Class 12| Logic And Philosophy| Chapter-6| ভাববাদ: আত্মগত আৰু বস্তুগত

Class 12| Logic And Philosophy| Chapter-6| ভাববাদ: আত্মগত আৰু বস্তুগত। এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব AHSEC Class 12| Logic And Philosophy| Chapter-6| ভাববাদ: আত্মগত আৰু বস্তুগত পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়।

HS Second Year Question Answer (Assamese Medium)

EnglishClick Here
অৰ্থনীতি (Economy)Click Here
ভূগোল (Geography)Click Here
हिंदी Click Here
অসমীয়াClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
ৰাজনীতি (Political Science)Click Here
সমাজতত্ত্ব (Sociology)Click Here
তৰ্কবিদ্যা আৰু দর্শনশাস্ত্ৰ (Logic & Philosophy)Click Here
নৃতত্ত্ব (Anthropology)Click Here

Class 12| Logic And Philosophy| Chapter-6| ভাববাদ: আত্মগত আৰু বস্তুগত

চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া ছাত্র-ছাত্ৰীৰ বাবে আমাৰ এই ৱেবছাইটত শেহতীয়া পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি পাঠ Class 12| Logic And Philosophy| Chapter-6| ভাববাদ: আত্মগত আৰু বস্তুগত ভিত্তিক প্ৰশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। যত ছাত্ৰ-ছাত্ৰীয়ে অনলাইন যোগে পঢ়িব পাৰিব।

ষষ্ঠ অধ্যায়।

অতি চমু প্রশ্ন

১। ভাৱবাদ প্রধানতঃ কেই প্ৰকাৰৰ?

উত্তৰ:  দুই প্রকাৰ।

২। আধুনিক যুগৰ আত্মগত ভাববাদৰ প্রতিষ্ঠাতা কোন?

উত্তৰ: জৰ্জ বাকলি।

৩। আধুনিক যুগৰ বস্তুগত ভাববাদৰ প্ৰতিষ্ঠাতা কোন?

উত্তৰ হেগেল। 

8। “অস্তিত্ব প্রত্যক্ষ নির্ভৰ কথাটো কোনে কৈছে?

উত্তৰ: জৰ্জ বাকলি। 

৫। কাৰ মতে “চিন্তা আৰু সত্তা পৰিশেষত অভিন্ন”?

উত্তৰ: হোগল।

৬। হেগেলে কি ধৰণৰ ভাববাদ আগবঢ়াইছিল? 

উত্তৰ: হোগলে বস্তুনিষ্ঠ ভাববাদ আগবঢ়াইছি।

৭।কোনটো সূত্ৰৰ মতে, বাহ্যিক পৃথিৱীৰ অস্তিত্ব জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল 

উত্তৰঃ ভাববাদৰ মতে বাহ্যিক পৃথিবীর অস্তিত্ব জাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল।

৮। বাৰ্কলি কি ধৰণৰ ভাববাদ প্রতিষ্ঠা কৰিছিল? 

উত্তৰ আৰাগত ভাববাদ আগবঢ়াইছিল।

৯। হেগেলৰ বস্তুনিষ্ঠ ভবাবদ মতে, সত্তা হ’ল……..।

উত্তৰ: হেগেলৰ বস্তুনিষ্ঠ ভাববাদ মতে সত্তা হ’ল পৰমৱহ্মা।।

১০। যিটো যুক্তিসংগত, সেয়া প্রকৃত আৰু যিটো প্রকৃত সেয়া মুক্তিসংগত’— এই বক্তব্যৰ সৈতে জড়িত দার্শনিকজনৰ নাম লিখা। 

উত্তৰ দার্শনিকজনৰ নাম হেগেল।

চমু প্রশ্ন (আৰ্হি নং-১)

