা হৈছে।

8।  ডেকাৰ্টসৰ মতে “ধৰ্মৰ পৰাই নীতিৰ উৎপত্তি” – এই মতটো অস্বীকাৰ কৰিলে তাৰ বাবে কাৰণ আগবঢ়োৱা।

উত্তৰঃ: ডেকাৰ্টৰ মত অনুসৰি ‘ধৰ্মৰ পৰাই নীতিৰ উৎপত্তি।’ কিন্তু উপৰোক্ত মতটো গ্ৰহণ কৰিব নোৱাৰি। কাৰণ, এই মতবাদ অনুযায়ী ঈশ্বৰৰ কোনো নিজস্ব নৈতিক চৰিত্ৰ নাই। মানুহে বিশ্বাস কৰে ঈশ্বৰ সৰ্বশক্তিমান হ’লেও তেওঁ ইচ্ছা কৰিলেই ভালক বেয়া আৰু বেয়াক ভাল কৰিব নোৱাৰে। ঈশ্বৰ নৈতিক আদৰ্শৰ প্ৰকাশ। সেইবাবে, যি ভাল সেইটো ঈশ্বৰৰ স্বভাৱৰ লগত সামঞ্জস্যপূর্ণ আৰু যি বেয়া সেইটো তেওঁৰ স্বভাৱৰ বিৰোধী। আকৌ, এই মত অনুসৰি ঈশ্বৰ সৰ্বশক্তিমান। তেওঁৰ বিধি অনুসৰণ কৰাৰ বাবে তেওঁ মানুহক পুৰস্কৃত কৰে আৰু লংঘন কৰিলে মানুহক শাস্তি দিয়ে। কিন্তু পুৰস্কাৰৰ আশাত বা শাস্তিৰ ভয়ত যদি কোনো কাম কৰা হয়, তেতিয়াহ’লে সেই কাৰ্যৰ কোনো নৈতিক মূল্য নাথাকে।

৫। ধর্ম সম্পর্কে কাণ্টে দিয়া সংজ্ঞাৰ দোষবোৰ কি কি? 

উত্তৰঃধর্ম সম্পর্কে কাণ্টে দিয়া সংজ্ঞাৰ দোষবোৰ হ’ল তেওঁৰ সংজ্ঞাত তিনিটা মানসিক ক্রিয়া চিন্তা, অনুভূতি আৰু ইচ্ছাৰ ভিতৰত কেৱল ইচ্ছাকেই গুৰুত্ব দিয়া হৈছে। তেওঁৰ মতে, ধৰ্ম কেৱল ইচ্ছাৰ বিষয়। তেওঁ নৈতিক ইচ্ছাৰ পৰিপ্ৰেক্ষিতত ধৰ্মৰ সংজ্ঞা দিছে আৰু ধৰ্মীয় চেতনাক নৈতিক চেতনাৰ লগত অভিন্ন বুলি গণ্য কৰিছে। ঈশ্বৰৰ লগত সাহচাৰ্যৰ অলৌকিক অভিজ্ঞতা, প্রার্থনা, পূজা, উপাসনা, ঈশ্বৰ প্ৰতি ভক্তি যিবোৰ ধৰ্মীয় অভিজ্ঞতাৰ উল্লেখযোগ্য বৈশিষ্ট্য কাণ্টৰ সংজ্ঞাত সেইবোৰৰ অস্তিত্ব নাই।

৬। হেগেলৰ মতে ধৰ্ম কি? এই সংজ্ঞাৰ দোষবোৰ কি কি?

উত্তৰঃহেগেলৰ মতে ধর্ম হ’ল ‘জীবাত্মাক পৰমাত্মা ৰূপে স্বৰূপৰ জ্ঞান।’ তেওঁৰ মতে ‘ধৰ্ম হ’ল সসীম আত্মাৰ মাধ্যমত নিজৰ ঐশ্বৰিক আত্মাৰ সম্পৰ্কে জ্ঞান।

হেগেলৰ সংজ্ঞাৰ দোষ হ’ল যে তেওঁ ধৰ্মৰ বুদ্ধিগত বৈশিষ্ট্যৰ ওপৰত অত্যাধিক গুৰুত্ব আৰোপ কৰিছে আৰু ইচ্ছামূলক তথা আৱেগমূলক বৈশিষ্ট্যক উপেক্ষা কৰিছে। প্ৰকৃততে ধৰ্মত আমি মাত্ৰ ঈশ্বৰকে জানো সেইটো নহয়, আমাৰ অদৃষ্ট নিয়ামক কোনো অলৌকিক শক্তি বা সন্তাৰ লগত নৈতিক আৰু আধ্যাত্মিক সম্পৰ্ক প্ৰতিষ্ঠা কৰিছো বুলি ভাবো। ভক্তি, পূজা, উপাসনা আৰু ধর্মীয় আচার অনুষ্ঠানৰ লগত সম্পর্ক শূন্য ধৰ্ম কেবল শূন্যতাৰ বাহিৰে একোৱেই নহয়।

৭। ধৰ্মৰ সংজ্ঞাবোৰৰ ভিতৰত আটাইতকৈ সন্তোষজনক সংজ্ঞাটো লিখা। এই সংজ্ঞাৰ লগত জড়িত দার্শনিকজনৰ নাম লিখা।

উত্তৰঃ: বিভিন্ন দার্শনিকে ধর্ম সম্পর্কে বিভিন্ন সংজ্ঞা আগবঢ়াইছে যদিও সকলোবোৰ সংজ্ঞা ত্রুটিমুক্ত নহয়৷ এইবোৰ সংজ্ঞাই ধৰ্মৰ প্ৰকৃতি সম্পর্কে আংশিক সত্যহে ব্যক্ত কৰিছে। ধৰ্ম সম্পর্কে আটাইতকৈ সন্তোষজনক সংজ্ঞাটো হ’ল—’ধর্ম হ’ল এনে এক বা একাধিক সভাত মানুহৰ বিশ্বাস, যি সত্তা মানুহাতকৈ বহুত বেছি শক্তিশালী আৰু তেওঁ ইন্দ্ৰিয়ৰ অনভিগম্য, অধ্য তেওঁৰ আৱেগ আৰু কাৰ্বৰ প্রতি উদাসীন নহয় আৰু যি বিশ্বাসৰ লগত যুক্ত হৈ আছে তেওঁৰ অনুভূতি আৰু আচৰণ।” 

এই সংঘাটো দার্শনিক ল্ফিন্টে আগবঢ়াইছে।

দীঘলীয়া (আৰ্হিন ১)

১। ধৰ্মৰ বৈশিষ্ট্যবোৰ কি কি? 

