Class 12| Logic And Philosophy| Chapter-5| বাস্তৱবাদ: সৰল আৰু বৈজ্ঞানিক

Class 12| Logic And Philosophy| Chapter-5| বাস্তৱবাদ: সৰল আৰু বৈজ্ঞানিক। এই পাঠৰ বাবে প্ৰশ্নসমাধানৰ বাবে প্ৰয়োজনীয় বিভিন্ন ধাৰণা জানিব পাৰিব। যদি কোনোবাই বিতং সমাধানবোৰ বুজিব বিচাৰে আৰু য’ত সম্ভৱ হয় ত্ৰুটিবোৰ হ্ৰাস কৰিব বিচাৰে তেনেহ’লে পঢ়া টো সঁচাকৈয়ে সহায়ক হ’ব পাৰে। ধাৰণাবোৰ ভালদৰে বুজা আৰু প্ৰয়োগ কৰাৰ বাবে, প্ৰথমে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব AHSEC Class 12| Logic And Philosophy| Chapter-5| বাস্তৱবাদ: সৰল আৰু বৈজ্ঞানিক পাঠ্যক্ৰমৰ শেহতীয়া আৰ্হি অনুসৰি সমাধানবোৰ আপডেট কৰা হয়।

HS Second Year Question Answer (Assamese Medium)

EnglishClick Here
অৰ্থনীতি (Economy)Click Here
ভূগোল (Geography)Click Here
हिंदी Click Here
অসমীয়াClick Here
ঐচ্ছিক অসমীয়া (Advance Assamese)Click Here
বুৰঞ্জী (History)Click Here
শিক্ষা (Education)Click Here
ৰাজনীতি (Political Science)Click Here
সমাজতত্ত্ব (Sociology)Click Here
তৰ্কবিদ্যা আৰু দর্শনশাস্ত্ৰ (Logic & Philosophy)Click Here
নৃতত্ত্ব (Anthropology)Click Here

Class 12| Logic And Philosophy| Chapter-5| বাস্তৱবাদ: সৰল আৰু বৈজ্ঞানিক

চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া ছাত্র-ছাত্ৰীৰ বাবে আমাৰ এই ৱেবছাইটত শেহতীয়া পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি পাঠ Class 12| Logic And Philosophy| Chapter-5| বাস্তৱবাদ: সৰল আৰু বৈজ্ঞানিক ভিত্তিক প্ৰশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। যত ছাত্ৰ-ছাত্ৰীয়ে অনলাইন যোগে পঢ়িব পাৰিব।

পঞ্চম অধ্যায়

অতি চমু প্রশ্ন : 

১] সৰল বাস্তববাদ অনুসৰি জ্ঞানৰ বিষয়বস্তু আৰু তাত থকা সকলো প্ৰকাৰৰ — আদিৰ মন নিৰপেক্ষ স্বতন্ত্র অস্তিত্ব আছে।

উত্তৰঃ  গুণ।

২। সকল বাস্তববাদ অনুসৰি জ্ঞাতা আৰু জ্ঞেয়ৰ মাজত – সম্পর্ক থাকে।

উত্তৰঃ  প্ৰত্যক্ষ।

৩। “সৰল বাস্তববাদে ভ্রান্ত জ্ঞানৰ ব্যাখ্যা দিব নোৱাৰে” স্বীকাৰ কৰানে?

উত্তৰঃ স্বীকাৰ কৰোঁ। 

৪। বিজ্ঞানসন্মত বাস্তববাদৰ প্ৰাৰ্তক কোন?

উত্তৰঃ  জন লক।

৫।বিজ্ঞানসন্মত বাস্তববাদ অনুসৰি বস্তুত থকা সকলোবোৰ গুণ মনৰ পৰা…. নহয়।

উত্তৰঃ  স্বতন্ত্র।

৬। “Essay concerning Human understanding” গ্রন্থখন কোনে ৰচনা কৰিছিল?

উত্তৰঃ জন লকে গ্ৰন্থখন ৰচনা কৰিছিল।

চমু প্ৰশ্ন আৰ্হি ন. ১

১। সৰল বাস্তববাদ কি ?