১। আত্মগত ভাৰবাদৰ সংজ্ঞা দিয়া।

উত্তৰঃ আত্মগত ভাববাদৰ মতে, ধাৰণাকহে কেৱল জানিব পাৰি। অর্থাৎ ধাৰণাৰহে বাস্তবতা আছে। প্রত্যক্ষকাৰীৰ মনৰ পৰা স্বতন্ত্রভাৱে প্ৰকৃতি জগতৰ অস্তিত্ব নাই।

২। বস্তুগত ভাৱবাদৰ সংজ্ঞা দিয়া।

উত্তৰঃ বস্তুগত ভাববাদৰ মতে সকলো বস্তু তাৰ ধাৰণাৰ লগত একে। যথার্থ জ্ঞান হ’ল ধাৰণাসমূহৰ তত্ত্ব। মনতহে সত্তাব সৃষ্টি হয়।

৩। “অস্তিত্ব প্রত্যক্ষ নিৰ্ভৰ” কথাটোৰ অৰ্থ কি? 

উত্তৰঃ অস্তিত্ব প্রত্যক্ষ নির্ভৰ। অর্থাৎ ব্যক্তিৰ মনেছে জগতৰ অস্তিত্ব নিরূপণ কৰিব। মন বহির্ভূত কোনো বস্তুৰ বস্তুনিষ্ঠ অস্তিত্ব নাই। কেৱল ধাৰণা অস্তিত্বশীল।

8। দান্দিক পদ্ধতি কি?

উত্তৰঃ হেগেলৰ পৰম সত্তা জীবন্ত তথা গতিশীল। এই জগতৰ বৈচিত্রতার মানে সাই নিজৰ স্বৰূপ প্ৰকাশ কৰে। জগত অবিহনে পরম সত্ত্বা অসম্পূর্ণ। সসীম মানবৰ চিন্তাসমূহত সংঘাত থাকে। সংঘাতবোৰ সত্তাৰ মাজতে সুসংহত আৰু সমন্বিত হন। হেগোদ এই পদ্ধতিকেই দান্দিক পদ্ধতি বোলে।

৫। হেগেলে কোনে প্ৰকাৰৰ ভাৱবাদ আগবঢ়াইছে? 

উত্তৰ: হেগেলে বস্তুগত ভাববাদ মতবাদটির আগবঢ়াইছে।

৬। কোনটো মতবাদ অনুসৰি ‘অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ’ বুলি কোৱা হৈছে? 

উত্তৰঃ আত্মগত ভাৱবাদ অনুলৰি ‘অস্তিত্ব প্রত্যক্ষ নিৰ্ভৰ’ বুলি কোৱা হৈছে।

৭। বাৰ্কলিয়ে কোন প্ৰকাৰৰ ভাৱবাদ প্রতিষ্ঠা কৰিছে?

উত্তৰ বাৰ্কলিয়ে আত্মগত ভাৱবাদ প্রতিষ্ঠা কৰিছে।

৮। হেগেলৰ বস্তুগত ভাৱবাদ অনুসৰি ….. -পৰম সত্য’

উত্তৰ পৰম ধাৰণাই।

10। “What is rational is actual and what is actual is rational” কোনে প্ৰকাৰৰ ভাৱবাদ আগবঢ়াইছে? 

উত্তৰ: হেগেল।

চমু প্রশ্ন (আৰ্হি নং – ২)

১। ভাৱবাদ কি? ভাৱবাদৰ প্ৰকানবোৰ কি কি?

উত্তৰঃ যি মতবাদ মতে জ্ঞানৰ বিষয়বস্তু জ্ঞাতার মনৰ ওপৰত নিৰ্ভৰশীল, তাকেই ভাববাদ বোলে।

ভাববাদ দুই প্ৰকাৰৰ : আত্মগত ভাববাদ আৰু বিষয়গত ভারবাদ।

২। আত্মগত ভাববাদ সন্তোষজনক নে? যদি নহয়, 

উত্তৰ: আত্মগত ভাববাদক সন্তোষজনক বুলি ক’ব নোৱাৰি। আধুনিক বাস্তববাদীসকলে বাৰ্কলিৰ আত্মগত ভাববাদক তীব্রভাবে সমালোচনা কৰিছে। কাৰণ – 