উত্তৰঃধৰ্মৰ বৈশিষ্ট্যবোৰ হ’ল…

প্ৰথমতে, ধৰ্মৰ ক্ষেত্ৰত কিছুমান মানসিক শক্তিয়ে প্ৰেৰণাৰূপে ক্রিয়া করে। যেনে ব্যক্তিৰ জীয়াই থকাৰ বাসনা, আত্মবিকাশ আৰু কল্যাণ লাভৰ আগ্ৰহ আৰু আত্মোপলব্ধিৰ আকাংক্ষা।

দ্বিতীয়তে, ধর্মই কোনো উচ্চতৰ অতীন্ত্ৰিয় সত্তাত বিশ্বাস কৰে আৰু ব্যক্তিয়ে নিজৰ মঙ্গলৰ কাৰণে এই সত্তাৰ ওপৰত নিৰ্ভৰ কৰে। ঈশ্বৰৰ লগত মানুহৰ সম্পৰ্কক কেন্দ্ৰ কৰি মানুহৰ মনত যি ভাৱে, ধাৰণা, চিন্তা আৰু অনুভূতিৰ উদয় হয়, সেইবিলাক ধৰ্মৰ আভ্যন্তৰীণ দিশ।

তৃতীয়তে, ধৰ্মৰ এটা বাহ্যিক দিশো আছে। অর্থাৎ ধর্মীয় আচাৰ অনুষ্ঠানৰ মাজেদি ধর্মীয়া অনুভূতি প্রকাশ পায়।

চতুৰ্থতে, ধৰ্মৰ সামাজিক আৰু আনুষ্ঠানিক দিশো আছে।

২। ধর্ম সম্পর্কে কাণ্টে দিয়া সংজ্ঞা বর্ণনা কৰা। ইয়াৰ দোষবোৰ কি কি? 

উত্তৰঃ কাণ্টৰ মতে “আমাৰ সকলো কৰ্তব্যক ঐশ্বৰিক আদেশ ৰূপে স্বীকাৰ কৰি লোৱাই হ’ল ধৰ্ম। তেওঁ ধৰ্মক নৈতিক ধাৰণাৰ লগত অভিন্ন বুলি গণ্য কৰিছে।

ধর্ম সম্পর্কে কাণ্টে দিয়া সংজ্ঞাৰ দোষবোৰ হ’ল তেওঁৰ সংজ্ঞাত তিনিটা মানসিক ক্ৰিয়া চিন্তা, অনুভূতি আৰু ইচ্ছাৰ ভিতৰত কেৱল ইচ্ছাকেই গুৰুত্ব দিয়া হৈছে। তেওঁৰ মতে, ধৰ্ম কেৱল ইচ্ছাৰ বিষয়। তেওঁ নৈতিক ইচ্ছাৰ পৰিপ্ৰেক্ষিতত ধৰ্মৰ সংজ্ঞা দিছে আৰু ধৰ্মীয় চেতনাক নৈতিক চেতনাৰ লগত অভিন্ন বুলি গণ্য কৰিছে। ঈশ্বৰৰ লগত সাহচার্যৰ অলৌকিক অভিজ্ঞতা, প্ৰাৰ্থনা, পূজা, উপাসনা, ঈশ্বৰ প্ৰতি ভক্তি যিবোৰ ধৰ্মীয় অভিজ্ঞতাৰ উল্লেখযোগ্য বৈশিষ্ট্য কান্টৰ সংজ্ঞাত সেইবোৰৰ অস্তিত্ব নাই।

৩। ধৰ্ম আৰু নৈতিকতাৰ মাজত থকা পাৰ্থক্যবোৰ লিখা।

উত্তৰঃ ধৰ্ম আৰু নৈতিকতাৰ মাজত থকা পার্থক্য সমূহ হ’ল

(ক) ধর্ম ঈশ্বৰ কেন্দ্ৰিক আৰু নীতি মানৱ কেন্দ্রিক। 

(খ) নৈতিকতাৰ লগত সত্তাৰ অলৌকিকতার সম্পর্ক নাই। কিন্তু ধর্মৰ লগত সম্ভাব অলৌকিকতাৰ সম্পর্ক আছে। 

(গ) নীতিয়ে কেবল কল্যাণ সম্পর্কে আলোচনা করে। কিন্তু ধর্মই কল্যাণৰ বাহিৰেও সত্য আৰু সুন্দৰৰো আলোচনা কৰে। গতিকে নীতিৰ তুলনাত ধৰ্মৰ পৰিসৰ ব্যাপক।

(ঘ) নীতি হ’ল অসীমৰ দিশলৈ অগ্রগতি আৰু ধৰ্ম হ’ল অসীমৰ মাজৰ পৰাই অগ্রগতি।

(ঙ) নৈতিকতা প্রধানতঃ আবেগ মুক্ত। আনহাতে ধর্ম হ’ল আবেগযুক্ত অভিজ্ঞতা।

(চ) ইচ্ছাৰ স্বাধীনতাৰ চেতনা অবিহনে নীতি সম্ভৱ নহয়। আনহাতে, ধৰ্মৰ ক্ষেত্ৰ হ’ল অনিবাৰ্যতাৰ ক্ষেত্র।