উত্তৰঃ  সৰল বাস্তববাদ অনুসৰি জ্ঞাতা যি ধৰণে প্ৰত্যক্ষ কৰে, বস্তুটোৰ প্ৰকৃত স্বৰূপ তেনেকুৱাই। বাহ্য বস্তুত থকা সকলো প্ৰকাৰৰ গুণৰ মন নিৰপেক্ষ অস্তিত্ব আছে।

২। বিজ্ঞানসম্মত ৰাস্তববাদৰ সংজ্ঞা দিয়া।

উত্তৰঃ  বিজ্ঞানসম্মত বাস্তৱবাদ অনুসৰি মনৰ বাহিৰত এখন স্বতন্ত্ৰ জগতৰ অস্তিত্ব আছে। জ্ঞানৰ বিষয়বস্তুক আমি প্ৰত্যক্ষভাৱে জানিব নোৱাৰো। তাৰ প্ৰতিকল্পৰ জৰিয়তেহে জানিব পাৰো।

৩। মুখ্যগুণ কি?

উত্তৰঃ  লকৰ মতে গুণ দুই প্ৰকাৰৰ-মুখ্য গুণ আৰু গৌণ গুণ। যিবোৰ গুণ মনৰ পৰা স্বতন্ত্র অৰ্থাৎ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল নহয় বা যিবোৰ গুণ বা ধর্ম তার মু বোলে। যেনে-বস্তুৰ আকাৰ, ওজন, বিস্তৃতি, পৰিমান, ইত্যাদি। মুখ্যগুণ বস্তুৰ মৌলিক বা প্ৰকৃত গুণ। ই বস্তুগত আৰু বস্তুৰ অনিবাৰ্য ধৰ্ম। মুখ্যগুণবোৰ অপৰিবর্তনীয় গুণ। স্থান বা সময় পৰিবৰ্তন হ’লেও মুখ্যগুণবোৰ একেই থাকে। বাহাবস্তুই মুখ্য গুণবোৰৰ আধাৰ স্বৰূপ।

8। গৌণ গুণ কি?

উত্তৰঃ  যিবোৰ গুণ মনৰ পৰা স্বতন্ত্ৰ নহয় অর্থাৎ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল বা যিবোৰ গুণ বস্তুৰ মনোগত ধর্ম তাক গৌণ গুণ বোলে। যেনে-বন্ধুৰ ৰূপ, ৰস, গুণ, সোৱাদ ইত্যাি গৌণগুণ মৌলিক বা প্রকৃত গুণ নহয়। গৌণগুণবোৰ জ্ঞাতাৰ মনতহে থাকে। গৌণগুণবোৰ আকৌ কিছুমান পৰিবর্তনশীল ৫ণ। বাহ্যবস্তু আৰু আতাৰ মন উভয়ে গৌণগুণৰ আশ্রয় বা আধাৰ স্বৰূপ। গৌণগুণ ব্যক্তিৰ মনৰ ওপৰত নিৰ্ভৰশীল অর্থাৎই বস্তুৰ প্ৰকৃত স্বরূপ নির্ধারণ কৰিব নোৱাৰে।

৫। “সৰল বাস্তৱবাদে ভ্রান্ত জ্ঞানৰ ব্যাখ্যা দিব নোৱাৰে” – কিয়?

উত্তৰঃ  সবল বাস্তৱবাদে প্রত্যক্ষক অধিক গুরুত্ব দিছে। প্রত্যক্ষ নিৰ্ভৰ হোৱাৰ কাৰণে সকল বাস্তৱবাদে জ্ঞানৰ সার্বিকতা হেৰায়। সেইবাবে জৰী এডালক সাপ হিচাপে দেখা আহি ভ্রান্ত জ্ঞান আদি সৰল বাস্তববাদে ব্যাখ্যা দিব নোৱাৰে।

চমু প্রশ্ন (আৰ্হি নং – ২) ঃ

১। বাস্তববাদ কি? ইয়াৰ বিভিন্ন প্ৰকাৰবোৰ কি কি?

উত্তৰঃ   দর্শনত জ্ঞানৰ বিষয়বস্তুর প্রকৃতি সম্পর্কে যি মতবাদে জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্র মন নিৰপেক্ষ অস্তিত্ব আছে বুলি বিশ্বাস কৰে তাকেই বাস্তৱবাদ বোলে।

বাস্তৱবাদ চাৰি প্ৰকাৰৰ। প্ৰকাৰবোৰ হ’লঃ 

(ক) সৰল বাক্তৱবাদ, 

(খ) বিজ্ঞানসন্মত বাস্তববাদ, 

(গ) নব্য বাক্তরবাদ আৰু 

(ঘ) নব্য সবিচাৰ বাস্তৱবাদ।

২। সকল বাস্তববাদৰ বৈশিষ্ট্যসমূহ কি কি? 