(ক) মূৰৰ মতে জ্ঞান এটি সন্তোষজনক মতবাদৰ নিমিত্তে বিষয়বস্তু আৰু সংবেদনৰ মাজত পার্থক্য থকা কথাটো গ্ৰহণ কৰিব লাগিব। 

(খ) বস্তু এটি প্রথমতে অস্তিত্বশীল হয়, তাৰ পিছতেহে ইজ্ঞাত বা প্রত্যক্ষিত হয়।

৩। আত্মগত ভাৱবাদৰ সাধাৰণ বিশেষতা বর্ণনা কৰা। 

উত্তৰঃ আত্মগত ভারবাদৰ সাধাৰণ বিশেষতা হল

(ক) আত্মগত ভাববাদ মতে, ধাৰণাকহে কেৱল জানিব পাৰি। অর্থাৎ ধাৰণাৰহে বাস্তবতা। আছে।

(খ) প্রত্যক্ষকাৰীৰ মনৰ পৰা স্বতন্ত্রভাৱে প্রকৃতি জগতৰ অস্তিত্ব নাই। অস্তিত্য প্ৰত্যক্ষ নিৰ্ভৰ।

(গ) গুণৰ সমষ্টি হৈছে পদার্থ। মুখ্য আৰু গৌণ গুণ উভয়ে আমাৰ মনৰ ধাৰণা। 

8। আত্মগত ভাববাদৰ তিনিটা সমালোচনা লিখা। 

উত্তৰঃআত্মগত ভাৱবাদৰ প্ৰধান তিনিটা সমালোচনা হ’ল

(ক) আধুনিক বাস্তববাদী মুখে উল্লেখ কৰিছে যে জ্ঞানৰ এটি সন্তোষজনক মতবাদৰ নিমিত্তে বিষয়বস্তু আৰু সংবেদনৰ মাজত পাৰ্থক্য থকা কথাটো গ্ৰহণ কৰিব লাগিব।।

(খ) বস্তু এটি প্রথমতে অস্তিত্বশীল হয়, তাৰ পাছতহে ই জ্ঞাত অথবা প্ৰত্যক্ষিত হয়।

(গ) বাৰ্কলিৰ মতে, সংবেদনৰ বস্তু আৰু সংবেদন একে নহয়। সংবেদন আৰু সংবেদান বস্তুৰ নাজত অপরিহার্য সম্বন্ধ আছে। কিন্তু সিনে দুয়োটাকে একে বুলি প্ৰমাণ কৰিব নোৱাৰে।

Class-12| Logic and Philosophy তৰ্কবিজ্ঞান আৰু দর্শন

Sl. No.Contents
Chapter 1আগমন আৰু ইয়াৰ প্ৰকাৰ
Chapter 2আগমনৰ ভিত্তি
Chapter 3প্ৰকল্প
Chapter 4মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি
Chapter 5বাস্তৱবাদ: সৰল আৰু বৈজ্ঞানিক
Chapter 6ভাববাদ: আত্মগত আৰু বস্তুগত
Chapter 7নীতিশাস্ত্র
Chapter 8ধর্ম

দীঘলীয়া প্রশ্ন : (আৰ্হি নং ১) 