8।  ধৰ্ম আৰু নৈতিকতা পৰম্পৰ পৃথক – এই মতবাদটো আলোচনা কৰা।

উত্তৰঃএই মতবাদ মতে নীতি আৰু ধৰ্ম স্বতন্ত্রভাৱে উদ্ভৱ হৈছে। ধৰ্মৰ উদ্ভৱ হৈছে কোনো পৰমসত্তাৰ ওপৰত নিৰ্ভৰশীলতাবোধৰ পৰা। মানুহৰ নিজৰ বিবেক নিজৰ সন্মুখত এটা নৈতিক আদর্শ দাঙি ধৰে আৰু নৈতিক উন্নতিৰ বাবে মানুহে এই নৈতিক আদর্শ অনুসৰণ কৰাৰ সংকল্প কৰে। এইভাবে নীতি বিজ্ঞানৰ উদ্ভৱ হৈছে। নীতি আৰু ধৰ্ম পৰস্পৰৰ ওপৰত ক্রিয়া কৰে আৰু প্ৰভাৱ বিস্তাৰ কৰে। এই পাৰস্পৰিক ক্রিয়া প্ৰতিক্ৰিয়াৰ ফলত নীতি আৰু ধৰ্ম উভয়ৰেই উন্নতি হয়। মানুহৰ ধৰ্ম জ্ঞান মানুহক স্বাভাৱিকভাৱেই ন্যায়ৰ পথত চলাৰ প্রেৰণা দিয়ে। সেইবাবে ধর্মজ্ঞান বাঢ়াৰ লগে লগে নীতিজ্ঞান উন্নত হৈ থাকে। আকৌ নীতি বৃদ্ধি হ’লৈ ধৰ্ম ভাব গভীৰ আৰু নিবিড় হৈ উঠে। ধর্মভাৱ সকলো কু-সংস্কাৰৰ পৰা মুক্ত হৈ পবিত্ৰ আৰু মহান হৈ উঠে।

Class-12| Logic and Philosophy তৰ্কবিজ্ঞান আৰু দর্শন

Sl. No.Contents
Chapter 1আগমন আৰু ইয়াৰ প্ৰকাৰ
Chapter 2আগমনৰ ভিত্তি
Chapter 3প্ৰকল্প
Chapter 4মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি
Chapter 5বাস্তৱবাদ: সৰল আৰু বৈজ্ঞানিক
Chapter 6ভাববাদ: আত্মগত আৰু বস্তুগত
Chapter 7নীতিশাস্ত্র
Chapter 8ধর্ম

৫। ধৰ্ম আৰু নৈতিকতাৰ মাজৰ চাৰিটা সাদৃশ্য লিখা ।

উত্তৰঃধৰ্ম আৰু নৈতিকতাৰ মাজত ঘনিষ্ঠ আৰু অবিচ্ছেদ্য সম্পর্ক আছে। নীতি অবিহনে ধৰ্ম আৰু ধৰ্ম অবিহনে নীতি কেতিয়াও সম্ভৱ নহয়। ধর্মৰ সকলো সময়তে এটা নৈতিক উদ্দেশ্য থাকে। ধৰ্ম আৰু নৈতিকতাৰ মাজৰ প্ৰধান চাৰিটা সাদৃশ্য থাকে।

ধৰ্ম আৰু নৈতিকতাৰ মাজৰ প্ৰধান চাৰিটা সাদৃশ্য হ’ল—

(ক) ধৰ্ম আৰু নীতিবিজ্ঞানে আত্মাৰ অমৰত্ব স্বীকাৰ কৰে।

(খ) ধৰ্ম আৰু নীতি বিজ্ঞান উভয়ে সমাজৰ মংগলৰ বাবে কিছুমান নিয়ম-নীতি,অভ্যাস বা আচৰণ আগবঢ়াইছে।

(গ) ধর্ম আৰু নীতিবিজ্ঞান দুয়োয়ে মানৱ কল্যাণৰ লগত সম্পর্কযুক্ত। 

(ঘ) ধৰ্ম আৰু নৈতিকতা এটা আনটোক প্রভাবিত কৰে। নৈতিক আদৰ্শৰ বাস্তৱ আৰু পূৰ্ণৰূপ হ’ল ঈশ্বৰ বা জগতসত্তা। নৈতিক আদর্শই ঈশ্বৰ বিশ্বাসত পূর্ণতা লাভ কৰে। সেই বাবে নীতি আৰু ধৰ্মৰ সম্পৰ্ক অতি গভীৰ।

দীঘলীয়া প্রশ্ন : (আৰ্হি নং ২)

১। ধৰ্ম কি? ধৰ্মৰ স্বৰূপ সম্পর্কে লিখা।

উত্তৰঃধৰ্ম মানুহৰ জীৱনত এটা গুৰুত্বপূৰ্ণ বিষয়। ধৰ্মত কিবা এটা উচ্চতৰ অদৃশ্য শক্তি স্বীকাৰ কৰি লোৱা হয় আৰু আমাৰ বিশ্বাস যে সেই শক্তিয়ে মানুহৰ অদৃষ্টক নিয়ন্ত্রণ কৰে। ধৰি লোৱা হয় যে সেই শক্তি মানুহৰ আনুগত্য, শ্রদ্ধা আৰু উপাসনাৰ অধিকাৰী। অর্থাৎ কোনো অতীন্দ্রিয় শক্তিত বিশ্বাসেই হ’ল ধৰ্ম আৰু এই বিশ্বাসেই মানুহৰ জীৱনৰ আটাইবোৰ মুখ্য অনুভূতি আৰু ক্ৰিয়াক নিয়ন্ত্ৰণ কৰে।