উত্তৰঃ  সৰল বাস্তববাদৰ মুখ্য বৈশিষ্ট্যবোৰ হ’ল:-

(ক) জ্ঞানৰ বিষয়বস্তুৰ জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্র। বাহ্যবস্তু এটা আছে নে নাই তাক জাতাই জনা বা নজনাৰ ওপৰত নিৰ্ভৰ কৰে।

(খ) মনৰ বাহিৰত এখন বাহ্যিক জগত আছে।

(গ) প্রত্যক্ষৰ দ্বাৰা বাহ্যিক জগতৰ জ্ঞান লাভ কৰা যায়। প্রত্যক্ষই বাহ্যিক জগতখনক যি ধৰণে দেখে তাৰ স্বৰূপ ঠিক তেনেকুৱাই।

(ঘ) বাহ্যিক জগতখনৰ বিষয়বস্তুৰ জ্ঞান তাৰ গুণৰদ্বাৰা জনা যায়। গুণসমূহ বস্তুৰ ধৰ্ম আৰু এই সকলোবোৰ গুণ মনৰ পৰা স্বতন্ত্র।

(ঙ) জ্ঞাতা আৰু জ্ঞেয়ৰ মাজত প্রত্যক্ষ সম্পর্ক থাকে। দুয়োৰে মাজত তৃতীয় বা মধ্যম পন্থা নাথাকে। 

(চ) বাহ্য বস্তুৱে আমাৰ মনত সংবেদন সৃষ্টি কৰে। এই সংবেদন সকলোৰে কাৰণে একে ধৰণৰ হয়। 

(ছ) সকল বাস্তৱবাদ সত্যতাৰ অনুৰূপতাবাদ সিদ্ধান্তৰ সমৰ্থক। অর্থাৎ বস্তুটোৰ সত্যতা।

৩। মুখ্য গুণ আৰু গৌণ গুণৰ মাজৰ তিনিটা পার্থক্য নির্ণয় কৰা। 

উত্তৰঃ মুখ্যগুণবোৰ বস্তুৰ মৌলিকগুণ আৰু সম্পূর্ণ ৰূপে বস্তুগত। আনহাতে গৌণগুণবোৰ বস্তুৰ মৌলিক গুণ নহয় আৰু জ্ঞাতাব মনতহে থাকে।

মুখ্যগুণবোৰ অপৰিবৰ্তনীয়। যেনে বস্তুৰ আকৃতি. বিস্তৃতি আদি । আনহতে গৌণ গুণবোৰ কিছুমান পৰিৱৰ্তনশীল গুণ। স্থান বা ব্যক্তিভেদে গৌণগুণব্যের পৰিবর্তন হব পাবে। যেনে ৰূপ, ৰস, গোন্ধ আদি।

বাহাবভুঁই হ’ল মুখাদেণফোনৰ প্ৰকৃত আধানস্বৰূপ। আনহাতে বাহ্যবস্তু আন্দজাতাৰ মন উভয়ে গৌণ গুনৰ আধাৰস্বৰূপ।  মুখাগুণে জ্ঞাতাব মনৰ ধাৰনা যথাযথভাবে প্রতিফলিত কৰ। কাৰণ মুখ্যগুণবোৰ প্ৰকৃত হন। আনহাতে গৌণগুণৰ যিহেতু নিজা স্বরূপ নাই, গতিকে মাতাৰ মনৰ লগত ভিন্ন ধৰণে প্ৰতিফলিত হয়। গৌণ গুণবোধ মুখ্যগুণৰ দ্বাৰা সৃষ্ট কিছুমান সংবেদনহে।

মুখ্য গুণবোৰ বলগত হোৱা বাবে বস্তুর প্রকৃত স্বরূপ নিৰ্ধাৰণ কৰিব পাৰে। গৌৎগুণ আকৌ ব্যক্তিৰ মনৰ ওপৰত নিৰ্ভবশীল, সেইবাবে বস্তুৰ প্রকৃত স্বৰাগ নিৰ্ধাৰণ কৰিব নোৱাৰে।

৪। সবল বাস্তববাদৰ তিনিটা সমালোচনা লিখা। 

উত্তৰঃ সৰল বাস্তববাদৰ তিনিটা সমালোচনা হ’ল— 

(ক) সকল বাস্তববাদে প্রত্যক্ষ অধিক গুরুত্ব দিয়া যাবে প্রভা অনজনিত সীমাবদ্ধতা সকল বাস্তববাদত বিদ্যমান।