১। চমু টোকা লিখা – “অস্তিত্ব প্রত্যক্ষ নিৰ্ভৰ”।

উত্তৰঃ আত্মগত ভাৱবাদ অনুসৰি, ধাৰণাকহে কেৱল জানিব পাৰি। মনৰ পৰা স্বতন্ত্রভাবে প্ৰকৃতি জগতৰ অস্তিত্ব নাই। অস্তিত্ব প্রত্যক্ষ নিৰ্ভৰ। ব্যক্তিৰ মনেহে জগতৰ অস্তিত্ব নির্বাপণ কৰিব। মন বহির্ভূত কোনো বস্তুৰ বস্তুনিষ্ঠ অস্তিত্ব নাই। কেৱল ধারণা অস্তিত্বশীল। অর্থাৎ কোনো বস্তুৰ অস্তিত্ব জ্ঞাতার প্রত্যক্ষৰ ওপৰত নিৰ্ভৰশীল। লকে কয় যে, সকলো জ্ঞান অভিজ্ঞতাজাত হ’লৈ, আমি ধাৰণাৰ বাহিৰে একো জানিব নোৱাৰো। তেওঁৰ এই চিন্তাধাৰাক আত্মনিষ্ঠ তথা মনোবৈজ্ঞানিক বুলি ক’ব পাৰি। কাৰণ, তেওঁৰ মতে বাহ্য জগত ব্যক্তিৰ চৈতন্য নিৰ্ভৰশীল। ব্যক্তিৰ মনেহে জগতৰ অস্তিত্ব নিরূপণ কৰিব। গতিকে বাকলিৰ মতে মনৰ বৰ্হিভুত কোনো বস্তুৰ বস্তুনিষ্ঠ অস্তিত্ব নাই।

২। আত্মগত ভাৱবাদৰ চমু টোকা লিখা।

উত্তৰঃ আত্মগত ভাববাদ অনুসৰি, ধাৰণাকহে কেবল জানিব মনৰ পৰা স্বতন্ত্রভাবে প্রকৃতি জগতৰ অস্তিত্ব নাই। জর্জ বার্কলি আত্মগত ভারবাদী দার্শনিক। তেওঁৰ মতে, পদার্থ হৈছে গুণৰ সমষ্টি। মুখ্য আৰু গৌণগুণ উভয়ে আমাৰ মনৰ ধাৰণা। গতিকে “অস্তিত্ব প্রত্যক্ষ নিৰ্ভৰ।” ব্যক্তিৰ মনেহে জগতৰ অস্তিত্ব নিৰূপণ কৰিব। মন বহির্ভূত কোনো বস্তুৰ বস্তুনিষ্ঠা অস্তিত্ব নাই। কেৱল ধাৰণা অস্তিত্বশীল।

বাৰ্কলিৰ ভাৱবাদক সম্পূর্ণ আত্মগত ভারবাদ বুলি ক’ব পাৰি। আৰু এই চিন্তাধাৰাক আত্মজ্ঞানবাদ বোলে। আত্মজ্ঞানবাদৰ মতে এজন ব্যক্তিৰ আত্মাহে কেৱল অভিৰশীল।

কিন্তু সমস্যা হৈছে যে, এজন ব্যক্তি যেতিয়া কোনো এটা বস্তু প্রত্যক্ষনকৰে, তাৰ অস্তিত্ব লুপ্ত হৈ যাব নেকি? এজন ব্যক্তিৰ বাবে একেটা সময়ত সকলো বস্তু প্রত্যক্ষ করা অসম্ভব। এনেবোৰ সমস্যাৰ সমাধান কৰিবৰ নিমিত্তে বাৰ্কলিয়ে তেওঁৰ ভাৱবাদৰ ভিত্তি সসীম মনৰ পৰা অসীম মনলৈ উন্নতি কৰিলে। বস্তুবিলাকৰ অস্তিত্বৰ ধাৰাবাহিকতা আৰু ঐক্য ৰক্ষা কৰিবৰ নিমিত্তে আমাৰ সকলো প্রত্যক্ষ চূড়ান্ত কাৰণ হিচাপে ঈশ্বৰৰ অৱতাৰণা কৰিলে।

আধুনিক বাস্তৱবাদীসকলে বাৰ্কলিৰ আত্মগত ভাৰবাদক সমালোচনা কৰি কোৱা কথাবোৰ তলত উল্লেখ কৰা হল

(ক) মুৰ মতে জ্ঞানৰ এটি সন্তোষজনক মতবাদৰ নিমিত্তে বিষয়বস্তু আৰু সংবেদনৰ মাজত পার্থক্য থকা কথাটো গ্ৰহণ কৰিব লাগিব।