ধৰ্মৰ স্বৰূপ বুজিবলৈ প্ৰথমতে ধৰ্মৰ সংজ্ঞা আৰু তাৰ লগত ধৰ্ম আৰু মানুহৰ আচৰণ বা ক্রিয়া সম্পর্কে আলোচনা কৰিব লাগিব। বিশ্বাস, আচৰণ, বিচাৰ-বুদ্ধি আৰু আবেগ এই আটাইকেইটাই ধৰ্মৰ অন্তৰ্ভুক্ত। ধর্মমত আৰুৰীতি-নীতিৰ মাজত ধৰ্ম নিহিত। ধৰ্ম সদায় মানুহৰ অন্তৰত বিৰাজ কৰে।

হেগেলৰ মতে, ধৰ্ম হ’ল ‘জীবাত্মাক পৰমাত্মা ৰূপে স্বৰূপৰ জ্ঞান।’ টাইলৰৰ মতে, ‘ধৰ্ম হ’ল আধ্যাত্মিক জীৱত বিশ্বাস।’ মেক্সমুলাৰৰ মতে ‘ধৰ্ম হ’ল অসীমৰ প্ৰত্যক্ষণ বা উপলব্ধি’। হাবটি স্পেদাৰৰ মতে, ‘ধৰ্ম হ’ল এক আনুমানিক ধাৰণা যি বিশ্বজগতক বোধগম্য কৰি তোলে। কাণ্টৰ মতে – আমাৰ সকলো কর্তব্যক ঐশ্বৰিক আদেশৰূপে স্বীকাৰ কৰি লোৱাইহ’ল ধর্ম। ড্ৰিটৰ মতে – ‘ধৰ্ম হ’ল এনে এক বা একাধিক সত্তাত মানুহৰ বিশ্বাস, যি সত্তা মানুহতকৈ বহুত বেছি শক্তিশালী আৰু তেওঁ ইন্দ্ৰিয়ৰ অনভিগমা, অথচ তেওঁৰ আবেগ আৰু কাৰ্যৰ প্ৰতি উদাসীন নহয় আৰু যি বিশ্বাসৰ লগত যুক্ত হৈ আছে তেওঁৰ অনুভূতি আৰু আচৰণ।

ধৰ্মৰ অন্যান্য সংজ্ঞাৰ তুলনাত ফ্ৰিণ্টৰ সংজ্ঞাটো অপেক্ষাকৃতভাৱে সন্তোষজনক। কাৰণ, ধৰ্মৰ প্ৰয়োজনীয় বৈশিষ্ট্যৰ কেইবাটাও উপাদান এই সংজ্ঞাত উল্লেখ কৰা হৈছে। সকলোবোৰ সংজ্ঞাৰ পৰা এটা বিষয় স্পষ্ট হৈ পৰিছে যে অনুভূতি, ক্ৰিয়া আৰু বুদ্ধি এই তিনিটাৰ অকল মাত্ৰ এটা কেতিয়াও ধৰ্মৰ প্ৰয়োজনীয় উপাদান ৰূপে গণ্য হ’ব নোৱাৰে। ধৰ্ম সম্পৰ্কে দিয়া সংজ্ঞাবোৰ ধৰ্মৰ প্ৰকৃতি সম্পর্কে আংশিক সত্যহে ব্যক্ত কৰিছে। ধর্ম মানুহৰ প্ৰকৃতিৰ কোনো এটা অংশ মাত্ৰ অধিকাৰ কৰি থকা নাই। ধৰ্ম হ’ল এক পৰম তত্ত্বৰ প্ৰতি ব্যক্তিৰ সমগ্ৰ সত্তাৰ প্ৰতিক্ৰিয়া। ধৰ্মৰ ভিতৰত দুটা দিশ আছে এটা মনোগত আৰু আনটো বস্তুগত দিশ। মনৰ দিশৰ পৰা চাবলৈ গ’লে মানুহৰ সকলো মানসিক প্রক্রিয়া চিন্তা, অনুভূতি আৰু ইচ্ছা ধৰ্মৰ অন্তর্ভুক্ত। বস্তুগত দিশৰ পৰা বিচাৰ কৰিবলৈ গ’লে ধৰ্মই মানুহৰ চেতনাৰ উৰ্দ্ধত এক ঈশ্বৰিক তত্ত্বক নির্দেশ কৰে, যি ঐশ্বৰিক তত্ত্বৰ ভিতৰত মানৱ জীৱনৰ পৰম মূল্যবিলাক সংৰক্ষিত আছে। আকৌ ধর্মই পূজা, আত্মীয়তা, সেৱাৰ মাজেদি মনৰ লগত সেই চেতনাৰ উৰ্ধত থকা পৰম ঐশ্বৰিক তত্ত্বৰ সম্পৰ্কও নিৰ্দেশ কৰে। এই সম্পৰ্ক এটা বিশেষ লক্ষ্যৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। সেই ঐশ্বৰিক তত্ত্বই হৈ উঠে পৰম মূল্য, ধর্মীয় অভিজ্ঞতা চেতনাৰূপ মানসিক অৱস্থাৰ অতিন্দ্রিয় জগতক নির্দেশ করে। এই জগত একাধাৰে অতিবর্তী আৰু অন্তবর্তী। ধর্ম এটা অলৌকিক তত্ত্বত বিশ্বাস মাত্র নহয়, এই অলৌকিক তত্ত্বৰ প্ৰতি আবেগিক অনুক্ৰিয়া আৰু ইচ্ছামূলক প্রতিক্রিয়া হৈছে ধৰ্ম, যাৰ ফলত ব্যক্তিয়ে এই তত্ত্বৰ লগত সংগতি বিধানৰ কাৰণে সমগ্র জীবনক উপযোগী কৰি তোলাৰ প্ৰচেষ্টা চলায়।