(খ) সৰল বাস্তববাদে সপোন, ভ্রান্ত জ্ঞান আদিক ব্যাখ্যা কৰিব নোৱাৰে।

(গ) সকল বাস্তববাদে জ্ঞানৰ আত্মনিষ্ঠতাক অস্বীকাৰ কৰে।

৫। কোনটো মতবাদ মতে– 

(ক)বাহ্য জগতখনক প্রত্যক্ষভাবে জানিব পাৰি।

(খ) মতবাদটোৰ সংজ্ঞা দিয়া। 

উত্তৰঃ  (ক) সৰল বাস্তববাদ মতে।

(খ) সৰল বাস্তববাদ মতে জাতা মনে বাহ্য বস্তুসমূহক তাৰ পেৰে সৈতে সাক্ষাত্তারে জানিব পাৰে। গতিকে বস্তুৰ জ্ঞান পোনপটীয়া প্রত্যক্ষৰ ওপৰত নিৰ্ভবশীল।

৬। বস্তুত থকা সকলোবোৰ গুণ বস্তুনিষ্ঠ নতুন।’ এইটো কোন মতবাদে বিশ্বাস কৰে? সেই মতবাদটোৰ সংজ্ঞা দিয়া। 

উত্তৰঃ এইটো মতবাদ বৈজ্ঞানিক বা বিশ্বাস হবে। বৈজ্ঞানিক বাহিৰত এখন স্বতস্থ জগহর অস্তিতে তাৰ কৰিছে। তিনি প্রত্যক্ষভাবে জানিব নোৱাৰো, কেন প্রতিকাৰ জৰিয়তেছে জানিব পাৰো।

দীঘলীয়া প্রশ্ন ঃ (আৰ্হি নং ১)

১। মূখ্যগুণ আৰু গৌণও পার্থক্য নির্ণয় কৰা।

উত্তৰঃ  জন লক দার্শনিকর মতেঙ্কত কিছুমান গুল থাকে আৰু জানোয়ার বা জাতাৰ মাধ কিছুমান গুণ থাকে। তেওঁৰ মতে বছর ঘন্য ওপব্যেৰ হাৰ মৌলিক প্রণ- যেনে বস্তুব আকাৰ, আয়তন, বিস্তৃতি, গতি আদি। এই গুণবোৰ সকলো জ্ঞাতাৰ মত একে। সেয়েহে মুণ্য গুণ অপৰিবৰ্তনীয়। কিন্তু বাক্তিমনৰ গুণবোৰ গৌণ যেনে—বস্তুৰ বৰণ, সোবাদ, গোছ, তাপ আদি। এই গৌণ শুণবোধ ব্যক্তিভেদে বিভিন্ন জণ্ডিচ ৰোগীয়ে সকলো বস্তুকে হালধীয়া দেখে। মেলেৰিয়া ৰোগীয়ে চেনিৰ গুণো তিতা পায়। গতিকে দ্ৰষ্টাৰ কচি, সংস্কাৰ, ইন্দ্রিয়দোষ আদিয়ে একোটা বস্তুৰ প্ৰত্যক্ষক বিভিন্ন ৰূপ নিয়ে গতিকে এই গৌণবোৰ আমাৰ মানসিক অবস্থাহে।

আনহাতে মৌলিক গুণবোৰ সকলো জ্ঞাতাৰ কাৰণে সকলো সময়তে একে। গতিকে এই মতবাদে বস্তু স্বতন্ত্র অস্তিত্ব স্বীকাৰ কৰাৰ উপৰিও মনৰ ধাৰণাৰ অস্তিত্বও স্বীকাৰ কৰে।

২। সৰল বাস্তববাদ সম্পর্কে চমু টোকা লিখা।

উত্তৰঃ ইয়াক লৌকিক মতবাদো বোলা হয়। এই মতবাদ অনুসৰি জ্ঞাতামনে বস্তুসমূহক তার শুন্নেৰে সৈতে সাক্ষাৎভাবে (directly) জানিব পাৰি। আমি দেখা বস্তুবিলাকৰ মাজত কোনো প্রতিভাসিক আবৰণ নাথাকে। সাধাৰণ মানুহ এজনৰ দেখা সম্পর্কে যি সকল বিশ্বাস নিয়ে সকল বাস্তববাদৰ মূল ভিত্তি। গতিকে বস্তুৰ জ্ঞান পোনপটীয়া প্ৰত্যক্ষণৰ ওপৰত নিৰ্ভৰশীল। ইয়াতে জ্ঞানৰ উৎপত্তি।