(খ) বস্তু এটা প্রথমতে অস্তিত্বশীল পিছতহে ই জ্ঞাত অথবা প্রতাঞ্চিত হয়। 

(গ) বাৰ্কলিৰ কোৱা মতে সংবেদন আৰু সংবেদনৰ বস্তুৰ মাজত অপৰিহাৰ্য সম্বন্ধ আছে। কিন্তু ইয়াৰ অৰ্থ এয়ে নহয় যে দুয়োটা একো।

৩। হেগেলৰ বস্তুগত ভাববাদৰ বিপক্ষে সমালোচনা লিখা। 

উত্তৰঃ জি.ইমুৰে বিশ্লেষণাত্মক দার্শনিক দৃষ্টিভংগীৰে হেগেলৰ ভাওবাদক সমালোচনা কৰিছে।

দার্শনিক বাচেলে বস্তুগত ভাববাদৰ সমালোচনা কৰিছে। Kierkegaard এ সমালোচনা কৰি তা যে সত্তা আৰু মানুহ উভয়ে অসম্পূর্ণ। আধুনিক বাস্তববাদী সকলৰ বিশ্বাস হ’ন্স বাহ্য জগতৰ বস্তুসমূহৰ মন নিৰপেক্ষ সত্তা আছে। হেগেলৰ ভাৱবাদে জগতৰ বাস্তৱতা স্বীকাৰ কৰিছে। তেওঁৰ মতবাদত ভাৱবাদ আৰু বাস্তববাদৰ সমন্বয় ঘটিছে।

8।  হেগেলৰ বস্তুগত ভাৱবাদৰ চাৰিটা বৈশিষ্ট্য লিখা

উত্তৰঃহেগেলৰ বস্তুগত ভাৱবাদৰ চাৰিট্য বৈশিষ্ট্য হ’ল 

(ক) পৰম ধাৰণা বা পৰম মন অথবা চিন্তাই জগতৰ অন্তর্নিহিত সত্তা। পৰম ধাৰণা অবিহনে সসীম বস্তু আৰু জীৱবোৰ অস্তিত্বশীল হ’ব নোৱাৰে। 

(খ) জগতৰ বৈচিত্ৰতাৰ মাজেৰে সতাই নিজৰ স্বৰূপ প্ৰকাশ কৰে। জগত অবিহানে পৰম সত্তা অসম্পূর্ণ। সসীম মানৱৰ চিন্তা সমূহত সংঘাত থাকে। সংঘাতবোৰ সম্ভাৰ মাজতে সুসংহত আৰু সমন্বিত হয়।

(গ) হেগেলৰ মতবাদত ভারবাদ আৰু বাস্তববাদৰ সমন্বয় ঘটিছে। অর্থাৎ বস্তুগত ভাববাদৰ মাজেৰে ভাৱবাদৰ পূর্ণ প্রকাশ ঘটিছে।

(ঘ) পৰম সত্তা গতিশীল আৰু জীৱন্ত।

দীঘলীয়া প্রশ্ন : (আৰ্হি নং ২) 

১। আত্মগত ভাৱবাদ কি? সমালোচনা কৰা।

উত্তৰঃ আত্মগত ভারবাদ অনুসৰি ধাৰণাকহে কেৱল জানিব পাৰি। মনৰ পৰা স্বতন্ত্রভাবে প্রকৃতি জগতৰ অস্তিত্ব নাই। জর্জ বার্কলি আত্মগত ভাববাদী দার্শনিক। তেওঁৰ মতে, পদাৰ্থ হৈছে গুণৰ সমষ্টি। মুখ্য আৰু গৌণগুণ উভয়ে আমাৰ মনৰ ধাৰণা। গতিকে “অস্তিত্ব প্রত্যক্ষ নিৰ্ভৰ। ব্যক্তিৰ মনেহে জগতৰ অস্তিত্ব নিরূপণ কৰিব। মন বহির্ভূত কোনো বস্তুৰ বস্তুনিষ্ঠ অস্তিত্ব নাই। কেৱল ধাৰণা অস্তিত্বশীল।