২। শ্লেয়াৰমেকাৰৰ মতে ধৰ্ম কি ? তেওঁৰ সংজ্ঞাৰ দোষ-গুণবোৰ লিখা। 

উত্তৰঃশ্লেয়াৰমেকাৰৰ মতে, ‘ধৰ্মৰ অপৰিহাৰ্য বৈশিষ্ট্য হ’ল ঈশ্বৰৰ ওপৰত একান্ত নিৰ্ভৰতাবোধ’। তেওঁৰ মতে ধৰ্ম হ’ল শুদ্ধ অনুভূতি অর্থাৎ এনে এটা অনুভূতি, যিটো এফালে চিন্তনৰ লগত আৰু আনফালে নৈতিকতা বা ক্ৰিয়াৰ লগত সংযোগ ৰহিত। তেওঁৰ মতে ধৰ্মৰ লগত জ্ঞানৰ কোনো সম্পর্ক নাই। জ্ঞান নোহোৱাকৈও ধৰ্মৰ স্বৰূপ জানিব পাৰি।

শ্রেয়াৰমেকাৰৰ সংজ্ঞাৰ দোষ হ’ল এয়ে যে ধৰ্মৰ ভিতৰত যি অনুভূতি উপাদান আছে সি কেৱল অনুভূতি নহয়। অনুভূতিৰ মাজত ধাৰণাগত উপাদান থকা প্রয়োজন আৰু অনুভূতিক ধাৰণাৰ পৰা কেতিয়াও বিযুক্ত কৰিব নোৱাৰি, যাৰ কাৰণে অনুভূতিক প্রয়োজন আৰু ধাৰণাক অপ্রয়োজনীয় বুলি গণ্য হ’ব পাৰে। ফ্লেয়াৰমেকাৰৰ সংজ্ঞাৰ গুণ হ’ল যে তেওঁ ধৰ্মক অসাৰ বুদ্ধিবাদ আৰু শূন্যগর্ভ নৈতিকতাৰ পৰা ৰক্ষা কৰিছে। আচলতে ধৰ্মৰ অপৰিহাৰ্য্য বৈশিষ্ট্য আছে তাৰ অন্তৰ্মুখিতাত, ঈশ্বৰ সম্পৰ্কে প্রত্যক্ষ অৱগতিত।

৩। “নৈতিকতাহে ধৰ্মৰ উৎস” – এই উক্তিটোৰ সমালোচনা কৰা। 

উত্তৰঃকান্ট, মাটিনিউ আদি নীতিবিজ্ঞানীসকলৰ মতে – নৈতিকতাহে ধৰ্মৰ উৎস। অর্থাৎ নীতিৰ পৰাই ধৰ্মৰ উৎপত্তি।

এই মতবাদৰ সমালোচকসকলে কয় যে ধর্ম আৰু নীতি পৰস্পৰ পৃথক। নীতিৰ পৰা ধৰ্মৰ উৎপত্তি হোৱা নাই। ধৰ্মৰ উৎপত্তি হৈছে কোনো পৰম সত্তাৰ ওপৰত নিৰ্ভৰতাবোধৰ পৰা। নীতি আৰু ধৰ্মৰ উৎপত্তি পৃথকভাৱে হৈছে, তথাপি উভয়ে পৰস্পৰৰ ওপৰত ক্রিয়া কৰে আৰু প্ৰভাৱ বিস্তাৰ কৰে। পৰস্পৰৰ এই ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ ফলত নীতি আৰু ধৰ্ম উভয়েই উন্নত হয়। মানুহৰ ধৰ্মভাৱ যিমানে বাঢ়ি যাব তেওঁৰ সৎ আচৰণ কৰাৰ স্বাভাৱিক প্রবণতাও সিমানেই বাঢ়ি থাকিব। সেইবাবে ধার্মিক ব্যক্তি সজ্জন স্বভাৱৰ হয়। নীতি আৰু ধৰ্ম পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। নীতি ধৰ্মৰ কাৰণে আৰু ধৰ্ম নীতিৰ কাৰণে অপরিহার্য। ধর্মীয় জীৱনত নৈতিক চেতনাৰ অৱদানৰ মূল্য অসীম। নীতিয়ে ধৰ্ম সংশোধন কৰে আৰু উন্নত কৰে। নীতি অবিহনে ধর্ম কেৱল মাত্র লৌকিকতাত বিশ্বাস আৰু কুসংস্কাৰৰ বাহিৰে একো নহয়। ধৰ্মও নীতিৰ কাৰণে অপৰিহাৰ্য। নীতিৰ শেষ পৰিণতি ধৰ্মত।

8। ধৰ্ম আৰু নৈতিকতাৰ মাজত থকা সম্পৰ্কৰ বিষয়ে লিখা। 

উত্তৰঃনৈতিকতা আৰু ধৰ্মৰ মাজত ঘনিষ্ঠ সম্বন্ধ আছে। নীতি অবিহনে ধৰ্ম আৰু ধৰ্ম অবিহনে নীতি কেতিয়াও সম্ভৱ নহয়। ধৰ্মৰ সকলো সময়তে এটা নৈতিক উদ্দেশ্য থাকে। মানুহৰ জীৱনত ধৰ্ম আৰু নীতি এনেদৰে জড়িত হৈ থাকে যে এটাক আনটোৰ পৰা পৃথক কৰিব নোৱাৰি। নীতি আৰু ধৰ্মৰ পাৰস্পৰকি সম্পৰ্কৰ্ক কেন্দ্ৰ কৰি, নীতি ধৰ্মৰ আগত নে ধৰ্ম নীতিৰ আগত এই লৈ সমস্যা দেখা দিয়ে।