কিন্তু দেখা মানেই বিশ্বাস কৰা হ’লে সূৰ্যাই পৃথিৱীৰ চাৰিওফালে ঘুৰাটোও সত্য হ’ব। গতিকে এই নতবাদ গ্রহণযোগ্য হ’ব নোৱাৰে। আনহাতে বিভিন্ন দার্শনীকৰ স্বীকৃত মুখ্য আৰু গৌণ গুণ বগতৰ বৰ্তমান।

Class-12| Logic and Philosophy তৰ্কবিজ্ঞান আৰু দর্শন

Sl. No.Contents
Chapter 1আগমন আৰু ইয়াৰ প্ৰকাৰ
Chapter 2আগমনৰ ভিত্তি
Chapter 3প্ৰকল্প
Chapter 4মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি
Chapter 5বাস্তৱবাদ: সৰল আৰু বৈজ্ঞানিক
Chapter 6ভাববাদ: আত্মগত আৰু বস্তুগত
Chapter 7নীতিশাস্ত্র
Chapter 8ধর্ম

৩। “মুখাগুণ আৰু গৌণগুণৰ মাজৰ পাৰ্থক্য সম্পূৰ্ণ মনস্তাত্ত্বিক…. স্বীকাৰ কৰা নে? তোমাৰ মতৰ পক্ষত কাৰণ দেখুওৱা

উত্তৰঃ  লবন মুখ্য আৰু গৌণ গুণৰ পাৰ্থক্য যুক্তিসঙ্গত বুলি ক’ব নোৱাৰি। দার্শনিক বার্কলিক মতে গৌছ এগৰ দৰে মুখ্য শুনবোৰো ব্যক্তিৰ মনৰ ওপৰত নিৰ্ভৰশীল। বর্ণ বা আকৃতিৰ দৰে বিস্তৃতি, দৈর্ঘ্যতা বা ওজনবোৰো এজন মানুহৰ কাৰণে বেছিহ লৈও আনজনৰ কাৰণে কম হ’ব পাবে। গতিকে তাকে কোৱাৰ দৰে কেৱল গৌণ গুণবোৰহে মনোগত, মুখ্য গুণবোৰ নহয়, কথাটো শুদ্ধ নহয়। ল’ৰ্কৰ মতে গৌণগুণসমূহে আতাৰ আত্মনিষ্ঠতাৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু মুখ্য আৰু গৌণ গুগৰ পাৰ্থক্য মানি ল’ব নোৱাৰি। গতিকে মুখাগুণ আৰু গৌণ গুণৰ এনে পার্থক্য সম্পূর্ণ মনস্তাত্বিক বুলি হে গণ্য হব। বাস্তবত এনে পার্থক্য যুক্তিসঙ্গত বুলি মানি। লোৱাৰ কোনো কাৰণ নাই।

৪। বৈজ্ঞানিক বাস্তববাদন চাৰিটা মৌলিক বৈশিষ্ট্য লিখা। 

উত্তৰঃ বৈজ্ঞানিক বাস্তববাদৰ চাৰিটা মৌলিক বৈশিষ্ট্য হল

(ক) বৈজ্ঞানিক বাস্তববাদৰ মতে, আমাৰ জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্র।

(খ) বস্তুৰ গুণসমূহৰ ভিতৰত মুখ্য গুণসমূহ মনৰ পৰা স্বতন্ত্র। যেনে বস্তুৰ আকাৰ, বিস্তৃতি, পৰিমাণ আদিৰ পৰিবৰ্তন কৰিব নোৱাৰি। আকৌ গৌণ গুণসূহ পৰিবৰ্তন হ’ব পাৰে।

(গ) বৈজ্ঞানিক বাস্তৱবাদ মতে, বস্তু এটা আমি দেখিব নোৱাৰো। তাৰ প্ৰতিলিপিহে জ্ঞাতাই দেখিবলৈ পায়।

(ঘ) জ্ঞান এটা সম্পূর্ণ স্বাধীন প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াই বস্তুৰ প্ৰকৃত স্বৰূপ নহয় প্রতিলিপিহে প্রভাবান্বিত কৰে।