বাৰ্কলিৰ ভাৱবাদক সম্পূর্ণ আত্মগত ভাৱবাদ বুলি ক’ব পাৰি। আৰু এই চিন্তাধাৰাত আত্মজ্ঞানবাদ বোলে। আত্মজ্ঞানবাদৰ মতে এজন ব্যক্তিৰ আত্মাহে কেৱল অস্তিত্বশীল।

কিন্তু সমস্যা হৈছে যে, এজন ব্যক্তি যেতিয়া কোনো এটা বড় প্রত্যক্ষ নকৰে, তাৰ অস্তিত্ব লুপ্ত হৈ যাব নেকি? এজন ব্যক্তিৰ বাবে একেটা সময়ত সকলো বস্তু প্রত্যক্ষ কৰা অসম্ভব। এনেবোৰ সমস্যাৰ সমাধান কৰিবৰ নিমিত্তে বাৰ্কলিয়ে তেওঁৰ ভাববাদৰ ভিত্তি সসীম মনৰ পৰা অনী মনলৈ উন্নতি কৰিলে। বস্তুবিলাকৰ অস্তিত্বৰ ধাৰাবাহিকতা আৰু ঐক্য ৰক্ষা কৰিবৰ নিনিতে আমাৰ সকলো প্ৰত্যক্ষৰ চূড়ান্ত কাৰণ হিচাপে ঈশ্বৰৰ অৱতাৰণা কৰিলে।

আধুনিক বাস্তৱবাদীসকলে বাৰ্কলিৰ আত্মগত ভারবাদক সমালোচনা কৰি কোৱা কথাবোৰ তলত উল্লেখ কৰা হল।

(ক) মূৰৰ মতে জ্ঞানৰ এটি সন্তোযজনক মতবাদৰ নিমিত্তে বিষয়বস্তু আৰু সংবেদনৰ মাজত পার্থক্য থকা কথাটো গ্ৰহণ কৰিব লাগিব। 

(খ) বস্তু এটা প্রথমতে অস্তিত্বশীল হয়,তাৰ পিছতহে ই জ্ঞাত অথবা প্রত্যক্ষিত হয়।

(গ) বাৰ্কলিৰ কোৱা মতেসংবেদন আৰু সংবেদনৰ বস্তুৰ মাজত অপৰিহাৰ্য সম্বন্ধ আছে। কিন্তু ইয়াৰ অৰ্থ এয়ে নহয় যে দুয়োটা একো।

২।  সমালোচনাৰ সৈতে বস্তুগত ভারবাদ আলোচনা কৰা। 

উত্তৰঃ বজ্রগত ভারবাদ মতে সকলো বস্তু তাৰ বাৰণাৰ লগত একে। যথার্থ হ ধাৰণাসমূহৰ তত্ত্ব। এই মতবাদ মতে মনতহে সভাৰ সৃষ্টি হয়। হেগেলৰ মতে পরম শুরুই পৰম সত্তা। মানৱৰ সকলো সসীম ধাৰণা সর্বশেষত পৰম সত্তাত অন্তর্ভুক্ত হয়। পৰম সপ্তাই সসীম ধাৰণাৰ মাজেৰে নিজৰ চৈতন্য প্রকাশ কৰে। এই জগতৰ পৰম সই হ’ল ম ধাৰণা। পৰম ধাৰণা বা পৰম হন অথবা চিন্তাই জগতৰ অন্তনিহিঁত সত্তা। মানবা হোৱা সকলোৰে প্ৰধান শক্তিটোৱেই হ’ল পৰম যাবনা। পৰম যাবশ্য আৰু জাগতিক বহু আক জীৱসমূহৰ মাজৰ সম্পৰ্ক এৰাব নোৱাৰা। পৰম ধাৰণাৰ অবিহনে সসীম কল্প আৰু জীৱবে অস্তিত্বশীল হ’ব নোৱাৰে। হেগেলৰ পৰম সত্তা জীৱন্ত তথ্য গতিশীল। এই জগতৰ বৈরিত মাজেৰে সত্তাই নিজৰ স্বৰূপ প্ৰকাশ কৰে। জগত অবিহনে পরম সত্তা অসম্পূর্ণ। হো মতে “চিন্তা আৰু সত্তা পৰিশেষত অভিন্ন। হেগেলৰ ভাবাসে জন্য বাস্তবতা স্বীকাৰ কৰিছে। তেওঁৰ মতবাদত ভাৱবাদ আৰু বাস্তববাদৰ সমৰ্থনা ঘটিছে। 