প্ৰথম মতবাদ অনুসৰি, ধৰ্মৰ পৰাইনীতিৰ উৎপত্তি। ডেকার্ট, ল’ক আদি দার্শনিকসকলে এই মতবাদত বিশ্বাসী। নীতি আৰু নৈতিক আদর্শ ঈশ্বৰৰ অৱদান। ঈশ্বৰে নিজৰ ইচ্ছাতেই নীতি সৃষ্টি কৰিছে আৰু মানুহৰ বাবে নানা প্ৰকাৰৰ বিধি নিষেধ প্ৰৱৰ্তন কৰিছে। এই বিধান মানি চলিলে মানুহে পৰমাৰ্থ লাভ কৰিব পাৰে। অর্থাৎ প্রথমে ঈশ্বৰৰ বিধান তাৰ পিছত নীতি। গতিকে ধৰ্মৰ পৰাই নীতিৰ উৎপত্তি।

দ্বিতীয় মতবাদ অনুযায়ী, নীতি ধৰ্মৰ আগত আহে আৰু ধৰ্ম নীতিৰ পিছত। কান্ট, মাৰ্টিনিউ আদি নীতি বিজ্ঞানীসকলে এই মতবাদত বিশ্বাসী। কাণ্টৰ মতে সততা আনন্দৰ লগত অনিবার্যভাৱে জড়িত। মানুহে বিশ্বাস কৰে যে, সৎ কৰ্ম কৰিলে সুখ পোৱা যায় আৰু অসৎ কৰ্ম কৰিলে দুখ পাব লাগে। কিন্তু বাস্তৱক্ষেত্ৰত আমি ইয়াৰ ব্যতিক্ৰমো দেখিবলৈ পাওঁ। সৎ ব্যক্তিও কেতিয়াবা দুখ ভোগ কৰে আৰু অসৎ ব্যক্তিয়ে আনন্দ আৰু সুখত জীৱন কটায়। এই ব্যতিক্রম আমাক নৈতিক নীতিৰ প্ৰতি মনত সন্দেহৰ সৃষ্টি কৰে আৰু বিবেকৰ সংঘাত ঘটায়। কিন্তু বিশ্বৰ অন্তৰালত সৰ্বশক্তিমান ঈশ্বৰ, নৈতিক শক্তি হিচাপে কাম কৰি আছে, যি সদাচাৰৰ লগত সুৰ আৰু অসদাচাৰৰ লগত দুখৰ সংযোগ সাধন কৰে।

মাটিনিউৰ মতে, যি নীতিসম্মত তাক আমি মানিবলৈ বাধ্য। আমি দৃঢ়তাৰে বিশ্বাস কৰো যে এনে কোনো নৈতিক শক্তি আছে যাক আমি ফাঁকি দিব নোৱাৰো, যিয়ে আমাক সদায় প্রত্যক্ষ কৰি আছে। এই নৈতিক দায়িত্ববোধৰ পৰাই ঈশ্বৰ ধাৰণাৰ উৎপত্তি।

তৃতীয় মতবাদ মতে, নীতি আৰু ধৰ্ম স্বতন্ত্রভাৱে উদ্ভৱ হৈছে। ধৰ্মৰ উদ্ভৱ হৈছে কোনো পৰমসত্তাৰ ওপৰত নিৰ্ভৰশীলতাবোধৰ পৰা। মানুহৰ নিজৰ বিবেকে নিজৰ সন্মুখত এটা নৈতিক আদৰ্শ দাঙি ধৰে আৰু নৈতিক উন্নতিৰ বাবে মানুহে এই নৈতিক আদর্শ অনুসৰণ কৰে। এইভাৱে নীতি বিজ্ঞানৰ উৎপত্তি হৈছে। নীতি আৰু ধৰ্ম পৰস্পৰৰ ওপৰত ক্রিয়া কৰে আৰু প্ৰভাৱ বিস্তাৰ কৰে। এই পাৰস্পৰিক ক্ৰিয়া প্ৰতিক্ৰিয়াৰ ফলত নীতি আৰু ধৰ্ম উভয়ৰেই উন্নতি হয়। মানুহৰ ধর্ম জ্ঞানে মানুহক স্বাভাৱিকভাৱেই ন্যায়ৰ ফলত চলাৰ প্ৰেৰণা দিয়ে। সেইবাবে ধৰ্ম জ্ঞান বঢ়াৰ লগে লগে নীতিজ্ঞান উন্নত হৈ থাকে। আকৌ নীতিজ্ঞান বৃদ্ধি হ’লৈ ধৰ্ম ভাৱ গভীৰ আৰু নিবিড় হৈ উঠে। ধর্মভার সকলো কুসংস্কাৰৰ পৰা মুক্ত হৈ পবিত্ৰ আৰু মহান হৈ উঠে।

গতিকে, নীতি ধৰ্মৰ কাৰণে আৰু ধৰ্ম নীতিৰ কাৰণে অপৰিহাৰ্য। ধর্মীয় জীৱনত নৈতিক চেতনাৰ মূল্য অসীম। নীতিয়ে ধর্ম সংশোধন আৰু উন্নত কৰে। নীতি অবিহনে ধর্ম কেৱল লৌকিকতাত বিশ্বাস আৰু কু-সংস্কাৰৰ বাহিৰে একো নহয়। আকৌ ধৰ্মনীতিৰ বাবে অপৰিহাৰ্য। ধৰ্মই নীতিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি তাক অনুপ্রাণিত কৰে। নীতিৰ শেষ পৰিণতি ধৰ্মত। ধৰ্মৰ মূল উদ্দেশ্য হ’ল ঈশ্বৰৰ লগত একাগ্ৰতা লাভ কৰা।

৫। ধৰ্মত নিহিত থকা উপাদান তিনিটা কি?