(৫) জন ল’কৰ প্ৰতীকবাদ সম্পর্কে চমু টোকা লিখা। 

উত্তৰঃ  জনলকে কোৱা মতে, আমি বাহ্যবস্তুক প্রত্যক্ষভাৱে জানিব নোৱাৰে। প্রতীক বা প্রতিকল্পৰ জৰিয়তেহে বস্তু এটাক জানিব পাবে। লকৰ এই বৈজ্ঞানিক বাস্তববাদত, প্রতীকবাদ বুলিও কোৱা হয়। বৈজ্ঞানিক বাস্তৱবাদ মতে, বস্তু এটা আমি দেখিব নোৱাৰো। তাৰ প্ৰতিলিপি বা নকলহে জ্ঞাতাই দেখিবলৈ পায়। জ্ঞান এটা সম্পূর্ণ স্বাধীন প্রক্রিয়া। এই প্ৰক্ৰিয়াৰ দ্বাৰা বস্তুৰ প্ৰকৃতস্বৰূপ প্ৰভাৱান্বিত নহয়। এই প্রক্রিয়াই বস্তুৰ প্ৰতিলিপি বা নকলহে প্রভাবান্বিত কৰে। জ্ঞানৰ পৰোক্ষ কাৰণ জ্ঞানৰ বিষয় বস্তুক স্নাতাই জানিব নোৱাৰে। তার প্রতিলিপিছে জানিব পাৰে।

দীঘলীয়া প্রশ্ন : (আৰ্হি নং ২) 

১। সৰল বাস্তববাদ কি? সৰল বাস্তৱবাদৰ সাধাৰণ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ সকল বাস্তৱবাদ অনুসৰি জ্ঞাতা ধৰণে বস্তু এটাক প্রত্যক্ষ কৰে, বস্তুটোৰ প্ৰকৃত স্বৰূপ তেনেকুৱাই। জ্ঞাতা আৰু জ্ঞেয়ৰ মাজত কোনো মধ্যম পন্থা নাথাকে। সবল বাস্তৱবাদ মতে, বাহা বস্তুত থকা সকলো প্ৰকাৰৰ গুণ যেনে বাঁধ, বস, গোছ, বিস্তৃতি, আয়তন, দৈর্ঘ্যতা আদি সকলোবোৰৰে মন নিৰপেক্ষ স্বতন্ত্র অস্তিত্ব আছে। বাহা বস্তুর অস্তিত্ব সম্পর্কে কোনো দার্শনিক বা বৈজ্ঞানিক বিশ্লেষণ নকৰাকৈ অতি সাভাৱে ইয়াত ব্যাখ্যা কৰে বাবে, এই প্ৰকাৰৰ বাস্তৱবাদক সৰল বাস্তববাদ বোলে।

সৰল বাস্তৱবাদৰ মুখ্য বৈশিষ্ট্যবোৰ হ’ল –

(ক) জ্ঞানৰ বিষয়বস্তুৰ জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্র। বাহাবস্তু এটা আছে নে নাই তাক ভাতাই জনা বা নজনাৰ ওপৰত নিৰ্ভৰ কৰে।

(খ) মনৰ বাহিৰত এখন বাহ্যিক জগত আছে।

(গ) প্রত্যক্ষৰ দ্বাৰা বাহ্যিক জগতৰ জ্ঞান লাভ কৰা যায়। প্রত্যক্ষই বাহ্যিক জগতখনক যি ধৰণে দেখে তাৰ স্বৰূপ ঠিক তেনেকুৱাই।

(ঘ) বাহ্যিক জগতখনৰ বিষয়বস্তুৰ জ্ঞান তাৰ গুণবদ্বাৰা জনা যায়। গুণসমূহ বস্তুৰ ধৰ্ম আৰু এই সকলোবোৰ গুণ মনৰ পৰা স্বতন্ত্র।

(ঙ) জ্ঞতা আৰু জ্ঞেয়ৰ মাজত প্রত্যক্ষ সম্পর্ক থাকে। দুয়োৰে মাজত তৃতীয় বা মধ্যম পন্থা নাথাকে।

(চ) বাহা বস্তুৱে আমাৰ মনত সংবেদন সৃষ্টি কৰে। এই সংবেদন সকলোৰে কাৰণে একে ধৰণৰ হয়।