বাস্তববাদীসকলে বিশেষকে জি.ই. নূৰে হেগেলৰ ভাববাদর সমালোচনা করছে। কেয়েলার্ডে এই মতবাদৰ সমালোচনা কৰি কয় যে কোনো ব্যক্তিৰ নিমিতে এনে কথা সম্ভব হ’ব নোৱাৰে। কিয়নো সত্তা আৰু মানুহ উভয়ে অসম্পূর্ণ। 

৩। বাৰ্কলিৰ ভাৱবাদ আত্মগত নে বস্তুগত?

উত্তৰঃ বাৰ্কলিৰ আত্মগত ভাৱবাদ মতে, ধাৰণাকহে কেৱল জানিব পাৰি অর্থাৎ বাংলা বাস্তবতা আছে। প্রত্যক্ষকাৰীৰ মনৰ পৰা স্বতন্ত্রভাৱে প্ৰকৃতি জগতৰ অস্তিত্ব নাই। বাকলি আত্মগত ভারবাদী নামে পৰিচিত।

পৰবৰ্তীকালত, আধুনিক জগতৰ বাস্তৱবাদীসকলে বাকলিৰ আত্মগত ভাববাদৰ তীব্র সমালোচনা কৰিছে। মুৰে তেওঁৰ সমালোচনাত কৈছে যে, বিষয়বস্তু আৰু সংবেদনৰ মাজত পার্থক্য আছে। বস্তু এটা প্ৰথমতে অস্তিত্বশীল হয় তাৰ পিছতহে ই জ্ঞাত হয়। বার্কলিয়ে কোৱা মতে বজ্ৰ আৰু বস্তুৰ সংবেদন একে নহয়। বাকলিৰ “অস্তিত্ব প্রত্যক্ষ নিৰ্ভৰ” এই মতবাদৰ যুক্তিগত পৰিণতি হৈছে আত্মজ্ঞানবাদ। ঈশ্বৰ অথবা অসীম মনে বস্তুবোৰৰ প্ৰত্যক্ষকাৰী বুলি কোৱা বিষয়টোৱে বাকলিৰ আত্মজ্ঞানবাদৰ পৰা ৰক্ষা কৰা বুলি পৰিলক্ষিত হয়। কিন্তু ঈশ্বৰৰ অৱতাৰণাই বাকলিৰ মতবাদৰ দুৰ্বলতাহে প্রমাণ কৰে। বিশুদ্ধ আত্মগত ভারবাদ গ্রহণযোগ্য নহয়। বাকলিৰ সমালোচকসকলে তেওঁৰ ভাৱবাদ আত্মগত নে বস্তুগত, সেই বিষয়ে প্রশ্ন কৰে। বাকলিৰ ভাববাদৰ দ্বিতীয় পর্যায়টোত বস্তুগত ভাববাদৰ বৈশিষ্ট্য পৰিলক্ষিত হয়। কিন্তু আকৌ বহু সংখ্যক সমালোচকে বার্কলিৰ ভাৱবাদ আত্মগত বুলিয়েই অভিহিত কৰিছে। গতিকে বাকলিক বলগত ভাববাদী বুলি ক’ব নোৱাৰি।

Leave a Reply