উত্তৰঃধৰ্মই কোনো উচ্চতৰ অতীপ্রিয় সত্যত বিশ্বাস কৰে। খবৰ গত কেন্দ্ৰ কৰি মানুহৰ মনত যি ভাব, ধাৰণা, চিন্তা আৰু অনুভূতিৰ উদয় হয়, সেই স আভ্যন্তৰীণ নিশ।

ধৰ্মৰ এটা বাহ্যিক দিশো আছে। ই হ’ল ধৰ্মীয় আচার অনুষ্ঠান। বৰ্মৰ এটা সামাজিক আৰু আনুষ্ঠানিক দিশ্যে আছে।

দীঘলীয়া প্রশ্ন : 

১। শ্লেয়াৰনেকাৰৰ মতে ধৰ্ম কি? তেওঁৰ সংজ্ঞাটোৰ গুণ আৰু দোষবোৰ কি কি? 

উত্তৰঃশ্লেয়াৰমেকাৰৰ মতে, “ধৰ্মৰ অপবিহার্য বৈশিষ্ট্য হল ঈশ্বৰৰ ওপৰত একান্ত নিৰ্ভৰতাবোধ’। তেওঁৰ মতে ধৰ্ম হ’ল শুদ্ধ অনুভূতি অর্থাৎ এনে এটা অনুভূতি, যিটো একসে চিত্তনৰ লগত আৰু আনফালে নৈতিকতা বা ক্রিয়াৰ লগত সংযোগ বহিত। তেওঁর মতে ধর্মস লগত জ্ঞানৰ কোনো সম্পর্ক নাই। জ্ঞান নোহোৱাকৈও ধৰ্মৰ স্বৰূপ জানিব পাৰি।

শ্লেয়াৰমেকাৰৰ সংজ্ঞাৰ দোষ হ’ল এয়ে যে ধৰ্মৰ ভিতৰত যি অনুভূতি উপাদান আছে, সি কেৱল অনুভূতি নহয়। অনুভূতিৰ মাজত ধাৰণাগত উপাদান থকা প্রয়োজন আৰু অনুভূতিক ধাৰণাৰ পৰা কেতিয়াও বিযুক্ত কৰিব নোৱাৰি, যাৰ কাৰণে অনুভূতিক প্ৰয়োজন আৰু ধাৰণাক অপ্রয়োজনীয় বুলি গণ্য কৰা হ’ব পাৰে। প্লেয়াৰমেকাৰৰ সংজ্ঞাৰ গুণ হ’ল যে তেওঁ ধৰ্মক অসাৰ বুদ্ধিবাদ আৰু শূন্যগর্ভ নৈতিকতাৰ পৰা ৰক্ষা কৰিছে। আচলতে ধৰ্মৰ অপৰিহাৰ্য্য বৈশিষ্ট্য আছে তাৰ অন্তমুখিতাত, ঈশ্বৰ সম্পৰ্কে প্রত্যক্ষ অৱগতিত।

২। “নৈতিকতাই ধৰ্মৰ জন্ম দিয়ে উক্তিটো সমালোচনামূলকভাবে আলোচনা কৰা। 

উত্তৰঃকাণ্ট মার্টিনিউ আদি নীতিবিজ্ঞানীসকলৰ মতে – নৈতিকতাহে ধৰ্মৰ উৎস (অর্থাৎ নীতিৰ পৰাই ধৰ্মৰ উৎপত্তি।

এই মতবাদৰ সমালোচকসকলে কয় যে ধৰ্ম আৰু নীতি পৰস্পৰ পৃথক। নীতিৰ পৰা ধৰ্মৰ উৎপত্তি হোৱা নাই। ধৰ্মৰ উৎপত্তি হৈছে কোনো পৰম সত্তাৰ ওপৰত নিৰ্ভবতাবোধৰ পৰা। নীতি আৰু ধৰ্মৰ উৎপত্তি পৃথকভাৱে হৈছে, তথাপি উভয়ে পৰস্পৰৰ ওপৰত ক্রিয়া কৰে আৰু প্ৰভাৱ বিস্তাৰ কৰে। পৰস্পৰৰ এই ক্রিয়া আৰু প্ৰতিক্ৰিয়াৰ ফলত নীতি আৰু ধৰ্ম উভয়েই উন্নত হয়। মানুহৰ ধৰ্মভাৱ যিমানে বাঢ়ি যাব তেওঁৰ সৎ আচৰণ কৰাৰ স্বাভাবিক প্রবণতাও সিমানেই বাঢ়ি থাকিব৷ সেইবাবে ধার্মিক ব্যক্তি সজ্জন স্বভাৱৰ হয়। নীতি আৰু ধৰ্ম পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। নীতি ধৰ্মৰ কাৰণে আৰু ধৰ্মনীতিৰ কাৰণে অপৰিহাৰ্য। ধর্মীয় জীৱনত নৈতিক চেতনাৰ অৱদানৰ মূল্য অসীম। নীতিয়ে ধৰ্ম সংশোধন কৰে আৰু উন্নত কৰে। নীতি অবিহনে ধৰ্ম কেবল মাত্র লৌকিকতাত বিশ্বাস আৰু কুসংস্কাৰৰ বাহিৰে একো নহয়। ধৰ্মও নীতিৰ কাৰণে অপৰিহাৰ্য। নীতিৰ শেষ পৰিণতি ধৰ্মত।

৩। ধৰ্ম আৰু নৈতিকতাৰ মাজৰ সম্পৰ্ক কি?