(ছ) সকল বাস্তৱবাদ সত্যতাৰ অনুৰূপতাবাদ সিদ্ধান্তৰ সমৰ্থক। অর্থাৎ বস্তুটোৰ সভ্যতা। 

২। বৈজ্ঞানিক বাস্তববাদ কি ? ইয়াৰ সাধাৰণ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ বৈজ্ঞানিক বাস্তৱবাদে মনৰ বাহিৰত এখন স্বতন্ত্র জগতৰ অস্তিত্বক স্বীকাৰ কৰিছে। এই মত অনুসৰি, বস্তু এটাক আমি প্রত্যক্ষভাৱে জানিব নোৱাৰো। বস্তু এটাক তাৰ প্ৰতিকল্পৰ জৰিয়তেহে জানিব পাৰো। বাহ্য বস্তু এটাক গুণৰ জৰিয়তে আমি বস্তুটো সম্বন্ধে জ্ঞান পাঁe কিন্তু সকলোবোৰ গুণ মনৰ পৰা স্বতন্ত্র নহয়। অর্থাৎ কিছুমান গুণ বস্তুত থাকে আৰু সেইবোৰক মুখ্যগুণ বোলে। আৰু কিছুমান গুণ জ্ঞাতাৰ মন বা চেতনাৰ ওফৰত নিৰ্ভৰ কৰে, সেইবোৰক গৌণ গুণ বোলে। এনেদৰে বিভিন্ন গুণৰ যথাযথ বিচাৰ-বিবেচনা কৰি এই প্ৰকাৰ বাস্তৱবাদ প্রতিষ্ঠা লাভ কৰা বাবে আৰু জ্ঞাতাই বাহ্যিক বস্তুৰ প্ৰকৃতি আৰু জ্ঞাতা প্রসঙ্গত বৈজ্ঞানিক ভিত্তি আগবঢ়োৱাৰ বাবে, এইবিধ বাস্তৱবাদক বৈজ্ঞানিক বাস্তৱবাদ বোলে।

বৈজ্ঞানিক বাস্তববাদৰ মুখ্য বৈশিষ্টবোৰ হ’ল— 

(ক) বৈজ্ঞানিক বাস্তববাদ মতে, আমাৰ জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰপৰা স্বতন্ত্র।

(খ) বস্তুৰ গুণসমূহৰ ভিতৰত মুখ্য গুণসমূহ মনৰ পৰা স্বতন্ত্র। যেনে বস্তুৰ আকাৰ, বিস্তৃতি, পৰিমাণ আদিৰ পৰিবৰ্তন কৰিব নোৱাৰি। আকৌ গৌণ গুণসমূহ পৰিবৰ্তন হ’ব পাৰে।

(গ) বৈজ্ঞানিক ব্যস্তত্ববাদ মতে, বস্তু এটা আমি দেখিব নোৱাৰে। তার প্রতিদিপিহে আতাই দেখিবলৈ পায়।

(ঘ) জ্ঞান এটা সম্পূর্ণ স্বাধীন প্রক্রিয়া। এই প্ৰক্ৰিয়াই বস্তুৰ প্ৰকৃত স্বৰূপ মহা৷ প্রতিলিপিছে প্রভাবান্বিত কৰে।

(ঙ) বৈজ্ঞানিক বাস্তববাদ মতে জ্ঞান এক পৰোক্ষ প্ৰক্ৰিয়া। কাৰণ জ্ঞাতাই জ্ঞানৰ বিষয়বস্তুক জানিব নোৱাৰে, মাত্ৰ তাৰ প্ৰতিলিপি হে জানিব পাৰে।

(চ) বস্তুৰ প্ৰকৃত স্বরূপ মুখ্য গুণেহে প্রকাশ কাৰবি পাৰে। কাৰণ মুখ্য গুণসমূহ বস্তুৰ বস্তুগত ধৰ্ম আৰু অপৰিবৰ্তনীয়।

৩। সমালোচনাৰ সৈতে বৈজ্ঞানিক বাস্তৱবাদটো আলোচনা কৰা।

উত্তৰঃ  জনলকে বৈজ্ঞানিক বাস্তববাদৰ প্ৰবৰ্তন কৰে। লকৰ মতে ‘মন’হ’ল পোনতে এখিলা উকা কাগজৰ দৰে বাহিৰৰ বস্তুবোৰে উকা মনত ছাপ বা সাঁচ বহুৱায়। এনেবোৰ সাঁচৰ সমষ্টিৰ পৰাই জ্ঞানৰ আৰম্ভ হয়। সাঁচৰ আহৰণত মন নিষ্ক্রিয় হৈ থাকে। কিন্তু পিছত সাঁচসমূহক মনে সক্রিয়ভাবে বিবিধ ধাৰণালৈ পৰিবৰ্তন কৰে। সংবেদনৰ সমষ্টিক সামান্যীকৰণৰ কাম সক্রিয় মনৰ।

এওঁৰ মতে বস্তুৰ ৰং, সোৱাদ আদি আমাৰ মনৰ ভাৱ। এই বিলাকৰ বাহিকে অস্ত্রীত্ব নাই। তেওঁৰ মতে মনে বহিবস্তুসমূহ প্রত্যক্ষ কৰিব নোৱাৰে। মনে কেৱল নিজৰ ভাৱবোৰ প্ৰত্যক্ষ কৰে। বাহ্যিক বস্তুবিলাকে আমাৰ মনৰ ওপৰত ক্ৰিয়া কৰে আৰু মনত ধাৰণাৰ সৃষ্টি করে। এই ধাৰণাৰ যোগেদিহে বাহিৰৰ বস্তু সম্পর্কে আমার জ্ঞান হয়। বস্তু সম্পর্কে আমার জ্ঞান পৰোক্ষ আৰু ধাৰণা সম্পর্কে আমাৰ জ্ঞান প্ৰত্যক্ষ।

লকে বস্তু সম্পর্কে মুখ্য আৰু গৌণ গুণ দুবিখত জ্ঞান কৰিছে। মুখ্য গুণসমূহ বিস্তৃত, গতি, আকৃতি আদি প্ৰকৃত আৰু বস্তুগত। আনহাতে গৌণ গুণবোৰ মানুহভেদে বেলেগ বেলেগ আনকি এজনৰ মানুহৰ ক্ষেত্ৰতো সময় ভেদে বেলেগ বেলেগ। বাহ্যিক বস্তুবিলাকত মূখ্য গুণবোৰ নিহিত থাকে কিন্তু এই মৌলিক গুণবোৰ আমাৰ অজ্ঞাত।

সমালোচনা : যদি মনে নিজৰ ধাৰণাৰ বাহিৰে একো নাজানে, তেনেহলে বাহ্যিক জগতখন অজ্ঞাত হৈ থাকিব। গতিকে ভাৱবাদৰ ফালে পদক্ষেপ। এই ক্ষেত্ৰত আমি ক’ব নোৱাৰে যে বাহ্যিক জগতে আমাৰ মনৰ ধাৰণাৰ কাৰণ। গতিকে দেখা যায় যে লকৰ বৈজ্ঞানিক বাস্তববাদ প্রকৃত বাস্তৱবাদ হ’ব নোৱাৰে। ই বহু আসোৱাহপূর্ণ।

8। সমালোচনাৰ সৈতে সৰল বাস্তববাদটো আলোচনা কৰা। 

উত্তৰঃ  সকল বস্তুবাদ হ’ল বৰ সৰল আৰু সহজ। ইয়াক লৌকিক বন্ধুবান বোলা হয় বা সহজ বুদ্ধি মতবাদ (common sense view) বুলিও জন্য যায়। জ্ঞাতা মনে বস্তুসমূহক তার গুণেৰে সৈতে সাক্ষাৎ ভাবে জানিব পাৰে। গছ বন, পাহাৰ-পর্বত আণি যি দেখো সেই সকলো বস্তু আৰু জ্ঞানৰ মাজত কোনো প্রতিভাসিক আবৰণ নাথাকে। এইয়ে সফল বাস্তববাদ। সৰল বাস্তববাদত বস্তুৰ জ্ঞান পোনপটীয়া প্ৰত্যক্ষৰ ওপৰত নিৰ্ভৰশীল।

‘সুবই পৃথিৱীৰ চাৰিওফালে ঘুৰো হোজা সৰল মানুহৰ কাৰণে সত্য আৰু বিশ্বাসনীয়। সেইমতে তেওঁলোকে দিন-ৰাতিৰ কামকাজ করে। কিন্তু দর্শন বিজ্ঞজ্ঞানৰ ক্ষেত্ৰত সচেতন মানুহৰ ক্ষেত্ৰত গ্রহণযোগ্য মতবাদ হ’ব নোৱাৰে।

দোষঃ দর্শন বিজ্ঞানৰ বহু চিন্তাশীল লোকৰ বস্তুজগতখন গৌণ আৰু মৌলিক গুণৰ সমন্বয়।। আমি প্ৰত্যক্ষ কৰো বা নকৰো এই গুণসমূহ বস্তুতে থাকে বুলি সৰল বা সাধাৰণ মানুহে বিশ্বাস নকৰে। কিন্তু এই জ্ঞান ভ্রম মাত্র। অলপমান দকৈ ভাবি চালে দেখা যাব যে একে বস্তুৰ বেলেগ বেলেগ মানুহৰ প্ৰত্যক্ষণত বেলেগ হয়, ইন্দ্ৰিয় তাৰতম্য কারণে বা বিভিন্ন মানসিক কচিৰ কাৰণে। জডিচ ৰোগীয়ে সকলো বস্তুকে হালধীয়া দেখে। গতিকে সৰল মত বাদ ভ্ৰান্ত মতবাদ। দার্শনিক তথ্য সচেতন মানুহৰ বাবে গ্রহণযোগ্য নহয়।

Leave a Reply