উত্তৰঃ নৈতিকতা আৰু ধৰ্মৰ মাজত ঘনিষ্ঠ সম্বন্ধ আছে। নীতি অবিহনে ধৰ্ম আৰু ধৰ্ম অবিহনে নীতি কেতিয়াও সম্ভৱ নহয়। ধৰ্মৰ সকলো সময়তে এটা নৈতিক উদ্দেশ্য থাকে। মানুহৰ জীৱনত ধৰ্ম আৰু নীতি এনেদৰে জড়িত হৈ থাকে যে এটাক আনটোৰ পৰা পৃথক কৰিব নোৱাৰি। নীতি আৰু ধৰ্মৰ পাৰস্পৰকি সম্পৰ্কৰ্ক কেন্দ্ৰ কৰি, নীতি ধৰ্মৰ আগত নে ধর্ম নীতিৰ আগত এই লৈ সমস্যা দেখা দিয়ে।

প্রথম মতবাদ অনুসৰি, ধৰ্মৰ পৰাই নীতিৰ উৎপত্তি। ডেকাৰ্ট, ল’ক আদি দার্শনিকসকলে এই মতবাদত বিশ্বাসী। নীতি আৰু নৈতিক আদর্শ ঈশ্বৰৰ অৱদান। ঈশ্বৰে নিজৰ ইচ্ছাতেই নীতি সৃষ্টি কৰিছে আৰু মানুহৰ বাবে নানা প্ৰকাৰৰ বিধি নিষেধ প্ৰৱৰ্তন কৰিছে। এই বিধান মানি চলিলে মানুহে পৰমাৰ্থ লাভ কৰিব পাৰে। অৰ্থাৎ প্ৰথমে ঈশ্বৰৰ বিধান তাৰ পিছত নীতি। গতিকে ধৰ্মৰ পৰাই নীতিৰ উৎপত্তি।

দ্বিতীয় মতবাদ অনুযায়ী, নীতি ধৰ্মৰ আগত আহে আৰু ধৰ্ম নীতিৰ পিছত। কাণ্ট, মার্টিনিউ আদি নীতি বিজ্ঞানীসকলে এই মতবাদত বিশ্বাসী। কাণ্টৰ মতে সততা আনন্দৰ লগত অনিবার্যভাৱে জড়িত। মানুহে বিশ্বাস কৰে যে, সৎকৰ্ম কৰিলে সুখ পোৱা যায় আৰু অসৎ কৰ্ম কৰিলে দুখ পাব লাগে। কিন্তু বাস্তৱক্ষেত্ৰত আমি ইয়াৰ ব্যতিক্ৰমো দেখিবলৈ পাওঁ। সৎ ব্যক্তিও কেতিয়াবা দুখ ভোগ কৰে আৰু অসৎ ব্যক্তিয়ে আনন্দ আৰু সুখত জীৱন কটায়। এই ব্যতিক্রম আমাক নৈতিক নীতিৰ প্ৰতি মনত সন্দেহৰ সৃষ্টি কৰে আৰু বিবেকৰ সংঘাত ঘটায়। কিন্তু বিশ্বৰ অন্তৰালত সর্বশক্তিমান ঈশ্বৰ, নৈতিক শক্তি হিচাপে কাম কৰি আছে, যি সদাচাৰৰ লগত সুখৰ আৰু অসদাচাৰৰ লগত দুখৰ সংযোগ সাধন কৰে।

মাটিনিউৰ মতে, যি নীতিসন্মত তাক আমি মানিবলৈ বাধ্য। আমি দৃঢ়তাৰে বিশ্বাস কৰো যে এনে কোনো নৈতিক শক্তি আছে যাক আমি ফাঁকি দিব নোৱাৰো, যিয়ে আমাক সদায় প্রত্যক্ষ কৰি আছে। এই নৈতিক দায়িত্ববোধৰ পৰাই ঈশ্বৰ ধাৰণাৰ উৎপত্তি। 

তৃতীয় মতবাদ মতে, নীতি আৰু ধৰ্ম স্বতন্ত্রভাবে উদ্ভৱ হৈছে। ধৰ্মৰ উদ্ভৱ হৈছে কোনো পৰমসত্তাৰ ওপৰত নিৰ্ভৰশীলতাবোধৰ পৰা। মানুহৰ নিজৰ বিবেকে নিজৰ সন্মুখত এটা নৈতিক আদৰ্শ দাঙি ধৰে আৰু নৈতিক উন্নতিৰ বাবে মানুহে এই নৈতিক আদর্শ অনুসৰণ কৰে। এইভাৱে নীতি বিজ্ঞানৰ উৎপত্তি হৈছে। নীতি আৰু ধৰ্ম পৰস্পৰৰ ওপৰত ক্রিয়া কৰে আৰু প্ৰভাৱ বিস্তাৰ কৰে। এই পাৰস্পৰিক ক্রিয়া প্রতিক্ৰিয়াৰ ফলত নীতি আৰু ধৰ্ম উভয়বেই, উন্নতি হয়। মানুহৰ ধৰ্ম জ্ঞানে মানুহক স্বাভাৱিকভাৱেই ন্যায়ৰ ফলত চলাৰ প্ৰেৰণা দিয়ে। সেইবাবে ধৰ্ম জ্ঞান বঢ়াৰ লগে লগে নীতিজ্ঞান উন্নত হৈ থাকে। আকৌ নীতিজ্ঞান বৃদ্ধি হলে ধৰ্ম ভাৱ গভীৰ আৰু নিবিড় হৈ উঠে। ধর্মভাৱ সকলো কুসংস্কাৰৰ পৰা মুক্ত হৈ পবিত্ৰ আৰু মহান হৈ উঠে।

গতিকে, নীতি ধৰ্মৰ কাৰণে আৰু ধৰ্ম নীতিৰ কাৰণে অপৰিহাৰ্য। ধর্মীয় জীৱনত নৈতিক চেতনাৰ মূল্য অসীম। নীতিয়ে ধর্ম সংশোধন আৰু উন্নত কৰে। নীতি অবিহনে ধর্ম কেৱল লৌকিকতাত বিশ্বাস আৰু কু-সংস্কাৰৰ বাহিৰে একো নহয়। আকৌ ধৰ্মনীতিৰ বাবে অপৰিহাৰ্য। ধৰ্মই নীতিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি তাক অনুপ্রাণিত কৰে। নীতিৰ শেষ পরিণতি ধর্মত। ধৰ্মৰ মূল উদ্দেশ্য হ’ল ঈশ্বৰৰ লগত একাগ্রতা লাভ কৰা।

Leave a Reply